———————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
———————————
বাটচ’ৰা
সম্পাদকীয়...
বাপতি সাহোন ৰঙালী বিহুটিক "হেপ্পী" কৰি তোলাৰ সময়তে , ব্যক্তিগত বিদ্যালয়বোৰত (বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত) প্ৰাক্ ৰঙালী বিহু অতি উলহ মালহেৰে উদযাপন কৰা বিষয়টো,লগতে বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বিহুৰ কৰ্মশালাবোৰে নেতিবাচকতাৰ মাজত এক অত্যন্ত ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।
ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীবোৰ আমাৰ চহকী কৃষ্টি-সংস্কৃতিৰ মূল শিপাৰ পৰা আঁতৰি যোৱা বুলি সময়ে সময়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে। বহুক্ষেত্ৰত এই চিন্তাযে অমূলক নহয়,সেয়াও প্ৰমাণিত হৈছে। ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়ে দেউতাকক "পাপা"নাইবা "দেদ্দী" ,মাকক "মামী" বুলি কোৱাৰ কোনো কথা থাকিব নোৱাৰে। 'আমাৰ ই/এই আছামিজ ভালদৰে লিখিব/পঢ়িব নোৱাৰে'-বুলি গৌৰৱ কৰা একাংশ অভিভাৱক এইক্ষেত্ৰত প্ৰধান জগৰীয়া।
মোৰ বোধেৰে সময়ৰ লগত খোজত খোজ মিলাই আগবাঢ়িবলৈ,ইংৰাজী ভাষাটোৰ গুৰুত্বযে অপৰিসীম- সেয়া আমি নিশ্চয় সকলোৱে অনুধাৱন কৰো। অসমীয়া কলা কৃষ্টি সংস্কৃতিৰে সংপৃক্ত হৈ ,অসমীয়া ভাষাটোক সম্পূৰ্ণকৈ দখলত ৰাখি, ইংৰাজী মাধ্যমত অধ্যয়ন কৰাটো মোৰ বোধেৰে কোনো অপৰাধ বা দোষণীয় কাম নহয়।কিন্তু, এইক্ষেত্ৰত অভিভাৱকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
অসমীয়াৰ মূল শিপাৰ সৈতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা সংপৃক্ত কৰাৰ হেতু ব্যক্তিগত বিদ্যালয়বোৰে (বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰে) বিদ্যালয় বাকৰিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰাক ৰঙালী উৎসৱ আয়োজন কৰাৰ কথাটো সঁচাকৈয়ে অতি গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। আগতেও উদাপন কৰা হৈছিল যদিও এইবেলি প্ৰায়বোৰ বিদ্যালয়ে ,অতি উলহ মালহেৰে প্ৰাক ৰঙালী উৎসৱ আয়োজন কৰিলে। এইক্ষেত্ৰত অভিভাৱকসকলৰ সহযোগিতাও উল্লেখনীয় দিশ হিচাপে পৰিগণিত হৈছে। লগতে পহিলা ব’হাগৰ পৰাই চৰকাৰী নিৰ্দেশনাবোৰ অসমীয়া ভাষাত প্ৰকাশ হোৱাটোও এইবেলি ৰঙালী বিহুটিৰ এক বিশেষ ইতিবাচক তথা আশাব্যঞ্জক দিশ হিচাপে চিহ্নিত হৈছে।
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
অনুবাদ কবিতা
KNT. SIR SILVANO BORTOLAZZI
*
"Sono poesia"
Sono come il vento.
Sono poesia.
Chi mi censura:
censura il vento.
Il vento esiste:
esisterà sempre.
La poesia esiste:
esisterà sempre.
Sono su tutta la Terra.
Per sempre.
CAV. SILVANO BORTOLAZZI - CAVALIERE AL MERITO DELLA REPUBBLICA ITALIANA, PER LA POESIA
**************
"I am poetry"
I am like the wind.
I am poetry.
Who censors me:
censors the wind.
The wind exists:
will always exist.
Poetry exists:
will always exist.
I am on all the Earth.
Forever.
KNT. SIR SILVANO BORTOLAZZI - KNIGHT OF MERIT OF THE ITALIAN REPUBBLIC, FOR POETRY
*****************************
In Assamese Language
"মই কৱিতা"
৺৺৺৺৺৺৺৺৺৺
তেওঁলোক পছোৱা
তেওঁলোক কৱিতা৷
যিয়ে মোক পৰিশুদ্ধ কৰে
পৰিশুদ্ধ কৰে বতাহ৷
মৰুৎ বিদ্যমান
নিত্য উপস্থিতি তাৰ৷
কৱিতা বিদ্যমান:
নিতৌ উপস্থিতি থাকিব৷
কৱিতাই সসাগৰা পৃথিৱী৷
সৰ্বকালৰ বাবে
৺৺৺৺৺৺৺৺৺৺৺৺৺৺
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
অসম, ভাৰত
In Bengali Language
"আমি কবিতা"
৺৺৺৺৺৺৺৺
এরা বাতাসের মতো।
তারা কবিতা।
যে আমাকে পরিশুদ্ধ করে:
বাতাসকেও করে পরিশুদ্ধ।
বাতাস বিদ্যমান:
সর্বদা উপস্থিত থাকবে।
কবিতা বিদ্যমান
সর্বদা উপস্থিত থাকবে।
তারা সমস্ত পৃথিবী হয়।
সর্বকালের।
৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺
ডা° হীরেন্দ্রকুমার ভাগবতী
আসাম, ভারত
In Hindi Language
"मैं कविता हूँ"
""""""""""""""""""""
वे हवा की तरह हैं।
वे कविता हैं।
जिसने मुझे परिशुद्ध करता है:
हवा को परिशुद्ध करता है।
हवा मौजूद है:
हमेशा मौजूद रहेगा।
कविता मौजूद है:
हमेशा मौजूद रहेगा।
वे सारी पृथ्वी पर हैं।
हमेशा के लिए।
""""""""""""""""""""""""""""""""""""
भावानुवाद: डऻ° हीरेन्द्रकुमार भागवती
आसाम, भारत
———————————
মৰণৰ ৰণ-শিঙা
মূল হিন্দীঃ অটল বিহাৰী বাজপেয়ী
অনুবাদঃ গণেশ বৰ্মন
ৰণ-শিঙা !
মৰণৰ ৰণ-শিঙা বাজিল !
যুঁজিবলৈ মোৰ মন নাছিল ,
কেঁকুৰিত লগ পোৱাৰো পণ নাছিল,
বাট আগচি সি আহি হ'ল থিয়
জীৱনতকৈও যেন হৈ পৰিল শ্ৰেয়।
মৃত্যুৰ আয়ুসনো কিমান? দুপলো নহয় ,
জীৱন বোৱতী নৈ , আজিৰ কিম্বা কালিৰেই নহয় ।
মই হেপাঁহেৰে জীলোঁ ,
মনৰ ইচ্ছাৰে মৰিম ,
উভতি আহিম ,
যুঁজলৈ কিহৰ ভয় ?
তই হাতত সাৰে-ভৰিত সাৰে চোৰ হৈ নাহিবি ,
সমুখৰ পৰা কৰ আঘাত , পাছত মোক চাই ল'বি ।
মৰণৰ পৰা সংগোপন, জীৱন-পৰিক্ৰমা ,
কাজল সনা সন্ধিয়া ,
ৰাতিৰ বাঁহীৰ সুৰ।
কথাবোৰ এনে নহয় যে দুখ লেখমাত্ৰও নাই ,
যাতনা নিজৰ-পৰৰ অকণো কম নহয়।
আনৰ স্নেহেৰে আপ্লুত মই
অভিযোগ- প্ৰতি-অভিযোগৰ সীমাৰ সিপাৰত।
প্ৰতিটো প্ৰত্যাহ্বান দুহাতেৰে ধাৰণ কৰিছোঁ ,
ধুমুহাৰ মাজতো জ্বলাইছোঁ নুমাই যোৱা চাকি।
আজি ধুমুহা আহিছে , অপ্ৰতিৰোধ্য গতি -
নাওবোৰ ঢৌৰ চাকনৈয়াৰ আলহী।
পাৰ পাবলৈ আছে মনৰ উদ্যম,
চোৱাচোন তাৰ আন্দোলন, তচনচ কৰিব যেন।
মৰণৰ ৰণ-শিঙা বাজিল।
---------------------
কবিতা
জীৱন আৰু মৃত্যু বিষয়ক
ৰীতা বৰুৱা
দুখ অবিহনে সুখৰ যিদৰে অৰ্থ নাথাকে
মৃত্যু অবিহনে জীৱনৰো সিদৰে অৰ্থ নাথাকে
জীৱন অবিহনে মৃত্যুৰ
জীৱনে জীৱক যি দিয়ে- ৰং, গতি
মৃত্যুৱে সেয়া দিব নোৱাৰে
মৃত্যুৱে জীৱক যি দিয়ে-পৰম শান্তি,পৰম মুক্তি
জীৱনে সেয়া দিব নোৱাৰে
তথাপিও
জীৱন মানেই মৃত্যু অনিবাৰ্য
মৃত্যুৰ বাবে জীৱন অপৰিহাৰ্য
অদৃশ্য ছায়াৰ দৰে
মৃত্যু জীৱনৰ স'তে সাঙোৰ খাই থাকিলেও
মৃত্যু জীৱনৰ ছাঁ নহয়
একান্ত আত্মীয় বা প্ৰিয় বন্ধুও নহয়
মৃত্যু জীৱনৰ পৰিণামহে
জীৱন মৃত্যুৰ
আৰম্ভণী গান ।
———————————
বন ঢেঁকীয়াৰ ফুল
জোনমণি দাস
১.
