পষেকীয়া কাব্যকানন অষ্টাদশ সংখ্যা

———————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক :সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------

বাটচ’ৰা

সম্পাদকীয়...


   সিদিনা আছিল ভোগালী বিহুৰ উৰুকা। উৰুকাক লৈয়ে সাধাৰণ ব্যস্ততা। তেনেতে অসমৰ স্বনামধন্য কবি নীলিম কুমাৰদেৱৰ নম্বৰটো মোৰ ম’বাইলৰ স্ক্ৰীণত জিলিকি উঠিল। কবিৰ এইটোৱে মোলৈ প্ৰথম ফোন। 

  ম’বাইলৰ সিটোমূৰৰ পৰা ভাহি আহিল – 'মই মৰিগাঁৱলৈ গৈ আছো সপৰিয়ালে। তোমাৰ ঘৰ মায়ঙতে যেতিয়া সেয়ে এবাৰ খবৰ কৰিলোঁ। '

   ছাৰক ফোনতে আমাৰ ঘৰলৈকে আমন্ত্ৰণ জনালোঁ । ছাৰে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সপৰিয়ালে আমাৰ গৃহত পদাৰ্পণ কৰি ধন্য কৰিলে। মা দেউতাৰ স’তে কবিৰ কিমানযে কথাৰ আড্ডা। মায়ঙৰ তন্ত্ৰ-মন্ত্ৰৰ পৰা কত যে কথা। অসমৰ অপ্ৰতিদ্বন্দী কবিজনৰ এই 'গ্ৰাউন্ড টু আৰ্থ' ৰূপ কাহানিও দেখা নাছিলোঁ। তেখেতৰ কবিতাৰ দৰেই সহজ সৰল তেখেতৰ ব্যক্তিত্ব। মিছিকি,ফুটুকীৰ লগতে বাইদেউ একো একোটি সহজ সৰল কবিতা। 

   কথাখিনি মোৰ ব্যক্তিগত যদিও 'বাটচ’ৰা'ত উত্থাপন কৰিলোঁ এয়ে যে এয়া কবিতাৰ জয়। কবি নীলিম কুমাৰে বিচৰাৰ দৰে জনগণৰ কন্ঠে কন্ঠে গুঞ্জৰিত হওক কবিতা। খাটি খোৱা লোকৰ মুখে মুখে উচ্চাৰিত হওক কবিতা। 

    নীলিম কুমাৰৰ দৰে এজন প্ৰসিদ্ধ কবি সাধাৰণ মানুহৰ মাজত সহজে লীন হৈ যাব পৰাটো এটি কবিতাই। 



বিনীত–

নৱ ৰাজন 

সম্পাদক

কাব্যকানন

——————————————————

কবিতাৰ আড্ডা 

['ভুলতে' কৰা কল্পনাৰ শক্তি] 

উদয় কুমাৰ শৰ্মা 


  বাস্তৱ অভিজ্ঞতা নোহোৱাকৈ -- কেৱল কল্পনাৰেই, কোনো কবি মহৎ কবি হিচাপে বন্দিত হ'ব পৰাটো টান। জ্ঞানপীঠ বঁটা-বিজয়ী কবি নীলমণি ফুকনদেৱৰ নিম্নোল্লিখিত কবিতাটিত, কল্পনাৰ উপৰিও আছে : অসমৰ সমাজ-জীৱনত প্ৰচলিত হৈ অহা পৰম্পৰা আৰু সংস্কাৰৰ ৰূপকীয় প্ৰয়োগ। 'ভুলতে তোমাক বিছনাখনত খেপিয়াই ফুৰিছিলোঁ ; তুমি যে পৰ্বতটোৰ নামনিত তিলফুল হৈ হালি-জালি আছা' ( নীলমণি ফুকন, 'গোলাপী জামুৰ লগ্ন', ১৯৭৬) মাথো পাঁচটা (প্ৰথমতে ছয়টা) শাৰীৰ এইটি কবিতাত কিমানযে কথা কৈ নিদিয়াকৈ সোমাই আছে : 'বিছনাখনত খেপিওৱা' আৰু 'তিলফুল' হোৱা -- এই দুটি দৃষ্টিগ্ৰাহ্য চিত্ৰকল্প (Visual image)ই নিজে নিজে কেনেকৈ কথা কৈছে : মৃতদেহ সৎকাৰৰ পাছত -- সেই ঠাইত তিল ছটিয়াই দি অহাটো, আমাৰ সমাজৰ জন-বিশ্বাস। সৎকাৰৰ লগত 'তিল'ৰ (তাৰ পাছত -- তিল গজি হোৱা 'তিলফুল') সংযোগে -- আমাৰ সমাজৰ পৰম্পৰা আৰু আচাৰৰ কথাকে উনুকিয়ায়। এফালে মৃত্যু (ভুলতে খেপিওৱা), আনফালে জীৱনৰ চিত্ৰৰূপ (হালি-জালি থকা তিলফুল) -- য'ত, দুখবোধৰ পৰিৱৰ্তে, জীৱনৰ উল্লাস ('হালি-জালি')হে উচ্চাৰিত হৈ ব্যঞ্জিত হৈছেগৈ। মন কৰিবলগীয়া কথাটো হ'ল : কবিতাটি প্ৰথমে লিখোঁতে, ফুকনদেৱে 'হালিজালি' বুলিহে লিখিছিল। তিলফুলৰ লাহি গছবোৰে বতাহত ঢৌ খেলাৰ কথাটোলৈ মন দি -- তেখেতে, পাছত 'হালি-জালি' কৰিলে। 'হালি' আৰু 'জালি'ৰ মাজত দিয়া 'হাইফেন'ডাল যেনিবা -- চৰাইৰ ডেউকাহে এখন! তদুপৰি, 'হালিজালি' আৰু 'হালি-জালি'ৰ মাজত ধ্বনিৰো পাৰ্থক্য এটি আছে। ফুকনদেৱৰ কবিতাৰ মূল বৈশিষ্ট্যই হৈছে : শব্দৰ তৰঙ্গ সৃষ্টি কৰা ধ্বনিতকৈ, শব্দ একোটাৰ আন্ত:ধ্বনি আৰু স্ব-ধ্বনিৰ প্ৰতিধ্বনিলৈ থকা অধিক মনোযোগ। 'বিছনা'খনৰ ব্যক্তি-চিন্তাৰ আন্ধাৰ (খেপিওৱা) অতিক্ৰমি, কবি-মনে বিশাল প্ৰকৃতিৰ ('পৰ্বতটোৰ নামনিত') পোহৰৰ প্ৰতিহে পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছে। 'তুমি' ৰূপান্তৰিত হৈ 'তিলফুল' হোৱা -- কল্পচিত্ৰ দুটিৰ ৰূপকীয় আকৰ্ষণেই, কবিতাটিৰো কেন্দ্রীয় আকৰ্ষণ । আৰু, ইয়াতেই নিহিত আছে কবিতাটিৰ কাব্যিক জীৱন । এই কবিতাটিত আৰম্ভণিতে ব্যৱহাৰ কৰা 'ভুলতে' শব্দটো গুচাই দি এইদৰে পঢ়োঁ যদি : 'তোমাক/ বিছনাখনত / খেপিয়াই ফুৰিছিলোঁ' -- 'খেপিয়ায়' কেতিয়া? ৰাতিৰ ঘোপমৰা অন্ধকাৰত; নহ'লেবা, কবি নিজেই অন্ধ! তেতিয়া, কবিতাটো কবিতা হৈ উঠিবনে বাৰু ! কবিতাত, ইঙ্গিত নাথাকিলে বা তাৎপৰ্যপূৰ্ণ অৰ্থ ব্যঞ্জিত নহ'লে, খোলাকৈ সকলো কথাকেই কৈ দিলে -- কবিতাৰ শৰীৰ যিমানেই সুন্দৰ বা আকৰ্ষণীয় নহওক কিয় -- সি, পাঠকক আকৃষ্ট কৰি ভবাই তুলিব নোৱাৰে। কবিতাৰ আঁৰত থকা তেনে ৰহস্যময়তাইহে কবিতা এটিক প্ৰকৃতাৰ্থত কবিতা কৰি তোলে। আৰু, ইয়াতেই নিৰ্ভৰ কৰে : কবিতা একোটাৰ কাব্যিক জীৱন (Poetic life) । কবি-কল্পনাৰ এনে শক্তিশালী কবিলৈ আমাৰ প্ৰণাম !

