পষেকীয়া বৰ্ণৰাগ প্ৰথম বৰ্ষঃ তৃতীয় সংখ্যা

———————————————————
———————————————————
সম্পাদনা সমিতি

উপদেষ্টা 
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
যুগললোচন দাস
ড০ ৰমেশ কুমাৰ কাকতি 
চন্দন ভাগৱতী 
গুণাৰাম শইকীয়া 

সম্পাদক-নৱ ৰাজন

প্ৰকাশক-প্ৰদীপ চন্দ্ৰ শৰ্মা 

কাৰ্যবাহী সম্পাদক-গীতাঞ্জলি বৰকটকী 
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক-সীমা গগৈ 
অনামিকা ৰায় 

সহযোগী সম্পাদক -অৰ্চনা ঠাকুৰীয়া 
অনিতা দেৱী মিশ্ৰ

বিভাগীয় সম্পাদক- ভাৰ্গব কুমাৰ নাথ 
ভূমিকা দাস 

বিশেষ শুভাকাংক্ষী–পবিত্ৰ কুমাৰ নাথ ,জয়ন্ত কুমাৰ বৰ্মন,ৰঞ্জন বৰা, হেমেন নাথ, বিশ্বজিৎ গগৈ, সংগীতা বৰা , বিনীতা গোস্বামী ,আছমা জাফ্ৰি, ৰুমী দেৱী, দীপাংকৰ ভূঞা 
———————————————————
বেটুপাতৰ ফটো-দেৱজিত নাথ
বেটুপাতৰ পৰিকল্পনা/ডিজাইন-নৱ ৰাজন 
———————————————————

সূচীপত্ৰ 
বেটুপাত(সম্পাদকীয়)     ●নৱ ৰাজন

প্ৰবন্ধ
সাহিত্যত অনুবাদৰ প্ৰাসংগিকতা  ◆চন্দন ভাগৱতী
গুৰুজনাৰ অপূৰ্ব সৃষ্টি 'বৃন্দাৱনী বস্ত্ৰ' 
◆অৰ্চনা ঠাকুৰীয়া 
কাতি বিহু আৰু লোকাচাৰ    ◆কিৰণ দাস
শিক্ষাগুৰু,আমি আৰু সেই সময় এই সময় 
◆পুলেন ৰাজ ডেকা 
সামাজিক ৰীতি, সৌজন্য আৰু শিষ্টাচাৰ 
◆ববী দত্ত
ক্ৰিপ্টোকাৰেঞ্চী আৰু ব্লকছেইন ◆প্ৰণৱ ফুকন 
সুধাকণ্ঠৰ শৰৎ বন্দনা     ◆সঞ্চিতা বৰা 

সংস্কৃত শিকাৰ  সহজ  পাঠ-১   চিন্ময়ী দাস 

নষ্টালজিক 
পথাৰত লেচেৰি বোটলা আৰু চেচোঁৰ খন্দা 
ড° অৰ্চনা পূজাৰী 
মুম্বাই পদপথত ফুলবেচা ছোৱালীবোৰ 
মৌচুমী দাস
শৈশৱৰ সেই সোণালী সুদিন   
পৰী হাজৰিকা 
একমাত্ৰ ভাইটি,বাবুলৈ একলম...
স্বপ্নালী কলিতা 

নিদানৰ ভুৰুকা 
অৰ্শৰোগ আৰু প্ৰাকৃতিক সমাধান  
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী 
কোভিড সম্পৰ্কে কিছু শেহতীয়া তথ্য
ডা° ভূপেন শইকীয়া 

পঢ়ুৱৈৰ অভিমত

ইতিহাসৰ জলঙাৰে কোঁচ সাম্ৰাজ্য 
জাহ্নৱী কাকতি 

অ’ আমাৰ "নামৰূপ"  ◆গীতাঞ্জলী বৰকটকী

অনুভৱৰ পৃষ্ঠা লুটিয়াই 
হৃদয়ৰ অনুধাৱন                ৰুমী দেৱী 
মহানৱমী আৰু বলি প্ৰথা    হিমাশ্ৰী বৰা 
বেবেৰিবাং চিন্তা                 পবিত্ৰ কুমাৰ নাথ
সামাজিক মাধ্যম আৰু ট্ৰ’ল  
অংকুৰ জ্যোতি বৰা

গল্প 
মুখাৰ আঁৰত    কৃষ্ণা ময়ূৰী হাজৰিকা 
সংগী               ৰূপজ্যোতি গগৈ
খন্তেকৰ ভোজ খাওঁতা নাই  
জিনা বৰুৱা বৰা 
সেন্দুৰ      হিয়া দাস

পাঠকৰ দৃষ্টিৰে 
ড° লীলা গগৈৰ  নৈ বৈ যায় 
ধন মণি বৰদলৈ 

গ্ৰন্থ উদ্ধৃতি    অনিতা মেধি মিশ্ৰ

শিশুৰ ৰহঘৰা 
মইনাহঁতৰ আঁক-বাঁক
আইতা (পদ্য)     অনুভৱ চন্দন পৰাশৰ 
পাহি আৰু কণমানি জলকোঁৱৰী(শিশু-উপন্যাস)   
ৰিঞ্জু মণি নেওগ বৰা
সপোন (গল্প)      ভূমিকা দাস
কপৌ চৰাই আৰু পৰুৱা (সাধু)
দীপাংকৰ ভূঞা 
মই ডাঙৰ মানুহ হ’ম(গল্প)  দিগন্ত শৰ্মা 
বুধিয়ক ব্ৰাক্ষ্মণ(সাধু)  পবিত্ৰ বৰগোঁহাই 

কণ্ঠশিল্পী ৰাজশ্ৰী শইকীয়াৰ সৈতে ভাৰ্গৱৰ আলাপ

অনসূয়া বৰঠাকৰ, নিৰ্মিতা বৰগোঁহাই 
ৰঞ্জনা দেৱী আৰু  পুস্পাঞ্জলি গোস্বামীৰ
অণুগল্প

ধেৎতেৰি (ৰস ৰচনা)
ডা° প্ৰাঞ্জল জ্যোতি দত্ত
অৰ্পনা নাথ 

সীমা গগৈ আৰু 
সংগীতা বৰপাত্ৰগোঁহাইৰ  আখল 

মৌচুমী শৰ্মা কাশ্যপৰ সৌন্দৰ্য চৰ্চা 
 
পত্ৰলেখা ,পত্ৰ এখন লিখা না  
ধৰিত্ৰী শ্ৰৱন 
———————————————————
বেটুপাত
(সম্পাদকীয়)

      ঘৰখনেই শিশুৰ ব্যক্তিত্ব বিকাশৰ কঠিয়াতলি।মাক-দেউতাক প্ৰথম শিক্ষক।শিশু কালতেই এজন শিশুৰ সংস্কাৰী স্বভাৱটো বিকশিত হয়।
    মনোবিজ্ঞানী ফ্ৰ’য়েডৰ মতে ব্যক্তিত্ব, বাল্যকালৰ বিভিন্ন স্তৰৰ জৰিয়তে বিকাশপ্ৰাপ্ত হয়; য’ত ইডৰ আনন্দৰ সন্ধান কৰা শক্তিবোৰ কিছুমান সংবেদনশীল আচৰণৰ অন্তৰালত থকা চালিকা শক্তি স্বৰূপে অভিহিত কৰা হয়। ফ্ৰ’য়েডৰ মতে ইড হৈছে ব্যক্তিৰ ব্যক্তিত্বৰ লগত জৰিত এটি গুৰুত্বপূৰ্ণ দিশ,যি অসংগঠিত ব্যক্তিত্বৰ জন্মগত অংশ।
     এবছৰৰ পৰা তিনিবছৰৰ স্তৰটো শিশুৰ ব্যক্তিত্ব বিকাশৰ অতি গুৰুত্বপূৰ্ণ স্তৰ।ফ্ৰয়েডৰ মতে-এই স্তৰত যিসকল মাক-দেউতাকে শিশুক উপযুক্ত সময়ত প্ৰস্বাৱ-পাইখানা  নিয়ন্ত্ৰণ কৰিবলৈ শিকাই, ভৱিষ্যতে সেই শিশুবোৰৰ ব্যক্তিত্ব
উৎপাদনশীল,সৃষ্টিশীল আৰু সংসগঠিত হয়।অন্যথা ভৱিষ্যতে সেই শিশুৰ ব্যক্তিত্ব বিশৃংখল হয়।
     মুঠতে ,মাক-দেউতাকৰ পৰা আৰম্ভ কৰি নিজৰ ঘৰখনৰ পৰাই শিশুৰ ব্যক্তিত্বৰ বিকাশ ঘটে।মাক-দেউতাক দুয়োজনে শিশুৰ স’তে বন্ধুত্মমূলক আচৰণ কৰিব লাগে। বিশেষকৈ বয়ঃসন্ধিৰ সময়খিনিত মাক-দেউতাকৰ ভূমিকা অপৰিসীম।
     হয়, দৈনন্দিন কৰ্ম ব্যস্ততাৰ বাবে আমি শিশুক যথোপযুক্ত সময় দিব নোৱাৰো। যাৰবাবে সিঁহতে অন্য এখন জগত আপোন কৰি লৈছে।পৰিবৰ্তিত সময়েও এইক্ষেত্ৰত প্ৰভাৱিত কৰিছে । যাৰ ফলশ্ৰুতিত বৰ্তমান বহু অস্বাভাৱিক  পৰিঘটনা সংঘটিত হ’বলৈ ধৰিছে। আজি দুদিনৰ আগত নগাঁৱৰ কলিয়াবৰৰ বালিবাটত এটি ছয় বছৰীয়া কন্যা শিশু, আন তিনিজন শিশু(দুজন এঘাৰবছৰীয়া আৰু এজন আঠবছৰীয়া)য়ে হত্যা কৰিছে। আৰক্ষীৰ তদন্ত অনুসৰি শিশু তিনিটিয়ে কন্যা শিশুটিক অশ্লীল ভিডিঅ’ চাবলৈ জোৰ কৰিছিল; অমান্তি হোৱাৰ বাবেই তাইক মৰিয়াই হত্যা কৰিছিল।
  'হাফপেন্ট' বিতৰ্কৰ কথা নক’লোৱেইবা! 
  
   অতি কম বয়সতে নিচা সেৱন, প্ৰেমৰ নামত অনৈতিক কাৰ্যত লিপ্ত হোৱাকে ধৰি চুৰি,ডকাইত, আত্মহনন ইত্যাদি, কি কি ঘটনাযে   নিতৌ সংঘটিত হ’ব ধৰিছে-তাৰ লেখ নাই।  
   অতি কম বয়সতে কিয় এই নৈতিক স্খলন? 
   এই বৌদ্ধিক অৱক্ষয়ৰ বাবে মূল জগৰীয়া কোন?
    কোনো সন্দেহ নোহোৱাকৈয়ে ইয়াৰ বাবে মূল জগৰীয়া-অভিভাৱকসকল।
    সংস্কাৰী ঘৰৰ ল’ৰা-ছোৱালী সততে সংস্কাৰীয়ে হয়।অৱশ্যে সংস্কাৰী অভিভাৱকৰ সন্তানো সংগদোষত পৰি দুই-এক বিপথে পৰিচালিত নোহোৱা নহয়। 
    আমি ডিজেটল জগতক  আকোঁৱালি ল’বই লাগিব,এয়া সময়ৰ আহ্বান।কিন্তু, এই আধুনিক সমাজৰ লগত খাপ খোৱাবলৈ শিকোৱাটোও অভিভাৱকৰে দায়িত্ব নহয় জানো? 
    এই নৈতিক স্খলনৰ বাবে কিছু অভিভাৱকে পৰিবৰ্তিত সমাজলৈ দোষ ঠেলি নিজে নিৰ্দোষী জাহিৰ কৰিব খোজে। কিন্তু, এই বৰ্তমানৰ সমাজখন আমিয়ে জানো গঢ় দিয়া নাই! 
    কেঁচা বাঁহ পোনাবলৈ সহজ;পকিলেই সেয়া অসম্ভৱ। গতিকে, আহক ,আনলৈ দোষ নেঠেলি,আমি নিজৰ নিজৰ পৰিধিত, সৰুৰে পৰাই শিশুসকলক সুব্যক্তিত্বৰ অধিকাৰী কৰি তোলোঁ।
নৱ ৰাজন
সম্পাদক
বৰ্ণৰাগ
———————————————————
                        প্ৰবন্ধ
সাহিত্যত অনুবাদৰ প্ৰাসংগিকতা
চন্দন ভাগৱতী

       সাহিত্যত অনুবাদ, পুনৰ নিৰ্মাণ আদি কাৰ্যৰ পৰম্পৰা বহু পুৰণি । সৃষ্টিশীল সাহিত্যৰ সমান্তৰালভাৱেই পৃথিৱীৰ সকলো সাহিত্যতেই অনুবাদকৰ্ম গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । এটা নিৰ্দিষ্ট ভাষাৰ পৰিসৰ ভেদি সাহিত্যই বিভিন্ন ভাষাৰ নিজস্ব পৰিমণ্ডলত বিচৰণ কৰিব পাৰে অনুবাদকৰ্মৰ যোগেদি ।এক বিদ্যায়তনিক অনুশাসন হিচাপে গঢ় লোৱা তুলনাত্মক সাহিত্যৰ ক্ষেত্ৰতো অনুবাদৰ প্ৰাসংগিকতা অপৰিসীম ।

         ইংৰাজী ভাষাৰ Translation শব্দটোৰ প্ৰতিশব্দ হিচাপে ভাৰতীয় ভাষাত ব্যৱহৃত হয় অনুবাদ শব্দটো । Translation শব্দটো আহিছে লেটিন শব্দ Translatum ৰ পৰা । Trans আৰু Latum  শব্দ দুটা লগ লাগি Translation শব্দটো নিষ্পন্ন হৈছে । লেটিন ভাষাত Trans মানে পাৰ বা আনফাল আৰু Latum শব্দটোৰ অৰ্থ হ'ল গতি কৰোৱা বা লৈ যোৱা । এতেকে মূল শব্দটোৰ অৰ্থ হ'ল এটা ভাষাৰ বক্তব্যক অইন এটা ভাষালৈ ৰূপান্তৰিত কৰা । তেনেদৰে ভাৰতীয় ভাষাত ব্যৱহৃত অনুবাদ শব্দটো নিষ্পন্ন হৈছে 'অনু' উপসৰ্গ আৰু 'বদ' ধাতুৰ লগত 'ঘঞ' প্ৰত্যয় যোগ হৈ । 'অনু' উপসৰ্গই সাধাৰণতে 'পৰৱৰ্তী' অৰ্থ বুজায়, যেনে --- অনুচৰ, অনুকৰণ, অনুযায়ী আদি । আনহাতে 'বাদ' শব্দটোৱে সাধাৰণতে 'কোৱা' বা বক্তব্যকে সূচায় যদিও বহল অৰ্থত ই 'ধাৰণা' অৰ্থকো সামৰি লয়, যেনে --- সমাজবাদ, উত্তৰ আধুনিকতাবাদ আদি । এতেকে অনুবাদ শব্দই আনে কৈ যোৱা কথাকেই ৰূপান্তৰিত কৰি কিন্তু একেটা অৰ্থতে পুনৰ কোৱাকে বুজায় । 'শব্দাৰ্থ চিন্তামণি'ত অনুবাদ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ দুই ধৰণে কৰা হৈছে --- (ক) প্ৰাপ্তস্য পুনঃ কথনম্ অৰ্থাৎ বক্তাৰ কথাৰ পৰা পুনৰ কথন আৰু (খ) জ্ঞাতাৰ্থস্য প্ৰতিপাদনম্ অৰ্থাৎ বক্তাৰ বক্তব্যৰ অৰ্থ ভালদৰে বুজি তাক উপস্থাপন কৰা । ভাৰতবৰ্ষত বৈদিক যুগতেই পুনঃ কথনৰ অৰ্থত অনুবাদ শব্দটো প্ৰয়োগ কৰা হৈছিল ।সেই সময়ত পদ্যৰ পৰা গদ্যলৈ বা সাহিত্যিক ভাষাৰ পৰা লোকভাষালৈ ৰূপান্তৰকে বুজোৱা হৈছিল যদিও আজিকালি অনুবাদ শব্দটোৱে অকল ভাষান্তৰিত কৰাকেই নুবুজায়, বৰ‌ং ই এক পুনৰনিৰ্মাণৰ ধাৰণাকো নিৰ্দেশ কৰে । অনুবাদ সম্পৰ্কীয় প্ৰচলিত ধাৰণা অনুসৰি ইয়াকে ক'ব পাৰি যে অনুবাদ কাৰ্য হ'ল অত্যন্ত নিষ্ঠাপূৰ্ণ আত্মোপলব্ধিৰে সম্পন্ন কৰা এক উৎকৃষ্ট কলাৰূপ। 

          সকলো সাৰ্থক সাহিত্যতে লুকাই থাকে এক বিশ্বজনীন প্ৰমূল্যবোধ । যিকোনো ভাষাৰ সৃষ্টিশীল সাহিত্যৰ বিশ্বমুখী যাত্ৰাৰ বাহক হৈ পৰে অনুবাদ । অনুবাদ কাৰ্যৰ ব্যাপ্তিয়ে তুলনাত্মক সাহিত্যৰ প্ৰয়োজনীয়তাক বঢ়াই তুলিছে । বিশ্বৰ চৌপাশে হোৱা নিত্য-নতুন চিন্তা-ভাৱনাৰ দ্ৰুত প্ৰসাৰৰ বাবে অনুবাদৰ প্ৰাসংগিকতা আজি অপৰিসীম হৈ পৰিছে । সাৰ্থক অনুবাদ কাৰ্যৰ দ্বাৰা আমি বিশ্বৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা অমূল্য সাহিত্য কৰ্মৰ সোৱাদ ল'বলৈ সক্ষম হওঁহক । অনুবাদৰ জৰিয়তে সাহিত্যত নিহিত হৈ থকা ভাবৰ বিনিময় হোৱাৰ লগতে সাংস্কৃতিক বিনিময় প্ৰক্ৰিয়াও ত্বৰান্বিত হয় । যোৱা দুটা শতিকাত বিশেষকৈ বিংশ শতিকাত অনুবাদ শিল্পই ইমানেই ব্যাপ্তি লাভ কৰিছে যে ই চিন্তাৰ প্ৰব্ৰজন প্ৰক্ৰিয়াটোতেই এক বিপ্লৱৰ সূচনা কৰিছে । এনে অনুবাদ কৰ্মৰ প্ৰভাৱ সম্পৰ্কত ডঃ প্ৰফুল্ল কটকীৰ বক্তব্যৰ পৰাই জানিব পাৰি --- 'অনুবাদ অবিহনে ইউৰোপৰ নৱজাগৰণৰ সূচনাই নহ'লহেঁতেন বুলি ক'লেও অত্যুক্তি কৰা নহয় ।' মহাকবি গ্যেটেৰ বিশ্বসাহিত্যৰ ধাৰণাটোৰো সংযোজন ঘটিছে অনুবাদ কৰ্মৰ জৰিয়তে । অনুবাদৰ জৰিয়তে সাহিত্যই দেশ কালৰ সীমা পাৰ হৈ তাৰ সাৰ্বজনীন সৌন্দৰ্যৰ দিশটোৰ প্ৰতি সকলোকে আকৰ্ষিত কৰিছে । সাম্প্ৰতিক বিশ্বৰ বিভিন্ন প্ৰান্তত সাহিত্য কৰ্মক লৈও বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলিব লাগিছে, ন ন নিৰ্মাণশৈলী বা দৃষ্টিভংগী গঢ় লৈ উঠিছে । এনে ক্ষেত্ৰত এই নতুন প্ৰচেষ্টাৰ সোৱাদ লোৱা বা তুলনামূলক অধ্যয়নেৰে নিজৰ সাহিত্য জগতখনলৈও নতুনত্বৰ আমদানি কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব পাৰে অনুবাদ । আচলতে অনুবাদে সাহিত্যৰ সাৰ্বজনীনতাক অধিক সাৰ্থক কৰি 
তোলে ।

              অনুবাদ এক পুনৰ লিখন বা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়া । এই অনুবাদে বিভিন্ন ভাষাৰ সাহিত্যকৰ্মৰ মাজত সেতুবন্ধন কৰে । অনুবাদেই সাহিত্য ক্ষেত্ৰলৈ কঢ়িয়াই আনে নতুন চিন্তাৰ প্ৰৱাহ আৰু নতুন নতুন পৰীক্ষা-নিৰীক্ষাৰ ধাৰণা ।
চন্দন ভাগৱতী
জ্যেষ্ঠ সাংবাদিক
গুৱাহাটী
———————————————————
গুৰুজনাৰ অপূৰ্ব সৃষ্টি 'বৃন্দাৱনী বস্ত্ৰ'
অৰ্চনা ঠাকুৰীয়া

            মধ্যযুগীয় অসমৰ বয়ন শিল্পৰ অনন্য প্ৰতিভূ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰত্যক্ষ তত্বাৱধানত বৰপেটাৰ তাঁতীকুছিৰ তাঁতীসকলৰ দ্বাৰা নিৰ্মিত বৃন্দাৱনী বস্ত্ৰ। এই বস্ত্ৰভাগি মহাপুৰুষ গুৰুজনাৰ জীৱনৰ বিয়লিবেলাত আনুমানিক ১৫৬০ খ্ৰীষ্টাব্দত তৈয়াৰ কৰা হৈছিল বুলি ঠাৱৰ কৰিব পৰা যায়। বৃন্দাবন-মথুৰাত শ্ৰীকৃষ্ণই কৰা লীলা-মালা সমূহক এই বস্ত্ৰভাগিত বিভিন্ন ৰং আৰু সূতাৰে শিপিনীসকলে তাঁতশালত বৈ অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জগতত এক সুবৰ্ণ অধ্যায়ৰ সূচনা কৰি থৈ গ'ল।
             সৰ্বগুণসম্পন্ন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্য কোচবিহাৰলৈ যাওঁতে গুৰুজনাই তেওঁৰ প্ৰতিভাৰে কৃষ্ণৰ লীলা খেলাসমুহৰ সুন্দৰ বৰ্ণনা মহাৰাজৰ আগত দিছিল। সেই বৰ্ণনাত মুগ্ধ হৈ মহাৰাজ নৰনাৰায়নে শ্ৰীকৃষ্ণৰ সেই দৃশ্যসমূহ  স্বচক্ষে দেখাৰ ইচ্ছা প্ৰকাশ কৰে। তেতিয়া গুৰুজনাই নিজৰ অপূৰ্ব সৃজনশীল চিন্তাৰে  সমৃদ্ধ হৈ এই কাম কৰিবপৰা হ'ব বুলি বৰপেটালৈ উভতি আহে। চৰিতপুথিমতে,শংকৰদেৱে 'বৃন্দাবনী বস্ত্ৰ' বোৱাৰ আগতে বস্ত্ৰখনত তুলিবলগা  চিত্ৰসমূহ অংকন কৰি সেইবোৰত ৰং বোলাই তাৰ ছবি চাই লৈছিল। তদুপৰি, বৰপেটাৰ আশে-পাশে থকা বনাঞ্চলত পোৱা নানাবিধ প্ৰাকৃতিক উপাদান যেনে–ফুল,ফল,গুটি, পাত, মূল,গছৰ ছাল আদিৰ পৰা নানাবিধ ৰং সংগ্ৰহ কৰি সেইসমূহ বস্ত্ৰত তুলিবপৰা বিধৰ কৰি তুলিছিল। বস্ত্ৰ তৈয়াৰ কৰাৰ তত্বাৱধান ল'বলৈ শংকৰদেৱে প্ৰতিদিনে পাটবাউসীৰ পৰা তাঁতীকুছিলৈ অহা-যোৱা কৰিছিল।দিনে এবেগেতকৈ (প্ৰায় ২৩ ছেন্টিমিটাৰ) কাপোৰ বৈ ৬ মাহত কাপোৰখিনি বৈ সম্পূৰ্ণ কৰি উলিয়াইছিল। এদিন শংকৰদেৱৰ পৰিবৰ্তে মাধৱদেৱে বয়ন কাৰ্যৰ তত্বাৱধান লৈ এক বেগেতকৈ বেছি(৩০.৬ ছেন্টিমিটাৰ) কাপোৰ বোৱাব পৰাত শংকৰদেৱে মাধৱদেৱক 'বঢ়াৰ পো' উপাধি প্ৰদান কৰিছিল।
                 বৃন্দাবনী বস্ত্ৰখন ছকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহল। এই বস্ত্ৰভাগিত শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংস বধলৈ সমস্ত ঘটনা চিত্ৰায়িত হৈছিল। লগতে প্ৰতিটো দৃশ্য বা চিহ্নৰ অন্তত সেই ঘটনাটোৰ বিষয়ে বৰ্ণনা দি কাপোৰখনত চানেকী আকাৰে লিখাও হৈছিল। এই বস্ত্ৰত অসমত উৎপাদিত কপাহী আৰু ৰেচম সূতাৰ প্ৰয়োগ কৰা হৈছিল আৰু চানেকীত ব্যৱহাৰৰ বাবে শংকৰদেৱে ৰঙা, বগা,ক'লা, হালধীয়া আদি বিভিন্ন ৰঙৰ সূতা ব্যৱহাৰ কৰিছিল। দুহাতেৰে মেলি ধৰি এই বস্ত্ৰখন দেখুওৱা সম্ভৱ নাছিল ।সেয়ে গুৰুজনাই বাঁহৰ চাং সাজি তাত পাটি পাৰিহে বস্ত্ৰখন দেখুৱাইছিল।
                 গুৰুত্বপূৰ্ণ কথাটো হ'ল পাঁচশ বছৰীয়া বৃন্দাৱনী বস্ত্ৰৰ ৰঙৰ উজ্জ্বলতা আজিও একেই আছে। বস্ত্ৰখন সম্পূৰ্ণ কৰি বৈ উলিয়াবলৈ বাৰজন 
নিপুণ শিপিনী নিয়োগ কৰা হৈছিল। এই সকলৰ ভিতৰত মথুৰা দাস বুঢ়াআতা আছিল এগৰাকী পাকৈত শিপিনী। সমালোচক সকলৰ মতে গুৰুজনাই এনে দুৰূহ কাম কৰিবলৈ সাহস  নিশ্চয় জীৱনৰ আদিচোৱাত 'চিহ্নযাত্ৰা' কৰাৰ অভিজ্ঞতাৰ পৰাই আহৰণ কৰিছিল।সেয়ে হয়তো 'চিহ্নযাত্ৰা'ৰ প্ৰভাৱ 'বৃন্দাৱনী বস্ত্ৰ'ভাগিতো পৰিছিল। ১২০হাত দীঘল আৰু ৬০ হাত বহল বস্ত্ৰখন বৰ্তমান কেইবাটাও খণ্ডত বিভক্ত। শ্ৰীমন্ত শংকৰদেৱে প্ৰথম বৃন্দাৱনী বস্ত্ৰখন তৈয়াৰ কৰোৱাৰ পাছতো কোঁচ ৰাজবংশৰ পৃষ্ঠপোষকতাত কেইবাখনো বৃন্দাৱনী বস্ত্ৰ বৈ উলিওৱা হৈছিল। সেই সময়ত বৃন্দাবনী বস্ত্ৰ এক  পৰম্পৰা হিচাপে গা কৰি উঠিছিল। কিন্তু নৰনাৰায়ণ আৰু চিলাৰায়ৰ উত্তৰাধিকাৰীসকলৰ মাজত ক্ষমতাৰ কন্দলে কোঁচ ৰাজশক্তিক দুৰ্বল কৰি পেলালে আৰু পৃষ্ঠপোষকৰ অভাৱত বৃন্দাৱনী বস্ত্ৰৰ উৎপাদন বন্ধ হ'ল। 
            গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰখন সম্প্ৰতি লণ্ডনস্থিত 'ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়াম' তথা বিশ্বৰ বহু যাদুঘৰ শুৱনি কৰি আছে। বৃন্দাৱনী বস্ত্ৰৰ সকলোতকৈ বৃহৎ খণ্ডটো আছে ব্ৰিটিছ মিউজিয়ামত। ভাৰতত থকা বৃন্দাৱনী বস্ত্ৰৰ একমাত্ৰ টুকুৰাটো আছে আহমেদাবাদৰ 'দ্য কেলিকো মিউজিয়াম অব টেক্সটাইল'ত। 
            বৃন্দাৱনী বস্ত্ৰৰ কাপোৰবিধক কাৰিকৰী ভাষাত লাম্পাজ(Lampas) বোলা হয়।লাম্পাজ তৈয়াৰ কৰা জটিল বয়ন পদ্ধতিকো লাম্পাজ বুলিয়ে কোৱা হয়। এই পদ্ধতি যিহেতু অতিকৈ শ্ৰমসাধ্য আৰু সময় খৰচী সেয়ে ই সমগ্ৰ পৃথিৱীত বৰ্তমান বিলুপ্ত। লাম্পাজ বোৱাৰ পদ্ধতিটো শংকৰদেৱেই অসমত প্ৰৱৰ্তন কৰিছিল। 
             সামৰণিত ক'ব পাৰো যে,  শংকৰদেৱ গুৰুজনাৰ  অনুগামীসকলৰ আস্থা আৰু শ্ৰদ্ধাৰ প্ৰতি সন্মান জনাই বৃন্দাৱনী বস্ত্ৰভাগিৰ কিছু অংশ হ'লেও অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে আজিৰ প্ৰজন্মই ইয়াৰ বাস্তৱিক ৰূপ দেখি আমাৰ স্বৰ্ণময়ী ইতিহাসক উপলদ্ধি কৰি প্ৰেৰণা ল'ব লাগে।
অৰ্চনা ঠাকুৰীয়া
পাঞ্জাবাৰী
গুৱাহাটী
——————————————————
কাতি  বিহু আৰু লোকাচাৰ
কিৰণ দাস
 
    অসমৰ  জাতীয়  উৎসৱ   বিহু  তিনিটাৰ ভিতৰত  কাতি  বিহু   অন্যতম ।এই সময়তে সৰহ ভাগ খেতিয়কৰ  ভঁৰাল উদং  হয়,  আকৌ নতুন  শষ্যও কাটিবলৈ  সময়  নহয় , অভাৱ ,অনাটনে  কৃষক  ৰাইজক  জুৰুলা কৰি তোলে  ।সেয়েহে এই বিহুটোক  কঙালী  বিহু  বুলিও  জনা  যায় ।
       অসমীয়া জাতীয়  কৃষ্টি , সংস্কৃতি এই  কাতি  বিহুৰ  লগত জড়িত  হৈ  আছে।  এই বিহুৰ প্ৰচলিত কিছুমানে  লোকাচাৰে  অসমীয়া  জনজীৱনক  সুকীয়া  মৰ্যদা  দি আহিছে । বিভিন্ন কৃষি  সম্পৰ্কীয়  বিশ্বাস, ধৰ্মীয় তথা  আধ্যাত্মিক  বিশ্বাস এই কাতি বিহুৰ সৈতে নিবিড় ভাৱে  জড়িত  হৈ আছে।
          জেঠ, আহাৰ, শাওণ মাহ খেতিৰ সময়।
মূৰৰ ঘাম মাটিত পেলাই  হাড়ভাঙা পৰিশ্ৰমেৰে খেতিয়কে পথাৰ খনত ভূঁই  ৰুই শেষ  কৰে। কৃষকৰ  মনত হেঁপাহ, সপোন   -এদিন সোণ গুটিৰে ভঁৰাল ভৰি পৰিব , শেষ হ’ব  অভাৱ অনাটনৰ দিন। সেউজীয়া পথাৰত ধানবোৰে ঠোক মেলিবলৈ ধৰে ।পথাৰৰ সোণোৱালী ধানক লৈ কৰা   সপোনে  কৃষকৰ  মন  শৰতৰ  বতৰত  উৎফুল্লিত  কৰি  তোলে । এনে সময়ত  শস্যৰ  অনিষ্টকাৰী  কীট - পতংগৰো  উৎপাত  বেছি  হয়, পোক , পৰুৱা, চৰাই , চিৰিকটি, নিগনি , এন্দুৰৰ লগতে প্ৰাকৃতিক   উপসৰ্গ  সমূহে  নকৈ ফুলাম হৈ  পৰা  ধাননি   ডৰাৰ  যাতে  অপকাৰ সাধিব নোৱাৰে, তাৰ  বাবে খেতিয়ক  শস্যৰ নিৰাপত্তাৰ  বাবে  কিছুমান  নীতি  নিয়ম  পালন কৰে।
 ডাকৰ   বচনত  আমি  পাও – 
“আহিনে  কাতিয়ে  ৰাখিবা  পানী, 
যেনেকৈ  ৰাখে  ৰজাই   ৰাণী। “
শষ্যৰ  সুৰক্ষা  আৰু  মংগলৰ  বাবে  অতীতৰে পৰাই   খেতিয়কে    শস্য  ৰক্ষাৰ  প্ৰধান  সাৰথি  হিচাপে  জুইৰ  ব্যৱহাৰ কৰিছে । এই  জুইৰ  ব্যৱহাৰ  ক্ৰমশঃ  পৰিৱৰ্তন  ঘটি  মাটিৰ চাকিলৈ  সলনি  হৈছে  বুলি  অনুমান কৰিব পাৰি। এই মাটিৰ  চাকি  গচিয়েই  অতীতৰ  বৃহৎ  জুইকুৰাৰ প্ৰতীক, যি গচি 
চাকি কাতি  বিহুৰ   দিনা  ধাননি  পথাৰত 
ভক্তি  সহকাৰে   জ্বলোৱা  হয়।
    এই  বিহু  উপলক্ষে  প্ৰতিঘৰ  অসমীয়াই
 ঘৰ -দুৱাৰ, আলি -পদূলি, পৰিষ্কাৰ -পৰিচ্ছন্ন কৰে। ঘৰৰ  চৌপাশ  চিকুণাই  সুন্দৰ কৰি থয়। লোকবিশ্বাস  মতে  কাতি  বিহুৰ দিনা ঘৰ -দুৱাৰ, চোতাল , পদূলি  চাফ  চিকুন হৈ  থাকিলেহে  শস্যৰ  প্ৰতীক  লক্ষ্মীদেৱীৰ  গৃহস্থৰ  ঘৰলৈ  আগমন  ঘটে। আহিনৰ  শেষ দিনটোত  প্ৰতিজন  কৃষকেই  নিজৰ  নিজৰ কামত ব্যস্ত হয়। চোতালৰ  আগৰ  ভঁৰালৰ কাষত নতুন ৰঙা  মাটিৰে  ঢিপ তুলি  তুলসীৰ ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰুই মচি কাচি  নিকা  কৰি  থয়। কোনো কোনোৱে তুলসী ভেটিৰ চাৰিও ফালে চাৰিটা কলৰ পুলিও  ৰোৱে। সন্ধিয়া এই তুলসী  তলৰ উপৰিও গোঁসাই  ঘৰ, ভঁৰাল ঘৰ, ধাননি পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ – ছাগলীৰ গড়ালৰ সন্মুখত মাটিৰ চাকি জ্বলায়। কিছুমানে দিনৰ ভাগতে মাটিৰ চাকি আৰু শলিতা  যোগাৰ  কৰি  থয়। আকৌ কিছুমান  ঠাইত  মাটিৰ  চাকিৰ সলনি  অমিতা ফালি বা ঔটেঙাৰ  বকলা  ব্যৱহাৰ  কৰা  দেখা  যায়।
সিদিনাখন আবেলি  কৃষকে  খেতিৰ পথাৰ খন চাই আহে , নহ'লে লখিমীয়ে  গিৰিহঁত  নাই বুলি  হেনোভাবে  আৰু তেনে  ব্যক্তিৰ  ঘৰলৈ লখিমীৰ আগমন নহয়। সেয়ে ঘৰৰ মূল মহিলা গৰাকীয়ে হাতত কাঁচি লৈ ধান চাবলৈ যায়। তিনি খন থুৰিয়া তামোল , আগলি কলপাতত আগ বঢ়াই ধাননি পথাৰত সেৱা লয় আৰু আই লখিমীক গৃহলৈ আমন্ত্ৰণ জনায়।  সন্ধিয়া হোৱাৰ লগে লগে বন্তি  প্ৰজ্বলন কৰা হয়। পথাৰত ওখকৈ বাঁহৰ জোঁজ  পুতি মাটিৰ  চাকি জ্বলাই  শস্যৰ  মংগল কামনা কৰে। ভঁৰাল ঘৰত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উচৰ্গা কৰা হয়। লক্ষী দেৱীৰ সন্তুষ্টিৰ বাবেই এনেদৰে  কৃষকে এই  নিয়ম পালন  কৰে। একেদৰে লখিমী অহাৰ পথ পোহৰাই তুলিবৰ বাবেই  পদূলি মুখ, দুৱাৰ মুখ, ঢেকী শাল, গোঁসাই ঘৰ আদিত মাটিৰ চাকি জ্বলোৱা  হয়। এই কাতি বিহুৰ সন্ধিয়া খেতিয়কে  পথাৰত আকাশ বন্তি জ্বলায়।  লোক বিশ্বাস যে আকাশ  বন্তিৰ  পোহৰত  হেনো আমাৰ  উপৰিপুৰুষৰ আত্মা  সৰগলৈ  যাত্ৰা  কৰে আৰু সুখ আৰু  শান্তিত আত্মাই  দিন কটায়। 
     কাতি বিহুৰ আটাইতকৈ ভাল লগা আৰু উপভোগ্য সময়খিনি  হ’ল তুলসী তলৰ সন্ধিয়াটো । তুলসীৰ তলত চাকি-বন্তি , ধূপ- ধূনা জ্বলাই , মাহ- প্ৰসাদ, ফলমূলেৰে 
প্ৰসাদৰ শৰাই ন-তুলসীৰ গুৰিত দিয়া হয় । ধূপ-ধূনাৰ সুগন্ধি , সুবাস বতাহত ওপঙি থাকে। চুবুৰিয়ে  চুবুৰীয়ে হৰিনামৰ ধ্বনিয়ে আকাশ- বতাহ কঁপায় আৰু ঘৰে ঘৰে গৈ গৃহস্থৰ মঙ্গল কামনা কৰি এইদৰে গায়—
“তুলসী তুলসী অ’ আই তুলসী 
তুমি গোবিন্দৰ প্ৰিয়া 
তোমাক পূজিঁছো আই অ’ তুলসী 
শান্তি অকণি দিয়া। “
আকৌ তেওলোকে গায় —
“তুলসীৰ তলে  তলে মৃগ পহু  চৰে 
তাকে  দেখি ৰামচন্দ্ৰই  শৰধনু  ধৰে।”
         কাতি মাহ হিন্দু দৰ্শন মতে পবিত্ৰ মাহ। এই কাতি বিহুৰ দিনাৰ পৰাই সমগ্ৰ কাতি মাহত তুলসী তলত অসমীয়া ৰাইজে বন্তি জ্বলায়।  কাতিৰ উদং ভঁৰালৰ বাবে খেতিয়কৰ খঙ , ৰাগে  মন আমনি কৰে, সেয়ে হয়তো কোনোবা  অতীততে  মানুহৰ  মন সংযমী আৰু নিয়ন্ত্ৰণ  কৰি ৰাখিবলৈ কাতি  বিহুৰ সময়ত  এনে  ধৰ্মীয় নীতি , নিয়মবোৰ  আমাৰ  সমাজ  ব্যৱস্থালৈ আহিল। 
       অভাৱ ,অনাটনৰ  দিনত এই  বিহুটো  উদ্‌যাপিত  হ’লেও  ইয়াৰ  প্ৰাসঙ্গিকতা  নুই কৰিব  নোৱাৰি। ঠাইভেদে এই বিহুৰ সৈতে অনেক লোকাচাৰ  জড়িত  হৈ  আছে  যিবোৰে আমাৰ সামাজিক ,সাংস্কৃতিক  জীৱনক  সমৃদ্ধ  কৰি  তুলিছে।অসমীয়া   জাতীয় জীৱনত কাতি বিহুৰ  পৰম্পৰাই অসমীয়া  সমাজখনৰ সত্বা, পৰিচয়  দাঙি  ধৰি  আহিছে। 
 
কিৰণ দাস 
গুৱাহাটী 
———————————————
শিক্ষাগুৰু ,আমি আৰু 
সেই সময় এই সময় 
পুলেন ৰাজ ডেকা

                 ৯০ৰ মজিয়াত  আমাৰ জন্ম ৷
সেই দিনবোৰত আমাৰ পৰিয়ালৰ বাবে 
ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত পঢ়োৱাটো আছিল সৰগৰ কাঁহীজোন বিচৰাৰ লেখীয়া ৷ চৰকাৰী বিদ্যালয়ত পঢ়াৰ সুবাদতে কতনা স্মৃতি বুকুত বাজি আছে আজিও, সেই কথা ক’বলৈ গ’লে বহু ৰাতি শেষ হৈ নাহিব কোনো দিন (ৰাতিবোৰ কিন্তু সুখৰে হ’ব তেতিয়াও)৷ 

       পেঞ্চিল ,ফলি ,কলপাত , কত কিমান স্মৃতি যে বুকুত সতেজ হৈ আছে ৷ থৈলাৰ বস্তা , জুনিয়ৰ জী ,শক্তিমান .....

