————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী, আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
কৰা
—————————————
বাটচ’ৰা
সম্পাদকীয়
সৰু মানুহৰ সৰু সৰু কাম। সৰু সৰু কামৰ বাবেই প্ৰয়োজন সৰু সৰু মানুহক।সৰু মানুহৰ সপোনো সৰু। আকাশলঙ্ঘী বজাৰত সৰু মানুহৰ চাহিদাও কম। বজাৰমূল্য বৃদ্ধি হোৱাৰ কথাই নাথাকে। তথাপি কিছুমান সৰু মানুহে নিজৰ কায়দাৰে, ডাঙৰ মানুহৰ লগত কোনো প্ৰতিযোগিতা নকৰাকৈ, লুংলুঙীয়া হ’লেও নিজেই নিজৰ বাট কাটি লয়।
সৰু সৰু মানুহৰ থুপেৰে গঢ়ি উঠে সৰু সৰু সমাজ। তাকে লৈ তেওঁলোক হয় সুখী । কিছু হয় দুখী। দুখীবোৰে এই সৰু সমাজৰ মাজেৰেই মন মেলে ডাঙৰ সমাজলৈ । ভাল কথা।পিছে,কিছুৱে পাহৰি যায় শিপা। শিপা হেৰুৱাই হৈ পৰে আকাশীলতা।
আকাশীলতালৈ সৰু মানুহৰ জুমটোৰ নাথাকে বিশেষ হাবিয়াহ।শিপা নেহেৰুৱাই লুুংলুঙীয়া বাটেৰে বুলি যায় বাট।
সাম্প্ৰতিক ডিজিটেল সাহিত্যৰ জগতখনতো ওপৰৰ ছবিখনে প্ৰতিফলিত হৈছে।
ডিজিটেল মাধ্যমৰ জৰিয়তে সৰু সৰু লেখকৰে অলেখ সৰু সৰু গোটৰ সৃষ্টি হৈছে। সাহিত্যচৰ্চাৰ বাবে তেওঁলোকে নিজেই নিজৰ মঞ্চ তৈয়াৰ কৰি লৈছে। তেওঁলোকৰ বেছিভাগৰে আনে কি কৈছে, তালৈ ভ্ৰুক্ষেপ নাই।
নিজেই নিজৰ প্ৰকাশক হৈ নিজৰ লেখাক ছপা মাধ্যমত প্ৰকাশ কৰিছে।ইজনে সিজনক নিজৰ কিতাপ উপহাৰ দিছে।সিজনে ইজনক।
তেনেকৈয়ে তেওঁলোক সুখী।
চৰ্চা,সাধনা আৰু অধ্যয়নৰ জৰিয়তে সেই সৰু সৰু গোটৰ পৰাই বহুজন বৰ্তমান প্ৰতিষ্ঠিত।
সৰু সৰু লেখেকবোৰ যদি তেনেকৈয়ে সুখী
তাত বেলেগে ক’বলগীয়া হয়তো বিশেষ নাই।
কিয়নো survival of the fittest বোলা কথাষাৰৰ গূঢ়াৰ্থ নিশ্চয় আমি সকলোৱে অনুধাৱন কৰিব পাৰোঁ। এজোপা ডাঙৰ গছৰ পৰা শ শ পুলি হয়,তাত গছজোপাৰ ভুল কি ? বৰঞ্চ কেইটা পুলি গছলৈ পৰিণত হ’ল-সেইটোহে লক্ষ্যণীয় দিশ।
আমি সকলোৱে ডাঙৰ মানুহ হ’বলৈয়ে চেষ্টা কৰোঁ। কিন্তু কিমান জনে পাৰোঁ?
আক্ষৰিক অৰ্থত ডাঙৰ মানুহ হৈও,প্ৰকৃতাৰ্থত সৰু মানুহতকৈও সৰু হৈ পৰোঁ।
জীৱন সঁচাকৈয়ে অনুপম।
জীৱনক সুন্দৰকৈ উদযাপন কৰিব পৰাটোৱে, বৰ্তমান এক জটিল কলা।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
কবিতা হ'ল : এগৰাকী কবিৰ আত্ম-প্ৰতিবিম্ব অথবা আত্ম-জীৱনীস্বৰূপ । কিয় ? কবি এগৰাকীৰ সমগ্ৰ কবিতাত -- জীৱন, জগৎ, প্ৰেম, মৃত্যু, দুখ-বেদনা, সমাজৰ নানানটা দুৰ্যোগ-দুৰ্দশা-বৈষম্য, ইতিহাস, ৰাজনীতি, প্ৰবাদ-প্ৰৱচন-পৰম্পৰা-আখ্যান, প্ৰকৃতি, শিল্প সম্পর্কে কবিগৰাকীৰ ধাৰণা বা দৃষ্টিভঙ্গী কি -- প্ৰতিবিম্বিত নহৈ নোৱাৰে। কবিতাৰ আঁৰত লুকাই থকা -- এনে তলসুঁতীয়া বোধেই কবিৰ আত্ম-পৰিচয় ; যি বোধক, ৰঙাই তোলে -- কবিৰ কল্পনা, ভাষাৰ পুনৰ্নিৰ্মাণ, (সদৰ্থক) নতুন চিন্তা, কথনশৈলী, শব্দ-ব্যৱহাৰৰ যাদু ৰহস্যময়তা আদিয়ে।
—————————————
অনুবাদ কবিতা
এটি পুৱা - যেতিয়া প্ৰেম হৈছিল
মূল হিন্দী —গুলজাৰ
অনুবাদ—গণেশ বৰ্মন
পুৱা তেতিয়া চাৰি বাজিছিল,
যেতিয়া প্ৰেম হৈছিল
এখন পাহাৰৰ পৰা নামি আহি আছিল,
শ্বুটিঙৰ পৰা উভতি আহি আছিল
কুঁৱলি আছিল,
ধুঁৱলি-কুঁৱলি পোহৰ আছিল
গাড়ীখনৰ লাইট দুটাই
চকু পিৰিকিয়াই পথ বিচাৰি আছিল
টোপনিতে তুমি কান্ধৰ পৰা পিছলি
দুবাহুৰ মাজত যেতিয়া সোমাব ধৰিছিলা
মোৰ ওঠ দুটা
তোমাৰ কাণত লগাই ফুৱাই দিছিলোঁ
'ঐ তুমি মালা বৰ ধুনীয়াকৈ সজোৱা...!