পাটমাদৈটো হৈ মই উৰোঁ
যেতিয়া সকলো টোপনি যায় তেতিয়া
অজস্ৰ শব্দৰ প্ৰতিধ্বনিৰ মাজেদি
মালতী ফুলৰ মলয়াত মই উৰোঁ
উৰি উৰি পাওঁগৈ আকাশৰ সিপাৰৰ ক্ষীৰোদ সাগৰ
কেৱল তোমাক চাবলৈকে উৰোঁ
তোমাক চুবলৈকে উৰোঁ
তুমি মোক দেখা পোৱানে প্ৰভু?
২.
ভাবনাতে উৰি উৰি ভাগৰত
কাহিলি কাহিলি পোহৰত
ঘূৰি আহি যেতিয়া ঘৰত সোমাওঁ
টোপনিৰ পিলবোৰ হৈ উঠে একোজোপা তিলগছ।
তাৰ পাছত লাহে লাহে পাহৰোঁ
মই যে এটা পাটমাদৈ চৰাই
আৰু ঠিক তেতিয়াই প্ৰভু
মই ঘনেপতি দেখোঁ
কালঘুমটিত মুদ খাই থকা তোমাৰ দুচকু।
৩.
বন ঢেঁকীয়াৰ ফুল বিচাৰি ঘুণীয়া হোৱা মনে
নিৰন্ধ্ৰ এন্ধাৰত অকলে অকলে কান্দে।
দেহি ঐ, শোকসন্তপ্ত শব্দবোৰেহে
টলকা মাৰি শুনে।
৪.
মই জানো প্ৰভু
প্ৰতিটো মুহূৰ্তই প্ৰজ্জ্বলিত প্ৰদীপৰ প্ৰভা
তথাপি জটিল, জীয়াই থাকি জীৱনৰ নক্সা অঁকা
মহাশূন্যৰ নৈঃশব্দ্যত শুই থকা তোমাক
দিঠকত বিচাৰি পোৱা…
অথচ
অন্তহীন শাস্তি ভুগিও মানিও নামানে মনে
দেহজ বাসনাৰ বিপন্নতা।
———————————
নিজানৰ মালিতা
জুবিলী গগৈ
আঁতৰি অহাৰ পৰত
বাটত হাঁহি হাঁহি ৰৈ আছিল কৃষ্ণচূড়া
আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আছিল
দাঙি ৰোৱা দুহাতত
কৃষ্ণচূড়াবোৰ এতিয়া নুফুলে
বাটৰুৱাক নিদিয়ে ছাঁ
হালি পৰোঁতে
কোনোৱে যে নিদিলে মেলি
ঢোকা লগা হাত
আঁতৰি অহাৰ পৰত
কোৱা কথাবোৰ সঁচা নহয়
দিন বাগৰিলে সঁচাবোৰ মিছা হয়
প্ৰতিশ্ৰুতিৰ ভাঁজ খুলি
ৰুমালবোৰ উৰি থাকে আকাশত
ফেনিল হৈ
কোন কাৰ হৈ ৰয়
আঁতৰি অহাৰ পাছত
গাৰ বতাহো মিলি যায় নীলিমত
কৃষ্ণচূড়াৰ জাল বন্ধা ফটোখন
কোনে জানো আঁতৰাই নিলে
ৰং সিঁচা দেৱালৰ পৰা
কিছুমান কাম
নিজক আভুৱা ভঁৰাবলৈকে
কৰি থকা হয়
সকলোৱে শুনিব নিবিচাৰে
পূৰ্ণিমা ৰাতিত এৰি অহা আঁউসীৰ কথা।
———————————
সুমথিৰা
অংকুৰিতা ফুকন
পৃথিৱী সদৃশ বৃত্তাকাৰ বীক্ষণ
সৰ্পনত সুগন্ধ বিয়পে
মেৰুৰ পৰা মেৰুদণ্ড প্ৰসাৰি
অন্যথা লেৰেলা প্ৰসূণত
জলভৰ ষটপাদীৰ বসতি
চল চাই কঠিয়া পৰাৰ কৌশল সুকীয়া
চেগ বুজি দাই জুকিয়াই মুঠিয়াই বন্ধা
চেলেকত উতলে আখলৰ কেৰাহী
তথাপি ভোকৰ কাঁহীত এজেবা নিমখ
আৰু এবেগেটীয়া জলকীয়াৰ বিদ্ৰুপৰ হাঁহি
ভোক পুৰিবলৈ কেৱল ভাতেই যথেষ্ট নহয়
মন অথবা মগজু প্ৰসাৰিত কৰিবলৈ
জুতিৰ বাবে এখন সুমথিৰা
পৃথিৱীৰো প্ৰয়োজন
দৃষ্টিৰ বাবে গোলকীয় ঘূৰ্ণন।
———————————
গুমটি
গাৰ্গী ভূঞা
গুমটি দোকানত উতল অহা চাহ কাপত মিঠা নাই
চেনী নাখাই কোনেও
তথাপি চাহৰ শেষত মুখত গুজা তামোলখনৰ দৰেই
চাহকাপৰো ভীষণ চাহিদা
কোনোৱে কয় বোলে জাৰৰ দিনত এখন নিমকিৰ লগত সেহাই খোৱা গুমটিৰ চাহকাপ
সমীপৰ কাছাৰীৰ বৰমুৰীয়াৰ দৰে কাঢ়া
যি চাহৰ মিতিৰালি
কানিয়া কৰ্মচাৰীৰ লগত
ঠিকাদাৰৰ লগত
চৰকাৰপক্ষৰ লগত
লগতে ৰজাৰ বিহকে ধর্ণা দিয়া মুখবোৰৰ লগত
গুমটিৰ পাঁচ-টকীয়া চাহ কাপৰ লগত ইলাছি বা দালচেনি নিসিজে
বৰঞ্চ সিজে তাতোতকৈ ধান-পুৰীয়া খবৰ !
গুমটিৰ নেওৰাৰ তলত বহি থাকে
একোজন আৰক্ষী-অধীক্ষক
একোজন কৰ-আয়ুক্ত
আৰু একো একোজন অভিযন্তা
একে বহায়ে যি ফাদিল কৰে
সমাজৰ কেৰুন
ব্যক্তি বিশেষৰ তথ্য
দিয়ে আদৰ্শ নজিৰ
মহামান্য ন্যায়ালয়ৰ দৰে...
শেষ শোহাৰ শেষত মোহাৰি পেলোৱা কাগজৰ কাপটো
পাছদিনা ঝাৰুৰ আগত নাচে
গুমটিৰ কাষৰ ৰঙা মিনাকৰা বাটতোয়ে
বগা, ফুটুকা-ফুটুকী চোলা পিন্ধা খুটাতোয়ে
পঢ়ি থাকে বন-মানুহৰ কথা...
যিদিনা মই গুমটি দোকানত বহি একাপ চাহ খাও
সেইদিনা নুচোবাও
বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা !
