পষেকীয়া কাব্যকানন সপ্তম বৰ্ষ দ্বিতীয় সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
_____________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  বহুদিন হ’ল কবিতা নিলিখা। ব্যস্ততা এক অজুহাতহে। আচলতে কবিতা লিখিবলৈ অন্তৰ আত্মাৰ যি টান সেইটো ক্ৰমশঃ হেৰাই যাব ধৰিছে। 
এনেও মনৰ স্বত্বঃস্ফুৰ্ত টান অবিহনে ,কবিতা জোৰ কৰি লিখাৰ কথা নহয়। 
   লিখিব নোৱাৰিলেও কবিতাৰ পৰা আঁতৰি যোৱা নাই। যাব নোৱাৰো। কবিতাৰে সংপৃক্ত হৈ আছো। অৱশ্যে সাম্প্ৰতিক ঘটনাপ্ৰবাহে পেলোৱা নেতিবাচক প্ৰভাবেও ক্ৰিয়া নকৰা নহয়। আগতেও কৈ আহিছো,আজিও ক’ম-লবীমুক্ত নহয় অসমীয়া কাব্যজগত। সেয়া বহুসময়ত প্ৰমাণিত হৈ আহিছে। তথাপি বিদ্যতমহলে তাক অস্বীকাৰ কৰি আহিছে। কেইদিনমান আগতে আমাৰ মাজৰপৰা আঁতৰি যোৱা কবি অলকেশ কলিতাইও নোকোৱাকৈ বহু কথাই কৈ গ’ল। 
  যানহওক এই সকলো প্ৰতিকুলতাক নেওচি কবিতাৰ জয় হওক।


বিনীত–
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
কবিতাৰ আড্ডা
(তৰুণ কবিসকলৰ উদ্দেশ্যে )
উদয় কুমাৰ শৰ্মা

    আন্তৰিকতাৰে কবিতা লিখি থকা 
তৰুণ কবিসকলে প্ৰখ্যাত কবিৰ উৎকৃষ্ট কবিতাৰ সৌন্দৰ্য, ঐশ্বৰ্য আৰু মৰ্ম মনোযোগৰে উপলব্ধি কৰিব পাৰিলেহে, তেওঁলোকৰ কবিতাৰ বিকাশ সম্ভৱ হ’ব ৷

   অৰ্থাৎ, এগৰাকী কবিৰ কাব্যিক বিকাশ হ’বলৈ হ’লে -- মানসম্পন্ন, সমাদৃত আৰু বিখ্যাত কবিতা একোটাত কবিয়েনো ৰূপক, উপমা,  প্ৰতীক, দৃশ্যমান চিত্ৰকল্প, লোক-কথা, ভাষাৰ কালিকা, নতুন চিন্তা আদিৰে কবিতাটো কিধৰণে সাৱলীল অথচ, অৰ্থৰ গভীৰতাৰে সমৃদ্ধ শিল্পৰূপ দিব পাৰিছে -- তাক নিৰীক্ষণ কৰি, কবিতাটোৰ মহত্ব মৰ্মে মৰ্মে বুজি উঠিব পাৰিব লাগিব ৷

   কম শব্দৰে বহু অৰ্থ কৰি বহু কথা ক’ব পৰাটোহে কবিতাৰ কাম ৷ কবিৰ আৱেগক বশ কৰিব পাৰে -- একমাত্ৰ মননশীলতাইহে ।
————————————————————
অনুবাদ কবিতা
Daylilies
Magnús Sigurðsson
Translated from Icelandic by 
Meg Matich

The morning sun
glitters

on the crown
of a daylily.

A wellspring
that fills

and a cruet
that empties

each day.

স্থলপদ্ম
মেগনুছ চিগুৰডছন
আইচলেণ্ডৰ কৱিতা
অনুবাদঃ মেগ মেটিচ
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

পূবৰ ৰঙা ঘোৰাটো
তেজাল হৈ উঠিল

স্থলপদ্মৰ শিৰত
দিবাকৰী মুকুত

এটা গাভৰু পুখুৰী
বসন্তই যে ৰমণ কৰে

আৰু এটি কৌটা
খালী হৈ যায়

প্ৰতি দিনে।
——————————
কোনেও নুশুনে চিঞৰ 

মূল হিন্দীঃ অশোক বাজপেয়ী
অনুবাদঃ গণেশ বৰ্মন 

কোনেও নুশুনে চিঞৰ–
খিৰিকীৰ বাহিৰত শুনে
সেউজী পাতে-ভৰা গছত হঠাতে আহিল নীলা চৰাই,
যি নাজানে সেয়াযে চিঞৰ 
অথবা তুমুল কোলাহলৰ মাজৰে আৰু এটা ধ্বনি ।

কোনেও নুশুনে প্ৰাৰ্থনা--
শুনে পাটীত বাগৰি থকা
কণমানি কন্যাই,
যি আদিম আন্ধাৰৰ পৰা পোহৰলৈ অহাত 
ইমানেই চকিত যে
তাইৰ বাবে এতিয়া ধ্বনি
হোৱা-নোহোৱাৰ মাজত এক নিস্তব্ধতা।
———————————
                               কবিতা

