পষেকীয়া বৰ্ণৰাগ প্ৰথম বছৰ প্ৰথম সংখ্যা ২২ ছেপ্তেম্বৰ ২০২১

—————————————————————
—————————————————————
—————————————————————
                  সম্পাদনা সমিতি
উপদেষ্টা 
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
যুগললোচন দাস
ড° ৰমেশ কুমাৰ কাকতি 
চন্দন ভাগৱতী 
গুণাৰাম শইকীয়া 

সম্পাদক-নৱ ৰাজন

প্ৰকাশক-প্ৰদীপ চন্দ্ৰ শৰ্মা 

কাৰ্যবাহী সম্পাদক-গীতাঞ্জলি বৰকটকী 
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক-সীমা গগৈ 
অনামিকা ৰায় 

সহযোগী সম্পাদক -অৰ্চনা ঠাকুৰীয়া 
অনিতা দেৱী মিশ্ৰ

বিভাগীয় সম্পাদক- ভাৰ্গৱ কুমাৰ নাথ 
ভূমিকা দাস 

বিশেষ শুভাকাংক্ষী–পবিত্ৰ কুমাৰ নাথ,জয়ন্ত কুমাৰ বৰ্মন,ৰঞ্জন বৰা,হেমেন নাথ, 
বিশ্বজিৎ গগৈ, সংগীতা বৰা ,বিনীতা গোস্বামী, আছমা জাফ্ৰি, ৰুমী দেৱী, দীপাংকৰ ভূঞা, দেৱজিত নাথ।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
বেটুপাতৰ ফটো-দেৱজিত নাথ 
বেটুপাতৰ পৰিকল্পনা/ডিজাইন-নৱ ৰাজন
———————————————————
     বেটুপাত
(সম্পাদকীয়)

 প্ৰাসংগিক চিন্তা:-
    আমি  নিজৰ ভাষাত (মাতৃভাষাত) কথা পাতিছোঁ,লিখিছোঁ,পঢ়িছোঁ। পুৱা নিজৰ ভাষাত বাতৰি পঢ়িছোঁ;গধূলি নিজৰ ভাষাত দেশ বিদেশৰ বা-বাতৰি দেখিছোঁ,শুনিছোঁ। এয়াতো কোনো ডাঙৰ কথা নহয়।স্বাভাৱিক কথা। কিন্তু,মাজে মাজে বাৰুকৈয়ে ভাবুক হৈ পৰো-কেতিয়াবা আমাৰ মুখৰ মাত আনে কাঢ়ি নিব নেকি ? ভূপেন মামাই কোৱাৰ দৰে অসমীয়া,অসমতে ভগনীয়া হ'ব নেকি ? আমাৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতিয়ে,
সদায়ে এইদৰেই গৌৰৱ-নিচান উৰুৱাই থাকিবনে ? বিগত সময়ৰ বিভিন্ন সামাজিক পৰিঘটনাই ,মনত অনেক চিন্তাৰ উদ্ৰেক কৰিছে। 
   অসমীয়া চহকী সংস্কৃতি, বৈচিত্ৰতাৰে ভৰপূৰ। বাৰে বৰণীয়া ভাষা,কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ বৃহত্তৰ অসমীয়া জাতিটোৰ জাতীয়তাবাদী আদৰ্শৰ ভেটি টনকিয়াল কৰি ৰখাটো সঁচাকৈয়ে এক ডাঙৰ প্ৰত্যাহ্বান ।এই প্ৰত্যহ্বান হেলাৰঙে উফৰাই ,সকলোকে একতাৰ দোলৰে বান্ধি, চাওলুং চ্যুকাফাই গঢ়া বৰ অসম,কালক্ৰমত সাত ভাগত বিভক্ত হ'ল। ভাগ বতোৱাৰাৰ পাছত ৰৈ যোৱা অসমখনো আজি পুনৰ  ভাগ হওঁ হওঁ(মানসিক ভাবে ইতিমধ্যে বিভক্ত)। বৃহত্তৰ জাতীয়তাবাদী চিন্তা- চেতনা ,ক্ৰমশঃ সংকীৰ্ণৰ পৰা সংকীৰ্ণতালৈ গতি কৰিবলৈ ধৰাৰ সমান্তৰালকৈ ,সময়ে সময়ে অহা, বিভিন্ন ভাষিক আৰু সামাজিক ভাবুকিয়ে সমগ্ৰ অসমীয়া জাতীয় সত্তাক জোকাৰি গৈছে। চিন্তিত হওঁ,উত্তেজিত হওঁ,প্ৰাপ্যৰ বাবে ৰাজপথত নামো। কিছু পাইছোঁ,বেছিখিনি হেৰুৱাইছোঁ। নোপোৱাখিনি পাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। ৰাষ্ট্ৰীয়তাবাদী অক্টোপাচে যাতে জাতীয়তাবাদী চিন্তাক গ্ৰাস কৰিব নোৱাৰে-তাৰবাবে আমি সমস্বৰে আঞ্চলিকতাবাদী আদৰ্শৰ আৱাহন কৰিছোঁ।          
         ভাষিক,সাংস্কৃতিক বৈচিত্ৰতাৰে চহকী অসমৰ অসমীয়াত্ব জীয়াই ৰাখিবলৈ ,সবল আঞ্চলিকতাবাদৰ বিকল্প নাই। 
     আমাৰ জন্ম ,অগ্নিগৰ্ভা অসম আন্দোলনৰ জটিল ক্ষণত। পৃথিৱীৰ সৰ্ববৃহৎ আন্দোলনৰ ভিতৰত অন্যতম এই আন্দোলন। ৮৫৫ জন বীৰ পুৰুষৰ কেঁচা তেজৰ আহুতিত স্বাক্ষৰিত ঐতিহাসিক অসম আন্দোলনৰ পৰা কি পালোঁ ,কি নাপালোঁ-সেয়া আমি সকলোৱে জানো। ৮৫৫ জন অসমীয়াৰ ত্যাগক ভেঙুচালি কৰি ,সুবিধাবাদীয়ে সুবিধা লোৱাৰ নাটখনো আমি সকলোৱে উপভোগ কৰিলোঁ; কিছুৱে উচিত শিক্ষা পালে ,বেছিভাগেই এই নাটখনত হোজা দৰ্শকক আভুৱা ভাৰি, বলিষ্ঠ ভাও দি গ'ল। এইদৰে ভুৱা ৰাৱণ বধৰ ভাওনা  চলি থাকিল । আজিও প্ৰজাগণ  আছে আশাপালি-লংকালৈ গৈ ৰাৱণ নোহোৱা, ৰামৰ অপেক্ষাত। 
     অত্যাধিক আবেগিক  জাতি বুলি সততে চৰ্চিত , অসমীয়া জাতি প্ৰবল আশাবাদী জাতি। সোণৰ অসম নহয়,এখন মাটিৰ অসমৰ আশাৰে,জাতিটো আজিও ৰৈ আছে।
    ভাষা,সংস্কৃতি তথা সামাজিক পটভূমিত অসমীয়া জাতিলৈ অহা তীব্ৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ সাহিত্যৰ ভূমিকা অপৰিসীম ।নবীনসকলৰ জড়িতকৰণ অবিহনে এয়া অসম্ভৱ। সম্প্ৰতি সামাজিক মাধ্যমে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰিছে। 
       অসমত অসমীয়াৰ প্ৰভুত্ব অনাগত দিনবোৰতো বৰ্তাই ৰাখিবলৈ এক সুদূৰপ্ৰসাৰী, দীৰ্ঘম্যাদী বাস্তৱমুখী আঁচনিৰ প্ৰয়োজন,যাতে অসমীয়াই অৰ্থনৈতিকভাবে সবল হোৱাৰ লগতে সামাজিক-সাংস্কৃতিক ভাৱেও স্বাৱলম্বী হয়।  
       
 প্ৰসংগ: বৰ্ণৰাগ 
       অসম কাব্য কাননৰ দ্বাৰা প্ৰকাশিত কাব্যকানন কাব্যালোচনীখনে ইতিমধ্যে চতুৰ্থ বছৰত ভৰি দিছে। ১ ছেপ্তেম্বৰৰ পৰা আলোচনীখন  পষেকীয়াকৈ প্ৰকাশিত হৈ  আছে।  
   বৰ্ণৰাগ- অসম কাব্য কাননৰ আন এক আয়োজন ।পষেকীয়াকৈ প্ৰকাশ পাবলগীয়া আলোচনীখন- গল্প,স্বাস্থ্য,  শিক্ষা ,সামাজিক,
ৰাজনৈতিক,শিশু-সাহিত্য, সাংস্কৃতিক ,ঐতিহাসিক, আইন সমন্ধীয়  বিভিন্ন বিষয়ৰ লেখাৰে  সঁজোৱা হৈছে।
  
    প্ৰকাশক,উপদেষ্টামণ্ডলীৰ লগতে সম্পাদনা সমিতিৰ সমূহসদস্যৰ সামূহিক প্ৰচেষ্টাৰ ফচল-বৰ্ণৰাগ। আমাৰ অনুৰোধ ৰক্ষা কৰি,কম সময়ৰ ভিতৰতে  লেখা প্ৰেৰণ কৰা সন্মানীয় লেখকবৃন্দলৈ জনালোঁ আন্তৰিক কৃতজ্ঞতা।"বৰ্ণৰাগ" নামটি প্ৰস্তাৱ কৰাৰ বাবে   সহকাৰী সম্পাদক অৰ্চনা ঠাকুৰীয়ালৈও জনালোঁ আন্তৰিক ধন্যবাদ।
  
      আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ অসম কাব্য কাননৰ  সমূহ সদস্যক। বেটুপাতৰ ফটোখনৰ বাবে দেৱজিত নাথক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। 
    প্ৰিয় পাঠক, 
    আপোনালোকৰ গঠনমূলক সমালোচনা, সঁহাৰি আৰু অনুপ্রেৰণাই  ,বৰ্ণৰাগৰ সফলতাৰ মাপকাঠি ।সদৌশেষত অজানিতে হোৱা সকলো ভুলৰ ক্ষমা প্রাৰ্থনা কৰিলোঁ।
    
ধন্যবাদেৰে....
        
            নৱ ৰাজন
                                     সম্পাদক
                                      বৰ্ণৰাগ 
পৃষ্ঠা-১
——————————————————
                                        প্ৰবন্ধ

মহাপুৰুষ মাধৱদেৱৰ নাটত বাৎসল্য ৰস আৰু ভগৱত্ লীলা
গুণাৰাম শইকীয়া

   অসমীয়া বৈষ্ণৱ সাহিত্য দাস্য ভাৱৰ দ্বাৰা সিক্ত যদিও ইয়াত বাৎসল্য ৰসৰ প্ৰৱল আধিপত্য দেখা যায়।এই ক্ষুদ্র আলোচনাত মাধৱদেৱৰ অঙ্কীয়া নাট আৰু ঝুমুৰা সমূহৰ মাজেৰে পৰিস্ফুট হোৱা বাৎসল্য ৰস আৰু ইয়াৰ জৰিয়তে কিদৰে ভগৱত্ লীলা ব্যঞ্জিত হৈছে তাকে চমুকৈ আলোকপাত কৰা হ'ল।
    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল সাহিত্যৰাজিত অন্তৰ্নিহিত যি মহৎ উদ্দেশ্য অৰ্থাৎ একেশ্বৰবাদ আৰু একশৰণ হৰিনাম ধৰ্মৰ আদৰ্শ, তদ্ৰুপ মহাপুৰুষ মাধৱদেৱৰ বিশাল সাহিত্য সম্ভাৰৰ মাজতো একেই আদৰ্শ আৰু উদ্দেশ্য নিহিত হৈ থকা পৰিলক্ষিত হয়।মহাপুৰুষ দুজনাৰ নাট- ভাওনা, সংগীত- নৃত্যৰ উদ্দেশ্য আছিল ইয়াৰ জৰিয়তে সাধাৰণ চহা জীৱনৰ মাজত কৃষ্ণ ভক্তি আৰু কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰেৰে  মোক্ষৰ পথ নিৰ্দেশ কৰি জনসাধাৰণৰক নিৰ্মল আনন্দ প্ৰদানৰ লগতে এক শৰণ নামধৰ্মৰ প্ৰতি আকৃষ্ট কৰা। সেই হেতুকে মহাপুৰুষ মাধৱদেৱে তেৰাৰ বিৰচিত অৰ্জুণ ভঞ্জণ,চোৰধৰা ,পিম্পৰা গুচোৱা,ভূমি লোটোৱা আদি নাটৰ মাজেৰে মাতৃ যশোদাৰ স্নেহসিক্ত অৱস্থা আৰু শিশু কৃষ্ণৰ ৰোহ- ভেম, অভিমান আৰু উদ্ভণ্ডালিৰ জৰিয়তে প্ৰৱল বাৎসল্য ৰস আৰু ভগৱত লীলা প্ৰকাশ কৰিছে।এইখিনিতে উল্লেখ কৰা উচিত হ'ব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাট কেইখনৰ মূল বিষয়বস্তু হৈছে পুৰাণৰ স্বয়ংপূৰ্ণ আখ্যানৰ নাটকীয় ৰূপ। আনহাতে মহাপুৰুষ মাধৱদেৱৰ নাট কেইখনত  তেনে পূৰ্ণ আখ্যান বা উপাখ্যানৰ সমাহাৰ দেখা নাযায়।শিশু কৃষ্ণৰ ল'ৰালি কালৰ একো একোটা মুহূৰ্তৰ বালসুলভ দুষ্টালি বা চাতুৰিক কেন্দ্ৰ কৰি নাট বা ঝুমুৰা কেইখনৰ বিষয় বস্তু দাঙি ধৰিছে।মাধৱদেৱৰ গোটেই কেইখন নাটৰ মূল চালিকা শক্তি হৈছে শিশু কৃষ্ণ আৰু আন দিশত মাতৃ যশোদাৰ স্নেহসিক্ত চৰিত্ৰই নাটকেইখনত বাৎসল্য ৰসৰ আবেদন গভীৰ আৰু ৰসোতীৰ্ণ কৰি তুলিছে। নাট কেইখনত চিত্ৰিত শ্ৰীকৃষ্ণৰ ৰূপ সাধাৰণ দৃষ্টিত চিৰ মানৱ শিশু। কিন্তু ভকতৰ ভূমা দৃষ্টিত শিশু কৃষ্ণ নৰৰূপী নাৰায়ণ।শিশু কৃষ্ণৰ চৰিত্ৰত সাধাৰণ মানৱ শিশুৰ আচৰণ আৰু কাৰ্য প্ৰকাশ পাইছে যদিও মহাপুৰুষ মাধৱদেৱে প্ৰতি মুহূৰ্ততে আমাক শিশু কৃষ্ণৰ ঐশ্বৰিক ৰূপটিৰ বিষয়ে সোঁৱৰাই আছে। অৰ্জুন ভঞ্জন নাটত কৃষ্ণই নিজে ঈশ্বৰত্ব প্ৰকাশ কৰিছে- 
   " হামু পৰমেশ্বৰ লক্ষ্মীৰ নায়ক।ইহাৰ গৃহে ভকতিক বশ্য হুইয়া ৰহইছি ,  হামু জীৱৰ পৰম দুৰ্লভ" ইত্যাদি।
     শিশু কৃষ্ণৰ ঐশ্বৰিক দিশটোত পৰম দেৱাদিদেৱ অনন্ত কৌটি বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্তৰ ঐশ্বৰিক মহিমা আৰু ভক্তৰ প্ৰতি থকা ভগৱন্তৰ কৰুণা সুন্দৰ ৰূপত প্ৰকাশ পাইছে। আনহাতে শিশু কৃষ্ণৰ মানবীয় দিশটোত তেজমঙহৰ শিশু এটিৰ ৰোহ,ভেম,মান- অভিমান, আমনি, দুষ্টালি, উদ্ভণ্ডালি,চাতুৰি আদি গুণ সুন্দৰ ভাৱে প্ৰকাশ পাইছে।
     মহাপুৰুষ মাধৱদেৱৰ "অৰ্জুন ভঞ্জন" নাটৰ মূল বিষয়বস্তু যদিও "যমালাৰ্জুন" ভঙ্গ তথাপি শিশু কৃষ্ণ আৰু মাতৃ যশোদাৰ মাজত হোৱা স্নেহসিক্ত বিৰোধে নাটখনিত বাৎসল্য ৰসৰ সৃষ্টি কৰিছে।স্তনপান কৰিবলৈ নেপাই শিশু কৃষ্ণই কৰা ৰোহ-ভেম,অভিমান আৰু উদ্ভণ্ডালি সহ্য কৰিব নোৱাৰি শেষত মাতৃ যশোদাই শিশু কৃষ্ণক ধৰি ৰচীৰে বান্ধিবলৈ উদ্যত হৈছে।কিন্তু কোনোমতেই কৃষ্ণক বান্ধিব নোৱাৰি মাতৃ যশোদা ভাগৰি পৰিছে।শেষত মাতৃৰ দুখ-কষ্ট দেখি ভক্তৰ অধীন পৰম ভগৱন্ত কৃষ্ণই নিজেই ধৰি দিছে।নিখিল বিশ্বব্ৰহ্মাণ্ডৰ অধিকাৰী ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ এয়া একমাত্ৰ ভগৱন্ত লীলা।
       মহাপুৰুষ মাধৱদেৱৰ "চোৰধৰা"আৰু "পিম্পৰা গুচুৱা"ত শিশু কৃষ্ণৰ স্বভাৱসুলভ দুষ্টালি আৰু মাতৃ যশোদাৰ স্নেহসিক্ত অৱস্থাৰ মাজেৰে বাৎসল্য ৰস প্ৰকাশ পাইছে।চোৰধৰা আৰু পিম্পৰা গুচুৱা ঝুমুৰা দুখনিত কথা বস্তু প্ৰায় একেই।শিশু কৃষ্ণ গোৱালীৰ ঘৰত লৱণু চুৰি কৰিবলৈ গৈ গোৱালীৰ হাতত ধৰা পৰা ঘটনাটিকে ঝুমুৰা দুখনিত সামান্য পৃথক। ভাৱে তুলি ধৰা হৈছে।পূৰ্বে উলেখ কৰা হৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ দৰে মাধৱদেৱৰ নাট আৰু ঝুমুৰা কেইখনো উদ্দেশ্যধৰ্মী। শিশু কৃষ্ণৰ চোৰ চাতুৰিমূলক সৰল দুষ্টালিৰ মাজেৰে ভগৱত লীলা প্ৰকাশ কৰি মোক্ষৰ পথ নিৰ্দেশ কৰি জনসাধাৰণক নিৰ্মল আনন্দ প্ৰদানৰ লগতে এক শৰণ নাম ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাই আছিল নাট ৰচনাৰ মূল উদ্দেশ্য।
      চোৰধৰা নাটত শিশু কৃষ্ণই গোপীৰ শূন্যগৃহ দেখি লৱনু চোৰ কৰিবলৈ গৈ গোপীৰ হাতত ধৰা পৰিছে।কিন্তু চতুৰ শিৰোমনি কৃষ্ণই লগৰীয়া সকলক সাক্ষী ৰাখি ওভতাই গোপী সকলকে চোৰ সজাই মাকৰ ওচৰত গোচৰ দিয়াৰ ভয় দেখুৱাই নৃত্য প্ৰদৰ্শনৰ বিনিময়ত গোপী সকলৰ পৰা লৱণু আদায় কৰিছে। ইফালে মাতৃ যশোদাই শিশুক
   কৃষ্ণক চৌদিশে বিচাৰি হাবাথুৰি খাইছে।কান্দি কান্দি বাৰে বাৰে যমুনাৰ পাৰত মুৰ্চা গৈছে।শেষত যেনিবা গোৱালনীৰ মাজত নৃত্য কৰি থকা কৃষ্ণক দেখি বুকুৰ মাজত সাবটি ধৰি বাৰে বাৰে চুমা খাই হৃদয় শাত পেলাইছে।আনহাতে শিশু কৃষ্ণই চল বুজি মাকৰ স্তন পান কৰি থকা সময়তে কান্দি কান্দি গোৱালীৰ বিৰুদ্ধে কথা লগাই মাকৰ হতুৱাই গালি খুৱাইছে আৰু শিশু কৃষ্ণই মাকৰ বুকুত সোমাই দুষ্টালিৰ হাঁহি মাৰিছে।
    পিম্পৰা গুচুৱা নাটত কৃষ্ণৰ চতুৰালিক বলে নোৱাৰি গোৱালিনীবোৰে মাক যশোদাৰ হতুৱাই গালি খুৱাইছে আৰু কৃষ্ণয়ো উলটি মাকৰ লগত ফেপেৰি পাতিছে।ভূমি লেটোৱা নাটত শিশু কৃষ্ণই ভাণ্ডৰ লৱণু শেষ কৰি মাক যশোদা অহা দেখি পোহনীয়া বান্দৰে লৱণু খাই শেষ কৰা বুলি ঠেহ পাতি মাতৃ যশোদাৰ পৰা পুনৰ লৱণু আদায় কৰিছে‌।মুঠতে মাক যশোদাই পুতেকৰ সকলো কথাতে পতিয়ন গৈ সান্ত্বনা দান কৰিবলৈ গৈ নিজেই দৰ্শকৰ পুতৌৰ পাত্ৰী হৈছে।তিনিওখনি নাটতে লৱণু চুৰিৰ দৰে সামান্য ঘটনা এটিক কেন্দ্ৰ কৰি নাটকীয় কথাবস্তু  বিকাশ কৰি শিশু কৃষ্ণ আৰু মাতৃ যশোদাৰ মোহনীয় ৰূপ উজ্জ্বল কৰি তুলিছে।মূলত নাট কেইখনিৰ প্ৰধান আকৰ্ষণ হ'ল নিখিল চৰাচৰ জগতৰ অধিপতি পৰম ভগৱন্ত  কৃষ্ণই দুষ্ট, মিছলীয়া আৰু আঁকোৰগোজ শিশুৰ ৰূপ ধৰি গোৱালীৰ লগত কৰা নিৰ্দোষ ধেমালি আৰু স্নেহশীলা মাতৃ যশোদাৰ সীমাহীন পুত্ৰ স্নেহ  বা কৃষ্ণ প্ৰীতি। এই দুয়োটা  আকৰ্ষণীয় দিশৰ মাজেৰে মহাপুৰুষ মাধৱদেৱে পৰম ভগৱন্তৰ ভগৱত্ লীলা প্ৰকাশ কৰিছে।
                   গুণাৰাম শইকীয়া
পৃষ্ঠা-২         মাজবাট, ওদালগুৰি 
——————————————————
আমাৰ গুৰুজনা...
বাস্তৱিক চিন্তাৰে তেখেতৰ  সৃষ্টকৰ্মৰ এক চমু অৱলোকন
অৰ্চনা ঠাকুৰীয়া

       শ্ৰীমন্ত শংকৰদেৱ পৃথিৱীৰ একমাত্ৰ সৰ্বগুণসম্পন্ন ধৰ্মগুৰু আৰু একশৰণ ভাগৱতী ধৰ্মৰ প্ৰতিষ্ঠাতা বিশ্বমানৱীয় গুণেৰে বিভূষিত  মহাপুৰুষ । তেখেতৰ প্ৰধান শিষ্য তথা উত্তৰাধিকাৰী আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। দুয়োজনা আমাৰ পৰম গুৰুৱে অসমীয়া সংস্কৃতি আৰু আদৰ্শৰ ভেটি অতি মজবুতকৈ বান্ধি থৈ গৈছে যি ভেটিত আমি আজি থিয় হৈ মূৰ তুলি সগৌৰৱেৰে আমাৰ পৰিচয় সমগ্ৰ বিশ্বক ক'ব পাৰো। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টকৰ্মলৈ অলপ মন কৰিলেই আমি তেখেতৰ সৃষ্টিসমূহৰ অসাধাৰনত্ব উমান ল'ব পাৰো।
            আমাৰ গুৰুজনাৰ চিন্তা আছিল সুদূৰপ্ৰসাৰী তথা অতি দূৰদৰ্শী । তেখেতে ভাৰতীয় সনাতনী পৰম্পৰাক অতি বিশুদ্ধ আৰু বিজ্ঞানসন্মত সামাজিক দৃষ্টিভংগীৰে অনুধাৱন কৰি সৰল সহজ ৰূপত আমাৰ মাজত বিলাই দিছে। শ্ৰীকৃষ্ণ আছিল গুৰুজনাৰ সমগ্ৰ সৃষ্টিৰ মধ্যমণি। মানৱ ৰূপত পৰমব্ৰহ্ম শ্ৰীকৃষ্ণই দেখুওৱা লীলা-মালাক গুৰুজনাই তেখেতৰ সৃজনশীলতাৰে সুন্দৰকৈ সজাই পৰাই নৱৰূপ দি অসমীয়া সমাজত কৃষ্ণ সংস্কৃতি প্ৰতিষ্ঠা কৰিলে। বিভিন্ন বাধা নেওচি গুৰুজনাই অসীম ধৈৰ্য আৰু সাহসেৰে সমাজহিতৈষী কামত গোটেই জীৱন উৎসৰ্গা কৰিছিল যিটো মানৱ সভ্যতাৰ ইতিহাসত বিৰল।মূলতঃ তেখেতৰ মানৱকল্যাণমূলক আঁচনিৰ ভিতৰত আছিল–
১) ঈশ্বৰ উপাসনাৰ থলী,সামাজিক ন্যায়ালয়, জাতিভেদৰ উৰ্ধত তথা সংস্কৃতিক নেতৃত্ব দিয়াৰ প্ৰধান আখৰাস্থলী নামঘৰ। নিখুঁত কাৰিকৰী কৌশলযুক্ত স্থাপত্যৰ থাপনা বা গুৰু আসন নামঘৰৰ পৰম সম্পদ।

২) বিভিন্ন জাতি জনজাতিৰে সমৃদ্ধ আমাৰ অসমভূমি। ভাষাৰ বিভিন্নতাও মনকৰিবলগীয়া। আমাৰ ভাৰতীয় পৌৰাণিক সাহিত্যসমূহ সংস্কৃত ভাষাত বিৰচিত। সেই মহামূল্যবান গ্ৰন্থসমূহ সৰ্বসাধাৰণৰ বোধগম্য হোৱাটো সহজ নাছিল।সেয়ে, সকলোৱে বুজি পোৱা বিধৰ এটি ভাষাৰ অতি প্ৰয়োজন।এই প্ৰয়োজনীয়তা উপলব্ধি কৰি গুৰুজনাই এটি নতুন ভাষাৰ জন্ম দিলে যিটো  ব্ৰজাৱলী ভাষাৰূপে পৰিচিত। সমাজ সংস্কাৰৰ বাবে এটা নতুন ভাষাৰ উদ্ভাৱনৰ উদাহৰণ বিশ্বতেই বিৰল।

৩)গুৰুজনাই প্ৰকৃতি জগতৰ প্ৰতিটো বস্তুতেই ঈশ্বৰৰ অৱস্থিতি অনুভৱ কৰিছিল। তেখেতৰ ৰচনাসমূহত য'তেই সুবিধা পাইছিল ত'তেই অকৃপণ
হাতেৰে প্ৰকৃতি আৰু পৰিবেশৰ বৰ্ণনা কৰিছিল। গছপুলি ৰোপণ কার্য গুৰুজনাৰ সমাজকল্যানমূলক আঁচনিৰ এটি গুৰুত্বপূৰ্ণ অংশ আছিল। 'এক বৃক্ষ দশ পুত্ৰৰ সমান'–গুৰুজনাৰ এই বাক্যই তেখেতৰ প্ৰকৃতিৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক প্ৰতিপন্ন কৰে।

৪)গুৰুজনাই তেখেতৰ সাংস্কৃতিক আন্দোলনত কুটিৰ শিল্পকো সামৰি লৈছিল। তেখেতে উদ্ভাৱন কৰা বৰগীত, ভাওনা,নৃত্য আদিত ব্যৱহাৰ কৰিবলৈ বিভিন্ন বাদ্য,সাজপোছাক,মুখা আদি তৈয়াৰ কৰিবলৈ সেই সময়ৰ কমাৰ, তাঁতী, দৰ্জী,বাঢ়ৈ আদিক দায়িত্ব দি তেখেতসকলৰ শিল্পৰ মৰ্য্যদা দিছিল লগতে সেইসকল লোকৰ অৰ্থনৈতিক ভেটিও সবল কৰি তুলিছিল।

৫) শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই দেহ -মন আৰু আত্মাৰ বিকাশত অতি গুৰুত্ব দিছিল। তেখেতে জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা গঢ়ি তুলিবলৈ বিভিন্ন পন্থা হাতত লৈছিল। দেহ সবল কৰি ৰাখিবলৈ বিভিন্ন ব্যায়ামৰ অনুশীলন কৰিবলৈ শিকাইছিল যিবোৰ ব্যায়াম সত্ৰীয়া নৃত্যৰ ব্যাকৰণ তথা মাটি আখৰাৰ অন্তৰ্ভুক্ত। যিসমূহ আসন কৰিলে ব্যক্তিৰ পেশীৰ সঞ্চালন তথা ৰক্ত পৰিবহণ সুন্দৰ হয় যাৰ ফলত শৰীৰ নিৰোগী আৰু তেজস্বী হয়।
         তদুপৰি, ভগৱন্তৰ ওচৰত নৈবদ্য হিচাপে যি প্ৰসাদ অৰ্পণ কৰা হয় তাৰো স্বাস্থ্যসন্মত ভিত্তি আছে। এই প্ৰসাদৰ উপাদানসমূহ হ'ল মগুমাহ,বুটমাহ,আৰৈ চাউল,নাৰিকল,আদা,নিমখ আদি ।সম্ভৱহ'লে স্থানীয়ভাৱে উপলব্ধ হোৱা ফলো দিয়া হয়। উপৰোক্ত প্ৰসাদৰ প্ৰতিটো উপাদানৰেই সুকীয়া গুণযুক্ত বৈশিষ্ট্য আছে যিবোৰ বৰ্তমান সকলোৰে জ্ঞাত।
          শ্ৰীমন্ত শংকৰদেৱ প্ৰবর্তিত একশৰণ হৰিনাম ধৰ্মত শ্ৰৱণ -কীৰ্তন কায়-বাক্য মনে হাত চাপৰি বজাই কৰা হয়। ইয়াৰ দ্বাৰা ব্যক্তিয়ে ৭৫ শতাংশ যোগ আৰু ধ্যানৰ ফল লাভ কৰে আৰু দেহ মানসিক বিকাশো হয়। নিৰ্দিষ্ট তালত একেৰাহে চাপৰি বজোৱাতো স্বাস্থ্যৰ কাৰণে খুবেই ফলপ্ৰসূ।

        সংস্কৃতি হ'ল এটা জাতিৰ দাপোণ। সাংস্কৃতিক প্ৰক্ৰিয়াত নৈতিকতা, আধ্যাত্মিকতা নাথাকিলে সেই সংস্কৃতি আদৰণীয় নহয়। আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভক্তি তথা সাংস্কৃতিক আন্দোলনৰ জৰিয়তে আমাৰ অসমভূমিক সমৃদ্ধিশালী কৰি থৈ গৈছে। তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজিৰ শুদ্ধ ৰূপত বিশ্লেষণ আৰু অনুধাৱন কৰা অতি প্ৰয়োজন। হয়তো তেতিয়াহে আমাৰ সমাজখন এখন নিকা সমাজ হ'ব আৰু আনেও শ্ৰদ্ধা সহকাৰে আমাক আঁকোৱালি ল'ব।
                           অৰ্চনা ঠাকুৰীয়া 
পৃষ্ঠা-৩                 পাঞ্জাবাৰী,গুৱাহাটী
———————————————————
নাৰী সুৰক্ষা আইন আৰু ইয়াৰ প্ৰাসংগিকতা
জীতা ৰাণী ফুকন 

         আমাৰ  সমাজত নাৰীসকল সুৰক্ষিত নে ? শিক্ষিত হওক বা অশিক্ষিত , বিবাহিত হওক বা অবিবাহিত , শিশুকন্যা (১৮ বছৰ বয়সৰ তলৰ) , বৃদ্ধা আদি মহিলাসকল আজিৰ সমাজত কিমান সুৰক্ষিত..এই প্ৰশ্নটি বৰ্তমান সময়ৰ আটাইতকৈ প্ৰাসঙ্গিক বিষয়।
    নাৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আইন আছে যদিও এই বিষয়ে সমাজৰ সৰহসংখ্যক নাৰীয়েই অজ্ঞ ।  ফলত বিভিন্ন কাৰণত ভুক্তভোগী নাৰীসকলে জীয়াতু ভুগিব লগীয়া হয় অথবা কাৰোবাৰ সহায়ৰ বাবে নিৰ্ভৰ কৰিবলগীয়া হয় । 
       বিবাহৰ পাছত নাৰীসকলে শহুৰ,শাহু আৰু স্বামীৰে সʼতে সম্পূৰ্ণ এখন নতুন ঘৰত , নতুন পৰিৱেশত বৈবাহিক জীৱনৰ পাতনি মেলিবলৈ লয় । বৈবাহিক জীৱনৰ আৰম্ভণিতেই বহুতো নাৰীৰ ক্ষেত্ৰত জীৱনটো সংঘাতময় হৈ পৰা
দেখিবলৈ পোৱা যায় ।  এইসকলৰ নাৰীক সুৰক্ষা প্ৰদান কৰিবৰ উদ্দেশ্য যিখন আইনৰ ব্যৱস্থাপনা কৰা হৈছে ,সেই আইনখন হʼল....
   "Protection of Women from Domestic Violence Act , 2005  অৰ্থাৎ  " ঘৰুৱা হিংসা আইন  ২০০৫ " ।
এই  Domestic violence Act 2005  ' আইনখন আমাৰ ভাৰতবৰ্ষৰ জম্মু আৰু কাশ্মীৰত প্ৰথম অৱস্থাত প্ৰযোজ্য হোৱা নাছিল যদিও বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে এই আইন
প্ৰযোজ্য হয় ।
      এই আইনখনৰ উদ্দেশ্যেই হৈছে ঘৰুৱা হিংসাৰ প্ৰভাৱৰ পৰা নাৰীক সুৰক্ষা প্ৰদান কৰা ।পাৰিবাৰিক সমন্ধীয় হিংসাত্মক কাৰ্যকলাপৰ পৰা ভুক্তভোগী নাৰীসকলক উদ্ধাৰ কৰি remedies অৰ্থাৎ ন্যায়িক সুৰক্ষা প্ৰদান কৰা । তেনে ক্ষেত্ৰত এই আইনে বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে । 
   ভাৰতীয় দণ্ডবিধি আইনৰ IPC.498(A) ধাৰাটোৱে বিবাহিত মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে যদিও
এই  Domestic Violence ৰ ক্ষেত্ৰত এই Specific  Act তথা আইনখনে মহিলাৰ সম্পূৰ্ণ সুৰক্ষাৰ দিশবোৰ সামৰিবলৈ চেষ্টা কৰিছে ।
     এগৰাকী নাৰীয়ে বৈবাহিক সূত্ৰে স্বামীৰ ঘৰখনৰপৰা পাব পৰা মানসিক তথা শাৰীৰিক নিৰ্যাতন , যৌন নিৰ্যাতন আদিৰ উপৰিও যৌতুকজনীত সমস্যা ,অৰ্থজনীত সমস্যা ইত্যাদি সমস্যাৰ সন্মুখীন হʼলে এই আইনৰ সহায় লʼব পাৰে ।  u/s -4(ii)

      Domestic Violence অৰ্থাৎ ঘৰুৱা হিংসা সন্দৰ্ভত কাৰ ওচৰত অভিযোগ দাখিল কৰিব....

