পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ ১৯তম সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

     শেহতীয়াকৈ কবিতাৰ প্ৰতি মানুহৰ ৰাপ বৰকৈ বাঢ়িছে। কবিতা লিখা মানুহৰ সংখ্যা বাঢ়িছে।তাৰ সমান্তৰালকৈ  কবিতা পাঠৰ প্ৰতি আগ্ৰহীৰ সংখ্যাও আশাতীত। কিন্তু বৰ্তমান কাব্যজগতত কবিৰ সংখ্যা বাৰু কিমান ? 
     বৰ্তমান মৰিগাঁও জিলাৰ বাৰপূজীয়াত  অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে। আদৰণী সমিতিৰ কবি সন্মিলন উপ সমিতিৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰা হৈছে। অনুষ্ঠানটি নিয়াৰিকৈ পৰিচালনাৰ হেতু নিৰ্ধাৰিত সময়ৰ ভিতৰত নগাঁও আৰু হোজাইৰ লগকে অসমৰ বিভিন্ন জিলাসমূহৰ বিশেষকৈ  মৰিগাঁৱৰ কাব্যনুৰাগী সকলৰ এখন কবি সন্মিলনৰ দিহা কৰা হৈছে। সময় যিহেতু নিৰ্ধাৰিত গতিকে আমন্ত্ৰিত কবিৰ সংখ্যাও সীমিত। আমি মৰিগাঁও জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ সম্পাদকৰ দৰে দায়িত্বও পালন কৰি থকাৰ বাবে জিলাখনৰ প্ৰতিটো শাখাই প্ৰতিনিধিত্ব কৰিব পৰাকৈ প্ৰতিটো শাখাৰ পৰা এগৰাকীকৈ কাব্যনুৰাগী শাখাসমূহৰ পৰা প্ৰেৰণ কৰিবলৈ সাখাৰ সভাপতি আৰু সম্পাদকক আমি জনাইছিলোঁ। কিন্তু শাখাই এজনকৈ কাব্যনুৰাগী বাচনি কৰিবলৈ গৈ  বিপাঙত পৰিছে। কবিতা পাঠৰ বাবে আগ্ৰহী কাব্যনুৰাগীৰ সংখ্যা আশাতীত। কিন্তু আমি উপায়হীন। 
   সকলোৰে হেঁপাহ ,নিজৰ ঠাইখনত অনুষ্ঠিত বৃহত্তৰ জাতীয় অনুষ্ঠানটিত এটি কবিতা পাঠ কৰাৰ। কবিতা পাঠৰ বাবে অহা অনুৰোধ, আগ্ৰহে এইকেইদিনত যথেষ্ট বিৰক্ত কৰিলেও কবিতাৰ প্ৰতি এই ধাউতিয়ে বহুকেইটা ধনাত্মক দিশ উন্মোচিত কৰিছে। 
    এতিয়া আঁচল কথা হ’ল-অধ্যয়ন-চৰ্চা আৰু সাধনাৰে কবিতাৰ উৎকৰ্ষ সাধন । কবিতাৰ প্ৰতি এই প্ৰেম, এই অনুৰাগক এক ছিৰিয়াছ মাত্ৰা প্ৰদান কৰাই 
হ’ব লাগে কাব্যনুৰাগীৰ মূল লক্ষ্য আৰু কৰ্তব্য।

বিনীত—

নৱ ৰাজন
সম্পাদক
কাব্য কানন
—————————————
কবিতাৰ আড্ডা
[শব্দ]
উদয় কুমাৰ  শৰ্মা

     কবিৰ অনুভৱ বা একোটা চিত্ৰক -- কোনবোৰ শব্দই  প্ৰাণৱন্ত ৰূপত ফুটাই তুলি  পঢ়ুৱৈৰ মনত, সেই অনুভৱ বা দৃশ্যক জীৱন্ত কৰি তুলিব পাৰে : কবিতাত, কবিয়ে তাৰেই নিৰন্তৰ সাধনা কৰি থাকে। 
     অতিব্যৱহাৰত ক্ষয় যাবলৈ ধৰা শব্দকো -- কবিয়ে, নতুন চিন্তাৰে নকৈ নিৰীক্ষণ কৰি তেজোদীপ্ত কৰি তুলিব পাৰে। 
    শব্দ-প্ৰয়োগৰ কিটিপ বা যাদুৰে -- কবিয়ে, সাগৰ নেদেখা পাঠকক, সাগৰৰ তলিখনো চকুৰ সমুখত ভহাই তুলিব পাৰে ।
—————————————
লিমাৰিকৰ স্বৰূপ আৰু বৈশিষ্ট্য:-
পৰাণ জ্যোতি ভূঞা
 
