আমাৰ বিষয়ে


আমাৰ বিষয়ে

     ■অসম কাব্য কানন-বৰ্তমান  অসমৰ এটি অগ্ৰণী কবিতা চৰ্চাৰ গোট । কাব্যপ্ৰেমীৰ সহায়, সহযোগিতা তথা আশীৰ্বাদৰ বাবে ◆2017 চনৰ 29 জুলাইত ফেচবুকৰ জৰিয়তে জন্মলাভ কৰা এই গোটটি খুব কম সময়ৰ ভিতৰতে কাব্য চর্চাকাৰীৰ মাজত জনপ্ৰিয় হৈ পৰিছে। ইংৰাজী তথা বঙালী  মাধ্যমে চৌদিশৰ পৰা অসমীয়া ভাষালৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ এই জটিল সময়তে , বিশেষকৈ নৱ প্ৰজন্মই ফেচবুকৰ জৰিয়তে অসমীয়া ভাষাৰ  চৰ্চাৰ লগতে  কাব্য চৰ্চাৰ যি এক সুস্থ পৰিৱেশ গঢ়ি তুলিছে-এয়া সঁচাকৈয়ে  ইতিবাচক দিশ। প্ৰবীনসকলৰ দিহা- পৰামৰ্শ তথা সহযোগিতাৰে নবীন-প্ৰবীণ উভয়ৰে এখন উপযোগী  কাব্যচৰ্চাৰ মঞ্চ গঠন কৰাৰ উদ্দেশ্যে এই মঞ্চখন গঠন কৰা হৈছিল। বিগত তিনিবছৰে এই উদ্দেশ্য আগত লৈয়ে ,সকলো কাব্যপ্ৰেমীৰ সহযোগত অসম কাব্য কাননে অহোপুৰুষাৰ্থ কৰি আহিছে। 
     ইতিমধ্যে অসমজুৰি ব্যাপ্তি লাভ কৰা অসম কাব্য কাননে ●2018 চনৰ এপ্ৰিলৰ পৰা প্ৰতি তিনিমাহৰ মূৰে মূৰে নৱ ৰাজনৰ সম্পাদনাত এদল তৰুণ কাব্যপ্ৰেমীৰ সহযোগিতাত ■কাব্যকানন নামেৰে এখন তিনিমহীয়া কবিতাৰ  আলোচনী প্ৰকাশ কৰি আহিছে। 28 এপ্ৰিল, 2018 তাৰিখে বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হোৱা এখন গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই আলোচনীখন উন্মোচন কৰা হৈছিল। 
  উক্ত ঠাইতে 2018 চনৰ 29 জুলাইত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাদেৱে মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত অসমৰ প্ৰায় দুই শতাধিক কবি উপস্থিত আছিল। ইয়াৰ পাছত 20 অক্টোবৰত শিৱসাগৰৰ ●যুবদলত তিনিমহীয়া কাব্যলোচনী কাব্যকানন উন্মোচনী তথা কবি সন্মিলন অনুষ্ঠিত হৈছিল। বিশিষ্ট সাংবাদিক ছায়ামনি ভূঞা মুখ্য অতিথি হিচাপে উপস্থিত থকা উক্ত সভাখনত অসমৰ কেইবগৰাকীও সাহিত্যিকৰ লগতে অসম কাব্য কাননৰ সমূহ বিষয়ববীয়া আৰু উজনি অসমৰ প্ৰায় দুইশতাধিক নবীন-প্ৰবীণ কবি উপস্থিত আছিল।
   ইয়াৰ পাছতে 27 জানুৱাৰীত প্ৰকৃতিৰ ৰম্যভূমি মন্ত্ৰ নগৰী মায়ঙৰ বক্ষত অৱস্থিত পবিতৰা অভয়াৰণ্যত কাব্যকানন উন্মোচনী সভা  আৰু কবি সন্মিলন অনুষ্ঠিত হৈছিল। উক্ত সভাত অসমৰ বিশিষ্ট কবি  সাহিত্যিক সকলৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় তিনিশতাধিক নবীন-প্ৰবীণ  কবিয়ে অংশ গ্ৰহণ কৰিছিল। 
   ইয়াৰ পাছতে এপ্ৰিলত নলবাৰী জিলাৰ বেলশৰৰ  বিলেশ্বৰ দেৱালয়ত কাব্যকানন উন্মোচনী সভা আৰু কবি সন্মিলন অনুষ্ঠিত হৈছিল।  উক্ত সভাত বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱ প্ৰমুখ্যে বিভিন্ন কবি- সাহিত্যক উপস্থিত থাকে। ইয়াৰ পাছত 4 আগষ্ট তাৰিখে বিষ্ণু-নিৰ্মলা ভৱনত কাননৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠিত হৈছিল ।নবীন-প্ৰবীণ 3 শতাধিক কবি উপস্থিত থকা উক্ত অনুষ্ঠানত , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী ড০ ধ্ৰুৱজ্যোতি বৰাদেৱ, মুখ্য অতিথি হিচাপে উপস্থিত থাকে। উক্ত সভাতে অসমৰ 5 গৰাকী কবি ক্ৰমে জোনমণি দাস,ধীমান বৰ্মন , কিশোৰ মনজিত বৰা, কিশোৰ বড়ো আৰু উত্তম কুমাৰ কলিতালৈ #কাব্যকানন বঁটা, মুখ্য অতিথি ড০ ধ্ৰুৱজ্যোতি বৰাদেৱে প্ৰদান কৰিছিল।
