পষেকীয়া কাব্যকানন সপ্তম বৰ্ষ পহিলা সংখ্যা

—————————————————————
সম্পাদনা সমিতিঃ–

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -ৰিংকুমণি বড়া
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  বাপতি সাহোন ৰঙালী বিহুটিক "হেপ্পী বিহু" কৰি তোলাৰ  সময়তে ,  ব্যক্তিগত বিদ্যালয়বোৰত (বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত) উৰুকা দিনাখন  অতি উলহ মালহেৰে চেনেহৰ বিহুটি  উদযাপন কৰা বিষয়টো নেতিবাচকতাৰ  মাজত  এক অত্যন্ত  ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।       
ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীবোৰ আমাৰ চহকী কৃষ্টি-সংস্কৃতিৰ মূল শিপাৰ পৰা আঁতৰি যোৱা বুলি সময়ে সময়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে। বহুক্ষেত্ৰত এই চিন্তাযে অমূলক নহয়,সেয়াও প্ৰমাণিত হৈছে। ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়ে  দেউতাকক "পাপা"নাইবা "দেদ্দী"  ,মাকক "মামী" বুলি কোৱাৰ কোনো কথা থাকিব নোৱাৰে।  'আমাৰ ই/এই এছামিজ ভালদৰে লিখিব/পঢ়িব নোৱাৰে'-বুলি গৌৰৱ কৰা একাংশ অভিভাৱক এইক্ষেত্ৰত প্ৰধান জগৰীয়া। 
  মোৰ বোধেৰে সময়ৰ লগত খোজত খোজ মিলাই আগবাঢ়িবলৈ,ইংৰাজী ভাষাটোৰ গুৰুত্বযে অপৰিসীম- সেয়া আমি নিশ্চয় সকলোৱে অনুধাৱন কৰো। অসমীয়া কলা  কৃষ্টি সংস্কৃতিৰে সংপৃক্ত হৈ ,অসমীয়া ভাষাটোক সম্পূৰ্ণকৈ দখলত ৰাখি, ইংৰাজী মাধ্যমত অধ্যয়ন কৰাটো মোৰ বোধেৰে কোনো অপৰাধ বা দোষণীয় কাম নহয়।কিন্তু, এইক্ষেত্ৰত অভিভাৱকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। 
   অসমীয়াৰ মূল শিপাৰ সৈতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা সংপৃক্ত কৰাৰ হেতু ব্যক্তিগত বিদ্যালয়বোৰে (বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰে) এইবেলি উৰুকাৰ দিনা, বিদ্যালয় বাকৰিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰাক ৰঙালী উৎসৱ আয়োজন কৰাৰ কথাটো সঁচাকৈয়ে অতি গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। আগতেও উদাপন কৰা হৈছিল যদিও এইবেলি প্ৰায়বোৰ বিদ্যালয়ে ,অতি উলহ মালহেৰে প্ৰাক ৰঙালী উৎসৱ আয়োজন কৰিলে। এইক্ষেত্ৰত অভিভাৱকসকলৰ সহযোগিতাও উল্লেখনীয় দিশ হিচাপে পৰিগণিত হৈছে। লগতে ধৰ্ম,ভাষা নিৰ্বিশেষে সকলোৰে সহযোগিতাও এইবেলি ৰঙালী বিহুটিৰ এক বিশেষ ইতিবাচক তথা আশাব্যঞ্জক দিশ হিচাপে চিহ্নিত হৈছে।

বিনীত–
নৱ ৰাজন
সম্পাদক  
কাব্যকানন
——————————
——————————
কবিতাৰ  আড্ডা
উদয়  কুমাৰ  শৰ্মা

নিজৰ সৃষ্টিৰ প্ৰতি মোহ -- আপোন সন্তানলৈ থকা স্নেহৰ দৰে। 

  নিজ-সন্তানক, এটা সময়ত (বন্ধু হিচাপে) শাসন কৰিব নাজানিলে / নোৱাৰিলে -- তেওঁ বিপথে যোৱাৰ সম্ভাৱনা থকাৰ দৰে -- শিল্পৰ স্বাৰ্থত, মননশীল সংযমেৰে স্ব-সৃষ্টিক নিৰ্মাণ কৰিব নোৱাৰিলে / নাজানিলে -- তেনে সৃষ্টি তৰল হোৱাৰ সম্ভাৱনাই অধিক।
—————————————————————
অনুবাদ কবিতা

शायर अनुभव चेटर्जी

घाव हैं, 
मलहम भी है,
लफ़्ज़ों की ताक़त कुछ और ही हैं; 
बेजान पन्नो से भी आवाज़ सुनाई देगी, 
रात की ख़ामोशी कुछ और ही है...

মূলঃ অনুভৱ চেটাৰ্জী
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

ঘা এটুকুৰা আছে
মলমো আছে
বাকশক্তি অন্যহে
সৰাপাতৰ সুহুৰিতো উন্মাদনা আছে
নিশাৰ মৌন গভীৰতাই অন্য কথাহে কয়...
——————————
স্ত্ৰী
মূল ইংৰাজী : কবি টেমচুলা আও ( নগালেণ্ড)
হিন্দী অনুবাদ : শ্ৰুতি মাধবেন্দ্ৰ
অসমীয়া ৰূপান্তৰ : অপূৰ্ব ভূঞা

প্ৰকৃতিয়ে তেওঁক এনেদৰে স্ৰজিলে 
যি ধুই নিবপাৰে মলিনতা 
ধাৰণ কৰিব পাৰে বীজ
পূৰ্ণ কৰিব পাৰে সকলোৰে ইচ্ছা
নোৱাৰে কেৱল নিজৰ 

সময়ে তেওঁৰ কৰ্ম্মৰ মূল্য নিৰ্দ্ধাৰণ কৰে 
আৰু নীতি-নিয়মে তেওঁক বান্ধিৰাখে তেতিয়াও
যেতিয়া তেওঁ কান্দে আৰু 
চিঞৰি উঠে প্ৰতিৰোধত 

পুৰুষে তেওঁক বুজনি দিয়ে
অবৰুদ্ধ কৰি 
এনেদৰেই প্ৰতিষ্ঠা কৰে 
সময়হীন আধিপত্য ৷

[কবি পৰিচয় :টেমচুলা আও ( ১৯৪৫- ২০২২)  : নগালেণ্ডৰ প্ৰসিদ্ধ কবি আৰু সাহিত্যিক ৷ ২০১৩ চনৰ সাহিত্য একাডেমী বঁটাপ্ৰাপক আও ভাৰত চৰকাৰৰ দ্বাৰা  ২০০৭ চনত পদ্মশ্ৰী সন্মানেৰেও সন্মানিত হৈছে ]
——————————
কবিতা

কবিতাৰ মহল    
ৰুদ্ৰ সিংহ মটক 

কংক্রিটৰ ঘৰবোৰ
কাঠৰ দুৱাৰ আইনাৰ খিৰিকী–

ভাগি পৰিব পাৰে ধুমুহাত  ভূঁইকঁপত, 
জহি যাব পাৰে কালৰ সোঁতত... 

কবিতাৰ ঘৰ---আকাশ যাৰ চিৰ উন্নত মুধচ, 
কোঠাবোৰত জোনাকৰ দেৱাল, শব্দৰ শাৰী শাৰী
শোভিত তৰা-চাকি

কবিতাৰ মহল মোৰ---স্তম্ভবোৰ কহিনুৰৰঙী হৃদয়ৰ দৰেই 
উজ্বল, ৰ’দ-সুগন্ধিত; কি অসম্ভৱ দৃঢ়! 