—————————————————

                  অনুবাদ কবিতা


আমাক মনৰ শক্তি দিয়া

মূল হিন্দী–গুলজাৰ

অনুবাদগণেশ বৰ্মন 


আমাক মনৰ শক্তি দিয়া , মনক বিজয়ী কৰোঁ

আনৰ জয়ৰ আগতে নিজক জয়ী কৰোঁ ।


নিজৰ মনৰ পৰা ভেদ-ভাবৰ মলি ধুই পেলাও

বন্ধুৰো যদি হয় ভুল , তাকো ক্ষমাৰ চকুৰে চাও

মিছাৰ পৰা দূৰৈত থাকি সঁচাক দৃঢ় কৰোঁ

আনৰ জয়ৰ আগতে নিজক জয়ী কৰোঁ 

আমাক মনৰ শক্তি দিয়া ।


সমস্যা আহিব পাৰে , কৰি যাও অত কাম

ধৰ্মক সাৰথি কৰি , সেই পথকে আচৰোঁ

আন্ধাৰক নকৰি ভয় নিজকে ভৰসা কৰোঁ

আনৰ জয়ৰ আগতে নিজকে জয়ী কৰোঁ

আমাক মনৰ শক্তি দিয়া , মনক বিজয়ী কৰোঁ  ।

-----------–––––

              কবিতা


লেখি লেখি কঢ়া খোজত খহিছে

ৰীতা বৰুৱা


ৰঙা আলিটোৱে দুফাল কৰিছে

ক'লা জাৰণিখন


এৰি থৈ সোণালী-ৰূপালী সময়

ন-আবাদীত ৰুইছে ভূঁই


লেখি লেখি কঢ়া খোজত খহিছে

কেঁচা হালধি গোন্ধ


বুকুৰ ঢেঁকীয়ে বানিলেও ধান

গেঁৰ ধৰা ধানেৰে

পথাৰ ভৰিব


চকুত ছথৰীয়া ডাঙৰিৰ

জিৰিক্‌-জিলিক্‌, জিৰিক্-জিলিক্


ৰঙা আলিটোৱে দুফাল কৰিছে

ক'লা জাৰণিখন।

——————————

বগৰী ফুলিছে আয়াং

মনালিছা শইকীয়া


বৰলুইতৰ দাঁতিৰ লহৰে চাপৰিত 

যোৱা ৰাতি বাৰিষাৰ শেষৰজাক বৰষুণ


চাপৰিত এতিয়া 

দেও দি আছে ভোগালী


বন বগৰীৰ গছবোৰ

তেনেই দোঁ খাই ফুলিছে আয়াং

বৰষুণ জাকে ফুলবোৰ সৰুৱাইছে


সৌ আকাশত কপাহী মেঘৰ দলিছা

নৈপৰীয়া মাটিত কহুৱা কোমল বতাহ


বতাহত উৰিছে 

বগৰী ফুলৰ কুহুমীয়া পাহি


আয়াং অ' 

আমি আমাক ক'ত থৈ যাম

লহৰে চাপৰিৰ জীৱনে জীৱনক সুধিছিল সেই কথা 


নিস্বাৰ্থ ভালপোৱাৰ অন্তহীন যাত্ৰাপথত

বিস্তীৰ্ণ অৰণ্যখনৰ সেউজীয়া ছাঁয়াঘন বাটত

আমি আমাক সকাতৰে এৰি যাম ভৱিষ্যতৰ বাটত ।

——————————

খতিয়ান

ইভা গন্ধীয়া ফুকন


ইকাটি সিকাটি নদীয়ালৰ বাৰী

বুকুত জিলিকি আছে হালধীয়া সৰিয়হৰ হাঁহি

অহা যোৱা নীতি যুগ-যুগান্তৰৰ

বাৰিষা গ'লে খৰালি আহিব

বিনিময় নিবিচাৰি  এটি বছৰ যাবৰ হ'ল


খিতি খিতি লাচত চুটি চুটি বাণি

দূৰণি হৈ যাবলৈ ওলালি

বুকুৰ জোৰণি  সোঁৱৰণিৰ চানেকী হৈ ৰ'ল

নতুন বছৰ আদৰি লবৰ হ'ল

দেনা-পাওনাৰ ব্যৱসায়ী হিচাপ নালাগে মোক

বিগত বছৰৰ খতিয়ান কি পালোঁ কি হেৰুৱালোঁ

ভাবি নকৰোঁ সময় নষ্ট

কি কৰিম তাৰহে লওঁ সংকল্প


সপোনবোৰ অহৰ্নিশে জাগি থাক

এই সাগৰ সেই সাগৰৰ মাজত বহুযোজন বাট

বাটৰ কেঁকুৰিত ৰোমন্থন, উদ্গীৰণ , আৱিষ্কাৰ

জীয়া স্পন্দন তুলি পাৰ হ'ম জীৱন বৈতৰণী

চৰকাৰী হিতাধিকাৰী আঁচনিয়ে ঢুকি নোপোৱা

বনুৱা নিবনুৱা আগবাঢ়ি আহা

ক'তনো ধিতিঙালি মাৰিব যোৱা

চহৰৰ নৰ্দমাবোৰ বন্ধ হৈ থাকে

সিহঁতক চাই কিবা জানো পাবা

বাৰিষা আহিলেহে সিহঁতৰ  ফুটনি বাঢ়ে ।

———————————

নদীৰ নাম ফল্গু

গিৰিজা শৰ্মা


আঘোণী জোনাকখিনি থপিয়াই লৈ

চিলনীজনী অসীমত হেৰাল

প্ৰতিচ্ছবি নদীৰ নিদান

কজলা পানীত গা ধুই নদীখন ফল্গু হ'ল

দিন

মাহ

নে বছৰ

হিচাপ ৰখাই নহ'ল ।

——————————

নাপিত

ৰাতুল চেতিয়া ফুকন 


বতাহে কোবাই যোৱা বিৰিণা যেন চুলি

নতুনকৈ পোখা মৰা ঘাঁহনি দৰা থুতৰিত লৈ

সি কেশবিন্যাশ কৰে আনৰ ।

বুঢ়া আৰু তৰ্জনী আঙুলিৰে ধৰি লৈ কেঁচি খন

জীয়াই থকাৰ সপোন দেখে গ্ৰাহকৰ মূৰত 

তাৰ একমাত্ৰ বিকলাঙ্গ চকী খনত বহিলৈ

মোৰ প্ৰশ্ন ।

তুমি বাৰু কেতিয়াও এই মলিয়ন আইনা খন 

চোৱা নাইনে ?

