আনে নোযোৱা বাট তৃতীয় অধ্যায় ৪ ৫ ৬ খণ্ড

আনে নোযোৱা বাট 
(এগৰাকী নাৰীৰ জীৱনৰ ওপৰত আধাৰিত
উপন্যাস )
নৱ ৰাজন 

তৃতীয় অধ্যায় ( ৪ ,৫ ,৬ খণ্ড )

চতুৰ্থ খণ্ড

 সন্ধ্যা ৯ বজাৰ আগেয়ে আমি ঘৰ পালোহি।
দুদিনীয়া চেৰাপুঞ্জী ভ্ৰমণে মনটোক পুনৰ জীপাল কৰি তুলিলে। আজি এসপ্তাহ হৈছে অমিতাভ গুৱাহাটী মেডিকেল কলেজলৈ বদলি হৈ অহা। অমিতাভক আগতকৈ বহু সলনি হোৱা যেন লাগিছে। মোৰ প্ৰতি তেওঁৰ  কেয়াৰো বহুখিনি বাঢ়িছে। 
  আনফালে হুৱাটচ এপ ,মেচেঞ্জাৰত নীলমৰ অভিমানৰ জোৱাৰ। এই দুদিন ভালদৰে চাটিং নকৰাৰ বাবে যিহে অভিমান । অৱশ্যে দেওবাৰৰ দীঘলীপুখুৰীৰ কাব্যনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰি মোৰো বহু বেয়া লাগিছে। কিন্তু ,উপায়ো নাই।
  "দুদিনতে আমাক পাহৰিয়ে গ’লা যে? আমিনো কোন ? সাধাৰণ এজন টিউশ্যন মাষ্টাৰহে! ...."—নীলমৰ মেছেজটো ম’বাইলৰ স্ক্ৰীণত জিলিকি উঠিল। 
   "তুমি কোন নাজানা ? তুমি হ’লা অসমৰ বৰ্তমান সময়ৰ এজন সৰ্বাধিক জনপ্ৰিয় কবি।
আৰু মোৰ জীৱনৰ...." –মই ৰিপ্লাই দিলোঁ।
    "তোমাৰ জীৱনৰ  কি ? "
    "BoyFriend"—মই ঘপককৈ লিখি  দিলোঁ।
 তাৰ পাছত আৰু নীলমৰ মেচেজ নাহিল।
 মোৰ তেতিয়াহে লাজ লাগিল।নীলমে বাৰু বেয়া পালে নেকি ? 
     দিনে দিনে গাঢ় হৈ পৰা আমাৰ এই সম্পৰ্কক বাৰু কি নাম দিওঁ! মই  বিবাহিত।কিন্তু নীলমতো অবিবাহিত।গোটেই জীৱনটো তাৰ সন্মুখত পৰি আছে। সি বাৰু মোক সঁচাকৈ ভাল পায় নে ? তাৰ প্ৰতি গঢ়ি উঠা মোৰ ভালপোৱা বাৰু কিমান আন্তৰিক ? 
অমিতাভৰ পৰা নোপোৱা শাৰীৰিক সম্ভোগ পূৰ কৰিবৰ বাবেই তীব্ৰতৰ হৈছে নেকি নীলমৰ প্ৰতি মোৰ এই অনুৰাগ ! 
   এগৰাকী অন্তৰংগ বন্ধু হিচাপে ,অমিতাভে মোৰ প্ৰতি সম্পূৰ্ণ দায়িত্ব পালন কৰি আহিছে।কিন্তু, নৱ বিবাহিত পত্নী হিচাপে,তেওঁ মোৰ প্ৰতি সম্পূৰ্ণ উদাসীন। 
   এই উদাসীনতাৰ কাৰণ বিচাৰি বিগত দিনবোৰত বহু সময় অতিবাহিত কৰিলোঁ।অমিতাভৰ ম’বাইলো বহু দিন চলাথ কৰিলোঁ। নাই, কোনো অন্য নাৰীৰ সান্নিধ্যৰ প্ৰমাণ নাপালোঁ।কিন্তু, ম’বাইলৰ পৰা কেনেকৈ নিশ্চিত হ’ব পাৰি যে অমিতাভৰ আন কোনো নাৰীৰ লগত সম্পৰ্ক নাই বুলি ! 
    মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰনা হ’ল। উজাগৰী ৰাতিবোৰ মোৰ সংগী হ’ল। বহু কিতাপ পঢ়িলোঁ। ইউটিউবতো বহু ভিডিঅ’ চাৰ্ছ কৰিলোঁ। কিন্তু, কোনো সমিধান নাপালোঁ। অমিতাভৰ সৈতে কেতিয়াবা এই বিষয়ে মুকলিকৈ পাতিম বুলি ভাবো যদিও অমিতাভৰ পৰা কোনো সঁহাৰি নোপোৱাৰ বাবে মনৰ কথা মনতে গাপ দি থওঁ।
   মনোবিজ্ঞানী ,মোৰ বান্ধৱী পল্লবীৰ সৈতেও 
এই বিষয়ে বিভিন্ন কথা আলোচনা কৰিলোঁ।সকলোৱে কোৱাৰ দৰে সময়ৰ স’তে সকলো ঠিক হৈ যাব বুলি ময়ো প্ৰথমে ভাবিছিলোঁ। এবছৰ দুবছৰকৈ চাৰিটা বছৰ অতিক্ৰম কৰিলে, কিন্তু অমিতাভৰ একো পৰিবৰ্তন নহ’ল। 
   গুৱাহাটীলৈ বদলি হৈ অহা এসপ্তাহ পাৰ হৈ  হ’ল।কিন্তু এদিনো অমিতাভৰ বুকুত  সংগসুখৰ কামনা জাগ্ৰহ হোৱা নেদেখিলোঁ। সংগসুখৰ  বিচ্ছেদত আজিকালি  মোৰ হৃদয় আগৰদৰে  চিৎকাৰ কৰি নুঠে। সময়ৰ লগে লগে সকলো স্বাভাৱিক হৈ পৰে। এয়াযে সংসাৰৰ স্বাভাৱিক নিয়ম।  
   