চিৰকাল থিয় দি থাকে 
ভালপোৱাৰ মাটিত ।         
——————————
সম্বন্ধৰ চকুপানীত জিলিকিব
ৰীতা বৰুৱা

জীৱনে পাহি মেলাৰ পৰতে
আই- পিতাইৰ হাত ধৰি পোৱা 
সম্বন্ধৰ গাত ভেজা দি
গঢ়ি উঠিল ন ন সম্বন্ধ

পোৱালি মেলা বাটৰ দৰে
বাঢ়ি গ’ল সম্বন্ধ
নতুন সম্বন্ধৰ ধামখুমীয়াত 
ধূসৰ হ’ল পুৰণি সম্বন্ধ

পুলি-পোখা মেলি বৃক্ষ হ’ল
ছাঁ দিলে
শিকালে জীয়াই থকাৰ পাঠ
জীৱন কেনভাছত আঁকি দিলে
হেজাৰ আঁক-বাঁক

সম্বন্ধৰ বাবেই ফুলিল ওঁঠত
হাঁহিৰ পাহি
সম্বন্ধৰ বাবেই দুগালৰ লোৰ কাটি
 ব’লে চকুপানী 
আৰু এদিন
লহিওৱা বেলিৰ ঢিমিকি পোহৰত
সম্বন্ধবোৰ  সুঁৱৰি সুঁৱৰিয়ে
মেলানি মাগিম 
এই পৃথিৱীৰ পৰা
সম্বন্ধৰ সকলো সূতা ছিঙি

সম্বন্ধৰ চকুপানীত জিলিকিব 
জীৱনৰ দীঘ-বাণী ।
——————————
নিলিখা আখৰেৰে এখন চিঠি
(কথাখিনি ঝিলৰ)
জোনমণি দাস 

প্ৰাচীৰৰ প্ৰৱাল ভাঙি মই গুচি আহিলো মা
মনত ৰাখিবাঃ মই আছিলো মৰতত ফুলা সৰগৰ পাৰিজাত 

এটা জোনাকীৰ কথকতাত 
হাড় কঁপোৱা শীতল শব্দবোৰৰ মাজেৰে মই 
অনেক কথাই ক'লো
শুনি শুনি শিল হ'ল এটা সমকামী সুৰ্য।

গিৰিজাত গজি উঠিল সহস্ৰ শব্দৰ ওঁঠ

জীৱনে মোক যাতনা দিলে
যাতনাৰে জেতুকা বুলাই মই জীৱনক জাতিষ্কাৰ কৰিলো
অনন্ত কাললৈকে কালক কৰিলো জাতিষ্মৰ 
দুচকুৰ দ্যুতিৰে মানুহলৈ থৈ গ'লো
পৃথিৱীৰ প্ৰভা.....

এটা কবিতাৰ প্ৰথম শাৰীটোৰ কাৰণে
নিৰ্যাতিত এজন কবিয়ে মোক কাকুতি কৰিছিল। 
তেওঁক কবা- আত্মাত বাচি থকা লোক কেতিয়াও নমৰে।

তুমি আত্মা হোৱা
মানুহক অমৰ কৰা
অনন্তকাললৈ য'ত জীয়াই থাকিব
পৃথিৱীৰ প্ৰতিটো শিষ

প্ৰাচীৰৰ প্ৰৱাল ভাঙি মই গুচি আহিলো মা,
পাহৰি গ'লো বুদ্ধই বিচৰা সৰিয়হমুঠিৰ সাধু।

লগ পালে সেই কবিক ক’বা:
স্মৃতিতকৈ আত্মা শ্ৰেষ্ঠ আসন...
———————————
চিতা
জুবিলী গগৈ

চিতাৰ ওপৰৰ চিতাত
হেৰাই গৈছে
নিহতৰ ছায়া

চিতাৰ ব্ৰুজ খলিফা
মানুহৰ চকুৰেতো চাব নোৱাৰি

আইৰণী গছত
ওলমা বাদুলী

ভুল টিকট লোৱা
হিৰোছিমা-নাগাছাকিৰ পৰ্যটক মই

পিয়াহত আতুৰ
কাজল-ক'লা নদী

মানুহৰ চকুবোৰ শিল
শাপগ্ৰস্ত
কাল-কূট

জ্বলি ছাই হোৱা পৃথিৱীত
থাকেনে মানুহ।
———————————
শিলকথা
গাৰ্গী ভূঞা

বহুত শুনিলো শিলবোৰে কথা কোৱাৰ কথা
সেইবাবে পূজা-স্থলিত শালেগ্ৰামভাগ স্থাপন কৰিলোঁ

নৈ খনৰ কাষত কাণ থৈ শুনিলো
কথকী শিলৰ কথকতা
যি শিৰায়ে শিৰায়ে বৈ গ'ল
সেয়াই আছিল শিলকথা

মনৰ মাজৰ ৰামক আনি মন্দিৰত স্থান দিলোঁ
আৰু সৰজুৰ পানীত বুকুখন তিয়ালো
যি সজীৱ হ'ল
সেয়া কোনো প্ৰস্থৰ নে মোৰ আত্মা !

মোৰ বুকুখনতো আজি শিল গজিছে
আৰু শিলেই মোক বাট বটাইছে ভবিষ্যতৰ...
—————————
বসন্ত-বিলাস
অংকুৰিতা ফুকন

১.
শীত ভাগৰিছে
দীঘল আস্তিনৰ চোলাৰ তলত
যদি ফাগুনে বিন্ধিছে তোমাক
বুজিবা বসন্ত সমাগত…

২.
কুঁহি পাতত সুৰ তুলি
এটি চৰাই উধাও হ'ল
ভোল গ'লা তুমি ভুপালী মল্লাৰ বুলি
তাতেই বসন্তৰ আৰম্ভণি

৩.
ধূলিৰ চাদৰ খহিছে
বঙীয়াত ন-প্ৰেমৰ টেঙেচি ফুলিছে
যদি বিদ্ৰোহ আছে তাত
বসন্তলৈ মাথোঁ এৰিঙৰ বাট…
———————————
বসন্ত কীৰ্তন
অৰ্চনা ঠাকুৰীয়া 

বসন্তৰ গছ
যি গছলৈ আহে ভালপোৱা
লাজত
ৰঙচুৱা হয় দুগাল

শৰীৰত চুমা যাচে সুগন্ধি বৰষুণে
ভিজা মাটিৰ গোন্ধ আৰু বসন্তৰ গোন্ধ
আস ! কি  ৰাগিলগা বাঁহী

বসন্তৰ গছ
যাৰ কাষলৈ আহে
কাঙাল দিনৰ কহিনুৰ বিশ্বাস
কণমাইৰ গোহালিত কাজলী ওপজে
বাপ-মাউৰা পোনাতিয়ে বিচাৰি পায় সম্ভাৱনাৰ বীজ

বসন্তৰ গছে 
থৰ লাগি চাই ৰয়
আলিংগনতো জোৰা নলগা হৃদয়ৰ ব্যাথা

বসন্তৰ গছে ভালকৈয়ে জানে 
অসুৰক সুৰলৈ পৰিবৰ্তন কৰাৰ
ধ্ৰুপদী কৌশল

বসন্তৰ কুঁহিপাতৰ জাল সিৰাৰ খাজে 
আটি বান্ধে পাহৰণি গল্পৰ
সোঁৱৰণি -কাব্য

বসন্তৰ গছ 
ভালপোৱাৰ সুৰক্ষিত বান্ধোন
যি, ৰাতি যাপন কৰে তাৰ বুকুত
শুনিব পাৰে বসন্তৰ হিয়াভগা কান্দোন।
———————————
তিনি স্তৱক 
বিশ্বজিৎ নাথ 

