পৃষ্ঠা ১
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
উদয় কুমাৰ শৰ্মা, ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী,ড০ ৰমেশ কুমাৰ কাকতি, প্ৰদীপ চন্দ্ৰ শৰ্মা, চন্দন ভাগৱতী , পবিত্ৰ কুমাৰ নাথ
সম্পাদক:
নৱ ৰাজন
প্ৰকাশক:
ছেকেণ্ডাৰ আলী আহমেদ
সহকাৰী সম্পাদক:
অনামিকা ৰায়, উৎপল কলিতা ,ৰঞ্জন বৰা
সম্পাদনা সহযোগী:
সংগীতা বৰা, বিশ্বজিত গগৈ, অৰ্চনা ঠাকুৰীয়া, সীমা গগৈ
কাৰ্যকৰী সদস্য:
অংকুৰিতা ফুকন, তৃষ্ণা গগৈ, জাহ্নৱী কাকতি, ৰুমী দেৱী, বিনীতা গোস্বামী, আচমা জাফ্ৰি, ভূমিকা দাস, দীপাংকৰ ভূঞা,গীতাঞ্জলি বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন।
ৱেব ডিজাইন আৰু বেটুপাত ঃ
হেমেন নাথ।
পৃষ্ঠা ২
সূচীপত্ৰ
◆সম্পাদকীয় ৩
●বাটচ'ৰা ◆নৱ ৰাজন
◆প্ৰবন্ধ
★কবিতাৰ আড্ডা-২ ৪
● উদয় কুমাৰ শৰ্মা
★অথ: কবি-কবিতা সংবাদ ৫
হৰ্হে লুইছ বৰ্হেছৰ পৰা ফেচবুকলৈ
●উত্তম কুমাৰ কলিতা
★সাম্প্রতিক পাঁচটা কবিতা ৬
●ফাৰহান জাৱেদ
★কবিতা (৭-১০ )
■ মোক ৰামন্দিৰৰ বাবে ভূমি এডোখৰি...◆প্ৰণৱ কুমাৰ বৰ্মন
■লুইতখন যেতিয়া শুই থাকে ◆তপন বৰুৱা
■অদূৰত ৰৈ আছা তুমি ◆বিজয় বেজবৰুৱা
■উত্তৰাধিকাৰী ◆ৰঞ্জিত গগৈ
■চকী ◆জুবিলী গগৈ
■অপেক্ষাৰত ◆অংগৰাগ ভূঞা
■পানীগছা ◆গিতাঞ্জলি দেৱী
■জীৱন সম্পৰ্কীয় ◆প্ৰিয়াংশু প্ৰাঞ্জল
■ৰঙা চৰাই ◆হেমচন্দ্ৰ কছাৰী
■বনজুই ◆গুণাৰাম শইকীয়া
■গুণ-গুণনি ◆মেঘালী বৰুৱা শইকীয়া
■জীৱন অথবা মৃত্যু বিষয়ক ◆ধ্ৰুৱজ্যোতি শইকীয়া
■আইৰ ঘৰলৈ ◆জুৰি ভট্টাচাৰ্য
■খবৰ ◆সীমা গগৈ
■প্ৰেমৰ এটি পদ্য-কুঁৱলী◆গায়ত্ৰী দেৱী বৰঠাকুৰ
★কাব্য-গুঞ্জন ১১
◆নৱকান্ত বৰুৱা
●সংগ্ৰাহক ◆সংগীতা বৰা
★কবিতা ( ১২-১৯ )
■আমি জনা কথাবোৰৰ কথা ◆নৱকান্ত চাউদাং বৰুৱা
■এখন শুকান ৰুটি আৰু দুটোপাল চকুলো
◆অশোক ভৰালী
■শিৰোনামাত ঈশ্বৰ ◆ৰশ্মিৰেখা ভূঞা
■প্ৰেমৰ ফল্গুধাৰা ◆অৰ্চনা ঠাকুৰীয়া
■কেইটামান সুখৰ অনুভূতি◆খূৰ্ছীদ আনচাৰী
■সপটগ্ৰামৰ অসুখ ◆প্ৰাগজ্যোতিষ শইকীয়া
■নৈ-সংগ ◆দেৱপল্লব বৰা
■কাকিনি তামোলৰ চিৰি বগাই ◆পবিত্ৰ কুমাৰ নাথ
■ হ'ব নিশ্চয় আমাৰেই জয় ◆ড০ ৰমেশ কুমাৰ কাকতি
■শিশু কবিতা ◆ চন্দন ভাগৱতী
■দুপতীয়া ◆প্ৰদীপ চন্দ্ৰ শৰ্মা
■প্ৰবীন ◆অলকা মহন্ত বৰুৱা
■আউল ◆অংকুৰিতা ফুকন
■শূন্য ◆গাৰ্গী ভূঞা
■মৃত্যু ◆ৰুবুল দাস
■ছাঁটো জিলিকে গা ◆কৃষ্টিঞ্জয় বৰা
■তৰ্কৰ ঈশ্বৰ ◆জ্যোতিৰ্ময় শৰ্মা
■এটা ইলিজী লিখাৰ সময় হ'ল ◆ববী দত্ত
★শিশু-সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক যুগল লোচন দাসৰ সৈতে
■কথোপকথন
◆সাক্ষাৎকাৰ গ্ৰহণ ●অৰ্চনা ঠাকুৰীয়া ২০
★কবিতা ( ২১-২৮ )
■ পৰাণ খুলি
চোৱা◆বিনীতা গোস্বামী
■কবিতাটো হেৰুৱালোঁ
◆দীপাংকৰ ভূঞা
■ পুণ্য ◆ৰুমী দেৱী
■ সৰ্প ◆ৰমণী মোহন কলিতা
■স্তৱক ◆ৰঞ্জন বৰা
■ জীৱন ডিঙাৰ চিত্ৰ ◆মামণি ডেকা
■পৰাহ'লে ◆গীতুমণি তালুকদাৰ
■মই তোমাক আবিষ্কাৰ কৰিছিলোঁ◆মহীকান্ত নাথ
■অনুভৱ ◆গীতাঞ্জলি বৰকটকী
■বিভ্ৰান্তি ◆জাহ্নৱী কাকতি
■ এমুঠন আবেগেৰে আহিনৰ গধূলি◆ছৈয়দা অঞ্জুম আৰা হুছেইন
■কবিতা◆অৰূপ কুমাৰ বৈশ্য
■এতিয়াও শৰৎ ◆অঞ্জনা বৰুৱা
■গাখীৰতী ধাননিৰ মাজত এজনী ছোৱালীৰ ৰঙা সাজজোৰ হেৰাইছে ◆ৰূপজ্যোতি হাজৰিকা দত্ত
■আনে যোৱা বাটে নোযোৱা ছোৱালীজনী ◆ধৰ্মেন্দ্ৰ বৰুৱা
■শৰৎ ◆ৰূপালী মেধী নাথ
■শৰতৰ আগমন ◆নিৰ্জু বৰগোহাঁই
■প্ৰেম◆চয়নিকা ভূঞা
■শৰৎ গুচি নাযাবা এইবাৰ ◆আশা কাকতি দাস
■এজন সৈনিকৰ মৃত্যুত◆শিল্পীৰেখা গগৈ
■এটা চাব-আৰৱান যাত্ৰা ◆জ্যোতি দত্ত
■উপলব্ধি ◆ৰঞ্জনা পাঠক
■অপচেষ্টা ◆কিৰণ দাস
■শৰৎ স্বাগতম◆উপাসনা বৰা
■মায়া ◆বৰ্ণালী দত্ত বৰা
■বিধবা ◆জ্যোতিস্মিতা গায়ন
■সতীৰ্থ আমাৰ গাঁৱলৈ আহিবা ◆যোগেশ্বৰ লাগাছু
■ভূপেনদা ◆ইকবাল হোছেইন খান
■জনগণ◆ইৰা দেৱী ৰাংছালী
■বালিঘৰ◆মুকুতা ৰয়
■মোক অলপ এন্ধাৰ দিয়া ◆অনিতা মেধি মিশ্ৰ
■অভিমানী প্ৰিয়া মোৰ ◆ৰবিন কুমাৰ চেতিয়া
■বিৰহ ◆সজ্জন কুমাৰ গগৈ
★বিদেশী আৰু অনুবাদ কবিতা
●ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
●প্ৰদীপ চন্দ্ৰ শৰ্মা ২৯
★ব্যাকৰণ শিতান ৩০
●বিনীতা গোস্বামী
★কবিতা ( ৩১-৫৫ )
■প্ৰেম ◆টনজিৎ বৰুৱা
■নদীখন বৈ থাকিল ◆ৰিজুমণি দেৱী
■প্ৰতীক্ষা ◆ৰুলা ভূঞা
■শৰৎ নামিছে দূবৰিৰ ...◆প্ৰতিমা বুঢ়াগোহাঁই
■শৰতৰ প্ৰেমিকা ...◆মনচুমী কলিতা নাথ
■শাওণৰ পদ্য ◆হিমাদ্ৰী দাস
■সৰাপাতৰ স্মৃতি ◆ভৃগু কুমাৰ নাথ
■গধুলিৰ স্কেচ ◆দিলাল আহমেদ
■প্ৰেম ◆অঞ্জনা শইকীয়া
■তিনিটা স্তৱক ◆পবিত্ৰ বৰগোহাঁই
■এটুকুৰা অনুভৱ◆মাকনি চহৰীয়া নাথ
■শৰৎ ◆নমিতা চৌধুৰী
■খৰাং আকাশখনে ◆পূবালী বৰুৱা শৰ্মা
■বতাহত উৰিব...◆সান্তনা শইকীয়া
■সহবাস ◆পৃথক কলিতা
■এজাক জোনাকী পৰুৱাৰ সন্ধানত ◆এনী ভূঞা ডেকা
■ঐকতা ◆ৰিনা শৰ্মা
■অস্তিত্ব ◆ৰঞ্জনা দেৱী
■মাগুৰি বিলত ◆মমী বৰ্মন
■আমাৰ দেশ◆প্ৰিয়াংশু কাশ্যপ বৰা
■দুঃসময় ◆ৰশ্মি দলে
■পিতাইৰ পথাৰ◆ভগদত্ত ডেকা
■বৰ্ণময় প্ৰেমৰ সুবাস◆মনি ডেকা
■অবুজ ভাষা ◆ৰংগন কুমাৰ নাথ
■এতিয়াও শৰৎ ◆অঞ্জনা বৰুৱা
■নোপোৱা জোনৰ অভিযান ◆ প্ৰণৱজ্যোতি চুতীয়া
■আহিনক কোনেনো আনে ◆জোনমণি দেৱী
■মিলনৰ কৃষ্টি অসমভূমি◆ফাতিমা বেগম
■ভগ্ন হৃদয় ◆ভূমিকা দাস
■শেষবোৰ শেষেই হয় ◆অনুস্মিতা ফুকন
■আদ্যশক্তি মহামায়া ◆ফাৰুল হুছেইন
■শৰতৰ এক মিঠা অনুৰণন ◆প্ৰণতি ৰেখা বৰা
■নীলা আকাশ ◆বিনীতা লামু
■বিষদপ্ৰপাত ◆ধনজ্যোতি চুতীয়া
■শৰতৰ সুবাস ◆জিনা বৰুৱা বৰা
■মৃত মানুহৰ পৃথিৱী ◆পল্লৱী মহন্ত
■তুমিযে শাৰদী ৰাণী ◆মইনুল হক চৌধুৰী
■জাৰজ ◆উপমা ভূঞা পাঠক
■শৰৎ ◆অঞ্জু ৰয় বৈশ্য
■পৰিশ্ৰান্ত শব্দ◆ স্মৃতা ৰশ্মিণ
■তেওঁৰ সান্নিধ্য ◆ইলা ইমন কাশ্যপ
■অনুভৱৰ টুকুৰা ◆জ্যু চেং অই চাংমাই
■নতুন কামিজ ◆কৃষ্ণ দৈমাৰী
■উৰুখা পঁজা ◆ৰিংকু বৰুৱা
■বৰষুণৰ গান ◆দেৱ দাস
■নতুন বাসনা ◆বিশ্বজিৎ গগৈ
■ৰ'দালি এ ৰ'দ দে ◆জ্যোতি পবন
■মহাকবিৰ কবিতা চৰ্চা ◆মিতালী শৰ্মা
■সোঁৱৰণি ◆ৰূপজ্যোতি দাস
■সুখ ◆পল্লৱী ডেকা ৰয়
■অশ্রুমালা ◆দেৱানী পামেগাম পেগু
■হেঁপাহৰ জোন
◆অমিলতা টায়ে মিলি
■আৱেগসনা মন মোৰ ◆পঞ্চমী ফুকন
■জোনাক গলা... অজন্তা তামুলী ফুকন
■প্ৰিয়দর্শীনী ◆অজিত প্ৰতিম দাস
■মিঠা মিঠা দুখ ◆বিবেকা হাজৰিকা
■শৰতৰ কথকতা
◆ইয়াচমিন
■বাঁহ ◆অজিত কুমাৰ বৰবৰুৱা
■লৰে লিখিলোঁ লিপি ◆গুণা শংকৰ মহন্ত
■এটি সপোনৰ আশাত ◆ৰূপা গগৈ
■শৰতৰ দিনবোৰত ◆সুমিত্ৰা দাস
■অনামিকা ◆মিন্টু দুৱৰা
■শাৰদী ৰাণী ◆পুণ্য হাজৰিকা
■হৃদয়ৰ ৰাণী ◆ডাঃ মিঠুন চন্দ্ৰ দাস
■সুখ কিনি আনিছিলোঁ ◆চাজিন ৰহমান
■পৰিক্ৰমা ◆দ্বীপজ্যোতি পৰশ
■শিল ◆ অমৰজ্যোতি ঘোষ
■ হৃদয়ৰ অলিন্দত ◆ অনিল চন্দ্ৰ বণিয়া
■পছোৱা ◆ আব্দুল হানিফ তালুকদাৰ
■পুতৌ ◆অমৰদীপ কলিতা
■তোমাক বিচাৰি অনামিকা ◆জাকিৰ হুছেইন
■অকথ্য ◆বিভা দেৱী
■এটি নতুন দিনৰ সন্ধানত ◆দেবানন্দ পেগু
■গোলাপ ◆লক্ষ্মণ নাথ
■এনেকৈয়ে এদিন ◆নৱ ৰাজন
পৃষ্ঠা ৩
সম্পাদকীয়ঃ
বাটচ'ৰা
মাজে মাজে এনে লাগে যেন আমি একোজন যুদ্ধক্ষেত্ৰৰ সৈনিক। কোনে কাক কেতিয়া প্ৰথমে বগৰাব -তাৰেই যেন প্ৰতিযোগিতা।যুদ্ধক্ষেত্ৰতকৈ কোনো গুণে কম নহয় এই ৰনাংগণ;বৰঞ্চ বহুক্ষেত্ৰত ই ভয়ানকহে বিবেচিত হৈছে।
আপুনি চাগৈ অনুমান কৰিব পৰিছে । হয়, ফেচবুকৰ কাব্যজগতখনৰ কথাকে ক'ব খুজিছোঁ।"কবিক পৰিচয় কৰি নিদিবা ।কবিতাই কবিৰ পৰিচয়।"-- নৱকান্ত বৰুৱা ছাৰৰ এই কথাষাৰো যেন আজি অৰ্থহীন হোৱাৰ উপক্ৰম হৈছে। যেতিয়াৰ পৰাই ডিজিটেল মাধ্যমৰ জৰিয়তে অসমীয়া কাব্য জগতত এক নতুন আলোড়নৰ সৃষ্টি হ'ল,তেতিয়াৰ পৰাই যেন দুটা ফৈদৰ জন্ম হ'ল। আৰু ক্ৰমান্বয়ে দুয়োফৈদৰ মাজত এক শীতল যুদ্ধৰ সূচনা হ'ল। আজি সেই যুদ্ধ ভিতৰি ভিতৰি অতি ধ্বংসাত্মক হৈ উঠিছে।
ইংৰাজী তথা বঙালী মাধ্যমৰ পৰা অসমীয়া ভাষালৈ তীব্ৰ ভাবুকি অহাৰ এই জটিল সময়ত ,ডিজিটেল মাধ্যমৰ জৰিয়তে বিশেষকৈ নৱ প্ৰজন্মৰ অসমীয়া ভাষাটোৰ প্ৰতি যি আকৰ্ষণ বৃদ্ধি পাইছে ,সেয়া অসমীয়া জাতিটোৰ বাবেই এক উল্লেখযোগ্য দিশ । এই কথাটোত হয়তো কাৰো দ্বিমত নাই। কিন্তু "আদাক দেখি উঠিল গা,কেতুৰীয়ে বোলে মোকো খা "ৰ দৰে বহু নবীন লেখকে কবিতা হ'লে হ'ব নহ'লে নাই বুলি লিখিবলৈ লৈছে ।তাৰে কিছুলোকে নিৰলস সাধনাৰে গভীৰভাবে কাব্যচর্চাত নিজকে নিমগ্ন কৰি সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ কাব্যিক চেতনাৰ উৎকৰ্ষ সাধন কৰিছে। আৰু কিছু সংখ্যকে বিষয়টোক বিশেষভাৱে নলৈ ডিজিটেল মাধ্যমৰ সুবিধা লৈ লাইক,কমেণ্টৰ বিনিময় প্ৰথাৰে নিজৰ টি.আৰ. পি বৃদ্ধি কৰাৰ প্ৰতিযোগিতাত লিপ্ত হৈছে। আৰু এনেধৰণৰ লোকসকলৰ বাবেই দিনে 3-4 টাকৈ কবিতা লিখাতো ভাতৰ লগত পানী খোৱাৰ দৰে হৈছেগৈ। এই দুইধৰণৰ কাব্যচর্চাকাৰীয়ে কাব্যিক বয়সেৰে নবীন।
ইয়াৰ বিপৰীতে আছে বিশিষ্ট কবিসকল অৰ্থাৎ কাব্যিক বয়সেৰে জ্যেষ্ঠ কবিসকল । তেখেতসকলৰ কবিতাই নিশ্চিতকৈ অসমৰ কাব্যজগত চহকী কৰিছে। কিন্তু অপ্ৰিয় সত্য কথাটো এই যে প্ৰায়বোৰ মান্য আলোচনী আৰু বাতৰিকাকতৰ জৰিয়তে কাব্যচর্চা কৰি থকা বিশিষ্টসকলৰ কেইগৰাকী
মানৰ বাহিৰে বেছিভাগেই সৰ্বজন পৰিচিত নহয়।লাহে লাহে তেখেতসকলেও সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ ধৰিলে।বৰ্তমান সামাজিক মাধ্যমৰ জৰিয়তে তেখেতসকল কাব্যচর্চাকাৰীসকলৰ মাজত পৰিচিত হৈ পৰিছে। কিন্তু প্ৰথমাৱস্থাত সৰহসংখ্যক বিশিষ্ট কবিৰে উন্নত কবিতাতো পাঠকৰ বিশেষ সঁহাৰি নাছিল। এতিয়াও তেনে হৈ আছে। তেখেতসকলৰ বেছিভাগৰ ক্ষোভ তাতেই যে কিছুমান তৰল কবিতাত শ শ লাইক ,কমেণ্ট পোৱাৰ বিপৰীতে বহু উন্নত কবিতাত পাঠকৰ সঁহাৰি পুতৌজনক। এনেবোৰ কবিতা সাধাৰণ পাঠকৰ কাষ চাপিব নোৱৰাৰ এক অন্যতম কাৰণ হয়তো
-দুৰ্বোধ্যতা।
আচলতে ,সামাজিক মাধ্যমৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া। কবিতাৰ সঁহাৰিৰ কথাটো পাঠকসকলৰ ওপৰত নিৰ্ভৰশীল। সহজ সৰল কথাৰে হৃদয়স্পৰ্শী কবিতা
বোৰেই সামাজিক মাধ্যমত চৰ্চিত আৰু জনপ্ৰিয়।
সহজ সৰল ভাবে সকলোৱে বুজিব পৰা কবিতাৰ সৃষ্টিৰে (বিশেষকৈ ৰোমান্টিক কবিতা) নৱ প্ৰজন্মৰ মাজত এক কাব্য আন্দোলনৰ সৃষ্টি কৰি অসমীয়া কবিতাক এক অনন্য মাত্ৰ প্ৰদান কৰিছিল প্ৰধানত প্ৰণৱ কুমাৰ বৰ্মন ,উজ্জল পাওগাম আৰু হিমাংশু প্ৰসাদ দাসে। কিন্তু অপ্ৰিয় সত্য বহু বিশিষ্ট কবিয়ে এতিয়াও তেখেতসকলক কবি হিচাপে স্বীকৃতি দিব নোখোজে;যদিও বৰ্তমান কবি হিচাপে এখেতসকল সৰ্বজন পৰিচিত।
কেইবাজনো বিশিষ্ট কবিয়ে কেইবাবাৰো নবীন কবিক "ফেচবুক কবি" বুলি নানা ককৰ্থনা কৰিছিল ।
এই যুদ্ধখন এতিয়াও চলি আছে। নবীন সকলৰ বহুকেইজনে ফেচবুকৰ জৰিয়তেই গভীৰভাবে চৰ্চা কৰি উন্নত কবিতাৰ সৃষ্টি কৰিছে , যদিও মান্য আলোচনীত কবিতা প্ৰকাশ নোহোৱাৰ বাবেই তেওঁলোকো বিভিন্ন ধৰণৰ ককৰ্থনাৰ সন্মুখীন হৈ আহিছে । পৰিবৰ্তে ,বিশিষ্ট কবি হোৱাৰ স্বাৰ্থতে বিশিষ্টসকলৰ কিছুমান তৰল কবিতাও মান্য আলোচনীত প্ৰকাশ পায় আহিছে আৰু সমালোচকে প্ৰশংসাৰে উপচাই আহিছে।
মুঠতে দুইফৈদৰ মাজত ভিতৰি ভিতৰি এক তুমুল যুঁজ। ইফালে যদি নবীনসকলৰ কিছুমানে গুৰু গোঁসাই নামানি কবিতাক পণ্য সমগ্ৰীত পৰিণত কৰিছে ,আনফালে বিশিষ্ট সকলৰ এচামে সুযোগ পালেই ফেচবুকৰ কবিক ককৰ্থনা কৰি, মান্য আলোচনী নতুবা নিজা কাব্য সংকলনৰ প্ৰকাশিত কবিতা ফেচবুকৰ জৰিয়তে নিজৰ অস্তিত্ব বৰ্তাই ৰাখিছে। অৱশ্যে সকলোৰে ক্ষেত্ৰত কথাটো প্ৰযোজ্য নহয়। বহু প্ৰবীণ কবিয়ে বিভিন্ন ধৰণে নবীনসকলক উৎসাহিত কৰি আহিছে।লগতেএইকথাটোও উল্লেখযোগ্য যে ফেচবুকৰ কবিক তাৎচিল্য কৰা বিশিষ্ট কবিকেইগৰাকী,বৰ্তমান ফেচবুকত অধিক সক্ৰিয় ।
মুঠতে নবীন-প্ৰবীণ কবিৰ উভয়ৰে ভূমিকা এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। সাম্প্রতিক ডিজিটেল মাধ্যমৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰি, যুদ্ধক্ষেত্ৰৰ মনোভাব পৰিহাৰ কৰি প্ৰবীণসকল নবীনসকলৰ প্ৰতি সদয় হ'ব লাগিব আৰু নবীন সকলেও চৰ্চা, সাধনা আৰু অধ্যয়নেৰে প্ৰবীণ সকলৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। তেতিয়াহে এই সময়খিনি "ফেচবুকৰ যুগ" হিচাপে সোণালী আখৰেৰে সময়ৰ ইতিহাসত জিলিকি থাকিব আৰু চিৰ চেনেহী মোৰ ভাষা জননীৰ বিশ্বমুখী যাত্ৰা অব্যাহত থাকিব।
বিনয়েৰে...
সম্পাদক
কাব্যকানন
পৃষ্ঠা ৪
কবিতাৰ আড্ডা-২
(১)
শ্বেক্স্পীয়েৰৰ হেম্লেটে এখন কিতাপ পঢ়ি থাকোঁতে, পল’নিয়াছে সুধিছিল : What do you read, my lord ? উত্তৰত হেম্লেটে কৈছিল : “Words words words .”
শব্দক ব্ৰহ্মবুলি কোৱা হয় ; কিয়নো, শব্দৰ ক্ষয় নাই ; সঁচা ৷ কিন্তু, অতিব্যৱহাৰত একোটা শব্দ ক্ষয় যায় ; ইও সঁচা ৷ আমাৰ শব্দবোৰেৰেই নিত্যনতুন কৌশলেৰে -- অৰ্থক অনন্য মাত্ৰা দিয়াটোও একপ্ৰকাৰ যাদু ৷
এগৰাকী কবিয়ে -- এন্ধাৰ / আন্ধাৰ / অন্ধকাৰ ; সাগৰ / সমুদ্ৰ ; হাড় / অস্হি ; জুই / অগ্নি ; পৃথিৱী / ধৰিত্ৰী / জগৎ / দুনিয়া ; নৈ / নদী / নদ ; বতাহ / সমীৰ / পৱন ; চৰণ / পদ / ভৰি ; ছাঁ / ছায়া ; সূৰ্য / সূৰুয / বেলি ; উলটি / উভতি ; দূৰৈত / দূৰত / নিলগত ; কাৰণে / বাবে ; এটা / এটি ; এজোপা / এজুপি ; বুৰে / ডুবে আদি শব্দ- ব্যৱহাৰৰ অৰ্থৱহ কিটিপবোৰ জনাটো ভাল ৷
“দে / দিয়ক বৰষুণ”-ত এটি প্ৰত্যাহ্বান-ধ্বনি ( দে বৰষুণ, চাই ল’ম তোক ) থাকে ৷ কিন্তু, “বৰষুণ দিয়ক”-ত , সেই প্ৰত্যাহ্বানৰ সলনি -- কোমলতাৰ সুৰহে ( হ’ব, বৰষুণ দিয়ক ) শুনা যায় ৷
“কাৰণে” ( because of, due to )-ত এটা কাৰক (cause) থাকে ; যেনে -- দেউতাৰ কাৰণেহে এইখিনি কৰিব পাৰিছোঁহঁক ৷ “বাবে” (for) -ত সেই 'কাৰক’টো নাথাকে ; যেনে -- তোমাৰ বাবে ৷৷
(২)
“ভাষাৰ গভীৰ চৰ্চা অবিহনে, ভাষাৰ পুনৰ নিৰ্মাণ অবিহনে কাব্য-সৃষ্টি জঠৰ হ’বলৈ বাধ্য ” --
“কবিতাৰ প্ৰাণ আৰু অসমীয়া কবিতা” (পৃষ্ঠা :৩৬)
ভাষাৰ পুনৰ নিৰ্মাণৰ ৰূপকীয় চিত্ৰকল্প কেইটামান :
(ক) তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ -- নৱকান্ত বৰুৱা
(খ) হাড়-কঁপোৱা জোনাক -- নীলমণি ফুকন
(গ) বেলিৰ আবেলি ক’ত -- অৱনী চক্ৰৱৰ্তী
(ঘ) তগৰ এপাহিৰ কোমল-ধৱল যৌৱনা ৰং -- কস্তূৰী বৰকটকী
(ঙ) কপাহী-বগা মন -- উত্তম কুমাৰ কলিতা
(চ) টিপ্টিপ্কৈ সৰিপৰা বৰষুণৰ সুহুৰিত -- জোনালী মজুমদাৰ
(ছ) পকি উঠা ৰ’দ, মজি যোৱা ছায়া ইত্যাদি
“কবিতাৰ ভাবক ভাষাৰে ধৰি নাৰাখি -- এৰি দিয়া ঘোঁৰাৰ দৰে মুকলি কৰি দিব পাৰিব লাগে ৷”
( ৩)
[ কবিতা : শিল্প ৷ শিল্পৰ সাধনাই জীৱনৰো সাধনা ৷ কবিতা, কেৱল সাধনাই নহয় -- ই এক নীৰৱ প্ৰাৰ্থনা ৷]
কবিতা এটি লিখা হোৱাৰ পাছত, প্ৰায় এমাহ পেলাই থওঁ -- যাতে, সেই (মানসিক) আপোন সন্তানৰ প্ৰতি মোহ নাইকিয়া হয় ৷ তাৰ পাছত, নিজৰ কবিতাৰ নিজেই প্ৰথমজন নিৰ্মোহ সমালোচক হওঁ -- কোনো Compromise ( আপোচ) নকৰাকৈয়ে ৷
ঘঁহিলে চিকুণহে হয় ৷ নিৰ্মাণ মানেই মৰম কৰা ৷ শিল্পৰ তাগিদাত নিৰ্মাণৰ প্ৰয়োজন এৰাই চলিব নোৱাৰি ৷ মূলতঃ হেম বৰুৱাৰ কবিতাত নিৰ্মাণৰ কোনো চিন নেদেখোঁ ৷
◆এনে কোনো কোনো লেখকক মই জানো -- যিয়ে, মোক কবিতা চাবলৈ দি, মই চাই দিয়ালৈ এদিনো বাট নেচাই বা চাব নোৱাৰি চিধাই ফে’চবুকত তুলি দিয়ে !
◆এজন মানুহে এক সপ্তাহত দুটা / তিনিটা “কবিতা” লিখিব পাৰে কেনেকৈ ? কবিতা লিখাত বাদে আন কোনো কাম নাই -- এনে কবিও থাকিব পাৰেনে ?
আমি জানো -- কঁহুৱা ফুলি শেষ হ’বলৈ মাথোঁ ৩ মাহহে সময় লাগে ৷ কিন্তু, ওক এজোপা ফুলাবলৈ বাট চাব লাগে শ বছৰ !
কবিতা, আপোন সন্তান ৷ কোনেওতো পঙ্গু-সন্তান নিবিচাৰে ৷
◆কবিতা, কালৰ সন্তান ৷
(৪)
■“কবিতা-চৰ্চা : '৮০ দশকৰ আৰু আজিৰ”
১৯৮০ -- ৯০-ৰ
সময়ছোৱাত আমি কবিতাৰ অনুশীলন কৰিছিলোঁ “সেউজী সেউজী”-ৰ দৰে সৰু সৰু আলোচনী আৰু, “জনমভূমি”-ৰ দৰে কাকতত ৷ সম্পাদনাই উৎসাহ দিছিল ৷ কবিতা লিখাতকৈ, কবিতা-বিষয়ক আলোচনা-পৰ্যালোচনাহে (বাংলা, অসমীয়া) পঢ়িছিলোঁ অধিক ৷ আৰম্ভণিৰ কালছোৱাত, কবিতাবুলি লিখা দুশটামান 'অনুভৱ’, ক’লৈকো পঠিওৱাৰ সাহসেই হোৱা নাছিল ৷ নহ’ল ৷
◆নলিনীবালাৰ কবিতা পঢ়ি হুক্হুকাই কান্দি দিছিলোঁ ৷ পদ্যৰ পৰা কবিতালৈ -- যি পাওঁ, নপঢ়াকৈ এৰা নাছিলোঁ ৷ ১৯৮০ চন মানৰপৰাই বহু বিদেশী কবিৰ কবিতাৰ লগতে বাংলাৰ প্ৰখ্যাত কবিসকলৰ অজস্ৰ কবিতা পঢ়িছিলোঁ বাংলাতে ৷
◆পাছলৈ, সাহিত্য-অকাডেমিৰ Indian Literature আৰু 'সমকালীন ভাৰতীয় সাহিত্য’-ৰ যোগেদি ভাৰতৰ আন আন ভাষাৰ কবিতাবোৰ আগ্ৰহেৰে পঢ়িছিলোঁ ;আজিও পঢ়োঁ।
◆বিশেষ-সংখ্যা আলোচনীত কবিতা নোলোৱাত সৰ্সৰাই বোৱা চকুপানীয়ে - আমাক আৰু উন্নতমানৰ কবিতা লিখিবলৈ সতৰ্ক কৰি দিছিল ৷
◆এতিয়া দেখিছোঁ, বহু তৰুণ-কবিয়ে কবিতা যে শিল্প -- এই ধাৰণাটো বুজি উঠাৰ আগতেই ফে’চবুকত প্ৰায় প্ৰতিদিনে লিখিবলৈ ল’লে ! ফে’চবুকত সম্পাদনাৰ স্থানতো নায়েই ; বৰঞ্চ 'হাত-তালি’ৰ কোবত -- লেখকে নিজেই কি লিখিছে, কেনেকৈ লিখিলে চমৎকাৰ হ’ব আৰু, পাঠকক প্ৰভাৱিত কৰিবপৰা যাব -- তাৰো উমঘামেই নাপায় ৷
◆ফে’চবুকত নিজেই লেখক, নিজেই সম্পাদক। অসন্তুষ্টিৰ স্থানেইবা ক’ত !
