আনে নোযোৱা বাট
(এগৰাকী নাৰীৰ জীৱনৰ ওপৰত আধাৰিত
উপন্যাস)
নৱ ৰাজন
চতুৰ্থ অধ্যায়
প্ৰথম খণ্ড
আজি ৰাস পূৰ্ণিমা।প্ৰেমৰ দিন।অৱশ্যে বহুতৰ বাবে আজি প্ৰতাৰণাৰ দিন।
প্ৰায় ছয়মাহৰ মূৰত আজি পুৱাই কবিতা এটা লিখি উলিয়ালোঁ—
গোপন আলাপ
কানায়ে কয়-
আজি প্ৰেমৰ দিন
ৰাধায়ে কয়-
আজি প্ৰতাৰণাৰ দিন
কানায়ে মিচিকিয়াই-
শুভ্ৰ আঁচলৰে নুৰিয়াই জোন
কুঁৱলীয়ে
আজি
ৰ'দলৈ চিঠি লিখাৰ দিন
কানাইৰ বাহু বন্ধনৰ পৰা নিজকে আঁতৰাই
ৰাধায়ে কয়-
ৰূ-ৰুৱাই জ্বলা
নিশাৰ নিসংগতাক
আজি
উপভোগ কৰাৰ দিন
কানায়ে মিচিকিয়াই—
"বাঁহীৰ সুৰেৰে মেৰিয়াই দুখ
আজি
হৃদয়ে হৃদয় বিচৰা দিন।"
ৰাধাই কয়-
ত্যাগেই যদি সঁচা প্ৰেমৰ প্ৰতিদান
তেনে
ভাল নোপোৱাই ভাল
কানাই মিচিকিয়াই-
"অপ্ৰাপ্তিয়েই জীৱনৰ শ্রেষ্ঠ প্ৰাপ্তি।"
ৰাধাই আক্ষেপেৰে কয়-
দুখেই যদি তিয়াই ৰাখে আজীৱন
সুখৰ কামিজ
তেনে
ভুৱা, ভুৱা এই ভালপোৱাৰ পোছাক
কানায়ে পুনৰ মিচিকিয়াই-
"দুখৰ বুকুতেই সুখৰ মুখ।"
ৰাধাই আৱেগেৰে কয়-
হতাশাৰ ডাৱৰে যদি আৱৰি ৰাখে
হেঁপেহুৱা আকাশ
তেনে দুদিনীয়া প্ৰেমত কিয় এই হাবু-ডুবু ?
কানায়ে আকৌ মিচিকিয়াই-
"প্ৰেমৰ আন এটি নাম আশা ..
এনেয়ো-জীৱনটোনো কেইদিনীয়া !"
ৰাধাই প্ৰচণ্ড ক্ষোভত চিৎকাৰ কৰে--
ত্যাগ, বিষাদ, অপ্ৰাপ্তিয়ে যদি নিভাঁজ প্ৰেম
তেনে
ভাল পায় কি লাভ ?
কানায়ে মাথোঁ মিচিকিয়াই—
"জীৱন মানেই প্ৰেম
প্ৰেম মানেই জীৱন ।"
নীলমে প্ৰায়ে কয় –কবিতাৰ জন্ম যন্ত্ৰণা ,সন্তান প্ৰসৱ যন্ত্ৰণাতকৈ কোনো গুণে কম নহয়।
এৰা, ঠিকেই কয় সি। মনে বিচৰামতে কবিতা লিখা ইমান সহজ নহয়। নাজানো–সন্তান প্ৰসৱ যন্ত্ৰণা কেতিয়াবা মই অনুভৱ কৰিব পাৰিম নে নাই !
আজিৰ দিনটো মোৰ বাবে বিশেষ দিন। হয়, আজি আমাৰ বিবাহ বাৰ্ষিকী। চতুৰ্থ বিবাহ বাৰ্ষিকী। চাৰি বছৰৰ আগৰ সেই দিনটোৰ লগত আজিৰ দিনটোৰ কিমান যে প্ৰভেদ! সেই দিনটোযে কিমান আনন্দৰ দিন আছিল !
কিন্তু, আজিৰ এই পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনটি মোৰ বাবে মাথোঁ এক প্ৰতাৰণাৰ দিন।
জন্ম-মৃত্যু-বিবাহ সকলো ভগৱানৰ ইচ্ছাৰ অধীন।
বিয়াক লৈ কোন নাৰীয়েনো সপোন নেদেখে ! মোৰো সপোন -এজোপা গছৰ ছাঁত জিৰণি ল’ম।মনে বিচৰা এটি পঁজা সাজিম আটোমটোকাৰিকৈ। এটি দুটিকৈ সপোনবোৰে পোখা মেলিব তাত।য’ত যৌৱনৰ অতৃপ্ত বাসনা,হাবিয়াহ পূৰণ হ’ব!