১.
চকুহাল টেবুলত খুলি থ’লোঁ
অলপ শান্তি
ধোৱা আৰু ধূলি চহৰখন পাৰ হ’ব পাৰি।

২.
কাণত কপাহ গুজি বহি:জগতৰ পৰা বিচ্ছিন্ন হ’লোঁ
এতিয়া আৰু নুশুনো 
মিথ্যা যুক্তি, প্ৰৱচন।

৩.
পৰিশেষত: অষ্ট্ৰিক চৰাই দৰে পৰি আছো
মোতকৈ সুখী হ'ব কোন  
যি ভাৱনাতকৈ ওখ
বতাহকৈও বেগী
ইমান প্ৰিয় এই পৃথিৱী।
——————————
ব'হাগ 
ৰিংকুমণি বড়া

ব'হাগৰ বতাহজাকে যেতিয়াই চুই গ'ল
মোৰ গাভৰু দেহা
নেমুফুলাৰ সুগন্ধিত আমোলমোলাই উঠিল চৌপাশ
ক্ৰমাৎ সেউজীয়া হৈ উঠিল 
বুকুৰ ভিতৰৰ লঠঙা পাহাৰটো 
কুলিৰ মাতৰ চঞ্চলতাত 
বাৰেপতি হেৰাল চেৰেকীৰ আঁত
গচকত যঁতৰ ভঙাৰ উলাহ এটাই
বুকুত গোপনে সাজিলেহি বাহ...

জেতুকাৰ বোলেৰে ৰাঙলী দুহাত
থৌকি বাথৌ মনৰ মাজত
সাৰ পাই উঠিল যুৰীয়া সপোন এটাই
নিৰৱতাক এচাৰি পেলোৱা চেনাইৰ ঢোলৰ মাতত
লাহি ককালত দেওধনি উঠিল
বৰহথুৰিৰ বোলেৰে ৰাঙলী দুওঁঠৰ অভিমান সৰি
খোপাত ফুলিল চেনাইৰ হেঁপাহ...
————————————————
বন-নহৰু
ৰমেশ চন্দ্ৰ ৰায় 

কোনোবা এলাগী ঢাপত বন-পাত আঁতৰাই
ফুলি উঠিলা
এথোপা কাঁচি-জোন

বন-নহৰু

তোমাক বিচাৰি চলাথ কৰিলোঁ বাৰীৰ ঢাপ
বাঁহতল

নৈৰ পাৰ

শুৱনি কৰিবা কাৰোবাৰ হৃদয়ৰ পঁজা

নে
এলাগী হৈ মৰহি যাবা বন-পাতৰ মাজত ।
——————————
ঈশ্বৰ
দেৱ দাস

হে ঈশ্বৰ
তোমাৰ নিৰ্মালীৰ বাবে আছো

নিৰ্মালীয়ে লুকুৱাই ৰাখিছা

সকলো বিনস্ত কৰি
মৃত্যুৰ বিভিষিকা

সৰ্বশক্তিমান
তোমাৰ ৰাজত্বতে
মানৱতাৰ আচনি নাই

দোষীক যেনিবা
পাপৰ শাস্তি
নিৰ্দোষীক কিয়
দুৰ্যোগৰ মুখলৈ থেলি আছা

হে ঈশ্বৰ 
ৰজাই সৎকথালৈ
কাণ নিদিয়ে কিয়

কৰ্মীয়ে নিজ কৰ্মত থাকিব 
আন মানুহক
ভয় নকৰিলেও
সিহতৰ কি
ঈশ্বৰলৈও
ভয় নাই।
——————————
ব’হাগ
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

ব’হাগ মানে চিৰিলুইতৰ অগ্নিসুৰ
মানে সেউজীয়া মুকুতা মাদল
ৰঙাপৰীয়া কলাফুলৰ লয়লাস
নল-খাগৰীৰ সুহুৰি
ডাউক শৰালিৰ কুহুকনি
গছতলৰ ৰাতি বিহু...
——————————
গৰু বিহু
পংকজ কুমাৰ শৰ্মা

চ'তৰ সংক্ৰান্তিৰ সংস্কাৰত
কৃষ্ণ গোঁসাই আজিও ব্যস্ত, 
বাঁহীটো একাষৰীয়াকৈ থৈ
গো ধনৰ সেৱাত ব্ৰতী

গকুল বৃন্দাবন বুলি কোনো কথা নাই 
সকলো কৃষ্ণময় 

প্ৰকৃতিৰ অনুপম ৰূপ 
দেহ-মন কিবা
উগুল-থুগুল 

মাহ-হালধিৰ গোন্ধেৰে
গোটেই গাঁওখন 
আমোলমোল। 
———————————
ব'হাগ
চয়নিকা ভূঞা

কুঁহিপতীয়া আলাপত  
ব'হাগ অহাৰ বতৰা

সকলো কথাতে আউল 
সকলোতে পকনীয়াৰ খেল
তথাপিও 
ঋতু আহে ঋতু যায় 

শেষান্তৰতো শেষ নোহোৱা কাহিনীবোৰ
বসন্তত ওপজে

এটা সপোন
এদিন তোমাৰ ঘৰৰ আলহী হ'ম

কোনে বুজে
মাজনিশা কেতেকীৰ হিয়া ভঙা বিননিৰ বেথা

বৰ্হমথুৰি ৰঙেৰে ৰঙীন কৰা
দুওঁঠত এতিয়া
বসন্তৰ মেল ।
----------—————
ব’হাগ ৰ'দ প্ৰেম ইত্যাদি
মৰমী কাকতি

ৰ'দৰ ফুলবোৰ ফুলিবলৈ লৈছে
ফুলবোৰ মতলীয়া 
ৰ'দে প্ৰেম সানিছে গালে মুখে 

চৰাইবোৰৰ গানৰ আখৰা 
চৰাইবোৰ সুৰীয়া
বনে বনে প্ৰেমৰ চোমনি

বেঙুনীয়া হাঁহিত ব’হাগৰ সচিত্ৰ ঠিকনা
গুঞ্জৰিত সবাক ছবি 
ব’হাগ উন্মনা

শিঙাৰ মাতত প্ৰেম 
গগনাৰ মাতত স্নেহ

উদুলি মুদুলি ব’হাগৰ পদুলি
নাচনীৰ প্ৰেমৰ পিৰালি

বিষাদৰ গইনা কিমান ল'ম?
বুকুৰ কাঁইট আঁতৰাই ৰ'দত খোজ দিবলৈ শিকিছো

এতিয়া সুখৰ সময়
ব’হাগ ফুলিছে সুখৰ সময়ত
———————————
জুইকুৰা বুকুত সাৱতি
ভগদত্ত ডেকা

জুইকুৰা বুকুত সাৱতি
কটাই আছোঁ ৰাতি
জুইকুৰাৰ পোহৰ সাৱতি
প্ৰতীক্ষাৰত মোৰ প্ৰীতি
জানোছা পোহৰ দেখি
বিচাৰি আহা পুৰণি স্মৃতি।

এনেকৈয়ে লিখা হৈছে
জীৱনৰ দিনলিপি, 
জুইকুৰা বুকুত সাৱতি
মই ৰৈ থাকোঁ 
একো একোটা ৰাতি ।

একুৰা জুই
এটা ৰাতি;
বুকুত জ্বলে , বুকু জ্বলে ৷
——————————
কথাৰ বাগিচা
বিকাশ হাজৰিকা

কথাৰ বাগিচাত কথাৰ জন্ম হয়,
কথাৰ বাগিচাতেই কথাৰ মৃত্যু হয়।
কথা গল্প, কথা শিল্প, কথা সংকল্প,
কথাৰ কথাৰে হেৰাই মস্তিষ্ক।

কথা ব্ৰহ্ম, কথাৰ কথাতেই শব্দ বিলুপ্ত
শিল্প কথাৰ সংলাপ এটি বিচাৰি,
কথাই কথাক কৰে আক্ৰমণ
আকৌ কথাৰ পৰা কথাৰ সংক্ৰমণ।