◆বন্ধুসকল,ফে’চবুক নেৰিব ৷ কিন্তু, জানি থ’ব -- ছপা-আখৰৰ সোৱাদেই সুকীয়া ; মৰ্যাদাপূৰ্ণ আৰু, কিছু পৰিমাণে হ’লেও স্থায়ী ৷
◆কবিতা, আমাৰ মনৰ আহাৰ ৷ কবিতাৰ সাধনা মানেই -- জীৱনৰ আৰাধনা |
পৃষ্ঠা ৫
■অথ: কবি - কবিতা সংবাদ
হৰ্হে লুইছ বৰ্হেছৰ পৰা ফেইচবুকলৈ
(১)
সাহিত্যপ্ৰেমীৰ মাজত আৰ্জেন্টিয়ান কবি, লেখক হৰ্হে লুইছ বৰ্হেছ অতিকৈ জনপ্রিয়। সৰল, সহজ, অমায়িক কবিজনাই তেওঁৰ কালজয়ী ৰচনাৰাজিৰ যোগেদি সমগ্ৰ বিশ্বতে অদ্যপি সমাদৃত হৈ আহিছে। কবি হিচাপে বৰ্হেছ প্ৰভাৱিত হৈছিল ছেক্সপীয়েৰ , জন ডান , পল ভেলেৰী , ব’ডলেয়াৰ , ৱাল্ট হুইটমেন আদি পূৰ্বসূৰী কবিসকলৰ দ্বাৰা ৷ সৰ্বদাই নতুনত্বৰ বাবে উন্মুখ হৈ থকা, নতুন শব্দৰ প্ৰতি থকা উৎসুকতাৰ বাবে গোটেই জীৱন শব্দৰ ধ্যান কৰি গ'ল বৰ্হেছে। শব্দৰ অন্তৰ্নিহিত ৰহস্য উদ্ঘাটনৰ অভীস্পাই তেখেতক প্ৰতিনিত খেদি ফুৰিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে ন ন সম্পৰীক্ষণৰ যোগেদি নিজক নতুন ৰূপত আৱিষ্কাৰ কৰাৰ অত্যুগ্ৰ নিচাৰ ফলশ্ৰুতিত তেওঁৰ সমসাময়িক অইন কবি-লেখকসকলক অতিক্রান্ত কৰি বিশ্ব সাহিত্যত নিজস্ব পোহৰেৰে উজলি থাকিল। বৰ্হেছ বিশ্ব সাহিত্য জগতত উজ্বল তৰাৰ দৰে জিলিকি উঠাৰ সময়তো নিজৰ লেখাসমূহকলৈ মুঠেই সন্তুষ্ট হোৱা নাছিল। তেখেতে যদি কেতিয়াবা অইন কোনো লেখকৰপৰা প্ৰেৰণা পাইছিল বা কোনো আৰ্হি গ্ৰহণ কৰিছিল, তাৎক্ষণিকভাৱে সেই লেখকজনৰ ঋণ স্বীকাৰ কৰিবলৈ কুন্ঠাবোধ কৰা নাছিল। এয়াই মহানতা; মানৱীয় গুণসম্পন্ন লেখকৰ স্বাক্ষৰ। সকলো লেখক - কবিৰে এই গুণ থকাটো অত্যন্ত আৱশ্যক।
বৰ্হেছৰ দৰে কবি- লেখকসকলৰ জীৱনপঞ্জীৰপৰা আমাৰ শিকিবলগীয়া বহু আছে। কবি হোৱাৰ বাসনা এটাই কম বেছি পৰিমানে সকলোৰে মনত ক্ৰিয়া কৰি থাকে। জীৱনানন্দ দাশে 'সবাই কবি নয়, কেউ কেউহে কবি' বুলি কোৱা কথাষাৰ আজিৰ তাৰিখত যেন সলনি হৈছে, 'সকলোৱে কবি, কিছুমানেহে নহয়' বুলি ক'লেও যেন অত্যুক্তি কৰা নুবুজাব। কবিৰ সংখ্যা বৃদ্ধিয়ে আমাৰ ভাষা চৰ্চাকাৰীৰ সংখ্যা বঢ়াইছে যদিও বৰ্হেছৰ দৰে শব্দৰ সাধনা কৰা কবিৰ সংখ্যা নিচেই তাকৰ। শব্দৰ সাধনা জীৱনৰো সাধনা ; সাধনা অবিহনে উন্নত সৃষ্টি অসম্ভৱ। কবিতা জীৱন- শিল্প। পাবলো নেৰুদাইও কৈ গৈছে, 'কবিতা কবিৰ আভ্যন্তৰীণ আহ্বান'। আজিকালি এই কথাষাৰ কেইজন কবিয়ে মানি চলে কোৱাটো সহজ নহয়।
বছৰ বছৰ ধৰি কবিতা চৰ্চা কৰি থকা কবিসকলে যদি নিজকে সম্পৰীক্ষণৰ যোগেদি নিজৰ শিল্পোন্নত নতুন ৰূপ আৱিষ্কাৰ কৰিব নোৱাৰে তেতিয়াহ'লে সেই চৰ্চাৰ সমাদৰ এটা বিন্দুত স্থবিৰ হৈ পৰে। কুৰি বছৰ আগৰ কবিতাত কবিজনাক যি ৰূপত পাঠকে লগ পায়, কুৰি বছৰ পাছৰ কবিতাত সেই কবিজনাক অইন ৰূপত আৱিষ্কাৰ কৰিব পাৰিলেহে কবিজনা কালজয়ী কবিলৈ পৰিৱৰ্তিত হয় ; আৰু কবিতা সমূহ শিল্পলৈ উন্নীত হয়। কবিতাৰ ৰেহ-ৰূপ সলনি হৈ গৈ থকাৰ দৰে কবিৰ চিন্তন-মননৰ অভ্যন্তৰীণ ৰূপ সলনি হৈ থকাটো অতি আবশ্যক। কবিতাৰ মাজত কবিয়ে নিজৰ সত্তাক জীণ নিব পৰাটো এক কঠিন কাৰ্য্য। ইয়াৰ বাবে লাগিব কবিতাৰ মাজেৰে নিজক বিচাৰি চোৱাৰ অবিশ্ৰান্ত অন্বেষণ; 'পোষ্টমৰ্টেম' কৰিবপৰা ক্ষমতা।
সাম্প্ৰতিক সময় প্ৰচণ্ড হতাশা, বিহ্বলতা, অহৰ্নিশ সতৰ্কতাৰে জীৱন জীয়াই থকাৰ সময়। এই বিপন্ন সময়তো কবি- লেখক সকলে কলম খামুচি নিৰন্ন জনতাৰ কাষত প্ৰতি মুহূৰ্ততে থিয় হৈ আছে। অমানিশা মুহূৰ্ত ক্ষণস্থায়ী; কবিতা 'কঠিন শিলত কটা ভাস্কৰ্য্য'ৰ দৰে প্ৰোজ্জ্বল ; মানসিকভাৱে অত্যন্ত সবল লেখক-কবিসকল ইয়াৰ জ্বলন্ত উদাহৰণ । জগতৰ সৰ্বশ্ৰেষ্ঠ কবিসকলৰ ভিতৰতেই অন্যতম কবি হাইন্ৰিখ্ হাইনেই তেখেতৰ জীৱনৰ শ্ৰেষ্ঠ কবিতাসমূহ পক্ষাঘাত হৈ বিছনাত পৰি থকা সময়তহে লিখিছিল। শাৰীৰিক অক্ষমতাক তেওঁৰ সৃষ্টিৰ বাবে হেঙাৰ হৈ থিয় দিবলৈ দিয়া নাছিল। মানসিক ভাবে অত্যন্ত শক্তিশালী হ'লে সকলো বাধা হেলাৰঙে অতিক্ৰম কৰিব পাৰি । সেয়েহে, আমিও ভয়- শংকাক নেওচি মাৰ বান্ধি থিয় হৈ সকলো বাধাক মষিমূৰ কৰিবলৈ যত্নপৰ হোৱা উচিত।
আমি কিয় লিখো? আত্মতুষ্টিৰ বাবে , আত্মপ্ৰতিষ্ঠাৰ বাবে, নে সমাজৰ হিতৰ বাবে? আমাৰ লেখাবিলাকৰ মাজেৰে সামাজিক দায়বদ্ধতাটো পৰিস্ফুটিত হয় নে? লেখক-কবি হিচাবে সকলোৰে সামাজিক দায়িত্ববোধ আছে। আত্মপ্ৰচাৰ বা আত্মপ্ৰতিষ্ঠাত নিমজ্জিত হৈ থকা লেখকৰ লেখাবিলাকৰ সামাজিক মূল্য থাকিলেও 'সামাজিক জীৱন'ৰ একো মূল্য নাথাকে। জাতিৰ অস্তিত্ব, ভাষাৰ সংকটকালতো যদি কলম কেৱল আত্ম প্ৰতিষ্ঠা লভাৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰি থাকে, তেতিয়াহ'লে ধিক সেই কলম, সেই লেখা,সেই মানসিকতা।
আজিকালি চৌদিশে আত্মপ্ৰতিষ্ঠা ,আত্মপ্ৰচাৰৰ এক নিচাই সাহিত্যৰ জগতখনকো চেলেকি গৈছে। কোনে কাৰ বোকোচাত উঠি কোন দিশত ধাবিত হ'ব ধৰিছে বুজাটো কঠিন। মাত্ৰ কেইমুঠিমান চিৰিয়াছ লেখক-সাহিত্যিকৰ বাদে বাকীবোৰ সমাজৰ বাবে লিখাৰ সলনি নিজৰ যশ- গুণ, পাণ্ডিত্যালি জাহিৰ কৰাতহে যেন মত্ত। অসমীয়া সাহিত্যৰ বাবে এয়া অতিকৈ অস্বাস্থ্যকৰ বিষয়।
A poet is a nightiangle, who sits in darkness and sings to cheer its own solitude with sweet sounds(Shelly). কবিতা লিখাটো সস্তীয়া কাৰবাৰ নহয়,যদিও দিনে-নিশাই আমি সেইটোৱেই কৰি আছো। সাধনা অবিহনে কবিতা ভেল্কীবাজীত পৰিণত হয়। কবিতাত শব্দৰ চাতুৰ্য্যতা থাকে, কিন্ত অকল শব্দৰ চাতুৰ্য্যতাই কবিতা নহয়। বোকাৰ মাজত পদুম ফুলি থকাৰ দৰে সত্য কথা এই যে চ'ছিয়েল মিডিয়া ফেইচবুকৰ মজিয়াতো উচ্চ মানবিশিষ্ট কবিতা প্ৰতিদিনে প্ৰকাশ হৈ আহিছে । ভালদৰে চালি জাৰি নাচায় ফেইচবুকৰ সকলো কবিতাক জাবৰ বুলি ক'লে আত্ম দাম্ভিকতা ফুটি ওলায় আৰু এইটোৱেই সাহিত্যৰ ভেঁটি দুৰ্বল কৰে।
ভাল কবিতাক ভাল বুলি কোৱাৰ মানসিকতা গঢ়ি, সংকীৰ্ণ দৃষ্টিৰ পৰা নিজকে মুক্ত কৰি উদাৰ মনোভাৱেৰে অসমীয়া সাহিত্যক গঢ় দিয়াৰ এক সুস্থিৰ বাতাবৰণ সৃষ্টিৰ কৰাৰ সময় সমাগত। অন্যথা নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ নিচিনা নিজৰ মাজত অৰিয়াঅৰি কৰি থাকিলে ভাষাও বিপন্ন হ'ব আৰু পাঠকো হেৰুৱাব।লেখা-মেলা ভাল পোৱা মানুহেই লেখা- মেলা কৰে নতুবা লিখাৰ চেষ্টা কৰে। আকৌ সেইখিনি মানুহৰে পঢ়া চখটোৱে আলোচনী- কিতাপ প্ৰকাশত অৰিহণা যোগাই আহিছে, প্ৰত্যক্ষ বা পৰোক্ষভাবে। পঢ়ি ভালপোৱা এই এমুঠি মানুহেই বৰ্তাই ৰাখিছে অসমীয়া সাহিত্যৰ ক্ষেত্ৰ।
সাম্প্ৰতিক সময়ত সামাজিক মাধ্যম সমূহৰ জৰিয়তে সাহিত্য চৰ্চা কৰাৰ প্ৰৱনতা এটাই গা কৰি উঠিছে। এই মাধ্যমসমূহৰ ভিতৰত জনপ্রিয় আৰু বহুল ব্যৱহৃত ভাগটোৱে হৈছে ফেইচবুক। এই মাধ্যমৰ জৰিয়তে প্ৰতিদিনে হাজাৰ হাজাৰ কবিতাৰ সৃষ্টি হৈছে, সেই অনুপাতে কবিৰো জন্ম হৈছে। কবি হোৱাৰ বাসনা এটাই কম বেছি পৰিমানে সকলোকে খেদি ফুৰা কথাটো আগতেও উনুকিয়াইছোঁ। কবিতা লিখা কাৰবাৰতো সাহিত্যৰ অন্যান্য অংগতকৈ অধিক কঠিন যদিও কবিতা লিখিবলৈ অতিকৈ সহজ বুলি ভবা লোকৰো অভাৱ নাই। সেয়েহে ফেইচবুক মাধ্যমেৰে প্ৰচাৰিত কবিতাসমূহক লৈ নানান ওজৰ-আপত্তিও শুনা যায়। যিহেতু ইয়াত সম্পাদনাৰ কোনো ব্যৱস্থা নাই। কবি নিজে কবিও আৰু সম্পাদকো।
ফেইচবুকত প্ৰচাৰিত বেছিভাগ কবিতাই হেনো আৱেগ সৰ্বস্ব, অপৰিপক্ব ভাৱনাৰ সৃষ্টি ; কিছুসংখ্যকে এই অভিযোগটো চৰ্চাৰ মাজলৈ অনাটো আমি লক্ষ্য কৰিছোঁহক। এলিয়টে কৈছে, 'কবিতাৰ আৱেগ সাধাৰণ আৱেগতকৈ বেলেগ' । ডঃ হীৰেন গোহাঁইয়ে 'সাধাৰণ আৱেগিক অভিব্যক্তিত তাৰ স্বৰূপ মূৰ্ত কৰি তোলাৰ কোনো লক্ষ্য নাথাকে' বুলি কৈছে।
ফেইচবুকত 'কবিতাৰ মৰ্মত সোমাই কবিতাৰ ৰস গ্ৰহণ কৰা পঢ়ুৱৈৰ সংখ্যা বৰ কম' হৰেকৃষ্ণ ডেকা ছাৰে তেখেতৰ এটা প্ৰবন্ধত উল্লেখ কৰা কথাষাৰ চিন্তনীয় ; কিয়নো ফেইচবুকৰ পাঠক মানে যিসকলে ফেইচবুক একাউণ্ট খুলি এই মাধ্যমৰ জৰিয়তে নিজৰ লেখা বা কবিতাই হওক প্ৰকাশ কৰে, সেই সকলোৱে। সাম্প্ৰতিক সময়ৰ প্ৰতিষ্ঠিত নবীন - প্ৰবীণ বেছিভাগ কবিয়ে এই মাধ্যমেৰে প্ৰকাশ কৰা কবিতা পঢ়িবলৈ পাওঁ, তেনেস্থলত তেখেতসকলে অকল কবি হৈয়ে থকা কথাটো বৰ সুখকৰ নহয়, ফেইচবুকৰ পাঠক হোৱাটোও দৰকাৰী কথা। এই মাধ্যমৰ যোগেদি প্রকাশিত উচ্চ মানসম্পন্ন কবিতাসমূহক সৰ্বস্তৰৰ পাঠকৰ মাজলৈ উলিয়াই নিনিলে এই কবিতাসমূহ অনাদৃত হৈয়ে সময়ৰ বুকুত জাহ যাব।
ফেইচবুকীয়ান বেছিভাগ কবিৰ কবিতা আৱেগ সৰ্বস্ব বুলি থকা অভিযোগ পোনচাতেই নাকচ কৰিব নোৱাৰি। ফেইচবুকতে আত্মপ্ৰকাশ কৰি এই মঞ্চতে কবিতাৰ চৰ্চা কৰি বিভিন্ন আলোচনী - কাকতত কবিতা প্ৰকাশ হোৱা কবিৰ সংখ্যাও প্ৰতিদিনে বৃদ্ধি হৈ গৈ আছে। যিকেইখন আলোচনীত প্ৰকাশ হোৱা কবিতাক সৰ্বস্তৰৰ কবিয়ে মান্যতা দি আহিছে, সেইবোৰতো ফেইচবুকীয়ান কবিৰ কবিতা প্ৰকাশ হ'ব ধৰাৰ খবৰে ফেইচবুকৰ মঞ্চতো যে ভাল কবিতাৰ সৃষ্টি হৈ আছে সেইটোকে প্ৰমাণ কৰিছে। উচ্চ মানসম্পন্ন কবিতাৰ বাবে প্ৰকাশ হোৱা মাধ্যম অন্তৰায় হ'ব নালাগে। মানসম্পন্ন কবিতাক ভাল কবিতা বুলি ক'বলৈ লাগে সূক্ষ্ম দৃষ্টি আৰু শূন্য অহংবোধ। কবিতাক অন্ত:কৰণে ভালপোৱা সকলে কবিতাকহে অগ্ৰাধিকাৰ দিয়ে, মাধ্যম নহয় বুলি এচামে কোৱাও শুনা যায়।
ফেইচবুকতে আত্মপ্ৰকাশ কৰি কবিতাৰ জৰিয়তে সহস্ৰ পাঠকৰ অন্তৰ জয় কৰা বহু কবিৰ উচ্চ মানবিশিষ্ট কবিতা পঢ়িবলৈ পাওঁ। সেইসকলৰ ভিতৰত কেইজনমান কবিৰ কবিতা সম্পৰ্কে চমুকৈ উল্লেখ কৰিবলৈ মৰসাহস কৰিছোঁ–
■উৎপল ভট্টাচাৰ্য :
বৌদ্ধিক মনন - চিন্তনক প্ৰাধান্য দি কবিতাৰ চর্চা অব্যাহত ৰখা কবিসকলৰ ভিতৰত নিঃসন্দেহে উৎপল ভট্টাচাৰ্য্যও এজন। অধ্যয়নলব্ধ জ্ঞান আৰু অভিজ্ঞতাৰ যুগলবন্দীত জন্ম হোৱা, প্ৰবীণ- প্রাজ্ঞ কবিজনাৰ কবিতাসমূহ , জীৱন আৰু প্ৰকৃতিৰ লগত নিবিড়ভাৱে সম্পৰ্কিত।
' :কমলা কুঁৱৰী,
ৰাইজৰ গোসাঁনী
পানীনো কিমান হ'ল...
: স্বৰ্গদেউ ঈশ্বৰ মোৰ, পানী মোৰ এডিঙি হ'ল ...'
(' বান : মাথোঁ চকুপানী')
তেখেতৰ কবিতাসমূহ সহজ-সৰল ; মাটি- পানীৰ লগত সংপৃক্ত জীয়া অনুভৱ। কল্পনাপ্ৰসূত আৱেগক সন্তলন কৰি সৃষ্টি কৰা কবিতাসমূহ স্বকীয়তাৰে প্ৰস্ফুৰিত ; যিবোৰৰ মাজেৰে ফুটি উঠিছে তেখেতৰ আত্মজিজ্ঞাসা তথা জীৱনজিজ্ঞাসা। ভাৱ - ভাষাৰ অদ্ভুত প্ৰাণময়তাৰে সমৃদ্ধ কবিতাসমূহ সৰ্বস্তৰৰ পাঠকৰ বাবে যেন প্ৰাইমেল থেৰাপি। কবিতাসমূহ বেছ সুখপাঠ্য ; শিল্পনৈপুণ্যতাৰ চানেকি।
'আইৰ হেতাখনৰ খং আছে, ৰং আছে
আইৰ হাতৰ স্পৰ্শৰ সুখ আছে
সাময়িক বিচ্ছেদৰ ভয় আছে'
( 'আইৰ আখলৰ হেতা')
■নৱ ৰাজন : কবিতাক জনমুখী কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই থকা প্ৰতিশ্ৰুতিসম্পন্ন যুৱ কবি নৱ ৰাজন । কবিতাৰ চৰ্চা কৰিবলৈ ফেইচবুকত এখন মঞ্চ সৃষ্টি কৰি শ শ জনক উৎসাহিত কৰি অহা কবিজন এজন দক্ষ সংগঠকো । সাধাৰণ বস্তু বা ঘটনাক মূল উপজীৱ্য হিচাপে লৈ তেখেতে কেইবাটাও উচ্চ মানবিশিষ্ট কবিতা সৃষ্টি কৰিছে। সৰু সৰু চিত্ৰকল্প, উপমাৰে জীপাল তেখেতৰ কবিতা।
'এন্ধাৰত চকু মেলিলেই পোহৰ নহয়
বেলিৰ আগত
চকু মুদিলেই আন্ধাৰ নহয়'
( 'টোপনি মৃত্যু')
নৱ ৰাজনৰ কবিতাত ব্যৱহৃত শব্দসমূহ সমাজত প্ৰচলিত শব্দসম্ভাৰ, সেয়েহে কাব্যিক ভাষা পোন। সৰ্বস্তৰৰ পাঠকে হৃদয়ংগম কৰিবলৈ সহজ , কবিতা সমূহ জটিল বা দুৰ্বোধ্য নহয়।
" উহোৱা দাইলেৰে পেটৰ কুমতী নমৰে
নুগুচে এন্ধাৰ
ক্ষীণ পোহৰৰ বাটেৰে নানামে ঈশ্বৰ
জ্বলে ওৰেৰাতি
তুলসীৰ তলত চাকি
চাকি পোহৰৰ নিচান
চাকি যেন আইৰ উশাহ"
( 'পটা- গুটি')
নৱ ৰাজনৰ কবিতাসমূহ জীৱন আৰু প্ৰকৃতিৰ লগত নিবিড়ভাৱে সম্পৰ্কিত। সেয়েহে পাঠকে কবিতাসমূহ আঁকোৱালি লৈছে।
■জয়ন্ত কুমাৰ দাস : কবি জয়ন্ত কুমাৰ দাসৰ বেছিভাগ কবিতা ভাৱ- ভাষাৰ অদ্ভুত প্ৰাণময়তাৰে
চপ্চপিয়া হৈ থাকে। তেখেতৰ কবিতাত ফুটি উঠে ৰোমান্টিক উচ্ছ্বাস তথা প্ৰেমময়তাৰ সাংগীতিক সিৰ্সিৰনি। তেখেতৰ কিছুমান কবিতাৰ ভাৱ প্ৰেমৰ বাস্তৱ আৰু অবাস্তৱ শিহৰণৰ স্থূল।
'তোমাৰ বুকুৰ এইপাৰে চৰাইৰ চুবুৰী
সিপাৰে মৃতপ্ৰায় এখন চহৰ
পেণ্ডুলামৰ দৰে যি ওলমি আছে
সেয়া তোমাৰেই শৰীৰ'
('জী থাকোঁনে আমি')
ব্যক্তিগত আৱেগ - অনুভূতিক সন্তলন কৰি মননশীল, পৰিমাৰ্জিত ৰূপাত সুঠাম- সবল শব্দমালাৰে আটিলকৈ বান্ধি বিষয়বস্তুৰ দৃশ্যায়ন কবিতাৰ মাজেৰে পৰিস্ফুত কৰাত কবি সিদ্ধহস্ত...
'সাগৰৰ দেশৰ শুকুলা ঘোঁৰাৰ জাকটো
আকাশত চেকুৰিলেই
বগা ফুলেৰে চোতাল ভৰিব'
( 'ফাগুনৰ ডাকত অহা চুমাবোৰ')
ক্ৰমশঃ
✍️ উত্তম কুমাৰ কলিতা
মুখ্য সম্পাদক
ভূমিৰ কবিতা
পৃষ্ঠা ৬
পাঁচটা কবিতা আৰু অন্য কিছু কথা
আলোচনা চক্ৰ এটিত এগৰাকী সমালোচকক কেইজনমান কবিয়ে প্ৰশ্ন কৰিছিল– ‘সাম্প্ৰতিক সময়ৰ সমালোচনাবোৰ দুৰ্বল, যিবোৰ সমালোচনাই কবিক বাট দেখুৱাব পৰা নাই। আগৰ সমালোচকৰ দৰে বৰ্তমানৰ সমালোচকসকলে দায়িত্ব পালন কৰিব পৰা নাই কিয়?’ সমালোচকগৰাকীয়ে বিনম্ৰতাৰে জনাইছিল– ‘সমালোচনা কবিতা/গল্পৰ অজুহাতত নিৰ্মিত সাহিত্য। মূল অথবা গুৰু সাহিত্য আশ্ৰিত। কবিতা অথবা গল্পৰ মান, বৈশিষ্ট্য যি হ’ব তাৰ ওপৰতেই নিৰ্ভৰ কৰিব সমালোচনাৰ গতি।’ তেওঁ আৰু কৈছিল– ‘সমালোচনাক ইমান ডাঙৰ বা বহু উচ্চখাপৰ সাহিত্য বুলি ভাবিব নালাগে। ই মূলৰ পৰা নিৰ্গত সাহিত্যহে।’ কথাবোৰে আমাক চিন্তাৰ খোৰাক দিছিল। বহুতে আজিও অভিযোগ উত্থাপন কৰে– সমালোচকৰ অভাৱ অথবা দিক্ নিৰ্দেশকৰ অভাৱ বুলি কিন্তু সেইসকলেও কবিতা/গল্প নিৰ্মাণৰ জটিল প্ৰক্ৰিয়াত খোজ পেলাবলৈ কিমান প্ৰস্তুত? বহুতে অহংকাৰ কৰি ‘মই একেবহাতে লিখি পেলাওঁ’ বুলিও কয়, একেবহাতে লিখিলে কবিতা নহ’ব বুলি ক’ব বিচৰা নাই। কিন্তু সকলোৰে বাবে সেয়া সম্ভৱ নহয়। কেঁচুৱা এটিও এদিনতে জন্ম নহয়। প্ৰসৱকালীন সময়ছোৱাৰ দৰে যন্ত্ৰণা কবিসকলে ল’ব লাগিব তেতিয়াহে এটি কবিতাই পূৰ্ণতা পাব। অন্তত মই এইদৰেই ভাবোঁ।
সাধাৰণ ৰসবোধ থকা মানুহ হিচাপে আমি কলাৰ মাজত কি বিচাৰোঁ? অথবা যিকোনো কলাই আমাৰ জীৱন সহজ কৰি তুলিব বুলি আশা কৰোঁ নেকি? কলাৰ তাত্বিক কথালৈ চকু দিয়াৰ পূৰ্বে সি আমাৰ চিত টানিব পাৰিছেনে নাই সেয়াও গুৰুত্বপূৰ্ণ।
আমি বহুসময়ত জ্ঞান লাভৰ পৰিৱৰ্তে সৰু সৰু কথাৰ মাজত জীৱনটো শিল্পময় কৰি তুলিব বিচাৰোঁ। এজন ব্যক্তিয়ে বহু ডিগ্ৰী ডিপ্ল’মা লৈও কেতিয়াবা ঘৰতেই এনেই বহি থাকে। বিছনাত অলসভাৱে পৰি পৰি সমাজ সংস্কাৰৰ পৰিকল্পনা কৰে। তেনে ডিগ্ৰী ডিপ্ল’মাই সমাজ-জীৱনলৈ একো অৰিহণা যোগাব নোৱাৰে বৰঞ্চ তেনে সপোনবিলাসী ব্যক্তিয়ে নিজকো সমৃদ্ধ কৰিব নোৱাৰে। ধেমাজিৰ আনুষ্ঠানিক শিক্ষা নোহোৱা মটৰ মেকানিক এজনে হেলিকপ্টাৰ নিৰ্মাণৰ কামত হাত দিছিল। বহুখিনি আগুৱাই গৈছিল যদিও পইচাৰ অভাৱৰ বাবে বাকীখিনি কাম কৰিব পৰা নাছিল। পিছলৈ সেই কাম হৈ উঠিল নে নাই নাজানো! কিন্তু এটা কথা বুজিছিলো যে ‘মন কৰিলেই চন, বাকৰি মাটিতো ধন’। জীৱনটো অৰ্থৱহ কৰি তুলিবলৈ বৰ বেছি কিবা-কিবিও নালাগে। আনহাতে কবিতা বুজিবলৈও বৰ বেছি একাডেমিক শিক্ষাৰ প্ৰয়োজন আছে বুলি নাভাবোঁ! হীৰুদাৰ কবিতাবোৰ অথবা ভূপেনদাৰ গানবোৰ শুনিলে এটা কথা বুজিব পাৰি যে গ্ৰাম্য সমাজ, নিসৰ্গ, গছ-বিৰিখ অথবা জীৱনটো বাংময় কৰি তুলিব পাৰিলেই অথবা সেইবোৰে আমাৰ জীৱন-প্ৰক্ৰিয়াক প্ৰতিনিধিত্ব কৰিব পাৰিলেই কবিতা এটা, গান এটাই সময়-সীমাৰেখা পাৰ কৰে।
কালোত্তীৰ্ণ শিল্প নিৰ্মাণ এবেলাতেই নহয়। তাৰবাবে এজন ব্যক্তি পৰিপূৰ্ণ হ’ব লাগিব। এই পূৰ্ণতা প্ৰাপ্তিৰ বাবে এজন ব্যক্তি অনুসন্ধিৎসু, অধ্যয়নশীল হ’ব লাগিব। কেৱল পুথিগত অধ্যয়নেই নহয়। কথা এষাৰ আছে– ‘কথা জানে বুঢ়াই, কথা জানে ফুৰাই।’ গতিকে অনাখৰী এজন লোকো জ্ঞানী হ’ব পাৰে। যদিহে তেওঁ ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰি পাৰ্থিৱ প্ৰতিটো কথাৰে উঁহ বিচাৰে, অন্তৰ্দৃষ্টিৰে প্ৰতিটো বস্তুকে চাবলৈ শিকে।
সাম্প্ৰতিক যিকেইজন কবিয়ে কমসংখ্যক কবিতা লিখিও সচেতন কবিতা-পঢ়ুৱৈৰ চিত্ত আকৰ্ষণ কৰিব পাৰিছে সেইসকলৰ মাজত অন্যতম কিশোৰ বড়ো। ‘৮০ৰ দশকত জন্মগ্ৰহণ কৰা কিশোৰ বড়োৰ কৰ্মময় ব্যস্ততাৰ আৰম্ভণিতেই কিছুদিন সাংবাদিকতাৰে জড়িত হৈছিল। সংবাদ সম্বন্ধীয় কামত অনুসন্ধিৎসা লাগে। সেই অনুসন্ধিৎসাই কিশোৰক কবিতা লিখাত সহায় কৰিলে বুলি ভাবিব পাৰি। শিল সংবাদ শীৰ্ষক কবিতাটি পঢ়ি মই যথেষ্ট ভালপাইছিলোঁ বাবে ইয়াত তুলি দিলোঁ–
শিল সংবাদ
কিশোৰ বড়ো
আৰু বেছি পৰ নাই
শিলাময় পাহাৰ এটাই আগুৰি ধৰিবলৈ
সেইদিনা শিলবোৰ খোজকাঢ়ি আহোঁতে
তাৰ কঠিনখিনিৰে দলিয়াই ভাঙিছিল যাত্ৰীবাহী গাড়ী
যিখন গাড়ীৰ যাত্ৰী আছিল শিলনী ভাঙি খেতি কৰিব খোজা খেতিয়ক
চাউদাং চোলা পিন্ধি ময়ো আছিলোঁ দিগ্বিজয় যাত্ৰিক
এনে কি চমকিত চাকৰ মেৰপাক
ইমানদিনে ভাবিবই পৰা নাছিলোঁ তাৰ আঁত হেৰোৱা পূৰ্বাপৰ আভাষ
খেতিৰ সঁজুলি হেৰাল নে কাঢ়ি নিলে
তাৰ খতিয়ান ল’বলৈ কোনো চলৌপাতীও বাচি থকা নাই
এতিয়া শিল আন্ধাৰিত অবয়বৰ মৃতকবোৰে
হাতে হাতে বগা মাৰ্কিন কাপোৰ লৈ
কফিনৰ ভিতৰত বৰফ এটুকুৰা হৈ পৰি আছে
তাৰপৰাই শিলবোৰৰ কৰ্মসূচীত হাত তালি বজাই সমৰ্থন কৰিছে
নে সুযোগৰ সুৰুঙা বিছাৰিছে
কেতিয়াবা কফিনৰ পৰা ৰিণি ৰিণি শুনিছোঁ–
‘জোৰ যাৰ মুলুক তাৰ’ দবা ধ্বনি
কোনেও ভাবি চোৱা নাই আগলৈ
কৰিব লাগে কি
কৰি আছে কি
ঘোঁৰা চোৱাৰী হৈ প্ৰৱেশ কৰিছে
শিল এটা পিন্ধি উভতি গৈ আছে
এইদৰেই কফিনৰ বৰফবোৰ শিল হৈ গৈ আছে
এনেকৈয়ে শিলবোৰ পাহাৰ হৈ গৈ আছে
বেছি পৰ নাই আৰু
শিলাময় পাহাৰে গোটেইখন আগুৰি ধৰিবলৈ।
অচিন ব্যাধিয়ে আমাক গ্ৰাস কৰাৰ দৰে কিবা এটাই যে আমাক মাৰি নিয়াৰ ভয় খুৱাই থাকে তেনে কথা এটাকেই ক’ব বিচাৰিছে ‘শিল সংবাদ’ত। একুৰিতকৈ অধিক কাল কবিতাৰ সৈতে সংপৃক্ত হৈ থকা কিশোৰ ভাষা ব্যৱহাৰৰ ক্ষেত্ৰতো সচেতন। ব্যাধি এটাৰ কথা ক’বলৈ গৈ কবিয়ে প্ৰতীকাত্মকভাৱে–
‘সেইদিনা শিলবোৰ খোজকাঢ়ি আহোঁতে
তাৰ কঠিনখিনিৰে দলিয়াই ভাঙিছিল যাত্ৰীবাহী গাড়ী
যিখন গাড়ীৰ যাত্ৰী আছিল শিলনী ভাঙি খেতি কৰিব খোজা খেতিয়ক’– বুলি নিপীড়িত মানুহখিনিৰ বাবে সবল কণ্ঠেৰে অন্যায়ৰ কথা কৈছে। কবিতাটোৰ নান্দনিকতা পৰিস্ফূট হৈছে নিৰ্মাণ সৌকৰ্য্যত। মেদবহুলতাই ভাল কণ্টেণ্টছ্ এটাৰ প্ৰতিও পাঠকক শ্ৰদ্ধাহীন কৰি তোলে। কিন্তু কিশোৰ সেইফালৰ পৰা অতি সচেতন। দীঘলীয়া কাব্য-যাত্ৰাৰ বাবে কিশোৰে নিজক প্ৰস্তুত কৰি তোলক, তাকেই কামনা কৰিছোঁ।
অতিসম্প্ৰতি যিকেগৰাকী কবিৰ ছিৰিয়াছনেছ আছে সেইকেইগৰাকীৰ মাজত নিশ্চিতভাৱে সুশান্ত বড়াৰ নাম আহিব। ‘যাত্ৰা’কে ধৰি কেইবাখনো কাকত-আলোচনীত ছেগা-চোৰাকাকৈ কবিতা লিখি অহা সুশান্ত বড়াৰ বাক্ নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্বে দুই-এটা কবিতাত দেখা দিয়া কোষ্ঠকাঠিন্য এতিয়া নাই। তেখেতৰ পৰিশ্ৰম শেহতীয়া দুটিমান কবিতাত দেখিবলৈ পোৱা গৈছে। তলৰ কবিতাটোলৈ মন কৰকচোন–
অসহজ
সুশান্ত বড়া
কিমান নিঃসঙ্গতা সাৱটি
মানুহবোৰ গৈ থাকে দেহি...
এতিয়ালৈ সজাব নোৱাৰিলোঁ গানৰ গা
অথচ মোৰ টোপনিও অহা নাই!
যিমান সহজে ঘটি গ’ল ঘটনাক্ৰম,
সিমান সহজে মানি ল’ব পাৰিনে?
আই একাকিত্বত, পিতাই ক্ৰমশঃ জঠৰ,
আৰু মোক সোধা গৈছে তুমি কি কৰা?
আমি এটা বাকচৰ ভিতৰত,
বাহিৰৰ পৰা তলা মাৰি ঈশ্বৰ উধাও।
দুৰ্বাৰ পিয়াহত তোমাৰ ওঁঠ চুমিলোঁ,
আকণ্ঠ চেপি বহি ৰ’ল ফাগুন,
ক’ৰবাত পানী পোৱা হ’লে...
ক’ৰবাত পানী পোৱা হ’লে,
শতকৰা নব্বৈভাগেই পানী, আশ্চৰ্য!
কবিতাৰ আঁহডালো সাধাৰণ মানুহৰ জীৱনৰ দৰেই। সাধাৰণ মানুহৰ জীৱনতো যিদৰে গুৰুত্বপূৰ্ণ সময় এছোৱা থাকে নিজকে উদ্ভাসিত কৰাৰ ঠিক সেইদৰে ভাল কবিতাৰ ক্ষেত্ৰতো অন্তত মানুহৰ মন-প্ৰাণ চুই যোৱা ‘বিশেষ এশাৰী’ থাকিব লাগিব। সুশান্ত বড়াৰ এই শাৰীটোও তেনে মহত্বৰ ইংগিত দিয়া এশাৰী কবিতা বুলি ভাবি পাৰি–
‘কিমান নিঃসঙ্গতা সাৱটি
মানুহবোৰ গৈ থাকে দেহি...’
কবিয়ে আন মানুহৰ কথা কৈছে যদিও নিঃসংগতাত কবিও পিষ্ট অথচ ‘মানুহবোৰ গৈ থাকে দেহি...’ বুলি যেন কোনো কাঠিন্য নাই, যেন আক্ষেপহীন। জীৱনৰ যিকোনো ঘটনা-পৰিঘটনাকে সহজভাৱে লৈ জীৱন উদযাপন কৰিব বিচৰাতোও সংযমী মানুহৰ লক্ষণ।
এজন কবিয়ে গোটেই জীৱন চেষ্টা কৰিও কালজয়ী কবিতা এটা লিখিব নোৱাৰে। তাৰবাবে অৱশ্যে ‘পাৰ্ফেক্ট টাইমিং’ৰো প্ৰয়োজন বুলি মই ভাবোঁ। সেই মহত্বম কবিতাটো লিখিবলৈ কবি এজনে নিজকে কঢ়িয়াই নি থাকিব লাগিব। আমি বহুতকে দেখিছোঁ ডাঙৰ ডাঙৰ কিতাপ মুখস্থ কৰি, ডাঙৰ কবিৰ মহত্বম কবিতা পঢ়িও তেনে মহত্বম এশাৰী বাক্য লিখিব পৰা নাই। কিন্তু আমাৰ সমাজ জীৱন চিৰকাল আলোড়িত কৰি ৰখা লোককথাবোৰ, সাধুবোৰ, সাঁথৰবোৰ, প্ৰবাদ-প্ৰবচনবোৰ কোনো উচ্চ ডিগ্ৰীধাৰী লোকে ৰচনা কৰা নাছিল– অজ্ঞাত কোনো গঞাৰ মুখনিঃসৃত এইবোৰেই আমাৰ ঐতিহ্য, সমাজ-সভ্যতা, আমাৰ লোকজীৱন যুগ যুগ ধৰি সমৃদ্ধিশালী পৰ্যায়ত উপনীত কৰাইছে। সৰল জীৱন যাপন কৰা অথচ গভীৰ জীৱনদৰ্শন থকা তেনে লোকেই আমাৰ চহা জীৱনৰ বুনিয়াদ গঢ়ি থৈ গৈছে আৰু আজিও আমি সেইবোৰকেই লৈ আগুৱাই গৈছোঁ। লোককথা, পুৰাকথা, পটন্তৰ ইত্যাদিৰ গুৰুত্ব আমাৰ জীৱন-বীক্ষাত সদায় থাকিব।
এটা সাক্ষাৎকাৰত আনন্দ বক্সীয়ে কৈছিল– ‘মই বেছি পঢ়া-শুনা নকৰি ভালেই কৰিলোঁ। অন্যথা এই গীতবোৰ মই লিখিব নোৱাৰিলোঁহেঁতেন।’ অৰ্থাৎ উচ্চ শিক্ষাৰ অহমিকাত সহজ-সৰল চহা মুখৰ ভাষাটোৰ প্ৰতি বিদ্বেষী হ’লহেঁতেন। অৱশ্যে আমি এইটো কেতিয়াও ক’ব নিবিচাৰোঁ যে কবিতাৰ বাবে শিক্ষাৰ প্ৰয়োজন নাই অথবা কবিতাক লৈ পৰীক্ষা-নিৰীক্ষা নহওক। সুশান্ত বড়াৰ কেইটিমান কবিতাৰ চমকপ্ৰদ উত্থান চকুত লগা। তেওঁৰ আগন্তুক কবিতালৈ বাট চালোঁ।
একবিংশ শতিকাৰ আৰম্ভণিৰ পৰাই কবিতা লিখিবলৈ লোৱা অৰূপজ্যোতি নাথ সন্দৰ্ভত এদিন উচ্ছ্বসিত হৈ তেওঁৰ কেইটামান কবিতা পঢ়ি প্ৰশংসা কৰিছিলোঁ। অৰূপক কবিতাৰ চৰ্চাত নিমগ্ন হ’বলৈ আমি প্ৰায়েই কৈছিলোঁ। ফাৰ্মা কোম্পানীৰ ব্যস্ততাৰ অজুহাতত অৰূপজ্যোতিৰ লিখা একেবাৰে কমি গৈছিল যদিও পুনৰ লিখিবলৈ লৈছে। অৰূপৰ কবিতাত চিত্ৰকল্পৰ প্ৰয়োগ খুবেই মন কৰিবলগীয়া।
বৰশী
অৰূপ জ্যোতি নাথ
বহু দূৰ যাওঁ
এৰাবাকৰিৰ কাষেৰে বৈ যোৱা নৈখন পাওঁ
জাতিবাঁহৰ আগলি চোঁচা ডাঁৰি আৰু
বটিয়াৰে বন্ধা বৰশী...
গহীন বননিত বহি আপেক্ষাৰত
কোৰোলা পুঙা ডুবে কি নুডুবে
বুকু ধপ্ ধপ্ চকু থৰ।
আহিনৰ দুপৰীয়া মাছবোৰৰ লগত খেলোঁ
উৎকণ্ঠাৰ খেল, মাছৰ বুকুত ক্ৰূৰ আঁচোৰ মাৰো
মৎস্যাশী বাবেই মাছৰ বেদনা অনুভৱ নকৰোঁ কিজানি...
বৰশীবোৰ সযতনে ৰাখোঁ আৰু নামকৰণো কৰোঁ
প্ৰেম-ভালপোৱাৰ অথবা বিৰহ-বেদনাৰ
কি যে আচৰিত সপোন, জীৱনে জীৱনক গিলাৰ।
প্ৰেমৰ বৰশীবোৰে ঠগে হোজা মাছবোৰক
বিৰহৰ বৰশীয়ে আন পৃথিৱীৰ সন্ধান দিয়ে
যন্ত্ৰণাৰ সীমা চেৰাই গৈ যি সিপাৰত আছে।
সমান্তৰাল ৰেখা এডালতেই জীৱন-মৃত্যুৰ সমাহাৰ
এক আদিম উল্লাস– কিমান যে বিষাদৰ বৰশী
মাছৰোকা চৰাইৰ ঠোঁটত ক’ৰনো জীৱন্ত মাছ...
