পষেকীয়া কাব্যকানন সপ্তম বৰ্ষ তৃতীয় সংখ্যা

————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -অনিৰূদ্ধ ফুকন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

   মানুহৰ মনত সৌন্দৰ্যবোধৰ সৃষ্টি কৰি পৰম আনন্দ প্ৰদান কৰাই কবিতাৰ প্ৰধান উদ্দেশ্য। ইউৰোপীয় সাহিত্যৰ আদিকবি হোমাৰৰ মতে, মানুহক আনন্দিত কৰাটোৱে তেওঁৰ কাব্যসৃষ্টিৰ লক্ষ্য। কবি ড্ৰাইডেনৰ মতেও প্ৰফুল্লিত কৰাটোৱে কবিতাৰ একমাত্ৰ নহ’লেও,প্ৰধান লক্ষ্যবস্তু। 
  কবিতাৰ ঘাই সমল কল্পনা আৰু অনুভূতি। কবিতা এটা পঢ়িলে হৃদয় আনন্দ আৰু ৰসেৰে পৰিপূৰ্ণ হৈ পৰে।দাৰ্শনিক প্লেটো আৰু এৰিষ্ট’টলে কবিতাক নীতিশিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল।
  কবিতাক নীতিশিক্ষা প্ৰদানৰ আহিলা হিচাপে ব্যৱহাৰ কৰিলেও কবিতাই যাতে নিজা বৈশিষ্টসমূহৰ পৰা আঁতৰি নাহে, সেইক্ষেত্ৰত সচেতন হ’ব লাগিব।
  কবিতা কেৱল ব্যক্তিগত ভাব অনুভূতিৰ স্বত্বঃস্ফুৰ্ত  প্ৰকাশেই নহয়।সামাজিক দায়বদ্ধতাও কবিতাৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য। কবিতা এটা লিখাৰ সময়ত লেখকে এই কথাটো মনত ৰখাটো জৰুৰী।

বিনীত–
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা

    ধৰি ল’লোঁ, কবিতাৰ এজন প্ৰিয় পাঠক মই ৷ প্ৰাণভৰি ভালপাওঁ কবিতা ৷ তথাপি, মাজে মাজে প্ৰশ্ন হয়– 
 কেনে বা কোনবোৰ কবিতা মই পঢ়িম ? 

    কোনো এট কবিতাই যদি (ক) মোৰ মনটো টানি নিব পাৰে, (খ) তাৰ বক্তব্যই মোক ভবাই তোলে, (গ)  তাৰ প্ৰাণটোৱে মোক কিবা বেদনা দি কন্দুৱায় অথবা, মোক উৎসাহিত কৰিব পাৰে, (ঘ)  আঙ্গিক বা ভাষাৰ অভিনৱত্বই মোক আপ্লুত  কৰে, (ঙ) কোনোটো শাৰী বা বাক্যাংশ 'স্মৰণীয় বাক্য’ হৈ মোৰ মনত ৰৈ যায়, (চ) চিন্তাৰ নতুনত্ব বা শব্দ প্ৰয়োগত মুগ্ধতা থাকে, (ছ)  নতুন চিত্ৰকল্প, নতুন প্ৰতীক বা শব্দৰ ধ্বনিয়ে মোৰ মনটো কঁপাই তোলে, (জ)  অযথা মেদেৰে ভৰা  নহয় কবিতাটি, অথবা (ঝ) কবিতাটিয়ে সামগ্ৰিকভাৱে এটি কাব্যসুৰ বা কাব্যিক গুণগুণনি (Intonation) ৰ সৃষ্টি কৰিব  পাৰে --
তেতিয়াহে, সেই কবিতাটি মই সম্পূৰ্ণকৈ পঢ়াই নহয় -- দ্বিতীয়বাৰ পঢ়ি চাবলৈ, মোৰ মনটোৱে মোক ক’ব  । 

