পষেকীয়া কাব্যকাননৰ সপ্তম বৰ্ষৰ ২৩তম সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  ৩১ মাৰ্চ,২০২৫ । এই দিনটো মোৰ জীৱনৰ এক স্মৰণীয় দিন হিচাপে  মন ডায়েৰীত জিলিকি থাকিব।    
     নিজে গঢ় দিয়া এটি অনুষ্ঠানৰ পৰা  যেতিয়া নিঃস্বাৰ্থ মৰম, অকৃত্ৰিম স্নেহ পোৱা যায়,পোৱা যায় আন্তৰিক শুভাশীষ ,তেতিয়া মনটো এক বুজাব নোৱৰা অনুভৱে ক্ৰিয়া কৰাটোৱে স্বাভাবিক।কবিতা যদি মোৰ স্পন্দন, কাব্য কানন মোৰ হৃদপিণ্ড।
   শতবছৰ গৰকা অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়কৰ দৰে গুৰু দায়িত্ব আমাৰ দৰে অভাজনৰ ওপৰত ন্যস্ত কৰাত কাব্যকাননে কালি যি সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ন কৰিলে,মই সঁচাকৈ অভিভূত।কৃতজ্ঞ। ভাষাহীন।
  এই মৰম,সন্মানে মোক বেছি দায়বদ্ধ কৰি তুলিছে। কাব্যকাননৰ সদস্য সকলে আমাৰ ওপৰত যি আস্থা ৰাখিছে,সেয়া মই আখৰে আখৰে পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। মাথোঁ লাগিব আপোনালোকৰ সহযোগিতা তথা আন্তৰিক দিহা পৰামৰ্শ।
   সকলোৰে সহযোগত হাতত হাত ধৰি আগুৱাই যোৱাৰ সংকল্পৰে—

নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
                   অনুবাদ কবিতা

চীনা কৱিতা

春有百花秋有月,夏有凉风冬有雪。

若无闲事挂心头,便是人间好时节。

Chinese poem
By- Wumen Huikai (1183-1260)

With Spring flowers, Autumn moon,   

The Winter snow, and breezy Summer air

If in your heart there’s not a single care,

Any season will be the finest hour.


চীনা কৱিতা
মূল: ৱুমেন হুইকাই (১১৮৩-১২৬০)
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

বসন্তত ফুলৰ বৈভৱ,
শৰতত চন্দ্ৰৰ গৰিমা,
   
শীতকালীন বৰফ,
আৰু গ্ৰীষ্মকালীন বতাহৰ আস্ফালন,

যদি তোমাৰ হৃদয়ত
এধানো অনুকম্পন নাই,

যিকোনো ঋতুই হ’ব
আটাইতকৈ উন্নত নিৰ্ঘণ্ট।
——————————
"After Death"
কবি: খ্ৰীষ্টিনা ৰ'জেটি
ভাবানুবাদ: ড০ জ্যোতিশিখা দত্ত


"মৃত্যুৰ পিছত" 

পৰ্দাবোৰ অৰ্ধেক টনা, পকাখন মচি থোৱা আছিল 
নলখাগৰী আবৃত্ত, ৰ'জমেৰী  আৰু মেৰে 
ডাঠকৈ পাৰি থোৱা বিচনাখন য'ত মোক শুৱাই ৰখা হৈছিল ফুলেৰে 
জালিৰ ফাঁকেৰে বিষন্নতাৰ ছায়া ভাহি উঠিছিল 

তেওঁ মোৰ কাষলৈ হালি আহিছিল মই শুই থকা বুলি ভাবি 
মই কিন্তু তেওঁ কোৱা শুনিছিলো যদিও তেওঁক শুনা পোৱা নগৈছিল 
"বৰ বেয়া লাগে, বৰ বেয়া লাগে" আৰু তেওঁ উভতি দূৰলৈ গুছি গৈছিল 
এক গভীৰ নিস্তব্ধতাই বিৰাজ কৰিছিল আৰু মই জানো যে তেওঁ দুখ কৰিছিল চকুলো টুকি 

তেওঁ শবাচ্ছাদনবস্ত্ৰ চুৱা নাছিল বা ভাঁজ নষ্ট হ'বলৈ নিদিছিল 
যাৰ দ্বাৰা মোৰ মুখখন ঢাকি থোৱা হৈছিল, তেওঁ মোৰ হাত ধৰা নাছিল 
মোৰ শিতানৰ গাৰুটোকো নষ্ট কৰা নাছিল 
জীৱিত অৱস্থাত মোক তেওঁ ভাল পোৱা নাছিল; কিন্তু মৃত্যুৰ পিছত 
তেওঁ মোক পুতৌ কৰিছিল আৰু সেয়া বৰ মিঠা আছিল 
এইটো জানিবলৈ যে তেওঁৰ উত্তাপ তেতিয়াও আছিল, মোৰ দেহ শীতল হৈ পৰিছিল ।