নিজৰ বুলিবলৈনো আছে কিমান কথা?
বেলেগৰ কথাৰেইটো জন্ম হয় পৰচৰ্চা,
কথাৰ বাগিচাত কথা বগাই গৈছে
কথাৰ বাগিচাতেই কথাৰ হৈছে অকাল মৃত্যু।
——————————
কাব্যকাননৰ বিগত সংখ্যাসম্পাদকীয় আৰু মোৰ কিছু উপলব্ধি
পৰাণ জ্যোতি ভূঞা

    "প্রতিষ্ঠিত কবিৰ কিছুমান নিম্নমানৰ কবিতাই শেহতীয়াকৈ
অসমৰ আগশাৰীৰ আলোচনী কেইখনত স্থানপোৱা কথাটোৱে কাব্যপ্রেমীসকলক হতাশ কৰিছে। 'ব্ৰেণ্ডেড' কোম্পানীৰ কিছুমান সস্তীয়া সামগ্ৰীৰ দৰে,কিছুমান তৰল কবিতাও "ব্রেণ্ডেড" আলোচনীত স্থান দখল কৰিবলৈ লৈছে।তাৰ পৰিবৰ্তে উন্নত কবিতাৰে নিৰলস ভাবে কাব্যচর্চাত ব্রতী প্রতিভাসম্পন্ন নবীন সকল বাৰে বাৰে প্ৰতাৰিত হৈছে"-
   '  কাব্যকাননৰ' ষষ্ঠ বৰ্ষৰ ২৩ তম সংখ্যাৰ সম্পাদকীয়ত উল্লেখ কৰা উক্ত কথাখিনিৰ আঁত ধৰি একলম লিখাৰ প্ৰয়াস কৰিলোঁ।যিহেতু সম্পাদকৰ উপলব্ধিৰ সৈতে মই সম্পূৰ্ণ একমত।          
        অপ্ৰিয় হলেও সত্য যে অসমৰ দুই এখন জনপ্ৰিয় আগশাৰীৰ আলোচনীত কবিতাৰ মানদন্ডক গুৰুত্ব নিদিয়ে,'ব্ৰেন্ডেড' কবিৰ যিকোনো কবিতাই প্ৰকাশৰ বাবে বিবেচিত হয়। অথচ এজন  প্ৰবীণ কবিৰ এটা উৎকৃষ্ট কবিতা প্ৰকাশৰ যোগ্য নহয়,অৰ্থাৎ সেই আলোচনীখনে প্ৰতিস্থিত  কবি জনক নবীন বুলিয়েই গণ্য কৰে।প্ৰায় বিশ বছৰমান আগতে  মোৰ এজন বিশিষ্ট কবি -বন্ধুৱে তেওঁৰ তিনিটা মান কবিতা এখন আগশাৰীৰ আলোচনীলৈ পথাই প্ৰকাশৰ মুখ নেদেখাত হতাশগ্ৰস্ত হৈ শেষত আলোচনীখন পঢ়িবলৈকে বাদ দিয়া বুলি মোক জনাইছিল।সেই কথা শুনাৰ পাছত মই সেই আলোচনী বাদেই সকলোবোৰ কাকত আলোচনীলৈ আজিকোপতি লেখা পথোৱাৰ সাহস গোটোৱাৰ পৰা বিৰত আছো।
         কথাটো দৰাচলতে ঠিক তেনেকুৱাও নহয়।মই ছাত্ৰ জীৱনৰ পৰৱৰ্তী কালত কবিতা,লিমাৰিক বা প্ৰৱন্ধ যিয়েই লিখিছো উপযাচি কলৈকো প্ৰকাশৰ বাবে মই নপথাওঁ।সঁচা অৰ্থত কবলৈ গলে প্ৰকাশ হোৱালৈ বাট চাই থকাৰ মোৰ ধৈৰ্য্য নাই আৰু তেনে কৰাৰ পক্ষপাতী নহওঁ। কবিতা লিখোঁ হৃদয়ৰ ভাবানুভূতিৰ বহিঃ প্রকাশ ঘটাই স্বতঃস্ফূৰ্তভাৱে। মাত্ৰ কোনোবা আলোচনী বা স্মৃতিগ্ৰন্থৰ সম্পাদকে বিচাৰিলে নতুবা প্ৰকাশৰ নিশ্চয়তা থকা বুলি ভৰসা কৰিব পৰা আলোচনীলৈ   কবিতা ,লেখা আদি পথাওঁ। সেয়েহে বহুতো অপ্ৰকাশিত কবিতা এতিয়াও মোৰ ফাইলত আৱদ্ধ।এশ এটা লিমাৰিক সংকলন  অলপতে প্ৰকাশ কৰি লাভ কৰা তিক্ত অভিজ্ঞতাৰ পিছত বৰ্তমান কবিতাৰ সংকলন এখন প্ৰকাশ কৰাৰ সাহ হোৱা নাই আৰু ভৱিষ্যতলৈও সম্ভৱ নহব। সেই কথা ইয়াত বিতংকৈ সদৰি কৰাৰ প্ৰয়োজন নাই । 
      মুঠতে কবিতা লিখি হৃদয়ক শাঁত কৰাহে মোৰ উদ্দেশ্য।সুবিধা পালে মোৰ আবেগ অনুভূতিৰ অংশুৰে শব্দক শইচ কৰিব খোজা কবিতা বা লিমাৰিকৰ দ্বাৰা পঢ়ুৱৈ বুটলিবলৈ প্ৰয়াস কৰোঁ। হলেও ই মোৰ গৌন লক্ষ্যহে।স্মর্তব্য যে ,মই এটা কবিতা লিখি পোৱা আৱেশ আনন্দক এডোখৰ নিৰ্ভেজাল হীৰাৰ লগতো সলাব নোৱাৰো।
      শেষত এষাৰ কথা কওঁ - নিৰৱিচ্ছিন্ন ভাবে কবিতা সৃষ্টিৰ সাধনাত ব্ৰতী হৈ  আগুৱাই যোৱা  নবীন প্ৰবীণ সকলে  সম্পাদক শ্ৰীযুত নৱ ৰাজনদেৱে ব্যক্ত কৰা সেই 'ব্রেণ্ডেড' আলোচনীৰ বাবে  হাবাথুৰি খাব নালাগে। বৰঞ্চ ছপা মাধ্যমৰ নহলেও সপ্তম বছৰত সগৌৰৱেৰে ভৰি দি আগশাৰীৰ উৎকৃষ্ট  ডিজিটেল আলোচনী
হিচাবে স্বীকৃতি দিব পৰা পষেকীয়া 'কাব্যকানন'ৰ দৰে মঞ্চত বিনা দ্বিধাই থিয় হওক। নিজৰ সৃষ্টিশীল প্ৰতিভাশৈলীৰ স্বচ্ছ প্ৰতিফলন ঘটাবলৈ ব্ৰতী হওক।কাৰণ 'কাব্য কানন' আলোচনীখনে সপ্তম বৰ্ষত উপনীত নৌহওঁতেই ইতিমধ্যে দুইলাখৰো অধিক দৰ্শক পাঠক(viewers)ক স্পৰ্শ কৰি অসমীয়া কাব্য আলোচনীৰ ঐতিহ্য বহন কৰিছে। 'কাব্যকানন' দীৰ্ঘম্যাদী হৈ  অসমৰ সৰ্বশ্ৰেষ্ঠ কাব্য আলোচনী হিচাবে পৰিগণিত হ’ব,ই ধূৰুপ।
———————————
এন্দুৰ
গণেশ বৰ্মন 

