——————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী, আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
কেতিয়াবা ভাবো কিয় লিখো?
কেতিয়াবা ভাবো কিয় লিখিব নোৱৰা হ’লোঁ ?
কেতিয়াবা ভাবো নানান বদনাম সহি,বহুমূলীয়া সময়, জেপৰ ধন খৰচ কৰি কবিতাৰ সংগঠন কৰি লাভ কি ?
জানো–কিছুমান 'কিয়'ৰ উত্তৰ নাথাকে। ওপৰত উল্লিখিত 'কিয়' কেইটাও মোৰ বাবে উত্তৰহীন।
তথাপি, কবিতাৰ বাবে বাৰে বাৰে নিজক কৰো সমৰ্পণ।আচলতে কবিতাৰ প্ৰেমত এবাৰ যি পৰে, দুনাই পলাব নোৱাৰে। জীৱন-প্ৰীতিতকৈ পৃথক নহয়
কবিতা-প্ৰেম।
বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
অনুবাদ কবিতা
“In the moonlight”
by Yosa Buson
In pale moonlight
the wisteria’s scent
comes from far away.
“চন্দ্ৰমাৰ চোতালত”
মূল: যোছা বুচন (৫-৭-৫অত সজোৱা)
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
শেষ নিশাৰ চন্দ্ৰমাত
ৰজনীগন্ধাৰ সুবাসিত সৌৰভৰঞ্জন
দূৰৈৰপৰা আহে ভাঁহি৷
কৱি বুছনে পাঠকক প্ৰকৃতিৰপৰা প্ৰাপ্ত উপাদানসমূহৰ সৈতে তেওঁৰ নষ্টালজিয়াত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে৷ আমাৰ দৃষ্টিশক্তি আৰু ঘ্ৰাণ ইন্দ্ৰিয়ক উদ্ৰেক কৰা ’ৰজনীগন্ধাৰ সুবাসিত সৌৰভৰঞ্জন’— দূৰৈৰপৰা ভাঁহি অহা গোন্ধটোৱে কৱিতাটোত এটা পৰিবহণমূলক উপাদান সংযোজন কৰিছে৷ আমাক এই প্ৰকৃতিৰ অদৃশ্য সৌন্দৰ্য্য কল্পনা কৰিবলৈ আহ্বান জনাইছে।
__ __ __ __ __ __ __
নিম গছ
মূল: হিন্দী :- গীত চতুৰ্বেদী
অনুবাদ: গণেশ বৰ্মন
এয়া নিম গছ
ইয়াক হাওলি
আৰু হাওলি চোৱা
তেতিয়া নিমৰ গছ যেন লাগিব
আৰু অৱনত হৈ , আৰু অলপ
মাটিৰ দেহ হৈ যোৱা
তুমি ইয়াৰ ছায়া অনুভৱ কৰিবা
ইয়াক কণমানিএজনীয়ে পানী ঢালি-ঢালি
জীয়াই তুলিছে
ইয়াৰ সেউজীয়া পাতত সেই তিক্ততা আছে
যি জিভাক মধুৰতাৰ মহত্ত্ব বুজায়
যিসকলৰ উচ্চতালৈ বৰ ভয়
তেওঁলোকে আহক আৰু
ইয়াৰ লঘুতাৰ পৰা সাহস পাওক ।
__ __ __ __ __ __ __
কবিতা
ধূলি
মনালিছা শইকীয়া
ধূলি আৰু ছাইৰ
আঁচলত উলমি আহে
দুষ্ট ফাগুণৰ নষ্ট গদ্য
তথাপিও
ধূলি উৰুৱাই উৰুৱাই
ঢপলিয়াই সকলো পথাৰলৈবুলি
ধূলিত উপঙি ফুৰে
পথৰুৱাৰ পেঁপা বাঁহীৰ মাত
সুহুৰি অথবা চেনেহৰ উকি দুটামান
ধূলিত বুৰ গৈ থাকে
এজাক চহা খেতিয়কৰ সপোন
বুৰগৈ থাকে বাটৰ কাষৰ গছ-বনবোৰ
পথৰুৱা বাটৰ হেঙুল আবেলি
বেলি ঢাকি উভতে গৰু ম'হৰ জাক
লাহে লাহে
নিজাৰ পৰে ধূলি
নষ্ট গদ্যৰ শেষৰ দফাত
এপৃষ্ঠা ধূলি ধূলি গোন্ধৰে
আমোলমোল বৰষুণৰ আৱাহনী...
——————————
নিচা
উৎপল ভট্টাচাৰ্য
এতিয়াই যাওঁ বুলি নক’বা মধুচন্দা
শেষটোপাল নিচা এতিয়াও বাকী
তুমিটো জানাই
শেষটোপাল নিচাতহে মোৰ মগজুৰ কোষবোৰ
অক্টোপাচৰ আলিংগনৰ পৰা মুক্ত হয়
শেষ টোপাল নিচাত জিলিকি উঠে
মোৰ হৃদয়ৰ প্ৰতিবিম্ব
মই ৰৈ আছোঁ শুনিবলৈ
সৃষ্টিৰ আদিপাঠ
য'ত জীপাল হৈ উঠিব মোৰ হৃদয়
সৰি পৰিব শব্দৰ বৰ্ণিল শৰীৰ
গুঠিব কবিতাৰ এধাৰি
নিৰুপম মালা...
হৃদয়ৰ প্ৰতিবিম্ব মই তোমাৰ চকুতো দেখো
বুকুৰ উঠা-নমাত অৰ্বাচীন
প্ৰীতিৰ পাৰাৰে
মানৱতাৰ উত্তাপ জোখোঁ
জোখ-মাখবোৰ সঠিক হলে
মোৰ বুকুত কবিতাৰ নক্সা আকোঁ
নক্সাত ৰং সানি অস্পষ্টতা আতৰাবলৈ
মই ৰঙীন নিচা কৰোঁ
অলপপৰ ৰোৱাচোন মোৰ হাতত হাত থৈ
অনভিজ্ঞ হাতেৰে এটা চিগাৰেট জ্বলাই
হুপিবলৈ মন গৈছে
চিগাৰেটৰ দৰে নিজকে
জ্বলাবলৈ মন গৈছে
ধোঁৱাৰ মাজত ধুলিয়ৰী শৈশৱৰ
হাতত ধৰি যাযাবৰ হ'বৰ মন গৈছে
যদি তোমাৰ স্পৰ্শৰে
মোক বৰ্তমান কৰি নাৰাখা
অতীত বিচাৰি মই
শেষটোপাল নিচাৰ স'তে
গুহামানৱ হৈ পৰিম চাগে
নিচাত জমি উঠে শব্দৰ আড্ডা
আড্ডাত মোৰ শৈশৱ সাৰ পায়
ধুলিয়ৰী শৈশৱ জীৱনৰ বকিয়াত উজুটি খালেই
আড্ডাৰ দুৱাৰত টোকৰ দিওঁ
কোনে জানো কাণত বিহঢালি দিছিল কৃষ্ণ-গহ্বৰৰ কথা কৈ!
