পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ ২১তম সংখ্যা

————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

    কবিতা হৈছে শব্দ প্ৰয়োগৰ এক ছান্দনিক বাক্য বিন্যাস। য'ত এজন কবিৰ আবেগ, অনুভূতিৰ লগতে চিন্তাৰ প্ৰতিফলন হয়। কবিতাক সাহিত্যৰ আদিমতম শাখা বুলিও অভিহিত কৰা হয়। কবিতাৰ জন্মৰো এটি ধুনীয়া কাহিনী আছে। কবি বাল্মিকীৰ মুখেৰেই অতি নাটকীয়ভাৱে কবিতাৰ জন্ম হৈছিল । এবাৰ তেওঁ নদীত গা ধুই শিষ্য সকলৰ সৈতে আহি থাকোঁতে,লগৰীৰ বিয়োগত শোকবিহ্বল হৈ পৰা এটা ক্ৰৌঞ্চ পখীক দেখা পাই তেওঁৰ মন বেদনাৰ ভৰি পৰে আৰু মুখেৰে অপূৰ্ব ছন্দেৰে কেইফাঁকিমান বাক্য ওলাই আহে -- 

"মা নিষাদ প্রতিষ্ঠাং ত্বমগমঃ শাশ্বতীঃ সমাঃ। যৎক্রৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্।।"

এই বাক্য কেইশাৰীৰ পৰাই কবিতাৰ জন্ম হোৱা বুলি কোৱা হয়।

বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন
————————————————————
কবিতাৰ আড্ডা
উদয়  কুমাৰ  শৰ্মা

   যিকোনো সৃষ্টিশীল লেখাই, পাঠকক কেনেবাকৈ হ'লেও পুলকিত কৰি ভবাই তুলিব পাৰিব লাগে। 
   পাঠকক প্ৰভাৱান্বিত কৰাই  সকলো লেখাৰেই অন্য এক উদ্দেশ্য। পঢ়ুৱৈক সমুখত ৰাখি -- কোনেও একো নিলিখে যদিও, এনে হ'ব নালাগে -- লেখা এটি পঢ়ি আছোঁ ; আৰু, মুহূর্তে মুহূর্তে পাহৰি হৈ আছোঁ! এই পাহৰি যোৱা মানেই চাগৈ -- সেই লেখাটিৰ মৃত্যু! 
   ফুল আৰু কবিতাক কোনোবাই বেয়া পায় বুলি ভাবিব নোৱাৰি। কিন্তু, সকলোৰে মনোযোগ বা আগ্রহ একে নহয়। ফুলি উঠা ফুল চাই আনন্দিত হ'ব নোৱাৰিলে -- ফুলৰ সৌন্দর্য্যইবা ক'ত! কবিতা পঢ়ি যদি অকণমান হ'লেও শিহৰিত গৈ উঠা নহয় -- কবিতা সৃষ্টিৰ সাৰ্থকতাইবা কি  !
———————————————————
অনুবাদ কবিতা
BY ENHEDUANNA ( Sumerian Poet)
Born:2286BC Died:2251 BC (age 35 years)
TRANSLATED BY JANE HIRSHFIELD

Lament to the Spirit of War
by Enheduanna
loose translation/interpretation by Michael R. Burch

You hack down everything you see, War God!

Rising on fearsome wings
you rush to destroy our land:
raging like thunderstorms,
howling like hurricanes,
screaming like tempests,
thundering, raging, ranting, drumming,
whiplashing whirlwinds!

ৰণপতিত আত্মাৰ বাবে বিলাপ
মূলঃ এনহেদুয়ান্না
জন্ম:খৃ. পূ.২২৮৬
মৃত্যু: খৃ. পূ.২২৫১
সৌজন্যতঃ মাইকেল আৰ বাৰ্খ

হে ৰণদেৱতা!
তুমি যি দেখিছা সেইবোৰ গতানুগতিক কৰা৷

শঙ্কাপাখি মেলি উৰণ
আমাৰ ভেটি মাটি উছন কৰিবলৈ;
বিজুলী ঢেৰেকনিৰ দৰেই উন্মাদ,
বৰদৈচিলাজনীৰ দৰে বাউলী হয়,
ধুমুহাৰ দৰে সোঁ-সোঁৱনি,
বজ্রধ্বনি, 
ক্ৰোধ, 
বাগাড়ম্বৰ, 
আস্ফালন, 
কশাঘাত ঘূর্ণিবতাহ!
——————————
————————————————————
                             কবিতা

কাৰো দুখত দুখী হ'ব নোৱাৰোঁ আমি
ৰীতা বৰুৱা

কাৰো দুখত দুখী হ'ব নোৱাৰোঁ আমি
অথচ সুখত অসুখী হওঁ

আনৰ দোষ খোঁচৰাত পাকৈত আমি
নিজৰ দোষ খুঁচৰিলে
হওঁ খড়্‌গহস্ত

নেতিবাচক কথাৰ চৰ্চাত সৰৱ ভূমিকা লওঁ
সমালোচনাৰ কাঁইটেৰে খুঁচি-বিন্ধি
থকাসৰকা কৰোঁ হৃদয়
ইতিবাচক কথা
গুৰুত্বহীনতাৰ জতুগৃহত জাহ যায়

আলসুৱা মেঘ হৈ 
সপোনৰ সাতোৰঙী আকাশত ওপঙি ফুৰোঁ
সপোনৰ সাধনা কেইজনে কৰোঁ

আৰু দুখৰ ঈশ্বৰক দেই গৈ
শিলৰ ঈশ্বৰত সঁপি দিওঁ সমস্ত
নিজ নিজ সপোন পূৰাবলৈ

কাৰো দুখত দুখী হ'ব নোৱাৰোঁ আমি
অথচ সুখত অসুখী হওঁ ।
——————————
আধুনিক
জুবিলী গগৈ

আধুনিকতা য'ত থমকি ৰয়
তাৰ পৰাই মোৰ যাত্ৰা পিছলৈ

অৰণ্যৰ স্বাধীনতাই টানি থাকে মোক
চুম্বক হৈ
বিৰিখৰ পাতবোৰ উৰে
কাকত হৈ 
চকু চাট মৰা আকাশতে থাকে
চেনেলৰ চমক 
হৃদয়ৰ কেঁচা ঘা ভাইৰেল নকৰোঁ  মই

মোক স্বাধীনতা দিয়া

জেৰেঙাত উৰি আছে
ক'লা শগুনজাকৰ
দেওলগা দেউকা 

আৰণ্যক শক্তি দিয়া মোক।
——————————
গোবৰ্ধনৰ বোজা আৰু কিমাননো ল'ম
অৰ্চনা ঠাকুৰীয়া 

জাপি দিয়া নিয়ম আৰু অধ্যাদেশবোৰ  আমি কোনেও নামানো আহা
তিনিদিনৰ ছুটি লওঁ
অফিচৰ ছুটি যেনেকৈ লোৱা যায়
ঠিক একেদৰেই

পৰিয়ালৰ মানুহে অলপ বেয়া পাব
হ'লেও ব'লা
বিচাৰি আনো
নিজস্ব কিছু স্বাধীনতা

এইখিনিতে,তোমাক কথা এটা সুধো 
কৃষ্ণকলি মাহাতোক চিনি পোৱানে
হুম, কি ক'লা?
চিনি নোপোৱা
সেই যে অমাৱস্যাৰ দৰে শৰীৰৰ বৰণ...MA, PhD
যাক প্ৰফেছৰজনে ৰায় চ'কৰ এটা সৰু কোঠালৈ মাতিছিল
সেইজনী...কৃষ্ণকলি আকৌ

জুই জুই জুই...তাই দৌৰিছিল, মাথো দৌৰিছিল
পিছে কিহৰ পিছত
জীৱনৰ নে মৃত্যুৰ...

