পষেকীয়া কাব্যকানন সপ্তম বৰ্ষৰ বিংশ সংখ্যা

———————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
জয়ন্ত কুমাৰ বৰ্মণ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক: সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
——————————
বাটচ’ৰা
সম্পাদকীয়...
   এনে কি আছে  ,যি এবাৰ কবিতাৰ প্ৰেমত পৰে, কোনেও তাৰপৰা মুক্তি নাপায়। এয়াই মায়া। এয়াই কবিতাৰ মায়া। 
   কবিতাৰ কি দুৰ্বাৰ আকুলতা! এই আবাহনক  কোন কাব্যনুৰাগীয়েনো নেওচা দিব পাৰে! কবিতা হওক বা নহওক,কিন্তু কবিতাৰ প্ৰতি এই আত্মিকতাই কাব্যনুৰাগীক সকলো পাহৰাই টানি আনে কবিতাৰ কাষলৈ। নহ’লেনো বাৰ্ধক্যকো নেওচি শ শ মাইল অতিক্ৰম কৰি  কবি সন্মিলনবোৰলৈ কাব্যনুৰাগীসকল ঢাপলি মেলে নে ! 
   কবিতাৰ এই জনমুখীযাত্ৰা অসমীয়া সাহিত্যৰ বাবে অত্যন্ত সুখকৰ ।

বিনীত–
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
                        অনুবাদ কবিতা

“The earth shakes” 
By Steve Sanfield

The earth shakes
just enough
to remind us

“পৃথিৱী কঁপি উঠে”
৫-৭-৫অত সজোৱা
মূল: ষ্টিভ চেনফিল্ড
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


ধৰণী কঁপি উঠে
মাত্ৰ এইখিনিয়ে যথেষ্ট
আমাক সোঁৱৰাই দিবলৈ

কৱি ষ্টিভ চেনফিল্ডৰ ইংৰাজীত ৰচনা কৰা একমাত্ৰ হাইকু পুথিখন আমাৰ মৃত্যুৰ নিৰৱ সোঁৱৰণী; যিয়ে আমাক বহু পলম হোৱাৰ আগতেই, আমাৰ বাবে কি গুৰুত্বপূৰ্ণ হ’ব পাৰে সেই বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনাইছে। 
———————————
ভগা চকা

মূল হিন্দীঃ–ধৰ্মবীৰ ভাৰতী
অনুবাদঃ– গণেশ বৰ্মন 

মই 
ৰথৰ ভগা চকা
কিন্তু  মোক দলিয়াই নিদিবা !
নাজানো কেতিয়া
এই দূৰূহ চক্ৰবেহুৰ মাজত
অক্ষৌহিনী সেনাক প্ৰত্যাহ্বান জনাই 
কোনোবা অভিমন্যু
আবৃত হৈ পৰে ।
নিজৰ পক্ষক অসত্য জানিও
বৰ বৰ মহাৰথী
নিসংগ-নিৰস্ত্ৰ প্ৰতিবাদক
নিজৰ ব্ৰহ্মাস্ত্ৰৰে সংহাৰিব খোজে,
তেতিয়া মই 
ৰথৰ ভগা চকা
তেওঁৰ হাতত 
ব্ৰহ্মাস্ত্ৰৰ সৈতে যুঁজিব পৰা
মই  ৰথৰ ভাগি যোৱা চকা ।
কিন্তু মোক দলিয়াই নিদিবা
ইতিহাসৰ সামূহিক গতি
হঠাতে অসত্য হৈ পৰিলে
হয়তো---
সত্যই ভাগি যোৱা চকাৰে আশ্ৰয় ল'ব !           
-----------------------
                            কবিতা

আন্তৰিক
মেঘালী বৰুৱা শইকীয়া

একোলা দোকোলাকৈ 
কথাবোৰৰ কোচ বগাই
নিজকে গঢ়িলোঁ
বিছাই ডকা পাত চিঙি
সোন পৰুৱাৰ সতে 
মিতিৰালি কৰা দিনৰ লেখ লব পৰাৰে পৰা
আপোন মজিয়াখন বুকুতে 
ঘৰ বান্ধি ৰৈ গৈছিল

সময় বাটলুগুটীয়া

হঠাৎ মাজবাটতে অকথ্যৰ শ্ৰৱণ সান্নিধ্য
বদহজমী হল শৰীৰ
পিপাসাত বগাই ফুৰা নাইপিয়াৰ পিছল গাত উঠি
বটিয়াই আহিল দিন ৰাতি

ফুল বেচা মালীৰ হাতত 
শ সজোৱা ফুলৰ পৰশ 
বাহী হৈ ৰোৱা ঘৰ চোতালত
অচিন কীটৰ কুটনী
কাৰ চকুৰ কুটা দাঁতৰ শূল হৈ 
এলাগী হ'ল সময়

আহ চিলনী থপিয়াই লৈ যা অচিনাকি ছাঁ
ৰদ পখালি চকুবোৰ কৰ পোহৰ
পোহৰ মনৰ দাপোন 
তোৰ ,মোৰ আৰু আপোনজনৰ।
——————————
আঘোণৰ পাছৰখিনি...
গাৰ্গী ভূঞা

চাৰিভাজে জাপি তাই
ৰিহাখন সামৰি থ'লে
যিদৰে নিহালিৰে মেৰিয়াই সামৰি থ'লে
এটি পুৱতি নিশাৰ সপোন

সেইদিনা হাঁহিৰ আখৈ ফুটা দেখি
বুকুৰ ধনে মাত ল'লে 'মা'
এশ সূৰুযৰ তাপ সহি
জোনে আঁকিব জনা হ'ল 
তাপ পোহৰৰ এখন সমতুল্য ছবি

এখন পোহৰ ছবিয়ে 
এতিয়া এন্ধাৰ সহিব জানে 
যিদৰে আঘোণে চুবাব জানে 
নিমখে ফেনেকা 
এগৰাহ সন্তোষ ভাত

একুচা শিপায়ে থুপ খাই চাই খাকে গা-গছৰ ফেৰেঙনি 
আৰু এখন আঁচলে গাঁঠি বান্ধি ধৰি ৰাখে
ডেৰফুট হাঁচতিয়ে চমজাই দিয়া
এশ-বিঘাৰ বিটপী সপোন এটা।
———————————
অস্পৰ্শ
অংকুৰিতা ফুকন