তেওঁৰ বুকুতো মোৰ দৰে এটা গহ্বৰ আছিল নেকি?
———————————
বৰষা ফাগুনৰ প্ৰথম প্ৰেয়সী
অৰ্চনা ঠাকুৰীয়া
ফাগুন
এজন উন্মাদ পুৰুষ
মন গ'লেই সৰাই দিয়ে
প্ৰকৃতিৰ গাভৰু দেহৰ সেউজীয়া বসন
তেওঁৰ চঞ্চল খোজ আৰু বহল বক্ষই
মতলীয়া কৰে কোনো পাটগাভৰুৰ
উৰুঙা হৃদয়
বৰষা
ফাগুনৰ প্ৰথম আৰু প্ৰণৎ প্ৰেয়সী
ভিজা হাতেৰে
তাই ফাগুনক সাৱটি লয়
সেমেকা আঙুলিৰে চুলিৰ মেঘত বোৱাই দিয়ে
ভালপোৱাৰ প্লাবন
পছোৱা
ফাগুনৰ আন এগৰাকী প্ৰেয়সী
উন্মাদ ,বাউলী
প্ৰেমৰ নামত কামনা- বাসনাক একাকাৰ কৰি
উৰুৱাই লৈ যোৱা নিপুণ শিল্পী
এই ত্ৰিকোণ প্ৰেমকাহিনী আগবাঢ়ে
সকলো কথাই জ্ঞাত সকলোৰে
কাৰো ক'তো জ্বলন নাই
এসময়ত
ফাগুন অতিষ্ঠ হয় দুগৰাকী কাম-পিপাসী নাৰীৰ
বাহু বন্ধনত
তেওঁক সহায় কৰিবলৈ
মেঘে ডম্বৰু বজাই তাড়ানা গায়
তালে তালে ফাগুনে
তাণ্ডব নাচি
শ্ৰাৱণ মালিতাৰে প্লাবন মাতে
__ __ __ __ __ __ __ __ __
ইমান সহজতে...
ৰাজেন দাস
জিলিকা জিলিক কৰিব পাৰে শনিলগা ইন্দ্ৰসভাত ফেঁচাৰ মাত
আপুনি ইমান সহজতে
ঋতুৱে প্ৰতি ঋতু সদল-বদল কৰিব নেকি
হয় আও পাই
নক'লেও নোৱাৰি
হ'লেও বাঢ়েহে জমকী জগৰ
নাভাবিব ইমান সহজতে...
জাপি কুচি থৈছোঁ
বান্ধি-কুন্ধি লৈছোঁ
তেজীৰ সখীয়েক হৈয়ো চাইছোঁ
তায়ো বাৰু দোপাল তিতাদি তিতিছিল নেকি মেঘৰ গাজনিত
নে কলিয়া ডাৱৰতেই তিতিছিল
যদিও মাহীয়েকে দগৰী দিছিল এজাউৰি এজাউৰিকৈ
অজীন পাতকী খুন্দনাৰ খুন্দনৰ খুন্দন তাণ্ডৱ
ৰেপি ৰেপি চালোঁ
কমাৰশালখন সহজেই নাপালোঁ
নাভাবিব আকৌ ইমান সহজতে...
কুৰিদুচেও কূটাডাল আনিলোঁ
বৰশীডালত কনপিতৌ মাছ এটিকে লগাই মাছকে সন্ধান কৰিলোঁ
এতিয়া ইমান সহজতে
হৈ নাথাকিল
বুদ্ধি কৰি বৌদ্ধত্বক বিচাৰি নাপাই
বংশীকে উৰাই ঘূৰাই বজালোঁ...
(মৰমৰ ভনী নীলাক্ষীলৈ মোৰ এমা-ডিমা শব্দকেইটিৰে জন্ম দিনৰ উপহাৰ পঠাইছোঁ, গ্ৰহণ কৰিছোঁ)
———————————
'অ'সোঁৱৰণি তই হেঙুলী দাপোণ'
ৰেখা বৰকটকী
(সময়ে চোলাবোৰ পুৰণি হ’লে খুলি, সামৰি থৈ নকৈ পিন্ধে )
যুগদ্ৰষ্টা তই ,সময়বোৰ পিন্ধিছ কালজয়ী কৈ---- দুঅক্ষি তোৰ খোলাকৈয়ে ৰাখ
পঢ়ে যদি পঢ়ক তোৰ তোৰ স্বৰ্ণীল ইতিহাস
সমাজ, জাতি, দেশ মহীয়ান হওক তোৰ খ্যাতিৰে,
ইতিহাস হওক পুৰাতন সমাহাৰ।
হেঙুল -হাইতালী তোৰ সৌন্দৰ্য্য সম্ভাৰে
কৃষ্টিৰ গৰিমা পিন্ধি বিভূষিত হওক
সময়ৰ বালিত খোজৰ ভাস্কৰ্য্য
প্ৰসাদ ,জ্ঞানামৃতে সোঁৱৰণি হওক
হেৰোৱা অতীতৰ বৰ্ণময় সুধাৰে
প্ৰাণ সঞ্জীৱনী আমৰণ তৃষাৰে
বুৰঞ্জীবোৰ আকৌ এবাৰ
লিৰিকি বিদাৰক
ধূলি জোকাৰি ফঁহিয়াই কথাবোৰ...
নোকোৱা কথাবোৰ , সেই দূৰূঢ় আশাবোৰ
আৰু কলাকৃতিৰ আধৰুৱা ছবিবোৰ
ভাগ-বতৰা হওক পুনৰবাৰ।
সময়ৰ খতিয়ান প্ৰৱাহিনী
আদিম ৰহস্য সংগোপন কিয় ?
