পৃষ্ঠা ১
।। সম্পাদনা সমিতি ।।
সম্পাদনা উপদেষ্টা:
উদয় কুমাৰ শৰ্মা, ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী,ড০ ৰমেশ কুমাৰ কাকতি, প্ৰদীপ চন্দ্ৰ শৰ্মা, চন্দন ভাগৱতী , পবিত্ৰ কুমাৰ নাথ
সম্পাদক:
নৱ ৰাজন
প্ৰকাশক:
ছেকেণ্ডাৰ আলী আহমেদ
সহকাৰী সম্পাদক:
অনামিকা ৰায়, উৎপল কলিতা ,ৰঞ্জন বৰা
সম্পাদনা সহযোগী:
সংগীতা বৰা, বিশ্বজিত গগৈ, অৰ্চনা ঠাকুৰীয়া, সীমা গগৈ
কাৰ্যকৰী সদস্য:
অংকুৰিতা ফুকন, তৃষ্ণা গগৈ, জাহ্নৱী কাকতি, ৰুমী দেৱী, বিনীতা গোস্বামী, আচমা জাফ্ৰি, ভূমিকা দাস, দীপাংকৰ ভূঞা,গীতাঞ্জলি বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন।
ৱেব ডিজাইন আৰু বেটুপাত ঃ
হেমেন নাথ।
পৃষ্ঠা ২
সূচীপত্ৰ
■ সম্পাদকীয় (৪)
বাটচ'ৰা
নৱ ৰাজন
■ প্ৰবন্ধ
◆ প্ৰসংগঃ কবিতা (৫)
প্ৰণৱ কুমাৰ বৰ্মন
◆ কবিতাৰ আড্ডা (৬)
উদয় কুমাৰ শৰ্মা
■ কবিতা (৭-১০)
■বাটবোৰ ভুল আছিল ◆কিশোৰ মনজিৎ বৰা
■মই মোক সজাওঁতে ◆মদাৰজ্যোতি
■নতুন বাট ◆ অংগৰাগ ভূঞা
■হিজৰা ◆উত্তম কুমাৰ কলিতা
■উশাহ ◆হিতেশ মেধি
■জীৱনবৃত্ত◆গুণোজিত দাস
■নিখোজ◆ধ্ৰুৱজ্যোতি শইকীয়া
■মাটি ◆সীমা গগৈ
■ঘণ্টা◆ৰিপুঞ্জয় বৰুৱা
■নিজকে ৰাখিছোঁ জীয়াই◆ডo ৰমেশ কুমাৰ কাকতি
■মগজুৰ সংজ্ঞা বিচাৰি ◆ জ্যোতিৰ্ময় শৰ্মা
■এটি কৌতুকৰ অস্ত্ৰোপচাৰ◆ অংকুৰিতা ফুকন
■পাঁচটা কবিতা ◆বিভা দেৱী
■কাব্য সুৰভি (১১)
◆অৰুনোদয় যুগৰ কবি হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ
সংগ্ৰাহক--সংগীতা বৰা
■ অনুবাদ কবিতাৰ শিতান (১২)
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
প্ৰদীপ চন্দ্ৰ শৰ্মা
■ বিশিষ্ট প্ৰকৃতিবিদ পদ্মশ্ৰী যাদব পায়েং দেৱৰ সৈতে কথোপকথন (১৩)
সাক্ষাৎকাৰ গ্ৰহণ ★ সংগীতা বৰা
■কবিতা (১৪-১৯)
■একো নাই, স্বপ্ন নাই◆গায়ত্ৰী দেৱী বৰঠাকুৰ
■আম্ৰপালী◆অৰ্চনা ঠাকুৰীয়া
■লক-ডাউন ◆ গীতুমণি তালুকদাৰ
■বিষকন্যা ◆ জুৰি ভট্টাচাৰ্য
■বিষন্ন মন ◆ মণিকা দাস
■ফুলমণিৰ কৰুণ গাথা ◆ প্ৰাগজ্যোতিষ শইকীয়া
■সম্ভোগ ◆ ছৈয়দা আঞ্জুম আৰা হুছেইন
■জুইৰ পোছাকযোৰ... ◆ ইলামনি শইকীয়া
■সোঁৱৰণি ◆অমলা গগৈ
■এটি শেঁতা ৰক্তজবা ◆বিনীতা গোস্বামী
■অনু কবিতা ◆ জাহ্নৱী কাকতি
■হৃদয় ◆ ৰুমী দেৱী
■ৰুমাল ◆ৰীতিমালা
■অনুভৱৰ চিয়াঁহী ◆জেবি
■আই লৈ... ◆ৰাজীৱ চহৰীয়া
■জেংনা ◆ ৰমণী মোহন কলিতা
■যোৱা নাছিল কাহানিও ◆ দীপাংকৰ ভূঞা
■ব্যাকৰণ শিতান (২০)
বিনীতা গোস্বামী
■কবিতা (২১-৪৭)
■সাধন কলা
অসীম ঠাকুৰীয়া
■কাৰ বাৰু সিখনি হাত
ভগদত্ত ডেকা
■হালধীয়া চিঠি
চাজিন ৰহমান
■এপলক
ভূমিকা দাস
■জীৱনৰ ৰং
অনিতা মেধি মিশ্ৰ
■শব্দৰ শৰশয্যা
অক্ষয় তালুকদাৰ
■আইতাৰ সাধু
উপাসনা বৰা
■নীৰৱতা
সজ্জন কুমাৰ গগৈ
■আই
শিখা দত্ত
■আলাপ
চয়নিকা ভূঞা
■অলব্ধ
নমিতা চৌধুৰী
■এজাক শিল ভঙা মানুহ
পবিত্ৰ বৰগোহাঁই
■এবুকু বেদনা পাৰ ভাঙি বয়
মনচুমী নাথ কলিতা
■তিতা ফল
মহীকান্ত নাথ
■সুখৰ ঠিকনা
মৌচুমী হুজুৰি দাস
■পাৰু
আশা কাকতি দাস
■সময়ৰ প্ৰত্যহ্বান
গিতাঞ্জলি বৰকটকী
■মহিমা
খূৰ্ছীদ আনছাৰী
■অভ্যুদ্বয়ৰ বিপানী
গাৰ্গী ভূঞা
■তোমাৰ কাষত নিজকে
মৌচুমী দাস
■জীৱন চক্ৰ
ৰঞ্জনা দেৱী
■কেকটাছ
অৰ্পনা নাথ
■বিষাদ
জু চেং অই চাংমাই
■তুমি
জয় অসম
■বান
পবিত্ৰ কুমাৰ নাথ
■অপেক্ষা
প্ৰদীপ চন্দ্ৰ শৰ্মা
■চিলনীৰ জীয়েকৰ সাধু
মৰমী মুদৈ
■আকাশ চোৱাৰ হেঁপাহ
এনী ভূঞা ডেকা
■আধা ডজন স্তৱক
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
■বাস্তৱ
পাৰবিজুল হক
■নিষ্ঠুৰ বান মানুহৰে দান
বিশ্বজিৎ গগৈ
■হৃদয় নিনাদ
তিলো বৰা ৰাজখোৱা
■ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে...
পঞ্চমী ফুকন
■শাওণ
কুকিল কুমাৰ গগৈ
■বিপক্ষ ক্ষণৰ জোনাক
ৰঞ্জন বৰা
■পূৰ্ণতাৰ এটা অংশ
মালতী গুৰুং
■মই নদী,তুমি পাৰ
ড0 জাহ্নৱী লহকৰ বৰুৱা
■শইচ
অৰ্পণা হাজৰিকা
■কোন বাৰু তেওঁ
মণি ডেকা
■ক্ষোভ
সবিতা বৰা
■নিঃসঙ্গতা
ৰঞ্জনা পাঠক
■মোৰ প্রিয় কলম
বন্দনা সন্দিকৈ
■আবেলি বেলিৰ গোন্ধ
ৰংগন কুমাৰ নাথ
■সস্তীয়া জীৱন
দেবানন্দ পেগু
■বাসনা
নিৰ্জু বৰগোহাঁই
■নাৰী
জ্যোতিস্মিতা গায়ন
■আকাশে টুকিছে চকুলো
গুণাশংকৰ মহন্ত
■বিপন্ন সময়
ৰূপালী মেধী নাথ
■জীৱন গতি অন্য এক ছবি
নিপু কুমাৰ দাস
■বাঘজানৰ দুৰ্গতি
জিনা বৰুৱা বৰা
■মাতাল নদী
ৰুলা ভূঞা
■কুঁহিপাতৰ সপোন
ৰবিন কুমাৰ চেতিয়া
■সংগ্ৰাম
পম্পী দেৱী
■ইপাৰ-সিপাৰ
হীৰকজ্যোতি নাথ
■ভাইৰাচ
মইনুল হক চৌধুৰী
■ৰুগ্ন ক্ষুধা
পিঙ্কু ৰাজবংশী
■সপোনৰ চিলা
ডO মঞ্জু হালৈ
■হলেন কেলাৰ
কৰুণাজ্যোতি বৰুৱা
■কৃষক
দিলাল আহমেদ
■উপেক্ষা
মুকুতা ৰয়
■তুমি কলাগুৰু, তুমি বিপ্লৱী
অঞ্জু ৰয় বৈশ্য
■ বৰষুণ
অমৰজ্যোতি ঘোষ
■হেৰুৱা পথাৰবোৰ
সাগৰিকা খনিকৰ
■ জোনাকৰ উমাল বুকুত
ৰাজশ্ৰী বৰা
■ঈশ্বৰতকৈও...
তুলুমণি সোণোৱাল
■দৌৰাত্ম্য
নীলিম নয়ন
■স্তৱক
সান্ত্বনা শইকীয়া
■সোঁৱৰণিৰ এখিলা পাত
ধৰ্মেন্দ্ৰ বৰুৱা
■নিমন্ত্ৰণ
প্ৰভাত কলিতা
■নিশিগন্ধা
অঞ্জনা শইকীয়া
■দৌৰ
দি এইচ সদৰগঞা
■শুভ্ৰ বিলাপ
ধনজ্যোতি চুতীয়া
■সাহসী প্ৰেমিক মই
নিৰলা ইহিংপি
■বুকুৰ বান
স্মৃতা ৰশ্মিন
■অতৃপ্ত বুঢ়াগোহাঁই
প্ৰতিমা বুঢ়াগোহাঁই
■মিনতি
জাকিৰ হুছেইন
■সৰ্বহাৰা
ফাৰুল হুছেইন
■প্ৰতিবাদ
যোগেশ্বৰ লগাছু
■ম্ৰিয়মাণ
ধন দাস
■স্বপ্নময়ী তুমি
টনজিৎ বৰুৱা
■এদিন তোমাক লগ পাম
হেমেন নাথ
■বৰ্ণিল চং
জয়ন্ত কুমাৰ বৰ্মণ
■প্রতিশ্রুতিৰ শাওণ
বৰ্ণালী আৰন্ধৰা গগৈ
■জীৱনৰ ছন্দেৰে
কমল বৈশ্য
■তেজৰ বোলেৰে
কন্দৰ্প কুমাৰ কলিতা
■কবিতা......সময়ে অঁকা জীৱনৰ ৰং
ৰূপজ্যোতি হাজৰিকা দত্ত
■বোৱাৰী
আচমা জাফ্ৰি
■বান ,নৈ, নাৰী
ৰুবী বৰা বৰদলৈ
■নিখোজ
ৰিনা শৰ্মা
■এজাৰফুলীয়া সপোন
তপন বৰা
■পুঙা
কৃষ্টিঞ্জয় বৰা
পৃষ্ঠা ৩
সম্পাদকীয়ঃ
বাটচ'ৰা
কবিতা-কবিতাই। অকবিতাৰ ধাৰণা সমূলি অমূলক । অৱশ্যে কিছুমান কবিতা নিম্ন মানৰ । কিন্তু এইটোও ঠিকযে সকলোৰে কবিতা আৰম্ভনিতে নিম্ন মানৰে হয়। যিটো স্বাভাৱিক।
চৰ্চা, সাধনা, অধ্যয়ন অব্যাহত ৰাখিলে নিশ্চিতকৈ পাছলৈ উন্নত কবিতাৰ শাৰীলৈ উন্নীত হয়; অন্যথা কালৰ সোঁতত হেৰাই যায়। কথা ইমানেই। মুঠতে কোনেও জন্মতে পৰিপক্ক হৈ নাহে।সাধনা আৰু একানপতীয়া প্ৰচেষ্টাইহে কোনো এজন লোকক এটি বিষয়ত পৰিপক্ক কৰি তোলে।
বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি চাৰে কোৱাৰ দৰে এই বেয়া কবিতা অৰ্থাৎ নিম্নমানৰ কবিতাবোৰে কাৰো একো ক্ষতিও কৰা নাই।
এজোপা বৃক্ষৰ পৰা শ শ পুলি হ'ব পাৰে, তাত বৃক্ষৰ কোনো দোষ নাই। কিন্তু, কেইটা পুলি বৃক্ষলৈ ৰূপান্তৰিত হ'ব,সেইটো নিৰ্ভৰ কৰিব পুলিকেইটাৰ ওপৰত।
এই নিম্ন কবিতাবোৰক অৰ্থাৎ বহুতে ফেচবুকৰ গোট বা ফেচবুকৰ সকলো কবিতাকে কবিতাৰ শাৰীতে ৰাখিব নোখোজে। কিন্তু এইচামে অহৰহ নিন্দা কৰি থকাৰ বাহিৰে নবীনসকলৰ বাবে কৰিছে কি ? কেইজন বিশিষ্ট কবিয়ে নবীনক ভুলসমূহ আঙুলিয়াই দি উৎসাহিত কৰিছে ? যিকেইজন আগবাঢ়ি আহিছে, সেয়াও সংখ্যাত তাকৰ।
কোনো মঞ্চ বা অনুষ্ঠানে কোনো
কবি-সাহিত্যিক জন্ম দিব নোৱাৰে যদিও উপযুক্ত মঞ্চৰ অবিহনে বহু প্ৰতিভা অকলতে মৰহি যায়। সেয়ে, আমি নবীনসকলে হাতত হাত ধৰি , আমিয়েই আমাক উৎসাহিত কৰিব লাগিব, আমিয়েই আমাৰ ভুলবোৰ আঙুলিয়াই ,শুধৰাই একেলগে আগুৱাই যাব লাগিব,কেঁকুৰা সাধুটোক ভুল প্ৰমাণিত কৰি...।
বৰ্তমানৰ এই ডিজিটেল যুগত আমিও নিজকে সময়ৰ সৈতে খাপ খোৱাই চলিবই লাগিব । নেতিবাচক দিশবোৰ বাদ দি ধনাত্মক দিশবোৰ গ্ৰহণ কৰি আগুৱাই যাবই লাগিব।
অসম কাব্য কানন-2017 চনৰ 29 জুলাইত ফেচবুকৰ জৰিয়তে জন্মলাভ কৰা এটি কাব্যচৰ্চাৰ গোট। ইংৰাজী তথা বঙালী মাধ্যমে চৌদিশৰ পৰা অসমীয়া ভাষালৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ এই জটিল সময়তে , বিশেষকৈ নৱ প্ৰজন্মই ফেচবুকৰ জৰিয়তে অসমীয়া ভাষাৰ চৰ্চাৰ লগতে কাব্য চৰ্চাৰ যি এক সুস্থ আন্দোলন গঢ়ি তুলিছে-এয়া সঁচাকৈয়ে ইতিবাচক দিশ।বিগত তিনিবছৰে
এই গোটৰ পৰা আপোনালোক অনুপ্ৰাণিত হোৱা বুলি জানি আমি দুগুণ উৎসাহিত হৈছোঁ।
এই জুলাইতে কাননৰ তৃতীয় বৰ্ষপূৰ্তি আছিল, যদিও প্ৰতিকূল পৰিস্থিতিৰ বাবে কোনো সভা অনুষ্ঠিত নকৰাকৈ , #বন্ধ হৈ থকা ■কাব্যকানন আৰু ■খোজ আলোচনী দুখন "ই-মেগাজিন" হিচাপে পুনৰ প্ৰকাশ কৰাৰ কথা ভাবিলোঁ।
আলোচনী দুখনৰ প্ৰকাশৰ ক্ষেত্ৰত যিসকল কাব্যপ্ৰেমীয়ে আৰ্থিক দিশৰ লগতে সামগ্ৰিকভাবে সহায়-সহযোগিতা আগবঢ়ালে ,তাৰবাবে আপোনালোকক বিনম্ৰতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
এই ৱেবচাইটটিৰ লগতে "ই-মেগাজিন"খন প্ৰস্তুতৰ ক্ষেত্ৰত আগবঢ়োৱা অপৰিসীম বৰঙণিৰ বাবে হেমেন নাথদেৱক বিশেষভাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।
সদৌ শেষত অজানিতে হোৱা সকলো ভুলৰ ক্ষমা প্ৰাৰ্থনা মাগিলোঁ।
বিনয়েৰে...
সম্পাদক
কাব্যকানন
৩১/০৭/২০২০
পৃষ্ঠা ৪
প্ৰসংগ : কবিতা
✍️প্ৰণৱ কুমাৰ বৰ্মন
◆জাতীয় কবি
অসমৰ সাম্প্ৰতিক সময়ৰ প্ৰায়সকল সমালোচক আৰু শ্ৰেষ্ঠ কবিয়ে মুকলিকৈ ঘোষণা কৰে যে হীৰুদাৰ কবিতা যৌৱনত পঢ়াৰ বাবেহে উপযোগী ।তাৰ পাছত তেওঁৰ কবিতা জ্ঞানীলোকে পঢ়া উচিত নহয়।যেন তেওঁলোকে পৃথিৱীৰ সকলো বিশ্ব বিখ্যাত বিশ্ববিদ্যালয়ৰ পৰা কবিতাৰ সৰ্বস্ব আৰু সৰ্বোচ্চ অধ্যয়ন কৰি আহিহে অসমত সেই কথা ঘোষণা কৰিছে!বৰ্তমানৰ শ্ৰেষ্ঠ সমালোচক আৰু শ্ৰেষ্ঠ কবি বুলি টিঘিলঘিলাই হীৰুদাৰ বিৰুদ্ধে এনে কথা কোৱা সকলক কওঁ যে পেৰিচফেৰৎ অজিৎ বৰুৱা হীৰুদাৰ কবিতাৰ ভক্ত আছিল আৰু কেম্ব্ৰিজ ফেৰৎ হীৰেন গোহাঁইয়ে লিখিছিল-হীৰেন ভট্টাচাৰ্য অসমৰ একক আৰু অনন্য কবি।
অল্প -অৰ্দ্ধ জ্ঞানৰ ভৰত বাগৰি পৰা কবি সমালোচকে তেওঁক বুজি নাপাব।কাৰণ তেওঁ সকলো ষড়যন্ত্ৰ নেওচি অসমৰ জাতীয় কবি হৈ উঠিছে!
◆সৃষ্টিৰ নিৰ্মাণ কাৰখানা
সৃষ্টিশীল জগতত কোনেও কাকো বনাব নোৱাৰে বা নিৰ্মাণ কৰিব নোৱাৰে ।নিৰ্মাণবোৰ হয় অভ্যন্তৰৰ অনুভূতিৰ ভেটিত ;চেতনাৰ ভেটিত।চৰ্চাৰ নিৰন্তৰ অভ্যাস বা বদভ্যাসৰ ভেটিত। ভেটি মানে গভীৰতা ।সৃষ্টি মানে শিখৰ চোৱাৰ আকাংক্ষা ।যিয়ে ভাবে মই বনাই দিম বা নিৰ্মাণ কৰি দিম (সাহিত্য সমালোচক?চলচ্চিত্ৰ পৰিচালক?) তেওঁলোক ধূৰ্ত! যিয়ে ভাবে আনে মোক বনাই দিব বা নিৰ্মাণ কৰি দিব তেওঁলোকো মূৰ্খ বা ধূৰ্ত! নিজৰ ভৰিত থিয় দিয়াৰ সাহস থকা জনেই শেষ চেম্পিয়ন হ'ব(কাফকাৰ দৰে,ভেন গঘৰ দৰে)।এই কথাক অস্বীকাৰ কৰাৰ পৰাই স্বজন -তোষণ; প্ৰিয়জন-তোষণৰ জয়জয় ময়ময় হয়!!!আহক এই নিজক নিজৰ ওচৰত অপমান কৰাৰ প্ৰক্ৰিয়াৰ পৰা দূৰত থাকি নিজক বিশ্বাস কৰোঁ!!
◆সমালোচকৰ প্ৰয়োজনীয়তা
সমালোচক-লেখকৰ সংঘাত সাহিত্যৰ এক যুগীয়া সমস্যা ।সমালোচক কেতিয়াবাহে সৃষ্টিশীল হয়-যেতিয়া সেই সমালোচকজন প্ৰচণ্ড মেধাৰ অধিকাৰী হয় আৰু তেওঁ গল্প-উপন্যাস কবিতা সৃষ্টি নকৰিও এজন নিজৰ ভিতৰতে গল্পকাৰ ,কবি ,ঔপন্যাসিক হৈ থাকে! তেনে সমালোচক বিৰল।অসমীয়া সাহিত্যৰ গৌৰৱময় কথাটো হ'ল ভবানন্দ দত্ত,বাণীকান্ত কাকতি,ভবেন বৰুৱা,মহেন্দ্ৰ বৰা আৰু হীৰেন গোহাঁইৰ দৰে তেনে ধীমান সৃষ্টিশীল সমালোচক পোৱাটো।তেখেত সকলৰ ধীমান দৃষ্টিভংগীৰ ছাঁত অসমীয়া সাহিত্যই নতুন গতি পাইছিল।তেনেদৰে পাশ্চাত্য সাহিত্যত এজৰা পাউণ্ডে টি এছ এলিয়টক নিৰ্মাণ কৰাত প্ৰভূত অৰিহণা যোগাইছিল-যাৰ বাবে দ্য ৱেষ্টলেণ্ড ক পৃথিৱীয়ে মহৎ উপহাৰ হিছাপে পাইছিল।এইবোৰৰ আৰঁত কোনেও কাকো বনাই দিয়াৰ ক্ষুদ্ৰ স্বাৰ্থ নাছিল।আছিল বাট নিৰ্দেশনা ।সাম্প্ৰতিক সময়ত আছেনে অসমত তেনে সমালোচক?সৃষ্টিশীল লেখক মাত্ৰেই ক'ব অসমত এতিয়া সমালোচনা ব্যক্তিগত তৈলমৰ্দন আৰু লবীবাজিৰ ঠেক গণ্ডীত বন্দী ।যাৰ বাবে প্ৰতিভাশালী লেখক সকল পথহাৰা যেন!আমি বিচাৰো কবি সাহিত্যিক নিৰ্মাণ কৰাতকৈ তেওঁলোকৰ সৃষ্টি ৰাজিক সমালোচকে দিয়ক নতুন বাটৰ সন্ধান।
পৃষ্ঠা ৫
কবিতাৰ আড্ডা
(১)
“তোমাৰ সেন্দূৰ-ৰঙীন কপালখন দেখিলে
পূবাকাশ ৰঙা কৰি
ধীৰে ধীৰে উঠি অহা ৰঙা-ঘোঁৰাটিলৈ
মোৰ মনত পৰে ”
ইয়াত, 'সেন্দূৰ-ৰঙীন’বোলা সেই কপালখন কাৰ ? আমি বুজিব পাৰোঁ যে, সেয়া এগৰাকী বিৱাহিতা নাৰীৰ ৷ তেনেখন কপালৰ লগত, 'ৰঙা-ঘোঁৰাটি’ৰ সম্পৰ্ক কি ? নিশ্চয়কৈ ৰূপকীয় ( দুটা বিসদৃশ বস্তুৰ লগত সাদৃশ্যৰ কল্পনা ) ৷ কিয়নো, 'কপালখনে’ ভাগ্যক বুজোৱা নাই ৷ ধীৰে ধীৰে উঠি অহা 'ৰঙা-ঘোঁৰাটি’নো কি ? 'পূবাকাশ ৰঙা’ কৰাৰ পৰাই ধৰিব পাৰি যে, ই বেলিৰ প্ৰতীক ৷
'সেন্দূৰ-ৰঙীন’ শব্দটো নিদিলে, কপালখন কাৰ -- অস্পষ্ট (Vague) হৈ ৰ’ব ৷
কবিতা ৰহস্যময় ৷ ই, গদ্যৰ দৰে সংবাদ বা তথ্যনিৰ্ভৰ নহৈ, একোটা ইঙ্গিতেৰে আন এক অৰ্থ ব্যঞ্জিত কৰে ৷ কপালৰ 'সেন্দূৰ-ৰঙীন’ ফোটটিক ( যদিও এই শব্দটি উল্লেখ কৰা হোৱা নাই ) 'ৰঙা-ঘোঁৰা’বুলি কোৱাটোৱে সেই ৰহস্যময়তা ; আৰু, 'ৰঙা-ঘোঁৰাটি’য়ে যে বেলিক ইঙ্গিত কৰিছে -- সেয়াই ব্যঞ্জিত-অৰ্থ |
(২)
কবিতাত, কবিয়ে কি ভাবি বা অৰ্থ কৰি একোটা চিত্ৰ আঁকিছে -- তেওঁৰ মনোভাব বা ক’বলগীয়াখিনি কি, সেইকথা আমি জানিম কেনেকৈ ? আমি জানিব পাৰিম, তেওঁ ব্যৱহাৰ কৰা শব্দৰ সহায়ত ৷
পিচে, এনেবোৰ বাক্-চিত্ৰত, কবিয়ে ক’ব খোজা কথাবোৰ মূৰ্ত্ত বা স্পষ্ট হৈ উঠিছেনে : যেনে -- নীলাভ যন্ত্ৰণা, হৃদয়ৰ জপনা, বিভ্ৰমৰ ছায়া, তেজৰ বজ্ৰপাত, উচুপনিৰ জাহাজ, বোধৰ মাস্তুল, মানৱতাৰ গ্ৰন্থমেলা, আহুকালৰ হাঁহ ইত্যাদিত ৷
এনেবোৰ নিৰ্বাক, নিৰ্জীৱ চিত্ৰকল্পই -- পাঠকক ৰস দিয়াতকৈ, ভেলেকিহে লগাব পাৰে অধিক ৷ কাব্যিক সঁহাৰি পালেও, পঢ়ুৱৈৰ মন টানি নিব নোৱৰা --এনে চিত্ৰৰে, কবিতাক সহজতে “কাব্যিক" কৰাৰ প্ৰৱণতাই, এগৰাকী কবিৰ কাব্যিক বিকাশ বাধাগ্ৰস্তহে কৰিববুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ ৷
(৩)
“য’তেই কবিৰ অনুভৱ মূৰ্ত্ত হৈ নুঠে, তাতেই তেওঁ নিৰ্মমভাবে কেঁচী চলোৱা উচিত ৷” -- ড° হীৰেন গোঁহাই [ 'পৰ্যালোচনা’ : “তেজৰ তলৰ বাঁহী”, ১৯৯১ ]
“মোৰ একোটা শব্দত / তিনিটাকৈ শীতৰ উত্তাপ থকাহেঁতেন !”
-- অৰ্থাৎ, প্ৰাণৱন্ত একোটা শব্দৰে , পঢ়ুৱৈৰ মনত -- শীত গুচাবপৰা উত্তাপৰো অনুভৱ কৰোৱাৰ আশা কৰিছে কবিয়ে ৷
শব্দৰে গঢ়া বাক্-চিত্ৰ বা কল্পচিত্ৰই, আমাক তেঙা, কেঁহা, মিঠা, তিতা আদিৰ বিচিত্ৰ জুতি (ৰস) দিব পাৰে ৷ কোনোটো শব্দত দেখো স্ফুলিঙ্গ ; কোনোটোত শুনো পখীৰ কূজন, বীণৰ গুণগুণ, সমুদ্ৰৰ গৰ্জন৷
শব্দ ব্যৱহাৰৰ অস্পষ্টতা (Vague)-ই , পাঠকক প্ৰতাৰণা কৰাৰ আগতে -- কবি, নিজেই প্ৰতাৰিত হয় অধিক ৷
“ওখৰ মলয়াই মৰমৰ হাতেৰে / চোতালৰ ধূলি সাৰে ” -- লক্ষ্মীনাথ বেজবৰুৱা ৷৷
-- মলয়াই চোতালৰ ধূলি সৰা কথাটো, স্হূলদৃষ্টিত অবাস্তৱ ৷ চোতালৰ ধূলি , মানুহেই সাৰে ৷ মলয়া বতাহত ধূলি “উৰি”হে যায় ৷ কিন্তু, কবিৰ প্ৰত্যয় জাগি উঠিছে (“প্ৰতীয়মানা উৎপ্ৰেক্ষা” )-- “সৰা”ত ৷ সাৰে, কেনেকৈ ? : “মৰমৰ হাতেৰে” ৷
এই কবিতাফাকিত, “মৰমৰ হাতেৰে” শব্দ দুটা গুচাই দিলে --'মলয়াই ধূলি সৰা’ কথাটো অবাস্তৱ বাবেই অস্পষ্ট হৈ পৰিব ৷
প্লেগ, জিকা, নিপা, ক’ভিড-১৯ আদি কোনো মহামাৰীয়ে -- কবিতাক সজ্ঞাবদ্ধতো নকৰেই, শব্দ-শক্তিকো নস্যাৎ কৰিব নোৱাৰে |
(৪)
কবিতা, আমাৰ মানসিক খাদ্য, আত্মাৰ আহাৰ ৷ সমস্ত দুৰ্যোগৰ মাজতো -- জীৱনক সুখী, আনন্দময় আৰু ছন্দোময় কৰি তুলিবলৈ -- আমাক কবিতা লাগে ৷
সৃষ্টিৰ আনন্দই মানুহক বহু হতাশা, আনকি উন্মাদনাৰ পৰাও ৰক্ষা কৰিব পাৰে ৷ কবিসকল কেৱল সৌন্দৰ্যৰহে দাস ; আন কোনো দাসত্বকে তেওঁলোকে স্বীকাৰ কৰিব নোখোজে ৷
ৰাধাচূড়া, কৃষ্ণচূড়াৰ দৰে জক্মকাইও, তেওঁলোকে শেৱালি, বকুলৰ সুবাসো বিলাব জানে ৷ (আগলৈ)
পৃষ্ঠা ৬
■ কবিতা
বাটবোৰ ভুল আছিল
------------------------------------------
কিশোৰ মনজিৎ বৰা
বাটবোৰ ভুল আছিল
বাটবোৰ ভুল আছিল
যিবোৰ বাটেদি অহাটো মোৰ শব্দবোৰে বিচৰা নাছিল
মোৰ মাটিয়ে বিচৰা নাছিল
অৰণ্য আৰু ভোকাতুৰ মিছিলবোৰে
পথক্লান্তিতকৈ গ্লানিৰ ভৰত
এতিয়া হুকহুকাই কান্দো
এই বাটবোৰ মোৰ নাছিল
এই শাণিত বাক্যবাণ
এই আত্মমগ্ন কেন্দ্ৰভাবনা
কেতিয়াও মোৰ পৃথিৱীৰ দ্বাৰৰখীয়া নাছিল
বাটবোৰ ভুল হ'ল
যিবোৰ বাটেদি আহি আহি মোৰ ভৰি দুখনে এতিয়া মোৰ
মনৰ নিৰ্দেশ মানিবলৈ নিতান্ত অনিচ্ছুক!!