প্ৰেম নামৰ গহ্বৰ এটা খান্দি
আমি জুখিছোঁ গভীৰতা

বাহিৰত উৎকট গৰম
ভিতৰত এক অবুজ শীতলতা

মোহ আৰু বিমোহৰ ছবিত মাটিৰ ৰং বুলাই
অনুভৱ কৰিছোঁ অস্পৰ্শৰ মাদকতা

ৰ'দ আৰু বতাহ পান কৰি
উকালিয়াই দিছোঁ সমাজৰ যত লৌকিকতা

মোৰ উশাহৰ শব্দত উচপ খাই তুমি কৈছা-
সমাজখন ইমান গোড়া
আৰু মই কৈছোঁ-
প্ৰথমে নিজৰ মাজলৈ এবাৰ জুমি চোৱা…
———————————
প্ৰশ্নটো আকৌ উভতি আহিছে
ৰূপজ্যোতি শইকীয়া

জ্বলি যোৱা ৰুটি এখনে আজি গণতন্ত্ৰৰ ওপৰত প্ৰশ্ন তুলিছে
কেৰাহী এখনে গছৰ ছাঁত তপিনা ৰ'দাইছে
হতাশাত গছবোৰৰ ৰঙ ক'লা
পৰুৱাৰ সমদল এটাই আলচ কৰি বাতৰি কৰিছে
সিহঁতে এইবাৰ ভৰিৰ খোজবোৰ পাহৰিব
গোলাপী ৰুমালেৰে নাকটো ঢাকি উৰুলি দিব
প্ৰশ্নটো আকৌ উভতি আহিছে
ৰঙামূৱাই কেতিয়া এঙামূৰি দিব?
———————————
সুষমা
ৰাজেন দাস

সুষমা লহৰে মাতি থাকে 

জুপুকা লাগি থাকে হৃদপিণ্ডৰ মাংস পেশীবোৰ

মাটি ফাটি ওলাব পনিয়লী পানী 

প্ৰলয় জল জলকেলি কৰিব প্ৰকৃতিৰ সনাতন সন্তানে

মই একোবত গৈ আহোঁ 

আন একোবত শুনি আহোঁ

তেওঁৰ বিচিত্ৰ বৈভৱ জীৱন-গাথা

ৰং এটা আঁকিবলৈ তেওঁ কৰিছিল অহৰহ অনুশীলন 

এতিয়া তেওঁতে বলি থাকে 

সত্য শিৱ সুন্দৰৰ জঁটাধাৰী লহমা 

বিচাৰি পাব পাৰে আপুনি আপোনাৰ অভিভূত ফুলৰ বীতস্পৃতাৰ চূৰ্চমৈ চমক

লৈ যাব পাৰে সৌমাৰৰ পৰা মহাচীনৰ দিনলিপিলৈ

গঞালোকৰ পৰা লৈ যাব সম্বলপুৰলৈ

আকৌ বছেৰেকত এবাৰ নমোৱা ছেইণ্ট জোচেফলৈকে...

(স্বনামধন্য সাহিত্যিক ড° নগেন শইকীয়া ছাৰলৈ জন্ম দিনৰ উপহাৰ হিচাপে আন্তৰিকতাৰে আগবঢ়ালোঁ)
———————————
অভিসাৰ
ৰেখা বৰকটকী

মানুহৰ বুকুৰ গহ্বৰত এজাক   ড'ৰিকণা  ওমলে
গধুৰ উশাহে কোবোৱা
হাঁওফাঁওবোৰত  মাছজাকৰ উখল মাখল সদায়ে চলে
বহুদিনীয়া পূৰণি জিৰণীয়া মাছবোৰ 
দিনে দিনে ঘৰুৱা হৈ পৰে
সুবিধা পায়ো বাহিৰ নোলোৱা
জলচৰ জীৱবোৰ বৰ  উদ্যমী
কুৰুকি কুৰুকি খোৱা কলিজাৰ আগ মঙহত
কেচেলুৱা বিষ...
সকলোৱে কথাটো জানিও  উদাস হৈ ফুৰে
সিহঁতক মুকলিকৈ ওমলিব দিয়ে

কিন্তু মানুহবোৰে বুজিবৰ হ'ল
পানীৰ পৰিবৰ্তে তেজত সাতুৰি
সিহঁত যে চতুৰ হৈছে
ৰঙা ৰং বোৰে চকুত জাল তৰে সিহঁতৰ।
ৰঙা ৰংবোৰ বৰ স্বাৰ্থপৰো
মানুহৰ দুমুখীয়া চৰিত্ৰবোৰ দেখিও  বিৰক্ত নোহোৱা স্বভাৱে মাৰি কিলোৱা মাছ!
ড'ৰিকণা জাক সেয়ে অভ্যস্ত
কিয়নো 
লুণীয়া তেজৰ সোৱাদে
গা টঙাই ফুৰা মাছ ইহঁত
তেজৰঙা লয়লাসে 
লালিত পালিত হিয়াত বাজে
মানুহৰ বুকুৰ সংবাদ...।
——————————
সঞ্জয়ৰ ক্ষমা প্ৰাৰ্থনা 
অংকুৰ দাস

ভগৱদ্গীতাৰ শেষ শ্লোকটো মোৰেই অন্তৰৰ উক্তি
সত্যবক্তা হোৱাৰ দোষ মৰিষণ কৰিব ৰাজন

যুদ্ধভূমি কুৰুক্ষেত্ৰত যি ঘটে তাকেইহে বেকত কৰোঁ
সত্যৰ অপলাপ কৰিব নোৱাৰোঁ
আপোনাৰ সন্তানৰ জয় জয়কাৰ ঘোষণা কৰি
গ্ৰহণ নকৰোঁ স্বৰ্ণখচিত অলঙ্কাৰ

মই বাচকহে মহাৰাজ
কাহিনী-কথন মোৰ মৰ্যাদাৰ বাহিৰত

যুদ্ধৰ গতি কোনফালে ধাৱমান
সত্য নে অসত্যৰ জয়
হস্তিনাপুৰৰ উত্তৰাধিকাৰ কাৰ ভাগ্যতিলক
মহাকালে দিব তাৰ খতিয়ান