কবি
দাদুল ভূঞা

বৰ্ণমালা দুটিৰ চয়চুকৰ এচুকতো থিয় দি ৰব নোৱাৰিলোঁ
কৰ্ফালখাই ছিটিকি পৰিল সময়

খোজ কাঢ়ি গৈ থাকোঁতে নিজকে নুসুধিলোঁ
ক'ৰ পৰা ক'লৈ গৈ আছোঁ
সন্মুখৰ পথত সৰিপৰা হুমুনিয়াহটো বুকুত লৈ গৈ আছোঁ

ভাগবতৰাৰ ৰাজনীতি নাজানো
নিশিকিলোঁ কিতাপৰ পাঠত
এতিয়া একেখন ঠাই সাতভাগ হ'ল
সাতখন আকাশ
(যদিও আকাশ আমাৰ দৃষ্টিত এখনেই)

শিতানত নুৰিয়াই থোৱা কাগজৰ টোপোলাত
কবিতাৰ মৌ-মেল
ভুন-ভুনাই ভ্ৰমৰৰ ভ্ৰমণ
কিবা এটা বিচাৰি  বতাহত
এৰি দিছোঁ তাহানিৰ ভাগবতৰাৰ ৰণকৌশল

লুটিয়াই লুটিয়াই কিতাপৰ পাঠ
অ–ফলাখন শিকি
ব্যঞ্জনবৰ্ণৰ দীঘলীয়া পাকত পাক খাই 
সাৱটিছোঁ জোনে গা-ধোৱা জোনাকৰ সন্ধিয়া

সমকালীন সময়ৰ খবৰৰ পাতত দেখিছোঁ
তেজৰঙা গোলাপৰ বোৱতী নৈ
সেয়া গোলাপ নে মোৰ তেজ
এন্ধাৰত বহি
তেজ-তুমুৰলি বৰষুণত তিতিছোঁ ।
———————
কথোপকথন
বিভা দেৱী

জন্ম
এপাহী ৰঙা গোলাপ 

সময়
বন্ধ সঁফুৰা...

জিয়াঢল
সপোন...

জীৱন
অতৃপ্ত বাসনা...

কামনা
লঠঙা ডাল...

ধূলি...
পথৰুৱা বাটৰ
ঘৰমুৱা বেলি।
—————————
সৰাপাতৰ সুহুৰি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

দেগদেগিয়া হিয়া
তাতে সমস্যাই কড়াল বান্ধিছে
মাতৃপৰশণত শাঁত পৰে
নিমখলৈ ভীতি ওপজে
শব্দ ব্ৰহ্মই গায়ত্ৰী গায়
সৰাপাতৰ সুহুৰিত উন্মাদনা জাগে
নিশাৰ মৌন গভীৰতাই উপন্যাস লিখে
এনেকৈ বাৰে বাৰে ব’হাগ আহে...
——————————
আলনা
ৰমেশ চন্দ্ৰ ৰায় 

মাজে-মাজে আলনাডালে 
মিচিককৈ হাঁহে 
ময়ো হাহোঁ তাৰফালে চাই 

তাক ঘৰ সুমুওৱাৰ সময়ত
সৰু ভাৰাঘৰটোত মোৰ লগত কোনো নাছিল 
ঘৰৰ মালিকে দিয়া খাটখনৰ কাষতে সৰু মেজখন পাৰি
আৰম্ভ কৰিছিলোঁ নতুন জীৱনটো 
দৰমহা নিচেই তাকৰ তেতিয়া 
তাক আনি ঘৰ সুমুৱাম নে নুসুমুৱাম ভাবোঁতেই 
বছৰটোৱে পাৰ হৈ গৈছিল 

সেইবোৰ তাক কোৱাই হোৱা নাই 
অতবছৰে 

অফিচৰপৰা আহি সদায় কিছুসময় তাৰ লগতে কথা পাতোঁ 
তাক বিভিন্ন ভঙ্গীৰে চাই থাকোঁ
যিমানে চাওঁ হেপাহ নপলায় 
মোৰ মৰমৰ আলনাডালক

সদায় তাক সজাওঁ 
নতুন কাপোৰ এযোৰ আনিলেতো কথাই নাই 
তাৰ ওচৰত গৌৰৱেৰে থিয় দি কওঁ 
এইযোৰ মোৰ নহয় 
এইযোৰ তোক সজাবলৈহে আনিলোঁ 

সি মিচিককৈ হাঁহে 
হাঁহিটোৰে জীয়াই তোলে মোক 

কেতিয়াবা সি অভিমান কৰে 
মুখ ওন্দোলায়
যিদিনা নতুন ঘৰলৈ আহিলোঁ 
সি চকুপানী টুকি আছিল 
জানোচা নতুন ঘৰত তাৰ বাবে ঠাইয়েই নাথাকে
পিছে মই কিয় এৰিম তাক
আগৰ নিচিনাকৈয়ে তাক মোৰ শোৱনিকোঠালৈকে আনিলোঁ 