... আৰু যে কত সপোনে পখিলাৰ পাখি গুজি মোৰ মনৰ বাগিচাত উৰিছিল।
লগে লগে এটি কৰুণ সুৰে হেঁপেহুৱা মনটিক মেৰিয়াই ধৰিছিল।
আইৰ অৰ্বতমানত বিগত ১৫ বছৰে দেউতাই আৱৰি ৰাখিছিল।মাৰ মৰমৰ অভাৱ অনুভৱ কৰিব নিদিয়াকৈ।সেই দেউতাক অকলে এৰি ,মই একেবাৰে যাব লাগিব এখন নতুন ঘৰলৈ...!
এজনী ছোৱালীয়েহে বুজিব পাৰে -নিজৰ সপোনৰ ঘৰখন এৰি ,এখন অচিন ঘৰ আপোন কৰি লোৱাটো কিমান কঠিন !
যদিও প্ৰতিগৰাকী নাৰীয়ে এয়া সাধাৰণ সামাজিক নিয়ম হিচাপে ,স্বাভাৱিকভাবে মানি ল’বলৈ বাধ্য।
নীলমে এটি কবিতাত লিখিছিল -নাৰী পানীতকৈও পাকৈত,স্থানভেদে আকাৰ অৱয়ব লোৱাত।
প্ৰতিগৰাকী নাৰী একো একোগৰাকী সফল অভিনেত্ৰী। কিমানগৰাকী নাৰীয়ে ওৰে জীৱন স্বাভাৱিক অভিনয় কৰি যায়,কোনেও উমানেই নাপায়।
দেউতাৰ সন্মুখত ময়োতো এগৰাকী সফল অভিনেত্ৰী। মা থকাহেঁতেন চাৰিবছৰলৈ সন্তান নোহোৱা কথাটি নিশ্চয় সুধিলেহেঁতেন! মনতে ভাবিলেও দেউতাই সুধিব নোৱাৰে।
মই বাৰু নীলমৰ অত্যাধিক সান্নিধ্য পাই, অমিতাভৰ প্ৰতি বেছি বিদ্বেষী হৈ পৰিছো নেকি? শাৰীৰিক সম্ভোগৰ বাহিৰে পত্নী হিচাপে পাবলগীয়া সকলোখিনিয়েতো পাইছো। আৰু অমিতাভৰ পৰা নোপোৱাখিনি, নীলমৰ পৰা পূৰণ হৈছে। তাৰপাছতো বাৰু মই কিয় ইমান অসুখী ? একেলগে থাকিও অমিতাভ,দিনে দিনে কিয় ইমান আঁতৰি গৈ আছে?
তেনেতে বিপ্ বিপ্ শব্দ কৰি ম’বাইলটো বাজি উঠিল।ম’বাইলটো চাই দেখিলোঁ -বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাই পল্লবীৰ মেছেজ।
লগতে তাইৰ পৰা আৰু এটা দীঘল মেছেজ আহিল-
"মই এইকেইদিন অমিতাভৰ বিষয়ে ভালেখিনি অনুসন্ধান কৰিলোঁ।আপত্তিজনক তেনে একো নাপালোঁ।মানে কোনো মহিলাৰ লগত তেনে কোনো অবৈধ সমন্ধৰ উমান নাপালোঁ। কিন্তু...."
"কি কিন্তু? " -মই লগে লগে ৰিপ্লাই দিলোঁ।
" মোৰ বেলেগ এটাহে সন্দেহ হৈছে।মানে
অমিতাভৰ কিছু নাৰীসুলভ আচৰণক লৈ।
তেনে বহু পুৰুষে, কিছু কিছু নাৰী সুলভ আচৰণ কৰেই; সেয়া স্বাভাৱিক। ময়ো অমিতাভকো প্ৰথম স্বাভাৱিক বুলিয়ে ধৰি লৈছিলোঁ যদিও কিয় জানো এইকেইদিন মোৰ কিবা এটা সন্দেহ হৈছে। মানে অমিতাভৰ পুৰুষত্বক লৈ। মোৰ মনৰ সন্দেহ হে । নহ’বও পাৰে। দে দে পাছত ভালকৈ পাতিম।
আজি তঁহতৰ এটা বিশেষ দিন। মই আজি এইবোৰ কথা তোক ক’বই নালাগিছিল। ছেঃ !
By the way...পুনৰবাৰ বিবাহ বাৰ্ষিকীৰ বহু বহু শুভেচ্ছা । Bye... "
পল্লবীৰ মেছেজটোৱে মোক শেলে বিন্ধা দি বিন্ধিলে।
পল্লবীয়ে সন্দেহ কৰাৰ দৰে অমিতাভ বাৰু সমকামী নেকি?
অমিতাভৰ কিছু নাৰী সুলভ আচৰণ নথকা নহয়,কিন্তু সি বাৰু সঁচাকৈয়ে সমকামী নেকি ?