[কবিগৰাকীৰ বিষয়ে দুই এষাৰ :  ক্ৰিষ্টিনা ৰজেটিৰ জন্ম হৈছিল ৫ ডিচেম্বৰ, ১৮৩০ চনত, লণ্ডন চহৰত l তেখেতে মূলত ৰোমান্টিক, ভক্তিমূলক গীত আৰু শিশু পদ্য ৰচনা কৰিছিল যদিও কল্প কাহিনী আৰু তথ্যভিত্তিক লেখাও ৰচনা কৰিছিল l ৰজেটিৰ মৃত্যুৰ পিছতহে  তেওঁৰ লেখাসমূহ জনপ্ৰিয় হ'বলৈ ধৰে l তেওঁৰ লেখাই ভাৰ্জিনিয়া উল্ফ, মেনলি হবকিনচ্, এলিজাবেথ জেনিং আদি লেখকসকলৰ লেখাসমূহত প্ৰভাৱ পেলাইছিল l  "Goblin Market and other poems", "Princes Progress and other poems" তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন l  "In the Bleak Midwinter" ৰজেটিৰ বিখ্যাত খ্রীষ্টমাচ কবিতা l বহুতো নামী দামী সুৰকাৰে ৰজেটিৰ কবিতাত সুৰ দিছিল l ক্ৰিষ্টিনা ৰজেটিয়ে ২৯ ডিচেম্বৰ, ১৮৯৪ চনত লণ্ডনত মৃত্যু বৰণ কৰে।]

ড° জ্যোতিশিখা দত্ত
জালুকবাৰী, গুৱাহাটী-১৩
ফোন নং : ৭০০২১২০০২১
ই-মেইল: jyotisikhadatta@gauhati.ac.in
———————————
                                কবিতা

প্ৰাপ্তি-অপ্ৰাপ্তিৰ সীমনাত 
গিৰিজা শৰ্মা 

প্ৰাপ্তি-অপ্ৰাপ্তিৰ সীমাৰেখাডাল
কাৰো বাবে এক অজানা অনুভৱ 
যেন সত্বাক জোঁকাৰি যোৱা চেতনাৰ তাঁৰ 
যেন স্থবিৰ স্থানু কোনো এটা ক্ষণ 
য'ত বাদুলি এটা হৈ মই ওলমি ৰওঁ 
সৰু সৰু সুখ সাৱটি ক'ৰ পৰা জানো
এটি বালিমাহী 
নাচি-বাগি উৰি আহি মোৰ 
চোতালতে পৰে 
মই মূক হৈ ৰওঁ 
উদ্বেলিত আবেগ জুৰি হৈ বয় 
বৰফ হৈ ৰয় ওলমা সময় 
মই জানো তুমি নদী নহয় 
অথচ, আকণ্ঠ নিমজ্জিত হৈ মই 
তোমাতেই ডুবি থাকোঁ 
তোমাতেই।
------------------------
ঘাট
নৱজ্যোতি  শইকীয়া

ইয়াত এদিন সকলো আছিল

হাঁহি হাঁহি ঢলি পৰা 
গাভৰু এজাকৰ ৰঙীয়াল
আবেলি,
বুকুত জোৱাৰ তোলা
নাৱৰীয়াৰ সুৰ ভাটীয়ালি,
সপোনৰ সেঁওতা ফালি
নাৱৰ টিঙত ৰৈ থকা ৰ'দালি

ইয়াত এদিন সকলো আছিল

পানীতোলা ফুলকটা কলসীত
চম্পাৱতীৰ বুকুৰ কঁপনি,
প্ৰেমৰ ঘৰ সাজি 
জোনাকৰ কবিতা লিখা 
অঘৰী কবি,

অতীব আপোনজনলৈ ৰৈ  
থকা এজনী অভাগিনী

ইয়াত এদিন সকলো আছিল

আজি যেন একো নাই,
আছে মাথোঁ হিংসাৰ চোকা
তৰোৱালৰ ঝনঝননি

এতিয়া অস্তাচলত ডুব যোৱা
ৰঙা বেলিটোৱে মাতি আনে
জয়াল ৰাতি,
শিলে শিলে পৰি থাকে 
যমডাকিনী

নিজেই নিজৰ মাতটো বিচাৰি
ডিঙিৰ আন্ধাৰত খেপিয়াই 
ফুৰে মানুহে

যি মাততে আছিল মাত
মাতৰ বেলি।
——————————
ছবিঘৰ
চয়নিকা ভূঞা

আকাশত আকাশীমেলাৰ আয়োজন
ঈশ্বৰৰ সৃষ্টিত
জীয়ন দিয়া কাহিনী 

মানুহক সন্তুষ্ট কৰা সহজ নহয়
বদনামত সুনাম
সৎনামত বদনাম 

যি মান পানীত ডুবে
সিমান তিতে

এশ গৰু মাৰিলে বাঘৰো মৰণ

পৰিসীমাৰ দৈৰ্ঘ্যতাই কাহিনীৰ পৰিচয়
তথাপিও, ৰৈ যায় বহু কথা
ক'ৰবাত
কেতিয়াবা

বিপথে পৰিচালিত হোৱা ঘটনা হঠাত নঘটে
ঠিক সেইদৰে...
ঠিক সেইদৰেই,
জী থকা উশাহত  
বেলিমুৱা ভালপোৱাৰ ৰং ।
---------------———
ফাগুন
দেৱ দাস

মদৰ আসক্তি
ধর্ম্মটো

কি হাতে
কিদৰে লও

ফাগুনৰ বতাহ

পানী পিয়া
তেনেকৈয়ে
পিয়াহত মৰে

এটা দিন পাম
মৰঙে মৰাৰ
মূৰে মুখে পোক

সিঁহতে কি কৰি মৰে

আজি কালি
ৰঙে ফাগুনে
মূৰ আফালি থাকে

ৰঙীয়াল হয় মানুহবোৰ

ইয়ালৈ 
তুমি আহিব নালাগে
আহা যদি
মোৰ সৈতে
গলা গলিহে কৰিবা
——————————
আলজেব্ৰা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী

ধৰাখনি সেউজীয়া আৰু...