 পঞ্চপদীৰ আগকথাত  লিখিছো,- "লিমাৰিক হৈছে পাঁচটা শাৰীৰ এক ছন্দযুক্ত স্তৱক । লিমাৰিকৰ গাঁথনিটো ক-ক-খ-খ-ক বিন্যাসত গঠিত । সহজ ভাষাত কবলৈ গলে, প্ৰথম,দ্বিতীয় আৰু পঞ্চম শাৰীৰ অন্তিম ছন্দ একে হব লাগে । তেনেকৈ তৃতীয় তথা চতুৰ্থ শাৰীৰ অন্তিম ছন্দ একেই আৰু এই দুশাৰীৰ দৈৰ্ঘ্য বাকী তিনি শাৰীতকৈ চুটি হোৱাটো বাঞ্ছনীয় । এই গঠন প্ৰনালীটো অসমীয়া লিমাৰিকৰ বাটকটীয়া ডঃ মহেন্দ্ৰ বৰাদেৱৰ এটি লিমাৰিকৰ সহায়ত বুজিবলৈ সুবিধা হব ।
ভুল কৰি কাশীধাম নামি দেখে নৈনী -(ক)
হাওৰাতে থাকি গল সৰু জনী ঘৈণী।          -(ক)
মচি উঠি জ্বৰ ঘাম   (খ)
ল'লে তেওঁ ৰাম নাম  (খ)
মুটিয়াই সুধিলেহি লাগে নেকি খৈনী (ক)
দেখা গৈছে যে ,ডঃ বৰাদেৱৰ তিনিওটা "ক" শাৰীত চৈধ্যটা আৰু *দুটা* "খ" শাৰীত আঁঠটা আখৰ ব্যৱহাৰ কৰিছে । পিছে তেখেতৰ এই আখৰৰ সংখ্যাগত ধাৰাবাহিকতা পৰৱৰ্তী লিমাৰিক ৰচক সকলে ৰক্ষা কৰা নাই । অৱশ্যে এডৱাৰ্ড লিয়েৰৰ দৰে লিমাৰিকৰ মহীৰুহ প্ৰণেতাই আখৰৰ কোনো নিদিষ্ট সূত্ৰ মানি চলা নাছিল । 
    'পঞ্চপদী'ত বিশিষ্ট লেখক শ্ৰীযুত লক্ষ্যধৰ সোনোৱালদেৱে উল্লেখ কৰিছে- "সাধাৰণতে পাঁচশৰীয়া খুহুতীয়া কবিতা বিশেষক লিমাৰিক বোলা হয়। পাঁচোটা শাৰীৰ স্বয়ং সম্পূৰ্ণ স্তৱক লিমাৰিক প্ৰথম শাৰীৰ লগত শেষৰ শাৰীৰ ছন্দৰ মিলন থকাটো বাঞ্চনীয়। ইয়াৰ লগতে ৰচয়িতাৰ বুদ্ধিদীপ্ত প্ৰকাশ ৰসযুক্ত ব্যংগ শানিত অস্ত্ৰৰ দৰে তীৰ্যক ইংগিতৰ উপস্থিতি মন কৰিবলগীয়া। কোনো কোনো লিমাৰিকক ধেমেলীয়া কবিতা হিচাবেও অভিহিত কৰে যদিও ই হাস্য ব্যংগ ৰসৰ সমষ্টিহে"। আনহাতে  আমাৰ 'পঞ্চপদী' সংকলনখনত 
প্ৰথিতযশা  সাহিত্যিক ডাঃ ভৃংগেশ্বৰ শৰ্মা দেৱে উনুকিয়াইছে যে ,"লিমাৰিক হৈছে এক বিশেষ ধৰনৰ কবিতা । বিশেষ ধৰনৰ বুলি কোৱাৰ কাৰণ হ'ল -লিমাৰিকৰ কিছুমান লক্ষণ আছে ।এই কবিতা বোৰ পাঁচ শাৰীৰ ছন্দযুক্ত কবিতা ।প্ৰথম ,দ্বিতীয় আৰু পঞ্চম শাৰীৰ ছন্দগত মিল থাকে । আনহাতে তৃতীয় আৰু চতুৰ্থ শাৰীৰ ছন্দগত
মিল থাকে । প্ৰথম ,দ্বিতীয় আৰু পঞ্চম শাৰী দীঘল হয় । তৃতীয় আৰু চতুৰ্থ শাৰী চুটি হয় ।আকৌ বিষয়বস্তু বিভিন্ন ধৰনৰ হব পাৰে যদিও সাধাৰণতে লিমাৰিক হৈছে হাস্য- ব্যংগ যুক্ত "।  আগকথাত উল্লেখ কৰা হৈছে  যে  আমি লিমাৰিকৰ দ্বাৰা কোনো ব্যক্তি বিশেষক পক্ষপাতিত্ব ভাৱে বা উদ্দেশ্য প্ৰনোদিত ভাৱে উপহাস বা তাচ্চিল্য কৰাটো পাৰ্য্যমানে এৰাই চলো  আমাৰ চাৰিওফালৰ চাক্ষুস সমাজখনৰ কেতবোৰ আমোদজনক ঘটনা ,সত্য আৰু সৰস কাল্পনিক চিত্ৰক খুহুটীয়া ভাষাৰে মনোৰঞ্জন  দিয়াই  লিমাৰিকৰ লক্ষ্য । তাকে কৰিবলৈ যাওঁতে  কোনো ব্যক্তিৰ নাম বা উপাধিক চৰিত্ৰৰ আকাৰত লিমাৰিকত বন্দী কৰিবলৈ কুন্ঠাবোধ কৰোঁ । পাঠকক আমোদ দিবলৈ হাস্য আৰু ব্যঙ্গ দুয়োটাকে মিশ্ৰণ কৰি লিমাৰিকক কৌতুকধৰ্মী কৰিবলৈ চেষ্টা অটুট ৰাখোঁ । আন চৰিত্ৰৰ লগতে নিজকো লিমাৰিকৰ আওতালৈ আনো "।
      এইখিনিতে এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন বোধ কৰোঁ যে , প্ৰান্তিক আলোচনীৰ ২০০০ চনৰ ১৬ জানুৱাৰী সংখ্যাত প্ৰকাশিত এগৰাকী  লিমাৰিক কবিৰ লিমাৰিকত কোনো এক নিদিষ্ট সংস্থাক আক্ৰমণ কৰা বুলি  পত্ৰালাপৰ যোগে উক্ত সংস্থাই প্ৰান্তিকৰ পত্ৰালাপত অভিযোগ ব্যক্ত কৰিছিল । সেই অভিযোগৰ প্ৰত্যুত্তৰ( ১৬-৩১ মাৰ্চ ,২০০০ ) দিছিলোঁ আৰু তাৰ কিয়দাংশ এনেধৰণৰ;
" লিমাৰিক হৈছে শব্দৰ চাতুৰালিৰে ভৰা এবিধ ধেমেলীয়া পদ্য আৰু ই যদু ,মধু,গগৈ ,ভূঞা আদি বিভিন্ন নামবাচক আৰু উপাধিসূচক বিশেষ্যক কেন্দ্ৰ কৰি লিখা হব পাৰে । কিন্তু তেনে নামৰ সৈতে মিল থকা ব্যক্তিয়ে অভিযোগ কৰিলে লিমাৰিক ৰচনাৰ ধাৰাটোৱে বাধাপ্ৰাপ্ত হব ।"গতিকে এইটো কথা সকলোৱে মনত ৰখা ভাল যে লিমাৰিক পঢ়ি কোনেও আবেগিক হোৱা উচিত নহয় বা লেখকৰ প্ৰতি আক্রমণাত্মক হবৰ প্ৰয়োজনো নাই । কাৰণ লিমাৰিক মাথো কৌতুকধৰ্মী বা হাস্য ই নহয় লিমাৰিকক nonsense ,ব্যঙ্গাশ্ৰয়ী,বেবেৰিবাং , নতুবা আপদীয়া  নামেৰে প্ৰবীণ সাহিত্যিক সকলে ইতিমধ্যে আখ্যা দি থৈছে।
'পঞ্চপদী' গ্ৰন্থখনৰ সম্পৰ্কত মঙ্গল ময় পত্ৰিকাৰ মুখ্য সম্পাদক,চিন্তাশীল লেখক শ্ৰীযুত জিতেন বৰুৱাদেৱে লিখিছিল -" 'লিমাৰিক' বিষয়টোৱেই ব্যতিক্ৰম ।কেতবোৰ নীতি নিয়ম মানি মাত্ৰ পাঁচটা শাৰীতে মন মগজুৰ বিচিত্ৰ অনুভৱ-চিন্তাক হাস্য-ৰসাত্মক ভাৱে ,চিত্ত চেতনাক আলোড়িত কৰিব পৰাকৈ উপস্থাপন কৰিব পৰাটো সহজ কাম নহয় ।সেয়েহে হয়তো লিমাৰিক লেখা লেখকৰ সংখ্যা সীমিত । কিন্তু লিমাৰিকে সকলো শ্ৰেণীৰ পাঠককে আকৰ্ষিত কৰিব পাৰে বা কৰি আহিছে ।গভীৰ বিষয় এটাক লিমাৰিকে সহজতে আমোদজনকভাৱে সম্মুখত তুলি ধৰি চিন্তাৰ স্ৰোত বোৱাব পাৰে ।" এইটো সত্য যে
আপাত দৃষ্টিত লিমাৰিক ৰচনা তেনেই উজু যেন লাগিলেও, উৎকৃষ্ট লিমাৰিকৰ সৃষ্টি অতিশয় কঠিন কাম৷

ক্ৰমশঃ...
—————————————
                     অনুবাদ কবিতা

সেই ট্ৰ্যাডিশন 
মূল-সুকান্ত লাহা 
অনুবাদ-প্ৰদীপ চন্দ্ৰ শৰ্মা 

জেৰুজালেমৰ ঘোৰাশালত 
যীশুৰ জনম ল'বলৈ তেতিয়াও 
তিনিশ চৌৰাশীবছৰ বাকী 
ভূমিষ্ঠ হ'ল এৰিষ্টটল;

কেৱল গ্ৰীচেই নহয় 
সমগ্ৰ বিশ্ব আলোড়িত হ'ল 
মানুহজনৰ বাগ্মীতাত!
গ্ৰীকবীৰ আলেকজেণ্ডাৰক 
পঢ়োৱাই উভতাৰ পথত 
অভিভাৱকসকলৰ মাজত থিয়হৈ ক'লে 
"শিক্ষাৰ শিপাৰ সোৱাদ 
তিতা হ'লেও ফল মিঠা ";
ইমানবোৰ বছৰৰ পিছত মানুহজন নাই, 
ৰৈ গ'ল কথাবোৰ জুইৰ দৰেই সত্যহৈ 

তাৰো আগত 
এথেন্স অকাডেমিৰ বাৰান্দাত থিয়হৈ 
উচ স্বৰে 
জনাই গ'ল প্লেটোৱে 
"ৰাজননীতিত অংশগ্ৰহণৰ অনীহাৰ 
অন্যতম শাস্তি হ'ল  -
নিজতকৈ নিকৃষ্টৰ দ্বাৰা 
শাসিত হোৱা!"
মিছা নহয়, 
মিছা নহয় কথাবোৰ!

দুহাজাৰ ছশবছৰ আগতেই 
বোধহয় মানুহজনে জানিছিল 
এম এল এ, এম পি হৈ 
বিধানসভা কিম্বা পাৰ্লিয়ামেণ্টৰ 
সদস্য হ'বলৈ হ'লে 
এম এ, এম এছ চি,পি এইচ ডি 
অথবা 
নুন্যতম কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই 
বৰং 
এম এ, এম এছ চি,পি এইচ  ডি সকলে 
প্ৰৱেশিকা অনুত্তীৰ্ণ 
এম এল এ, এম পি সকলৰ 
পিছে পিছে দুহাত মোহাৰি 
মহাশয় মহাশয় কৰি ঘূৰি ফুৰিব!