ইমানদিনে মই আন নাৰীৰ লগত অবৈধ সম্পৰ্ক থকা বুলিয়ে ভাবি আহিছো।কিন্তু,এই কথাটো এবাৰলৈও মনলৈ অহা নাই।
মোৰ চকুত ধৰা নপৰিবলৈ, আন নাৰীৰ লগত সম্পৰ্ক থাকিলেও ,মোৰ লগততো নিশ্চয় শাৰীৰিক সম্পৰ্ক কৰিলেহেঁতেন! তেনে পল্লবীৰ ধাৰণাটো সঁচা নেকি ?
মনাকাশ হঠাতে এছাটি ক’লা ডাৱৰে আৱৰি ধৰিলেহি।
চতুৰ্থ অধ্যায়
দ্বিতীয় খণ্ড
বিছনাত পেট পেলাই সমকামীৰ বিষয়ে সবিশেষ জানিবলৈ গুগ’ল-ইউটিউব চলাথ কৰিলোঁ।
সমকামীৰ বিষয়ে বহু নজনা তথ্য পালোঁ।
উশাহ নোলোৱাকৈ তথ্যবোৰ পঢ়ি গ’লোঁ।
হঠাতে মনত পৰিল- বহু বছৰৰ আগত এনে বিষয়ক প্ৰবন্ধ এটি পঢ়াৰ ।
সমকামিতা বিষয়ক প্ৰবন্ধটো কোনোবা এখন কাকতত পঢ়িছিলোঁ। প্ৰবন্ধটোৱে মোৰ মন মগজু জোকাৰি গৈছিল।
লগে লগে আলমিৰাত সামৰি থোৱা বিশেষ ফাইলটো খুচৰিলোঁ।
কিবা ভাল লেখা পালে মই সেই ফাইলটোতে সংৰক্ষণ কৰি থওঁ। এয়া সৰু কালতে গঢ় লোৱা অভ্যাস।
ফাইলটোত বিচাৰি বিচাৰি প্ৰবন্ধটো পালোঁ।
সকলো কাম বাদ দি মনোযোগেৰে আকৌ প্ৰবন্ধটো পঢ়িবলৈ ল’লোঁ।
প্ৰবন্ধটো,লিখকজনৰ জীৱনৰ সঁচা কাহিনীৰ ওপৰত আধাৰিত।
লিখকজনৰ নাম অবিনাশ দত্ত। এগৰাকী উচ্চ শিক্ষিত যুৱক। কৰ্মসূত্ৰে আমেৰিকাত থাকে। মাক দেউতাক অসমতে থাকে। ঘৰৰ পচন্দ মতে গুৱাহাটীৰে ছোৱালী বন্দনা বৰুৱাৰ লগত বিয়াৰ বন্দোবস্ত হ’ল।
অবিনাশৰ কোনো আপত্তি নাছিল। দুয়োখন ঘৰৰ সন্মতি মতে বিয়াৰ তাৰিখ ঠিক হ’ল। আৰু ধুমধামেৰে বিয়াখনো সমাপন হ’ল। বন্দনাৰ এটাই মাথো অনুৰোধ আছিল যে- বিয়াৰ পাছত তাই দিল্লীতে থাকিব।
বন্দনাই দিল্লী বিশ্ববিদ্যালয়ত সমাজতত্বত স্নাতকোত্তৰ সমাপন কৰি ইতিমধ্যে গৱেষণাত ব্ৰতী। আৰু তিনিবছৰ বাকী আছে। সেয়ে, বিয়াৰ পাছতো দিল্লীতে থকাৰ কথা আগতেই জনাইছিল। অবিনাশেও কোনো আপত্তি কৰা নাছিল ।
বিয়াৰ পাছত এনেদৰে তিনিবছৰ অতিক্ৰম কৰিছিল। সিও ছুটী নাপায়। তথাপি তিনিবছৰত দুবাৰ দিল্লীলৈ আহিছিল।
কিন্তু ,দুইবাৰ বন্দনা গৱেষণাৰ কামত ভীষণ ব্যস্ত হৈ আছিল। ইমান দিনৰ পাছত লগ পোৱাৰ পাছতো অবিনাশক সময় দিব পৰা নাছিল।
বিয়াৰ প্ৰায় এবছৰৰ পাছত ,অবিনাশ প্ৰথমবাৰ দিল্লীলৈ আহোতে ,ব্যস্ততাৰ বাবে বন্দনাৰ পৰা সঁহাৰি নাপায় ,খং-অভিমানত এৰাতি থাকিয়ে পিছদিনাই অসমলৈ গুচি আহিছিল।আৰু ছুটীৰ সময়খিনি অসমতে কটাই , বন্দনাক লগ নকৰাকৈয়ে আমেৰিকালৈ গুচি গৈছিল। যোৱা এবছৰত সিহঁতৰ কোনো শাৰীৰিক সম্পৰ্ক হোৱা নাছিল। বিগত এবছৰত অবিনাশে বন্দনাৰ পৰা তেনে কোনো আগ্ৰহে দেখা নাছিল। কিন্তু, তাৰ বাহিৰে পতি-পত্নীৰ মাজৰ যি মৰম, কেয়াৰ, তাৰ কোনো অভাৱ পৰলক্ষিত হোৱা নাছিল।
