পষেকীয়া কাব্যকানন ৬ষ্ঠ বৰ্ষ ২৩তম সংখ্যা

————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটোঃ দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন :নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

"কবিতাই হওক কবিৰ পৰিচয়।" -নৱকান্ত বৰুৱাদেৱৰ এই বাণীটো আজিযেন ক্ৰমান্বয়ে ভুল প্ৰমাণিত হ'ব ধৰিছে । প্ৰতিষ্ঠিত কবিৰ কিছুমান নিম্নমানৰ কবিতাই শেহতীয়াকৈ অসমৰ আগশাৰীৰ  আলোচনীকেইখনত স্থানপোৱা কথাটোৱে কাব্যপ্ৰেমীসকলক হতাশ কৰিছে । "ব্ৰেণ্ডেড" কোম্পানীৰ কিছুমান সস্তীয়া সামগ্ৰীৰ দৰে , কিছুমান তৰল কবিতাও "ব্ৰেণ্ডেড" আলোচনীত স্থান দখল কৰিবলৈ লৈছে। তাৰ পৰিবৰ্তে উন্নত কবিতাৰে নিৰলস ভাবে কাব্যচৰ্চাত ব্ৰতী প্ৰতিভাসম্পন্ন নবীন সকল বাৰে বাৰে প্ৰতাড়িত হৈছে। যদি সঁচাকৈয়ে অসমীয়া কবিতাৰ উন্নতি কামনা কৰোঁ, তেনেহ'লে আমি এইবোৰৰ পৰা মুক্ত হৈ নিঃস্বাৰ্থভাৱে আগুৱাবই লাগিব । 
 এই সন্দৰ্ভত আজি কেইমাহমান আগতে অসমৰ এখন আগশাৰীৰ সম্পাদকৰ সৈতে হোৱা আমাৰ বাৰ্তালাপত তেখেতে জনাইছিল --"সেই বিশিষ্ট কবিসকল সতৰ্ক হ'ব লাগে; তেনে কবিতা পঠিয়াবই নালাগে ৷ প্ৰকাশ কৰিবলৈ আমি বাধ্য হওঁ। " মই তেতিয়া তেখেতক কৈছিলোঁ যে তেনে কবিতা তৰল আৰু নিম্নমানৰ বুলি জনাৰ পাছত তেখেত যিমানেই বিশিষ্ট কবি নহওক লাগে, তেনে কবিতা উভতাই পঠিয়ালে, তেখেতেও নিশ্চয় অনুধাৱন কৰিব পাৰিব।

বিনয়েৰে—
নৱ ৰাজন 
সম্পাদক
কাব্যকানন
——————————————————
কবিতাৰ  আড্ডা
(চকুত পৰা ছিদ্ৰ) 
উদয় কুমাৰ শৰ্মা

   ১) 'যন্ত্ৰণা চকুলোৰে ধুই পেলাইছো' [ নলিনীধৰ ভট্টাচার্য, 'গৰীয়সী', অক্টোবৰ, ২০১৬]
   -- 'যন্ত্রণা চকুলোৰে' বুলিলে, আখজা যেন লাগে। 'চকুলোৰে ধুই পেলাইছোঁ যন্ত্রণা' অথবা, 'যন্ত্ৰণা, চকুলোৰে... ' বুলি লিখিলেহে চাগৈ চিকুণ হ'ব। 

   ২) 'মই জীৱনটো বোকোচাত লৈ... ' [ নগেন শইকীয়া, 'গৰীয়সী', অক্টোবৰ, ২০১৬]
 -- ইয়াত, আৰম্ভণিতে থকা 'মই' শব্দটোৱে, পোনচাটে ব্যক্তিবিশেষলৈ আঙুলিয়ায় কাৰণে -- 'জীৱনটো বোকোচাত লৈ মই... ' বুলি লিখিলে মসৃণ হ'লহেঁতেন। 

  ৩) 'ভেকুলীৰ দৰে বৰষুণৰ টোপাল গাত লাগিলেই / অৰ্কেষ্ট্ৰা বজায় থৈয়ানথৈয়াকৈ'
[ 'ডিজিটেল নগৰীৰ ফুলনিত' : ৰবীন্দ্ৰ সৰকাৰ, 'সাদিন', ২২-০৯-২০১৭]
 -- শব্দসজ্জাৰ দুৰ্বলতা হেতু -- 'ভেকুলীৰ দৰে বৰষুণ', এই উপমাটোৱে কোনো পঢ়ুৱৈক বিমোৰত  পেলাব পাৰে! কিন্তু, আমি যদি এনেকৈ লিখোঁ : 'বৰষুণৰ টোপাল গাত লাগিলেই / ভেকুলীৰ দৰে / অৰ্কেষ্ট্ৰা বজায়... ' , তেতিয়া নিশ্চয়, কাৰো বুজাত অসুবিধা নহ'ব। 

  ৪) 'মোৰ ছোৱালীজনীৰ বিয়াৰ হোমৰ ধোঁৱাই অনা চকুপানী মচি... / আমাৰ তেজ-মঙহেৰে গঢ়া কবিতা এটা আনৰ হাতত দি' [ 'হৰেকৃষ্ণ ডেকাৰ শ্ৰেষ্ঠ কাব্য আৰু গদ্য', পৃ: ৪২৪]
  -- নিজৰ জীয়াৰীক ('কবিতা এটা') হোমৰ কাষত, যাৰ হাতত তুলি দিবলৈ ঠিৰ কৰিছে -- সেই জোঁৱাইজন 'আন' (a different person) হোৱাৰ পৰিৱৰ্তে -- 'এজন' (a particular person) বোলাহেঁতেন, 'আপোনজন'ৰ অৰ্থ প্ৰকাশ পালেহেঁতেন। 'দি' আৰু 'তুলি দি'ৰো পাৰ্থক্য নথকা নহয়। 