    প্ৰথমতে,  ভুক্তভোগী মহিলা এগৰাকীয়ে ঘৰুৱা হিংসা সংঘটিত হোৱা নিৰ্দিষ্ট এলেকাত থকা সংশ্লিষ্ট বিষয়া যাক 'Protection office ' হিচাপে চৰকাৰে নিযুক্ত কৰে ,তেনে বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে । 

        দ্বিতীয়তে , স্থানীয় পুলিচ অফিচাৰ এজনৰ ওচৰতো এই বিষয়ৰ অভিযোগনামা  দাখিল কৰিব পাৰে ।

        তৃতীয়তে , Service Provider or S.p অৰ্থাৎ চৰকাৰৰ অধীনত পঞ্জীকৃত কিছুমান বেচৰকাৰী সন্থা থাকে  (যিবিলাক সন্থাই স্বেচ্ছামূলক ভাৱে নাৰী আৰু শিশুৰ কল্যাণৰ বাবে এই ধৰণৰ ঘৰুৱা হিংসা বা অন্যান্য ধৰণে সংঘটিত হোৱা ভুক্তভোগীৰ হৈ কাম চলাই আছে ) সেই সন্থাই বহু ক্ষেত্ৰত আগভাগ লৈ  ভুক্তভোগীক প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিহিত ব্যৱস্থা হাতত লয় ।
চতুৰ্থতে , Megistrate Court ত গৈয়ো অভিযোগ দাখিল কৰিব পাৰে ।

                         জীতা ৰাণী ফুকন
                         চৰকাৰী অধিবক্তা
পৃষ্ঠা-৪                       শিৱসাগৰ
———————————————————
আইদেউ সন্দিকৈ...
অসমীয়া চলচ্চিত্ৰৰ প্ৰথম গৰাকী অভিনেত্ৰী
ড° ৰমেশ কুমাৰ কাকতি 

        অসমীয়া চলচ্চিত্ৰৰ কথা আলোচনা কৰিলেই  স্বনামধন্য জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম মনলৈ আহে ৷ তেখেতৰ আশাশুধীয়া প্ৰচেষ্টাৰ অবিহনে অসমীয়া চলচ্চিত্ৰই হয়তো আজিৰ অৱস্থাত উপনীত নহ’লহেতেন ৷লগতে  অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে যি গৰাকী মহিলাৰ নাম প্ৰথমে মনলৈ আহে তেখেতেই হ’ল আমাৰ সকলোৰে নমস্য আইদেউ সন্দিকৈ ৷
 ১৯৩৩চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবিৰ নিৰ্মাণ কাৰ্য হাতত লৈ বহু বিপদত পৰিছিল ৷ কাৰণ সেই সময়ৰ অসমীয়া সমাজখন আছিল অত্যন্ত ৰক্ষণশীল । য’ত ছোৱালীক পেৰাৰ কাপোৰৰ লগত তুলনা কৰা হৈছিল ৷ এনে অৱস্থাত কোনো পিতৃ-মাতৃয়েই ছোৱালীক বোলছবিৰ লগত জড়িত হ’বলৈ দিব খোজা নাছিল।জ্যোতিপ্ৰসাদ আগৰৱালাই বহু চিনাকি মানুহৰ  লগত যোগাযোগ কৰিও নাৰী চৰিত্ৰত অভিনয় কৰা মহিলা বিচাৰি নেপাই অৱশেষত বাতৰি কাকতত বিজ্ঞাপন দিবলৈ বাধ্য হৈছিল ৷ কিন্তু বোলছবিৰ নাৰী চৰিত্ৰত অভিনয় কৰাতো লাজৰ বিষয় বুলি সেই সময়ৰ ৰক্ষণশীল সমাজে গণ্য কৰাত  জয়মতীৰ চৰিত্ৰত অভিনয় কৰিবলৈ কোনো মহিলা আগবাঢ়ি নহাত হতাশাত ভুগিছিল ৷ বোলছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় শব্দযন্ত্ৰী, কেমেৰা সকলো যোগাৰ হৈছিল ৷ অভাৱ আছিল নাৰী চৰিত্ৰত অভিনয় কৰিবলৈ এগৰাকী মহিলাৰ ৷
      সেই সময়ত আইদেউ সন্দিকৈৰ সমন্ধীয় এজন লোক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘনিষ্ঠ আছিল ৷ তেখেতে আইদেউ সন্দিকৈৰ এখন স্থিৰচিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাক দেখাইছিল ৷ এই স্থিৰ চিত্ৰখন চাই জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতক জনাইছিল যে যদি আইদেউ সন্দিকৈয়ে জয়মতীৰ চৰিত্ৰত অভিনয় কৰে তেন্তে তেওঁৰ সমস্যা সমাধান হ’ব ৷ গতিকে আইদেউ সন্দিকৈক লৈ আহিবৰ বাবে তেখেতক অনুৰোধ জনাই ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনুৰোধ ৰক্ষা কৰিবলৈ তেখেত আইদেউ সন্দিকৈৰ দেউতাকৰ কাষ চাপে ৷ দেউতাকৰ সন্মতি সাপেক্ষে তেখেতে জাহাজ দেখুৱাম বুলি আইদেউ সন্দিকৈক ফুচুলাই গহপুৰৰ ভোলাগুৰি চাহবাগিছাত অস্থায়ী ৰূপত নিৰ্মাণ কৰা জ্যোতি চিত্ৰবনলৈ আনে ৷ তাতেই জ্যোতিপ্ৰসাদ আগৰৱালাই আইদেউ সন্দিকৈক জয়মতী চৰিত্ৰৰ বাবে নিৰ্বাচন 
কৰে ।
         আইদেউ সন্দিকৈক জয়মতী চৰিত্ৰৰ বাবে বাচনি কৰিলেও প্ৰথম অৱস্থাত আইদেউ সন্দিকৈয়ে বোলছবিত অভিনয় কৰিবলৈ মন কৰা নাছিল ৷ সেই সময়ত আইদেউ সন্দিকৈৰ বয়স মাথোন ষোল্ল বছৰ ৷ কিন্তু সম্পৰ্কীয় লোক জনৰ বুজনিত দেউতাক নীলাম্বৰ সন্দিকৈ মান্তি হয় আৰু আইদেউ সন্দিকৈক জয়মতী চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত কৰায় ৷ আইদেউ সন্দিকৈৰ কোনো বিদ্যালয়ৰ শিক্ষা নাছিল ৷ তথাপিও অভিনয় সম্পৰ্কে সকলো কলা-কৌশল জ্যোতিপ্ৰসাদ আগৰৱালাই শিকাই দিছিল ৷ ১৯৩৪ চনৰ আগষ্ট মাহত জয়মতী চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণৰ কাম শেষ হৈছিল। 
১৯৩৫ চনত জয়মতী বোলছবিখনে মুক্তিলাভ কৰে। অভিনয়ৰ কাম শেষ কৰি আইদেউ সন্দিকৈ পুনৰ ঘৰলৈ ঘুৰি আহে ৷
   কিন্তু বিধিৰ বিপাক ৷ বোলছবি জগতত প্ৰথম অসমীয়া মহিলাৰ সন্মান লাভ কৰা মহিলা গৰাকীক সমাজে উস্ম আদৰণি জনোৱাৰ বিপৰীতে আইদেউ সন্দিকৈক লৈ গাঁৱৰ মানুহৰ মাজত বু বু-বা বা চলিল ৷তেখেত চলচ্চিত্ৰ জগতলৈ যোৱাৰ পিছত ঘূৰি আহি মৰমৰ গাঁওখনৰ মানুহৰ ব্যৱহাৰ দেখি অসহায় হৈ পৰিল। তেখেতক মৰমৰ সমাজখনে এলাগী ঘোষণা কৰি তেখেতৰ পিতৃৰ ঘৰখনকো সমাজে এঘৰীয়া কৰে ৷ ইয়াৰ কাৰণ, সেই সময়ত বোলছবিত অভিনয় কৰাতো মহিলাৰ বাবে এক বৃহৎ অপৰাধ হিচাপে গণ্য কৰা হৈছিল ৷ তাতে বিয়া নোহোৱা এগৰাকী নাৰী হৈ গদাপাণিৰ  চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱা নামৰ লোকজনক 'বঙহৰ দেউ' অথাৎ 'মৰমৰ স্বামী' বুলি সম্বোধন কৰাতোও আছিল সমাজৰ দৃষ্টিত গুৰুতৰ অপৰাধ ৷
পুনৰ ঘৰৰ পৰা আঁতৰি গৈ পৰৰ মানুহৰ লগত 'কেম্প’ত থাকি বোলছবিৰ কাম কৰাটোও আছিল আন  এক  গুৰুতৰ অপৰাধ ৷
   সমাজচ্যুত হোৱা ঘৰখনে ৰাইজৰ ওচৰত আঠু লৈছিল ৷ ৰাইজে চৰ্তসাপেক্ষে ঘৰখনক সমাজৰ লগত থাকিবলৈ দিছিল ৷ এই চৰ্ত সাপেক্ষে পৰিয়ালৰ লোকে আইদেউ সন্দিকৈক থাকিবলৈ আছুতীয়াকৈ ঘৰ সাজি দিছিল ৷ সেই ঘৰলৈ আন কাকো যাবলৈ দিয়া হোৱা নাছিল ৷ সঁচা অৰ্থত জুইয়ে-পানীয়ে নিষেধ আছিল ৷আইদেউ সন্দিকৈয়ে ব্যৱহাৰ কৰা পানীৰ পুখুৰী আন কোনেও ব্যৱহাৰ কৰিব পৰা নাছিল৷ আচৰিত কথা যে বোলছবিত অভিনয় কৰা বাবেই আইদেউ সন্দিকৈক বিয়া কৰাবলৈ কোনো পুৰুষ আগবাঢ়ি অহা নাছিল ৷
      জয়মতীৰ চৰিত্ৰত অভিনয়ৰ কাম শেষ কৰি  আইদেউ সন্দিকৈ পানীদিহিঙিয়া গাঁৱলৈ ঘুৰি আহি এঘৰীয়া হোৱাৰ  উপৰিও তেখেতে অভিনয় কৰা বোলছবিখন তেখেতে চাবলৈ পোৱা নাছিল ৷ অভিনয় শেষ কৰাৰ পিছত জ্যোতিপ্ৰসাদেও তেওঁৰ কোনো খবৰ লোৱা নাছিল ৷ আনকি ছবিখন মুক্তি পোৱাৰ খবৰো তেখেতে জনা নাছিল ৷ ১৯৮৫ চনত অসম চৰকাৰে আয়োজন কৰা 'অসমীয়া বোলছবিৰ পঞ্চাশ বছৰীয়া জন্মজয়ন্তী' উৎসৱলৈ তেখেতক নিমন্ত্ৰণ কৰা হৈছিল ৷ এই অনুষ্ঠানতহে তেখেতে স্ব-অভিনীত ছবি খনৰ কেইটামান ৰীল দেখিবলৈ পাইছিল ৷ 
  ১৯৮৫ চনত অসম চৰকাৰে আইদেউ সন্দিকৈক ১০০০ টকাকৈ মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিল ৷ পাছলৈ এই পেঞ্চন ১৫০০ টকা কৰা হৈছিল৷            
      ষোল্ল বছৰ বয়সতে ৰাইজৰ দ্বাৰা উপেক্ষিত হোৱা আইদেউ সন্দিকৈ দুখ যন্ত্ৰণা বিষাদৰ মাজত অকলশৰীয়া জীৱন যাপন কৰিছিল ৷সমাজৰ ওচৰত অস্পৃশ্য হোৱা আইদেউ হতাশাত ভাগি পৰিছিল ৷ বয়স বঢ়াৰ লগে লগে শাৰীৰিক ভাৱেও তেখেত ভাগি পৰিছিল ৷ জীৱনৰ বিয়লিবেলাত অসুস্থতাৰ বাবে তেখেতক   গোলাঘাটৰ কমাৰগাঁৱত বসবাস কৰা ভতিজাকহঁতে লৈ যায় ৷ তেখেতৰ শাৰীৰিক অৱস্থা ইমানেই ভাগি পৰিছিল যে  তেখেতে লৰচৰ কৰিব পৰা নাছিল ৷ সেই সময়ত “The East Indian Motion Picture Association” নামৰ অনুষ্ঠানটোৱে তেখেতক সহায়ৰ হাত আগবঢ়াইছিল ৷ এই অনুষ্ঠানটোৱে তেখেতক এখন হুইল চেয়াৰ যোগান ধৰিছিল ৷ এই হুইল চেয়াৰখনত বহিয়েই তেওঁ জীৱনৰ শেষৰ দিন কেইটা পাৰ কৰিছিল ৷ ১৯৯১চনত তেখেতৰ নামেৰে তেখেতৰ গাঁৱত এখন ছোৱালীৰ বিদ্যালয় স্থাপন কৰা হয় ৷
      আইদেউ সন্দিকৈৰ নাম পদ্মশ্ৰী সন্মানৰ বাবেও মনোনীত হৈছিল ৷ কিন্তু এখন মাত্ৰ বোলছবিত অভিনয় কৰা বাবে তেখেত সেই সন্মানৰ পৰা বঞ্চিত হ’ল ৷ 
২০০২ চনৰ ১৭ ডিচেম্বৰৰ দিনা তেখেতে গোলাঘাটৰ কমাৰগাঁৱত মৃত্যুক সাবটি লয় ৷
বৰ্তমান সময়ত চৰকাৰে আইদেউ সন্দিকৈৰ নাম যুগমীয়া কৰিবলৈ বহুকেইখন আঁচনি লৈছে ৷ স্কুলীয়া শিক্ষাত তেখেতৰ বিষয়ে এক সম্যক জ্ঞান ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰা, আইদেউ সন্দিকৈ মহিলা সন্মান আচঁনিৰ জৰিয়তে ৰাজ্যৰ অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা, অকলশৰীয়াকৈ থকা মহিলাৰ বাবে ৩০০ টকা জলপানিৰ ব্যৱস্থা কৰা ইত্যাদি।
     ২০০৭ চনত  অসমৰ খ্যাতনামা চিত্ৰনাট্যকাৰ অৰূপ মান্নাদেৱৰ পৰিচালনাত আইদেউ সন্দিকৈৰ জীৱনী ভিত্তিক এখনি কাহিনী চিত্ৰই মুক্তিলাভ কৰে ৷ এই ছবিখনত আইদেউ সন্দিকৈৰ নাম ভূমিকাত অভিনয় কৰিছিল চন্দনা শৰ্মাই ৷২০০৭ চনত এই ছবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ মহিলা অভিনেতাৰ বঁটা লাভ কৰিছিল ৷

সহায়ক তথ্যঃ- ১) ৱিকিপিডিয়া
         ২)আইদেউ সন্দিকৈৰ জীৱনী ভিত্তিক            কাহিনী চিত্ৰ - মান্না দেৱ ৷
                 ড° ৰমেশ কুমাৰ কাকতি
           উপাধ্যক্ষ ,এল টি কে মহাবিদ্যালয়
       লক্ষীমপুৰ         পৃষ্ঠা-৫    
———————————————————
বীজ ,গজালি আৰু অন্যান্য
পুলেন ৰাজ ডেকা 

“Most people look and do not see”.

          স্বদেশ-স্বজাতিৰ স্বাভিমান এদিন পথাৰৰ পৰাই পোখা মেলিব ৷ কপালৰ ঘামত পথাৰে পোখাই তোলা চহা গানৰ উহে দিব আধুনিকতাবাদী চিন্তাৰে উদযাপন কৰিবলৈ সৃজনৰ অমল উৎসৱ ৷ ৰাষ্ট্ৰীয় অৰ্থনীতিক দিব  থিয় হৈ থাকিবলৈ গোজেই গছ হোৱাৰ কষ্টসাফল্য সন্মান ৷
পৃথিৱীৰ সমস্ত জন্ম-যন্ত্ৰণাৰ সম্ভাৱনাময় উকমুকনিক জগতবিখ্যাত আকাৰ দিবলৈ
বীজেই যেন বুকুত লৈ ঘূৰি ফুৰে  
গজালিৰ আত্মাভিমান ৷

      যুক্তিৰ গৰাহত পৰি থকাসৰকা হ’লেও প্ৰবাদৰ জ্ঞানগৰ্ভ কথাক নুই কৰাৰ মৰসাহ সময়ে কালৰ এই বিদ্বান মানুহকো নিদিলে ৷ নিজৰ মনৰ আইনাত নিজক দেখা পোৱা হ’লে কালাতীত এই কথাক মানি অহাৰ সহজাত স্পষ্টতা আমিও দেখিলোহেঁতেন  তাৰ সুন্দৰ প্ৰতিবিম্বিত ৰূপ  ৷ শংকৰাজান, যীশু, হজৰতলৈ চাই মননে মানি  ল'লে  প্ৰবাদ "যি মূলা বাঢ়ে তাৰ দুপাততে চিন" ৷ 
      ভাল আৰু বেয়াৰ প্ৰচলিত আকস্মিক তৰ্কখনত প্ৰতিযোগী নোহোৱাকৈও যুক্তি আগবঢ়ালে মূলাই কিমান শতাংশ লাভ কৰিব দুয়োটা দিশত ? সংখ্যাগৰিষ্ঠ দলৰ কোলাত উঠি মূলাই কিমানৰ ঘৰলৈ বলি ল’ব আহে বঠিত মূৰ-গা পাতি  ? সম্ভৱত বিয়াগোমসকলৰ বাদে চোতালৰ এটা চুকত কোৰমৰা চামটোৱে এই কথাৰ হিচাপ কোনোকালে নাৰাখে ৷ আব্দাৰবোৰৰ কোনো অজুহাতকে নুই নকৰা গৰাকীৰ কোৰক সেয়েহে  চোতালৰ চুকৰ মাটিয়েও বিনাদ্বিধাই 
      পাতি দিয়ে বুকু ৷ সমস্ত প্ৰক্ৰিয়া এটাক কল্পনাৰ পৰা কচৰৎ কৰি বাস্তৱায়িত কৰিবলৈ সহি থকা এই জুলুমৰ আধাতকৈও বেছি দুঃচিন্তাৰ বোজা গ্ৰহণ কৰে এটা বীজে , গজালি আৰু আকাৰ দিয়া-লোৱা সেই পাত্ৰবোৰে ৷ সময়ত পোখাব নোৱাৰাকৈ হেচি ৰখা প্ৰাকৃতিক ৰিপুৰ সংঘাতক উফৰাই থিয় দিয়াৰ গৌৰৱধ্বজাক দেখিয়েই চাগে চহাই উলিয়াই অনা মূলাৰ সেই প্ৰবাদ আজিৰ সম-আলোচনা ৷ 
      সমালোচনাৰ চোক চোকা ৷  তাতকৈ চোকা ব্যংগৰ ৷ পৰিকল্পনা যিয়ে নহওঁক কিয়  যদিহে তাৰ স্বচ্ছতা , স্পষ্টতা, প্ৰত্যয়তা , বৰ্ধমান আৰু  চলন্ত ৰূপ-গুণ নাথাকে তেনে পৰিকল্পনাৰ বীজ পোখাব নোৱাৰে ৷ পোখালেও উধাব নোৱাৰে ৷ উধালেও চলমান সময়ৰ উৰ্ধগামী সোপানত নহ’ব তাৰ একো এটা সুস্থিৰ খোপনিৰ ছাপ ৷ হেমচন্দ্ৰ বৰুৱাই জানিছিল ৷ জানিছিল  হেমচন্দ্ৰ গোস্বামীয়ে,গুনাভিৰাম বৰুৱাই, আৰু  লক্ষ্মীনাথ বেজবৰুৱাই চোকা ব্যংগৰ শানিত কটাৰীক  চলাব লাগে কেনেকৈ ৷ ৰামনৱমীৰ পৰা কোৱাভাতুৰিলৈ স্বমহিমাৰে মহিমামণ্ডিত হৈ কাল আৰু ভাঙোনমুখী জাতিৰ জাতীয় চেতনাত সংস্কাৰৰ বতাহ বোৱাবলৈ থিয় হৈ থকা এই সূৰ্যমুখী বৰগছবোৰো এদিন 
         সকলো জন্ম-যন্ত্ৰণাক প্ৰশমিত কৰি চিন্তন আৰু মননৰ পৰিধি অতিক্ৰমি মগজৰ সাৰুৱা পথাৰত পোখা মেলা বীজ আৰু গজালিৰে জানো নামান্তৰ নাছিল ? 

          সাহিত্যৰ মেটমৰা ৰথখন টানি লৈ যাওঁতে  সাহিত্যৰথীয়ে কত বীজক গজালি মেলাই বৰগছ কৰালে সেয়া সকলোৰে বোধগম্য ৷ 
        ধোঁৱাখোৱা, আদিৰ প্ৰসৱবেদনা চলি থকাৰ সময়তে সাহিত্যৰথীৰ মনলৈ আহিছিলনে এচাম ভণ্ড মানুহে মোৰ আই মোৰ অসম বুলি  জাতীয়তাবাদৰ জয়ঢোল বজোৱা সেই স্নেহ যে মাথোঁ গোকাট মিছা ৷ প্ৰতি উত্তৰ হিচাপে তুলি লোৱা কলমৰ শকতিয়ে নিদিয়াকৈ থাকিল জানো তাৰ প্ৰমাণ ৷
           সমাজখনৰ প্ৰায় সকলো লোকৰ স্বভাৱজাত গুণক চুই চাই আঁকিব লওঁতে ব্যংগৰ কটাৰী মিহিকৈ কাটি যোৱা সেই যন্ত্ৰণাই ভণ্ড চামটোক আঁচুৰি যোৱা নাছিলনে ৷  যিয়ে কেৱল এফালৰ পৰা দেশখন কুটি ফোপোলা কৰি  দিনৰ পোহৰত গাইছিল দেশাত্মবোধৰ  গান : অ’ মোৰ আপোনাৰ দেশ ৷ 
            পৃথিৱীখনৰ সৰ্বত্ৰতে চলমান এক জাগ্ৰত শক্তিয়ে হ’ল  বিপ্লব ৷ শান্তি স্থাপনৰ বাবে ,  ন্যায্যতা প্ৰাপ্তিৰ বাবে কি মাটি , কি বায়ু , কি পানী সকলো স্থানৰ বাসিন্দাই কৰিব লাগিব চলমান সেই শক্তিক নিত্য  উপাসনা ৷ কেৱল বিপ্লবৰ বিজয় ঘোঁৰাত উঠিহে স্থাপন হ’ব মানুহৰ সমাজ , মানুহৰ ধৰ্ম ৷ এই কথা লৰকাই জানিছিল ৷জানিছিল অমূল্য বৰুৱাই।
            কুকুৰ আৰু বেশ্যাৰ প্ৰতি দৰদ দেখুওৱা নিৰ্ভীক বিপ্লৱী কবিগৰাকীৰ প্ৰতি দৰদী নহ’ল সময় ৷ সাম্প্ৰদায়িক সংঘৰ্ষই মহটিয়াই নিলে দেশ আৰু স্বজাতিৰ উত্তৰণৰহকে পোখা মেলিব ধৰা অসংখ্য গজালি ৷ শান্তিৰ ছাঁ দিয়া আহঁতজোপা উভালি পৰিল কলকাতৰ চোতালত ৷ 
তেনেদৰেই সাত সাগৰ তেৰ নদীৰ সিটো পাৰে  এজোপা ছাঁ দিয়া সূৰ্যমুখী গছৰ কালক ধন্য কৰা বীজ(ফল) , মাত দিয়া , মান দিয়া এটা কন্ঠ স্পেনিছ গৃহ-যুদ্ধৰ বলি হৈ  চিৰদিনলৈ শুই থাকিল গ্ৰাণাডাৰ ফুএ’ন্টেই গ্ৰাডেইৰ এজোপা বুঢ়া  জলফাইৰ তলত ৷ 
        স্পেনীয় আৰু মহাদেশীয় এচাম মানুহে লৰ্কাৰ অতিমৰ্মান্তিক  মৃত্যুকে তেওঁৰ জনপ্ৰিয়তাৰ হেতু বুলি ভাবিছিল, কিন্তু পতিয়ন নিয়াব পৰাকৈ শতকৰাটোৰ গোটেইখিনি দিলেও সত্য বুলিব নোৱাৰি এই কথা ; অতিদৃঢ়তাৰে তেওঁলোকেই বিশ্বাস কৰিলে তাৰ বহু পাছত ৷
            লোকগাথাৰ উহ লৈ সৰ্বশক্তিমান চেতনাৰে আধুনিক মননত বোধৰ বাতায়ন খোলা কবিক নেৰুডাই ঠিকেই কৈছিলঃ 'উৰন্ত হৃদয়,এটি ফটিক-প্ৰপাত’ বুলি ৷
         পৃথিৱীৰ সমস্ত হিংসা আৰু খলাবমাৰ ওপৰেৰে বধ্যভূমিলৈ চুচৰি আহোতে কি অনুভৱ  কৰিছিল বাৰু লৰ্কাই ? 'মোক তেওঁলোকে নামাৰে কিয়নো মই এজন কবি ’ বিশ্বাসক সাৰথি কৰি বাট বুলা কবিয়ে ভাবিছিল নে মৰমৰ মাজতেই ছদ্মবেশ ধৰি লুকাই থাকিব তেওঁৰ অনাকাংক্ষিত মৃত্যু ? 
            সংঘাতৰ মাজেৰেই সংঘটিত হোৱা গৃহযুদ্ধৰ বলি হ’ল  লৰকা ৷ পতিত হ’ল এচাম ক্ৰুৰ সন্ত্ৰাস বিয়পোৱা অমানুহৰ 
হাতত।
           আন্দালুছিয়াৰ সমগ্ৰ প্ৰকৃতি সত্তাই যোগান ধৰা উৰ্বৰাতেই অংকুৰিত হ’ল কবি-মানসৰ বীজ ৷  বেলফৈবৰণৰ বননি , অঘৰী জীৱন-যাপনৰ অনন্য সুন্দৰ স্বৰ্গানুভূতিৰ চুম্বকীয় নিচাই গজালি মেলি গছ হৈ ছাঁ দিলে সমগ্ৰ মহাদেশীয় মানুহক ৷ ফুকন মহাশয়ে  যাক  "দেশহীন কালহীন মানুহৰেই এটি সুমথিৰা বৰণীয়া কন্ঠস্বৰ" বুলিছে ৷

        কবিৰ নেপথ্যত থাকে সমগ্ৰ পৃথিৱীৰ সৌন্দৰ্য আৰু কদৰ্যৰ অবৰ্ণনীয় কথন ৷ থাকে পীড়িত , শোষিত আৰু মেহনতী জনতাৰ 
আৰ্তনাদ ৷
         এই উঁহ বিচৰা কবিয়ে দেশ কালৰ উন্নতিৰ বাবে কোনো শক্তিকে পৰোৱাহ নকৰি চলাই থাকে কলম ৷ শানিত কলমৰ চোকে কাটি নিয়ে অসূৰ্যস্পৰ্শা অসূয়া , কাটি দুচেঁও কৰে ভাঙোনমুখী সমাজৰ হেজাৰ অপশক্তিক। 
___________________
কৃতজ্ঞতা আৰু ঋণস্বীকাৰ “সাগৰ তলিৰ শংখ”লৈ
পুলেন ৰাজ ডেকা 
চেংনৈ কটৰা সত্ৰ
জিলা -নলবাৰী।

পৃষ্ঠা-৬
——————————————————
প্ৰসংগ : বৰ্তমানৰ অনলাইন শিক্ষা
চন্দন ভাগৱতী

        মানুহ পৰিস্থিতিৰ দাস । পৰিস্থিতিয়ে সলনি কৰিব পাৰে জীৱনৰ দৈনন্দিন পৰিক্ৰমা । সলনি কৰিব পাৰে জীৱন-জীৱিকা, চিন্তা-চৰ্চা, সাধনা, সংস্কাৰ আদি । শেহতীয়াকৈ সমগ্ৰ বিশ্বতে কোভিডসৃষ্ট পৰিৱেশ-পৰিস্থিতিয়ে জনজীৱনৰ বিভিন্ন ক্ষেত্ৰক প্ৰভাৱিত কৰিছে। জীৱন যাত্ৰাৰ স্বাভাৱিক গতিক বিঘ্নিত কৰিছে । এই পৰিৱৰ্তিত পৰিস্থিতিৰ পৰা মুক্ত নহয় শিক্ষা জগতখনো । কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকললৈকে সকলোৱেই শিক্ষা জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময় হেৰুৱাবলগীয়া হৈছে অথবা শিক্ষা গ্ৰহণৰ গতানুগতিকতাৰ পৰা ফালৰি কাটি আহিবলগীয়া হৈছে । ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ অন্যতম আহিলা হিচাপে এই সময়ছোৱাত সৰ্বব্যাপি আদৰি লোৱা বিকল্প ব্যৱস্থাটো হৈছে অনলাইন শিক্ষা ব্যৱস্থা ।         গতানুগতিকতাৰ পৰা কিছু আঁতৰি অহা এই ব্যৱস্থাটো বহুতৰ বাবে কিছুপৰিমাণে আচহুৱা বা আহুকলীয়া যেন লাগিলেও আন সুবিধাজনক বিকল্পৰ অভাৱত তাকেই আদৰি ল'বলৈ বাধ্য হৈ পৰিছে । পোহৰ থাকিলে তাৰ বিপৰীতে আন্ধাৰো থকাটো যিদৰে আৱশ্যম্ভাৱী, তেনেদৰে সকলো ক্ষেত্ৰতে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ থকাটো নিতান্তই স্বাভাৱিক । অনলাইন শিক্ষা ব্যৱস্থাও ইয়াৰ ব্যতিক্ৰম নিশ্চয় হ'ব নোৱাৰে ।
            আমাৰ দেশত এসময়ত গুৰুকুল পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ প্ৰচলন আছিল । পিছলৈ সময়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰা হ'ল । আধুনিক শিক্ষা ব্যৱস্থাতো ইতিমধ্যে বহুতো পৰিৱৰ্তন সাধন কৰা হৈছে প্ৰয়োজনৰ খাতিৰত । তেনেদৰে শেহতীয়াকৈ কোভিডে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষা এক প্ৰাসংগিক ব্যৱস্থা হিচাপে বিবেচিত হৈছে । কোভিড অতিমাৰীৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি থ’বলগীয়া অৱস্থা হোৱাৰ ফলত ছাত্র-ছাত্ৰীসকলৰ শিক্ষা জীৱনৰ অমূল্য সময়ৰ অপচয় হোৱাটো ৰোধ কৰাৰ বাবে সকলোৱে সম্প্ৰতি অনলাইন শিক্ষা ব্যৱস্থাক আঁকোৱালি লোৱা দেখা গৈছে । স্মৰ্তব্য যে ঐতিহাসিক অসম আন্দোলন চলি থকা সময়ত তেতিয়াৰ ছাত্ৰ সমাজে এটা শিক্ষা বছৰ হেৰুৱাবলগীয়া হৈছিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত। কাৰণ সেই সময়ত আজিৰ দৰে ইমান উন্নত নাছিল প্ৰযুক্তি বিদ্যা । ফলত উপযুক্ত বিকল্পৰ অভাৱত ছাত্ৰ সমাজে অপূৰণীয় ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছিল । কিন্তু আজিৰ এই প্ৰযুক্তিৰ উন্নত অৱস্থাত প্ৰযুক্তিৰ অন্যতম অৱদান অনলাইন ব্যৱস্থাক আদৰি লোৱাটো কোনো কাৰণতে অযুক্তিকৰ বা অসংগত বুলি ক'ব নোৱাৰি । কোভিডক ৰুধিবলৈ লকডাউনৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হোৱা পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি অনলাইন যোগে পাঠ গ্ৰহণ কৰাৰ সুযোগ আৰু সুবিধা লাভ কৰাটো নিশ্চয়কৈ সৌভাগ্যৰ কথা।
           যিহেতু সকলো ক্ষেত্ৰতে একোটা নেতিবাচক দিশ থাকে, সেয়েহে এই দিশটোক আমি প্ৰত্যাহ্বান হিচাপে ল'ব লাগে । জুইৰ ভয়ত উধান নপলায় বুলি কথা এষাৰ নাই জানো ? অনলাইন শিক্ষাৰ ক্ষেত্ৰতো একেই কথা ।অনলাইন শিক্ষা ব্যৱস্থাই কণ কণ ল'ৰা-ছোৱালীহঁতক মোবাইলৰ প্ৰতি আসক্ত হোৱাৰ বাট সহজ কৰি দিছে, চকুৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে আদি অনেক অভিযোগ অনলাইন শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰায়ে শুনা যায় । এইবোৰ অভিযোগক নিশ্চয় নুই কৰিব নোৱাৰি। কিন্তু ভেকুলী আহিব বুলি আমি খাল নখন্দাকৈ থাকোঁ জানো ? কথাতে কয়, সাৱধানীৰ মৰণ নাই। অনলাইন শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো অভিভাৱকসকল সাৱধান হ'বই লাগিব । ভাল বেয়া দুয়োটা দিশ সৰলভাৱে বুজাই দি কণ কণ শিশুহঁতক সঠিক পথৰ নিৰ্দেশনা দিবই লাগিব । তদুপৰি নেটৱৰ্কৰ সমস্যা, একাংশ অভিভাৱকৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্টফোন কিনি দিয়াৰ সামৰ্থ্য নথকা আদিৰ দৰে সমস্যাসমূহৰ ক্ষেত্ৰত চৰকাৰে নিশ্চয় চকু দিবই লাগিব । কিন্তু সমস্যা বা জটিলতা থাকিল বুলিয়েই অনলাইন শিক্ষাক নস্যাৎ কৰিবলৈ যোৱাটো সময়ৰ দাবীক অস্বীকাৰ কৰাৰ দৰেহে 
হ'ব।
       ক'বলৈ গ'লে অনলাইন শিক্ষা ব্যৱস্থাই এক নতুন দিগন্তৰ সূচনা কৰিছে । অদূৰ ভৱিষ্যতে দূৰৱৰ্তী শিক্ষাৰ ব্যৱস্থাটোক অনলাইন পদ্ধতিয়ে আৰু অধিক ফলপ্ৰসূ কৰি তুলিব পাৰে । গতিকে যুগৰ পৰিৱৰ্তনক আমি অস্বীকাৰ কৰিব নালাগে। মাথোঁ আঁসোৱাহ বা দুৰ্বলতাসমূহ আঁতৰ কৰি এই ব্যৱস্থাটোক আৰু অধিক সুবিধাজনক কৰি তোলাটোহে হ'ব আমাৰ মুখ্য দায়িত্ব আৰু কৰ্তব্য ।
চন্দন ভাগৱতী 
জ্যেষ্ঠ সাংবাদিক
গুৱাহাটী 
                                        পৃষ্ঠা-৭
——————————————————
শিক্ষা আৰু সমাজ
বিশ্বজিৎ গগৈ
     
        শিক্ষা গ্ৰহণ হৈছে মানুহৰ জীৱন জোৰা প্ৰক্ৰিয়া। শিক্ষা,জ্ঞান আহৰণৰ শ্ৰেষ্ঠ মাধ্যম। শিক্ষা অবিহনে এজন মানুহ পূৰ্ণাঙ্গ হ'ব নোৱাৰাৰ দৰে ইয়াৰ অবিহনে এখন সুন্দৰ ,সুস্থ -সবল সমাজ  পাব নোৱাৰি।পৰিবৰ্তনশীলতা সামাজিক জীৱনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য।শিক্ষাৰ দ্বাৰা মানুহৰ সৎ চৰিত্ৰ গঠন , বুদ্ধিমত্তাৰ প্ৰসাৰিত হয়।
       শিক্ষাত জ্ঞান আৰু বুদ্ধি দুয়োটাৰে সমন্বয়ৰ প্ৰয়োজন। বুদ্ধিয়ে বৰ্ণনা আৰু জাতীয় বৈশিষ্ট্যবোৰৰ বুজ লয়। অন্যহাতে জ্ঞানে সেইবোৰৰ পৰা ঐক্য সাধনাৰ উপায় বিচাৰে । প্ৰত্যেক জ্ঞানৰে এক বৌদ্ধিক সত্তা আছে যাক এৰিষ্ট’ল আৰু ডাণ্টেই "প্ৰজ্ঞা" বুলি কৈছিল। টলষ্ট’য়ে কৈছিল - শিক্ষাই সামাজিক জ্ঞান প্ৰাপ্তিৰ সহায় কৰে আৰু এই জ্ঞানে সমাজৰ হিত সাধন কৰে। বাস্তৱ জ্ঞান কেৱল প্ৰত্যক্ষ ৰূপহে হয়।
       শিক্ষাই জীৱনক সমাজৰ লগত সম্পৰ্ক ৰাখিবলৈ শিকায়। স্কুল ,অধ্যাপক, কিতাপতকৈ মা-দেউতা , ঘৰ, কাম-বন, গাঁও, আকাশ, সমাজ,জাতিয়ে অধিক শিক্ষা দিয়ে। সেয়ে আমাৰ শিক্ষা ব্যৱস্থাত সমাজৰ কথা থাকিব লাগে।
    ৰবীন্দ্ৰনাথ ঠাকুৰে "শিক্ষা" নামৰ  গ্ৰন্থত কৈছিল, "আজি শিক্ষা আৰু সমাজৰ সংযোগী চিৰি নাই। দেশ আৰু জাতিক অস্বীকাৰ কৰা শিক্ষাৰ মূল্য ক'ত?"
         শিক্ষা বুলিলে আমি কেৱল গতানুগতিক  আনুষ্ঠানিক শিক্ষাকেই নুবুজো। ইয়াৰ বহল আৰু ব্যাপক অৰ্থৰ উপলব্ধি কেৱল সমাজৰ পটভূমিতহে কৰিব পৰা যায়। সমাজক বাদ দি শিক্ষাৰ অধ্যয়ন আৰু আলোচনা সম্পূৰ্ণ হ’ব নোৱাৰে। শিক্ষাক এবিধ সচেতনভাৱে নিয়ন্ত্ৰিত কৰা সামাজিক প্ৰক্ৰিয়া বুলি কোৱা হয়। এই কথাৰ অৰ্থ বিশেষ তাৎপৰ্যপূৰ্ণ। শিক্ষাক সচেতনভাৱে নিয়ন্ত্ৰণ কৰাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিৰ ক্ৰিয়া-আচৰণবোৰ আশানুৰূপভাৱে আৰু সমাজৰ গ্ৰহণযোগ্যভাৱে গঢ় দি তোলা। মানুহ সামাজিক জীৱ। সমাজ পৰিচালনাৰ বাবে সকলোৰে সন্মতি আৰু স্বীকৃতিপ্ৰাপ্ত অথবা গ্ৰহণযোগ্য কেতবোৰ নীতি আৰু পদ্ধতি নিৰ্ধাৰণ কৰি লোৱা হয়। এই নীতি আৰু পদ্ধতি সেই সমাজৰ প্ৰতিজন লোকেই মানি চলিব লাগে। সমাজৰ লোকৰ সন্মতি নথকা যিকোনো ক্ৰিয়া-আচৰণ মানুহে জন্তুৰ দৰে নিৰ্বোধ আৰু প্ৰবৃত্তি পৰিচালিতভাৱে কৰিব নোৱাৰে। মানুহৰ ক্ষুধা-তৃষ্ণা, যৌন প্ৰবৃত্তি আদি জৈৱিক প্ৰয়োজনবোৰ পূৰণৰ বাবে কৰা আচৰণ জন্তুৰ দৰে অবাধে কৰিব নোৱাৰে। সমাজে বান্ধি দিয়া নীতি-নিয়ম, আৰ্হি বা আদৰ্শ ৰক্ষা কৰিহে তেনে আচৰণ কৰিব পাৰে। জৈৱিক প্ৰয়োজনমুখী আচৰণ এনে সচেতন আৰু সমাজৰ গ্ৰহণযোগ্যভাৱে নিয়ন্ত্ৰণ কৰা কাৰ্যই হৈছে শিক্ষা।
                      বিশ্বজিৎ গগৈ 
                    গোগামুখ, ধেমাজি        পৃষ্ঠা-৮
——————————————————
                            গল্প

উশাহৰ বুৰবুৰণি
বিনীতা গোস্বামী

    আজি পহিলা ব'হাগ। সুভদ্ৰাই মনত পেলাবলৈ যত্ন কৰিলে--- যোৱাবছৰ এনেহেন দিনবোৰত তাই ঘৰত কেৱলমাত্ৰ ৰাতিটোৰ বাবেহে আশ্ৰয় ল'ব পাইছিল। দিনটো ইঘৰে সিঘৰে কাম কৰি ভাগৰি পৰিলেও দিনান্তত প্ৰয়োজনীয় বস্তুখিনিৰ উপৰি  দুই এপদ অন্যান্য লাগতিয়াল সামগ্ৰীও দুহাত ভৰাই তাই গোটাবলৈ সক্ষম হৈছিল। কাৰোবাৰ ঘৰত যদি তাই চিৰা ভাজিছিল, অইন কাৰোবাৰ ঘৰত পিঠা-পনা খিনিকেই অতাই দিছিল। দুই এঘৰ ধনী মানুহৰ ঘৰত কাপোৰ-কানি ধুই, ঘৰ সৰা-মোছা কৰিও তাই দুপইচা অৰ্জন কৰিছিল। সিহঁতৰ দৰে নিজৰ শ্ৰমৰ ওপৰত ভিত্তি কৰি জীৱন পৰিচালিত কৰাবোৰৰ অভাৱ সীমাহীন যদিও সেই অভাৱে তাইক সেই দিনবোৰত  বৰ বেছি স্পৰ্শ কৰিব পৰা নাছিল। মুঠতে তাইৰ দৈনন্দিন জীৱনটোৱে বোৱতি নৈৰ দৰে সুতি হেৰুওৱাৰ বেদনা অনুভৱ কৰিব লগা হোৱা নাছিল। পিছে এইবাৰৰ কথাটো একেবাৰেই বেলেগ হ'ল। ফাকুৱা উৎসৱৰ সময়তে কৰ'ণা নে কি সেইটো বেমাৰ অহাৰ বাবে কোনো মানুহেই শান্তিৰে উৎসৱ পালন কৰিব নোৱাৰিলে। ওচৰৰে বৰপেটাত তথাপি ফাকুৱা খেলিছে ৰাইজে। নেখেলিবই বা কিয় সাতামপুৰুষীয়া ঐতিহ্যৰ চানেকি ফাকুৱা উৎসৱক বৰপেটাবাসীয়ে পালন নকৰাকৈনো কেনেকৈ থাকে। এই সময়খিনিৰ বাবেই যে তেওঁলোকে ৰৈ থাকে। ইফালেহে কোনেও ফাকু নল'লে। মানুহবোৰৰ মুখত শুনাহে কথা--- চীনে হেনোঁ ফাকুগুড়িত বেমাৰৰ বীজাণু দিছে। বহুতেই ফাকুৱাৰ নামত হালধি গুড়িকেই সানিলে। বহু অপেক্ষাৰে ৰৈ আছিল তাই এই সময়খিনি সোনকালে পাৰ হৈ যোৱাটো। নহ'লেযে তাইৰ নিচিনা চাকৰি - বাকৰি, খেতি - খোলাৰ বাবে মাটি অকণ নথকা ঘৰখনত নিজস্ব হাত দুখনৰ বাহিৰে উপাৰ্জনৰ আন একো পথেই নাই।
           একমাত্ৰ ভাইটোৰ স'তে তাইৰ দুজনীয়া সংসাৰ। মাটি বুলিবলৈ পৈত্ৰিক ভেটিটোৱে। সৰুধনক জন্ম দিয়েই মাক সিপুৰীলৈ গৈছিল। তাৰ খেলাৰ বয়সতে ঘৰখনৰ সমস্ত দায়িত্ব, সৰুধনৰ দায়িত্ব তাইৰ কান্ধত জাপি দি পিতাকেও দুদিনৰ জ্বৰত ভুগি সংসাৰৰ লেঠা সামৰিলে। চিকিৎসাৰ নামত দৰৱ এপালিও মুখত দিবলৈ তাই যোগাৰ কৰিব নোৱাৰিলে। পিতাক থকা দিনকেইটাত অন্তত: দিন হাজিৰা কৰি হ'লেও  দুবেলা দুমুঠিৰ যোগাৰ হৈছিল। সেইভাগত তাই চিন্তা কৰিব নালাগিছিল। পিছে এতিয়া ... চাউল মুঠি যোগাৰ কৰিবলৈকেই দিনটো ইঘৰ-সিঘৰ টাকুৰি ঘূৰাদি ঘূৰি ফুৰিব লাগে। ইফালে সৰুধনৰ পঢ়াৰ বাবে লগা কাগজ-কলমৰ হিচাপবোৰ আছেই। চৰকাৰী স্কুলত সকলোবোৰ বিনামূলীয়া যদিও ইটো সিটোৰ নামত বহুখিনি টকা খৰচ কৰিব লগা হয়। অৱশ্যে কাপোৰ-কানিক লৈ তাই বৰ বেছি চিন্তা কৰিব নালাগে। ইঘৰ সিঘৰৰ জীয়ৰী-বোৱাৰীৰ  কাপোৰেৰেই তাইৰ চলি যায়। পিন্ধিব পৰাবোৰ পিন্ধে। পিন্ধিব নোৱাৰা শাৰী আদিৰে তাই বিছনাত পৰাৰ বাবে কঠা চিলাই লয়, গাৰু বনাই লয়। কাম কৰা মানুহ কেইঘৰৰ ল'ৰা-ছোৱালীৰ জোতা-চেণ্ডেল, চেইন এৰাই যোৱা বেগ, গৰম কাপোৰ আদি যিয়ে যি দিয়ে সোপাকে আনি সাঁচি ৰাখে তাই একমাত্ৰ ভায়েকটোৰ বাবে। 
           