ধৈৰ্য সহিতে শ্ৰৱণ কৰক মহাৰাজ
সংসাৰ সমুদ্ৰৰ এই উত্তাল গৰ্জন
কেৱল মোক নুদূষিব
আপোনাৰ মনোৰঞ্জনৰ বাহক নহ'লো বুলি
সেই ক্ষেত্ৰ মোৰ নহয়।
—————————
প্ৰেমৰ চৰ্তাৱলী
চয়নিকা ভূঞা 

মাহেকে পষেকে বৈঠকখন বহে
কোনোৱে অংশীদাৰ হয়
কোনোৱে ভূমুকি মাৰে

ফাগুন মানেই উদাসী মন
ফাগুন মানেই সৰাপাতৰ চকুলো

ভালপোৱাৰ নিয়মাৱলীত বহুমুখী চৰ্ত 
ভালপোৱাৰ বাবে এটা দিনৰ প্ৰয়োজন

ভালপোৱাৰ মানেই শৰীৰৰ হিচাপ- নিকাচ
আয়োজনৰ শেষ ক'ত 
শেষান্তৰত
ভালপোৱাৰ 
অপমৃত্যু

বুকুত সাধুকথাৰ বেথা
সৰা পাতে পাতে ফাগুন নামে। 
——————————
অনুভবৰ অনুপল
সৌমাৰ ৰাজখোৱা
(সহকাৰী অধ্যাপক
প্ৰাগজ্যোতিষপুৰ মহাবিদ্যালয়)

এটি ৰূপোৱালী নিশা
তোমাৰ সৃষ্টিশীল আত্মা
আৰু

এখনি অনুসন্ধিৎসু অন্তৰত
অনুভৱৰ অনুৰণন 

তুমি নাই
নাই তোমাৰ প্ৰগলভ অনুভূতিৰ 
উদ্বাউল আকৰ্ষণ 

তথাপি তুমিয়েই ভৰাই তোলা মোৰ প্ৰেম পিয়লা
তোমাৰ মৰমৰ বন্যাৰে

মোৰ কথা মোৰ গান 
মোৰ শব্দৰ মায়াজালত বন্দী মোৰ প্ৰাণ 

নামি নাহেছোন অবুজন সেই আনুভূতিক 
স্নেহবন্ধন 

যতি পৰিল স্নিগ্ধ জোনাকৰ ৰূপোৱালী আভাত উদ্ভাসিত সেউজ সমাবেশ

এক চিৰ আকাংক্ষিত 
প্ৰেমৰ উন্মেষ।
——————————
উলঙ্গ জীৱনৰ বিবস্ত্ৰ শৰীৰ 
পৰাণ জ্যোতি ভূঞা 

নঙঠা শৰীৰৰ অবয়বটো
কান্দি কান্দি পৃথিৱীলৈ আহে
জীৱনৰ জীপাল সংস্পৰ্শৰে
মাতৃৰ কোলাত দিব্যচক্ষু মেলি
জীৱন বসন্তৰ স্তৰীভূত পথিক হৈ
বাটকুৰি বায় ক্ৰমশঃ

প্ৰতিযোগিতাৰ পাশাখেলত
বিবেকৰ অবৈধ বিসৰ্জন
পোৱা নোপোৱাৰ দোমোজাত 
তমসাময় হয় আশা আকাঙ্খাৰ পথ 
ঈৰ্ষাৰ দাবাগ্নিত জ্বলি ছাই হয় পৰস্পৰৰ সম্পৰ্ক
শূণ্য হৈ পৰে আত্মীয় স্বজনৰ মহত্ব

বাৰ্ধক্যৰ দাপোণত দেখি
নিজৰ প্ৰতিকৃতি প্ৰতিবিম্ব
হতাশাত হতভম্ব হয়
হৃদয়ত পীড়াৰ বতাহ বলে 
মন হয় ভাৰাক্ৰান্ত

মৃত্যু যিদিনা আহে
আপোনবোৰ পৰ হয়
অহৰ্নিশ পৰিয়ালৰ অৱধিৰ
হিয়াৰ আমঠুজন
পৰ্যবসিত হয় "মৰা-শ' লৈ
ঠেতুৱৈ ধৰা জাৰ
কিম্বা প্ৰখৰ ৰ'দ নেওচি
চোতালৰ বিমুক্ত এচুকত 
বন্দীত্ব বাঁহৰ চাঙীত 
পৰিয়াল হৈ পৰে বিমৰ্ষ
 
সুগন্ধি ধূপকাঠিৰ ধোঁৱা 
শোকাতুৰৰ ক্ৰন্দন-উচুপনিৰে
প্ৰাণহীন দেহাটোৰ হয় শৱ-যাত্ৰা
অন্ত্যেষ্টিক্ৰিয়া শ্মশানত
চিতাজুইয়ে গিলি থয় অসংবৃত শৰীৰ 
ছিঃ 
কি এক নির্লজ্জ সংস্কাৰ সনা
জীৱনৰ নিদাৰুণ যৱনিকা ।
———————————
কড়াল বিহীন সূতা
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

এপাৰে জঙ্কি
আনটো পাৰে পানেই
মাজেদি বোৱতী নৈ
ৰাতিৰ কুঁৱলী
নাথাকেতো ৰৈ...
—————————
ফাগুন অহাৰ বাটে...
জাহ্নৱী হাজৰিকা

বাটটো একেটাই হয় 
কি শৰৎ, কি আহিন
কিম্বা ফাগুন অহাৰ।
কেৱল ফাগুণত কাঞ্চনজোপা ফুলে।

সাজেলি আকাশখন গোমা হয়।
ফাগুনী আবেলি ইকুলি বিকুলি 
ধূলিৰে ধূসৰিত মুনিচুনি বেলি।
সাউদৰ পুতেকে পালতৰা নাৱত ভৰাই আনে
এচোতাল ফাগুনী মলয়া।

উদং হৃদয়ৰ আলসুৱা হিয়া।
পদুমৰ চকাৰ গামোচাৰ ভাঁজত
লুকাই থয় নীলৰঙী বেদনা।
দুচকুত সপোন গুপুতে গুঁজিবলৈ
এবুকু আৱেগৰ পচোৱা সুবাস।