তাতকৈও বহু আগত 
পৃথিৱীলৈ যীশু অহাৰ 
চাৰিশ সাতাইশবছৰ আগত 
হেমলকপূৰ্ণ পিয়লাত 
নিশ্চিন্তে চুমাদি 
প্লেটোৰ শিক্ষক চক্ৰেটিছে 
কৈ গ'ল -
"এনে এটা সময় আহিব 
যেতিয়া জ্ঞানীসকলে 
জ্ঞানী হোৱাৰ বাবে 
অনুশোচনা কৰিব, 
মুৰ্খসকলে তেওলোকৰ মুৰ্খতাৰ বাবে 
গৰ্ব কৰিব, 
আৰু দুৰ্নীতিকাৰীসকলে 
তেওলোকৰ দুৰ্নীতিৰ বাবে 
উল্লাস কৰিব!"

চক্ৰেটিছৰ পৰা আৰম্ভ কৰি 
প্লেটো এৰিষ্টটল হৈ
জিওৰ্দানো ব্ৰুনো কপাৰ্নিকাচ 
গ্যালিলিও 
ৰাষ্ট্ৰযন্ত্ৰৰ নিৰ্লজ্জতাৰ 
ধাৰাবাহিক ইতিহাস;
সত্যৰ কণ্ঠৰুদ্ধ কৰাৰ 
পৰম্পৰাগত বৰ্বৰতা;
যাৰ আধুনিক বতৰা 
"মহাশয় আপুনি একো দেখা নাই!"

পৃথিৱীৰ সৱাতোকৈ পুৰণা 
শিক্ষক মহাশয় 
সকলো দেখি-শুনিও 
মৃত্যু নিশ্চিত জানিও 
হাঁহি হাঁহি হাতত তুলি ল'লে 
এপিয়লা হেমলক :
দাউ দাউকৈ জ্বলা জুইকুৰাত 
ভষ্মিভুত হ'ল জিওৰ্দানো 
নিছিদ্ৰ কোঠাত 
মস্তিষ্ক অৱশহৈ অহাৰ 
শেষ মুহুৰ্তলৈকে 
গ্যালিলিওয়ে উচ্চাৰণ কৰি গ'ল 
ই ঘূৰিছে 
ঘূৰিছে,ঘূৰিছে পৃথিৱী ঘূৰিছে !
হয় ঘূৰিছে!
পৃথিৱী ঘূৰিছে  !
আজিও ঘূৰিছে - ঘূৰিব অনন্তকাল
এয়া বিলাসিতা নহয়, বিজ্ঞান;
আৰু শিক্ষকমহাশয়েও
সকলো দেখিছে;
এয়া বিশ্বাস !
———————————
নিশা নিমন্ত্ৰণ 

মূল হিন্দী :- হৰিবংশ ৰায় বচ্চন
অনুবাদ  :-  গণেশ বৰ্মন 

ক্ষিপ্ৰতাৰে দিন ঢলে !

বাটতে যাতে নহয় ৰাতি
লক্ষ্যলৈও নাই বেছি বাকী
এই ভাবি ক্লান্ত দিনৰ পথিকেও খৰকৈ বাট বুলে !
ক্ষিপ্ৰতাৰে দিন ঢলে !

পোৱালিকেইটাই প্ৰত্যাশাৰ চকুৰে ,
বাহৰ পৰা জুমি চাই থাকিব 
এই লক্ষ্যৰে চৰাইবোৰৰ ডেউকাত কিমানযে চঞ্চলতা !
ক্ষিপ্ৰতাৰে দিন ঢলে !

মোক লগ পাবলৈ কোননো ব্যাকুল  ?
মই কাৰ বাবে হও চঞ্চল  ?
এই প্ৰশ্নই দুভৰি শিথিল কৰে , বুকু বিহ্বলতাৰে ভৰে !
ক্ষিপ্ৰতাৰে দিন ঢলে !
———————————
কবিতা

বিক্ষিপ্ত আৰাধনা
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

সন্তান এটা লাগে
পুত্ৰ সন্তান
কিন্তু মহাসমস্যা এটি প্ৰশ্নোত্তৰক লৈ
সন্তানটো গৰ্ভধাৰণ কৰিব কোনে 
প্ৰসৱ কৰিব কোনে
প্ৰতি পলে প্ৰতি পদে 
হত্যা কৰি আহিছা
সৃষ্টিৰ উৎসতে

নিজকে চিকুটি চোৱাচোন
আৰাধনাকালত ঠিকেই গোৱা
শক্তি আহৰণৰ বাবে
যা দেৱী সৰ্ব ভূতেষু শক্তি ৰূপেন...
বিদ্যাৰম্ভং কৰিষ্যামি সিদ্ধিৰ্ভৱতু মে সদা...
তোমালোকে জ্ঞানৰ কামনা কৰাচোন

সংসাৰখন যদি লক্ষ্মীছাড়া 
হোৱাতো কামনা কৰা
হওক তেন্তে ভিঠা উচান...
কথাৰ কথা
————————————————
ৰেমী শৰ্মা

লগ এৰা নাই 
কথা এটায়ে লগ এৰা নাই
দিন গুচি আবেলি হৈছে
তাৰ পাছত ৰাতি
কথাটোয়ে খুঁচিছে
বিন্ধিছে
লগ নেৰা কথাটো বহল হৈছে
সৰু হৈছে

কথা পকিছে
কথা সৰিছে
আকৌ সৰাকথাৰ গুটিৰে 
কথাৰ গছ হৈছে
ওহো তথাপি লগ এৰা নাই 
কথাৰ কথা হৈছে 
কথাৰ হৈচৈ হৈছে

কথাটো টাকুৰি ঘূৰাদি ঘূৰিছে
দাঁতিৰ কাষৰ পিটনিত গা ঘেদালী
কথায়ে গোসাঁই সেৱা লৈছে
কথায়ে কাতিমহীয়া বেলিত গা টঙাইছে
ৰবাবটেঙাৰ ফোটত কথায়ে মুখ চাইছে
কথা ৰাংঢালী হৈছে 
কথা ফুলিছে
কথাত ভোমোৰা পৰিছে
কথাৰ গা ধৰিছে
কথাৰ কথা হৈছে
কথা আলৰ হৈছে
কথা মৰিছে
আকৌ কথা হৈছে ।
———————————
চিঞৰ
উজ্জ্বল স্মৰণ দত্ত

ৰাতিৰ ৰাতিটো উদঙীয়া কথাবোৰ বাঢ়ে
নোৱাৰি কব  কওঁ  বুলি
নোৱাৰি মেলিব মুখ
খুলি থাকে কেঁকোৰা খুলাদি ভিতৰখন
গোঁগোঁৱাই  আছো
শুনা নাই নিজৰে মাত ৷
বাঢ়ি থাকে বঢ়া কথাবোৰ
তিলকে তাল কৰি কৰি
ভাল  নাই   ভাল নাই
ভাল দিন  নাই
শাসনত শাসন নাই
নিয়মত  নিয়ম নাই
আচাৰত  আচাৰ নাই
নাই যি নাই এষাৰ মাত নাই
কাক কোনে কব   কোনে পতিয়াব 
নোবোলে  টান  বুলিলেও   ৰাম  ৷
———————————
তোমালৈ -২
উত্তম কুমাৰ কলিতা

মোৰ চহৰত কৃষ্ণচূড়া ফুলিছে
চাগে' তোমাৰ চহৰত সোণাৰু
মই জকমকাই ফুলি থাকিলোঁ ওৰে জীৱন
আৰু তুমি হাঁহি থাকিলা হালধীয়া ছটিয়াই

কৃষ্ণচূড়াৰ দেশলৈ আহিবা
জীৱনৰ ৰং বুজি পাবা

জীৱন মানেনো কি
চটফটাই থকা দিন অথবা ৰাতি
আজি হহুৱাই থকা মানুহজনে
কাইলৈ কন্দুৱাই গুছি যাব পাৰে অজান দেশলৈ'
বিড়ম্বনা এতিয়া এয়াই জীৱনৰ সত্য

পাতেও জানে তাৰ আয়ুস
হালধীয়া হৈ সৰি পৰিব কেতিয়া

বেলি লহিয়ালেও
আহিবা এদিন
খোজত খোজ থৈ আগবাঢ়িম কিছু বাট ।
———————————
মাটি মৃদঙৰ সুৰ
দিলাল আহমেদ

আগতে কবিতা লিখিছিলোঁ
এতিয়া জোনাকী গণো
অন্ধকাৰ গলিত৷

জাৰৰ এন্ধাৰ ৰাতি
পৰুৱাই পোৱা এটা জোনাকীয়ে
খেদি লৈ ফুৰে মোক
ইচ্ছাৰ দুহাত মেলি৷

সন্ধিয়াৰ ঘাটত নাও বান্ধি
পানীৰ ছাঁত দেখোঁ হেঁপাহৰ অশ্ৰুকণা
তোমাৰ হাতৰ প্ৰিয় লেখা৷
নৈপৰীয়া নিশাৰ বৰ্ণমালা৷