        এটাই মাত্ৰ ছাতিৰ তলত মাৰ কোলাত উঠি  বিদ্যালয়লৈ যাওঁতে এতিয়াও মনত আছে , সৰু দাদাই বৰকচুৰ পাত এটা  মূৰত লৈ মাৰ চাদৰত ধৰি আহি থকা ৷ 

     কেঁচা মাটিৰ মজিয়াত পঢ়ি আমি ডাঙৰ হ’লোঁ ৷ এতিয়াও কেতিয়াবা সচিতত দেখোঁ সেই ৰঙা চকু , শূন্যতে ঘূৰাই থকা ভলুকা বাহঁৰ বেতৰ জোকাৰণি ৷ মাৰ ,গালিৰ পিচতো  কোনো এগৰাকী  শিক্ষাগুৰুকে নাম ধৰি মাতি নাপালোঁ কোনো দিন  ৷  আমি যেতিয়া অধ্যাপক হওঁ “ঐ ব’ল ব’ল পুলেনৰ ক্লাছ আছে” বাক্যশাৰী শুনিলে পুনৰ ল’ৰালিৰ সেই দিনবোৰলৈ গৈ উভতি আহিবলৈ মন নাযায় ৷


আমি “হাতৰ কাম” দিছিলোঁ ৷ নিদিলে ফলাফল নিদিয়ে ৷ সেয়া বিদ্যালয়ৰ নিয়ম বুলিয়ে জানি থৈছিলোঁ ৷ বহুতৰ ভাগ্যত বহু কিবাকিবি পৰাৰ দৰে মোৰ ভাগ্যত সেইবাৰ “মাটিৰ কল” এটা হাতৰ কাম হিচাপে নিয়াৰ পাল পৰিছিল ৷ সঁচাসঁচি কল এটাৰ ওপৰত “আঠাললেইটা” মাটি লেপি হাতৰ কাম দিলোঁ ৷ তৃতীয় শ্ৰেণীত এই বুদ্ধিয়ে কাম নিদিলে , শাস্তি হ’ল ভয়ংকৰ ৷ পিচদিনালৈ ঠিয় হৈয়ে ভাত খালোঁ ৷ পীৰাত বহিবলৈ শক্তি গোটোৱাই নহ’ল ৷

তৃতীয় শ্ৰেণীত থাকোঁতে এদিনাখন সৰল অংক কৰিব দিছিল শিক্ষাগুৰুৱে ৷ অৱশ্যে “ব্লেক-বোৰ্ড”ত লিখাৰ ফিটা কাটিবলৈ মোৰ নামৰ হাত-পিঠি গুৰুৰ প্ৰথমে কণ্ঠস্বৰ ৷ ময়ো সদায় বাঘৰ নেজ পুৰি খাই যাওঁ বাবে ৰক্ষা পৰোঁ ৷ এবাৰ বাঘৰ নেজ খাবলৈ পাহৰিলোঁ ৷  ফলিত কিবা লিখিব দিছিলে ৷  এটা সময়ত লিখা শেষ কৰি আমি সকলোৱে একেলগে উঠি গৈ গুৰুক দেখাব যাওঁ নিজৰ নিজৰ  ফলি কেইখন , আৰু তেনে সময়তে আমি দুজনমানে সদায় মনে মনে “ প্ৰস্বাৱ” কৰিব আহি শ্বহীদ বেদীৰ কাষত থকা ডাঙৰ ৰাধাচূড়াজোপাৰ তলত বহু পৰ ৰৈ থাকোঁ যেতিয়ালৈ ভিতৰত থকা বন্ধু এজনে আহি শুভবাৰ্তা নিদিয়ে ৷ 

এবাৰ ধৰা পৰিলোঁ ৷ শাস্তি হিচাপে , ঘৰত বনাই নিয়া বিচনীখনেৰে গুৰুৱে(বৰ্মন গুৰুৱে) কোবালে ৷ লাভত হাতখন মোচোকা খালে ৷ ঘৰত পৰিলোঁ বুলি কোৱাত “ওজেনী বগী আই”ৰ হাতেৰে বহু দিন জৰা-ফুকা কৰিলোঁ ৷ 


এনেকুৱা বহু ঘটনা ঘটিছিল মোৰ লগত ৷ বন্ধুবোৰৰ লগত ৷ আমাৰ সময়ৰ শিক্ষাৰ্থীসকলৰ লগত ৷ আমি সেই শাস্তি পাহৰিছোঁ কেতিয়াবাই , স্মৃতি হিচাপে মনত আছে কেৱল আমি কৰা 
ভুলবোৰহে ৷

শিক্ষক দিৱসত সিদিনাও গৈ (ফেচবুকত ইতিমধ্যে উক্তদিনৰ কথা লিখিছোঁ) গুৰুৰ ভৰি দুখন স্পৰ্শ কৰোঁতে ইজনে-সিজনক লুকাই এসোতা কান্দিছিলোঁ  ৷ 

ক’ৰবালৈ গ’লে হঠাৎ গুৰুক আগত দেখিলে আজিও ভৰিৰ তলৰ মাটি কঁপে ৷ বাইকেৰে গ’লে বাইকখন ৰখাও ,কথা হ’লে নামি দিওঁ (চাইকেলৰ পৰাটো সম্পূৰ্ণ নামিয়ে দিওঁ) ৷ 


চেকনিৰ আগত বিদ্যা আমি পাইছিলোঁ ৷ যাৰ সুবাদত আমিও এদিন অধ্যাপক হ’ব পাৰিলোঁ ৷ আজিও সেই শিক্ষাগুৰুসবক মনত ধ্যানত কঢ়িয়াই ফুৰোঁ , জগতৰ সকলো শিক্ষাগুৰুকে নমন কৰোঁ ৷ কিন্তু হৈ থকা এই ঘটনাটোৰ বাবে গৰিহণা দিলোঁ সেইসকলক যিয়ে শিক্ষাগুৰু কাক কয় এতিয়াও বুজি উঠা নাই ৷ 

তীব্ৰ গৰিহণা দিলোঁ এই কাৰ্যক
তীব্ৰ গৰিহণা দিছোঁ এই কাৰ্যক 
ভয়ংকৰ গৰিহণা দিম সদায়  এই কাৰ্যক 

শিক্ষাগুৰুৰ মাৰ এটিয়ে যদি জীৱন গঢ়িব পাৰে তেন্তে হেৰৌ বুৰ্বকহঁত বুজি ল’বি শিক্ষাগুৰুৰ চকুলোৱে তহঁতৰ কি অৱস্থা কৰিব পাৰে ৷ 

বিঃদ্ৰঃ- ইয়াত ভাল আৰু বেয়া চৰিত্ৰৰ “মানুহ” আৰু অমানুহখিনিকহে কৈছোঁ ৷ অযথা লগাবলৈ আহিলে লগাই দিবলৈ মোৰ সময় নাইPRD
__________
পুলেন ৰাজ ডেকা
গাঁও- চেংনৈ কটৰা সত্ৰ(পাগ্লাদিয়াৰ পাৰ)
ডাকঘৰ- চেংনৈ
জিলা - নলবাৰী
ডাক-সূচাঙ্ক - ৭৮১৩৩৭
ভ্ৰাম্যভাষ - ৮১৩৫৯২৬৭৮৫
———————————————
সামাজিক ৰীতি,সৌজন্য আৰু শিষ্টাচাৰ
ববী দত্ত

         এখন সভ্য সমাজৰ অস্তিত্ব শিষ্টাচাৰৰ অবিহনে কল্পনা কৰিব পাৰি জানো?কেতিয়াও নোৱাৰি।মানুহ সভ্য হৈ সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা  শিষ্টাচাৰৰ প্ৰয়োজন আহি পৰিল।কাৰণ মূলত  সমাজ গঠন হয় মানুহৰ বাবে।সেই মানুহৰ প্ৰাথমিক চাৰিত্ৰিক গুণ হৈছে সৌজন্য আৰু শিষ্টাচাৰ।
     শিষ্টাচাৰ মানে (শিষ্ট+আচাৰ) শিষ্টতা অৰ্থাৎ বিনীত সংযম।,ইংৰাজীত যাক কোৱা হয় civility,etiquetty,politness.ইয়াৰ আভিধানিক অৰ্থ ৰুচিপূৰ্ণ ভদ্ৰ ব্যৱহাৰ। সৌজন্য মানে ভদ্ৰলোকৰ আচৰণ ইংৰাজীত যাক কোৱা হয় courtesy. এজন ব্যক্তিৰ অন্তৰৰ মধুৰতাই হৈছে সৌজন্য আৰু শিষ্টাচাৰ হৈছে সেই  সৌজন্যবোধৰে বৰ্ণিল প্ৰকাশ।এই দুই গুণে মানুহক মাৰ্জিত, নম্ৰ,ভদ্ৰ,ৰুচিশীল আৰু বিনয়ী কৰি তোলে।শৈশৱ,কৈশোৰ অৱস্থাৰ পৰাই এই গুণ আয়ত্ব কৰিব পাৰিলে সমাজত ভদ্ৰ ব্যক্তি হিচাপে আদৰ পাবলৈ সক্ষম হয়।যি শিষ্টাচাৰী,যাৰ সৌজন্যবোধ আছে তেওঁ সঁচা অৰ্থত সুসভ্য ব্যক্তি।আচৰণৰ মাধুৰ্যই ব্যক্তিৰ জীৱন সুন্দৰ আৰু সৌষ্ঠৱপূৰ্ণ কৰি তোলে।অলংকাৰৰ দ্বাৰা শৰীৰৰ সৌন্দৰ্য বৃদ্ধি কৰা হয় কিন্তু শিষ্টাচাৰ আত্মাৰ সৌন্দয্য।সৌজন্যবোধ অন্তৰৰ মাৰ্জিত প্ৰকাশ।
       এটি শিশু বা কিশোৰৰ মাৰ্জিত  বা শিষ্টাচাৰৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত অভিভাৱকৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে।এজন শিশুৱে যিহেতু পিতৃ-মাতৃ আৰু পৰিয়ালৰ পৰিবেশৰ পৰাই সকলো শিকি লয়।সেইবাবেই অভিভাৱকে  সৰুতেই লৰা ছোৱালীক তেনে জ্ঞান দিনলৈ যত্ন কৰা উচিত।ছাত্ৰ জীৱনত শিষ্টাচাৰৰ অতি প্ৰয়োজন কাৰণ জ্ঞানৰ লগত শিষ্টাচাৰৰ প্ৰত্যক্ষ সম্পৰ্ক আছে।

         শিষ্টাচাৰৰ লগত হৃদয়ৰ নিবিড় সম্পৰ্ক দেখা যায়।ই বাহ্যিক অভ্যাস নহয়,অন্তৰৰ পৰা নিগৰি অহা স্পৰ্শকাতৰ অনুভূতি। যি অনুভূতিৰ মহিমামণ্ডিত ৰূপে ব্যক্তিৰ জীৱন মূল্যবান কৰি তোলে।ব্যক্তি জীৱন আৰু সমাজ জীৱন সুন্দৰ কৰি তুলিবলৈ এই গুণসমূহৰ প্ৰয়োজন আছে।
যি সমাজত  শিষ্টাচাৰী আৰু মাৰ্জিত ব্যক্তিৰ সংখ্যা অধিক সেই সমাজ উন্নতিৰ জখলাৰে আগুৱাই যায়।আৰু প্ৰতিখন সমাজৰ উন্নতিয়েই দেশৰ উন্নতি।দেশৰ উন্নতিয়েই সভ্যতাৰ উন্নতি।সামাজিক ,ৰাজনৈতিক,অৰ্থনৈতিক সকলো দিশতেই শিষ্টাচাৰৰ প্ৰয়োজন আছে।তাকে নহলে সমাজত হিংসা,বিদ্বেষ, প্ৰতিশোধ,অন্যায়,অত্যাচাৰ,ক্ৰোধ আদিৰ বৃদ্ধি হবলৈ ধৰে।ব্যক্তিৰ বিবেক শক্তি লোপ পাই অসমাজিক কামত লিপ্ত হৈ পৰে।পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধিতো শিষ্টাচাৰ আৰু সৌজন্যতাৰ স্থান বহুত ওপৰত।আনকি জাতীয় জীৱনৰ সৰ্বোচ্চ পৰ্যায়ৰ শিষ্টাচাৰ প্ৰকাশ পাই ৰাষ্ট্ৰ পৰিচালনা আৰু নেতৃত্বপ্ৰদানকাৰী সকলৰ মাজত।
          বৰ্তমান সময়ত বিভিন্ন কাৰণত মানুহৰ মাজত শিষ্টাচাৰ আৰু সৌজন্যতাৰ অভাৱ হোৱা দেখা গৈছে।অত্যধিক জনসংখ্যা বৃদ্ধি,মাদক দ্ৰব্যৰ প্ৰতি গভীৰ আসক্তি,প্ৰদূষিত পৰিবেশ,মৰম স্নেহ আদৰ আদিৰ অভাৱৰ  ফলত মানুহৰ  শিষ্টাচাৰৰ দৰে মঙ্গলকামী গুণ সমূহৰ অভাৱ ঘটিছে।সন্তানে পিতৃ মাতৃক,ছাত্ৰই শিক্ষকক,পতিয়ে পত্নীক,পত্নীয়ে পতিক, অনুজে অগ্ৰজৰ প্ৰতি শিষ্টাচাৰ প্ৰদৰ্শন নকৰাও দেখা যায়।এই ক্ষেত্ৰত আমি সকলোৱে সচেতনতাৰ বিনয়ী,সংযমী,শিষ্টাচাৰী,হবলৈ চেষ্টা কৰা উচিত।এইয়া যাতে উঠি অহা সকলৰ বাবে আদৰণীয় আদৰ্শ হৈ পৰে তাৰ প্ৰতি আমি সততে চকু দিয়া উচিত।
              অত্যধিক বিনয়ী,মাৰ্জিত,শান্ত,শিষ্টাচাৰী ব্যক্তি সময় সাপেক্ষে উপহাসৰ পাত্ৰ হব লগীয়া হয় বা বহুতে তেওঁলোকৰ সৰলতাৰ সুবিধা লোৱাও দেখা যায়।কিন্তু শেহত সদায় বিনয়ী জন জয়ী হৈ উজ্জ্বলি উঠে।তেওঁলোকে মূল্যবোধ হীন সমাজক সুন্দৰ আৰু মঙ্গলকামী ৰূপত সজাই তুলিব পাৰে।
    আমি মানুহৰ প্ৰতি,সমাজৰ প্ৰতি,দেশৰ প্ৰতি গভীৰ শ্ৰদ্ধাশীল মনোভাব গ্ৰহণ কৰা উচিত।তেতিয়া ব্যক্তিৰ সামাজিক অৱস্থানৰ  উত্তৰণ ঘটিব।কাৰণ সামাজিক অৱস্থানে শিষ্টাচাৰৰ মাত্ৰা নিৰ্ধাৰণ কৰে।
ববী দত্ত
যোৰহাট
——————————————————
ক্ৰিপ্টোকাৰেঞ্চী আৰু ব্লক্‌ছেইন
প্ৰণৱ ফুকন


     জয়জয়তে ক’ব খুজিছোঁ যে ক্ৰিপ্টোকাৰেঞ্চী আৰু ব্লক্‌ছেইন, ডিজিটেল, ভাৰচুৱেল আদি শব্দৰ অসমীয়া প্ৰতিশব্দতকৈ ইংৰাজী শব্দকেইটা সহজে বোধগম্য ৷ সেয়ে সেই শব্দসমূহ ব্যৱহাৰ কৰা হৈছে ৷ আজিৰ যুগটো ডিজিটেলৰ যুগ ৷ আমাৰ বিভিন্ন আৰ্থিক আদান-প্ৰদান ক্ৰমান্নয়ে ডিজিটেল হৈ আহিছে ৷ কিন্ত ডিজিটেল মানেনো কি? সহজ ভাৱে ক’বলৈ গ’লে ডিজিটেল হ’ল কম্পিউটাৰে পৰস্পৰৰ লগত কথা পতাৰ ভাষা ৷ এই ভাষাত প্ৰতিটো আখৰ আৰু সংখ্যা ০ আৰু ১ এই দুটা সংখ্যাৰ একোটা গোট হৈ পৰে ৷ গতিকে ইয়াক দ্বিঅংকী পদ্ধতি বোলা হয় ৷ কম্পিউটাৰত আমি যি টাইপ কৰোঁ, তাৰ প্ৰতিটো আখৰ আৰু সংখ্যা এইদৰে সলনি হয় আৰু পাওঁতা কম্পিউটাৰে তাক পুনৰ সলনি কৰি আমি বুজি পোৱা আখৰ বা সংখ্যা হিচাপে কম্পিউটাৰৰ পৰ্দাখনত দেখুৱায় ৷ এই ডিজিটেল বিশ্বত নতুনকৈ প্ৰৱেশ কৰিছে ক্ৰিপ্টোকাৰেঞ্চীয়ে ৷ আমি সকলোৱে নিশ্চয় ইয়াৰ বিষয়ে শুনিছোঁ, কিন্তু আমি সঁচাকৈয়ে ইয়াৰ বিষয়ে জানোঁনে? কিছুদিনৰ আগতে এজন বন্ধুৱে ভাৱিলে বেংকত চাকৰি কৰা মানুহে নিশ্চয় জানিব; সেয়ে এটা নহয় পাঁচটাকৈ প্ৰশ্নৰ বাণ নিক্ষেপ কৰিলে:

১. ক্ৰিপ্টোকাৰেঞ্চী কি?

২. ইয়াৰ ব্যৱহাৰ ক’ত হয়?

৩. যিহেতু বাকী মুদ্ৰাৰ দৰে ক্ৰিপ্টোকাৰেঞ্চী ছপা কৰা নহয়, ইয়াৰ সৃষ্টি কেনেকৈ হয়?

৪. ক্ৰিপ্টোকাৰেঞ্চী ব্যৱহাৰৰ লাভালাভ কি?

৫. ব্লক্‌ছেইন মানে কি?

সহজেই মনলৈ অহা প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ’ল - বিত্‌কইন, আৰুনো কি ! বিত্‌  হ’ল ডাটাৰ একক, গতিকে যি মুদ্ৰাক এন্‌ক্ৰিপ্‌চনৰ কৱচ পিন্ধোৱা হয়, সেয়ে বিত্‌কইন ৷ পাছে কথাটো ইমান সহজনে? যেতিয়া গম পালোঁ যে ৩০০-তকৈও অধিক প্ৰকাৰৰ ক্ৰিপ্টোকাৰেঞ্চী আছে আৰু বিত্‌কইন অধিক প্ৰচলিত ক্ৰিপ্টোকাৰেঞ্চী, মই সম্পূৰ্ণৰূপে ভূপতিত হ’লোঁ ৷ গতিকে লগেলগে পঢ়া-শুনা কৰিব লগা হ’ল ৷ যি অলপ-অচৰপ বুজিলোঁ তাকে পাঠকৰ আগত দাঙি ধৰিছোঁ ৷ 


প্ৰশ্নকেইটাৰ উত্তৰ দিয়াৰ আগতে আমি ভাৰচুৱেল মানে কি বুজিলে সুবিধা হ’ব ৷ আমি বিশ্ব-ব্ৰহ্মাণ্ডত বহুতো বস্তু দেখোঁ ৷ আমাৰ পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে উপলব্ধি কৰা এই সকলো প্ৰকৃত, পাৰ্থিব ৷ কিন্তু আমাক আগুৰি ৰখা মহাকাশ আমাৰ উপলব্ধিৰ সীমাৰ বাহিৰত ৷ মহাকাশ শক্তিৰ তৰঙ্গেৰে ভৰা; এই তৰঙ্গসমূহো আমাৰ পঞ্চেন্দ্ৰিয়ৰ উপলব্ধিৰ সীমাৰ বাহিৰত ৷ বিজ্ঞানে আমাক কয় যে শক্তিৰ সৃষ্টিও নাই, বিনাশো নাই, মাত্ৰ এটা ৰূপৰ পৰা আন এটা ৰূপ ধৰে ৷ আমি মোবাইলেৰে কথা পাতোঁতে শব্দৰূপী শক্তি পঠাওঁ ৷ ই মহাকাশত বৈদ্যুতিক -চুম্বকীয় শক্তিলৈ পৰিবৰ্তিত হয় আৰু সিফালৰ মোবাইলত পুনৰ শব্দ হৈ ধৰা দিয়ে ৷ কিন্তু এই কাৰ্য্যৰ গতি ইমান ক্ষিপ্ৰ যে আমি তৰ্কিবই নোৱাৰোঁ ৷ অনুভূতিৰ বাহিৰৰ এই বিশ্বখন হ’ল অপাৰ্থিব বিশ্ব, ভাৰচুৱেল বিশ্ব ৷ প্ৰযুক্তিবিদ্যাই আমাক এই বিশাল বিশ্বৰ আভাস দিয়ে ৷ এই বিশ্বত সকলোবোৰ শক্তিৰ তৰঙ্গ ৷ আইনষ্টাইনে প্ৰমাণ কৰি গৈছে যে 

                     E = mc^2

মানৱ প্ৰজাতিৰ ভিতৰত উচেইন বল্টে ৯-৫৮ ছেকেণ্ডত ১০০ মিটাৰ অতিক্ৰম কৰাৰ কীৰ্তিমান স্থাপন কৰিছে ৷ এই বেগক পোহৰৰ বেগৰ লগত তুলনা কৰি চাওঁক : ১ ছেকেণ্ডত ৩,০০,০০০ কিলোমিটাৰ ৷ এই গতিবেগত আমাৰ দৰে ভৰ থকা সকলো বস্তু শক্তিপূঞ্জলৈ ৰূপান্তৰিত হ’ব আৰু আমি পাম এখন অপাৰ্থিব, ভাৰচুৱেল বিশ্ব ! মহাকাশৰ সীমা নাই আৰু তাৰ পৰা লাভ কৰিব পৰা সম্ভাৱনাৰো অন্ত নাই ৷ সেয়ে ইন্টাৰনেটত আমি নতুন-নতুন অনেক কিবা সম্ভৱ হোৱা দেখা পাওঁ ৷ এনে এক সম্ভৱ হোৱা সম্ভাৱনা হ’ল ক্ৰিপ্ত’কাৰেঞ্চী৷ 

বাহুল্য নকৰি আমাৰ প্ৰশ্নকেইটাৰ উত্তৰ সহজভাৱে দিবলৈ চেষ্টা কৰা যাওক ৷ 

১. ক্ৰিপ্টোকাৰেঞ্চী হ’ল ডিজিটেল মুদ্ৰা বা অংকীয় মুদ্ৰা যাক আধুনিক প্ৰযুক্তিৰে এন্‌ক্ৰিপ্‌চনৰ ৰক্ষা কৱচ পিন্ধোৱা হয় ৷ ইয়াৰ ফলত এই মুদ্ৰাৰ সৃষ্টি আৰু হস্তান্তৰণ নিৰীক্ষণ কৰিব পৰা যায় ৷ ৰিজাৰ্ভ বেংকৰ দৰে কোনো কেন্দ্ৰীয় বেংকৰ অবিহণে এই মুদ্ৰাৰ প্ৰচলন হয় ৷ এইখিনিতে প্ৰশ্ন উঠে এন্‌ক্ৰিপ্‌চন মানে কি? ডাটা এন্‌ক্ৰিপ্‌চনৰ জৰিয়তে  ডাটা এনে এক স্তৰলৈ অনা হয় যে এক গুপুত চাবিৰ অবিহনে তাক খুলিব নোৱাৰি ৷ এই চাবি হ’ল এক পাচৱৰ্ড যাক ডিক্ৰিপ্‌চন বোলা হয় ৷ এন্‌ক্ৰিপ্‌চন কৰা ডাটাক ছাইফাৰটেক্‌স্ট নামে জনা যায় আৰু তাৰ অবিহনে ডাটা সৰল টেক্‌স্ট (Plaintext) হৈ ৰয় ৷ আজিৰ দিনত ডাটাৰ সুৰক্ষাৰ বাবে সকলো সংস্থাই এন্‌ক্ৰিপ্‌চনৰ সহায় লয় ৷ তাৰ ফলত ডাটাক এনে এক কৱচ দিয়া হয় যে কোনো দুষ্টচক্ৰই বাটতে এই ডাটা চুৰ কৰিও কোনো উৱাদিহ নাপায় ৷ ডিক্ৰিপ্‌চন আনহাতে এই কৱচ আঁতৰোৱাৰ বিধি যাতে ডাটা ব্যৱহাৰোপযোগী হয় আৰু ডাটা প্ৰেৰণৰ উদ্দেশ্য সিদ্ধি হয় ৷ ইন্টাৰনেট বেংকিঙ্গ আৰু পেটিএম আদি ৱালেটেৰে কৰা সকলো লেন-দেন গ্ৰাহকে কৰাৰ লগেলগে এন্‌ক্ৰিপ্‌চন কৰা হয় আৰু সিমূৰত ডিক্ৰপ্‌চন হৈ লেন-দেনৰ প্ৰক্ৰিয়া সমাপ্ত হয় ৷ এই প্ৰক্ৰিয়া ইমান দ্ৰুত যে আমি কম্পিউটাৰ বা মোবাইল ফোনৰ পৰা আঙুলি দঙাৰ আগেয়ে প্ৰক্ৰিয়া সমাপ্ত হয় ৷ 

২. ডিজিটেল লেন-দেনৰ ক্ষেত্ৰত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে ইয়াক ব্যৱহাৰ কৰিব পাৰি যাৰ বাবে আমাৰ প্ৰচলিত মুদ্ৰাৰ দৰে মুদ্ৰান্তৰণৰ প্ৰয়োজন নহয় ৷ 

৩. প্ৰতি বিধ ক্ৰিপ্টোকাৰেঞ্চী ব্লক্‌ছেইন প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল ৷ এই বিষয়ে আমি পাছত আলোচনা কৰিম ৷ ক্ৰিপ্টোকাৰেঞ্চী বিকেন্দ্ৰীত, সুৰক্ষিত আৰু সলনি কৰিব নোৱৰা ৷ প্ৰতিটো লেন-দেন এন্‌ক্ৰিপ্তিত ৷ এন্‌ক্ৰিপ্‌চনৰ ফলত ই এটা গোট বা ব্লকৰ অংশ হৈ পৰে ৷ নিৰ্দিষ্ট সংখ্যক ব্লক সৃষ্টি হ’লে সেই ব্লক এক শৃংখলত যোগ হয় যাক ব্লক্‌ছেইন বোলা হয় ৷ এই শৃংখল সৰ্বজনৰ বাবে উপলব্ধ ৷

এই ব্লকবোৰ গণিতৰ জটিল সাঁথৰৰ দৰে যাৰ সমিধানৰ বাবে প্ৰয়োজন অতি উন্নত মানৰ কম্পিউটাৰ ৷ এই সাঁথৰৰ সমিধান উলিয়াই সাৰ্বজনিক ব্লক্‌ছেইনত যোগ দিয়াই থুলমুলকৈ এই মুদ্ৰাৰ সৃষ্টিৰ প্ৰক্ৰিয়া, যাক ইংৰাজীত মাইনিং (খনণ) বোলা হয় ৷ হিচাপ-কিতাপৰ বহীত (লেজাৰ) একোটা হিচাপ লিখাৰ সমকক্ষ এই প্ৰক্ৰিয়াটো ৷ এইদৰে সৃষ্টি হোৱা মুদ্ৰাৰে সমিধান উলিওৱাসকলক পুৰস্কৃত কৰা হয়; এয়েই তেওঁলোকৰ মাচুল ৷ এনে পুৰস্কাৰৰ ফলত সেই বিশেষ মুদ্ৰাবিধৰ প্ৰচলন বাঢ়ি যায় ৷

৪. সচৰাচৰ উপলব্ধ মুদ্ৰা, যেনে টকা, ডলাৰ, আদিৰ তুলনাত এনে মুদ্ৰাৰ ব্যৱহাৰ সহজ, কাৰণ RBI-ৰ দৰে কোনো কেন্দ্ৰীয় বেংকৰ হস্তক্ষেপ ইয়াত নচলে ৷ (বিমুদ্ৰীকৰণৰ কথা জানোঁ পাহৰিব পাৰি?) ৷ দুবিধ মুদ্ৰাৰ মাজত হোৱা তাৰতম্য বা অস্থিৰতাৰ প্ৰশ্নও ইয়াত নাই ৷ ই সম্পূৰ্ণ সুৰক্ষিত আৰু অপৰিবৰ্তনীয় ৷ ইয়াৰ লেন-দেন কৰাজনৰ বিষয়েও শুংসূত্ৰ পোৱা নাযায়, কাৰণ গোপনীয়তাই ক্ৰিপ্টোকাৰেঞ্চীৰ মূলমন্ত্ৰ। লেন-দেনৰ হিচাপও কেন্দ্ৰীভূত নহয়, গতিকে কোনো ব্যক্তি বা সংস্থাৰ নিয়ন্ত্ৰণ ইয়াত নচলে ৷ 

৫. এতিয়া ক্ৰিপ্টোকাৰেঞ্চীৰ ভেটিস্বৰূপ ব্লক্‌ছেইনৰ কথা কওঁ ৷ চাটোছি নাকামোটো (Satoshi Nakamoto) ছদ্মনামৰ কোনো ব্যক্তি অথবা ব্যক্তিৰ সমষ্টিৰ চিন্তাৰ ফল এই ব্লক্‌ছেইন ৷ লাহেলাহে ই বিশালতৰ হৈ পৰিল ৷ ডিজিটেল সূচনা সকলোৰে বাবে লভ্য অথচ নকল কৰিব নোৱাৰা পদ্ধতিৰ জৰিয়তে এক নতুন ইন্টাৰনেটৰ সৃষ্টি হয় ৷প্ৰথমে বিতকইনৰ বাবে উদ্ভুত এই প্ৰযুক্তিৰ আৰু অনেক ব্যৱহাৰ পৰিলক্ষিত হৈছে। 

ব্লক্‌ছেইননো কি? ই হ’ল প্ৰদুষিত কৰিব নোৱাৰা ডিজিটেল হিচাপৰ বহী (Ledger) যাৰ জৰিয়তে কেৱল আৰ্থিক লেন-দেনেই নহয়, সকলো মূল্যবান লেন-দেন টুকি থ’ব পৰা যায় ৷ Excel বা তেনে ধৰণৰ spreadsheet-ৰ কথা আমি সকলোৱে জানোঁ ৷ অসংখ্য কম্পিউটাৰত এনে এখন স্প্ৰেদ্‌ছিট ব্যৱহাৰ কৰি আৰু তাৰ কাম আগবঢ়াই নিলে যি পোৱা যাব সেয়ে ব্লক্‌ছেইনৰ ভেটি ৷ ব্লক্‌ছেইনৰ সূচনাসমূহ (information) সকলোৱে পাব পৰাকৈ আৰু অনবৰত মিট-মাট (reconciliation) হৈ ডাটাবেচ(database)ত থাকে ৷ কেন্দ্ৰীভূত নোহোৱাৰ বাবে এই ডাটা ইন্টাৰনেটৰ জৰিয়তে সাৰ্বজনীন আৰু সহজেই নিৰীক্ষণ কৰিব পাৰি ৷ ফলত কোনো দুঃচক্ৰই এই ডাটা প্ৰদুষিত কৰিব নোৱাৰে ৷ 

