পষেকীয়া কাব্যকাননৰ সপ্তম বৰ্ষৰ ঊনবিংশ সংখ্যা

————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ মূল তোৰণ
ফটো সংগ্ৰহ–সামাজিক মাধ্যম
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  'বাটৰ কবিতা গাঁও'–অসম সাহিত্য সভাৰ সপ্তসপ্তিতম পাঠশালা অধিৱেশনৰ অভিনৱ সংযোজন।মুঠ চল্লিশ ঘন্টা কবিতা পাঠেৰে এক অভিলেখ সৃষ্টি কৰাৰ মানসেৰে আদৰণী সমিতিৰ কবি সন্মিলন  উপ সমিতিয়ে  উদ্যোগ গ্ৰহণ কৰিছে।কালি সন্ধ্যা পাঁচবজাত চাকিৰ পোহৰত কবিতা পাঠেৰে ,বাটৰ কবিতা গাঁৱৰ নঙলা মুকলিৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিত শৰ্মাই। অসম সাহিত্য সভাৰ কবি সন্মিলনত অংশগ্ৰহণৰ বাবে কাব্যনুৰাগীৰ যি আগ্ৰহ,সেই আগ্ৰহে অভিভূত কৰি তোলে।অসম সাহিত্য সভাৰ বিগত শুৱালকুছি, ৰহা,বাৰপূজীয়া অধিৱেশনৰ কবি সন্মিলনৰ লগত জৰিত হোৱাৰ সৌভাগ্যই ইতিমধ্যে আমাকো বহু  অভিজ্ঞতা প্ৰদান কৰিছে। 
    কবিতা,অকবিতা বিতৰ্কৰ মাজতে কাব্যনুৰাগীৰ কবিতাৰ প্ৰতি শ্ৰদ্ধা আৰু আগ্ৰহে কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। কবিতা, কবিতাই। কবিতা এইদৰে সকলোৰে হৃদয়ে হৃদয়ে সঞ্চাৰিত হৈ থাকক।
   
বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন 
———————————
অনুবাদ কবিতা

“The Old Pond” 
by Matsuo Bashō

An ancient pool, 
A frog jumps in 
The sound of water.

এটি সাতামপুৰুষীয়া পুখুৰী
৫-৭-৫অত সজোৱা
মাটচ্যুও বাচো
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

সাতামপুৰুষীয়া পুখুৰী
বেংটোৱে জপিয়ালে
সলিলৰ জলতৰঙ্গ


জাপানী হাইকুৰ চাৰিজন মহান পুৰোধা কৱিৰ ভিতৰত অন্যতম মাটচ্যুও বাচো৷ তেওঁৰ দ্বাৰা ৰচিত হাইকুসমুহ সৰল অথচ চিন্তা-উদ্দীপক। “সাতামপুৰুষীয়া পুখুৰীটো”, তেওঁৰ আটাইতকৈ বিখ্যাত কৱিতা; যিটো পৃথিৱীৰ প্ৰায় সকলোবোৰ ভাষালৈ অনুবাদ হৈছে৷ প্ৰাকৃতিক চিত্ৰকল্প সম্বলিত আৰু মানৱ প্ৰকৃতিৰ পৰ্যবেক্ষণক প্ৰতিষ্ঠা কৰাৰ আগ্ৰহ তেওঁৰ শৈলীৰ অন্যতম আকৰ্ষণ৷ 

এই কৱিতাটোত ৰূপকসমুহৰ উন্নত ব্যৱহাৰ লক্ষণীয়৷ এটা ব্যাখ্যা মতে মনৰ প্ৰতীক হিচাপে ‘পুখুৰী’ক ৰূপকভাৱে ব্যৱহাৰ কৰিছে৷  আন এটি ৰূপক লক্ষ্য কৰিবলগীয়া৷ সেইটো হ’ল ’বেং’৷ বেঙৰ কৰ্মকাণ্ডই মনৰ অস্থিৰতাক সকিয়াইছে৷ বাচোই মানুহৰ মনত বাহ্যিক উদ্দীপকৰ (জাপানী কৱিতাৰ পৰম্পৰাগত বিষয় বেঙে মূৰ্ত কৰি তোলা) প্ৰভাৱ পোহৰলৈ আনিছে। 
———————————
তুমি কেতিয়া আহিবা
মূল:পূৰ্ণেন্দু পাত্ৰী
অনু:দেৱ দাস

দুৱাৰবোৰ খোলা আছে
গছে পাতে নিমন্ত্ৰনৰ চিঠি

মষ্ট এটা চুমাৰ দৰে
আকাশ আৰু নদীৰ চুমা চুমি

ৰ’দৰ চিকমিকনী
তুমি কেতিয়া আহিবা কোৱা

বেলি লহিয়াই
বাহি ফুল ফুলনিতে শুকায়

আৰম্বৰপূর্ণ খোঁজত 
অটাইয়ে  খোজ লৈছে
দূৰৈৰ উৎসৱমুখৰ
তোমাৰ কি আৰু দেৰি

আজি ভৰপূণ্য তিথিত
ঘৰে ঘৰে আত্মিয় অতিথি
পূৰণা কাপোৰ সলাই
ন-সাজেৰে সজোৱা নৱীনা

অকলে শূন্যতাৰ সৈতে
বিতৃষ্ণাৰ বুকুত

সংলাপবোৰ যি কিছু
তল মল পানীত

তুমি কেতিয়া আহিবা কোৱানা।
—————————
ক'তোৱেই নিজক দেখা নাই 

মূল হিন্দী- নন্দ কিশোৰ আচাৰ্য 
অনুবাদ-গণেশ বৰ্মন

কেতিয়াবা যেনেকুৱা দেখোঁ
সেয়াই  লিখোঁ
যেনেকুৱা চাব বিচাৰোঁ
সেয়াও কেতিয়াবা
কেনেকৈ দেখুৱাব বিচাৰে
তেওঁলোকে মোক

সেয়াও লিখা হ'ল 
কিন্তু এই সকলোৰে
ক'তোৱেই মোক নেদেখিলোঁ।
এতিয়া মই নিজকে যেনেকুৱা দেখোঁ
তেনেকৈয়ে লিখোঁ
মোৰ নিচিনাই দেখিব
যি মোক তেনেকৈ চায়

য'ত মোক দেখা পায় কিন্তু
তুমিয়েই সেই দাপোণ
এইকাৰণে মোৰ লেখাবোৰ
তোমাতেই অৰ্পণ 
তোমাৰ জৰিয়তে যি দেখা যায়
মই দেখোঁ
কবিতাত এই কাৰণে
কবিতাৰে দেখা
পৃথিৱী হৈ যাওঁ ।
—————————
বৈয়াম
অংকুৰিতা ফুকন

জোনঢলা চোতালত ওপৰমুৱাকৈ পৰি
তৰাফুল গণা মনত আছে
বাসন্তীবতাহ মেৰিয়াই গাত
দুপতীয়া যৌৱনৰ কথকথা
সেউজমৰু স্মৃতিপটত এতিয়াও

কাৰ চাৱনিত কাৰবা চিত হৰিছিল
কাৰ সুহুৰিত কাৰবা ভাতঘূমতি ভাঙিছিল
কৈ থাকিলে ওৰকে নপৰিছিল
(গৈ থাকিলে ভাগৰো ভাগৰিছিল)?
তেজৰঙী হৃদয় ভদীয়া বানে ধুইছিল

জোনাক এতিয়াও নামে
তৰাফুলে এতিয়াও হাঁহে

কিন্তু অতীত লোণত গোৰাই থোৱা বৈয়ামটো বিচাৰি
চোতাললৈ যাব নোৱাৰোঁ ওলাই
ওখ ওখ কংক্ৰীটত থেকা খাই
মোৰ সুখৰ বৈয়ামটো ভাগি যায়…
——————————
গল্প-কথা
প্ৰদীপ চন্দ্ৰ শৰ্মা