জীৱন -মৃত্যুৰ মাজৰছোৱাৰ বাবে
বিচাৰি আনোগৈ ব'লা
নিজৰ বাবে
কিছু স্বাধীনতা

কোনোবাই বেয়া পালেও পাওক
মুঠেও খাটিৰ নকৰোঁ 

গোবৰ্ধনৰ বোজা আৰু কিমাননো ল'ম 
লাটুম এটাৰ দৰে ঘূৰি আছে জীৱন ;
উদ্দেশ্য বিহীনভাবে কাৰোবাৰ ইংগিতত 
যেতিয়ালৈকে ঘূৰাই ,ঘূৰিয়েই থাকিম

অলপ কষ্ট হ'ব
তথাপি, তাৰ মাজতো
নিৰ্ভয়ে বিচাৰি আনোগৈ ব'লা
একান্তই নিজৰ বাবে
কিছু স্বাধীনতা।

(কৃষ্ণকলি মাহাতো কবি সুবোধ সৰকাৰৰ কবিতা 'আমি কৃষ্ণকলি মাহাতো' শীৰ্ষক কবিতাৰ মুখ্য চৰিত্ৰ)
———————————
কথাৰ কথা
সঞ্চিতা বৰা

কথা কম কলেও লেঠা
বেছি কলেও লেঠা
কথাত লাগি ৰয় এঠা

কথাত নাকও যায় কটা
খেনোৱে আকৌ কথা কৈয়েই 
লৈ যায় বটা

কথাৰ কথাত লাগি
অৰিয়া অৰি
কথাৰ ৰসতেই পিছে হাঁহিৰ গিৰ্জনি

শুনা কথাত কাণ দি 
নেখেদিলে পম
সময় বাগৰিলেও নাথাকিব গম।
——————————
ধন্য নৰতনু
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

ভাদৈ পাঁচআলিৰ আলিদোমোজা
চকুত হালধীয়া 
কেতিয়াবা নীলা
বহুৰঙী কোকলোঙা
সকলো একেই দেখি
এহাতে কীৰ্তন
আনহাতে নামঘোষা
এপাচি বৰ্ণগুটি হাটলৈ বুলি
শিৰোমণি-বঢ়াৰপোৰ চকুপানী
পৰুৱাই পোৱা নৰমনিষ...
——————————
শৰাইঘাট
গিৰিণ বৰা 

প্ৰতিটো পুৱাই নিহত হয় 
মোৰ দেশৰ কবিতা
অৰণ্য কটা মহানগৰত নিতৌ খহাই
মোৰ জাতীয় স্বাভিমান

এটা ৰাতিতে গঢ়া এটা ইতিহাস
চিৰযুগমীয়া শৰাইঘাট
সংজ্ঞা বিচাৰোতেই নীলাম হয় 
এতিয়া তাৰ চিৰযুগমীয়া বেটুপাত 

লুইতৰ তৰুণ কণাই 
আজিও বিচাৰে 
বঙহৰ তেজপিয়া ৰামসিংহ ক'ত ?
দেওধনী নাচেৰে 
খহাই উলাহৰ মাজুলী

শোষণ নিস্পেষণৰ দস্তাবেজ বুকুত লৈ
বিশ্বসভাৰ সভ্যতাৰ দৌৰত 
সদায় থমকি ৰয় ৰংপুৰ 
বিশ্বদৰ্শনত ৰামসিংহ, বদনৰ 
উদাহৰণ লৈ

দেশৰ স্বাভিমানত আজিও 
সংকটময় যুগসন্ধি
যুদ্ধ জয়ৰ 
বুৰঞ্জীকে ভৰিৰে মোহাৰি

লুইতৰ পাৰে পাৰে আজিও
খহে জাতীয় স্বাভিমান
শাসক আৰু শোষকৰ 
জীয়া তেজৰ ৰণাংগন 

বিস্তীৰ্ণ পাৰত হেলাৰঙে টোপনি যায় 
আজিও অসম দেশৰ ৰণুৱা বনুৱা 
পোৱা নোপোৱাৰ হিচাপ কৰি 
লুইতৰ বুকুতে জহ যায় শান্তিৰ সম্ভাৱনা 

বলীয়া বান, পৰিবৰ্তিত সমাজ 
সাম্যবাদৰ সৌন্দৰ্য পান কৰি 
সৰু সৰু মানুহেহে বিচাৰে 
শত্ৰু আৰু মিত্ৰৰ সমীকৰণ 
আজিও লুইতৰ বুকুৱে বুকুৱে।
———————————
তুমি মানুহ 
দেৱ দাস 

তুমি মানুহ 
জীৱ প্ৰধান মানুহ 

কি পালা 

পৃথিৱী খনৰে আবুৰ খুলি 
চন্দ্ৰ মঙ্গল সূৰ্যও নেৰিলা 

মানুহ তুমি 
জীৱ প্ৰধান মানুহ 
পালা কি 

নিজৰে আবুৰ হেৰুৱালা 

ঈশ্বৰ আল্লাহ সৃষ্টি কৰিলা 
ভোগ কৰি 
মৌজোল খোৱাদি খাই 
বিনাশ কৰিলা 

তথাপিও তুমি মানুহ 

নেভাবিবা শেষহৈ গ'ল 
আমাৰ অনেক আছে 
পুনৰ আবুৰৰ মাজলৈ আহা

তুমিয়েটো 
জীৱ প্ৰধান 

ত্যাগ কৰা আবৰ্জনা 
মানুহমুৱা হোৱা 

হে জীৱ প্ৰধান 
মানৱ সন্তান
পৃথিৱীতে অনেক আছে 
কেৱল বুটুলি লব লাগে

পৃথিৱীখনে
আশাৰে হাহি আছে 
মানুহমুৱা হও আহা ।
—————————
ধৰ্মোন্মত্ত
কেশৱ বৰুৱা

ক'ৰপৰা জানো সোমালহি
ধৰ্মান্ধাতাৰ এটা বীজাণু
এতিয়া 
পদূলিয়ে পদূলিয়ে হেঙাৰ
ঠিক ক'ৰোনা কালৰ দৰে

চুব নোৱাৰি
খাবও নোৱাৰি
সামাজিক দূৰত্ব
লেই-লেই,ছেই-ছেই

হে ঈশ্বৰ তুমি ক'ত !
মানুহৰ হৃদয়ত,নে
ধৰ্মীয় গোড়ামীত
এঘৰ এঘৰকৈ বাঢ়িছে এঘৰীয়া
বাঢ়িছে ,
হৃদয়ৰ পৰা হৃদয়ৰ দূৰত্ব
ঈশ্বৰ, তুমি ক'ত ?
———————————
একো নাই
তৃষ্ণা নেওগ বৰুৱা

একো নাই 
ৰ’দ নাই বতাহ নাই
কেৱল হাহাঁকাৰৰ হুতাহ

একো নাই
মুখৰ মাত নাই ভোকৰ ভাত নাই
অথৰ্ব জীৱন

চোতাল নাই 
নাই গুটিধানৰ ভঁৰাল
এৰাপৰলীয়া চিন্তাৰ স্ৰোতত
সৰগৰ মুকুতা হেৰায় 

একো নাই
কোন মৰিছে 
জী আছে কোন 
কাৰ কি আহে যায়
কেৱল বুকুৰ ঢপ্‌ঢপনিয়ে কয়
মই জীয়াই আছোঁ ভাই ৷
———————————
পলীয়া
মধুস্মিতা শৰ্মা

দ-পথাৰৰ উদং গৰুজাকৰ ময়েই পলীয়া ,
পাঁচ টকা নহ'লে চাৰিটকা 
এটা পালৰ পলীয়াৰ মাননি ,

বুঢ়া লুইতৰ চাপৰিত এইখন বহল পথাৰ
ব'হাগৰ প্ৰথমটো বানতেই ডুব যায়
চকু মেলে আহিন -কাতিৰ শেহত,
পমুৱা ডঙুৱাহঁতে ভঁৰাল ভৰাই খেতি কৰে বতৰ বুজি

মই পলীয়া
গৰু নিওঁ হাবিয়নি ভাঙি ,নহও ভাগৰুৱা
ফটা ভৰিৰ পতাত বালিৰ জোতা
মনত নাই কোনো বেথা,

দ-পথাৰৰ দল ঘাঁহৰ অহৈতুক লোভত
কাড়লী,ৰাঙলী আৰু বলধবোৰ
আত্মহাৰা হৈ  আপোন খোজেৰে
ৰাওনা দিয়ে  চিনাকি বাটেৰে
দ-পথাৰলৈ

নিজান পথাৰৰ নৈসৰ্গিক শোভা
চালে চকু ৰোৱা সেউজীয়া  সীমনা,
মুক্ত আকাশৰ তলত উদং বিশাল পথাৰ
ম'হৰ শিঙৰ যুৰীয়া পেঁপা আৰু বাঁহৰ বাঁহীত
থমথমীয়া দুপৰীয়া হৈ পৰে প্ৰাণৰ মদিৰা,
নদীৰ ঠিয় পাঁজৰত 
শুভ্ৰ কঁহুৱাৰ সৈতে লন-খাগৰিৰ আদৰ
শিমলুৰ পলাশৰ নিৰিবিলি সাদৰ
ৰিব্ ৰিব্ মলয়াৰ মাদল,
পাহুৱালী মন ফাগুন ফাগুন 
মাজে মাজে জাকফুৰা গৰুৰ চোঁচা

শেলুক ,টেপৰ আৰু  পোৰা মাছৰ জুতি
এনেকৈয়ে দিনবোৰ হেলাৰঙে গৈছিল উৰি
কান্ধৰ জোলোঙাত সময়ৰ ঠিকনা
বাট বোলে নিঃকিন বাটেৰে,
পুৱাৰ সূৰুযক মুখ পাতি  লৈ
সন্ধিয়াৰ বেলি পিঠিত বান্ধি
শৈশৱ কৈশোৰৰ ক'ত সোণোৱালী দিনৰ মধুৰ স্মৃতি
দ-পথাৰতে আছিল ভাহি ।