আমি সৰ্বসাধাৰণতে কোনো Microsoft Word বা Excel-ত কৰা কাম আন এজনলৈ পঠাওঁ যিজনে তাত সালসলনি বা শুধৰণি কৰি ঘূৰাই পঠায় ৷ যেতিয়ালৈকে ঘূৰি নাহে তেতিয়ালৈকে আমি বাট চাব লাগে যাতে আন কিবা সালসলনিৰ প্ৰয়োজন থাকিলে কৰিব পৰা হয় ৷ দুয়োজনে একে সময়তে সেই ডাটাত কাম কৰিব নোৱাৰে ৷ কিন্তু ব্লক্‌ছেইন প্ৰযুক্তিত এজনতকৈ অধিক ব্যক্তিয়ে একে সময়তে কাম কৰিব পাৰে আৰু ইজনৰ কাম সিজনৰ দৃষ্টিগোচৰ হয় ৷ এইদৰে আটায়ে মিলি কাম কৰি তাৰ বিনিময়ত হোৱা লাভৰ অংশীদাৰ হয় ৷ সমাধা কৰা ব্লক শৃংখল (chain)-ত যোগ হয় আৰু ব্লক্‌ছেইনৰ সৃষ্টি হয় ৷ আমি আগেয়ে দেখিছোঁ যে এই ব্লকবোৰ জটিল গাণিতিক সাঁথৰৰ দৰে আৰু উন্নতমানৰ কম্পিউটাৰেহে এই সাঁথৰ ভাঙিব পাৰে ৷ ব্লক সমাধা হোৱাৰ ফলত ক্ৰিপ্টোকাৰেঞ্চীৰ উদ্ভৱ হয় আৰু এই ব্লক সমাধা কৰাত যাৰ যাৰ হাত আছে, সেই সকলোকে তেওঁলোকৰ অৱদান অনুসৰি এই অংকীয় মুদ্ৰা (cryptocurrency) ভগাই দি সেইবিধ ক্ৰিপ্টোকাৰেঞ্চীৰ প্ৰচলিত পৰিমাণ বৃদ্ধি কৰা হয় ৷ এইদৰে প্ৰতিজনৰ ভাৰচুৱেল একাউন্টত থকা মুদ্ৰাৰ পৰিমাণ বাঢ়ি যোৱাত লেন-দেনো বাঢ়ি যায় আৰু ভাৰচুৱেল মুদ্ৰাৰে পাৰ্থিব বস্তু ক্ৰয় কৰাত পাৰ্থিব আৰু অপাৰ্থিব বিশ্বৰ মিলন
 হয় ।
প্ৰণৱ ফুকন 
——————————————————
সুধাকণ্ঠৰ শৰৎ বন্দন
 সঞ্চিতা বৰা
      হাজাৰ শ্ৰোতাৰ বাবে গীত ৰচি ভাগৰি নপৰা, কৃষ্টিৰ পথাৰে পথাৰে লৱৰি ঢাপৰি শব্দ, সুৰ আৰু কণ্ঠেৰে জীৱনক জগাই তোলাজন সুধাকণ্ঠ। তেওঁৰ প্ৰতিটো গানত জীৱনবোধ আৰু সমাজচেতনা দুইটাই সবেগ। সমাজ সংস্কৃতিৰ ধাৰক আৰু বাহক জনতাৰ প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাৰ গীতত কথা আৰু সুৰৰ হৰগৌৰী মিলন। সুধাকণ্ঠৰ গান মানেই পোহৰৰ গান, বাট হেৰুৱাজনৰ বাবে সাহস। তেওঁ যাযাবৰ আছিল যদিও বুকুত লৈ ফুৰিছিল পণ। তেওঁ গীতেৰে প্ৰেমৰ সাতোৰঙী ৰামধেনু সজাইছিল। মানৱ জীৱনৰ আলসুৱা অনুভৱ আৰু সিবিলাকৰ সূক্ষ্ম বিশ্লেষণে তেওঁ সৃষ্টিসমূহক ব্যক্তিগত স্তৰৰ উৰ্ধলৈ লৈ গৈছিল।
জীৱন শিল্পীজনৰ প্ৰিয় ঋতু শৰৎ। কঁহুৱা, শৰালি, নিয়ৰ, শেৱালি আৰু আলসুৱা মেঘৰ ছবিয়ে ভৰ কৰা গীতবোৰ শুনিলে এনে লাগে তেওঁ যেন শৰতৰ গায়ক। শাৰদীয় খিৰিকী মুখত ৰৈ তেওঁ বুকুৱে বিচৰাজনলৈ বাট চায়। শৰতৰ চঞ্চল মেঘ চপৰাক তেওঁ মহানগৰৰ কৃত্ৰিম বিজুলী চাকিৰ জকমকীয়া সন্ধ্যাতো কল্পনা কৰিছে। 
নিয়ন চাকিয়ে সৌৱা চকু টিপিয়ায়
শৰৎ সন্ধ্যা মহানগৰী সজায়
মাদকতা সানি আজি লিখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়
অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ বাবে শৰতেই যেন শ্ৰেষ্ঠ ঋতু।  সৰা শেৱালিৰ শুকুলা বাটত সুৰ সিঁচি তেওঁ ৰচি থৈ যোৱা শৰতৰ সম্পূৰ্ণ বৰ্ণনাযুক্ত এটি গীত হৈছে “তোমাৰ উশাহ কঁহুৱা কোমল----” এই গীতটিত প্ৰতিফলিত হোৱা শাৰদীয়া চেনেহীজনীজনীৰ মাদকতাভৰা জীৱন্ত ছবিখন অদ্বিতীয়। সুন্দৰ চিত্ৰকল্পৰে সাৰ্থক এই গীতটিত শৰৎ ঋতুৰ  প্ৰতিটো অংগৰ উল্লেখে এক কোমলতা কঢ়িয়াই আনিছে। এইসমূহ অংগৰ লগত পৰিঘটনা একোটাৰ নান্দনিক সংযোগও স্পষ্ট; যেনে, কঁহুৱা কোমল উশাহ, শেৱালি কোমল হাঁহি, সৰাপাতৰ ৰুণুক জুনুক।  সৰু বালিমাহীজনী, গাল মুখত সনা নিয়ৰ, শেৱালিৰ বিছনা, মেঘৰ আঁৰৰ  শৰালি এই সকলোবোৰে  মন প্ৰাণত যেন শীতলতা আনে। গীতটি শুনাৰ পিছত প্ৰতিজন শ্ৰোতাই হৈ পৰে শৰতৰ আজন্ম প্ৰেমিক।
শব্দৰ তুলিকাৰে অঁকা শৰতৰ আন এখ্ন ছবি "শাৰদী ৰাণী  তোমাৰ হেনো নাম---" এই গীতটি। শাৰদীয় সৌন্দৰ্যত মোহাবিষ্টহৈ শৰতক প্ৰেয়সী সজাই সুধাকণ্ঠই গাইছে-
শাৰদী ৰাণী 
তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
গীতটিৰ কথা আৰু সুৰে যেন শ্ৰোতাক ৰাগী লগায়। কুঁৱলী সূতাৰ পাতল ৰিহাখনিৰ কল্পনা কৰিলেই এক মায়াময় জগতত প্ৰৱেশ কৰিব পাৰি। শৰতৰ অনুৰূপ পৰিৱেশত কাল পাৰ কৰি অহাসকল হৈ পৰে নষ্টালজিক। গীতটিত শৰতৰ লগত আংগিক সম্পৰ্ক থকা কোনো এটা উপাদানেই বাদ পৰা নাই ; শুভ্ৰ নীলা, থৰ লগা বিল, কপাহ মেঘ, সোণালী ৰ’দ, সেউজী ঘাঁহনি- এই সকলোবোৰৰ সমাহাৰেই শৰৎ। শাৰদী ৰাণীহৈ সাজোন কাচোন কৰি প্ৰকৃতি হৈ উঠে সদ্যস্নাতা ৰূপহী। 
সৌন্দৰ্য মগন সুধাকণ্ঠই শৰতক লৈ আন এখন ছবি তুলি ধৰিছে “শৰতৰ শেৱালিৰ নতুন নিয়ৰ---” গীতটিত। একে সময়তে এই গীতটি গভীৰ দাৰ্শনিক ভাব সম্বলিত। 
নিয়ৰ বিন্দু হ’ল জীৱন দাপোণ
তাতেই দেখো মই আশাৰে সপোন
প্ৰচণ্ড সৰ্বশুভবাদে গীতটিক এক অনন্য ৰূপ দিছে-
মুক্ত মুক্ত কঁহুৱাৰ নাচোনে
হঁহুৱায় নিৰাশাৰ ফাঁকে ফাঁকে
শৰতৰ সৰাপাতৰ ৰুণুক জুনুক শব্দত আছন্ন গীতিকাৰ ভূপেন হাজৰিকাই কিন্তু ৰিক্ত ৰিক্ত মনক মুঠেও আদৰণি জনাব বিচৰা নাই, তাৰ সলনি তেওঁ আকাশ দেখিহে মুগ্ধ। তেওঁৰ উপলব্ধিত—
শুকুলা ডাৱৰৰ পতাকা উৰুৱাই 
মুকুতিৰ গীত গায় শৰালি জাকে 
সুধাকণ্ঠৰ নিজৰ কথাতেই— “মোৰ গানবোৰ একো একোখন পেইণ্টিং।” হয়, শৰতক লৈ লিখা, সুৰ কৰা আৰু গোৱা তেওঁৰ গানবোৰ সচাঁই একো একোখন সতেজ ছবি। ড° অমৰ জ্যোতি চৌধুৰীৰ ভাষাত “কাৰ মাতত বাৰু উজলি উঠিছিল আমাৰ শৈশৱ, কৈশোৰ আৰু যৌৱন?” এই প্ৰশ্নটোতেই স্পষ্টহৈ আছে যথাৰ্থ উত্তৰটি। বৰ্তমানৰ সময়ত মানৱ জীৱনৰ যান্ত্ৰিক ব্যস্ততাই সুকোমল অনুভুতিবিলাক যেন মোহাৰি পেলাইছে। এনে সময় বা পৰিস্থিতিত সুধাকণ্ঠৰ গীত মানেই আত্মিক আলোড়ন সৃষ্টিকাৰক এক স্বকীয় সত্তা।
সঞ্চিতা বৰা 
সহযোগী অধ্যাপক
নগাঁও ছোৱালী মহাবিদ্যালয়
———————————————————
সংস্কৃত শিকাৰ সহজ পাঠ-১
------------------------------------------
চিন্ময়ী দাস

পৰিচয় : সংস্কৃত হিন্দু আৰু বৌদ্ধধর্মীলোকসকলৰ বাবে পৱিত্র দেৱভাষা । সংস্কৃত ভাষাক সুৰভাৰতী বুলিও কোৱা হয়।  ই এটি ঐতিহাসিক ইন্দো-ইউৰোপীয় ভাষা। সংস্কৃত ভাষাক বৈদিক সংস্কৃত আৰু লৌকিক শাস্ত্রীয় সংস্কৃত এই দুটা ৰূপত জনা যায়। বৈদিক সংস্কৃত লৌকিক সংস্কৃতৰ প্রাচীন ৰূপ বুলি কোৱা হয়। ঋৃকবেদ (বৈদিক সংস্কৃতত লিখিত)  পৃথিৱীৰ আটাইতকৈ প্রাচীন লিখিত পুথি হোৱা বাবে  সংস্কৃতক পৃথিৱীৰ আটাইতকৈ প্রাচীন ভাষা বুলিও বহুতে কয়। সংস্কৃত সংস্কাৰিত ভাষা , মহর্ষি পাণিনী লগতে মহর্ষি কাত্যায়ন, মহর্ষি পতঞ্জলীয়েও এই ভাষা বহুক্ষেত্রত সংস্কাৰ কৰিছিল বুলি উল্লেখ আছে। পাণিনীয়ে পোনপ্রথমে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল।
     প্রবাদ আছে যে ব্রহ্মাই সৃষ্টি, বিষ্ণুই পালন আৰু মহেশ্বৰে লয় প্রলয় বিষয়ত স্থিত হৈ ওম্ ( অ-উ-ম )মহাশব্দৰে সকলো এককাৰ কৰি ক্ষিতি-অপ্-তেজ-মৰুত-ব্যোম পঞ্চভূতেৰে জীৱ সৃষ্টি কৰি সুমধুৰ লয়যুক্ত সংস্কৃত ভাষা সৃষ্ট কৰি সকলোকে সংস্কাৰ কৰে। সংস্কৃত ভাষা প্রাচীন ভাৰতীয় সভ্যতা , সংস্কৃতি, সাহিত্যৰ দর্পণ। প্রাচীন গ্রন্থৰাজি বেদ উপনিষদ শাস্ত্র সকলোবোৰ সংস্কৃত ভাষাত ৰচিত। পূজা-পাঠ,মন্ত্র আদিও সংস্কৃত ভাষাতে লিখিত। সংস্কৃত ভাষাৰ জ্ঞান অবিহনে আমাৰ পূর্বপুৰুষৰ সভ্যতা সম্পর্কে জানিব নোৱাৰো। যিয়ে নিজৰ ইতিহাস নাজানে সিজনা প্রকৃত জ্ঞানীও হ'ব নোৱাৰে।  সংস্কৃত ভাষা প্রায়খিনি ভাৰতীয় ভাষাৰ মাতৃ। ইয়েই  চহকী কৰিছে সকলো প্রাদেশিক ভাষা। সংস্কৃত আমাৰ ভাষা । যাৰ অবিহনে নিজকে প্রকৃত ভাৰতীয় ৰূপে চিনাকী দিব নোৱাৰি। বর্তমান সংস্কৃত ভাৰতৰ ২২টা প্রধানৰ ভাষাৰ ভিতৰত অন্যতম আৰু উত্তৰাখণ্ড ৰাজ্যৰ চৰকাৰী ভাষা।
     বর্তমান বিদেশৰ মাটিতো সংস্কৃত আকোৱালী লৈছে। প্রতিজন বিদেশীয়ে চীন দেশৰ প্রতিজন মানুহে কংফু কাৰাটে জানে বুলি ভবাৰ দৰেই  আমি ভাৰতীয় সকলে সংস্কৃত জানো বুলি আন দেশৰ মানুহে ভাবে। সংস্কৃত আমাৰ ভাষা। আমাৰ সন্মান আমাৰ সম্পদ। পাশ্চাত্যৰ কবলত পৰি আমি নিজক পাহৰি যাব ধৰিছো। বর্তমান নতুন নতুন ভাষা শিকাৰ ইচ্ছা ল'ৰা ছোৱালীৰ মাজত বৃদ্ধি পাইছে । যদিও এইক্ষেত্রত সংস্কৃতৰ প্রচাৰ প্রসাৰ কম হৈ থকা পৰিলক্ষিত হয়। সেয়েহে ভাষামাতৃ সংস্কৃতৰ বাবে এয়া এক ক্ষুদ্র প্রয়াস।

সংস্কৃত বর্ণ পৰিচয় :
============
                ব্যঞ্জন বর্ণ (উচ্চাৰণসহ)
क (ক)    ख (খ)        ग (গ)        घ (ঘ)      ड• (ঙ)      
च (চ)       छ (ছ)       ज (জ)       झ (ঝ)      ञ (ঞ)
ट (ট)        ठ (থ)        ड (ড)       ढ(ঢ)        ण (ণ)
त (ত)       थ (থ)        द (দ)        ध (ধ)        न (ন)
प (প)       फ (ফ)      ब (ব)        भ (ভ)        म (ম)
य (য)        र (ৰ)        ल (ল)        व (ৱ)
श (শ)       ष (ষ)        स (স)       ह (হ)

                   স্ৱৰ বর্ণ (উচ্চাৰণসহ)
अ (অ)      आ (আ)       इ (ই)       ई (ঈ)
उ (উ)      ऊ (ঊ)      ऋ (ঋ)      ॠृ (ঋৃ)      लृ (৯)
ए (এ)        ऐ (ঐ)      ओ (ও)       औ (ঔ)

                    অনুস্ৱাৰ (ং)= अं
                       বিসর্গ (ঃ) = अ:
                     চন্দ্রবিন্দু (ঁ) = 'ँ'
    হসন্ত বা হলন্ত চিন ( ৎ) ='্'
     লুপ্ত অ (আধা মাত্রা হ) = s

      ইয়াৰোপৰি "लृृ" বুলি এটা বর্ণ আছে যদিও ইয়াৰ ব্যৱহাৰ অতি বিৰল । "s" ক অৱগ্রহ  চিন বুলিও কোৱা হয় । অসমীয়াত ব্যৱহৃত ড়, ঢ়, য আখৰকেইটা সংস্কৃতত নাই। অসমীয়াত ক্ষ এটা স্বতন্ত্র বর্ণ যদিও সংস্কৃতত ক্ষ এটা যুক্তাক্ষৰ , ক+ষ=ক্ষ। সংস্কৃতত অনুস্বাৰ হ'ল ম্(হসন্ত ম)ৰ সলনি ব্যৱহাৰ কৰা চিন। বিসর্গ সদায় এটা স্বৰ বর্ণ বা স্বৰযুক্ত বর্ণৰ পিছত বহে।
        যি আখৰেৰে সংস্কৃত লিখা হয় তাক "নাগৰী" বা "দেৱনাগৰী" আখৰ বা লিপি বোলে।
        সংস্কৃতৰ স্বৰবর্ণ ১৩টা । তাৰে হ্রস্বস্বৰ ৫টা (अ, इ, उ, ऋ, लृ) আৰু দীর্ঘস্বৰ ৮ টা (आ, ई, ऊ, ॠृ, ए, ऐ, ओ, औ )।
         সংস্কৃতৰ ব্যঞ্জন বর্ণ ৩৩টা । তাৰে ২৫টা স্পর্শ বর্ণ ('क'ৰ পৰা 'म' লৈ)। অন্ত:স্থ বা অর্ধস্বৰ বর্ণ ৪টা (य, र,  ल, व)। উষ্ম বর্ণ ৪টা (श, ष, स, ह)। ड•, ञ, ण, न , म ক অনুনাসিক বা নাসিক্যবর্ণ বোলে। সংস্কৃত বর্ণ ৪৬টা।
        সংস্কৃতৰ উচ্চাৰণ সদায়ে শুদ্ধ আৰু স্পষ্ট হ'ব লাগে। অসমীয়াত যুক্তাক্ষৰ হ'লে বর্ণৰ উচ্চাৰণ বেলেগ হৈ পৰে যদিও সংস্কৃতত তেনে নহয়। ইয়াত প্রতিটো বর্ণৰে উচ্চাৰণ স্পষ্টভাৱে ফুটি উঠিব লাগে।
                  স্বৰবর্ণৰ চিনসমূহ
                --------------------
आ='ा'  ,     इ='ि'  ,   ई='ी'  ,  उ='ु'  , ऊ='ू'
ॠ='ृ' ,      ॠृ='ृृ'    लृ='लृ' ,   ए='े' ,   ऐ='ै'
ओ='ो' ,      औ='ौ'

সহজ সংস্কৃত  শব্দ : (উচ্চাৰণ আৰু অর্থসহ)
==========================
    শব্দ         উচ্চাৰণ         অর্থ
----------     ---------     --------
अ=असम:    (অসমহ্)      =অসম
आ= आम्रम्   (আম্রম)       =আম
इ= इक्षु:        (ইক্ষুহ্)         =কুঁহিয়াৰ
ई=ईस:         (ঈশহ্)          =ঈশ্বৰ
उ=उद्घाटनम् (উদঘাটনম) =উদঘাটন কৰা
ऊ=ऊर्णा     (ঊর্ণা)            =ঊণ
ॠ=ॠषि      (ঋষি)            =ঋষি
ए= एडका    (এদকা)         =গাহৰি
ऐ= ऐरावत:   (ঐৰাবতহ্)    =হাতী
ओ= ओष्ठ:    (ওষ্ঠহ্)           = ওঁঠ
औ=औषधम् (ঔষধম্)        =ঔষধ
अं= अंशुकम् (অংশুকম্)   =কাপোৰ
अ:= गज:      (গজহ্)         =হাতী
क=कमलम्   (কমলম্)      =পদুম
ख=खग:        (খগহ্)         =চৰাই
                       (আগলৈ)
চিন্ময়ী দাস 
কামৰূপ ( গ্ৰাম্য )
(ফোন - ৮৪৭৪৮২৫৩১১)
———————————————————
                     নষ্টালজিয়া
পথাৰত লেচেৰি বোটলা আৰু চেচোঁৰ খন্দা
ড° অৰ্চনা পূজাৰী

 আমাৰ যৌথ পৰিয়ালত খেতি বাতি যথেষ্ট আছিল। কিন্তু পথাৰৰ কাম বন বিশেষকৈ হাল বোৱা৷মৈ টনা কামবোৰ আনৰ দ্বাৰা কৰোৱা দেখিছিলোঁ৷যি নহওক আমি খুৰাহঁতৰ লগত আহাৰ শাওণ মাহত হালোৱাক জলপান আৰু চাহ দিবলৈ গৈছিলোঁ ৷দেউতাই যিহেতু চাকৰি কৰিছিল সেয়ে আমাক অলপ আনতকৈ সা-সুবিধা বেছিকৈ দিছিল  আৰু পঢ়াৰ বাহিৰে আন কাম কৰি ঘূৰি ফুৰিব নিদিছিল ৷কিন্তু আমি পঢ়া শুনা কৰাৰ মাজতে সুবিধা পালেই  কোনোবা যোৱা দেখিলেই পথাৰলৈ দৌৰ মাৰিছিলোঁ । মৈ দিয়া পথাৰৰ কোমল মাটিৰ লেপন দিয়া যেন লগা পথাৰখনত কঠীয়া ৰুবলৈ নমা ৰোৱণীবোৰৰ লগতে আমিও নামি পৰিছিলোঁ৷
বোকা মাটিৰ পৰশ ইমান ভাল লগা আছিল ৷কিন্তু পথাৰত লেচেৰি বোটলা আৰু চেচোঁৰ খন্দা দিনবোৰ ৰোৱনীবোৰৰ কষ্টকৰ কাম দেখি দুখো পাইছিলোঁ ৷
পথাৰৰ আলিবোৰৰ কাষত আমি চেচোঁৰৰ গছ বিচাৰি খান্দি ডাঙৰ চেচোঁৰ পালে আমি আনন্দত ক’ব নোৱৰা হৈছিলোঁ ৷  ঠিক তেনেদৰে দাৱনীবোৰে ধান দাই যোৱাৰ পিছত অ’ত ত’ত পৰি থকা লেচেৰি বুটলি অনাতো আমাৰ এটা দৰকাৰী কাম যেন হৈছিল৷
 খুৰাহঁতে হাল বোৱা কাম নকৰিলেও দাঙৰি বন্ধাৰ বাবে টঙাল তোলা দেখিছিলো৷দাঙৰি বান্ধি ঘৰলৈ নিওঁতে ধানৰ জিৰ জিৰ ছন্দায়িত গতিৰ লগে লগে আমি সৰু ল’ৰাছোৱালীৰ জাকটোৱে নাচি বাগি ঘৰমুৱা হৈছিলো৷
পথাৰলৈ যোৱা বাটত কেইবাটাও বৰ পুখুৰী 
আছিল ৷
বৰ পুখুৰীৰ পাৰেদি যাওঁতে ভয় ভয় কৈ গৈছিলো ৷
কিজানি  বুঢ়ী আইৰ সাধুৰ তেজাৰ মাহীমাকজনী ওলাইহি আৰু পলকতে টানি নি কাছ হগৈ যা বুলি মুৰত কাইঁটৰে বিন্ধি পানীলৈ ঠেলা মাৰি দিয়ে ৷
ড° অৰ্চনা পূজাৰী
অৱসপ্ৰাপ্ত অধ্যাপিকা 
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়
গুৱাহাটী
———————————————————
মুম্বাই পদ পথত ফুল বেচা ছোৱালীবোৰ
মৌচুমী দাস

কৌতুহল সামৰিব নোৱাৰি কেতিয়াবা সুধিয়েই দিও সিহঁতৰ নামবোৰ । লাজ, সংকোচ কৰি কয় কোনোজনীৰ নাম যদি সুৰেখা কোনোজনীৰ বাসন্তী আকৌ কোনোজনীৰ নাম সাক্ষী, অস্বিনী,ফৰিদা,  ইত্যাদি 

ফুলৰ দৰেই কুমলীয়া  সিহঁতৰ বয়স । ফুল বুটলি খেলা শৈশবৰ বিপৰীতে সিহঁতে ফুল বেচি জীৱন সংগ্ৰাম কৰে। এই যে পদ পথত ফুল বেচি ফুৰে ছোৱালীবোৰ । এমুঠি অন্ন যোগাৰ কৰাৰ বাট বিচাৰি লয়  । মুম্বাই পথত দৈনন্দিন চিত্ৰ এইয়া ।  সিহঁতবোৰক  দেখিলে বুজা যায় দৰিদ্ৰ সীমাৰেখাৰ তলত সিহঁতৰ 
জীৱন ।

 স্কুলীয়া প্ৰাথমিক শিক্ষাৰ পৰা বহু নিলগত এই অকনমানি ছোৱালীবোৰৰ অপুষ্টিত ভোগা চেহেৰা ,ৰুক্ষ চুলি,আৰু শীৰ্ণ হাতত জিলিকি ৰয় বেচিবলৈ বুলি অনা ফুলৰথোপাবোৰ নতুবা বিভিন্ন ফুলৰে গঁথা একোডাল 
মালা ।
 
         মিশ্ৰিত ভাষাৰে কথা পতা ছোৱালীবোৰ  ভাৰতৰ বিভিন্ন প্ৰদেশৰ সৰু চিনাকী এটা দি যোৱাৰ উমান পোৱা যায় ফুলবোৰৰ দামদৰ কৰাৰ সময়ত । অনুভব হয়  কোনোবা ফুল ব্যবসায়ীয়ে সিহঁতক নিয়োগ কৰে অতি কম পইচাৰ বিনিময়ত । দিনটোৰ ৰোজগাৰ উলিয়াই লোৱা  সৰু ছোৱালীবোৰৰ দিনটোৰ আহাৰ  এটা হয়তো বৰাপাও নতুবা দুখন ৰুটি ।
           প্ৰায়েই দেখা যায় পদপথত সিহঁতৰ ফুল বেচা বজাৰখন নতুবা কোনোবা  মন্দিৰৰ  সন্মুখত । মই প্ৰায়েই লও সিহঁতৰ পৰা ফুল গৃহস্থৰ বাধা নামানি । সিহঁতৰ নিস্প্ৰভ চকুবোৰত অলপ আশা দেখি সুখ পাও যেতিয়া এপাহ ফুল কিনো । দিনৰ দিনটৌ ৰৈ থাকে গ্ৰাহকৰ আশাত । কোনোবা এজনীৰ পৰা কিনিলেই কেইবাজনীয়ে  একেলগে জুম বান্ধি ধৰে কেতিয়াবা ।  কোনে গ্ৰাহকক আকৃষ্ট কৰিব পাৰে প্ৰতিযোগিতা এটাও চলে সিহঁতৰ মাজত । ভালকৈ নিৰীক্ষণ কৰিলে বুজিব পাৰি । বিশেষকৈ ট্ৰেফিক পইন্টত যানজোঁটৰ সময়কন  সিহঁতৰ বজাৰখন প্ৰকট হৈ পৰে । 
           
           ৰ'দ বৰষুনলৈ  কোনো ভ্ৰুক্ষেপ নাই। বৰষুণত  তিতা শৰীৰত কেতিয়াবা মই সিহঁতৰ দেহত অজন্তা ইলোৰাৰ ভাস্কৰ্য্য হে দেখা পাও । থুতৰিলৈকে বৈ  অহা বৰষুণৰ টোপালত কোনোজনীৰ এনে সৌন্দৰ্য্য  ।
           
   কোনোজনীৰ  হাতত কেতিয়াবা সৰু সৰু টোপনিত লালকাল যোৱা কেঁচুৱাও দেখা পোৱা যায় । হয়তো  ভাতৃ ভগ্নী । দুৰ্বোধ্য।

     ফুলবোৰ  সাধাৰণতে গোলাপ , নাৰ্জী ,মোগৰা, ৰজনীগন্ধা । প্লাষ্টিকৰে মেৰিওৱা ফুলৰ থোপাও দেখা যায় । আৰু  সিহঁতৰ  হাতত প্ৰায়বোৰৰে  চিচাৰ খাৰু ভৰিত জুনুকা , নাকত নাকফুল ।  এক বিচিত্ৰ  ছবি।
মৌচুমী দাস
মুম্বাই
———————————————————
শৈশৱৰ সেই সোণালী সুদিন
পৰী হাজৰিকা 

শৈশৱ মানেই জীৱনৰ সোণালী দিন।যি বয়সত আমি পখিলা খেদো,চিলা উৰুৱাও,লুকা-ভাকু খেলো,সমনীয়াৰ সৈতে স্ফূৰ্তি কৰোঁ,য'ত ল'ৰা-ছোৱালীৰ কোনো ভেদ ভাৱ নাথাকে,মাথোঁ থাকে অপাৰ আনন্দ।সেয়ে শৈশৱ ,জীৱনৰ সোণালী সুদিন হিচাপে অভিহিত কৰা হয়।
    
        শৈশৱত আইতাই কোৱা সাধুকথা,
জোনবাইৰ কথা,ভূতৰ কথা এইবোৰ আমাৰ বাবে বহুত আনন্দৰ কথা আছিল।জোনাকৰ তলত বহি জোনবাই এই বেজী এটি দিয়া পদ্যটি গোৱা,জোনবাইৰ ভিতৰত এজোপা তুলসী গছ আছে আৰু তাৰ তলতে মৃগ পশু চৰে বুলি আইতাই কয়,আমিও তাকে শুনি বৰ ৰং পাইছিলোঁ।আইতাৰ পকা চুলিৰ গোন্ধৰ আমেজ কি যে সুকীয়া আছিল ; আহ্‌!    

     শৈশৱত এইবোৰৰ উপৰিও লুকা-ভাকু খেলা,তাং গুটি খেলা,চুৱা-চুই খেলা কিমান যে ধুনীয়া দিন আছিল।বৰশী বোৱা,মাছ ধৰা কামবোৰো গঢ় লৈ উঠিছিল।স্কুলৰ পৰা আহি সমনীয়াৰ সৈতে খেলিবলৈ গৈ গধূলি পঢ়াৰ সময়ত টেবুলত বহি টোপনিয়াই থকা,তাকে দেখি মাৰ এচাৰিৰ কোব খোৱা ; আহ্‌ কি যে দিন আছিল!গৰম বন্ধ দিয়া দিনাখন লগৰবোৰক পানী ছটিওৱা,স্কুলৰ একেবাৰে বিদায় মুহূৰ্তত চোলাত স্মৃতি হিচাপে নাম লিখা-কি যে মধুৰ,সুন্দৰ দিন আছিল।সাধু কিতাপ পঢ়া,মৌচাক পঢ়া আদি বিভিন্ন ধৰণৰ শিশু উপযোগী কিতাপ পঢ়াৰ আনন্দই সুকীয়া আছিল।গৰমৰ বন্ধত হাঁহ পোৱালি চৰাই থকা,কাউৰী খেদা,কুলি চৰাই বিনালে কুউ-কুউ বুলি মুখে মুখে চিঞৰা আহ্‌ সঁচাকৈ কি যে দিন আছিল সেইবোৰ।  

    শৈশৱৰ নষ্টালজিবোৰে আজিও আমনি কৰে।এতিয়া চিঞৰি-চিঞৰি ক'বলৈ মন যায় মোক আকৌ শৈশৱ লাগে,শৈশৱৰ সেইদিনবোৰ মোক আকৌ ঘূৰাই দিয়া ভগৱান।

      বৰ্তমান ইণ্টাৰনেটৰ জগতখনে আমাৰ বহুতো শিশুক এই আনন্দৰ পৰা আঁতৰাই ৰখা যেন অনুভৱ হয়।তেওঁলোক প্ৰায় ভাগেই যেন এটি বন্ধ কোঠাত এটি ম'বাইল নতুবালেপ্‌টপ,কম্পিউটাৰৰ মাজতেই যেন সীমাৱদ্ধ হৈ ৰৈ গৈছে।বাহিৰৰ জগতখনৰ লগত মিলিবলৈ,অলপ খেলিবলৈও যেন সময়ৰ নাটনি।ফলত তেওঁলোক হৈ পৰিছে অন্ত:মুৰ্খী।আজিৰ শিশু সকল প্ৰায়েই ম'বাইলত গেম খেলাতেই যেন ব্যস্ত হৈ থাকে।তেওঁলোকক যেন ইণ্টাৰনেটে শৈশৱৰ সোণালী দিনবোৰৰ পৰা আঁতৰাই ৰাখিছে।পিছে কিয় এনেকুৱা হৈছে?একৈশ শতিকাৰ যুগৰ প্ৰভাৱত নে গোলকীকৰণৰ বাবে নে আমাৰ একাংশ অভিভাৱক-অভিভাৱিকাৰ অন্যমনষ্কৰ বাবে?তেওঁলোকক শিকাওক,কওঁক শৈশৱৰ সোণালী সময়ৰ কথা।কেনেকৈ পখিলা খেদিব লাগে,কেনেকৈ চিলা উৰুৱাব লাগে,কেনেকৈ ফুলৰ সৈতে কথা পাতিব লাগে।শৈশৱ মানেই তেওঁলোক এটি ফুলৰ কলি।কলিবোৰক ফুলিবলৈ দিয়ক,তাৰবাবে সাৰ-পানীৰ প্ৰয়োজন।তেওঁলোকক ভিতৰৰ জগতখনৰ পৰাই উলিয়াই আনি শিকাওক টাংগুটি খেলিবলৈ লুকা-ভাকু খেলিবলৈ,ৰমেন,যদু,মধুহঁতৰ লগত আম পাৰি খাবলৈ।সঁচাকৈয়ে বৰ্তমান যেন সকলো কালৰ গৰ্ভত হেৰাই গৈছে।

     আমাক আকৌ সেই শৈশৱ লাগে য'ত জীৱনৰ কোনো অৰ্থ বিচৰা নাছিলো,জীৱন মানে কি বুজা নাছিলো,সুখ-দুখ কি বুজি পোৱা নাছিলোঁ মাথোঁ বিচাৰি পাইছিলোঁ আনন্দ,স্ফূৰ্তি।এতিয়া যেন যৌৱনে জীৱনৰ পৰা সেই দিনবোৰ কাঢ়ি নিলে।কেতিয়াবা সেইদিনবোৰে মনৰ ভিতৰত বৰ আমনি কৰে।মনটোৱে যেন আকৌ সেইদিনবোৰ বিচাৰি হাহাকাৰ কৰে,হৃদয়খন যেন বেদনাত বিহ্বল হয়।হে ভগৱান পাৰিলে মোক আকৌ সেইদিনবোৰ ঘূৰাই দিয়া।যৌৱন যেন বৰ কষ্টকৰ,বৰ বিৰহৰ।নালাগে মোক এনেকুৱা যৌৱন,মোক মাথোঁ লাগে জোনাকী খেদি থকাৰ বয়স আৰু সময়।কেতিয়াবা সময়ৰ ওপৰতো বৰ অভিমান হয়।কিয়নো আমাক শৈশৱৰ পৰা আঁতৰাই আনিলে যৌৱনৰ বিষাদ ভৰা সাগৰখনলৈ।কেতিয়াবা চিঞৰি-চিঞৰি কান্দিবৰ মন যায়,ক'বলৈ মন যায় মোক আকৌ শৈশৱ লাগে।যিবোৰ দিন কেতিয়াও ঘূৰি নাহে।এতিয়া কেৱল সেইবোৰ নষ্টালজিয়া হৈ ৰ'ল জীৱন নামৰ কিতাপখনত।
পৰী হাজৰিকা
 চৰাইদেউ
——————————————————
একমাত্ৰ ভাইটি,বাবুলৈ একলম...
স্বপ্নালী কলিতা 

মৰমৰ
             এই ল'ৰা ,কেনে আছ ?তোৰতো খবৰেই নাই !এনেকুৱা কি কৌশলেৰে বান্ধি ৰাখিছ তোৰ মন,বান্ধি ৰাখিছ তোৰ দেহ ? মই যিটো কৰিবলে' অপাৰগ !তথাপিও অভিমানৰ জুইকুৰা নুমুৱাই ময়েই ধৰিলো প্ৰথম কলম,বিনময় নালাগে দে !
           জাননে ! কিমান কথাই ওফন্দি আছে বুকু,কিমান পানীৰে ভৰি আছে চকু! তোৰ অবৰ্তমানত চৌপাশৰ শৰত বৰ দুখীয়া অ' !চৰকাৰী পুখুৰীৰ পাৰৰ সেই বিশেষ ঠাইটুকুৰাযে ! এইবাৰো ফুলিছে কঁহুৱা | ইমান আবেগ বিহ্বল সিঁহতৰ শৰীৰ ! সিঁহতৰ কপহুৱা আলিঙ্গনে শৰত আনিলে সঁচা; কিন্তু ইটো পাৰে তই ৰৈ চাই থকা নাই সিঁহতক ! সেয়ে কিবা সেই ঠাই বৰ আচহুৱা এতিয়া |অই !আৰু এটা কথা কি জান ?পথাৰো এতিয়া সন্তান সম্ভৱা | ইমান আলফুলে ধাৰণ কৰিছে সিঁহতে সিঁহতৰ ভৱিষ্যত ! তাৰ মাজত তোৰ বন্ধকী মাটি কেইডৰা জাকত জিলিকা হৈ আছে |আৰু জান ! দেউতা প্ৰায়ে তাৰ মাজত জুলুকা লাগি বহি থাকে |(তই কেনেবাকে আহনেকি ?)মায়ে আক' বাৰান্দাৰ চকী এখনতে এচকী হৈ তই যোৱাৰ ফালে চাই থাকে ! কিয় জান  ? এই শৰততে তই বৰকে হাঁহিছিলি,যিমান হাঁহি তই বসন্ততো নামাৰ ,সিমান হাঁহিছিলি | শৰতক তোৰ সেয়া অনন্য উপহাৰ বুলি কৱ |(মা কাৰ বাবে উদাসীন ,তয়ো জান দে !)
            বাবু অ' ! তোক নকলেও চোন মন নভৰে ! তোৰ হেঁপাহৰ তিনিআলিটো পূজা বুলি ৰঙৰ ভৰত দোপ লৈছে |তোৰ হেঁপাহৰ দোকান কিখনত নতুন ক্ৰেতা -বিক্ৰেতাৰ আগমন |মন্দিৰৰ ঢাক-ঢোল কেবাদিনো আগৰপৰাই বাজিছে | ভাবিলে আচৰিত নালাগেনে বাৰু !তই নোহোৱাৰ উমানকেই পাব নোৱাৰি !এৰাঃ !সৃষ্টিকৰ্তাৰ নিপুণ
 পৰিচালনাৰে মচি নিয়ে পুৰণি সাঁচ,নতুনৰ আগমন ঘটে |(চিৰন্তন এয়াই !দুখ নকৰিবি,ময়ো কৰা নাই চা  !)
              বাবু ! তই যোৱাৰ সময়ত চৌপাশ শুকান আৰু জঠৰ আছিল |গছবোৰে নতুনক ধাৰণ কৰিবলে' নিজৰ পুৰণা পোচাক খুলি লঠঙা হৈছিল |তই যোৱাৰ উমান দিব বিচাৰিছিল নেকি সময়ে ?আৰু! তোৰ মনত পৰেনে ?তয়ো ঠিক গোমা আকাশৰ দৰে ধাৰণ কৰিছিলি এখন মুখ ;মুখৰ আঁৰত আছিল অলেখ কাহিনী |যি কাহিনী তই মোক নোকোৱাকে' গ'লিগে'। (জীৱনৰ আঁৰৰ জীৱনবোৰ মোৰ লগতেইচোন ভাগবতৰা কৰিছিলি আগেয়ে!)
                    এতিয়া তোৰ প্ৰিয় ঋতুৰ আগমনত পদূলিৰ দূবৰিবোৰ ৰ'দে পোৰা শৰীৰৰ দৰে হ'ল |শেৱালি জোপাও এলাগী হ'ল |আনকি তোৰ তেজৰ বাবেও প্ৰতিপল ছটফটাই থাকে মা-দেউতা |তোৰ দোষ নাই ,তইহে তৰা হ'লি !তোৰ ভৱিষ্যত তই দি গ'লি |কিন্তু তোক দুখেৰে কও-সেয়াওযে তৰাতকে কোনোগুণে কম নহয় |
           তোৰ শূন্যতাত শব্দৰে জানো সকলো শেষ কৰিব পাৰিম !নোৱাৰো |যিমান লিখিলেও সুদীৰ্ঘ সময় থুপ খাই থকা কথাবোৰ অন্ত নপৰিব কিজানি !তই বিহীনতাই যে কিমান নতুন কাহিনীৰ সৃষ্টি কৰিলে ! কিমান ঘটনাক দিলে নতুন মোৰ !যিবোৰ তই কল্পনাও কৰিব নোৱাৰিবি |(তইতো বাদেই ,এই সকলোবোৰ আমাৰ বাবেও এটা কদৰ্য্য সপোনৰ দৰেই)
                     বাৰু,সামৰো দে আজিলৈ |তই চাগে এতিয়া শৰতে সাজি দিয়া শুভ্ৰ বিছনাত সুখৰ নিদ্ৰাত |তোৰে ভাল দে !শান্তিৰ অমিয়া আছে তাত,যিখিনি ইয়াত সাধনাৰো উৰ্ধত |তই পৰম ভাগ্যৱান |কৃচ্ছ্ৰ সাধনাবিহীন সুখ সকলোৰে নিমিলে জাননে ?
               তোৰ শান্তি,আমাৰ সুখ |আহিব নালাগে দে ,মায়াৰ পৃথিৱী।  য'তেই আছ সুখেৰে থাক।পুনৰ মৰমেৰে..
                                  