 ৫)  (ক) 'নৈপৰীয়া ঘৰটোত / ৰাতিৰ বাঁহীৰ দৰে / মই অকলশৰীয়া' [ আনিছ উজ জামান, ৰচনা : আনুমানিক : ১৯৭২ চন]
 -- 'ৰাতিৰ বাঁহী'টো কেনেকুৱা, কিয় 'অকলশৰীয়া' : এনে প্ৰশ্নৰ উত্তৰ বিচাৰিলে, খেলিমেলি লাগে। 
'ৰাতিৰ বাঁহীৰ মাতটোৰ দৰে' বুলি লিখাহেঁতেন -- সেই 'নৈপৰীয়া ঘৰটো'ত বাজি উঠা -- বাঁহীৰ একমাত্র মাতটোযে, ৰাতিৰ নিৰ্জনতা ভাঙি ভাহি আহি, কবিক 'অকলশৰীয়া' যেন অনিভৱ কৰাইছে, আমাৰ বুজাত অসুবিধা নহ'লহেঁতেন। 

  (খ) 'আই তোৰ আন্ধাৰৰ হাতখন ভাঙি দিলোঁ' [ আনিছ উজ জামান, 'এই বাটেদিয়েই, পৃ: ৪]
  -- মাকৰ মৰম-আকলুৱা হাত এখন 'আন্ধাৰৰ' হ'লেও -- পুত্ৰই 'ভাঙি' দিয়াটো বেদনাদায়কেই নহয়, নিৰ্মম  !
——————————————————

অনুবাদ কবিতা

BY ENHEDUANNA ( Sumerian Poet)
Born:2286BC Died:2251 BC (age 35 years)
TRANSLATED BY JANE HIRSHFIELD

Like a dragon



You poisoned the land—

When you roared at the earth

In your thunder,

Nothing green could live.

A flood fell from the mountain:

You, Inanna,

Foremost in Heaven and Earth.

Lady riding a beast,

You rained fire on the heads of men.

Taking your power from the Highest,

Following the commands of the Highest,

Lady of all the great rites,

Who can understand all this is yours?


মূলঃ এনহেদুয়ান্না
জন্ম:খৃ. পূ.২২৮৬
মৃত্যু: খৃ. পূ.২২৫১
সৌজন্যতঃ মাইকেল আৰ বাৰ্খ

অজগৰৰ দৰে

প্ৰকৃতি তুমি বিষাক্ত কৰিলা—

যেতিয়া তুমি মৰতত গৰ্জন কৰিছিলা

বজ্ৰপাতৰ নিনাদেৰে,

সেউজ প্ৰকৃতিৰ একোৱেই জীয়াই

থাকিব নোৱাৰিলে।

পাহাৰৰপৰা বান নামিল:

তুমি, ইনানা,

স্বৰ্গ আৰু পৃথিৱীত বিৰাজমান।

পশু উপবিষ্ট এগৰাকী নাৰী,

মানুহৰ মূৰত অগ্নিবৃষ্টি বৰষিলা।

সৰ্বশক্তিমানৰপৰা নিজৰ ক্ষমতা লৈ,

সৰ্বশক্তিমানৰ আজ্ঞা অনুসৰণ কৰি,

সকলো মহান আচাৰ-অনুষ্ঠানৰ ভদ্ৰমহিলা,

এই সকলোবোৰ তোমাৰ বুলি কোনে বুজিব পাৰে?
———————————
পৰ্বতৰ উচ্চতা , মানুহৰ সাহস

মূল হিন্দীঃ অশোক কুমাৰ পচৌৰী
অনুবাদঃ গণেশ বৰ্মন 

পৰ্বতৰ উচ্চতা , মানুহৰ সাহস ,
সাগৰৰ গভীৰতা , অনন্তৰ প্ৰসাৰতা ।
আকাশৰ ঊৰ্দ্ধতা , মানুহৰ উৰণ ,
অনন্তৰ অনন্ততা , মানুহৰ  মায়া ।

গভীৰতাৰ অতলতা , যেন মনৰ অন্তৰতম ,
তাত নিহিত কাকূতিৰ অনুভৱ।
জীৱনৰ ৰহস্যৰ মুখামুখি ,
যেন পৰ্বতৰ উচ্চতাৰে চিকিমিকি তৰা ।

মানুহৰ উপমা , বিশ্বাসৰ পাহাৰ ,
জীৱনৰ সাগৰত সাঁতোৰা বিশ্বাস  ।
আকাশৰ হেঁপাহ , সপোনৰ অসীমতা ,
যেন মানুহৰ হৃদয় উপচা আকাংক্ষা ।

অনন্তৰ অনন্ততা , যেন চিন্তাৰ অনুসন্ধান  ,
তাত লুকাই থকা আশ্চৰ্য , অজ্ঞাতৰ মুখামুখি ।
মানুহৰ পৰিভাষা , ব্যাপ্তিৰ পৰিসীমা ,
যেন অনন্তৰ সন্ধানত ৰচা ইতিহাস ।

মানুহৰ পৰ্বত , সাগৰ , আকাশ , অনন্ত ,
সকলো মিলি সজ্জিত তাৰ সাৰংগ (বীণা) ।
তাৰ আশ্চৰ্যৰ গান গায় প্ৰকৃতি ,
যেন কবিতাৰ পাতত লিখিত সত্য  ।
———————————
শব্দাধীন
[জেক(ছ) লাকাঁৰ সোৱঁৰণত]
নিপন নাথ