চাওঁ।

নিজক দেখানে তাত ?

নাই নেদেখোঁ।

তেনেহলে কি দেখা ?

মই দেখোঁ

কলম বহী কিনি দিব নোৱাৰা ল'ৰা টোৰ

শিক্ষকৰ গালি খাই ওফন্দি অহা মুখ খন ,

আৰু

আৰু কি?

কোনো দিনে নতুন কাপোৰ এজোৰ পিন্ধি

ওলাই যাবলৈ নোপোৱা মোৰ মানুহ জনী ।

সিহঁতৰ মাজত মই মোক হেৰুৱায় পেলাওঁ 

দাড়ী কটাৰ পাছত ঘঁহি দিয়া

এণ্টিচেপ্তিক ফিটকিৰি ডোখৰ যেন

তাৰ কলিজা টো ।

মোৰ তেনে লাগিল ।

নাপিত 

সমাজৰ সৰু মানুহ আৰু তাৰ

জীয়াই থকাৰ ইতিহাস ।

—————————

তৰ্জু

দিলাল আহমেদ


Silence is the language of God

All else are poor translation...Rumi


চৰাইৰ কাকলিত শিলবোৰৰ পাখি গজে

বনৰীয়া বতাহত বাউল হৈ বসন্তই

সমুদ্ৰ গহণৰ সুঘ্ৰাণ বিচাৰে৷


প্ৰতিটো নতুন দিনে

পুৰনি হোৱাৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়ে

সকলো নতুন এদিন পুৰনি হয়

মৰম আকলুৱা অবুজন হিয়াখনি

লৰালিতে থমকি ৰয়৷


এনেকৈ এক অবুজ বিষাদ

এটি সন্ধিক্ষণত আহি ৰয়৷

পিছৰ কথাবোৰ সুকীয়া

নীৰৱ তুমি, নীৰৱ মই

নীৰৱতাই যেন ভালপোৱা৷

——————————

নৱ প্ৰভাতত

চন্দনা ভাগৱতী


তোমাৰ চুলিত কেইপাহ মৰহিল

বসন্তৰ ফুল?

নতুন সূৰুয উঠিছে

আলি-পদুলিবোৰে সাৰ পাইছে

সুৰভিত সুৰভি ঢালি

সৌৱা,সেউজীয়া গছজোপাতো

গীত গাই আছে এহালি চৰাই

অনন্য!

বুকুত জীয়াই ৰাখিবলৈ 

এখন সেউজ অভয়াৰণ্য ।

———————————

দৃশ্যপট

চয়নিকা ভূঞা 


হঠাৎ কিছুমান ঘটনা ঘটি যায় 

কিছুমান দোষ গাত জাপি দিয়া হয়


কোনেও নাজানে ভৱিষ্যতৰ কথা


প্লেনিং কৰা কথাবোৰ

অকস্মাৎ সলনি হয়

অকস্মাৎ সলনি হোৱা 

কথাবোৰেই যাউতিযুগীয়া


মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে

মুখৰ আঁৰৰ মুখত নতুন কাহিনী 

ভুলতেই আন এটা ভুলৰ আৰম্ভণি 


অজানিতে বহু কথাই সলনি হৈ যায়

আধা বাটতে জীৱনে মূৰ সলায় 


জীৱন কচুপাতৰ পানী

জীৱন জিন্দাবাদ 


বঁকিয়াতে কাহিনী

জীৱনতেই ৰং


পোহাৰী চুপতিত 

এতিয়া 

জীৱনৰ মেল ।

———————————

লিমাৰিকৰ  সংক্ষিপ্ত ইতিবৃত্ত আৰু অসমীয়া সাহিত্যত লিমাৰিকৰ প্ৰভাৱ

(স্বৰচিত লিমাৰিক সংকলন 'পঞ্চপদী'ৰ আধাৰত)


পৰাণ জ্যোতি ভূঞা

 মাৰ্ঘেৰিটা


 যোৱা চেপ্টেম্বৰ (২০২৩ বৰ্ষৰ)মাহত উত্তৰ লখিমপুৰৰ মঙ্গলময় পত্ৰিকা প্ৰকাশনৰ সহযোগত পাঞ্চজন্য বুকচ, গুৱাহাটীৰ দ্বাৰা এই নিৱন্ধ লেখকৰ স্বৰচিত এশ এটা লিমাৰিকৰ সংকলন 'পঞ্চপদী'প্ৰকাশ হয় । কিন্তু এই অভাগনে 'পঞ্চপদী' সকলোকে  পঢ়াৰ সৌভাগ্যকণ দিব  নোৱাৰা হেতুকে গ্ৰন্থখনত সন্নিৱিষ্ট লিমাৰিকৰ সংজ্ঞা,উৎপত্তি ,লিমাৰিকৰ স্বৰূপ ,অসমীয়া সাহিত্যত  লিমাৰিকৰ প্ৰভাৱ  সমন্ধীয়  আলোচনা সকলোৰে জ্ঞাতাৰ্থে জনোৱাৰ মানসেৰে 'পঞ্চপদী'ত সন্নিৱিষ্ট তথা আন দুই এজন লেখক ,সাহিত্যিকৰ বক্তব্যৰ আঁত ধৰি এই আলোচনা যুগুত কৰাৰ প্ৰয়াস কৰিলোঁ ।


লিমাৰিকৰ  সংজ্ঞা:-  Oxford Dictionary-ৰ মতে, লিমাৰিক হ’ল “…a kind of humorous verse, especially five line form often epigrammatic, or indecent with rhymes aabba ।  আনহাতে ৱিকিপিডিয়া মতে, লিমাৰিক ক-ক-খ-খ-ক ছন্দৰে লিখা হয় অৰ্থাত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল থাকে। তৃতীয় আৰু চতুৰ্থ শাৰী সাধাৰণতে আন তিনিশাৰীৰ তুলনাত কম দীঘল হয়। " It is written in five-line, predominantly anapestic trimeter with a strict rhyme scheme of AABBA, in which the first, second and fifth line rhyme, while the third and fourth lines are shorter and share a different rhyme"

 লিমাৰিকৰ উৎপত্তি:- লিমাৰিকৰ উৎপত্তি সমন্ধে বিভিন্ন মতভেদ আছে । 

 " লিমাৰিকৰ উৎপত্তি সমন্ধে কম পৰিসৰত বিস্তৃত ব্যাখ্যা কৰা সম্ভৱ নহয় । লিমাৰিক শব্দটো ইংৰাজী Limerick ৰ পৰা অহা আৰু ই আয়াৰলেন্ডৰ লিমাৰিক নামৰ চহৰত জন্ম বুলি বহুতে মতপোষন কৰে ।

