°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
———————————————————
সম্পাদনা সমিতি
উপদেষ্টা
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
যুগললোচন দাস
ড০ ৰমেশ কুমাৰ কাকতি
চন্দন ভাগৱতী
গুণাৰাম শইকীয়া
সম্পাদক-নৱ ৰাজন
প্ৰকাশক-প্ৰদীপ চন্দ্ৰ শৰ্মা
কাৰ্যবাহী সম্পাদক-গীতাঞ্জলি বৰকটকী
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক-সীমা গগৈ
অনামিকা ৰায়
সহযোগী সম্পাদক -অৰ্চনা ঠাকুৰীয়া
অনিতা দেৱী মিশ্ৰ
বিভাগীয় সম্পাদক- ভাৰ্গব কুমাৰ নাথ
ভূমিকা দাস
বিশেষ শুভাকাংক্ষী–পবিত্ৰ কুমাৰ নাথ ,জয়ন্ত কুমাৰ বৰ্মন,ৰঞ্জন বৰা, হেমেন নাথ, বিশ্বজিৎ গগৈ, সংগীতা বৰা , বিনীতা গোস্বামী ,
আছমা জাফ্ৰি, ৰুমী দেৱী, দীপাংকৰ ভূঞা
———————————————————
বেটুপাতৰ ফটো–দেৱজিত নাথ
বেটুপাতৰ ডিজাইন/পৰিকল্পনা–নৱ ৰাজন
সূচীপত্ৰঃ-
বেটুপাত( সম্পাদকীয়...)
◆প্ৰবন্ধঃ
●লোক বিশ্বাসত প্ৰকৃতি আৰু শংকৰদেৱৰ ৰচনাত ইয়াৰ প্ৰতিফলন —জুৰি কটকী
●জাগতিক মায়া আৰু
সপ্ৰেম ভকতি ——ৰিজু পাঠক মহন্ত
●মায়ঙৰে যাদু লগাই
সাজে নিজা ঘৰ ——ড° কমল চন্দ্ৰ নাথ
●প্ৰসংগঃ শিশু সাহিত্য—ড° বিৰিঞ্চি কুমাৰ
দাস
●নিচাযুক্ত দ্ৰব্য প্ৰতিৰোধ তথা নিয়ন্ত্ৰণত
আইনৰ ভূমিকা ——সীমা গগৈ
নষ্টালজিয়াঃ
●একৰ এক গ’ল থাকিল শূন্য
ড° অৰ্চনা পূজাৰী
●সাগৰীয় জাহাজৰ অভিজ্ঞতা – মৌচুমী দাস
গল্পঃ
বিদ্ৰোহ ●অলকা মহন্ত বৰুৱা
নাৰী ●স্বপ্নালী কলিতা
প্ৰাতঃভ্ৰমণ ●মৃদুস্মিতা শৰ্মা
নিদানৰ ভূৰুকাঃ
●থায়ৰয়দৰ সমস্যা আৰু
ইয়াৰ প্ৰাকৃতিক সমাধান
◆ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
●অন্ধবিশ্বাস আৰু সমাজ ◆ড° মঞ্জু হালৈ
বিশিষ্ট সাহিত্যিক ,শিক্ষাবিদ,ৰাজনীতিক
লক্ষ্যধৰ চৌধুৰীক সোঁৱৰণ —
◆গীতাঞ্জলী বৰকটকী
◆মইনাহঁতৰ আঁক-বাঁক
শিশুৰ ৰহঘৰাঃ
শিশু আৰু অভিভাৱক –দীপাংকৰ ভূঞা
ভোক (শিশু গল্প) —ৰিংকু সমাদ্দাৰ
ৰাজস্থানী গল্প —ত্ৰৈলোক্য শৰ্মা
প্ৰতিজ্ঞা(শিশু গল্প) —দিপ্তী ঠাকুৰ গোস্বামী
পাহি আৰু কণমানি জলকুঁৱৰী
(শিশু উপন্যাস) ◆ৰিঞ্জুমণি নেওগ বৰা
ইতিহাসৰ জলঙাৰে কোঁচ সাম্ৰাজ্য -২
—জাহ্নৱী কাকতি
অ’ আমাৰ গাঁও
●চনকা —নৱ ৰাজন
পাঠকৰ দৃষ্টিত ◆ৰীতা চৌধুৰীৰ অবিৰত যাত্ৰা
●অনুস্মিতা ফুকন
জনপ্ৰিয় অভিনেত্ৰী /ডি ৱাই বিহুৰাণী খ্যাত
মণিকাঞ্চন কোঁৱৰৰ সৈতে ভাৰ্গৱৰ
আলাপ
◆গ্ৰন্থ উদ্ধৃতি – অনিতা মেধি মিশ্ৰ
অণুগল্পঃ
চেলিব্ৰেটী ●খুৰছিদ আনছাৰী
স্বাধীনতা ●অৰ্চনা ঠাকুৰীয়া
যোগ-বিয়োগ ●প্ৰীতিৰেখা ডেকা
নৱ জীৱন ●মৌচুমী কলিতা
সন্তান ●দিগন্ত বৈশ্য
আপোন মাটিৰ সুবাস
●অৰুনিমা শৰ্মা মহাপাত্ৰ
অনুভৱৰ পৃষ্ঠা লুটিয়াই...
●পোৱা নোপোৱাৰ দোমোজাত শৰৎ —চয়নিকা ভূঞা
●আহিনৰ মিঠা অনুভৱ —ভূমিকা দাস
● ভোক আৰু — গিৰিজা শৰ্মা
● গান্ধী পুতলা —কল্যাণী দেৱী গোস্বামী
মৌচুমী শৰ্মা কাশ্যপৰ সৌন্দৰ্য চৰ্চা
আখল
সংগীতা চেতিয়া শৰ্মা
সংগীতা বৰপাত্ৰগোঁহাই
ধেৎতেৰি —অৰ্পনা নাথ
পত্ৰলেখা, পত্ৰ এখন লিখা না...
— আৰিফা হুছেইন বৰা
———————————————————
বেটুপাত
সম্পাদকীয়
"কাম কৰা মানুহৰহে ভুল হয়"-এই সহজ অথচ তাৎপৰ্যপূৰ্ণ বাক্য শাৰী আধুনিক মায়ঙৰ নিৰ্মাতা মায়ং খনিকৰ প্ৰয়াত দিপন চন্দ্ৰ নাথদেৱে প্ৰায়ে কৈছিল। ভুল হ'ব বুলি কাম নকৰাকৈ থাকিলে কাৰো উন্নতি নহয়।সমাজৰ হকে কাম কৰিবলৈ আমাক লাগে এটা সঁচা আৰু নিকা মন। মন শুদ্ধ নহ'লে, নিঃস্বাৰ্থ ভাবে কাম কৰাৰ মানসিকতা নাথাকিলে,তেনে ব্যক্তিৰ পৰা সমাজৰ কোনো উপকাৰ নহয়,লাগিলে তেওঁ যিমানেই শিক্ষিত নহওঁক।
কাম কৰা মানুহে সততে পৰচর্চা নকৰে, কিন্তু যিবোৰ লোকে জীৱনত একো এটাকে কৰিব নোৱাৰে,তেওঁৰ কথাও বেছি আৰু সমালোচনাও বেছি।ৰোভয়াৰ্দ কিপলিঙৰ ভাষাৰে-- "তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা। তোমাৰ জয় আৱশ্যম্ভাৱী।"
এষাৰ কথা মই দৃঢ়তাৰে বিশ্বাস কৰো-ফল থকা গছলৈহে মানুহে ফৰ্মুটি মাৰে। আৰু শিল্প হ'বলৈ শিল টুকুৰাই হাতুৰীৰ কোব খাবই লাগিব।
আমি শিক্ষিতসকলে যদি নিজৰ লগতে আৰু দহ জনৰ হিতৰ কথা বিবেচনা কৰি যিকোনো প্ৰকাৰে সহায়ৰ বাবে হাতে কামে লাগো,তেনে সমাজখন লাহে লাহে নিজে নিজেই সৰ্বাংগসুন্দৰ হৈ উঠিব;অপশক্তিবোৰ আপোনা -আপুনি ম্লান হ'ব। সমাজৰ হিতৰ বাবে আমি বিশেষ ডাঙৰ কামযে কৰিব লাগিব,তেনে কথা নাই । সকলোৱে নিজৰ সাধ্য অনুসৰি কিছু সৰু সৰু কামকে, নিষ্ঠাৰে কৰিলেই,সমাজখন পৰিশীলিত হ'ব । কিন্তু আমি কেইজনে সমাজৰ কথা ভাবোঁ ? কেৱল চৰকাৰী যন্ত্ৰটোকে দোষ দি আমি হাত সাবটি বহি থাকো। অৱশ্যে বৰ্তমানৰ এই জটিল সন্ধিক্ষণতো সমাজৰ হকে নিঃস্বাৰ্থভাবে কাম কৰা বহু লোক আছে,যাৰ বাবে ইমানৰ পাছতো সমাজখন হাউলি নপৰাকৈ আছে।
কৰ্মই ধৰ্ম। আমি প্ৰথমে নিজৰ মনটোৰ সংস্কাৰ কৰিব লাগিব । কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগিব। শিক্ষিত সকলে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব লাগিব। ঘৰতে শুই বহি, চাউল (চৰকাৰৰ বিনামূলীয়া চাউল)বিক্ৰী কৰি নিমখ-তেল কিনি আনি ,ৰাজপথত চিঞৰিলেই জাতি ভেটি সুৰক্ষিত নহয়। আমি গাঁৱে চহৰে কৰ্ম আন্দোলন গঢ়ি তুলিব লাগিব।হাতে কামে পথাৰৰ লগতে বজাৰ দখল কৰিব লাগিব।মুঠতে কৰ্মৰ আন গত্যন্তৰ নাই ।
নৱ ৰাজন
সম্পাদক
বৰ্ণৰাগ বৰ্ণৰাগ-১
———————————————————
প্ৰবন্ধ
লোকবিশ্বাসত প্ৰকৃতি আৰু শংকৰদেৱৰ ৰচনাত ইয়াৰ প্ৰতিফলন
জুৰি কটকী
লোকমনৰ পৰিচয় পোৱা লোকসাহিত্য তথা সংস্কৃতিৰ এক উল্লেখযোগ্য সমল হ'ল লোকসমাজৰ মাজত প্ৰচলিত নানা ধৰণৰ লোকবিশ্বাস সমূহ । সূক্ষ্ম দৃষ্টিৰে চালে শংকৰদেৱকালীন অসমীয়া সমাজত প্ৰচলিত অসমীয়া লোকসংস্কৃতিৰ উল্লেখযোগ্য উপাদান লোকবিশ্বাস সমূহৰ বহুতো সমল বিচাৰি পোৱা যায় মহাপুৰুষজনাৰ বিশাল ৰচনাশৈলীৰ মাজত । তাৰে ভিতৰত প্ৰকৃতিৰ লগত জড়িত বহুতো লোকবিশ্বাস আছে । আমাৰ সমাজতো শংকৰদেৱৰ সময়ৰে পৰাই যে তেনে ধৰণৰ বিশ্বাসবোৰ প্ৰচলন আছিল সেয়া তেখেতৰ ৰাচনাৱলীৰপৰাই জানিব পাৰি । লোক মনৰ প্ৰতি দৃষ্টি ৰাখি তেওঁলোকৰ উপযোগীকৈ এনেবোৰ কথা তেখেতৰ ৰচনাৰ ঠায়ে ঠায়ে মূল কথাৰ লগত খাপ খোৱাকৈ সাৱলীলভাৱে বৰ্ণনা কৰিছে ।
প্ৰকৃতি জগতত ঘটা অস্বাভাৱিক ঘটনাই লোকমনৰ মাজত সৃষ্টি কৰিছিল বিস্ময় আৰু ভয় । অস্বাভাৱিকতা লোকমনৰ বাবে আছিল অমংগলসূচক । সেয়েহে প্ৰকৃতি জগতৰ নানা ঘটনা, জীৱ-জন্তু, চৰাই-চিৰিকতি আদিৰ অস্বাভাৱিক আচৰণ বিধি লক্ষ্য কৰি মানুহৰ মাজত বহু ধৰণৰ বিশ্বাসৰ জন্ম হৈছিল । এই বিলাকৰ ভিতৰত কুকুৰে কন্দা, সূৰ্যৰ পিনে মুখ কৰি ফেউৰা -শিয়ালে আটাহ পৰা, চৰায়ে বিকৃত শব্দ কৰা, অসময়ত তৰু-লতা , ফুলৰ গছবোৰত ফুল ফুলা, সঘনাই ভূমিকম্প হোৱা, বনৰীয়া প্ৰাণী আহি গৃহত প্ৰৱেশ কৰা আদি ৷
প্ৰকৃতি জগতৰ এনেবিলাক অস্বাভাৱিক ঘটনাই আগন্তুক ঘটিবলগীয়া বিপদৰ
আগজাননী দিয়ে বুলি জনবিশ্বাস প্ৰচলিত আছে । শংকৰদেৱৰ ৰাচনাৱলীসমূহ অধ্যয়ন কৰিলে ঠায়ে
ঠায়ে আমি তেনে ধৰণৰ বহুবোৰ উদাহৰণ দেখিবলৈ পাওঁ ।
শংকৰদেৱকৃত একাদশস্কন্ধ ভাগৱতত কৃষ্ণৰ বৈকুণ্ঠপ্ৰয়ানৰ পিছত হস্তিনাপুৰত তেন ধৰণৰ বিমঙ্গল দেখিবলৈ পোৱাৰ বিৱৰণ পোৱা যায়---
দেখ দেখ দশোদিশে ঘোৰ উতপাত ।
লৰৈ ভূমিখণ্ড পৰে সঘনে নিৰ্ঘাত ।।
ৰথৰ ঘোঁৰাৰ লোতকৰ ছেদ নাই ।
কান্দৈ উৰ্মি কৰিয়া কুকুৰে মুখ ছাই ।।
১৮১৮৪
দেখিও নক্ষত্ৰে যুজে ছানিয়া আকাশ ।
সূৰ্য্যক সন্মুখে পাৰৈ ফেৰুৱা আটাস ৷৷
পেঞ্চা কপোতৰ শুনি কুচিত শৱদ ৷
নাসৈ নিদ্ৰা পাইবে জানো একোৱে প্ৰমাদ ৷৷ ১৮১৮৫
বহে বায়ু মহা ধূলায়ে আন্ধাৰি ৷
জানিলো মিলিল আৱে এক মহামাৰী ৷৷
১৮১৮৬
(একাদশস্কন্ধ, শ্ৰীমদ্ভাগৱত, পৃষ্ঠা-১৩৭৯)
কৃষ্ণৰ বৈকুণ্ঠপৰায়ণৰ পিছত গোকোলতো তেনে কিছুমান অমঙ্গল সূচিত হৈছিল-----
সেহি সময়ত আসি দেখি সবে ব্ৰজবাসী
মিলিল পৰম বিমঙ্গল ।
ঘৰে ঘৰে ৰাৱৈ ফেৰু যত লতা তৃণ তৰু
আকাশত ধৰৈ ফুল ফল ।।
সঘনে নিৰ্ঘাত পৰৈ ঘনে ঘনে ভূমি লৰৈ
মহা খৰ্ব বায়ু বেঢ়ি বৱৈ।
ভৈল বিপক্ষৰ চিন ধেনুসবো নখায় তৃণ
চক্ষুৰ লোতক মাত্ৰ স্ৰবৈ ।।
১৮৩০৪
আৰাৱে কুকুৰে কান্দে নাৰীৰ দক্ষিণ ফান্দে
সোণাগুই গৃহত সোমাই। জানিলো মিলিল দুখ ওঠ কন্ঠ শুখাই মুখ
বিমঙ্গল দেখি ধাতু যায় ৷৷
(একাদশস্কন্ধ, শ্ৰীমদ্ভাগৱত, পৃষ্ঠা-১৩৮৮)
শংকৰদেৱ কৃত উত্তৰকাণ্ড ৰামায়ণত ৰামে ভাতৃপুত্ৰসকলক ৰাজ্য ভগাই দিয়াৰ পিছত অযোধ্যাতো তেনে কিছুমান প্রকৃতিগত অমঙ্গল সূচিত হোৱাৰ বিৱৰণ পোৱা যায় --
একে আকাশতে উদিত দুই চন্দ্ৰ
সঘনে নিৰ্ঘাত পৰে ।
অনা বতাসতে বৃক্ষ উভৰয়
ঘনে ঘনে ভূমি লৰে ।।(২)
দিনতে ফেৰুৱা ৰাৱৈ ঘৰে ঘৰে
মনুষ্যৰ চাপি কোল ।
ছানিয়া গগন শুনি কুকুৰৰ
ক্ৰন্দন উৰ্মি ৰোল ।। (৩)(উত্তৰাকাণ্ড ৰামায়ণ, ২৭ অধ্যায়, পৃ- ৪৫২)
শংকৰদেৱৰ সাহিত্যিক জীৱনৰ প্রথম ৰচনা হৰিশ্চন্দ্ৰ উপাখ্যানতো দেখিবলৈ পোৱা যায় হৰিশ্চন্দ্ৰ ৰজাই মৃগয়া কৰিবলৈ বনলৈ যাওঁতে বনৰ মাজত নানা বিমঙ্গল দেখা পাইছে ৷ ৰজাই দেখিছে গাতৰ পৰা সাপ বাহিৰলৈ ওলাইছে , শিয়ালে দক্ষিণ দিশলৈ গতি কৰিছে , ঘনে ঘনে পৃথিৱী কঁপিবলৈ ধৰিছে আৰু পৰ্বতৰ চূড়া খহি পৰিছে ৷ প্ৰকৃতি জগতৰ এনেবিলাক অস্বাভাৱিক কাৰ্যই ৰজাক ভৱাই তুলিছে ৷ অনুমান কৰিব পাৰি গ্ৰন্থাকাৰে এনেবিলাক বৰ্ণনাৰ জৰিয়তে হৰিশ্চন্দ্ৰ ৰজাৰ জীৱনলৈ আহিব লগা সম্ভাব্য অমঙ্গলৰে আগজাননী দিছে । শংকৰদেৱৰ ৰচনাত এনেধৰনৰ উল্লেখে তৎকালীন অসমীয়া সমাজত প্রচলিত লোকবিশ্বাসৰ ইঙ্গিত বহন কৰিছে বুলি অনুমান কৰিব পাৰি ।
সমাজ পৰিৱৰ্তনশীল আৰু সমাজৰ লগত জড়িত সাংস্কৃতিও পৰিৱৰ্তনশীল । পৰিৱৰ্তিত সমাজ তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মেৰপাকত এই বিশ্বাস সমূহৰো কিছু অবিশ্বাসৰ মাপ-কাঠিত নিৰ্মিত হৈছে । শিক্ষাৰ প্ৰসাৰে মানুহৰ মাজত সৃষ্টি কৰা বৈজ্ঞানিক মনোভাৱৰ ফলতে এনেবিলাক বিশ্বাস আমাৰ সমাজত পূৰ্বৰ তুলনাত প্রায় স্তিমিত হৈ আহিছে । অবশ্যে বৰ্তমান সময়ত এনে বিশ্বাসৰ কোনো বৈজ্ঞানিক ভিত্তি নাথাকিলেও লোকজীৱনত এতিয়াও এনে বিশ্বাস চলি আছে ।
প্ৰসঙ্গতঃ উল্লেখ কৰি যাব পাৰি যে , শংকৰদেৱৰ সাহিত্য ৰচনাৰ মূল উদ্দেশ্য আছিল ধৰ্ম প্ৰচাৰ কৰা আৰু কৃষ্ণ মাহাত্ম্য প্ৰচাৰ কৰা । সেই দৃষ্টিৰে উল্লিখিত বিশ্বাসসমূহ তেওঁ কেনেদৰে গ্ৰহণ কৰিছিল তাক জনাৰ উপায় নাই । তৎস্বত্বেও লোকসংস্কৃতিৰ অন্তৰ্গত এই লোকবিশ্বাস বোৰৰ বহুতো সমল আমি শংকৰদেৱৰ ৰচনাত বিচাৰি পাওঁ ।
জুৰি কটকী
সহকাৰী অধ্যাপিকা
ডিমৌ মহাবিদ্যালয়
ডিমৌ, শিৱসাগৰ বৰ্ণৰাগ-২
———————————————————
জাগতিক মায়া আৰু সপ্ৰেম ভকতি
ৰিজু পাঠক মহন্ত
সততে ব্যৱহাৰ হৈ থকা মায়া শব্দৰ সংজ্ঞা মহাপুৰুষ শঙ্কৰদেৱ-মাধৱদেৱ দুজনা গুৰুৰ মত অনুসৰি অবস্তুক বস্তু হিচাপে আৰু বস্তুক অবস্তু হিচাপে দেখাটোৱেই হ'ল 'মায়া' । গোটেই জগতখন মায়াৰ এই সংজ্ঞাৰ দ্বাৰা পৰিচালিত হয়। এই জাগতিক মায়াৰ বলত জীৱই যিটো জগতৰ চৰম সত্য বস্তুক উপলব্ধি কৰিব নোৱাৰি মিছা মাহ মায়া জালত আবদ্ধ হৈ থাকে। হৰিণাই ব্যাধৰ জালত পৰি তাৰ পৰা পৰিত্ৰাণ পাবলৈ যিমানেই চেষ্টা কৰে সিমানেই বেছিকৈ বান্ধ খাই পৰে , ঠিক তদৰূপ আমি জীৱবোৰেও মায়া মোহ জাল ফালি যিমানেই ইয়াৰ পৰা মুক্ত হ'ব বিচাৰোঁ সিমানেই বেছিকৈ বান্ধ খাই পৰো। এই যে আপুনি মই মায়াৰ জালত আবদ্ধ হৈ আছোঁ এই সাধাৰণ কথাটো আমাৰ উপলব্ধি নোহোৱাৰ মূল কাৰণটোৱেই হ'ল মায়া । মায়াই নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰি আমাক জগতৰ পৰম সত্যক উপলব্ধি কৰাৰ পৰা বঞ্চিত কৰি ৰাখে । এই খিনিতেই মায়াৰ সফলতা । মায়াৰ এই সফলতাক বিফল কৰিব পৰা জীৱনৰ শ্ৰেষ্ঠ সফলতা । অৱশ্যে মায়াৰ শক্তিশালী প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰাটো ইমান সহজো নহয়, কিয়নো এই মায়া শক্তিৰ দ্বাৰাই ভগৱান কৃষ্ণই প্ৰতিটো ভৌতিক শৰীৰ পৰিচালিত কৰে । সেয়েহে ভগৱন্ত পুৰুষৰ কৃপাত মায়া শক্তিশালী ৰূপত নিজৰ ক্ৰিয়াক সমস্ত জগততে সক্ৰিয় কৰি ৰাখে ।
ইয়াত দুটা কথা আছে -
প্ৰথম কথা হ'ল, কাৰোবাৰ বাবে মায়া ভগৱন্ত পুৰুষক পোৱাৰ বাবে এক সুদৃঢ় প্ৰাচীৰ । দ্বিতীয় কথা হ'ল মায়া কাৰোবাৰ বাবে ভগৱন্ত পুৰুষক প্ৰাপ্তিৰ এক শক্তিশালী মাধ্যমো হ'ব পাৰে।
যদি কোনোবাই জাগতিক জগতৰ মায়া মোহ, বিষয়ী সুখকে চুড়ান্ত বুলি মানে তেওঁ লোকৰ বাবে মায়া এক বান্ধোন মাত্ৰ । কিন্তু যিসকলে জাগতিক জগতৰ সুখ ভোগক তুচ্ছ জ্ঞান কৰি পৰম সুখৰ সন্ধানত আত্ম নিয়োগ কৰে তেওঁ লোকৰ বাবে মায়া ঈশ্বৰ প্ৰাপ্তিৰ এক সুদৃঢ় মাধ্যম ।
মায়াক পৰিত্যাগ কৰি সপ্ৰেম ভকতিৰে ঈশ্বৰ কৃষ্ণত নিজকে সমৰ্পণ কৰিলেই জীৱন সফল । তেনে সফল জীৱন হিংসা শুন্য , দ্বেষহীন , মৈত্ৰিয় আৰু কৰুণা গুণেৰে সুমণ্ডিত । সুখ-দুখ, শীত-উষ্ণ , উত্তম-অধম আদি সকলোতে সমান ।
ৰিজু পাঠক মহন্ত
সত্ৰাধিকাৰ
শ্ৰী শ্ৰী উত্তৰ বেতনা শঙ্কৰদেৱ সত্ৰ
বাক্সা, বি টি আৰ বৰ্ণৰাগ-৩
———————————————————
মায়ঙৰে যাদু লগাই সাজে নিজা ঘৰ
( ঐতিহাসিক দৃষ্টিকোনেৰে )
ড০ কমল চন্দ্ৰ নাথ
মধ্য অসমৰ মৰিগাঁৱৰ মায়ং অঞ্চল অতি প্ৰাচীন কালৰে পৰা তন্ত্ৰ- মন্ত্ৰৰ ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰি আহিছে । পশ্চিমবঙ্গ , বিহাৰ, উৰিষ্যা, পঞ্জাৱ আদি প্ৰদেশতো মন্ত্ৰৰ সৃষ্টি হৈছিল যদিও কামৰূপতেই (অসম ) সৰ্বাধিক মন্ত্ৰৰ উৎপত্তি হোৱা বুলি ড০ বিৰিঞ্চি কুমাৰ বৰুৱা আৰু ইংৰাজ গেইট চাহাবে স্বীকাৰ কৰি গৈছে । মন্ত্ৰ সাধনা আৰু বৌদ্ধ তান্ত্ৰিক সকলৰ তন্ত্ৰ সাধনাৰ ভেটিতেই তন্ত্ৰ- মন্ত্ৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে । খৃ: ৫ম - ৯ম শতিকাত কামৰূপৰ কামাখ্যাপীঠ আৰু কদলী ৰাজ্যক ( কন্দলী ) কেন্দ্ৰ কৰি বৌদ্ধ তান্ত্ৰিক সকলে তন্ত্ৰ মন্ত্ৰৰ চৰ্চাৰ বহুল সাধনা কৰাৰ ফলত মন্ত্ৰই পূৰ্ণতা লাভ কৰে । গতিকে অনুমান কৰিব পাৰি যে ৮ম - ৯ম শতিকাত কামাখ্যাপীঠলৈ তন্ত্ৰ সাধনাৰ বাবে অহা সাধক সকলে উপযুক্ত গুপ্ত সাধনাৰ স্থান বিচাৰি ব্ৰক্ষ্মপুত্ৰৰ পাৰে পাৰে আহি মায়ং ভূ-খণ্ড পায়হি আৰু তাতেই তন্ত্ৰ সাধনাৰ বিভিন্ন প্ৰতীক শৈল খণ্ডত অংকিত বা খোদিত কৰি লৈ ( যি সমূহ যন্ত্ৰ ৰূপে চিহ্নিত ) গভীৰ মন্ত্ৰ সাধনাত নিমগ্ন হয় । তেতিয়াৰে পৰা মায়ঙে যাদু মন্ত্ৰৰ ক্ষেত্ৰত খ্যাতি লাভ কৰিবলৈ ধৰিলে ।
ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা সাধক সকলে "যোগ " আৰু " তন্ত্ৰ " ৰ শিক্ষা লোৱাৰ উদ্দেশ্য প্ৰাচীন কামৰূপলৈ অহাৰ উল্লেখ পোৱা যায় ।
সাধনা অবিহনে মন্ত্ৰই ক্ৰিয়া নকৰে বা মন্ত্ৰৰ সৃষ্টি নহয় । সদ্ গুৰুৰ ওচৰত দীক্ষিত হৈ সাধক সকলে কোনো দেৱ দেৱীক অন্তৰত স্থাপন কৰি সন্মুখত সেই দেৱ দেৱীৰ প্ৰতীক অঙ্কন কৰি গভীৰ সাধনাত নিমগ্ন হয় । ইয়াৰ ফলত সেই দেৱ দেৱীয়ে সাধকৰ দেহত ভিৰ কৰে । তাৰ ফলত সাধকৰ অন্তৰৰ পৰা সৃষ্টি হৈ মুখেৰে উচ্ছাৰিত হয় কিছুমান শব্দ , যি সমূহে কালক্ৰমত স্বীকৃতি পাই " মন্ত্ৰ " ৰূপে । শব্দই ব্ৰহ্ম । তাতে আকৌ এই শব্দ সমূহ সাধনালব্ধ শব্দ । গতিকে এনে শব্দ সমূহে মন্ত্ৰ ৰূপেৰে ক্ৰিয়া কৰে ।
যদিও মায়ং যাদু মন্ত্ৰৰ কাৰণে বিশ্বখ্যাত অৰ্থাৎ যাদু মন্ত্ৰৰ কাৰণে মায়ং কেন্দ্ৰীভূত হৈ পৰিল , অতীততে কিন্তু কামৰূপ ( অসম ) যাদুৰ দেশ বুলি ( Dangerous Country ) বিভিন্ন দেশী - বিদেশী গ্ৰন্থত উল্লেখ আছে । আনহাতে ৰামায়ণ আৰু মহাভাৰতৰ সময়তো যে তন্ত্ৰ মন্ত্ৰৰ বহুল প্ৰচাৰ হৈছিল সেই কথাৰ উমান পোৱা যায় ৰামায়ণ মহাভাৰতৰ যুগত। তাত ব্যৱহাৰ কৰা " বাণ " শব্দৰ আন অৰ্থ হৈছে " মন্ত্ৰ " -- অৰ্থাৎ শত্ৰুক বশ কৰা বা নিপাত কৰা মন্ত্ৰ । তাৰ উদাহৰণ মহাকাব্যৰ পাতে পাতে পোৱা যায় ।
থাউকতে মায়ঙৰ মন্ত্ৰ-সাহিত্যৰ বিষয়ে সামান্য আলোকপাত কৰা হ'ল । এতিয়া আহোঁ মায়ং অঞ্চলৰ লগত সাঙোৰ খাই থকা অসমৰ অন্যতম অভয়াৰণ্য পবিতৰাক লৈ থকা গৌৰৱ , মন্ত্ৰৰ বিশ্বাস আদিৰ লগত জড়িত মায়ঙীয়া লোকৰ মুখৰ দুটামান আপুৰুগীয়া লোক সংগীত । যাক লৈ মায়ং কিয় সমগ্ৰ অসমৰ জনমানসত এই সংগীতে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । তলত দুগৰাকী বিশেষ ব্যক্তিৰ গীতৰ উল্লেখ কৰিবলৈ যত্ন কৰা
হ'ল ।
◆ৰজা মায়ঙৰ বিখ্যাত টোকাৰী আৰু দেহবিচাৰৰ গীতৰ গায়ক শ্ৰীযুত ঘনকান্ত নাথৰ মুখৰ পৰা ক্ষেত্ৰ অধ্যয়নৰ যোগেদি ২০১২ চনতে সংগ্ৰহ কৰা মায়ঙৰ যাদু মন্ত্ৰৰ উল্লেখযোগ্য দুটি গীত দাঙি ধৰা হ'ল ।*
*১ম গীত* :----
যাদু ----!
এইখনেই ৰজা মায়ং শুনিলে ভয় খাও
মায়ং হেনো যাদুকৰ গাওঁ
শুনিলে মায়ঙৰ কথা
কতবাৰ নমস্কাৰ কৰো
তন্ত্ৰ - মন্ত্ৰ আছে
লাগি যায় গাতে যাদু
এইবোৰ শুনি মোৰ বৰ ভয় লাগে
কি কৰো ক'লৈ যাওঁ লাগে
মায়ঙত মোহোনী আছে
পীৰা ফুৰে লেংটিৰ পিছে পিছে
কেৰাহীত দিয়া পাছত মাছে
উতলা তৰকাৰীত নাচে
এইবোৰ শুনি মোৰ বৰ ভয় লাগে
লৰি মই ভিতৰ সোমাও
আইতাই কৈছিলে মোক
ছোৱালী ---!
মায়ঙলৈ নাযাবি তই
মায়ঙৰ ডেকাহঁতে পালে
যাদু ভোলাই ৰখাব তোক
দেউতাই কৈছিলে মায়ঙলৈ নাযাবি তই
মায়ঙৰ গাভৰুহঁতে পালে ভেৰা সজাই ৰাখিব তোক
মায়ঙলৈ নপথাও তোক
এইবোৰ শুনি বৰ ভয় লাগে
ক'লৈ যাওঁ কি কৰো মই ----!!!***
*২য় গীত*:----
চন্দ্ৰপুৰৰ চন্দাৱলী কাজলীৰে বৰ
মায়ঙৰে যাদু লগাই সাজে নিজা ঘৰ
বাঘে ছাগে পানী খাইছিল একেটি ঘাটতে
মানুহ বাঘে মানুহ খাইছিল যোৱাৰ বাটতে
নল মৰি গাজলি গাজে ঐ লাহৰি
নল মৰি গাজলি গাজে
বুঢ়া নলৰ মুৰতে গাজলি উঠিছে
তাকে খাই হৰিণা চৰে ।
চন্দ্ৰপুৰৰ চন্দ্ৰাৱলী কাজলীৰে বৰ
মায়ঙৰে যাদু লগাই সাজে নিজা ঘৰ ----!!!****
*আমাৰ সংগৃহীত ( ২৫/০৮/২০১৩ ) ৰজা মায়ঙৰ বিখ্যাত নাট্য পৰিচালক , ৰচক , গীতিকাৰ,সুৰকাৰ শ্ৰী পদ্মেশ্বৰ নাথৰ স্ব-ৰচিত দুটি গীত এই চেগতে উল্লেখ কৰা হ'ল ।*
*১ম গীত*:----
এই মায়ং আমাৰ মায়ং
তন্ত্ৰ মন্ত্ৰৰ দেশ যাদুৰ মায়ং ।
শুনাহি শুনাহি মায়ঙৰে সচাঁ গুণৰ কাহিনী
চোৱাহি চোৱাহি চেনেহী মায়ং কিযে শুৱনি ।
অতিকৈ আপোন আমাৰ এই মায়ংখন
সকলো দিশতে জানা নদন-বদন ।
মাইবং জাতিৰে মায়ং প্ৰতিস্থ
দেৱ - দেৱী মঠ - মন্দিৰ ইয়াতেই হ'ল স্থিত
মায়াবী মায়া ৰাজ্য ই ইতিবৃত্ত
সেয়েহে মায়ং হ'ল জগত বিদিত ।
শুনাহি শুনাহি মায়ঙৰে সচাঁ গুণৰ কাহিনী
চোৱাহি চোৱাহি চেনেহী মায়ং কিযে শুৱনি
অতিকে আপোন আমাৰ এই মায়ং খন
সকলো দিশতে জানা নদন - বদন ।।
ভগৱতী কেচাইখাইটি ৰঙাদাঙৰীয়া থান
নৰসিংহ গনেশ মন্দিৰ আৰু শিৱ থান ।
মায়ঙৰে পঞ্চ-দেৱতা হৰি নাম
তোমাৰ চৰণে কৰো শত প্ৰণাম
এই মায়ং ----!!
চাৰি দিশত গনেশ জাগ্ৰত প্ৰহৰী
সুখে- দুখে মায়ং বাসীক আছে তৰী
নানা জাতি জনজাতি চিন্তে এক হিত
মায়ং পাহাৰ হ'ল সাহৰ প্ৰতীক ।
শুনাহি শুনাহি ----!
চোৱাহি চোৱাহি----!
অতিকে ----!
পবিতৰা তুমি সেউজী তৰা
গছ-বন পশু -পখী ক'ত বৰণীয়া
বিৰাজ কৰিছে যত গড়ঁ এশিঙিয়া
সেয়েহে পবিতৰা সেউজী ধুনীয়া
চোৱাহি চোৱাহি এশিঙীয়া গঁড় তুমি চোৱাহি
চোৱাহি চোৱাহি পবিতৰাৰ সেউজ ৰূপ চোৱাহি
সেউজী কুঁৱৰী পবিতৰা অভয়াৰণ্য
তোমাৰ গুণতে আজি অসমী ধন্য --!
শুনাহি ------!
চোৱাহি -----!
অতিকে আপোন আমাৰ এই মায়ংখন
সকলো দিশতে জানা নদন -বদন ।
এই মায়ং আমাৰ মায়ং
তন্ত্ৰ মন্ত্ৰৰ দেশ যাদুৰ মায়ং ----!!!***
*২য় গীত*:----
পবিতৰা পবিতৰা
পবিতৰা তুমি সেউজী তৰা
তোমাৰ বুকুতে যত সেউজী ধৰাখনি
অপৰূপা অপৰূপা
পবিতৰা অভয়াৰণ্য তুমি
যত পশু-পখীৰ লীলা ভূমি
যাক যাক বৰণীয়া পখী উৰি উৰি
ডালে ডালে পৰি গীত জুৰি জুৰি
মনৰ কথা যায় কৈ ।
পবিতৰা তুমি অন্যন্যা ।। পবিতৰা ---!
পবিতৰা তুমি সেউজী কুৱঁৰী
তুমি সেউজী কুৱঁৰী
এশিঙীয়া গঁড়ে কিৰিটি ৰাখিছে
যাদুৰ দেশ মায়ঙৰ গৌৰৱ ৰচিলে
দেশে - বিদেশে গৰিমা প্ৰচাৰিলে
মায়ং পাহাৰে সাহস আঁকি দিলে
অসমীৰ বতৰা কৈ !