অবিনাশ অভিমান কৰি আমেৰিকালৈ গুচি যোৱাৰ এসপ্তাহ পাছতে ,বন্দনা গৈ আমেৰিকা পাইছিল। অবিনাশ আনন্দত আত্মহাৰা হৈ পৰিছিল। অবিনাশৰ লগত বিয়া ঠিক হোৱাৰ আগতে এবাৰ বন্দনা আমেৰিকালৈ গৈছিল।
গতিকে, কোনো অসুবিধা নোহোৱাকৈ তাই ছাৰপ্ৰাইজ দি ,অবিনাশৰ কাষ পালেগৈ।
অবিনাশ কেলিফৰ্নিয়াত থাকে। অবিনাশে অফিচত কেনেবাকৈ মেনেজ কৰি আকৌ এসপ্তাহ ছুটী ল’লে । বন্দনাক সেই এসপ্তাহ ভালকৈ ফুৰালে। বন্দনাই ফুৰি খুউব ভাল পায়।
বন্দনা কেলিফৰ্নিয়াত এসপ্তাহ আছিল।কিন্তু ,আচৰিত ধৰণে এই এসপ্তাহত অবিনাশ আৰু বন্দনাৰ মাজত কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক নহ’ল। বন্দনাৰ পৰা সঁহাৰি নাপাই,অবিনাশেও খঙে-অভিমানে মনৰ আশা মনতে সামৰি থ’লে।
বন্দনা অহাৰ ঠিক এবছৰৰ পাছত,অবিনাশ পুনৰ দিল্লীলৈ আহিছিল,বন্দনাৰ ওচৰলৈ। সেইবাৰো বন্দনা গৱেষণাৰ কামত ব্যস্ত আছিল। সেইবাৰ অবিনাশ এসপ্তাহ আছিল।কিন্তু, সেইবাৰো কোনো শাৰীৰিক সম্পৰ্ক নহৈছিল।
এনেকৈয়ে দিনবোৰ পাৰ হ’ল।বন্দনাই সফলতাৰে গৱেষণা সমাপ্ত কৰিলে।
এদিনৰ কথা।
সেইদিনা তাই নিজক বেলেগ ধৰণে আৱিস্কাৰ কৰিলে।গৱেষণা সমাপণ কৰি তাইৰ বান্ধৱী সংগীতাৰ তাতে ৰাতি থাকিল।
বন্দনাই বাধ্যত পৰি সিদিনা সংগীতাৰ লগত একেখন বিছনাকে শ্বেয়াৰ কৰিলে। ৰাতি টোপনিৰ পৰা সাৰ পাই,তাই নিজকে সংগীতাৰ বাহু বন্ধনত আবিস্কাৰ কৰিলে।বন্দনাই এক অনাবিল সুখানুভৱ কৰিলে। টোপনিৰ ভাও জুৰি ,তায়ো সহযোগ কৰি গ’ল।
বন্দনাৰ গুপ্তাংগত সংগীতাৰ উমাল স্পৰ্শই তাইক প্ৰদান কৰিলে কাহানিও নোপোৱা সৰগীয় সুখ।
এনেদৰে বহু পৰৰ পাছত বন্দনাৰ উঠন বক্ষত সংগীতা শুই পৰিল। সংগীতা টোপনিত নিমগ্ন হোৱাৰ পাছত বন্দনাই নিজকে এক অন্য ৰূপত আৱিস্কাৰ কৰি থৰ থৰকৈ কঁপিবলৈ ধৰিলে।
তাই সিদিনাহে অনুভৱ কৰিলে-তাই অবিনাশৰ প্ৰতি কিয় উদাসীন।তাই অনুভৱ কৰিলে যে অবিনাশ নামতহে পতি হিচাপে বৰণ কৰিছে। সিঁহতৰ সম্পৰ্কটো দুটা নিকট বন্ধুতকৈ আন একো নহয় ।
সিদিনা ৰাতিয়ে তাই কঠোৰ বাস্তৱক গ্ৰহণ কৰি সিদ্ধান্ত ল’লে যে তাই আমেৰিকালৈ গৈ অবিনাশক সকলো কথা মুকলিকৈ ক’ব আৰু অবিনাশে যি সিদ্ধান্ত লয়,তাক তাই সন্মতি জনাব।
কথামতেই এসপ্তাহৰ পাছত অবিনাশৰ ওচৰলৈ গৈ সকলোবোৰ কথা বিৱৰি ক’লে। পাছত বুজাবুজিৰে , অবিনাশ আৰু বন্দনাই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
তাৰ এবছৰৰ পাছত অবিনাশ পুনৰ বিয়াত বহিল। ছোৱালীজনী,বন্দনাই ঠিক কৰি দিছিল।
আৰু বন্দনাই সংগীতাৰ স’তে দিল্লীতে সুখৰ জীৱন অতিবাহিত কৰিলে।
প্ৰবন্ধটো পুনৰ বাৰ পঢ়ি সৰ্বশৰীৰ কঁপি উঠিল ।
