পষেকীয়া কাব্যকানন ৬ষ্ঠ বৰ্ষ ২০তম সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------

বাটচ’ৰা

সম্পাদকীয়...


   অসম কাব্য কাননে ছয়বছৰীয়া বৰ্ণাঢ্য যাত্ৰাত সফলতাৰে আন এটি খোজ আগবঢ়াবলৈ সক্ষম হয়।

যোৱা ৪ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ চি আই টিত  দিনযোৰা কাৰ্যসূচীৰে অসম কাব্য কাননৰ উদ্যোগত গৌৰাং অধ্যয়ন চক্ৰৰ সহযোগত কথা কবিতা সমাৰোহ অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানতে প্ৰথমবাৰৰ বাবে বিভিন্ন প্ৰতিবন্ধকতাক নেওচি জীৱন জিনিবলৈ সক্ষম হোৱা বিটিআৰ ৰ মুঠ ২৬টা পৰিয়ালক অসম কাব্য কাননে অসম শিক্ষাপীঠ বঁটা-২০২৪ প্ৰদান কৰা হয়। দুপৰীয়া গৌৰাং নদীৰ পাৰত প্ৰীতিভোজ গ্ৰহণৰ পাছত গল্প আৰু সংগীতৰ জনপ্ৰিয় অনুষ্ঠান অতনু ভট্টাচাৰ্য আৰু মিতালী দে’ৰ গল্পকথা অনুষ্ঠিত হয়। 

    অসম কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীয়ে সভাপতিত্ব কৰা মুকলি সভাখন উদ্বোধন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড° প্ৰদীপ কুমাৰ পাত্ৰই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে নতুন দিল্লীৰ ড° মোহন পৰচাইন । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নেপালৰ সহযোগী অধ্যাপক ৰাজেন্দ্ৰ বৰাল, সাহিত্য অকাডেমী বঁটাপ্ৰাপক পদ্মশ্ৰী ড° মংগল সিং হাজোৱাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° হিল্লোলজ্যোতি সিংহ, অসম কাব্য কাননৰ উপদেষ্টা প্ৰদীপ চন্দ্ৰ শৰ্মা, পবিত্ৰ কুমাৰ শৰ্মা,ড° অঞ্জলি দৈমাৰী প্ৰমুখ্যে বৰণ্য ব্যক্তিসকল উপস্থিত থাকে। অসম কাব্য কাননৰ উপ সভাপতি তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° প্ৰহ্লাদ বসুমতাৰীৰ উদ্যোগত আৰু অসম কাব্য কাননৰ সম্পাদক তথা অনুষ্ঠানটিৰ আহ্বায়ক বিনীতা গোস্বামীৰ সহযোগত অনুষ্ঠানটি সফলতাৰে সমাপণ হয়।

  ডেৰকুৰি কবিয়ে বড়ো,ৰাজবংশীৰ লগতে অসমীয়া কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।


কবিতাৰ জয় হওক।

কবিতা এনেদৰে মানুহৰ হৃদয়ে হৃদয়ে গুঞ্জৰিত হওক।


বিনীত–

নৱ ৰাজন


অসম কাব্য কানন

—————————————————

কবিতাৰ  আড্ডা

[প্ৰসঙ্গ :'অকবিতা']

দয়  কুমাৰ  শৰ্মা


   কিছুমান শব্দৰ আগত 'অ' অব্যয়টো সংযোগ কৰিলে -- সি  বিপৰীত, নীহ বা নেতিবাচক অৰ্থ প্ৰকাশ কৰে। যেনে -- অকাল (অসময় বা অশুভকাল), অকৃতজ্ঞ (অশলাগী), অকীৰ্তি (দুৰ্নাম), অখাদ্য, অচল, অপদার্থ, অসভ্য আদি। 

    সুখী জীৱন যাপন কৰিবৰ কাৰণে -- জীৱ-শ্ৰেষ্ঠক, শিল্পৰ মাদকতাৰ প্ৰয়োজন ; কিয়নো, জীয়ায় থাকিব জনাটোও এটি কলা। আৰু সেয়ে, আমি গান শুনো, নৃত্য-নাটক-কথাছবি চাওঁ, ছবি আঁকো, বেহেলা বজাওঁ... । এনে সকলো সৃষ্টিমূলক কাম-কাজ : আমাৰ প্ৰাণৰ আহাৰস্বৰূপ। সকলো সৃষ্টিতেই থকা ৰসেই -- আমাক ৰসাপ্লুত কৰি, জীৱন  সাৰ্থক কৰি তোলে। 

    যিকোনো সৃষ্টিধৰ্মী লেখাই, সৃষ্টি কৰোঁতাৰ আপোন সন্তানলেখীয়া। চেনেহৰ সন্তানৰ নাম একোটা ৰখাৰ দৰে -- কবিতা, গল্প, উপন্যাস আদিৰো বিষয়ভিত্তিক বা সাংকেতিক নাম একোটা দিয়া হয়। (ৰহস্যময়তাৰ অৰ্থেই চাগৈ -- কবিতাতহে, কেতিয়াবা বিশেষ নাম নিদি, 'কবিতা' নামেৰেও কবিতা লিখা হয়।) 

    পঙ্গু-সন্তানৰ জন্ম হওক বুলি ভাবি, কোনেও সন্তান জন্ম দিয়াৰ কামনা নকৰাৰ দৰে -- 'কবিতা নহওক' বুলিয়েই, কোনেও কবিতা লিখিবলৈ নলয় নিশ্চয়। হয় : সকলো কবিতাই উৎকৃষ্ট নহয়। কবিতা একোটা, কেতিয়াবা কবিতা হৈ নুঠেগৈ। অথবা, কবিতাৰ নামত -- আত্মবিবৃতি (self statement) বা ৰচনা (essay) একোখনৰহে সৃষ্টি নোহোৱাকৈ নাথাকে। তেনে 'কবিতা'ক 'দুৰ্বল কবিতা' নতুবা 'কবিতাই নহ'ল' আখ্যা দিব লগা হ'ব পাৰে যদিও -- পঢ়ৱৈভেদে কবিতাৰ মান নিৰূপণৰ দৃষ্টিকোণও ভিন্ন হোৱাই স্বাভাৱিক। কিন্তু, সিবোৰক 'অকবিতা' বুলিম কিয়  ? 