পবিতৰা তুমি অন্যন্যা ।।
পবিতৰা পবিতৰা
পবিতৰা তুমি সেউজী তৰা
তোমাৰ বুকুতে যত সেউজী ধৰাখনি
অপৰূপা অপৰূপা ---!!!**
মুঠতে শেষত আমি এটা কথা ক'বই লাগিব যে , লোক -সাহিত্য বা লোক - সংস্কৃতিৰ যোগেদি এটা জাতিৰ যেনেকৈ পূৰ্ণাংগ পৰিচয় ফুটি উঠে থিক তেনেকৈ সমাজ আৰু সংস্কৃতি বা সভ্যতাও ইয়াৰ অংগাঙ্গী । আমাৰ এই বৰ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ়ি উঠা এখন সুন্দৰ বসতি ভূমি । সকলো জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিৰ সু-সমন্বয়ৰ ফলতেই বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতিয়ে গঢ় লৈ উঠিছে । এই সংস্কৃতিবোৰৰ ভিতৰত মায়ঙৰ মন্ত্ৰ-সাহিত্য আৰু মন্ত্ৰ সংস্কৃতিয়েও বিশ্বৰ ভিতৰত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈ আছে অতীজৰে পৰা । সেই কথা বুৰঞ্জীয়ে আমাক সদায় কৈ আহিছে ।
অসম ৰাজ্যৰ মধ্য মণি কামৰূপ কামাখ্যাৰ থিক পূৱ দিশত অৱস্থিত বৰ্তমানৰ মৰিগাঁও জিলাৰ পশ্চিম দিশত বৃহত্তৰ বুৰঞ্জী প্ৰসিদ্ধ " মায়ং অঞ্চল " অৱস্থিত । যাক যাদুৰ দেশ আৰু প্ৰকৃতিৰ লীলাভূমি বুলি পণ্ডিত সকলে বহু আগেয়ে অভিহিত কৰিছে ।
ড° কমল চন্দ্ৰ নাথ
অধ্যক্ষ
চৰাইবাহী মহাবিদ্যালয়
মৰিগাঁও বৰ্ণৰাগ-৪
———————————————————
প্ৰসঙ্গঃ শিশু সাহিত্য
ড° বিৰিঞ্চি কুমাৰ দাস
ছুইডেনৰ বিখ্যাত লেখক এষ্ট্ৰিড আনা এমিলিয়া লিণ্ডগ্ৰেনে কৈছিল, "কিতাপবিহীন শৈশৱ -- এয়া শৈশৱেই হৈ নাথাকিব । এয়া হ'ব সেই মায়াময় জগতখনৰপৰা আঁতৰাই ৰখাৰ দৰে কথা, যিখন জগতত প্ৰৱেশ কৰি বিৰলতম আনন্দ লাভ কৰিব পৰা যায়।" অৰ্থাৎ কিতাপে শিশুৰ সম্মুখত এনে এখন বিমুগ্ধকাৰী জগতৰ দুৱাৰ মুকলি কৰি দিয়ে, যিখন জগতত থাকি লাভ কৰিব পৰা সুগভীৰ আনন্দই শিশুৰ মাজত লুকাই থকা ভৱিষ্যতৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যবহাৰৰ জৰিয়তে মানুহ হিচাপে পূৰ্ণতাপ্ৰাপ্তিৰ বাবে প্ৰয়োজনীয় যাত্ৰাপথটো উদ্ভাসিত কৰি তুলিব পাৰে।
যিকোনো মানৱ সমাজত শিশু সাহিত্যৰ গুৰুত্ব অনুধাবন কৰিবলৈ সম্ভৱতঃ লিণ্ডগ্ৰেনৰ এই কথাখিনিয়েই যথেষ্ট। আনন্দ প্ৰদানৰ মাজেৰে শিশুৰ ব্যক্তিত্বৰ বিকাশ ঘটোৱাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলা হিচাপে শিশু সাহিত্যৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব এতিয়া সৰ্বত্ৰ স্বীকৃত হোৱা বাবেই সাম্প্রতিক সময়ত বিশ্বৰ বিভিন্ন দেশত শিশু সাহিত্যই শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰিছে। এতিয়া স্বাভাৱিকতেই প্ৰশ্ন হ'ব পাৰে, শিশু সাহিত্য বুলি ক'লেনো আমি দৰাচলতে কেনে ধৰণৰ সাহিত্যক বুজোঁ বা বুজা উচিত? সাহিত্যৰ নোবেল বঁটা বিজয়ী বৃটিছ লেখক উইলিয়াম গোল্ডিঙৰ 'লৰ্ড অৱ দ্য ফ্লাইজ' উপন্যাসখনৰ কথা এই ক্ষেত্ৰত অতি প্ৰাসংগিক। এই উপন্যাসখনৰ প্ৰায় আটাইখিনি চৰিত্ৰ হৈছে শিশু। কিন্তু শিশুক লৈ লিখা উপন্যাস হ'লেও ইয়াক আমি শিশু সাহিত্যৰ ভিতৰত নধৰোঁ, কাৰণ ইয়াৰ শিশু চৰিত্ৰসমূহৰ কৰ্ম-কাণ্ডক কেন্দ্র কৰি মানৱ জীৱনৰ জটিল মনস্তাত্বিক আৰু দাৰ্শনিক এনে কিছু কথা উপন্যাসখনে ব্যাখ্যা কৰিবলৈ যত্ন কৰিছে যিবোৰ শিশুৰবাবে সহজবোধ্য হ'ব বুলি ক'ব নোৱাৰি, যিহেতু সেই কথাবোৰ শিশুৰ চিৰাচৰিত জগৎখনৰপৰা বহু নিলগৰ। তাৰো উপৰি আমাৰ সহজাত শৈশৱ সম্পৰ্কীয় অভিজ্ঞতাৰ ভিত্তিত কোনো কাহিনীৰ শিশু চৰিত্ৰৰ মাজত সচৰাচৰ আমি যেনে ধৰণৰ 'শিশুসুলভতা' আশা কৰোঁ, তেনে ধৰণৰ 'শিশুসুলভতা'ৰে গোল্ডিঙৰ উপন্যাসখনৰ শিশুসকলক ব্যাখ্যা কৰিব পৰা নাযায়; এই শিশুবোৰ যেন শিশু হৈয়ো শিশু নহয়, অন্ততঃ আমাৰ গতানুগতিক দৃষ্টিকোণৰপৰা। তেনেদৰে কেন্দ্রীয় চৰিত্ৰ হিচাপে শিশু থাকিলেও হাৰ্পাৰ লীৰ 'টু কিল এ মকিংবাৰ্ড'ক শিশু সাহিত্য হিচাপে বিবেচনা কৰা নাযায়, যেনেদৰে মুখ্য চৰিত্ৰৰ শৈশৱৰ বহুখিনি গুৰুত্বপূৰ্ণ বৰ্ণনা থকা সত্বেও য়ান মাৰ্টেলৰ 'লাইফ অৱ পাই' অথবা জন বেনভিলৰ 'দ্য চী' আদি উপন্যাস শিশু সাহিত্যৰ ধাৰণাৰপৰা অনেক নিলগত, কাৰণ এইবোৰত শৈশৱৰ বৰ্ণনা ঠিক শিশুমনৰ বাবে গ্ৰহণযোগ্য ৰূপত অহা নাই, আহিছে প্ৰাপ্তবয়স্ক জগৎখনৰ সৈতে সঙ্গতি ৰাখিহে, যাৰ ফলত এইবোৰত শিশু পঢ়ুৱৈয়ে মূৰ গোজাৰ বাবে বৰকৈ ঠাই ৰখা হোৱা নাই। ইয়াৰ বিপৰীতে শিশুৰ মনোগ্রাহী হোৱা আৰু শিশুৰ বাবে উপযোগী কথা সন্নিৱিষ্ট থকা এনে কিতাপকো কেতিয়াবা শিশু সাহিত্যৰ ভিতৰত ধৰা হয়, যিবোৰ কিতাপ ডাঙৰৰ বিষয়ে অথবা ডাঙৰক উদ্দেশ্য কৰি লিখা। উদাহৰণ স্বৰূপে সপ্তদশ শতিকাত জন বানিয়ানৰ 'পিলগ্ৰিমচ প্ৰগ্ৰেছ' ৰচিত হৈছিল খ্ৰীষ্টিয় ৰূপক হিচাপে; কিন্তু এটা সময়ত শিশুক নৈতিক আৰু আধ্যাত্মিক দিশৰ শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰা বিশুদ্ধাচাৰীসকলে এইখনকে ধৰি এনে পৰ্যায়ৰ বিভিন্ন গ্ৰন্থক বিশেষকৈ এইবোৰৰ আধুনিক ৰূপত শিশুৰ বাবে অৱশ্য পঠনীয় গ্ৰন্থ হিচাপে দাঙি ধৰিছিল। এতিয়াও শিশু উপযোগী কিতাপ হিচাপে এনে বহু কিতাপ প্ৰচলিত হৈ আছে যিবোৰ ৰচনা কৰোঁতে লেখকসকলে মূলতঃ ডাঙৰ পঢ়ুৱৈৰ কথাহে দৃষ্টিৰ সম্মুখত ৰাখিছিল। এই ক্ষেত্ৰত মনলৈ অহা দুখন কিতাপ হৈছে ডেনিয়েল ডিফৌৰ 'ৰবিনছন ক্ৰুছৌ' আৰু জ'নাথন ছুইফটৰ 'গালিভাৰ্ছ ট্ৰেভেলছ'। এগৰাকী নাবিকে এটা নিৰ্জন দ্বীপত আঠাইছ বছৰ দুই মাহ আৰু ঊনৈছ দিন কটোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰা 'ৰবিনছন ক্ৰুছৌ' হৈছে শিল্প বিপ্লৱৰ মাজেৰে পূঁজিবাদৰ উত্থান আৰু ঔপনিবেশিকতাৰ প্ৰেক্ষাপটত 'অৰ্থনৈতিক ব্যক্তিবাদ'ৰ এক ৰূপকধৰ্মী প্ৰকাশ। আনহাতে লিলিপুট, ব্ৰবডিংনেগ, লাপুটা আদি অতি ৰহস্যময় কাল্পনিক স্থানৰ বিৱৰণ থাকিলেও 'গালিভাৰ্ছ ট্ৰেভেলছ' মূলতঃ এখন ৰাজনৈতিক 'ছেটায়াৰ', য'ত সামগ্রিকভাবে মানৱ জাতি সম্পৰ্কেও কিছু জটিল প্ৰশ্নৰ উত্থাপন কৰা হৈছে। অথচ এই দুইখন কিতাপৰে সংক্ষিপ্ত আৰু তেনেই সহজবোধ্য ৰূপ একোটাই শিশু সাহিত্য হিচাপেও প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছে। একে কথাই ক'ব পাৰি চাৰ্লছ ডিকেন্সৰ 'ডেভিড কপাৰফিল্ড', 'অলিভাৰ টুইষ্ট' আদি উপন্যাসৰ ক্ষেত্ৰতো।
শিশু সাহিত্যৰ প্ৰসংগতে আন এটা ভাবিবলগীয়া কথা হ'ল, আমি সেইবোৰ গ্ৰন্থক শিশু সাহিত্য হিচাপে বিবেচনা কৰিব পাৰোঁনে যিবোৰ গ্ৰন্থৰ লেখক নিজেই একোগৰাকী শিশু হয় ? এই ক্ষেত্ৰত এটা স্বাভাৱিক ধাৰণা হ'ল, শিশুৱেতো শিশুৰ মনস্তত্বৰ লগত খাপ খোৱাকৈয়ে লিখিব নিশ্চয় । কিন্তু কথাটো সদায় তেনেকুৱা নহয়। এই ক্ষেত্ৰত মনলৈ অহা উদাহৰণ এটা আগ বঢ়াইছোঁ। ভেম্পায়াৰ সম্পৰ্কীয় কাহিনীৰে লিখা 'ইন দ্য ফৰেষ্টচ অৱ দ্য নাইট' উপন্যাসখন লিখা সময়ত ইয়াৰ লেখক এমেলিয়া এটৱাটাৰ-ৰোডচ আছিল এগৰাকী তেৰ বছৰীয়া শিশু, আৰু গ্ৰন্থখন প্ৰকাশ হোৱাৰ সময়ত তেওঁৰ বয়স পোন্ধৰ বছৰ হওঁ হওঁ; কিন্তু শিশুৱে লিখা হ'লেও এই গ'থিক ধৰণৰ উপন্যাসখনক সম্পূৰ্ণৰূপে শিশু সাহিত্যৰ গণ্ডীত ধৰিবলৈ টান, কাৰণ ইয়াত বৰ্ণিত ঘটনা সকলো বয়সৰ শিশুৰ বাবে উপযোগী নহয়। গতিকে আমি নিশ্চয় এনে এটা সিদ্ধান্তলৈ অহাটো ভুল নহ'ব যে শিশুৰ বিষয়ে লিখা বা শিশুৱে লিখা সকলো সাহিত্যই শিশু সাহিত্য নহ'বও পাৰে। এইখিনিতেই মন কৰিবলগীয়া কথা হ'ল, 'শোণিত কুঁৱৰী' নাটক লিখাৰ সময়ত জ্যোতিপ্রসাদ আগৰৱালাও আজিৰ বিচাৰেৰে শিশুৱেই আছিল; কিন্তু 'শোণিত কুঁৱৰী'ক শিশু সাহিত্য বুলি সাধাৰণতে ধৰা নহয়। শিশু সাহিত্য বুলি ক'লে নিঃসন্দেহে আমি বুজিব লাগিব শিশুৰ মানসিক জগতখনৰ উপযোগীকৈ লিখা সাহিত্য -- সেয়া অনেক ক্ষেত্রতেই ডাঙৰে লিখা হ'ব পাৰে। আকৌ শিশুৰ সমস্যা বা শিশুৰ মনস্তত্বক সণ্ঢালনিকৈ প্ৰকাশ কৰা সাহিত্যও শিশু সাহিত্য নহ'ব পাৰে যদিহে এই সাহিত্য শিশুৰ মানসিক জগৎখনৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ বাবে সহজবোধ্য আৰু মনোগ্রাহী ধৰণেৰে লিখিত নহয়।
শিশু সাহিত্যৰ বিষয়ে ইমানবোৰ কথা আলোচনা কৰাৰ পাছত নিশ্চয় এই কথাটোৰো উত্তৰ বিচৰাৰ প্ৰয়োজন হ'ব যে শিশুৰ সংজ্ঞাৰ ভিতৰত পৰা সকলোৰে কাৰণে একে ধৰণৰ সাহিত্য উপযোগী হ'বনে? শিশুৰ সৰ্বজনগ্ৰাহ্য সংজ্ঞা বিচাৰি প্ৰথমেই আমি যাব পাৰোঁ ইউনিছেফৰ কনভেনশ্যন অন দ্য ৰাইটছ অৱ দ্য চাইল্ডে আগ বঢ়োৱা সংজ্ঞালৈ, আৰু সেই সংজ্ঞা অনুসৰি ওঠৰ বছৰ বয়সৰ তলৰ সকলো লোকেই শিশু। শিশুৰ এই সংজ্ঞাটো ভাৰতীয় সংবিধানেও গ্ৰহণ কৰিছে। কিন্তু কিতাপ পঢ়াৰ ক্ষেত্ৰত চাবলগীয়া কথাটো হ'ল, যিখন কিতাপ ষোল্ল-সোতৰ বছৰ বয়সীয়া এটা শিশুৰ কাৰণে উপযোগী হ'ব, সেই একেখন কিতাপেই দহ বছৰীয়া এটা শিশুৰ কাৰণে উপযোগী নহ'বও পাৰে। গতিকে সকলো শিশু সাহিত্যকে একে মাপকাঠীৰে বিচাৰ কৰাটো কেতিয়াবা অসম্ভৱ হৈ পৰে। সেই কাৰণেই 'ইয়ং এডাল্ট ফিকশ্যন' বুলি এক ধৰণৰ কাহিনী-সাহিত্যৰ ধাৰা এটা প্ৰতিষ্ঠিত হৈছে, যিটো ধাৰাৰ 'টাৰ্গেট ৰীডাৰ' হৈছে বাৰৰপৰা ওঠৰ বছৰ বয়সৰ শিশু; আৰু স্বাভাৱিকতেই তাতকৈ কম বয়সৰ শিশুৰ মানসিক প্ৰয়োজনীয়তা এইটো ধাৰাৰ সাহিত্যই পূৰণ নকৰিব। আমি ইতিমধ্যে উল্লেখ কৰা 'ইন দ্য ফৰেষ্টচ অৱ দ্য নাইট' উপন্যাসখন এই ধাৰাৰ অন্তৰ্ভূক্ত। জে, কে, ৰাউলিঙৰ হেৰী পটাৰ চিৰিজৰ উপন্যাসসমূহক 'শিশু সাহিত্য' হিচাপেই বজাৰত এৰি দি অহা হৈছে আৰু সেই ৰূপেই ই জনপ্ৰিয়ও হৈছে যদিও আচলতে এইবোৰ 'ইয়ং এডাল্ট ফিকশ্যন' হিচাপে বিবেচনা কৰিবলগীয়া উপন্যাস। আনহাতে শিশু সাহিত্য বুলিলেই অসমীয়া মানুহৰ পোনচাটেই মনলৈ অহা দুখন কিতাপ, লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু' আৰু 'ককাদেউতা আৰু নাতিল'ৰা' মুখ্যতঃ বেছি কমবয়সীয়া শিশুৰ মানসিক জগৎখনৰ সৈতে অধিক খাপখোৱা বিধৰ।
এটা সময় আছিল যেতিয়া শিশুসকলক প্ৰাপ্তবয়স্কসকলৰপৰা পৃথককৈ চোৱা হোৱা নাছিল; মানসিক প্ৰয়োজনীয়তাৰ দিশৰপৰা যে প্ৰাপ্তবয়স্ক লোকৰ সৈতে শিশুৰ আকাশ-পাতাল প্ৰভেদ, এই কথাটো সেই সময়ত মানুহে উপলদ্ধি কৰা নাছিল। শৈশৱক জীৱনৰ বাকী অংশতকৈ পৃথক এটা অৱস্থা হিচাপে গণ্য কৰা কথাটো পশ্চিমীয়া সভ্যতাত ব্যাপকভাবে আহি পৰিল সপ্তদশ শতিকাৰ পৰাহে। ১৬৮৯ চনত ইংৰাজ দাৰ্শনিক জন ল'কে 'এন এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিং' লিখি দেখুৱালে যে মানুহৰ মনটো জন্মৰ সময়ত এখন উকা ফলিৰদৰে হৈ থাকে, যিখন ফলি পূৰ্ণ হয় পৰৱৰ্তী সময়ত লাভ কৰা অভিজ্ঞতাৰে। এনেদৰেই প্ৰাপ্তবয়স্ক কালৰ 'অভিজ্ঞতা'ৰ বিপৰীতে শৈশৱৰ 'নিৰীহতা'ক (আমি ওপৰত উল্লেখ কৰা 'শিশুসুলভতা'ৰ কথাটো এই ক্ষেত্ৰত প্ৰণিধানযোগ্য।) প্ৰতিষ্ঠা কৰি শৈশৱকালৰ অনন্যতাক স্বীকৃতি দিয়া ল'কৰ ধাৰণাই শিশুৰ বাবে পৃথক ধৰণৰ সাহিত্যৰ প্ৰয়োজনীয়তাকো প্ৰতিষ্ঠা কৰিলে। অৱশ্যে সেই সময়ত শিশু সাহিত্য মূলতঃ শিক্ষামূলক হ'ব লাগে বুলি ধাৰণা এটা প্ৰবল হৈ আছিল বাবেই শিশুক পোনপটীয়াকৈ শিক্ষা (প্ৰধানতঃ নীতিশিক্ষা) দিব পৰা ধৰণৰ সাহিত্যহে সৃষ্টি কৰা হৈছিল। অৱশ্যে পাছলৈ মনঃস্তত্ব সম্পৰ্কীয় ধাৰণাসমূহৰ বিকাশৰ লগে লগে আৰু লগতে শিশুৰ সংজ্ঞাও সলনি হৈ অহাৰ পৰিপ্ৰেক্ষিতত এই কথাটো মানুহে উপলদ্ধি কৰিলে যে মানসিক বিকাশৰ বাবে শিশুৰ কল্পনাশক্তিক উজ্জীবিত কৰাৰ প্ৰয়োজন আছে, আৰু পোনপটীয়াকৈ শিক্ষা প্ৰদান নকৰিলেও শিশুৰ কল্পনাশক্তিৰ বাবে সঠিক উদ্দীপকৰ কাম কৰিব পৰা সাহিত্যও মহৎ শিশু সাহিত্য হ'ব পাৰে। এই প্ৰসঙ্গতে গুৰুত্বপূৰ্ণ কথা এষাৰ কৈছে জঁ-জেক ৰুছৌই। এইগৰাকী দাৰ্শনিক পণ্ডিতৰ মতে শিশুক প্ৰাকৃতিকভাৱে আৰু আনন্দৰ মাজেৰে বিকশিত হ'বলৈ দিব লাগে, আৰু পৰৱৰ্তী সময়ত বহু শিশু সাহিত্যিকে ৰুছৌৰ এই দৃষ্টিভঙ্গীৰদ্বাৰা পৰিচালিত হৈছে।
ড° বিৰিঞ্চি কুমাৰ দাস
অধ্যক্ষ, বি,এইচ,বি, মহাবিদ্যালয়
সৰুপেটা - ৭৮১৩১৮
জিলা - বজালী
ম’বাইল -৭০০২১৪৩৩২৫ বৰ্ণৰাগ-৫
———————————————————
নিচাযুক্ত দ্ৰব্যৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণত আইনৰ ভূমিকা
সীমা গগৈ
ভাৰতীয় সমাজ ব্যৱস্থাত অতীজৰেপৰা আইনী ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । মানুহ সামাজিক ভাৱে বা অৰ্থনৈতিক ভাৱে যিমানেই উন্নতি নকৰক কিয় সমাজত আইন শৃংখলা অটুট ৰাখিবলৈ হʼলে দেশত প্ৰচলিত আইন ব্যৱস্থাৰ প্ৰতি জনসাধাৰণ জ্ঞাত হোৱাৰ লগতে প্ৰয়োজনত সিবোৰৰ প্ৰয়োগ সম্পৰ্কে জনাৰো আৱশ্যক আছে । যিহেতু অপৰাধৰ ক্ষেত্ৰখন এতিয়া এটা নিৰ্দিষ্ট পৰিসৰতে সীমাবদ্ধ হৈ থকা নাই । তথ্যমতে,ভাৰতবৰ্ষত এতিয়া প্ৰতি ছেকেণ্ডত অপৰাধ সংঘটিত হয় । এইবিলাকৰ ভিতৰত চুৰি, ডকাইতি , হত্যা , অপহৰণ , শিশু অপৰাধ,
নাৰীজনীত অপৰাধ আদিকে ধৰি বিভিন্ন ধৰণৰ লোমহৰ্ষক ঘটনা সংঘটিত হৈ আছে । ইয়াৰোপৰি Cyber crime সমূহ আছেই ।
আজিকালি প্ৰায়বিলাক বাতৰি কাকতৰ শিৰোনামা দখল কৰা এটি বাতৰি হৈছে ড্ৰাগছৰ লগত জড়িত ব্যক্তি সকলক কৰায়ত্ত কৰা খবৰ । ড্ৰাগছ সেৱন কৰা তথা অবৈধভাৱে ইয়াৰ সৰবৰাহ কৰাটো আইনমতে দণ্ডনীয় । সেয়ে ড্ৰাগছৰ লগত জড়িত অনৈতিক কাৰ্যকলাপবোৰ অতি ভয়াবহ ভাৱে বিস্তৃতি লাভ কৰাটো এক সামাজিক ব্যাধি হিচাপে স্বীকৃত হৈছে ।
কুৰি শতিকাৰ আৰম্ভণিতে সমগ্ৰ বিশ্বজুৰি
ড্ৰাগছৰ আতংকই ধৰা দিয়া বিষয়টো পোহৰলৈ আহিছিল । ফলত ড্ৰাগছৰ ভয়াবহতাৰ বিষয়টোত এতিয়া সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। তদুপৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনতো এই বিষয়ত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে । কাৰণ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত 1961 চনৰ পৰা 1971 আৰু 1988 চনলৈ তিনিখনকৈ অধিৱেশনত ইতিমধ্যে এই সমূহ নিচাযুক্ত দ্ৰব্যৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে নতুন নতুন নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰি আহিছে ।
On 7 December ,1985 , The United Nations General Assembly
declared 26 June as the International Day against Drug abuse and illicit trafficking.
আৰু ঠিক তেতিয়াৰেপৰাই প্ৰতিবছৰে 26 জুন তাৰিখটো আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস ( anty drugs day )হিচাপে পালন কৰা দেখা যায় ।
এই দিনটোত উক্ত বিষয়ৰ সʼতে জড়িত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে ড্ৰাগছ বিৰোধী সজাগতামূলক অনুষ্ঠান আয়োজিত কৰি ড্ৰাগছ সেৱনৰ কু-প্ৰভাৱ সম্পৰ্কে ব্যাখ্যা ডাঙি ধৰে যাতে ড্ৰাগছ নিৰ্মূল অভিযানত সমাজখন সচেতন হয় ।
আমাৰ সমাজত সংঘটিত হোৱা অপৰাধবোৰত ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যসমূহৰ ব্যৱহাৰে পোনপটীয়াকৈ অৰিহনা যোগাইছে বুলি ক'লেও ভুল কোৱা নহʼব । দিনে প্ৰতিদিনে ইয়াৰ প্ৰাদুৰ্ভাব বাঢ়ি গৈ আছে । সাম্প্ৰতিক সময়ত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ তথা ব্যৱসায়িক কাৰ্যকলাপৰ পাকচক্ৰত পৰি আমাৰ উঠি অহা যুৱ প্ৰজন্ম প্ৰায় ধংসৰ পথত । কিয়নো যুৱ সমাজৰ অধিকাংশই মদ, ভাং, চিগাৰেট,গুটখা আদি ৰাগিয়াল দ্ৰব্য সেৱনৰ লগতে কালৰূপী
কোকেইন , হেৰ'ইন , গাঞ্জা আদি ড্ৰাগছৰ কৱলত পৰি উচ্ছৃঙ্খল জীৱন-যাপন কৰা দেখা গৈছে । সমাজৰ গৰিষ্ঠসংখ্যক লোকৰে হয়তো এই বিষয়টো অৱগত , গতিকে আমাৰ ভৱিষ্যত প্ৰজন্ম কোন দিশে ধাৱমান হৈছে এইয়া নিশ্চয় বহলাই কোৱাৰ প্ৰয়োজন নাই । এনে কাৰ্যকলাপৰ ফলত বহুতৰ জীৱন বিপদাপন্ন হোৱাৰ লগতে বহুজনে অমূল্য জীৱনটোও হেৰুৱাব লগীয়া হৈছে । এই ক্ষেত্ৰত কেৱল অভিভাৱকেই নহয় বৰঞ্চ সমাজৰ প্ৰতিজন মানুহৰে কৰণীয় আছে। সেয়ে সামাজিক ভাৱে দায়বদ্ধ হৈ এই ক্ষেত্ৰত প্ৰতিজন মানুহ সজাগ আৰু সচেতন হʼলে নিশ্চয়কৈ এনেবোৰ কাৰ্যকলাপ ৰোধ কৰিব পৰা যাব।
আনহাতে সৰ্বসাধাৰণ মানুহৰ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী হওক বা বেচৰকাৰী অনুষ্ঠানসমূহেও বিভিন্ন সময়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুস্থিত কৰি অহা দেখা গৈছে ।অৱশ্যে যোৱা কিছুদিন ধৰি চৰকাৰৰ অধীনস্হ Nurcotics Control Bureau (NCB) নামৰ এজেঞ্চীয়েও ব্যাপকভাৱে ড্ৰাগছ-বিৰোধী অভিযান বৃদ্ধি কৰা দেখা গৈছে । এয়া নিশ্চয়কৈ শুভ লক্ষণ ।
নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ তথা ব্যৱসায়িক কাৰ্যকলাপ ৰোধিবৰ বাবে ভাৰতবৰ্ষত যিখন আইন প্ৰণয়ন কৰা হৈছে ,সেই আইনখন হʼল..
Narcotic Drugs & Psychotropic Substances Act, 1985 চমুকৈ NDPS Act.
অৱশ্যে এই আইনখন প্ৰণয়ন কৰাৰ পূৰ্বে
আমাৰ ভাৰতবৰ্ষত এই বিষয়ৰ ওপৰত..
Opium Act 1857 ,
Opium Act of 1878 ,আৰু..
Dangerous Drugs Act of 1930 নামেৰে তিনিখনকৈ আইন বলবদ্ধ হৈছিল । যিকেইখন আইনত ড্ৰাগছৰ লগত জড়িত ব্যক্তি সকলৰ শাস্তিৰ বিষয়েহে ( Punishment ) উল্লেখ আছিল । আনহাতে তাত নিচাযুক্ত দ্ৰব্যৰ ক্ষেত্ৰত আইনগত বাধা বা প্ৰতিৰোধৰ বাবে কোনোধৰণৰ বিধিসন্মত ব্যৱস্থাৰ (rule and regulations) কথা উল্লেখ নাছিল । সেয়ে 1985 চনত এই আটাইকেইখন আইন একেলগ কৰি Consolidating Act হিচাপে নতুনকৈ "Narcotic Drugs & Psychotropic Substances Act ,1985 " আইনখন প্ৰণয়ন কৰা হয় আৰু তেতিয়াৰপৰা সমগ্ৰ ভাৰতবৰ্ষত এই আইন প্ৰযোজ্য হৈ আছে । অৱশ্যে বিভিন্ন দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি এতিয়ালৈকে এই আইনখন তিনিবাৰকৈ সংশোধন কৰা হৈছে (1988, 2001 আৰু 2014 )
গুৰুত্বপূৰ্ণ কথাটো হʼল ভাৰতবৰ্ষৰ সামাজিক পটভূমিলৈ লক্ষ্য কৰিয়ে ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনৰ তৰফৰপৰা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ ওপৰত প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইনৰ ব্যৱস্থা কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল । আৰু ইয়াৰ ফলস্বৰূপেই 1985 চনৰ 16 চেপ্তেম্বৰত তেতিয়াৰ ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিং ৰ অনুমোদন ক্ৰমে এই আইন সদনত গৃহীত হয় আৰু 1985 ৰ 14 নৱেম্বৰৰ পৰা কাৰ্যকৰী হয় ।
এই আইনখনৰ মূল উদ্দেশ্য হৈছে, নিচাযুক্ত দ্ৰব্যৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ , আৰু License ৰ প্ৰযোজ্যতাৰ ভিত্তিত বিধি সন্মত নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰাৰ লগতে দোষী ব্যক্তিৰ ক্ষেত্ৰত কঠোৰতম শাস্তি আৰু জৰিমনাৰ ব্যৱস্থা কৰা ।
Nurcotic শব্দটো গ্ৰীক শব্দ NurKos ৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ'ল টোপনি ( sleep).
অৰ্থাৎ যিসমূহ দ্ৰব্য সেৱন কৰাৰ ফলত আমাৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰিকাত (Centrel Nervous system) প্ৰভাৱ পৰে , সেইসমূহ দ্ৰব্য Nurcotic Drugs ৰ ভিতৰত পৰে , যেনে : ভাং , গাঞ্জা , আফিম , চৰস, কোকেইন ,আদি ( it induce hallucination )। আনহাতে , Psychotropic Substance ব্যৱহাৰৰ ফলত মানুহৰ মন-মগজুত প্ৰতক্ষ্য প্ৰভাৱ পৰা দেখা যায় । এক কথাত এই দ্ৰব্যসমূহৰ ব্যৱহাৰে মানুহৰ চিন্তা শক্তি ,বোধশক্তি নোহোৱা কৰি এক অৱচেতন অৱস্থালৈ ৰূপান্তৰ কৰে , যাৰ ফলত মানুহে অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰে । মদ ,ক্যেফেইন , নিকোটিন , বিষনাষক পিল (pain killer) ইত্যাদি Psychotropic Substance ৰ ভিতৰত পৰে ।
Addiction is the mostly considerable drawback of such kind of Nurcotic Drugs and Psychotropic Substance which gradually damage the body parts of a human being and also mind too.
বৰ্তমান চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো বহুতো নিচাযুক্ত দ্ৰব্য ঔষধ হিচাপে (মাত্ৰা অনুসৰি)
ব্যৱহাৰ হয় বুলি জানিব পৰা গৈছে। চিকিৎসক সকলে এনে ঔষধৰ ব্যৱহাৰ দুৰাৰোগ্য অসুখত ভূগি থকা ৰোগীসকলৰ নিদ্ৰা তথা বিষ উপশম কৰিবলৈ আৰু লগতে কৰ্কট ৰোগী সকলৰ ক্ষেত্ৰত palliative care হিচাপে প্ৰয়োগ কৰে বুলিও জানিব পৰা গৈছে ।
Intoxicated drugs allowed only in medicine purposes , otherwise it's a crime under this NDPS Act .
ভাৰতবৰ্ষৰ সংবিধানৰ Article 47 ৰ নিৰ্দেশাত্মক নীতিত এই কথা স্পষ্ট কৰা আছে যে কেৱল ঔষধ হিচাপে ব্যৱহাৰৰ বাদে অইন কোনো কাৰণতে স্বাস্হ্যৰ বাবে হানিকাৰক নিচাযুক্ত দ্ৰব্যসসূহ ব্যৱহাৰ কৰাত বাধা আছে । সেই অনুসৰি নিচাযুক্ত দ্ৰব্যসমূহৰ উৎপাদন বা কৃষিকৰণত চৰকাৰে বিশেষ মনোনিবেশ দিয়া দেখা গৈছে যাতে কোনো কাৰণতে এনে উৎপাদিত দ্ৰব্যৰ অপপ্ৰয়োগ হʼব নোৱাৰে ।
নিচাযুক্ত দ্ৰব্য সমূহ Opium poppy , Coca , Cannabis আদি উদ্ভিদৰপৰা তৈয়াৰ কৰা হয় , সেয়ে কেৱল স্বাস্থ্যসন্মত ঔষধ প্ৰস্তুত কৰিবৰ উদ্দেশ্যে কোনো প্ৰতিষ্ঠান বা ব্যক্তি বিশেষক (Pharmaceutical Company ) এই দ্ৰব্যসমূহৰ বিধিসন্মত প্ৰয়োগৰ বাবে অনুমতি পত্ৰ প্ৰদান কৰা হয় ( Valid Licence holder )
Nurcotic Drugs and Psychotropic Substance Act তথা আইনখনৰ মূল
উদ্দেশ্যই হৈছে অনুমতিপ্ৰাপ্ত ঔষধ প্ৰস্তুতকাৰী ব্যক্তি বা প্ৰতিষ্ঠানক বাদ দি অইন কোনো ব্যক্তি বা প্ৰতিষ্ঠানে...
১/নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ কৰিব নোৱাৰিব ।
২/ নিচাযুক্ত দ্ৰব্যৰ উৎপাদন কৰিব নোৱাৰিব ।
৩/ নিচাযুক্ত দ্ৰব্যৰ সেৱন কৰিব নোৱাৰিব ।
৪/ নিচাযুক্ত দ্ৰব্য কিনা-বেচা কৰিব নোৱাৰিব ।
৫/নিচাযুক্ত দ্ৰব্যৰ খেতি কৰিব নোৱাৰিব ।
৭/ নিচাযুক্ত দ্ৰব্যৰ সংৰক্ষণ কৰিৰ নোৱাৰিব ।
অন্যথা এই আইনৰ আওতালৈ অহাসকলৰ বাবে "Nurcotic Drugs and Psychotropic Substance Act,1985 " ৰ অধীনত দোষী সাব্যস্ত কৰি শাস্তিমূলক ব্যৱস্থা কৰা হৈছে ।
এনে অসাংবিধানিক কাৰ্যবোৰক Cognizable, আৰু Non-bailable অপৰাধৰ শাৰীত ধৰা হয় ।
অৰ্থাৎ এনে অপৰাধক জামিনবিহীন অপৰাধ বুলি বিবেচনা কৰা হৈছে আৰু আৰক্ষীয়ে arrest warrant ৰ অবিহনেই এনে অপৰাধীক
আটক কৰিব পাৰে ।
এই আইনখনত আৰক্ষী প্ৰশাসনে কোনো ব্যক্তিৰ কৱলৰপৰা উদ্ধাৰ কৰা নিচাযুক্ত দ্ৰব্যৰ মাত্ৰাৰ ওপৰত অনুসন্ধান কৰি শাস্তিসমূহ নিৰ্ধাৰণ কৰা হৈছে । অৰ্থাৎ কোনো ব্যক্তিয়ে নিজৰ সেৱনৰ বাবে অথবা ব্যৱসায়িক লাভালাভৰ স্বাৰ্থত( whether it is small quantity or commercial quantity) ড্ৰাগছৰ প্ৰয়োগ কৰিছে, সেয়া আৰক্ষীৰ অনুসন্ধানত নিশ্চিত হʼলে আইনৰ বিচাৰ প্ৰক্ৰিয়াও সেই মতেই আৰম্ভ হয় আৰু দোষী সাব্যস্ত হʼলে যথাযথ শাস্তি প্ৰদান কৰা হয় ।
শাস্তি তথা জৰিমনা Punishment & Penalty : অপৰাধ অনুসৰি নূন্যতম 1 বছৰৰ পৰা 20 বছৰলৈ কাৰাদণ্ড হোৱাৰ লগতে 20 হাজাৰৰপৰা 10/20 লাখ পৰ্য্যন্ত জৰিমনা নিৰ্ধাৰিত কৰা আছে । ইয়াৰোপৰি কোনো দোষী ব্যক্তিয়ে এনে কাৰ্যকলাপৰ লগত জড়িত হৈ কাৰাদণ্ড লাভ কৰাৰ পাছতো যদি সঘনাই এনে অপৰাধৰ লগত জড়িত হৈ থাকে তেন্তে তেনে দোষী ব্যক্তিৰ বাবে এই আইনত মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা আছে Art.31(a) .
