পষেকীয়া কাব্যকানন ৪ৰ্থ বৰ্ষ ৫ম সংখ্যা

———————————————————
সম্পাদনা সমিতি


সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন
____________________________________
বেটুপাতৰ ফটো -বিদ্যুৎ বিষয়া
বেটুপাত পৰিকল্পনা/ডিজাইন-নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
(সম্পাদকীয়)

     সম্প্ৰতি অসমীয়া গ্ৰন্থ-আলোচনীৰ বিক্ৰী যথেষ্ট হতাশজনক। বিপৰীতে লেখকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিক্ৰী নহয় বুলি জানিও, আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ নকৰিলেও,সৰহসংখ্যক লেখক নিজে নিজৰ প্ৰকাশক হৈ প্ৰকাশিত কৰা গ্ৰন্থৰ সংখ্যা আশাতীত ভাবে বৃদ্ধি পাইছে।প্ৰতিদিনে অসমৰ বিভিন্ন প্ৰান্তত নতুন নতুন গ্ৰন্থ উন্মোচন হৈছে। নতুন নতুন লেখেকে  নিজৰ গ্ৰন্থৰে সাহিত্য জগতত নিতৌ ভুমুকি মাৰিছে। এই গ্ৰন্থবোৰৰ ভিতৰত কাব্য গ্ৰন্থই সৰহ। কিন্তু, প্ৰকাশকসকলৰ মতে, কাব্য সংকলনৰে বিক্ৰী সৰ্বনিম্ন ।তথাপি,নতুন  নতুন কাব্যগ্ৰন্থৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে।
     সাম্প্ৰতিক  অসমীয়া সাহিত্যই বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ এই জটিল ক্ষণত নবীন লেখকৰ ন ন গ্ৰন্থ প্ৰকাশ হোৱাটো,অসমীয়া সাহিত্য জগতৰ বাবে ইতিবাচক দিশ হিচাপে বহুলোকে মত পোষণ কৰাৰ বিপৰীতে বহুকেইগৰাকী স্বনামধন্য সাহিত্যিক,সমালোচকে অসমীয়া কাব্যজগতৰ বাবে চৰম প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰি গভীৰ চিন্তা ব্যক্ত কৰিছে।
   সম্প্ৰতি ডিজিটেল মাধ্যমৰ সৰ্বাধিক  প্ৰচলন, ছপা মাধ্যমৰ বাবে প্ৰত্যাহ্বান হিচাপে বিবেচিত হ’লেও ,নবীন লেখকৰ ন ন গ্ৰন্থৰ প্ৰকাশ বৃদ্ধি পোৱাৰ মূল উদ্দীপক কিন্তু এই ডিজিটেল মাধ্যমেই।
   ডিজেটেল মাধ্যম,প্ৰধানত ফেচবুকে নবীন লেখকক এখন মঞ্চ প্ৰদান কৰিছে।তেখেতসবে নিজৰ নিজৰ ৱালৰ লগতে ফেচবুকৰ বিভিন্ন সাহিত্যৰ গোটত স্বাধীনভাবে নিজৰ লেখাসমূহ প্ৰকাশ কৰিব পাৰে। পাঠকৰ প্ৰেৰণাদায়ক  মতামত পোনপটীয়াকৈ লাভ কৰি নবীন লেখকসকল দুগুণ উৎসাহিত হয় ,আৰু  নতুন নতুন লেখা লিখি যায়।
   আমি ব্যক্তিগত ভাবে বিশ্বাস কৰোঁ যে কোনো মঞ্চ বা অনুস্থানে সাহিত্যিক জন্ম দিব নোৱাৰে,কিন্তু উপযুক্ত মঞ্চৰ অভাৱত বহু প্ৰতিভা অকালতে মৰহি যায়।
    ইংৰাজী তথা বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ তীব্ৰ ভাবুকি অহাৰ এই জটিল সময়ত ,ডিজিটেল মাধ্যমৰ জৰিয়তে বিশেষকৈ নৱ প্ৰজন্মৰ অসমীয়া ভাষাটোৰ প্ৰতি যি আকৰ্ষণ বৃদ্ধি পাইছে ,সেয়া অসমীয়া জাতিটোৰ বাবেই এক উল্লেখযোগ্য দিশ । এই কথাটোত হয়তো কাৰো দ্বিমত নাই। কিন্তু "আদাক দেখি উঠিল গা,কেতুৰীয়ে বোলে মোকো খা "ৰ দৰে বহু নবীন লেখকে "সাহিত্য হ'লে হ'ব নহ'লে নাই" বুলি লিখিবলৈ লৈছে ।তাৰে বহুলোকে নিৰলস সাধনাৰে গভীৰতাৰে সাহিত্যচর্চাত নিজকে নিমগ্ন কৰি সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ বৌদ্ধিক চেতনাৰ উৎকৰ্ষ সাধন কৰিছে। কিন্তু, কিছুসংখ্যকে আকৌ বিষয়টোক বিশেষভাৱে নলৈ ডিজিটেল মাধ্যমৰ সুবিধা লৈ লাইক,কমেন্টৰ
 বিনিময় প্ৰথাৰে নিজৰ টি আৰ পি বৃদ্ধি কৰাৰ প্ৰতিযোগিতাত লিপ্ত হৈছে।আৰু এনেধৰণৰ লোকসকলৰ বাবেই দিনে 3-4 টাকৈ কবিতা লিখাতো ভাতৰ লগত পানী খোৱাৰ দৰে হৈছেগৈ।বিশেষ কচৰৎ নকৰাকৈ অনুৰাগীৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই সাধাৰণতে আৰ্থিকভাবে  স্বচ্ছল  এনে কিছু নবীন লেখকে,চৰ্চা,সাধানা আৰু অধ্যয়নৰ অবিহনে  নিজাববীয়াকৈ  গ্ৰন্থও প্ৰকাশ কৰিছে।পাঠকে আদৰি ল’ব নে নলয়,সেয়া তেখেতসকলৰ বিশেষ বিচাৰ্যৰ বিষয় নহয়।প্ৰকাশ কৰাৰ আগতে তেখেতসকল নিশ্চিত যে মূলধন ঘূৰি নাহে। তাৰবাবে তেওঁলোকৰ তেনে কোনো অসন্তুষ্টিও নাথাকে।তেওঁলোক তেনেকৈয়ে সুখী।
  সম্প্ৰতি অসমীয়া কাব্যজগতত ,আৰু এনে  কিছুসংখ্যক কবি সুলভ, যিসকলে বিদেশী কবিতা পঢ়ি, নিজৰ নাম জহাই আছে।মান্য আলোচনী-কাকতত নিয়মীয়াকৈ কবিতাও প্ৰকাশ পাই আছে। তেখেতসবৰ কবিতাত বিশেষ মৌলিকতা নাই বুলিবই পাৰি। এনে বহু উদাহৰণ সামাজিক মাধ্যমতে আমি সকলোৱে পাইছো। বিতৰ্কৰ অন্তত তেখেতসবে কয়-"...এয়া প্ৰভাৱহে,অনুবাদ নহয়। প্ৰভাৱ পৰাটো স্বাভাৱিক। পূৰ্বৰে পৰা এয়া চলি আহিছে।
...।"
  
   কবিতা,যিহেতু এক জটিল কলা,সেয়ে চৰ্চা,সাধনা আৰু অধ্যয়নৰ অবিহনে এই জগতত নিজৰ খোজ  দৃঢ় কৰিব নোৱাৰি।

নৱ ৰাজন 
সম্পাদক
কাব্যকানন
———————————————————
কবিতাৰ আড্ডা 
উদয় কুমাৰ শৰ্মা

  এগৰাকী কবিৰ কাব্যিক-মানসিক বিকাশৰ বাবে -- কোনো কোনো উৎকৃষ্ট  কবিতাৰ অথবা, কোনোটো গভীৰ তাৎপর্যপূর্ণ পংক্তিৰ -- নিজৰ মনৰ মাজতে বিচাৰ-বিশ্লেষণ কৰাৰ বা, উত্তৰ উলিওৱাৰ যত্ন কৰাটো খুবেই  প্ৰয়োজন। যেনে :

   (ক) বুঢ়া মানুহজনে কাহিলে / পকাপাতবোৰে চিঞৰে 
  (খ) শব্দ কৰি আকাশখন নুমায় যায়
  (গ) সেউজীয়া বৰষুণ
  (ঘ) কবিতাই, মোক বৰষুণ হ'বলৈ শিকায়

   (ক) বুঢ়াজনৰ লগত পকাপাতৰ সম্পৰ্ক কি  ? (খ) আকাশখন কিয়, কেনেকৈ 
নুমায়  ? (গ) বৰষুণ কেতিয়া, কিদৰে সেউজীয়া হয়  ? (ঘ) কবিতাই, মানুহক বৰষুণ হ'বলৈ শিকোৱাৰ ৰহস্যটো কি  ? 

   -- নিজকে সোধো আৰু, অন্বেষণ কৰো  ।
—————————————————
                                    কবিতা 

সাধু কথা
জুবিলী গগৈ

আই মোৰ দুহাত
জেতুকা পাতেৰে বুলাই নিদিবি
দেহা
মেজাঙ্কৰি সাজেৰে সজাই নিদিবি

আই মোৰ ডিঙিত ডুগেডুগী
আৰু কেৰু মণি পিন্ধাই নিদিবি
হাতত গামে খাৰু আৰু মুঠি খাৰু
সুমুওৱাই নিদিবি

আই মোৰ ভৰি শুৱনি
জোন-জুনুকা পিন্ধাই নিদিবি
দীঘল চুলি সজাই
কলডিলীয়া খোপাটো বান্ধি নিদিবি

আই মোৰ মুখ লুকুৱাই
দীঘল ওৰণিখন টানি নিদিবি
দুওঁঠ কঁপাই বৰ্হমথুৰিৰে
বুলাই নিদিবি

আই মোৰ বেঁকা সেওঁতা
শিমলুফুলেৰে পোনাই নিদিবি

আই মোৰ ডিঙি কুটেকুটায়
আই মোৰ বুকু কুটেকুটায়
আই মোৰ ভৰি কুটেকুটায়

আই মোৰ দুহাত
জেতুকা পাতেৰে কেতিয়া বুলালি

আই মোৰ দেহা
মেজাঙ্কৰি সাজেৰে 
কেতিয়া সজালি

আই মোৰ দেহা কুটেকুটায়...
——————————————
কণা হাঁহ এটাৰ কাহিনী
চন্দন গোস্বামী         

কণীটো যি জনী হাঁহে উমনি দিলে 
তেওঁ মোৰ মা হয়নে নহয় নেজানো 
তথাপি

কণী ফুটি যিখন ঘৰত  যিজনী মালিকনীয়ে  প্ৰতিপাল কৰিলে তেওঁ মোৰ মা হয় নে নহয় নেজানো

 এদিন গঁৰালত  লগৰবোৰ নাই
 মহামাৰিয়ে পোৱাত লগে লগে  বিকিলে 

মই ৰৈ গ‘লো 
ৰ‘লো কণা বুলিনে মৰমত আজিও ভাবি থাকো 

মালিকে মৰমৰ নামত পুৱা গধূলি পতানকে দিয়ে 

অৰ্থহীন 
গেৰেকনি পুখুৰীত নামো কিবা আহাৰ পাওঁ নেকি চাওঁ

নিশকতীয়া দেহাৰে একো নেপায় পাৰলৈ হেলাই- হেঁপাই উঠি আহো

 মাতৰ মাজৰ মাতক মাথোঁ বতাহে বুজে
সেই কথা আপেক্ষিক 
নে আইনস্টাইন

এদিন 
ডাইনী হওঁ
ঘৰৰ আপদৰ 
কাৰণ  হৈ 

মালিকনীৰ কথা নেমানি মালিকে 
বুধবৰীয়া হাটলৈও  লৈ গ‘ল 

সিদিনা ৰ‘দৰ তাপে  শৰীৰ  শুকোৱাই পেলালে

বজাৰ মূল্য  নথকা গতিকে  উভতি আহো ঘৰলৈ
 সেইয়া  ঘৰ হয়নে নহয় 

মাতষাৰ লাহে লাহে মৰমৰ দৰে নে খঙৰ 
মালিকে পতান দিয়ে থাকিলে

বৰষুণৰ চোতালত ঘূৰি ফুৰা দুৰ্বল কেঁচু কেইটা আহাৰ কৰিবলৈও  মালিকক  খাটো

দিনবোৰ গৈ থাকে 

লাহে লাহে টুটি আহে সপোন 

হঠাৎ 

মতা হাঁহৰ জাক এটাৰ মাজত  এৰি দিয়ে 

তাৰে
এটা হাঁহে  ‘চেল্ফি‘ও  লয়
‘ডিপি‘ , ‘স্টেটাছ‘ত মোক ৰাখে আৰু
ন-ন  ‘এফ বি স্টৰী‘ 

পুৱা গধূলি 
পতান 
পতান 
পতান

পুৱতি নিশাতে মই নুবুজাকৈয়ে  এটা কণী পাৰো

চকুৱে মুখে  সপোনৰ 
কিন্
কিন্

চন্দন গোস্বামী
পঞ্চৱতী
বাৰপূজীয়া
মৰিগাঁও( অসম)
782103
chandangoswami1976@gmail.com
9854790167🙏
———————————————
চালুলুকু
সংকেশ্বৰ কোঁচ 

হেঙুলী হৈ আহিল মোৰ চিলনী গাঁৱৰ চুবুৰি 
হাতত নতুন ৱাংডাকথো 
ভৰিত ৱানডাকাম 
কড়িবোৰ জিলিকি জিলিকি 
সাগৰৰ হাঁহি মুকুতাৰ ৰং 
নক্টে ডেকাৰ এখন বুকু এখন আকাশ ৰ লাগি চাবি 

মূৰত ৱালটং
কঁকালত ৰিনিয়াক 
ৰ’দৰ মানুহ আমি 
বতাহো মেৰিয়াও কঁকালে কঁকালে 
নৈ চাই জোন ৰাতিৰ জোনাক 
কড়িত আমাৰ ঠিকনা  জীৱন 

হেজাৰ হেজাৰৰ এটাই মন এখনে পথাৰ 
চালুলুকু চালুলুকু --- 
ককা-আইতাৰ সেউজীয়া সোণ সপোন 
শব্দটোৱে উৎসৱৰ বা 
খৰাং গৈ বাৰিষা বছৰি অহাদি 
টিৰাপত মনেই তটিনী বৈ থাকে বৈ থাকে 
পাৰত উলাহ উথপথপ পোহাৰ 

আমি নক্টে আমি নক্টে 
অতীত বিচাৰি বগাওঁ জীৱনেই আমাৰ পৰ্বত 
পৰ্বতেদি আকাশ 
হাতীপটিও বাট 

হাতত ৱাংডাকথো 
ভৰিত ৱানডাকাম 
দুৱাৰৰ হুক খুলি খোজবোৰ গণি চাবা 
চালুলুকু চালুলুকু ---
পূৰ্বজৰো হাঁহি 
আকাশৰ সমানেই তৰা আৰু তৰা 

বিঃদ্ৰঃ চালুলুকু --- নক্টে জনগোষ্ঠীৰ উৎসৱ ; ৱাংডাকথো আৰু ৱানডাকাম ক্ৰমে হাতভৰিত পিন্ধা পুৰুষৰ সামুদ্ৰিক কড়ি খটোৱা বেতৰ খাৰু ৷ ৱালটং --- নক্টে সকলে পিন্ধা বেতৰ টুপী ; ৰিনিয়াক --- বেতৰ পেটী
——————————————
কবিতা
(কবি বন্ধু যুগজ্যোতিৰ হাতত)
ৰুবুল দাস 


আৰু কোনে মাতি আনি বহুৱালে মোক
নৈৰ নিজানত

বিচাৰি থাকোঁতে সৰিয়হতলিত
কাৰ 
এখনি ধুনীয়া হাত ?

দুপৰৰ গৰখীয়াই দেখিলে-
অকলে অকলে
দুয়ো বহি আছিলোঁ বহুপৰ 

কোনেও নুসুধিলোঁ কাৰো খবৰ

হঠাৎ  চক্ খাই উঠিলোঁ-
উৰি যোৱা পানী-কাউৰীৰ মাতত

দেখিলোঁ-
নৈৰ বুকুত জলতৰঙ্গ

ইজনে সিজনক সুধিলোঁ-
যাওঁ ব'ল !

এতিয়াতো
পানীৰ ফিচা কোবাই
শেহৰটি খলিহনাও গুচি গৈছে
 নৈৰ নিজানলৈ
———————————————
ক্ষণজিৎ
খঞ্জনা শৰ্মা

(১)
ওখ ওখ পানীঘাঁহবোৰ

বিস্তীৰ্ণ
অন্তহীন

শান্ত সৌম্য

বতাহো নিশ্চুপ

(২)
দীৰ্ঘদিনীয়া খৰাঙৰ
শুষ্কতাৰ ফাঁকেৰে সৰকি
এইখিনি পালোঁহি

আহোঁতে দূৰৈৰ বালিত
পুতি থৈ আহিছোঁ
কাণত লাগি ধৰা
অর্থহীন কলৰৱৰ
অবিচ্ছিন্ন গুঞ্জন

(৩)
ঘাঁহৰ শিপাই শুহি লোৱা
আদ্রতাত শিঁয়ৰি উঠিছিলোঁহে
বনফৰিং এটাৰ ছিটিকনি
অ'ৰপৰা তলৈ
ত'ৰপৰা তলৈ

(৪)
উভতি আহোঁতে
হাতত মোৰ পানীঘাঁহৰ ফুল
কাঁচৰ পাত্রত পানী ভৰাই
জীয়ন দি ৰাখিছোঁ
———————————————————
দূৰবীণ
পুলেন ৰাজ ডেকা 
(ঋণ আৰু কৃতজ্ঞতাৰে গল্পকাৰ তপন দাসৰ হাতত)

(এক)
শামুক খোলাত সিদিনা বেলি দেখিলোঁ
চোতালৰ পৰা জোন 
নেদেখিলোঁ বুকুত কোন 
যিদিনা দেখিলোঁ বেলি 
চোতালৰ পৰা জোন  

সম্মুখত আকাৰ এটা সঠিক নহ'লে
ঠিক বুলি একো ভাবিব পৰা নাযায় 
দেখাটোক দেখুৱাবলে

ফুটি ওলাই অহাটোৱে নিয়ম 
কনীৰ পৰা পোৱালিৰ  বীজৰ পৰা গজালিৰ 

জোৰ যাৰ মুলক তাৰ 
ইয়াত সকলো অসাৰ ৷ মুকলিৰ শোচাগাৰ   

বিটচকুৰ সিপাৰে আৰু দুটি চকু কেটোৰা  শোতোৰা  মাত মুখৰ ভঙা দোঁতৰা 
ইপাৰত সৰিয়হ তিলফুল এডৰা 

দূৰবীণৰ দুৱাৰত স্পৰ্শাতীত কায়া 
প্ৰেমাকুল গোপী  নন্দজায়া  
ছায়া তাৰ স্পৰ্শৰ কাশী  বুদ্ধগয়া 

(দুই)
দূৰবীণৰ দৰে দূৰবীণ এটাৰে  প্ৰাচীনগাঁথা 
ফকৰা  ডাককথা  নৈ আৰু নিজৰা 

দেখিবলৈ দেখাটোক 
আকাৰ এটা সঠিক  ঠিক চোতালৰ পৰা 

তেনে এটা দূৰবীণ জেপত লৈ ঘূৰোঁ ময়ো জন্মৰে পৰা
———————————————————
শূন্যতা
গীতাঞ্জলি দেৱী 

শূন্যতা বুলি ক'লেই সকলো শূন্য হৈ যায়নে ?
আটাইবোৰ স্থায়ী-অস্থায়ী ঘটনা সামৰি শূন্য ৰৈ থাকে  ।

তোমাৰ মূক সময়ৰ যি কোলাহল 
সেয়া শূন্যতাই ঘেৰি থাকে 
কোলাহলত থকা প্ৰতিটো কথা, ঘটনাই তোমাক ক্ৰিয়া কৰে ।
তেনেহ'লে শূন্যতা ক'ত ?

তোমাৰ নিৰ্লিপ্ততাত  যি শূন্যতা ওলমি থাকে  ভাৱৰ আৱেগ তাতেই বেছি 
তাতেই বেছি  ভৰ হাজাৰ দুখৰ,
হাজাৰ হাঁহাকাৰ আৰু
চকুলোৰ ।

তেনে শূন্যতা ক'ত ?

পাহৰিব বিচাৰি পাহৰিব পাৰিনে ?
এৰোঁ বুলিও এৰিব পাৰিনে বুকুৰ টান?