ভৰদুপৰীয়া নিজান নদীৰ পানীত
ইটো সিটো মিলি
সাঁতুৰি বিচাৰিছিলো জীৱনৰ গতি
ডুৱমাৰি চাইছিলো অতীত বৰ্তমানৰ খলা-বমা সুঁতি
উদঙীয়া গৰুজাকৰ সৈতে পলৰীয়া জীৱন
এটি এটিকৈ বান্ধিছিলো সময়ৰ পাতত
এতিয়া নতুন ঠিকনাৰ আধুনিক বাট
প্ৰতিখোজতে নাই সুখৰ  ছাঁ
স্মৃতিৰ মধুৰ দিন বুকুত বান্ধি
দ-পথাৰৰ চিনাকি সেই পলীয়াজনেই মই।
———————————
ক্ৰমশঃ
ইপুল হুছেইন

ক্ৰমশঃ শেষ হৈছে এই উজাগৰী নিশাৰ দুখ
দুৱাৰ টুকুৰিয়াইছে কোনো নতুন সুখ
আগৰ দৰেই শেষ হৈছে প্ৰতিদিনৰ কৰ্মদিন
বাটৰ বৰষুণত ঠিকেই তিতিছে আবেলিৰ অভিমান
কুশলে থকাৰ আখৰা কঠিন
হয়তো সেই নদীতেই ভাঁহিছে ভালপোৱাৰ কফিন
কপালৰ চুমাত পৃথিৱী-পুৰুষ ৰেখাৰ স্পৰ্শ হেৰুৱাই
হাৰি গ’ল নদীৰ ছলনা

সপোনৰ ছাঁই ক’লা
এন্ধাৰৰ আৱেশত তোৰ চকুলো নিছলা
নীলাৰ বিশালতাত মেঘৰ নিচান এতিয়াও উৰে
গানৰ কথাত শাওণী ধল এতিয়াও নামে
আপোন ছন্দৰ লানিত স্বাৰ্থপৰতাৰ বীজ নগজে
অমূলক কোনো ৰঙৰ মায়াত
আপোন বাঁহীৰ সুৰে বতাহৰ দিশ সলনি নকৰে ৷
———————————
এটা দিনৰ বাবে মই মোক
গিৰিজা শৰ্মা

এটা দিনৰ বাবে ত্যাগ কৰিলোঁ মই মোৰ ভালপোৱা
মাত্ৰ এটা দিন
যি ভালপোৱাত মই বুৰি থাকোঁ দিন-প্ৰতিদিন
মাত্ৰ এটা দিন 
খুলি দিলোঁ মই মোৰ অদৃশ্য এৰাল
চেঁকুৰি ফুৰক ইচোতাল সিচোতাল
মেলি দিলোঁ ৰ'দ-ঘাই চাদত,
চ'কত,
শেঁতাখিনি সজীৱ হওক
লিৰিকি বিদাৰি চাওঁ 
আছে নে বাৰু জী
প্ৰেমত পিষ্ট সি
অৱশিষ্ট আছে নে অস্তিত্ব
পিটিকি চাওঁ আপাদমস্তক
এনে এটা কাতৰ মুহূৰ্ত্তত
এতিয়া সি 'বু্ৰ্বক' বুলি তাচ্ছিল্য কৰিলেও
মই জানো কিবা কৰিব পাৰোঁ!
———————————
বহুদিন পাছত তোক লগ পালোঁ 
ৰমেশ চন্দ্ৰ ৰায় 

বন্ধু !
বহুদিন পাছত তোক লগ পালোঁ
তোক লগ পাই মোৰ এনে লাগিল
এনে লাগিল 
যেন হেৰাই থকা এটা যুগহে ঘুৰাই পালোঁ

তই ক'ত আছ ক' চোন ক'
কি কৰি আছ তাকো ক'
তই কাৰ সৈতে সংসাৰ কৰিলি ক'
ক' তোৰ ল'ৰা-ছোৱালী কেইজন
আৰু কিমান ডাঙৰ হ'ল
পালি নেকি নাতি-পুতি

তই লাজ নকৰিবি বন্ধু 
কি কৰি আছ ক'বলৈ যদি লাজ লাগিছে 
তেন্তে নালাগে ক'বলৈ
মই কিন্তু অলপো লাজ নাপাওঁ 
মই কি কৰোঁ কি খাওঁ সকলো এখন খোলা কিতাপৰ দৰে
যেতিয়াই মন যায় পঢ়ি চাব পাৰি 

তইতো জানই 
তোৰ আগত লুকুৱাবলৈ মোৰ একো নাই 
ভোক লাগিলে নোসোধাকৈ যে দেউৰ বাৰীৰ
কঠাল পাৰি খাইছিলোঁ 
নিশ্চয় মনত আছে 
শিৱেন ছাৰৰ বেতৰ কোবত কেনেকৈ মোৰ হাতৰ তলুৱা ৰঙা পৰিছিল 
তই নাজান নে

সিদিনা কাক লগ পাইছিলোঁ জানা ?
বৰুন ৰায়ক
অ' বৰুন ৰায়ক
নাজানো স্কুলত থাকোঁতে সি কিয় 
সদায় মোৰ কাষত বহিছিল 
কেতিয়াবা তালৈ বৰ মৰম লাগিছিল জাননে
সি যে 
সেই কবিতাটো ইমান ধুনীয়াকৈ আবৃত্তি কৰিছিল
সেই যে 
সুখ সুখ বুলি মানুহ বলিয়া ...

সি হেনো অৱসৰ ল'লে
কিন্তু তাৰ স্কুলখন ভেনচাৰ হৈয়ে থাকিল 

এৰা অ'
সমাজখন বৰ নিষ্ঠুৰ হ'ল
কোন ক'ত কেনেকৈ অধিকাৰবোৰ 
হেৰুৱাই পেলায়
কোনে জানে 

সমাজখনেও মানুহ নিবিচাৰে 
বিচাৰে ডাক্তৰ ইঞ্জিনিয়াৰ বিষয়া 
উকীল হাকিম 
অথবা চৰকাৰী চাকৰিয়াল 
অথবা ধনকুবেৰ

সেই সুঁতিটোৰ কথা থাকক দে
তই লগ দিলি 
বহুত ভাল কৰিলি
ময়ো মানুহ এজন বিচাৰি আছিলোঁ 
অলপ সুখ-দুখৰ কথা পাতিবলৈ 
ক' চোন তোৰ দুখৰ কাহিনীবোৰ
তোৰ সুখৰ কাহিনীবোৰ 
পাৰ যদি সুখৰ ফালটোত ওলপ বেছিকৈ ওজন দিবি
জীৱনৰ তুলাচনীত সুখবোৰ বুটলি লৈ
দুয়ো ঘৰ-মুৱা হওঁ।
----------------------
এদিন কাৰ্লমাৰ্কচ আহিছিল
উৎপল ভট্টাচাৰ্য

ভৰিত টায়াৰৰ চেন্দেল
মুখত এটি জলন্ত বিড়ি
আচহুৱা পোচাক পৰিহিত মানুজনক চিনিবলৈ 
অসুবিধাই হৈছিল দেউ।!
 
চালে পানী কটা পিৰালীত
 পিৰা এডুখৰিত বহিবলৈ দি
গুৰগুৰিটোকে আগুৱাই সুধিলোঁ,
" বোলো বাপ, নামটোনো কি?"
ধোঁৱাবোৰ  ফিৰফিৰিয়া বতাহত এৰি মিচিকিয়াই কলে: "কাৰ্লমাৰ্কচ " বুলি।

বোলো, "সৰ্বহাৰাৰ সৰ্বচ্ছ আনিলানে আজুৰি?"
বোলে ," ইলেক্চন খেলিম, ভোটটো দিবাদেই সখী"

ঘৈণীৰ তেতুফলা চিঞৰ;
বোলে: ৰেচনৰ পাঁচকেজি কাহানিবাই তুতিল,
গোটৰ  ধাৰ সুজিবলাগে কালিলৈ।
গছপুলি দুটা ছাগলীয়ে খালে,
ফটোনো উঠো কেনেকৈ?
লাখপতি বাইদেউ হ'মগৈনো কেনেকৈ?
গুৰগুৰি এৰক,
কিবা এটা ভাৱক।"

কাৰ্লমাৰ্কচ উঠিল।
বোলে," চীনত  জৈৱিক অস্ত্ৰৰ গুপুত ভড়াল ,
ৰাচিয়াত কৃতদাসৰ মুক্ত বজাৰ।"
——————————
আধা ফুলা মৰম
মৌচুমী দাস 

আধা ফুলা , অপ্ৰাপ্তিৰ মাজতহে জিলিকে জীৱনৰ পুৰ্ণতা...

এই যে আধাকৈ ওলোৱা চন্দ্ৰমা
এই যে আধাকৈ তোলা ছবিৰ সুন্দৰতা
এই যে আধাকৈ ফুলা ফুলৰ উজ্বলতা
এই যে আধা ফুলা মৰমৰ তুলনা...

