স্বাগতম



🙏অসম কাব্য কাননলৈ আপোনাক স্বাগতম🙏


  "পাঠকে কবিতাৰ প্ৰাপ্তি
   পঠনে কবিতাৰ পূৰ্ণতা আনে"-হীৰেন ভট্টাচাৰ্য

    হীৰুদাৰ এই মূল্যবান বাণীটি আমি হৃদয়ৰে উপলব্ধি কৰোঁ । আমি কাব্য চর্চাকাৰীসকলে নিজৰ কবিতা চৰ্চা কৰাৰ সমান্তৰালকৈ আন কবিতাবোৰৰো ৰসাস্বাদন কৰিব লাগিব ।বিশেষকৈ প্ৰসিদ্ধ কবিসকলৰ কবিতা তথা কবিতা বিষয়ক প্ৰৱন্ধবোৰে অধ্যয়ন কৰিব লাগিব। কিয়নো   চৰ্চা, সাধনা আৰু অধ্যয়নৰ জৰিয়তেহে কবিতাৰ উত্তৰণ সম্ভৱ।

   অসমীয়া ভাষা-কৃষ্টিলৈ বিভিন্ন প্ৰত্যাহ্বান অহাৰ এই জটিল সময়তে, আমি ইজনে সিজনৰ  প্ৰেৰণা, সাহস হৈ আগুৱাই যাব লাগিব । 

 আমি এটা কথাত বিশ্বাসী যে কোনো মঞ্চ বা অনুষ্ঠানে কোনো কবি -সাহিত্যিকৰ জন্ম দিব নোৱাৰে,কিন্তু উপযুক্ত মঞ্চৰ অবিহনে  বহু প্ৰতিভা অকলতে মৰহি যায়। গতিকে ,আহক আমি ইজনে সিজনৰ হাতত হাত ধৰি এই কবিতাৰ জগতখনত আগুৱাই যাওঁ আৰু গঢ়ি তোলোঁ এক সুস্থ কাব্যিক পৰিৱেশ।

জয়তো অসম কাব্য কানন
  
 || চিৰ চেনেহী মোৰ ভাষা জননী ||

Post a Comment

0 Comments