    হৃদয়ত উমি উমি জ্বলা বিৰহৰ এই জুইকুৰা  
নীলমৰ সান্নিধ্যই তীব্ৰতৰ কৰি তুলিছিল। গম নোপোৱাকৈয়ে নীলমক মোৰ অতৃপ্ত হৃদয়ে আদৰি ল’লে। দিঠকে সপোনে নীলমৰ ভাৱনাই মন উদ্বাউল কৰি থাকিবলৈ ল’লে।
    নীলমৰ সৈতে পুৰীত কটোৱা সেই অন্তৰংগ ক্ষণবোৰে হৃদয়ৰ জ্বলন দুগুণে বঢ়ালে। 
    নীলমৰ সৈতে মোৰ বাঢ়ি যোৱা আন্তৰিকতাই অমিতাভক অলপো বিচলিত নকৰে। এই কথাটোৱে মোক বহু পৰিমাণে আচৰিত কৰি তোলে। আন এজন পুৰুষৰ সৈতে নিজৰ পত্নীৰ বাঢ়ি যোৱা আন্তৰিকতা ,এজন স্বামীয়ে কেনেকৈ ইমান সহজে ল’ব পাৰে ? অমিতাভৰ পৰা লুক ঢাক নকৰাকৈ নীলমৰ সৈতে কবিতাৰ অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিছিলোঁ।ৰাতি পলম হোৱাৰ বাবে কেইবাদিনো নীলমে মোক ঘৰত আহি নমাই থৈ গৈছিল। প্ৰথম অৱস্থাত অমিতাভক জ্বলাবলৈয়ে মই নীলমৰ সৈতে জোখতকৈ বেছি ঘনিষ্ঠ হৈ পৰিছিলোঁ। অমিতাভক দেখুৱাই ৰাতি ৰাতিও নীলমৰ সৈতে চাটিং কৰিছিলোঁ। কিন্তু, অভিতাভৰ এইবোৰলৈ কোনো ভ্ৰূক্ষেপ নাছিল। 
    তেনে, কোন সেই অমিতাভৰ হৃদয়সংগী ? 
    