এইখিনিতে উল্লেখ কৰিব লাগিব যে নিচাযুক্ত ড্ৰাগছ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই আইনখনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । প্ৰথম অৱস্থাত যিসমূহ আসোঁৱাহ ৰৈ গৈছিল , সময়ে সময়ে কৰা সংশোধনৰ ফলশ্ৰুতিত সেয়া দূৰ কৰিবলৈ যথেষ্ট সক্ষম হৈছে । ইয়াৰোপৰি , সামাজিক কল্যাণৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ তত্বাৱধানত নিচামুক্ত কেন্দ্ৰৰ ব্যৱস্থা কৰি Drugs addict মানুহৰ স্বাস্থ্য পৰীক্ষা তথা তেওঁলোকক শুদ্ধ পথলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ।
সীমা গগৈ
অধিবক্তা
দুলীয়াজান বৰ্ণৰাগ-৬
———————————————————
নষ্টালজিয়াঃ
একৰ এক গ’ল থাকিল শূন্য
ড° অৰ্চনা পূজাৰী
শৈশৱতে যদিও মই স্কুললৈ গৈ বেয়া পাইছিলোঁ , তথাপি স্কুলত থকা সময় খিনি মই নেওতা পাঠ কৰি বৰ আনন্দ পাইছিলোঁ। বৰাছাৰে এইক্ষেত্ৰত বৰ উৎসাহ যোগাইছিল। স্কুলৰ জপনাৰ কাষতে থকা বকুল গছজোপাৰ তলত আমাৰ নেওতা পাঠ হৈছিল ৷ মোৰ মাতটো সাধাৰণতে অলপ সৰু আছিল ৷মই অলপ লাজকুৰীয়াও আছিলোঁ ৷কিন্তু নেওতা যেতিয়া লগাই দিবৰ বাবে চাৰে মোক কৈছিল ৷তেতিয়া মোৰ মাত ডাঙৰ কৈ ওলাইছিল ৷ মই একৰ এক গ'ল থাকিল শূন্য বুলি প্ৰথমে গাই যাওঁ আৰু মোৰ লগে লগে শ্ৰেণীৰ সকলোৱে গাইছিল ৷এজাক কণ কণ ল’ৰাছোৱালীৰ মাতে বৰপুখুৰীৰ পাৰ ৰজনজনাই উঠিছিল ৷ পাঠ আওৰোৱাতো মই আগ ভাগ লৈছিলোঁ ৷ পানী খোৱা ছুটীৰ পাছত আমি সকলো ছাত্ৰছাত্ৰী লগ হৈ স্কুল চাফাই কৰিছিলোঁ ৷ আমাৰ অৱস্থা বোকাত লটিপেটি হৈ চাব লগা হৈছিল ৷কেঁচা মজিয়া সোপাকানিৰে মচোতে আমাৰ গাবোৰতো বোকামাটিৰ লেপন লাগিছিল ৷ স্কুল চাফাই কৰোতে কাপোৰ কানি লেতেৰা কৰিলেও আমাক সেইদিনা ঘৰত দাবি-ধমকি দিয়া মনত নপৰে ৷ হীৰক বাইদেৱে আমাক পাঠ পঢ়াইছিল ৷হীৰক বাইদেউ বৰ ধুনীয়া আছিল ৷আইতাহঁতে বাইদেউৰ কথা ক’লে সোনৰ দৰে গাৰ বৰণ বুলি বৰ প্ৰশংসা কৰিছিল ৷কিন্তু দুখৰ বিষয় যে বাইদেউৰ বিয়াৰ কিছুদিনৰ পাছতে বাইদেউ বিধবা হৈ মাকৰ ঘৰলৈ ঘুৰি আহিছিল ৷ বাইদেৱে আগৰ দৰে হাঁহি মাতি নথকা হ’ল ৷তেখেতে স্কুললৈ আহি পাঠ পঢ়ুৱাই ঘৰলৈ খৰধৰ কৈ গুচি গৈছিল ৷বগী বাইদেউজনীয়ে ৰঙা ফোটতো ল’বলৈ এৰি দিছিল ৷আমি বহুদিনৰ পাছতহে অলপ অলপকৈ কথাবোৰ বুজি উঠিছিলোঁ।
পানীখোৱা ছুটীত আমি পানীহে খাইছিলোঁ ৷টিফিন খোৱা, স্কুললৈ যাওঁতে টিফিন নিয়া আদি কথাবোৰৰ আমাৰ কোনো ধাৰণাই নাছিল ৷ দুই এদিন স্কুলৰ গাতে লাগি থকা কৃষ্ণ ৰামৰ দোকানত লজেন গুটি কিনি খাইছিলোঁ ৷লজেনৰ দাম আছিল এক পইছা। স্কুলৰ পৰা ঘুৰি গৈ মজিয়াত দুপৰীয়াতে সজাই থোৱা ঠাণ্ডা ভাত খাইছিলো গৈ ৷কেতিয়াবা নাখাও বুলি আওখটি জুৰিলে আইতাই জলকীয়া অলপ পিটিকি এগৰাহ মুখত খুৱাই দিয়ে ৷ আইতা কাষত থাকিলে আমিবোৰ হাহেঁৰেও ৰাজী ,মাহেৰেও ৰাজী৷অৰ্থাৎ কোনো আপত্তি নকৰাকৈ ভাত খাই উঠি যাওঁ ৷ মায়ে দূৰে দূৰে থাকি আমাৰ আলেখ লেখ চাই আতঁৰি গৈছিল ৷
আমাৰ স্কুলৰ কাষতে আছিল বৰুৱা গাৱঁৰ বৰ নামঘৰ ৷নামঘৰত ভাওনা,নামপ্ৰসংগ এই বোৰৰ খবৰ আমি সকলোতকৈ আগতে পাইছিলো ৷ ভাওনা চাবলৈ আমাকো নিবৰ বাবে মা ,পেহী ,আৰু আইতাৰ ওচৰত কুটুৰি আছিলোঁ ৷ সৰু ল’ৰাছোৱালী বুলি আমাক ভাওনালৈ নিব নুখুজিছিল ৷ আমাৰ সন্ধিয়াতে টোপনি আহে ৷সেয়ে আমি জেদ ধৰি গ'লেও ভাওনাৰ ৰভা তলত গৰম কাপোৰ পাৰি বা গৰম আলোৱানেৰে মেৰিয়াই শুৱাই থ’ব লগা হয় ৷ ভাওনাবোৰ দীঘলীয়া আছিল ৷তথাপি সূৰ্য্য খুৰাৰ কৃষ্ণৰ ভাও চাবলৈ আমি উদগ্ৰীৱ হৈ থাকো ৷তদুপৰি দৈৱকী, যশোদা আদি চৰিত্ৰত অভিনয় কৰা সকলে নামঘৰৰ বাহিৰত গৈ বিৰি হুপি থকা কথাটোত আমি খুব স্ফুৰ্তি পাইছিলোঁ ৷বহুদিনৰ পাছতহে গম পাইছিলোঁ সেইসকল পুৰুষ আছিল যিয়ে নাৰী চৰিত্ৰত অভিনয় কৰিছিল ।
নগৰৰ পৰা বহু দূৰৈত আমাৰ গাওঁ য'ত আমি শৈশৱ পাৰ কৰিছিলোঁ ৷কিন্তু সেই সময়ত গঢ়ি উঠা "মইনা পাৰিজাত " বোৰে আমাৰ শৈশৱ মোহনীয় কৰি তুলিছিল ৷ প্ৰতি দেওবাৰে আমি মইনা পাৰিজাতত নানান কথা শিকিবলৈ সুযোগ পাইছিলোঁ ৷ আমি নৃত্য গীতৰ সম্পূৰ্ণ ব্যাকৰণ শিকাৰ সুযোগ নাপালেও দশাৱতাৰ নৃত্য ,ৰামৰ বনবাসৰ নৃত্য আৰু সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কিছু অনুশীলন কৰাৰ সুযোগ লাভ কৰিছিলোঁ ৷সাধুকথা কোৱা , বক্তৃতা দিয়াৰ বাবেও এই অনুষ্ঠান বোৰে আগবঢ়াই দিছিল ৷আমি এখন গাৱঁৰ মইনাপাৰিজাতৰ মইনাহঁতে আন এখন গাঁৱলৈ গৈ আমি জনা নৃত্য-গীত পৰিবেশন কৰিছিলোঁ ৷অৱশ্যে এইবোৰত আমি পাকৈত হ'ব নোৱাৰিলেও শৈশৱতে এইবোৰ বিদ্যাৰ সোৱাদ ল'বলৈ মইনা পাৰিজাত বোৰৰ যোগেদি সুযোগ পাইছিলোঁ ৷
আমাৰ স্কুলৰ নিচেই কাষতে থকা বৰপুখুৰীটোত বুঢ়ী আইৰ সাধুৰ তুলা আৰু তেজা নামৰ সাধুটোৰ কাছজনীক দেখা পাওঁনেকি চাই ফুৰিছিলোঁ ৷শৈশৱত ককা দেউতা আৰু আইতাৰ মুখত শুনা এনে সাধুবোৰৰ মাজেৰে আমি কল্পনাৰ জগত এখনত বিচৰণ কৰি ফুৰিছিলোঁ ৷ বৰপুখুৰীৰ পাৰত বহি আমি শিঙৰি খাইছিলো ৷বৰ পুণি ,সৰু পুণি ৰ মাজেৰে মাছবোৰে ভূমুকিয়াই যোৱা চাই চাই আত্মহাৰা হৈ গৈছিলো ৷ মাজতে হঠাতে মাছোৰোকা ,আহি থপিয়াই মাছ ধৰি ভূৰুংকৈ উৰা মাৰিলে ৷আমি টলকিবই নোৱাৰিলো ৷আৰু পদুম ফুল ,ভেট ফুলৰ কি সুন্দৰ শোভা ৷ এইযে বৰপুখুৰীটোৰ প্ৰভাব আমাৰ জীৱনত বাৰুকৈয়ে পৰিছে ৷এতিয়াও মোৰ গাঁৱলৈ গ’লে সেই বৰপুখুৰীৰ পাৰেৰে যাব পাৰিলে মনটো ভৰি উঠে ৷
স্কুলৰ কাষেৰে পাৰ হৈ যোৱা ৰাস্তাটো "কলা গাঁৱ"ৰ মাজেৰে দহোটীয়া গাওঁ পাইছেগৈ ৷সেই ৰাস্তাৰ কাষতে হৰেনহঁতৰ ঘৰৰ পদূলিতে এজোপা কোটকোৰা গছ আছিল ৷এই গছজোপাৰ কাষলৈ পানীখোৱা ছুটীত প্ৰায়ে গৈছিলো ৷কাইঁটীয়া গছ জোপাত লগা ফলবোৰ পকি হালধীয়া হৈ আছিল ৷কোনোবাই কৈছিল এনে এজোপা গছতে ল’ৰা ৰজাৰ মানুহে জয়মতী কুঁৱৰীক বান্ধি
শাস্তি দিছিল ৷আমাৰ কণ কণ মনবোৰ বেজাৰত মৰহি গৈছিল গছজোপাত লগা ফলটো ৰ আধা অংশ খাব নাপায় বুলিছিল কোনোবাই ৷আমি গছজোপাৰ ওচৰলৈ প্ৰায়ে যাওঁ আৰু বুকুত বিষাদ্ লৈ উভতি আহোঁ ৷
ড° অৰ্চনা পূজাৰী
অৱসৰপ্ৰাপ্ত অধ্যাপক
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়
গুৱাহাটী বৰ্ণৰাগ-৭
———————————————————
সাগৰীয় জাহাজৰ অভিজ্ঞতা
মৌচুমী দাস
স্বামীৰ চাকৰি সুত্ৰে এখন জাহাজত এখন্তেক উঠাৰ সৌভাগ্য লাভ কৰিছিলোঁ । জাহাজখন মেৰামতিৰ কাৰণে মুম্বাই বন্দৰলৈ অনা হৈছিল । স্বামীয়ে লগ ধৰাত ল'ৰা ছোৱালী দুটাক লগত লৈ " সমুদ্ৰ সেৱক " নামৰ জাহাজখন চাবলৈ গ'লো । বৰ কৌতুহলৰে গন্তব্যস্থান পাই দুৰৈৰপৰা জাহাজখন দেখিলো । বিশাল সাগৰৰ বুকুত যেন কাগজৰ জাহাজহে । ওচৰলৈ গৈ দেখিলো পাৰৰ পৰা কিছু আতৰত জাহাজখন লংগৰৰে বন্ধাথকা কাৰণে অস্থায়ী দলং এখনৰে আমি জাহাজখনলৈ গৈছিলো । তললৈ চাই সাগৰৰ পানী দেখি বুকুখন চিৰিংকৈ মাৰিছিল । ইমান যে কৌতুহল জন্মিছিল । কিয় জানো চিনেমাত দেখা " টাইটানিক "খনলৈ মনত পৰি গৈছিল । স্বামীয়ে মোৰ কৌতুহল দেখি এফালৰপৰা বুজাই গ'ল জাহাজৰ সন্মুখক ফৰৱাৰ্ড , পিছফালৰ অংশক "ৰিয়াৰ ", সন্মুখৰপৰা চালে সোঁফাল পৰ্ট আৰু বাঁওফালে ষ্টাৰবৰ্ড । এইবোৰ কথাৰ একো আওভাও নোপোৱা মোৰ কৌতুহল বাঢ়ি বাঢ়ি গৈ থাকিল । জাহাজখনৰ ভিতৰভাগ তল ওপৰ কৰি চাৰিওপিনে চাব ধৰিলো ।
বুজিবলৈ চেষ্টা কৰিলো স্বামীয়ে দেখুৱাই কৈ যোৱা কথাবোৰ । জাহাজৰ যিখিনি অংশ নাৱৰ নিচিনা ঢাকনিৰ দৰে থাকে সেইখিনিক মেইন ডেক বুলি কয় । সাধাৰণতে মেইন ডেকৰ তলত জাহাজৰ চালিকা শক্তি ইঞ্জিন আৰু মেচিনবোৰ থাকে । জাহাজৰ মেইন ডেক অংশক এটা কেইবা মহলীয়া ঘৰৰ গ্ৰাউন্দ ফ্লৰ বুলিব পাৰি । তাৰ ওপৰ অংশত জাহাজৰ পৰিসৰ অনুযায়ী কেইবাটাও ফ্লৰ থাকিব পাৰে । সেইবোৰক প্ৰথম ডেক , দ্বিতীয় ডেক ইত্যাদিৰে নামাকৰণ কৰা হয় । জাহাজৰ একেবাৰে ওপৰৰ মহলাটোত জাহাজ পৰিচালনা কৰিবলৈ বিভিন্ন মেচিন যেনে হুইল , ৰাডাৰ , ৰেডিঅ' সিষ্টেম ইত্যাদি থাকে । এইবোৰ কথা স্বামীয়ে মোক কৈ গ'ল যদিও মোৰ চকু নীলাভ সাগৰলৈ । কি যে এক বুজাব নোৱাৰা অনুভব !!! নাবিকে সকলো দিশলৈ দেখিব পৰাকৈ ওপৰ মহলাটো সকলোফালে কাঁচৰে তৈয়াৰী বন্ধ খিড়ীকী থাকে । এইটোক ব্ৰীডজ ডেক বোলে ।কোনো কোনো জাহাজত হেলিকপ্তাৰ পৰিবলৈ ব্ৰীডজ ডেকৰ তলৰ মহলাৰ সন্মুখ ফালে এখন হেলীপেড থাকে । হেলীপেড দেখাৰ লোভ সামৰিব নোৱাৰি সেইখিনি পালোগৈ । সাগৰীয় বতাহৰ প্ৰকোপত থাকিব পৰা নাছিলো । হেলিপেডৰ ওপৰভাগত নাৰিকলৰ ৰচীৰ নিছিনা জাল এখন বন্ধা থকা দেখি আচৰিত হৈছিলো । জানিব পাৰিলো সাগৰৰ মাজত লৰচৰ কৰি থকা অবস্থাত হেলিকপ্তাৰ নামিলে পিচলি নাযাবৰ বাবে এই ধৰণৰ জাল থাকে ।
দেখিবলৈ পাইছিলো জাহাজৰ কোঠাবোৰ সৰু যদিও তাত থকা কিছুমান কোঠা হোটেলৰ দৰে । কোঠাবোৰত দুখলপীয়া বিচনা দেখিবলৈ পাইছিলো । সৰু ফ্ৰিজ , টিভি , আলোচনীও দেখিছিলো । টেবুল টেনিচ খেলা , ব্যায়াম আদি কৰাৰো সুব্যবস্থা থকা কোঠা দেখিবলৈ পাইছিলো ।
চিৰিৰে ওপৰ তল কৰি অবশেষত ডাইনিং হল পালোগৈ । ডাইনিং হলৰ আহাৰ গ্ৰহণৰ সময়খিনি আছিল বৰ সুখদায়ক মোৰ কাৰণে । ধুনীয়াকৈ সজোৱা হলটোত বিভিন্ন খাদ্যৰ লগতে মোৰ প্ৰিয় সাগৰীয় মাছৰে অাহাৰ গ্ৰহণৰ সময়খিনি আজিও মনত আছে ।
ডাইনিং ৰূমৰ পৰা ওলাই ভিতৰে ভিতৰে গৈ থাকোতে হঠাৎ কুঁৱাৰনিচিনা ডাঙৰ ফুটা এটাৰে সাগৰৰ পানীবোৰ লৰিচৰি থকা দেখি বৰ আচৰিত হ'লো । মনলৈ এনেভাব আহিছিল যে..এই ফুটাৰে পানী সোমাই আহিলে জাহাজখন ডুবি যাব দেখোন ! তাৰ পিছত সৰু লোহাৰ জখলা এদালেৰে উঠি গৈ এটা ডাঙৰ বলৰ নিছিলা বস্ত লোহাৰ দুডাল মোটাৰ ৰচীত ওলমি থকা দেখিবলৈ পাইছিলো । স্বামীয়ে কৈ গৈছিল সেইটোত দুটা মানুহ সোমাই সেই কুঁৱাৰদৰে থকা ফুঁটাটোৰে সাগৰৰ তললৈ যায় আৰু তলত বিভিন্ন ধৰণৰ কাম কৰে । ওপৰৰ পৰা বলটোৰ ভিতৰত দেখিবলৈ পাইছিলো অকনমানি এটা বেচিন ,অকনমানি বিচনা। মোৰ চকুৰ আগত এতিয়াও ভাঁহি উঠা এনে অভিজ্ঞতা লৈ জাহাজৰ বাহিৰলৈ ওলাই আহিলো । সুৰুযে মেলানি মগাৰ সময়ত কি যে এক অপুৰ্ব দৃশ্য সেইসময়ত । পুণৰ অস্থায়ী জখলা দালেৰে সাগৰৰ পাৰ পালোহি । দুৰৈৰ পৰা জাহাজখন আকৌ চাই ঘৰ অভিমুখী হ'লো কিছুমান সুন্দৰ অভিজ্ঞতা লৈ....
মৌচুমী দাস
মুম্বাই বৰ্ণৰাগ-৮
———————————————————
গল্পঃ
বিদ্ৰোহ
অলকা মহন্ত বৰুৱা
দিনৰ দিনটো গেলা গৰমৰ পিছত সন্ধিয়াৰে পৰা অহা বৰষুনজাকৰ লগত নিৰলাৰ মনটোৰ দ্ৰৱীভুত ক্ষোভবোৰো যেন পানী হৈ পৰিল।আজিকালি বহুত দুখতো চকুপানী বৰ সহজে নোলাই তাইৰ...।....পৰিস্থিতিয়ে যেন শিল কৰি পেলাইছে তাইক...। আজিও কেঞাগোলালৈ যাওতে লেঙেৰা দ্বীগেনে চকু আৰু হাতেৰে তাইক এটা অতি অশ্লীল ইংগিত দিছিল..।জানে তাই ...গিৰিয়েক তপন নাথাকিলে প্ৰায় প্ৰতিটো ৰাতিতেই সিয়েই আহি পিছদুৱাৰত মাজৰাতি টুকটুকায় । জহনিত যোৱাতো...মনতে ভোৰভোৰালে তাই..আজিও ছাগে আহিব ...টুকটুকাব । ঘৈনীয়েকে তাক লগত শুবলৈ নিদিয়ে বুলি গাওঁৰ কি ল'ৰা- কি বুঢ়া চবেই জানে....।
আচলতে সিটো চুবুৰীৰ মনিকাৰ লগত তপনৰ জোৰদাৰ প্ৰেম আছিল প্ৰায় ছবছৰমান...।সকলোৱে বিয়াখন হ'বগৈ বুলিয়েই ভাবিছিল যদিও ... শেষত তপন বৈশ্য আৰু মনিকা দেবীৰ বিয়াত শৰ্মা আৰু বৈশ্য উপাধিয়েই গণ্ডগোল লগালে...। ফলত মনিকা দেৱী দ্বীগেন শৰ্মাৰ ঘৈণী হৈ সিটো চুবুৰীৰে বোৱাৰী হৈ ৰ'ল...।এখন ভৰি লেঙেৰা হ'লেও শৰ্মা উপাধি আৰু চৰকাৰী চাকৰিৰ সুবাদতেই মনিকাৰ দৰে সুন্দৰীক পত্নী হিচাপে পাবলৈ দ্বীগেন সক্ষম হৈছিল | আৰু ইফালে মনিকাৰ বিৰহত মদৰ আদ্দাত বহিব লোৱা তপনকো অলপ দুৰৰ গাওঁখনৰ জীয়াৰী নিৰলাৰ লগত সংসাৰৰ জ্বালাত(গিৰিয়েকৰ ভাষাত) ইষ্ট কুতুম্বই জোৰ জবৰদস্তি বান্ধ খুৱাই দিছিল । বিয়া নামতহে হ'ল... সচাঅৰ্থত কিন্তু দুয়োফালৰে সংসাৰ আধৰুৱা হৈয়েই থাকিল সদায়...।বিয়াৰ চাৰিমাহৰ পিছতে নিৰলাই গম পালে যে গিৰিয়েকে ৰাতি ৰাতি সদায় আগৰ মৰমবোৰ বিচাৰি যায়....মনিকা দেৱীৰ ওচৰলৈ...| মনিকাৰ স্বামী দ্বীগেন ওচৰৰ হস্পিতালখনৰ চৰকাৰী চাকৰিয়াল হলেও ভৰিএখন লেঙেৰা হোৱাৰ অজুহাতত লেঙেৰা গিৰিয়েকৰ জ্ঞাতেই মনিকাই তপনৰ লগত স্বামী স্ত্রীৰ দৰেই সম্পৰ্ক অনায়াসে চলাই লৈ গৈ আছিল| এই সমষ্ট কথা নিৰলাই বিয়াৰ তিনিমাহৰ পিছতেই লেঙেৰা দ্বীগেনৰ পৰাই গম পাইছিল....| সেইদিনা কথাৰ লগতে এটা প্ৰস্তাৱ দি সি তাইক ভাবি চাবলৈও কৈছিল...।
অৱশ্যে দ্বীগেনে কোৱা কথাখিনিৰ সত্যাসত্য স্বয়ং গিৰিয়েকৰ পৰাই নিৰলাই গম পাইছিল সি কোৱাৰ এমাহৰ পিছতে অৰ্থাৎ বিয়াৰ চাৰিমাহৰ পিছতেই...। আৰু গিৰিয়েকে লগতে তাইক কঠোৰভাবে সকিয়াইয়ো দিছিল তাৰ আৰু মনিকাৰ মাজত কোনোদিনেই নাহিবলৈ....|..সেইদিনা তাইৰ গছৰ পাত সৰোৱা কান্দোনেও লৰাব পৰা নাছিল গিৰিয়েকক| আগতে লুকাই চুৰকৈ গৈছিল যদিও তাৰ পিছৰ পৰাই প্ৰত্যক্ষভাবেই আৰম্ভ কৰিছিল তাৰ নৈশৰাসবিহাৰ মনিকাৰ লগত | আচলতে মাক বাপেক ঢুকুৱা গিৰিয়েক তপনক বাধা দিওতা কোনোৱেই নাই সেইখিনি ঠাইত...| অঞ্চলটোৰ ভিতৰতে প্ৰভাৱশালী ধনী আৰু অতি খঙাল তাইৰ গিৰিয়েকক দ্বীগেন কিয় সকলোৱেই যম হেন দেখে | দ্বীগেনক পইচাৰে ইতিমধ্যে পুতি থৈছিল তপনে...|
চটফটাই ইকাতি সিকাতি কৰি আছে নিৰলাই...| টোপনি অহা নাই...তাইৰ...| আহাৰ মাহ .....|বাহিৰত অবিৰাম বৰষুন...|ভৰযৌবনা গাভৰু তাই...| বিয়া হোৱানো কেইদিন হৈছে....| মাহ হালধীৰ গোন্ধই যোৱা নাই এতিয়াও |এনেকুৱা বতৰৰ ৰাতিবোৰত উজাগৰে থকাৰ কাৰনবোৰো বেলেগ হ'ব লাগিছিল...প্ৰতিৰাতি স্বামীৰ বাহুত তৃপ্ত হৈ পৰম নিৰাপত্তাৰে টোপনি যাব লাগিছিল তাই......অথচ..... আজি.....| এককথাত কবলৈ গ'লে দুখন ঘৰৰ দুখন বিছনাত দুটা শৰীৰ দুটা অতৃপ্ত আত্মা লৈ আজি দুটা বছৰে অপমান আৰু উপেক্ষাৰ জ্বালাত প্ৰতিদিনে দহি দহি মৰি আহিছে... ইয়াত তাই আৰু সিখন চুবুৰীত দ্বীগেন |সিফালে কিন্তু
তপন আৰু মনিকাই পৰিপূৰ্ন ভাবেই জীৱনটো উপভোগ কৰি অাহিছে ইমানদিনে.....
................উহ...বৰ পিয়াহ লাগিছে ....ধৰফৰাই উঠিল নিৰলাই....পানী বিচাৰি পাকঘৰলৈ যাব খোজোতেই পিছদুৱাৰত অইনৰাতিৰ দৰেই তিনিবাৰ টুক টুক শব্দ শুনা পালে তাই..... কোন...????
মই দ্বীগেন...|
অইনদিনৰ দৰেই ভয়তে জাপ মাৰি বিছনাত উঠি বহিল তাই.....| তাই জানে এয়া দ্বীগেনেই হয়....বিয়াৰ তিনিমাহৰ পিছতেই মনিকা আৰু তপনৰ সম্পৰ্কৰ কথা কৈ ..তাইক এটা অদ্ভূত প্ৰস্তাৱ দিছিল সি...| মনিকা আৰু তপনৰ দৰেই সিও একেই সম্পৰ্ক ৰাখিবলৈ বিছাৰিছিল..তাইৰ সৈতে.....| আৰু কৈছিল যে প্ৰতিৰাতি সি আহি তিনিবাৰকৈ টুকটুকাব পিছদুৱাৰত.....তাই যিদিনালৈকে নোখোলে সেইদিনালৈকে....| ..........
.........বহুসময় ভাবি-গুণি থাকি বিছনাৰ পৰা উঠি আহিল তাই.....| লাহে লাহে তাইৰো মনোবল ভাঙি আহিছে আৰু....| অসহনীয় হৈ পৰিছে ৰাতিৰ পিছত ৰাতিৰ এই একাকীত্ব....| এটা অৱলম্বন লাগে তাইকো....| আজি অবাধ্য হৈ পৰিছে শৰীৰ আৰু মন দুয়োটাই....| লাহে লাহে সাহস গোটাই আগবাঢ়ি গ'ল তাই.....| ক্ষন্তেক সময় একেথৰে ৰৈ থাকি লাহেকৈ পিছদুৱাৰৰ খিলিটো খুলি তাক স্পষ্টভাবেই মাতিলে তাই...."সোমাই আহা"।
অলকা মহন্ত বৰুৱা
গুৱাহাটী বৰ্ণৰাগ-৯
———————————————————
নাৰী
স্বপ্নালী কলিতা
জাহ্নৱী এতিয়া পৰিয়ালৰ মূল মানুহ দুজনৰ সন্মুখতেই চৰিত্ৰহীনা | চুবুৰীৰ দুই-একেও কোৱা-কুই কৰা তাই কাণত নপৰা নহয়! "থ হেৰ' !তাইৰ পৰা কিবা এটা ইংগিত নাপাওঁতে ইমান দুঃসাহস কৰিব নোৱাৰে দেই সি !" অৱশ্যে তাইৰ মুখৰ আগত কোনেও আজিলৈকে একো কোৱা নাই ! চুবুৰীৰ মানুহবোৰে কি কয় ,তাইৰ বাবে ডাঙৰ কথা নহয় ! পৃথিৱীৰ মানুহে তাইক পতিতা সজাওক, তাইৰ কথা ফুচ্ ফাচ কৰক ;তাই পৰোৱাই নকৰে | যদি তাইক আপোন ঘৰখনৰ মানুহখিনিয়ে বিশ্বাসত ল'লেহেঁতেন !
বাৰ-তেৰ বছৰৰ কম নহ'ব কিজানি ! আনৰ মনঃসন্তুষ্টিৰ বাবেই মূৰৰ ওপৰত এখন সৰগ কঢ়িয়াইও কামবোৰ নিয়াৰিকৈ কৰি যোৱা তাই ঘৰখন ৰঙীন কৰিবলৈকে আত্মসন্তুষ্টিৰ বাবে কৰি থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ চাকৰিটো ইতিমধ্যে বাদ দিছে |সন্তান গৰ্ভত ধাৰণ কৰাৰ পৰা সন্মুখীন হোৱা অবাঞ্চিত পৰিস্থিতিবোৰৰ বাবেই কিছু দুৰ্বল মুহূৰ্তত ঘৰ এৰি মাকৰ ঘৰত থকাৰ সিদ্ধান্ত ল'লেও তাই পাছত বুজি পাইছিল; তাইৰ যে সিদ্ধান্তটো আবেগিক আছিল | আৰু কেতিয়াবা ক্ষণিক উত্তেজনাৰ বশবৰ্তী হৈ ঘৰলৈ গ'লেও তাই উপলব্ধি কৰিছিল যে-তাই সমস্যাৰ পৰা পলাই মাকৰ ঘৰত আশ্ৰয় ল'লেই সমস্যাই পিছ নেৰে |তাৰোপৰি আত্মঅহংকাৰ আৰু আত্মসন্মানে কোনোদিন তাইক মাকৰ ঘৰত খোপনি পোতা কথাটোক সমৰ্থন নকৰিছিল | সেয়ে তাই যুঁজি যুঁজি জীয়াই
আছিল ।
কেতিয়াবা তাইৰ কদৰ্য্য জীৱনটোৰ পৰা মুক্তি পাবলৈ হাবিয়াস নোহোৱাও নহয় | কিন্তু মুহূৰ্ততে তাই প্ৰকৃতিস্থ হয় ! সন্তানৰ মায়াই ভাৱনাৰ সিপাৰৰ ছয়াময়া পৃথিৱীখনত আঁকি দিয়ে দুডাল কটাকটি চিহ্ন |এয়াই হয়তো মায়া | মায়াৰ বাবেই চাগে' জীৱন তিক্ত হৈও এডাল প্ৰশ্নবোধক । সন্তানৰ ভৱিষ্যত, সন্তানৰ বৰ্তমানে তাইক তাই হৈ থাকিবলৈ এখন ভেঁজা দিয়া পৃথিৱী(তাইৰ বাবেহে) হ'লেও উপহাৰ দিয়ে | হাঁহি মানেইতো এতিয়া ৰং -বিৰঙৰ প্ৰলেপ ! তায়ো সানি লয় ৰংহীন মুখত এটা জকমকীয়া হাঁহি | গৈ থাকে মায়াৰ বাটেৰে |
বৰ ডাঙৰ কথা হ'ল ! অলপতে ঘৰখন দুফাল হ'ল !মানুহবোৰৰ মনবোৰ বাঁহৰ ছালনীৰ এৰাই যোৱা ফুটাবোৰৰ দৰে হ'ল |আনকি তিনিটা প্ৰজন্মৰ শেষৰ প্ৰজন্মৰ মাজতো এটা চিৰাল ফাঁট | দুটা ককাই-ভাই,দুজনী বোৱাৰীৰ হৃদয়ৰ সম্পৰ্কবোৰৰ মাজতো এখন প্ৰকাণ্ড বেৰা থিয় হ'ল।
জাহ্নৱীৰ বুকু ভুকুৱাই কান্দিবলে মন গ'ল | ক'বলৈ মন গ'ল--তাইৰ গাত যে ভুল নাই একো ! সম্বন্ধবোৰ ধৰি ৰাখিবৰ বাবে তাই চেষ্টাত কৃপণালি কৰা নাছিল | কিন্তু তাইতো অত বছৰে দেখি আহিছে ঘৰখনত ; তেজৰ সম্পৰ্কৰ তাড়নাত জীৱন-মৰণ পণ কৰা নিবিড় সম্পৰ্কবোৰ উলাই কৰি অহা !
কথাবোৰ এতিয়া সেই মূল কথাটো হৈ থকা নাই | কথাটোৱে পোখা মেলি ডালে-পাতে আহল-বহল হৈ আগুৰি ধৰিলে বিভিন্ন আনুসাংগিক কথা | যিটো কথাৰ বাবে তাই আজি নিসংগ, সেই কথাৰ যেন কেনো মূল্য নাই, মল্য নাই এগৰাকী নাৰীৰ সতীত্বৰ | তাই কেৱল চকুলো টোকে অকলশৰে |
মানুহজনে তাইত যঠেষ্ট সকাহ দিয়ে |মানুহজনৰ বিশ্বাসৰ ওপৰতে ভৰ দি তাই এন্ধাৰ বাটত এতিয়া খুপি খুপি খোজ কাঢ়ে | কিন্তু ইমান সাৱধানে খোজ দিয়ে যে তাই যেন এখন যুদ্ধৰ পূৰ্ণ আখৰা কৰে |তাইক সময়ে যিমান শিকাইছে, তাৰ পৰা এই কথা শিকিছে যে- প্ৰতিযোদ্ধাৰ লগত বীৰদৰ্পে যুদ্ধ কৰিব পাৰিব লাগিব, নিজকে দুৰ্বল কৰি দেখুৱালে বিপদ দুগুণে বাঢ়িবহে |
তাইৰ এটাই দোষ- দেওৰেকৰ তাইৰ ওপৰত দিয়া নীচ্ দৃষ্টি আৰু বলপূৰ্বক আহ্বানক তাই বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল | লম্পট দেওৰেকৰ কামনাৰ চাৱনি আৰু আহ্বানৰ পৰা আত্মগোপন কৰি ফুৰিছিল | আৰু শেষত উপায়ন্তৰ হৈ স্বামীৰ আগত সকলো বিবৰি কৈছিল | লম্পট ভায়েকৰ নিকৃষ্ট চৰিত্ৰ বাবে বহুবাৰ আগেয়েও অপমানিত হোৱা ককায়েকৰ ক্ৰোধাগ্নি কিন্তু এইবাৰ দপদপাাই জ্বলি উঠিছিল |
শেষত পাঠকলৈ এটা প্ৰশ্ন এৰিলোঁ -- দেওৰেকৰ লম্পট চৰিত্ৰ বিষয়ে নিজৰ স্বামীক অৱগত কৰোৱাতো জাহ্নৱীৰ দোষ নেকি ? সেয়া পাঠকে বিচাৰ কৰিব |কিন্তু জাহ্নৱী, ঘৰৰ শিক্ষিত বয়োজেষ্ঠসকলৰ দৃষ্টিত চৰিত্ৰহীনা | তাই স্বামীৰ আগত কোৱাটো এটা ডাঙৰ অপৰাধ তেওঁলোকৰ দৃষ্টিত | কিয়নো তেজৰ সম্পৰ্কৰ মোহত মোহান্ধ শিক্ষিত পিতৃ-মাতৃয়ে কোনো কাৰণতে পুত্ৰৰ ওপৰত ইমান ডাঙৰ এটা অপৰাধৰ বোজা জাপি দিব নোৱাৰে | তেওঁলোক পুত্ৰ মোহত অন্ধ এহাল স্বাৰ্থপৰ পিতৃ-মাতৃ |
জাহ্নৱীৰ এনুৱা জীৱন তাইৰ সহচৰ | কিন্তু তাই হালি নপৰে আজিকালি | জীৱন জীয়াৰ মন্ত্ৰৰে নিজকে পাৰ্গত কৰিব নোৱাৰিলেও সময়ৰ আঙুলিত ধৰি খোজ কাঢ়িব জানে | তথাপিও তাই সদায় এটা কথাত সচেতন হয়- "মোহত অন্ধ হৈ তাই যাতে সন্তানে কৰা ভুল-শুদ্ধ পাহৰি নাযায় |" কাৰণ গঢ়িবৰ বাবে ভাঙিলে কোনো ক্ষতি নাই,বৰং সুন্দৰতাহে বাঢ়িব |
স্বপ্নালী কলিতা
ডাক+গাঁও-বৰটিং নাওশলীয়া
জিলা-গোলাঘাট(অসম)
পিন-৭৮৫৬২৬
ফোন নং-৯১০১৮৪০৭৫৭ বৰ্ণৰাগ-১০
———————————————————
প্ৰাতঃভ্ৰমণ
মৃদুস্মিতা শৰ্মা
কিবা এটা শব্দত আদিত্যৰ টোপনি ভাঙি গ’ল। চকু দুটা মেলি ভেন্টিলেটৰেদি চালে ৷বাহিৰত অলপ অলপ পোহৰ ৷ লাহেকৈ সি কোঠাৰ খিৰিকীখন খুলি দিলে ৷আহিনৰ নিঁয়ৰৰ টোপালত তিতি থকা সিহঁতৰ পদুলিমুখৰ শুভ্ৰ কোমল শেৱালিজোপাৰ সুবাসত তাৰ মন প্ৰাণ পুলকিত হৈ পৰিল ৷কিহৰ শব্দত বাৰু তাৰ মিঠা টোপনি ভাঙিল ? কাষৰ কোঠাত মাক দেউতাক গভীৰ টোপনিত ৷
এইবাৰ আদিত্য দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল ৷চাৰিওফালে নিমাত নিস্তব্ধ ,ক’তো অস্বাভাৱিকতা নাই ৷দূৰৰ পথাৰখনৰ পৰা ফিৰফিৰীয়া বতাহ এজাক বৈ আহিছে ৷ সি শেৱালি কেইপাহমান বুটলি ল’লে ৷আঃ কি সুন্দৰ সুঘ্ৰাণ ! এনেকুৱা সুবাস পালেই তাৰ বুকুৰ উকা চোতালখন ভৰি পৰে এটি নামেৰে ...নাম তাইৰ কুঁৱলী ৷ প্ৰেম আৰু বিশ্বাসৰ নিটোল ভাস্কৰ্যৰে সুশোভিত এই কুঁৱলীজনী ৷ তাইৰ নাম উচ্চাৰণ কৰিলেই তাৰ কলিজা জুৰ পৰি যায় ৷কি আছে জানো এই ছোৱালীজনীৰ হৃদয়ত ৷সকলোকে আপোন কৰি ল’ব পাৰে নিমিষতে ৷ তাৰ মনটো ভাল লাগি গ’ল ৷ সি অকনমান সময় গীতৰ কলি এটা আওঁৰাই বাৰাণ্ডাতে থিয় হৈ থাকিল ৷ দুই এজন পথ চাৰীৰ খোজৰ শব্দ শুনি সি আলিবাটলৈ চালে ৷মানুহবোৰ ইমান সোনকালে উঠে নে ? হঠাতে আদিত্যৰ চকুত পৰিল ৰঙা টি চাৰ্ট পৰিহিতা ছোৱালী এজনী খোজ কাঢ়ি পাৰ হৈ গ’ল ৷পুৱাই ইমান সতেজ এই ছোৱালীজনী ৷প্ৰাতঃভ্ৰমণত চাগে অফুৰন্ত শক্তি পাই ,সিতো উঠিবই নোৱাৰে এদিনো ৷ইমান সোনকালে প্ৰাতঃভ্ৰমণত কোন কোন যায় চাবলৈ তাৰ
মন গ’ল ৷ আন কোনো নাইচোন ৷ নাই তাৰ আকৌ টোপনি আহিছে ৷ শুই দিয়াই ভাল হ’ব ৷ এনেতে এখন চাৰিচকীয়া নতুন গাড়ী পাৰ হৈ গ’ল ৷উচ্চাংগ সংগীতৰ শব্দ গাড়ীৰ পৰা ৷ তাৰ বিৰক্তি লাগিল ৷ কি যে মানসিকতা ৷ ৰাতিপুৱা মধুৰ সংগীতেৰে আৰম্ভণি কৰিলেহে তাৰ ভাল লাগে ৷সি বিছনালৈ আহিল ৷ মাকহঁত শুয়েই আছে ৷ ঘড়ীটোলৈ চালে ৪বাজি ৪৫ মিনিট ৷ এঘন্টামান শুই দিলেহে তাৰ ভাল লাগিব ৷চকু দুটা মুদি শুবলৈ যত্ন কৰিছে ৷
হঠাতে আদিত্যৰ কিছুসময়ৰ আগতে খোজ কাঢ়ি যোৱা ছোৱালীজনীলৈ মনত পৰিল ৷ইমান সোনকালে ৰাস্তালৈ এজনী ছোৱালী ওলাই যোৱাটো সুৰক্ষিত নে ? কালিৰ সন্ধিয়াৰ বাতৰিটো মনত পৰি তাৰ গা শিঁয়ৰি উঠিল ৷দূৰদৰ্শনৰ পৰ্দাত বাৰে বাৰে শ্লীলতা হানিৰ পিছৰ যন্ত্ৰণাকাতৰ ছবিখন ...কি হৈছে বাৰু দেশখনত ? যিখন দেশত দেৱী দুৰ্গাৰ আৰাধনা কৰা হয় ,মা কামাখ্যাৰ দৰে শক্তিপীঠ আছে তাত প্ৰতি দিনে শ্লীলতা হানি হয় নাৰীৰ ৷ আদিত্যৰ খং উঠে এনে চৰিত্ৰৰ মানুহৰূপী অসুৰবোৰলৈ ৷
আদিত্যৰ মনলৈ আহিল অকলশৰে যোৱা ছোৱালীজনী বাৰু সুৰক্ষিত নে এতিয়া ? যদি সেই গাড়ীৰ আৰোহী কেইজন অসৎ মনোবৃত্তিৰ হয় ..যদি তাইক জোৰকৈ গাড়ীখনত উঠাই লয় ...আশংকাত বুকুখন কঁপি উঠিল তাৰ ৷ অকলে ৰাস্তাত কিয় যাব লাগে বাৰু এই ছোৱালীজনী ? তাতেই চলি আছে লকডাউন ৷ সকলোবোৰ মানুহৰ ঘৰৰ পদুলিত তলা ৷ ৰাতিপুৱাৰ টোপনিৰ আমেজ সকলোৰে ৷ নাই,... সি আৰু ভাবিব নোৱাৰে।
আদিত্যৰ টোপনি উৰি গ’ল কৰবালৈ ৷ হঠাত সি উঠি তাৰ এনফিল্ড বাইকখন লৈ ছোৱালীজনী যোৱাৰ ৰাস্তাৰে ওলাই গ’ল ৷ অলপদূৰ যোৱাৰ পিছতে গাড়ীখন ৰখাই থোৱা দেখি শংকা বাঢ়ি গ’ল তাৰ ৷অলপদূৰত দেখিলে ল’ৰা দুটা গৈ আছে ৷ কিছুদূৰত সেই নিৰ্ভীক ছোৱালীজনী ৷আৰে ইহঁত দুটাৰ উদ্দেশ্য কি ? আদিত্যই বাইক ৰাখি সিহঁতৰ পৰা নিৰ্দিষ্ট দূৰত্বত খোজ কাঢ়িব ধৰিলে ... এনেতে সিহঁত দুয়োৰে কথোপকথন ভাঁহি আহিল ....আৰে ইমান সোনকালে উঠিবলৈ তোক কিহে পালে আজি ? মোকো উঠাই দিলি , ইমান সুন্দৰ টোপনিটো ভাঙি দিলি ..