   বিগত 20 অক্টোবৰত লখিমপুৰৰ এল. টি. কে মহাবিদ্যালয়ত #কাব্যকানন আলোচনীৰ উন্মোচনী অনুষ্ঠানৰ লগতে কবি সন্মিলন অনুষ্ঠিত হৈছিল । উক্ত সভাত উত্তৰ অসমৰ প্ৰায় দেৰ শতাধিক কবি উপস্থিত আছিল। 
   ইয়াৰ পাছত কলকাতাত 
কাব্যকানন আলোচনী উন্মোচনী সভা তথা কবি সন্মিলন অনুষ্ঠিত কৰাৰ সকলো ব্যৱস্থা কৰা হৈছিল যদিও, ■কেবক লৈ দেশজুৰি হোৱা আন্দোলনৰ বাবে উক্ত অনুষ্ঠান বাতিল কৰা হৈছিল। ইয়াৰ পাছত এপ্ৰিলত যোৰহাটত কাবকানন আলোচনী উন্মোচনী সভাৰ লগতে কবি সন্মিলনৰ ব্যৱস্থা কৰা হৈছিল যদিও ক'ৰোনা মহামাৰীৰ বাবে এইখন সভাও স্থগিত ৰাখিব লগীয়া হৈছিল । উক্ত মহামাৰীৰ বাবে সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ হেতু জুলাইত হ'বলগীয়া তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটিও স্থগিত ৰাখিবলগীয়া হয়।■কাব্যকানন আলোচনীৰ সমান্তৰালকৈ বিশিষ্ট কবি-সমালোচক উদয় কুমাৰ শৰ্মাদেৱৰ সম্পাদনাত ■খোজ নামেৰে আন এখন তিনিমহীয়া কাব্যালোচনী 2019 চনৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ পৰা নিয়মীয়াকৈ প্ৰকাশ কৰি অহা হৈছে।  অৱশ্যে কৰোনা মহামাৰীৰ বাবে এপ্ৰিলৰ সংখ্যাটি স্থগিত ৰখা হয়। 
   প্ৰতিকূল পৰিস্থিতিৰ বাবে বৰ্ষপূৰ্তি অনুষ্ঠানটি এইবাৰ সময়মতে অনুষ্ঠিত কৰিব পৰা নাযাব ,যদিও আগষ্ট মাহৰ পৰা কাব্যকানন আৰু খোজ আলোচনী দুখন ৱেব মেগাজিন হিচাপে প্ৰকাশ কৰাৰ দিহা কৰা হৈছে। এই উদ্দেশ্য এই ৱেবচাইটটি মুকলি কৰা হৈছে। খোজ আলোচনীখন ছপা মাধ্যমতো প্ৰকাশ কৰা হ'ব। 
    পৰিস্থিতি পুনৰ সুস্থিৰ হ'লে অহা ডিচেম্বৰ-জানুৱাৰী মাহত তৃতীয় বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত কৰা হ'ব। উক্ত অনুষ্ঠানতে   আন 5 গৰাকী বিশিষ্ট কবিলৈ কাব্যকানন বঁটা প্ৰদান কৰাৰ লগতে  40 বছৰ উৰ্ধৰ কবিসকলৰ মাজত আয়োজিত কবিতাৰ  পাণ্ডুলিপি প্ৰতিযোগিতাত বিজয়ীগৰাকীক  #কাব্যম বঁটা প্ৰদান কৰা হ'ব। লগতে উক্ত পাণ্ডুলিপিটি #অসম-কাব্য-কাননৰ প্ৰকাশন ◆কাব্যম প্ৰকাশে কাব্য  সংকলন হিচাপে প্ৰকাশ কৰিব।
  ইয়াৰোপৰি অসম কাব্য কানন ফেচবুক গোটটোত, বিশেষকৈ নবীন লভিতা চর্চাকাৰী সকলক উৎসাহিত কৰাৰ মানসেৰে নিয়মীয়াকৈ কবিতা চৰ্চা কৰি থকা হৈছে। 
  এইদৰে প্ৰবীণ-নবীন কবিৰ সহযোগত হাতত হাত ধৰি যোৱাৰ মানসেৰে অসম কাব্য কাননে অহোপুৰুষাৰ্থ কৰি আহিছে। অনাগত দিনবোৰতো এইদৰে সেৱা আগবঢ়াই যাব ।
   আহক, আমি সকলোৱে হাতত হাত ধৰি আগুৱাই যাওঁ...।