    কালেহে ক’ব -- কোনবোৰ কবিতা জী থাকিব ৷

    তৰুণ কবিকুলে কৃষ্ণচূড়া বা সোণাৰু হৈ জিলিকি উঠাৰ লগতে, শেৱালি বা বকুল হৈও সুবাস বিলাই থাকিবলৈ চেষ্টা কৰি যাব লাগিব ৷

    তেওঁলোকে মনত ৰখা প্ৰয়োজন যে কঁহুৱা ফুলি দুমাহতে শেষ হৈ যায় ৷ কিন্তু, ওক এজোপা ফুলাবলৈ হয়তো এশ বছৰ বাট চাবলগীয়া হয় ৷
——————————

             অনুবাদ কবিতা
এবাৰ যি ঢলি পৰে

মূল  হিন্দীঃ অশোক বাজপেয়ী
অনুবাদঃ গণেশ বৰ্মন 

এবাৰ যি ঢলি পৰিব
আকৌ জানো সি ফুলিব ?

ফুল শব্দ অথবা প্ৰেম ,
পাখি সপোন অথবা স্মৃতি 
জীৱনৰ পৰা যেতিয়া বিচ্ছিন্ন হয়
পুনৰ উভতি নাহে  ।
এতিয়া ৰক্ষা অথবা উছৰ্গাৰ সময়
একেলগে বহি গীত গোৱাৰ ক্ষণ এতিয়া ।
লেৰেলি যোৱাৰ পিছত  ,
শুকাই সৰি পৰাৰ পিছত 
অনুতাপহে কৰিব লাগিব  ।

এবাৰ যি ঢলি পৰিব 
আকৌ জানো সি ফুলি উঠিব ?
কোনেও নুশুনে আহ্বান  ---
কাণ থিয় কৰি শুনে মাথোঁ
সাৱধানী দৃষ্টিৰে দুৱাৰডলিত থিয় হোৱা মেকুৰীয়ে ;
যি ভালদৰে গম নাপায়--
ভয় খাই পলাব লাগে নে
ইতস্ততাৰে সেইফালে একেথৰে চাই থাকিব লাগে  ।
———————————
                               কবিতা

এদিন তুমি কথা কৈছিলা...
ৰীতা বৰুৱা
 
এদিন তুমি কথা কৈছিলা
মই কেৱল শুনিছিলোঁ 
পৰম বিশ্বাসেৰে
হৃদয়ৰ সমস্ত আবেগেৰে

লাহে লাহে কথা ক'বলৈ ল'লোঁ মই
আৰু তুমি ল'লা শুনিবলৈ
একান্ত আগ্ৰহেৰে
পৰম সহৃদয়তাৰে

আৰু এতিয়া কথা কয় কেৱল
মৌনতাই
আমি দুয়ো শ্ৰোতা
মৌনতাৰ
মৌন ওঁঠৰ ভাষাৰ ।
——————————
জুইফুল
জুবিলী গগৈ

জুইফুলৰ মালা এধাৰে দোলন লগাইছে 

সেমেকা হাত শুকুৱাবলৈ 
পানী-খেলা মানুহৰ লানি

আই অ' 
মেজিৰ জুইকুৰাৰ দৰেই
জুইফুলৰ ৰং

কাক কেনেকৈ বুজাম
হাবিত ফুলা জুইফুলৰ ৰং
চকুত চাত মৰা
পানী শুকুৱাব পৰাকৈহে  
তপত নহয়।
——————————
তোমাৰ চকুৰে ময়ো চাম ছায়াৰ কায়া
অৰ্চনা ঠাকুৰীয়া 

তুমি লিখা বাৰ্তাবাহক গল্পটোৰ সতে মই একমত নহয়
তুমি কৈছিলা, ছায়াৰ মাজত কায়াক বিচৰাৰ কথা,  আকৰ্ষণীয় নগ্নতা কিম্বা আকৰ্ষণৰ পাৰ্শ্বক্ৰিয়াত প্ৰেম বদনামী হোৱাৰ কথা