নিলিখা আখৰবোৰ চিনি পোৱা
শেষৰজন মানুহ ঢুকাল

তেওঁৰ তিৰোতাজনী হয়তোবা
বাচি থাকিল
আৰু পালন কৰিলে
বৈধৱ্যৰ সকলো সংস্কাৰ

মানুহজনে নোকোৱা সেইবোৰ শব্দই
বিপত্নীক হৈ
অৰঙে-দৰঙে গঢ়িলে
অবৈধ আত্মাৰ অভিষাৰ

আখৰবোৰ অৱশ্যে
মচি দিয়াও হʼব পাৰে ।

[ফৰাচী মনোবৈজ্ঞানিক জেক(ছ) লাকাঁৰ ধাৰণামতে আমি কথা কওঁতে ব্যৱহাৰ কৰা শব্দই (সূচক বা signifierএ) বুজাবলৈ বিচৰা অৰ্থবোৰৰ (সূচিত বা signifiedৰ) ধাৰাক বিৰামহীনভাৱে ‍‍গাপ দি ৰাখে: সূচকৰ মাজত সূচিতৰ অনেক সম্ভাৱনা আপুনিয়েই সংপৃক্ত হয়। তেনে এক ধাৰণাৰ আলমতে লিখিত এই কবিতাটো সেয়ে, ১৩ এপ্ৰিল, ১৯০১ত জন্মগ্ৰহণ কৰা লাকাঁৰ ১২৩ তম জন্মবাৰ্ষিকীৰ প্ৰাকমূৰ্হুতত প্ৰকাশ কৰাৰ দিহা কৰা হʼল। ]
——————————
জুৰণি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

বোৱাৰীপুৱাই 
দেখিলোঁ ফুলা 
সোণালী মলৰেণু 
সুবাসিত 
আলোকিত
পদূলি
সদ্য ভিজা তিয়নীখনে
গাই গ’ল জীৱনবন্দনা...
——————————
ধূলিৰ সময়
দিলাল আহমেদ

তাতেই সঞ্চিত আছে হালধীয়া দুপৰ
শালিকীৰ বাল্যকাল৷
আমাৰ স্বপ্ন, আমাৰ গান
বুকুৰ ভিতৰত গিঁথিছিল
নৰম নদীৰ প্ৰাণ৷

নদী নিৰৱধি---
শাওনৰ ৰাতিটোৱে এতিয়া
ম্ৰিয়মাণ নদীৰ কাষত
দুই পাৰত সজাই ৰাখে
অৰণ্যৰ বেদনা সম্ভাৰ৷

নিহিত বেদনাই আজিও সপোন দেখে
দিশাহীন ভাহি যায়
তৰীবোৰ আমাৰ।
———————————
আই
ৰিংকুমণি বড়া

তোমাৰ মৌনতাই 
তোমাৰ পৰা মোলৈ 
এখন কথাৰ দলং সাজে
কাহানিও কব নোৱৰা
শব্দহীন কথাবোৰৰ

চেঁচা শেতেলিৰ নিস্তব্ধতাই
বুকুত শান মাৰে
ঠিক তোমাৰ চেঁচা আঙুলিৰ
শেষ স্পৰ্শটোৰ দৰেই

দুচকু মেলিয়েই পাইছিলোঁ তেওঁক
প্ৰতিদিনে
মৰমৰ বুলনিত নাইবা কৃত্ৰিম খঙত
কিন্তু আজি 
দুচকু মুদিলেহে তেওঁক দেখা পাওঁ
কল্পনাত কিম্বা সপোনত...
——————————
সন্ধিয়া
ৰমেশ চন্দ্ৰ ৰায় 

সুউচ্চ দালানবোৰ হেলাৰঙে পাৰ হৈ
ধুমুহা-বৰষুণজাকে 
মোৰ ঠেলাগাড়ীৰ দোকানখনত খুন্দিয়ালে

মোৰ সমস্ত ভৰেৰে হেঁচা মাৰি ধৰিও
গাড়ীখন থিয়কৈ ৰাখিব নোৱাৰিলোঁ

ঘৰত বেমাৰী শাহু 
মদাহী মানুহজন
ল'ৰা-ছোৱালীহালৰ সন্ধিয়াৰ সপোনৰ বজাৰখন
ছেদেলি-ভেদেলি হৈ ৰ'ল
ঘুগুনী মম’ চাওমিনৰ সৈতে 

সন্ধিয়াৰ ভিজা ৰাজপথত ।
——————————————
বৰষুণ 
ইপুল হুছেইন

এজাক চ’তমহীয়া বৰষুণত আকাশৰ অভিমান নিগৰি আহিছে
সেমেকা দুপৰীয়াটোয়ে জীয়াই থকাৰ উপাদানবোৰ আকৌ লিৰিকি চাইছে
বহুতো ভুলৰ সমষ্টিগত অযুক্তিবোৰ মাথো যুক্তিৰ কেৰোণ
ভিজা মামৰৰ বৰণ খুবেই বিবৰ্ণ

বৰষুণ,
পানীৰঙী শিহৰণ তোলা বৰষুণ
ধুই নিয়া অভিমানী আকাশৰ ঋতুময় আলিঙ্গন
সাৱটি লোৱাৰ দুৰ্দান্ত নিচা ৷
—————————— 
আন্তৰিকতা: মোৰ অনুভূতিত
পৰাণ জ্যোতি ভূঞা

আন্তৰিকতা আঘোণৰ কুঁৱলীয়ে
ঢাকি ৰখা ধূসৰ প্ৰতিচ্ছবি
আন্তৰিকতা আধুনিকতাবাদত
জীপাল হোৱা কৃত্ৰিম হাঁহি
আন্তৰিকতা যেন পশ্চিমৰ আকাশৰ
অস্তমিত হেঙুলীয়া বেলি
আন্তৰিকতা শুকান মৰুভূমিত দেখা
মৰীচিকাৰ বিভ্ৰম বালি
ইত্যাদি ইত্যাদি