    অগল্প, অনাটক, অউপন্যাস, অগীত, অনিবন্ধ হওক বুলিয়েই, কোনোবাই লিখিব পাৰেনে  ? যদি লিখেও -- সেয়া, লেখকৰ সুচতুৰ প্ৰচাৰৰ অপকৌশলত বাদে আন কি হ'ব পাৰে  ? 

    মানুহেই দিয়া নাম 'মিছামাছ'ৰ বৈজ্ঞানিক কাৰণ আছে। সি, 'অমাছ' নহয় কাৰণেইতো, আমাৰ তৃপ্তিদায়ক খাদ্য। 

     ৰুচি বা ৰসৰ প্ৰয়োজনত, নতুন চিন্তাৰ সন্ধানত -- অসমীয়াত 'জিভা-কেঁকুৰি', লিমাৰিক, কথা-কবিতা, খুদ-কবিতা, ধেমেলীয়া পদ্য, আপদীয়া পদ্য, স্তৱক, মিতভাষ, তিনিশৰীয়া / চাৰিশৰীয়া কবিতা, অণু-কবিতা, কণ-কবিতা, কুঁহি-কবিতা, এৱাঁ-কবিতা আদি নামেৰে, ভিন্ন গঢ়ৰ কবিতাৰ ধাৰা একোটাৰ সৃষ্টি কৰোঁতে -- কবিতাৰ মানলৈও লক্ষ্য নকৰাকৈ থকা হোৱা নাই। এইবোৰ, আমাৰ মনৰ খাদ্যস্বৰূপ। পিছে, 'অকবিতা' সৃষ্টিৰ মান আৰু লক্ষ্যবা কি? 'খাদ্য'ৰ বিপৰীতটো যিদৰে 'অখাদ্য' -- 'কবিতা'ৰ বিপৰীতটো তেনেদৰে 'অকবিতা' বা 'অতিকবিতা'। অখাদ্য খাব খোজোঁতাইহে 'অকবিতা' পঢ়িব পাৰে। অকবিৰদ্বাৰাইহে 'অকবিতা'ৰ সৃষ্টি সম্ভৱপৰ! 

      সেয়ে, ক'ব পাৰি : কবিতা যদি মধু-মঙ্গল, অকবিতা : অমঙ্গল  !

—————————————————

কবিতা


জীৱনটো যে

ৰমেশ চন্দ্ৰ ৰায় 


১.

জীৱনটো যে কি

এটুকুৰা পানী-বৰফ 


২.

ঝাল-মুৰিৰ সময়বোৰ 

চাগে জীৱনৰ ভাল সময়ৰ ভিতৰতে পৰে


৩.

আহিবা 

যেতিয়াই সময় পোৱা 

দুদিনমানৰ বাবে ওলাই যাম


ক'লৈ

সেইটো সময়ে ক'ব


৪.

ৰাতিৰ ৰে'লত উঠিম আৰু

দিনৰ নগৰবোৰ চাম


৫.

বেছি একো নানিবা 


লাই দিলে 

জীৱনে বহুত বিচাৰিব


৬.

জীৱনটোনো কি

এটুকুৰা পানী-বৰফ 


গলি গ'লে

বাঁহৰ কাঠি।

———————————

পকনীয়াৰ দৰে

প্ৰদীপ চন্দ্ৰ শৰ্মা

নদীখন পূৰ্ণযৌবনা 

হোৱাৰ সময়ত 

ভয়ে ভয়ে চাইছিলোঁ

এতিয়া সেই ভয় নাই 


পাহাৰবোৰ 

তেনেই লঠঙা হ'ল

আওমৰণযে কিমান ভয়ঙ্কৰ 

তুমি হয়তো নাজানা


তুমি হয়তো নাজানা 

সুখৰ বজাৰত 

দুখ বেচিব গ'লেহে 

বুজা যায় --

সকলো বিক্ৰেতা 

ক্ৰেতা কোনো নাই 


নদীখন শুকালে 

পাৰ হ'ম বুলি ভাবিলে 

পাৰি জানো গুচাব 

ওন্দোলা মেঘৰ কান্দোন 


পাকলগা কথাৰ আঁত হেৰাই 

দেওলগা নিজান ঘাটত -

আঁত হেৰাই 

নৈখনৰ পকনীয়াৰ দৰে...