     পিছে এইবাৰহে সকলোতে খেলিমেলি লাগিল। লাগিল মানে একেবাৰে সকলোবোৰ ওলট-পালট। বিহুৰ আগদিনা ল'কডাউন নে কি, সেইটো খোলা দিয়াৰ কথা আছিল। পিছে এই চৈধ্য দিনীয়া ল'কডাউনতে তাই বুজি উঠিল, বাহিৰত গৈ হাত দুখন চলাব নোৱাৰিলে তাইৰ লগতে সৰুধনৰ পেটতো গামোচা বান্ধিব লাগিব। মাজতে যেনিবা এদিন  সৰুধনহঁতৰ স্কুলৰ মাষ্টৰ-মাষ্টৰণীসকলে লগ হৈ চাউল, দাইল, চুজি, বিস্কুট, তেলৰ টোপোলা এটাৰে ৫০০ টকাও দিলে। সাময়িকভাৱে হ'লেও পোৱা এইখিনি সকাহৰ বাবে তাই তেওঁলোকৰ ওচৰত কৃতজ্ঞতাত গদগদ হৈ পৰিছিল। পিছে ওচৰতে থকা ডাক্তৰ, ইঞ্জিনিয়াৰ, মেনেজাৰৰ ঘৰৰ পৰা কোনোদিনে সিহঁতৰ খবৰ এটাকে নল'লে। সেইটোৱেহে তাইক আচৰিত কৰি তুলিছিল। কিয়নো মাষ্টৰ-মাষ্টৰণীসকলতকৈ তেওঁলোকৰ ঘৰ-দুৱাৰ, দা-দৰমহাও ভাল আৰু বাহিৰা টকাও হেনো বেছি। পিছে চৰকাৰে সমাজৰ প্ৰায়খিনি দায়িত্ব অকল এই শিক্ষকখিনিকহে কিয় দিয়ে বুজি নাপায় তাই। অৱশ্যে কিছুমান ডাক্তৰ-নাৰ্চৰ বাবে তাইৰ বেয়া নলগা নহয়। দিন-ৰাতি একাকাৰ কৰি বেমাৰীৰ লগত থাকিব লাগে, ঘৰৰ পানীকেঁচুৱা পৰ্যন্ত এৰি। শুনা কথাহে এইবোৰ। ওচৰৰে তিৰোতাবোৰে সন্ধিয়া এপাক ওলাই  সিহঁতৰ পদূলিমুখলৈ আহি কিবাকিবি কৈ থাকে। কেতিয়াবা তাইও গৈ আলেঙে আলেঙে তেওঁলোকৰ কথা নুশুনা নহয়। বহুদিন একেলেথাৰিয়ে বন্ধ পাই ঘৰত মোবাইলত চাই কোনে কি বনালে তাৰে আলোচনা কৰে। সেইবোৰ শুনি তাই মুখেৰে দীঘলকৈ নিশ্বাস এটা এৰে। এৰা, এইবাৰ পিঠা-পনা, চিৰা-লাড়ুতকৈ কিবা বিৰিয়ানি নে কি, কেক আৰু কিবা এটা ডালোনা নে ডেলগোনা কফি নে কি সেইবোৰহে সকলোৱে বনাইছে হেনো এই দিনবোৰত। মাজতে এদিন বেমাৰটো খেদাবলৈ মানুহবোৰে কিবা কাহি-বাতি বজাবলৈ, উৰুলি দিবলৈ কোৱা কথাও তাই নুশুনা নহয়। তায়ো এইভাগি কাম কৰিব বিচাৰিছিল যদিও সৰুধনে বাধা দিয়াৰ বাবেই তাই এইবোৰ নকৰিলে। বেমাৰটোক লৈ মানুহে ভয়েই খাইছে নে উৎসৱেই পালন কৰিছে তাইৰ ভোটা বুদ্ধিয়ে আজিও ঢুকি নাপালে। কিন্তু এটা কথা তাই ভালকৈয়ে অনুভৱ কৰিছে যে তাইৰ দৰে মানুহবোৰৰ বাবে বেমাৰটোৱে সচাকেই অমানিশা কঢ়িয়াই আনিছে।     
        বছৰটোৰ আৰম্ভনিতেই বাৰু এনেকুৱা হ'ব লাগেনে! না বিহুৱান, না গীত-মাত, না নাচ-গান। কিবা নিৰস গোমা পৰিবেশ চাৰিওফালে। দোমাহীৰ ৰাতিয়েই হেনো প্ৰধানমন্ত্ৰীয়ে পুনৰ একৈশ দিনীয়া ল'কডাউন ঘোষণা কৰিলে। মাজতে চৰকাৰে বাকী সকলোবোৰ বন্ধ কৰি এদিন নে দুদিনৰ বাবে বিলাতী মদৰ দোকানহে খোলা দিছিল।  মদৰ দোকানৰ লগত সিহঁতৰ দৰে মানুহৰ কি নো লেন-দেন। মদেৰেটো পেটৰ ভোক গুচাব নোৱাৰে। পিছে ধনী মানুহৰ বাবে সেয়াই অমৃত চাগে। মদৰ দোকান খোলা দিবৰ দিনাই কাষৰে ৰমেশে  দুজনমানৰ  বাবে দিনৰ দিনটো লাইনত থিয় হৈ কেনেবাকৈ পাঁচটা নে ছয়টা বটল কিনি আনি দি এটা বটলত পঞ্চাশ টকাকৈ ল'লে বোলে। তাৰ যে কি আনন্দ! একেবাৰে সন্ধিয়া আহি সি সুভদ্ৰাৰ আগত হাঁহি হাঁহি ধনী মানুহৰ গুণানুকীৰ্তন কৰি যায়হি। সুভদ্ৰাই হ'লে তাক চকু পাৰি দেখিব নোৱাৰে। কিন্তু উপায় নাই। বেয়াকৈ ক'বও নোৱাৰে, ওচৰৰে ল'ৰা, বিপদে আপদে প্ৰয়োজন হয়। যোৱা বছৰ সৰুধনৰ গছৰ পৰা পৰি হাত এখন ভঙাত সিয়েই দৌৰাদৌৰিকৈ হস্পিতাললৈ লৈ গৈছিল। পিছে তাইক অকলে লগ পাব বিচৰাটোহে তাইৰ সহ্য নহয়। সি আহিলে তালৈ পীৰা আগবঢ়াই 'বহ' বুলি কয় যদিও সেয়া সৌজন্যতাৰ খাতিৰতহে। মাজে মাজে বিভিন্ন কথাৰ অচিলা লৈ ৰমেশ  সুভদ্ৰাৰ ওচৰলৈ আহে। কেতিয়াবা সৰুধনক মাত লগাই খা-খবৰ লোৱাৰ চলেৰে আহি তাইক মাতষাৰ লগাই যায়। বত্ৰিশ-তেত্ৰিশ বছৰীয়া হনু ওলোৱা ৰমেশৰ মুখখনৰ ভাজঁবোৰত কি আবেগ লুকাই থাকে সেয়া অনাখৰী সুভদ্ৰাই নিৰ্ভুলভাবেই পঢ়িব জানে। তথাপি সৰু মানুহ সৰু হৈয়েই চলি যাব বিচাৰে তাই।      
        এদিনৰ কথা। সাঁজ ভাগি ৰাতি তৰাই আকাশত তিৰবিৰাই থকা সময়ত ৰমেশ আহিছিল। সুভদ্ৰাই সৰুধনক মাটিত বস্তা পাৰি পঢ়িব দি তাই  ডাক্তৰৰ নাতিনীয়েক  ওপজাৰ সময় আহি পৰা বাবে সৰু সৰুকৈ চাৰিখন কঠা চিলাই সৰুধনে পঢ়া কথাবোৰ শুনি আছিল। সি যাতে অকলে আমনি নাপায়, তাৰবাবে তাই কাষতে বহি কাম উলিয়াই লয়। হেন সময়তে ৰমেশ আহি ওলাইছিলহি।     
         ৰমেশৰ মাত শুনি সুভদ্ৰাই হাত লেম্পটো লৈ বাহিৰলৈ ওলাই আহিছিল। এনেকুৱা সময়ত সি অহাটো সুভদ্ৰাই কামনা নকৰে ।   
        "দুৱাৰ মুখতে ভেটা দিলি যে? ভিতৰত সোমাবলৈ নিদিয় নেকি? সৰুধন আছেনে নাই?" ৰমেশে সুধিলে।     
           সুভদ্ৰাই তাক ঘৰৰ ভিতৰলৈ নি বহুৱাব খোজা নাছিল। ৰমেশৰ স্বভাৱত তাইৰ বিশ্বাস নাই।       
           "বাৰু, বহিব দিব নালাগে। হো, এই টকা দুশ ল। আগবেলা সৰুধনক লগ পাইছিলোঁ। তাৰ হেনো স্কুলৰ ইউনিফৰ্মযোৰ ফাটিছে। ইয়াৰে তাক এযোৰ কাপোৰ চিলাই কৰি দিবি। মোক ঘূৰাই নিদিলেও হ'ব।"       
         সুভদ্ৰাই বুজিব লগাখিনি সেইদিনা বুজি উঠিছিল।       
         অলপ টানকৈয়ে তাই কৈছিল __ " টকা মোক নালাগে। ডাক্তৰৰ ঘৰৰ কঠা চাৰিখন চিলাই দিবলৈ দিছে। প্ৰতিখনৰ  পঞ্চাশ টকাকৈ পালে দুশ টকা পামেই। তাৰেই সৰুধনৰ ইউনিফৰ্মযোৰ কিনি দিম। তই মিছাই চিন্তা কৰিব নালাগে। "কৈয়েই তাই ভিতৰ সোমাই দুৱাৰখন বন্ধ কৰি দিছিল।       
        শিলপৰা কপৌৰ দৰে আহত হোৱাদি এটা সময়ত ৰমেশ তাৰপৰা আঁতৰি গৈছিল।       সেইজন ৰমেশেই কেতিয়াবা আহি যেতিয়া ডাঙৰ ঘৰৰ ডাঙৰ ডাঙৰ মানুহবোৰৰ কথা-কাণ্ডবোৰ কয় সুভদ্ৰাৰ মুখখন আকটা আকটা লাগি যায়।      
         এনেদৰেই ব'হাগ, জেঠ, আহাৰ  গ'ল। লগতে তিনিটা ডাঙৰ ডাঙৰ বানো। পুঠিমাৰী নদীৰ মথাউৰি ভাঙি দ'লো গোসাঁইৰ থানখনৰো চিন-চাব নোহোৱা কৰিলে। নদীখনৰ ওচৰতে সিহঁতৰ ভেটিটো বাবে বানে সিহঁতকে আগতে চোৱে। প্ৰতিবাৰে মথাউৰি ভাঙে, প্ৰতিবাৰে বান্ধে। ঠিকাদাৰ ভূবন বৰুৱাইহে জানে, ভাঙিব পৰাকে কেনেদৰে মথাউৰি বান্ধিব লাগে। প্ৰতিবাৰে ইলেকশ্যন অহাৰ সময়ত মন্ত্ৰী - বিধায়কসকল  আহি সুন্দৰকৈ কথাৰ ফুলজাৰি মাৰে। মানুহবোৰেও ছাতি, সূতা, আঁঠুৱা, কম্বলত মূৰ দোৱাই আঙুলিৰ সৈতে মগজুটোও সেইসকলৰ ওচৰত বিক্ৰী কৰে।      
   "শিক্ষিত হৈও জ্ঞানী হ'ব নোখোজা মতলবী মানুহখিনিৰ বাবে ৰাজ্যখনৰ এই অৱস্থা" সৰুধনহঁতৰ স্কুলত নতুনকৈ অহা ল'ৰাযেন লগা মাষ্টৰজনে কোৱা কথাবোৰ সুভদ্ৰাৰ ভাল লাগে। সৰুধনকো প্ৰায়ে তেনে এজন মানুহ হোৱাৰ কল্পনা কৰে তাই। আচলতে সৰু মানুহবোৰক পেটটোৰ বাদে অন্য কথা ভাবিবলৈকে অৱকাশেই নিদিয়ে এই ব্যৱস্থাই-- সুভদ্ৰাই তেনেকৈয়ে ভাবে। যাৰ বাবে এই মানুহবোৰৰ চিন্তা আৰু চেতনাক সহজতেই কিনিব পাৰে ডাঙৰ মানুহবোৰে। নহ'লেনো সিহঁতৰ অৱস্থাবোৰ দিনক দিনে এনেকৈ বেয়া হৈ গৈ থাকিব পাৰে নে! কিন্তু তাৰ মাজতো কিছুমান মানুহ আছে যিবোৰে সুভদ্ৰাহঁতৰ দৰে মানুহক বুজিবলৈ চেষ্টা কৰে। ঠিক এইটো কাৰণতেই সৰুধনহঁতৰ  স্কুলত অহা নতুন মাষ্টৰজনক সুভদ্ৰাই মনে প্ৰাণে ভাল পায়।
      ল'ৰা মাষ্টৰজনে প্ৰায় সুভদ্ৰাহঁতৰ ঘৰলৈ আহে আৰু কৈ যায় দেশখনৰ দুৰৱস্থাৰ কথাবোৰ। ৰাজ্য চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ হেনো বৰকৈ টকাৰ অভাৱ হৈছে। সেয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি, প্ৰধানমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি খুলিছে। পিছে মোবাইল, কাপোৰ আদি ডাঙৰ ডাঙৰ কাৰখানা থকা আম্বানী নে কি, সেইজনক হেনো বহুত টকাৰ কৰ ৰেহাই দিছে চৰকাৰে। ধনী মানুহক কিয় চৰকাৰে কৰ ৰেহাই দিব লাগে সেয়া সুভদ্ৰাৰ চুলিৰ ওপৰেদি উৰি যোৱা কথা। পিছে হিন্দী চিনেমাৰ এজন অভিনেতাইহে বোলে বহুত ভাল কাম কৰিছে। মুম্বাইত ল'কডাউনত কাম হেৰুওৱা বহুত নিবনুৱাক ৰাজ্যৰ যাৰ য' ত ঘৰ তেওঁলোকৰ বাবে ডাঙৰ ডাঙৰ বাছ ভাৰা কৰি ঘৰলৈ পঠিয়াইছে। তাকে দেখি ওচৰৰে প্ৰফেছাৰণী বাইদেউজনীৰ বহুত দুখ লাগিল। তেওঁ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিত পঞ্চাশ হাজাৰ টকা দিছিলে। কিন্তু সেই টকাবোৰ বা কাৰ পেটত সোমায়গৈ, সেয়া যে তেওঁ একো গমকে নাপায়।          
       এইকেইটা দিন পেৰা কথাবোৰকে পেৰি পেৰি সুভদ্ৰাৰ ভাল নলগা হৈছে। এনেই তিনিসাঁজৰ ঠাইত দুসাঁজ তাৰপাছত এসাঁজেৰে পেট চলাবলগীয়া হৈছে। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি সৰুধনৰ নতুন এটা আব্দাৰে তাইক খুলি খুলি খাইছে। এনেয়ে সি খুব সৰুতেই বুজন হোৱা ল'ৰা। পিছে এইবাৰহে চাৰিওফালে কেনা লাগিল। সিহঁতৰ স্কুলত হেনোঁ পাঠবোৰ মোবাইলতে পঢ়াব। হোৱাট'ছ এপ নে কি তাত ছাৰ-বাইদেউসকলে পাঠবোৰ ভিডিঅ' কৰি দিব আৰু প্ৰশ্নোত্তৰসমূহো হেনো মোবাইলতে দিব। এতিয়া সুভদ্ৰাই ক'ৰ পৰা যোগাৰ কৰে আঠ - দহ হাজাৰ টকীয়া মোবাইল ফোন? পেটক বুজনি দিব পৰা ব্যৱস্থাটোৱেই অচল, তাতে আকৌ সুচল মোবাইল! দুদিন ধৰি সুভদ্ৰাই ভাততকৈ অধিক পানী খাইছে। আচলতে খাইছে নে  পান কৰিছে সেয়া সুভদ্ৰাৰ দাঁততকৈ ডিঙিৰ নলীকেইডালেহে ভালকৈ জানিব। চকুপানী চেলেকা মানুহে নিমখৰ সোৱাদ বেলেগকৈ জুতি লোৱাৰ প্ৰয়োজন নাথাকে। সৰুধনে পুৱাভাগত আৰু সন্ধিয়া সময়ত কিতাপবোৰ লিৰিকি বিদাৰি চাই থৈ দিয়ে। তাৰ লগৰ কেইজনমানৰ ঘৰত আগৰে পৰাই মোবাইল ফোন আছিলেই। কেইজনমানে নতুনকৈ লৈছে। যিকেইজনে লোৱা নাই, সিহঁতৰো অৱস্থা টাঙোনা। পঢ়া-পাতিলৈও সিহঁতৰ হেপাঁহ নাই বুলিয়ে ক'ব পাৰি। পিছে সিহে বায়েকৰ মনৰ আশা পূৰণ কৰিব নোৱাৰে বুলি ভাবি হতাশ হৈছে। এনেদৰে তিনি-চাৰিমাহ কিতাপৰ লগত সংযোগ নাথাকিলে, একো এটা বুজি নাপালে পঢ়াবোৰ আয়ত্ত কৰিব কিদৰে! সৰু মানুহ হৈয়ো ডাঙৰ মানুহ হবলৈ অনুপ্ৰাণিত কৰা বায়েকৰ সপোনটো সি এনেকৈ কেনেদৰে পূৰ কৰিব! 
           পুৱাৰাতি  ভৰিত চেঁচা কিবা এটাৰ স্পৰ্শত সুভদ্ৰা ধহমহকৈ জাঁপ মাৰি উঠিল। টোপনি আৰু কেইবাসাজৰ লঘোণীয়া মূৰে প্ৰথমতে একো তৎ ধৰিব পৰা নাছিল। কিন্তু পিছমূৰ্হুততে ভৰিপথানৰ ওপৰতে থকা মাৰলিডালত ওলমি থকা সৰুধনৰ নিথৰ দেহটো দেখি ভূতে লম্ভা মানুহৰ দৰে হিকটিয়াবলৈ ধৰিলে। তাৰপিছত কি হ'ল সুভদ্ৰাৰ আৰু মনত নাই। চকু মেলি দেখিলে তাই হস্পিতালৰ ঠেক লেতেৰা কোঠা এটাৰ বিচনাত শুই আছে। কাষতে বহুত ৰোগী বিচনাৰ অভাৱত মাটিত কাপোৰ পাৰি লোৱা অৱস্থাত পৰি আছে। অলপ চেতনা অহাত তাইৰ  সৰুধনৰ কথা মনত পৰাত হাতত থকা চেলাইনৰ কেন্দুলাটো খুলিবলৈ চেষ্টা কৰোঁতে পুনৰ মূৰ ঘূৰাই তাই সংজ্ঞাহীন হৈ পৰিল। সেই অৱস্থাতে তাই দেখিলে সৰুধন পুখুৰী এটাত ডুব যাব ধৰিছে। সি হাতখন তাইলৈ আগবঢ়াই দিছে তাক উঠাই আনিবলৈ। তাই সৰুধনৰ হাতখন ধৰে মানে সি পানীত ডুব যায় আৰু সি ডুব যোৱা পানীখিনিত একেলগে অজস্ৰ বুৰবুৰণি উঠিছে। বুৰবুৰণিৰ ফালে উশাহ নোলোৱাকৈ পানী ভাঙি ভাঙি গৈছে তাই আৰু শেষত গোটেই পুখুৰীটোত অলেখ বুৰবুৰণি দেখা গ'ল।


বিনীতা গোস্বামী
  পাঠশালা,বজালী                           পৃষ্ঠা-৯
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

         আঁউসী 
দৰ্শনা কলিতা 

     পুৱা ঢলফাট নেমেলোঁতেই শেতেলী এৰিলে কৰ্ন্দপই । উঠিয়েই সি দিয়াচলাইতো মাৰি টিপচাকিটো জ্বলাই ল'লে । টিপচাকিৰ ঢিমিক-ঢামাক পোহৰত শুই থকা তাৰ পত্নী মৰমী আৰু ল'ৰা-ছোৱালী হাললৈ সি এবাৰ চালে । নিদ্ৰাৰ আলফুল হেঁচাৰে পৰিপূৰ্ণ প্ৰশান্তিময় তিনিখন মুখ । এই তিনিখন মুখৰ বাবেই জীয়াই থকাৰ তাড়না জাগে তাৰ । পঞ্চলিছ বছৰীয়া দেহাটোত কাম কৰিবলৈ জোৰ পায় । মৰমীলৈ এপলক চাই ৰ'ল সি । তাই যেন প্ৰতিপল কঢ়িয়াই ফুৰে মমতাৰ অমৃতকুম্ভ । ল'ৰা দুটাক সুখত ৰখাৰ স্বাৰ্থতে তাই আজিকালি জোখতকৈ বহুত বেছিকৈ কাম কৰে , ঘৰৰ সকলো কাম-বন কৰি আজৰি হৈ , ইহঁত দুটাৰ আজ মাৰিও তাৰ মাজতে তাঁতশালত মাকো মাৰিবলৈ লাগি যায় তাই । বৰ সুন্দৰকৈ কাপোৰ বয় তাই । যোৱাবাৰ অসমীয়া বোলছবিৰ অভিনেত্ৰী এগৰাকীয়ে , হাতেৰে বোৱা কাপোৰ বিচাৰি বিচাৰি আহি তাইৰ ওচৰ পাইছিলহি । তাই ভবাতকৈ দুশটকা বেছিকৈ দি তেওঁ নীলাত কুহুমবুলীয়া বুঁটা বছা কাপোৰযোৰ লৈ গৈছিল । সেইদিনা এক অনন্য সুখানুভূতিত তাইৰ হৃদয় ভৰি গৈছিল । পিছে আনক সুন্দৰ সুন্দৰ কাপোৰ পিন্ধাব মানুহজনীৰ নিজলৈহে একো নৰয়গৈ । যোৱাবাৰ তাই কাপোৰ লগাওঁতে মাচৰাইজ সূতাৰ কাপোৰ এযোৰ নিজলৈকো বৈছিল , পিছে সৰুপোনাৰ নৰিয়াত সেইযোৰো বেছিব লগা হ'ল । কথাবোৰ ভাবি ভাবি এটা দীৰ্ঘশ্বাস হুমুনিয়াহ ওলাই আহিল তাৰ । এহ, কিনো কথাবোৰ ভাবি আছো বুলি মনতো জুকিয়াই ল'লে সি ।
     দমকলটোৰ ওচৰলৈ গৈ সাউতকৈ মুখখন ধুই পানী এগিলাছ ঘট ঘটকৈ পি এই ঠেঁটুৱে লগা জাৰতে পিছফালে পাকঘৰৰ পিৰালিৰ ওপৰতে থৈ দিয়া জালখন লৈ নদীৰ ঘাটলৈ বুলি খোজ দিলে । নদীৰ পানীও হিমচেঁচা যেন হৈ আছে । কিন্ত গৰম ঠাণ্ডা অনুভৱ কৰিবলৈ তাৰ অৱকাশেই বা ক'ত । সি যেন প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথিত থকা "গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহটোহে" । নহ'লেনো এই ঠেঁটুৱৈ লগা জাৰত নিহালিৰ তলৰ পৰা ওলাই আহি মাছ মাৰি থাকেহিনে! 
               এৰা ক্ষুধাতকৈ ডাঙৰ তাড়না আৰু কি হ'ব পাৰে ? সি আজি মাছো যথেষ্ট পাইছে । মাছখিনি ঘৰলৈ আনি ঘৰ পায় মানে মৰমীয়ে চোতাল ঘৰ সৰা মচাকে ধৰি বাহি-বন কৰাতে ব্যস্ত হৈ আছিল । কৰ্ন্দপক দেখি তাৰে কাম তাতে পেলাই তাই তাক চাহ একাপ কৰি দিলে । চাহ কাপ খাই  সি ধা ধা কৈ গা ধুবলৈ গ'ল । শেলুৱৈ ধৰা কুৱাঁটোৰ পৰা পানী কেইবাল্টিমান গাত ঢালি তিয়নিখন সলাই সি মৰমীক চিঞৰিলে ,

: হেৰ' , ঘৰলৈ কি কি আনিব লাগে সোনকালে ক' আৰু বজাৰ কৰা মোনাটো চাইকেলতে ওলমাই দে।

            মৰমীয়ে তাইৰ তিতা হাতদুখন চাদৰৰ আচলেৰে মচি তাৰ ওচৰলৈ আহি ক'লে , " ঘৰতচোন খোৱা বস্তু বুলিবলৈ একোৱেই নাই । চাউল , দালি , আটা , চেনী আৰু শাক পাচলিও একো নাই । মাছখিনি বেছি সোনকালে ঘৰলৈ আহিব , দেৰি নকৰিব । "
         : হে'ৰ , মইনো বজাৰত কাৰ লগত কি কৰি সময় নষ্ট কৰিম যে দেৰি হ'ব ।
         : কথাটোহে কৈছো । আপুনি আহি নোপোৱালৈকে  একো ৰান্ধিব নোৱাৰিম বাবেহে কৈছো । ল'ৰা-ছোৱালীহালক খাবলৈ দিবলৈও একো নাই ।
     
  : হ'ব দে , মই যাওঁ ।
চাইকেলৰ কেৰিয়াত মাছৰ ডেকচিটো উঠাই লৈ সি বজাৰ ফালে খৰকৈ পেডেল ঘূৰালে । " আজি চোন বজাৰখন কিবা উৰুঙা উৰুঙা লাগিছে ।" সি মনতে ভাবিলে । চাইকেলৰ পৰা নামি এখোজ দুখুজকৈ সি আগবাঢ়িল । এজনো মানুহ দেখিবলৈ নাই । বজাৰখনতো ইমান জনপ্ৰাণীহীন কেতিয়াও নাছিল । চাৰিওফালে নিতাল নিস্তব্ধ । কাউৰী কেইটামানে সুদূৰত কোৰ্হাল কৰিছে । ষাঁড় গৰু এটাই নেজ লৰাই লৰাই ইফালৰ পৰা সিফাল কৰি ফুৰিছে । দোকান এখনৰ বন্ধ দুৱাৰৰ ওপৰত তাৰ চকু পৰিল । কাগজখনত লিখা আছিল , "আজিৰ অসম বন্ধ সফল কৰক " ।
জনজাতীকৰণৰ দাবী মানি নোলোৱাৰে বাবেই এই বন্ধ দিছে । সিহঁতৰ এলেকাতো জনজাতীয় অধ্যুষিত হোৱাৰ বাবে বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰিছে । ছে: , সি আজি ইমান সোপা মাছ মাৰিলে । এতিয়া মাছবোৰ লৈ সি ক'লৈ যাব ? সি দুদিন ধৰি বজাৰৰ ফালে ওলাই অহা নাছিল বাবেই , বন্ধৰ কথা সমূলি গম নাপালে । খালী হাত , খালী মোনাৰে বৰ দুখেৰে সি ঘৰলৈ উভটিল । অলপ পিছতে ঘৰলৈ উভটি অহাত মৰমীয়ে আচৰিত হৈ তালৈ চালে আৰু ওচৰলৈ আহি সুধিলে ,
     : ইমান সোনকালে উভটি আহিল যে ? কি হ'ল ? কিবা হ'ল নেকি ?
     : এৰা আজি অসম বন্ধ অ' । মই জনাই নাছিলো । ৰেডিঅ'টো বেয়া হোৱাৰে পৰা দেশৰ খবৰ - বাতৰি একো নোপোৱাই হ'লো । এতিয়াহে পোষ্টাৰ দেখি আহিছো , জনজাতী কৰণৰ দাবীত অসম বন্ধ বুলি । সি হুমুনিয়াহ কাঢ়ি ক'লে ।
       ইফালে ল'ৰা - ছোৱালীহালে নেওতা মতা বাদ দি কাষ চাপি আহি জীয়া মাছবোৰ দেখি উৎফুল্লিত হৈ ক'লে , " বাঃ বাঃ আজি আমি জীয়া মাছ খাবলৈ পাম । দেউতায়ে সদায় আমালৈ বেচিব নোৱাৰা গেলা মাছবোৰহে আনে ; আজি জীয়া মাছ আনিছে । দুয়োটাই জপিয়াই জপিয়াই ফূৰ্তি কৰিবলৈ ধৰিলে । 
           ইফালে ঘৰত ভাত ৰান্ধিবলৈ চাউল এমুঠিও নাই । মৰমী আৰু কৰ্ন্দপই ইটোৱে সিটোৰ মুখলৈ চালে । মৰমীৰ দুচকুৱে দুধাৰি অশ্ৰু ওলাই আহি , নিয়ৰৰ টোপাল ওলমাদি ওলমি ৰ'ল । কন্দৰ্পৰ মুখখনতো যেন কোনোবাই বেজাৰ এলেপাহে সানি দিলে । সিহঁতৰ বুকুত থাউকতে বৈ গ'ল শোকৰ ব্ৰহ্মপুত্ৰ । এৰা দৰিদ্ৰতাতকৈ ডাঙৰ অভিশাপ আৰু কি আছে ? আৰু এই বন্ধবোৰে কাৰ কি উপকাৰ সাধিছে , তাৰ চিঞৰি চিঞৰি প্ৰতিবাদ কৰিবলৈ মন গৈছে । কিন্তু কথাবোৰ কাক ক'ব ? কোনে শুনিব ? চৰকাৰে , ৰাজনৈতিক মহলে , নে দল সংগঠনে ? কোনেও নুশুনে ,কোনও নুবুজে । সকলো নিজৰ মতত আঁকোৰগোজ ।
         
  বেলিৰ উজ্বল পোহৰেও তাৰ মুখখন উজ্জ্বলাব নোৱাৰিলে । সি দেখিলে , ল'ৰা - ছোৱালীহালে তেতিয়াও হাত - চাপৰি বজাই বজাই আনন্দ কৰি আছে ।
 

দৰ্শনা কলিতা
                             ধিং,নগাঁও       পৃষ্ঠা-১০
——————————————————
                    নষ্টালজিয়া 

ৰত্ন ছাৰৰ চাইকেলৰ টিলিঙা
ড° অৰ্চনা পূজাৰী

    এতিয়াও ৰৈ ৰৈ বাজি আছে
    সেই টিলিঙাৰ ৰিণি ৰিণি
    বতাহত  এখন আচল উৰিছে
    শংকাৰ ,ভয়ৰ ,সন্দেহৰ
    মনত দুৰু দুৰু কঁপনি৷

      এইযে পাৰহৈ অহা সময় আকৌ এবাৰ উভতি গৈ চুই চাব পৰা হ'লে ! কি বিচাৰি  কলৈ পাখি মেলি উৰিলো ক'ত  আহি পালোহি ,পিছফালে কি এৰি আহিলো হে সময় ! হাতৰ মুঠিত ৰাখি থ’ব পৰা হ'লে সময় ৷নোৱাৰিলো ,ৰাখি থ'ব নোৱাৰিলো ৷মুঠি খুলি উৰি গুচি গ'ল ৷ উভতি চাব ৰ মন গৈছে সেই যে হেৰাই যোৱা দিনবোৰ ৷আজিৰ  শিক্ষয়িত্ৰী মইজনীয়ে স্কুল বুলি ক’লেই মু্ৰ্চা যোৱাৰ অৱস্থা হৈছিল ৷ শৈশৱতে মাতকৈও আইতা আৰু পেহীৰ লগত বেছি সময়  কটোৱা মই আৰু মোৰ ভাই-ভনীহঁতক আইতাইহে যেন বাট দেখুৱাইছিল ৷ আমাৰ বাবে সকলো সিদ্ধান্ত লোৱাত আইতাই আগভাগ লৈছিল ।
     সেয়ে স্কুলত নাম লিখোৱা, কিতাপ পত্ৰৰ যোগাৰ কৰা ,গাৱঁৰ সিমূৰে থকা স্কুলত থৈ অহা আৰু ছুটিৰ সময়ত উপস্থিত হৈ আথেবেথে ঘৰলৈ ওভতাই অনা -এই সকলো দায়িত্ব আইতাই নিয়াৰিকৈ কৰিছিল ৷ যৌথপৰিয়ালৰ ঘৰখনত মায়ে আমাক চোৱাচিতা কৰাৰ সময়ে নাপাইছিল ৷ মই স্কুললৈ যাবলৈ অতিশয় বেয়া পাইছিলোঁ। তাৰ আৰঁত লুকাই আছিল মৃত্যু ভয় ৷কিয় জানো মই স্কুলত থকা সময়ছোৱাতে যদি আইতাৰ মৃত্যু হয় ! এই চিন্তাই মোক খাই মাৰিছিল ৷পঢ়িবলৈ ভাল পাইছিলো ৷আনকি স্কুল স্কুল ধেমালিত মাষ্টৰনী হ’বলৈ ভাল পাইছিলো ৷কেতিয়াবা আন কোনোবা মাষ্টৰনী হব বুলি ক’লে হেতাওপৰা লগাইছিলো ৷  আমাৰ  গাওঁখনৰ সকলো মানুহৰ লগতে আইতাৰ খুউব ভাল সম্পৰ্ক থকাটো আমি সেই শৈশৱতে অনুভৱ কৰিছিলোঁ ৷সেয়ে মোক স্কুলত থবলৈ যাওঁতে দুই-এঘৰত সোমাই খা -খবৰ লৈ অহাতো তেওঁৰ নিয়মত পৰিণত হৈছিল ৷
     আইতা ঘৰ আহি পোৱাৰ বহু আগতেই মই স্কুলৰ পৰা গুচি আহিছিলোঁ আৰু মায়ে সোপাকানিৰে মচি থোৱা কেঁচা মজিয়ালৈ কিতাপ-পত্ৰ দলিয়াই কাষৰ সৰু ককাৰ ঘৰলৈ লৰ মাৰিছিলো ৷মায়ে ৰান্ধনি ঘৰৰ পৰা ওলাই "স্কুলৰ পৰা কিয় গুচি আহিলি " বুলি সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ মই আৰু ৰৈ থকা নাছিলো ৷ সৰু ককাৰ সৰু জীয়েক ৰুণু মোৰ কাণ সমনীয়া আছিল ৷তাই পঢ়াশুনাত একেবাৰে কেঁচা আছিল বাবে তাই স্কুললৈ যোৱা নোযোৱাত ঘৰৰ কোনেও গুৰুত্ব নিদিছিল ৷সেয়ে ঘৰৰ কামবন কৰি তাই সময় কটাইছিল আৰু খেলাৰ লগৰী মই স্কুলৰ পৰা অহালৈ সাগ্ৰহে বাট চাই আছিল ৷ৰুণুৱে পঢ়াশুনা নকৰিলেও স্কুল স্কুল খেলাখনৰ প্ৰথম ছাত্ৰী ৷
    সেইসময়ত মানুহৰ জীৱন প্ৰণালী দ্ৰুতগামী নাছিল ৷কিন্তু ঘৰুৱা কামবন সামৰি সময়ত স্কুলত উপস্থিত হ'বৰ বাবে ৰত্ন ছাৰে তীব্ৰবেগেৰে চাইকেল চলাইছিল  ৷
     মোৰ এনেবোৰ কাণ্ড দেখি সৰু খুৰাদেৱে এটা বুদ্ধি পাঙিলে ৷আমাৰ ঘৰৰ সমুখেৰেই আমাৰ প্ৰাইমাৰী স্কুলৰ হেডপণ্ডিত ৰত্নেশ্বৰ বৰা ছাৰ অহা যোৱা কৰে ৷ছাৰ বৰ সময়ানুৱৰ্তী আছিল ৷ গাৱঁৰ খেতিপথাৰত কাম কৰিও সঠিক সময়ত স্কুলত উপস্থিত হৈছিল গৈ ৷ছাৰৰ চাইকেলৰ টিলিঙাৰ শব্দটো আমি বহু দূৰৈৰ পৰাই শুনিছিলো ৷ ছাৰে টিলিঙা বজাই ইমান বেগেৰে পাৰহৈ গৈছিল যেবগা ধুতি পাঞ্জাবী যোৰ বতাহত উৰি হঠাতে কেঁকুৰিটোত হেৰাই গৈছিল ৷
   ছাৰে বাটে বাটে নানা কাহিনী কৈছিল ৷মোৰ সেইবোৰত মনকাণ নাই ৷ স্কুল কেতিয়া ছুটী হ'ব কেতিয়া ঘূৰি গৈ, ঘৰ পাম গৈ , বান্ধবী ৰুণুৰ সতে  স্কুল স্কুল খেলিমগৈ --এইবোৰ চিন্তাই মোৰ মন ব্যতিব্যস্ত হৈ আছিল ৷বহুদিন নাকত ফলিগুটিৰ টুকুৰা ভৰাই কান্দি কাটি হুলস্থূল লগাইছিলোঁ।  সেইসময়ত কেইবাখনো গাঁৱৰ মাজত একোখন চৰকাৰী ডাক্তৰখানা আছিল আৰু য'ত কম্পাউণ্ডৰেই ডাক্তৰৰ কাম কৰিছিল ৷মোৰ অৱস্থা দেখি ৰত্ন ছাৰে কোনোবা এটাক আমাৰ ঘৰলৈ পঠাই সৰু খুৰাক মাতি পঠালে ৷সেইসময়ত খুৰা যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত বি. এ. পঢ়ি আছিল ৷গাঁৱৰঘৰৰ পৰা দহ বাৰ কিলোমিটাৰ চাইকেল চলাই টাউনৰ কলেজলৈ গৈছিল ৷সৰু খুৰাক আমিবোৰে বৰ ভয় কৰিছিলোঁ ৷ সেই খুৰাক মাতি পঠোৱা বুলি গম পাই মোৰ চুলিৰ আগেদি জীৱ উৰি গ'ল ৷এসময়ত খুৰা কলেজৰ পৰা আহি আকৌ মোক  স্কুলৰ পৰা বাহিৰে বাহিৰে ডাক্তৰখানালৈ নি নাকৰ পৰা ফলিগুটি উলিয়ালেগৈ ৷
    হঠাৎ এদিন ৰত্নছাৰৰ চাইকেলখন আমাৰ ঘৰৰ সমুখত ৰৈ গ'ল ৷আমাৰ চোতালৰ  ঘাঁহনিত খেলি থকা আমিবোৰে ঘৰৰ ভিতৰলৈ ভিৰাই লৰ মাৰিলোঁ ৷আৰু পিছদিনাখনৰ পৰা নিৰ্দিষ্ট সময়ত ছাৰৰ চাইকেল খন আহি আমাৰ ঘৰৰ সমুখত ৰৈছিলহি আৰু মই বিনা প্ৰতিবাদে  মই ছাৰৰ চাইকেলৰ কেৰিয়াৰত উঠি স্কুললৈ ৰাওনা হৈছিলো ৷বাটেবাটে চকুৰ পৰা সৰসৰকৈ পানী বাগৰিছিল ৷ স্কুলৰ পৰা ঘূৰি অহাৰ বাট মৰিল ৷আইতালৈ বাৰে বাৰে মনত পৰিছিল ৷
   সেইদিনা ৰাতিলৈ ঘৰত মোৰ বাবে হব পৰা  ডাঙৰ শাস্তিৰ কথা ভাবি মই মূছকঁছ যোৱা অৱস্থা ৷কিয়নো দিনৰ দিনটো চাহবাগিছাৰ চাকৰিত ব্যস্ত থকা দেউতাক আমি বন্ধৰ দিনতহে লগ পাইছিলো ৷সেয়ে দেউতাক ঘৰৰ এনেবোৰ সৰুসুৰা কথা ঘৰৰ মানুহবোৰে নকৈছিলেই ৷কিন্তু আজি সেই দেউতাৰেই মুখামুখি হ’ব লাগিব ৷আৰু মোৰ স্কুল যাব নিবিচৰা আৰু স্কুললৈ গৈ নাকত ফলিগুটি ভৰাই বিপদচপোৱা  কথাবোৰ আজি দেউতাই গম পাব আৰু তাৰপাছত ,তাৰপাছত দেউতাই শাস্তি বিহিব  ৷কথাবোৰ ভাবি ভাবি মোৰ জ্বৰ উঠিছিল সিদিনাৰ আবেলিৰ পৰাই।
ড° অৰ্চনা পূজাৰী 
অৱসৰপ্ৰাপ্ত অধ্যাপক
আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়,গুৱাহাটী     পৃষ্ঠা-১১
——————————————————
সেই বলটো...
হেমেন কলিতা

   বহু বছৰৰ পাছত সিদিনা আজাৰাৰ কাহিকুছিলৈ গৈছিলোঁ। এটা সময়ত দেউতা তাত চৰকাৰী উচ্চ পদস্থ বিষয়া আছিল। চৰকাৰী আবাসত আমি আছিলোঁ। 
     মই নৱম মানত থাকোতে এদিন মোৰ ভাইটিৰ লগত ক্ৰিকেট বল এটা লৈ কাজিয়া হৈছিল। মই বলটো নেমু গছ এজোপাৰ কাষতে মাটিত দকৈ পুতি লুকুৱাই থৈছিলোঁ, যাতে সি নাপায়।

    সিদিনা সেই জৰাজীৰ্ণ ঘৰটো লৈ গৈ আবেগিক হৈ পৰিলোঁ।  মনত পৰিল -সেই ক্ৰিকেট বলটোৰ কথা। 
    লুকুৱাই ৰখা ঠাইখিনি  বিচাৰি খান্দি খান্দি বলটো পালোঁ।কিন্তু ,ভাইটি ? 
তাকতো  বহুদিনৰ আগতেই হেৰুৱালোঁ...।

   নজনাকৈয়ে  চকুলো বৈ আহিল । 
হেমেন কলিতা
বিষয় শিক্ষক 
মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়           পৃষ্ঠা-১২
———————————————————
                নিদানৰ ভুৰুকা 

কোভিড-১৯ 
ৰাইজে জানিবলগীয়া কিছু কথা--
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী

    নিজৰ সন্তানক কেনেকৈ যত্ন ল’ব?
মূলতঃ এই প্ৰসঙ্গটোক ৰেখাপাত কৰিবলৈ প্ৰয়াস কৰিম৷‘নভেল’ কৰোণা ভাইৰাচনো কি চমুকৈ জানি লওঁ৷ নভেল কৰোনা ভাইৰাচ (চিওভি) কৰোণা ভাইৰাচৰ এবিধ  নতুন প্রজাতি। বিতৰ্কিত ভাৱে এই ৰোগবিধৰ উৎপত্তি স্থল চীন দেশৰ উহান বুলি ঠাৱৰ কৰা হৈছে৷ মূলতঃ এই ৰোগবিধ যদিও অতীতৰ চৰ্দ্দি জ্বৰ জাতীয় ভাইৰাচৰ পৰিয়ালভূক্ত চিকিৎসা বিজ্ঞানীসকলে একে আষাৰে তাক মানি ল’বলৈ পাৰা নাই৷ কিয়নো অতীতৰ বুৰঞ্জীয়ে যি যি ৰোগলক্ষণৰ সমল দিছে তাৰসৈতে বহুক্ষেত্ৰত অমিলো ধৰা পৰিছে৷ সেয়ে আমি সকলোৱে কিছু কাললৈ অতি সাৱধান হ’ব লাগিব৷ গৱেষণা পূৰ্ণ আৰু দ্ৰুতগতিত চলি আছে যিহেতু অতি শীঘ্ৰে এটি সিদ্ধান্তত উপনীত হ’ব পাৰিম বুলি আশা কৰিব পাৰি৷ এই ৰোগবিধৰ ভয়াবহ সংক্ৰমণৰপ্ৰতি লক্ষ্য কৰি বিশ্ব স্বাস্থ্য সংস্থাই কোভিড ১৯অক  মহামাৰী হিচাপে উল্লেখ কৰিছে। ইয়াৰ অৰ্থ এইটো নহয় যে এইটোৰ সংক্ৰমণে সমগ্ৰ মানৱকুলকে বিনাশ কৰিব৷ আতঙ্কিত হোৱাৰ কোনো কাৰণ নাই৷ এই ভাইৰাচবিধে যিকোনো দেশৰ যিকোনো সম্প্ৰদায়ৰ শিশু সমন্বিতে আন আন লোকক আক্ৰমণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইউনিচেফে ইয়াৰ প্ৰতিৰোধৰ বাবে বিভিন্ন বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে৷বিশেষকৈ শিশুসকলক সুৰক্ষিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে৷
এনে ক্ষেত্ৰত আমাৰ কৰণীয় কি?
১) আতঙ্কিত নোহোৱাকৈ এই ভাইৰাচবিধৰ বিষয়ে সবিশেষ জানিবলৈ প্ৰয়াস কৰক৷ এটা দিশৰপ্ৰতি লক্ষ্য ৰাখিব লাগিব; যাতে তথ্যসমূহ বৈধ উৎসৰপৰাহে সংগ্ৰহ কৰা হয়৷
২) তেনে বৈধ উৎসৰ কিছুমান ৱেবচাইট হ’ল:
*www.who.int
*www.ncbi.nlm.nih.gov/sars-cov-2/
*https://m.facebook.com/154163327962392/
*Centers for Disease Control and Prevention (CDC)’s COVID-19 webpage
*WHO COVID-19 research article database
*https://www.cdc.gov/library/researchguides/2019novelcoronavirus/websites.html
৩) এই উৎসসমূহত আমি সঠিক খবৰসমূহ পাব পাৰোঁ যিবোৰে আমাক সংক্ৰমণৰ ভয়াবহতাৰপৰা ৰক্ষা কৰিব পাৰিব৷
৪) ভ্রমণ, শিক্ষা আৰু অন্যান্য নির্দেশনাৰ বাবে বিভিন্ন জাতীয় আৰু স্থানীয় প্রতিষ্ঠানৰদ্বাৰা  বিভিন্ন নিৰ্দ্দেশণামূলক তথ্যৰপ্ৰতি লক্ষ্য ৰাখিব লাগে।   
৫) কোভিড-১৯ ভাইৰাচ কেনেকৈ বিয়পে তাক শুদ্ধকৈ জানি বুজি ল’লে মঙ্গল হয়৷ এই ভাইৰাচৰদ্বাৰা দূষিত অংশ স্পর্শ কৰাৰ ফলত মানৱ দেহলৈ সংক্ৰমণ ঘটে৷ যিহেতু  কোভিড-১৯ ভাইৰাচবিধ দীৰ্ঘ কাল পৰ্যন্ত ভূপৃষ্ঠত বাছি থাকে সেয়ে ইয়াৰপৰা সংক্ৰমিত নহ’বলৈ স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশণাসমূহ দ্বিধাহীন ভাবে মানি চলিব লাগে৷ কোনো ব্যক্তিয়েই মদ্গৰ্বিতা প্ৰকাশ কৰা উচিৎ নহয় কিম্বা তাৰপৰা একো লাভো নহয়৷
৬) মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি লওক৷ তাৰপৰা আপোনাৰ ক্ষতি একোৱেই নাই  বৰঞ্চ লাভহে বেছি৷ অভ্যাসত পৰিণত কৰিলে তাৰপৰা কেনে লাভ হ’ব আমি বুজাব নালাগিব৷ নিজে বুজিও পাব আৰু কৰোণামুক্ত অভিজানত অংশ গ্ৰহণো কৰিব৷
৭) চেনিটাইজাৰ ব্যৱহাৰ কৰাটোতো গুৰুত্ব দিয়া উচিৎ৷ ইয়াৰ ফলত পাকস্থলীৰ বহুতো ৰোগৰপৰা হাত সাৰিব পাৰি৷ প্ৰসঙ্গক্ৰমে সহজলভ্য ঘৰুৱা সামগ্ৰীৰে তৈয়াৰ কৰিব পাৰা চেনিটাইজাৰ কেইবিধমান জানি লওক৷ 
““ ঘৰুৱা আয়োডাইজড্‌ নিমখ৷ প্ৰতি লিটাৰ পানীত চাৰি পাঁচ চামুচ মিহলাই ল’লে এবিধ উৎকৃষ্ট চেনিটাইজাৰ তৈয়াৰ হ’য়৷ গৱেষণাত পোৱা গৈছে যে, আয়োডিনৰ সংস্পৰ্শত ক’ভিড ভাইৰাচ মাথো পোন্ধৰ চেকেণ্ড কালহে বৰ্তিব পাৰে৷
““ ফাৰ্মাচীৰপৰা ’বিটাডিন লিকুইড’ সংগ্ৰহ কৰি লৈ প্ৰয়োজন অনুপাতে চল্যুচণ তৈয়াৰ কৰি লৈ চৌহদত চতিয়াওক আৰু হাত ভৰি ধোৱাত ব্যৱহাৰ কৰক৷
৮) খোৱাপানী উতলাই লৈ ফিটকিৰিৰে নতুনকৈ পানীখিনি খোৱাৰ উপযোগী কৰি লওক৷ প্ৰভুত উপকাৰ সাধন হ’ব৷ ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ কথাও নাই৷
৯) শিশুসকলক ঘৰুৱা খাদ্যত ব্ৰতী কৰাই ৰাখক৷ লাগিলে সেয়া যিমানেই অসাধ্য নহওক কিয়৷ ক’ভিডৰ তৃতীয় সংক্ৰমণ প্ৰবাহ খাদ্যৰ মাধ্যমেদি হোৱাৰ আশঙ্কা কৰা হৈছে৷ ইয়াকো আশঙ্কা কৰা হৈছে এই উৎসৱ কালত খোৱা-বোৱাৰ অসাৱধানতাই ইয়াত প্ৰভাৱ পেলাব৷
১০) কালজীৰা সকলোৱে চিনি পোৱা এবিধ মচলা। আমি এই মচলাবিধ বিভিন্ন খাদ্য সম্ভাৰত ব্যৱহাৰ কৰি আহিছোঁ৷ এইবিধ সংগ্ৰহ কৰি পৰিষ্কাৰ কৰি তিল ভজাদি ভাজি লৈ বৈয়ামত ভৰাই লওক৷ এইবাৰ এই ভজা কালজীৰা এচামুচ পৰিমাণে দিনটোত তিনি চাৰিবাৰ গলিয়াই চোবাই খাওক৷ সোৱাদো ভাল৷ পাৰ্শ্বক্ৰিয়াৰ ভয়ো নাই৷
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
হোমিওপেথি চিকিৎসক; 
পুষ্টি আৰু খাদ্য বিশেষজ্ঞ৷
(মো)৯৮৬৪১-২৫৮৮৭/৯৯৫৭১-৮৯৬৬০  পৃষ্ঠা-১৩
———————————————————
ডিছলেক্সিয়া 
ৰাজ কমল কলিতা 

     "তাৰে জমীন পৰ" চিনেমাখন আপুনি নিশ্চয় চাইছে। জনপ্ৰিয় অভিনেতা আমিৰ খান অভিনীত ছবিখনে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ২০০৭ চনত নিৰ্মিত ছবিখনৰ বিষয়বস্তু আছিল কিছুমান শিশুৰ মাজত দেখা দিয়া পঠনৰ অক্ষমতা অৰ্থাৎ ডিছলেক্সিয়া। 
       ডিছলেক্সিয়া হ'ল শিশু সকলৰ মাজত দেখা পোৱা এক বিসংগতি। চিকিৎসকৰ মতে ই হ'ল শিক্ষণৰ অসমৰ্থতা। 
ডিছলেক্সিয়াৰ চিকাৰ হোৱা শিশুৱে  আখৰ চিনি নাপাই বা পঢ়িবলৈ কষ্ট পায়। ই কোনো শাৰীৰিক বা মানসিক ৰোগৰ ইংগিত নহয়। 
শিশুটোৱে পঢ়িবলৈ অনিহা প্ৰকাশ কৰে। পঢ়া টেবুলত কিতাপ চাই কেৱল বহি থাকে। ডাঙৰে পঢ়াই দিয়া কিতাপৰ আখৰবোৰ তধা লাগি চাই থাকে। কিছুমান শিশুৱে b আখৰটো d বুলি পঢ়ে, 6 সংখ্যাটো 9 বুলি পঢ়ে, য আখৰটো ম বুলি পঢ়ে, was শব্দটো saw বুলি সঘনাই ভুল কৰে ইত্যাদি ইত্যাদি। শিশুটো ডাঙৰ হৈ অহাৰ লগে লগে এই বিসংগতি দূৰ হয়। কিন্তু ১০ পৰা ১৫ শতাংশ শিশুৰ ক্ষেত্ৰত এই বিসংগতি ৰৈ যায়। এইদৰে পঠন অক্ষমতাৰ নামেই হ'ল ডিছলেক্সিয়া। 
       ডিছলেক্সিয়াৰ দৰে সমস্যা কোনো বিশেষজ্ঞৰ পৰামৰ্শ আৰু অভিভাৱকৰ লগতে শিক্ষকসকলৰ গুৰুত্বই সমাধান কৰে। যিমান সোনকালে সমস্যা চিনাক্ত কৰিব পাৰি, সিমান সোনকালে ইয়াৰ সমাধানো উলিয়াব পাৰি।বিশেষজ্ঞৰ মতে , শিক্ষকে এই কথাত গুৰুত্ব দিয়া উচিত যে তেওঁৰ শ্ৰেণীত কোনো শিশুৱে আখৰ চিনাত অসুবিধাৰ সন্মুখীন হৈছে নেকি । যদি লিখাত তেওঁলোকৰ ভুলবোৰ এক বিশেষ ধৰণেৰে হোৱা দেখা যায়, তেতিয়া কোনো বিশেষজ্ঞৰ সহায়ত ডিছলেক্সিয়াৰ অন্যান্য লক্ষ্যসমূহ বিচাৰি উলিয়াব পৰা যায়। আজিৰ প্ৰতিযোগিতাৰ দৌৰত আমি অভিভাৱক সকল আমাৰ সন্তানৰ জড়িয়তে দৌৰিব খোজোঁ।কথাটো ক'বলৈ বা শুনিবলৈ বেয়া হ'লেও আজিকালি আমাৰ কাৰণে  Marks of our kids become as like Marsidiz. আমি সকলোৱে নহ'লেও বহুসংখ্যকে সন্তানৰ ৰিজাল্ট বেলেগৰ আগত কৈ বা দেখাই আনন্দ লাভ কৰোঁ। গতিকে ভাল নম্বৰ পাবলৈ আমি সন্তানসকলক অহৰহ হেঁচা প্ৰয়োগ কৰোঁ। কিন্তু অভিভাৱকেও এই কথা বুজা উচিত যে প্ৰতিটো প্ৰতিটো শিশুৱে ক্লাছৰ এক নম্বৰ হোৱা সম্ভৱ নহয়।আৰু আমাৰ শিশুটোক পঢ়া পঢ়া বুলি অহৰহ জোৰ কৰাৰ আগতে আমি সকলোৱে সুক্ষ্মভাৱে লক্ষ্য কৰা উচিত যে আমাৰ শিশুটোৰ গাত যাতে ডিছলেক্সিয়াৰ দৰে বিসংগতি নাই। ডিছলেক্সিয়াত ভোগা আমাৰ সকলো ল'ৰা ছোৱালীৰে আখৰৰ আকাৰ বুজাত দেৰি হয়। আৰু আখৰটো কোনটো শব্দৰ প্ৰতীক তাক ধৰিব নোৱাৰে। গতিকে এই বিসংগতি ধৰা পেলাবলৈ আমি অতি সূক্ষ্মভাৱে লক্ষ্য কৰা উচিত।
ডিছলেক্সিয়া কিয় হয় এই সম্পৰ্কে আজি পৰ্য্যন্ত সঠিকভাৱে জানিব পৰা হোৱা নাই। অধ্যয়নৰ মতে ডিছলেক্সিয়া এবিধ জিনগত বিসংগতি। বংশৰ যদি কাৰোবাৰ দেহত ডিছলেক্সিয়া থাকে তেতিয়াহ'লে বংশানুক্ৰমিকভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ এই বিসংগতি ৰৈ যায়। 
বিজ্ঞানীসকলৰ মতে মানুহৰ মগজুৰ সোঁ আৰু বাঁও অংশৰ ভাৰসাম্যতাৰ অভাৱতে এনে হয়।ডিছলেক্সিয়াৰ দৰে অক্ষমতাত ভোগা বহুতো শিশুৰ মাজত দেখা যায় সৃজনশীলতা, সংগীত বা খেলা ধূলাৰ ক্ষেত্ৰত ঈশ্বৰ প্ৰদত্ত ক্ষমতা। গতিকে অভিভাৱক সকলৰ বিশেষ গুৰুত্ব আৰু বিশেষজ্ঞৰ উপযুক্ত পৰামৰ্শৰ জড়িয়তে শিশুসকলৰ মাজৰ পৰা ডিছলেক্সিয়াক দূৰ কৰিব পাৰি।
ৰাজ কমল কলিতা 
নুনমাটি, গুৱাহাটী২০

পৃষ্ঠা-১৪
——————————————————
ভেকচিন আৰু সুৰক্ষা 
সংগীতা ঠাকুৰীয়া 

     প্ৰত্যেক মানুহৰ দেহত প্ৰতিৰক্ষা ব্যৱস্থা অৰ্থাৎ Immune system আছে। এই প্ৰতিৰক্ষা ব্যৱস্থাই আমাৰ শৰীৰটোক বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ, বীজাণু (pathogens or foreign particles ) আদিৰ পৰা সুৰক্ষা দিয়ে।
আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা ৩ প্ৰকাৰৰ। 
১.জন্মগত অসংক্ৰাম্যতা(innate immunity)
২. আৰ্জিত অসংক্ৰাম্যতা(Adaptive immunity)
৩. নিষ্ক্ৰিয় অসংক্ৰাম্যতা((Passive immunity )
     জন্মগত বা innate immunity হৈছে, আমাৰ দেহত আমি জন্মগত ভাবে ই লাভ কৰা সুৰক্ষা ব্যৱস্থা উদাহৰণস্বৰূপে আমাৰ শৰীৰৰ ছাল, শ্লেষ্মা আৱৰণ, লালটি, চকুপানী ইত্যাদি। যিয়ে জন্মৰ পাছৰ পৰাই শৰীৰটোক পৰিবেশৰ বিভিন্ন বীজাণু ৰ পৰা পাৰ্য্যমানে সুৰক্ষা দি আহিছে।
      আৰ্জিত অসংক্ৰাম্যতা বা Adaptive immunity হৈছে আমাৰ শৰীৰে জন্মৰ পিছত পৰিবেশৰ লগত খাপ খুৱাবলৈ অৰ্জন কৰি লোৱা ব্যৱস্থা। 
  নিষ্ক্ৰিয় অসংক্ৰাম্যতা ৰ উদাহৰণ হৈছে , গৰ্ভাৱস্থাত মাকৰ পৰা সন্তানে প্লেচেন্টাৰ জৰিয়তে লাভ কৰা সুৰক্ষা ব্যৱস্থা।
যেতিয়া কোনো বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে, আমাৰ দেহত ইয়াৰ বিৰুদ্ধে "এন্টিবডি" (antibody)ৰ সৃষ্টি হয় যিয়ে সুৰক্ষা দিয়ে।
 ইমান খিনি সুৰক্ষা ব্যৱস্থা থকাৰ উপৰিও আমাক ভেকচিন ৰ প্ৰয়োজন : কাৰণ 
     ভেকচিনৰ ক্ষেত্ৰত , যিটো বেমাৰৰ বিৰুদ্ধে ভেকচিন লোৱা হয়,  তাৰ বীজাণু (মৃত )বিধকেই আচলতে ( ভাইৰাছ, বেক্টেৰিয়া ) আমাৰ দেহত সুমুৱাই দিয়া হয়। দেহত সুমুৱাৰ আগত বীজাণুটোক নিষ্ক্ৰিয় কৰা হয় অথবা মৃত ৰূপত লোৱা হয় যাতে ই কোনো কাৰণত বেমাৰ সৃষ্টি কৰিব নোৱাৰে অথবা ই বিভাজিত হৈ নতুন ভাইৰাছৰ সৃষ্টি কৰিব নোৱাৰে। কিন্তু যিহেতু বীজাণুটো মৃত হ’লেও ই দেহৰ বাবে অচিনাকি সেয়ে আমাৰ দেহৰ প্ৰতিৰক্ষা ব্যবস্থাই  মৃত বীজাণু ৰ বিৰুদ্ধে ও antibody ৰ সৃষ্টি কৰিব।   অৰ্থাৎ আমাৰ দেহত বেমাৰটো নহওতেই  ইতিধ্যেই বেমাৰ টোক প্ৰতিহত কৰিবলৈ antibody ৰ সৃষ্টি হৈছেই। এইদৰে সৃষ্টি হোৱা antibody দেহত থাকিব আৰু পাছলৈ প্ৰকৃত (original) বীজাণু এ আক্ৰমণ কৰিলে ইতিধ্যেই দেহত সৃষ্টি হৈ থকা antibody এ ৰক্ষা কৰিব।
সেইদৰে চাবলৈ গলে , Covishield ৰ ক্ষেত্ৰটো কৰʼণা ভাইৰাছ ৰ বীজাণু Sars_ COV_2 ব্যৱহাৰ কৰিব লাগিছিল যদিও তাৰ সলনি "Adeno_ virus " হে ব্যৱহাৰ কৰা হয়। Adeno _ virus  হ'ল Common flue virus অৰ্থাৎ   যি সাধাৰণ জ্বৰ চৰ্দি ৰ বাবে দায়ী। adeno virus এ দেহত কোনো বিশেষ ক্ষতি নকৰে।  
     Adeno virus ৰ জিনীয় পদাৰ্থ (genetic material ) খিনিহে  ব্যৱহাৰ কৰা হয় । আৰু Sars _ COV  -2 অৰ্থাৎ কৰ'ণা ভাইৰাছ ৰ receptors  বোৰ ব্যৱহাৰ কৰা হয়। এই খিনিতে উল্লেখ কৰিব লগীয়া কথা যে, ভাইৰাছ ৰ প্ৰটিন আৱৰণ বা receptors  এ ৰোগ সৃষ্টি কৰিব নোৱাৰে।  receptors বোৰ আচলতে আমি  দেখা covid ভাইৰাছ ৰ চাৰিওফালে থকা দণ্ড কেইডাল হে। ইয়াক দিয়া কাৰণ এইয়ে যে, যেতিয়া vaccine হিচাপে দেহত আমি লম তেতিয়া আমাৰ  শৰীৰে তাক প্ৰকৃত ভাইৰাছ বুলি ভাবি তাৰ বিৰুদ্ধে antibody প্ৰস্তুত কৰিব। আৰু আমি ভেকচিন ও এইকাৰণেই লোৱা উচিত যাতে প্ৰকৃত corona  virus এ আক্ৰমণ কৰিলে আমাৰ দেহত মাজুত থকা antibody এ আমাক সুৰক্ষা দিয়ে।
সংগীতা ঠাকুৰীয়া
চান্দমাৰী, মিলনপুৰ 
গুৱাহাটী-৭৮১০২১.                                 পৃষ্ঠা-১৫
———————————————————
খাদ্যৰ তালিকাত কল
নৱ ডেকা 

"কল, কল, কল, কল এবিধ ফল
কল খালে গাত হয় হাতীৰ সমান বল।"
     -কলৰ ব্যৱহাৰিক গুণাগুণ কিমান তাৎপর্যপূৰ্ণ তাক ওপৰোক্ত কথাফাকিৰ দ্বাৰা হৃদয়ংগম কৰিব পাৰি । সঁচাকৈয়ে বিনন্দীয়া ধৰাৰ বুকুত সহজে উপলব্ধ এবিধ শক্তিবৰ্ধক ফল হ'ল কল । কলৰ পুষ্টিগুণ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। বিশ্বাস নকৰিলেও সত্য যে নিতৌ গ্ৰহণ কৰা এটা কলতে সু-স্বাস্থ্যৰ অমোঘ শক্তি অন্তৰ্নিহিত হৈ থাকে।শৰীৰৰ নানা ৰোগ, ব্যাধি পৰা বহু যোজন বাটৰ দূৰত্বত থাকিব পৰা যায়। সৰ্বগুণেৰে পৰিপুষ্ট  উত্তম ফল কলৰ ওপৰিও শিপাৰ পৰা আৰম্ভ কৰি পাতখিলালৈ প্ৰতিটো অংশৰ সদ্ ব্যৱহাৰ হয়। সেয়েহে কল, শিপা, কাণ্ড বা গা-গছ, কলপাত, কলডিল বা কলফুল, কল বাকলি ইত্যাদি প্ৰতিটো অংশৰ গুণ সকলো মানুহৰ মুখে মুখে।
      মলমলীয়া গোন্ধৰে বাৰুকৈয়ে সুবাসিত পকা কল এটা দেখামাত্ৰে খাব মন নোযোৱা মানুহ নোলাব কিজানি। নকলেও হ'ব যে কল এটা খোৱাৰ লগে লগে পাচনক্ৰিয়াৰ পাছত কলত থকা পৰিপুষ্টি হাতে হাতে পাওঁ। আঁহ জাতীয় দ্ৰব্য সন্নিৱিষ্ট হৈ থাকে বাবে কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগা ৰোগীৰ বাবে মহৌষধৰ কাম কৰে। ইয়াৰ উপৰি হজম শক্তি বৃদ্ধিতো কলৰ বিকল্প বিচাৰি পোৱা কঠিন। পটাছিয়াম বেছি মাত্ৰাত থকা বাবে হৃদপিণ্ড সবল হৈ থকাৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায়ক হয়। পেকটিন উপস্থিতিৰ বাবে কলন কেন্সাৰৰ পৰা আঁতৰত থাকিব পাৰি। কলত থকা মেংগানিজে হাড় মজবুত কৰাৰ লগতে অষ্টিঅ'পৰ'ছিছৰ নিৰ্মূল কৰে। আকৌ মস্তিষ্কত ছেৰ'টি'ননৰ অভাৱ ঘটি হতাশাজনিত ৰোগৰ স্বীকাৰ হ'লে কলত উপলব্ধ ট্ৰিপ্ট'ফানে সেই ছেৰ'টি'ননৰ মাত্ৰা বৃদ্ধি কৰি মানসিক উদ্বেগ হ্ৰাস কৰাত প্ৰভূত বৰঙণি আগবঢ়ায়। আশ্চৰ্যকৰ কথাটো এইটো যে দৈনিক গ্ৰহণ কৰা এটা মাত্ৰ কলতে সমগ্ৰ দিনটোৰ বাবে প্ৰয়োজনীয় কেলৰি পোৱা যায় লগতে ওজনো সুচাৰুৰূপে নিয়ন্ত্ৰণ হয়। কেলছিয়ামৰ অনাটন দূৰ কৰি হাড়ৰ গঠন শক্তিশালী কৰে। ক'পাৰ আৰু লৌহজাতীয় উপাদানৰ বাবে ৰক্তকণিকা সৃষ্টিত সহায় কৰে।চকুৰ বাবে উপকাৰী কলে কুকুৰীকণা, ছানি পৰা, গ্লুক'মা ইত্যাদি ৰোগ নিৰাময়ত সহায় কৰে। নগণ্য মাত্ৰাত চৰ্বিযুক্ত উপাদানৰ লগতে কেইবাবিধো এণ্টি অক্সিডেণ্ট আৰু ভিটামিনৰ সমাহাৰ হোৱাৰ বাবে শৰীৰৰ পক্ষে বিশেষভাৱে উপকাৰী কল।চি-ভিটামিনে শৰীৰৰ ছাল মসৃণ আৰু সতেজ কৰি ৰখাৰ লগতে কেন্সাৰ ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে। সেয়েহে কলৰ গুণানুকীৰ্তন  বাখ্যা কৰি  চিকিৎসকসকলে মত পোষণ কৰা এষাৰি সোণসেৰীয়া বাক্য সকলোৱে হৃদয়ংগম কৰাটো নিতান্ত বাঞ্ছনীয়। বাক্য এষাৰি হ'ল- শৰীৰৰ যাৱতীয় উপাদানৰ অভাৱ দূৰ কৰিবলৈ নিতৌ এটাকৈ কল খোৱাই যথেষ্ট।
উল্লেখযোগ্য যে কলপাত পূজা-পাৰ্ৱণত ব্যৱহাৰ কৰা লগতে মাহ-প্ৰসাদ আৰু ভোজভাত হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয়। ক্ল'ৰফিল উপস্থিতিৰ বাবে পেলু আৰু চৰ্ম-ৰোগৰ পৰা হাত সাৰি থাকিবলৈ পোৱা যায়। আকৌ কলফুল বা কলডিল পাচলি হিচাপে ব্যৱহাৰ কৰি প্ৰচুৰ পৰিমাণে খনিজ দ্ৰব্য, আইৰণ লাভ কৰিব পৰা যায়। ইয়াৰ ৰস গ্ৰহণী, পেটচলাত ব্যৱহাৰ কৰি উপশম পোৱা যায়। একেদৰে কাণ্ড বা গা-গছ পটুৱা হিচাপে ব্যৱহাৰৰ লগতে পচলা কৰি তৰকাৰী বনাই খালে হিম'গ্ল'বিন বৃদ্ধিত অৰিহণা যোগায়। ভীম কলৰ বাকলি আৰু শিপাৰ কিছু অংশ যাক আলু বুলি কয় তাক ৰ'দত শুকুৱাই পুৰি কলাখাৰ প্ৰস্তুত কৰা হয়। 'খাৰখোৱা অসমীয়া' নামেৰে পৰিচিত অসমীয়া জাতিৰ মানুহক কলাখাৰৰ উপকাৰিতা বিষয়ে নতুনকৈ উনুকিয়াই দিয়াৰ নিশ্চয় প্ৰয়োজন নাই । পেটৰ সৰু - বৰ সকলো সমস্যাতেই ব্যৱহাৰ কৰিব পৰা মহৌষধ হ'ল কলাখাৰ ।
         কিন্তু চৰম উদ্বেগজনক আৰু হতাশাজনক কথাটো হ'ল শিশুৰ পৰা আৰম্ভ কৰি কৈশোৰ প্ৰাপ্ত নৱপ্ৰজন্মৰ মাজত ফলমূলৰ প্ৰতি এক উদাসীন মনোভংগী। বজাৰত উপলব্ধ বিভিন্ন ৰঙীন আৰু মুখৰোচক খাদ্যৰ অনুপাতিক হাৰত এলাগী হৈ ৰয় এই জনপ্ৰিয় ফলবিধ আৰু তাৰ উপাদেয় অংশবোৰ । যাৰ বিৰূপ প্ৰভাৱ হিচাপে সুস্থ- সবল জীৱন যাপন হৈ পৰে দূৰ -দিগন্তৰ স্বপ্ন। গতিকে পলম নকৰি খাদ্যৰ তালিকাত কল আৰু ইয়াৰ উপাদেয় অংশৰ সংযোজন কৰি শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰিব পাৰোঁ। গতিকে বিভিন্ন প্ৰজাতিত উপলব্ধ এই কল গছৰ ৰোপণ আৰু পালনেৰে তাৰ যথোপযুক্ত ফল ভোগ কৰিবলৈ আমি সজাগ হৈ নিৰোগী স্বাস্থ্য অধিকাৰী হোৱাৰ বিপৰীতে সেউজী ধৰণী ধুনীয়া হোৱাত সহায়ক হওঁ আহক।
নৱ ডেকা
পূব-জ্যোতিনগৰ
গৌৰৱ-অশ্বিনী নিৱাস
দূৰভাষ - ৭৫৭৬৮৯৫৯৭০

পৃষ্ঠা-১৬
———————————————————
                গ্ৰন্থ উদ্ধৃতিঃ-

▪️ক্ষমতাশালী মানুহবোৰৰ কিতাপ পঢ়াৰ সময় নাই, আনহাতে কিতাপ নপঢ়া মানুহবোৰ ক্ষমতা পোৱাৰ যোগ্য নহয়। 
                       ___ আইজাক ফুট

▪নৈখনে কথা কয়। 
বহুত পুৰণি কথা। 
কথাবোৰ দুয়োপাৰৰ গৰাত লাগি লাগি ৰয়। বিৰিণাৰ পাতত বহুত দিনলৈ লাগি থাকে৷ বতাহজাক আহি পুৰণি কথাবোৰ বিৰিণাৰ পাতৰ পৰা ক'ৰবালৈ লৈ যায়। 
                            (প্ৰথম বাক্যাংশ) 
                            সূৰুজমুখীৰ স্বপ্ন
                    চৈয়দ আব্দুল মালিক

▪️কিতাপ লিখা হ'ল, দোকানত মেলি দিয়া হ'ল। ল'ৰাই আঠ অনাৰে চিগাৰেটৰ বাহ এটা কিনিব, কিন্তু দহ পইচাৰে প্ৰেমৰ কাহিনী এটিও নিকিনে। 
               ___ডঃ বাণীকান্ত কাকতি

যুগুতালে–
অনিতা মেধি মিশ্ৰ 
পৃষ্ঠা-১৭               বঙাইগাঁও
——————————————————
                 জ্ঞানপীঠ বঁটাৰে সন্মানিত 
                ড° মামণি ৰয়ছম গোস্বামীক 
                          সোঁৱৰণ 

ভূমিকা দাস

                    জ্ঞানপীঠ বঁটাৰে সন্মানিত মামণি ৰয়ছম গোস্বামী অসমীয়া সাহিত্যৰ জগতত এক উজ্জ্বল নক্ষত্ৰ। কামৰূপৰ আমৰঙা সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ সদস্য উমাকান্ত গোস্বামীৰ দ্বিতীয় পত্নী অম্বিকা দেৱীৰ  গৰ্ভত 
১৯৪২ চনৰ ১৪ নবেম্বৰ তাৰিখে  ইন্দিৰা গোস্বামীৰ জন্ম হয়।

   তেখেতৰ পিতৃ প্ৰদত্ত নাম আছিল ইন্দিৰা গোস্বামী।  সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়। গোস্বামী বাইদেৱে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গবেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ডক্টৰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয়  ভাষা বিভাগত অধ্যাপিকা  স্বৰূপে  অৱসৰ গ্ৰহণ কৰিছিল।ড° গোস্বামীয়ে ১৯৮২  চনত সাহিত্য অকাডেমি বঁটা আৰু1999  চনত‌ জ্ঞানপীঠ বঁটা লাভ কৰিছিল।
     তেখেত ভাৰতৰ প্ৰথম principal  Prince  claus laureate(2008)
আছিল।
        ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাষা বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল।
গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা মামণি ৰয়ছম গোস্বামী বাইদেউৰ 
ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে--
অহিৰণ,
চেনাবৰ স্ৰোত,
নীলকণ্ঠী ব্ৰজ ,
মামৰে ধৰা তৰোৱাল,
তেজ আৰু ধূলিৰে ধূসৰিত‌ পৃষ্ঠা,
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা,
আধালেখা দস্তাবেজ, 
সংস্কাৰ
উদয়ভানুৰ চৰিত্ৰ ইত্যাদি।

কৰ্ম জীৱন
 তেখেত ১৯৬৩ চনত গুৱাহাটী চেইন্ট মেৰিজ স্কুলত শিক্ষকতা কৰিছিল।১৯৬৮ চনত গোৱালপাৰা সৈনিক স্কুলত শিক্ষকতা।এই বছৰতে গৱেষণাৰ বাবে বৃন্দাবনলৈ যাত্ৰা।১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাষা বিভাগত নিযুক্তি।
      ১৯৫৫চনৰ পৰা ১৯৬০ চনৰ সময়ছোৱা আছিল মামণি গোস্বামীৰ দুৰ্যোগৰ কাল। ১৯৫৫ চনত তেখেতেৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।১৯৬০ চনত প্ৰিয় খুৰাক চন্দ্ৰকান্ত গোস্বামীৰো আকস্মিক বিয়োগ ঘটে। এনে বিভিন্ন ঘটনাৰ বাবে অতি সংবেদনশীল তেখেতৰ মনত বাহ ললে নিসংগতাবোধে। আনকি এই নিংসগতাবোধ ইমানেই তীব্ৰ হৈ পৰিছিল যে তেখেতে আত্মহত্যা কৰিবলৈকো আগবাঢ়িছিল। সেই দূৰ্যোগপূৰ্ণ সময়ছোৱাতে ১৯৬৫ চনত  দাক্ষিণাত্যৰ পৰা অসমলৈ অহা তৰুণ অভিযন্তা মাধবেন ৰয়ছম আয়েংগাৰৰ লগত তেখেত বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ এবছৰ পূৰ্বে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।বিয়াৰ এবছৰ পাছত আকৌ তেওঁৰ জীৱনলৈ গভীৰ সংকট নামি আহে।১৯৬৭ চনত স্বামী মাধবেন আয়েংগাৰ কাশ্মীৰৰ চুইনা এডকোডাক্টৰ মেনেজাৰ ৰূপে নিয়োজিত হৈ থকা অৱস্থাত উধামপূৰলৈ যাওঁতে মটৰ দুৰ্ঘটনাত মৃত্যুক সাবটি লয়। এই ঘটনাই মামণি ৰয়ছমৰ জীৱন আৰু সাহিত্যত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়।
      বিপৰ্যস্ত মামণি ৰয়ছম মানসিকভাবে ভাঙি পৰিছিল ।১৯৮৮ চনত প্ৰকাশ পোৱা  আত্মজীৱনী "আধালেখা দস্তাবেজ" ত তেওঁ লিখিছিল  হতাশাত তেওঁ কেতিয়াবা  আত্মহত্যাৰ কথাও ভাবিছিল।
তেওঁক শান্তনা দিবলৈ শৈশৱৰ স্মৃতি আৰু দেউতাকৰ চিঠিৰ বাহিৰে অন্য কোনো সমল নাছিল।
     স্বামীৰ মৃত্যুৰ পাছত তেখেত অসমলৈ ঘূৰি আহে আৰু ১৯৬৭ চনত গোৱালপাৰা সৈনিক স্কুলত শিক্ষকতা কৰে।
১৯৬৮ চনত অধ্যাপক উপেন চন্দ্ৰ লেখাৰুৰ অধীনত তুলসী দাসৰ  ৰামায়ণ আৰু মাধবকন্দলীৰ ৰামায়ণৰ তুলনামূলক গবেষণা আৰম্ভ কৰে।
     ১৯৭৩ চনত "তুলসী দাসৰ ৰামচৰিত  মানস আৰু মাধৱকন্দলীৰ অসমীয়া ৰামায়ণৰ এটি তুলনামূলক অধ্যয়ন শীৰ্ষক" বিষয়ত গবেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।
     ১৯৮২ চনত মামৰে ধৰা তৰোৱালৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
১৯৮৮ চনত "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ বাবে অসম সাহিত্য সভাৰ " বাসন্তী দেবী " বঁটা লাভ কৰে।
১৯৯৩ চনত মাতৃৰ পৰলোক প্ৰাপ্তি হয়।
২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰে।
২০০৫ চনত  গোস্বামী বাইদেৱে ড০ভূপেন হাজৰিকাৰ সৈতে  লক্ষীমপুৰ সাহিত্য সভাত অংশগ্ৰহণ কৰি জাতীয় বীৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ড০গোস্বামীৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা এম কে নাৰায়ণে আলোচনাৰ 
বাবে  গঠন কৰি দিয়া পি চি জিক ২৬ অক্টোবৰত প্ৰধান মন্ত্ৰীৰ বাসভৱনলৈ আমন্ত্ৰণ কৰে।

শান্তিদূত

      স্বাধীনতাকামী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ নেতৃবৃন্দ আৰু চৰকাৰৰ মাজত 
আলোচনা অনুষ্ঠিত হোৱাত সহায় কৰাৰ প্ৰয়াস কৰিছিল। ২০০৬ চনৰ ২২ জুন তাৰিখে ভাৰত চৰকাৰ আৰু পিচিজিৰ ‌সদসসকলৰ সৈতে হোৱা এখন বৈঠকত মামণি ৰয়ছম গোস্বামী বাইদেউয়ে গুৰি ধৰিছিল।

অন্তিম সময়

মামণি ৰয়ছম গোস্বামী"হাওঁফাওঁৰ স্ংক্ৰমণ আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰায় আঠটা মাহ সংকটজনক অৱস্থাত আছিল।‌ সেয়ে তেওঁক গুৰগাঁৱৰ  এখন চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল। অৱশেষত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছিল।২০১১ চনৰ ২৯   নবেম্বৰ তাৰিখে ৭-৪৬ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
সৰল,অনাড়ম্বৰ জীৱন যাপনেৰে নিৰৱে অথচ আত্মপ্ৰত্যয়েৰে  অগ্ৰসৰ হৈ জ্ঞান সাধনাত উপনীত হোৱাৰ কৃচ্ছ সাধনাত আত্মনিয়োগ কৰা মামণি ৰয়ছম বাইদেউৰ প্ৰজ্ঞাৰ কিৰণেৰে যেন অলেখ বিদ্যানুৰাগীৰ বিদ্যামাৰ্গ দ্যুতিময় হওঁক।
                        ভূমিকা দাস
পৃষ্ঠা-১৮             গুৱাহাটী
———————————————————
ইতিহাসৰ জলঙাৰে...চৰাইবাহীৰ ৰজা-পুখুৰী
ড০ কমল চন্দ্ৰ নাথ