———————————
ফুলৰ ভায়োলিন
উৎপল কলিতা
তুমি অহা দিনা
জীৱনে বজাই আছিল
ফুলৰ ভায়োলিন
খোলা ৰখা আছিল ঘৰৰ দুৱাৰ খিৰিকী
এনেকি পৰ্দাওঁ খোলা ৰখা আছিল
ঘৰটো খালী আছিল
নৈ পৰীয়া সুহুৰি এটাই ভাঙি আছিল
মকৰা জাল
খিৰিকীৰ ফ্ৰেমত ওলমি আছিল
অৰ্থপূৰ্ণ কবিতা
দুৱাৰ মুখত কলকলাই আছিল
দুটা সোণালী চৰাই
এটাৰ চকুত
ফাগুনৰ পাত হালধীয়া
আনটোৰ চকুত
বসন্তৰ পাত কুমলীয়া
তুমি অহা দিনা
সঁচাকৈয়ে মই সলনি হৈছিলোঁ
সলনি হৈছিল মোৰ বেহিচাপী খোজ
মাত কথা
ভিতৰৰ সেউজীয়া উৎসৱটোৱে সাৱতি আছিল
বেলিৰ উশাহৰ পৰা উফৰি অহা
এটি গুণগুণনি
যি গুণগুণনিয়ে পোহৰাই আছে
এতিয়াৰ বেহুঁচ বাট
যি গুণগুণনিয়ে মোক নিজৰ পৰা পৃথক কৰিছে
আৰু জীৱন মূল্যবান বুলি ভাবিব শিকাইছে
তুমি অহা দিনা
জীৱনে বজাই আছিল
ফুলৰ ভায়োলিন।
———————————
বৈপৰীত সময়
দাদুল ভূঞা
সূত্ৰধাৰ
সাধুৰ সীৰলুত সোণ বিচাৰি আইতাই এদিন সাধুকথাৰ পেৰাটো খুলি
আগচোতালত আমাক শুনাইছিল লক্ষ্মীনাথৰ কাহিনী
সাধু সাধু সাধু
খাই কঁঠালৰ বাদু
কাহিনী আঁৰৰ কাহিনীত খুঁচৰি পৰিৱৰ্তন
------------------------
কাছ আৰু শহা দৌৰত নামিছে
মানুহে তাকে অনুসৰণ কৰিছে
চাই আছে হৰা-জিকাৰ খেল
বুলডেজাৰে উচ্ছেদ কৰিছে ঘৰ, খান্দিছে মাটি
আহক উপভোগ কৰোঁ মনে-মনে, চুপে-চাপে
ঢেকীশালত তেজীমলা—দেহাটো আমাৰ
ফুল হৈ ফুলি থকা নদীখন, জৰাজোপা—আমাৰ
তেজীমলাৰ তেজ—আমাৰ চকুলো
মাহী আইৰ ৰঙা চকুত এৰেহা এগৰাহ ভাত—আমাৰ
বাকী সকলো সিহঁতৰ
শাসনৰ বাঘজৰীত তেজীমলা—সেউজীয়া পথাৰ
অৰণ্যৰ গছ বন সিহঁতৰ
বুধিয়ক শিয়ালৰ সিজোৱা কচু খোৱাৰ লোভ
শিয়ালৰ চতুৰালীত তথৈৱচ—বুঢ়া-বুঢ়ী
তথৈৱচ দেশ, চৰৈৱতি- চৰৈৱতি
ৰাজকীয় সিংহাসনত বহিবলৈ হেঁতা-ওপৰা, ঠেলা-হেঁচা
হিতাধিকাৰী সজায় চলিছে ৰাজনীতি, অৰ্থনীতি
কেঁকোৰাই বাঘৰ নেজত দিয়া চেপাটো দিবলৈ
সুযোগৰ অপেক্ষাত ৰৈ থাকো আমি
টিপচীৰ বুদ্ধিটো আদৰ্শগত কাৰণত মানি চলি
সলাব খোজোঁ ঢোঁৰাকাউৰীৰ ৰাজনীতি
তুলা আৰু তেজা যুগে-যুগে আধুনিক
শীতলীকৰণ যন্ত্ৰত ভৰাই বঙহে ৰান্ধে বঙহৰ মঙহ
এনে সময়ত ক'ত বাৰু লুকুৱাওঁ কটা যোৱা নাক
কি সময়, কি দেশ, খৰিকাত সিজে জ্ঞাতি মঙহ
চেনেহৰ চুমাই নাকটি ভাঙে
গোপন গধূলিত বাজে নৰাপেঁপাৰ সুহুৰি
জীয়েকৰ ঘৰলৈ গৈ চিলনী নিৰুদ্দেশ
কোনে কাটি বাছি খালে, কোনে কব পাৰে !
চম্পাৱতীৰ সাধু শুনি এদিন হাবিৰ সকলো অজগৰকে ধৰি আনি
মাকে পাতিছে বিয়া জীয়েকৰ,
সোণৰ নাৱত ডুবিছে, পঁচিছে, দেহৰ টুকুৰা টুকুৰ মঙহ
যৱনিকা—
এনেকৈয়ে চলি আছে, চলি থাকিব
টিপচাকিৰ এন্ধাৰে কঢ়িয়াইছে সময়
আমি এন্ধাৰত টোপনি মাৰিছোঁ
নিজানে নিৰৱে
দুৱাৰ খুলি আদৰিছোঁ বৈপৰীত সময়।
——————————
লালচালাম
প্ৰদীপ চন্দ্ৰ শৰ্মা
কোনদিশত ধাবমান
অস্থিৰ জংগম সময়
ৰঙামাটিৰ তপ্ত বতাহ
ক্ষোভৰ শ্বাস-প্ৰশ্বাস
সেউজবোৰ উতপ্ত হোৱা
কালিকালগা দিনৰেপৰা
সময়বোৰৰ সৰলতাই
মোটসলাই ভাপ হ'ল
চেলেকনা,দেওডঁৰিকনাৰ দৰে
সৰুকণহঁতৰ উছাহবোৰ
মাঘবিহুৰ মেজিৰ ছাই হ'ল
কথা বুলিলেই বতাহ
তথাপিও সুদিনৰ বাতৰিটো
কিয়জানো দূৰতেই থমকি ৰ'ল
লঠঙা শিমলুৰ ওখকৈ ডালত
জাতিস্কাৰহৈ ফুলিথকা ফুলবোৰ
এদিন আশাহৈ কমোৱা
তুলাৰ দৰে উৰিব
ৰাঙলী মদাৰৰ মুকুলে
সিদিনা ৰাতিপুৱাই
লালচালাম যাচিছিল
কুলিৰ মাতত সিদিনাই
বসন্ত আহিছিল
যৌবনৰ ৰঙৰ দৰেই
বসন্তৰ ৰং ৰঙা
সূৰুযৰ দৰে স্বাধীনতা
হে সুদিনৰ আশাৰ বাতৰি
স্বাগতম,হাজাৰ চালাম -
লালচালাম...
——————————
বসন্তৰ দুটি স্তৱক
মেঘালী বৰুৱা শইকীয়া
১.
দুখ হৈ নাহিবা জীৱনলৈ
পাৰিলে
বুকু জুৰাই
এপাহি তগৰ হ'বা
ব'হাগৰ।
সুগন্ধিৰে সজাম
হেঁপাহৰ ঘৰ।
২.
মোৰ আকাশখন
কলীয়া ডাৱৰে ছানিছিল কালি,
আজি বসন্তৰ ৰ'দজাক
হাতৰ তলুৱাত লৈ
বাট চালোঁ
চেনিচম্পা হাঁহিটোলৈ
আৰু হাঁহিটো উচৰ্গা কৰিলোঁ তোমালৈ
তুমি
উচ্ছল ঋতুৰ চেতনা
ওৰেটো জীৱনৰ সেউজ প্ৰাৰ্থনা।
———————————
সুখ অসুখ
মনালিছা শইকীয়া
চটাই পৰেবতত
হেৰোৱা উশাহত অমাতৰ মাত এটাহৈ
পোহৰী দাপোনৰ নেদেখা পাৰ এটাহৈ ধৰা দিয়
তোকনো কেনেকৈ কওঁ মই অসুখীবুলি
নভবাকৈয়ে
ভাবনাৰ অলেখ ফুল ফুলিল
প্ৰতিজ্ঞাৰ বহু ফুল মৰহি সৰিল
এতিয়া
কেউকাষে
শোকৰ মালিতাবোৰ
ইমন ৰাগত বাজি আছে...
——————————
নট
দিলাল আহমেদ
প্ৰত্যেক নাট্যকাৰৰ দৰে
ময়ো ৰপ্ত কৰিলো নিজস্ব পদ্ধতি৷
চালভিনিৰ কথামতে মই সাজু কৰিছো
কণ্ঠস্বৰ---
ভাগ কৰিছো যজ্ঞৰ সংলাপ৷
যজ্ঞৰ হুতাশনে তোমাক
মন্ত্ৰমুগ্ধ কৰে৷
তুমি জুইৰ প্ৰেমত
উৰি অহা পতংগৰ দৰে৷
যজ্ঞৰ খণ্ডিত জীভে সাপৰ দৰে
তোমাক মেৰিয়াই ধৰে
আৰু দহনে দহনে আদৰ কৰে৷
হোমকুণ্ডৰ পৰা অৱশেষে
জপিয়াই আহে---
এক দেৱশিশু৷
নৱজাত সপোনে হাঁহে৷
——————————
কবিতা
ৰেখা বৰকটকী
মানুহৰ হৃদয়ৰ মনিমুগ্ধ কাৰেংবোৰ কেইবাখলপীয়াও
মণি-মুকুতা খচিত অলিন্দ- নিলয়ত অহৰহ ৰোমন্থন হয়
গুণ গুণ প্ৰেমৰ সুৰীয়া তান
পোৱা-নোপোৱাৰ যুদ্ধ বিৰতিৰে তাত উৎসৱৰ দামামা বাজে
তেজৰ কঁৰাল ধৰা হৃৎপিণ্ডত
হেঙুল-হাইতালী উলাহ
তথাপি উশাহে শেষৰটো চিপ টনালৈকে জীৱন জিন্দাবাদ।
যুগৰ বতাহে সময়ৰ সবাহে
উখল-মাখল জীৱন প্ৰৱাহ
শামুকীয়া ভাৱনাক প্ৰতিহত কৰাৰ কৌশলত সিদ্ধহস্ত সকলো।
যেন নাতিশীতোষ্ণ জলবায়ুত সুখ-সমুদ্ৰৰ আৱাহন..
কীট-পতঙ্গৰ দৰে যদিও ক্ষণিক জীৱন
তথাপি হৰ্ষোল্লাসেৰে
নিৰৰ্থক লালসাৰে
অলেখ মাদকতা !
অনেক প্ৰত্যাশা
সেয়ে দিনবোৰ চৰৈৱেতি...
বেগৱতী নৈকো
চেৰ পেলোৱা উদ্দাম গতি...