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
মই মোক সজাওঁতে
---------------------------------------
মদাৰজ্যোতি
মই মোক সজাওঁতে তোমাৰ দাপোণত
কেৱল মই দেখিছিলোঁ মোক
আৰু কিছু প্ৰসাধনী অবয়বৰ সৈতে মোৰ
পোছাকক
মইহে ঘুৰিছিলোঁ সোঁফালে
দাপোণখন একেদৰেই আছিল
মইহে ঘূৰিছিলোঁ বাওঁফালে
দাপোণখন একেদৰেই আছিল
নিৰ্জীৱ তোমাৰ দাপোণ
মায়াৰ আপোন
মই মোৰ দেহটো সজাওঁতে কোঠাৰ
আচ-বাববোৰ স্থানু
মই মোৰ সপোনটো সজাওঁতে বুকুৰ
হাওঁফাওঁটো স্থানু
কঁপা মাত এটা
মইহে শুনিছিলোঁ দাপোণৰ
মোৰ ওঁঠযোৰ লৰা নাছিল
যন্ত্ৰণাৰ গেঙণি এটা
মইহে শুনিছিলোঁ দাপোণৰ
কোচ খাই অহা নাছিল মোৰ চেলাউৰি
নিৰ্বাক তোমাৰ দাপোণ
মায়াৰ আপোন
সময়ে ভাঙি থৈ যোৱা মোৰ প্ৰতিবিম্বত
মোৰেই হাড়ৰ বিকৃত ক'লাজ
আৰু লাজ নকৰাকৈ এডাল এডালকৈ
দুশ ছয় ডাল হাড়ক লগাই জোৰা
মই তোমাৰ দাপোণক খুজিছিলোঁ মঙহ
তোমাৰ দাপোণৰ পাছফালে তুমি
মোৰ নক্সা তাত নাই
তোমাৰ দাপোণৰ আগফালে মই
তোমাৰ নক্সা ইয়াত নাই
মাথো নিৰ্জীৱ দাপোণ এখন নিৰ্বাক
আত্মৰতিত মৰা নাৰ্চিচাছ
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নতুন বাট
--------------------------
অংগৰাগ ভূঞা
এনে লাগিছিল হয়তো
আপোনাৰো
অনন্তকাল এনেদৰেই পাৰ হৈ যাব।
এটি সুকোমল পথ
শেষ হব অৱধাৰিত
যিদৰে আৰম্ভ হৈছিল
কিছুমান গান, এটা শেষ নোহোৱা চিগাৰেট
সামান্য আঁচোৰ ভৰিৰ কলাফুলত
উজুটিত ছিঙা নখ আৰু
ভাগৰুৱা এটি নিশ্বাস
চাৰিআলিৰ আড্ডাত থমকি ৰোৱা এহাল চকু
ভেৰাকুটিত বিভ্ৰান্ত বুকু
দুৰৰ আজানত সাৰ পোৱা
সৰল দেশপ্ৰেমিক আৰু এজন ধৰ্মভীৰু
যিমানেই খোজ আগলৈ
এনে লাগি আহিছিলনে
জটিলতাবোৰ সৰল হৈ নতুন জটিলতাৰ পাঁক খুৱাব
সম্ভ্ৰমবোৰ ঘৃণাৰ পাকঘূৰণি হৈ
মেটেকাক ভেটা দিব?
অনন্তকাল অদৃষ্টই হাত সাৱটি নাথাকে
ৰোগাক্ৰান্ত পৃথিৱীত বানৰ পলস
সৃষ্টিয়ে নদীৰ দৰেই
নতুন বাট মোকলায়
জীৱন থমকি নৰয়।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
হিজৰা
-------------
উত্তম কুমাৰ কলিতা
জীৱনটোৱে হৈছে আমাৰ
এক বৃহৎ আন্দোলন
সৃষ্টিকর্তাৰ বিৰুদ্ধে এক
বাঙ্ময় 'জেহাদ'
প্ৰাপ্তি অপ্ৰাপ্তিৰ জটিল সমীকৰনত অস্পষ্ট জীৱনৰ ক'লাজ
হাতৰ তলুৱাৰ নিৰ্লজ্জ মুদ্ৰাত
মূক সাতামপুৰুষীয়া বিশ্বাস
চিৰাল ফাঁট দিয়া হৃদয়ৰ পথাৰত
শুকুৱাই থওঁ হেঁপাহৰ পদুম
অনুভৱ আৰু উপলব্ধিৰ আলিদোমোজাত
এক ছন্দহীন জীৱন
'অস্পৃশ্য' , 'অৱহেলিত' , 'কলুষিত'
বৌদ্ধিক বৃত্তৰ শব্দৰ ভৰত
মূল্যহীন 'শিয়াল কুকুৰ গৰ্দভৰো আত্মাৰাম' অমৃত বাণী
পুৰনি সাঁচিপাতৰ দৰে ধুৱঁলী কুৱঁলী আপোন ভাষা 'হিজৰা ফাৰ্চী'
লজ্জানত যেন ক্লীৱৰ উপাস্য অৰ্ধনাৰীৰ 'মহেশ্বৰ'
প্ৰতিনিত যেন
'বাৰহুংখা' হৈ বিয়পি যায়
গৌৰৱৰ মাতা 'বাহুছাড়া'ৰ
নূপুৰৰ নিক্কন ধ্বনি
বুকু ঢকিয়াই পৰি ৰয়
যৌৱনৰ নষ্টালজিক ক্লীৱত্ব
পৃষ্ঠা ৭
উশাহ
------------
হিতেশ মেধি
বেলি সৰা সময়ৰ মুখত
উশাহ এটাৰ পাকঘুৰণি ঢৌ
শিল পতাত চকুৰ চাৱনি
উখহে মনৰ বেৰত আবেলি
জলঙাৰে সৰিছে ককাৰ সাঁচতীয়া কথা
কাম ধৰ বোপাই
টেকেলিৰ তলিত ভোকৰ চকামকা
কোনস'তে উশাহ উৰে
দেওধনী জীউৰ জুই সৰে
তাহানিৰ কাহিনীত লতা বগাই
নমনি ইকৰা বেৰৰ সুখ
কি পাইছা কি খাইছা
হেন্দোলনিত উশাহটোৰ অসুখ
সেইপিনে ককবকাই অজলা পথাৰ
আইৰ আঁচলত মগনীয়া বতাহ
সুহুঁৰিত শিয়ঁৰে কজলা ৰাতিৰ দুৱাৰ
উঠচোন ছৈ দিওঁ চকুৰ পতাত
উশাহেও তৰণি লব
বকুল গোন্ধোৱা পদূলিৰ মূৰত
শেষ নোহোৱা মালিতা সৰিব
উশাহটোৰ উশাহ হেপেঁহুৱা
ৰাতিৰ দেহত কতনা তৰা
ওলমে ভাগৰুৱা সময়ৰ শলিতা
উশাহত তৰাফুল সৰা হলে
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
জীৱনবৃত্ত
-------------------
গুনোজীৎ দাস
ফু- মাৰিলে ফুলি উঠিছিল বেলুন
সূত্ৰধাৰে টানি ধৰা সূতাৰ ভংগিমাত
নাচি উঠিছিল বেলুন
বিষৰ বাট এটাৰে তপত তেজৰ ছাঁত সি ওফন্দি উঠিছিল
দুচকুৰ তললৈ বৈ পৰা বায়ুৰে পূৰ্ণ তাৰ
ভিতৰতো আছিল কিছু চলনা
শূন্য শুকুলা ধোঁৱাৰ বাট এটাৰ পাকনীত
হেৰাই গ'ল কি ছবি
গোবৰ মাটি লেপি-লেপি মচিব নোৱাৰা আৰু
কেইটিমান সৰু সুৰুঙা
দুচকুৰ সিপাৰে শুই পৰা সৰাফুলৰ শাৰীত নীৰৱ আজি বেলুন
বতাহ এছাটি বলিছে জোৰকৈ
স্মৃতিৰ সৰাপাতৰ বুকুৰে বৈ পৰিছে
অস্পৃশ্য এটোপাল তপত চকুপানী
ছাইবৰণীয়া আকাশৰ সাঙীত উঠি
শেষৰখন চিঠিত এতিয়া কোনেও লিখা নাই
সেউজীয়াৰ হেঁপাহত বেলুনৰ দৰেই বাঢ়ি অহা
বাৰিষা এটাৰ কথা ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নিখোজ
-----------------
ধ্ৰুৱজ্যোতি শইকীয়া
গিজিংকৈ বুকুখন বিষাই কেতিয়াবা
দাপোনত দেখা প্ৰতিবিম্বটো যেন মোৰ নহ'য়
এটা জীৰ্ণ পথেৰে আহি থাকোঁতে
ঘোঁৰা এটাৰ চিঞৰত সুলকি পৰিল মোৰ চকু দুটা
আৰু মই খেপিয়াই খেপিয়াই গৈ থাকোঁতে
উজুটিত হেৰুৱালোঁ মোক
সিদিনা হঠাৎ সপোনত দেখিলোঁ
এখন প্ৰাচীন চহৰৰ ধ্বংসস্তূপত বহি
মই আঁকি আছো এখন ধূলিৰ ছবি
মই চিঞৰি চিঞৰি সুধিলো গছবোৰক
মই চিঞৰি চিঞৰি সুধিলো আকাশক
ডেউকা ভঙা চৰাইবোৰেও নক'লে
মই মোক হেৰুৱালো ক'ত ?
পৃষ্ঠা ৮
মাটি
---------
সীমা গগৈ
মাটিয়ে নকয় কথা অনাহকত
জীৱন জটিল নকৰে অবাবত
মাটি আছে বাবেই তুমি আছা
আৰু মাটি আছে বাবেই
তুমি মই মিলি
জীৱনৰ বাট বুলিছো
উশাহগধূৰ ৰ'দৰ শেতেলিত
ভাগৰুৱা অস্থিৰ ক্রন্দন
আজি বাৰু কোনে শুনিব !
আজি মাটিৰ বুকুখন তেনেই তেজেৰে তুমৰলি
আদিমতাৰ ধ্বংসযজ্ঞত শত্রুৰ কি যে কিৰীলি...
সভ্যতাৰ পোছাকেৰে কিমান আৰু ঢাকিবা
বিগলিত বিগ্রহৰ নিৰাভৰণ বেদী ---
পূতিগন্ধময় নদীৰ বুকুত পাৰিবানে বান্ধিব এটি আত্মীয়তাৰ বান্ধ ---
নহ'লেযে এনেকৈয়ে পক্ষিণী উকলি যাব..
এটি যুগৰ পিছত আৰু এটি যুগ পাৰ হৈ যাব..
এমুঠি শইচৰ বীজ সিঁচি দিওঁ আহা
তেহে হ'ব উৰ্বৰা আমাৰ এই বসুন্ধৰা ..
নহ'লেযে আমিয়েই ল'ব লাগিব মাটিবিহীন জীৱনৰ কংক্ৰিটময় বোজা !!
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ঘণ্টা
----------
ৰিপুঞ্জয় বৰুৱা
পৃথিৱী আৰু আকাশৰ মাজৰ খালী ঠাইখিনিত
মকৰাজাল ফালি পথ পাৰ হৈছে
--- এটা হালধীয়া বেলি !
ক্ৰমাৎ বাঁওফালৰ পৰা সোঁফাললৈ ।
এই পথ যিমান দীঘল বহলো ।
এই পথ নিজম্ যিমান চঞ্চলো ।
অঘৰী পথে এইবোৰ জানিও নাজানে ।
আৰু বেলি !
কামিহাড় জিলিকা বেলিটোৱে কি জানে ?
সি মাথোঁ আহিল কণা গ'ল কণা ।
গৈছে আহিছে -- দুভৰিত দুখৰ জুনুকা !
হনুমান মন্দিৰত ঠেঁটুৱৈ লগা শীতে কোবালে উলঙ্গ ঘন্টা ।।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নিজকে ৰাখিছোঁ জীয়াই
-------------------------------------------------
ড° ৰমেশ কুমাৰ কাকতি
পৰিস্থিতি যিয়েই নহওক
হেলাৰঙে জয় কৰি যাম ৷
সাহস আৰু ধৈৰ্য্যৰে
সুক্ষ্মভাৱে বিচাৰ বুদ্ধিৰে
বিপদমূখী যাত্ৰাকো
সফলতাৰে ভৰাম ৷৷
নহওঁ অলপো বিচলিত
নকৰোঁ অলপো ভয়ভীত ৷
বেৰৰ জলঙা দেখা
জীৱনৰ দুপৰত
জীৱন অৰণ্যও ভৰিব
হ'ব এটি সেউজীয়া গীত ৷৷
উৰুখা পঁজাৰ মজিয়া
এজাক বৰষুণেই তিয়াই ৷
তথাপিওঁ মোৰ আছে এটি পণ
লক্ষ্যক কক্ষ্যচ্যুত
হবলৈ নিদিওঁ
দৃঢ়তাৰে যাম আগুৱাই ৷৷
জীৱন-যুদ্ধও তৃপ্তিৰে ভৰা
হব পাৰে দুঃসময়ে আৱৰা ৷
দুখবিহীন সুখৰনো
মজা আছে কি?
দুখবোৰ মথি মথি
বোৱাম সুখৰ নিজৰা ৷৷
কেতেকীৰ সুৰীয়া কন্দনত
সেয়ে মই ভাগিপৰা নাই ৷
অৰণ্য ৰোদন নকৰি
সাহস আৰু ধৈৰ্য্যৰে
লক্ষ্যত দৃঢ়তাৰে
নিজকে ৰাখিছোঁ জীয়াই।।
পৃষ্ঠা ৯
মগজুৰ সংজ্ঞা বিচাৰি
------------------------------------------
জ্যোতিৰ্ময় শৰ্মা
ধোঁৱাহীন একুৰা জুই
সংজ্ঞা বিচাৰোঁতে
হাতৰ বহুদিনৰ মুদ্ৰাবোৰ
অচল অচল লাগিছে৷
কিছু মগজুৱে লগ হৈ কথা পাতিছে৷
আৰু ভিন্ন ৰঙৰ পাৰ কেইটামানে 'শান্তি' 'শান্তি' খেলি আছে৷
মই খোজ কাঢ়িছোঁ৷
সত্য বোলে নিজে প্ৰমাণিত!
মই কওঁ পোছাকী সত্য কিছুমান ঘূৰি আছে৷
মাজে মাজে হৃদয়খনত বুৰবুৰণি উঠে
চিন্তা আৰু মন, যদি একেলগে ভোকৰ আলহী হ’লহেঁতেন !
মই মোক লৈ সন্দিহান হৈছোঁ
বহু মগজুৰ কচৰৎ আৰু মৰ্যদাৰ নিৰ্দেশ চিহ্ন৷
এৰাই যাব ধৰা হাতখন,
নীৰন্ধ্ৰ অন্ধ হ’ব দিয়া নাই৷
আকাশৰ তৰা আৰু পেক দিয়া মাটিৰ গোন্ধ৷
মানুহক ভালপোৱা গোন্ধ এটাই ধোঁৱাৰ দৰে উৰি উৰি ঘূৰিছে৷
এইকুৰা কি জুই?
সেউজীয়া পথাৰখনৰ সিটো পাৰৰ বিলখনত বহু ঘঁৰিয়াল আছে৷
পথাৰৰ মাজত দৃঢ়তাৰে থিয় হৈছোঁ৷
----------------------------------
বি.দ্ৰ.পেকঃ কামৰূপী উপভাষাত ব্যৱহাৰ হোৱা এটি শব্দ৷ বোকাক বুজায়৷ হাল বাই শালিধানৰ কঠিয়া ৰুব পৰা হোৱা মাটি৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
এটি কৌতুকৰ অস্ত্ৰোপচাৰ
----------------------------------------------------
অংকুৰিতা ফুকন
এটি কৌতুকৰ মৰোণোত্তৰ পৰীক্ষা কৰিছোঁ অস্ত্ৰোপচাৰ কক্ষত মই
অনুসন্ধান কৰিছোঁ
তাৰ মৃত্যুৰ সাম্ভাৱ্য কাৰণ
অনেক হাঁহিৰ বাণেৰে তাৰ শৰীৰ বিদ্ধ
কলিজা ভেদী পাৰ হৈছে উপহাসৰ পশুপাত
ঈষৎ মেলা মুখৰে অনেক ৰহস্যই জুমি চাইছে
হাতৰ মুঠিত মৃত সুখৰ অস্থিসাৰ
মই সমস্ত আবেগেৰে তাক স্পৰ্শ কৰিছোঁ
চেতন অভিজ্ঞতাৰে প্ৰতিটো
আঘাত পৰীক্ষা কৰিছোঁ
মুক্তিৰ প্ৰজ্ঞাই পোহৰাই তুলিছে তাক
মোৰ দৃষ্টিৰ সম্মুখতে আৰম্ভ হৈছে
কৌতুকটিৰ পোহৰ সন্ধানী বিলাস...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
পাঁচটা কবিতা
---------------------------
বিভা দেৱী
উলটি নোযোৱা বাট
******************
ব'লা যাওঁ গৈ
অৰণ্যৰ নিৰ্জনতাৰ মাজলৈ
মহানগৰীৰ বিৰ দি বাট নোপোৱা
ভিৰৰ সভালৈ
নৈৰ ঘাটৰ প্ৰভাতী পখীৰ সুৰুযী মেলালৈ
ব'লা যাওঁ গৈ
হয়তো,
তাতেই লগ পাম
উলটি নোযোৱা বাটৰ শেষ সীমনাত
বন্ধকত মগজ
*************
কি ধুনীয়া নাছিল
কঁহুৱা কঁপোৱা মেঘ
ঝুলনাত দুলি থকা শিশু
একুৱাগাৰ্ডৰ পানী খোৱা গিলাচৰ খিৰিকী
পঢ়া কোঠাৰ জোপোহা ফুলজোপা
মেজত পৰি থকা এটি পুৰণি ফাইল
কবিতাৰ বুকুত উচুপি উঠা শব্দ
চিকমিকাই থকা এখিলা পাত
ৰঙবিৰঙী চৰাইৰ পাঁখিত গুঁজা চাবিপাত
মাথো
বন্ধকত থোৱা মগজটোৰ বাহিৰে
কলমৰ কঁপনি
************
কলমটো কঁপি উঠে
একোৱে মনলৈ নাহে
সন্ধিয়াটোৱে আক্ষেপেৰে ক'লে---
ভৰ ৰাতিয়ে শেৱালি ফুলৰ শুভ্ৰতা ঢাকে
স্নিগ্ধ হাঁহিৰ পখিলা জাকে
একেই কথাকে ক'লে
তুমি জুইশলাটো জ্বলালানে
----শেষৰাতিৰ স্বৰগম----
এৰা,
মনত পৰিল মোৰ
কাগজৰ ৰুমাল আৰু শুভ্ৰ শেৱালিৰ বুকুতে
জুইশলিটো ওলমি থাকিল
সময়ৰ বাট
**********
নিজৰ সৈতে আত্মকথন কৰিব লৈ
বেজী সূতাৰে বুটাম লগালো মই
কি লাগে
কি নালাগে
ফণীখন উলিয়াই মূৰটো ফণিয়াই ল'লো
চুলিখিনিৰে নেঘেৰি খোপা বান্ধিব লওঁতেই
ভঙা ট্ৰাকখনে বস্তুবোৰ সামৰি সুতৰি
পদূলিমূৰত ৰৈ আছিল
শেষ ৰাতিৰ সাধু
**************
পেটত কলমলাই থকা ভোকটো বান্ধি
মানুহবোৰ গ'লগৈ
শেষ ৰাতিৰ সাধু এটা কৈ
যোৱাৰ পৰত দি থৈ গ'ল
চীনাজোকে বতিয়াই থোৱা
কেইটোপালমান তেজ
পৃষ্ঠা ১০
■কাব্য সুৰভি
অৰুণোদয় যুগৰ কবি হেমচন্দ্ৰ বৰুৱা
আৰু হেমকোষ
অৰুণোদয় যুগৰ কবি হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা। অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক৷ অসমীয়া ভাষাৰ ওজা নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছতহে ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়৷
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে ব্যাকৰণো পঢ়ুৱাইছিল৷ ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিৎসাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহ লীলা সম্বৰন কৰে৷ ফলত তেওঁ শিৱসাগৰলৈ গৈ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ ঘৰত থাকিবলগীয়া হয়৷ কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে। তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি টকা। য'ত তেওঁ কেপ্তেইন ব্ৰডীৰ সংস্পৰ্শলৈ আহে,যি সেই সময়ৰ শিৱসাগৰৰ ডেপুটী কমিচনাৰ আছিল ।কেপ্তেইন ব্ৰডীয়ে আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ সহায়ত তেওঁক ইংৰাজী ভাষা আৰু সংস্কৃতিৰ জ্ঞান দিছিল ।
তেখেতে ১৮৫২ চনত বিয়া কৰাইছিল। এবছৰৰ পাছতে এজনী কন্যা সন্তান জন্ম লাভ কৰে। জীয়েকৰ নাম পদ্মাৱতী ৰাখিছিল। বিয়াৰ মাত্ৰ দুবছৰ পাছতেই তেখেতৰ পত্নীয়ে অকাল মৃত্যুক সাৱটি লয়।
তেখেতৰ প্ৰকাশিত পুথি- "হেমকোষ"
"কানীয়াৰ কীৰ্তন "
"অসমীয়া ব্যাকৰণ"(১৮৫৯)
"অসমীয়া ল'ৰাৰ ব্যাকৰণ"
"তূলনামূলক ব্যাকৰণ"
"অসমীয়া ল'ৰাৰ আদিপাঠ- মালা"
( এই পাঠ্যপুথিখন ১৮৮২ চনত ৰচনা কৰিছিল৷
"স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়"
"বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী"
"আছামিজ মেৰেজ ছিষ্টেম"
তেখেতে কৰ্মজীৱন হিচাপে গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদত ৬ মাহৰ বাবে যোগদান কৰিছিল ।
শিৱসাগৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষা প্ৰদান কৰিছিল।
পুনৰ ৰাজহ বিভাগৰ চাকৰিত যোগদান কৰিছিল । (১৮৬২ চনলৈকে)
গুৱাহাটীত ন্যায়িক আদালতৰ ভাষা অনুবাদক (কাকতী) হিচাপে যোগদান৷
অধীক্ষক (চুপাৰিণ্টেডেণ্ট) পদলৈ পদোন্নতি লাভ কৰিছিল।
কামৰূপৰ উপায়ুক্ত কাৰ্যালয়ত এবছৰ অনুবাদক পদত যোগদান৷
ন্যায়িক আয়ুক্ত চাহাবৰ কাৰ্যালয়ত পুনৰ যোগদান৷
কিছুকাল 'আছাম নিউজ' কাকতৰ সম্পাদক আছিল ।
এইবোৰৰ উপৰিও তেখেতে অসমত মিশ্যেনেৰী সকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদই সংবাদ পত্ৰৰ লগতো জড়িত হৈ আছিল৷
এইগৰাকী মহান ব্যক্তিৰ ১৮৯৬ চনত মৃত্যু হয়।
হেমকোষৰ বিষয়ে অলপ আভাষঃ
হেমচন্দ্ৰ বৰুৱাদেৱে হেমকোষেৰে অসমীয়া ভাষাক সঞ্জীৱনী মাত্ৰা প্ৰদান কৰি থৈ গ'ল।
অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনাৰ ইতিহাস দীঘলীয়া নহয়। অসমীয়া ভাষাত ব্যাকৰণ ৰচনা হয় ইংৰাজ আমোলত এজন বিদেশীৰ দ্বাৰা ইংৰাজী ভাষাৰ মাধ্যমেৰে। মিঃ উইলিয়াম ৰবিনছনৰ ʻএ গ্রামাৰ অব দা আছামিজ লেংগুৱেজʼ (১৮৩৯ চনৰ ১ নৱেম্বৰত প্রকাশিত) শীর্ষক গ্রন্থখনেই ইংৰাজী ভাষাত ৰচিত প্রথম অসমীয়া ব্যাকৰণ। মিঃ ৰবিনছন আছিল গুৱাহাটী ছেমিনাৰীৰ দ্বিতীয়জন প্রধান শিক্ষক। উল্লেখ্য যে ৰবিনছনৰ এই ব্যাকৰণৰ ঘাই লক্ষ্য অনা-অসমীয়া লোকক অসমীয়া ভাষা আৰু অসমত চলিবৰ বাবে দৈনন্দিন জীৱনত প্রয়োজনীয় নানান দিশৰ সম্যক জ্ঞান দিয়া। অনা-অসমীয়া লোকক অসমীয়া শিকোৱা ৰবিনছনৰ এই প্রচেষ্টা আছিল নিসন্দেহে প্রশংসনীয়। মুঠতে উনবিংশ শতিকাত ৰবিনছন, ৰেভাৰেণ্ড নাথান ব্রাউন আৰু মিঃ জি এফ নিকলে ৰচনা কৰা অসমীয়া ব্যাকৰণকেইখনে ব্যাকৰণ চৰ্চাৰ পথ মুকলি কৰিছিল। ইংৰাজী ভাষাত ৰচনা কৰা উল্লিখিত বিদেশী চাহাব তিনিজনৰ ব্যাকৰণকেইখনেই অসমীয়া ভাষাৰ ঐতিহ্য বিচাৰ আৰু স্বীকৃতিৰ ক্ষেত্ৰত মাইলৰ খুঁটিস্বৰূপ। এই ব্যক্তিসকলৰ ওচৰত অসমীয়া ভাষা সদায় ঋণী। পৰৱৰ্তী সময়ত অর্থাৎ ১৮৫৯ চনত সমাজতত্ত্ব আৰু ব্যংগ সাহিত্যৰ বাটকটীয়া অসমৰ সুসন্তান হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা ‘অসমীয়া ভাষাৰ ব্যাকৰণখনেই অসমীয়াত লিখা প্রথম ব্যাকৰণ পুথি।