প্ৰথম সেউজীয়াখিনিচোন 
সোনালীলৈ ৰূপান্তৰ ঘটিল
এপাহ অপৰাজিতা ফুলিল

এই ক্ষণ মাহেন্দ্ৰ ক্ষন
ধৰি ৰখা কঠিন
মাথোঁ পলকৰ বাবেহে...

তাৰ পিছত ফুলপাহ 
ফুলতেই বিলীন হয়
অথৱা হেৰাই যায়...

ইডেনত শোকৰ বৰষা আৰম্ভ হয়
ৰাতিতেই সূৰুযে দেখা দিয়ে
নিয়তিৰ নিউ নিউ আৰাও...
সুবৰ্ণ সংসাৰ টিকি নাথাকে...
———————————
অ'সোঁৱৰণি তই হেঙুলী  দাপোন
ৰেখা বৰকটকী

(সময়ে চোলাবোৰ পুৰণি হ’লে  খুলি, সামৰি থৈ নকৈ পিন্ধে )

যুগদ্ৰষ্টা  তই ,সময়বোৰ পিন্ধিছ কালজয়ী কৈ----  দুঅক্ষি তোৰ খোলাকৈয়ে ৰাখ
পঢ়ে যদি পঢ়ক তোৰ তোৰ স্বৰ্ণীল ইতিহাস
সমাজ, জাতি, দেশ মহীয়ান হওক তোৰ খ্যাতিৰে,
ইতিহাস হওক  পুৰাতন সমাহাৰ।
হেঙুল -হাইতালী তোৰ  সৌন্দৰ্য্য  সম্ভাৰে
কৃষ্টিৰ গৰিমা পিন্ধি বিভূষিত হওক
সময়ৰ  বালিত  খোজৰ ভাস্কৰ্য্য
প্ৰসাদ  ,জ্ঞানামৃতে সোঁৱৰণি হওক
হেৰোৱা অতীতৰ বৰ্ণময় সুধাৰে
প্ৰাণ সঞ্জীৱনী  আমৰণ তৃষাৰে
বুৰঞ্জীবোৰ আকৌ এবাৰ
লিৰিকি বিদাৰক 
ধূলি জোকাৰি ফঁহিয়াই  কথাবোৰ...
নোকোৱা কথাবোৰ ,
সেই  দূৰূঢ় আশাবোৰ
আৰু কলাকৃতিৰ আধৰুৱা ছবিবোৰ 
ভাগ-বতৰা হওক পুনৰবাৰ।
সময়ৰ খতিয়ান প্ৰৱাহিনী
আদিম ৰহস্য সংগোপন কিয় ?
নীৰৱ সাধকজনক  মোকলাই দে
নতুন জনে পথৰ সন্ধান পাওক
সময়ৰ মূল্য সেয়ে হ'ব
নকৰিবি গোপন 
একোকে । 
খোলা কিতাপ হওক সকলোবোৰ
কৰক পুনৰ চৰ্চা 
দিগদৰ্শী হয় যদি হওক
কাৰোবাৰ জীৱন চৰ্যা।
———————————
চ'তৰ চোতালত বসন্তৰ গান
গীতাৰ্থী ঠাকুৰ

বৰষুণজাকে লৈ আনিছিল
ধোৱা-ধোৱা গোন্ধোৱা এটি আদিম বাসনা
শৈশৱ পোত যোৱা জুহাল
শিমলু ৰঙা অঙঠা।

শেতেলিত কঁপিছে থৰথৰ
আন্ধাৰত নুৰিয়াই থোৱা
এটি প্ৰাচীন উন্মাদনা।

নদীময় গান‌ এটিয়ে খেদি ফুৰে সদায়,
গানে মাৰে,
গানে জীৱন দিয়ে।

মই নিচুকাই থওঁ
স্তব্ধতাৰ শীতল সন্ধ্যাক।

কলিজা গছকি গানটি
থেৰেজু পাততে 
কুছি-মুছি শুলে।

বৰষুণজাক ৰ'ল
সাৰ পাই দেখোঁ
গানো নোহোৱা হ'ল।

দলফুলনি চেনেহৰ
তগৰগণি হেঁপাহৰ
জৰজৰাই খহা‌ কলিজাত
পোহৰ পোহৰ আতপৰ।

চিনাকি চিনাকি ৰাগী
অচিনাকি ঘাটৰ

ফাগুনী দলিচা সৰাপাতৰ
তাতে বহি শুনি আছোঁ‌
চ'তৰ চোতালত
গান বসন্তৰ।
—————————
এৰি অহা বাঁহীৰ সুৰ
দেবানন্দ পেগু