———————————

ফাগুনৰ নৈশলিপি

ইপুল হুছেইন


ট্ৰেফিক পইন্টে পইন্টে  ফাগুন 

বাছ আস্থানে আস্থানে ফাগুন

বা লাগিলেই উৰা মাৰে তৰুণ- তৰুণীৰ মন

মই সৰাপাতৰ ভাঁজে ভাঁজে ৰ'দৰ অনুকল্প লিখা এটা অখ্যাত প্ৰাণী

দিনৰদিনটো মহানগৰৰ অলিয়ে-গলিয়ে ঘূৰি ঘূৰি

চিঙি যোৱা চেন্ডেল, মলীন পোছাক

কোনোবা এৰিস্টক্ৰেটিক আড্ডাৰ সন্মুখত ভুলতেও যদি এক্ষন্তেক ৰৈ দিছোঁ

'গেট্ লছ্ট' বুলি গালি পাৰি খেদি দিয়া হৈছে মোক

যাৰ অসমীয়া অৰ্থ হ'ল হেৰাই যা

সকলো মানুহৰেতো হঠাৎ হঠাৎ এই হেৰাই যোৱাৰ প্ৰৱণতা জাগে

ইহলৌকিক  জঞ্জালৰ পৰা পলাই সাৰাৰ ইচ্ছা জাগে

মৃত্যুয়ে নেকি সেই হেৰাই যোৱাৰ বাট !

নাই নাই মৃত্যু কিম্বা আত্মহত্যা প্ৰত্যাশিত হ'ব নোৱাৰে

জীয়াই থকাটোও যিহেতু এক প্ৰচণ্ড নিচা


তেতিয়া নিশা এক বাজি চল্লিচ মিনিট

সৰাপাতৰ বিছনাত ফাগুন লালকাল

ৰাজপথে ৰাজপথে তেতিয়াও মোৰ অবিৰত খোজ

মূৰ ডাঙি চাইছোঁ সুউচ্চ অট্টালিকাৰ শাৰী

খিৰিকীবোৰেদি তৰঙ্গায়িত হৈ আছে নৈঃশব্দ

হেৰাই গ'লনেকি মানুহবোৰ !

ওহঃ টোপনি গ'ল

মই নিশাৰ মহানগৰত তেতিয়াও লিখি আছোঁ অক্লান্ত ফাগুনৰ নৈশলিপি ।

———————————

হেৰোৱা হাতখন

পৱিত্ৰ কুমাৰ নাথ


ইয়াত এখন হাত আছিল

হয়, ঠিক ইয়াৰ পৰাই আৰম্ভ হৈছিল

এখন হাত , 

যিখন হাতেৰে তেওঁ 

কবিতা লিখিছিল –

মানুহৰ বিমল প্ৰেমৰ গুণ গায়  


এদিনাখন কবিতা এটা লিখোঁ বুলি

হাতখন বিচাৰি পোৱা নাছিল তেওঁ 


টেবিলত, ৰেকত, আলমাৰিত হাতখন নাছিল

নাছিল বিচনাত কিম্বা গাৰুৰ তলত, 

নাছিল ভৰি পতানত, 

পায়জামাৰ জেপত তথা ৰুমালৰ ভাঁজত


অকস্মাৎ কবিতা এটা দেখি

চিঞৰি উঠিছিল তেওঁ ... 

কবিতাটোৰ লগত হাতখনে উমলি আছিল


আচলতে হাতখন হাতৰ জাগাতেই আছিল

তেওঁহে বিচাৰি আছিল অ'ত ত'ত  !

———————————

নিয়ম

চয়নিকা ভূঞা 


নিয়মৰ নিয়মানুবৰ্তিতাত ভুলৰ আৰম্ভণি

ৰাইজেই গঢ়ে ৰাইজেই ভাঙে

সকলো দোষৰে দণ্ড আছে

কিন্তু 

সকলো বিচাৰ শুদ্ধ নহয়

সকলো বকবাচ

সকলো ভেকোভাওনা


কথাবোৰ পাকত পৰিবলৈ

বৰ বেছি সময়ৰ প্ৰয়োজন নহয়

সহজ নিয়ম

দুৰ্লভ জীৱন

তাকে লৈ হেতা-ওপৰা

ৰাজপাটত বহিবলৈ কাক নালাগে


জীৱন কচুপাতৰ পানী

তথাপিও 

অহংকাৰত গদগদ সময়


ঔ-তলা বাটত বিয়নীৰ মেল 

নিয়ম ভঙা নিয়মত দোষী সাব্যস্ত

সকলো বকবাচ

সকলো ভেকোভাওনা ।

——————————

ভালপোৱা সমীপেষু

(প্ৰেমৰ সপ্তাহ উপলক্ষে)

জাহ্নৱী হাজৰিকা


ভালপোৱাৰ বাবে কোনো বিশেষ দিন নাথাকে।ভালপোৱা কোনো হিচাপ নিকাচেৰে কৰা নাযায়।

ভালপোৱা মগজুৰ খেল নহয়।

হৃদয় আৰু আৱেগৰ দোলনিত

ভালপোৱাই বাগৰ সলাই গৈ থাকে আগলৈ।


ভালপোৱা মানুহজনক এষাৰ কথা নোকোৱাকৈয়ো

 ভাল পাই থাকিব পাৰি মনে মনে।

এসময়ত দিয়া মৰমৰ উপহাৰটো

তেওঁৰ অনুপস্থিতিটো ব্যৱহাৰ কৰি থাকিব পাৰি।

যিদৰে মলয়া পেহীয়ে আজিও চাদৰ খন পিন্ধে 

এক বিশেষ দিনত।


ভালপোৱাই সৃষ্টি আনে,

ধ্বংস ভালপোৱাৰ পৰিপন্থী।

ভালপোৱাৰ অবৰ্তমানত

 একেখন চালৰ তলত থাকিও

মানুহ বহু দূৰলৈ আঁতৰি যায়।

ভাল লগা বেয়া লগাবোৰ বুজিব অপাৰগ হয়।


কাৰোবাক ভাল পাবলৈ হলে প্ৰথমে তেওঁৰ প্ৰেমিক হব লাগিব।

যি কোনোদিনেই কাৰোবাৰ প্ৰেমিক নাছিল

ভাল লগাবোৰ ভালপোৱা হব কেনেকৈ তেওঁৰ লগত?