পুৰ্ণতা নোহোৱা কাৰণেই দি যায় জীৱনৰ স্বাদ
আতৰাই কোবাল বিষাদ....

এইদৰে বুকুৱেদি উজাই আহক 
এটি সোনোৱালী বহাগ
আধা ফুলা মৰমবোৰত বৈ থাকক
মায়াবী উত্তাপ

 আৰু
অপুৰ্ণতাৰ পথাৰত 
জিলিকি থাকক
পুৰ্ণতাৰ লাৱনি হাত....

মন বননিত বিচ্ছুৰিত
আকাশ ভৰা জোনাক...
——————————
তেজৰঙী গোলাপ ছাঁই হৈ পৰি ৰ'ল
ড° আদিল আলী

মোৰ নিশাৰ টোপনি ক'ত কেনি গুচি গ'ল 
বিচ্ছেদিতা নাৰীৰ চোতালত তেজৰঙী গোলাপ ছাঁই হৈ পৰি ৰ'ল 

কাৰ বাবে তুমি আজি 
বাইছা তীব্র জীৱন সংঘাতৰ আশাৰ ডিঙা 
মই অভগাই নুবুজি মৰম বিচাৰি 
হাহাকাৰ কৰি ৰ'লো 

মোৰ চকুৰ আগত দপ্ দপকৈ জ্বলি আছে 
একুৰা হিয়াভাঙি বিষাদ জুই 

ন ন অভিজ্ঞতা বুটলি 
সুখৰ উছাহ আকাশ ভঙা হুমুনিয়াহ হৈ ৰ'ল  

এতিয়া তিনি প্ৰহৰ নিশা 
এন্ধাৰ বিছনাত খেপিয়াই আছো 
এখন মৰমেৰে বৈ পৰা সুন্দৰ হৃদয়বান বুকু 

জীৱনৰ বিয়লি বেলাত সুখৰ দিনবোৰ চকুপানী হৈ 
প্ৰবাহিত অকলশৰীয়া নৈৰ বুকুত বিলীন হৈ গ'ল 

নিঃসংগ জীৱনত জ্ঞানৰ শব্দবোৰ দিশহাৰা হৈ গ'ল 

বিকল্প বাটত! 
—————————
ফাগুন আকৌ আহিল 
গকুল চৌধুৰী

ফাগুন আকৌ আহিল
ফাগুন আকৌ আহিল
মোৰ দেহে-মনে অবুজ অনামী
মায়া সানিল  ৷
ফাগুন আকৌ আহিল 
মোৰ প্ৰেমিকাজনীৰ বুকুৰ আঁচল
উৰুৱাই ফাগুনে ফাগুন ফাগুন
লগা কবিতা লিখিল  ৷
ফাগুন আকৌ আহিল 
সৌ দূৰণিৰ পলাশ বননি শুৱাই
পলাশ,মদাৰ,শিমলু ফুলিল  
সৌ বননিৰ গছ গছনিৰ পৰা 
এখিলা দুখিলা শুকান সৰাপাত 
সৰিল ৷
ফাগুন আকৌ আহিল 
লাহে লাহে এজাক পছোৱা বতাহ
বলিল 
মোৰ গাঁওৰ কেঁচা আলিবাটৰ 
ধূলি উৰিল 
ধূলিৰ ধুমুহাই গাঁওখন ধুঁৱলি 
কুঁৱলী কৰিল  
কমোৱা তুলাবোৰ আউলী বাউলি 
উৰিল ৷
ফাগুন আকৌ আহিল 
নিলাজ ফাগুনৰ নিলাজী স্পৰ্শত 
মোৰ গাভৰু প্ৰেমিকাজনী লাজত
মৰিল 
অকৰা ফাগুনৰ অকৰামিত মোৰ
প্ৰিয় প্ৰিয়ত্তমাজনী বৰ আঁকৰী হৈ
উঠিল
দুষ্ট ফাগুনৰ দুষ্টামিত মোৰ মৰমৰ 
আন্মনা প্ৰাণাধিকাজনী উন্মনা হৈ 
পৰিল 
চঞ্চলা ফাগুনৰ চঞ্চল চাওনিত 
মোৰ যৌৱনা প্ৰেয়সীজনী চঞ্চলা
হৈ উঠিল ৷
ফাগুন আকৌ আহিল 
আকাশত জুইফুল হৈ জ্বলিল
মুঠি মুঠি ৰঙে শিহৰণ তুলিল 
ৰিঙা ৰিঙা মনত ব্যাকুলতা বাঢ়িল
পুৱাবেলাই মেঘে উন্দুলাই আহিল  
ফাগুন আকৌ আহিল
প্ৰকৃতিয়ে ফাগুনৰ নিনাদ শুনিল
গছৰ শুকান ডালত এপাহি দুখৰ 
হুমুনিয়াহ উলমিল 
সৰাপাতৰ উচুপনিত বনভূমিৰ 
চকুপানী নিগৰিল 
পৃথিৱীয়ে পূৰ্ণ হৈও অপূৰ্ণ ফাগুনৰ
বিষাদগাথা পঢ়িল ।  
ফাগুন আকৌ আহিল 
ঋতু বসন্ত কালৰ আৰম্ভণি উৎসৱ পাতিল 
ঋতু শীতকালক বিদায় যাচিল 
ঋতু শীতকালৰ সামৰণি উৎসৱ
পাতিল 
ঋতু বসন্তকালক আদৰি 
আনিল ৷
ফাগুন আকৌ আহিল
মোৰ প্ৰেয়সীজনীৰ দেহৰ আভৰণ
খহাই ফাগুনে মৰম -ভালপোৱাৰে 
ভৰা এটি প্ৰেমৰ গান ৰচিল ৷
ফাগুন আকৌ আহিল
ফাগুন আকৌ আহিল
মোৰ দেহে-মনে অবুজ অনামি 
শিহৰণ জাগিল ৷
—————————
উন্মনা ফাগুন
যামিনী দেৱী

কুঁৱলীৰ আবৰণ ফালি ফাগুন আহিল
ফিৰ্‌ফিৰিয়া বতাহ বলিল
ধূলিৰে ধূসৰিত ৰাস্তা-পদূলি
জিৰ্‌জিৰকৈ গছৰ পাতবোৰ সৰিল।
সৰাপাতে দলিচা সজালে
সৰাপাতে বিনালে,ফাগুনে উভতি নাচালে,
ৰিহাৰ আঁচল উৰুৱাই আউলি-বাউলি 
চুলিতাৰিৰে ফাগুন আহিল।
শীত নাযায় আঁতৰি
ফাগুনক 'মনেখাইছে'কিজানি !
ফাগুনৰ ধূলি-ধূলি গন্ধোৱা 
প্ৰথম বৰষুণ জাক আহিল,
প্ৰকৃৃতিক হৰিৎবসনা কৰি সজাবলৈ
গছেও কুঁহিপাত মেলিলে,
পলাস,শিমলু,মদাৰ ফুলে
আকাশত প্ৰেমৰ জুই জ্বলালে।
ফুলে-ফুলে ভোমোৰাৰ গুঞ্জন
আমে মলিয়ালে,কঠালে মুচি পেলালে
ছজিনাৰ ফুল ফুলিলে,ধতুৰা ফুল ফুলি
শিৱৰাত্ৰিৰ উমান দিলে।
আহিলে হোলী উৎসৱ,ফাকুৱাৰ আবিৰৰ ৰংঙে
গালে-মুখে প্ৰেমৰ ৰং সিঁচিলে,
প্ৰেমৰ ভোকাতুৰ শীত
ফাগুনক এৰি যাবই নোখোজে।
ফাগুনি বতাহত মনবোৰ
চিলা হৈ উৰিলে,
ৰোমাঞ্চিত হৈ উঠিল মন,কদমফুলৰ দৰে।
ফাগুনেই বোৱাই আনক প্ৰেমৰ নিজৰা
ভাতৃত্ববোধৰ বতৰা
মৰম-স্নেহৰ অন্তঃসলিলা ফল্গুধাৰা
ফাগুন-ফাগুন,উন্মনা ফাগুন,স্বাগতম্‌ তোমাক।
—————————
ঈশ্বৰে ফুলৰ মৰাশ বিচাৰে নেকি
মিন্টু(অভিজ্ঞান) বৈশ্য

সভ্যতাৰ পথে পথে প্ৰাপ্তিৰ চানেকি
ফুলবোৰে শুৱাই ৰজাৰ পদূলি
ফুলবোৰে বিলাই বিমল সুৰভি 
যদ্যপি ফুলবোৰে সজাই পূজাৰ বেদী
ঈশ্বৰে কি ফুলৰ মৰা শ বিচাৰে নেকি?
ফুলিছে ফুল সৰি যাবহি ,
 নতুন ফুলপাহ আকৌ ফুলিবহি।
সৰিব ফুল ,ফুলিব ফুল 
তাতনো কিহৰ আপত্তি!
ফুলবোৰে সুধিছে আজি,
ঈশ্বৰে কি ফুলৰ মৰাশ বিচাৰে নেকি?
উত্তৰ দিবা কি?
———————————
ফাগুনৰ এটি স্কেচ
চিমৰাজ হুছেইন