———————————
যোগসূত্ৰ
চয়নিকা ভূঞা
উপনামৰ আঁত ধৰিয়েই
সম্পৰ্ক এটাই পোখা মেলে
কাহিনীয়ে ফেঁহুজালি দিয়াৰ পৰত
গধূলিগোপাল জোপা বৰকৈ ফুলিছিল
ক'ৰবাত
এচেৰেঙা ভালপোৱাৰ ৰ'দ সিঁচৰতি হৈ পৰিছে
হৈ-হাল্লা
আধুনিকতাই স্পৰ্শ কৰিব নোৱাৰা
ওপজি ও নোপজা যি সম্পৰ্ক
তাতেই আৰম্ভণি
তাতেই জন্ম
ঔ-তলা বাটত
বহলাই বহে কথাবোৰ
জালিকটা সপোন বুটলি অনাৰ কথা নাছিল
কথা নাছিল
সূৰ্যোদয়ৰ পিছত জীৱনে ৰং বুটলাৰ কথা
আৰু বহু কথাই কথা হোৱাৰ কথা নাছিল
কিন্তু
হৈ গ'ল
হৈ যায়
অকস্মাতে বহু কথাই হৈ যায়
বহু কাহিনীৰ ন-কৈ জন্ম হয়।
———————————
চাহ
উৎপল ভট্টাচাৰ্য্য
বতাহে ফনিয়ালে তোৰ সেউজীয়া চুলি
মূৰ দাঙি থিয় দিলে লিহিৰি কোমল কলি
লচমীহঁতৰ আলফুল হাতত উঠিলি ফুলি
তাতেই মোৰ আখলৰ ঠিকনা
তাতেই মোৰ উশাহৰ মূৰ্চনা
মোৰ অ'ত যুগৰ সাধনা
মোৰ মুকুতিৰ প্ৰাৰ্থনা
অ' মোৰ অসমী আইৰ আঁচল মোহনীয়া
বধুৱাৰ কঠিন হাতত গজি উঠা সেউজীয়া
তই অপৰূপা
তই নিৰূপমা
তিলোত্তমা তই অতি বিনন্দীয়া ...
আসামিকা' (Camellia sinensis var. assamica)। নামে বিশ্বপৰিচিতা
কৰ্ম-ভূমি মোৰ ,ধৰ্ম-ভূমি মোৰ
সেউজীয়া কলিজাত
ক'লা সোণহৈ
অধৰে অধৰে পুৱাৰ প্ৰথম চুম্বন তই
জাগৃতি তই
তই বিস্তৃতি
তন্দ্ৰা নাশিনী তই
তই উদাসী সময়ৰ সংগী সঞ্জীৱনী।
ধূম্ৰায়িত কাপত তোৰ
কত সমূদ্ৰৰ অদেখা লহৰ
তোৰ চুম্বনত সতেজ কত নিশি-প্ৰহৰ
সুৰ-প্ৰীত
তই অমৃত
জীৱন দায়িনী মোৰ
অন্নদায়িনী শত শত জনৰ...
———————————
বসন্ত
দেব দাস
পশ্চিমৰ দুৱাৰত
এটি কপৌ ফুল ফুলা দেখিছো
কি কৰিযে জানি
কুলি কেতেকীয়ে
বসন্তৰ গীত যুৰি
আকাশ পাইছে।
—————————
মৌসিতা
জুৰি ভট্টাচাৰ্য
উদং হৃদয়ৰ কিমাননো ভৰ !
উঠোতে বহোতে কৰে লৰচৰ !
দেখিলোঁ ...ভিৰ ...
ভিৰ চাকবন্ধা এজাক মৌমাখিৰ ৷
শয়নতো গুণ-গুণ ,গুণ্ গুণ্ ।
অনুৰণিত গুণগুণনিবোৰে
কথা হৈ মেৰিয়াই ধৰে
সাৰে থাকিলে৷
সিহঁতে,
পাকঘৰত পীৰা পাৰি বহে।
বাহীচোতালৰ ধূলিবোৰ গেৰোৱাৰে হেঁচি পৃথিৱী আঁকে৷
জোটাই জোটাই পঢ়ে...হস্ৰ উ দন্ত্য স! উস্ বৰ গৰম ।
গ দুতিয় ছ ৰ... গছৰ তলত বহ৷
সেইটো দ্বিতীয় ছ বুলি কয়...
দেউতাই মাতে৷
কোমল আঙুলিৰ ধিনধিন্ তাক্ক্ কৰি
সৌজনী ভনী৷
পিঠিত ওলমি লৰে কি চৰে ।
মৌমাখিৰ চাকখন ভৰিপৰে ৷
জৌজৌকৰি মৌ সৰে।
সাৰে থকা আদহীয়া কলিজাটোত
লিকটা লাগে।
ঐ ! যাবি ? নামনি চাপৰিত খেজুৰি সৰিছে ৷
আস! বাৰাণ্ডাৰ পৰা এটা
ফ্ৰিলখোৱা চোলা অদৃশ্য হৈ পৰে ৷
নাযাবি ...সন্ধিয়া লাগিছে ৷
মাই মাতেহে মাতে৷
শলখা তলত ফুলি উঠে
যেন এপাহ নুফুলা কৰবী ।
তাৰপিছত !
তাৰপিছতো মৌমাখিৰ ভৰ কমা নাই।
বাঢ়ি আছে ৷
মাথোঁ গুণগুণ গুণ্ গুণ্ ...
——————————
জীৱন,স্বপ্না আৰু হিয়া
নৱজ্যোতি শইকীয়া
সুখ আৰু দু:খৰ খেৰ বাঁহেৰে
জীৱনে সাজে পঁজা
জীৱনৰ একেজনীয়েই
ছোৱালী;
নাম তাইৰ স্বপ্না।
জীৱনৰ অনুগত পত্নীৰ নাম
হিয়া।
হিয়াই মাজে মাজে শোকত
থাকি
চকুপানীৰে মচে পঁজাৰ
মজিয়া,
হিয়াই মাজে মাজে সুখত
থাকি
স্বপ্নাক কোলাত তুলি,
জোনলৈ মেলি দিয়ে হাত
দুখনি
তৰা লেখি লেখি বিনিদ্ৰ নিশা
জীৱনে মাজে মাজে
খোজ কাঢ়ে স্বপ্নাৰ সৈতে
চহৰে-নগৰে,
গাঁৱে গাঁৱে,
অলিয়ে-গলিয়ে
তেজ,ঘাম আৰু চকুপানী
পেলাই;
বাটে বাটে অহোৰাত্ৰি
জীৱনৰ ভয় হয়,
ভয় হয় জীৱনৰ;
আন্ধাৰৰ বুকু ফালি
যদি ওলাই আহে এজাক
ৰাংকুকুৰ
আৰু ফালি-চিৰি স্বপ্নাৰ
সেউজীয়া ফ্ৰকটি
চৰিতাৰ্থ কৰে অদম্য কামনা
তেতিয়া, তেতিয়া বাৰু
কান্দি কান্দি ভাগৰি পৰা
হিয়াক
কেনেকৈ দিব,
কেনেকৈ দিব জীৱনে সান্ত্বনা।
—————————
চহৰীয়া বিহু :এক আত্মচিন্তন
নন্দিতা বৰঠাকুৰ
ভাহি অহা ঢোলৰ চাপৰ, বিহুৰ আখৰা
মৃদু আলোকেৰে পোহৰোৱা ফ্লেটৰ বৰাণ্ডা
অথবা মেম’ৰী কাৰ্ডত সংৰক্ষিত বিহুৰ সুৰ,
হৃদয়ত কিবা এটা নথকাৰ শূন্যতা
যেন পথাৰৰ মাজত হেৰাই যোৱা ৰান্ধনী বেলিটো...
মাটিৰ চপৰাবোৰত লুকাই থাকে সুখবোৰ,
বোকা ফেনেকাৰ সুবাস নাহে চহৰৰ বাৰাণ্ডালৈ
তথাপিও, বিহুটো আহে চহৰৰ ঘৰবোৰলৈ
নামি দামী কাপোৰৰ দোকানবোৰলৈ,
মঞ্চবোৰলৈ, টেলিভিশনৰ চেনেলবোৰলৈ
যোৰা পাতি পদপথত খোজ কঢ়া ডেকা গাভৰুৰ মনলৈ।
চহা বেপাৰীয়ে কঢ়িয়াই অনা, চাউল মুঠি হাতত লৈ
নাকেৰে উজাও সেউজী পথাৰৰ সোণালী সপোন
তাহানিৰ জহা জহা গোন্ধটো নাপালেও
বিচাৰি পাওঁ, এৰি অহা গাওঁখনৰ মাটিৰ গোন্ধটো
সোণগুটি আমিও চপাওঁ, হাতেৰে নোৱাৰিলেও হৃদয়েৰে
টাইলচৰ মজিয়াত চানমাইকাৰ টেবুলত বহি
মোবাইলৰ স্ক্ৰিনখনতে পথাৰখন চাওঁ।
ইয়াত,
নতুন পঘাত গৰুবোৰ নাই
নাই সেই বোকা ৰোৱা আঙুলিবোৰ
নাঙল ডালৰ ছবিকে আকোঁ হেঁপাহেৰে,
গাভৰুজাকৰ হাঁহিবোৰ চেল্ফীত বন্দী
তুমি, মই, তেওঁ, বিহুত অংশ ল’ব নোৱাৰো,
কিয়নো বিহু এতিয়া এক 'বিগ বাজেট ইভেন্ট'।
চহৰীয়া বিহু—
এটা সাজু কৰি ৰখা দৃশ্যপট,
এটা নিয়মিত হ্যাশটেগ,
মেচেজৰ আদান প্ৰদান,
একেটা টেমপ্লেটত কপি-পেষ্ট কৰা উৎসৱ এয়া।
তথাপিও,
এই চহৰখনত কোনে ক’ব পাৰে,
বছৰৰ বিহুটোত বুকুত কপৌ নুফুলে বুলি?