                                  তোৰ
                                      "বা"

বি:দ্ৰ: কথা এটা কও ৰ !বাঁহী বজাই তই বৰ ভাল পাইছিলি নহয় !কোনোবা এৰাতি এই শৰততে তোৰ বিছনাত বাঁহীবোৰ থৈ আহিম ,তই এবাৰ বজাবিচোন ! মই আৰু তোৰ সোণমানু  বহি থাকিম চোতালতে দে !

(২০১৮ চনৰ ৩ মাৰ্চৰ ৰাতিটোৱে মোৰ একমাত্ৰ ভাইটি(বাবু)ৰ জীৱনলে অমানিশা নমাই আনিছিল | এটা পথ দুৰ্ঘটনাই লৈ গৈছিল তাক অকালতে আমাৰ পৰা |বাবুৰ হাতত এই চিঠি | )
স্বপ্নালী কলিতা 
গোলাঘাট
———————————————————
              নিদানৰ ভুৰুকা

অৰ্শৰোগ আৰু প্ৰাকৃতিক সমাধান 
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

নিদানৰ ভুৰুকাৰ এইবাৰৰ বিষয় বস্তু জনসমাজৰ এটি অতি বিৰক্তিজনক সমস্যা অৰ্শ৷ অৰ্শৰোগত নোভোগা মানুহ নাই বুলিলেও বাহুল্য নহ’ব৷ কোনোবাই খোলাখুলিকৈ চিকিৎসকৰ ওচৰ চাপে আৰু কোনোবাই গুপুতে ৰাখি মুক্তিৰ নিদান বিচাৰি ফুৰে৷ এইটো দিশত পিছলৈ বিশদভাৱে আলোচনা আগ বঢ়াম৷ আজি থোৰতে কেইটিমান সহজলভ্য ঘৰুৱা নিদান আগবঢ়াব খুজিছোঁ৷ 
প্ৰসঙ্গক্ৰমে এটা কথা কৈ থওঁ, এনে ৰোগীয়ে খোৱাবোৱাৰ দিশটোত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিৎ৷ এনে খাদ্য খোৱা উচিৎ যাৰ ফলত শৌচ নৰম হৈ থাকে, কোষ্ঠ্যকাঠিন্যই দেখা নিদিয়ে৷ কোষ্ঠ্যকাঠিন্য অৰ্শ ৰোগীৰ জটিল সমস্যা৷

অৰ্শ ৰোগৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ সম্পৰ্কে নিম্নোল্লেখিত পৰামৰ্শসমূহ কায়মনোবাক্যে মানি চলক, নিশ্চয় উপকাৰ সাধন হ’ব৷

(০১) প্ৰতিদিনে হাততে পোৱা থলুৱা ফলমূল খোৱা কৰক৷ আমলখী, শিলিখা, পকা ডিমৰু, বিভিন্ন জাতৰ কলবোৰ, গাঁৱেভূঞে পোৱা সহজাত ফলবোৰ খাব লাগে৷ এইবোৰত উন্নত জাতৰ ’ডায়েটেৰী ফাইবাৰ’ নিহিত হৈ আছে৷ সেইহেতুকে এইবোৰে কোষ্ঠ্যকাঠিন্য দূৰীকৰণত সহায় কৰে৷ 

(০২) প্ৰত্যহ ৬/৮ গিলাচ খোৱাৰ উপযোগী পানী খাব৷ কুহুমীয়া পানী খাব পাৰিলে ভাল

(০৩) নিয়মিতভাৱে প্ৰাণায়াম, হস্তমূদ্ৰা, ব্যায়াম কৰিলে ওজন নিয়ন্ত্ৰণ হোৱাৰ লগতে কোষ্ঠ্যকাঠিন্য আতৰিব৷ 

(০৪) মলত্যাগৰ প্ৰয়োজন অনুভূত হ’লেই অপেক্ষাত নৰ’ব৷ ইয়াৰ ফলত কোষ্ঠ্যকাঠিন্যতা বাঢ়িব৷ 

(০৫) আন এটি সৰ্বনাশী বদাভ্যাস আতৰাব লাগে৷ মলত্যাগৰ কালছোৱাত মল নিৰ্গত হ’বলৈ কোথ দিব নাপায়৷ ইয়াৰ ফলত মলদ্বাৰৰ শিৰাউপশিৰাত চাপ পৰি সমস্যাৰ জটিলতা বঢ়ায়৷ ৰক্তক্ষৰণৰ মাত্ৰও বৃদ্ধি হ’ব পাৰে৷

(০৬) টয়লেটৰ কম’ডত বেছিক্ষণ বহি নাথাকিব৷ ইয়াৰ ফলত ৰক্তক্ষৰণ বৃদ্ধি হ’ব৷ এই নিষেধটো সুস্থ ব্যক্তিৰ ক্ষেত্ৰতো প্ৰযোজ্য৷

(০৭) এসাজত একেলগে এসোপামান নাখাব৷ কম কমকৈ প্ৰয়োজন বোধ কৰিলে তিনি চাৰিসাজ খাব৷ নিচাযুক্ত পানীয় পাৰিলে সম্পূৰ্ণৰূপে বৰ্জন কৰা ভাল৷ জুই-পানী গৰম খাদ্য নাখাব৷ অধিক তেল মছলাযুক্ত আহাৰ বৰ্জন কৰক৷

(০৮) এনে ৰোগীয়ে ইয়াৰপৰা সম্পূৰ্ণৰূপে মুক্তি নোপোৱালৈকে খাঁহীৰ মাংস, হাঁহৰ মাংস, ব্ৰইলাৰৰ মাংস, পকোৰাজাতীয় খাদ্য, লুচি, পৰঠা, চাইনিজ ৰেচিপি আদি সম্পূৰ্ণ বৰ্জন কৰিলে শান্তিত জীৱন কটাব পাৰিব৷

(০৯) নিদ্ৰাহীন ৰাতি যাপন, দেৰীকৈ শোৱা, যি কোনো প্ৰকাৰে কৰা  টোপনি ক্ষতি অতি ক্ষতিকাৰক৷ এনে পৰিবেশৰ লগত যিয়ে বাধ্যতামূলক ভাৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হয় তেনে ব্যক্তিয়ে পকা আৰু কেঁচা অমিতা, স্কচৰ সিদ্ধ তৰ্কাৰী, ওলকচু, মানকচু বা ভোগকচুৰ তৰ্কাৰী ৰেগুলাৰ খাব লাগে৷

(১০) এনেবোৰ সাৱধানতা গ্ৰহণ কৰাৰ লগতে দুই এটা বনদৰৱ ব্যৱহাৰ কৰি চাওক সুফল নিশ্চয় পাব৷ 
(ক) জিকা আমি সকলোৱে চিনি পোৱা আৰু সহজলভ্য পাছলি৷ এই জিকা সংগ্ৰহ কৰি কুটি শুকুৱাই শুঠি তৈয়াৰ কৰিব লাগিব৷ এইবাৰ এই শুকান জিকাৰ চকলবোৰ পাউদাৰ বনাব লাগিব৷ 
এই পাউদাৰ ১ গ্ৰাম একাপ গৰম পানীৰে দিনত ২ বাৰকৈ উগ্ৰতা অনুসাৰে ১৫ দিনৰপৰা ৩০ দিন পৰ্যন্ত খালে নিশ্চিত সুফল পাব৷
এই নিদানৰ কোনো পাৰ্শ্বক্ৰিয়া জনা নাযায়৷
(খ) নাৰ্জিফুলৰ পাহিবোৰ সংগ্ৰহ কৰি লৈ চাহ চামুচৰ এচামুচ ৰস উলিয়াই আধা চামুচ মাখনৰ লগত মিহলাই দিনে দুবাৰকৈ এসপ্তাহ খালে উপকাৰ পাব৷ কোষ্ঠ্যকাঠিন্যতো ই সুফল প্ৰদান কৰে৷
(গ) বেছ পুৰণা পকা তেতেলী একাপ পানীত ৰাতিটো তিয়াই ৰাখি ৰাতিপুৱা একেৰাহে ১৫ দিন খালে সুফল পাব৷
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
হোমিওপেথি চিকিৎসক; 
খাদ্য আৰু পুষ্টি বিশেষজ্ঞ
দূৰাভাষঃ ৯৮৬৪১-২৫৮৮৭/৯৯৫৭১৮৯৬৬০
———————————————————
কোভিড সম্পৰ্কে কেইটিমান শেহতীয়া তথ্য
ডাঃ ভূপেন শইকীয়া 

ভবিষ্যতৰ আশাৰ বতৰা
     (১) এবিধ ৰঙা বৰণৰ জলজাত উদ্ভিদ (Red Algae)ৰ পৰা বিশ্বখ্যাত ঔষধ কোম্পানী Amcyte Pharmaই এবিধ নাকত দিয়া স্প্ৰে প্ৰস্তুত কৰি ওলিওৱাৰ বাতৰি অলপতে ৰাইজৰ দৃষ্টিগোচৰ হৈছে৷ আমেৰিকাৰ Knoxvilleৰ Tenessee Universityয়ে আৰ্জেন্টিনাৰ চৰকাৰৰ সহযোগত ৮খন আই চি ইউযুক্ত চিকিৎসালয়ত গবেষণা কৰিছিল৷ 
     ৰঙা এলগিয়ে ফট'চিন্ঠেচিচৰ সময়ত নাইট্ৰিক এচিড উৎপন্ন কৰে ৷  সেই  নাইট্ৰিক এচিডৰ পৰা নিৰ্মাণ কৰা নাকত দিয়া স্প্ৰে কভিড ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত মাইলৰ খুটি হিচাবে প্ৰমাণিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ বৰ্তমান ইংলেণ্ড আৰু কেনেডাত ইয়াৰ ট্ৰায়েল চলি আছে৷ নাইট্ৰিক এচিডৰ থাকে এন্টি-ভাইৰেল গুণ ৷  দেখা গৈছে ই  নেজ'ফেৰিংগছত অৱস্থান লোৱা কভিড ভাইৰাছক ২৪ ঘন্টাত ৯৫ শতাংশ প্ৰতিৰোধ আগবঢ়ায় ৷ হাতৰ মুঠিত কঢ়িয়াই লৈ ফুৰিব পৰা এই নেজেল স্প্ৰে দিনত ৩৷৪ বাৰ ব্যৱহাৰ কৰিব লাগিব ৷ চিকিৎসাৰ ওপৰিও ইয়াক কভিড ৰোগ প্ৰতিৰোধক হিচাবেও ব্যৱহাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে ৷
 
 (২) আমাৰ দেশৰ ভাৰত বা'য়টেক কোম্পানীয়ে এবিধ নাকত ঢলা ভেকচিন প্ৰস্তুত কৰি ওলিয়াইছে --যাৰ প্ৰয়োগ দেশৰ বিভিন্ন কেন্দ্ৰত চলি আছে ৷ বেজীৰ খোছা-বিন্ধা নলগা আৰু ব্যৱহাৰ কৰিবলৈ তেনেই সহজ এই ভেকচিন শিশু আৰু বৃদ্ধৰ বাবে বেচ সুবিধাজনক আৰু গ্ৰহণযোগ্য হব বুলি ধাৰণা কৰা হৈছে ৷ ইয়াৰ প্ৰয়োগে নাকৰ মিউকছাত ক্ৰিয়া কৰি শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালীক সক্ৰিয় কৰি তুলিব ৷

 (৩) বাতৰিত প্ৰকাশ সংযুক্ত আৰব আমীৰাটৰ বিজ্ঞানী কেইজনমানে উটৰ ওপৰত প্ৰয়োগ কৰি কভিডৰ এক চিকিৎসা বিধি উদ্ভাৱন কৰিবলৈ প্ৰয়াস কৰি আছে৷ ডুবাইস্থিত চেন্ট্ৰেল ভেটেৰিনাৰী ৰিচাৰ্চ লেবৰেটৰীৰ মুৰব্বী Dr. Ulrich Werneryৰ দলে মৃত কভিড ১৯ ভাইৰাছৰ অংশ বিশেষ  dromedaries (পিঠিত দুটা কুঁজ থকা উট)ৰ শৰীৰত বেজীৰ মাধ্যমেৰে দি দেখা পাইছে যে মৰুভূমিৰ সেই প্ৰাণীটোৰ শৰীৰত বুজন পৰিমানৰ কভিডৰ বিৰুদ্ধে এন্টিবডি উৎপন্ন হৈছে৷ (সৌজন্য- অল আৰেবিয়া নিউজ)
 এটা কথা প্ৰমানিত যে কৰ'না ভাইৰাছে মানুহ বা আন প্ৰানীৰ দেহত প্ৰবেশ কৰি ঘাইকৈ হাওঁফাওঁত থকা ACE 2-receptorত আশ্ৰয় লয় ৷ উটৰ হাওঁফাওঁত এনে ৰিচেপ্তৰ নাথাকে৷ সেয়ে ২০১২ চনত মধ্য প্ৰাচ্যত ত্ৰাসৰ সৃষ্টি কৰা Middle East respiratory syndrome (MERS- CoV)ৰ সময়ত উটে সেই ৰোগৰ বাহক হৈয়ো নিজে ৰোগাক্ৰান্ত হোৱা নাছিল ৷একেই কথা কৰ'নাৰ ক্ষেত্ৰটো  খাটে ৷ আনহাতে বাঘ,সিংহ,কুকুৰ,মেকুৰী কোভিডত আক্ৰান্ত হব পাৰে ৷ আৰু বিতং গবেষণা হ'লেহে জানিব পৰা যাব উটৰ দেহত উৎপন্ন হোৱা এন্টিবডিক মানৱৰ জীৱন ৰক্ষাকাৰীৰূপে ব্যৱহাৰ কৰিব পৰা যাব নে নাযায় ?

 (৪) ইনফ্লুৱেঞ্জাৰ ভেকচিন বনাম কৰ'না ভাইৰাছ --
ফ্লু বা  ইনফ্লুৱেঞ্জাৰ ভেকচিন সাধাৰণতে বছৰত এবাৰ এটা ড'জ দিয়া হয় ৷ দেখা গৈছে এই ভেকচিন লোৱা লোকসকলে কভিডৰ পৰা ২৪ শতাংশ অধিক সুৰক্ষা পায় (ফ্লু ভেকচিন নোলোৱা লোকৰ তুলনাত।ফ্লু ভেকচিন লোৱা লোকৰ কভিডৰ লক্ষণ কিছুহলে কম হয় আৰু এওঁলোকে চিকিৎসালয়ত ভৰ্তি হবলগীয়া প্ৰায় নহয় ৷ আকৌ দেখা গৈছে পানীলগা সৃষ্টিকাৰী ৰাইনো ভাইৰাছে কৰ'না ভাইৰাছৰ সৈতে তয়াময়া ৰণ কৰে আৰু কৰ'না ভাইৰাছক পৰাভূত কৰে৷

ক’ভিডৰ ভেকচিন আৰু স্তনপান কৰোৱা মাতৃসকলৰ জ্ঞাতাৰ্থে :

এটি গৰ্ভস্থ সন্তানে পোনতে মাতৃৰ প্লেচেন্টাৰ মাধ্যমেৰে এন্টিবডি লাভ কৰে ৷ জন্মৰ পিছত এন্টিবডি পায় মাতৃদুগ্ধৰ দ্বাৰা ৷ আকৌ শিশুকালত লোৱা নানাবিধ ভেকচিনে  শৰীৰৰ ইমিউনিটি বিকাশত সহায় কৰে - সেয়াও প্ৰমাণিত সত্য৷ আনহাতে মাতৃদু্গ্ধত নিৰ্গত হোৱা কভিডৰ ভেকচিনে শিশুৰ প্ৰতিৰক্ষা প্ৰণালীত কি প্ৰভাৱ বিস্তাৰ কৰিব সেয়া আজি পৰ্যন্ত কোনেও অধ্য়য়ন কৰা নাই৷ মাথো ইমানেই জনা গৈছে যে ভেকচিন লোৱাৰ দুমাহ পিছলৈকে মাতৃদু্গ্ধত ভেকচিন নিৰ্গত হৈ থাকে৷
কেনেডাৰ ফাইজাৰ কোম্পানীয়ে উল্লেখ কৰিছে - মাতৃদু্গ্ধত ওলোৱা ভেকচিন সন্তানৰ বাবে কিছু অহিতকাৰী হয়তো হবও পাৰে৷ আকৌ ইউনাইটেড কিংডমৰ নেশ্বনেল হেল্থ চাৰ্ভিছে স্তনপান কৰোৱা মাতৃৰ ভেকচিন লোৱা বাৰণ কৰিছে৷ যাৰ বাবে দেশখনৰ একাংশই মানৱ অধিকাৰ উংলঘন কৰা বুলি আপত্তি জনাইছে৷ ইটালিৰ বিভিন্ন মেডিকেল ছ'চাইটিয়ে এনে মাতৃয়ে ভেকচিন লব লাগে বুলি কৈছে৷ দিল্লীৰ এইমচৰ ডাইৰেক্তৰ ডা: গুলেৰিয়াই ভেকচিন লোৱাৰ পোষকতা  কৰিছে৷
ব্যক্তিগতভাবে এই লিখকে কোনোবা এটা ৱেবপৰ্টেলত এনেদৰে পোৱা মনত পৰে - মাতৃদুগ্ধৰ যোগেদি শিশুৱে আহৰণ কৰা কভিড ভেকচিনে শিশুৰ শৰীৰে ইতিমধ্যে আয়ত্ত কৰা ইমিউনিটিক স্তব্ধ কৰি ৰাখিব পাৰে৷ ইউৰোপৰ এখন দেশত ফাইজাৰ আৰু মডাৰ্ণাৰ ভেকচিনৰ অধ্য়য়ন ১৮০গৰাকী মাতৃৰ ওপৰত কৰা হৈছিল৷ কেইবাজনো শিশুৰ দেহত সৰুসুৰা পাৰ্শ্বক্ৰিয়া দেখা গৈছিল৷ এগৰাকী মাতৃৰ দুগ্ধৰ পৰিমান কমি গৈছিল আৰু দুই তিনি গৰাকীৰ গাখীৰ ৰঙ নীলা-সেউজীয়া বৰণলৈ সলনি হৈছিল ৷

* জধেমধে চিটি স্কেন নকৰিবলৈ আহ্বান :

  দেখা গৈছে বহু কভিডৰ ভীতিগ্ৰস্ত লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজাকৈ অপ্ৰয়োজনীয়ভাবে HR CT Scanof Thorax কৰাই আছে৷ এনে ৰেডিয়েচন বিপদজনক -- এটা সময়ত কৰ্কট ৰোগৰ কাৰণ হৈ উঠিব পাৰে৷ গতিকে কেবল চিকিৎসকৰ পৰামৰ্শ মতেহে যেন চিটিস্কেন কৰাব যায়৷
এইটোও সত্যযে বহু কভিড ৰোগীৰ ৰোগৰ অৱস্থাৰ বুজ লৈ সেই মতে চিকিৎসাত অগ্ৰসৰ হবলৈ চিটিস্কেন অত্যন্ত এক লাগতিয়াল পদ্ধতি বুলি সিদ্ধ হৈছে আৰু সেই কথা নিৰ্ণয় কৰিব ৰোগীজনৰ চিকিৎসা কৰি থকা ডাক্তৰজনে৷
   আজিলৈ ইমানেই ৷ ধন্যবাদ৷ সকলোৰে কুশল কামনাৰে ~ 

টোকাঃ- ডা: ভূপেন শইকীয়া ছাৰ বৰ্তমান আমাৰ মাজত নাই। তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ এই লেখাটো সংযোজিত কৰিলোঁ।
———————————————————
         পঢ়ুৱৈৰ অভিমত 

◆আলোচনীখন পঢ়িলোঁ।খুবেই ভাল লাগিল পঢ়ি। সম্পাদকীয় শিতানটোৰ প্ৰতি সদায় আকৰ্ষণ থাকে, ভালদৰে পঢ়োঁ।
  আলোচনীখন আগবাঢ়ি যাওক,আশা কৰোঁ -সাহিত্যৰ ভঁৰাল চহকী হওক ,এনেকৈয়ে।
●ড০ মঞ্জু হালৈ

◆আলোচনীখন পঢ়ি আছোঁ,যিখিনি পঢ়িছোঁ বহুতো জ্ঞান তথা শিকিব পাৰিছোঁ।বহুত ভাল হৈছে।
●জোনমনি মহন্ত

◆বিষাদৰ চৰম উপলব্ধি ৰ  চিঠি খনে  হৃদয় গহ্বৰ চুলে । সচাঁয়েই, নাৰীয়েই নাৰীৰ  চলনাময়ী  শত্ৰু ।
●ৰঞ্জু শইকীয়া

◆স্বনামধন্য কবি সাহিত্যিক নৱ ৰাজনে এক ব্যতিক্রমী ছন্দোবদ্ধ সুৰেৰে সজ্জিত " বৰ্ণৰাগ " সুধী পাঠক সমাজলৈ নম্ৰতাৰে আগবঢ়ালে।
        জীৱনৰ নিৰ্মম সত্য , জীৱনৰ ৰহস্য , প্ৰেম - ভালপোৱা , বিষাদ - বিচ্ছেদ –বিভিন্ন বিষয়ক  তত্বগধুৰ  আলোচনা , প্ৰবন্ধ, গল্প,শিশু-গল্প ,সাধুৰ সম্ভাৰেৰে ,সকলো  দিশকে সামৰি পষেকীয়া " বৰ্ণৰাগ "ৰ প্ৰথম বৰ্ষ , দ্বিতীয় সংখ্যা, ৭ অক্টোবৰ ২০২১ ৰ সংখ্যাটো  প্ৰকাশ পালে।
         " বৰ্ণৰাগৰ " পত্ৰলেখা শিতানত মোৰ পত্ৰ এখনিয়ে স্থান পোৱাত মই যথেষ্ট আনন্দিত হৈছোঁ। 
         " বৰ্ণৰাগৰ " এই জয় যাত্ৰাৰ সংগী হওক আপুনিও  - - - আপোনাৰ অনবদ্য সৃষ্টিৰ ভূমিকাৰে।
           আমাৰ আশা , শ্ৰদ্ধাৰ পাঠক বৃন্দই  "বৰ্ণৰাগক " আদৰি লৈ গঠনমূলক সমালোচনাৰে আমাক যেন কৃতার্থ কৰে।
●অৰিফা হুছেইন বৰা 

◆পঢ়ি আছোঁ৷ ভাল লাগিছে৷ বৰ্ণৰাগ বৰ্ণময় হৈ উঠিছে৷
●তৃষ্ণা নেওগ 

◆পষেকীয়া বৰ্ণৰাগ উৎকৃষ্টমানৰ হৈছে ৷ পঢ়ি শেষ হোৱা নাই যদিও পঢ়াখিনিয়ে মন ভৰি উঠিছে ৷ 
●জুনু বুঢ়াগোহাঁই নাথ

◆সকলো দিশ সামৰি আলোচনীখনে পূৰ্ণ তাৰ দিশে আগবাঢ়িছে।বৰ্ণৰাগৰ উত্তৰোত্তৰ কামনা কৰিলো।
●ৰঞ্জনা দেৱী

◆পঢ়িলোঁ ৷ সঁচাকৈ বৰ ভাল লাগিল ৷ সুন্দৰ হৈছে।
●নিৰুপমা মজুমদাৰ

◆পঢ়িলোঁ । খুবেই ভাল লাগিল । সম্পাদকীয় শিতানটোৰ প্ৰতি সদায়  আকৰ্ষণ থাকে । আলোচনীখন আগবাঢ়ি যাওঁক। 
●পূৰবী শইকীয়া
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
ইতিহাসৰ জলঙাৰে কোঁচ সাম্ৰাজ্য-৩
জাহ্নৱী কাকতি

        ১৫৩৪ চনত কোচবিহাৰৰ ৰজা হয় মল্লদেৱ।ৰাজপাটত উঠি নিজকে তেওঁ নৰনাৰায়ণ সিংহ বুলি চিনাকি দিয়ে।নিজৰ ভায়েক শুক্লধ্বজক তেওঁ কোচবিহাৰৰ সেনাপতি পাতে।যুদ্ধশৈলীত দেখুওৱা নিপুণতা আৰু পৰাক্ৰমৰ বাবে শুক্লধ্বজক চিলাৰায় নাম দিয়া হয়।ৰাজপাটত উঠি নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণৰ মন মেলিলে।সেইমতে ৰজা নৰনাৰায়ণৰ আহোমৰ সৈতে যুদ্ধ হয় আৰু আহোমসকল যুদ্ধত পৰাস্ত হয়।
       ১৫৪৪ চনত চিলাৰায় কোঁচসাম্ৰাজ্য বহলাবলৈ ধৰে।ব্ৰহ্মপুত্ৰৰ উত্তৰৰ পৰা দিকৰাই নৈলৈকে তেওঁ কোঁচ সাম্ৰাজ্য বিস্তাৰ কৰে।বহুসংখ্যক আহোমমন্ত্ৰীক তেওঁ হত্যা কৰে।বহু আহোম সৈন্য পলাবলৈ বাধ্য হয় আৰু বহুতৰ মৃত্যু হয়।কলিয়াবৰত আহোমসকলে পুনৰ যুদ্ধ কৰে যদিও কোঁচসকলৰ হাতত তেওঁলোক পৰাজিত হয়।এইসময়ছোৱাৰ ভিতৰতে কোঁচৰজা নৰনাৰায়ণে এটা পথ নিমাৰ্ণ কৰায়।এই পথটো তেওঁলোকৰ ৰাজধানী কোচবিহাৰৰ পৰা আৰম্ভ কৰি নাৰায়ণপুৰলৈকে সজা হৈছিল।নাৰায়ণপুৰ হ'ল বৰ্তমানৰ উত্তৰ লক্ষীমপুৰৰ দক্ষিণ পশ্চিম অংশ।এই পথটোৰ দৈৰ্ঘ/ আছিল ৩৫০ মাইল।এই পথৰ নিমাৰ্ণ কাৰ্যৰ দায়িত্ব লৈছিল নৰনাৰায়ণৰ ভাতৃ গোসাই কমলে।এতিয়াও এই পথটোৰ কিছু অংশ উত্তৰ গুৱাহাটী,উত্তৰ লক্ষীমপুৰত দেখিবলৈ পোৱা যায় আৰু সেয়ে এই পথটোৰ নাম "গোসাই কমল" আলি বুলি জনাজাত।

     ১৫৪৭ চনত কোঁচসকলে নাৰায়ণপুৰত এটা দুৰ্গ সাজিলে কিন্তু আহোমৰজা চুকলেঙমুঙে গোপনে কোঁচসকলৰ পিচ ল'লে।কোঁচ আৰু আহোমৰ মাজত পুনৰ যুদ্ধ হ'ল।কিন্তু এইবাৰৰ যুদ্ধত কোঁচসকল বেয়াকৈ হাৰিল।বহুসংখ্যক সৈন্য আৰু পলাতক লোকক হত্যা কৰা হ'ল।১৫০২ চনত নৰনাৰায়ণে তেওঁৰ হেৰোৱা ৰাজ্য  ঘূৰাই পাবলৈ চেষ্টা কৰিলে।"আহোম বুৰঞ্জী" মতে ৰজা নৰনাৰায়ণে কিছুসংখ্যক আহোম গাওঁ ধ্বংস কৰিলে।ব্ৰহ্মপুত্ৰপৰা দিখৌ নৈলৈকে কিছু সৈন্য পঠিওৱা হ'ল।জানুৱাৰী মাহত চিলাৰায় নিজেই যুদ্ধত যোগ দিলে।এইবাৰ আহোমসকল পৰাস্ত হ'ল আৰু আহোম ৰজাই মন্ত্ৰীৰ সৈতে নামৰূপৰ চৰাইৰ খৰঙলৈ পলাই গ'ল।কোঁচসকলে সেইসময়ৰ আহোমৰ ৰাজধানী গড়গাওত প্ৰবেশ কৰিলে।দুই পক্ষৰ ৰজাৰ মাজত চুক্তি হ'ল।

     ৰজা নৰনাৰায়ণে কেৱল আহোমকে যে পৰাস্ত কৰিছিল এনে নহয় কছাৰীসকলৰ বিৰুদ্ধেও তেওঁ যুদ্ধ কৰে।মণিপুৰৰ ৰজালৈয়ো তেওঁ দূত পঠাইছিল বশ্যতা স্বীকাৰ কৰাবলৈ।মণিপুৰৰ ৰজাই বশ্যতা স্বীকাৰো কৰে।জয়ন্তীয়া ৰাজ্যকো নৰনাৰায়ণে আক্ৰমণ কৰিছিল।চিলাৰায়ে জয়ন্তীয়া ৰজাক নিজ হাতে হত্যা কৰে আৰু জয়ন্তীয়া ৰজাৰ পুত্ৰই বৈশ্যতা স্বীকাৰ কৰে।চিলাৰায় তিপেৰাৰ ৰজাৰ সৈতে যুদ্ধ কৰি তিপেৰাৰ ৰজাক হত্যা কৰে।চিলেটৰ ৰজাকো চিলাৰায় পৰাস্ত কৰি হত্যা কৰে।থৈৰামৰ শাসনকৰ্তা বীৰ্যই বাকী চুবুৰীয়া ৰজাসকলৰ অৱস্থা দেখি বিনাযুদ্ধই বশ্যতা স্বীকাৰ কৰে।ডিমুৰীয়া ৰাজ্যৰ ৰজা  পন্থেশ্বৰেও একেদৰেই বহিৰজা হৈ থাকিবলৈ সন্মত হয়।

        ১৫৩৬চনত চিলাৰায়ে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰে।তাতো জয়লাভ কৰি এইবাৰ তেওঁ গৌৰদেশ আক্ৰমণ কৰে।কিন্তু যুদ্ধৰ বাবে তেতিয়ালৈ তেওঁৰ ওচৰত পৰ্যাপ্ত সৈন্যবাহিনী নাছিল।তথাপিও তেওঁ সাহস নেহেৰুৱাই অকলশৰে বীৰদৰ্পে যুদ্ধ কৰি অৱশেষত শত্ৰুপক্ষৰ ওচৰত পৰাজিত হৈ তেওঁলোকৰ হাতত বন্দী হয়।চিলাৰায় বন্দী হৈ থকা অৱস্থাতে গৌৰ ৰজাৰ মাতৃক সাপে দংশন কৰে।চিলাৰায় সৰ্প দংশনৰ চিকিৎসাত পাকৈত আছিল।গৌৰ ৰজাৰ মাতৃক তেওঁ মৃত্যুমুখৰপৰা বচায়।শলাগৰ চিনস্বৰূপে গৌৰৰাজে চিলাৰায়ক মুক্ত কৰি দি নিজ ৰাজ্যলৈ উভটিবলৈ অনুমতি দিয়ে।এই ঘটনাৰ দুবছৰ পাছতে গৌৰ ৰজাৰ মাকৰ মৃত্যু হয় আৰু ইয়াৰ সুযোগ লৈ দিল্লীৰ সম্ৰাট আকবৰৰ সেনাপতি মানসিংহই গৌৰদেশ আক্ৰমণ কৰে।এই যুদ্ধত চিলাৰায়ে ভাগ লয় তাৰ পাছত নিজ ৰাজ্য অভিমুখে আহি থাকোতে বাটতে বসন্ত ৰোগত পৰি তেওঁৰ মৃত্যু হয়।
                                (আগলৈ)
জাহ্নৱী কাকতি 
নতুন দিল্লী 
———————————————————
               অ’ আমাৰ নামৰূপ 
গীতাঞ্জলী বৰকটকী
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া---

নামৰূপ বুলিলেই মনলৈ আহে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এই গীতটি ৷ নামৰূপ মানেই চৌদিশে সেউজময় পৰিবেশ ৷জয়দিহিং বৰ্ষাৰণ্যৰ দুৱাৰদলি, ছয় সুঁতিৰ মিলনক্ষেত্ৰ , প্ৰকৃতিৰ সেউজ প্ৰাঙ্গণ নামৰূপ হৈছে শাৰী শাৰী চাহ বাগান আৰু পাহাৰেৰে আবৃত এক ঐতিহাসিক অঞ্চল ৷ ইতিহাসৰ পৰশ পোৱা , আনকি আমাৰ দেশৰ স্বাধীনতাৰ বাৰ-চৈধ্য বছৰৰ পিছলৈকে অটব্য অৰণ্য , বনৰীয়া জীৱ-জন্ত , চেপা-চোৰোকা অধিবাসী মানুহৰ গাওঁ , লুংলুঙীয়া হাবিতলীয়া বাটৰ বাবে হাতৰ মুঠিত জীৱটো বান্ধি অহা-যোৱা কৰাৰ কথা নামৰূপৰ বহু দূৰ অতীতৰ ইতিহাস নহয় ৷ খুনলুং-খুনলায়ে পাটকাই পাহাৰ পাৰ হৈ আহি অসমত ভৰি দিয়াৰ পৰাই পাটকাই পাদদেশত অৱস্থিত নামৰূপ বিভিন্ন ঘটনাৰ সাক্ষী হৈ আহিছে ৷
নামৰূপ (Namrup) হৈছে পাটকাই পৰ্বত শ্ৰেণী (ম্যানমাৰৰ লগত সংযোগ হৈ থকা পূৰ্বাঞ্চল শ্ৰেণী)ৰ নামনি অঞ্চলত অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত আৰু ডিব্ৰুগড় জিলাৰ এখন সৰু লোকপিয়ল নগৰ। নামৰূপৰ মাজেদি দিল্লী বা দিচাং নদী বৈ গৈছে। ই অসমৰ এখন উল্লেখযোগ্য উদ্যোগিক ঠাই।



প্ৰকৃততে নামৰূপ নামটো ’ নামৰূক’ মূলৰ পৰা উদ্ভৱ হোৱা ৷ ই এটি টাই ভাষাৰ শব্দ ৷ ’নাম’ মানে পানী আৰু ’ৰুক’ বা ’হুক’ মানে ছয় ৷ ছটা পানীৰ সূঁতি একেলগে হোৱা ঠায়েই হৈছে নামৰূপ ৷ সুদূৰ মাওলুঙৰ পৰা চাওল্যুং চ্যুকাফাই ডয়-কাউ-ৰঙ্গ( পাটকাই) পাহাৰ পাৰ হৈ নগাসকলক যুদ্ধত পৰাস্ত কৰি বসবাসৰ উপযোগী ঠাইৰ সন্ধানত নামপুং নদীৰ পাৰৰ নামৰূপত উপস্থিত হৈ ইয়াতে বসবাস কৰিবলৈ লয় আৰু নামৰূক ৰাজ্য স্থাপন কৰে ৷ আহোম ৰজাই নিজ পাঁচ পুত্ৰক তিপাম,চাৰিং,টিংখাং আদিত সৰু সৰু ৰাজ্য পাতি শাসন কৰিবলৈ দিছিল ৷প্ৰকৃততে পাটকাইৰ পাদদেশৰ চৌ-চুকাফাই স্থাপন কৰি যোৱা নাংবং নদীৰ ছটা সূঁতি লগ-লগোৱা ভূ-খণ্ডহে প্ৰকৃত নামৰূক ৰাজ্য যদিও আহোম নৃপতিয়ে ডয়-কাউ-ৰঙ্গ বা পাটকাই পৰ্বতৰ পৰা বৰ্তমান খোৱাং পৰ্য্যন্ত নামৰূক ৰাজ্যৰ সীমাবান্ধি নিজপুত্ৰ বা সৰুজনা গোহাঁই চু-ক্ৰঙ্গফোকক এই ব্যাপক অঞ্চলৰ ৰজা পাতিছিল ৷__এয়া বুৰঞ্জী ৷ নামৰূপক পূৰ্বতে কলীয়াপানী নামেৰে জনা গৈছিল ৷


নামৰূপ এখন ঐতিহাসিক স্থান। টাই-ছান জনগোষ্ঠীৰ লোকসকলৰ প্ৰাৰম্ভিক জীৱন নামৰূপৰ লগতেই জড়িত হৈ আছে।  আহোম ৰাজত্বকালৰ পূৰ্বে নামৰূপৰ নাম কি আছিল জনা নাযায়। তথাপি যথেষ্ট সংখ্যক কছাৰী আৰু বৰাহী লোক ইয়াত বাস কৰিছিল বুলি অনুমান কৰিব পাৰি। আহোমৰ শাসন কালত নামৰূপ এখন উল্লেখযোগ্য ঠাই আছিল। এই অঞ্চলটো নামৰূপীয়া ৰজাৰ অধীনত আছিল। নামৰূপীয়া ৰজা, আহোম সাম্ৰাজ্যৰ এক উল্লেখযোগ্য পদ আছিল। পশ্চিম দিশৰ বহিৰাগত আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবৰ বাবে আহোম ৰজাসকলে নামৰূপৰ চৰাইখোৰোঙ নামৰ এটুকুৰা গুপ্ত ঠাইত আশ্ৰয় লৈছিল। আহোমৰ শাসন কালৰ এক বিশেষ ধৰণৰ কাৰাগাৰ কলিয়াপানী, নামৰূপতে অৱস্থিত।গুৰুতৰ দোষত দোষী সাব্যস্ত হোৱা লোকসকলক এই নামৰূপতে অৰ্থাৎ কলীয়াপানীতে নিৰ্বাসন দিছিল বুলি কিতাপত উল্লেখ আছে ৷ চাৰিশ বছৰ পূৰ্বে তেতিয়াৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও আৰু জয়পুৰক সংযোগ কৰি ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল। বৰ্তমান এই পথটো জয়পুৰৰ পৰা গোলাঘাট জিলা লৈকে বিস্তৃত হৈ আছে।