বতাহে যেতিয়া 
তোমাৰ কথাকে কয়
মই মোৰ কামিজৰ বুকুৰ 
বুটাম দুটা খুলি দিও

চেঁচা বতাহজাকেও 
মোৰ বুকুত উম যাচে 
তোমাৰ উমাল কথাৰ পৰশেৰে
মই তন্ময়হৈ ৰও

মোৰ সৰু গল্পটো 
একান্তই নিজৰ
গল্পটোৰ শব্দবোৰ পূৰ্ণিমাৰ 
মৌচাকৰ দৰে মায়াভৰা 

গল্পটো কেতিয়াবা 
কবিতাহৈ মোৰ বুকুত 
গুনগুনাই সুৰ এটিহৈ 
শব্দবোৰৰো কিমানযে বুজাপৰা।
——————————
এনেকৈয়ে
দাদুল ভূঞা

এনেকৈয়ে এদিন আমি সকলো গুছি যাম
অস্তাবলত পৰি থাকিব দুটি ৰণুৱা ঘোঁৰা

মাটি কলিজাৰ নুফুটা মাত এটি বিচাৰি
চলাথ কৰিম নৈয়ে এৰি থৈ যোৱা কুলু কুলু পানীৰ ঢৌ

জীয়া মাছৰ ছটফটনি এটাই  সাবটি থাকিব
ভিনছেটৰ চাঁইৰঙী ব্ৰাছ

দুখৰ ৰাতি দেৱালত নিলিখিবা ভোকৰ শ্ৰুতলিপি
উকা কাগজত নিলিখিবা প্ৰেমৰ কবিতা
এনেকি জোনাকত আঙুলি ডুবাই নপঢ়িবা কীটছৰ কবিতা
অধিৰ হৈ নৰবা, নাচাবা তৰাফুলীয়া ৰাতি

তোমাৰ উশাহঘন কুঁৱলীৰ এথূপি আখৰ
পাৰা যদি মোক দিবা
নুসুধিবা নৈয়ে ঘৰ ভঙা মানুহৰ ঠিকনা
নুসুধিবা ৰাতি হ'লে কিহৰ ৰাগিত মাতাল হৈ কবিতা লিখোঁ, চিঞৰি চিঞৰি গান গাঁও
ডিমেনচিয়াত ভোগা প্ৰতিজন মানুহে নিজেই নাজানে
কেনেকৈ পাৰ হয় ভোকৰ দিন আৰু ৰাতি

এনেকৈয়ে গৈ থাকে জীৱন
চলি থাকে প্ৰেমৰ ৰেলগাড়ী
আমৃত্যুত দুখৰ নৰিয়াপাটিত ঢলি পৰে সূৰ্য

এনেকৈয়ে
ক্ৰমশঃ দীঘলীয়া হৈ পৰে শীতৰ দিন আৰু ৰাতি
——————————
একাপ ইৰাণী চাহ আৰু এটা সাধু 
ৰেমী শৰ্মা

সাধু এটা ক্ৰচ এডালৰ ওপৰত গুজি দি যীশুয়ে
কাৰোবাক কৈছে 

চোৱা তোমাক কিমান ধুনীয়া দেখি 
তুমি মোৰ কাঠৰঙী সাধু

এজাক বনৰীয়া ঘোঁৰাই 
ধপলীয়াই ক্ৰচডাল মোহাৰি নিলে 

সাধুটো বতাহত ওলমি থাকিল

কিমান পোহৰ 
কিমান এন্ধাৰ পাৰ হ’ল 

জাক জাক হালধীয়া মৌএ সাধুটো চুহিলে 

কাঠৰঙী সাধু কেৱল যীশুৰ

মাজৰাতি সাধুটোয়ে বাগৰ সলায়

এখন হালধীয়া কেনভাচ ফালি সাধুটো উঠি আহে

মেকঙ নৈৰ পাৰে পাৰে তাই খোজ লয় 

পোহৰে ঢলফাট দিবৰ পৰত কাঠৰঙী সাধুটোয়ে
গা জুবুৰীয়াই কেনভাচত সোমায়

যীশুয়ে আগবঢ়াই দিয়ে একাপ ইৰাণী চাহ।
——————————
ধৰা নপৰা চোৰ
ইলামণি শইকীয়া

সময় নিদ্ৰাৰত
চোৰৰ হাতত এন্ধাৰ বন্দী
চোৰে চৰ মাৰিলেও নেদেখা পৰত
হাত-লোটে ধৰা পৰা এটা চোৰৰ সৈতে বহি আছোঁ৷
নিয়ে যদি সকলো নিয়ক চোৰে
মাত্ৰ এক চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলৈ বিনয়েৰে অনুৰোধ জনালোঁ৷

চুক্তি-এক/  
সি মোৰ বিচনাখন নিব
লগত মাজৰাতিৰ চকুপানীৰ চেকাবোৰ ৷
চোৰ সন্মত 

চুক্তি-দুই/ 
সি মোৰ বছৰজোৰা সঞ্চিত টকাবোৰ নিব ৷
লগত মোক এৰি যাব নোখোজা বেৰঙী অতীত এডুখৰ
চোৰ সন্মত৷

চুক্তি-তিনি/ 
সি মোৰ কবিতাবোৰ, কিতাপবোৰ নিব
লগত মোৰ অস্থিৰ অনুভূতি আৰু শুভ্ৰ প্ৰেমবোৰ নিব৷
চোৰ সন্মত

চুক্তি-চাৰি/ ৷
সি মোৰ চিক্‌মিকিয়া অলংকাৰবোৰ নিব ৷
লগত মোৰ ইগ’,মোৰ শিক্ষা, মোৰ জ্ঞান আৰু দৃষ্টিভংগী লৈ যাব ৷
চোৰ সন্মত ৷

পাৰ্থিৱ সকলো তাৰ হাতত অকাতৰে তুলি দিয়াৰ বিনিময়ত
সি আজীৱন ভাৰ ব’ব শেলুৱৈ ধৰা মোৰবোৰক ৷

নিৰ্ভাৰ হ’ব খুজিছোঁ
এটা চোৰৰ ওচৰত
নতুনকৈ আন এক চুৰি কাৰ্যত 
আত্মনিয়োগ কৰিবলৈ ৷

ধৰা নপৰালৈকে
ময়ো যে এক চোৰ
চোৰটোৱে কোনোদিন নাজানিব৷
——————————
দাগ
আঞ্জুম আৰা হুচেইন

কলিজা কঁপাই যোৱা  এটা চিঞৰ
আৰু ঠনঠনকৈ ভাঙি পৰা 
জোনৰ পোহৰ এচপৰা

তেজৰ জীয়া ঢলত ককবকাই 
মৰি থাকিল ঈশ্বৰৰ আত্মা !