বন বননিত মন দোলে। 
মন বননি ৰিঙা হয়।
স্মৃতিৰ হেৰুৱা দিনপঞ্জীত 
ব'হাগৰ উৰুলি জোকাৰ
সঁচাই অপেশ্বৰী হৈ ফাগুন নামে।

মাঘৰ আবেলি
ৰিঙা ৰিঙা গধূলি
হিয়াৰ জপনাত তুলি খলকনি
পলাশৰ সতে খেলি ফাকুলি
উদাস মন উদাস প্ৰাণ
ধুৱলী কুঁৱলী।

সৰি সৰি নোহোৱা হয় ভৰি তলৰ ভূঁইচম্পা
সাউদৰ পুতেক কাঞ্চনৰ তলত জিৰায়।
প্ৰাপ্তি-অপ্ৰাপ্তিৰ খতিয়ান ৰাখি 
নিজতেই ৰোপন কৰে 
জীৱন যুদ্ধৰ সূৰুযমুখী কবিতা।

কেনিনো হেৰাল প্ৰত্যয়ৰ ৰঙা বেলি
বাসনাৰ চিকমিক বালিছন্দা
তথাপিও দেখোন হৃদয়ত অহৰহ বয় প্ৰেমৰ অলকানন্দা।
———————————
ফাগুনৰ কবিতা
দেৱ দাস 

ফাগুনে হিল দল ভাগি 
মূৰ আফালি মৰে

পলাশ শিমলু ফুলে
আকাশৰ নীলা খেদি খেদি

ৰিক্ত হৃদয়
ৰঙীন আশাত
হব খোজে
আউলি বাউলি

মৰহা ফুলে 
মৰম বিচাৰি ঠাই নাই 

হ'ব পাৰে
ব’হাগী বসন্তৰ আগজাননি।
———————————
প্ৰেমৰ কথাবোৰ 
মুক্তিস্নাতা শৰ্মা 

১.
তোমাৰ ভাল পোৱা বোৰ লুণীয়া, 
মোৰ ভাল পোৱাবোৰ..."সাগৰ"

২. 
তোমাক দুখী দেখিলে মোৰ মনৰ বেহেলাখনত বিষাদৰ সুৰ বাজে...

৩.
তোমাৰ প্ৰেম নীলা আকাশৰ দৰে বিশাল
আৰু মোৰ প্রেম সাগৰৰ দৰে গভীৰ, 
ৰং একেই নীলা ।

 ৪.
ব্যৰ্থ হবলৈ নিদিওঁ তোমাক,
মই আকৌ আহিম,
ফাগুনৰ অস্ত সূৰুযৰ 
হেঙুলীয়াবোৰ আকুৱালি তোমাৰ পৰশৰ আবিৰ সানিবলৈ...

৫.
তুমি কেতিয়া আনৰ পৰা  আহৰি পাবা , 
মই কেতিয়া মোৰ দুখৰ পৰা মুক্ত হ’ম,
শুনা ,আমাৰ সাক্ষ্যতৰ সময়  নহ’ল,
তোমাৰো আহৰি নাই মইও ব্যস্ত .

 ৬.
 তোমাৰ সোঁৱৰণী লৈ 
প্ৰতিটো নিশা  পাৰ হৈ 
ৰাতিপুৱা হয়,
এদিন সপোনত তুমি আহিবা
আৰু সেই ৰাতিটোৰ
 ৰাতিপুৱা নহয় যেন  
   
 ৭.
নদী খন উদং হ’ল 
হেপাঁহবোৰ সোঁতত বৈ
গ’ল...
আশা লৈ নদীখন আকৌ ধল লৈ বাঢ়িব
তাৰেই অপেক্ষাত!
———————————
লাগে লাগে নালাগে কি 
ৰূপা গগৈ

লাগে লাগে লাগে 
নালাগেনো কাক কি ? 

ধন লাগে,মন লাগে,জন লাগে
লাগে ঘৰ-মাটি-বাৰী,গাড়ী 
সুখী হ'বলৈ
আৰুনো লাগে কি ? 

ধনবান এজনাই এদিন এজন নিচলাক ক'লে,
লাগে লাগে সকলো লাগে 
লাগ বুলিলেই সকলো পায় হাতত ধন হ'লে 
কিন্তু নাপায় মাথোঁ কিনিবলৈ সুখ-শান্তি আৰু মানৱতা, সঁচা প্ৰেম ভালপোৱা 
এইকেইটা বিচাৰি কৰি থাকোঁ 
দিন-ৰাতি হাহাকাৰ একাকাৰ।

নিচলাই গহীনাই ক'লে,
হে ধনবান , আহিবা এদিন মোৰ  পঁজালৈ 
যিদিনা মোৰ মৃত্যুৰ বাতৰি পাবা
 শ্মশানলৈ এটি মাৰিবা পাক
কাণপাতি শুনিবা চিতাৰ কাষত ৰৈ ,জীয়া মানুহে 
মোৰ বিষয়ে কৰা আলাপ-আলোচনা আৰু
চিতাভষ্ম ঠাইলৈ এখন্তেক ৰৈ মৌন হৈ চাবা
কিজানি বিচাৰি পোৱা তাতেই শান্তিৰ ঠিকনা !

শ্মশানৰ পৰা ঘূৰি আহিবা মোৰ পঁজালৈ
মোৰ আপোন মানুহবোৰৰ মুখলৈ চাবা 
দেখা পোৱা বা কিজানি শোকাতুৰ মুখবোৰত সঁচা প্ৰেম ভালপোৱাৰে উপচি থকা 
তেতিয়া বুজিবা সঁচাকৈ ধনেৰে সুখ-শান্তি , ভালপোৱা কিনিব-বেচিব জুখিব পাৰি নে নোৱাৰি । 

মোৰ মৃত্যুৰ বাতৰি যদিও নহয় বিশেষ বাতৰি 
তথাপি  মই নাই বুলি শুনিলে 
আহিব গাঁৱৰ জ্ঞাতীসকল  দৌৰি 
দেখিবা কোনে কাক কিদৰে কৰিছে শুশ্ৰূষা 
কিদৰে বুজাইছে কোনে কাক 
কিদৰে কোনে ক'ত আগবঢ়াইছে হাত
তাতেই পাবা মানৱতা বিচাৰি। 