প্ৰবন্ধটোৰ লিখক অবিনাশৰ মাজত মই নিজকে আৱিস্কাৰ কৰিলোঁ।অবিনাশৰ স’তে ফোনত এবাৰ কথা পাতি মনৰ দুখ পাতলাবলৈ তীব্ৰ হেঁপাহ জাগিল।
বৰ হেঁপাহেৰে পেপাৰখনত দিয়া নম্বৰটো ডাইল কৰিলোঁ, কিন্তু বহুবাৰ চেষ্টা কৰাৰ পাছতো নম্বৰটো নালাগিল।
বন্দনাৰ দৰে অমিতাভেও বাৰু নিজক আৱিস্কাৰ কৰিছেনে? যদি কৰিছে,তেনেহ’লে মোক কিয় প্ৰতাৰণা কৰি আছে? নে মোৰ পৰা গোপনে কোনো পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক চলাই আছে?
তেনেতে, ফোনটো ৰিং হ’ল। সেই সময়ত ৰিচিভ কৰিবলৈ মন নগ’ল।
ফোনটো আকৌ ৰিং হ’ল। ম’বাইল চাই দেখো-নীলমৰ ফোন।
অহ্ ...পাহৰিছিলোঁৱে...আজি তাৰ স’তে ভূটান বৰ্ডাৰৰ ফালে যোৱাৰ কথা আছিল।তাৰমুখত প্ৰায়ে ভূটান বৰ্ডাৰৰ কথা শুনি থাকো।সেয়ে,আজিৰ দিনটোতে যোৱাৰ কথা ঠিক কৰিছিলোঁ।
এতিয়া,মুডটোৱে অফ হৈ গ’ল।
কিন্তু, মই কোৱাৰ বাবে সি আজি স্কুলো ছুটী লৈছে। টিউশ্যনবোৰো কেনচেল কৰিছে ।
ছেঃ বৰ বেয়া কথা হ’ল। ইফালে ৮ বাজিলেই।
কি ক’ম ,কি নক’ম -ভাবি থাকোতে ফোনটো দ্বিতীয়বাৰো ৰিং কৰি কৰি কাট খাই গ’ল।
কি কৰা যায় ?
নাই, নগ’লে কথাটো বেয়া হ’ব। তাতে ঘৰতে সোমাই থাকিলে ,মনটো আৰু বেয়া লাগিব।
তাৰ লগত ফুৰি আহিলে,মনটো অলপ ভাল লাগিব। এনেয়ো মনৰ দুখবোৰ কাৰোবাক খোলাকৈ ক’লে,মনৰ দুখ পাতলে। কিন্তু, নীলমক কথাবোৰ ক’ম জানো ?
এহ্, তাক কোৱা নোকোৱা পাছৰ কথা। সময়ত দেখা যাব। আগতে এপাক ঘূৰিয়ে আহোগৈ।
নীলমলৈ কলবেক কৰিলোঁ। এঘন্টাৰ পাছত তাক গণেশগুৰিৰ পৰা পিক আপ কৰিম বুলি ক’লোঁ। ড্ৰাইভাৰজনকো ৰেডী হ’বলৈ ক’লোঁ।
অমিতাভকো সৌজন্যমূলকভাবে মেছেজ এটা দি থ’লোঁ।
চতু্ৰ্থ অধ্যায়
তৃতীয় খণ্ড
নভবাকৈ পোৱাটোৱে চাগৈ "সুখ" ।তাতে ভবাতকৈ বেছি পালে মনটো অজান আৱেগত উথলি উঠে।
সময়মতে গণেশগুৰিৰ পৰা নীলমক পিক আপ কৰিলোঁ।
এজাক কিনকিননীয়া বৰষুণে আমাক সংগ দিলে। ৰঘুয়ে কম চাউণ্ডত ভূপেন হাজৰিকাদেৱৰ গীত বজালে। ৰঘু ,ভূপেন হাজৰিকাদেৱৰ প্ৰিয় ভক্ত। তেখেতৰ প্ৰায়বোৰ গীতৰে সংগ্ৰহ আছে ৰঘুৰ লগত। ৰঘু,আমাৰ গাড়ীৰ ড্ৰাইভাৰ। একেবাৰে ঘৰৰ ল’ৰাৰ দৰে।
যাত্ৰাপথত নীলমৰ সুহুতীয়া কথাই মোৰ মনটি ভৰাই তুলিলে । ভূপেনদাৰ "আহিনমহীয়া শেৱালি ফুলিলে", "তোমাৰ উশাহ কঁহুৱাকোমল", "হে হে ঢোলে দগৰে" কালজয়ী গীতবোৰে আমাৰ যাত্ৰা আৰু আমোদজনক কৰি তুলিলে ।
হেঁপাহ ভৰাই উপভোগ কৰিলোঁ প্ৰতিটো আনন্দময় ক্ষণ ।
ৰঙিয়া পাওঁগৈ মানে ১০ঃ৩০ বাজিল। google ৰ মতে ৰঙিয়াৰ পৰা আমাৰ গন্তব্যস্থান দৰংগমেলা লৈ 48 কি:মি: । আমি পলম নকৰাকৈ লক্ষ্য অভিমুখে গৈ থাকিলোঁ ।
পথবোৰ বৰ মসৃন ।