     
পঞ্চম খণ্ড 

    পুৰীৰ ৰাষ্ট্ৰীয় কবি সন্মিলন হোৱাৰ আগদিনাৰ কথা।

   পুৱাই নীলমৰ সৈতে জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ।
 পুৰীলৈ অমিতাভৰ সৈতে আহিছিলোঁ যদিও মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য নহৈছিল। জীৱনত এটি বহুদিনৰ হেঁপাহ পূৰ হ’ব বুলি ভাবি মনটো উলাহত নাচি উঠিল। 
   পুৱাই ইমান ভক্তৰ সমাগম হ’ব বুলি ভাবিবই পৰা নাছিলোঁ। এখন দোকানত দুয়ো চেণ্ডেলকেইযোৰ থৈ , তাৰপৰাই মন্দিৰত দিবৰ বাবে পূজাৰ সামগ্ৰী সমূহ ক্ৰয় কৰিলোঁ।
   স্থানীয় কোনো পূজাৰীৰ সহায় নোলোৱাকৈ 
 নীলমে মোক মূল মন্দিৰলৈ লৈ গ’ল। হেঁচা-ঠেলাত হেৰাই যাম বুলি তাৰ বাওঁহাতখনত জোৰেৰে খামুচি ধৰি মন্দিৰৰ ভিতৰলৈ গৈ থাকিলোঁ। ভক্তৰ ভিৰে আমাৰ দুয়োৰে মাজৰ ব্যৱধান যথেষ্টখিনি হ্ৰাস কৰিলে। নীলমৰ উমাল পৰশ,মই প্ৰাণ ভৰি পান কৰিলোঁ। সেই ভিৰত নীলমৰ সৈতে হেৰাই যাবলৈ মন গৈছিল। 
  কিছুসময়ৰ পাছত জগন্নাথ প্ৰভুৰ দৰ্শন হ’ল। 
তাৰপাছত গোটেই মন্দিৰটোৰ চৌপাশ দৰ্শন কৰিলোঁ। শতাধিক চৌকাৰ ভোজনালয়টো দেখি তবধ মানিলোঁ। 
    প্ৰায় আধাঘন্টাৰ পাছত জগন্নাথ মন্দিৰৰ পৰা কোনাৰ্কলৈ গ’লোঁ। কোনাৰ্কৰ সূৰ্য মন্দিৰ পৰিদৰ্শন কৰি মন প্ৰাণ ভৰি উঠিল।
    সূৰ্য মন্দিৰৰ প্ৰাচীন কীৰ্তি চিহ্নই মনত এক অজান পুলক জগালে। নীলম আগতে দুবাৰ পুৰীলৈ আহিছে। সেয়ে, সকলো ঠাই তাৰ নখ দৰ্পণত।
    সূৰ্য মন্দিৰৰ গাতে লাগি আছে নৱগ্ৰহ মন্দিৰ। সেই মন্দিৰতো সেৱা এভাগ ল’ম বুলি গ’লোঁ যদিও পূজাৰীজনৰ কাণ্ডই আমাৰ চকু কপালত তুলিলে। 
    আমি দুয়ো ধূপ বন্তি  জ্বলাই ,পঞ্চাশ টকা এটি আগবঢ়ালোঁ;কিন্তু ১০০ টকাৰ তলত পূজাৰীজনে কোনো অৰিহনা নলয়। আমি দিও, তেওঁ নলয়। নীলম ,পূজাৰীজনৰ সৈতে  যুক্তি তৰ্কত লিপ্ত হ’ল। তাৰপাছত পঞ্চাশ টকাটি নিদিয়াকৈ আমি গুচি আহিলোঁ। 
    মন্দিৰৰ বাহিৰত থকা ভিক্ষাৰী এগৰাকীক সেই পঞ্চাশ টকাটি দিলোঁ।তেওঁ যি আনন্দৰে টকাটি গ্ৰহণ কৰিলে, মনটি আনন্দত ভৰি পৰিল।