মই একমত হব নোৱাৰিলোঁ
সহবাস কৰিব নোৱাৰিলোঁ সেই চিন্তাৰ সতে য'ত প্ৰেমৰ নামত বিশ্বাসক বলি দিবলৈ বলিশাললৈ চোঁচৰাই টানি নিয়া হয়

ভালপোৱাৰ নামত নিলাম হোৱা আবেলিটোত
হাতত হাত থৈ মই চুইছিলোঁ তোমাৰ হৃদয়
চকুত চকু থৈ চুমা খাইছিলোঁ তোমাৰ আত্মাক
ঈশ্বৰকো ক'ব নোৱৰা কথাষাৰ তোমাত থাপিছিলোঁ

দুখ মোৰো আছে
আছে তোমাৰো
পিছে দুখৰ ভব্য মন্দিৰৰ চূড়াৰ পৰা পৰি তোমাৰ
কোনটো অংগ ঘুনীয়া হ'ল
সেই কথা মইতো নুবুজিলোৱেই
নুবুজিলা তুমিও 
 
তোমালৈ এটাই অনুৰোধ...
এপলকৰ বাবে হ'লেও
তোমাৰ চকু দুটা মোক দিয়া
তোমাৰ চকুৰে ময়ো চাম ছায়াৰ কায়া
নগ্নতা কিম্বা বদনামী প্ৰেমৰ ছবি
তোমাৰ দুচকু  মোক এইবাবেই দিয়া যে ময়ো
কান্দিব পাৰোঁ ভোকত, পিয়াহঁত 
এনেকি শৃংগাৰৰত সময়তো...
———————————
সাধু
ৰিংকুমণি বড়া

এন্ধাৰ ৰাতি খেপিয়াই ফুৰিছোঁ
এটি কবিতা
শব্দৰ লুকা-ভাকু
ভাবৰ চঞ্চলতা
কবিতা যেন সোণ পৰুৱাৰ
চিকিমিকি পোহৰ
সৌ দূৰতে জিলিকি থকা।
——————————
ককাৰ গৰুকেইটাই আমনি কৰিছে
ৰমেশ চন্দ্ৰ ৰায় 

ককাৰ গৰুকেইটাই আমনি কৰিছে
গাইজনীয়ে এফালে দামুৰিটোৱে এফালে
হালোৱাহালে আনফালে বাট পোনাইছে

ককা
তোমাৰ ল'ৰাহঁত আছিল নহয়
সিহঁতে গৰু এৰাল দিবলৈ নাহে নেকি

ককা
ছোৱালীৰ ফালৰ নাতিল'ৰা এটা 
তোমাৰ ঘৰতে আছিল বুলি শুনিছিলোঁ
সিও হাত উজান নিদিয়ে নেকি

ককা
তুমি নহ'লে গৰুকেইটা বিক্ৰী কৰি দিয়া
সিহঁতক চম্ভালোঁতে তুমি পৰি গ'লে
বৰ ডাঙৰ কথা হ'ব

ককা অলপ সময় থিয় হৈ ৰ'ল
হুমুনিয়াহ কাঢ়ি ক'লে

এৰা অ'
নোৱৰা হোৱাৰ  আগেয়ে 
বেপাৰী এটাই গৰুকেইটাইৰ দৰ-দাম কৰিব
গোহালিটো চিৰদিনৰ বাবে খালি হৈ যাব 
গাখীৰকণৰ বাবেও মোৰ উত্তৰাধিকাৰীহঁতে
পাত্ৰ এটা লৈ 
শাৰী পাতিব