উফ ! চন্দ্ৰত গ্ৰহণ লাগিল
("লা__গা   চূৰ্ণীপে দাগ" )
—————————
চাহ
ৰমেশ চন্দ্ৰ ৰায় 

নাজানো কোনটো প্ৰিয় 
তোমাৰ সেউজীয়া পাত নে
তেজৰঙা ৰং
নে মন মতলীয়া কৰা গোন্ধ 

নাজানো কোন চামেলিয়ে এটি কলি দুটি পাত তুলিলে 
নাজানো কোন বুধুই কাৰখানালৈ বোজাটি কঢ়িয়ালে

নাজানো তুমি কোনখন বাগান শুৱাই আছিলা
উজনিৰ নে নামনিৰ নে উত্তৰ বংগৰ
নাজানো কোনজোপা শিৰীষে তোমাক ছাঁ দিছিল 

নাজানো তোমাৰ তেজৰঙা ৰঙত কাৰ ঘামৰ টোপাল লাগি আছে 
নাজানো কাৰ বুকুৰ বেদনা কঢ়িয়াই আনিছা
অথবা আনন্দ 

নাজানো কোনখন সন্ধিয়াৰ বজাৰৰ সাক্ষী আছিলা
নাজানো তুমি দেখিলানে নাই লাইনৰ কিমানে লাওপানীত ধৰিলে 
কিমানে সুতৰ হিচাপত হিচাপ পাহৰিলে

নাজানো লাইনৰ ল'ৰা-ছোৱালীবোৰে ইউনিফৰ্ম পিন্ধি তোমাৰ কাষেৰে ভৱিষ্যতৰ স্বপ্নৰ গীত গাই আগুৱাই গ'ল নে নাই 
নাজানো তেনে কোনোবা এজনে তোমাক এৰি বাগান পাৰ হৈ কোনোবা নগৰ-মহানগৰ পালেগৈ নে নাই 

কিন্তু জানো তুমি নহ'লে নাভাঙে মোৰ 
ৰাতিপুৱাৰ টোপনি 
তুমি নহ'লে আবেলিটো আৰম্ভ নহয় 
সন্ধিয়াটো সন্ধিয়া হৈ নাথাকে 

তুমি মোৰ জীৱনৰ প্ৰথম ৰোমাঞ্চ 
চীনামাটিৰ ফুলাম পিয়লাত
টিক-টিককৈ যে কঁপি আছিলা জেতুকাবুলীয়া আঙুলিৰ পিৰিছত

জানো মই কোনেও নেদেখাকৈ তুমি কঢ়িয়াই ফুৰা নিজৰ বাবে এবুকু বেদনা অথবা আনলৈ এহৃদয় আনন্দ ।                    ----------------
পবিতৰাত  ৰেলগাড়ী
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ

পবিতৰাত এখন সিদিনা
ৰেলগাড়ী দেখিলোঁ
হাদুক ষ্টেচনত নমা যাত্ৰীসকলে 
পিন্ধিছিল সেউজীয়া
খিৰিকিৰে চটিয়াইছিল
সুগন্ধিত ফুলৰ পৰিমল।

ৰেলগাড়ীখনে হাদুকৰ পৰাই
উভতি আহিছিল
সেউজ পিন্ধা
সেই যাত্ৰীবোৰ লৈ।
------------———
প্ৰেম
চয়নিকা ভূঞা 

এটা বিন্দুত আৰম্ভণি 
কথোপকথনত সেই নিশা
ভালপোৱাৰ জয় হৈছিল

ভালপোৱাত প্ৰাণ আছে
ভালপোৱাত ৰং আছে
ভালপোৱাত ভালপোৱা আছে

অত আয়োজনৰ পিছত 
বিচাৰ কক্ষত
কেনেকৈ সম্ভৱ
ভালপোৱাৰ দৰ -দাম 

মোৰ বুকুত সোণপৰুৱাৰ প্ৰেম
মোৰ বুকুত মৰহা ফুলৰ সুৱাস

তিনিআলিৰ মূৰত আজিও
সেই একেই গুজব
ভালপোৱা মানেই প্ৰেম নহয়। 
——————————
বৰষুণৰ ক'লাজ
গিৰিজা শৰ্মা

ৰিমঝিম বৰষুণে তিয়াই থ'লে 
মোৰ গোটেইটো ৰাতিপুৱা
আঃ কি অৰ্বাচীন আবেদন !
তিতি-বুৰি আত্মহাৰা মনৰ চোতাল 
প্ৰিয় টোপাল ,
নিৰন্ন কাল
পেটৰ জুইকুৰাৰ পোৱানে উমান !!

ভিতৰি ভিতৰি 
মই দহোঁ 
পুৰাতন পেট-প্ৰীতি 
নিঃকিনৰ চুম্বকৰ দুটা মূৰ 
নদীৰ দুই পাৰ 
আকাশ-পাতাল 
নিমিলা অংকটো পাতি লৈ মই 
খৰচ কৰোঁ পৃষ্ঠাই পৃষ্ঠাই কাগজ 
নীলা চিয়াঁহী 
পেটৰ জুইত জাহ যায় 
কত বৰ্ণিল পুৱা 
ৰামধেনু অঁকা কত অনন্যা আবেলি 
প্ৰিয়তম বৰষুণজাকে পুৱাটো তিয়ালে 
পানীপ্ৰিয় মোৰ বাটৰ
সোনাৰুজোপাই হাঁহে
কৃষ্ণচূড়া-ৰাধাচূড়াই চকু পিৰিকাই
মোৰ অভ্যন্তৰৰ অনিৰ্বাপিত জুইকুৰাই 
বেঙা মেলি চায়
স্নানৰতা পুৱাটোৰ 
অপৰূপ ৰূপ।
——————————
কাট-কুট 
ৰূপজ্যোতি শইকীয়া 

হাত এখন কাটি জীয়াই থকা জন কবি 
মগজু কাটি জীয়াই থকা জন মন্ত্ৰী
আঙুলি কাটি জীয়াই থকা জন আমোলা
পেট কাটি জীয়াই থকা জন খেতিয়ক 
কাট - কুট, কাট - কুট ৰোগে কিলুৱা পিঠি ভাকুট - কুট
মানৱতা কাটি জীয়াই থকা জন মানুহ...

ৰজা যদি বিক্ৰেতা হয়, প্ৰজা কি?
কাট - কুট, কাট - কুট ভাকুট - কুট 
শিয়াল শাসনত উশাহত সূত।
আপুনি কি কাটি জীয়াই আছে? 
ঠেং, ভৰি, আঠু, মগজু, হাত নে বুকু?
কলংপাৰত এজন দেউতাকে তেওঁৰ বুকুখন কাটিছে
ছাল কাটোটে মঙহ কাটিছে 
আকৌ ক'ৰবাত মঙহ কাটোতে হাড়...
কাট‌ - কুট পৃথিৱীত আপুনি কাটিব কি?

বেশ্যালয়ৰ ধুনীয়া কোঠাত আতৰ ঘঁহি 
মই মোৰ ধুনীয়া ও‍ঁঠ যোৰ কাটিছোঁ
মাছ কটা দা খন শিলত দি 
ডাকোৱালে কাগজ কটা দেখিছোঁ 
আপুনি দেখিছে কি?
দিল্লীত দেখিছোঁ নোম কটা চিপাহী 
কমাৰশালত দেখিছোঁ লো কটা কমাৰ 
আফৰিত দেখিছোঁ মাটি কটা কুমাৰ
কাট - কুট, কাট - কুট ভাকুট - কুট 
কাট - কুট পৃথিৱীত আপুনি কাটিব কি?
——————————
ঈশ্বৰ জিন্দাবাদ 
গিৰিণ বৰা

নিদ্ৰা নিষিদ্ধ নহয় ৰাতি
ঈশ্বৰ জিন্দাবাদ
বৰগীত হৈ জোনাকে ৰাতিপুৱাই 
মোৰ দেশৰ মাটি

ৰ'দৰ চোতালত সদায় সাৰে থাকে 
এখন উমাল পৃথিৱী
আশা নিৰাশাৰ আল্পনা সজাই 

শ্ৰমজীৱি মানুহৰ এবুকু পথাৰত
লুকাই থাকে মনৰ পৃথিৱীখন
নিজা বিশ্লেষণত পৃথিৱীৰ প্ৰতিজন মানুহেই  এজন খেতিয়ক
ভঙুৱা আকাশ, ৰণুৱা বতাহৰ প্ৰকোপত
নিহত হয় শ্ৰমজীৱি পথাৰে পথাৰে