তাহানিতে পথাৰত দেখিছিলোঁ
এন্দুৰৰ উপদ্ৰৱ
আঘোণৰ সোণগুটি কুটি-কুটি
লৈ যায় গাঁতলৈ --
কপালৰ ঘাম মাটিত পেলোৱা ফচল
সিহঁতে কৰে আইধা ।

এন্দুৰ কমা নাই এতিয়াও ,
বৰং উপদ্ৰৱ বাঢ়িহে গৈছে 
কত ৰকমৰ যে এন্দুৰ
ফান্দতো নহয় বন্দী
গাঁৱে-ভূঞে , নগৰে-চহৰে চৰম দুৰ্গতি
অবাধ সিহঁতৰ গতি
ৰাজ কাৰেঙতো লটিঘটি
এতিয়া এন্দুৰে কৰিব স্তব্ধ 
দেশৰ প্ৰগতি  !
——————————
বিলৈ 
গিৰিজা শৰ্মা

শতেক শব্দই শালিধৰা ৰাতি
তাই দু:স্বপ্নৰ পোতা পুখুৰীত পৰি ৰয় 
সাপ নে বেং 
ভাৰস্তৰ ভাৰ বৈ দিনবোৰ "শুষ্কং কাষ্ঠং"

কবিতা কদা কাচিৎ
"নিৰস: তৰুবৰ"
শব্দই শালিধৰা ৰাতি 
তাই পৰি ৰয় দু:স্বপ্নৰ পোতা পুখুৰীত 

খপ্ জপাই উঠি 
এদিন গদ্যৰ মূৰত তেল ঢালিলে 
থোপাথোপে সৰক বুলি 

পিছে বিধিৰ বিপাক 
কথাবোৰ উটি গৈ নৈত পৰিল 
"কথাৰ দৰে" কথাবোৰো কঠিন কলা 

"কচৰৎ কৰা" বুলি 
গীতিময় গদ্যই গতিয়াই দিলে 
এতিয়া 
নলাত কক্ বকাই পৰি ৰোৱা কৰ্পদ কবিৰ 
কৰুণ বিলৈ।
———————————
তোমালৈ
ৰীতিমালা

চকু নে  আকাশৰ এচমকা

ভাগৰুৱা চাৱনিটোৱে
বাট হেৰুৱাই ঘূৰ্মূটিয়াই ফুৰোতে
ঠিকনা দি থৈ যোৱা, 
শ্ৰান্ত সন্ধ্যা এটাক প্ৰচ্ছায়াৰ আলোৱান মেলি দিয়া
এইটুকুৰা  আকাশ ক'ত থাপো মই? 

কাজল মেঘৰ ইমান নীলাভ বিষাদ
ক'ত ৰাখি থৈ যাওঁ মই

ক'ত ৰাখি থৈ যাওঁ
বুকুভৰি থকা এই অজ্ঞাত অন্বিষ্ট হাহাকাৰ
এই শোকৰ আৰ্তি
কৈ যোৱা মোক
চকুহাল,
থৈ যোৱা মোত...
—————————
কাজলিৰ পাৰৰ উশাহ
জাহ্নৱী হাজৰিকা

বুকুলৈ উজাই অহা বিষটো 
এহাতেৰে হেঁচুকি ধৰে তাই।
দুখে কুলাই পাচিয়ে নধৰা দিনবোৰত 
এনেবোৰ বিষ উজুৱাটো স্বাভাৱিক।

নিজৰ মনটোকে প্ৰবোধ দিয়ে তাই।
এই যে জীৱনটো!
পিতাকে কোৱা কথাষাৰ মনত পৰে তাইৰ।
চঞ্চলা মেঘৰ ছায়া।
চিত্ৰ-বিচিত্ৰ মায়া।
ধৰিব নোৱাৰি কায়া।

কিমাননো দিন হৈছিল 
কাজলিৰ পানীত মুখ চাই 
পাহাৰৰ সিপাৰলৈ ৰিঙিওৱাৰ।
সৌ সিদিনাৰ হে কথা যেন সকলো!
সাধু সাধু...

সেই ৰিঙা ৰিঙা ৰিঙিয়নিবোৰ দেখোন 
পাহাৰ খনত ঠেকা খাই খাই
প্ৰতিধ্বনিত হৈ পুনৰ তাইৰ কাষলৈকে
 উভতি আহিছিল।
অৱশ্যে সেই ৰিংটোৰ সৈতে এজুৰি চকুৱেও তাইৰ সন্ধান কৰিছিল।
যিজুৰি চকুৰ তাই আগতে কেতিয়াও
 মুখামুখি হোৱা নাছিল।

থতমত খাইছিল তাই।
নিজৰাৰ পানীবোৰে তাইৰ ফালে চাই 
খিলখিলাই হাঁহিছিল।
আৰু তাইৰ লাজ লাগিছিল।
এটা ৰিঙৰো ইমান শক্তি থাকিব পাৰেনে!

পুনৰ এটা ৰিঙা তাইৰ কাষলৈ আহিছিল।
সকলোৰে অলক্ষিতে বুকুতে হেঁচি থৈছিল তাই ৰিঙাটো।
দিন-মাহ পাৰ হৈছিল।
কাজলিৰ বুকুতে সিহঁতে ভৰি তিয়াইছিল।
সিহঁতৰ খিলখিল হাঁহিত 
কাজলিও গাভৰু হৈছিল।

কাজলি সুখী হৈছিল 
পাহাৰৰ ৰাজকুমাৰ ভৈয়ামলৈ অহাৰ বাবে।
কিন্তু সেই ৰাজকুমাৰৰ মাজতেই লুকাই আছিল যেন অদৃশ্য এডাল বিষাক্ত সাপ।
তাইৰ সৰলতাৰ সুযোগ লৈছিল ৰাজকুমাৰে।

ৰাজকুমাৰ এদিন হঠাতেই নোহোৱা হৈছিল।
যি ৰাজকুমাৰে তাইৰ হাতৰ পৰা 
আজলি পাতি পানী খাইছিল,
সেই ৰাজকুমাৰেই তাইক কাজলিৰ পাৰত অকলে এৰি পাহাৰৰ সিটো মূৰে গুচি গৈছিল।

তাতেই হেনো কাৰোবাৰ হাতৰ পৰা 
আকৌ পানী আজলি পাতি খাবলৈ আৰম্ভ কৰিছিল।
অসজা লগা কথাবোৰ শুনি
তাই স্তম্ভিত হয়।

তাইনো ইমানেই বেয়া নে!
কিহৰ অভাৱ আছে তাইৰ!
তাইক এৰি মানুহবোৰ কিয় গুচি যায়!
ভাবি ভাবি পাৰ নাপায় তাই।

কাজলিক সোধে।
কাজলিয়ে কি কব ভাবিকে নাপায়।
বেচেৰী কাজলিও নিৰৱধি।
কিমান যে মিলন বিচ্ছেদৰ জীয়া সাক্ষী!
দুখৰ ওপৰত দুখ দিবলৈ তাইক ভাল নালাগে।

তথাপি তাই আহে।
আৱেগত হিয়া পমে।
আজিও কাজলিৰ পাৰৰ শিল ছটাত বহে।
অস্তগামী সুৰুজৰ হেঙুলীয়া আভাই 
তাইৰ চকুৱে মুখে ৰামধেনু আঁকে।
হাঁহিবলৈ পাহৰি যোৱা তাই পুনৰ 
মিচিকিয়াবলৈ ধৰে।
বেলি পাতত বহে।
——————————
বৰদৈচিলা
লোকেন্দ্ৰ হাজৰিকা

