পষেকীয়া কাব্যকানন চতুৰ্থ বৰ্ষঃ চতুৰ্থ সংখ্যাঃ ১৫ অক্টোবৰ,২০২১

———————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

বিশেষ শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন
——————————————————
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
সূচীপত্ৰ

বাটচ’ৰা (সম্পাদকীয়)     নৱ ৰাজন 
কবিতাৰ আড্ডা              উদয় কুমাৰ শৰ্মা 
কবিতা 
কবি অৰ্চনা পূজাৰীৰ সৈতে 
গীতাঞ্জলী ভাগৱতীৰ  ●কথোপকথন 
কবিতা 
মোৰ দৃষ্টিত কবিতা  ●হীৰামনি শৰ্মা উপমন্যু 
পঢ়ুৱৈৰ অভিমত 
কবিতা 
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী, ৰুবুল দাস আৰু জাহ্নৱী কাকতিৰ 
●অনুবাদ  কবিতা  
———————————————————
বাটচ’ৰা 
(সম্পাদকীয়)

   এতিয়া শৰৎ কাল ।
   পুৱা নিয়ৰসিক্ত দূৱৰিৰ দলিচা ভৰি ভৰি সৰা শেৱালি। সুবাসিত আহিনত  আমোলমোল চৌপাশ। মনত কঁহুৱাকোমল আকুলতা।
    কিন্তু , গুৰুজনাই তাহানিতে  বন্দনা কৰি যোৱা সেই শৰৎ ক’ত ?
   ক’ত  হেৰাল শৰতৰ সেই শীতলতা? 
   
   আহিন গৈ কাতি মাহ পাবৰ হ’ল।কিন্তু দিনৰ ভাগৰ তাপমান  ৩৫ ডিগ্ৰীতকৈও বেছি। 

   এৰা, এয়া গোলকীয় উষ্ণতা বৃদ্ধিৰ কুপ্ৰভাৱ।
   কথাটো আমি ঠিকেই অনুধাৱন কৰোঁ। কিন্তু, হাতে কামে তাৰ বাবে কৰিছো কি ?           
   বিশ্ব পৰিৱেশ দিৱসত গছপুলি ঠিকেই    ৰুলোঁ,কিন্তু সেই পুলিকেইটাৰ প্ৰতিপালন কৰিছোঁনে? আধুনিকতাৰ দোহাই দি লিটাৰে প্ৰতি
শ টকা হ’লেও উৰুৱাইছোঁ।গগণচুম্বী অট্টালিকা সাজিছোঁ। আৰু যে কত কি! 
   হয়,আমি বাধ্য।সময়ৰ আহ্বান। কিন্তু প্ৰকৃতিৰ হিতৰ বাবে যিখিনি কৰিব পাৰো,তাকেই জানো কৰিছোঁ ! 
   ইয়াৰবাবে দায়ী কোন? আমিয়েই নহয় জানো? 
   তেনে, কৰণীয়খিনিও আমি কিয় নকৰো? সকলো কথাতে হকে বিহকে কেৱল চৰকাৰকে গালি শপনি পাৰি, আমি নিজৰ দায়িত্ববোধ,কৰ্তব্যবোধ পাহৰি পেলোৱা নাই নে ? 
   
   এনেকৈয়ে যদি পৃথিৱীৰ উত্তাপ বাঢ়ি গৈ থাকে, তেনে অনাগত দিনত প্ৰকৃতিৰ কি হ’ব?আমাৰ পৰবৰ্তী প্ৰজন্মৰ কি হ’ব? পৰবৰ্তী প্ৰজন্মৰ হাতত আমি কি উপহাৰ দি যাম? 

   সকলো বুজিও যদি আমি এনেকৈ অবুজন হৈ থাকো,তেনে অনাগত বছৰবোৰতো-
   শৰৎ অহাত ঠিকেই আহিব ।কিন্তু...
   দূৱৰিয়ে পুৱাই নিয়ৰৰ জুনুকা পিন্ধি শেৱালিক সাবটিবলৈ শেৱালি জানো থাকিব?
   দূৱৰি জানো থাকিব ? 
   নিয়ৰ জানো সৰিব ?
   নৈৰ পাৰৰ  কঁহুৱা একা ? 
   নৈয়ে বতাহৰ কাণে কাণে গাবনে  সেই সাতামপুৰুষীয়া শৰতৰ গান ?
   
  আহক, এতিয়াও সময় অতীত হোৱা নাই।আনলৈ নিধিয়াই, নিজৰ নিজৰ পৰিধিত কৰণীয়খিনি কৰোঁহক ,লগতে আহক, দহকো উৎসাহিত কৰোঁ। 
  
   বিনন্দীয়া ধৰাখনেই যদি শস্য শ্যামলা সুফলা হৈ নাথাকে, শৰতেই যদি শৰৎ হৈ নাথাকে, তেনে কবিতানো ক’ত থাকিব ?

 নৱ ৰাজন 
 সম্পাদক 
 কাব্যকানন
———————————————————
কবিতাৰ আড্ডা 
উদয় কুমাৰ শৰ্মা

   কবিতা এটি পঢ়ি, এগৰাকী পঢ়ুৱৈয়ে তাৰ ইঙ্গিত বা বক্তব্যটো বুজি উঠি ৰস পাব লাগে। অন্তত: কবিয়ে সেই সুযোগটো দিবলৈ যত্ন কৰিব লাগে। নহ'লে, নাটক এখনৰ অতিনাটকীয়তাই যিদৰে ৰুচিৱান দৰ্শকক হতাশ কৰে -- তেনেকৈ, কবিতাৰো অতিকাব্যিকতাই (যেনে -- 'ভাষা মোৰ হিন্দোলিত প্ৰাণৰ / সেউজীয়া স্বাভিমান') পঢ়ুৱৈক বিমোৰত পেলাব পাৰে। কবিয়ে, তেওঁৰ জ্ঞাতে বা অজ্ঞাতে কবিতা এটিক দুৰ্বোধ্য কৰি সাঁথৰৰ মায়াজাল সৃষ্টি কৰিলে -- পাঠক বিৰক্তহে হ'বগৈ পাৰে। 

   কবিতাৰ বাক্-ভঙ্গীৰপৰা অযথা কাব্যিকতা (excessive poetic. যেনে -- 'কাজল নিথৰ উচুপনিৰ জাহাজ', 'ভেঁকুৰি উঠা নগ্নতাৰ শোক') বৰ্জন কৰি -- সৰল শব্দচয়ন আৰু নিভাঁজ সাৱলীলতাৰে (যেনে -- তুমি আই, লাখুটিত ভৰ দি খুপি খুপি বিচাৰিছা কি / মই বিচাৰিছো বিচাৰিছো কি / তই নুবুজিবি নুবুজিবি সোণ : হেম বৰুৱাৰ 'আইতা') সেই কথনভঙ্গীৰ অন্তৰালত ভাব-অনুভূতি-বোধৰ গভীৰতা আনিব পৰাটো, এক মননশীল আৰু, নিৰলস সাধনাৰ কাম। 
   নিভাঁজ অসমীয়া ভাষাৰ প্ৰাণস্পৰ্শী শক্তি আছে। কবিৰ ব্যৱহাৰিক কৌশলত, যি যাদুৰ দৰে পঢ়ুৱৈক আকৰ্ষিত কৰে। পাঠকক প্ৰভাৱিত কৰিব পৰাটোৱেই হ'ল -- এগৰাকী লেখকৰ সবাতোকৈ উল্লেখযোগ্য কৃতিত্ব। 
 
   প্ৰাণৰ ভাষাৰে, জীৱনৰ কথা কোৱা শিল্পই হ'ল: কবিতা।
———————————————————
                         কবিতা 

জীৱন
গুণাৰাম শইকীয়া

কাৰ বাবে ৰৈ আছোঁ উদাসী মনৰ চিলা উৰুৱা হাত মেলি
জানোঁ পূৰ্ণতাৰ ৰূপকাঠি শূন্যতাৰ নীলিমাত নাথাকে
অপ্ৰাপ্তিৰ খিৰিকীৰে সোমাই নাহে সুখৰ জেউতি
চপৰা চপৰে খহি পৰা সময় বুলুকাৰে বগাই নাহে বুকুলৈ 
ইপ্সিত সৰ্পিল নৈ

উভতি অহা বগলীজাক বাঁহনিজোপাত নাই বুলি জানিও খেপিয়াই চাওঁ চকুৰ নিমিষেৰে
চৰচৰণি কেৱল বাঁহপাততে নাথাকে
কলিজাৰ জাপত ভাঁজখাই থকা যুগান্তৰৰ সৰাপাতেও মাতে
শেষ হৈ যোৱাৰ পাছতো জী থাকে নৈৰ পাৰৰ লঠঙা গছ
আৰু শ্মশানৰ নিৰ্বোধ চণ্ডাল

সুদূৰৰ সেউজীয়াত বুৰ যাব খোজা দৃশ্যবোৰক চকুৰ পলকেৰে আঁকিছোঁ
জানো সেই দৃশ্যৰ শেষ নাই
তথাপি শেষ হোৱাৰ আশংকাত কঁপি থাকে অৰণ্য
দুলি থাকে জীৱন নামৰ এগছি বন্তি...
———————————————————
সপোন
জুবিলী গগৈ

সপোনৰ বাবেই জীৱনৰ অগা-দেৱা
ৰঙীন পুৱা
অথবা
আন্ধাৰ নিশাৰ যন্ত্ৰণা 
পাহৰি যোৱা

সপোনৰো থাকে
বিবিধ ৰূপ
সুখৰ দিনৰ
অথবা
বিষাদ উপচাৰ
ফুলাৰ দিনৰ
অথবা
পাহি হেৰোৱাৰ

নিজৰ ধৰণে
সকলোৱে সজায় সপোনক

ৰং নাথাকে সপোনৰ

বৈ যায় সপোন পানী হৈ

সপোন হেনো সপোনেই 
সপোন জানো কেতিয়াবা 
দিঠক হয়

তথাপি সপোন আহে
অজানিতে ঘৰ পাতে
হেঁপাহে সুবাসে

সপোনে দেখুৱাই দিয়া বাটেৰে
সুখৰ দিনলৈ বাট বুলি বুলি
ক্ৰমাত অসুখী হৈ উঠে
সৰল সময়।
——————————————————
দুৰ্গা...দুৰ্গা 
অনিতা গগৈ

আৰতি মন্ত্রধ্বনিৰ মাজত
ধোঁৱাই ধৰা দুচকুত কঁপে
নাচি থকা এটা জলাশয় 

কাহানিবা খহিছিল নে দুপাৰৰ মাটি
দুপৰ অথবা সন্ধিয়াৰ খোজত পিচলি

ওপজিয়ে দেৱী হোৱা দুৰ্গা 
বিচলিত হ'লে নুশুৱায় 

মাজনিশা  চলি যোৱা ট্রাকখনৰ নামো আছিল দুৰ্গা 
কঁপি কঁপি থৰ লগা বস্তাবোৰৰ নাম নাছিল 

এসোপা গৰ্ভ নিৰোধক বড়ি একে উশাহতে গিলি  
শেৱালিফুলৰ গোন্ধত উকালি অহা সিহঁতৰ 
কি জানো আছিল নাম  
.
জলাশয়ৰ বুকু ধোঁৱা ধোঁৱা 
দুৰ্গা...দুৰ্গা
——————————————————
দুৰ্ঘটনা 
গুনোজীৎ দাস 

পানীৰ পিয়াহক দ লৈ দলিয়াই 
পাৰলৈ উঠি আহিছে চোৱা চিকুণ ৰ'দ 

জখলাত বৰষুণৰ ভৰি পিচলি 
ভাতঘূমটিত ৰঙা টুপিৰ পিয়াহে চকী পাৰি বহিছে 

ধুমুহাৰ পিয়াহত নতুন মুখ 
ৰঙা টুপিয়ে খুলি পেলোৱা দুৱাৰত
একে বাটৰ ছাঁ 

বিচিত্ৰ পিয়াহত ভৰি মাৰি ৰ'দ 
এপাহ ফুলৰ মায়া

ঘটনাৰাজিৰ শ্ৰোতা এজনক সিদিনা
বাটৰ পিয়াহে পালে 

সি কি বুজে ৰ'দৰ পিয়াহ ! 

পিয়াহৰ দুৱাৰে দুৱাৰে এটাই বাট 
বিকৰ্ষণত উঠি আহিছে নিউটন

পিয়াহৰ প্ৰতিটো বিফল এম্বুচৰ শেষত 
 ৰ'দলৈ কি মায়া 

পানীৰ পিয়াহ মাৰি 
বাটৰ পিয়াহ মাৰি 
দুৱাৰে দুৱাৰে বাটবোৰে গল্প কৰি সৰি পৰাৰ দৰেই 

তলসৰা নিউটনৰ আপেলটোৰ বাটেৰে
 দুৰ্ঘটনাবোৰ ঘটিয়ে আছে

বাটৰ পিয়াহ বাঢ়িছে 
পানীৰ পিয়াহ বাঢ়িছে 

সমানুপাতিক ভাবে বাঢ়ি আছে জুইফুলৰ পিয়াহ

বাঢ়ি অহা ৰ'দৰ পিয়াহটো অসমানুপাতিক কৰি
তলসৰা আপেলটোত কোনে বহুৱাই দিলে 
একৈশ শতিকাৰ নিউটনক 

পিয়াহৰ এই কুৰুক্ষেত্ৰত কোন জিকিল 
বাটৰ পিয়াহৰ তলসৰা আপেলটো
নে ৰ'দৰ পিয়াহত ডুবি থকা নিউটন।
———————————————————
আনাৰস আৰু নৈখন
স্বপ্নালী কলিতা

খোজ কাঢ়িবলৈ যেতিয়া তেওঁলোক ওলাই আহে সন্ধিয়া !
এগিলাচ আনাৰসৰ পানী খাই দমকল মাৰি থাকে নৈৰ সিপাৰৰ গাঁওখনে ।
নৈৰ পানীত এদিন শৱ এটা ভাঁহি আহিছিল।

মুনিহ।

আনাৰসবোৰ চেপি ৰসবোৰ মাজে মাজে
দুপৰীয়া নাইবা গধূলি ভাতৰ লগতো খাইছিল।

কলিবোৰ কেঁৰাহীত তেল লেটিয়াই 
ভাজিছিল ।

তিনিমুনি বেলা !
কলহৰ দল এটা দমকলৰ পাৰত লাইন পাতিছিল ।
কলাফুলবোৰত নৈখনে অঁকি দিয়া
কলপাতৰ চিত্ৰ ।

খোজকঢ়া মানুহবোৰৰ হাঁহিত কলহবোৰ কৰ্ফাল খাই পৰাৰ কথা 
দমকলটোৰ নলীডালে দেখি আছিল 
যদিও, 
নেদেখাৰ ভাও ধৰিছিল ।

আনাৰসৰ বাৰীখন ক্ৰমান্বয়ে উদং হৈছিল ।
লাহে লাহে গাঁওখনে ভাবিছিল
নৈখনক ক্ষমা কৰি দিব এবাৰলৈ।

চকু মোহাৰি পাছদিনা গঞা আহিল
মুখ পখালিবলৈ...

নদীখনে তেতিয়া সদম্ভে লৈ আহিছিল 
আৰু দুটা শৱদেহ ।

খোজকঢ়া মানুহবোৰ আৰু দমকলটোৱে
সেইদিনা পুৱাৰ ভাগতে নৈখন পাৰ হৈ শৱ দুটা চাবলৈ গৈছিল ।

এটা মুনিহ
আৰু
এটা তিৰোতাৰ ।

গঞাবোৰে নদীখনক পাৰেমানে 
শাওপাত দিছিল ।
——————————————————
ছাঁ খেপিয়াই ধৰিব খোজা মানুহজন
দাদুল ভূঞা

ওলমি থকা বেলিটোৰ ঠিক পিছফালেই 
সাজি-কাচি আছিল মোৰেই অবিকল ছায়া

সেই ছায়া তাহানি খেপিয়াই ধৰিব খুজি
ছাঁৰ পিছে পিছে
দৌৰি ভাগৰুৱা হোৱা শৰীৰটোলৈ চাই
থমকি ৰৈছিলোঁ

দূৰৈৰ আকাশত ওলমি থকা বেলিটোৱে 
তাচিল্য কৰিছিল
মোলৈ চাই

বেলিয়ে বুজি নাপায় ভাগৰুৱা মানুহৰ ইতিকথা
বতাহেও নুবুজে ধুমুহাত ঘৰৰ মূধচ উৰি যোৱা মানুহৰ দুখৰ বেথা

ঠিক একেদৰেই ছায়ামূৰ্তিয়েও বুজি নাপায়
সপোন অথবা দিঠকত
ছায়া বিচাৰি হাবাঠুৰি খোৱা মানুহৰ
জীৱন গাথা
——————————————————
শৰতৰ পাহ কটা সপোন  
ববী দত্ত
                        
পানী ফুটনি সামৰি বন ফৰিঙৰ পাখিত সেউজীয়া শইচৰ গেঁৰ মেলা গোন্ধলৈ  শৰৎ আহিছে
কৃষকৰ উমাল চেতনাত চেৰিজিন গীত এটা গাই।
ফৰিং ফৰিং গোন্ধোৱা এচোতাল সাধুৰ পিঠিত
জালিকতা জোনাকৰ পাহকটা সপোনে মঙ্গল আৰতি কৰিছে।

প্ৰাণৰ উম সনা শৰতৰ বুকুত জীৱনৰ নম্ৰতা
কৰ পৰা খহি পৰিল কুঁৱলীৰ নিজান !

উমানৰ বাহিৰত সুখৰ উমান।

সৌন্দৰ্য চেতনাৰ লগত সম্পৰ্কিত শাৰদীয় মনৰ ৰাগি
মৌ জোন খহা আকাশত কোন লুকাই নান্দনিক শিল্পায়নৰ ৰূপৰেখা আঁকি।

উগুল থুগুল  মনত নিয়ৰৰ স্বপ্নদ্ৰষ্টা জোন
অতুলনীয় অনুকৃতিৰে আলোকিত সময়ৰ
সাহজিক শব্দপুঞ্জৰ গুণ গুণ গুণ

টুপলি বাই থকা বতাহৰ বুকুত  নিয়ৰৰ পাহকটা সপোন
কুঁৱলী পুৱাত চাঙেৰী ঢাকি আজি শেৱালিও চিকুণ।
———————————————————
পাতে-সীয়া
স্বপ্নম জ্যোতি কলিতা

ৰাতি ৰাতি চৰাই এটাই সিয়াঁৰে
জাৰ কাঁইটেৰে বিহফোঁহা ফুটাই মাগনী বুঢ়ীয়ে
হিয়া ধুনি থাকে ।

ঢেকি খুন্দে
অকালতে যমে নিয়া পয়েকৰ শোকে খুন্দে

যমৰ হিয়া খুন্দিছোঁ
যমৰ হিয়া খুন্দিছোঁ

এই বাটেদিয়েই হেনো
পৰুৱাই বাট বোলে
সূৰ্যৰ সেন্দূৰে বৰণ কৰে
বগা ফুলৰ পাহি
আকাশ ফুটাই উৰি যায় 
ধোৱাৰ তীক্ষ্ণ কাড়
ক্ৰমশঃ হালধীয়া হ'বলৈ ধৰা 
এটি পাত
খহি পৰা পপীয়া তৰাৰ 
নিচুক প্ৰাৰ্থনা
কাহানিও শেষ হ'ব নোখোজা
তেজৰ বহুত তলৰ অন্তৰা
মোৰ মোকলাব নোৱাৰা দুটি চকু
পোহৰ হ'ব নোৱাৰে ।

বিচনাৰ তলত ৰাতিটো 
মৰি পৰি আছিল
বিষ উজাই অহা বাটবোৰ
নিমাওমাও
শূন্যতাক সাৱটি লোৱা
পাত-সীয়াৰ ঠোঁটৰ এন্ধাৰে
থকাসৰকা কৰিছিল কলিজা

আৰু আমি 
শিপা খুচৰি বিচাৰি আছিলো
সৰাপাতৰ বৃতান্ত ।

নিয়ৰৰ স্পৰ্শত পানী-পিয়লী ফুটে
যাৰ ওঁঠৰ পৰা বুটলি আনিছো
ফুটকলা ৰং

বৰষুণত তিতি চৰাই পাখি নীলা
কবিতা আন্ধাৰতকৈ ক'লা !