শূন্যতাৰ অতল তলিত বুৰ মাৰি  যি বুটলিবা সেয়াতো অলেখ কোৱা-নোকোৱা কথাৰে ভৰপূৰ,
জীৱনৰ অলেখ অংক পোৱা-নোপোৱা হিচাপৰ  ।

তেনে শূন্যতা ক'ত ?
———————————————————
শাৰদীয় কাব্য
গুনোজীৎ দাস 

নৈৰ চাপৰিত কোৰ মাৰি 
ফুলি উঠিছে তিলফুলবোৰ 

ৰাতিবোৰ কজলা-  এই ভ্ৰম ভাঙি 
বগৰীজোপা ফুলিছে 

মানুহবোৰ এতিয়া ৰাতিৰ বুকুৰে ক'লা পৰি গৈ থকা নাই 
চকাৰ দৌৰাত্ম্য বুজি কেৱল দিনবোৰ ঘুৰি আছে 

সময়ৰ এই ঘূৰ্ণনত 
ঘুৰণীয়া ৰাতিবোৰ চাবলৈ খান্দি উলিওৱা ন-পুখুৰীত
ঘুৰি আছে শাৰদীয় জোন 

সময়ৰ সতে খোজ মিলাই 
দিনবোৰ ঘুৰণীয়া 
ৰাতিবোৰ ঘুৰণীয়া 

শাৰদীয় ফুলৰ ঘূৰ্ণন দেখি 
জলপখী উৰিছে 
উৰণৰ ঘূৰ্ণনে শালি ধৰিছে 
পানী পিয়লি ফুলৰ বুকুত
——————————————————
এটা নিমিলা অংকৰ সন্ধানত
গীতাঞ্জলি বৰকটকী 

নিশা হ’লেও খিৰিকীখন খুলি থওঁ
শামুকৰ খোলাত শুই পৰা চহৰখনকো লাগে 
অকণমান উশাহ ৷

(২)
জনশূন্য পথ
পোহৰে চুমা যঁচা পথাৰখনে
আটি আটি বান্ধে উশাহবোৰক ৷

 (৩)
চৰাইবোৰ বাহলৈ ওভতাৰ পৰত
দৈয়াঙৰ বুকুত
বেলিটো হালধীয়া হ’ল ৷

 (৪)
চেতনাহীন ভাবেই বাটৰুৱাজন
আগুৱাই গৈ থাকিল
নিমিলা অংক এটাৰ সন্ধানত ৷

(৫)
কুঁৱলীয়ে বাট ঢাকিছে
পয়চাংকেনত
ভাগ লওঁ আহা ৷
—————————————————
বৰষুণ
বিভা দেৱী 

দোভাগ ৰাতি মোৰ চোতালত 
উফৰি পৰিল   
এজাক বৰষুণ

মন ঘাঁহনিত চৰি থকা
বন হৰিণীয়ে
মোৰ ফালে
আঁৰ চকুৰে  চাইছিল

হয়তো...
——————————————————
সেউজীয়া হৈ নামি আহে এমুঠি সুখ
সীমা গগৈ

পথাৰখন ভৰুণ হোৱাৰ আপাহতে 
ৰংমন ককাইৰ সেলেঙি ধৰা মুখেৰে 
সৰকি পৰে এটি দুটি  
নিমাখিত হাঁহি

মাটিৰ টেকেলি খেপিয়াই ফুৰা আঙুলিত 
এতিয়াও বহুতো খহটা দাগ

দাগবোৰ কোনে হিচাপ কৰে ..?
বুকুৰ মঙহেই যেতিয়া 
খণ্ড বিখণ্ড কৰে 
কলিজাৰ বাট

কাৰখানাৰ ধোঁৱাৰ দৰে উৰি যোৱা 
হুমুনিয়াহৰ বাটত 
ৰংমন ককাইয়ে 
খেজুৰৰ থোকৰ দৰে সপোনবোৰ 
থোকা পাতি সামৰে...

এন্ধাৰে সাৰ নোপোৱা 
মাৰল ঘৰৰ ভিতৰত  
লাহে লাহে 
পোহৰ কণাই যোৰাপাতে ...

উজায় অহা ভোকটো 
নিচুকাই নিচুকাই 
উজাগৰী নিশা কটোৱা ককাইৰ মুখেৰে 
সৰকি পৰে এটি দুটি 
নিমাখিত হাঁহি ... !
———————————————————
মই কেনি যাওঁ কৃপাল
অৰ্চনা ঠাকুৰীয়া

বেলিটোৱে সাৰ পাই চকু মোহাৰি পিৰালিত বহিছে। 
সেইসময়তে মই মোৰ চৰ্ত সাপেক্ষে কিছু সিদ্ধান্ত ললোঁ।

দুখৰ চৰাইজাকক হুৰাই দিলোঁ 
আৰু এটি নিভাঁজ হাঁহিক আদৰিলোঁ

কুমাৰৰ চাকৰ পাগত নুঠা বস্তুবোৰ নিজলৈ ৰাখি 
বাকীখিনি তেওঁক দিলোঁ।

দধিচিৰ অস্থিৰে বৃত্ৰাসুৰ নিধন যজ্ঞ সফল কৰা হ'ল
পিছে সেই একেই অস্থিৰে
ভূমি উৰ্বৰা কৰিবলৈ দ্ৰব্য প্ৰস্তুত কৰাহে নহ'ল
 
কি হ'ল, কি নহ'ল 
কথাবোৰে কেতিয়াবা জুতিপুতি লগায়।
চিন্তাবোৰ বৰ কেঁচা
আউল লাগি যায়
উজুটিও খাও সততে

টোপনিৰ স'তে যেতিয়া ৰাতিবোৰ উদযাপন কৰিছিলোঁ তেতিয়া তুমি নাছিলা
আৰু যেতিয়াই তোমাৰ সতে দেখা দেখি হলোঁ
তেতিয়াৰ পৰাই তেওঁ বিদায় ল'লে

ইফালে আইৰ বিননি
আনফালে আন্ধাৰৰ হৰতাল
এতিয়া মই কেনি যাওঁ কৃপাল

অধ্ৰুৱ কথাবোৰে আমনি নকৰাহ'লে
নক্ষত্ৰৰ পৰা নিৰ্গত ৰশ্মিৰ প্ৰতিফলনৰ পৰিমাপন
ময়ো কৰিব পাৰিলোহেঁতেন।
———————————————————
কবিতা
স্বপ্নম জ্যোতি কলিতা

গোলাপৰ ভগা ঠানি এটাত ভুলতে এটা পখিলা পৰিছিল।

ৰান্ধনী বেলিৰ এচকল কাটি‌
উদৰ পূৰাইছিল ভোকৰ ঈশ্বৰে
নখত আঁকিছিল সূৰ্যোদয়
আৰু
সূৰ্যত স্নান কৰি ক্ষয় কৰিছিল পাপ ।
('জুই' সূৰ্যৰ ক্ষুদ্ৰ সংস্কৰণ)

আমি দেখা প্ৰতিটো শিল 
শামুকৰ পূৰ্বজনম
কুণ্ডলী পকাই উৰি যোৱা ধোৱাৰ
সহচৰ বতাহে
টোকোৰা চৰাইৰ বাহ এটাত সুতৰি
উৰুৱাই লৈ গৈছিল সহস্ৰ শোকভাৰ

বিশ্বাস সূতাৰ! সূতা মেৰিয়াই
আটি আটি বান্ধি থোৱা খুটা
হাজাৰ বছৰৰ শাওপাত পচিছিল তাত
নে আশিৰ্বাদৰ বৰণে ৰঙা কৰিছিল সূতা(?)

যোৱা নিশা মই মৰিছিলোঁ
আৰু কোনোবাই মনে মনে
খুলি নিছিল মোৰ সমস্ত অংগ-প্ৰতঙ্গ
তাৰপাছৰ পৃথিৱী
শূণ্য সম্ভাৱনা

চাৰিওফালে জুই আৰু জুই
কংক্ৰিটৰ মৰুভূমি
চাতকে চানি ধৰিছে আকাশ
আকাশ নাই

অন্ধকাৰ

অন্ধকাৰ

"অʼ মোৰ অৱগুণ্ঠিতা
উত্তৰৰ ধ্ৰুৱতকৈ উজ্বল
তোমাৰ আলো
চাত্ মাৰি ধৰিছে
নুমাই দিয়া চাকি
পেখম ধৰিছে"
-আকাশ-আন্ধাৰ-প্ৰলাপ

আইকনিক মেমৰিʼ

পৃথিৱীৰ যোনিৰে উঠি অহা
পূৱাৰ সূৰ্য
হালধী পাতেৰে নুৰিয়াই অনা
নক্ষত্ৰৰ দীপ্তি!
———————————————————
শেৱালি
দাদুল ভূঞা

শেৱালি- এপাহ ৰাতি ফুলা ফুলৰ নাম
এটা ঋতু আস্বাদন কৰিব পৰা সময়ৰ নাম
শেৱালি- পুৰুষতান্ত্ৰিক সমাজত
স্বাধীনতাৰ বাবে চিৎকাৰ কৰি থকা
এগৰাকী নাৰীৰ নাম 

শীৰ্তাত ৰাতি
গাঁৱলীয়া পথটোৰে খোজকাঢ়ি গৈ থাকোতে
দূৰৰ পৰা ভাহি অহা গোন্ধৰ নাম শেৱালি
ৰাতিপুৱা চোতাল ভৰি জিলিকি থকা
শুভ্ৰ দলিচা খনৰ নাম শেৱালি

ৰাতি ৰাতি নিয়ৰৰ মুকুতা মনি পিন্ধি
নৃত্যৰতা পৃথিৱীৰ নাম- শেৱালি

বোকা খচি খচি বাৰিষা ভূই ৰোৱা মোৰ আইৰ নাম শেৱালি
পথাৰত গেৰ ধৰা ধাননি,গাখীৰতী গোন্ধৰ নামো হ'ব পাৰে শেৱালি

মোৰ বাবে শেৱালি এজনী নকৈ ফুলি উঠা গাভৰু
যুগৰ মানচিত্ৰত প্ৰকৃতিৰ বিনন্দীয়া ৰূপ
চোতালৰ তলসৰা শেৱালি
মোৰ বুকুৰ এপাহি আজলি ফুল ।
———————————————————
#অসম_কাব্য_কাননৰ_অনন্য_অনুষ্ঠান
■কথোপকথন

আজিৰ অতিথি- বিশিষ্ট কবি, ঔপন্যাসিক, গল্পকাৰ,প্ৰৱন্ধকাৰ  শ্ৰদ্ধাৰ 
জনাৰ্দন গোস্বামী 
 
সাক্ষাৎকাৰ গ্ৰহণ- বিশ্বজিৎ গগৈ

..............................................................................

নমস্কাৰ । অসম কাব্যকাননৰ কথোপকথন অনুষ্ঠানৰ জৰিয়তে মই বিশ্বজিৎ গগৈয়ে আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাইছোঁ। আজি আমাৰ সৈতে কথোপকথন অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছো অসমৰ এজন স্বনামধন্য কবি, সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ, জীৱনী লেখক, গুৱাহাটীৰ বাসিন্দা শ্ৰদ্ধাৰ জনাৰ্দন গোস্বামী ছাৰ।

তেখেতৰ প্ৰকাশিত গ্ৰন্থ সমূহ-

#জীৱনীমূলক গ্ৰন্থ

১/এলবাৰ্ট আইনষ্টাইন-এক মনীষীৰ মহাজীৱন
২/গৌতম বুদ্ধ- এক অমৃতময় জীৱন
৩/ৰবীন্দ্ৰনাথ
৪/সম্ৰাট অশোক- এক বিস্ময়কৰ জীৱনৰ শিলালিপি
৫/গান্ধী আৰু সেই তিনিটা বুলেট
৬/লিওনাদো দা ভিঞ্চি- এক কিংবদন্তিৰ জীৱন গাথা

#কাব্য গ্ৰন্থ
১/তিৰবিৰ সাগৰৰ তৰা
২/তৰাৰ বেহেলা
৩/বেণী গোঁঠা তৰা
৪/নীলা তৰাৰ কথা
৫/সেই দিনাও অশান্ত তৰা
৬/ স্বপ্নৰ চিঠি তৰাৰ গান

#অনান্য গ্ৰন্থ ,গল্প/ উপন্যাস

১/উত্তাপ
২/কাল সন্ধ্যা নামি আহে
৩/বিৰিণাত অলপ জিৰণি
৪/ ৰামধেনু
৫/আজিও শনিবাৰ
৬/নদীৰ সিপাৰে নীলাভ
৭/ এবুকু উশাহ
৮/কেৱল প্ৰেমেৰে
৯/খিৰিকী মুখৰ ছবি
১০/ হেৰোৱা ছবি
১১/অজান পৃথিৱী
১২/নেদেখা ছবিৰ ছাঁ
১৩/ মন বিন্দুৰ বীণ
১৪/আমি আৰু আমাৰ পৃথিৱী
১৫/আহত দুপৰ

#আত্মজীৱনী
১/ স্বপ্ন স্মৃতিৰ ককটেইল

      তেনেহ'লে আহকচোন আমি প্রিয় ব্যক্তিজনৰ সৈতে হোৱা বাৰ্তালাপৰ মাজলৈ আগুৱাই যাওঁ....

■অ:কা:কা: -নমস্কাৰ ছাৰ ,প্ৰথমে অসম কাব্য কাননৰ কথোপকথন অনুষ্ঠানৰ জৰিয়তে আপোনাক  আন্তৰিক স্বাগতম জনাইছোঁ। আমি আপোনাৰ কৰ্ম জীৱন সম্পৰ্কে থোৰতে জানিব বিচাৰিম। 

◆জনাৰ্দন গোস্বামী: - নমস্কাৰ!অসম কাব্য কাননলৈ ধন্যবাদ । যদিও চৰকাৰী চাকৰিত নিযুক্তি পাইছিলোঁ তথাপি দুটা বছৰ চাকৰি কৰাৰ পাছত কেৱল লেখা মেলাত গুৰুত্ব আৰোপ কৰোঁ। বৰ্তমান মই লেখা মেলাতেই ব্যস্ত।

■অ: কা: কা: - ছাৰ , আপুনি একাধাৰে ঔপন্যাসিক, সু-বক্তা, শিক্ষাবিদ, গল্পকাৰ,লেখক আৰু এজন সফল কবি। কিন্তু সকলোবোৰৰ ভিতৰত আপোনাক যদি এজন কবি হিচাপে আমি প্ৰশ্ন কৰোঁ...যে কবি / অকবি, কবিতা/ অকবিতা এইবোৰ বিতৰ্কৰ ওপৰত আপোনাৰ মতামত?

◆জনাৰ্দন গোস্বামী: - কবিতাক বোধহয় অন্তৰৰ পৰা সকলোৱেই ভাল পায় আৰু সেয়েহে সকলোৱেই কবিতা লিখিবলৈ চেষ্টা কৰে।এই চেষ্টা সদায়েই আদৰণীয়।পূৰণি শব্দৰ ছন্দ থকা পদ্যৰ ক্ষেত্ৰত কথাবোৰ ইমান জটিল নাছিল।কিন্তু সমাজৰ গতিৰ সৈতে ক্ৰমাৎ কবিতায়ো নিজৰ ৰূপ সলনি কৰিলে।ই কেৱল পোনপটীয়া মনৰ ভাব প্ৰকাশৰ বাবে শব্দৰ সাজোনত সীমিত নাথাকিল।চিত্ৰকল্প/ব্যঞ্জনাৰ কথা আহিল।অৰ্থৰ বিপৰীতে এটা বুজা-নুবুজাৰ ভাল লগা গোন্ধৰ কথা আহিল।সেয়েহে এক নিৰ্মিতিৰ প্ৰক্ৰিয়াৰ কথাও আহিল।এক বিমূৰ্ত্ত শিল্পায়ন হৈ পৰিল।এজন কাৰুকৰ,চিত্ৰশিল্পী,ভাস্কৰৰ দৰেই কবিতাৰ নিৰ্মাণো এক কঠিন সাধনা,গভীৰ অনুশীলনৰ বিষয়।এতিয়া কবিতাৰ কোনো স্থিৰ ,নিৰ্দিষ্ট এটা সংজ্ঞাও নাই।কিন্তু অন্তৰস্পৰ্শী এক ভাল লগাৰ অনুভৱ থাকিবই লাগিব।যেতিয়া এই ভাললগাই বহুজনৰ অন্তৰ চুই যায়,তেতিয়াই সি এক মহৎ ৰূপ পৰিগ্ৰহ কৰে।কেৱল লিখাজনৰ নিজৰ ভাললগাখিনিৰেই কবিতাত প্ৰাণ দিব পৰা নাযায়।প্ৰকাশৰ বাবে কবিতা নিৰ্ব্বাচন কৰাটো বৰ জটিল কাম।খুব চমজ্‌ দাৰ পাঠকেহে ধৰিব পাৰে কবিতাৰ বহুহৃদয়মুখী সৌন্দৰ্য্যক।কেতিয়াবা এনেকুৱা ৰচনাও নিৰ্ব্বাচিত হয়,যি সকলোৰে হৃদয় চুবলৈ অসমৰ্থ হয়।ইয়াৰ বাবে ৰচকজনক দোষী কৰিব নোৱাৰি,নিৰ্ব্বাচকজনহে দোষী।কবিতা লিখিবলৈ চেষ্টা কৰা বা অনুশীলন চলোৱাটো সুন্দৰ কথা;এনে প্ৰচেষ্টা কৰা জনে এক ধৰণৰ আনন্দও পায়।কিন্তু নিজৰ ভাল লাগিলেও সেয়া কেতিয়াবা কবিতা হৈ নুঠিবও পাৰে।কথাটো এনেকুৱা যে আমি গান গাই বা গুণ গুণাই সকলোৱে আনন্দ পাওঁ।কিন্তু সকলোৱেই সুগায়ক বা কণ্ঠশিল্পী হৈ উঠিব নোৱাৰোঁ।অৱশ্যে গান গোৱাৰ বা গুণ গুণোৱাৰ অধিকাৰ সকলোৰে আছে।সেই অৰ্থত আমি গায়ক হ'লেও গোৱাবোৰ গান হৈ নুঠে।কবিতা লিখিবলৈ চেষ্টা চলালেই কবিতা নহ'বও পাৰে বা কবি নহ'বও পাৰে।কবিতা লিখিবলৈ চেষ্টা কৰা সকলে সাধাৰণতে এই সত্যটো মানি ল'বলে টান পায়।ইয়াতেই অসহনশীলতাৰে সমস্যাৰ আৰম্ভ হয়।আৰু ভুল নিৰ্ব্বাচকৰ বাবে এই সমস্যাই জটিল ৰূপ ধাৰণ কৰে।কিন্তু কবিতাৰ সমস্যা নহয়।পাঠকৰ অন্তৰে অন্তৰে মহৎ-কালজয়ী কবিতাৰ যাত্ৰা চলি থাকে।যি দৰে আমি সকলোৱেই সুগায়ক নহ'লেও আমাৰ দৰে ভাল শ্ৰোতাৰ  অন্তৰত গান জীয়াই থাকিব।আৰু শ্ৰোতায়ো মুগ্ধ হৈ গান সদায়েই কোঠাৰ ভিতৰত ভুলে শূদ্ধই গুণ গুণাব,যি গানৰ কোনো ক্ষতি নকৰে।শিল্পীয়েও শ্ৰোতাৰ সেই গুণ্ গুণনিক নিষিদ্ধ কৰিব নোৱাৰে।

■অ:কা: কা: - ছাৰ , অসমীয়া সাহিত্যৰ যুগ বিভাজন যদি আমি পঢ়োঁ অথবা যুগ বিভাজন অনুসৰি চাওঁ তেন্তে এখন এখন আলোচনীয়েই একোটা একোটা যুগক প্ৰতিনিধিত্ব কৰা প্ৰত্যক্ষ কৰিছো। যেনে- জোনাকী, ৰামধেনু, বাঁহী আদি। তেনেদৰে বৰ্তমান সময়ত ফেচবুকৰ জৰিয়তে কাব্য চৰ্চা অব্যাহত ৰখা এই কবিকুলৰ পৰিচয় অনাগত সময়ত উত্তৰ পুৰুষৰ কবি সকলে ফেচবুক সাহিত্য হিচাপে গ্ৰহণ কৰিব তেনে অনুভৱ হয় নে কেতিয়াবা?

◆জনাৰ্দন গোস্বামী: - এনেধৰণৰ প্ৰশ্ন এটাৰ উত্তৰ মাথো আনুমানিক হ'ব।প্ৰাচীন কালত ঋকবেদৰ শ্লোকবোৰ মুখে মুখে চলি আহিছিল।অৰ্থাৎ তেতিয়া মগজুৰ স্মৰণ শক্তিয়েই পোনপটীয়া মাধ্যম আছিল।ইয়াৰ পিছত গছৰ পাতৰ পৰা কাগজলৈকে বিভিন্ন পৰোক্ষ মাধ্যম আহিল।সৃষ্টিবোৰ কাগজত সঞ্চিত হ'ল।লাহে লাহে কিতাপ- কাকত-আলোচনীও সৃষ্টিকৰ্ম্মৰ ধাৰক হ'ল।আজি দিজিটেল মাধ্যম আহিল।কেতিয়াবা সময়খিনি বুজাবলৈ সমসাময়িক মাধ্যমৰ নামত এটা যুগ বুলি কোৱা হ'ল।মূল কথা কিন্তু সৃষ্টিহে,মাধ্যম নহয়।ৰামায়ণ-মহাভাৰত আজি সকলো মাধ্যমতে জনপ্ৰিয় মহাকাব্য।আলোচনীত প্ৰকাশ পোৱাটোৱেই সৃষ্টিৰ বিচাৰ হ'ব নোৱাৰে।সকলো সম্পাদক সুদক্ষ বা যোগ্য নহ'বও পাৰে।কিন্তু ফে'চবুকত কোনো সম্পাদকেই নথকাত যি কোনো লেখা প্ৰকাশ হয়।সেইটো চিন্তনীয়।পিছে তাৰ মাজতো ভাল লেখা ওলায় আৰু সাধাৰণ পাঠকে গ্ৰহণো কৰে।ইয়াতকৈ বেছি আৰু এইক্ষেত্ৰত ক'ব নোৱাৰিম।

■অ:কা:কা: - অসমৰ এজন লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱে কৈছিল লেখক এজনৰ ওপৰত সাহিত্যৰ ভাল/বেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে। লেখকজন পৰিপাটি হ'লে তেওঁৰ সৃষ্টি সুন্দৰ সাহিত্য হোৱাৰ বিপৰীতে লেখকজন অপৰিপাটি হ'লে তেওঁৰ সাহিত্যও তেনে জাৱৰুৱাই হয়। কথাষাৰ আপোনাৰ দৃষ্টিত জানিব বিচাৰিম?

◆জনাৰ্দন গোস্বামী: - মই মুঠেই সমৰ্থন নকৰোঁ।গভীৰ জীৱনবোধ আৰুবিশাল-বিচিত্ৰ অভিজ্ঞতাইহে সাহিত্যক সমৃদ্ধ কৰে।শুচিবায়ুগ্ৰস্ততাই গভীৰতম সত্যক অস্বীকাৰ কৰে।অজ্ঞতা,অনভিজ্ঞতা আৰু আত্মপ্ৰতাৰণাই সাহিত্যক নৈতিকতাৰ শ্লোগানত পৰিণত কৰে।

■অ:কা:কা: - এটি সৰু প্ৰশ্ন কৰিব বিচাৰিছোঁ ছাৰ। আপুনি বাৰু কবিতা লিখিবলৈ কেতিয়াৰ পৰা লৈছিল, শিকিছিল? আৰু প্ৰথম প্ৰকাশ?