নহয় অ কালিৰ সন্ধিয়াৰ হৃদয়বিদাৰক বাতৰিটো চেনেলবোৰত চাই ৰাতি শুব পৰা নাছিলো জান নে ? নন্দিনীবাক প্ৰাতঃভ্ৰমণত ইমান সোনকালে ওলাই অহা দেখি কিবা এক অজান আশংকাত শুব নোৱাৰিলো ৷ বাৰ সুৰক্ষাৰ স্বাৰ্থতে তোকো উঠাই দিলো ৷ নন্দিনীবাৰ দেউতাক দুৰাৰোগ্য ৰোগত ঢুকাইছে ..বায়ে ৰাতিপুৱা ৬ বজাৰ পৰাই টিউচন কৰে ..তাৰপিছত কম্পিউটাৰ চেন্টাৰত কাম কৰে ..আকৌ সন্ধিয়া দুটা টিউচন কৰি বাৰ তলৰ ভায়েক ভনীয়েকৰ পঢ়াৰ খৰচ.. ঘৰৰ দায়িত্ব ..উলিয়ায় ৷সেয়েহে ৰাতিপুৱাই খোজ কাঢ়ি দিনটোলৈ সতেজ হৈ থাকে ৷ মই ইমান দায়িত্বশীল এই বা জনীক বহুত শ্ৰদ্ধা কৰো ৷সেয়েহে আজি বা জোখতকৈ সোনকালে ওলাই অহা দেখি মনত শংকা হ’ল ...ৰাস্তাত বাৰ একো বিপদ নহয়তো ৷ সেয়েহে তোকো মাতি দিলো ৷
আদিত্যৰ মনলৈ অহা শংকা পলকতে নাইকীয়া হ’ল ৷ এই ল’ৰাজনৰ দৰে মানসিকতাৰ নতুন প্ৰজন্ম যেতিয়ালৈ থাকিব তেতিয়ালৈ নন্দিনীৰ দৰে হাজাৰজনী ছোৱালী নিৰ্ভীক মনেৰে দিন ৰাতি ঘূৰিব পাৰিব ৷ মৰম লাগিল তাৰ এই ল’ৰা দুটালৈ ৷মনত এক প্ৰশান্তি লৈ আদিত্য উভতি আহি অলপ দূৰত এৰি অহা বাইকত স্টাৰ্ট দিলে ৷ দূৰণিৰ পৰা ভাঁহি আহিছে এটি কালজয়ী গীত মানুহে মানুহৰ বাবে ৷
মৃদুস্মিতা শৰ্মা
বোকাখাত বৰ্ণৰাগ-১১
———————————————————
নিদানৰ ভুৰুকাঃ
থায়ৰয়দৰ সমস্যা আৰু ইয়াৰ প্ৰাকৃতিক সমিধান
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
বৰ্তমানৰ কালচোৱাত থাইৰয়দৰ বিজুটিত নোভোগা ব্যক্তিহে কম! এইবিধ সমস্যাই মানৱকুলৰ বাবে এটি সঙ্কতজনক সমস্যা হিচাপে দেখা দিছে৷ বিশ্বব্যাপি পুৰুষৰ তুলনাত মহিলাই এই সমস্যাত ভুগিব লাগিছে৷ নিদানৰ ভুৰুকাত আজি এনে কিছুমান ঘৰুৱা নিদান উনুকিয়াব বিচাৰিছোঁ যিয়ে এই সমস্যাটো সমাধান কৰোৱাত সহায়ক হ’ব৷
(০১)নাৰিকলতেলঃ নাৰিকলতেল চিনি নোপোৱা মানুহ নাই বুলি ভাৱিব পাৰি৷ এই তেলত লক্ষ্যণীয় মাত্ৰাত অতি প্ৰয়োজনীয় ফ্যাটিএচিড আছে৷ যিয়ে থাইৰয়দ গ্ৰন্থিক সুষ্ঠ ৰখাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে৷ অকল এয়ে নহয় নাৰিকলতেলৰ সুষম সেৱনে দেহৰ ওজন হ্ৰাস কৰোৱাত সাহায্য কৰে; বিপাক প্ৰক্ৰিয়া বৃদ্ধি কৰে; আৰু শৰীৰৰ তাপমাত্ৰা সন্তুলিত কৰি ৰাখে৷
খোৰাকৰ মাত্ৰাঃ খাদ্যোপযোগী নাৰিকলতেল দুয়োটা আহাৰৰ পিছত চাহ চামোচেৰে এচামোচকৈ খাব৷ অম্লপিত্তত ভূগা ৰোগীয়ে বিশেষজ্ঞৰ নিৰ্দ্দেশতহে ব্যৱহাৰ কৰে যেন৷ আজিকালি নাৰিকলতেলৰ কেপচুলো বজাৰত পোৱা যায়৷
(০২)আপেল চিডাৰ ভিনেগাৰঃ এই ভিনেগাৰবিধৰ সেৱনে থাইৰয়দ হৰমোনৰ সুষম উৎপাদনত সাহায্য কৰে৷ শৰীৰৰ চৰ্বি নিয়ন্ত্ৰণত সহায় কৰে৷ শৰীৰৰপৰা টক্সিনচসমূহ অপসাৰণ কৰে আৰু পুষ্টিতত্বসমূহ সঠিক প্ৰক্ৰিয়াৰে শোষণ কৰে৷ এইবিধ ভিনেগাৰ সকলোৱে সেৱন কৰিব পাৰে৷ দুয়োটা আহাৰৰ আগত মৌ আৰু পানী মিহলাই খাব পাৰে৷ এটা খোৰাকত ১০মিঃলি ভিনেগাৰ ল’ব লাগে৷
(০৩)আদাঃ আদাত পটাচিয়াম আৰু মেগনেছিয়াম আকৰ্ষণীয় মাত্ৰাত নিহিত হৈ আছে৷ লগতে জিনজেৰ’ল থকাৰ বাবে প্ৰদাহ আৰু প্ৰাদাহিক বিষ বেদনা নাশ কৰাত সহায়ক হয়৷ ইয়াক দৈনন্দিন বিভিন্ন ভাৱে মনৰ ৰুচি অনুযায়ী ব্যৱহাৰ কৰিব পাৰি৷ এনে ৰোগীয়ে গাখীৰ দিয়া চাহ পৰিহাৰ কৰি আদা দিয়া ৰঙা চাহ খাব লাগে৷
(০৪)ভিটামিন বিঃ এইবিধ ভিটামিনে মূলতঃ থাইৰয়দৰ সমস্যাই দেখা দিব পাৰা কাৰকসমূহৰ বিৰূদ্ধে যুঁজ দিয়ে৷ থাইৰয়দৰ সমস্যাত ভোগা ব্যক্তিয়ে এইবিধ ভিটামিনৰ সৰবৰাহ কৰোৱাটো নিশ্চিত কৰাব লাগে৷ হাইপোথাইৰয়েডিজম ৰোগীৰ বাবে ভিটামিন বি12 বিশেষভাৱে গুৰুত্বপূর্ণ। কণী, মাংস, মাছ, শাক-পাছলি, বিশুদ্ধ গাখীৰ, ঘোল, আখৰোট, বাদাম, শুকান ডিমৰু আদি ফলবোৰ খাব লাগে৷ থাইৰয়দৰ ৰোগীয়ে খাদ্যতালিকাৰপৰা প্ৰ’টিন একেবাৰে আতৰাই থয়৷ সেয়া ভুল ধাৰণা৷ তেনে কৰিলে জটিলতাৰ বৃদ্ধিহে হ’ব৷ এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি বিশেষ খাদ্যতালিকাখন প্ৰস্তুত কৰাই ল’ব লাগে৷
(০৫)ভিটামিন ডিঃ ভিটামিন ডিৰ অভাৱতো থাইৰয়েডৰ সমস্যা হ’ব পাৰে। শৰীৰটো কেৱল সূৰ্য্যৰ সংস্পর্শলৈ আহিলেহে এই অমূল্য ভিটামিনবিধ পাব পাৰে৷ সেয়ে প্রতিদিনে 15মিনিট ৰাতিপুৱাৰ ৰ’দ ল’ব লাগে৷ ৰোগ প্ৰতিৰোধী ক্ষমতা অৰ্জন কৰাত এইবিধ ভিটামিনৰ ভূমিকা লক্ষ্য কৰিবলগীয়া৷ ভিটামিন ডি সমৃদ্ধ কিছু খাদ্য হ’ল দুগ্ধজাত খাদ্যসামগ্ৰী, তিল, কমলা-মৌচুমীৰ ৰস, কণীৰ কুহুম আদি। আজিকালি বজাৰত এইবিধ ভিটামিনৰ পৰিপূৰক অৰ্থাত চাপ্লিমেণ্টচবোৰ উপলব্ধ৷ তেনেবোৰ পৰিপূৰকো গ্ৰহণ কৰিব পাৰে৷
(০৬)বাদামঃ বাদাম (যাক আলমণ্ড বুলি আমি জানোঁ) থাইৰয়ডৰ সুস্বাস্থ্যৰ বাবে অতি উপযোগী উপাদান। বাদাম এবিধ প্রোটিন, ফাইবাৰ আৰু খনিজ পুষ্টিৰ সুশ্ৰী উৎস। বাদামত চিলেনিয়াম থাকে; যি থাইৰয়েডৰ বাবে এটি স্বাস্থ্যকৰ পুষ্টি উপাদান। বাদামত ম্যাগনেচিয়ামো আকৰ্ষণীয় মাত্ৰাত থাকে; থাইৰয়েড গ্রন্থিক সমৃদ্ধ কৰি সুস্থভাৱে কাৰ্য্যক্ষম হোৱাত সহায় কৰে।
(০৭)গাখীৰ আৰু দূগ্ধজাত সামগ্ৰীঃ গাখীৰ, পনিৰ আৰু দৈ থাইৰয়ডৰ বাবে অতি উপকাৰী(যদিহে নিৰ্ভেজাল হয়), কাৰণ এইবোৰত আয়োডিন থাকে৷ কেঁচা পিয়াজৰ চালাদ আন এবিধ প্ৰয়োজনীয় উপাদান যিয়ে থাইৰয়ডক সুশ্ৰী আৰু কাৰ্য্যক্ষম কৰি ৰাখিব পাৰে৷ লগতে ই ভিটামিনৰ মাত্রা বঢ়োৱাতো সহায়ক হয়৷
(০৮)বিন জাতীয় পাছলিঃ মটৰগুটি, উৰহী, ৰাজমা আদি ফাইবাৰ, প্রোটিন, প্রয়োজনীয় খনিজ আৰু ভিটামিন সমৃদ্ধ পাছলি। এই পাছলিবোৰ অ্যান্টিঅক্সিডেন্ট আৰু জটিল কার্বোহাইড্রেট সমৃদ্ধ। ফাইবাৰ সমৃদ্ধ হোৱাৰ বাবে এই পাছলিবোৰ কোষ্ঠকাঠিন্য দূৰ কৰাত সাহায্য কৰে যিটো সমস্যাই হাইপোথাইৰয়েডিজমৰ ৰোগীক বেয়াকৈ ক্ষতিসাধন কৰে৷
(০৯)ফ্লেক্সচিড বা তিচিগুটিঃ ফ্ল্যাক্সচিড বা তিচিগুটি সহজলভ্য আৰু ই ফ্যাটি অ্যাসিড সমৃদ্ধ যিয়ে হার্ট আৰু থাইৰয়েডৰ বাবে উপকাৰী। ম্যাগনেচিয়াম আৰু ভিটামিন বি 12 সমৃদ্ধ, ফ্লেক্সচিড হাইপোথাইৰয়েডিজমৰ বিৰুদ্ধে যুঁজ দিব পাৰে। এইখিনিতে উনুকিয়াওঁ যে মহিলাই তিচি গুটি আৰু ইয়াৰপৰা তৈয়াৰী কেপচুল আৰু খাদ্য সামগ্ৰী খাওঁতে এবাৰ বিশেষজ্ঞৰ লগত আলোচনা কৰি লোৱা ভাল৷ ঋতুস্ৰাৱৰ কালছোৱাত, গৰ্ভাৱস্থাৰ কালছোৱাত, জৰায়ুৰ সমস্যা থাকিলে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷
(১০)নিয়মিত ব্যায়ামঃ নিয়মিত ব্যায়াম, প্ৰাণায়াম আৰু হস্তমূদ্ৰাই থাইৰয়েডৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ঔষধ আৰু প্রাকৃতিক প্রতিকাৰৰসৈতে সঠিক ব্যায়াম, প্ৰাণায়াম, হস্তমূদ্ৰা আদি সাঙোৰাই লোৱা উচিত। নিয়মিত ব্যায়ামে হৰমোনৰ ভাৰসাম্যতা বজায় ৰখাত সহায় কৰে আৰু ওজন নিয়ন্ত্রণত সাহায্য কৰে যিয়ে থাইৰয়েডৰ সমস্যা সমাধানত সাহায্য কৰে।
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
হোমিওপেথি চিকিৎসক;
খাদ্য আৰু পুষ্টি বিশেষজ্ঞ
দূৰাভাষঃ ৯৮৬৪১-২৫৮৮৭/৯৯৫৭১৮৯৬৬০
বৰ্ণৰাগ-১২
———————————————————
অন্ধবিস্বাস আৰু সামাজিক প্ৰগতি
ডঃ মঞ্জু হালৈ
বছৰদিয়েক আগতে অসমৰ সমাজজীৱনক থৰ থৰ কৈ কঁপাই থৈ যোৱা ঘটনাটোৱে আমাৰ খবৰৰ মাধ্যমসমূহকো বিশেষকৈ ইলেকট্ৰনিক মাধ্যমসমূহক ৰজনজনাই আছিল।কোনো (ভণ্ড?) তান্ত্ৰিকৰ পৰামৰ্শ মতে কোনো ভক্তই উলংগ হৈ দেৱতাক পূজাকৰি ,নৰবলিৰে হ’লেও ইষ্ট’জনৰ পৰা অভীষ্ট ফল আশা কৰি, য'ত মৃত ব্যক্তিক ঘূৰাই অনাৰো অদ্ভুত অলৌকিক কল্পনা সন্নিবিষ্ট আছিল; তেনে পোহৰলৈ অহা আৰু নহা অনেক ঘটনাৰ পম খেদি নিজৰ মনতে প্ৰশ্ন উঠিছে আচলতে একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ জয় জয়কাৰৰ যুগতো কোন দিশে ধাৱমান আমাৰ মানসিকতা। বিজ্ঞান-প্ৰযুক্তিয়ে গঢ়ি দিয়া সুবিধাৰ সাগৰখনতে ডুবি আছো অথচ বৈজ্ঞানিক মানসিকতা মুঠেও আহৰণ কৰিব পৰা নাই।বহুতে আজিও নাজানে বিজ্ঞান খায় নে কাণত পিন্ধে। বিদ্যালয় -মহাবিদ্যালয়ত হয়তো বিজ্ঞান এটা বিষয় হিচাপে পঢ়িছোঁ, বা পঢ়াইছোঁ কিন্তু নিজৰ মনটিতে বৈজ্ঞানিক মানসিকতা গঢ় দিব পৰা নাই।আনহাতে বিজ্ঞানৰ আওতাত নপৰা বিষয় এটাকো 'এইটোৱে সঠিক আৰু প্ৰকৃত' বুলি জোৰকৈ বিজ্ঞানৰ মোহৰ মাৰি দিয়া কৰিছোঁ। যেনে জ্যোতিষ বিজ্ঞান,আধ্যাত্ম বিজ্ঞান আদিৰ বিজ্ঞানত্ব সম্পৰ্কত হাজাৰ প্ৰশ্ন উৎথাপিত হৈ অহাৰ বিপৰীতে এচামৰ মতে ই বিশুদ্ধ বিজ্ঞান।
দৰাচলতে, কোনো সংঘটিত সংঘটন সমূহৰ উৎসৰ প্ৰকৃত কাৰণ যুক্তি আৰু তথ্যৰ ভিত্তিত যদি প্ৰতিষ্ঠিত হয় অথবা পূৰ্বৰ প্ৰতিষ্ঠিত ধাৰণাৰ অশুদ্ধতা যুক্তি আৰু তথ্যৰ ভিত্তিত প্ৰমাণিত হয় সেই তথ্য মুক্তভাৱে গ্ৰহণ কৰিব পৰা মানসিক অৱস্থাই বৈজ্ঞানিক দৃষ্টিভঙ্গী।সহজ কথাত বিজ্ঞান হ'ল ,একপ্ৰকাৰ অতি সুসংহত যৌক্তিক জীৱনবোধ।কিন্তু যুক্তি হলেই বিজ্ঞান নহয়,ই হ'ব লাগিব তথ্য-প্ৰামাণিক তথা পৰীক্ষামূলক ভাবে বিশুদ্ধ ।
আনহাতে,তথ্য যুক্তি প্ৰমাণ উৎস একো নিবিচৰাকৈয়ে কৰা যিকোনো বিশ্বাসেই হ'ল অন্ধবিশ্বাস-যাৰ উৎস হ'ল অবৈজ্ঞানিক দৃষ্টিভঙ্গী। মনকৰিবলগীয়া কথা হ'ল বিজ্ঞান-প্ৰযুক্তিৰ আজিৰ হাইটেক যুগতো আমি আজিও অনেক কথা আৰু ধাৰণাক অন্ধভাৱে বিশ্বাস কৰাই নহয়,কাৰ্যকৰী কৰিও আহিছো।আনকি মানুহৰ উৰ্বৰ চিন্তাৰ ফচল কম্পিউটাৰকো অন্ধবিশ্বাস বিশ্বাসযোগ্য কৰি তুলিবলৈ ব্যৱহাৰ কৰোঁ। যাৰ ফলত কেৱল ব্যক্তিগতই নহয়,সামাজিক ক্ষেত্ৰৰো প্ৰগতিশীল চৰিত্ৰ বাধাগ্ৰস্ত হৈছে।
আমাৰ সমাজৰ অধিকাংশ মানুহে আজিও অসুখ-বিসুখ হলে ডাক্তৰৰ ওচৰলৈ নগৈ বেজ,দোল,ফহতি আদি বিচাৰি ফুৰো।মহিলাসকল এই ক্ষেত্ৰত সৰ্বাগ্ৰণী। বেজ, সন্যাসী, বাবা আদিৰ ওচৰলৈ চিকিৎসাৰ বাবে যোৱা বহু মহিলাই বিভিন্ন ধৰণে লাঞ্চিত হোৱাৰ খবৰ পেপাৰে পত্ৰই ওলাই থাকে। ইয়াৰউপৰিও ডাইনী- যখিনী,ভূত-প্ৰেত,অপদেৱতা আদি ভ্ৰান্ত কৰো যে এই আপদেৱতা বোৰে মানুহৰ অপকাৰ কৰে।কাকতালীয় সংযোগী ঘটনা কিছুমানক লৈ সেইবোৰেই সঁছা আৰু সঠিক বুলি ভিত্তিহীন যুক্তিও প্ৰদৰ্শন কৰো।ফলত অন্ধবিশ্বাসত নিমজ্জিত হৈ মানুহে মানুহক,ডাইনী,যখিনী আদি সজাই মানসিকভাবে অত্যাচাৰ কৰাই নহয়,প্ৰাণে মাৰিবলৈও কুণ্ঠাবোধ নকৰো। আনহাতে এনে অন্ধবিশ্বাসৰ সুবিধা লৈয়ে এচাম ধূৰ্ত লোকে ওজালি-বেজালি কৰি ফাওকতে অৰ্জন কৰা ধনেৰে আৰামী জীৱন নিৰ্বাহ কৰিছে। সেই বাবে আমাৰ সমাজত ডাইনী সন্দেহত হত্যা চলি থকাৰ সমান্তৰালভাবে সৌসিদিনাৰ উলংগ ভক্ত সদৃশ অনেক ঘটনা আহৰ্নিশে ঘটি আছে।
অতি দুখ আৰু পৰিতাপৰ বিষয় এই যে আমাৰ সমাজৰ সিংহভাগ শিক্ষিত লোকেই বিভিন্ন অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ'ব পৰা নাই। ফলত বাধাগ্ৰস্ত হৈ ৰৈছে সামাজিক প্ৰগতি। প্ৰগতি শব্দৰ অৰ্থ মজ্জাগত হোৱাহেঁতেন বিজ্ঞানৰ চৰম উৎকৰ্ষতাৰ সময়তো আমি বেজ,সন্যাসী,দোল,ফহতি
আদি বিচৰি ফুৰাটো কিমান হাস্যস্পদ তাক বুজি পালোহেঁতেন।ঈশ্বৰত গভীৰ বিশ্বাসী অথচ মানৱতাহীন ধৰ্মান্ধ,দুৰ্নীতিপৰায়ন বিষয়া, বৰমূৰীয়া, জাতিহন্তা ভেজালকাৰী নৰপশু নহ'লোহেঁতেন। 'Man is the maker of his own fate' মূল্যবান কথাষাৰৰ অৰ্থ পাহৰি, উলংগ হৈ হলেও দেৱ দেৱীক সন্তুষ্ট কৰি নিজৰ অভীষ্ট সাধন কৰিবলৈ নগ’লোঁহেঁতেন।
অন্ধবিশ্বাস আৰু সামাজিক প্ৰগতি সদায় এডাল ৰেখাৰ দুটা বিপৰীত বিন্দু।প্ৰগতিশীল সমাজ এখন উন্নত মানৰ জনসম্পদৰ বুনিয়াদতহে গঢ়ি উঠিব পাৰে। যি সম্পদ কেৱল আমাৰ সমাজৰ হৃদপিণ্ড স্বৰূপ শিক্ষায়াতনিক অনুষ্ঠান সমূয়েহে। কিন্তু তাৰ আগতে বিদ্যায়াতনিক পৰিবেশ হ'ব লাগিব অন্ধবিশ্বাস মুক্ত। কাৰণ লেতেৰা চকী মেজ কেইখন চাফা কৰিবৰ এখন চাফা কাপোৰেইতো লাগিব।কাৰণ লেতেৰাৰে চাফা কৰা সম্ভৱ নহয়।
ড০ মঞ্জু হালৈ
জ্ঞানপীঠ মহাবিদ্যালয়
বি টি এ ডি,বাক্সা বৰ্ণৰাগ-১৩
———————————————————
দেশপ্ৰাণ লক্ষ্যধৰ চৌধুৰীদেৱক
গীতাঞ্জলী বৰকটকী
লক্ষ্যধৰ চৌধুৰী এনে এজন ব্যক্তি আছিল যি হাঁহিৰে জগত জিনিছিল ৷ লক্ষ্যধৰ চৌধুৰীৰ মতে____’ জীৱন জুখিবা হাঁহিৰে,চকুলোৰে নহয় ৷’ মুখত এটি ধুনীয়া হাঁহি লৈ ফুৰা চৌধুৰীদেৱৰ জীৱনতো হয়তো দুখ আহিছিল কিন্ত তেওঁ দুখক হাঁহিৰে জিনিবলৈ শিকিছিল ৷ তেখেত একাধাৰে নাট্যকাৰ , অভিনেতা, চিত্ৰ পৰিচালক, কবি , লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ আছিল ৷ বহুগুণেৰে বিভূষিত চৌধুৰীদেৱ সাধাৰণ মানুহৰ দুখত দুখী হোৱা এজন অসাধাৰণ ব্যক্তি আছিল ৷ জীৱনৰ নিষ্ঠুৰ সত্যকো তেখেতে বৰ সহজভাৱে লব পাৰিছিল ৷জীৱনলৈ অহা যিকোনো প্ৰত্যাহ্বান আৰু বাধা-বিঘিনিক অতিক্ৰম কৰি জীৱনটোক কিদৰে সুখৰ আৰু আনন্দময় কৰি তুলিব পাৰিছিল সেই কথা তেখেতে বাৰুকৈয়ে জানিছিল ৷ হোমেন বৰগোহাঞি দেৱৰ ভাষাত তেখেত হ’ল___’ জীৱন শিল্পী ’ ৷
১৯১৪ চনত দ্বীপান্বিতাৰ দিনা উত্তৰ গুৱাহাটীৰ ৰংমহলত এইজনা মহান ব্যক্তিয়ে জন্ম লাভ কৰিছিল ৷ তেখেতৰ পিতৃৰ নাম ভূধৰ চৌধুৰী আৰু মাতৃৰ নাম উমা চৌধুৰী ৷ লক্ষ্যধৰ চৌধুৰীদেৱৰ ককাকৰ নাম আছিল ৺ গিৰিধৰ চৌধুৰী আৰু আজু ককাকৰ নাম ৺ধনুৰাম চৌধুৰী ৷ লক্ষ্যধৰ চৌধুৰীদেৱৰ ছয়জন ককাই-ভাইৰ ভিতৰত চৌধুৰীদেৱ আছিল পঞ্চমজন ৷
লক্ষ্যধৰ চৌধুৰীদেৱৰ পঢ়াশলীয়া শিক্ষা আৰম্ভ হৈছিল জন্মভূমি ৰংমহলত ৷ ’ৰংমহল এল,পি স্কুল’ৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি তেখেতে ৰংমহল এৰি গুৱাহাটীলৈ আহে আৰু ১৯২৫ চনত গুৱাহাটীৰ ’কটন কলেজিয়েট হাইস্কুল’ত নাম ভৰ্তি কৰে ৷ গুৱাহাটীলৈ আহি তেখেতে উজান বজাৰত থকা দদায়েক শশধৰ চৌধুৰীৰ ঘৰতে থাকিবলৈ লয় ৷ তেখেতে গুৱাহাটীলৈ অহা বছৰতে গুৱাহাটীৰ লতাশিল খেলপথাৰত সাহিত্য সভা বহিছিল আৰু সেই সভাত সভাপতিত্ব কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৷ সেই সভাতেই চৌধুৰীদেৱে পোন প্ৰথমবাৰৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাৰ জীয়ৰীয়ে ’অৰ্গেন’ বজোৱা দেখা পালে ৷ ১৯৩০ চনত সপ্তম শ্ৰেণীত পঢ়ি থাকোতে অতুল চন্দ্ৰ হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পোৱা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ’মিলন’ৰ তৃতীয় সংখ্যাত তেখেতৰ ’বিচাৰি নাপাওঁ কি ’ নামৰ কবিতাটো প্ৰকাশ হয় ৷ এইটোৱেই তেখেতৰ ছপাৰ মুখ দেখা প্ৰথম কবিতা ৷লক্ষ্যধৰ চৌধুৰীদেৱৰ সৰুৰে পৰা পঢ়া-শুনাৰ পৰিৱৰ্তে খেলাধূলা, নাটক-ভাওনা আদিৰ প্ৰতিহে বেছি ৰাপ আছিল ৷ তেখেত এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল ৷ তদুপৰি কটন কলেজিয়েট স্কুলৰ স্কাউট দলৰ সদস্যও আছিল ৷নাট-ভাওনা ভাল পোৱাৰ বাবে কেতিয়াবা সুবিধা পালেই ভাওনাত অংশগ্ৰহণ কৰিবলৈ তেওঁ গাঁৱৰ ঘৰ ওলাইছিলগৈ আৰু তাৰবাবে দদায়েকৰ পৰা কঠোৰ শাস্তিও লাভ কৰিছিল ৷ কিন্ত এইবোৰে তেওঁক তলাব নোৱাৰিছিল ৷১৯৩২ চনত নৱম শ্ৰেণীত পঢ়ি থাকোতে তেখেতে ’একলব্য’ নাটকখন লিখে আৰু কটন কলেজিয়েটৰ ছাত্ৰৰ দ্বাৰাই সেইখন মঞ্চস্থ কৰায় ৷ ১৯৩৩ চনত কটন কলেজিয়েট স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু ১৯৩৭ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে ৷
১৯৩৯ চনত উত্তৰ গুৱাহাটী আউনীআটী কমলদেৱ হাইস্কুলৰ অংকৰ শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে ৷ কিন্ত মাত্ৰ এবছৰ পাঁচমাহ চাকৰি কৰাৰ পিছত
তেওঁ এই চাকৰি ত্যাগ কৰি মহাত্মা গান্ধীৰ
নেতৃত্বত হোৱা ’ ভাৰত ত্যাগ’ আন্দোলনত যোগ দিয়ে ৷ অৱশ্যে শিক্ষক হিচাপে তেখেত এজন সফল ব্যক্তি আছিল ৷ ছাত্ৰছাত্ৰীৰ সৰ্বতোপ্ৰকাৰে উন্নতি কৰিবলৈ তেখেতে অশেষ কষ্ট কৰিছিল ৷তেখেতে কবিতাৰ মাধ্যমেৰে ছাত্ৰছাত্ৰীসকলক ভাল কামৰ বাবে উৎসাহ যোগাইছিল ৷ দেশৰ বাবে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলৰ উদ্দেশ্যি লিখা কবিতাৰবোৰৰ দ্বাৰা ছাত্ৰছাত্ৰীৰ মন দেশ সেৱাৰ প্ৰতি উদ্ৰেক কৰিছিল ৷অৱশ্যে তেখেতে স্বাধীনতা আন্দোলনত যোগ দিবৰ বাবেই স্ব-ইচ্ছাৰে শিক্ষকতাৰ চাকৰিটো বাদ দিছিল ৷ দেশ স্বাধীন হোৱাৰ পিছত ১৯৪৯ চনত তেখেতে ’গুৱাহাটী হিন্দী হাইস্কুলত ঁপুনৰ শিক্ষকতা কৰে ৷ অৱশ্যে এই চাকৰিও দেশৰ কামৰ বাবে তেখেতে এৰিব লগা হয় ৷ এইদৰেই তেখেতৰ শিক্ষক জীৱনৰ সামৰণি পৰে ৷ ১৯৪০ চনত তেখেতে ’ ৰক্ষকুমাৰ ’নাটক ৰচনা কৰে ৷
১৯৪৯ চনৰ ৯ মে’ত চৌধুৰীদেৱ ডিব্ৰুগড়ৰ মহেন্দ্ৰ দত্ত আৰু স্বৰ্ণলতা দত্তৰ কন্যা ঊষা দত্তৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷চাৰিজন পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ হৈয়ো তেখেতে কিন্ত দেশৰ কামলৈ পিঠি নিদি আগৰ দৰেই সমান উৎসাহেৰে কাম কৰি গ’ল ৷ বিয়াৰ পিছতো তেখেতে দেশৰ কামৰ বাবে বিভিন্ন ঠাই ঘূৰিফুৰিব লগা হোৱাৰ বাবে পত্নী স্বৰ্ণলতা দেৱীয়ে ঘৰখন চলাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল ৷ লক্ষ্যধৰ চৌধুৰীক সততে কোনো কথাই বিচলিত নকৰিছিল ৷ সুখে-দুখে সকলো সময়তে তেখেতে মুখত হাঁহি এটি লৈ ঘূৰি ফুৰিছিল ৷দেশৰ কামত বেছিভাগ সময় পাৰ কৰিলেও তেখেতে সন্তানৰ পঢ়াশুনাৰ প্ৰতি চকু দিছিল ৷
পৰাধীন ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা লক্ষ্যধৰ চৌধুৰীদেৱে দেশৰ স্বাধীনতাৰ বাবে দেহেকেহে খাটিছিল ৷ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত অসমৰ বহুলোকে যোগদান কৰে ৷ অসমৰ বীৰ সন্তান কুশল কোঁৱৰ , কনকলতা , পিয়লি ফুকন আদিয়ে দেশৰ স্বাধীনতাৰ বাবে বৃটিছৰ হাতত প্ৰাণ বিসৰ্জন দিয়ে ৷ এই ঘটনাবোৰে লক্ষ্যধৰ চৌধুৰীৰ মনত দেশপ্ৰেম জাগ্ৰত কৰি তীৱ্ৰভাবে জাতীয়তাবোধ জগাই তোলে ৷সেইসময়তে ১৯৪২ চনত সমগ্ৰ ভাৰততে ’ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ হয় ৷ ভাৰতৰ লগতে অসমতো এই আন্দোলনে তীব্ৰ ৰূপ লয় ৷ এই সময়তে লক্ষ্যধৰ চৌধুৰীয়ে হেমচন্দ্ৰ বৰুৱাৰ নিৰ্দেশত শিক্ষকতা বিৰ্সজন দি পোন-প্ৰথমবাৰৰ বাবে স্বাধীনতাআন্দোলনত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰে ৷ স্বাধীনতা আন্দোলনত যোগদান কৰাৰ বাবে তেখেতে প্ৰায় তিনিবছৰ কাল আত্মগোপন কৰি থাকিব লগা হৈছিল ৷ তেখেতে ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱাৰ বাৰ্তাবাহক হিচাপেও কাম কৰিছিল ৷
ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱাৰ বাৰ্তাবাহক হৈ কলিকতালৈ অহা-যোৱা কৰিব লগা হোৱাত তেখেতে চ’চিয়েলিষ্ট নেতা জয়প্ৰকাশ নাৰায়ণ , ডা° ৰাম মনোহৰ লোহিয়া , অৰুণা আশ্ৰুফ আলী আদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বত থকা ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহাৰ সুযোগ লাভ কৰিছিল আৰু তেওঁলোকৰ সংৰ্স্পশত লক্ষ্যধৰ চৌধুৰী সমাজবাদী আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দেশে স্বাধীনতা লাভ কৰাৰ পিছত সমাজবাদী পাৰ্টিত যোগদান কৰে ৷ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে ৷ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৫২ চনত দেশত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হয় ৷ আৰু এই সাধাৰণ নিৰ্বাচনতে চৌধুৰীদেৱে এ ই দলৰ হৈ গুৱাহাটী লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয় ৷ ১৯৫৭ চনত হোৱা দেশৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনত চৌধুৰীদেৱে কমলপুৰ বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা কৰে যদিও তেখেতে কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰে ৷ দুবাৰকৈ বিধানসভাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিব লগা হোৱাৰ বাবে ১৯৬২ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্ব্বিতা নকৰি ১৯৬৩-৬৪ চনত গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰে আৰু তেখেতে বিপুল ভোটত জয় লাভ কৰে ৷চৌধুৰীদেৱ আছিল গুৱাহাটী পৌৰসভাৰ প্ৰথম গৰাকী অ-কংগ্ৰেছী পৌৰ সভাপতি ৷ ১৯৬৭ চনত চৌধুৰীদেৱে কমলপুৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ প্ৰথম বাৰৰ বাবে অসম বিধান সভাৰ সদস্য হয় ৷ ইয়াৰ পিছতে ১৯৭৭ চনত হোৱা অসম বিধান সভাৰ নিৰ্বাচনত লক্ষ্যধৰ চৌধুৰীদেৱে জালুকবাৰী সমষ্টিৰ পৰা বিধান সভালৈ মনোনীত হয় ৷ এই নিৰ্বাচনত জনতা দল বিজয়ী হয় আৰু গোলাপ বৰবৰাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে ৷ এই মন্ত্ৰীসভাত চৌধুৰীদেৱক শিক্ষা আৰু সাংস্কৃতিক দপ্তৰৰ দায়িত্ব দিয়ে ৷ অৱশ্যে এইখন মন্ত্ৰীসভাৰ কাৰ্যকাল বৰ বেছিদিন নচলিল ৷ মাত্ৰ ১৭ মাহ কালহে তেখেতে মন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই নিব পাৰে ৷১৯৭৯ চনৰ ৩ ছেপ্তেম্বৰ তাৰিখে এইখন মন্ত্ৰীসভা ভংগ হয় ৷ অৱশ্যে সমাজবাদী আৰ্দশেৰে অনুপ্ৰাণিত হোৱা চৌধুৰীদেৱে জীৱনত কেতিয়াও নিজ আৰ্দশক বিৰ্সজন দিবলৈ শিকা নাছিল ৷ চৌধুৰীদেৱে নিজে এবাৰ বিধান সভাৰ সদস্য , এবাৰ মন্ত্ৰীত্ব লাভ কৰিও কিন্ত তেখেতে নিজৰ অভাৱ অনাটনৰ কথা চিন্তা নকৰি কেৱল দেশৰ বাবে আৰু জনগণৰ বাবেহে কাম কৰি গৈছিল ৷ লক্ষ্যধৰ চৌধুৰীদেৱে এবাৰ পৌৰসভাৰ সভাপতি আৰু এবাৰ গুৱাহাটীৰ পৌৰ নিগমৰ ’মেয়ৰ’ হৈয়ো নিজৰ অভাৱ-অনাটনে আৱৰা সংসাৰখনৰ কথা চিন্তা নকৰি কেৱল দৰিদ্ৰ জনসাধাৰণৰ বাবে কাম কৰি গ’ল ৷ নিজৰ আৰ্দশত অটল থকা লক্ষ্যধৰ চৌধুৰী এজন বৰ নিকা মনৰ ব্যক্তি আছিল ৷ এনে নিকা ৰাজনীতিবিদ বৰ্তমান সমাজত বিৰল ৷