    তাৰ পৰা পোনে পোনে আমি পুৰী বীচ্ছ পালোহি। বাটতে ৰেষ্টুৰাঁ এখনক লাঞ্চ কৰিলোঁ।  পুৰী পাওমানে সন্ধ্যা হও হও।
    
    বীচ্ছখন মানুহেৰে ভৰি পৰিছে। বিভিন্ন ধৰণৰ মণি মুকুটাৰ পৰা ঘৰ  সজোৱা সামগ্ৰীৰে বীচ্ছখন উপচি পৰিছে। অস্থায়ী দোকানবোৰত গ্ৰাহকৰ ভিৰ। 
    মই একো নিকিনি ,বীচ্ছৰ পাৰলৈ গ’লোঁ। 
 নীলমো মোৰ পাছে পাছে গ’ল। নীলমে দুখন চকী ভাড়ালৈ ল’লে। গাত গা লগাই দুয়ো বহিলোঁ। সাগৰৰ উত্তাল ঢৌৱে কেইবাবাৰো  আমাক দুয়োকে  চুই গ’লহি।কথাৰ অচিলাতে এবাৰ মই নীলমৰ হাতখন খামুচি ধৰি মোৰ আঠুৰ ওপৰত ৰাখিলোঁহি। নীলমেও বাধ্য ছাত্ৰৰ দৰে মোক কোনো বাধা নিদিলে। 
    সিদিনা আঠ বজালৈ হিয়া উজাৰি মনৰ কথা পাতিলোঁ। কথাৰ মাজতে এন্ধাৰৰ সুযোগ লৈ নীলমৰ উমাল দুবাহুৱে মোৰ মৰম আকলুৱা মুখখনক তাৰ বুকুত সুমুৱাই ল’লে।মই,  নীলমৰ আঙুলি কেইটা লিৰিকি বিদাৰি ,মোৰ বুকুৰ ওচৰলৈ টানি আনিলোঁ।সুযোগ বুজি নীলমে মোৰ সিক্ত দুটি ওঁঠত তপত চুমা এটি আঁকি দিলে। এক সৰগীয় অনুভৱে মোক উত্ৰাৱল কৰি তুলিলে।
    এই সৰগীয় সুখানুভূতিৰ বাবে মোৰ অতৃপ্ত হৃদয়ে ইমানদিনে  হাহাকাৰ কৰি আছিল।
 সেই মুহূৰ্ততো অমিতাভৰ মুখখনে আহি  মোক বাধা দিছিলহি;কিন্তু নীলমৰ মৰমে নিমিষতে সেই বাধা উফৰাই পেলাইছিল।
    ইতিমধ্যে ৰাতি ৯ বাজিছিল। আৰু পলম নকৰি আমি হোটেল পালোঁগৈ। আমি দুয়োটাই একেখন হোটেলতে আছিলোঁ।নীলমে ৰাতি একেটা কোঠাতে শুৱাৰ প্ৰস্তাব দিছিল।সি প্ৰয়োজনত হোটেল মেনেজাৰক মেনেজ কৰি ল’ম বুলিও কৈছিল;কিন্তু মই সন্মতি নিদিলোঁ। 
   নীলমৰ সিদিনা মোৰ ওপৰত ভীষণ খং উঠিছিল। মোৰ মনটোৱেও শান্তিত কটাব পৰা নাছিল, নীলমৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি।দিনটোৰ ব্যস্ততাৰ পাছতো  ৰাতি শুব পৰা নাছিলোঁ । নীলমো শুব পৰা নাছিল।দুয়ো ফোনতে ব্যস্ত আছিলোঁ।
    এটা সময়ত দুয়ো কোঠাৰ বাহিৰলৈ অহাৰ সিদ্ধান্ত ল’লোঁ। তেতিয়া নিশা ২ বাজিছিল।আমাৰ কোঠা দুটা ডাইনিং হলৰ কাষতে।তাতে দুয়ো লগ হোৱাৰ কথা পাঙিলোঁ।
    লাজ -ভয় কাটি কৰি দুয়ো কোঠাৰ পৰা ওলাই আহিলোঁ। ডাইনিং হলত সম্পূৰ্ণ নিস্তব্ধতা। ডাইনিং হলৰ উত্তৰ-পূৱ চুকত থকা বিছনাখনত ল’ৰা এজন শুই আছে। মেনেজাৰৰ কোঠাত মেনেজাৰে টি ভি চাই আছে। ডাইনিং হলৰ পৰা মেনেজাৰৰ কোঠালৈ ভালেখিনি দূৰ। পোনপটীয়াকৈ চকু নপৰে।
     ডাইনিং হলৰ দক্ষিণ-পশ্চিয় দিশত এখন দুজনীয়া চকী আছিল। সেই ঠাইখিনি এন্ধাৰে আবৰি  আছিল। নীলম আহি তাতে বহিলহি। ময়ো কোঠাৰ পৰা ওলাই ,হাতত সাৰে ভৰিত সাৰে  সেইখিনি পালোঁহি। মই বৰকৈ কঁপিব ধৰিলোঁ। আমাৰ সিটো চুকতে ল’ৰাজন শুই আছে। সি টোপনিত লালকাল।তথাপি এক অজান ভয়ে মনটো চেপি থাকিল। মই আহি  নীলমৰ কাষতে থিয় হ’লোঁহি। নীলমে লগে লগে মোক একপ্ৰকাৰে টানি নি,তাৰ বুকুত শুৱাই ল’লে। মোৰ উশাহ-নিশাহ দীঘল হ’বলৈ ধৰিলে। লাজ মান কাটি কৰি ময়ো মোৰ উঠন  দেহ নীলমক এৰি দিলোঁ। 
     মোৰ বুকুৰ অতৃপ্ত বাসনাই যেন নতুন ঠিকনা পালে। নীলমে তাৰ ৰূমলৈ নিবলৈ বৰকৈ জোৰ কৰিছিল ;কিন্তু মই সন্মতি নিদিলোঁ।তেনেতে মেনেজাৰৰ জোটাৰ শব্দ শুনি,দুয়ো ততালিকে নিজৰ নিজৰ ৰূম পালোগৈ। 
     সিদিনা আৰু ৰাতি শুৱা নহ’ল। তেনেকৈয়ে পাছদিনা দুয়ো কবি সন্মিলনত কবিতা পাঠ কৰিলোঁগৈ।
   