আইৰিছ সৈন্যবোৰে ১৭০০ খ্ৰীষ্টাব্দত "will you come up to Limerick" বুলি গোৱা ধেমেলীয়া গীতটোৰ পিছত যি কোনো চুটি ধেমেলীয়া গীতক "লিমাৰিক" বুলি বহুতে অভিহিত কৰিবলৈ ধৰে । পিছে "লিমাৰিক "কাব্য হিচাবে ১৮৪৫ চনত এডৱাৰ্ড লিয়েৰৰ "A book of nonsense" নামৰ লিমাৰিক সংকলন খনৰ জৰিয়তে প্ৰতিস্থা লাভ কৰে"(লেখকৰ আগকথা-'পঞ্চপদী') ।


 কোনো কোনোৱে ১৭১৯ খ্ৰীষ্টাব্দত  প্ৰকাশিত "Mother Goose Melodies for Children" নামৰ লৰা ওমলোৱা গীতৰ আৰ্হিত  লিমাৰিকৰ 

জন্ম বুলিও মত পোষণ কৰে। 

যিয়েই নহওক ,এডৱাৰ্ড লিয়েৰকে লিমাৰিকৰ ৰজা বুলি আখ্যা দিয়া হয়। নিৰলস সাধনা আৰু স্বকীয় প্ৰতিভাৰ জোৰতে লিমাৰিকক তেওঁ শিল্প ৰূপ দিবলৈ সক্ষম হৈছিল ।১৮৪৬ চনৰ পৰা ১৮৭৭ চনলৈকে লিয়েৰৰ চাৰিখন Nonsense Verse প্ৰকাশ হৈছিল । লিয়েৰৰ পুথিবোৰৰ বিশেষত্ব আছিল প্ৰতিটো লিমাৰিকৰ সৈতে এটা কাৰ্টুনৰ ছবি আঁকি দিয়া ।(প্ৰসঙ্গ-:ৰাবিয়া খাটুনৰ "লিমাৰিক আৰু লিমাৰিকৰ কাহিনী")

কাৰোবাৰ মতে, "লিমাৰিক আছিল ইংলণ্ডৰ (মতান্তৰে আয়াৰলেণ্ডৰ) ক্লাবঘৰকেন্দ্ৰিক এক বুদ্ধিনিষ্ঠ খেল৷ ক্লাবৰ মজিয়াত গোটখোৱা সদস্যসকলৰ এগৰাকীয়ে পোনতে এটা গীতৰ কলি উদ্ভাৱন কৰি গায় আৰু উপস্থিত অন্যান্য সদস্যসকলে সেই কলিটোৰ সৈতে ৰজিতা খোৱাকৈ পিছৰ কলিকেইটা জুৰি দিয়ে৷ এনেদৰে এটা সময়ত গীতটো সম্পূৰ্ণ হ’লে আটাইয়ে মিলি পৰম উলাহেৰে গায়: Will you come up to Limerick?“ সম্ভৱতঃ সমস্বৰ কণ্ঠৰ এই চৰণফাঁকিত থকা শেষৰটো শব্দানুসাৰে লিমাৰিক নামটোৰ উদ্ভৱ হয় আৰু পৰবৰ্তী সময়ত ই তদনুৰূপ পদ্যবিলাকক বুজাবলৈ লয় । (প্ৰসঙ্গ:-অসমীয়া ৰছনা.ডটকম)

——————————

এদিন যুদ্ধ শেষ হ'ব

আবুল হাছেম আল-আমান


এদিন যুদ্ধ শেষ হ'ব

ক'লা ধোঁৱাৰ আৱৰণ নাথাকিব

হৃদয় কঁপাই মিছাইল বোমাবোৰ নুফুটিব

ভৱন অট্ৰালিকাবোৰ পুনৰ নিৰ্মাণ হ'ব 

উদ্যানবোৰ আকৌ ঠন ধৰি উঠিব

ভঙা দলং পথবোৰ পুনৰ্নিৰ্মাণ হ'ব 


মাথো নাথাকিব চিনাকি মুখবোৰ

ঘৰ সজাই তুলিবলৈ  নাৰী হাতবোৰ

ভাত সজাই দিয়া মৰমৰ আইবোৰ

ঘৰ চম্ভালি ৰখা অভিভাৱক-পিতৃবোৰ

সকলকে নচুৱাই ৰখা  শিশু কিশোৰবোৰ

বুঢ়ী আইৰ সাধু কোৱা ককা-আইতাবোৰ

প্ৰভু ভক্ত পোহনীয় সিংহ-বিৰাল-কুকুৰবোৰ

চোতাল ছাদত কলমলোৱা অবুজন চৰাইবোৰ...


ঘৰ ৰাস্তা গাঁও বজাৰবোৰ  উকা হৈ ৰ'ব

দোকানীবোৰে বাকী খোৱা গ্ৰাহকক বিচাৰিব

গ্ৰাহকে বাকী মাৰিবলৈ দোকানীবোৰক বিচাৰিব

কোনেও কাকো বিচাৰি নাপাব

চিনাকি ঠাইৰ নক্সা সলনি হৈ পৰিব

মানুহবোৰে প্ৰিয়জনক ধ্বংসস্তুপবোৰ খুচৰি ফুৰিব


উদ্যানবোৰত আকৌ ঝোলনা হ'ব

যাদু চকী হ'ব  

কিন্তু ঝুলিবলৈ নাথাকিব কোনো শিশু-কিশোৰ

নাথাকিব কোনো পৰিয়াল খাবলৈ ফুচকা পাপৰ

শিলত বহি ভৰি ধুবলৈ নাথাকিব প্ৰেমিক যুগল

ঝৰণাৰ পানীত বৈ আহিব ৰঙা তেজৰ ঢল


এদিন যুদ্ধ শেষ হ'ব  

বৰ বৰ নেতাবোৰে শান্তিৰ মেল পাতি

জ্বলি ভস্ম হোৱা সকলৰ বাবে শান্তি চুক্তি কৰিব

কোনোবাই তাৰ বাবে শান্তিৰ ন'বেল পাব

কোনোবাই ৰাষ্ট্ৰ সংঘৰ বিষয়া সচিব হ'ব 


যুদ্ধ এদিন শেষ হ'ব ঠিকেই

কিন্তু যুদ্ধ অপৰাধী বোৰৰ বিচাৰ নহ'ব

যুদ্ধত ইন্ধন যোগোৱা সকলে বুকু ফিন্দাই ঘুৰিব 

অনাথ অঘৰী শিশু বৃদ্ধ পঙ্গুক বিস্কুট টেবলেট বিলাই 

বাহ্ বাহ্ ল'ব 

অমানুহবোৰে মানৱতাৰ দস্তাবেজ লিখি বিখ্যাত হ'ব 

মুখেৰে শান্তি বাণী বিলাই মগজুৰে  নতুন যুদ্ধৰ আখৰা কৰিব


যুদ্ধ শেষ হলেই ছয়তানৰ বজাৰ মৰিব

যুদ্ধ শেষ হলেই ধৰ্মৰ সদাগৰৰ চৰুৰ তলৰ জুই নুমাব

সেয়ে যুদ্ধ ইহঁতক লাগিব‌ই লাগিব‌

তেজ ইহঁতক লাগিবই লাগিব‌ 

অস্ত্ৰৰ বজাৰ ইহঁতক লাগিব‌ই লাগিব‌ 

ধ্বংস ইহঁতক লাগিব‌ই লাগিব‌ 


এদিন যুদ্ধ শেষ হ'ব ঠিকেই 

এদিন শান্তি চুক্তি হ'ব ঠিকেই

কিন্তু ক্ষতিপুৰণ ল'ব লৈ কোনো ক্ষতিগ্ৰস্ত নাথাকিব 

 শান্তি ভোক কৰিবলৈ কোনো জীৱ নাথাকিব

সপোন ভঙাৰ আৰ্ত চিয়ঁৰত সকলো চুক্তি ছাঁই হ'ব ...