বহুগুণেৰে বিভূষিত চৌধুৰীদেৱ বহু সৰু কালৰে পৰা নাটকৰ লগত জড়িত হৈ পৰিছিল ৷ নাটকেই আছিল তেখেতৰ হৃদয়ৰ স্পন্দন ৷ তেখেতৰ জীৱনৰ লগত নাটকীয় সত্তা নিবিড়ভাৱে জড়িত হৈ আছে ৷ চৌধুৰীদেৱৰ শিশু কালতেই অভিনয়ৰ সতে পৰিচয় ঘটে ৷ তেখেতৰ জন্মস্থান উত্তৰ গুৱাহাটীৰ ৰংমহল গাঁৱত ১২০ ঘৰ মান মানুহৰ মাজত দুটি নাটঘৰ আছিল ৷ এটাত যাত্ৰা অভিনয় আৰু আনটোত মঞ্চ অভিনয় অনুষ্ঠিত হৈছিল ৷ চাৰি-পাঁচ বছৰৰ পৰাই চৌধুৰীদেৱে এই দুয়োটা নাটঘৰতে কৃষ্ণৰ নৃত্য প্ৰৰ্দশন কৰিছিল ৷ তেখেতৰ এই কাৰ্যত মাক আৰু পেহীয়েকে বহুতো অনুপ্ৰেৰণা দিছিল ৷অৱশ্যে দেউতাকে তেখেতৰ মন অভিনয়ৰ প্ৰতি আৰ্কষিত হোৱাটো ভাল পোৱা নাছিল ৷ মাক আৰু পেহীয়েকৰ উৎসাহতে তেখেতে অতি কম বয়সতে অভিনেতা হিচাপে সুখ্যাতি অৰ্জন কৰে ৷ লক্ষ্যধৰ চৌধুৰীয়ে ছাত্ৰাৱস্থাতেই কামাখ্যানাথ ঠাকুৰ, জলতিৰাম লহকৰ আদিৰ দৰে নাট্যকাৰৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। নৱম শ্ৰেনীত পঢ়ি থাকোঁতেই তেওঁ 'একলব্য' নামৰ এখনি নাট ৰচনা কৰি নিজৰ প্ৰতিভাৰ ইংগিত দিছিল। তেওঁৰ ৰচিত উল্লেখযোগ্য নাটকবোৰ হ'ল 'ৰক্ষা কুমাৰ', 'আলিবাবা', 'ওমলা ঘৰ', 'নিমিলা অংক', 'যৱনিকাৰ আঁৰে আঁৰে' ইত্যাদি। ৰংগমঞ্চৰ পৰা আহি এই গৰাকী শিল্পীয়ে দুখনকৈ অসমীয়া ছবি ক্ৰমে “নিমিলা অংক” আৰু “বদন বৰফুকন” ত অভিনয় কৰে। ইয়াৰ লগতে, “নিমিলা অংক” ছবিখনৰ পৰিচালক হিচাপেও লক্ষ্যধৰ চৌধুৰীদেৱে সফলতা লাভ কৰে ৷ ১৯৬১ চনত মুক্তিপ্ৰাপ্ত ছবি “লাচিত বৰফুকন” ত প্ৰবীণ ফুকনৰ সৈতে যুটীয়াভাৱে পৰিচালনাও কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে।
লক্ষ্যধৰ চৌধুৰীৰ জন্মস্থান ৰংমহলত ৰজাই ৰং-ৰহইচ কৰিছিল বাবে এই ঠাইৰ নাম ৰংমহল হ’ল বুলি চৌধুৰীদেৱে নিজেই উল্লেখ কৰি গৈছিল ৷ সেইবাবে চাগে চৌধুৰীদেৱো স্বভাৱতে ৰঙীয়াল আছিল ৷অসমৰ গঞা আৰু নগৰীয়া ৰাইজৰ অন্তৰত বাস কৰা চৌধুৰীদেৱৰ শিশু সুলভ সৰলতা আৰু হাঁহিমুখীয়া স্বভাৱেই তেখেতৰ জনপ্ৰিয়তাৰ কাৰণ ৷ স্বভাৱসুলভ হাঁহিৰে সকলোৰে মন জয় কৰা এইজনা বৰেণ্য ব্যক্তিয়ে ২০০০ চনৰ ১৮ আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে।
গীতাঞ্জলী বৰকটকী
দুলীয়াজান বৰ্ণৰাগ-১৩
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
শিশুৰ ৰহঘৰা
শিশু আৰু অভিভাৱক
দীপাংকৰ ভূঞা
শিশু সম্পৰ্কীয় কিছু কথা আৰু সেই সম্পৰ্কত অভিভাৱক সকলৰ কৰণীয় ,এনে কিছু কথা আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। লেখাটিয়ে বিশেষকৈ সেই সকল অভিভাৱকক কিছু সহায় কৰিব যি সকলৰ সন্তানটি শিশু অৱস্থাত আছে।
আপোনালোকে ভগৱান বিশ্বাস কৰে (নকৰা ব্যক্তিও ওলাব পাৰে কিন্ত সংখ্যাত কম )। তেন্তে সাস্ত্ৰ অৰ্থাৎ মহাভাৰত আৰু ৰামায়নৰ কাহিনী বিশ্বাস কৰে। সেইদৰে নিশ্চয় ভক্ত পহ্লাদ আৰু অভিমন্যুৰ কাহিনী জানে। পহ্লাদ মাত্ৰ পাঁচ বছৰ বয়সতে মহাজ্ঞানী হৈছিল । ঠিক সেইদৰে মাতৃ গৰ্ভত থাকোতেই অভিমন্যুৱে চক্ৰবেহুত কি দৰে প্ৰৱেশ কৰিব লাগে সেই সম্পৰ্কে জ্ঞান লাভ কৰিছিল। সেয়া আপোনালোকৰ নিশ্চয় জ্ঞাত সেয়ে মোৰ বাখ্যাৰ প্ৰয়োজন নাই। কিন্তু এই দুটা কাহিনীৰ পৰা আমি এটা কথাত সহমতত উপনীত হ'ব পাৰোঁ যে শিশুৱে শিক্ষাৰ ভেটি সুদৃঢ় কৰে পাঁচ বছৰ বয়সৰ ভিতৰতে।
আমি যদি বৈজ্ঞানীক দৃষ্টি ভঙ্গীৰে চাওঁ তেন্তে সন্তান এটি জন্ম হওঁতে কি কি কাৰকে ক্ৰিয়া কৰে আপোনালোকৰ বহুতে জানে।প্ৰথমটো হ'ল বংশগত প্ৰভাৱ আৰু দ্বিতীয়টো হ'ল পৰিবেশৰ প্ৰভাৱ। বংশগত বৈশিষ্টৰ বাহক হ'ল কোষত থকা ক্ৰমজমৰ জিন। জিনে মাক আৰু দেউতাকৰ চৰিত্ৰ বহন কৰে।গতিকে এই শিতান বহল নকৰো। দ্বিতীয় বিষয় হ'ল পৰিবেশৰ প্ৰভাৱ, গতিকে আমাৰ শিশু সকলক ভাল পৰিবেশ দিব লাগিব তেহে শিশু ভাল হ'ব। আমাৰ বহুতৰ ধাৰনা যে শিশু ডাঙৰ হ'লে ভাল পৰিবেশ দিলেই সি ভাল হ'ব।পিছে সেই ধাৰনা ভুল।যদি আপোনালোকৰ শিশু ভাল কৰিব বিচাৰিছে তেন্তে পাঁচ বছৰ বয়সৰ ভিতৰতে শিশুটিক সংস্কাৰ শিক্ষা প্ৰদান কৰক। উদাহৰণ স্বৰূপে ভক্ত প্ৰহ্লাদৰ কথাকে কব পাৰি।অসুৰৰ বংশত তেওঁ কেনেকৈ সৎ হ'ল। সেইটো পৰিবেশৰ প্ৰভাৱ। বংশগত প্ৰভাবত তেওঁৰ শৰীৰত বেয়া গুণ আছিল যদিও পৰিবেশ অৰ্থাৎ মাতৃৰ প্ৰভাৱত তেওঁ সৎ হ'ল।
আমি যদি সুক্ষ্ম পৰ্য্যবেক্ষেণ কৰোঁ তেন্তে জানিব পাৰিম শিশুৱে সৰু কালতেই বহুত জ্ঞান আয়ত্ব কৰে। সাধাৰণ ধাৰণাত শিশু মানেই বোধ ক্ষমতা কম গতিকে অবুজন। সেয়ে সি/তাই কৰা ভুলবোৰ আমি ওলাই কৰি চলোঁ। আৰু ভাবি লওঁ ডাঙৰ হোৱাৰ লগে লগে বোধ ক্ষমতা বাঢ়িব আৰু বেয়াকৰ্ম নকৰিব। এই ক্ষেত্ৰত আমাৰ সমাজত প্ৰচলিত এটি আপ্তবাক্য " বয়স হ'লে বুদ্ধি ভাল হ'ব "। গতিকে আমি শিশুটি ডাঙৰ হোৱালৈকে ৰৈ থাকোঁ। এই ধাৰণা ত্যাগ কৰি সৰুতেই শিশুটিৰ ওপৰত নজৰ ৰখাটো অত্যন্ত প্ৰয়োজন।
কেতিয়াবা আকৌ দেখা পোৱা যায় কিছুৱে বেয়া কথা শিশুক শিকাই আৰু শিশুৰ মুখেৰে সেইবোৰ শুনি বৰ আনন্দ অনুভৱ কৰে। তেনে ভুল নকৰিব কিয়নো এনে অভ্যাসেই গৈ এদিন স্বভাৱত পৰিণত হ'ব। এই স্বভাৱ সহজে এৰিব নোৱাৰা অৱস্থা হ'ব।তেতিয়া আপুনি নিজৰ বিপদ নিজে চপাই লোৱা হ'ব।
শিশু সম্পৰ্কে আৰু এটি উল্লেখযোগ্য বিষয়ত আমাৰ জ্ঞান থকাৰ প্ৰয়োজন। বিষয়টি হ'ল পুৰস্কাৰ আৰু শাস্তি (Reward and punishment). শিশু এটিয়ে কৰা কি কি কামৰ বাবে পুৰস্কাৰ পোৱা উচিত আৰু কি কি কামৰ বাবে শাস্তি পোৱা উচিত ।সেই সম্পৰ্কত অভিভাৱক আৰু শিক্ষক সমাজ সচেতন হোৱা উচিত। ধৰা হ'ল শিশু এটি পঢ়া শুনাত ভাল গতিকে ভাল ফলাফল দেখুওৱাৰ সময়ত তেওঁক
উৎসাহিত কৰিবলৈ পুৰস্কৃত কৰা উচিত। এইযে পুৰস্কৃত কৰা হ'ল পৰিণতিত শিশুটিয়ে দুগুণ উৎসাহেৰে পঢ়াত মনোনিবেশ কৰিব আৰু এদিন সুনাম কঢ়িয়াই আনিব। ঠিক একেদৰে শিশু এটিয়ে বেয়া কাম কৰিলে শিশুটিয়ে শাস্তি পোৱা উচিত পৰিণতিত সেই কাম পুনৰ নকৰিব। বিপৰীতে শিশুটিক পুৰস্কৃত কৰিলে সি/তাই পুনৰ সেই বেয়া কাম কৰিবলৈ উৎসাহ পাব আৰু সেইটো স্বভাৱত পৰিণত হ'ব। স্বভাৱত পৰিণত হ'লে সহজে তাক সেই কৰ্মৰ পৰা আঁতৰোৱা কঠিন হ'ব। উদাহৰণ হিচাপে ধৰক শিশু এটিয়ে
যিকোনো এটা বস্তু বিচাৰিছে আৰু আপুনি মৰমৰ
বশৱৰ্তী হৈ তাৰ সেই দাবী পূৰণ কৰিছে। ফলত শিশুটিয়ে বুজি পাই গ'ল যে সি/তাই যি বস্তু
বিচাৰে আপুনি সেই বস্তু সহজেই প্ৰদান কৰিব। সেয়ে যিকোনো উপায় অৱলম্বন কৰি বস্তুটো আপোনাৰ পৰা সৰকোৱাৰ ব্যৱস্থা কৰিব। এনে স্বভাৱ গঢ় লৈ উঠাৰ পিছত শিশুটি ডাঙৰ হোৱাৰ পিছত আপোনাক যিকোনো বস্তু বিচাৰিব আৰু
নাপালেই ক্ষুভৃত হৈ নকৰিবলগীয়া কাম কৰিব। এই বেয়া অভ্যাসৰ ফলতেই এদিন ম'বাইল , এদিন দুচকীয়া আৰু এদিন চাৰিচকীয়া দাবী কৰিব।এদিন আকৌ তাৰ মাজৰ পৰাই কোনো কোনো অসৎ সংগত পৰি নিচাশক্ত হ'ব।
সেয়ে আহক আপোনাৰ/মোৰ শিশুটিৰ কৈল্যাণৰ হেতু আমি সকলোৱে হাতত হাত ধৰি আগবাঢ়ো আৰু শিশুটি সুন্দৰ আৰু সৎ কৰোঁ। কাৰণ আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক হ'ব।
দীপাংকৰ ভূঞা
নগাঁও বৰ্ণৰাগ-১৪
———————————————————
ভোক
(শিশু গল্প)
ৰিংকু সমাদ্দাৰ
কণমানি ভনীয়েক ৰাণীক বোকোচাত লৈ মনামী স্কুললৈ আহিছে। তাই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। দাৰিদ্ৰতাৰ স্পষ্ট ছবিৰ আভাস থকা তাইৰ দুচকুত জিলিকি উঠিছে মানুহ হোৱাৰ অলেখ অযুত সপোন। তাইৰ এখন হাতত কেইবা ঠাইতো টাপলি মৰা কিতাপৰ পুৰণি বেগ এটা।
ভনীয়েকক কাষত বহুৱাই তাই ডেক্সত বেগটো থৈ আগদিনা স্কুলত বাইদেউৱে কৰি আনিবলৈ দিয়া গৃহকাৰ্য্যৰ বহীখন আৰু কিতাপ উলিয়াই ল'লে।
আজি দুপৰীয়া ভাত খাবলৈ সিঁহতৰ ঘৰত চাউল নাই বাবে মনামীয়ে তাইৰ কণমানি ভনীয়েক ৰাণীকো তাইৰ লগতে স্কুললৈ লৈ আহিছে।আজি বুধবাৰ বাবে সিঁহতক ছাৰে স্কুলৰ মধ্যাহ্ন ভোজনত কণী খুৱাব। আজি কণমানি ৰাণীয়েও তাইৰ সৈতে স্কুলত দুপৰীয়া একেলগে কণীৰ আঞ্জাৰে ভাত খাব...!
দূৰ্গা পূজালৈ আৰু বেছি দিন নাই। সিঁহতৰ মাক-দেউতাক আজি দুয়ো একেলগে হাজিৰা কাম কৰিবলৈ গৈছে। কাম কৰি পোৱা সেই টকাৰে মাকে মনামী আৰু ৰাণীক পূজাৰ নতুন কাপোৰ কিনি দিব। দেউতাকে পূজা দেখুৱাবলৈ লগত লৈ যাব,ৰাণীক পুতলা,বেলুন কিনি দিব!
মনামীয়ে মনতে ভাবিলে,তাই ভালদৰে পঢ়া-শুনা কৰি এদিন বহুত ডাঙৰ মানুহ হ'ব। তেতিয়া মাক-দেউতাকক এনেদৰে লোকৰ ঘৰলৈ কাম কৰিবৰ বাবে তাই যাবলৈ নিদিয়ে।
কথাবোৰ মনতে ভাবি এটা হেঁপাহী মনৰ তিৰবিৰ হাঁহি ন-বছৰীয়া মনামীৰ ওঁঠৰ ফাঁকেৰে ফুটি উঠিল।
বাইদেউৱে পঢ়োৱা পাঠ তাই মনোযোগেৰে আয়ত্ব কৰিবলৈ ধৰিলে...।
ৰিংকু সমাদ্দাৰ বৰ্ণৰাগ-১৫
———————————————————
হিম্মৎ সিং
(এটি ৰাজস্থানী সাধু)
ত্ৰৈলোক্য শৰ্মা
এজন দুখীয়া ৰাজপুত আছিল। দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰিবলৈও তেওঁ সমৰ্থ নহৈছিল।ভাগ্যৰ চকৰি কিজানি সলনি হয়ে এই বুলি ভাবিয়েই এবাৰ চাৰিটা এটকীয়া মুদ্ৰা হাততে লৈয়ে অন্য ঠাইলৈ যাত্ৰা কৰিলে।খোজ কাঢ়ি যোৱাৰ পথত বেছিকৈ ভোকত কাতৰ হোৱাৰ বাবে এটা টকাৰে কেঁচা মটৰৰ মিচলকে কিনি ল'লে! হাতত থাকিল মাত্ৰ তিনি টকা। এইদৰে গৈ থাকোতে হিম্মৎ সিঙে বাটতে এজন ব্যৱসায়ীক লগ পালে।দুয়োজনে একে পথেৰে একেলগে ৰাওনা হ'ল।কিন্তু সহযাত্ৰী হ'লেও ব্যৱসায়ীজনে হিম্মৎৰ লগত এটা শব্দৰেও ভাৱ বিনিময় নকৰি নিবোকা হৈয়ে নীৰৱে বাট বুলিলে। হিম্মতৰ মনটো ভাল নেলাগিল।দূৰ বাটত কথা
পাতি গ'লে আমনি নেলাগে।কিন্তু এনে কথা পাতিব নোখোজা সহযাত্ৰী থকাতকৈ নথকাই ভাল।হিম্মৎ সিঙে ভাৱিলে 'এইজন আকৌ কেনে ভকত মুখেৰে যে নেমাতে! অসৎ মানুহ নেকি?'উৎকণ্ঠা দমাব নোৱাৰি অৱশেষত সুধিয়েই পেলালে-'বন্ধু,কিয় তুমি এটাও কথা নেপাতা? যদি আমি দুয়োৱে কথা পাতি গৈ থাকো,তেতিয়া পথশ্ৰম বহুত লাঘৱ হোৱা যেন অনুভৱ হ'ব। ব্যৱসায়ীজনে 'মোৰ কথাৰ মূল্য আছে' বুলি কৈ নিজ খুচি মতে গৈ থাকিল।হিম্মতৰ মনৰ উৎকণ্ঠা প্ৰশমিত হোৱাৰ পৰিৱৰ্তে বাঢ়িবলৈহে ধৰিলে। তেওঁ ব্যৱসায়ীজনক এটকীয়া মুদ্ৰা এটা দিলে।তেতিয়া ব্যৱসায়ীজনে ক'লে-"অকলে যাত্ৰা কৰাতকৈ সঙ্গী এজন থকাটো ভাল।'
হিম্মৎ সিঙে পুনৰ এটকীয়া মুদ্ৰা এটা তেওঁক দিলে।এইবাৰ ক'লে-'অচিনাকি ঠাইত সাৱধানে থাকিবা'। শেষত হাতত অৱশেষ ৰূপে থকা এটকীয়াটোও ব্যৱসায়ীজনক দি দিলে।এইবাৰ ক'লে-' তোমাৰ তৰোৱালখন সদায় ধাৰে ৰাখিবা'
তেওঁ ব্যৱসায়ীজনৰ কথা কেইষাৰকে ভাবি ভাবি গৈ থাকিল। অলপদূৰ যোৱাৰ পিছত বাটতে এটা কাছ পালে।কাছটোৱে লাহে লাহে পথৰ দাঁতিৰ পৰা মাজ পথলৈ বগাই আহিছিল।ব্যৱসায়ীজনৰ প্ৰথম বাক্যটো কথা মনত পৰি বাটৰ সঙ্গী ৰূপে কাছটোক এটা মোনাত ভৰাই আগ বাঢ়িল। কিছুদূৰ অতিক্ৰম কৰাৰ পিছত তেওঁ বাহু বিষাবলৈ ধৰিলে! টকাটো এনেই লোকচান হ'ল বুলি কাছটোক পথৰ কাষতে থকা এটা হ্ৰদত মেলি দিলে।তেনেতে তেওঁৰ সোঁভৰিটোৱে কিবা এটাত উজুটি মাৰিলে আৰু খিটিংকৈ শব্দ এটা হ'ল। তললৈ চাই দেখিলে এটা পাত্ৰ। হিম্মৎ সিঙে পাত্ৰটোৰ সাঁফৰখন খুলি দেখিলে, সোণৰ মুদ্ৰাৰে ভৰি আছে।তেওঁ মনতে ভাৱিলে বাটত লগ পোৱা ব্যৱসায়ীজনৰ প্ৰথম বাক্যটো ফলিয়ালে দেখোন। তেওঁ মুদ্ৰাখিনি লৈ পুনৰ যাত্ৰা কৰিলে।এইদৰে গৈ গৈ দুদিনমানৰ মূৰত এখন নগৰত উপস্থিত হ'লগৈ। সেই নগৰখনৰ এটা গলিত বাস কৰি থকা এজন ডাল দৰিদ্ৰ কুমাৰৰ ঘৰতে হিম্মৎ সিঙে এৰাতি থকাৰ ব্যৱস্থা কৰিলে। দৰিদ্ৰ হ'লেও উদাৰচিটিয়া কুমাৰজনে হিম্মৎ সিঙক সন্মানীয় আলহী ৰূপে আশ্ৰয় দি বিনামূলীয়াকৈ ৰাখিলে।হিম্মৎ সিঙে ভাৱিলে এই দয়ালু মানুহজনক কি দৰে সহায় কৰিব পাৰি!তেওঁ হঠাতে মন কৰিলে, ভিতৰত কোনোবা তিৰোতা এগৰাকীয়ে উচুপি উচুপি কান্দি আছে। পিছদিনা পুৱাতে কুমাৰজনক সুধিলে,-'কালি আপোনাৰ ঘৰত এগৰাকী নাৰীৰ কান্দোন শুনিলোঁ।তেওঁ কোন আৰু কিয় কান্দিছিল?' তেতিয়া কুমাৰজনে ক'লে,- 'ঘটনা এটি ঘটিছে।এই ঠাইৰ ৰাজকুমাৰী গৰাকী অভিশপ্ত হৈছে।এতিয়া তেওঁক পাল পাতি পহৰা দিব লগা হৈছে।প্ৰতি নিশা এটা এটা সৰ্প ৰাজকুমাৰীৰ শয়ন কক্ষলৈ আহে আৰু যিলোকে ৰাজকুমাৰীক সৰ্পৰ পৰা ৰক্ষা কৰিবলৈ পাল দিয়ে, সেইজনকে সেই প্ৰকাণ্ড বিষাক্ত সৰ্পটোৱে খুটি প্ৰাণ লয়। আজি ৰাতি মোৰ পত্নীৰ পহৰা দিয়াৰ পাল। যদি কোনোলোকে এই সৰ্পটোক মাৰিব পাৰে তেতিয়াহে ৰাজকুমাৰী সাপৰ পৰা মুক্তি হ'ব।' কুমাৰজনৰ পৰা সবিশেষ জানিব পাৰি হিম্মৎ সিঙে তেওঁলোকক সান্তনা দিলে।তেওঁ নিৰ্ভৰ প্ৰদান কৰি ক'লে, সেই ৰাতি কুমাৰৰ পত্নীৰ সলনি তেওঁৱেই ৰাজকুমাৰীক পহৰা দিব।সেইদিনা হিম্মৎ সিঙৰ ব্যৱসায়ীজনে কোৱা দ্বিতীয় বাক্যশাৰী মনলৈ আহিল।তেওঁ কুমাৰজনৰ পত্নীৰ সাজ পৰিধান কৰি গোপনে তৰোৱালখন লৈ ৰাজকুমাৰীক পহৰা দিবলৈ গ'ল আৰু গোটেই ৰাতিটো অতি সাৱধানেৰে ৰাজকুমাৰীৰ কাষত সৰ্পটোৰ বাবে অপেক্ষা কৰিলে।গভীৰ নিশা নিস্তব্ধতা ভেদি ভয়ানক সৰ্পটো ৰাজকুমাৰীৰ শয়ন কক্ষলৈ সোমাই অহাটো হিম্মৎ সিঙে প্ৰখৰ চকুৰে দেখিলে।তেওঁ ব্যৱসায়ীজনৰ দ্বিতীয় বাক্যটো মনত ৰাখি এই অচিন ঠাইত সাৱধানে আছিলেই।। সৰ্পটো ৰাজকুমাৰীৰ শৰ্য্যালৈ কাষ চাপোতেই তেওঁ তীক্ষ্ণ তৰোৱালখনেৰে সৰ্পটোক টুকুৰা টুকুৰ কৰিলে। শব্দ শুনি তৎক্ষণাত ৰাজকুমাৰীয়ে সাৰ পালে। তেওঁ তেওঁৰ ওপৰত থকা অভিশাপৰ বিষয়ে অৱগত নাছিল।সেইবাবে তেওঁ নিশ্চিন্তে প্ৰতি নিশা শোৱাৰ দৰে সেই নিশাও সুখ নিদ্ৰাতে আছিল। হিম্মৎ সিঙে পিছত ৰাজকুমাৰীক নিজৰ পৰিচয় দিলে।ৰাজকুমাৰীয়ে প্ৰকাণ্ড সাপটো দেখি যিদৰে ভয়ত কঁপি উঠিছিল সেইদৰে অচিনাকি হিম্মৎ সিঙক কাষতে পাইও আচৰিত হৈছিল। তেওঁ ৰাজকুমাৰীক প্ৰকৃত পৰিচয় দিলে।ৰাজকুমাৰীয়ে তেওঁক কৃতজ্ঞতা জনালে। পুৱা ৰজাই সকলো কথা জানিব পাৰিলে। কিন্তু তিৰোতাৰ বেশ ধৰি ৰাতি ৰাজকুমাৰীৰ শয়ন কক্ষত সোমোৱা বাবে তেওঁক কাৰাগাৰত বন্দী কৰিবলৈ হুকুম দিলে।কুমাৰৰ পৰিয়ালকো এই কামত সহযোগিতা কৰা বাবে একে নিৰ্দেশ দিলে।কিন্তু মাতৃহীন ৰাজকুমাৰীৰ প্ৰতি পিতৃৰূপে ৰজাৰ মৰম বেছি আছিল। সেইবাবে ৰাজকুমাৰীৰ মতামতো জানিব বিচালে। ৰাজকুমাৰীয়ে পিতৃক হিম্মৎ সিং আৰু কুমাৰৰ পৰিয়ালক শাস্তিৰ পৰা ৰেহাই দিবলৈ অনুৰোধ কৰিলে।ৰজাই মৰমৰ কন্যাৰ অনুৰোধ গ্ৰাহ্য কৰিলে । কেৱল সেয়ে নহয় অলেখ ধন-দৌলত আৰু মাটি-বাৰী দি হিম্মৎ সিং আৰু কুমাৰৰ পৰিয়ালক পুৰস্কৃত কৰিলে। দিন বাগৰাৰ লগে লগে এদিন নিজৰ কন্যাকো হিম্মৎ সিঙলৈ বিয়া দিলে! ৰজাৰ মৃত্যুৰ পিছত হিম্মৎ সিঙেই সেই ৰাজ্যৰ অধিপতি হ'ল আৰু এগৰাকী প্ৰজাবৎসল ৰজা ৰূপে হিম্মৎ জনপ্ৰিয় হৈ পৰিল!
ত্ৰৈলোক্য শৰ্মা বৰ্ণৰাগ-১৬
———————————————————
প্ৰতিজ্ঞা
(শিশু গল্প)
দীপ্তি ঠাকুৰ গোস্বামী
শৰতৰ বতৰা পাই মৌমিতা আৰু মধুচন্দ্ৰা আনন্দত অধিৰ হৈ পৰিছে। নীল আকাশত শুকুলা ডাৱৰে ধেমালি কৰিছে। সুগন্ধি শেৱালিৰ আমোলমোল গোন্ধত মানুহৰ মনবোৰ আনন্দিত কৰিছে আৰু নিয়ৰৰ টোপালবোৰে দুবৰি বনবোৰ জিপাল কৰি তুলিছে। বাট পথবোৰ বোকা পানীৰ পৰা পৰিত্ৰাণ পাই সুন্দৰ হৈ উঠিছে। আৰু এনে এক সুন্দৰ পৰিৱেশত দুৰ্গতি নাশিনী মা দুৰ্গাৰ পূজা আৰম্ভ হৈছে ।
মৌমিতা আৰু মধুচন্দ্ৰা নলে-গলে লগা বান্ধৱী। এইবাৰ পূজাত মেলা বহিব। তাৰপৰা কি কি খেলনা বস্তুবোৰ কিনিব সেইবোৰ কথা আলোচনা কৰি দুয়োৰে আনন্দৰ যেন সীমা নাই। লগতে দুয়ো ভগৱানক প্ৰাৰ্থনা কৰিব- ক'ৰনা মহামাৰী যাতে অতি সোনকালে নাশ হয়, আৰু সিহঁতেও যাতে আগৰ দৰে বিদ্যালয়লৈ যাব পৰা হয়৷ তাৰেই আশা সিহঁতে মনতে পুহি ৰাখিছে।
সিহঁত দুয়োজনী যদিও নলে-গলে লগা বান্ধৱী তথাপিতো কিছুমান কথাত কিন্তু সিহঁত দুজনীৰ মিল নাই। মৌমিতাই দুৰ্গা পূজাত বেলুন আৰু পুতলা ল'ব। দেউতাকে তাইক ফ্ৰক এটা দিব সেইটো তাই জানেই। দেউতাকৰ লাগে যিমানেই কষ্ট নহওক, একমাত্ৰ জীয়েকক ধুনীয়া ফ্ৰক এটা দিবই। তাই কিন্তু মিতব্যয়ী। অনাহকত টকা পইচা খৰছ নকৰে। মাক-দেউতাকে কষ্ট পোৱা কথা তাই ভাবিবই নোৱাৰে। মাক-দেউতাকক তাই খুব বুজে।
মধুচন্দ্ৰা মৌমিতাতকৈ অলপ বেলেগ। তাইক যিটো বস্তু লাগিব বুলি ক'ব সেইটো তাইক লাগিবই। তাই এইবাৰ দুৰ্গা পূজাত দুটা বন্দুক কিনিব। মৌমিতা কিন্তু বন্দুক কিনাৰ একেবাৰে ঘূৰ বিৰোধী। তাই জানে বন্দুকৰ গুলিৰপৰা যি ধোৱা নিৰ্গত হয় সেই ধোঁৱাই অকণমান ঠাইত হ'লেও বায়ু দুষিত কৰে। তদুপৰি বন্দুকত ব্যৱহাৰ কৰা গোল গোল গুলিবোৰে কেতিয়াবা সৰু ল'ৰা-ছোৱালীক আঘাত হানিব পাৰে। সেয়েহে তাই বন্দুক ল'বলৈ মধুচন্দ্ৰাক বাৰে বাৰে মানা কৰিছিল। তাই কিন্তু মৌমিতাৰ কথা নুশুনিলে। বন্দুক দুটা কিনিহে শান্তি পালে।
দুয়োৰে আনন্দ মনেৰে দুৰ্গা পূজা পাৰ হ'ল। এদিন মধুচন্দ্ৰাই ভায়েকৰ লগত বন্দুক খেলি থাকোঁতে অকস্মাতে ভায়েকৰ চকুত গুলিটোৱে আঘাত হানিলে। তাৰ চকুৰপৰা তেজ ওলাবলৈ ধৰিলে৷ লগে লগে তাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হ'ল। ভায়েক জিন্তুৰ ভাগ্য ভাল আছিল। সি চকুটোৰ মনিটোত আঘাত পোৱা নাছিল। তাই কান্দি কান্দি কথাখিনি মৌমিতাক ক'লে- " তুমি ঠিকেই কৈছিলা বন্দুকে মানুহক আঘাত হানে। মই আজিৰ পৰা কেতিয়াও বন্দুক হাতত নলওঁ। ময়ো তোমাৰ দৰে পুতলা আৰু বেলুনহে খেলিম।" এই বুলি কৈ তাই প্ৰতিজ্ঞা কৰিলে। মৌমিতাই ক'লে- "যুদ্ধত বন্দুক ব্যৱহাৰ কৰে। বিনা দোষত কিমান যে মানুহৰ মৃত্যু হয়৷ সেয়েহে আমাক যুদ্ধ নালাগে, শান্তিহে লাগে।"
দীপ্তি ঠাকুৰ গোস্বামী
ডুমডুমা বৰ্ণৰাগ-১৭
———————————————————
পাহি আৰু কণমানি জলকুঁৱৰী
(শিশু উপন্যাস )
ৰিঞ্জুমণি নেওগ বৰা
দ্বিতীয় খণ্ড
পাহিয়ে ককাকৰ পৰা অসমৰ থলুৱা মাছবোৰৰ নাম জানিবলৈ উদ্গ্ৰীৱ হৈ পৰিল।
ঃ কোৱানা ককা ! আগতে ইয়াত কি কি মাছ আছে কোৱা ?
ঃ মই নামবোৰ কৈ যাম আৰু মণিয়ে তোমাক দেখুৱাই যাব দেই । মণি ! আগতে পুঠি মাছ দেখুওৱা !
ঃ বৰদেউতা ! ইয়াত পুঠি মাছ দুবিধ আছে । এই ডাঙৰকেইজনী চেনী পুঠি আৰু এই সৰুবোৰ আমাৰ জাতি পুঠি।
ঃ ও ঠিকেই কৈছ। পুঠি মাছৰ এশটা মূৰ খালে বোলে চকুৰ দৃষ্টি বাঢ়ে ।
ঃ হয় নেকি ককা ! সেই গাত আঁচ থকা ধুনীয়া মাছটোৰ নাম কি ককা?
ঃ সেইটো বটিয়া। সৌ দীঘল লেলপেলীয়াকেইটা দেখিছা ? কজলাচানেকীয়াটো বামি,অলপ ক'লা চানেকীয়াটো তোৰা,বগা দীঘলটো ককিলা । আৰু সৌ বগা গৰৈটোৰ নিচিনাটো হৈছে পাটীত মুতুৰা মাছ ।
ঃ হি হি হি হি ককা ! ই পাটীত মুতে নে পানীত মুতে ককা ? নে পানীতে ইহঁতৰ বিছনা আছে ?
ঃ পানীতেই ইহঁতৰ বিছনা আছে বুলি ক'ব পাৰা অৱশ্যে।
পাটীত মুতুৰা মাছ খালে বোলে সৰু ল'ৰা-ছোৱালীয়ে যে কাপোৰে-কানিয়ে পেছাব
কৰে ! নাইবা বিছনাত শুই থাকোতে অজানিতে পেছাব কৰি দিয়ে সেই ৰোগ নোহোৱা হয় বুলি আমাৰ বোপা-ককাই কৈ গৈছে।
ঃ সঁচাকৈনে ককা ?
ঃ নহয় অ' আইজনী ! আচলতে তেনেদৰে কৈ ল'ৰা-ছোৱালীক আমি ডাঙৰবোৰে মাছবোৰ খুৱাবলৈহে চেষ্টা কৰোঁ । সৰু ল'ৰা-ছোৱালীয়ে বিভিন্ন কাৰণত পাটীত পেছাব কৰিব পাৰে । তেনেকৈ কৈ মাছ খাবলৈ বাধ্য কৰায় । নহ'লে তোমালোকৰ নিচিনা ল'ৰা-ছোৱালীবোৰে মাছ খাবলৈ মনেই নকৰা। আৰু কিছুমান কথাৰ বৈজ্ঞানিক ভিত্তি নথকাও নহয় ।
পুঠিমাছৰ এশটা মুৰ খালে বোলে চকুৰ দৃষ্টি ভাল হয়। মাছত কেলচিয়াম থাকে । ই আমাৰ চকু আৰু হাড়ৰ কাৰণে ভাল । অৱশ্যে পাটীত মুতুৰাৰ কথা মই ভালকৈ নাজানো
দেই !
ঃ হিঃ হিঃ হিঃ !! কিযে নাম
ঐ !! পাটীত মুতুৰা !!! হিঃ হিঃ হিঃ!!
ঃইয়াত কি কি মাছ আছে চোৱা আকৌ ! খলিহনা,কাৱৈ,গৰৈ ,মাটি কাৱৈ মানে গেডগেডী ।এইৰ আৰু এটা নাম হ'ল খালৈভাঙী ।
ঃ কিয় খালৈভাঙী বুলি কয় ককা ?
ঃ খালৈত থ'লে ইহঁতে ইলুটি-সিলুটি কৰি খালৈটো ভাঙিবলগীয়া কৰে কাৰণে খালৈভাঙী !
ঃ বাঃ !
ঃ এইবোৰ মোৱা,ডৰিকণা,চেলেকণা,
বটিয়া,নাৰ,বাট,সৌটো চেঙেলী, সৌদুটা শিঙি ! শিঙি মাছ ঘপকৈ নুচুবা ! কেনেবাকৈ বিন্ধিলে বৰ বিষাব। বিষতে জ্বৰ উঠি যাব ।
ঃ অ' মা !! মই ওচৰলৈকে নাযাও পাই !
ঃ বিন্ধিলেতো দুখ পামেই নহয়নে ককা ? ইমান বিষায়নে যে বিষতে জ্বৰ উঠি যায়?