দুঃসহ দ্ৰষ্টব্য:
ডিজিটেল পোতাশালত
আন্তৰিকতা কাহানিবাই
যাৱজ্জীৱন কাৰাদণ্ডৰে বন্দী ।
———————————
বসন্ত বাহাৰ
ৰেখা বৰকটকী

কিয় আজি ডুব যায়
ধূসৰ আকাশৰ চকুৰ মণিত
দুপৰৰ জ্বলন্ত সূৰ্য্য?
পাৰঘাটত নাৱৰীয়াই উচুপে
শস্যশ্যামলা বালিচৰত সুহুৰিয়াই ফুলে
বিৰহৰ হালধীয়া সৰিয়হ!
ধূলিয়ৰিত নিঃস্ব হ'ব ধৰা
প্ৰণয়ৰ আদিপাঠ একোখন শোকগাঁথা হয়,
হাওঁফাওঁৰ  ঠিক তলতে থকা
শোকৰ চুবুৰীটোত 
ফাগুনৰ বা লাগে...
নিচলা হেঁপাহবোৰে
গীত জুৰে ঐক্যতানে
বগলীয়ে বগাফোঁট দি যায়
সৌভাগ্যৰ দুৱাৰে দুৱাৰে...
——————————
প্ৰসংগ
চয়নিকা ভূঞা

কৈ থাকোঁতেই কথাবোৰ সলনি হয়
নিজস্ব বুলি কোনো কথা নাই
কেবল "হয় হজুৰ" 
 
বিশ্বাসৰ জৰী ডালো কোনোবাখিনিত
জোঁট-পোট খাই ধৰে

ঈশ্বৰে জানে
ঈশ্বৰে দেখে
ঈশ্বৰৰ ইচ্ছাত অসম্ভৱো সম্ভৱ

অভিমানৰ ফিৰিঙতিত 
আত্মসন্মানৰ যজ্ঞ

তথাপিও
বৰুৱা চুবুৰীত 
এতিয়া খোৱা কামোৰাক লৈয়েই ব্যস্ত  ।
—————————
আত্ম দীপো ভব
ৰূপজ্যোতি গগৈ

পোহৰমুখী আকাশৰ অন্বেষণত 
ধাৱমান অনন্ত সময় 
তাহানিৰ পৰা আজিলৈ 
পিতা, প্ৰ-পিতামহৰ পৰা মোলৈ 
এক চিৰায়ত চৰাচৰ 

অন্বেষণৰ অপ্ৰমাদী আশ্বাস 
নিতে তিৰবিৰাই আকাশ 

ধূলিকণা, ধূলিৰ সহচৰ 
তথাপি উদ্গীৰণ হওক 'আত্ম পোহৰ' 
খুচৰি চাওঁ 
কুৰুকি কুৰুকি বুকুৰ বতাহ জোকাৰি লওঁ 
কোনোবা মায়াবী জোনাক জাগ্ৰত হওক 
অসীমৰ অন্বেষণ 
নিজৰ মাজত নিজেই নিজক আৱাহন। 
------------ 
ৰিহান্না
ইৰা দেৱী

ৰিহান্না তুমি আধুনিক নাৰী। 
তোমাৰ দেহ বল্লৰীত  সৰি পৰে
যৌৱনৰ অযুত স্বপ্ন। 

 লাস্যময়ী নাৰী ৰিহান্না
কোটিৰ হিচাপত তোমাৰ পায়চাৰী
কত ডেকাৰ দেহত কাননাৰ জুই। 
ৰিহান্না তুমি প্ৰিয়বল্লভী নাৰী। 
ৰিহান্না, 
তোমাৰ এটি উপস্থিতি, 
ধনতন্ত্রৰ গৰ্ব, 
সৰ্ব্বহাৰা নাৰীৰ বিননী
ভোক যজ্ঞ
 দুখীয়া পিতৃৰ কপালৰ লুনীয়া পানী, 
দৈন্যতাৰে পিষ্ট  মোৰ দেশৰ
 মাতৃ-ভগ্নীৰ ফটা ৰিহাৰ ফাকত
লজ্জা ৰ চিটিকনি
কামাতুৰ পুৰুষ ৰ
 অশ্লীল দৃষ্টিবান। 
 ৰিহান্না তুমি আধুনিক নাৰী
 তোমাৰ সন্মুখত
 এলাগী মোৰ জকাইচুকৰ ৰমনী। 
---------------————
আধাফুলা সপোন
ৰশ্মি ৰেখা দুৱৰা

কুউ-কুউ কৰি চ'ততে আহিলি কিয়?
ঢোল-পেঁপাৰ শব্দই ৰজনজনাইছ কিয়?
ঢুলীয়া ককাই,পেঁপুৱা ককাই
আজি নিৰুত্তৰ!

আছিল অযুত আশা পৈণত নাচনী হোৱাৰ
ভাবিছিলোঁ পিন্ধিম মূগাৰ সাঁজ
কপৌফুলে মেৰিয়াই বান্ধিম নেঘেৰী-খোপা
সকলো সপোন জাপতে সেমেকিল।

বাজে কাণত ঢোলৰ চাপৰ
সপোনতে নাচি উঠে নিজস্ব প্ৰতিৰূপ,
বাহঃ কি সুন্দৰ ! লয়লাস নাচোন
সপোনৰ দেশত নিদ্ৰাতে বিভোৰ…

আধাফুলা সপোনটি কলিতে সৰিলে
দূৰ আকাশৰ পৰা 
জোন,বেলি,তৰায়ো নীৰৱে সহিল 
অসহনীয় এক জীয়া দৃশ্যান্তৰ।