আস! তেতিয়া এনে লাগে
শীৰ্ণ নদীখন যেন মায়াবী সুৰসনা।
——————————
দুটা লিমাৰিক
পৰাণজ্যোতি ভূঞা

১.
জন্মদিনতে পাতে বেচেলৰ পাৰ্টি
মদে মঙহেৰে ডেকা বুঢ়াৰ ফুৰ্তি
গিলাচত লৈ বিয়েৰ
চিঞঁৰি কয় 'চিয়েৰ'
নিচাত কিছুমানৰ - 'ৰণচন্ডী মূৰ্তি'

২.
ছেলফি পূজা মণ্ডপৰ নৱ সংস্কৰণ
দেৱী সহ ফটো তুলি ষ্টেটাচত প্ৰদৰ্শন
ছেলফিৰে কৰিলে ভক্তি
দেৱ-দেৱীয়ে দিব শক্তি 
এইয়া আধুনিক পূজাৰ জ্বলন্ত নিদৰ্শন
——————————
শব্দবোৰ
ৰমেশ চন্দ্ৰ ৰায় 

আশে-পাশে শব্দ আছিল
গুৰু-গম্ভীৰ
পাতল
সাধাৰণ
কৰ্কশ 
মিঠা 

শব্দ আছিল
নাৰীৰ
পুৰুষৰ

শব্দ আছিল 
বৃদ্ধ-বৃদ্ধাৰ
আদবয়সীয়াৰ
ডেকা-গাভৰুৰ 
শিশুৰ 

শব্দ আছিল 
বেপাৰীৰ
চাকৰিজীৱিৰ
ছাত্ৰ-ছাত্ৰীৰ 
বেকাৰৰ

শব্দ আছিল 
মোবাইলৰ 
ৰীলৰ
ভিডিঅ'ৰ

শব্দ আছিল 
উকিৰ

শব্দবোৰৰ ভাষা আছিল 
হিন্দী 
বঙলা 
অসমীয়া 
ইংৰাজী 
খিচিৰি ইত্যাদি 

শব্দ আছিল 
হুমুনিয়াহৰ
আনন্দৰ
হেৰুওৱাৰ 
প্ৰাপ্তিৰ
কান্দোনৰ 
হাঁহিৰ

শব্দ আছিল 
শব্দ আছিল 

মই হে শুনা নাছিলোঁ 
একো শব্দ 
একো শব্দ ।
——————————

সাগৰখন
দেৱ দাস 

যি দিলে 
সাগৰখনেই দিলে 

মাণিক বুটুলি পালোঁ
চমকত আকাশখনেই 
হাৰ মানিছিল 

পাৰ হৈছিল সময়
নদীৰ উচুপনিত 
শৰালিৰ জাক উৰিছিল 

সাগৰখনে মাতিছিল 

সেৰেঙা শীতৰ সুঁহুৰিত ক’লৈকো নাযাও

জীৱন 
ভাগৰি পৰা নাই ।
———————————
গতি
ইপুলহুছেইন

অচিনাকি মানুহবোৰ কোনো অজ্ঞাত কাৰণত অন্য কোনো চিনাকি মানুহৰ সৈতে সুসদৃশ যেন লগিছে
বিষয়টো আমোদজনক
সৰীসৃপ গতিৰে ট্ৰেইনখন চলিছে
মাজৰাতিৰ ষ্টেচনবোৰত বহু অচিনাকি অৱয়ব
প্ৰত্যেকেই নিজৰ বাবে ব্যস্ত 
পুলিচবোৰে বিচাৰি ফুৰিছে সুৰাপায়ী কিম্বা ধুমপান কৰা মানুহ 
ধৰা পেলাব পাৰিলেই জৰিমনা বিহাৰ নিয়ম
এই সকলোবোৰ গতানুগতিক ঘটনা

ট্ৰেইনখন লাহে লাহে বৃদ্ধ হ'বলৈ ধৰিছে
শীতৰ প্ৰকোপত গতি ধীৰ হৈছে 
তথাপি কঢ়িয়াইছে এই জনস্ৰোতৰ বোজা
মানুহে ইমান বোজা কঢ়িয়াব নোৱাৰে
মানুহে অভিযোগ কৰে 
বোজা গধুৰ হ'লে ভৰত কোঙা হয়
কোঙা মানুহে চিধা হ'বলৈ বিচাৰি প্ৰায়ে ভাগৰি পৰে
তথাপি চলাই যায় জীয়াই থকাৰ যুঁজ
হাৰি যাব নিবিচৰাটোৱে মানুহৰ ধৰ্ম 
যিদৰে জীয়াই থকটো স্বভাৱজাত কৰ্ম ।
———————————
এটা সাৰ্বিক আবেদন 
গিৰিজা শৰ্মা


নুপুৱা ৰাতিটো কেঁকায়
নোযোৱা দিনটো বিনায়

প্ৰাত্যহিকতাৰ প্ৰান্তত ক্লান্ত বেলি
সদা ব্যস্ত ঘড়ীত কিহে থাকে দুলি
দিন নাযায়
ৰাতি নুপুৱায়
আইনষ্টাইন, উভতি আহা বেগেতে এপাক
নতুন সূচনাৰে লঘু কৰি দিয়া
তিক্ত সময়
জী লওঁ প্ৰাণ-প্ৰণয়।
———————————————

তোমাৰ উদৰস্থ ফুলপাহ সূৰ্য্যমূখী হওক
ৰেখা বৰকটকী

শুভ সময়ৰ সুবাদতে
অনন্য শুভাশাবোৰ...
খোজে প্ৰতি সাৱধানতা য'ত
ভৰিৰ তলৰ নিমাত পৃথিৱীখনে
সাৰ নোপোৱাকৈ খোজ দিয়াতে
সফল পৰিসমাপ্তি!
শুভদৃষ্টি ৰাখি
সু-চিন্তনেৰে বাট বুলি
জৰায়ুত হ'ব পৰা
অংকুৰণৰ নৱ উল্লাস!
তেজ, ঘাম ,চকুলোৰ সংমিশ্ৰিত
কোঁহত জীৱনে সুৱাগুৰি তোলাৰ
অমল সময়ত...
শুভংকৰ ভাৱনাৰে
ওমলক  অনেক কথামৃত..
চৌপাশৰ বাতাবৰণে
হোমাগ্নি ঢলাৰ মাহেন্দ্ৰ ক্ষণতে
তিল তিলকৈ মইৰ পৰা 'আমি' হোৱাৰ যুদ্ধকালীন প্ৰস্তুতি...
মাতৃৰ অজানিতে স্থিতি লোৱা প্ৰাণটিয়ে গোকাট অন্ধকাৰত
কৰযোৰে প্ৰাৰ্থনা কৰে!
আইৰ জ্ঞান -গৰ্ভতে
লুটি-বাগৰ সলোৱা
হৃদপিণ্ডত অমিয়া সুৰৰ গুঞ্জন।
——————————
কলহ ভঙা খেল
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ

মানুহৰ জীৱনবোৰ
কলহ ভঙা খেলৰ দৰে
সুনিৰ্দিষ্ট কলহৰ ফালে 
মুখামুখি কৰি দিলেও
অবাটে যায় সহস্ৰজন ।
জীৱনটো তেনেকুৱাই,
নিৰ্দিষ্ট বাটৰ সন্ধান দিলেও
অবাটে বাট বহুতৰ ;
লক্ষ্যস্থান পাবলৈ যে কিমান হাবিয়াহ,
অথচ যিমানেই লক্ষ্যস্থিৰ নকৰক
লক্ষ্যভ্ৰষ্ট হয় সহস্ৰজন ।
অবাটে বাট বুলি অস্থিৰ খোজবোৰ দিয়ে 
অনিশ্চিত ভৱিষ্যতৰ কণ্টকময় অন্ধকাৰ পথত ;
যেনেদৰে কলহৰ কাষতে কোব এটা পৰিলেহে বুজিব পাৰি ভুল পথৰ সন্ধান। 
আমাৰ জীৱনবোৰ
কলহ ভঙা খেলৰ দৰে ,
যদি শুদা কলহটো হয় জীৱনৰ কণ্টকময়তাৰ প্ৰতীক,
তেন্তে লক্ষ্য স্থিৰ কৰি ভাঙিলেহে সুখ,
নাভাঙিলে লৈ ফুৰিব লাগে
অফুৰন্ত দুঃখ
পথ ভ্ৰষ্টতাৰ ।
—————————————
ব্ৰহ্মনিষ্ঠ 
মৰমী কাকতি