টোপনিতো তুমি মিচিকিয়াইছিলা '
তেতিয়া উপাসনাৰ সময় আছিল
সত্য কোৱাৰ পৰ আছিল
প্ৰায় চাৰি বজাৰ সময় আছিল
এটি পুৱা-- যেতিয়া প্ৰেম হৈছিল !
——————————
কবিতা
পাহি মেলনেকি এনেকৈয়ে
ৰীতা বৰুৱা
গছবোৰৰ দৰেই ক্ৰমশঃ
ওপৰলৈ বাঢ়ি গৈছে
ঘৰবোৰ
ঘৰবোৰৰ স'তে ক্ৰমশঃ
ওপৰলৈ উঠি গৈছে
মানুহবোৰ
মানুহৰ স'তে
শাকনি, ফুলনি...
এতিয়া আৰু
ঘৰৰ ভৰিয়ে মাটি চুই থাকিলেও
মানুহৰ ভৰিয়ে মাটি নোচোৱে
ঘৰৰ ভৰি পানীত ডুবি থাকিলেও
মানুহৰ ভৰি পানীত নুডুবে
এতিয়া ঘৰৰ ভৰি পানীত ডুবি থাকিলে
মানুহবোৰে পানীৰ বাবে হাহাকাৰ কৰে
এতিয়া...
গছবোৰৰ দৰেই মানুহবোৰে এতিয়া
হাঁকুটিয়াব খোজে কেৱল আকাশৰ তৰা
চৰাইবোৰৰ দৰে
ওপঙি থাকিব খোজে বতাহত
নোচোৱাকৈ নুশুনাকৈ নভবাকৈ
মাটিৰ পৃথিৱীৰ কথা
পাহি মেলেনেকি এনেকৈয়ে
একাকীকত্বৰ গাথা !
———————————
এটা সামুদ্ৰিক চৰাইৰ কথকতা
দাদুল ভূঞা
জাকিমাৰি উৰিযোৱা সামুদ্ৰিক চৰাইটোৱে
পাখিমেলি উৰণীয়া সপোন এটাক সমুদ্ৰৰ বুকুত থৈ
বতাহৰ লগে লগে গুণ-গুণাইছিল
মই ভালপোৱা গীতটোৰ শেষৰটো অন্তৰা
বহু দূৰণিৰ পৰা ছিটিকি আহিছিল
ৰুনুক জুনুক ৰুনুক জুনুক নেপূৰৰ শব্দ
নেপূৰৰ শব্দত কঁপি উঠা আবেলিটো
ইমান নিৰ্জণ আছিল যে
চৰাই আৰু নেপূৰৰ ঝংকাৰৰ বাহিৰে মই একো শব্দ
শুনি পোৱা নাছিলোঁ
অশান্ত সাগৰৰ তীৰত বহি মই সাগৰীয় ঢৌৰ দৰেই
নিজকে বিলীন কৰিছিলোঁ
সাপৰ দৰেই বগুৱা বাই অহা ঢৌবোৰে জোকাইছিল
বৰফৰে আবৃত্ত মোৰ ভৰিৰ পানী-আঙুলি
চু-নুচুকৈ উভতি যোৱা সাগৰীয় তৰংগই শিকাই গৈছিল
সুখ-দুখৰ স্পৰ্শৰে আৱৰি থকা জীৱন জিন্দাবাদ
মেঘে ঢকা আকাশৰ চামিয়না মেৰিয়াই
যিদৰে সেই সমুদ্ৰই পাহৰি যোৱা নাই তৰংগৰ ঢৌ
যিদৰে সাজলগা সন্ধ্যা চৰাইটোৱে ডেউকা মেলি সজালৈ উভতে আকৌ প্ৰত্যুষতে সেই সাগৰৰ পাৰত বহি আওঁৰাই তাৰ প্ৰিয় গীত
সেই গীত শুনিবলৈ অপেক্ষাৰ বেলি এটা চকুত বান্ধি
মই জীয়ন দি ৰাখিম মোক
আৰু এনেকৈ এদিন
সেই উৰণীয়া চৰাইটো হৈ ময়ো
গীত গাই গাই কৈ যাম
জীৱন জিন্দাবাদ।
————————
ছয়টি স্তৱক
সীমা গগৈ
১.
হাতৰ মুঠিয়েই ভাল..
ইচ্ছা কৰিলেই লুকুৱাই ৰাখিব পাৰি
দুখৰ এটুকুৰা ৰুমাল ।
২.
মোৰ চকুযোৰে পাহাৰখন চুই অহাৰ দিনা..
নিৰৱে উচুপি আছিল
এটি সেউজ কবিতাই ।
৩.
শামুকবোৰে হয়তো আজিও নাজানে..
শংখৰ নিনাদ শুনি
সাগৰে কিয় কিৰিলিয়াই !
৪.
এইখিনিতেই এজোপা বৰগছ আছিল..
এতিয়া আকাশত
ভাগৰুৱা ডেউকাৰ ক্ৰন্দন ।
৫.
কোনে হুৰাই দিলে টুনী চৰাই এজাক ..