টিপচহীৰ আখৰা কৰা মানুহবোৰেই  থালি সজাই ভাগৰি পৰে ভোগবাদৰ
চৰাইৰ ডেউকা কাটি 
আভিজাত্য হোৱা মানুহবোৰে
অশোকক ঘিণ কৰে কলিংগ যুদ্ধৰ বাবে

ঈশ্বৰ থকা মানুহবোৰ বাৰু কেনেকৈ অশুচি হয় ?
মোৰ বুকুৰ ভিতৰৰ পৃথিৱীত আজিও উদ্ভৱ নহ'ল মূল্যায়ন কৰিব পৰা  
গোপন সূত্ৰ
 
মামৰৰ চোলা পিন্ধি শৰাইঘাটৰ উদাহৰণ দিয়া মানুহবোৰ দেখিলে
হাঁহি উঠে সকলোৰে 

পৃথিৱীৰ আৰ্শীবাদত জন্মহোৱা দেৱশিশুবোৰ তুলি লয় 
বিভিন্ন ভগৱানে ভাগে ভাগে
গ্ৰাহক হেৰুৱাৰ ভয়ত 
ভগৱানৰো কপে হৃদয়

ৰাজপথত নাঙঠ ফকীৰে ডাঙি ধৰে স্বাধীনতাৰ বিৰক্তিকৰ সূত্ৰ
সন্ধিভঙা মানুহবোৰ বহি থাকে পিৰালিত অবক্ষয়ৰ শেলুৱৈ গজাই
 
ময়লা ভাৰবোৱা মানুহবোৰেও গংগাত কৰে ঈশ্বৰৰ সন্ধান
তেজৰ স্বাধীনতাত ঈশ্বৰ জিন্দাবাদ
 
ফুলৰ কলিটো কলি হৈ থকাহেতেন
সময়ৰ স্বত্বাধিকাৰ হোৱাহেঁতেন
বিষাদৰ পৃথিৱীত ৰোপন কৰিলোহেতেন উদ্দেশ্যৰ খৰিকাজাই
ঘামবোৰ গোটাই এগছি বন্তি জ্বলাই
চিঞৰি চিঞৰি ক'লোহেতেন
ঈশ্বৰ জিন্দাবাদ।
——————————
কবিতাৰ দৰে
ইপুল হুছেইন

(ক)
থুতৰি কঁপোৱা বতাহ এজাকে
সিঁয়ৰাই গ'ল সিৰা
শীতাৰ্ত  আবেলিটো সন্ধিয়া হোৱালৈ 
ওঁঠতে বহিল সন্ধ্যাৰাগৰ ছাঁ
স্নায়ুৰ তেজৰে বৈ যোৱা
এয়া কিহৰ ভালপোৱা !

(খ)
নিশাৰ কায়া সাৱটি চেঁচা আঙুলিৰ বোল 
ছৈ দিয়া নাৱৰীয়াৰ জোনাকী দোল
কানাই বজালে বাঁহী
গো-বাটে পৰি ৰব অমৃত কলসী
কোন তালে নাচিবহি মীৰাৰ বৃন্দাবন !

(গ)
স্তৱক এৰি অহাৰ অথবা সামৰণিৰ
গন্তব্যলৈ গতি ধীৰ হোৱা মানেই সম্ভাৱনাৰ অপচয়
এই যে অশৰীৰি স্পৰ্শই মচি যোৱা দেহজ নিমখ 
আৰু এবুকু আন্দোলিত উশাহত কিছু গানৰ ওপজা স্মৃতি
ঠিকেই বিয়পে
জাৰত উমাল শব্দৰ দৰে ।
———————————
হাত
ৰূপা গগৈ

দুভৰিৰে যদিও যোৱা হয় আগুৱাই
তথাপি হাতৰ অবিহনে যে নাবাঢ়ে দুভৰি আগ।

মই মোৰ অজ্ঞাতে দিনে-ৰাতিয়ে খেপিয়াই ফুৰিছোঁ এখনি হাত
ক'ত পাম এনে এখনি হাত
যিখন হাতৰ পৰশত মৃত শৰীৰত এটি কবিতাই পোখাব
শেঁতা পৰা দুচকুত ৰ'দে হাঁহিব
এঙেৰুৱা কলিজাৰ উশাহবোৰ সেউজীয়া হ'ব
অলৰ-অচৰ হৈ পৰা মৌন ওঁঠে বিৰ্‌বিৰাব।

এনে এখন হাতৰ অভাৱ অনুভৱ বৰকৈ কৰিছোঁ
সেয়ে দ-বাম নভাবি জাকৈ-জুলুকী , চালনি, পল বাই
মাছুৱৈ হৈ বোকা-পানীত খেপিয়াই ফুৰিছোঁ।

হাতৰ নামত হাতেই হাত
চিনিবা কেনেকৈ
কোনখন কিহৰ হাত
সকলো হাততে যে থাকে আনে নপঢ়া গোপন ইতিহাস।

হাতৰো থাকে ভিন্ন ৰূপ 
চল পাই এৰে-ধৰে
হাতে হাত বন্ধা থাকে বহু হাত আনে দেখা-নেদেখাকৈ
মিলি থাকে আঁৰ কাপোৰৰ তলে তলে
কেনেকৈ ধৰোঁ হাততে পালেও হাত
হাতে যে কাটে হাত
বঢ়াব নোৱাৰে আগ কোনেও চেকাবিহীন এখনি হাত
যিখনি বাঢ়ি আহে আগ
সেই হাতত থাকে অলেখ দাগ
কোনোকালে মচিব নোৱাৰা।
——————————
পুৱাৰ বেলিৰ প্ৰতিবাদী কথকতা 
ড° আদিল আলী 

তেওঁৰ ইচ্ছাৰ আবেগত 
প্ৰাপ্তিৰ বাসনা  

মৌনতাত 
নীল আকাশৰ গভীৰতা 

কান্ধত 
ওলমি আছে 
এখন দীঘলীয়া 
স্বদেশ-স্বজাতি 
ৰক্ষাৰ যুঁজৰ আহিলা 

ৰ'দত জিলিকি উঠে 
তেওঁৰ যুঁজাৰু মানসিকতা 

পদে-পদে 
বাঢ়ি যায় 
জ্ঞান বিলোৱাৰ তাড়ণা 

ৰাতিৰ সপোনত ভাঁহে 
ৰঙা নিচান 
হাতত লৈ 
এদল মানুহৰ 
ভোক নিবাৰণৰ 
জয় গান 

কেঁচা টোপনিত 
বুকু ভঙা যন্ত্রণা 

পুৱাৰ ৰ'দৰ 
সেউজীয়া ঘাঁহনি পথাৰত 
পৰিত্যক্ত হৈ 
পৰি ৰ'ই 
আকাশ কঁপোৱা 
প্ৰতিবাদী কণ্ঠৰ 
নীৰৱ হুমুনিয়াহ 

তেওঁৰ যৌন তেজৰ ঢৌত 
প্ৰস্ফুটিত্ হওঁক 
নীল আকাশত 
ৰক্তিম হাতৰ মুঠিৰ বজ্ৰ  

তেওঁৰ কণ্ঠৰ শব্দত 
প্ৰতিধ্বনিত হওঁক 
নতুন পৃথিৱীৰ 
সমতাৰ শ্লোক 

পুৱাৰ বেলিৰ প্ৰতিবাদী কথকতাত পুঁজিবাদী দুৱাৰ ভঙা প্ৰজ্ঞা ! 
——————————
যান্ত্ৰিকতা

লাহে লাহে চমু হৈ পৰিছে পথৰুৱা মাটিডৰা,
পথাৰে হেৰুৱাইছে মৰমৰ লগৰী।
বোকা মাটিৰ গোন্ধত মতলীয়া মনটো 
হঠাতে হতাশাৰ ৰোগত ভূগিছে।
চহৰীয়া মনে লাহে লাহে গ্ৰাসকৰি আহিছে,
আশাৰ কঠিয়াতলী।

মানুহে নিজৰ মাজতে হেৰুৱাইছে পৰিচয়!
মিঠা জীৱনৰ অনুভৱৰ উশাহ 
কিমান দিন যে লৱ পৰা নাই,
তাতেই মৃত্যু মুখী ভবিষ্যতৰ বীজবোৰ।

মৰমৰ গাওঁখনিত থিয় হ'লেই ঘুৰি আহে
মোৰ জীৱন যৌৱন।
জীপাল কৰিব পৰা হ'লে মাটিবোৰ,
জোন,বেলি তৰাৰে উৎসব পাতিব পৰাকৈ,
ল'ৰাহতক ক'ব পৰা হ'লে মানিক বিচাৰি পৰা দেশলৈ নে যাবলৈ...