ঃ সাধু এটা আছে ! ক'ম বাৰু পিছত । আগতে মাছবোৰ চিনি লোৱা আৰু মণিবাৰ পৰা তুমি এটা এটাকৈ জানি ল'বা। মই মাত্ৰ গাইহে যাম। আৰু এনেকৈ গাম যে মই গোৱা নামবোৰৰ বহুত মাছ ইয়াত নাপাবা। সেইবোৰ ডাঙৰ মাছো হ'ব পাৰে আৰু সৰু মাছো হ'ব পাৰে। বাকলি থকাও হ'ব পাৰে আৰু বাকলি নথকাও হ'ব পাৰে।
ঃ বাৰু বাৰু কৈ যোৱা।
ঃ শিঙৰা,বচা,ভাঙোন,লাচন,ভেদভেদী,চন্দা,মিছা,ককিলা,চেং ,শ'ল, শাল,মাগুৰ, কচ,নেৰিয়া,আৰি,গাগল, গৰুৱা,ৰৌ,ভকুৱা,চিতল,
পিঠিয়া,ঘৰিয়া, ইলিছ, বৰালি, কলীয়াজৰা,মালী আৰু কিমানযে মাছ আছে। সাগৰত থকা মাছবোৰৰ কথাও ক'ম বাৰু । মোৰ মনত পৰাখিনি ক'লোঁ । এতিয়া মণিৰ পৰা তুমি ইয়াত থকা মাছবোৰৰ নামবোৰ জানি লোৱা আৰু মাছবোৰ চিনি থোৱা। মাছ খালেই নহ'ব । মাছৰ নামবোৰো জানিব লাগিব।
ঃ কিন্তু তুমি শিঙি মাছৰ সাধুটো ক'ব লাগিব।
ঃ ক'ম বাৰু। মই অলপ বজাৰৰ পৰা আহোঁগৈ। মণিয়ে মাছ বাছি আজৰি হয় মানে মই অলপ শাক-পাচলি লৈ আহোগৈ ।
ঃ ঠিক আছে ককা !
ঃ শুন মণি ! এই ধুনীয়া মাছটো তহঁতৰ দ্ৰইং ৰুমত থকা গ্লাছৰ ডাঙৰ পাত্ৰটোত পানী দি ভৰাই থচোন আগতে । ইমান ধুনীয়া মাছ মই মোৰ জীৱন কালত কেতিয়াও আমাৰ খা-পুখুৰী -নদীত দেখা নাছিলোঁ দেই । মই মাছৰ একুৰিয়াম থকা দোকানৰ পৰা মাছটোৰ বাবে খাদ্যও লৈ আহিম ।
ঃ আৰু মাছৰ নাম নোকোৱা নেকি ককা ?
ঃ ক'ম আইজনী ! আগতে বজাৰৰ পৰা আহি লওঁ ৰ'বা । এতিয়া বাৰু তুমি মণিৰ পৰা যি জানিবলগা আছে জানি লোৱা। (আগলৈ)
ৰিঞ্জুমনি নেওগ বৰা
অধ্যক্ষ
তেজপুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্ণৰাগ-১৮
——————————————————
ইতিহাসৰ জলঙাৰে কোঁচসাম্ৰাজ্য-২
জাহ্নৱী কাকতি
৪ৰ্থ শতিকাৰ পৰা ১২ শ শতিকালৈ কোচবিহাৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল।তেতিয়ালৈ ইয়াত বৰ্মন,ম্লেছ আৰু পাল ৰাজবংশই ৰাজত্ব কৰিছিল।১২ শ শতিকাৰ পৰা এই অঞ্চল সেই সময়ৰ কমতা ৰাজ্যৰ অন্তৰ্ভুক্ত হয়।প্ৰথমে ইয়াত খেন ৰাজবংশই ৰাজত্ব কৰিছিল।১৪৯৮ চনত গৌড়ৰ পাঠান চুলতান আলাউদ্দিন হুছেইন ছাহৰ হাতত খেনসকলে ৰাজ্য হেৰুওৱাৰ পাছত ৰাজ্যৰ চাৰিওফালে অৰাজকতাই বিৰাজ কৰিবলৈ ধৰে।সেই সময়ত সংকোশ নদী আৰু চম্পাৱতী নদীৰ মাজৰ চিকণা পাহাৰ অঞ্চলত (বৰ্তমান গোৱালপাৰা জিলাত ধুবুৰীৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উত্তৰে )চিকণাবাৰী গাঁৱত হাৰিয়া মণ্ডল নামৰ এজন মেছ লোক বাৰটা মেছ পৰিয়ালৰ মুখিয়াল আছিল।এই হাৰিয়া মণ্ডলেই আছিল কোঁচসাম্ৰাজ্যৰ পূৰ্বপুৰুষ।হাৰিয়া মণ্ডলে "হাজো" নামৰ কোঁচ লোক এজনৰ দুজনী জীয়েক জীৰা আৰু হীৰাক বিয়া কৰায়।হাজোৰ নামৰ পৰাই পিছলৈ "কোঁচ হাজো" নাম হয়।জীৰাৰ গৰ্ভত মদন আৰু চন্দন নামে দুই পুত্ৰৰ জন্ম হয়।হীৰাৰ গৰ্ভত বিশু আৰু শিশু নামে দুই পুত্ৰৰ জন্ম হয়।এই বিশুৱেই পিছলৈ বিশ্বসিংহ নাম লয়।
বিশ্বসিংহ হেনো বৰ সাহসী আছিল।বিশ্বসিংহই ঔগুৰি আদিৰ বাৰভূঞাসকলক যুদ্ধত পৰাস্ত কৰে আৰু নিজৰ কৌশল আৰু বুদ্ধিমত্তাৰে ফুলগুৰি,ঔগুৰি,বনগাঁও,বিজনী,পাণ্ডু আদি অধিকাৰ কৰি ১৫১৫ চনত নিজৰ সাম্ৰাজ্য কৰতৈয়া নদীৰ পশ্চিমৰ পৰা পূবে বৰনদীলৈকে বিস্তৃত কৰি নিজকে প্ৰবল প্ৰতাপী ৰজা হিচাপে পৰিচয় দিয়ে।কোচবিহাৰত তেওঁ সুন্দৰ ৰাজধানী নিৰ্মাণ কৰে।বিশ্বসিংহৰ ভায়েক শিশুৱে নিজৰ নাম সলনি কৰি শিৱসিংহ নাম লয়।বিশ্বসিংহই হিন্দুধৰ্ম গ্ৰহণ কৰে আৰু তেওঁৰ লগতে তেওঁলোকৰ বংশৰ বাকীসকলে আৰু অন্যান্য অনুগামীসকলেও হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু নিজকে ৰাজবংশী বুলি চিনাকি দিয়ে।বিশ্বসিংহ শিৱ আৰু কামাখ্যা ভক্ত আছিল।বিষ্ণুভক্তসকলক তেওঁ দান দক্ষিণা কৰিছিল।কনৌজ,কাশী আদি ঠাইৰ পৰা ব্ৰাহ্মণসকলক আনি তেওঁ নিজৰ ৰাজ্যত স্থাপিত কৰায়।
বিশ্বসিংহই নিজৰ ভায়েক শিৱসিংহক সেনাপতি হিচাপে ঘোষণা কৰে আৰু বাৰজন মন্ত্ৰী নিয়োগ কৰে।তেওঁৰ ৰাজ্যৰ বিষয়াসকলক তেওঁ বিভিন্ন উপাধি প্ৰদান কৰিছিল।এনে বিষয়াসকলৰ তিনিহাজাৰজন আছিল ঠাকুৰীয়া উপাধিৰ।ষাঠীহাজাৰজন আছিল নবাব উপাধিৰ।তেওঁৰ দিনতে ৰজাঘৰীয়া বিষয়া পতাৰ নিয়ম প্ৰচলিত হয়।অসম বুৰঞ্জীত উল্লেখমতে তেওঁৰ ওঠৰ গৰাকী পত্নী আছিল আৰু ওঠৰজন পুত্ৰ আছিল।যাৰ মাজত শুক্লধ্বজ,মল্লদেৱ,নৰসিংহ আৰু গোসাইকমল অন্যতম।বিশ্বসিংহই ৪৯ বছৰ সুখ্যাতিৰে ৰাজত্ব কৰে। সেইসময়ৰ আহোম ৰজা চুহুং মুঙৰ লগত মহাৰাজ বিশ্বসিংহৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰ আছিল।তথ্যসমূহৰ মতে তেওঁলোকৰ মাজত উপহাৰৰ আদান প্ৰদানো হৈছিল।১৫৪০চনত বিশ্বসিংহৰ মৃত্যু হয়।
সেইসময়ত তেওঁৰ পুত্ৰ মল্লদেৱ আৰু শুক্লধ্বজ বেনাৰছত ব্ৰহ্মানন্দ নামেৰে এজন পণ্ডিতৰ ওচৰত অধ্যয়ন কৰি আছিল।এই কথাৰ সুযোগ লৈ নৰসিংহই পিতৃ-সিংহাসন অধিকাৰ কৰি নিজকে ৰজা বুলি ঘোষণা কৰে।মল্লদেৱ আৰু শুক্লধ্বজে এই খবৰ পাই উভটি আহি ভায়েক নৰসিংহক যুদ্ধত পৰাস্ত কৰে আৰু নৰসিংহ মৰাং দেশলৈ পলাই যায়।মৰাঙৰ ৰজাই আশ্ৰয় দিয়াৰ পাছত মল্লদেৱ আৰু শুক্লধ্বজে নৰসিংহক তাতো গৈ পৰাস্ত কৰে।ইয়াৰ পাছত পলাই গৈ নৰসিংহই প্ৰথমে নেপাল আৰু তাৰপাছত কাশ্মীৰত উপস্থিত হয়।নৰসিংহই পাছলৈ ভূটানত শাসন কৰে।তথ্যমতে ভূটান এটা সময়ত পৌৰাণিক কামৰূপৰে অংশ আছিল।মিৰজুমলাৰ আক্ৰমণৰ সময়ৰ ইতিহাস মতে সেইসময়ৰ ভূটানলোকসকলে কোৱা ভাষাটো কোঁচ ভাষাৰ দৰেই আছিল।চাৰ এচলে এদেনৰ মতে, ভূটানত মাত্ৰ দুটা শতাব্দীৰ পৰাহে ভূটীয়াসকলে বসবাস কৰিছে।ইয়াৰ আগতে হেনো টিফুসকল ভূটানৰ বাসিন্দা আছিল।আৰু এই টিফুসকল আছিল কোচবিহাৰৰ।
আগলৈ…
জাহ্নৱী কাকতি
নতুন দিল্লী বৰ্ণৰাগ-——————————————
অ’ আমাৰ গাঁও
চনকা
ৰ'দ দেৰিকৈ পৰা এখনি পাহাৰীয়া নিভাঁজ গাঁও
নৱ ৰাজন
যাদু নগৰী হিচাপে জনাজাত,মায়ং –মৰিগাঁও জিলাৰ এখন মনোমোহা ঠাই। এই ঠাইখন গুৱাহাটীৰ পৰা মাত্ৰ 40 কিঃমিঃ নিলগত অৱস্থিত। এশিঙীয়া গঁড় আৰু পৰিভ্ৰমী চৰাইৰ বাবে জগতবিখ্যাত পবিতৰা অভয়াৰণ্য এই মায়ঙৰ বক্ষতে অৱস্থিত। এই মায়ঙতে আগতে যাদুৰ জৰিয়তে বিভিন্ন অসাধ্য সাধন কৰিছিল। যেনে যাদুৰ জৰিয়তে মানুহে উৰিব পাৰিছিল;বাঘ ধৰিব পাৰিছিল; বন্দুকৰ নলেৰে পানী উলিওৱা, মানুহক ছাগলীলৈ সলনি কৰা, লগতে গছৰ পাতক কাৱৈ মাছলৈ সলনি কৰাৰ লগতে বহিবলৈ দিয়া পীৰাখন টিকাত লাগি ধৰা আদি বহু ৰোমাঞ্চকৰ কাম যাদুৰ বলত কৰিব পাৰিছিল। এইবাবেই মায়ঙক যাদু নগৰী হিচাপে গোটেই বিশ্বতে জনা যায়। অৱশ্যে আগৰ সেই যাদুবোৰ আজিকালি প্ৰায় নাই বুলিবই পাৰি। বিজ্ঞানৰ পোহৰ পৰাৰ লগে লগে ক্ৰমান্বয়ে সেই ঠাইখনত যাদুৰ চৰ্চা কমি যাবলৈ ধৰিলে। যাদুজনা লোকসকলে হয়তো নতুনসকলক নিশিকালে নাইবা নতুনসকল আগ্ৰহী নহয় শিকিবলৈ। কিন্তু আজিও মানুহৰ মাজত এইকথাবোৰ ৰহস্য হৈ আছে। কমকৈ হ'লেও কেইজনমানলোকে এই চৰ্চাতো অব্যাহত ৰাখিছে। আজিও দেশ-বিদেশৰ পৰা বহু লোক মায়ঙলৈ আহে। এটা কথা ক'বই লাগিব -যাদু নগৰী যদিও এইঠাইখনত অন্ধবিশ্বাসৰ বলি হৈ কোনো অঘটন সংঘটিত হোৱা নাই।
এই মায়ঙৰে পশ্চিম দিশত অৱস্থিত এখন গাঁও-চনকা। চনকা গাঁওখন তিনিওফালে মায়ং পাহাৰে আগুৰি আছে আৰু কাষত ব্ৰহ্মপুত্ৰ।এই গাঁওখন-ৰ'দ নপৰা ঠাইবুলি জনাজাত। আচলতে তিনিওফালে ওখ মায়ং পাহাৰে আৱৰি থকাৰ বাবে সূৰ্য্যৰ পোনপটীয়া পোহৰ কিছু পলমকৈ পৰে আৰু কিছু আগতীয়াকৈ আঁতৰি যায়। আজিৰ পৰা প্ৰায় 4-5 বছৰৰ আগলৈ গাঁওখন যোগাযোগবিচ্ছিন্ন এটা দ্বীপ সদৃশ আছিল; বিজুলীৰ সংযোগো নাছিল।
আগতে গঞাই পাহাৰৰ ওপৰেৰে বগাই নাইবা নাৱেৰে চনকালৈ অহা যোৱা কৰিছিল। বৰ্তমান এই গাঁওখন অসমৰ অন্যতম পৰ্যটনস্থলীলৈ পৰিণত হৈছে। যোৱাবৰ্ষৰ ডিচেম্বৰ–জানুৱাৰী মাহত লোকে লোকাৰণ্য হৈ পৰিছিল গাঁওখন।
আজিৰ পৰা কেইবছৰ মান আগতে মায়ং গাঁও পঞ্চায়তে পাহাৰ কাটি যাতায়তৰ বাবে উপযোগী কৰি তুলিছে যদিও এতিয়াও আৰু বহুখিনি কৰিবলৈ বাকী আছে।
অৱশ্যে ঔগুৰি-হিলৈখুন্দা সংযোগী পকীদলংখন সম্পূৰ্ণ হৈ উঠাত,বৰ্তমান চনকালৈ যাতায়ত যথেষ্ট সূচল হৈ উঠিছে।
ইংৰাজে শাসন কৰাৰ আগলৈ মায়ং এখন সম্পূৰ্ণ স্বাধীন ৰাজ্য আছিল। ডিমাছা কছাৰী বংশৰ ৰজাই শাসন কৰিছিল ইয়াত। শৰাইঘাটৰ যুদ্ধৰ সময়তো চনকাকে ধৰি তাৰ কাষৰে আন এখন ঐতিহাসিক ঠাই কাজলিচকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোগলৰ সোতৰবাৰ আক্ৰমণৰ ভিতৰত তেৰবাৰেই এই ঠাইখন প্ৰত্যক্ষভাবে জড়িত আছিল। ইয়াৰ জীৱন্ত প্ৰমাণ হিচাপে লোক-গৱেষক লোকেন্দ্ৰ হাজৰিকাৰ নেতৃত্বত কাজলিচকীত উদ্ধাৰ হোৱা বিভিন্ন গোলাবাৰুদ সমূহ আজিও ,পবিতৰাৰ গাতে অৱস্থিত মায়ং গ্ৰাম্য পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰত সংৰক্ষিত হৈ আছে। প্ৰবাদমতে ইয়াৰ শিলতে বহি লাচিত বৰফুকনে, আতন বুঢ়াগোহাঁইৰ সৈতে শৰাইঘাটৰ ৰণকৌশল তৈয়াৰ কৰিছিল।
চনকাৰ নামটো সম্পৰ্কত দুটা জনপ্ৰবাদ আছে । প্ৰথম প্ৰবাদমতে সৰ্প দংশনত মৃত্যু হোৱা লক্ষীন্দাৰৰ শৱদেহ লৈ লুইতৰ বুকুৰে উজাই অহা বেউলাক , ইয়াতে সানেকা (লক্ষীন্দাৰৰ মাক )ৰ ৰূপ ধৰি মনসা দেৱীয়ে চলনা কৰিছিল। এই সানেকাৰ পৰাই চনকা নামটো হোৱা বুলিও বহুতে কয়। বহুদিন ধৰি চন পৰি থকাৰ বাবেও এই ঠাইখনক চনকা বুলি বহুতে ক'ব খোজে। অৱশ্যে এই বিষয়ে ইতিহাসত কোনো লিখিত প্ৰমাণ নাই।
মায়ঙৰ প্ৰথমজনা ৰজা শূইনত সিংহই এই চনকাতে ব্ৰহ্মপুত্ৰৰে আহি ৰাজধানী পাতিছিল। ইয়াৰ ভেঁটি আজিও দেখিবলৈ পোৱা যায়। চনকাত থলুৱা অসমীয়াৰ লগতে বহুবছৰ ধৰি বিহাৰী সম্প্ৰদায়ৰ কিছু লোকেও বসবাস কৰি আহিছে,যি বৰ্তমান অসমীয়া।
এই চনকাতে
(হাতীবগৰাত)এটি প্ৰকাণ্ড গুহা আছিল,যিটো বৰ্তমান ভাগি গৈছে। চনকালৈ অহাৰ পথৰ কাষতে এটি বিশাল শিল থিয় হৈ আছে। যাক কানাই বৰশী বোৱা শিল বুলি কোৱা হয় । প্ৰবাদমতে ইয়াতে বহি ভগবান শ্ৰী কৃষ্ণই ব্ৰহ্মপুত্ৰত বৰশী বাইছিল।এই প্ৰকাণ্ড শিলটো বৰ্তমান পৰ্যটকৰ মূল আকৰ্ষণ।এইদৰে বিভিন্ন মূৰ্তিৰ লগতে বহু প্ৰাচীন সম্পদ এই ঠাইত আজিও পোৱা যায়।
ইয়াৰ কাষতে নৰসিংহ আশ্ৰম। য'ৰ পৰা সূৰ্য্য অস্ত হোৱাৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিব পাৰি।
চনকাৰ কাষতে ব্ৰহ্মপুত্ৰখন বৈ যোৱা বাবে তাৰ সৌন্দৰ্যই সকলোকে মুগ্ধ কৰে। সেয়ে ডিচেম্বৰ মাহৰ পৰা বহু লোক এইঠাইলৈ আহে। বৰ্তমান চনকা ইক' কেম্প, চনকা হেৰিটেজ নামৰ দুখন ৰিজৰ্ট গঢ়ি উঠিছে। ব্ৰহ্মপুত্ৰৰ বালিত ভলীবল , ফুটবলকে আদি কৰি বিভিন্ন খেলৰ ব্যৱস্থা আছে।
বিভিন্ন চৰাইৰ লগতে বিশেষকৈ ধনেশ চৰাইৰ বাবে এই গাঁওখন জনাজাত।
চনকা-গুৱাহাটীৰ পৰা নিচেই ওচৰতে অৱস্থিত যান্ত্ৰিকতাৰ পৰা আঁতৰত এখন সম্পূৰ্ণ নিভাঁজ গাঁও ।চালে চকু ৰোৱা ইয়াৰ সৌন্দৰ্যই সকলোকে হাত বাউলি মাতে ।
নৱ ৰাজন
ৰজামায়ং
জিলা: মৰিগাঁও ,782411
ভ্ৰাম্যভাষ: 7002523831 বৰ্ণৰাগ-২০
———————————————————
পাঠকৰ দৃষ্টিত
ৰীতা চৌধুৰীৰ অবিৰত যাত্ৰা
অনুস্মিতা ফুকন
অবিৰত যাত্ৰা
ৰীতা চৌধুৰী
প্ৰকাশক--জ্যোতি প্ৰকাশন,গুৱাহাটী
প্ৰথম প্ৰকাশ-- মে' ১৯৮১ চন
ৰীতা চৌধুৰীৰ 'অবিৰত যাত্ৰা' হ'ল অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ পটভূমিত অসম সাহিত্য সভাই আয়োজন কৰা উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত উপন্যাস।
অসমত আশীৰ দশকৰ শেষৰ ফালে আৰম্ভ হোৱা অবৈধ বিদেশী বহিষ্কৰণ আন্দোলনৰ গুৰুত্বপূৰ্ণ সময়ছোৱাৰ সামাজিক- ৰাজনৈতিক ইতিহাসৰ পটভূমিত লিখা ৰীতা চৌধুৰীৰ প্ৰথম খন উপন্যাসেই হ'ল 'অবিৰত যাত্ৰা'।
অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে উঠি অহা কেইজনমান উদ্যেমী, সাহসী, জাতিপ্ৰেম তথা দেশপ্ৰেমৰে উবুদ্ধ ডেকা-গাভৰুৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল "মাতৃসংঘ" নামৰ এক অনুষ্ঠান। যাৰ উদ্দেশ্যই আছিল অসমক বাহিৰা শক্তিৰ ওচৰত তল হৈ যাবলৈ নিদিয়া,নিজৰ ভাষা- সংস্কৃতিৰ শিপাক মজবুত কৰা।
স্বাধীনতাৰ পিছতো অসমে সহি অহা মাহীআইৰ দৃষ্টিক সলনি কৰিবলৈ অশান্ত,পৃথিৱী,সমুদ্ৰ,যোছেফ,বাসৱ,বিজু,মৰিয়ম আদি বহু ডেকা-গাভৰুৰ ত্যাগ,কষ্ট,বুকু বিন্ধি যোৱা কাহিনীৰ সমষ্টিয়েই হ'ল "অবিৰত যাত্ৰা"।
বেগম মৰিয়মৰ কলমে পুনৰ নতুন প্ৰজন্ম তথা "মাতৃসংঘ" নতুনচাম সদস্যৰ আগত ইয়াৰ জন্মকাহিনী,আন্দোলনৰ অলিখিত বহু কাহিনীক পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে।
উপন্যাসখন পঢ়ি থকাৰ সময়ত জাগি উঠা শিহৰণ, মনত স্বতঃস্ফূৰ্ত ভাৱে উথলি উঠা জাতি প্ৰেমৰ ভাৱটোৱে উপন্যাসখনক সাৰ্থক কৰি তুলিছে।
স্ব-জাতিৰ হকে,স্ব-মানুহৰ হাততেই প্ৰাণ তুলি দিয়া অশান্ত,সমুদ্ৰ,বিজুহঁতৰ প্ৰতিটো চৰিত্ৰই পাঠকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে।
নতুন ডেকাচামক সৎ পথত ঘূৰাই আনিবলৈ অশান্ত বৰুৱাই গঢ় দিছিল এটা পুথিভঁৰাল। মাতৃসংঘৰ বাবেও দেহে-কেহে খাতিছিল। সৎ পথৰে জাতি উদ্ধাৰৰ সপোন দেখা অশান্ত বৰুৱাক সশস্ত্র বাহিনীৰ লগত যোগাযোগ থকাৰ সন্দেহত কাৰাগাৰত কৰা অমানুষিক অত্যাচাৰৰ বাবেই এদিন মৃত্যুক সাৱতি ল'ব লগা হৈছিল।
"মাতৃসংঘ"ৰ উদ্দেশ্যক এচামে সাধাৰণ মানুহৰ আগত ভুলকৈ প্ৰচাৰ কৰি, নিজৰ মানুহৰ হাততেই অত্যাচাৰৰ সন্মূখীন হৈ পংগুত্বৰ জীৱন অতিবাহিত কৰা যোছেফৰ চৰিত্ৰটো প্ৰকাশ পাইছিল স্বদেশ প্ৰেমৰ অগ্নিশিখা। নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ এই আন্দোলনত কোনোবাই যদি নিজৰ প্ৰাণ হেৰুৱাইছিল,কোনোবাই হেৰুৱাইছিল নিজৰ সতীত্ব,নিজৰ ঘৰখন। যাৰ প্ৰতিশোধ ল'বলৈ বাসৱৰ দৰে এচামে বাছি লৈছিল সশস্ত্র সংগঠনৰ দৰে এক কঠিন পথ।
উপন্যাসখনক প্ৰাণ দিয়া এটি চৰিত্ৰ হ'ল সমুদ্ৰ ফুকন। এগৰাকী চকীদাৰৰ অসুন্দৰ, বিবৰ্ণ মুখৰ, বাহুবলী ল'ৰা হোৱাৰ বাবেই চাৰিওপিনৰ পৰা সহি অহা অপমান,
অৱহেলাই সৃষ্টি কৰিছিল গুণ্ডা সমুদ্ৰক। হঠাৎ পৃথিৱী চলিহা নামৰ এগৰাকী নাৰীয়ে সমুদ্ৰক মনৰ সুন্দৰতা, কোমলতাখিনি জুখি চাবলৈ শিকাইছিল আৰু দেশৰ বাবে জাতিৰ বাবে নিজৰ বাহুবলক প্ৰদৰ্শন কৰিবলৈ বুজনি দিছিল। যাৰ হাতত ধৰিয়েই সমুদ্ৰই প্ৰৱেশ কৰিছিল বন্ধুত্ব, আপোনত্বৰে বান্ধ খাই থকা "মাতৃসংঘ"ৰ বুকুলৈ। আনৰ জীৱন বচাবলৈ গৈ নিজে পুৰি ছাই হোৱা শ্বহীদ সমুদ্ৰ ফুকনৰ চোতাল সেইদিন মানুহৰে ভৰি পৰিছিল,যিটো জীয়াই থকাত দিনত সমুদ্ৰই কেতিয়াও নাপালে।
উপন্যাসখনৰ এক শক্তিশালী তথা মূখ্য চৰিত্ৰই হ'ল পৃথিৱী চলিহা। "মাতৃসংঘ"ৰ বাবে নিজৰ জীৱনটোকে দিয়া,প্ৰতিটো আন্দোলনৰ গুৰি ধৰোতা পৃথিৱীৰ চৰিত্ৰত প্ৰকাশ পাইছিল জাতি প্ৰেম,দেশ প্ৰেমৰ অনলশিখা। বহু সৰ্তীথক হেৰুৱাই, সমুদ্ৰক হেৰুৱাই, অশান্তৰ লগত শেষ সময়লৈকে ছাঁৰ দৰে থকা পৃথিৱী বৰুৱা(অশান্ত বৰুৱাৰ পত্নী) হৈ পিছৰ জীৱনটোত বেছিভাগ সময় অশান্তৰ সপোনৰ পুথিভঁৰালতেই থাকিবলৈ ল'লে।
বহু চিতাৰ জুইয়ে পুৰি নিয়া কলিজা, স্ব-জাতিৰ স্বাধীনতাৰ বাবে কৰা জীৱনৰ প্ৰতিটো ত্যাগ বুকুত বান্ধি আজিৰ অসমখনিৰ ৰূপৰেখা দেখা
মৰিয়ম,যোছেফ,পৃথিৱীহঁতৰ দৰে নতুন-নতুন প্ৰজন্মৰ মাজত এই ত্যাগৰ যাত্ৰা অবিৰত ভাবে চলি আছিল আৰু থাকিব। মাথো সময়ৰ লগত চৰিত্ৰ আৰু পটভূমিৰ পৰিবৰ্তন হ'ব।
বহু সপোন, বহু কন্ঠ, বহু অলিখিত কাহিনীৰে জীপাল,প্ৰেম, বন্ধুত্ব, ত্যাগৰে পৰিপূৰ্ণ এখন সফল উপন্যাসেই হ'ল ৰীতা চৌধু্ৰীৰ "অবিৰত যাত্ৰা" ।
অনুস্মিতা ফুকন
বঙাইগাঁও বৰ্ণৰাগ-২১
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
সাংস্কৃতিকীঃ
আলাপ
আজিৰ অতিথি
জনপ্ৰিয় অভিনেত্রী তথা DY365 ৰ শ্ৰেষ্ঠ
আহক আমি বৰ্ণৰাগৰ এইবাৰৰ সংখ্যাত অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্রী তথা DY365 ৰ শ্ৰেষ্ঠ বিহুৱতী মনিকাঞ্চন কোঁৱৰৰ মনৰ কথা জানিব চেষ্টা কৰোঁ——
ভাৰ্গৱ:-নমস্কাৰ।পোন প্ৰথমে আপোনাক বৰ্ণৰাগ আলোচনীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা আগন্তুক দূৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ। লগতে আপোনাৰ কৈশোৰ কাল তথা শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰিছোঁ।
মনি কাঞ্চন কোঁৱৰ:-ময়ো মোৰ ফালৰ পৰা বৰ্ণৰাগৰ লগতে সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ আৰু আগতীয়াকৈ দূৰ্গাপূজাৰ শুভেচ্ছা যাচিছোঁ। মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ নাহৰকটীয়া নগৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পাছতে নাহৰকটীয়া চৰকাৰী মজলীয়া বিদ্যালয়ত। প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈছিলো নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ হওঁ নামৰূপ ব্ৰহ্মপুত্ৰ ভেলী সাৰনিগম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। স্নাতক ডিগ্ৰী দুলীয়াজান মহাবিদ্যালয়ৰ পৰা আৰু স্নাতকোত্তৰ ডিগ্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ হওঁ।
ভাৰ্গৱ:-আপুনি প্ৰথম কেতিয়া আৰু কেনেকৈ অভিনয় জগতত প্ৰৱেশ কৰিছিল?
মনি কাঞ্চন কোঁৱৰ:-মোৰ চাৰি বছৰ বয়সত নাহৰকটীয়াত লাভা নাট্য চর্চা বুলি এটা গোষ্ঠীয়ে নাট্য কৰ্মশালাৰ আয়োজন কৰিছিল। অভিনয়ৰ জগতত সেই কৰ্মশালাত অংশগ্রহণ কৰিয়েই প্রথম খোজ পেলাইছিলোঁ। আৰু তেতিয়াৰে পৰাই মোৰ অভিনয়ৰ গুৰু হিচাপে ল'লোঁ নাহৰকটীয়াৰ ঋতুপর্ণ ফুকনদাক। গুৰু যদিও মই দাদা বুলিয়েই সম্বোধন কৰোঁ। তাৰপিছত লাহে লাহে এক অভিনয় প্ৰতিযোগিতাত অংশগ্রহণ কৰিলোঁ। সদৌ অসম ভিত্তিত হোৱা বহু একক অভিনয়ৰ প্ৰতিযোগিতাৰ লগতে অসমৰ নাট্য সন্মিলনত নাহৰকটীয়া শাখাৰ হৈ চাৰিবাৰকৈ একক অভিনয়ৰ শ্ৰেষ্ঠ পুৰস্কাৰ পালোঁ। তাৰ লগে লগে বহু দলৰ হৈ নাটক কৰিলোঁ। বতৰ্মান মই দুলীয়াজানৰ নাট্যগোষ্ঠী 'পথাৰ'ৰ এগৰাকী সদস্যা।
ভাৰ্গৱ:-আপুনি নৃত্য আৰু অভিনয় দুয়োটা দিশ সমানে আগুৱাই নিয়াৰ ক্ষেত্রত নিজকে কেনেকৈ প্ৰস্তুত কৰি তোলে?
মনি কাঞ্চন কোঁৱৰ:- আচলতে প্রথম অৱস্থাত মা, বাবাই হে ঠেলি ঠেলি পঠাইছিল। মই দেউতাক বাবা বুলি কওঁ। কেৱল অভিনয়, নৃত্য বুলিয়েই নহয়, আবৃত্তি, গীত সকলো দিশত অংশগ্রহণ কৰিব দিছিল। পঢ়ি থকা জীৱনলৈকে আটাইকেইটা দিশত আগবাঢ়ি গৈছিলোঁ।কিন্তু কিছুমান ব্যক্তিগত অসুবিধাৰ বাবে দুটা দিশকহে গুৰুত্ব দিব পাৰিছো ।বৰ্তমান মা, বাবাই বিচাৰে আকৌ আবৃত্তি আৰু গীতৰ লগতো জড়িত হোৱাটো।
যিকোনো ক্ষেত্রত দুটা বস্তুক বা দিশক সমানে লৈ যোৱাটো সহজ নহয়। কিন্তু এইটো অকল মুখৰ কথা। আচল কথা হ’ল মন। মনক জোৰ দিলে সকলো কামেই সম্ভব হয়। যেতিয়াই সুবিধা পাওঁ দুয়োটা দিশ অভিনয় আৰু নৃত্য কৰিবলৈ চেষ্টা কৰোঁ,সুবিধাটোক আতৰি যাবলৈ নিদিওঁ। অলপ কষ্ট হয় স্বাস্থ্যৰ। কিন্তু যত্ন ল'লেই হ'ল। তেতিয়া মনটোও ভাল লাগি থাকে।
ভাৰ্গৱ:- আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আমাৰ পাঠক সমাজক জনাবচোন।
মনি কাঞ্চন কোঁৱৰ:-কল্পনাটো বহুতো আছে। কিন্তু কিমানদূৰ সফল হওঁ নাজানো। যিমান পাৰোঁ নিজে অৰ্জন কৰা জ্ঞানখিনি বিলাই দিব বিচাৰোঁ। সাংস্কৃতিক দিশতেই কিছুমান পৰিকল্পনা লৈছো হাতত। সময়ত সেইয়া মই নিশ্চয়কৈ পাঠকক জনাম।
ভাৰ্গৱঃ আপোনাৰ জীৱনৰ লগত জড়িত বৰ্তমানলৈকে এনেকুৱা কিবা মুহূৰ্ত আছেনে? যিটো মনত পৰিলে আজিও ভাল লাগে।
মনি কাঞ্চন কোঁৱৰ:- হয়, আছে। ২০১২ চনৰ ০৭জুনৰ নিশা ২:৪৫ মিনিটৰ সময়খিনি। যেতিয়া Dy Bihurani ৰ বিজয়ী বুলি মোৰ নামটো ঘোষণা কৰিছিল। কেতিয়াও নভৱা, নেদেখা সপোন এটাই মোৰ আগত দেখা দিছিলহি। যিটো সপোনে মোৰ জীৱনৰ গতিদিশেই সলনি কৰি দিলে। সাংস্কৃতিক জগতত আগবাঢ়ি যাবলৈ মোৰ বাট মুকলি কৰি দিলে। সেই মুহূৰ্তটো মনত পৰিলে আজিও ভাল লাগে। জীৱনৰ এটা স্মৰনীয় দিনদিন, স্মৰনীয় মুহূর্ত।
ভাৰ্গৱ:- আপোনাৰ প্ৰিয় শিল্পী কোন ?প্ৰিয় গ্ৰন্থ ?
মনি কাঞ্চন কোঁৱৰ:- বিভিন্ন বিষয়ত বিভিন্নজন শিল্পীয়েই প্ৰিয়।
প্ৰিয় গ্ৰন্থ ভূৱনমোহন বৰুৱা যাক আমি কাঞ্চন বৰুৱা বুলি জানো, তেখেতৰ ৰচিত "অসীমত যাৰ হেৰাল সীমা"।
ভাৰ্গৱ:- যুৱ প্ৰজন্মৰ এগৰাকী শিল্পী হিচাপে অসমৰ কোনবোৰ সমস্যাই আপোনাক চিন্তিত কৰি তোলে?
মনি কাঞ্চন কোঁৱৰ:-শিল্পী হিচাপে ক'বলৈ গ'লে বহু কিছুমান কথাই মনত আমনি কৰে। আমি প্ৰতিটো বাটতে খোঁজ পেলোৱাৰ আগতে অ, আ, ক,খ শিকি লোৱাটো উচিত। একো নিশিকাকৈ আমি কিবা এটা কৰিবলৈ গ'লে বেবেৰিবাং হ'বই। আমি যিকোনো ক্ষেত্রত সংখ্যা বঢ়াবলৈ যোৱাতকৈ যদি কামটোৰ মূল্য বঢ়াও তেতিয়া বেছি ভাল হয়। এইয়া গানৰ ক্ষেত্রতেই হওঁক, নাচৰ ক্ষেত্রতেই হওঁক, অভিনয়ৰ ক্ষেত্রতেই হওঁক বা যিকোনো সাংস্কৃতিক দিশতেই হওঁক আমাৰ অসমত শিল্পীৰ সংখ্যা যিমান বাঢ়িছে সেই অনুপাতে কিন্তু আমি অসমখনক এই দিশত কিবা ভালকৈ দিব পাৰিছোঁ বুলি মোৰ অনুভৱ নহয়। আমাৰ পুৰনি সংস্কৃতি যিমান চহকী, যিমান উচ্চ তাক আমি শিল্পী সকলে সদায় জীয়াই ৰাখিব লাগিব। আধুনিকতাক আকোঁৱালি লওঁতে লওঁতে আমি আমাৰ প্ৰকৃত সংস্কৃতিৰ ৰূপেই সলনি কৰি পেলাইছো। যুগৰ পৰিৱৰ্তন, গতিকে সকলো বস্তুৰে পৰিৱৰ্তন হ'বই। কিন্তু আমি এইটোও মন কৰিব লাগিব যে আধুনিক ভাঁজ দিবলৈ যাওঁতে আমি প্ৰকৃত ঠাঁচটোক ক'ৰবাত হেৰুৱাই পেলাইছোঁ নেকি? সেয়ে আমাৰ শিল্পী সকলৰ প্ৰতি অনুৰোধ লগতে ময়ো চেষ্টা কৰিম, আমাৰ সাংস্কৃতিক জগতখনক আমি যিমান পাৰোঁ মূল্যৱান সম্পদেৰে চহকী কৰোঁ আহক। কাৰণ, এই জগতখনতেই এচামে বহু কষ্ট কৰি আছে ইয়াক উচ্চ কৰি জীয়াই ৰাখিবলৈ। তাত আমিও সহযোগ কৰোঁ আঁহক, তেতিয়াহে আমি নতুন চামে নিজকে শিল্পী বুলি ক'বলৈও ভাল পাম আৰু আমাৰ সংস্কৃতিও সোনালী হৈ জিলিকিব। পুৰণিবোৰটো সোনালীয়েই। বৰ্তমান বহু শ্ৰদ্ধাৰ শিল্পীয়ে কষ্টেৰে, তেওঁলোকৰ সুন্দৰ সৃষ্টিৰে মানুহৰ মনত স্থান লৈছে,তেখেতসকলক উদ্দেশ্যি শব্দটো ব্যৱহাৰ কৰিছোঁ।
ভাৰ্গৱ:-আপোনাক অনাগত দিনত অসমৰ ৰাইজে কি হিচাপে মনত ৰখাতো বিচাৰিব?
মনি কাঞ্চন কোঁৱৰ:-অসমবাসীয়ে যেনেদৰেই বিচাৰে তেনেধৰনেই মনত ৰাখিলেই হ'ব। কাৰণ তেওঁলোকেহে জানিব মোক কেনেধৰণে ভাল পায়। কিয়নো তেওঁলোকে নিজৰ মনৰ জোখাৰেহে মোক মৰম দিব। মইতো জোৰ কৰিব নোৱাৰিম, নে কি কোৱা?