বেলিৰ বাকলি এৰুৱাই
বিচাৰি আছোঁ
মাটি চাকিৰ পোহৰ

পোহৰ ভালপোৱাৰ প্ৰতীক ।

টোপনিতকৈ সচাঁ মৃত্যু
মোৰ টোপনি আহিব
শীতল
আৰু
বহুদিন উজাগৰে থকাৰ পিছৰ
মৃত্যুৰ দৰে এজাক গভীৰ টোপনি

সমাজিকৰ পিছৰ শিহৰণ
শিয়ৰী উঠা নোমৰ গুৰিত
বন্ধা পানীজোলা
নে 
বিহ
বিষ
নে
বৰশীত মাছে খুটি
ফুটা কৰা কলিজা
গিলিব নোৱাৰা

কলিজা মাছৰ টোপ হ'ব পাৰেনে ?
———————————————————
অসম_কাব্যকাননৰ_অনন্য_অনুষ্ঠান ■কথোপকথন

◆এই পষেকৰ অতিথি : বিশিষ্ট কবি
 অৰ্চনা পূজাৰী 
●সাক্ষাৎকাৰ গ্ৰহণ : গীতাঞ্জলী বৰকটকী

       ড° অৰ্চনা পূজাৰীৰ  জন্ম - ১৯৬১ চনত। অৱসৰপ্ৰাপ্ত Associate Professor (অসমীয়া বিভাগ ) আৰ্য্যবিদ্যাপীঠ কলেজ। 
   অসমীয়া কাব্যজগতৰ প্ৰথিতযশা কবি অৰ্চনা পূজাৰীয়ে কবিতাৰ লগতে সাহিত্যৰ অন্যান্য দিশতো বিশেষভাবে অৰিহণা যোগাই আহিছে ৷ 

তেখেতৰ  প্ৰকাশিত কাব্য গ্ৰন্থ সাতখন-
●উপলব্ধিৰ অভিজ্ঞান
●জোনাকত ঝিলীৰ মাত
●পানীপচাৰ পানীত কাগজৰ নাও
●পিৰালী কুঁৱৰী
●জি,এন,আৰ,চিত হৃদয় বিচাৰি
●সাগৰ তীৰৰ কবিতা (যুটীয়াকৈ অনুদিত)
●অৰ্চনা পূজাৰীৰ নিৰ্বাচিত কবিতা

 সম্পাদিত গ্ৰন্থ -- সাতখন

 ●অসমীয়া কবিতাৰ বিচাৰ -বিশ্লেষণ (জ্যোতি প্ৰকাশন)
●ড° বাণীকান্ত শৰ্মাৰ জীৱন আৰু সাহিত্য কৃতি
●বোধিদ্ৰুমৰ ছায়া (নলিনীধৰ ভট্টাচাৰ্যৰ জীৱন আৰু সাহিত্য)
●প্ৰবন্ধ বৰ্ণালী (প্ৰথম খণ্ড)
●প্ৰবন্ধ বৰ্ণালী (দ্বিতীয় খণ্ড )
●আৰ্য্যবিদ্যাপীঠৰ ইতিহাসে ৰিঙিয়াই
●কাব্য মুকুৰ ( সম্পাদিত কবিতা )

 শিশু উপযোগী  গ্ৰন্থ পাঁচখন --
●মইনাৰ বেণুধৰ
●অকণিৰ টলষ্টয়
● নানাদেশৰ নানা সাধু
●ইপাৰৰ বগলী এ কি কি নাও
●দেশে দেশে গল্প ( ষ্টুডেণ্ট ষ্টৰচ)

 আলোচনা গ্ৰন্থ-
● এশ বছৰৰ অসমীয়া কবিতা আৰু অন্যান্য নিবন্ধ (এম আৰ পাব্লিকেচন )
●প্ৰসংগ কবিতা (জ্যোতিপ্ৰকাশন)
●ভূপেন হাজৰিকাৰ  গীতৰ কাব্যিক মূল্যায়ন( বাণী মন্দিৰ)
● বেণুধৰ শৰ্মাৰ জীৱন আৰু সাহিত্য কৃতি (চন্দ্ৰ প্ৰকাশ)
● বৈষ্ণৱ ধৰ্ম সাহিত্য আৰু দৰ্শন (লয়াৰ্ছ বুক ষ্টল )

উপন্যাস-
●অমাৱস্যাত মিছ ইণ্ডিয়া৷

গল্প সংগ্ৰহ:
●এজাক জোনাকীৰ জিলমিল

ভাৰতৰ প্ৰায় সকলো প্ৰান্তীয় ভাষালৈ এই গৰাকী কবিৰ  কবিতা অনুবাদ হোৱাৰ লগতে ফৰাচী আৰু উজবেক ভাষালৈও কবিৰ কবিতা অনুবাদ হৈছে ।  ৰেডিঅ'ৰ  নেচনেল চিম্পচিয়াম ত  ভাগ লোৱাৰ উপৰিও সাহিত্য অকাদেমীৰ আমন্ত্ৰণ ক্ৰমে ভাৰতবৰ্ষৰ বহুকেইখ্ন  চহৰত অনুষ্ঠিত কবিসম্মিলনত অংশ গ্ৰহণ কৰিছে ।
অৰ্চনা পূজাৰীৰ বাংলা (বাসুদেৱ দাসৰ  দ্বাৰা অনুবাদ) আৰু হিন্দী (অনুবাদ দিনকৰ কুমাৰ ) কবিতা সংকলন অলপতে প্ৰকাশ পাব ৷
   অৰ্চনা পুজাৰী বাইদেউৰ স'তে হোৱা কথোপকথনটি আপোনাসৱলৈ 
আগবঢ়ালোঁ—
 ◆অ:কা:কাঃ নমস্কাৰ বাইদেউ।সৰ্বপ্ৰথমে আপোনাক কথোপকথন অনুষ্ঠানলৈ স্বাগতম জনালোঁ।
  প্ৰথমেই আমি আপোনাৰ শৈশৱ আৰু শৈক্ষিক জীৱনৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ।
●অৰ্চনা পূজাৰীঃ- ধন্যবাদ গীতাঞ্জলি৷
   আচলতে আমাৰ শৈশৱৰ সময়ছোৱাত প্ৰকৃতিৰ সৈতে নিবিড় আত্মীয়তা গঢ়ি উঠিছিল। পুৱা শুই উঠাৰ পৰাই বাৰী ঘৰ পিতপিতাই ফুৰাটো গাঁৱৰ ল’ৰা ছোৱালীৰ যি স্বভাৱ আমি তাৰ ব্যতিক্ৰম নাছিলোঁ। চোতালত ধান মাহ খাবলৈ অহা ঘৰচিৰিকাৰ জাক বতৰৰ  ভিন ভিন ঋতুত দেখা পোৱা সেউজ অথবা সোনালী পথাৰৰ ছবি৷জাকপাতি চৰি ফুৰা বজলীৰ দৃষ্টিকাঢ়ি নিয়া দৃশ্য বতৰৰ ফুল আৰু ফলমূলৰ সুগন্ধি এইবোৰে আমাৰ মন ভৰাই তুলিছিল। 
  মোৰ প্ৰাইমাৰী শিক্ষা পকামূৰা বৰুৱা গাৱৰ প্ৰাথমিক বিদ্যালয়তে  সামৰিছিলোঁ। পৰৱৰ্তীসময়ত দেউতাৰ চাকৰি সূত্ৰে আমি চিনামৰা হাইস্কুলৰ পৰা  উত্তীৰ্ণ হৈ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলোঁ। উচ্চ শিক্ষাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰু অৱশেষত পি এইচ ডি ডিগ্ৰী লাভ কৰো গুৱাহাটী বিশ্ববিদ্যালয় পৰা ৷
   
 ◆অ কা কাঃ আপুনি কাব্যযাত্ৰাৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ’ল? 
●অৰ্চনা পূজাৰীঃ-আচলতে যোগাযোগ বিছিন্ন এখন ঘোকোট গাৱঁত মোৰ জন্ম হ’লেও  শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হোৱা নাছিলোঁ। মোৰ সৰু খুৰাই সেই সময়ত কলেজত পঢ়াশুনা কৰি আছিল। দিনৌ অহাই যোৱাই বিশ কিলোমিটাৰকৈ চাইকেল চলাই  কলেজলৈ পঢ়িবলৈ  গৈ আমাৰ মাজতো সেই শিক্ষাৰ পোহৰ বিলাবলৈ চেষ্টা কৰিছিল ৷
 তেখেতে আমাৰ চুবুৰীতে সৰুকৈ কিন্তু মূল্যবান কিতাপ সংগ্ৰহ কৰি আনি এটি পুথিভঁৰাল আৰম্ভ কৰিছিল ৷আবেলি চুবুৰিৰ সকলো পুথিভঁৰালতে লগ  হৈছিল আৰু কিতাপৰ কথা পাতিছিল ৷আমি সৰু ল’ৰাছোৱালীবোৰে  বুজা নুবুজাৰ মাজেৰে সেই কথাবোৰ শুনিছিলোঁ ৷ সেই শৈশৱতে আমি ৰাহূল সংকৃত্যায়নৰ From Bhalga to Ganga , মেক্সিম গৰ্কীৰ মাৰ কাহিনী শুনিছিলোঁ। তদুপৰি  পঞ্চতন্ত্ৰ,হিতোপদেশ,বুঢ়ী আইৰ সাধু এইবোৰ পঢ়াৰ সুযোগ পাইছিলোঁ ৷বিভিন্ন গ্ৰন্থৰ কাহিনী শুনা আৰু সাধুকথাবোৰে আমাৰ মনবোৰ ৰোমাঞ্চিত কৰি তুলিছিল ৷বোধহয় এইবোৰে আমাৰ মনটোত চিন্তাৰ খোৰাক যোগাইছিল।খুৰাদেউ প্ৰগতিশীল মনৰ মানুহ আছিল ৷তেখেতে চীনৰ মাউ-জে-ডুঙৰ। ৰাছিয়াৰ লেনিন ষ্টেলীনৰ বিপ্লৱৰ কাহিনীবোৰ কৈছিল ৷ কলেজৰ পৰীক্ষা দি কিছুদিন এনেয়ে থাকোঁতে খুৰাদেউ যোৰহাটৰ পৰা প্ৰকাশিত দৈনিক জনমভূমি কাকতখনত কিছুদিন কাম কৰিছিল৷এদিন তেখেতে কাকতখনৰ শিশুৰ বাবে লেখা পৃষ্ঠাতো দেখুৱাই ক’লে,"তয়োচোন ইয়াতে কিবা লিখিব পাৰ|মনৰ ভাববোৰকে লিখিবিচোন৷"সেই ৰাতি চকুলৈ টোপনি নাহিল ৷কি লিখোঁ কেনেকৈ লিখো এইবোৰ ভাবি -চিন্তি থাকোতেই গ’ল ৷ অৱশেষত এটা কবিতা লিখিলোঁ ৷নাম দিলোঁ "বিপ্লৱ"৷সিয়ে আৰম্ভণি৷

◆অ কা কাঃ-আপোনাৰ প্ৰথম প্ৰকাশিত কবিতাটোৰ নাম কি আছিল আৰু কোন আলোচনীত প্ৰকাশিত হৈছিল ? 
আপোনাৰ প্ৰথম কাব্যগ্ৰন্থৰ নাম? 
●অৰ্চনা পূজাৰীঃ-ইতিমধ্যে মই কৈছোৱেই -মোৰ প্ৰথম কবিতাটি জনমভূমি নামৰ বাতৰিকাকত খনত ভাইটি-ভন্টীৰ চ’ৰাত প্ৰকাশ পাইছিল।কবিতাটোৰ নাম আছিল-বিপ্লৱ ।
   মোৰ প্ৰথম কাব্য সংকলনখনৰ নাম -
উপলব্ধিৰ অভিজ্ঞান ।

◆অ কা কাঃ-আপুনি যিহেতু অধ্যাপনাৰ লগত জড়িত ,এই বৃত্তিটোৱে কাব্য চৰ্চাত আপোনাক কেনেদৰে প্ৰভাৱিত কৰিছে? 
●অৰ্চনা পূজাৰীঃ অধ্যাপনাৰ লগত জড়িত হোৱাৰ বাবে বিশেষকৈ সাহিত্যৰ শিক্ষক হোৱাৰ বাবে সাহিত্যৰ সূত্ৰবোৰ জানিছিলোঁ। বিভিন্ন সাহিত্যৰ উত্থান আৰু ইতিহাস জানিছিলোঁ। সিয়ে হয়তো পৰোক্ষভাৱে চিন্তাৰ ক্ষেত্ৰ এখন তৈয়াৰ কৰিছিল। অব্যশ্যে এটা কথা ঠিক যে কবিতা লিখিবৰ বাবে সাহিত্যৰ সূত্ৰ নেজানিলেও হয়। বহুকেইজন বিজ্ঞানৰ শিক্ষকে অতীজৰে পৰা অসমীয়া সাহিত্যত দপদপাই আছে। তেখেতসকলে লেখৰ অৰিহণা আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈছে।
আজিকালি শিক্ষকৰ আজৰি কম। ছাত্ৰছাত্ৰীসকলৰ পৰীক্ষা আদি সঠিকভাৱে কাৰ্য্যকৰী কৰিবৰ বাবে বহু সময় দিব লাগে। তেওঁলোকৰ সমস্যাৰ সমাধান কৰিব লাগে। আন চাকৰিত অফিচৰ সময়খিনিতে যি কৰিব লাগে কৰে।  শিক্ষক কিন্তু চৌব্বিশ ঘণ্টাই নিজৰ পেচাৰ লগত জড়িত হৈ থাকিব লাগে। একাডেমীক কামকাজ বহুত বেছি যাৰ ফলত সৃষ্টিশীল ৰচনাৰ বাবে প্ৰয়োজনীয় চিন্তাৰ সময় কমকৈ পায়।

◆অ কা কাঃ কবিতা চৰ্চা কৰিবলৈ যাওতে আমি সৰ্বপ্ৰথমে কি কি কথাত গুৰুত্ব দিব লাগে ? 
●অৰ্চনা পূজাৰীঃ-কবিতা যিহেতু সাহিত্য জগতখনৰ সূক্ষ্মতম কলা, সেয়ে এই ক্ষেত্ৰখনত বিচৰণ কৰিবলৈ যাওঁতে আমাৰ নিৰীক্ষণ অতি সূক্ষ্মাদৰ্শী হোৱাটো বাঞ্চনীয়। লগতে ব্যক্তি গৰাকী অনুভূতিশীল আৰু কল্পনাপ্ৰৱন হোৱাটো নিতান্তই প্ৰয়োজন। এগৰাকী ব্যক্তিয়ে জীৱন আৰু জগতক যি দৃষ্টিৰে চাই তাৰ প্ৰতিক্ৰিয়াতে তেখেতৰ হৃদয় মন্থন কৰি অনুভূতিবোৰে প্ৰকাশৰ বাট বিচাৰে। সুকুমাৰ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহশীল হৈ বিভিন্ন ভাষাৰ শ্ৰেষ্ঠতম কাব্য পাঠৰ লগতে নিজেও নিৰন্তৰ অনুশীলন কৰিব লাগিব। অনুশীলনৰ মাজেৰে ব্যক্তিগৰাকীৰ এটা কাব্যভাষা আয়ত্বলৈ আহিব। তেতিয়া তেখেতৰ দ্বাৰা সৃষ্ট সকলো প্ৰকৰণেই সুন্দৰ হৈ উঠিব। সূক্ষ্ম আৰু স্বচ্ছ হৈ পৰিব। এতিয়া আন এটা প্ৰসংগলৈ আহোঁ, সেইয়া হ'ল আপোনাৰ কল্পনা অনুভূতিৰ দ্বাৰা সৃষ্ট বিষয়ক কিদৰে উপস্থাপন কৰিব। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।

◆অ কা কাঃ-অসমীয়া কবিতা আৰু আন ভাষাৰ কবিতাৰ মাজত কি পাৰ্থক্য দেখা যায় ? 
●অৰ্চনা পূজাৰীঃ-এই কথা ক'বলৈ অসুবিধা। কাৰণ আন ভাষাৰ সকলো কবিতা পঢ়িছোঁ বুলি দাবী নকৰোঁ। অন্যান্য সাহিত্যৰ সৈতে সমানে খোজ মিলাই অসমীয়া কাব্য সাহিত্যও অগ্ৰগতি লাভ কৰিছে। এটা সময় আছিল আমাৰ সাহিত্য কিছু মন্থৰ গতিৰে আগ বাঢ়িছিল। কিন্তু আজিৰ গোলকীকৰণৰ সময়ত গোটেই পৃথিৱীখন আমাৰ হাতৰ মুঠিত সোমাই পৰিছে। সেয়ে সাহিত্যৰ অগ্ৰগতি দ্ৰুতগামী হৈছে।

◆অ:কা:কা___ফেচবুকৰ কবিতা সৰ্ম্পকে আপোনাৰ মতামত ?  ফেচবুক সাহিত্য চৰ্চাৰ মাধ্যম হ’ব পাৰেনে ? ফেচবুকে বহু নতুন লেখকৰ সাহিত্য চৰ্চাৰ প্ৰতি যুব প্ৰজন্মক আকৰ্ষিত কৰিবলৈ__
●অৰ্চনা পূজাৰী: ফেচবুক কাব্য তথা সাহিত্য চৰ্চাৰ থলী হোৱাটো একো দোষণীয় নহয়। ফেচবুকত সম্পাদনাৰ কোনো ব্যৱস্থা নাই যেতিয়া, ন-লেখক / কবি সকল নিজেই কিছু সাৱধান হ'ব লাগিব।।

◆অ:কা:কা: সাম্প্ৰতিক অসমীয়া কবিসকলক আপোনাৰ কবলগীয়া কিছু কথা ?
●অৰ্চনা পূজাৰী : প্ৰথমে পঠন পাঠন, অনুশীলন কৰি পিছত ধীৰে সুস্থিৰ নিজৰ সৃষ্টিক পাঠকলৈ আগবঢ়াই দিয়ক। বহুজনে এনেদৰে আগবাঢ়ি সুন্দৰ সৃষ্টি পাঠকক উপহাৰ দিছে। ই নিশ্চয় শুভালক্ষণ।

◆অ:কা:কা: কবিতাত জটিলতা বা দুৰ্বোধ্যতাৰ বিষয়ে কি কব বিচাৰে ? কবিতাক জনমুখী কৰিবলৈ কি কৰিব লাগিব ?
●অৰ্চনা পূজাৰী : আজিৰ কবিতা সহজবোধ্য হৈ পৰিছে। সেয়ে দুৰ্বোধ্যতাৰ প্ৰসঙ্গত নেপাতো। কিন্তু এটা কথা ঠিক যে আজিৰ কবিতাই যিকোনো বিষয়ক প্ৰসঙ্গ হিচাবে কবিতাত ঠাই দিছে। সেয়ে তেনেবোৰ বিষয়ৰ প্ৰতি পাঠকৰ সামান্যতমো ধাৰণা নাথাকিলে তেনে পাঠকৰ বাবে কবিতা দুৰ্বোধ্য হোৱাটো স্বাভাৱিক।
        কবিতাক জনমুখী কৰিবলৈ বিভিন্ন মাধ্যমৰ সহায় ল’ব লাগিব।সমজদাৰ শ্ৰোতাও সৃষ্টি কৰিব পাৰিব লাগিব।তাৰবাবে কবিসকলে সহজবোধ্যকৈ লিখিব লাগিব।আবৃত্তিৰ নাটকীয়তা ক্ৰমে আঁতৰি গৈছে।কবিতা পাঠৰ লগত আৱহ সংগীতৰ ব্যৱস্থাও কৰিব পাৰি।বহু অনুষ্ঠানে এনেবোৰ উদ্যোগ লৈছে।

◆অ:কা:কা: ’কাব্যকানন’ গোট আৰু ’কাব্য-কানন’আলোচনীখনৰ বিষয়ে আপোনাৰ মতামত ৷
●অৰ্চনা পূজাৰী: কাব্যকানন আলোচনীখনে ক্ৰমে ক্ৰমে মান বিশিষ্ট এক ৰূপ পাইছে।ই এখন আলোচনীৰ বাবে শুভ লক্ষণ।

◆অ:কা:কা: বৰ্তমান সময়ৰ গণমাধ্যমৰ ভিতৰত ফেচবুকেই আটাইতকৈ শক্তিশালী ৷ এই গণমাধ্যমে বহু লেখকৰ সৃষ্টি কৰিছে__আপোনাৰ মতামত ৷
●অৰ্চনা পূজাৰী : ফেচবুকত লিখিবলৈ আমাক কাৰো অনুমতিৰ প্ৰয়োজন নহয়।কিন্তু সেইবুলি আমি  বৃহত্তৰ পাঠক সমাজক পাহৰি গ’লে নহ’ব।সেয়ে মই ভাবো প্ৰতিজন কবি/লেখকে নিজে নিজৰ ওচৰত দায়বদ্ধ হৈ যদি চৰ্চা অব্যাহত ৰাখে তেনে ফেচবুকৰ পৃষ্ঠাতে আমি লেখৰ সাহিত্য পঢ়িবলৈ পাম।ফেচবুকৰ দ্বাৰা পাঠকক আমি নিচেই কাষতে পাওঁ।

◆অ:কা:কা: বাইদেউ আপুনি অনুবাদ সাহিত্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণ কি ? আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ ৷
●অৰ্চনা পূজাৰীঃ অনুবাদৰ ক্ষেত্ৰত কওঁ, আন ভাষাৰ ভাল কবিতা পঢ়িলে তাক নিজৰ ভাষাত তাৰ ৰূপটো কেনে হ’ব চাবৰ বাবে চেষ্টা কৰো।ভাল কবিতাৰ সোৱাদ আনকো দিবৰ মন যায়।ইয়ো এক অন্যতম কাৰণ। ভৱিষ্যতে গদ্য লিখাৰ পৰিকল্পনা এটা আছে।
  মনৰ মাজত ঠাহ খাই থকা বহুতো ঘটনাক ভৱিষ্যতে কাহিনী ৰূপ দিবৰ মন আছে। কিমান দূৰ কাৰ্যকৰী হয় নাজানো।

  ◆অঃকাঃকাঃ শেষত, আপোনাৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে আৰু আমাৰ প্ৰশ্ন সমূহৰ যথাযথ উত্তৰ প্ৰদান কৰাৰ বাবে অসম কাব্যকাননৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ। লগতে আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
 ●অৰ্চনা পূজাৰীঃ-তোমাৰ জৰিয়তে অসম  কাব্য কাননলৈ পুনৰবাৰ ধন্যবাদ জনালোঁ।
———————————————————
                     কবিতা 
দাপোণ 
সীমা গগৈ 

তেওঁৰ চোলাৰ জেপত এখন আওপুৰণি চিঠি.. 
বাৰাণ্ডাৰ আৰামী চকীখনত বহি প্রতিদিনে চিঠিখন পঢ়ে
উৱলি যাব ধৰা চিঠিৰ ভাজত সামৰি থয় হৃদয়ৰ দস্তাবেজ ..