দিনবোৰ সলনি হয়
এদিন মানুহজনীও আহিল 
কোঠাটো তাইৰ মতে সজাবলৈ বিচাৰিলে
পুৰণি আলনাডাল 
আমাৰ কোঠাত নিবিচাৰে তাই 
মই বহুত কাহিনী শুনালোঁ 
আলনাডাল যে মোৰ অকলশৰীয়া জীৱনটোৰ একমাত্ৰ বন্ধু  তাইক বুজালোঁ 
মোৰ চকুলৈ চাই তাইও বুজিলে কথাষাৰ 

আলনাডালে কিন্তু বহু কথা বুজি পোৱা হ'ল
হয়তো বয়সে শিকালে তাক
সি এতিয়া বেজাৰ নকৰে
নকৰে অভিমান 
জন্মিলে এদিন যাবই লাগিব 
সেয়া বৰ ডাঙৰ কথা নহয় 

আমাৰ ল'ৰা-ছোৱালী ডাঙৰ হ'ল
সিহঁতে দেখোন কয়
আজি-কালিৰ শোৱনিকোঠাত 
আলনা নাথাকে 
ৱাৰড্ৰ'বহে ৰাখে মানুহে 

সিহঁতে নিজৰ কোঠালৈ ৱাৰড্ৰ'ব আনিলে
আমাৰ কোঠালৈকো আনিবলৈ হেঁচা দিবলৈ ধৰিলে 

মইনো কি ক'ম
ময়ো এতিয়া কোনো কথাতে লাগি নাথাকোঁ 

আলনাডালৰ কাষলৈ গৈ থিয় হ'লোঁ 
বহুদিন হ'ল তাৰ তলৰ থাকবোৰ চাফা কৰা নাই 
হয়তো তাত এতিয়াও আছে ল'ৰাটোৰ মোজা এপাত
আনপাত বিচাৰি নোপোৱা 
হয়তো আছে ছোৱালীজনীৰ এটা ফ্ৰ'ক
যি দুবাৰ পিন্ধাৰ পাছতেই সৰু হৈ গৈছিল 

আলনাডালে মোৰফালে চাই মিচিককৈ হাঁহিলে
ক'লে
বহুদিন থাকিলোঁ একেলগে 
এয়া সকলোৰে ভাগ্যত নঘটে
তাৰ হাঁহিটোৱে আজি কিয় জানো 
মোৰ বুকুতে বিন্ধিলে 

মানুহজনীক মাতি ক'লোঁ 
আহাচোন 
দুয়ো আলনাডাল এবাৰ ভালদৰে চাফা কৰোঁ
শেষবাৰৰ বাবে চুই চাওঁ তাক
পাৰোঁ যদি হাঁহি হাঁহি বিদায় দিওঁ ...
————————————————
মোলৈ বৰ পুতৌ ওপজে 
পৱন বৰ্মন 

মোৰ ফটা ছেণ্ডেলযোৰ দেখিলে
এডিডাছৰ গৰাকীবোৰলৈ  ভীষণ খং উঠে

মই শুৱ নোৱাৰা হৈছোঁ 
কিবা এটা হৈছে! 

পৰিশ্ৰমি মানুহবোৰে শস্য সিঁচিলে
মোৰ চকুত কুটে ধৰে 

অনুসন্ধিৎসু মানুহবোৰে কবিতা পঢ়িলে 
মোৰ ওঁঠত বিৰিঙে এটা বিদ্ৰুপৰ হাঁহি

প্ৰৱৰ্ত্তনি মানুহবোৰৰ ব্যস্ততা বাঢ়িলে 
মই চিগাৰেটৰ ধোঁৱা উৰুৱাই  ভাল পাওঁ 

মোৰো এটা মগজু আছিল
আছে হাত, ভৰি, চকু, কাণ...
মগজুটো পৰচৰ্চাৰ বাবে বন্ধক দিলোঁ 
তেতিয়াৰ পৰা উন্নতিৰ জখলাবোৰ দেখিলে
মোৰ গাত বিছাই ডাকে 

ইয়াৰ পাছত
দুটা পেগ্ গিলি যেতিয়া মই প্ৰলাপ বকোঁ
বিশ্বাস কৰক(!) মোলৈ বৰ পুতৌ ওপজে ।
———————————————
বাটৰ হাট
কাৰ্চাং তাকাৰ

চহৰৰ মাজেৰে বৈ যোৱা নৈৰ পাৰত
কত পানী-কাউৰী চৰাইয়ে
বাট চায় আছে কামৰ হাটলৈ॥

জানোচা! 
পায়েই বা কাম
পকেটত চলিব পৰাকৈ ধন
বাহত বাট চাই আছে পোনামু‍‍ৱা মাছৰোখা 
আনিব বুলি  সৰু সৰু পুঠি মাছ॥

মই সুধিছিলো 
বৰ বগলীক চহৰৰ নৈ'ৰ কাষতে 
বিপনী দিয়া ককাঁক 
অওঁ ককা জালত ৰৌ-বৰালি লাগিছেনে ?
ককাই কৈছিল ক'তা আজিলৈকেছোন ৰৌ-বৰালীৰ মূখ খনকেই নাই দেখা?