শিৱসাগৰৰ আমেৰিকান বেপ্তিষ্ট মিছন প্ৰেছৰ পৰা প্রকাশিত এই পুথিখন প্রকৃতাৰ্থত অসমীয়া ভাষা-সাহিত্যৰ পৰিশুদ্ধৰূপ পৰিগ্ৰহৰ ক্ষেত্ৰত এক উৎকৃষ্ট নিদর্শন। স্মর্তব্য যে ১৮৫৯ চনটো অসমৰ নিমিত্তে স্মৰণীয় বছৰ, কিয়নো এই বর্ষতে অসমীয়া ভাষাৰ বিকাশৰ কাৰণে অহোপুৰুষাৰ্থ কৰা আৰু অসমীয়া ল’ৰাৰ মিত্র পুথিৰ প্রণেতা আনন্দৰাম ঢেকিয়াল ফুকনৰ অকাল বিয়োগ ঘটে। হেমচন্দ্ৰ বৰুৱাই ব্যাকৰণ আৰু হেমকোষৰ দৰে গধুৰ অভিধান ৰচনা কৰাৰ গুৰিতে আছিল জাতি আৰু ভাষাৰ প্রতি ভালপোৱা। কিয়নো উপজিয়েই জন্মজ স্বাধিকাৰ হিচাপে লাভ কৰা মাতৃভাষা অসমীয়াৰ সলনি যেতিয়া ১৮৩৬ চনত অসমৰ পঢ়াশালি আৰু আদালতৰ পৰা অপসাৰিত হৈ বাংলা ভাষাৰ প্রচলন হয়, তেতিয়া হেমচন্দ্ৰ বৰুৱাই এই কথা মনেৰে গ্ৰহণ কৰিব পৰা নাছিল আৰু তাৰেই প্রতিক্রিয়াস্বৰূপে অসমীয়া ভাষাত ব্যাকৰণ আৰু অভিধান প্রণয়নৰ কাম হাতত লয়। হেমচন্দ্ৰ বৰুৱাই মনে-প্রাণে বিশ্বাস কৰিছিল যে ভাষা থাকিলেহে এটা জাতি সসন্মানে মূৰ দাঙি জীয়াই থাকিব পাৰিব আৰু ইয়াৰ বাবে লাগিব এখন পৰিশুদ্ধ ব্যাকৰণ আৰু অসমীয়া শব্দ ব্যৱহাৰৰ বাবে এখন শব্দৰ ভঁৰালস্বৰূপ অভিধান। ব্যাকৰণ ৰচনাৰ সপোন দিঠকত পৰিণত হ’ল যদিও বিশাল শব্দভাণ্ডাৰেৰে পৰিপুষ্ট অভিধানখনে তেওঁৰ ব্যক্তিগত জীৱনৰ অসুবিধা আৰু ধনৰ অভাৱত প্রকাশৰ মুখ দেখা নাছিল। পৰৱৰ্তী সময়ত গেইট চাহাবৰ সহযোগত হেমচন্দ্র গোস্বামীয়ে প্রকাশ কৰি উলিয়ায়। উল্লেখ্য যে হেমচন্দ্ৰ বৰুৱাই প্রথম প্রকাশৰ বেলিকা পাঠকক দিয়া আশ্বাস অনুসৰিয়েই ১৮৭৩ চনত সংশোধন কৰি ʻঅসমীয়া ব্যাকৰণ’ নাম দি প্রকাশ কৰে। প্রসংগত উল্লেখ কৰাটো সমীচীন হ’ব যে ১৮৭২ চনৰ পৰা অসমপ্রাণ কেইগৰাকীমান হিতৈষী পুৰুষৰ আপ্রাণ প্রচেষ্টাত পুনৰ অসমীয়া ভাষা পঢ়াশালি আৰু আদালতৰ ভাষা হিচাপে প্রচলন হোৱাৰ সুবাদতে অসমীয়া ভাষাৰ পঢ়াশলীয়া পুথিৰ চাহিদা বাঢ়ে। তেতিয়া হেমচন্দ্ৰ বৰুৱাই তেওঁৰ অসমীয়া ভাষাৰ ব্যাকৰণখন পৰিবৰ্ধিত আৰু সংশোধিত ৰূপত প্রকাশ কৰে। হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণত সন্নিৱিষ্ট বিষয় তথা পাঠবোৰৰ ভিতৰত আছিল বর্ণবিন্যাস প্ৰকৰণ, ণত্ব-ষত্ব বিধি, সন্ধি, সমাস, শব্দৰূপ, ধাতুৰূপ, অনিয়মিত ক্রিয়া, লগৰীয়া ক্রিয়া, নামধাতু, বাক্য প্ৰকৰণ, বাচ্য পদাম্বয়, কৃৎ-তদ্ধিত আদি বৈয়াকৰণিক পাঠ। কিছুমান দৰকাৰী বিষয়বস্তু ঘাইকৈ শব্দৰ ব্যুৎপত্তি, অসমীয়া ভাষাৰ জতুৱা গঢ় বা বাক্যৰ ধাৰা, বাৰেমিহলি ভাবুক খণ্ডবাক্য, এটা শব্দৰ নানার্থ, এটা পদ বা বহু পদৰ অর্থ প্রকাশ প্রভৃতি সংযোজনাই ব্যাকৰণখনৰ সৌষ্ঠৱ বঢ়াইছে। লক্ষণা, ছন্দপ্ৰকৰণ, যতি চিহ্ন (কুটৰ কথা-punctuation) প্রভৃতিৰ আলোচনা ব্যাকৰণখনৰ আন আন বৈশিষ্ট্য। হেমচন্দ্ৰ বৰুৱাৰ দ্বিতীয়খন ব্যাকৰণ অসমীয়া ল’ৰাৰ ব্যাকৰণ ১৮৮২ চনত প্রকাশ পায়। ইয়াৰ উপৰি তেওঁৰ মৃত্যুৰ পিচত প্ৰকাশিত ʻপঢ়াশলীয়া অভিধানʼ আন এখন অসমীয়া ভাষা-সাহিত্যৰ প্রয়োজনীয় পুথি। বৰুৱা প্রণীত আদিপাঠ’ত ‘ৱ’ আখৰটোক লৈ তেওঁ আৰু চৰকাৰৰ মাজত যথেষ্ট আপত্তি-বিপত্তিৰ সৃষ্টি হৈছিল। চৰকাৰে উল্লিখিত বৰ্ণটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপত্তি দর্শাইছিল। হেমচন্দ্ৰ বৰুৱাও পিচে এইক্ষেত্ৰত সহজে এৰি দিয়াবিধৰ ভকত নাছিল। সেয়ে তেওঁ বিদ্যালয় পৰিদৰ্শক মাৰ্টিনলৈ ‘ৱ’ বর্ণটোৰ বৈশিষ্ট্য সম্পর্কে কেইবাখনো চিঠি লিখি ব্যৱহাৰৰ সপক্ষে যুক্তি দাঙি ধৰিছিল। চৰকাৰে অৱশেষত হেমচন্দ্ৰ বৰুৱাৰ যুক্তিক সমর্থন জনাই ʻৱʼ বৰ্ণটো ব্যৱহাৰৰ সপক্ষে মত দিয়ে। এয়া আছিল হেমচন্দ্ৰ বৰুৱাৰ পৰিশুদ্ধ ৰূপত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ নিদর্শন। এগৰাকী ব্যংগ সাহিত্যিক হিচাপেও হেমচন্দ্ৰ বৰুৱা পঢ়ুৱৈৰ ওচৰত সমাদৃত। বিশেষতঃ ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ (১৮৭৬) গ্রন্থখন উপন্যাসৰ লেখীয়া ব্যংগাত্মক পুথি। এই পুথিখন সন্দৰ্ভত কমলাকান্ত ভট্টাচাৰ্যই এনেদৰে মন্তব্য কৰিছিল— ‘শ্ৰীযুত সোণাৰ চাঁদ ডেকা বৰুৱাৰ ʻবাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ পুথিয়েই অসমৰ বেদ বা ধর্মশাস্ত্র। আলোচনা প্রসংগত এই কথা উল্লেখ কৰা সমীচীন হ’ব যে অসমীয়া সাহিত্যৰ ইতিহাস ত্রয়োদশ শতিকাৰ পৰা পোৱা যায় যদিও অসমীয়া অভিধানৰ ইতিহাস বুলি ক’লে গোটেই কৃতিত্ব হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষৰে প্রাপ্য। হেমচন্দ্ৰৰ অক্ষয় কীর্তিস্বৰূপ হেমকোষত ২২,৩৪৬টা শব্দৰ সংযোজন ঘটাই এক বৃহৎ শব্দ ভঁৰালৰ নিদর্শন দাঙি ধৰিছে। হেমচন্দ্র বৰুৱাই শব্দ সংগ্রহৰ ক্ষেত্ৰত ব্ৰনছনৰ অভিধানৰ উপৰি বেৱষ্টাৰৰ ইংৰাজী অভিধান, উইলচনৰ সংস্কৃত ইংৰাজী অভিধান, টম্পচনৰ হিন্দী, উর্দু, ইংৰাজী অভিধান আৰু ইউলিয়াম কেৰীৰ বাংলা-ইংৰাজী অভিধানৰ সহায় লৈছিল। হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ’ৰ বাবে পাতনি লিখা নাছিল যদিও তেওঁৰ পঢ়াশলীয়া অভিধানৰ পাতনিকে হেমকোষত প্রকাশ কৰা হয়। আমেৰিকান মিছনেৰি মাইলছ ব্ৰনছনে প্রস্তুত কৰা অভিধানখনত অসমীয়া ভাষাৰ বিশাল শব্দসম্ভাৰৰ সৰহসংখ্যকেই তাত বাদ পৰি ৰৈছিল। অসমীয়া ভাষাৰ দুৰৱস্থা দেখি হেমচন্দ্ৰ বৰুৱাই এখন সম্পূর্ণ আৰু শুদ্ধ অসমীয়া অভিধান প্রণয়ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। ভাবিলে আচৰিত লাগে যে যি সময়ত অসমীয়া ভাষা-সাহিত্যই এক প্রণালীবদ্ধ চর্চা লাভ কৰাটো দূৰৰে কথা, ইংৰাজৰ শাসন আৰু বাংলা ভাষাৰ ওচৰত নিজৰ অস্তিত্বৰ বাবে ছটফটাই থাকিবলগা হৈছিল, সকলো বাধা-বিঘিনি অতিক্রম কৰি তেতিয়া একান্তচিত্তে সংস্কাৰকামী হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ’ প্রস্তুত কৰি উলিয়াইছিল। অসমীয়া শুদ্ধ আখৰ জোঁটনিৰে শব্দৰ মূল আৰু অৰ্থ তথা ইংৰাজী সমার্থক শব্দ প্রয়োগ কৰি অভিধানখন ৰচনা কৰিছিল। আনহাতে বর্ণানুক্রম আৰু অক্ষৰ ক্রম অতি সতর্কতাৰে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। যিহেতু কোনো অসুবিধা নোহোৱাকৈ বৈয়াকৰণিক নীতিও প্রয়োগ কৰিছিল। মুঠতে এজন উত্তম আভিধানিকে অভিধান এখন ৰচনা কৰোতে যিবোৰ দিশ বিবেচনা কৰিব লাগিছিল ‘হেমকোষ’ ৰচনা কৰোতেও হেমচন্দ্র বৰুৱাই এই সকলো দিশ সফল বিবেচনা কৰাৰ প্রমাণ অভিধানখনত পোৱা যায়। হেমকোষ সন্দৰ্ভত পণ্ডিত হেমচন্দ্র গোস্বামীয়ে কৰা মন্তব্য এইক্ষেত্ৰত বেছ তাৎপর্যপূর্ণ। তেওঁ কৈছিল— ‘কেলঢোপ কেলঢোপ কৰি থকা অসমীয়া ভাষাৰ মুখত হেমচন্দ্র ধনন্তৰীৰ হেমকোষ ওলাই পৰা মাত্রকে কৰ যমদূত ক’লৈ গ’ল তাৰ চিন নাই, বাৰীৰ চুকত পৰি নিওঁ নিওঁ কৰি চিঞৰি থকা নিয়তি চৰাইবোৰো যমদূতবিলাকৰ লগতে নাইকিয়া হ’ল আৰু দক্ষিণা ল’বলৈ আশা পালি থকা বাপুসকলো এখোজ-দুখোজকৈ ঘৰমুৱা হ’ল। মুঠতে ক’বলৈ গ’লে হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ অসমীয়া ভাষাৰ পক্ষে সঞ্জীৱনী মন্ত্র, সেই মন্ত্রই মৃতকল্প অসমীয়া ভাষাক অমৰ কৰিলে। অসমীয়া ভাষাই যদি আজিকালি দিনে দিনে ঠন ধৰি উঠিছে আৰু ন ন ঠাল-ঠেঙুলি মেলিছে, সি কেৱল ‘হেমকোষ’ৰ যহতে আৰু যদি সি কেতিয়াবা ফুল ফুলাই অসম দেশত সৌৰভ বিলাব পৰা হয়, সিও নিশ্চয় ‘হেমকোষ’ৰ যহতে হ’ব। ‘হেমকোষ অসমীয়াৰ অমূল্য সম্পদ।
সহায় লোৱা হৈছে
১/(চন্দ্ৰ চহৰীয়া) হেমকোষেৰে অসমীয়া ভাষাক দি গ'ল সঞ্জীৱনী মন্ত্ৰ
২/গুগল
যুগুতাইছে
✍️সংগীতা বৰা
যোৰহাট,এলেংমৰা
পৃষ্ঠা ১১
■ অনুবাদ কবিতাৰ শিতান
মূল কবিতা
La misericordia è silente come la neve
La meditazione della mente
è assorta nella nullità della vita,
nella povertà più assoluta,
nel vuoto del rispetto,
nel silenzio dell'amore.
Io, uomo così solo,
nel mio saio di preghiera.
Io, Gigante abbandonato,
come le piramidi d'Egitto
nella sabbia del deserto.
La pietà dei grandi,
che non conosco,
segretamente m'aiuta
in nome della divina provvidenza.
Un Dio che tace
mi osserva nel buio della mia esistenza,
e mi difende,
fingendo di non vedermi.
La misericordia
non tuona mai come i temporali d'agosto,
ma è silente,
come la neve che cade a febbraio.
CAV. SILVANO BORTOLAZZI
CAVALIERE AL MERITO DELLA REPUBBLICA ITALIANA, PER LA POESIA
অনুবাদ কবিতাটো
দয়া হিমগিৰিৰ দৰে নিৰৱ
--------------------------------------------------
ধ্যান
শোষিত হয়
জীৱনৰ অশ্লীলতাত
পৰম দাৰিদ্ৰ্যত
শ্ৰদ্ধাৰ অকাৰ্য্যকৰৰ মাজত
প্ৰেমৰ নীৰৱতাত
মই, নিসঙ্গ
প্ৰাৰ্থনা মোৰ অভ্যাস
মই
পৰাক্ৰমী
পৰিত্যক্ত
মিশৰৰ পিৰামিডবোৰৰদৰে
মৰুৰ বালিত
মহান মানৱৰ কৰুণা
যি মই নাজানোঁ
গোপনে মোক কৰে সাহায্য
ঐশ্বৰিক দুৰদৰ্শিতাৰ নামত
সেইজন নিৰৱ ঈশ্বৰ
মোৰ অস্তিত্বৰ আৰালত
মোক পৰ্যবেক্ষণ কৰে
আৰু মোক ৰক্ষা কৰে
মোক নেদেখাৰ ভাঁও জুৰে
কৰুণা
পছোৱাৰদৰে
কেতিয়াও বজ্ৰপাত নহয়
ই মাথোঁ নিৰৱ
পুহ মাহৰ ম’হৰ শিং কঁপোৱা জাৰৰদৰে
============================
মূলঃ নাইট চিলভান’ বৰট’লজি, ইটালী
ভাৱানুবাদক
✍️ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সখী
-----
মূল - অশোক চৌধুৰী
জাল পাতি বহি আছিলোঁ
বিষন্ন দুপৰীয়া
এটি কপৌ চৰায়ে কুৰুলিয়াই আছিল
চৰাচৰ স্তব্ধ কৰি
মায়াময় এক ভৰ দুপৰীয়া।
বহি আছিলোঁ হু - হু কৰা ৰ'দত
কৱিতাৰ অপেক্ষাত,
ক্ৰমে ছায়া আহি শুহি নিলে ৰ'দ
আহিল ম্লান তৰা নিস্তব্ধ সন্ধ্যা
সন্ধ্যা পাৰ হৈ আহিল ৰাতি
হিম ঘননীল ৰঙৰ।
এনে সময়তে তুমি আহিলা আৰু
তোমাৰ আঁৰত সেয়া কোন -
সেয়া কোন বাৰু ?
সেয়া যে চিৰ চঞ্চলা কৱিতা ।
ভাৱানুবাদক
✍️ প্ৰদীপ চন্দ্ৰ শৰ্মা
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
Vazhdë
******
Rrugët e shkelura mbjellin përherë gjurmë
që e nesërmja të shkojë shtegut përsëri
vazhdës së hapur brazdave memorie
epokës fytyrë rrudhosur nostagji,
të asaj fuqie që ngre në këmë
nisur udhëtimit me zjarrin në gji
të ndrijë thellësitë e pafundme të shpirtit
të zgjohet frymës që e ngre në qiell.
×××××××××××××××××××××××××××××××
Agron Shele
Albenia
হলৰেখা
আলবেনিয়া।
অনুবাদ:- ডা: হীৰেন্দ্ৰ কুমাৰ ভাগৱতী।
পদদলিত পদপথত
দৈনিক হেঙাৰ বান্ধে
পিছৰদিনা আকৌ পদযাত্ৰা
অবিচ্ছিন্ন উন্মুক্ত মননৰ খাজ
কুঞ্চিত মুখত
নষ্টালজিয়া যুগৰ আভাষ
যি শক্তিৰে পদোত্তোলন কৰা হয় অগ্নি
শক্তিৰে সাগৰ যাত্ৰা আৰম্ভ
আত্মাৰ অতল গভীৰতা
অনুভৱ কৰিবলৈ
স্বৰ্গগামী আত্মাক জাগ্ৰত কৰা।
মূল:অগ্ৰন সেলে ( Agron Shele)
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
তিমিৰ হননৰ গান
মূল - জীৱনানন্দ দাস
অনু - প্ৰদীপ চন্দ্ৰ শৰ্মা
কোনো হৃদত
ক'ৰবাত নদীৰ লহৰত
কোনো এক সমুদ্ৰৰ জলত
পৰস্পৰৰ সৈতে দুটি পল পানীৰ দৰে মিলি
সেই এক ৰাতিপুৱা
শতাব্দীৰ সূৰুযৰ কাষত
আমাৰ জীৱনৰ আলোড়ন -
হয়তোবা জীৱনক শিকিব খুজিছিলে ।
অন্য এখন আকাশৰ দৃষ্টিৰে
আমি হাঁহিছো,
আমি খেলিছোঁ ;
সোঁৱৰণীৰ উত্তৰাধীকাৰত কোনো
গ্লানি নাই ভাবি
এদিন ভালপাই গৈছোঁ।
সেই ৰীতি আজি মৃতকৰ চকুৰ দৰে তথাপিটো --
তৰাৰ আলোকলৈ সন্দিগ্ধ দৃষ্টিৰে নিৰালোক ।
হেমন্তৰ প্ৰান্তৰৰ তৰাৰ আলোক।
সেই কথাটিত ধৰিয়েই আজিও খেলিছোঁ।
সূৰ্যালোক নাই - তথাপিটো -
সূৰ্যালোক মনোৰম বুলি হাঁহো।
সততে বিমৰ্ষ ভদ্ৰ জনগণ
উপলদ্ধি তথাপিটো সেই বিষাদতকে
বহু বেছি ক'লা প্ৰচ্ছায়া
লংগৰখানাৰ আহাৰ খাই
মধ্যবিত্ত মানুহৰ বেদনাৰ নিৰাশাৰ হিচাপ পাহৰি
নৰ্দমাৰ পৰা শূণ্য ওভাৰব্ৰিজত উঠে
নৰ্দমাত নামে -
পদপথৰ পৰা দূৰ নিৰুত্তৰ পদপথত গৈ
নক্ষত্ৰৰ জোনাকত শুবলৈ বা মৰি যাব জানে।
এইসকল সকলো সেই পথৰ - তথাপিটো
মধ্যবিত্তৰ জগতত
আমি বেদনাহীন - অন্তহীন বেদনাৰ পথত।
একো নাই - এই ভাবনাত খেলো;
সূৰ্যালোক প্ৰজ্ঞাময় ভাবি হাঁহো;
জীৱিত বা মৃত ৰমনীৰ দৰে ভাবি - অন্ধকাৰত
মহানগৰীৰ মৃগনাভি ভাল পাওঁ।
আমি জানো তিমিৰ বিলাসী?
আমিতো তিমিৰ বিনাশী
হ'ব বিচাৰোঁ
আমিতো তিমিৰ বিনাশী।
@ এই কৱিতাটি ১৯৪৮ চনত ৰচিত,সেই সময়ৰ দেশ বিভাজনৰ সময়ত দেশান্তৰিত হোৱা সাধাৰণ মানুহখিনিৰ কৰুণ ছৱি স্পষ্টৰূপত দেখা পোৱা যায়।
পৃষ্ঠা ১২
■ কাব্যকাননৰ জনপ্ৰিয় অনুষ্ঠান-
কথোপকথন
বিশিষ্ট প্ৰকৃতিবিদ পদ্মশ্ৰী যাদব পায়েং দেৱৰ সৈতে
কথোপকথন
সাক্ষাৎ গ্ৰহণঃ
সংগীতা বৰা
অৰণ্য মানৱ হিচাপে বিশ্বজুৰি বিশেষ খ্যাতি লাভ কৰা পৰিবেশবিদ পদ্মশ্ৰী,যোৰহাট ককিলামুখৰ নিবাসী ড°যাদৱ পায়েং দেৱে ক্ৰমশঃ ২০১২ চনৰ ২২ এপ্ৰিলত ভাৰতৰ অৰণ্য মানব বঁটা আৰু উপাধি,২০১৫ চনৰ ২৬ জানুৱাৰীত পদ্মশ্ৰী সন্মানেৰে বিভূষিত হোৱাৰ লগতে ২০২০ চনত তেখেতক ১২৮ সংখ্যক "কমনৱেলথ পইণ্টছ্ অৱ লাইট এৱাৰ্ড" বঁটাৰেও সন্মানিত কৰা হৈছে ।
পৰিৱেশ সুৰক্ষালৈ আগবঢ়োৱা স্বেচ্ছামূলক অৱদানৰ বাবে ৰাণী দ্বিতীয় এলিজাবেথৰ দ্বাৰা তেখেতক এই স্বীকৃতি প্ৰদান কৰা হয় ।
যাদৱ পায়েঙক প্ৰকৃতি তথা পৰিবেশলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ কাৰণে অসম কৃষি বিশ্ববিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰীৰ সন্মান আগবঢ়াইছে। ইয়াৰ লগতে ,জনপ্ৰিয় ভিডিঅ’ ব্ল’গাৰ নুচিৰ য়াচিনে (Nuseir Yassin) (তেওঁ দৈনিক ১০০০ টা ১ মিনিটৰ ভিডিঅ’ নিৰ্মাণ কৰি নাচ ডেইলীৰ পেইজত আপলোড কৰে) ইতিমধ্যে পায়েং দেৱক লৈ ভিডিঅ' নিৰ্মাণ কৰিছে।যি বিশ্বজুৰি যথেষ্ট সমাদৰ লাভ কৰিছে।
ইয়াৰোপৰি আৰু বহুতো বঁটা তথা সন্মানেৰে সন্মানিত হোৱা অসম গৌৰৱ মহান ব্যক্তিগৰাকীৰ সৈতে হোৱা "কথোপকথন" শিতানটি আপোনাকৰ মাজলৈ আগবঢ়াইছোঁ-
■কাব্য কানন - নমস্কাৰ ছাৰ।পোন প্ৰথমে মই সংগীতা বৰাই "কাব্যকানন" আলোচনীৰ তৰফৰ পৰা আপোনাক আমাৰ মাজলৈ স্বাগতম জনাই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনাক এনেদৰে আমাৰ মাজত পায় আমি সঁচাকৈয়ে গৌৰৱবোধ কৰিছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টি জনাবচোন।
●যাদৱ পায়েং - মোৰ জন্ম ১৯৬৩ চনত (সঠিক চন-তাৰিখ ভালকৈ মনত নাই), যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ বৰঘোগ নামৰ এটা চাপৰিত। পিতৃ লক্ষীৰাম পায়েং আৰু মাতৃ আফুলি পায়েং। পৰিয়ালৰ তেৰটা সন্তানৰ ভিতৰত মই আছিলো তৃতীয় সন্তান।
■কাব্য কানন- মূলাই চাপৰিত যি অৰণ্য আছে সেইয়া আপোনাৰ কিমানদিনৰ পৰিকল্পনা?
◆যাদৱ পায়েংঃ হয়।সেইয়া এক ঐতিহাসিক অধ্যায়। য'ত ভাৰতৰ অন্তিমখন যুদ্ধ ব্ৰিটিছ আৰু মানৰ মাজত সংঘটিত হৈছিল। এই তয়াময়া ৰণ মহগড়খুটী নামৰ হাবিখনতে হৈছিল ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চুক্তি অনুযায়ী ২৪ ফ্ৰেব্ৰুৱাৰীলেকে।সেই যুদ্ধত মান হাৰিছিল।তেতিয়া দেখা পোৱা গৈছিল তাতেই এটা জাহাজ-ঘাট ;পাছত তালৈ ৰেল-সেৱাও প্ৰতিষ্ঠা কৰা হৈছিল। উজনি অসমৰ প্ৰথম ৰেইলৱে লাইন "জেপিআৰ" তাতে আছিল ।কিন্তু দুৰ্ভাগ্যবশত ১৯৬৫ চনৰ পৰা ১৯৭০চনৰ ভিতৰত , গৰা খহনীয়াত আমাৰ গাঁৱৰ জাহাজ ঘাট,মহগড়খুটি সকলো বিলুপ্ত হৈ গৈছিল।মানুহবোৰো ছেদেলি ভেদেলি হৈ গৈছিল। কিন্তু তাৰ কেইবছৰমান পিছতে ব্ৰহ্মপুত্ৰই তাতেই পুনৰ চাপৰি গঢ়াত কিছুসংখ্যক মানুহে পুৰণি গাওঁ আৰু নদীৰ মোহত পুনৰ চাপৰিলৈ উভটি গৈছিল। তাহানিৰ ৰেলৰ-চিৰি পৰিত্যক্ত অৱস্থাত বহুদূৰ পৰ্যন্ত তাত এতিয়াও আছে।
মই যোৰহাট বালিগাৱৰ দিচৈকাষৰ নিবাসী অনিল বৰঠাকুৰ (জৰ্জ কৰ্টৰ পেছকা)ৰ ঘৰত থাকি তৃতীয় শ্ৰেণীৰ পৰা পঢ়িছিলোঁ।বালিগাঁৱৰ জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠ বিদ্যালয়ত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিলোঁ। আৰ্থিক অনাটনৰ বাবে পিছত আৰু অধিক পঢ়া নহ’ল
তাৰ পিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড° যদুনাথ বেজবৰুৱাৰ সান্নিধ্যত আহিছিলোঁ।তেখেতে সৰুৰে পৰা গছ ভালপোৱা ,গছ পুলি ৰোৱা এইবোৰ অভ্যাস গঢ়াই তুলিছিল।পাণ পুলি ৰুব দিছিল।মোৰ হাতত গছপুলি খুউব হয় ।
তেতিয়া তেখেতে এদিন মোৰ হাতখন চাই কৈছিল "তই এই কামটো নেৰিবি।তোৰ এই কামতে তই এদিন পৃথিৱীৰ ভাল মানুহ হ'বি।আৰু চাবি তই এইবোৰ কৰোঁতে তোক কুকুৰে ভুকিব কিন্তু মনত ৰাখিবি- হাতীয়ে কেতিয়াও ঘূৰি নাচায় আৰু কেঁকোৰাৰ জীৱন লোৱা অসমীয়া জাতীটোৰ এইবোৰ কথাত গুৰুত্ব নিদিবি । তোৰ কামটো তই কৰি যাবি।" সেইবাবে জীৱনত সফল হ'বলৈ সক্ষম হৈছো ।এতিয়াও যদি মোক বিশ্বসন্মিলন বোৰলৈ আমন্ত্ৰণ কৰে, মই তেওঁৰ পৰামৰ্শ লওঁ যে মই কি কৰিম! এতিয়াও তেখেত মোৰ লগত আছে।তেওঁক মোৰ গুৰু হিচাপে মানো।
■কাব্য কানন- আমি জনামতে ২০০৮ চনত হাতীয়ে যেতিয়া আপোনাৰ অঞ্চলত ,অৰণ্যত দল বান্ধি আহিছিল।তেতিয়া সাধাৰণ শ্ৰেণীৰ ঘৰ এটাও থোৱা নাছিল বুলি শুনিছো।তেতিয়া গাঁৱৰ ৰাইজে গছবোৰ কাটিবলৈ মাৰ বান্ধি আহিছিল।তেতিয়া আপুনি গছবোৰ কিদৰে কটাৰ পৰা বচালে?
●যাদৱ পায়েং-ৰাইজৰ খং উঠাটো স্বাভাবিক।ৰাইজ আলোচনাত বহিছিল।ময়ে হাতী মাতি অনা বুলি ৰাইজে কৈছিল।এই ভুল ধাৰনাবোৰ ৰাইজৰ মাজত সোমাইছিল । আৰু গছবোৰ কাটিবৰ বাবে আলোচনাত বহিছিল , গছবোৰ কাটিলে যাতে আৰু হাতী আহিব নোৱাৰে।
আৰু এদিন গছ কাটিবলৈ হাজাৰজন মানুহ আহিছিল আৰু মই তেতিয়া কৈছিলোঁ- "প্ৰথমতে মোক কাটক, তাৰ পাছতহে গছ কাটিব পাৰিব।কাৰণ মোৰ গছেতো কাৰো ঘৰ ভঙা নাই ।হাতীয়েহে ভাঙিছে। মন্ত্ৰী আছে,এম এল এ আছে ,ফৰেষ্টৰ মানুহ আছে।তেওঁলোকৰ সৈতে যোগাযোগ কৰক।" এনেকৈ কোৱাত
তেওঁলোক তেতিয়া ঘূৰি গৈছিল।
তাৰ পিছত অসমৰ সংবাদ মাধ্যম আহিছিল।তেওঁলোকক প্ৰথমতে মই চোৰাং চিকাৰী বুলি ভাবিছিলোঁ।সোমাবলৈ দিয়া নাছিলো কাৰণ তেতিয়া গড়ঁ আছিল,হাতী আছিল বহুত,বাঘ আছিল,হৰিণা আছিল…পাছত মই বুজি পোৱাত তেওঁলোকক প্ৰৱেশ কৰিবলৈ অনুমতি দিছিলোঁ ,আৰু তেওঁলোকে মোক মানসিক ভাৱে যথেষ্ট সহযোগিতা আগবঢ়াইছিল ,যাৰ বাবে তেওঁলোকৰ ওচৰত মই আজিও কৃতজ্ঞ।
■কাব্য কাননঃ আপোনাৰ এই অৰণ্যত অধিক সংখ্যক গছ আগৰ পৰাই আছিল নে আপুনি সকলো ৰূপন কৰা?
◆যাদৱ পায়েং- নাই নহয়।প্ৰথম শুকান বালি আছিল। মই পুলি ৰূপন কৰি কৰি এই পৰ্যায়ত আনিলোঁ।
■কাব্য কাননঃ অৰণ্যখনত মাটি কিমান আছে?
◆যাদব পায়েং- মাটি ১৩৬০ একৰ গোটেই অঞ্চল জুৰি আছে।
চাৰিহাজাৰ পঞ্চাশ বিঘা সেউজীয়া হৈ গ'ল ।
আৰু দুইহেজাৰ হেক্টৰ লৈছো।হাতী আৰু বান্দৰৰ খাদ্যৰ বাবে।আৰু এতিয়া হাতী আৰু বান্দৰৰ সংঘাত কমি গৈছে যিহেতু সিহঁতি খাবলৈ পাইছে।
■কাব্য কাননঃ ড° এ পি জে আব্দুল কালাম ছাৰৰ পৰা যেতিয়া আপুনি বঁটা গ্ৰহণ কৰিছিল তেতিয়া আপোনাৰ অনুভৱ কেনে হৈছিল? অলপ জনাবচোন
◆যাদৱ পায়েং -তেখেতে পৃথিৱী ধংস কৰি দিব পাৰে সেইয়া ক্ষমতা তেওঁৰ আছে।আৰু সেই বিজ্ঞানীজনে যেতিয়া মোৰ মুৰত চুই আৰ্শীবাদ দিছিল ।তেতিয়া মোৰ মনৰ অনুভৱ এনে আছিল যে মোৰ আৰু কৰিবলগীয়া কাম বহুতেই আছে…
আৰু সেই বঁটা দিয়াৰ পাছৰে পৰা মোক সমগ্ৰ বিশ্বতে আমন্ত্ৰণ জনাবলৈ ধৰিলে।
আৰু কালাম ছাৰে অন্তৰত যি মোক উৎসাহ দিলে আৰু কোনেও দিব নোৱাৰে।তেওঁ পৃথিৱীৰ বাবেই উৎসাহ দি গ'ল।
■কাব্য কাননঃ আপোনাৰ মূলাই কাঠনীৰ নামকৰণৰ উৎস কি?
●যাদৱ পায়েং- আগতে মই বৰ ৰঙা -বগা আছিলো।মৰমতে মূলা বুলি মাতে গাৱত ।সেয়ে হস্ৰ 'ই ' লগাই মূলাই কৰি দিলে।আৰু নাম দিলে মূলাই কাঠনী।
■কাব্য কাননঃ আপোনাৰ অৰণ্যত থকা জীৱ-জন্তুৱে আপোনাক কেতিয়াবা অপকাৰ কৰিছেনেকি?জীৱ-জন্তু একেবাৰে কাষত পাইছে নে?
●যাদৱ পায়েং- নাই নাই ! মোক কেতিয়াও অপকাৰ কৰা নাই ।কোনো জীৱ-জন্তুৱে কেতিয়াও অপকাৰ নকৰে দুখ নাপালে।মানুহে অপকাৰ নকৰিলে সিহঁতিও একো নকৰে। সিঁহতৰ পৰা শিকিবলগীয়া আমাৰ বহুত আছে।
জীৱ-জন্তু একেবাৰে কাষত পাইছো।মই ভাত খাই থাকোঁতেই বাঘে গৰু দাঙি নিছে মইনো কি কৰিম।সিহঁতৰ খাদ্য সেইয়াতো খাবই ।এইয়া ইক' চিষ্টেম, গৰুক বাঘে খাবই ।আকৌ থকা গেলা খিনি শগুণ কাউৰীয়ে খাবই ।সাঁপে বেং খাবই…
■কাব্য কানন- এইখিনিতে বহুতে বহুধৰণে কৈ থকা এটি প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ।বহুতে বিতৰ্কৰ মাজলৈ আনিব বিচাৰে যে আপুনি কাঠ আনে হাবিৰ পৰা।
এইক্ষেত্ৰত আপুনি কি ক'ব? গছবোৰ আপুনি প্ৰয়োজনত কেতিয়াবা কাটেনে?