◆জনাৰ্দন গোস্বামী: - প্ৰথমবাৰৰ বাবে এটা কবিতা বোধহয় ১৯৮৪/৮৫মানত "প্ৰান্তিক"ত ওলাইছিল।তাৰপিছত বহুবছৰ ধৰি কবিতা পঢ়াতহে লাগিলো।লিখিবলৈ ভয় আৰু সংকোচ বাঢ়িছিল।নিজে লিখা কবিতাৰ কেঁচা পাণ্ডুলিপিক বহুবাৰ লাজতে ফালি পেলাইছিলো।মোৰ শয়নপাটীৰ তুলীৰ তলতেই সেইবোৰ জমা হৈছিল।তাৰপিছত দ্বিধাগ্ৰস্ততাৰ মাজেৰেই চেগা-চোৰোকাকৈ এটা-দুটা কবিতা প্ৰকাশ পাবলৈ ধৰে।ঠিক কেতিয়াৰ পৰা মনত নাই।নিজৰ কবিতাক লৈ মোৰ দ্বিধা আৰু সংশয়ৰ আজিও অন্ত পৰা নাই।

■অ:কা:কা: - বহু কবিতা আপোনাৰ পঢ়িছোঁ, সুন্দৰ সুন্দৰ আপোনাৰ কবিতাৰ আবৃত্তিৰ ভিডিঅ'/অডিঅ' শুনিছোঁ। মই নিজাববীয়াকৈ পঢ়ি শুনি খুবেই আপ্লুত হৈছোঁ। কিন্তু আজি আমাৰ কাননৰ পঢ়ুৱৈ সমাজ তথা কবিবন্ধু সকলক আপোনাৰ এটি কবিতা পঢ়াৰ সৌভাগ্য কৰিবনে?

◆জনাৰ্দন গোস্বামী: - নিশ্চয়। মোৰ এটি কবিতা আপোনালোকলৈ  আগবঢ়ালো।

চিমলাৰ চিঠি
জনাৰ্দন গোস্বামী

স্পিডপোষ্টত এখন চিঠি আহিব
শেঁতা হালধীয়া কাগজৰ এটা খামে
কঢ়িয়াই আনিব উৱঁলি যোৱা প্রায় ত্ৰিশটা বছৰ।
চিঠি লিখা ধুনীয়া হাতখন এসময়ৰ খুউব চিনাকি
এতিয়া চাগৈ কঁপিছে, বাৰে বাৰে থমকি ৰৈছে ক'ৰবাত।
বানানৰ ভুল নে জীৱনৰ ভুল?
আহোঁ আহোঁকৈ নাহে এজাক বৰষুণ
এযুৰি চকুৱে ৰ লাগি বাহিৰলৈ চাই ৰয় খিৰিকীৰ কাঁচেৰে।
নাচি নাচি নামি অহা শুভ্ৰ পাতল মেঘবোৰে
সৌ পাহাৰটোক চুই আঁতৰি যায় বহুদূৰলৈ
নীল আকাশত কমলা ৰঙৰ ৰেখা আঁকে অস্তগামী সূৰুযে।
খিৰিকীৰ চেঁচা আইনাত  নাকটো লগাই ৰৈ থাকে এখন মৌন মুখে 
উৎকণ্ঠাৰে উমান লয় শীতৰ।
হয়তো খুউব মন যায় দুহাত মেলি দিবলৈ
এহাতেৰে যেন চুই চাব ৰঙা বেলিটোক
আনখন হাতেৰে ধৰি ৰাখিব চঞ্চল মেঘবোৰক।
পিছে পাৰিব জানো?
পুৰণি অংক বহীত থাকে জানো প্ৰেম?থাকেনে কবিতা?
এমুঠি ধূলিয়ে ঢাকি ৰখা কেনভাছত ফাটি যায় বিয়াৰ প্ৰথম উদগ্ৰ নিচা।
কলেজ এডমিশ্যন, লাইব্ৰেৰীৰ হেৰোৱা কার্ড, ৰেস্তোৰাঁৰ কেৰামল কাষ্টাৰ্ড
আৰু যে কত কি!
মেৰুৰ পৰা মেৰুলৈ হাহাকাৰ কৰা হু হু এক ভীষণ ধুমুহা
চাকৰিপ্ৰাৰ্থীৰ দীঘলীয়া শাৰীত দুপৰৰ ৰ'দে পুৰি নিয়া কোমল শৰীৰ।
স্বপ্নৰ ছাঁইৰ পৰা জী উঠা সেই ফী-নিক্স পখীয়ে
এতিয়া এখন্তেক জিৰায় ওখ পাহাৰৰ কোনোবা হোটেলত
সমুখত এবাটি গৰম চুপ কিম্বা অলপ ৰে'ড ওৱাইন।
লাহে লাহে দুচকু সেমেকাই বুকু ভেদি আহে এটি হুমুনিয়াহ
বন্ধ কোঠাত বিভোৰ হৈ লাহী হাতখনেৰে লিখি যায় 
এখন বৰ মৰমৰ চিঠি
চিমলাৰ চিঠি।

■অ:কা:কা: - কেতিয়াবা কাৰোবাক প্ৰশ্ন কৰাৰ খুবেই ইচ্ছা হয়। কথাষাৰ জনসমাজৰ তথাকথিত কিছু ব্যক্তিৰ ব্যক্তিততহে প্ৰকাশ পায়। সেয়ে আমাৰ তেনে অভিপ্ৰায় নাই যে কথাষাৰে সমাজৰ শুদ্ধ অন্তৰৰ ব্যক্তিৰ ব্যক্তিত্বত আঘাত সানক।তথাপি ছাৰ বহুজনে এনে কৰা দেখা যায় , তেওঁৰ সম পৰ্যায়ৰ নহয় বাবেই প্ৰয়োজনতকৈ বেছি ব্যস্ততা  আৰু উচ্চ নিম্ন মতভেদ ৰাখে? এজন সফল ব্যক্তিৰ ক্ষেত্ৰত তেনে বিচাৰ ধাৰা কিমান সমীচীন?

◆জনাৰ্দন গোস্বামী: - সফলতাই মানুহক বিনয়ী কৰিলেহে শোভা বাঢ়ে।বিনয়েহে ব্যক্তিত্বক আকৰ্ষণীয় কৰি তোলে।অহংকাৰে অনুৰাগীকো দুখী কৰি তোলে!

■অ:কা:কা: - ছাৰ , আপোনাৰ ব্যস্ততাপূৰ্ণ কৰ্ম জীৱনৰ মাজতো কেনেকৈ সময় উলিয়াই ইমানবোৰ গ্ৰন্থ ,কবিতা লিখাৰ  বাবে ? আপুনি বাৰু আজৰি সময়ত কি কৰি ভাল পায়?

◆জনাৰ্দন গোস্বামী: - মই বন্ধুপ্ৰিয়। আজৰি সময়ত মই বন্ধুৰ সংগই বিচাৰোঁ আড্ডা-আলোচনাৰ বাবে।লিখা-পঢ়াৰ সময় স্পৃহাৰ ওপৰতহে নিৰ্ভৰ কৰে।প্ৰৱল স্পৃহা জন্মিলে ৰাতি-দিনৰ ভেদ নাথাকে।

■অ:কা:কা: - ছাৰ , হয়তো আপোনাৰ অজ্ঞাত আমাৰ আলোচনীখন? অসম কাব্য কাননৰ কাব্যলোচনী খন আপুনি পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে নে?

◆জনাৰ্দন গোস্বামী: - নিশ্চয় পঢ়িম।

■অ:কা:কা: - সাহিত্য সম্পৰ্কীয়  আপোনাৰ কিবা নতুন পৰিকল্পনা  আছেনে ? সংক্ষেপে  জনাবচোন  ছাৰ?

◆জনাৰ্দন গোস্বামী: - সদ্যহতে এখন উপন্যাস আৰু এখন জীৱনী গ্ৰন্থৰ কামত লাগি আছোঁ।

■শেষত আপোনাক আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ বহু মূল্যৱান সময় দিলে। আমাৰ প্ৰতিটো প্ৰশ্নৰ সুন্দৰ যথাযথ উত্তৰ প্ৰদানেৰে কাব্যকাননৰ সমূহ পৰিয়াল বৰ্গক উপকৃত কৰিলে। আশা কৰোঁ পাঠকেও ভাল পাইছে, ভাল পাব। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনাৰ কলমেৰে সৃষ্টিৰ পথাৰখন সুন্দৰ হৈ উঠাৰ লগতে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল অধিক চহকী হৈ পৰক, সাহিত্যৰ জগতখনত আপুনি এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি  ৰওক যোগান্তৰলৈ তাৰে কামনা কৰিলোঁ ছাৰ। আন্তৰিক শ্ৰদ্ধা আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰ।
——————————————————
                             কবিতা 
গোন্ধ
সঞ্চিতা বৰা

গোন্ধটোৱে মোক অকলশৰীয়া হ’বলৈ নিদিয়ে

আহাৰৰ গজালি ঠুঁটিওৱা কঠীয়াত
শাওণৰ ভৰপক খেতিৰ দিনত
ওলমি থকা ডালটোৰ পকা পণিয়লত
বাৰীঢাপৰ নিঘূণী আমজোপাত
হয়, হয়! সেই একেটা গোন্ধেই

নকৈ বোৱা হেন্দালিখনত
খাৰ উঠা তঙালৰ গাঠিটোত
পানীলাউৰ কলিটোৰ মিহি শুংবোৰত
আঘোণৰ ধুঁৱলি-কুঁৱলী সন্ধ্যাত 
হয়, হয়! সেই একেটা গোন্ধেই

নৈপৰীয়া বালিয়া বগৰীজোপাত
পিছবাৰীৰ নেমুফুলৰ পাহিবোৰত
ফাগুনৰ ধূলি সামৰা বৰষুণজাকত
লঠঙা গুলচৰ শেষ ফুলপাহত 
হয়, হয়! সেই একেটা গোন্ধেই

গোন্ধটোৱে মোক অকলশৰীয়া হ’বলৈকে নিদিয়ে।
———————————————
সৰু চৰাই 
সমীৰণ সপোন 

পাখি কোবাই উৰি যাবলৈকে আকাশ এখন লাগে
সৰু চৰাইয়ে উৰি থাকিব পৰাকৈ
অনবৰতে মনে মনে

কাগজবোৰ গাত পাখি গজিলে বজাৰত কিতাপবোৰত জুই লাগে
সেয়ে মই দিনৰ সলনি ৰাতি খোজ কাঢ়োঁ মানুহ নথকা বাটত
সৰু চৰাই সৰু হৈ থাকোতেই গাত পাখি গজিছিল কেৰ্কেটুৱা এটাৰ দৰে

সেইদিনা পুৰণি খহটা মুৰ্তি এটাত সৰু চৰাই বহি আছিল নৈ এখনৰ পাৰত
বতাহ দিলেই উৰিব খোজা সৰু চৰাইয়ে মোক দেখি উৰি গৈছিল ৰ'দৰ সৈতে
চিলাখনৰ দৰে ঘূৰিছিল তামোল গছবোৰৰ ওপৰত
তেতিয়া ৰ'দে পানীত খোজ কাঢ়ি দেও দি দি সোমাই গৈছিল সাগৰৰ মাজলৈ
আৰু সৰু চৰাইয়ো বহিছিল গৈ শুকান গছ এডালত
যিজোপা গছৰ তলত
মাছবোৰে নিতৌ ঐনিতম গায়
ঐনিতমৰ সুৰ সৰু চৰাই প্ৰিয়

তাহানিতে আমি লুকাভাকু খেলা ঠাইবোৰতে সৰু চৰাই বাহ সাজিছিল
আমাৰ উশাহ বোৰত জীয়াইছিল
লতা এডালত বগাই পেঁপা বজাই গুচি গৈছিল দূৰলে
অলপ সময়ৰ বাবেই সময়ে সময়ক হিচাপ কৰি কৰি মৰি থাকে

দাঁতিত পলাশজোপা ফুলাৰ দৰেই সৰু চৰাইয়ো উৰিছে
আচলতে গছবোৰ আছে বাবেই গাঁওখনত থকা সৰু সৰু ঘৰবোৰ মুনিব নোৱাৰি
তেতিয়া হ'লে আকাশত জোনৰ সলনি দেখিম জানো সৰু চৰাই

পুৱাটেই বগা ভাত'ত ৰাউচি পৰা কাউৰিবোৰক খেদিবলৈ ভাল।

অনিচ্ছাত মৰি থাকে
নিয়মত ভালপোৱা মানুহবোৰ
তেতিয়া হ'লে সৰু চৰাই হে জানে
ভালপোৱাৰ কথা কাটি-কাটি সোমাই যোবা বাট
———————————————
কবিতাৰ দৰে
দেৱ দাস

কবিতাৰ বিনিময়ত
তোমাক পাইছিলোঁ

কবিতাবোৰ ইমান নিলাজ

নিলাজযে
মোক নজনাকৈয়ে
গম পাইছা
———————————————
জোনাকী
দেৱজিৎ শইকীয়া 

মোৰ চোতালত শৰৎ ফুলিছে এধানি
কপৌ কু-কু কপৌ কু-কু 

মোৰ ঘাটত কবৰীয়ে কবৰীয়ে কহুৱা হালিছে
এটি চৰাই দুটি মাত
খুঁদ চাউল খাহি আহ

জোনাকী তুমি শৰৎ মাতিলা
চেচু‌ঁকলৈ
পাণ ফুলিছে মদাৰত
লংকা-কুৰ লংকা-কুৰ
ৰাতিপুৱাব হাবিত

ভনীজনী জবা হওঁতে 
সাক্ষী হোৱা তামোল জোপা ভৰুণ হৈছে।
ভাদত গুৰুৰ তিথিত নতুন তামোল লগায়।
তাৰপিছতহে আইক তোমাৰ কথা ক'ম
মাহ-হালধিৰ গোন্ধটো পদূলিত
উলুলুলুলুলু উলুলু
দীঘল হ'লে মংগল

বুইছা! পিতায়ে সিদিনা আইক
পিটিকাত নিমখ নোহোৱা কাৰণে যিটোহে কথা ক'লে।
ফুলপানী ছিগাত বাঁহী বাইছে
মই অপৰাজিতাজোপাক কৈছোঁ
"তইচোন নীলাই। মোৰ চকুত ধালি দে, এৰাতিৰ কানাইক"
মই ৰাতি বাঁহীৰ মাত এগাৰুকৈ গিলি  আইৰ কথা ভাবিছোঁ 
"তই বৰ জানকী"
পাৰৈয়ে প্ৰহৰ দিছে-
লাকপ্পাকু লাকপ্পাকু

আইধান, তোৰ ককায়েৰৰ কেই বয়স অ'
দহোটিয়া চাইঠৰ বিৰিয়াত শিৰেনে
বৰ কথা একেবাৰে। আঘোণত মই তহঁতৰ হোলালৈ যাম।
ৰবাব জোপাই ৰস দিব।
পেহীলৈ বুলি আইক ক'ম
চাম মই আলেঙে ককাইৰ জোৰ বাহুত নে জিভাত
আঘোণ এন্দুৰে ভাল পাই
এটি ধান নিয়ে দুটি ধান নিয়ে
ফেঁচাই নিঁউ নিঁউ কৰিছে।

জোনাকী, নিয়ৰ পৰিছে দুবৰিত 
তৰাফুলৰ দেশত শুনিছানে
"গকুললে যায় ৰাধে গকুললে যায়"
————————————————
চকু
কংকনা বৰ্মন

এই যে এহাল চকুৱে হাঁহিলে
জী উঠে বুকুত নদীৰ উন্মাদ সোঁত,
যত ভৰ দি আকাশ চোৱা হয়
যাৰ বাবেই উদযাপিত হয় 
প্ৰেমৰ উৎসৱ।

গভীৰ টোপনিটো
খেদি ফুৰে এহাল চকুৱে,
ভয়াৰ্ত ৰাতিবোৰত
যাৰ কোলাত
মুখ লুকাই শুব পাৰি।
যাৰ চকুযুৰিত ভৰ দি 
বিশ্বাসৰ পাহাৰ একোখন 
বগাই যাওঁ,
অথবা ৰৈ যাওঁ 
কাঁইটীয়া পথ একোটাত
ভৰি ৰাঙলী কৰি।

অপ্ৰেমৰ বিষাক্ত লতা
বগাই অহাৰ পিছত
এযোৰ চকুৱে কৈছিল
হালধীয়া অলপ পুতি দিলোঁ তোমাৰ বুকুত,
চকুত চকু থৈ আজিও চোৱা নহ'ল,
তেওঁ চালেই যদি ঠন ধৰি উঠে 
ৰঙৰ উৎসৱ পতাৰ হেঁপাহ,
উদাসীন ক'লা চকুবোৰৰ গভীৰলৈকে
যদি শিপাই যাই ভালপোৱা।

এই এহালি চকু বিদায় পৰত 
কাতৰ হৈ পৰে আজিও,
মোক লিৰিকি বিদাৰি
 পুনঃ গঢ়িব পৰাকৈ
এহালি চকু
 ৰৈ যায় বুকুৰ ভিতৰতেই
আজিও গোপনে...
———————————————
মেঘ
খূৰ্ছীদ আনছাৰী

আজি প্ৰভাতে পূজা কৰি
এচপৰা মেঘক  মাতিলোঁ

সি আহি মোৰ চাদত বহিল
কিছু  আদ্ৰ , কিছু  শুকান

মই সুধিলোঁ–
কেতিয়া আহিবা তোমাৰ  বন্ধুৰ স'তে
কেতিয়া ল'ম ৰিমঝিম বৰষুণৰ মজা

সি খঙতে ক'লে—
তহঁতে কটা গছবোৰৰ শাওঁ
নহ'লেতো…
মোৰ জন্মই ৰিমঝিম বৰষাৰ বাবে।
——————————————

শিশু এটিও যায়
দীপাংকৰ ভূঞা

চাৰিমুঠিত এমুঠি
ওপজিলো যেতিয়া
ভ্ৰমো !

ভ্ৰমিবৰ বেলিকা 
শিশু এটিও যায় 
যেন ছাঁটো !

সময়ত কথা হ'লে ,
তালটোৰ কথা ক'লে
তিলটোৰ কথা কয় !

সময়ে পিছলাই
সহোদৰ হ'বলে
ফুচুলনিত মিলি গ'লে
বয়সে পৰিধি ভাঙে 
ল'ৰ মাৰোঁ ল'ৰালিলৈ
ঠিক কণমানিটোৰ দৰে  !
————————————————

সপোন সপোন যেন লগা দিনবোৰ 
ছাজিন ৰহমান 

সপোন সপোন যেন লগা দিনবোৰত
সেমেকা শীতৰ আবেলি, 
বাৰীৰ এচুকত জলফাই খাওঁ নিমখ জলকীয়া সানি,
সন্ধ্যা নামে, 
জোনাকৰ পোহৰত,
জুই পুৱাও গধুলি গৰম এধানি বিচাৰি , 

টিং টিং টিং 
গোৱালে মাতেহি।
কম ভল্টেজৰ লাইটৰ পোহৰত গাখীৰ লওহি গেলেনত বাকী।
নাকে মুখে শীতৰ গোন্ধ এটাই মতলীয়া কৰি,
মাফলাৰ মাৰি লও জুইৰ জুতি!
পাকঘৰৰ পৰা পাপৰ ভজাৰ চেন চেন শব্দ, 
কাঠআলু পোৰা খাই হও যে নিভাঁজ জুতিত জব্দ। 
কিমান কি কথাৰ হয় মহামেল, 
জুতি লৈ খাই খাই হয় 
অকনিৰ ভোজমেল, 
শীতৰ সেতেলিত, শীতৰ আমেজ, 
কাঁচিয়লি ৰদত বহি কৰো দেহ মন সতেজ ।

কি শীত তেতিয়া, 
কি শীত এতিয়া, 
এতিয়াৰ শীত যে অপাৰ অভিমান ভৰা। 
আহো বুলি চোন আহিবই নোৱাৰে, 
গোলকীয় উষ্ণতাত শীতে হাৰ মানে।
সপোন সপোন যেন লগা দিনবোৰত 
নাছিল শীতৰ অভিমান তথা বেথা, 
এতিয়াৰ শীতৰ পিছে আহোতে লাগে বহু লেঠা।
——————————————
তিনিটা  স্তৱক
ড৹  মঞ্জু  হালৈ
 ( ১)
অনুৰাগে ঢৌ খেলা
মৌন ওঁঠে তোমাৰ
মুখৰ কৰি তুলিলে মোৰ হৃদয়
সাৰ পাই উঠিল এজাক অস্বাৰোহী সপোন
হেৰুৱালে ঠিকনা নিজৰ,নিবিড় নিলয়।
             
 ( ২)
যন্ত্ৰণাবোৰ কেনেকৈ অনুদিত কৰা
মৰম বাহিনী নৈলৈ
 হাজাৰটা দোষতো হোৱা হিম শীতল    বতাহ
 হৃদয়ত গজে কেৱল ক্ষমাৰ চুপহি
 অ' মোৰ দুগ্ধৱতী মা।

(৩)
কি মৃত্যুঞ্জয়
এই দুখৰ বীজ!
নিৰণিৰে নিৰাই পেলালেও
আকৌ গজে ভূৰ ভূৰ কৈ
আঁহ পাঁহ মেলি উঠে নাচি সুখৰ সীমনা হেঁচি হেঁচি। ——————————————
আমি অহা-যোৱা কৰা বাটটো
গিৰিজা শৰ্মা 

আমি অহা-যোৱা কৰা বাটটো 
নিৰ্জীৱ লাইটপোষ্টবোৰে
অধিগ্রহণ কৰিলে
অস্তগামী বেলিৰ বৰ্ণালী যেতিয়া নৈত ডুবে
লাইটপোষ্টে মিচিকিয়ায় 
কৃত্রিম পোহৰে পাহৰাব খোজে নদীৰ দুখ
পোহৰাব খোজে বাটৰ মুখ

এইখিনিতে পথিকৰ আত্মস্তুতিত
এটি জোন
বুকুৰ নৈত গা ধোৱা সপোনৰ এটি জোন
এজাক ৰূপোৱালী মাছৰ আজন্ম প্ৰেমিক এটি জোন

হওকনা প্ৰতিপদ অথবা পূৰ্ণিমা
উজানৰ বেলিকা মাছবোৰৰ গাত গোঁসানী লম্ভে
বিৰ্ বিৰ্ তোমাৰ মাতত কিনো যাদু পমে
সপোন হেনো উৰে
সপোন হেনো পোৰে

সপোন পিয়াসী জীৱনে দেদাউৰি পাৰে
মই বাট কুৰি বাই
বৈ ফুৰোঁ
কৈ ফুৰোঁ
তুমি-মই সংপৃক্ত
পুৰাতন আত্ম-গাথা। 
———————————————
ষ্টেচন
ৰিংকু সমাদ্দাৰ