শাৰীটো দীঘল হৈ গৈ থাকিব।
———————————
জলকুৱৰীৰ প্ৰেম   
ৰেখা বৰকটকী  
 
নীৰৱতাক সাক্ষী কৰি
এখন নিৰাকাৰ মুখৰ প্ৰেমত পৰিলোঁ !
মানুহে কয় বোলে
কবিতা এখন হৃদয়ৰপৰা
আন এখন হৃদয়লৈ গঢ়া সাকোঁ
তেন্তে  দুদোল্যমান সময়বোৰত
নদীবোৰৰ অস্তিত্বই বা কি?
কলিজাৰ ক্ষয়িষ্ণু টুকুৰাত
আবৰ্তমান সুখৰ অতীত....
দুখৰ  বানে  গৰকা মাটিডৰাত
ৰ'দকাঁচলিৰ  অভাৱ!
গৰাখহনীয়াত জীয়াতু ভূগা
জলকুঁৱৰীৰ  নিটোল বক্ষ
বেদনাই থকা- সৰকা কৰিলে  ...
কিমান পূজা দিব তাই
নিৰাকাৰ হৃদয় দেৱতাৰ প্ৰতিচ্ছৱিত?
কিমান শুনাব তাই 
উৰুঙা বুকুৰ গান। 
নিৰাকাৰ সেই কোঁৱৰৰ চকুৰ নীলাত
বাঙ্ময় হয় মূহুৰ্তৰ উপলব্ধিবোৰ
ধেনুভিৰীয়া ওঁঠৰ উষ্ণ পৰশত
একাত্ম হ'ল জলকুৱৰীৰ 
অন্তৰীণ সত্ত্বা....,
এতিয়া জলকুৱৰীয়ে তাইৰ তেজাল বুকুখন
কাৰ হাতত তুলি দিব?
কোনে  হৃদয়ঙ্গম কৰিব
অমাৱশ্যাৰ অন্ধকাৰেৰে
উথপথপ  ৰাতিৰ ক্লীৱতা   ?
 ——————————
বিষয়: জীৱন
গিৰিজা শৰ্মা 

ৰংবোৰ আকাশত আঁকি 
কোনে দিয়ে ফাঁকি !
ভৰ বব নোৱাৰি সৰি পৰে, ভৰি পৰে সুবিশাল সাগৰ।
উদাসীন সাগৰক এদিন সুধিছিলোঁ ' তুমি বাৰু কিয় ইমান নীলা ' 
আকাশখন বুকুত থাপি এখন্তেক শুব পালা কি নাপালা 
জোকাৰি যোৱা জোঁৱাৰক জানো ভেটিব পাৰিবা! 

অপাৰগ 
অপাৰগ তুমি
অপাৰগ ময়ো 

ঈশ্বৰহীন অতি আধুনিকতাত এপলক থমকি ৰোৱা অদৃশ্যই দৃশ্যমান দুনীয়াত বিষহে ছটিয়ায়, হয়তোবা কদা কাচিৎ অমৃত 

মন্থন অৱধাৰিত।

এনে কি বিচাৰি হাহাকাৰ 
সন্মুখত সন্ধিয়াৰ সোতোৰা সোতোৰ শূন্য দুহাত 
পূৰ্ণতাৰ অনাহক অনন্ত অনুৰাগ 
ওলমি থাকে 
স্মৃতিৰ এপিটাফ 

খতিয়ান অপ্ৰাসংগিক 

প্ৰবৃত্তি নিবৃত্তিৰ পৌণপৌণিকতাত শৰবিদ্ধ সময় 
বুকুত শেলুৱৈ সনা এবুকু অদেখা আক্ষেপ 
কোনে নিচুকায় কাক!

ফাগুনৰ ছলাহী ছন্দ 
নে
কাতিৰ গেৰ ধৰা ৰাতি !!

পঞ্চ ইন্দ্ৰিয়ৰ বশৱৰ্তী আমি 
জাৰি জোকাৰি থ'বলৈ কাৰেই বা ইমান শকতি!
_________________________
ভালপাওঁ বাবেই 
ৰূপা গগৈ

নাই নাই একো নাই বুলিলেও
নাইতে থাকে লুকাই কিবা হ'লেও এটা
শেষ বুলিলেই নহয় সকলো শেষ
শেষৰো থাকে কিবা বিশেষ ।