আশাৰ নতুন পোখা নেমেলে বুলি?
——————————
ব'হাগ
ড৹ ইকবাল হোচেইন খান
মানুহ কেতিয়া মানুহ হ'ব
ব'হাগ যেতিয়া জীৱনৰ গান হ'ব।
হে ব'হাগ , তুমি জীৱনৰ ৰূপ কথা হৈ আহা
নৱ নৱ উল্লাস , বিশাল ভাৱনা হওক ব'হাগৰ মূল বতৰা
খুলি দিয়া মনৰ দুৱাৰ
হিয়াত জাগি উঠক আইৰ সোণোৱালী হাঁহি
গানে গানে বাজক সমন্বয়ৰ সুৰ
সুৰে সুৰে ঝংকাৰিত হওক মানৱতাৰ সোনালি ধাৰা
হৃদয়ে হৃদয়ে জাগি উঠক ভাতৃত্বৰ সুগন্ধি মালিতা ।
হে ব'হাগ , নৱ নৱ চেতনাৰে দিয়া উপহাৰ সুন্দৰতম ত্যাগৰ সৌৰভ
য'ত থাকিব সৃষ্টিৰ শ্ৰেষ্টত্বৰ প্ৰেৰণা
ভাব-অনুভৱত আমি জৰীপ কৰিম নিজকে
এবাদত কৰিম সুন্দৰৰ পৱিত্ৰতা
আমি সকলোৱে অভিনন্দন জনাম নিজকে
তেতিয়াই ব'হাগ আশাৰ বাৰ্তা হৈ থাকিব
নিজ নিজ ভাৱনাত
কল্যাণ কেৱল মানুহৰ
ভক্তি-অৰ্পণ কেৱল আইৰ বাবেই
কোনেও কাৰোৰ নহয় শত্ৰু
বিনিময় কৰিম ,আলিংগন কৰিম মানৱীয় সৌন্দৰ্য
তেতিয়াই ব'হাগ হৈ যাব সফলতাৰ গান ,
ঐক্যৰ তান
মানুহ তেতিয়া মানুহ হ'ব
কবিতা জীৱনৰ বাৰ্তা হৈ থাকিব
সেইবাবেই ব'হাগ জনাওঁ স্বাগতম তোমাক
কেৱল হিয়াৰ মাজত ।
——————————
চ'ত
ৰমেশ চন্দ্ৰ ৰায়
বতাহে সাৰি নিয়া চোতালত বহি
আয়ে হালধিৰ বোল দি
কঁকালত নতুন 'ঘূমচা' পিন্ধায়
ঘূমচাডালে গোটেই বছৰ হাফপেন্টটো ধৰি ৰাখে
হালধিসনা পিঠাৰ সোৱাদ বিচাৰি
চলাথ শৈশৱৰ পাকঘৰ
কৰবাত বাজে উৰলৰ ছন্দ
মাটি ফুটি বীজবোৰে সেউজীয়া কৰে পথাৰ
সেউজীয়া ঢৌ খেদি খেদি খেতিয়কৰ
পোহৰ-পিয়াসী অবিৰত যাত্ৰা
দূৰণিলৈ
সংজ্ঞা সলনি কৰিলেও চ'ত চ'তেই
পাহাৰৰ নামনিত বন-নহৰু
বাৰীত কপৌপাহি
নৈৰ দাঁতিত সঁজাল ধৰা ঘাঁহনি
চৰাইহালিৰ গাত বসন্ত ।
------------------
বসন্তৰ গান
ৰূপেন দাস
উশাহহীন সেউজীয়াবোৰক সৎকাৰ কৰিবলৈ
স্মশানৰ চণ্ডালজনৰ অজানিতে বুকু কঁপে।
বসন্তৰ কুমলীয়া ছৱি,
শৰতৰ নিমজ ভৰুণ হাঁহি
বসন্তৰ প্ৰাক্ মুহুৰ্তত
সৰি পৰা মৃত সৰাপাতবোৰে
বুজাই জীৱন পৰিক্ৰমা।
পাতৰ শুকান হাড়বোৰ মুঠি বান্ধি ডাষ্টবিনত ভৰাই
স্মশানলৈ আলফুলে কঢ়িয়াই নিয়াৰ সময়তে
মোৰ কঠিন বুকুৰ কঠিয়াতলি,
তোমাৰ চকুপানীৰ বাবেইতো সেমেকি উঠে অশ্ৰুসিক্ত নয়নযুৰি।
শুকান লঠঙা পৃথিৱীৰ ধূলিয়ৰি বাটৰ,
সৰি পৰা সৰাপাতৰ চকুপানীয়ে বৰ কষ্ট দিয়ে।
বৰ কষ্ট।
ফাগুন,
যদিও তুমি শুকান
সেন্দুৰবুলীয়া আকাশ, চৌদিশে কেবল নতুনত্বক আদৰাৰ কুচকাৱাজ ।
হৃদয়ৰ অসুখত
তুমি বিহীনতাত
আধৃত প্ৰেমৰ ধূলিয়ৰিক ওফৰাই
গৰখীয়াৰ সুঁহুৰিত বাজি উঠক, বসন্তৰ গান।
——————————
নৈখন
সুপ্ৰীতি বৰুৱা
এখন নৈ
নৈৰ বুকুত শুচি কৰে বহুজনে
সাহিত্য,সংস্কৃতি ;
জীৱন এখন নৈৰ জলধাৰা বৈ থাকে,
নৈৰ বুকুতে জ্যোতিষ্মান এটি সভ্যতা৷
সভ্যতাৰ পৰিচয় দিয়ে এখন নৈয়ে৷
এখন বহ্নিমান নৈয়ে
শতযুগৰ দলিল কঢ়িয়াই ফুৰে ;
এখন বৈচিত্ৰ্যময় নৈ
সভ্যতা ,সংস্কৃতিৰ জীৱনৰেখা অংকিত হয়৷
এখন নৈ
জাতীয় জীৱনৰ প্ৰাণৰো প্ৰাণৰ
মহাবাহু বহ্নিমান
অসমৰ জীৱনৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ
মানস সৰোবৰ
নানা ৰঙে জাতিষ্কাৰ
নানা ৰূপে জ্যোতিষ্মান
এখন নৈ
মহাবাহু বহ্নিমান ৷
——————————
ফুল ফুলাৰ গান
ৰাজীৱ দত্ত
ফুল মোৰ অতিকে’ প্ৰিয়
ফুল ফুলাৰ গান সেয়েহে
গাই যাওঁ সৰ্বক্ষণ ৷
পিছে ফুলৰ বুকুতেইচোন বিষাক্ত হুল ৷
তথাপি কিয়
ফুল ফুলাৰ বাবে হওঁ বিয়াকুল ৷
বাস্পায়িত নয়নেৰে প্ৰত্যক্ষ কৰো
ভুলৰ হুলেৰে জৰ্জড়িত
ফুলৰ মোল৷
তথাপিও ফুল মোৰ
অতিকে’ প্ৰিয়, অতিকে’ আপোন৷
ফুল ফুলাৰ বাবে সেয়েহে মোৰ
কাকুতি অপাৰ__
" অ’ ফুল অ’ ফুল নুফুল কিয়?"