BTAD ৰ বাক্সা জিলাৰ তামুলপুৰত কিছু পৰ ৰওঁ।তাতে ৰৈ, তিনিওটাই শুকান ৰুটি খালোঁ। তাৰপাছত পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ।
মাজে মাজে ৰাতিপুৱাৰ দুঃচিন্তাবোৰে মনটোক সেমেকাই তুলিব খুজিছিল যদিও মই সেইবোৰ মনৰ পৰা নিলগাই দিলোঁ।
নীলমৰ স’তে কবিতাৰ কথা পতা নাছিলোঁ। পাতিছিলোঁ জীৱনৰ কথা ।আশাবাদী জীৱনৰ ৰঙীন কথা।
আমাৰ গন্তব্যস্থান দৰংগমেলা পাওমানে ১২ বাজিল। আঁতৰৰ পৰা ভাৰত-ভূটান সীমান্ত দেখা পায় মনটো কিবা এক বুজাব নোৱাৰা আৱেগত উথলি উঠিল । গাড়ীখন ৰাখিব লওঁতেই ভূটানৰ আৰক্ষী বিষয়া এজন আগবাঢ়ি আহি আমাক গাড়ীখন ৰাখিব দিলে। মই বৰ ভয় খালোঁ । আমাক তিনিওজনকে নামিবলৈ ক'লে। লগতে ৰঘুক counter লৈ মাতিলে । মই বোলো-কথা বিষম।
মনতে ভাবিলোঁ-- কিবা জৰিমনাহে ভৰাব নেকি ! হয়তো ভিতৰলৈ যাবই নিদিব !
ৰঘুৰ পাছে পাছে ময়ো counterলৈ গ'লোঁ। অসমৰ পৰা যোৱা বুলি কোৱাত হিন্দীতে ড্ৰাইভিং lisence , গাড়ীৰ RC দেখুৱাবলৈ ক'লে। তেখেতসকলৰ ব্যৱহাৰ আৰু কর্তব্য আৰু দায়িত্ববোধত আমাৰ মূৰ দোঁ খালে । তেখেত সকলৰ পৰা গম পালোঁ যে ইয়াৰ পৰা প্ৰায় 4 কিঃমিঃ মান আমি যাব পাৰিম । বজাৰ কৰিব পাৰিম ।ঠাইখিনি চাব পাৰিম । কিন্তু ভিছা আৰু পাচপৰ্ট অবিহনে 4 কিঃমিঃ নিলগত থকা সীমান্তৰ পৰা পাৰ হৈ যাবলৈ অনুমতি নিদিয়ে ।
কিন্তু আচৰিত কথাটো --ভুটানৰ পৰা ভাৰতলৈ আহিবলৈ কোনো বাধা নাই । কিন্তু কিয় ? এই প্ৰশ্নটোৱে মোক ভবাই তুলিলে।
আমি পুনৰ গাড়ীত উঠিলোঁ। আৰু পোন প্ৰথম বাৰলৈ বিদেশত প্ৰদাৰ্পন কৰাৰ গৌৰৱ অনুভৱ কৰিলোঁ ।
আমি যিখিনি ভুটান দেখিলোঁ , তাৰপৰাই এক অনন্য অভিজ্ঞতা অর্জন কৰিলোঁ । প্রায়বোৰ ঘৰ একে আৰ্হিৰ । সকলোতকৈ বেছি আকৰ্ষিত কৰা বিষয়টো হ'ল-শৃংখলাবদ্ধতা আৰু স্বচ্ছতা ।
চৌদিশ চাফ চিকুণ । আনকি পাহাৰীয়া পথ বোৰো ইমান চাফা । কোনো আৱৰ্জনা দেখা নাপালোঁ । পথবোৰো বৰ মসৃন ।আমি মূল গে’টৰ পৰা আৰক্ষীৰ নিৰ্দেশনা অনুসৰি চাৰি কিঃমিঃ ব্যাসাৰ্দ্ধৰ মনোৰম ঠাইখিনি পৰিভ্ৰমণ কৰিলোঁ । পাহাৰীয়া পথত প্ৰায় আধাঘণ্টা সময় কটোৱাৰ পাছত সৰু অথচ স্বচ্ছ চহৰখনলৈ গ'লোঁ। গাড়ীখন পার্ক কৰিবলৈ গৈহে বিপাঙত পৰিলোঁ
পথবোৰৰ বাওঁকাষটো ৰং কৰা । ঘৰ ঘৰ কৰি বগা ৰং কৰা আছে। ধাৰণা কৰিলোঁ -গাড়ী ৰখাবৰ বাবে এনেকৈ ৰং কৰা থাকে ।পথবোৰ one way ।