মই এক প্ৰেমিক
মই এক দূৰন্ত প্ৰেমিক
বহুদিন হ'ল মই প্ৰেমত পৰা
তোমাৰ প্ৰেমত
এয়া প্ৰেম মোৰ 
আজন্ম প্ৰেম তোমাৰ বাবে
নাজানো
তুমি পৰিছানে নাই 
মোৰ প্ৰেমত
মোৰ কোনো খেদ নাই
প্ৰত্যাখ্যানো যদি কৰা
তথাপিটো মই প্ৰেমত পৰোঁ
তোমাৰ প্ৰেমত
তুমি যেতিয়া দূৰলৈ যোৱা 
তেতিয়া মই বলিয়া হওঁ
তোমাৰ প্ৰেমত
মই এক প্ৰেমিক
এক দূৰন্ত প্ৰেমিক
ৰৈ থাকোঁ মই
পদুলি মুখত
নঙলা খুলি
তোমাৰ বাবে
কেতিয়ানো আহিবা তুমি
বাউলীটি সাজি
প্ৰীতিৰ পতাকা উৰুৱাই
সাহসৰ ডেউকা মেলি
আশাৰ কঠিয়া বৈ ।
তোমাৰ পৰশ পালে
অংকুৰিত হয় শইচৰ বীজ
সেউজীয়া হয় ধৰা ।
তুমি আহিলে
কুলি কেতেকীয়ে বিহু নাম গায়
সখীয়তী চৰায়ে বিয়ানাম জুৰে
আঁচলত ধৰি ৰভাতলি পায়হি
দূৰন্ত বসন্ত ।
তুমি আহিলে ককিলা ম'হৰ শিঙে ৰিঙিয়াই
মৰা গৰুৰ ছালে 
মূৰ্চনা তোলে সংগীতৰ
সুৰৰ লহৰ উঠে
ব্যোম পাৰা পাৰ
সৃষ্টি হয় কৃষ্টিৰ জয়গান
উদয়াচলত জাগে নৱ যৌৱন
নিনাদিত হয় প্ৰণৱ উংকাৰ ধ্বনি ।
তুমি অহাৰ বাতৰি পালে 
আসুৰীয়া সভ্যতাৰ দূৰন্ত কামনাই
দেখে ত্ৰাহি ত্ৰাহি ।
তুমি আহিলে
চাৰিকুৰীয়া আইতায়ো
লাখুটিত ভৰ দি
ককালটি ভাঙে
তুমি আহিলে
নাঙলৰ সিৰলুত 
ৰংমন ৰঙিলীয়ে
উমনি দিয়ে ভৱিষ্যতক
মিচিং কনেঙে ঐনিতম নাচে
চিফুঙৰ সুৰে সুৰে
বড়ো চিখলাৰ দুভৰিত
স্পন্দিত হয় বাগৰুম্বাৰ ছন্দ
চঞ্চল গাভৰুৰ মন
কমোৱা তুলা হৈ উৰে
বুঢ়া লুইতৰ বুকুত
জাগি উঠে যৌৱনৰ মাদকতা
শুকান কাঠতো কুঁহিপাত মেলে
সৰা পাতে চকৰী ঘূৰায়
তুমি আহিলে
নাহৰ কেতেকী কপৌ তগৰে
লাহৰি খোপাটি সজায়
তুমি আহিলে
তুমি আহিলে
বিহুটি আহে
বিহুটি আহিলে
সাৰ পায় সেউজীয়া স্বপ্ন
দুস্কৃতি নাশি সৃষ্টি হয় সংস্কৃতি
পুৰণি ভাঙি নতুনৰ হয় আৱাহন
তুমি আহিলে
সেইবাবেই ৰৈ থাকোঁ মই
পদূলি মুখত 
নঙলা খুলি
তোমাৰ বাবে
মই এক প্ৰেমিক
এক দূৰন্ত প্ৰেমিক
নাম তোমাৰ
তোমাৰ নাম
বৰদৈচিলা।
——————————
প্ৰেমৰ পদ্য 
গকুল চৌধুৰী

প্ৰেম কোনো শব্দ নহয় মচি দিবলৈ 
প্ৰেম কোনো সপোন নহয় 
পাহৰি যাবলৈ 
প্ৰেম স্বৰ্গীয় অনুভব 
প্ৰেম ঈশ্বৰৰ দান 
আহা আমি দুয়ো মিলি গাওঁ 
প্ৰেমৰ গান ৷

প্ৰেম মনৰ পৰা মনলৈ
প্ৰেম হৃদয়ৰ পৰা হৃদয়লৈ
প্ৰেম তোমাৰ পৰা মোলৈ
প্ৰেম মোৰ পৰা তোমালৈ 
বৈ থকা এখন বোৱতী নদী
যুগে যুগে বৈ থাকিব নিৰৱধি ৷

উদিত সূৰ্য হৈ 
পুৱাৰ পোহৰ হৈ 
সন্ধিয়াৰ জোন হৈ 
মই অলপ মৰম দিলোঁ তোমাক
চিৰদিন মোৰ প্ৰেমিকা হৈ পাঁহি
মেলি ফুলি ৰ’বলৈ
মই অলপ ভালপোৱা দিলোঁ 
তোমাক 
চিৰকাল মোৰ প্ৰেমিকা হৈ মোক 
ভাল পাবলৈ  ৷

পুৱাৰ ৰ’দালি হৈ 
নিশাৰ জোনাকী হৈ 
পোহৰৰ বৰ্ণালী হৈ 
তুমি অলপ মৰম দিয়া মোক 
চিৰদিন তোমাৰ প্ৰেমিক হৈ 
পাঁহি মেলি ফুলি ৰ’বলৈ 
তুমি অলপ ভালপোৱা দিয়া 
মোক চিৰকাল তোমাৰ 
প্ৰেমিক হৈ তোমাক ভাল পাবলৈ ৷

নকবা না আজি অপ্ৰাপ্তিৰ কথা
নকবা না আজি বিচ্ছেদৰ কথা
তেন্তে আহা তুমি আৰু মই 
স্বৰ্গীয় সঁচা প্ৰেমৰ উপমা হৈ 
হাতত হাত ধৰি 
খোজত খোজ মিলাই 
আগুৱাই যাওঁ ব’লা অসীমলৈ
আগুৱাই যাওঁ ব’লা সুদুৰলৈ  ৷

প্ৰেম কোনো এখন চুক্তি নহয়
শেষ কৰি দিবলৈ 
প্ৰেম কোনো পাপ নহয় মনৰ 
পৰা উলিয়াই দিবলৈ 
প্ৰেম স্বৰ্গীয় অনুভূতি 
প্ৰেম ঈশ্বৰৰ দান 
আহা আমি দুয়ো মিলি গাওঁ
মিলনৰ গান ৷
———————————
বুকুৰ গুণ্ গুণ্ বেদনাৰ গাথা
ড০ আদিল আলী 

তোমাৰ বুকুৰ উমত গজিব বিচাৰিছিল 
মোৰ কামনাৰ ইচ্ছা আৰু 
মৰহি যাব ধৰা সাহসৰ শিপা 

আনন্দৰ সেউজীয়া কাঁইটীয়া ডালত 
ওলমি ৰৈছিল তোমাৰ পুৰণি হিয়া খনৰ ৰঙীন বাটৰ দৰ্জা 

বায়ুত ভৰি থৈ উৰিছিল তোমাৰ দুৰ্বাৰ আকাঙ্ক্ষা 
ল'গ পাম তোমাক কেনেকৈ কোৱা 

এটি মৰা শিলৰ দৰে সহ্য কৰিছিলো 
তোমাৰ কণ্ঠনলীৰ পৰা নিগৰি অহা উত্তপ্ত লাভাৰ জ্বালা 

বিকলাঙ্গ দুভৰিয়ে 
কেনেকৈ বগাব 
তোমাৰ ভেমৰ সু-উচ্চ অট্টালিকা 

ক্ৰমশঃ ধূসৰ জীৱনত 
অঘৰী প্ৰেমিকৰ 
বুকুৰ গুণগুণ বেদনাৰ গাঁথা 

নিঃসংগতাত তোমাক হেৰুৱাৰ শোকৰ এন্ধাৰ 

অপাত্ৰ 
অপাপ 

অপৰিচ্ছন্ন 
বিতুষ্ট 

অঘোৰা স্ত্রীৰ মন কোনে বুজিব! 