কাল সন্ধ্যাত খহি পৰিল জীৱনৰ সাৰথি
বিহু বলিয়া ৰচকীজনীৰ দুখ বুজিব কোনে?
লিহিৰি হাতৰ পবালি আঙুলিৰে 
হাতে মেলি নচাৰ সপোনবোৰ কৰাল গ্ৰাসত,

কুলি, তই বিষাদ হৃদয়ৰ দুখ নুবুজিবি
আধাতে আৱৰিল ঘোৰ আন্ধাৰে
জীৱন নামৰ কিতাপৰ পৃষ্ঠাবোৰ,
ঢোলৰ চাপৰত আজি বিস্মিত সৰ্বশৰীৰ।
——————————
চালক
বিকাশ হাজৰিকা

নিজৰ উশাহটো সন্মুখত লৈ
কাষত আৰু পিছত বহা কেইজনক
নিৰাপদে নি সুৰক্ষিত ঠাইত উপস্থিত কৰাই দি
পেটৰ আৰ্তনাদ নিবাৰণ কৰাৰ নামেই চালক।

চালক,এটি বিশ্বাসী শব্দ, দীঘলীয়া আলিবাটৰ,
চালক কেতিয়াবা অবিশ্বাস্য হয়, যেতিয়া কাঢ়ি নিয়ে নিজৰ ভূলৰ বাবে আন বহুজনৰ বাক্য,
মৃতদেহ যেতিয়া হৈ পৰে অন্তিম সাক্ষ্য।

যেতিয়া আন বহুজন টোপনি যায়
তেতিয়া হয়টো চালকজনে গাড়ী আগুৱাই 
যেতিয়া বাটৰ কণা বিধিয়ে হঠাৎ কৰে হাহাকাৰ
তেতিয়া হয়টো হৈ পৰে চালকজন নিৰুপায়।

দ্ৰুতবেগ,এটি জাতীয় বা ৰাষ্ট্ৰীয় সমস্যা নহয়
দ্ৰুতবেগ, ই এটি আন্তৰাষ্ট্ৰীয় সমস্যা,
যিখন চহৰত সকলোৱেই দ্ৰুত,
তাত তিল মাত্ৰ সুস্থিৰ হলেও জানো হব বিবেকৰ জয়!
——————————
ফাগুন যোৱা বাটেৰে
ডাঃ বন্দনা তামুলী

ফাগুন যোৱা বাটেৰে
সৰাপাতৰ মাজে মাজে
মোৰ খোজ লাহে লাহে
নিঃশব্দ নিঃস্তব্ধ
কেৱল খোজৰ 
কেৰেক কেৰেক শব্দ

মই কেতিয়াও উভতি চোৱা নাছিলোঁ
সম্মুখীন হৈছিলোঁ সকলো পৰিস্থিতিৰ
এনেতে এজাক পছোৱাই
মোক ঢাকি পেলায়
ছুলিত ধৰি টানি নিলে বসন্তই

পাহৰি গৈছিলোঁ
প্ৰকৃতিৰ ফাগুন আৰু বসন্তৰ প্ৰেম
জোন নহয় অথচ জোনৰ নিচিনা
ছায়া নহয় তথাপিও ছায়াৰ নিছিনা
প্ৰেম আহে প্ৰেম যায়
যেনেকৈ বসন্ত আহ ফাগুন যায়
চকু নাই অথচ
চকু মুদিলেই সপোন দেখো

সেইদিনা যেতিয়া বৰষুণজাক আহিছিল
মনৰ ভিতৰৰ সমস্ত অঞ্চল
বৰদৈচিলাই তচনচ কৰিছিল
তোমাৰ মমতা ভৰা শব্দবোৰৰ বাহিৰে
সকলো বোৰ শব্দ উটুৱাই নিছিল
সেইদিনাৰ বৰদৈচিলাৰ নিবিড়তাত
বিজুলীৰ পোহৰত
তোমাৰ দুচকুত দেখিছিলোঁ মমতা
টাবত ফুলা ৰঙা গোলাপৰ পাপৰিয়ে যেন
চুই গৈছিল অন্তৰ আত্মা

মনত পৰেনে সেই সকলো
ইমান দিন পিছত
মোৰ এতিয়াও মনত পৰে
বৰ্ষা মুখৰ সেই সন্ধিয়া
পিছে প্ৰেম নহ’ল যুগমীয়া ৷
—————————
ব'হাগীৰ আগমন
অঞ্জনা ৰূপা দাস 