জিঞাবোৰ অশুভ, আমনি সিহঁতৰ পৰা
ক’ৰ পৰা উৰি আহি ডাঁৰিত পৰেহি
বৰশী বোৱাসকলে জিঞাক ভাল নাপায়
অজানিতে কৰা আমনিৰ বাবে।
প্ৰায় বহু দূৰ যাওঁ এৰাবাকৰিৰ কাষৰ নৈখনলৈ
উল্লাস অথবা বেজাৰ কঢ়িয়াই ঘৰমুৱা হওঁ।।
বৰশী বাবলৈ যোৱাৰ সেই নিষ্পাপ কৈশোৰৰ কালছোৱা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ব্যস্ততাই চেপি-খুন্দি অহা এই প্ৰত্যহিকতাত বৰশীটোক প্ৰতীক কৰি কবিয়ে মিছা অহমিকাকে ভ্ৰকূটি কৰিছে। এৰাবাকৰিৰ কাষৰ এখন নৈ সকলোৰে থাকে। স্মৃতিকাতৰ কৰি তোলা সেই সময়কেই কবিয়ে ভৰহীন শব্দচয়নেৰে বৰ্ণনা কৰিছে। অৰূপৰ কবিতাত প্ৰয়োগ কৰা ডাঁৰি, কোৰোলা পুঙা প্ৰভৃতি শব্দবোৰ আমাৰ চহকী ভাষাটোৰ পৰিচয়। সম্প্ৰতি অতিআধুনিকতাৰ ধামখুমীয়াত বহুতো চহা শব্দ আমি ব্যৱহাৰ কৰিবলৈ এৰি দিছোঁ। মানুহে পাহৰিবলৈ লোৱা এনে কিছু শব্দমালা তেওঁ কবিতাত ব্যৱহাৰ কৰি ভাষাটিও সংবহন কৰিব বিচাৰিছে।
তেওঁ লিখিছে– ‘মৎস্যাশী বাবেই মাছৰ বেদনা অনুভৱ নকৰোঁ কিজানি...’ বৰশীৰে মাছ মৰাত যে মাছৰ যন্ত্ৰণা আছে সেয়া তেওঁ উপলব্ধি কৰিছে। এই সংবেদনেও এজন কহিক সৎ হৈ থাকিবলৈ দিয়ে। তেওঁ কবিতাত অধিক মনোনিৱেশ কৰিলে এটা পৰ্যায়লৈকে নিজৰ কবিসত্তাক লৈ যাব পাৰিব বুলি ভাবিব পাৰি।
‘ৰামধেনু’ প্ৰকাশৰ সময়ছোৱাক কবিতাৰ স্বৰ্ণযুগ বুলি কোলা হয়। তাৰপাছতো বহুকেইখন আলোচনীয়ে অসমীয়া কবিতাৰ সমৃদ্ধিত উল্লেখনীয় বৰঙনি আগঢ়াইছিল। সাম্প্ৰতিক সময়তো বহুকেইখন আলোচনীয়ে কবিতাৰ বাবে কাম কৰি গৈছে আৰু তাৰ লগে লগেই গোলকীকৰণৰ প্ৰভাৱত ডিজিটেল মাধ্যমতো গঢ় লৈ উঠিছে অন্য এখন ক্ষেত্ৰ। ভাল-বেয়া দুয়োটা দিশ আছে যদিও ডিজিটেল মাধ্যমৰ আশীৰ্বাদস্বৰূপ ফেচবুকক এৰি এতিয়া বহু আলোচনা আধৰুৱা হৈ ৰয়। ফেচবুকতো সমান্তৰালভাৱে চলিছে সাহিত্য চৰ্চা। ফেচবুকত চৰ্চা কৰিয়েই বহু কবিয়ে সম্ভাৱনাৰ উজ্জ্বল স্বাক্ষৰ বহন কৰিছে যদিও একাংশ ফেচুবক ব্যৱহাৰকাৰীৰ কিছু কথা আমনিদায়ক হৈ পৰিছে আৰু ক্ষয়-ক্ষতিৰ মাত্ৰাহে বঢ়াইছে।
মাজতে তেনে এটি কথাই দুই-একৰ লগত আলোচনা কৰিছিলোঁ। ফেচবুকৰ প্ৰায়বোৰ সাহিত্য-গ্ৰুপতেই সমালোচক একোগৰাকীকৈ থাকে। সমালোচকসকলে কবিতাৰ একো-একোটা শাৰীৰ বৰ্ণনা কৰে। এই বাক্যটিৰে কবিয়ে এইটো কৈছে, এই শব্দটিৰে কবিয়ে সেইটো বুজাইছে। যদি জুই বুলি লিখিছে তেন্তে বাঘজানৰ বৰ্ণনাও দিছে, আমাজানৰ কথাও কৈছে। অথচ কবিগৰাকীয়ে বুকুৰ মাজত জ্বলি থকা জুইকুৰাৰ কথাহে কৈছে। পাঠকলৈ একো নেৰে। পাঠকৰ মুখত অনায়াসে এনে সমালোচকে তুলি দিছে মিষ্টান্ন। পাঠকে নিজৰ কল্পনাৰ জগতখনত বিচৰণ কৰিব নোৱৰা কৰি সমালোচকজনে লৈ যাব বিচাৰে নিজৰ কল্পনা আশ্ৰিত জগতখনলৈ। তেনে সমালোচনা আমাক লাগেনে?
বহুকেইগৰাকী বিদ্বান সমালোচকৰ সমালোচনা পঢ়ি মই বহু কথা শিকিছোঁ। কাহিনী-উপ কাহিনী বুটলিছোঁ আৰু শব্দৰ যি যাদুকৰী শক্তি সেয়া দেখি বিচূৰ্তি খাওঁ। গ্ৰুপৰ সেইসকল সমালোচকে অন্তত অগ্ৰজসকলে কৰি যোৱা সমালোচনাবোৰ পঢ়িব লাগে, পেটাৰ্ন শিকিব লাগে। ভাষাৰ ব্যৱহাৰ শিকিব লাগে। আলোচনা-সমালোচনা মানে কবিতা এটাৰ হুবহু বৰ্ণনা, সাৰাংশ লিখা বুলি মই নাভাবোঁ। অন্তত অগ্ৰজসকলৰ সমালোচনাৰ পৰা শিকা কথা– কোনো এগৰাকীৰ কবিতা সমালোচনা কৰিবলৈ যাওঁতে কবিতাটোৱে দেখুওৱা চিত্ৰকল্পটোৰ লগত সংলগ্ন অনেক ক্ৰনিকল, উপ কাহিনী, ঐতিহাসিক চৰিত্ৰৰ উপমাৰ কথা ক’লেহে কবিগৰাকী উপকৃত হ’ব। কবিগৰাকীয়ে কি লিখিছে সেয়া তেওঁ জানে, তাক দোহৰাৰ প্ৰয়োজন নাই।
আৰম্ভণিৰ সময়চোৱাত ফেচবুকৰ জৰিয়তে দৃষ্টিগোচৰ হোৱা এজন কবি মিণ্টুল হাজৰিকা। নতুন কবিৰ প্ৰতি দেখুৱাই অহা বিৰাগ অন্তত মিণ্টুলৰ দৰে প্ৰচুৰ সম্ভাৱনা লৈ অহা কেইজনমান কবিয়ে নোহোৱা কৰিছে। মিণ্টুলৰ বিচক্ষণতা আছে, অধ্যয়ন আৰু পৰ্যবেক্ষণ কবিতাবোৰত পৰিস্ফূত হয়–
বামুণকুঁৱৰী
মিণ্টুল হাজৰিকা
হাউলি পৰিছিল গছজোপা
তিৰোতাজনীৰ পেটত ৰৈ আছিল বাগী কুঠাৰ
যিজোপা গছৰ পাতত বহে সুমথিৰা বেলি
ৰাতি দুপৰত নাচে সেউজীয়া জোন
মাটিমুখ হৈ আঘোণ অনা পিতাইৰ
বাওঁপিঠিত সেইজোপা গছ হৈ গজিম
ফুলক বা নুফুলক বগৰী ফুল
মেঘে বান্ধিলে খোপা
মৈথুনৰ শেষত লালটিনৰ লেম্প লৈ নামি আহে
তৰা
এচোতাল সোণফুল লৈ আহে নীলা চৰাই
ঠোঁটে ঠোঁটে বাজে ৰাগ গান্ধাৰ
শিশুৰ দৰে ওমলোঁ
নিজে নিজৰ আই হৈ নিচুকনি গীত গাওঁ
অকপটে কওঁ তোমাকঃ
যদিও মিচিলত আগত থিয় হওঁ
গুপ্তাংগ চুই পৃথিৱীৰ বয়স জুখিবলৈ কাহানিও বিচৰা নাই
আন্ধাৰ ঘৰত বিচাৰিছোঁ দুৱাৰ
পশ্চিম দিশৰ দুৱাৰখন যদিও এপাত খোলা
সেইপথে ওলাই গ’ল মেঘৰ শিল্পীজন
চিত্ৰপটত পৰি ৰ’ল অসম্পূৰ্ণ ঘোঁৰা
য’ত মোৰ ৰাজপ্ৰসাদ তাতে শুনিছানে
ৰ’দ নপৰা পুখুৰীৰ পুণীৰ তলত বিৰহত মৰা
মাছৰ পুৰাকথা
মেঘৰ অন্তেষপুৰত ক’ৰ বৰাগী তই
কিয় বাৰু নুফুটালি মেটেকাৰ ফুলপাহ
মোৰ সীয়া ওঁঠৰ পানীযুঁৱলিত
পুৱতিৰ বতাহে গাখীৰতী ধানৰ গোন্ধ হৈ আহি
লৈ গ’ল জীউটো সামৰি খোলাটো কাললৈ এৰি!
শব্দৰ বুৰুজেৰে এখন চিত্ৰ আঁকিব পৰাতো এজন কবিৰ কৃতিত্ব। ইমেজ এখনৰ কল্পনা কৰা আৰু তাক ৰূপক-অলংকাৰেৰে দৃশ্যমান কৰাতো সহজ কাম নিশ্চয় নহয়। বহুতকে উজুটি খুৱাও দেখিছোঁ। ভাৱাবেগটোক সন্তুলিতভাৱে কঢ়িয়াই নি এখন স্পষ্ট ছবিৰ নিৰ্মাণ কৰিবলৈ যাওঁতে কবিৰ বিচক্ষণতা লাগিব, কৌশলী হ’ব লাগিবই। সেয়ে বহুতে কবিতাক কৌশল বুলিও কয়। নিৰ্মাণত কৌশলৰ কাম থাকিবই। নিৰ্মাণত ভঙা-গঢ়াৰ প্ৰক্ৰিয়া থাকিবই। ভঙা-গঢ়াৰ এই প্ৰক্ৰিয়াটোৰ প্ৰতি যিসকল অবিশ্বাসী তেনে লোকেই ‘কবিতা হৃদয়ৰ স্বতঃস্ফূৰ্ত অনুভৱ’ বুলি কৈ কোনো মেকানিকেল কাম কৰাৰ পৰা বিৰত থাকে। সাম্প্ৰতিক বহুকেইগৰাকী কবি, সমালোচকে নিৰ্মাণৰ প্ৰয়োজন আছে বুলি কৈ– ‘কবিতা নিৰ্মাণ শিল্প’ বুলিও এটা ধাৰণা দিব বিচাৰিছে।
যিনহওক মিণ্টুলৰ কবিতাটোৰ আংগিক, শব্দ প্ৰয়োগৰ অপূৰ্ব শৈলী, চমকলগা চুটি বাক্যবোৰে কবিতাটোক এটা নিপোটল গঢ় দিছে–
‘মাটিমুখ হৈ আঘোণ অনা পিতাইৰ
বাওঁপিঠিত সেইজোপা গছ হৈ গজিম’
মাটিমুখ, বাওঁপিঠি প্ৰভৃতি শব্দবোৰৰ উত্থান সঁচাকৈ ভাললগা। মিণ্টুলৰ সমুখত দীঘল এছোৱা পথ আছে। আশা কৰিম নিৰৱচ্ছিন্নভাৱে মিণ্টুল গৈ থাকিব।
কবিতাৰ বাবে সাংঘাতিক এটা আবেগ ৰাশ্বেল চৌধুৰীৰ মাজত দেখা পাওঁ। কিন্তু কেতিয়াবা চিন্তাও লাগে প্ৰয়োজনীয় গুৰুত্বখিনি পাবলৈ এজন কবিয়ে যি সন্তুলন দেখুৱাব লাগে সেই সন্তুলন ৰাশ্বেলে দেখুৱাব যেন পৰা নাই। সময়তকৈ আগে কোনেও আজিলৈকে একো পোৱা নাই আৰু জোখতকৈ বেছি কোনেও কাকো দিয়া নাই। ৰাশ্বেলৰ কবিতাৰ এয়া আৰম্ভণিৰ খোজহে। এই সময়চোৱা কিন্তু বিৰাটেই জটিল। আলোচনী নিৰ্ভৰ কবি সত্তা গঢ় দিবলৈ যাওঁতে কাৰিকৰী বহুতো কথা মন দিব লাগিব এজন কবিয়ে। কথাবোৰ হয়তো ময়ো মুকলিকৈ ক’ব নোৱাৰিম অথবা সেই সম্পৰ্কে মোৰো ধাৰণা স্পষ্ট নহয় কিন্তু এটা কথাই ৰাশ্বেলৰ বাবে ক’ব পাৰিম– সেয়া হ’ল ধৈৰ্য্য আৰু একাগ্ৰতাৰে চৰ্চাত নিমগ্ন হোৱাটোৱেই তেওঁৰ দৰে নতুন কবিৰ বাবে হ’ব উত্তম পন্থা। বাদ-বাকী তেওঁৰ কবিতা লিখাৰ যি তাৰনা সি আমাক আকৃষ্ট কৰি আহিছে। বহুকেইগৰাকী জ্যেষ্ঠ কবিয়ে তেওঁৰ সম্ভাৱনাৰ কথা কৈছে। কেইবাটাও ভাল কবিতা ‘যাত্ৰা’ৰ দৰে আলোচনীত প্ৰকাশ পাইছে। গতিকে মই ভাবোঁ তেওঁ আৰু হতাশ হোৱাৰ পৰিৱৰ্তে কবিতাৰ প্ৰতি থকা সমৰ্পণক দৃঢ়তাৰে আগুৱাই নিয়ক।
ভাৰা গাড়ী
ৰাশ্বেল চৌধুৰী
সপ্তাহৰ সাতোটা দিনে মোক ভাৰাত লয়।
সোম, মঙ্গলবাৰে যাওঁ নাইট ক্লাবলৈ
বুধ আৰু বৃহস্পতিবাৰে বিউটি পাৰ্লাৰলৈ
শুক্ৰবাৰে শ্বপিং মললৈ
শনিবাৰে থাকে ক’চিং ক্লাচ
দেওবাৰৰ কথাই বেলেগ
টাই-চ্যুট, পাৰ্ফিউম মাৰি
প্ৰে’ কৰিবলৈ যাওঁ চাৰ্চলৈ
মোক এদিনো ছুটি নিদিয়ে!
প্ৰাত্যহিক জীৱনৰ চিত্ৰ এটি অংকন কৰিবলৈ ৰাশ্বেলে লিখা কবিতাটোত বিশেষ কাৰিকৰী কাম চকুত পৰা নাই। গতানুগতিক চলি থকা সপ্তাহৰ সাতোটা দিনৰ কৰ্মসূচীৰ কথাই তেওঁ কৈছে। এইবোৰ কণ্টেণ্টছ্ হ’ব পাৰে। সাতোটা দিনৰ মাজত চলি থাকে আমাৰ জীৱন গাড়ী। কিন্তু তাক শিল্প কৰিবলৈ যাওঁতে অথবা প্ৰতিষ্ঠা কৰিবলৈ লওঁতে পাঠকে বিবিধতা আশা কৰিব। ৰাশ্বেলে এই কথাবোৰকে মন দিব লাগিব। তেওঁৰ ভালেকেইটা কবিতাৰ চমকপ্ৰদ উত্থান দেখি আমি আশাবাদী হৈ পৰিছোঁ যদিও কিছু গৃহকৰ্মৰ প্ৰয়োজন আছে বুলি ভাবোঁ। আমাৰ কথাই শেষ কথা অথবা চূড়ান্ত কথা নহয়। আমাৰ সূক্ষ্ম পৰ্যবেক্ষণত চকুত পৰা দুটিমান কথা তেওঁৰ ভালৰ বাবে ক’লোঁ। আশা কৰিম তেওঁ নিজৰ কবিসত্তাক সেই ঠাইলৈ কঢ়িয়াই নিবলৈ যৎপৰোনস্তি চেষ্টা কৰিব। অসন্তুষ্টি এজন কবিৰ বাবে ভাল সম্পদ কিন্তু হতাশা ধ্বংসৰ বাহক।
কবিতাৰ আঁহডাল পকোৱা সূতাৰ দৰে। তৰপে তৰপে খুলি গৈ থাকে। আনহাতে সকলো বস্তুৰেই আমি সন্মুখফালহে দেখা পাওঁ। গতিকে কবিতাৰ কথা খাতাংকৈ একো ক’ব নোৱাৰি। সাধাৰণ দৃষ্টিৰে উল্লেখিত কবিতা পাঁচটি সন্দৰ্ভত আমাৰ মতামত প্ৰকাশ কৰিলোঁ। আমাৰ মতৰ সৈতে কাৰোবাৰ মত নিমিলিলেও কোনেও ভুল নুবুজিব বুলি আশা কৰিলোঁ।
ফাৰহান জাৱেদ
ঠিকনাঃ তেজপুৰ। মোবাইলঃ ৮৮৭৬০১৩৪৫৩।
■ কবিতা
মোক ৰামমন্দিৰৰ বাবে ভূমি এডুখৰি দিয়া
তোমাৰ বাবৰি মছজিদৰ বাবে মই মোৰ খেতিপথাৰখন দিম
------------------------------------------
প্ৰণৱ কুমাৰ বৰ্মন
মোক ৰামমন্দিৰৰ বাবে ভূমি এডুখৰি দিয়া হজৰত
মোৰ ৰামচন্দ্ৰ শিলাঘাত,দাংগা,তেজৰ পৰা শান্তিত থাকক
তোমাৰ বাবৰি মছজিদৰ বাবে মই মোৰ খেতিপথাৰখন দিম
তোমাৰ আল্লা খুন খাৰাবী ৰাজনীতিৰ পৰা শান্তিত থাকক
শান্তিত থাকক সংবিধানৰ অনুচ্ছেদবোৰ
দেশৰ অখণ্ডতা,দীৰ্ঘকালৰ শান্তিময় সনাতন সময়
শান্তিত থাকক সংসদ ভৱন-সকলো অশ্লীল চিঞৰ বাখৰৰ পৰা
এজন হিন্দুৰ মূৰত তুমি তোমাৰ ধৰ্মৰ লৌহদণ্ডেৰে কোবাই বগৰাই দিছিলা
এজন মুছলমানৰ পেটত মই মোৰ ধৰ্মৰ তৰোৱালেৰে হানি খুচি তেওঁক ৰক্তাক্ত কৰিছিলোঁ
তোমাৰ কন্ঠৰ আজানে মোক উন্মাদ কৰি তুলিছিল-সেই আজান মোৰ নহয়
মোৰ কন্ঠৰ ৰামস্তুতিয়ে তোমাক হিংসুক কৰি তুলিছিল-ৰামচন্দ্ৰ তোমাৰ নহয়
তুমি যি বাটেৰে গৈছিলা-সেই বাট মোৰ বাবে সংশয়ৰ
মই যি বাটেৰে গৈছিলোঁ-সেই বাটেৰে ভয়ত তুমি বন্ধ কৰিছিলা আহ যাহ
ভোক একেই থাকিলেও বিভাজিত হৈ পৰিছিল ভাতৰ বজাৰ
গছত ফলবোৰ একেদৰেই ওলমিছিল যদিও ভাগ ভাগ হৈছিল ফলৰ দোকান
সৰু ল'ৰা ছোৱালীবোৰে বিচাৰি গৈছিল হিন্দুৰ দোকানলৈ হিন্দু পুতলা
মুছলমানৰ দোকানত মুছলমান পুতলা
দেশৰ মাটিৰে এজন কুমাৰে গঢ়িছিল যিবোৰ
নদী আৰু পিয়াহ একেই আছিল-ঘাটৰ নাম হৈছিল হিন্দুঘাট;মুছলিমঘাট
তোমাৰ নাৱেৰে মই দীৰ্ঘকাল পাৰ হোৱা নাই গংগা
মোৰ নাৱেৰে তুমি সিপাৰৰ জানাজালৈ যোৱা নাই
এনেদৰেই চলি আছে হজৰত
বুকুত বিভেদৰ ওখ বেৰ
ইফালে ৰামমন্দিৰ-সিফালে বাবৰি মছজিদ
তুমি গোটাইছা শিল আৰু অস্ত্ৰ
মোৰো গুডাম ভৰি মাৰণাস্ত্ৰ
ঘৰবোৰ জ্বলাবলৈ ক্ৰমে ক্ৰমে কমি গৈছে পেট্ৰলৰ দাম
তালিকা বনোৱা-আল্লাৰ নামত কোন হ'বা আত্মঘাতী
ময়ো বনাইছো -ৰামৰ নামত কোনে কোনে দিব বলিদান
চোৱাচোন;কস্মিনকালেও চুই নোপোৱা ৰাম আৰু আল্লাৰ হাতদুখনৰ বাবে
আমি ইজনে এৰি দিছোঁ সিজনৰ সুহৃদ হাত
সম্ভাষণৰ সলনি মাতিছোঁ হুটামাত
তাতকৈ ৰামমন্দিৰৰ বাবে মোক মাটি এডুখৰি দিয়া
তোমাৰ বাবৰি মছজিদৰ বাবে মই মোৰ খেতিপথাৰখন দিওঁ
কুশলে থাকক ভাৰতবৰ্ষ!
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
লুইতখন যেতিয়া শুই থাকে
---------------------------------------
তপন বৰুৱা
লুইতখন যেতিয়া শুই থাকে
পাৰত বহি গণিবলৈ ধৰোঁ
ওপৰেদি উৰি যোৱা কণুৱা বগলী বনৰীয়া হাঁহ,
পানী খাবলৈ অহা হৰিণ সুগৰী
হাতী বাঘকে ধৰি এশিঙীয়া গড় ।
লুইতখন যেতিয়া শুই থাকে
আমি আহৰি নাপাওঁ চাবলৈ
নিজবাৰীখনৰ ক'ত কেনেকৈ আমাৰ বনজ ভাই ;
আম কঁঠাল জামু নিয়াই নিয়ক পাৰি
কাটক কটাই শাল চেগুন বনচোম
পেলালেও পেলাওক হাফলুকেইটা ওফৰাই
কথা নাই , পাতিলেও পাতক নতুন গাঁও ।
লুইতখন যেতিয়া শুই থাকে
আমি আমাৰ গাঁওৰ কথা নাপাতোঁ
আমাৰ গাঁওৰ মানুহৰ
দুৰ্দশা-দুৰ্ভোগৰ কথা নাপাতোঁ
নাপাতোঁ এই দেশ-মাটিৰ মংগলৰ হৈ উচিত কথা ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
উত্তৰাধিকাৰী
--------------------------
ৰঞ্জিত গগৈ
এই পৃথিৱীৰ পৰা আমি
কোনেনো কি লৈ যাম?
হাতৰ মুঠিত কাৰ বাবে কি থৈ যাম?
এটা গুটিধানৰ ভঁৰাল!
এখন বহল চোতাল!
ওহোঁ ,একো নোৱাৰিলোঁ দেখোন
তথাপি দুচকু নিতৌ হেঁপাহেৰে
ভৰুণ হৈ থাকে ল'ৰাটোৰ মুখখনলৈ চাই
ছাই ক'লা পৰি অহা কলিজাটো
লিৰিকি বিদাৰি।
ভালপোৱাক বাদ দি
ভাবিব পাৰিনে এটা নতুন
জীৱনৰ কথা
শেৱালি সৰা পুৱাবোৰ
কাৰ জীৱনলৈনো অহা নাই?
সময়বোৰ বাগৰে
সলনি হয় ৰূপ
বুকুৰ কঁঠিয়ানীত হয়কলী এটাই
ইচাত- বিচাত কৰে।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
অদূৰত ৰৈ আছা তুমি
-------------
বিজয় বেজবৰুৱা
ক’তো ফুল ফুলা নাই
ক’তো অকণো বতাহ বলা নাই
অথচ
নাকত লাগিছেহি কিহৰ এই সুগন্ধ?
ইফালে-সিফালে চালো
ক’তো ফুল ফুলা নাই
ক’তো অকণো বতাহ বলা নাই...
বুকুৰ ভিতৰত
জুমি চাই দেখিলোঁ–
অদূৰত ৰৈ আছা তুমি৷
পৃষ্ঠা ৭
চকী
------------
জুবিলী গগৈ
পিতাইৰ দিনৰে চকীখন
যিখনত কেৱল পিতাইহে বহিছিল
ফিৰফিৰীয়া শীতৰ দিনত চকীখনে
চোতালত ৰ'দ লৈছিল
প্ৰচণ্ড গৰমৰ দিনত
বাৰাণ্ডাত থম্ থম্ কৰে
বহি থাকিছিল
চকীখনৰ গাতে আঁউজি আছিল
এখন জেপেটীয়া বিচনি
টকৌ পাতৰ
চকীখনত কোনোদিন
আন কোনেও
বহিব বিচৰা নাছিল
চকীখনৰ গাম্ভীৰ্যই ঘৰখন
আতোলতোলকৈ ধৰি ৰাখিছিল
এসময়ত পিতাই গুছি গ'ল
চকীখনক নিঠৰুৱা কৰি থৈ
পলকবিহীন হৈ চকীখনে
পিতাই যোৱাফাললৈকে যেন
থাকিল চাই
আমন-জিমনকৈ বাৰাণ্ডাতে বহি
ৰখীয়া কৰি থাকিল
প্ৰিয় পৰিজনৰ
এসময়ত পুৰণি ঘৰখনলৈ আহিল
নতুন আচবাব
ভিতৰৰ আচবাব বাৰাণ্ডা
বাৰাণ্ডাৰ আচবাব পালেগৈ
গোহালিৰ কাষ
কিছুমান পৰি ৰ'ল
নতুনকৈ সজা গাড়ী থোৱা ঘৰৰ
চুক-কোণবোৰত
তেতিয়ালৈ দুয়োখন হাত
এৰি যোৱা
ঘুণে খোৱা ভৰিকেইটাৰে
বাৰাণ্ডা লেতেৰা কৰা
পিতাইৰ চকীখনো
বাৰাণ্ডাৰ পৰা বাহিৰ ওলাল
গজালকেইটা এৰুৱাই
ভাগে ভাগে খুলি
খৰিঘৰত জাপি থোৱা হ'ল
আটকীয়া দিনৰ আখললৈ বুলি
আয়ে আকৌ কোনেও নেদেখাকৈ
কাঠ কেইডোখৰ বান্ধি
ভঁৰালৰ গাধৈত তুলি থ'লেগৈ
পাৰিলে কৰোবাক কৈ
নতুনকৈ সজোৱাই পেলাব
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
অপেক্ষাৰত
-------------------
অংগৰাগ ভূঞা
বিচাৰিবলৈ অধিক নাছিল
শীতৰ এচোতাল ৰ'দ
আহাৰৰ ডাৱৰ এচপৰা
খেয়ালত সৰকি পৰা
আৰু এশেতেলি নিদ্ৰা
সপোন দেখিব পৰাকৈ
বোকোচাৰ বোজা পাতলাবলৈ
জালিকটা ছাঁ আৰু
এচলু শীতল পানী
প্ৰয়োজনবোৰ সৰলেই আছিল
প্ৰশ্ৰয়বোৰ একোখনকৈ ফাণ্ড
মুখ মেলিবলৈ এতিয়া
চাব লাগে কেৰাহিকৈ
নহয়নে এয়া প্ৰতাৰণা?
দপকৈ জ্বলা জুইকুৰা
প্ৰাৰ্থনাত সজল কিয়
ইয়াৰ উত্তৰ নিশ্চয় লাগিব
চিগাৰেটৰ ধোঁৱাই আকাশ ছানিব
নেচেল হ'ব সস্তীয়া সুৰাৰ নিচা
ঢৌ খেলে প্ৰত্যয়ৰ নাও
অথাউনি পানীত।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
পানীগছা
-----------------
গীতাঞ্জলি দেৱী
বেদনাৰ উল্কাবোৰ সৰি পৰা এটা ৰাতি এখন নিমজ চোতালত জল-পৰী নামিছিল ।
পানীগছাই কঁপি-কঁপি উজাই গৈছিল মোৰ পঁজাৰ
পিৰালিৰ পৰা মূধচলৈ
আৰু পাখি মেলি জিৰাইছিল ভঁৰালৰ চ'টিত ।
পানী মেটেকাৰ বুকু ফালি সৰু ভনীজনী চিলনী হ'ব খোঁজোতে
ঢোঁৰা সাপ এডালে পাক মাৰি ধৰিছিল তাইৰ কলাফুলত ।
মৰণকাতৰ চিঞৰ মাৰি সোঁতৰ বাট কাটি তাই সাৱটি ধৰিছিল পানীগছাত ।
চোঁ-চোঁৱাই নামিছিল ধূসৰ ক'লা মেঘ ।
পানী পিয়াহত মৰি ঘনে-ঘনে সলাইছিল চোং ।
আথানি-আবানিত মৰা সূঁতিলৈ ঢাপলি মেলা পানীগছাই চিলাৰ দৰে ঘূৰি-ঘূৰি পাক মাৰি নাচিছিল নাচোন ।
কলৰ ভূৰত হেন্দোলনি খাই আইৰ জঁকাটো এজনী চৰাই হৈ উৰিছিল,
পকনীয়াত হেৰাইছিল উশাহ ।
পানীগছাই চোঁ মাৰি উজাওঁতে আকাশখন দুফালহ'ল ,
শামুকৰ খোলা এটিত জীৱন এটা দি পানীগছাটো সূঁতিৰ সিপাৰে লুকাল ।
মোৰ মূৰৰ ওপৰত এতিয়া এখন ছাঁই বৰণীয়া আকাশ !
পৃষ্ঠা ৮
জীৱন সম্পৰ্কীয়
---------
প্ৰিয়াংশু প্ৰাঞ্জল
কাৰ চৰুত কি মঙহ কেনেকৈ জানিম
সকলোৱেই ব্যৱহাৰ কৰিছে মিটমচলা।
গোন্ধ একেই।সোৱাদ কেনে নেখালে কেনেকৈ বুজিম।
গোটেই ৰাতি বহি থাকিলোঁ নৰীয়া পিতাইৰ কাষত।সন্মূখত একাঁহী পানী দিয়া ভাতৰ লগত দুটা পুৰা আলু।মঙহৰ গোন্ধে নাক খুচৰি আছে,এই গোন্ধ ওফৰাই মই আলুৰ লগত পানী ঢলা ভাতমুঠি কেনেকৈ হজম কৰোঁ কোৱা।
পুৱা আলু জোলত এপেকেট মিট মচলা ঢালি দিলোঁ।
আঃ কি টেষ্ট।এই বুদ্ধিৰ অভাৱতে লঘোনে কটালোঁ কত দিন আৰু ৰাতি।
পাঠকে এতিয়া ভাবিব
মঙহ নহ'লে পেটলৈ ভাত নসৰকা মই যেন চাহাবৰহে বেটা।
আলু জোলত মিট মচলা দি ভাত একাঁহী হজম কৰিব পৰা শক্তিটো আছে বাবেই জীৱনটো যে কম্প্ৰমাইজত চলি আছে কোনে বুজে।বহুতে বুজিও নোবুজাৰ ভাও ধৰে।
মই মৰি যাওঁ
মই জী যাওঁ।
বাৰে বাৰে ভোল যাওঁ জীৱন মানেই কম্প্ৰমাইজ নহয়।
আচলতে জীৱনটো জ্বালচেনাৰ দৰেই।
জ্বলাই কন্দোৱাই।কিন্তু সাংঘাতিক টেষ্টি।চকুপানী মচি মচি গিলি থ'ব পাৰি।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ৰঙা চৰাই
----------
হেমচন্দ্ৰ কছাৰী
ৰঙা চৰাই
দেওদি দেওদি আহিছিলা
বুকুৱেদি সৰকি
ক'লৈ গুচি গ'লা
ঠোঁটত যে লৈ গ'লা
মোৰ কলিজাৰ বৰ্ণমালা।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বনজুই
-------------------------------------------------
গুণাৰাম শইকীয়া
অৰণ্য এখন বুকুত লৈ উকমুকাই দৌৰি ফুৰিছোঁ
বন জুইয়ে খেদি ফুৰিছে
ভৰিৰ সেউজীয়া পতাত ৰক্ত কণিকাৰ জোলা ফুটিছে
যন্ত্ৰণাৰ পোৰামাটি এডোখৰ হৈ
কলিজাটো ক্ষণে প্ৰতি সেপ ঢুকিছে
এনে অনিৰ্বাপিত দাহনত শেষ হোৱাৰ কোনো বাসনা নাছিল
ইচ্ছা আছিল এজোপা বুদ্ধ বৃক্ষহৈ
নিৰ্মল আচ্ছাদনেৰে চুই থাকিম কুমাৰী পৃথিৱী
হেঁপাহৰ নৈ বোৱাম- সিঁচি দিম পথাৰত
সোনগুটিৰ অতনু বীজ...
কিন্তু সৌৱা মোৰ হাত জ্বলিছে- সেউজীয়া আঙুলি দহি দহি শেষ হৈছে এটা এটাকৈ
দহনত নিশেষ হোৱা আঙুলিৰ শিল্পতো জুই
ভৰিৰ পতা চুই থকা বোকা পানীত জুই
এই দহনে নিশেষ কৰে ৰাজহাড় কিন্তু সেউজ সাধু এটাহৈ জী থাকে মানুহৰ বুকুৱে বুকুৱে মানুহৰ হাড়ৰ সাধু।বনজুইয়ে খেদি ফুৰা
কলিজাটো ক'ত লুকুৱাই থওঁ, এদিন যে বুদ্ধ বৃক্ষৰ দৰে বাঢ়ি বাঢ়ি আকাশৰ সমান হোৱাৰ মন..
পৃষ্ঠা ৯
গুণ-গুণনি
------------------------------------------
মেঘালী বৰুৱা শইকীয়া
বগেনভেলীয়া ফুলৰ ৰঙত
তোমাৰ জিলিকি থকা আলয়,
নদী
তোমাৰ প্ৰেমত পৰাৰ কাৰন সেইয়াই।
গোপনীয়তাৰ উষ্মা
তুমি জানা আৰু নদীয়েও জানে,
তৃতীয় পক্ষ মাথো অজুহাত।
জীৱন
ফুলৰ ৰেনুৰে বোলোৱা
মৌ-মাখিৰ গুণ গুণ গান।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
জীৱন অথবা মৃত্যু বিষয়ক
----------------------------------------------------
ধ্ৰুৱজ্যোতি শইকীয়া
এৰাবাৰীত সুহুৰিটো এৰি
নিজান গো বাটেদি আহি আহি এইখিনি পালোহি
ইয়াৰ পৰা উভটি চালে একোকে নমনি
মূৰৰ ওপৰেদি দুঃস্বপ্নৰ ডেউকা কোবাই
কিমান কুৰুৱা উৰিল কোনেও নাৰাখিলে হিচাপ
বুকুত অলেখ ইতিহাস সাৱতি গছবোৰে পিন্ধিলে বাৰ্দ্ধক্যৰ পোছাক
পানীৰ মাজত এটুপি পানীৰ বাবে হাহাকাৰ কৰোঁতে
আমি সাক্ষী আছিলোঁ
ভোকত ঘৰবোৰ জ্বলি উঠোতে
আমি সাক্ষী আছিলোঁ
নব্বৈ দশকৰ বজৰং, ৰাইনোৱে পংগু কৰাসকলৰ মাজত আমিও আছিলোঁ
এনে বহু ঘটনাৰ সাক্ষী আমি আছিলোঁ
যিবোৰ চকুত কবৰ দি বুকুত নিচুকাই আছো অতদিনে
আমি দেখাক দেখি আগুৱাব খোজোতে
আমি বাৰে বাৰে উজুটি খাওঁতে
শিলবোৰে লিখিছিল স্বপ্নভংগৰ বুৰঞ্জী
মাটিৰ ঠিকনা বিচৰা পাতবোৰে ভাবে
আৰু দুনাই নাহক হেমন্ত
ৰোগশয্যাত ছটফটাই থকা বৃদ্ধই ভাবে
জন্ম হোৱাটোৱে এটা ডাঙৰ ভুল
যিহেতু জন্মিলেই বুকুত কঢ়িয়াব লাগে মৃত্যুৰ যন্ত্ৰণা
জীৱন অথবা মৃত্যু
সুখ অথবা দুখ
তাৰ মাজেৰে সপোনৰ আহ যাহ
কোনে জানে
শূন্য দেহত সময়ে কেতিয়া পিন্ধায়
শুকুলা ডাৱৰৰ মৌন পোছাক ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
আইৰ ঘৰলৈ
---------------------------
জুৰি ভট্টাচাৰ্য
আইৰ ঘৰলৈ কিমাননো বাট !
তামোলৰ পাগ সলাই
কেকুঁৰিটো নৌপাওতেই
শুনা যায় খুন্দনাৰ মাত ৷
আইতা আছে নে পিৰালিত!
ককাল পৰিলেও
আঙুলিৰ লেখত
লেখেনে দোমাহীৰ দিন !
বানে বুৰুৱা দিনত
পোনাটোক দিবলৈ
পিঠাগুৰি তুলিছ নে আখলৰ চাঙত !
তোৰ ঘৰলৈ কেনেকৈ যাওঁ
ইয়াতো নামিছে
আবতৰীয়া বান ৷
পানীগামোছাৰ গাঠি খুলি
পানীটোপা খাবলৈও নাই পানী ৷
মাথো বানপানী ।
চকুপানী পেলাবলৈ মাটি এচিকুট নাই ৷
ননদজনী হেৰাল ,
পানীত পৰিল নে তাই
পানীহৈ গ’ল --!!
তই কিজানি খবৰো পোৱা নাই ৷
এবাৰ যাম দে শুনিবলৈ আইতাৰ মাত ৷
বানে ধোৱা চোতালত বহি
খাম তৰাপাতত ভাত ৷
তোৰ ঘৰলৈ আই কিমাননো বাট !
পৃষ্ঠা ১০
খবৰ
---------------------------
সীমা গগৈ
ঢল পুৱাতেই কাউৰীজাকে ৰমলিয়াই
কাক বা জগায় ----
সিহঁতেও জানে হয়তো
আজিকালি কুকুৰাৰ ডাকত যে কোনো সাৰ নাপায় ----
সাতামপুৰুষীয়া আচাৰ অথবা পৰম্পৰাবোৰ
এতিয়া মাথোঁ সংগ্রহালয়ৰ সম্পদ !
আজি নাই ক'তো আত্মীয়তাৰ সুগন্ধ
বতাহেও কঢ়িয়াই ফুৰে উশাহ লব নোৱৰা দুৰ্গন্ধ
বৰযাত্রীক লংকাৰ সংবাদ বিচাৰিলে
কোনে দিব সঠিক উত্তৰ ?
গান্ধীৰ পুতলা এতিয়া সভ্যতাৰ শ্ৰেষ্ঠতম সাধু
ডাষ্টবিন খুঁচৰি ফুৰা কণমাণি হাতবোৰ দেখিলেও
নেদেখাৰ ভাৱত মত্ত সকলো
হয়তো এয়াও সাধু !