মোৰ কৰুণ হিয়াত 
দুখৰ কথকতা। 
————————
হেপাঁহৰ মাজুলী
নীলাঞ্জনা শৰ্মা বৰুৱা

অনুভৱী স্পন্দনে
শব্দৰ সোপানেৰে বগাই গৈ প্ৰতিনিয়ত
তোমাৰ বুকুৰ কোমল দলিচাত
আঁকি দিয়ে এটি সুখৰ বেলি।
তুমি সোঁতৰ বিপৰীতে
নাও মেলিব পৰাকৈ
ময়ে হম তোমাৰ
হেঁপাহৰ মাজুলী।
যান্ত্ৰিক জড়তা গুছাবলৈ
জনসমুদ্ৰৰ নিৰ্জনতাত
খেপিয়াই চাবাচোন মোৰ মৰমৰ 
দীঘ বাণিৰে বোৱা জীৱনৰ ফুলাম চানেকি।
তোমাৰ অৱহেলাৰ
শেলুৱৈ ধৰা পিঠিত
মই যেন মৰমৰ এপিয়লা
সপোন ফটিকা।
তোমাৰ আশাহত মনটোৱে
মোৰ কোলাতেই বিচাৰি পাব
জীৱনৰ হেৰুওৱা ছন্দ
যদিহে তুমি বিচাৰিব জানা।
বিচ্ছুৰিত পোহৰৰ বৰ্ণমালাৰে
তোমাৰ হৃদয়খন 
উজ্জীৱিত কৰি ৰাখিবলৈ
ময়ে হম এবুকু সতেজ সেউজীয়া।
——————————
ব'হাগৰ মিঠা সুৰ
অঞ্জনা ৰূপা দাস
                  
ফাগুনে উৰুঙা কৰি যোৱা
ধূলিয়ৰী বাট সামৰি
প্ৰকৃতিৰ বুকুলৈ ব'হাগ নামিল
সাৱটি মিঠা সুৰ এটি। 
বসন্তৰ প্রথম জাক বৰষুণে
সিঁচি দিলে সজীৱতা
লঠঙা বিৰিষে মিঁচিকিয়ািই হাঁহিলে
কুঁহিপাতত কোমলতা। 
সেউজীয়া কোমল পাতৰ ফাঁকে
কুলিৰ  মৌ মিঠা মাত
মাজ ৰাতি কেতেকীৰ বিননি
ব'হাগে সাৰ পাই তাত। 
বিহুৱতী চৰায়ে
বিহু বিহু মাতিলে
দহিকতৰা চৰাইয়ে
সৰু সূতা কাটিলে। 
মেঘৰ মাদলৰ চেৱত 
বিজুলীয়ে নাচিলে
বৰদৈচিলা জনী বাউলী হৈ
বসন্তৰ বতৰা বিলালে। 
নৈৰ ন-পানীত
শিশু মাছ উজালে
প্ৰাণোচ্ছল প্ৰকৃতিৰ পৰশত
বিহুটি আহিলে। 
গছৰ ডাল শুৱনি কৰি
ফুলিলে কপৌফুল
নাহৰ, তগৰ কেতেকী
গোন্ধে আমোল-মোল। 
গোণা ম'হৰ পিঠিত উটি ডেকাটিয়ে
পেঁপাটি বজালে
ঢোলৰ গোম -গোমনিত
আকাশ-বতাহ কপিলে। 
গৰকাত ভৰি থৈ
 তাঁতশালত শিপিনী
খিটিক-খিটিক মাকোঁৰ মাত
বৈছে বিহুৱান খনি। 
মৰমৰ দীঘে দি
চেনেহৰ বাণী
চেনাই ধনলৈ বুলি বৈছে
গুটিফুলৰ বিহুৱান খনি। 
বিৰিণা জোপায়ে
সুহুৰি মাৰিলে
থুৰিয়া তামোল খনি
লুকাই তাত ৰাখিলে। 
পাহোৱাল ডেকাটিয়ে
কপৌফুল আনিল
বিহুৰে তলীতে
নাজনীন খোপাতে পিন্ধালে। 
প্ৰেমৰ মিঠা সুৰ
হৃদয়ত বাজিলে
 দুটি মন এটি হোৱাৰ
সপোন দেখিলে। 
ব'হাগ বুকুৱে বৈ অহা
সপোনৰ  মিঠা সুৰ
 সম্প্ৰীতিৰ এনাজৰী
 সংস্কৃতিৰ সাতোৰঙী বোল।
——————————
ৰাম ৰাজ্য
অণিমা বৰ্মণ

খ্ৰীষ্টাব্দ দুই হাজাৰ চৌব্বিশ
দিনাংক প্ৰথম মাহ জানুৱাৰীৰ বাইশ
আমাৰ ভাৰতবৰ্ষ হ'ল 'ৰাম ৰাজ্য'
বহুপ্ৰত্যাশিত ৰাম মন্দিৰত
'ৰাম লালা'ৰ প্ৰাণ প্ৰতিষ্ঠাৰে
ঐতিহাসিক অযোধ্যা ভূমিত।

হয়তো অযোধ্যাত ৰাম মন্দিৰৰ বাবে
জীৱন আহুতি দিয়া সকলৰ আত্মায়ো আজি
পৰম প্ৰশান্তিৰে সমস‌্বৰে জয়গান গাইছে।

ত্ৰেতা যুগৰ ৰামচন্দ্ৰ –
দ্বাপৰ শেষ হৈ কলিকাল
যুগ যুগান্তৰৰ ব্যৱধানত আজিৰ দিন।
কিন্তু ' ৰামৰাজ্য' যাৰ অৰ্থই সূচায়--–
অবাৰিত শান্তি আৰু ন্যায়।
সেই ৰামৰাজ্যতেই চোন
ৰামৰ পটেশ্বৰী সীতাদেৱীৰ যাতনা-কাতৰ জীৱন বিন্যাস।
বনবাস কালতে লংকাধিপতি 
ৰাৱণে হৰিলে
সবংশে ৰাৱণ বধি প্ৰিয়তম ৰামচন্দ্ৰই
উদ্ধাৰিলে প্ৰাণৰ প্ৰিয়াক।
তথাপিতো নুগুছিল সীতাৰ নিকাৰ
পৰীক্ষা দিলে অগনি বক্ষত
তাৰ পিচে স্থান পালে
অযোধ্যাৰ নিজ নিলয়ত।

যুগে যুগে দেখা পাও
নাৰীৰ দুৰ্ভোগ দুৰ্দশা
সত্যত পাশানী হ'ল ঋষিপত্নী অহল্যা
ত্ৰেতাত উপেক্ষিতা লক্ষ্মণজায়া উৰ্মিলা
অগ্নিপৰীক্ষাত উত্তীৰ্ণ 
হওতে—
কিমানে বুজিলে বাৰু সীতাৰ যাতনা
দ্বাপৰতো দ্ৰৌপদীৰ সীমাহীন লঘু লাঞ্ছনা
কলি যুগৰ নাৰীৰ বিপত্তি
গণি শেষ কৰিব নোৱাৰা।