ভালপাওঁ বাবেই 
মৃত্যুক স্থগিত ৰাখি 
মৰি মৰিও জী থাকোঁ নিজক ভালপাওঁ বাবেই ।

মন গ'লে
হৃদয় গলে 
আৰু গলে কি 
মোক মোৰ ভালপোৱাই এদিন দিব 
জগতত মোৰেই চিনাকি 
যিদিনা মই নাথাকিম এই ধৰণীত ।
——————————
শোক
ড০ আদিল আলী 

(১) 
এখন প্ৰৌঢ়া ওফন্দি থকা যোনি 
মেঘৰস থকা মেঘৰ দৰে 
ওফন্দি ওলমি আছে 
সুৰংগৰ বননিৰ মাজভাগত  

(২) 
অনুমান হয় তাত দাম্ভিকতা এতিয়াও আছে 
বসন্তৰ কোমল ন'কুঁহিপাতৰ দৰে 

(৩) 
মই বিচাৰো 
বননিৰ অৰঙে-দৰঙে 
ন'হলে মই নেপাওঁ কিয় 
বুকুৰ কাষতে 

(৪) 
দল্-দলনি হ'ব পাৰে চাবা 
আশাৰ খোঁজ পোত খাই 
ভাঙিব পাৰে হিয়া 

(৫) 
আৰু 
কেতিয়াবা জলাহত 
দলহৰিণে পাতিব পাৰে বিয়া 

(৬) 
যৌৱন গ'লে 
দুনাই পাবলৈ যে নাই 
তাই হ'লে নুবুজিলে 

(৭) 
মেঘভঙা বৰষুণৰ দৰে চকুলো দি গুছি গ'ল 
তাই বননিখনৰ পৰা নৈৰ মাজলে' 

(৮) 
দুপৰ ৰাতি 
ফটিকাৰ বাতিত 
ওপঙি উঠে 
স্মৃতিৰ ৰঙীন দৃশ্যবোৰ, ঊস্! 

(৯) 
নিঃসংগ শিলত বহি 
এৰি থৈ যোৱা 
প্ৰেমৰ সংলাপবোৰ বেদনাৰ 
নৈত উটুৱাই দিছো 

(১০) 
এন্ধাৰত অকাল্ অৰণ্যৰ বিষাদ নীৰৱতা লেখিছো। 
—————————
স্ব-প্ৰতিমা
মধুস্মিতা শৰ্মা

সুপ্ত প্ৰতিভাৰ জ্বলন্ত শিখাই
আঁকিছো হৃদয়ত নিজৰেই প্ৰতিমা,
ডাল-পাত ভাঙি-ছিঙি
ৰূপ দিছো নকৈ-
নতুন এক প্ৰভাত !
চকুৰ পানীত তুলিকা ভিজাই
ৰং দিছো সুখৰ পুৱতি নিজৰা
দুখবোৰ ফালি-ছিৰি 
এখন সেউজীয়া পথাৰ আঁকিছো নিজৰ বুকুত,
জুইৰ আঙনিবোৰ ঢাকি দিছো 
আকাশৰ নীলা অলপ আনি ,
মনত বোলাইছো  ৰামধেনুৰ সাতোটা ৰঙেই
গঢ় দিছো নিজৰেই 
এক প্ৰাণৰ প্ৰতিমা।
——————————
মন যায় ক’বলৈ কিছু কথা
প্ৰবীন চন্দ্ৰ তালুকদাৰ

মন যায় ক’বলৈ কিছুমান কথা
আপুনিও বিচাৰিব হয়তো ওকালি দিবলৈ
সেই যে হজম হ’ব নোখোজা
অথচ সকলোৰে জ্ঞাত
কিবা অপ্ৰিয় অপ্ৰিয় লগা
চিৰন্তন সত্য কিছু কথা৷

যেনেকৈ বৰষুণজাক গুছি গ’লে
ছাতিটোও যেনিবা হৈ পৰে এক বোজা!
চিয়াহী শেষ হ’লে নিজৰ কলমটোৰো
নেথাকে গৈ তাৰ কোনো মূল্য!
শুকাব ধৰিলে  সুগন্ধি এপাহ  ফুলো
এলাগী হৈ পৰে,কমি গৈ  তাৰ মূল্য!