 ষষ্ঠ খণ্ড 
 
   অমিতাভৰ কথা ভাবিয়ে সিদিনা সুযোগ পায়ো ,নীলমৰ স’তে নুশুলোঁ। কিন্তু, অমিতাভে  মোৰ কথা ভাবেনে? বিয়াৰ চাৰিটাকৈ বছৰ অতিবাহিত হোৱাৰ পাছতো মোৰ প্ৰতি উদাসীন। অমিতাভৰ সমস্যা ক’ত, আজিলৈ মোক কোৱাৰ প্ৰয়োজনবোধ নকৰিলে। 
   এজনী নাৰীৰ লগত এনেকৈ অন্যায় কৰিবলৈ ক’ত সাহস পালে সি ? বিয়াৰ আগতেতো সি তাৰ সমস্যাটো মোক ক’ব পাৰিলেহেঁতেন। কিয় মোৰ স’তে এই অন্যায় কৰিলে? কিয়? কিয়? 
    সকলোৱে ভাবে, অমিতাভৰ দৰে অসমৰ এজন নামজ্বলা চিকিৎসকৰ লগত বিয়া হৈ মই অত্যন্ত সুখী! আনহে নালাগে দেউতায়োতো তেনেকৈয়ে ভাবে। দেউতাই আচল কথাটো গম পালে কম দুখ পাবনে ? 
    