ৰঘুক গাড়ীখন পার্ক কৰিবলৈ দিলোঁ । পার্ক কৰি ওলাই আহিব নৌপাওঁতে কেইজনমান ভূটিয়া ভদ্ৰলোকে আমালৈ এক বেলেগ দৃষ্টিৰে চাই থাকিল ।মই বুজি উঠিলোঁ-হয়তো মই কিবা এটা ভুল কৰিছোঁ । কিন্তু কি ? কাক সুধিম ? তেখেতসকলে জানো হিন্দী বা ইংৰাজী বুজিব ? এনেকৈ ভাবি থাকোতে মোৰ পৰা কিছু নিলগত এজন ভদ্ৰলোক দেখিলোঁ । তেখেতে হাতেৰে চাধা মোহাৰি আছিল । দেখাত ভাৰতীয় যেন লাগিল । ওচৰলৈ গৈ সোধাত গম পালোঁ তেখেত বাক্সা জিলাৰ বঙালীভাষী অসমীয়া । তেখেতৰ পৰা প্ৰয়োজনীয় তথ্যখিনি সংগ্ৰহ কৰি ল'লোঁ । তেখেতৰ পৰা গম পালোঁ যে গাড়ীবোৰ চিনবোৰৰ বাওঁফালে থ'লেই নহ'ব, এখন গাড়ীৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ঘৰটোৰ ভিতৰতহে থ’ব লাগিব । তেখেতে কোৱা অনুসৰি ৰঘুৱে গাড়ীখন যথাস্থানত পাৰ্কিং কৰিলে। ৰঘু গাড়ীৰ কাষতে ৰ’ল। আমি সৰু চহৰখন ঘূৰিলোঁ।
বস্তুবোৰৰ বৰ দাম। তাত ভাৰতীয় মুদ্ৰা চলে।
ভূটীয়া লোকৰ লগতে বাক্সা জিলাৰ কেইবাজনো অসমীয়াৰ দোকান দেখা পালোঁ।
আমি থকা সেই সৰুচহৰখন ভূটানৰ Sumdrup jongkhar ৰাজ্যৰ অন্তৰ্ভূক্ত আৰু প্ৰচলিত ভাষাটোৰ নাম-জংখাৰ ( Dzoangkhar) ।
তেখেতসকলে হিন্দী বৰ ধুনীয়াকৈ কয় ।
ভুটানৰ currency সংগ্ৰহ কৰিবৰ বাবেই আমি এজন হাইদৰাবাদৰ ব্যৱসায়ীৰ পৰা এটি ছাতি আৰু দুটি বেগ সংগ্ৰহ কৰিলোঁ । আচলতে দোকানখনত কিনিবপৰাকৈ আৰু বিশেষ বস্তু নাছিল । আমি উভতাই পোৱা টকাৰ পৰা কিছু ভূটানৰ currency আনিলোঁ। হাইদৰাবাদী দোকানীজনে জনোৱা অনুসৰি ভূটানীসকল যথেষ্ট পৰিশ্ৰমী আৰু স্বাৱলম্বী। আনৰ ওপৰত নিৰ্ভয়শীল নহয় যেন ধাৰণা হ'ল।
আমাৰ অসমৰ পৰা বহু লোকে তাত বেপাৰ কৰিবলৈ নতুবা বিভিন্ন কামৰ বাবে নিতৌ যায়। চহৰখনত প্ৰায় ২ ঘণ্টা সময় কটোৱাৰ পাছত অসমীয়া বাঙালী লোকজনে দেখুৱাই দিয়া ৰেস্তোৰাঁ এখনত দুপৰীয়া অহাৰ গ্ৰহণ কৰিলোঁ ।
ৰেস্তোৰাঁখনত stargold ৰ হিন্দী চিনেমা এখন চলি আছিল । বাকীবোৰ ভূটিয়া দোকানটো হিন্দী চেনেল কেইটাই চলি থকা দেখা পালোঁ ।
তাত পেট্ৰলৰ দাম কম । আমি দুপৰীয়া অহাৰ গ্ৰহণ কৰাৰ পাছত পেট্ৰল পাম্পত তেল ভৰাবলৈ গাড়ীখন ৰখালোঁ । পেট্ৰল পাম্পত দীঘলীয়া শাৰী। তাৰ বেছিভাগে অসমীয়া।ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প । আমি সুধি চাই গম পালোঁ প্ৰতি লিটাৰ পেট্ৰলৰ দাম 59.50 টকা য'ত পুৱা গুৱাহাটীত প্ৰতি লিটাৰত 90 টকাকৈ ভৰাই আহিছিলোঁ। ৰঘুৱে
সুবিধকন গ্ৰহণ কৰি গাড়ীৰ টেংকী ভৰ্তি কৰি ল’লে।
"দেখিলা, আমাতকৈতো অৰ্থনৈতিকভাবে বহু দুৰ্বল।তাৰপাছতো আমাৰ দেশৰ লগত পেট্ৰ’লৰ দামৰ কিমান প্ৰভেদ।"-নীলমে ভূৰ ভূৰাই উঠিল।
" হয় দিয়ক দাদা, ভাবিলে আচৰিত লাগে"
-লগে লগে ৰঘুৱে নীলমক শলাগিলে।
মই সিঁহতৰ কথাখিনি হৃদয়ংগম কৰিলোঁ। একো নক’লোঁ।মূল্যবৃদ্ধিৰ কথা কৈনো লাভ কি !