মোৰ পৃথিৱীৰ পৰা কেতিয়াবাই সৰি পৰা পাতটি
অচিনাকি বতাহত উৰি আহি অজানিত মোৰ মনৰ চোতালত পৰিলহি
নিৰৱে থকা মোৰ মনৰ নিবিড় কোণত আকৌ আঘাত কৰিলে
কিমান যে নিচুকাই এই স্মৃতিবোৰ শুবলৈ দিছিলোঁ।
মোৰ জীৱনৰ লক্ষ্যভ্ৰষ্ট কাঁড়পাত কিয় আজি বুকুত  বিন্ধিলে
কেতিয়াও জীয়াই তুলিব নিবিচাৰোঁ অতীতৰ অৰ্ধ আকাশ
কেতিয়াও কাষত পাব নিবিচাৰোঁ এৰি অহা বালিৰ খোজবোৰ
জীৱনৰ সঁজাল ধৰা ফুল পাহ মৰহিব দি এতিয়া তোমাৰ আন এখন পৃথিৱী
নৈ পাৰত সজা বালি ঘৰটো কেতিয়াও উভতাই নাপাওঁ
এখন নদীৰ দুটি পাৰ তুমি আৰু মই
আৱতৰীয়া বতৰত কোনে সুৰ তুলিলে
তুমি আৰু মোৰ বাবে গোৱা অই নি:তমবোৰ
শুকাব ধৰা কলিজাৰ ঘাঁ ডোখৰ আকৌ বৰকৈ বিষাইছে।
ইচ্ছা কৰিও পোষ্টমৰ্টেম কৰিব নোৱাৰোঁ অতীতবোৰ।
———————————
শতদল ফুলাৰ বতৰ এয়া 
পাৰিজাত বৰুৱা

এইখিনিত মেঘ নাই , ফৰকাল 
আকাশত কিহৰ ছাঁ- জুঁই ! 
সেউজীয়াৰ ,ফুলৰ
পানীত কিহৰ ৰং
ফুলৰ , ফাকুৰ 
দৰক লাগি চালোঁ সাঁকোডাল 
ফুলৰ বাবে সহজ এই সংযোগ ,সেয়ে
মৰমৰ দোলনিত গাভাৰী  এতিয়া প্ৰেমৰ পৃথিৱী  
বুুকুৰ ফুলাম পাটীত বহি হাচনাহানাই
বতাহক কৈছে --কেতিয়াও নহওঁ বৃন্তচ্যুতা...
শতদল ফুলাৰ বতৰ এয়া ৷ 
আকৌ জুমি জুমি চালোঁ 
বাৰীৰ পুখুৰীত সেয়া মোৰ পগলা মন
টলবলাই উঠিছে  এহাল সপোনৰ চকু 
সোণালী ফিছাৰ মাছৰ  সাঁতোৰত
পুখুৰীৰ পানী দুফাল 
বাৰে বাৰে পানীফালি একেটাই ৰূপালী চকুৰ মাছ
সোণালী ফিছাৰে উতলি আছে 
মিছা নহয়  মিঠা-মাছ 
পানীৰ ঢৌত মোৰ পগলাই নাচে
নীলা ঘোঁৰাৰ দৰে  
হেঁহ- হেঁহাই  হেঁক-হেঁকাই
তাৰপিছত  ওপৰলৈ বগাই যায় মোৰ পুখুৰীৰ 
সোণ সোণোৱালী পানীগছা ৷
———————————
নীলাভ
স্বপ্নম জ্যোতি মহন্ত

তোমাৰ ওঁঠৰ মোহনাত
গজি উঠে
আহিনৰ বাখৰুৱা পথাৰ
পৃথিৱীৰ সকলো সেউজীয়া
এতিয়া সাৰে থাকে তোমালৈ ৰৈ
আৰু যেন মৌনতাৰ মূক সূতাৰে বৈ থোৱা
এখন নীলাভ সাগৰৰ দৰে 
তুমি নীলাচলীয়া আকাশত নাচি আছা 
য'ৰ পৰা মই পলক গুচাবই পৰা নাই...
———————————
ব’হাগৰ বতৰা
মিনা বৰুৱা

চ'ত আৰু ফাগুন মাহে
আনি দিয়ে বহাগৰ বতৰা
চৌপাশে ৰাঙলী পলাশে 
ছটিয়াই ফাকু ।
কুলি কেতেকীৰ সুললিত কণ্ঠই
পুলকিত কৰি তোলে দেহ মন
দূৰৈত ৰিণিকি ৰিণিকি
বাজি উঠে ঢোল পেঁপা গগনাৰ মাত
সন্ধিয়াৰ পোহৰত
কপালৰ ঘাম পেলাই
ডেকা গাভৰু ব্যস্ত 
বিহুৰ আখৰাত।

চ’তৰ শেষৰ উমান লৈ উজাগৰী নিশা পাৰ কৰি 
বসন্ত ঋতুৰ অনুভৱ লৈ 
প্ৰকৃত প্ৰেমী কবিয়ে 
প্রকৃতিৰ মনোমোহা ৰূপক 
সজাই পৰাই 
কবিতাৰ সৃষ্টি কৰি 
লৈ আহে ব’হাগৰ বতৰা ।
——————————
বসন্ত বিলাস
বিকাশ গোহাঁই 

১.
কুঁহিপাতৰ সম্ভাষণ
বসন্তৰ আগমন।
পলাশ পৱন
জোনাকী যৌৱন।
২.
মোৰ ধন মোৰ ধন 
উচাটন মন।
মোৰ সোণ মোৰ সোণ
বাখৰুৱা মন।
৩.
বসন্ত বিলাস
অলিৰ আলাপ।
——————————
চ'তৰ বিষাদ 
অজন্তা তামুলী ফুকন 