নীৰৱ সাধকজনক মোকলাই দে
নতুন জনে পথৰ সন্ধান পাওক
সময়ৰ মূল্য সেয়ে হ'ব
নকৰিবি গোপন একোকে ।
খোলা কিতাপ হওক সকলোবোৰ
কৰক পুনৰ চৰ্চা
দিগদৰ্শী হয় যদি হওক
কাৰোবাৰ জীৱন চৰ্যা।
——————————
আৰতি
চয়নিকা ভূঞা
হুমুনিয়াহলৈ ৰূপান্তৰিত কথাবোৰ
নীৰৱে-নিটালে
এতিয়া শয়ন কক্ষত
য'ত জীৱ ত'ত শিৱ
আত্মাত শিৱ
থাপনাত শিৱ
পৃথিৱী গোলাকাৰ
শিৱ নিৰাকাৰ
সকলো জ্ঞাত
সকলো অজ্ঞ
কথাবোৰ অলৌকিক
দুখোজ আগুৱাই
চাৰি খোজ পিছোৱাই আহে
ইফালে
বতাহী মেলত
সকলো ৰৌজাল- বৌজাল
নোকোৱাকৈয়ে হেৰাই যোৱা
বহু গোপন বেথা
মন্ত্ৰণা ধ্বনিত উচ্চাৰিত
"বুদ্ধং শৰণং গচ্ছামি " ।
———————————
অথ: বিচা সম্বাদ
গিৰিজা শৰ্মা
বিচাবোৰ বদমেজাজী
বিচাবোৰ বিষাক্ত
বৰ্বাদ কৰে আপোনাৰ সময়
গোটেইখন খেলি-মেলি
বিতত আপুনি
যাৰ চেনচিটিভ স্কিন
চোকটো বেচিকৈয়ে লাগে
বিচা বেইমান
শুং এৰি দিবলৈ চল চাই থাকে
প্ৰিয় শেৱালি জোপাতে তাৰ শিয়ান চকু
সিঁচৰি পৰে য'তে-ত'তে
পাতৰ তলফালে থকাবোৰ সুযোগ সন্ধানী
বখলা বখল কৰি দিব আপোনাৰ ছাল
বিচালৈ মোৰ বৰ ভয়
এৰাই চলোঁ তাৰ সম্ভাব্য আলয়
আপুনিও বাৰু বিচাৰ কবলত
কেতিয়াবা পৰিছে নে ?
------------------------
তিনিটি কবিতা
গীতাঞ্জলি বৰকটকী
১.
ইমান শান্ত চৌদিশ
নিৰ্জনতাৰো আছে সুকীয়া
পৰিভাষা
২.
এডৰা সৰিয়হ
তাইৰ স্নিগ্ধ ওঁঠযুৰিত
হালধীয়া ৰাগি ৷
৩.
ফুলে ফুলে পখিলা
আকাশে আঁকে এখন
ৰঙীন কেনভাচ ৷
——————————
মৌনতাক মৌন হৈ থাকিব নিদিবা
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মৌনতাক মৌন হৈ থাকিব নিদিবা
তুমি শব্দ
তুমিয়েইতো কৰিব পাৰিবা অকালবোধন
ত্ৰিভুবনত শব্দসুৰ তুলি তুমি
নিমাতী কইনাৰ মাত উলিয়াই
তুমিয়েই কালৰ বাবে হ’বা
সবিতাপ্ৰিয়...
——————————
বিলাপ
ৰিংকুমণি বড়া
উৰুঙা ৰাতি উকা শেতেলিত
এযুৰি খোলা চকুৰ হাহাকাৰ
ইলুটি-সিলুটি বাগৰ সলাও
তাহানিৰ জীপাল সময়বোৰে
এতিয়াচোন বুকুত শান মাৰি ধৰে
তেজবোৰ গোট মাৰি ডাৱৰ হয়
ডাৱৰবোৰ চকুপানী
সেই দিনবোৰ যে কিমান ভাল আছিল
জোনৰ জোনাকেদি সৰি পৰিছিল
অলেখ সাধু কথা
আইতাৰ বিচনিৰ বাত
গম নোপোৱাকৈয়ে ৰাতিটো সৰি
এটা ৰঙা বেলি হৈ পৰিছিল
সম্ভৱত,
সিও এটা সাধুয়েই আছিল
কিয় জানো আজিকালি
কোঠাৰ আন্ধাৰবোৰে
মোৰ চকুৰ পতা গধুৰ নকৰে
আঙুলিৰ পাবত জুখিব নোৱাৰাকৈয়ে দীঘল এতিয়া ৰাতিবোৰ
সময়বোৰ যেন এটি বৃদ্ধ কাছ
টোপনিবোৰ মৰীচিকা
মগজুৰ ভিতৰত বাজি উঠে
উগ্ৰ কোলাহল
ক্ৰমাৎ বিদ্ধস্ত শৰীৰ
এনে লাগিছে যেন
মই যেন এখন মৃত পৃথিৱীৰ
একমাত্ৰ ৰখীয়া
প্ৰগাঢ় আন্ধাৰৰ মাজৰেৰে
পোহৰৰ বাট কাটিবলৈ চেষ্টা কৰি থকা
এটি জোনাকী পৰুৱাৰ
পিছে পিছে ঘূৰি ফুৰিছো
নিদ্ৰামগ্ন পৃথিৱীত এটা মৌন বিলাপ হৈ।
———————————
শিলৰ কথাৰে
অৰ্পনা নাথ
শিল ভাল ভাল পোৱা মানুহজনে
শিলৰ সতে কথা পাতে,
তেওঁ ভাবে
শিলৰো ইতিহাস থাকে ,
মৰা শিলৰ বুকুত লিখা থাকে
জিয়া শিলৰ ইতিহাস,
পাহৰণিৰ গৰ্ভত হেৰাই যাব নোখোজা
এক বৰ্ণিল ইতিহাস৷
শিল ভালপোৱা মানুহজনৰ বাবে
এদিন মই ও এটি শিল হ’ম,
তেওঁ বিচাৰি আহিব
নিৰ্জনতাত পৰি থকা
এটি শিল ,
শিলে শিলে কথা ক'ব,
কথা মানে ইতিহাস ,
শিলৰ ইতিহাস ৷
হেজাৰ যন্ত্ৰণাৰ মাজতো
ভাঙি যাব নোখোজা
এটা প্ৰকাণ্ড শিলৰ ইতিহাস ৷
ঠিক মই হ’ব খোজা
শিলটোৰ দৰে ৷
———————————
ইচ্ছাবোৰ স্থায়ী নহয়
জোনমণি মহন্ত
ইচ্ছাবোৰ স্থায়ী নহয়
নেদেখা হৃদয়ৰ বুকুৰ ব্যথা
কোনেনো জানিব
তথাপি আপোন মানুহৰ মুখবোৰে