গাড়ীখন লৈ মই প্ৰায়ে দূৰ-দূৰণিলৈ যাত্ৰা কৰোঁ।
ড্ৰাইভাৰ বিহীন গাড়ীখনৰ আৰোহী মই নিজেই।
চালকো মই।

বৰ্তমান নামৰ ড্ৰাইভিং ছিটটোত
বহাৰ সমান্তৰালকৈ সদায় মই 
ভৱিষ্যত আৰু ফলাফল নামৰ
ষ্টেচন দুটাৰ কথা মনলৈ আনো। 

গাড়ীখনৰ চকাটো মই বোকা-পানীত পৰিব দিম 
নে
মসৃণ পথেৰে সন্মুখলৈ আগুৱাই নিম 
সেয়া মোৰ নিজৰ মনৰ সিদ্ধান্ত।

কেতিয়াবা হালধীয়া, কেতিয়াবা সেউজীয়া অথবা কেতিয়াবা ৰঙা সাংকেতিক লাইট,
অভাৰটেক জীৱনৰ এক পাজল লগা বিন্দু, 
আজিকালি আৱেগ নামৰ গাড়ীখনত
মই এ.চি. নচলাওঁ...!
———————————————
নিষিদ্ধ ঘোষণা
সংগীতা বৰা

বুকুত এটি শিল বহুৱাই নিষিদ্ধ ঘোষণা কৰি গুচি গ'ল ছোৱালীজনী

তাই প্ৰেমত পৰে বহুতো যুৱক
প্ৰেমত পৰে চুলিৰ ,প্ৰেমত পৰে ৰূপৰ, প্ৰেমত পৰে কবিতাৰ, প্ৰেমত পৰে কথাৰ…

তাই মুক্ত হ’ব বিচাৰে 
অকলে আছুতীয়াকৈ নিজান কোণত
য'ত মানুহে ঢুকি নাপায়

কুৎসিত কৰি ৰাখে নিজকে 
অবিন্যস্ত চুলি,মলিয়ন পোছাক
দুঃচিন্তাবোৰ জমা কৰি থয় দুচকু ক'লা অংশত।

উৰুলৈ পৰা মেঘালী চুলিতাৰীৰ কোনোবা প্ৰেমত পৰিছিল
এতিয়া তাইৰ চুলিত নিয়ৰো লাগি নধৰে…
সৰি পৰে নিয়ৰ চুলিৰ পৰা খহি 
এটোপ দুটোপ কৰি তললৈ…

বুকুখন  ক্ৰমশঃ মোচৰ খাই যায়
চিঞৰি চিঞৰি কব খোজে বহু কথা
 অথচ মুকবধিৰ তাই…
——————————————
বুকুত বাজি ৰ'ল যি
ৰূপজ্যোতি গগৈ

প্ৰাৰ্থনা কাতৰ আঙুলিৰ ফাঁকেৰে নিৰৱে সৰি পৰে অপাপবিদ্ধ সময়
বুকুৰ ভাঁজত, আপোন স্পৰ্শত
সলক্ষিতে জাপ খাই আহে ক্ৰমে কৰুণ কাতৰ দুচকু
জঠৰ দুহাত, দুভৰি নিঃশ্বাস

তেজেধোৱা ৰঙীন ৰুমালৰ গাঁঠি খুলি
উকা হ'ল বুকুৰ বৰঘৰ
পাহ পাহ কৈ সৰিল লখিমী দুহাত
শেৱালি নুফুলা আবেলি

চেলেং চাদৰৰ হুমুনিয়াহ সৰাই
অহা বাটে গুচি যায় শূন্য কৰি পদূলি

পিতাৰ বাঁহবাৰীত জুমুঠি জ্বলিল
হিলৈ ফুটিল
এখন আকাশ শূন্য হৈ খহিল
বৰঘৰৰ উধান আকৌ ভাগিল
এজাক চৰাই দলনিত ইকাটি-সিকাটি হৈ পৰিল!
——————————————
অসুখ
চয়নিকা ভূঞা 

বেদনাৰঙী আবেলি এটাত
দুখবোৰ উজাই আহি
মোৰ পিছ চোতালতে 
এখন মেল পাতিলে

বিষয় :
বিবস্ত্ৰ হোৱা যন্ত্ৰণাৰ হিচাপ-নিকাচ 

আভিজাত্য আপ্যায়নত কেইবাখনো যন্ত্ৰণাক্লিষ্ট হৃদয় 

সেইখিনিলৈকে 
সকলোবোৰ ঠিকেই আছিল
আয়োজনৰ প্ৰস্তুতি
দুখৰ এক বিশাল আয়োজন
নোপোৱাৰ বেদনা 
আৰু যে কত অলেখ অযুত
লানি নিছিগা দুখৰ বোজা

নিজ নিজ স্থানত
সকলোৰে আধিপত্য 
সকলো শক্তিশালী
সকলোৰে প্ৰভুত্ব

পৰিকল্পনাৰ দৰেই 
দুখৰ দৰ - দাম
পৰিকল্পনা মতেই
বিলাসী যন্ত্ৰণাৰ আয়োজন

সকলোবোৰ ঠিকেই আছিল
সকলোবোৰ ঠিকেই আছিল 

 উস !  জীৱন 
শেষান্তৰতো য'ত শেষ নাই 

সিপাৰত  
মাথোঁ 
জীৱনৰ কথকতা ৷
———————————————
এন্ধাৰ নেওচি পোহৰক
সজালা মণিকূটত
ৰমেন দাস

এন্ধাৰ নেওচি পোহৰক
সজালা মণিকূটত
পৰিজাতৰ দলিচাত
স্মৃতিবোৰ মগ্ন হ'ব
অন্য এক স্বৰ্গত

এই বেলি দীপান্বিতাত
জ্বলি উঠিব বন্তি
নঙলামুখত
এন্ধাৰক বাট দেখুৱাই
শান্তি লভিম হৃদয়ত

কুটিলতাৰে ভৰা মুখত
পৰিব এচেৰেঙা 
সমুজ্জ্বল পোহৰ
নিৰ্বাপিত হ'ব কূটবুদ্ধিৰ লহৰ 

ইটোৰ পিচত সিটো
ঘৰ-চিৰিকাৰ লানি
আনিছে প্ৰেমৰ বতৰা হিয়াৰ
উজলাব তোমাৰ মনৰ
খিৰিকী - দুৱাৰ

চাকিৰ পোহৰত উদ্ভাসিত
জীৱনৰ ৰং
মিঠা সুৰভিৰে ভৰি পৰিব
দেহ - মন
যেন বসন্তৰ বৰষুণত
জীপাল জীৱন
সোণালী সপোনৰ তৰা
তিৰ্‌বিৰ্‌ কৰিব দুই নয়ন

শৰতৰ সুগন্ধি বলিব বতাহত
ফুলপাহি নাচিব নতুন ৰূপত
আকাশ মাটি পানী
অহোৰাত্ৰ পুলকিত কৰি
বাজিব শংখ ধ্বনি ...
——————————————
মোৰ পুৰণি সপোনটো
শর্মীষ্ঠা বর্মন

কোনোবা বাৰিষাৰ মাজনিশা
গভীৰ টোপনিতে জন্ম হৈছিল
মোৰ পুৰণি সপোনটো ...

এটি উৰণীয়া সপোন
ৰামধেনুৰ প্রতিটো ৰঙেৰে প্রতিনিশা
বাঢ়ি আহিছিল লহপহকৈ ,
জাক জাক উৰণীয়া সুহুৰিবোৰৰ সতে মিতা পাতিছিল ,
বহাগৰ বৰদৈচিলাৰ সৈতে 
উৰি উৰি বহুদূৰলৈ গৈ
পুনৰ উভতি আহিছিল
সুহুৰিবোৰৰ সৈতে
মোৰ কলিজাৰ পঁজাটোলৈ ৷

সপোনটোৱে শিকিছিল ভাল পাবলৈ
ৰাতিৰ আকাশৰ তৰাবোৰক ,
জোনবাই আৰু জোনাকক ;
কথা পাতিছিল ডাৱৰৰ , বৰষুণৰ ,
বহাগৰ বৰদৈচিলা আৰু 
আঘোণৰ পৃথিৱীৰ ...

সপোনটো যিমানেই বাঢ়ি আহিছে
সিমানেই তাৰ চাল-চলন
সলনি হ'ব ধৰিছে !

আজিকালি অমাৱশ্যাৰ নিশা সপোনটোৱে
মোৰ সতে লুকা-ভাকু খেলে, 
কেতিয়াবা বিচাৰি বিচাৰি
হাবাথুৰি খাওঁ ,
পূর্ণিমাৰ নিশাও কেতিয়াবা তাক
শেতেলীত খেপিয়াবলগীয়া হয় ;
পাওঁ কেতিয়াবা নিলগত ,
কেতিয়াবা বোবাৰ দৰে
কাষতে পৰি থাকে,
গমকে নাপাওঁ ;
কেতিয়াবা আকাশত ওলমি থাকে
ঢুকিকে নাপাওঁ !

নিশা সপোনটোৱে কেতিয়াবা
মোৰ বোকোছাত বিচৰণ কৰে ,
অৱয়বহীন তাৰ অস্তিত্ব 
অনুভৱ কৰোঁ আকাশে-বতাহে ;
মোৰ সমগ্র সত্বাত ,
আত্মাৰ পৰিসৰত কেতিয়াবা
মোৰ সপোনটোৰ দৃশ্যহীন দেহাটোৰ
সুসজ্জ্বিত খলপবোৰ 
খহি খহি পৰে
জহি পমি যোৱা উঁই হাফলুৰ দৰে ,
বহুপৰ , বহুদিন , বহুনিশা
লাগি যায় তাৰ খলপবোৰ 
সুশংখল কৰিবলৈ ...
—————————————
মৰমৰ__
ভূমিকা  দাস
                
কেতিয়াবা  হেমন্তৰ মাজনিশা মন যায়
ফৰিং ফুটা জোনাকৰ তলত
আধৰুৱা সপোনৰ কবিতা লিখিবলৈ,
পিছে,  মইতো কবি নহও ... 

এতিয়া গভীৰ নিশা ,
ৰিব্ ৰিব্ বতাহ জাকে
দেহা চুই গ’ল....
মাথোঁ মই থিয় হৈ চাই ৰ'লো হাঁহিৰে ভৰা
ৰাতিৰ নীলাভ আকাশ খনিলৈ

ঔ ফুলৰ দৰে ফুলি আছে
 মেঘবোৰ নিলীম আকাশৰ বুকুত.. 
জোনাকী নিশাৰ আপোন বতাহজাকে 
বাৰে বাৰে মোলৈ উভতি চাই, 
মোৰ হিয়া চুই যায়...

ৰূপোৱালী জোনবাই জনীয়ে মেঘৰ সৌন্দর্য্যত
 আলফুল সপোন ৰচে,
মোৰ পদূলিৰ বকুল জোপাইও
যেন পাহি মেলে...
কাৰোবাৰ দৰদী কণ্ঠত
হৃদয় দাপোনত
মিলনৰ চেহনাই বাজে,

মৰমবোৰ সাঁচি ৰাখিছো মনৰ একোণত 
কাৰ বাবে ... 
পাৰিবা জানো কঢ়িয়াব মৰমৰ ভাৰখন .... 
তুমি কোৱা , মই হেনো পলমকৈ বুজো  কথাবোৰ....
মোৰ হদয়ৰ ভাষাবোৰ যে
 তুমি নুবুজা... !
—————————————
আই তোৰ চেনেহুৱা চিতখন
এবাৰ চাব পৰা হ’লে
ফাৰুল হুছেইন 

আই এবাৰ যদি চাব পাৰিলোঁহেতেঁন 
তোৰ চেনেহুৱা চিতখন
য’ত নেকি চেনেহবোৰ থোপাথোপে লাগে মৰমবোৰ
লমালমে পকে৷
আই তোৰ সেই চিতাখন এবাৰলৈ দেখুৱাবিনে 
যি খন চিতত দুখবোৰ গোট মাৰি
হাঁহিবোৰ বাগৰি আহে
দুয়ো অধৰ পাৰ ভাঙি৷

আই অ’ তোৰ চিতখনৰ
মৰমবোৰ যে সকলোকে
বাকি দিয় উদং কৰি
তোৰো বাৰু মন নাযায় নে
আনেও তোক দিয়ক
হিয়া উজাৰি৷
আই অ’ ক’তনো
লুকুৱাই থ’ৱ বেদনাবোৰ
দুখৰ বৰষুণত তিতি থাকিওঁ
হাঁহিৰ ৰ’দত যে গা শুকুৱাৱ

তোৰ চেনেহুৱা চিতখন
এবাৰ যদি চাব পালোঁ হয়
বিচাৰিলোহেতেঁন পিতপিতকৈ
চিতখনৰ কোঠালিবোৰ য’ৰ পৰা মন জয় কৰা মৰমবোৰ
উলিয়াই দি দুখৰ বোজাবোৰ
লুকুৱাই থ’ৱ আনে নেদেখাকৈ৷
—————————————
কোঠাৰ খিৰিকীখন
কৃষ্ণা ময়ূৰী হাজৰিকা 

নতুনকৈ প্ৰেমত পৰিছোঁ 
মোৰ কোঠাৰ খিৰিকীখনৰ ৷

কাৰণ 
খুলিলেই খিৰিকীখন
হিলদল ভাঙি 
সোমাই আহে 
শেৱালিৰ সুবাসেৰে সিক্ত
এজাক প্ৰিয় কুঁৱলী৷

লগতে 
গেৰধৰা ধাননিৰ বুকু জুৰুৱা সুগন্ধি ৷

আকাশৰে উৰি যোৱা
বন হাঁহৰ কাকলি ৷
বতাহত ভাঁহি আহে
বনগীত এফাকি

সচাকৈয়ে কৈছোঁ
নতুনকৈ প্ৰেমত পৰিছো 
খিৰিকীখনৰ ৷
—————————————
যুঁজ
ৰেখা বৰকটকী

ওলোমা সপোনৰ পাছে পাছে  দৌৰা মানুহবোৰৰ ভাগৰো নাই এলাহো নাই
কেঁচা ঘামেৰে ৰ'দঘাই চোতালবোৰ তিতি শুকায়
দিনদুপৰতে দুৱাৰত টুকুৰিওৱা জনক 
এপালি  ঔষধেৰে  জীয়ায়
সেইখন হেঁপাহৰ আউল ভঙাৰ যুদ্ধ...

কিমান দিনলৈ বা  চলে...
জীৱন  ঘড়ীবোৰৰ সময়বোৰ বৰ  চতুৰ,
পলকতে কাঢ়ে সুখৰ সময়
চমকতে ভাঙে কাঁচৰ হৃদয়!
আকাশখন হেনো উদাৰ বাবেই সুখী

নিঃশেষ নহয় কাহানিও
আত্মবিলাপেৰে তিওৱা চকুপানীৰ!
মেঘমল্লাৰ তৰ্জমাত ফুলা শব্দৰ বকুল
আকাশ মাটিৰ শীতল যুদ্ধত
ডাৱৰ হৈ ফুলে
ঘনঘোৰ বৃষ্টিৰ মিতিৰালিত 
ধূলিৰ ঠেহ!

আকাশৰ উদাৰতাৰো কাৰণ আছে 
হাঁহিব পাৰে হঁহুৱাবও পাৰে
বুকুত সামৰি  থয় অজস্ৰ ৰাগিনী
সাক্ষী হৈ জীৱন বৈতৰণীৰ...
—————————————
হেঁপাহ
মৌচুমী দাস 

তুমি মোৰ আত্মজীৱনীৰ
এটা নজহা নপমা
পৃষ্ঠা হোৱা...

নতুবা  হৈ পৰা

মোৰ বাগিচাৰ
জঁই পৰি নোযোৱা
এজোপা ৰজনীগন্ধা...

দিন বাগৰে
দিনৰ পিছত মাহ
মাহৰ পিছত  বছৰ...

এনেকৈয়ে হয়তো
এদিন শেষ হ'ব
হেঁপাহৰ  আদৰ...

সেই যে বাগিচাত ফুলিছিল
অলেখ তৰু তৃণ
সেই যে ভটিয়নী নদীৰ সোঁতত
উটি আহিছিল
এসোপা সপোন জিলমিল...

সপোনবোৰ  উবুৰি খাই
দিঠকত পৰক বা নপৰক

মাথো লুটিয়াব নোৱাৰাকৈ
মোৰ আত্মজীৱনীৰ
তুমি নজহা নপমা এটি পৃষ্ঠা হোৱা
নতুবা হৈ পৰা  এজোপা ৰজনীগন্ধা...
—————————————
আঘোণ
আচমা জাফ্ৰী

আঘোণৰ পথাৰত নৰাৰ মাজত ধিতিঙালি মাৰি
নৰাৰ পেঁপা সাঁজি
সেই সুৰত মগন হোৱাৰ সুখ,
ক'তো আৰু নাই।

বালিচঁহীয়া মাটিত এপৰলৈ খান্দি 
পোৱা সেই চেঁচুৰৰ সোৱাদ
ক'তো আৰু নাই 

হাতৰ লেচেৰি মুঠিয়ে 
বুকুত বৈ দিয়া সুখ
ক'তো আৰু নাই

নৰাই কটা ভৰিৰ চেকচেকনিত
মিঠাতেলৰ পৰশে দিয়া অময়া সুখ
ক'তো আৰু নাই।

কেঁচাগুটিৰ ভৰত ভৰুণ হোৱা পথাৰখনৰ
উহুমা গোন্ধৰ সুবাস 
ক'তো আৰু নাই

আঘোণে ৰিঙিয়াই...————————————
শেৱালি
পবিত্র কুমাৰ নাথ 

শেৱালি মানেই
শৰতৰ নিৰ্মল সুগন্ধিভৰা নিৰ্যাস
আমোলমোল পদূলিৰ
নষ্টালজিক উচাহ

শেৱালি মানেই...
নিয়ৰৰ চুমাৰ পৰশত
বাউলী সখী
হৃদয়ৰ গোপন কোঠাৰ
নেদেখা প্ৰেমিক উকি

শেৱালি মানেই...
সূৰুযৰ আলিংগন কামনা নকৰা
যেন সতী সাধ্বী ৰমণী
আউসী পূৰ্ণিমাতো লখিমী দুলালী

শেৱালি মানেই...
বিধৱা নাৰীৰ হৃদয় ভঙা কান্দোন
দূবৰিৰ বুকুৰ উমেই
জীৱনৰ শেষ আশ্ৰয়স্থল

শেৱালি মানেই...
বাসনাহীন কবিৰ আৰ্জিত প্ৰাৰ্থনা
আভিৰূপ্য প্ৰকাশৰ টান
হৃদয়ৰ ভিতৰে বাহিৰে নিৰ্দ্বন্দ্ব
পৰাণৰ ছন্দময়ী গান !
—————————————
উশাহ আৰু যুদ্ধ
কৃষ্ণা বৰা

সিদিনা বিলাসী বস্তুৰ তালিকা এখন গঢ়ালোঁ 
তাৰ একেবাৰেই প্ৰথমত বাখৰ খটোৱাদি খটোৱালো উশাহক। 
আপোনালোকৰ দৰে উশাহ মোৰ শৰীৰৰ আশে-পাশে নুঘূৰে, 
ঘূৰ্মূটিয়াই-খুন্দিয়াই নুফুৰে মোৰ গাল-চুলি অথবা কাপোৰৰ ভাঁজত। 
উশাহ কিনিবলৈ মই আৰ্থিকভাৱেও অসমৰ্থ, 
অসমৰ্থ এইকাৰণেই যে, মই তীব্র বিৰোধিতা কৰো চুটি উশাহৰ প্ৰতিবেদন। 
সেয়ে মোক নিষিদ্ধ কৰা হৈছে উশাহৰ দুটা টুকুৰা আকাশৰ পৰা ছিঙি আনি ডিঙিত ভৰাই লবলে' । 
একেবাৰেই নোৱাৰো, 
মনে মনে কৈ থওঁ 
উশাহৰ এইবোৰ বিলাসবহুলতা একান্তই কাম্য নহয় মোৰ।
 
প্ৰত্যেক নিশাই একোখনকৈ যুদ্ধৰ প্ৰস্তাৱ, 
বিপক্ষত জীৱন সমাপ্তিৰ ঘোষণা আৰু মোৰ হাতৰ সৰু অক্সিজেনৰ বাকচ এটিত শান্তি চুক্তি। 
শেষত সন্ধিপত্ৰত স্বাক্ষৰ, 
গোটেই নিশা ডাটা অন কৰি সেউজীয়া সৰু ফুটযেন বাংকাৰটোত  যুদ্ধবন্দী হৈ থাকিম।
 
সৌভাগ্যবশতঃ ক্ৰমাৎ ঘড়ীটো বেৰৰ পৰা নামি আহে তৃতীয় পক্ষৰ দৰে
আৰু দখল কৰি লয় মোৰ বিছনাৰ চৌপাশ। 
টিক্ টিক্ শব্দেৰে জোৰকৈ নিজৰ অস্তিত্ব জাহিৰ কৰি লুপ্ত কৰি পেলায় ঘন্টা-মিনিট-ছেকেণ্ডৰ মাৰাত্মক কুচকাৱাজ। 

প্ৰতি নিশাই একেখন যুদ্ধত অভ্যস্ত চুটি উশাহ বিলাই ফুৰা দলটোৱে বুজি উঠে ঘড়ীয়ে নিক্ষেপ কৰা সময় বিস্ফোৰণৰ পাৰ্শ্বক্ৰিয়া, 
তৎক্ষণাৎ সিহঁত চুচঁৰি হেৰাই যায় গাৰুৰ গিলিপ আৰু বিছনাৰ কাণে কাণে। 
যুদ্ধবিৰতিৰ অৱসাদত মোৰ ভাগৰুৱা চকুহালিয়েও শান্তিৰ কপৌ উৰুৱায়, 
আৰু তেতিয়াই 
বিছনাৰ কোনোবা এটা কোণত পলৰীয়া সৈনিকবোৰ আকৌ ব্যস্ত হৈ উঠে পিছদিনাৰ প্ৰত্যাক্ৰমণৰ অভিসন্ধিৰে।
—————————————
পৰুৱা
মাধুৰ্য প্ৰিয়ম দাস