গছ-লতা বিৰিষত
কোমল কুঁহি পাত মেলিছে, 
প্ৰকৃতিয়ে পুৰণি সাজ খুলি
নিজকে শ্যামলী ন-সাজে সজাইছে।  
গছৰ ডাল শুৱনি কৰি
কুলিটিয়ে গীত জুৰিছে, 
মাজ- ৰাতি কেতেকীৰ
হিয়া ভগা বিননিত
ব'হাগীজনীৰ আগমন ঘটিছে। 
গছ-লতা জোকাৰি জোকাৰি
ঘৰ-দুৱাৰ মোহাৰি
বৰদৈচিলা জনী উন্মাদনী হৈ
মাকৰ ঘৰলৈ ঢাপলি মেলিছে। 
আকাশতো কলীয়া ডাৱৰে
মাদল বজাইছে, 
বিজুলী জনীয়ে খিল্ খিলাই হাঁহিছে। 
নৈৰ ন-পানীত শিহু উজাইছে, 
গৰৈ -কাৱৈ, পুঠি খলিহনাই 
মুখ চুপটি মাৰিছে, 
মৰমতে যেন কোমলিছে
উৰ্বৰা ধৰণী। 
তাঁত শালত শিপিনীয়ে
গামোচাত গুটিফুল বাচিছে,
ঢেঁকীৰ মাতে ব'হাগীৰ
বাতৰি বিলাইছে।
পাহোৱাল ডেকাৰ দুবাহুৰ 
বলত
ঢোলৰ বৰতি চিগিছে, 
দূৰৈত পেঁপাৰ তিঁহিটি মাতে
নাচনীৰ ভোক পিয়াহ  হৰিছে। 
নাচনীৰ লাহতি খোপাত
 কপৌফুল ফুলিছে। 
 নাহৰ তগৰে 
সুগন্ধি সৌৰভ বিলাইছে, 
পাখি-লাহি পখিলাই
ফুটুকী বুটা বাচি
ফুলনিখন সজাইছে, 
ভুমুৰাৰ গুঞ্জন, মৃদু চুম্বনত
মতলীয়া হৈ 
ফুলনিখন হালি জালি নাচিছে।
ঋতুৰাজৰ সৌন্দর্যৰ
মধু ব্যঞ্জনাত
ব'হাগীৰ আগমন ঘটিছে, 
ধৰাত নামিছে
 এজাক প্ৰেমৰ বৰষুণ হৈ
বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ
সুশোভিত কৰি, 
অসমীয়াৰ গণজীৱনৰ সাহ হৈ
কৃষ্টি সৃষ্টিৰ অমিয়া ধাৰা হৈ
আহিছে সংগোপনে
বৰষাৰ বতৰা লগতে লৈ।
—————————
চ'তৰ বননি
দিপ্তী মনি গোস্বামী

বসন্তৰ পৰশে মুখৰিত চ'তৰ বননি
যেন সদ্য স্নানৰত পূৰ্ণ যৌৱনা ৰমণী,
শৃংগাৰ বদনে মনোমোহা মেদিনী
ভাৰতৰ পূব দিশৰ প্ৰাণোচঞ্চল স্বৰ্গভূমি।

সজাইছে সাজিছে দিয়ে বাতৰি বহাগৰ আগমণি
শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰকৃতিৰ সাজোনৰ কঁপনি
মহঘূলী চাপৰিত আসন পাতিছে প্ৰকৃতি ৰাণী
ফাটবিহুৰ দিনা সুবাসিত হ'ব ঢোলৰ গুমগুমণি।

দৌল উৎসৱৰ আবিৰ গালে মুখে সানি
ৰঙীন হ'ল বৃদ্ধ বনিতাৰো হৃদয়ৰ বননি
জগতৰ মহান গুৰুৰ আৰ্হি পৰম্পৰা মানি
বৰদোৱা বৰপেটা বাসুদেৱত বাজিল শংখধ্বনি।

শক্তি পীঠ হাবুং আছিল এসময়ত ৰাজধানী
সেই বেদীত মূৰ দোৱাই শ শ গৃহিণী শিপিনী
মাটিৰ হালতেই বৈছে চেনেহৰ বিহুৱান খনি
গৰুৰ বিহুৰ দিনাই চেনাইৰ ডিঙি কৰিব শুৱনি।

চৌদিশে মনোৰম মনোমোহা হৈছে জননী
বসন্তৰ পৰশত পৰজীৱী সকলেও কঁপাইছে মেদিনী
অসমৰ বুকুত প্ৰাণোচঞ্চল চ'তৰ বননি
বহাগৰ প্ৰস্তুতিক লৈ সাতখন আঠখন সৱাৰে হিয়াখনি।
————————
আইৰ হৃদয়ৰ গোপন পৃষ্ঠা
দেবানন্দ পেগু

আই তুমি বিষ পাণ কৰি নীলকণ্ঠ হ'ব নালাগে
সতী জয়মতী হৈ নগা পাহাৰত গধাপানিক লুকুৱাব নালাগে
মেলি দিয়া তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা।

আকাশৰ বিশালতাত বিচৰণ কৰিলোঁ
নদীৰ গভীৰতাত ডুব্‌ মাৰিলোঁ
তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা বিচাৰি।
কিয় লুকুৱাই ৰাখিছা
পঢ়িব বিচাৰিও পঢ়িব নোৱাৰোঁ।

উকা কপালৰ  আঁৰত ঢাকি ৰখা অশ্ৰুকণা
হিমৰ দৰে গোটমাৰি  ওলমি আছে
উঠনোৱা দেহাৰ ভাঁজত
গলি গলি শেষ হ'ব
পৰি ৰ'ব নিঠৰুৱা হৈ
তথাপি কিয় মেলি নিদিয়া
তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা।

কোন জনমৰ দৃঢ় সংকল্প ?
কাক সাক্ষী কৰি, কৰিছিলা প্ৰতিজ্ঞা ?

কোৱা আই কি আছে তোমাৰ হৃদয়ৰ গোপন  পৃষ্ঠাত
তুমি গুপুতে ৰাখিলেও
শেঁতা পৰা  মুখ খনি
উৎমুক্ত কৰে
ধৰা দিয়ে তোমাৰ হৰিণী নয়নত

আই বাটৰ ধুলিবোৰ মনত সোমাব নিদিবা
মনটো কষ্ট পাব
উৰিব দিয়া সজাত বন্দী পখীজনী
মুক্ত ভাবে বিচৰণ কৰিলে শান্তি পাব 
শান্তি পাব। 
——————————
শোক-বেজাৰত ডুবিল প্ৰেমৰ ৰঙীন ছাঁ
ড° আদিল আলী

কলম নচলা হ'ল 
মনোবল টুটি গ'ল 
তুমি চকুৰ দূৰত যেতিয়া 
বুকুত উমি উমি জ্বলা 
প্ৰেমৰ জুইকুৰা অধিক তীব্র হ'ল 