অগা-ডেৱা কৰে
খুলি কবলৈ বিশ্বাস আৰু প্ৰেৰণা লাগে
কিন্তু তাতো যে বিজুলী সঞ্চাৰ
যদি কোনোবা এদিন
তেওঁৰ মতে নহয়
সেইদিনা ফলক পিন্ধাই
নামত হ'ব অবিচাৰ
কোনেও নুবুজিলে অভিলাষীক
ছিৰালফটা কামিজত যেতিয়া
বেজীৰ প্ৰয়োজন নাছিল
সেই দৃশ্যয়ো তাইৰ বুকুত হাহাকাৰ কৰিছিল
তেতিয়া তাইৰ হাতত নিস্বাৰ্থ ত্যাগৰ বাদে
একোৱেই নাছিল
আশ্বাসবোৰ পিঠিত বান্ধি ফুৰোতে
আগুৰুৱা দৰে বোজা হৈ পৰিল
সততাৰ আপদাল নোহোৱা হ'ল
শিলৰ টুকুৰা হৈ য'তে ত'তে চিটিকি পৰিল
অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা
ভাবধাৰা
অভিলাষী মনত খোকোজা হ'ল
নভবা মনটোক জুমুৰি দি ধৰিল
সময় আছিল ভোকাতুৰ
পিন্ধিবলৈ নাছিল কাপোৰ
উপায়ন্তৰ হৈ বানে তচ-নচ কৰা
পথাৰৰ দাঁতিত আথে -বেথে বহিল
তথাপি অভিলাষীৰ দায়িত্বত
দখল দিয়াৰ নামত
ভাবুকিৰ দিবলৈ নেৰিল
তাইৰ ইচ্ছাবোৰক ঠিকনা নোহোৱা কৰিল ।
———————————
অপেক্ষাৰ পদূলিত
নিতুল নাথ
কাৰ বুকুৰ কোন মুলুকৰ বান্ধ ভাঙি-ছিঙি
অতিক্রম কৰি যোৱা এজাক ধুমুহা হৈ ।
তোমাৰ হৃদয়ৰ জাগ্রত চেতনাৰ
অতল তলিৰ শিপা খামুচি
ক'লৈ গৈ থাকে তোমাৰ হেঁপাহৰ পদূলি ?
ৰাতি কোন নিজান পৰত উজাগৰে থাকে
অকলে অকলে চকুপানীৰ ৰখীয়া হৈ ?
নির্জনতাক নেওচি পুৱতি নিশা কেতেকীৰ হিয়াভঙা কৰুণ বিননি ।
জোন অকলে থাকে সোণালী আকাশখন সাৱটি
তৰাফুলৰ সপোনবোৰৰ সাৰথি হৈ ।
অহনির্শে, হৃদয়ৰ অনুভৱৰ বাহিৰে-ভিতৰে
মোৰ দুচকুৰ সপোনত কিম্বা
প্রতীক্ষাৰ সেই চেতনাৰ চাৰিআলিৰ অলিয়ে-গলিয়ে
মাথো বিচাৰি ফুৰে দুচকুৱে তোমাকেই ।
আকাশৰ দৰে বিশাল
শুভ্র শুকুলাৰ দৰেই শুদ্ধ
স্বচ্ছ পানীৰ দৰেই পবিত্র মন,
যি এদিন জাহ গৈছিল
মোৰ কলিজাৰ এধানি হিয়াত।
যাৰ বুকুৰ অতল গহ্বৰত মই
লালন-পালন কৰিছোঁ সমস্ত সাধনাৰ উৎস ।
অস্তগামী বেলিৰ পুণৰ সূৰ্য্যাদয়ৰ প্রতিশ্রুতি দৰেই
সুখ- দুঃখৰ ৰখীয়া হৈ আজীৱন সাৱতি থকাৰ অঙ্গীকাৰ।
হেৰুৱা এটা সপোনত
কঠোৰ বাস্তৱ সত্য এটা দিঠকত
যাৰ অনন্ত অসীম সেউজীয়া উপত্যকাৰ ঢৌৰ প্রৱাহত
খোজ থৈ খেপিয়াই ফুৰিছোঁ
অলিয়ে-গলিয়ে, দিনে-ৰাতিয়ে, নিদ্রা-অনিদ্রাই,
অস্থিৰ মনেৰে মানসিক ভাৰসাম্য হেৰুৱা দৰেই
এখন পৰিচিত আপোন মুখ ।
———————————
স্বাধীনতা আৰু মুক্তিৰ বাবে
দেব দাস
স্বাধীনতাৰ বাবে
চেকা লগা দিনৰ সফুৰাত
বিহ গছৰ পুলি
সোণৰ সিপাৰে
লহ পহকৈ পোখা মেলি
প্রসাৰিত
লোহাৰ জিঞ্জিৰি চিঙি
সোণৰ জিঞ্জিৰিৰে
হাত ভৰি মেৰিয়াই
প্রাণ গঙ্গাত
হলা হল বিহ
মোৰ আপোন মানুহ
চেকা লগা দিনৰ সঁফুৰাত
বিহ গছৰ পুলি
সোণৰ সিপাৰে লহ পহ
সঁচা মুক্তিৰ পৰা
প্রৱঞ্চনাৰ দাবানল
সঁচা মুক্তিৰ বাবেই
আমাৰ হাতৰ মুঠি টাইত
আৰু
প্রতিজ্ঞাৰত মানুহৰ বিবেক
আৰু পৰ নালাগিব
ভাঙি চুৰ্ণ বিচুর্ন হব
ছদ্মবেশীৰ মুখ
মানুহৰ বাবেই
উভাটি আহিব
সঁচা স্বাধীনতা।
————————
চাইকেল
ড° আদিল আলী
মোৰ জীৱন লগৰী
আজি মহাবিপদত
ঘৰতে থাকিবলগীয়া হৈছে বহি
তাৰ দেহটো দৌৰাই নিব পৰাকৈ
সি সুস্থ ন'হয়
এটা অংগ বিকল
শেহাই-ফোপাই
সি শ্বে'ড্ হাউছ্ত পৰি আছে
এবুকু বেদনা সামৰি
ভাব হয় যেন
মই মোৰ ভৰি দুখন হেৰুৱালো
মই
তাক লৈয়ে
দিনে-ৰাতি
দংদঙাই
মোৰ যাত্রা কৰো
পাচলি বজাৰ
কিতাপৰ দোকান
আৰু
জ্ঞান বিলোৱাৰ বাবে
ইঘৰ-সিঘৰ
সি মোৰ বিশ্বস্ত সংগী
কাৰো ওচৰত হাত নাপাতাকৈয়ে
সি মোক মোৰ যাত্রাপথত
দিয়ে আন্তৰিক সঁহাৰি
তাক মই মৰিবলৈ নিদিও
জীয়াই ৰাখিম
আপোন বন্ধুৰ দৰে
এনেয়ে তাক
ৰ'দ-বতাহৰ বুকুত
এৰি দিব নোৱাৰো