মৰাপাটৰ সেই কেঁচা গোন্ধটোত
পুনৰ জী উঠিব খোজে মোৰ শৈশৱ,
লাহে লাহে হেৰাব খোজা 
সঁচা মৰমৰ দুৱৰিৰ দলিচাখনি 
হিয়াৰ মাজতে আৱদ্ধ!
পৰিতাপৰ চাদৰখনি বুকুত বান্ধি 
সময় সলনি কৰাৰ নিয়মবোৰ ৰোধিব নোৱাৰিলে 
দূৰভাষৰ মাজতে উলমি থাকিব 
মৰম ভালপোৱা আৰু আত্মিকতা।
——————————
ইয়াত এখন ছবি আছিল
জোনালী ডেকা

ফু-মাৰি ভাত খাবপৰা 
এখন উকা চিত্ৰপট,
ইয়াত এখন ছবি আছিল!

তোমাৰ তুলিকাৰে অঁকা তৈল চিত্ৰ;
চিতাভষ্মৰপৰা মোক জীয়াই তোলা সেই ছবি;
য'ত সৰিছিল তোমাৰ কঁপালৰ ঘাম৷
শিকলিৰে বন্ধা পেটৰ ক্ষুধা;
পদপথৰ যাত্ৰীয়ে চাই চাই আগুৱায়।
ৰঙীন কাপ-মৈলামত ওলমি ৰয় তোমাৰ উশাহ;
উৰণীয়া সেঁতু নাইবা বৃহৎ স্তম্ভত
জীয়াই থকাৰ ফাঁকে ফাঁকে
উজ্বলি উঠে তোমাৰ তীখাৰঙী দুচকু৷
সেউজ কৰিব খোজা তোমাৰ সুগভীৰ আশাক
চহৰৰ সন্ধ্যাৰ ধোৱাই আৱৰে৷
তৰাৰ তৰাৱলীত
ছানি ধৰে এলান্ধুকলীয়া
বিজ্ঞাপনেৰে..
ভাড়াঘৰৰ বিজ্ঞাপন,
গুপ্ত ৰোগৰ বিজ্ঞাপন, 
মহিলাৰ অন্তৰ্বাসৰ নাইবা কচিং চেণ্টাৰৰ...
লক্ষ্য সহযাত্ৰীৰ...
গুটকা, শিখৰৰ ক'ত ৰস নিগৰায়!
কলীয়া ডাৱৰে আকাশ চানিধৰাৰ দৰে
সিহঁতৰ  সেলেঙীয়ে সেউজীয়াখিনিক ঢাকি ধৰে।

ইয়াত এখন ছবি আছিল...
তোমাৰ ব্যস্ত সময় আৰু সৰু সৰু সপোনবোৰক
সিহঁতে ঢুকি নাপায়;
কাৰণ! কাৰণ সিহঁত
গুইসাপ বিচাৰি যোৱা চিকাৰী৷
ঠিকেই, মনত পৰিছে মোৰ 

ইয়াত এখন ছবি আছিল,
তোমাৰ সেউজ সোণালী ঠুনুকা সপোনৰ;
সাক্ষী মাথোঁ উৰণীয়া সেঁতু।
——————————
টাংগুটি
ডাঃ বন্দনা তামূলী

মন ইমান দিন ক’ত আছিল
বতৰেও দেখো কৈ নগ’ল
কৃঞ্চচূড়া এজাৰ পৰি ৰ’ল
তাতো তোমাৰ মন থমকি নৰ’ল

মন আজি উতনুৱা হৈ গ’ল বৈ
সাঁত সাগৰ তেৰ নদী পাৰ হৈ
নাজানোচোন ক’ত থাকিব ৰৈ

মনে দেখোন আকাশ  ঢুকি পালে
কোনেনো গম পালে
আকৌ 
বাৰিষাৰ বৰষুণ হৈ নামি আহিল
কৈ গ’ল সৰিয়হৰ ফুলে

টাংগুটিৰে ওফৰাই দিব ইচ্ছা গ’ল
সমগ্ৰ ধৰণী
হ’লো যে মই আউলি বাউলি
মন বিচাৰি
হৈ বৰদৈ চিলাজনী ৷
——————————
ৰদফুলিয়া কথাজাক
ৰাখী কাশ্যপ (ৰীতুপ্ৰণা)

সপোনৰ দিকচৌ বনত 
ৰদ ফুলীয়া এজাক কথা 
ৰৈ ৰৈ যায় ভাগৰি নপৰা
এক বিশেষ আলোচনা 

জীৱনৰ ছন্দ বিছাৰি 
হাহাকাৰ কৰি ফুৰা 
এজাক মানুহৰ 
বেঙুনীয়া কথা 

জাকাৰকান্দাৰ দৰে 
বেঙুনীয়া সুবাঁস বিচাৰি ফুৰা 
তেওঁলোকক কি বুলি কয় 
দুখৰ মাজতো হাঁহিব শিকা 

এজাক সাহসী জীৱনযোদ্ধা 
ৰদফুলীয়া কথা জাক 
তেওঁলোকৰ বাবে হৈ ৰওক প্ৰেৰণা 
——————————
প্ৰবচনেৰে কবিতা
(তিনিটা স্তৱক)
সুৰেশ চন্দ্ৰ ৰায়

             (১)
"ভাই বোলে ঠাই-ঠাই।"
একলগে থাকিলে ভাই,
তিৰিগিলানে লাগে হাই,
বেগল নহইলে উপায় নাই;
যদিও বেগল কৰিছ হাড়ী ,
বিপদত কাহয় কাহকে নাচাৰিবি,
ভাইক ভাইয়ে ধৰিয়া তৰাবি,
বাপেৰ সয়-সম্পত্তি বাচাবি।

            (২)
"হয় গৰু কিনিলং,
লেটু ডাঙিয়া নাচাইলং।"
গৰুগো যে আলচিয়া,
অ-ই কাথা দাস নাপাইলং,
হ'ক গৰু আলচিয়া,
খুৱাইলং বছিয়া-বছিয়া,
পাছে- অ-ই গৰুৰ লেটুঙত ধৰিয়া,
বৈতৰণী পাৰ হইলং।

            (৩)
"তিৰিয়ে হইলে গিৰি,
ঘৰ যায় হতচিৰি।"
স্বয়ং ভাতাৰ থাকিতে 
তিৰিয়ে নহ'বি গিৰি,
সংসাৰ ভাঙিয়া যাব,
বান্ধিবা নাপাৰিবি,
ঘৰেৰ ভাৰ তিৰিক নিদিবি,
নিজে ঘাৰ পাতিয়া ঘৰ চলাবি।
—————————
শাওণ
মধুস্মিতা শৰ্মা