     আচল কথাটোনো কি? ময়ে চোন গম নাপাও। 

     পল্লবীকে অমিতাভৰ খবৰ ল’বলৈ দিয়া ভাল হ’ব। যিহেতু পল্লবীও এতিয়া  অমিতাভৰ সৈতে GMCH তে। 
     পল্লবী মোৰ অন্তৰংগ বান্ধৱী। গাঁও এৰি গুৱাহাটীলৈ অহাৰ পাছত তাইৰ স’তে মোৰ বন্ধুত্ব গঢ়ি উঠিছিল। পঢ়া শুনাত বৰ চোকা আছিল। মেট্ৰিকৰ পাছত তাই বিজ্ঞান শাখাত পঢ়িলে। মই কলা শাখাত ।কিন্তু আমাৰ আন্তৰিকতা কাহানিও নকমিল। তাই ইঞ্জিনিয়াৰীং আৰু মেডিকেল দুয়োটাতে কোৱালিফাই কৰিছিল,যদিও GMCH তে মেডিকেলত নামভৰ্তি কৰিছিল।পল্লবীয়ে অমিতাভক ভালদৰে চিনি পায় । অমিতাভ ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হস্পিতেলত চাকৰি কৰি থাকোতে পল্লবীও তাতে চাকৰি কৰিছিল।
     পল্লবীও এতিয়া GMCH লৈ বদলি হৈ আহিছে। সেয়ে তাইক অমিতাভৰ বিষয়ে কিছু খবৰ ল’বলৈ বুলি ফোনটো কৰিলোঁ।
   এবাৰত  ফোনটো ৰিচিভ নকৰাত দ্বিতীয়বাৰ ট্ৰাই নকৰি মেচেজ এটাকে দিলোঁ--
   "ঐ পল্লবী, তোক ফোন কৰিছিলোঁ। তই চাগৈ ব্যস্ত আছ। অমিতাভৰ বিষয়ে  অলপ জৰুৰী কথা পাতিব লগীয়া আছিল। সিদিনা কিছু কথা কৈছিলোঁৱে। মই বৰ ভাঙি পৰিছোঁ অ’  ।সেয়ে তোক ডিষ্ট্ৰাব কৰিলোঁ। তই আহৰি পালে কল এটা কৰিবিচোন ।" 

  মই স্কুলখন বাদ দিয়া আজি ছমাহে হ’ল। শহুৰদেউতাৰ তৃতীয় বাৰ ষ্ট্ৰ’ক হোৱাৰ পাছত 
অমিতাভৰ পৰামৰ্শমতেই মই লিটল ফ্লাৱাৰ স্কুলৰ শিক্ষকতাৰ চাকৰিটো এৰি দিছিলোঁ। 
শহুৰদেউতাই মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল। সেয়ে অমিতাভৰ পৰামৰ্শটো অগ্ৰাহ্য কৰা নাছিলোঁ। 
   তেতিয়া, অমিতাভ ডিব্ৰুগড়ত। নিয়মীয়াকৈ পৰিচৰ্যাৰ বাবে অমিতাভে এগৰাকী নাৰ্চ ঠিক কৰি দিছিল। GMCH ৰে অমিতাভৰ লগৰ 
ডাঃ অবিনাশ শৰ্মাই ঘৰতে আহি শহুৰদেউতাৰ চিকিৎসা কৰিছিল। মাজে মাজে ছুটী লৈ অমিতাভ গুৱাহাটীলৈ আহিছিল। শহুৰদেউতাৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাছিল।তেতিয়া ,অমিতাভে গুৱাহাটীলৈ বদলি হৈ আহিবলৈ যথেষ্ট চেষ্টা কৰিও বিফল হৈছিল। প্ৰায় পাঁচমাহ শয্যাগত হৈ থকাৰ পাছত আজিৰ পৰা এমাহ আগত ,শহুৰদেউতাই আমাক সকলোকে এৰি পৰলোক গমন কৰে। 
   তেখেত ঢুকোৱা দিনা অমিতাভ ঘৰতে আছিল।
    শহুৰদেউতাৰ আদ্যশ্ৰাদ্ধ শেষ হোৱাৰ পাছত, ঘৰখন অকলশৰীয়া হোৱাত অমিতাভে মোকো ডিব্ৰুগড়লৈ লৈ যাব বিচাৰিছিল।কিন্তু মই অমান্তি হোৱাত ,মোক দেউতাৰ লগতে থকাগৈ কথা কৈছিল। অকলশৰীয়া দেউতাৰ স’তে থাকিবলৈ পাই,মোৰো মনটো ভিতৰি ভিতৰি ভালে লাগিছিল।শহুৰদেউতাৰ অসুখ হোৱাৰ পাছত বহু দিন দেউতাৰ ঘৰত ৰাতি থকা হোৱা নাছিল।
    