কিমান অসহায় হৈ কোনোবাই কাৰোবাক কব পাৰে,

ভাগ্যৰ ওপৰত এৰি দিয়া সকলো।

ভালপোৱা,ভাললগা,একাত্ম হোৱা।

কিছুমান কথা নিৰ্দিষ্ট এজনৰ লগতহে সম্ভৱ হয়।

যিদৰে কিছুমান জেগালৈ নিৰ্দিষ্ট মানুহৰ লগতহে যোৱা হয়।


সেই নিৰ্দিষ্ট শব্দৰ অবৰ্তমানত অসহায় হোৱা 

মুহূৰ্ত বোৰ সচাঁই বৰ ভয়ানক।

এই যে মানুহবোৰ দূৰে দূৰে থাকে।

সময়ত মাত এষাৰো দিব নোৱাৰে।

অথচ হৃদয়েৰে স্পষ্টকৈ কথা পাতে।


এৰা!হৃদয়ৰ ভাষা ইমান স্পষ্টকৈ শুনাৰ পাছত 

মাত এষাৰৰ প্ৰয়োজনেই বা ক'ত?

কিম্বা লগ হোৱাৰ প্ৰয়োজনেই বা ক'ত?


ভালপোৱাই নিচুকায়।

ভালপোৱাই কন্দুৱায়।

ভালপোৱাই হহুঁৱায়।

ভালপোৱাই প্ৰেমৰ জুনুকা বজায়।

প্ৰেমৰ ৰুণজুন বৰষুণত ভালপোৱাবোৰ তিতে।


ভালপোৱা স্বৰ্ণাভ চাৰিটা আখৰ।

ভালপোৱা সাঁথৰ

ভালপোৱা চিৰন্তন

ভালপোৱা বুকুৰ বাখৰ।


ভালপোৱাৰ কোনো দিৱস নাই।

ভালপোৱা নিৰৱধি।

সময়ৰ আৱাহনী সোঁতত বৈ থকা এক 

জীয়া বোৱঁতী সুঁতি।

———————————

লাগে লাগে নালাগে কি 

ৰূপা গগৈ


লাগে লাগে লাগে 

নালাগেনো কাক কি ? 


ধন লাগে , মন লাগে , জন লাগে

লাগে ঘৰ-মাটি-বাৰী, গাড়ী 

সুখী হ'বলৈ

আৰুনো লাগে কি ? 


ধনবান এজনাই এদিন এজন নিচলাক ক'লে,

লাগে লাগে সকলো লাগে 

লাগ বুলিলেই সকলো পায় হাতত ধন হ'লে 

কিন্তু নাপায় মাথোঁ কিনিবলৈ সুখ-শান্তি আৰু মানৱতা , সঁচা প্ৰেম ভালপোৱা 

এই কেইটা বিচাৰি কৰি থাকোঁ 

দিন-ৰাতি হাহাকাৰ একাকাৰ।


নিচলাই গহীনাই ক'লে,

হে ধনবান , আহিবা এদিন মোৰ  পঁজালৈ 

যিদিনা মোৰ মৃত্যুৰ বাতৰি পাবা

 শ্মশানলৈ এটি মাৰিবা পাক

কাণপাতি শুনিবা চিতাৰ কাষত ৰৈ ,জীয়া মানুহে 

মোৰ বিষয়ে কৰা আলাপ-আলোচনা আৰু

চিতাভষ্ম ঠাইলৈ এখন্তেক ৰৈ মৌন হৈ চাবা

কিজানি বিচাৰি পোৱা তাতেই শান্তিৰ ঠিকনা !


শ্মশানৰ পৰা ঘূৰি আহিবা মোৰ পঁজালৈ

মোৰ আপোন মানুহবোৰৰ মুখলৈ চাবা 

দেখা পোৱা বা কিজানি শোকাতুৰ মুখবোৰত সঁচা প্ৰেম ভালপোৱাৰে উপচি থকা 

তেতিয়া বুজিবা সঁচাকৈ ধনেৰে সুখ-শান্তি , ভালপোৱা কিনিব-বেচিব জুখিব পাৰি নে নোৱাৰি । 


মোৰ মৃত্যুৰ বাতৰি যদিও নহয় বিশেষ বাতৰি 

তথাপি  মই নাই বুলি শুনিলে 

আহিব গাঁৱৰ জ্ঞাতীসকল  দৌৰি 

দেখিবা কোনে কাক কিদৰে কৰিছে শুশ্ৰূষা 

কিদৰে বুজাইছে কোনে কাক 

কিদৰে কোনে ক'ত আগবঢ়াইছে হাত

তাতেই পাবা মানৱতা বিচাৰি 

যদিও পৰা নাই হে ধনবান 

তোমাৰ দৰে ধন-সোণ, মণি-মুকুতাৰে জিলিকাব এখনি ঘৰ 

তেজ-মঙহ , হাড় -ছাল , চকুপানীৰে 

সাজি থৈ এটি জুপুৰী 

সেইটো কিন্তু ধনীৰ অট্টাল্লিকাতকৈ কোনো গুণে কম নহয় 

নহ'ব পাৰে আকাৰত বিশাল , সুউচ্চ

সেইবুলি পঁজাটোৰ কিন্তু বিশেষত্ব ঠেক নহয় ।


কিয় জানানে বন্ধু 

ঘৰখনত নাই  কোনো গৃহ কন্দল 

নাই কাৰো মনত উচ্চ-নীচ ভেদভাৱ 

আছে মাথোঁ মিলাপ্ৰীতি , বুজাবুজি , ধৈৰ্য্য , সহনশীলতা , নিষ্ঠা , সততা , বিশ্বাস ,একতা , ক্ষমা , পৰোপকাৰ ,  নিঃস্বাৰ্থ ত্যাগ 