এটা পৰুৱাই মোক বাৰে বাৰে জীয়াই থকাৰ কথা কয়
'আমি সৰু হ'লেও নিৰৱিছিন্ন ভাৱে আহি আছোঁ,
আপুনি জীয়াই থাকক'
 সিহঁতে কৈছিল 'এইটো নীতি নহয় যে 
আমি সদায় ঘড়ীৰ কাঁটাৰ দিশত যাব লাগিব বা
কাঁটাৰ বিপৰীতে'।
পৰুৱা স্বতন্ত্ৰ, একমাত্ৰ স্বাধীন!
কোনো লোহাৰ কাৰাগাৰ, শিকলি বা সোণৰ সঁজাই 
পৰুৱাক আৱদ্ধ কৰিব নোৱাৰে।
 আজি পৰ্যন্ত কাৰোৰ সাহ নাই যে 
 পৰুৱাক চেৰ পেলাব।
 'সময়ৰ টিকনিডাল হেনো আগফালে'
 ক'ৰ'বাত লিখা আছে।

 এটা পৰুৱা গুচি যোৱাৰ পাছত
 তাৰ কোনো অস্তিত্ব নাথাকে,যেনে সময়ৰো নাথাকে
 এই পগলা কবিয়ে কোনোবাখিনিত
 সময়ৰ সলনি পৰুৱা বুলি লিখিলে
 পিছ মুহূৰ্ততে কবিৰ পৰুৱাই
 ঘড়ীৰ কাঁটাৰ বিপৰীতে খোজ ল'লে।

 এটা প্ৰশ্ন আপোনাৰ বাবেও
পৰুৱা আৰু সময়ৰ অমিলখিনি ক'ত?
 হয়তো মানুহৰ ভৰিৰ গচকত পৰুৱা কিছু লেহেম,
 সময়তকৈ।

 এটা পৰুৱাই মোক জীয়াই থকাৰ কথা কয়
সেই পৰুৱাটো বেলেগ বেলেগ বাটেৰে সদায় আহে
 মই চিন ৰাখিব নোৱাৰো।
শোৱাৰ সময়ত 
পাখি লগা পৰুৱা এটাই
নাকত পিৰপিৰাই শিকাই যায়
হামিৰ পিছতে কিদৰে এটা হাঁহি সৰি পৰে।
কেতিয়াবা এটা পৰুৱাই নিউটনৰ তৃতীয় সূত্ৰও
মানি চলে। 
—————————————   
বাপু
হিমাজ্যোতি তালুকদাৰ 
     

হয়। ঠিকেই শুনিছে
মই বাপুৰ দৰেই হম

আপোনাৰ অন্তৰতো আছে
এজন বাপু সোমাই 
হয়তো আপুনি বিচাৰি চোৱা নাই এদিনো

তেতিয়া তেওঁ স্বাধীনতাৰ গুৰি ধৰিছিল 
আৰু এতিয়া মই
সেই স্বাধীনতাৰ পম খেদি
আগুৱাই আছোঁ 

যেতিয়া জাতিত শত্ৰু 
ভাষাত শত্ৰু 
উয়ে ভীঠি পাতে অস্তিত্বত
তেতিয়াই মই মোৰ বাপু সত্তাক আমন্ত্রণ জনাওঁ 
আৰু তেওঁ ব্ৰিটিছক খেদা দি
সমূলি উচ্ছেদ চলাওঁ দেশৰ শত্ৰুক।
—————————————
শৰৎ আহিছে
অসীম জ্যোতি দাস
                
শৰৎ আহিছে শেৱালি ফুলিছে,
সৰিছে সৰগৰ পৰা মুকুতা মণি যেন
নিয়ৰৰ টোপাল !
শালিকী পুৱাতেই নিয়ৰৰ চাদৰ ফালি
আহিছে সেন্দূৰীয়া ৰবিৰ ৰাঙলী কিৰণ,
আহিয়েই আঁকিছে নিয়ৰৰ দুগালত চুমাৰ ছবি ।

নিশাই ফুলি ধৰালৈ আহি
দূৱৰিৰ কোলাত বহি,
নিয়ৰৰ প্ৰসাধনেৰে সুশোভিতহৈ
অপেক্ষা কৰিছে কাৰোবাৰ 
হাতৰ কোমল পৰশ পাবলৈ
শৰতৰ শেৱালি পাহিয়ে ৷

বুটলিছিলোঁ শৈশৱতে,
বোৱাৰীপুৱাতে উঠি
পদূলিৰ শেৱালিৰ পাহি ৷
শৈশৱৰ মোৰ সেই
কোমল হাতৰ পৰশ পাই
শুভ্ৰ শেৱালি পাহিয়েও
মোৰ মুখলৈ চাই 
মাৰিছিল মিচিকি হাঁহি ।

আজিচোন মোৰ পদূলিৰ শেৱালি পাহিয়ে
কাৰোবাৰ কোমল হাতৰ পৰশ পাবলৈ
ৰৈ ৰৈ আমনি পাই ৰ’দত বহি
নিয়ৰৰ প্ৰসাধন গুচাই
কিয়নো ফুলিলোঁ বুলি ভাবি
ৰ’দত পৰি মৰহিযায়। 
————————————
আমাৰ শৈশৱ
কমল চন্দ্ৰ নাথ

আহিল আহিল পূজা আহিন মাহত 
ককা আইতাৰ গণনা আঙুলিৰ পাবত 
পূজাৰ আগমন  অক্টোবৰ কেতিয়া আহিব 
স্কুল  বন্ধ পাম পূজাৰ কেইদিনত 
পূজা আহিলেই  লাগে খদমদম 
ওলাওঁতে সোমাওঁতে ঘৰত গালি লগত  পিটন 
কেৱল এটাই নাম বেলুন বেলুন ---
ঘৰৰ কাষতে আছে মনোৰ  দোকান 
দহ নয়াইত ফুলাই দিয়ে পানীলাউৰ সমান 
কিনি নি ঘৰ পালেই উঠে ধ্প কৰি 
পিঠিতো লগে লগে পৰে ধুপ ধাপ 
বেলুন মানেই আমাৰ  সময়ৰ গতি 
বসন্ত ৰোগৰ বাবে ই মহৌষধি 
পূজাৰ সময়ত ইয়াৰ সৃষ্টি 
জলবায়ুৰ লগত থাকে আপুনি সম্প্ৰতি 
 
লগে লগে আকৌ ----
কান্দিয়েই ৰণ জিকো 
আজি পৰিছে মনত ---
বিছ পইচা আঠ অনা পালেই যথেষ্ট 
তিতধৰে দৌৰো পকেটত ধৰি 
পূজাৰ দেৱী চাবলৈ  তিনি মাইল দূৰ --- তথাপিও
অষ্টমী নৱমীত খোজকাঢ়ি  যাওঁ  লগৰীয়াৰ লগত 
বাকী কেইদিন থাকো ওচৰতে বকুলতলত 

মনত পৰে দিনবোৰ এটকাৰ পৰা দুটকা পালেই আমি ডাঙৰ মানুহ 

আজি ----
কথাবোৰ ভাবিলেই লাগে লাজ লাজ ---
তথাপিও পূজাক আমি ভাল পাওঁ 
এতিয়া ডাঙৰ হলো নাই সেইদিন 
ইফালে আকৌ আহিল 
বিশ্ব লকডাউন ---

সকলো শেষ --- অ'
আতঁৰা আতঁৰি হ'লো সবে  সোণালী সময়বোৰ গ'লনো কলৈ ---
বেলুন পেঁপা পিষ্টলৰ শৈশৱৰ ধেমালি  
জেলেপী ফুলৰি আৰু পাপৰ ভজাৰ ---
সোৱাদ বোৰ কলৈনো গ'ল 
আহিবনে এটকা দুটকাত বস্তু পোৱা  সেই সোণোৱালী দিন -----

চাৰিওফালে ভৰ বাৰিষা চিধা চিধি যাবি 
তেৰাঁ বেকাঁ কৰিলেই পিচলি পৰিবি 
গাঁৱলীয়া মানুহ আমি বোকা পানী গাত 
বোকা বিহীন জীৱনৰ নাই পৰিত্ৰাণ 
আইতাৰ সেই কথা  পালি আছোঁ ৰৈ
জাকে জাকে আমিবোৰ পূজা চাওঁ গৈ
 
ৰভা তলত জাউৰি উঠে দৰঙ্গিয়াল নাম
কেতিয়াবা অংকীয়া নাট ওজাপালিৰ ৰসাল ধেমালি 
নাই আজি পূজাৰ আনন্দ উৎসাহ ---
মনবোৰ বেয়া লাগে সকলো আঁতৰিল
এনেহেন সোণালী শৈশৱ আৰু পাম ক'ত 
সেয়েহে আজি পূজাৰ বতৰত লাগিছে মনৰ ব্যথা
পুনৰ কেতিয়াবা ---
মনত পৰিব জানো বেলুনৰ কথা  ---!
———————————————
নগ্ন 
অশোক ভৰালী 

অদূৰত ঠিয় হৈ থকা প্ৰস্তৰ মূৰ্তিটোৱে
কিজানিবা কথা কব পাৰে
বুজাব পাৰে তোমাক

তুমিতো বাৰে বাৰে ক্লান্ত হৈ যোৱা
তৃষ্ণাতুৰ পথিকৰ দৰে
পাহৰি যোৱা তোমাৰ পদযাত্ৰা

নগ্নতাক ঢাকি ৰাখিবৰ বাবে
পৃথিৱীখন প্লাৱিত কৰিব বিচৰা 
ধুমুহাৰ জাকৰ লগত
কোনো আপোচ নকৰাকৈয়ে
মই আগুৱাই থাকিলোঁ সীমাহীন ভাবে দিগন্তলৈ

ধূসৰিত ফাগুনৰ
পছোৱা বতাহ জাকৰ মাজত
শুকাই কৰাল বন্ধা
নগ্নতাৰ চকুপানী তিয়াবলৈ গৈ
কেতিয়াযে নিজে শুকাই গ'লোঁ 
গমকে নেপালোঁ 

তথাপিও মই জীয়াই আছোঁ
নিজস্বৰ মাজত
নিজত্বৰ বাবে

তুমি বুজিবা

মোৰ সমাধিৰ পিছত হলেওঁ
অশান্ত ভাবে ঘুৰি ফুৰা মোৰ আত্মা
যেতিয়া তোমাৰ কাষ পাব
নিগৰিত হোৱা চকুলোৰ মাজত
তুমি গাবা
মোৰ বিৰহ বেদনাৰ শোকগাথাৰ ছন্দ

নতুবা
প্লাৱিত হব খোজা
তোমাৰ উন্মুক্ত যৌৱনৰ
তৃষ্ণাতুৰ হৃদয়ৰ গান

সেউজ পাহৰৰ বুকুত
নতুবা মহাসাগৰৰ উত্তাল তৰঙ্গত
তুমি য'তেই নাথাকা কিয়
মোৰ সততা আৰু বিশ্বাস অবিহনে
তুমি ভগ্ন উপত্যকাৰ মাজত
নীৰৱে নিশব্দে ঠিয় হৈ থকা
এটা প্ৰস্তৰ মূৰ্তি

নিজক বুজাবৰ চেষ্টা কৰি কৰি
তুমি ভাগৰি যাবা

তুমি যে আনক বুজিবৰ চেষ্টায়ে নকৰিলা

নগ্ন উপত্যকাৰ ভগ্নাংশেৰ দৰে
তোমাৰ আশা ভাষা আৰু কল্পনা বোৰ
বিবেকহীনতাৰ পাগলৰ প্ৰলাপৰ গীত গাব
ছন্দহীন ভাবে

প্ৰত্যেকেই তোমাৰ ছন্দহীন গানৰ
ৰাগ টানি টানি গাব
তুমি নগ্ন 
তুমি নগ্ন 
তুমি নগ্ন
———————————————
এই ‌যুগৰ কুৰুক্ষেত্ৰৰ ৰণ নীতি
অজয় ডেকা

অহংকাৰক ৰাজ সিংহাসনত বহাই
গৰ্বৰ ৰাজধানী পাতি
হাঁহি খিকিন্দালিক সৈন্য সাজি
নিজকে ভাবি ল'লা প্ৰৱল প্ৰতাপী বুলি

হিংসাৰে ৰাজ‌ কাৰেং গঢ়িছা
কুৎচিৎ‌ মনক তাৰ সেনাপতি পাতিছা
সত্যতাৰ স’তে যুঁজ দিবলৈ
কুৎনৈতিক চিন্তাক ৰণৰ মূল অস্ত্ৰ বুলি
কপালত বিজয়ী তিলক লগাইছা
নম্ৰ‌ ভদ্ৰৰ শৃংগ জয়‌ কৰিবা বুলি

পাৰিবা জানো‌‌ জয়ী হ'ব
সৰলতাৰ কঠিন কৱচৰ আগত
ছিন্ন-বিচ্ছিন্ন হোৱাৰ সংকেট ধ্বনি
ৰাজধানীৰ কেওদিশে সিঁচৰতি হৈছে আজি
তুমি জানো তাৰ বতৰা পোৱা নাই বাতৰি।
———————————————
জোনাকৰ ৰং
ৰিতু ভৰালী

নাজানো !
তাই ভালপাই নে নাপায় 
মই কিন্তু তাইক বহুত ভালপাওঁ 
সদায় ভাবো তাইক ক’ম 

ক'ম ক'ম বুলিয়ে ৰৈ থাকোঁ 

প্ৰেমৰ কথা আমি সদায় পাতোঁ 
অৱশ্যে আমাৰ প্ৰেমৰ কথা কোনোদিনেই কোৱা নহয় 
জানোবা তাই আঁতৰি যায় মোৰ পৰা 
এইবুলিয়ে একো নকওঁ 

নাজানো তোমাক কেতিয়াবা ক'বলৈ সুযোগ মিলিব নে নিমিলে 
তথাপিও মাজে মাজে তোমাক প্ৰশ্ন কৰোঁ -
: তোমাৰ কিবা ভাল খবৰ ? 
তোমাৰ সেই একেই উত্তৰ
: আবেলিয়ে চিঠি পঠোৱা নাই ।
ওঁঠলৈ হাঁহি এটি পঠাও মোৰ ( নিজলৈ )

তুমি বাৰু মোক কিয় কোৱা তোমাৰ মনৰ বাতৰি !
তোমাৰ শব্দৰ ফুলবোৰে মোৰ বুকুত সুগন্ধি বিয়পায় 
তুমিতো এতিয়াও নাজানা চাগৈ 

জোনাকৰ ৰং তুমিও ভালপোৱা 
তথাপিও নাজানো
তাই ভালপাই নে নাপায় 
মই কিন্তু তাইক বহুত ভালপাওঁ ।
———————————————
চকুলো 
দৰ্শনা কলিতা

চকুলোৰে ভৰি পৰিল শয্যা
গোটেই নিশাটো অজানিতে হেৰাই গৈ মৌন‌ হৈ উঠিল মোৰ বুকুৰ ভিতৰৰ অব্যক্ত অশ্ৰুখিনি

আপুনি কোৱা প্ৰতিটো কথাতেই মৰমৰ বীজ ৰোপন কৰিছিলোঁ,
সেই মৰমখিনি চকুৰ পলকতে অচিনা ব্যক্তিয়ে কাঢ়ি লৈ গৈছিল
মোৰ বুকুৰ ভিতৰৰ পৰা

নিশিকিলোঁ থাকিয়ো নথকাৰ দৰে জীৱন জীয়াৰ কথাবোৰ,
আপোনাৰ ছায়াই মোক দুখৰ পৃথিৱীত সুখৰ পূৰ্ণিমা নমাই
বুকুত লোহাৰ কোবায়।

জীয়াই থকা বৰ কঠিন,
মই মই হৈয়ে জীয়াই থাকিম 
দুখৰ বোজা লৈ, আপোনাৰ সুখত সুখী আৰু দুখত দুখী হৈয়ে জীয়াই থাকিম আপুনি নক’লেও।
——————————————
বাস্তৱ নহয় সপোনেই ভাল
মনচুমী কলিতা নাথ 

কল্পনাৰ চকুৰে আঁকি লওঁ তোমাৰ ছবি 
উশাহত উজাই আহে তোমাৰেই সুগন্ধি 
মনত বুকুত কলিজাত 
তুমিয়েই লৈছাহি খোপনি
 
অভিসাৰ ৰাতি প্ৰেমিক চৰাই হৈ 
মনে মনে কৰাহি আমনি 
তুমি সোমাই আহা হিয়াৰ নিভৃতলৈ আপোনা আপুনি
 
ওৰে ৰাতি সস্নেহ সাবটা-সাবটি 
খন্তেক অস্ফুত গুণগুণনি 
কিছু হিয়া দিয়া নিয়া 
কিছু সুখ আৰু কিছু দুখৰ সলনা সলনি 

কিছু অব্যক্ত কথাৰ অকপত স্বীকাৰোক্তি 
পখীৰ প্ৰভাতী গীতত বাস্তৱলৈ আঁহো উভতি 
আচলতে সপোনেই ভাল জানা 
বাস্তৱতযে প্ৰেমৰ কৰুণ সমাপ্তি।                               
———————————————
আঘোণৰ গধূলিৰ লেণ্ডস্কেপ
পুস্পাঞ্জলি গোস্বামী 

পশ্চিমৰ ধূসৰ আকাশখনত
তেজ বমি কৰি কৰি
ঢলি পৰিছিল সূৰ্য
শীৰ্ণ নদীৰ কোৱাৰীয়েদি
নামি আহিছিল তেজ
গাঁৱৰ ভাজে ভাঁজে
চুচুক-চামাককৈ বাহৰ পাতিছিল
আলসুৱা কুঁৱলীয়ে

ধূলিয়ৰি বাটত
ঘৰমুৱা গৰুৰ খোজে খোজে
খোজ মিলাইছিল গৰখীয়াজাকে

সোণোৱালী ধাননিৰ বঙিয়াৰে
কোনোবা ডাঙৰীয়াৰ চোতাললৈ
মেটমৰা ডাঙৰি কঢ়িয়াই
থৰক-বৰক দুখীৰামৰ দুভৰি

তাৰ পেটত একুৰা জুই
বাৰুকৈয়ে জ্বলিছিল
দুখীৰামৰ কান্ধৰ ডাঙৰিৰ ছন্দই
ডাঙৰীয়াৰ মন মুহিছিল
তাৰ পেটৰ পানী-গামোচাৰ গাঁঠিটো
আৰু অধিক আটিল হৈছিল

দুচকুত ভাহি উঠা
তাৰ পোণাটিৰ মুখখনে
তাক আশ্বাস দিছিল।  
———————————————
আশাৰ ৰেঙনি 
ৰিংকু বৰুৱা 
 
কলমেৰে নিগৰাম 
শব্দৰ নিজৰা 
বাধাৰ পাৰ ভাঙি 
উথলি উঠিব 
কল্পনাত বুৰ যোৱা 
জীয়া জীয়া সপোন 
ঠন ধৰি উঠিব 
অপ্ৰাপ্তিৰ বিষাদ

নৃত্যৰতা নাৰীৰ দৰে
ছন্দোময় শৰীৰৰ লহৰ 
চকুলোৰে তিতা বহু নিশাৰ ইতিহাসৰ ইতি পৰিব
অঘৰী জীৱনৰ পৰিধি ভেদি
এটি সপোন জিলিকি উঠিব ।                
———————————————
আহিন
ৰঞ্জনা দেৱী 

শুভ্ৰ নিয়ৰৰ দলিচাত বহি উষাৰ মিছিকি হাঁহি
তলসৰা শেৱালিৰ নিমজ গালত 
নিয়ৰৰ মুকুতা মণি। 
আকাশেদি উৰা মাৰে এজাক শৰালি।
গেঁৰ ধৰা পথাৰে কৃষকৰ বুকুলৈ নমাই আনে
এক অনাবিল প্ৰশান্তি।

স্নিগ্ধ কোমল জোনাকত ভাঁহে 
শুকুলা মেঘৰ লুকা ভাকু
সপ্ত সুৰৰ মূৰ্চ্ছনাত  প্ৰকৃতিৰ বুকুলৈ 
নামি আহে ৰং ৰূপৰ জাতিষ্কাৰে ধৰণী শুৱাই
মোৰ মৰমৰ আহিন।
———————————————
এয়াই জীৱন 
গীতামণি কলিতা 

যিদিনাই তুমি তোমাৰ হাত
মোৰ হাতত তুলি দিছিলা
সেইদিনাৰ পৰাই
মই জীৱনটোক নতুনকৈ চাবলৈ শিকিছোঁ
সজাব বিচাৰিছোঁ 
এখন সেউজীয়া ঘৰ 
য'ত থাকিব  তোমাৰ  মোৰ 
নিভাঁজ মৰম  ভালপোৱা 

থাকিব বুজাবুজি 
নাথাকে কৃত্ৰিমতা
হাতত হাত ধৰি দুয়ো আগুৱাই যাম বহুত দূৰ 

সাহসেৰে খোজ দিম
জীৱনৰ কাঁইটীয়া বাটত 
হাঁহি মুখে পাৰ কৰিম জীৱনৰ কঠিনতম সময়
কেৱল সজাম আমি 
ৰঙীন জীৱন 
বিচাৰি পাম সপোনৰ সৌধ
 
হয়তো,এয়াই জীৱন ।
——————————————
দূৰন্ত সময়
অঞ্জনা বৰুৱা

কুৰুৱাজাক উৰি ফুৰোঁতেই
 আকাশলৈ চালোঁ
 নিৰ্মল ,সুন্দৰ শৰতৰ প্ৰতিচ্ছবি
 ফুটি উঠে পূৰ্ণিমাৰ কাঁহী যেন জোন।

ৰূপালী ফটফটীয়া জোনটোতো
কৃত্ৰিম ঈষৎ হালধীয়া আৱৰণ,
সকলোতেই  কৃত্ৰিমতা,
যেন এজাক মেকআপৰ অন্তৰালত
নিৰ্ভেজাল এখনি সৰল মুখ।

ধোঁৱা ধূলিৰ বলয়ে নিস্পেষিত কৰে
প্ৰভাতৰো অনুপম বায়ুমণ্ডল
তাৰেই চেকা লাগি ৰুগীয়া জোন
তেনে বাকী ৰ'ল কোন?