——————————

চাৰুত্ব

ড০ আদিল আলী


আজি মোৰ দুখৰ ছাঁৰে পাৰ হৈ গ'ল 

এছাটি পুৱাৰ অভিমানী তৃষ্ণার্ত বতাহ 


নেজানো কিয় ইমান 

লৰা ঢাপৰা 


আলফুল প্ৰেমৰ নিবিড়তাত জুই দি 

ফাগুন হৈ উৰিল নগৰীয়া যান-জঁটৰ ব্যস্ততা 


মোৰ বুকুৰ কোণত সোঁৱৰণিৰ শব্দ ভঙাৰ কৰুণতা 


মনৰ উজুটিত ছিটিকি পৰিল দৰিদ্ৰৰ দুখৰ বিষাদ কবিতা 


অ' মোৰ নিজান নৈৰ নিৰিবিলি কবিতা 

এতিয়াও তুমি 

মোৰ নিঃসংগতাৰ চেঁচা নৈৰ হিয়া জুৰুৱা বতাহ 


ক'ত তোমাৰ 

চাৰুস্মিতা লয়ৰ জোনাকী মায়া  ? 

——————————

মাতৃ-স্নেহ

ৰমণী মোহন কলিতা


আইৰ চকুয়ে মুখে লাগি থাকে

সুখে-দুখে চিপচিপিয়া এটি হাঁহি

অস্তাচলত সূৰুযে লহিয়ালেই

মোৰ ৰৌদ্ৰ-স্নান মুখ নেদেখিলে 

আলি বাটত তাঁত বাটি কৰে

মোৰ তপস্যাৰ আৰাধ্যা দেৱী

কিন্তু এদিনো বুজি নাপালোঁ

আইৰ বুকুত অনবৰতে ঢৌ তোলা

আছে যে বেদনাৰ এখন মহাসাগৰ


ভালৰো ভালটো সুধি সুধি দিয়ে 

প্ৰতিদিনে মোৰেই থালত

বুজিবকে নিদিয়ে চৰুত লাগি থকাই

আটিব নে নাই ভোকত

সুধিলে জিভাৰ আগত থাকে উত্তৰ 

তেওঁৰ নাই মোক আলাই-আথানি কৰি

ঘাট-মাউৰা কৰাৰ মতলব


সংগোপনে সাঁফৰখন গুচাই 

দেখি আশ্চৰ্যান্বিত হওঁ

মুচিকুচি ল'লেও মেকুৰীলৈকো 

নাটিব চৰুৰ উদ্বৃত্ত অন্নই 

তৎস্বত্তেও জানিব নিদিয়ে

পাক ঘৰৰ নাটনিৰ গুপ্ত সাধু 


দৃষ্টিত পৰে যদি স্থবিৰ হোৱা

মোৰ শৰীৰৰ স্বাভাবিক গতি 

ওৰেটো নিশা পৰ দি থাকে 

পাহৰে পিতাইৰ অগস্ত্য-যাত্ৰাৰ

দিনধৰি ভূগা পেটৰ মৰ-বিষটো


পাট্টাই নিদিয়ে কোনে কাক কি ভাণ্ডে

দেহেকেহে লাগি যায় 

মোক শতুৰু-শালাৰ ভাণ্ডা ফুটাই 

পোল খুলিবলৈ আচল স্বৰূপ।

———————————

অগ্নি প্ৰজ্বলিতং বন্দে হুতাশনং

ৰেখা বৰকটকী


এবোজা খৰিত মোৰ বাস

মেজি মোক নাম দিয়া হ’ল

এবছৰীয়া অপেক্ষাৰে মোৰ সৰ্বশৰীৰত অগ্নিকণাবোৰে

ফণা মেলিব ধৰিছে

কথাতেই কয়

মাঘমহীয়া অগণিৰ পাগ

মোতে অনেক অভীধা!

মই বোলে ওখ হ’ব লাগে

চাপৰ হলেওতো কথা নাই 

মোৰ শক্তি ওখ চাপৰত নেলেখে...

তেন্তে মোৰ সৰ্বব্যাপী আৰু সৰ্বগ্ৰাসী স্বভাৱ সকলোৰে কাম্য?

মোৰ উজ্বলতা এইকেইদিনত বৰকৈ বাঢ়িছে

মই নিজেই উমান পাওঁ

সকলোকে ভষ্মকৰি দিব পৰা মোৰ শক্তিৰ বাবেই মই অনন্য

উস!

মোৰ তাপে মোকেই পুৰিছে

লেলিহান  মোৰ শিখাবোৰ শ-হাজাৰ হাতে 

লহলহ জিহ্বা মেলিছে

সামৰিব পৰা নাই মই নিজে!

তাতে মাঘ সবাতোকৈ ডাঙৰ মাহ

এইসময়ত মোৰ গাত বজ্ৰৰ দৰে শকতি

কেঁচা-পকা বাচ-বিচাৰ নকৰো

অগ্নি প্ৰজ্বলিতং বন্দে হুতাশনং বুলি মোৰ পৰা অলপ দূৰলৈ

যাবানে তোমালোক?

মোৰ কমলাবুলীয়া চকুত চকুথৈ সাৰিব পাৰিম বুলি

দাম্ভিক নহ'বা

বিপদ তোমাৰেই..

তিল, ঘিউ, চাউলেৰে মোক

আহুতি দিয়া

মই তোমালোকক

শৌয্য, বীয্য আৰু প্ৰজ্ঞাৰ আলোক দিম...

অজ্ঞান অন্ধকাৰ বিনাশিবৰ কৌশলেৰে  পোহৰৰ গৰিমাৰে 

উজ্বলিবা তোমালোক...

মই মাঘমহীয়া অগ্নি

পাৱক মই  

ময়েই হুতাশন ।

——————————

শৃংখল

অজিত প্ৰতীম দাস


মোৰ বাবে জন্ম

মোৰ অস্তিত্বৰ কলংক


যৌৱন, মধুৰ নিশাৰ গুঞ্জন

এটা মিঠা সপোনৰ স্পন্দন।


মৃত্যু : মোৰ চিনাকি বহু পুৰণি 

এজন ভাল বন্ধু।

———————————

দুটি লিমাৰিক

পৰাণ জ্যোতি ভূঞা


১.

