২০২১ বৰ্ষৰ "কাব্যকানন-বঁটা" ঘোষণা

অসম কাব্য কাননৰ ২০২১ বৰ্ষৰ কাব্যকানন_বটাঁ ঘোষণা 

অহা  ১৯ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব বটাঁসমূহ

নিজা প্ৰতিবেদক,মায়ং,মৰিগাঁও 

    অসমীয়া কবিতাৰ উত্তৰণ আৰু প্ৰসাৰৰ অৰ্থে স্থাপিত অসমৰ অগ্ৰণী সাহিত্যনুষ্ঠান “অসম কাব্য কানন"ৰ ২০২১ বৰ্ষৰ "কাব্যকানন বঁটা" বিগত দুবছৰৰ দৰে এইবাৰো ৰাজ্যৰ পাঁচগৰাকী কবিলৈ আগবঢ়োৱা হৈছে। 
    আজি কাকতলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত অসম কাব্য কাননৰ সম্পাদক নৱ ৰাজনে জানিবলৈ দিয়া মতে এই বৰ্ষৰ "কাব্যকানন-বঁটা" ৰ বাবে নিৰ্বাচিত কবি সকল হৈছে ক্ৰমে "এখন চোতাল নথকা মানুহৰ প্ৰতি" ৰ  কবি চন্দন গোস্বামী (মৰিগাঁও), ঋষভ নাথ (গোৱালপাৰা), গুণ মৰাণ (শিৱসাগৰ), দিগন্ত নিবিড় (পাঠশালা) আৰু  সংগীতা মেধি (গুৱাহাটী)। 
উল্লেখ্য "কাব্যকানন বঁটা" ৰ  বাবে নিৰ্বাচিত পাঁচগৰাকী কবিৰ নিৰ্বাচনত, পাঁচখন কাব্যসংকলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কাব্য সংকলন কেইখন হ’ল ক্ৰমে জনান্তিক (চন্দন গোস্বামী), তেজত ভালপোৱাৰ ফুল (ঋষভ নাথ), বিশ্বাসৰ বনানিকৰণ (গুণ মৰাণ), কথনবেলা (দিগন্ত নিবিড়), পুৰি নিয়া তাপে ক’ব বেলি কিমান গ’ল(প্ৰকাশিতব্য) (সংগীতা মেধি)। 
      উল্লেখ্য, অহা ১৯ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰস্তাৱিত  অসম কাব্য কাননৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনত  উল্লিখিত বঁটাসমূহ আনুষ্ঠানিকভাবে প্ৰদান কৰিব বিশিষ্ট কথাশিল্পী অনুৰাধা শৰ্মা পূজাৰী আৰু তীক্ষ্ণধী সমালোচক অৰিন্দম বৰকটকীয়ে। 
     প্ৰণিধানযোগ্য যে উক্ত বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি অসম কাব্য কাননে চল্লিশ উৰ্দ্ধৰ কবিসকলৰ মাজত, অসম ভিত্তিত অনুষ্ঠিত কৰা  কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত শ্ৰেষ্ঠ নিৰ্বাচিত  পাণ্ডুলিপিৰ কবিগৰাকীক "কাব্যম-বঁটা-২০২১ প্ৰদান কৰাৰ লগতে অসম কাব্য কাননৰ প্ৰকাশন গোষ্ঠী, কাব্যম প্ৰকাশে উক্ত পাণ্ডুলিপিটো ছপাৰূপত প্ৰকাশ কৰি, কবিগৰাকীক ৫০ খন গ্ৰন্থ প্ৰদান কৰিব।

   উক্ত পাণ্ডুলিপি প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম তাৰিখ ৫ নৱেম্বৰ,২০২১।
        

Post a Comment

0 Comments