   "জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী"---
     জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্ৰেষ্ঠ, যি দেশত বা ঠাইত জন্ম লভি সেই দেশৰ বা ঠাইৰ বায়ু , পানী , বতাহ খাই জীৱন অতিবাহিত কৰা হয় । য'ত থাকি জীৱনৰ খ্যাতি বা সুকীৰ্ত্তি অৰ্জন, জগতৰ জয় গুণ গাব পাৰিছোঁ , তেনে অসম মাতৃৰ কোলাত থাকি জননীৰ জয়গান গোৱা সবাৰে কৰ্তব্য। প্ৰাচীন কালৰে পৰা মহাকাব্যই জননীৰ জয়গান গাই আহিছে । শ্ৰীৰামচন্দ্ৰই লংকা জয় কৰাৰ পিছতো স্বৰ্ণলংকা  এৰি ভাৰত জননী অযোধ্যালৈ ঢাপলি মেলিছিল । আলেকজেণ্ডাৰ চেলকাৰ্কে নিৰ্বাসিত হৈ সাগৰৰ মাজত থাকোঁতে এডাল কাঠৰ আশ্ৰয়ত নিজ জন্মভূমিলৈ ঘুৰি আহিছিল । সেয়ে হৈছে জননী অথবা জননীৰ প্ৰতি পুত্ৰৰ স্নেহ-শ্ৰদ্ধা ।
      সেয়েহে নিজৰ জন্মস্থানৰ বিষয়ে আঁতিগুৰি মাৰি জনাতো সবাৰে প্ৰয়োজনীয় কথা ।
       "চৰাইবাহী" মৰিগাঁও জিলাৰ পূৱপ্ৰান্তত অৱস্থিত বিশাল গাঁৱৰ সমষ্টিৰে নানা জাতি উপজাতিৰ সমন্বয়ত সংগঠিত এটি বৃহৎ  অঞ্চল । এই অঞ্চলৰ জন্ম ৰহস্য থাউকতে সামৰিব বিচৰাতো সম্ভৱ নহয় । তথাপি বৰ্তমান আৰু ভৱিষ্যতলৈ চিহ্ন সংৰক্ষণৰ নিমিত্তে সৰু কথাবোৰতে বৃহত্তৰ চানেকি বিচাৰি যেনেকৈ নহওঁক , লিপিবদ্ধ কৰি ৰাখিবলৈ সামান্য চেষ্টা কৰা হৈছে । 
       সময়ৰ সোঁতত পুৰণি স্মৃতি নিঃশেষ হৈ গলেও মুখৰ কথাৰে পৰৱৰ্তী সময়ত সি জীপাল হৈ থাকে । এই কথা আমাক ইতিহাসে কয় ।
       সেয়ে ইতিহাসৰ পম খেদি গ'লে খৃ: নৱম - দশম শতিকাৰ পৰাই এই অঞ্চলত মানুহৰ বসতিৰ প্ৰমাণ পোৱা যায় । চৰাইবাহীৰ ৰজাপুখুৰী ৰিজাৰ্ভত ( নিগমত ) অলপতে ২০০৮ চনত উদ্ধাৰ হোৱা প্ৰাচীন কালৰ ৰূপৰ আ-অলংকাৰ , অন্যান্য সম্পদ , তাৰো আগেয়ে কাঁহিবাৰীৰ স্বৰ্গীয়  কণাকটা পাতৰৰ ঘৰত প্ৰাপ্ত জয়ন্তীয়া ৰজাৰ সময়ৰ বুলি অনুমান কৰা ৰূপৰ কটৰা অৰ্থাৎ মুদ্ৰা , চটাবৰ বেঙেনাআটিত উদ্ধাৰ হোৱা তিনি খন তামৰ ফলি আৰু মিকিৰভেটা চোৰাতবড়িত ম'হৰ ডাৱত উদ্ধাৰ হোৱা ফলি সমূহেও নৱম-দশম শতিকাৰ ঐতিহ্য বহন কৰি আহিছে । কাৰণ এই অঞ্চল পুৰণি সাতোৰজাৰ অধীনস্থ ঠাই বুলি আজিও পৰিচিত । উল্লেখযোগ্য যে চৰাইবাহী অতিশয় ওখ ঠাই । বানপানী ইয়াত নহৈছিল । প্ৰাচীনত এই ঠাই মানুহৰ বসবাসৰ বিশেষ উপযোগী আৰু চৰাইৰ বাসস্থান আছিল বুলিয়েই পূৰ্ব্বসূৰীসকলে এই ঠাইৰ নাম  চৰাবাসৰ পৰা ক্ৰমে  *চৰাইবাহী " নামে পৰিচিত কৰিলে । সিয়েআজিও অসমৰ মানচিত্ৰত চৰাইবাহী হিচাপে জিলিকি ৰ'ল ।
       এই ক্ষেত্ৰত অকল চৰাইবাহীয়েই নহয় , পুৰণি পাঁচো ৰজাৰ অধীনস্থ বাৰপূজীয়া চৰাইবাহীৰ পূৱ প্ৰান্তত অৱস্থিত । বাৰপূজীয়া , মঠৰবড়ি , মহাদেউশাল ,কাছধৰা , মিকিৰভেটা , গড়মাৰি , আদিকে ধৰি এই অঞ্চলৰ অংগাঙ্গী সম্বন্ধ আছে । কিয়নো পাঁচোৰজাৰ দিনত হানিমৰা ঘাটৰ ওচৰৰ লুঙামুখৰ ৰণলৈ যাওঁতে বাৰপূজীয়াতে বাৰুকাতি যুদ্ধ ঘোষণা কৰাৰ বাবে অথবা গৌড়ীয় বাৰজন পূজাৰী আহি মঠৰবড়িত ধৰ্মৰ মঠ সাজোতে বাৰজন পূজাৰীয়ে ইয়াতেই থাকি পূজা কৰিছিল বুলি অথবা য'ত আজিও ৰজাদিনীয়া বাৰটা পুখুৰী , বাৰখন থান , বাৰটা পূজা বছৰে বছৰে দি আহিছে । সেই কিংবদন্তিৰ অন্তৰালত হোৱা বাৰপূজীয়াৰ লগত আমাৰ সম্বন্ধ আজিৰ নহয় । নিজ-চৰাইবাহীত সংৰক্ষিত প্ৰাচীন " বুঢ়াগোসাঁই " থানৰ পুৰণি স্মৃতি চিহ্নইও  তাৰেই সাক্ষ্য বহন কৰিছে । 
      এতিয়া আহো অঞ্চলত থকা পুৰণি স্মৃতি বহনকাৰী "ৰজা পুখুৰীৰ"ৰ জন্ম ৰহস্যৰ বিষয়ে । 
       বৃহৎ চৰাইবাহী অঞ্চলৰ পূৱ দিশত অৱস্থিত বৰভগীয়া,কাঁহিবাৰী‌ , ভোমোৰাগুৰি , মাজগাওঁ নিজ চৰাইবাহী ,আদি গাঁৱৰ মাজৰ এক বৃহৎ আকাৰৰ ওখ ঠাই খণ্ডই হ'ল " ৰজা পুখুৰী বাকৰি "। নামেই এক জীৱন্ত ৰহস্যৰ সম্ভেদ দিয়ে। তাত থকা  কেইবাজোপাও বৃহৎ আকাৰৰ পুৰণি বৃক্ষই ঐতিহাসিক প্ৰমাণ দিয়ে । গছৰ অৱয়বেই যাৰ পৰিচয় । ওখ ভূমি খণ্ডৰ চাৰিওফালে এই বৃহৎ বৃক্ষ । তাৰ মাজতে সু - গভীৰ এক স্বচ্ছন্দ জলাশয় । এসময়ত এই জলাশয়ৰ পানী চাৰিবেৰৰ জনগোষ্ঠীয়ে খোৱাৰ বাবে ব্যৱহাৰ কৰিছিল । লগতে জীৱ- জন্তু, চৰাই চিৰিকটিয়েও ইয়াৰ পানী খাই তৃপ্তি লভিছিল । আজি কালি জীৱ-জন্তুৰ বাহিৰে মানুহে এই পানী নাখায় ।পৰিবেশ এতিয়াও কেনেবা লাগে। বৰ্তমান ইয়াৰ কাষতে কাঁহিবাৰীৰ সংৰক্ষিত শ্মশানৰ স্থান । বহু অলৌকিক কাহিনী কিংবদন্তি হিচাপে ইয়াৰ লগত জড়িত হৈ আছে । পুখুৰীত বোকা নাই , যেন বালিচৰহে , অথচ সৃষ্টিৰ পৰা ইয়াৰ পানী শুকাই যোৱা নাই বুলি লোক মুখে শুনা যায় । পুখুৰীত সৃষ্টি ৰহস্যৰ বিষয়ে এনেদৰে শুনা যায় ।
      প্ৰবাদ অনুসৰি , কছাৰী ৰজা আৰিমত্তই  ( ১৩৬৫-১৪০৯ খৃ: ) নিজ পিতৃ প্ৰতাপ সিংহক অজ্ঞাত ভাৱে বধ কৰাৰ পিছত অনুতপ্ত হৈ সেই পাপৰ পৰা মুক্ত হ'বলৈ ব্ৰাহ্মণ , দৈবজ্ঞৰ নিৰ্দেশত যেনেকৈ বিভিন্ন ঠাইত মঠ- মন্দিৰ , পুখুৰী আদি নিৰ্মাণ কৰাইছিল , থিক তেনেকৈ তেওঁ যিকোনো গৰ্হিত কাম কৰিবলৈকো কুণ্ঠাবোধ কৰা নাছিল । আৰিমত্তৰ ৰাজ্য আছিল পৰিৱেস্তিত ৰহা অঞ্চল । যাৰ সাক্ষী আজিও জোঙাল বলহুগড়ে আমাক সোঁৱৰায় । সেই সময়ত কছাৰী ৰজাৰ দাঁতি-কাষৰীয়া মিকিৰ ৰজাৰ লগত মাজে মাজে বৈৰী ভাৱ পোষিত হৈছিল , সেয়ে যিকোনো সময়ত মিকিৰ ৰজাৰ বিপক্ষে কছাৰী ৰজাৰ মনোভাৱ বেয়া হৈ আছিল । যিকোনো মুহূৰ্ত্ততে কছাৰী ৰজাই মিকিৰ ৰজাৰ লগত যুদ্ধৰ মানসিকতা পুহি ৰাখিছিল । এদিন সুযোগ আহিল । মিকিৰ ৰজাৰ এগৰাকী সুন্দৰী কন্যা আছিল -- নাম চেংদৈ গাভৰু । নাম যেনে সুন্দৰ , দেখাতো চেংদৈ তেনে সুন্দৰ । চেংদৈক যিকোনো প্ৰকাৰে    আৰিমত্তই লাভ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ল । এই কথা মিকিৰ ৰজাৰ কাণত পৰাত ৰজা চিন্তাত পৰিল । তেওঁ যিকোনো প্ৰকাৰেই নহওঁক কছাৰীৰ হাতৰ পৰা চেংদৈক ৰক্ষা কৰাৰ উপায় চিন্তা কৰিলে । সেয়ে বৰ্তমানৰ এই *ৰজাপুখুৰী বাকৰি* খনৰ ঠিক মাজতে এটা প্ৰকাণ্ড গড় সদৃশ পুখুৰী খন্দালে । যেনেকৈ বান ৰজাই উষাক  ৰাখিবৰ বাবে অগ্নিগড় সাজিছিল ।  গড়ৰৰ চাৰিওফালে মিকিৰ সৈন্যক উপযুক্ত নিৰাপত্তাৰ দায়িত্ব দি ৰজাইয়ো নিজে দায়িত্বত থাকি নিজ কন্যা চেংদৈক কছাৰী বীৰ আৰিমত্তৰ কবলৰ পৰা ৰক্ষা কৰি মিকিৰ ৰজাৰ বীৰত্ব অক্ষুণ্ণ ৰাখি ইতিহাসৰ পাতত জিলিকি থাকিল । 
         এই গড়ৰৰ ভিতৰত যিটো পুখুৰী ৰজাই খন্দালে সিয়েই কালক্ৰমত *ৰজাপুখুৰী* নামে খ্যাত হ'ল । বাকৰিখনৰ আশে-পাশে থকা কাঁহিবাৰীৰ কিছুসংখ্যক মানুহ আজিও সেই সময়ৰ পুৰণি মিকিৰ মানুহৰেই বংশধৰ বুলি শুনা যায় । সেই পুখুৰীটোৱেই আজিও ৰজাপুখুৰী নামে চৰাইবাহীৰ পুৰণি ইতিহাসত চিহ্নিত হৈ আছে । আজিও তাত সেই ওখ ভূমি খণ্ডৰ অপৰূপ দৃশ্য সুন্দৰ ভাৱে ফুটি আছে । পুখুৰীৰ পাৰত ঠিয় হ'লেই আজিও তাৰ জয়াল পৰিৱেশে আমাৰ মনত পুৰণি স্মৃতিৰ সাক্ষ্য বহন কৰে । ওপৰত উল্লেখ কৰি অহাৰ দৰে ২০০৮ চনত এই পুখুৰীৰ কাষতে থকা ৰজাপুখুৰী নিগম গাঁৱত উদ্ধাৰ হোৱা ৰজা দিনীয়া ৰূপৰ মুদ্ৰা আৰু আ-অলংকাৰেও নিশ্চয় সেই সময়ৰ পুৰণি ঐতিহ্যকে আমাক সোঁৱৰায় । এই অঞ্চলত বিজ্ঞান সন্মতভাৱে অনুসন্ধান চলালে আৰু বহুতো নতুন তথ্যৰ সন্ধান পোৱা যাব বুলি আমাৰ বিশ্বাস । এইয়া নৱ প্ৰজন্মৰ বাবে এক গৱেষণাৰ স্থল হৈ থাকক ।

ড° কমল চন্দ্ৰ নাথ 
অধ্যক্ষ 
চৰাইবাহী মহাবিদ্যালয়
মৰিগাঁও
পৃষ্ঠা-১৯
●●●●●●●●●●●●●●●●●●●●●●●●●●●
ইতিহাসৰ জলঙাৰে কোঁচ সাম্ৰাজ্য
জাহ্নৱী কাকতি

          বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসম। সকলো জনগোষ্ঠীৰে ৰীতি-নীতি, খাদ্যভ্যাস,উৎসৱ-পাৰ্বন আদি ভিন ভিন হ'লেও সময়ৰ সোঁতত সকলোৰে সংমিশ্ৰণ ঘটি আজিৰ এই ৰূপ পাইছে। অতীজৰে পৰা এই জাতি-জনগোষ্ঠীসমূহে মিলিজুলি অসমভূমিত বাস কৰি আহিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে অনৈক্যৰ মাজতো ঐক্য স্থাপন কৰিবলৈ সক্ষম হৈছে।অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত এটা অন্যতম জনগোষ্ঠী হ'ল "কোঁচ"।
     হিন্দু ধৰ্মলৈ দীক্ষিত হোৱা অসমৰ কছাৰী,মিকিৰ,লালুং আদি জনজাতীয় লোকসকলক সাধাৰণতে কোঁচ বুলি কোৱা হয়।এই দীক্ষা লোৱা কাৰ্য বৰ্তমানেও চলি আছে বাবেই কোঁচৰ সংখ্যাও দিনে দিনে বাঢ়ি গৈ আছে।উত্তৰ বংগ,গোৱালপাৰা আদি ঠাইৰ লোকসকলে নিজকে ৰাজবংশী বুলিহে কোৱা দেখা যায়।
পুৰাণ আৰু তন্ত্ৰ পুথিসমূহত কোঁচসকলক "কৰাচ" বুলি অভিহিত কৰা হৈছে।মহম্মদ বখতিয়াৰ খিলজীৰ সময়ৰ বুৰঞ্জীৰ লেখকসকলৰ মতে অসমৰ কোঁচ,মেচ আৰু খাৰু জনগোষ্ঠীৰ লোকসকলৰ দক্ষিণ চাইবেৰীয়াৰ মানুহৰ লগত প্ৰায় সাদৃশ্য আছে।কোঁচসকলক বহুতেই মঙ্গোলীয় বুলি কয় আৰু কিছু সংখ্যকে দ্ৰাৱিড়ীয় বুলিও কয়।ব্ৰাখান হডগছনে কোঁচসকলক বড়ো আৰু ধিমান বুলি কৈছে।কৰ্ণেল ডেলটনে কোঁচসকলক দ্ৰাবিড় বুলি উল্লেখ কৰিছে।ৰেজলীৰ মতে কোঁচসকল মঙ্গোলীয় আৰু দ্ৰাবিড়ীৰ সংমিশ্ৰণ।ৰাজবংশী শব্দৰ ব্যৱহাৰে তেওঁলোকৰ জাতি নিৰূপণত আৰু বেছি আউলৰ সৃষ্টি কৰিছে।কিন্তু কোঁচসকল যে প্ৰকৃততে মঙ্গোলীয়হে এই কথাই প্ৰমাণিত হয়।জলপাইগুৰি,কোচবিহাৰ আৰু গোৱালপাৰা অঞ্চলৰ কোঁচসকলক ৰাজবংশী বুলি কোৱা হয়।কিন্তু প্ৰকৃততে তেওঁলোক কোঁচহে।অস্পষ্ট হ'লেও তেওঁলোকৰ শৰীৰত মঙ্গোলীয় প্ৰভাৱ থকা দেখিবলৈ পোৱা যায়।

     অসম বুৰঞ্জীত উল্লেখ মতে এসময়ত কোঁচলোকৰ নিজা ভাষা আছিল যদিও বৰ্তমান কোঁচভাষা মৃতপ্ৰায় হৈ পৰিছে।যিখিনি উৎস পোৱা গৈছে সেইমতে কোঁচভাষাৰ সৈতে গাৰো ভাষাৰ মিল পোৱা গৈছে।১৬ শতিকাত ৰালক ফিটছে কোঁচ সাম্ৰাজ্য ভ্ৰমণ কৰি কৈছিল যে দেখিবলৈ "কোঁচসকলৰ কাণ দীঘল।সৰুতেই তেওঁলোকৰ কাণত ফুটা কৰি সজুলি এবিধ সোমাই দিয়ে যিয়ে কাণদুখন তললৈ টানি থাকে।"
         এই বিশেষ উপায়েৰে তেওঁলোকে কাণবোৰ দীঘল কৰি লৈছিল।গাৰোসকলৰ মাজত এতিয়াও এই ৰীতি দেখিবলৈ পোৱা যায়।সেইসময়ত কোঁচ আৰু মেচসকলৰ মাজত কোনো বাধা নোহোৱকৈ বিৱাহ সম্পন্ন হৈছিল।কিন্তু কোঁচসকলে ধৰ্ম সলনি কৰি হিন্দুধৰ্ম গ্ৰহণ কৰাৰ পাছৰ পৰাই এনে বিৱাহ কমি আহিল।সেই সময়ত মানস নদীৰ পূবে ৰাজবংশী লোক প্ৰায় নাছিলেই বুলিব পাৰি। যিসকল কোঁচলোকে বাস কৰিছিল তেওঁলোকে হিন্দুধৰ্ম লৈছিল যদিও নিজৰ জনগোষ্ঠীয় নাম সলনি কৰা নাছিল।কিন্তু তেওঁলোকৰ পাছৰ মঙ্গোলীয় কোঁচসকলে নিজৰ জনগোষ্ঠীয় নাম,পৰম্পৰা সকলো ত্যাগ কৰিহে হিন্দু হৈছিল।দৰং ৰজাৰ বংশাবলীত কোঁচৰজাসকলৰ বিষয়ে বহু তথ্য শুদ্ধ আৰু বিতংকৈ পোৱা যায়।হাতেৰে লিখা এই পুথিসমূহ ৰজা লক্ষ্মীনাৰায়ণৰ দিনৰে।তেওঁ কোঁচৰাজবংশীসকলৰ দৰঙৰ শাখাটোৰ প্ৰতিনিধি আছিল।সাঁচিপাতত লিখা এই পুথিসমূহৰ ভাষা আছিল অসমীয়া।১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পাছত ১৫১৫ চনত কোঁচৰাজবংশই কমতা ৰাজ্যত তেওঁলোকৰ শাসন আৰম্ভ কৰে।
                                            আগলৈ…
জাহ্নৱী কাকতি
নতুন দিল্লী
পৃষ্ঠা-২০
———————————————————
                          সাংস্কৃতিকী 

আলাপ 

আগ্ৰহ, একাগ্রতা আৰু লক্ষ্য স্থিৰ থাকিলে সকলোৱে নিজ উদ্দেশ্যত উপনীত হ'ব পাৰে। আহক যুৱ প্ৰজন্মৰ এনে এগৰাকী উদীয়মান প্ৰতিভাৱান অভিনেতাৰ মনৰ কথা জানিব চেষ্টা কৰোঁ। সাক্ষাৎকাৰটো বৰ্ণৰাগ আলোচনীৰ পঢ়ুৱৈ সমাজৰ বাবে যুগুত কৰিছে বৰ্ণৰাগ আলোচনীৰ বিভাগীয় সম্পাদক ভাৰ্গৱ কুমাৰ নাথে

আমাৰ এইবাৰৰ অতিথি যুৱ প্ৰজন্মৰ জনপ্ৰিয়
                অভিনেতা দ্বীপজ্যোতি মহন্ত

ভাৰ্গৱ:- পোন প্রথমে আপোনাক বৰ্ণৰাগ পষেকীয়া আলোচনীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ কৈশোৰ কাল তথা শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰিছোঁ?
দ্বীপজ্যোতি মহন্ত:-পোনপ্ৰথমতে মই বৰ্ণৰাগ পষেকীয়া আলোচনীৰ জৰিয়তে অসমীয়া ৰাইজক মোৰ মৰম আৰু শ্ৰদ্ধা জনাইছো । ধন্যবাদ জনাইছো বৰ্ণৰাগ পষেকীয়া আলোচনীৰ সৈতে জড়িত প্ৰত্যেকজন কৰ্মকৰ্তাক মোক মোৰ মনৰ কথাবোৰ অসমীয়া ৰাইজৰ আগত দাঙি ধৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে । 
      মোৰ কৈশোৰকাল পাৰ কৰিছিলো মোৰ জন্মস্থান উজনি অসমৰ তিনিচুকীয়াত । শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল মোৰ ৰূপাই জাতীয় বিদ্যালয়ৰ পৰা আৰু তাৰপৰাই মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলো । ডিব্রুগড় জ্ঞান-বিজ্ঞান একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছো আৰু এতিয়া মই কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ ছাত্ৰ ।

ভাৰ্গৱ:- আপোনাৰ অভিনয়ৰ বৰ্তমান পৰিস্থিতি লৈকে আগবাঢ়ি অহাৰ ক্ষেত্রত কাৰ পৰা অনুপ্রাণিত হৈছে?
দ্বীপজ্যোতি মহন্ত:- সৰুৰ পৰাই নিজক টিভি ত চোৱাৰ আৰু মানুহৰ মৰম পোৱাৰ প্ৰবল হেঁপাহ আছিল। মোক যিয়ে ভালকৈ চিনি পাই তেওঁলোকে জানে মই শ্বাহৰুখ খানৰ বলিয়া প্ৰেমিক। সৰুৰে পৰাই তেওঁক চাই ডাঙৰ হৈছোঁ।কিন্তু মোৰ লাজকুৰীয়া স্বভাৱটোৰ কাৰণে একো কৰা নাছিলো ক'তো।আইনাৰ আগত মনে মনে বিভিন্ন ভঙ্গীমা দেখুৱাৰ বাহিৰে পলাই ফুৰিছিলো এইবোৰৰ পৰা।কেতিয়াও ভবা নাছিলো এইখিনি পামহি। অভিনয় ক্ষেত্ৰখনত আগবাঢ়ি অহাৰ ক্ষেত্ৰত মোৰ ঘৰখনেই অনুপ্ৰেৰণা বুলি ক'ব লাগিব। তেওঁলোকে মোক প্ৰত্যেকটো ক্ষেত্রতে উৎসাহ দি আহিছে । কেতিয়াও কোনো ক্ষেত্ৰতে মোক বাধা দিয়া নাই । লগতে মোৰ বন্ধুবৰ্গৰো বহুত সহায় আছে।এই জগত খনত আগুৱাই যোৱাত মোক সাহস দিয়া প্ৰথম ব্যক্তিজন আছিল ত্ৰিনয়ন দা।অভিনয়ৰ বাটত মই নিচেই কণিষ্ঠ শিল্পী।সেয়ে হয়তো সকলোৱে অলপ বেছিকৈ মৰম কৰে।নীল দা,তিৰাপ দা,সুদীপ দা,দ্বীপলিনা বা,জান দা,কল্লোল দা সতে মোক সদায় দিহা পৰামৰ্শ দি উৎসাহ জনাই আহিছে প্ৰত্যেকতো ক্ষেত্ৰতে । তেওঁলোকৰ মৰম ,প্ৰেৰণা আৰু সহায়ৰ বাবেই আজি মই দ্বীপজ্যোতি মহন্ত । চেষ্টা কৰি আছো নিজৰ সপোনবোৰ পূৰ কৰিবলে।আশা কৰিছো অসমবাসী ৰাইজে মোৰ যাত্ৰাৰ সহযাত্ৰী হোৱাৰ লগতে মোক সদায় মৰম আৰু আশীৰ্বাদ দি যাব আৰু মই তেওঁলোকক সদায় ভাল ভাল কাম উপহাৰ দি যাম।

ভাৰ্গৱ:- আপুনি ইতিমধ্যে বহুকেইটা গীতত অভিনয় কৰিছে। এইক্ষেত্ৰত আপুনি কেনেকৈ প্ৰস্তুত কৰি তোলে?
দ্বীপজ্যোতি মহন্ত:-এজন গায়কৰ বাবে তেওঁ কৰা গান এটা নিজৰ কেঁচুৱাৰ দৰে।তেওঁ বহু কষ্টৰে ,বহু হেঁপাহ লৈ গান এটা কৰে।তেখেতে নিজৰ হেঁপাহৰ এটা অংশীদাৰ হবলৈ আমাক অভিনেতাবোৰক এটা সুযোগ দিয়ে  আৰু এটা গানৰ লগত এটা ডাঙৰ team জড়িত হৈ থাকে ।গতিকে আমাৰ এটা গভীৰ দায়িত্ব থাকে তেওঁৰ সপোনটো পূৰ কৰাত সহায় কৰা।কাৰণ গানটোৰ লগত ৰাইজে আমাক চাব।মই বহুত ভয় খাই থাকো গানটোৰ আৰম্ভণিৰ পৰা YouTube ত upload  দিয়া পৰ্যন্ত। মানুহে কোনটো সময়ত কি গান ভালপাই সেইটো বুজাটো বহুত কঠিন।কিন্তু নিজৰ ফালৰ পৰা সদায় চেষ্টা কৰো নিজৰ best দিবলৈ।অভিনয়ৰ বিষয়ে মই একো বিশেষ নাজানো নিজে ভালপাওঁ বাবে কৰো,এতিয়াও শিকি আছো ।নিজকে কেতিয়াবা বহুত ভাগ্যবান বুলি ভাবো যে মোৰ প্ৰত্যেকটো গান ৰাইজে ইমান ধুনীয়াকৈ  আদৰি লৈছে।

ভাৰ্গৱ:- আপোনাৰ দৃষ্টিত প্ৰেমৰ সংজ্ঞা কেনেকৈ দিব?
দ্বীপজ্যোতি মহন্ত:- মোৰ মতে প্ৰেম এক ৰহস্য যাক আজিলৈকে কোনেও সমাধান কৰিবলৈ সক্ষম হোৱা নাই।কেতিয়াবা ই আপোনাক কাৰোবাৰ উশাহত বিলীন হোৱাত সহায় কৰে আৰু কেতিয়াবা আপোনাৰ হৃদস্পন্দন ৰখাই দিব পাৰে।

ভাৰ্গৱ:- আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপ জনাব? 
দ্বীপজ্যোতি মহন্ত:-ভৱিষ্যতে মই কি কৰিম কেনেকৈ থাকিম মই আজিলৈকে ভবা নাই।মাথো নিজৰ জীৱনৰ গাড়ী খনৰ steering wheel ডাল ধৰি সময়ৰ সোঁতত আগবাঢ়ি গৈ আছোঁ। কিন্তু আজি হওক বা কাইলৈ মোৰ চেষ্টা সদায় এটাই থাকিব সকলোৰে মৰমৰ হৈ থকা।সেয়ে নিজৰ ফালৰ পৰা কষ্ট কৰি আছো যাতে ভাল কামেৰে নিজৰ পৰিচয় দিব পাৰোঁ। আমি মাথোঁ চেষ্টা অব্যাহত ৰাখিব লাগে বাকী ভগৱানে আমাক চাব।

ভাৰ্গৱ:-"তুমিয়েইতো মোৰ হয়" আপোনাৰ জীৱনৰ প্ৰথমটো পৰিচালিত ভিডিঅ' গীত,এইক্ষেত্ৰত পৰিচালক হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা?
দ্বীপজ্যোতি মহন্ত:- "তুমিয়েইতো মোৰ গীতটো মোৰ বাবে একপ্ৰকাৰৰ চেলেঞ্জ বুলি ক'ব লাগিব।মোৰ পৰিচালক হ'বলৈ যোগ্যতা একদম কম।পৰিচালক শব্দটো বহুত ডাঙৰ আৰু সন্মানৰ শব্দ।অভিনয় জীৱনৰ অভিজ্ঞতা সমূহ সামৰি ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছো আৰু এজন কাহিনীকাৰ হিচাপে ৰাইজক মোৰ দৃষ্টিৰে এটি কাহিনী দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আৰু গীতটোৱে বৰ্তমানলৈকে যেনেদৰে সমাদৰ লাভ কৰিছে সকলো ক্ৰেডিট মোৰ টীমটোৰ।তেওঁলোক অবিহনে এইটো প্ৰডাক্ট নোলালহেঁতেন কেতিয়াওঁ। নাজানো মনত কি সাহস গোটালো,পাপৰি বা আৰু অভিনৱ দা (Producer) ৰ লগত কথা বতৰা চলোতে একেষাৰে মই ক'লো গীতটি মই পৰিচালনা কৰিব বিচাৰোঁ।তেওঁলোকেও মোক বিশ্বাস কৰি গীতটো কৰিব দিলে।তাৰ ফলস্বৰূপে আজি ৰাইজে উপভোগ কৰিব পাৰিছে গীতটি,তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। তদুপৰি যিসকললোকে মোক সদায় মৰম দি আহিছে তেওঁলোকৰ বাবে উৎসাহ পাইছোঁ আৰু ভৱিষ্যতেও এনে ভাল কাম কৰি যাম।

ভাৰ্গৱ:- আপোনাৰ জীৱনৰ এতিয়ালৈকে অভিনয়ৰ লগত জড়িত এনেকুৱা মূহুর্ত আছেনে যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে?
দ্বীপজ্যোতি মহন্ত:-ভাললগা মুহূর্তবোৰ মিঠাইৰ বাকচৰ দৰে।এবাৰ খুলিলে যিদৰে কেৱল এটা মিঠাই খাব নোৱাৰি ঠিক তেনেদৰে ভাললগা মুহূৰ্ত বোৰ মনত পৰিলে পৰিয়ে থাকে । 
      প্ৰত্যেকজন শিল্পীৰ বাবে একো একোজন মানুহৰ মৰম ভালপোৱাবোৰ বহুত matter কৰে।কোনোবাই যেতিয়া এখন ফটোৱে হওক বা অটোগ্ৰাফ লবলৈ আপোনাৰ কাষলৈ আহে মনটোৱে বহুত আনন্দ লাভ কৰে।আপোনাক ভালপোৱা মানুহবোৰৰ এটা সৰু মেছেজে বহুত সুখী অনুভৱ কৰায়।মই যেতিয়া 'জানমণি ২০২০' চলচ্চিত্ৰ খনৰ শূটিং ৰ বাবে তেজপুৰ জামুগুৰিলৈ গৈছিলো তাত এগৰাকী ছোৱালীয়ে আহি মোক কেইটামান উপহাৰ হাতত তুলি দিছিল আৰু তাইৰ মোৰ প্ৰতি থকা ভালপোৱা বোৰ কৈ আছিল।তাই বহুত nervous হৈ আছিল আৰু হঠাৎ মোক ভয়ে সংকোচে সাৱটি ধৰিছিল।নাজানো সেইদিনা কিবা এটা বহুত ভাল লাগিছিল আৰু কাৰোবাৰ মোৰ প্ৰতি মৰমবোৰ অনুভৱ কৰিছিলো।কোনোবাই মোৰ কামক ইমান ভাল পাব পাৰে মই ভাবিব পৰা নাছিলো।সেইটো মুহূৰ্ত মোৰ মনত সদায় ৰৈ যাব।

ভাৰ্গৱ:- আপোনাৰ প্ৰিয় শিল্পী, প্ৰিয় গ্ৰন্থ কি কি?
দ্বীপজ্যোতি মহন্ত:- প্ৰত্যেকজন শিল্পীৰ নিজস্ব কিছুমান গুণ আছে।সকলোৰে কিবা নহয় কিবা মোৰ ভাল লাগে।গতিকে  নাম ল'বলৈ মোৰ অলপ অসুবিধা হব।
     প্রিয় গ্ৰন্থ বুলি ক'বলৈ মই হোমেন বৰগোহাঞি ছাৰৰ কিতাপ সমূহ পঢ়ি খুউব ভাল পাইছিলো সৰুৰ পৰাই।নাজানো কিয় তেওঁৰ গ্ৰন্থৰ প্ৰত্যেকটো শব্দৰ মাজত মই নিজক বিচাৰি পাইছিলোঁ।
ভাৰ্গৱ:- যুৱ প্ৰজন্মৰ এগৰাকী শিল্পী হিচাপে অসমৰ কোনবোৰ সমস্যাই আপোনাক চিন্তিত কৰি তোলে?
দ্বীপজ্যোতি মহন্ত:- আজিৰ অসমত এজন অসমীয়া হৈ অসমীয়া ভাষাটো ক'বলৈ লাজ কৰে, নিজৰ ভাষাটো ভালকৈ ক'বলৈ নাজানে ,নিজৰ কলা-সংস্কৃতি,ঐতিহ্য, পৰম্পৰাৰ বিষয়ে নাজানে কিন্তু তথাপিও নিজক লৈ গৌৰৱ কৰে তাতকৈ ডাঙৰ সমস্যা কি হ'ব পাৰে?নিজৰ শিপাটোক চিনিপোৱাৰ সময় আহি গ'ল।সকলো একগোট হোৱাৰ সময় আহি গ'ল। এয়া আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য।আজিৰ অসমীয়াই নিজক নিছিনিলে অসম ৰসাতলে যাব।

ভাৰ্গৱ:- শেষত আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু বৰ্ণৰাগ আলোচনীলৈ আপোনাৰ এটা শুভেচ্ছাবার্তা?
দ্বীপজ্যোতি মহন্ত:-বহুত বহুত ধন্যবাদ। বৰ্ণৰাগ পষেকীয়া আলোচনী প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত বিৰাজমান হওঁক আৰু নতুন বিষয় আৰু নতুন চিন্তাধাৰাৰে আপোনালোকৰ এই প্ৰচেষ্টাই চিৰযুগমীয়া স্থিতি লাভ কৰক তাৰেই কামনা কৰিলো।
সাক্ষাৎকাৰ গ্ৰহণঃ-ভাৰ্গৱ কুমাৰ নাথ
যোগাযোগ:৬০০১৮৭৫৫৭৮
পৃষ্ঠা-২১
———————————————————
                                                 অ’ আমাৰ গাঁও

ঐতিহাসিক গাঁও চৰাইবাহীৰ সামাজিক আৰু সাংস্কৃতিক পটভূমি
ভাৰ্গৱ কুমাৰ নাথ 

        চৰাইবাহী -এখন ঐতিহাসিক গাঁও। 
চৰাইবাহী- অসম ৰাজ্যৰ মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও। ই মৰিগাঁও সদৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পূবত অৱস্থিত। চৰাইবাহী  গাঁৱৰ ওচৰৰ গাঁৱবোৰ হ’ল-কলমৌবড়ি(৫কি.মি.), জালুগুটি(৫কি.মি.), তৰাবড়ি(৭কি.মি.), ভকতগাওঁ(৮কি.মি.), হাবি-বৰঙ্গাবাড়ী (৯কি.মি.) আদি। 
     চৰাইবাহী গাঁৱৰ সদ্য ব্যৱহৃত ভাষা হৈছে অসমীয়া ভাষা। ইয়াত যোগী,তিৱা,কোচ, কলিতা আদি বিভিন্ন সম্ৰদায়ৰ লোকে বসবাস কৰি ঐক্যতাৰ পৰিচয় দি আহিছে। সমাজৰ সকলো স্তৰৰ লোকে উচ্চ-নীচ নিৰ্বিশেষে সামাজিক অনুষ্ঠান সমূহত আগবাঢ়ি আহি সামাজিক বান্ধোনৰ এক বিৰল প্ৰতিছৱি দাঙি ধৰে। চৰাইবাহী গাঁওখনৰ সামাজিক বাৰ্তা বহন কৰা মাধ্যম বুলিলে প্রথমে শ্ৰী শ্ৰী শংকৰদেৱ সৃষ্ট নামঘৰৰ কথা ল'বই লাগিব। এই নামঘৰৰ যোগেদি একোটা বা ততোধিক চুবুৰীৰ ৰাইজ একগোট হৈ কোনো এটা সামাজিক সিদ্ধান্তত উপনীত হয়। ইয়াৰ উপৰি সাংস্কৃতিক প্ৰকল্প-নাথ মন্দিৰ, শংকৰ মন্দিৰ,  বুঢ়াগোহাঁই থান আদি ধৰ্মীয় অনুষ্ঠান সমূহে শান্তিৰ বাৰ্তা বিলাই আহিছে। 
      চৰাইবাহী গাঁৱৰ শিক্ষিত হাৰ মৰিগাঁও জিলাৰ বহু গাঁৱৰ তুলনাত উচ্চ স্তৰৰ । 
চৰাইবাহী গাঁৱৰ মানুহবোৰ মধুৰ ভাষিক, অমায়িক তথা অতিথি পৰায়ন হয়। চৰাইবাহী ৰাইজৰ এই উদাৰতা সকলোৰে পৰিচিত।ইয়াত কোনো লোক বিপদত পৰিলে, আন দহ জন ওলাই আহি দিহা-পৰামৰ্শ তথা ধন-জনৰে নিজ সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়ায়। এনেদৰেই এটা সুন্দৰ সামাজিক পৰিৱেশ ৰ মাজেৰে চৰাইবাহী গাঁৱৰ ৰাইজে এক সুন্দৰ জীৱন অতিবাহিত কৰি আহিছে।
        অসমৰ মানুহ মূলতঃ গাঁও কেন্দ্ৰীক। গাঁৱক কেন্দ্র কৰিয়েই অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। যদিও বৰ্তমান সময়ত গাঁৱবোৰক পৰিবৰ্তনৰ বতাহে কোবাইছে, তথাপি সংস্কৃতি গাঁও কেন্দ্ৰীক। দীঘল পদূলিৰে সৈতে বাঁহ, কাঠ, খেৰেৰে তৈয়াৰী গাঁৱৰ ঘৰ এখন এতিয়া সহজতে পোৱা নাযায়। তথাপি ডাকৰ বচনত কোৱাৰ দৰে পূৱে ভঁৰাল, পশ্চিমে গঁৰাল, উত্তৰে চৰু, দক্ষিণে গৰু থকা অসমীয়া মানুহৰ ঘৰ এতিয়াও আছে। এই ক্ষেত্ৰত চৰাইবাহী গাওঁখনো ব্যতিক্রম নহয়। এই গাঁৱৰ কৃষি কেন্দ্রীক কিছু মানুহে নিজৰ বিশ্বাস আৰু পৰম্পৰাকে আটোমটোকাৰিকৈ ধৰি ৰাখিছে। 
     চৰাইবাহী গাঁৱৰ এখন চিনাকি ছবি হ'ল তাঁতশাল। চৰাইবাহী গাঁৱৰ শিপিনী সকলে কাপোৰত সপোন ৰছি অসমীয়া সংস্কৃতিৰ বাহক গামোচৰ মযাদা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। চৰাইবাহী এনে এখন গাওঁ, য'ত ঘৰে ঘৰে একোখনকৈ চোতাল আছে আৰু এই চোতালেই হৈছে সংস্কৃতিৰ প্ৰাৰম্ভিক পৰ্যায়। জন্ম-মৃত্যুত যিদৰে এই চোতালৰ ভূমিকা আছে, ঠিক সেইদৰে সংস্কৃতিৰ প্ৰবাহমান ধাৰাটো অটুট ৰাখিবলৈ এই চোতালৰ ভূমিকা গুৰুত্বপূর্ণ। 
   বিহুৰ সময়ত   আমাৰ চৰাইবাহী গাঁৱৰ পৰম্পৰা অনুসৰি ঘৰে ঘৰে বিহু-হুচৰি পৰিৱেশন কৰা হয় এই চোতালতেই। ব’হাগ বিহুৰ সময়ত পৰম্পৰা অনুসৰি চৰাইবাহী গাঁৱত ব’হাগ মাহৰ বিভিন্ন তাৰিখত গোঁসাই উলিওৱা উৎসৱ উদযাপন কৰা হয়। বছৰৰ প্ৰথম ভাগত অনুষ্ঠিত এই গোঁসাই উলিওৱা উৎসৱক *চৰাইবাহী* গাঁৱৰ ৰাইজে শান্তি-সম্প্ৰীতিৰ প্ৰতীক হিচাপে মানি আহিছে। ঠিক সেইদৰে মাঘ বিহুৰ সময়ত মনোৰঞ্জনৰ বাবে চৰাইবাহী গাঁৱৰ ৰাইজে মঁহ যুঁজ, কুকুৰা যুঁজ ,কণি যুঁজ আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি, পৰিৱেশ উৎসৱমূখৰ কৰি তোলে। 
     চৰাইবাহী গাঁৱৰ প্ৰত্যেক অঞ্চলে অঞ্চলে নামঘৰ আছে। সংস্কৃতিৰ বাহক এই নামঘৰত চৰাইবাহী গাঁৱৰ ৰাইজে পুৱা-গধূলি নাম-প্ৰসংগ কৰে। বছৰৰ বিভিন্ন সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাটৰো অনুশীলন তথা পৰিৱেশন এই নামঘৰতেই কৰা হয়। মুঠৰ ওপৰত চৰাইবাহী গাঁৱৰ সাংস্কৃতিক তথা শান্তি-সম্প্ৰীতি অটুট ৰখাত নামঘৰৰ ভূমিকা অতুলনীয়। 
       চৰাইবাহী গাঁৱৰ সাংস্কৃতিক পথাৰখনৰ এক চিৰ-সেউজ সাংস্কৃতিক অনুষ্ঠান হৈছে কমিটি ভাওনা মহোৎসৱ। এই কমিটি ভাওনা সাংস্কৃতিক অনুষ্ঠান গোটেই অসমতে জ্ঞাত এক বিৰল অনুষ্ঠান। এই মহোৎসৱ প্ৰতি তিনিবছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হৈ আহিছে।কমিটি ভাওনা মহোৎসব চৰাইবাহী ৰ এক ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান।  মহা ৰাণী ভিক্টোৰিয়া শাসন কালৰ পৰাই পৰিৱেশিত এই সাংস্কৃতিক অনুষ্ঠান টো গোটেই *চৰাইবাহী* গাঁৱৰ ৰাইজ একগোট হৈ কেইবাখনো অংকীয়া নাট একেসময়তে পৃথকে পৃথকে মঞ্চস্থ কৰে। এইয়াই হৈছে ঐতিহ্যমণ্ডিত চৰাইবাহীৰ কমিটি ভাওনা। 
এয়াই হৈছে চৰাইবাহীৰ  সামাজিক আৰু সাংস্কৃতিক পটভূমি।


ভাৰ্গৱ কুমাৰ নাথ
চৰাইবাহী, মৰিগাঁও
যোগাযোগ:৬০০১৮৭৫৫৭৮
পৃষ্ঠা-২২
———————————————————
                  পাঠকৰ দৃষ্টিত—
জুৰি বৰা বৰগোহাঞিৰ ভোক
আৰু পতিতাৰ কথাৰে
কৃষ্ণা বৰা