তেজ বগুৱা পথাৰখন মোৰ
চিকচিকীয়া কাঁচিখন তোমাৰ হাতত !
৬.
শ্লʼগান দিবলৈ আৰু একো নাই ...
আমাৰ চকুত এতিয়া
একবিংশ শতিকাৰ ৰঙীন চশমা !
———————————
ভৰিৰ তলৰ মাটি
বিভা দেৱী
মগজুত কিমান যে ভাষা নাছিল
এফালে কাটি থৈ
আনফালে বঢ়োৱা
ভাষা পঢ়িবলৈও লাগে এক নিজস্ব সংগীত।
কলমটো ৰেপি ৰেপি ধাৰ দিব খোজোতেই
ভাষা হৈ পৰিল যুগৰ অতীত
মুখত শাস্ত্ৰ
মগজুত ৰাষ্ট্ৰ
মিডিয়া ব্যস্ত
বিকল মগজুৰ
চিন্তা বিভ্ৰান্ত
ভাষা হৈ পৰে পথভ্ৰষ্ট
উৎসৱৰ দিনত
শুকাই গৈছে পানী
নৈৰ বলুকাত
জিলিকি উঠিছে বালি
চকুৱে চকুৱে কথা কয়
ঠাৰে ঠাৰে অনেক
নহয় ইয়াতে শেষ
হ'ব পাৰে আৰম্ভণি
খহিলে ভৰিৰ
তলৰ মাটি
পুৰণি কেঁথাৰে
মুখ ঢাকি
শোটাকানিৰে
মচি মাটি
যাকে পাওঁ তাকে কওঁ
এফালে কাটি
আনফালে বঢ়োৱা
ভাষা জানিবলৈ ও লাগে
এক নিজস্ব সংগীত
———————————
ৰঘুমলা
ইভা গন্ধীয়া ফুকন
ৰূপৰ তুলিকাৰে সময়ে কি আঁকিছে
নাঙঠ দৰ্শনৰ অপাপ শিল্প নে
অহিংস ৰীতিৰে যাওঁতে কাৰোবাৰ বেশ ভূষাত
বাটৰ বোকা এচাটিয়ে কজলা ফুল বচা ছবি
নে বটবৃক্ষত বগুৱা বাই যোৱা ৰঘুমলাৰ ছবি
ৰাজ দুৱাৰৰ জপনামুখত শ্ল'গান
আমাৰ দাবী ন্যায্য দাবী , ন্যায্য দাবী
আমাৰ দাবী মানি লওক , মানি লওক
এই জুই জ্বলিছে, জ্বলিবই
সত্য প্ৰশস্তিৰ গানৰ টুকুৰাৰে
খবৰৰ শিৰোনাম দখল কৰিছে
কোনোৱে ৰঘুমলা হৈ শ্ল'গানৰ চমক চাইছে
ভোগ বিলাসৰ টনা আঁজোৰাত
ৰজাঘৰ নিমাও মাও
শাসক নে শোষক
যি বাট স্বৰ্গদেৱে বান্ধিছিল
সেই বাটে বদনে মান আনিছিল
অলিন্দ নিলয়ৰ চিৰস্পন্দিত আলি বান্ধি
সভ্যতাৰ চানেকি
প্ৰৱল নৈতিকতাৰে বিজয়ৰ পথ সজা হৈছে
পৰাজিত মানুহৰ বুকুৰ মচিব নোৱাৰা সাহেৰে ।
——————————
চাতক
ইপুল হুছেইন
বৰষুণ বিচৰা চাতকে
মাত্ৰ তিতিবলৈ বিচাৰে
নিৰ্জন দুপৰিয়াৰ হাবিটো যিমান ভয়ানক
গৰখীয়াৰ বাঁহীৰ সুৰ সিমানেই সুমধুৰ
সপোন খেদি ফুৰা এদল শহাপহুৰ দৰেই
মানুহবোৰ দৌৰিছে
টোপনি কিনিছে,সপোন কিনিছে
মানুহে পাহৰি যায়
কিনি অনা সপোন যে
সহজেই ভাঙি যায়
গোপনে শিপাই যোৱা সপোনৰ দৃঢ়তা প্ৰেম
প্ৰেমৰ দৃঢ়তা পাহাৰ, গতি নদী
পহু আৰু পাশৱিকতাৰ পাৰ্থক্য উন্নাসিকতা
উৎপৰিৱৰ্তন হোৱা বুলি ভাবি থকা পহুবোৰে সহজেই পাশৱিক চৰিত্ৰ ধৰে
সেই পৰিধিৰ মেৰপাকত সোমাই ওলাই আহিব নোৱাৰে
সুখৰ মৰিচীকা খেদি খেদি
এদিন বৃদ্ধ হয়।
———————————
অজুহাত
চয়নিকা ভূঞা
একোটা অজুহাতৰ গইনাত
জন্ম হয় একো একোটা বদনামৰ
কেতিয়াবা প্ৰয়োজনীয়
আৰু কেতিয়াবা
অপ্ৰয়োজনীয় ভাবেই গাত সাঙোৰ খাই পৰে
তেনে বদনাম
সকলো কথা সকলো সময়তে
কোৱাৰ প্ৰয়োজনবোধ নহয়
উদিত সূৰ্যৰ দৰেই সকলো সত্য নহয়
কেতিয়াবা
কেতিয়াবা বদনাম বোৰেই
একোটা সদনাম
আৰু কেতিয়াবা
একোজন ঈশ্বৰ
নিশকতীয়া দুভৰিত নূপূৰৰ ৰুণজুন
সাধুবোৰ সাধু হৈ নাথাকে
শুনাৰ হাবিয়াসো নাথাকে তেতিয়া লৈ
তথাপিও
পথবোৰ গাভৰু হয় ।
——————————
কথোপকথন
দেৱ দাস
-মোবাইলত দেখা নাই
-এনকাউন্টাৰ নহয় কিয়
-নেজানো
-ড্ৰাগছতকৈও ভয়াবহ
-হয় দিয়া
-মোবাইলত নগ্ন দৰ্শন
-মুখতহে
মানুহ অমৃত সন্তান
-ছৱি আঁকিও
-দেশলৈ সোণৰ মেডেল অনাৰ আখৰা
--সুন্দৰ মোবাইল
-ঝাৰখণ্ড
-আৰু নুলিয়াবা
-তথাপিও দ্ৰৌপদী।
———————————
মোবাইলত হতাশাৰ উকমুকনি
পৰাণ জ্যোতি ভূঞা
মানুহবোৰ ইমানেই ব্যস্ত নে
নে আন্তৰিকতাৰ অভাৱ !