মাঘমহীয়া আবেলি
নদীৰ পাৰৰ সুৰসুৰীয়া আলিয়েদি
তোমাৰ উদভ্ৰান্ত খোজ
ঝাওবনৰ তলত খেলি থকা
বালিমাহি দুটাই সম্ভ্ৰমেৰে চায় 
এজাক চৰাই ভুৰুংকৈ উৰা মাৰে 
একাবেঁকা ভাঁজে ভাঁজে 
ধীৰ গতিত মাঘমহীয়া নদী
প্ৰকৃতিৰ শান্ত কোলাহলত
অশান্ত মনৰ ভাবনা হৃদয়ত জাপি থৈ
স্থিতপ্ৰজ্ঞ হৈ পৰিছিলা

তাহানি মোৰ চকুত জোনাক সিঁচি
এটা চকোৱা চৰায়ে ৰঙা গোলাপৰ পাহি
আলফুলে দিছিলহি যাচি
প্ৰেমৰ পোহৰত মই চিৎপখিলী এজনী চাকৈ
এহাল চাকৈ-চকোৱা নদীৰ পাৰে পাৰে
প্ৰেমৰ লহৰ একাবেঁকা ভাঁজে ভাঁজে

বহুতো ভেলেণ্টাইন দিৱস পাৰ হৈ
শতিকাৰ শেষত এটা বিষাদৰ গোলাপ
নিঠৰুৱা চকোৱাৰ উদাসীন বুকুত

তুমি স্থিতধী

নিৰ্জু বতাহত আত্মতুষ্ট এপাহ নাৰ্জী ফুল!
—————————————
মোৰ প্ৰাৰ্থনাত তুমি 
গকুল চৌধুৰী

মোৰ মন - মন্দিৰত তুমি 
এটি ফুল  এধানি পুস্পাঞ্জলি 
এখনি প্ৰতিমা  প্ৰেমৰ উপাসনা  ৷

মোৰ প্ৰাৰ্থনাত তুমি 
চিৰদিন প্ৰেমৰ ফুলপাঁহি হৈ ফুলি 
থাকিবা বুলি 
চিৰকাল এখন প্ৰেমৰ নদী হৈ বৈ 
থাকিবা বুলি 
মই কৰা মোৰ মনৰ তুতি  ৷ 

মোৰ প্ৰাৰ্থনাত তুমি 
সদায় সুখী থাকিবা বুলি 
সদায় হাঁহি থাকিবা বুলি 
মই কৰা মোৰ মনৰ মিনতি  ৷

মোৰ প্ৰাৰ্থনাত তুমি
কোনোদিনে দুখ , কষ্ট , যন্ত্ৰণা 
নোপোৱাকৈ
কোনোকালে মন বেয়া নোহোৱাকৈ থাকিবা বুলি মই 
কৰা মোৰ মনৰ প্ৰাৰ্থনা এটি  ৷

মোৰ প্ৰাৰ্থনাত তুমি 
কোনোদিনে ঘাত , প্ৰতিঘাত 
আঘাত নোপোৱাকৈ সদায় 
ভালে কুশলে থাকিবা বুলি 
মই কৰা মোৰ মনৰ কামনা এটি ৷

মোৰ প্ৰাৰ্থনাত তুমি
আজীৱন সুস্বাস্থ্যৰ অধিকাৰী হৈ 
থাকিবা 
আজীৱন মানসিক শান্তিত 
থাকিবা বুলি 
মই দিয়া মোৰ মনৰ আশীৰ্বাদ
একাঁজলি ৷

মোৰ প্ৰাৰ্থনাত তুমি 
তোমাৰ আশাবোৰ পূৰণ হওক বুলি 
তোমাৰ সপোনবোৰ বাস্তৱ হওক
বুলি 
মই দিয়া মোৰ মনৰ আশীষ নিৰ্মালি  ৷

মোৰ প্ৰাৰ্থনাত তুমি 
সফলতাৰ বাটত আৰু এখোজ 
আগবাঢ়ি যোৱা
আগবাঢ়ি গৈ সফল হোৱা বুলি 
মই দিয়া মোৰ মনৰ শুভেচ্ছাবাণী 

মোৰ প্ৰাৰ্থনাত তুমি 
ভাল ভাল কাম , ধুনীয়া ধুনীয়া 
কাম কৰি যোৱা
কৰি গৈ সফলতাৰ বৰ্ণময় 
আকাশ চুই চোৱা বুলি মই 
দিয়া মোৰ মনৰ শুভকামনা এধানি ৷

মোৰ প্ৰাৰ্থনাত তুমি 
প্ৰতিদিনে মোৰ মৰমত জীয়াই 
থাকি 
প্ৰতিপলে মোৰ ভালপোৱাত 
জীয়াই উঠিবা বুলি ঈশ্বৰৰ 
চৰণত ধৰি মই কৰা মোৰ 
মনৰ মনোবাঞ্ছা এটি ৷ 

মোৰ প্ৰাৰ্থনাত তুমি 
অনাদিকাল কোমল পুৱাৰ ৰ’দ 
হৈ পৃথিৱীত ৰ’দালি বিলাবা 
অনন্তকাল বাৰিষাৰ প্ৰথমজাক
বৰষুণ হৈ পৃথিৱীত সৰিবা বুলি
মই কৰা মোৰ মনৰ স্তুতি ৷

মোৰ প্ৰাৰ্থনাত তুমি 
এখনি শলিতা  এগছি চাকি 
চাকিৰ পোহৰ  পোহৰৰ বৰ্ণালী  ৷
—————————————
দূবৰি
মৌচুমী হুজৰী

মই দূবৰি,
এধানি দূবৰি
সুধিবলৈ বৰ মন যায়
মোৰ অস্তিত্ব কত?

দুভৰিৰ গচকত নে
পূজাত অৰ্পিত এপাহ সুগন্ধি ফুলৰ মাজত
আলফুলকৈ সজাই থোৱা
সেই থালখনত।

কোনোৱে কয়,
মই পৱিত্ৰ
মই যদি সোধো,
মোৰ পৱিত্ৰতা কত?

মইচোন তেনেই আজলী
মোৰ হেঁপাহবোৰ
মোৰ সপোনবোৰ
গচকত লেৰেলিয়াই যোৱা
মোৰ ঠুনুকা হৃদয়খন।

বেদনাৰ কুঠাঘাতত
খহি পৰা মোৰ
বিৰহৰ চকুলোত
মই যে অন্ধ হৈ পৰিছোঁ।

সেয়ে সুধিবলৈ বৰ মন যায়,
মই আজি প্ৰশ্ন কৰিছোঁ
মোৰ অস্তিত্ব কত?
জানিবলৈ বৰ মন যায়।
———————————
প্ৰেম
চয়নিকা ভূঞা

মৰনৈৰ পাৰতে এটা কাহিনীৰ জন্ম
অ'ত ত'ত পৰি থকা কথাবোৰতেই
কাৰোবাৰ জীৱন
কাৰোবাৰ প্ৰেম

আনুষ্ঠানিকতা মাথোঁ 
দেখাচাৰ
পৰমাত্মাৰ মিলনহে প্ৰকৃত প্ৰেম 

সকলো কথা কৈ ফুৰিব নোৱাৰি 
জীৱন, প্ৰেম আৰু...
আৰু ইতিহাসে গৰকা মানচিত্ৰত 
গাভৰুৰ দেহৰ ভৌগোলিক পৰিচয় 

এই যে নেদেখাকৈও কেতিয়াবা কোনোবাই 
বুকুত নিগাজীকৈ ঠাই লয় 
সেয়াইটো ভালপোৱা 

ভালপোৱাৰ অ আ ক খ... তোমাৰ বুকুত 
প্ৰেমৰ আদিপাঠত তুমি
ভালপোৱাত তুমি 
তোমাৰ নামত অত আয়োজন
আৰুনো কি লাগে 

হঠাৎ কিছুমান ঘটনা ঘটি যায়

যিদৰে কেতিয়াবা কাৰোবাক 
ভালপাওঁ বুলি নোকোৱাকৈও 
এখন পূৰ্ণাংগ ছবি অংকিত হয় ।
———————————
সদ্ভাৱনাৰ সময়ৰ আঁচল বগাই...
জাহ্নৱী হাজৰিকা

হাত মেলি ঢুকি নোপোৱা সীমনাবোৰ
বাউল দি ওভতাব নোৱাৰা সময়বোৰ
নিচেই কাষত,
অথচ কবলৈ,
চুবলৈ,
চাবলৈ অপাৰগ পৰিস্থিতিবোৰ..
আ: কিমান যে দুৰ্বিসহ।

সাধু কথাৰ কাহিনী ঢিমিক ঢামাক কৈ 
চলিয়েই থাকে নিৰৱধি।
ইপাৰে ৰাজকুমাৰ
সিপাৰে ৰাজকুমাৰী।
মাজতে নৈখনি যেন!
নাও আছে
একেলগে পাৰ হৈ যাবলৈহে অপাৰগ দুয়ো।

বানৰ অগ্নিগড়ৰ দৰেই কথাবোৰ কপকপীয়া।
ইকাটি সিকাটি কৰিব নোৱাৰে এজনেও।
জটিল সময়ৰ পকণীয়াত পৰি উটি ভাঁহি গৈ থাকে সাধুটো।
কোনেও কব নোৱাৰে সাধুটোৱে পাৰ পাবনে পকনীয়াতে হেৰাই যাব!