গুণেনো কি কৰে,ধনেহে সংসাৰ তৰে

 এইবুলি নিধনীক  তোষামোদ  কৰে

মনৰ ধনী নহয়  ব্যৰ্থ

ধনৰ ধনীৰ নাই অৰ্থ

 মনৰ ধনী হবলৈ যে সকলোৱে পাৰে।


২.

কাৰোৰে অভ্যাস নাই কিতাপ পঢ়াৰ

এইখন ঠাইত মূল্যহীন লিখা মেলাৰ

কোটি টকা খৰছ কৰি

সাজিব হেনো লাইব্ৰেৰী

প্ৰশ্ন:উলঙ্গৰ দেশত কাম কি ধোবাৰ।

——————————

তুমি অবিহনে 

গকুল চৌধুৰী


তুমি অবিহনে

মই কি 

মই কোন 

ক’ত মোৰ অস্তিত্ব

তুমি অবিহনে মই ব্যৰ্থ

নাই মোৰ কোনো অৰ্থ  ৷ 


তুমি অবিহনে

মোৰ বুকুত দহে ভালপোৱা

মই ভাগৰুৱা

মই আধৰুৱা

কি আচৰিত স্বৰ্গীয় সঁচা

প্ৰেমৰ মৰম-মায়া  ৷


তুমি অবিহনে

আজি মই নিঃসংগ

মোৰ কাষত

তুমি নাই 

কোনো নাই 

তুমি নাই বাবে

নিসংগতা মোৰ প্ৰিয় ৷


তুমি অবিহনে

মোৰ জীৱন-যৌৱনত

শুন্যতা মাথোঁ শূন্যতা

শুন্যতা মাথোঁ শূন্যতা

মোৰ মনৰ পৃথিৱী আঁউসীৰ

এন্ধাৰে আবৰা  ৷


তুমি অবিহনে

জনঅৰণ্যৰ মাজতো মই 

অকলশৰীয়া

ক’ত বিচাৰি যাম তোমাক

ক’ত বিচাৰি পাম তোমাক 

মাহৰ পাছত মাহ

বছৰৰ পাছত বছৰ

উকা উৰুঙা মোৰ প্ৰেম 

উপত্যকা ৷


তুমি অবিহনে

নাহে ব’হাগ  নুফুলে কপৌ

নুফুলে পলাশ  নাহে ফাগুন

মনে কান্দে হৃদয়ে উচুপে

দুচকুৰে অশ্ৰু নিগৰে 

নাহে শৰৎ নুফুলে শেৱালি

নাহাহে প্ৰেমৰ পাৰিজাত ফুল।


তুমি অবিহনে

মোৰ মনত বলিছে প্ৰেমৰ 

ধুমুহা

আনক নালাগে মোক 

তোমাক লাগে 

কি কৰোঁ

কি নকৰোঁ 

ঘৰৰ কথা পেলাব নোৱাৰো

তোমাক মই এৰিব নোৱাৰো 

দিনে প্ৰতিদিনে

প্ৰতিপলে প্ৰতিক্ষণে

প্ৰেমৰ অগনিত জ্বলিছে 

হিয়া ৷


তুমি অবিহনে

কি দিন 

কি ৰাতি

অতিতৰ স্মৃতিয়ে কৰেহি

আমনি 

মই নিঠৰুৱা

মই দুৰ্ভগীয়া

তোমাক কাষত পাবলৈ

অপেক্ষা কৰিব লাগিব

শতযুগ অথবা 

যুগান্তৰৰ হেজাৰ পুৱা  ৷


তুমি অবিহনে

নিৰ্ধাৰণ নহয় মোৰ 

প্ৰেমৰ অৰ্থ 

সমাজৰ নিয়ম

কপালৰ লিখন

মাজত মাথোঁ দুৰ্ভাগ্য

তোমাৰ সৈতে মোৰ 

মিলন অৰ্ধ  ৷


তুমি অবিহনে

জীৱনৰ বাটত মই ৰুদ্ধ

মই সদায় ৰিক্ত

তুমিহীনতাত মই দগ্ধ

মই সদায় তীক্ত

জীৱনৰ যুদ্ধত মই স্তব্ধ  ৷


তুমি অবিহনে

মই নহয় জীপাল সিক্ত

নাই সুখ 

আছে দুখ

নাই হাঁহি

আছে অশ্ৰু

মই সদায় উদাস ৰুক্ষ ৷


তুমি অবিহনে

মই শূন্য 

মই অপূৰ্ণ

কোনেও কোনোদিনে 

কৰিব নোৱাৰে

মোক পূৰ্ণ  ৷

—————————————

এনেকুৱাই

ডাঃ বন্দনা তামূলী


আমাৰ এখন নদী আছিল

বৈ গৈ আছে

বহু ধেমালিৰ কাল

তাত বহু কাহিনী আছিল

যেনেকৈ  জীৱনৰ বাটত পঢ়িছিলো

তেনেকৈয়ে সকলো গছ সলনি হৈছিল

ফুলিবলৈ লৈছিল কদম ফুল

ফুলিছিল কলগছ জোপাত কলফুল


একোৱেই নাথাকে হাতত

সময় সৰি সৰি যায়

আমাৰো নিজস্ব দিন গলি গলি যায়

তুমিতো জানাই

নে আজি জানিছা

বলিয়া বজ্ৰপাত সহ ধুমুহা আহিছিল

ক’ৰবাত কেতিয়াবা ইফালে সিফালে


সেই ধুমুহাৰ ভিতৰত ধুমুহাৰ গল্প

তোমাৰ ভিতৰত তোমাৰ গল্প

এতিয়াও তুমি

তৰ্জনী আঙুলী ডাঙি কিয় ৰাখা

তৰ্জনী আঙুলী দেখুৱাই কিয় মাতা ৷

———————————

ভোগজৰা

দিপ্তী মনি গোস্বামী


নিয়ৰ সনা নিতাল আকাশৰ কুঁৱলী ফালি

উত্তৰায়ণৰ সূৰুযে মিঠা হাঁহিৰে

কানে কানে ক'লে মনে মনে

ভোগজৰা ভোগালী সমাগত।


হয় ভোগালী আহিছে

কিন্তু,

ভোগালীৰ আনন্দত যেন আজি বিষাদৰ কৰুণগাথা

ভোগালীৰ ভোগজৰা আজি ক'ত ?

 ভোগালীৰ ৰংবোৰ আজি এলাগীৰ সাজত!