◆যাদৱ পায়েংঃ নাই ।গছ কটাৰ প্ৰয়োজনেই নহয়।কাৰণ গছবোৰ বৰ ভাল লাগে।দেখিবলৈ বৰ ধুনীয়া।
কিন্তু যেতিয়া গছবোৰ শুকাই যায় মৰি যায় তেতিয়া আনো।
হয় ! বহুতে তেনেদৰে কয় ।আমাৰ জাতিটোৱে কেঁকোৰা জাতি।গছ মই ৰুইছো সকলো ,গতিকে প্ৰয়োজনত কেতিয়াবা আনিবও পাৰোঁ কিন্তু ব্যৱসায় কৰা নাই ! আৰু মৰা গছ যদিও আনো তাৰ সলনি হাজাৰ জোপা ৰুইছো।
■কাব্য কাননঃ হয় মানুহৰ মাজত থকা ভুল ধাৰণাখিনি বোধকৰোঁ নাশ হ'ব।সুখী হ'লো জানিব পাৰি লগতে গৌৰৱ কৰোঁ আপোনাক লৈ যে আপুনি গছ যদি শুকাই মৰি যায় তাৰ বিপৰীতে হাজাৰজোপা ৰূপন কৰে।এইদৰে যদি আমি সকলোৱে ৰুব পাৰোঁ , আশাকৰো পৃথিৱীখন সেউজীয়া হৈ উঠিব সম্পূৰ্ণৰূপে ।
আপুনি আমাৰ উঠি অহা নৱ প্ৰজন্মক কি ক'ব বিচাৰিব এইমুহুৰ্তত?
●যাদৱ পায়েং- মই শিক্ষাব্যৱস্থাকো এইটোৱে কম যে যে সৰুৰ পৰাই পৰিৱেশ শিক্ষা পাঠ্যপুথিত সন্নিবিষ্ট কৰিব লাগে।তেতিয়াহে সৰুৰ পৰাই মনত সোমাই যাব যে পৰিৱেশ সেউজীয়া কৰিলেহে আমি বাচি থাকিম।গছপুলি ৰুলেহে পৃথিৱী ধুনীয়া হ'ব
আৰু কণ কণ ছাত্ৰ-ছাত্ৰীসকলকো এইটোৱে কম যে তোমালোকে গছ ৰোৱা ,যিমান পাৰা গছপুলি ৰোৱা আৰু তাক ভালদৰে সংৰক্ষণ কৰিবা। গছ থাকিলেহে আমিও জীয়াই থাকিম।
■কাব্য কাননঃ আপুনি গল্প ,উপন্যাস ,আলোচনী এইধৰণৰ কিবা অধ্যয়ন কৰেনে?
●যাদৱ পায়েং- মানুহৰ জীৱনটোৱে এখন উপন্যাস ।মানুহৰ জীৱনীয়ে শ্ৰেষ্ঠ জীৱনী।আমি বহু শিকিব পাৰোঁ।
তোমালোক আগুৱাই আহিছা ভাষা জাতি মাটিৰ স্বাৰ্থত, বৰ ভাল কথা।
■ কাব্য কাননঃ আপোনাক আন্তৰিকতাৰে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।
আপোনাৰ ইমান কৰ্মব্যস্ততাৰ মাজতো আমাক আপোনাৰ এই মূল্যবান সময়খিনি দিয়াৰ বাবে।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম।
● যাদৱ পায়েংঃ হয় । মইয়ো সংগীতা বৰাক ধন্যবাদ জনাইছো লগতে " কাব্য কানন "আলোচনীৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ।লগতে আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
পৃষ্ঠা ১৩
■কবিতা
একো নাই,স্বপ্ন নাই
--------------------------------------
গায়ত্ৰী দেৱী বৰঠাকুৰ
(এক)
ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত
গ্ৰীষ্মৰ কেইটা মান ক্ষুদ্ৰকায় দৃশ্য
হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল এটা ঘন্টা
মোৰ নিসংগতম অনুভূতিত
এটি শিশুৰ সতে
শিল আৰু নিজৰাৰে ভৰা এই উপত্যকাত
ৰৈ -ৰৈ শুনিছিলোঁ সেই মাত
এই যেন প্ৰথম শুনিলোঁ
তোমাৰ শূন্যতাত আমাৰ দুখভাৰ
এতিয়া সৰ্বত্ৰ বিয়পি পৰিল
আচ্ছাদিত দুখ
(দুই)
নৈখনৰ পাৰেৰে বাটটো
সৰা পাতটিত আৰ্তস্বৰ
শ্যামবৰণীয়া নাৱিকবোৰ
নীলা- নীলা সিৰবোৰ
কিমান দূৰত এৰি আহিলোঁ
গধূলি লিখা
এটা নীল উপলব্ধি
ইয়াৰ পৰা কিমান দূৰ
(তিনি)
গছপাতবোৰৰ মাজেৰে আহি
এখন টুলুঙা নাৱত উঠি আহে
উভলা গছৰ আগ
উস্ আস্ উচুপনি কেঁকনি ভৰা ডেই যোৱা
মাজৰাতি ক'ৰবাত সেয়া
গছবোৰ উভালি পৰিছে
গছপাতবোৰ মোহাৰিলেই তেজ ওলাই
ঘেঁহুৰ পথাৰৰ ওপৰত এজাক কাউৰী
শিঙা বাজে ধোঁৱা উৰে শিঙা বাজে
হঠাৎ সেই আৰ্তনাদ আহি গোট মাৰি
গছৰ আগত দোলে ধুমুহাৰ মুকুট
কেৱল স্তব্ধতাৰ শব্দ
ৰাতিৰ নৱম ঘন্টাৰ অপেক্ষাত
চৰগ পৰি থিয় দি থকা
এখনি মুখ
ধোঁৱাৰ সময়
(চাৰি)
দূৰৈৰ জুইকুৰা যেতিয়া কাষ চাপি আহে
ক্ৰমাৎ হাওলি আহে পাহাৰটো
এইযে মই তোমাৰ হাঁহিটো হাঁহিছিলো
আৰু তাক মই যি দিব নোৱাৰিলোঁ
আৰু তেতিয়াই অজ্ঞান হৈ পৰিছিলোঁ
ৰাতিৰ বৃন্দাবনৰ মাজেৰে
এইখিনিতেই দুয়ো এৰা-এৰি হৈছিলোঁ
কেতিয়াবা তোমাক আকৌ পানীত বিচাৰি যাওঁ
অনুচ্ছাস স্থাপত্যিক সুমিত সুষমা
আঙুলিবোৰ মেলি দিয়া
আৰু এদিন দুপৰীয়া
শোৱনি কোঠাটিত সোমালোঁ
শংখৰ নিনাদ
আলফুলকৈ দুহাতেৰে সাৱটি ধৰিছিলোঁ
মৈথুন সংগীত
(পাঁচ)
ক'ত আছোঁ
কেনে আছোঁ মোক নুসুধিবা
নাজানো
টোপনিতো তেওঁ মোক খেদি ফুৰিছিল
গতি নে অভিব্যক্তি ব্ৰহ্মাণ্ডৰ
পালানে কিবা উত্তৰ
অন্তহীন জলৰেখাত জলন্ত এডাল মমৰ দৰে
তেওঁৰ অসুখ হৈছিল
আঃ হাত খন মেলিলেই তেতিয়াৰে পৰা আকাশত
তেজ
বাঁহবোৰ ফুটিছে তৰাবোৰ সৰিছে
তোমাৰ গৰ্ভত থকা এচেৰেঙা হালধীয়াই কান্দি পঠিয়ালে
এডোখৰ স্ফটিকত কাটি ল'লো তোমাক
তুমি সৈনিক,তোমাৰেই উন্মোচনৰ ক্ষমতা
শুই থকা মানুহবোৰৰ মুখৰ পৰা শুভ্ৰ এক স্বচ্ছতাত মই প্ৰৱেশ কৰোঁ
কোনোবা এজনে চিঞৰি উঠিল কোনো নাই ইয়াত
শিশু নাৰী বৃদ্ধ
এতিয়া ঘন কুৱঁলীৰ মাজেৰে নিগৰি
প্ৰকাণ্ড শিলটোৰ ফাটবোৰত
দলবান্ধি মৰাশবোৰ বাটলৈ ওলাই আহে
(ছয়)
আজি ৰাতিয়েই দুৰ্ঘটনাটো ঘটিব পাৰে
সন্ধ্যাৰ তেজ-তুমৰলি সেই গৰখীয়া
ধ্বংস্তূপত নিৰ্জনতা
সেই ৰহস্য নীল ধতুঁৰা
শ্যামবছা ওৰেটো ৰাতি উজাগৰে কটালোঁ
দীঘল-দীঘল হৈ অহা পাহাৰটোৰ আন্ধাৰে
আন্ধাৰ সুৰে
শূন্যতাৰ সাৰ
উপায়ন্তৰ
পোহৰক দুভাগ কৰা
(সাত)
অলপ আগতে আমি কি কথা পাতি আছিলো
আহক ওলাই যাঁও
ক'ত বছৰৰ পাছত আজি এই সন্ধিয়া
শিলৰ ৰথত ঘোঁৰা চেঁকুৰাই সেয়া
তিনিটা বিভিন্ন কবিতা
এটি হৰিণা পোৱালি
স্বপ্নবাসৱদত্তা
এপিয়লা সোণোৱালী ৰ'দ
অন্য কোনো নক্ষত্ৰৰ এয়া
অভিজ্ঞা
চিন্ময়ী
কোৰাছ
ছাঁ
তোমালৈ বৰ্ষা সন্ধ্যাৰ এটি কবিতা
তুমি যে তিলফুল হৈ
দৃশ্য
বুৰঞ্জী
এগৰাকী কবিৰ নামত উৎসৰ্গিত
তোমাৰ দুখ
নদীত বৰফ
সূৰ্য হেনো নামি আহে এই নদীয়েদি
দুহাতেৰে তোমাক সাৱটি লওঁ
কি ফুলৰ গোন্ধ
উত্সৱৰ এই শ্যামল সন্ধ্যা
গোলাপী জামুৰ লগ্ন
(আঠ)
আৰু এদিন দুপৰীয়া
এজন কবিয়ে কৈছিলে
হে উদ্ভাসিত মুহূৰ্ত
আপুনি কবিতা পঢ়েনে?
প্ৰতিটো কবিতাই এটা মানৱিক মুহূৰ্ত
কবিতা ভাষা শিল্প,জীৱন শিল্পও
পাতি-সোণাৰুৰ ফুল
হে ভীষণ ঐশ্বৰ্য! তোমাৰ প্ৰেম
উৰন্ত অপ্সৰাৰ হাঁহি
এজোপা গোলাপ ফুল
এটা চৰাই ,এজন দেৱদূত
আত্মজ....
(** নীলমণি ফুকন ছাৰৰ কবিতাৰ শীৰ্ষকেৰে কবিতা।)
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
আম্ৰপালী
--------------------
অৰ্চনা ঠাকুৰীয়া
বহু প্ৰেমিকৰ সান্নিধ্য পাইও সুখী যে নাছিল তাই
কিন্তু সুখী হোৱাৰ মন্ত্ৰ হয়তো জানিছিল
শিলৰ পৰা সংগীত নিগৰাই অনাৰ কলাও জানিছিল।
কিন্তু কিয় জানোঁ
বিষাদ বাঁহীৰ সুৰ এটি বাজিছিল হৃদয়ত অহৰহ
ভগ্ন মনোৰথে উটুৱাই নিছিল নেকি সুখৰ পানচৈ !
বৈশালীৰ জীৱন্ত ৰূপকথা আম্ৰপালী
প্ৰেমিকৰ অভাৱ কোনোকালে নাছিল
কিন্তু সেই প্ৰেম নিস্বাৰ্থ নাছিল
কত হেঁপাহে প্ৰাণ পাই উঠিছিল
পুনঃ জ্বলি জ্বলি শেষ হৈ গৈছিল
যেন আগ্নেয়গিৰিৰ উত্তপ্ত লাভা
কিজানিবা এক বিপুল শক্তিৰ বাবেহে নাৰীয়ে ধাৰণ কৰিব পাৰে পুৰুষক শৰীৰেৰে,আত্মাৰে....
দুখৰ সাগৰত অবগাহন কৰিও স্থিৰ হৈ থাকিব পাৰে,
মমৰ দৰে গলি গলি
দুখবোৰ নিঃশেষ হৈ পৰে...
কোনো বুদ্ধৰ চৰণ স্পৰ্শেৰে
পুনৰ উজ্জীৱিত হয়
ধংসৰ পৰাও সৃষ্টি হয়
জীৱন জিনাৰ মধুৰতম গীত |
বি :দ্ৰ:(আম্ৰপালী বৈশালী প্ৰদেশৰ এগৰাকী নগৰ গণিকা আছিল।চৌষষ্ঠী কলাত নিপুণ আছিল তেওঁ। জীৱনৰ শেষচোৱাত গৌতম বুদ্ধত শৰণাপন্ন হৈছিল।)
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
লক-ডাউন
---------------------
গীতুমণি তালুকদাৰ
খালী পেট
ভৰি খালী
কুঁজত
দুখৰ একোটা বোজ
বীষাণুৰ দেওলগা ভাষা
কোনে জানে
কোনে বুজে
একত্ৰিশ, চৈধ্য, তিনি বা
সোতৰ কি
জীয়াই থকাৰ তাড়নাতহে
খায় সিহঁতে
দুচকুত ওলমি থাকে
সন্তানৰ ভোকাৰ্ত চকুযুৰি
ৰুগ্ন পিতৃ-মাতৃৰ মৃত সঞ্জীৱনী
ক্ষোভৰ জুই জ্বলিলেও
কথাৰ জুই নজ্বলে সিহঁতৰ
কাৰণ...
সিহঁতৰ জেপত সদায়েই
শেষ হয় মাহ
আপোনাৰ মোৰ দৰে
নিশ্চিন্ত হ’ব নোৱাৰে
বছৰটোৰ জোখাৰে..
পৃষ্ঠা ১৪
বিষকন্যা- এক বিলাস
(সঁচা চৰিত্ৰৰ আধাৰত)
---------------------------
জুৰি ভট্টাচাৰ্য
দাঁতভঙা সাপদাল পোহ মনোৱাৰে পৰা
তাই বিষকন্যা ।
বিষে কুটকুটোৱা ঠেৰেহা স্তনত ধৰি আনি
মেলি দিয়ে গোৱালাসাপ ...
খোট লগা বুকুত নাচে বন্য উল্লাস ৷
বিষকন্যাৰ নখত -দাঁত -জিভাত বিষ ৷
তাইৰ যে উশাহতো ...
সন্মোহন কৰে
অজগৰৰ দৰে।
ঠেৰেহা বুকুত আৰু নেমেলে গোৱালা ..
এখন মুখত মৌ ঢালি পুৰাই হেপাঁহ ৷
পূৰাই বিলাস ৷
বিষকন্যা ...
ক্ৰমে ...
লাহে লাহে
এদাল জাল -পহীয়া ..
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বিষন্ন মন
------------------
মণিকা দাস
ব'হাগ অহাৰ আগেয়ে পুৰণি পাতবোৰ সৰি পৰে
সৰাপাতক এলাগী কৰা গছে নাজানে
তলসৰা শুকান পাতৰ ঠাৰিটোযে থাকে
সেউজীয়া গঢ়াৰ সাৰ!
সেয়ে কবিয়ে পুৱতি নিশা কবিতা লিখে
জিৰণি লোৱা দুখবোৰে মুকলিকৈ হাঁহে
সূৰ্য গুচি গ'লে আকাশেও যে কান্দে
কোনে দেখে
কবিৰ ঘৰত দুখৰ আখৰবোৰে
গোপনে চকুলো টোকে
পুৱা সাৰপাই শেতা হাঁহিৰ আন এখন নাটক
পুৱাবোৰ দেখোন এনেকুৱাই
দুখবোৰে গোপনে হাঁহিৰ আঁৰত লুকাই!
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ফুলমণিৰ কৰুণ গাথা
-------------------------------------------
প্ৰাগজ্যোতিষ শইকীয়া
(#সত্য অপ্ৰিয় কিন্তু সত্য এটি সূৰ্য্য)
এটা দিন আছিল
ৰ'দপকা আবেলি ফুলমণিয়ে চোতালত ছটিওৱা বগা ভাতৰ
ভোকত
ক'লা কাউৰীয়ে চোতাল ঢাকিছিল …
খুটিয়াইছিল টোটোলা ভৰাই
তেতিয়া ফুলমণি আছিল এপাহ ফুল
ফুলমণি আছিল গৰখীয়া বাঁহীৰ এটি সুৰ
ফুলমণি আছিল বতাহত ভাঁহি অহা এছাটি সুবাস
ফুলমণি আছিল বৰ্হমথুৰিবুলীয়া এযোৰি
মৌকুঁহ কোমল ওঁঠ
তাইৰ তিয়নি অন্তৰ্বাস ৰ'দত মেলিলে
দূপৰৰ বেলিটো মাতাল হৈ পৰিছিল
কাউৰীজাকো …
নিজানে-নিৰলে ফুলি থকা কেতেকীৰ দৰে
তাইৰ নিষ্পাপ দেহবল্লৰীয়ে বুজি পোৱা নাছিল
বেলিটো আৰু
চোতালৰ কাউৰীজাকৰ
কামনালুলোপ চাৱনিৰ অভিধা …
চিনি পোৱা নাছিল জীৱনৰ খলা-বমা
ষোড়শী সময়ৰ আপোন পাহৰা সুৰ …
দাপোনত চাই নিজেই মুগ্ধ হোৱাৰ সময় সেয়া ফুলমণিৰ
মাতাল বেলিটোৱে শিকোৱোৰ আগতে
কাহানিও পঢ়া নাছিল যৌনগন্ধি আদিপাঠ
পঢ়াওঁতে পঢ়োঁতে এদিন বেলিৰ স'তে
তায়ো আওৰাইছিল সেই পাঠ
এদিন তাইৰ উশাহবোৰ ঘন আৰু চুটি হৈ আহিছিল …
তেতিয়া কাউৰীজাক আঁতৰি গৈছিল আৰু
তাইৰ শুৱণি কোঠাৰ বিচনাত বেলিটো
ট-টকৈ জ্বলিছিল
আত্মজাহ দিছিল ফুলমণিৰ কুসুম কোমল কুমাৰিত্বই
সময়ৰ আহ্বানত এদিন ফুলমণি হেৰাই গ'ল…
লগে লগে বেলিটো ডুব গৈছিল অস্তাচলৰ বুকুত
মাথোঁ নিজানে-নীৰলে বৈ আছিল
ফুলমণিৰ জৰায়ুৰে বৈ অহা নৈখন
বৈ আছে আজিও নিৰ্মল পানীৰ নৈখন
পাৰত আজিও ফুলে শত সহস্ৰ বনৰীয়া ফুল
নিৰ্মল পানীৰে নৈ খন জাৰজ , সমাজৰ বচন
কিন্তু ফুলবোৰ হৈ পৰে দেৱতাৰ অৰ্ঘ্য …
ফুলমণিৰ জীয়া ইতিহাস
দেৱৰ পূজন ব্যবহৃত ফুল
পৃষ্ঠা ১৫
সম্ভোগ
--------------
ছৈয়দা আঞ্জুম আৰা হুছেইন
ঘাঁহনি পাৰ হৈ তোমাৰ ঘোঁৰাই মৰুভূমি গচকিছিল
তুমি ডিঙিত পানীৰ টোপালা লৈ উট হ'লা
ঘাঁহত মৰণা মাৰি মৰুভূমিৰ উট হৈ শুকান কাঁইট
পাগুলি পাগুলি সোণৰ চেকুৰাত তোমাৰ বিলাসী স্নান
সৰসৰাই নামি থকা বৰষুণ জাকে গৰাত উকি এটা মাৰিলেই
পানীপোতাত বাকে ঘৰ সাজে
ভিতৰি ভিতৰি বাঢ়ি অহা সুখ এটাৰে তোমাৰ আঙুলিত
গণনা চলে মাছ চপোৱাৰ নেওতা
নালন্দা তক্ষশীলাৰ সোণ মেৰিওৱা সাঁচীপাতত
মকৰাই জাল বান্ধিলে , উদং টৌত সপোন সেপিয়াই
জুমুকীয়াই থাকে ক্রমশ মৰি অহা নদী;
তোমাৰ উটে তাৰ পৰাও পানী পি থ'ব জানে
চাকি এগছিৰে পোহৰ কৰিব পৰাকৈ আছেনে এটি সুৰুঙা
একান্তই তোমাৰ নিজা ঘৰখনত ?
থৰক বৰক লাখুটিত __কিহৰ ধৰফৰণি
মাথোঁ পাঁচ ফুট মাটিৰ দামনো কিমান
ৰণাই চপোৱা তজবজীয়া ঘোঁৰাৰ
কাঁইট চোবাই ৰস উলিওৱা মৰুৰ উটৰ দিগ্বীজয়ী পথ শীতল পৰিলেই_
পিঠিৰ ফালে ৰৈ যায় বৈভৱৰ পাহাৰ
উশাহ এটা সুখী হ'ব পৰাকৈ পাহাৰৰ উচ্চতাই বাৰু কিমান ?
কবৰত শুই থকা দাউদক সুধি চাওঁ _
এতিয়াও তেওঁ সুখী নে কবৰৰ মাটিৰ জোখাৰে ?
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
জুইৰ পোছাকযোৰ তোমালোকক দি দিলোঁ
--------------------------------------------------------------------------------------
ইলামণি শইকীয়া
তোমালোক বৰফৰ নদীখনৰ পাৰত কঁপি আছিলা
মোৰ জুই পোছাকযোৰ তোমালোকক দি দিলোঁ
ইমান নিঃস্ব...উদং...
যে তোমালোকে প্ৰেমৰ বাবে এৰি আহিছা
কংক্ৰিট কোলাহল
অথচ নিজান এই প্ৰান্তত বহি
কোনোবা ভেলেণ্টাইনৰ প্ৰেমৰ পাঠ আওৰাইছা
ভালপাওঁ বুলি কোৱাৰ আগতেই আৰম্ভ হৈছে প্ৰেমৰ ৰাসায়নিক বিক্ৰিয়া
(সম্ভৱতঃ তোমালোকৰ আগত প্ৰেম কি কোনেও জনা নাছিল !)
তোমালোকক লগ পোৱাৰ আগলৈকে
মই আছিলোঁ পৃথিৱীৰ একমাত্ৰ দৰিদ্ৰ
শেষৰজন নিঃস্ব
ককা আজোককাৰ
সাতামপুৰুষীয়া বৰপেৰাত
চৌধ্যপুৰুষৰ নাৰীৰ এখনেই ৰিহা
নাটিলেও ঢাকিব পাৰি দুজনী পুঠিমাছৰ চঞ্চল স্নিগ্ধতা৷
তোমালোকৰ ইমান পোছাক
প্ৰত্যেকযোৰ পোছাকতে বাখৰ খটোৱা আছে নগ্নতাৰ
(পোছাক কিয় লাগে...নগ্নতাক আৰু লোভনীয়তাৰে নগ্ন কৰিবলৈ!)
তোমালোকলৈ চায় চায় মই হুমুনিয়াহ কাঢ়োঁ
পাহাৰটোত গুজি থোৱা সূৰ্যটোক চুই বুকুৰ জুহালত উধান তিনিটা পোতো৷
নেজৰ দিনলৈ বগুৱা বাইছা তোমালোক
ইমান নিঃস্ব...ৰুগ্ন...স্বাৰ্থপৰ সময়
মই নামি আহিলো
প্ৰাচীন নদীত উভতনি সাঁতোৰ এটা দি জুই ছালখন মেৰিয়াই
জুইত জাহ যাওক বধিৰ সভ্যতা
জুইত গজি উঠক ৰূপান্তৰ সংস্কৃতিৰ হাজাৰ কৃষ্ণ
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সোঁৱৰণি
------------------
অমলা গগৈ
বুকুৰ ভিতৰ খুলি কেতিয়াবা কেতিয়াবা বহি থাকে তেওঁ,
চকুৰ কোণেদি বাগৰ সলাই কোলাত পৰি অভিমান তেওঁৰ,
যেতিয়া ব্যস্ততা নাছিল তেওঁৰ কাষত আছিলোঁ
কথা হৈছিল দুখৰ এখিনি কোলাহলৰ
পাৰপাৰহীন সাগৰসম বিষাদত
বুৰ গৈ তেওঁৰ গভীৰতা চুই চাইছিলো,
সেয়া আছিল
এটা বৰষুণমুখৰ আবেলিৰ কথক কাহিনী,
এতিয়া তেওঁৰ ব্যস্ততা,
তেওঁৰ সাগৰসম গতিশীলতা,
ব্যস্ততা নাছিল মাথোঁ কথকৰ,
কাহিনী এটা হৈ নিতৌ তেওঁৰ ওচৰে পাজৰে
কেতিয়াবা বতাহ এজাক হৈ
হয়তোবা
নিসংগ পৰৰ এচাতি বা মলয়া হৈ
তেওঁৰ কাষে কাষে ,
তেওঁৰ ব্যস্ততা নকমে
হয়তোবা ইও এক অজুহাত পাহৰণি হৈ উঠাৰ,
ইথাৰৰ আঙুলিত কেতিয়াবা মূৰ্ত হৈ উঠে তেওঁ,
বিজুলী নতুবা ঢেৰেকণী এচাটৰ দৰে।
তেওঁ মোৰ সোঁৱৰণি।
তেওঁ মোৰ গৈ থকাৰ এক সন্মোহনী আৱহ সংগীত।
ৰৈ ৰৈ বাজে ,
ৰৈ ৰৈ বাজে,
সোঁৱৰণি।
পৃষ্ঠা ১৬
এটি শেঁতা ৰক্তজবা
--------------------------------------
বিনীতা গোস্বামী
তোমাৰ মুখগহ্বৰত ফুলি থকা ৰক্তজবা
শেঁতা পৰি গ'ল
শুইপৰা চহৰখন জগাবলৈ ব্যৰ্থ এটি পুঁৱা
বানে কোঙা কৰা খেতিয়কসকলৰ
খহটা হাতবোৰ উদং
দিন-দুপৰতে ৰাজপথত নীলা শিয়ালৰ হোৱা
তোমাক আমি আমাৰ মাজত জগাই তুলিব পৰা নাই
জুইফুলক সমাধিত থাপি-থুপি থৈছোঁ।।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
অণু-কবিতা
-----------------------
জাহ্নৱী কাকতি
(১)
ভৰ হৈ আহিলে
পাৰ বাগৰিবই
দোষ কাৰ?
(২)
অনুমতি নিদিয়া হ'লে
অভিযোগ জানো সম্ভৱ আছিল?
যাওঁ বুলি ক'বলৈ
ইছাৰা এটাই যথেষ্ট আছিল।
(৩)
উমান নাপালোঁ
খোজত হোৱা ভুলৰ।
সম্প্ৰতি সিৰাই সিৰাই বিষ
এডাল অচিন হুলৰ।
(৪)
আৰু এনেদৰেই এদিন
কাহিনী এটাৰ অন্ত পৰিছিল।
গৈ থকা বাটত ৰৈ দিছিল এপলক
সেয়া ভালপোৱা নাছিল।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
হৃদয়
----------
ৰুমী দেৱী
ঈশ্বৰৰ ৰেখা শিলৰ ৰেখা
আস্থা ভৰসাৰে শেষ শোণিত বিন্দু।
মনৰ গহন কোনত সজাই লোৱা
বৰষুণজাকত তিতি-বুৰি
নাও ডুবিল
সীমাৰেখা অতিক্ৰমী।
আলোকিত সূৰুযৰ শেষত
এন্ধাৰ কুৰুকি খোৱা
পোহৰৰ নেজাল তৰা,
খটখটিৰে আগুৱাই যোৱা
চাৰিটা স্বচ্ছ ঘোঁৰা
যাৰ সমিধান
অসাধ্য সাধন।
পৃষ্ঠা ১৭
ৰুমাল
--------------------
ৰীতি মালা
ওৰেৰাতি বুকুত বাজে
জগজিত চিত্ৰা
মিলকৰ জুদা হুৱে...
ওৰেৰাতি ৰেপি থাকে
তীক্ষ্ণধাৰ শব্দবোৰে
হেমলকতকৈয়ো তিতা...
ওৰেৰাতি হৃদয়ৰ ইথাৰত
বাজি থাকে বেহেলাৰ সুৰ এটা
বিষাদ গান্ধাৰ...
ইমানৰ পিছতো দুচকু
মৰা মাছৰ দৰে শুকান
চকুপানীবোৰ তোমাৰ জেপত গুছি যোৱা
বহুদিনেই হ'ল...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
অনুভৱৰ চিয়াহী
----------------------------------
জেবি
** ঘাটত বান্ধিলো নাওঁ
ডুবি থাকিল বেলিটো
** কাঙাল মানুহবোৰে জানে
বজাৰত হৃদয় কিনিব নাপায়
সেয়ে তুলাচনীত ক্রয় হয় মাথোঁ
সঠিক জোখ-মাখ
** হৃদয়ত আমাৰ চিৰবসন্তৰ দেশ
বৰষুণত জুৰুলি -জুপুৰিহৈ তিতা
প্রাচীন বৃক্ষ এজোপা
আজিও ৰৈ আছে তাত
** ছাঁ দিবলৈ ৰৈ থাকিল কোন
আকাশত শুক্লা একাদশীৰ জোন
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
আই লৈ
----------------
ৰাজীৱ চহৰীয়া
(১)
প্ৰচণ্ড ধুমুহাতো
দুখৰ ছুনামী নুঠা
মমতাৰ সাগৰ খনত
আজি পছোৱা জাকতেই
উঠিছে পাৰভঙা যন্ত্ৰণাৰ লহৰ...!
(২)
বিনিদ্ৰ ৰজনীৰ গৰ্ভত
নিচুকনি গীত এটাই চকুলো টোকাত
চুবুৰিটোত কাঁহ পৰি জীণ গ'ল...
নিচুকনি গীতটোক
নিচুকাবলৈ
নিদ্ৰাদেৱীক - কোনে দিব খবৰ ?
সেই কথা সোধাত -
আজিও চুবুৰিটোত মৌনতাৰ সমদল...!