ইটোৱে সিটোক নেদেখা বহুদিনেই হ'ল।
মানুহে কয় চকুৰ আঁতৰ হলে বোলে 
মনৰো আঁতৰ হয়।
ৰাজকুমাৰীৰ হাঁহি উঠে।
চকুৰ আঁতৰ হোৱা দিন মাহ বছৰ চেৰেক হৈ গ'ল।
অথচ নিচেই কাষত থাকে সদায় কাৰোবাৰ অশৰীৰী অথচ ভাল লগা উপস্থিতি।

ভাৱনাতেই কথা পাতে দুয়ো।
ৰাজকুমাৰৰ ঠেঁহ লাগে কেতিয়াবা।
এনেকৈ আৰু কিমান দিন!
কাঞ্চন ফুলাৰ বতৰতে 
হাত ধৰাৰ কথা আছিল দুয়োৰে।
কিন্তু কথাবোৰহে কিবা মিলাগৈ নাই।
আক্ষেপেৰে ৰাজকুমাৰে নৈখনলৈ চায়।
উটি অহা মেটেকা এথোপাই 
তাক চকু টিপিয়াই যায়।
হেৰৌ ডেকা ল'ৰাটোৰ একো কাম নাই।
হেঁপাহৰ ৰাজকুমাৰী জনীকে 
বুকুত সোমোৱাব পৰা নাই..।

ৰাজকুমাৰৰ হাঁহি উঠে।
কিমান যে সলনি হ'ল সি।
আগতে হোৱা হলে মেটেকাৰ টিপ্পনীৰ 
উচিত জবাব টিলিকতে দিলেহেতেঁন সি।
কিন্তু আজিকালি নিদিয়ে।
দিবৰ মনো নাই।
সময় পৰিস্থিতিয়ে তাক 
মূক হৈ থাকিবলৈ শিকায়।

সীমাহীন ধৈৰ্যৰ পাহাৰ খন বুকুত বান্ধি 
এবুকু সদ্ভাৱনাৰে হৃদয় জীপাল কৰি
ৰাজকুমাৰ ৰৈ থাকে 
ৰাজকুমাৰীৰ হাতখন ধৰাৰ অপেক্ষাত।
যিদৰে আজিও ৰৈয়েই আছে
ননৈৰ পাৰৰ বুঢ়া শিমলু জোপাৰ তলত।
————————————————————
কথা
চিমৰাজ হুছেইন

নাজানো কিমান নাও লাগিল 
নেদেখা নদীৰ ঘাটত...

চাই থকা ছাঁ হঠাতে হেৰাল ,
তেল সনা বাঁহত  মৰম পিছলি 
ৰ'ল গৈ অচিন কোনত!  

ছয়াময়া কুঁৱলিয়ে আঁৱৰি থকা
সেই দিনটো আছে কিমানৰ মনত! 

মোৰ পৃথিৱীত 
সাঁচি ৰখা কথাবোৰ 
আজি উজাৰি দিছো
নোপোৱা হিয়াৰ বনত।
——————————————————
আঘাতবোৰ পঙ্গু হৈ পৰিছে
জিতেন বৰুৱা

আঘাতবোৰ পঙ্গু হৈ পৰিছে
অ’তপৰে উচপিচাই, ধৰফৰাই ফুৰা
বুকুখনৰ উশাহখিনিত কহুঁৱা-কোমল 
সুহুৰি এটা বাজিছে
আচলতে প্ৰেক্ষাপটত এতিয়া তোমাৰ সুৰীয়া অস্তিত্ব জিলিকি উঠিছে
 
থমকি ৰ’ব নোখোজা চৰাইজাকে 
আকাশতে মুহূৰ্তৰ বাবে থমকি ৰৈ 
তোমাক নয়নভৰি চাইছে 
আৰু আকাশৰ বিশালতা এচমকা তোমালৈ বুলি হুৰাই দিছে অকাতৰে

এই মগ্নতাৰ সময়বোৰ মাথোঁ তোমাৰ বাবে
এই ৰাগীময় ভাৱানুভূতিবোৰৰ সংৰচনা 
কেৱল মাত্ৰ তোমাৰ বাবে

তোমাৰ পৰা আমিলৈ অথবা আমাৰ হোৱাত 
এতিয়া কোনো প্ৰতিবন্ধকতাৰ কঠিন কাঁটা-তাঁৰ নাই যদিও
এই অনন্য আয়োজন মাত্ৰ তোমাৰ বাবে
কিয়নো এই আঘাতশূন্যতা 
অথবা বিয়পি পৰা বিশালতাৰ চমকপ্ৰদ গুণ-গান
তোমাৰ বাবেই সম্ভৱপৰ হৈ উঠিছে 
আৰু সকলো বাস্তৱবোধক ক্ৰমশঃ 
সৌন্দৰ্য বিলাসলৈ সলনি কৰি 
তুমি নিজেই হৈ উঠিছা
অবিনশ্বৰ আকৰ্ষণৰ প্ৰাণময়ী সত্তা কিম্বা
প্ৰণয়ৰ সুধাময় প্ৰিয় কাকলি।
———————————
মই অসমৰ জীয়ৰী
ৰুমী কলিতা দত্ত

নাম মোৰ বিজুলী
সুবিধা বুজি কৰি থাকোঁ ধেমালি
প্ৰকৃতিৰ ৰূপত বাউলী মই
থাকোঁ দিহিঙৰ বালিত ওমলি।

মাউৰা হ'লো সৰুতেই
সময় গ'ল মৰম অবিহনে 
পঢ়াও হ'ল খেলিমেলি
মই যে কৃষকৰ জীয়ৰী ।
নিজৰ ঘৰ বিচাৰি 
সকলোকে লওঁ আপোন কৰি
শাওণৰ পথাৰত  হওঁ
বোকাৰে লুতুৰি-পুতুৰি ।

শৰৎ আহিলেই শেৱালি বুটলোঁ
বকুলৰ মালা গাঁঠি
হেঁপাহ পূৰ কৰোঁ !

আঘোণৰ পথাৰৰ কাঁচিৰ চিকমিকনি
সোণোৱালী পথাৰে মাতে হাত বাউলি।

পুহ আহিলে শীতক নেওচি
ঘৰ-বাৰীৰ বন কৰোঁ
নাপাওঁ আজৰি ।
মাঘৰ মেজিত উঠে
আনন্দৰ কিৰিলি
ফাগুন আহিলে গাত পিৰপিৰণি।

চ'ত আহিলে মন  নাচোঁ নাচোঁ
আছিলোঁ তাহানিতে
ব'হাগৰ নাচনী
সময়েহে এতিয়া কৰিলে সলনি ।

কোনোবাই নাম দিয়ে কঁহুৱাৰ ৰাণী
কোনোবাই কয় বিলাহীৰ ৰাণী
বনফুল নামেৰে হৈছো চিনাকি
দিহিংপৰীয়া মই অসমৰ জীয়ৰী ।

পদূলিত সজালোঁ কপৌফুলৰ শাৰী
প্ৰেমৰ  সাক্ষী হৈ গোলাপ থাকে ফুলি 
মোৰ হেঁপাহৰ ফুলনিত
ৰং-বিৰঙৰ পখিলাৰ ধেমালি !