প্রিয়তমাৰ হাতৰ আখৰবোৰে আজিও 
তেওঁক দিয়ে 
জীয়াই থকাৰ সাহস.. 
এতিয়া জীৱন জীওৱাৰ আখৰাত অভ্যস্ত তেওঁ..
 
লাখুটিৰ ভৰত জীৱন আগবাঢ়ে 
অথচ.. নাভাগৰে তেওঁ 
উভতি চায় বাৰে বাৰে 
এৰি অহা সোণসেৰীয়া বাট... 
দুয়ো একেলগে গঢ়া সপোনৰ বাট 
হাতে হাত ধৰি ভাঙিছিল 
সপোন হেৰুৱা বাটৰ আঁত.. 

ফাগুনৰ ধূলিয়ৰি বতাহজাকৰ টোকৰত 
সৰি পৰিছিল হৃদয়ৰ এখিলা পাত.. 
উশাহৰ ওমলা ঘৰত গুঞ্জৰিত হৈছিল 
আধালিখা কলিজাৰ গান ..

হৃদয়ৰ নিৰলা পঁজাত 
শব্দৰ সৈতে সহবাস তেওঁৰ.. 
লালন কৰে মৃত্যুমুখী অনুভৱৰ ভঁৰাল.. 

জীৱনৰ হেতেলিত এৰি দিয়ে 
পৰাণৰ ভাষাবোৰ.. 
প্রিয়তমাৰ হাতৰ আখৰবোৰ আলফুলে চুই চায় 
আত্মসন্তুষ্টিৰে বাৰে বাৰে আওঁৰাই 
ভাল লগা কবিতাবোৰ ...

আত্মানুসন্ধানত ব্যস্ত তেওঁ..
তেজাল পুৱাৰদৰেই মনত হেঁপাহৰ চেকুৰ ..
যাযাবৰী মেঘৰ দাপোণত দেখা পায়  
চেনেহী প্রিয়তমাৰ মুখ ...

তেওঁ চোলাৰ জেপৰ চিঠিখন চুই অনুভৱ কৰে 
প্রিয়তমাৰ স্থিতি ...
বৰ্ণময় দুচকুৰে নামি অহা 
আধৰুৱা গানবোৰে  যেন
তমসা নেওচি ধাৱমান হয় আলোকৰ দেশলৈ ..
কবিতা ভালপোৱা মানুহজন ভিৰৰ মাজেৰে 
লাহে লাহে আগুৱাই যায়.. 
পিছে পিছে শব্দবোৰে সুগন্ধি বিলায়....
———————————————————
জোনাকৰ বেহা
অৰ্চনা ঠাকুৰীয়া

জিলিৰ বৃন্দগানে মুখৰিত এটি মায়ালগা সন্ধিয়া।
অকলেই বহি উপভোগ কৰিছোঁ শাৰদী নিশাৰ জোনাক
ফুলি আছে শেৱালি
নৈপৰীয়া বতাহত হালিছে কঁহুৱা

কোনো কাৰো বাবে ৰৈ থকা নাই
কোনো কাৰো বাবে আক্ষেপ কৰা নাই
এয়া যে পোহৰৰ ৰমৰমীয়া বেহা

জোনাক লাগে জোনাক

জোনাক আমাৰ হিয়াত
শিশুৰ কান্দোনত 
জোনাক
নামে কৃষকৰ উশাহত
কানাইৰ মুৰুলি তানত

কোনো অভাগীৰ চপচপীয়া চকুতো যেতিয়া জিলিকে জোনাক তেতিয়া ভঁৰালৰ সাঁচতীয়া বীজবোৰে
এঙামূৰি দি গজি উঠে
উৰুৱাই দিয়ে জাগৃতিৰ সেউজ নিচান

য'ৰ পৰা নামি আহে জোনাক
তাতেই যেন শব্দব্ৰহ্মৰো সৃষ্টি
মহানাদৰ ধ্বনিয়ে জগাই এন্ধাৰ পৃথিৱীক
জোনাক
শব্দ
কিম্বা পৃথিৱী 
সম্ভৱতঃ একেডাল অনন্তনাগে বান্ধি পেলোৱা
মন্দৰগিৰি 
যাৰ মন্থনত ওলাব হাজাৰ জোনাকৰ 
অলঙ্কাৰযুক্ত জোনাকী আভা

জোনাক মোৰ বহু যুগৰ চিৰন্তন প্ৰেমিক
তেওঁ আছে বাবেই ময়ো আছোঁ।
———————————————––––– 
সংস্কৰণ
গিৰিণ চন্দ্ৰ বৰা 

আইৰ বুকুত অনিৰুদ্ধ বাসনা 
 দুখৰ ইতিহাস মচি 
সম্ভাৱনাৰ মেটমৰা সম্ভাৰ,

দুঃসময়ত 
আইৰ আঁচলৰপৰা
চিটিকি পৰিছিল 
বাটে ঘাটে এডোঙা তেজ
নৱ -জোৱানৰ,

তথাপিও দাম্ভিকতাৰ ভৰত 
আজিও কোনেও নুজুখিলে আইৰ
দুচকুত অস্থিৰতাৰ ওজন কিমান ? 

তোৰ ওঠত কোমল গান
সুখৰ কেঁকুৰিত আস্বাদনৰ আলিংগন
আৰু এতিয়াও আয়ে টানে 
মৰসাহেৰে উশাহ,

হৃদয়ত কম্পিত ভগৱান
আইক ৰ'দ লাগে,
আন্ধাৰৰ কোলাত শুই মানুহৰ ছবি 
আৱিষ্কাৰ কৰোতেই আই ভাগৰুৱা,
 
হেৰ’ পদাতিক উঠ মুৰ ডাঙি উঠ
তোৰ কৌশলী হাতেৰে খামুচি ধৰ অভেদ্য কলম,
লিখি দে মানৱতাৰ নহয় আৰু স্খলন
এইয়া সময় কঠিন ত্যাগৰ, সংস্কৰণৰ ।
————————————————–––
 সাম্প্ৰতিক
 অনসূয়া বৰঠাকুৰ

আমাৰ দুহাতত পানীগাঁথি!
দুভৰিত আদেশৰ শিকলি!
নাকে-মুখে এচুঙা 
ধাৰ কৰা বতাহ!
জীয়া শ এটা হৈ
আমি জী আছোঁ,
জীয়াই থাকিবৰ বাবে
যুঁজি আছোঁ।

আচলতে,
আমাৰ যুঁজ কাৰ লগত হ'ব লাগিছিল?
...আৰু আমি কাৰ লগত
যুঁজিছো?
কোনোবাই কৈছিল,
যুদ্ধ তিনি ধৰণেৰে কৰিব পাৰি।
অস্ত্ৰেৰে,
কণ্ঠেৰে,
কবিতাৰে,
পিছে কথা নকওঁতে নকওঁতে,
মাতটো জিভাতে পমি পমি
লেৰিঙছৰ বাটত হেৰাল!

নিলিখোঁতে নিলিখোঁতে কবিতা,
কলমতো বান্ধিলে কৰাল!
আমি কিহেৰে প্ৰতিবাদ কৰোঁ!
কি সতে যুঁজি মৰোঁ!
...হাত দাঙি দিছোঁ !
তলমূৰ কৰি বিনা চৰ্তে মানি লৈছোঁ।
কাৰণ এতিয়া বিপৰীত কাল!
মৃত্যুতকৈ দাসত্বই ভাল!  
———————————————––––
আত্মকথা
ৰূপজ্যোতি গগৈ

তাহানিতে পিতাই তুলি দিয়া হাতনিপেৰা
ৰং আৰু হেঁপাহেৰে আয়ে সজাই দিয়া
আলফুলীয়া
জোনাক জোনাক গোন্ধোৱা
মনমতলীয়া।
সযতনে সজাই থওঁ আজিও হৃদয় দুৱাৰ, সেউজীয়া
কোনে নাম থয় ভালপোৱা।

হো-হোৱাই নামিছে
কালান্তক ৰাতিৰ কলুষতা
ঘৰে-ঘৰে বাঢ়িছে
আকাংক্ষিত সপোনৰ শূন্যতা
বাঢ়িছে কলিজাত কেঁচা ঘা
টুপুং কৈ বুৰ গৈছে জীৱন, বাখৰুৱা।

নিজানে বাঢ়ে
গুপুতে গজে
কি নাম তাৰ সেউজীয়া
তাহানিতে পিতাই তুলি দিয়া
মৰম নামৰ সি যে বৰ আলসুৱা
দুখৰ জুনুকাত বাজি বাজি ভাগৰি নপৰা
তৰাং নদীতো জীৱনৰ বীণ বজা
ৰাতিৰ আন্ধাৰতো জীয়ন দি ৰখা
হেঁপাহ, হালধীসনা।

ভাগৰি নপৰিবা, সিয়েই গজাব কুঁহি
খেদি থৈ কুব্জটিকা।
নিজেই নিজতে জীয়ন দিয়া! 
--------------------------------------------------
মায়া
মণিকা দাস

কি যে তোমাৰ মায়া শেৱালি
ৰাতি ফুলা নিৰৱধী নদী
হাঁহি হাঁহি হাতবাউলি মাতা জোনাকী

কি যে তোমাৰ মায়া শাৰদী
কঁহুৱা হৈ ফুলা নৈৰ পাৰত গধূলি
উৰি উৰি ঘুৰি ফুৰা নিয়ৰসনা পদূলি

কি যে তোমাৰ মায়া প্ৰকৃতি
ঘন ঘন সেউজীয়া আৱৰি
সজাই দিয়া মুকুতা পাপৰি

কি যে তোমাৰ মায়া দেৱী
শৰতৰ মলয়াই দিয়েহি তুমি অহাৰ বাতৰি
শংখ,ঘন্টা বৰকাঁহৰ কোবত
খলকনি লগাই তোমাৰ পূজাৰী

কি যে তোমাৰ মায়া মাতাৰাণী
কি যে তোমাৰ মায়া
তোমাৰ পদধূলি পালে মংগল হয়
অশান্তিৰ প্ৰবৃত্তি।
—————————————————
ছন্দোবদ্ধ সময়
কৃষ্টিঞ্জয় বৰা

এটি ছন্দত অভ্যস্ত হৈ
বাট পুৰঠ হয়
এটি ছন্দ বিছিন্ন হৈ
কাল অকাল হয়
এই ছন্দৰ প্ৰেমেই আমাক
সুৰ বা অসুৰৰ বোকোচাত
মেৰিয়াই লয়।

সমস্যা তাতেই
এৰা গছৰ পুলি আপদালি
হাবাধুৰি খাওঁ
বৰগছৰ আশ্ৰয় বিচাৰি।

মোৰ বুকুৰ ঘাৰ বিষ
নোহোৱা কৰিব খোজোঁ
আনৰ বুকুত খুচি
খহটা মনৰ ইয়ো এক তৃপ্তি
সেয়ে সুখৰ ঠিকনা বিচাৰি বিচাৰি
আমিবোৰ অঘৰী।

অভ্যস্ত ছন্দই পুৰঠ কৰা বাটবোৰে
লগ এৰে অলপ অজুহাততে

বিছিন্ন আমি ইজনে-সিজনে
নিজৰ বাটেৰে বাট বুলি
কোনে নহয় কাৰো চোতালৰ আলহী।

এনেকৈয়ে ছন্দোবদ্ধ সময় বিছিন্ন হৈ
উপচাই দিয়ে মাথোঁ পৰাজয়
যেনেকৈ ভৰা নদী খনে
পানীৰ ছন্দ হেৰুৱাই
মৰুৰ মাজত নিথৰ হয়।
—————————————————
সমুদ্ৰ ভ্ৰমণ কাৰ্য্য
দেৱ দাস

সাঁজি থোৱা নাওখন এৰিদি
মোৰ সমুদ্ৰ ভ্ৰমণ কাৰ্য্য

জোৱাৰৰ কথাই নাই
পাহাৰ হৈ উঠা ঢৌত
মোৰ সমগ্ৰ অতীত

নিৰস্ত্ৰহৈ যোৱা জীৱন
বুকু বিষাই যায়

কৰুণ দংশনৰ জ্বালা
নে জুয়েপুৰা পুৰণি

জোৱাৰবোৰ খেদি
ঢৌবোৰ খেদি
মোৰ সমুদ্ৰ ভ্ৰমণ কাৰ্য্য

বুকুৰ মাজত 
সৰিপৰা ৰঙাজৱা
বুকুতে থওঁ আলফুলে

সমুদ্ৰৰ ঢৌ গণি
আঁকি যোৱা আলিয়েদি
মোৰ সাঁজিথোৱা নাও
মোৰ সমুদ্ৰ ভ্ৰমণ কাৰ্য্য।
————————————————
আহিনৰ গান 
পংকজ কুমাৰ শৰ্মা 

আহিনৰ আকাশে জুৰিছে গান 
আহিনৰ বুকুত সুৰৰ জোৱাৰ 

দূৱৰিৰ দলিচা নিয়ৰৰ জোনাক 
আহিনৰ চুলিত শেৱালিৰ সুৱাস 

গানে গানে ৰুলেহি বুকুতে
আহিনে আহি গুপুতে গুপুতে 

কত অভিমানী শুকুলা মেঘালী উশাহ 
আহিনৰ আৱেশত সুখৰ সোপান 

ৰাজহংস শুৱনি আবেলি বেলা
কঁহুৱা কঁপোৱা গানে মন উতলা।
———————————————
পুৰুষ
দিলাল আহমেদ 

এক ফচলি পুৰুষ
জোনাক দেখি হাঁহে৷
জোনাকক ধৰি ৰাখিব নোৱাৰি
উৰি যায় ভালপোৱাৰ দৰে৷

পোহৰেই জন্ম দিয়ে এন্ধাৰ
যেনেকৈ বিৰহ ৰোৱে ভালপোৱাই
বিৰহৰ যদি বহ্নি জ্বলে
ওঁঠৰ থাকে কি উপায় !

চিতাত ঢাকি থোৱা হয় শোক!
ভগা সপোন, খোলাকাটি জীৱন
উৰি যায় ---
চেৰেকীত ছিগা সূতাৰ পাক৷

বিৰহত নমৰে কোনেও
ভালপোৱাত মৰে৷
এক ফচলি পুৰুষ
জোনাক দেখি হাঁহে৷
————————————————
ভাত-চৰাই 
ৰিতু ভৰালী 

প্ৰশ্নৰ অবিহনে উত্তৰৰ কি সংজ্ঞা ?
বাৰু থাকক সংজ্ঞাবোৰ ।
আপুনি বাৰু উজাগৰে কটোৱা সময়বোৰক কি নামেৰে মাতে ?

প্ৰশ্নবোৰে অলংকাৰ পিন্ধেনে ?
বাৰু থাকক অলংকাৰৰ কথা ।
ভাত-চৰাই বোৰে ভোকত কি খায়
চৰাইৰ দেহ নে অন্য ....?
আৰু আপুনি ?
————————————————
সাৰথি
খূৰ্ছীদ আনছাৰী

জীৱনৰ বাটত মুহূৰ্তমান অপেক্ষা
তাৰ পিছত নিৰৱচ্ছিন্ন গতি।

অপ্ৰাপ্তিৰ বেদনাক পাহৰি
মই প্ৰাপ্তিৰ আকাংক্ষাত
সেউজ দূৱৰিৰ দলিচা গচকি
কেইখোজমানহে আগুৱাইছোঁ
এতিয়াও বহু মাইল বাকী...

আঁউসীৰ ঘোৰ এন্ধাৰত
বাট হেৰুৱাৰ শংকা …
সাৰথি হাতত মাথোঁ এটি সৰু চাকি ।
—————————————————
দৰ্জী খাণ্ডু : এক শোকৰ বন্যা
ড০ কমল চন্দ্ৰ নাথ

এটা যুগৰ অপমৃত্যু ঘটিল
এটা শতিকাৰ অৱসান হ’ল
অৰুণাচলৰ ইতিহাসত ডাৱৰে আৱৰিলে
দৰ্জী খাণ্ডুৰ মৃত্যুৱে শোকৰ বন্যা নমাই আনিলে 

ৰাজনীতিৰ আঁক-বাঁক
অ--আ--ক--খ
পাৰ হৈ গ’ল বহু বসন্তৰ আমেজ
জীৱন কালত পাৰ হোৱা দিনলিপিৰ
হিচাপ নিকাচৰ খতিয়ানত
মৰনোত্তৰ ভাৱেহে “কৰ্মবীৰ” প্ৰদান কৰা হ’ল 

অৰুণাচলৰ অশ্ৰু...
নয়ন সজল স্মৃতি
ৰোধিৱ নোৱাৰে কোনোৱে 

ৰাষ্ট্ৰই যাচিছে সন্মান মৃত্যুৰ বাবে
অভিশপ্ত “৩০ এপ্ৰিল” ২০১১
বিমান “পৱন হংস”
থৈ গ’ল দৰ্জী খাণ্ডুক
অচিন মূলুকত 

মৃত্যুৰ সাক্ষী দিবনে কোনোবাই
শুনিবনে কোনোৱে
কালজয়ী জীৱনৰ
অন্তিম মূহূৰ্তৰ চিৎকাৰ আৰ্তনাদ...