আজিৰ নামৰূপৰ মাজেদি ছয়খন নৈ বা জান বৈ গৈছে ৷ সেইকেইখন হ’ল_কাকজান, লেবাংকুলাজান, নাহৰপুংজান , অভয়পুৰজান, সাপজান আৰু দিচাংজান ৷ এই ছয় সূঁতি বৈ গৈ দিচাঙত মিলি বুঢ়ীদিহিং বা নামজীন নদীত মিলি বৰলুইতৰ বুকুলৈ ঢাপলি মেলিছে ৷ 

জনসংখ্যা____
ইতিহাসে গৰকা উদ্যোগ নগৰী নামৰূপ
অঞ্চলত মংগোলীয় বা ট্ৰাইবেললোকৰ
ঘন বসতি বেছি ৷ নামৰূপত প্ৰধানত নগা, কছাৰী,কোঁচ, আহোম, চাওতালী, ফাকে,তুৰং আদি বাসিন্দাসকলে এসময়ত তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যসমূহ অটুট ৰাখি একতাৰ ডোলেৰে বান্ধখাই সুদূৰ অতীতৰে পৰা বসবাস কৰি আহিছে ৷অৱশ্যে উদ্যোগসমূহ স্থাপিত হোৱাৰ ফলত বৰ্তমানৰ নামৰূপত দেশৰ ভিন্ন প্ৰান্তৰৰ মানুহ আহি বসতি কৰিবলৈ লৈছে ৷ ভাৰতৰ প্ৰায় সকলো ৰাজ্যৰ পৰা বিভিন্ন ক্ষেত্ৰত পাৰৰ্দশিতা থকা লোকসকল আহি নামৰূপত স্থাপিত হোৱা উদ্যোগ তিনিটাত কৰ্মৰত হৈ আছেহি ৷
২০০১ চনৰ লোকপিয়ল মতে, নামৰূপৰ জনসংখ্যা হৈছে ১৮,৯২১। ইয়াৰ ভিতৰত ৫৪% পুৰুষ আৰু ৪৬% মহিলা। ১৯৬০ দশকৰ পিছৰ পৰা চহৰ খনৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।


পয্যটনৰ স্থান____

দিল্লীঘাট হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য বনভোজৰ কেন্দ্ৰ। শীতকালত আৰু ইংৰাজী নৱবৰ্ষৰ সময়ত ইয়ালৈ বিভিন্ন ঠাইৰ মানুহৰ সমাগম ঘটে। নামৰূপ আৰু শিৱসাগৰ জিলাৰ বৰহাটৰ মাজত দিল্লী অথবা দিচাং নদী (ব্ৰহ্মপুত্ৰৰ এখন উপনৈ)ৰ পাৰত দিল্লীঘাট অৱস্থিত।

ইয়াৰ উপৰিও নামৰূপৰ ওচৰত বহুতো আকৰ্ষণীয় ঠাই আছে। জয়-দিহিঙ বৰ্ষাৰণ্য ইয়াৰ উত্তৰে প্ৰায় ১০-১৫ কিঃমিঃ দূৰত আৰু টাই-ফাকে জনগোষ্ঠীৰ ব্যতিক্ৰমী টাই-ফাকে গাঁও ইয়াৰ উত্তৰে ১৩-১৪ কিঃমিঃ দূৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ দেউমালি (নদীৰ পাৰৰ এটুকুৰা বনভোজৰ কেন্দ্ৰ), নামদাফা ৰাষ্ট্ৰীয় উদ্যান, খুন্সা (Namdapha National Park, Khunsa) আদিৰ দৰে বহুতো আকৰ্ষণীয় ঠাই নামৰূপৰ ওচৰতে অৱস্থিত।


শিক্ষা_____


জীৱিকাৰ অণ্বেষণত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উদ্যোগ নগৰী নামৰূপত বসবাস কৰিব লোৱা লোকসকলৰ সন্তানসকলক শিক্ষা প্ৰদান কৰিবৰ বাবে প্ৰয়োজন হ’ল শিক্ষানুষ্ঠানৰ ৷তাৰেই ফলশ্ৰুতিত বহু কেইখন বিদ্যালয় আৰু মহাবিদ্যালয় গঢ় লৈ উঠিল ৷ ১৯৬৩ চনত তাপবিদ্যুৎ কেন্দ্ৰ প্ৰাথমিক বিদ্যালয়, ১৯৬৪ চনত হিন্দুস্থান সাৰ নিগম চেক্টৰ ’এ’ প্ৰাথমিক বিদ্যালয় ,১৯৭৬ চনত হিন্দুস্তাৰ সাৰ নিগম চেক্টৰ ’বি’ আৰু ’চি’ প্ৰাথমিক বিদ্যালয় আৰু ১৯৮২ চনত অসম পেট্ৰ কেমিকেলচ্‌ লিমিটেড প্ৰাথমিক বিদ্যালয় স্থাপন হয় ৷

নামৰূপৰ গড় সাক্ষৰতা হাৰ হৈছে ৮৭%। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ হৈছে ৮৮% আৰু মহিলাৰ সাক্ষৰতা হাৰ হৈছে ৮৫%।  নামৰূপ কলেজত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত স্নাতক পৰ্য্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। বিভিএফচি হায়াৰ চেকেণ্ডেৰী স্কুল১৯৬৪ চনত আৰু ১৯৬৭ চনত বিভিএফচি মডেল হায়াৰ চেকেণ্ডাৰী স্কুল আৰু কেন্দ্ৰীয় বিদ্যালয়, নামৰূপ হৈছে এই অঞ্চলৰ কেইখনমান উল্লেখযোগ্য বিদ্যালয়। ইয়াৰ বাহিৰেও এই অঞ্চলত সাতখনমান হাইস্কুল আছে। ১৯৭৩ চনত নামৰূপ মহাবিদ্যালয় আৰু ১৯৯৭ চনত নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন হয় ৷

 
কেন্দ্ৰীয় বিদ্যালয়, নামৰূপ ( Kendriya Vidyalaya, Namrup) হৈছে নামৰূপৰ এখন উল্লেখযোগ্য বিদ্যালয়। ১৯৮৫ চনত এইচ. এফ. চি (বৰ্তমানৰ বি.ভি.এফ.চি.এল.)ৰ পৃষ্ঠপোষকতাত ইয়াক স্থাপন কৰা হয়। ই নামৰূপ কলেজৰ ওচৰত বি.ভি.এফ.চি.এল. কলনিৰ ই চেক্টৰত অৱস্থিত। ১৪ একৰ এলেকা জুৰি ইয়াৰ চৌহদ বিস্তৃত হৈ আছে। প্ৰাথমিক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইয়াত পাঠদান কৰোৱা হয়।

 সাহিত্য-সংস্কৃতি___

পাটকাই পাদদেশত অৱস্থিত এই শিল্প নগৰীখন অতীতৰে পৰা সাহিত্য-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ৰূপে পৰিগণিত হয় ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাৰনগৰীলৈ কৰ্মসংস্থাপনৰ বাবে অহা লোকসকলৰ মাজত সাহিত্য চৰ্চা , নাট্য চৰ্চা , সংগীত চৰ্চাৰ পৰিবেশ এটা গঢ় লৈ উঠিছিল ৷ সাহিত্য চৰ্চাৰ প্ৰতি থকা আগ্ৰহৰ বাবে ১৯৬৬ চনৰ ২০ জুন তাৰিখে ’ অসম সাহিত্য সভা’ৰ অন্যতম শাখা ’নামৰূপ শাখা সাহিত্য সভা’ই জন্মলাভ কৰে আৰু বিভিন্ন প্ৰতিকুল পৰিস্থিতিৰ মাজেদি আহি আহি বৰ্তমান ই এটি জাকত জিলিকা শাখালৈ ৰূপান্তৰিত হ’ল ৷ ’নামৰূপ শাখা সাহিত্য সভা’ৰ জন্মৰ প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত বহুজন লেখক, চিন্তাবিদ,কবি,গল্পকাৰকে আদি কৰি সাহিত্যনুৰাগী সকল প্ৰাণ পাই উঠিল ৷লগে লগে সৃষ্টি হ’ল এক সুস্থ সাহিত্য চৰ্চাৰ বাতাবৰণ আৰু তাৰ লগে লগে সৃষ্টি হ’ল এক সাহিত্য জগতৰ এক স্বৰ্ণময় ইতিহাস ৷
তদুপৰি আজিৰ পৰা প্ৰায় পঞ্চাশ বছৰৰ পূৰ্বেই ১৯৬৭ চনত ’নামৰূপ সংগীত বিদ্যালয় ’ স্থাপিত হয় ৷ পৰবৰ্তী কালত এই বিদ্যালয়খনি (১৯৭৬ চনৰ ২১ আগষ্টত)  মহাবিদ্যালয় পৰ্য্যায়লৈ উন্নীত হয় ৷ প্ৰয়াত ৰাখাল শৰ্মা 'নামৰূপ সংগীত বিদ্যালয়ৰ’ প্ৰথম জন সংগীত শিক্ষক আছিল ৷

বৰ্তমানৰ নামৰূপ____

নামৰূপ বৰ্তমান অসম বা ভাৰতৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ অঞ্চল ৷ প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীৰ আমোলত নামৰূপত নামৰূপ বিদ্যুত উৎপাদন কেন্দ্ৰ, নামৰূপ সাৰকাৰখানা ,অসম পেট্ৰ ৰাসায়নিক প্ৰকল্প আৰু লগতে চাহ বাগিচাসমূহ , বন্ধ হৈ পৰা কলিয়াৰী, কোন কাহানিবাৰে পৰা লক্ষ লক্ষ টন শিল উৎপাদন কৰি অহা দিলিহী নদী ( বৰ্তমানৰ দিল্লী ঘাট) ___এই  গোটেই বিলাক কাৰকে নামৰূপক কেৱল অসমৰে নহয় ভাৰতৰ ভিতৰত এক প্ৰধান অৰ্থনৈতিক ক্ষেত্ৰ ৰূপে পৰিগণিত কৰি আহিছে ৷ অৱশ্যে ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছৰে পৰা নামৰূপৰ উদ্যোগকেইটাই যি ধৰণে চৰকাৰৰ পৰা সাহায্য পাব লাগিছিত তেনে ধৰণৰ সাহায্যবোৰ পোৱা নাই ৷ বিশেষকৈ নামৰূপ সাৰ কাৰখানাক মাহী আইৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে এনে অৱহেলিত হোৱাৰ সময়তে ৫০০ মে: ট মিথানেল সম্প্ৰসাৰণ নামৰূপ পেট্ৰ ৰাসায়নিক প্ৰকল্প আমাৰ সকলোৰে বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ 


নামৰূপ সাৰকাৰখানাৰ চমুকৈ জন্মবৃত্তান্ত সৰ্ম্পকে এটা চৰকাৰী টোকা এনেধৰণৰ______

The starting of Namrup I project: 

The project planning of Namrup I group of plants was started in the middle of 1960 by Hindustan Chemicals and Fertilizers which was merged with Fertilizer Corporation of India in January, 1961. After crossing various hurdles successfully the foundation stone could be laid on 1st January,1966 by the then Chief Minister Late Bimala Prasad Chaliha and the factory went into stream in the month of August, 1968. Commercial production however commenced from 1st january, 1969 with annual capacity of only 55000 MT of Urea and 1,00,000 MT of Ammonium Sulphate. Namrup I was set up at a cost of Rs. 24.96 crore including foreign exchange of Rs. 6.36 crore.

      . তেনেকৈ ফৰেইন এক্সচেঞ্জ ( Foreign Exchange )২৩.৬০ কোটিকে ধৰি ৭৪.৬০ কোটি টকাৰ ব্যয়ৰে ১৯৭৬ চনত বছৰি ৩,৩০,০০০ মেট্ৰিকটন ইউৰিয়া উৎপাদনেৰে নামৰূপ সাৰকাৰখানাৰ ২ য় গোট সক্ৰিয়ভাবে সাৰ উংপাদন কৰি দেশৰ অৰ্থনীতিলৈ বুজন বৰঙনি যোগাই আহিছিল ৷ সেইদৰে নামৰূপ সাৰ কাৰখানাৰ ৩য় গোটটো সম্প্ৰসাৰণৰ বাবে ফৰেইন এক্সেইঞ্জ ৫৮.৬৭ কোটিকে ধৰি মুঠ ২৮৫.৫৫ কোটি টকা খৰচ কৰি ১৯৮৯ চনত বছৰি ৩,৮৫,০০০ মেট্ৰিকটন ইউৰিয়া ব্যৱহাৰিক ভিত্তিত উৎপাদন কৰিবলৈ সক্ষম হয় ৷

        ১৯৯৮ চনৰ ২ নম্বেম্বৰত এইচ, এফ চি এল( বিভিএফ চি এল) আৰু পি- ডি-আই-এলৰ মাজত হোৱা চুক্তি অনুযায়ী নামৰূপৰ ২য় গোটটোৰ ৰিভেম্পিং কাৰ্যসূচী ২০০৫ চনৰ শেষৰ ফালে কাৰ্য্যকৰীকৰণ সম্পূৰ্ণ হৈ উৎপাদনক্ষম হৈ উঠে ৷ নামৰূপৰ ৪ ৰ্থ গোটৰ ঘোষণাৰ ১৫ বছৰৰো অধিক কাল পাৰ হৈ যোৱাৰ পাছতো এই ৪ৰ্থ গোটৰ নামত ইটা এচপৰাও নপৰাটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাৰেই ফল আৰু যাৰ বাবে ধিক্কাৰ গৰিহণাই যথেষ্ট নহয় ৷

   দিল্লী নদীৰ পাৰে পাৰে আৰু পাটকাই পাহাৰৰ কাষে কাষে গঢ় লৈ উঠা এই উদ্যোগ নগৰীখনি সমন্বয়, সম্প্ৰীতি আৰু মহামিলনৰ তীৰ্থক্ষেত্ৰ ৷ মনকৰিবলগীয়া যে ভৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে কৈছিল যে ___আধুনিক ভাৰতৰ উদ্যোগসমূহেই হৈছে নৱ ভাৰতৰ
মন্দিৰ ৷

         এই নামৰূপ আহোম স্বৰ্গদেউৰ দিনত ’কলীয়াপানী’ নামেৰে খ্যাত আছিল ৷ অবাধ্য বিদ্ৰোহী, অসামাজিক উদণ্ড ব্যক্তি আদিক আহোম ৰজাই নামৰূপতে নিৰ্বাসন দিছিল ৷ কাৰণ এই অঞ্চলটোৰ চাৰিওপিনে পাহাৰ আৰু নৈৰে ঘেৰা অতিশয় দুৰ্গম আছিল ৷ সৎৰাম-ৰূপহীৰ কাহিনীও নামৰূপৰ লগত জড়িত হৈ আছে ৷ যেনেকৈ জড়িত হৈ আছে ___১৬৮৯ শকত নাজিৰাৰ ৰামদেউ ঠাকুৰৰ কাহিনী ৷ এই ৰামদেউ ঠাকুৰে নামৰূপত নামঘৰ সাজি নামকীৰ্ত্তন আৰম্ভ কৰে আৰু আহোম ৰজাই নিৰ্বাসন দিয়া লোকসকলক সেইবিলাক নামৰ-ঘোষাৰ বাখ্যা কৰি তেওঁলোকৰ মনত সৎচিন্তা জগাই তোলাৰ প্ৰচেষ্টাৰ সঁচা কাহিনী নামৰূপে ৰিঙিয়াই কয় ৷ স্বৰ্গদেউ লক্ষ্মী সিংহ পিছে ৰামদেউৰ ঠাকুৰৰ এই কাৰ্যত অসন্তুষ্ট হৈ তেওঁক কাটিবৰ বাবে চাউদাঙক আদেশ দিয়ে ৷ ৰজাৰ আদেশত চাউদাঙে বলি কটা দাৰে ৰামদেউ ঠাকুৰক কাটিব খুজিও কাটিব নোৱাৰি , যি ঠাইত নিৰাশ হৈছিল , সেই ঠাইত ৰজাই এখন থান নিৰ্মাণ কৰি দিয়ে ৷আৰু সেই থানখনেই হৈছে বালিমৰা থান ৷ বালিমৰা ৰেল ষ্টেচনৰ পৰা নাতিদূৰৈত অৱস্থিত থানখনত আজিও অগণন মানুহে ধূপ-চাকি-নৈবেদ্যৰে সেৱা জনাই আহিছে  ৷ বহু দূৰ-দূৰণিৰ পৰা আজিও বহু ভক্তৰ সমাগমে ঠাইখনৰ মাহাত্ম্যৰ কথাকে কৈ 
যায় ।

      ধূসৰ সোনোৱালী অতীত,কিছু স্থবিৰ বৰ্তমানত ৰৈ নামৰূপৰ এটি উজ্জ্বল জ্যোতিষমান ভৱিষ্যতৰ বাবে আমি আশাৰে ৰৈ আছো ৷
গীতাঞ্জলি বৰকটকী 
নামৰূপ
———————————————————
       অনুভৱৰ পৃষ্ঠা লুটিয়াই

হৃদয়ৰ অনুধাৱন
ৰুমী দেৱী

        শিক্ষক-শিক্ষয়িত্ৰীৰ এক আদৰ্শ থাকে। ভেন্সাৰ স্কুলৰ হওক , ব্যক্তিগত স্কুলৰ হওক বা চৰকাৰী স্কুলৰ হ ওক। ল'ৰা-ছোৱালীৰে পৰিবেষ্টিত পিতৃ-মাতৃৰ এক দায়িত্ব থাকে বংশগত ভাবে ডাঙৰৰ পৰা সৰুৱে কি আদৰ্শ ল'ব, যদি আদৰ্শ ক্ষয় কৰা হয়! 
      জীৱনত কিবা নোপোৱাৰ বাবেই প্ৰতিভাৰ বিকাশ বেছিকৈ হয়। সকলোখিনি উভৈনদীকৈ কেতিয়াও পোৱা নাযায়। এটা সূত্ৰই কয় অভাৱেই আৱিষ্কাৰৰ মূল। জীৱনৰ আধা দিন গ'ল, আধা দিনো এনেকৈয়ে যাব। মোৰ মাই কৈছিল যে ৰাষ্ট্ৰপতি এজনৰ লগত সাধাৰণ মানুহে বাস্তৱত মূখামূখী হ'ব নোৱাৰে।
         যিজন সন্মানীয়ই নিজৰ চিনাকি নিদিয়ে, directly কথা নাপাতে, যিজনক directly ভুল আঙুলিয়াই দিয়া হয় শুদ্ধ হ'বলৈ, সেইজনেই এইজন বুলি ক'বলৈ যিয়ে বিন্ধা নাৰাখে। অলেখ প্ৰতিভাৰে প্ৰতিভাশালী বাবে দূৰে দূৰে অন্তৰত আছে অন্তৰতেই থাকক।অসমৰ বিকাশ সাধন কৰক, মানৱ সম্পদৰ বিকাশ সাধন কৰক। মোৰ লগত হিয়া জুৰ পৰাকৈ খেলিলে বহুত। ময়ো হিয়া উজাৰি আদৰ, মৰম, সন্মান দিয়েই আছোঁ ভগৱানৰ কৃপাত। বাকী কেইটা দিনো যাব এনেকৈয়ে কেৱল ভগৱানৰ কৃপা বিচাৰো, আৰ্থিক স্বচ্ছলতা কিছু লাগিব ঘৰখনৰ বাবে।
      মোৰ অন্তৰ আত্মাই মানসিক অভাৱ পুৰাব বিচাৰিলেই যেনিবা, মই অতিকৈ ভালপোৱা ফলটো খাব বিচাৰিলোই যেনিবা কোনো বিশ্বাস, আস্থা মোৰ চকুৰ আগত ভাঁহি উঠা নাই যিহেতু মোৰ অন্যায় হ'ব লগতে ভবিষ্যত প্ৰজন্মৰ বাবে ভুল আদৰ্শ প্ৰচাৰ হ'ব , সভ্যতাৰ উত্তৰণ কৰা উচিত মষিমূৰ নহয়।        
    মৰম দিলেহে মৰম পায়, মোলৈ অত্যন্ত মৰম আছে অযুত, অলেখ। মৰম নাই বুলি ক'লে ভুল কোৱা হ'ব। মৰম অবিহনে মই এষাৰ গালি পাৰিব নোৱাৰিলোঁহেতেঁন, গালি তেওঁকেই পাৰিব পাৰি যিজনৰ এজনৰ আনজনৰ প্ৰতি বহুত মৰম থাকে। মই অমূকক ভাল পাওঁ বা বহুত ভালপাওঁ বা অলেখ ভালপাওঁ বুলি কোৱাৰ সৎসাহস থাকিব লাগে।
         শিশু কালৰপৰা মানসিক কষ্ট সহ্য কৰি কৰি, অস্তিত্ব অনুভৱ কৰা দেৱী মা বা ভগৱান অতিষ্ঠ হৈ পৰা যেন অনুভৱ হয় প্ৰকৃতিত দেখা দিয়া কাৰ্যকলাপে।
        আকৌ শিশু কালৰ পৰা ত্যাগৰ মনোভাবেৰে সকলোৰে সহায় কৰি থকা স্বত্তেও আত্মীয় সকলৰ নিন্দাই সৰ্বশক্তিমান ভগৱানৰো চকুত চকুপানী বৰষে যেন অনুভৱ হয়।
           সততাৰে পালন কৰি দুই সন্তান মানুহ হোৱাত ভগৱানেও নিশ্চয় আশীৰ্বাদ দিব। ভগৱানে আশীৰ্বাদ কৰক সকলোৰে।
        দৈৱক্ৰমে ঘটা দুয়োপক্ষৰ মৰমৰ সম্পৰ্কৰ মাজত হোৱা কথাবতৰাত ভুল বুলি কিবা কথা থাকিব পাৰে বুলি নাভাবোঁ।
          যিজনে যিজনক সঁচা অৰ্থত ভালপায় তেওঁ আন কাৰোঁ হ'ব নোৱাৰে। তাৰবাবে বাধা নিষেধ, সন্দেহ নিষ্প্ৰয়োজন।  ভালপোৱাজনে আনলৈও গতাব নোৱাৰে, কিন্তু মূল কথা হৈছে লুকাই লুকাই কিয়, ভয় কিয়! সঁচা কথাত সঠিক যুক্তি থাকে।
       কেতিয়াবা ভাবো শিশু অৱস্থাৰ পৰা আত্মীয়সকলে মিছা যুক্তিৰে দিয়া দুখ-কষ্টই মোক ওপৰলৈ উধাব আৰু জীৱনৰ বাকী দিনবোৰত নিশ্চয় সুখ আৰু শান্তি দিব। God bless all for good work . অনুভৱ মোৰ হৃদয়ৰ। 
ৰুমী দেৱী 
গুৱাহাটী
——————————————
মহানৱমী আৰু বলি প্ৰথা 
হিমাক্ষী বৰা 

মহানৱমীৰ পোনপতীয়া প্ৰচাৰ চলি আছিল... 
     কোনোবা মন্দিৰত ৬টা, কোনোবা মন্দিৰত ৭টা ম'হ বলি দিয়া হ'ব ..., ইতিমধ্যে দুটা ম'হ বলি দিয়া হৈছে..., শতাধিক ছাগলী, হাঁহ.... | বলিশালৰ লাইভ... । বুকুখন কিবা ধপ্ ধপাই গ'ল ..

       মানুহেই সৃষ্টি কৰে নিয়ম, নীতি, পৰম্পৰা | সলনিও হয় মানুহৰ প্ৰয়োজন সাপেক্ষে | ভাবি চাইছোঁ -- উচৰ্গিত তেৰটা ম'হ জীৱিকাহীন তেৰজন মানুহক দান কৰিলে কেনে হ'লহেঁতেন ! শতাধিক ছাগলী, হাঁহ অন্ততঃ পঞ্চাশজন দৰিদ্ৰ লোকক দান কৰিলে কেনে হ'লহেঁতেন !
 (এয়া মোৰ একান্ত ব্যক্তিগত অনুভৱ)। 
হিমাশ্ৰী বৰা 
আচাৰ্যা 
শংকৰদেৱ বিদ্যা নিকেতন,জাগীৰোড
———————————————
বেবেৰিবাং চিন্তা
পবিত্ৰ কুমাৰ নাথ

...মানুহ মাত্ৰেই আজন্ম প্ৰেমিক। প্ৰেমৰ সংজ্ঞা আৰু সংযোগ মানুহৰ মানসিক চিন্তা আৰু জ্ঞানলব্ধ উপলব্ধিৰ বিষয়। 
প্ৰেম মানুহৰ মাজতেই সীমাবদ্ধ নাথাকে। নহয় ই ডেকা গাভৰুৰ দৈহিক মিলনৰ প্ৰতিভূ। প্ৰেম জীৱ জড় সকলোৰে সৈতে আত্মিক সম্পর্ক গঢ়াৰ নামান্তৰ মাথোঁ। 

" প্ৰেমত ফুলিছে শতদল
প্ৰেমত ঘূৰিছে ভূ-মণ্ডল "

প্ৰেম আছে বাবে পৃথিবীখন সদায় নতুন । নতুনত্ব আছে বাবেই প্ৰেমৰ মায়া-মোহে মানুহক প্ৰেমিক কৰি তোলে বাৰে বাৰে। কবিসকলো মানুহ। কবি সকল সেয়ে প্ৰেমৰ পাগল। 

"প্ৰকৃত কবিয়ে প্ৰেমিকাক পালে ক'ব নোৱাৰাকৈ ভাষা বিচাৰি পায়। "... 
সঁচা কথা, প্ৰকৃত কবিৰ প্ৰেম সূক্ষ্মাতিসূক্ষ্ম অনুভূতিৰে সংপৃক্ত হৈ থাকে। সেয়ে মানৱীয় সত্তাৰ বৈষয়িক সুখৰ উৰ্দ্ধত প্ৰেমৰ সন্ধান কৰি আপোন বিভোৰ হৈ পৰে, কবিসকলে।
ডান্টে (বিয়েট্ৰীছ) , মীৰা বাই (কৃষ্ণ) প্ৰকৃত প্ৰেমিক কবিৰ উদাহৰণ। অহৈতুকী প্ৰীতি মানেই প্ৰকৃত পৱিত্ৰ প্ৰেম। 
সেয়েহে কোৱা হয় –"প্ৰেম সৰগীয় উপলব্ধি। মৰতত নাই। "

" সময়-ঋতুৰ পৰিৱৰ্তনৰ লগে লগে
দৃশ্য-শ্ৰৱ্য আৰু স্পৰ্শত 
অঙ্কুৰিত হয় 'ভাললগা'
আৰু ক্ৰমশঃ
হৃদয়ৰ নিভৃত কোণত সাজে 
ভালপোৱাৰ পঁজা। ...

ভালপোৱা মানেই প্ৰেম নহয়
নহয় দৈহিক বাসনা পূৰণৰ উছাহ। ... 

প্ৰেম, 
তোমাৰে মোৰে আত্মাৰ মিলনৰ
শীতল এছাটি বা ! "
পবিত্র কুমাৰ নাথ 
বঙাইগাঁও
———————————————
সামাজিক মাধ্যম আৰু ট্ৰ’ল
অংকুৰ জ্যোতি বৰা 

আজি কিছু মনৰ কথা আপোনালোকৰ মাজত মুকলিকৈ ক'ব বিচাৰিছোঁ। বৰ্তমান সামাজিক মাধ্যম অৰ্থাৎ "Social Media"ৰ যুগ। "Social Media" বুলিলেই বহুলভাৱে চৰ্চিত এটি শব্দ হৈছে "Troll" অৰ্থাৎ সমালোচনা। পূৰ্বতে বা-বাতৰিসমূহ দূৰদৰ্শন, ৰেডিঅ' তথা বাতৰি কাকতৰ মাজতেই সীমাৱদ্ধ আছিল কিন্তু বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ বলত আৱিস্কৃত সামাজিক মাধ্যম বা "Social Media"ই পূৰ্বৰ মাধ্যমসমূহক চেৰ পেলাই সমগ্ৰ বিশ্বতেই জনপ্ৰিয়তাৰ শীৰ্ষস্থান অধিকাৰ কৰিছে। পূৰ্বতে খবৰ-বাতৰিসমূহ দিনটোৰ এক নিৰ্দিষ্ট সময়তহে পোৱা গৈছিল কিন্তু বৰ্তমান "Social Media"ৰ আশীৰ্বাদত মানুহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰ অতি দ্ৰুতগতিত লাভ কৰিবলৈ সক্ষম হৈছে। ক'বলৈ গ'লে বৰ্তমান ২৪ ঘন্টাৰ প্ৰতিটো ছেকেণ্ডেই একো-একোটা খবৰ হৈ পৰিছে। যিহেতু "Social Media"ই মানুহৰ অপেক্ষাৰ অন্ত পেলাইছে আৰু মানুহে নিজৰ প্ৰয়োজনীয় যিকোনো খবৰ থাওকতে লাভ কৰিবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত ই মানুহৰ বহুত উপকাৰ সাধন কৰিছে কিন্তু "Social Media" বুলিলেই সচৰাচৰ শুনিবলৈ পোৱা এটা শব্দ হৈছে "Troll"। বৰ্তমান বিশ্বৰ সৰহ সংখ্যক লোকেই "Social Media"ৰ ব্যৱহাৰকাৰী আৰু "Social Media"ত বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তি বিভিন্ন কাৰণত "Troll"ৰ সন্মূখীন হোৱা সঘনে দেখা পোৱা যায়। যদি কোনোবাই কিবা ভুল কৰে তেন্তে তেওঁ সমাজৰ সচেতন মহলৰ দ্বাৰা "Trolled" হ'ব পাৰে কিন্তু বৰ্তমান সময়ত "Social Media" ত কিছুমান কাৰণ নোহোৱা অপ্ৰয়োজনীয় "Troll" দেখিবলৈ পোৱা যায়, যিয়ে আমাৰ সমাজত বিৰূপ প্ৰভাৱ পেলাইছে। কেতিয়াবা এজন ব্যক্তিৰ পাৰিবাৰিক তথা একান্ত ব্যক্তিগত কথাবোৰো সামাজিক মাধ্যমত অতি তীক্ষ্ণভাৱে সমালোচনা কৰি সমাজৰ আগত তেওঁক হেয় প্ৰতিপন্ন কৰিবলৈ বাৰে-বাৰে চেষ্টা কৰা হয় আৰু তাৰ ফলত বহুতেই আত্ম-হত্যাৰ পথ বাচি ল'বলৈ বাধ্য হয়। এয়া বাৰু এখন সভ্য সমাজৰ কাম নে?
"Social Media" বৰ্তমান প্ৰতিভা বিকাশৰো এক উল্লেখযোগ্য মঞ্চ। বহুতো নৱাগত গায়ক-গায়িকা তথা কলা-কুশলীয়ে নিজ-নিজ প্ৰতিভা দৰ্শকৰ আগত প্ৰদৰ্শণ কৰিবলৈ চেষ্টা কৰে কিন্তু কেতিয়াবা তেওঁলোকে কৰা এটা মাত্ৰ সৰু ভুলৰ বাবে তেওঁলোকক ইমান বেছিকৈ "Troll"কৰা দেখিবলৈ পোৱা যায় আৰু তাৰ ফলত বহুতেই হতাশাত ভূগি নতুন সৃষ্টি কৰিবলৈ সাহ নকৰে ফলত বহুতো সম্ভাৱনা অকালতে মৰহি যায়। ভুলটো শুধৰাই দিয়ক তাত আপত্তি কৰিবলগীয়া একো নাই কিন্তু কাৰোবাক ইমান বেছি "Troll" কৰি তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰাৰ অধিকাৰ কিন্তু আমাৰ নাই। পাৰিলে কাৰোবাক আগুৱাই যোৱাত সহায় কৰক, কেঁকোৰা চেপা দি ধৰি ৰাখি তেওঁলোকৰ সপোনবোৰৰ সমাধি নঘটাব। বৰ্তমান যুৱচামৰ বহুতেই "Depression".ত ভূগে বা নিচাযুক্ত দ্ৰব্যৰ লগত সম্পৰ্ক গঢ়ি তুলে আৰু ইয়াৰ অন্যতম প্ৰধান দায়ী হৈছে "Social Media"ত হোৱা কাৰণবিহীন অপ্ৰয়োজনীয় "Troll" সমূহ। কোনো মানুহেই ত্ৰুটিহীন নহয়। আমি আনৰ ভুলবোৰ দেখা পাওঁ কিন্তু নিজৰ ভুলবোৰ ফহিয়াই চোৱাৰ অৱকাশ আমাৰ নাই। আনক "Troll" সকলোৱে কৰিব পাৰে কিন্তু যিকেইজনে "Troll" কৰে তেওঁলোকে প্ৰকৃততে কিমান জানে এয়া এক বৃহৎ প্ৰশ্ন! কিয়নো কাৰোবাক "Troll" কৰিবলৈও কিছু অধ্যয়নৰ প্ৰয়োজন হয় কিন্তু বৰ্তমান অধিকাংশ লোকেই কিতাপৰ লগত সম্পৰ্ক নাৰাখে।
হয়। বেয়া কাম তথা সমাজ বিৰোধী কাৰ্যকলাপৰ লগত জড়িত লোকসকলৰ বিপক্ষে সদায় মাত মাতক, তেওঁলোকক "Troll" কৰক কিন্তু এনেই অযথা "Troll" কৰি ব্যক্তিবিশেষৰ প্ৰতি ঘৃণাৰ সৃষ্টি নকৰিব, উঠি অহা সকলক নিঃশেষ নকৰিব।
"Social Media"ৰ আৰু এক ঋণাত্মক দিশে সমাজত কু-প্ৰভাৱ পেলাইছে সেয়া হৈছে উৰা বাতৰিৰ প্ৰচাৰ। কোনো কথাৰ আগ-গুৰি নজনাকৈ এটা "Message" দহজনক "Forward" কৰি আমি বাৰু সমাজৰ ক্ষতি কৰা নাইনে? ইয়াৰ ফলতেই কেতিয়াবা এজন ব্যক্তিৰ মৃত্যু নোহোৱাকৈয়ে তেখেতৰ মৃত্যু হোৱা বুলি ভুৱা বাতৰি বিয়পাই দিয়া দেখিবলৈ পোৱা যায়। এবাৰ ভাৱি চাওক সেই জীৱীত ব্যক্তিজনে কিমান মনোকষ্ট পাব পাৰে!