যদিও পৰা নাই হে ধনবান 
তোমাৰ দৰে ধন-সোণ, মণি-মুকুতাৰে জিলিকাব এখনি ঘৰ 
তেজ-মঙহ , হাড় -ছাল , চকুপানীৰে 
সাজি থৈ এটি জুপুৰী 
সেইটো কিন্তু ধনীৰ অট্টাল্লিকাতকৈ কোনো গুণে কম নহয় 
নহ'ব পাৰে আকাৰত বিশাল , সুউচ্চ
সেইবুলি পঁজাটোৰ কিন্তু বিশেষত্ব ঠেক নহয় ।

কিয় জানানে বন্ধু 
ঘৰখনত নাই  কোনো গৃহ কন্দল 
নাই কাৰো মনত উচ্চ-নীচ ভেদভাৱ 
আছে মাথোঁ মিলাপ্ৰীতি , বুজাবুজি , ধৈৰ্য্য , সহনশীলতা , নিষ্ঠা , সততা , বিশ্বাস ,একতা , ক্ষমা , পৰোপকাৰ ,নিঃস্বাৰ্থ ত্যাগ 
লাগে লাগে হে ধনবান 
ধন-দৌলতৰ  বিনে এইসোপাকে লাগে 
হ'বলৈ সুখীৰাম । 
—————————
ছজিনা ফুলিছে
ৰমেশ চন্দ্ৰ ৰায় 

ছজিনা ফুলিছে
ছজিনা ফুলবোৰে ভালুকডুবিৰ ৰাতিপুৱাবোৰ সন্তৰ্পণে কঢ়িয়াই আনিছে 
চেগুণৰ শাৰীবোৰে নিজৰ মাজতে কথা পাতিছে
শালৰ হালধীয়া পাতবোৰ সৰি শুকান দলিচা পাৰিছে 

ছজিনা ফুলিছে 
ছজিনা ফুলবোৰে লৈ আহিছে 
ভালুকডুবিৰ দুপৰীয়াবোৰ 

কঠিন হৈছে ৰঙা মাটিবোৰ
ক’লা কোটবোৰৰ ব্যস্ততা বাঢ়িছে 
সাৰ পাই উঠিছে ৰুটিৰ দোকানকেইখন

ছজিনা ফুলবোৰে সন্ধিয়াটোও আনিছে 
এবাটি জোঙাৰ গোন্ধই মন টানিছে 

হৰিশৰ দোকানৰ তক্তাখনত
সি বহি ৰৈছে 
বতাহত ফাগুন নামিছে ।

ভালুকডুবি : গোৱালপাৰাৰ এখন ঠাই ।                         ------------
মৌচাক
যামিনী দেৱী

মৌচাকৰ পৰা মৌ পাৰোতে
দুই-এটা মৌ-মাখিৰ কামোৰ
খাব লাগিবই
কোনো কাম কৰোঁতেও
হেনা-হুচা খাবযে লাগিব
হয় সঁচা এইটোৱে
শালৰ মাজতেই শিঙি
নিশ্চয় জানিবা তুমি
ৰাণী-মৌ মাথো একেজনীয়েই
সিহঁতৰ জননী
বাকী সকলোবোৰ ভাই-ভনী
মাতৃৰ নিৰ্দেশতে কৰে উৰা-ঘূৰা
নামানিলে নিৰ্দেশ শুঙেৰে বিন্ধি
কৰে আধামৰা
জিৰণীয়া মৌবোৰে থাকে
পালপাতি ৰখি জননী গৰাকীক
কৰ্মী মৌবোৰ যায় দূৰণিলৈ
থকা ঠাইৰ সন্ধান কৰিবলৈ
সকলোৱে মিলিজুলি
অতি কষ্ট কৰি
সমাজৰ মংগলৰ বাবে
দেৱতাৰ পূজাৰ বাবে
মৌচাকত মৌজোল গোটাই
নকৰি এটোপালো অপব্যৱহাৰ
মৌ-মাখিৰ নিচিনা
সাধনা কৰোঁতে-কৰোঁতে
কিজানিবা শব্দৰ মৌ-চাক
গঢ়লৈ উঠে
শেষৰ শব্দটোৱে
সৌভাগ্যৰ দুৱাৰ খোলে
জানেনো কোনে
তেনেহ'লে আনৰ ভাষ্য
শুনো নিৰৱে
নিজৰ শব্দ শেষ নকৰাকে।
——————————
সময়
প্ৰিয়ম্বদা পাতৰ

সময়ে আগুৱাই যায়
নিজৰ ৰেখাৰ নিয়মক 
অনুকৰণ কৰি ,
তুমিও গৈ আছা আগুৱাই
সময়ৰ লগত খোজ মিলাই ৷
কথা পাতিবলৈ 
সময়বোৰ হেৰাই গ’ল  
তাহানি য’ত বিছাৰি  
পাইছিলো প্ৰকৃত সুখবোৰ
মনত পৰেনে তোমাৰ ? 
যিবোৰ দিনত তুমি মোলৈ 
মই তোমালৈ,
ঘণ্টাৰ পিছত ঘণ্টা 
বুজা নুবুজাৰ দিনবোৰ
অপেক্ষা কৰিছিলো
কি যে সময় ,কি যে দিন
আছিল সেইবোৰ
মিঠা অনুভূতি বোৰক 
স্বপ্নৰ পথাৰত মেলি দিছিলোঁ
অলপ পলম হ’লেই
মই অস্থিৰ হৈ পৰিছিলোঁ
বাৰে বাৰে নিবদ্ধ হৈ পৰিছিল
হাতৰ ঘড়ীটোলৈ 
লাহে লাহে কাষলৈ আহি
হাঁহি হাঁহি  কৈছিলা 
সকলোৰে মান অভিমানৰ 
সেই ডাঙৰ শব্দটো 
মই বৰ দুঃখিত
কিমান যে  মিঠা অনুভৱ ,
জীপাল হৈ পৰিছিল মনটো
আৰু আৰু আজি মই আবদ্ধ ক’ত জানা
তুমি অঁকা প্ৰেমৰ কেনভাচত
তোমাৰ শোৱনি কোঠাৰ বেৰত ৷
———————————
বেদনাই কুটি খোৱা 
এখন ৰুগ্ন হৃদয়ৰ কথাৰে 
ড° আদিল আলী  