ফুলৰ কলি খোৱা
এৰাল চিঙা গৰুবোৰক
এৰাল দিবৰ হ’ল ৷
কাৰণ ফুল ফুলিলেহে
নাচিব চৰাই বুলবুল৷
বলিয়া অলিয়ে ফুৰিব
ফুলে ফুলে গুণ গুণকৈ
সেয়েহে ফুল মই অতিকে ভাল পাওঁ৷
——————————
এটা মুদ্ৰাৰ দুটা পিঠি: পষেকীয়া কাব্যকানন আৰু নৱ ৰাজন
পৰাণ জ্যোতি ভূঞা
“পষেকীয়া কাব্যকাননৰ” ষষ্ঠ বৰ্ষৰ ২৩ তম সংখ্যাৰ “কবিতাই হওক কবিৰ পৰিচয় “শীৰ্ষক সম্পাদকীয়ৰ আঁত ধৰি পূৰ্বতে এই মঞ্চতে একলম লিখিছিলোঁ।” পষেকীয়া কাব্যকানন” অষ্টম বছৰৰ দুৱাৰ দলিত ভৰি দিয়া মুহূৰ্তত মোৰ হৃদয়ত উদিত এমুঠি অনুভৱ ব্যক্ত কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ।
স্মৰ্তব্য যে, “পষেকীয়া কাব্যকানন” আলোচনীখনে অষ্টম বৰ্ষত উপনীত হোৱাৰ প্ৰাক ক্ষণত ২২৬৪৮৩জন দৰ্শক পাঠক(viewers)ক স্পৰ্শ কৰি অসমীয়া কাব্য সাহিত্যত গৌৰৱময় ঐতিহ্য বহন কৰাটো লক্ষণীয় আৰু শুভ বাৰ্তা। ইয়াৰ মূলতে হল আলোচনীৰ সম্পাদক শ্ৰীযুত নৱ ৰাজন। তেখেতে অসম সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ মুখ্য আহ্বায়কৰ গুৰু দায়িত্ব লাভ কৰাত তেওঁ “অসম কাব্যকানন” মূল সমিতিৰ সম্পাদকৰ ভাৰ এৰিলেও “পষেকীয়া কাব্যকানন”ৰ পৰা সহজে বিদায় লব নোৱাৰাটো তেখেতৰ আলোচনীখনৰ প্ৰতি থকা অগাধ নিৰ্ভেজাল প্ৰেম আৰু শ্ৰদ্ধাৰ প্ৰমাণ, ইয়াক নুই কৰিব নোৱাৰি।
ওপৰৰ আৰম্ভণিতে কোৱা সম্পাদকীয়ত শ্ৰীযুত নৱ ৰাজনদেৱে উল্লেখ কৰাৰ দৰে একেৰাহে কবিতা সৃষ্টিৰ সাধনাত ব্ৰতী হৈ আগুৱাই যোৱা নবীন কবিসকলে প্ৰতিষ্ঠিত ছপা মাধ্যমৰ আলোচনীৰ বাবে হাবাথুৰি খোৱা প্ৰয়োজন নাই। যিহেতু “পষেকীয়া কাব্যকানন” অষ্টম বছৰত সগৌৰৱে ভৰি দি অসমৰ আগশাৰীৰ উৎকৃষ্ট অনলাইন আলোচনী হিচাপে স্বকীয় স্বীকৃতি লাভ কৰিছে, এক ঐতিহ্য বহন কৰিছে, গতিকে নতুন কবিসকলে কাব্যকাননৰ মঞ্চত বিনা দ্বিধাই নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ মন মেলা উচিত। ছপা আলোচনীত প্ৰকাশ হলেই নিজৰ সন্মান বাঢ়িব বুলি ভবাটো পৰিহাৰ কৰা সমীচীন। নিজৰ সৃষ্টিশীল প্ৰতিভাশৈলীৰ স্পষ্ট প্ৰতিষ্ঠাপনৰ বাবে “পষেকীয়া কাব্যকানন” যথেষ্ট। ইয়াৰ উপৰিও “অসম কাব্যকানন”ৰ ফেচবুক মজিয়াত নিজৰ কাব্য প্ৰতিভা চৰ্চাৰ আন এক মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা আছে।
শেহত “পষেকীয়া কাব্যকানন”ৰ সকলো কাব্যনুৰাগী পঢ়ুৱৈ তথা নৱ গঠিত “অসম কাব্য কানন”সমিতিৰ সতীৰ্থলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক ওলগ তথা শুভেচ্ছা যাচিলোঁ। লগতে শ্ৰীযুত নৱ ৰাজনদেৱক অসম সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ মুখ্য আহ্বায়কৰ গুৰু দায়িত্ব লাভ কৰাত এই আপাহতে পুনৰ অভিনন্দন জ্ঞাপন কৰিলোঁ।
এটা স্তৱকেৰে সামৰিছো;
*পেছাত যদিও বিজ্ঞান শিক্ষক*
*কাব্য সাহিত্যৰ অক্লান্ত ৰক্ষক*
*প্ৰতিভাৰে বিভূষিত নৱ ৰাজন*
*তেওঁৰ প্ৰাণ পষেকীয়া কাব্যকানন*
★★★★★★★★★★★★★★
ব'হাগতে পাতি যাওঁ বিয়া
নাছিৰ আহমেদ
আহ ঐ আহ!
কঁকাল ভাঙি নাচি নাচি আহ,
ময়ো ঢোলত চাপৰ মাৰোঁ টাক ধিনা ধিন কৰি।
বাপতি সাহোন বিহুটি পালেহি
ব'হাগতে পাতি যাওঁ বিয়া।
অ' সোণপাহি!
ফাগুনৰ বলিয়া বা লাগি
এটি দুটিকৈ বাঢ়ি বাঢ়ি তই ষোল্লকণা হৈ
পূৰ্ণযৌৱনা গাভৰু হ'লি ;
এতিয়া তোৰ সৰ্বশৰীৰত বৈ যায় ৰসৰ নিজৰা।
তোৰ প্ৰেমত হ'লো আধা পগলা!
আহ! ঐ আহ!
ক'তে আছা মৰি?
তোৰ কামনাৰ পৰশ লাগি
ফাগুন গৈ চ'ত পালেহি
ফুলিলে ভেবেলি লতা
ফুল-আলসুৱা তোৰ কোমল ফুলৰ সৌন্দৰ্য্যত
গছ-লতা-তৰু-তৃণ ৰঙচুৱা আভাৰে ভৰি পৰিল।
গছৰ আঁৰে আঁৰে কুলি-কেতেকীয়ে ইনালে বিনালে
চাৰিওদিশে বাজি উঠিল মিলনৰ মধুৰ ঝংকাৰ!
অ' সোণপাহি!
আহ! ঐ আহ!
কঁকাল ভাঙি নাচি নাচি আহ,
ময়ো ঢোলত চাপৰ মাৰোঁ টাক ধিনা ধিন কৰি
অতিকৈ চেনেহৰ বিহুটি পালেহি
ব'হাগতে পাতি যাও বিয়া।
সোণপাহি ! তোৰ যৌৱনৰ উতলা বা লাগি
এটুকুৰা ৰঙা মেঘ ভাহি ভাঁহি যায় --
ময়ো আছোঁ তোলৈ বাট চাই চাই;
তই আহ! ঐ আহ!
মোৰ বুকুৰ মাজত সোমাই সোমাই আহে!
——————————
শূন্যতা
ত্ৰৈলোক্য বৰা
তেজৰ কৰাঁল লগা
কেঁচা মঙহৰ টুকুৰা
এজাক ৰাং কুকুৰ
সিহঁতৰ বুভুক্ষা ।
ৰাওচি জুৰিছে
সিহঁতৰ মাজতো প্ৰতিযোগিতা
টনা-আজোঁৰা
কৰিছে আস্ফালন
চিটিকি পৰিল
মঙহৰ টুকুৰা।
শ্ৰেষ্ঠত্ব নে ক্ষমতাৰ লোভত ?
সকলো স্বাৰ্থপৰ
সময়ৰ সোঁতত
পাহৰি সকলো
সলাই নিজৰ বৰণ,
কিন্তু শেষত থাকে
মাথোঁ এটি শূন্যতা ।
—————————
ব'হাগতে
ভূমিকা দাস
কথা পাতিম ব'হাগৰ দুপৰীয়া এটিত
পুখুৰীৰ পাৰত দুপৰ নিশালৈ বহিম
তেনেকৈ ৰৈ যোৱা কথাবোৰ আজি এনেকৈও
ভাল লাগে
কিয় আৰু কেনেকৈ আহিছিল সেইকথা
তোমাৰ হিম গ'লা হিয়াত?
ব'হাগতে আহিবা দেই
মৰমৰ নৈ বোৱাই দিবলৈ
কপৌফুল এপাহ গুজি লৈ
হিয়া ভগা বিননিৰ কৰুণ সুৰ শুনিবলৈ
আছোহি ৰৈ
যি কথাই দিব প্ৰেৰণা
জীৱন জীয়াবলৈ ...
——————————
হাতত জেতুকাৰ তৰং
ড° আদিল আলী
১.
বেলিৰ ৰুদ্ৰ আস্ফালন
টিকা ফটা ৰ'দত
দেহত ঘামৰ
টোপ-টোপ
বসন্ত----
বৰদৈচিলা আহিব
বৰষুণৰ ৰথত ।
২.
চোতালত নাওৰাৰ চলন
৩.
কুলিয়ে বিনাব
গছৰ ডালে-ডালে
কপৌ ফুলে হাঁহিব
নাচনীৰ উধনীয়া খোপাৰ ভাঁজত
৪.
মানুহ বিহুৰ পদূলিত
হালধী মাহৰ সুগন্ধ
কোমল লাহী আঙুলিৰ হাতত
জেতুকাৰ তৰং
৫.
মুকলি আকাশৰ তলত
ঢোল-পেঁপা-গগনাৰ খদম্ দম্
৬.
যঁতৰত শিপিনীৰ
ভোমোকাফুলীয়া গামোচাৰ যতন্
চিক্ মিক্ সন্মোহন
চকুৰ কমনীয়তা ভৰা আচৰণ
৭.
বাঁহীৰ মাতত
ডেকা-ডেকেৰীৰ
যৌৱন উদ্বাউল
৮.
মেঘৰ উৰুলি
অন্তঃসত্ত্বা লাজুকী কামিনীৰ
বংশবৃদ্ধিৰ আনন্দৰ আবেগিক লহৰ
৯.
বাঃ লোক বিহু নামৰ সুৰত জগত মগন।
১০.
তোমাৰ
প্ৰেমত ভোল গ'ল হৃদয়
একান্ত নৈৰ ঘাটত !