বৰ বগলীয়ে ডিঙি তলমূৰ কৰি কৈছে
"সৰুতে যদি ময়ো মা-দেউতাৰ কথা শুনি স্কুল গলেহেঁতেন !"
ককাঁই হয়তো নেজানে এই দুনীয়া কিমান জঠিল
কত ভাই-ভনীয়ে দৌৰিছে পথাৰে 
পথাৰে ডাঙৰ ডাঙৰ ৰৌ-বৰালী মাছ পোৱাৰ আশাত গাওঁ-চহৰৰ চুকত পৰি থকা টেবুল নামৰ নৈ খনত॥

কিমান মস্কিল ,এই জীৱন সুন্দৰ নৈখনত
কত বালীমাহী-কপৌৱে ইস্তহাৰ দিছে
বাটৰ-হাটত চলি থকা নাটকত ।
———————————
বনচাই
ৰেখা বৰকটকী

 শব্দটো বৰ ধাৰাল 
অৱনমিত জিজ্ঞাসা
গতিৰ বিৰুদ্ধে অগতি
কৰ্ষণৰ অৱদমনত
ইচ্ছাৰ  অকাল বোধন!
হেঁচি ধৰা উচ্চতাৰ
 বিৰম্বনাৰে.,
 নিৰ্বাক গছজোপাৰ মৌন প্ৰাৰ্থনাত
মাটি -পানী নিৰ্বিকাৰ!
আকাশ চোৱাৰ হাবিয়াসত 
অনাকাঙ্খিত বাধা..
মোক বনচাই নকৰিবা
মোক নিজৰমতে থাকিবলৈ দিয়া
কিন্তু  কি হ'ল?
বুদ্ধিমত্তা কৰ্মঠ উৎকৃষ্ট একোটা সম্ভাৱনাত জোৰদাৰ অপপ্ৰয়োগ অহৰহ ঘটিল!
এৰা! সৌ বনচাই জোপা চোৱাচোন
 ইমান সুন্দৰ!
প্ৰকৃততে সুন্দৰনে?
নে সুন্দৰতাৰ অপমৃত্যু?
ডাল, পাত, ফুলৰ ভৱিষ্যত জানো নাছিল?
 অমাত বাবেই
অধিকাৰ হেৰাল ..
ঠাইৰ  আকাল হ'লনে  অন্য কিবা?
নে সৌন্দৰ্য্যৰ আধুনিকতা?
 ———————————
অথ: বিচা সম্বাদ 
গিৰিজা শৰ্মা 

বিচাবোৰ বদমেজাজী 
বিচাবোৰ বিষাক্ত 

বৰ্বাদ কৰে আপোনাৰ সময় 
গোটেইখন খেলি-মেলি 
বিতত আপুনি 

যাৰ চেনচিটিভ স্কিন
চোকটো বেচিকৈয়ে লাগে 

বিচা বেইমান 
শুং এৰি দিবলৈ চল চাই থাকে 
প্ৰিয় শেৱালি জোপাতে তাৰ শিয়ান চকু 
সিঁচৰি পৰে য'তে-ত'তে 

পাতৰ তলফালে থকাবোৰ সুযোগ সন্ধানী 
বখলা বখল কৰি দিব আপোনাৰ ছাল 

বিচালৈ মোৰ বৰ ভয় 
এৰাই চলোঁ তাৰ সম্ভাব্য আলয় 

আপুনিও বাৰু বিচাৰ কবলত 
কেতিয়াবা পৰিছে নে ?
------------------------——————————
জীৱনৰ চাৰিটা  স্তৱক
চয়নিকা ভূঞা 

জীৱনঃ
যুঁজি যুঁজি ভাগৰুৱা হৈয়ো
মুখত হাঁহি এটা পিন্ধি লোৱাৰ নামেই জীৱন 

প্ৰাৰ্থনাঃ
সকলো শেষ হৈ যোৱাৰ পিছত য'ৰ পৰা পুনৰ আৰম্ভণি হয়

সম্পৰ্কঃ
আপোনত্বৰ এনাজৰীয়ে বান্ধ খাই থকা
সম্বন্ধ

ভালপোৱাঃ
বুকুত সংগোপনে কঢ়িয়াই ফুৰা
উশাহৰ নামেই ভালপোৱা
———————————————————
অকণমান  সুখ
নাছিৰ আহমেদ 

(স্বৰচিত দেশী ভাষাৰ কবিতাৰ অসমীয়া ছাঁ অনুবাদ)

অকণমান সুখ
কোনে পাবলৈ নিবিচাৰে আপুনিয়েই কওক ?
ময়ো বিচাৰোঁ ।

ফুলবৰৰ গান এতিয়া আৰু আহি  মধু নেঢালে  ;
কু-লক্ষ্মী কাউৰীজনী কিয় জানো কা কা কৰে !
মৰণৰ তৰাবোৰ হেৰাই গ'ল এন্ধাৰ ৰাতিত
মোৰ মানুহজন হেৰাই গ'ল 
মদপী ড্ৰাইভাৰৰ ভঙা ট্ৰাকৰ চেপাত !
মোৰ মানুহ জনৰ ইমান ডাঙৰ কলিজা আছিল  ;
যেতিয়া যি বিচাৰিছিলোঁ
তাকে পাইছিলোঁ ।

তেওঁ চাঙৰ তলত নতুন হাড়ীত দৈ পাতিছিল
মই প্ৰাণভৰি উপভোগ কৰিছিলোঁ ।

কু-লক্ষ্মী কাউৰীজনী আকৌ কিয় বা কা কা কৰে ?
মোৰ মাইনাটো কলেজলৈ গৈছে
ইমান ডাঙৰ সপোন লৈ!
কু-লক্ষ্মী কাউৰীজনী কাক নো খাব বিচাৰে ?