পিছে সকলো অসমবাসীলৈ মোৰ এটা অনুৰোধ মই আগবাঢ়ি যাবলৈ তেওঁলোকে যাতে সদায় মৰম, আৰ্শীবাদ কৰে।
ভাৰ্গৱ:-শেষত আপোনাৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰাৰ লগতে সাংস্কৃতিক দিশৰ উত্তৰণ কামনা কৰিলোঁ ।
মনি কাঞ্চন কোঁৱৰ :- ধন্যবাদ বৰ্ণৰাগ। মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভকামনা।
বৰ্ণৰাগৰ এই প্ৰচেষ্টা সদায় সফল হওঁক।
বৰ্ণৰাগ সদায় আগুৱাই যাওঁক।
জয়তু বৰ্ণৰাগ পষেকীয়া আলোচনী।
জয় আই অসম।
সাক্ষাৎগ্ৰহণ
ভাৰ্গৱ কুমাৰ নাথ
যোগাযোগ:৬০০১৮৭৫৫৭৮ বৰ্ণৰাগ-২২
———————————————————
গ্ৰন্থ উদ্ধৃতি
▪️মোৰ কিতাপবোৰে মোক সদায়
জুৱাৰীৰ আড্ডা, মদপীৰ সংগ আৰু ধোদৰ পচলা, নিষ্কৰ্মাবোৰৰ
মেলা পৰা আঁতৰাই ৰাখে।
___টমাছ হুড
▪️সময়ৰ বালিত খোজ পেলাই পেলাই___বহুকাল আগতে এৰি অহা দিনবোৰলৈ উভটি চাইছোঁ, তিনি কুৰি তেৰ বছৰ কালৰ বাট বুলনিত___চকুৰ আগত জিলিকি উঠিছে___
এখনি ৰহস্যপূর্ণ জীৱন নাটকৰ দৃশ্য।
এৰি অহা দিনবোৰ(আত্মজীৱনী)
নলিনীবালা দেৱী
(প্ৰথম বাক্যাংশ)
▪️কিতাপ হ'ল যৌৱনৰ খাদ্য, বৃদ্ধকালৰ আনন্দ, সমৃদ্ধিৰ অলংকাৰ, বিপদৰ সান্ত্বনা আৰু আশ্রয়, ঘৰৰ আনন্দ আৰু উত্তম ভ্রমণৰ সংগী।
___চিচিৰো
যুগুতালে—
অনিতা মেধি মিশ্ৰ বৰ্ণৰাগ-২৩
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
অণুগল্প
চেলিব্ৰেটী
খুৰছিদ আনছাৰী
এজন মানুহে ডিঙিত এযোৰ জোতা ওলোমাই ৰাস্তাত দৌৰি আছিল। তাকে দেখি ৰজাই মন্ত্ৰীক সোধিলেঃ-এইজন কোন?
মন্ত্ৰীঃ-মহাৰাজ তেওঁ এজন চেলিব্ৰেটী!তেওঁলোকে যি বস্তুৰ বিজ্ঞাপন দিয়ে সেই বস্তু ব্যৱহাৰ নকৰে।
তাকে শুনি ৰজাই আইনাৰ কাষত থিয় হৈ নিজৰ শুভ্ৰ দাড়িত হাত বুলাই মনে মনে থাকিল।
খূৰ্ছীদ আনছাৰী
ৰঙাপৰা,শোণিতপুৰ
———————————————————
স্বাধীনতা
অৰ্চনা ঠাকুৰীয়া
গোলাঘাট নিবাসী অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ সুজাতা কাকতিৰ দুই সন্তান।এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ।কৰ্মসূত্ৰে দুয়োগৰাকী অসমৰ বাহিৰত।সমাজত প্ৰতিষ্ঠিত সন্তানদ্বয়ৰ আছে নিজা নিজা সুখৰ সংসাৰ। দুয়োৱে অকলশৰীয়া মাকক তেওঁলোকৰ স'তে থাকিবলৈ বৰকৈ কৈ থাকে।কিন্তু সুজাতাই কয়,"তহঁতৰ স'তে থাকিবলৈ গৈ মই মোৰ স্বাধীনতা বিসৰ্জন দিব নোৱাৰো নহয়, তহঁতে য'তেই আছ সুখত থাক আৰু মই মোৰ সমাজৰ মানুহখিনিৰ লগত ইয়াতেই থাকিম"।
অৰ্চনা ঠাকুৰীয়া
পাঞ্জাবাৰী,গুৱাহাটী
———————————————————
যোগ-বিয়োগ
প্ৰীতিৰেখা ডেকা
..তুমি গান গোৱা?
মাজে সময়ে গুণগুণাও।
..মই গীটাৰ বজাও।
ৱাহ। গীটাৰ বজোৱা ল'ৰাবোৰক বৰ ভাল লাগে মোৰ।
হয়নে? মোৰো গান গোৱা ছোৱালীবোৰক বৰ ভাল লাগে। ভাললগাবোৰ ভালপোৱা হৈ উঠক, নে কি কোৱা?
ভালপোৱাবোৰ উটি-ভাঁহি গ'ল ক্ৰমাৎ।
এটি দূৰ্ঘটনাই কাঢ়ি নিলে তাৰ গীটাৰ বজোৱা হাতদুখন আৰু তাইৰ সুমধুৰ কণ্ঠস্বৰ।এটাই আনটোৰ পৰিপূৰক হৈ উঠিবলৈ তাই বজোৱা কৰিলে গীটাৰ আৰু সি গাই গ'ল জীৱন জীয়াৰ গান..
প্ৰীতিৰেখা ডেকা বৰ্ণৰাগ-২৪
———————————————————
নৱ-জীৱন
মৌচুমী কলিতা
চলন্ত বাছখনৰ খিৰিকীৰে বাহিৰলৈ চাই চাই নিজৰ মাজতে মগন হ'ল তাই। নতুন জীৱনৰ প্ৰাকক্ষণত তাইৰ চকুৰ আগত ভাহি আহিল এৰি অহা দিনবোৰৰ টুকুৰা টুকুৰা কিছুমান ছবি।মাক-দেউতাকৰ অকাল মৃত্যুৰ পৰা আৰম্ভ কৰি সম্পৰ্কীয় মোমায়েকৰ বিশ্বাসঘাটকতা, উজ্জ্বল প্ৰসাধনেৰে ঢাকি ৰখা জয়া, চন্দ্ৰা, নিশা হতঁৰ বিবৰ্ণ আৰু অসহায় মুখবোৰ, মমতা দিদিৰ কঠোৰ আৰু নিলাজ গালিবোৰ, প্ৰতিদিনে সিহঁত আগত ধৰা দিয়া মুখাৰ আঁৰৰ মুখবোৰ আৰু ক'ত যে কি বিভৎস সময়।
হঠাতে তাইৰ হাতত এখন হাতৰ স্পৰ্শ অনুভৱ কৰিলে।এই হাত মৰমৰ, নিৰাপত্তাৰ।এইখন হাতত ধৰিয়েই তাই ওলাই আহিছে এখন নৰকৰ পৰা এটা নতুন জীৱনলৈ।হাতখন তাই মৰমেৰে দুহাতৰ মাজত তুলি ধৰিলে।দুচকুত তাইৰ নতুন জীৱনৰ এটি মধুৰ স্বপ্ন জলমলাই উঠিল।
মৌচুমী কলিতা
মাজুলী
——————————————————
সন্তান
দিগন্ত বৈশ্য
এতিয়াহে দুৱৰা দম্পত্তিয়ে বুজি পালে যে যি পাব লগা আছিল, যাক লৈ বুকুত এসাগৰ আশা লৈ ঘূৰি ফুৰিছিল, সকলো মিছা হ'ল ।ভাবিছিল-"ল'ৰা ডাঙৰ হৈ আহিছে , কাইলৈ বা পৰহি সি চিকিৎসক হৈ ঘূৰি আহিব, তাৰ লগে লগে দুখৰ দিনৰ অন্ত পৰিব!"
কিন্তু এয়া কি হ'ল।ল'ৰা চিকিৎসক হৈ আৰু ঘূৰি নাহিল।তাতেই বিদেশী এগৰাকীক বিয়া কৰাই ঘৰ পাতিলে।মাহে মাহে টকা পঠিয়ায়; যেন ডাঙৰ-দীঘল কৰি, পঢ়াই-শুনাই উপযুক্ত কৰি দিয়াৰ মাছুল।
বৃদ্ধ বয়সত
মাক-দেউতাকে কি সেয়াই বিচাৰে? কিহৰ বাবে তেওঁলোক উৎকণ্ঠিত হৈ থাকে, সেয়াই যেতিয়া নিজৰ তেজ-মঙহ দি তোলা সন্তানটোৱে ভাবি নাপালে আৰু কি ভাবিব?
দিগন্ত বৈশ্য বৰ্ণৰাগ-২৫
———————————————————
আপোন মাটিৰ সুবাস
হেৰাই যোৱা দিনবোৰ
অৰুণিমা শৰ্মা মহাপাত্ৰ
বহুত দিনৰ পৰাই গল্প এটা লিখিম লিখিম বুলি ভাবি থাকোতেই গ'ল,লেখা আৰু হৈ নুঠিল। লকডাউনৰ সময়ছোৱাত পোৱা অফুৰন্ত সময় বোৰো কামত লগাব নোৱাৰি মনটোত বেজাৰ লাগিলেও ,গল্পটোযে ক'ৰ পৰা আৰম্ভ কৰিম বা ক'ৰ পৰা আৰম্ভ কৰিলে ভাল হব তাক সঠিক ভাবে নিৰ্ণয় কৰিব নোৱাৰা টোৱে পলম হোৱাৰ বাবে উপযুক্ত কাৰণ দৰ্শাই নিজেই নিজৰ দোষত্ৰুটীৰ ফালে চকুমুদি থাকিলো।
যি কি নহওঁক আজি ৰাতিপুৱাৰ পৰাই বাওঁ চকুটো লৰি থকা কথাটোৱে এটি শুভ মুহুৰ্তৰ সূচনা কৰিছে বুলি ভাবি লৈ আইতাই কোৱা পদফাকি মনত পেলালো *"শুক্ল পক্ষে নাচে বাম, লংকা জিনি আহে ৰাম"*........। আজি লেখা মেলাৰ শুভাৰম্ভ কৰিমেই কৰিম। গৰম চাহৰ কাপটো হাতত লৈ কাগজ-কলমেৰে সৈতে ৰিব ৰিব মলয়াৰ সোৱাদ লৈ লৈ ঘৰৰ চৌহদৰ দক্ষিণ ফালে থকা কৃষ্ণচূড়া জোপাৰ তলত গৈ বহিলো । কিছুদিন আগতে ঘৰৰ মেৰামতিৰ কামত কিছু কাঠৰ কাম চলা সময় ছোৱাত মিস্ত্ৰীবোৰে নিজৰ কামৰ সুবিধাৰ বাবে গছজোপাৰ তলতে দীঘলীয়া বেঞ্চ এখন বনাইছিল ।কাম শেষ হোৱাৰ পিছতো সেইখন তেনেকৈয়ে থাকি গল ।
মাজে মাজে মই গৈ সেইখনতে বহোঁ আৰু বতাহৰ মজা লওঁ।
এতিয়া ফুল ফুলাৰ বতৰ, এতিয়াও খুউব বেছিকৈ ফুলা নাই যদিও, দুই এটা ফুল টুপ টাপ কৈ কেতিয়াবা সৰি পৰে। সিদিনা খন ভন্টিয়ে তো বেছ ধেমালি কৰিলে মোৰ লগত। "এই বয়সত কলিৰ কৃষ্ণ হবৰ মন গ'ল নেকি অ' দাদা?
মুৰত কৃষ্ণচূড়া ফুলৰ পাপৰি, চকুত ৰঙীণ সপোন লৈ....." ইত্যাদি ইত্যাদি .... ....কৈ.। "দাদা তোমাৰ আজি কি হ'ল, কিবা নতুন খবৰ চবৰ আছে নেকি?..।" মই কপট খং দেখুৱাই তাইক ধমকিৰ সুৰেৰে কলোঁ যে "এই বুঢ়া মানুহটোৰ লগত এনেকুৱা সস্তীয়া ধেমালি কৰিবলৈ কিহে পাইছে নো তোক? তয়ো তো বুঢ়ীয়ে হলি ,এইবোৰ ধেমালি এৰ এতিয়া, ৰাতিপুৱা গধূলী ভগবানৰ নাম ল", মোৰ কথাই যেন তাইক আৰু বহুত কিবাকিবি ক'বলৈ উদ্বুদ্ধ কৰিলে, তাই আৰু কি কি কৈছিল মোৰ সব কথা এতিয়া মনত পৰা নাই । বহুত দিনৰ মুৰত
মোৰ একমাত্ৰ ভন্টী মীনাক খুউব বঢ়িয়া মুড্ ত থকা যেন লাগিল।
তাইৰ হাঁহি থকা মুখ খন দেখা পোৱাটোও বৰ ডাঙৰ কথা। মুঠতে বহুত সৌভাগ্য হলেহে তাইৰ হাঁহিমুখ খন দেখিবলৈ পোৱা যায়। সকলো সময়তে ঘৰে বাহিৰে স্কুলৰ শিক্ষয়িত্রীৰ দৰে গহীন ভাবেৰে গাম্ভীৰ্য্য বজায় ৰাখি চলে তাই।
আচল গল্পৰ কথা এৰি এতিয়া ভন্টী মীনা জনীৰ কথালৈ আহোঁ।দেউতা চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ ঠিক আগৰ বছৰ কেইটাত এইখন চহৰতে চাকৰি কৰি আছিল, সেইবাবে অৱসৰৰ ঠিক পিছতো আকৌ গাওঁৰ ঘৰখনলৈ ঘুৰি গৈ, গাওঁত থকাৰ কথা নাভাবি তেখেতে এই চহৰতে নিগাজীকৈ বসবাসৰ মানসেৰে ইয়াতেই ঘৰমাটি লৈছিল ।
মৃত্যুৰ আগ মূহুৰ্তলৈকে মা-দেউতাই এই ঘৰখনতেই আছিল। ময়ো বেচৰকাৰী মহাবিদ্যালয় এখনত অধ্যাপনাৰ সূত্রে এই চহৰৰ বাহিৰলৈ যোৱাৰ কথা ভবাৰ সুযোগেই নাপালোঁ । ভন্টী বিয়াৰ পিছত দুবছৰমান বাহিৰত থাকিলেও অতি সোনকালেই সেন্দুৰমচি এই ঘৰখনলৈকে আকৌ ঘুৰি আহিল।
মা-দেউতা দুয়ো ঢুকোৱাৰ পিছত এই ঘৰখন আমাৰ দুই ভাই-ভনীৰ সংসাৰ হল। এগৰাকী বয়সীয়াল তিৰোতা আছে সকলো সময়তে আমাৰ লগতে থাকিব পৰাকৈ আৰু ঘৰুৱা কাম কাজত সহায় কৰিবলৈ। তাই 'বিমলা', ঘৰৰ দণ্ড মুণ্ডৰ অধিকাৰী। তাইয়ে চলায় আমাৰ বৰ্তমানৰ ঘৰখন ।
সংসাৰৰ একো আওভাও নুবুজা ভন্টী 'মীনাই' মাৰ বৰ্তমানত সংসাৰৰ কোনো কামতেই কোনোদিনে মুৰ নঘমোৱা কৈয়ে পাৰ কৰিলে । বিয়া হোৱাৰ দুবছৰৰ ভিতৰতে সংসাৰৰ মায়া মোহ এৰি আকৌ কুমাৰী ছোৱালীৰ বেশ লৈ নিজৰ স্কুল, স্কুলৰ ছাত্র-ছাত্রী এইবোৰকে জীবনৰ সংগী কৰি লৈ যোগিনী বেশেৰে দিন বোৰ পাৰ কৰিবলৈ ল'লে । চল্লিশৰ ওচৰা ওচৰি বয়সতে তাই যেন অনবৰত তিনিকুৰিৰ গাম্ভীৰ্য্যৰ চাদৰেৰে নিজকে ঢাকি ৰাখি চলিছে।
কথা বাৰ্তাও খুউব কম।
মোৰো অধ্যাপনা, ঘৰতে ছাত্র পঢ়ুওৱা, অলপ লেখা-মেলাৰ কাম কৰা, এইবোৰ কৰিয়েই সময় বোৰ পাৰ কৰি আছোঁ ।
মীনা এনেকৈ কপাল উকা কৰি ঘূৰি অহাৰ সময়ত তাইৰ বয়স খুউব বেছি হ'লেও মাত্র পচিশ বছৰ মান হে হৈছিল । তাইৰ পৰি থকা দীঘলীয়া জীবনটোৰ কথা চিন্তা কৰি আমি তাইক দ্বিতীয় বাৰ বিয়া দিয়াৰ বাবে বহুতো চেষ্টা কৰিছিলোঁ, পিছে তাইৰ কঠিন কঠোৰ প্ৰতিজ্ঞাৰ আগত আমাক হাৰ মানিব লগীয়া হৈছিল। এনেকৈয়ে লাহে ধীৰে আমাৰ সংসাৰৰ গাড়ীৰ চকা আগবাঢ়ি গৈ আছিল।
তাই নিজৰ স্কুল আৰু মই মোৰ নিজৰ কলেজক লৈ ব্যস্ত হৈ থাকোঁ । এদিন আমাৰ দুয়োৰে চাকৰি জীবনৰো অন্ত হব , তেতিয়া আমাৰ দিনবোৰ কেনেকৈ পাৰ হ'ব সেইবোৰ লৈ এতিয়াৰ পৰাই ভাবিবলৈ লোৱা নাই।তেতিয়াৰ কথা তেতিয়া ভাবিম বাৰু,এতিয়া যেনেকৈ চলিছে তেনেকৈয়ে চলক বাৰু।
কোনে নো জানিছিল যে আমাৰ দুয়ো ভাই-ভনীৰ জীবনৰ শেষ পৰিণতি এয়া হব?
এহাল সুন্দৰ ল'ৰা ছোৱালীৰ স'তে দায়িত্ববান এজন পিতৃ, এগৰাকী স্নেহশীলা মাতৃৰ এখন সুন্দৰ ভৰপূৰ সংসাৰ আছিল।
মাৰ মনৰ কল্পনাৰ জগতৰ এজন সুন্দৰ জোৱাই , এজনী মৰমলগা বোৱাৰী, কেইটামান থোপোকা থোপোকা মৰম লগা নাতি নাতিনি চোৱাৰ হেঁপাহ বোৰ হেঁপাহ হৈয়ে ৰৈ গৈছিল । জোঁৱাইৰ মুখ দেখিলেও,সেই জোঁৱাইক অকালতে হেৰুওৱাৰ দুখো পাবলগীয়া হৈছিল। তাৰ পিছত আছিল আমৃত্যু শূণ্যতাৰে ভৰা জীৱন ......।
ওচৰ চুবুৰীয়া আৰু নিজৰ আত্মীয় স্বজনে ভন্টীৰ লগতে মোৰ বাবেও খুউব দুখ কৰে, হুমুনিয়াহ কাঢ়ে। সবৰে মতে মীনাক দেখাশুনা কৰাত দিগদাৰি হব পাৰে বুলি ভাবি , মই চিৰ কুমাৰ হোৱাৰ এই ভীষ্ম প্ৰতিজ্ঞা কৰিছোঁ হেনো, এইবোৰ তেওঁলোকে মনতে গুণাগথা কৰে।
মানুহবোৰৰ উৰ্বৰ মস্তিষ্কত নিতৌ কিমান যে খেতি বাতি হয় সেয়া তেওঁলোকে হে জানে আৰু জানে ভগবানে। মই কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ মানুহৰ জল্পনা কল্পনাবোৰৰ কিবা সত্যতা আছে জানো ? সচাঁ কথাবোৰ সদৰী কৰিম নেকি? কি দৰকাৰ?
মোক লৈ হায়ৈ বিয়ৈ খন কৰি আছে , কৰি থাকক বাৰু। আনৰ সুখত প্ৰকৃত ভাবে সুখী হোৱা মানুহৰ অভাৱ হলেও, আনৰ দুখত দুখী হবলৈ অহা মানুহৰ সংখ্যা বহুত গুণে বেছি।
কেতিয়াবা বেয়া লাগে এই ভাবি যে বাৰ বাৰে "মীনাৰ" নাম টোও মোৰ লগতে সাঙুৰি লোৱা হয় বাবে। সচাকৈয়ে তাইৰ দুখত দুখী হৈ, তাইক ঠিক ভাবে চোৱা চিতা কৰিব পাৰিম নে নোৱাৰিম ,এইবোৰ দোমোজাত পৰি বিয়া খন নপতাকৈ এইদৰেই আছোঁ জানো?
আচল কথাটো কোনোৱে নাজানে, পিছে মই নিজেও সঠিকভাৱে জানো তো?এইটোও এটা "মিলিয়ন ডলাৰ" প্ৰশ্ন ।
নীলাৰ লগত প্ৰথম দেখা হোৱাৰ দিনটোৰ কথা আজিও মোৰ বৰ ভালকৈয়ে মনত আছে। কলেজৰ গেটখনেৰে ওলাবলৈ লওঁতেই কিবা এটাত লাগি উজুটি খাই তাই পৰি যোৱাত,তাইৰ হাতৰ কিতাপ বহী সব চাৰিওফালে সিচৰিত হৈ পৰিছিল।ভৰি খনতো তাই যে বেছ দুখ পাইছিল, তাইৰ লেঙেৰাই লেঙেৰাই খোজকাঢ়ি অহাৰ ভংগীমাই তাৰ জাননী দিছিল।মই তাইৰ পিছে পিছে গৈ আছিলো, ঘটনাৰ আকস্মিকতাত ময়ো ঠিক বুজি উঠিব পৰা নাছিলোঁ যে মোৰ কি কৰা উচিত। মই ল'ৰি গৈ সিচৰিত হৈ পৰা বহী কিতাপ বোৰ গোটাই, তাইৰ ফালে সাহাৰ্য্যৰ হাত আগবঢ়াই দিয়াত তাই কষ্ট সহ্য কৰি হলেও সৌজন্যৰ হাঁহি এটা মাৰি মোক ধন্যবাদ জনাই কিতাপবোৰ লৈ মোৰ পৰা সংগ্ৰহ কৰি যাব'লৈ ওলাইছিল।
হঠাতে এজাক ডেকা গাভৰুৰ গিৰ্জনি মৰা হাঁহি শুনি মই পলকতে মোৰ পিছফালে ঘটি থকা নাটক খনৰ নায়ক নায়িকা হঁতক মাতকথাৰে চিনি পোৱাৰ বৃথা চেষ্টা কৰা এৰি, এবাৰো পিছে ফালে নোচোৱাকৈ বেগাই খোজ দিছিলো ।
নীলাই কি কৰিছিল,কোনে তাইক ঘৰলৈকে থৈ আহিছিল একো জনাই নাছিলো। এইয়া হ'ল আমাৰ চা-চিনাকীৰ সূত্ৰপাত,এয়াই আগলৈ আগবাঢ়ি গৈ গৈ ফুলৰ কোমল কলিৰ পৰা এদিন প্ৰস্ফুটিত পুষ্পত পৰিণত হৈছিল। সবকে দেখুৱাই দেখা সাক্ষাত কৰাৰ সাহস আমাৰ নাছিল। ভন্টী মীনাৰ এক বান্ধৱী ৰীতাৰ বাইদেউ চাকৰি সূত্ৰে আমাৰ চহৰতে ঘৰ ভাৰা লৈ আছিল, তেখেত বিয়া বাৰু কৰা নাছিল , ডাঙৰ পোষ্টত আছিল, চৰকাৰী চাকৰিৰ প্ৰয়োজনত তেওঁক বিভিন্ন ঠাইত ভ্ৰমণ কৰিব লগীয়াও হয়, মীনাৰ বান্ধৱী ৰীতা কলেজৰ হোষ্টেলৰ পৰা মাজে মাজেই বায়েকৰ ঘৰলৈকে আহে, মই 'নীলিম 'আৰু মোৰ বান্ধবী 'নীলা' আমি দুয়ো ভন্টী মীনাৰ বান্ধবী ৰীতাৰ উপস্থিতিতেই সিহঁতৰ ঘৰত কেতিয়াবা দেখা সাক্ষাত কৰোঁ। চহৰত থাকিলে কেতিয়াবা ৰীতাৰ বাইদেউয়ে আমাৰ লগতে বহি চাহ তাহ খায়,তেখেতৰ অকলশৰীয়া জীবন , টকা পইচাৰ অভাব নাই, ভনীয়েক ৰীতাৰ লগতে আমাকো যথেষ্ট আদৰ আপ্যায়ন কৰিছিল। মীনাৰ একো অগোচৰ নাছিল কাৰণ এই বোৰ ব্যবস্থাত তাইৰে হাত আছিল সকলো কথাই জানিছিল, তাইৰ ভয়াতুৰ ককায়েকে নিজৰ গাৰ্ল ফ্ৰেণ্ডক লৈ সাহস কৰি অকলে চিনেমা দেখুৱাব'লৈ নিয়া,কফি শ্বপত্ বহা নৈব নৈব......।গতিকে ককায়েকৰ শুকান মুখ খন দেখি দুখ লাগি, দুয়োকে মিলোৱাৰ মানসেৰে এই বোৰ ব্যবস্থা ৰীতাক কৈ মীনাই হে কৰিছিল । পিছতহে মই অৰ্থাৎ "নীলিম" এ জানিব পাৰিছিলো । কলেজৰ শিক্ষাৰ শেষত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বাবে দুয়ো গুৱাহাটীলৈ ঢাপলি মেলিছিলো।
অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয় যে প্ৰেমৰো প্ৰাণ কেন্দ্ৰ আছিল সেয়া তাত এডমিচন লোৱাৰ পিছত হে বুজি পাইছিলো । ইমান দিনে "নীলিম আৰু নীলা " ই প্ৰেমৰ পাঠশালাত যথেষ্ট উন্নতি সহকাৰে এটা ক্লাছৰ পৰা আন এটা ক্লাছলৈ প্ৰমোশন পাই পাই আগবাঢ়ি গৈ আছিল। কোনো হকাবধা নাই, অতি সুন্দৰ পৰিবেশ, দিকে দিকে কৃষ্ণচূড়াৰ তলত যোৰাই যোৰাই ৰাধাকৃষ্ণ। এই মনোৰম পৰিবেশত অতি কঠোৰ মনৰ মানুহৰ মনতো মৰম পীৰিতি আৰু চেনেহৰ উদয় হোৱাটো একো আচৰিত কথা নহয় । নীলিম হতঁৰ কথাই সুকীয়া । নীলিম,নীলাই এতিয়া এই প্ৰেমৰ পৰিণতি সম্পৰ্কে অলপ সন্দিহান হ'বলৈ লৈছিল। নীলাৰ ঘৰৰ মানুহে তাইৰ বিয়াৰ কথা পাতিবলৈ আৰম্ভ কৰিছিল, তিনিজনকৈ ককায়েকেৰ একমাত্ৰ সৰু ভনীয়েকৰ বহুত অভিভাৱক। সবৰে চকুৰ মণিয়ে তলে তলে যে এইবোৰ কৰি আছে কোনোৱে নাজানিছিল বা জানিলেও তেওঁলোকৰ মনত তাৰ কোনো মূল্যই নাছিল।
ফাইনাল পৰীক্ষাৰ শেষত ঘৰলৈকে যাবলৈ ওলোৱাৰ মুহুৰ্তত নীলাই "নীলিমক " এই কথাখিনি খোলাখুলিকৈ ব্যক্ত কৰিছিল। নীলিমৰ মুৰত সৰগ ভাঙি পৰা যেন লাগিছিল। তাৰ কবলগীয়া একোয়ে নাছিল, চাকৰি নাই,স্নাতকোত্তৰৰ পিছত আৰু কিবাকিবি প্ৰফেশনাল কোৰ্চ কৰাৰ ইচ্ছাও আছে, তেতিয়া হে এটা ভাল চাকৰি পোৱাৰ কথা আশা কৰিব পাৰি। এই সময়ত নিজৰ বিয়াৰ কথাটো ভবা সম্ভবেই নহয়। নীলিমৰ কথাত নীলা মুঠেও আচৰিত নহ'ল, তাই যেনিবা এনে এটা উত্তৰৰে আশা কৰি আছিল । খুউব সহজেই মানি ল'লে কথাবোৰ ।
অলপো দুঃখিত নহৈ কলে "মোৰো মা-দেউতা দাদা হঁতৰ বিৰুদ্ধে গৈ কিবা এটা কৰাৰ ইচ্ছা আৰু আগ্ৰহ মুঠেও নাই । তুমি সাহস কৰি যদি নিজৰ মা-দেউতাৰ লগত আলোচনা কৰি কিবা এটা কৰিব পাৰা তেন্তে তোমাৰ ঘৰৰ ফালৰ পৰা আমাৰ ঘৰলৈকে প্ৰস্তাব লৈ আহা, মোৰ মা-দেউতাই যদি মানি লয় ভাল, তুমি কি কৰিব পাৰিবা ভালকৈ ভাবি চোৱা। মোৰ স্পষ্ট কথা, মনত একো ক্ষোভ নাই, সকলো কাম সন্মানেৰে হোৱা উচিত। জীবনৰ আৰম্ভণিতেই অশান্তি, দুখ বেজাৰ ,অসন্মান, অসন্তোষ আদিৰে আৰম্ভ কৰাটো মই একদমেই নিবিচাৰো, নিজৰ মৰমৰ মানুহ বোৰক দুখ দিয়াৰ কথা মই ভাবিবই নোৱাৰোঁ ।"
নীলা যেন কথাবোৰ ক'বৰ বাবে ঘৰত আগতেই আইনাৰ সম্মুখত থিয় দি বহুত বাৰ প্ৰেকটিচ্ কৰি আহি একে উশাহতে গোটেই খিনি কথা মোক কৈছিল।
কথাত কোনো আবেগ অনুভূতি নাছিল , মাতবোৰো থোকাথুকি লাগি যোৱা নাছিল, চকুত চকুপানীও নাছিল । নিৰ্বিকাৰ হৈ মোৰ উত্তৰৰ অপেক্ষাত আছিল। ইয়াৰ বিপৰীতে মই " নীলিম" সজল নয়নৰে "ভাবি চাম বুলি " কৈ বেগা বেগিকৈ খোজ দি উজুটি খাওঁতে খাওঁতে কথমপি নপৰাকৈ এবাৰো পিছফালে ঘুৰি নোচোৱাকৈ কেঁকুৰিটো পাৰ হৈ গুছি আহিছিলো হোষ্টেলৰ উদ্দেশ্যে। তাৰ পিছত নিজৰ চহৰলৈ ঘুৰি আহি, কিছুদিন অনাই বনাই ঘুৰি ফুৰাৰ পাছত নতুনকৈ খোলা কলেজ খনত এই চাকৰি টো পাই মোৰ জীৱনটো যেন ৰক্ষা পৰিল। প্ৰফেশনাল কোৰ্চ কৰাৰ কথাও মনৰ পৰাই বিসৰ্জন দি মা-দেউতাৰ লগত থাকি একান্ত বাধ্য ল'ৰাৰ জীবন যাপন কৰিব'লৈ ললো। ইতিমধ্যে ভন্টী মীনাৰ বিয়া হল, দুবছৰ পাছত ঘুৰিও আহিল, কালৰ চকৰি ঘুৰাৰ লগে লগে আমাৰ দিনবোৰো গতানুগতিক ভাবে আগবাঢ়িবলৈ ল'লে ।
ইমানবোৰ কথা ক'লো পিছে আচল কথাখিনি এতিয়ালৈ কোৱা হোৱাই নাই । যদিও দুয়ো একেখন চহৰতে আছোঁ, নীলা ঘৰলৈ ঘুৰি আহি মোলৈ মোৰ ঘৰৰ ঠিকনাত এখন দীঘলীয়া চিঠি পোষ্ট কৰিছিল।
চিঠি খনত বহুত দুখ বেজাৰ প্ৰকাশ হৈছিল, তাইৰ ইমান কথাৰ প্ৰত্যুত্তৰত মোৰ মাত্র "ভাবি চাম" বুলি কোৱা কথাষাৰে হেনো তাইক বৰকৈ বেজাৰ দিছিল, তাই অনুভৱ কৰিছিল যে মোৰ তাইৰ প্ৰতি হেনো কোনো তীব্ৰ অনুৰাগ নাই ...ইত্যাদি ইত্যাদি। মোৰ হলেও হব, নহ'লেও ভাল বিধৰ ভাবনাই হেনো তাইক খুউব কষ্ট দিছে ...... ইত্যাদি ইত্যাদি ...। "
মই ভয়াতুৰ নীলিম বৰুৱাই আকৌ এবাৰ ছলাহী কথাৰ মেৰপাকত সোমাই চিঠিৰ চমু উত্তৰ দি, আকৌ দেখা সাক্ষাতৰ প্ৰস্তাব দিলোঁ, প্ৰস্তাব অতি সোনকালেই গৃহীত হল।বিশ্ববিদ্যালয়ৰ দিনবোৰত গোটোৱা মনৰ সাহস বোৰক সম্বল কৰি আজিকালি নিজৰ চহৰতে অ'ত ত'ত বহি দেখা সাক্ষাত কৰিব'লৈ ললোঁ । কিছুদিন এইদৰেই পাৰ হল ।হঠাত নীলাৰ এই পৰিবৰ্তনৰ কাৰণ বিচাৰি নাপালোঁ, পিছত ভন্টী মীনাৰ মুখতেই জানিব পাৰিছিলো যে বিদেশত ভাল চাকৰি কৰা ল'ৰাৰ লগত তাইৰ বিয়াৰ কথা বাৰ্তা চলিছিল যদিও, বিয়া খন কিবা কাৰণত ভাঙি যায়, সেইবাবেই নীলাৰ এই পুনৰাগমন । এতিয়া মই আৰু বেকাৰ নহয় । মোৰ সামান্য হলেও চাকৰি এটা আছে,ভবিষ্যতে ভাল হোৱাৰ আশাও আছে। মই প্ৰস্তাব টো মোৰ ফালৰ পৰাই দিলোঁ ।
এইবাৰ 'নীলা' বিপদত পৰিল তাই একো উত্তৰ দিবই নোৱাৰিলে, "ভাবি চাম " বুলি কৈ বেগা বেগিকৈ খোজ দিলে ঘৰলৈ বুলি।
লাহে লাহে মোৰ নাৰী সম্পৰ্কে এটা বিতৃঞ্চা উপজিবলৈ আৰম্ভ কৰিছিল।
নীলাৰ দৰে ভদ্ৰ,অমায়িক, মিঠা স্বভাৱৰ ,দেখাত শুৱনি এজনী ছোৱালীৰো মনত ইমান মেৰপাক থাকিব পাৰে নে? কি বিচাৰে তাই? তাই খোলা খুলি কৈ কোনো দিনেই একো কোৱা নাই মোক। বৰঞ্চ মোৰ অবিহনে তাইৰ জীবন ঊষৰ মৰুভূমিত পৰিণত হব, পিছে মোৰ বাহিৰে আন কাৰো কথা মনলৈ আনিবই নোৱাৰে" ইত্যদি ইত্যাদি ...... কোৱা কথাবোৰ তেনে'হলে জাষ্ট কথাৰ পিঠিত কোৱা কথা মাত্র, আচলতে কথা বোৰৰ কোনো ওজনেই নাই......।"
এদিন তাইক মই স্পষ্টকৈ সুধিলোঁ "চোৱা নীলা! মোৰ হাতত হাত থৈ এদিন তুমি কৈছিলা, মই তোমাৰ জীবনৰ প্ৰথম আৰু একমাত্ৰ ভালপোৱা , মোৰ অবিহনে তোমাৰ জীবন শূণ্য " নীলা মোৰ বাবে এইখিনি কথাই যথেষ্ট, এয়া যেন অগ্নিসাক্ষী কৰি কোৱা কথা ।অগ্নি নাই বাৰু, প্ৰকৃতিৰ আন উপাদান বোৰতো আছে ।আকাশ,বতাহ, নদী,জোন, বেলি,তৰা আটায়ে সাক্ষী আছে নীলা, এয়া জানো আমাৰ বাবে যথেষ্ট নহয়?
ইয়াৰ উত্তৰত নীলাই যিখিনি কৈছিল মোৰ নিজকে বজ্ৰাহত হোৱা যেন লাগিছিল ।
নীলাই কৈছিল "হাতত হাত থৈ বাৰু মই তোমাক কথা দিছিলো সচাঁ, পিছে মোৰ হাতৰ ভাৰ বৈ নিয়াৰ সাহস আৰু সামৰ্থ্য আছে জানো তোমাৰ? ভালপোৱাৰ ৰং সলনি হয়, আমাৰো ভাল পোৱাৰ ৰং সলনি হব নীলিম, তুমি তোমাৰ ভালপোৱাৰ দৃঢ়তা দেখুৱালেও বাস্তৱ জীৱনৰ বাবে তুমি প্ৰতিজ্ঞাৰ পালন কৰাৰ দৃঢ়তা দেখুৱাবলৈ আজিও সমৰ্থ হোৱা নাই । এইদৰে চলিলে "প্ৰেম দুৱাৰেদি সোমাই খিৰিকীয়েদি ওলাই লৰ মাৰিব"।
নীলাৰ এই বাস্তৱ ধৰ্মী প্ৰেমৰ ব্যাখ্যা খিনি শুনাৰ পিছত মই প্ৰেম আৰু বিবাহৰ পৰা শত শত হাত দুৰৈত থকাৰ চেষ্টা চলাই গলোঁ আজীৱন ।
সিদিনা যেতিয়া মীনাই মুৰত কৃষ্ণচূড়া ফুলৰ সৰা পাপৰি দেখি জোকালে বুকুৰ কোনোবা খিনিত বিষ এটা অনুভৱ কৰিলেও, অতি সোনকালেই তাক জোকাৰি পেলাইছিলো। সিদিনা খন তাইক ধমকিও মাৰিছিলো । আজি আকৌ কৃষ্ণচূড়া গছ জোপাৰ তলত বহি লেখা-মেলা বোৰ শেষ কৰিলোঁ । এবাৰ মুৰত হাত ফুৰাই চালোঁ, আজিও দুটামান সৰা ফুলৰ পাপৰি আছে নেকি মোৰ চুলি বোৰৰ মাজত ??
আকৌ এবাৰ বুকুৰ মাজৰ অবুজ বেদনাৰ অব্যক্ত অনুভূতিয়ে মোৰ মনটোক কিয় বাৰু ক'লা ডাৱৰৰ দৰে আবৰি পেলালে!
অৰুণিমা শৰ্মা মহাপাত্ৰ
নিউ দিল্লী বৰ্ণৰাগ-২৬
———————————————————
অনুভৱৰ পৃষ্ঠা লুটিয়াই...