       ভোক, জুৰি বৰা বৰগোহাঞিৰ কাপেৰে প্ৰাণ পাই উঠা এক সাৱলীল উপন্যাস। প্ৰতিটো পৃষ্ঠাৰে পাঠকক আপ্লুত কৰিবলৈ সক্ষম হোৱা এই উপন্যাসখন আমাৰ প্ৰিয় উপন্যাসসমূহৰ ভিতৰত অন্যতম। মূলতঃ "ভোক" উপন্যাসখন এগৰাকী বেশ্যাৰ আত্মজীৱনী। সাধাৰণতে যিসমূহ বিষয় আমি এৰাই চলো, নাৰীক যিটো ৰূপত আমি কেতিয়াও চাবলৈ নিবিচাৰো, ঠিক তেনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ক লৈ আগবাঢ়িছে উপন্যাসখনৰ কাহিনীভাগ। 'বনলতা' প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত  এই উপন্যাসখনে উদঙাই দিয়ে আজিৰ সমাজত নাৰী কিয় পণ্য সামগ্রীত পৰিণত হ'ব লগা হয়? কিয় পুৰুষতান্ত্ৰিক চিন্তাধাৰাৰ প্ৰভাৱত নিজস্বতা হেৰুৱাই ভুলুন্ঠিত হ'ব লগা হয় বাৰে বাৰে? যন্ত্রণাদগ্ধ, দুৰ্যোগপূৰ্ণ জীৱনতো সেইসকল নাৰী জীয়াই থাকে সমগ্র অপযশ মূৰত জাপি লৈ। কেৱলমাত্ৰ নাৰী হৈ জন্ম লোৱাটোৱেই অপৰাধ হ'ল বুলি মূৰ চপৰিয়াই নাথাকি কেনেকৈ উত্তৰসূৰীৰ বাবে সহানুভূতিশীল এখন সমাজ গঢ়িব পাৰি তাকেই তেওঁলোকৰ দ্বাৰা অত্যন্ত সাহসিকতাৰে ঔপন্যাসিক গৰাকীয়ে উপস্থাপন কৰিছে। সকলো অলপমান সাৱধান হলেই যে সমাজৰ পৰা এনে কলুষিত ব্যাধি আঁতৰিব পাৰে, নাইবা আন এগৰাকী নাৰী তথাকথিত বেশ্যা হোৱাৰ পৰা বাচিব পাৰে পাঠকৰ অজ্ঞাতেই বৰগোহাঞি ডাঙৰীয়ানীয়ে উনুকিয়াই দিছে। 
          "ভোক" উপন্যাসখনিৰ ভাষা অতি সূক্ষ্ম। বলিষ্ঠ কলমেৰে, বুদ্ধিমত্তাৰে ঘটনাৰাজি সাহসিকতাৰে বৰ্ণোৱা হৈছে। এনেধৰণৰ অসূৰ্য্যস্পৰ্শা বিষয়ৰ লিখনি সাধাৰণতে অসমীয়া সাহিত্যত যথেষ্ট কমপৰিমাণে দেখা যায়। আৰু "ভোক" ৰ অভূতপূর্ব সাফল্য আমাৰ অসমীয়া সাহিত্যৰ বাবে আশাপ্রদ বাৰ্তা। বেশ্যাবৃত্তি বুলিলে সাধাৰণতে মনলৈ অহা ছবিখনৰ অন্তৰালত থকা যুদ্ধ-বিগ্ৰহ, চকুপানী আদিয়ে প্ৰতিজন সহৃদয়বান পাঠককে এক নতুন চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হ'ব বুলি আমাৰ মনে ধৰে। মানৱীয় প্ৰমূল্যৰ স্খলন আৰু সামাজিক অৱক্ষয়ক লেখিকাই গভীৰভাৱে অধ্যয়ন কৰিছে, আৰু এইক্ষেত্ৰত তেখেত নিশ্চিতভাৱেই সফল। 
            চীনৰ একপক্ষীয় সিদ্ধান্তৰ প্ৰতিবাদ কৰি দেশ-মাটি এৰিবলগীয়া হোৱা ভগনীয়া তিব্বতৰ মানুহখিনিক লৈ উপন্যাসখনৰ অৱতাৰণা কৰা হৈছে। নিজৰ দেশতেই হোৱা চীনা সেনাৰ অত্যাচাৰ, দালাই লামা পলাই যোৱা আদি কথাৰ প্ৰচাৰৰ বাবে সৃষ্টি হোৱা অনাহুত পৰিস্থিতিৰ বাবে জাকপাতি মানুহবোৰ পলাই আহিছিল । নৰক যাতনাৰে কেইবাদিনো যাত্রা কৰাৰ পিছত নেপাল সীমান্তত নেপালীৰজাৰ অনুগ্রহত শৰণাৰ্থী জীৱন কটোৱা লোক সকলৰ দুখৰ বৰ্ণনা সকলোৱেই সমভাগী হৈ উঠিব পৰাকৈ দিয়া হৈছে। মাথোঁ অভাৱৰ মাজেৰে দিন পাৰ কৰা এইসকল লোকে অনাহাৰ-অনিদ্ৰাক সাৰথি কৰি সন্ত্রাসিত ভৱিষ্যতৰ পিনে গতি কৰিছিল। আৰু তাৰ ফলশ্রুতিতেই ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ শেষান্তত তেওঁলোকে ভাৰতৰ সীমান্তত ভৰি দিছিল। আৰু লগে লগেই আৰম্ভ হৈ গৈছিল জীয়াই থকাৰ তাড়না । দিন হাজিৰা, কোম্পানীৰ কামত পুৰুষসকল ব্যস্ত হৈ পৰাৰ পৰিৱৰ্তে মহিলাসকলে নিজক নিয়োগ কৰিছিল দেহ ব্যৱসায়ত। ক্ৰমান্বয়ে উপন্যাসখনৰ নায়িকাই স্বতঃস্ফূর্ত বৰ্ণনাৰে কৈ যায় কেনেকৈ মাক-দেউতাকৰ শৰণাৰ্থী অৱস্থাত মৃত্যু হোৱাৰ পাছত পেহীয়েকৰ সৈতে ভাৰতত নতুন জীৱন আৰম্ভ কৰিছিল। আৰু পেহীয়েকৰ পিছতেই ঘটনাৰ পাকচক্রত পৰি একমাত্র পেটৰ দায়তেই বাচি লৈছিল সতীত্ব বিক্ৰীৰ কৌশল। দৰঙা অঞ্চলৰ নিষিদ্ধ গলিৰ দৈনন্দিন কাৰ্য, গ্ৰাহকৰ সৈতে দৰদাম, শাৰীৰিক জ্বালা- যন্ত্রণাৰ জলন্ত চিত্র মূল চৰিত্ৰটিৰ মাধ্যমেৰে ফুটাই তোলা হৈছে। পুৰুষৰ স্পৰ্শতেই বেশ্যাৰ আখ্যা পোৱা প্ৰতিগৰাকী নাৰীয়ে যেতিয়া পুৰুষৰেই ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হয়, নাইবা অকণমান মৰম-সহানুভূতিৰ বাৰে হিয়া ধাকুৰিব লগা হয় তাৰ জীৱন্ত প্ৰতিফলন উপন্যাসখনৰ পাতে পাতে পোৱা যায়। সেই পথত ভৰি দিয়াৰ লগে লগেই যে তেওঁলোকৰ প্ৰত্যেকটো অনুভৱকেই টকাৰ হিচাপেৰে জুখিব খোজা হয় সেয়াও দুঃখজনক ভাৱে ব্যাখ্যা কৰা হৈছে। নায়িকাৰ মুখৰ সংলাপেৰে দুখৰ বৰ্হিপ্ৰকাশ ঘটোৱা হৈছে যে, " শৰীৰৰো হেনো তীব্র ভোক থাকে, যি কেৱল প্ৰেমত হে সম্ভৱ। বাকী সকলোতো অভ্যাস, ব্যৱসায়িক অভ্যাস।"  অন্ধকাৰ গলিৰ পৰা ওলোৱাৰ সপোন তেওঁলোকেও দেখে, কিন্তু নোৱাৰে। মূৰ দাঙি সমাজত থিয় হ'বলৈ বিচাৰিলেও পিঠিত ওলমি থকা ক'লা অতীতটোৱে নিদিয়ে। আৰু সেয়েহে পলাবলৈ চেষ্টা কৰিলেই তেওঁলোকক হত্যা কৰি ভহাই দিয়া হয় নদীত। কি মৰ্মন্তুদ!  এটা জীৱনকালত বিভিন্ন পুৰুষক সংগ দিয়া এগৰাকী নাৰীয়ে দেখা পায় বিচিত্র প্ৰকৃতিৰ পুৰুষ চৰিত্ৰ। প্ৰাচুৰ্যতাৰ মাজত নিঃস্ব লোক, বিয়াগোম পৰিয়ালৰ মাজত অকলশৰীয়া লোক, নাইবা প্ৰেমৰ চাকনৈয়াত বিধ্বস্ত কোনোবা প্ৰেমিক। কেতিয়াবা বুকুত কুঁচিমুঁচি শুই কান্দি থৈ যোৱা দুৰ্বল পুৰুষ নাইবা অতিমাত্রা শৰীৰী ভোকত থকা পুৰুষৰূপী জন্তু। 
           মধ্যভাগত নায়িকাই নিজক কল্পনা কৰে কপিলাবাস্তুৰ গণিকা আম্ৰপালিৰ সৈতে। কিদৰে তেওঁ গণিকাৰ পৰা নগৰবধূৰ ৰাজমৰ্যাদা পৰ্যন্ত লাভ কৰিছিল আৰু কিদৰে বুদ্ধদেৱে তেওঁৰ ঘৰত আহাৰ গ্রহণ কৰি পৰম তৃপ্তি প্ৰকাশ কৰিছিল। তাৰ তুলনামূলকভাৱে নায়িকাই নিজক দেখা পায় কদৰ্য এখন নগৰৰ নৰ্দমা সদৃশ এক পৰিৱেশত। নিতৌ গ্ৰাহকক সন্তুষ্ট কৰাৰ বিনিময়ত মালিকৰ পৰা পোৱা অপুষ্টিকৰ খাদ্য, বেয়া ব্যৱহাৰ আৰু বিচ্ছিন্ন এটা জীৱন। শেষৰফালে প্ৰেম, সংসাৰৰ পৰা বঞ্চিত অকলশৰীয়া জীৱনৰ গাথাঁ। মাতৃত্বৰ স্বাদ নোলোৱাকৈয়ে জীৱন পাৰ কৰা এইসকল নাৰীয়ে বংশ-পৰিয়াল, আত্মমর্যাদাৰ লগতে হেৰুৱাই পেলায় সু-স্বাস্থ্যও। কোনোদিনে তেওঁলোকে নাপাই কোনো স্বীকৃতি। নিজৰ মানসিক সংঘর্ষজৰ্জৰ পৰিস্থিতিৰ ওপৰিও প্ৰত্যেকদিনাই যৌন উন্মাদনাৰ বলি হোৱা এইসকল নাৰীয়ে জীৱনকালত ঋতুস্রাৱৰ দিনকেইটিটো শান্তিৰে উশাহ লৈ নাপালে। শৰীৰ পৰি অহাৰ লগে লগেই তেওঁলোকক উলিয়াই দিয়া হয় ব্যৱসায়ৰ পৰা আৰু জীৱন হৈ পৰে দুৰ্বিসহ। নায়িকাই কৈছে, " জীৱন! নৰকত উশাহ লোৱাৰ জীৱন, নিজৰ শৰীৰ আনক দিয়াৰ জীৱন। আজি মই ইয়াত, হয়তো কাইলৈ মোৰ ঠিকনা মন্দিৰটোৰ ছিৰিলৈ সলনি হ'ব। " নিজৰ পৰিচয় প্ৰায় হেৰাই যোৱাত মৰ্মান্তিক সামৰণিৰে শেষৰফালে নায়িকাই বিচাৰ কৰিছে যে, তেওঁৰ নাম কি আছিল? আৰু অনুভৱ কৰে যে পতিতাৰ কোনো নাম নাথাকে, আনকি তেওঁলোকৰ নিজস্ব শৰীৰো নাথাকে। যাৰ ঘৰ-ঠিকনা নাই তেওঁৰ আকৌ নাম কিদৰে থাকিব? তাৎপর্যপূর্ণভাৱে  গোটেই উপন্যাসখনত নিজৰ নাম এবাৰো উল্লেখ নকৰাকৈ শেষত নিজকেই প্ৰশ্ন কৰিছে যে তেওঁ সচাঁকৈ নামবিহীন। 
            তেওঁলোকৰ জীৱন কাহিনীৰ অন্ত নাই। প্ৰতিগৰাকীয়ে কঢ়িয়াই ফুৰে নিজা সপোন আৰু নিজা বাস্তৱ। উপন্যাসখনৰ সকলো চৰিত্ৰই জীয়াই আছে আমাৰ আশে-পাশে। না বৰ্তমান, না অতীত, না ভৱিষ্যতৰ যোগসূত্র। এনেকৈয়ো জীৱন জীয়াই থাকে আমাৰ কাষে কাষে, আমি ভাবিব নোৱাৰাকৈ। ভোগবাদৰ স্বীকাৰ হোৱা প্ৰতিগৰাকী নাৰীৰে হয়তো মনত এটা প্ৰশ্ন থাকে যে, "পুৰুষ কেতিয়াবা অসতী হয়নে? থাকেনে সতী শব্দৰ কোনো পুংলিঙ্গ শব্দ? থাকেনে সচাঁকৈ? "
কৃষ্ণা বৰা 
মৰিগাঁও 
পৃষ্ঠা-২৩
———————————————————
                                                         অণুগল্প 

প্ৰেম
হেমা চৌধুৰী গগৈ

"এইখিনি ল' ৷ পিহি লৈ চুলিত লগালে চুলি ভাল 
হয় ৷"
        —মালতিয়ে হাত মেলি তাৰ মুখলৈ চাই ৰ'ল৷ দেখিবলৈ কুৎচিত কাৰণে আজিলৈকে কোনেও তাইৰ কথা নাভাবে ৷ আনহে নালাগে মাকেও ভাল বস্তুপদ বায়েকক দিবলৈহে তাইৰ হাতত তুলি দিয়ে৷ আজি হৰেনকাইটিয়েও এই জেতুকা পাতখিনি বায়েকলৈয়ে দিছে ... !
"কি চাই আছ ল' আকৌ ,পূজা পালেহিয়েই৷ নিজক অলপ ধুনীয়া কৰিবলৈ শিক৷ এইবাৰ পূজালৈ ধুনীয়াজনী হৈ ওলাবিচোন ।"
হৰেনকাইটিৰ কথাত মালতিৰ দুগাললৈ হঠাৎ তেজৰ সোঁত বৈ আহিল৷ তাইৰ ৰংটোৰ বাবেই সেয়া ধৰা নপৰিল৷
হেমা চৌধুৰী গগৈ
গোলাঘাট
———————————————————
হাইঠা
অংকুৰিতা ফুকন 

নিম্ন সম্প্ৰদায়ৰ বুলি অৱহেলিত চম্পাৰ পুতেক সহদেৱে অঞ্চলটোত চক্ৰ বিষয়া হিচাপে যোগদান কৰাৰ পাছত তেওঁৰ ঘৰলৈ উচ্চ বংশীয় লোকৰ সঘন অহা যোৱা আৰম্ভ হৈছে।
   …হাইঠা মাটিত পৰিছে হ'ব পায়।
অংকুৰিৰতা ফুকন
 দেৰগাঁও
——————————————————
বান্ধোন
হেমেন নাথ

আচৰিত!
এৰা-এৰি হোৱাৰ প্ৰায় ছমাহ পিছত তাই ফোন কৰিছে! তাইতো তাক ব্লক কৰিয়ে ৰাখিছে।
ৰিছিভ কৰি দিলে সি।
'শুবলৈ লৈছা?'- সিফালৰ পৰা সুধিলে তাই। তাইৰ ওচৰতে থকা সিহঁতৰ অকমানিজনীৰ‌ কলকলনি ভাঁহি আহিল ফোনত।
একো নামাতিলে সি। ডিঙিত কিহবাই সোপা মাৰি ধৰিছে তাৰ।
'হেপ্পি এনিভাৰছাৰি!'- তাইৰ মাতত আকুলতা।
উফ্, পাহৰি আছিল সি এই দিনটো।
সকলো সংকোচ পাহৰি কৈ পেলায় প্ৰত্যুষে- 'মই.... মই নোৱাৰোঁ তুমি নোহোৱাকৈ! মনত পৰি আছে তোমালৈ!'

পূজাৰ নিৰ্মালিৰ দৰেই, প্ৰত্যুষৰ বহু আকাংক্ষিত শব্দটো তাইৰ ফালৰ পৰা ভাঁহি আহে - 'মোৰো!'
হেমেন নাথ 
চাংসাৰী, কামৰূপ(গ্ৰাম্য)
———————————————————
অব্যক্ত
পুস্পাঞ্জলি গোস্বামী 

     দপ-দপকৈ জ্বলিছে চিতাখন । জুইৰ লেলিহান শিখাৰ মাজত হেৰাই গ'ল এটা ইতিহাস । অঞ্চলটোৰ কৃতী শিক্ষক নৰেশ্বৰ শৰ্মাৰ কোভিড আক্ৰান্ত দেহটো দাহ কৰাৰ দৃশ্যটো দূৰৰ পৰাই চাই চাই সি মাথোঁ নীৰৱে চকুলো টুকিছে । শৰ্মাৰ একমাত্ৰ ল'ৰাটোৱে চাকৰিসূত্ৰে বিদেশত থাকে আৰু কিছুবছৰ পূৰ্বে পত্নীৰো মৃত্যু ঘটাত তেনেই অকলশৰীয়া হৈ পৰা মানুহজনক দিনে-নিশাই সংগ দিছিল সি । নাছিল কোনো স্বাৰ্থ, আছিল মাথোঁ এক গভীৰ আত্মীয়তা । এই আত্মীয়তা ইমানেই গাঢ় আছিল যে তেওঁ কোভিড আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়তো সি চিকিৎসালয়ৰ বাৰান্দাতে তিনিদিনকৈ অনিদ্ৰা-অনাহাৰে কটালে । অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে । মৃতদেহটো শ্মশানলৈ নিওতেও সি মাথোঁ এম্বুলেন্সখনৰ পিছে পিছে প্ৰাণটাকি 
দৌৰিলে। এতিয়া সি কেৱল দূৰৰ পৰাই নীৰৱে চকুলো টুকিছে । কুকুৰ নহৈ মানুহ হোৱা হ'লে সি হয়তো হুৰাওৰাৱে কান্দিলেহেঁতেন ।
 
পুষ্পাঞ্জলি গোস্বামী
হাতীগাঁও,গুৱাহাটী 
পৃষ্ঠা-২৪
———————————————————
                         আপোন মাটিৰ সুবাস 

এটা নতুন সাধু
প্ৰণৱ ফুকন

মনেশ্বৰ দাইটিক দূৰৰ পৰাই ভোৰভোৰাই আহি থকা দেখি পুলিনে বুজিলে ক’ৰবাত কিবা এটা ঘটিল আজি ৷ ওচৰ চাপি সুধিলে: ‘বোলো দাইটি, ক’ৰ যপৰা বা অহা হ’ল?’

মনেশ্বৰে উত্তৰ দিলে: ‘এ, ৰত্নেশ্বৰৰৰ ঘৰলৈ গৈছিলোঁ; পাছে শেনটো হৈ গৈ ফেঁচাটো হৈ ঘূৰি আহিব লগা হ’ল, ঔ বোপাই ৷’

পুলিনে বুজিলে আজি শেনৰ এজাত ৷ ‘এনেনো কি হ’ল, দাইটি?’ অকণমান ৰং যে পাব বুজি পুলিনে জোকাই ল’লে ৷ 

দাইটিয়ে ক’লে: ‘এ, ৰত্নেৰ নাতিয়েকটো বৰ অঘাইতং হৈছে ৷ তাকে ৰত্নেক ক’লোঁ, বোলো চৰাইটোহে সৰু, লয় হোলোং গছত বাহ ৷ পিছে তাৰ কাণসাৰেই নাই ৷’

পুলিনে আকৌ জোকালে: ‘ৰত্নে দাইটিৰ পুতেক কন্দৰ্পক ক’ব লাগিছিল, দাইটি ৷ সিহে পুতেকক শাসন কৰিব পাৰিব ৷’

মনেশ্বৰে বোলে: ‘তাকো কৈছিলোঁ ৷ পাছে তাৰ বোলে চৰাই বাহলৈ টোপ কঢ়িয়াওতেই দিনটো যায় ৷ ৰাতিপুৱা খেতি-খোলাৰ কাম চাই কেঞা গোলাৰ চাকৰিলৈ যায় ৷ তাতো হেনো অ’ৰ পৰা ত’লৈ ঘূৰি ফুৰিব লাগে ৷ ভাগ্যে ম’পেদ এখন দিছে বোলে; সেই মপেদ চলোৱা সময়কণেই তাৰ জিৰণিৰ সময় ৷ এৰা, বাঢ়ৈটোকাৰ উৰণেই জুৰণ ৷’

‘ছোৱালীজনী হোৱাৰ বহু বছৰৰ পাছতহে ল’ৰাটো পালে; মাকে পাখিৰ আঁৰতে ৰাখে তাক ৷ বাপেকে কিবা এটা ক’লেও মাক ওপৰতে পৰে; টোপকে পৰিবলৈ নিদিয়ে, দাইটি ৷’

‘অ’, ছোৱালীজনীও সাইলাখ অপেশ্বৰীজনী হৈছে নহয় ৷ তাতে আকৌ সৰুৰে পৰা মাকে সজাই-পৰাই ৰাখে ৷ বোলো কাম চৰাইৰ ৰঙা ঠোঁট, তাত ল’লে সেন্দুৰৰ ফোঁট ৷’

‘পাচে বাপেকে কিবা কুৰুং-কাৰাং কৰিছে নে বাৰু তাইক উলিয়াই দিবলৈ ৷ আপোনাক চাগে’ ৰত্নে দাইটিয়ে কয় ৷ আমি সুধিলে দেখোন ভেকাহি মাৰি উঠে ৷’

‘এৰা, এনেয়ে কয় নে বোলে উঠন ছোৱালী, বঢ়া ভাত, পকা ধান ততালিকে কাট ৷ বেছি দিন ৰাখি থ’লে গুৰু-গোঁসাই নমনা হ’ব ৷ বোলোঁ চৰাইৰ বসন্ত কাল, ঘনে পাৰে ৰাও, মানুহৰ বসন্ত কাল, নিচিনে বাপ মাও ৷ তেতিয়া পদূলি শুঙাবোৰেও সুবিধা পাব আৰু তাই পাখি ভগা কপৌ হ’বলৈ সৰহ দিন নালাগে ৷’

‘পাচে মাকে-ছোৱালীজনীয়েহে সাজোন-কাচোন কৰে; কন্দৰ্প দেখোন তেনেই ডেউকা ভগা শগুনটিহে ৷ পিন্ধন-উৰণত একেবাৰে পৰিপাটি নহয় ৷’

‘কথাটো হয় ৷ পাছে তই যে আনৰ কথা কৈছ, তইনো বিয়াখন নাপাত কিয়?’

মনেশ্বৰ দাইটিৰ কথাত পুলিনে থতমত খালে : ‘দাইটি, মা-দেউতাই ছোৱালী এজনী চাইছে ৷’

‘এহে, বৰ ভাল কথা ৷ সোনকালে পাত বিয়াখন; আমিও এপাক নাচিম ৷ বোলোঁ পাবা চৰাই ভাঙিবা পাখি, বঢ়া ভাত নথবা ৰাখি | তোৰ বাপেৰেও ওৰে জীৱন চাকৰি কৰিলে; ঘৰখনকে পকী কৰিব নোৱাৰিলে , সদায় সৎ পথতেই চলিলে ৷’

‘হয় দাইটি, প্ৰলোভনত কেতিয়াও বিচলিত নহ’ল দেউতা ৷ সদায় সেই আও চৰাইৰ ভাও, জঁপিয়াই জঁপিয়াই টোপ খাই, ফান্দত নিদিয়ে পাও ৷’

মনেশ্বৰ দাইটিয়ে হুমুনিয়াহ কাঢ়িলে ৷ সেই সুবিধাতে পুলিনে কথা ঘূৰাই আকৌ কন্দৰ্পৰ প্ৰসঙ্গ উলিয়ালে: ‘দাইটি, ৰত্নে দাইটিৰ নাতিয়েকটো এতিয়াও ফুকলীয়া ল’ৰা দেখোন; তাক এতিয়াই শাসন কৰিবনে? আগেয়ে পাখি কাটে, কেইদিনৰ নোমল ৷’

মনেশ্বৰৰ মনত পৰিল, কথা ক’ৰ পৰা আৰম্ভ হৈছিল: ‘হওঁতে নোহোৱাও নহয় ৷ পাচে এতিয়াৰ পৰা ৰঙা চকু নেদেখুৱালে পাছত তাৰ উপদ্ৰৱত বাপেকটোৰ পানীত হাঁহ নচৰা অৱস্থা হ’বগৈ, বোপাই ৷ দেৰি কৰিলে ধান পকে মানে টুনীৰ মৰণ হ’বগৈ ৷'

‘ল’ৰাটোৰ লগত দেখোন সদায় এজাক লগৰীয়া থাকেই, তাকেইনো কিয় দোষ দিছে, দাইটি?’ 

‘আটাই চৰায়ে মাছ খায়, মাছৰোকাৰ নাম হয় ৷ সি সৰুৰে পৰা দুষ্ট, অ’ ৷ হাটৰ পৰা আহোঁতে ৰত্নেৰ ঘৰতে চাহপানী এটোপা খাবলৈ সোমাওঁ; ল’ৰাটোৱে বগলী ভকত সাজি চাই থাকে পিৰিক-পাৰাককৈ ৷ আমাৰ কথাৰ মহলা পকি উঠিলেই গৈ চাইকোলৰ পাম্পটো খুলি দি পলাই পত্ৰং দিয়ে ৷’

‘অ’, গতিকে এতিয়া খালেও মৌপিয়া, নাখালেও মৌপিয়া’: পুলিনে গহীনাই ক’লে ৷

মনেশ্বৰে সুধিলে:’পাছে আজি দেওবাৰেনো তই কোনফালে ওলালি?’

‘আমাৰ প্ৰগতি সংঘৰ নিৰ্বাচন আছে, দাইটি’ : পুলিনে উত্তৰ দিলে ৷

‘অ’, তইতো তাত লাগিয়েই থাক, বহুত ভাল কাম কৰিছহঁক ৷ পাছে তই একো বিষয়বাব নলৱ কিয়, বোপাই?’

মনেশ্বৰ দাইটিৰ প্ৰশ্নত পুলিনে খোলাখুলিকৈয়ে ক’লে:’এইবাৰ সাধাৰণ সম্পাদক হ’ব খুজিছোঁ; কিন্তু সোণবৰ বৰুৱায়ো মনোনয়ন দিছে ৷’

‘কি? তাক আকৌ এই বয়সত কিহে পালে? গোটেই জীৱনটোত কোনো ৰাজহুৱা কাম কৰা নাই; এতিয়ানো বুঢ়া শালিকাই কি মাত ধৰিব?’: মনেশ্বৰ দাইটি যেন অলপ ক্ষুণ্ণ হ’ল। 

পুলিনে সেমেনাসেমেনিকৈ ক’লে: ‘তেওঁ সকলোৰে আগত মোৰ বদনাম ৰটি ফুৰিছে।

‘তেনেহ’লে ভালেই হৈছে দে; বোলে পখী মৰে ৰৈ, মানুহ মৰে কৈ ৷ সিও নিজৰ মৰণ মাতি লৈছে ৷ তোৰ লগৰখিনি আছে নহয়? সবকে লগত লৈ যাবি ৷ চৰাইৰ বল পাখি, মেলৰ বল সাখী ।’ মনেশ্বৰ দাইটিয়ে পুলিনক উপদেশ দিলে ৷

‘মই তেন্তে আহোঁ, দাইটি’: বুলি কৈ পুলিন যাবলৈ ওলাল ৷

মনেশ্বৰে আশীৰ্বাদৰ দিয়াৰ দৰে ক’লে ;'যা বোপাই, সোনকালে যা ৷ নহ’লে তেলীয়াসাৰেং সাজোতে কাচোতে ফেচু ৰজা হ’বগৈ’ ৷
PRANAB PHUKAN
H1/82, SECOND FLOOR
VIKASPURI
OPP. BANASTHALI PUBLIC SCHOOL
NEW DELHI- 110018
পৃষ্ঠা-২৫
——————————————————
                            শিশুৰ কলকলনি 
কুলি
হৰ্ষিতা ঠাকুৰীয়া

কুলি অ’ কুলি 
ভাব নেকি তই বাৰু 
নিজকে ধুনীয়া বুলি 

পাতৰ আঁৰত লুকাই তই কি গীত গাৱ
সা ৰে গা মা পা তই ক'তনো শিক

আহিবিচোন তই আমাৰ ঘৰলৈ এদিন
তোৰ স’তে মই লুকা ভাকু খেলিম
 
লিপষ্টিক কাজল সানি তই ধুনীয়াজনী হ'বি
আমনি নকৰ যদি মাৰ মৰম পাবি।

হৰ্ষিতা ঠাকুৰীয়া 
চতুৰ্থ শ্ৰেণী 
গুৱাহাটী পাব্লিক স্কুল
——————————————

ব্ৰহ্মপুত্ৰ
অনুভৱ চন্দন পৰাশৰ 

ব্ৰহ্মপুত্ৰ অসমৰ এখন প্ৰধান নৈ । এই নদীখন অসমৰ সোঁমাজেৰে পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে । ব্ৰহ্মপুত্ৰৰ উৎপত্তি তিব্বতত । তিব্বতৰ পৰা ওলাই ভাৰতৰ অৰুণাচল প্ৰদেশত সোমাই নদীখনে অসমৰ মাজেৰে বৈ গৈ বাংলাদেশ হৈ বংগোপসাগৰত পৰিছে । তিব্বতত নদীখনৰ নাম য়াৰ্লুং ছাংপো, অৰুণাচলত চিয়াং আৰু দিহাং, অসমত ইয়াক ব্ৰহ্মপুত্ৰ আৰু লুইত বুলি কোৱা হয়, তেনেদৰে বাংলাদেশত নদীখনৰ নাম যমুনা । পৃথিৱীৰ সকলো নদীকে নাৰী বুলি ধৰা হয়, কিন্তু ব্ৰহ্মপুত্ৰক একমাত্ৰ পুৰুষ নদী বুলি ধৰা হয় । ব্ৰহ্মপুত্ৰ নদীখন মুঠ ৩৮৪৮ কিলোমিটাৰ দীঘল । ব্ৰহ্মপুত্ৰ পৃথিৱীৰ নৱম বৃহৎ আৰু ১৫ সংখ্যক দীঘল নদী । ব্ৰহ্মপুত্ৰৰ বুকুতে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ আছে । ব্ৰহ্মপুত্ৰত বিভিন্ন মাছৰ উপৰি শিহুও পোৱা যায় । গুৱাহাটীৰ শৰাইঘাট নামৰ ঠাইত ব্ৰহ্মপুত্ৰৰ বুকুত লগা বিখ্যাত শৰাইঘাটৰ ৰণত বীৰ লাচিত বৰফুকনে মোগলক পৰাজিত কৰিছিল । ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়ালৈ মুঠ পাঁচখন দলং আছে । ব্ৰহ্মপুত্ৰ ভাৰতৰ এটা প্ৰধান জলপথ । এতিয়া ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰক আন্তঃৰাষ্ট্ৰীয় জলপথ হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰিছে । এই ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে যুগ যুগ ধৰি গঢ়ি উঠিছে নানা জাতি-উপজাতিৰ অসমীয়া সমাজখন । সেইবাবে 'সুধাকণ্ঠ' ডঃ ভূপেন হাজৰিকা মামাই কৈছেঃ-
 'মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ ।'

অনুভৱ চন্দন পৰাশৰ
পঞ্চম শ্ৰেণী
লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
হাতীগাঁও, গুৱাহাটী
পৃষ্ঠা-২৬
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
                                          শিশুৰ ৰহঘৰা 

শিশু আৰু কিছু প্ৰাসংগিক চিন্তা___
গীতাঞ্জলী বৰকটকী 

             শিশু বুলি ক’লেই মনলৈ আহে হাঁহিৰে ভৰা এখনি নিষ্পাপ মুখ ৷পৃথিৱীত প্ৰতিটো ক্ষণতে মানৱ শিশুৰ জন্ম হ’ব লাগিছে ৷ আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত ৷গতিকে প্ৰতিটো শিশুৱেই যাতে প্ৰকৃত অৰ্থত মানুহ হ’ব পাৰে , তাৰ বাবে আমি যত্নপৰ হ’ব লাগিব ৷ পৃথিৱীৰ প্ৰতিটো জীৱ-জন্তুৱেই হওক বা উদ্ভিদে হওক আৱশ্যকীয় পাৰিপাৰ্শ্বিকতা আৰু প্ৰকৃতিৰ আবদালতে ডাঙৰ-দীঘল হয় , তাৰ বিপৰীতে প্ৰতিকুল পৰিবেশত ইহঁতৰ যথোচিত ৰূপত বৃদ্ধি নহয় ৷ কেতিয়াবা বিৰূপ পৰিস্থিতিত উদ্ভিদে হওক বা জীৱজন্তুৱেই হওক মৃত্যু পৰ্যন্ত হয় ৷ ঠিক সেইদৰে প্ৰতিটো মানৱ শিশুও অনুকূল পৰিবেশতহে এজন প্ৰকৃত মানুহ হ’বলৈ সক্ষম হয় ৷  শিশুৱেও পাব লগা মৰম-স্নেহ, আদৰ-যত্ন , উপযুক্ত শৈক্ষিক পৰিবেশ আৰু প্ৰয়োজনীয় নিয়মানুবৰ্ত্তিতা, নীতিশিক্ষামূলক বচন আদি পালেহে সঁচা অৰ্থত এটি শিশু এজন প্ৰকৃত নাগৰিক হ’ব পাৰিব ৷ 
      শিশুৱে জন্মৰ পিছত মাতৃৰ স্তনপান কৰা কাৰ্যই তাৰ সামাজিক জীৱনৰ সূচনা কৰে বুলি কোনো কোনোৱে মত প্ৰকাশ কৰে।
   শিশুৱে সমাজৰ উত্তৰাধিকাৰ স্বৰূপে পোৱা বিষয়সমূহৰ লগত ভালদৰে পৰিচিত হৈ উঠিবৰ বাবে আৰু তাৰ লগত নিজৰ নমনীয় আৰু গতিশীল সম্বন্ধ স্থাপন কৰি তুলিবৰ বাবে সুপৰিকল্পিত আৰু  সুপৰিচালিত কাৰ্য-ব্যৱস্থাৰ প্ৰয়োজন হয়। এনে কাৰ্যৰ দ্বাৰাহে শিশুৱে নিজ পৰিৱেশত নিজকে ভালদৰে খাপ খুৱাই মানসিক আৰু শাৰীৰিক বিকাশ লাভ কৰিব পাৰে। শিশুক সমাজমুখী কৰি তোলাত পিতৃ-মাতৃৰ লগতে আত্মীয়স্বজনৰ এক গুৰু দায়িত্ব আছে ৷ সকলোৰে সহযোগিতাতহে শিশু এটি সুনাগৰিক হৈ উঠিবলৈ সক্ষম হয় ৷ আৱশ্যে আজিকালি বেছিভাগ পৰিয়ালেই যিহেতু একক পৰিয়াল গতিকে শিশু এটিক উপযুক্ত ভাবে গঢ় দিয়াত পিতৃ-মাতৃৰ অপৰিসীম দায়িত্ব ৷
      ১৯ শতিকাৰ বিখ্যাত জীৱবিজ্ঞানী ছাৰ্লচ ডাৰউইনে ১৮৭৭ চনত তেওঁৰ ‘A Biological Sketch of an Infant’ নামৰ গ্ৰন্থত শিশু বিকাশৰ ক্ষেত্ৰত থকা জৈৱিক দিশটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ প্ৰাকৃতিক নিৰ্বাচন তত্ত্ব (থিয়’ৰী অব্ নেচাৰেল ছিলেকচন) আৰু ক্ৰমবিৱৰ্তনবাদ তত্ত্ব (থিয়’ৰী অব্ ইভোলিউশ্যন) এই প্ৰসংগত উল্লেখযোগ্য। অষ্ট্ৰীয়াৰ জীৱবিজ্ঞানী গ্ৰেগৰ মেণ্ডেলৰ জীন সম্বন্ধীয় অধ্যয়ন, ইংৰাজ জীৱবিজ্ঞানী ফ্ৰেনচিচ গেলটন, কাৰ্ল পীয়েৰচন আৰু পাৰ্চি নান আদিয়ে শিশুৰ জৈৱিক অস্তিত্ব আৰু তাৰ অধ্যয়নৰ দিশত নিজ নিজ বৰঙণি আগবঢ়ায়। আমেৰিকাৰ মনোবিজ্ঞানী ৱাটচন আৰু ৰাচিয়াৰ মনোবিজ্ঞানী পেভলভেও তেওঁলোকৰ জন্তুসমূহৰ লগত কৰা নিৰীক্ষণ কাৰ্যৰ যোগে শিশু-শিক্ষণ আৰু বিকাশ সম্বন্ধে বিজ্ঞানভিত্তিকভাৱে জৈৱিক দৃষ্টিকোণৰ ব্যাখ্যা কৰে ৷
        খৃষ্ট জন্মৰ ৪০০ বছৰৰ পূৰ্বে দাৰ্শনিক প্লেটোৱে মত প্ৰকাশ কৰে যে প্ৰতিটো শিশুৰেই যোগ্যতা বা ক্ষমতাৰ ক্ষেত্ৰত ব্যক্তি-পাৰ্থক্যৰ কথাটোত আমি সদায়েই গুৰুত্ব দিব লাগে । যি শিশু যেনে যোগ্যতা বা ক্ষমতাৰ অধিকাৰী তাক তেনে শিক্ষা দিব লাগে। শিশু-অস্তিত্ব আৰু শিক্ষা সম্বন্ধে সৰ্বপ্ৰথমেই অনুভৱ কৰা এই দাৰ্শনিকজনক সেয়েহে শিশু আৰু শিক্ষা বিষয়ৰ পিতৃ-দেৱতা স্বৰূপে বা ‘গড ফাদাৰ’  বোলা হয় ৷