দূৰ্গম কাঁচলিবিহীন অভেদ্য প্ৰাচীৰ
কীট-পতঙ্গ সদৃশ
নিঠৰ হৈ পৰি ৰ’ল দেহ 

দেহ গ’ল প্ৰাণ গ’ল আৰু গ’ল জন
অভিশপ্ত হেলিকপ্টাৰ টাৱাঙত ৰ’ল ---!
———————————————
আকৌ নতুন প্ৰভাত হ’ব
ৰঞ্জন বৰা 

অভিযাত্ৰীময় সন্ধিক্ষণৰ বাটত
কঠোৰতাৰ পাহাৰ শিখৰত
পোহৰ এন্ধাৰৰ কেকুঁৰিত
মানুহবোৰ ৰৈ আছিল
কালৰাত্ৰিৰ ক্ষণ গণি 
 
যেন,
আৰ্তনাদ 
কোলাহলে 
ফেঁচাৰ নিঁউ নিঁউ চিঞৰবোৰ চেৰাই গৈছিল 

জোনাকত জোনাক নহয় 
যেন এন্ধাৰৰ মাজত এন্ধাৰহে 

ক্ৰমে  মানুহবোৰ দিকভ্ৰান্ত হ’ল 
আঁতৰি গ’ল 
মৰিল
কিছু বাছিল 

অপ্ৰত্যাশিত কিম্বা 
অতলস্পৰ্শী পথৰ
চিৎকাৰত 
কঁপি উঠে আজিও 
পোহৰ ,
তমসাৰ ক্ষুধা

মাথোঁ ,
ৰঙা ৰ’দৰ উত্তাপত
চন্দ্ৰাৱলীৰ হেৰুৱা  আভাবোৰ
মানুহবোৰে খেপিয়াই ফুৰে নিৰৱচ্ছিন্ন ভাৱে 

এইয়া সময়ৰ আহ্বান 
মানুহবোৰে চাই ৰয় 
হৃদয়েৰে গুণগুণাই 
শান্তিৰে কয় ----
আকৌ 
নতুন প্ৰভাত হ’ব
আকৌ 
নতুন প্ৰভাত হ’ব !
——————————————————
শিলৰ দুখ
পিনু বৰ্মণ

শিল অপৰাধী
কঠিন হোৱাৰ দোষত

শিলৰ বুকুতে শিল পেলাই
আদম-ইভৰ বংশধৰে
পাইছিল প্ৰথম
জুই পোহৰ উত্তাপ
সেই কথা নাৰাখো মনত

ধুমুহা বৰষুণৰ
আচাৰকনি খাই খাই
শিলো হৈ পৰে মাটি
চৌপাশ সেউজীয়াৰে
যি থাকে পৃথিৱী চুমি

শিল অপৰাধী
কঠিন হোৱাৰ দোষত

কোনেও নুশুনে
নিৰলে নীৰৱ পৰত
শিলে উচুপে
অস্তিত্ব হেৰুওৱাৰ দুখত৷
———————————————————
নীলকন্ঠী
এ এইচ এ আমান

জীৱনতো আহে ধুমুহা
প্ৰচণ্ড  আঘাত সানি মনৰ চোতালত
নি:শেষ কৰি সাৰুৱা সপোন
ফুল ফুলা সুগন্ধি বতৰ

উচ্ছেদিত দেশান্তৰিত সকলৰো মন আছে 
মানুহৰ দৰে
সিহঁতৰ হিয়াতো প্ৰেমে নাচে
শাৰদীয় কহুৱাৰ দৰে 

অভিধানৰ বিশেষণবোৰ মানুহে গঢ়া
মনুষ্য চৰিত্ৰৰ ছবি  অংকিত
ধনাত্মক ঋণাত্মক সকলো শব্দৰে কচৰৎ কৰে
মানুহে মানুহৰ ওপৰত

দুখবোৰ নিজৰ বাবে
সুখবোৰ দহৰ বাবে
দুখৰ দহন অবন্টনীয়
সুখৰ স্ফুৰ্তি  বন্টনীয়

কেতিয়াবা মই নীলকন্ঠী হ‌ওঁ
কেতিয়াবা হ‌ওঁ শিল
কেতিয়াবা হৈ পৰোঁ হনুমান
বহন কৰোঁ দুখৰ পাহাৰ  

সকলো আছে সকলো ৰব
সুখে দুখে কালৰ সতে সহাৱস্থান
যেতিয়া ডুবিব ৰঙীন বেলিটি
একেই হ'ব  অন্ধকাৰ...
———————————————————
মোৰ দৃষ্টিত কবিতাঃ-
হীৰামনি শৰ্মা উপমন্যু

    সদায় ভাবো- কবিতা কি ?
   কবিতাৰ বিষয়ক কিছু গ্ৰন্থ পঢ়ি ,কিছু নিজেও এজন পাঠক হৈ অনুভৱ কৰিলোঁ ।
     কবিতাৰ সংজ্ঞা বিচৰাটো যে আকাশৰ তৰা গণি শেষ কৰিব নোৱাৰাৰ দৰে। ভাব হয় কবিতা  এনেকুৱা ,কিন্তু শব্দহৈ ওলোৱাৰ সময়তহে জনা যায় কবিতা কি ? স্পষ্টকৈ ক'ব নোৱাৰি কবিতাৰ সংজ্ঞা ।  ইচ্ছা কৰিলে ক’ব পাৰি কবিতা এনেকুৱা হব লাগে–
  "  যেন ঢেকীয়া ফুল বিচৰি ফুৰাৰ দৰে ‌ "
      আজি লৈকে কোনেও ক’ব নোৱাৰে কবিতাৰ নিৰ্দিষ্ট সংজ্ঞা । বিভিন্ন সমালোচকে সময়ে সময়ে বিভিন্ন মত পোষণ কৰিলেও কবিতাৰ সঠিক সংজ্ঞা দিয়াটো অসম্ভৱ । কবিতা কবিৰ মনৰ পৰা নিগৰিত হৈ অহা জীয়া অনুভৱ ,কবিৰ হৃদয়ৰ স্পন্দন ।কবিৰ হৃদয়ৰ অনুভৱত প্ৰাণ পাই উঠি শব্দৰ স'তে কচৰৎ কৰে , শব্দই কবিৰ অনুভৱত ৰহণ তুলি তুলিকা হৈ অংকন কৰে চিত্ৰ ।
     কবিতা কাক কয়-- ক’ব বিচাৰিও ক’ব নোৱাৰা  এক অব্যক্ত অনুভৱ। ক’বলৈ মন যায় কবিতাৰ সংজ্ঞা ,শেষত ক’ব গৈ ক’বলৈ ভাষা হেৰায় যায়।
   কবিতা এক জীয়া ছৱি, হৃদয়ৰ মাজত অনুভৱ নিগৰি শব্দ হৈ নামি আহে বগা কাগজত । কবিতাৰ সংজ্ঞা বিচাৰি পোৱা নাযায়।এই বিশ্ব যেনে দৰে এক জাগতিক কবিতাও তেনেদৰেই শাশ্বতঃ। জাগতিক শক্তিক আমি যেনেদৰে কোনো অদৃশ্য শক্তিৰ সৃষ্টি বুলি ভাবো যেনেদৰে আমাৰ জীৱন গাথাক সময়ৰ চক্ৰকাৰেৰে সুন্দৰ তথা সাৱলীল ভাবে লৈ যাবলৈ ভগৱানক আৰাধনা কৰোঁ কবিতা যেন আমাৰ মনৰ তেনে এক জাগতিক শক্তি। কবিতা এক মিঠা সপোন এক সৰগীয় প্ৰেমৰ দৰে, মন্দিৰত জ্বলি থকা উজ্বল চাকি গছি দৰে,সুগন্ধি ধুপ-চন্দনৰ দৰে।
      কবিতা হ'ল হৃদয়ৰ অটল তলিৰ গভীৰ অনুভৱ  ,সূক্ষ্মতম সূক্ষ্মভাবে অনুভৱৰ ভাষাৰ শব্দৰ  স্তৰ । প্ৰতিজন কবিয়ে  সূক্ষ্ম অনুভূতিপ্ৰৱণ মনৰ, প্ৰতি জন কবিয়ে শব্দৰ প্ৰেমিক , প্ৰতিজনে শব্দৰ পিছে পিছে ঘূৰিফুৰে অহৰ্নিশে ।
     বস্তুজগতত সদায় ব্যৱহাৰ কৰি থকা ভাষাৰ শক্তি নাই এটা অনুভৱী কবিতা ৰচিবলৈ ,কবিয়ে নিজৰ ভাব প্ৰৱনতাৰে বস্তুজগতৰ সৌন্দৰ্য প্ৰকাশ কৰিবলৈ ভাষাৰ বিকাশ ঘটায় ।
    ইয়াৰ বাবে প্ৰয়োজন–গভীৰ অধ্যয়ন তথা অনুশীলনৰ । কবিতা হ'ল মনৰ ভিতৰৰ অশেষ কষ্ট -শ্ৰমৰ এক সেউজবুলীয়া  শইচ পথাৰ। আমি কোৱা কথাবোৰৰ পৰা ব্যাকৰণ যিমান দূৰৈত , তেনেদৰে আমাৰ পাঠ্যপুথিৰ ছন্দোও কবিতাৰ ইতিহাসৰ পৰা সিমানেই দূৰৈত বুলি  বিশিষ্ট কবি উদয় কুমাৰ শৰ্মাদেৱৰ  " কবিতাৰ প্ৰাণ আৰু অসমীয়া কবিতা" গ্ৰন্থখনটো তেওঁ উল্লেখ কৰিছে । সঁচাকৈ আমি সচৰাচৰ কোৱা কথাবোৰত ব্যাকৰণৰ ব্যৱহাৰ ক'ম তেনেদৰে কবিতাৰ ক্ষেত্ৰতো ছন্দোও তেনেকৈ পোৱা নাযায়।কবিবোৰে সমাজ এৰি কবিতা নিলিখে সেয়েহে কবিতাত সমসাময়িক সমাজৰ কথা থকাটো বাঞ্চনীয়। তেনেদৰে কবিতা এটি চিধা-চাধাকৈ লিখিলে, সেয়া এখন ৰচনা পঢ়া যেন হে  লাগে ।সেয়েহে কবিতাৰ মূল অনুভৱক  ৰাখি কবিতাৰ ভাষাক ব্যঞ্জনাময় কৰিব লাগে ,কবিতাক ৰহস্যময়তা কৰিব লাগে।"(কবিতাৰ প্ৰাণ আৰু অসমীয়া কবিতা) ।
       কবিতা মনৰ অনুভৱৰ হুবহু প্ৰকাশ নহয় ,লগতে কবিতা নিজৰ জীৱনৰ অভিজ্ঞতা ও নহয়, কবিতা অনুভৱ আৰু অভিজ্ঞতাৰ এক সত্য সুন্দৰৰ মিলনত আকাৰৰ ৰূপ ।কবিতাই অনুভৱ আৰু কল্পনাক অনুকৰণ কৰে ।
     কবিতা সম্পৰ্কে গ্ৰীক - কবি চিমোনিভিছে কৈছিল---" Painting is a silent Poetry and Poetry is a speaking picture ."
   তেনেদৰে বাইৰণে কৈছিল ---" এটোপাল চিঁয়াহীয়ে লাখ লাখ লোকৰ চিন্তাৰ বাট খুলি দিব পাৰে "‌।
    কবিতাৰ অনুভৱে হওক বা শব্দ গাঁথনি, কবিতাৰ ভাব, ভাষা প্ৰয়োগ ,সঠিক অলংকাৰ আদিৰে সৰ্বাঙ্গ সুন্দৰ হৈ ,কবিতাই পাঠকৰ অন্তৰত নতুন ভাৱৰ উদ্ৰেগ সৃষ্টি কৰিব পাৰিব লাগে ।অতিৰঞ্জিত হোৱাও ভাল নহয়,প্ৰয়োজনীয় ব্যঞ্জনা, উপমা, ৰূপক, অলংকাৰ ব্যৱহাৰ কৰিব লাগে। অসমীয়া ফকৰা-যোজনাত আছেই -"অতি তিতাও বেয়া অতি মিঠাও বেয়া। যেনেদৰে  অজস্ৰ অলংকাৰ আৰু মেক-আপত  নিভাঁজ সৌন্দৰ্য হেৰাই যায় ,তেনেকৈ কবিতাৰ সৌন্দৰ্য হেৰাই অইন হৈ পৰিব।
    কবিতাক জোৰকৈ সৃষ্টি কৰিব নোৱাৰি ই এক স্বতঃস্ফূৰ্ত সৃষ্টি কলা । সেয়েহে ৱৰ্ডছৱৰ্থে কৈছিল এনেদৰে ------" Poetry is the spontaneous overflow of powerful feeling ." 
         সঁচাকৈ কবিতা এটা সুন্দৰ কৰে কবিতাৰ সঠিক ভাব বা চিন্তাই অৰ্থাৎ কবিতাৰ বিষয় বস্তুই ।
   কেতিয়াবা হয়তো কবিতাৰ সুন্দৰ বিষয়বস্তুয়ো কবিতা এটি সুন্দৰ নকৰিব পাৰে । কেতিয়াবা দেশ এখনৰে ডাঙৰ কথা যেনেদৰে কাৰ্বিপাহাৰত অন্ধবিশ্বাসৰ বলি হোৱা নীলোৎপল আৰু অভিজিতৰ মৃত্যুৰ যন্ত্ৰণাৰ দুখত বা বৰ্তমান দেশৰ পৰিস্থিতিক লৈ প্ৰায় কবিয়ে কবিতা ৰচিছে  ,কিন্তু তাৰে মাথোঁ দুজন মান কবিৰ কবিতাহে পাঠকৰ মনত ৰৈ যাব চিৰদিনৰ বাবে ।
   গতিকে বিষয়বস্তু ভাল হ'লেও কবিতা সাৱলীল নহ’বও পাৰে । এটা কবিতা পাঠকৰ মনোগ্ৰাহী কৰিবলৈ বহু বেছি প্ৰয়োজন কবি জনৰ মনৰ শক্তি ।
    কবিতা এটিত ভাষা মূল ,কবিতাত থকা অনুভৱক শুদ্ধ ভাষাৰে উন্মোচন কৰিব লাগে ।
     কবিতাত আমি যি কওঁ আচলতে সেই খিনি কবিতা নহয় , কবিতাৰ মাজত পাঠক এজনৰ মনত ভাৱৰ উদ্ৰেক কৰিব পৰাটোহে কবিতা । অৰ্থাৎ কবিতাত নোকোৱাকৈ ৰৈ যোৱা খিনিহে কবিতা বুলি বিজ্ঞকবিয়েও কোৱা শুনিছো কবি সন্মিলন বোৰত। 
    কবিতাই এখন হৃদয়ৰ পৰা এখন হৃদয়লৈ সাঁকো গাঁথে  । সকলো মানুহবোৰৰ মাজত বিশেষকৈ অনুভৱী মনৰ মানুহবোৰৰ মাজত কবি সত্তা এটা সোমাই থাকে ,কিন্তু কবি সত্তা থাকিলে বুলিয়ে আমি যধে- মধে কবিতা ৰচিলে  নহ'ব । কবিতা লিখিবলৈ অনুশীলন তথা অধ্যয়নৰ বৰ প্ৰয়োজন । বৰ্তমানৰ কবিবোৰে কবিতা এটা  মিনিটে মিনিটে সৃষ্টি কৰিলে নহ’ব ।আনৰ কবিতা বোৰো ভাল দৰে অধ্যয়ন কৰি চিন্তাগধূৰ বিশ্লেষণ কৰি পৰীক্ষা- নিৰীক্ষা কৰি কবিতাত কি কোৱা হ'ল ,কি কোৱা নহ'ল, নোকোৱাৰ ফলত কিমান সুন্দৰ হ'ল কবিতাটো জানিব লাগে বা ক'লে কেনেকুৱা হ'লহেঁতেন জানিব লাগে ।

        কবিতা এটাত নিজা চিত্ৰ- বিচিত্ৰ অভিজ্ঞতা বোৰ পুংখানুপুংখ ভাবে অনুভৱ কৰিব লাগে  আৰু এই ফেন্টিচীবোৰকে আমি ইমেজিঙৰ সৈতে সংপৃক্ত কৰাত সফল হ’বলৈ কবিসকলে সেই দিশত মন দিব লাগে । বিৰল কাব্য ভাষাৰ সৃষ্টি কৰি উৎকৃষ্ট কবিতা ৰচনা কৰিবলৈ ডুব মাৰিব লাগিব সুগভীৰতাত , যাতে সেই গভীৰতাৰ পৰা তুলি আনিব পাৰে অনবদ্য শঙ্খ ,হীৰা-মণি ।এজন সফল কবিয়ে সফল কবিতা এটি পৰিস্ফূৰ্ত কৰিবলৈ হ'লে অধ্যয়নৰ লগতে যৎপৰোনাস্তি সাধনা কৰিব লাগিব, পৰীক্ষা- নিৰীক্ষা কৰিব লাগিব ,নহ'লে আমি একে ঠাইতে একে শব্দতে ,একে ভাবতে ৰৈ থাকিব লাগিব । ইয়াৰে লগতে বানানৰ ওপৰতো গুৰুত্ব দিব লাগে । এটি ভুলে কবিতাটোৰ মাধুৰ্য্যতাও নোহোৱা কৰে ‌।
         জোনাক ফুলা শৰতৰ দৰে কবিতা শুভ্ৰতাৰে ভৰা । বহুতো কবিতাত দেখা যায় দুৰ্বোধ্যতা , যি নেকি সাধাৰণ পাঠকৰ বোধগ্যম নহয় তেনেবোৰ কবিতা । সকলো পাঠকৰ হৃদয়ত কবিতাক সোমাব লাগিলে কবিতাৰ ভাব সময়োপযোগী সমাজত ঘটি থকা ঘটনাৰ পৰা অনুভৱক চুইযোৱা অপৰূপ সৌন্দৰ্য্যৰ পৰিস্ফূৰ্ট হব লগা বুলি ভাবো । কাৰণ পাঠকৰ হৃদয় স্পৰ্শ অবিহনে কবিতা এটিয়ে সফলতা নাপায় ।যদিহে বৰ্ষাঋতুৰ বা শৰতঋতুৰ সৌন্দৰ্য্য আমি স্বতঃস্ফূৰ্ত ভাবে উপভোগ কৰিবয়ে নোৱাৰো তেনে সেই ঋতুৰ সৌন্দৰ্য্য অৰ্থহীন হৈ পৰিব। বৰ্তমান আধুনিকতাৰ বাতা-বৰনে  প্ৰাকৃতিক এই সৌন্দৰ্য্যৰ পৰা আমাক বঞ্চিত কৰি আহি আছে , এয়া  বহু দুঃখজনক। তেনেদৰে কবিতাকো যদি আমি হৃদয়ৰে উপভোগ কৰিব নোৱাৰো  তেতিয়া সেই কবি ব্যৰ্থ বুলি ভবা যায় । কবিতা এটি পঠন কৰিলে মগজুত কোব মাৰি হৃদয়ত ফল্গূধাৰ ব'ব লাগে ।
    শেষত ক’ব বিচাৰো– কবিতা স্বয়ংক্ৰিয় ভাবে নিজৰ হৃদয়ত  অনুভৱে টোকৰ মাৰি ঝৰঝৰকৈ  নিজৰাৰ দৰে  বৈ আহিব লাগে । কবিতাক জোৰ কৰি ৰচিব নোৱাৰি , হৃদয়ত অনুভৱে আৱেগ হৈ পাৰভাঙি আহিব লাগে। কবিতা লিখাৰ শৈলী সকলো কবিৰে একে নহয়। কিছু কবিয়ে সহজ-সৰল ভাবে কবিতা ৰচনা কৰি পাঠকৰ হৃদয়ত ৰৈ যায় । সেই বুলি সহজ-সৰল হ'লেই যে পাঠকৰ হৃদয় চুব এনেও নহয় । কবিয়ে নিজৰ অনুভূতিৰে কবিতা ৰচি যায় কাৰণ কবিয়ে কবিতা ৰচনা কৰাত কোনো নিৰ্দিষ্ট নিয়ম নাই । 
        কবিতা এটা সুষ্ঠ নিটোল হ’ব লাগিলে প্ৰতিগৰাকী কবিয়ে অনুশীলন কৰিব লাগে। প্ৰসিদ্ধ কবিবোৰে নিজৰ অনুশীলনৰ ফলতেহে যুগমীয়া কবিতা ৰচি থৈ গৈছে আৰু ৰচি আছে । এদিনতে মাথো অনুভৱকে লিখিলেই কবি হ’ব নোৱাৰে যদিহে সাধনা নাথাকে ।  যেনেদৰে এজন দেশৰ ভাল নাগৰিক পাব লাগিলে মাকজনী শিক্ষিত হোৱাৰ লগতে  পৰিয়ালৰ প্ৰতিজন মানুহ, পৰিৱেশ সমাজ , সকলো দিশে সচেতন, আদৰ্শশীল, সহানুভূতিশীল , লগতে নিজৰ দেশ- ভাষা, ক'লা,সংস্কৃতি সকলো সুউচ্চ হোৱাৰ দৰে কবিবোৰো সুষ্ঠ-সৱল ভাবে অধ্যয়ন কৰি জ্ঞানপুষ্ট হ’ব লাগিব প্ৰতিটো দিশেৰে ,তেতিয়াহে উৎকৃষ্ট তথা প্ৰগতিশীল কবিতা ৰচনা কৰি বৰ্তমানৰ হৃদয় চুই ভৱিষ্যতৰো বাটকটীয়া হৈ ৰ'ব ।কবিবোৰ হেনো সেউজীয়া হৃদয়ৰ ,হৃদয়বান। সেউজীয়া হৃদয়ৰ হ'লেই যে কবি বোৰে মাথো প্ৰেমতে মগণ হৈ প্ৰেমৰে কবিতা লিখিব সেয়া হ’ব নালাগে ,কাৰণ কবি কোনো বেলেগ গ্ৰহৰ নহয় এই পৃথিৱীৰে বা এই দেশৰে গতিকে সমাজ ,দেশ সকলো দিশতে কবিতাৰ দায়িত্ব আছে ।কাৰণ এজন কবিয়েও তেওঁৰ কবিতাৰে মানুহৰ অন্তৰত জাতীয় চেতনা আনিব পাৰে।             
(  নিজৰ অনুভৱ কবিতাৰ ওপৰত আৰু বিভিন্ন গ্ৰন্থ অধ্যয়ন বিভিন্ন জনৰ লেখা পঢ়ি পোৱা জ্ঞানেৰে এই লেখাটো)

হীৰামনি শৰ্মা উপমন্যু
বেলতলা 
গুৱাহাটী
———————————————————
                                        পঢ়ুৱৈৰ অভিমত