আহক আমি সকলোৱে এনেবোৰ অবিবেচক কাৰ্যৰ পৰা বিৰত থাকি এখন সুস্থ মানসিকতাৰ সমাজ গঢ়াৰ সেৱাত ব্ৰতী হওঁ।
অংকুৰ জ্যোতি বৰা
নগাওঁ
———————————————————
                                         গল্প
মুখাৰ আঁৰত 
কৃষ্ণা ময়ূৰী হাজৰিকা

“বুবু আৰু বিনী আহিছে  , এপাক আহিবা মধু ” বুলি লীনা বাৰপৰা মেছেজটো  পোৱাৰ পিছত মই সিধান্ত ল’লো যে অহাকালিলৈ  দাদাৰ ঘৰ নগৈ লীনা বাহঁতৰ তাৰপৰাই আহিমগৈ ৷যোৱাবাৰো লীনাবাই বুবুহঁত  দিল্লীৰপৰা আহোঁতে ইমান মাতোতেও যাব নোৱাৰিলো ৷ বুবু আৰু বিনী অৰ্থাত লীনাবাৰ ল’ৰা-ছোৱালীহাল দিল্লীত অধ্যয়নৰত ৷
 
সাদৰী মানুগৰাকীৰ কথা পেলাব নোৱাৰি ৷ ইমান যে মৰম কৰে তেওঁ মোক ৷ প্ৰতিটো কথা ইমান দʼ কৈ ভাবি কিমান যে সুন্দৰকৈ বুজাব’ জানে ৷ সঁচাকৈয়ে লীনা বাৰপৰা পোৱা সাহসে যোৱা তিনিবছৰত মোক এজনী শক্তিশালী নাৰীলৈ পৰিণত কৰিলে ৷ চকুলোৰ বানত উটি যোৱা সময়বোৰ মই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ মাথোঁ লীনাবাৰ আদৰ চেনেহত  ৷ কোনো তেজৰ সম্পৰ্ক নথকা মাথোঁ তিনিবছৰীয়া চিনাকি মানুহগৰাকীয়ে মোৰ হৃদয়ত নিগাজি ঠাই গঢ়ি ল’লে । অশেষ শ্ৰদ্ধাৰে মই লীনাবাক অন্তৰত ৰাখোঁ ।
লীনাবাৰ দৰে জীৱনৰ সকলো ঐশ্বৰ্যৰে 
পূৰ্ণ মানুহগৰাকীয়ে কেনেদৰে বাৰু সকলোৰে দুখবোৰ বুজি পায় ! কেনেকৈ বাৰু হাঁহিৰ আৰঁৰ চকুলোবোৰ দেখা পায় ৷ মই আচৰিত হওঁ ৷সৰু- সৰু সমস্যাতে অস্থিৰ হোৱা সৰু-সৰু দুখতে কান্দি কান্দি চকুলো বোওৱা মোক লীনাবাই কত কথাৰে কত বুজনিৰে যে শান্ত কৰে ৷ সঁচাকৈয়ে তেওঁ যেন মোৰ জীৱনৰ বটবৃক্ষ। 
লীনাবা মোৰ চিনাকি এগৰাকী নাৰী  ৷এজন চৰকাৰী উচ্চপদস্থ বিষয়াৰ মৰমৰ পত্নী ৷দুটা অতি অমায়িক আৰু মেধাৱী সন্তানৰ মাতৃ ৷ মই তেওঁক লগ পাইছিলো এখন কবিতাৰ সভাত ৷ দুটি কবিতা মইও পাঠ কৰিছিলোঁ ৷ সভাৰ শেষত এগৰাকী তন্বী ,গৌৰবৰ্ণা ,মৃদুভাষী নাৰীয়ে লয়লাস ভংগীৰে আহি মোৰ লগত চিনাকি হ’লহি ৷ 
“ তোমাৰ কবিতাই মন ভৰাই তুলিলে 
কি যে সুন্দৰ প্ৰকাশ ,সেয়েহে চিনাকি হ’বলৈ আহিলোঁ ” ৷ মই আক’ কবিতা নিলিখো দেই .,শুনোহে ৷ পঢ়িও ভাল পাওঁ ।
সেইয়াই আছিল লীনাবাৰ স’তে মোৰ প্ৰথম চিনাকি ৷ তাৰ পাছত লাহে লাহে তেওঁ মোক নিজৰ ভন্তিৰ দৰে আদৰ কৰিবলৈ ল’লে ৷মোৰ আউল লগা জীৱনটোৰ বিষয়ে অৱগত হোৱাৰ পাছত তেওঁৰ যেন দায়িত্বই হৈ পৰিল মোৰ খৱৰ ৰখাটো। মোৰ দহবছৰীয়া প্ৰেম আৰু প্ৰেমিকৰ প্ৰতাৰণাই তচনচ কৰি পেলোৱা ভগ্ন  হিয়াখন  হতাশা আৰু যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ দায়িত্ব যেন তেওঁৰহে ৷ অথচ তেওঁৰ নিজৰ জীৱনত কোনো দুখ যন্ত্ৰণাৰ ছাঁয়াই নাই ৷
এগৰাকী নাৰীয়ে জীৱনত যিখিনি বিচাৰে ভগৱানে কৃপণালী নকৰাকৈ তেওঁক ঢালি দিছে ৷ 
ভিনদেউয়ে কিমান যে আদৰ চেনেহেৰে তেওঁৰ জীৱন পূৰ্ণ কৰিছে। চৰকাৰী দায়িত্বত ইফালে সিফালে ঘূৰি ফুৰা ভিনদেৱে ঘৰত থকা কেইদিন এজনী সৰু ছোৱালীক কৰা যত্নৰ দৰে বাইদেউৰ যতন লয় ৷ এবাৰ মই গৈ পাইছোঁ লীনাবাৰ পানীলগা  জ্বৰ বুলি শুনি ৷  ভিনদেউৱে তেওঁৰ ওচৰতে বহি আছে ৷মাজে মাজে কপালত  পানীৰ পট্টি সলাই দিছে ৷
যদিও দুগৰাকী ঘৰুৱা কামৰ সহায়িকা আছে ভিনদেউৱে নিজে কিচ্ছেনত সোমায় পাৰৰ জোল ৰান্ধিছে  ৷ মই গৈ পোৱাত হাঁহি হাঁহি কৈছে“ মধু ভাল সময়ত ওলালাহি আজি পাৰৰ জোলেৰে জহা চাউলৰ ভাত খাই যাবা”
মই বোলো “ভিনদেউ আপুনি ডিগবৈত আছে বুলিহে শুনিছিলোঁ ? ”
ভিনদেউয়ে ঢেকঢেকাই হাঁহি ক’লে  বোলে “ইস্ কি ক’বা মই নহালৈকে বেমাৰ ভাল নহয় বুলি জানো নহয় আমাৰ আইদেউৰ,মুঠেই এদিনৰ ছুটি যেনেতেনে মেনেজ কৰি আহিলোঁ , পাৰৰ জোলকণ ৰান্ধি খুৱাওগৈ বুলি ৷
ভিনদেউৰ কথাৰ সুৰ শুনি  লীনা বা আৰু মই দুয়ো হাঁহিলোঁ ৷
সেই অফুৰন্ত  মৰমৰ মাজত থাকিও লীনাবাই মোৰ যন্ত্ৰণাবোৰ বুজি পাই , জীৱনৰ কোনো যন্ত্ৰণাই চুই নোযোৱা মানুহগৰাকীয়ে কেনেকৈ মোৰ যাতনাবোৰ নিজৰ বুলি ভাবি মোক প্ৰতি ক্ষণতে আবৰি ৰাখিব পাৰে !
শুনামতে লীনাবা মাক দেউতাকৰ একমাত্ৰ জীয়ৰী ৷ অগাধ সম্পত্তিৰ অধিকাৰী দেউতাকৰ অজস্ৰ সম্পতিৰ ভৱিষ্যতৰ উত্তৰাধিকাৰী ৷
অপূৰ্ব সুন্দৰী মানুহগৰাকীক যেতিয়া মই
তেওঁলোকৰ  বৃহৎ অট্টালিকাটোৰ ল’নত পায়চাৰি কৰি থকা দেখো মোৰ এনে লাগে এইয়া যেন এক বৃহৎ ৰাজপ্ৰসাদ আৰু লীনা বা যেন সেই ৰাজপ্ৰসাদৰ ৰাজকন্যা ৷
সচাই তেওঁ আলসুৱা ৰাজমহিষী ৷ ভিনদেউৰ হৃদয়ৰ ৰাণী ৷ মোৰ দৰে ক’ত জনৰ বাবে যে শান্তিৰ প্ৰচ্ছায়া ।
যোৱা তিনিবছৰত লীনাবাৰ  ওচৰে পাজৰে থাকি তেওঁক ভালপোৱা মানুহবোৰৰ মুখত এনে ধৰণৰ কথাই শুনোঁ ৷
সচাই লীনাবা এগৰাকী নাৰীৰ গুনেৰে গুণী। ধুনীয়া নাৰী ৷দেহেৰে মনেৰে ৷
ল’ৰা ছোৱালীহালো মাকৰ দৰেই ৷অতি অমায়িক। ঐশ্বৰ্যৰ মাজত অহংকাৰী হ’ব নজনা সৰল প্ৰাণ ৷
এইবোৰকে ভাবি গুণী  কেতিয়ানো  লীনাবাহঁতৰ পদূলি পালোঁহি গমেই নাপালোঁ ৷ 
সুদৃশ্য গেটখন খুলি সোমাই গ’লো ৷ দেশী বিদেশী বিভিন্ন ফুলৰ সমাবেশ ঘটা ফুলনিখন পাৰ হৈ মোজাইকৰ বাৰাণ্ডাত ভৰি থ’লোঁ ৷ 
“সোমাই আহাঁ মধু ” লীনাবাই ভিতৰৰ পৰা ক’লে ৷ 
চাহ পৰ্বৰ পাছত  লীনাবাহঁতৰ বেডৰুমত বহিলোগৈ ৷ বুবু আৰু বিনী মানে লীনাবাৰ ল’ৰা-ছোৱালীহাল একেখন চহৰতে থকা ককাক আইতাকৰ ওচৰলৈ গ’লহেনো ৷হঠাৎ প্লেন কৰিলে ৷ডেকা গাভৰুৰ মন ৷ মধু বাক বেলেগ এদিন লগ পাম বুলি কৈ গৈছে বোলে মাকক ।
বেডৰুমত বহি লীনা বা অস্বাভাৱিক ভাৱে নিমাত হৈ গ’ল । কথাচহকী আৰু সপ্ৰতিভ মানুহ গৰাকীৰ মৌনতা মোৰ পৰিচিত নহয় ৷মই ভালদৰে মনকৰোতে দেখিলো লীনা বা যথেষ্ট ক্ষীণালে , চকুৰ গুৰিত ক’লা ক’লা দাগ ।
“লীনা বা , আপোনাৰ গা বেয়া নেকি ?” 
লীনাবাই তলমুৰ কৰি ৰ’ল আৰু কিছুসময়ৰ পিছত উচুপি উঠিল ৷
মই হতচকিত হৈ লক্ষ্য কৰিলোঁ তেওঁৰ দুচকুৰ পৰা ধাৰাসাৰ চকুলো বৈছে ৷
কি কৰিম কি নকৰিম বুলি লীনা বা কি হ’ল আপোনাৰ বুলি দুহাতত ধৰিলোঁ ৷
এইবাৰ তেওঁ হুকহুককৈ কান্দি উঠিল ৷
ক’লে “
মধু বহুদিনৰ পৰা কাকো ক’ব নোৱাৰ কিছু কথাই মোৰ হৃদয়খন তোলপাৰ লগাই আছিল ৷ সহি গৈছিলো মাথোঁ বুবু আৰু বিনীৰ বাবেই , কিন্তু সহ্যৰ বাহিৰ হৈ গৈছে এতিয়া ৷
কি কথা ? কওঁকচোন ৷মোৰ অস্থিৰতা বাঢ়ি গ’ল। 
মোৰ প্ৰশ্নৰ উত্তৰত লীনাবাই যিখিনি কথা ক’লে তাৰ উত্তৰ এনে ধৰণৰ আছিল ৷
লীনাবাৰ ভিনদেউৰ হেনো তেওঁলোকৰ বিয়াৰ আগৰে পৰাই কোনো এগৰাকী নাৰীৰ স’তে প্ৰেমৰ সম্পৰ্ক আছিল ৷লীনা বাক হেনো তেওঁ একমাত্ৰ সম্পতিৰ লোভতহে বিয়া কৰাইছিল। 
বিগত দিনবোৰত সেই প্ৰেম নকমিল ৷ লীনাবাক বিয়া কৰোৱাৰ পাছত চৰকাৰী কামৰ বিভিন্ন অজুহাত লৈ ভিনদেউয়ে দেশে বিদেশে সেই প্ৰেমিকাৰ স’তেই জীৱন কটালে ৷ 
কিন্তু ভিনদেউৰ আপোনাৰ প্ৰতি মৰম স্নেহ মই নিজে দেখিছো বা ? 
মোৰ প্ৰশ্ন ৷
চকুপানীৰে দুগাল তিয়াই লীনাবাই উত্তৰ দিয়ে ৷
সেইয়া অভিনয় ৷ যাতে ধৰা নপৰে ৷
হে ভগৱান ! 
মই আচৰিত হওঁ ৷
আপুনি কেতিয়া জানিলে ৷
মই সোধো ৷
বিয়াৰ চাৰিবছৰৰ পিছত ৷ তেতিয়া দুয়োটা ল’ৰা ছোৱালীৰ জন্ম হৈ গৈছিল ৷“বুবু আৰু বিনীৰ দেউতাকজনক সিহঁতৰ পৰা আতৰাবলৈ ভয় লাগিল মধু  ৷নহ’লে কেতিয়াবাই ডিভৰ্চ দিলোঁহেতেন” লীনাবাই উচুপি উচুপি ক’লে  ৷ গোটেই জীৱন যন্ত্ৰণাত গ’ল মধু ৷ লীনাবাই পুনৰ উচুপি উঠিল ৷ কাকো ক’ব নোৱাৰো ৷মোৰ আৰু এওঁলোকৰ প্ৰতিপত্তিশীল পৰিয়াল কেইটা সমাজৰ চকুত ধৰা পৰাৰ ভয়ত ৷ হাৰ্টৰ বেমাৰী মা ৰ কিবা এটা হৈ যোৱাৰ ভয়ত ৷
ল’ৰা- ছোৱালী হালৰ অন্তৰত দেউতাকৰ প্ৰতি ঘৃণা ভাৱ সৃষ্টি হোৱাৰ ভয়ত ৷
মই কাকো .... কাকো ...
যন্ত্ৰণা বোৰ  ক’ব নোৱাৰিলো মধু 
মোৰ মৌনতাই তেওঁৰ সাহস বঢ়ালে আৰু আজিকালি খোলাখুলিকৈ মোৰ সন্মুখতে প্ৰেমিকাৰ স’তে ঘন্টা ঘন্টা জুৰি কথা পাতিব’ পৰা হ’ল ৷
যোৱা পৰহি বুবু আৰু বিনী ৰ বাবে ঘৰলৈ আহি এঘন্টাৰ পাছতেই প্ৰেমিকাৰ কথামতে ডিউটিৰ দোহাই দি গুছি গ’ল ৷
দুয়োটাই আহি দেউতাকক নাপায় দুখ কৰিছেহি ৷
মই আৰু কিমান সহিম কোৱা ৷ নোৱাৰিছো মধু নোৱাৰিছো মই ৷ শেষ হৈ আহিছো মই ৷
ইতিমধ্যে মোৰ চকুলো বৈছিল ধাৰাষাৰে৷
কি উত্তৰ দিম ?
কি শব্দৰে কি ভাষাৰে বুজাম  লীনা বাক ৷
একেই যন্ত্ৰণাত দগ্ধ মোৰ মন প্ৰাণ ৷
মোৰ চিৰন্তন দুখবোৰ আপোন কৰি মোক সাহস দি জীয়াই ৰখা মানুহজনীৰ দুখবোৰ নোহোৱা কৰিব’ পাৰিমনে?  
সম্ভৱ নে ?
তেওঁ যেনেদৰে মোক জীয়াই তুলিলে ৷মই তেওঁক জীয়াই তুলিব পাৰিম নে ?
চকুৰ আগত ভাঁহি আহিল  এখন অতিকৈ সুগঢ়ী আৰু মৰমীয়াল মুখ ৷ যি লীনা বাৰ অকন অকন কষ্টতে উথলি উঠিছিল ৷ সেইয়া আছিল ভিনদেউৰ মুখ ৷
মই লীনাবাক সাৱটি ধৰিলোঁ ৷ মাতত যথেষ্ট গহীনতা আনি ক’লোঁ “লীনাবা নাকান্দিবা ,আমি আছোঁ  নহয় মই আছো বুবু আছে বিনী আছে ”তোমাক ভালপোৱা মানুহ বোৰ আছে  ৷শেষলৈ মই বাকৰূদ্ধ হৈ পৰিলোঁ ৷
এজনী সৰু ছোৱালীৰ দৰে লীনাবা মোৰ বুকুত সোমাই পৰিল ৷
ঘুৰি অহাৰ বাটত ভাবিলো মুখা.... মুখা মুখা ..
চৌদিশে মুখা ....
লীনাবা ,ভিনদেউ আৰু আৰু.... মোৰ ...মোৰ 
আমাৰ সকলোৰে মুখত একোখন মুখা আছেচোন। 
লীনাবাৰ মুখত এখন সুখৰ মুখা যাতে তেওঁৰ যন্ত্ৰণাবোৰ অইনে নেদেখে। 
ভিনদেউৰ মুখত এখন মৰম আৰু স্নেহৰ ৰঙেৰে ৰঙীন এখন মুখা যাতে তেওঁৰ কুটিলতা খিনি অইনে নেদেখে ৷
মোৰো আছে
মোৰো আছে এখন মুখা লীনাবাৰ দৰেই ৷
একেই ৰঙ ৷ একেই ৰঙীন। 
কৃষ্ণা ময়ুৰী হাজৰিকা
তিতাবৰ
যোৰহাট 
———————————————————
সংগী 
ৰূপজ্যোতি গগৈ 

আধা পঢ়া কিতাপখন মেলি নীলা বিছনাখনতে আউজি বহিল। তাইৰ প্ৰিয় লেখকজনৰ এই বছৰৰ সাহিত্য অকাডেমি বঁটা পোৱা কিতাপখন ঘৰুৱা নানানটা ব্যস্ততাৰ মাজতো পঢ়ি আছে, ভাল লাগিছে যদিও শেষ কৰিব পৰা নাই, ইটো সিটো কামৰ লেঠাৰ বাবে। তথাপি অলপ অলপকৈ তাই পঢ়ে। পঢ়ি আনন্দ লভে। শৈশৱতে গঢ় লোৱা এই অভ্যাসটো নথকা হ’লে তাইৰ বাৰু কি হ'লহেঁতেন, কেতিয়াবা তাই মনে মনে ভাবে। 
ঘৰখনত চাৰিটা প্ৰাণী। তাৰে ডাঙৰটো ল'ৰা। এইবাৰ মেট্ৰিক পাছ কৰি নগৰৰ নাম থকা জুনিয়ৰ কলেজখনলৈ পঢ়িবলৈ গ'ল।ঘৰৰ পৰা অহা-যোৱা কৰিবলৈ অসুবিধা বাবেই কলেজৰ লগতে থকা ছাত্ৰাবাসৰ আবাসী। মাহেকত এবাৰ ঘৰলৈ আহে সি। আন সময়ত প্ৰয়োজন সাপেক্ষে সিহঁত যায় । এপাক চাই, খা - খৱৰ লৈ আহে। তাৰ কথা বতৰা মতে সকলো ঠিকে চলি আছে। পাঠ্যক্ৰমৰ অগ্ৰগতিৰ খবৰ অৱশ্যে কলেজৰ পৰা নিয়মীয়াকৈ মেছেজ আহি থাকে। ভাল, তাৰ কেৰিয়াৰ লৈ সিও সচেতন। সেয়ে তাক লৈ কোনো চিন্তা নাই বুলিবই পাৰি। 
সৰুজনী ছোৱালী, মৰম আকলুৱা, আলসুৱা। তায়ো অবশ্যে বেছ সচেতন নিজক লৈ। এইবাৰ অষ্টম শ্ৰেণীলৈ পাবলগীয়া ছোৱালীজনীও কেনেকৈ যে ইমান বেগাই ডাঙৰ হৈ আহিছে। ভাবিলে দেখোন ভয়েই লাগে তাইৰ। 
বাকী থাকিল জোনাক। কিমান প্ৰেম, ভালপোৱাৰে বিয়া হৈছিল সিহঁতৰ! কলেজৰ সেই কবিতাৰ প্ৰেমত পৰাৰ দিনতে সিহঁতৰ প্ৰেম হৈছিল নজনাকৈয়ে। আৰু এদিন সম্পূৰ্ণ ঘৰৰ সহযোগত বিয়া হৈছিল সিহঁতৰ। বহুত সুখী হৈছিল সিহঁত। ৰংবোৰ যেন থপিয়াই থপিয়াই ধৰি ৰাখিছিল সিঁহতে। 
সেই ৰঙৰ মাজতে মৌ আহিছিল, হিয়া আহিছিল সিহঁতৰ মাজলৈ। এটা চৌব্বিশ ঘন্টাই ব্যস্ততাভৰা জোনাকৰ চাকৰিৰ ব্যস্ততাৰ বাবে নীলাই এৰি দিছিল নিজৰ সপোনৰ, হেঁপাহৰ শিক্ষকতাৰ চাকৰিটো। সন্তান, হয় সন্তানক জন্ম দিয়া, লালন পালন কৰা এই এৰাব নোৱাৰা ব্যস্ততাটোৰ বাবেই তাই হাঁহি- হাঁহি চহী কৰিছিল ৰেজিগনেচন লেটাৰত। 
মাত্ৰ আঢ়়ৈ বছৰৰ ডাঙৰ সৰু কণমানি দুটায়ো তাইক কম জ্বলা কলা খোৱোৱা নাই! 
পৰবৰ্তী দিনত সিহঁতক গানৰ স্কুল, আৰ্ট, সাঁতোৰৰ স্কুল কত যে কি শিক্ষাৰ বাবে তাই ক'ৰ পৰা তালৈ ঢপলিয়াই থাকিল।এতিয়া পিছে সিহঁত প্ৰায় ডাঙৰেই হ'ল। তাই লাগি থকাৰ প্ৰয়োজনীয়তা কমি আহিল। পঢ়া-শুনাত অৱশ্যে সম্পূৰ্ণ চকু তায়েই দিব লাগে। 
আনহাতে, জোনাক ব্যস্ততা ভৰা কোম্পানীৰ উচ্চপদস্থ বিষয়া। কাম, কেবল কোম্পানীৰ কামতে ব্যস্ত জোনাকৰ তাইলৈ চকু দিবলৈ  যেন অকণো সময়েই নাই। কামৰ দিনবোৰৰ বাদেও বন্ধৰ দিনতো যেতিয়া বচৰ অনুৰোধত গধূলি আঠ ন বজালৈকে অফিচত ব্যস্ত থাকে তেতিয়া তাইৰ সঁচাকৈ খং উঠে। আৰু সৰু সৰু কথাতে তাইক যেতিয়া খং কৰে। তেতিয়া তাই সঁচাকৈ বৰ নিসংগতাত ভোগে। কেতিয়াবা ভাব হয় এই নিসংগতা তাইৰ কোনো অসুখৰ কাৰণ নহয়তো!! অৱশ্যে তেনে ভয়ংকৰ নিসংগ সময়বোৰত তাই সদায় কাষ চপাই লয় কিবা নহয় কিবা এখন কিতাপ। কিতাপখনৰ নায়ক নায়িকাৰ সতে তাই হাঁহে, কান্দে ন ন অভিজ্ঞতাৰ সন্মুখীন হয় । আৰু এনেকৈয়ে তাই কাষ চপাই অনা কিতাপবোৰ তাইৰ প্ৰিয় হৈ পৰে!
         আজি কালি প্ৰায়ে ভাব হয় কিতাপবোৰহে যেন তাইৰ আপোন সংগী। মন গলেই কাষ চপাই লব পৰা, চুব পৰা, আনকি তাইৰ আন কামৰ সময়ত আঁতৰায়ো ৰাখিব পৰা বৰ বিশ্বস্ত সংগী!
ৰূপজ্যোতি গগৈ
বৰকাঠনি চাহ বাগিচা গোলাঘাট
ফোন নং -৯৬৭৮৭০৭৪০০
——————————————————
খন্তেকৰ ভোজ খাওঁতা নাই
জিনা বৰুৱা বৰা 

   গাড়ীখন গৈ আছে। মাথোঁ গৈ আছে। গোটেই ৰাতি নিৰ্জন হাবিৰ মাজে মাজে গৈ ভয়ত যেন পেপুৱা লাগি হাত ভৰি পেটতে লোকাই , গোটেই শৰীৰ চেঁচা হোৱাৰ উপক্ৰম হৈছে।বাছৰ পৰা বাহিৰলৈ ইফালে- সিফালে চাইছে নাই ক'তো  দেওমনিষ এটা নাই ।কেৱল হাবিৰ মাজৰ পৰা চিৰ-চিঞনি ,হু-হুৱনি,জক-জকনিৰ শব্দ।গাড়ীৰ ভিতৰতে যেন অনুভৱ হয় কিবা অশৰীৰি আত্মাই ‌যেন দীঘল দীঘল জাপ মাৰি দিঙিতে  হেঁচামাৰি ধৰিবহি। 
  তেনেতে বাছৰ কণ্ডাক্টৰৰ মাতত চক খাই উঠিল সকলো।কণ্ডাক্টৰে আহি সুধিলেহি কোনে কোনে কোন ঠাইত পৰিছে কওকচোন। এফালৰপৰা পৰা মানুহ বিলাকক জাগাই জাগাই নমাই যাব লাগিব। মৃদুল শইকীয়াই ক'লে মোৰ জেলেঙী টোপত।কণ্ডাক্টৰটোৱে  চিঞৰি ক'লে অ মাই গড। কি জেলেঙী টোপত!কি হ'ল নো আমি পাঁচজন আছোঁ?,এহ: একো নাই একো নাই। সেই কোৱাচোন কিয় চিঞৰিলা তেনেকৈ?নহয় মানে প্ৰাণটো ঘূৰি আহিলেই হ'ল। কিয় ক'লা তেনেকৈ?নকব আৰু সেই খন উগ্ৰপন্থীৰ ৰাজ্য। উগ্ৰপন্থীৰ হাতত প্ৰাণ নগলেই হ'ল আৰু। সেই তেনেকৈ ভয় নোখোৱাবা।আমি ল'ৰা ছোৱালীৰ বাপেক হয়। এনেকৈ ভয় খোৱালে হাৰ্ট ফেইল হ'ব দেই।নাই নাই দাদা ভয় নকৰিব।যি হ'বলৈ আছে সকলো ভগৱানৰ ওপৰত এৰি দিয়ক। তাকে হে এই ইলেকচন বোৰ পাতি আমাৰ ভোটৰ চেন্টাৰত ডিউটি বোৰ দি দি আমাক হাৰাশাস্তি দি মাৰিছে অ।
  এটা সময়ত সেই ঠাই খন আহি পালেহি।বাছৰ পৰা নামিয়েই গাওঁ খন দেখি ভাল লাগি গ'ল। চাৰিওফালৰ পৰিবেশ  যেন স্বৰ্গ সদৃশ। মানুহৰ ডাঙৰ ডাঙৰ বাৰী। খেতি-পথাৰে,ফল-মূলে মোক খা মোক খা কৰি আছে।প্ৰতিঘৰ মানুহৰ দাঠ দাঠ হাবি । বিভিন্ন ডাঙৰ ডাঙৰ গছে নদন বদন কৈ ভৰি আছে। কিবা গাওঁ খনত ভৰি দিলেই মনটো আনন্দৰে ভৰি পৰে। তেনেতে কেইটা মান ল'ৰা আহি কৰ্কশ মাতেৰে সুধিলে। আপোনালোক কৰ পৰা আহিছে।এ: এ: আ--মি আ--মি শিৱসাগৰৰ পৰা আহিছোঁ বুলি ভয় ভয়কৈ ক'লে।অ ঠিক আছে ঠিক আছে।এই ইয়াত কোনো তেৰি মেৰি  নকৰাকৈ নিজৰ ডিউটি কৰিবি।অন্য একোতে চকু নিদিবি। অ' অ' ঠিক আছে বাৰু। সিহঁতে ভয়তে পেপুৱা লাগিলে। কৃষ্ণহে বুলিলো আও ভাল বাপেকে আজি  বাঘ-সিংঘৰ জালত হৰিণ সোমালো দেই। গাওঁ খন দেখিলে অনুভৱ নহয় দেখোন ইয়াত দুঠেঙীয়া নৰখাদক আছে বুলি।
     যাইকি নহওক আহি পালোঁহি যেতিয়া ঘৰলৈ আৰু বন্ধু অমৃতলৈ ফোন এটা কৰি পালোহি বুলি জনাওঁ। ঘৰলৈ ফোন মাৰিলে নাপায় হে নাপায়।ঘৰলৈ নাপায় মৃদল শইকীয়াই বন্ধু  অমৃত হাজৰিকালৈ বুলি ফোনটো মাৰিলো।নাই লাইন মানে নেট নাপায় হে নাপায়। বহুত সময় চেষ্টা কৰাৰ পিছত যেনিবা ভাগ্য খোল খালে। লাগিল নহয় ঘপকৈ ফোনটো।হেল্ল, বন্ধু মই মৃদুলে কৈছোঁ।অ' অ'কোৱা বন্ধু।পালাগৈ নে ভালে কুশলে।হয় বন্ধু যেনে তেনে‌ পোৱালেহি ভগৱানে। কেনেকুৱা ঠাইত পৰিলা বন্ধু।এহ: বন্ধু নকবা আৰু। কিবা জংঘলৰ গহ্বৰত সোমালোঁ।কিয় কেনেকুৱা ঠাইনো?বুজিছা ডাঙৰকৈ ক'ব নোৱাৰি। ফুচ-ফুচাই ক'লো।জানা ইয়াত গোটেই  উগ্ৰপন্থীৰ মহাৰাজ্য। প্ৰাণটো ভালে ভালে ঘূৰি গলেই ৰক্ষা আৰু। কেনেবাকৈ কিবা তেৰি- মেৰি হলে আৰু মৰিলোঁ। সেই হয় নেকি? পিছে তুমি ক'ত পৰিলা ।মই ভাল জাগাতে পৰিছো।একো অসুবিধা হোৱা নাই।হওক তেওঁ তুমি বাছিলা।বাৰু বুলি কিবা ক'বলৈ লওতেই ফোনটো কাট খালে।
    ইফালে মৃদুলে ঘৰলৈ বুলি ফোন মাৰি আছে নেটৱৰ্ক নাপায় হে নাপায়। বহুত বাৰ চেষ্টা কৰি কোনো যোগাযোগ কৰিব নোৱাৰিলে।গা- পা ধুই ডিউটিৰ বাবে ওলাবলৈ হ'ল।ঘৰলৈ আৰু কোনো যোগাযোগ কৰিব নোৱাৰিলে।ঘৰৰ পৰাও ফোন মাৰি আছে মৃদুলৰ মিছেছে।নাই তাইও কোনো খবৰ নাপালে। মিছেছ ৰীতা বহুত চিন্তাত পৰিল।কালৈ ফোন কৰিব উপায় নোপোৱা হ'ল। ঘপকৈ মনত পৰিল ‌অমৃত হাজৰিকাৰ মিছেছক সুধোচোন তেওঁ কিবা জানেই ।কিজানিবা একেলগে ইলেকচন ডিউটি পৰিছে নেকি?ৰৈ নাথাকি ফোন লগালে হেল্ল হেল্ল মিছেছ হাজৰিকা ।হয় হয় কওকচোন মিছেছ শইকীয়ানী।কথা এটা নহয় হাজৰিকানী এই এখেতলোকৰ খবৰ পায় নে? কোন ঠাইত ডিউটি পৰিছে একো খবৰ খাটি নাপাওঁ। আপুনি কিবা খবৰ পায় নেকি?হয় হয় এখেতে ফোন কৰিছিল। আমাৰ এখেত ভাল ঠাইতে পৰিছে।ডিব্ৰুগড়ৰ টেঙাখাটত পৰিছে।একো অসুবিধা হোৱা নাই। আমাৰ এখেতৰ কথা কিবা কৈছিলে নেকি বাৰু?হয় কৈছিলে।কি কৈছিল বাৰু? আচলতে আপোনাক আৰু কি কম।ধৰি লক ভাল ঠাইতে‌ পৰিছে।নাই নাই আপুনি কিবা লোকোৱাইছে । কওকচোন কেনেকুৱা ঠাইত পৰিছে?নাই নাই  শইকীয়ানী চিন্তা নকৰিব। তেখেত ঠিক ঠাকে আছে।নহয় নহয় আপুনি ক'বই লাগিব। মই ইমান ফোন কৰাৰ পাছতো পোৱা নাই। নিশ্চয় বহুত বেকৱাৰ্ড ঠাইত পৰিছে চাগৈ।হয় ‌শইকীয়ানী অলপ তেনে ঠাইতে পৰিছে। আপুনি চিন্তা নকৰিব।নহয় হাজৰিকানী কওকচোন মোৰ শপত আপুনি কি ক'ব খুজিছিল। আপুনি শপত দিলে যেতিয়া কৈছোঁ আৰু।আচলতে তেখেত হেনো কোনোবা উগ্ৰপন্থীৰ এৰিয়াত পৰিছে।তাত হেনো পদে পদে উগ্ৰপন্থীৰ ভয়। ভগৱানে ভালে কুশলে পোৱালেহিয়েই হয়।শইকীয়ানীয়ে কথা শুনি কি! বুলি মাটিত ঢলি পৰি  অচেতন হৈ পৰিল? ল'ৰা ছোৱালী কেইটাই উপায় নাপায় দৌৰা দৌৰি কৰি কি কৰোঁ কি নকৰোকৈ চিঞৰিব ধৰিলে।তেহে ল'ৰা ছোৱালীয কেইটাৰ মাত শুনি ওচৰতে থকা মদন ফুকনে কি হৈছে বুলি দৌৰি আহে চাবলৈ।শইকীয়ানীকপৰি থকা দেখি ততা- তৈয়াকৈ গাড়ী উলিয়াই হস্পিটেললৈ লৈ গৈ ভৰ্তি কৰিলেগৈ।শইকীয়ানী দুদিন অচেতন হৈ আই চি ইউত পৰি থাকিল।  তিনিদিন দিনাহে   জ্ঞান ঘূৰি আহিল।চকু মেলিয়েই শইকীয়াক দেখি হুক-হুকাই কান্দি পেলালে। শইকীয়াই ক'লে হেৰা, ইমান অলপ ধতুৱা হ'লে কেনেকৈ হ'ব? আজি "খন্তেকৰ ভোজ খাওঁতা নহ'ল হেঁতেন"তুমি একেবাৰে সিপুৰী পালাগৈ হয় আৰু ইফালে মোৰো যদি কিবা এটা হোৱা হ'লে দেখোন এই ল'ৰা -ছোৱালী হাল ঘাট মাউৰা হ'ল হেঁতেন।বিপদৰ সময়ত সদায় ধৈৰ্য্য ধৰিবা বুজিছা নহ'লে নিজেও মৰিবা আৰু আনকো মাৰিবা।
জিনা বৰুৱা বৰা
পীড়াকটা বাদুলী পুখুৰী মাজ গাওঁ
টীয়ক,যোৰহাট
———————————————————
সেন্দূৰ 
হিয়া দাস 