    সৰু সৰু ল’ৰা-ছোৱালীবোৰক আমি এপাহ এপাহ ফুল বুলিব পাৰোঁ ৷ ফুলক যিদৰে জোৰেৰে হেঁচি ধৰিলে তাৰ পাহিবোৰ সৰি যায় ঠিক সেইদৰে শিশুকো অতি কঠোৰভাৱে পৰিচালিত কৰিলে বা শাসনত থলে তেওঁলোকৰ মনত ভয় আৰু শংকাই ঘেৰি ধৰে ৷ ফলত তেওঁলোকে নিজৰ ওপৰত থকা বিশ্বাস হেৰুৱাই পেলাই আৰু পৰনিৰ্ভৰশীল হৈ উঠে ৷ শিশুক সদায়ে মুক্তভাৱে বিচৰণ কৰিবলৈ দিব লাগে আৰু নিজৰ মতামত ব্যক্ত কৰিবলৈ স্বাধীনতা দিব লাগে ৷ শিশুৰ কথাবোৰ মনোযোগেৰে শুনি তেওঁলোকৰ মতবোৰত গুৰুত্ব দিলে শিশুৰ আত্মবিশ্বাস দৃঢ় হয়  ৷ অৱশ্যে শিশুৰ বাবে অবাধ স্বাধীনতা বেয়া ৷ তেওঁলোকৰ স্বাভাবিক বিকাশ যাতে বাধাগ্ৰস্ত নহয় তাৰ প্ৰতি চকু দিব লাগে ৷বৰ্তমান যুগত পঢ়াৰ হেঁচাত শিশুসকলৰ মুক্তভাৱে খেলাধূলা কৰাৰ আহৰি নাইকিয়া হৈ পৰিছে ৷ যিকণ আজৰি সময় পায় সেই সময়কণ হয় টেলিভিছন ,নহয় কম্পিউটাৰ ,লেপটপ নতুবা মোবাইল ফোনত ব্যস্ত থকাৰ ফলত তেওঁলোকে মানুহৰ লগত মনৰ ভাব আদান-প্ৰদান কৰিব নজনা অৱস্থা এটাৰ সৃষ্টি হৈছে। তদুপৰি এই অৱস্থাৰ বাবে শিশুসকল আত্মকেন্দ্ৰীক হৈ উঠিছে ৷ সমনীয়াৰ লগত মুকলি আকাশৰ তলত খেলাধূলা কৰিবলৈ সময় নোপোৱাৰ ফলত তেওঁলোকৰ মাজত মিলাপ্ৰীতিৰ ভাব গঢ় লৈ উঠা দেখা নাযায় ৷ বৰ্তমান কালত একেটা চুবুৰীতে বাস কৰিও আমি ইজনে সিজনক চিনি নাপাওঁ , ব্যস্ততাৰ বাবে ওচৰ-চুবুৰীয়া বা আত্মীয়-কুটুমৰ ঘৰলৈ অহাযোৱা কৰিবলৈ সময় নোহোৱাৰ ফলত শিশুসকল বেছিভাগ সময় ঘৰৰ ভিতৰতে আবদ্ধ থাকিব লগা হোৱাত বৰ্তমানৰ শিশুসকল   ব্যক্তিকেন্দ্ৰীক, হৈ পৰাৰ লগতে ভ্ৰাতৃত্ববোধৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হোৱা দেখা যায় ৷
      সমাজৰ সাংস্কৃতিক পৰিৱেশ আৰু নৃতাত্বিক অৱস্থাৰ লগত শিশু বিকাশৰ দিশ বিবেচনা কৰাটো প্ৰয়োজন। এই ক্ষেত্ৰত শিশুৰ ওপৰত পৰা পৰিয়ালৰ প্ৰভাৱ, ওচৰ-চুবুৰীয়াৰ প্ৰভাৱ, স্কুলৰ শিক্ষা, পৰিৱেশৰ প্ৰভাৱ আৰু বৃহত্তৰ সমাজৰ ভাষিক, ধৰ্মীয়, সাংস্কৃতিক আৰু সাম্প্ৰদায়িক প্ৰভাৱ সমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি সমাজ বিজ্ঞানীসকলে উল্লেখ কৰি আহিছে।    শিশুৱে আনুষ্ঠানিক শিক্ষাৰ পৰিবৰ্তে এক মুক্ত উমলিজামলি ফুৰিব পৰা সুপৰিকল্পিতভাৱে শৈক্ষিক আঁচনিহে বেছি ভাল পায় ৷১৯ শতিকাৰ প্ৰথমাৰ্ধত আদৰ্শবাদী দাৰ্শনিক ফ্লোৱেলে ১৮২৬ চনত তেওঁৰ ‘এডুকেশ্যন অব্ মেন্’ নামৰ  গ্ৰন্থখনি ৰচনা কৰে আৰু কিণ্ডাৰ গাৰ্টেন শিশু-শিক্ষাৰ কাৰ্যকৰী ব্যৱস্থা গঢ় দি তোলে। ফ্লোৱেলৰ আৰ্হিতেই অন্য এক পৃথক দৰ্শনৰ ভিত্তিত ২০ শতিকাৰ প্ৰথমাৰ্ধত মেৰিয়া মণ্টেচৰীয়ে মণ্টেচৰী পদ্ধতি গঢ় দি তোলে আৰু শিশু-শিক্ষা অধ্যয়নৰ বিজ্ঞানভিত্তিক দিশৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশতকৈও ইন্দ্ৰিয় অনুভূতি বিকাশৰ প্ৰতিহে গুৰুত্ব প্ৰদান কৰে। শিশু অধ্যয়ন আৰু শিক্ষাৰ দিশত কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত আমেৰিকাৰ দাৰ্শনিক জন ডিউইয়ে প্ৰয়োগবাদ দৰ্শনৰ শক্তিশালী প্ৰভাৱ পেলায়। শিশু বিকাশৰ বাবে তেওঁ প্ৰদান কৰা ক্ৰিয়াভিত্তিক শিক্ষানীতি আৰু পদ্ধতি বৰ্তমান অধিক জনপ্ৰিয় হৈ উঠাটো লক্ষ্য কৰিব পাৰি। কভিড-১৯ মহামাৰীয়ে শিশুসকলৰ দৈনন্দিন জীৱন যাত্রাত বাৰুকৈয়ে প্রভাৱ পেলোৱা দেখা গৈছে৷ মাহৰ পিছত মাহ  স্কুল বন্ধ হৈ থকাৰ ফলত শিশুসকল ঘৰতে আবদ্ধ হৈ থাকিব লগীয়া হৈছে৷ বাহিৰত গৈ খেলা-ধূলা কৰাৰ পৰা , বন্ধু-বান্ধৱৰ লগত মিলামিছা কৰাৰ পৰা আঁতৰি থাকিব লগা হৈছে  ৷ কিছুমানৰ ক্ষেত্রত মাতৃ বা পিতৃ কোৱাৰেণ্টাইন বা আইছ’লেশ্যনত থকা বাবে তেওঁলোকৰ পৰা আঁতৰি থাকিব লগীয়া হোৱাত শিশু সকল মানসিক ভাবে ভাগি পৰিছে লগতে তেওঁলোকৰৰ মনত ভয়ৰ সৃষ্টি হৈছে ৷ এনে সময়ত আমি তেওঁলোকৰ মনত এইবোৰ যে সাময়িক হে সেই কথা বুজাই দি তেওঁলোকৰ মনত সাহস আৰু আস্থা জন্মাব লাগে ৷ এনে সময়ত শিশুসকলক তেওঁলোকে ভালপোৱা কামত ব্যস্ত ৰাখিব লাগে আৰু অকলশৰীয়া অনুভৱ কৰিব দিব নালাগে ৷
       বিদ্যালয়তে হওক বা ঘৰতেই হওক শিশুক এনে কিছুমান কাম কৰিবলৈ দিব লাগে যাতে সেই কামবোৰৰ যোগেদি শিশু এটি সুস্থ সবল দেহৰ অধিকাৰী হ’ব পাৰে লগতে শিশুটোৰ দেহৰ পেশীবিলাক আৰু অংগ-পতংগবোৰত এই কৰ্মৰ দ্বাৰা নিপুণতা আহে ৷ মাতৃসকলে শিশু কালৰে পৰা সন্তানক আত্মপ্ৰকাশ কৰিবলৈ সুযোগ দি স্বাধীনচিতীয়া মনোভাৱ আৰু সৃজনী প্ৰতিভা বিকাশত উৎসাহিত কৰিব লাগে ৷শিশুৰ মনত কোনো এটা বস্ত দেখাৰ পিছত সেই নিদিষ্ট বস্তুটোৰ বিষয়ে জানিবলৈ আগ্ৰহ জন্মোৱা উচিত ৷  শিশুৱে সোধা বিভিন্ন প্ৰশ্নবোৰ আমি যথোচিত উত্তৰ দিবলৈ যত্ন কৰিব লাগে ৷ কেতিয়াও তেওঁলোকে সোধা প্ৰশ্নবোৰৰ ভুল উত্তৰ দিব নালাগে ৷ ভুলকে উত্তৰ দিলে বা বুজালে তেওঁলোকৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব ৷প্ৰতিটো শিশুৰে ৰুচি বেলেগ বেলেগ ৷ কোনোটো শিশুৱে যদি পঢ়ি ভাল পায় আন কোনোৱে আকৌ খেলাধূলা কৰি, কোনোৱে গান-বাজনা , কোনোৱে নাটক কৰি ভাল পায় ৷প্ৰতিটো শিশুকে নিজ ৰুচি অনুযায়ী জীৱন পথত আগুৱাই যাবলৈ দিব লাগে ৷ 
          তদুপৰি শিশু যাতে সৰুৰে পৰা সুস্থ-সবল দেহ-মনৰ অধিকাৰী হয় তাৰ বাবে পিতৃ-মাতৃ সচেতন হ’ব লাগে ৷ শিশুক সৰুৰে পৰা পুষ্টিকৰ খাদ্যৰ যোগান ধৰিব লাগে ৷ অমেগা-৩ ফেটি এচিড থকা খাদ্য,সেউজীয়া শাকপাচলি , ফলমূল,গাখীৰ , মাছ-মাংস আদি প্ৰচুৰ পৰিমাণে খাদ্যবস্তুৰ তালিকাত ৰাখিব লাগে ৷ তদুপৰি সৰুৰে পৰা শিশুক পানী সৰহকৈ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে ৷ সুস্বাস্থ্যৰ অধিকাৰী হ’লেহে এটি শিশু সুস্থ মানসিকতাৰ অধিকাৰী হ’ব পাৰিব।
     অসুস্থ দেহাৰে এটি শিশুৱে কেতিয়াও  নিজকে সঠিক ভাৱে আগুৱাই নিব নোৱাৰে। সৰুৰে পৰা যোগাসন , ব্যায়াম,ধ্যান  আদিৰ অভ্যাস গঢ়ি তোলাটো বৰ প্ৰয়োজনীয় ৷
       শিশুক সৰু কালৰে পৰাই কিছুমান আদৰ্শৱান ব্যক্তিৰ জীৱন কাহিনীৰ লগত পৰিচিত কৰাব লাগে ৷ আধ্যাত্মিকতাৰ লগত নিবিড় সমন্ধ স্থাপন কৰাব পাৰিলে শিশু কেতিয়াও উৎশৃঙ্খল নহয় ৷ ফলত সমাজ বিপদগামী হ’ব নোৱাৰে ৷ কিয়নো আজিৰ শিশুৰ কালিলৈ  দেশৰ ভৱিষ্যত ৷ গতিকে তেওঁলোক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ হ’লেহে দেশ এখন উন্নতিৰ পথত আগুৱাই যাব ৷ মানসিকভাৱে আমি যেতিয়া ক্লান্ত হৈ পৰোঁ , তেতিয়া সংগীতৰ আশ্ৰয় ললে আমাৰ মনৰ উদ্বেগ , অৱসাদ আদি আঁতৰ হয় ৷ এখন সুস্থ সমাজ গঢ়ি তোলাত সংগীতৰ গুৰুত্বপূৰ্ণ অৱদান আছে  ৷ গতিকে শিশুক সৰুৰে পৰা সংগীতৰ প্ৰতি বা সুকুমাৰ কলাৰ প্ৰতি আকৰ্ষিত কৰাব লাগে ৷ সংগীতৰ যাদুকৰী শক্তিয়ে শিশুৰ হৃদয়ত আৰু মগজুত অজানিতে বিশেষ ধৰণে ক্ৰিয়া কৰিবলৈ সক্ষম হয় ফলত শিশু সুস্থ দেহ আৰু মনৰ গৰাকী হ’ব পাৰে ৷ ১৯৯৯ চনত  সংগীত চিকিৎসা পদ্ধতি প্ৰচলন হৈছিল ৷ বর্তমানে বিভিন্ন দুৰাৰোগ্য ব্যাধি, মানসিকভাবে বাধাগ্রস্ত শিশু বা কিশোৰৰ চিকিৎসা,  শৰীৰৰ পেশীসমূহ শিথিল কৰা, মানসিক দুঃচিন্তা তথা অৱসাদ আঁতৰোৱা আদি বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰা হয়।
    মুঠতে ফুলৰ পুলি এটা যিদৰে সাৰ পানীৰ অভাৱত সঠিক ভাৱে শ্ৰী-বৃদ্ধি নহয় ঠিক সেইদৰে শিশু এটিও সঠিক দিশত পৰিচালিত কৰিব নোৱাৰিলে সু-নাগৰিক ৰূপে গঢ় লৈ উঠিব নোৱাৰে ৷গতিকে সৰুৰে পৰা শিশু এটি শাৰীৰিক আৰু মানসিক দুয়ো দিশতে যাতে বিকাশ লাভ কৰে তাৰ প্ৰতি প্ৰতিজন অভিভাৱক সচেতন হ’ব লাগে  শিশুসকল  যাতে সমাজমুখী হয় আৰু মানৱীয় গুণেৰে গুণী হৈ উঠে তাৰ প্ৰতি আমি সচেতন হোৱা উচিত ৷ কেৱল মাথো কিতাপৰ বিদ্যা মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ লৈ পাছ কৰি এটা ভাল চাকৰি আৰ্জন কৰাটোৱকেই লক্ষ্য বুলি নাভাবি প্ৰকৃত অৰ্থত সু-নাগৰিক যাতে হ’ব পাৰে তাৰ প্ৰতি প্ৰতিজন অভিভাৱকে লক্ষ্য ৰখা উচিত ৷ তেতিয়াহে আমি এখন সুন্দৰ সমাজ লাভ কৰিবলৈ সক্ষম হ’ম।
গীতাঞ্জলি বৰকটকী 
নামৰূপ 
পৃষ্ঠা-২৭
———————————————————
শিশু গল্প 
ৰিমলিৰ আনন্দ
ৰঞ্জুশ্ৰী বৰ্মন

      আজি তৃপ্তিহঁতৰ ঘৰত যথেষ্ট মানুহৰ সমাগম দেখিবলৈ পোৱা গ’ল। তাৰ কাৰণো আছে। বৰোদাত অনুষ্ঠিত  চিত্ৰ প্ৰদৰ্শনী এখনত বিখ্যাত  চিত্ৰ শিল্পীৰ  চিত্ৰ প্ৰদৰ্শিত হোৱাৰ লগতে তৃপ্তিৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা ৰিমলিৰ দুখন ছৱিও নিৰ্বাচিত হৈছে। প্ৰায় দুশগৰাকী  ছাত্র - ছাত্ৰীৰ ভিতৰত। খবৰটো পাই ওচৰ চুবুৰীয়া  , আত্মীয় - স্বজন আহি ৰিমলিক ফুলৰ থোপা , কেডবেৰিজ আৰু কত যে - কি বস্তুৰে শুভেচ্ছা আৰু অভিনন্দন জনাইছে ! তাকে দেখি ৰিমলিৰ হিয়া আনন্দৰে নধৰা হ'ল।
    দুজনীকৈ ছোৱালী জন্ম হোৱা বাবে বিশেষকৈ তৃপ্তিৰ জন্মৰ পিছত দেউতাক আৰু আইতাকে পিচৰবাৰ ল'ৰা জন্ম হ’ব বুলি আশা কৰিছিল। পিছে , সেইবাৰো ছোৱালীহে জন্ম হ'ল। 
    তাইৰ নাম মাকে ৰিমলি ৰাখিলে৷ পিছে ছোৱালী জন্ম পোৱা দিন ধৰি দেউতাক আৰু আইতাকে ৰিমলিৰ মুখ নাচাওঁ বুলি কৈ এলাগীৰ দৰে ব্যৱহাৰ কৰিছিল। কেৱল মাক আৰু বায়কৰ মৰম পোৱা  ৰিমলিয়ে সেয়েহে কোঠাৰ ভিতৰতে আৱদ্ধ হৈ চিত্ৰ অঙ্কনতে ব্যস্ত হৈ পৰিছিল।
  পিছে যেতিয়া তাইৰ শুভ সংবাদটো পালে আৰু সকলোৱে যেতিয়া তাইক শুভেচ্ছা , সম্বৰ্দ্ধনা জনাবলৈ আহিল , তেতিয়াহে  যেন দেউতাক আৰু আইতাকৰ চকু মেল খালে।
   "আহা মাজনী , মোৰ ওচৰলৈ " - বুলি এবাৰ দেউতাকে আৰু এবাৰ আইতাকে তাইক স্নেহ যাচিবলৈ ললে।  তাকে দেখি মাকৰ লগতে ৰিমলিৰো দুচকুৰে আনন্দৰ লোতক বৈ আহিল। ইমান দিনে দেউতাক আৰু আইতাকৰ মৰমৰ বাবেই যেন তাই  অপেক্ষা কৰি আছিল।  অপ্ৰত্যাশিত ভাৱে অহা শুভ সংবাদটোৱেই যেন সেয়া সম্ভৱ কৰি তুলিলে।
   আজি ৰিমলিৰ বাবে  যেন এক আনন্দৰ দিন ... !
 ৰঞ্জুশ্ৰী বৰ্মন 
 চানমাৰি ,গুৱাহাটী
 ফোন - ৯১০১৯ ৩৪২০৭
পৃষ্ঠা-২৮
———————————————————
সাধু
কৰ্মই ধৰ্ম
দিগন্ত বৈশ্য

      বাঘজাপ গাঁৱত এগৰাকী খেতিয়ক আছিল। তাৰ নাম আছিল হৰেশ্বৰ। হৰেশ্বৰৰ নিজৰ বুলিবলৈ কোনো নাছিল। পুৱা শুই উঠিয়েই হৰেশ্বৰে গৰুহাল লৈ খেতি কৰিবলৈ ওলাই গৈছিল। দুখীয়া যদিও হৰেশ্বৰ সৎ প্ৰকৃতিৰ মানুহ আছিল।সেয়ে, গাঁওৰ সকলোৱে হৰেশ্বৰক ভাল পাইছিল।
        হৰেশ্বৰে ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতে লগত এটি খাদ্যৰ টোপোলা লৈ গৈছিল। দুপৰীয়া সেই খাদ্য খাই হৰেশ্বৰে ভোক দূৰ কৰিছিল। এদিন ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতে হৰেশ্বৰে খেতিপথাৰৰ ওচৰত এজন বৃদ্ধ মানুহক বহি থকা দেখিলে। হৰেশ্বৰক দেখি বৃদ্ধ মানুহজনে ক’বলৈ ধৰিলে --"বোপাই অ', মোক কিবা এটা খাবলৈ দিয়া। আজি দুদিন ধৰি ভোকত লঘোণে আছোঁ। খাবলৈ নাপালে মই মৰি যাম।"
       বৃদ্ধ মানুহজনৰ কাকূতি-মিনতি শুনি হৰেশ্বৰৰ অন্তৰ গলিল। সি খাবলৈ অনা খাদ্যৰ টোপোলাটো তেওঁক দি দিলে। মানুহজনে পৰম আগ্ৰহেৰে সেয়া খাই তাক আশীৰ্বাদ দি গুছি গ'ল।
         দ্বিতীয়দিনাও পথাৰলৈ যাওঁতে হৰেশ্বৰে আগদিনাৰ দৰে বৃদ্ধ মানুহজনক লগ পালে। সিদিনাও মানুহজনে হৰেশ্বৰৰ পৰা কিবা খাবলৈ বিচাৰিলে। হৰেশ্বৰেও আগদিনাৰ দৰে নিজৰ ভাগৰ আহাৰখিনি খাবলৈ দি পৰম তৃপ্তি আৰু আনন্দ লাভ কৰিলে।
         তৃতীয় দিনাও একে ঘটনাৰ পুনৰাবৃত্তি ঘটিল। কিন্তু সেইদিনা মানুহজনে হৰেশ্বৰক কলে -"বোপা হৰেশ্বৰ অ', তোমাৰ সততাত মই মুগ্ধ হৈছোঁ।  জীৱনৰ বাকী দিনকেইটা মই তোমাৰ লগতে কটাব বিচাৰোঁ। হৰেশ্বৰে ক’লে -"মই এজন ছাল-চিগা ভিকহু, মোৰ লগতনো আপুনি কিদৰে কটাব? কিন্তু মানুহজনে জোৰকৈ ধৰাত হৰেশ্বৰে বৃদ্ধ মানুহজনক লগত ৰাখিবলৈ মান্তি হ’ল ৷
       দিন বাগৰি মাহ, মাহ বাগৰি বছৰ গ'ল। মানুহজন হৰেশ্বৰৰ ঘৰত ছবছৰ থাকিল। এদিন পুৱা শুই উঠি হৰেশ্বৰে দেখিলে যে মানুহজনৰ জ্বৰ। হৰেশ্বৰে দৰৱ-পাতি আনি দিলে। কিন্তু জ্বৰ কমক চাৰি বাঢ়ি হে গ’ল। এদিন পুৱা শুই উঠি হৰেশ্বৰে দেখিলে যে মানুহজনে গায়ে-মূৰে লেপ লৈ শুই আছে। হৰেশ্বৰে মানুহজনক মাতিবলৈ ধৰিলে যদিও তেওঁৰ আৰু মাত উলিয়াব নোৱাৰিলে। সি কান্দি কান্দি দুখত ভাগি পৰিল। পূৰ্বৰ দৰে সি অকলশৰীয়া হ'ল।
         হৰেশ্বৰে গাঁৱলৈ গৈ মানুহবোৰক খবৰটো জনালে। কিন্তু মানুহবোৰে তাক সহযোগ কৰাৰ সলনি ঠাত্তা-মস্কৰা হে কৰিবলৈ ধৰিলে-"হৰেশ্বৰ, তয়েই মানুহজনৰ দেহটো নি সৎকাৰ কৰগৈ। তোৰ পুণ্য হ’ব। ভবিষ্যতে তই বৈকুণ্ঠত ঠাই পাবি। হৰেশ্বৰে একো উত্তৰ নিদিলে । বৰং মনতে ভাবিলে, মই মৰিলেও চাগৈ  মোৰ এনে দশাই হ'ব।"
          ঘৰলৈ আহি হৰেশ্বৰে বৃদ্ধ মানুহজনৰ শৱটো লৈ শ্মশান লৈ গ’ল আৰু নিজে চিতা সাজি মৰাশটো সৎকাৰ কৰিলে। হৰেশ্বৰৰ দুচকুৰে আপুনি চকুপানী নিগৰি আহিল। তাৰ কাণত আহি কোনোবাই যেন তাক কৈ গ'ল -"বোপা হৰেশ্বৰ, তই কিয় চিন্তা কৰিছ? মই তোৰ লগত সদায় আছোঁ। তোৰ শুৱা চাঙৰ তলত অনেক ধন-টকা পুতি থৈছোঁ। তোৰ দৰকাৰ হলেই সেয়া তই উলিয়াই ব্যৱহাৰ কৰিব পাৰিবি।কিন্তু কেতিয়াও কৰ্ম নেৰিবি  আৰু অহংকাৰ নকৰিবি।
          হৰেশ্বৰেও সেই কথা আখৰে আখৰে  পালন কৰিলে আৰু পাছলৈ বিয়া-বাৰু কৰাই সুখৰ সংসাৰ গঢ়িলে। সেয়ে অকণিহঁত, মনত ৰাখিবা---
        সত- সংগ  সৎ-চিন্তা
        সদায় কৰিবা,
        সৎ-সংগৰ ফল ভাল
        অৱশ্যেই জানিবা।
দিগন্ত বৈশ্য 
শুৱালকুছি,
কামৰূপ(গ্ৰাম্য)
পৃষ্ঠা-২৯
-------------------------------------------------------
                      শিশু উপন্যাস
পাহি আৰু কণমানি জলকুঁৱৰী 
ৰিঞ্জুমণি নেওগ বৰা 

                     প্ৰথম খণ্ড 

ঃ পাহি মাজনী ! পাহি মাজনী ! আছানে ?
  ড্ৰইং ৰুমত কুকিৰ সৈতে খেলি থকাৰ পৰাই  দুৱাৰমুখত ককাকৰ মাত শুনি পাহিয়ে উলাহতে চিয়ৰি উঠিল ।
ঃ আৰে ককা !! তুমি ?? ইমানদিন কিয় অহা নাছিলা ??
মই তোমাক বেয়াই পাই আছিলোঁ । আইতাকো লৈ নাহিলা কিয় ??
ঃ আইতাৰাক আজি নানিলোঁ দিয়া । পিছত আনিম বাৰু । ইহঁত কোনো নাই নেকি ?
ঃ নাই ককা । মা আৰু দেউতা অফিচলৈ গ'ল । মণিবা আছে ।গা ধুবলৈ গৈছে।
ঃ বাৰু মণি গা ধুই আহক। মই মাছ আনিছোঁ । তাইক এতিয়াই মাছবোৰ বাছি ফ্ৰীজত ভালকৈ ভৰাই থ'বলৈ ক'ব লাগে ।
ঃ কি মাছ আনিছা ককা ?
ঃ বাৰেমিহলি মাছ অ' আইজনী । চাবা নেকি ? ৰ'বা ! মণি আহি লওক । নহ'লে  ব'লা আমি পাকঘৰলৈ যাওঁ ।
 দুয়ো ককাদেউতা আৰু নাতিনী পাকঘৰ পালেগৈ। ককাকে ওপৰৰ চেল্ফৰ পৰা ডাঙৰ চৰিয়া এটা নমাই আনিলে । 
ঃ আহা পাহি মাজনী । আমি পাছফালৰ বাৰাণ্ডাতে মাছবোৰ এই চৰিয়াটোত বাকি দিওঁঁ । 
তেওঁলোক বাৰাণ্ডালৈ গ'ল ।ককাকে বাৰাণ্ডাতে থকা কাঠৰ চকী এখনত ভালকৈ বহি ল'লে । তেনেতে মণি গা ধুই আহি পাহিৰ ককাৱক দেখি মাত লগালে--
ঃ বৰদেউতা ! কিমান সময়ত পালেহি ? মই গমেই পোৱা নাই।
ঃ তই আৰামেৰে গা ধুই থাকিলে ক'ত গম পাবি ? আচ্ছা এইফালে আহ । মই মাছবোৰ চৰিয়াতে বাকি দিওঁঁ।কিছুমান জীয়া মাছ জঁপিয়াব চাবি । আৰু বাল্টি এটা আন। জীয়া মাছ কেইটা জীয়ন দি থ'বি । কেইবাদিনলৈ আমাৰ পাহি মাইনাক জীয়া মাছৰ জোল খুৱাবি ।
মণিয়ে বাল্টি আনে মানে ককাকে তেওঁ নিয়া মোনাটোৰ পৰা এটা মোনা বেলেগে থৈ আনবোৰ মাছ চৰিয়াটোত বাকি দিলে। মাছবোৰৰ কিছুমান মৰিছিল আৰু যিবোৰ জী আছিল সিহঁতে চটফটাই চটফটাই কিছুমান বাৰাণ্ডাৰ মজিয়াত ইলুটি সিলুটি কৰি ইফালে সিফালে সিঁচৰতি হৈ পৰিল।
ঃ বাপ ৰে ! ককা ! এইবোৰ দেখোন বেলেগ বেলেগ ধৰণৰ মাছ ! চব একে নহয় দেখোন! 
ঃহে হে হে! মই দেখোন কৈছিলোঁৱেই বাৰেমিহলি মাছ বুলি ! ইয়াত কিমান ধৰণৰ মাছ আছে দেখিছা ? এইবোৰ আমাৰ অসমৰ খাল-পুখুৰী- ডোং আদিত থকা বিভিন্ন ৰকমৰ মাছ । ইয়াত কেইটামান বিধৰহে দেখিছা । আৰু কিমান বিধৰযে মাছ আছে অসমৰ খাল-বিল-পুখুৰী আৰু নদীবিলাকত ! তুমি চাগৈ সকলো মাছৰ নামেই নাজানা !
ঃ নাজানো ককা । এইবোৰ মাছৰ কেইটামান মই কিন্তু চিনি পাওঁ।মই চিনি নোপোৱাবোৰৰ নামবোৰ কৈ দিবা দেই ককা! 
ঃ হেই হেই মণি ! চাচোন সৌ ভেছেলি দুজনী আৰু কাৱৈ দুজনী সৌৱা বাৰাণ্ডা পাৰ হ'ব এতিয়া। ধৰ আৰু বাল্টিত ভৰা। আৰু এইকেইটা শিঙি মাগুৰ আৰু কাৱৈ মই বেলেগ মোনাত ভৰাই আনিছোঁ । তই বাল্টিত পানী ভৰাই জীয়ন দি থ'বি ।  ঢাকনখন ভালকৈ দি ওপৰত ওজন এটা দি থ'বি ।নহ'লে ওলাই কোনোবাখিনি পাবগৈ । তাৰ পাছত তই মাছবোৰ বাছি ভালকৈ নিমখপানীৰে ধুই অলপ ৰান্ধিবি আৰু বাকিখিনি ফ্ৰীজত থৈ দিবি ।
ঃ ককা ! মণিবাই মাছবোৰ বছাৰ আগতে মোক নামবোৰ কৈ যোৱা আক' !
ঃ ক'মতো ! মোৰ পাহি মাজনীয়ে অসমৰ থলুৱা মাছবোৰৰ বিষয়ে জানিব লাগিব । আজিকালি ল'ৰাছোৱালীয়ে আমাৰ এই অসমদেশৰ ধুনীয়া ধুনীয়া মাছবোৰৰ বিষয়ে জানিবলৈ আগ্ৰহেই নকৰে। কিমান মাছ আজিকালি নোহোৱা হ'বলৈ গৈ আছে । মানুহৰ অসাৱধানতাৰ বাবেই আমি বহু সম্পদ হেৰুৱাই গৈ আছোঁ জানানে মাজনী ।
ইতিমধ্যে চৰিয়াৰ পৰা আৰু কিছুমান মাছ জঁপিয়াই নামিছিল । গেডগেডী এজনী কাৱৈ মাছৰ দৰে বগুৱা বাই চিৎলং পাৎলং কৰা দেখি পাহিয়ে  সুধিলে --
ঃ ককা ! সেইটো কি মাছ? 
ঃ অ' ! সেইজনী গেডগেডী !!
ঃ হি হি হি!! কিযে নাম !! গেডগেডী ! ইমান হাঁহি উঠা নহয়নে ককা !
ঃ হয়তো ! এইজনীৰ কেইবাটাও  নাম আছে । ক'ম বাৰু আগতে চৰিয়াৰ মাছবোৰ চাই যাবা আৰু মোক সুধি যাবা দেই । মণি মাছ বাছিবলৈ বহক ৰ'বা।
মণিয়ে ইতিমধ্যে বাল্টিত জীয়ামাছবোৰ ঠিকমতে থৈ মৈদাখন লৈ ককাকৰ কাষতে মজিয়াত বহি ল'লে আৰু মাছবোৰ প্ৰথমে লিৰিকি বিদাৰি চালে।
ঃ এইবোৰ বাছোঁতে আজি মোৰ বাৰ বাজিব দেখোন বৰদেউতা ।
ঃ বাৰু যিমান পাৰ বাছচোন।
হঠাৎ তাইৰ হাতত এটা গংগাটোপ পৰিল ।
ঃ পাহি এইটো কি মাছ চোৱা !
ঃ চাওঁ কি মাছ ?
ঃ অ' ! সেইটো দেখোন গংগাটোপ ! 
ঃ অ' আই ! পেটটো ইমান ডাঙৰনে ?? একেবাৰে দেখোন গোলমোল !! 
ঃ আমি এই মাছটোক লৈ সৰুতে  কিমান যে খেলিছিলোঁ । পানীত থাকিলে ই তাৰ পেটটো আৰু ডাঙৰ কৰিব পাৰে। জী থকালৈকে তাৰ জিলজিলিয়া পেটটো ডাঙৰ হৈয়েই থাকিব । মৰিলে পেটটো জামৰি যাব।
ঃ সি জী আছেনে চোৱাচোন মণি বা ? মই এটা বৈয়ামত পানী দি তাক জীয়াই থ'ম !
ঃ নাই মৰি গ'ল।
ঃ ইচ্ ককা ! এইবাৰ গংগাটোপ মাছ আনিলে জী থকা আনিবা কিন্তু  ! 
ঃ হ'ব বাৰু । পিছে গংগাটোপ নাখায় দেই । ই খাবৰ উপযোগী মাছ নহয়। মণি ! গংগাটোপটো পেলাই দিবি ।এতিয়া কাষতে থৈ দে । পাহি মাজনী ! তুমি মণিয়ে বাছিবলৈ লোৱা মাছবোৰ চাই 
 যোৱা। ইয়াত কি কি মাছ আছে মই আগতেই নামবোৰ ক'ম ।
হঠাৎ তেওঁ মণিক ক'লে---
ঃ হেই মণি !! ৰচোন ৰ ! এইটো কি মাছ ? ময়েই চিনি পোৱা নাই দেখোন !! এইটো মাছ !! এইটো মাছ !! 
ঃ ককা !! মাছটো জী আছে চোৱা !! 
ঃ ও ! জী আছে । 
 মণি ! বেলেগ এটা বাল্টিত পানী আনচোন !! সোনকালে আন !
ঃ আই ঐ !!! কি ধুনীয়া মাছ !! ককা আমাৰ খাল-পুখুৰীতো ইমান ধুনীয়া মাছ থাকে ?
ঃ ও ! থাকেতো ! কিন্তু এইটো বৰ ধুনীয়া মাছ। মই আগতে দেখাও নাই । ৰ'বা আমি ধুনীয়া মাছবোৰ ইয়াতে ৰাখি যাম আৰু একুৱাৰিয়ামত দিম ।
 তেওঁ মণিয়ে আনি দিয়া বাল্টিটোত আলফুলে মাছটো এৰি দিলে । সোণালীবৰণৰ মাছটোৱে পানী পাই সাঁতুৰিবলৈ ধৰিলে । ইমান ধুনীয়া মাছ তেওঁ আগতে দলনিৰ পানীত কেতিয়াও দেখা নাছিল । ক'ৰ পৰা আহিল এই মাছটো ? তেওঁ আচৰিত হ'ল ।
 পাহি তাত ব্যস্ত হৈ যাব পাৰে বুলি তেওঁ মাছবোৰৰ নামবোৰ এফালৰ পৰা কৈ যাবলৈ ধৰিলে ।
ঃ ইয়াত কি কি সৰু মাছ আছে জানানে ?

(আগলৈ)
ৰিঞ্জুমণি নেওগ বৰা 
অধ্যক্ষ 
তেজপুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় 
পৃষ্ঠা-৩০
———————————————————
                              আখল 

◆চুজিৰ এবিধ সুস্বাদু মিঠাই
_____________________
ঘৰতে থকা খুউব কম বস্তুৰে আমি অতি সহজতে চুজিৰ এবিধ সুস্বাদু মিঠাই বনাব পাৰোঁ। খাবলৈও অতি সোৱাদ লগা হয়। 
উপকৰণঃ
চুজি__১কাপ
গাখীৰ__১ ১/২ কাপ
(সাধাৰণ উষ্ণতাৰ) 
ঘিউ__১চামুচ
গুৰি চেনি__১চামুচ
পাউডাৰ গাখীৰ__২চামুচ
শুকান নাৰিকলৰ গুৰি__১ কাপ
চেনি__১কাপ
পানী__১কাপ
ইলাচী__দুটা
চেৰি__অলপমান

প্ৰণালীঃ-
______
চুজিখিনি এখন কেৰাহী পাতি কম জুইত অলপ সময়ৰ কাৰণে ভাজি লব লাগে কেঁচা গোন্ধটো যোৱালৈকে। একেবাৰে লৰাই থাকিব ৰংটো সলনি হ'বলৈ নিদিব। প্ৰায় একমিনিট ভজাৰ পাছত প্ৰথমে ১কাপ গাখীৰ চুজিখিনিত ঢালি হেতাখনেৰে লৰাই থাকিব। গেছৰ জুই কমাই ৰাখিব এইখিনি সময়ত। চুজিখিনি শুকাই অহাৰ লগে লগে বাকী থকা ১/২ কাপ গাখীৰো ঢালি দি চুজিখিনিৰ লগত  ভালদৰে মিলি যোৱালৈকে লৰাই থাকিব লাগে। এতিয়া অলপ ঠাণ্ডা হ'বৰ কাৰণে প্লেট এখনত ৰাখি থৈ দিব পাচমিনিটৰ কাৰণে। ঠাণ্ডা হোৱাৰ পিছত হাতত অলপ ঘিউ সানি চুজিখিনি আটা মঠাৰ দৰে মঠি ল'ব। এতিয়া চুজিখিনিত মিলাব লাগিব পাউডাৰ, গুৰি চেনী আৰু দুচামুচ নাৰিকলৰ গুৰি। পুনৰ মিলাই চুজিখিনি মিঠাই আকাৰ দি ল'ব। মই দেখুওৱা ডিজাইনতো দিব পাৰে। 
আনফালে এখন কেৰাহীত চেনীৰ ৰসখিনি বনাবৰ কাৰণে পানী আৰু ৩/৪ ভাগ(বা ১কাপ) চেনি আৰু লগতে ইলাচী ২টা দি ভালদৰে উতলিবলৈ দিব। চেনিখিনি গলি আঠাভাব আহিলেই বনাই ৰখা চুজিৰ মিঠাইখিনি এটা এটাকৈ ৰসখিনিত দিয়াৰ পাছত ১মিনিটৰ কাৰণে ঢাকোন লগাই গেছটো জ্বলাই কম জুইত দিব লাগে। চুজিৰ মিঠাইখিনি আগতকৈ অলপ ফুলি আহিব। ঢাকোন আঁতৰাই এটা এটাকৈ মিঠাইখিনি লাহে লাহে লুটিয়াই দিব লাগে। আৰু আধা মিনিটৰ পাছত গেছটো অফ কৰিব লাগে। খুউব ধুনীয়াকৈ চেনীৰ ৰসখিনি মিঠাইৰ ভিতৰত সোমাই পৰিব। এতিয়া ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত এটা এটাকৈ বাকী থকা শুকান নাৰিকলৰ গুৰিখিনিত লেটিয়াই যাব লাগে আৰু চেৰিৰে সজাই দিব। 
          চুজিৰ সুস্বাদু মিঠাই পৰিবেশনৰ কাৰণে সাজু হৈ যাব।
সংগীতা চেতিয়া শৰ্মা 
শিৱসাগৰ
———————————————————
বিহাৰৰ অতি জনপ্ৰিয় 
                                                    লিটিত চৌখা 
উপকৰণ
লিটিতৰ কাৰণে...
আটা- 3কাপ
ঘি- 3 টেবুল চামুচ 
নিমখ - পৰিমাণ অনুসৰি 
পানী- আটা মঠিবৰ জোখাৰে 

ষ্টাফিংৰ কাৰণে... 
চট্টু- 1 বাতি
আচাৰ- 1টেবুল চামুচ 
নিমখ- জোখাৰে 
মিঠাতেল- 1টেবুল চামুচ 
নেমু ৰস- 1 ফাল
আদা
পিয়াঁজ 
ধনিয়া 

চৌখাৰ কাৰনে... 
বেঙেনা ডাঙৰ এটা 
বিলাহী দুটা 
আলু চাৰিটা 
পিয়াঁজ 
আদা 
নিমখ 
ধনিয়া 
মিঠাতেল 
নেমু ৰস 

প্ৰণালীঃ-
আটা খিনি ভালদৰে মঠি লৈ .....আধা ঘণ্টা ঢাকি ৰাখিব । ষ্টাফিং খিনি ভালদৰে মিহলাই আটা লাৰুৰ ভিতৰত ভৰাই লব। 
এতিয়া এখন কেৰাহী অলপ গৰম কৰি ... ঘি ব্ৰাচ কৰি লিট্তি কেইটা তাত দি দিব। উল্টা-চিধা কৰি প্ৰায় আধা ঘণ্টা সিজাব। শেষত এবাৰ গেছৰ উপৰত জালি এখনত দি দিব। অলপ জুইত পোৰাৰ দৰে হলে ভাল লাগে । আকৌ অলপ ঘি দিব শেষত।
 
চৌখা খিনি ভালদৰে মিহলাই ল’ব । আমাৰ বেঙেনা পিটিকাৰ দৰে ।

শেষত লিট্তি আৰু চৌখা গৰমে গৰমে পৰিবেশন কৰিব ।
◆সংগীতা বৰপাত্ৰগোঁহাই
গুৱাহাটী
পৃষ্ঠা-৩১
———————————————————
মৌচুমী শর্মা কাশ্যপৰ
সৌন্দৰ্য চৰ্চা 

◆মুখত হোৱা দাগ কিদৰে আঁতৰাব______

মুখত হোৱা শাল মইনা,দাগ আৰু infection-ৰ পৰা বাছি থাকিবলে আমি ঘৰুৱা যত্ন লব পাৰোঁ___-
*১চামুচ হালধি গুৰি,১চামুচ চন্দনৰ গুৰি আৰু ১চামুচ দৈ ভালদৰে মিহলাই ল'ব । যদি প্ৰয়োজন হয় অলপ পানী দিব   যাতে packতো গোটে মুখত ভালদৰে লাগি ধৰে  । এতিয়া pack  তো শুকালে চাফা পানীৰে ধুই ল’ব। হালধিত বীজাণুনাশক গুণ থাকে ই আমাৰ মুখত হোৱা bacterial infection ৰোধ কৰে। চন্দন আৰু দৈ এ আমাৰ ছালখনক natural moisture অনাত সহায় কৰে।
*অতীজৰে পৰা ছালৰ যত্নৰ বাবে নিমপাতৰ ব্যৱহাৰ হৈ আহিছে। নিমপাত অলপ লৈ ভালদৰে পানীৰে ধুই paste বনাই মুখত সানিলে ই ছালত হোৱা শালমইনা, দাগ আৰু যিকোনো infection নোহোৱা কৰি ছালখন উজ্বল কৰি তোলে। নিমপাতত anti bacterial আৰু anti fungal গুণ থাকে ।
*ছালকুঁৱৰী বা aloe vera ও এই ক্ষেত্ৰত খুব উপকাৰী। ইয়াৰ ব্যৱহাৰ কৰি আমি মুখত হোৱা শালমইনা, দাগ এইবোৰৰ পৰা চিৰ দিনলৈ মুক্তি পাব পাৰোঁ । লগতে ই ছালখনক moisturize কৰাত সহায় কৰে।
*ইয়াৰ উপৰিও আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগে।দিনটোত ৮-১০ গিলাচ পানী খোৱাতো খুবেই প্ৰয়োজনীয়।পানী এ আমাৰ শৰীৰত জমা হোৱা বিশক্তি পদাৰ্থ বোৰ শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে।
*দিনটোত মাজে সময়ে পৰিষ্কাৰ পানীৰে মুখন ধুই থাকিব লাগে যাতে মুখত হোৱা গুটি ,শাল মইনা এইবোৰৰ পৰা মুখৰ আন ঠাইলৈ infection বাঢ়ি যাব নোৱাৰে।

———————————————————
◆পকা চুলিৰ সমস্যা ৰোধ কৰাৰ উপায়-
                       
চুলিত মেলানিন (melanin) নামৰ এবিধ পদাৰ্থ থাকে। ই চুলিবোৰ ক’লা কৰি ৰখাত সহায় কৰে। বয়স বাঢ়ি অহাৰ লগে লগে মেলানিন উৎপাদনৰ পৰিমাণ কমি আহে, যাৰ ফলত পকা চুলিৰ সমস্যাই দেখা দিয়ে।কিন্তু আজিকালি প্ৰদূষণ আৰু অনিয়মিত খোৱা-বোৱাৰ কাৰণে কম বয়সতে এই সমস্যাই দেখা দিব ধৰিছে।ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কিছুমান ঘৰুৱা দিহাৰ সহায় লব পাৰোঁ-

১/এটোকোৰা আদা ভালদৰে পিহি তাৰ ৰসৰ লগত অলপমান মৌ-জোল মিহলাই লব।এই মিশ্ৰনখিনি চুলিৰ গুৰিত ভালদৰে সানি অলপ সময়ৰ পাছত ধুই দিব।এনেদৰে সপ্তাহত ২-৩ বাৰ কৰিলে লাহে লাহে চুলি পকা সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস পায়।

২/আমলখি চুলিৰ বাবে বহু উপকাৰী।৫-৬ টা আমলখি জেতুকাৰ পাতৰ সৈতে পিহিলৈ চুলিত লগাব। ইয়াৰোপৰি অলপমান আমলখিৰ ৰসৰ লগত নাৰিকল তেল গৰম কৰি চুলিত লগালেও ভাল ফল পাব পাৰি। ই চুলিবোৰ ক’লা কৰাৰ উপৰিও কোমল আৰু উজ্বল কৰি তোলে।

৩/অলপমান দৈ ত এটা বিলাহী পিহি ল’ব তাতে কেইটোপালমান নেমুৰ ৰস দি এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব। এই মিশ্ৰণখিনি চুলিত ভালদৰে সানি অলপ সময় ৰাখি চাফা পানীৰে ধুই দিব।সপ্তাহত ২-৩ বাৰ ইয়াক ব্যৱহাৰ কৰিব।

৪/ইয়াৰ উপৰিও নাৰিকল তেলৰ লগত বাদাম তেল মিহলি কৰি চুলিৰ গুৰিবোৰত সানিলে পকা চুলিৰ সমস্যা বহুখিনি হ্ৰাস পায়।
 
মৌচুমী শর্মা কাশ্যপ 
তিনিচুকীয়া
পৃষ্ঠা-৩২
——————————————————
                                  ধেৎতেৰি 

বন্ধ

:- এইবাৰ বিহুত কিন্তু আমাৰ মাহঁতকো কাপোৰ দিব লাগিব৷ 
:- কি ক'লা! কাপোৰ দিব লাগে! তোমাৰ মাক! কিয় হে?
:- কি কিয়! লাজ নালাগে নেকি! বিহুত নিজে গৈ পেট ভৰাই খাই, বিহুৱান লৈ আহে,  নিজে এযোৰ কাপোৰ দিলে কি হয়?
:- আৰে মই জোৱাই হয়… মোক কৰেই আদৰ… সেইবুলি মইও দিব লাগিব নেকি!
:-যদি আপুনি কাপোৰ নিদিয়ে তেতিয়া হ'লে এইবাৰ বিহুত মাৰ ঘৰত যোৱাটো বন্ধ!
:- হয় বন্ধ যদি ভালেই… বিহুৰ নামত কাপোৰ লোৱা কাৰবাৰটোৱে বন্ধ এইবাৰৰ পৰা… ঘৰৰ  কোনেও কাপোৰ নাপায়
:- এ হয়… তেতিয়া হ'লে আজিৰ পৰা ঘৰত খোৱা-বোৱাও বন্ধ
:- অ বন্ধ বন্ধ
:- বন্ধ……

-        কলিতা-কলিতানীৰ বন্ধ-বন্ধ শব্দ দুটা  ডাঙৰ ডাঙৰকৈ উচ্চাৰণ হোৱাত কাষৰ ঘৰৰ নাথনীয়ে নাথক গৈ ক'লে:- কলিতাহঁতৰ ঘৰত কিবা বন্ধ-বন্ধ কৈ আছে হে!
নাথ:- এ কি কোৱা! কোনে বা কি বন্ধ দিলে! এই বন্ধ দি দি অসমখন খালে৷ ৰ'বা দাসক ফোন কৰি খবৰটো লওঁ!
-
নাথে দাসলৈ ফোন লগালে:- অ দাস, এ কিবা অসম বন্ধৰ কথা শুনিছে নেকি হে!
দাস:- অসম বন্ধ! কোনে আৰু বন্ধ দিলে বা! বাতৰিও চোৱা হোৱা নাই আজি৷ ৰ'ব ছোৱালীক সুধো তাই দিনটো টিভিৰ আগতে থাকে!
-
ফোনটো কাটি দাসে জীয়েকক সুধিলে:- অ মাইনা, কিবা অসম বন্ধৰ বাতৰি পাইছা নেকি! 
:- নাই পাপা, ৰ'বা মই ফেচবুকত পোষ্ট দি খবৰ কৰোঁ!
-
মাইনাই ফেচবুকত পোষ্ট দিলে:- কাইলৈ কিবা অসম বন্ধ আছে ফ্ৰেণ্ডচ?
-
মিনিটতে পোষ্টটোৱে শ্বেয়াৰ হৈ গ'ল ৱালে ৱালে! সকলোৰে প্ৰশ্নবোধক চিন দি শ্বেয়াৰ কৰিলে!
-
দুজনমানে এই বন্ধ সংস্কৃতিক লৈ দিঘল টোকা লিখিও পোষ্ট দিলে!
-
ব্ৰেকিং নিউজত কাম কৰা নিউজ চেনেলৰ এজনে অসম বন্ধৰ পোষ্ট দেখি  লগে লগে ব্ৰেকিং নিউজ দিয়ে দিলে:- কাইলৈ অসম বন্ধৰ আহ্বান
-
এটা চেনেলৰ ব্ৰেকিং নিউজ দেখি বাকী চেনেল কেইটাইও কপি পেষ্ট কৰি ব্ৰেকিং নিউজ দিলে৷ টিভিত ব্ৰেকিং নিউজ নেকি প্ৰিণ্ট মিডিয়াৰ পৰা অসমৰ সংগঠন কেইটাৰ নেতালৈ ফোন লগালে তেওঁলোকে বন্ধ দিছে নেকি! সংগঠনৰ নেতা কেইজনেও চিন্তাত পৰিল কোনে এই বন্ধ দিলে! 
-
পিছদিনাখন বাতৰিত হেড লাইন হৈ ওলাল:- কোনোবা অচিন সংগঠনৰ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান৷
-
আগদিনা ৰাতি কলিতাৰ ঘৰত গেচ নজ্বলা বাবে আজি প্লেন কৰিছিলে বাহিৰত খাব যোৱাৰ! কলিতানীয়ে প্লেন কৰিছিলে বায়েকৰ ঘৰত যোৱাৰ৷ পিছে অসম বন্ধৰ বাবে দুয়োৰে প্লেন কেনচেলেই কৰিলে৷ 
-
কলিতাই কলিতানীক ক'লে:- হেৰা, বিহুৰ বজাৰ আজিয়ে কৰিব পাৰিলো হয় নহয় পিছে কোনোবাই অসম বন্ধ দিলে হে! কাইলৈ ফেঞ্চিলৈ ওলাবা৷  আজিৰ বাবে চাউল-দালি-পাচলি আছে নহয়!
                  বি এন ৰূপম,নলবাৰী
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
 বিজয় মহন্ত নিজৰ নতুন অফিচৰ এচি কেবিনত বহি আছে। অলপ দেৰিৰ পিছতে এজন মানুহ আহিল । বিজয়ে নিজকে  ব্যস্ত দেখুৱাবৰ বাবে Telephone ৰ receiver টো উঠালে আৰু ২ কোটি মান টকাৰ কিবা অৰ্ডাৰ দিয়াৰ কথা চাহাবী ধঙত  পাতিলে।

ফোন ৰখাৰ পিছত ....