তোমাক ভাল পাওঁ বাবেই
নিলাজ ফাগুনৰ 
উন্মাদ পচোৱাজাকো মোৰ প্ৰিয় |

ধূলিয়ৰিৰ মাজতো 
দেখো তোমাৰ কোমল চাৱনি 
সৰাপাতৰ উচুপনিৰ মাজতো
শুনো ঐনিতমৰ সুৰ |

তুমি হাঁহিলে নৈয়ে হাঁহে
তুমি কথা ক'লে পলাশ ফুলে 
এলাগী মদাৰেও সোণ চেকুৰাই বুকুত 

এন্ধাৰ ৰাতিও
জিলিকে তোমাৰ দুওঁঠ |

উদং বিৰিখৰ নিসংগতাক চেৰ পেলাই 
ৰাঙলী শিমলুয়ে
কঢ়িয়াই আনে এবুকু আশা |

তুমি মোৰ বাবে হাঁহা 
আৰু মই তোমাৰ বাবে |

উন্মাদ পচোৱাই সপোন উৰুৱাই 
অভিমানে খহাই গৰা 
তাৰমাজতে
ভাললগা এই নৈখনিৰে
ফাগুন বৈ আহে 
মাথোঁ তোমাক ভাল পাওঁ বাবেই...
——————————
মই আৰু ফাগুন
ডাঃ বন্দনা তামূলী

মন আৰু হৃদয় এক নহয় ফাগুন
দুয়োটাৰে আছে শিল্পীৰ ব্যাৱধান
ভীষন চঞ্চল মোৰ মন
হৃদয়ত মোৰ ঘনীভূত অভিমান
সকলোবোৰেই সুন্দৰ মনোৰম

ফাগুন তুমি যে মোতকৈয়ো চঞ্চল
চঞ্চল বস্ত্ৰ পৰিধান কৰিও
তুমি সময়ত নাঙঠ হৈ যোৱা
তোমাক মই লৈ গৈছিলো
তেজপুৰ মানসিক চিকিৎসালয়লৈ
কেই বছৰ মান আগতে
তোমাৰ মনত পৰেনে
কত চিকিৎসাৰ অন্তত
তোমাৰ বলিয়ালি কিছু কমিল
কিন্তু নাঙঠ হবলৈ নাপাহৰিলা

গম পাইছো 
ফাগুন তুমি ডিমেনচিয়াত ভূগিছা
চঞ্চলতা পৰিত্যাগ কৰিও
পাতবোৰ সৰাই দিয়া
তোমাৰ মাত্ৰ মনত থাকে
বসন্ত আহিব
ন ন সাজেৰে ৰঙেৰে
সৰাপাতৰ গছবোৰ সজাবলে

কি জানা ফাগুন
তোমাক কওঁ গোপনে
মোৰো মন আৰু মগজুৰ মাজত
ডিমেনচিয়া আহে ঘনে ঘনে ৷
——————————
ফাগুন
চয়নিকা ভূঞা

ধূলিয়ৰি বাটেৰে গৈ থাকোঁতেই
কথাটো ঘুনুক -ঘানাকৈ শুনা পোৱা
এতিয়া কথা গৈ বৰঘৰ পালেগৈ 
তথাপিও ইমান অভিমান
ইমান আকুলতা

পছোৱা চাটিয়ে বুকুত খুন্দিয়াওতেই
চেনেহীৰ মুখত ফাগুনৰ বতৰা
ভাল পাবলৈ বৰ সহজ 
দীৰ্ঘায়ু কৰিব পৰাহে প্ৰকৃত প্ৰেম 

ঈশ্বৰ সকলোতে আছে
তথাপিও মৃত্যু ইমান সহজ
নাই বুলিয়েই হঠাৎ
কোনোবাজন নোহোৱা হৈ যায়
তথাপিও অত দম্ভালী জীৱনক লৈ 

আকাশত জুই ফুল ফুলিছে
বিষাদৰ কথাবোৰত ৰং বোলোৱাত
এতিয়া ফাগুনো ব্যস্ত 

ইফালে 
ৰাঙলী বাটৰ
চৌপাশে প্ৰেমৰ গুজব 
 
কাৰণ এয়া যে ফাগুন ফাগুন মন ।
———————————
গতি
ৰেখা বৰকটকী

অনিমেষ মূষলধাৰত 
স্তব্ধ নহয় কাহানিও সময় ঘড়ী
বিষোদ্গাৰিত ,ক্লেশময়  সময়ত 
 বিপুল বিৰাগে উৰ্বৰতা পায়..
বেদনাহত উপবনত , অস্থিৰ প্ৰত্যাশা জন্মে
হতভম্ব হয়, অনাহুত  আৱেগ
এনেকৈও চিৰশ্বাশ্বত নদী প্ৰগলভা
 শান্ত অৱৱাহিকাত  ধীৰ- স্থিৰ জোৱাৰ..
হেঁপাহ উৰ্মিমালাৰে ভৰুণ হৃদয়
তথাকথিত উন্মাদ পৰম্পৰাত নাঙঠ  জিজ্ঞাসাৰ য'তি পৰিবনে?
হিল্লোলিত  কম্পনৰ  উষ্ণ কলকণ্ঠে তৰঙ্গায়িত কৰে,
সীমাহীন এষণাৰ অপাৰ জলধি ..
মানুহ পোহৰ প্ৰত্যাশী হ'লে
আন্ধাৰ বিনাশিব মানুহেই!
জুই-পানীৰ অবিৰত যুদ্ধত
কাৰ জয়
কাৰেইবা পৰাজয়
পানীয়েহে জুই মষিমূৰ কৰিব
জুইৰ স্থিতি জানো পানীত ?
অলকানন্দা নিশ্চুপে বাগৰে
কোবাল তৰঙ্গ স্তিমিত হয়
জনসমুদ্ৰত নিৰ্মোহ আঘাত
অনাবিল...অনিৰ্বাণ... 
——————————
লৃগাঙৰ ৰাগিৰে নামিছে ফাগুন...
জাহ্নৱী হাজৰিকা

পলাশ শিমলুৰ ৰাঙলী তোৰণেৰে
সোমাইছেহি ফাগুন।
অঁকৰা বসন্তৰ আগলি বতৰা
সৃষ্টি-প্ৰেম-সম্ভাৱনাৰ এছাটি পছোৱা বলাই
ধৰালৈ নামিছে ফাগুন।

ঐনিতমৰ সুৰ আৰু গুমৰাগৰ ছন্দত 
মুখৰিত হৈছে ঘূণাসুঁতিৰ ঘাট।
কাংকানৰ বুকুত আজি ৰাগি লাগিছে..
লৃগাঙৰ ৰাগি।
মুৰং ঘৰৰ বাকৰিত প্ৰেমে মেলিছে গজালি।

ক'ৰবাত যদি সৰিয়হৰ হালধীয়া পৃথিৱী
ক'ৰবাত আকৌ জুইৰঙী পলাশ।
উদং পথাৰৰ মাজত ৰঙা ছটিয়াই 
এজোপা শিমলু।

লৃগাংৰ ৰাগিৰে আকৌ কাৰোবাৰ
দুচকুত পলাশ ফুলে।
কাৰোবাৰ হৃদয়ত শিমলু ফুলে।
ৰাগি লগা ঘূণাসুঁতিৰ বুকুৱেদি
ঐনিতমৰ সুৰ এটি উজাই যাব খোজে।

যুগ যুগ ধৰি আকাশত ঘৰ পতা
জঙ্কি পানেইও সেইদিনা সোৱণশিৰিলৈ আহে।
ঘূণাসুঁতিৰ পাৰতে বহি লৃগাংৰ ৰাগি লগাই
দুয়ো হাতে হাত ধৰি বহে।
সোৱণশিৰিৰ দাপোনত মুখ চাই 
দুয়ো হাঁহে আৰু কান্দে।

নিশাৰ আকাশত সেইদিনা তৰাফুল ফুলে।
গুমৰাগৰ ছন্দোময় নৃত্যৰ চেৱত 
ৰিবি: গাছেং আৰু মিবু গালেকৰ
গৰাকী বোৰে মতলীয়া হৈ নাচে।

ডেকাচাঙত ভালপোৱাৰ নিচান উৰে।
আপঙৰ নিচাত মতলীয়া ৰাতি!
কোনোবাই সিঁচি দিয়ে সেউজীয়া স্বপ্নৰ বীজ
সেই লৃগাঙৰ ৰাতি!
বুকুত জোন এটা লৈ উজাগৰে থাকে 
জোনাক ভাল পোৱা গাঁওখন।