মোবাইলটো হাতৰ মুঠিতে থাকে
হাতে হাতে সকলোৰে,
তথাপিও কেতবোৰে
'মেচেছ' এটা পঢ়িও
সঁহাৰি নিদিয়ে ।
মৌন হৈ থাকিবলৈ
কোন সতে বাৰু পাৰে !
প্ৰত্যুত্তৰ লিখি সময় নষ্ট কৰাৰ
প্ৰয়োজনো নাই আজিকালি,
"কি বোৰ্ড"ত ৰঙীন 'ইমজি'
ডাল ভৰি ভৰি
লমালমে ওলমি আছে
থাপ মাৰি ছিঙিলেই হয়;
পলকতে পাৰি
অনুভৱ ব্যক্তৰে
প্ৰেৰকৰ মন জয় কৰিবলৈ
আৰু
সৌজনত্যাৰ বৰ্হিপ্ৰকাশেৰে
সম্পৰ্ক সূঠাম কৰিব পাৰি
হালধীয়া বৰণৰ 'ইমজি'ৰে ।
———————————
দুপৰৰ কথকতা
জাহ্নৱী হাজৰিকা
চ'তৰ ভৰুণ দুপৰীয়া
লুংলুঙীয়া ধূলিয়ৰি বাটেৰে
গৈ আছে প্ৰেমিক চৰাই এহাল।
যেন ৰাধা কানাই।
অনন্য বৰণীয়া সিহঁতৰ প্ৰেম।
যি প্ৰেমে ৰামধেনুৰ বৰণ দিয়ে সিহঁতৰ বুকুত।
মচিব নোৱাৰাকৈ প্ৰেমাস্পদৰ তুলিকা আঁকে হৃদয়ৰ গভীৰতাত।
বছৰৰ পিছত বছৰ সলায়।
কানাইলৈ তৰপ তৰপকৈ গোট খাই থকা অভিমান, খং আৰু জেদবোৰেও বৰণ সলায়।
সেই একেই চকু,একেই কণ্ঠ..
একেই পুৰণি চিনাকি আকুলতা।
একোৱেই হেৰাই যোৱা নাই।
এতিয়াও যে আছে সেই চকুহালত
অযুত মৰম ভালপোৱা।
কবলৈতো বহুত কথাই থাকে,
কেৱল ওঁঠ ফুটাই কবহে পৰা নাই।
এবুকু অভিমানত শব্দবোৰ গধুৰ হৈ থুপ খাই ৰৈছে বুকুতেই।
অনুভৱ বোৰ শব্দ নহৈ চকুলো হৈ হে সৰিছে।
সিহঁতে এজোপা ৰাধাচূড়াৰ তলত বহে।
'কানাই তোক মই বহুত আমনি কৰো ন?'
ৰাধাৰ প্ৰশ্ন।
''ওহোঁ।
তই মোৰ মনৰ শান্তি।
মোৰ জীৱনৰ প্ৰেম।
আৰু মই সেই প্রেমৰ সাধনা কৰো।
যেতিয়ালৈকে মোৰ বুকুত স্পন্দন থাকিব, তেতিয়ালৈকে মোৰ ভালপোৱা অক্ষুণ্ণ থাকিব।অৱশ্যে মৃত্যুৰ পিছৰ কথা মই কব নোৱাৰিম ৰাধা।"
দুয়ো দুয়োৰে দুচকুলৈ চায়।
চাৰি চকুৰ সেই গভীৰ মিলনত
মৌনতাৰ মাজতো বাঙ্ময় হৈ উঠে সময়।
এইখিনিয়েতো সিহঁতৰ সুখ!
আৰু দুখ?