অকনমান সুখ কোনে নো নিবিচাৰে ?
সেয়া জানো মোৰ কোনোদিনেই পূৰণ নহ'ব  !
———————————
তিনি শাৰীৰ কবিতা
পৰাণ জ্যোতি ভূঞা

ক -কথা বা ভাৱবোৰ হৃদয়ত পুঞ্জীভূত
বি -বিস্তাৰিত কৰিব পাৰি শব্দৰ যাদুৰে
তা-তাকেই কৰোঁতে প্ৰসৱ হয় কবিতা।
———————————
নিলগৰ গাঁওখনৰ কথাৰে...
জাহ্নৱী হাজৰিকা

চহৰৰ পৰা গাঁওখন বহু নিলগত আছিল।
এতিয়াও আছে।
ৰূপহে বেলেগ হ'ল মাত্ৰ।
তাহানিৰ খেৰ আৰু বাঁহ কাঠৰ ঘৰবোৰ 
আজিকালি নোহোৱা হ'ল।

আজিকালি গাঁৱৰ মানুহে বৰষুণৰ শব্দ উপভোগ নকৰে।
ঠাইৰ মাত ঠাইতে নুশুনা হৈ দুচকু মেলি বাহিৰলৈ ৰ' লাগি চাই ৰয়।
এৰা!এলুমিনিয়াম টিনৰ কি বাহাৰ!

বাৰিষাবোৰ বোকাৰ দিন আছিল।
বাট পথ বোকাময়।
বাৰিষাৰ জাক জাক ধাৰাসাৰ বৰষুণত বাট পথবোৰ পানীত তল যায়।
বাটত উজানৰ মাছে দেও দি দি বগাই ফুৰিছিল।কত কাৱৈ চেং আহি চোতাল পাইছিল..।

এদিন জাকৈয়া ছোৱালীৰ লাজত 
গাঁওখন ৰঙা পৰিছিল।
ওৰণিৰে মুখ ঢাকি বিয়াৰ পিছদিনা 
গৰু গাড়ীত বহি নাহৰৰ ঘৈণীয়েকে 
ওৰে বাটটো কান্দি আহিছিল।
এতিয়া জাকৈয়া ছোৱালীও নাই।
ওৰণিৰে মুখ ঢকা মানুহ বোৰো নাই।

বাৰিষাৰ বোকাময় ঘাট।
খৰালি আকৌ ধূলিৰে নেদেখা বাট।
এদিন চেলেকা চুবুৰাকৈ শিলগুটি পৰে।
শিলগুটি বাটত খোজ দিবলৈ অসজা লগা গাঁওবাসীয়ে কৰ্ফাল খাব খোজে।

গাঁওখনত আঘোণ সোমায়।
পথাৰখন সোনোৱালী কৰে।
পকা ধানৰ থোকবোৰে বতাহত দেও দি থাকে।
ৰিবৰিবকৈ বতাহজাক বলে।
অস্তমিত সুৰুজৰ হেঙুলী আভাই পথাৰখন সপোনপুৰী যেন কৰে।

ফৰকাল আকাশ।
কমোৱা তুলা যেন ডাৱৰ।
চকা মকা ৰামধেনু ৰঙৰ বাহাৰ।
গধূলিটোক প্ৰাণ দিব পৰাকৈ
গাঁৱৰ সিমূৰত বাজি উঠে ডবা।

পাতলীয়া এন্ধাৰ জাকৰ তীব্ৰতা কমাই 
যেনি তেনি উৰি ফুৰে জোনাকী পৰুৱাৰ দল।
আকাশত ষষ্ঠী কি সপ্তমীৰ জোন।
ছাঁ আৰু পোহৰৰ এক অপূৰ্ব সমাহাৰ।
পাতলীয়াকৈ জাৰ পৰে।
সোনকালে ভাত এমুঠি খাই 
গাঁওবাসী টোপনিত পৰে।

ক'ৰবাত কেঁচুৱাৰ কান্দোন আৰু কুকুৰৰ ভুকভুকনি।
গাঁওখন নিতাল মাৰি শুই যায়।
পুখুৰীৰ শীতল পানীত 
জোনবাইটো ওৰে নিশা ওপঙি থাকে।

আকৌ কাউৰীয়ে কা নকৰোতেই সাৰ পায় গাঁওখন।
চলি থাকে গাঁৱৰ চহা জীৱন এনেকৈয়ে।
নিৰন্তৰ নিৰৱধি।
কিছু পুৰণি-কিছু নতুনৰ মাজেৰে।
যিদৰে খেৰৰ চালখন এলুমিনিয়াম টিনৰ হয়।
বোকাময় ৰাস্তাটো শিলগুটিৰ হয়।
ঠিক তেনেকৈয়ে...।
——————————
উভতি অহাৰ কথা
ৰিমজিম দেৱী