তোমাৰ ছায়াছবিত ঘৃণাৰ মাতবোৰ 
প্ৰবল ছুনামী হৈ মোৰ প্ৰেমৰ ঘৰ তচনচ কৰি গ'ল 

নফছ দমন কৰি আত্মাক তিলতিলকৈ মৰিবলৈ দিয়া হ'ল 

তোমাৰ হাতৰ এটুপি পানী বিচাৰি 
মোৰ ইচ্ছাৰ দূৰন্ত ৰথ প্ৰচণ্ড খৰাঙত থিয় হৈ ৰ'ল 

নিশাৰ টোপনিত এন্ধাৰবোৰ মোৰ বৰ প্ৰিয় হ'ল 

তুমি নাই যে 
থকাহে'তেন খংৰ মাজত বুটলিলোহে'তেন 
মৰুভূমিৰ মাজত এটুপি মিঠা পানীৰ দৈ 

সন্ধিয়া শোকৰ সভাত তোমাৰ ওঁঠত 
স্ফটিক প্ৰেমৰ দুৱাৰ ভঙা শব্দ শুনিলোঁ 

দুপৰ নিশা সঙ্গমৰ ইচ্ছাৰ চিঞৰবোৰ উদীপ্ত জুইৰ ফিৰিঙতি হৈ 
কোঠাৰ ইফাল-সিফাল ছিটিকি পৰি ৰ'ল 

বিচ্ছেদ-বেদনাৰ বিষাদবোৰ মোৰ হিয়াত অকথ্য পীড়ন দি প্ৰেমৰ বুকুত চীনৰ প্ৰাচীৰৰ দৰে থিয় হৈ ৰ'ল 

চকুৰ চাৱনিত তাই প্ৰতিশোধৰ একুৰা জুই লৈ শোৱনিকোঠাৰ বিছনালৈ গুচি গ'ল 

শোক-বেজাৰত ডুবিল প্ৰেমৰ ৰঙীন ছাঁ  । 
——————————
মই আৰু মোৰ ছাঁ  
গকুল চৌধুৰী

আমি দুয়ো কেতিয়াও নিঃসংগ নহয় 
আমি দুয়ো কোনোদিনে অকলশৰীয়া নহয় 
জন্মৰ পৰা মৃত্যুলৈ আমি দুয়ো
আপোন 
মই যলৈ যাওঁ সিও মোৰ লগত যায় 
সি যলৈ যায় মইও তাৰ লগত যাওঁ 
আজীৱন আমি দুয়ো দুয়োৰে 
আপোন ৷ 
বহুদিনীয়া আমাৰ এই সম্পৰ্ক
অতি নিস্বাৰ্থ আমাৰ এই বন্ধুত্ব
আমাৰ এই সম্পৰ্ক 
আমাৰ এই বন্ধুত্ব
জন্মৰ পৰা মৃত্যুলৈকে চিৰ 
যুগমীয়া হৈ ৰ’ব  ৷
আমি দুয়ো দুয়োৰে সুখত সুখী
আমি দুয়ো দুয়োৰে দুখত দুখী 
আমি এজনে আনজনৰ পৰিপূৰক
আমি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷
আমি ইজনে সিজনৰ অবিহনে ব্যৰ্থ 
এজন আনজনৰ অবিহনে নাই
জীয়াই থকাৰ অৰ্থ  
আমি দুয়োজনে দুয়োজনক লৈ 
ব্যস্ত 
দুজনৰ এজন নহ’লে ক’ত আমাৰ অস্তিত্ব  ৷ 
আমি দুয়ো কেতিয়াও নিঃসংগ নহয় 
আমি দুয়ো কোনোদিনে 
অকলশৰীয়া নহয়
আমি দুয়ো নিঃসংগ সময়ৰ
প্ৰকৃত সংগী 
আমি দুয়ো অকলশৰীয়া জীৱনৰ
প্ৰকৃত লগৰী ৷
এন্ধাৰে নাজানে আমাৰ পৰিচয় চিনাকি
পোহৰে জানে আমাৰ পৰিচয়
চিনাকি
পৰিচয় দিবলৈ আমাৰ চিনাকি
একাঁজলি ৰ’দ-পোহৰত জিলিকি উঠা 
মই আৰু মোৰ ছাঁ  ৷
——————————
গজালি
নীলাঞ্জনা শৰ্মা বৰুৱা

ঊষাৰ কাৰেঙত হেলান দি
স্বপ্নৰ সৰোবৰত বৰশী পাতোতেই 
বকুল ফুলীয়া হাঁহিবোৰে ৰামধেনুত 
পিছলি মুখ থেকেচা খাই পৰিল।
জোনবাইৰ চেনেহত
আজিৰ সন্ধিয়াটো 
সোনকালে আহিল।
আন্ধাৰতে ভৰি পখালি
কিনো কথা ভাবি
আমন জিমনকৈ বহি পৰিল
ৰাংঢালী জোনাকী!
এতিয়া স্ফুৰিত ওঁঠে 
নিৰ্জনতাৰ সুহুৰি বজাই 
ওমলাই ৰাখিছে মন্দিৰৰ চিৰিত 
পৰি থকা শ শ নিৰন্ন চাকি।
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
বৈ থাকিল ভোকাতুৰ আত্মাৰ 
অপ্ৰাপ্তিৰ এটি বেসুৰা বাঁহী।
তথাপি নক্ষত্ৰ জ্যোৎস্নাত বিভোৰ 
সমীৰৰ কথা ভাবিলে চোন
অৱসন্ন বুকুৰ চুবুৰিত
ভৰ দুপৰীয়াও
তৰাই ঘৰ সাজে।
আন্ধাৰৰ বাট কাটি
বিষাদৰ চহৰত
হেপাঁহবোৰে আকৌ 
গজালি মেলে‌।
——————————
এমুঠি অনুৰাগ সাঁচিছো  তোমাৰ বাবে
বলিন বৰদলৈ