ইটোৱে সিটোৰ প্ৰতিচ্ছৱি
বুকুত আজীৱন কঢ়িয়াই লৈ ফুৰিও
এক হব নোৱাৰাৰ দুখ।
একেলগে জীৱনৰ অমসৃন বাট
বুলিব নোৱাৰাৰ দুখ।
এৰা, সেইখনেই সেই দুৰ্ভেদ্য প্ৰাচীৰ,
যি থিয় দি আছে সিহঁতৰ মাজত ।
সিহঁতে মানি লয় সেই ৰূঢ় বাস্তৱ।
সেন্দুৰীয়া বেলিটো ফুটচাই বৰণীয়া আকাশ খনৰ
একোনত ডুবিবলৈ ধৰিছে ক্ৰমশঃ।
তাৰ হেঙুলীয়া কিৰণে যমুনাৰ বুকুত
সোণোৱালী জিলমিলনি এটা তুলিছে।
সেই জিলমিলনিয়ে ৰাধা আৰু কানাইৰ দুচকুত তিৰবিৰনি তোলে।
এছাটি ফৰফৰাই বলা চেঁচা বতাহত
লতা কেঁকোৰা চুলি দুডালমান
কপালৰ আগলৈ উৰি আহে ৰাধাৰ।
দুচকুৰ তন্ময়তা ভাঙে দুয়োৰে।
বিষাদ মিশ্ৰিত নীৰৱতাই বিৰাজ কৰে দুয়োৰে দুচকুত।
কাৰণ দুয়ো জানে,প্ৰেমাস্পদৰ সংস্পৰ্শৰ এই সুখ ক্ষন্তেকীয়া।
দুয়ো দুয়োকে নিচেই কাষত পোৱাৰ এই অনুভূতি মাথো দুদিনীয়া।
সৰি আহিব খোজা চকুলো লুকুৱাবলৈ দুয়ো দুফালে মুখ ঘূৰায় একে সময়তে।
দুয়োৰে দৃষ্টি নিৱদ্ধ হয় ভৰ যমুনাৰ শান্ত সমাহিত সোঁত লৈ।
মৌনতাৰ মাজতো মুখৰিত হৈ উঠিছে দুয়োৰে হৃদয়।
বিষাদ বুলীয়া কেনভাছত সুখৰ
তুলিকা আঁকিছে মাত্ৰ খন্তেকৰ।
কাৰণ দুয়ো জানে,
ইয়াৰ পাছত থাকি যাব মাথো স্মৃতি আৰু হৃদয়ৰ অপূৰ্ণ হেঁপাহবোৰ ।
——————————
মই মূঢ়মতি
গিৰিজা শৰ্মা
মই মূঢ়মতি
তুচ্ছ তাড়নাৰ যতিহীন গতি
আৰণ্যক অৱসাদ জাৰি জোকাৰি
চলে নিতে নৱ প্ৰস্তুতি
সময়ৰ বুকুত থূপ খোৱা অভিমানো
মম হৈ গলে
'জীৱন'
এনেকৈয়ে চলে
ঘড়ীটো খেদি ঘৰ সোমাওঁতে বেলি পৰে
অভাৱৰ দুনীয়াত 'আমোদ' আওমৰণ
প্ৰেম!
ওহো, ভ্ৰম!
এনে কি চালিকাশক্তি
" বাসনা"ৰ অভিধাও হ'ব পাৰে নে জীৱন প্ৰশস্তি!
চৰ্বিত-চৰ্বণ
কি জানো খেদো
শুই পৰা সময়ৰ কবৰত নিৰৱে উচুপো
চিৰাচৰিত সীমাৰেখাৰ সিপাৰে
স্থবিৰ কোনো এটা 'বিন্দু'
য'ত মই নাই
নাই মোৰ কুকুৰ দৌৰ
অকাৰণ আস্ফালন অথবা
শূন্যসাৰ সমীকৰণ।
———————————
কুক্-ভা
হিমাদ্ৰী দাস
পোহৰ আৰু প্ৰখৰতাৰ
সংগত ৰ'দে সজাইছিল
এমুঠি শস্যকণাৰ সেউজ কিংবদন্তি
থৰক বৰক আশাৰ পানচৈ
স্বপ্নৰ ভৰত অস্থিৰ
মেঘালয়ৰ বুকুত শব্দৰ সঘন
আহ্ যাহ্
তাতেই নিৰ্বাক
সপোনৰ মায়াসনা বাসনা
এজাক ধুমুহাৰ পাৰ ভঙা গান ...
ৰক্তাক্ত বেলিটো
লহিয়াই ডুবিছিল
দীনতাৰ দহনত
লোতকবোৰে উচুপিছিল
ভয় আৰু কিবাকিবি ভাৱনাত
মই দুচকু মুডি দিছিলোঁ
ভাৱি লৈছিলোঁ
শান্তনা ল’বলৈ
কিছুক্ষণ
মোৰ দুচকুৰে নেদেখা বাবেই
লোকচক্ষুই মোক বিছাৰি পোৱা নাই ।
——————————
স্বৰলিপি
ৰুমী সেনাপতি ভূঞা
নৈশব্দতাত ভাঁহে মৌনতাৰ গান ,
ভাৱনাৰ হেন্দোলিত লহৰৰ কোলাহল ,
মনৰ গভীৰ দিকচৌ বনত ,
উতনুৱা সুহুৰিয়ে কাণ উনাই যায় ,
শুনিমেই বা নুশুনিম মন পছোৱাৰ গান ,
উগুল-থুগুল ছাঁ-পোহৰৰ খেলা ,
অলেখ সপোনে নিতে আঁকে ভিন্ন ছবি,
জীৱন কেনভাচত সংযোজিত পৃষ্ঠা !
দুচকুত প্ৰস্ফুটিত মৌনতাৰ অব্যক্ত ভাষা ,
দাপোণ যেন স্বচ্ছ হৃদয়ৰ পৰিভাষা !
সুক্ষ্ম অব্যক্ত ঝংকাৰিত অনুৰণন,
হৃদয় বীণাৰ অবোলিত শান ,
নৈশব্দতাত স্পন্দিত শব্দৰ মায়াজাল ,
সম্ভেদ বিচাৰি উদ্ভ্ৰান্ত প্ৰহৰ ,
'মনালিছা'ৰ কৌতূহলী হাঁহিৰ ৰহস্যময়তা ,
বহু যুগ অতীত আৰু বহু বাকী ,
'সময়' মৌনতাৰে দস্তাবেজ ,
দি যায় সৰৱ ইতিহাস ,
পাষাণ বুকুত খোদিত হয় ,
অক্ষয় সময়ৰ 'স্বৰলিপি'!