সেইদিনা পদুম পুখুৰী-পাৰত দেখিছিলোঁ‌ আপোনাক
ৰঙা শাৰীখন গাত এনেকৈ লেপেট খাই আছিল
ৰঙাবোৰলৈ মোৰ বাৰুকৈয়ে ঈৰ্ষা জাগিছিল।।

ৰঙাবোৰ মই বেয়া নাপাওঁ,
ভাল পাওঁ আপোনাৰ ৰঙা ওঁঠ
আপেল ৰঙা গাল
ক'লা মেঘৰ কাজল সনা চকু
মেঘালী চুলি 

সেইদিনা পলকতে মেঘ আনি
বৰষুণ নামিছিল
নাচনী ময়ূৰজনী হৈ আপুনি নাচিছিল
বৰষুণজাকে আপোনাৰ যৌৱনক ধুই নিছিল
সেইদিনাও মোৰ বৰষুণলৈ ঈৰ্ষা জাগিছিল।

আপুনিও জানে বৰষুণক মই বেয়া নাপাওঁ
দুয়ো একেলগে তিতিবলৈ পালে!
যৌৱন ধুৱাই নিয়া বৰষুণৰ টোপালৰ ছিটিকনি
মোৰ গাত পৰাহেঁ‌তেন!
মই বৰষুণজাক কাহিনীও বেয়া নাপালোঁ‌হেঁ‌তেন।

অভিমান এবুকু বান্ধি উভতি নাহিলো হয়।
——————————————————
প্ৰেমৰ পদ্য 
গকুল চৌধুৰী

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা
দুখৰ মাজতো তুমিয়ে সুখ 
সুখৰ মাজতো তুমিয়ে দুখ 
কেতিয়াবা কমে কেতিয়াবা
বাঢ়ে মোৰ প্ৰেমৰ অসুখ  ৷

অ ধুন ,
কাষত নাথাকিলেও লগত থাকিবা
মিলন নহ’লেও নহয় আমাৰ প্ৰেম
ভালপোৱা আধা - আধৰুৱা  ৷

আৰুনো কি লাগিছে মোক ?
আৰুনো কি লাগিছে মোক ?

অ মন ,
দুৰ দুৰনিত থাকিলেও তুমি
সুখে - দুখে তোমাৰ লগতে
জীৱন জীয়াম 
দুৰ দিগন্তত থাকিলেও মই 
তোমাৰ মৰম-ভালপোৱাৰে 
যৌৱন সজাম ৷ 

অ সোণ ,
চকুৰ সন্মুখত নাথাকিলেও 
মনৰ মাজত সদায় থাকিবা 
আমাৰ প্ৰেম-ভালপোৱা 
হ’ব চিৰযুগমীয়া ৷ 

আৰু একো নালাগে মোক 
আৰু একো নালাগে মোক ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা 
দুখৰ মাজতো তুমিয়ে সুখ 
সুখৰ মাজতো তুমিয়ে দুখ
কেতিয়াবা কমে কেতিয়াবা
বাঢ়ে মোৰ প্ৰেমৰ অসুখ  ৷
———————————
অশ্রু
ড০ আদিল আলী

১.
প্ৰেমত বিষাদ আছে 
বাবেই এটোপাল 
অশ্রু ওলায় 

২.
অশ্রুত বৈ আহে 
ঠুনুকা হৃদয়ৰ সাগৰ 

৩.
তুমি কান্দিবাছোন 
আজিলৈ তুমি কন্দা   
মই হ'লে দেখা নাই, 
বিষাদ বৈ ওলাই আহিব 
পুৱাৰ নতুন সূৰুযৰ কোমল ৰ'দালি 

৪.
অশ্ৰু ওলাই ন'গলে 
দুখ-বেদনাই হিয়াখন ভিতৰি-ভিতৰি 
খুলি খুলি খায় 

৫.
নষ্টালজিক ভাল ল'গা স্মৃতিবোৰ নিকা হৈ 
পুনৰ জীৱনৰ গতি ছন্দ বঢ়াই 

৬.
অশ্ৰু হৈ পৰে নিশাৰ কোমল 
জোনাক ভঙা বিচ্ছেদিত হিয়াৰ 
পদপথৰ নিঃসংগ গান 

৭.
দাম্ভিক মুখমণ্ডল এখনতকৈ 
অশ্ৰুসিক্ত দুই নয়নে ভাল 
য'ত নিহিত থাকে 
অগাধ ভক্তি আৰু হিয়াভৰা প্ৰেমৰ গোলাপ। 
———————————
সময়
ৰুবি বুঢ়াগোহাঁই