************


অসম কাব্য কানন

।।  কেন্দ্ৰীয় সমিতি ।।

উপদেষ্টা:সাহিত্যচাৰ্য্য ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য,  উদয় কুমাৰ শৰ্মা, প্ৰদীপ চন্দ্ৰ শৰ্মা, পবিত্ৰ কুমাৰ নাথ, ড০ উৎপল নাথ, চন্দন ভাগৱতী, গুণাশঙ্কৰ মহন্ত , মৃণালীনী গোস্বামী, বন্দনা সন্দিকৈ, দীপাংকৰ ভূঞা, ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ, জয়ন্ত কুমাৰ বৰ্মন।

সভাপতি: ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী 

কাৰ্যকৰী সভাপতি: ড০ ৰমেশ কুমাৰ কাকতি
 
উপ-সভাপতি : লতিকা শৰ্মা, জুৰি ভট্টাচাৰ্য, গীতা দত্ত 

সম্পাদক: নৱ ৰাজন

যুটীয়া সম্পাদক : উৎপল কলিতা ,ৰঞ্জন বৰা, বিশ্বজিৎ গগৈ

সহকাৰী সম্পাদক: অনামিকা ৰায়, সীমা গগৈ, তৃষ্ণা গগৈ , বিনীতা গোস্বামী ,অৰ্চনা ঠাকুৰীয়া 

প্ৰচাৰ সম্পাদক: সংগীতা বৰা , জাহ্নৱী কাকতি

সমন্বয়ক : অংকুৰিতা ফুকন,ভূমিকা দাস, ৰুমী দেৱী, আচমা জাফ্ৰি, সত্যজিৎ দাস,মহীকান্ত নাথ

প্ৰকাশন সচিব : ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যকৰী সদস্য: কন্দৰ্প কলিতা,অঞ্জনা শইকীয়া, মৌচুমী দাস, পঞ্চমী ফুকন, বৰ্ণালী তালুকদাৰ, জ্যোতি পবন, জয় অসম,পূৱালী পাটৰ, সবিতা বৰা ,ৰীনা শৰ্মা,  খূৰ্ছীদ আনছাৰী, গাৰ্গী ভূঞা, ফাতেমা বেগম,স্মৃতা ৰশ্মিন, ধ্ৰুৱজ্যোতি শইকীয়া,মণি ডেকা, প্ৰাগজ্যোতিষ শইকীয়া।

Post a Comment

0 Comments