উদং পথাৰত কঁকাল পৰা নৰাইয়ো নাচোন ধৰে। এৰা!ফাগুন আহিছে।
নৈৰ পাৰৰ বুঢ়া শিমলু,
অভিমানী পলাশ উদ্বাউল হয়
 সংগোপনে অহা ফাগুনৰ ভাঁজে ভাঁজে।

মৌপিয়াই চুমা লাজুকী মদাৰ,
শিৰীষ,বাৰী ঢাপৰ ছটিয়না।
বাউলি বতাহত উন্মনা সকলো।
 ফাগুনৰ সৰা পাতৰ বিষন্নতা নেওচি আবেলিৰ ধূলিয়ৰি বাটেৰে সোমায় ফাগুনৰ ল'ৰালি।

ফাগুনৰ উৰুঙা দুপৰীয়া
দুখৰ কাবানক ওফৰাই ক'ৰবাত বাজি থাকে মিঠা ঐনিতমৰ সুৰ।
এয়াইটো ৰাগি লগা লৃগাং
যি ৰাগিত ওৰণি গুচাই উৰি আহে সংগোপনে উতলা ফাগুন।

লগতে সৰা পাতৰ ভাঁজে ভাঁজে 
ঐনিতমৰ গাঁৱৰ ঠিকনা বিচাৰি 
ভুমুকি দিয়া চিৰ সেউজ বসন্ত।
——————————
অসমীয়া সাহিত্য বনাম লিমাৰিক
পৰাণ জ্যোতি ভূঞা

'পঞ্চপদী'ৰ আগকথাত কোৱা হৈছে যে বিদেশী "লিমাৰিক" ক এক সুকীয়া মাত্ৰা প্ৰদান কৰি অসমীয়া সাহিত্যৰ বৰ পীৰাত বহিব দিয়া মূল কান্ডাৰী জন হৈছে ডঃ  মহেন্দ্ৰ বৰা । তেখেতক অনুগমন কৰি পয্যায় ক্ৰমে কবি ,সাহিত্যিক তথা নবীন প্ৰবীণ লেখক -লেখিকাই লিমাৰিকৰ চৰ্চা এতিয়ালৈকে অব্যাহত ৰখাটো শুভ লক্ষণ । আমাৰ 'পঞ্চপদী' সংকলনখনৰ শুভেচ্ছা বাৰ্তাত শ্ৰীযুত লক্ষ্যধৰ সোনোৱালদেৱে লিখিছে,-  "অসমীয়া সাহিত্যত লিমাৰিকৰ আসন শুৱনি কৰিছে প্ৰথিতযশা সাহিত্যিক ডঃ মহেন্দ্ৰ বৰা, নৱকান্ত বৰুৱা, ডঃ প্ৰবীণ শইকীয়া, সত্যেন্দ্ৰনাথ বৰদলৈ, ৰঞ্জিত কুমাৰ শৰ্মা,হেমেন ডেকা,ৰাবিয়া খাটুন,পৰেশ কুমাৰ কাকতি,ৰবীন মৰাণৰ লিমাৰিকে । লিমাৰিকৰ সমাৰ্থক ৰূপ হ'ল আপদীয়া পদ্য, পঞ্চপদী, ধেমেলীয়া কবিতা উপপাদ্য আদি। বিশ্ব কবি ৰবীন্দ্ৰনাথে এই শ্ৰেণীৰ কবিতাক খাপছাড়া বুলি অভিহিত কৰিছে। জনপ্ৰিয় কবি হীৰেন ভট্টাচাৰ্যই এই শ্ৰেণীৰ পদ্যক পদ -ধেমালি বুলি কৈছে " । এই কথা স্বীকাৰ কৰিবই লাগিব যে বিহপুৰীয়া নিবাসী ডঃ প্ৰবীণ শইকীয়াদেৱে প্ৰান্তিকত লিমাৰিকৰ চৰ্চা অব্যাহত ৰাখি লিমাৰিকক আপদীয়া পদ্য হিচাবে এক নতুন পৰিচয় প্ৰদান কৰে । ১৯৯৭ চনত ডঃ প্ৰবীণ শইকীয়াদেৱ আৰু শ্ৰীমতী বৰ্ণালী শইকীয়াৰ সম্পাদনাত অসমৰ প্ৰথমখন লিমাৰিক সংকলন "অসমীয়া লিমাৰিক চয়ন " আৰু পৰৱৰ্তী কালত তেওঁলোকৰ আনখন গ্ৰন্থ "আপদীয়া পদ্য"প্ৰকাশ পায় । তাৰ পিছত ২০০২ চনত  শ্ৰীযুক্তা ৰাবিয়া খাটুনৰ "লিমাৰিক আৰু লিমাৰিকৰ কাহিনী" প্ৰকাশ পাইছে ।
এই গ্ৰন্থত  প্ৰথিতযশা সাহিত্যিক  শ্ৰীযুত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীদেৱে এষাৰ কথা লিখিছিল -"অসমীয়া গ্ৰাম্য বহুৱাৰ ৰসসিক্ত ,বুদ্ধিদীপ্ত লিমাৰিকধৰ্মী অলিখিত প্ৰকাশভঙ্গীৰ পৰা ডঃ মহেন্দ্ৰ বৰাৰ পৰিশীলিত লিমাৰিকলৈ এক সূদীৰ্ঘ ইতিহাস আছে । এই সূদীৰ্ঘ ইতিহাস স্বত্তেও আৰু প্ৰতিদিনে প্ৰায় একোখনকৈ অসমীয়া কবিতাৰ পুথি প্ৰকাশ হোৱাৰ সময়তো আশ্বৰ্যকৰভাৱে লিমাৰিকৰ পুথিৰ প্ৰকাশ অসমৰ সাহিত্য জগতত এতিয়াও এক ব্যতিক্ৰমী আৰু বিৰল ঘটনা হৈ আছে " । শ্ৰীযুত দেৱচৌধুৰীদেৱৰ এই মন্তব্যৰ (৩১-৩-২০০২) প্ৰায় একৈশ বছৰৰ পাছত  চিন্তাশীল প্ৰথিতযশা সাহিত্যিক শ্ৰীযুত ভৃংগেশ্বৰ শৰ্মাদেৱে তদ্ৰুপ আক্ষেপ কৰাটো অসমীয়া সাহিত্যৰ বাবে  দুখঃজনক । শ্ৰীযুত শৰ্মাদেৱে 'পঞ্চপদী' ৰ শুভেচ্ছা বাৰ্তাত  লিখিছে ,-"বৰ্তমান সময়ত অসমীয়া ভাষাত লেখকৰ সংখ্যা অজস্ৰ ।কেতিয়াবা এনে অভিযোগো শুনা যায়- অসমীয়া ভাষাত পাঠকতকৈ লেখকৰ  সংখ্যা সৰহ। প্ৰতি বছৰে গ্ৰন্থমেলাৰ সময়ত হাজাৰ-বিজাৰ গ্ৰন্থ প্ৰকাশ হোৱা দেখি সেই অভিযোগ সঁচা যেনো ভাব হয় ।সেয়া যি নহওক , সেই যে হাজাৰ -বিজাৰ গ্ৰন্থ প্ৰকাশ হয় , তাৰ ভিতৰত লিমাৰিকৰ গ্ৰন্থ কেইখন ? প্ৰতি বছৰে কিমানখন লিমাৰিকৰ গ্ৰন্থ প্ৰকাশ পায় ? প্ৰতি বছৰে বাদেই দিলোঁ ,এতিয়ালৈকে অসমীয়া ভাষাত কিমানখন লিমাৰিকৰ গ্ৰন্থ প্ৰকাশ হ'ল ? সংখ্যাটো নিশ্চয় অতি নগণ্য। সাহিত্য বুলি ক'লেই আমাৰ বেছিভাগৰে চকুৰ আগত ভাহি উঠে কেৱল উপন্যাস, গল্প,কবিতা আৰু প্ৰৱন্ধ । লিমাৰিক আদিৰ দৰে সাহিত্যৰ অংগবোৰ অৱহেলিত ।
    বৰ্তমান সময়ত অসমীয়া বাতৰিকাকতত , আলোচনী আদিৰ সংখ্যা যথেষ্ট । কিন্তু কেইখন বাতৰিকাকত,আলোচনীত লিমাৰিক নিয়মীয়াকৈ প্ৰকাশ পায় ? জনপ্ৰিয় আলোচনী "প্ৰান্তিক"ৰ পাতত,প্ৰতিটো সংখ্যাত নহলেও কিছু নিয়মীয়াকৈ "আপদীয়া পদ্য" নামেৰে লিমাৰিক প্ৰকাশ হৈ আছে ।তাৰ বাহিৰে অন্য কাকত -আলোচনীত লিমাৰিক চৰ্চা অতি নগণ্য ।"
      সঁচাকৈয়ে শ্ৰীযুত শৰ্মা দেৱৰ উপৰুক্ত  মতামত অসমীয়া সাহিত্যৰ বাবে অতিকৈ হতাশজনক । অসমীয়া সাহিত্যৰ গুৰিধৰোঁতা সকলে লিমাৰিকক অৱহেলা কৰাটো মিছা নহয়। লিমাৰিকক মাহী আইৰ দৃষ্টিৰে চোৱাটো ধ্ৰুৱসত্য । *আজিৰ ছাত্ৰসকলে নালাগে ,বহুত শিক্ষিত লোকেই নাজানে লিমাৰিক কি ।  
 এনে ক্ষণত অসম  সাহিত্য সভা বা অসম কবি সন্মিলনৰ
দৰে  অনুস্থানৰ  নিতান্তই দায়িত্ব আছিল যে লিমাৰিকৰ সংকলন প্ৰকাশৰ ব্যৱস্থা লোৱা আৰু লিমাৰিক তথা ইয়াৰ প্ৰৱন্ধ আদি সভাৰ বাৰ্ষিক আলোচনী  তথা অধিৱেশনৰ স্মৃতিগ্ৰন্থ আদিত প্ৰকাশ কৰি লিমাৰিক লেখকসকলক উদগনি যোগোৱা ।কবি সন্মিলনৰ দৰে লিমাৰিক সন্মিলন অনুষ্ঠিত কৰাও দৰকাৰ।  কিন্তু সেইয়া হৈ নুঠাতো খুবেই হতাশজনক । এনে হলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ‘কাব্যেৰ উপেক্ষিতা’ নামৰ প্ৰবন্ধটিত কাব্যৰ উপেক্ষিতাসকলৰ ভিতৰত ৰামায়ণৰ উৰ্মিলাক প্ৰধান স্থান দিয়াৰ দৰে 'লিমাৰিক' ৰামায়ণ মহাকাব্যৰ  'উৰ্মিলা'ৰ চৰিত্ৰৰ দৰে চিৰ অৱহেলিত আৰু উপেক্ষিত হৈ ৰ'ব । সমান্তৰালভাৱে 
অসমীয়া নতুন প্ৰজন্মৰ মাজত 'লিমাৰিক'  বিষয়টো সদায়ে এক অবিদিত বা অজ্ঞাত হৈ  অদূৰ ভৱিষ্যতে  লিমাৰিক অসমীয়া সাহিত্যৰ  ভড়াঁলৰ পৰাই  চিৰদিনৰ বাবে একেবাৰে যে লোপ পাব,ইয়াত কোনো সন্দেহ নাই ।
—————————————————————
তুমি
নয়নমণি দাস