পোৱা-নোপোৱাৰ দোমোজাত শৰৎ
চয়নিকা ভূঞা
বহু কথা কেতিয়াবা নোকোৱাকৈয়ে থাকি যায় ৷নোকোৱা কথায়ো কেতিয়াবা হৃদয়ত ঠাই লয়। যেতিয়া হৃদয়ে কথা কয়, বহু কথা তেতিয়া আৰু ন-কৈ কোৱাৰ প্ৰয়োজনবোধ নহয় ৷
বহু সময়ত বহু ৰং কেতিয়াবা জীৱনৰ পৰা বুটলিবলৈ থাকি যায় ৷ আধৰুৱা হয় বহু লিপিবদ্ধ কাহিনী ৷ তথাপিও গতি কৰে জীৱনে ৷ গতি কৰে সময়ে ৷ পোৱা-নোপোৱাৰ দোমোজাত গতিশীল সময়ৰ কথা ৷
চিনাকি বাটবোৰ কেতিয়াবা অচিনাকি হৈ পৰে ৷ জীৱনৰ কথাবোৰ কেতিয়াবা আউলী-বাউলি হৈ পৰে ৷ কথাবোৰ তেতিয়ালৈ বতাহৰ বুকুত পাকঘূৰণি খাই পৰে ৷ ক'ৰবাত হেৰাই যায় চিনাকী বাটৰ বহু চিনাকী কথা ৷
সময় সলনি হয় ৷ ন-ন ৰূপেৰে সময়ৰ আগমন ৷ হেৰাই যোৱা সময়ৰ বুকুতেই কুঁৱলীৰ আৱৰণেৰে শাৰদীয় বতৰা ৷
শৰতৰ এটি সুকোমল সন্ধিয়াৰ কথকতা ৷ পদুলি মুখৰ শেৱালি জোপাৰ আমোলমোল গোন্ধত পৰিৱেশটো মোহনীয় হৈ পৰিছে ৷ ওলাই আহোঁ পদুলি মুখলৈ, জোনাকৰ সৈতে মুখ চুপতি কৰাৰ হেঁপাহত ৷
কথোপকথনত শৰত ৷ সুৱাসী সময়ে কয় ভালপোৱাৰঙী বহু ইতিহাসৰ কথা ৷ ইফালে তুমি তুমি ভাৱনাত সকলো আনমনা ৷ সমীৰৰ বোকোচাতো তোমাৰেই বতৰা ৷ হেঁপাহ জাগি উঠে, তোমাক চুই চোৱাৰ ৷ তোমাক নিজৰ কৰাৰ ৷ জোনাকৰ বৰষুণত কথাবোৰ আউল লাগে ৷ বাটৰ সন্ধানত কথাবোৰে ঘূৰমূৰ্তিয়াই ফুৰে ৷ হৃদয়ে হৃদয়ে তেতিয়া মাথো ভালপোৱা আৰু ভালপোৱা ৷
দূৰৈত ফুলি থকা কপাহী কোমল কঁহুৱা ডৰাই হাত বাউলি মাতে ৷ এক অজান শিহৰণত মনটো বাৰে বাৰে ডুব যায় ৷ স্পৰ্শৰ তাড়নাত মন উগুল-থুগুল ৷
পায়ো নোপোৱাৰ বেদনা ৷ পোৱা-নোপোৱাৰ দোমোজাত নিশাটো গাভৰু হয় ৷ কাষতে থাকে অথচ স্পৰ্শ কৰিব নোৱাৰি ৷ কি যে এক তীব্ৰ
বাসনা।
চাই থাকোতেই নিশাবোৰ গভীৰ হৈ পৰে ৷ বাহিৰত জোনাকৰ বৰষুণ ৷ দুখোজ আগুৱাই যাওঁ আবেগৰ বৰষুণ জাকত তিতাৰ হেঁপাহত ৷ কথাবোৰে বাহৰ পাতে ৷ মন গহ্বৰৰ কোনোবাখিনিত নিগাজিকৈ ঠাই লয় ৷ ৰাতি এপৰৰ পৰা দুপৰ হয় ৷ কথোপকথনৰ শেষ নাই ৷ শেষান্তৰটো শেষ নাই, শেষতেই আন এটি নতুন পাতনি, আৰম্ভ হয় আন এক জীৱন্ত কাহিনীৰ ৷
কথাবোৰতো তেনেকুৱাই ৷ পোৱা-নোপোৱাৰ দোমোজাত বহু কথাই আধৰুৱা হৈ ৰৈ যায় ৷ জীৱনে মিচিকিয়াই হাঁহে ৷ বুকুৰ কেনোবাখিনিত গোট মাৰি থকা আক্ষেপবোৰ থাউতে চিটিকি পৰে ৷ দুভৰিৰ খোজেও গতি সলায়।
শৰতৰ স্নিগ্ধ আকাশৰ বুকুত চপৰা-চপৰ ডাৱৰৰ খেল ৷ অনুভৱৰ দুৱাৰখন খুলি দিওঁ ৷ অনুভৱী সময়ে থাউকতে মোক হেঁচা মাৰি ধৰে ৷ কল্পনাৰ জগতত মোৰ অবাধ বিচৰণ ৷ নেদেখা নুশুনা সপোনো কাষ চাপি আহে ৷ একান্তই ব্যক্তিগত কথাবোৰ সপোনৰ বুকুত গুজি দিওঁ ৷ উশাহে-বতাহে সকলো একাকাৰ হৈ পৰে ৷
আবেগৰ স্পৰ্শত জীপাল হয় শাৰদীয় সময়।কথাবোৰ তেনেকৈয়ে বাহৰ পাতে, বতাহৰ পৰা হৃদয়লৈ ৷
শৰতৰ নিয়ৰ সৰা গধূলিটো ক্ৰমাত কথকী হৈ পৰে ৷ ফৰিংফুটা জোনাকত হৃদয়ৰ কথাবোৰো পাগত উঠে ৷ ইফালে নিয়ৰ সিক্ত দুবৰীত দুখন হৃদয়ৰ খোজ ৷ দিওঁ-নিদিওঁকৈ দিয়া খোজবোৰে ক্ৰমাত গতি লয় ৷ গতিৰ বেগ বাঢ়ে , বেগ বাঢ়ে হৃদয়ৰ…উশাহৰ…
এয়া যে আবেগ সনা শাৰদীয় লগনৰ কথা ৷ জোনাকৰ বৰষুণ জাকত আবেগৰ জোৱাৰ ৷ শাৰদীয় জোনাকত জুৰুলি-জুপুৰিকৈ তিতা দুখন হৃদয়ৰ কথাৰে চহকী হৈ পৰে শাৰদীয় সময় ৷ আস ! কি যে এক জীপাল ক্ষণ ৷ এতিয়া চৌপাশে শাৰদীয় সুৱাস ৷ সুৱাসী সময়েও কয় শৰতৰ বন্দনাৰে বন্দিত সময়ৰ কথা ৷
চয়নিকা ভূঞা
চতিয়া বৰ্ণৰাগ-২৭
—————————————————আহিনৰ মিঠা অনুভৱ
ভূমিকা দাস
চৌদিশে আহিনময় পৰিবেশ। আহিন মানেই শৰৎ, শৰৎ মানে স্নিগ্ধ কোমল উচাহৰ ধল, শৰৎ মানে জোনাক।
শৰৎ মানে দূৰ্গাপূজাৰ বতৰ।
চিৰাচৰিত নিয়মেৰেই আহিন আহিল আপোন বাটেৰে ,চিনাকি ঘাটেৰে । আহিন আহে ,শেৱালি ফুলে ,দুৱৰিৰ ওপৰত নিয়ৰৰ প্ৰলেপ পৰে, আহিন আহিলে মন উদ্বিগ্নতাৰে ভৰি পৰে।
শেৱালি ,নিয়ৰ , কুঁৱলীৰ বাট মুকলি কৰি কঁহুৱাই আকাশৰ মেঘৰাশিক দূৰলৈ ঠেলি পঠিয়ায়। নীল বৰণীয়া আকাশখন দেখিলে
হৃদয়তো নীলপদ্মৰ সৃষ্টি হয়।চৰণত নিয়ৰৰ জুনুকা পিন্ধি শৰৎ আহিছে প্ৰতি বছৰৰ দৰে।
আহিন মানেই কূঁৱলীৰ টোপ টোপ নিয়ৰ।আহিন মানেই কুঁৱলীৰ শুভ্ৰ আস্বাদন ওলাই অহা এচেৰেঙা ৰ'দৰ ৰ'দালি।আহিন মানেই কৃষকৰ
মুখৰ প্ৰস্ফুটিত হাঁহি। আহিন মানেই যেন সেউজীয়া পথাৰ।
শাওন ,ভাদ মাহৰ নেৰানেপেৰা বৰষুণৰ আকাশত গোমা মেঘ,বোকাপানীয়ে সিক্ত কৰি তোলা আমাৰ জীৱনলৈ আহিনে আনে
শেৱালি কোমল সজীৱতা।আহিন আশাৰ প্ৰতীক।আহিন যেন কবিৰ বুকুৰ বান্ধব ।
আহিনে যিদৰে শৰতৰ আগমনৰ বতৰা দিয়ে একেদৰে আহিন মানেই যেন চহা কৃষকৰ সপোন ফুলাৰ বতৰ।
খৰাঙৰ গ্ৰাসত পৰা পথাৰত নাই আজি আহিনৰ মধুময় সুবাস। পানীৰ অভাৱৰ বাবে ভাল হোৱা নাই শস্য। তথাপি দুই এঠোককৈ ওলোৱা গাখীৰতি ধানৰ থোকে আশা বিৰিঙাইছে চহা কৃষকৰ মাজত।
আহিনে সিঁচি দিয়ে ৰঙৰ মেলা।আহিনে শৰতক আদৰণি জনায়। আহিন অকলশৰে নাহে ,আহিন আহে লাহে লাহে , শেৱালী ফুলৰ পাহে পাহে ।চৰণত নিয়ৰৰ জুনুকা পিন্ধি শৰৎ আহিছে প্ৰতি বছৰৰ দৰে।সেই চৰণৰ প্ৰথমটো স্পৰ্শতে ধৰাৰ বুকুত শুকুলা কহুৱাবোৰ ফুলি উঠিল । আকাশৰ শুকুলা ডাৱৰবোৰ ধৰালৈ নমাই আনি কহুৱাই তাৰেই সাজ যেন চিলাই লৈছে।
আহিন তুমি আহিলে জোনাক নামে
নিয়ৰ সৰে
শেৱালী কহুঁৱাই মিচিকি হাঁহে।
সেই কুঁৱলী সনা সপোন এটাত তিতি বুৰি ন ন আশা বুকুত বান্ধি লৈছোঁ....
বলিয়া বতাহ বৰষুণ জাকে শেৱালিৰ সুৱাসত মতলীয়া হৈ আহিনৰ
গালে মুখে বিয়পাই দি গ'ল প্ৰেমৰ বতৰা
মন মোৰ উৰি গ'ল অতীতৰ সোণালী সুদিনলৈ ।খৰাহীত শেৱালি বুটলি মালা গাঁঠি পোৱা তাহানিৰ আনন্দবোৰ এতিয়া সঞ্চিত স্মৃতি হ'ল...
ভূমিকা দাস
গুৱাহাটী বৰ্ণৰাগ-২৮
———————————————————
অনুভৱত ভোক আৰু দুখ
গিৰিজা শৰ্মা
ভোক সহজাত, শাশ্বত। ভোকৰ নিবৃত্তি অৱধাৰিত। ভোকৰ তাড়না আদিম, পৰিসমাপ্তিবিহীন। কথাতে কয়, আগতে চাউল কঠা, পাছত হৰিকথা। তদ্রুপ অন্ন চিন্তা চমৎকাৰা।
আমি জানো যে আত্মতুষ্টিয়ে ভগৱান তুষ্টি। সেয়ে ভোকৰ নিবাৰণৰ বিকল্প নাই। আত্মাক তুষ্ট কৰিবই লাগিব।এমুঠি অন্নৰ বাবে মানুহে নকৰিবলগীয়াও কৰে, নাখাবলগীয়াও খায়।
কিন্তু ভোকেই জানো জীৱন!
কবিৰ ভাষাৰে ভোকৰ তাড়নাই পূৰ্ণিমাৰ জোনটোকো ৰুটি বুলি ভ্রম কৰে। ইমানেই শক্তিশালী এই ভোকৰ জ্বালা।
চিৰসংগী ভোকে ধনী-দুখী কাকো ৰেহাই নিদিয়ে। অৱশ্যে নিঃকিন জনৰ ভোক বৰ উগ্র। অনাহাৰে থকাজনে জানে ভোকৰ তীব্রতা, নিবাৰণৰ প্ৰয়োজনীয়তা। ভিক্ষাৰীৰ পেটৰ জুইকুৰা চকুৰে নেদেখি, অনুধাৱনহে কৰিব পাৰি।
আৰু দুখ-–
হেৰাই যোৱা বেলিটো, দিনে-দিনে, তিলে-তিলে ক্ষয় যোৱা জোনটো অথবা নিৰ্মল পূৰ্ণিমাৰ ৰাতিটো, নৈসর্গিক দৃশ্যায়ন, মনৰ দাপোনত দোলা দি যোৱা এটা এটা অভিব্যক্তি, পৰ্বত পাহাৰ, নৈ নিজৰা, গছ বন পথাৰ সমস্ত সামৰি প্ৰাকৃতিক দৃশ্যৰাজিয়ে কি দি যায় আমাক !!
সমস্ত জীৱনজুৰি হাবু-ডুবু খাই কিহৰ অনুসন্ধান কৰোঁ আমি !!!
ইমান বিশালতা, ইমান পূৰ্ণতাৰ মাজতো ক'ত লুকাই থাকে অন্তহীন দুখৰ অন্ত:সলীল ফল্গু ------------
পেটৰ ভোক পূৰণেও পৰিতৃপ্ত কৰিব নোৱাৰা আমাৰ আৱেগ অনুভূতি, সুখ-দুখ, হাঁহি-কান্দোনৰ ৰহস্যময় পৃথিৱীখন বৰ বহল, এক কথাত পৰিধিবিহীন।
হয়তো কাৰোৱাৰ বাবে দুখ এটা নিচা। তেনেলোকে নিজকে দুখী অনুভৱ কৰি তৃপ্তি পায়।
আভিজাত্যৰ সুখেও কাৰোবাৰ দুখী কৰে।
কোনোবা বিষাদ বিলাসী কবিয়ে জোনবাইক তৰা নুখুজি দুখ খোজে।
এইখন পৃথিবীত আমি প্ৰত্যেকেই কম-বেছি পৰিমাণে দুখী।
অনবৰতে অনাহকতো আচ্ছন্ন অহৰহ এটি খুলি খোৱা দুখানুভূতি, সকলো থাকিও একো নথকা এক অতৃপ্ত অভিলাস, আত্মশ্লেষ, সেয়া ও দুখৰেই নামান্তৰ।
দুখৰ সাগৰত অৱগানেৰে আত্মাৰ পৰিশোধন নে আন কিবা অব্যক্ত তাড়নাত আমি দুখৰ ঐকান্তিক অন্বেষণত ব্ৰতী হওঁ-------
কিয় অলক্ষিতে অজানিতে আমাক দুখানুভূতিয়ে আচ্ছন্ন কৰে---
বিষাদ বিমোহিত মুহূর্তত মূক হৈ ৰওঁ--
" Every man has his secret sorrows which the world knows not "
আমি সকলোৱে কাতৰ হওঁ ভোক আৰু দুখত। তীব্র ভোক আৰু দুখৰ আতিশয্যত মানুহে কেতিয়াবা নকৰিবলগীয়া
কামো কৰি পেলোৱাৰ উদাহৰণ আছে।
বাস্তৱ ক্ষেত্রত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ যেতিয়া ব্যক্তি এজনে আপ্রাণ চেষ্টা কৰে তেওঁ তেতিয়া সম্পূর্ণ শাৰীৰিক তথা মানসিক শক্তি প্ৰয়োগ কৰে। ফলত তেওঁ এক অনন্য অভিজ্ঞতা অর্জন কৰে।
ভোক-দুখৰ এনে এক কাতৰ কঠিন সন্ধিক্ষণত সুস্থ মস্তিষ্কৰ দ্বাৰা উপযুক্ত পদক্ষেপ লোৱাৰ বাবে যত্নপৰ হোৱা উচিত।
গিৰিজা শৰ্মা
বাক্সা বৰ্ণৰাগ-২৯
———————————————————
গান্ধী-জয়ন্তী আৰু মোৰ অনুভৱ
(গান্ধী-পুতলা)
কল্যাণী দেৱী গোস্বামী
সেইযে গান্ধী পুতলা ,তিনিটা বান্দৰৰ কথা মনত আছে নিশ্চয়। দুই হাতেৰে চকু ঢকা,কাণ ঢকা আৰু মুখত আঙুলি দি মনে মনে থাকিবলৈ বুজোৱা বান্দৰ তিনিটা।এতিয়া সৰ্বসাধাৰণৰ ঘৰৰ ড্ৰয়িং ৰুমত পুতলা বান্দৰ ৰূপে নতুবা সুন্দৰ কেলেণ্ডাৰ ৰূপে শোভা বৰ্দ্ধন নকৰে সেই গান্ধী পুতলা বান্দৰ তিনিটাই।
ঠিকেই পৰিবৰ্তন বাৰুকৈয়ে শিপাইছে সকলোতে।প্ৰতীকি অৰ্থত বেয়া কথা নাচাবা,বেয়া কথা নুশুনিবা আৰু বেয়া কথা নক'বা বুজোৱা বান্দৰ কেইটা এতিয়া সাধুকথাৰ চৰিত্ৰ যেন হ'ল।
ৰাতিপুৱাৰ বাতৰি কাকতখন মেলিলেই বেয়া খবৰেৰে দিনটো আৰম্ভ কৰিবলগীয়া হয় আৰু শেষ হয় প্ৰায়ে দিনটোৰ বেয়া খবৰ বা ঘটনাৰে ।
গান্ধীজীয়ে সপোন দেখিছিল ৰামৰাজ্য স্থাপন কৰি সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়াৰ। য'ত জনগণৰ দৰিদ্ৰতা দূৰ হব,জাতীয় সংহতি সুদৃঢ় কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ মহামেলা ৰচনা হব। ভাৰতত সুখ-শান্তি,সমৃদ্ধি, স্বাৱলম্বীৰ মনোৰম ৰামৰাজ্য কিন্তু তেওঁ গঢ়িব নৌপাওঁতেই গান্ধীজীৰ কামনা দেখি অট্টহাস্য কৰা নিয়তিয়ে তেওঁৰ প্ৰাণ ললে আজুৰি। ইতিহাসৰ এই কলঙ্কিত অধ্যায় সমগ্ৰ জাতিৰ বাবে আছিল দুৰ্ভাগ্য জনক। তেখেত নিশংসতাৰ বলি নোহোৱা হেতেঁন হয়তো ভাৰতবৰ্ষৰ অন্য এখন ছবি আমি দেখা পালোহেতেঁন।
অস্ত্ৰবিহীন অহিংস আন্দোলনেৰে গান্ধীয়ে ভাৰতৰ ঠাই বিশেষে হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ মষিমুৰ কৰি শান্তি যাত্ৰা আৰম্ভ কৰি ,১৯৪৭ চনৰ ১৫আগষ্ট তাৰিখে হৃত স্বাধীনতা ঘূৰাই আনে ভাৰতৰ।
জাতীয় সংহতি সুদৃঢ় কৰি সম্প্ৰীতিৰ মহামেলা ৰচনা কৰি ৰামৰাজ্য গঢ়ি তোলাৰ তেখেতৰ যি সপোন আছিল সেয়া বাস্তবায়িত কৰাৰ আগতেই তেখেত আততায়ীৰ হাতত ১৯৪৮চনৰ ৩০ জানুৱাৰীত প্ৰাণ হেৰুৱায়।
মানৱ প্ৰেম,মানৱ সেৱা আৰু ঈশ্বৰ পৰায়নতাৰ প্ৰতীক মহাত্মা গান্ধী বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মনীষী; তেখেতৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত জীৱন-দৰ্শন এতিয়া পাহৰণিৰ গৰ্ভত। চাৰিও দিশে এতিয়া হত্যা ,লুণ্ঠন,হিংসা,ভ্ৰষ্টাচাৰ,অসত্য বাতাবৰণে চানি ধৰিছে দেশ।
১৮৬৯চনৰ ২অক্টোবৰ তাৰিখে জন্ম গ্ৰহণ কৰা মহাত্মা গান্ধীৰ জন্মদিনটো 'গান্ধী-জয়ন্তী' হিচাপে পালন কৰিয়েই আমি তেখেতৰ আদৰ্শবোৰ পাহৰি গ'লে ইতিহাসে আমাক হয়তো কোনোদিন ক্ষমা নকৰিব।তেখেতৰ ত্যাগৰ মূল্য আমি তেখেতক দিয়া উচিত।
এতিয়া মহাত্মা গান্ধী সোঁশৰীৰে আমাৰ মাজত নাই ,তেখেতৰ নীতি-আদৰ্শও মানুহে পাহৰিবলৈ লৈছে। তিনিটা বান্দৰৰ চিত্ৰ খনো মানুহৰ মনৰ মাজৰ পৰা প্ৰায় লুপ্ত পাবলৈ লৈছে।ভাৰতবৰ্ষত এতিয়া গান্ধীৰ আদৰ কমি আহিছে।মানুহ স্বাৰ্থন্বেষী হৈ পৰিছে। আমি সকলো ঐক্যবদ্ধ হৈ স্বাৰ্থবোৰ একাষৰীয়া কৰি দেশৰ উন্নতিৰ হকে আগুৱাই যাব নোৱাৰোনে?
কল্যাণী দেৱী গোস্বামী
জালুকবাৰী,গুৱাহাটী বৰ্ণৰাগ-৩০
———————————————————
সৌন্দৰ্য চৰ্চা
ঘৰতে চুলিৰ OIL SPA
মৌচুমী শৰ্মা কাশ্যপ
আমাৰ দৈনন্দিন ব্যস্ততা ভৰা জীৱনত চুলিৰ যতন লৱ পৰা নাযায় ।ইয়াৰ বাবে ঘৰতে কৰা চুলিৰ oil spa এক সহজ উপায়।চুলিৰ oil spa ৰ বাবে প্রথমে চুলিখিনি ভালদৰে ফণীয়াই লৈ সৰু সৰু ভাগ (section)ত ভাগ কৰি লব।তাৰপাছত এটা বাটিত অলপমান নাৰিকল তেল লৈ প্ৰতিটো ভাগতে গুৰিৰপৰা আগলৈকে ভালদৰে সানি লব। Section-বোৰত তেল লগাই ওপৰৰ পৰা তললৈ টানি টানি massage কৰিব যাতে তেলখিনি আটাইবোৰ চুলিত ভালদৰে লাগে।তাৰপাছত ১০-১৫ মিনিট সময় চুলিখিনিত গৰম ভাপ দিব।ভাপ দিবৰ বাবে এখন টাৱেল গৰম পানীত তিয়াই লৈ ভালদৰে চেপি লব(একেবাৰে উতলা গৰম পানী নলব)।এতিয়া টাৱেলখনেৰে চুলিখিনি বান্ধি লব।এনেদৰে ২-৩ বাৰ চুলিখিনিত ভাপ দিব। যদি oily hair হয় তেন্তে ভাপ দিয়াৰ প্ৰয়োজন নাই,তেল সানি ১৫-২০ মিনিট সময় থৈ যিকোনো shampoo ৰে ধুই দিব।ভাপ দিয়াৰ পাছত চুলিখিনি অলপ ঠাণ্ডা হলে লাহে লাহে massage কৰিব যাতে তেলখিনি চুলিৰ গুৰিবোৰত ভালদৰে সোমাই যায়।২-৩ মিনিট সময় massage কৰাৰ পাছত চুলিখিনি shampoo ৰে ধুই লব।এনেদৰে চুলিত oile spa কৰিলে চুলিবোৰ গুৰিৰপৰা শক্তিশালী হয়।ই চুলিৰ উজ্বলতা বঢ়োৱাৰ লগতে চুলি সৰা সমস্যাৰ পৰা ও মুক্তি দিয়ে।
মৌচুমী শৰ্মা কাশ্যপ
তিনিচুকীয়া বৰ্ণৰাগ-৩১
———————————————————
আখল
নৰসিংহ পাতৰ সʼতে মূৰ্গী মাংসৰ জোল
(খুবেই স্বাস্থ্যকৰ আৰু সুস্বাদু এবিধ ৰেচিপি)
উপকৰণ:
নৰসিংহ পাত- (আন্দাজমতে) পেষ্ট বনাই লʼব
লোকেল মূৰ্গী মাংস-- ৪০০ গ্ৰাম
পিয়াজ --২ টা (কাটি লোৱা)
আলু--২ টা (টুকুৰা টুকুৰকৈ কটা)
জালুকৰ গুৰি--১/২ চামুচ
হালধি-- আন্দাজমতে
নিমখ-- সোৱাদ অনুসৰি
জিৰাগুৰি--১/২ চামুচ
গৰম মচলা--১/৪ চামুচ
কেঁচা জলকীয়া--২টা
শুকান জলকীয়া--১টা
তেজপাত--দুখিলা
আদা-নহৰু বটা--১চামুচ
মিঠাতেল--ডাঙৰ চামোচেৰে দুচামুচ
প্ৰণালী : কেৰাহীত মিঠাতেল গৰম হোৱাৰ লগে লগে তেজপাত আৰু শুকান জলকীয়াটো দি অকণমান ভজাৰ লগে লগে কাটিলোৱা পিয়াজ খিনি দিব লাগে । পিয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে হালধি গুৰি আৰু আদা নহৰু বটা দি
অলপ ভাজি লʼব লাগে । অলপ পিছত জিৰা গুৰি আৰু গৰম মচলা দি অলপ লৰাই মাংসখিনি দি দিব লাগে । মাংসখিনি প্ৰায় ১০ মিনিটমান সময় ভাজি লʼব লাগিব লগতে আলুৰ টুকুৰাখিনিও ভাজি লʼব লাগে । এতিয়া
সোৱাদ অনুসৰি নিমখ ,কেঁচা জলকীয়া আৰু জালুকৰ গুৰি দি ঢাকোনখন লগাই ১০মিনিটৰ
কাৰণে ভালদৰে সিজিবলৈ দিব লাগে । ১০ মিনিটৰ পাছত মাংসখিনি ভাজখাই ৰংটো সলনি হৈ যাব আৰু এইখিনি সময়তে নৰসিংহৰ
পেষ্টখিনি দি দিব লাগে । মাংসখিনি ভালদৰে লৰাই আন্দাজমতে পানী দি ঢাকোনখন লগাই পুনৰ ১০ মিনিটৰ বাবে উতলিবলৈ দিব । ১০মিনিটৰ পাছতে মাংসখিনি ধুনীয়াকৈ সিজি জোলকণো অকণমান ডাঠ হৈ আহিব । আৰু ইয়াৰ লগে লগেই নৰসিংহৰ সʼতে মাংসৰ জোল পৰিৱেশনৰ কাৰণে সাজু ।
সংগীতা চেতিয়া শৰ্মা
শিৱসাগৰ বৰ্ণৰাগ:-৩২
———————————————————
আলুৰ আচাৰ
অতি সহজতে হোৱা
আলুৰ আচাৰ...
এই আচাৰ অতি সোৱাদেৰে ভৰা হয়।
উপকৰণঃ
কাটি বইল কৰি লোৱা আলু - ১বাতি
মিঠাতেল - ১ কাপ
নিমখ - সোৱাদ অনুসাৰে
হালধি - আধা চাহ চামুচ
শুকান জলকীয়া - প্ৰায় ২০টা মান
মেথি গুটি - ১ টেবুল চামুচ
সৰিয়হ - ৩ টেবুল চামুচ
তেঁতেলী - ২ টেবুল চামুচ
প্ৰণালী - শুকান জলকীয়া, মেথি গুটি, সৰিয়হ অলপ শুকান কেৰাহীত ভাজি লব আৰু তেঁতেলীৰ ৰস উলিয়াই একেলগে পেস্ট(pest) কৰি লব। তাৰপিছত এটা বাটিত আটাইখিনি সামগ্ৰী মিহলি কৰি লব। এদিন চোকা ৰ’দত দিব।
এই আচাৰ ৰʼদত দি দুদিনতকৈ বেছি নাৰাখিব, যিহেতু এই আচাৰ লগে লগে খোৱা আচাৰ হে হয়। ফ্ৰীজতো ৰাখিব পাৰে।
সংগীতা বৰপাত্ৰগোঁহাই
গুৱাহাটী বৰ্ণৰাগ-৩৩
———————————————————
ধেৎতেৰি
অৰ্পনা নাথ
বাকচ
ভন্তী আৰু মোৰ মাজত সৰুৰে পৰাই ভাল বন্ধুত্ব। সৰু হ'লেও তাই সকলো ফালৰ পৰাই মোতকৈ অলপ আগবঢ়া। মই স্নাতক প্ৰথম বৰ্ষত তাই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত। দুইজনীয়েই একেখন চাইকেলত কলেজলৈ যাওঁ কিন্তু সমস্যাটো হ'ল তাই মোক সদায় চাইকেলত উঠাই নিয়ে অৰ্থাৎ মই ডাবল উঠাব নোৱাৰো। এইটোকে লৈ তাইৰ বৰ অশান্তি। এদিনাখন তাই আকোৰগোজ তাই চাইকেল নচলায় উঠিব হে। মই বোলো নোৱাৰোঁ মোৰ ভয় লাগে। তাই ক'লে মোক মানুহ বুলি নাভাবি এটা ডাঙৰ বাকচ চাইকেলৰ পিছত বন্ধা আছে বুলি ভাবি নিশ্চিত হৈ চলাই যাবি। কথা মতে কাম গৈ আছো ডাঙৰ বাকচটো লৈ, নৈ পাৰৰ ৰাষ্টা বানপানী গৰা খহাই নিয়া ঠেক ৰাষ্টা, চাইকেলত ব্ৰেক কম গ'লো পৰি তলত দুয়ো ,খৰালি মাহ নদীত পানী ক'ম কেনেবাকৈ উঠি দুয়ো কলেজৰ বিপৰীত দিশে মানে ঘৰমুখী যাত্রা। মোৰ হাতত চাইকেলখন। ঘৰ পাও পাও এনেতে তাই ক'লে মোলৈ কিমান মৰম বুজি পালো আজি বায়েকজনী হৈ কৰ'বাত দুখ পাইছনে বুলিও নুসুধিলি এবাৰ।। মই ক'লো - ড্ৰাইঙিং চিতৰ পৰা পৰি যোৱা মই জীৱন্ত মানুহজনীয়ে দুখ পোৱা নাই আৰু এটা বাকচে দুখ পোৱা বুলি ভাবিবলৈ মই ইমান মূৰ্খ নহয় টো। তাইৰ মুখত মাত নাই।
দুপৰীয়া মায়ে ভাত খাবলৈ মাতি আছে তাই বিচনাৰ পৰা উঠি নহাত মই মাতিলো - ভাত খাও ব'ল ! "বাকচে কেতিয়াৰ পৰা ভাত খোৱা দেখিছা মূৰ্খ নেকি তই" ?
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
ডেকোৰেচন
ক'ত যাবি মাই ? ৰঙিয়াত যাম খুড়া। একলাই আইছা? হৈ খুড়া মই একলাই আইছু। ইচকুলত গৈছিলি না মাই অলপ? অলপ গেইছিলু দিয়ক খুড়া। মেট্ৰিক পাচ নকল্লি নেকি আৰো দিবা লাগছিল। কচ্চু খুড়া। পি ইউ পঢ়া নহ'ল? হৈছি খুড়া। তে বি এ টু....? সেটু ও হৈছি দিয়ক। পিছে ৰঙীয়াত নু কিয় যা? মোৰ সৰু বইনিটু ৰেলৱেত চাকৰি কৰে , ঢেকীয়া, কচু, শাক কলডিল , মানিমুনি এইবোৰ তাইৰ বৰ প্ৰিয়, সেয়ে স্কুল বন্ধ পালি এইটো মোৰ এটা ডিউটি। হাতৰ মোনাখনলৈ চাই .....তাৰমানে
তইও মাষ্টেন্নি ? পাছে কিয় মাই তোৰ অলপো ডেকােৰেচন নাই ?
অৰ্পনা নাথ বৰ্ণৰাগ-৩৪ ———————————————————
পত্ৰলেখা, পত্ৰ এখন লিখা না...
মোৰ মৰমৰ
ডট ডট ডট ,
নামেই উচ্চাৰণ কৰিবলৈ নোৱাৰোঁ তোমাৰ ! চকুলোৰচোন ধল বৈ যায়। মাথোঁ এটাই অনুৰোধ তোমালৈ -- চিঠিখন সম্পূৰ্ণকৈ পঢ়িবা। নহ'লে মই হয়তো সদায়েই তোমাৰ চকুত দোষী হৈ ৰ'ম।
কলেজৰ নবাগত আদৰণি সভা আছিল সেইদিনা। সন্ধিয়ালৈ গীত-মাতৰ উখল -মাখল পৰিবেশ। মই গীত গাইছিলো আৰু যথেষ্ট uncomfort feel কৰিছিলো। তাৰ কাৰণ তুমি। যিফালেই চাওঁ, মাথোঁ তোমাৰ চকুহালিকেই দেখিবলৈ পাওঁ। বতৰ বৰ বেয়া আছিল সেইদিনা। ঘৰলৈ যাবলৈ মোৰ গাড়ীখনো আহি পোৱা নাছিল। সকলো ঘৰাঘৰি যাবলৈ ধৰিলে। আকৌ সেই অসুবিধা জনক পৰিস্থিতিত পৰিলো মই। তুমি বাইকত লিফট দিবলৈ আগবাঢ়ি আহিলা। আৰু সেয়াই আৰম্ভণি। গোটেই সময়চোৱা মই কিন্তু তোমাৰ এটা প্ৰশ্নৰো উত্তৰ দিয়া নাছিলো। কাৰণ , সেই সময়চোৱাত মই মাত্র জীৱনটো গঢ়াৰ পৰিকল্পনাত আছিলো। কিন্তু হঠাতে কি হ'ল জানো মোৰ !! দিন বাগৰাৰ লগে লগে তোমাৰ সান্নিধ্য ভাল লাগিবলৈ ধৰিলে। অকল মিঠা কথাৰে পেট নভৰা ল'ৰা আছিলা তুমি। বহুত কিবাকিবি বিচাৰিবলৈ ধৰিছিলা। মই বুজি উঠিছিলো আৰু চিন্তাও কৰিছিলো -- হয়তো পিচলৈ এই অসংযত আচৰণ ঠিক হ'ব। কিন্তু নহ'ল। বিয়াৰ পিচৰ কিছুবছৰলৈকে ঠিকেই আছিল। কিন্তু তাৰ পিছত আকৌ সেই একে স্বভাবৰে পুনৰাবৃত্তি। প্ৰতিদিনেই ৰাতি দুপৰত উঠি যোৱা চৰিত্ৰ সংশোধন কৰিবলৈ মই গভীৰ চিন্তাত মগ্ন হৈছিলো। তাৰপিচৰ এদিন ৰাতিৰ কথা - - - -
মোলৈ প্ৰশ্ন তোমাৰ , " তুমি আকৌ ক'লৈ যোৱা ইমান ৰাতি? "
মই নিৰ্বিকাৰচিত্তে উত্তৰ দিলো , কিয় ? Any problem ? তোমাৰ বিপৰীত দিশে। এখন নতুন ৰামায়ণ ৰচনা কৰিবলৈ। ৰাম যিহেতু তুমি নোহোৱা , সীতা হৈ মই কি কৰিম ? তুমি হাঁহিছিলা আৰু উত্তৰ দিছিলা -- Ok , যোৱা , য'ত যাবলৈ আছে। লাহেকৈ তুমি ওলাই গৈছিলা। বহুত কান্দিলো মই। সঁচাকৈ মই ওলাই গ'লো। আমাৰ সদায় নিশাবোৰ এনেদৰেই অতিবাহিত হ'বলৈ ধৰিছিল।
জীবনত নতুনকৈ উপলব্ধি কৰিলোঁ , নাৰীহে আচলতে দোষী নেকি পুৰুষতকৈ? নাৰী নাৰীৰে শত্ৰু। সেই নাৰীগৰাকীয়ে বাৰু কিয় বুজিবলৈ চেষ্টা কৰা নাই -- এই বিবাহিত পুৰুষজন তেওঁৰ ওচৰলৈ সদায় কিয় আহে ? নিজৰ পত্নী থকা বুলি জনাৰ পিচতো অহাৰ কাৰণ জানিবলৈ অকণো ইচ্ছা নকৰি তেওঁতে সপি দিলে জীৱনৰ সকলো ! সেই নাৰী গৰাকীয়ে এবাৰলৈও ভবা নাইনে যে -- দুদিন পিচতে তেওঁকো এৰি যাব ! এইদৰে একোজনী নাৰীয়ে অইন এগৰাকীৰ সোণৰ সংসাৰ চাৰখাৰ কৰি পেলোৱা নাইনে বাৰু ?
মোৰ মৰমৰ ডট ডট ডট , আজি মই একেবাৰেই যাবলৈ ওলালোঁ। হয়তো তোমাৰ হাতত এই চিঠি পৰালৈ মই নাথাকিমেই। মাত্ৰ তুমি জানিবা - - মই কেতিয়াও কোনো পৰপুৰুষৰ ওচৰলৈ যোৱা নাছিলো , মাত্ৰ তোমাক শুধৰাবৰ চেষ্টাতহে ৰাতি ৰাতি আমাৰ ঘৰৰে বেলকনিত বহি সময়বোৰ পাৰ কৰিছিলো। নিজৰ পত্নী পৰপুৰুষৰ ওচৰলৈ যোৱাটো অন্ততঃ কোনো পতিয়ে সহ্য নকৰে। কিন্তু ইকি !! তাতো তোমাৰ একো আপত্তি নাথাকিল। বুজি উঠিলো মই -- জীবন লগৰী মোৰ কক্ষচ্যুত হ'ল। আৰু কেতিয়াও নিজৰ কৰি ল'বলৈ নোৱাৰিম। মই হাৰি গ'লো জানা -- মই হাৰি গ'লো - - - মোৰ অতি মৰমৰ ডট ডট ডট - - -
বিদায় -- - - বিদায়। আজীবন সুখী হোৱা তুমি। মোৰ মৰম সদায় একেই থাকিব তোমালৈ।
ইতি
তোমাৰ নীহাৰ
আৰিফা হুচেইন বৰা
গুৱাহাটী বৰ্ণৰাগ-৩৫
———————————————————
1 Comments
লেখা প্ৰেৰণ কৰিব পাৰিম নেকি?
ReplyDelete