চ'ত আহে নিশ্চুপ নদী হৈ
নাৰী যেনেকৈ সহনশীল হৈ
বৈ থাকে সাগৰৰ বুকুত
ৰূপালী মায়াজাল সাজিবলৈ 
নৈৰ বতৰা সুধিবাচোন এদিন 
বুকুত ভিজা তিয়নীখন গুজি 
কিজানিবা কৈয়ে অব্যক্ত বেদনাবোৰ
বেদান্তৰ কাহিনী 
এটা শব্দত প্ৰকাশ কৰোঁতে  
শিলত মুৰ থৈ শিয়ৰি উঠা বৰ্ণনা শুনিলোঁ  
পাহাৰৰ দাঁতিত এটি প্ৰতিধ্বনি গুঞ্জৰিত হ'ল
চৌদিশে নদী আৰু নাৰীৰ অভিমানবোৰ
পাকলাগি ৰ'ল প্ৰেম ভালপোৱাৰ প্ৰতিশ্ৰুতিত
হঠাত বৰষুণ এজাক জৰজৰাই সৰি পৰিল ।
——————————
অধিনায়ক
যমুনা দুলু বৈশ্য

বৰ বৰ মানুহৰ লগত
দুখবোৰ ভগাই নিদিবা
দুহাতেৰে গঢ়া
নিজে নিজেক সঁজাই তোলা
মনৰ জগতত
সহযাত্ৰী হৈ
নিয়ন্ত্ৰণ কৰা বিশ্বৰ প্ৰাণ
চিনাকি সুঁহুৰিবোৰে
আপোন কৰিব ভয়াতুৰক
হিয়া ভগা বিষাদ
ভাল লগা সাঁকোখনেদি যেতিয়া
পাৰ হৈ আহিবা
অধিনায়কৰ ৰূপত
জীৱন এদিন জিলিকি ৰ'ব
কলিজাতে নখৰ আঁচোৰ ।
———————————
কৃষ্ণা দ্বাদশী তিথি
সুদক্ষিণা ভূঞা

আজিৰ  নিশাটো শেষ হ'লেই 
আঁউসীলৈ মাজত মাথো এটা নিশা 
জোনাইৰ নিষ্প্ৰাণ দেহা 
তাইৰ শেলুকীয়া কোমল কলিজাটোত
বেদনাৰ শিলটোৱে হেঁচামাৰি ধৰিছে

শোকত আতুৰ  নীলাভ আকাশ 
এতিয়া তাৰ ক'লীয়া বৰণ 
তাৰ ক'লীয়া ছাঁ এতিয়া 
ধৰিত্ৰীৰ শৈৱলিনী
আৰু হিমৰাজৰ  
বুকুত পৰি  উচুপিছে 

নিশ্চুপ কলীয়া আকাশৰ 
বুকু ফালি জোনাইৰ 
নিষ্প্ৰভ দু-গালেদি  অশ্ৰু নিগৰিছে

গছে পাতে অপ্ৰমাদে 
কাঁউৰীৰ বাঁহত কণী পৰা 
কুলি জনীও আজি থমকি ৰ'ল

বেদলা বোৰে বোকাপানীত 
কিল বিলাই ফুৰিছে
কাণিমুণি বেলিতে 
চৰাইবোৰ বাঁহত সোমাল
কিচিৰ মিচিৰকৈ বুকুত পোৱালীবোৰ
ডাউক জনীৰো গলৌ-গপৌ মন 
জোনাইৰ চকুলোত হেৰাল মাত

প্ৰতিপদত তুমি উভটি আহিবা
সোণবৰণীয়া সুকাঠী মোৰ 
এইয়াইটো প্ৰকৃতিৰ নিয়ম 
এক চিৰন্তন সত্য  

পঞ্চমীত তুমি জিলিকি উঠিবা
পঞ্চদশীত তুমি 
মোৰ সোণতৰা হ'বা  
শৈৱলিনীত তুমি 
সোঁ-জোন  হৈ   
আকৌ এবাৰ গা-ধুবা 

নিলীম আকাশত 
মোৰ সোণৰ সোলেং 
সোণতে সুৱগা কৰিবা

সোণ সেৰীয়া সোণমতী
সোণে পোৱালে গাঁথি
তোমাক পিন্ধাম

তৰাবোৰে ৰ লাগি  চাব 
তাকে দেখি  হাতীপটিয়ে
মোৰ সোণতৰালৈ চাই 
মিচিকিয়াই হাঁহিব 

মোৰ চিন্তাত আউল লগোৱা সোণ-গুইঁ পাক  
কোৱাচোন সোণতৰা  
তোমাৰ দেশলৈ আৰু কিমান দূৰ বাট 

সোণ-গুইঁ 
মোৰ হৃদয়ৰ সোণসেৰীয়া জখলা ডালেৰে
আকৌ এবাৰ বগুৱাবাই আহিব 

নাৰিকল জোপাৰ চিৰিলি চিৰিলি 
দীঘলীয়া পাতৰ মাজেৰে  
মোৰ সোণতৰা জনীক  
চাই চাই ওৰেটো নিশা 
মোৰ দু-গাল সেমেকিব 

উজাগৰ নিশাটোত মোৰ হিয়া-জালীত
এটা নতুন কবিতাই গোপনে পোখা মেলিব
আৰু এটা নতুন  কবিতা হ'ব 
নতুন কবিতা ।
——————————
আৰু কিমান দূৰ এই অচিনাকি বাট ?
ফিৰোজা বেগম