মানুহবোৰ এনেকুৱাই
কথাতে কয় সময়ে
সকলোকে সলনি কৰে
আচলতে সময়ৰ কোবাল সোঁতত
নিজকে উটুৱাই দিয়া হয়
এইটো সঁচা—
সময়ক কোনেও ধৰি ৰাখিব নোৱাৰে।
সময়ৰ লগতে
সলনি হয় মানুহৰ মনও
সলনি নহয় মাথোঁ প্ৰকৃতিৰ নিয়ম
সূৰ্য উদয় হয়,
অস্ত যায় একেই দিশে।
সলনি হোৱা নাই আহ্নিক গতিও
সময়ৰ গতিত গৈ আছে মাথোঁ
সলনি হোৱা নাই ছয় ঋতু
বাৰ মাহও ।
সলনি হৈছে মাথোঁ
মানুহৰ মন
বিশৃঙ্খল হৈছে মাথোঁ
মানুহে গঢ়া সমাজ
সকলো আজি হৈ পৰিছে জীৱন নাটৰ
ভাঁৱৰীয়া।
যাৰ যি মন যায়
কৰিছে নানা ভাও
কোনোবা যদি সফল হৈছে
কোনোবা কিন্তু বিফল
কোনোবাই যদি হাঁহিছে
কোনোবাই কিন্তু কান্দিছে
প্ৰকৃত অৰ্থত আচলতে "কৰ্মইহে ধৰ্ম"।
যেনে কৰ্ম কৰিম আমি তেনে ফল পাম নিশ্চিত।
জন্ম-মৃত্যু এইয়াওচোন বিধাতাৰেই লিখন
সেয়েহে ভাৰসাবিহীন
দুদিনীয়া আমাৰ জীৱন
দুখ নিদি মিলাপ্ৰীতিৰে ৰাখোঁ আহা
ইজনে-আনজনক।
———–––———–———
মই এটি কোনেও নুবুজা সাঁথৰ
মৌচুমী তালুকদাৰ

 মাউৰা ছোৱালীৰ পৰা পৰা বোৱাৰী হৈ কেইবাটাও বসন্ত গৰকিলোঁ।
তথাপিও যে নেপালোঁ কেনিও 
মোৰ মন গহনত নীৰৱতাই আচ্ছন্ন কৰি থকা বিষাদৰ 
কেম্পাছত ৰাখিব পৰা আত্মা।
হৃদয়ৰ পৰা শৰীৰৰ সকলো সঁপি দিয়া আত্মাৰ মাজতো কেতিয়াবা প্ৰশ্ন জাগে মোৰ।
মোক বাৰু সঁচাই বুজি পায়নে?
মোৰ অন্তৰখনে?
 অন্তৰখনো নিৰ্বিকাৰ।
 সপোনৰ ৰংবোৰ আজি লাহে লাহে শুকাই যাব ধৰিছে কাৰণ মই যে এক নুবুজা সাঁথৰ।
——————————
জীৱনৰ অনুভৱ
মধুস্মিতা শৰ্মা

জীৱনটো এডাল কেকটাছ
কাঁইটেৰে আবৰি ধৰিলেও
পিন্ধি থাকো সেউজীয়া চোলা
জীয়াই থকাৰ সহাৰি জনাবলৈ

জৰাজীৰ্ণ আইৰ বুকুত
এতিয়াও ভণ্ড  তপস্বীৰ দল
মুখা পিন্ধি ,সুৰ সলায়
কাঢ়ি নিয়ে গলপতাৰ বাখৰ,

জীয়াই থকাতোৱেই জানো সুখত থকা হয় ?
মূৰৰ পৰা ভৰিলৈকে অজস্ৰ জুইৰ আঙনি 
কোঙা শৰীৰত দিনে দিনে বুলদ্ৰেজাৰৰ জোকাৰ
ডালি ডালি কামিহাৰত আকৌ বোজাই নধৰা,

মিছা কথা কোৱাৰ কায়দাবোৰ
ইমান নিখুঁত !
ভাৱি ভাৱি ঠাইতে টোপনি যাওঁ,
সাৰ পাই দেখোঁ-
চোলাৰ পাতলিবোৰ  দেখোন বৰ গধুৰ !
দাঙিব নোৱাৰি -

এনেকৈয়ে শেষ হ'ব নে কি
দিন-ৰাতিৰ পাৰ্থক্য ?
ওৰ পৰিব নে কি নিজানৰ গানৰ লালিত্য ?
হতবাক হওঁ উচুপি থকা কঙ্কালবোৰ দেখি,
মানৱ সভ্যতাৰ আমি শেষ অধ্যায় নে কি বাৰু?

এফালৰ পৰা গিলি পেলোৱা আইৰ চোতাল
বুলিবলৈ আৰু একো নাই,
পদপথে, উপপথে অচিনাকিৰ দপদপনি্
নিজকেই বিচাৰি নেপাওঁ  নিজৰ চুবুৰিতে,
কথা ক'লেও মাতবোৰত দেখোন বে-সুৰ,
হেৰুৱালো নে কি এইষাৰো ?