পৃষ্ঠা ১৮
জেংনা
----------------------------------
ৰমণী মোহন কলিতা
সিহঁতৰ এতিয়া অস্তিত্ব থকৰ্-বকৰ্
ষাঁঠৰ বতৰত
পৈত্ৰিক পুখুৰীটোত দেউতাই
জেং দিব কৈছিল
জেঙেই সিহঁতৰ ঘৰ
জেং দিলে হেনো
সিহঁতে জাক পাতি ঘৰ বান্ধে
হুঁচেই হেৰায় পলাবলৈকে
পাৰ ভগা পানীৰ সোঁতত
পেটহোৱা মখাই ডিম্ব এৰি বংশ বঢ়ায়
বাঢ়ি থাকে জীৱন জীয়াৰ জেংনা
সিহঁতৰ সলনি য'তে ত'তে
পিতপিতাই ফুৰে বিষাক্ত সৰ্প ,
প্ৰাণঘাটি পোকা-মকৰা
কেনেকৈ কৰোঁ জেং পুতি মৰণক আমন্ত্ৰণ !!
------------------------------------
বি. দ্ৰ. অসমীয়া অভিধান অন্তৰ্ভুক্ত জেংনা এটি বড়ো শব্দ, যাৰ অৰ্থ সমস্যা বা আহুকাল।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
যোৱা নাছিল কাহানিও
----------------------------------
দীপাংকৰ ভূঞা
যোৱা নাছিল কাহানিও তেওঁ
সৰলতাৰ সুযোগ বিচাৰি
দূৰ্বলতাৰ ৰহণ লগাবলৈ !
গৈছিল তেওঁ
সৰল মন এটি বান্ধি
সৰলতাৰে ৰঙীন কৰিবলৈ !
গৈছিল তেওঁ
পাৰ কৰিবলৈ
জীৱনৰ কোৱাল সোঁতত
উটি ভাঁহি থকা জনক
একোকে হেৰুওৱাৰ
ভয় নাছিল কাহানিও তেওঁৰ !
নুবুজিলা তেওঁক
সৰলতাৰ সুযোগ বিচাৰিলা
সৰলতাক দূৰ্বলতা বুলি ভাবিলা !
কথাটো কথাৰেই পাক লাগি
নুবুজা সাঁথৰ হৈ থাকিল
আজীৱন !!!
পৃষ্ঠা ১৯
■অসমীয়া ব্যাকৰণ শিতান
ণত্ব বিধি আৰু ষত্ব বিধি
আজি আমি ব্যাকৰণৰ শিতানত ণত্ব বিধি আৰু ষত্ব বিধি সম্পৰ্কে আলোচনা কৰোঁহক।
ণত্ব বিধি =যি বিধি বা নিয়মৰ দ্বাৰা দন্ত্য 'ন' মূৰ্ধন্য 'ণ' লৈ সলনি হয়, তাকে ণত্ব বিধি বোলে। এই বিধি বা নিয়মসমূহ মনত ৰাখি সঠিকভাৱে ব্যৱহাৰ কৰিলে বানানৰ ভূল হোৱাৰ আশংকা কম থাকে। ণত্ব বিধিৰ নিয়মসমূহ হ'ল...
ক) ট বৰ্গ (ট, ঠ, ড, ঢ) ৰ লগত আন কোনো বৰ্ণ সংযুক্ত হ'লে দন্ত্য ন মূৰ্ধন্য ণ হয়। যেনে =ঘণ্টা, কণ্ঠ, পণ্ডিত, সণ্ঢালনি ইত্যাদি।।
খ) ঋ, ৰ, ষ _ৰ পাছত সদায় মূৰ্ধন্য ণ হয়। যেনে =
ঋণ, তৃণ, ৰণ, বৰষুণ ইত্যাদি।।
গ) ঋ, ৰ, ষ_ৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ, প-বৰ্গ, হ,য়,ৱ- বৰ্ণ অকলে বা দিত্বৰূপত মাজত থাকিলে দন্ত্য ন মূৰ্ধন্য ণ হয়। যেনে =কাৰণ, প্ৰমাণ, গ্ৰহণ, প্ৰয়াণ, কৃপণ, ৰাৱণ ইত্যাদি।।
ঘ) উত্তৰ, দক্ষিণ, চান্দ্ৰ, নাৰ, ৰাম, পৰ _আদি শব্দৰ পিছত 'অয়ন' শব্দ বহিবলগা হ'লে' অয়ন' শব্দৰ দন্ত্য ন মূৰ্ধন্য ণ হয়। যেনে =উত্তৰায়ণ, দক্ষিণায়ণ, চান্দ্ৰায়ণ, নাৰায়ণ, ৰামায়ণ, পৰায়ণ... ইত্যাদি।।
ঙ) কিছুমান শব্দৰ স্বাভাবিকতেই মূৰ্ধন্য ণ হয়। যেনে =অণু, বেণু, কল্যাণ, শোণিত, কাণ, গৌণ, মণি... ইত্যাদি।।
ষত্ব বিধি :যিবোৰ নিয়মেৰে দন্ত্য স ক মূৰ্ধন্য ষ লৈ ৰূপান্তৰ কৰা হয়, সেইবোৰক ষত্ব বিধি বোলে। ষত্ব বিধিৰ নিয়মবোৰ হৈছে =
ক) ট-বৰ্গৰ (ট, ঠ, ড, ঢ) লগত যুক্ত দন্ত্য স মূৰ্ধন্য ষ হয়। যেনে =কষ্ট, দুষ্ট, ষষ্ঠ ইত্যাদি।।
খ) ঋ-কাৰৰ পিছত দন্ত্য স মূৰ্ধন্য ষ হয়। যেনে =ঋষি, বৃষ, কৃষক ইত্যাদি।।
গ) অ, আ-ৰ বাহিৰে আন স্বৰবৰ্ণ ', ক, ব, ৰ_ৰ পিছত থকা দন্ত্য স মূৰ্ধন্য ষ হয়। যেনে =কৃষ্ণ, বিষয়, ভবিষ্যত, পৰিস্কাৰ ইত্যাদি।।
ঘ) যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্ধন্য ষ হয়। যেনে =যুধি+স্থিৰ =যুধিষ্ঠিৰ।।
ঙ) কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ষ হয় যেনে= বিষয়, পাষাণ, দোষ, পুৰুষ, বিশেষ, ভীষণ, হৰ্ষ, বৰ্ষ, ঔষধ, কলুষ, বিশেষ্য, বিশেষণ, উষা, তুষাৰ, উৎকৰ্ষ ইত্যাদি।।
✍️ বিনীতা গোস্বামী
পাঠশালা
পৃষ্ঠা ২০
■কবিতা
সাধন কলা
---------------
অসীম ঠাকুৰীয়া
লাজুকী নিশাৰ বাসন্তী প্রহৰ বাগৰি
সংযমহীন প্ৰাতঃ ক্ষণলৈ আৰু কিছুপৰ.....
সন্ধ্যাৰাগৰ আৰোহণত এতিয়া
দ্ৰুতলয়ৰ ছন্দ বিচাৰিছোঁ ।
চিপচিপিয়া বৰষুণ জাকত ডেউকা দুখন
বাৰুকৈয়ে তিতিছে
বাদ্যৰ বোলৰে তাল চৌতালৰ
লহৰ তুলিছে ।
কিয় জানো,
হৃদয়ৰ উষ্ণতা ত বহু কথা
নিশব্দে নৈ হৈ বয়..
আৰু নৈ খনৰ পাৰতে তোমাৰ সতে
মোৰ সপ্তপদী মন্ত্ৰৰ স্মৃতিবোৰ
সদায় সেউজীয়া হয় ।
তোমাৰ বাবে মোৰ আছে
সাধন কলাৰ সযতন নিখুঁত বান্ধোনত
বহু উপহাৰ ....
মই পিছে বিচাৰিছোঁ তুমি যচাঁ
সেন্দুৰীয়া কলাৰ আৱেশত
উন্মাদ হোৱাৰ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
কাৰ বাৰু সিখনি হাত
----------------------------------
ভগদত্ত ডেকা
কাৰ বাৰু সিখনি হাত
হাতত লগাই হাত
সাৰ পাই অকস্মাৎ
এখিলা সৰা পাতে
সৃষ্টিৰ বুকুত মেলে
জীৱনৰ নাট।
ভোকৰ এমুঠি ভাত
দুখৰ এষাৰি মাত
এন্ধাৰৰ এটি বাট
হৃদয় জুৰাই কোনে পোহৰাই
সাজি দিয়ে সেন্দুৰীয়া বাট
কাৰ বাৰু সিখনি হাত।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
হালধীয়া চিঠি
----------------------------------
চাজিন ৰহমান
আই !
হালধীয়া কাগজত সেউজ ধৰালৈ এখনি চিঠি
লিখিছিলোঁ।
কিয়নো উদাসীন !
কিয়নো ৰুষ্ট !
কিয়নো ধূসৰ হৈছে এই সভ্যতা
প্ৰতাহিক দস্তাবেজৰ নতুন নতুন পৃষ্ঠা
পৃথিৱী ব্যকুল
ব্যাকুল প্ৰাণ
চৰম মনোকষ্টত
অবাঞ্ছিত ত্ৰাস
স্থবিৰ যান্ত্ৰিক পৰিসৰ
জীয়াই থকাৰ লালসাত
পেটত ভোক লৈ জীৱন নিৰ্বাহৰ আখৰা
শব্দহীন হৈ ৰয় জীৱৰ তাড়না,
ক্ষণভংগুৰ প্ৰতিটো ক্ষণ
চাই ৰৈ আছো উদাস চাৱনি এটি লৈ..
কেতিয়ানো অভিমানী ধৰাই অভিমান এৰি
হাঁহি মাৰিব নিৰৱতাৰ স'তে
এক স্বস্তিৰ নিস্বাস লৈ
সেউজী হাঁহি ওঁঠত বৈ
দুচকুত ৰঙীন আভা লৈ..।
পৃষ্ঠা ২১
এপলক
----------------------------------
ভূমিকা দাস
বহু ৰাতি হ'ল জানা
পৃথিবীয়েও নিঃপালি দিলে তুমি জানা নে নাজানা
ৰৈ ৰৈ যে ভাগৰিলে তাই
তুমিযে পাহৰি থাকিলা !
মনৰো সময়লৈ আশা
কৰুণ বিননি যদি শুনা হৃদয়ৰ
এপলকৰ বাবে হ'লেও ঘূৰি চাবা
ভাল পাব খুজিলে
হৃদয়ত বান্ধিব খুজিলে
ৰাতিটোৰ দৰে হ'বলৈ চাবা
যেনেকৈ চন্দ্রকো সাবতে আকুলতাৰে
লগতে দাগকো আকোঁৱালি লয় হেঁপাহেৰে
কথা আছিল
খবৰ লোৱাৰ সদায় সন্ধিয়া
মোৰ চহৰত সন্ধিয়াবোৰ হেৰাই গৈছে
তুমিযে নাই.... !
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
জীৱনৰ ৰং
(লক্ ডাউন বিশেষ)
----------------------------------
অনিতা মেধি মিশ্র
শাৰদী ৰাতিৰ জোনটোৰ দৰেই
ওলমি ৰয় শূন্যত পৃথিৱীৰ দুখ....
ওফন্দি উঠা দুখবোৰ বুকুত সামৰি
কোনবাটে উজাই যায়
মাটিক ভালপোৱা জীৱনবোৰ.....
চমৎকাৰী সঞ্জীৱনী সুধাৰ মোহত
হাতসাবটি বহি থাকে
লঘোণীয়া পেটবোৰ....
সিঁহতে জানো বুজি পায়_
"বিজ্ঞান, অভিশাপ নে বৰদান" !
পৰিবৰ্তনৰ কত কাল জখলা বগাই
খোজত খোজ মিলাবলৈ গৈ
ক্ষয় গৈছে চোৱা__
কলিজাৰ ৰঙটো....
বহদূৰ আগুৱাই গ'লোঁ
উভটি অহাৰ বাটহে বিচাৰি নাপালোঁ....
ৰঙহীন জীৱনৰ দুখত_
জীৱন্ত কবিতাৰ সুৰবোৰ বেসুৰা হৈ বাজিছে...
দিনবোৰ আপদীয়া হোৱাৰ দৰে
আপদীয়া হ'ল জীৱনবোৰো...
জীৱনযাত্ৰাৰ কচৰৎত__
অভ্যস্ত জীৱনক
নীলা দুখবোৰে শেষ হাঁহি মাৰি
জীৱনক নিজ ইচ্ছাৰে ভালপাবলৈ
কেতিয়ানো অনুমতি দিব?
মহাকালে আগভেটি ধৰা চাতকী মনে_
জীৱনৰ ৰং বিচাৰি
হেঁচা-ঠেলা কৰি আছে
দুৱাৰ মুকলি ক'ত ?
বিঃদ্রঃ_
মহাকাল>শিৱৰ সংহাৰী মূৰ্তি
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
শব্দৰ শৰশয্যা
----------------------------------
অক্ষয় তালুকদাৰ
সকলোৱে কয়
মই কুলক্ষিনী।
মই হেনো মোৰ স্বামীৰ মৃত্যুৰ কাৰণ।
আজি সকলোৰে চকু কপালত !!
মই যে পিন্ধিলোঁ ৰঙীণ সাজ।
মোৰ বাৰু ইমান সাহ!
মৃতকৰ শ্ৰাদ্ধলৈও নৰ'লোঁ।
বগাসাজযোৰে মোক কি দিব?
যি শুভ্ৰতা শান্তি আৰু পৱিত্ৰতাৰ প্ৰতীক
সমাজৰ চকুত কেতিয়াবাই
হেৰুৱালোঁ সেইবোৰ।
সভ্য সমাজৰ(?) হকাবধা নুশুনিলোঁ
তাৰ পৰিৱৰ্তে অহৰহ বু বু-বা বা
যেতিয়া ভাগ লওঁ মাংগলিক কামত
আজি চোতালত পঞ্চায়ত বহিব।
মোৰ অপৰাধবোৰৰ আলোচনা হ'ব।
মোৰ সামাজিক অপৰাধ--
মন্দিৰৰ ভিতৰৰ
গোঁসাইৰ চৰণ স্পৰ্শ কৰিলোঁ, কিয়??
ৰাজহুৱা কুৱাৰ পৰা পানী তুলিলোঁ,কিয়??
গৰ্ভৱতী মহিলাক হিয়া উজাৰি
আশীৰ্বাদ দিলোঁ,কিয়??
ইমান সাহস মোৰ !
আজি বিচাৰ হ'ব মোৰ।
শব্দৰে থকা সৰকা কৰিব মোক।
ময়ো সাজু হৈছোঁ
বহু অপেক্ষিত
বহু আকাঙ্খিত
শব্দৰ শৰশয্যালৈ।
পৃষ্ঠা ২২
আইতাৰ সাধু
----------------------------------
উপাসনা বৰা
জোনাকৰ চোতালত বহোগৈ ব'লা
আইতা , সাধুকে কোৱাচোন এটা
জাতি মাটিৰ বাবে প্ৰাণ দিয়া মানুহবোৰৰ সাধুকে কোৱা
নুশুনো আজি পৰীৰ সাধু
নুশুনো ৰজা মহাৰজাৰ বুৰঞ্জী পাঠ
শুনিছো তমসা আউসীৰ ৰাতিত
অতৃপ্ত শ্বহীদৰ আত্মাৰ কৰুণ কান্দোনত আজি মুখৰিত হৈ আছে শ্মশানৰ ঘাট৷
আজি বদনৰ কথা নক’বা আইতা
নক'বা বৃট্ৰিছৰো কথা
কোৱা , মূলাগাভৰু কনকলতা অনেক শ্বহীদৰো কথা ৷
নিজান ৰাতিৰ তমসা ফালি বিপ্লৱী শ্বহীদ আত্মাই তোলা
বিজয় ধ্বনিৰ কথাবোৰ কোৱা
আপোন মানুহক বেছি কিনি খোৱা
ঠক প্ৰবঞ্চনাৰে ৰজা হোৱা নীলা শিয়ালজাকৰ কথাও কোৱা ৷
কোৱা আইতা, তেনে সাধুকেই কোৱা ৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নীৰৱতা
----------------------------------
সজ্জন কুমাৰ গগৈ
শব্দ বোৰ নিশব্দ হ'ল
নিস্তব্ধ হ'ল বিশাল আকাশ
প্ৰাণহীন হ'ল চ'তৰ ৰ'দে ধুৱাই নিয়া
ইপাৰ সীপাৰ নমনা বিশাল পথাৰ ।
নিজানত শুই পৰিল পৃথিৱী।
মই যেন অকলশৰীয়া ।
নাই কোনো শত্ৰু
নাই কোনো মিত্ৰ ।
গছৰ ডালত পৰি ওমলি থকা
হালধীয়া সখীয়তী জনী আজি
আনন্দত মতলীয়া ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
আই
----------------------------------
শিখা দত্ত
সপোনে দিঠকে চিৰদিন
তয়েই মোৰ চেনেহৰ আই
ভাগৰুৱা হৈ জিৰাম
তোৰ শীতলী কোলাত
নিজৰ উশাহ বন্ধকত থৈ
সিঁচিলি মোৰ প্ৰাণৰ বীজ
প্ৰসৱ যন্ত্ৰণাৰ মাজত
বিচাৰিলি মোৰ প্ৰাপ্তিৰ সুখ
মোৰ সুখত হাঁহিলি
মোৰ দুখত কান্দিলি
হেৰুৱালি নিজস্বতা
আইতাৰ আশীৰ্বাদত তই
এঘৰৰ সাদৰী বোৱাৰী
দীঘল ওৰণিৰ তলত
লুকুৱালি নিজৰ দুখ
হাঁহিৰ আঁচলেৰে ঢাকিলি
সংসাৰৰ ক'লা ডাৱৰ
অভিনয়ৰ কৰিলি আখৰা
নিবিচাৰিলি কোনো প্ৰতিদান
কেতিয়াবা পিতাইৰ ,কেতিয়াবা মোৰ
সপোনবোৰ বুটলিবলৈ
হ’লি তই "নীলকণ্ঠী"
প্ৰতিপল,প্ৰতিদিন যুঁজিলি
চহা পিতাইৰ কান্ধৰ ভাৰ কমাবলৈ
হাতে হাত ধৰি আগুৱাই
হোম যজ্ঞৰ মান ৰাখিলি
মোৰ স্মৃতিত সজীৱ
মোৰ আইৰ নিচুকনি গীতবোৰ,
আইৰ মৌবৰষা কথাবোৰ,
চকুপানীৰে সেমেকা দুচকু
জীৱন যুঁজৰ অক্লান্ত সৈনিক
কন্টকৰ মাজৰ ফুলেৰে
সাজিলি সুখৰ কানন
মোৰ মনাকাশ উজলাই থকা
মোৰ মৰমৰ আই
অক্লান্ত ,অনুপমা
কিহেৰে পুজিম আই
তোৰ দুখনি চৰণ ?
পৃষ্ঠা ২৩
আলাপ
----------------------------------
চয়নিকা ভূঞা
পূবে ঢল ফাট দিওঁতেই
সিহঁত মোৰ চোতালৰ
অনিমন্ত্ৰিত অতিথি
নভবাকৈয়ে সিহঁতৰ আগমণ
আশা নকৰাকৈয়ে
আমাৰ মাজত মিতিৰালি
দুখন হৃদয়
দুটি আত্মা
প্ৰতি পুৱাই কথোপকথন
কথাত বাঢ়ে সপোন
জীৱনৰ সপোন
ভালপোৱাৰ সপোন ৷৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
অলব্ধ
----------------------------------
নমিতা চৌধুৰী
তোমাৰ ব্যস্ততাৰ অজুহাতত
সদায় এটি এটি কৈ
সপোন জাহ যায়
শৈবালিনীৰ বুকুত...
কেতিয়াবা ময়ো উশাহটো
বিচাৰি হাবাথুৰি খাওঁ
ক'ত যে গুজি থৈ পাহৰি
থাকোঁ...
আকাশত উচুপি থকা
ডাৱৰবোৰৰ মাজতো বিচাৰোঁ
হেৰুৱা সুখৰ আঁত...
কিজানিবা এধানমানি দেখা দিয়ে...
অলদ্ধ হেঁপাহবোৰ শুই পৰিল
হৃদয় তলিত ফেঁকুৰি ফেঁকুৰি...
আজিকালি ময়ো পি থ'ব শিকিলোঁ
দুখৰ মদিৰা
আনে গম নোপোৱা কৈ...
জীৱনাকাশত মই আজি যেন
এটি কক্ষচ্যুত তৰা...
অস্তিত্ব যাৰ ৰাতিৰ আন্ধাৰত বিলীন...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
এজাক শিল ভঙা মানুহ
----------------------------------
পবিত্ৰ বৰগোহাঁই
পিঠিত ৰ'দ ,বৰষুণ , বতাহ নলগা
এজাক শিল ভঙা মানুহ ।
বুকুত আঁকি লৈছে উদিত সূৰ্য
সিহঁতৰ হাত আৰু আঙুলীবোৰ বজ্ৰৰ দৰে
কঠিন যদিও মনবোৰ আলসুৱা
অলপ মৰম আৰু ভালপোৱা বিচাৰি হাহাকাৰত
ভাগি পৰে সিহঁতে থুনুকা হৃদয়
কাংক্ষিত স্বপ্নবোৰে শিপাই যাব ধৰা
সিহঁতৰ আঙুলিবোৰ আকাশৰ পৰিধি চুৱে
যদিও সাগৰৰ বিশাল ঢৌৱে নিমিষতে
চূৰ্ণ-বিচূৰ্ণ কৰিব পাৰে বলুকাৰ বালিঘৰ
তথাপিও সিহঁতে বিচাৰি ফুৰে
হেৰুৱা মৰীচিকাৰ সুবাস !
মৰুভূমিৰ তৃষ্ণাতুৰ পঠিকৰ দৰে
আঁকোৱালি ল'ব পাৰে জীৱন
তথাপি সিহঁতে ভাগৰি নপৰে
জোনাক বিচাৰি বাট বন্ধোৱা মানুহ ;
পিঠিত ৰ'দ ,বৰষুণ ,বতাহ নলগা
এজাক শিল ভঙা মানুহ ।
পৃষ্ঠা ২৪
এবুকু বেদনা পাৰ ভাঙি বয়
----------------------------------
মনচুমী নাথ কলিতা
নদীখন গৰ্ভৱতী হ'লেই
শিয়ৰি উঠে গা,
বাঢ়নী পানীত হাবু ডুবু ঘৰ্মাক্ত দেহা,
পানীৰ হেঁচাত শুই পৰা
সজাল ধৰা ৰোৱা
আগ চোতালত উদং ভঁৰাল ,
ঘৰে বাহিৰে ছেদেলিভেদেলি সপোন,
তথাপি নদীয়েই জীৱন,
নদীয়েই বুকুৰ আপোন ।
মানুহেই নুবুজে মানুহৰ কথা,
ৰজাই নুবুজে প্ৰজাৰ ব্যথা
নদীয়েনো কেনেকৈ বুজিব
লঘোণীয়া পেটৰ কথা ?
পাৰা যদি খান্দি দিয়া লুইতৰ বুকু।
তুলি আনা পুৰণিকলীয়া পলস ,
বালি, মাটি, জীৱাশ্ম ।
উন্মুক্ত হওঁক সোণ ,ৰূপ, মুকুতাৰ বিশাল ভাণ্ডাৰ ।
ৰ'দে চেলেকক মোৰ চোতাল,
ৰান্ধনিশালত চৌকা জ্বলক,
দূৰ হওঁক নিষ্ঠুৰ আকাল ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
তিতা ফল
----------------------------------
মহীকান্ত নাথ
হাতেৰোৱা গছজোপাত
দুটি এটি ফল
পোহৰত নহ'লে এন্ধাৰত
মাটিলৈ আহে
তলসৰা দুই-একে বুটলি
সোৱাদ চাকে
জিভাৰ আগেৰে
মুখেৰে তিতাৰ থুই
গৰাকীয়ে সাঁচি থয়
নিজৰ বাবে
অপ্ৰয়োজনীয় এদিন
প্ৰয়োজনীয় হয়েই।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সুখৰ ঠিকনা
----------------------------------
মৌচুমী হুজুৰী দাস
জাকজমকতাই দিব নোৱাৰে সুন্দৰৰ ঠিকনা
বিলাসিতা জীৱনৰ সুখবিহীন প্ৰলেপ মাথোঁ
এন্ধাৰেও কথা কয়
দুখবোৰক সংগী কৰি
সপোনবোৰে হাঁহিব শিকে
যন্ত্ৰণাবোৰ বুকুত সাৱটি
যদি জীৱনে বিচাৰি নলয়
সুখৰ ঠিকনাটিও নাপায়
এধানি হাঁহিবলৈ...
অলপ সময় ৰৈ
এষাৰি কথা ক'বলৈ
সেয়ে চাগে শেষত
শূন্যতাই বিৰাজ কৰিব
সৌন্দৰ্য্যৰ বুকুত।
পৃষ্ঠা ২৫
পাৰু
----------------------------------
আশা কাকতি দাস
পৃথিৱী কপোঁৱা বতাহ জাকে,
কপাঁই লৈ যায় বুলি
বুকুৰ ভিতৰত এতিয়া মাথো
বাজে এটিয়েই সুৰ,উচুপনিৰ৷
তই যে পাহৰিলি মোক
তথাপিও আশা বান্ধিছো বুকুত,
সিপুৰীত ৰৈ থাকিম তোলৈ৷
কব লগা,সুধিব লগা বহু প্ৰশ্নৰে,
সাজু হৈ আহিবিনে তই
নে তাচিল্যভৰা হাঁহিৰে
আকৌ এবাৰ আঁতৰি যাবি
আনৰ হাতৰ পুতলা হৈ৷
কোনো কথাই নাছিল আমাৰ বন্ধুত্বত
আমি নেদেখা নেদেখি হলে,
ইজনে সিজনক পাহৰিম বুলি৷
ভবাটো নাছিলো কেতিয়াবা
আজ্ঞাৰ কাগজৰ টুকুৰাটোলৈ
তোক চাবলৈ শাৰী পাতিম এদিন
যেন আকাশ খন চুই চোৱাৰ হেপাঁহৰ দৰে ,
অথচ কিমান বন্ধুত্ব আছিল আমাৰ ৷
কোনো কালেই টো পতা নাছিলোঁ
এজনৰ অবিহনে,এজনে জীয়াই নাথাকিম বুলি৷
তেন্তে কিয় বিপদৰ সময়ত হাত বোলাই
হৃদয় শাত পেলাই সাহস দিছিলি৷
মনত আজিও সজিৱ সেই দিনবোৰ৷
ক’ৰ’ণাৰ ভয়াবহতাই
আৰু বেছি আতৰাই আনিলে নেকি তোক-মোক,
আকৌ যদি লগ নেপাওঁ তোক,
তোৰ কুশল কামনাৰে
সিপুৰীত ৰৈ থাকিম তোলৈ
বহু সুধিব লগা কথাৰে৷৷৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সময়ৰ প্ৰত্যাহ্বান
----------------------------------
গীতাঞ্জলি বৰকটকী
ভাস্কৰে ক’লা সাজযোৰ সলাই
নৈখনত বুৰ মাৰি
সুমথিৰা সাজযোৰ পিন্ধি লোৱাৰ পৰতেই
আয়ে গোঁসাই ঘৰত বন্তিগছি জ্বলায় ৷
গোবৰ মাটিৰে লিপিথোৱা চোতালত বিয়পি পৰিল
সোতোৰা পৰা আইতাৰ হাতৰ
পিঠা পোৰা ফুৰফুৰীয়া গোন্ধ ৷
বতাহত উৰি ফুৰা মৃতগানবোৰ তলকা মাৰে
তগৰ কপৌফুলৰ সুবাসত ৷
নৈখনে ক’লে
এইবাৰ গৰুহাল লৈ নাহিবা মোৰ বুকুলৈ ৷
বৰগছজোপাই ক’লে
এইবাৰ কুকুৰা যুঁজ চাবলৈ আৰু শকতি নাই ৷
সন্ধিয়া পিতায়ে নঙলা মুখত জ্বলোৱা জাগত জাহ যাবনে বাৰু উশাহ ল’ব নোৱাৰি ছটফটাই থকা
মহাৰাষ্ট্ৰ , ইটালীৰ বিননি
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
মহিমা
----------------------------------
খূৰ্ছীদ আনছাৰী
কফিনত শেষ গজালটি মাৰাৰ পাছত পুষ্পাঞ্জলি!
শ্বহীদ প্ৰণামো তোমাক
এইটো আধুনিক ভাল পোৱাৰ পৰম্পৰা
অলিয়ে-গলিয়ে এখন ফটোৰ তলত
প্ৰজ্বলিত চাকি !
শ্বহীদ প্ৰণামো তোমাক
ভাতৰ সোপাত কণ্ঠ ৰুদ্ধ
চৰকাৰী আঁচনিৰ মহিমা অপাৰ।
পৃষ্ঠা ২৬
অভ্যুদ্বয়ৰ বিপণী
-----------------------
গাৰ্গী ভূঞা
শুকান দুগালত বৈ যোৱা কাজলৰ প্ৰহেলিকাত
কোনখন চহৰৰ নক্সা!
এদিন কপালৰ ঘাম
নিয়ৰহৈ সৰিছিল
বেলিফুল শেৱালি হৈ...
এঙেৰুৱা বালিখিনি চালি দিয়াত
এতিয়া শেনে থপিয়াই নিয়ে
ৰঙা বাখৰ...
ম’মত লিখা আখৰ জ্বলি হ'ল
পোৱালমণি...
চহৰখন হেৰুৱাৰ পাছত
বোধিদ্রুমৰ নাঙঠ খোৰোঙত ফেঁচাই বেহা পাতিছে
নাম হেনোঁ
অভ্যুদ্বয়ৰ বিপণী...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
তোমাৰ কাষত নিজকে
----------------------------------
মৌচুমী দাস
ৰঙীন পৃথিৱীখনত
মই ক'লা আৰু বগা ৰং বিচাৰি ফুৰোঁ
আৰু কি আচৰিত চোৱা
ক'লা আৰু বগা ৰঙৰ সমাহাৰ হৈ তুমি মোৰ কাষ চাপি আহিছা
প্ৰেম আগৰে পৰা আছিল
ভ্ৰমি ফুৰিছিল
তুমি হাতত হাত থোৱাৰে পৰা
ই ঘৰ সাঁজিব জনা হ'ল
তোমাৰ লগত থাকিলে মই বহু দূৰ গুচি যাব পাৰোঁ
নিঃসন্দেহে
নিৰ্ভয়েৰে.......
সুৰক্ষিত অনুভৱ কৰোঁ নিজকে।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
জীৱন চক্ৰ
----------------------------------
ৰঞ্জনা দেৱী
হৃদয়ৰ পৰা হৃদয়লৈ
এডাল নেদেখা এনাজৰী!