    তেনেতে ম’বাইলটো বাজি উঠিল। পল্লবীৰ ফোন। 
    "মই অপাৰেচন থিয়েটাৰত আছিলোঁ। কচোন কি কথা ..." –পল্লবীয়ে ক’লে ।
    "বিশেষ নাই অ’...সিদিনা যে তোক অমিতাভৰ কথা কৈছিলোঁ; অলপ খবৰ ৰাখিবিচোন,তাৰ কাৰোবাৰ লগত কিবা অবৈধ সম্পৰ্ক আছে নেকি ? তই যিহেতু একেলগে কাম কৰ। " -মই হতাশগ্ৰস্ততাৰে কথাখিনি ক’লোঁ।
    "ঠিক আছে বাৰু। কিন্তু মই যিমান দূৰলৈ জানো, অমিতাভৰ তেনে কোনো মহিলাৰ লগত সম্পৰ্ক থকা যেন নালাগে। অৱশ্যে ব্যস্ততাৰ বাবে একেলগে চাকৰি কৰিলেও  তেওঁক তেনেকৈ লগে নাপাওঁ। মই এতিয়াৰ পৰা খবৰ ৰাখিম বাৰু দে। 
    শুনচোন, তই বেছি চিন্তা কৰি নাথাকিবি।
সকলো ঠিক হৈ যাব। "
   " ঠিক হ’ব যে মই আশা দেখা নাই"
   "হেই , এইবোৰ ভাবিবলৈ বাদ দে। এনেদৰে দিনৰ দিনটো ঘৰতে সোমাই থাকি থাকি তোৰ এইবোৰ দুঃশ্চিন্তাই বাহ লৈছে। তই আকৌ স্কুলখনত সোমাই ল। আগৰখনত যদি বেয়া লাগে, মোৰ লগৰ এজনৰ স্কুল এখন আছে। নতুনকৈ খুলিছে। তাতে সোমাব পাৰিবি। বেছি প্ৰেছাৰ নাথাকে। নিজৰ স্কুলৰ দৰে কৰিব পাৰিবি।"—বৰ আন্তৰিকতাৰে পল্লবীয়ে কথা কেইটা ক’লে।
   "দে দে হ’ব দে।তই এতিয়া ব্যস্তও আছ। ৰাতিকে ভালদৰে পাতিম দে।"—মই ফোনটো ৰাখিলোঁ।
 
    এজাক কলীয়া ডাৱৰে  আকাশখন হঠাতে ছানি ধৰিলে। এজাক প্ৰচণ্ড বতাহে দুৱাৰ খিৰিকীবোৰ জোৰেৰে কোবাব ধৰিলে।
দুপৰীয়াতে যেন সন্ধ্যা নামিল।
     দুৱাৰ-খিৰিকীবোৰ বন্ধ কৰি মই আকৌ বিছনাখনত বাগৰ দিলোঁ।

আগলৈ...
   

    

    

Post a Comment

0 Comments