চাহিদা থাকিলে তুঙ্গত,মূল্য হয় বৰ
পূৰণ হ’লে চাহিদা,মূল্য তাৰ এৰ!
খবৰৰ কাগজখনো সেই ৰাতিপুৱাৰ
মূল্যহীন হৈ পৰে সন্ধিয়াৰ পৰত!
কেজি কেজি কৈ বিক্ৰি হয় মাহৰ মূৰত৷

ভাল পায় যিজনে আজি  আপোনাক বহতো
লুকাই থাকিব পাৰে নিশ্চয়, কিছু স্বাৰ্থ তাতো!
হৈ যায় যদি স্বাৰ্থ সিদ্ধি সোনকালে,
নাথাকিব  কাৰো  কণমানো সময়
মনত পেলাবলৈ আপোনাক আকৌ এবাৰ৷
———————————
অজুহাত
জাহ্নৱী হাজৰিকা

একাচেকা অথচ বাস্তৱ শব্দ এটা।
এই যে আপুনি,মই হেজাৰটা অজুহাত লৈ জীয়াই থাকো।
আচলতে অজুহাতেৰে জীয়াই থাকি ভাল পাওঁ আমি।
যেন অভ্যস্ত হৈ গৈছো।

ল'ৰা-ছোৱালীৰ পৰীক্ষা বেয়া হৈছে।
অ' তাৰমানে প্রশ্ন কাকতেই টান হৈছে।
বিবাহিতা ছোৱালীৰ দুখ হৈছে।
এৰা, জোঁৱাই বেচিজিল।
কিন্তু অজুহাতৰ ৰাস্তা অতি বেয়া।

অজুহাতেৰে আঁতৰি আহি
কাৰোবাৰ জীৱনলৈ সমস্ত দোষ জাপি দি জীৱনত কোনেও একো কৰিব নোৱাৰে।

তোমাক ভাল পালেও মই বিয়া কৰাব নোৱাৰিম।
ঘৰে নিদিয়ে, আই বোপায়ে নামানে।
সাংঘাতিক অজুহাত এটি।

অজুহাত বিয়োগাত্মক প্ৰতীক।
ধনাত্মক চিন্তাৰ মানুহে কেতিয়াও 
অজুহাতেৰে জীৱনৰ পথৰ পৰা
 ফালৰি কাটি ওলাই নাহে ।

অভাৱ সমস্যা কিম্বা অনাটন নাই কাৰ?
সকলোৰে থাকে।
কিন্তু সেইবোৰ নেওচি আগুৱাই যোৱা জনেই প্ৰকৃত মানুহ।
মনত যদি কিবা এটা কৰাৰ তীব্ৰ হেঁপাহে তিৰবিৰাই,
হাজাৰ বিঘিনিৰ ক'লা আকাশ নেওচিও মানুহ
আগুৱাই যায়।

আমাৰ বহুতৰে জীৱন নাথাকে।
থাকে এটা জীৱিকা।
কেৱল অজুহাতত জীয়াই থকা প্ৰাণী আমি।
জীৱনৰ নোহোৱা বোৰৰ বাবে অজুহাত ৰাখো আমি।

কিন্তু আমি মনত ৰখা উচিত।
জীৱনটো যাপনৰ বাবে নহয়।
জীৱনটো উদযাপনৰ বাবেহে।
———————————
বিচ্ছেদ
মৌচুমী দাস

তুমি যোৱা তোমাৰ বাটেৰে
মই যাও মোৰ বাটেৰে....
থমকি ৰ'ব মাথো আমাৰ উশাহৰ জীপাল স্মৃতি
প্ৰতিশ্ৰুতি আছিল যি আজীবন কঢ়িওৱাৰ তৃপ্তি
আক্ষেপ , আবেগ, অভিমানক জলান্জলি দি হয়তো সেন্দুৰীয়া বাটবোৰ চমকি  উঠিব
যি বাটেৰে আমি পৃথক বাটৰ সপোন ৰচিছো
হয়তো আকৌ নতুন প্ৰভাত হব ।

চেতনাত বাজি উঠিব
এনাজৰীৰ উদ্যান আলোক ।
—————————————
ঠিকনা
পম্পি ডেকা

মাতৃৰ গৰ্ভৰ পৰা 
ভূমিষ্ঠ হৈ 
জীৱনৰ অলিয়ে-গলিয়ে
নাপালোঁ ক'তো
ঠিকনা বিচাৰি ...