◆যোৱা দুয়োটা সংখ্যাৰ সম্পাদকীয় সুন্দৰ হৈছে। ৷
নৱ ৰাজনলৈ শুভেচ্ছা জনালোঁ ৷ভাল কাম কৰি 
যোৱা ।
■অৰ্চনা পূজাৰী
বিশিষ্ট কবি

◆অসমীয়া কাব্য আলোচনীৰ ইতিহাসত কম সময়ৰ ভিতৰতে পাঠকৰ হৃদয় জয় কৰা আলোচনীৰ ভিতৰত "কাব্য কানন" অন্যতম। কাব্য কাননৰ চতুৰ্থ বৰ্ষৰ তৃতীয়  সংখ্যাটো পঢ়ি নথৈ আনন্দিত হৈছোঁ। আৰম্ভণিৰপৰাই এক ব্যতিক্ৰম অথচ ইতিবাচক দৃষ্টিভংগীৰে খোজ পেলোৱাএই আলোচনীখনে সৰুৰ পৰা ডাঙৰলৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই সংখ্যাৰ সম্পাদক ডাঙৰীয়াৰ সম্পাদকীয়টো পঢ়ি বিশেষ আমোদ লাভ কৰিলো। তাৰোপৰি লেখক উদয় কুমাৰ শৰ্মা ছাৰৰ কবিতাৰ আড্ডাত  শুদ্ধ শব্দ কেইটামান পঢ়ি ভাল পালোঁ। নবীনকো ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰি আগুৱাই নিয়াৰ  পদক্ষেপ লোৱা  এই আলোচনীত প্ৰকাশিত কবিতা তথা   অনুদিত কবিতাসমূহো অতি বিচাৰ -বিবেচনাভিত্তিক কবিতা বুলি কব পাৰি।অনাগত দিনত যে "কাব্য-কানন" অসমীয়া সাহিত্যৰ এক মাইলৰ খুঁটি হৈ ৰ'ব,সি ধুৰূপ।
                    শেষত,"কাব্য-কানন"ৰ দীৰ্ঘ জীৱন কামনাৰে---
■দিগন্ত বৈশ্য 
শুৱালকুছি

◆"কাব্যকানন" পঢ়িলোঁ ।অসমৰ সাহিত্যজগতত সঁচাকৈয়ে এখনি ব্যতিক্ৰমী আলোচনী ।
নৱ ৰাজনৰ সম্পাদকীয়ই হৃদয় চুই গ'ল । 
  মই ভাবো প্ৰতিগৰাকী নবীনে উপলব্ধি কৰিব বাস্তৱৰ এখন জীয়া ছবি ।প্ৰেৰণাৰ উৎস হিচাপে ঠিয় দি আমাৰ দৰে অখ্যাতসকলৰ অনুভৱবোৰ সকলোৰে লগত একাকাৰ কৰি আলোচনীখনত ঠাই দি
নৱ ৰাজনে সঁচাকৈ  মহানুভৱতাৰ চানেকি দেখুৱাইছে ।ধন্যবাদ আৰু কৃতজ্ঞতাও নিশ্চয় ইয়াৰ বাবে কম হ’ব ।       
    আলোচনীখনৰ প্ৰতিটো লিখাই মনোগ্ৰাহী হৈছে । শব্দৰ শুদ্ধ ৰূপৰ
তালিকাখনৰ বাবে শৰ্মা চাৰক অশেষ ধন্যবাদ ।
     "কাব্য কানন" দীৰ্ঘায়ু হওক , ন ন ফলে ফুলে জাতিষ্কাৰ হওক ...
■ৰবিন কুমাৰ চেতিয়া
ধেমাজি

◆সুন্দৰ হৈছে কাব্য কানন আলোচনী খন,সকলো লেখা বৰ ভাল লাগিল পঢ়ি ,মোৰ সামান্য কবিতাটোৱে স্হান পোৱাত বহুত ধন্যবাদ  সম্পাদক মহোদয়ক ।
■ৰঞ্জু শইকীয়া
নগাঁও 

◆কাব্যকানন আলোচনীখনৰ এটা ব্যতিক্ৰমী কাৰ্য হ'লঃ-এই আলোচনীখনে প্ৰতিষ্ঠিত কবি লগতে অখ্যাত তথা অপ্ৰতিষ্ঠিত কবিৰ কবিতা একে শাৰীতে প্ৰকাশ কৰা।যাৰ ফলত অপ্ৰতিষ্ঠিত কবি সকলে প্ৰতিষ্ঠিত কবিৰ কবিতা পঢ়ি নিজৰ নিজৰ কাব্যিক প্ৰতিভা বিকাশ কৰা সুযোগ লাভ কৰিছে।

শেষত কাব্যকাননৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
■খূৰ্ছীদ আনছাৰী
শোণিতপুৰ।

◆পঢ়িলোঁ। এখন অতি মনোগ্রাহী উন্নত মানৰ আলোচনী ।
■অৰ্পনা নাথ
বাক্সা 

◆সম্পাদকীয় শিতানৰ পৰা আৰম্ভ কৰি সমগ্ৰ আলোচনী খনেই সঁচাকৈয়ে এখন উন্নত মানদণ্ডৰ আলোচনী ।   ইমান সুন্দৰকৈ সৰল কথন ভংগীৰে সম্পাদকীয় শিতানে আমাক সাহস দিলে।
■পূৰবী শইকীয়া
সোণাৰি, চৰাইদেউ

◆সৰু সৰু মানুহৰ সৰু সৰু মনে বিচাৰি পোৱা অনাবিল আনন্দ।সচাঁই সম্পাদকীয়ৰ লগতে  গোটেই আলোচনী খনেই সোনত সুৱগা চৰাইচে।ভাল লাগিল পঢ়ি।
■ৰঞ্জনা দেৱী
গোলাঘাট 

◆আলোচনীখন পঢ়িলোঁ। খুবেই সুন্দৰ ।
■মৌচুমী কলিতা 
মাজুলী।

◆সহজ সৰল কথন ভঙ্গীৰে চিন্তা উদ্ৰেগ কৰিব পৰা এক ব্যতিক্ৰমী সম্পাদকীয় ।
■সঞ্চিতা বৰা 
সহযোগী অধ্যাপিকা 
নগাঁও ছোৱালী মহাবিদ্যালয়।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
                       কবিতা 

 এৰাবাট
 সৌজন্যময়ী ভট্টাচাৰ্য্য
  
 ঘনে ঘনে মনত পৰে 
 এৰাবাটলৈ 
বহুদুৰ আহি ভাগৰি পৰিছোঁ 
ঘূৰি ঘূৰি চাও এৰাবাটলৈ
পূজা পূজা খেলিছিলোঁ 
ফুলৰ মালা গাঠিছিলোঁ 
কোৰোকাত ভাত ৰান্ধি 
হট্ৰন কাইটৰ দাইল কৰি 
দোৰোণ ফুলৰ ভাতেৰে 
ভাই ভনীক দিও 
কাগজৰ বাঁহী কৰি লৈ 
বাঁহৰ লাঠিৰ ঘোঁৰা কৰি 
ভাইৰ লগত যাও উঠি দেশ বিদেশত ভ্রমণ কৰি 
ভাইটিহতঁক বিক্ৰম দেখাও 
জাহাজত উঠি কেপ্তেন হৈ পিতৃৰ লগত সন্ধ্যা বেলা 
সাধু শুনো দেশ বিদেশৰ 
বৰ লুইতৰ বালিত উৰ্বশীৰ ৰূপ দেখি
সোধো পিতৃক কিয় এনে জলস্তম্ভ জগতৰ ।।
চকুৰ আগত নানা ৰঙে পাখি মেলি আছে ।
শৈশৱৰ নানা ৰং খেলা ঘৰ ক'ত লুকাল, 
দৰা কইনাৰ ৰথ
কাগজৰ বাকচ ক’লৈ গ'ল।

টিং বজাই ভায়ে নাছে, ভনীয়ে বিয়ানাম গায় 
হাঁহি নাচে সঙ্গীগনে, কাগজৰ খাদ্য খাই 
সদায় উঠে আনন্দ লহৰী 
ক’লৈ গ'ল নিভাঁজ মৰম, কলৈ গ'ল সৰল মন 
অতীতত লুকালে যতনে, অন্তৰত বাজে 
বৰ্তমান বৃদ্ধকালত বিচাৰিলে দুখ পাওঁ 
চকুলোৰে তিতিলে আঁচল।
নাপাওঁ সেই পথ, নেপাও সেই ঘৰ 
মাথোঁ ঘূৰি আহে অতীতৰ সুৰ 
শৈশৱৰ দৰেই মোক দিয়া প্ৰভু 
আনন্দ এধান 
তোমাৰ চৰণ সেৱী কৰো যেন 
এই পৃথিৱীৰ মোহ শেষ 
 সংসাৰী জীৱনৰ সুখ দুখ পাহৰাই 
নিয়া প্ৰভু তোমাৰ কাষলৈ 
মনত পৰে এৰাবাটলৈ ।

লেখিকা _স্বৰ্গীয়  সৌজন্যময়ী ভট্টাচাৰ্য 
জন্ম_১০/১০/১৯২২ চন
মৃত্যু_১৩/১০/২০১৯
আমোলা পট্টি, নগাঁও 
(সাহিত্যিক পেঞ্চনাৰ , আদৰ্শ মাতৃ বঁটা প্ৰাপক স্বৰ্গীয় সৌজন্যময়ী ভট্টাচাৰ্য্যৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেখেতৰ ৰচিত  কবিতাটি আগবঢ়ালোঁ।)

———————————————
শৰৎ মানেই সুখৰ সংজ্ঞা 
মনচুমী কলিতা নাথ 

আহিনৰ প্ৰথমজাক বৰষুণে
মতলীয়া কৰিছে মোক ।
এছাটি বাউলী বতাহ  উশাহত গোপনে
 হৃদয়লৈকে বৈ গ'ল,
এটি শীতল পৰশে উন্মনা কৰি গ'ল ,
হৃদয়ত এক অনামী শিহৰণ,
মিঠা মিঠা অনুভৱত
 পুলকিত দেহ আৰু মন ।

সেউজীয়া পথাৰখনক 
কোনে জানো পিন্ধালেহি 
শুভ্ৰ কঁহুৱাৰ দীঘলকৈ ওৰণি !

শৰতে সানি দিয়ে প্ৰকৃতিৰ বুকুত 
এমুঠি ৰং সেউজীয়া ,
য'ত নাথাকে কোনো কৃত্ৰিমতা,
থাকে মাথো এবুকু নিস্বাৰ্থ ভালপোৱা 
যি শেৱালিৰ পাহিৰ দৰেই কুমলীয়া,
শুভ্ৰ কহুৱাৰ দৰেই আলফুলীয়া,
দূৱৰিৰ নিয়ৰৰ দৰেই জিলমিলিয়া।

শৰতে লয় 
প্ৰকৃতি আৰু মানুহৰ জীৱনক 
সুন্দৰ কৰাৰ প্ৰতিজ্ঞা ,
শৰৎ মানেই সুখৰ সংজ্ঞা।
———————————————
নৈসৰ্গিক
প্ৰণৱ ফুকন

নুসুধিবা বন্ধু মই যাওঁ ক’লৈ...
আলি কেঁকুৰিটো ঘূৰি,
লুঙলুঙীয়া বাটটোৰে মই যাম
জুৰিটোৰ পাৰৰ বকুল জোপাৰ তললৈ ৷

তাতে মই দেখা পাম তাক,
আপোনমনে গুণগুণাই ফুল বুটলোতে-

লুকাই-লুকাই চাই ৰ'ম মই 

দেখিলেই যে সি যাবগৈ আঁতৰি !
সেই কুমলীয়া শিশুটোকে মই চাম ৰৈ,
আৰু মাথোঁ চকুৰ চাৱনিৰে সুধিম
মোৰেই বাতৰি,
মোৰ শৈশৱৰ বাতৰি...।
——————————————
পখিলাৰ ৰং
চিন্ময়ী দাস

নিয়ৰসৰা অপৰাজিতাৰ পাতত
মুকুতা জিলিকা দিছে
গাভৰুৰ হাতৰ জেতুকাৰ ৰং

সুন্দৰতাৰ দোকমোকলিত
দুপাখিত নতুন ৰ'দ চেৰেঙাই
গোলাপত লৈছে ওঁঠ সেমেকাই

হৃদয়ৰ হেৰুৱা সপোনবোৰ
জিলিকিছে হৈ ৰঙা ফুল
হেৰুৱাৰ বেদনাত স্মৃতি বিজৰিত
লোতকেৰে নেপেলাবা ধুই
ফুলৰ সাধু কোৱা ৰঙীন পাখি
পূৰ নহ'ব পখিলীৰ হৃদয় কুকি।‌
———————————————————
হালধীয়া শৰৎ
পাৰিজাত বৰুৱা

শৰৎ হালধীয়া হোৱাৰে পৰা
শেৱালিৰ খবৰ নাইপোৱা
বেলিমূৱাহৈ কিমান শুকুৱাম 
নিয়ৰমালা তাহানিতে গঁথা !
শৰৎ হালধীয়া  হোৱাৰ পৰা 
মন চঞ্চল নাইহোৱা ।
বৰষুণবিহীন  বাৰিষাই বুজা হ'লে
ৰ'দৰ দেহত  বিষাণুৰ বতৰা ! 

শৰৎ ,  তোমাৰো কেতিয়াবা এনেকুৱা হয়নে
উদাস চকুত   নিয়ৰভঙা আধাডুখুৰীয়া 
কবিতাৰ চোক এটা শুইথকা যেন লগা ,
 মাকৰ পিয়াহ কাঢ়ি আঁতৰাই থোৱা
পোনাটোৰ চকুৰপানীত নিজে নিজকে দেখা ?
এয়াই অপেক্ষা  বুজিছা
এয়াই  বাটচোৱা ।
কুঁৱলীৰ মাজতে থাকে ৰহস্যময় পৃথিৱীৰ 
বেলিমুখীয়া যাত্ৰা , 
যাত্ৰাৰ শেষত কোনেও কাকো 
লগ নোপোৱা বাট এটাত নিজকে পাই 
চিনি নোপোৱা হোৱা 
এয়াই  শীত , এয়াই হেমন্ত , এয়াই বসন্তৰ 
ৰাগ-বিৰাগত  ওপঙি থকা 
শূন্যতা মাথো মহাশূন্যতা।
———————————————
শিক্ষাগুৰু
ভাৰ্গৱ কুমাৰ নাথ

গৈ নোপোৱা পথেৰে আগবঢ়াৰ সাহস
সমস্যা বহুল জীৱনৰ সমাধানৰ বাহক
অসম্ভৱক সম্ভৱ কৰি...
জীৱনৰ চকাটি চলাই নিয়া
তুমিয়েই অদম্য শক্তিৰ ভৰাঁল।

তুমি
তুমি সূৰ্য্যতকৈও কম নহয়

তোমাৰ কিৰণত এটা এটা জীৱনে প্ৰাণ পাই উঠে।
 ন-ন সপোন দেখে!
তোমাৰ জ্যোতিৰে জ্যোতিষ্মিত হয় জীৱন

হে শিক্ষাগুৰু,তুমি বৈ থাকা এনেকৈয়ে...
জীৱনৰ সাহস হৈ।

তোমাক জনাওঁ সহস্ৰ প্ৰণাম।
———————————————
এজন বুদ্ধৰ মৃত্যু
দীপাংকৰ ভূঞা

এটি ৰঙা চিন
জীৱনৰ এটি চিৰস্মৰণীয় দিন
দিনটো বুকুত বান্ধি ফুৰোঁতেই
বছৰবোৰ বাগৰিছে !

সিদিনা এজন বুদ্ধৰ মৃত্যু হওঁতে
সেউজী ৰহণ সৰিয়হফুলীয়া হৈ সৰিছিল

সৰাপাতে উচুপোতে
পোহৰে বাট হেৰুৱাইছিল !

মমডাল জ্বলোতে
বিনিময় নিবিচাৰে
মাথো পোহৰ বিলাই বিলাই 
নিজকে দধীচি সজাই !
যিটো হোৱা উচিত আছিল
সিটো উচিত নহ'ল

বুদ্ধক আদৰাৰ দিনতে অনাদৰ 
প্ৰশংসা পত্ৰতে সমালোচনা !
পোহৰৰ বিপৰীতে এন্ধাৰত
সিদিনা এজন বুদ্ধৰ মৃত্যু হৈছিল !
———————————————
মহানগৰীৰ শৰতৰ ৰাগ বিৰাগ
চাজিন ৰহমান

হেৰৌ শৰৎ তই হেনো পালিহি!
মোৰ প্ৰাঙ্গনত!

মোৰচোন আহৰিয়েই নাই  তোক এষাৰ মাত দিয়াৰ,
নতুবা এটি সহাঁৰিৰ।

মন যাই তোৰ প্ৰাণচঞ্চল জোনাকত
যৌৱন পাব! 
মন যাই তোৰ সুভাসিত
উমাল পুৱাত মাতাল হ’ব।

কিন্তু!
শৰৎ, মোৰ নাই মনস্তুতি।
মহানগৰীৰ উচ্ছস্তৰীয় বৃত্তিৰ তাড়নাত
দিন,ৰাতি মোৰ একক
ব্যয়বহুল জীৱন শৈলীৰ ধাৰনাত।
মোৰ জোনাক মোৰ শৰৎ
মোৰ সতে মনান্তৰ!
তীব্ৰ যান্ত্ৰিক যাতনাত।

শৰৎ মোৰ প্ৰিয়ে;
সৌ শৈশৱলৈ উভটি গ’লে নিজক পাওঁ
দেহ মন লুতুৰি পুতুৰি  তেজাল জোনাকত।
হাচনাহানাৰ সৌৰভত!
ধূসৰিত নিয়ৰত চোতাল ভৰি থকা
শেৱালিৰ আচঁলত!
য’ত সঞ্চাৰিত ভক্তিৰ আৱাহন।

ৰাসনৃত্যৰ তালে তালে মন উত্ৰাৱল।
উপহাস!প্ৰতিটো প্ৰহৰ।
এয়াটো একবিংশ শতিকাৰ 
নিৰ্লিপ্ত সময়!

মোৰ পোনাকনে শিকা নাই তোৰ উস্ম আদৰ,
ষ্টীট লাইটৰ পোহৰত জোনটোও চোন নিথৰ!
মায়াময় প্ৰমত্ত মহানগৰীৰ 
প্ৰলয়ঙ্কাৰী ভাওনাৰ
উদাসীন আখৰা,
য'ত নাই শৰতৰ অতীজৰ
সুবিদিত,সম্বিত সত্তা।
———————————————
সেই সময়
হিয়া দাস

কি বাটেৰে মই
আপোনাৰ ওচৰলৈ যাওঁ
আবেগৰ চোলাটো যে 
কাহানিবাই খুলি পেলালোঁ 

মই সেই বাটেৰেই উভতি 
আহিলোঁ
য'ত  সৰ্বস্ব হেৰুৱাইও 
হাৰ নামানিলোঁ ।
———————————————
কবিতা
লক্ষ্যহীৰা শইকীয়া

পোহৰে পাহ মেলাৰ পৰাই
তোমাক বিচাৰি ফুৰিছোঁ
অথচ আজিও নিচিনিলোঁ
তোমাক বিচাৰি যোৱাৰ বাট ...

য'ৰপৰাই যাত্ৰা আৰম্ভ কৰিছোঁ
তালৈকে উভতি আহিছোঁ শূন্য হাতেৰে ...

হালধীয়া বেলিৰ বাটেৰে ভটিয়াই
গৈ আছে মোৰ ইচ্ছাৰ নাও
বেলুন ফুটাৰ দৰে সপোনবোৰ 
ফুলিছে ফুটিছে 
ফুলিছে ফুটিছে ...

যিমানে এৰিছোঁ নৈ-ঘাটবোৰ
বালিচৰ সিমানে বাঢ়িছে বুকুত
বাটে বাটে আন্ধাৰ কেঁকুৰি
খোজে খোজে ধূলি 
নীৰৱতাৰ বঁকিয়াইদি উজাই অহা
অঘৰী আবেগে বতাহতে আঁকিছে ক'লাজ
ধোঁৱাবোৰ ধুই-পখালি ...

ৰ'দজাক পৰি আছে শিল হৈ
নৈয়ে এৰি যোৱা বোকাত ..
আবতৰীয়া বৰষুনে খহাই আনিছে গৰা ..
ক্ৰমাৎ হেৰুৱাই আহিছোঁ বাটৰ চিন-চাব ...

শীতে জঠৰ কৰা মোৰ আঙুলিবোৰে হয়তো মেঘ ফালি
চুব পৰা নাই সিপাৰৰ আকাশ
কুঁৱলীৰ বাট কাটি বুকুলৈ 
বুটলি আনিব পৰা নাই 
বেলিৰ নিৰ্যাস ...