—————————
খিৰিকীৰ সিপাৰে
ৰুম্পী দেৱী
চঞ্চলতা বোৰ সামৰি
নিজকে বিলীন হৈ পৰিছো
মোৰ চৌপাশৰ মায়াজালত।
আবাহনী মন্ত্ৰৰে আদৰিছোঁ
প্ৰতিটো ক্ষণ।
ৰঙীণ কৰিব বিচাৰিছোঁ
মধুময় মূহুৰ্তবোৰ।
আঁচলত বান্ধি ৰাখিছোঁ
সপ্তৰাগৰ সুৰৰ মূৰ্চ্ছনা।
সুখবোৰ উপচি পৰাৰ বিনিময়ত
মই বিচাৰি চাওঁ নিজক
হেঁপাহেৰে খুলি দিওঁ হৃদয়ৰ
সেউজীয়া খিৰিকী খন।
য'ত মোৰ বাবে অপেক্ষাত
এটি মিঠা বাঁহীৰ সুৰ...
এন্ধাৰৰ জিলমিল জোনাকীৰ জাক,
এটা বনৰীয়া ফুলৰ সুবাস...
প্ৰাণভৰি সামৰি লওঁ
মোৰ ভালপোৱাৰ সমাহাৰ।
——————————
বুকুত একুৰা জুই কিয় জ্বলে ?
কেশৱ বৰুৱা
কেতিয়াবা কেতিয়াবা মোৰ তেজত,
একুৰা জুই জ্বলে
তেজৰ জুই, বুকুলৈ বিয়পে
মোৰ বুকুত,
একুৰা জুই কিয় জ্বলে ?
বুকুৰ জুইত,
বহু বাৰ জ্বলিছো
জ্বলি পুৰি মৰিছো
মৰি মৰি জী উঠি আকৌ দেখিছো
জুইৰে এটা আঙনি
মোৰ চকুত,
একুৰা জুই কিয় জ্বলে ?
কিয় জ্বলে ?
জুই কুৰা বুকুতে লৈ চিঞৰিলো,
কেৱল চিঞৰিলো
জ্বলি পুৰি ধোঁৱা হৈ উৰি গ'ল কন্ঠস্বৰ।
——————————
ফাগুনৰ আতিশয্যা
নীলাঞ্জনা শৰ্মা বৰুৱা
তুমি শিমলুৰ লঠঙা ডালত
ফাগুন হৈ ওলমিলে
মই সূতা চিগা চিলা হৈ পৰি ৰওঁ কোনোবা অচিন ঘাটত।
সেউজীয়া হোৱাৰ দুৰ্বাৰ বাসনাত গাই থাকো তুমি তুমি লগা বসন্তৰ কুঁহি কোমল গান।
হালধীয়া হ'ব নুখুজো বাবেই
ফাগুনী বাঁহীৰ সপ্ত সুৰে চুব নোৱৰাকৈ পিন্ধি লওঁ শিলৰ চোলা ।
মহীতলৰ উদং বুকুত
সৰাপাতৰ শেঁতা পৰা হাঁহি।
একাকিত্বৰ যন্ত্ৰণাত ধৰফৰাই থাকোঁতেই
নাজানো ফাগুনৰ নাভিতেই
কেনেকৈ অংকুৰিত হ'ল বসন্তৰ বীজ।
——————————
এদিনৰ বাবে তুমি অহা হ’লে
গকুল চৌধুৰী
এদিন বাবে তুমি অহা হ’লে
এদিনৰ বাবে তোমাক কাষত
পোৱা হ’লে
হয়তো মই মৰি মৰি জীয়াই
থাকিব নালাগিলহেঁতেন
হয়তো মোৰ মৃত্যুমুখী মন প্ৰাণ
জী উঠিলহেঁতেন
হয়তো কোনেও আৰু কোনোদিনে
নুশুনিলেহেঁতেন বিষাদৰ গল্প
কাহিনী কিম্বা নিঃসংগ নিশাৰ
উচুপনি ৷
এদিনৰ বাবে তুমি অহা হ’লে
মোৰ মনৰ কথাবোৰ তোমাক
ক’ব পৰা হ’লে কলোহেঁতেন
চকুলোৰে শিতানৰ গাৰু তিতি
যোৱা প্ৰতিটো উজাগৰী নিশাৰ
কতকথা ৷
চকুলোৰে মালা গথা প্ৰতিটো
পুৱা-গধূলিৰ বিষাদগাথা ৷
এদিনৰ বাবে তুমি অহা হ’লে
তুমি মোক বুজি পোৱা হ’লে
বুজালোহেঁতেন
তুমিহীনতাত স্তব্ধ মই
মোৰ দগ্ধ মন-হৃদয়ত মৰিশালিৰ
নিস্তব্ধতা
তুমিবিহীন মোৰ জীৱন- যৌৱন
আঁউসীৰ এন্ধাৰে আবৰা ৷
এদিনৰ বাবে তুমি অহা হ’লে
এদিনৰ বাবে মই তোমাক লগ
পোৱা হ’লে
তোমাৰ দুৰ্ভগীয়া প্ৰেমিকৰ মনত
সৃষ্টি হোৱা দুখ যন্ত্ৰণাৰে ভৰা আনৰ আগত কব নোৱাৰা
কথাবোৰ কব পৰা হ’লে আৰু
হয়তো কৰিবলগীয়া ন’হলহেঁতেন
দুখ যন্ত্ৰণাৰ মাজতো সুখী
হোৱাৰ অভিনয় ৷
এদিনৰ বাবে তুমি অহা হ’লে
খং-অভিমান সামৰি মোক
ভালপোৱা হ’লে আৰু হয়তো
লিখিবলগীয়া ন’হলহেঁতেন
স্মৃতিৰ পানচৈখনিৰ পৰা
তুমি উপহাৰ হিচাপে দি যোৱা
স্মৃতিবোৰ বুটলি আনি এটি
দুটি কৰি এমুঠিমান বেদনাসিক্ত
জীয়া কবিতা ৷
এদিনৰ বাবে তুমি অহা হ’লে
হিয়া মন উজাৰি তোমাক ভালপাব পৰা হ’লে দিলোহেঁতেন
আজীৱন সুখী হোৱাৰ অযুত
মৰম আৰু আশীৰ্বাদ ৷
আকৌ এবাৰ উভতি অহাৰ
অলেখ শুভেচ্ছা আৰু
শুভকামনা ৷
——————————
দূৰণি বাট
মধুস্মিতা শৰ্মা
তোমাৰ চকুলোৰে আঁকিম
মোৰ জীৱনৰ ৰঙীন উষা-
তোমাৰ নিশ্বাসৰ উষ্ণতাত
জীয়াম মোৰ শাওণৰ পথাৰ,
ভাগৰ বোৱাই তোমাক সজাম আঘোণী সাজত,
নিথৰ বুকুত গুজিম তৰাৰ দাপোণ ,
সদ্যস্নাতা দূৱৰিত জিলিকি থকা নিয়ৰৰ টোপালত
লিখিম মোৰ নিশাৰ বেথা,
তলসৰা শেৱালিক সুধিম জীৱন মানেনো কি ?