আইতাৰ জুহালত আজি নাভাজে পিঠা

দুপৰ ৰাতিলৈ নুঠে তিল পিঠা ঘিলা পিঠা,

মুড়ি সান্দহ চিৰা জলপানবোৰ বজাৰ পকিয়া হ'ল 

উৰুকাৰ দিনা মোনা ভৰাই কিনি আনিলেই হ'ল।



জীয়ৰী বোৱাৰীহঁতে স্মাৰ্ট ফোন টিপে ঘনে ঘনে 

সেয়ে সাতামপুৰুষীয়া ঢেকীটো ওভালি থলে,

পৰৰ পিঠাৰে বিহু পতা আজি দিনৰ আধুনিক ফেশ্বন

সেয়ে বজাৰ পৰা আনে পেকেটৰ ভোগালী জলপান।


বোপাই ককাৰ দিনৰে পৰা চলি অহা প্ৰথা

মেঁজি সেকি মাহ কড়াই কাঠ আলু মোৱা আলু খোৱা 

আজিৰ প্ৰজন্মক  দেখিবা সেইবোৰ দেখি মুখকোঁচোৱা

বিপৰীতে দেখিবা মেগি ফ্ৰাইডৰাইছ চোবোৱা।


মেজিৰ পৰম্পৰাটো যেনিবা প্ৰতিযোগিতা হে হ'ল 

বিধে বিধে ভাগে ভাগে ৰূপ সজ্জাৰ জোৱাৰ নামিল 

শাওনৰ ঢলৰ দৰে  ফটো প্ৰতিযোগিতা চলিল

ভেলা ঘৰৰ ঐক্য সংস্কৃতিত বৰ তলা ওলমিল।


আজি ভোগালী সমাগত

লেখমানো নাই উৎসাহ উদ্দীপনাৰ মন

বাপতিসাহোন পথাৰ ডৰাও পৰি ৰৈছে চন

ঐক্য সংস্কৃতি পৰম্পৰাবোৰ আজি ধোঁৱাচাঙত মগন।

——————————

চিনাকি

প্ৰস্তুতি শৰ্মা


মই তেওঁক চিনি পাওঁ মোৰ ঘৰৰ সিটো পাৰে 

তেওঁৰ ঘৰ

তেওঁ মোৰ চিনাকি

বহুত যুগৰ...


ৰবাব টেঙাৰ বল খেলাৰ পৰা তেওঁলৈ চাও মই

তেওঁ ৰৈ থাকে 

সুমধিৰা হৈ 


শেষ যদি হয়য়ে তেন্তে 

শেষ পৰা আৰম্ভণি হ'ব।

তেওঁক সুধিবৰ মন যায় 

বিদায় পৰত তুমি ইমান উজ্বল কিয়?

———————————

সোঁৱৰণি

মৌচুমী


কোনোবা অজান মূলুকত, 

কাহানিও লগ নোপোৱাৰ বাটত, 

এৰা সুঁতিৰ দৰে 

এৰি আহিলো তোমাক....! 

বুকুত এসাগৰ যেন 

মেটমৰা দুখৰ স্মৃতি লৈ ।

কপালত ৰঙা বেলি অঁকাৰ আগতেই 

লগ পাইছিলো তোমাক। 

বেলি লহিওৱাৰ পৰৰ, 

সেই মিঠা আবেলিৰ কথা...

আজিও মনত পৰে।

কস্তুৰী কস্তুৰী যেন মিঠা সুবাস হৈ 

আজীৱন ৰৈ গ'লা 

মোৰ মনৰ মাজত। 

ময়ো জানো... 

ময়ো চাগে এতিয়াও 

তোমাৰ মনৰ ভাঁজত! 

কেতিয়াবা.... 

কোনোবা নিবিড় নিজান পৰত

তাহানিৰ কথাবোৰে 

বৰকৈ আমনি কৰে। 

নিষ্ঠুৰ সময়ৰ আহ্বানত 

বিচ্ছিন্ন হ'লেও.... 

অতীতৰ জটিল সত্যৰ পবিত্ৰতাক 

পাহৰিব নোৱাৰো মই....।

সেয়ে চাগে গুণগুণাও.... 

'নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত 

বিচাৰো মৰমৰ মাত এষাৰ।'

———————————

শীতৰ অনুভৱ

জুমী চিৰিং


শীতৰ আগমনৰ সেমেকা পুৱাই

ৰূপোৱালী দলিচাত জিকমিকাই

অনন্ত অপেক্ষাৰত জোলোঙাৰেদি

নিয়ৰ সিক্ত গধূলিৰ মুকুতা মণিবোৰ।


হিম চেঁচা কুঁৱলীৰ ফাঁকে ফাঁকে

নামি আহে কুহেলিকাময়ী স্মৃতি

অবুজ ভাষাৰে জগাই তোলে শিহৰণ

মলয়াত নাচে অস্পষ্ট প্ৰেমৰ গুঞ্জন।


মণিকোঠাত আবেগিক অনুভূতি

হৃদয়ত দুলিছে সুমধুৰ প্ৰতিশ্ৰুতি 

শীতৰ আগমনত দূৱৰি হিমানী সানি 

সপোনৰ চোতালত ফুলিছে শেৱালি।

———————————

মৌন ভাষা

ধৰিত্ৰী বৰদলৈ হোকাই


কিমান বিষাদেৰে ভৰা হ'লে,

এখন নদী নিৰৱে বৈ যাব পাৰে।

কেতিয়াবা সেই নদীখনক সুধিছানে?

কি পালে,কি হেৰুৱালে?

পোৱা-নোপোৱাৰ হাবিয়াসতেই যেন,

সৃষ্টি হয় সুখ-দুখৰ সংজ্ঞা।

নিৰৱতাইও বহু কথা কৈ যায় জানা,

নিসংগতাৰ মনোবেদনাৰ ভাষা!

যেনেকৈ নদীয়ে কয়,

নিজৰ অস্থিৰতাৰ গোপন কথা।

———————————

কেৰোণ

ৰুমী কলিতা দত্ত

       

গছজোপা  এতিয়া কেৰোণে ধৰিলে

তুমি ঔষধ ঢালি ধ্বংস কৰিব খুজিছা  নহয়

সেই  অক্টোপাছৰ আক্ৰমণত

লাহে লাহে গছজোপা লেৰেলি গ'ল।


তোমাৰ শুশ্ৰূষা পালে হয়তো 

আকৌ ঠন ধৰি উঠিব 

লহ্‌পহকৈ

সেউজী হৈ

পাতবোৰত স্মৃতিবোৰে দোলা দিব ।


এটা পাতৰ সতে সিটো  পাতৰ সম্বন্ধ

জী থকাৰ বাবে অপ্ৰাণ চেষ্টা

এটি নুবুজা সাঁথৰ হৈ ।


ইটোৱে সিটোৰ প্ৰতি প্ৰেম জাগে

ইটোৱে সিটোক নুসোধে

সমিধান নাপালেও মৰম সৃষ্টি কৰি যায় 

তাতেই ভালপোৱাৰ আমেজ পায় ।


পাতবোৰ কম্পিত হয়

আৰ্তনাদ কৰি উঠে 

আশাৰ বৰষুণ এজাকত তিতিবলৈ ।


প্লাবিত হৈ পৰে মন-মগজু

গোপনে নিগৰি আহে অনুভৱৰ মালিতা ।

সন্ধান কৰে সৃষ্টিৰ কঠিয়াডৰা 

পিছে শব্দবোৰ ছলনাৰে আঁতৰি যায় ।

———————————

জাৰৰ ৰাতিৰ মানুহজন

নাছিৰ আহমেদ


জাৰৰ ৰাতিৰ মানুহজন 

জাৰত ঠকঠককৈ কঁপিছে ;

গাত উৱঁলি যোৱা কঁথা ।

তেওঁৰ শেঁতা পৰা চকুযুৰিত

মৃত্যুৰ কাতৰ যন্ত্ৰণা !


জাৰৰ ৰাতি মানুহজন

জাৰত ঠকঠককৈ কঁপিছে 

তেওঁৰ বুকুত এপাহাৰ বৰফৰ দম !