---আজিৰে পৰা সদায় ৰাতিপুৱা গা ধুই শিৰত সেন্দূৰ লগাবি মাজনী। উকা কপালেৰে কোনোদিনে গিৰিয়েকৰ আগত নোলাবি।
---কিয় মা? কি হ'ব নো উকা কপালেৰে ওলালে?
---আমাৰ হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে যি পতিব্ৰতা নাৰীয়ে স্বামীৰ মংগল কামনা কৰি সেন্দূৰ পিন্ধে সেই নাৰীৰ স্বামীৰ কেতিয়াও কোনো অপায় অমঙ্গল নহয় আৰু তেওঁ দীৰ্ঘায়ু লাভ কৰে। সেন্দুৰৰ শক্তি কিমান পিছত বুজি পাবি। 
দৃঢ়তাৰে পাহিক কথাখিনি কৈ মাক পাহিৰ কোঠাৰ পৰা ওলাই গ'ল বিয়ালৈ বুলি অহা আলহী সকলক মাত দিবলৈ । 
নেহাই ভাবিলে,--- আজলী মাকজনীক কেনেকৈনো বুজাব তাই? সদায় সূৰ্য্যোদয় নৌহওঁতেই গা পা ধুই আহি স্বামীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শিৰেৰে ৰঙানদী বোৱাই লোৱা মানুহজনীৰ দীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই এদিন মানুহজন কফিনত ভিতৰত সোমাই উভতি আহিছিল খণ্ড-বিখণ্ড টুকুৰা হৈ । 
দেখা গৈছিল প্ৰতিটো নিউজ চেনেলতে বিগ ব্ৰেকিং নিউজ, -----" কাশ্মীৰৰ এখন ঘন অৰণ্যত সন্ত্ৰাসবাদী আৰু সেনাৰ মুখামুখি সংঘৰ্ষত ভাৰতীয় সেনা জোৱান অসমৰ বীৰ পুত্ৰ ভাস্কৰ বৰ্মন   " স্বহীদ। "
দেৱালত এটা সোণালী বৰণৰ ফ্ৰেমত আৱদ্ধ হৈ ওলমি থাকিল স্বহীদ ভাস্কৰ বৰ্মন মানে পাহিৰ দেউতাকৰ স্মৃতি বহন কৰি এখন ফটো । আৰু মাকৰ! মাকৰ শিৰেৰে  বৈ থকা গাঢ় ৰঙা নদীখন শুভ্ৰ সাজযোৰে নিচিহ্ন কৰি পেলাইছিল চিৰদিনৰ বাবে। তেতিয়া মাকৰ বয়স একুৰি দহ। 
সেইদিনা পাহিৰ আইতাকে ( মাকৰ মাক ) জীয়েকৰ অকাল বৈধব্যৰ বাবে ঈশ্বৰক চিঞৰি চিঞৰি প্ৰশ্ন সুধিছিল,   " মোৰ দৰে দুৰ্ভাগ্য তাইৰ কপালত কিয় লিখিলা ঈশ্বৰ?" 
আইতাক আৰু মাকে মংগল প্ৰাৰ্থনাৰে শিৰত আঁকি লোৱা সেন্দুৰখিনি তেন্তে নিশকতীয়া আছিল নেকি যাৰ বাবে স্বামীৰ আয়ুসৰেখা হ'ব নোৱাৰিলে, ? যদি সেন্দুৰ ইমানেই শক্তিশালী প্ৰসাধন হ'লহেঁতেন তেন্তে কোনো নাৰীৰ "বিধবা" বুলি এটা অবাঞ্চিত পৰিচয় নহ'লহেঁতেন।
আজি পাহিৰ মনত সেন্দূৰ প্ৰসাধনৰ এবিধ সামগ্ৰীৰ বাদে আন একো নহয়।
হিয়া দাস
শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ
গাওঁ /ডাক শুৱালকুছি
কামৰূপ অসম 781103
মোবাইল 9706776143
———————————————————
পাঠকৰ দৃষ্টিত 
ড° লীলা গগৈৰ উপন্যাস নৈ বৈ যায়
ধন মণি বৰদলৈ
দৰাচলতে অসমীয়া উপন্যাস অসমীয়া সাহিত্যৰ এক আধুনিক সৃষ্টি।  বিশেষকৈ পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ আৰু প্ৰত্যক্ষ অনুকৰণত জন্ম হ’লেও কিন্তু অতি সোনকালে ই অসমীয়া সাহিত্যৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। এটা বিশ্বাসযোগ্য কাহিনী,পৰিচিত নৰ-নাৰী,সমাজৰ বাস্তৱ সমস্যা আৰু মানুহৰ হৃদয় বেদনা আৰু আশা-আকাংশাই যেতিয়া সুগঠিত বা সু-সংহত ৰূপত প্ৰকাশ লাভ কৰে তাক উপন্যাস বুলিব পাৰি।অৱশ্যে সাম্প্ৰতিক আধুনিক অসমীয়া উপন্যাসে এই সংজ্ঞা অতিক্ৰম কৰিছে । ছক কথাত আহোমৰ ছশ বছৰীয়া শাসনৰ পৰা আৰম্ভ কৰি অসম আন্দোলনৰ দৰে বিভিন্ন ঘটনা-পৰিঘটনাই সৃষ্টি কৰা পৰিবেশ-পৰিস্থিতিক সামৰি উপন্যাস সৃষ্টিৰ বা তাক কাৰক হিচাপে কাম কৰি আহিছে ঠিক।তাৰেই ভিতৰত বিশিষ্ট ঔপন্যাসিক লীলা গগৈ দেৱৰ অন্যতম উপন্যাস ‘নৈ বৈ যায়’  খনো ব্যতিক্ৰম নহয় । লীলা গগৈ দেৱৰ ‘নৈ বৈ যায়’ উপন্যাসখনত বিশেষকৈ সমসাময়িক অসমীয়া সমাজ জীৱনৰ লোকবিশ্বাস, ৰীতি-নীতি, পৰম্পৰা, বিভিন্ন উৎসৱ-পাৰ্বণ আদি দিশসমূহ সামৰি আলোচনা কৰিবলৈ যত্ন কৰা হৈছে আৰু ‘নৈ বৈ যায়’ উপন্যাসখনক এটা সামগ্ৰীক দৃষ্টিত চাবলৈ গলে মূল কাহিনীভাগত তত্ত্ব গধুৰ বিষয় বস্তু চকুত পৰা দেখা যায়।
‘নৈ বৈ যায়’ কাহিনীভাগৰ আৰম্ভণি হৈছে নায়কৰ ডেকা কালৰ বৰ্ণনাৰে। উপন্যাসখনৰ মাজে মাজে নায়কৰ শৈশৱৰ কোনো বিচ্ছিন্ন ঘটনা বা অনুভৱৰ বৰ্ণনা কৰা হৈছে যদিও সেইবোৰৰ মাজত কোনো নিৰৱচ্ছিন্ন সংযোগ স্থাপন কৰিব নোৱাৰি। কাহিনীভাগৰ প্ৰথমৰ দহটা অধ‍্যায়ত নায়ক-নায়িকাৰ মাজত প্ৰথম দেখা-দেখি হোৱাৰে পৰা যুগ্ম জীৱনৰ আৰম্ভণিলৈকে বিস্তাৰিত বিৱৰণ আগবঢ়োৱা হৈছে। অৱশ্যে এই বিস্তাৰ একেবাৰে সৰল ৰৈখিক নহৈ ঘাট-প্ৰতিঘাট আৰু বাধা-বিঘিনিৰে ভৰা হোৱা হেতুকে যথেষ্ট ঘটনা বহুল আৰু আকৰ্ষণীয় হৈ উঠিছে। এইক্ষেত্ৰত প্ৰথমে অৰ্থনৈতিক আৰু পৰম্পৰাগত সামাজিক আভিজাত‍্যৰ ফালৰ পৰা দুয়োৰে মাজত থকা সামাজিক অৱস্থানৰ ভেদাভেদে অন্তৰায় সৃষ্টি কৰিছিল। বিশেষকৈ নায়কৰ ঘৰৰ মানুহবোৰ পুৰণি আভিজাত‍্যৰ গৌৰৱক সুঁৱৰি এটা বিশেষ ধৰণৰ জীৱন-চৰ্চাত অভ‍্যস্ত আছিল। দৰাচলতে এই দৃষ্টিভংগীৰ বাবেই পৰিয়ালটোৱে নায়ক-নায়িকাৰ মিলনক স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত অহেতুক প্ৰতিবন্ধকতা সৃষ্টি কৰাই নহয়, শেষলৈ পাৰিবাৰিকভাৱে ভাগ ভাগ হৈ যোৱাৰ লেখীয়া চূড়ান্ত সিদ্ধান্ত‌ও গ্ৰহণ কৰিছিল। এনেদৰে অপ্ৰত‍্যাশিত এটা অৱস্থাৰ মাজত সোমাই পৰিবলগীয়া হোৱা হেতুকে নায়কে বিবাহৰ পাছৰে পৰাই ঘৰ-দুৱাৰ, সা-সম্পত্তি সকলোৰে পৰিচালনা আৰু আহল-বহল কৰাৰ ওপৰত চকু দিবলগীয়া হৈছিল। ঠিক সেইদৰে, তৎকালীন সামাজিক আচাৰ-আচৰণৰ বাবে নায়কৰ মতৰ বিপৰীতে গৈ ‘নাদুকী’ নামৰ আন এগৰাকী ছোৱালীক তেওঁৰ সৈতে বিয়া কৰাই দিয়া হৈছে। এই অপ্ৰত‍্যাশিত দ্বিতীয় বিবাহে নায়িকাৰ সৈতে তেওঁৰ পাৰিবাৰিক জীৱনটোক প্ৰথম অৱস্থাত কিছু জটিল কৰি তুলিছিল। কিন্তু পিছলৈ ‘নাদুকী’ৰ সন্তানহীনতা আৰু পৰিয়ালটোৰ সৈতে মিলি-জুলি থাকিব নোখোজা মানসিকতাটোৰ বাবে ক্ৰমাৎ পৰিয়ালটোত অকলশৰীয়া হৈ পৰে। ইয়াৰ বিপৰীতে নায়িকাই সকলোৰে মন বুজি, সকলোৰে কল‍্যাণ বিচাৰি কাম কৰা আৰু বংশৰ উত্তৰ পুৰুষৰ মাতৃ হোৱাৰ জৰিয়তে পৰিয়ালটোত এটা সুদৃঢ় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এতেকে এনেদৰে বিচাৰ কৰি চালে আমি উপন্যাসখনৰ তিনিটা নাৰী চৰিত্ৰ দেখা পাওঁ, যথাক্ৰমে- নায়কৰ মাক, নায়িকা আৰু নাদুকীৰ জৰিয়তে ঊনবিংশ-বিংশ শতিকাৰ অসমৰ গ্ৰাম‍্য জীৱনৰ নাৰীসকলৰ সামাজিক আৰু পাৰিবাৰিক অৱস্থানৰ বাস্তৱসন্মত উপস্থাপন সম্ভৱ হৈ উঠিছে। ইয়ে প্ৰস্ফুলিত আজি সমাজক প্ৰতি কৰিছে বুলি কব পাৰি আৰু তিনিওটা নাৰী চৰিত্ৰৰ ভিতৰতে মাক আৰু নায়িকাৰ চৰিত্ৰ দুটা ত‍্যাগ আৰু সহনশীলতাৰে ভৰা যদিও নাদুকীৰ চৰিত্ৰটোত ঈৰ্ষা আৰু অসহিষ্ণু মনোভাৱ পৰিস্ফুট হয়। সন্তানহীনা নাদুকী শেষলৈ নায়কৰ ঘৰ এৰি নিজ ঘৰলৈ গুচি যায়। ইয়াৰ পৰৱৰ্তী অংশত নায়ক-নায়িকাৰ সন্তান-সন্ততিৰে ভৰা এখন ভৰা সংসাৰৰ বিৱৰণ আগবঢ়োৱা হৈছে। আঠোটাকৈ ল’ৰা-ছোৱালীৰ সংসাৰখনৰ ডাঙৰ ল’ৰাটোৰ বিয়া আৰু ডাঙৰ ছোৱালীজনী সম্বন্ধীয় এজনলৈ পলাই গৈ সংসাৰ কৰাৰ ঘটনাবহুল বৰ্ণনাৰে উপন্যাসখনৰ প্ৰথমছোৱাৰ সামৰণি পৰিছে।
ইয়াৰ পাছতে উপন্যাসখনৰ দ্বিতীয় খণ্ডটোত ঘাইকৈ নায়ক-নায়িকাৰ পৰৱৰ্তী সতি-সন্তান ছটাৰ বিবাহ আৰু বিবাহোত্তৰ জীৱনৰ বিৱৰণ আগবঢ়োৱা হৈছে। তেওঁলোকে একান্ত ভাৱে ইচ্ছা আৰু যত্ন কৰাৰ সত্ত্বেও কেনেদৰে ঘৰখন ক্ৰমাৎ সৰু সৰু ভাগত বিভক্ত হৈ পৰিছিল, সেই বিৱৰণে উপন্যাসখনৰ শেষাৰ্দ্ধক গম্ভীৰ কৰি তুলিছে। এই ক্ষেত্ৰত পৰিয়ালৰ সদস্য সমূহৰ ব‍্যক্তিত্ব, মূল‍্যবোধ আৰু পেছাগত ভিন্নতাই কেনেদৰে যৌথ পৰিয়ালসমূহক ভাঙি ক্ৰমাৎ সৰু সৰু পৰিয়াললৈ পৰিণত কৰিছে তাৰ নিৰ্মোহ আৰু চিন্তা উদ্ৰেককাৰী বিশ্লেষণ পোৱা যায়। মন কৰিলে বিশেষকৈ  ‘নৈ বৈ যায়’ উপন্যাসখনত  সমসাময়িক অসমীয়া সমাজ জীৱনৰ চিত্ৰ ৰীতি-আছে পৰম্পৰা দেখা পাওঁ । যাক আজি সমাজে দ্ৰুত গতিত পৰিবৰ্তন হলেও নুই কৰিব নোৱাৰোঁ। ‘নৈ বৈ যায়’ উপন্যাসখনত ঔপন‍্যাসিকে অসমীয়া সমাজ-সংস্কৃতিৰ এশবছৰীয়া ইতিহাস প্ৰকাশ কৰি অনন‍্য মাত্ৰা প্ৰদান কৰিছে। অসমীয়া সমাজৰ বিভিন্ন ৰীতি-নীতি, পৰম্পৰা আৰু ঐতিহ‍্য‌ই উপন্যাসখনৰ উপজীৱ‍্য। অসমৰ বাপতি-সাহোন বিহু, বিয়াৰ আচাৰ-নীতি, তোলনী বিয়া, ভেকুলী বিয়া, ভাওনা আদিৰ উপস্থাপনেৰে ঔপন‍্যাসিকে অসমৰ লোকজীৱনৰ ৰূপটোক জ‍্যোতিষ্মান কৰি তুলিছে।লীলা গগৈৰ ‘নৈ বৈ যায়’ কেৱল এখন উপন্যাসেই নহয়, অসমৰ লোকজীৱনৰ দলিলস্বৰূপ। অসমৰ লোক-সংস্কৃতিৰ সাৰ্থক প্ৰতিফলন, অসমৰ গ্ৰাম‍্য জীৱনৰ বহু বৰ্ণময় ৰূপ অভিব‍্যক্ত হোৱা, অতীতৰ অসমীয়া সমাজৰ সম্পূৰ্ণ চিত্ৰ সযতনে সংৰক্ষণ কৰি থোৱা আৰু নিভাঁজ থলুৱা কথ‍্য ভাষাৰ প্ৰয়োগেৰে ‘নৈ বৈ যায়’ৰ আছে এক অনন‍্য মহাকাব‍্যিক ৰূপ। অসমীয়া জনজীৱন, সমাজ ব‍্যৱস্থা, প্ৰকৃতি আদিক লৈ ড° লীলা গগৈদেৱে ‘নৈ বৈ যায়’ উপন্যাসক পৰিৱৰ্তনৰ মাজেদি আগবঢ়াই আনিছে। এশ বছৰৰ পটভূমিত উপন্যাসখনৰ কাহিনী ৰচিত হৈছে যদিও অসমীয়া সাম্প্ৰতিক সমাজৰ বাস্তৱিক ছবি কিছুমান বিশেষ সাংসাৰিক জীৱনত ঘটা এনে ধৰণৰ ঘটনা-পৰিঘটনা, লোকবিশ্বাস, পৰম্পৰা আদিক  বিষয় বস্তু হিচাপে লোৱা বাবে সাহিত্য-সংস্কৃতিৰ জগতত "নৈ বৈ যায়" উপন্যাসখনৰ গুৰুত্ব আছে আৰু ইয়াৰ স্থান নি:সন্দেহে অতি উচ্চ মানৰ আৰু যুগজয়ী হিচাপে চিনাকি কৰি পাঠক সমাজলৈ ইতিবাচক বাৰ্তা  প্ৰেৰণ কৰিছে বুলি স্বীকাৰ কৰিব পাৰি।
             ধন মণি বৰদলৈ
             মৰিগাঁও, অসম
———————————————————
গ্ৰন্থ উদ্ধৃতিঃ
__________
▪️ল'ৰা-ছোৱালীৰ নিচিনাকৈ আনন্দ পাবৰ কাৰণে বা উচ্চাকাংক্ষী মানুহৰ নিচিনাকৈ শিক্ষা পাবৰ কাৰণে কেতিয়াও কিতাপ নপঢ়িবা। কিতাপ পঢ়িবা কেৱল জীয়াই থাকিবৰ কাৰণে। 
                     __ গুষ্টাভ ফ্লবেয়ৰ

▪️ফাগুনৰ এটি ধূসৰ সন্ধিয়া। লানি পাতি বগলীৰ জাকবোৰে পাহাৰৰ নামনিয়েদি উৰা মাৰিছে__সিহঁতৰ পৰিচিত নীড়বোৰলৈ। 
         ৰংমিলিৰ হাঁহি (উপন্যাস) 
         ৰংবং তেৰাং
        ( প্ৰথম বাক্যাংশ) 

▪️কিতাপ হ'ল পৃথিৱীৰ সঞ্চিত সম্পদ, জাতি আৰু চামে চামে মানুহৰ উত্তৰাধিকাৰীসূএে লভ্য সম্পত্তি। 
      ___হেনৰি ডেভিদ থৰো  
যুগুতালে- 
অনিতা মেধি মিশ্ৰ
বঙাইগাঁও
———————————————————
                                      শিশুৰ ৰহঘৰা 

———————————————————
পদ্য 
আইতা
অনুভৱ চন্দন পৰাশৰ 

আইতা, আইতা, আমাৰ আইতা,
আইতাৰ বিষয়ে এটি কবিতা ।

আমাৰ আইতাৰ দাঁত নাই, চুলিবোৰো পকা,
একেই পকামূৰীয়া আমাৰ মৰমৰ ককা ।

আইতাই খুন্দনাত তামোল খুন্দি খায়,
দুই কোৱাৰিয়েদি পিক বৈ যায় ।

জহকালি আইতাই চকলিয়াই দিয়ে আম,
দৈনিক নামঘৰত গায় হৰি নাম ।

আইতাই সদায় সন্ধিয়া আমাক শুনায় সাধুকথা,
সোৱাদ লগা হয় আইতাই পোৰা নাৰিকল দিয়া পিঠা ।
অনুভৱ চন্দন পৰাশৰ
পঞ্চম শ্ৰেণী
লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
হাতীগাঁও, গুৱাহাটী
———————————————————
পাহি আৰু কণমানি জলকুঁৱৰী
(শিশু উপন্যাস)
 তৃতীয় খণ্ড
 ৰিঞ্জুমনি নেওগ বৰা 
                
ঃ মণিবা! ককা বাৰু বজাৰলৈ গ'ল ।তুমি মাছবোৰ বছাৰ আগতে মোৰ কোঠাত সেই ধুনীয়া মাছজনী গ্লাছৰ ডাঙৰ পাত্ৰটোৰে সৈতে থৈ আহানা।বেছেৰী এনেকৈ থাকিলে মৰিয়েই যাব কিজানি ।
ঃ হা হা হা ! তুমিনো কেনেকৈ জানিলা এইটো মাছ মতা নে মাইকী? মাছজনী বুলিযে ক'লা!
ঃ নাই অ'! দেখিবলৈ ধুনীয়া কাৰণেই জনী বুলিওলাল আৰু! আকৌ তাকে লৈ তুমি মোৰ লগত কাজিয়া নকৰিবা দেই ।
ঃ নকৰোঁ‌ বাৰু । কিন্তু মতা মাছ মাইকী মাছ বুলি কোনো কথা নাই ।ধুনীয়া মানে ধুনীয়াই আক' ! 
ঃ তথাপি ! কিমান ধুনীয়া  চোৱাচোন ! ইমান ধুনীয়া মাছোযে থাকিব পাৰে মই ভবাই নাছিলোঁ‌।  ইমান লাহি পাহি আৰু ধুনীয়া ফিছাৰে কিযে ধুনীয়া ঐ !!
ঃ মূৰৰ পৰা চোৱাচোন কেনেকৈ চুলিৰ নিচিনাকৈ এইবোৰ দাঢ়ি ওলাইছে !
ঃ মণিবা ! সেইবোৰ চুলিয়েই দেই ! তাই ছোৱালী মাছ বুলি কৈছোঁ‌ৱেই মই !
ঃ হ'ব দিয়া তাই ছোৱালী মাছেই । হ'লতো !
ঃ ও ! এতিয়া তুমি বছা মাছবোৰ ধোৱাৰ আগতে ব'লা তাইক আমাৰ মাছৰ ধুনীয়া পাত্ৰটোত ভৰাই থওঁ‌। বালটিৰ পানীত মৰি থাকে যদি ! ইচ্ তাই একো খোৱাও নাই ! 
ঃ বৰদেউতা সেইকাৰণেইতো বজাৰলৈ গৈছে । মাছৰ খাদ্য আনিবলৈ ।
ঃ ব'লা ব'লা ! সোনকালে যাওঁ‌ ।
মণিয়ে বাছি থোৱা মাছবোৰ চৰিয়াত ভৰাই ঢাকি 
থ'লে আৰু পাকঘৰৰ বেছিনত চাবোনেৰে হাত ধুলে ।ড্ৰইংৰুমৰ কাঁ‌চৰ ঘূৰণীয়া পাত্ৰটো পাহিৰ ৰুমলৈ লৈ গৈ তাই পাহিৰ পঢ়া টেবুলৰ কাষতে থকা টুলখনত থ'লে ।
ঃ এইটো ভালকৈ ধুইছানে মণিবা ?
ঃ কালি এইটো কি ভাবি জানো ধুই থৈছিলোঁ‌ ! আজি চোৱাচোন তোমাৰ মৰমৰ সোণালী মাছ আহিয়েই গ'ল ।
ঃ ওৱা যোৱা মণিবা ! সোনকালে মাছজনী ইয়ালৈ লৈ আহাগৈ । 
ঃ ৰ'বা ! আগতে পানী ভৰাব লাগিব ।তাৰপিছছত লাহেকৈ তাইক পানীত এৰি দিব লাগিব ।
মণিয়ে পাত্ৰটোত পানী ভৰাই মানে পাহি পুঅনৰ বাল্টিটোৰ ওচৰ পালেগৈ! আই ঐ ! কেনে মৰম লগা মাছজনী! তাই হাতটো পানীত ভৰাই মাছটো লৰাই
  দিলে । সোণালী ফিছাকেইখন লৰাই লৰাই তাই বাল্টিৰ ভিতৰতে সাঁ‌তুৰি থাকিল । ইমান ধুনীয়া মাছ পাহিয়ে আগতে দেখাই নাছিল । টিভিতহে দেখিছিল ।
ঃ পাহি ! ব'লা ! এটিয়া আমি সোণালীক তোমাৰ ৰুমৰ পাত্ৰটো এৰি দিওঁ‌গৈ ।
ঃ অ' ! তুমি হ'বলা তাইৰ নামেই দি দিলা ! বঢ়িয়া নাম ।
ঃ অতো আকৌ ! সোণোৱালী মাছ কাৰণেই তাইৰ নাম সোণালী দিলোঁ‌ !
ঃ চাবা দেই মণি বা ! দুখ পালে বেয়া কথা হ'ব ।
ঃ দুখ নাপায় নহয় ।মই আলফুলে ধৰি পানীত দি দিম আক' !
দুইজনীয়ে পাহিৰ ৰুমৰ ভিতৰ পালেগৈ । এইবাৰ মণিয়ে লাহেকৈ মাছটো বাল্টিৰ পৰা নি কাঁ‌চৰ পাত্ৰটোত এৰি দিলে । কিছুসময় ফিছা লৰাই লৰাই তাই পানীত সাঁ‌তুৰি থাকিল । মণিয়ে ক'লে,
ঃ পাহি ! তুমি এতিয়া সোণালীক চাই থাকা ।মই মাছবোৰ ধুই পখালি ভাত ৰান্ধোঁ‌গৈ ।
ঃ যোৱা যোৱা ।এতিয়া মোৰ এটা লগ হ'ল ।ভালেই হ'ল ।মই এতিয়া সোণালীৰ লগত খেলিব পাৰিম ।
মণি ওলাই যোৱাৰ পাছত পাহিয়ে একেথৰে মাছটো চাবলৈ ধৰিলে ।তাইতো সেই জনী মাইকী মাছ বুলি আগতেই ভাবিয়েই লৈছে । এতিয়া তাই তাইৰ ফালে চাই চাই তন্ময় হৈ থাকোতেই মাছজনীয়ে পানীতে  ঘূৰি নাচোন নাচি পানীৰ ওপৰলৈ জপিয়াই দিয়া দেখি তাই  আচৰিত হ'ল । আও! কি নাচোন নাচিছে চা ঐ ! তাই মুখত হাঁ‌হি বিৰিঙি উঠিল ।আকৌ চাই থাকোতেই সোণালীয়ে পানীতে দেও দি আকৌ এবাৰ পানীতে জঁ‌পিয়াই দিলে ।পাহিৰ মনটো আনন্দত নাচি উঠিল ।তাই হাত চাপৰি বজাই চিয়ৰি উঠিল !
ঃ সোণালী! সোণালী !! আকৌ এবাৰ জঁ‌পিয়া
  সোণালী ! 
সোণালীয়ে যেন কিবা বুজি পালে তাই আকৌ এবাৰ পানীতে ঘূৰি ভুটুংকৈ পানীৰ পৰা মূৰটো উলিয়াই আকৌ পানীত সাঁ‌তুৰিবলৈ ধৰিলে । পাহিয়ে দেখিলে সোণালী যেন মাছ নহয় ,মাছৰ পোছাক পিন্ধা এজনী সৰু ছোৱালীহে । তাইৰ  ফালে চাই যেন কিবা ক'ব খুজিছে ! পাহিয়ে আচৰিত হৈ তাইলৈ চাই ৰ'ল।
(আগলৈ)
ৰিঞ্জুমনি নেওগ বৰা 
অধ্যক্ষ 
তেজপুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় 
———————————————————
শিশু-গল্প              
সপোন
ভূমিকা দাস

 ৰতনপুৰ গাঁৱৰ  শাওণৰ পথাৰথন দেখিবলৈ  এইবেলি খুব শুৱনি হৈছিল। পথাৰবোৰৰ‌ সৰহভাগতেই কঠিয়া ৰোৱা হৈছিল আৰু কিছুমান  পথাৰ পানীৰে  ভৰি আছিল । বহুত সময়  এটা ঈগল চৰাই  ইমূৰৰ পৰা সিমূৰলৈ  ঘূৰি -পকি আছিল। ঘূৰি থকা  ঈগল চৰাইটোৱে এন্দুৰ এটা  দেখি  হঠাৎ ৰৈ গ'ল ।। সি ভাবিলে -ইয়াৰ দেখোন ডেউকা দুখন নাই ,কিবা বেমাৰ হ'ল নেকি..?
সুধিলে, "হেৰা..! তোমাৰ ডেউকা দুখন কোনে কাটিলে..? "এন্দুৰ টোৱে শুনিলে কিন্তু একো নুবুজিলে।সি ভাবিলে চৰাইটোৰ দেহত এয়া দুয়োফালে বিছনীৰ‌ দৰে কি লাগি আছে .? নিশ্চয় কোনো দেৱতাৰ অভিশাপ।বৰ‌ দুখ মনেৰে তাক সমৱেদনা জ্ঞাপন কৰিলে। আকৌ
চৰাইটোৱে ভাবিলে এন্দুৰ টো চাগে বৰ দুখত আছে।  ভাবি থাকোঁতেই ঈগলটোৱে চকুৰ পচাৰতে তাক ঠেঙেৰে থাপমাৰি ধৰি উৰুৱাই লৈ গ'ল পৰ্বত ,-পাহাৰ,নৈ ,জান ,জুৰি ,সাগৰৰ ওপৰেৰে বহু দূৰলৈ...
মাটিত নমাৰ পিছত এন্দুৰ টো তন্ময় হৈ থাকিল বিশাল পৃথিৱীৰ ঐশ্বৰ্য্যৰ কথা ভাবি...।
কিছূসময় পিছত এন্দূৰৰ তন্ময়তা ভাগিল আৰু  সি 
বহুত সময় ভাবি থাকিল  যে
সপোনো বাৰু ইমান সুন্দৰ ‌হ'ব পাৰেনে...?

সপোনো বাৰু ইমান ধুনীয়া হ'ব পাৰেনে...?
ভূমিকা দাস
গুৱাহাটী/কাহিলীপাৰা
ফোন ..9365060029
———————————————————
সাধু
কপৌ চৰাই আৰু পৰুৱা 
দীপাংকৰ ভূঞা

                  আজিৰ পৰা বহুত দিনৰ আগৰ কথা। গছ-গছনিৰে ভৰা এটা পাহাৰৰ নামনিত কুল্-কুল্ শবদৰে এখন নৈ বৈ গৈছিল। পাহাৰটো, গছ-গছনি আৰু নৈখনে ঠাইখনিৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা কৰি তুলিছিল ।
                    নৈখনৰ পাৰতে এজোপা জোপোহা গছত এহাল কপৌ চৰায়ে বহুবছৰ ধৰি অতি আনন্দৰে কোন অপায় অমঙ্গল নোহোৱাকৈ বসবাস কৰি আছিল । সিহঁতে গছজোপাৰ এটি সুৰক্ষিত ঠাইত অতি যতনৰে  অ'ৰ্-ত'ৰ্ পৰা কুটা কঢ়িয়াই কঢ়িয়াই এটা সুন্দৰ বাহ সাজিছিল। বাহটোত মাজে মাজে মাইকী কপৌজনীয়ে কণী পাৰি উমনি দিয়ে। উমনিত থকা সময়ত মতা কপৌটৌৱে মাইকী কপৌজনীৰ বাবে প্ৰয়োজনীয় খাদ্য যোগান ধৰিছিল। যথা সময়ত এই কণী ফুটি ধুনীয়া ধুনীয়া পোৱালিৰ জন্ম হৈছিল।  পোৱালি কেইটাৰ যেতিয়াই ভোক লাগে তেতিয়াই কপৌহালে সিহঁতৰ বাবে আহাৰ বিচাৰি বিচাৰি ইফালে সিফালে গৈছিল আৰু আহাৰ পালেই সিহঁতৰ ওচৰলৈ আহি আনন্দ মনেৰে আহাৰবোৰ খুৱাইছিলহি । এইদৰেই দিনবোৰ সুকলমে পাৰ হৈছিল।
                            গছজোপাত সিহঁতৰ সৈতে একেলগে কিছুমান পৰুৱায়ো বসবাস কৰিছিল। সেয়ে পৰুৱা আৰু কপৌহালৰ মাজত এটা সুন্দৰ সম্বন্ধ গঢ়ি উঠিছিল। 
              এদিনৰ কথা। চৰাইযোৰে আনন্দ মনেৰে খেলি থাকোতে হঠাৎ দেখা পালে যে এটা পৰুৱা অসাৱধান বসতঃ গছ জোপাৰ পৰা খহি নৈৰ পানীত পৰিলে । পানীত পৰি পৰুৱাটোৰ নাজল্-নাথল্ অৱস্থা হ'ল। সি তাৰ জীৱন ৰক্ষাৰ বাবে আপ্ৰাণ চেষ্টা চলালে। কিন্তু পানীৰ সোঁতে তাক দূৰলৈহে উটুৱাই লৈ গ'ল। পৰুৱাটোৰ এনে দুখ-দূৰ্গতী দেখি কপৌহালৰ বৰ বেজাৰ লাগিল।
সিহঁত দুটাই কেনেকৈনো পৰুৱাটোৰ জীৱন ৰক্ষা কৰিব পাৰি তাৰেই উপায় চিন্তা কৰিবলৈ ধৰিলে।
এনেতে মতা কপৌটোৰ মগজুত এটা বুদ্ধি
খেলালে। সি তৎক্ষণাত গছৰ পাত এটা ঠোঁটেৰে চিঙি পানীত কক্-বকাই থকা পৰুৱাটোৰ সন্মুখত পেলাই দিলেগৈ। পৰুৱাটোৱেও পাতৰ আশ্ৰয় পাই পাতটোৰ ওপৰত যেনেতেনে উঠি ল'লে । পানীৰ সোঁতে পাতটোৰ সৈতে পৰুৱাটোক উটুৱাই নৈৰ দাঁতিকাষৰীয়া এডোখৰ মাটি পোৱালেগৈ। মাটি পাই পৰুৱাই জীৱন ঘূৰাই পালে আৰু আনন্দ মনেৰে নিজৰ ঠাই পালেগৈ। এইদৰেই কপৌ চৰাইহালৰ বাবে পৰুৱাটোৰ প্ৰাণ ৰক্ষা পৰিছিল ।

নীতি শিক্ষা :- 
" বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি।"
 " বিপদত পৰা প্ৰাণীক সহায় কৰা উচিত।"
দীপাংকৰ ভূঞা
নগাঁও
———————————————————
শিশু-গল্প
মই ডাঙৰ মানুহ হ'ম
দিগন্ত বৈশ্য (মুনু)

এতিয়াহে নয়নে বুজি পালে যে দেউতাকে তাক কিয় কয়-    
"পঢ়া-শুনা কৰে যি
  বৰ মানুহ হয় সি।"
               
            সৰুৰে পৰা নয়নে দেখি আহিছে যে তাক ঘৰৰ সকলোৱে বহুত মৰম কৰে। কাৰণ, সিয়েই ঘৰৰ একমাত্ৰ ল'ৰা। তাক সকলোৱে বুজায়-"নয়ন অ', তই ভালদৰে পঢ়, পঢ়ি- শুনি ডাঙৰ মানুহ হ, তোক সকলোৱে ভাল পাব।"
                      নয়ন এতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ। কিন্তু তাৰ পঢ়া-শুনাত মতি-গতি নাই। সকলোৰে আশা সি ভালদৰে পঢ়িব। কিন্তু আনে কোৱা কথা তাৰ এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই যায়। সি নপঢ়াও নহয়, পুৱা-গধূলি সি পঢ়া টেবুলত বহে ও। কিন্তু পঢ়া 
কিতাপখন আগত থৈ মনটো গোটেই বিশ্বত ঘূৰি ফুৰে। মাক-দেউতাকে ভাবে- সি ভালদৰে পঢ়ি আছে। সেয়ে, তাক সকলোৱে কোলাত লৈ চুমা এটা দিয়ে, মৰমতে লজেঞ্চ এটা দিয়ে। খেতিয়ক দেউতাকৰ লগতে বৰদেউতাকে ও তাৰ বাবে নানা বস্তু, পিন্ধা কাপোৰ- কানি আনি দিয়ে আৰু কয়, মুনু, তোক আমি যি দিব লাগে, সকলো আনি দিম।মুঠতে, তই পঢ়িব লাগে আৰু এই বছৰৰ বৃত্তি পৰীক্ষাত প্ৰথম স্থান দখলেৰে আমাৰ গাওঁৰ নাম উজলাই ৰাখিব লাগে।সৰু ল'ৰা নয়নে ভাবে-'মই যে পঢ়া নাই, কোনে জানে? সকলোৱে ভাবে, মই পঢ়ি আছোঁ।' এইবুলি সি নিজকে কৈ নিজে হাঁহে।
                                     চাওঁতে চাওঁতে তাৰ পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষা আহি পালে। সিও অন্য লৰা ছোৱালীৰ দৰে "পৰীক্ষা আহে, পৰীক্ষা যায়" ভাবেৰে পৰীক্ষা দিলে। পৰীক্ষা দি অহাৰ পিছতেই ঘৰৰ সকলোৱে তাক সুধিলে -"পৰীক্ষা কেনে হ'ল?" সিও উত্তৰ দিলে-"বহুত ভাল হ'ল।" কাৰোবাক কাৰোবাক সি ক'লে যে এইবাৰ সি বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিব।এই কথা শুনি সকলোৱে ভাল পালে।
                       জুন মাহৰ ২১ তাৰিখে পৰীক্ষাৰ ফলাফল ওলাল। কিন্তু তাৰ ফলাফলে সকলোৰে আশাত চেঁচা পানী ঢালিলে। নয়নৰ খেতিয়ক দেউতাকে গা পা ধুই নয়নৰ ফলাফল আনিবলৈ স্কুললৈ গ'ল। কিন্তু অসমৰ ভিতৰত  প্ৰথম স্থান লাভ কৰিম বুলি সপোন দেখুওৱা নয়নে প্ৰথম স্থান লাভ কৰা দূৰৰ কথা, উত্তীৰ্ণই হ'ব নোৱাৰিলে।এই কথাত ঘৰৰ সকলো মৰি যোৱা যেন হ'ল। ঘৰত এনে এটা পৰিবেশ হ'ল যেন চুৰি কৰা অপৰাধত কাৰোবাক জেললৈ হে নিয়া হ'ল। সকলোৱে লাজত মুখ উলিয়াব নোৱাৰা হ'ল। বহুতে ক'লে-"সৰু শ্ৰেণী, এবাৰ অনুত্তীৰ্ণ হ'ল, কি হ'ল? আকৌ দিব।"তেতিয়া বৰদেউতাক মহীকান্তই ক'লে-"কথাটো তেনে নহয়।পৰীক্ষা পৰীক্ষাই, পৰীক্ষাৰ কোনো সৰু- ডাঙৰ নাথাকে।" নানাজনে নানা কথা ক'লেও নয়নৰ গাত নালাগে। কিন্তু বৰদেউতাকে কোৱা কথাত তাৰ গা চেবালে।  
           বৰদেউতাক মহীকান্তই সেইদিনা গধূলি নয়নৰ বাবে নতুন ফলি, বহী, কিতাপ, জ্যামিতি বাকচ আনি তাৰ হাতত তুলি দিলে, নয়ন মৰি যোৱা যেন হ'ল। সি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। তেতিয়া বৰদেউতাকে তাক কোলাত বহুৱাই লৈ ক'লে-"শুনা মুনু,আমাৰ ঘৰৰ তই একমাত্ৰ ল'ৰা। তোক লৈ আমাৰ সকলোৱে বহুত আশা কৰো। আজি তই পৰীক্ষাত অনুত্তীৰ্ণ হোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু মনত 
ৰাখিবি -পৰীক্ষা সদায় পৰীক্ষাই। এতিয়াৰ পৰা ভালদৰে নপঢ়িলে পিছলৈ ভাল হ'ম বুলি ভাবিলেও ভাল হ'ব নোৱাৰিবি।"
                তেতিয়া নয়নে ক'লে-"মই ভালদৰে পঢ়িম, বৰদেউতা। মই পঢ়ি-শুনি ডাঙৰ মানুহ হ'ম । মই আমাৰ বংশৰ নাম উজ্বল কৰিম।"
                      তাৰ পিছৰে পৰা নয়নৰ জীৱনৰ গতি সলনি হ'ল। সি পিছদিনাৰ পৰাই পঢ়া -শুনাত
লাগি পৰিল। তাৰ মনত এতিয়া এটাই সপোন, এটাই লক্ষ্য-"সি ডাঙৰ মানুহ হ'ব, ডাঙৰ মানুহ।"
                         বৰদেউতাকক দিয়া কথা সি ৰাখিলে। চতুৰ্থ শ্ৰেণীৰ পৰা জীৱনৰ শেষ পৰীক্ষালৈ সি হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাকে ধৰি প্ৰতিটো পৰীক্ষাতে শ্ৰেষ্ঠ স্থান দখল কৰি আহি আহি এম বি বি এছ পৰীক্ষাতো দেশৰ ভিতৰত প্ৰথম স্থান দখলেৰে নয়ন দুৱৰা আজি চিকিৎসক হৈ ওলাই আহিল। মানৱ সেৱাৰে সকলোৰে হৃদয় জয় কৰা নয়ন দুৱৰা আজি সকলোৰে মাজত চিকিৎসক হিচাপে জনপ্ৰিয় আৰু পৰিচিত  । আজি কেৱল বংশ-পৰিয়ালৰ বাবেই নহয়, গোটেই গাওঁবাসীৰ বাবে নয়ন দুৱৰা এটা চিনাকি নাম। নিজৰ প্ৰকৃত মানৱ সেৱাৰ বাবে নয়নে আজি নিজৰ এটি পৰিচয় দিবলৈ সক্ষম হৈছে।
                 সেয়ে, অকণিহত, তোমালোকেও সদায় মন দি পঢ়িবা। বিদ্যাধন শ্ৰেষ্ঠ ধন। বিদ্যা অৰ্জন কৰিব নোৱাৰিলে ধন, টকা -পইচা অৰ্জন কৰিলেও সেই ধনৰ দৰে মূল্য নাথাকে, থাকিব নোৱাৰে। সেয়ে, কয়-"ৰজাই নিজৰ দেশত হে সন্মান পায়, কিন্তু বিদ্বানে সকলোতে সন্মান লাভ কৰে।" সেয়ে,
জ্ঞানীসকলে কয়-
     "পঢ়া শুনা কৰে যি
     বৰ মানুহ হয় সি।"


[উপৰোক্ত গল্পটিয়ে "LET'S  SPREAD KNOWLEDGE 
EDUCATIONAL TEAM"-ASSAM ৰ দ্বাৰা "বিশ্ব ডাক দিৱস" উপলক্ষে আয়োজিত গল্প প্ৰতিযোগিতাত  দ্বিতীয় স্থান লাভ কৰিছে।]
দিগন্ত বৈশ্য (মুনু)
——————————————–————
সাধু
বুধিয়ক ব্ৰাহ্মণ        
পবিত্ৰ বৰগোহাঁই 

   এবাৰ এজন ব্ৰাহ্মণ বহুত দিন নৰিয়াত পৰি আছিল ।তেওঁ সদায় শিতানৰ বেৰত এখন দুৰ্গাদেৱীৰ ফটো ওলোমাই থৈছিল আৰু সেই ফটোখনত প্ৰণাম কৰি কৈছিল '' আই মাতৃ তোমাৰ চৰণত দিবলৈ মোৰ একো নাই ।সম্পদ বুলিবলৈ গাইগৰু এজনী আছে ।যদি তুমি মোক এই দুৰাৰাোগ্য বেমাৰৰ পৰা উদ্ধাৰ কৰা তেতিয়া গাইজনী বেছি যি টকা পাম তাকে তোমাৰ চৰণত অৰ্পণ কৰিম ।"সদায় এই কথা আই মাতৃৰ আগত কোৱাত ব্ৰাহ্মণজন দুৰাৰোগ্য বেমাৰৰ পৰা উদ্ধাৰ হ'ল ।বেমাৰৰ পৰা আৰোগ্য হৈ ব্ৰাহ্মণজন নিজৰ কামত মনোনিবেশ কৰিলে কিন্তু দুৰ্গামাতৃক দিয়া প্ৰতিশ্ৰুতি হ'লে পাহৰিলে । এনেদৰে বহুত দিন গ'ল ।এদিন আইমাতৃয়ে সপোনত দেখা দি ক'লে ''ভক্ত তোমাৰ প্ৰতিশ্ৰুতি কি হ'ল ?"এই বুলি কৈ দুৰ্গাদেৱী অন্তধ্যান হ'ল । পিছদিনা সপোনৰ কথা ভাবি ব্ৰাহ্মণজনে গাই গৰুজনী বজাৰলৈ লৈ গ'ল আৰু বজাৰত চিঞৰিবলৈ ধৰিলে ।'' আহক আহক ৰাইজ গৰুজনীৰ মূল্য মাত্ৰ এটকা ।"" কথা শুনি ৰাইজ আচৰিত হ'ল ।বহুত ৰাইজ কথাটো সঁচা নে মিছা সুধি চাবলৈ আহিল ।মানুহবিলাকে  গৰুজনী কিনিব বিচৰাত তেওঁ ক'লে : ''গৰুজনীৰ মূল্য এটকা কিন্তু গৰুজনীৰ ডিঙীত লাগি থকা পঘাডালৰ মূল্য এহেজাৰ টকা ।"কথাশুনি মানুহবিলাক মুখৰে কিবাকিবি ভোৰভোৰাই আঁতৰি গ'ল ।অৱশেষত এজন গাঁৱলীয়া হোজা মানুহ এজনে গৰুজনী এহেজাৰ এটকা দি ৰছীৰে সৈতে কিনি লৈ গ'ল ।ব্ৰাহ্মণজন বজাৰৰ পৰা ঘূৰি আহিল আৰু লগত দুজনী চেঁউৰী গৰু এহেজাৰ টকাৰে কিনি আনিল ।সন্ধিয়া উপাসনা কৰাৰ সময় ব্ৰাহ্মণজনৰ। গা-পা ধুই ব্ৰাহ্মণজনে দুৰ্গাদেৱীৰ ফটোখনলৈ চাই এটকাটো আগবঢ়াই দি ক'লে '' আই মাতৃ গৰুজনীৰ মূল্য এটকা পাই তোমাক অৰ্পণ কৰিছো বাকী পঘাডালৰ মূল্যহে মই লৈছো ।নিশা সপোনত দুৰ্গা আই ব্ৰাহ্মণজনৰ আগত দেখা দি মিচিকিয়াই হাঁহিলে  তেওঁৰ উপস্থিত বুদ্ধিক শলাগিলে আৰু তেওঁৰ উন্নতি কামনা কৰিলে ।
পবিত্ৰ বৰগোহাঁই
ফোন: ৮১৩৪৮৯৭০০১
———————————————————
             সাংস্কৃতিকী 

বৰ্ণৰাগৰ জনপ্ৰিয় অনুষ্ঠান আলাপ 

এইবাৰৰ অতিথি -
        কণ্ঠশিল্পী ৰাজশ্ৰী শইকীয়া

 কন্ঠশিল্পী ৰাজশ্ৰী শইকীয়াৰ সৈতে হোৱা
ভাৰ্গৱ কুমাৰ নাথৰ আলাপ আপোনালোকলৈ আগবঢ়ালোঁ—

ভাৰ্গৱ:- পোনপ্ৰথমে আপোনাক বৰ্ণৰাগ আলোচনীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও আগন্তুক দুৰ্গাপূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আপোনাৰ ঠিকনা আৰু  শিক্ষাজীৱনৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ?