চিৰবৈৰী
মামৰৰ বেঁকা চাৱনিৰ আগত
তাক
যি কোনো বিনিময়ত
মই জীয়াই ৰাখিম
সি অবিহনে
এতিয়া
মই
মোৰ ঘৰতে আচ্ছাদিত ।
——————————
মাতৃ
ৰাহুল কোঁৱৰ
তুমি লাখৰ ভিতৰত এগৰাকী, মোৰ আটাইতকৈ বিশেষ; তোমাৰ উজ্জ্বল হাঁহিটো সূৰ্য্যৰ দৰেই উজ্জ্বল; তুমি স্মাৰ্ট আৰু কেয়াৰিং আৰু বহুত ডাঙৰ ডাঙৰ মনোমোহা এখন পাহাৰ ৷
আৰু তুমি মোক কোলাত মেৰিয়াই লোৱাৰ সময়ত মোৰ হৃদয়খনে সঁচাকৈয়ে গান গায় ।
ময়ো এটা গান গাম তুমি ভাগৰখিনি পাৰি শুবা,কিন্ত তুমি মোৰ হৃদয়খনে গোৱা গানটো বুজি পোৱা ৷
আৰু পৰিশ্রমৰ ভাগৰতো মোক আদৰত ৰাখা
মই সুখী যে তুমি মোক বাকী সকলোৰে পৰা বাছি লৈছা, আৰু মই গৌৰৱান্বিত 'কাৰণ মই জানো যে মই শ্ৰেষ্ঠখিনি পাইছো। তুমি ইমান মৰমলগা আৰু মিঠা, আৰু তুমি মুকুতাৰ দৰে জিলিকি থকা ৷
আমি সেই ঘণ্টাৰ আগতে আঘাত কৰা নাছিলো প্ৰেমৰ সৈতে ইমান হঠাৎ আৰু ইমান মিঠা। তোমাৰ মুখখন ই মিঠা ফুলৰ দৰে ফুলি মোৰ হৃদয়খন সম্পূৰ্ণৰূপে চুৰি কৰি লৈ গ’ল।
মোৰ মুখখন শেঁতা হৈ পৰিল, এটা মাৰাত্মক শেঁতা। মোৰ ভৰি দুখনে আঁতৰি যাবলৈ অস্বীকাৰ কৰিলে, আৰু যেতিয়া তুমি চাইছিলা
মই মোৰ জীৱনটোক কি ৰোগত আক্ৰান্ত কৰিব পাৰিম আৰু সকলোবোৰ যেন মাটিলৈ পৰিণত হ’ল।
আৰু তেতিয়াই মোৰ তেজ মোৰ মুখলৈ লৰালৰিকৈ আহি মোৰ চকুৰ দৃষ্টিশক্তি যথেষ্ট আঁতৰাই লৈ গ’ল। ঠাইখনৰ চাৰিওফালে থকা গছ-গছনিবোৰ যেন দুপৰীয়া ভাগত মাজনিশা হৈছিল ৷
এটাও বস্তু দেখা নাপালোঁ, চকুৰ পৰা শব্দ আৰম্ভ হ’ল। ডোঙাৰ পৰা কৰ্ডবোৰে ( চকুৰ সিৰবোৰ ) কোৱাৰ দৰে সিহঁতে কথা ক’লে আৰু মোৰ হৃদয়ৰ চাৰিওফালে তেজ জ্বলি উঠিল।
ফুল নেকি শীতৰ পছন্দ হয় প্ৰেমৰ বিচনা সদায় নিয়ৰ তুমি যেন শুনিলা মোৰ নিস্তব্ধ মাতটো প্ৰেম নহয় জানিবলৈ আহ্বান জনায়।
আগতে থিয় হৈ থকাৰ দৰে মিঠা মুখ মই কেতিয়াও দেখা নাছিলো।
মোৰ হৃদয়ে নিজৰ বাসস্থান এৰি গৈছে দ-পুখুৰীত আৰু ঘূৰি আহিব নোৱাৰে।
———————————
মমতাৰ স্বৰলিপি
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
(অচিন দেশৰ আলহী চৰাইৰ দৰে গুচি যোৱা মোৰ প্ৰিয়তমা পত্নীৰ সোঁৱৰণত )
মোৰ আকুলতা ভৰা হৃদয়ত
সিঁচিছিলা মমতাৰ সান্নিধ্য;
নিজৰাৰ শীতল পানীৰ দৰে
আছিল তোমাৰ অনুৰাগ,
য'ত মই উদযাপন কৰিছিলোঁ
জীৱনৰ নিৰ্মল উন্মেষ;
আকাশৰ জিকমিক তৰাৰ আকাংক্ষাই
কৰা নাছিল তোমাক উন্মনা
কৰা নাছিল ৰামধেনুৰ বিচ্ছুৰিত সাতো ৰঙে
মনাকাশ বিবিধা ৰঙৰ ;
তোমাৰ প্ৰোজ্জ্বল দেহকান্তিত
নিৰৱধি সাজিছিলা
আলোকময়তাৰ উত্তুঙ্গ মিনাৰ
য'ত মই ৰচিছিলোঁ মন আৰু দুচকুত
বসন্তৰ সেউজী বাহাৰ ;
অচিন দেশৰ আলহী চৰাইৰ দৰে
গুছি গ'লা এদিন,
কোনোকালে নহাৰ প্ৰতিশ্ৰুতিৰে
আৰু তোমাৰ অবৰ্তমানত
মই মোৰ হৃদয়ৰ কমাৰশালত
গঢ়ি পিতি সজাই তুলিছোঁ
শোক সাগৰৰ অজস্ৰ ঊৰ্মিত
উটি ভাহি যোৱাৰ সুদৃঢ় তৰণি।
———————————
অণু কবিতা
ভূমিকা দাস
ৰাতিপুৱা গোসাঁইৰ চৰণত কৰযোৰে প্ৰণাম
ঈশ্বৰক ক'লো ,প্ৰভু , তোমাৰ মিচিকিয়া হাঁহিৰ দৰে সকলোকে হহুৱাই ৰাখিবা
ক্ষন্তেক পিছত
শেলে বিন্ধাদি বিন্ধিলে হৃদয়খন
হে ঈশ্বৰ, কিনো তোমাৰ লীলা
ঈশ্বৰে কোৱা যেন লাগিল
হৃদয়খন কাৰো লগত ভাগ বতৰা নকৰিবা
ৰিণি ৰিণি কিবা শুনা যেন লাগিল ।
------------------------
ম'ম'
ৰমেশ চন্দ্ৰ ৰায়
সন্ধিয়ালৈ সাজু হয় দোকানবোৰ
ধোঁৱা ওলাই থকা ম'ম'ৰ বাবে শাৰী পাতে ডেকা-গাভৰুৰ জাক
সিহঁতে
তপত জলা চূপ মুখত দি
পাহৰিব খোজে
সুদূৰৰ মাকৰ মৰমবোৰ