সমাপ্ত হৈও অসমাপ্ত হৈ ৰয় বহুতো কথা
জীৱনৰ কাঠগড়াত উলমি ৰয় কাহিনীৰ কথকতা
নেজাল তৰাবোৰে জানেনে বাৰু
নক্ষত্র হ'বলৈও যে সাধনা লাগে !
গছৰ ডাল পাততেই লিখা থাকে
শিপাৰ গূঢ়াৰ্থ
আৰু শিপাবোৰে সদায় মাটিকেই খামোচি ধৰে
কংক্রিত নহয়...!
এটি প্ৰেমৰ পদ্য -- কুঁৱলী
---------------------------
গায়ত্ৰী দেৱী বৰঠাকুৰ
(এক)
সেই তাহানিৰে পৰাই
দুখ এটাই অজগৰে কুটাদি কুটি
খাই থাকে
কুঁৱলীক
চাওঁ বুলিও চাব নোৱাৰে কুঁৱলীয়ে
শৰতৰ শ্ৰী মুখ
সন্মুখৰ ধূসৰ বাটে ঢাকি থয়
আহিনৰো লিহিৰি সুখ
কিয় বাৰু একেখন হয়
সেই তাহানিৰে পৰাই দুখ এটাই কুটি খায় কুঁৱলীক
(দুই)
শৰত জীয়াই থাকে
আদৰণিৰ বাটত দুচকু থৈ
বুকুত শেৱালিৰ দলিচা পাৰি
শৰতে কুঁৱলীক
পিন্ধাব খোজে হেঁপাহৰ জোৰোণ
শৰতৰ এই ব্যাকুলতা ভাল লাগে
কুঁৱলীৰো
কুঁৱলী নষ্ট চৰিত্ৰৰ নহয়
শৰতৰ সতে শেৱালি এই অনা-নিয়াই কুঁৱলীৰ
বুকুতো কাটিব খোজে
এটি অনামী সুখৰ মুদ্ৰা
(তিনি)
শৰতৰ হাতত হাত
চকুত চকু থৈ
পৰিকল্পনাৰ দুখোজৰ প্ৰস্তাৱনাতেই
আহিন ভেটি ধৰে কুঁৱলীক ধাননিৰ স'তে মুখ চুপতি মৰা আহিনে
কুঁৱলীক জোকাই
ৰং চাই
চল চাই আগবঢ়াই
সেউজীয়া ৰাতিৰ বুকুত একেলগে ওমলাৰ প্ৰস্তাৱ
(চাৰি)
কুঁৱলীয়ে বাৰে-বাৰে মানা কৰা স্বত্তেও
আঘোনে তামোল পানৰ টোপোলা দাৱনিৰ হাততে যাচে
আঘোনে যে কুঁৱলীৰ চোতালতে সাঁচিব খোজে
সাঁচিপতীয়া শইচ
(পাঁচ)
কুঁৱলী নষ্ট চৰিত্ৰৰ নহয়
কুঁৱলীৰ বুকুত পুৱতি মাঘেও বান্ধিব খোজে দোমাহীৰ মাঘ
তাত কুঁৱলীৰ দোষেই বা কি ?
( ছয়)
মাজে-মাজে
কুঁৱলীৰ নিজকে
কোনোবা মহাকাৱ্যৰ নায়িকা যেন লাগে
এপাহ ফুল
আৰু আলফুল কেইটা মান পৰিভ্ৰমী চৰাই
আৰু কালিদাসৰ সেই দীপশিখা কবিতা
"যাং যাং...."
(সাত)
এটি প্ৰেমৰ পদ্যৰ নাম কুঁৱলী
কুঁৱলীৰ বুকুত এটাই দুখ
চম্পাৱতী সুখৰ
বতা চৰাই উৰে হুৰ হুৰাই
সেই তাহানিৰে পৰাই
(আঠ)
এটি আধৰুৱা প্ৰেমৰ পদ্যৰ নাম কুঁৱলী
সেই তাহানিৰেই পৰাই...
পৃষ্ঠা ১১
কাব্য গুঞ্জন
---------------------------
নৱকান্ত বৰুৱা
(১৯২৬ চনৰ ২৯ ডিচেম্বৰ)ত জন্মগ্ৰহণ কৰা নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম । এখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। একালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল৷ তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে৷ নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন, তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান৷
তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল মনত পৰেনে অৰুন্ধুতি, ইয়াত নদী আছিল, পলস, ৰাৱন, মহাকাব্যৰ পাণ্ডুলিপি, ক্ৰমশঃ আদি। তেওঁৰ কবিতা প্ৰসঙ্গত মহেন্দ্ৰ বৰাই উল্লেখ কৰিছে, "এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য-পৰিক্ৰমাৰ কুমেৰু-সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা।"(অৱতৰণিকা, "নতুন কবিতা")
তেখেত একাধাৰে সাহিত্যিক, কবি,ঔপন্যাসিক।
তেখেতৰ উল্লেখনীয় কৰ্মৰাজীঃ
ককাদেউতাৰ হাড়,
উল্লেখযোগ্য বঁটাঃ
সাহিত্য অকাডেমি বঁটা (১৯৭৫)
অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩)
শিক্ষাঃ ডিব্ৰুগড়তেই নিজৰ শিক্ষা জীৱনৰ আৰম্ভনি ঘটোৱা নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৩ চনত নৱকান্ত বৰুৱাই উচ্চ শিক্ষাৰ বাবে কলকতাৰ শান্তিনিকেতনলৈ ঢাপলি মেলে। ১৯৪৭ চনত তেওঁ কলকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱনঃ উত্তৰ প্ৰদেশৰ শিকোহাবাদ অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই নিজৰ বৰ্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে । ১৯৫৪ চনত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহন কৰে। নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।
গ্ৰন্থৰাজীঃহে অৰণ্য হে মহানগৰ (১৯৫১)
যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০)
এটি দুটি এঘাৰটি তৰা (১৯৫৭)
ৰত্নাকৰ (১৯৮৬)
ৰাৱন(১৯৬৩)
সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০)
মোৰ আৰু পৃথিৱী (১৯৭৩)
এখন স্বচ্ছ মুখাৰে (১৯৬০)
দলঙত তামীঘৰা (১৯৯১)
সম্ৰাট (১৯৬২)
নিৰ্বাচিত কবিতা (ইংৰাজীত)
অনুবাদঃ এশ কবিতা
আহত মৰাল
নজৰুল ইছলামৰ কবিতা
মুক্তধাৰা
কবিৰাই কয়
উপন্যাসঃকপিলীপৰীয়া সাধু (১৯৫২)
ককাদেউতাৰ হাড় (১৯৭৩)
গড়মা কুৱঁৰী (১৯৮০)
মানুহ আটাইবোৰ দ্বীপ (১৯৮০)
পটাচাৰা
অপদাৰ্থ
অহিংসাৰ জুই(অসমাপ্ত)
অন্যান্য গ্ৰন্থঃ
অসমীয়া ছন্দশিল্পৰ ভুমিকা (১৯৬২)
শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৪)
আখৰৰ জখলা (১৯৫৬)
মনৰ খবৰ (১৯৬০)
ভত ঊকাৰে ভূ (১৯৬৮)
জনা নজনাৰ খেল (১৯৭০)
স্বীকৃতি আৰু সন্মানঃ
পদ্মভূষণ (১৯৭৬),
অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩),
সম্বলপুৰ বিশ্ববিদ্যালয়ৰৰ গংগাধৰ বঁটা,
সাহিত্য অকাডেমি বঁটা (১৯৭৫), ককাদেউতাৰ হাড় উপন্যাসৰ বাবে
মধ্যপ্ৰদেশৰ কবীৰ সন্মান (১৯৯০),
কমল কুমাৰী বঁটা (১৯৯৮),
অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি (১৯৯০),
অসম প্ৰকাশন পৰিষদ বঁটা (১৯৭৪) মোৰ আৰু পৃথিৱী কবিতা সংকলনৰ বাবে।
মৃত্যুঃ২০০২ চনৰ ১৪ জুলাই তাৰিখে মহান ব্যক্তিজনৰ মৃত্যু হয়।
তেখেতৰ সৃষ্টি সদায় লেখতলবলগীয়া।
……………………………………
বিঃদ্ৰঃ তথ্যখিনিৰ বাবে গুগুলৰ সহায় লোৱা হৈছে
✍️ যুগুতাইছে
সংগীতা বৰা
পৃষ্ঠা ১২
আমি জনা কথাবোৰৰ কথা
---------------------------
নৱকান্ত চাউদাং বৰুৱা
ভাবিয়েই আচৰিত লাগে। মৰিবলৈ এখোজ আগুৱাই আমি হাঁহো। কেক্ কাটো।
এইফালে দীঘল হোৱা মানে সিপাৰে চুটি হোৱা বুলি জানিও আমি মানিব নোখোজো
নিজেইহে নিজ বুলি জানিও বুকুত যুৰি লওঁ
অইন এখন বুকুৰ স্পন্দিত বনগীত
কিছু চকুপানীকেই উপহাৰ পাম বুলি জানিও
হাঁহিত সাবতি, কান্দোনত মুখ গুজিবলৈ
নিজাকৈ বিচাৰোঁ অইন এটা কলিজাৰ ধপধপনি
সঁচাকৈ আচৰিত।
অকলে আহি অকলে যোৱাৰ অমোঘ মন্ত্ৰটো জানিও জীৱনৰ লগত আমাৰ ইমান ধেমালি!
এখন শুকান ৰুটি
আৰু দুটোপাল চকুলো
---------------------------
অশোক ভৰালী
ৰুটিখনৰ প্ৰয়োজন আছে কুকুৰটোৰ
আৰু প্ৰয়োজন আছে মোৰ
অনাহাৰ মৃত্যু হ'ব পাৰে কুকুৰটোৰ
আৰু অনাহাৰত মৃত্যু হ'ব পাৰে মোৰ
পদপথৰ কাউৰীজনীয়ো ৰৈ আছে
পোকবেৰো কিলবিলাই ৰৈ আছে
ৰুটিখন গেলি যাওক বুলি
প্ৰয়োজন সিহঁতৰো আছে
ৰুটিখনে ভাগ্য নিৰুপন কৰিব পৰা হ'লে
সকলোকে ভগাই দিলেহেঁতেন
কাৰন ৰুটিখনে বুজি পায়
দুটোপাল চকুপানীয়ে তিয়াই ৰাখিব নোৱাৰে
সমস্ত ভোকৰ যন্ত্ৰণা
ভোকৰ দংশনত শূন্য হৈ যাব
বিবেকৰ সকলো অস্তিত্ব
ইয়াৰ পিছতো আমি আশাবাদী
জীয়াই থাকিম
এজনে আনজনৰ চকুলোত তিয়াই
ৰুটিখন কাঢ়ি লম
শ্ৰেষ্ঠতাৰ মাপ কাঠিত নিজকে জুখি চাম
কাৰ শক্তি বেছি
জীয়াই থকা জনক অভিশাপ দিব মৃতজনে
পৃথিৱীৰ সমস্ত দুখ আকাশ হৈ খহি পৰক
তাৰ পিছতো এটা সন্তুষ্টিৰ হাঁহি শ্ৰেষ্ঠতাৰ
দুটোপাল চকুপানীয়ে ৰুটিখন তিয়াই ৰাখিব নোৱাৰে
নোৱাৰে সমস্ত ভোকৰ যন্ত্ৰণাক ঢাকি ৰাখিব
শিৰোনামত ঈশ্বৰ
---------------------------
ৰশ্মিৰেখা ভূঞা
বুঢ়া বটজোপাৰ তলতেই শিলটো পৰি আছিল
ৰাতি ৰাতি গান গোৱা মানুহজনৰ
উজুটিৰ ৰঙাখিনি
নজনাকৈয়েই শিলটোৱে পাইছিল
মুখ বাগৰা সাধুটোৰ ভয়ত ঠেঙেৰে মাটি খান্দি
বিড়ালীটো ঘৰ ফুৰিবলৈ যায়
সৰাপাতৰ নিহালি লৈ
শীতত ঠেৰেঙা লগা মানুহৰ দৰেই শিলটো শুই থাকে
বিড়ালীয়ে খন্দা মাটিৰ উমত
পোন বাটেৰে যাব নোৱৰা ভৰিহালে
বটজোপাৰ এন্ধাৰতেই ৰাতিটো কাটে
ৰাতিটো হাতীটোৰ সমান হয়
মেটমৰা সপোনৰ মেটমৰা কাহিনী
কাহিনীৰ কাহিনী বিচাৰি
চকু মোহাৰিয়েই
ভৰিহালে সপোনটোক বিচাৰিলে
সৰাপাতৰ তলত মাটিৰে লেটি লৈ
তেতিয়া মহাদেৱ ঘোৰ নিদ্ৰাত৷
প্ৰেমৰ ফল্গুধাৰ
---------------------------
অৰ্চনা ঠাকুৰীয়া
উশাহবোৰে এতিয়া বাগৰ সলাইছে
মোৰ মন ময়ূৰে হেঁপাহৰ ৰহঘৰাত
সুৰৰ পানচৈত উঠি নতুনকৈ পেখম মেলিছে
আকৌ এবাৰ লগ পোৱাৰতো কথা নাছিল
লগ পালে তোমাক কি ক'ম
ভবাওতো নাছিলোঁ কোনোকালে
মই শব্দেৰে তোমাক চুমিছোঁ
হৃদয়েৰে জুমি চাইছোঁ
কিজানিবা দেখা পাওঁ
তোমাৰ কথাত কিম্বা দৃষ্টিত
হেৰাই যোৱা সুবিমল প্ৰেমৰ ফল্গুধাৰ...
উশাহবোৰে এতিয়া বাগৰ সলাইছে
অভিমানী পছোৱাই চঞ্চলা কৰিছে মনাকাশ
হেৰাই যোৱাৰ কথাওতো নাছিল ,
কোনো অচিনাকি সুৰৰ মিঠা ৰাগিনীত....
পাই হেৰুৱা অথবা হেৰুৱাই পোৱা
এয়াই যেন নিয়তি
ৰূপান্তৰৰে জীৱন জীয়াৰ হয়তোবা
এয়াই পৰিণতি...
পৃষ্ঠা ১৩
কেইটামান সুখৰ অনুভূতি
---------------------------
খূৰ্ছীদ আনছাৰী
১
বিষণ্ণতাৰ তপত চকুলো
মচি মচি
শূন্য হাতে ওলালোঁ
সুখ বিচাৰি...
২
দুখৰ টিকনিত ধৰি
সুখে মাতে ৰিঙিয়াই
ঐ বান্ধৈ
জানইতো তোৰ অবিহনে মই স্বাদ শূন্য ব্যঞ্জন
৩
সুখৰ অনুভূতি
পাহৰিব পৰা নাই !
সেইহে দুখৰ আঙুলি ধৰি
যাওঁ আগুৱাই
৪
কঁহুৱা কোমল হিয়াখনে বিচাৰে
দিঠকৰ বাকৰিত
লহপহকৈ বাঢ়ি উঠক
সঁচা সুখৰ সুন্দৰ অনুভূতি
সাপটগ্ৰামৰ অসুখ
---------------------------
প্ৰাগজ্যোতিষ শইকীয়া
তেজে তেজে ৰাতিপুৱা নামিলেও
সাপটগ্ৰামে নেহাঁহে
শেঁতা পৰা ওঁঠত বিৰিঙি নুঠে
ৰৌদ্ৰোজ্বল দুপৰীয়া কিম্বা
হেঙুলীয়া বেলিৰ সন্ধ্যা ৰাগিনীৰ অনাবিল সুখ
ব্যস্ত চহৰখন নিস্তেজ হৈ আহিছে ক্ৰমশ:
শিল সাৱটি মৰা সাপৰ দৰে পৰি ৰৈছে পথবোৰ
সৰু-বৰ ঘৰবোৰৰ পৰা এতিয়া ভাঁহি নাহে
জীৱন উদযাপনৰ খিলখিল হাঁহিৰ তৰংগ
বতাহত নেভাঁহে মলমলীয়া খাদ্যৰ লেলাৱতিছিগা গোন্ধ…
সেৱকৰ চাটৱালাজনৰ অসুখ
পিলিঙা ডেকাটিৰ ভয়
লক্ষীভাণ্ডাৰৰ ফুচকাৱালাজনো মুখত কাপোৰ মেৰিয়াই কপাল চপৰিয়াই বহিল
শুকান মুখ, উদং পকেট আৰু
খালী টেম্পুখন লৈ অন্তহীন অপেক্ষা চালকৰ
গধূলিৰ ভাত সাজ যোগাৰ কৰিব পাৰিলেও যথেষ্ট
কেতিয়াবা দহোটি টকা, কেতিয়াবা পকেট শুদা
ডেইলি বজাৰ, ৰাজধানীমূৰ নিস্তেজ-নিস্প্ৰাণ
তলমুৱা মানুহৰ হাতে হাতে জীউৰ টোপোলা
মুখাপিন্ধা মানুহৰ দুচকুত অহৰহ ওলমি ৰয়
অনাগত দিনৰ বীভৎস কেনভাঁচ…
মৃত্যু…
হৰি নামৰ অমিয়া ধ্বনিয়ে পুৱা-গধূলি মুখৰিত নকৰে এতিয়া সাপটগ্ৰামী প্ৰকৃতি
পৃথিৱীৰ অসুখে দহিছে সাপটগ্ৰামী হৃদয়
আশ্ৰমত হাউলি নপৰে সন্ধা-ললিতা-কান্তা
প্ৰতিমাৰ দুখ
উদং হৈ ৰ'ব পূজাৰ বেদী
শেৱালি পৰি ৰ'ব ধূলি সাৱটি
শৰতৰ সন্ধ্যাত আন্ধাৰৰ স'তে নোমলে জোনালী
উচ্ছিষ্ট খাদ্যৰে ভৰপুৰ ডাষ্টবিনবোৰো উদং
অঘৰী কুকুৰৰ কণ্ঠত জীৱনহীনতাৰ মালিতা
চহৰ এৰি আঁতৰি যায় পাটীকাউৰীৰ জাক…
পৃথিৱীৰ অসুখে দহিছে
সেয়ে ধীৰে ধীৰে লেৰেলি আহিছে
সাপটগ্ৰামী চলমান গতি
কৰুণ আৰু বেদনাদায়ক…
পৃষ্ঠা ১৪
নৈ-সংগ
---------------------------
দেৱপল্লৱ বৰা
সোঁতত টুলুঙা নাওখন
মই নাৱৰীয়া
চোঁ মাৰি এজাক পছোৱাৰ অগা-দেৱা
বেলিৰ সʼতে নৈৰ পুৰাতন সম্পৰ্ক
ৰ'দৰ আলিংগণত নৈয়ে হাঁহে, খেলে, কথা পাতে
নৈশব্দ্য এটা ঠোঁটীয়াই সৰালিজাক আত্মমগন
এজাক পানী কাউৰী, সিহঁতৰ ওমলা বয়স
নৈৰ সʼতে খেলে লুকা-ভাকু খেল
মাছৰ সৈতে থাকে মাছুৱৈৰ গোপন মিত্ৰতা
নৈৰ শেতেলিত মাছবোৰ ধান হয়
মাছমৰীয়াৰ ভোকৰ ভাত
সিপাৰৰ সুঁতি এটাক বুকুত গুজি
মেলি দিলোঁ আশাৰ পানচৈ
নৈখন এতিয়া ভৰ যৌৱনা
নৈখন এতিয়া লাজকুৰীয়া।
কাকিনি তামোলৰ চিৰি বগাই
---------------------------
পবিত্ৰ কুমাৰ নাথ
কাকিনি তামোলৰ চিৰি বগাই
নামি আহে আকাশৰ জোনটো
মোৰ বুকুৰ মাজত
তোমাৰ হালধীয়া মনটো
প্ৰেমৰ পানচৈত উঠি
তোমাৰ দুচকুৰ নীলাখিনিত
বিচাৰি যাওঁ
কাঙ্খিত জীৱনৰ মধুৰ ছন্দ
ৰাতি নে দিন
নে ৰাতি
মোৰ কম্পিত হৃদয়ত
তোমাৰ স্তিমিত নিষ্প্ৰভ স্ফুৰণ !
হ'ব নিশ্চয় আমাৰেই জয়
---------------------------
ড° ৰমেশ কুমাৰ কাকতি
হে প্ৰিয়জন
সঁচাই তিতিলোঁ-বুৰিলোঁ
তোমাৰ শব্দৰ বৰষুণত
বন্ধুত্বৰ দৃঢ় চেনেহত
হিয়াৰ আকলুৱা মৰমত
পুনৰ এজাক
শব্দৰ বৰষুণ বিচাৰি
জানানে প্ৰিয়জন.....
হেঁপাহৰ ৰূপালী সূতাত
নলগাই আউল
বান্ধখাই আছো অতদিন
সেয়ে চাগৈ চিপচিপীয়া পানীতে
ডৰিকণাই কৰেহি অভিমান
আন্তৰিকতাবোৰ আজুৰি আজুৰি ৷
থাকিব দিয়া তেনেকৈয়ে...
থাকিব বগোৱা বাই
অন্তহীন শব্দৰমালা
সুগন্ধিত আমোলমোল হৈ
শব্দৰে সন্মোহিত ফুলনিত
নানাৰঙী ফুলেৰে জুৰাব নয়ন
নাই তাত অকনো সংশয় ৷
মানুহৰ মাজতে থাকি....
মানৱতাৰ গুণ-গান গাই
লৈ সকলোকে আদৰি সাদৰি
গঢ়িবলৈ এখনি সুস্থ সমাজ
তাৰেই আশাৰে আছোঁ বাটচাই
হ'ব নিশ্চয় আমাৰেই জয়।
পৃষ্ঠা ১৫
শিশু-কবিতা
অ-ফলাৰ আকাৰ-প্ৰকাৰ
---------------------------
চন্দন ভাগৱতী
'অ' থাকে অকলে অকলে
আমন-জিমনকৈ,
বয়স বাঢ়ি নিশকতীয়া হ’ল
যেন হাউলি পৰিবগৈ ৷
লাখুটি এডাল হাতত লৈহে
নপৰাকৈ থাকিল ৰৈ,
লাখুটিডালকে ঢোকা হিচাপে লৈ
'আ' নাম পালেগৈ ৷
'ই' আকৌ খঙতেই থাকে
টিকনি থাকে উৰি
তাকে দেখি নেজ কোঁচাই বহিল
'ঈ'-য়ে কুঁচি-মুচি ৷
'উ'-ৱে থাকে উকি বজাই
ওপৰেদি উৰি যায় ধোঁৱা,
'ঊ'-ৱে উধাতু খাই লৰ মাৰিলে
নেজডাল দুফাল হ’ল চোৱাঁ ৷
'ঋ'-য়ে থাকে গহীনাই বহি
যেন অষ্টবক্ৰ মুনি,
মূৰত জঁটা, হাতত যোগদণ্ড
যেন আছে ঋক জপ কৰি ৷
'এ' বহিছে যোগাসনত
কেনিও কালৈকো নাচায়,
তাকে দেখি হাত দাঙি পলায়
'ঐ' বপুৰাই ৷
'ও' বহি থাকে অকলশৰে
তিনিমূৰীয়াজনৰ দৰে,
'ঔ'-ৱে ভাবে এঙামুৰি কাঢ়ি
সময় ৰৈ নাথাকে কাৰো বাবে ৷
পৃষ্ঠা ১৬
দুপতীয়া
---------------------------
প্ৰদীপ চন্দ্ৰ শৰ্মা
(১)
দুপতীয়াৰ আশাতে থাকে
সৰগীয় বতৰা
আদৰি লোৱাতে থাকে
মন স্নেহাতুৰা ।
(২)
দুপতীয়াতে নিহিত থাকে
জীৱনৰ স্বপ্নময় আশা
শিকিব খোজে
জীৱন জিনাৰ গান
প্ৰাণত সাঁচি ৰাখি
উজলাবলৈ আইৰ স্বাভিমান ।
প্ৰবীন
---------------------------
অলকা মহন্ত বৰুৱা
হাতখন থাপ মাৰি ক'লে
জাৱৰবোৰ পুৰি পেলা
আন্ধাৰত হামকুৰি খাই কবিতাই হাকুতিয়াই কুন্দ্ৰাক্ষ
জোন নে বেলি
বেলিবোৰ উজ্জ্বল
অপটু হাতবোৰত ক'লাখাৰ দি কয়
হাতো নেমেলিবি কবিতা নিলিখিবি
নপতা ফুকনহে মই
বেলিৰ চাটমৰা পোহৰ
গা পুৰা তাপ
প্ৰিজমীয় তাপেৰেই পুৰে
নকবিৰ হাত
প্ৰবীনৰ কপালত আকাশৰ নভোনীল
বহে কবিতাৰ ৰেশমী গাদীত
বুকুত ভৰ খায় পুৱাৰ সূৰুয
আৰু কি লাগে
সৰাপাতৰ অপটু হাত
মাটিত মিলি যোৱা
ভাপ হৈ বতাহত মিলি যোৱা
নাগাবা তেজীমলা গান
নুটুৱাবা কাগজৰ নাও
ৰথত উঠি বাজলৈ ওলোৱা আমি উলংগ কবিৰ দল
ময়েই কবি ময়েই প্ৰবীন
আউল
---------------------------
অংকুৰিতা ফুকন
প্ৰথম দৰ্শন…
এটি নাৰীমূৰ্তি দৰ্শনত
অভ্যাগতৰ আশ্চৰ্য্যান্বিত হৰ্ষধ্বনি
সৌভাগ্যৱান বৰ !
নৱবধু অতিশয় সুন্দৰী !
অনুকম্পা…
তামীঘৰাৰ তলত
কিঞ্চিৎ অনুকম্পাৰো চাৱনি
সোণৰ দৰ আকাশচুম্বী
সেয়ে হয়তো কথঞ্চিৎ বৰঙনি
প্ৰৱেশ…
লোণ মিশ্ৰিত চকুত অনিৰাপত্তাৰ শংকা
বাধ্য হাঁহিৰ অন্তৰালত
এটি ভীতিগ্ৰস্থ সত্তা
লোকাচাৰ…
মুখাৰ আঁৰৰ মুখা
জাউৰিয়ে জাউৰিয়ে হাঁহি
অপৰিজ্ঞাত পৰিবেশৰ এখন বিস্ময়কৰ প্ৰদৰ্শনী…
পৃষ্ঠা ১৭
শূন্য
---------------------------
গাৰ্গী ভূঞা
এদিন আবেলি যেতিয়া আকাশ খুচৰিছিলোঁ
চকুত ধৰা দিছিল শূন্য
শূন্য কি?
সৃষ্টিৰ সূৰ্য
সৃজনৰ অন্ত
নে আৰ্যভট্টৰ ঔৰস পুত্ৰ
শুনিছিলোঁ ক্ষিৰোদ সাগৰৰপৰা আৱিৰ্ভাৱ শূন্যৰ
শূন্যই জানে উৎপত্তিৰ উপলক্ষ্য
আমি জানিও নাজানো
এডাল জেব্ৰা ক্ৰছিং
আৰু ক্ষিতিৰ পৰা ব্যোমলৈ শূন্যৰ গতি
মাতৃৰ গৰ্ভৰ শূন্যত এটি বীজৰ অংকুৰণ ঘটে
শেষত বিষ্ণুৰ সুদৰ্শণত ওলমি ৰয় শূন্য...
মৃত্যু
---------------------------
ৰুবুল দাস
কাৰ বুকুত কোনে লিখে
ৰঙা ইতিহাস
উকা কৰি দাংকোলাৰ
সেন্দুৰিয়া সাপোন
কেঁচা তেজৰ চেকুৰত
সিংহ - শিয়ালে চেলেকিলে
জাকে জাকে বগা ভকতে উৰুলি দিয়ে
জাউৰি জাউৰি
নেপথ্যৰ ঘাতক হাতোৰা
জিলিকি ৰয় জনসভাত
মৃত্যু আচলতে
পোহৰলৈ আৰু এটা বাট ।
পৃষ্ঠা ১৮
ছাঁটো জিলিকে গা
---------------------------
কৃষ্টিঞ্জয় বৰা
(১)
টোণৰ অস্ত্ৰবোৰো ভোটা হৈ আহিছে
এৰি দিয়া শৰে মোকেই খেদি ফুৰিছে
দিঠকে সপোনে
পৰাজয় নামে এই বাটেৰে
আৰুনো আখৰা কেইলৈ লাগে।
(২)
চকুযুৰি মোৰ
দৃষ্টিও মোৰ
যিমান চাব খোজো
সিমান ক্ষুদ্ৰ হৈ আহো
নিজকে চায় সন্তুষ্ট হোৱাৰ
কিমান কৰুণ পৰিহাস
মেলিলেই পায় ইতিহাস।
(৩)
নিবিড় হ'ব পৰাকৈ
শুচি হ'বা যিদিনা
পাৰিজাত আনি দিমেই গুজি
ভয় মাথোন এটাই
কাঢ়ি আজুৰি চিঙা যদি পাহি।
তৰ্কৰ ঈশ্বৰ
---------------------------
জ্যোতিৰ্ময় শৰ্মা
বহুদিনৰ অনাবৃষ্টি ৰুধিবলৈ ভেকুলীৰ বিয়া পাতিছোঁ৷
মোৰ আঘাতবোৰৰ মূল্য নিৰূপণত ভীষ্মৰ শৰবিদ্ধ যন্ত্ৰণা মনত পৰিছে৷
কেইটামান বিবেক মোৰ স'তে বহে
মনটো মোৰ কৰ্তব্য আৰু আকাংক্ষাত খুঁটে ৷
ক্ৰমবিকাশত নিষ্ঠাবান আৰু বিশ্বাসভংগৰ সন্ধিক্ষণত ৰূপিত ধাৰণা এটাৰে মই ইফাল-সিফাল কৰি আছো৷
পৃষ্ঠা ১৯
এটা ইলিজী লিখাৰ সময় হ'ল
---------------------------
ববী দত্ত
শংকিত আৰু ভীতি বিহ্বল হৈ সাতামপুৰুষীয়া
পেটটো মচি দিয়া হ'ল
অসচেতন খোজ বোৰত একোটা অস্পষ্ট কেঁকনি ভাঁহি আহিল
মন্ময়ধৰ্মী আবেগ অনুভূতিৰ অত্যাচাৰৰ চকুবোৰত
বৰষুণ নামিল
ক'ৰ এজাক জয়াল বৰষুণ ?
বিয়োগ ব্যথাৰ থেও ধৰি অহা মনটোক
যুদ্ধৰ প্ৰশস্তি গীতলৈ ৰূপান্তৰিত কৰাৰ অহৰহ প্রচেষ্টাত নিমজ্জিত হ'ল ফোঁপোলা সময়
ধূসৰিত সময়
অনিমন্ত্রিত এজাক কজলা দুখ
এটা ইলিজী লিখাৰ সময় হ'ল
শোকসূচক বিষয়বোৰে জীৱনৰ ছন্দত সতকাই
শিলৰ ৰেখা আঁকি অভিজ্ঞ হৈ পৰিল ।
সঁচা কথা !
অৱৰ্তমানত থিয়ক্ৰিটাছ বা ভাৰ্জিল কোনোৱেই নাই
তথাপি জীৱন খোজৰ স্পন্দিত ছন্দত
হতাশাৰ বেলকনিত
এটা পেষ্টৰেল ইলিজী লিখাৰ সময় হ'ল।
গানবোৰ ধোঁৱা হোৱাৰ দৰে
মনবোৰ পানী
কথাবোৰ আঙঠা
সুখবোৰ তাপলিমৰা বেণ্ডেজ
আৰু প্ৰেমবোৰ ?
এটা ভেড়া ৰখীয়াৰ মৃত্যুত বাজি উঠা এটা কৰুণ গীত !!!
পৃষ্ঠা ২০
শিশু-সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক যুগললোচন দাসৰ সৈতে ◆কথোপকথন
সাক্ষাৎকাৰ গ্ৰহণ-অৰ্চনা ঠাকুৰীয়া
যুগললোচন দাস-অসমীয়া সাহিত্য জগতৰ এটি সুপৰিচিত নাম । ১৯৮৫ চনৰ পৰাই তেখেতে সাহিত্যৰ ক্ষেত্ৰখনলৈ অৰিহণা
আগবঢ়াই আহিছে। ২০১৮চনৰ সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা প্ৰাপক জনপ্ৰিয় লেখকগৰাকী একেধাৰে শিশু সাহিত্যিক,সাংবাদিক,গল্পকাৰ,প্ৰবন্ধকাৰ, কবি আৰু গীতিকাৰ।অসমৰ ক্ৰীড়া সাহিত্যক বৰ্তমান জনপ্ৰিয় কৰি তোলাৰ মূলতেই হ'ল যুগললোচন দাস।এইপৰ্যন্ত তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৫০খনৰো অধিক।শিশুগ্ৰন্থ ৩৫ আৰু অন্য ১৫খনতকৈও বেছি হ'ব। শিশুৰ পৰা বৃদ্ধলৈকে তেখেতৰ সাহিত্যই এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে। তেওঁ এগৰাকী নিৰহংকাৰী মনৰ ব্যক্তি তথা নৱ প্ৰজন্মৰ আদৰ্শ স্বৰূপ।"আমাৰ অসম" কাকতৰ জ্যেষ্ঠ সহ -সম্পাদকৰ পদত কাৰ্য নিৰ্বাহ কৰি অহা এইগৰাকী সাহিত্যিকৰ জীৱনত সাহিত্য সাধনা আৰু সাফল্যৰ প্ৰেৰণাদায়ী কথাবোৰ পঢ়ুৱৈক জনোৱাৰ আগ্ৰহেৰে আমি তেখেতৰ সৈতে হোৱা এটা সুদীৰ্ঘ কথোপকথন পঢ়ুৱৈ সমাজলৈ আগবঢ়ালোঁ–
■ অ: কা: কা: - আপোনাৰ ব্যক্তিগত পৰিচয়টো অনুগ্ৰহ কৰি জনাবনে?
●যুগললোচন দাস: 'অসম কাব্য কানন'ক প্ৰথমে মোৰ আন্তৰিক শুভকামনা জনাইছোঁ। মোৰ পৰিচয় আৰু সাহিত্যকৰ্মৰ বিষয়ে ৰাইজক জনাবলৈ ইচ্ছা কৰাৰ বাবে উৎসাহিত হৈছোঁ। মই এতিয়া গুৱাহাটীৰ উজানবজাৰ নিবাসী যদিও আমাৰ আচল ঘৰ আছিল নগাঁৱৰ ৰহাত। কিন্তু জন্ম মেঘালয়ৰ জোৱাই চহৰত। দেউতা স্বৰ্গীয় শিশু ৰাম দাস তেতিয়াৰ অসম চৰকাৰৰ বয়ন বিভাগৰ পৰিদৰ্শকৰ চাকৰি কৰিছিল। চাকৰি সূত্ৰে পৰিয়াললৈ বদলি হৈ ঘূৰি ফুৰিছিল অসমৰ দিহিঙে- দিপাঙে। সাতগৰাকী ভাই- ভনী আমাৰ। মই কণিষ্ঠ। ১৯৬৯চনৰ ১জানুৱাৰীত জোৱাইৰ মিছন হাস্পতালত মোৰ জন্ম। আমাৰ মাৰ নাম স্বৰ্গীয় শশীপ্ৰভা দাস। মোৰ জন্মৰ কিছুদিনৰ পিছতে দেউতা মঙলদৈলৈ বদলি হৈছিল। তাতেই মোৰ সোণালী শৈশৱৰ আৰম্ভনি। মঙলদৈ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ মোৰ শৈক্ষিক জীৱন।তাত চতুৰ্থ শ্ৰেণী পাওঁতেই দেউতা আকৌ বদলি হ'ল গৃহজিলা নগাঁৱলৈ। মই নাম লগালোঁ পানী গাঁৱৰ শিৱস্থান প্ৰাইমেৰী স্কুলত। পঞ্চম শ্ৰেণী পাওঁতেই দেউতা চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰপিছত একেবাৰে নগাঁৱৰ ৰহাৰ হাৰিয়ামুখৰ নিজা ঘৰলৈ আহোঁ। চহৰ এৰি গাঁৱৰ পৰিৱেশত সোমাই পৰিলোঁ। পঞ্চম শ্ৰেণীৰ অৱশিষ্ট সময়খিনিত পঢ়িলোঁ হাৰিয়ামুখ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত। চহৰত ডেস্ক- বেঞ্চৰ পিছত গাঁৱৰ স্কুলত মাটিত কঠ পাৰি বহি শিক্ষা গ্ৰহণৰ এক বিচিত্ৰ অভিজ্ঞতা লাভ কৰিলোঁ। হাইস্কুল পঢ়িবলৈ গাঁৱৰ পৰা চাৰি কিলোমিটাৰ খোজ কাঢ়ি অহা- যোৱা কৰিছিলোঁ। পঢ়িছিলোঁ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। অষ্টম শ্ৰেণীতহে পাইছিলোঁ চাইকেল এখন। দশম শ্ৰেণীত পঢ়া সময় আছিল অসম আন্দোলনৰ ভৰপক সময়। জঁপিয়াই পৰিছিলোঁ আন্দোলনত। তাৰ মাজতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক (বিজ্ঞান) পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী পাইছিলোঁ। বি বৰুৱা মহাবিদ্যালয়ত স্নাতক প্ৰথম বৰ্ষত পঢ়াৰ সময়তেই দেউতা ঢুকাল। ঘৰত মা অকলশৰীয়া হোৱাত আকৌ ঘৰ পালোহি। ইতিমধ্যে মই মোৰ সাহিত্য জীৱনৰো পাতনি মেলিছিলোঁ। বিজ্ঞানতকৈ সাহিত্যৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰাত ৰহা মহাবিদ্যালয়ত কলা বিভাগত পিছৰ বছৰত নাম ভৰ্তি কৰিছিলোঁ। স্নাতক ডিগ্ৰীৰ শিক্ষা সম্পূৰ্ণ কৰি মই পুনৰ গুৱাহাটীলৈ আহি সাংবাদিক জীৱন আৰম্ভ কৰিলোঁ। স্বৰ্গীয় ৰাধিকামোহন ভাগৱতী ছাৰৰ সম্পাদনাত চলি থকা ' আজিৰঅসম' কাকতত সহ: সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিলোঁ। সাংবাদিক জীৱনৰ ব্যস্ততাৰ মাজতে মোৰ মৌলিক চিন্তাৰ লেখা-মেলাবোৰো চলাই লৈ গ'লো।
■অ: কা: কা:- সাহিত্যৰ প্ৰতি আপুনি কেতিয়াৰ পৰা আৰু কেনেকৈ আকৰ্ষিত হৈছিল?