লাগে লাগে হে ধনবান 

ধন-দৌলতৰ  বিনে এইসোপাকে লাগে 

হ'বলৈ সুখীবান । 

——————————

মৃত্যুৰ পৰিচয়

পৰাণ জ্যোতি ভূঞা


"মৃত্যুওতো এটা শিল্প

জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য !"

কথাষাৰ নাজানো শুদ্ধনে অশুদ্ধ

পিছে মৃত্যু এক সত্য আশ্বৰ্য  


দেখে জানো মৃতকে

মৃত্যুৰ পিছৰ দুখৰ দৃশ্যবোৰ, 

পৰিয়াল, বন্ধুবৰ্গৰ কান্দোন, হুৱাদুৱা

শৱ যাত্ৰা আৰু অন্তিম সৎকাৰ

শুভাকাঙ্খীৰ বিভিন্ন আয়োজন

শোকসভা, স্মৰনিকা,স্মৃতিচাৰন

পৰিয়ালৰ ব্ৰতপালন, দহা-কাজ

আলহী-অতিথিৰে ভৰপূৰ উখলমাখল তেওঁৰ ঘৰখন  

আৰু ক্ৰমান্বয়ে লোপ হোৱা  

শোকৰ ঢৌবোৰ শ্ৰাদ্ধৰ শেষত  ?


মৃত্যু হেনো এনেকুৱাই

সন্মান, মৰম ,শ্ৰদ্ধা কিম্বা প্ৰাপ্যবোৰ

মৃত্যুৰ দুদিনমানলৈকে শিপায় 

লাহেকৈ দুখবোৰ হেৰায়

মৰহে স্মৃতিৰ ছবিবোৰ ক্ৰমান্বয়ে

পাহৰনিয়ে উটুৱাই নিয়ে

দুখৰ বীজবোৰ

জীৱনৰ এইয়া চিৰন্তন সত্য 

অনিবাৰ্য আৰু অপ্ৰিয় আশ্বৰ্য

এইয়াই  মৃত্যু শাশ্বত

জীৱনৰ নিৰ্মোহ ভাস্কৰ্য

————————————————

লৃগাঙৰ জাননি

দেবানন্দ পেগু


ফাগুনৰ পচোৱা বতাহ জাক কাণে কাণে কৈ গ'ল,লৃগাং আকৌ আহিল।অই নি:তমৰ পৰশৰ বাবে বাট চাই আছে শিমলু,মদাৰৰ ফুল


কেটাং টাং,কেটাং টাং, অইকলিৰ তাঁতশালৰ শব্দ কাণৰ কাষতেই বাজিছে। মোৰ বাবে বয় দিছে চাগৈ গন্‌ৰ' উগন,মিব' গালুক,টঙানি দুমেৰ


  কালৈ ৰৈ আছে অকলশৰে এজনী গাভৰু মূৰত উৰণি লৈ, খোপাত গুজিছে ৰঙা ৰঙা ফুল, হাত বাউল দি মাতিছে লৃগাং আহিল বুলি।

 

দূৰৈত শুনিছো ঢোলৰ চেৱ,ৰজন জনাইছে আকাশে বতাহে,আল-ফুলে নাচি থকা নাচনি, কাৰোবাৰ চোতালত দেখিছোঁ,এয়াই চাগে লৃগাঙৰ জাননি।


যোৱাবাৰ লৃগাঙত বান্ধিছিলোঁ বালিঘৰ, পানীয়ে ভাঙি থৈ গ'ল।লৃগাং আহিলে আকৌ সাজিম মৰমৰ পঁজাটি,পানী সোঁতত উপঙি থাকিব,ফাগুনৰ পচোৱাত শিমলু তোলা হৈ উৰিব। তাতেই সপোনবোৰ উমলি থাকিব।লৃগাঙত তুমি নাহিম বুলি নক'বা।

———————————

উক্ মুকনি

কেশৱ বৰুৱা


চুহা পুক এটাই

চুহি আছিল এখন অৰণ্য

সেউজীয়া খিনিৰ লগতে

ক্ৰমাৎ শুকাই আহিল

এখন নদী আৰু

মোৰ তেজ


এতিয়া

ভৰিৰ পৰা মূৰলৈকে বালি

আতুৰ আত্মাই বিচাৰিছে

উটৰ ডিঙিৰ ছাঁ।

——————————

আশা

ৰিংকু বৰুৱা


তোমাৰ মৌন্নতাত বৈ যায়

তপত অশ্ৰুৰ নিজৰা


তথাপি উমান লওঁ

তোমাৰ স্হিতি;

জীৱনৰ স্বাশ্বন্দ্য

বিচাৰি বিচাৰি বগুৱা বাই সোমাব খোজো 

তোমাৰ বন্ধ আবেষ্টনিত।পানীতলত অলপ পানীত

 ইচাত বিচাত কৰি

 ৰৈ থকা মাছ বোৰৰ দৰে;