হওঁ বুলিয়েই হ'ব নোৱাৰি
সেউজ অৰণ্যৰ এজোপা গছৰ ছাঁ
হ'ব নোৱাৰি এজাক বৰষুণ
মানুহৰ বুকু উপচাই বৈ যোৱা ...

হয়তো তোমাক বিচাৰি পাব পৰাকৈ
মোৰ উদাস চকুৰ পাহিৰে সৰকি অহা নাই 
বুটাবছা জোনাক
তুমি জিৰাব পৰাকৈ পদূলিত
আজিও গজাব পৰা নাই এডৰা সেউজীয়া ...

দূৰ হৈ গৈ থকা বৰ্ষণমুখৰ বতাহজাক
থৰ লাগি চাই ৰওঁ
ভালপোৱাৰ খিৰিকীৰে ..
আৰু নিমাত ৰাতিবোৰ চহাই
আন্ধাৰতে উৰ্বৰা কৰি থওঁ
পৰিত্যক্ত পথাৰখন মোৰ ...

হেলনীয়া বেলিৰ পৰত
সোণোৱালী হয়েই কিজানিবা
মাটিত পৰি থকা
দুপতীয়া গজালিবোৰ ।
----------------------------------------
শৰৎ
ড০ জ্যোতিশিখা দত্ত

মুকলি আকাশৰ তলত
আমি জোনাকৰ বৰষুণত তিতিছিলো
তটিনীৰ শব্দই
কিমান যে কথা কয়, 
জোনটি ৰ' লাগি চাইছিলোঁ তাত
আৰু হাজাৰ কবিতাৰ জোৱাৰ উঠিছিল, 
কবিতাবোৰৰ বান্ধি খুলি দিছিলোঁ

নিয়ৰ সনা
দূৱৰি দলিচা
মুকুতা মালাৰ শৃংখল 
দুহাত ভৰি লৈছিলোঁ, 
এক অবুজ শিহৰণ! 

উভতনি খোজবোৰ হৈছিল 
শেৱালিৰ সুবাস সনা, 
ৰৈ গৈছিল মাথো আমাৰ কথাবোৰ
তটিনীৰ দুয়ো পাৰে কৈ যোৱা l
———————————————
নিৰৱ দৰ্শক
জয়ন্ত কুমাৰ বৰ্মণ

অস্তমিত সূৰুযটো মূৰত লৈ
মই বহি আছিলোঁ
তোমাৰ লগত
তুমি তন্ময়
কাণে কাণে কৈছিলা 
কিবা কিবি
আলিঙ্গনৰ তৃষা-----
অপূৰ্ণ উচাহ ------
মই কেৱলীয়া দৰ্শক পুৰাতন
বাৰে বাৰে কেৱল
মাতিছিলা মোক
তুমি নাযাবা 
কাবৌ কৰিছো নাযাবা

আজি মোক তুমি 
চিনি নাপাবা
মই সন্ধিয়া
তোমাৰ বিশেষ সন্ধিয়া ।

(উজনিৰ কবি জয়ন্ত নেওগৰ হাতত, মৰমেৰে)
————————————————
শকুন্তলা
প্ৰাণ প্ৰতিমা বড়া দাস

শৰতৰ স্নিগ্ধ জোনাকত
শকুন্তলাৰ চকুৰ কোণত
জিলিকি থকা অগ্নিৰ টোপালকেইটাৰ
চিকমিকনিয়ে
তন্দ্ৰা ভাঙে মোৰ
দুষ্মন্তৰ আৱেগবোৰ
কেনেকৈ হেৰাল আজি!

মৰুভূমিৰ বুকুত জীয়া কংকালৰ উচুপনি
তাকে দেখি নীল আকাশৰ বুকুত
চিলনীৰ উচপিচনি
আৱেগ,আদৰৰ তেনেই নাটনি

অতীত , বৰ্তমান, আৰু ভৱিষ্যতৰ বুকুত
মানুহৰ জীৱন এতিয়া কংক্ৰিটৰ দৰে
মানুহৰ উশাহবোৰ যেন এতিয়া বন্ধকত

মৰমৰ বিনিময়ৰ মাজতো 
অলেখ হিচাপ- নিকাচ
শকুন্তলাৰ আৱেগৰ অগ্নিবাণে
দুষ্মন্তৰ তন্দ্ৰা ভাঙক
হৃদয়ত জ্বলি উঠক
আৱেগৰ জুই

এসাগৰ মৰমেৰে জী উঠক
শকুন্তলাৰ হৃদয়ৰ অপ্ৰাপ্তিৰ বাসনা! 
——————————————
শৰতৰ মাদকতা
ইকবাল হোচেইন খান

শৰৎ আহে
শেৱালি ফুলে
কঁহুৱাই বগা সাজ পিন্ধি
পৱিত্ৰতাক কৰে আলিংগন
দূৱৰিয়ে মৰীচিকা খেদি
প্ৰেমিক-প্ৰেমিকাক কৰে উন্মনা ।

শৰৎ এটা অনুভৱী ঋতু
শৰৎ আহিলেই গুণ গুনাই
হয় ভাবত বিভোৰ
গানত সুৰত 
কবিতাৰ ছন্দত
বিচাৰি পায় 
শৰতৰ মাদকতা 
এটা ভাব অনুভৱৰ সোঁৱৰণি হৈ ।

শৰৎ তেনেকৈ থাকিবা  যেনেকৈ আছিলা
এটা অনুভৱৰ চেতনা হৈ
প্ৰতিটো পুৱাত প্ৰতিটো আবেলিত
যেন তোমাক বিচাৰি পাওঁ
শৰৎ হিচাপেই ।
———————————————
সৰু  মানুহৰ  সপোন
ৰবিন কুমাৰ চেতিয়া

আচলতে সৰু মানুহ ডাঙৰ মানুহ বুলি
কোনো কথা নাথাকে 
মনৰ তুলাচনীত জোখ মাখ কৰি 
মানুহক ভগাই লোৱাৰ সুৰুঙাহে থাকে
পোৱাৰ হাঁহি আৰু নোপোৱাৰ বেদনা লৈ
সকলো মানুহেই মাথোঁ পৃথিবীত 
আমৃত্যু সাঁতুৰিহে থাকে 

সৰু মানুহৰ আশাবোৰ সৰু সৰু হয় 
ডাঙৰ মানুহৰ সপোনৰ স'তে 
সৰু মানুহৰ সপোন সদায়ে একে নহয় 
সেই বুলিয়ে সৰু মানুহেও 
কোনোদিনে ডাঙৰ সপোন নেদেখে বুলি 
ভবাটোও সঁচা নহয় 
সৰু সৰু সুখতে তৃপ্তিৰ মদিৰাত
সৰু মানুহবোৰে স্নান কৰি
জীৱনৰ মৌকোঁহ বিচাৰি লয়

অলপতে সন্তুষ্ট হোৱা 
নিমাখিত মানুহবোৰেই সৰু মানুহ 
সমস্যাৰ সমাধান বিচাৰি হাবাথুৰি খোৱা 
বেছিভাগেই সমাজৰ সৰু মানুহ
পূৰণ নোহোৱা সপোনত 
হুমুনিয়াহৰ দীঘল উশাহ টানি 
জোপোকা মৰা অসহায় মানুহবোৰেই 
পৃথিৱীৰ সৰু মানুহ 

সকলোৱে চাই থাকোতেই কোনোবা এদিন
সৰুৰ পৰাই মানুহ ডাঙৰ হয়
পৰিশ্ৰম, সাধনা, অধ্যৱসাই, কপাল
যেতিয়াই মানুহৰ বন্ধু হয়
কিছুমান সৰু মানুহ সম্ভৱত: তেতিয়াই 
ডাঙৰ মানুহ হয়
ডাঙৰ হ'লেই কিন্তু কিছুমান মানুহ 
লাহে লাহে কেতিয়াবা অহঙ্কাৰী ও হয়

সৰু মানুহৰ সুখবোৰো ডাঙৰ মানুহতকৈ 
বহুত বেছি বেলেগ নহয় 
ডাঙৰ মানুহৰ মনতকৈ সৰু মানুহৰ মনবোৰ 
প্ৰায়ে সহজ সৰল হয়
সৰু মানুহ নাথাকিলে পিছে
ডাঙৰ মানুহৰ সপোনবোৰো কেতিয়াবা 
আধৰুৱা হৈয়ে ৰয় 

সৰু মানুহৰো থাকে খং অভিমান 
আৱেগ অনুৰাগত ৰঞ্জিত হয়
সৰু মানুহৰো আকাশলঙ্ঘী স্বাভিমান 
সৰু সৰু মানুহেই কেতিয়াবা 
ডাঙৰ মানুহলৈ চটিয়াই 
আজীৱন সুৰীয়া জীৱনৰ গান ।
———————————————
দীপৰ বিলৰ কেনভাচ
ৰমেন দাস

দিগন্ত বিদাৰি দেখিলোঁ
প্ৰভাতী সুৰুযৰ সোণালী কিৰণে
সাৱটি ধৰিছে মৰমেৰে 
এই সেউজী ধৰা
শেৱালীৰ সুবাসে আনিছে শৰতৰ বতৰা

খিৰিকীৰ জোলোঙাৰে দেখিলোঁ
উজনিমুৱা ৰেলগাড়ী
উকি মাৰি পাৰ হ’ল
লাহে লাহে সলাই গতি
যেন প্ৰেমিকাই মাতি আছে
ধৰিবলৈ সাৱটি
জামুকলীয়া ডাৱৰ ভেদি
 
প্ৰতিবিম্বিত মনে
ঈগল চৰাইজনীয়ে
দূৰৈৰ পৰা চোৱাদি
নীলাভ আকাশ চুমি
শুকুলা মেঘৰ মালা
পাৰ হ'ম ডেউকা মেলি

গোলাপী ভেট ফুল 
ফুলিছে দীপৰ বিলত
চৰাই চিৰিকতিৰ কল্‌ৰৱ
সেউজীয়া গছৰ ডালত
ৰাজহাঁহ যুৰিয়ে
সাঁতুৰিছে মনৰ হৰিষত
 
দীপৰ বিলৰ নৌকাবিহাৰৰ
কি আমেজ !
শৰতৰ শুকুলা কঁহুৱা বনে
মন মোৰ কৰিলে সতেজ

দীপৰ বিলৰ বিয়লি পৰত
সুৰুযৰ হেঙুলীয়া কিৰণ
সন্ধিয়া মেলানি মাগি
এৰি থৈ আহিবলৈ যোৱা নাই মন।
———————————————
চকুপানীবোৰ থৈ দিয়া সাঁচি
ৰাজীৱ দত্ত

এনেয়ে হাঁহিবোৰ খৰচ নকৰিবা
চকুপানীবোৰও থৈ দিয়া সাঁচি৷

হাঁহিবোৰ ৰাখি থোৱা সযতনে
চকুপানীবোৰ দিয়া সিঁচি৷

চকুপানীৰ সাগৰত উজাই আহক
আশাৰ হেঙুলীয়া পালতৰা নাঁও৷

হাঁহিবোৰ সাঁচি থোৱা সঠিক সময়লৈ
চকুপানীখিনি  দিয়া বোৱাই৷

আশাৰ ৰূপোৱালী মাছ
 নৈৰে আহক উজাই৷

চিকমিক জোনাক খেলি থাকক
চকুপানীৰ লুনীয়া সাগৰত৷

লুনীয়া সাগৰ নাথাকিলে কতনো বহিব  ৰূপোৱালী মাছৰ সবাহ ৷

চকুপানীৰ লুনীয়া সাগৰত
উটিভাঁহি থাকক হাঁহিৰ নাওখনি৷
———————————————
আলাপন
ৰেখা বৰকটকী

চৰাইজাকে কথা পাতে আপোনমনে...
ৰহঘৰা পৃথিৱীৰ সিহঁত অতন্দ্ৰপহৰী
পাখিত পাখি গুজি কৰা
আত্মপ্ৰত্যয়ৰ আলাপ
সিঁহতৰ আলোচনাৰ বিষয় কি?
প্ৰেম নে ভালপোৱা
ৰাজনীতি নে সমাজনীতি
দেশ নে নেতা?
এইবোৰ একোৱেই নহয়
মাত্ৰ সুখৰ সংজ্ঞাৰ কথা সিহঁতে পাতে
সপ্ত সাগৰ ,অটল গহ্বৰ,
সসাগৰা  জলধিৰ উত্তাল লহৰ
আৰু  দূৰ সীমনাত দৃশ্যমান
মুনি চুনি বেলিৰ কথা সিহঁতে পাতে
নিৰৱধি বৈ যোৱা নৈখন,
নৈৰ পানীৰ জিঞা ফৰিং বোৰৰ সৈতে হোৱা 
অগা-দেৱা 
নৈৰ সিপাৰে ক্ষন্তেকৰ বাবে লগ হোৱা
প্ৰেয়সীও হ'ব পাৰে কথাৰ বিষয়

ক'লা জামু ,পকা মধুৰিআম, পকা অমিতাৰ জুতি
বিচাৰি ফুৰাৰ আনন্দৰ ভাগ বতৰা
বাটলু গুটি বন্দুক কেটেপাই
দিয়া বুকু ভঙা আৰ্তনাদ
অবাক জীৱনে কৰা নিৰাশাৰ
বিলাপো  হ'ব পাৰে  আলোচনাৰ বিষয়

অবুজ মনে বাৰে বাৰে যায় 
বিপদ সংকুলতাৰ কাষলৈ
পাখিৰ আঁৰত জীৱটো সামৰে
পকা জেটুলিযেন  হৃদয়খন যেন দুদিনৰ বাবে... ——————————————
গান্ধাৰী জোনাক 
গণেশ বৰ্মন

মহাকাব্যৰ বাণীয়ে সোঁৱৰাই---
সকলো একেই আছে
ঠিক তাহানিৰ দৰে
সাজবোৰহে সলনি হ'ল মাথোঁ  ।
সুহৃদৰ মুখা পিন্ধি আজিও 
কোনে দিয়ে মন্ত্ৰণা  ?

দুৱাৰে-দুৱাৰে লিখি থৈ যায় 
বেলেগ-বেলেগ ঠিকনা ,
ঘন কুঁৱলীয়ে আৱৰে ঊষা
ক'লা আৱৰণে ঢাকি ৰাখে 
গান্ধাৰীৰ চকুৰ জোনাক ।

দুৰ্যোধনে সোলোকাব  পাৰিলেনে
সেই পোছাক 
লাগি আছে য'ত অহমিকাৰ অৱশেষ  ,
যুগৰ পিছত আৰু কত যুগ---
সময়ৰ বোঁৱতী নৈ আছে বৈ
গান্ধাৰী মাতৃক  কেৱে নিচিনিলে
উপলব্ধিৰ পোহৰত কেৱে নপঢ়িলে 
পটিৰ আঁৰৰ জ্যোতিৰ আখৰ 

মানুহৰ দৃষ্টিতেই প্ৰগাঢ় অন্ধতা
সেইবাবেই কোনেও নেদেখিলে 
গান্ধাৰীৰ চকুৰ সেই দিব্য জ্যোৎস্না   ।
———————————————
এটি গল্পৰ কবিতা
কৃষ্ণাময়ূৰী হাজৰিকা 

তেওঁ যাত্ৰা কৰে
কিছু নিৰুদ্দেশ হোৱা 
গল্পৰ সন্ধানত 
বাটে,ঘাটে,নগৰ,মহানগৰৰ 
অলিয়ে গলিয়ে নিৰুদিষ্ট
হোৱা গল্পবোৰ বিচাৰি
পাত পাত কৰে
পোহৰৰ পুৱা আৰু ৰামধেনুৰঙী আবেলিবোৰ
কিছু গল্প বিচাৰি পালেই
দুহাতত কলম লৈ তেওঁ
বৰনৈৰ দুপাৰত বহে
গল্পবোৰ তেওঁৰ কাষলৈ
শাৰীপাতি আহে 
কথা পাতে
হাঁহে মাতে 
উচুপি উঠে 

তেওঁ গল্পবোৰৰ দুখত
চকুলো সৰায় 
কোনেও নজনাকৈ 
কোনেও নুশুনাকৈ
সেই ক্ষণতে জন্ম হয়
এটি গল্পৰ কবিতা ৷
এটি কবিতাৰ গল্প ৷
নিতালত নীৰৱে ।

তেওঁ যাত্ৰা কৰে
কিছু নিৰুদিষ্ট গল্পৰ
সন্ধানত 
——————————————
অনুভৱ শৰতৰ
অমৰজ্যোতি ঘোষ

(১)
নৈৰ পাৰত 
হালিছে কঁহুৱা

তোমাৰ প্ৰেমত 
মন মোৰ বলীয়া

(২)
শৰতৰ সুৱাস বিলাই 
ফুলিছে শেৱালি

তুমি অবিহনে
মোৰ বুকুত গজে
দুখৰ গজালি

(৩)
জোনাক ৰাতি
ফুলিছে শেৱালি
সৰিছে শেৱালি পুৱা

সেই বিষাদতে
তোমাৰ বুকুত নিয়ৰ সৰিছে
যেন! 
মোৰ দুচকুৰ অশ্ৰুকণা…!
————————————————
বিয়লি বেলাৰ সপোন
চয়নিকা ভূঞা

সূৰ্য্যোদয়ৰ সিপাৰে
এটা নৱজাত সপোন
এটা আশা
"ল'ৰা এদিন ডাঙৰ মানুহ হ'ব"

দিন যায়
বছৰ বাগৰে
উচ্চতাৰ শিখৰত
তিৰবিৰাই জিলিকে
সেই আশা
সেই হেঁপাহ

সময়ৰ প্ৰাৰ্চুয্যত 
বয়সৰ ব্যৱধান

কৈশোৰে যৌৱন গৰকে
জীৱন পৰিক্ৰমাৰ
দীঘলীয়া আখ্যানত
তেতিয়া  
সময়ৰ দৰ-দাম

খেলখন আৰম্ভ হয়
আৰম্ভ হয় জী থকাৰ খেল 
সময়ৰ পৰা বয়সলৈ 
চলি থাকে 
এখন অবাঞ্চিত যুদ্ধ
এখন শীতল যুদ্ধ

দিনে দিনে 
বাঢ়ি যায় 
অন্তৰতম সপোনটো
নে
নজানকৈয়েই কমি আহে সেই সপোনৰ
আয়ুৰেখা

শেষ হৈয়ো 
য'ত শেষ নাই
আৰম্ভণি নতুন পথৰ
জীৱন চক্ৰৰ পৰিধি ভাঙি
শেষ আশ্ৰয় বৃদ্ধাশ্ৰম 

সূৰ্য্যোদয়ৰ সিপাৰে
এটা সপোন
এটা আশা
"ল'ৰা এদিন ডাঙৰ মানুহ হ'ব" 
——————————————
মা দুৰ্গা
ৰুমী দেৱী

ষষ্ঠীত শ্ৰী শ্ৰী দুৰ্গা "মা"ৰ প্ৰতিষ্ঠা
কুপ্ৰভাব, কুমানসিকতা, দস্যু, দানৱৰ
পৰিবৰ্তন হওক মানৱীয়তাৰে
কুসুমিত শোভাৰে আকাশ-বতাহ
নিনাদিত হওক
মহামাৰী নিপাত যাওক 
শত্ৰু-মিত্ৰলৈ পৰিবৰ্তিত
আশাই শাৰদীয়
দুৰ্গা পূজাৰ তাৎপৰ্য।

ঘৰখনলৈ শান্তি কামনা
সমাজলৈ আনন্দৰ বন্যা
ৰাজ্যলৈ চিন্তা বিহীন অস্তিত্বৰ ধাৰা
দেশলৈ সুখৰ বতৰা
বিশ্বত সত্য প্ৰতিষ্ঠা
কাম্য মানৱীসত্তা।

শান্তি বাঞ্চা সু-ৰাজনীতিবিদৰ কৰ্ম
জয় সুন্দৰৰ পূজাৰী দেশ সেৱকৰ
জিলিকি থাকক কলাগুৰুসকল
সেৱাৰ যোগ্য সুসাহিত্যিকসকল
জয়জয়কাৰ কলাসাধকৰ
শক্তিময় কৃষক, বনুৱা ,জনতা
সদা হৃদিৰঞ্জন আকলুৱা প্ৰাণ।
———————————————
ক্ৰমশঃ সময়
পূৰবী শইকীয়া (বৰুৱা)

তুমি মোক হাতত ধৰি
আগবঢ়াই দিছা
বিনিময়ত মই কেইটামান শব্দৰে
তোমাক কৃতজ্ঞতা জনাইছোঁ ,
কেতিয়াবা  অকৃতজ্ঞ হৈ
আকাশৰ নীলাবোৰ
বিচাৰিছোঁ তোমাক
তুমি হাকুটিয়াই
জোনটো পাৰি আনি দি
নিচুকাইছা ।

পাৰ ঘাটৰ মৃত গধূলিবোৰ
আৰু এবোজা জোনাকৰ ভৰত
জী উঠা গধূলিক
তোমাৰ খটিয়ান লাগে

গাত কাপোৰ লৈ
নৈখন
এতিয়া যৌৱনমতী
মূৰ দোৱাব নোখোজা
সপোনৰ ভৰ 
তুমি কোৱা কথাবোৰ
এতিয়া নিলামত উঠে
স্বাৰ্থৰ বাটবোৰ বোলে
দুখৰ কাঁইট
খোজে প্ৰতি হুলে বিন্ধে

মইতো বুজো
তুমিহে অবুজন কোৱা...
কোনোবাজন আগত
আগৰজন কেতিয়াবা পিছত
সেই একেটাই ঘূৰাপকা বাট
মাজতহে সৌ বেহিচাপী দিনবোৰত
সময়ৰ হিচাপ ।
—————————————————
হিয়াৰ দাপোণ 
অশোক ৰাম ভট্টাচাৰ্য্য

হৃদয়ত কিহৰ ছবি আঁকিলা 
জোন বেলি নে তৰা? 
নে সীমাহীন অনন্ত আকাশৰ ছবি, 

ৰিৰ ৰিবকৈ বলিছে বতাহ 
যেন গুণগুণাই সোণালী শৈশৱৰ গীত 
বৰষুণ দিলেই বাজলৈ ওলোৱা দিনৰ 
ৰূপোৱালী, সোণোৱালী অতীতৰ কথা 
শৈশৱৰ ছায়াই কায়া হৃদয়ৰ, 

সিদ্ধহস্ত অবৈধ এক অশ্বাৰোহী 
দৌৰাইছে হতভগা আস্তাবলৰ ঘোৰা 
খট্ খট্ শব্দত ভীতজনে ভাবে 
কোনবা অশৰীৰী গ'ল মেদিনী কঁপাই; 

মলয়াই আনিছে যে হিয়াত প্লাৱন 
দুঃসময়ত অনুভৱেই শৌৰ্য্য হিয়াৰ 
স্মৃতিচাৰণেই হওঁক হিয়াৰ দাপোণ ।
——————————————————
কাল-দ্যোতনা
কৃষ্ণা সোণোৱাল

এজাক নিয়ৰৰ ফুচফুচনিত
সাৰপাই উঠে এটি বিনিদ্র দোকমোকালি 
এন্ধাৰৰ বুকুত মুখ গুজি
সময়বোৰে খেপিয়াই ফুৰে
কিছু বিক্ষিপ্ত আশা.. 