হেঙুল আকাশৰ বুকুত 
তৰাৰ কাব্যিক শিল্প 

এন্ধাৰ নিশা 
ফুলনিত বাজে 
জোনাকী পৰুৱাৰ 
পোহৰৰ মিঠা মিঠা 
কবিতাৰ সুৰৰ ছন্দ 

সোঁৱৰণীত ভঙা কলিজাৰ 
ধ্বনি-প্ৰতিধ্বনি 

দুঃস্বপ্নৰ বিষাদ ছাঁ 
অনন্ত নীৰৱতাত বহে 

বৈ আছে 
নিঃসঙ্গতাৰ এফেৰি বা 
হিয়াৰ ভিতৰে-বাহিৰে 

মই দুখৰ বুকু খুলি 
বহি পৰো 
নৈপৰীয়া শিমলুজোপাৰ তলত 

কেতিয়াওঁ নাভাবা 
প্ৰেমিকাৰ প্ৰেমময় বলয় 
অথবা 
বেদনাই কুটি খোৱা 
এখন ৰুগ্ন হৃদয়ৰ কথাৰে 
——————————
নিষিদ্ধ পৃথিৱী
ৰশ্মি ৰেখা দুৱৰা

নাচাও বুলিলেও দেখোঁ
কেউফালে বিষাদগাথা
নোচোৱাৰ ভাও ধৰিবও নোৱাৰোঁ
চকু যায় স্বাৰ্থান্বেষী নিষিদ্ধ পৃথিৱীলৈ

ভাবোঁ শিলবোৰ বৰ কঠিন
ভাৱ-ভংগীৰ আওভাও নোপোৱা
দেখিছোঁ শিলেবোৰেও কান্দি উঠিছে
আছে সিঁহতৰো একোখন হৃদয়

কি দিন ! কি ৰাতি !
সকলোতে দেখোন একেই গতি
নাই সুৰক্ষাৰ ৰক্ষাকৱচ
এই সময় নিজক সাহসী কৰাৰ

নিষিদ্ধ পৃথিৱীৰ দুৰ্গন্ধবোৰ 
নাকত আহি লাগিছে
কাউৰী,শগুণে উৰা মাৰি আহিছে
নাই ? মাংসৰ টুকুৰা
গোন্ধহে বতাহত মলমলাই আছে

নোৱাৰিনে একতাৰ দোলেৰে বান্ধিব
নিষিদ্ধ পৃথিৱীৰ দুৰ্গন্ধ আঁতৰাব;
খিৰিকীৰ ফাঁকেৰে বতাহজাক সোমাইছে
চৌপাশত ধ্বনিত হৈছে একতাৰ সুঁহুৰি।
—————————
দুটি স্তৱক
প্ৰাণ প্ৰতিমা বড়া

১.
কিমান বিষাদে আৱৰিব
কিমান বিষাদে নিচুকাব
আদৰুৱা  হৃদয়ত বিষাদে 
উচুপি-উচুপি ভাগৰুৱা তন্দ্ৰাত নিমগ্ন হ’ব 

২.
অকোঁৱা-পকোঁৱা হৃদয়ৰ জটিলতা
অনিশ্চয়তাৰ পৰিভাষা
শিমচেঁচা এচাটি আশাৰ সমীৰে তোলে 
ভগ্ন হৃদয়ৰ এটি নতুন জিজ্ঞাসা।
—————————
মানুহক মানুহ লাগে  
টিংকু বৰা

মোৰ হাতৰ মুঠিৰ পৰা সৰি পৰিছিল 
এমুঠি পয়ালগা সপোন,
ৰঙবিহীন অথচ প্ৰাণাকুল।
ভাঙি ছিঙি চূৰমাৰ হৈ যোৱা সপোনবোৰক 
পুনৰুজ্জীৱিত কৰিবলৈও
নাছিল এখনি বিশ্বাসৰ হাত !

জীয়াই থাকিবলৈ কিছুমান সপোন লাগে।
আৰু সপোনবোৰক জীৱন্ত ৰূপ দিবলৈ,
মানুহক মানুহ লাগে।

সপোনবোৰ মৰহি যোৱাৰ পিছত,
জীৱনক নৱৰূপ দিবলৈও
মানুহক মানুহ লাগে 
হয়তো, কাৰোবাৰ সাহস হʼবলৈ,
কাৰোবাৰ দুৰ্বলতা হʼবলৈ,
কিম্বা, কাৰোবাক বিশ্বাসঘাটকতা কৰিবলৈ...
——————————
চঞ্চল ফাগুন
ড৹ ইকবাল হোচেইন খান

ফাগুন আহিলেই 
মন -আকাশত উৰে প্ৰেমৰ প্ৰজাপতি ।
চঞ্চল হৈ পৰে ফাগুন 
উদাস উদাস মন 
ঠিকনাহীন প্ৰেমৰ ঘৰ ।

জীৱন-যৌৱনে বিচাৰে প্ৰেমৰ ঠিকনা
ফাগুনী ফাগুনী মন
ৰঙীন ৰঙীন সপোন
পৃথিৱী হৈ পৰে আপোন ।

অস্থিৰ মন
কবিতাময় সময়
যৌৱনৰ বিকিকৰণ
ফাগুনৰ আগমন
মন- আকাশত অবুজ শিহৰণ
চঞ্চলতাৰ জুই
প্ৰেমৰ প্ৰীতি-উপহাৰ
হৃদয়ে মনে মনে কয় কথা 
কেনি যাওঁ কেনি যাওঁ
ভাবৰ শিহৰণ
মন যে নবহে কতো 
ফাগুনী ফাগুনী ভাৱনা
চাৰিওফালে প্ৰেমৰ আৰাধনা। 
———————
নিলাঞ্জনা 
ৰাখী কাশ্যপ


সন্দিকৈ কলেজৰ সন্মুখত 
সদায় বিছাৰি ফুৰে এজাক চকুৱে 
কিচকিচীয়া চুলি টাৰিৰে 
দুচকুত কাজল সানি কত জনৰ হিয়াত 
ঝংকাৰ তোলা তাই জনীক 