পালোঁ মাথোঁ 
 কেৱল এক মূমূৰ্ষ 
জীয়া কাহিনী..!
      
জীৱন নামৰ পথাৰ খনিত
কোনো নষ্ট প্ৰেমিকৰ 
অব্যক্ত প্ৰেমৰ মই
ঠিকনা বিহীন এক
সোণসেৰীয়া গুটি ।

ধৰাৰ বুকুত
পৰিচয় কৰাই দিয়া
মোৰ আই আছে
 হয়তু মোৰ অজানিতে ...  
পিতাইও আছে 
তথাপিও সমাজৰ আগত মই
ঠিকনা বিহীন !
——————————
নাৰী তাই 
অপৰূপা দত্ত 

এখন ভ্ৰষ্টাচাৰী সমাজৰ 
এজনী সৰল নাৰী তাই 
সেই বাবেই হয়তো জীৱনৰ  প্ৰত্যেকটো খোজতেই 
নিৰাপত্তাহীনতাই আগুৰি ধৰে তাইক I  
অকলে আজি ওলাব নোৱাৰে তাই 
কাৰণ সমাজৰ এচাম মুখা পিন্ধা  চৰিত্ৰহীন মানৱৰ কৰ্মৰাজিয়ে সমাজৰ  চকুত কলংকিত হ'ব নুখুজে তাই  I
নোৱাৰে তাই মনত পুহি ৰখা সপোনবোৰ ,আশাবোৰ কাৰোবাৰ প্ৰতাৰণাৰ বলি হ'বলৈ বুলি এৰি দিবলৈ  
কিন্তু 
তাই যে বাধ্য আজি 
নিজৰ ইচ্ছাৰ বিৰুদ্ধে যাবলৈ 
সভ্য সমাজৰ কিছুমান অসভ্য 
মানসিকতাৰ প্ৰতাৰণাত 
নিৰৱতাই আজি তাইৰ 
একমাত্ৰ সংগী হৈ পৰিল I 
জীৱনৰ প্ৰতিটো পলে 
আজি তাইক সুঁৱৰাই যায় 
এখন ভ্ৰষ্টাচাৰী সমাজৰ 
নাৰীৰ নিৰাপত্তাৰ 
নিষ্ঠুৰ কথা I 
———————————
প্ৰেমৰ পদ্য 
গকুল চৌধুৰী


অ প্ৰিয়ত্তমা কিয়নো আতৰি 
আতৰি আছা ? 
অ প্ৰাণাধিকা কিয়নো পাহৰি
পাহৰি আছা  ?
আজি এই শুভ লগনত 
তুমি মোৰ প্ৰেমিকা হোৱা 
মই তোমাৰ প্ৰেমিক হওঁ 
তোমাৰ মনৰ মৰমবোৰ 
মোক দিয়া 
মোৰ মনৰ মৰমবোৰ 
তোমাক দিওঁ 
চকুত চকু থৈ 
তুমি মোক ভালপাওঁ  বুলি 
কোৱা 
চকুত চকু থৈ 
মই তোমাক ভালপাওঁ বুলি কওঁ 
কিহৰনো লাজ 
কিহৰনো ভয় 
আহা হাতত হাত দিয়া 
ব’লা খোজত খোজ দিয়া 
আমি দুয়ো দুখন প্ৰেমৰ 
 নদী হৈ সাগৰলৈ বৈ যাওঁ 
 বৈ গৈ সাগৰৰ মোহনাত 
 মিলনৰ গান গাওঁ  ৷
——————————

Post a Comment

0 Comments