যোৱাবেলি ঠেঁটুৱৈ লগা প্ৰচণ্ড জাৰত

পোণাকণটিৰ বুকুৰ স্পন্দন স্তব্ধ হ'ল

 চিৰদিনৰ বাবে!

পোণাকণটিৰ হাতত হাত ধৰি 

মাকজনীও হেৰাই গ'ল !

এতিয়া জাৰৰ ৰাতি মানুহজনৰ চাৰিওফালে                

দুঃস্বপ্নৰ পৃথিৱীত কেৱল মৃত্যুৰ বিভীষিকা!

—————————

উৰ্বৰা

ইৰা দেবী


সিঁচি দিলেই 

লহপহকে বাঢ়ি আহে

 সেযা যিয়েই নহওক

 ভালপোৱা নাইবা  ঘৃণা 

  সেউজ বননি ঠন ধৰি উঠে

 পথাৰেই হওক নাইবা   

 আন উৰ্বৰা  ভুমি

 শিপাই আহিব

 কেকটাচ প্লান্ট। 

 তুমি মাত্র যোগান ধৰা সাৰ পানী

 

মনৰ দৰে উৰ্বৰা আন ক'তো নাথাকে। 

———————————

সস্তীয়া বাটৰ মানুহ 

ৰঞ্জন বৰা


ৰমকজমক বেশভূষণেৰে গাটো যিমানেই মেৰিয়াই লৈছে

মানুহবোৰ উতনুৱা হৈছে

চঞ্চল হৈছে 

সস্তীয়া বাটৰ মানুহ 

মানুহবোৰ

খহি পৰে খাৱৈত


নিৰ্মল আকাশখন যিদৰে অস্তাচলত ৰাঙলী হয়

মানুহবোৰ ৰাঙলী হয় 

অনুৰক্ত হয় 

সস্তীয়া বাটৰ মানুহ হৈ 


এনেকৈ মানুহবোৰ হেৰাই যায় ক’ৰবাত

এনেকৈ মানুহবোৰে এৰি থৈ যায় কাৰোবাক

সস্তীয়া বাটৰ অনুগমন হয় 

সোঁৱৰণিৰ সপোন তলিত ।

———————————

দেশপ্ৰেমমূলক কবিতা

ৰূপালী মেধী নাথ


দেশৰ হকে,দহৰ হকে যুজিবলে' 

হেজাৰ ডেকা,গাভৰুই 

অলেখ বীৰ বীৰাংগনাই 

বনুৱা,বনুৱা,অলেখ সেনানী 

দেশ মাতৃক বিজয়ৰ মুকুত পিন্ধাবলে'

হাঁহি হাঁহি নিজৰ প্ৰাণ আহুতি দিলে 

দেশৰ মাতৃৰ অগাধ প্ৰেমতে 

বীৰ লাচিতে মোমায়েকক কাটিলে 

'দেশতকৈ নহয় মোমাই ডাঙৰ' 

ৰৈ গ'ল শ্লোগান

প্ৰতি অসমীয়াৰ হৃদয়তে। 

মুকুন্দ কাকতি, কুশল কোঁৱৰ আৰু অগননে

দেশৰ স্বাধীনতাৰ নামত নিজক কৰিলে বিসৰ্জন 

নাৰী শক্তিও নহয় পিচ পৰা কোনো দিশে

দেশক স্বাধীন কৰিবলে হাতত ত্ৰিৰংগা লৈ

কনকলতা, ভোগেশ্বৰীয়ে বুকু পাতি দি ইতিহাস ৰচিলে। 

সহস্ৰ জনৰ ত্যাগৰ বলতে 

ভাৰত মাতৃয়ে স্বাধীনতা পালে।

———————————

হেঁপাহৰ ভোগালী

অঞ্জনা ৰূপা দাস


শীতৰ সৰাপাত গছকি

কুঁৱলীৰ আবেষ্টনী ফালি

এখুজি  দুখুজিকৈ আহিল

অসমীৰ হেঁপাহৰ ভোগালী। 

শীতৰ বুকুচাত উঠি

নিশাৰ নিস্তব্ধতা ভেদি, 

ভাহি আহে পৰিভ্ৰমী

পখীৰ  সুশীল কাকলি। 

উচ্ছাসৰ টোপোলা বান্ধি

হেঁপাহৰ  হেন্দোলনি তুলি, 

কষ্টৰ ফচল সামৰি

আদৰিব চেনেহৰ ভোগালী। 

চিৰা-পিঠা ,তিলৰ লাড়ু

ফুৰফুৰিয়া সম্প্ৰীতিৰ সুগন্ধি, 

আনন্দৰ ভেলাঘৰ যেন

একতাৰ এনাজৰী  । 

গঞা-জ্ঞাতি মিলি

আটোম-টোকাৰীকৈ মেজি সাজি, 

প্ৰীতি ভোজ মহৌষধ দেয়ই আভাস সংস্কৃতি। 

দুমাহীৰ পুৱতিত স্নানে

মাজে হৰি ধ্বনি

অগ্নি দেৱতা পূজি

জ্বলিব শীতদহন মেজি। 

দপ্ দপকৈ জ্বলিব মেজি 

অগ্নিৰ উৰিব ফিৰিঙতি

হিমৰ  আকাশ ভেদি

বৰষিব অমিয়া সংস্কৃতি। 

মাহ কৰাই উচৰ্গি

সেৱাটি জনাব, 

অগ্নি দেৱতাৰ উত্তাপত

ব্যাধিৰ বিনাশ ঘটিব। 

মেজিৰ উত্তাপে আনক

সুখ ,আনন্দৰ স্ৰোঁত, 

 বওক শান্তিৰ বন্যা

 সাঙুৰি লৈ ভ্ৰাতৃত্ববোধ। 

 ম'হৰ আঠা দৈ

যেন একাত্ম আত্মীয়, 

স্নানৰ পিছে সাজ

 গুৰু সেৱা পূজ্য। 

 অসমীয়া সংস্কৃতি হেঁপাহৰ ভোগালী 

 এনেকৈ সংৰক্ষিত হওক, 

 আধুনিকতাৰ  পৰশ লগাই

 সংস্কৃতি বিনষ্ট নহওক। 

 ——————————

শীতকাল

মুহাম্মাদ আফজাল


পুৰণিক নতুনকৈ সজালে কোনে?

নগ্নতা ঢাকি আবুৰ পিন্ধালে কোনে?

ঘন কুঁৱলীৰ আমেজ দিলে কোনে?

ঢেঁকীশালত মা-ভনীহঁতক পিঠা খুন্দালে কোনে? 

জুহালত ডেকা-বুঢ়াক এক কৰিলে কোনে? 

মইনাহঁতক বনভোজ খুৱালে কোনে? 

কোনে, কোনে, কোনে?

প্ৰকৃতিৰ এই সাঁথৰ ভাঙিব পাৰিবানে?


এৰা! শীতকালে! 

সভ্যতাৰ ঋতু প্ৰিয় শীতকালে! 

হাড় কঁপোৱা জাৰতো আইতাই

এনেকৈ মাজতে মাত লগাই 

ককাৰ খুহুতীয়া সাঁথৰ ভাঙে তপৰাই।

———————————

Post a Comment

0 Comments