চিন্তাত থূপ খোৱা দেউতাকৰ কপালৰ ৰেখাবোৰ
ম'ম'ৰ দোকানবোৰলৈ জগতখন নামি আহে
কোকৰাঝাৰৰ অঞ্জিমা বঙাইগাঁওৰ বলেন
শিৱসাগৰৰ জয়ন্তী শিলচৰৰ ৰতন
ইউ পিৰ সঞ্জীৱ ছাউথৰ সুব্বাৰাও
ভৱিষ্যৎ বিচাৰি অহা ডেকা-গাভৰুজাকৰ
হাঁহিবোৰ ম'ম'ৰ পাত্ৰৰ ধোঁৱাৰ সৈতে
ক্ৰমাৎ মিলি যায়
হোষ্টেলৰ সোৱাদবোৰ ম'ম'বোৰে কাঢ়ি আনে
পি জি-ৰ মছলাবোৰ ম'ম'বোৰে চুৰ কৰে
ম'ম'বোৰে চিনি পায়
জিভাবোৰ
ম'ম'বোৰে বয়সবোৰ টুকি থয়
ম'ম'বোৰে আবেগবোৰ ধৰি ৰাখে
ম'ম'বোৰে ঘৰ এৰি অহা ডেকা-গাভৰুজাকৰ মনৰ কথাবোৰ শুনে
আটাইতকৈ ডাঙৰ কথা
ম'ম'বোৰে
কেতিয়াও চকুপানী নুটুকে
ম'ম'বোৰে প্ৰেম বিলায়
জগতখনৰ চুকে-কোণে ।
---------------
ফাগুন
অপৰূপা দত্ত
উন্মনা ফাগুনৰ ধুলিয়ৰী দিন
উদ্দাম আকাশত ৰঙা পলাশৰ পোহৰ
পচোৱাৰ তালে তালে বাজে
সৰাপাতৰ নুপুৰৰ শব্দ
ৰুণজুন ৰুণজুন...
যাযবৰী বতাহে উৰুৱাই নিয়ে
পৃথিৱীৰ ৰং
ধূসৰ আবেলিৰ শুকান ফাগুন
ধূলিত পোতযোৱা জীৱন
শিমলুৰ তেজৰঙা পাহিৰে
উজাই সান শীতল বেপৰুৱা বিষ
সৰি পৰে দুচকুৰ নীৰ I
বিশাল জলধিত উটি -ভাঁহি যোৱা মোৰ টুলুঙী ডিঙা
পলে পলে শুকাই যোৱা জীৱনৰ ৰং
তাৰ পাছত বহুতো অসময় ৰাতিৰ চকুপানী
জানো তুমি এতিয়া নাই
অথচ ফাগুনৰ অপেক্ষাত
আজিও বাটচাই ৰওঁ
সোৱণশিৰিৰ পাৰত...
——————————
আমি গাঁৱলীয়া
সুৰেশ চন্দ্ৰ ৰায়
আমি গাঁৱলীয়া সৰলচিতিয়া
নাই আমাৰ হিংসা-প্ৰতিহিংসা
নাই প্ৰতিশোধৰ ভাৱ,
বিপদে-আপদে আমি
চুবুৰীয়াক আগবঢ়াও
সহানুভূতিৰে সহায়ৰ হাত।
মৰম-চেনেহ, শ্ৰদ্ধা-ভক্তি
আমাৰ চিৰ লগৰী,
কৃতজ্ঞজনক কেতিয়াও নাযাওঁ
আমি যে পাহৰি।
আমি হোজা কৃষক বনুৱা
আমি শিপিনি, ৰোৱনী, দাৱনী,
আমিয়ে কমাৰ, কুমাৰ, বাঢ়ৈ,
কহাৰ,কুটিৰ শিল্পৰে ঘৰ শুৱনি।
শাওণত ঘাম পেলাওঁ,
আঘোণত সোণ চপাওঁ।
জাত-জাত ধানৰ পুৰাবোৰ,
ভৰি থাকে আমাৰ চাংঘৰ।
নাই আমাৰ অট্টালিকা
পঁজাঘৰেই অতি মৰমৰ,
বাৰীৰ পাচলি, জহা-বৰাৰ সুগন্ধি
ভৰি থাকে পাকঘৰ।
পোহনীয়া জীৱ-জন্তুৰে আমাৰ ঘৰ শুৱনি,
পদূলিৰ নঙলাত শিশুবোৰে খেলে ওলমি-ওলমি।
আহিনত সেউজী পথাৰ আঘোণত সোণালী,
সেউজী তামোলনী, সেউজী বাঁহনি,
ফলে-ফুলে ভৰা আমাৰ বাৰী শুৱনি।
ঢাৰি-পিৰা-থৈলা আমাৰ আৰামৰ আসন,
তাতে বহি গ্ৰহণ কৰোঁ উপাদেয় ভোজন।
নাই আমাৰ বিজুলী চাকি আৰু পাংখা
চাকিৰ পোহৰেৰে ঘৰ উজ্বলাও,
ঢকুৱাৰ বিচনীৰে বা দি গা জুৰ পেলাওঁ ।
চিনাকি নদীৰ ঘাট চিনাকি পথাৰ
সুদূৰত সেউজী পাহাৰ দৃশ্য মনোহৰ।
তিনি-চাৰি পুৰুষৰ যৌথ পৰিয়াল
সকলোৰে আছে একোখন বহল চোতাল।
ফৰকাল বতৰ জোনাক নিশা আতা-নাতিনীৰ মেল,
বুঢ়ী আইৰ সাধুকথা আৰু খেলে নাচকড়ি খেল।
পিৰালিত শিপিনিৰ খট্-খটনি
কাপোৰত বাচে ধুনীয়া ফুলৰ চানেকি,
জাতীয় সাজেৰে সজ্জিত আমাৰ দেহ শুৱনি।
বোজাই ৰাখোঁ আমি স্বকীয় ৰীতি-নীতি,
জীয়াই ৰাখোঁ আমি ক'লা-কৃষ্টি-সংস্কৃতি।
সন্ধিয়া থাপনাত জ্বলে এগছি চাকি
শংখ-ঘন্টা-উৰুলিৰ ধ্বনি,
নেদেখাজনলৈ গভীৰ বিশ্বাস
কাৰো নহয় একো হানি-বিঘিনি।
———————————
ফাগুন
লাৱণ্য নাথ
ফাগুন মানেইতো যৌৱন, দুখ,বেজাৰ,
শৈশৱ আৰু অনন্ত সপোন।
আকাশত তেজ ৰঙা জুই,
শিমলু, মদাৰ পলাশৰ ৰঙীন আহ্বান।
পছোৱা বতাহত চঞ্চল হয় ধুলিয়ৰী বাট।
নজনাকৈয়ে মনৰ পৰা কিবা এটি হেঁৰাই যায়।
ব্যস্ততাৰ ফাঁকে ফাঁকে বিচাৰি ফুৰো,
ফাগুন তুমি আহিলেই।
লঠঙা ডালত কুঁহিপাতে সপোনৰ পাহি মেলে,
শীতৰ শেষত এজাক বৰষুণৰ উমালে
সলনি কৰে সময়।
বহু বাট পাৰ হৈ
বাৰে বাৰে লগপাওঁ,
কথাপাতোঁ আকুলতাৰে....