এপাহি ৰঙা গোলাপেই হ'ল
তোমাৰ মোৰ প্ৰেমৰ সাক্ষী 
প্ৰকৃতিৰ বুকুতেই হওক
মহা মানৱৰ নৱ নৱ সৃষ্টি  ।
———————————
নিৰৱ সাধক
দিপ্তীমনি গোস্বামী

অখ্যাত অৰণ্যৰ এচুকত 
নিৰলে নিতালে বহি ৰয় 
নিৰৱ সাধক
বুটা বচা কথাৰ ফুলজাৰিৰে
লৰাব নোৱাৰে
তেওঁলোকৰ মানৱীয় প্ৰমূল্যবোধৰ
মনস্তাত্বিক স্বত্তাক।

তেওঁ লোকৰ জোলোঙাত
স্থিতপজ্ঞ স্বভিমান
হৃদয়ৰ দুন্দুভিৰে উদ্গীৰণ নহয়
মিছা অভিমান
আশা লালসাৰ পৰিধি ভাঙি
বাঞ্ছা নকৰে সুলভ সন্মান।

অধ্যৱসায় প্ৰজ্ঞাৰ সাধনাৰে
জিনিব বিচাৰে জগত
সততাৰ আচলেৰে ঢকা
অনন্ত হাবিয়াসবোৰ
তেওঁ লোকৰ সঞ্জীৱনী মহৌষধ।
———————————
ৰূপান্তৰ
ড° আদিল আলী 

১.
দিব নোৱাৰা যদি মৌ সনা মিঠা মাত 
দিয়া তেন্তে মোক এমুঠি মেষশৃংগ 
তাকে লৈ চকুমুদি কৰো পান 
এৰা গুচি যাওঁ প্ৰস্থিতি অবিহনে বৈষম্য, ছল-চাতুৰীৰে ভৰা এখন শূন্যগর্ভ সমাজ 

২.
সৌ সিদিনা নিঃসংগতাৰ পাউদানিত ওলমি আছিল হেনো ভিন্ন জীৱন সঞ্চাৰিণী শক্তিৰ উপাদানেৰে ভৰা এটি গধুৰ মোনা  

৩.
অনুৰ্বৰ ভূমিত বহু ঘাট-প্ৰতিঘাটৰ অন্তত আশাবোৰ সজীৱ হৈ উঠিছিল উষ্ম কেৰাহীৰ তেলত ভজা ৰসাল জিলেপীৰ দৰে 

৪. 
তেতিয়া জীপাল আশাবোৰৰ পৰা টোপাটোপে সৰিছিল মিঠা ৰস 
জিভা চেলেকী স্বাদ ল'ব বিচাৰিছিল 
বহুতো ভোকে খামুচি ধৰা দুৰ্বল জীৱনে 

৫. 
ভোকৰ জখলাত ধুম-নাঙঠ দেৱ মাতৃক বাৰীখনত লাহে লাহে উঠি গৈছিল নৱমল্লিকা 
খৰাহি ভৰি জীপাল কৰিছিল নগ্ন শইচৰ ভঁৰাল 

৬.
চিনাকি-অচিনাকি বহুতো মুখে 
শেতা ওঁঠত বিৰিঙাইছিল স্বপ্নভৰা এটি হাঁহি 

৭.
ৰূপান্তৰৰ শেষত 
তাইৰ কাণৰ লতিত ওলমি আছিল ন'থেংপি 
আৰু 
হাতত দেখিলো অনেক চাকি।
——————————
বৰ পেৰা
অঞ্জনাৰূপা দাস

চলন্ত কালৰ গতিত 
অধুনালুপ্ত আজি মই 
শাল, চেগুন কাঠত 
ৰঙৰ ফুল জাৰিৰে
সযত্নে যথা স্থানত স্থিত হৈ
এদিন ময়ে শুৱনি কৰিছিলোঁ সপোনৰ আবাস  স্থলীখনি। 
ঘৰৰ গাম্ভীর্যতা, শোভা বৰ্ণাঢ্যতা
মইয়ে  কৰিছিলোঁ বহন। 
আভিজাত্য গৌৰৱৰ অলংকাৰ পিন্ধি
উন্নত শিৰে  থিয় দি আছিলোঁ মুখত লৈ মিচিকীয়া হাঁহি। 
আধুনিকতাৰ  আগ্ৰাসনত
আজি এলাগীৰ মলিয়ন সাজত  
পৰ্যবেক্ষিত মই! 
মই দেখিছো ...
পৰিবৰ্তনৰ বেশত যুগৰ ৰূপান্তৰ, 
সময় সোঁতত আদৰৰ অন্তৰ, 
পুৰাতনৰ ওপৰত প্ৰগতিৰ নিষ্ঠুৰতা, 
আৰু দেখিছোঁ মই
নতুনত্বৰ প্ৰতি মানুহৰ দুৰ্বলতা।
এতিয়াৰ দিন বোৰ
 নিশ্বাসত বৰ্ষিত হয়
হা -হুমুনিয়াহৰ অনন্ত শ্ৰাৱণ। 
বিষাদ বৰ্ষিত বেদনাৰ মাজতো 
অৱশ্যে আইতাই মলিয়ন
আদৰৰ আচলেৰে মোৰ 
ধূলিধূসৰ দেহাটি
বেদনা সিক্ত নয়ন পৰশাই
দুকোব মাৰে, 
হেঁপাহৰ  মানস পুত্র টিক
কঁপা কঁপা হাতৰ আঙুলিৰ বুলনিত, 
সমভাগীৰ সান্নিধ্যত
মোৰ পুলকিত মনটো 
পকা গছ পাতৰ দৰে নাচি উঠে।
ভাল লাগে-
মনটো ক্ষণিকৰ বাবে হলেও
আনন্দত উপচি পৰে, 
 হওক তেও অতীত প্রবীণৰ সম্বন্ধ  
হেৰাই যোৱা নাই! 
 কষ্টৰে কতনা- কটা ,
 সপোনৰ কাৰেং ৰচা 
সম্পত্তিৰ আসনত
কিছু সময়ৰ বাবে মূল্যাংকিত হও। 
"এইটো পিছফালৰ বাৰাণ্ডাতে থ'ৱ লাগে"
নৱ প্ৰজন্মৰ নিষ্ঠুৰ বাক্য বাণত
বেজাৰৰ বৰষুণ জাকত
মনটো সিক্ত হৈ সোঁৱৰণীৰ বাকৰিত
বিচৰণৰ পাতনি মেলোঁ--
তেতিয়াৰ পুৰণি দুই এপদ সম্পদে ভৰা
মোৰ গৰ্ভাশয়লৈ চাই
বিস্মৃতিৰ আৱৰণ আঁতৰাই স্মৃতিৰ সোঁৱৰো--
কত যে সংস্কৃতিৰ স্বাক্ষৰ বহন কৰা
সম্পদ মই সাৱটি
গৌৱৰ মুকুট পিন্ধি ছিলোঁ ! 
শৰাই-সঁফুৰা, বঁটা, লোটা, ঘটি
দুৱলি, বাণ-কাঁহী, বাণ-বাতি, কলহ, টৌ,খৰাহি
বৰবাতি, গিলাচ, পানধোৱা, চৰিয়া...
এচুকত সাঁচি ৰখা  
আটোমটোকাৰিকৈ
মালিকনীৰ গহনা-গাঁথৰি,পাট-মুগাৰ সাজ, 
স্বৰ্গগামী বুঢ়া-দেউতাৰ
স্মৃতি বিজৰিত...
আৰু ক'ত যে কি? 
এতিয়া হেনো আধুনিক যুগ,
এতিয়া হেনো যান্ত্ৰিক যুগ
এইবোৰ এলাগী, আওপুৰণি? 
অতীত শৌৰ্য্যৰ আজি যেন
নাই গুণ-গৰিমা, 
নাই গুৰুত্ব , 
নাই কোনো মূল্যায়ন-!
অৱমাননা ,উপেক্ষাই ক্ৰমে 
 মনক কৰিছে মলিয়ন। 
ন-বোৱাৰীৰ আগমনে
 গৃহলৈ আনিছে
 ফাইবাৰ,  স্টীল, প্লাষ্টিক চীনামাটিৰ বাচন।
ভৌতিকতাৰ লগতে আভিজাত্যৰ দপ্ দপনি ।
সস্তীয়া সম্পত্তিৰে ঘৰ খন 
আধুনিকতাৰ সাজে উঠিছে উপচি । 
যুগৰ স্বাক্ষৰ বহন কৰি, 
সংস্কৃতিৰ সাতাম পুৰুষীয়া সম্পদ আকোঁৱালি সগৰ্ভা হৈ
আজি মই মাথোঁ আৱৰ্জনা। 
হায়! ভাগ্যৰ কিযে বিড়ম্বনা ? 
তথাপিতু  মই আশাবাদী--
এনে দিন আহিব ঘূৰি-
সকলোৱে উঠিব বুজি--
থলুৱা সম্পদ, সংস্কৃতিত মানুহৰ স্বাভিমান কিমান! 
এই বোৰহে আচল অতীত ঐতিহ্যৰ পৰিচয়! 
এই বোৰ হে প্ৰকৃত গৌৰৱৰ কাৰক! 
 এই বোৰহে জাতিৰ পুৰাতন সংস্কৃতি।
বুজি পাব সকলোৱে এদিন
অসমীয়া সংস্কৃতিৰ ভঁৰাল
বৰ পেৰাৰ  গুৰুত্ব কিমান!
—————————————
হৃদয়ৰ আহ্বান
প্ৰাণ প্ৰতিমা বড়া