অস্থিৰ সময়ে
জীৱনৰ পাটীগণিত লুটিয়ায় ;
ক্লান্ত হৈ পৰে পৃষ্ঠাই পৃষ্ঠাই ওলমি থকা
যন্ত্রণাৰ সৰলৰেখাবোৰ দেখি! 

কুটিল সময়ে অভিমান কৰে , 
যুদ্ধ কৰে অবিৰাম ....
কাল্পনিক সংখ্যাৰ বিৰুদ্ধে 
জীৱন-বৃত্তৰ একঘেয় পৰিধিৰ বিপক্ষে

আৰ্ত সময়ে কুৰুকি পেলায়, 
কুঁটি কুঁটি খায় --
জীৱনৰ অমোঘ সত্য , 
জীয়াই থকাৰ উপজীব্য...         
 ---------------------------------------------
মোৰ হেৰুৱা বনিয়নটো
সত্যজিত দাস 

গুৰুজনে স্কুলত দিয়া "বনিয়ন"টো
কলেজলৈ পিন্ধিছিলো
মাজে মাজে দেউতাই জাৰি-জোকাৰি
পৰিস্কাৰ কৰা মনত আছে ৷

ক’ত কেনেকৈ যে হেৰাল বনিয়নটো !
জীৱনৰ গতিপথত মনত পৰিলেও
তাক বিচাৰি পোৱা নগ’ল ৷
নতুনকৈ কিনিবলৈ চেষ্টা নকৰা নহয়---
আজিকালি ক’ত যে শ্ব’ ৰূম;বজাৰ ,দোকান---
কোনখনত কিনিম ,কি ৰঙৰ কিনিম
ভাবি থাকোতে আবেলিয়েই হ’ল ৷
বিশাল , ভি-মাৰ্ট , বিগ বাজাৰ ,ইণ্ডিয়া বাজাৰ ---
আৰু যে ক’ত কি !!
একো এটা বাদ পৰা নাই ---

তথাপিও বিচাৰি পোৱা নাই ,মই বিচৰাটো ----
কোনোবাটোৰ ৰঙ নিমিলে ,
আনটো বা আকৌ গাত নধৰে 
পচন্দৰ একো এটা নাই ৷

ব্যস্ততাৰ অজুহাত----

মই হেন মানুহটোৱে বনিয়ন নিপিন্ধাকৈ থাকোনো কেনেকৈ ?
কম কষ্ট হয়নে !!

হঠাৎ মিলি গ’ল সিদিনা
সেউজীয়া ভাবৰ চ’ৰাঘৰটোত 

নভবাকৈ নিজৰ কৰি পেলালোদেই ৷

সেই যে পিন্ধিলো ; পিন্ধিয়েই আছো অনবৰতে ৷
আৰু বা কিমানদিন পিন্ধিব পাৰো !
পুনৰবাৰ হেৰুৱাৰ ভয় ৷

আৰে ভাই ----
আনবোৰৰো পচন্দ হবতো লাগিব ---- ৷

বনিয়নটোত ডাঙৰকৈ লিখা আছিল---"কবিতা " ৷
———————————————————
পলসুৱা
যোগেশ্বৰ লাগাছু

পিতায়ে জানে
আয়ে জানে
সাৰুৱা পলসুৱা মাটিত
বৰ ভাল হৈ শস্যৰ খেতি 

খৰাং শাওণৰ পথাৰৰ শস্যৰ
তিলতিলকৈ তৃষ্ণাতুৰ মৃত্যুমুখৰ বিননি
বাৰিষাৰ বোঁৱতী নদীৰ সোঁতে
পলস সানি আঁকে
মোক চা মোক চা 
শস্য সেউজীয়া ছবি 

আপুনি নুবুজিব কেতিয়াও অনুভৱো নকৰিব
বোকা পানী গছকি নোপোৱা
জাকত জিলিকা চহৰৰ বাসিন্দা
সোণে-ৰূপে উভৈনদী 

আহিবচোন এদিন গাঁৱৰ পথাৰত
এবাৰ চাই যাবহি

আমি চহা খেতিয়ক
কৰিব বিচাৰোঁ নিঃসাৰ পথাৰত
কেনেকৈ পলসুৱা কৰি
এধানী শস্যৰ খেতি 

আচলতে জানেনে
জীৱন নৈ
নৈ জীৱন
তাতেই থাকে পলসুৱা অকণ ।
———————————————————
প্ৰহেলিকা
মৌচুমী দাস

মিছা প্ৰতিশ্ৰুতি,মৰীছিকাত বন্দী হেঁপাহবোৰ
সৰি সৰি পৰে

সময়বোৰক কুটি কুটি খাই
মিছা  আশ্বাসে...

কাৰ জোনাকেনো কাৰ চোতালত সপোন নিগৰাই

মাথোঁ প্ৰহেলিকা...

হেঁপাহৰ  দুখন পাখিত
নিৰন্ন সময়ৰ প্ৰবাহ

যেন বৈ থাকে এছাটি
চেঁচা বতাহ 
নিৰলে নিৰন্তৰে....

ফুলি  উঠে ,
এজোপা গধূলি গোপাল
প্ৰথম প্ৰহৰে যাৰ লগত কথা নাপাতে

অস্ত বেলিয়েহে মাথো ৰহণ সানে

অশ্ৰু এটি হৈ জুমি চোৱাৰ  মন
বেদনাসিক্ত হৃদয়ৰ 
কোঁহে কোঁহে...
——————————————————
সপোন
দিগন্ত বৈশ্য 

নৈখনৰ ইটো পাৰৰ পৰা 
দেখি থাকোঁ মই,
সিটো পাৰত ৰৈ তুমি মোলৈ 
আজিও হাত-বাউল দি মাতি থাকা

কিন্তু ইটো পাৰত ৰৈ থকা মই 
ইচ্ছা কৰিও মাতিব খুজিও
 মাতিব যে নোৱাৰো

কিয়নো, এয়া যে মই সপোনতো 
নেদেখা এটি সপোন।
———————————————————
ন’ চুইচাইদ
ৰিংকু সমাদ্দাৰ

হতাশা,হুমুনিয়াহ,
দুখৰ আলি-দোমোজা,
সুখৰ দুটোপাল অশ্ৰুৰ আঁৰত
ব'ব নোৱাৰা এসাগৰ লুণীয়া।

তোমাৰ কান্ধত মোৰ হাত
হেজাৰ খোজৰ সাহস
আৰু জোনাক।
ভাগৰিও নাভাগৰি
মেঘ আৰু ৰ'দৰ ছাঁয়া,
ৰামধেনুৰ ৰঙৰ মাজত
উছৱ আজি ৰ'দালি সাঁতোৰা। 

উশাহে উশাহক বিচাৰি, 
জীৱনৰ আধাৰশিলা,
সপোনৰ খটখটি বৰ ঠুনুকা।

বন্ধু,
জীৱন বহুত ধুনীয়া।
——————————————————
তুমি কথা ক'লে
অৰ্পনা  নাথ 

তুমি প্ৰেম আৰু বিশ্বাসৰ 
নিতুল ভাস্কর্য, 
কথা ক'লে 
বুকুৰ ভিতৰৰ কৰ'বাত যেন 
বেহেলা বাজে, 
ৰাগ মালকোষ...

ধূপৰ   দৰে
কিবা এক অনামী সুবাস 
বিয়পি পৰে মোৰ 
সমস্ত সত্তাত।

এন্ধাৰ -পোহৰৰ মাজেৰে
সন্ধিয়াৰ বাটেৰে
সুখৰ চৰাই এটি 
মোৰ বুকুত বাঁহ সাঁজে । 

মন আকাশত উজলি উঠে
জিকমিক এটি আজলী তৰা, 
তুমি কথা ক'লে 
মোৰ দুখৰ উদ্যানত 
ফুলি উঠে 
এপাঁহি সুখৰ সূৰুযমুখী।
——————————————————
আধৰুৱা সপোন
অভিজিত ডেকা

নীলিম আকাশৰ  সান্নিধ্যত
ৰৈ আছোঁ তোমাৰ বাবে,
তুমি আহিবা মোৰ উৰুঙা পঁজালে’
মাতাল ৰাতিৰ উন্মাদ প্ৰেমিকা হৈ...
মনৰ ফুলনি খন সঁজাই ৰাখিছোঁ তোমাৰ বাবে।

তোমাৰ দুভৰিৰ পৰশত ফুলিব শৰতৰ শেৱালি,
তুমি আহিবানে মোৰ কাষলে’
শূন্য মোৰ দুহাতত সংখ্যা  বহুৱাবলে’ ।

অস্ত আকাশৰ তৰা গণি
ভাগৰা নাই মই তোমাৰ বাবে ৰৈ,
মই জানো তুমি আহিবা
নিজান ৰাতিৰ অস্ত আকাশৰ জোনাকবোৰ 
বুটলিব মোৰ স’তে । 

সপোন ৰচিছোঁ বহুতো
মৌনতাৰ শিতানত বহি,
একেলগে থাকিম,খাম
আৰু যে কত কি...
সপোনবোৰ আধৰুৱা হৈ
ৰ’ব নেকি মোৰ! 

তুমি আহিবা মোৰ অৰ্ধ আকাশৰ ছাঁত জিৰাব 
সপোনৰ ডেউকা মেলি উৰিম দুয়ো নিজান 
ৰাতিৰ নিশব্দতাৰ কোলাত...।

তোমাৰ উদাৰতাত কেতিয়াবা মই বৰ
মলিয়ন হৈ পৰো

মোৰ, বুজিও নুবুজাৰ অভিনয়ে তোমাক কেতিয়াবা বৰকৈ আমনি কৰে ন...
কিয় বাৰু মই নিহৃদয়
হৈ পৰো?
বুজাব নোৱাৰোঁ কিয়?
মনৰ আকুলতাক ।

কোমল দলিচাৰ বুকুৰ
মাজত উম লবলৈ বৰ
মন যায়
মন যায় তোমাৰ আঙুলিৰ পৰশ পাবলৈ ।

আহিবা নে তুমি তোমাৰ
আঙুলিৰ পৰশত মোৰ
সপোনৰ কাৰেঙত জোৱাৰ তুলিব ?

তোমাৰ মৰম, তোমাৰ 
সৰলতাই মোক আধৰুৱা কৰি ৰাখিছে
কেতিয়া দিবাহি তোমাৰ 
সান্নিধ্যত 
মোৰ আধৰুৱা সপোনবোৰ তুলিব ?
——————————————————
সপোনৰ আজন্ম সুৰ বিচাৰি
কৰবী ভূঞা

দোপালপিটা বৰষুণজাক নামি পৰিল, 
বৰষুণৰ বাবেও প্ৰেম হয় সংগোপনে । 
জুৰুলি - জুপুৰি  হৈ পৰে সেউজীয়াবোৰ। 

শুকান পাতে কয়নে কথা  ? 
কেকটাচৰ  বুকুত ফুলেনে  হৃদয়ৰ অবুজ বেথা ! 
জোনাক নামে বসন্তৰ হেজাৰ বিলাস, 
তোমাৰ ওঁঠৰ শব্দবোৰত ওলমি ৰয়
 নিজস্বতাৰ গান।

পালহীন নাওবোৰ সিপাৰলৈ যায়। 
নাৱৰীয়া ভাটিয়ালি গীতত জীৱনৰ স্পন্দন 
দীৰ্ঘস্বাসত এক অবিৰত যাত্ৰা।
—————————————————
নাৰীৰ মহত্ব
প্ৰনৱ স্নিগ্ধ জোনাক

আমাৰ দেশত মাতৃক
ভগৱানৰ স্থান দিয়া হয়! আৰু
চাবলৈ গলে সকলো মাতৃ একো গৰাকী
নাৰীয়েই হয়! তথাপিও নাৰীৰ ইমান অপমান কিয় হয়! নাৰীটো জীৱন্ত ভগৱান! যাৰ দ্বাৰা পৃথিৱী দেখাৰ সৌভাগ্য হয়!

আমাৰ দেশত দেৱী
পূজাৰ প্ৰাধান্যতা বেছি! চাবলৈ
গলে সেই দেৱী সকলো একো গৰাকী
নাৰীয়েই হয়! তথাপিও নাৰীৰ ইমান অপমান কিয়! নাৰীটো জীৱন্ত ভগৱান!

গছ অবিহনে
ডাল পাত ফলৰ অস্তিত্ব শূন্য
আৰু সেই গছৰ ঠাইতে একো গৰাকী
নাৰীৰ স্থান! নাৰী অবিহনে সংসাৰৰ অস্তিত্ব সদায় শূন্যই!

নাৰীয়েই মাথোঁ
তিনিটা কাল ভিন্ন ৰূপত পাৰ কৰে
আৰু পুৰুষে এটা কালতে নিজৰ দ্বায়িত্ব সামৰে!

নিজৰ ঘৰৰ মানুহবোৰৰ পৰা
আঁতৰি কোনো অন্য এখন জগতত অন্য পৰিবেশত নিজকে খাপ খুৱাই নতুনকৈ জীৱন গঢ়িব পৰাটো সহজ কথা নহয়!

ন মাহ পেটত এটি জীৱন
কঢ়িয়াই তাক পৃথিৱীৰ পোহৰ দেখুওৱা
তাক তালি তুলি ডাঙৰ দীঘল কৰা সহজ কথা নহয়! এয়া কেৱল এগৰাকী নাৰীৰ দ্বাৰাহে সম্ভৱ!

২৪ ঘন্টাই নিজৰ কৰ্মত
অটল হৈ থকাটো সহজ কথা নহয়!
এয়া কেৱল এগৰাকী নাৰীৰ বাবে সম্ভৱ!

ইয়াৰ পিছতো যদি
নাৰীয়েই সন্মানৰ পৰা বঞ্চিত
হবলগীয়া হয় তেন্তে লজ্জাজনক কথা
আমাৰ বাবেই! কাৰণ আমি মাতৃৰ গৰ্ভক অপমান কৰিছোঁ!

ডাঙৰ ডাঙৰ সভা ভাসনত
নাৰীক স্থান দিয়াৰ আগতে শ্ৰদ্ধাৰে
হৃদয়ত স্থান দিবলৈ শিকক! পূজাৰ মহত্ব
পিছত বুজিব তাৰ আগতে মনটো শুদ্ধ কৰক!

এপাহি ফুল দেৱীক দিয়াতকৈ
এষাৰ শ্ৰদ্ধাৰ মাত দিয়ক এগৰাকী নাৰীক
পূন্য হব দেৱীক দান দক্ষিণা দিয়াতকৈ নিজৰ নিজৰ ঘৰৰ দেৱীবোৰৰ বাবে সুৰক্ষা কবছ হওঁক!

যাৰ বাবে পৃথিৱীত জীৱন আছে
সেই আশাবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰক!
———————————————————
জীৱনত শব্দৰ প্ৰভাৱ
আজমিন চুলতানা

আশা হ'ল নিৰাশা 
অশ্ৰু ওলাল অজানিতে

মনত উদয়
দুই দূৰত্বৱান বৰ্ণ
ব্যৰ্থ মনৰ কামনা
কেনিও জন্ম নহ'ল

দুই স্বৰমিলিত বৰ্ণ
অগ্ৰগতি জীৱন বাটত !
——————————————————
মাথোঁ তোমাৰ বাবে এটি সন্ধিয়া
প্ৰতিমা বুঢ়াগোহাঁই

ভালেমানদিনেই হ’ল
তোমাক ল’গ নোপোৱা 
মনৰ কথা নপতা,
তুমি চাগে ভালেই আছা !

সময় হ’লে আহিবাচোন 
আজি সন্ধিয়া,
পদূলিমুখৰ শেৱালিজোপাৰ 
তলত বহি
শাৰদী জোনৰ 
ৰূপালী জোনাকত চকুথৈ
জীপাল কৰি তুলিম
সুবাসিত সন্ধিয়াটি ৷

হৃদয়ত মুকুতামণিহৈ সৰি পৰিব
শেৱালিৰ আধাফুটা হাঁহিবোৰ,
দূৱৰিৰ দলিচাত জিলিকি উঠা
নিয়ৰৰ টোপালবোৰত
ধীৰে ধীৰে খোজ দিম 
দুয়ো হাতেহাত ধৰি,
শিহৰিত হৈ পৰিব
আকুল হৃদয়ৰ 
আৱেগ-অনুভূতিবোৰ ৷

আহিবা দেই আজি সন্ধিয়া
শৰতৰ এই মায়াসনা লগনত
কাঁজলি কাঁজলি জোনাকেৰে
ভৰাই তুলিম
দুয়ো দুয়োৰে হৃদয়ৰ চ’ৰাঘৰ ৷ 
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
মই তোমাৰ আজন্ম প্রেমিকা
মনি ডেকা

তোমাৰ অপেক্ষাত অপেক্ষিত মই.. 
প্রতিটো পল অনুপল
তোমাৰ আকুল আহ্বানত
প্রস্ফুটিত তৰু বন
তোমাৰ লিহিৰি আঙুলিৰ পৰশত
গলে মোৰ হৃদয় প্রতিটো ক্ষণ

তুমি অহাৰ বাতৰিটো পাই..
থৌকি বাথৌ মন 
বৰলুইতৰ পাৰৰ কঁহুৱাই 
দিলে বাতৰি হালি জালি
নদীৰ মোহনাত বহি..
বাই কোনে মধুৰ বাঁহী ?
তোমাৰ বাঁহীৰ সুৰত
বিচাৰি পাওঁ জীৱন প্রেমৰ ৰস
অমীয়া মাধুৰী 

তোমাৰ আগমনত দুৱৰিত জ্বলে
নিয়ৰৰ মুকুতা..