এৰি যোৱা সুৰ মাথোঁ
ৰৈ যায় মনৰ মাজত।
——————————
বাটৰুৱা
জয়ন্তী গোস্বামী
মইনা,গধূলি হ'ল ঘৰলৈ ব'ল
পশ্চিমৰ ৰঙা বেলি ধীৰে মাৰ গ'ল
ঘৰ মূৱা পক্ষীৰ জাকো নেদেখা হ'ল
মইনা ঘৰলৈ ব'ল
ডাঙৰ ডাঙৰ মানুহৰ ডাঙৰ ডাঙৰ গাড়ী
চকু ছাঁত মাৰি ধৰে মইনা
লাইটৰ পোহৰ পৰি
ভিক্ষাৰীৰ ল'ৰা তই
জীৱনৰ কোনো মূল্য নাই
অগা পিছা নকৰিবি
দিব খুন্দিয়াই।
হাত দীঘল মানুহৰ বৰ বৰ
কথা,
দুখীয়াৰ দুখ নুবুজে
অকনো নাই মানৱতা
ভগা পঁজাৰ তলত বহি
মায়ে চাগে আছে বাট চাই
টিপ ছাঁকি জ্বলাবলৈ কেৰাচিনো নাই
মইনা ঘৰলৈ ব'ল ।
বহুত দিন হ'ল মইনা
তোৰ পৰেনে মনত
দাইল ভাত খোৱা নাই
আমাৰ ঘৰত ।
এক টকাৰ তেল আৰু
দুই টকাৰ দাইল কিনি
লৈ যাও আমি দুকানৰ পৰা
আকাশৰ ৰঙা বেলি নাইকীয়া হ'ল
মইনা ঘৰলৈ ব'ল গধূলি হ'ল।
———————————
ফাগুনৰ সৰাপাত
পবিত্ৰ বৰগোহাঁই
ফাগুনৰ সৰাপাতে উচুপে অতীতক সুঁৱৰি
কাৰ বাবে আছিল ইমান শিহৰণ ইমান সজীৱ
কাৰ বুকুত থিতাপি লৈ আছিল সময়,
ভালপোৱা দুচকুত জ্বলি মৰহে অতীত
ফাগুনৰ ৰঙচুৱা আকাশত এতিয়া
সৰাপাতে কাক প্ৰত্যাহ্বান জনাব
এজাক উদঙীয়া বতাহত ঠিকনা হেৰাল
ঠিকনা হেৰাল জীৱন-যৌৱনৰ।
কিয় বাৰু নহয় সময় ইমান আপোন
সময়ে কাক কথা দিয়ে কাক নিদিয়ে
গোপনে গুছি যায় সময়ৰ অপেক্ষাৰ বাট
কিয় বাৰু সদায় একেদৰে নাথাকে দিন-ৰাতি
কাক ক'ব কোনে পতিয়াব
হেৰুৱা অতীত জানো বিচাৰি পাব
অভিমান কৰি ডাৱৰৰ মাজত
লুকাই পৰা জোনটোৰ দৰে,
নিজক সুধিবাচোন কেতিয়াবা
সৰাপাতে ৰিঙিয়াইনে অতীত।
——————————
ঋতু চক্ৰত চলে জীৱন প্ৰক্ৰিয়া
ধৰিত্ৰী ডেকা
ঋতু চক্ৰত চলে
জীৱন প্ৰক্ৰিয়া
জল চক্ৰত চলে
জলধাৰা।
সেউজীয়া বোৰত মন ভৰে
শুকান সৰাপাতে
বুকুত উদাসী উদাসী
ভাৱৰ জোৱাৰ তোলে।
পলাশৰ হাঁহিত
জুই ফুল ফুলে
চজিনাৰ থোপা থোপি ফুলত
যেন শান্তি নামে।
পাতৰ আঁৰত
লাজকুৰীয়া নেমু ফুল
চাওঁ কি নাচাওঁ যেন
গাভৰুৰ মুখ।
বাৰীৰ চুকত মাখিয়তী
ডালে ডালে হাঁহি
গুণগুণাই থাকে যেন
বিহুগীত এটি।
ধৰাত ন-বৃষ্টি
গছে গছে সুকোমল দৃষ্টি
বসন্তক জনাই আদৰণী।
——————————
বাউলী ফাগুন
ৰুমী সেনাপতি ভূঞা
উন্মনা ফাগুনৰ উতনুৱা বতাহ
আকাশ ৰঙাই মদাৰ,পলাশ, শিমলুৰ ,
থুপিথুপি জুইৰঙী সুশোভিত মেলা,
সৰাপাতৰ জীৰ্ণতা পখালি,
ৰিমঝিম বৰষুণৰ মৃদু নাচোন,
পছোৱাই আৱেগৰ লহৰ তোলে
উলাহ-আনন্দেৰে মন উপচি পৰে
উৰণীয়া মনৰ জুৰণিয়া হাবিয়াহ ,
ছাঁ- পোহৰত ৰূপৰ জিলিঙণি,
অলেখ ভাৱনাই অগাদেৱা কৰে,
ধূলিয়ৰিতো নাই সৰাপাতৰ বিননি,
সকলোৱে যেন নতুনত্বৰ প্ৰয়াসী,
জীৰ্ণ বসন সলাই ন সাজেৰে সাজে,
চৌপাশে বিয়পে বাউলী ফাগুনৰ মতলীয়া ৰং।
———————————
ফাগুন
ৰাখী কাশ্যপ
মোৰ চহৰত ফাগুন নামিছে
সমীৰে ক’লে কাণে কাণে
তেওঁ আহিছিল সিদিনা সন্ধিয়া
লগত লৈ এখন পলাশ মদাৰৰ ৰঙা দলিচা
য’ত হেঁপাহ সিঁচিব পাৰি ৰঙা ৰঙা
আকৌ বিচাৰিছিল তেওঁ সিদিনা
বহু দিনৰ আগতে এৰি থৈ যোৱা
কলিজাত ঠাই দিয়া তাইক
হেঁপাহবোৰ সোণাৰু হৈ ফুলিছিল
আকৌ সিদিনা কিয়নো ফাগুন
আহিছে মোৰ চহৰত ।
——————————
দীপ্তশিখা
অঞ্জনা ৰূপা দাস
ভাবালেখ মনত আৱদ্ধ কোঠৰিত
জীয়া অনুভূতিৰ সমাবেশ,
অনুভবৰ চোতালত
সোণগুটি শব্দৰ মেলা।
হৃদয় উপচে কবিতাৰ জোনাকত
ঢিমিক্ ঢামাক কৈ জ্বলে
আশাৰ চাকি
নিঃসঙ্গ নিশাত স্বপ্নৰ ধেমালি
হৃদয়ত সাবটি স্মৃতি,
জোনাকী বাটেৰে বগুৱাবাই
লানি নিছিগা ভাৱনা সজাই
কাজলি ভৰাই শাব্দিক অঞ্জলি
জ্বলালোঁ হৃদয় মন্দিৰত
এগচি কবিতাৰ চাকি!