———————————
এদিন তেওঁ মোক ক'লে
দীক্ষা কলিতা
এদিন তেওঁ মোক ক'লে
তেওঁ আইনাৰ সন্মুখত ৰ'লে
সন্মুখৰ মানুহটোৱে হা়ঁহে
মই আচৰিত হ'লো
মোৰটো কোনো দিন এনে হোৱা নাই
অলপ চিন্তা কৰিলোঁ
মই জানিছিলোঁ তেওঁ ছবি আঁকি ভাল পায়
শেষত ক'লো- "তুমি আজি দিনটো কেৱল ছবিয়েই আঁকা
আন একো নকৰিবা, নাখাবাও"
আচৰিত সেইদিনা ৰাতি যেতিয়া তেওঁ আইনা চাইছিল
সন্মুখৰ মানুহজনে হঁহা নাছিল
তেওঁ হাঁহিছিল।
——————————
তোমাৰ কবিতা
মুক্তিস্নাতা শৰ্মা
তুমি মোৰ বাবে
কবি হব নালাগে,
ভাষা বিচাৰি নাপাবা
মোৰ দুচকুত,
তোমাৰ জানো এতিয়া
মোৰ দুচকুত চকু
থবলৈ সাহস আছে?
চাব যদি সাহসী
তেন্তে চাবা
ওফন্দি থকা
লুইত খনি লৈ
মোৰ হিয়া খন
তাতেই আছে
ঢল হৈ
ডাৱৰলৈ চাবা
হয়তো কৰবাত
বৰষিব প্ৰেম হৈ,
নহয় দুখ হৈ
উতুৱাই নিব...
সেউজীযা লৈ চাব
তোমাৰ জানো
সাহস আছে?
মই তাতে
সুখত আছো,
তুমি নাচালেই ভাল
নালাগে তুমি
কবিতা লিখিব,
লিখি যাৱা তুমি
পাব লগাৰ হিচাপ,
জমা আৰু খৰচ
লিখিব নোবাৰিবা
তুমি মোৰ
হৃদয়ৰ কবিতা ,কিম্বা
কথা-কবিতা।
———————————
ব'হাগ মানে
পবিত্ৰ বৰগোহাঁই
ব'হাগ মানেইতো কুলিৰ মাত
গছৰ ডালে ডালে
ইচাত্-বিচাত্ লগোৱা
হিয়া মন উতলোৱা
দি যায় সকলোকে ব'হাগৰ বতৰা
ব'হাগ মানেই নাচনিৰ
উধনীয়া খোপাৰ কপৌফুল
দেহ মন পুলকিত কৰা
যৌৱনৰ লাজকুৰীয়া হাঁহিৰ
প্ৰেম-প্ৰাচুৰ্যৰ ভৰপূৰ ।
ব'হাগ মানে ঢোলৰ গুমগুমনি
বসন্তৰ পৰশত প্ৰকৃতিৰ
স্নেহৰ সুগন্ধি উশাহ
গছৰ ডালে পাতে কুঁহিপাত
নাচনিৰ গাত ত'তে নাই
গছকত ভাঙি যায় যঁতৰ।
ব'হাগ মানে দুহাতত
জেতুকাৰ ৰঙা বোল
নাহৰ,তগৰ,কপৌ ফুল
ঢোল,পেঁপা,গগনা
মাতত হয় বলীয়া
আকাশ-বতাহ কঁপনি তুলি
চৌদিশ মাথোঁ বসন্তৰ বোল ।
ব'হাগ মানে এক নতুন আশা
এক নতুন বতৰা
ব'হাগে কঢ়িয়াই লৈ আনে
চেনাইলৈ এক নতুন আশা
বিহুৱান যাচিব চেনাইধনক
মাকেও বাট চাই থাকে পদূলিলৈ
দূৰদূৰণিত থকা পুতেকক
ব'হাগতে দেখিব চকুৰ আগত।
———————————
জীৱনৰ বালিঘৰ
ৰশ্মি দলে
নিজৰ বুলিবলে
কোনোৱে নাই মোৰ কাষতে আজি
বিচাৰি ফুৰিছোঁ মই
কাৰোবাৰ বুকুত
উমলিবলে'
নদী বয় জানা
মৰম বিচাৰি
সাগৰলে'।
মৰীচিকাও বিচাৰে মাথোঁ
এটুপি তৃষ্ণা
মৰুভূমি চাহাৰাৰ মাজত।
নিষ্ঠুৰ ধুমুহাই আহি
সকলো
ভাঙি দিলে মোৰ
জীৱনৰ সুখ
মোৰ ৰাতিৰ বুকুত
আন্ধাৰ গলিত
খহি গ'ল মোৰ
জীৱনৰ বালি ঘৰ।
————————
ৰঙালীৰ গামোচাখন
যামিনী দেৱী
পাখি লাগি উৰি ফুৰে তোমাৰ মিঠা মৰম
ঘিলা খোপাত কপৌ ফুল হাতত জেতুকাৰ বোল
তোমাৰ বেকা হাঁহিটিত মন বিভোৰ।
তৰু-তৃণ সকলোৱে শ্যামলী সাজেৰে সাজিছে
কুলি-কেতেকীয়েও ফুটুকী সাজ পিন্ধি
ৰঙালীৰ বতৰা বিলাইছে।
তাঁতত বিহুৱান ৰঙা আঁচু সূতাৰে চকা ফুল বাচিছোঁ
তোমাৰ খোজৰ শব্দ পাম বুলি কাণ উনাইছোঁ।
তুমি হৃদয় কৰণীৰ নাহৰৰ ফুল
মাখিয়তীৰ ফুলবোৰ তোমাৰ কাণৰ কাণফুল
যোৱাবেলি দিয়া 'তুমি তুমি' গোন্ধোৱা
ৰঙালীৰ গামোচাখন হাতে পোৱাতে থৈছোঁ
বহাগৰ দুপৰীয়া বিৰিঙি উঠা ঘাম
তোমাৰ গামোচাৰেই মচিছোঁ।
তোমাৰ আবেগভৰা দু-নয়নত
মোৰেই প্ৰতিচ্ছবি দেখিছোঁ
আজুৰি আনিবলৈ
ঠুন খেপিয়াই ফুৰিছোঁ।
———————————
বদনামী নাৰীৰ আত্মকথা
ডলিস্মিতা ডেকা
বদনামী এন্ধাৰত
উদযাপিত হয়
বদনামী নাৰীৰ আত্মকথা।
বদনাম...
উৰুখা চালত
গিজগিজাই নামে।
কলহৰ কাণ বাগৰি
বুকুৰ মেঠনি তিতে।
আনকি বিৰিখৰ ডালতো
উলমি আছে বদনামৰ উমনি!
কোনে কয় ভাল পোৱাৰ চেঁকাবোৰ নাযায় মচি!
বদনাম...
খেতিয়ক পিতাইৰ
জীৰ গাত নামে ।
কলহৰ কাণ বাগৰি
বুকুৰ মেঠনি তিতে ।
——————————
হৃদয়ৰে বান্ধিবা শব্দবোৰ
যমুনা দুলু বৈশ্য
হৃদয় আছে বাবে
সুখ দুখবোৰ আছে ঐ
হৃদয় স্পন্দনত শব্দবোৰে উৰি ফুৰে
মেঘে মেঘে বাউলী হৈ
নীলিম আকাশত পোৱাৰ সন্ধানত ।
কেতিয়াবা নভবাকৈ
জীৱনৰ বাটত ভাহি উঠে
অফুৰন্ত হেঁপাহেৰে জীৱনদায়িনীৰে
বুকুত নকৈ গজি উঠে আকাশ-পাতাল।
কলিজাত থাকে লিপিবদ্ধ হৈ নিগৰি অহা
শব্দৰ ঝংকাৰৰ অনুভূতিৰ অনুভৱীৰ প্ৰশ্ন
উত্তৰ বিচাৰি নিজকে কৰে অৱৰুদ্ধ
তেতিয়া হৃদয়তে বান্ধি ৰাখো
বিলীন নহবলৈ মনৰ শব্দবোৰ।
———————————
লক্ষ্য প্ৰাপ্তিৰ প্ৰহৰত
জোনমনি বৰা
লক্ষ্য প্ৰাপ্তি প্ৰহৰত
তোমাৰ স্মৃতিৰ ঠুনপাতত
সেমেকা দুচকু,
বিচ্ছেদৰ হলাহল পি
নীলকন্ঠী হোৱা মোৰ
বতৰ্মান নিৰৰ্থক সময়
জীৱনৰ প্ৰহেলিকা মায়াত
মই পথভ্ৰষ্ট আজি ৷
—————————
সপোন ভঙাৰ গান
নমিতা চৌধুৰী
সেই যে নষ্ট ৰাতিৰ
মাতাল বৰষুণজাকত
চৰাইজনীয়ে গাইছিল
সপোন ভঙাৰ গান
আঁচল খহা বুকুখনত বৈছিল
মন্দাকিনীৰ ধাৰ
যৌৱনৰ তাচ্ছিল্যত ভাগৰি পৰা
তাইজনীৰ হেৰুৱাবলৈ বা কি থাকিল
শিতানৰ গাৰুটো বুকুত গুজি
প্ৰতি ৰাতি তাই গায় দুখৰ বেলাড...
প্ৰেমৰ গীত তাই গাব নাজানে
কিন্তু ! তাইৰো হৃদয়ত আছে
প্ৰেমৰ এখন নেদেখা নৈ...
সেই যে নদীৰ চাপৰিত
আঁক বাঁক কৰা সময়তে
নিষ্ঠুৰ পানীৰ সোঁতে
উটুৱাই লৈ গ'ল
ভবিষ্যতৰ সপোনবোৰ...
তাইৰ প্ৰেম
হৃদয়ৰ বিজ্ঞাপনত
ওলমি ৰ'ল আধা লিখা
দস্তাবেজ হৈ...