বিজয় : কওকছোন কি problem হৈছে আপোনাৰ ?
মানুহজন :  টেলিফোন অফিচৰ পৰা আহিছোঁ, কথাপতা শেষ হ'ল যদি Telephone টো activate কৰি দিওঁ ?
দেৱজিত শৰ্মা
জাগীৰোড,মৰিগাঁও 
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
 ডাক্তৰ:- যেতিয়া আপুনি টেনশ্যনত থাকে তেতিয়া কি কৰে???
ৰোগী:- নামঘৰ, মন্দিৰ, মছজিদ যাওঁ..
ডাক্তৰ:- বঢ়িয়া এইবোৰ ঠাইলৈ গলে মানসিক শান্তি লাভ হয়...
ৰোগী:-না না ছাৰ.. মই নামঘৰ, মন্দিৰ, মছজিদৰ বাহিৰত খুলি থোৱা জোতা চেন্ডেলবোৰ মিক্স কৰি দিওঁ তাৰ পাছত মানুহবোৰৰ টেনশ্যন দেখি মোৰ টেনশ্যন দূৰ হৈ যায়.
লক্ষ্যদীপ গগৈ
ডিব্ৰুগড়
পৃষ্ঠা-৩৩
—————————————————
             পত্ৰলেখা 
                             পত্ৰ এখন লিখা না...

মৰমৰ অনুৰণ,
         আবেগ মিহলি মৰমবোৰে দোলনি দি থকা হৃদয়খনৰ বেথাবোৰ সামৰিব নোৱাৰিয়েই তোমালৈ বুলি...! মৰমবোৰ আকোৱালি ল'বা। কিদৰে আৰম্ভ কৰো...! কি বুলিনো কওঁ একোকে আঁত ধৰিব পৰা নাই । তথাপিও পৰিচয়বিহীন হৃদয়খনৰ পৰিচয় বিচাৰি তোমালৈ এধানি শব্দৰ মালা সাজিছোঁ।
            বুকুত এটি এটি জীয়া কাহিনী সামৰি দিনবোৰ এনেদৰেই পাৰ হৈছে । যৌৱনৰ কোনটো বেলাত তোমাৰ সৈতে সাক্ষাৎ হ'ল ঠিক মনত নাই । সামাজিক মাধ্যমত ডুবি থকা পৃথিৱীখনৰ মই কোনো ব্যতিক্ৰম নাছিলো । উতনুৱা যৌৱন , উন্মনা মনটিক লৈ ফেচবুকৰ জগতখনত মই ও আছিলো । ফেচবুকত প্ৰৱেশ কৰা প্ৰায় দুবছৰ পাছত এটি কবিতাৰ সৈতে চিনাকী আমাৰ । সেইয়াই হয়তো আৰম্ভণি আছিল । ফেচবুকৰ এটি মেছেজেৰে আৰম্ভ হোৱা এই বন্ধুত্ব এতিয়া যে মোৰ হৃদয়ৰ গভীৰতাত পুলি-পোখাই ঠন ধৰা এজোপা কৃষ্ণচূড়া।
              সৰুৱে পৰা জোনাক ভালপোৱা মনটোৱে তোমাক পোৱাৰ পৰা আকাশত নতুন মাদকতা বিচাৰি পোৱা হ'ল ।এঙেৰুৱা প্ৰতিটো ক্ষণত আশাবোৰ নতুনকৈ সেউজ হব ধৰিল । বুকুত সামৰি ৰখা কষ্টৰ হাঁহিবোৰেও আমনি নকৰা বহুদিনেই হ'ল । আজিকালি প্ৰতিটো আবেলিয়ে নতুনকৈ হাঁহিবোৰক আঙুলিয়াই মাতে...! উচুপনিত ডুব যোৱা নিশাবোৰত সপোনবোৰে আবিৰ সানে আৰু বাস্তৱৰ কঠিনতাত হেৰাই নাযায় সেই হাঁহিবোৰ...!ৰংবোৰতো আছেই..! তোমাক পোৱাৰ পৰাই মোৰ আপোন হেপাঁহৰ ঘৰতখনত এটি নতুন তৰাই জোনাক ছটিয়াই ।  কেনেকৈ বুজাও তোমাক , তোমাক পোৱাৰ পৰাই যে মোৰ পৃথিৱীখনলৈ পোহৰ নামিছে । এলাগী জীৱনটোলৈ ফাগুন নামিছে ।  তোমাক লগ পোৱাৰ পৰাই বিষাদবোৰত চকুলো ওলমি নৰয় । "Give me some sunshine , give me some rays"  - 3 idiot চিনেমাখনৰ সেই গানটোত গোৱাৰ দৰেই sunshine দিয়াজন তুমিয়েই ।
           প্ৰেম-সম্পৰ্ক , মৰম - ভাললগা এইবোৰত প্ৰায়ে আউল লাগে । যেতিয়া ভাবো তেতিয়াই বিপাঙত পৰো । এইয়া প্ৰেম নে কি নাজানো কিন্তু এই এমাহ পোন্ধৰ দিনৰ দুৰত্বই তোমাৰ স্থিতিক বুজাই দিছে । হয়তো তুমি ভাবিছা কি লিখি আছো , কি কৈ আছো । ভুল নুবুজিবা । সচাঁয়ে তুমিহীনতাই মোক বাৰুকৈয়ে কোঙা কৰিছে। তুমি মোৰ বাবে পৰাণ জুৰোৱা গান , হাঁহি বিলাব পৰা কবিতা । আশা- হেপাঁহ আৰু সপোনৰ সমাহাৰ । তোমাৰ ৰসাল কথাবোৰ, মোক দিয়া সাহসবোৰ -সকলোবোৰে মোৰ অতিকে আপোন। 
           
          আশা কৰো সোনকালেই দূৰত্ববোৰ শেষ হওঁক।আমাৰ সম্পৰ্কবোৰ আকৌ আগৰ দৰেই সজীৱ - জীপাল হৈ পৰক। তুমি আঁতৰি যোৱা পাছতহে অনুভৱ কৰিছো তোমাৰ প্ৰতি থকা অনুৰাগখিনি । এইবাৰ এক হোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ অনুভৱী আলাপখিনি ইমানতেই সামৰিছোঁ। 
                                                      
প্ৰান্তত— 
তোমাৰ সন্ধ্যা
প্ৰিয়াক্ষী চুতীয়া 
কচুপথাৰ , চেপন
চৰাইদেউ
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
মৰমৰ অনুৰাগ ,
        ভালে আছা চাগে ! তোমালৈ বুলি চিঠি লিখি লিখি  মোৰ কোঠাটোৰ এচুকত থকা ডাষ্টবিন টো প্ৰায় ভৰ্তি হওঁ হওঁ। চিঠিবোৰ লিখোঁ ঠিকেই কিন্তু খামটোত ভৰাই তোমালৈ বুলি পঠিয়াই তোমাৰ ব্যস্ত জীৱনৰ অলপ সময়ো লʼবলৈ মন যোৱা নাই মোৰ । মনে কৈছে এইখন চিঠি লিখি আৰু নিলিখো তোমালৈ বুলি । পিছে এইখন ডাষ্টবিনতেই ৰয় নে কোনোবা ডাকোৱালে তোমাৰ পদূলি পোৱাইগৈ সেইটো এতিয়াই ডাঠি কʼব পৰা নাযাব । 
          শুনা না ! দিনটোৰ ব্যস্ততাৰ শেষত ৰাতিটোতো মোক মনত নপৰে নে আজিকালি ?  প্ৰেয়সী বুলি কোৱাৰ অধিকাৰ আজিও নাই মোৰ ওচৰত । বন্ধুত্বৰ ৰঙেৰে ৰাঙলী হোৱাৰ পিছৰ সেই সময়বোৰ জানো বন্ধুত্বতেই  সীমাবদ্ধ আছিল?  আচলতে কি জানা তুমি মোৰ বাবে এটি নুবুজা সাঁথৰ , যাক মই আজিও ভেদ কৰিব নোৱাৰিলো। 
        আজি আকাশ খন ফৰকাল; তাতেই জোনাক নিশা।  সময়বোৰে কেনেকৈ  সলনি কৰিব পাৰে নঃ মানুহক; এসময়ত সপোন ৰচা জোনাক নিশাই আজি ভগ্ন সপোনৰ ভগ্নাৱশেষ চাই নীৰৱে শুই যায় ।
তুমি সলনি হৈ গʼলা বুলি নকওঁ; হয়টো মই নজনা , মই নিচিনা কিবা পৰিস্থিতিৰ দাস তুমি ও । মাথোঁ তোমাৰ পৰা এটা উত্তৰৰ অপেক্ষাত বহুপৰ ৰʼলো । আমাৰ সম্পৰ্কটোৰ নাম কি ?   
      সময়ৰ অজুহাতত তুমি আঁতৰি যোৱাৰ পৰাই জীৱনটোৰ প্ৰতিটো মুহূৰ্ত্ত আজি প্ৰশ্নবোধকৰ ৰাজত্বত । অজুহাত দিবলৈ জানো তুমি প্ৰেমিক আছিলা ? বন্ধুত্বই জানো অজুহাত দেখুৱাই আঁতৰি যায়? এইয়া বন্ধুত্বই আছিল নে ? 
নাই পোৱা আজিলৈ এনেকুৱা কিছুমান প্ৰশ্নৰ উত্তৰ।অনামী ভাৱনাবোৰে আমনি কৰি তোলে হয় কিন্তু অনামী সম্পৰ্ক বোৰ কঢ়িয়াই ভাগৰুৱা হৈ গৈছো মই ।
 জানো তোমাৰ ব্যস্ততাই  মোৰ অনুপস্থিতিৰ উমান পোৱা নাই । মোৰ ব্যস্ততাই পিছে তোমাকেই সুঁৱৰি আছে।  
সেইদিনা শুনিলো  তোমাৰ হেনো দুৰ্ঘটনা এটাত মৃত্যু হৈছে। মানে নিউজত পালোঁ ৰেডিঅৰ। কিযে হʼব নহয় , তোমাৰ দৰে নামৰ মানুহ যে ইমান আছে নহয়! 
 মোৰ লগৰ বোৰে আহি কৈয়ে আছে সেইজন তুমি বুলি । হাঁহি উঠিছে মানুহ বোৰৰ অৱস্থা দেখি , সিহঁতক কৈছোঁ এসময়ত মই চিন্তাত পৰিম বুলি মোক নোকোৱাকৈ কʼলৈকো নোযোৱা লʼৰাটোৱে অন্ততঃ নিজে নিজৰ স্বৰ্গযাত্ৰাৰ আয়োজন কৰিব নোৱাৰে । 
  পিছে এইবোৰ থোৱা এদিন আহিবা না, তোমাৰ নামৰ সাঁথৰটো ভাঙিবলৈ । এই অনামী সম্পৰ্কটোক কিবা এটা নাম দিয়াৰ বিৰাট ইচ্ছা মোৰ। 
আহিবা ন  ? অই , মানুহ বোৰে কোৱা মানুহজন তুমি নহয় ন ?  
        অহা ২৬ ছেপ্টেম্বৰ মোৰ জন্মদিন, তোমাৰ ব্যস্ততাই পাহৰাই পেলাইছে যদি মনত কৰি দিছোঁ, আহিবা দেই ; তোমাৰ প্ৰিয় ৰঙা শাৰীখন পিন্ধি চকৰ ওচৰৰ বকুল জোপাৰ তলতেই মই ৰৈ থাকিম।
আহিবা তুমি ; ৰৈ থাকিম মই ।
আহিবা নে ?
  
       মৰমেৰে
তোমাৰ শুভাকাংক্ষী—
প্ৰদক্ষিণা কলিতা
ৰঙিয়া
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
মৰমৰ
      ঋষি.....
মৰম ল'বা।তুমি নিশ্চয় ভালে আছা।কিয় জানো,বহু বছৰৰ মূৰত তোমালৈ বুলি হাতত কলম তুলি ল'লো।নাজানো তোমাৰ হৃদয়ত মোৰ বাবে এতিয়াও অকণমান ঠাই আছেনে নাই!
             কিয় জানো ঋষি,আজি ইমান বছৰেও তোমাক,তোমাৰ সেই মিঠা আবেগ,অভিমান,অনুশাসন বোৰ পাহৰিব পৰা নাই।মোৰ আজিও মানসপটত ভাঁহি আছে...সেই একাঁ-বেকাঁ পাহাৰৰ ওপৰলৈ উঠা ৰাস্তাটোত প্ৰথম তোমাৰ লগত চিনাকী হোৱা মধুৰ মূহুত্ত্ব বোৰ...!ভালদৰে অসমীয়া ক'ব নজনা স্বত্বেও তোমাৰ মুখত আমাৰ অসমীয়া ভাষাটোত তুমি কোৱা "ঋষিকেশ" তোমাৰ নামটো আজিও জীপাল হৈ আছে জানা..!লাহে-লাহে আমি দুয়ো বন্ধুত্বৰ এনাজৰিয়ে বান্ধ খাই পৰিছিলোঁ।মোৰ আজিও মনত আছে ঋষি,মই নতুনকৈ লোৱা Nokia 1600 ফোনটোৱে তোমালৈ বহু ৰাতি-ৰাতিলৈ ফোন আৰু মেছেজ কৰা সেই সুন্দৰ মূহুর্ত বোৰ..।মায়ে প্ৰায়ে কৈছিল- "তই শোৱাই নাই যে..!শুই থাক। কাৰ লগত কথা পাতি আছ'?দেউতাই গম পালে কথা বেয়া হ'ব।" এৰা! এয়া ঋষি দেউতাৰ শাসন আছিল, বহু কঠোৰ।
   এনেদৰে দিন,মাহ,বছৰ পাৰ হ'ল।ঋষি এদিন হেৰাই গ'ল মোৰ অজ্ঞাতে। ঋষি হেৰাই যোৱাত মই অনুভৱ কৰিছিলোঁ,তেওঁ মোৰ অকল বন্ধুৱেই নাছিল..! হয়তো ঋষিয়ে মোৰ প্ৰেম আছিল।মোৰ হৃদয়ে বহু কান্দিলে।বহু দিন পাহাৰৰ সিটো পাৰে থকা সৰু টাউনখনত তোমাক গলিয়ে-গলিয়ে বিচাৰি বহু হাবাথুৰি খালো।পিছে আজিলৈ তোমাক ক'তো বিচাৰি নাপালো‌ ঋষি।সৌসিদিনা বহুদিনৰ পাছত তুমি মোক বিচাৰিলা,তুমি মোৰ কাষলৈ আহিছিলা,কিন্তু মোৰ কাঁচৰ দৰে ঠুনুকা হৃদয়খন ভাঙি তচ-নচ হ'ল।তেতিয়া মোৰ অভিমানি,জেদি,আবেগিক মনটোৱে তোমাক আকোঁৱালি ল'ব নোৱাৰিলোঁ। কিন্তু আজি..!আজিও মই অনুতপ্ত:..আজি দেখুন বাৰুকৈয়ে পাহৰিব পৰা নাই তোমাক..!
কিন্তু কিয় ঋষিকেশ..?হয়তো আজিও তুমি মোৰ হৃদয়ৰ কোনোবাখিনিত সজীৱ হৈ আছা।মোৰ অনুভৱ হয় জানা...! হয়তো এইয়াই প্ৰেম।সঁচা প্ৰেম..! মই নাজানো তুমি এতিয়া ক'ত আছা,কেনেকৈ আছা,কিন্তু এটা কথা ঠিক তুমি মোৰ হৃদয়ত আছা..!
তুমি কেৱল মোৰ।
পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে........
প্ৰান্তত
তোমাৰেই....

মিনতি নাথ
চৰাইবাহী, মৰিগাঁও
পৃষ্ঠা-৩৪
——————————————————
           অনুভৱৰ পৃষ্ঠা লুটিয়াই...

শৰতত মোৰ অনুভৱ 
কল্যাণী দেৱী গোস্বামী       

     গাঁৱৰ পথাৰবোৰ এতিয়া সেউজবুলীয়া হৈ পৰিছে।যেনি চকু ফুৰাওঁ তেনিয়ে কেৱল সেউজবোৰে আৱৰি ধৰিছে।পুৱাৰ সমীৰণত ঢৌখেলি থকা ধাননি ডৰাবোৰত পাতলীয়া নিয়ৰে সিক্ত কৰি ৰূপত ৰহণ সানিছে।ৰঙা ,হালধীয়া দুই চাৰিটা জিঞাই  ধাননিৰ সেউজীয়া খিনিহে যেন উপভোগ কৰিছে  উৰি উৰি ধাননি ডৰাৰ ওপৰেদি।
উৎকত গৰমক আঁতৰাই  মৃদু মলয়াছাটিয়ে একাঁজলি শীতলতা সিঁচিছেহি বুকুত ।শৰৎ আকৌ অহাৰ উমান পালোঁ।মন চুই যাব শেৱালিৰ সুবাসে। নিয়ৰৰ মুকুতাই মুকলি কৰিব পৃথিৱী। শাৰদীয় ভাব এটাই মনত শিহৰণ জগাই। স্মৃতিকাতৰ কৰি তোলে মন। দুৰ্গোৎসৱ যেন  নিচেই ওচৰত ।
   মনত পৰে তাহানিতে  শৈশৱত প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতে  বিদ্যালয়ৰ নাতি দূৰৈত হোৱা সিখন গাঁৱৰ  দূৰ্গাপূজাৰ কথা। খনিকৰে এমাহ-ডেৰমাহ আগৰে পৰা  গোসাঁনীৰ মূৰ্তিজনা  সাজেহি। স্কুল ছুটিৰ পাছত সেইকেইদিন আমি কেইজনী মান  বান্ধৱী লগ হৈ মূৰ্ত্তি সজা ঠাই পাওঁগৈ দৌৰি দৌৰি।কাৰণ সোনকালে ঘৰ গৈ নাপালে  গালি খাব লাগিব  ঘৰত  বুলি ভয়  কৰিছিলোঁ। 
   গোসাঁনীজনা একলা দুকলাকৈ বাঢ়ি অহা  দৃশ্যত অভিভূত হৈ পৰিছিলোঁ। ধান খেৰৰ জুমুঠিৰে আৰম্ভ কৰাৰে পৰা ,মাটিৰ প্ৰলেপ দি , খনিকৰৰ শেষ পৰশলৈকে মন্ত্ৰমুগ্ধ হৈ ৰৈছিলোঁ আমি। পূজাৰ কেইদিন ৰাতিপুৱা  তলসৰা এখৰাঁহি  নিয়ৰ সিক্ত শেৱালীফুল বুটলি লৈ  দেৱীৰ চৰণত নিবেদন কৰোঁ মণ্ডপলৈ গৈ।পুনৰ গধূলি আকৌ  সাজি কাচি পূজা মণ্ডপলৈ যোৱাটো  নিয়মৰ দৰে আছিল।দশমী পূজাৰ দিনা আইতাই  দোকমোকালিতে টোপনিৰ পৰা জগাই পঢ়াশালিৰ কিতাপ পঢ়িবলৈ দিছিল ।গোসাঁনীক দিবলৈ এশ আঠ বাৰ  মাৰ নামটো  "শ্ৰী দূৰ্গা দৈৱৈ নমঃ," বুলি লিখি নৈৰ ঘাটত মাৰ চৰণত নিবেদন কৰিছিলোঁ।তেনে কৰিলে বছৰটোলৈ মায়ে আশীৰ্বাদ দি যায় বুলি আইতাহঁতে কোৱা কথাত  বিশ্বাস কৰিছিলোঁ।
 এতিয়া অনুভৱ কৰোঁ সেই সুন্দৰ অনুভৱৰ  স্বাধীনচিতীয়া দিনবোৰ কালক্ৰমত যেন হেৰাই গৈ আছে।
  সেই দিনবোৰৰ স্বতঃস্ফুৰ্ততা এতিয়া নাই।পৰিবেশ,পৰিবৰ্তনে তাহানিৰ আন্তৰিকতা  হ্ৰাস কৰি আনিছে। কিন্তু শৰতে নিজস্বতা হেৰুৱাই পেলোৱা নাই।
শৰতৰ ৰিবৰিব বা ছাটিয়ে এতিয়াও মন পুলকিত কৰে।মাজৰাতি এতিয়াও আকাশেৰে শৰালি উৰে। শৰতৰ স্নিগ্ধ সুন্দৰতা আমি সদায় বিচাৰোঁ।
   বৰ্ধিত জনসংখ্যা, প্ৰাকৃতিক সম্পদ বোৰৰ ক্ষয়িষ্ণুতাই বৰ্তমানত পোহৰ,বতাহ,আৰু পানীৰো নাটনি দিনে দিনে বঢ়াই আনিছে ফলত পৃথিৱীয়েও যেন  মানুহৰ ভৰ কমাবলৈ বদ্ধ পৰিকল্প।অস্তিত্বৰ সংকটত মানুহে যুঁজ দিব লগীয়া হৈছে। এনে লাগে এতিয়া যেন  মানুহে খোলাখুলিকৈ শৰত অহাৰ আনন্দ  হেঁপাহ  পলুৱাই উপভোগ কৰিব পৰা নাই।
   তথাপিও আশা কৰিছোঁ শৰতে মানুহৰ মনবোৰ  স্নিগ্ধ সুন্দৰ কৰি আত্মীয়তা বঢ়াই তোলক।
কল্যাণী দেৱী গোস্বামী 
জালুকবাৰী,গুৱাহাটী
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
অনুভৱ
Lockdown আৰু মই
দিগন্ত দাস

      আজি কি বাৰ , কিমান তাৰিখ ...মই নাজানো আৰু সিমান প্ৰয়োজনো নাই । অলপ পাৰ্থক্য কিন্তু অইন দিনবোৰৰ দৰেই এই দিনকেইটা । কোঠাত এতিয়া ঘণ্টা ধৰি সোমাই থাকিলেও মাৰ গালি নাখাওঁ । ৰাতি দেৰিলৈ ৱেব চিৰিজ , চিনেমা চাই থাকিলেও সুউব কম গালি খাইছো । অইনৰ কথা নাজানো , কিন্তু মই এই দিনকেইটাত হাঁহিছো , মাথো হাঁহিছো ।
     এৰা ! চলিবলৈ অসুবিধা আমাৰো হৈছে।দেউতা কামলৈ  যাব পৰা নাই , উপাৰ্জনৰ পথতো তলা লাগিলে । তথাপিও পেট ভৰাই প্ৰতিদিনে খাব পাইছো । দলনিৰ মাছ , কচু আদিৰ আঞ্জা খাই আজিলৈ আমনি লগা নাই । মাজে মাজে মাংসৰ সোৱাদেও আমোদ দিছে । পিছে মই ভাততকৈ চাহ হে বেছি খাৱ লৈছো । এৰা ' পানী পুৰি , ম'ম' আৰু বিৰিয়ানি এইবোৰে মাজে মাজে আমনি নকৰা নহয়  । ৰাতি দেৰিলৈ সাৰে থাকি পুৱা বহু সোনকালে শুই উঠো , এই ধৰক ১০-১১ টা বজাত সাৰ পাই যাওঁ ।
    এইকেইদিনতে কথা কেইটামানো লক্ষ্য কৰিছো । কিছুমান সম্পৰ্ক কেতিয়াও সাৰ্থক নাছিল তাক বুজিছো । কিছুমান মানুহ যে ভৱাতকৈও বেছি গুৰুত্বপূৰ্ণ তাক বুজিছো  । এই কেইদিনত বহু নজনা কথা শিকিছো । পেঞ্চিল স্কেটচিং কৰিছো , ৰংবোৰ হাতেৰে চুই উকা কাগজত সানিছো । ৰাতি দেৰিলৈ পঢ়ি থকা উপন্যাস কেইখনক বুকুত আজুৰি শুই পৰিছো ।
     ৯০ দশকৰ হিন্দী গান আৰু জুবিন দা-পাপন দাৰ গানবোৰৰ  লিৰিকচ বোৰ ভুলে শুদ্ধয়ে মাতিছো । ইয়াৰ বাহিৰেও কেইটামান পল মই মোৰ বন্ধু - বান্ধৱী আৰু কেইগৰাকী মান পাহৰিব নোৱাৰা মানুহক মনত পেলাই মাজে মাজে  মনো বেয়া কৰিছো । প্ৰতিদিনে একেলগে অতপালি কৰি থকা অলগদ্ধ কেইটাক মিচ কৰিছো । গধূলি আপোনাৰ বাসন্তী খনত উঠি দৃঢ় বিশ্বাসত ভুল ভুলকৈ গোৱা গানবোৰ মিচ কৰিছো । মোৰ প্ৰিয় ধুমুহাজাকক  কৰিছোঁ। সেই ধুমূহাজাকক এবাৰ লগ পাবৰ বাবে অপেক্ষা কৰিছোঁ। 
    কলেজৰ চৌহদত হয়টো এতিয়া পগলামি কিছুমান কৰি থাকিলো হয় , যাৰ বিপৰীতে এতিয়া পৰিয়ালৰ সৈতে আমিষ , বুল বুল কেন চিংগ আদি চিনেমা চাইছোঁ ।
           অনিমন্ত্ৰিত বৰষাজাকৰ ওপৰত কবিতা লিখিছোঁ।বিহুৰ দিনা ঘৰতেই গৰু কেইটাক গা ধোৱালোঁ । জীৱনত প্ৰথমবাৰ উকা উকাকৈ বহাগ বিহু পালিছোঁ । মাজে মাজে কেইগৰাকীমানৰ ভিডিঅ’ কল ত মেক্ আপ বিহীন মুখ কেইখন চাই ভয়ো খাইছো আৰু সুউব হাঁহিছোঁ । সামাজিক মাধ্যমত মিম্ বোৰ চাই সুউব হাঁহিছোঁ । দোকমোকালি বাহিৰলৈ গৈ কঁঠালৰ মছিত হাত ফুৰাইছোঁ । দুৱৰী বনৰ শীৰ্ষত থকা নিয়ৰ শিক্ত চেচাঁবোৰ বুকুত সানি লৈছোঁ । আইতাৰ পুৰণি দিনৰ বহু কাহিনী শুনিছোঁ । বহুত হাঁহিছোঁ , বহুত বেছি । 
   অইনৰ নাজানো! মই কিন্তু এই দিনকেইটা আমনি নাই পোৱা ।
    অথচ, মই এই দিনকেইটা ভাল পাই পেলাইছোঁ ।
                            দিগন্ত দাস
                            ৰহা,নগাওঁ
পৃষ্ঠা-৩৫
——————————————————

কৃষ্ণচূড়াৰ দেশত মোৰ আধৰুৱা স্বপ্ন
কনকন চহৰীয়া

     মঙ্গলদৈ মহাবিদ্যালয়খন কৃষ্ণচূড়াৰ দেশ বুলি বহুতেই ক’ব খোজে।ময়ো ইয়াৰ ব্যতিক্ৰম নহয়। তাত থকা কৃষ্ণচূড়া কেইজোপাৰ সৌন্দৰ্য্যতাই কলেজখনক এক সুকীয়া মাত্ৰা দিছে । ময়ো প্ৰেমত পৰিছিলোঁ সেই কৃষ্ণচূড়া কেইজোপাৰ। প্ৰেমত পৰিছিলোঁ মঙ্গলদৈ মহাবিদ্যালয়খনৰ। 
    ২০১১-১২ বৰ্ষৰ সেই বিশেষ এটা দিন কিন্তু, দিন বাৰ সময় তাৰিখ বিশেষ মনত নাই। মোৰ প্ৰথম খোজ মঙ্গলদৈ মহাবিদ্যালয়খনত ।অৱশ্যে শৈক্ষিক দিশতহে মোৰ প্ৰথম দিন। 
  কিয়নো  বিভিন্ন সময়ত কিছু কাৰণ লৈ কলেজখনত কম পৰিমাণে আহ-যাহ আছিল আৰু সেই বাবেই হয়তো মোৰ বাবে কলেজখন বৰ আপোন। কলেজখনত নামভৰ্তি কৰিয়েই শৈক্ষিক দিশৰ লগতে কলেজৰ বিভিন্ন অনুষ্ঠান সমূহত অনুষ্ঠিত হোৱা দিশ বোৰত এজন সক্ৰিয় সদস্য হিচাপে জড়িত আছিলোঁ। সাংস্কৃতিক দিশটো মোৰ বৰ প্ৰিয় আৰু ইয়াৰ লগত প্ৰায়ে জড়িত আছিলোঁ। আচলতে ছাত্ৰ একতসভাৰ এজন বিষয়ববীয়া হিচাপে কলেজৰ প্ৰথম বৰ্ষত পঢ়াত অলপ ধ্যান কমিছিল যদিও দ্বিতীয় বৰ্ষৰ পৰা লাহে লাহে ক্লাছ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আচৰিত কথাটো হ'ল যে আমি কেইজমান লগ লাগি গোটেই কলেজৰ চৌহদ আৰু প্ৰতিটো বিভাগৰ আগেদি যোৱাটো আমাৰ এটা নিত্য নৈমিতিক কথাৰ দৰেই হৈ পৰিছিল। এনেকৈ এপাক নামাৰিলে কলেজত সেইদিনা যোৱাটো কিবা আধৰুৱা যেন অনুভৱ হৈছিল আমাৰ।
    ২০১২-১৩ বৰ্ষৰ তেতিয়া নামভৰ্তি চলি আছিল মই পঢ়া মহাবিদ্যালয়খনত। আমিও অলপ ভাল পাইছিলোঁ কাৰণ নৱাগত আহিব চিনাকি হ’ব পাৰিম বিভিন্নৰ লগত। তেতিয়া ৰেগিঙৰ ব্যৱস্থা উঠি গৈছিল যদিও দুই এজনে মনে মনে ৰেগিং কৰিছিল। মই কিন্তু ফাঁকে ফাঁকে বাছি গৈছিলোঁ। আমিও সাজু আছিলোঁ কাৰোবাক এনেই কিবা কিবি সুধিবৰ বাবে।এনেকৈ নামভৰ্তি হোৱাৰ পিছত ভালকৈ ক্লাছ পাতি আৰম্ভ হ’বলৈ ল'লে। ময়ো ক্লাছ আজি কালি প্ৰায় কৰিব লৈছোঁ। মাজে মাজে কৃষ্ণচুড়া, বকুল, নাহৰ, আমলখিৰ তলত আমাৰ ল'ৰা ছোৱালীৰ আড্ডা বহিছিল। নিৰেন দাৰ কেণ্টিনত চাহৰ আড্ডা !উফ কি যে ভাল লগা সময়!
   মই ভূগোলৰ ক্লাছটো সদায় কৰিছিলোঁ, কাৰণ প্রেক্টিকেল থাকে গতিকে এদিন মিছ যোৱা মানে বুজিব টান হৈ পৰে, পৰাপক্ষত কৰি যাওঁ। এনেকৈ সদায় কলেজলৈ অহা যোৱা কৰি থাকোতে এজনী ছোৱালী মোৰ চকুত ধৰা পৰিছিল খুব সুন্দৰ ধুনীয়া আৰু মৰম লগা ছোৱালী। শ শ ছোৱালীৰ মাজত অকল তাইকহে ভাল লাগিছিল। এনেকৈ মোৰ লগৰ বন্ধু দুজন মান লগ হৈ তাইৰ পিছ ল’লোঁ কিন্তু তাইৰ পিছ লোৱা বুলি মোৰ বন্ধু কেইজনকো কোৱা নাছিলোঁ আৰু সিহঁতেও নাজানিছিল। আচলতে পিছত গম পালোঁ যে তাইও ভূগোল বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰী ।নতুনকৈ আহিছে মঙ্গলদৈ মহাবিদ্যালয়লৈ। ঘৰ পুনিয়াত (ব্লক চক পাৰ হৈ) নামটো বাৰু উল্লেখ নকৰো। মই ভাবিছিলোঁ যে এতিয়া আৰু কলেজ মিছ কৰিব নোৱাৰি কাৰণ কলেজ মিছ কৰা মানে তাইক লগ নোপোৱা বা দেখা নোপোৱা, কথা বোৰ মোৰ মাজতে ক্ৰিয়া কৰি গৈ আছিল। এতিয়া প্ৰায় দেখা দেখি হৈ থাকে তাইৰ লগত, ভাল তাইৰ চলন ফুৰণ,সহজ সৰল ছোৱালী তাই, তাইৰ হাঁহি সুন্দৰ সদায় উপভোগ কৰোঁ তাইৰ সৌন্দৰ্য্য। এক পক্ষত ক’বলৈ গ’লে মই তাইৰ প্ৰেমত পৰিছিলোঁ। হয়তো তাই নাজানিছিল। কিন্তু তাই এইটো জানিছিল যে মই তাইক সদায় চাওঁ। তাইক চাবলৈ ভূগোল বিভাগৰ ওচৰতে থকা সেই বকুল জোপাৰ তলত প্ৰায় আড্ডাত বহিছিলোঁ লগৰ বোৰৰ লগত। ভূগোল বিভাগৰ আগেদি প্ৰায় দুই তিনিবাৰ পাৰ হৈ গৈছিলোঁ কোনো কাৰণ নোহোৱাকৈ। 
    তাই ক্লাছত  থকা সময়খিনিত খিৰিকীৰে জুমি চাইছিলোঁ।এনেকৈ দুটা বছৰ কেনেকৈ পাৰ কৰিছিলোঁ গম পোৱা নাছিলোঁ মাত্ৰ তাইৰ লগতেই সময় বোৰ পাৰ কৰিছিলোঁ।
প্ৰতি দিনে ভাবো কথাবোৰ কৈ দিম মোৰ মনত জাগি উঠা সেই বিশেষ তিনিটি শব্দ,কিন্তু  নোৱাৰিলোঁ।  কথাবোৰ কৈ দিলে তাই হেৰাই যোৱাৰ ভয়ত মই মনৰ কথাবোৰ মনতে ৰাখিছিলোঁ। 
   এনেকৈ এটি আধৰুৱা স্বপ্ন মোৰ মাজতে সীমাবদ্ধ হৈ ৰৈ গৈছিল। কোনো কালেই এক মুহূৰ্তৰ  বাবেও তাইক ভাল পাওঁ বুলি ক’ব নোৱাৰিলোঁ। 
   অৱশ্যে, তাই মোৰ ফেচবুকত সক্ৰিয় বান্ধৱী।
কনকন চহৰীয়া
দীঘিৰপাৰ, মঙ্গলদৈ 
পৃষ্ঠা-৩৬
◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦
—————————————————
                                            শিল্পকলা 

             বিশ্বব্যাপী দেখা দিয়া অতিমাৰী ক’ৰোণাৰ কুপ্ৰভাৱে সকলোকে চুই গৈছে। এই কঠিন সময়ত নিজৰ প্ৰতিভাৰ উপযুক্ত প্ৰয়োগ কৰি আৰ্থিক তথা মানসিক দিশত কিছু শিথিলতা আনিবলৈ ভগ্নীদ্বয় ক্ৰমে সংঘমিত্রা গোস্বামী আৰু পল্লৱী গোস্বামীয়ে নিজে "Clay"মাটি,ভিন্নৰঙী মুকুতা, বিভিন্ন ৰঙৰ প্ৰয়োগৰে  প্ৰতিগৰাকী নাৰীৰ পছন্দৰ কাণফুলি,গলপতা তথা বিভিন্ন আকৰ্ষণীয় জুৱেলাৰী ছেট নিৰ্মাণৰ কাম হাতত লয়। যাৰ ফলস্বৰূপে ২০২১ চনৰ মে'-জুন মাহত জন্মলাভ কৰে "সৃষ্টি"য়ে। 
    "সৃষ্টি"য়ে বুজাই দিছে সাধনা আৰু কলা থাকিলে আপুনি যিকোনো পৰিস্থিতিতেই আগবাঢ়ি যাব পাৰে আৰু নিজৰ কৰ্মৰে জিলিকি ৰ’ব পাৰে। 
    "সৃষ্টি"ৰ এই নিখুঁত হস্তকলাই এদিন সকলোৰে মন চুব আৰু উৎকৃষ্ট বজাৰ দখন কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

সৃষ্টিৰ গৰাকী--   
সংঘমিত্রা গোস্বামী
পল্লৱী গোস্বামী
ঠিকনা--  পাঞ্জাবাৰী,গুৱাহাটী
যোগাযোগ নম্বৰ-- 8638449832 

যুগুতালে
অনুস্মিতা ফুকন
বঙাইগাঁও

পৃষ্ঠা-৩৭
———————————————————

পৃষ্ঠা-৩৮
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

পৃষ্ঠা-৩৯
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

Post a Comment

0 Comments