হাবুৰুকা পথাৰত
শাওণীৰ মেখেলাৰ গেৰেকনি,
ইচাট্-বিচাট্  শইচৰ বীজ

ধেনুভেঁৰীয়া নাঙলৰ 
শাণ ধৰা ফালত
চকুমেলা গৰ্ভ,
সীৰলুৱে সীৰলুৱে
 আঁটি আঁটি ধৰে
পলসুৱা বাখৰ,

এচাটি মলমলীয়া বতাহ-
ঘামৰুৱা মানুহজাকৰ
বুকুলৈকে শিপাই থকা নজহা -নপমা সপোন,
কেঁচা-মাটিৰ আলি বান্ধি সিঁচিছে ৰ'দ,
ফুলিলে কপাল
ভৰিব ভঁৰাল,
নহ'লে -
বঁহীয়া ভেঁকুৰত ওপঙিব  মাৰল ,

এনেকৈয়ে 
চিপ্ চিপিয়া বৰষুণৰ 
বোকা-মাটিৰ তপত ভাপত
শাওণে বয়
আঘোণৰ পথাৰ ।
——————————
মাথোঁ এদিনৰ বাবে
দিব্যাংশ্ৰী দৰ্শনা 

মাথোঁ এদিনৰ বাবে হ'লেও যদি
নিজৰ মতে থাকিব পাৰি,
নিজৰ স্বভিমানী পোছাক পিন্ধিব পাৰি
ওঁঠে ওঁঠে নিজৰ ভাষা বুলাব পাৰি।

মাথোঁ এদিনৰ বাবে হ'লেও
যদি স্বাধীন হৈ থাকিব পাৰি!

আজি স্বাধীনতাৰ কত বছৰৰ পিছতো
আমি কিয় পৰাধীন হ'ব ধৰিছোঁ নিজৰ বাবে,
কিয় নিজৰ মাতৃভাষাক ঠেলি দি
গৌৰৱ কৰিছোঁ নীৰৱে?

হেৰা পিতৃ, তোমাৰ পুত্ৰই মাতৃভাষা নজনাত 
কিয় কৰিছা ইমান সুখৰ গৌৰৱ!
হে মাতৃ কিহৰ গৌৰৱ কৰিব লাগিছা 
তোমাৰ কন্যা ভূমিষ্ঠ হোৱাৰ পিছত?
শিকাইছা কি! "মম",
গলি গলি জ্বলিছে "মা" নামৰ শব্দ,
শিকিছে কি! "ডেড"
বিধ্বস্ত ধূলিয়ৰিত হেৰাইছে "পিতৃ"ৰ অৰ্থ,
হেৰ' অসমীয়া কোন দিশে কৰিছা গতি
নিজৰ মাতৃ ভাষাক জলাঞ্জলি দি!
——————————
বনভোজৰ আমেজ
যামিনী দেৱী

পথবোৰ চহৰ-নগৰ,গাঁও-ভূঁইৰ
পৰা চেঁকুৰিছে
বনভোজ থলিলৈ,
বনভোজৰ আমেজ
হৃদয়ত বাজিছে প্ৰেমৰ জুনুকা
প্ৰকৃতিৰ সৈতে নিবিড় আলিংগন,
হে প্ৰকৃতি ৰাণী
তোমাৰ নীৰৱতাই
মোৰ বাবে সৃষ্টি কৰিছে শব্দৰ।
কোনোবাই হয়তো নিছে
গঁড়ৰ খড়্গটো জীৱন্তে কাটি,
কৰ্মস্থলীৰ পৰা উভতি আহা
ভনীজনীক কৰিছে ধৰ্ষণ,
এইবোৰৰ কোনো কাহানিও
নহওক পুনৰাবৃত্তি।
জীৱন আৰম্ভ কৰাৰ
সংকল্প লও আহক
আমি সবেমিলি,
ঋতুৰ পৰ্দা আঁতৰাই
জীৱনৰ আঁতডালৰ
পাকবোৰ ভাঙি।
————————
স্বাধীনতাৰ বতাহ
ইৰা দেবী

স্বাধীনতাৰ বতাহ জাক
সোমাই আহিব পৰাকে
ঘৰৰ দুৱাৰ খিৰিকি খুলিথ'বা, 
মুক্ত বতাহ জাকে ঘৰৰ লগতে
তোমাৰ মনকো মুক্ত কৰিব। 
 মুক্ত মনৰ চাবিকাঠিয়েই মুক্ত বতাহ। 
 মনৰ কলুষিতাবোৰ উৰুৱাই 
দিব পৰাকে
মুক্ত বতাহত উৰুৱাই দিবা
ভালপোৱাৰ মসৃণ  ত্ৰিৰংগা। 
 উৰি থাকিব দিয়া
প্ৰতি হৃদয়ে
প্ৰতি ঘৰে
শুভ্ৰ, সেউজ, সন্যাসী ত্ৰিৰংগা। -
++++++++++++++++
বিচ্ছেদিত সাঁথৰ
মাইনা চুতীয়া

সম্পৰ্কৰ সুৰীয়া বাটত 
তোমাৰসতে হাতে হাত ধৰি 
যোৱাৰ কথা আছিল ,
তুমি আৰু মই দুটি ভিন্ন শৰীৰ
পৰা আমি হৈ এটি আত্মা হোৱাৰ দিনা
জীৱনৰ দুখৰ পৃষ্ঠাটোৰ অন্ত পৰাৰ কথা আছিল।
এতিয়া মই তোমাৰ বাবে এটি সাঁথৰ 
কাহানিও সমিধান উলিয়াব নোৱাৰা এটি সাঁথৰ।
প্ৰতিশ্ৰুতি প্ৰত্যাখান কৰা
 এটি বিচ্ছেদিত সাঁথৰ  তোমালৈ বুলি ।
——————————
লিমাৰিক
খগেন বৰা

১.
বদনৰ জন্ম মাহ সোণালী আঘোণ
জীৱনলৈ নাহে হেনো কদাপি লঘোন
গ্ৰহাচাৰ্য্যৰ আশ্বাস
হেৰাই গ’ল বিশ্বাস
আঁচনিৰ ধনো নোপোৱা হ’ল দেখোন ৷

২.
কল্যাণৰ আছিল এটা প্ৰকাণ্ড পণ
কলম বিনে সাহিত্যিক হোৱাৰ মন
সেয়েহে সাহিত্য সভাৰ
মন সম্পাদক হোৱাৰ
নহ’লে নিস্ফল হ’ব মনুষ্য জীৱন৷
——————————
স্তৱক
সুমিত্ৰা ডেকা 

১.
নৈৰ নাই কোনো ঠিকনা 
জীৱনৰো যাযাবৰী যাত্ৰা 
গাই যাওঁ জীৱন মালিতা 
লিখি যাওঁ সোঁৱৰণী কবিতা।

২.
নাৰী সৃষ্টিৰ আধাৰ 
মমতাৰ গভীৰ সাগৰ 
ত্যাগৰ পূৰ্ণিমা জোনাক 
সংসাৰৰ হ'ল ৰক্ষক।

৩.
জ্ঞানেই আনে মৌনতা 
যাৰ নাই শত্ৰুতা
ভৰা কলহৰ পানীৰ দৰে 
যাৰ ভিতৰ চ'ৰা।

৪.
মুক্ত শৈশৱ 
চাপহীন জীৱন 
চঞ্চলা যৌৱন 
যেন বাৰিষাৰ প্লাৱন,
বৃদ্ধত ম্লান
জীৱনৰ জয়গান।
—————————
কবিতা নিৰ্মাণৰ কিছু কথা
হেমেন কলিতা
প্ৰাক্তন অধ্যক্ষ
মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়