কাব্য দীপ্তিৰে উঠিব উজ্জ্বলি।
——————————
অনুভৱত তুমি
ৰুম্পী দেৱী
তুমি আছা বাবেই মই আছোঁ
কিমান সঁচা, কিমান মিছা !
তুমি আছা বাবেই
ভাল লাগে মোৰ সাগৰ ,
ঢৌ বোৰে উটুৱাই নিয়ে
দুখৰ হুমুনিয়াহবোৰ ।
তুমি আছা বাবেই
ভাল লাগে মোৰ অমাৱস্যাৰ ৰাতি ,
য'ত উজলি উঠে জোনাকীৰ দল
সৰু সৰু আশাবোৰ প্ৰাণ পাই বুকুত ।
তুমি আছা বাবেই
ভাল লাগে মোৰ বিৰক্তিকৰ যানজঁট বোৰ
সময়বোৰ দীঘলীয়া হয়
কথা বোৰ এখন নদী হয় ।
'তুমি আছা বাবেই মই আছোঁ'
এটা মাথোঁ স্তৱক ...
তুমি বিহীন ভাৱে জীয়াই আছোঁ মই
সাগৰৰ ঢৌ বোৰ লেখি লেখি
অমাৱস্যাৰ আন্ধাৰ ৰাতি বোৰত
জোনাকী পৰুৱা গণি গণি
দীঘলীয়া যানজঁট বোৰত
জীৱনৰ ক্ষণ হিচাপ কৰি
তুমি আছা বাবেই মই আছোঁ
তুমি বিহীন ভাৱেও মই আছোঁ ।
—————————
ঐ ফাগুন
মুক্তিস্নাতা শৰ্মা
কুঁহিপাত অহাৰ অপেক্ষাত
গছে পুৰণি বোৰক বিদায় দিছে,
ফাগুনে লৈ আহিছে ৰং -বিৰং
বতাহত আজি গছ-বনে ,
নাচি নাচি হৈছে ধলং- পলং .
উৰুৱাই গৈছে ধুলি ,
শিমলু ,পলাশ মদাৰে
হাঁহিলে আজি হৃদয় খুলি
ঐ ফাগুন তোৰে হে আছে এই গুণ।
—————————
অনুভৱ
সুপ্ৰীতি বৰুৱা
পাৰ হৈ যোৱা দিনবোৰে ভাল বেয়া
তিতা মিঠাৰ অভিজ্ঞতাবোৰে
নকৈ মানস পটত ভূমুকি মাৰিছে;
সময়বোৰ ৰৈ থকা নাই
দিন,বাৰ নক্ষত্ৰ যেনেকৈ ঘূৰিব লাগে; যেনেকৈ চলিব লাগে,কোনো হীনডেঢ়ি নোহোৱাকৈ চলি আছে৷
কেৱল
অভিজ্ঞানেৰে পৰিপুষ্ট বুলি ভৱা কথাটোহে
সময় বালিত উজুতি খাইছে;
সময়ে শিকাইছে অনেক নজনা,অনেক অভিজ্ঞতা৷
কৰো বুলিও কৰা নাই ভুল;
তাতে দেখো উজৰ আপত্তিৰ সুৰ;
পাৰ কৰা জীৱনৰ ভাল লগা বহু কথা
বেয়া লগা অনেক নোকোৱা কথা
হয়তো নোকোৱাবোৰ নোকোৱাকৈয়ে থাকি যাব,
ঠিক যিদৰে নোপোৱাবোৰৰ হিচাপ ৰখা নাই কোনোদিনে।
———————————
প্ৰেমৰ সঁজাল জুনুকা
যামিনী দেৱী
হৃদয়ত বাজিছে
প্ৰেমৰ সঁজাল জুনুকা
বেৰৰ জোলোঙাৰে সৰকি আহিছে
এজাক চন্দন সুবাসিত মলয়া।
বেলিটোৰ পৰা
লাহে-লাহে নামি আহিছে
এজাক ৰঙা ঘোঁৰা।
আঁতৰি গ'ল এন্ধাৰ
বেলিৰ পোহৰত
ম্যাদ উকলিল হ’বলা।
শব্দ- ব্ৰহ্মণে নমঃ
ঝংকৃত হ'ল
প্ৰেমৰ সঁজাল জুনুকা
শ্ৰৱণেন্দ্ৰিয়ই
সামৰিব পৰা সীমনা।
——————————
নীৰৱতা
ড° ববিতা বৰ্মন
বহু কথা কোৱা হৈ গ'ল
নুবুজিলে, নাজানিলে, নুশুনিলে
কৈনো কি হ'ব, মুখ বন্ধ--
কি জানা,
নীৰৱতাৰো দুটা ভাষা থাকে
এটা বিচ্ছেদৰ, আনটো সন্মতিৰ।
——————————
0 Comments