ৰৈ থাকো মই,

 কঠিন মাটিত

 চেপাখাই ৰৈ থকা

 ভেকুলী বোৰৰ দৰে

 আকাশলৈ চাই । 

কিজানি শেঁতাপৰি যোৱা ওঁঠলৈ আহেইবা উমাল উত্তাপ।


কিজানি আহেই বা

 মুখলধাৰে এজাক বৰষুণ।

তিতিবুৰি তোমাৰ সৈতে

জুৰুলি-জুপুৰি হৈ

ছাইবৰণীয়া জীৱনত

চাবলৈ মহা জীৱনৰ স্বপ্ন।

———————————

পৰিবৰ্তন 

ৰুমী সেনাপতি ভূঞা


সকলোতে মাথোঁ পৰিবৰ্তন 

উত্তাল বতাহ বলিছে 

হয়তো যুগৰ বতাহ 

সৃষ্টি বনাম ধ্বংসৰ 


বিবৰ্তনৰ দ্ৰুত প্ৰৱাহ 

মানসিকতাৰ হেন্দোলনি 

আত্মীয়তাৰ ছাঁ-পোহৰ 

কৃত্ৰিমতাৰ মখমলী আৱৰণ 


প্ৰকাশি-লুকুৱা পৰিচয় 

ৰহস্যৰ অভেদ্য মায়াজাল 

ক্ষণে ক্ষণে পৰিস্থিতিৰ পকনীয়া 

সঁচা - মিছাৰ অবোজ প্ৰহেলিকা 


পৰিবৰ্তন মাথোঁ পৰিবৰ্তন 

সময়-বতৰ-ঋতু-প্ৰকৃতিৰ

সকলোতে বিচিত্ৰতাৰ পয়োভৰ 

গতিময়তাৰেই যেন বাচকবনীয়া স্বৰূপ !

———————————

ফাগুন অহাৰ বাটে

অঞ্জনা ৰূপা দাস


ৰৈ আছোঁ মই  বাউলী হৈ

ৰঙৰ আঁচল উৰাই 

নীলা আকাশক

সেন্দুৰবুলীয়া

ৰঙীন আবিৰ ছটিয়াই


যি বাটে ফাগুন আহে

ৰৈ আছোঁ মই  উদং পথাৰৰ 

মুকলি আকাশৰ তলত

 ফাগুনৰ উতনুৱা পছোৱা জাকে

 লঠঙা কৰিব মোৰ

সালংকৃতা দেহ। 

এছাটি মৃদু মলয়া ই

সৰাপাত উৰুৱাই

ধূলিয়ৰি বাটেদি

হেলেঙি বোলাই

নৈ পাৰৰ কঁহুৱা ডৰাত

উলমিব আবেলিৰ 

হেঙুলীয়া বেলি। 

 পলাশ, শিমলু, মদাৰৰ

 ৰঙা কলিজাৰ জুই ফুলত

বুলবুলি ঠোঁটেৰে আঁকিব

 মায়াবী সপোন। 

চঞ্চলা ফাগুনৰ প্ৰেমৰ পছোৱা জাকত

নদীৰ শুকান বালিতু

দেখোঁ ৰূপালীৰ প্ৰাণৱন্ত হাঁহি। 

 উৰুঙা পথাৰত

 আশাৰ সপোনে

সেউজী বোল সানি, 

ফাগুনৰ বুধবাৰত

আলি-আই-লিগাঙত

ঘূণাসুঁতি পাৰলৈ 

জংকী -পানৈ আহিব। 

ৰৈ আছোঁ মই সেই বাটত--

 ৰিব্  ৰিব্  মলয়াই

 উৰুৱাই আনিব

 সৰাপাতত বসন্তৰ 

প্ৰেম প্ৰাচুৰ্য্যৰ চিঠি। 

  সৰ্ সৰাই উঠা

সৰাপাতৰ উচুপনিত

 ন-সপোনে কুঁহিপাত মেলিব। 

   ৰৈ  আছোঁ মই

 বৰদৈচিলাজনী বাউলী হৈ

 মাকৰ ঘৰলৈ যোৱাৰ

আশাৰ দীঘলী বাটত--। 

 মাকৰ নেওঠনিত সূতা, 

মুহুৰা বেছিকৈ ঘূৰিব । 

বাউলী বৰদৈৰ কঁকাল 

পাকতে ঘূৰিব। 

বৰদৈৰ বাউলী কেশ বিন্যাসে

 মোৰ বুকুত দকৈ শিপাব

 কবিতাৰ উক্ মুকনিত

  দুষ্ট ফাগুনৰ সপোন বোৰ

 ফাগুনৰ আশা বোৰ

 আজলি ভৰাই কাচলিত বান্ধি

জীপাল কৰি ল'ম মোৰ

 কবিতাৰ ফুলনি-

 য'ত ফুলিব মোৰ 

এপাহি ৰক্ত গোলাপ

 হাঁহি ৰ'ব মোৰ উমাল কলিজাত।

ৰৈ আছোঁ আজিও মই

আকুলতাৰে--

ফাগুনৰ প্ৰেমৰ বতাহ ছাটিলৈ

যি প্ৰেমেই লিখিম মোৰ

সুগভীৰ হিয়াৰ 

ধ্রুপদী কবিতা, 

 দুলি দুলি  স্পন্দিত 

 হিয়াৰ শবদেৰে

 আলফুলে  গঢ় ল'ব

 সজীৱ আকুলতাৰ মালিতা, 

 মোৰ গভীৰ প্ৰেমৰ

 শৃংখল ধাৰাবাহিকতা, 

 মোৰ এধানি হিয়াৰ কবিতা।

———————————

যাত্ৰা

দিপ্তী মনি গোস্বামী


পলাশে আবিৰ সনা মোহময়ী মোৰ যাত্ৰা

ধেনুভিৰীয়া চুটি দীঘল অনেক ৰাষ্টা,

নাজানো সীমনাৰ শেষ ক'ত?