নীলা চুৰিদাৰযোৰসকলোতে পিন্ধি ঘূৰি ফুৰে 
বা হয়তো তাইৰ প্ৰিয় ৰং নীলা বাবেই পিন্ধে 
সেইকাৰণে তাই সকলোৰে বাবে নিলঞ্জনা 

তাইৰ বাবে কাজল ৰামধেনু নখ পালিচ বিছাৰি হাহাকাৰ কৰি প্ৰেমিক চৰাইয়ে 
কপাঁই জালুকবাৰী।
কিন্তু?
নিৰুত্তৰ তাই তাই হৈ ৰব খোজে 
সকলোৰে মাজত এক প্ৰহেলিকা 
তাই নিলাঞ্জনা।
—————————
ফাগুনৰ প্ৰাচুৰ্য
অঞ্জনা ৰূপা দাস

শীতৰ নিহালি সামৰি
শুকুলা অশ্ৰুৰ বন্যা বোৱাই
যাও -নাযাওকৈ শীতে ল'লে বিদায়, 
শিমলু, মদাৰৰ বুকুত
থূপা-থূপে জুই ফুলাই, 
ৰঙেৰে ফাকু বোলাই, 
বুুলবুুলি ঠোঁটৰ মায়াবী সপোনক
সুহুৰিয়াই আহিল ফাগুন। 
বাঢ়ি অহা কোমল
ৰূপালী ৰ'দজাকৰ কোমল স্পৰ্শই
ধৰাত সিঁচি দিলে 
একাঁজলি মৰম। 

চঞ্চলা পছোৱা জাকে
গছে-বনে ছটিয়াই দিলে
ফাগুনৰ পৰশ।
উতনুৱা হৈ উৰিল
কমুৱা তুলা, 
দিগন্তৰ পৰিধি দুখি উৰিল
উন্মাদনা চিলা, 
সৰাপাতৰ মৰ্ মৰণিত
সাৰপাই উঠিল কুঁহিপাত। 
বুকুত বগুৱাবাই অহা
 অচিনা বাঁহীৰ সুৰটিয়ে
ৰিঙা ৰিঙা মনটোত
আনি দিলে অপাৰ্থিৱ 
প্ৰেম-
বুকুৰ গোপন কক্ষত বাজি ৰ'ল
উৰে ৰাতি, 
তেজত বলিল যৌৱনৰ ধুমুহা , 
হিয়াৰ চোতালত ৰঙীণ সপোন, 
চকুৱে চকুৱে আকুল প্ৰতীক্ষা! 
প্ৰতীক্ষা মাথোঁ-
পলাশৰঙী ফাগুনৰ ধূলিৰ ধূসৰে
সেউজী ধৰাক প্ৰেমৰ ফাকু বোলাই
ফাগুনেই নমাই অনা
যৌৱন কোঁৱৰ বসন্তৰ আগমনলৈ

কিয়নো? 
ফাগুন মানেই  বসন্তৰ গান। 
ফাগুন মানেই এছাটি প্ৰেমৰ বতাহ।
ফাগুন মানেই প্ৰেম অমৃতৰ ধাৰা।
——————————
সৰাপাতে বসন্ত আনে
দীপ্তি মণি গোস্বামী

ফাগুনৰ পছোৱাৰ পৰশত
সদ্য যৌৱনা হয় ধৰণী
উদং বৃক্ষৰ দেহত মেৰ লয়
খহি যোৱা মেথনি।

হালধীয়া সৰাপাতৰ বিৰহত
ঠনঠনকৈ ভাগে বাটৰুৱাৰ হৃদয়খন
কিন্তু আনন্দত আত্মহাৰা হৈ চেও ধৰি নাচে
পতঙ্গ পৰুৱাৰ গোপন বৈঠকখন।

কাৰণ, সৰাপাতৰ বুকুতেই
গজালি মেলিব পৰুৱাহঁতৰ সপোনৰ ঘৰখন
ধূলীয়ৰী ধুমুহাৰ পৰা থাওনি পাব
সেই একান্ত নিজৰ আলয়খন।

উদং বুকুত ধূলি ধুমুহাৰ অবৈধ চুম্বন সহি 
বিষাদৰ ভাৱনা তেজি গুল্ম লতিকা বোৰো
হৈ পৰে আবেদনময়ী 
যৌৱনমতী লাস্যময়ী ঋতু প্ৰয়াসী।

কাৰণ, প্ৰকৃতিৰ প্ৰেমিক ঋতুৰাজ বসন্ত‌ই
প্ৰেমৰ সম্ভাৰ লৈ খোজ পেলাব ধৰণীত
প্ৰণয়ৰ বাসনালৈ সেউজীৰ চুকে কোণে
বাজি উঠে মাথোঁ শৃংগাৰত গুঞ্জণ।

পলাশ মদাৰ শিমলুৰ সৰাফুল
নাহৰৰ ন-কুঁহিপাত পৰজীৱী কলিয়াই জাত জাত
কুলি কেতেকীৰ কণ্ঠত অমিয়া মধুপান
বসন্তক আদৰিবলৈ সেউজী হৈ উঠে জ্যোতিষ্মান।
——————————
ভাৱনা জোখা যন্ত্ৰটো
সুপ্ৰীতি বৰুৱা

কিনিলোঁহেতেন পোৱা হ’লে  ভাৱনা জোখা যন্ত্ৰটো
ভাৱনা জোখা যন্ত্ৰ আৱিস্কাৰ হোৱা হ’লে !
ক’তা মইতো শুনা নাই কাহানিও ...
ভাৱনা জোখা যন্ত্ৰ আৱিষ্কাৰৰ কথা৷
যন্ত্ৰটো আৱিষ্কাৰ হ’লেই মই ধাৰ কৰি হ’লেও
কিনি পেলাম, 
একো  আপোচ নকৰিম৷
বৰ প্ৰয়োজন হৈছে ...
এই সন্ধিক্ষণত!
তোমাক লগ পোৱাৰ সময়ৰ  পৰা এতিয়াৰ সময়বোৰ
সময়ৰ  সোঁতত  নিঃশেষ হৈছে