●যুগললোচন দাস: ঘৰখনতেই আছিল সাহিত্য চৰ্চাৰ এটি সুপৰিৱেশ। দেউতা- মায়ে কাকত- আলোচনী পঢ়ি ভাল পাইছিল। সেইদৰে মোৰ দুই জ্যেষ্ঠ দাদা কমললোচন দাস আৰু অৰুণলোচন দাস সৰুৰে পৰাই লেখা- মেলাৰ লগত জড়িত হৈ পৰিছিল। প্ৰচুৰ কিতাপ আৰু আলোচনী কৰিছিল অধ্যয়ন। কিতাপ- আলোচনীৰে ভৰি পৰা আলমিৰা আৰু টেবুলখন দেখি বৰ ভাল লাগিছিল। পঢ়িব পৰা হোৱাৰ পৰাই আৰম্ভ কৰি দিছিলোঁ অধ্যয়ন। মোৰ আগ্ৰহ দেখি দাদাহঁতে আনি দিছিল বিভিন্ন সাধু কথা, শিশু-সাহিত্য আৰু শিশু আলোচনী। নিচা লাগিল গৈছিল। নিজৰ স্কুলৰ কিতাপ পঢ়াৰ পিছত সেইবোৰ এফালৰ পৰা পঢ়ি এখন কল্পজগতলৈ গুচি গৈছিলোঁ।সাৰ পাইছিল মোৰ সৃষ্টিশীল মনটো। সেইসময়ত দুয়োজন দাদা কাকত আলোচনীত লিখক হিচাপে প্ৰতিষ্ঠিত হৈছিল। ডাঙৰ দাদা হোমেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশিত সাপ্তাহিক নীলাচলৰ সহ: সম্পাদক হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ চৰকাৰী চাকৰি কৰি ভাৰত চৰকাৰৰ পৰ্য্যটন বিভাগৰ সঞ্চালক হৈ বাহিৰলৈ যাবলগীয়া হ'ল। অৰুণদা অসমৰ এজন চিত্ৰ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। অৱকাশ, কদম্বৰী, চিত্ৰ সংবাদৰ আছিল সম্পাদক। দাদাহঁতৰ বাবেই মই সৰুতেই সান্নিধ্য লাভ কৰিছিলো ড° মহেশ্বৰ নেওগ, অতুল বৰুৱা, ভূপেন হাজৰিকা, নিৰোদ চৌধুৰী, যোগেশ দাস, চন্দ্ৰ প্ৰসাদ শইকীয়া, নিৰ্মল প্ৰভা বৰদলৈ,ভৃগুমোহন গোস্বামী, নৱকান্ত বৰুৱা, লক্ষ্মীনন্দন বৰা, গগন চন্দ্ৰ অধিকাৰীৰ মহান ব্যক্তিসকলৰ। তেওঁলোকৰ আশীৰ্বাদ লাভ কৰি ষষ্ঠ শ্ৰেণীতে কলম তুলি লৈছিলোঁ। মোৰ প্ৰথমটো লিখা প্ৰকাশ পাইছিল 'অসম বাণী' ৰ মইনা চ'ৰাত। প্ৰকাশ পোৱা পদ্যটোৰ নাম আছিল ' মোমাইৰ তামোল-পাণ'। তদুপৰি ৰহাৰ কলংপৰীয়া গাওঁ বোৰৰ যুবকসকলে জন্ম দিয়া কলংপৰীয়া সাহিত্য চ'ৰাত মোক কণিষ্ঠ সদস্য কৰাৰ ফলত কবিতা লিখিবলৈ প্ৰেৰণা পাইছিলোঁ। আচলতে কবিতা লিখিয়েই মোৰ সাহিত্য জীৱন আৰম্ভ কৰিছিলোঁ।
■ অ: কা :কা :- সংবাদিকতাক বৃত্তি হিচাপে কিয় নিৰ্বাচন কৰিলে আৰু বৰ্তমান সময়ত এই পবিত্ৰ বৃত্তিটোৰ কোনটো দিশে আপোনাক সামান্য হলেও ব্যথিত কৰে ?
●যুগললোচন দাস: মোৰ দুয়োজন জ্যেষ্ঠ দাদা যিহেতু সাংবাদিক স্বাভাৱিকতে ঘৰখনত সাংবাদিকতাৰ ভাল চিন্তা -চৰ্চাৰ পৰিবেশ পাইছিলোঁ।জ্যেষ্ঠ দাদা কমললোচন আছিল সেইসময়ত হোমেন বৰগোহাঁইৰ সম্পাদনাত প্ৰকাশিত সাপ্তাহিক কাকত "নীলাচল"ৰ সহযোগী সম্পাদক।
তদুপৰি, ডঃ ভূপেন হাজৰিকা সম্পাদিত "আমাৰ প্ৰতিনিধি",পবিত্ৰ কুমাৰ ডেকা সম্পাদিত আলোচনী "ৰূপকাৰ"ৰ লগতে শশী ফুকন সম্পাদিত "বিস্ময়"ৰ সৈতেও জড়িত আছিল। পিছলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এজন বিষয়া ৰূপে দাদাই কাম কৰাত ৰেডিওৰ লগতো জড়িত হৈ পৰে। দাদাৰ পদাংক অনুকৰণ কৰি মাজুদাদা অৰুণলোচনেও সাংবাদিকতাৰ জগতত আত্মনিয়োগ কৰে। চিত্ৰ সাংবাদিক হিচাপে খুব কম সময়ৰ ভিতৰতে প্ৰতিষ্ঠা লাভ কৰি নতুন দৈনিক, আজিৰ বাতৰি,ৰংপুৰ,চিত্ৰ সংবাদ আদি কাকতত সাংবাদিক হিচাপে সেৱা আগবঢ়ায়। নিজে সম্পাদনা কৰিছিল দুখনকৈ সাংস্কৃতিক আলোচনী "কাদম্বৰী" আৰু "অৱকাশ"। তদুপৰি ৰূপকাৰ,বিস্ময়, ৰংঘৰ,অসমবাণী,দৈনিক অসম , দৈনিক জনমভূমি, অগ্ৰদূত আদি কাকতবোৰৰো নিয়মীয়া সাংস্কৃতিক স্তম্ভ লেখক। এনেদৰে ঘৰত বাতৰিকাকত, আলোচনী আৰু দাদাহঁতৰ সংবাদসেৱা দেখিয়েই ময়ো সাংবাদিক আৰু লেখক হোৱাৰ সপোন দেখো।পিছত ৰহাৰ প্ৰখ্যাত সাংবাদিক প্ৰয়াত অজিত হাজৰিকাৰ সংস্পৰ্শলৈ আহিও মই যথেষ্ট কথা আয়ত্ত কৰি সংবাদ মাধ্যমলৈ আকৰ্ষিত হৈ পৰোঁ। ৰহাৰ বিভিন্ন বা -বাতৰিৰ লগতে মোৰ নিজৰ গল্প ,কবিতা, প্ৰবন্ধ কাকত আলোচনীত প্ৰকাশ হোৱাৰ লগে লগে সংবাদ জগতত সক্ৰিয়ভাৱে জড়িত হৈ পৰিলোঁ। ১৯৯৪ চনত ৰাধিকামোহন ভাগৱতীৰ সম্পাদনাত প্ৰকাশিত "আজিৰ অসম" কাকতত মই সহ- সম্পাদক হিচাপে যোগ দি মোৰ সাংবাদিক হোৱাৰ লক্ষ্য আৰু সপোন পূৰ্ণ কৰাৰ সুযোগ পালোঁ। "আজিৰ অসম" আৰু "আমাৰ অসম" দুয়োখন কাকতত প্ৰায় ছাব্বিশটা বছৰ সাংবাদিকতাৰ কাম কৰি যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰোঁ। এইখিনি সময়ত অসমৰ সংবাদ মাধ্যমলৈ প্ৰভূত পৰিৱৰ্তন আহে। ইলেক্ট্ৰনিক মিডিয়াৰ বিভিন্ন বাতৰি চেনেলবোৰ আহিল। ই আমাৰ বাবে ইতিবাচক কথা।কিন্ত কিছুমান কথাই কেতিয়াবা ব্যথিত নকৰা নহয়। একাংশই কিছুমান অপ্ৰয়োজনীয় নেতিবাচক বাতৰিত বেছি গুৰুত্ব দিয়া হ'ল আৰু খবৰবোৰ অতিৰঞ্জিত কৰা হ'ল। সময়ত হৈ থকা বহুতো ভাল খবৰো গুৰুত্ব নোপোৱাও পৰিলক্ষিত হৈছে। ৰাজনীতি বা কোনো ৰাজনৈতিক নেতাৰ প্ৰভাৱো পৰাত কিছুমান বাতৰিৰ নিৰপেক্ষতা নাথাকে।আচলতে, সংবাদ মাধ্যমৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হ'ল সত্যনিষ্ঠ,শুদ্ধ আৰু নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰা। অৱশ্যে এতিয়া "টি .আৰ .পি" শব্দটো অহাত ইলেক্ট্ৰনিক মাধ্যমত কিছুমান খবৰ বা ব্যক্তিয়ে অধিক গুৰুত্ব পোৱাটোৱেই নিয়ম হৈ গৈছে।
■অ: কা: কা: - আপুনি এজন ক্ৰীড়াভিত্তিক গল্পকাৰ তথা ঔপন্যাসিকো।খেলৰ প্ৰতি কেনেদৰে আকৰ্ষিত হৈছিল ?
●যুগললোচন দাস: সৰুৰে পৰাই ভাল পাইছিলোঁ খেল -ধেমালি। ফুটবল,ক্ৰিকেট,বেডমিণ্টন আদি খেলিছিলোঁ স্কুলীয়া দিনত। কিন্তু খেলবোৰ চাই বেছি ভালপাওঁ।বাতৰি কাকত ,আলোচনীৰ খেলৰ খবৰ -প্ৰবন্ধবোৰ মনোযোগেৰে পঢ়িছিলোঁ।বিস্ময়ত প্ৰকাশিত খেলৰ আকৰ্ষণীয় লেখাবোৰ পঢ়ি পিছত নিজেও খেলক লৈ কিবা এটা লিখাৰ চিন্তা কৰোঁ।বাংলা ভাষাৰ আলোচনীবোৰৰ লেখাবোৰে মোক বৰ আকৰ্ষণ কৰিছিল। তেওঁলোকৰ লিখনশৈলীয়ে মোৰ ভিতৰত লুকাই থকা খেলপ্ৰেমী মনটোক জাগ্ৰত কৰিছিল।তেওঁলোকৰ দুই এটা লেখা অসমীয়ালৈ অনুবাদ কৰি কাকত- আলোচনীত প্ৰকাশ কৰি পাঠকৰ পৰা পোৱা সঁহাৰিয়ে মোক যথেষ্ট উৎসাহিত কৰিলে।মই নিজা ধৰণেৰে চর্চা কৰি ক্ৰীড়াক সাহিত্যৰ ৰূপ দিবলৈ প্ৰয়াস কৰোঁ। ইতিমধ্যে সৰুৰে পৰা ৰেডিঅ'ত শুনা বৰদলৈ ট্ৰফী, স্বাধীনতা দিৱস কাপ ফুটবলৰ ধাৰা বিৱৰণী, ক্ৰিকেটৰ বিৱৰণী তথা টেলিভিশ্যনত খেলৰ পোন- পটীয়া সম্প্ৰচাৰ চাই মোৰ ক্ৰীড়া ভিত্তিক লেখাবোৰ ৰচনা কৰা সহায়ক হৈ উঠিল।১৯৯৮ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা ক্ৰিকেট শৃংখলাত শচীন টেণ্ডুলকাৰ আৰু শ্বেন ৱাৰ্নৰ বেট-বলৰ আকৰ্ষণীয় যুঁজক লৈ "আজিৰ অসমত" ধাৰাবাহিকভাৱে লিখিছিলোঁ ক্ৰীড়াভিত্তিক উপন্যাস "অগ্নিযুদ্ধ"। পিছলৈ শিশু- শশী প্ৰকাশনে গ্ৰন্থ আকাৰে প্ৰকাশ কৰা "অগ্নিযুদ্ধ"ই পাঠকৰ বিপুল সঁহাৰি পোৱাত মই এখনৰ পিছত এখনকৈ ক্ৰীড়াভিত্তিক উপন্যাস আৰু গল্প লিখি গ'লো। বিস্ময়,ৰহস্য ,মায়াৰ লগতে অসমৰ প্ৰায়বোৰ কাকত আলোচনীৰ নিয়মীয়া ক্ৰীড়া সাহিত্যৰ লেখক হৈ পৰিলোঁ।এই পৰ্যন্ত পোন্ধৰখনতকৈও অধিক ক্ৰীড়াভিত্তিক সাহিত্যৰ গ্ৰন্থ প্ৰকাশ হৈছে।খেলুৱৈৰ জীৱনীমূলক কেইবাখনো গ্ৰন্থও লিখিছোঁ নৱ প্ৰজন্মৰ বাবে।
■অ: কা: কা:- সাহিত্যৰ কোনটো উপাদানে আপোনাক বেছিকৈ আকৰ্ষিত কৰে আৰু কিয়?
●যুগললোচন দাস: সকলো সাহিত্যই মই ভালপাওঁ। গল্প,উপন্যাস,প্ৰৱন্ধ সকলো সাহিত্যৰেই আছে সুকীয়া ৰস। কোনে কেনেকৈ ৰসস্বাদন কৰিব পাৰে সেয়া নিজৰ কথা।মই আটাইবোৰতে লাভ কৰোঁ ভিন্ন মাদকতা আৰু ৰস।ভগৱানৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদত মই সকলোধৰণৰ সাহিত্যত হাত দিছোঁ। শিশু সাহিত্য,ক্ৰীড়া সাহিত্য , গল্প, উপন্যাস,কাব্য- পদ্য, প্ৰবন্ধ সকলো লিখিছোঁ।মানুহৰ জীৱনৰ সংগ্ৰাম,আশা -আকাংক্ষা,হতাশা এইবোৰ দেখি তাক কিছুমান গল্প ৰূপত মোৰ ভাৱবোৰ প্ৰকাশৰ চেষ্টা কৰোঁ।কলমটো সকলো সময়তে সক্ৰিয় হৈ থাকে।পুৱাই কিবা এটা লিখাৰ তাগিদা থাকেই মোৰ।মনটো মোৰ বহুত বেছি আবেগিক,স্পৰ্শকাতৰ, কল্পনাপ্ৰবন আৰু অভিমানী।শব্দৰ পিছত দৌৰি ফুৰোঁ।কল্পনাৰ ৰাজ্যতেই থাকোঁ বেছি সময়।সেইবাবেই হয়তো কলমটো সক্ৰিয় হৈ থাকে।কবিতাবোৰেও দেখোন এতিয়া বৰকৈ মনটো অনুভূতিপ্ৰবন কৰি তুলিছে।তথাপিও মই শিশু সাহিত্যক বেছি প্ৰাধান্য দিওঁ।শিশুসকলৰ বাবে লিখি বেছি আনন্দ পাওঁ।ঘিটিলাই, শংকৰ- কিংকৰ, ফপৰা, কেলৌ, মাচু মামা, অংকু- ডিংকু, প্ৰফেছাৰ ৰংমুন, ডম্বৰু এই বিভিন্ন চৰিত্ৰবোৰ লৈ শিশুৰ বাবে ধাৰাবাহিক কাহিনীবোৰ লিখি আছোঁ।শিশু সাহিত্যই মোক সন্মান-স্বীকৃতি দিছে।শিশুৰ বাবে লিখোঁ কাৰণে মনটো মোৰ এতিয়াও শিশুসুলভ।শিশুবোৰ ভাল লাগে।সিহঁতৰ নিৰ্দোষ ধেমালি,অলীক কল্পনাই মোক বৰকৈ আকৰ্ষিত কৰে।সেইবাবেই হয়তো মই শিশুৰ বাবে লিখি বেছি ভালপাওঁ।এইপৰ্যন্ত ৩৫খনৰো অধিক শিশুগ্ৰন্থ লিখিছোঁ।
■অ: কা: কা:- অসমীয়া সাহিত্যৰ উপৰিও আপুনি আন ভাষাৰ সাহিত্যৰ প্ৰতি আগ্রহীনে?
আপোনাৰ প্ৰিয় সাহিত্যিক কোন?
●যুগললোচন দাস: নিজৰ মাতৃভাষাৰ সাহিত্য সদায় মোৰ বাবে আগস্থানত। অসমীয়াৰ দৰে সৰল সাদৰী ভাষা পৃথিৱীৰ আন ক'তো নাই।মই মাতৃভাষাক সদায় শ্ৰদ্ধা কৰোঁ।গতিকে আখৰ চিনি পোৱা হোৱাৰ পিছৰ পৰাই অসমীয়া কিতাপ -আলোচনী সমুখত যি পাইছিলোঁ গোগ্রাসে গিলি পেলাইছিলোঁ।খুব কম সময়ৰ ভিতৰতে শেষ কৰি পেলাইছিলোঁ পঢ়ি।পিছে অন্য ভাষাৰ পুথি পঢ়াৰ প্ৰতিও ধাউতি বাঢ়িছিল।ইংৰাজী ভাষাৰ কালজয়ী কিতাপবোৰ পঢ়িছিলোঁ।মই বাংলা,হিন্দী,ইংৰাজীত বহুতো আলোচনী, কিতাপ পঢ়োঁ। অধ্যয়ন মোৰ জীৱনৰ ব্ৰত। যিকোনো ভাষাৰ কিতাপ এখন আপোনাৰ একান্ত বিশ্বস্ত সংগী।মোৰ প্ৰিয় সাহিত্যিক গৰাকী হ'ল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া।
■অ: কা: কা:- সাহিত্যৰ ক্ষেত্ৰত আপুনি পোৱা বঁটা সমূহৰ বিষয়ে জনাবনে?
●যুগললোচন দাস: বৰপেটা সাহিত্য সভাই আগবঢ়োৱা "কৰুণা দত্ত শিশু- সাহিত্য বঁটা"লাভ কৰোঁ ২০১৬ চনত।"দুঃসাহসী চাংটনৱে" নামৰ শিশু উপন্যাসখনৰ বাবে এই সন্মান মোক দিয়া হৈছিল।২০১৭চনত অকণিৰ সাহিত্য সভাই মোক নগাঁৱত প্ৰদান কৰিছিল "অসম শিশু -সাহিত্য বঁটা"। ৰহাৰ অকণিৰ কবিতা ঘৰে মোক প্ৰদান কৰিছিল এক বিশেষ সন্মান।২০১৮চনত লাভ কৰিলোঁ সাহিত্য অকাডেমিৰ শিশু- সাহিত্য বঁটা।"সোণবালি বাগিচাৰ ভূত" শীৰ্ষক শিশু উপন্যাসখনৰ বাবে এই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰোঁ। তাৰ পিছতেই গুৱাহাটীত লাভ কৰি "youth Icon" বঁটা। তদুপৰি অসমৰ বিভিন্ন সংগঠনে মোক সম্বৰ্ধনা জনাইছে।জৰ্জ খেল পথাৰৰ মুকলি বিহুত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই জনাইছিল সম্বৰ্ধনা। অসম সাহিত্য সভাই ৰহাৰ দশম বিশেষ বাৰ্ষিক অধিৱেশনতো শ্ৰেষ্ঠ সাংবাদিকতাৰ সন্মান জনাইছিল।এনেদৰে অসমৰ ৰাইজে আমাক যথেষ্ট মৰম আৰু সন্মান যাঁচি উৎসাহিত কৰিছে।মই সমগ্ৰ জাতিটোৰ ওচৰত চিৰকৃতজ্ঞ।
■অ: কা :কা:- আপুনি এগৰাকী শিশু সাহিত্যিক।শিশু সকলৰ বাবে লিখাৰ প্ৰেৰণা কেনেকৈ আহিল ?
●যুগললোচন দাস: আগতেই কৈছো যে শিশু সকলক মই বহুত ভালপাওঁ।শিশুসকল মোৰ প্ৰাণ।মই নিজেই শিশু হৈ থকাৰ পৰাই শিশুসকলৰে মিতিৰালি কৰি ভাল পাইছিলোঁ,খেলিছিলোঁ।মাতফুটা,খোজ কাঢ়িব পৰা হোৱা শিশুবোৰে মোক এৰিয়েই নিদিছিল।সিহঁতৰ ভাষাৰে ময়ো কথা পাতোঁ।মই একাত্ম হৈ যাওঁ।শিশুসুলভ কাণ্ডবোৰ উপভোগ কৰোঁ।নিৰ্দোষ ধেমালি ভাল লাগে। মই পঢ়িব পৰা হোৱাত দাদাহঁতে আনি দিছিল তেতিয়াৰ আলোচনী "কাকলি"আৰু "আকাশ" হেঁপাহেৰে পঢ়ি মোৰো তাত লিখাৰ ইচ্ছা হৈছিল।"অসমবাণী", "দৈনিক অসম"ৰ শিশু পৃষ্ঠা পঢ়িছিলোঁ।তেনেকৈও লিখাৰ প্ৰৱণতা জাগিছিল। ৰেডিঅ'ত শিশুনাটক ,ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ "শান্ত শিষ্ট হৃষ্ট পুষ্ট মহা দুষ্ট" ধাৰাবাহিক নাটকখনে মোৰ শিশু মনটোক তেতিয়া বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। নাটখন শুনাৰ পিছত মই শিশুৰ বাবে ধেমেলীয়া কথাবোৰ লিখিবলৈ আৰম্ভ কৰোঁ। তেনেকৈয়ে সৃষ্টি হ'ল আজিৰ শিশুৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰা "অঘাইতং ঘিটিলাইৰ অঘটন"ৰ ৰসাল কাহিনীবোৰ।এই কাহিনীৰ দুখনকৈ সংকলন প্ৰকাশ পাইছে। অসম শিশু সাহিত্য ন্যাসে প্ৰকাশ কৰা কিতাপখনৰ পাঁচটাকৈ সংস্কৰণ ওলোৱাটো মোৰ বাবে উৎসাহৰ কথা। যোৱা ২৬ বছৰে লিখি আহিছোঁ ঘিটিলাইৰ কাহিনীবোৰ। শিশুবোৰৰ বিভিন্ন মনোজগত আৰু কল্পনা তথা সিহঁতৰ নিৰ্দোষ ধেমালিবোৰৰ মাজত মই নিজেও শিশু হৈ মিলি পৰিলোঁ। শিশুৰ লগত শিশু হৈ পৰাৰ বাবে শিশু সাহিত্যৰ ৰচনা কৰাটো সম্ভৱ হৈ উঠিছে।সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত শিশু সাহিত্য ৰচনাই আটাইতকৈ কঠিন কাম।গতিকে এই কামটো কৰিবলৈ পাই বহুত সুখী। মোৰ এতিয়া বন্ধুবোৰৰ ভিতৰত শিশুৰ সংখ্যাই অধিক।ময়ো সিহঁতক ভালপাওঁ আৰু সিহঁতেও মোক ভালপায়।শিশুসকল মোৰ প্ৰেৰণাৰ প্ৰধান উৎস।
■ অ: কা:কা:- সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰা মুহুৰ্তৰ আপোনাৰ অনুভৱৰ বিষয়ে পাঠক সমাজক জনাবলৈ অনুৰোধ কৰিলোঁ।
●যুগললোচন দাস: দিনটো আছিল ২০১৮ চনৰ ২২জুন।দুপৰীয়া গা ধুই গোঁসাই ঘৰত চাকি- বন্তি জ্বলোৱাৰ সময়ত সাংবাদিক মৃণাল কুমাৰ বৰাই ফোনত কৈছিল "যুগল, তোমাক অভিনন্দন।মই আচৰিত হৈ সুধিলোঁ, কিহৰ বাবে? মৃনালে ক'লে কিয় তুমি গমেই পোৱা নাই নেকি?চেনেলৰ বাতৰি চোৱা।তুমি শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছা।" খবৰটো শুনি স্তম্ভিত হৈছিলোঁ।শ্ৰীমতীক
টি ভিৰ বাতৰি চাবলৈ দিয়াত দেখা পাওঁ মৃনালে কোৱা কথাষাৰ সত্য।আনন্দৰ চকুলো ওলাইছিল।ভগৱানক প্ৰাৰ্থনা জনাইছিলোঁ যে কষ্ট সাৰ্থক কৰিলা প্ৰভু।তাৰপিছত ফোনৰ উপৰি ফোন।ৰাইজৰ আশীৰ্বাদ,অভিনন্দনত মই অভিভূত হৈ পৰিছিলোঁ।সেইদিনটো মোৰ বাবে স্মৰণীয় হৈ ৰ'ল। ভাৰতৰ ২৪টা ভাষাত এই বঁটা দিয়ে সাহিত্য অকাডেমিয়ে।১৪নৱেম্বৰত শিশু দিৱসৰ দিনা চিকিমৰ গেংটকত প্ৰদান কৰিছিল এই বঁটা।সেইদিনটো মোৰ বাবে অধিক স্মৰণীয়। সেই বঁটাপ্ৰদান অনুষ্ঠানত উপস্থিত আছিল অসমৰ যশস্বী সাহিত্যিক ডঃ নগেন শইকীয়া ছাৰ আৰু অসম সাহিত্য সভাৰ সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা ছাৰ।তাতোকৈ আনন্দৰ কথাটো হ'ল প্ৰতিজন বঁটা প্ৰাপকক সেইবাৰ সাহিত্য অকাডেমিয়ে দিলে একোখনকৈ অসমৰ গৌৰৱ তথা স্বাভিমান ফুলাম গামোচা। মোৰ বুকুখন গৰ্বত ফুলি উঠিছিল গামোচাখন দেখি। গামোচাখনক সাহিত্য অকাডেমিয়ে এই আদৰ-সন্মান দিয়াত বৰ আনন্দ পাইছিলোঁ।
■ অ: কা: কা: সাহিত্যৰ ক্ষেত্ৰত আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি আৰু সাহিত্য সৃষ্টিত মনোনিবেশ কৰা আপোনাৰ অনুজ সকললৈ কিবা পৰামৰ্শ আছেনে?
●যুগললোচন দাস: পৰিকল্পনা বহুতেই আছে।অসমীয়া শিশু সাহিত্যক আৰু অধিক সবল কৰাৰ সপোন আছে নৱ প্ৰজন্মক লৈ।গল্প,উপন্যাস লিখি মই তাৰ লগতে নতুন নতুন লেখক লেখিকা সৃষ্টিৰ বাবে চিন্তা- চৰ্চা কৰি আছোঁ।কিতাপ হিচাপে এইবাৰ মোৰ তিনিখন শিশু গ্ৰন্থৰ কাম চলি আছে।ক'ৰণা ভাইৰাছৰ বাবে কিছুমান কাম স্থগিত ৰাখিবলগীয়া হৈছে।শিশুসকলৰ লগত মোৰ পোনপটীয়া যোগাযোগ আছে।তেওঁলোকক লিখাৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ দি আহিছোঁ।যুৱক যুৱতী সকলকো মই শিশু সাহিত্য লিখাৰ বাবে অনুপ্ৰাণিত কৰি আছোঁ।ইতিমধ্যে দুই এগৰাকীয়ে লিখা আৰম্ভ কৰিছে।এই লক- ডাউনৰ সময়ত ফেচবুক আৰু হোত্সআপ "চোতালৰ পখিলা"নামৰ শিশুৰ বাবে গোট এটা খুলি ব্যাপক সঁহাৰি লাভ কৰিছোঁ। ইয়াত জ্যেষ্ঠসকলৰ লগতে শিশু সকলেও পদ্য,গল্প,ছবি আদিৰে সমৃদ্ধ কৰিছে গোটটো। ইয়াত আছে শিশু সাহিত্যৰ অকাডেমি বঁটা প্ৰাপক শিশু সাহিত্যিক বন্দিতা ফুকন, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, শান্তনু তামূলী ( সম্পাদক,মৌচাক, নতুন আৱিষ্কাৰ)ৰ লগতে ৰূপম বৰুৱা ( সম্পাদক, সঁফুৰা),তপন বৰুৱা, বিজয়া গগৈ, দিলীপ কুমাৰ শৰ্মা(সম্পাদক, ৰংমন), নবপ্ৰতিম দাস(সম্পাদক, কণকণ) আৰু ভালেকেইগৰাকী প্ৰতিষ্ঠিত শিশু সাহিত্যিক। ইয়াত শিশু সকলে নিজৰ প্ৰতিভা প্ৰকাশৰ সুবিধা পাইছে।এওঁলোকৰ লেখাবোৰ শিশু আলোচনীবোৰতো প্ৰকাশ পাবলৈ লোৱাটো মোৰ বাবে অতি আনন্দৰ কথা। তদুপৰি মই এজন সমল ব্যক্তি হিচাবে অসমৰ বিভিন্ন ঠাইত পতা শিশু সাহিত্যৰ কৰ্মশালাবোৰলৈ শিশুসকলৰে পোনপটীয়া বাৰ্তালাপ কৰাৰ সুবিধা পাইছোঁ। ১৯৮৯ আৰু ১৯৯১চনত ক্ৰমে অসম শিশু সাহিত্য ন্যাস আৰু অসম সাহিত্য সভাই আয়োজন কৰা শিশু সাহিত্যৰ কৰ্মশালাত তেতিয়া মই প্ৰশিক্ষাৰ্থী হিচাপে মালা দয়াল, নৱকান্ত বৰুৱা, নিৰ্মল প্ৰভা বৰদলৈ, বীৰেন্দ্ৰ নাথ দত্ত, অৰূপ দত্ত, সতীশ চন্দ্ৰ ভট্টাচাৰ্য, কুমুদ গোস্বামী, ছৈয়দ আব্দুল মালিক, নীলিমা দত্ত, গগন চন্দ্ৰ অধিকাৰী, উপেন্দ্ৰ বৰকটকী আদি স্বনামধন্য শিশু সাহিত্যিকসকলৰ পৰা আহৰণ কৰা জ্ঞানবোৰ এতিয়া নতুনসকলক বিলাই দিবলৈ প্ৰয়াস চলাই আছোঁ।
নৱ প্ৰজন্মলৈ মোৰ আহ্বান যে তেওঁলোকে নিজৰ মাতৃভাষাক যেন অনাদৰ নকৰে।ইংৰাজী মাধ্যমত পঢ়িলেও অসমীয়া ভাষাক সদায় আগস্থান দিব লাগিব।নিজৰ ভাষাৰ কিতাপ আলোচনী পঢ়ি লিখাৰ চেষ্টা কৰিব লাগিব।এইসকল নতুন প্ৰজন্মই ভৱিষ্যতৰ নাগৰিক,সাহিত্যক,শিল্পী হ'বগৈ।প্ৰচুৰ পৰিমানে অধ্যয়ন কৰিব লাগিব।নিষ্ঠা,একাগ্ৰতা,সাধনাও প্ৰয়োজন।মই সদায় তেওঁলোকৰ ওপৰত আশাবাদী।নিজৰ জন্মগত প্ৰতিভা সঠিক দিশত খটুৱালে আমি ভৱিষ্যতে বহুত ভাল লেখক লেখিকা পাম।এইক্ষেত্ৰত অভিভাৱক সকলেও কিছু মনোযোগ দিব লাগিব।প্ৰতিভাবান সন্তানৰ ক্ষেত্ৰত তেওঁলোকৰো বহু কৰণীয় আছে।
' অসম কাব্যকানন'ৰ হৈ মোৰ এই সুদীৰ্ঘ সাক্ষাৎকাৰ লোৱাৰ বাবে অৰ্চনা ঠাকুৰীয়া, তোমাক ধন্যবাদ জনাইছোঁ।তোমালোকে বহুত ভালকাম কৰি আছা।নতুন নতুন সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত সফল হৈছে "অসম কাব্যকানন"।মোৰ আন্তৰিক শুভকামনা আৰু ধন্যবাদ থাকিল সকলোলৈ।
■অ : কা: কা : ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক অসম কাব্যকাননৰ তৰফৰ পৰা আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ; লগতে আপোনাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলোঁ।
পৃষ্ঠা ২১
পৰাণ খুলি চোৱা
---------------------------
বিনীতা গোস্বামী
বাট হেৰুওৱা কবিতাটো
আওতাত আনিবলৈ ঘুকুটিয়াই উলিয়াইছোঁ
পোহৰৰ জালিকটা খিৰিকী
প্ৰচণ্ড প্ৰভঞ্জনে উৰুৱাই লৈ যোৱা
খণ্ডপুচ্ছ জেঠীডালৰ অদৰিশন বিলাপ
তোমাৰ ভিতৰত মই
এখন অলিখিত মহাকাব্য
নিস্পাপ ভ্ৰূণ এটাৰ দৰে সোমাই আছো
নিৰাপদে
যদিও কঠিন প্ৰেমৰ কবিতা এটা লিখাৰ
আলফুলে সাবটি ধৰোঁ
তিলফুলৰ শব্দ
সাৰে থকা
অথবা
গভীৰ নিদ্ৰা
বিকল্পহীন পথত আমি চিৰকাল
কবিতটো হেৰুৱালোঁ
---------------------------
দীপাংকৰ ভূঞা
কবিতাটো আটোম্-টোকাৰিকৈ ৰাখিছিলোঁ
" মূৰত থলে ওকণীয়ে খাব
মাটিত থলে পৰুৱাই খাব "
ভাগ্যৰ কি বিড়ম্বনা
কবিতাটো হেৰুৱালো !
সৃষ্টিৰ পথাৰত বীজ সিঁচি
এটি নতুন কবিতাৰ অনুসন্ধান কৰিছোঁ
পাৰিবনে পূৰাব শূন্য ঠাই !!!
পুণ্য
---------------------------
ৰুমী দেৱী
মন মন্দিৰৰ ঘণ্টা ধ্বনিত সচকিত
পবিত্ৰতাৰে অপবিত্ৰতাৰ সীমা অতিক্ৰম।
গছ-গছনিয়ে বিলায় দিয়ে আকাশৰ জোন
স্বাৰ্থহীনভাবে অকাতৰে।
অনুপম আলোকেৰে যশোদা
উজ্জ্বলিত কৃষ্ণ স্থিতিৰে।
অমাৱশ্যাৰ এন্ধাৰেই
পপীয়া তৰাৰ অৱস্থান।
হৃদয় আলোক বিলাব নজনা
অসীমৰ মিতিৰালি।
গহ্বৰৰ পৰা নিগৰি অহা অশ্ৰুকণাই
দি যায় জীৱন জীয়াৰ পথ।
সৰ্প
---------------------------
ৰমণী মোহন কলিতা
শাওণ ভাদত
কলীয়া ডাৱৰে ওন্দোলায় নীলিম আকাশ
নামি আহে জাকে জাকে বৰষুণ
জীপাল হয় ৰাম ৰহিমৰ ছিঁৰাল ফটা পথাৰ
ওমলে কোলাই বোকোচাই
একেই সপোন একেই আশা
উজলি উঠে সেউজী ধাননি পথাৰ।
কেতিয়াবা ওফন্দি উঠে দোকোল-টকা বান
চেলেকি উদং কৰে সোণোৱালী বুকুৰ পথাৰ
পাহাৰত প্ৰতিধ্বনিত নিঃস্বৰ হিয়া-ভঙা আৰ্তনাদ
আশ্বৰ্য্য নহয়, নৈমিত্তিক ঘটনা প্ৰৱাহ
হাৰি নেযায় কদাপি সোণসেৰীয়া সোপান
এইবেলি বতৰ শেনৰ এজাত
মেঘৰ আঁৰে আঁৰে উৰিছে ফণা মেলি বিষাক্ত সৰ্পৰ জাক
সোণালী ৰূপালী নানা ৰঙী বসন পিন্ধিছে
কণ্ঠত নিগৰিছে মৌ-বৰষা আচহুৱা মাত।
লকলকীয়া জিভা মেলি জাকে জাকে সৰ্প বৰষিব
আহি আছে দংশনৰ সুবৰ্ণ সুযোগ
সদ্ব্যৱহাৰত সিদ্ধহস্ত বিষধৰ নাগ-নাগিনী
জিহ্বা-অগ্ৰেৰে ছটিয়াইছে লোভনীয় টোপ
ছল চাই কঠীয়া পাৰিব
জপটিয়াই ব্ৰহ্ম-তালুত দংশন কৰিব ।
জোৰ পুৰি কলিজা পালেহি
পাহৰি পেলোৱা ভিন-পৰ, ওখোনা-ওখোনি
ওফাইদাং মৰা মিছা গৰ্ব অহংকাৰ ধূলিসাৎ হোৱাৰ পথত…
স্তৱক
---------------------------
ৰঞ্জন বৰা
জীৱন নাটৰ
শেষ ৰাগিণীত
জীৱনৰ খৰমান
কিমান পৰশা ----
নাজানো হয়তো
তুলাচালনীতো অসমান !
জানো মাথোঁ
জীৱন নাটৰ কল্যাণ প্ৰহেলিকাময় !
জীৱন ডিঙাৰ চিত্ৰ
---------------------------
মামণি ডেকা
যদিওবা আঁতৰি যায়
প্ৰিয় মানুহবোৰ
উভালি পৰে
প্ৰিয় বটবৃক্ষ !
হেঁপাহৰ চ'ৰা ঘৰ
একুৰিয়ামত নাচি থকা
ৰূপোৱালী মাছ !
সঁজাত বন্দী পখী
মাথোঁ মুক্তিৰ অপেক্ষাত !
দিনৰ পিছত দিন
ৰাতিৰ পিছত ৰাতি
যন্ত্ৰণাৰ কৰ্কশ ধ্বনি !
বৰণহীন
এপিটাফ
নিৰ্ধাৰণ কোনে কৰিব
সত্য -অসত্য, পাপ-পুণ্য
জন্ম-মৃত্যু --
ইযে গোপন ডিঙাৰ চিত্ৰ
শিলৰ সেওঁতাৰে নামি অহা কোমলতাৰ সোঁত
কোনেনো বুজিব
এয়া গোপন জীৱনৰ বৈচিত্ৰ্য
এয়াই শাশ্বত মৃত্যু গাথা
যাৰ বীজে গজালি মেলে
জন্মতে !
পৃষ্ঠা ২২
পৰাহ’লে
---------------------------
গীতুমণি তালুকদাৰ
যাওঁ বুলিয়েই যাব পৰাহ’লে
পাহৰো বুলিয়েই পাহৰিব পৰাহ’লে
কলিজাত শিলবান্ধি হালধীয়া পাতে
চকুলোৰে সঁজা চিতাত
নিজকে নজ্বলালোঁহেঁতেন..
লিখোঁ বুলিয়েই লিখিব পৰহ’লে
ভগ্নাৱশেষ হৃদয়ত
এটি প্ৰেমৰ কবিতা
বুকু ফুলাই টানি ল’লোঁহেঁতেন
সেউজীয়া উশাহ
আঁকো বুলিয়েই আঁকিব পৰাহ’লে
স্মৃতিৰ জখলাৰে নামি অহা
সোঁৱৰণিৰ ছবিবোৰত
বোলালোঁহেঁতেন তুলিকাৰে সূৰ্যৰ সাতোটা ৰং..