পপীয়া তৰাই ক'ব পোহৰৰ মাদকতা
কুঁৱলীৰ শুভ্ৰতাই জনাব শীতৰ সিক্ততাৰ উম
এনেকৈয়ে জীৱনক জীয়াম -সুখৰ বাট খান্দিবলৈ,
ৰামধেনু সাতো ৰং নাপালেও নাই
অলপ মাথোঁ সেউজীয়া,
তাতেই পোহপাল দিম মোৰ দুখুনী হিয়াক
ৰৈ আছো , ৰৈ থাকিম হ'লেও দূৰণি বাট।
——————————
হে মোৰ জীয়া-খোৱা সংগিনী
ড° আদিল আলী
মোৰ আছে এখন ভগ্ন হৃদয়
য'ত অঁকা আছে তোমাৰেই কমনীয়তাভৰা মুখমণ্ডল
হে মোৰ জীয়া-খোৱা সংগিনী
অসহায় জীয়াই থকাৰ বাসনা
সময় নিষ্ঠুৰ, কেতিয়া কেনেদৰে কাক হত্যা কৰে
আৰু কাক ৰাজভোগৰ আখলৰ পৰা দৰিদ্ৰতাৰ বাট লৈ পৰ্য্যৱসিত কৰে ইওঁ এক সাঁথৰ
মত-অমত, এটুকুৰা তীক্ষ্ণ বাখৰ
ই কেতিয়াবা বিচ্ছেদৰ ৰূপ লৈ
বহ্নি জ্বলাই ছাৰখাৰ কৰে
ৰঙীন সপোনৰ ইটাৰে গঢ়া
বুকুৰ মৰমেৰে ভৰা আপোন ঘৰ
সুখৰ আঁৰে-আঁৰে আহি দাম্ভিকতাই
মোক মেৰিয়াই লয় প্ৰকৃতিৰ কাল সৰ্প হৈ
আৰু
তছনছ কৰে সুখৰ অকৃত্রিম মৰমৰ সেউজীয়া ছাঁ
আকাশ, আকাশ হৈয়ে আছে;নদী, নদী হৈয়ে বৈ গৈ আছে সাগৰলৈ
আছে কেৱল মোৰ আশা আৰু মৰমৰ আধাৰত পোৱা গৃহত তুমি অবিহনে কেৱল শূন্যতা
য'ত কেতিয়াবা শুনিবলৈ পাওঁ নিঃসংগ পক্ষীৰ বিষাদ কলৰৱ
মোৰ জীউটি জীৱিত্ থাকিওঁ প্ৰায় মৃত
এৰি অহা জীৱনৰ স্মৃতিবোৰ এলান্ধু ধৰা বেৰৰ মকৰা জালত কীটপতঙ্গৰ খলাৰ দৰে ওলমি আছে ৰৈ।
———————————
জীৱন
অপৰূপা দত্ত
জীৱন !
মাথোঁ এক আন্ধাৰ ৰাতি,
জীৱন !
বেদনা আৰু যান্ত্ৰণাৰ অনুভূতি ।
পিছে ,কিয় নাজানো
জীৱন এক দৌৰ বুলি মানৱৰ যুক্তি
কিন্তু ই যে নহয় মোৰ মনৰ চুক্তি ,
যদি এয়ে হয়
তেন্তে ...
ঈশ্বৰৰ ওচৰত মোৰ কাতৰ প্ৰাৰ্থনা
যেন দি দিয়া মোক
জীৱনৰ পৰা মুক্তি I
আপোনবোৰৰ বিশ্বাসত বলি হ'লোঁ
চিন্তা নকৰি কিছু সিদ্ধান্ত ল'লোঁ
মধুৰ স্বপ্নবোৰ সিদিনাই কৱৰ দিলোঁ
আৰু
জীৱন বৃত্তক অকৰ্ম্মণ্য কৰি পেলালোঁ I
আছানে বাৰু প্ৰভূ তুমি !