মোৰ সপোনে পাহি মেলিব য'ত


অবিৰত যাত্ৰা মোৰ সংগ্ৰাম অবিৰত

চাকনৈয়া পকনীয়াৰ মাজত

অচিন পথৰ অচিন পদধূলি

কেনেকৈ কাক কম ম‌ই হৃদয় খুলি?


হয়তো হ'ব পাৰে মোৰ অন্বেষণ

পৰ্বতৰ টিঙত কাছ কণী বিচৰা

নাইবা আকাশী যানৰ পৃষ্ঠত

গভীৰ সমুদ্ৰ চোৱাৰ প্ৰয়াস কৰা


তথাপিও আশাবাদী মনে

যাত্ৰাত অগ্ৰসৰ দিনে প্ৰতি দিনে

ফাগুনৰ আবিৰ গালে মুখে সানিবলৈ

সপোনৰ কাৰেঙত এপলক জীৰাবলৈ।

———————————

বনে বনে ৰঙে ৰঙে

মৰমী কাকতি


তেজৰঙী ফুলবোৰে

স্বাগত জনাই আমাক ৰিঙিয়াই আছে

বনে বনে


শিমলু ফুলবোৰৰ তেজ বিৰিঙি

নৈপৰীয়া গাভৰু জাকৰ ওঁঠত চিটিকি পৰিছে

নদীখনে ৰং সাবটি নিতাল মাৰিছে


আমি দুয়ো 

বনৰ নিৰলত ৰঙৰ মেলাত 

ৰঙৰ পোহাৰ মনৰ গভীৰত


বনত পলাশৰ লাভা

মদাৰৰ আৰক্ত আভা


আকাশত শিমলুৰ জুই

যৌৱনমতী গাভৰু গালত পলাশৰ জুই


পলাশ মদাৰ শিমলু ফুলবোৰে

বনে বনে ওপঙে ৰঙে ৰঙে 

সুৰীয়া গীতৰ তালে লহৰ তুলে


ৰঙীন ছবি বুকুৰ অৰণ্যত আঁকি

তুমি মই

নদীৰ পাৰে পাৰে

অপৰাহ্ন বেলিটোৰ

খোজে খোজে।

———————————

ফাগুন হৈ আহিবা তুমি 

গকুল চৌধুৰী


ফাগুন হৈ আহিবা তুমি 

পলাশ - শিমলু হৈ ফুলিম মই 

শব্দ - বৰ্ণ হৈ থাকিবা তুমি 

প্ৰেমৰ কবিতা লিখিম মই ৷


এজাক ধুমুহা হৈ বলিবা তুমি 

ধূলি হৈ তোমাতে মিলিম মই 

এচাটি বতাহ হৈ চুই দিবা তুমি

কমোৱা তুলা হৈ উৰিম মই  ৷


মেঘ হৈ ওন্দোলাই আহিবা তুমি 

তোমাক চাই চাইয়ে উতলা হ’ম মই 

কলা ৰং হৈ কাজল সানিবা তুমি

নিলা আকাশ হৈ বুকু পাতি দিম 

মই ৷


ডাৱৰ হৈ বৰষিবা তুমি

মাটি হৈ আকোঁৱালি ল’ম মই 

টুপ টুপ বৰষুণ হৈ সৰিবা তুমি 

তোমাতে প্ৰেমৰ পিয়াহ পলুৱাম মই ৷


আকাশত জুইফুল হৈ জ্বলিবা তুমি 

অনাদি অনন্তকাললৈ উজলি

ৰ’ম মই 

মদাৰৰ তেজৰঙা ৰঙেৰে ৰাঙলী

হ’বা তুমি

তোমাৰ মুঠি মুঠি ৰঙেৰে ৰঙীন

হ’ম মই৷


ফাগুন হৈ আহিবা তুমি

পাহাৰ হৈ আদৰি ল’ম মই 

অপূৰ্ণ হৈও জীপাল কৰিবা তুমি

ভৈয়াম হৈ সাৱটি ল’ম মই৷ 


প্ৰকৃতি হৈ আয়োজন কৰিবা তুমি 

ঋতু শীতকালৰ সামৰণি উৎসৱ

অৰণ্য হৈ উদ্‌যাপন কৰিম মই 

পৃথিৱী হৈ আয়োজন কৰিবা তুমি

ঋতু বসন্তকালৰ আদৰণি উৎসৱ

উপত্যকা হৈ উদ্‌যাপন কৰিম মই 


পলাশ বননি শুৱাই আহিবা তুমি

এই বন ভূমিত ৰৈ আছোঁ মই 

এদিন এখন্তেকৰ বাবে হ’লেও

প্ৰেমিকা হৈ মনৰ কথা কবা তুমি

প্ৰেমিক হৈ মনৰ কথা শুনিম মই ৷


আউলী বাউলী হৈ আহিবা তুমি

বলিয়া হ’বলৈ বাট চাই আছোঁ মই 

ৰিক্ত , শুকান , ৰুক্ষ হ’লেও তুমি

তোমাৰ স্পৰ্শৰে পূৰ্ণ হ’ম মই ৷


সৃষ্টিৰ বা-বতৰা হৈ আহিবা তুমি

তোমাক সাঁচিপাতত আঁকিম মই 

মোলৈ মনৰ মৰম যাচিবা তুমি

তোমালৈ হিয়াৰ ভালপোৱা যাচিম মই ৷


মাঘৰ শেষত আহিবা তুমি

তোমাতে বিলিন হ’ম মই

চ’তৰ আগত যাবাহি তুমি 