মই তোমাক আৱিষ্কাৰ কৰিছিলোঁ
---------------------------
মহীকান্ত নাথ
তোমাৰেই সন্ধানত
খুপি খুপি আহিছিলোঁ
বোৱতী নৈয়েৰে
এন্ধাৰে-মুন্ধাৰে ভটিয়াই
লাগিছিলোঁ থৰ্ জুপুৰীটো পাই
নাছিল চাকি এগছিও
অথচ
তুমি জ্বলি আছিলা
তোমাকে লৈ
একেই এন্ধাৰেৰে ভটিয়াব খোজোঁতেই
হাতত বলেৰে খামোচি কৈছিলা
সাঁতোৰে প্ৰত্যেকে ভটিয়নী সোঁতে পূৱাকাশ সেন্দুৰীয়া হোৱালৈ
তুমি মই বহুদূৰ উজাইছিলোঁ
বিপ্ৰতীপ তৰঙ্গৰে
বুকুত গজা স্পন্দনবোৰ
দ্ৰুততাৰে বাঢ়িছিল
ভয়ক বন্ধকীত থৈ
কাংক্ষিত ঘাটলৈ বুলিছিলা
মই তোমাক আৱিষ্কাৰ কৰিছিলোঁ।
অনুভৱ
---------------------------
গীতাঞ্জলি বৰকটকী
১)
শেৱালিৰ চকুত চকু থওঁতেই
ৰিণি ৰিণিকৈ বাজিছিল
আহিনৰ গান
নিয়ৰ কণিকাত জোনৰ বৃন্দাবন ৷
২)
ক্ৰুছবিদ্ধ হৈ ওলমি ৰ’লোঁ
জীৱন বৃক্ষত
হৃদয়ৰ পৰা নিগৰিল
নীলা তেজ ৷
বিভ্ৰান্তি
---------------------------
জাহ্নৱী কাকতি
নৈখনিৰ সিটোপাৰে ৰৈ
বাৰে বাৰে চাইছিল মোলৈ
পদুমকলীয়া জোনটি
অথচ চকুত চকু
থোৱাৰ পিছৰে পৰাই মই
হেৰুৱাই পেলাইছিলোঁ
বুকুৰ সেউজীয়া দলনি
এমুঠন আবেগেৰে আহিনৰ গধূলি
ছৈয়দা আঞ্জুম আৰা হুছেইন
কিহৰ আবেগত বাৰু আহিনৰ আকাশে
সিঁচি দিয়ে মুঠি মুঠি নিয়ৰৰ কণা
আৰু গছৰ সেউজীয়াবোৰে তাকে বৰি লৈ
নিজকে সেমেকাই
শীতল কৰে মোৰ শৰতৰ বাটচৰা
কি যাদুকৰী মায়াজাল তৰি বাৰু সেমেকা নিয়ৰে
শুভ্ৰ শেৱালিৰ জীৱন ৰচে
বাকি দি ওমৰৰ দেশৰ এপিয়লা সুমিষ্ঠ আতৰ !
দুপৰৰ নীলা চাদৰখনত শুকুলা মেঘৰ সঘন অহা যোৱা ,
তাতেই পালতৰা নাওত বঠা বাই বাই
কোনো চঞ্চলা গাভৰুৰ কুঁহমেলা মন এটা
ভাঁহি যায় পাহুৱাল ডেকাটিৰ বুকুৰ উপত্যকালৈ;
মৰমবোৰ ওমলে সৰগৰীয় স্পৰ্শৰ বৰ্ণনাতীত আৱেশত
মোৰো মন যায় আহিনৰ এনে এটি গধূলি গুছি যাম যেন
ঘূণাসুঁতিৰ পাৰলৈ___
প্রিয়জনৰ কান্ধত কান্ধ থৈ নিয়ৰ সনা বালিচৰত বহি
গোটেই নিশা গুণগুণাম যেন এটি ভালপোৱাৰ গান _
মোৰ ভালপোৱাই মোক হেৰুৱাই পেলাব নিজৰ বুকুৰ মাজত
আকাশৰ পৰা এমুঠি জোনাক আনি সানি দিব মোৰ কজলা কেশত ,
জোনটো নিজৰ ওঁঠত লৈ বাকি দিব মোৰ ওঁঠত
মই পানেই হ'ম ,জংকি হৈ এচলু এচলুকৈ
মৰমৰ আৱেগ ঢালি মোক গা ধোৱাব মোৰ ভালপোৱাই
মই হেৰাই যাম কুঁৱলীৰ দেশত মৰমত তিতি বুৰি হৈ
আহিনৰ এটি নিয়ৰ সৰা গধূলি
আকাশৰে উৰি যোৱা এহালি শৰালিয়ে
আমাক চাই মিচিকিয়াই গুণগুণাব এটি গীত
শৰতৰ
সন্ধিয়াৰ
মায়াসনা প্রেমৰ
শেৱালি শেৱালি আমোলমোল সুবাসৰ...
পৃষ্ঠা ২৩
কবিতা
---------------------------
অৰূপ কুমাৰ বৈশ্য
আইয়ে দিয়া চাহকাপ খায় উঠিয়েই মই কবিতা এটা পঢ়ো ৷
বাতৰিকাকতখনৰ ওপৰত চাহৰ কাপটো থৈ দুটা কবিতাক একেলগ কৰো ৷
বাতৰিকাততখনো এটা কবিতা ৷ আৰু আয়ে হেঁপাহৰে দিয়া চাহকাপটোও মোৰ বাবে এটা কবিতা ৷
চাহৰ কাপটো কবিতাৰ শৰীৰ ৷ পানীখিনি উপমা ৷
গাখীৰখিনি অলংকাৰ আৰু চাহপাতখিনি ছন্দ ৷
মোৰ চহা আই-পিতায়ে বুজি নাপায় কবিতা কি
পিতায়ে পথাৰত বোকা আৰু বৰষুণৰ কথা পঢ়ি লিখি যায় সেউজীয়াৰ কবিতা এটা
কিন্তু পিতায়ে নাজানে সেইটো যে এটা চহা কবিতা ৷
আইয়ে মোক হেঁপাহেৰে দিয়া চাহকাপটো এটা কবিতা
কিন্তু আয়ে নাজানে চাহ কাপটোত যে লুকাই আছে একো একোটা কবিতা ৷
কবিতাৰে এটা জীৱন সজাব পাৰি ৷
কবিতাৰে পৃথিৱীখনক বুজিব পাৰি ৷
কবিতাৰে তাইক ভাল পাব পাৰি ৷
মই চাহখিনি খোৱাৰ পিছত আয়ে যেতিয়া কাপটো বিচাৰিলে
মই আইক এটা কবিতা দিলো ৷
আই নিৰ্বাক ৷
আৰু ময়ো হতবাক ৷
মইতো কবি নহয় ৷
"কবিতা মই কি কৰিম "
"কবিতাৰে পেট নভৰে"
মই বুজি উঠিলোঁ ৷ কিন্তু
জীৱনটোও এটা কবিতা ৷
যিমানেই গভীৰ ভাৱে অধ্যয়ন কৰিব পাৰি
সিমানেই জীৱনটো বুজিব পাৰি ৷
কিন্তু মই আজিলৈ নুবুজিলোঁ কবিতা কি
মই আজিও নুবুজিলোঁ জীৱন কি
অথবা আজিলৈ নাপালো এটা কবিতাৰ সংজ্ঞা
তেন্তে কবিতা কাৰ বাবে?
মোৰ চহা আই-পিতাইৰ বাবে
নে সমাজৰ শিক্ষিত সকলৰ বাবে !
এতিয়াও শৰৎ
---------------------------
অঞ্জনা বৰুৱা
মোৰ আঁচলত শৰতৰ নাচোন
খোজ দিও পুঁৱতিৰ দূবৰি ডৰাত
নিয়ৰহীন সেমেকা মন সিহঁতৰ।
তাহানিৰ কুঁৱলী ফালি
উৰি অহা শৰতৰ বতাহজাকে
এতিয়া চকুলো টুকে
হিমচেঁচা অনন্য সময়ৰ
স্মৃতিকাতৰতাত বিহ্বল হয় সিহঁত
এতিয়া যে সেই দিন নাই!
গোমা সময়ে ঢাকি ধৰে
শৰতৰ মন আৰু শুকুলা আকাশ
নিয়ৰবোৰ ভাপ হৈ উৰি যায়
অশৰীৰী হৈ দূৰ
আকাশলৈ
টুপুককৈ নসৰে পাতৰ পৰা পাতলৈ
শৰতৰ মনোৰম কাচুলিত
সৰি নপৰে দূধৰ্ষ নিয়ৰ
এখনি শুকুলা আঁৰ বেৰ হৈ।
মানৱৰ নিৰ্মমতাত প্ৰকৃতি বিধ্বস্ত
আকাশ ৰুষ্ট, ৰাগিত গোমা ডাৱৰ
সেয়ে শৰৎ মাথো আহে ক'ৰবাত
থোপাথোপে শেৱালি হৈ
মাথো নিতিতে বননি নিয়ৰত ডুবি
অতীতৰ দৰে শিহৰণ এজাক লৈ।
গাখীৰতী ধাননিৰ মাজত
এজনী ছোৱালীৰ ৰঙা সাজযোৰ হেৰাইছে
ৰূপজ্যোতি হাজৰিকা দত্ত
খনিকৰে প্ৰতিমাক ৰং বুলাইছে
পক ধৰা ফলৰ দৰে জিলিকি উঠিছে মহিষাসূৰ মৰ্দিনীৰূপ
দুচকুত নীলা ৰঙে পদুম ফুলিছে
গুলপীয়া ওঁঠযোৰে কুঁহিপাত মেলিছে
শুভ্ৰ শেৱালি আমোলমোলোৱা গোন্ধত খনিকৰে আউঠি ভাঙি ৰঙা সাজযোৰ পিন্ধাইছে
আজি ষষ্ঠী তিথি
খনিকৰৰ জীয়েকে দুৰ্গতি নাশিনী দুৰ্গাক সন্ধ্যা আৰতি কৰিছে
শৰতৰ নীলাভ আকাশৰ তলত ষষ্ঠীৰ মন্ত্ৰোচ্চাৰনে ধৰাৰ বুকু গুমগুমাই উঠিছে—
"যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা
নমস্তস্যৈ নমস্ত্যৈ নমো নমঃ"
গেঁৰধৰা গাখীৰতী ধাননিৰ মাজত
এজনী ছোৱালীৰ ৰঙা সাজযোৰ হেৰাইছে
ভেৰাকুটীয়া কথাৰে
ধিত্পিলিঙা এজাকে
হাতে হাতে এখন ফটো তুলিছে
যেন খনিকৰৰ প্ৰতিমাজনী নহয়
আকাশৰ নেজাল তৰা হে দেখিছে!
পৃষ্ঠা ২৪
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
---------------------------
ধৰ্মেন্দ্ৰ বৰুৱা
আনে যোৱা বাটে
নোযোৱা ছোৱালী তাই,
শূন্যতাৰ হাতৰ পৰাও
হেজাৰ বিপ্লৱ কৰে তাই
স্থিৰতাৰ বসন পিন্ধিও
দৃঢ়তাক হাত বাউল দিয়ে তাই
আনে যোৱা বাটে
নোযোৱা ছোৱালী তাই
কবিতাৰ প্ৰাণৰ ভাষা বুজে তাই
পথাৰ ,চৰাই,আকাশ
প্ৰাণোচঞ্চল তটিনী
আৰু সাতোঁৰঙী ৰামধেনু প্ৰিয় তাইৰ
নুশুনে তাই উচ্চস্তৰৰ সংগীত
সেই কৃত্ৰিমতাত তাই
কেতিয়াও বিচাৰি নাপায়
সুৰীয়া বাঁহীৰ সুৰ
যি বাঁহীৰ সূৰক তাই
প্ৰাণভৰি ভাল পায়
ঠিক তাইৰ প্ৰিয়জনৰ দৰে
যিয়ে তাইক বুজে
সৰলতাক সন্মান কৰে
মনৰ আশাক সঞ্জীৱনী ঢালে।
শৰৎ
ৰূপালী মেধী নাথ
অপেক্ষা তোমাৰ বাবে
বহু উৎকন্ঠাৰে ...
দূবৰিৰ দলিচাত
টোপাল টোপাল নিয়ৰ কণিকাৰে
মুকুতাৰ মালা গাঠিবলে ...
অপেক্ষা তোমাৰ বাবে
সেমেকি থকা ধৰাৰ বুকুত
শুভ্ৰ শেৱালিৰ আমোল মোল সুবাসৰ
পৰশ বিয়পাবলে ...
শৰতৰ আগমন
নিৰ্জু বৰগোহাঁই
সিদিনা হঠাৎ
হৃদয়ৰ অনামি কোনত
আহিনীয়া সুৰ এটাই
টুকুৰিয়াই থৈ গ'ল
মই
আবেলি দূবৰিৰ ছাঁত
উন্মনা আছিলোঁ
শেষ প্ৰহৰত
মানিক বুটলাৰ হেঁপাহত
দীঘল পদূলিৰ
শেৱালি জোপাত
সিৰিক কৈ উঠিল শা-ৰ-দ
কাৰ চিকুন মুখৰ ভাৱত
বহলাই বহিল
অনুভৱৰ সুকোমল শৱদ
পূৰাবলে
প্ৰাণ তৃষ্ণাৰ কাংক্ষিত দৰদ
অপেক্ষাৰ সেউজ আঁচলত জিলিকি উঠিছে
শৰৎ
প্ৰেম
চয়নিকা ভূঞা
ভালপোৱাৰ অজুহাতত
পদূলি মুখত বিয়নী মেল
ৰঙৰ খেল নাই
আন্তৰিকতাৰ
কথাবোৰে সুৰ সলায়
শেল হৈ বুকুতে বিন্ধে
ক'বলৈ থাকি যোৱা কথাবোৰ গোট মাৰে
নীৰবে-নিটালে
এৰাপৰীয়া পাতত
এতিয়া মৰমৰ দৰ-দাম
হিচাপৰ খাটাত বৈধ-অবৈধৰ
খেল
প্ৰেমৰ নামতেই যত গণ্ডগোল
হাবু-ডুবু
বদনাম
জহি-খহি যায়
প্ৰতিশ্ৰুতিৰ ৰঙীন কথকতা
আউল লাগে সম্পৰ্কত
সূতা ছিগে সম্বন্ধৰ
দুভাগ হয় মন
দুভাগ হয় হৃদয়
অজুহাতৰ অচিলাত
খেলখন চলি থাকে
অবিৰত
আলোচনাত
বৈধ-অবৈধৰ সংজ্ঞা
পৃষ্ঠা ২৫
শৰৎ গুচি নাযাবা এইবাৰ
আশা কাকতি দাস
আহিবা বুলিয়েই
বাটতো চিকুণাই থলোঁ,
নিয়ৰ সিক্ত ঘাঁহনিত
তুমি অহাৰ উমান লৈছোঁ
চৌপাশৰ পৰিৱেশত
তোমাক বিচাৰিছোঁ
গুছিযোৱা বাৰে বাৰে
ভাল পোৱাৰ প্ৰতিশ্ৰুতিৰে
প্ৰকৃতিৰ অনুপম সৃষ্টিৰ
শেৱালি জুপি ফুলি
আমোলমোল সুবাস
যেন আহিনৰ ষোড়শী গাভৰু
প্ৰাতঃভ্ৰমণত যোৱা পথিকক
ঘ্ৰাণ বিলোৱা এজনী
পাট গাভৰু
তুমি আকৌ অহাৰ
উমান পাই
নৈ পাৰৰ বালি চাপৰিৰ
কহুৱা ফুলাৰ বাতৰি ললোঁ,
তুমি অহাৰ আনন্দত
নৈৰ সুৰত সুৰ মিলাই
প্ৰেমৰ গীত গাবলৈ
ৰৈ আছোঁ তোমালৈ...
হঠাৎ
দুগাল বৈ আহিল
আকৌ যাবাগৈ বুলি
শৰৎ
আকৌ নাযাবাচোন গুচি
এজন সৈনিকৰ মৃত্যুত
শিল্পীৰেখা গগৈ
এতিয়া চোন সকলোতে তেজৰ দাগেই দেখা পাওঁ
জাতীয় পতাকাখনতো যেন তেজ !
মৰমৰ ভাইটোৱে লৈ ফুৰা
বন্দুকৰ নলটোতো তেজৰ চেকুৰা ।
কেচেমা কেচেম গোন্ধোৱা
তাৰ হাতৰ তলুৱাত লাগি থকা
তেজৰ চেকুৰা বোৰে মোৰ টোপনি হৰে ।
সাৰপাই উঠা বিভৎস ভয়ঙ্কৰ মুখবোৰ
একোটা ভয়ানক দৈত্য হৈ পৰে ।
বুকু ভঙা কান্দোনত
উকা কপালখনত পৰা হাতুৰীৰ কোবত
তাইৰ ডেউকা ভাগে ।
মনৰ অট্টালিকা খহি পৰি তাই কুঁচিমুচি বহে ----
হৃদয়ৰ জোলোঙাত বান্ধি ৰখা সপোনবোৰ
কাচ ঘৰৰ দৰেই খহি পৰে।
অজান আশংকাত প্ৰস্ফুটিত শৰীৰটোত হাত বোলাই
তাই ভাগৰি পৰে !
এটা চাব-আৰৱান যাত্ৰা
জ্যোতি দত্ত
এয়া জৰুৰী নহয় যে
চাব-আৰৱান যাত্ৰা
মই বহুদিন কৰানাই
গ্ৰহ নক্ষত্ৰৰ দৰে মোৰ গতি-বিধি নিৰ্ধাৰিত হ'বই লাগিব বুলি কিনো কথা থাকিব পাৰে ?
মই পথিক
গন্তব্যই সুখ নিদিব পাৰে
তথাপি মই স্তব্ধ নহওঁ
গান এটা যিজনেই নাগাওক
লতাৰ দৰেই হ'ব বুলি আশা কৰাটো মূৰ্খামী নহ'বনে ?
এই সহজ মূৰ্খতাৰ চৰ্চাকাৰীহঁতে
সময়ত আপোনাক লতাৰদৰে নোহোৱা বাবে গতিয়াই বাহিৰ কৰিও দিব পাৰে !
এয়া জৰুৰী নহয় যে আপোনাৰ বন্ধুপত্নীৰ মুখৰফালে পূৰ্ণাংগ দৃষ্টিৰে চালেই আপুনি জগৰীয়া হ'ব !
কিন্তু যদিহে বন্ধুপত্নীৰ অপ্ৰিয়জনৰ শাৰীত আপুনি ৰৈ আছে,
তেন্তে মনৰ পিপাসাক
অৱজ্ঞাই কৰক
ঠিক এবষ্ট্ৰাক্ট আৰ্টৰ দৰে !
হয় ,চাব-আৰৱান যাত্ৰা এটাৰ মাদকতা কিন্তু অবৈধ প্ৰেমৰ দৰেই তাড়নাৰ খেলা হ'ব পাৰে,
কেৱল অবৈধ প্ৰেমৰ ফলৰ দৰে অস্পৃশ্যতা -বিষময় অথবা দাৰুণ বিস্ময় নোহোৱাটোহে সত্য ।
মই তথাপি এটা যাত্ৰাৰ বাবে প্ৰস্তুত হ'লো
ঠিক গাখীৰৰ ঝাৰবোৰ ৰিক্সাত তুলি দি
নগৰমূখে চাইকেলেৰে আহি থকা গাখীৰবিকা ছোৱালীজনীৰ পিছে পিছে !
উপলব্ধি
ৰঞ্জনা পাঠক
আজি জীৱনটোক
উপলব্ধি কৰি চালোঁ
বহু হেৰুৱালোঁ
অথচ কিঞ্চিতহে পালোঁ
আজি আৰু মনে নাকান্দে
হেৰুৱাখিনি বিচাৰি
আমনি নকৰে
বুজি উঠিছে
সকলো মিছা
মই
কেৱল মইটোহে সঁচা
মোক মইৰেই চিনিলোঁ
মোক মইৰেই জানিলোঁ
মনটোক বুজালোঁ
নকৰিবি আক্ষেপ
নোপোৱাক লৈ
তোৰতো নহয়
সপোন দূৰৈৰ
মইতে আৰম্ভ তই
মইৰেই শেষ হ'বি
দূৰ দিগন্তত এদিন
বিলীন হৈ যাবি
পৃষ্ঠা ২৬
অপচেষ্টা
কিৰণ দাস
মৃত্যু সত্য
পৃথিৱীৰ অসুখো সত্য
মৃত্যু,যন্ত্ৰণাৰ কিৰিলি সমগ্ৰ দেশতে
এয়া জানো মিছা?
নিবিচাৰো আৰ্তনাদ,
নিবিচাৰো বুভুক্ষুজনৰ হাহাকাৰ
নিবিচাৰো বন্ধ কোঠাৰ ভাগৰুৱা উশাহ
পৃথিৱীৰ অসুখ
ভীষণ অসুখ
কক্ বকাই আছে
আইৰ উশাহ
স্থবিৰ জনতাৰ ভৰিৰ খোজ,
স্থবিৰ শিশুৰ ধেমালি,
স্থবিৰ হেজাৰজনৰ উশাহ।
নিদ্ৰাবিহীন জনতাৰ অৱৰুদ্ধ উশাহত
আছে জানো অভিনয়?
আছে জানো কৃত্ৰিমতা?
পৃথিৱীৰ কোলাহলত
নাই কোনো কৃত্ৰিমতা
পেটৰ ভাত মুঠি হেৰুৱা শ্রমিকৰ চটফটনি,
নহয় ৰহনসনা ।
অভাৱৰ জুপুৰি জানো মিছা?
নিদ্ৰাবিহীন ভোকাতুৰৰ ,আৰ্তনাদ জানো মিছা ?
লানি নিছিগা কৰুণ সুৰ চাৰিওদিশে,
এয়া জানো মিছা সুৰ?
অপপ্ৰচাৰে আনে দূৰ্যোগ
হেজাৰজনৰ হিয়াভগা কান্দোন ।
আনিব পাৰে ,নিয়ন্ত্ৰণৰ পৰিসীমা ভঙা
পৃথিৱী কঁপি উঠা শিহৰণ
আহকচোন-
শান্তিত শুই থাকিব দিওঁ পৃথিৱীখনক
কিছু ত্যাগৰ বিনিময়ত সজীৱ কৰো মনোমোহা পৃথিৱীখনক
এন্ধাৰে দৌৰে ,
সদায় পোহৰ বিচাৰি
পোহৰ আহিব আমাৰ পদূলিত
নাচি বাগি উঠিব আমাৰ পৃথিৱী।
আকৌ যে নতুন প্ৰভাত হ'ব,
খিৰিকীৰ ফাকেৰে সোমাব,
সজীৱ সোণোৱালী কোমল ৰ’দ।
শৰৎ স্বাগতম
উপাসনা বৰা
শাৰদী ৰাণী তোমাক স্বাগতম
আহিনৰ সেউজীয়া আবেলিটোত
বাট চাই আছোঁ তোমালৈ
জোনাক নিবিড় আকুল সন্ধিয়াটোত
শেৱালি মঞ্জুৰি গুঠি মোক সাৱটি ধৰিবা
আকুলতাৰে বিলীন মই তোমাৰ সত্তাত ।
ধূসৰিত মোৰ কাঁচিয়লি যৌৱনৰ দিনবোৰ মূৰ্ত্তমান হ'ব
দেহৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে বিয়পি পৰিব
তোমাৰ শেৱালি-সুবাস
কি যে মধুৰতম তোমাৰ স'তে মোৰ
কাঁচিয়লি দিনবোৰ ।
শাৰদী পুৱাৰ প্ৰভাতী কিৰণত
জিলিকি উঠিম তোমাৰ পৰশত
এটি,এটি নিয়ৰকণা হৈ
বৰনৈ পাৰৰ কহুঁৱা ডৰাই থৰ লাগি চাই ৰ'ব
আকৌ এটি সৰি পৰিল মধুযামিনী
এপাহি তলসৰা শেৱালি হৈ
এৰি থৈ যোৱা তোমাৰ সুবাসে
কুঁৱলী ফালি এসোঁতা অশ্ৰু সৰকি যাব
মোৰ বুকুৰ বাহিৰে-ভিতৰে
তুমি শুকুলা মেঘ হৈ মোক চাই থাকিবা ।
সন্ধিয়া বোৰ আহিলে তুমি আকৌ আহিবা
শাৰদী ৰাণী শৰৎ
মায়া
বৰ্ণালী দত্ত বৰা
এদিন
দুচকুত চকু থৈ
মোৰ হ'ব খুজিছিলা তুমি
নাজানো কিহৰ মায়াত বন্দী হ'লোঁ
তোমাৰ চকুত
নে
ওঁঠৰ প্ৰগলভতাত....
দোভাগ নিশাও ভাঁহি আহে তোমাৰ মাত।
এতিয়া ৰাতিবোৰ নিমাত-নিতাল -
ভ্ৰাম্যভাষত
মাথো খোদিত হয়
এটা দুটা উশৃঙ্খল শব্দৰ মায়াজাল
তাতেই উত্ৰাৱল মৰম নদী
জীৱনক জীয়াই ৰাখিবলৈ
জীৱনৰ কি যে উদ্দাম বাসনা!
নাজানো কিহৰ মায়াত বন্দী-
তোমাৰ চকুত
নে ওঁঠৰ প্ৰগলভতাত!
আজি মোৰ দৰেই উন্মাদ
ৰাতিৰ আকাশ ।
বিধবা
জ্যোতিস্মিতা গায়ন
নানা ৰঙীন সপোন দেখা
পখিলা খেদি ফুৰা
ঘৰৰ আলাসৰ
ছোৱালীজনী হ'ল আজি লোকৰ ঘৰৰ বোৱাৰী ।
বোৱাৰী নহয় বিধবা
সময়োযে বৰ নিষ্ঠুৰ
কাঢ়ি নিলে তাইৰ ৰঙীন সপোন
সমাজে বান্ধি দিয়া নিয়ম
কাণত নাই কাণ ফুলি ডিঙিত নাই মণি
লপ্ৰাণভৰি হাঁহিবও নোৱাৰে তাই যে বিধবা
নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস
অকালতে কাঢ়ি নিলে হাঁহি
বুকুত উমি উমি জ্বলা বেদনাৰ জুই
বুজিবই বা কোনে ?
মন যায় তাইৰো জোনাকবোৰ চুবলৈ
কিন্তু এতিয়া যে তাইৰ এন্ধাৰেই আপোন
তাইৰ লগৰী এযোৰ বগা সাজ
সাজযোৰো যেন আজি গধুৰ
দুচকুত বিষাদৰ অশ্ৰু বন্যা
সমাজৰ নিয়ম মানি
তাই যেন এপাহ মৰহা ফুল।
পৃষ্ঠা ২৭
সতীৰ্থ আমাৰ গাঁৱলৈ আহিবা
---------------------------
যোগেশ্বৰ লাগাছু
পুৱাৰ সোণোৱালী বেলি
জিলিকাই মিচিকিয়া হাঁহি
সতীৰ্থ আমাৰ গাঁৱলৈ আহিবা
পূবা-পশ্চিমকৈ চহৰমুখী ৰংমন আলি
কাণে কাণে চাই যাবা
ৰিণিকি ৰিণিকি ঐনি:তম শুনা পাবা
তাতেই আহি জিৰাবা
সৌ উত্তৰ গোলাৰ্ধত
দেখিবা সেউজ পাহাৰ
খোজত উজুতি নাখাবা
প্ৰতিটো পুৱা-গধূলিত
আহ-যাহ কৰে অজগৰ লোহাৰ ।
গাঁৱৰ ঘৰে ঘৰে পদূলিত
প্ৰতিটো বৰ বাৰিষাত
সুহুৰি মাৰে জীয়াধল নাচনী
টাকুৰী ঘূৰাদি ঘূৰা নাচোনত
আলি-বাটৰ বুকুত হয় বৰঘুলি ।
সেয়ে আহিবা অলিবাট নুবুলি
বৰঘুলিত ধৰিম ৰৌ মাছ বৰালি ।
নৈৰ পাৰে পাৰে আহিবা
সোণালী ধাননিৰ হাঁহি চাবা
কমোৱাই পাৰি দিব বগা দলিছা
মিচিকিয়া হাঁহিৰে আদৰিব বালিচন্দা ।
শুকুলা বালি চাদৰৰ মাজে মাজে
বতাহত হালিজালি নাচিব ঝাওবন
উন্মনা কৰিব মন ।
মিহি মিহি ধূলিৰ সুগন্ধি
মইনাহঁতৰ ৰঙীন ধেমালি
জুপুৰি বিদ্যালয় গৃহৰ পদূলি ।
ফাগুনৰ প্ৰথম বুধবাৰত
কুকুৰা ডাকতে ডেকাহঁতে যাব পথাৰত
সিচিব আহু ধান
দুপৰ বেলাতে
ডেকা-ডেকেৰীহঁতে
মিবু গালুক, এগে গাচৰ পিন্ধি
লৃগাং পাতিব মুৰং ঘৰত
পাতলীয়া কৰিব ধুমুহা প্ৰাণ ।
মায়ে দিব পুৰাং আপিন
কচু নামচিঙৰ অয়িং
লগতে পৰ: আৰু নগিন ।
সতীৰ্থ নগৰীয়া
নামাৰিবা হুমুনিয়াহ
আমিযে গাঁৱলীয়া ।।
ভূপেনদা
ইকবাল হোচেইন খান
তুমি গান
এটা বিপ্লৱৰ
এটা সত্তাৰ
এটা জাতিৰ ।
তুমি আমাৰ অহংকাৰ
তুমি অসমীয়া
তুমি নাগৰিক বিশ্বৰ
তুমি স্বাধীনতাৰ দেৱদূত
সমতা সাম্যবাদ তোমাৰ কোলাতেই লালিত পালিত
মানুহৰ প্ৰাণে প্ৰাণে তুমি
লাঞ্চিতৰ সপোন তুমি
হৃদয়ে হৃদয়ে বৈ থকা চেতনা তুমি
গৰ্বিত যুঁজাৰু তুমি।
পণ কৰিছোঁ ৰাখিম ধৰি
জাতি মাটি ভেটিত
আমাৰ এই সত্তা
ভূপেনদা, তুমি আমাৰ
জীৱন
জনগণ
---------------------------
ইৰা দেবী ৰাংছালী
গো-ধূলিৰে ধুলিয়ৰি
বাটটোত
সমগ্ৰ পৃথিৱীৰ জ্ঞাত অজ্ঞাত
জনগণৰ তজবজীয়া খোজ
কি গাঁও
কি চহৰ
কপালত লুণীয়া পানীৰ
স্বাদ লৈ
মানুহবোৰ গৈ থাকে
বিশ্বায়নৰ তালে তালে
প্ৰেম, মানৱতা
মহান আন্তর্জাতিকতাৰ
তেজস্বী কণ্ঠেৰে
ৰাইজে কৈ গ'ল
জনগণ আজি
আন্তৰ্জাতিক হ'ল।
বালিঘৰ
মুকুতা ৰয়
প্ৰতিদিনেই সূৰুযৰ প্ৰথম কিৰণত
নিতৌ বালিঘৰ সাঁজো সপোনৰে সৈতে
ৰং বিৰঙী সপোনে ছবি আঁকে
বালিঘৰৰ সুদৃশ্য কোঠালীৰ মজিয়াত
চিক্মিকিয়া বালিচন্দাৰ বেৰত
সপোনবোৰে কথা পাতে
মোৰ মনৰ কথা, অভিলাসাবোৰৰ কথা
গুপ্ত অনুভৱবোৰৰ কথা
তোমাৰ মোৰ সুদীৰ্ঘ যাত্ৰাৰ কথা
ছবিবোৰ ৰঙেৰে ভৰি পৰে
বালিঘৰৰ বেৰৰ ছবি বোৰৰ
কত যে কাহিনী
ৰাজকুমাৰী আৰু সপোন কোঁৱৰৰ
বীণ আৰু ব'ৰাগীৰ
ৰাধা আৰু কলীয়া কৃষ্ণৰ
ভৰষাহীন বালিঘৰৰ আছে জানো
সপোন সজোৱা সাহ
যিমানেই ৰঙীন নবনোৱা কিয়
নিমিষতে যাব উটি ঢৌৰ এটি মাতত
এৰি থৈ সপোনৰ কাৰেং ঘৰ
তেনেহ'লে কিয় এই মিছা সপোন
সপোনে কিয় নুবুজে বালিঘৰৰ ছলনা
তুলিকাই কিয় নুবুজে মনৰ ব্যাথা
কিয়নো এটাৰ পিছত এটাকৈ
সপোনৰ ৰং সানি যায় বালিঘৰৰ ঠুনুকা বেৰত
সপোনে জানে বালিঘৰে পুতৌ কৰি
তাইৰ উকা কেনভাচ ৰঙীন কৰে
বেৰৰ ছবিবোৰত কাহিনীৰ জোৱাৰ তোলে
আৰু সুৰুঙা পালেই ঢৌৰ সৈতে মিলি যায়
সপোনৰ উকা কেনভাচ আকৌ উকা হৈ ৰ
মোক অলপ এন্ধাৰ দিয়া
অনিতা মেধি মিশ্র
মোক অলপ এন্ধাৰ দিয়া
মিতিৰালি পাতিম এন্ধাৰৰ স'তে!
এন্ধাৰৰ গৰাহত হেৰাই যাওঁক সকলো
এন্ধাৰত মনিব নোৱাৰি__
শত্রু-মিত্ৰ,ধনী-দুখীয়া
উচ্চ-নীচ ...
পোহৰত সহজে চিনিব পাৰি__
দুর্নীতিবোৰ,অপৰাধবোৰ
মুখৰ আঁৰৰ মুখাবোৰ
সৰু-বৰ সুক্ষ্ম পাৰ্থক্যবোৰ
পোহৰ! কেৱল__
পোহৰৰ বাবেই বহুদিন শান্তিত শোৱা নাই
পোহৰৰ বাবেই যেন কাৰোৱেই ভাগৰ নাই
পোহৰ বিচাৰি
হেৰুৱাই জীৱনে এন্ধাৰৰ পৰিভাষা।
এন্ধাৰতে লুটিয়াওঁ
জীৱনৰ প্ৰতিটো পৃষ্ঠা।
এন্ধাৰৰ সুৰুঙা নাই।
এন্ধাৰত সকলো সমান।
পৃষ্ঠা ২৮
অভিমানী প্ৰিয়া মোৰ
ৰবিন কুমাৰ চেতিয়া
সেমেকা আকাশত তৰাৰ চকুলো দেখি
উজাগৰী সপোনে বৰকৈ হামিয়ায়
তোমাক লগ পাব পৰাকৈ জীৱনৰ ঘাটত
এখন দলং সাজিবলৈ জানা প্ৰিয়া
মোৰো বৰ মন যায়
ওচৰতে থাকিও আজিলৈকে মই
ক্ষণিকৰ বাবেও তোমাৰ
হ'ব পৰা নাই
আঁতৰত থাকিলেও
অনুভৱৰ নিজৰাৰ পৰা
কণমানো তুমি আঁতৰি যোৱা নাই
দলংখন হ'লেই কিজানিবা ফুলিব
আশাৰ সেউজীয়া
মিলনৰ উন্মাদনাত অ' প্ৰিয়া
কেতিয়াবা অস্থিৰ হয়নে মোৰ দৰেই
তোমাৰো দঁহেচীয়া হিয়া
দলংখন হ'লেই জানিবা প্ৰিয়া
ঘাট বুলি তেতিয়া আৰু একোৱেই নেথাকিব
পাৰত বহি হুমুনিয়াহৰ চকুলোবোৰে
কোনোদিনে আৰু হালি জালি
বিষাদৰ গীত নেগাব
দিন ৰাতি, ৰ'দ বৰষুণ
হেঁপাহৰ জিয়াধলত সদায়ে জিলিকিব
আশাৰ হালধীয়া জোন
তোমাৰ পদূলিত নাথাকিলেও হ'ব প্ৰিয়া
সুগন্ধি হাচনাহানা অথবা খৰিকাজাই
কোনোদিনে কিজানি ময়ো নোৱাৰিম যাবলৈ
তোমাৰ কাষলৈ
তুমি ভালপোৱা ৰজনীগন্ধাৰ সুবাস চটিয়াই
ৰঙা বুলিয়েই মদাৰে জানো পায় কাহানিবা
কৃষ্ণচূড়ালৈ মেলি দিয়া প্ৰেমৰ শৰাই
ফুলিব পৰাকৈ হৃদয়ত প্ৰেমৰ সোণাৰু
কোনোদিনে গোৱা নহ'ল যৌৱনৰ গান
মেলিব খোজা সপোনৰ ভাল লগা সুৰত
সদায়ে আহে চোন ক'ৰবাৰ পৰা
উটি ভাঁহি আপদীয়া বান
জোনাকী শেতেলিত
সৰে নে তোমাৰ অ' প্ৰিয়া
হাঁহিৰে সজোৱা সোণোৱালী অভিমান
বিৰহ
---------------------------
সজ্জন কুমাৰ গগৈ
আহিনৰ শাৰদী
কাহিলি পুৱাতে
দূবৰিত দলিচা পাৰি
সৰা শেৱালিয়ে
পাতিলে ফুলশয্যা
নিয়ৰে দূবৰিক দিলে
মুকুতাৰ মালা
প্ৰভাতী অৰুণে জ্বলালে
শেৱালিৰ ফুলশয্যা
গোপনে গোপনে
শেৱালিৰ হৃদয় উচুপিলে
শেৱালিৰ হৃদয় ভঙা উচুপনি
কোনেও নাপালে দেখা
পৃষ্ঠা ২৯
■ অনুবাদ কবিতাৰ শিতান
মূল কবিতা
MAGAZINE KABYOKANON OCTOBER'20
Olvidaste momentos
Maria Cristina Resca
Resistencia, Chaco, Argentina
Dejaste tu ausencia
en mi lecho,
por las noches
despiertan recuerdos.
Siento el perfume
en las sábanas,
un dulce olor
del amor derramado.
Hundo mi cabeza
en la almohada vacía
y siento tu torso desnudo
transpirado y hambriento.
Caricias de fuego
recorren mi afiebrada desnudez,
que se arquea presurosa
de sentirte muy dentro.
Mis labios se abren
sintiendo esos besos profundos
que me roban el alma
y caminan por mi piel.
Ya no estás presente,
pero olvidaste momentos
y cada noche
yo vuelvo a revivirlos.
Mariesca
La vida me ama y yo amo a la vida...