এতিয়া হৃদয়ত এজোপা
 আধাফুলা খৰিকাজাই
 জীৱনৰ এটি নতুন অধ্যায় 
অচিনাকী বাটত  অচিনাকী খোজ
থৰকবৰক সময়ৰ থৰকবৰক পল
নাজানো কিমান দীঘলীয়া এই পথ 
মানুহে কয় গভীৰ আন্ধাৰৰ পিছত 
উজ্বল পোহৰে বাট দেখুৱাই 
অপেক্ষা মাথোঁ সেই সময় লৈ 
গৈ পাবনে মোৰ  আশাৰ পানচৈখনি সৌটো পাৰ !
সংগ্ৰাম আন এটি নাম জীৱনৰ 
তথাপি কিয় বাৰে বাৰে প্ৰশ্ন সোধে জীৱনে ?
জীৱনৰ পাতত খোদিত হয় এটি আধা লিখা কবিতা 
আৰু কিমান দূৰ এই অচিনাকি বাট 
আৰু কিমান দূৰ এই অচিনাকি বাট ?
------------------------
মা
ফুলজ্যোতি গোস্বামী

সপোন বাস্তৱৰ মাজৰ এটি আলি 
নৈশব্দত উজাই কান্দোানৰ শব্দ 
মনৰ মাজত হেঁপাহৰ আঁচুফুল
বহু ধৈৰ্য্যৰ দীঘল বাট এটি 
অপেক্ষাৰ সুৱাগুৰি তোলা মিঠা ক্ষণএটিৰ বাবে ৰৈ ৰৈ সময়ে হঠাতে দেখা দিয়ে
প্ৰতিক্ষিত সময়কণত হাঁহিৰ থুনপাকত সৰগী অনুভুতি
মিলনৰ সাঁকোখনিৰ ই এক সাক্ষী 
যদিওবা থাকে তাত বাৰহ আৰু অমৃত তথাপিও আপাহত বুৰ যায় সপোন বাস্তৱ হৈ পৰিলে
নাৰী হোৱাৰ সংগোপন অনুভৱ মা
মা এক বাংময় অনুভুতি যি সৃষ্টিৰো অক্ষয় উপাদান
তথাপি আজি যেন এলাগী হয় মা তথাপি হেৰুৱায় মা ৰ আচলৰ বাট 
ঠিকণাত উলমি ৰয় অপযশৰ বেদনা
লালিত্যৰ সুষমা ভেদি মা ৰ বুকুত শেলপাতৰ যান্ত্ৰনাত কাতৰ এজনী মা মই
পাই হেৰুৱাৰ বেদনাত মূক হৈ উভটি চাওঁ শেতেলিত পৰি ৰোৱা  শৈশৱবোৰলৈ
মা ৰ বুকুৰ পৰা খহি পৰা দুখ বোৰ আজি কৰাল লাগি শিল হৈ আছে যদিও খেপিয়াই চাব খুজো।
মা ৰ বুকুখন সাগৰতকৈ কম গভীৰনে।
———————————
 অসুখ

উশাহৰ তৰ্জনীত
নামহীন অসুখৰ গজালি
চুটি চুটি উশাহে 
অনামিকা বেদনাৰ গৰ্ভত লিখে
নপুংসক হাঁহিৰ আত্মজাহৰ কাহিনী।
মোৰ জুপুৰিত আজি
গাখীৰৰ এঙেৰুৱা বুকুৰ ধৰফৰণি।
আকাশৰ বুকু গধুৰ কৰি
বতাহৰ কন্দলাত ওলমিছে
বিষাদৰ ছায়া।
সেই চকুপানী শিল হৈ পৰক
যি তোমাক পুৰিব পাৰে,
সেই জীয়া কলিজাৰ কেঁকনি 
চাৰিবেৰৰ মাজতেই হেৰাই যাওঁক
যি তোমাৰ বুকুলৈ ভূঁইকপ আনে।
ক্লান্ত উশাহৰ সীঁৰলুৱা বুকুত
আজি শব্দৰ উদং বাঁহীটো
চেতনাহীন হৈ পৰে।
————————    
দুৱাৰৰ শলখা
যামিনী দেৱী

দুৱাৰৰ শলখা
তয়েই ভৰসা
অকলশৰীয়া জীৱনৰ।
যাও কচু-কাতুৰি বুটলিবলৈ
ঘৰখন ৰাখিবি  নিৰাপদে 
সন্ধিয়া পৰত উভতি আহিও
পাও যেন একেদৰে।
গাৱৰ ডেকামখাই লগলাগি
অ'ৰত'ৰ পৰা বস্তু গোটাই
সাজি দিলে পঁজাটি
তাতেই ৰাতিটো কটাও 
বিচাৰি পাও সুখৰ নিজৰাটি।
স্বচ্ছতাৰ বাবে অনা বাঢ়নীতাৰ
থাক তয়ো এচুকত
শান্তিৰ গীত গায়।
দুৱাৰৰ ফাঁকেৰে
সুগন্ধি ফুলৰ সুবাস
সোমায় আহিছিল
এজাক শব্দৰ 
দোপালপিটা বৰষুণত
অনুভৱী মনটোৱে
টোপনিত লালকাল দিছিল।
এই পঁজাতে গোটেই নিশা
শান্তিৰ সুহুৰি বাজে
 আকাংক্ষা নাই একোৰে।
———————————
সোঁৱৰণী
লাৱণ্য নাথ