আলোচনাৰ বিষয়বস্তুটো সলাবলৈ মই আন বিষয় এটা উত্থাপন কৰিলোঁ--
"নীলম, গাড়ীবোৰ লক্ষ্য কৰিলানে?
"কিনো?"
"গাড়ীবোৰত দুইধৰণৰ নাম্বাৰপ্লেট দেখিলোঁ।
BG .......
BP.........।"
"অ অ ...মই এই বিষয়ে আগতে এঠাইত পঢ়িছিলোঁ। আজি দেখিলোঁ।
BG মানে Bhutan government
BP মানে Bhutan private ।"-নীলমে ক’লে।
দীঘলীয়া শাৰি পাতি, তেল ভৰোৱাৰ পাছত 3:00 বজাত আমি উভটনি যাত্ৰা আৰম্ভ কৰোঁ। 15 মিনিট অহাৰ পাছত চাহ বাগিচা এখন পাই, কিছু সময় সেউজীয়াৰ মাজত নিজকে বিলীন কৰি দিয়াৰ লগতে ,স্মৃতিবোৰ কেমেৰাত সজীব কৰি ৰাখিলোঁ ।
নীলমৰ স’তে মই পাছত বহিছিলোঁ। নীলমে সুযোগ পালেই মোৰ দুহাত তাৰ বুকুৰ মাজলৈ টানি লৈ গৈছিল। ৰঘুৱে নেদেখাকৈ কেইবাৰো দুহাতত চুমা আঁকি দিছিল।
তাৰ চঞ্চল দুহাতে মোৰ নিষিদ্ধ ঠাইবোৰত অবাধ বিচৰণ কৰিছিল।
ৰঘুৱে হয়তো কথাবোৰৰ কিবা উমান পাইছিল।
কিন্তু, তালৈ মোৰ কোনো ভ্ৰুক্ষেপ নাছিল।
জীৱনত কি হেৰুৱালোঁ বুলি কান্দি থকাতকৈ জীৱনে কি দিছে-তাক লৈ সুখী হোৱাই জীৱনৰ মাদকতা।
"বিবাহ বাৰ্ষিকীৰ বহু বহু শুভেচ্ছা"-নীলমে মোৰ সোঁহাতখন তাৰ বুকুলৈ টানি নি মোৰ গাত গা লগাই,ক’লে।
বিবাহ বাৰ্ষিকীৰ কথা শুনাৰ লগে লগে
মনে মনে ভীষণ খং উঠিছিল। যদিও সৌজন্যতাৰ খাতিৰত প্ৰতি ধন্যবাদ দিছিলোঁ।
"আজি পবিত্ৰ ৰাস পূৰ্ণিমা। এই দিনটো ইমান সুন্দৰকৈ সজাই তোলা বাবে তোমাক অশেষ ধন্যবাদ জনালোঁ।"
-ৰঘুৱে গম নোপোৱাকৈ নীলমৰ গালত তপক কৈ চুমা এটি দিলোঁ।
ইতিমধ্যে গাড়ীখন আহি গণেশগুৰি ফ্লাই অভাৰত ৰখিলহি।
নীলমক তাতে ড্ৰপ কৰি ঘৰ পাওগৈ মানে সন্ধ্যা ৬ বাজিল ।
ঘৰ গৈ দেখোঁ- অমিতাভ ,কেক লৈ মোৰ বাবে ৰৈ আছে...।
( আগলৈ )
0 Comments