সময়ে বাগৰ সলাইছে
মানুহবোৰ সলনি হৈছে
হৃদয়ৰ আৱেগত শিপাইছে
অনৌচিত্ৰই 
জীয়া উশাহবোৰ এতিয়া বন্ধকত

চৌদিশে  মাথোঁ দুঃসময়
চৌপাশে বিয়পিছে 
ব্যভিচাৰ-হত্যা- লুণ্ঠন- ধৰ্ষণৰ
সম্পৰ্কবোৰত মামৰে ধৰিছে
 অভাৱ দেখোঁ মাতৃ-ভগ্নি- ভাতৃত্বৰ আৱেগবোৰৰ 
মানুহৰ হৃদয়ত অন্তঃসাৰশূন্যতাই আলয় পাতিছে
মৰম-চেনেহ-আদৰৰ তেনেই নাটনি
অনিত্য চিন্তাই আউল লগাইছে সুচিন্তাৰ আৱৰণত
কুলি-কেতেকীৰ মধুৰ গুঞ্জন
আজি বিস্মৃতিৰ বুকুত
পালতৰা নাওঁখনিৰ উভতনি যাত্ৰা
মহাবাহুৰ বুকুত
আজিও আশাবাদী
মানুহৰ হৃদয়ত শুভ্ৰতাৰে ভৰি পৰক 
হৃদয়ত সঞ্জাতপুষ্পৰে পুষ্পিত হওঁক আৱেগৰ
ধৰাৰ বুকুত পুষ্পিত হওঁক
এপাঁহি ৰঙা গোলাপৰ
সেইপাঁহি মাথোঁ প্ৰেমৰ-আৱেগৰ-হেঁপাহৰ...
———————————
পোহৰ 
ৰুমী সেনাপতি ভূঞা

আন্ধাৰৰ আৱৰণ আঁতৰাই
পোহৰ পৰিছে বিয়পি 
চৌপাশে মোহময় সন্মোহিনী আভা !

নিশাৰ নিস্তব্ধতা হৰি 
ফেহুজালিৰ উজ্জ্বীৱিত কিৰণ 
পখীৰ কলৰৱত মুখৰিত ধৰা !

ব্যস্ততাৰ নৈমিত্তিক আখৰা ,
জীৱন জীয়াৰ ঐকান্তিক সাধনা 
সুন্দৰতাৰে নৱতম কৌশল 

চিলাৰ দৰেই ছোঁ মাৰি 
বতাহৰ গতিত উৰে আকলুৱা সপোন 
শূন্যত অনুভৱৰ নানা ৰঙী খেলা 

চৌদিশে পোহৰৰে বিচ্ছুৰিত বৰ্ণালী 
সময়ে ৰঙীন নিচান উৰুৱাই 
বতাহৰ সতে আগুৱাই অসীমলৈ ...!
—————————————
মোক মোৰ দৰে থাকিবলৈ দিয়া
ৰিজু হাজৰিকা 

বেচিজিল, বিশৃংখল মই!
স্পৃহাহীন , কিন্তু নহ‌ওঁ স্পন্দনহীন।
মাথোঁ নিয়ম ভঙাৰ গানগোৱা
ম‌ই বন্ধনহীন ।

চেষ্টাত থাকোঁ অহৰহ,
চিজিলকৈ মালাডাল গঁঠাৰ
 শৃংখলিত হোৱাৰ।

জীয়াই থাকিবলৈ সৰু সৰু সুখবোৰ খামুচিব সাজু!
বৰষুণৰ টোপালত 
দুখবোৰ উটুৱাই বিচাৰি চাওঁ সুখৰ বন্যা।

গুলজাৰ মোৰ প্ৰিয়।
মাজে মাজে গুণগুণাও…
'তুছে নাৰাজ নেহী জিন্দেগী..."
কিতাপবোৰ খুঁচৰি ফুৰোঁ,
'আত্মানুসন্ধান', 
'বিশ্বাস আৰু সংশয়ৰ মাজেদি',
জীয়াই থকাৰ সংজ্ঞা বিচাৰি।
কিন্তু, "water water everywhere,not a drop to drink."

পুনৰ সোমাই পৰোঁ খোলাৰ ভিতৰত
পখিলা হ'ব নোৱাৰাৰ যন্ত্ৰণাই
চেঁপি খুন্দি পেলাই।

আউল নলগাবা 
অবিশ্বাসৰ মেৰপেচত নোসোমোৱাবা
প্ৰতাৰণাৰ কীট হৈ দংশন নকৰিবা ।
এইখন খেলৰ কেঁচা প্ৰতিযোগী মই !
মোক মোৰ দৰে থাকিবলৈ দিয়া ।
———————————
নিৰৱ সাধক
দিপ্তীমনি গোস্বামী

অখ্যাত অৰণ্যৰ এচুকত 
নিৰলে নিতালে বহি ৰয় 
নিৰৱ সাধক
বুটা বচা কথাৰ ফুলজাৰিৰে
লৰাব নোৱাৰে
তেওঁলোকৰ মানৱীয় প্ৰমূল্যবোধৰ
মনস্তাত্বিক স্বত্তাক।

তেওঁ লোকৰ জোলোঙাত
স্থিতপজ্ঞ স্বভিমান
হৃদয়ৰ দুন্দুভিৰে উদ্গীৰণ নহয়
মিছা অভিমান
আশা লালসাৰ পৰিধি ভাঙি
বাঞ্ছা নকৰে সুলভ সন্মান।

অধ্যৱসায় প্ৰজ্ঞাৰ সাধনাৰে
জিনিব বিচাৰে জগত
সততাৰ আচলেৰে ঢকা
অনন্ত হাবিয়াসবোৰ
তেওঁ লোকৰ সঞ্জীৱনী মহৌষধ।
———————————
চুটি চিত্ৰায়ন 
ৰাতুল চেতিয়া ফুকন

এতিয়া পাহাৰবোৰ টকলা
নদীয়ে নিৰ্লজভাবে প্ৰকট কৰে
সিহঁতৰ ভাঁজবোৰ ।
সংস্কাৰৰ মথাউৰি খহে
ইন্ধন যোগায় প্ৰযুক্তিৰ উপহাৰে ।
বাটে পথে আনকি ৰান্ধনী ঘৰতো চলে
অশালীন আনন্দৰ চিত্ৰায়ন ।
'ওখ পৰ্বত হিমালয়'
কোনেও একো নকয়
মাথোঁ জুমি জুমি চাই ।
টকলা পাহাৰ আৰু
নদীৰ একা বেঁকা ভাজ ।
——————————
শূন্যতাৰ সিপাৰে প্ৰাপ্তিৰ মৰীচিকা
জোনমনি বৰা

শূন্যতাৰ সিপাৰে প্ৰাপ্তিৰ মৰিচীকা
জীৱনৰ ভৰপকত 
যৌৱনৰ গৰাখহনীয়া
ভাবি ভাবি মনৰ বিথিকাত
জাজৰিৰ ৰূপত
হাহুমুনিয়াহ ৷

জীৱনৰ ভৰদুপৰীয়া
আহিলো বহুদূৰ আগুৱাই
সময়ৰ সুতত ব্যস্ততাৰ বঠা বাই ৷
উদেশ্যবিহীন মোৰ দিঙা 
সময়ৰ পকনিয়াত 
তুলবুল কৰে ৷
জীৱন আৰু দায়িত্ববোৰলৈ 
ভাবুকি আহে  
তথাপিও নিৰাশাৰ
অপৰাহ্ণৰ আবেশত
নিজকে  বিলিন কৰিব 
বিচৰা নাই ৷
———————————————

Post a Comment

0 Comments