ৰাজশ্ৰী শইকীয়া:-নমস্কাৰ, পোন প্ৰথমে বৰ্ণৰাগ আলোচনী লগত জড়িত সমূহ ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে সকলোকে আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জনালোঁ।মোৰ জন্ম ঠাই নগাঁও কিন্তু দেউতাৰ কৰ্মসূত্ৰে সৰু পৰা গুৱাহাটীতে বসবাস কৰি আছোঁ। শিক্ষা জীৱন মই "Suderasan public school" পৰা আৰম্ভ কৰিছোঁ আৰু এই শিক্ষাঅনুষ্ঠানৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি গুৱাহাটী কমাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলোঁ।
ভাৰ্গৱ:- আপুনি সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কাৰ কাৰ পৰা অনুপ্ৰাণিত হৈছিল?
ৰাজশ্ৰী শইকীয়া:-অনুপ্ৰেৰণা বুলি ক’লে প্ৰথমে মোৰ ঘৰ খন...বিশেষকৈ মাৰ পৰা সৰুতেই গান শুনি গাবলৈ চেষ্টা কৰিছিলোঁ... গতিকে এই ক্ষেত্ৰত মাৰ প্ৰেৰণা উল্লেখনীয়, ইয়াৰ লগতে মোৰ বন্ধুবৰ্গ,আৰু মোক ভাল পোৱা  সকলোৰে অনুপ্ৰেৰণাত সংগীতৰ ক্ষেত্ৰ খনত আগবাঢ়ি যাবলৈ চেষ্টা কৰি আহিছোঁ।
ভাৰ্গৱ:-ইতিমধ্যে আপোনাৰ  সৃষ্টিৰাজিয়ে অসমবাসীৰ  মন জয় কৰিবলৈ সক্ষম হৈছে, বহুতো উৎসাহ তথা মৰম অসমবাসী ৰাইজে দিয়া পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা?
ৰাজশ্ৰী শইকীয়া:-অনুভৱ নিশ্চয়কৈ বহুতে ভাল।নাজানো কিমান দূৰ ৰাইজৰ মন জয় কৰিব পাৰিছোঁ,সদায় চেষ্টা কৰি আছোঁ ভাল কাম কৰিবলৈ,আগলৈও কৰি যাম,আৰু ৰাইজে বহুত মৰম ভাল পোৱা দিছে আশা কৰিম আগলৈ এনেদৰে উৎসাহ ৰাইজে মোক দি থাকিব।
ভাৰ্গৱ:-গীত এটি সম্পূর্ণ কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াত বহু খিনি কষ্ট জড়িত হৈ থাকে।এইক্ষেত্ৰত আপুনি গীত এটা ৰাইজৰ মাজলৈ লৈ যোৱাত কেনেদৰে নিজক প্ৰস্তুত কৰি তোলে?
ৰাজশ্ৰী শইকীয়া:-হয় ,কষ্ট নিশ্চয়কৈ আছে,আচলতে এটি গীত সম্পূৰ্ণ কৰাত বহু কেইগৰাকী লোকৰ কষ্ট সোমাই থাকে।সংগীত কৰাৰ পৰা গীতটিৰ কথা সুৰ দিয়া প্ৰতিজন ব্যক্তিৰ কষ্ট অশেষ।গতিকে এটি গীত যেতিয়া ৰাইজে আদৰি লয় সকলোবোৰ কষ্ট যেন নাইকীয়া হৈ যায় তেনে লাগে। নিজকে প্ৰস্তুত বুলি কলে মই বহুত বেছি ভাবি নাথাকো মাত্ৰ চেষ্টা কৰোঁ ৰাইজে যাতে গীতবোৰ শুনিব পৰা হয়।
ভাৰ্গৱ:- এতিয়া লৈ সংগীতক লৈ এনে কোনো মুহূর্ত আছেনে যাৰ স্মৃতি কেতিয়াও পাহৰিব নোৱাৰে?
ৰাজশ্ৰী শইকীয়া:-স্মৃতি বুলি কলে বহুতে আছে।সকলোবোৰ কোৱাৰ সম্ভৱ নহয় তথাপি মই কলেজত পঢ়ি থকা অৱস্থাত লাভ কৰা শ্ৰেষ্ঠ গায়িকা সন্মান মোৰ বাবে সদায় স্মৰণীয়।ইয়াৰ লগতে জীৱনত প্ৰথম বাৰৰ বাবে ৰাইজৰ মাজলৈ আগবঢ়োৱা "লাহি হালি জালি" গীতটিৰ সকলো বোৰ সময় মোৰ বাবে পাহৰিব নোৱাৰা সময়।লগতে মঞ্চত অনুষ্ঠান কৰা,বহুত ৰাইজক লগ পোৱা এইবোৰ সদায় মোৰ বাবে স্মৰণীয়।
ভাৰ্গৱ:- সংগীতক  লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপ জনাব?
ৰাজশ্ৰী শইকীয়া:-পৰিকল্পনা আছে।বিশেষকৈ অসম, বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ।ইয়াত বসবাস কৰা সকলো জাতি,জনগোষ্ঠীৰ নিজা নিজা চহকী সংস্কৃতি আছে। এই সংস্কৃতি সমূহৰ বিষয়ে জানি বুজি তেওঁলোকৰ গীত মাত সমূহৰ লগত চিনাকি হৈ কাম কৰাৰ বহুতেই ইচ্ছা আছে।নাজানো কিমান দূৰ সফল হব পাৰো।যিমান খিনি পাৰো চেষ্টা কৰি যাম।
ভাৰ্গৱ:-আপোনাৰ দৃষ্টিত প্ৰেমৰ সংজ্ঞা কেনেদৰে নিৰূপণ কৰিব?
ৰাজশ্ৰী শইকীয়া:-প্ৰেম এক মিঠা অনুভূতি।প্ৰেমৰ শেষ নাই।মই ভাবো প্ৰেমৰ বাবে এই পৃথিৱীখন ইমান ধুনীয়া।প্ৰেম সাহস,প্ৰেম বিশ্বাস,আৰু প্ৰেৰণাৰ উৎস।
ভাৰ্গৱ:-আপোনাৰ প্ৰিয় শিল্পী বুলি ক'লে কাৰ নাম প্ৰথম মনলৈ আহিব?
ৰাজশ্ৰী শইকীয়া:-প্রিয় মোৰ সকলোবোৰ শিল্পী।তথাপি তাৰ মাজতে জুবিন গাৰ্গ আৰু মনজ্যোৎস্না মহন্ত বাইদেউৰ গীত সমূহমোৰ অতিকৈ প্রিয়।
ভাৰ্গৱ:-যুৱপ্ৰজন্মৰ এগৰাকী শিল্পী হিচাপে অসমৰ কোনবোৰ সমস্যাই আপোনাক চিন্তিত কৰি তোলে?
ৰাজশ্ৰী শইকীয়া:-সমস্যা বুলি ক’লে অসমৰ নিবনুৱা সমস্যাটো অতি গুৰুত্বপূৰ্ণ, ইয়াৰ উপৰি বিদেশীৰ আগ্ৰাসন,বানপানী ইত্যাদি সমস্যাবোৰে আমাক চিন্তিত কৰে।
ভাৰ্গৱ:-শেষত আপোনাৰ ভৱিষ্যত সাংস্কৃতিক জীৱনৰ উন্নতি কামনা কৰিলোঁ। লগতে বৰ্ণৰাগ আলোচনী লৈ আপোনাৰ এটা শুভেচ্ছাবার্তা?
ৰাজশ্ৰী শইকীয়া:-পুনৰ বাৰ বহুত ধন্যবাদ বৰ্ণৰাগৰ সকলো কৰ্মকৰ্তালৈ,মোক এনেদৰে নিজৰ কথাখিনি ৰাইজৰ আগত জনাবলৈ সুবিধা কৰি দিয়াৰ বাবে।ইয়াৰ লগতে বৰ্ণৰাগ আলোচনী খনৰ ভৱিষ্যত সুন্দৰ হওঁক, অসমৰ সকলোৰে হিয়াৰ আমঠুৰ এখন আলোচনী হিচাপে সদায় জিলিকি থাকক।ধন্যবাদ।

সাক্ষাৎকাৰ গ্ৰহণ
ভাৰ্গৱ কুমাৰ নাথ
৬০০১৮৭৫৫৭৮
———————————————————
                                অণুগল্প
খনিকৰ
অনসূয়া বৰঠাকুৰ

  ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জাৰ দিনা ৰজতে এসোঁতা কান্দি লয়। নিজ সৃষ্টি চকুৰ সন্মুখতে ধ্বংস হোৱাৰ বেদনা কোন খনিকৰে বাৰু সহিব পাৰে! সেইদিনা সন্ধিয়াও "জয় দুৰ্গা মাই"কি গাই সুৰাৰ ৰাগিত মাতাল হৈ নদীপাৰৰপৰা ঘৰলৈ উভতিছিল সি। সেইদিনাই দশমীৰ আগমন হৈছিল। পঞ্চমী নে দশমী? পঞ্চমজনী দশমী!  
    শেন চৰাইৰ দৰে চোঁচা মাৰি আহি গুলপীয়া টোপোলাটো লৈ সি আকৌ অহাবাটে উভতি গ'ল। চাৰিওজনীৰ সহায়ত কোনোমতে থিয় হৈ তাহাঁতৰ আঙুলিত ধৰি তায়ো এখুজি দুখুজিকৈ আগুৱাই আহিল। টোপোলাটো পাৰত থৈ ৰজতে নদীমাতৃক সেৱা কৰি আছিল। দুৰ্বল, অশৌচীয়া দেহাত বাকী ৰোৱা অৱশিষ্ট শক্তিখিনিৰেই তাই শিল এচটা দলিয়াই দিলে। প্ৰচণ্ড আঘাতত ৰজত ঠাইতে ঢলি পৰিল। ফোঁপাই-জোপাই, গুলপীয়া টোপোলাটো বুকুতে সাবটি  চাৰিওজনীক লগত লৈ তাই আন এটা বাটেদি গুচি গ'ল। তেজ-মঙহৰ প্ৰতিমা গঢ়া তায়োতো এজনী...!
অনসূয়া বৰঠাকুৰ
তেজপুৰ
———————————————————
অনামিকা
নিৰ্মিতা বৰগোহাঁই 

   প্ৰতিষ্ঠিত কেইজনমান শিল্পীৰ  প্ৰচেষ্টাত গঢ়লৈ উঠা সংগীত, নৃত্যৰ লগতে বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰটোত ঋতুৰাজে গিটাৰ শিকিছিল । সেই একে সময়তে নৃত্যৰো ক্লাচবোৰ চলিছিল ।
  হঠাৎ এদিন মৰম লগা ছোৱালী এজনী ঘুগুৰা পিন্ধি জুনুক জুনুককৈ তাৰ কাষেদি পাৰহৈ গৈছিল । সেইদিন ধৰি দেওবাৰৰ দিনটোলৈ ঋতুৰাজে অধিৰ আগ্ৰহেৰে বাটচাই আছিল  । কিন্তু তাইক মাতিবলৈ এদিনো সাহস হোৱা নাছিল । এতিয়া লকডাউনৰ বাবে তাইক কেইবামাহো দেখা নাই । তাইৰ জুনুুকাৰ শব্দবোৰ তাৰ বুকুৰ ভিতৰত অনবৰতে জন্‌জ্‌নাই আছে । এতিয়াও তাৰ বাবে তাই,ঠিকনা বিহীন 'অনামিকা'...
নিৰ্মিতা বৰগোহাঁই 
 গুৱাহাটী
———————————————————
অসহায়
ৰঞ্জনা দেৱী

মানুহগৰাকী মৌন হৈ পৰিল।  বিয়াৰ পিছৰ পৰাই যিজন মানুহ তেওঁৰ ছাঁৰ দৰে আছিল  সেই মানুহ জনৰ অন্তিম সময়ত এটোপাল পানী ও দিবলৈ নাপালে ।আনকি মানুহ জনৰ মৃত্যুৰ খবৰো পলমকৈ হে দিয়া হৈছিল। কিয়নো দুয়োজনেই আছিল ক’ভিদ্ ৰোগী।
ৰঞ্জনা দেৱী 
গোলাঘাট
———————————————————
এটা পূৰ্ণহতীয়া চৰ
পুস্পাঞ্জলি গোস্বামী 

বিশেষ এটা কামত দিল্লীলৈ গৈ আছোঁ ৰে'লত । খিৰিকীৰ কাষতে মোৰ ছীটটো । অসম পাৰ হৈ কোনোবা এখন ৰাজ্যৰ এটা ষ্টেচনত পুৱা 'চামোচা' ললোঁ ফেৰীৱালাৰ পৰা । জাৰৰ দিনৰ পুৱা গৰম চিংৰা খাই ভালেই লাগিব । ফেৰীৱালাজনে দামটো লৈ আতৰি যোৱাৰ পিছত গৰম চাহ কাপত সোহা এটা মাৰি প্লেটত লোৱা চিংৰা দুটাৰ এটাত কামোৰ দিলোঁ । ছি: পুৱাই পুৱাই এনেদৰে বাহি চিংৰা গৰম কৰি নতুন বুলি ঠগিব লাগেনে ফেৰীৱালাটোৱে ! মোৰ মুডটোৱেই বেয়া হৈ গ'ল । ফেৰীৱালাটোৰ ওপৰত মোৰ ভীষণ খং উঠিল --- ওচৰতে পালে যেন তাক দুই থাপ্পৰ লগাই দিম ! চাহকাপ খালোঁ । খিৰিকীৰ মুখত কিলাকুটি ভাজ কৰি ৰখা হাতখনতে থাকিল চিংৰাৰ প্লেটখন । এনেতে ফটা-চিটা আৰু মলিয়ন ফ্ৰক এটা পিন্ধি থকা সাত-আঠ বছৰীয়া ছোৱালী এজনীয়ে প্লেটফৰ্মৰ পৰাই মোৰ ওচৰত হাত পাতিলে । তাইক দেখিলেই ভোকাতুৰ বুলি গম পোৱা যায় । মই একো নভবাকৈয়ে হাতত থকা চিংৰাৰ প্লেটখন তাইলৈ আগবঢ়াই দিলোঁ । তাই মোৰ হাতৰ পৰা প্লেটখন থাপ মাৰি নিয়াৰ দৰে লৈ গ'ল । তাই যেন হাততে সৰগ ঢুকিহে পালে । তাই দৌৰ মাৰি প্লেটফৰ্মৰ একোণৰ অলপ মুকলি ঠাই এটুকুৰাত বহি লৈ এটা এটাকৈ চিংৰা দুটা যেন গোগ্ৰাসে গিলি পেলালে । হয়তো ভোকত কলমলাই আছিল বেচেৰী । চিংৰা চোবাই চোবাই তাই মোলৈ চালে আৰু চকুৱে চকুৱে পৰাত তাই এনে এটা সন্তুষ্টি আৰু কৃতজ্ঞতাৰ হাঁহি মাৰিলে , মই যেন সম্বিত ঘূৰাই পালোঁ । তাইৰ সেই হাঁহিটো মোৰ এনে হেন লাগিল সেয়া যেন হাঁহি নহয়, মোৰ গালত এটা পূৰ্ণহতীয়া চৰহে ! 
ইতিমধ্যে লাহে লাহে ৰে'লখনে ষ্টেচন এৰিবলৈ ধৰিছিল । মই তাইলৈ আৰু চাব নোৱাৰিলোঁ ।
পুষ্পাঞ্জলি গোস্বামী
হাতীগাঁও, গুৱাহাটী
———————————————————
                     ধেৎ তেৰি 

শনি,মই আৰু সেই ভদ্ৰ মহিলাগৰাকী
ডা° প্ৰাঞ্জল জ্যোতি দত্ত 

        শনিবাৰ।চেম্বাৰত বহি আছিলো থমথমকৈ। লগত দুই এটা হামিও আছিল।শনি মন্দিৰ এটালৈ এবাৰ পৰিবাৰৰ সৈতে যাওঁতে শনিৰ মূৰ্তিলৈ চাই মূৰটো দোঁৱাই সেৱা এটা কৰি উঠাৰ পিছতে যেতিয়া এওঁৰ পৰা গম পালো যে মূৰ দোঁৱালেই হেনো শনিয়ে মূৰত উঠি লয় আহি বুলি সেই দিনাৰ পৰাই শনিবাৰ আহিলে কিবা ভয় ভয় লাগি থকা হৈছিল।
        দুৱাৰখন ঠেলি বেছ আহল বহল ভদ্ৰ মহিলা এগৰাকী সোমাই আহিল।
বোলো ‘বহক’- বহিল। আমাৰ নিচিনা বেজবিলাকৰ অকল বেমাৰৰ কথাহে্। বেমাৰ চালো, ধৰাও পেলালো।
        দৰৱ কেইপালি লিখিবলৈ লোৱাৰ আগেয়ে মহিলাক ক'লো- ‘সৌখনত উঠি ওজনটো চাওকচোন।“
 হেঁহো নেহো কৰিছিল যদিও আকৌ এবাৰ কোৱাত মান্তি হ'ল।
    চকীৰ পৰা উঠিয়েই  মহিলাই ক'লে-' “অকণমান টয়লেটৰ পৰা আহি লওঁ ছাৰ।‘।
মই বোলো ওজনটো চাই কৈ থৈ যাওক একেবাৰে- মই দৰৱ লিখি থাকো।
মহিলাই ক'লে-“ নহয় মানে ছাৰ।মই  এক্সট্ৰা ৱেইটৰ ক্ষেত্ৰত বৰ চেনচিটিভ। সেই কাৰণেহে—এক মিনিট লাগিব ছাৰ'
      মই তভক লাগিলো।কোৱা মতেই আহিল যেনিবা মানুহগৰাকী, মই ভাবিছিলো ঘুৰি নাহিবই নেকি!
       ওজন জোখা মেচিনটোত  উঠি দুবাৰমান ইফালে সিফালে চাই শেষত ভৰিৰ ওচৰত থকা স্কেলডাললৈ চোৱা দেখিলোঁ।মই ভাবিছিলো হৈ গ'ল। পটাপত ৰোগীক বিদায় দিয়া মোৰ কাৰণেই ভাল। শনিবাৰ যে।
নহ'ল।মেচিনৰ পৰা নামি আকৌ এবাৰ ইফালে সিফালে চালে আৰু তাৰ পিছত, পিচল মজিয়াত খুটি খুপি খোজ দিয়াৰ নিচিনাকৈ পাৰিলে মেচিনটোত হেঁচা নিদিমেই যেন কৰি মেচিনত উঠিল। মহিলাই এবাৰ আকৌ মিটাৰলৈ চালে।তাৰপিছত পিন্ধি থকা চশমাযোৰ খুলি লৈ আকৌ এবাৰ কামখিনিৰ পুনৰাবৃত্তি কৰিলে।তাৰপিছত তৎক্ষণাৎ নামি আহি মোৰ ওচৰতে থিয় হ'লহি। মই বোলো- “কওক কিমান পালে ওজন?”
মানুহগৰাকীয়ে ক'লে- ছাৰ এনেয়ে খালী চকুৰে দেখাটো কওঁনে, চশমা পিন্ধি দেখাটো কওঁ?
কি কথা সোধে মহিলাই।মই তথাপি ভদ্ৰভাবে ক'লো:
“যদি ছশমা পিন্ধি ভালকৈ দেখা পায় সেইটোকে কওক”
“ছল্লিশ কেজি ছাৰ”- মানুহ গৰাকীয়ে টপৰাই ক'লে।
আও এইহেন মহিলাগৰাকী দেখোন তেনেই কপাহ এজোলাহে।বিশ্বাস নাই হোৱা দেখোন।মই মানুহগৰাকীক আকৌ এবাৰ মেচিনটোত উঠিবলৈ ক'লো। উঠিব খোজা নাছিল যদিও আকৌ কোৱাত উঠিল। কাঁটা কঁপি কঁপি আশীত ৰ'লগৈ।
“আপোনাৰ ওজন আশী কেজি।আপুনি কেনেকৈ চল্লিশ কেজি পালে। এয়া চাওক এইট আৰু জিৰ ওলায়েই আছে”- মই আচৰিত হৈ ক'লো।
ভদ্ৰমহিলাই অলপ সময় তললৈ মুখ কৰি থাকি শেষত ক'লে-“ ছাৰ, আচলতে কি জানে।আমিয়েই যদি আমাৰ অসমীয়া ভাষাটোক জীয়াই নাৰাখো, কোনে ৰাখিব।সেইবাবেহে মই মিটাৰে দেখুওৱা সংখ্যাটো অসমীয়াত পঢ়ি ৪০ বুলি ধৰিছো ছাৰ। মোক সেইবুলি ধৰিয়েই দৰৱ দিয়ক ছাৰ“
কাহ এটাই হঠাৎ ছতহা মাৰি ধৰিলেহি। “মই পানী এঢোক খাই আহোগৈচোন দেই” বুলি মহিলাক কোঠাতে বহুৱাই
বাহিৰৰ বাৰাণ্ডা পালোহি। দীঘলকৈ টানি উশাহ এটা ল'লো।বুজিলো- লাগিব, লাগিবই- আজি মোক অক্সিজেন অকণমান সৰহকৈয়ে দৰকাৰ হ'ব। 
নাই নাই-অতি সোনকালে লোহাৰ আঙুঠি এটা আঙুলিত ভৰাব লাগিব।শনিৰ হেনো লোহালৈ বৰ ভয়, বৰ বেছি ভয়!
ডা° প্ৰাঞ্জল জ্যোতি দত্ত
যোৰহাট
——————————————
কৌশল
অৰ্পনা নাথ

      শিক্ষক, সাহিত্যিক, সমাজসেৱক ভূষন জ্যোতি পাঠক দিনটোৰ বেছিভাগ সময় বাহিৰতে কটায়। বিভিন্ন মেল মিটিং আৰু সমাজ সেৱাৰ নামত মানুহজন ভীষণ ব্যস্ত।কমবয়সীয়া নৱ বিবাহিতা  পত্নী নিকিতাৰ সময়বোৰ নেযায়  নুপুৱায়। হঠাৎ তাইৰ মনত  এটা বুদ্ধি খেলালে- মানুহ জনক যদি এজনী গাই গৰু পুহিবলৈ সন্মত কৰিব পাৰোঁ নিশ্চয় ঘৰলৈ সোনকালে উভতিব আৰু ৰাতিপুৱাও কিছু সময় ঘৰতে ব্যস্ত হ'ব। 
   কথামতে কাম,পত্নীৰ আবদাৰ পূৰণ কৰাত মানুহজন উঠি পৰি লাগিল। ইফালে পত্নীৰ আবদাৰ আনফালে সামাজিক দায়িত্ব । গৰুবন্ধনত অতীষ্ঠ হৈ এদিন তেওঁ পত্নীক গৰুজনী বিক্রি কৰি দিয়াৰ প্ৰস্তাৱ দিলে। কথা মতে গৰুৰ বেপাৰী হাজিৰ। বাৰ হেজাৰত কিনি অনা গৰুজনীৰ দাম পত্নীয়ে বাইশ হেজাৰ কৰিলে। পত্নী আৰু বেপাৰীৰ মাজত দৰ-দাম চলি থাকিল। অৱশেষত নিকিতা জিকিল। গৰুবেপাৰীও  অহাবাটে উভটিল। 

  পিছদিনা বেপাৰীজন আকৌ আহি নিকিতাই বিচৰা মতে নগদ বাইশ হেজাৰ টকা দিয়াত পত্নীৰ মুখত বিশ্ব জয়ৰ হাঁহি দেখি ভূষন জ্যোতি পাঠকে কথমপিহে নিজৰ হাঁহিটো লুকুৱাই ৰাখিব পাৰিলে। 
 তেওঁনো কোন সতে কয় যে নগদ দহ হেজাৰ টকা তেওঁ গৰুবেপাৰী  জনক যোৱাকালি সন্ধিয়াই বজাৰত লগ কৰি দি থৈ আহিছে...! 
 অৰ্পনা নাথ 
 জালাহ (বাক্সা)
——————————————————
আখল
আলুৰ পৰঠা
সীমা গগৈ

উপকৰণ :  

ডাঙৰ আকাৰৰ আলু ---  ২টা
ময়দা / আটা  ---   আধা কিলো
জীৰা গুৰি --- ১ চাহ  চামোচ
ধনিয়াৰ গুৰি ---১ চাহ চামোচ
জলকীয়া গুৰি --- আন্দাজমতে
নিমখ --- আন্দাজমতে
মিহিকৈ কটা পিয়াজ ---১ টা 
মিহিকৈ পিচা আদা --- ১ চাহ চামোচ
ঘিউ / ৰিফাইন ---আন্দাজমতে

প্ৰণালী : 

প্ৰথমতে আলু দুটা ভালদৰে সিজাই পিটিকি লʼব । তাৰ পাছত তাত ধনীয়া গুৰি (ধনীয়াৰ পাত দিবও পাৰে), জীৰা গুৰি, জলকীয়া গুৰি , 
আদা পিচা , কটা পিয়াজ ,নিমখ আদি উপকৰণবোৰ ভালদৰে মিহলি কৰি লʼব ।  ময়দা বা আটাখিনিত ঘিউ বা ৰিফাইন মিলাই আন্দাজমতে পানী দি ভালদৰে লাড়ু কৰি লʼব ।
এতিয়া তাৰে সৰু সৰু লাড়ু বনাই তাৰ মাজত
সানি থোৱা আলু ভৰাই ৰুটীৰ দৰে বেলি লৈ
তাৱাত অলপ অলপকৈ ঘিউ বা ৰিফাইন দি ভাজিব পাৰে ।এই পৰঠা গৰমে গৰমে tomato sauce বা যিকোনো মিঠা আচাৰৰ লগত নতুবা দৈৰ লগতো পৰিবেশন কৰিব পাৰে ।
সীমা গগৈ 
দুলীয়াজান
———————————————————
বেচনৰ_চটপটা_নিমকি
উপকৰণ____

বেচন -2 কাপ 
নিমখ - সোৱাদ অনুসৰি
চʼদা -   ১/৪   সৰু চামুচেৰে 
নহৰু - ১টা (সৰু)
জলকীয়া - ২টা
ৰিফাইন - 2 টেবুল চামুচ 
হালধি - ১/৪   সৰু চামুচেৰে 
লালমিৰ্চ - ১/২   সৰু চামুচেৰে 
ৰিফাইন - ভাজিবৰ বাবে

প্ৰণালী____

 নহৰু আৰু জলকীয়া কেইটা পেস্ট কৰি... বাকী আটাইখিনি সামগ্ৰীৰ সৈতে পানী দি...আটা মৰাৰ দৰে কোমলকৈ মাৰি ১৫ মিনিট ঢাকি ৰাখিব। তাৰপিছত সৰু সৰুকৈ লাড়ু বনাই বেলি.... নিমকিৰ দৰে কাটিব  আৰু গৰম তেলত গেছৰ তাপ কমাই, ডুব যোৱাকৈ ভাজিব। শেষত লালমিৰ্চ, চাট মচলা, কলা নিমখ দি বটলত ভৰাই ৰাখিব।
সংগীতা বৰপাত্ৰগোঁহাই 
গুৱাহাটী
———————————————————
মৌচুমী শৰ্মা কাশ্যপৰ 
সৌন্দৰ্য চৰ্চা 

হাত আৰু ভৰিৰ যত্নঃ-
মুখৰ যত্নৰ লগতে হাত আৰু ভৰিৰ যত্ন লোৱাটো খুবেই জৰুৰী। প্ৰখৰ ৰ’দ আৰু প্ৰদূষণৰ বাবে হাত আৰু ভৰিৰ ছালখনৰ যথেষ্ট ক্ষতি হয়। ইয়াৰপৰা বাচিবলৈ আমি ঘৰুৱা দিহাৰ সহায় ল’ব পাৰো—
◆২চামুচ চন্দনৰ গুৰি, অলপ বিলাহীৰ ৰস আৰু নেমুৰ ৰস মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লব। হাত আৰু ভৰিত ভাল দৰে লগাব, মিশ্ৰণখিনি অলপ সময় ৰাখি চাফা পানীৰে ধুই ল'ব। 
◆অলপমান কেচা গাখীৰ লব তাতে অলপ মৌজোল মিহলাই হাত আৰু ভৰিত ভালদৰে massage কৰিব।
◆কমলাৰ বাকলিবোৰ শুকুৱাই ভাল দৰে গুৰি কৰি লব। তাতে অলপ কেচা গাখীৰ মিহলাই ডাঠ কৰি মিশ্ৰণ এটা তৈয়াৰ কৰি লব।এই মিশ্ৰনখিনি হাত-ভৰিত ভাল দৰে লগাই শুকাবলৈ দিব আৰু পাছত পানীৰে ধুই ল'ব।
◆অলপ হালধি গুৰি,অলপ চন্দনৰ গুৰি আৰু গোলাপ জল মিহলি কৰি হাত-ভৰিত ভাল দৰে লগাব ।অলপ সময় শুকাবলৈ দিব আৰু পাছত পানীৰে ধুই পৰিস্কাৰ কৰি ল'ব।
◆এটুকুৰা নেমু ল'ব আৰু হাত-ভৰি দুখনত ভাল দৰে ঘহিব।যিবোৰ ঠাইত কলা দাগ বহিছে যেনে কিলাগুটি, আগুলিৰ ভাজত আৰু ভৰিৰ কলা ফুল আদিত ভাল দৰে ঘহিব। ই ছালখন পৰিষ্কাৰ কৰাত সহায় কৰে।
◆সপ্তাহত ১-২বাৰ হাত-ভৰিত scrub কৰিব লাগে।ইয়াৰ বাবে ঘৰতে scrub তৈয়াৰ কৰিব পাৰি-2চামুচ সন্ধা নিমখ,অলপ কেচা গাখীৰ আৰু মৌজোল মিহলাই লব।এই মিশ্ৰনখিনি হাত-ভৰিত সানিলৈ ভালদৰে scrub(massage) কৰিব।
◆যিসকলৰ হাত-ভৰিৰ ছালবোৰ খহটা বা শুকান হয় তেওঁলোকে নাৰিকল তেল অলপ কুহুমীয়া গৰম কৰি ৰাতি হোৱাৰ আগত ব্যৱহাৰ কৰিলে সুফল পাব।
◆লগতে ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ আগতে sunscreen ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।
মৌচুমী শৰ্মা কাশ্যপ
তিনিচুকীয়া
———————————————————
পত্ৰলেখা 
      পত্ৰ এখন লিখা না...

মৰমৰ 
      জোনাক

                 মৰমবোৰ সযতনে ৰাখিছা বুলি দৃঢ় বিশ্বাস। আজি আকৌ পঠালোঁ তোমালৈ বুলি বহু মৰম নিজৰ বুলি আদৰি ল’বা। ভালে আছা জোনাক? বাট চাইছা মোলৈ মই যোৱালৈ তুমি, অনুভবে কিয় জানো কানে কানে কৈছেহি এইবুলি।
             ব’হাগ সমাগত, উন্মনা মনো অধীৰ ব’হাগত চেনাইক পাবলৈ।অযুত মৰম ও শুভেচ্ছা তোমালৈ ৰঙালী বিহুৰ। যোৱাবাৰ যে গোমোঠা মনটো লৈ অভিমান কৰিছিলা গামোছা এখন নিদিলোঁ বুলি, মনত আছে জোনাক? সেয়ে জানা যান্ত্ৰিকতাৰ মহানগৰীত থাকিও কাষ চাপিছিলোঁ এইবাৰ তাতশালৰ, বুটা বাচিব নাজানো যদিও শিকিবলৈ অপাৰ চেষ্টা মাথোঁ তোমাৰ বাবে মোৰ চেনাইক নিজ হাতে বোৱা এখনি বিহুৱান দিবলৈ।মাকো আৰু মহুৰাত প্ৰথম হাত দিলো, মৰমবোৰ মৰম কৰি বুকুতে বান্ধিলো। তোমালৈ বুলি বিহুৱান খন মই লগালোঁ। 
গুৱাহাটীত সকলো ব্যস্ত গামোছানো কি ইয়াত নেজানে ,ময়ো নাজানিছিলোঁ। গাঁৱৰ গোন্ধ কি বুজিয়ে নেপাইছিলোঁ। 
             এইবাৰ যাম বুলি ভাবিছিলোঁ বিহুত তোমাৰ গাঁৱলৈ, গাঁৱৰ একা-বেকা আলিৰে গৈ পথাৰত নামিবলৈ।তুমি আহিবা মোক নিবলৈ অভিমানবোৰ সামৰি কথাৰ বুকুচাত দুয়ো উমলিম মাজনিশালৈ।জেতুকা বুলাবা মোৰ দুহাতত, খোপাত গুজিবা কপৌ তোমাৰ চোতালৰ।ৰিহাও পিন্ধিম, গগনাও বজাম শিকাই লবা তুমি তোমাৰ গাওত। তোমাক পাম বিহুও গাম, ঢোলটি বজাবা বিহুটি গাম, মৰমেৰে তোমাক ওমলাম।

          এনেকৈয়ে অযুত সপোন ৰচিলোঁ। কিন্তু বিধিৰ কি লিখন !এইবাৰ অসমত বিহুও নাই চেনাইৰ কাষলৈ যোৱা সুবিধাও নাই। একো নাই জোনাক অহাবাৰ বিহুতে যাচিম তোমাক বিহুৱান। নকৰিবা অভিমান, নোৱাৰিম যাবলৈ জানা পাতিবলৈ বিহু, তোমাৰ গাঁৱৰ ৰাঙলী পথাৰত।

                  তোমাৰ মৰম পিয়াসী
                                তৰা
ধৰিত্ৰী শ্ৰৱন 
তেজপুৰ
———————————————————

Post a Comment

0 Comments