একৈশ শতিকাৰ ৰামৰাজ্যত
ৰৈ আমি আশাবাদী
বেদৰ দিনৰ
গাৰ্গী, আত্ৰেয়ী, মৈত্ৰেয়ীৰ দৰে
হোমে-যজ্ঞে ঘৰে-বাহিৰে
সুখে-দুখে সকলো ক্ষেত্ৰত
পুৰুষৰ সমভাগী 
অনাবিল সুখভোগী হওঁক ললনা
কাকুতি কৰিছো আমি
দুই হাত যুৰি
দুখৰ সাগৰ মথি
নাৰীক তাৰণ কৰা
সৰ্বদ্ৰষ্টা সৰ্বত‌্ৰাতা সৰ্বকৰ্তা–––
ৰাম কৃষ্ণ নাৰায়ণ হৰি।
———————————
বিদেহ আত্মা
দেবানন্দ পেগু

পোহৰে হওক বা আন্ধাৰে হওক তুমি বাট ল'লা উভটি  নহা বাটেৰে
পিন্ধি থকা পোচাকযোৰ এৰি থৈ 
গৰাকী বিহীন পোচাকযোৰ খন্তেক পাছতে সমাজৰ ৰীতি-নীতি মতে নিলগাই ৰখা হৈ সযতনে। 
পৰিত্যক্ত পোচাকযোৰ কোনেও আৰু এবাৰলৈ চাব নোখোজে।
তুমি কেতিয়াও উভটি নাহে বুলি জানিও ক'ব নোৱাৰাকৈ অপেক্ষা কৰি থাকে কিজানিবা আকৌ ঘূৰি আহে।
তোমাৰ হৃদয়ৰে আঁচোৰা আক-বাকবোৰ মচিব নোৱাৰাকৈ চকুযোৰত ভাঁহি থাকে।
তোমাৰ কাণ্ডত ধৰি পাহাৰ বগাব বিচৰা সকল নিঠৰুৱা হয়।
সমবেদনা,শান্ত্বনাৰে খন্তেকৰ বাবে উপচি পৰে
মানুহৰ গছকত চোতালৰ দূৱৰি নোহোৱা হয়
সময়ৰ আহ্বানত চোতালৰ দূৱৰিবন পুনৰ মূৰ দাঙি থিয় হয়
তেতিয়াও অকলশৰে অপেক্ষা কৰিয়ে থাকে বুকুৰ আপোনজন
কেতিয়াবা মাজনিশা,কেতায়াবা নিজান বনত তোমাৰ চিঞৰ শুনা পায়
কেতিয়াবা টোপনি নহা সময়ত মূৰত হাত বোলাই মৰম কৰা দেখা পাঁও
কিন্তু এইয়া মনৰ পঁজাটি ভাঙি থৈ যোৱা এক ধুমুহা বতাহ
 ৰৈ ৰৈ আমনি লগা হয়,তোমাৰ বাবে সাঁচি ৰখা পথাৰখনত বন গজে
একেলগে দেখা সপোনবোৰ ঘুনে ধৰে
খং অভিমানবোৰ মৰুভূমিত পৰিণত হয়
নতুনকৈ ৰুব বিচাৰিলেও জীৱন বিৰিখত গীত গাবলৈ পখী নাহে
শূন্য আকাশত  তোমাৰ খোজ বিচাৰি বিচাৰি এদিন বাট ল'ব লাগিব তুমি যোৱা বাটেৰে।
———————————
সাত বিহু
দিপ্তী মনি গোস্বামী

বিহু বিহু বিহুটি বিহু আমাৰ তিনিটি
চ'তৰে শেষতে পাতো আমি ৰঙালী বিহু টি,
ৰঙালী বিহুৰ সাত দিনৰ সাত টি নাম
সাত বিহু নামেৰে বহাগৰ প্ৰথম সাতদিন প্ৰধান।

চ'ত বহাগৰ দুমাহী উৰুকাৰ দিনা পাতো "গৰু বিহু"
পুৱা তে উঠি গোহালীৰ গৰু নোৱাও মাহ-হালধিৰে
লাও বেঙেনা খুৱাই নদীত গা ধোৱাও লাহনীৰে
সন্ধিয়া ধোঁৱা দি আদৰো ডিঙিত নতুন পঘা ৰে।

বহাগৰ এক তাৰিখে "মানুহৰ বিহু "পাতো
পিঠা-পনা খাই লৈ সৰুৰে ডাঙৰক চৰণ সেৱা কৰোঁ
অতীতৰ পৰম্পৰা চানেকি ৰাখিছোঁ অটুত 
লগতে চুবুৰীয়া ঘৰলৈ এভুমুকি মাৰো বিহুত।

বহাগৰ দুই তাৰিখ বিহুৰ তৃতীয় দিন
এই দিনটো "গোঁসাই বিহু "নামে জানে প্ৰধান
গাঁৱৰ খেলৰ নামঘৰত সকলো একগোট হৈ
নামঘৰত কৰা হয় প্ৰসাদ বিতৰণ।

বিহুৰ চতুৰ্থ দিনা বহাগৰ তিনি তাৰিখ হয়
সেই দিনা "তাঁতৰ বিহু "পালন কৰা হয়,
অসমীয়া জনজীৱনৰ হেঁপাহৰ সম্পদ তাঁতৰশালখনি
আমিনো নাপাতিম কিয় তাঁতৰ বিহু খনি।

বহাগৰ চাৰি তাৰিখ বিহুৰ পাঁচ দিন
সেই দিনটো উদযাপন হয় "নাঙলৰ বিহু" বুলি
অসমীয়া জনগনৰ কৃষিৰ মূল সম্পদ নাঙলটি
ধুই-পখালি পাতো আমি নাঙল বিহু টি।

বহাগৰ ছয় দিন যোৱাত পাতো আমি নাম দি বিহু
"চেনেহী বিহু বা জীয়ৰী বিহু,"
আদৰৰ জীয়ৰীজনী শহুৰৰ ঘৰৰ পৰা সেইদিনটোতে
হেঁপাহেৰে আহে জনমৰ পিতৃৰ ঘৰখনিলৈ।

বহাগ মাহৰ সাত তাৰিখ বিহুৰ সপ্তম দিন
এই দিনটো ধৰা হয় "চেৰা বিহু "বুলি
সেই দিনটোত প‌ইতা ভাত খোৱা হয়
বছৰটোলৈ দেহাটো জুৰ পৰক বুলি।

এইয়াই আমাৰ বাপতিসাহোন বহাগৰ সাত বিহু
আমি অসমীয়াই উলহ মালহে পালন কৰোঁ,
আমি অসমীয়া বিহু আমাৰ প্ৰাণ
অটুত ৰাখিছো আমি সাত বিহুৰ মান।
——————————————————
সপোনৰ আকৰ
জোনমনি বৰা

সৌ সিদিনা সেউজীয়া
সেউজীয়াৰ পৰা সোনোৱালী হোৱাৰ পৰিক্ৰমাৰে সপোনবোৰে গিজগিজাই থকা পথাৰ খন এতিয়া উকা ৷
ঠিক আইৰ উকা কপাল খনৰ দৰে হেৰুৱাৰ বেদনাত শুন্য বুকু শুদা হোৱা  আইৰ মন আৰু বুকুখনৰ দৰে উদাসী  ৷

এসময়ত এই পথাৰখন আছিল জলফাইৰঙী
সেউজীয়া সপোনৰ আকৰ
এতিয়া এসাগৰ বিষাদৰ
অপৰাহ্ণ বেলা ৷
আইৰ ৰূপোৱালি চুলি সদৃশ
বিশৃংখল শুকান নৰাৰ সৌন্দৰ্য ৷কেতিয়াও নাভাবো
বুলি ভবা ভবা কথাবোৰে
মনৰ বিথিকাত চিন্তাৰ জাজৰি হৈ বিহ্বল কৰে
মোৰ মন ৷
————————————————————

Post a Comment

0 Comments