তাতেই লুকাই আছে
তোমাৰ মোৰ ভাগ্য কুণ্ডলী।
আন্ধাৰৰ পৰা পোহৰলৈ-
পোহৰৰ পৰা আন্ধাৰলৈ
এক অনাবিল যাত্ৰা
জালি কটা বেৰৰ জলঙাৰে
বিচাৰি ফুৰো বাস্তৱৰ
প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাত্ৰা
তপ্ত সূৰুযৰ বিচ্ছুৰিত
কিৰণে আনি দিয়ে
এক অনাবিল হাঁহিৰ সঁফুৰা
বৰ্ণিল জীৱনৰ ছন্দে ছন্দে ভাহি থাকে
স্নিগ্ধ আকাশৰ মেঘৰ টুকুৰা
পৃষ্ঠা ২৭
কেকটাছ
----------------------------------
অৰ্পনা নাথ
সহজ কাম পচন্দ নহয় মোৰ
ভাল নালাগে সহজ জীৱন !
ভাৰ কঢ়িয়াই কঢ়িয়াই
পিঠিখন পাতল হ'লে
খোজ কাঢ়ি ভাল নোপোৱা
গাধটোৰ দৰে
ময়ো যেন এটা গাধ !
আবেলিৰ ৰ'দালিত
জকমকাই থকা বাগিছাত বহি
কেকটাছ এজোপা লৈ
বাখৰুৱা মনৰ হেঁপাহ !
প্ৰাপ্তি নহয় হেঁপাহৰ
আঘোনীয়া ফচল
সেয়ে চাগে কাঁইটীয়া
হ'লেও কেকটাছ মোৰ
জীৱনৰ অন্তহীন
অমিয়া....
সেউজীয়া
মাথোঁ সেউজীয়া।।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বিষাদ
----------------------------------
জ্যু চেং অই চাংমাই
অভিমান তোমাৰ প্ৰিয় আছিল বাবেই
আঁতৰি গুচি গ'লা
এবাৰো নুসুধিলা
তোমাৰ অভিমানত
মোৰ হাঁহিত কি ফুল ফুলিব
বিশ্বাসৰ বাটত গজি উঠিছিল শেলুৱৈ
বিষাদৰ বৰষুণ সৰিছিল -দুচকুত
বিচ্ছেদৰ যন্ত্ৰণাত মাতাল হৈছিল
মোৰ প্ৰতিটো নিশা
জীৱনটোৱে ছাই ৰঙী এবুকু সপোন পিন্ধি মোলৈ চাই এটি কুটিল হাঁহি মাৰিছিল
মোৰ উশাহটো বিন্ধিছিল
জলফাই ৰঙীন
সপোনবোৰ ওলমি আছিল
মই পানীৰ শিলচটাৰ গা লৈ চাইছিলোঁ
হৃদয়খন শিলৰ দৰে হৈ উঠক
আকাশলৈ চাইছিলোঁ
আকাশৰ দৰেই বিশাল আৰু উদাৰ হওঁক
মোৰ হৃদয়
নোৱাৰিলোঁ
ঘুমটি অহা নাছিল মোৰ কোনোদিন
আৰু তোমাৰ প্ৰতিটো অভিমানক উদযাপন কৰাৰ বাবে
মোৰ বাবে ৰৈ আছিল দীঘল ৰাতিটো
মই হত্যা কৰিছিলোঁ মোৰ হাঁহিটো
মই হত্যা কৰিছিলো সপোন
প্ৰতি নিশা ধৰ্ষিতা হৈছিল হৃদয়
আৰু মৰা কলিজাত কৰাল মাৰিছিল
জীয়া তেজৰ চেকুৰা ।।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
তুমি
----------------------------------
জয় অসম
জীৱনৰ নিষিদ্ধ পৃষ্ঠাৰ কোনোবা এচুকত
এতিয়াও তোমাৰ নামটোৱে ঠাই লৈ থৈছে
মিছ............ৰয়
আজিও মনত পৰে
তাহানি তুমি কোৱা মৰমসনা কথাবোৰ
তোমাৰ উপদেশ আৰু বুজনি
আচলতে কি জানা
কোনো এটা সম্পৰ্ক ৰাখিবলৈ হ'লে বুজাবুজি আৰু
সহনশীলতাৰ খুবেই প্ৰয়োজন
হয়তো তুমিও বুজিব পাৰিছা মই কি ক'ব বিছাৰিছো
আৰু উপলব্ধিয়ে প্ৰায়শ্চিত
আজি চাৰি বছৰ হ'ল তুমি যোৱা
আৰু এই চাৰিবছৰত
তোমাৰ এবাৰো সময় নহলনে !
নে........থমকি ৰৈছা
জীৱন জীয়াই থকা বহুত জটিল
মই জানো তুমি উভতি নাহা
আহিব খুজিলেও নোৱাৰা
তথাপি তোমাৰ মাত শুনিম বুলি বহু হেঁপাহেৰে ফোনটোলে চাই থাকো কিজানিবা
অলপ সময় উলিয়াই ফোন কৰা
পৃষ্ঠা ২৮
বান
----------------------------------
পবিত্র কুমাৰ নাথ
দুখৰ সাগৰখন শুকালেই
পথাৰখন আকৌ জী উঠিব
সপোনবোৰ সোণোৱালী হ'ব
আঘোণত
হেৰোৱাখিনিৰ বেদনা
জুহালত সেকি সেকি
নিজান জীৱনে
দুনাই হাঁহিব
দুখ দুখহৈ নাথাকে
চিৰকাল !!
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
অপেক্ষা
----------------------------------
প্ৰদীপ চন্দ্ৰ শৰ্মা
চৌদিশে মৌন কোলাহলৰ প্ৰতিধ্বনি ;
ৰৈ আছোঁ - এজন কৱিৰ অপেক্ষাত ...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
চিলনীৰ জীয়েকৰ কথাৰে
----------------------------------
মৰমী মুদৈ
এৰি অহা বাটৰ কেঁকুৰিত বহি
সাত হাত চুলি
ৰ'দাই তাই...
দীঘল চুলিৰ আঁৰত
পবালি আঙুলিয়ে
বাট হেৰুৱাই...
হাতৰ বুকুত হেৰুৱাই আঙুলি
আকাশলৈ চাই
ঈশ্বৰক ধিয়াই...
পোহৰ বাটক এন্ধাৰে নুৰিয়াই
কোন ঈশ্বৰে থাপনা এৰি
চিলনীৰ জীয়েকক কন্দুৱাই...
পৃষ্ঠা ২৯
আকাশ চোৱাৰ হেঁপাহ
----------------------------------
এনী ভূঞা ডেকা
এয়া বৰ লুইতৰ পাৰ
সন্ধিয়া বেলিকা
আমি দুয়ো মুখা মুখি হৈ বহিছোঁ।
সন্ধিয়াৰ হেঙুলী বৰণে
আকাশ ৰাঙলী কৰিছে
পানীত সোণোৱালী ৰং...
লাহে লাহে চৌদিশে
নামিছে এন্ধাৰ
চিন্তিত তুমি আৰু মই
ইজনে সিজনৰ বাবে নহয়
প্ৰেমৰ বাবেও নহয়
নৰিয়াত পৰা পৃথিৱীৰ বাবেহে....
চৌদিশে জ্বলিছে জুই
মানুহৰ মনত জুই
মানুহৰ দেহত জুই
মানুহৰ চিন্তাত জুই
কেৱল জুই......
ৰাজনীতি,অৰ্থনীতিৰ দালাল
জাতি, ভাষাৰ দালাল
আৰু যে ক'ত কি.....
পলকতে শেষ হোৱা
আশাৰ সপোনবোৰ
ৰাজপথৰ প্ৰতিবাদবোৰ
এতিয়া যে মূল্যহীন.........
হে সময়,ক্ষন্তেক ৰৈ যোৱা
বিলাই যোৱা প্ৰেম ভালপোৱা
মোৰোযে আকাশ চোৱাৰ দুৰন্ত হেঁপাহ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
আধা ডজন স্তৱক
----------------------------------
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
(১)
একো নজনাকৈয়ে দেখোন
শীতৰ ৰাতিবোৰ ম্ৰিয়মান হয়,
দুখুনী আইৰ ফটা চাদৰৰ আঁচলত
ওলমি ৰয় দুখৰ হুমুনিয়াহ ।
(২)
কাউৰীটোৱে থাপ মাৰি নিব খোজা
আধা কামোৰা ৰুটী টুকুৰা
সুৰক্ষিত কৰিবলে'
ৰাতিপুৱাতেই নাতিৰ
উদ্যত হাতৰ অনিবাৰ্য বাধা ।
(৩)
খোলা খিৰিকীৰে সোমাই অহা
হিম-চেঁচা বতাহ জাকত,
উচুপে মোৰ কবিতাৰ
স্তব্ধ স্তৱক ।
(৪)
কোনে সংগোপনে আনে
শীতৰ ঠেঁটুৱৈয়ে ধৰা ৰাতি,
মোৰ দুচুকত অপেক্ষাৰত
নিদ্ৰাহীনতাৰ আমনি,
কোনে সংগোপনে আনে
শেষ নিশা আকাশত
জ্বলি জ্বলি শেষ হোৱা,
পুৱতি তৰাৰ বিননি ।
(৫)
গধুৰ বতাহ ভেদি
আৰু এজাক ধুমুহা আহিব,
ধুমুহাৰ শেষত
বোবা মানুহৰ মুখত
ন-প্ৰভাতৰ জেউতি চৰিব ।
(৬)
যেতিয়াই মই জীৱন মৰুৰ তপ্ত বালিত
অকলশৰে আগুৱাই যাওঁ,
তেতিয়াই মই দুহাত পাতি
ধূসৰ স্মৃতিবোৰ আঁকোৱালি লওঁ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বাস্তৱ
----------------------------------
মঃ পাৰবিজুল হক
অবিশ্বাসৰ গহ্বৰত বিশ্বাস
অনুভূতিক
হাতৰ ময়লাৰে কিনিলে
হাৰ মানে সময়ৰ হাতত
আশা স্বাৰ্থপৰ
পালে সুখী নেপালে দুখী
সম্পূৰ্ণ এটা জীৱন বুলি
মাত্ৰ আত্মসন্তুষ্টি
এতিয়াও আছে আদিম মনটো
মনৰ ভিতৰত আছে আদিম গছজোপা
যাৰ ছাঁত সকলো বহিব পাৰিছিল
এতিয়া ক্ৰমান্বয়ে মৃত্যুৰ পথত অগ্ৰসৰ
পৃষ্ঠা ৩০
নিষ্ঠুৰ বান মানুহৰে দান
----------------------------------
বিশ্বজিৎ গগৈ
নৈ খন এতিয়া এনেয়েও মাতাল
বলিয়া প্ৰেমৰ বা লাগি
তাতে আকৌ মানুহৰ অহংকাৰৰ জয়গানৰ ঢল।
সপোন দেখিবলৈ শিকিছিল বাবেই মানুহবোৰ
স্বপ্নভংগত ইমান কাতৰ
সুখী হ'ব বিচাৰিছিল বাবেই দুখৰ চাপত চকুলোৰ বন্যা।
নদীয়ে শান্তি বিচাৰে...…
মানুহে বাধা দিয়ে, ভেটা দিয়ে
নদীয়ে অতীত দোহাৰি বই যাব খোজে
মানুহে অতীত গচকী নতুনৰ প্ৰগতি বিচাৰে
সেই বাবেই , সেইবাবে কিজানি নদী আৰু মানুহৰ আঘোষিত সংগ্ৰাম ।
বৃষ্টিপাত হোৱাৰ সময় এতিয়া
বানৰ প্ৰলয় নহয় মুঠেও
কিজানি , কিজানিবা আমাৰ ভুলৰ পৰিণতি
আৱতৰীয়া বৰষুণ! আৱতৰীয়া বান!
এতিয়া আঘোণৰ সপোন
জেঠ আহাৰতে মুছকছ যায়..
এতিয়া কৃষকৰ কেঁচা ঘাম
চকুলোৰ লোতক হৈ বয়,
সপোনৰ ঘৰখন এথানী এবানি হয় ৰয়
কিজানি মানুহেই মানুহৰ অহংকাৰৰ বলি
আৱতৰীয়া বানপানী।।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
হৃদয় নিনাদ
----------------------------------
তিলো বৰা ৰাজখোৱা
নীলা আকাশখন বুকুত সাবটি
নদীখন একাবেঁকাকৈ বৈ আছে
যুগ যুগ ধৰি.....
কাষৰ সেউজীয়া হাবিখন
আন্ধাৰ হ'লেই শুই পৰে
নৈখনক শিতান কৰি
ক্ৰমশঃ গহীন হৈ পৰে
নৈৰ দুয়ো পাৰ ।
জোন- তৰাৰে বুটাবচা
নিশাৰ আকাশৰ পৰা
পপীয়া তৰাবোৰ খহি খহি
নদীৰ বুকুত হেৰাই
একাকাৰ হৈ পৰে আকাশ- নদী আৰু সেউজীয়া হাবি ।
দোভাগ ৰাতি বেদনাত চত্ ফতাই
নিজান হাবিত কাৰোযে সঁহাৰি নাই
দুখবোৰে শিলহৈ খুন্দিয়াই তাইক...
তাইৰো আছিল অলেখ সপোন
পোনাটিক ডাঙৰ কৰি
সেউজীয়াৰ বুকু শুৱনি কৰাৰ
অমানবীয়তাৰ মুখা পিন্ধা
দানৱৰ নীচাত্মিকাত
লজ্জিত মানুহৰ পৃথিৱী
নীচতাৰ নিৰূপিত মাপক
থকাহেঁতেন !!
নীচতাৰ সঠিক হিচাপত
বিচৰণৰ তালিকাও থাকিলহেঁতেন ।
এতিয়া পৃথিৱীৰ অসুখ
কৰোনা হৈ নামিছে
বিষাদে হৃদয়খনকে
কুৰুকি কুৰুকি খাব খোজে...
হত্যা- হিংসাৰে জৰ্জৰিত
মানৱৰ সমাজত
অপমৃত্যু সততাৰ ....
তথাপিও বৈ আছে একাবেঁকাকৈ নদীখনে ....
যাত্ৰাৰ সামৰণি যে
সুবিশাল গভীৰ সমুদ্ৰ ...
নীচাত্মিকাই চুব নোৱাৰা
গতি যাৰ অনিৰুদ্ধ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে
-----------------------------------
পঞ্চমী ফুকন
বিশাল ধন-সম্পত্তিৰ গৰাকী হ'ব নোৱাৰিলেও
বিশাল মনৰ গৰাকীতো হ'ব পাৰোঁ।
সুন্দৰ চেহেৰাৰ গৰাকী হ'ব নোৱাৰিলেও
সুন্দৰ মনৰ অধিকাৰীতো হ'ব পাৰোঁ।
সুন্দৰ হাঁহিৰে মুকুতা মালা গাঁঠিব নোৱাৰিলেও
এটি অনুভৱতো হ'ব পাৰোঁ হাঁহিৰ খৰাক হৈ..
হৃদয়ত প্ৰেমৰ বৰষুণ নমাব নোৱাৰিলেও
দুখৰ দিনত চকুলো মোহাৰি সান্তনাতো দিব পাৰোঁ।
সাহসৰ প্রতীক হ'ব নোৱাৰিলেও
বিপদৰ সময়ত সাহস দিবলৈ চেষ্টাতো কৰিব পাৰোঁ
জীৱনৰ অন্ধকাৰ বাটত পোহৰাই তুলিব নোৱালিলেও
ছাঁ হৈ আঁৰে আঁৰে কাষততো থাকিব পাৰোঁ ।
এশাৰী ভাল লগা কবিতা হ'ব নোৱাৰিলেও
এটি শব্দতো হ'ব পাৰোঁ অনুভৱৰ অনুভূতি হৈ।
এটি সম্পূৰ্ণ গান হ'ব নোৱাৰিলেও
এটি গানৰ কলিতো হ'ব পাৰোঁ।
জীৱন যাত্ৰাৰ পথত সংগী হ'ব নোৱাৰিলেও
প্ৰেৰণা হৈ জীৱন উছৰ্গাতো কৰিব পাৰোঁ ।
আজীৱন .......
ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে
পৃষ্ঠা ৩১
শাওণ
----------------------------------
কুকিল কুমাৰ গগৈ
শাওণ মানেই
কপাহগুটিয়া বৰষুণৰ লগত নামে
খেতিয়কৰ প্ৰদীপ্তি সপোন ,
পলসুৱা মাটিৰ কেচেমা কেচেম গোন্ধত
মুক্ত পথাৰখন যেন উথপথপ
সচাঁকৈয়ে শাওণ আশা ভৰসাৰ স্থল ।
শাওণ মানেই
বোকা পানী খচকি
ৰোৱণী হাতৰ পৰশত ধৰি কঠীয়া বোল
ঠন ধৰে
সেউজবুলীয়া শইচ।
ইপাৰ সিপাৰত ঢৌ তুলি নাচে ,
এখন নতুন সেউজীয়া আলোকিত চাদৰ
সচাঁকৈয়ে নিৰুপম শাওণৰ পথাৰ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বিপন্ন ক্ষণৰ জোনাক
----------------------------------
ৰঞ্জন বৰা
বিভিষিকাৰ নিচান উৰুৱাই
সন্তপৰ্ণে আগুৱাই অহা মহামাৰীৰ দাবানলত নিঃশেষ হ’ব যেন নিয়তিৰ উদাসী জোনাক ---
উৎকণ্ঠাই বেৰি ধৰা
প্ৰকৃতিৰ শ্যামলী বুকুত শংকাবোৰ উৰি ফুৰিছে
ক্ষণে ক্ষণে ,
মানৱৰ দেহত বিয়পিছে সংশয়ৰ শিপা --- !
অদৃষ্টতাৰ হাতোঁৰাত সুমেৰুৰ পৰা কুমেৰুলৈ বৈ গৈছে অবিনাশী কালিমাৰ গতি
সময়ে কৈ গৈছে
কিমান গণিবা আৰু বাটৰুৱাৰ কাণত বাজি উঠা বিষাদৰ ৰাগ --
বুকুৰ ধপধপনিত জয়াল আৰ্তনাদৰ চেপাঁ শিহৰণ কিমান চাবা
দুচকুত ওলোমাই লৈ !
যেন , বাৰিষাৰ চিপচিপীয়া বৰষুণজাকৰ উল্লাসত
সজীৱতা নাহে শাওণৰ পথাৰখনত --
ৰোৱনীৰ আঙুলিৰ পৰশত
সঁজাল নধৰে মুঠি মুঠি কঠীয়াৰ শাৰীত ---
মাথোঁ , নিস্তেজ নিস্পন্দ বাস্তৱ কাঠগড়াত
ধূসৰিত উশাহ এটি বুকুত সাবটি
বিমূৰ্ত জোনাকৰ ৰিঙা ৰিঙা চাকনৈয়াত
বিদীৰ্ণময় জনস্ৰোত -- !
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
পূৰ্ণতাৰ এটা অংশ
----------------------------------
মালতী গুৰুং
বিচনা শুই থাকিলেও
নিস্তব্ধ হৈ ৰৈ আছিল টোপনি
পৰা নাই সপোনবোৰ
দৌৰি যাবলৈ বতাহৰ স'তে
ৰাতিৰ ভগ্নাংশৰ পূৰ্ণতা ।
ইচাটিবিচাটি কৰি সপোনবোৰ ভাহি আহে এখন পাহাৰৰ পৰা নীলা হৈ,
মাছ ধৰিব
নজনা মাছৰোকাই জনা নাছিল
প্ৰেমত পৰিও জাঁপ দিব পাৰি একেলগে দৰিকণাৰ বাবে...
উশাহবোৰে কঢ়িয়াই
জীৱন গাথা
আজিও ৰমলাই জীৱন নাপালে
চাহাবৰ প্ৰথম সন্তান গৰ্ভপাতৰ সময়ত
ৰঙাত ডুবিছিল,
তাই শুই থকা বিচনাই
ৰাতিৰ ভগ্নাংশৰ কথা
জীৱন মৰণৰ পণ
বহু ৰাতিৰ ডুখৰীয়া ছবিৰ বাবে বুটলি আনিছিল আন্তঃৰাষ্ট্ৰীয় বঁটা,
সেউজীয়া অৰণ্যই
উজাগৰে কটোৱা
টোপনিক নিচুকাই ন আশাৰে
ধুই থৈ যায় বৰষুণৰ
জীয়া ধলে
পাপবোৰ...
পৃষ্ঠা ৩২
মই নদী
তুমি পাৰ
----------------------------------
ড০ জাহ্নৱী লহকৰ বৰুৱা
বৈ থাকিম মই নদী হৈ
আৰু তুমি! তুমি পাৰ হৈ হাওলি চুই চাবা
মোৰ শীতল বুকু।
পাৰ হৈ তুমি নীৰৱে শুনিবা
মোৰ কলৰৱ, মোৰ কল কল ধ্বনি আৰু সুৰ।
তুমি লানি নিছিগাকৈ গাঁঠি যাবা স্বপ্নগাথাৰ মালা
মই বোৱাই দিম সুগন্ধ সুবাস।
তুমি শুনি থাকিবা
মাথোঁ শুনি থাকিবা।
মই মেঘমল্লাৰ ৰাগ হৈ
বৈ যাম..
অলেখ সপোন বুকুত গুজি লৈ...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
শইচ
----------------------------------
অৰ্পণা হাজৰিকা
ফালেৰে ফঁহিয়াই
সীৰলুত গুজি দে সপোন
হেঁপাহবোৰ পোখাব
সজাল ধৰিব ।
দিন গণি মাহ লেখি
চপাই ল'ম দুয়ো
বছৰটোৰ শইচ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
কোন বাৰু তেওঁ
----------------------------------
মনি ডেকা
সন্ধিয়াৰ বতাহজাকে কঢ়িয়াই আনে
কোনোবা ব্যৰ্থ প্রেমিকৰ বুকুৰ উশাহ..
দূৰৈৰ পৰা ভাহি অহা বাঁহীৰ সুৰটোৱে যেন মনটো ভাৰাক্রান্ত কৰি তুলিছে..
আস্ ইমান কৰুণ এই বাঁহীৰ সুৰ...
কোনে বাৰু ভাঙিলে কাৰ
হিয়াৰ সপোন অজানিতে...??
সপোনটোৱে চাগৈ আৰ্তনাদ কৰিছে
সহিব নোৱাৰি বিচ্ছেদ বেদনা
বুকুৰ কোনোবাখিনিত
এটি নাম নজনা বিষাদে আহি ঠাই ললে
ধৰ্ ফৰাই উঠে কলিজাটি
কোন বাৰু তেওঁ
যিয়ে ভাঙি পেলাব পাৰে নিমিষতে
কাৰোবাৰ সপোনৰ কাৰেং
পৃষ্ঠা ৩৩
ক্ষোভ
----------------------------------
সবিতা বৰা
কেই সাগৰ পানীৰে
ওপচাই ৰাখিছা তোমাৰ
উন্মুক্ত বক্ষ ?
হে প্ৰাণোধিক বৰ লুইত তুমি ,
সৌ সুবিশাল আকাশ খন দেখিছা
পাৰিবা জানো আকাশ খন বুৰাব
তোমাৰ এই উন্মাদ বানেৰে ?
তেন্তে আজি নিৰীহ জনতাৰ
কামিহাড় তুমি পদে পদে
ভাঙিছা কিয় --?
অসমীয়াৰ স্বাভিমান তুমি
সেইবুলি চুকতে থাকি
বুকুত আৰু কিমান কামুৰি
মৰমৰ প্ৰতিদান দিবা ?
সৃষ্টি যদি অনুপম হয়
তেন্তে তোমাৰ মোহনীয়তা
আজি কিয় নোহোৱা হ'ল ?
তোমাৰ তাণ্ডৱ বন্ধ কৰা ,
ভৰিৰ তলৰ পৃথিৱীখন তুমি
কাঢ়ি নিলা হেজাৰ কৃষকৰ ।
এই সকলৰ কেঁচা তেজৰ
জীয়াই থকাৰ হেঁপাহ বোৰ
তোমাৰ মমতাৰে ঘূৰাই দিয়া ,
তোমাৰেই সহবাসী অসমীয়াক
জীয়াই থাকিবলৈ দিয়া ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নিঃসংগতা
----------------------------------
ৰঞ্জনা পাঠক
তুমি নুবুজিবা
নিঃসংগতাৰ দহনৰ যন্ত্ৰণা
কাৰণ, তুমিতো পোৱা নাই
সেই কষ্টকৰ অভিজ্ঞতা
নোৱাৰিম বুজাব তোমাক
কেনে লাগে তেতিয়া,
যেতিয়া শৰীৰৰ কোঁহে কোঁহে
উষ্ম অঙঠাই পিৰপৰাই
কেনেকৈ বুজিবা
কিমানখিনি ধৈৰ্যৰ শেষত
তিয়াই পেলোৱা যায়
একোটি গাৰুৰ গিলিপ
দাহ্য মই
অদাহ্যটো নাছিলোঁ কাহানিও
ঈপ্সিত স্পৃহাবোৰক
আহুতি দিব পৰাকৈ
মই যে মহামহীয়সীও নহয়
সেইবাবেইতো কওঁ
দহনত ছাই হৈ যোৱা সহজ
কিন্তু সেই দহনৰ যন্ত্ৰণাৰ
অনুভৱ মোৰ বাবে প্ৰতিদিনৰ
এক কঠিন বাস্তৱ
তুমি নুবুজিবা
নুবুজিবা তুমি…
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
মোৰ প্ৰিয় কলম
----------------------------------
বন্দনা সন্দিকৈ
দুখবোৰ লাঘব কৰিবলৈকে
সকলোবোৰ দুখ আঁকোৱালি
বুকুত শিলভঙা ৰাতি
সজোৰে চেপি ধৰিছিলোঁ
সি মোক বিশ্বাসঘাটকতা নকৰে
সুখতো-দুখতো লগ এৰা নিদিয়ে
হেঁচুকি থাকে
তাগিদা দিয়ে
পথাৰ,অৰণ্য পুৰি ছাই হৈ গ'লে
বন্যপ্ৰাণীবোৰ ব্যাধৰ লক্ষ্য হ'লে
নিমাখিত ল'ৰাটোক মাৰি পেলালে
নৰাধমবোৰৰ হাতত
কোনোবা বলিৰ পাঠা হ'লে
সি মোক তাগিদা দিয়ে।
পুত্ৰৰ হাতত পিতৃ-মাতৃ নিৰ্যাতিত হ'লে
অলিয়ে-গলিয়ে নাৰী বলাৎকাৰ হ'লে
দেশত অৰাজক, অনীতিৰ বেহা বহিলে
প্ৰতিবাদী জনতাক ৰাজপথত
গুলিয়াই মাৰিলে
সি বুকুত ভৰাই লয় তেজ
আৰু
এক আপোচহীন সংগ্ৰামত
ব্ৰতী হʼবলৈ
মোক তাগিদা দিয়ে
এনেদৰেই সি মোক অনুশীলন
কৰায়
প্ৰতিনিশা শিকায় প্ৰেমৰ ভাষা
দেশপ্ৰেম,ভাতৃপ্ৰেমৰ ভাষা
বিষাদতো লিখিবলৈ প্ৰেৰণা দিয়ে
এটি প্ৰেমৰেই কবিতা ।
পৃষ্ঠা ৩৪
আবেলি বেলিৰ গোন্ধ
----------------------------------
ৰংগন কুমাৰ নাথ
অনুভৱৰ সাগৰত ডুবি থাকোতেই
জীৱন গাথাৰ শিলালিপিবোৰ
খহি পৰিল খলপা খলপে।
জিৰি জিৰি সন্ধিয়াটোত নদী হৈ
ভাঁহি আহে এসোপামান আশা
সপোনৰ সমভূমিত নিশাটো
কটাই আশাবোৰে ,
ৰসাল জীপাল কৰে
পলসুৱা জীৱন পথাৰ ।
বেলি উঠাৰ পথেৰে উজাই নদীখন
দীঠকে ফেহুঁজালি দিয়ে
অনুভৱৰ মোহনাত থমকি ৰয়
আশাৰ বালিচৰ
দুচকুৰ পতাত ধৰা দিয়ে
ফূট চাঁই বৰনীয়া বহল পথাৰ
দূৰণিত ৰিণি ৰিণি বাজে
অচিন পখীৰ বিননি
মোৰ জীৱন ঘড়ীত ধৰা দিয়েহি
আবেলি বেলিৰ চিনাকি চিনাকি গোন্ধ ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সস্তীয়া জীৱন
----------------------------------
দেবানন্দ পেগু
বাৰীৰে চুকতে ,জাতি বাঁহ এজোপি
কাটি আনিলোঁ কাঠি-কামি কৰোঁ বুলি
নিজ হাতে বান্ধিলোঁ চেপা,জাকৈ, চালনী।
পাছ ফালৰ পুখুৰী,মাইনাৰ মাকৰ চিনাকি
পুখুৰীত নামিলেই
ককালত ওলমি থকা খালৈখনিত
পুঠি,খলিহনা,চেংনাচি নাচি আহে
উভতনি পৰত,বুটলি আনে,
ঔটেঙা ঢেকীয়া
বৰ সন্ধিয়া,পঃৰ আপঙৰ বাটি
পুৰা মাছৰ ছাটনি জুতি লগাই খাওঁ।
ধনেৰে ধনীৰামৰ বিলাসী জীৱন
আধুনিক যুগৰ আধুনিকতা আমাৰহে নাই
ধন,সোণৰ অভাৱ হ'লেও মনৰ অভাৱ নহয়
বজাৰৰ পৰা কিনি খাব নোৱাৰিলেও
নিজ হাতে গঢ়ি খাম।
মাইনা পঢ়ে,চৰকাৰী স্কুলত
"ফিছ" দিবলৈও নাই
দুপৰীয়াৰ আহাৰ স্কুলতে খায়
মাকৰো আমনি নাই
বছৰত দুযোৰকৈ ইউনিফৰ্ম
লগতে কিতাপ বহী নিকিনিলেও পায়।
মাটিৰ মানুহ, মাটিতে কৰিম খেতি
সুখে-দুখে দুয়ো মিলি লখিমী আদৰিম
চৰাই-চিৰকতিক খাবলৈ দিম
দুখীয়াক দিম দান
বছৰৰ মূৰত
ওচৰ-চুবুৰীয়াৰ লগত
জুতি লগাই এসাজ খাম
কি কৰিম বন্ধু, সস্তীয়া জীৱন
আধুনিকতা বুলিবলৈ একোৱেই নাই।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বাসনা
----------------------------------
নিৰ্জু বৰগোহাঁই
তোমাৰ ওঁঠৰ ফাঁকেৰে
সৰকি অহা
সূৰুযৰ ৰেঙনিত
মই এটা বাট বিচাৰিছোঁ
জানাইতো
কান্ধত বৈ অনা
মোনাটোৰ ভৰত
হাউলি পৰিছে মোৰ
ছাঁৰ মাজৰ জোনাক
আৰুনো ক'বলৈ
কি আছে!