Derechos Reservados
Argentina
তুমি মূহুৰ্তবোৰ পাহৰি গৈছা
মূল কৱিতাঃ
মাৰিয়া ক্ৰিষ্টিনা ৰেস্কা
ৰেচিচটেনসিয়া, চাক’, আৰ্জেণ্টিনা
ভাৱানুবাদঃ
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
তুমি তোমাৰ অনুপস্থিতিচিহ্ন
এৰি গৈছা মোৰ শেতেলিত,
নিশা সিহঁতৰ স্মৃতি জাগ্ৰত।
প্ৰেমৰ এটি মিঠা আতৰৰ সুবাস
অনুভৱ কৰোঁ চাদৰত।
উকা গাৰুটোত
মই মুৰটো গুজি দিলোঁ
আৰু তোমাৰ উমাল দেহাটো
অনুভৱ কৰিলোঁ
ঘৰ্মাক্ত আৰু ক্ষুধার্ত
কামনা অগনি
যি মোৰ দগ্ধ নগ্নতাৰ আৱেশত দাউদাউকৈ জ্বলিছে
যিয়ে শৰবিদ্ধ কৰিছে
গহন হিয়াৰ ঝঙ্কাৰ অনুভৱ কৰিবলৈ।
মোৰ ওঁঠত
এই কামাগ্নি চুম্বন অনুভৱ কৰিলোঁ
যিয়ে মোৰ হিয়া চুৰি কৰে
আৰু সিহঁতে মোৰ শৰীৰ পিৰপিৰায়
তুমি দেখো আৰু নাই
কিন্তু তুমি মূহুৰ্তবোৰ পাহৰি গৈছা
আৰু প্ৰতি নিশা
মই সিহঁতক আকৌ জীয়াই তোলোঁ।
অহল্যা
জীৱনে মোক ভাল পায় আৰু মই জীৱনক...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
Neka bude samo jedna noć
©Maja Radovanović
Croesia
Ja nikad večnosti ne težim
Jer večnost je reč prejaka
Za mene. Ja i od sebe bežim,
Ali znam da negde ispod oblaka
Samo jedan slušam glas
Zato želim i mogu još par koraka.
Jedne će se noći želja ostvariti
Ja već vidim spojene nas
Jedne će se noći vatra ugasiti.
I neka bude jedna noć samo,
Želim i hoću, ma koliko da traje.
Ali, ja ne znam mogu li te noći tamo
Dok grehovi naši traže čednost,
Dok tonem u tvoje zagrljaje,
Mogu li da ne zatražim da jedna noć potraje večnost?
■এনিশা হ’ব দিয়া
মূলঃ ©মাজা ৰাড’ভেন’ভিক, ক্ৰ’য়েচিয়া
●ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মই চিৰকালৰবাবে আকাঙ্খী নহওঁ
কিয়নো 'চিৰন্তন' এটি ব্ৰহ্মময়ী শব্দ
মই আত্মপলায়ন কৰিছোঁ মোৰ বাবে
মই জানোঁ মেঘৰ গৰ্ভত শব্দ আছে
সেই শব্দ শুনিব খোজো
গতিকে তাৰ বাবে কিছু পদক্ষেপ ল’ব বিচাৰোঁ
এদিন নিশা ইচ্ছা পূৰণ হ’ব
ইতিমধ্যে মই আমাৰ সংযুক্তি দেখিছোঁ
এনিশাতে বজ্ৰবহ্নি নিৰ্গত হ’ব
কেৱল এটি নিশা হ’ব দিয়া
মই বিচাৰোঁ
এইটো যে বহু পুৰণা হ’ব তেনে নহয়
পাছে মই নাজানোঁ
যে মই সেই ৰাতি তালৈ যাব পাৰোঁ নে নাই
যদিও আমাৰ পাপবোৰে
সতীত্ব কামনা কৰে
মই যেতিয়া তোমাৰ বাহুবন্ধনত আৱেশিত হওঁ,
অনন্তকাল চিৰস্থায়ী হোৱাৰ বাবে,
মই এটা ৰাতি পাবলৈ আশা কৰিব নোৱাৰোঁ নে?
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সর্বনাশ
সুবোধ সরকার
মাত্র এক ইঞ্চি আমি তোমার দিকে
গিয়েছিলাম
গিয়েও আমি নিজের হাত
সামলে নিয়েছিলাম ।
মাত্র এক ইঞ্চি আমি সুগন্ধকে
পেয়েছিলাম ।
মাত্র এক বিকেল আমি তোমার গান
গেয়েছিলাম
মাত্র এক ইঞ্চি আমি
তোমার ঘরে বেঁচেছিলাম
মাত্র এক ইঞ্চি আমি
ভূমণ্ডলে নেচেছিলাম।
তাতেই এল পৌষমাস
সঙ্গে এল সর্বনাশ ।
_____
◆অসমীয়া ভাবানুবাদ
●প্ৰদীপ চন্দ্ৰ শৰ্মা
সৰ্বনাশ
মই মাথোন এক ইঞ্চি
তোমাৰ ফালে গৈছিলোঁ
গৈও মই নিজৰ হাত
চম্ভালি লৈছিলোঁ।
মাথোন এক ইঞ্চি
সুগন্ধক পাইছিলোঁ।
মাথোন এদিন আবেলি
তোমাৰ গান গাইছিলোঁ
এক ইঞ্চি মাথোন
তোমাৰ ঘৰত বাচি আছিলোঁ
মাথোন এক ইঞ্চি মই
ভূমণ্ডলত নাচিছিলোঁ।
তেতিয়াই আহিল পুহমাহ
লগত আহিল সৰ্বনাশ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
যদি দিতেই চাও
পূজা তালুকদার
যদি দিতেই চাও তবে এক। স্নিগ্ধ লালিত্যময় জীবন দাও
যে জীবনের প্রতিটি সকাল শুরু হবে
আমার মাথায় তোমার আঙুল ছুঁয়ে
একটি কৃষকময় দুপুর দাও
যে দুপুরে কৃষকের ঘামে আর হাসিতে
ফুটে উঠবে সোনার ফসল।
একটি পূর্ণিমার সন্ধ্যা দাও
যে সন্ধ্যায় সন্তান ফেরে তার মায়ের কোলে, অথবা
প্রেমিক একটি গোলাপ হাতে হাসি ফোটায় তার প্রেয়সীর মুখে ।
একটি স্নিগ্ধ রাত দাও
যে রাতে গোলাপ নিশ্চিন্তে ঘুমিয়ে থাকে
পরের দিন ফুটবে বলে । _____
◆অসমীয়া ভাবানুবাদ
●প্ৰদীপ চন্দ্ৰ শৰ্মা
যদি দিব বিচৰা
যদি দিবই বিচৰা তেন্তে
এটি স্নিগ্ধ লালিত্যময় জীৱন দিয়া
য'ত জীৱনৰ প্ৰতিটি পুৱা আৰম্ভ হয়
মোৰ শিৰত তোমাৰ আশীষ স্পৰ্শৰে ।
এটি কৃষকময় দুপৰীয়া দিয়া
যি দুপৰত কৃষকৰ
ঘাম আৰু হাঁহিত
উজলি উঠিব স্বৰ্ণফল ।
এটি পূৰ্ণিমাৰ সন্ধ্যা দিয়া
যি সন্ধিয়া সন্তানে
মাতৃৰ কোলা শুৱনি কৰে, অথবা
প্ৰেমিকে এপাহ গোলাপেৰে
হাঁহি ফুটাই প্ৰেয়সীৰ মুখত।
এটি স্নিগ্ধ নিশা দিয়া
যি নিশা গোলাপ
নিশ্চিন্তে টোপনি যায়
দোকমোকালিতে সৌৰভ বিলাবলৈ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ভালোবাসো
শুভেন্দু পালিত
কলকাতা
ভালোবাসো
ভালোবাসলেই পৃথিবী আরও মোহময় হবে।
নদীর বুকের ওপর ভোরের বিচ্ছূরণ যেমন
দুধেল বক ভালোবাসে, তেমনি ভালোবাসো তুমি,
ভালোবাসো ধানক্ষেত, ভালোবাসো ভরা নদী,
ভালোবাসো কাঁঠাল ছায়ায় ঢাকা গোধূলির রঙ,
শুকতারা ভালোবাসো, নীলাকাশ ভালোবাসো আর
ভালোবাসো তুলসী তলা।
ভালোবাসো কোলাহল, ভালোবাসো কলতান,আর
ভালোবাসো ঘন্টার ঢংঢং ।
ভালোবাসো ভোরের আজান, ভালোবাসো বটতলা,
ভালোবাসো আমবোন, ভালোবাসো সকালের ঘ্রাণ
ভালোবাসো সকালের শিশির, ভালোবাসো সন্ধ্যার পেঁচা
আর ভালোবাসো মাঝিদের ভাটিয়ালী গান ।
ভালোবাসো
ভালোবাসলেই পৃথিবী থেকে চলে যাবে সব বিষ।
ভালোবাসো, ভালোবাসো ...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
তোমার প্রতীক্ষায় পৃথিবী
জহিরুল হক বিদ্যুৎ
বাংলাদেশ
ডুবে যাবে একদিন প্রাণের স্বপ্নতরী এ বসুধায়,
ভেসে যাবে জীবনের সবগল্প প্রলয়ের জলোচ্ছ্বাসে--
সময়ের পেন্ডুলাম বেজে ওঠে ক্ষণেক্ষণে সকরুণ সুরে
কতটুকুই বা প্রস্তুত হে মানবকুল এ নন্দিত নরকে?
গোলাপের পাপড়িগুলো শুকানোর আগেই
প্রেমিকের রুমাল ভেবে শুঁকে নিও এক নিঃশ্বাসে।
একান্ত অনুভবে ডুবে দেখ একবার,
কিসের গন্ধ ছড়ায় অদৃশ্য মনের উদ্যানে?
স্বার্থের নাকি ভালোবাসার?
টাকার গন্ধভরা হাতদুটো পবিত্র করে নিও
প্রেম প্রত্যাখ্যাত অসহায় মানুষের চোখের জলে--
অর্থ-বৈভব যেখানে ছুঁয়েছে পাহাড়
হৃদয় গলে নামতে দাও নিরন্ন মানুষের স্বস্তির ঝরণা--
পৃথিবী একদিন সুস্থ হয়ে ফিরবে জানি
তুমিও কি পুরোপুরি সুস্থ হয়ে আসবে না এ বসুধায়?
বেঁচে থাকার এ যাত্রায় মানুষ ও প্রকৃতির কাছে?
সুন্দর অনুভূতিরা নিশ্চয়ই একদিন বদলে দেবে পৃথিবী।
এই যেমন ধরো--
তুমি ফিরে আসবে বেলা-অবেলায়
শান্তির দূত হয়ে দূর্বল নিরস্ত্র মানুষের কাছে,
আগামী শিশুর বাসযোগ্য স্বপ্নের আর্কিটেক্ট হয়ে
রাস্তার দু'ধারে বুনোফুলের হাসি নিয়ে।
তোমার প্রেম-প্রতীক্ষায় বসে থাকবে,
মেঘাচ্ছন্ন বিষণ্ন-বিকেল
থেঁতলে পড়া অর্থনীতির নাটাই
আর অনেকগুলো ক্ষুধার্ত-প্রভাত---
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নীলাম্বর।
সৈয়দ শাহনুর আহমেদ
গ্ৰেট ব্ৰিটেইন
মেঘ নিশি রাতে চেয়ে দেখি
ওই নীলাম্বরে বসা মোর সখি
পৃথিবীর শেষ সবুজ দিগন্তে
রস্মি ছড়াচ্ছে পূর্ণিমার শশী।
তরল জলাঙ্গীর কল্লোলরোলে
কেমন আছিস হাসিমুখে বলে
তার স্নিগ্ধ বাঁশরীর ধ্বনি শুনে
পূলকিত হয় মোর বদান্যমনে।
নির্জন তটে ছিলাম বসা বটে
উৎসুক মন কবে গেছে উরে
মোর দুর্বল তনু-কায়া ছেড়ে
প্রিয়ের পাশে নীলাম্বরের দেশে।
রোমাঞ্চ ক্ষণে দক্ষিণ গগন যেন
সুরভিত সাজে সজ্জিত বিয়েবাড়ি।
গাঢ় ঘণ চোঁখে ভালো করে দেখে
মোর প্রিয়াকে নিয়ে এলাম বাড়ি।
তোমার দীপ্ত প্রতিমায় মুগ্ধ আমি
প্রতিভা ভরপুর এক শিল্পী তুমি
মোর কল্পিত বর্তুল পৃথিবীর বৃত্তে
ধন্য হলাম তোমার নতুন কৃত্যে।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
মিটে যত ক্ষিধে!
মোঃ আমিনুল ইসলাম
বাংলাদেশ
কবি কি মুখের কথা? কল্প চিত্র আঁকি,
বাস্তব কোথা' চরণ জুড়ে গুনছি ফাঁকি!
সাধনে সাধি মায়ার অভাব তবু লিখি,
ছন্দের আঁধার ছাড়া কবি কাব্য শিখি।
কালো কালির কলম চাষে স্বচ্ছ বাণী,
চিত্র জুড়ে বসত আঁটে দূরের কাব্যরানি।
হয়তো আকাশ মেঘে ঢাকা নীল খু্ঁজি,
বেলাইনে শব্দমালা ভাবুক হৃদয় জুঝি।
কাব্য ঝরনা সিন্ধু আকার বিন্দুর মাঝে,
কল্পকথা লুকিয়ে হাসে গল্প শত সাঁঝে।
পাহাড় নদী বর্ষা যদি কলকলিয়ে বায়,
কাব্যরানি নূপুর পায়ে খলখলিয়ে ধায়।
সত্য খানিক জুড়িয়ে মানিক কবি মনে,
সুখে বাসর জমিয়ে আসর বধূর সনে।
নারী চরিত মূল মন্ত্র কাব্য ভবের হাট,
সাধন চিত্র পরম মিত্র কল্পে আঁকি ঘাট।
আবেগ জুড়ে ভাবনা ফুঁড়ে মসি চলে,
দিবা শেষে পুলক বেশে ফসল ফলে।
খাতা কলম মনের মলম কবির হৃদে,
সৃষ্টি সারা ফল্গুধারা মিটে যত ক্ষিধে।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
আমি মানুষ
জিয়াউদ্দিন জেইন
বাংলাদেশ
নয়ত হিন্দু নয়ত মুসলিম
নয়তো খ্রিষ্টান।
মানুষ হয়ে জন্ম আমার
এটাই মেহের বান।
বিধি তুমি আল্লাহ তুমি
তুমিই ভগবান
তোমার তরে জগত সেরা
তুমি রহমান।।
এই ভবেতে কত মানুষ
তোমার গান গাই
আমি গুনাগার বান্দা
তোমায় পেতে চাই।।
মাটির বিছানাতে শুয়ে
জুড়ায় বান্দার প্রাণ।
আকাশ মাটি সবই খাঁটি
বিধি রহমান
তোমার ইচ্ছা দিতে পারি
জেইনের ছোট্ট জান।।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
মা-দুর্গা
ইভা আলমাস
বাংলাদেশ
'দ' দিয়ে দৈত্য বিনাশ 'উ-কার' বিঘ্ননাশ
'রেফ' যত রোগ নিরাময় 'গ' পাপের সর্বনাশ।
'আ-কারে' শত্রু ভয় করে বিপর্যয়
ধরাধামে যিনি আসেন চির শান্তিময়
মা দুর্গা সে অগম্যা
জগতবাসীর স্নেহে ধন্যা।
দেবতারা ভালোবেসে দিলেন শক্তি সব
তাই দিয়ে করেছিলেন মহিষাসুর বধ
মহাদেব বিষ্ণু অগ্নি বায়ু আর যম
ইন্দ্র ব্রম্মা বিশ্বকর্মা কেউ নাহি কম
এমনকি হিমালয় সিংহ করে দান
মা দুর্গা আপনাকে করলো মহান।
আশ্বিনের শুক্লাষষ্ঠী নেমে আসেন ধরায়
লক্ষী গনেশ কার্তিকসহ সরস্বতীর গায়
ঊর্ধ্ব গগনে রয় মহাদিদের দেব
মহাষষ্ঠীর দিন মেনে দুর্গার অভিষেক।
কলাবউ পূজো শুরু মহা সপ্তমীতে
কল্পারম্ভের সন্ধি পূজো মহা অষ্টমীতে
বিহিত পূজার মধ্যে শুরু সেই সে নবমী
বিসর্জনে সব শেষ হায় সে যে দশমী।
শুভ-অশুর'র যত লণ্ডভণ্ড কাজ
মা-দুর্গার আগমনী থামায় সব স্বরাজ
শান্তির অমোঘ বাণী মা-দুর্গার ছবি
ঘোর কৃষ্ণ অন্ধকারে মঙ্গলময়ী রবি
যেন শরতের দুর্গা দেবী...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
শাশ্বত বন্ধন
এনাম আনন্দ
মসজিদ মন্দির পাশাপাশি
আমরা ভাগ করি কেন সত্তা
হিসাব-নিকাশ করে দেখি
একই মোদের আত্মা!
সবার শিরায় লোহিত রক্ত
হচ্ছে বহমান
আয় ভাই গলাগলি করি
গাই সাম্যের গান।
এক সাথে পাঠশালায় যাই
এক সাথে ফিরি বাড়ি
হিন্দু মুসলিম ভেদাভেদ নাই
চল্ হাত ধরাধরি করে ঘুরি।
হিন্দু মুসলিম দাঙ্গা লাগিয়ে
মোদের করতে চায় যারা পর
নয়তো তাঁরা মানব সন্তান
ওরা শয়তানের সহচর।
মুসলিম ডাকে আল্লাহ খোদা
হিন্দু, হরি ভগবান
দেশ উন্নয়নের কাজ করে যাই
সবাই ঝরাই ঘাম।
একাত্তরে দেশ স্বাধীনে
রয়েছে সবার অবদান
জীবন দিয়ে হলেও রক্ষা করবো
বাঙালি জাতির মান।
এক কলিতে ফুটলে মোরা
জীবন কাটবে বেশ
একই সূতায় গাঁথা রয়ে
গড়বো সোনার দেশ।
এনাম আনন্দ
৬০ ফিট রোড, মিরপুর-২,
ঢাকা, বাংলাদেশ।
+8801711487051
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
স্বপ্ন
দীনেশ সাউ
ফুটপাতে শুয়ে কৈশোর
উধাও মৃত্যু ভীতি,
দুচোখে রঙিন স্বপ্নের ভোর
-জাগিয়েছে রাজনীতি।
হাত-দুখানি ক্লান্ত, মাথার নীচে।
হাঁটুর উপরে ভাঁজ করা এক পা
নক্ষত্রের আলোক কেমন নাচে
অবাক হয়ে শুধুই দেখে যা!
তিনহাত দূরে দুখানা-ইটের চুলা
জ্বালানী নোংরা কাগজ
লম্বা লাইনে শ্লোগান বিকেল বেলা
ধোলাই সাফাই হাজার নরম মগজ।
আজতো গেল, আসছে আগামীকাল
চোখের চাইতে বড়ো পেটের ডাক
রোজ এরকম মিছিল হোকনা বিশাল
একটু হেঁটেই উদর তৃপ্তি পাক।
দীনেশ সাউ
মূখ্য সম্পাদক, লিপিমাল্য মেগাজিন
জুজারসাহা, পাঁচলা, হাওড়া-৭১১৩০২
পশ্চিমবঙ্গ
পৃষ্ঠা ৩০
■ব্যাকৰণ শিতান
সন্ধি আৰু সমাস
বিনীতা গোস্বামী
●সন্ধি :
বাক্যত ব্যৱহাৰ কৰোঁতে কিছুমান শব্দ লগ লাগি যায়, তেনে লগ লগা শব্দবোৰে কেতিয়াবা বেলেগ অৰ্থও বুজায়। অসমীয়া ভাষাৰ ভালেখিনি শব্দ পোনে পোনে সংস্কৃতৰ পৰা অহা। তেনেবোৰ শব্দ সংস্কৃত ৰূপত থাকোঁতেই দুটা বা কেতিয়াবা তাতোকৈ বেছি শব্দ লগ লাগি এটা হৈ আহে। এই লগ লগাটোৱেই হ'ল সন্ধি। সন্ধি মানে জোৰা। সংস্কৃত ব্যাকৰণৰ নিয়মমতেই সেই জোৰাবোৰ লাগে বা সন্ধি হয়। যেনে "হিমালয়" শব্দটো সন্ধি ভাঙিলে হয় =হিম(বৰফ) +আলয়(ঘৰ)। সেইমতে হিমালয় শব্দটোৰ অৰ্থ এস্কিমো বিলাকৰ "ইগলু'" ও হ'ব পাৰিলেহেঁতেন। কিন্তু হিমালয় এখন পৰ্বতৰ নাম। অসমীয়াত তাৰ সেইটোৱে অৰ্থ আৰু সেইমতেই তাৰ ব্যৱহাৰ। হিমালয় শব্দটোত দুটা স্বৰবৰ্ণ (ধ্বনি) লগ লাগিছে : হিমৰ অ আৰু আলয়ৰ আ, দুয়োটা মিলি এটা "আ" হৈছে। গণেশ শব্দটোতো দুটা শব্দ আছে, গণ+ঈশ=গণেশ (গণ মানে মানুহৰ থূল আৰু ঈশ মানে ঈশ্বৰ)। ইয়াত গণৰ 'অ' ৰ লগত ঈশৰ 'ঈ' লগলাগি 'এ' হৈছে। আপোনালোকে ' নবোদয় বিদ্যালয় ' ৰ নাম শুনিছে। দুয়োটা শব্দতে সন্ধি আছে। নৱ+উদয়=নবোদয়। নৱৰ 'অ' আৰু উদয়ৰ 'উ' মিলি হ'ল ও-----গতিকে নৱোদয়। বিদ্যাৰ' আ' আৰু আলয়ৰ ' আ' দুয়ো মিলি আ হয়_বিদ্যালয়। "মহৌষধ" শব্দটো আপোনালোক সকলোৱে জানে। এই শব্দটোত মহা+ঔষধ ___এই দুইটা শব্দ লগ লাগি হৈছে : মহাৰ 'আ' আৰু ঔষধৰ 'ঔ', গতিকে মহৌষধ। তেনেদৰেই মহা+উৎসৱ =মহোৎসৱ। 'আৰ' ৰ পিছত 'উ' থাকিলেও 'ও' হয়। এইবিলাক হ'ল স্বৰসন্ধিৰ উদাহৰণ। আমাৰ ভাষাত থকা সংস্কৃত শব্দবিলাকৰহে এনে সন্ধি হয়। কেইটামান প্ৰায়ে ব্যৱহাৰ হোৱা শব্দৰ সন্ধি এইদৰে হয় :
অতি+ইত=অতীত, অভি+ইষ্ট =অভীষ্ট
পৰি+ঈক্ষা=পৰীক্ষা, প্ৰতি+ঈক্ষা=প্ৰতীক্ষা
পৃথিৱী+ঈশ্বৰ =পৃথিৱীশ্বৰ, দিল্লী +ঈশ্বৰ =দিল্লীশ্বৰ
কটু+উক্তি =কটুক্তি, নৰ +ইন্দ্ৰ =নৰেন্দ্ৰ
পৰম+ঈশ্বৰ =পৰমেশ্বৰ,
গণ+ঈশ=গণেশ
যথা+ইষ্ট =যথেষ্ট, মহা+ইন্দ্ৰ =মহেন্দ্ৰ
প্ৰশ্ন +উত্তৰ =প্ৰশ্নোত্তৰ, পৰ+উপকাৰ =পৰোপকাৰ
মহা+উদয়=মহোদয়, মহা+উৎসৱ =মহোৎসৱ
ঋৰ লগত সন্ধি হ'লে ঋৰ ঠাইত অৰ্ হয় আৰু ৰেফ্ হিচাপে পিছৰ আখৰৰ লগত যুক্ত হয়। যেনে :
দেৱ+ঋষি =দেৱৰ্ষি, সপ্ত+ঋষি=সপ্তৰ্ষি,
ৰাজা +ঋষি =ৰাজৰ্ষি
জন+এক=জনৈক
অতি+অন্ত=অত্যন্ত
অতি +আচাৰ =অত্যাচাৰ
ইতি+আদি=ইত্যাদি
পৰি+আলোচনা =পৰ্যালোচনা
(এনেবোৰ সন্ধি আগৰ শব্দৰ ই য় ৰূপ লৈ আগৰ আখৰত লগ লাগে)
এই আটাইবোৰেই অসমীয়াত সততে ব্যৱহাৰ হোৱা শব্দ। কিন্তু সন্ধিৰ নিয়মবিলাক সংস্কৃত ভাষাৰহে। অসমীয়াত ' তাৰ উপৰি ' শব্দ দুটা বহুতে 'তাৰোপৰি ' বুলি লিখে ', পিছে অসমীয়া তাৰ শব্দটো অকাৰান্ত নহয় ব্যঞ্জনান্তহে, সংস্কৃত মতে শুদ্ধ নহ'ব। গতিকে শব্দ দুটা ভাঙি লিখাই যুগুত _তাৰ উপৰি।
তথাপি
মাহ্+এক=মাহেক, বছৰ+এক=বছৰেক,
হাত+এৰে=হাতেৰে, হাত+এদি=হাতেদি,
মানুহ +অক=মানুহক, দহ+ও=দহো
দহো+টা=দহোটা... আদিৰ ব্যৱহাৰ আছে। প্ৰথম শব্দবোৰ স্বৰান্ত নোহোৱাৰ বাবে পিছৰ শব্দটোৰ স্বৰধ্বনি আগৰটোৰ শেষত যোগ হয়।
সেইদৰেই অনি, আল, অক, অলীয়া, আ আদি প্ৰত্যয় যোগ হ'লেও সেইবিলাক মূল শব্দৰ লগত তেনেদৰেই যুক্ত হয়।
হাবি+অনি=হাবিয়নি
কচু+অনি=কচুৱনি
বুধি +অক=বুধিয়ক
গাওঁ +অলীয়া =গাঁৱলীয়া
নদী +আল=নদীয়াল
কৰো+আ=কৰোৱা ।।
এই নিয়মবোৰ সংস্কৃতৰ নিয়ম নহয়।
পছিম+আকাশ =পছিমাকাশ।
বড়+আশা=বড়াশা আদি ব্যৱহাৰ গৃহীত নহয়।
সংস্কৃতত ব্যঞ্জন সন্ধিও আছে আৰু আমি অসমীয়াত ব্যৱহাৰ কৰা বহুতো শব্দ সংস্কৃত ব্যঞ্জন সন্ধিৰ ভিত্তিতে হোৱা।
উৎ+চাৰণ=উচ্চাৰণ
উৎ+জ্বল=উজ্জ্বল
সৎ+জন=সজ্জন
উৎ+হৃত=উদ্ধৃত
সম্+চয়=সঞ্চয়
সম্+কাৰ=সংস্কাৰ
দিক্+অন্ত=দিগন্ত
জগৎ+নাথ=জগন্নাথ
জগৎ+ঈশ=জগদীশ
পৰি+কাৰ=পৰিস্কাৰ
মৃৎ+ময়=মৃণ্ময়
বিসৰ্গ যুক্ত শব্দৰো সন্ধি হয়। আমাৰ প্ৰায়ভাগৰে চিনাকি শব্দ কেইটামান তলত দিয়া হ'ল। কোনো কোনো ক্ষেত্ৰত স (শ, ষ) হয় আৰু কোনো ক্ষেত্ৰত "ৰ " বা "ও" হয়।
নি: +ঠুৰ=নিষ্ঠুৰ
নি:+চিত=নিশ্চিত
নি: + তাৰ =নিস্তাৰ
দু:+ অৱস্থা =দুৰৱস্থা
নি:+ তেজ=নিস্তেজ
পুন:+জন্ম =পুনৰ্জন্ম
নি:+ পাপ=নিস্পাপ
নি:+নয়=নিৰ্ণয়
পুৰ:+কাৰ=পুৰস্কাৰ
দু:+ নীতি =দুৰ্নীতি
মন: +যোগ=মনোযোগ
মন: +ৰোম=মনোৰম
দু:+ লোভ=দুৰ্লভ
মন:+মত=মনোমত
অধ:+ গতি=অধোগতি
শিৰ:+ছেদ=শিৰচ্ছেদ
এইবোৰ সংস্কৃত শব্দ, তাৰ নিয়ম অসমীয়াত খটুৱাব নোৱাৰি। নি:পালি নিষ্পালি নহয়, নি:কিন নিষ্কিন বা নিৰ্কিন নহয়।
◆সমাস :
কোনো কথা সংক্ষেপে প্ৰকাশ কৰিবলৈ সমাস ব্যৱহাৰ কৰা হয়। দুটা বা ততোধিক পদ লগ লাগি এটা পদলৈ ৰূপান্তৰিত কৰা পদ্ধতিয়েই হ'ল সমাস। সন্ধিৰ লগত ইয়াৰ প্ৰভেদ এইখিনিতে যে সন্ধিত কেৱল দুটা পদৰ শেষ আৰু আদি আখৰ লগ লগাই এটা শব্দ কৰা হয়। গতিকে সন্ধি হ' ল আখৰৰ যোগ। কিন্তু সমাসত দুটা বা অধিক পদ লগ লগাই এটা নতুন পদ কৰা হয়। ঘাইকৈ কোনো কথা সংক্ষেপে প্ৰকাশ কৰিবলৈ কৰা হয়। অসমীয়া ভাষাত ব্যৱহৃত সংস্কৃত, ঘৰুৱা অসমীয়া, থলুৱা আন ভাষাৰ শব্দ আনকি বিদেশী শব্দৰ ভিতৰতো সমাসৰ ব্যৱহাৰ হয়। যেনে:=মাতৃৰ প্ৰতি ভক্তি=মাতৃভক্তি
হাতেৰে কটা =হাতেকটা
স্কুলৰ মাষ্টৰ = স্কুলমাষ্টৰ
কোনো পদত হোৱা সমাসৰ ৰূপ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা বাক্যক ব্যাসবাক্য বুলি কোৱা হয়। আৰু তাৰ পৰা সৃষ্টি হোৱা পদটোক সমস্তপদ বোলে।
সংস্কৃত ভাষাৰ পদ্ধতিকে অনুসৰণ কৰি অসমীয়া ভাষাত ছটা ভাগ কৰা হৈছে। এই ভাগবোৰৰ নাম সংস্কৃত ব্যাকৰণৰ পৰাই লোৱা।
১।দ্বন্দ্ব সমাস
২।তৎপুৰুষ সমাস
৩।কৰ্মধাৰয় সমাস
৪।দ্বিগু সমাস
৫।বহুব্ৰীহি সমাস
৬।অব্যয়ভাৱ সমাস
১। দ্বন্দ্ব সমাস: দ্বন্দ্ব সমাসত ব্যাসবাক্যত দুটা বা ততোধিক পদ 'আৰু' শব্দৰে যুক্ত হৈ থাকে। তাৰপৰা গঠন কৰা সমস্ত পদটোত 'আৰু' শব্দটো লুপ্ত হয়। যেনে :
ৰাধা আৰু কৃষ্ণ =ৰাধাকৃষ্ণ
হৃষ্ট পুষ্ট আৰু বলিষ্ঠ =হৃষ্ট-পুষ্ট-বলিষ্ঠ
২।তৎপুৰুষ সমাস: তৎপুৰুষ সমাসৰ ব্যাস বাক্যত পদৰ লগত প্ৰথমা বিভক্তিৰ চিন বিলুপ্ত কৰি সমস্ত পদটো গঠন কৰা হয়। যেনে :
যি সাহাৰ্য্য পাইছে =সাহাৰ্য্যপ্ৰাপ্ত(২য়া বিভক্তি উহ্য)
মনেৰে গঢ়া=মনেগঢ়া (৩য়া বিভক্তি)
গুৰুক দিয়া দক্ষিণা= গুৰুদক্ষিণা(৪ৰ্থী বিভক্তি)
পদৰ পৰা চ্যুত=পদচ্যুত (৫মী বিভক্তি)
পৰৰ অধীন=পৰাধীন (৬ষ্ঠী বিভক্তি)
বিশ্বত বিখ্যাত =বিশ্ববিখ্যাত (৭মী বিভক্তি
৩।কৰ্মধাৰয় সমাস:তৎপুৰুষ সমাসত সমাস কৰিবলৈ পদ দুটা একে বিভক্তিত থাকিলে কৰ্মধাৰয় সমাস হয়। সাধাৰণতে পদ দুটা বিশেষ্য আৰু বিশেষণ ৰূপতেই পোৱা যায় আৰু পিছত থকা পদটোৱেই ঘাই অৰ্থ হয়। ব্যাসবাক্যত থকা'যি' পদটো ঘাইকৈ লুপ্ত কৰা হয়।
যেনে :সুন্দৰ যি বালক= সুন্দৰবালক
দুষ্ট যি বুদ্ধি =দুষ্টবুদ্ধি
মহা যি ঋষি= মহৰ্ষি
কৰ্মধাৰয় সমাসত 'অন্য' শব্দই 'অন্তৰ' ৰূপ লয়। যেনে:অন্য দেশ=দেশান্তৰ
অন্য দ্বীপ =দীপান্তৰ
কৰ্মধাৰয় সমাসত স্বৰবৰ্ণ পাছত থাকিলে 'কু' ৰ ঠাইত 'কদ' হয়। যেনে :
কু যি অভ্যাস =কদাভ্যাস
কু যি আচাৰ =কদাচাৰ
কৰ্মধাৰয় সমাসৰ কোনো কোনো ক্ষেত্ৰত ব্যাসবাক্যৰ মাজত থকা তুলনামূলক ভা ব্যাখ্যামূলক
পদবোৰ লুপ্ত হয়। যেনে:
তুষাৰৰ নিচিনা ধৱল= তুষাৰ ধৱল
যমে দিয়া যন্ত্ৰণা =যম যন্ত্ৰণা
মাটিত হোৱা কঠাল =মাটি কঠাল
৪।দ্বিগু সমাস: দ্বিগু সমাসত সংখ্যাবাচক শব্দ আৰু আন বিশেষ্যৰ সমাহাৰ বা সংযোগ ঘটে।
যেনে:তিনিখন জগতৰ সমাহাৰ =ত্ৰিজগত
পঞ্চ নদীৰ সমাহাৰ =পঞ্চনদ
দহ দিশৰ সমাহাৰ = দশোদিশ
সাত শাকৰ সমষ্টি =সাতশাক
দুই মাহৰ মাজ= দোমাহী
৫।যি সমাসত সমাসেৰে লগ লগা পদবিলাকে নিজৰ অৰ্থ নুবুজাই আন এটা অৰ্থহে সূচায়, তাক বহুব্ৰীহি সমাস বোলে। বহুব্ৰীহিৰে কৰা সমাস সদায় বিশেষণ হয় আৰু ব্যাসবাক্যত 'যাৰ' শব্দটো ব্যৱহাৰ কৰা হয়। যেনে : দশ আনন যাৰ=দশানন (এই শব্দটোৱে দহ গুণো নুবুজায় আৰু মুখো নুবুজায়। ইয়াৰ অৰ্থ হ'ল ৰাৱন)।
বীণা আছে পাণিত যাৰ=বীণাপাণি (সৰস্বতী)
পাঁচ বছৰ বয়স যাৰ=পাঁচবছৰীয়া
৬।অব্যয়ীভাৱ সমাস: অব্যয় শব্দ আগত থাকি অব্যয় শব্দেৰে অৰ্থ প্ৰধান হৈ থাকিলে অব্যয়ীভাৱ সমাস হয়। যেনে :
কুলৰ সমীপ =উপকূল নগৰীৰ সমীপ=উপনগৰী
ক্ষণে ক্ষণে =প্ৰতিক্ষণে
ভিক্ষাৰ অভাৱ =দুৰ্ভিক্ষ
জীৱন পৰ্যন্ত =আজীৱন
দ্বীপৰ সদৃশ=উপদ্বীপ
ক্ষুদ্ৰ ভাষা=উপভাষা
পৃষ্ঠা ৩১
■কবিতা
প্ৰেম
--------------------------------------
টনজিৎ বৰুৱা
প্ৰেমে
নুবুজে
শিলৰ আখৰ
প্ৰেমত
বলিয়ান
লোকে নুশুনে
ডাঙৰ চিঞৰ
যি
প্ৰেমক
হৃদয়ঙ্গম কৰে
তাৰ ভৰিৰ
আঙুলি পিচলি পৰে
যেন
সি দৃষ্টিহীন
প্ৰেম
কি হয়
হৃদয়ৰ
স্থান ক'ত ৰয়
আৰু মানুহৰ
প্ৰকৃতিৰ এক
মনোৰম সত্য
সেউজীয়া
হ'লেহে প্ৰেম হয়
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নদীখন বৈ থাকিল
--------------------
ৰিজু মণি দেৱী
নদীখনে পিন্ধি লৈছিল এটা শিলৰ চোলা
শতবছৰৰ পৰা পিন্ধি ৰৈ আছিল আহতজোপাৰ তলত---------
ধুমুহা আহে , বিজুলী ঢেৰেকণি আহে
ভূমিকম্প আহে
তথাপি নদীখন ৰৈ থাকে
শিলৰ চোলাটো পিন্ধি
শিলৰ চোলাটো নদীখনৰ বৰ প্ৰিয়
এইবাৰ আহিল এছাটি শীতল মলয়া বা
বতাহে কাণে কাণে ক'লে
ব'লা তৰাৰ দেশলৈ
নদীখনে শুনে --------
নীৰৱতাৰ পোছাক পিন্ধি ৰৈ থাকে।
নিতৌ পুৱা গধূলি আহে মলয়া বা
কথা পাতে নদীৰ লগত
বাৰে বাৰে আমনি কৰে তাৰ দুখৰ কাহিনী শুনাই
দুষ্ট ফাগুনৰ ৰং সানি মলয়া বা থমকি ৰয় নদীৰ কাষতে
শুই পৰে ভাগৰত ক্লান্ত হৈ
প্ৰতিশ্ৰুতি দিয়ে নদীৰ কাষতে
কহুৱা হৈ ফুলি ৰ'ব অনন্ত কাললৈ
নদী বৈ গ'ল শিলৰ চোলাটো খুলি -----
পগলা মলয়া উৰি ফুৰে
নিজৰ খেয়াল খুচিত
এদিন প্ৰতিশ্ৰুতি পাহৰি
ঢাপলি মেলিলে দূৰণিৰ
পাহাৰৰ দিশে
নদীখন বৈ থাকিল বৈ থাকিল ----
আৰু আগলৈ সাগৰৰ দিশে !