বাটে বাটে সিঁচি থৈ আহিছোঁ,
লগপাই অহা ঋতুবোৰ,
ৰং আৰু লগৰী ।
কক্ষপথত ৰৈ জুমি চাইছো 
সময়,
সুখৰ স্পন্দনত চিনাকি পৃথিবীখনে বহুত কথাকে কয়।
সুন্দৰ বুলি ভাবিছোঁ আজিৰ দিনটো,
য'ত লগ পালোঁ ভাল লগা প'লবোৰ ।
শৈশৱ, যৌৱন শীতৰ পৌঢ়তাৰে
জীয়াম অনন্ত ঋতু।
——————————
সাত বিহুৰ সমাহাৰ হেঁপাহৰ ৰঙালী
অঞ্জনা ৰূপা দাস

শীতৰ শুষ্কতা শেষত
বৰ্ষাসিক্ত মেঘৰ শুভ্র পুষ্প বৃষ্টিত
জলসিক্ত ভূ-তল। 
প্ৰকৃতিৰ অংগে অংগে প্ৰতিভাত হ'ল
ন ন ৰূপৰ বন্যা ধাৰা। 
ন গাভৰু প্ৰকৃতিৰ
অপৰূপ বন্যা ধাৰাত
মানৱ মনৰ সৃজনৰ তাগিদাত
প্ৰেম আনন্দৰ অনুভূতিৰ জাগৰণ। 
হাবিয়াস মিলনৰ
সম্প্ৰীতি সমন্বয়ৰ
সৃষ্টি হ'ল ৰঙালীবিহু সংস্কৃতি। 
প্ৰকৃতিৰ নৱৰূপ সৃষ্টিত
নতুন চক্রৰ আৰম্ভণিয়ে
ৰঙালীক পিন্ধালে
সাত বিহুৰ সাত সাজ। 
চ'তৰ সংক্রান্তিৰ সেউজবুলীয়া পুৱা
গৰুবিহুৰ গধূলি
গাঁওবুঢ়া চোতালত
জুৰিলৈ হুঁচৰি
সাত বিহুৰ আৰম্ভণি। 
ব'হাগৰ পহিলা দিনা
গা-ধুই নৱবস্ত্ৰ কৰি পৰিধান
বিহুৱান দি সেৱা কৰি
জেষ্ঠ্য জনক কৰে সন্মান, 
বছৰটোলৈ আশীপুষ্ট হৈ
জীৱন ৰঙীণ কৰাৰ হেঁপাহ দুৰ্বাৰ । 
তাৰপাছে কুটুম বিহু আহে
মিষ্ঠপূৰ্ণ টোপোলাৰ উপহাৰ 
অহা -যোৱা মিতিৰৰ
আনন্দে নধৰে হিয়া 
আত্মীয় স্বজনৰ। 
তাঁতশালৰ সজুলি, 
তাঁতবিহুত থ'লে সামৰি সুঁতৰি
শিপিনীও বছৰলৈ হ'ল আজৰি। 
আনিলে নমাই সাঁচি থোৱা নাঙল
কৃষকৰ সেউজী সপোন তেজাল
ডেকা গাভৰুৰ 
গোপন সপোন
বিহুগীতক কৰি আপোন
ব্যক্ত কৰি গায় যায়
 আনন্দে বিহুগীতত। 
মুকলি বজাৰৰ হাতবিহু
প্ৰয়োজনীয় সামগ্রী কিছু, 
বজাৰখনি  থাউকতে কৰি 
ৰঙৰ টোপোলাবোৰ কঢ়িয়াই
ঘৰলৈ বুলি। 
আহি পালে চেৰাবিহু
বৰগছ, আঁহত গছত
বিহুৱান মেৰাই
ম'হৰ শিঙৰ পেঁপাটি বজাই
ঢোলৰ মাৰি ভাঙি লৈ
ৰঙালীক বিদায় জনাই বছৰটিলৈ। 
সাত বিহুৰ সম্প্ৰীতি
সমন্বয়ৰ সংস্কৃতিৰ
বিনন্দীয়া ৰূপৰ
নামেই হ'ল হেঁপাহৰ ৰঙালী।
——————————
মা
সুপ্ৰীতি বৰুৱা

প্ৰাণৱন্ত তোমাৰ দুচকুত দেখোঁ
হাজাৰজনী মাতৃৰ একেই আশা  সপোন৷
তুমি ভৱাৰ দৰে সপোনে পোহৰাই নে বাট?
কোনো পক্ষপাতিত্বই  তোমাক পৰিচালিত নকৰে কেতিয়াও৷সেয়ে তুমি  অনন্য;
সকলো হেলাৰঙে পাৰ কৰা দুঃসময় ৷
দুঃসময়ক নেওচি   সুখময় কৰা  
অৱহেলিত ক্ষণক পাহৰি
দায়িত্ব  , কতৰ্ব্যনিষ্ঠাক আগুৱাই 
সাহসেৰে জীৱনজয়ী হোৱা 
তুমি নাৰী , তুমি নাৰী ৷
জয়মতীৰ অসীম শক্তি 
মাদাৰ টেৰেচাৰ দৰে শুস্ৰুষাদায়িনী
কনকলতাৰ দৰে দেশভকতি
নাৰী শিক্ষাৰ বাটকটীয়া চন্দ্ৰপ্ৰভা শইকিয়ানীৰ
 আদৰ্শৰে নাৰীয়ে কৰা নাই কি?
 হে  নাৰী———
তুমি অৱলা
তুমি দেৱী
তুমি স্ৰোতস্বিনী 
তুমি সাহসী 
তুমি শক্তিদায়িনী 
তুমি মহিমাময়ী  ——— বিভূষণবোৰ কাটি কৰি
প্ৰতিজনী নাৰীক সুৰক্ষিত কৰা৷
শ্ৰদ্ধা,সন্মানক অগ্ৰাধিকাৰ দিয়া৷ 
কাগজে কলমে যুক্তিৰে লিখা এহালিছাক  প্ৰত্যাহ্বান জনাওঁ আহক
 প্ৰতিবাদেৰে মুখৰিত কৰোঁ ———
দৈনিক চলি থকা নিৰ্যাতনক 
দৈনিক চলি থকা বৃদ্ধাৰ পৰা বালিকা শিশুৰ ধৰ্ষণবোৰ;———সুপ্ৰীতি বৰুৱা
———————————
সন্ধিক্ষণ
ৰশ্মি দলে