বাৰিষাৰ ৰামধেনুৰ ৰঙে
উলাহ দিয়াৰ দৰে
ভাকুট কুটাই
পাৰ বাগৰি যাবলে
নিথৰ হোৱা হৃদয়ৰ
স্নায়ুৰ মাজেৰে
অনামী পোহৰৰ
তৰংগায়িত লহৰ
তাতেই প্ৰতিভাত
মোৰ এখন অনন্য আকাশ
য'ত নিতৌ
দোৰোল খোৱা
জোনাকৰ বিলাস ।
পৃষ্ঠা ৩৫
নাৰী
----------------------------------
জ্যোতিষ্মিতা গায়ন
নাৰী বুলি পৰিচয় দিবলৈ আজি
সাহস নাই নাৰী জাতিৰ ,
কত যে মানৱৰূপী নৰ পিশাচে
নাৰীৰ আঁচল টানে ,
কতই যে নাৰীকেই কৰে অপমান।
ঘৰৰ চোতালতো আজিৰ নাৰী
নহয় সুৰক্ষিত ,
আজিৰ নাৰী জাতি নহয় মুক্ত ,
কত যে দানৱে কৰে ধৰ্ষণ,
কৰে হত্যা ,
নাৰী বুলি ক'বলৈয়ে
লাগে আজি ভয় ,
আঁচলৰ তলতে মুখ লুকুৱাই ।
আজিৰ নাৰীয়ে কিমাননো কৰিব সহ্য ,
নাৰীৰ পৰাই ভূমিষ্ঠ হৈ
নাৰীকেই আকৌ কৰে অপমান।
মানৱৰূপী দানৱে জন্ম জননীক নিচিনিলে ।
কত নাৰীক দানৱৰূপী মানৱে
কৰিছে হত্যা , ঢালিছে এচিড ,
হ'ব নে নাৰীৰ প্ৰতি এই অত্যাচাৰৰ ন্যায় ,
জ্বলিবনে নৰপিশাচৰ গাতো একুৰা জুই।।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
আকাশে টুকিছে চকুলো
----------------------------------
গুণশংকৰ মহন্ত
বৰষাই নুসুধিলে নদীক
তোমাৰ বক্ষ বহল কিমান ?
পাৰিবনে দুকুল ওপচি পৰিলে তাৰ
বুকুয়ে সহিব ?
ডাৱৰেও নুসুধি আকাশক
বিজুলী গাজনি ধুমুহাৰ স'তে
পাতিলে মেলা আকাশৰ বুকুত ,
নেপাতিবি ধংস যজ্ঞ
নলবি প্ৰাণৰ আহুতি
নীলাবোৰ ক'লা হৈ
কপি উঠিব পৃথিৱীৰ বুকু
বানৰ তাণ্ডৱ নৃত্যত !!
ৰুগীয়া দেহত নিদিবি তই
মেটমৰা দুখৰ বোজা
কিমান কন্দুৱাবি
আৰু যে নোৱাৰো সহিব
নকৈ গজালি মেলা আশাৰ কঠীয়া
নিনিবি উটুৱাই হেৰ' কপটীয়া বান !
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বিপন্ন সময়
----------------------------------
ৰূপালী মেধী নাথ
দুৰ্যোগেৰে পূৰ্ণ
এয়া যে বিপন্ন সময়
যেন ধ্বংসযোগ্য সমাগত মানৱৰ
ধ্বংসৰ গৰাহত মনোমোহা প্ৰকৃতি
যেন ভূতৰ ওপৰত
দানহৰহে তাণ্ডৱ
এহাতে মহামাৰী
আনহাতে বিনাশী ধুমুহা ,বানপানী
শংকিত মানৱৰ
ভয়াৰ্ত ভাৱানুভূতি
স্তব্ধ জনজীৱন ,
বন্ধ যাতায়ত
ঘনাই অহা -যোৱা বিজুলি বাতিৰ
কাৰাৰুদ্ধ পৰিৱেশৰ শ্বাসৰুদ্ধ জীৱন
চিনাকী সুৰ বিচাৰি
আপোনৰ উচুপনি....
পৃষ্ঠা ৩৬
জীৱন গতি অন্য এক ছবি
---------------------------------- *
নিপু কুমাৰ দাস
বতাহত উৰে চিলা
টাকুৰী চিঙিলে গৈ যেন
গতি সলনি হৈ
আকাশত ভাহে চিলা
উৰি উৰি গৈ যেনিবা
আকাশৰ সীমনাত হেনো
হেৰাই যাব নিখোজ হৈ
বতাহৰ গতিত চিলা
উৰে বাবেই ভাহে চিলা
ভিন্ন ৰঙৰ সমাহাৰ
চিলা উৰুৱাই কোনেনো
গতিৰ নিয়ন্ত্ৰণ কাৰ নো হাতত
য'ত হাঁহি আৰু চকুলোত
বিৰহ বিষাদৰ বৰষুণ
সাতৰঙী ৰামধেনুৰ প্ৰতিবিম্ব
জলপৃষ্ঠত এক স্বচ্ছ ছবি
বতাহত উৰুৱাই চিলা
সূতা চিঙাটো সহজ
চিলাৰ সূতা চিঙিলে গতি ধৰা
গতি যেন সহজ নহয়
বিধাতাই চাগে কৰে নিয়ন্ত্ৰণ
চিলাৰ বেজাৰ তাতেই
ৰঙৰ সমাহাৰত অন্য ৰূপ
চিলাৰো এক জীৱন চক্ৰ গতি----!
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বাঘজানৰ দুৰ্গতি
----------------------------------
জিনা বৰুৱা বৰা
বাঘজানৰ অভিশপ্ত অগ্নি শিখাৰ
প্লাৱনে কৰিলে নিৰালম্ব
সমস্ত জনৰ হৃদয়ত নিগৰাইছে
নিৰৱে কৰুণ অশ্রমালা
চৌদিশে বৈছে দুঃখিনীৰ হিয়া ভঙা নিনাদ
হাহাকাৰ মাথোঁ হাহাকাৰ
কিযে ভয়ানক বিবৰ্ণ প্ৰতিচ্ছবি
সৃষ্টিৰ দিব্য সপোন ভাঙি
নিঃশেষ কৰি পেলালে
বাঘজানৰ মাগুৰি বিল আৰু
ডিব্ৰু - ছৈখোৱাৰ মনোৰম সৌন্দৰ্য্যৰে ভৰপূৰ সেউজীয়া বনানি আৰু জন জীৱনৰ অন্তহীন স্মৃতিৰ সুন্দৰতম বাস্তৱ ।
বিভিন্ন উভচৰ জীৱ জন্তু আৰু পক্ষীৰ
শ্বাস - প্ৰশ্বাসৰ গতি ৰোধি
চিৰ কাললৈ নিশ্চুপ কৰি গ'ল।
আজিৰ অল্পমতি মানুহে নেভাৱে
প্রাণী জগতৰ কথা
কেৱল ঘূৰিছে ক্ষুদ্রাতি ক্ষুদ্র স্বাৰ্থান্ধত
প্রকৃতিৰ প্রতি নাই কোনো সচেতনতা
জীৱিকা নিৰ্বাহৰ কৰ্ম্মৰ প্রতি
নাই কোনো স্পৰ্দ্ধা
অইলৰ কৰ্ম্মচাৰীৰ অপকৰ্মৰ
পৰিণতিত ঘটিল এনে দুৰ্গতি।
আজি বাঘজানৰ তেল নিৰ্গত ঠাইত
ভয়ানক অগ্নিকাণ্ডৰ বাৰুদৰ ধ্বংস লীলাই আনিলে মাতৃ ভূমিলৈ
প্ৰগতিৰ জখলাৰ অৱনতি।
বিশ্ব ইতিহাসত ক'লা পষেক ৰূপে
প্রতিপন্ন কৰি কাললৈ ৰাখিলে অখ্যাতি।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
মাতাল নদী
-----------------
ৰুলা ভূঞা
নৈখন মতাল হ'লে
দুচকুত এজাক এন্ধাৰ নামে
বাৰে বাৰে তন্ হাত ভোগো
কলীয়া ডাৱৰৰ মাজত
তৰাবোৰ লুকালে ।
তুমি
তুমি ভাল পোৱা বৰষুণ
আপোন কৰা মেঘক
আৰু মই
মই ওলাই আহো
দুখৰ পোছাক সলাই
তোমাৰ স'তে
প্ৰখৰ ৰ'দকো নেওচি ।
পৃষ্ঠা ৩৭
কুঁহিপাতৰ সপোন
----------------------------------
ৰবিন কুমাৰ চেতিয়া
বসন্তৰ কুঁহিপাতবোৰে কিজানি নেজানে
কাৰোবাক ভাল লগাবৰ কাৰণেই
দেহে মনে সিহঁতে কুমলীয়াৰ আবিৰ সানে
কুহুমীয়া গোন্ধত পাতবোৰ বাউলী হয়
লেহুকা প্ৰেমত হৃদয়বোৰ লাজকুৰীয়া হয়
বক্ষৰ আলসুৱা আভৰণে
সকলোকে ঢাকি ৰখাৰ অহংকাৰত
বুকুৰ মৰমবোৰ চিৰাচিৰ কৰি
অজানিতে সিহঁতৰ জীৱনলৈ আহে
ব্যৰ্থ প্ৰেমৰ নিষ্ঠুৰ সময়
ভালপোৱাৰ বৰষুণত
জুৰুলি জুপুৰি হ'ব খোজে সিহঁতৰ
ৰাংঢালী মন
খিল খিল হাঁহিৰে আশাৰ পানচৈত
জিলিকাব খোজে সেন্দূৰীয়া জীৱন
তোমাৰ সেউজীয়াত
বিচাৰি ফুৰো ময়ো
নিজকে হেৰুৱাবলৈ প্ৰতিটো ক্ষণ
ফুলে কাকো সুধি
সৌৰভ নিবিলায়
সাগৰক বিচাৰি প্ৰগলভা তটিনীয়ে
অবিৰাম বাটকুৰি বায়
অনুভৱৰ ভালপোৱা বোকোচাত বান্ধি
ময়ো বিচাৰি ফুৰিছোঁ
তোমাকে সদায় ,,, ,,, ,,,
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সংগ্ৰাম
----------------------------------
পম্পী দেৱী
মোৰ অঘোষিত সংগ্ৰামৰ মঞ্চখনত
তুমি দ্বিধাহীন ভাৱেই ঘোষণা কৰিব পাৰা
তোমাৰ কাল্পনিক কাহিনীৰ সফলতাক....
মোৰ অপেক্ষাৰত অজস্ৰ সময়বোৰক...
তুমি অৰ্থহীনতাৰ কৱচ পিন্ধাই উপেক্ষা কৰিব পাৰা
তুমি মন গ'লেই ৰচিব পাৰা
সম্পৰ্কৰ অবিশ্বাসী বান্ধোন
নতুবা ঢালি দিব পাৰা,আপোন জনৰ আত্মাৰ গভীৰতাত
কলংকৰ তেজ লগা বিষাদৰ বৰষুণ
বুকুত সাহস থাকিলেও
তুমি নোৱাৰা যুঁজিব বৰ্তমানৰ বিৰুদ্ধে...
মাতাল সৈনিকৰ দৰে যুদ্ধৰ ৰণদংকা বজাই...
জীৱনৰ জটিলতাক দমন কৰিব নোৱাৰা
নোৱাৰা সৰলতাৰে বুজিব...
কোনোবা অবলা নাৰীৰ হৃদয় কম্পন...
যিদৰে তোমাৰ যান্ত্ৰিক মনটোৱে গুণগুণাই পোৱা নাই প্ৰেমৰ সংগীত
যিদৰে তোমাৰ ব্যস্ত সময়বোৰে চিনি নাপায় অনুভৱৰ পৃথিৱীক...
সেইদৰে অজানিতে তুমিও হৈ পৰিব পাৰা এদিন...
চিনাকি পথৰেই এজন অচিনাকী পথিক...
জীৱনৰ একেখন মঞ্চতেই...
সেইদিনা পুনৰ চিঞৰি পঢ়িবা তুমি...
অসফলতাৰ প্ৰকৃত সংজ্ঞাক...
নতুবা আধৰুৱা আধৰুৱাযেন লগা এটা সেমেকা কবিতাক.....…
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ইপাৰ সিপাৰ
----------------------------------
হীৰকজ্যোতি নাথ
ইপাৰ সিপাৰ
কেঁওটি পাৰ;
পশ্চিম আকাশত,
বেলিটি মাৰ ।
কুলু কুলু শবদত
টিঙা টলমল;
নাৱৰীয়া ককাইৰ,
বঠা আপডাল ।
ভাগৰুৱা পক্ষীৰ
শ্ৰান্ত বক্ষ;
ইফালে টিঙাটি,
টিঙাটে শান্ত ।
পৃষ্ঠা ৩৮
ভাইৰাচ
----------------------------------
মইনুল হক চৌধুৰী
হাঁহিবোৰ কেনিবা হেৰাল
মন গ'লেই আজিকালি হাঁহিব নোৱাৰি!
আজিচোন নুশুনা হ'লোঁ
পাহাৰী জুৰিটিৰ কল্ কলনি
ৰাংঢালী জনীৰ হাঁহিৰ খিল্ খিলনি
ক'ত হেৰাল?
ভোমোৰাৰ গুঞ্জন!
ফুলৰ কোঁহে কোঁহে উৰিফুৰা
পখিলাৰ গুনগুন!!
নিমাওমাও, নিস্তব্ধ সকলো
স্থবিৰ দেহ, স্থবিৰ মন
নানান প্ৰশ্নৰ অগা-দেৱা
কি আছিল? কি হ'ল??
আৰু কি হ'ব???
কিছু উত্তৰবিহীন প্ৰশ্ন!!
উত্তৰ বিচাৰি হাহাকাৰ সকলো
তোলপাৰ মন!!!
মাত্ৰ এটা 'ভাইৰাচ'
শেষ কৰিব পাৰে সকলো
দূৰ কৰিব পাৰে
আপোনৰ পৰা
আপোনজনক!
ই যে ভয়ানক, মাৰাত্মক, বিষাক্ত
এটা 'ভাইৰাচ' !!!
পামনে হাতৰ মুঠিত দুনাই
অসম কাব্য কাননৰ পুস্তিকা?
পামনে ওভতাই সেই
হেৰোৱা সুবাস ??
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ৰুগ্ন ক্ষুধা
----------------------------------
পিঙ্কু ৰাজবংশী
নিশাৰ গভীৰ এন্ধাৰত
শূন্যতাৰ কোলাহল
ৰুদ্রযৌৱনৰ প্রৱল ঢৌত
উমি উমি জ্বলে এখন বগা চাদৰ
আকুলতাৰ দুনয়নত হেৰুৱা ফুল-শয্যা
নিশা হ'লে মৃত্যু হয়
তজবজিয়া এজোপা ৰঙা গোলাপৰ
অস্ত সুৰুযৰ বিধস্ত ছবি
তাই পাৰি দিয়া বগা আঁচলত
কামনাৰ দুচকুৰে বৈ যায়
বাৰিষাৰ ভৰা নদী
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সপোনৰ চিলা
----------------------------------
ড° মঞ্জু হালৈ
এই জীৱনটোকে লৈ
মই জী থাকিব বিচাৰোঁ
গজাব খোজো হাজাৰ বুকুত বিজাৰ সৃষ্টিৰ পথাৰ
পোখা মেলা শইচ,আঘোণী হিৰণ।
প্ৰতিটো নিৰ্ঘূম ৰাতি
চিকুটি চেলেকি দকদকীয়া কৰি তোলোঁ
মৰি মৰি নমৰা পুৰণি স্মৃতি
নিদ্ৰাই কি জানে
সপোনৰ কিমান চিলা উৰে প্ৰতিটো ৰাতি
দুপাখি মেলি নামি অহা তৰাবোৰৰ দৰে।
ৰাতি বোৰে গায় নিচুকনি গীত,
ৰাতি বোৰেই শিকায় কালান্তৰৰ কৃচ্ছ সাধনা
তমসাৰ পৰা আলোকলৈ
প্ৰতি ৰাতি বুদ্ধ আহে বোধিদ্রুমলৈ।
অপূৰ্ণ মোৰ প্ৰাণ গঙ্গা
অন্ত:ফল্গু বাৰি ধাৰা
নাজানো এই বাটৰ শেষ ক'ত?
তথাপি নকৰোঁ বিকল্পৰ সন্ধান
জীৱ বিচাৰোঁ মই
এই জীৱনটোতে,উদযাপিত কৰিব বিচাৰোঁ ফুলাম পৃথিৱী
গাব খোজোঁ মানুহৰ জয় গান।
পৃষ্ঠা ৩৯
হেলেন কেলাৰ
----------------------------------
কৰুণা জ্যোতি বৰুৱা
চন্দ্ৰমাহেন শিশুটি
একলা দুকলাকৈ বাঢ়ি
বুকু জুৰ পেলাইছিল পিতৃ-মাতৃৰ।
হঠাতে স্তব্ধ হৈছিল সময়।
মেনিনজাইটিছ–
কি যে এক ভয়াবহ ৰোগ!
লম্ভিলে ছোৱালীজনীৰ গাত
ক'ৰণা ভাইৰাচৰ দৰে।
চিকিৎসকক দেখুৱাই হাইৰাণ
কাঢ়ি নিলে দৃষ্টি,
শ্ৰৱণ আৰু বাক শক্তি।
জীৱণ থমকি নৰ'ল।
জ্ঞানৰ বন্তিৰে নিজকে
উদ্ভাসিত কৰি
পোহৰাই তুলিলে দেশে-বিদেশে
অজ্ঞান আন্ধাৰত ককবকাই থকা
হাজাৰ-বিজাৰ মানুহক।
ওঁঠৰ কঁপনি অনুধাৱন কৰি
কোনে কি কৈছে বুজিবৰ চেষ্টা কৰে।
বুজালে কামেৰে-
মানসিক উৎকৰ্ষ
শাৰীৰিক বাধাই ৰুধিব নোৱাৰে ।
ভাৰতলৈ আহি যুঁজিছিল দেশৰ বাবে।
ধৰ্ম প্ৰচাৰৰ ঠেক গণ্ডিত
সীমাৱদ্ধ নাথাকি
সমাজ সংস্কাৰ ,
শিক্ষাৰ পোহাৰ মেলিছিল।
সংগ্ৰামী জীৱনৰ আত্ম-কথা
আৰু বহু অমৰ গ্ৰন্থৰ তেওঁ জননী।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
কৃষক
----------------------------------
দিলাল আহমেদ
মৃত্তিকাৰ গভীৰত যাৰ চকুৱে
দেখা পায় ব্যঞ্জনা,
সিয়েই কৃষক মজুৰ
বিচাৰি ফুৰে আলোৰ ঠিকনা৷
মাটি ঠেলি উঠে শইচ
তাৰ হেঁপাহৰ শিশু৷
টান আঙুলিত অপৰ্য্যাপ্ত আশাৰ সাহস
শইচৰ বন্ধু সি, সিয়েই শইচৰ মাতা-পিতা ৷
আকাশৰ স্নেহত বাচি থাকে তাৰ প্ৰাণৰ আতুৰ৷
বতাহে বোঁৱাই আনে মেঘৰ বাৰিষা
হেপাঁহৰ হাঁচিতত চকুহাল বান্ধি
দেখে সেউজৰ সপোন৷
শইচে ঠন ধৰে
বৰ্ষাৰ নিনাদত গৰজি উঠে বান৷
কতনা অসহ্য দিন, অশ্ৰুসনা সেতু
আন্ধাৰ বোঁৱতী নৈত
মৰিয়্নী থল হয় সাজু ৷
মুঠিভৰা সেউজ শইচ
আৰু শুকুলা ফুল দুটি---
বানত উঠি যায় তাৰ প্ৰাণৰ সখী৷
আকাশৰ স্নেহত নক্ষত্ৰৰ অমোঘ নিচানা
মৰ্ত্য ছায়াত খেত মজুৰ কেতিয়াও নাপায় ছুটী৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
উপেক্ষা
----------------------------------
মুকুতা ৰয়
আজি মই কলংকৃতা
সেয়ে জানো উপেক্ষা কৰিছা?
এদিন মোৰেই সংগ বিচৰি
সমাজক ভয় নকৰি
আহিছিলা মোৰ কাষলৈ
আজি মই অকলশৰীয়া
সেয়ে জানো উপেক্ষা কৰিছা?
তোমাক ভৰষা কৰিয়েই
মনক বুজনি দিছিলোঁ
ভয় নকৰিবা বুলি
সি আছে তোমাৰ বাবে
বিচাৰিছোঁ আজি কাষতেই তোমাক
সেয়া জানিয়েই চাগে উপেক্ষা কৰিছা
দুৰৈৰ পৰা ৰং চাই আছা?
কিয় তুমি আজি বুজিও নবুজা
মোৰ মনৰ কথা
চিৰ দিনৰ বাবে তুমি মোৰ
এয়াতো তুমিয়েই কৈছিলা
জানো, তুমি নিজেই আতঁৰি যাব খুজিছা
নুবুজালা তাৰ কাৰণ
তোমাৰ এটি সঁহাৰিতে
বুজিছিলো তোমাৰ মনৰ কথা
আজি তোমাৰ নিস্প্ৰাণ সঁহাৰিত
নুবুজিমনে তোমাৰ উপেক্ষাৰ কথা?
পৃষ্ঠা ৪০
তুমি কলাগুৰু,তুমি বিপ্লবী
----------------------------------
অঞ্জু ৰয় বৈশ্য
ধন্য ধন্য অসমী আই
তোমাৰ দৰে সুপুত্রক জনম দি,
প্ৰজ্ঞাৰ সাধক তুমি
সত্য সুন্দৰৰ পূজাৰী ;
তুমি বিপ্লবী কৃষক ৰণুৱা
তুমিয়েই চিত্রশিল্পী
অংকন কৰি গ'লা
মহাপুৰুষ দুজনাৰ প্ৰতিচ্ছবি।
শিৱৰ তাণ্ডব নৃত্যত
মোহিত কৰিলা সৰ্বজনক,
ভূষিত হ'লা কলাগুৰু উপাধিৰে
জিলিকিল অসম মাতৃভূমি
তোমাৰ উজ্বল গৰিমাৰে।
তোমাৰ হুংকাৰ প্ৰতিধ্বনিত আজি,
অসমীয়াৰ বুকুত ।
ভাঙিব দিছিলা লোহাৰ শিকলি
ছিঙিব দিছিলা দাসত্বৰ বান্ধোন
বিপ্লবী অধিনায়কত্বৰে কঁপাই
তুলিছিলা লুইতৰ বুকু।
বিচাৰিছিলা তুমি শ্ৰেণীহীন সমাজ
যুজ দিছিলা কৃষকৰ হ'কে-
নিৰ্যাতিত হ'লা,নিপীড়িত হ'লা
নাঙলৰ মুঠিত হাত দিলা
বিধানসভাতো মাত মাতিলা--
"নাঙল যাৰ মাটি তাৰ"।
মনতে পণ বান্ধিছিলা তুমি
অসমী আইক মৰিবলৈ নিদিয়াৰ,
অসমীয়া সংস্কৃতি লুপ্ত হ'বলৈ নিদিয়াৰ,
সুন্দৰতম ন-অসমীয়া সংস্কৃতি ৰচাৰ ।
তোমাৰ সত্তা বিশাল বৰ্ণময়
সহস্ৰ গুণ গৰিমাৰে বিভূষিত তুমি,
তুমি আকাশৰ উজ্বল নক্ষত্ৰ
আবৰি ধৰিলা তোমাৰ
অৱধাৰিত জ্যোতিকাৰে অসম জননীক ,
কৰিলা চিৰকাল মহিমা মণ্ডিত ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বৰষুণ
----------------------------------
অমৰজ্যোতি ঘোষ
মোৰ মন মৰুভূমিত
তুমি ঢালিবা প্ৰতিদিন
এজাক বৰষুণ……
বিনিময়ত…
তোমাক দিম মই
মন পচন্দৰ এডৰা
সেউজীয়া প্ৰেমৰ বননি
য'ত বিচাৰি পাবা তুমি!
সুখেৰে জীয়াই থকাৰ
সকলোখিনি…!!
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
হেৰুৱা পথাৰবোৰ
----------------------------------
সাগৰিকা খনিকৰ
মানুহবোৰে নতুনকৈ ঘৰ বান্ধিছে,
বাৰী পাতিছে
লহপহীয়া বাৰীবোৰত
কলৰ থোক পৰিছে
তামোল গছবোৰে ডবিয়াইছে
আবেলিৰ ৰ'দত
জলমলাই
ৰঙীন দেৱাল
পথাৰবোৰ হেৰাই গৈছে,
জীপাল পথাৰবোৰ
বিষণ্ণতাত ডুব গৈছে।
বতাহজাক বাধাগ্ৰস্ত হৈছে
আচাৰখাই পৰিছে ওখ দেৱালবোৰত
বতাহজাকৰ অপ্ৰিয় হৈ পৰিছে
লাহে লাহে বাঢ়ি অহা মানুহৰ চুবুৰী।
পথাৰ শুৱনি এজাৰ গছবোৰে উচুপিছে
বাটৰপৰা যে নেদেখা হৈছে
এজাৰৰ বেঙুনীয়া বেজাৰ।
দুখত কাতৰ হৈ পৰিছে পথাৰবোৰ
মানুহবোৰে যে নতুনকৈ ঘৰ বান্ধিছে
গাওঁবোৰ এৰি আহিছে
মানুহৰ চুবুৰীত
পথাৰবোৰ হেৰাই গৈছে।
পৃষ্ঠা ৪১
জোনাকৰ উমাল বুকুত
----------------------------------
ৰাজশ্ৰী বৰা
জোনাকৰ উমাল বুকুতে
অনুভৱৰ শিপাডালে খামুচি লৈছে
সেমেকা কথাবোৰ কুহুমীয়া হৈ
ভিতৰতে হাঁহিছে
জোনাকীজনীয়ে হেঁপাহৰ ৰঙবোৰে
তুলিকাত আঁকিছে
এটা সপোন
সপোনটোৱে গুণগুণাই দিব
নিজম পৰা ৰাতিৰ বুকুত
বিষাদবোৰক আঁতৰাই
চকু জুৰিয়ে বিশ্বাসৰ আলিংগনত
খোজ থ'ব
তেওঁৰ কলিজাখনত কলিজাখন গতাই লৈ।
সপোনটো সেন্দুৰীয়া হোৱাকৈ
হৃদয়ৰ আকুলতাই মৰম সানিছে।
জোনাকৰ বুকুৱেদি নিগৰি পৰা
টোপাল টোপাল মৰমে
আজি
কলিজাৰ আস্থা হৈ হাঁহে।
হৃদয়ৰ গভীৰত
বৈ থকা নৈখনক চুই
জোনাকে কয়
প্ৰেম হৈ থাকিম
আজীৱনে তোমাৰ দুচকুত।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
ঈশ্বৰতকৈও সময়লৈ ভয় কৰোঁ মই
-------------------------------------------
তুলুমণি সোণোৱাল
মোৰ আজিকালি ঈশ্বৰতকৈও
সময়ক ভয় লাগে ৷
কাৰণ ঈশ্বৰতকৈও সময় ভয়ানক প্ৰতিশোধী ৷
সময় নিৰপেক্ষ আদালত
সময়ে ৰণহুংকাৰ নিদিয়ে
মাথোঁঁ গুপ্তঘাতকৰ দৰে
নীৰৱে কলিজাত আঘাত হানে ৷
দূৰৈৰ পৰাই যেন বিদ্ৰূপৰ শেল
নিক্ষেপ কৰে সুবিধা বুজি ৷
মোৰ সকলোতকৈও আপোন
শৈশৱৰ নিষ্কলুষ জীৱন ৷
পৃথিৱীৰ সকলো আৱৰ্জ্জনাৰ পৰা আঁতৰত
এই স্ফটিকময় সময় ৷
এতিয়া ঘোৰ সংকটৰ সময় ৷
এই সময়ে কাঢ়ি নিছে
সৃজনশীল মনৰ অধিকাৰ ৷
চাৰিওদিশে মাথোঁঁ মৰণশীল
মানুহৰ ব্যাকুলতা ৷
এয়া কল্পনাই ঢুকি নোপোৱা এক সৰ্বগ্ৰাসী সময় আৰু ক্ষণৰ মহামিলন ৷
জানা বহুক্ষেত্ৰত জীৱন
অনৰ্থক যেন লাগে ৷
জীয়াই থকাৰো যেন জুৱা আৰু প্ৰতাৰণা ৷
জীৱন আছে ৷ কিন্তু প্ৰাণ ?
হৃদয়তো নিপীড়নৰ বাহিৰেনো
কি আছে ?
উদ্বিগ্নতাই মানুহক অন্তসাৰ
শূন্য কৰি তুলিছে
ভালপোৱাবোৰো এতিয়া এন্ধাৰৰ
একচেটিয়া সম্পত্তি
জোনাক এতিয়া
আসুৰিকতাৰ হাতত ভূলুণ্ঠিত ৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
দৌৰাত্ম্য
----------------------------------
নীলিম নয়ন
চাৰিওফালে মৃত্যুৰ বিভীষিকা
চপৰা চপৰে খহিছে শ্ৰেষ্ঠতাৰ প্ৰতিটো স্তৰ
কলুষিত নিষ্পাপ সময়
অঘোষিত প্ৰতিযোগিতা
কুৰুক্ষেত্ৰ জিনাৰ।
চহৰবোৰ গৃহবন্দী
বেলি থমকা উচ্চাভিলাষী সাম্ৰাজ্যত
হেপেহুৱা পৰিভ্ৰমী পক্ষীৰ আৰ্তনাদ
কফিনত পৰিত্যক্ত মৃতদেহৰ হেঁচাথেলা।
আভিজাত্যৰ সত্তাৰে কত সাগৰ সাঁতুৰি
অন্তিম শিখৰত তৃপ্তিৰ সন্ধান
সভ্যতা বনাম ইতিহাস।
সময়ো থমকিছে ইচ্ছাৰ অভিলাষী বাটত
মজ্জিদ মন্দিৰ গীৰ্জাৰ বন্ধ দুৱাৰ
অনুচ্চাৰিত ভক্তি বন্দনা
থাকিবনে জীয়াই মানৱ সভ্যতা
ভগৱানৰ অন্তিম পৰীক্ষাত।
পৃষ্ঠা ৪২
স্তৱক
--------------
সান্ত্বনা শইকীয়া
আহাৰৰ ন-পানী পাই কুমলি উঠা বোকাত
গুজি দিছো হাতৰ মণিবন্ধলৈ ,
আঙুলিৰ টিপত সেউজীয়াৰ শিপা
আশা,
প্ৰাণ পাই উঠক এটি সেউজ সৰল সমীকৰণ
যদি বানে নামাৰে
উত্তৰ হ'ব আঘোণৰ সোণোৱালী পথাৰখন ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সোঁৱৰণিৰ এখিলা পৃষ্ঠা
(বৰদেউতাৰ স্মৃতিত)
----------------------------------
ধৰ্মেন্দ্ৰ বৰুৱা
কিয় জানো আজি বৰকৈ মনত পৰিছে
তোমাত অস্তিত্ব
তোমাৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তই
অগা-দেৱা কৰিছে দুচকুত।
হেজাৰ ব্যস্ততাৰ মাজতো
ধুন বুলি দিয়া মাতষাৰ
মৰমত দিয়া উপহাৰটোৱে
বৰকৈ আমনি কৰিছে অ'।
তোমাৰ অবৰ্তমানত
তোমাৰ কথাবোৰে বৰকৈ আমনি কৰে
স্মৃতিগধুৰ হৈ বুকুখন হনা-খোচা কৰে
পূজাত দিয়া এজাপ বেলুন,পুতলা গাড়ী
সামান্য অসুখতো অস্থিৰ হোৱা,
প্ৰাত্যহিক আবেলি ফুৰাবলৈ নিয়া
আৰু কত যে কিমান ....