এৰা ! নিজৰ বুলিবলৈ থাকিবনে কিবা ?
নে সকলো আত্মসমৰ্পণ কৰিলোঁ ?
গা-এৰা দিওঁতেই সকলো সুলকি গ'ল 
হাতৰ মুঠিৰ পৰা ,
এতিয়া চেলবেলালেনো হ'ব কি ?
ভেটি জেং জাবৰে আবৰি ধৰিলে ।
——————————
সম্পৰ্কৰ এনাজৰী
দিপ্তী মনি গোস্বামী

ৰেচমী সূতাৰে ভমকাফুলীয়া
সোণত সুৱগা বুটা বচা
তুমি এক বিশেষণ আলফুলীয়া
তেজ মঙহ অথবা অনুভৱ অনুভূতিৰে খাজ কটা।

চেনেহৰ দীঘ মৰমৰ বাণী
জাপতে তুমি বনকৰা খমখমীয়া
সভ্যতাৰ পোহৰত তুমি কণা হ'লা
নিঃকিনৰ দৰে তোমাৰ চৰিত্ৰ সজালা।

মাটিৰ ভেটিত আছিলা তুমি আবেগৰ মৌ সনা
কংক্ৰিটৰ পাহাৰ বগোৱা সাফল্য‌ই 
অৱদান দিলে তোমাৰ হৃদয়ৰ শিল ভঙা
অতীত বৰ্তমানৰ দস্তাবেজ পাহৰণিৰ গাঁতত পুতি।

প্ৰযুক্তি যান্ত্ৰিকতাৰ উপাদানত
সৃষ্টি হ'ব জানো কেতিয়াবা?
মাটিৰ মৰমবোৰ বেসুৰীয়া নকৰাৰ প্ৰতিবাদ
জৈৱিকতাবোৰ অটুত থকাৰ আৰ্তনাদ।

সময়ৰ বালিচৰত পৰা খোজবোৰ 
সঁচাকৈয়ে নিশ্চিহ্ন হৈ পৰে সময়ৰ হাতত
প্ৰকৃতিৰ সৃষ্টিয়ে লীলা কৰা
এই প্ৰকৃতিৰ বুকুত!
———————————
বসন্ত
নবযানী বৰুৱা শইকীয়া

বসন্ত যদি যৌৱন হয়
সেই যৌৱনৰ প্ৰথম প্ৰেম কেতিয়াও নহয়
গছৰ কপৌ ফুল
বাৰীৰ তগৰৰ গোন্ধ
দুৰৰ ঢোল চেও
আৰু বা ৰিব ৰিব কৰা ফাগুনৰ বতাহ!

বসন্ত যদি যৌৱন হয়
তেনে ডেকা গাভৰুৰ উল্লাহ
এপাক বিহু মৰাৰ হেঁপাহ
বিহু গীতত নিজক বিচাৰি পোৱাৰ আশা
হাতত জুৰ লৈ হুঁচৰি মৰাৰ প্ৰথা
যৌৱনৰ প্ৰথম প্ৰেম !

বসন্ত যদি যৌৱন হয়
ককা আইতাৰ সোলা মুখত শুনা
বৰহমথুৰিৰ বোল চুই চোৱা মন।
জেতুকাৰে ৰাঙলী হাতত
ধিনিকি ধিন দাও চেওত লহৰ তুলি নচা
কলদিলীয়া খোপাত ওলমি থকা
কপৌ ফুল পাহ আকৌ গুজি দিয়াৰ চল।
ঋতু আহে বা নাহে
ঋতুৰ ৰজা বসন্তৰ ৰাণী হৈ
আকাশ বতাহ বিয়পাই দুৰ গগনলৈ
উৰি ফুৰা ক্ষণ।
বসন্ত তুমিটো অসমীয়াৰ যৌৱন।
———————————
লিমাৰিক : এক মে
পৰাণ জ্যোতি ভূঞা

এক মে' দিনটো হ'ল আন্তৰ্জাতিক শ্ৰমিক দিৱস
এই দিৱস শ্ৰমিকৰ ত্যাগ তথা শ্ৰমৰ সাৰুৱা পলস
বহাগতে এইটো দিন
বিহুতে সকলো লীন
মে' দিৱস উদযাপন কৰিবলৈ আমিবোৰ হওঁ অলস
—————————————————————
জীৱনৰ বিয়লি বেলা
দেবানন্দ পেগু

অপৰাহ্ন পাৰ হ'লেই বেলিটিয়ে পাহাৰৰ নামনিলৈ খৰ-খেদাকৈ কাষ চাপি যায়
সময়ৰ ঘণ্টাটো ঘনে ঘনে বাজে
জীৱন সবল নাটৰ অভিনয়ত ছন্দৰ পঠন ঘটিবলৈ ধৰে
ডেউকা কোবাবলৈ লাহে লাহে পাখিবোৰ সৰি পৰে
হেঙুলি ৰহন হানি বেলিটিয়ে আবেলিত ভৰি দিয়ে
আবেলিৰ পৰা সন্ধিয়ালৈ বহু যোজন দূৰ
কবিতাৰে খেলিবলৈ আপোন আপোন লগা শব্দবোৰ আঁতৰি যায়
নাযায় নোপোৱা এই সন্ধিক্ষনত চাৰিওফালৰ পৰা শিয়ালে আৱৰি ধৰে
ইহঁতক কেনেকৈ বাধা দিব
পাৰ হৈ যোৱা ধুমুহা জাকত ভঙা পঁজাটিত ক'ত কিমান যে বোজা
আন্ধাৰত বিলীন হ'ব খুজিও থমকি ৰৈ
দুয়োটা আঁঠুত মূৰটো থৈ কিমাননো অপেক্ষা কৰিব
নামনিৰ পাহাৰটো বেলিটিয়ে পাৰ হোৱালৈ।
———————————————————

Post a Comment

0 Comments