প্ৰাচীনকালৰে পৰা মানুহে প্ৰধানকৈ দুই প্ৰকাৰৰ সৌন্দৰ্যৰ সহাঁৰি জনাই আহিছে-- এবিধ হ’ল--Beauty of form আৰু আনবিধ হ’ল Beauty of splendid formlessness৷ প্ৰথমবিধ ব্যাখ্যেয় আৰু দ্বিতীয়বিধ কবিতাৰ এক ৰূপ৷ এনে আকাৰবিহীন ৰূপৰ কথাৰ নিৰ্মাণ হয় কবিতাৰ ৰূপৰেখাৰে৷ আচলতে কবিতাৰ কোনো চিৰস্থিত, শাশ্বত সংজ্ঞা নাথাকে৷ কিন্তু এটা কথা থিক যে প্ৰতিটো কবিতাই একোখন নিজস্ব জগত দাবী কৰে আৰু পাঠকে তাত কেনেকৈ প্ৰৱেশ কৰিব সেয়া কিছু পৰিমাণে হ’লেও কবিৰ নিয়ন্ত্ৰণত৷
কবিতা এটা লিখাটো সহজ৷ কিন্তু নিখঁুতভাবে কবিতা এটা লিখাটো কঠিন কাম৷ শব্দৰ ধ্বনি, অৰ্থ আৰু বাক্য বিন্যাসত বিশেষ সংযোগৰ মাজেদি কবিয়ে কবিতা এটাৰ ৰূপ সৃষ্টি কৰে৷ ফলত সেই ৰসৰ দ্বাৰা কবিতা হৃদয়ংগম কৰে৷ আমি আমাৰ শব্দ, প্ৰতীক, চিত্ৰকল্প বা ভাষাৰে কবিতাৰ সহায়ত যিখিনি কওঁ নিশ্চিতভাৱে এটা সুন্দৰ, মনোগ্ৰাহী বা মননশীল কবিতাৰ ৰূপ লয়৷ কবিতা এটাত যিখিনি নোকোৱাকৈ থাকি যায়, যি আত্মা বা প্ৰাণ কবিতাটোৰ শৰীৰত লুকাই থাকে সেয়াও প্ৰকৃততে কবিতা নিৰ্মাণৰ এক কাৰিকৰী দিশ৷
এজন কবিয়ে কবিতা কেনেদৰে লিখে, এটা বাক্য বা শব্দ সমূহৰ চয়ন কেনেদৰে কৰে বা মনত কবিতাৰ কথা আৰু শব্দবোৰ অংকুৰিত কেনেদৰে কৰে আদি প্ৰশ্নবোৰ এজন সাহিত্য অনুৰাগী বা অনুধাৱন কৰা ব্যক্তিৰ মনত উদয় হোৱা স্বাভাৱিক৷ আন এটা প্ৰশ্ন হ’ব পাৰে যে কবিতা লেখাৰ সমগ্ৰ প্ৰক্ৰিয়াটো স্বতঃস্ফূৰ্ত নে এক নিৰ্মাণ প্ৰক্ৰিয়া৷ প্ৰশ্নটোৰ উত্তৰ পাবলৈ কিন্তু কঠিন যেন লাগে৷ এইটো প্ৰকৃততে ক’ব পাৰি যে যিকোনো কবিৰ কাব্যসৃষ্টিৰ অন্তৰালত তেওঁৰ নিজস্ব বিশ্বাসৰ এখন পৃথিৱী থাকে আৰু থাকে এক কাব্যতত্ব৷ কবিতা নিৰ্মাণৰ কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা হ’ল– নিৰ্মাণশৈলী আৰু শব্দ চয়ন৷ এনেক্ষেত্ৰত কবি হীৰেণ ভট্টাচাৰ্যই কৈ গৈছে যে– ‘‘কবিতা স্বতঃস্ফূৰ্ত নহয়৷ কবিতা নিৰ্মাণ কৰিব লাগে৷ এই নিৰ্মাণৰ আঁৰত হয়তো আছে একধৰণৰ সংৰচিত স্বতঃস্ফূৰ্ততা৷’’
মানুহৰ জীৱন-অভিজ্ঞতা বহুল পৰিমাণে জ্ঞান নিৰ্ভৰ৷ একে বস্তু বা ঘটনাক আমি আটায়ে একেভাৱে গ্ৰহণ নকৰোঁ৷ কবি সকলৰ বেলিকা কথাটো আৰু বেছি খাপ খায়৷ সকলো কবিয়ে স্বৰূপাৰ্থত একে কথাকে কৈছে, একে অনুভূতি বা কল্পনাৰে-- যেনে গছ-গছনি একে, ক্ষোভ-হতাশা একে আদি৷ ইমানখিনি একে উপাদান সত্বেও কবিতাত সেইবোৰৰ অভিব্যক্তি কবিভেদে বেলেগ বেলেগ মাত্ৰাৰ৷ 
আচলতে প্ৰতিটো কবিতাৰ সৃষ্টিত নতুন নতুন প্ৰস্তুতিৰ দৰকাৰ৷ এনেক্ষেত্ৰত কবিতাৰ নিৰ্মাণত নেপথ্যত নিহিত থাকে কবি একোজনৰ অপূৰ্ববস্তু নিৰ্মাণ ক্ষমতা৷
কবিতা নিৰ্মাণত ব্যক্তিনিষ্ঠ ভাৱ প্ৰায়ে বিৰাজমান হোৱা দেখা যায়৷ এক উদাহৰণ- এগৰাকী কবিৰ এটি কবিতাত ফুল, চৰাই, ল’ৰা এটা আৰু সি ভালপোৱা ছোৱালীজনীৰ কথা আছে৷ ফুলপাহে চৰাই ভাল নাপায়, কাৰণ চৰাই উৰি যাব৷ ফুলপাহে ভাল পায় ল’ৰাটোক৷ কিন্তু ফুলপাহে নাজানে যে তাইক ছিঙি নি ল’ৰাটোৱে এদিন সি ভালপোৱা ছোৱালীজনীক দিব৷ ইয়াত ফুলপাহ আৰু ল’ৰাটোৱে ভালপোৱা ছোৱালীজনী একাত্ম বিষয়৷ আনহাতে ল’ৰাটোৱে ভালপোৱা ছোৱালীজনী একে সময়তে হৈছে ল’ৰাটোৰ বাসনা৷ চৰাই হৈছে একে সময়তে দুখকো দুখ নুবুলি জীৱনটোক কেৱল উপভোগ কৰিব লাগে বুলি ভবা লোকসকল যাক মানুহে ভাল চকুৰে নাচায়৷ –এই কথাখিনিয়ে কবিমনৰ ইংগিতময়তাৰ কথাকে ক’ব বিচাৰিছে৷ সেয়ে কবিতাত কল্পনায়েও বাট বোলে৷ কল্পনাৰ পৰশত কেতিয়াবা চিনাকিও অচিনাকি হৈ পৰে৷
সামৰণিত এটা কথাই মই সজোঁৰে ক’ব খোজোঁ যে– কবিতাত নিৰ্মাণ যিমানবোৰ শৈলী আছে তাৰ ভিতৰত অন্যতম হ’ল এক পৰিস্থিতি বা সময়ৰ উদ্ভৱ৷ এক বিশেষ মূহূৰ্তত বা পৰিস্থিতিত কবিয়ে মনত কবিতাৰ বীজ অংকুৰিত কৰিব পাৰে মনলৈ নহা ভাবৰ মাজতো অভাৱনীয় ভাবে কাব্যিক ৰূপলৈ কবিতাৰ শব্দবোৰ মনলৈ স্বতঃস্ফূৰ্তভাবেৰে আগমন ঘটাব পাৰে৷ এক উদাহৰণ দিয়া হ’ল-- যশস্বী কবি সমীৰ তাঁতীৰ কথাৰে ঃ-
সেয়া আছিল ১৯৮৬ চনৰ ফেব্ৰুৱাৰী মাহ৷ তাঁতী ডাঙৰীয়া নতুন দিল্লীৰ পৰা ৰেলেৰে গুৱাহাটীলৈ আহি আছিল৷ হঠাতে মাজৰ ষ্টেচন এটাত দুগৰাকী মহিলা তেখেতৰ কম্পাৰ্টমেণ্টত সোমাই সন্মুখৰ আসনত বহিল৷ মহিলা দুগৰাকীৰ এগৰাকী প্ৰায় ২৫ বছৰ বয়সমানৰ৷ হঠাতে তেখেতৰ চকু মুখামুখীকৈ বহা এইগৰাকী মহিলাৰ চকু দুটাত নিবদ্ধ হ’ল৷ কাৰণ চকুযুৰী খুউব ধুনীয়া৷ ভিতৰি ভিতৰি তাঁতী ডাঙৰীয়া  শিহৰিত হৈ খিৰিকীৰ বাহিৰপিনলৈ চাই মনত এক কবিতাৰ ভাব জাগ্ৰত হোৱা যেন লাগিল৷ ‘‘ক’ত পালা তুমি এই চকুযুৰি’’....৷ এটা সময়ত মহিলা দুগৰাকী নামি গ’ল৷ তেখেতৰ মনত তেতিয়াও থাকি গ’ল-- ‘‘ক’ত পালা তুমি এই চকুযুৰি’’? এনে শব্দৰ চয়নেৰে৷ তাৰ পিছত কবিৰ মনলৈ কোনো উপযুক্ত শব্দৰ আগমন নহ’ল৷ বহু চেষ্টা কৰিও কবিতাটো পূৰ্ণ কৰিব নোৱাৰিলে৷ এনেদৰে কেবামাহো পাৰ হ’ল কিন্তু কবিতাটো পূৰ্ণ নহ’ল৷ এদিন জুলাই মাহৰ সন্ধিয়া তেখেত বাগানৰ নিজৰ ঘৰৰ বাৰান্দাত বহি আছে৷ হঠাতে নামি আহিল এজাক বৰষুণ৷ ইমান সাৱলীল, ইমান স্বচ্চন্দ গতি বৰষুণৰ৷ তন্ময় হৈ ৰৈ সেই সন্ধিয়া নামি অহা বৰষুণৰ অনুভৱৰে সেই অসম্পূৰ্ণ কবিতাটো লিখি পেলালো৷
ক’ত পালা এই চকুযুৰি
মোৰ চোতালত ফুল বাছি
ধাৰাষাৰে বৰষুণ পৰা দেখো....৷
----------------------------------------
কল্পনাৰ কাৰেং
অঞ্জনা ৰূপা দাস 