আমিবোৰো ধোঁৱাধূলিত গা ধোৱা
একো একোটি ব্ৰহ্ম লেটা

কোনো অপেক্ষাত পখিলা হোৱালৈ , 
কোনো খজুৱতিৰ বিছা হ'বলৈ

সুন্দৰ, অসুন্দৰৰ পৃথিৱীত
কুৰুৱাজাকৰ দৰেই যদি হ’লোঁহেঁতেন
সকলো অকৰ্ম দুষ্কৰ্মৰ ইতিহাস ফালি
নিৰ্মল আকাশত উৰিব পৰাকৈ
এখনি নিষ্কলুস বুৰঞ্জী ৰচিবলৈ
এতিয়াতো জাকে জাকে মাথো
অচিন , ভৰপূৰ শগুণ
পৃথিৱীক বেকা ঠোঁটেৰে অঁকিয়াবলৈ।
 ——————————————–
চাওঁ চোন
দিগন্ত দাস

 কিমান দূৰ যাব পাৰি , 
 চাওঁ চোন ।
 বাধাৰ বুকুত খোজ দি 
 আগুৱাই যাওঁ চোন ।
 ভাগৰি পৰিলেও 
 আকৌ খোজ দিৱ চাওঁ চোন ।
 নৰওঁ বাটত কাঁইট দেখি 
 কটাৰ বুকুত ফুল বুলি 
 খোজ দি চাওঁ চোন ।
 মাজে মাজে ৰৈ 
 পাছলৈওঁ চাওঁ চোন ,
 হাঁহি এটা মাৰি 
 আকৌ আগুৱাই যাওঁ চোন ।
বাধা হৈ থকা সেইজনকো
বন্ধু সাজি কান্ধত হাত থৈ
লগত লৈ যাওঁ চোন ।
কিমান দূৰ-নো যাৱ পাৰি
চাওঁ চোন ।
———————————————
মনৰ দুৱাৰ
ভাগ্যশ্ৰী পাঠক

প্ৰথম পুৱাৰ ৰাঙলী আভা
বহুদিন দেখা নাই
দেখা নাই বহুদিন
মুকলি আকাশখন
সুৰুঙাৰে সোমালে আন্ধাৰ আতঁৰি যায়
পোহৰৰ সত্য এক প্ৰচ্ছায়া

খুলি দিয়া না মনৰ দুৱাৰখন
মোৰ বাবে অপেক্ষা বাঢ়ে
খুলানা দুৱাৰখন
কেৱল অপেক্ষাৰ বাবে
ঢেঁকিৰ ধপধপনিৰ দৰে
উদং হৈ পৰে বুকু
শোঁকত শিল হৈ যায় মন
ডুবিত ডুব যায় সীমাহীন আঁচোৰ

মোৰ দুখত যেন
নিমখিত পক্ষীটিয়ে বিনাই
দুখত গাই যায়
শিহৰণ জাগে বোঁৱতী তেজত 
ভাগৰুৱা হৈ পৰে চিত

ধুমুহাত হেৰাই যায় মোৰ মন
উকমুকাই উঠে প্ৰাচীন হেপাঁহ
পাহৰণিৰ অস্ফুট স্বৰ সাবটি
শুই পৰে মন 
সঞ্জীৱ কৰিবলৈ জিজ্ঞাসাৰ উত্তেজনা
খুলি দিয়া তোমাৰ মনৰ দুৱাৰখন...
———————————————
চিঠি
ইৰা দেবী
ৰাংছালী 

চিঠিবোৰ এলাগী হ'ল, 
মানুহবোৰ যন্ত্র হ'ল, 
যন্ত্রণাত দগ্ধ চিঠিবোৰ
আজি আওপুৰণি গদ্য।
কবি মই, 
অনুৰক্তা চিঠিৰ
পুৰণি বাকচত
ভালপোৱাৰ এদম শব্দ, 
শব্দবোৰ বুকুৰ পিৰামিড
মৌন নিৰ্বাক 
নে সৰাপাতৰ ইতিহাস?

মানুহবোৰ হেৰাই গ'ল
মনবোৰ সলনি হ'ল
পুৰণি শস্যই জাত এৰাৰ দৰে
চিঠিৰো সলনি হ'ল হৃদয়। 

এতিয়া চিঠিবোৰ মুখপুথি, 
হৃদয়বোৰ বাৰ্তা বাকচ
শব্দবোৰ ৰাত্ৰিৰ   
মৌনতাত
প্ৰেমৰ এপিটাফ। 
———————————————
কবিতা
অম্লান পাংগিং  

তুমি নজনাকৈয়ে এদিন 
তোমাৰ প্ৰেমত পৰিছিলোঁ

আৰু সেই প্ৰেমৰ সাগৰত 
সাঁতুৰি-নাদুৰি তোমাৰ বাবে হৈ পৰিলোঁ
মই এজন পাগল প্ৰেমিক চৰাই ।

সিদিনা তুমি আহিবা আহিবা বুলি 

দলঙৰ ওপৰত থিয় হৈ বহু পৰ ৰ'লো 

অথচ্ তুমি নাহিলা...।

তুমি যেতিয়া নীলা ছাতিটো লৈ 

অচিনাকি বাছষ্ট’প এটাত ৰৈ থাকা 

তেতিয়া তোমাক সুধিবলৈ মন যায়....

তোমাৰ বাৰু প্ৰেমিক চৰাইজন কোন ? 

'সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ' নে 

'দিচাংমুখৰ এবাটি আপং' 

কেতিয়াবা আহিবাছোন তুমি 

আহিনৰ এটি মিঠা আবেলি

চাংঘৰৰ জলঙাইদি নামি অহা ৰাতিৰ জোনাক চাম

হেঁপাহ পলুৱাই
ডিঙিলৈকে পিম তুমি যতনাই  দিয়া আপং।

নিচা লাগিলে এফাকি ঐনি:তম গীত জুৰিম...

গৰখীয়াই বজোৱা বাঁহীৰ সুৰত 
তৰা গণিম এটি দুটি কৰি চাঙৰ ওপৰত বহি ।

বুকু ভৰি কথা পাতিম 
তোমাৰ স'তে
গঢ়িম এটি সম্পৰ্ক

যিদৰে পথাৰ আৰু নদীৰ মাজত আছে যুগ যুগ ধৰি চলি অহা এক অগাধ সম্পৰ্ক।
———————————————
ক্ষন্তেকৰ বাবে আহিবাচোন
জোনমনি মহন্ত

পাখি মেলি উৰি যোৱা
প্ৰাপ্তিৰ সময়বোৰত
কিমান ভাগৰ হ’ব পাৰে
সেইকথা মোৰ বুকুত
থিতাপি লৈ আছে ।
তুমিও চাগৈ অনুভৱ কৰিছা !
ক্ষন্তেকৰ বাবে  বিৰতি লৈ
তুমিও মোৰ সৈতে ভাগৰবোৰ
জোৰ পেলাবলৈ আহাচোন 

তেতিয়া হয়তো বহু কথাই
বুকুত শেলে বিন্ধাৰ দৰে বিন্ধা
শব্দবোৰ সেউজীয়া হৈ পৰিব।
মাত্ৰ মোৰ দৰে তুমিও অলপ
অনুভৱ কৰি চোৱাচোন !

শিল ঘহাঁই থাকিলে
অলপ হলেও ক্ষয় যায় 
তেনেদৰে তোমাৰ মোৰ মাজত
যেতিয়া অনুভৱবোৰে
পোখা মেলিব
বুকুত স্থিৰ হৈ থকা
শিলটো হয়তো
তোমাৰ স্পৰ্শত লৰচৰ হ’ব। 

বেদনাবোৰ যিমান প্ৰখৰ হলেও
তোমাৰ মিচিকিয়া হাঁহিত
কিছুমান মিঠা অনুভূতি সৃষ্টি হ’ব ।
ক্ষন্তেকৰ বাবে আহিবাচোন
তোমাৰ সান্নিধ্য পালে মোৰ মৰুভূমি যেন
বুকুৰ পৰিসৰত এটুপি পানী পোৱাৰ দৰে
জীপাল হৈ পৰিব ।

ক্ষন্তেকবাবে আহি যোৱাচোন
প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ আশাবোৰ
সৰা পাতৰ মাজত বুটলি চাবলৈ !
ক্ষন্তেকৰ বাবে হ’লেও আহিবাচোন...।
——————————————
নিৰৱতা ভাল পালোঁ বাবেই
ৰশ্মি তামূলী

বিষাদৰ হুল পুতি থৈ, 
গভীৰৰ পৰা গভীৰতালৈ, 
আৱেগবোৰ আৱদ্ধ কৰি, 

দৰিদ্ৰতাৰ আঁটিল বান্ধোনত স্তব্ধ দুহাত আজি। 

সপোনবোৰ সৰি পৰিছে, 
তেজৰঙা ফাকু হৈ ব্যস্ত ৰাজপথত। 

বুকুৰ বিষাদবোৰ সামৰি
মৌন হৃদয়ে কৰে বিকৎ চিৎকাৰ। 

নিৰৱ ভাষাৰ বেদনা সামৰি
বৈ আহে তপত অশ্রু
দুগালেদি। 

হৃদয়ৰ উকা দস্তাবেজে 
দিয়ে উদঙাই  
প্ৰতাৰণা, প্ৰবঞ্চনাবোৰে।
———————————————
তেতিয়া মই শৰতৰ
জানমণি শইকীয়া

তেতিয়া মই শৰতৰ
প্ৰেমত পৰিছিলোঁ,
তেতিয়া পুৱতিয়ে 
উজাগৰে থকা
তৰাবোৰক সোঁৱৰাইছিল

তেজৰঙা আদিত্যৰ আগমনে 
দিনটো গাভৰু কৰি তুলিছিল ৷

তেতিয়া মই শৰতৰ
প্ৰেমত পৰিছিলোঁ,
মই দূবৰিৰ
দলিছাতে বহিছিলোঁ
শেৱালিবোৰে মোৰ
মূৰৰ ওপৰত
চেনেহৰ হাত বুলাইছিল ৷

তেতিয়া মই শৰতৰ
প্ৰেমত পৰিছিলোঁ,
এপাহি দুপাহি কৰি
কৰণি ভৰাই
তলসৰা শেৱালিফুল
আলফুলে বুটলিছিলোঁ ।
———————————————
নাজানো
নিৰুপমা মজুমদাৰ

নাজানো মই কোন দিশৰ 
গতিত প্ৰবাহমান 
গৈ আছোঁ গৈ আছোঁ সোঁতৰ 
পৰিধিত মিলাই আত্মাভিমান ৷ 

এই দুনিয়াৰ মেৰুদণ্ডত সোমাই 
সঁচা মিছা কোনো কথাৰ অৰ্থ নাচাই
কেৱল গৈয়ে আছোঁ  দ্ৰুতগতিত 
এখন মানৱীয় সমাজৰ সঁচা ৰূপৰেখাত নিজকে বিলায় ৷

তাতেই যেন শান্তিৰ সুৱাস মেলিম 
জুৰ মলয়াৰ লগনত সুৱাগ সানি
আত্মাই আত্মাই নসূৰযৰ প্ৰভাত জিনিম 
নতুনৰ ৰঙত মানৱৰ মন ভৰাই দিম ৷
——————————————
কাতি বিহুৰ মাধুৰ্য
জিনা বৰুৱা বৰা

শৰতৰ স্নিগ্ধতাৰ জীপাল সময়তে
আহিনৰ সংক্ৰান্তিত পথাৰৰ সেউজীয়ে 
হালি জালি কাতি বিহুক জনায় আদৰণি
যদিওবা  অভাৱ অনাটনে আগুৰি
কত জনৰ বুকুলৈ  অমানিশা আনিলেও
কৃষকে কিন্তু সোণসেৰীয়া সপোন সজায়।

এবুকু মৰম সানি সেউজীক
আমন্ত্ৰণেৰে এগছি বন্তি জ্বলাই 
তুলসীৰ পুলি ৰোপন কৰি
অসমীয়া সংস্কৃতিৰ পৰশেৰে
বায়ু পৰিশোধনৰ ব্যৱস্থাৰে
সমস্ত জনৰ কুশল মংগলৰ বাবে
কণ কণ শিশু হঁতে কৰে প্ৰাৰ্থনা।

খেতি পথাৰো শস্যৰে শ্যামলীয়া হৈ
কৃষকৰ বুকু সুবাসিত কৰি
লক্ষিমী আদৰিবলৈ পথাৰত
ঠায়ে ঠায়ে জ্বলাই আকাশ বন্তি।

কাতি বিহু কঙালী বাবেই
নাই কোনো উলহ-মালহ
আৰু ভোগ প্ৰাচুৰ্য।

আজি কাতি বিহুক আদৰণি জনায়
লিপিৰে খোদিত কৰিলোঁ
কাতি বিহুৰ মাধুৰ্যৰ
অনুভূতিৰ বৰ্ণিল শব্দাৱলী।
———————————————
প্ৰকৃতিৰ কাতৰ আহ্বান
তানিয়া মধুকল্য

উফ্! বহুত হ'ল এই 
মানৱৰূপী দানৱৰ অত্যাচাৰ ।
আৰু নোৱাৰোঁ‌ মই সহিব
এই নিৰ্মম অত্যাচাৰ ।
এই দানৱৰূপী মানুহ
নেথাকিলেও মই সুন্দৰকৈ 
চলিব পাৰিম । 

সিহঁত নহ'লেও মোৰ 
বুকুত নৈৰ সোঁ‌ত ব'ব,
সিহঁতৰ অবিহনেও চৰাইবোৰ
মুক্তমনে উৰিব।
সিহঁতবোৰ বৰ অমানুহ অ' ...

সিহঁতে মোক ধ্বংস কৰাৰ
প্ৰবল পৰিকল্পনা কৰিছে 
নিজ স্বাৰ্থৰ বাবে সিহঁ‌তে 
মোক বেচিবলৈ উলাইছে

হে' ঈশ্বৰ !
এই ধ্বংসলীলা তুমি এনেকৈয়ে 
চাই থাকিবানে?
মোক মানুহ নেলাগে ঈশ্বৰ!
মই মানুহবিহীন এখন 
সেউজীয়া পৃথিৱীহে বিচাৰোঁ‌
য'ত গছ- গছনি, পশু- পক্ষী, 
আৰু চৰাইবোৰে মুক্ত বিচৰণ কৰে।

লাহে - লাহে মই মোৰ
ভাৰসাম্য হেৰুৱাই পেলাইছো ।
এই অত্যাচাৰী, পাষৱীক মানুহৰ পৰা মোক 
ৰক্ষা কৰা প্ৰভু।
এই মোৰ কাতৰ আহ্বান । 
মোক মানুহ নেলাগে প্ৰভু
মোক মানুহ নেলাগে।
———————————————
দৃশ্যপট
পাৰিজাত বৰুৱা

টোপোলা এটা বান্ধি মানুহবোৰ  যাবলৈ ওলাইছে
দুটামান খালী টেমা এখন মানুহভৰা সংসাৰ লৈ
ওঁঠত এখন বিশ্বাসত ল'ব পৰা
দলিলবোলা  উকা কাগজ ,
ধোঁৱাত হেৰোৱা  পাঁচটামান শব্দ , 
দুশাৰী হাতৰ আখৰ ,
কেইটামান অভয়বাণী  আৰু দুটামান সাঁথৰ ।
বিমিশ্ৰকাৰী  জীৱন নাটৰ দৃশ্যপট সলনি কৰাত 
ব্যস্তসকলৰ বাবে "আলৈ-আথানি" নামৰ  
শব্দ দুটা এতিয়া  বিযোৰৰ নহয় । 
ই  এটা জখলা আৰু কেতিয়াবা বিজুলীৰ চমকনি।
আৰু সিহঁতৰ বাবে  ই  মৰিজাঁজীত লাগিধৰা 
কিছুমান মৃত অথবা অৰ্দ্ধমৃত শৰীৰৰ আপোনঘাটী পূৰ্বজৰ গতানুগতিক ঠেৰুচিগা হেঁপাহ।
 এজোপা চনকা গছত দোলন দি থকা চকীখনত
আজি  তুমিও বহিব পাৰা
কাইলৈ হয়তো  মই বহিম 
পৰহিলৈ সিহঁতৰে কোনোবা এটা ( এজন)
সেয়ে তুমি বা মই  হৈ পৰিম
 এটা নিত্য নৈমিত্তিক পৰিঘটনা 
বেলিয়ে মুখ লুকুওৱা ।

পুনৰ  দৃশ্য --দেৱানী আৰু দালালি
মাজত এখন নদী 
নাওখনৰ নাম " অনাখৰী " 
বঠাপাতৰ নাম " বিধি" ।
———————————————
কবিতা
প্ৰস্তুতি শৰ্মা

আজিকালি শব্দবোৰ হেনো কবিতা হ'ল,
শব্দবোৰেই যে প্ৰেম।
প্ৰেমবোৰেই এটি কবিতা।

জোনাকবোৰক অমাৱস্যাই আগুৰি ধৰিলে,
তোমাৰ মোৰ সমস্ত পৃথিৱীখন।
এটোপোলা প্ৰশ্নৰ উত্তৰ বিচাৰি
উজাগৰে কটোৱা সময়বোৰৰ এটি নাম কবিতা।
———————————————
মৰীচিকা
অবিস্মিতা বৰঠাকুৰ
 
মহঙা দুপৰীয়াবোৰত যেতিয়া দীঘল চুলিটাৰি
মোৰ উৰুখা দুৱাৰদলিত মেলি দিওঁ ,
মোৰ পদুলিৰে হাজাৰজনী বৰদৈচিলাৰ
সজাতি দল পাৰ হৈ যায় ,
ভিতৰৰ পৰা 
৬২ ৰ এলান্ধু আৰু ধূলিত পোত খোৱা
ৰেডিঅ' এটাই ভঙা ভঙা মাতেৰে উচুপি উঠে ।

এমুঠি নিশাই চোতালখনত বাহৰ পাতিছে,
খুপি খুপি মই আইক বিচাৰি যাওঁ ,
মোৰ সেউজীয়া দুভৰিত 
সোণালী জোকে কিলবিলাই ফুৰে । 

হোলোকা হোলোকে ওলোৱা তেজৰ নৈ এখন 
ভেটিবলৈ এৰাতিতে কবচ ব'বও নাজানো ।
ফটা আঁচলটোৰেই মই মোৰ
সত্ত্বাৰ প্ৰাচীনতম স্বীকৃতিক মোহাৰি পেলাওঁ। 

ধুমুহা আৰু বানে থকা সৰকা কৰা 
ঘৰটোৰ মূধচত বহি ,
ৰত্ন খচিত শিকলিৰে 
আবৃত মোৰ দুহাতে স্বাধীনতাৰ ছবি আঁকে ।
———————————————
তুমি মোক একো নালাগে ক'ব
ৰূপজ্যোতি শইকীয়া

তুমি মোক একো নালাগে ক'ব
পৰাপক্ষত ময়ো মৌন হৈ ৰ'ম...
মদাৰ ফুলেৰে উপচি পৰা বুকুখন
তুমি মাথোঁ এবাৰ ভূমুকিয়াই যাবা 
হাতত হাত থৈ মোৰ চকুলৈ চাবা
তুমি মোক একো নালাগে ক'ব...

অকস্মাতে হৃদয়ত বাৰিষা নামিব
মোৰ নামত আঙুলিত ফুল তোলা ৰুমালত
মোৰো এটোপাল চকুলো আছে
পাৰিলে তুমিয়েই মচি দিবা
তুমি মোক একো নালাগে ক'ব...
দুচকুৰ ভাষাবোৰত কহুঁৱা ফুলিলে
তুমি মাথোঁ হাঁহি দিবা

মোৰ সমাধিত ফুলি ৰোৱা
বকুল ফুলে সবাহ পাতি আলচ কৰিব
পাৰিলে সোণৰঙী দুখ বোৰ কিনিব
মোৰ সমাধিত দুখৰ বৰ প্ৰয়োজন।
তুমি মোক একো নালাগে ক'ব...।
———————————————
গাথা
ড° জ্যোতিশিখা দত্ত
 
দেওদৰ গছৰো থাকিব পাৰে
সমূদ্ৰ সদৃশ কথা
কেতিয়াবা সুধি চাইছানে সিহঁতক?
ওখ ওখ পাহাৰবোৰত থিয় হৈ
কাৰ আপেক্ষাত চোতাল চিকুনায় ?

ক'ব খোজে নেকি
ৰ'দ বৰষুণৰ আঁচোৰ সহি
ক'ত উজাগৰী ৰাতিৰ ছবি আঁকি 
দেহক শিল কৰাৰ কথা? 
দশক পাৰ কৰিও
মনৰ কথা কাকো
ক'ব নোৱাৰাৰ বিষাদ গাথা?

নে গণ্ডকীৰ সোতঁত বিলীন হ'ব খোজা
বতাহজাকক সাৱটি
পৰাণ নিগৰি অহা
গীত এটি গোৱাৰ কথা? 
——————————————
এখন চিঠি : বীৰ সৈনিকলৈ 
আৰিফা হুছেইন বৰা

উষ্ম চুমাৰ পৰশেৰে ওপচাই মোক
নিদ্ৰাদেৱীৰ কোলাতে এৰি , 
নিশা দুপৰতে তুমি আঁতৰি গ'লা ... 
মোৰ মৰমৰ সৈনিক বীৰ !!
দোৰোল খাই পৰা তোমাৰ অজস্র সপোন .. 
বিবাহ লগ্নৰ মাহ - হালধিৰ মিঠা সুবাসিত শৰীৰ ... 
কেঁচা যৌৱনৰ দোপাল - পিতা বৰষুণ জাকত ,
তিতি ফুৰাৰ অদম্য হেঁপাহক নেওঁচা দি ,
যুদ্ধংদেহী মনোভাব পোষণেৰে
তুমি ৰখীয়া হ'লা দেশমাতৃৰ , 
সীমাৰ সুদূৰ প্ৰান্তত  .... 
আৰু তুমি গাই যোৱা
আশাভৰা গীত হ'ল  .... 
মোৰ জীৱনৰ সাহস ।
তোমাৰ গীতৰ প্ৰতিটো শব্দই হ'ব .. 
মোক জীয়াই ৰখাৰ উৎস। 

দুপৰ নিশা মোৰ দুৱাৰত পৰা টোকৰক , 
ৰুধিব তোমাৰ স্পন্দনে …
যাক মই অনুভৱ কৰোঁ সদায়েই
মোৰ শৰীৰত ...
যি মোৰ উশাহত , 
বৰ্তি থাকিব আজীৱন ।
তুমি আকৌ আহিবা বীৰ
সেই সময়তে , 
যিটো সময়ত পৃথিৱী শুই পৰিব। 
মাথোঁ সাৰে থাকিম মই ..…
তোমাক পাবলৈ ! 
তোমাৰ মৰম ল'বলৈ ।।
When the world is asleep ... 
Will I await your safe return ... 
To hold you in my arms ... 
To feel your love once again !
——————————————
থাকক থাকিব দিয়া 
জিভা ৰাণী ফুকন

হৃদয়খন সোপা মাৰি থৈছোঁ ,
থাকক এইদৰেই ----
তুমি কাহানিও নুসুধিবা মোক,
কিয়নো এনেদৰে ৰাখিছোঁ মই!
অজানিতে কিমান দিন পাৰ কৰিম ?
তুমি কাহানিও ঢুকি নোপোৱা
মোৰ এই ফাইলটো !