হ'বানে মোৰ জীৱনৰ সাৰথি ,
মাথো এটি সৰু আশাৰ কলি হৈ
দিবানে বাৰু এক উজ্জ্বল দিপ্তী I
——————————
সুখ তৃষ্ণা
অঞ্জনা ৰূপা দাস
তোমাৰ দুচকুত জিলিকা ভাষাবোৰ,
তোমাৰ তেজাল মুখৰ
মিঁচিকিয়া হাঁহিবোৰ
মোৰ বাবে এতিয়া
এটা ওখোৰা-মোখোৰা অচিন পথ।
তোমাৰ সুঠাম বুকুৰ হেন্দোলনি তোলা উশাহ বোৰে
মোৰ কোমল কলিজাৰ ভাৱনাত
তাৰাঙ্গয়িত হৈ
শব্দহীন হৈ নিতাল মাৰে
মোৰ বেদনা গধুৰ শিলৰ বুকুত।
তোমাক স্পৰ্শৰ অভিলাষবোৰ
বিষাদৰ আঁচোৰত
তেজ ৰঙীণ অশ্রুৰ স্ৰোত বয়।
মোৰ হেঁপাহ বোৰ
মোৰ আশাবোৰ
নদীৰ মৰা সুঁতি হৈ
জীৱনৰ অৰ্থত
স্বপ্নভংগ চক্ষুত
শূন্যতাৰ প্ৰতিছবি আঁৰে।
তোমাৰ গোলাপ ৰঙী মুখৰ
মৰহা পাপৰিৰ নিৰস হাঁহিবোৰ
মোৰ শিলাময় কঠিন বুকুত
ৰঙা গোলাপ হৈ নুফুলে।
তোমাৰ সেই গোমোঠা
উকা মুখত বিচাৰি নাপাওঁ
শৰতৰ স্নিগ্ধ জোনাক,
নাবাজে নিৰ্জনতাত
মিলন বাঁহীৰ সপ্তসুৰ।
বাসনা বোৰ হয় ধূলিসাৎ
তোমাৰ কূটিলতাত।
সপোনবোৰ ভস্ম হয়
সুপ্ত বেদনাৰ জুইত।
নতুন আশাৰ সুবাস ছটিয়াই
কোন দিনা বাৰু ন দিগন্ত বিৰিঙাই
ন সূৰুযে ভূমুকি মাৰিব?
এজাক প্ৰেমৰপছোৱাই
শুকান বিৰিষৰ পাত সৰাব?
কোনদিন বাৰু এজাক শীতল বৰষুণে
দেহত সিক্ত প্লাৱন নমাব?
আৰু কোনদিনা বাৰু
তোমাৰ চকুত চকু থৈ
সুখৰ বকুল বুটলিম
ৰংমনে তিৰ্ বিৰ্ তৰালীৰ
জোনাক গলা ৰাতি?
সুখৰ ঠিকনা বিচাৰি
অদেখা জনক কৰিছোঁ কাকূতি।
——————————
হাস্পতাল
অমৰদীপ কলিতা
জীৱনৰ লগতে লালন হয়
নিতালে বুকুৰ অটব্যত শুই থকা মৃত্যু ৷
বাগৰ্ সলালেই
সিহঁতৰ মাজত চাগে প্ৰতিযোগিতা চলে-
'কোনখন বিছনাত কোন আগেয়ে সাৰ পাই' !
——————————
সৰাপাতে বসন্ত আন
দিপ্তী মনি গোস্বামী
ফাগুনৰ পছোৱাৰ পৰশত
সদ্য যৌৱনা হয় ধৰণী
উদং বৃক্ষৰ দেহত মেৰ লয়
খহি যোৱা মেথনি।
হালধীয়া সৰাপাতৰ বিৰহত
ঠনঠনকৈ ভাগে বাটৰুৱাৰ হৃদয়খন
কিন্তু আনন্দত আত্মহাৰা হৈ চেও ধৰি নাচে
পতঙ্গ পৰুৱাৰ গোপন বৈঠকখন।
কাৰণ, সৰাপাতৰ বুকুতেই
গজালি মেলিব পৰুৱাহঁতৰ সপোনৰ ঘৰখন
ধূলীয়ৰী ধুমুহাৰ পৰা থাওনি পাব
সেই একান্ত নিজৰ আলয়খন।
উদং বুকুত ধূলি ধুমুহাৰ অবৈধ চুম্বন সহি
বিষাদৰ ভাৱনা তেজি গুল্ম লতিকা বোৰো
হৈ পৰে আবেদনময়ী
যৌৱনমতী লাস্যময়ী ঋতু প্ৰয়াসী।
কাৰণ, প্ৰকৃতিৰ প্ৰেমিক ঋতুৰাজ বসন্তই
প্ৰেমৰ সম্ভাৰ লৈ খোজ পেলাব ধৰণীত
প্ৰণয়ৰ বাসনালৈ সেউজীৰ চুকে কোণে
বাজি উঠে মাথোঁ শৃংগাৰত গুঞ্জণ।
পলাশ মদাৰ শিমলুৰ সৰাফুল
নাহৰৰ ন-কুঁহিপাত পৰজীৱী কলিয়াই জাত জাত
কুলি কেতেকীৰ কণ্ঠত অমিয়া মধুপান
বসন্তক আদৰিবলৈ সেউজী হৈ উঠে জ্যোতিষ্মান।
—————————
স্পন্দিত মৃতদেহ: ক্ৰন্দন নিথৰ দেহৰ...
ৰাজলক্ষী বৰুৱা
মৃত্যু বনাম এটা জিৰাব খোজা ভাগৰুৱা আত্মা
যেন শিপাব খুজিও শিপাব নোৱাৰা মৰা গছ এজোপা...
ই যেন স্থিতি হেৰোৱা অবয়ব এটা
কি হ'ব পাৰে বাৰু ইয়াৰ ঠিকনা??
চলি আছোঁ চলি যাম বুলিলেইটো শেষ নহয় আর্তনাদ
কোনোবাই জানোঁ বুজিব পাৰিব - মাজ ৰাতি নিগৰি যোৱা সেই বিলাপ....
তেতিয়া সংগ বুলি, মাথো এটা ফেঁচাৰ নিৰৱচ্ছিন্নতাৰ কুৰুলি
ভাহি আহে কেৱল মাত্ৰ নিও নিও শব্দ: নহয় মঙ্গল উৰুলি....
ৰাতি পুৱাই দিন হয় ,ডুব যায় আবেলিৰ বেলি
কেতিয়াবাই কৰবাত যেন নিশ্চিহ্ন হৈ গ'ল সপোন সোণালী...।
—————————————————
0 Comments