জীৱন নামৰ কিতাপখনৰ
পৃষ্ঠাত লিপিবদ্ধ

বহুতো সপোন 
বহুতো আশা

সময়ৰ সোঁতত বিলুপ্ত হ'ব

শৈশৱ-যৌৱন
আৰু আদহীয়া বয়সৰ
সন্ধিক্ষণ---

সময়ৰ সোঁতে সোঁতে হ'ব
উকা কাগজৰ
এখিলা কেনভাছ

এদিন মাথোঁ
হৈ ৰ'ব
সকলো সোঁ‌ৱৰণি।
——————————
ফাগুনৰ পৰা শৰতলৈ
মুক্তিস্নাতা শৰ্মা 

ধুলিময় ফাগুনৰ
ধুলি উৰুৱাই,
শিমলু আহিছে
প্ৰেমৰ ৰং চতিয়াই .
           ***
মন কমোৱা তুলা হৈ উৰিব,
আৰু কিছুদিন পিছতে
চ'তৰ বিহুত লগ দিম চেনাই ,
পাহাৰ বগাই আনি দিবি 
আবেগ ভৰা কপৌ পাহি,
খোপাতে গুজি লৈ দিম প্ৰেমৰ হাঁহি ,
হাঁহিতেই থাকিব ৰাইজলৈ
ৰঙালীৰ শুভেচ্ছা বাণী, 
ৰঙালীয়ে ধৰিব সুখৰে ছানি,
           ****
আহাৰ-শাওণৰ বানতে যাওক
দুখ-ৰ্দুগতি আৰু সীমাহীন অশান্তি ভাহি,
আকৌ আহিব শৰত
সুখৰ দিন নহব দূৰত
শেৱালি ফুলিব সুবাসী
নিয়ৰৰ টোপালে দুবৰিত  মেলিব পাখি‌ ৷
——————————
তোমাক নেদেখা বুকুৰ পোৰণিটো 
ড° আদিল আলী 

তোমাক নেদেখা 
বুকুৰ পোৰণিটো 
আজি গোমা আকাশৰ দৰে 
উক দিছে 
দেহত বাঢ়িছে 
উচ্চ ৰক্ত চাপ 
আৰু 
ধূলি হৈ উৰিছে  
স্মৃতিৰ গোলাপৰ 
কোমল ৰঙা বা 

বিষাদত তিতিছে 
এমুঠি শীতল জোনাক 

ডিজিটেল মাধ্যমত 
চৰাইয়ে মাটি খোঁচৰাৰ দৰে 
বিচাৰো তোমাক 

কিবাকৈ পালেও 
তলা-বন্ধ হৈ থাকে 
মুখপুথিৰ দুৱাৰ 

দুখে চকুলো তিয়াই 
পথৰ দাঁতিত ৰৈ 
তোমাক পাবলৈ 
আস্ফালন কৰি বিনাই 

সাউৎকৈ নামি আহে 
তোমাৰ পদূলিত 
আঁউসীৰ আন্ধাৰ 

আজি কিয় 
প্ৰাচীন হৈ গ'ল 
তোমাৰ হাঁহিৰ মিঠা সুৰভি

ছম্-ছমা 
মন যেন 
ফাগুনৰ পছোৱা 

আস্, জাৰ মালতীৰ টাবত 
ক'ৰ পৰা আহিল মড়লী সাপ 

বাটে-ঘাটে 
নাপাওঁ দেখা 
নৈৰ পাৰে পাৰে 
উতনুৱা বতাহ 
এয়া কি 
পথ সলোৱা 
উবাৰ্ বসন্তৰ বা 

পেচ্-পেচ্ 
নকৰিবা অ'মন 
ভস্মাহুতিত দলিয়াই দিম 
তাইৰ অতীত হৈ পৰা 
বুকুৰ মৰম 

তোমাৰ অগোচৰে 
আগবাঢ়ি যায় 
নিঃসঙ্গতাৰ এটি খোৰা ছাঁ 

মই 
আৰু 
মোৰ বুকুৰ বেদনা 
অবাক হৈ 
বহি পৰো 
সোঁৱৰণীৰ শুকুলা ছাঁত 

তোমাক নেদেখা বুকুৰ পোৰণিটো 
প্ৰাচীন হ'বলৈ নিদিবা ।
————————————————

Post a Comment

0 Comments