কাহানিবাই  মই তুলি ধৰিলোঁ 
পিতাই বন্ধোৱা এই আকাশলংঙ্ঘী ঢোৱা চাংখনত; 
বুকুখন কেতিয়াবা খুউব বিষাই 
তথাপি হেচুকি ধৰোঁ 
মোৰ কঠিন দুহাতেৰে ,
সৰুতে কৰা ভুলৰ প্ৰতিফলন 
এইয়া, যি তুমি নুবুজা 
কাহানিও -------

কেতিয়াবা খুউব মন যায় 
তোমাৰ বুকুৰ মাজত সোমাব ,
আৰু উচুপি উচুপি ক’বলৈ মনযায় 
,বুকুত হৈ থকা ধপধপনিৰ শব্দই কেনেকৈ 
মোৰ হৃদয় খনক গছকি ধৰে 
এন্ধাৰৰ সুযোগত 

তুমি গুছি গ’লেই মই যাম 
তুমি যোৱাৰ বাটত 
হাতত সাৰে ,ভৰিত সাৰে
এতিয়া থাকক থাকিব দিয়া 
সপোনবোৰ টোপোলা বান্ধি 
মোৰ হেপাঁহৰ ৰাতিটোত।
—————————————
স্নিগ্ধ ৰাগ 
মিলন দত্ত

কবিতাইহে বুজি পাই কবিৰ ভাষা 
কবিৰ সেউজবুলীয়া প্ৰেম দৰ্শনত
কবিতা পৰে কবিৰ নিস্বাৰ্থ প্ৰেমত ।

কবিতাই বিচাৰে 
কবিৰ সুকুমল অনুভৱি হৃদয়
য'ত বিনা স্বৰ্তে বসতি কৰিব পাৰে 
কবিতাই,
কবিৰ বুকুত দীৰ্ঘদিনলৈ ।
 
কবিতাৰ ছন্দত শব্দ অনুৰাগী পণ 
মনৰ পৱনত নিৰবে বাঢ়ে
জীৱন ভাস্কৰ্যৰ আকুলতাৰ জোনাকী আৱৰণ ।

স্নিগ্ধ জোনাকত আলোক বুটলি
হৃদয়ে হাহিঁব খোজে,কেতিয়াবা ।
কাব্য অলংকাৰ মধুৰ পৰশ শব্দঝংকাৰ 
কবিতাৰ যে চৈতন্য স্বৰূপ নাই বৈষম্যতা।

কাব্য অনুৰাগীৰ
চেতনাৰ বলিষ্ঠ ঐশ্চৰ্য্যবোৰ 
উন্মেষৰ বাবেই হয়তো,
কবিৰ বুকুত বাজে নিতে 
বৰ্ণৰাগৰ মাদল 
কবিৰ সৈতে কবিতাৰ সম্বন্ধ 
আকৌ হব খোজে 
অধিক ক্ষিপ্ৰতাৰে
অজৰ অমৰ ভাবে,অনন্ত কাললে।

জীৱন মালিতাৰ আঁহে আঁহে
কবিৰ অনুভৱৰ দলিচাত ভাহেঁ 
চিৰসেউজ অনুভূতিৰ অনুকম্পা। 

জীৱনে বিচাৰে সূৰুয সন্ধান 
হৃদয়ে বিচাৰে সপোন বাটেৰে এখোজ 
বিশ্বধামৰ পূজাৰ বেদিত 
জোনোৱালী জোনাকীৰ আভা ।

সৃষ্টিশীল তৰঙ্গিনী ঢৌত বাঢ়ে 
কাঞ্চনবোলিয়া সুৰৰ সমলয়
বিমূৰ্ত স্বৰলিপিৰ বিচাৰি ওৰ 
কবিতাৰ মাজেৰে কবিয়ে 
ৰচনা কৰে
সত্য সুন্দৰৰ জোনাক বিলোৱা প্ৰসাধান
সেয়েহে কবিতা কবিতকৈ ডাঙৰ ।
————————————
দেওবৰীয়া  ব্যস্ততা
ৰবিন কুমাৰ চেতিয়া

লৰা ঢপৰাবোৰ পাহৰি 
গোটেই দিনটো আজি ওমলিম
তোমাৰ স'তে 
ভিন্ন ভংগিমাত বিচনাখনৰ স'তে 
আজি অলপ দীঘলীয়াকৈয়ে কথা পাতিম 

আজি কিন্তু কোনো খৰধৰ ন'হব
আন দিনৰ নিচিনাকৈ
কোনো ব্যস্ততাৰেই আজি মোৰ 
বাসন্তী স্বাধীনতাত হস্তক্ষেপ নচলিব

একাপ ফিকা চাহ আৰু দুখন বিস্কুট
লাহেকৈ কৰি ল'ম পুৱাৰ ব্ৰেকফাষ্ট 
ওলাই যাম হাতত মোনাখন লৈ
সাপ্তাহিক হাটখনলৈ 
দৰ দামৰ মাজত নাচিব আশাবোৰ
লিৰিকি বিদাৰি বিনিময় কৰিম 
ৰং বিৰঙৰ পচন্দৰ হেঁপাহবোৰ 

মোৰে শপত তুমি যদি বিচাৰা
আজি মই এক্কেবাৰেই না নকৰোঁ
মৰমৰ ঠিকনা বিচাৰি আবেলি পৰত 
পাখি মেলি মেলি ক'ৰবালৈ 
ওলাই যাব ও পাৰো 
ব্যস্ততাবোৰ পাহৰি চঞ্চলা পক্ষী হৈ 
সেউজীয়া নিৰিবিলিৰ এসাগৰ সুখত 
ওপঙি ফুৰিম দুয়ো হাঁহি হাঁহি

আমি বাৰু গাত গা লগাই বহিম 
নে পিঠিত পিঠি দি
তোমাৰ কোলাত মূৰ থৈ 
আকাশৰ নীলাত সাঁতুৰিম 
নে অনুৰাগৰ ফাগুণী ধুমুহাত  
মুখামুখিকৈ বহি আবেগত ডুবিম 

নহ'লে মাতিম দিয়া আবেলি পৰত 
আপোন কাৰোবাক মোৰ উৰুখা পঁজালৈ  
চিনাকি কৰি দিম তোমাৰ স'তে 
কিমান যে ভাল লাগিব ন' 
কেইবাদিনৰ পিছত 
এসাঁজ তৃপ্তিৰ সেউজীয়া 
লগে ভাগে পান কৰিলে

উপভোগ কৰিম একেলগে 
ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ 
সমুখৰ টেবুলত ভাগে ভাগে সজাই ল'ম 
চিকেন ,মাটন ,চাওমিন,ডাক্ ফ্ৰাই
তন্দুৰী ,পকৰা,চালাড আৰু বহু কিবা
লাজুকী চাৱনিৰে ওঁঠত হাঁহিটো লৈ 
জিলিকিব অনুভৱৰ ৰঙীণ স্ৰোতস্বিনী

দিনটোৰ বাবে আজি ছুটী দিম
সদা ব্যস্ত ভাগৰবোৰক
উজাগৰী দুচকুত সিঁচি দিম আলফুলে
সপোনে খেলিব পৰাকৈ 
এটা বিন্দাচ ৰাতি
পুৱা হ'লেই যে হেৰাব আকৌ 
বালিমাহী সুখৰ চিকিমিকি ...
————————————
আলোকময়
এ আমান

পূৱৰ ৰবি পশ্চিমত মৰে
মৰি মৰি আকৌ পুৱতে জন্মে
জোনবাঈ মাথো ৰাতিহে জীয়া
তাৰো এপষেক আধা মৰা
ঋতু কাল বতৰ নিয়মত চলে 
বতৰৰ ফুল বতৰত ফুলে ঋতুৰ ফল ঋতুত পকে
কালৰ গতি ছন্দময়
নিয়মৰ কোনো হীনদেৰি নাই
প্ৰকৃতিৰ বিধানত দাগ নাই

জীৱ-জড়, গছ-বৃক্ষ , লতা-গুল্ম
জাৰ জহ শীত তাপ গ্ৰীষ্ম
জোৱাৰ ভাটা বান খহনীয়া খৰাং
সমস্ত‌ই প্ৰকৃতিৰ বিধান
যাৰ  কদাপি  নাই লঙ্ঘন
ক্ষণ হ’লেই হয় পূৰণ

মনুষ্যৰ কৰ্মনামাত সীমা লঙ্ঘণ
ঋণাত্মকতাৰ অনুশোচনা শূন্য
যত আছে সৱ অশুভ যতন
মানুহেই কৰে কৃশ্চসাধন
নমাই তেজৰ বোৱতি ঢল
মনুষ্য‌ই কৰে উন্নতি সফল
জ্ঞান আলোকৰ ৰথত উঠি
বাহুবল ঐশ্বৰ্যক আলম কৰি
মনুষ্য হয় মানৱতাহীন
ধৰাত নমাই কাল ধুমুহা
পৃথিৱী জ্বলায় অন্তহীন

পূৱৰ বেলি ওলাব পূৱত
পৃথিৱী হ'ব আলোকময়
মানৱৰ জাগিব মনুষ্যত্ব নিশ্চয়
বিনাশ হ'ব অমঙ্গল।
—————————————
জীৱনৰ ব'হাগ
দীপিকা শৰ্মা

এনেকৈয়ে শুকাই যায়
বুকুৰ মাজৰ স্ৰোতসিনী নদীখন
হেৰাই যায় সোঁতবোৰ 
শিলৰ ঘৰ সাজি

ধুমুহাৰ শেষত
এজাক হালধীয়া বৰষুণত তিতি
যোগীৰ বেশত 
সমাহিত হয় সময়

জাঁজৰিত উটি যায়
নদীৰ বুকুৰ সেউজীয়া
পানীৰ ঢৌ
মাছৰ নাচোন চাই
নেনাচে ব'হাগী হৈ সময়

পানীৰ স’তে ঢৌৰ
নদীৰ সতে বৰষুণৰ
প্ৰিয় আলাপে ৰচে
জীৱাশ্মৰ বুকুত 
নদীৰ বহুৰঙী ইতিহাস

এনেকৈয়ে শুকাই যায় বাৰিষাৰ নদীখন
হালধীয়া হয় হৃদয়ৰ বৰণ
হালি পৰে ফুলৰ যৌৱন
জীৱনৰ ব'হাগ আহে আৰু যায়।
—————————————

মা
শ্যামলীমা খাউণ্ড শৰ্মা

তুমি কোন ?
কিয় কৰা তুমি মোক নিঃস্বাৰ্থ স্নেহ ।

উজুটি খাওঁতেই ধৰিছিলা আঙুলি ।

মই নুবুজোঁতেই নিজক 
তুমি বুজিছিলা মোক ।

তুমি বৃহৎ বৃক্ষ যাৰ ছাঁত 
জিৰাইছিল মোৰ দেই-পুৰি 
যোৱা শৰীৰ ।

তুমি ছাঁ হৈ আছিলা মোৰ চৌপাশে ।

মই ভাগৰি শুই যোৱাৰ পৰত 
তুমি কিয় মোৰ কপালত হাতবোলাই 
গাইছিলা মোক নিচুকুৱা গীত ।
তোমাৰ ভাগৰ নালাগেনে বাৰু ?

তোমাৰ কপালত ভাগৰৰ 
ৰেখা নেদেখোঁ কিয়?

তুমি জানো কোনো যন্ত্ৰ ?

নহয় নহয় তুমিতো হ'লা ঈশ্বৰ ।
যি এই যান্ত্ৰিক পৃথিৱীত নিঃস্বাৰ্থ মৰম দি 
 সৎ বাণী শিকাই শুদ্ধপথ
 দেখুওৱা মোৰ পথপ্ৰদৰ্শক । 

তুমি তুলনাবিহীন,,
তুমি মমতাময়ী,,
 তুমি এই বিশ্বৰ সবাতোতকৈ 
ধুনীয়া নাৰী 

তুমি মোৰ মা !
—————————————
শৰতৰ শেৱালি
পবিত্ৰ বৰগোহাঁই 
              
শৰতৰ শেৱালিয়ে মোৰ বুকুত ওমলিছে

দূবৰিৰ নিয়ৰ কণাত কাৰ বাবে মালা গাঁঠিছে
বাটৰ বাটৰুৱাই ভোল গৈ ৰ' লাগি চাইছে
শেৱালিৰ এই নৈৰ্সগিক দৃশ্য ;

শৰতৰ শুভ্ৰ শেৱালিয়ে সহজে নিজৰ বাট কাটি
আমন্ত্ৰণ জনাব জানে প্ৰিয়তম
প্ৰিয়তমাৰ উমাল উষ্ণতাৰ বুকুলৈ ;
য'ত ফুলাই তুলিব পাৰে
জীৱনৰ সুৰীয়া বীণাৰ সুৰৰ ঝংকাৰ।

শৰতৰ উজাগৰী ৰাতি এটাই বাট চাব পাৰে
প্ৰিয়তম স্বপ্নৰ ৰাণীলৈ  ।

জোনাক নিশা সৰি পৰা সুগন্ধি সুবাসত
ক্ষন্তেক জিৰাব পাৰে  কণ্টকময় জীৱনৰ পথ । 
শৰতৰ শেৱালিৰ মায়া আছে বাবেই
জোনাকে লাজুকী চাৱনিৰে
লুকা-ভাকু খেলে শুকুলা ডাৱৰৰ স’তে
শেৱালিৰ গোপন প্ৰেমত আবদ্ধ হৈ ।

শৰতৰ আলসুৱা প্ৰেমিক মই
চূচুমকৈ ভাগি নাযাবি
থুনুকা কাঁচৰ হৃদয় শেৱালি শাৰদী ৰাণী।

————————————
জীৱন যুদ্ধ
চুচিমাই বৰদলৈ 

মই তেতিয়া টোপনিত
মোৰ চাৰিওকাষে সকলোৰে আছিল
মা-দেউতা ,দাদা বৌ সকলোৰে
কিন্তু 
কিন্তু চকু মেলি আৱিস্কাৰ কৰো
এখন যুদ্ধক্ষেত্ৰত ।
তেতিয়া মোৰ ওচৰত কোনো নাছিল 
কোনোৱেই নাছিল ।  
কি হ'ব এতিয়া মোৰ !
অজান ভয়ত কঁপিবলৈ ধৰিলো 
দুইফালে দুধাৰি চকুলো বৈ আহিল ।    
এনেতে যেন কোনোৱাই ক'লে---
"এয়া এক জীৱন যুদ্ধ
এই জীৱন যুদ্ধত সকলোৰেই অকলশৰীয়া   
তোমাৰো কোনো সংগী নাই
তুমি অকলেই যুজিব লাগিব 
এই জীৱন যুদ্ধ
আৰু জয়ী তুমিয়েই হ'ব লাগিব ।"
এৰা,অকলেই যুজিব লাগিব
এই জীৱন যুদ্ধ
আৰু জয়ী ময়েই হ'ব লাগিব
এৰা,জয়ী ময়েই হ'ব লাগিব ।
—————————————
দিচাং
আৰতি টুকৰীয়া 
          
অস্তমিত সূৰুযৰ সুমথিৰা আভাই 
সোধে যদি কেতিয়াবা তোমাক ;
ক’ব পাৰিবানে 
তুমি তোমাৰ বুকুত এৰি অহা মোৰ শৈশৱ আৰু 
কৈশোৰৰ সকলো 
ইতিবৃ্‌ত্ত
তোমাৰ খৰশ্ৰুতা
নদীৰ সোঁ‌তৰ ভাষাৰে
অʼ মোৰ প্ৰাণৰো প্ৰাণ 
চিৰ প্ৰবাহমান দিচাং  !
মই নদীৰ জীয়ৰী 
প্ৰবাহমান দিচাঙৰ 
নদীখন আমাৰ জীৱন 
জীৱিকা  !
ইপাৰে আমাৰ ভেটি সীপাৰে ককাৰ ।

ককাৰ ভেটি যুগ পৰশা
সাতাম পুৰুষীয়া!
মাজেৰে তুমি বৈ বৈ বৈয়ে আছা সেই 
অনাদিকালৰ পৰা আজিলৈকে
নিজৰ লহৰে বহ্নিমান ধাৰাৰে ।

পৰিবৰ্তনৰ চাকনৈয়া 
দেখিছো বহুত 
বাৰিষা ভেটাভঙা তাণ্ডবো পৰিছে চকুত
অতি ভয়ংকৰ !
ইপাৰে পাতিছা চাপৰি
সিপাৰে খহাইছা 

কি জগৰত নো মোৰ ককাৰ ভেটিতো সামৰি ল’লা 
আজিওঁ‌ সাথৰ !
জীৱনৰ উভতনি সোঁ‌তৰ 
গতিৰে জাঁজী হৈ সোমালোহি তোমাৰ মোহনাত !
কʼত মোৰ সেই শৈশৱ 
কʼত হেৰাল মোৰ খেলাৰ সকলো সহচৰ !
কʼত সেই বালি চাপৰি
সকলো হেৰাল !

তোমাৰ হীৰাহেন বালিচৰতে আছিল মোৰ সকলো সোঁ‌ৱৰণি !
তুমি জানিও কিয় নুবুজিলা দিচাং
খহনীয়াই নিচিন্ন কৰা 
সকলো পৰিয়ালেই আজি পথৰ ভিক্ষাৰী ;

আমাৰ সকলো কাঢ়ি লৈ
তুমি বৈ আছা
আমাৰ আয়ুস ৰেখা হৈ  !
তেনে খৰশ্ৰুতা সোঁ‌তৰ 
ভাষাৰে ক’বলৈ আৰু বাকি ৰ’লনো কি কোৱা !
তুমিওঁ মনত ৰাখা
সকলো ধংস
সৃষ্টিৰ বাবে নহয়।
—————————————
সজল সুঁতি
শ্যামলিমা কাকতি

নৈ খনৰ দৰেই,
ভিজা ভিজা কিছু স্বপ্ন,
বুকুৰ মাজতে বৈ থাকে!
পাৰবোৰত ঠেকা খাই
উভতি আহে সোঁমাজলৈ,
চাকনৈয়া হৈ বিন্ধে।

নৈ খনৰ দৰেই,
নাও অথবা মেটেকা
বোৱাই নিয়ে ভাৱনাৰ প্ৰৱাহত!
ঘাটত ৰ'বলৈ বিচৰা
বহুতৰ বিবেক আহত কৰি,
ওভতে আন এখন ঘাট বিচাৰি।

নৈ খন ৰৈ নাথাকে,
বৈ থাকে লাহে লাহে,
পাৰৰ কাষে কাষে!
গৰাৰ মাটি খহাই,
তথাপি পলস ৰৈ যায়।

শিলগুটি দলিয়াই চোৱা,
উভতি মাতষাৰ নিদিয়াকৈ
সহি সহি, তিতি-বুৰি
এবুকু সিক্ত ভৰসা লৈ,
নিমাতে মাথোঁ বৈ থাকে।
—————————————
শেৱালি
অমৰজ্যোতি ঘোষ

তুমি ফুল
ফুল তুমি শেৱালি

ফুলঃ
ফুলি ফুলি সৰি যায়
কিয় নাজানোঁ?

জানো মাথোঁ,
সৰি পৰা ফুলৰ নাথাকে আদৰ

তথাপিও কওঁ___
তুমি মোৰ বাবে হোৱা ফুল
শৰতৰ শেৱালি
সৰি পৰা মোৰ বুকুৰ চোতাল ভৰি

আকোঁৱালি ল'ম মই তোমাক
এটি এটিকৈ বুটলি

কাৰণ___
তুমি যে মোৰ প্ৰিয়!
শৰতৰ নিশা ফুলা আমোলমোল শেৱালি
যাৰ সুবাসত
হৈ পৰে মোৰ মন ৰ'দালি...!
—————————————
তেওঁৰ বাবে
কল্পনা হাজৰীকা 

তুমি বিৰহৰ কবিতা লিখিলে
মই নীৰৱে উচুপি উঠোঁ
আৰু
ভালপোৱাৰ কবিতা লিখিলে
বুকুত সাতোৰঙী সপোন গাথোঁ 

নাজানো তোমাৰ মতে
প্ৰেমৰ সংজ্ঞা কি?
অথবা
ভালপোৱাৰ চৰ্ত কি?