হৃদয়ৰ অন্তহীন অনুভূতি জগাই
প্ৰাণোচ্ছল গীত গাই গাই
সুৰৰ ঘাগৰি বোৱাই
বিচাৰি যাওঁ মিলনৰ
বিতোপন সৌন্দৰ্য।
আশাৰ উৰ্মিমালাক উত্তাল কৰি 
শাব্দিক ৰণুৱাই নৌকা কোবাই
হেপাঁহৰ সমুদ্র অটল গহ্বৰত
পেলাবলৈ প্ৰেমৰ লংগৰ, 
কল্পনাৰ তৰঙ্গত আল-ফুলে 
কোবাল কলিজাৰ সঁজাত ভৰাই 
বাসনাৰ সৃষ্টি মধুৰস্বপ্ন।
———————————
তই ধুনীয়া
ৰশ্মি ৰেখা দুৱৰা

নিজকে দেখিবলৈ বেয়া বুলি
অসন্তোষ প্ৰকাশ নকৰিবি,
তই এনেয়ো ধুনীয়া
দামী ক্ৰিম-পাউদাৰ নালাগে ঘঁহিব
ঈশ্বৰৰ দান মুখখনেই দেখনিয়াৰ
চকুত কাজল-আইলেনাৰৰ
নাই কোনো প্ৰয়োজন
হৰিণী-নয়না তোৰ চকুজুৰিত
থৰ হৈ পৰে অগণন জনতা।

দামী-দামী ব্ৰেণ্ডৰ কাপোৰৰ প্ৰয়োজন নাই
মেখেলা-চাদৰ যোৰতেই তই শুৱনি
তোৰ চকু,নাক,চুলি…
বিৱৰণ দিয়াৰ প্ৰয়োজন নাই
সাইলাখ স্বৰ্গৰ অপেশ্বৰী,
বাটে-ঘাটে তোক এচামে হাঁহিব
দৈন্যতাই গ্ৰাস কৰা বুলি
প্ৰত্যুত্তৰ দিবলৈ তই আগবাঢ়ি নাযাবি
নীৰৱে ফালৰি কাটি আহিবি।

তোৰ সৰলতাই তোৰ পৰিচয়
টকাৰে তই ধনী নহ'ব পাৰ
মনৰ পৰা যে সদায় ধনী
বুজোৱাৰ দৰকাৰ নাই,
উচ্চ আশা-আকাংক্ষা নাই তোৰ
নামী-দামী হোটেলৰ 
চাওমিন,বাৰ্গাৰ,মম',ৰোল,
পিজ্জা…
এইবোৰ খোৱাৰ হেঁপাহ নাই
শাক-ভাতৰ আঞ্জাই তোৰ বাবে শ্ৰেষ্ঠ।

মুখত কোনো কৃত্ৰিমতাৰ আৱৰণ নাই
কথাত কোনো ভেজাল নাই
হাঁহিৰে জগত জিনিব পাৰ তই
তই গুণৱতী,তই ৰূপৱতী
মুখত এসোপা প্ৰলেপ দি 
শোভাবৰ্দ্ধন কৰাৰ প্ৰয়োজন নাই
মনৰ পৰাই তই ধুনীয়া
ঈশ্বৰৰ সৃষ্টি, তই ধুনীয়া !
——————————
ফাগুনৰ পছোৱা
বাসন্তী দত্ত কাকতী

মন উচাতন তন উচাতন
বাউলী পছোৱাৰ কোলাহল
লঠঙা বিৰিখে নাচিছে 
হালি-জালি মন-প্ৰাণ সাজি
তলসৰা শুকানপাত গণি গণি
পাতৰ খৰখৰণিত ককাল চিঞা গছ-লতিকাই 
আকাশলঙ্ঘী  বিচাৰিছে 
মন কপৌহিয়া বৃষ্টিৰ টোপাল 
ধূলিয়ৰী বাটত ৰান্ধনী বেলিৰ
বহুৰূপী দৃশ্যাংশ -- 
ঘৰমুখী গৰুজাকৰ হেম্বেলনী
লগতে চকুৱা বিহঙ্গীৰ গুণগুণনি  আকলুৱা 
বন বিৰিখত ব্যয়বহুল উদাৰতা সঁচাই অতুলনীয় চালে চকু ৰৈ যোৱা--
কাষৰ ধুসৰ প্ৰলেপে 
আবেগ বিহ্বল নান্দনিক সময়ক কোলাত তুলি
নেওতা গণিছে সন্ধিয়াৰ পিঠাগুৰি চলা বৰষুণ জাকলৈ--
শীতেও যোৱাৰ পৰত
চুই থৈ গ'ল সেই শীতৰ
সেঙেটা লগা শৰীৰৰ কোনোবা গুপুত অংশ
বহুমিশ্ৰিত ৰঙৰ আবিৰ সনা
দুচকুত সুমথিৰাৰঙী বেলিৰ নিশ্বাসভৰা দুচকুক স্থবিৰ মনে খেপিয়াই চালে।
—————————————————

Post a Comment

0 Comments