তাহানি নাছিল এনে 
এতিয়া সলনি হৈছে
কথাবোৰ ক্ৰমান্বয়ে পকনীয়াই নিঃশেষ কৰিছে,ভাল লগা,মিঠা মিঠা ক্ষণবোৰ...
যুক্তিবিহীন , তৰাং’ কথাবোৰে অধিগ্ৰহণ কৰিছে৷
য’ত আছিল –
মৰম,ভালপোৱা ৷
বুজাবুজিৰ এখন নিকা দলিচা
উভয়ৰ মাজত বুজাপৰা,
দুয়ো দুয়োৰে দুখত ম্ৰিয়মান হোৱা
মানসিক খাদ্যৰে উপচি থকা সেই খাদ্যবোৰ?
হেৰাই গৈ আছে

এতিয়া ,
তোমাৰ আৰু মোৰ হিয়াৰ  বতৰাৰ আদান-প্ৰদানবোৰ কৃত্ৰিমতাৰ গৰাহত সাতুৰি ফুৰিছে 
নে মোৰ ভুল হৈছে হিচাপ নিকাচ৷
হয়তো সাক্ষী হব সযতনে ৰাখি থোৱা ডায়েৰিৰ পাত ৷
সকলো বস্তুৰ উমান পাওঁ৷
চকু মুদিলেও ক'ব পাৰো তোমাৰ হৃদয়ৰ ভাষা——
কিন্তু সময়ে কৈছে—
গতি সলোৱাৰ  বাগ্ময়  অকথিত ভাষা৷
ভাৱনাৰ গতি কি ?
নাজানো একোকে৷
ভাৱনাৰ যন্ত্ৰটো নথকাৰ অজুহাতত
তুমি বাৰু দিছা নেকি অনেক যন্ত্ৰণা?
এতিয়া
তোমাৰ হৃদয়ত নুফুলে মোৰ বাবে সাঁচি ৰখা প্ৰেমৰ কোমল ফুল 
হৃদয় উজাৰি নাজানা দিব
মই ভালপোৱাবোৰ৷ 
তুমি গুচি গৈ আছা  মোৰ পৰা বহুদূৰ
বহুযোজন বাট৷

হেঁপাহেৰে মই ৰৈ আছোঁ কেৱল প্ৰতীক্ষাত——
তুমি কোৱা এষাৰি কথাৰে—
“তোমাৰ হৈ আজীৱন থাকিম"
সময়  আৰু  প্ৰতিশ্ৰুতিবোৰ   বৰ  নিষ্ঠুৰ 
জানানে সেই কথা?
মনৰ ভাৱনাবোৰ জুখিবলৈ যন্ত্ৰটো আৱিষ্কাৰ হ’লেই 

প্ৰথমেই তোমাৰ ভাৱনাৰ বুজ ল’ম৷
সাথঁৰৰ উত্তৰ বিচাৰি পাম৷
তুমি কুশলে থকাৰ কামনা কৰি
মই দূৰ দিগন্তলৈ গুছি যাম৷
গুচি যাম কোনো দিনে ঘূৰি নহাৰ বাটেৰে ...
অজান বাটেৰে..

(ড°নগেন শইকীয়া মহোদয়ৰ অবেন্দু চৌধুৰীৰ "জবানবন্দী"গল্পটো পঢ়ি হোৱা অনুভৱৰ আধাৰত সৃষ্ট কবিতাটো)
——————————
ফাগুন আহিছে
পবিত্ৰ বৰগোহাঁই

ফাগুন আহিছে প্ৰকৃতিলৈ
ফাগুন আহিছে দেহ-মনলৈ
ফাগুনৰ যে আছে এটা নিজা পৰিচয়
সেইবাবে যেন সকলোৱে ফাগুনক আদৰিবলৈ
উথপ্‌থপ লাগিছে
শিমলু ,পলাশ, মদাৰৰ বুকুত
গুণগুণাইছে মৌমাখি-ভোমোৰাই
প্ৰেমৰ অবুজ শিহৰণত 
ফাগুনৰ বতৰা দিবলৈকে যেন
বৰদৈচিলা ঢাপলি মেলিছে

কবি আৰু লিখকসকলে তুলি লৈছে
নিজৰ ৰং-তুলিকা আৰু কলম
ফাগুনৰ বুকুত সাঁচতীয়া প্ৰেম
ৰঙা শিমলুৱে ৰিঙিয়াই 
নতুনক সাৱটি লোৱা পৰম্পৰা
যেন ন-কুঁহিপাতে তাকে সোঁৱৰায় ।
————————
কলীয়া ডাৱৰ
সুৰেশ চন্দ্ৰ ৰায়

গাঁওবাসীৰ আৰ্তনাদ
চাৰিওফালে উন্মাদ জুইৰ প্লাৱন
হঠাতে চাই হৈ গ'ল মৰমৰ গাঁওখন
জীৱনতকৈ নহয় সম্পতিৰ মূল্য বেছি
জীয়াই থকাৰ আশাত সকলো দৌৰিল
জীৱনটোৰ বাহিৰে সকলো হেৰাল
পিছদিনা শিৱিৰত হিচাপৰ তালিকা
ভোকাতুৰ শিশুৰ কান্দোন
অন্ন-বস্ত্ৰৰ অভাৱ
ভৱিষ্যতৰ বাবে সকলোৰে উৎকণ্ঠিত চকু

নাম মাত্ৰ অন্ন-বস্ত্ৰ
তৈল কাগজৰ একোটি সৰু জুপুৰি ঘৰ
দুদিনতে গঢ়ি উঠিল একোখন সৰু চহৰ
নামৰ পাছত উপাধি বাঢ়িল-
"শিৱিৰবাসী"
শিৱিৰ সলনি হ'ল পৰিৱেশ সলনি নহ'ল
সময় বাগৰিল
জীৱন ধাৰাৰ প্ৰগতিত 
এটা পুৰুষ পিছুৱাই গ'ল
জীৱনৰ লক্ষ্য নোহোৱা হ'ল

ৰজাঘৰীয়াই একোটা পৰিয়ালক কিনি ল'লে
মাত্ৰ আধাবিঘা মাটিৰে
একোটা পৰিয়ালৰ মানুহৰ মূল্য কেতুৰী গছেৰে ভৰা আধাবিঘা মাটি
হায়! এয়াই জীৱশ্ৰেষ্ঠ মানৱ জাতি
বৰ্ণাব নোৱাৰা কিমান যে দূৰ্গতি।
————————————————

Post a Comment

0 Comments