সৌ সিদিনাহে মাত্ৰ
শগুণমৰা পথাৰৰ কঁহুৱাই
কমলাৰঙী সপোন এটাক
মোৰ বুকুত ৰুইছিল।
সেই তেতিয়াৰ পৰাই দুচকুৰ পতাত
ফুল হৈ ফুলিলা তুমি।

এতিয়া তুমি নাই ক'ত?
সকলোতেই চোন তুমি 

ফাগুণ আহিলেই
শিমলুৰ ৰঙা জুই তুমি।
শৰতত শেৱালীৰ  সুবাস তুমি।
বিৰহী ৰাধাৰ আকুলতা তুমি।
আঘোণৰ কোমল ৰ'দ তুমি । 
শাওণৰ বোঁৱতী নদীৰ সোঁত তুমি ।
শামুকৰ বুকুত আত্মগোপন 
কৰা মুকুতা তুমি ।
মোৰ  উশাহ-নিশাহৰ স্পন্দন তুমি।

এতিয়াতো তুমি কাঁইটৰ মাজৰ 
গোলাপৰ এটি পাহি।
এতিয়াতো হুমুনিয়াহৰ 
অন্য নাম তুমি । 
মোৰ চিতাৰ জুইত জাহ যোৱা 
এটি সুৰ তুমি।

তেন্তে তুমি নাই ক'ত?
সকলোতেই চোন তুমি
মাথোঁ তুমি ।
——————————
আশাতীত
মৰমী কাকতি

তুমি জোনাক
মই জোনাকী পৰুৱা
তুমি আকাশ
মই মাটি

তুমি ডাৱৰ হৈ শিখৰত আৰোহণ কৰা
মই অকণি জিঞা এখুদ আৱেগত উটি ফুৰো

তুমি অন্তৰীক্ষৰ উজ্জ্বল নক্ষত্ৰ
বহু নিযুত আলোকবৰ্ষ
দূৰ সুদূৰ
যুগ বহুযুগ 
পাৰ হৈ যায়
দুৰ্ভেদ্য দুৰ্গৰ প্ৰাচীৰ

মই মৰুভূৰ উদ্যান
কিঞ্চিৎ পিয়াহ নিবাৰণৰ বাবে 
নিঃকিন সেউজ আধাৰ
আশাৰ জলধাৰ।
——————————
দুটি স্তৱক
প্ৰাণপ্ৰতিমা বড়া

১.
ফাগুনৰ ধূলিয়ৰি বাটৰ আঁচল উৰুৱাই
সৰাপাতে জুৰে বিষাদৰ গান
ন-কুঁহিপাতৰ আগমনত
নিজক হেৰুওৱাৰ বেদনাত
অধীৰ হেঁপাহেৰে বাট চাই
জীয়ন জুৰোৱা বৰষুণজাকলৈ ৷

২.

কিমান বিষাদে আৱৰিব
কিমান বিষাদে নিচুকাব
ভাগৰুৱা হৃদয়ত
উচুপি উচুপি
ভাগৰুৱা তন্দ্ৰাত নিমগ্ন হ’ব।
———————————
এনে কি যাদু 
ৰূপা গগৈ

কাৰ দুচকুৰ দীপ্তিত 
জোন জ্বলে 
নিশাৰ আকাশ গলে 
শুৱনি কোঠাত চপৰা-চপৰে আলোক সৰে ।

এনে কি কাৰ কথাত 
 হৃদয় মম গলাদি গলে
মন নদীত  উঠে ঢৌ
নিয়মৰ ভেটা ভাঙি গতিৰ বিপৰীতে বৈ যাব খোজে ।

এনে কি যাদু আছে
ওঁঠৰ উষ্ণতাত 
খিলখিলাই ফুলি উঠে এপাহি ৰঙা গোলাপ 
বঢ়াবলৈ শোভা মন ফুলনিৰ 
লাজ লাজকৈও নবলি নোৱাৰে এছাটি পছোৱা বা 
উতলা দেহা-মন শাঁত পৰাকৈ।
———————————
ফাগুন ত‌ই নাহিবি নানিবি শুকান ৰং
দিপ্তীমনি গোস্বামী

মোৰ উদং দেহাত 
খহিল লাজৰ ভূষণ
অবাঞ্চিত ধূলিয়ে 
জনাইছে তিক্ত সম্ভাষণ ।।

ঐ ফাগুন ,
নহ‌য় ত‌ই মোৰ আশাৰ পদুম 
এটি মাথোন  বৰণ ,
শুকান  গোন্ধহীন ।

মোৰ আকলুৱা শুকান বকুত 
নেজাল ফিৰিঙটি সিচিঁবলৈ 
কিয় আহ ত‌ই দুষ্ট ফাগুন 

সহিব নোঁৱাৰো ম‌ই 
উদং বিৰিখে সজোৱা 
সৰাপাতৰ উপত‍্যকাৰ 
কৰুন কান্দোন ।

তোৰে প্ৰকোপত 
পলাশ মদাৰেও সিঁচে
উগ্ৰ ফিৰিঙটিৰ  
অবোধ  দাহন  ।

তোৰ সাহসতে 
পছোৱাই  প্লাৱন আনে ,
উন্মনা  ধূলিয়েও  কৰে 
অত   তাণ্ডৱ  নৃত‍্যখন ।

তোৰ আগমন ,
শুকান সম্ভাষন 
ত‌ই যে সদা পৰিচিত 
দুষ্ট ,বলিয়া ফাগুন ।।

ত‌ই গুছি গলে ,
নাভাগে মোৰ সপোন,
বসন্ত‌ই আনিব মোৰ হেঁপাহৰ ৰং,
উথন কৰিব মোৰ ফুলাম বুকুখন ।
——————————
প্ৰতিশ্ৰুতি
ৰুম্পী দেৱী

ফাগুনৰ বা বলাৰ আগতেই
আমাৰ গাত চাটি ধৰিছিল
বলিয়া বা।
মনত.....দেহত....
আকাশত ৰঙীণ শিমলু বোৰে
জুই জ্বলোৱাৰ দৰেই
আমি দুয়ো  যেন জ্বলিছো...
অথচ
পোৱা -নোপোৱাৰ ৰাগিতকৈ
আমি দুয়ো ভগাই লৈছিলো
হুমুনিয়াহবোৰ।
জানো ,তুমি মোৰ নোহোৱা
আৰু মই ??
ভালপোৱা বোৰ  ওপচি থাকিব
আৰু আমি এনেদৰেই জীয়াই থাকিম
বলিয়া ফাগুন হৈ....
——————————
নিৰুদিষ্ট শব্দৰ আক্ষেপত
অঞ্জনা ৰূপা দাস