———————————
সংগ্ৰাম
জোনমনি দেৱী
সংগ্ৰামেই যদি নাথাকে
জীৱনৰ মাদকতাই বা ক'ত ?
শৈশৱৰ স্মৃতি মাৰ নৌযাওঁতে
কৰ্মময় জীৱনৰ কাৰিকৰ হ'বলৈ অহৰ্নিশে চলোৱা হয় সংগ্ৰাম।
বিবাহ নামৰ বান্ধোনে
ৰামধেনু বোল সানি জীৱনক আগবঢ়ায় ন পৃথিৱীলৈ -
সংগ্ৰাম চলে পৰক আপোন কৰাৰ,
সুদক্ষ গৃহিণী হোৱাৰ...
সংগ্ৰাম চলে সফল মাতৃ হোৱাৰ।
য'ত নিজস্ব আবেগ -অনুভূতি নিস্পভ
নিতাল হৈ ৰয় ।
পো-বোৱাৰীৰ ৰঙীন সপোন দিঠকত পৰিণত কৰাৰ তাগিদাত,
এক হৈ থকাৰ স্বাৰ্থত
হাঁহি হাঁহি বিসৰ্জিব লাগে মাথোঁ আবেগক।
জীৱনৰ বিয়লি বেলাত,
অকলশৰীয়া হৃদয়ৰ
অশান্ত ধুমুহাজাকক ,
দমন কৰাটোও এক সংগ্ৰামেই।
এই সংগ্ৰামপূৰ্ণ জীৱনটোতো আছে মাদকতা
আছে প্ৰাপ্তিৰ ক্ষণ ।
———————————
বিৰাগ
মৰমী কাকতি
ব’হাগত
এদিন আহিবা
ফুলি ৰ'ম
কপৌ ফুলৰ বেগুনী ছন্দত
তুমি আহিবা বুলি
বিহান পুৱাতে
জী উঠে পাপৰি
কপৌ ফুলৰ গোলাপী গালত
কুলিৰ মাতত
সুৰীয়া বহাগ
বিহুৱতী মই
তোমাৰ সুধীৰ আগমনত
তোমালৈ ৰৈ ৰৈ ৰৈ.....
ভৰ দুপৰত
গহীন গধূলিত
আশাহত পদূলিৰ দূবৰি।
————————————————
সপোন নে দিঠক
পৰাগ তামুলী
কি হ'ল?
সামান্য ঠাণ্ডা লাগিলে
লেপ-কম্বল জাপি দিয়া
মৰমত হায়ৈ বিয়ৈ কৰি থকা সকলৰ কোনেও আজি পূৰ্বৰ দৰে
একো কৰা নাই।
গাৰ ওপৰত জাপি দিয়া
শুকান কঠিন বস্ত্ৰৰ
মাজেৰে অহা ঠাণ্ডা বতাহ জাকে মোৰ কলিজা কঁপাই দিছিল।
একো কব পৰা নাই।
কোনেও একো কোৱা নাই।
কিয়?
কি হ'ল?
এজনে অনুভৱ কৰিলে হয়তো!
গৰম লাগক বুলি
জুই একোৰা আগবঢ়াই দিলে।
মোৰ একো অনুভৱ হোৱা নাই।
এফালৰ পৰা আৰম্ভ কৰি সময়ত সকলো শেষ হ'ল।
তেতিয়াহে গম পালোঁ
মোৰ বোলে মৃত্যু হ'ল।
এতিয়া মই স্বৰ্গবাসী।
এদিন স্বৰ্গতো মোৰ মৃত্যু হ'ব।
সেইদিনা মই মানুহ হৈ আকৌ আহিম।
বাকী থকা সকলো কথা খুলি কম।
অপেক্ষা কৰিবা।
———————————
গৰখীয়া
মিনা বৰুৱা
গৰখীয়া হ'ল
গাঁৱৰ মাজত
এটা নিদানৰ মাত।
সোণতলী পথাৰত
মুকলি মনেৰে
ব্যক্ত কৰে
জীৱনৰ ঘাট প্রতিঘাতৰ কথা
গাই দামুৰীয়ে বুজি পায়
গৰখীয়াৰ মনৰ বেথা
সেয়েহে সিহঁতেও
মুকলি মনেৰে
পথাৰত চৰি ফুৰে
গৰখীয়া হতে একোটা
নিজান বাটৰ সুঁহুৰি
নৰাৰ পেপাৰ বাঁহী বজায়
পথাৰ মতলীয়া কৰে ।
সেউজীয়া শস্যও
মতলীয়া হৈ
হালি জালি পৰে
গৰখীয়াৰ সৈতে উজানৰ
মাছেও হাঁহি কথা পাতে।
গৰখীয়াৰ বাঁহীৰ
সুৰত ৰুৱনীও হৈ পৰে
অতি ৰঙিয়াল
গৰখীয়া হ'ল
সকলোৰে বাবে
নিদানৰ মাত।
———————————
প্ৰেমিকাৰ নাম ব'হাগী
ড৹ ববিতা বৰ্মন
সোণজনী,
ব'হাগ পালেহি জানিছানে নাই
তোমাৰ চেনাই যে আছে বাট চাই
মুগা সাজ পিন্ধি বিহুতলীলৈ আহিলে,
ৰিহাৰ ভাজতেই জোখ-মাপ ল'ম
কাজলসনা দুচকুত হৃদয়ৰ খবৰ সুধিম
জেতুকাসনা দুহাতত গামখাৰু পিন্ধাওঁতেই
লাৱনী হাতৰ পৰশত ৰোমাঞ্চিত হ'ম
পাহাৰ বগাই অনা কপৌফুল খোপাত গুজি,
সমস্ত ভালপোৱা গোপনে উজাৰি দিম
পখিলাৰ দৰে কঁকাল ঘূৰাই নাচোঁতে
ঢুলীয়া আৰু পেঁপুৱৈ হৈ তোমাক নচুৱাম
সঁচাকৈ মোৰ অনাবিল প্ৰেমৰ ৰাগীত
চিৰদিন মতলীয়া হ'বানে তুমি,
মোৰ হিয়াখন ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিব জানা।
———————————————
বসন্তৰ পয়োভৰ
দীপ্তি মণি গোস্বামী
উদং পথটোৰ চৌদিশে আৱৰি আজি
অজস্ৰ ষোড়শী গাভৰুৰ দেহা
সুকোমল সাজত সেউজীয়া মুকুতা পিন্ধা
যেন সদ্য স্নানাৰতা দুচকুত আবেদন ভৰা।
আটায়ে দেহাৰ ভাজৰ পৰা নিৰ্গত
লাস্যময়ী হাস্যময়ী অমল নিৰ্যাস
বাটৰোৱাৰ নয়ন থমকি ৰয় প্ৰতি কোনত
পটভূমিয়েও ধৰা দিয়ে কবিৰ হৃদয়ত।
এইয়াই হয়তো বসন্তৰ পয়োভৰ
সেয়ে হয়তো পৰ্বতৰ টিঙৰ পৰা স্ৰোতস্বিনীৰ পাৰলৈ
সকলো আজি উলাহত উন্মনা
প্ৰেমিক বসন্তৰ ওঠৰ পৰশ লোৱাৰ বাসনা।
ভাটৌ কপৌ সমন্বিতে নাহৰৰ ডাল ভৰা
আম কঁঠালৰ কলি মুচিবোৰো সোণত সুৱগাচৰা
সেউজীয়াৰে আবৃত দাঁতি-কাষৰীয়া
ৰঙা নীলা গুলপীয়া হালধীয়া ভমকাফুলীয়া।
ফাগুনে তচনচ কৰা নঙঠা পথত আজি
মাথোঁ সেউজীয়া সেউজীয়াৰ সমাহাৰ
দুচকুত সপোন ঋতুৰাজক চুই চোৱাৰ
হৃদয়ত ভাৱনা মনত উন্মনাৰ জোৱাৰ।
————————————————
বসন্তৰ প্ৰেমত সগৰ্ভা প্ৰকৃতি
অঞ্জনা ৰূপা দাস
লঠঙা ফাগুনত উদাস প্ৰকৃতি
নিজক ন-সাজে সজাৰ সময়তে
পৰ্বত-পাহাৰৰ সম্প্ৰীতিৰ ঢল বোৱাই
কুলিটিয়ে দিলেহি বসন্তৰ বতৰা।
পলাশৰঙী কলিজাখনি
জেতুকাবুলীয়া দেহাটি
বৰ্হমথুৰিত ৰাঙলী হাঁহি বিৰিঙাই
উলাহতে খোপাত পিন্ধিলে
প্ৰকৃতিয়ে বসন্তৰ ফুল।
বসন্ত প্রেমত বৰ্ষাসিক্তা পৃথিৱী
গাত মেৰিয়ালে সেউজী পাটৰ সাজ,
বৰদৈচিলাত আঁচল উৰাই
মেঘৰ মাদলৰচেৱত
হ'ল নৃত্যৰতা।
হৰ্ষিত পৃথিৱীয়ে জন্মালে
যৌৱনমনা মানৱৰ জাগৃত প্ৰেম।
উল্লাসিত ডেকা-গাভৰুৰ
নাচোনৰ গিৰিপণিত
পৃথিৱীয়ে গৰ্ভত সাঁচিলে
সৃষ্টিৰ বীজ-
প্ৰকৃতি হ'ল শস্য সম্ভৱা।
————————————————
0 Comments