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
প্ৰতীক্ষা
---------------------
ৰুলা ভূঞা
তোমাৰ বাবে মোৰ
থৈয়া-নথৈয়া মন
মোৰ আশাবোৰ
পোৱা নোপোৱাৰ মাজত
মই ডুব যাওঁ বাৰে বাৰে
গভীৰ অন্ধকাৰত
তথাপি বিচাৰি পাওঁ
তোমাক
মোৰেই মাজত।
শৰৎ নামিছে দূবৰিৰ দলিচাত নিয়ৰৰ মুকুতা ঢালি
---------------------------
প্ৰতিমা বুঢ়াগোহাঁই
শৰৎ নামিছে
দূবৰিৰ দলিচাত
নিয়ৰৰ মুকুতা ঢালি
সেয়ে চাগে
তোমাৰ মৰম,ভালপোৱা,
আৱেগ,অনুভূতিবোৰে
বাৰে বাৰে দোলা দিছেহি
মনৰ নিজানত
সুদূৰত নদীৰ বালিচাপৰিত
হালিজালি বাউলি হৈ নাচিছে
শুকুলা কঁহুৱাডৰাই
চোতালৰ আগৰ
শেৱালিজুপিয়েও
পুৱতি নিশাই
এপাহি দুপাহিকৈ
শুই পৰিছে
দূবৰিৰ দলিচাত
তাতেই চাগে শৰৎ নামিছে
তুমিও আহিবাচোন এদিন
আবেলি পৰত
আমাৰ সেই
চিনাকি নদীখনৰ পাৰলৈ
দুয়ো কঁহুৱাৰ আঁৰে আঁৰে
আপোন পাহৰা হৈ
দৌৰি ফুৰিম
হাতে হাত ধৰি
তোমাৰ সজল দুচকুত
পুনৰ বিচাৰি চাম
হেৰোৱা প্ৰেমৰ
মায়াসনা আবিৰ
দুয়ো উন্মনা হৈ ৰ’ম
ক্ষণিকৰ বাবে
বুকু জুৰাই পি লম
হেঁপাহৰ হাবিয়াহবোৰ ৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
শৰতৰ প্ৰেমিকা তুমি শুভ্ৰ শেৱালি
------------------
মনচুমী কলিতা নাথ
অ' শাৰদী কুসুম সুকোমল শেৱালি
তুমি শৰতৰ প্ৰেমিকা
শৰতৰ সুনিৰ্মল জোনাকী ৰাতি
আলফুলে ফুলি থকা শুভ্ৰ বসনা
নিজান নিৰৱ শীত-কুঁৱলীৰ নিশাটি
তুমি আহি সৰব কৰিলা
একাঁজলি কবিতাৰে শান্তিৰ অমিয়া ঢালি
সুৰভি নিজৰা বোৱালা ।
সুন্দৰ যে ফুলাৰ মন্ত্ৰ উচ্চাৰি অহোৰাত্ৰি,
পুৱাতেই সুগন্ধি সানি শুৱনি ধৰাত
তুমি আহি বিলালা প্ৰশান্তি
অ' শেৱালি শৰতৰ ফুল -
দশোদিশ কৰি আমোলমোল,
হৃদয়ে হৃদয়ে তোলা শান্তিময়ী অমিয়া কল্লোল
তৰাৰ মাজত ৰৈ খেলি আছে সৌৱা
পূৰ্ণিমাৰ ৰূপোৱালী জোন
আলফুলে সাবটি মাটিৰ বুকু
তুমি যেন ৰচি আছা সোণালী সপোন
নিয়ৰ মুকুতা গুজি জিকমিক জিলিকি
দূবৰিৰ দলিচাত খেলিছাহি খেলা,
স্বপ্নময় শাৰদীৰ পুৱতি পৰত
সূৰ্যস্নাতা প্ৰকৃতিৰ শ্যামলী বুকুত
শৰত আৰু শেৱালিৰ কি যে এক মধুময় প্ৰেমৰ মেলা ।।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
শাওণৰ পদ্য
-------------------------------------------
হিমাদ্ৰী দাস
শাওণৰ পদ্য ভাল পাওঁ
বাবেই
ডায়েৰীৰ প্ৰতিখিলা পৃষ্ঠা
তোমাৰ নামতেই সমৰ্পিত কৰিছিলোঁ
লিখিছিলা নে কেতিয়াবা তাত
বাৰিষাৰ সেউজভৰা কবিতা...?
তোমাৰ কবিতাৰ
আক্ষৰিক অলংকাৰত
জী উঠেনে কেতিয়াবা মোৰ মৃত প্ৰতিবিম্ব ?
উশাহৰ অম্লজান
তোমাৰ নিশাহত মেৰিয়াই দিবলৈ,
উপহাৰ হিচাপেই দিবাচোন
এটি নিৰিবিলি সন্ধিয়া ...
জোনে যদি লাজতে মুখ লুকুৱায়
মেঘৰ আঁৰত
আন্ধাৰে আৱৰি ধৰাৰ আগতেই
দুবাহুৰে সাবটি সুমুৱাই ল'বা
তোমাৰ বুকুৰ উমাল ভাজত...
পৰিধিৰ বাহিৰত
জীৱনৰ সমস্ত নিয়ম ভাঙি
সুৰ দিম এটি বেসুৰা ৰাগত
ভাঙিলে ভাঙক
ৰূঢ় সমাজে সৃষ্টি কৰা নিয়মৰ বান্ধ ...
পৃষ্ঠা ৩২
সৰা পাতৰ স্মৃতি
--------------
ভৃগু কুমাৰ নাথ
সৰা পাতৰ সোঁৱৰণিত
জোনাক ৰাতি নীৰৱে
নিৰিবছিন্নভাৱে ব্যাকুল
তোমাৰ ছায়া বিচাৰি।
উজুটি খাই ঘূৰি চাই দেখোঁ
সৰা পাতৰ কোলাহল।
আঃ কি যে মধুৰ মিলন
সৰা পাতৰ লগত জোনাকৰ
মধুৰ স্মৃতিৰ পৰশ।
চাই ৰ'লোঁ নিৰৱে
মধুৰ মিঠা সময়বোৰ।
কেতিয়া যে পাৰ হল ৰাতিটো
নীলা আকাশত জোনাক
বিলীন হ'ল তৰাবোৰৰ সৈতে।
থাকিল মাথোঁ এক স্মৃতি
সৰা পাতবোৰ পৃথিৱীৰ সৈতে
বিলীন হোৱালৈকে এক মিঠা স্মৃতি।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
গধূলিৰ স্কেচ
----------------------------------------------------------
দিলাল আহমেদ
গৰুবাটৰ ধূলিয়ৰিত ভাঁহি অহা বনগীতৰ সুৰ
মহানগৰীৰ ফ্লেটৰ নিঃসঙ্গ কোণত
হিয়া উথলিছে আজি
মোৰ আশী ঊৰ্ধ উজাগৰী নিশাবোৰ
ভাঁহিছে মনত আইৰ মুখ
চোতালত পুৱাৰ কাঁচিয়লি ৰ’দ এচমকা
পথাৰত সপোন সিঁচা
পিতাইৰ ঘৰ্মাক্ত পোৰা দেহা৷
ঘাটত নাওবন্ধা নাৱৰীয়াৰে পিতায়ে
যেতিয়া কৰিছিল ঘামৰ হিচাপ
আইৰ বুকুত বাজিছিল
অভিসাৰী গুপুত ভটীয়লী ৰাগ ৷
গৰখীয়াৰ বনগীতৰ সুৰৰ স’তে
পঁজালৈ ওভতিছিল চৰাই
গঞাৰ থাপনাত জ্বলিছিল আকুতিৰ চাকি
শলিতাত জ্বলিছিল দিনৰ সমস্ত ক্লান্তি
পানীভাৰী ৰূপহীৰ কলহৰ খলখলনিত
লাৱনি হৈছিল কিশোৰী আলিৰ দুৱৰি
ঝাৰুৰ পৰশত চিকুনাইছিল চোতাল
বিয়লিৰ বোৱাৰী
সন্ধিয়াৰ সৰু সৰু কোৰ্হাল
আৰু নেওতাৰ পাকলগা সুৰ
আহি উঠিল এই বহুতল
ওপজা মাটিৰ পৰা বহুদূৰ৷
বগালো পাহাৰ, জিনিলোঁ শিখৰ
আকাশ চুলোঁ মই
ওপজা মাটিৰ পৰশে হাত বাউলী মাতে
নামিবলৈ শকতি নাই৷
এনেকৈয়ে এটি মুখৰিত প্ৰাচীন পুৱা
আৰ্জিত শিখৰৰ নিস্তব্ধ কোণত
নিমাওমাও সময়ৰ স্কেচ আঁকি
বাউলি হৈছো
আজি এই নিঃসঙ্গ গধূলি৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
প্ৰেম
------------------
অঞ্জনা শইকীয়া
বৰষুণবোৰ বৰষুণ হৈয়ে
থকা হ'লে
বানপানী নহ'লহেঁতেন !
সম্বন্ধবোৰো যদি
পাহাৰৰ বুকুৱে বৈ অহা
নদীখন হ'লহেঁতেন !
জীৱনবোৰ সেউজীয়া হৈয়ে থাকিলহেঁতেন কিজানি !
এতিয়া
জী থকা হেঁপাহতে
ক'তযে যন্ত্ৰণা !
এই হাঁহি, এই চকুলো
হৃদয়বোৰ যদি "তোমাৰ" "মোৰ" নহয় "আমাৰ" হ'লহেঁতেন
জীৱন জীবলৈ সহজ
হ'লহেঁতেন !
আমি হেৰাই গ'লোহেঁতেন
হৃদয়ৰ তন্ময়তাত।
পৃষ্ঠা ৩৩
তিনিটা স্তৱক
--------------------------------------
পবিত্ৰ বৰগোহাঁই
১)গোলাপ
--------------
ভাবিছো তোমালৈও এপাহ
ৰঙা গোলাপ যাচিম
পাতিম এখন ৰঙা গোলাপৰ বাগিছা
অন্তত: জন্মৰ পৰা মৃত্যুলৈকে
জী থাকিব মোৰ চেতনাৰ উশাহ ।
২) মৃত্যু
মৃত্যুটো এক নিভাজ
শিলত কতা শিল্প
যি জীৱনৰ ঘাত-প্ৰতিঘাত
বহন কৰে
জন্মৰ পৰা মৃত্যুলৈকে ।
৩) চেতনা
বুকুৰ উশাহেই মোৰ চেতনা
সেইবাবে চাগে চেতনা থকালৈকেহে
মোক বহুতেই সমীহ কৰিব জানে
বা নাজানিলেও কথা নাই
মাত্ৰ বুকুত উশাহ থকালৈকে ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
এটুকুৰা অনুভৱ
-----------------------
মাকনি চহৰীয়া নাথ
স্নিগ্ধ জোনাক নিশা
বাট চাই
আছোঁ তোমালৈ ,
তুমি আহি ধৰা দিবা
মোৰ মনৰ কোঠালিত
সিঁচি দিবা কিছু
শেৱালিৰ সৌৰভ
এই শৰতত
ৰৈ যাবা
হৃদয়ত মাথোঁ
এটুকুৰা
অনুভৱ হৈ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
শৰৎ
----------
নমিতা চৌধুৰী
শৰৎ মানেই যেন
শুকুলা কঁহুৱাৰ গান...
শৰৎ মানেই যেন
তল সৰা শেৱালি...
আনক সুবাস বিলাই
এবুকু বিষাদ সাবটি
নিয়ৰক চুমি দূবৰিত
শুই পৰা ফুল পাহি...
শৰৎ মানেই যেন
কুঁৱলীৰ চাদৰখন
গাত মেৰিয়াই সূৰুযৰ
লুকাভাকু...
শৰৎ মানেই যেন
বিভাৱৰী ক্লীৱতা ভেদি
জোনাকৰ বৰষুণ...
শৰৎ মানেই যেন
প্ৰেমিক চৰাই হালৰ
অপেক্ষাৰ অন্ত...
শৰৎ মানেই মহিষমৰ্দিনীৰ আগমন...
শৰৎ মানেই অপশক্তি
বিনাশকাৰী দূৰ্গাৰ শান্তি
প্ৰতিষ্ঠা ধৰাত...
পৃষ্ঠা ৩৪
খৰাং আকাশখনে
--------------------
পূবালী বৰুৱা শৰ্মা
খৰাং আকাশখনে
অনাহাৰৰ
বতৰা আনে
পানী তোলা সবাহ
নেপাতালৈকে
জেঠত
বতৰে বাৰ খৰ মাৰে ।
'গুৰুতো নেলাগে
ভকততো নেলাগে ' বুলি
এঙায় তাইক গঞাখনে ।
এক সজল প্ৰাৰ্থনাৰ অন্তত
কাঠবাজী পথাৰখনে
যেতিয়া মূৰ তোলে ;
লোতকবোৰ
পানীগছা হৈ
জুৰুলি - জুপুৰি
কৰে সেই আকাশ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বতাহত উৰিব নোৱৰা কথাবোৰ
----------------------------------
সান্তনা শইকীয়া
এইযে কথাবোৰ
কৰুণা আচল নে ভুৱা
ছোৱালীজনীৰ ওলাইছেনে দৰা
বোৱাৰীজনী নিমাখিত নে চোকা
বোৱাৰীৰ কেচুৱা একা !
বতাহত বৰকৈ উৰা
এই কথাবোৰৰ লগতে
এটা গহীন কথা মোৰ সংগী হ'ল।
এই কথাটো পিছে
বতাহত উৰিব নোৱাৰিলেও
কথাটোত ৰ'দৰ পৰশ আছিল
সেয়েহে সেমেকা নাছিল ।
সেই ৰ'দ ঘাই কথাটোৰ পিঠিত উঠি
মই অন্য এখন পৃথিৱীলৈ উৰিছিলোঁ।
ইয়াৰ বতাহ বৰ পৰিষ্কাৰ ।
মই বৰ প্ৰশান্তিৰ উশাহ লৈছিলোঁ।
বতাহত উৰিব নোৱৰা
গধুৰ কথাটোৰ সুঘ্ৰাণে নিজৰ অজ্ঞাতে
বহুতকে মোৰ কাষ চপাই আনিলে।
আৰু বতাহত উৰি ফুৰা কথাবোৰ তেতিয়ালৈ
এদম শুকান পাত হৈ
মাটিৰ লগত মিলি পৰিলে।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সহবাস
----------------
পৃথক কলিতা
এটা ৰাতিৰ পিছত
কথাবোৰৰ উচ্-পিচাই আছিল
তোমাৰ মুখত
দুহাত মেলি ৰৈ আছিল
নাৰীৰ ওঁঠ
এক অনাবিল সৌন্দৰ্য
মোৰ তুলনাত তাই নীলাভ
স্পৰ্শ কৰিলে শিয়ৰি উঠে
মোৰ বুকুৰ যন্ত্র
এক পৰিতৃপ্তিময় সহবাস
ভিতৰি ভিতৰি আহত মোৰ কক্ষ
ক'তবাৰ তোমাক নাচাওঁ বুলিও
তুমি বাট ভেটা দি ধৰিলেও
মোৰ ভৰপক নাছিল ভোক-পিয়াহ
পিছে বুকুত এটা দাগ বহিছিল
চকুহাল জিলিকি উঠিছিল
খুপি খুপি হেচি ৰখা যৌৱন
উশাহে-নিশাহে ছিটিকি পৰিছিল
আঁহে-কোঁহে
এটা ৰাতিৰ মাদকতা
এটা ৰাতিৰ পিছত
কথাবোৰৰ উচ্-পিচাই আছিল
তোমাৰ মুখত ।
পৃষ্ঠা ৩৫
এজাক জোনাকী পৰুৱাৰ
সন্ধানত
----------------------------------
এনী ভূঞা ডেকা
সন্ধিয়া জিকমিকাই থকা
এজাক পোহৰ বিচাৰি ফুৰিছোঁ....
গাওঁৰ সৰু সৰু আলিবাট
পথাৰবোৰতো নাই!
সন্ধিয়া, নৈ কাষৰ বালিচৰতো নাই ।
জাক জাক জোনাকী পৰুৱাবোৰ বাৰু কলৈ গ'ল ?
শৈশৱত সাধু শুনা বয়সত
জোনাকী পৰুৱা খেদিফুৰা
কথাবোৰ সপোন যেন হ'ল।
সন্ধিয়া চোতালৰ মাজৰ
জোনাকী পৰুৱাৰ সন্ধান
কোনোৱাই দিব পাৰিবনে?
এজাক জোনাকী পৰুৱাৰ সন্ধানত কেৱল ফুৰিছোঁ....
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ঐক্যতা
----------------------------------
ৰিনা শৰ্মা
তোমাৰ সেই সান্দহৰ লাড়ুতেই
বিচাৰি পাইছিলোঁ
দোকমোকিয়া গধূলিটো
থাউনি নোপোৱা দুখৰ নদীতো
খামুচি ধৰিব খোজো
হিয়া ভগা কলিজাটো
গভীৰ এন্ধাৰৰ মাজত
মাথোঁ শূন্যতাৰ কোলাহল
জিলিৰ পোহৰত হাবাথুৰি খাওঁ
আন্ধাৰত বাটত
ময়ো হ'ব বিচাৰো আজিৰ যুগৰ মূলাগাভৰু
মোৰ বুকুতো আছে ঐক্যতাৰ সাহস
আহা আমি দুয়ো একগোট হও
হিংসাৰ পথ পৰিহাৰ কৰো
নিশাৰ আচ্ছাদন ফালোঁ
জোনাকী পৰুৱাবোৰৰ দৰে সহবাস কৰোঁ,
চাদৰৰ আঁচলেৰে মেৰিয়াই লওঁ ফাগুন।
ফাগুনেও কঢ়িয়াই আনক মাথোঁ ঐক্যতাৰ বান্ধোন।
একেখনি নাৱৰেই যাত্ৰী আমি
নোৱাৰোনে থাকিব একতাৰ ডোলেৰে সততাক সাৱটি !
অতীতক যোৱাহে পাহৰি
বৰ্তমানক লোৱা সাৱটি।
অস্তিত্ব
---------------
ৰঞ্জনা দেৱী
শব্দবোৰ হেৰাই যায়
কালৰ সোঁতত
পোৱা-নোপোৱাৰ দোমোজাত
নৈ খনে বাট লয়
"নদী সদায় আগলৈহে বয়"
অপৰাহ্ন পৰত আশাৰে বাট চায়
আপোনজনৰ চাইকেলৰ হেণ্ডেলত
ওলমি অহা চিনাকি মোনাটোলৈ...
সচাঁই জীৱন বৰ অনুপম!
জহি খহি নি:শেষ হৈ পৰে
এটা এটাকৈ সোণোৱালী অতীত
কালৰ প্ৰৱাল সোঁতে
উটুৱাই নিয়ে হাজাৰটা ধুমুহা
তথাপিও নদী যে চিৰ প্ৰৱাহিতা।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
মাগুৰি বিলত
----------------------------------
মমী বৰ্মন
বনৰীয়া বিহঙ্গৰ বিৰহ-বিধূৰ
কৰুণ বিননীয়ে স্বপ্নবিভোৰ নিশা
কঁপাই হৃদয়ৰ সুপ্ত ধমনীক।
বিলৰ বুকুত প্ৰাণ পাই হাঁহি উঠে
ভেঁট ফুলৰ কুমলীয়া কলিটি
যেন হৃদয়ৰ বাকৰিত ফুলি উঠা
এগছি স্বপ্নাতুৰ আলোকবন্তি
যিয়ে
নসূৰুযক কঁপাই বিলাই দিয়ে
মিঠা সুবাসিত পোহৰ এমুঠি।
পানীৰ সোঁতৰ নাচোনত
প্ৰাণ পাই উঠে এজাক বনৰীয়া পখী।
ভেঁটফুলৰ আঁৰে আঁৰে
চটক চৰাইহালে প্ৰেমৰ ৰাগীত
মতলীয়া হৈ কিযে সপোন বিলাই ফুৰিছে।
পানী-কাউৰীটিয়েও জাক পাহৰি
সুন্দৰ ভংগীমাৰে বিলৰ বুকুত
ছাঁটি চাই আপোন পাহৰা হৈ পৰিছে।
শৰতৰ শীতল বতাহছাটিয়ে
মুগ্ধ মনক মতলীয়া কৰি তুলিছে।
বিলৰ বুকুত ফুলি থকা ৰঙীন
ভেঁটফুলে হৃদয়-বীণত
প্ৰেমৰ শিহৰণ জগাই তুলিছে।
প্ৰকৃতিৰ অমিয়া ৰূপৰ মুগ্ধতাই
ৰচিলে জীৱনৰ এক অতৃপ্ত অধ্যায়।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
আমাৰ দেশ
----------------------------------
শ্ৰী প্ৰিয়ানশু কাশ্যপ বৰা
৩য় শ্ৰেণী
অসম জাতীয় বিদ্যালয়
আমাৰ দেশ মৰমৰ দেশ
সদায় নতুন বেশ
ধুনীয়া ধুনীয়া অতিকে ধুনীয়া
নানা ঠাইৰ দেশ।
চৰাই, জন্তু পাহাৰ, পৰ্বত
আৰু ঠাই মনোৰম
নানা জাতি আৰু উপজাতি
সঁচাকে অতি অনুপম।
পৃষ্ঠা ৩৭
দুঃখময়
----------------------------------
ৰশ্মি দলে
কিহৰ বাবে জনম লভিলোঁ
আজি মৰণ পথৰ যাত্ৰী হ'বলৈ
ক'ত স্মৃতি বুকুত বান্ধি
কত আশাৰ সপোন লৈ
আহিছিলোঁ পৃথিৱীত।
নাজানিলোঁ এদিন যে
বালিৰ ঘৰ
নদীৰ বুকুত বিলীন হ'ব।
নুবুজিলোঁ কিয় মোৰ
ভৰিৰ পৃথিৱীখন আন্ধাৰ হৈ
নিমিষতে খহি গ'ল।
হয়তো কাহানিও মচিব নোৱাৰিম
কলিজাত লগা দাগবোৰ।
এতিয়া মই আমানিশাৰ এটি পপীয়া তৰা।
আৰু বালি চাপৰিৰ অস্থায়ী বালি ঘৰ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
পিতাইৰ পথাৰ
----------------------------------
ভগদত্ত ডেকা
এখন হেঁপাহৰ কঠীয়াতলী
দুৰ্দান্ত আশাৰ
সেয়া মোৰ
পিতাইৰ পথাৰ।
কপালৰ ঘাম মচি
সোণালী সপোন ৰচি
জীৱন গঢ়াৰ
পিতাইৰ পথাৰ।
বান কিম্বা খৰাং
আহিছে বহুবাৰ
তথাপিও এৰা নাই
পিতাইৰ পথাৰ।
পথাৰ- বজাৰ- সংসাৰ।
পিতাইয়ে কয় সদায়
যাৰ নাই পথাৰ
তাৰ নচলে সংসাৰ।
কেতিয়াবা নাপালে বজাৰ
কৰে হাহাকাৰ
তথাপিও এৰি বেজাৰ
নাঙলৰ মুঠিত ধৰি
পুনৰ চহাই পথাৰ।
আপোনৰো আপোন মোৰ
পিতাইৰ পথাৰ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বৰ্ণময় প্রেমৰ সুবাস
----------------------------------
মনি ডেকা
দুহাতত লৈ প্রেমৰ মুকুতা
তলসৰা শেৱালিত বিচাৰি..
ভালপোৱাৰ প্রেমময় সুবাস
কোন তুমি সপোন কোঁৱৰ?
হৃদয়ত লৈ বৰ্ণময় প্রেম
কাকনো বিচাৰি ফুৰিছা
হৈ আকুল বিয়াকুল ?
দুহাতেৰে বুটলি
সেউজীয়া সপোনবোৰ
কাৰ আঁচলত দিবলৈ
ৰৈ আছা আপোন পাহৰা হৈ?
হে সপোন কোঁৱৰ
কোন ৰূপহীয়ে নিলে হৰি
তোমাৰ
কঁহুৱা কোমল হৃদয় খনি ?
পৃষ্ঠা ৩৮
অবুজ ভাষা
----------------------------------
ৰংগন কুমাৰ নাথ
তোমাৰ কলিজাৰ ৰঙা তেজ টুপি
মোৰ হৃদয়ৰ গোপন কোণত লাগি
শেঁতা পৰা হিয়াখন হঠাৎ
ৰাঙলী হৈ উঠিল
বিধিৰ বিপাকত জুই লগা জীৱনটোও
কিবা বয়স আদহীয়া
মন চেঙেলীয়া হেন লাগিল
মোৰ গোলাপী প্ৰেমৰ
কাঁইটীয়া কাননতো
কৰোণা শক্তিৰ যেন
প্ৰভাৱহে পৰিল ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
এতিয়াও শৰৎ
----------------------------------
অঞ্জনা বৰুৱা
মোৰ আঁচলত শৰতৰ নাচোন
খোজ দিও পুঁৱতিৰ দূবৰি ডৰাত
নিয়ৰহীন সেমেকা মন সিহঁতৰ।
তাহানিৰ কুঁৱলী ফালি
উৰি অহা শৰতৰ বতাহজাকে
এতিয়া চকুলো টুকে
হিমচেঁচা অনন্য সময়ৰ
স্মৃতিকাতৰতাত বিহ্বল হয় সিহঁত
এতিয়া যে সেই দিন নাই!
গোমা সময়ে ঢাকি ধৰে
শৰতৰ মন আৰু শুকুলা আকাশ
নিয়ৰবোৰ ভাপ হৈ উৰি যায়
অশৰীৰী হৈ দূৰ
আকাশলৈ
টুপুককৈ নসৰে পাতৰ পৰা পাতলৈ
শৰতৰ মনোৰম কাচুলিত
সৰি নপৰে দূধৰ্ষ নিয়ৰ
এখনি শুকুলা আঁৰ বেৰ হৈ।
মানৱৰ নিৰ্মমতাত প্ৰকৃতি বিধ্বস্ত
আকাশ ৰুষ্ট, ৰাগিত গোমা ডাৱৰ
সেয়ে শৰৎ মাথো আহে ক'ৰবাত
থোপাথোপে শেৱালি হৈ
মাথো নিতিতে বননি নিয়ৰত ডুবি
অতীতৰ দৰে শিহৰণ এজাক লৈ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নোপোৱা জোনৰ অভিমান
----------------------------------
প্ৰণৱজ্যোতি চুতীয়া
দোকল-টকা ভোগদৈ পাৰৰ
নিৰিবিলি ছাঁত ৰুনজুন শব্দ
লৰিয়লিৰ দিচৈত মোৰ হিয়াৰ পানচৈ
কোন কাহানিতেই
কৃষ্ণচূড়া পাতৰ চিলিচিলি ফাকেৰে
সৰকি আহিছিল ৰ’দৰ জিলিঙনি
আজিও বিচাৰি হাবাথুৰি খাওঁ
নৈ বঙিয়াৰ সেই চিনাকি সুহুৰি
বিৰিণা খাগৰিৰ মাজে মাজে
এটি সৰু চৰাই কাকলি
সঘনাই বাঢ়ি আহে
বুকুৰ ধপ্ ধপনি
আবাক দৃষ্টিৰে চাই ৰওঁ
আবেলিৰ হেঙুলীয়া আকাশ
নোপোৱা জোনৰ অভিমানৰ হাবিয়াস৷
পৃষ্ঠা ৩৯
আহিনক কোনেনো আনে
----------------------------------
জোনমণি দেৱী
সেউজীয়া দলিচাখনি শুকুলা শেৱালি পাহিৰে জিলিকি উঠিছে
শৰতৰ নিৰ্মল আকাশ
মন-প্ৰাণ চঞ্চলাই প্ৰবাহিত হৈছে
সুৰভি শীতল বায়ু
শ্যামলী পথাৰ
শুকুলা মেঘে
লয়লাস ভঙ্গিমাৰে স্বাগত্বম জনালে আহিনক
নিয়ৰৰ বুটা বচা কপাহ কোমল
আঁচল উৰুৱাই শাৰদী ৰাণীয়ে
সংগোপনে খোজ থ'লে দূবৰি দলিচাখনিত
এমুখ হাঁহিৰে ঊষাই প্ৰকৃতিক পিন্ধালে
শ্যামলী সাঁজ৷
পুবালি বতাহত হালি-জালি নাছিলে
নৈ পাৰৰ কোমল কঁহুৱা
উখল মাখল শৰতৰ পদূলিত
কঁহুৱাই আলফুলে চুইযোৱা হৃদয় খনিত
আহিনৰ পুৱাটিক
সজীৱ কৰি তোলে
শেৱলিৰ মিঠা সুবাসে
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
মিলনৰ কৃষ্টি অসমভূমি
----------------------------------
ফাতিমা বেগম
শঙ্কৰ-আজানৰ দেশ
অসম আই শুৱনি
গাই যাও মিলনৰ গীত জাতি-ভেদ পৰিহাৰ কৰি
পর্বত-ভৈয়াম একাকাৰ কৰি বৈ যায় নদী-জান-জুৰি
অসমেই হ'ল জাতি-জনজাতিৰ
ঐতিহাসিক মিলনৰ ভূমি
মন্দিৰত বাজে শঙ্খৰ পবিত্ৰ ধ্বনি
নামঘৰৰ ডবাৰ শব্দত
ৰহমতৰ পুতায়ে উলিয়াই ফলি-পুথি
উত্তৰ-ফৈদৰ ভদীয়া কায়ে
হালখন যোৰে
পুৱতিৰ আজান শুনি
খিল-খিল হাঁহিৰে গাভৰুজাকে
ধূলিয়ঁৰি পদূলিত ৰাঙলী পলাশ ফুলায়
বাঁহীটিত সুৰ তুলি ডেকাহঁতে
ওখ গড়াত বহি অপৰাহ্নক
সজায় !
অস্ত বেলিৰ মোহনাত সাঁতুৰি শুভ্ৰ কহুঁৱাই
তৰাৰ দেশলৈ ৰ লাগি আশাৰে বাট চায়
মোহনীয় অসমীক
সন্তানে জ্বিলিকাব
মিলনৰ অতুলনীয় কৃষ্টি
সজায় ৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ভগ্ন হৃদয়
----------------------------------
ভূমিকা দাস
দেওবাৰৰ জয়াল দুপৰীয়াটোতেই
ধুমুহা যেন ফোন কলটোৱে
ভাঙি থৈ গ'ল তাইৰ হৃদয় খন
কাৰ কাৰচাজিত
প্ৰতিবেশীৰ দৰেই শেল নিক্ষেপ কৰে তেওঁলোকেও তাইৰ হৃদয়খনিলৈ
তেজ মঙহৰ আপোন বোৰহে দেখোন বেছি চকু চৰহা...
ভগৱান য'ত সাক্ষী
নিকা প্ৰমাণৰ আৱশ্যক ক'ত ?
লোকৰ কথাত গুৰুত্ব দি হাত সাবটি
বহি থাকিবলৈ সময়ৰ আমি সদাগৰ নেকি
শীতৰ পুৱাবেলাৰ
বিমূৰ্ত সময় বোৰত যেতিয়া
চৌকা জ্বলা নাছিল ---
ৰাখিছিল নে খবৰ কোনোবাই
নীৰৱে টোকা চকুলোবোৰ
দেখিছিল নে কোনোবাই
কাকো বেয়া পাবলৈ শিকাই নহ'ল
লক্ষ্মন ৰেখা আনক দিয়া সহজ
কেতিয়াবা অচিনাকি জনেও
মৃতসঞ্জীৱনী হৈ পৰে
আপোন জনতকৈও আপোন হৈ পৰে গম নোপোৱাকৈয়ে।
পৃষ্ঠা ৪০
শেষবোৰ শেষেই হয়
----------------------------------
অনুস্মিতা ফুকন
শেষবোৰ আচলতে শেষেই হয়
যাৰ কাৰণ অতীত হ'ব পাৰে
অথবা
আৰম্ভণি ভৱিষ্যত
কিন্তু শেষ বুলি ক'লেই শেষ হোৱাকেই বুজায়...
প্ৰতিটো নিশাই শেষ হয়
প্ৰতিপলৰ উশাহো শেষ হৈ যায়
এটি এটি ক্ষণৰ অপেক্ষাবোৰো এদিন শেষ হয়
যেনেদৰে
দুখৰ হয়
বিষাদৰ হয় !
উদিত অৰুণৰ অপেক্ষাতেই
নিশাবোৰ শেষ হৈ যায়...
জীয়াই থকাৰ হেঁপাহতেই প্ৰতিপলৰ উশাহো শেষ হৈ যায়
সুখক বুজিবলৈয়ে হয়তো দুখবোৰো এদিন শেষ হয়
ভালপোৱাৰ স্বাৰ্থতেই ছাগে বিষাদৰো শেষ হয়!
শেষ মানে শেষেই হয়
শেষ হৈ যোৱা সময়
শেষ হ'ব ধৰা উশাহ
শেষ হোৱা অনুভূতি
কাহানিও ঘুৰাই পোৱা নাযায়
মাথোঁ শেষ হৈয়ে ৰয়...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
আদ্যশক্তি মহামায়া
----------------------------------
ফাৰুল হুছেইন
হে জগতমাতা
আদ্যশক্তি,মহামায়া
তুমি নিত্যা,নিগুৰ্না
তুমি নিৰাকাৰ৷
দেৱকাৰ্যৰ সিদ্ধিৰ বাবেই
তুমি ধাৰন কৰিছা
নানা ৰূপ,নানা বেশ
ভিন,ভিন নামেৰে বন্দিতা
পূজিতা
কাৰ্যও তোমাৰ ভিন,ভিন৷
তোমাৰ কোনো নাই
আদি আৰু অন্ত৷
তোমাৰ ইচ্ছাতেই হয় বিশ্বৰ স্থিতি আৰু লয়৷
তুমি ব্ৰক্ষ্মাৰ সৃষ্টি ,শক্তি
বিষ্ণুৰ পালনী শক্তি
অনন্ত শক্তি তোমাৰ অগ্নিৰ দাহিকা শক্তি৷
তুমিয়েই ভাৰতী,গিৰিজা,অম্বিকা
দুৰ্গা,ভদ্ৰকালী,চণ্ডী,
বৈষ্ণৱী,বাৰাহী৷
তুমি তিনি ৰূপত প্ৰকাশিলা
দেৱী মহাকালী,তামসী
ঋগ্বেদৰূপা৷
মহিষাসুৰৰ কন্ঠাদেশ শূলেৰে
কৰি নিৰ্বাৰ,শুম্ভ,নিকুম্ভক
কৰি নিধন
হে দশভুজাৰূপী
শুম্ভক দিছিলা উত্তৰ
একৈবাহং জগত্যত্ৰ দ্বিতীয়া
কামনা পৰা পশৈ্ত্যা
মধ্যেৰ বিশন্তো
মহাবিভূতয়ঃ৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
শৰতৰ এক মিঠা অনুৰণন
----------------------------------
প্ৰণতি ৰেখা বৰা
কুঁৱলীৰ আচ্ছাদন ফালি
স্নিগ্ধা সুবাসী মলয়াৰ স'তে
গোপনে গোপনে নামি আহে শৰৎ ।
শুভ্ৰ শেৱালিৰ আমোলমোল সুবাসে
চন্দ্ৰাৱলী মায়াময় স্নিগ্ধ জোনাকে
চঞ্চল কৰি তুলিছে শৰতক ।
কঁহুৱাবোৰেও যেন হালি জালি
শৰতৰ প্ৰেমতেই মাতাল
দূবৰিৰ বুকুত নিয়ৰৰ মুকুতা বুটলিবলৈ
শেৱালিৰ সুকোমল পাহি বোৰেও যেন অধিৰ হৈ দূবৰিৰ পাহে পাহে
নিভাজ মৰম বিলায় শৰতৰ এই বতৰতে ।
বুকুৰ পলসুৱা পথাৰত কি ৰং
বুলাব বাৰু শাৰদী ৰাণীয়ে ?
নতুন আশা আৰু সপোনৰ পোহাৰ মেলি
কৃষ্ণচূড়াৰ ৰং সনাৰ হেঁপাহ শৰতৰ ।
সেয়ে
শৰৎ মানেই হেঁপাহৰ উছাহ
শৰতেই আনে উৎসৱৰ বতাহ ।
পৃষ্ঠা ৪১
নীলা আকাশ
----------------------------------
বিনীতা লামু
নীলিম আকাশৰ
তলত বহি
ৰচিছিলোঁ সেউজীয়া সপোন
হঠাতে এজাক শুকুলা ডাৱৰে ছানি ধৰিলে চৌপাশ
ডাৱৰজাকে ৰিঙিয়াই মাতিলে
মলয়া জাকেও
কাণে কাণে ক'লে
ডেউকা মেলি উৰিবলৈ...
খঙত ওফন্দি
সেউজীয়া সপোন আঁতৰাই
ক'লাৰে আৱৰিলে
সপোন হৈ ৰ'ল বৰষুণ!
সেউজীয়াৰ সৈতে
বিলীনতাৰ ক্ষণবোৰ মিলি
হ'ল গোমা
আকাশলৈ চাই ক'বলৈ মন যায়--
আঁতৰি যোৱা
ডাৱৰেৰে
সজাও আহা
ফৰকাল আকাশ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বিষাদপ্ৰপাত
----------------------------------
ধনজ্যোতি চুতীয়া
পুৰাতন প্ৰাচুৰ্য্যৰ
অশৰীৰী উন্মাদনাত নিহত
হেঁপাহৰ বিহ্বল যামিনী
বৰ্ণময় চেতনা আৰু
নিৰাকাৰ ধাৰণাৰ সমন্বয়ত
শব্দবোৰ সম্প্ৰতি সলনি হ’ল ৷
বেলিৰ পোহৰত বিলীন
জীবন সত্ত্বা কিম্বা
সময়ৰ ধুমুহাত চিৰিলি হোৱা
নিলগক ওচৰ কৰাৰ সপোন ৷
অগ্নিতপত বাসনাৰ সমাধিত
তেজৰঙা মদাৰৰ লোতক অঞ্জলি
যেন ----
বৈভৱী অনুৰাগৰ অকাল বিয়লি ৷
ভাগৰুৱা আৰ্তনাদৰ অবিচ্ছিন্ন মিচিলত
বিলাস বৰ্জিত আবেগৰ মৌন সন্তাপ
আয়ুসান্তত
দিক্বিহীন জীবনৰ
শব্দহীন বিষাদপ্ৰপাত ৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
শৰতৰ সুবাস
----------------------------------
জিনা বৰুৱা বৰা
শুকুলা আকাশৰ পৰশত
শৰতৰ স্নিগ্ধতাৰে
শ্যামলীয়া হিয়াত
অনাবিল সৌন্দৰ্য্যই
জকমকাই আনন্দ বিলাই
মন প্রস্ফুটিত কৰি
অপূৰ্ব বাসনাৰ
অভিনৱ জ্যোতিষ্কৰে ভৰাই জীৱন প্ৰাচুৰ্য্যময়ৰ সন্ধিত
হিয়াভৰাই তোলে আশানুৰাগে
নিয়ৰ সনা দূবৰিত
শেৱালিৰ সুৰভ