আকৌ অহালৈ অপেক্ষা 

কৰিম মই ৷ 


এজাক পছোৱা হৈ বলিবা তুমি

এজোপা গছ হৈ ৰৈ থাকিম মই 

ফাগুন হৈ আহিবা তুমি 

শুকান সৰাপাত হৈ সৰিম 

মই।

———————————

ফাগুন 

দিৱ্য জ্যোতি নাথ


ফাগুন আহিছে 

গছ-পাতবোৰ হালধীয়া 

পৰি শুকাই আহিছে 


শুকান পাতবোৰ তল

ভৰি সৰিছে 

লঠঙা ডালত বহি কুলি চৰাই কান্দিছে 

উচুপি উঠিছে কুলি চৰাই মন

কোন ক’ত হেৰাল বাৰু 

কাৰ বুকুৰ ধন 


আহিছে ফাগুন 

তৰাবোৰ দেখোন উপচি পৰিল 

আজলী জোনবাই জনীও 

গহীন হৈ পৰিল 


আঘোণৰ সোণালীত 

বুকুত জীৱনৰ মেলা 


নতুবা ফাগুনৰ শুকান জুইত 

মৃত্যুৰ খেলা 


হব পাৰে জীৱনৰ সামৰণিত 

ধোঁৱা আৰু এসোপা ছাঁই ।

———————————

ফাগুন

ৰূপালী মেধী নাথ


ফাগুন মানেই 

উন্মনা প্ৰেমৰ অনুভব 

মন মতলীয়া হোৱা বতৰ 

ৰংচঙীয়া হৈ ফুলি 

বিৰিখৰ  ডাল ভৰি 

শিমলু,পলাশ, মদাৰ ফুলে

চাৰিওফাল ৰঙেৰে উপচে

 ৰাংঢালি হৈ হালি-জালি 

নাচে গায় উলাহতে ....। 

শুকান আলি-পদূলি  

ধূলিয়ৰি ওৰণি  টানি 

উন্মুক্ত পচোৱাৰে

বাটৰুৱাৰ আঁচল নিয়ে উৰুৱাই... 

ধৰাৰ বুকুলৈ বৰষা নামি 

লঠঙা গছ বনে কুঁহিপাতৰ জিলিঙনি

প্ৰকৃতি ৰাণী যেন হৈ পৰে শুৱনি.... 

ডালত পৰি 

কুলি,কেতেকী বন বিহগী 

বসন্তৰ বিলাই আগ জাননী... 

এয়াই ফাগুন,ৰূপে-গুণে 

 অতি বিতোপন।

 ———————————

দিচাং 

ৰাতুল চেতিয়া ফুকন


মই অকপতে স্বীকাৰ কৰোঁ

মোৰ প্ৰেয়সীৰ নাম দিচাং।

যাৰ পলসুৱা প্ৰেমে সেউজীয়া কৰে

দুপাৰৰ পথাৰ

ভবিষ্যতৰ সোনালী স্বপ্ন।

প্ৰেয়সীৰ অভিমানত কেতিয়াবা গড়া খহে

তচনচ কৰে চেনেহৰ বান্ধোন।

তথাপি ভাল পাওঁ

কথা পাতো প্ৰে‌য়সীৰ সতে

প্ৰতিদিন সুমথিৰা আবেলি।

মাছমৰীয়াৰ নাওখনত উঠি

জোনটো উজাই আহে 

প্ৰেয়সীৰ বুকুৱেদি ৰাতি ৰাতি 

মই চাই থাকোঁ অপলক ।

কাৰণ

মই অকপতে স্বীকাৰ কৰোঁ

মোৰ প্ৰেয়সীৰ নাম দিচাং।

———————————

পৰাশী

ডাঃ বন্দনা তামুলী


পৰাশী

তোমাক হঠাৎ দেখিলো

সেইদিনা চিটি চেণ্টাৰত

দুচকুত কাজল সনা

হয়তো তোমাৰ লগত পুত্ৰ আছিল

দুৰৈৰ পৰাই মন কৰিছিলো

এতিয়াও ধুনিয়া জনী হৈয়েই আছা


মইতো এতিয়া পাহৰনিৰ গৰ্ভত

তুমি হয়তো নাজানা

মোৰ গোটেই শৰীৰত প্ৰবাহিত হৈ থকা

ৰক্ত যেন জুই সনা


জোনাক ভাল পোৱা পৰাশী

এতিয়া মুৰৰ ওপৰত কিমান বিজুলী চাকি

কিমান আধুনিকতাৰে সজ্জিত

সেই সৰল মনা ছোৱালী


মোক সোধাচোন সময়ৰ কথা

কোনে তৈয়াৰ কৰিছিল

ছেকেণ্ড আৰু মিনিটৰ কাঁটা

সময়বোৰ যে ধৰি ৰাখিব নোৱাৰি


শীতৰ ৰাতি মৌন জড়

অথচ অতীতে মনত জপিয়াই থাকে

ঘৰৰ ভিতৰত বাহিৰত


তৰা ভৰা আকাশৰ

চন্দ্ৰমাৰ সৈতে খেলি থাকা কিয়

এতিয়াও বিচাৰিলে পাবা

জীৱন নদীৰ পাৰতে

জুই সনা তেজৰ স'তে ৷

———————————


Post a Comment

0 Comments