তোমাৰ বাবেই উচুপি উঠোঁ
তোমাৰ বাবেই জী উঠোঁ
গোলাপী নিচা লগা
বন ফৰিঙৰ দৰে ।
————————————
মনে হাহাকাৰ নকৰে
জোনমনি বৰা

তোমক হেৰুৱাই মনে মোৰ
হাহাকাৰ নকৰে ৷
কি অভিযোগ কিম্বা অজুহাত
আতঁৰি যোৱাৰ 
তাক জনাৰ হাবিয়াস এটাহে
মনতে উকমুকাই উঠে ৷

মই জানো তুমি সুবিধাবাদী
মিছলীয়া ঠগবাজী  ৷
তথাপিও নিকৃষ্টতাৰ 
কিমান তললৈ 
তুমি নামিব পাৰা ৷
তাক অনুমান কৰিব পাৰিছোঁ

মানুহ নামৰ অবয়ৱটোৰ ভিতৰত থকা জন্তুক স্বচক্ষে
দেখা পোৱা হ’লে৷
ইমান হাহাঁকাৰ নকৰিলে হয় মনে ৷
পানী তলৰ কাইট বোৰ চিনি নথ’লে
অসাবধানতাত কেতিয়াবা উজুটি খাও বুলি হয় ভয় ৷
সকলোবে যে সততে কয় 
সাৱধানৰ মৰণ নাই।
তথাপিও মৰণ নহাকৈয়ে থাকে ৷
—————————————
আমি যেন হওঁ অনন্য
ইকবাল হোচেইন খান

চাকিৰ পোহৰে এটা এটা 
বাৰ্তা লৈ আহক
সুন্দৰ জীৱনৰ
কৃষকৰ পথাৰ হৈ পৰক নদন-বদন
তুলসীৰ তলে তলে  প্ৰতিষ্ঠা হওক
বিশ্বাসৰ বৰপিৰা
আই অসমীৰ বাবেই।

কাতি বিহুৰ পৱিত্ৰ লগনে
কঢ়িয়াই আনক সুখৰ জীৱন
সমৃদ্ধিশালী অসম
ধাননি পথাৰ হৈ থাকক 
শ্ৰমৰ বুনিয়াদ
আমি যেন হওঁ অনন্য
কাতি বিহুৰ হওক প্ৰতিশ্ৰুতি  ।
—————————————
আই
কৰবী ভূঞা

নিজৰ মাজতেই এখন গভীৰ স্তোতশ্ৰেণী,
স্নেহ হৈ বৈ পৰা মহাসাগৰৰ প্লাৱন। 
নিশাবোৰত ভৱিষ্যতৰ বাট বোলে, 
এজাক সপোনৰ আঁৰত এহালী সাহসী নয়ন। 
বহু ঘাট প্ৰতিঘাটৰ সমিধান তেওঁ, 
হেলাৰঙে পাৰ কৰা সময়ৰ সাঁচ!
বুকুত বেথা ৰাখি জীৱনক জুখি চাই। 
এজাৰ ফুলা বতৰত
আইৰ হৃদয়ত কৃষ্ণচূড়াৰ ৰং, 
তেজাল ৰঙত জীৱনৰ দলিছা পাৰে। 
জীৱনৰ প্ৰাংগনত মানৱতাৰ আলোড়ন।
পিতাই ৰঙা চকুহালত ছন্দ বিচাৰে নতুনত্বৰ  ! 
সুখত সুখী হৈ দুখত সাহসী হৈ 
জীৱন জিনাৰ অদম্য হাবিয়ায়ৰ কাঠামো,
বসন্তৰ সেউজীয়াত, সৰাপাতৰ নিভাঁজ  আলিংগন ! 
আই ভাগৰি নপৰে ! 
বয়সে গৰকা কালত যৌৱনৰ প্ৰাচুৰ্যতা । 
আই তুমি অন্যন্য, জীৱনদায়িনী তুমি। 
আই বৈ থাকা অনন্ত গতিত  ।
—————————————
উত্তৰণ
----------
নাছিৰ আহমেদ, গোৱালপাৰা

মোৰ ভাৱৰ তৰঙ্গত
চিলমিল টোপনিৰ পৰা
গঙ্গা চিলনীটো ধপধপাই উৰি গ'ল
নীলিম আকাশৰ বুকু বিচাৰি।

তেতিয়া বতাহত ভাঁহি আহে
ৰে'লৰ দীঘলীয়া উঁকি   ;
যাৰ অস্বচ্ছ ধোঁৱাৰে
ধূসৰিত হয় আবেলিৰ আকাশ !

আৰু মোৰ দৃষ্টি উলটি আহে
পাহাৰৰ গাত খুন্দা লাগি।
মোৰ তেজত সাৰ পাই উঠা
পাহাৰ ভঙাৰ শব্দ শুনি 
উৰ্ধশ্বাসে পলাই যায় বান্দৰৰ দল ।

মই খটখটিয়েদি উঠি থাকোঁ
ওপৰ মহলাৰ বন্ধ কোঠালৈ  ;
মূৰৰ ওপৰত ওপঙি থাকে
এখন খোলা তৰোৱাল !

আৰু দক্ষিণৰ খোলা খিৰিকীৱেদি
সোমাই আহে এজাক চেঁচা বতাহ ,
মোৰ কাণত বাজি থাকে
খেয়ালৰ মিষ্টিক সুৰ !

হে অনন্ত বৰফৰ হীম শীতলতা 
তুমি প্ৰৱাহিত হোৱা 
মোৰ হৃদয়- সীমা চুমি চুমি !
—————————————

প্ৰশ্ন 
প্ৰণৱ ফুকন

আন্দোলনমুখী এটা জাতি,
কিবা পাবৰ বাবেহে উঠে জাগি ৷

ভাষা, তেল, বিদেশী, নাগৰিকত্ব
সকলোৰে বাবে আন্দোলন,
কোনোটোৱেই নহয় সহজলভ্য ৷
ধুমুহাইহে যেন দিয়ে জোকাৰি -
সুপ্ততা, নিৰ্লিপ্তাই নতু ধৰে আৱৰি ৷

লাচিতৰ নামত শপত খাই কয়
কেইডকা তেজত মামৰ ধুব পাৰি জানোঁ মই।
দুদিন পাছতে হেংডাং লুকায়,
সকলো উৎসাহ হেৰায়  ৷
আকৌ কিবা এটা হেৰুওৱালৈ
থাকে বাট চায়,
"জংগী আন্দোলন" বোলা কিবা এটাৰ সপোন ৰচি যায় ৷

তাৰ মাজতে আহে কৃষক মুক্তি
আৰু অনেক আন্দোলন ৷
আৰু আছে মূল্যবৃদ্ধিৰ,
আৰু বহু আন্দোলন ৷

জীৱনৰ বাবে আন্দোলন
নে আন্দোলনৰ বাবে জীৱন?
প্ৰশ্নৰ বাবেই প্ৰশ্ন
নে হ'ব তাৰ উত্তৰণ?
এটা জাতি কি হ'ব পাৰে
আন্দোলন আৰু প্ৰশ্নৰ সমাহাৰ?
নে প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি
দিব জাতীয় চৰিত্ৰত আকাৰ?
———————————————————
                   পঢ়ুৱৈৰ অভিমত

" কাব্য কানন " কাব্যালোচনী অসমীয়া সাহিত্য জগতত বৰ্তমান এক চিনাকি নাম । বহু জনপ্ৰিয় আলোচনীখনৰ আমি নিয়মীয়া পঢ়ুৱৈ । যোৱাবাৰৰ কাব্য কাননৰ শাৰদীয় সংখ্যাটি দুবৰিৰ সেউজ দলিচাত শুভ্ৰ শেৱালীৰ দৃষ্টিনন্দন দৃশ্য সম্বলিত আটকধুনীয়া বেটুপাত তথা ভিন্ন সোৱাদৰ কাব্যৰস সমৃদ্ধ এখনি সৰ্বাংগসুন্দৰ আলোচনী হিচাপে অভিহিত কৰিব পাৰোঁ । আলোচনীখনৰ প্ৰকাশত মূখ্য ভূমিকা  পালন কৰা নৱ ৰাজনদেৱৰ সম্পাদকীয় অতি হৃদয়স্পৰ্শী তথা মনোগ্ৰাহী । প্ৰবীণসকলৰ লগতে নবীন কবিসকলৰ অনুভৱক কাব্য কাননৰ বুকুত ঠাই দি উৎসাহিত কৰা বাবে সম্পাদনাৰ সৈতে জড়িত ব্যক্তিসকল ধন্যবাদৰ পাত্ৰ । প্ৰায় প্ৰতিখন কাব্য কাননতে আমাৰ অনুভৱক ঠাই দিয়া বাবে আমিও কৃতজ্ঞ হৈ ৰ'লো ।আশা কৰোঁ কাব্য কাননে অসমীয়া কাব্য জগতত উচ্চ আসন লাভ কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি তুলিব ।

মনচুমী কলিতা নাথ 
যোৰহাট
—————————————————
"কাব্যকানন" চতুৰ্থ বৰ্ষৰ চতুৰ্থ সংখ্যাটি পঢ়িলোঁ।আলোচনী খনৰ প্ৰতিটো শিতানেই মনোগ্ৰাহী হৈছে।সম্পাদকীয়ৰ পৰা আৰম্ভ কৰি কবিতাৰ আড্ডা আৰু বিশিষ্ট কবি ড° অৰ্চনা পূজাৰী বাইদেউৰ সাক্ষাৎকাৰ টি পঢ়ি  ভাল লগাৰ লগতে উপকৃত ও হ'লো।প্ৰতিষ্ঠিত কবি সকলৰ লগতে নবীন কবি সকলকো এখন মঞ্চ দি আগুৱাই লৈ যোৱাত সহায় কৰাৰ বাবে আলোচনীখনৰ সম্পাদক নৱ ৰাজন দেৱ সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ।আলোচনী খনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

মৌচুমী কলিতা
মাজুলী 
—————————————————
 
          সামাজিক মাধ্যমত কেইবাটাও গোটত জড়িত যদিও মোৰ অতিকৈ আপোন " অসম কাব্য কানন " আলোচনীখনেই হওঁক অথবা
" অসম কাব্য কানন " গোটেই হওঁক ইয়াত প্ৰকাশিত প্ৰতিটো কবিতা অন্য বহুত গোটত প্ৰকাশিত কবিতাৰ তুলনাত উচ্চ মান সম্পন্ন। মোৰ অনুভৱত কিছুমান নিৰ্দিষ্ট গোটত নিম্ন মানৰ কবিতা প্ৰকাশ পাই আহিছে যদিও আমাৰ এই গোটত প্ৰশাসক মণ্ডলীৰ সুপৰিচালনাত তেনে হোৱা দেখা পোৱা নাই। এইটো এটা শুভ লক্ষণ। এই দিশটোত অনাগত দিনতো প্ৰশাসক সকলে গুৰুত্ব আৰোপ কৰিব বুলি মই মোৰ অভিমত প্ৰকাশ কৰিলোঁ।
         ইয়াৰ উপৰিও আলোচনীখনৰ বাটচ’ৰা (সম্পাদকীয়) শিতানটি সম্পাদক মহোদয়  নৱ ৰাজন ডাঙৰীয়াই নতুন নতুন বিষয়ৰে সুন্দৰকৈ
সজাই পাঠকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । নিয়মীয়া শিতান "কবিতাৰ আড্ডা"
ৰ জড়িয়তে কবিতা সম্পৰ্কীয় বহু জানিবলগীয়া  জ্ঞান  উদয় কুমাৰ শৰ্মা ডাঙৰীয়াই আমাক দি আহিছে । আলোচনীখনৰ  অন্য  এটি  শিতান   "কথোপকথন " মোৰ খুবেই প্ৰিয়। এই শিতানৰ পৰা বহু জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছোঁ ।

দীপাংকৰ ভূঞা 
নগাঁও
———————————————
অতি সুন্দৰ বেটুপাতৰ লগতে আকৰ্ষণ কৰিব পৰাকৈ আলোচনীখন সজাইছে , শুভেচ্ছা জনালোঁ।

ধ্ৰুৱজ্যোতি দাস
——————————————
কাব্য কানন আলোচনীখনে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূলতে আছে সম্পাদক ৰ আহোপুৰুসাৰ্থ প্ৰচেষ্টা।ভাল লাগিল পঢ়ি।

ৰঞ্জনা দেৱী 
গোলাঘাট
———————————————
পষেকীয়া কাব্যকাননৰ চতুৰ্থ সংখ্যাটো পঢ়ি ভাল লাগিল ৷
নবৰাজন ডাঙৰীয়াকে ধৰি সকলো বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ ৷প্ৰতিটো সংখ্যাই ইমান সুন্দৰ হৈছে;ইটো  সংখ্যাতকৈ যেন তাৰ পাছৰ সংখ্যাটোত বেছি জেউতি চৰিছে ৷
এই নিৰবিচিন্নতা অক্ষুণ্ণ থাকক ।
তাকেই কামনা কৰিলোঁ 
জয়তু কাব্যকানন পষেকীয়া আলোচনী ৷

জোনমনি বৰা 
যোৰহাট ৷
———————————————
চতুৰ্থ বছৰ চতুৰ্থ সংখ্যা কাব্যকানন পঢ়ি আপ্লুত হ'লোঁ।
ইতিবাচক তথা সাম্প্ৰতিক চিন্তাৰে সমৃদ্ধ সম্পাদকীয়ই মুগ্ধ কৰাৰ লগতে কবি অৰ্চনা পূজাৰীৰ সৈতে গীতাঞ্জলি বৰকটকীৰ  সাক্ষাৎকাৰ পঢ়ি ভাল পালোঁ। সমকালীন বহু কবিৰ কবিতাৰে পূৰ্ণ কবিতাসমূহৰ লগতে কবি হীৰা মণি শৰ্মা উপমন্যুৰ কবিতা বিষয়ক অনুভৱী লেখাটোৱে আমাক চহকী কৰিলে।
  অনাগত দিনত কাব্যকানন অধিক উজ্বল হ'ব বুলি আশা কৰিলোঁ।

  —ৰূপজ্যোতি গগৈ
——————————————————
 
 খুব ভালকৈ লিখিব পৰা নাই যদিও কাব্য কাননৰ পাতত লগতে বৰ্ণৰাগত মোৰ কবিতা আৰু ৰস ৰচনা প্ৰকাশিত হোৱাত লিখিবলৈ কিছু উৎসাহ পাইছো। আলোচনীখনৰ সম্পাদক নৱ ভাইটিৰ লগতে সন্মানীয় সম্পাদনা সমিতিৰ সমূহ বিষয় ববীয়ালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। জয়তু অসম কাব্য কানন

অৰ্পনা নাথ 
——————————————————
অনুবাদ কবিতা 

বিলুয়া  
কবি পিউরা পিউ
ঢাকা, বাংলাদেশ 

পরানে বান্দিছি তোরে বিলুয়া
বুকের মহাবিস্তর ভিটেমাটি লিখে দিলাম, 
তোর নামে
একখান ঘর বানায়া লইস। 

ওইহানে আমি হইমু তোর সবখান বিভাস
ওইহানে আমি হইমু তোর গাহনের অভিলাষ। 

এই দুই চক্ষে তোরে বান্দিছি, বিলুয়া
চক্ষের ভিতর তোর জন্যি 
পুঁতে রাখছি অঢেল প্রেম 
এই চক্ষে তাকায়া দেখ বিলুয়া
সেরে যাবে তোর বিষাদ অসুখ 
সেরে যাবে বুকের যত ধুকপুক। 

পরানে পরান মিলায়া
পরানে বান্দিছি তোরে বিলুয়া...। 


ৰহঘৰা
মূল বাংলাঃ কবি পিউৰা পিউ 
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

পৰাণত সামৰি থৈছোঁ ৰহঘৰা
বিশাল হিয়াৰ ভিঠা-মাটি
লিখি দিলোঁ তোৰ নামত
এখন সংসাৰ পাতি ল’বি৷

মই হৈ ৰ’ম তাত 
তোৰ পৰাণ বিভাষ
হৈ ৰ’ম মই 
তোৰ গাহনৰ অভিলাষ৷
 
মোৰ দুনয়নৰ ৰহঘৰাৰে 
বান্ধিছোঁ তোক
নয়নমনিত পুতি ৰাখিছোঁ
তোৰ বাবে প্ৰতুলপ্ৰেম
নয়ন ভৰি চা ও’ পানেই
আঁতৰিব নিমিষতে 
তোৰ বিষাদৰ তমসা
আঁতৰিব তোৰ হিয়াৰ যত হতাশা৷

পৰাণত পৰাণ জুৰাই 
পৰাণতে গঢ়িছোঁ 
তোৰ বাবে এটি ৰহঘৰা...
———————————————
সুরেলা প্রতীক্ষা 
শুভেন্দু পালিত 
কলকাতা, পশ্চিম বাংলা

তোমার শিশির স্নাত ভোরে আবার কি বেজে উঠবে
বীণার ঝংকার, আবার কি ভোরের ভৈরবী খেলে যাবে 
প্রস্ফুটিত পদ্মের বুকে। সকালের কৃষ্ণচূড়ায় যেমন
শালিখের সুর বাজে, গোধূলির সোনা রঙে যেমন
সুর তোলে ক্লান্ত পিউ আর পাপিয়ার দল! 

আজ সময়ের চিত্রনাট্য যে মৃত্যুর ছায়া দেখি 
সেখানে ইমন অথবা ভৈরবী বিলাসিতা বলেই মনে হয় 
তবু আঁধারের শেষে সুর্য ওঠাইতো স্বাভাবিক। 

গতিশীল মানুষ আজ থমকে দাঁড়িয়েছে বিপন্ন বিস্ময়ে 
মৃত্যুর সম্ভাবনা উড়িয়ে দিচ্ছে না পৃথিবীর মানচিত্র
তবুও আঁধারের পরে যে- সকাল আসে প্রতিদিন--
সেইতো বলে যায়, স্বপ্ন গুলো সাজিয়ে রাখতে। 

জৈষ্ঠের মধ্য দুপুরে আমিও প্রতীক্ষা করি স্বপ্নময় 
ভোরের ভৈরবী অথবা তোমার বেজে ওঠা 
জীবনের স্নিগ্ধ ঝংকার শোনার।


সুৰীয়া প্ৰতীক্ষা
মূল বাংলাঃ শুভেন্দু পালিত 
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


তোমাৰ নিয়ৰ সনা প্ৰত্যুষত 
আকৌ ঝঙ্কাৰিত হ’বনে বীণাখনি?
সদ্য প্ৰস্ফুটিত পদুমৰ বুকুত!
ৰাতিপুৱাৰ কৃষ্ণচূড়াত! 
আকৌ আলাপ ক্ৰীড়া হ’বনে প্ৰত্যুষী ভৈৰৱীৰ
মুনিচুনি বেলিৰ সেন্দূৰীয়া আভাত?
কুঞ্জৰিত হ’বনে শালিকাৰ কুঞ্জন?
সুৰ তুলিবনে ক্লান্ত চাতক চাতকীৰ জাকে!

আজি কালৰ চিত্ৰনাট্যত দেখোঁযে মৰণৰ ছাঁ!
সেয়া ইমন অথৱা ভৈৰৱীৰ 
বিলাসিতা বুলিয়েই ভাৱ হয়!
পিছে ৰাতিৰ শেষত 
সূৰুযৰ উদয়ণযে স্বাভাৱিক৷


বিপন্ন বিষ্ময়ত গতিশীল মানৱ 
থমকি ৰৈছে আজি৷
মৃত্যুৰ বিভীষিকাই উৰাই 
নিনিয়ে পৃথিৱীৰ মানচিত্ৰ৷
তথাপি তিমিৰ নাশি পোহৰ আহে প্ৰতিদিনে-
কৈ যায় সপোনবোৰ গুঠি যাবলৈ৷

জেঠৰ ভৰদুপৰত ময়ো 
স্বপ্নময় প্ৰতীক্ষা কৰোঁ৷
প্ৰত্যুষী ভৈৰৱী অথৱা তোমাৰ বাজি উঠা
জীৱনৰ স্নিগ্ধ ঝঙ্কাৰ শুনিবলৈ৷
———————————————
প্রতীক্ষা
পূজা তালুকদার 
কলকাতা, পশ্চিম বঙ্গ

তোমার বুকের খাঁজে সোনার লকেটটা 
আমায় বুঝি অস্থির করে তোলে 
সহ্য হয় না , বরং ঈর্ষা হয়।

মাঝে মাঝে মনে হয় 
ওটা জীবন্ত চোখ একটা 
তোমায় জড়িয়ে রেখেছে সারাক্ষণ
আর আমার দিকে তাকিয়ে হাসছে। 

দেখো , একদিন ওটাকে ছিঁড়ে ফেলে
তোমার বুকে মাথা রাখব আমি ।

প্রতীক্ষা
মূল বাংলাঃ পূজা তালুকদাৰ
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
 
তোমাৰ বুকুৰ খাজৰ সোণৰ লকেটটোৱে
মোক অস্থিৰ কৰি তোলে
সহ্য নহয়, বৰঞ্চ ঈৰ্ষা হয়৷

মাজে সময়ে ভাৱ হয়
সেইটো যেন এটি জীৱন্ত চকু
তোমাক লতাবৃত কৰি ৰাখিছে আজীৱন
আৰু মোলৈ চাই হাঁহি আছে৷

চাবা, এদিন সেইটো দলিয়াই
তোমাৰ বুকুত মুৰ গুজিম৷
———————————————
মূল -হিন্দী- গুলজাৰ
ভাৱানুবাদ- জাহ্নৱী কাকতি

जिंदगी में किसी से इतना भी मत रूठना
की मनानेवाला खुद नाराज हो जाए

चाहत ख़तम होते ही
खोने का डर भी निकल जाता है
चाहे दौलत का डर हो
या जिंदगी का

ये बात भी सच है कि
भूलता कोई नहीं
बस याद करने के बहाने
ख़तम हो जाते हैं

इंतजार अगर लंबा हो तो
चलता है
मगर एक तरफा हो तो
बहुत तकलीफ देता है

प्यार तो जिंदगी में एक बार होता है
दूसरी बार तो सिर्फ समझौता होता है

ये वक्त है साहब सबकुछ छीन लेता है
खैर मेरी तो सिर्फ मुस्कुराहट थी

रातभर इंतजार किया
उसके जवाब का
सुबह मालूम हुआ कि
जवाब ना आना ही उसका जवाब है।

ভাৱানুবাদঃ-
জীৱনত কাকো
ইমান বেছি অভিমান নকৰিবা
যে অভিমান ভাঙিব যোৱাজনে
নিজেই অভিমানী হৈ উঠিব লগা হয়

আসক্তি শেষ হৈ যোৱাৰ লগে লগে
হেৰুওৱাৰ ভয়ো নোহোৱা হৈ যায়
লাগিলে ভয় ধন-সম্পত্তিৰেই হওক
বা জীৱনৰ

এইটো সঁচা কথা যে
পাহৰিব কোনেও নোৱাৰে
মাথোঁ মনত কৰাৰ কাৰণবোৰ
শেষ হৈ যায়

অপেক্ষা যদি দীঘলীয়া হয়
একো কথা নাই
কিন্তু যদি একপক্ষীয় হয়
তেনেহ'লে বহুত কষ্ট পোৱা যায়

ভালপোৱা জীৱনত এবাৰেই হয়
দ্বিতীয়বাৰ মাথোঁ বুজাবুজি হয়

সময়ে সকলো কাঢ়ি লয়
মোৰতো বাৰু হাঁহি আছিল

গোটেই ৰাতিটো অপেক্ষাত থাকিলোঁ
তেওঁৰ উত্তৰ আহিব বুলি
ৰাতিপুৱাহে গম পালোঁ
উত্তৰ নহাটোৱেই তেওঁৰ উত্তৰ।
———————————————————


Post a Comment

0 Comments