হৃদয়ৰ এমুঠি সঁচা অনুৰাগ সাঁচিছো মাথো তোমাৰ বাবে
অঘৰী আত্মাৰ কলিজা ভঙা কান্দোন
আস্ফালিত বুকুৰ স্পন্দন
আকৌ এবাৰ আহত হওঁক সপোন আজি

আহিনৰ সেউজীয়াৰ দৰে
সেউজীয়া হোৱা হ'লে মানুহৰ মনবোৰ
বাট চাই থাকিলোহেঁতেন নঙলা মুখত
তোমাৰ তেজাল ওঁঠত তপত চুমা আঁকিবলৈ

নৈপৰীয়া বতাহ জাকত ওপঙি ফুৰে
মোৰ মানুহৰ জীয়া সংগ্ৰাম
মূণিচুণি আবেলিৰ বেলি
কাঁচিজোনৰ পোহৰত বিচাৰোঁ অতীত

আকৌ এবাৰ নাৱৰীয়া হওঁক মন
আকৌ এবাৰ আহত হওঁক
সপোন হৃদয় মাজুলীত-
আহা দুয়ো একেলগে তিতি-বুৰি উটি যাওঁ
ব'হাগৰ প্ৰথম জাক বৰষুণত
দুয়ো দুয়োৰে মাজত হেৰাই যাওঁ
হৃদয়ৰ সাঁচতীয়া এমুঠি সঁচা অনুৰাগেৰে । 
———————————
জীৱন পাণ্ডুলিপি
ৰিংকু বৰুৱা

সৰাপাতেও গাব পাৰে
 জীৱন যৌৱনৰ
 উতলা বসন্তৰ গান।

আঁকি দিব পাৰে হৃদয়ত
 গোপনে গোপনে
 হৃদয় জুৰুৱা
 সৰগীয়া প্ৰেমৰ ছবি।

জিলিকাই তুলিব পাৰে
আন্ধাৰৰ মাজতো
সোণপৰুৱাৰ দৰে
 জীৱন ।
সুৰতে সুৰ মিলাই 
গাব পাৰে
সাৰ্থক জীৱনৰ
আনন্দ উল্লাসৰ গান
আৰু এটি অজুহাত পালেই
ময়ো সামৰি থব পাৰিম
বেলিয়ে জোনক অথবা
জোনে বেলিক
ভালপোৱাৰ দৰে
নিলিখা মোৰ
জীৱন পাণ্ডুলিপিক।
————————
ভোগালী বিহুতে আহিবি ককাইদেউ
জুমী চিৰিং

পুহ আৰু মাঘৰ সংক্ৰান্তিৰ ৰাতি
অসমীয়া পৰম্পৰা হেপাঁহৰ ভোগালী
চেনেহৰ ককাইদেউ, বৌৰ সৈতে আহিবি
চহৰীয়া বৌক দেখুৱাবিহি গাঁৱৰ আভাস।

শীতৰ নিয়ৰ সিক্ত গধূলিৰ
উজাগৰে থাকি ওৰে ৰাতি 
ভেলা ঘৰত কৰা হাঁহি ধেমালি
কৃষিজীৱি মানুহৰ পৰম্পৰা ৰীতি।

উদং পথাৰৰ পৰা নৰা কাটি
চেঙেলীয়া ডেকাহঁতে সাজিছে
আটোম-টোকাৰীকৈ ভেলা ঘৰটি
কাষতে বিশেষ ভংগীত সজা মেজি।

কাহিলী পুৱাই অগ্নি দেৱক প্ৰণাম জনাই 
কনিষ্ঠক মৰম-জ্যেষ্ঠজনক সেৱা কৰি 
উলহ-মালহে পালন কৰিম আমি 
হেঁপাহৰ ভোগালী বিহুটি।

ককাইদেউ, তই খাই ভাল পাৱ বুলি
 আইয়ে বিধে বিধে পিঠা বনাইছে
কোমল চাউলৰ জলপান আৰু চিৰা
ঢেঁকীশালত জুৰিছে ধান বকুল বৰা।

চালিত বগোৱা কোমোৱা আৰু মাটি মাহ
হাঁহ মাংসৰ সৈতে জুটি লগাকৈ ৰান্ধিছে
আইয়ে মনতে ভাৱিছে অসমীয়া পৰম্পৰা
চহৰীয়া বোৱাৰীয়েও শিকি বুজি লওক। 
———————————
শেষ সত্য
অজন্তা তামুলী ফুকন

নাজানো কিমান দিনৰ আলহী
যাবটো লাগিবই অহাৰ বাটেৰে
দুচকুত কঢ়িয়াই ফুৰিছো বহু চৰিত্ৰ
মঞ্চাভিনয়ো শেষ হ'ব যবনিকা পৰিব
হৃদয়ৰ বহু কথাই নোকোৱাকৈ থাকিব
বিদায়ী শীতত ঠৰঠৰকৈ কপিব জোন
বেলিৰ পোহৰৰ অপেক্ষাত নাথাকে আকাশ
তথাপিও আশাত লেটিয়াই মেৰিয়াই থয় সময়
নাজানো কিমানে অশ্ৰুঅঞ্জলি শেষশ্ৰদ্ধা যাচিব
বুকুৰ বাওঁফালে স্তব্ধ হ'ব সময়ৰ কাটাৰ টকটকনি
ধূপ ধূনা চন্দনৰ সুগন্ধি বিয়পিব টিলাটোৰ চৌদিশে
নাযাও বুলিও যাবটো লাগিবই কাহানিও নহাৰ দুখেৰে।
———————————

Post a Comment

0 Comments