ডালিম গুটিয়া দাঁতৰ ফাঁকেৰে সৰকা
ৰাঙলী কোমল ওঁঠৰ
অমিয়া মাধুৰীৰ
সোণালী শব্দবোৰ 
জিলিকাই মুকুতা সজাও
হৃদয় সৰোবৰত  বাচি বাচি। 
বুটলি বুটলি  বিলাই  
সজ্জন কিম্বা দুৰ্জনক, 
চেনেহৰ এনাজৰীৰে বান্ধি
লভোঁ আত্ম তৃপ্তি সৰগী সুখৰ। 
কিন্তু বিশ্বায়নৰ পৰিবৰ্তনৰ
বিধ্বংসী ধুমুহা জাকে
উৰাই বিপন্ন কৰে মোৰ  হিয়াৰ আমঠু, 
ৰক্ত পদ্ম খিলঞ্জীয়া শব্দৰ। 
বিলুপ্তিৰ প্ৰবল গৰাখহনীয়াত
চপৰা চপৰে খহে
সোণালী দাঁতৰ ফাঁকৰ মুকুতা। 
 সৰ্বগ্ৰাহীৰ ভয়ত পেঁপুৱা লাগি
  অনেকে দেখোঁ কৰিছে আত্মগোপন
উৱলা অভিধানৰ অব্যৱহৃত পৃষ্ঠাত। 
শত-সহস্ৰই শব্দই কৰিছে আত্মহত্যা। 
নৱ প্ৰজন্মই নাজানে কব মাতৃভাষা, 
পঢ়িবৰো নকৰে ইচ্ছা। 
গৌৰৱৰ অলংকাৰ পিন্ধি
 আধুনিক অভিভাবক মিথ্যা সুখক কৰে আলিংগন। 
দুটি কোমল ওঠে স্ফুলিং হৈ
 উফৰি পৰা, 
মাতৃ হৃদয়ত জোৱাৰ তোলা
 শত চুম্বনে সাৱটি লোৱা
মৌ বৰষা "মা", 
 আজি সংকতটো হ'ল উপেক্ষিত। 
বিদেশী  শব্দৰ মায়া জালত
অপসংস্কৃতিৰ আবেশত
  আধুনিকতাৰে সাংলকৃতা হৈ
আভিজাত্যৰ পৰিচয়ৰে গৌৰাম্বিত। 
মা-দেউতা, ককা-আইতাৰ
সাধু কথাৰ ঠুনুপাক 
তাতোতকৈ মৰমৰ 'মামা', 
 ক'ত যে হেৰাল?? 
পলাই মাৰিল ফাট। 
শব্দৰ বিষণ্ণতাত
ব্যথিত হৃদয়ত বিষাদৰ ঢৌ, 
  বেদনাৰ বোজা বুকুত ওলমে
 গভীৰ নিশ্বাসে খোঁপনি পুতে
দুচকুৱে বৈ লুণীয়া লোতক। 
আপোন শব্দৰ  অপমৃত্যুত
বুকুত বাজে বজ্ৰ নিনাদ, 
তৰঙ্গায়িত হাহাকাৰৰ।
 মাতৃভাষা নহ'লে নাথাকিব সন্মান, 
 নাথাকে সাহিত্য, নাথাকিব বুৰঞ্জী ,নাথাকিব ঐতিহ্য নাথাকিব জাতিৰ দাপোন!! 
ভাষা নাথাকিলে নব'ব সংস্কৃতিৰ অমিয়া সোঁত, 
সংস্কৃতি নহ'লে বাঢ়িব   দুষ্কৃতি। 
দেশত ভৰিব অপসংস্কৃতি। 
নাথাকিলে নিজস্ব ভাষা
নাথাকিব স্বকীয় বৈশিষ্ট্য
হৈ পৰিম উসৃষ্ট,
শিপা বিহীন বৃক্ষৰ ফল 
স্বপ্ন ৰো অগোচৰ। 
জাতিৰ ভবিষ্যতেই  বা ক'ত ? 
তেন্তে! এতিয়াও আছা কিয় শুই? 
আহা বন্ধু, ওলাই আহা
সোণালী শব্দৰ অপমৃত্যুত
সোণসেৰীয়া শব্দৰ অৰ্ন্তধ্যানত
ৰহস্যৰ কবৰ খান্দি
অপহৃত শব্দৰ কৰোঁ সন্ধান। 
জলাশয়, পিতনি, 
কিম্বা শব্দৰ বাকৰি
 শব্দৰ লেচেৰি বুটলি
যি আছে অৱশিষ্ট
কৰি লও উৎকৃষ্ট
 সংৰক্ষিত কৰোঁ শব্দৰ ভঁৰাল 
ৰাখোঁ জাতিৰ সন্মান
উদ্ধাৰো মাতৃভাষাৰ মান।
কৰি ৰাখোঁ চিৰ জ্যোতিষ্মান।
———————————
গজালি
নীলাঞ্জনা শৰ্মা বৰুৱা

ব্যস্ততাৰ দৌৰত
তুমি আজি শীৰ্ষত,
তোমাক এবাৰ লিৰিকি চোৱাৰ
দুৰ্বাৰ তাড়নাত
মই হাজাৰ চেষ্টা কৰিও
চুব নোৱাৰিলো
তোমাৰ ঘৰ্মাক্ত দেহৰ মায়াবী ছায়া।
এতিয়া মই অমানিশাৰ
ক্লান্ত পথিক।

তোমাৰ সপোনৰ বোকোচাত
মই তুলি দিব নোৱাৰিলো মোৰ
কেচুৱা সপোনৰ পানীলাউ দেহা।

সেয়ে সপোনটো পাটগাভৰু হোৱা
উন্মাদনাৰ চে‍ঁচা বৰষুণজাকক
মই অকলেই আলিংগন কৰিলোঁ।

তেতিয়া তুমি
এজাক অনুৰাগীৰ সৈতে 
গাই আছিলা তোমাৰ সফলতাৰ কোৰাছ।
পঞ্চমুখী প্ৰশংসাৰ মালা পিন্ধি 
গাই আছিলা তোমাৰ সুখৰ স্তৱক।

মোৰ সস্তীয়া বোলছবিৰ দৰ্শক হৈ সুখৰ মুহূৰ্তত হাত চাপৰি বজাব পৰাকৈ 
তুমিতো এতিয়া সুলভ নহয়!
সেয়ে তুমি গম নোপোৱা
স্বপ্নালয়ৰ সৰগীয় বাটত 
আজি কি দৰে গজি উঠিছে 
হাজাৰ হাজাৰ অপতৃণৰ গজালি।
———————————
যৌৱন জুখিব খোজা লৰাটো
দৃলীনা দাস

সিদিনা আবেলিটোৰ সতে আহিছিল সি
জীৱন মদিৰা পান কৰি
নিচমক্ত হৈ পৰিছিল যৌৱনৰ পূর্ণতা
বৰ আচৰিত ধৰণেৰে সি মোক কৈছিল
কেতিয়াবা জুখি চাবলৈ মন যায় অ' 
এই প্রেম আৰু ভালপোৱা বোৰ
সি কৈ গৈছিল ...
কিমান বেছি গভীৰ হলে ভালপোৱাই সাজিব
পাৰে সপোনৰ কাৰেং...
কিমান বেছি গভীৰ হলে ভালপোৱাৰ 
আকাশত জিলিকে আশাৰ ৰামধেনু
কিমান বেছি গভীৰ হলে কঠিন হৃদয়ৰ 
আবেগবোৰ গলি গলি বৈ যাব পাৰে
হেপাঁহৰ নৈ —
কিমান বেছি ডাৱৰ থাকিলে নামি আহিব 
পাৰে এজাক প্ৰেমৰ বৰষুণ
অবাধ্য বতাহ ছাটিয়ে তাৰ ভাৱনাত
অধিক আউল লগাইছিল
সি আকৌ সুধিছিল —
ভালপোৱাই কেনেকৈ কঢিয়াই আনে
হেমন্ত 'শৰৎ শীত আৰু
আৰু ...বসন্তক ?
কিমান বেছি গভীৰ হলে 
অনুভৱে ঢৌ তোলে ভাল পোৱাৰ সাগৰত
অথবা ---
কিমান দুখৰ তপত মৰুভূমিতো মানুহ 
খেদিব খোজে
প্রত্যাশিত আবেগৰ মৰীচিকা
এবুকু আশা বুবুত বান্ধি
এপিয়লা মদিৰা হাতত লৈ সি পুনৰ 
কৈ উঠিছিল...
কেতিযাবা জুখি চাবলৈ মন যায় আ
এই 
প্রেম আৰু ভালপোৱাবোৰ ৷  
————————————————

Post a Comment

0 Comments