দূৱৰি নিয়ৰৰ প্রেম..
সৰ্ব্বজন বিদিত 
মৰমৰ আঁচল পাতি
আছো ৰৈ তোমালৈ..
মৰমবোৰ আনিবা হৃদয়
উপচি পৰাকৈ 

তোমাক বৰ ভাল পাওঁ জানা ...
হে শৰৎ, মই যে তোমাৰ
আজন্ম প্রেমিকা।
—————————————––––––
গৰু
ঋতুস্মিণ চেতিয়া

চৰণীয়া পথাৰত এপাল গৰু চৰা দেখিছোঁ 
তাৰ মাজৰে  তই এটা গৰু
 
তোৰ দৰে বহুতৰে গৰু হ’বলৈ মন যায় 
কেতিয়াবা আমাৰো,

যদিও মন যায় 
ওঁহো আমি নহওঁ
আমি  কেঁচা মাটি গোন্ধ ভালপোৱা মানুহ 
তহঁতৰ দৰে আমি ঘাঁহ চোবাব নোৱাৰোঁ 

পাগুলি থাক শুকান খেৰত ৰস নোলাই বুলি জানিও 
চেপাকে চেপি থকা তহঁত  বিদেশী জলাহী গাখীৰ দিয়া  গৰু!
পৰৰ পিঠিত উঠি ফুৰুতে 
চবকা লাগিলে ভৰিত 
বোকাময় পথাৰখন এদিন হবগৈ মৰু

দেশৰ মাটি মানুহৰ গোন্ধ পাহৰি
পিঠি কুঁজ ওলালে ক'ত দিবি খোজ  
জুম দল ভাঙি সৰ্বস্বান্ত শেষ কৰাৰ 
পথ ভ্ৰষ্ট হোৱা তহঁতবোৰ গৰু 

আমি হ'লো  পথাৰৰ ভেৰণীয়া চৰা 
মূৰত টুপী পিন্ধা  একো একোটা গছৰ মূঢ়া।
—————————————
মই কবি নহয় 
জোনমণি মহন্ত

মই কবি নহয়
নক'বা মোক কবি বুলি 
মই মাথোঁ অনুভৱ কৰি ভাল পাওঁ
অনুভৱৰ ৰ'দ কাঁচলিত বহি এখন্তেক জিৰণি লওঁ
দূৰ দিগন্তৰ সুললিত
দৃশ্যবোৰ কল্পনা কৰি
মনিকোঠা সজাই ভাল পাওঁ
সেইবুলিয়ে মই কবি নহয়

বিশৃংখল বিচ্ছিন্ন তৰংগৰ মাজত
মই বিচাৰি দিব খুজোঁ সুমধুৰ তান
আঁকোৱালি ল’ব বিচাৰোঁ কৰুণ বিননি
অসহায় ,অবলা দুখবোৰক অনুভৱত ৰূপ দি 
শান্তিৰ স্থান বিচাৰি ফুৰোঁ
তথাপিও নক'বা মোক কবি বুলি 

মই কবি নহয়
মই মাত্ৰ ভাল পাওঁ প্ৰকৃতিৰ কোমল ৰ'দালিক
য'ত  মনৰ অনুভূতিৰে  তিয়াই দিব পাৰি সমস্ত অনুভৱক 
কল্পনাৰে জীপাল কৰি

ভাল লাগে সেউজীয়া ধৰণী
ভাল লাগে আঘোণৰ সোণোৱালী
ভাল লাগে জীৱনৰ বৈচিত্ৰময় দিনলিপি
যাক কোনেও সলাব নোৱাৰে
মাথোঁ অনুভৱ কৰিব পাৰে
সেইজনেহে  অলংকাৰ দি সজাব পাৰে
যিজনে কল্পনাৰ মাজত বিচৰণ কৰিব পাৰে

সেয়ে নহয় মই কবি
নক'বা মোক কবি বুলি
মই মাথোঁ অনুভৱ কৰিহে ভাল পাওঁ ।
——————————————————
বাৰাংগনা হেনো মই
আশা কাকতি দাস

কুলটা নামটো বাবে
একো
এটাই নাছিল 
ৰাতি দেখা সপোন 
আপোন  আছিল

আতৰ,ফুলৰ সুবাসত নিশা
মোৰ দেহৰ উত্তাপত
পাগল এজাক কুকুৰনেচীয়া
যি দিনৰ অচিনাকি
কোনো আক্ষেপ নাছিল 

জানিছিলোঁ ৰাতি সিহঁত 
কাচৰ অট্টালিকাত মোৰ 
দেহৰ লগৰী হবলৈ আতুৰ

ৰাতিৰ সপোন বোৰেই মোক
ভৰাই ৰাখিছিল দিনটো
মদিৰা আৰু মুনিহ সৃষ্টিত
মত্ত মোৰ সত্তা আৰু সপোন

আজি মই বৃদ্ধাশ্ৰমৰ 
দুৱাৰ দলিত আশ্ৰিত
আছে টকা  নাই মান 

মৌজাদাৰ ককাদেউতাৰ 
অট্টালিকাটো
কেতিয়ানো কাঁচৰ হ’ল
গমেই নাপালোঁ মই কুলটাই
নিতে গঢ়ি নিতে ভাঙিলো
মোৰ কাঁচৰ মিনা খটুৱা
ৰাতি সপোন সপোন লগা
কাঁচৰ ঘৰবোৰ৷
——————————————————
শৰতৰ অনাবিল আনন্দ
জিনা বৰুৱা বৰা
     
শৰতৰ স্নিগ্ধ  জোনাকে সঞ্চাৰিত কৰে
অভিনৱ সৃষ্টিৰ জীৱন সুধা
সুকোমল হিয়াৰ বাকৰিত অনুভৱ কৰণিয়ে
অনাবিল ‍আনন্দৰ পোহৰ মেলি সিঁচি যায় 
অলীক কল্পনাৰে ভৰা অনুপম অনুভূতি  ।

শেৱালি সুবাসে মন আমোল মোলাই  তুলি   হিয়া ভঙা মৌনতাক নিঃশেষ কৰি
বুকু ভৰাই ফুলাই তুলি  বিলাই জেউতি চৰোৱা সুগন্ধি ।

মুক্ত মনে অনন্য প্ৰেমানুভূতিৰে হৃদয় জুৰায়  
অন্তঃকোণত থিতাপি লৈ প্রতি বছৰে 
শৰতে জিৰি জিৰকৈ অনুপ্ৰেৰণাৰে ‌লহৰ তুলি কপালত আঁকি দিয়ে সপ্ত ৰঙৰ ফাঁকু।
———————————————————
তেওঁক ভালপোৱাৰ কথা নাছিল
দৃষ্টিৰূপা বৰদলৈ

তেওঁক ভালপোৱাৰ কথা নাছিল
মুঠিমানো নাছিল আন্তৰিকতা
সময়ৰ কথা, সময়ৰ বেঠা 
পোৱা-নোপোৱাৰ দুমুজা

প্ৰাপ্তি-অপ্ৰাপ্তিৰ খেলখনত
নিজৰ গতি অক্ষু্ণ্ণ ৰাখিলোঁ
ভাল নোপোৱাকৈয়ে বান্ধ খালোঁ
ভালপোৱাৰ মকৰাজালত

নাছিল স্পৃহা, নাছিল অপেক্ষা
তেওঁৰ সান্নিধ্যৰ বাবে
মতলীয়া নাছিলোঁ
এষাৰি মিঠা মাতৰ
এটি মিঠা হাঁহিৰ বাবেও
উতনুৱা নাছিলোঁ

সাংঘাতিক এই মিলন
ভালপোৱাৰ কথা নাছিল
যদিও এটি ডাঙৰ প্ৰশ্ন ?
——————————————————
ৰাধা এবাৰ হাঁহি দে
হিৰণ্য মহন্ত

ঐ ৰাধা,
এবাৰ হাঁহি দেচোন
কিজানিবা তোৰ সৰগীয় হাঁহিত
পাহৰি যায় তোৰ কাঁটল-ফুটা যৌৱনক!

হাঁহিৰ জুইত জাহ যাওঁক লোলুপতা।

জগত প্ৰেমিকা হৈ শিকাই দে সিহঁতক
প্ৰেম যে সৰগীয়, ভোগ্য নহয়।

ৰাধা, তোৰ চকুত চকু‌পানী দেখি
সিহঁতৰ মন নগলে অ',
সিহঁতবোৰ একো একোজন নিৰ্লজ্জ
নৰখাদকলৈ পৰ্য্যৱসিত বৰ্তমান।

মোৰ দৃষ্টিত কিন্তু তই আজিও সেই ৰাধাজনী..
যাক পিচপিনৰ পৰা মাত দিলে ঘূৰি চাই
লাজত ৰঙা-চিঙা পৰি দুহাতত মুখ লুকুৱাই।
তোৰ কাজল চাৱনিয়ে আজিও ওৰেতো নিশা জগাই।

ৰাধা, এবাৰ হাঁহি দেচোন
তোৰ হাঁহিত ভুৱন ভোল যাওঁক।
——————————————————
মৰমৰ চিঠি
ৰিংকু বৰুৱা 

এতিয়া কোনেও নিলিখে
এখন মৰমৰ চিঠি
সকলোৰে হাতত মাথোঁ 
ম’বাইলৰ ভিৰ

কামগন্ধী বতাহত শব্দ-গঞ্জন
কোনে লিখিব চিঠি 
কোনে পঢ়িব নিলা খামৰ চিঠি?

সেই বাবে চাগৈ দুখবোৰ 
বাঢ়ি আহিছে ওখ ওখ 
পৰ্বতৰ দৰে।
 ——————————————————                              
অপেক্ষা
মৌচুমী কলিতা

ক্ষণিকৰ বাবে হেৰাই যায়
জীৱনৰ হেঙুলীয়া সপোন
বুকুত  সন্তৰ্পনে বাঢ়ি আহে দুখ...

সেমেকা শেতেলি তিয়াই
শোকৰ অশ্রুৰ বন্যা
তথাপিও অন্তহীন অপেক্ষা

একাঁজলি পোহৰ বিচাৰি
জীৱনৰ নতুন যাত্ৰা 
—————————————————.
কিমান যে অশ্ৰু
ৰুলা ভূঞা

কি জগৰ লগালে মাতাল হ'বা
তোমাৰ মাতালতাত বিচাৰি পাম
প্ৰেমৰ সুহুৰি 

কি ভুল কৰিলে খঙাল হ'বা
তোমাৰ খঙৰ শব্দত বিচাৰি পাম
কবিতাৰ ছন্দ

কিমান অশ্ৰু নিগৰালে
মুকুতা মনিয়ে গজালি মেলিব
আমাৰ চোতালত ।
——————————————————
শুকুলা মেঘৰ দুন্দুভি
ফুলজ্যোতি গোস্বামী

আহিন মাহৰ শুকুলা আকাশখনে  যেতিয়া দুন্দুভি বজাই নমাই আনে  মহাশক্তিৰ অৰ্ঘ ,তেতিয়া চৌদিশে নিনাদিত হয় শুভ্ৰতাই চানি ধৰা সমতলৰ কোলাহল

গুৰুজনাৰ মনৰ বহল বক্ষত শৰতৰ সমাহাৰে অনুভৱৰ বন্যাৰে চিৰযুগমীয়া  ঢৌ তুলি যি কবিতাৰ ছন্দ লিপিবদ্ধ কৰিছিল 
জনমানসত তাৰেই দুন্দুভি আজিও প্ৰতিধ্বনি হয়  মানুহৰ হৃদয় তৰঙ্গত
সময়ৰ ৰূপ -মাধুৰী যদিও প্ৰেক্ষাপটত সলনি হ’ল তথাপিও কৰবাত যেন বাজি উঠে সেই অতীতৰ মধুৰ ৰাগবোৰ 
নিবিড় দলিচাত
এতিয়া শীৰ্ণ দুহাতত বজ্ৰ কণ্ঠেৰে যদিওবা আনন্দবোৰ, আশাবোৰ আলোড়িত নহয়

তথাপি কৰবাত যেন ৰৈ ৰৈ বাজে মোহন বাঁহীৰ সুৰীয়া সুৰ এটি 
জগাবলে ধৰিত্ৰীক নাশিবলে দুৰ্গত নাশিনীক 

আহা বান্ধৈহত এপিয়লা ৰাগী পি লৈ মগন হওঁ তালে তালে আৰু
নমাই আনো ৰাগ ঐনিতম চিফুং বাহীৰ সুৰত চিখলাহঁতে মন খুলি নাচক হাঁহক কথাপাতক ফৰিং ফুটা জোনাকত ।

কৰমৰ মাদকতা এখিনি বুকুতে লৈ চাহ বনুৱাৰ সৈতে বজাও মৃদঙৰ 
চেৱে চেৱে জুমুৰ নৃত্যৰ অনুশীলন

বিহুলৈ দেৰি আছে
গছত গজা নাই কুঁহিপাত কুলিয়েও মতা নাই বতৰত।
——————————————————
শেৱালি গোন্ধোৱা বাট
মৌচুমী দাস

শেৱালি গোন্ধোৱা বাটেৰে
তেওঁ শৰৎ হৈ আহে

জোনাকে জানে 
মোৰ বাখৰুৱা কলিজাত 
তেওঁ একাঁজলি ভালপোৱা সানে।
——————————————————
নিজক বিছাৰি
ভাগ্যশ্ৰী পাঠক 

ঘটনা এটা ঘটিল আজি
নিজৰ মাজত নিজক বিছাৰি। 

নিজৰ পৰা নিজকে নিজানত
মই কোন বুলি সুধিবলৈ 
কাকো সুযোগ নিদিলে। 

কেতিয়াবা মই হঠাতে এনে কৰো
হাতত সাৰে ভৰিত সাৰে আতৰি আহো 
নিজকে ইংগিত দিও
কিছু সময়ৰ পাছত নিজকে বিছাৰি পাওঁ।
নিসংগতাক সাৱটি ধৰো
নিজকে পহৰা দিও-
জীৱনৰ ফোপলা কামিহাড় বিছাৰি 
দৌৰি ফুৰো শেতাঁ সূৰ্য্যৰ সাতোৰং। 

জী উঠো প্ৰতিদিন 
কি আহি তেজ শুহি ৰঙা কৰে। 
আৰু উন্মাদ বাসনা এটাই বুকুত সাবটি ধৰে

পলাই ফুৰো মই নিজৰ পৰা 

কিয় ?
এইয়া একান্ত ব্যক্তিগত

তথাপি যন্ত্ৰণাৰ যুঁজ  এখন চলি থাকে।
নিজৰ লগত 
নিজৰে ।
কিবা বেসুৰীয়া শব্দৰ
মাজত নিজকে বান্ধি ৰাখিলোঁ
মই গাণিতিক সূত্ৰ এটা পালোঁ
গলিত য’ত উশাহ লয় আত্মাই
মই সমুদ্ৰৰ গভীৰতালৈ যাওঁ
এইয়া মোৰ অৱস্থা।
—————————————————
ধৰ্ষিতা
ধ্ৰুৱজ্যোতি দাস 

মুখখন ঢাকি নাৰাখিবা ভনী,
তুমি সাহসী হোৱা,
ধৰ্ষণকাৰীৰ বুকুত বহুৱাই দিয়া
তপত ত্ৰিশূলৰ তীক্ষ্ণ জোং।

দুৰ্গা হোৱা ভনী তুমি,
ধুমুহা হোৱা তুমি,
নতুন ৰঙেৰে জীৱন ৰঙীন কৰি ,
ধুমুহাৰ দৰে গতি কৰি ,সিঁহতৰ ৰক্ত পান নকৰালৈ 
ক্ষান্ত নহ’বা তুমি ভনী

উশৃংখল সমাজত শান্তি আনি,
তুমি হোৱা সামাজিক নাৰী,
বান্ধি লোৱা তোমাৰ আউলী-বাউলী চুলি-তাৰি,
দেখুৱাই দিয়া পাষণ্ডহঁতক  
তুমিও  যে এজনী মহিয়সী নাৰী।
———————————————————
         অনুবাদ কবিতা 
মূলঃ পাৰস্যৰ এটি সুফি কৱিতা

بیا که هاتف میخانه دوش با
 من گفت
که در مقام رضا باش و از قضا مگریز
میان عاشق و معشوق هیچ حائل نیست
تو خود حجاب خودی حافظ از میان برخیز

সৌজন্যতাঃ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিভাগীয় অনুবাদকবৃন্দ
When the bubble fills its head with the air of arrogance
It blows its head off as it rises to the top of the wine
You are the obstacle on the road, Hafez, get out of the way!
Blessed is he who walks on this road without obstacle.

ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

যেতিয়া অহঙ্কাৰৰ ধুমুহাই মন আচ্ছন্ন কৰি
মদমত্ততাৰ শিখৰ পৰশে;
লগে লগে মগজু ঘোলা হয়৷
তুমি পথ অৱৰুদ্ধ কৰিছা৷
হাফিজ,
পথ এৰি দিয়া!
ধন্য সেইজন,
যিজনে অৱৰোধ অতিক্ৰম কৰি বাট বুলে...
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
মৃত্যুৱে ক'লে 
মূল:কুঁৱৰ নাৰায়ণ 
ভাৱানুবাদ :ৰুবুল দাস 

টেলিফোনৰ বে'ল বাজিল 
মই ক'লোঁ ---মই নাই 
আৰু শুই থাকিলোঁ বাগৰ সলাই।

দুৱাৰৰ বে'ল বাজিল 
মই ক'লোঁ ---মই নাই 
আৰু শুই থাকিলোঁ বাগৰ সলাই।

'এলাৰ্ম ঘড়ী'ৰ বে'ল বাজিল 
মই ক'লোঁ ---মই নাই 
আৰু শুই থাকিলোঁ বাগৰ সলাই।

এদিনাখন 
মৃত্যুৰ বে'ল বাজিল 
খকমককৈ উঠি বহিলোঁ ---
মই আছোঁ... মই আছোঁ... মই আছোঁ 

মৃত্যুৱে ক'লে ---
শুই থাকা বাগৰ সলাই ।

[কুঁৱৰ নাৰায়ণ :(1927-2017)
কুঁৱৰ নাৰায়ণ হিন্দী আধুনিক কাব্য জগতৰ এগৰাকী প্ৰতিষ্ঠিত কবি |তেওঁৰ জন্ম উত্তৰ প্ৰদেশত |লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এইগৰাকী মহান কবিয়ে 'चक्रव्यूह', 'तीसरा सप्तक', 'कोई दूसरा नहीं' আদি কৰি কেইবাখনো কাব্যগ্ৰন্থ হিন্দী ভাষাত ৰচনা কৰি একধৰণৰ আলোড়ন সৃষ্টি কৰিছিল|1995 চনত তেওঁৰ 'कोई दूसरा नहीं ' কাব্যগ্ৰন্থখনৰ বাবে তেওঁক 'সাহিত্য অকাডেমী ' বঁটাৰে সন্মানিত কৰা হয় |2008 চনত জ্ঞানপীঠ আৰু 2009 চনত পদ্মভূষণ সন্মানেৰেও বিভূষিত হয়।]
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
গুলজাৰৰ কবিতা
ভাৱানুবাদ- জাহ্নৱী কাকতি

ভৰিত লগা আঘাতে
সাবধানে খোজ থ'বলৈ শিকায়

আৰু মনত লগা আঘাতে
বুজাপৰাৰে জীয়াই থাকিবলৈ শিকায়…

তোমাক লগ পাই এই উপলব্ধি হ'ল
যে মিছলীয়া মানুহবোৰো কিমান অনুপম…

যি সম্পৰ্কই আমাক কন্দুৱাই দিব পাৰে
তাতকৈ গভীৰ কোনো সম্পৰ্ক নাই
আৰু যিয়ে আমাক
কান্দি থকা অৱস্থাত এৰি থৈ যায়
তাতকৈ দুৰ্বল কোনো সম্পৰ্ক নাই…

সোঁৱৰণী সেয়া নহয়
যি অকলশৰীয়া মুহূৰ্তত আহে
সোঁৱৰণী সেয়াহে
যি সমাগমৰ মাজতো আহে
আৰু আমাক অকলশৰীয়া কৰি যায়…

যেতিয়া কাৰোবাৰ ভৰসা ভাঙি যায়,
তেতিয়া সকলোতকৈ আগতে তেওঁৰ
মুখৰ মাত হেৰাই যায়…

ধ্বংসই যদি কৰিবলগা আছিল
তেতিয়াহ'লে কিবা বেলেগ উপায়েৰে
কৰিব লাগিছিল

জীৱন হৈ আহি
মোৰ জীৱনটোৱে কাঢ়ি ল'লা…
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°                          
पैरों में लगने वाली चोट सम्हल कर
चलना सिखाती है

और मन को लगने वाली चोट समझदारी से
जीना सिखाती हैं...

तुमसे मिलकर ये तजुर्बा आया
झूठे लोग भी कितने लाजवाब
होते हैं...

जो रिश्ता हमें रुला दे उससे गहरा
कोई रिश्ता नहीं
और जो हमको रोता हुआ छोड़ दे
उससे कमजोर कोई रिश्ता नहीं...

याद वो नहीं जो अकेले में आये
याद तो वो है जो महफिल में आये
और हमें अकेला कर जाए

जब किसी का भरोसा टूटता है ना
तो सबसे पहले उसकी
जुबान खामोश हो जाती है...

बर्बाद ही करना था
तो किसी और बहाने से करते

जिंदगी बनकर मेरी
जिंदगी ही छीन ली...
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

Post a Comment

0 Comments