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নিমন্ত্ৰণ
----------------------------------
প্ৰভাত কলিতা
আহক !
মানুহক ভালপোৱা মানুহবোৰ
এদিন একেলগ হওঁ
যিদৰে একেলগ হয়
উজানৰ মাছ, পৰিভ্ৰমী চৰাই
অথবা জোনাকৰ পোহৰ।
যিকোনো ঠাইতেই হ'ব পাৰে
এই সন্মিলন
ভোগালীৰ শইচ তোলা পথাৰ
ম'হৰ যুঁজৰ থলি
ব'হাগৰ দুপৰীয়া যুৰীয়া আহঁতৰ তল
অথবা আঘোণৰ পূৰ্ণিমা ৰাতি
'মহহো' বা কোনো 'অৰিমাগা' চোতাল
যিকোনো ঠাইতেই হ'ব পাৰে
এই সন্মিলন।
সাগৰ মহাসাগৰেদি
উজাই বা ভটিয়াই আহক
অলেখ পালতৰা নাও
লুইতত মাৰক খুটি
গিৰিপথেৰে নামি আহক
খিলখিল হাঁহিৰে
এজাক পাহুৱাল যুটি ।
চাল বা চুলিৰ বৰণ নহয়
তেজৰ ৰঙেই হওক
অভ্যাগতৰ পৰিচয়।
আহক !
মানুহক ভাল পোৱা মানুহবোৰ
এদিন একেলগ হওঁ
খুলি পেলাও দেহৰ আভৰণ
মছি পেলাও মুখৰ ৰং ।
হৈ পৰক পৃথিৱী
এখন গাঁও !
মানুহৰ গাঁও !!
পৃষ্ঠা ৪৩
নিশিগন্ধা
----------------------------------
অঞ্জনা শইকীয়া
যেতিয়া শেৱালি, বকুলবোৰ সৰি সৰি শেষ হৈছিল
নতুবা, ঋতু ফুলবোৰ
শুকাই গৈছিল
ঠিক তেতিয়াই
বতাহ জাকে মোক
সময়ৰ সৈতে চিনাকি কৰি দিছিল
জীৱন, জীৱন সেমেকা অনুভৱত
মই উশাহ সলাইছিলোঁ!
তুমি বাৰু চিনি পোৱানে
সেই সময়ক?
নিশিগন্ধাৰ সৈতে
একাকাৰ হোৱা সময়ক!
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
দৌৰ
----------------------------------
দি.এইচ.সদৰগঁঞা
জীৱন মৰুত চলিছে প্ৰতিযোগিতা
সুখৰ মৰীচিকা ছায়া বিচাৰি
কি দূৰত কি ওচৰত
তথাপিতো ফুৰিছে বিচাৰি
আশাতে দৌৰিছে আৰু দৌৰিছে...
কিজানিবা দিয়েহি ধৰা এই মায়া জীৱনত
অগ্ৰগামী দৌৰত নিমজ্জিত
পশ্চাৎত জ্বলিছে হতাশাৰ অগনি শিখা
চাৰখাৰ হৈছে সোণোৱালী সপোনৰ কাৰেং
তথাপিতো দৌৰিছে দূৰ দিগন্তলৈ
সুখৰ মৰীচিকা ছাঁয়া বিচাৰি
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
শুভ্ৰ বিলাপ
----------------------------------
ধনজ্যোতি চুতীয়া
বুৰঞ্জীৰ নিভৃত পদূলিত
সোণালী সভাৰ সুগন্ধি গদ্য
সামুদ্ৰিক উল্লাসত বিভোল
পৌৰাণিক আভাৰে আবৃত হৃদয় ---
সময়ৰ বুকুত সৰাপাতৰ নিবিড় ধেমালি
বেঙুনীয়া কুঁৱলী ভেদি সোমাই অহা
বুকুৰ বাকৰিত এজাক চপলা শৰালি
শংকাৰ ভটিয়নিত হাবিয়াস বাঢ়ে ---
সৃষ্টিৰ প্ৰাচীনতাত
প্ৰণয়ালাপৰ দুৱাৰ মেলি
ভাগে ভাগে সোমাই আহিল
জোন, তৰা, বেলি
জল্মল্ অনুপ প্ৰভাৰ দলিছা গৰকি -
পূৱৰ অৰুণে পশ্চিমত বৰণ সলোৱাৰ দৰেই
মনৰ জুইকুৰাও
সুমথিৰা বৰণ লৈ বুকুতে নিগাজি হ’ল
ডাৱৰৰ জুলীয়াবোৰেও কেতিয়াবা
চকুৰ নদীত খেলা কৰেহি ----
প্ৰৱাহিত ছন্দ এৰি প্ৰৱল বৰষুণতো শুকাই
হিয়াৰ মাজেৰে বৈ থকা
অনুৰাগৰ অনুভৱী ধনশিৰি ---
বিলাসী প্ৰাণৰ শুকান চাপৰিত
ৰৌদ্ৰদগ্ধ এডৰা চেতনাবিহীন
হালধীয়া বননি ----
পৃষ্ঠা ৪৪
সাহসী প্ৰেমিক মই
----------------------------------
নিৰলা ইংহিপী
মনত নাই
কেতিয়াৰ পৰা
ৰ’দত খৰখৰীয়া হ'লোঁ
বৰষুণৰ গান গাই গাই
চিৰাল ফাট মেলা মোৰ
কৰ্ষণৰ লিকটা ছাল
একেদৰেই আছে
মই যেন শিলতকৈ কঠুৱা
নে
পৃথিৱীতকৈ কঠিন ৷
ঋতু ভেদে আহে ঋতুৰ চৰাই
তুলি যায় সুৰ লৈ প্ৰকৃতিৰ আবদাৰ
মোৰো যে আছে এটি সুৰ
দিন , ৰাতি , ঋতু , মাহ বুলি নাই
নিৰৱধি…
অহ ! মই হয় নেকি
কিবা অদ্ভুত প্ৰাণী !
প্ৰেম প্ৰেম প্ৰেম বুলি
নিজ পথেৰে আহে আৰু যায়
কি নগ্নতাৰ লেখহীন ধ্বজভংগ !
মোৰো আছে মেলিব পৰা এখন প্ৰেমৰ নাও
কায়কল্প নিৰলংকাৰ , নিৰৱচ্ছিন্ন মৃদু উত্তেজনাৰ
পৃথিৱী
মই প্ৰেমিক তোমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ.……
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বুকুৰ বান
----------------------------------
স্মৃতা ৰশ্মিণ
বুকুখন যেতিয়া বিষায়
শব্দবোৰ তেতিয়াই হেৰায়...
বহুত কথাই ক'বলৈ মন যায় তোমাক
কিন্তু,তুমি জানো শুনিবা?
মনটো
বৰ আচৰিত
বান্ধি ৰাখিব নোৱাৰি...
ধাপলি মেলি যায় বাৰে বাৰে তোমাৰ কাষ পায়
পিছে... তোমাৰ যে এতিয়া মোৰ মন বুজিবলৈ সময়ে নাই।
মনত পৰেনে বাৰু
আমি পাৰ কৰা সেন্দূৰীয়া আবেলিবোৰলৈ?
সেইযে নৈখন
আজিও বৈ আছে...
কিন্তু,
অলপ পৰিবৰ্তন হ'ল নৈখনৰো
তেতিয়া বৈছিল সুৰে-সুৰে
এতিয়া বৈ যায় কালৰূপে...
নিৰৱে চাই থাকো মই নৈখনলৈ...
সহ্য আৰু ধৈৰ্য্য বাদে আছেনো কি মোৰ?
আহিবা এদিন
শেষবাৰৰ বাবে...
উশাহ,আশা,হেঁপাহ,তৃষাবোৰ
সামৰিম সেইদিনাই
তুমি মাত্ৰ অজুহাতৰ ব্যস্ত নাওখন সেইদিনা লংঘৰে বান্ধি থ'বা।
'তই নুবুজিবি' বুলি কৈ ব'ঠা মাৰি গুচি নাযাবা...
খমখমীয়া গোন্ধ এটা পিছে পিছে,
সাচঁতিত সাঁচি ৰখা
বহুত কথা সেইদিনাই পাতিম
প্ৰেমৰ,বিৰহৰ,অভিমানৰ,বৰষুণৰ..
আগৰ দৰে বৰষুণ ভালপোৱানে তুমি?
কিনকিনিয়া বৰষুণ এজাক নামিছে
...
বৰষুণৰ প্ৰেমত মই আৰু নপৰো দিয়া...
এতিয়া বৰষুণ দিলেই বানে ধুৱে মোৰ বুকু
কাজলবোৰ উটি যোৱাৰ ভয়ত
যেনেতেনেহে ভেটা দি ৰাখো দুচকুৰ মাথাউৰি।
তুমি নুবুজিবা এইবোৰ কথা
এবাৰ বুজা হ'লে...
নিমখীয়া হৈ নিগৰিলহেতেঁন
তোমাৰ চকু...
বুকুৰ মাজত এতিয়া বানৰ তাণ্ডৱ,
মই কি কৰোঁ কোৱা এই বানত...
ডুবিম নে সাতুৰিম?
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
অতৃপ্ত হৃদয়
----------------------------------
প্ৰতিমা বুঢ়াগোহাঁই
বিষাদৰ বন্যাৰে
লালিত-পালিত
হৃদয়খন লৈয়েই
দিন-ৰাতি যাপন কৰিছোঁ
দুচকু মুদিলেই
বুকুয়েদি উজাই আহে
এটি হৃদয় কঁপোৱা গান
মেৰিয়াই ধৰে উশাহৰ স’তে
দুখৰ ৰ’দে পোৰা হিয়াখন
তন্দ্ৰাহীন ৰাতিৰ
নীৰৱতাৰ সাঁচত
গঢ় লয়
বিষাদৰ ক’লাজে
হাজাৰ প্ৰশ্নৰ চুনামীত
থৰকাচুটি হেৰুৱাই হৃদয়খনে
জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ
হিচাপ-নিকাচতো
অতৃপ্ত হয় ভাগৰুৱা মনটো
থাউনি নোপোৱা
দুখৰ নদীতো
সজোৰে খামুচি ধৰো
ভঙা কলিজাটো
তেতিয়া নীৰৱে ভাবো
এই পঙ্কিল হৃদয়খন যদি
ড্ৰয়িংৰূমত সজাই থোৱা
পুৰণি আচবাব হ’ল হেঁতেন
তেতিয়া মন গ’লেই
সলাই পেলালোঁ হেঁতেন
সজালো হেঁতেন
প্ৰেম ভালপোৱা আৰু
সুখ-শান্তিৰে পৰিৱেষ্টিত
এখন তৃপ্ত শ্যামলী হৃদয় ৷
পৃষ্ঠা ৪৫
মিনতি
----------------------------------
জাকিৰ হুছেইন
মোৰ উপাসনা গৃহৰ
ৰামৰ মূৰ্ত্তিটোৱে
সিদিনা—
চিজদাত পৰি
আল্লাক বিনাইছিল ৷
আল্লাই লাজত কোঁচ-মোচ খাই
ৰামক আলিঙ্গন কৰি
কৈছিল—
তোমাৰ ৰাজ্যতে আছে
কবীৰ গোসাঁই ৷
তুমি মই একে আছো
অসুৰেহে আমাক
বিভেদৰ বীজ সিঁচি
দিছে ভগাই ৷
তোমালৈ অনুৰোধ—
আমিবোৰক
আমি হৈ থাকিব দিয়া
তুমি মই নকৰিবা ৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
সৰ্বহাৰা
----------------------------------
ফাৰুল হুছেইন
মোৰ বেদনাবোৰেৰে
ৰচিব খুজিছোঁ এটি গীত
চকুপানীৰে তৈয়াৰ কৰিছোঁ
ৰঙা,নীলা চিয়াহীবোৰ
হৃদয়খনক ব্যৱহাৰ কৰিছোঁ
উকা কাকত ৰূপে
বিষাদখিনিয়ে হ’ব গীতৰ সম্বল
বাস্তৱৰ হাতোৰাত চূৰ্ণবিচূৰ্ণ
পাখিলগা সপোনবোৰ
তাৰেই সজাইছোঁ
সুৰ সমলয়
আশাৰ বালিঘৰৰ শিখৰত
পাতিছোঁ সাংস্কৃতিক সন্ধিয়া
দুখৰ মালিতাৰ আৰম্ভ
কৰিছো গীতৰ শৰাই
গীত গাবলৈ মোৰযে
একোৱেই নাই
কাৰণ
সময়ৰ হাতত
মইযে সৰ্বহাৰা৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
প্ৰতিবাদ
----------------------------------
যোগেশ্বৰ লগাছু
ক্ৰমশঃ
নীলাময়ী আকাশখনত
মেঘৰ ফুলৰ মেলা
কলা কাউৰী জাকে জাকে উৰিছে
মৃত আত্মাৰ গোন্ধই চানি ধৰিছে
বগা বগলী জাক নিঠৰ-নিৰস
আধুনিকতা
যান্ত্ৰিকতা
কৃত্ৰিমতা
উজান উঠিছে জনসাগৰত
লাহে লাহে সেউজীয়াবোৰ
হালধীয়ালৈ ৰূপান্তৰ হৈ
অভিন্ন ৰঙেৰে ফাকু খেলিছে
দিবানৈশ
প্ৰতিবাদৰ জোৱাৰ
আঁচলখন সুনিপুণে ৰাখিবলৈ
এনেকৈয়ে
পুৱাৰ ৰ'দালি
পশ্চিম আকাশত অস্ত যাব
আৰু যাত্ৰাপথৰ ৰেলখনি
আস্থানে আস্থানে পাৰ হৈ যাব
পৃষ্ঠা ৪৬
ম্ৰিয়মাণ
( তোমাৰ হাতত )
----------------------------------
ধন দাস
তোমাৰ পনিয়ল ওঁঠত
শোকাকূল চুমা
ম্ৰিয়মাণ কবিতা
মূৰ তুলি
চাব পৰা নাই
ইমান শুভ্ৰ
মাছবাকলীয়া আকাশ
ক'ব পৰা নাই
কিমান বিধ্বস্ত হ'লে
কথাবোৰ হৈ পৰে মৌন
ৰৈ আছোঁ
বুকুত নৈঃশব্দই আঁকিছে
নিজৰেই এঙাৰ ৰঙী প'ৰ্ট্ৰেইট
ৰৈ আছোঁ
শুব পৰা নাই
এন্ধাৰে
মেৰিয়াই ধৰিছে মোক
স্তব্ধ
শোকাকূল সময়
দুচকুত বাৰিষাৰ ভৰ
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
স্বপ্নময়ী তুমি
----------------------------------
টনজিৎ বৰুৱা
অতীতৰ স্বপ্নময়ী সোণালী দিনটোৰ দৰে
তুমি আকৌ ঘূৰি অহা হ'লে
মোৰ হৃদয়ৰ কোঠালিৰ
এচুকত ঠাই অলপ দিলোঁ হয়
ৰিমঝিম বৰষুণজাকত দুয়ো তিতিলোঁহেঁতেন
মই গুণ-গুণাই গালোহেঁতেন এটা গান
আৰু জোনাকৰ দেশত দুয়ো
জোনৰ মুখনি হেঁপাহ পলোৱাই চালো হয়
কিন্তু এতিয়া এই সকলোবোৰ মিছা
সপোনত খোৱা উজুটিবোৰে
দিঠকত প্ৰতিশ্ৰুতিৰ নতুন ৰূপ লয়
মই কল্পনাহে কৰিছো
এয়া জানো সঁছা বাস্তৱ
দিশ হেৰুৱাৰ দৰে
মই এখন নদী হৈয়ে বৈ ৰ'লো
তুমি গুচি গ'লা
আৰু লৈ গ'লা মোৰ সকলো ৷
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
এদিন তোমাক লগ পাম
----------------------------------
হেমেন নাথ
এটি সম্পৰ্ক
যাৰ নাই ভৱিষ্যত
আছে মাথো অতীত আৰু বৰ্তমান
এদিন থাকিব
কেৱল অতীত।
সময়ৰ তীক্ষ্ণ চুৰিৰ আঘাতে
ছিন্ন বিছিন্ন কৰিব এদিন
তোমাৰ শৰীৰ আৰু মন
লাখুটিৰ ভৰত গতি কৰিব
মোৰ জীৱন।
বেলি লহিওৱাৰ পৰত
এদিন তোমাৰ ঘৰলৈ যাম
সকলো খং অভিমান এৰি
তোমাক সুধিম―
কি খবৰ তোমাৰ?
ভালে আছানে সোণ?
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বৰ্ণিল চং
----------------------------------
জয়ন্ত কুমাৰ বৰ্মণ
কেনেকৈনো ক'ম কিমান কলুষ কালিমাত কালগ্ৰস্ত
খেনে খেনে খলৰ খৰিয়ালৰ খলকনি
গা-গধুৰ গপালৰ গপগপনি
ঘমঘণ্টৰ ঘেৰ্ঘেৰণিত ঘৰতে ঘুমটি ঘাটি।
পেং পেং লেং পেং
চৌপাশে চৌপৰতো চিত্ৰ-বিচিত্ৰ চৰ্বিত চৰ্বণ
ছটক্ ছটক্ ছদকা ছলাহ ছলনা
জলাকলা জহুল জীৱন ।
পৃষ্ঠা ৪৭
প্রতিশ্রুতিৰ শাওণ
----------------------------------
বৰ্ণালী আৰন্ধৰা গগৈ
শাওণৰ অভিমান ভাঙিবলৈকে
আকাশে পিন্ধি ল'লে মেঘৰ সাজ
আৰু নামি আহিল
শাওণৰ পথাৰ তিয়াবলৈ
ধাৰাষাৰ বৃষ্টিৰ প্লাৱন
লগে লগে বাঢ়ি আহিছে
চহা-গাঁৱলীয়াৰ উদ্মাদনা
হালোৱা-ৰোৱনীৰো
যেন ব্যস্ততাৰ অন্ত নাই
কিয়নো
আঘোনৰ সেই সোণোৱালী সপোনটো
শাওণতে কেঁচা মাটিৰ পৰশত
অংকুৰিত হোৱাৰ সময়
সেয়ে এতিয়া
ঘৰ্মাক্ত দেহত সৃষ্টিৰ বাসনাৰে
বোকা-পানী গছকি
ৰোৱনী-হালোৱাই
কেঁচা মাটিত গুজিছে
আশাৰ সেউজী সপোন
দিন বাগৰাৰ লগে লগে
ক্রমশ:গাঢ় হৈছে এবুকু সেউজীয়া
এইয়াই প্রতিশ্রুতিৰ শাওণ
সুজলা সুফলা শস্য-শ্যামলা
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
জীৱনৰ ছন্দেৰে
----------------------------------
কমল বৈশ্য
জীৱনৰ চক্ৰবেহুত
ছন্দ হেৰুওৱা পথিকজনে
ৰ'দে পোৰা সময়কো
আওকাণ কৰি
আত্মবিশ্বাসৰ অনল শিখাৰে
ক্ৰমশঃ মসৃণ কৰে
কাইটীয়া বাট
শূন্যতাৰ অসুখত ভোগা
আধৰুৱা শব্দবোৰো
হেঁপাহৰ আলফুলীয়া কোলাত
এটি সুখৰ কবিতা হৈ ওমলে ।।
কংক্ৰীটৰ চহৰৰ অজস্ৰ গুণমুগ্ধই
আকৌ ভিৰ কৰেহি তেওঁৰ চোতালত।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
তেজৰ বোলেৰে
----------------------------------
কন্দৰ্প কুমাৰ কলিতা
মৰ আঁউসীৰ নিস্তব্ধতাত
ঈশ্বৰৰ আত্মাই চিঞৰি আছে
বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ
সিহঁতে তাক হেনো হত্যা কৰিলে
অতি নিদাৰুণভাৱে
আকাশত পোৰা মঙহৰ গোন্ধ
ক্ৰমশঃ বেদনাত জ্বলি জ্বলি
ছাই হৈ গ'ল
এটা শব্দ
তেজৰ বোলেৰে
দুখৰ কষতিত বহি
আইয়ে এতিয়া চকুৱেই মেলিবই নোৱাৰে
বুকুৰ তেজেৰে ৰাঙলী
বৈ আহিছে এখন নদী
শ্মশানত কাঠফুলা গজা
নুমলীয়া ভাইটিৰ পিঠিত
লিখা আছে
স্বদেশ মঞ্চত কংসৰ অভিনয় ইতিহাস
বৰ্বৰতাৰ বাস্তৱ তথ্যচিত্ৰ
পূৱ আকাশৰ শান্তিৰ পাৰ চৰাইজাক
এতিয়া বধ্যভূমিত গৃহবন্দী
পৃষ্ঠা ৪৮
কবিতা......সময়ে অঁকা জীৱনৰ ৰং
----------------------------------
ৰূপজ্যোতি হাজৰিকা দত্ত
সেউজীয়া পথাৰত পিতাইৰ পাছে পাছে পিতপিতাই ফুৰোতে
কেঁচা আলিত বহি আঁকিছিলো জীৱনৰ সেন্দূৰীয়া ৰং
বোকা আৰু পানীৰ মাজতে
গাজ ফুটি পাহি মেলি ফুলিছিলো
ভাবিছিলো জীৱনটোও এদিন ছাগে সুগন্ধি ফুলৰ দৰে গোন্ধাব
চৰণীয়া পথাৰখনত সমনীয়া সৈতে চেঁচু খান্দি থাকোতে
পদূলিমুখৰ কলপুলিটোৱে
মোক দেখি চক খাইছিল
আয়তীৰ উৰুলি ধ্বনিত মই যাক দৰা বুলি খিলখিলাই হাঁহিছিলো
অবুজ মনেৰে দুহাতেৰে সানি দিছিলো
কেঁচা কেঁচা গোন্ধৰ এবাটি মাহ হালধি
লাহে লাহে কলপুলিটো সেউজীয়া হৈ গৈছিল
জীৱনৰ ৰঙবোৰ মুঠি মুঠিকৈ ঘঁহোতে এদিন মই শেঁতা পৰি গৈছিলো
এদিন চপৰা চপৰে মেঘবোৰ খহিছিল
মই দুই হাতে ৰঙবোৰ ঘঁহিব খোজোতেই
প্ৰৱল সোঁতে মোক উটুৱাই লৈ গৈছিল
মই হেৰাই গৈছিলো ভটীয়নী নদীত
কেতিয়াবা নদীৰ ঢৌত ওপঙি থাকো
কেতিয়াবা তপত বালিচৰত পৰি থাকো
চৰাই -চিৰিকটি মাতত
সাৰ পাই দেখো
মোৰ শেঁতা ৰঙবোৰ নাইকীয়া হৈছে
নদীৰ প্ৰৱল ঢৌৱে ঢৌৱে খেলোতে
মোৰ দেহাত এতিয়া মাথো পানীৰ ৰং..... ।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
বোৱাৰী
----------------------------------
আচমা জাফ্ৰি
মই, বানে গৰকা গাঁৱৰ বোৱাৰী
দীঘলকৈ ওৰনি টানি আয়তীৰ ওৰুলিৰ মাজেৰে
আঁখৈ ছটিয়াই পিতাইৰ পদূলিটো এৰি অহা দিনধৰি
মই এইখন গাঁৱৰ বোৱাৰী
ওৰণিখন লৈ থাকিবি
মেখেলাখন সৰু গাঁঠিলৈকে ঢাকি পিন্ধিবি
আই, তই যে কৈছিলি
সেই দিন ধৰি মই মেখেলা
উজোৱা নাই,খনো ওৰণিখন দীঘলকৈ লওঁ
গাৰ মাহ-হালধিৰ গোন্ধে শহুৰৰ ঘৰখন
আমোলমোলাই আছিল
জোন-তৰাৰ দেশৰ আলহী হৈ থাকোতেই
অভিশপ্ত নিশা এটাত নদীখন ওফন্দি উঠিছিল
নদীৰ পাৰ ভঙা ধলে পুৱতি নিশা গাওঁখন বুৰাই পেলাইছিল
গঞাঁৰ চিঞৰ-বাখৰবোৰ
বানৰ তাণ্ডৱৰ দৰেই বাঢ়িছিল
সপোনৰ ঘৰটো ডুব গৈছিল পুৱতি নিশা
এককাল পানীত এৰি দিছিলোঁ গাটো
মাহ-হালধিৰ গোন্ধ বোকা পানীত লুতুৰি-পুতুৰি হৈছিল।
কলগছৰ ভুৰখনত খহি পৰা ওৰনিখনত ঢৌ তুলি বতাহজাকে বতৰা দিলে
মই বানে গৰকা গাৱঁৰ বোৱাৰী
আশ্ৰয় শিবিৰত আনে দিয়া চাউল দাইল কেইটা ল'বলৈ যাওঁতে
মোৰ ওৰণিখন খহি পৰে
আই
বোকাত মেখেলা উজাওতে কলাফুল দুটাত
অচিনাকি পথৰুৱাই চকু ফুৰাই যায়
বোকা পানীত ভৰিবোৰ শোতোৰা পৰিল
আঙুলিবোৰ পানীয়ে খাই এফাল নোহোৱা কৰিলে
ওৰণিখন নোলোৱা হ'লো
মেখেলাখনো কলাফুল ওলিয়াই আঁঠুৰ ওপৰলৈ উজাই থওঁ
আই, তোৰ কথা ৰাখিব নোৱাৰিলোঁ
দুখ নকৰিবি
বোৱাৰীৰ মৰ্য্যদা বানত বিসৰ্জন দিলোঁ
কাৰণ
মই যে বানে গৰকা গাৱঁৰ বোৱাৰী
পৃষ্ঠা ৪৯
বান, নৈ, নাৰী
----------------------------------
ৰুবী বৰা বৰদলৈ
সুৰম্য পিঠিত ভাগি পৰা খোপাটো
ঠেও ধৰি ৰ'ব পৰা নাছিল
যিদৰে ৰোৱা নাছিল মধুৰ সপোন এটাত
ভাগি পৰা হাঁহিটো এদিন,
নৈৰ পিঠিত ভাগি পৰা পকনীয়াৰ দৰেই।
বানৰ দিন,
বান আহে ৰাতি
বান আহে নৈত
বান সপোনৰ মধুৰতাত।
যাজ্ঞসেনী...যাজ্ঞসেনী...নৈ আৰু নাৰী।
কুৰুক্ষেত্ৰৰ দৰে বিয়পি পৰে ঢৌ
নৈৰ দুয়োপাৰে
দিন আৰু ৰাতিৰ দুয়োপাৰে
মধুৰতম সপোনৰ ইপাৰে সিপাৰে।
শৰশয্যাত দিন ৰাতি
নৈৰ সাৰুৱা উপত্যকা
নৈ আৰু নাৰীৰ সপোনৰ
নাৰায়ণী সেনা জাহ যায়
আপোন গৰাকীৰ কূটিল চক্ৰান্তত।
প্ৰশ্ন চিৰন্তন,
উত্তৰ পূৰ্ব-প্ৰস্তুত
সৃষ্টিতেই ধ্বংস অৱধাৰিত
এয়া মাথোঁ চিৰাচৰিত ৰীতি, নাটৰ অঙ্ক।
দীৰ্ঘকেশী খোপা, সপোনৰ আঁত, পকনীয়াৰ পাহ
একাকাৰ...একাকাৰ...
এতিয়া চৌদিশে বান।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
নিখোজ
----------------------------------
ৰিনা শৰ্মা
নাজানি, নুশুনি তোৰ
কাষ চাপিছিলোঁ
কথা দিছিলোঁ তোক
ভাল পাওঁ বুলি
পুখুৰীত সাঁতুৰি থকা মইজনীয়ে
সাগৰ পাৰ হ'ব খুজিছিলোঁ
মইজনী এতিয়া মই হৈ থকা নাই।
এন্ধাৰৰ বাটত নিখোজ ।
হেঁপাহ বোৰেও দুভাগ ৰাতি
বৰকৈ কিৰিলিয়ায়
দিনৰ ৰ'দৰ পোহৰত উজুটি খায়।
শব্দৰ সোৱাদতো নিঃকিনতাৰ আশ্ৰয়
উভতনিৰ পথত মৰুভূমিৰ মৰীচিকা সদৃশ
ফেঁচা জনীয়েও নিও নিও শব্দেৰে
ব্যস্ত হয় উপলুঙাত
শুকান ওঁঠত জিলিকে
এজুপি নিলাজী বন।
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
এজাৰফুলীয়া সপোন
----------------------------------
তপন বৰা
জীৱন ৰেলগাড়ী
একা-বেকা পথেৰে চলিল
আলিবাটৰ কাষে কাষে
আকৌ কৃষ্ণচূড়া ফুলিল
নৈৰ পাৰত বহি
হঠাৎ কিয়জানো
তোলৈ মনত পৰিল
এজাৰফুলীয়া এটা সপোনৰ
পমখেদি...
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
পুঙা
----------------------------------
কৃষ্টিঞ্জয় বৰা
দুয়োপাৰে যুঁজ
জীৱন-মৰণ নামে এই বাটেদি
টনা-টনি
হাবু-ডুবু দৃষ্টিৰে অসহায় এটি পুঙা
মঙহাল দুয়োফাল কচোৱা
লোভ-মোহৰ অন্তহীন অগা-দেৱা।
ইয়াতেই বান্ধি টোপে ঢকা বৰশী
ইকাটি-সিকাটি
নখ দীঘল আঙুলিৰ টিপতে চিপ টানি
মই ৰৈ থাকোঁ জিভা মেলি
পুঙাটোৱেও ঠগে
বৰশী নিকটাই টোপো হৰে
উদং খালৈত ছটফটাই ভোকে
পুঙা টনা-টনিৰ জোখেই
জীৱন-মৰণক বান্ধি লয়
টোপৰ তলত জোঙাল বৰশীয়ে
হিচাপ সামৰি থয়।
পৃষ্ঠা ৫০
পৃষ্ঠা ৫১
2 Comments
বৰ সুন্দৰ ভাল লাগিল সকলোৰে কবিতাবোৰ
ReplyDeleteThis comment has been removed by the author.
ReplyDelete