—————————————————————
—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী, আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
কবি,কবিতা আৰু সমালোচনা–এই বিষয়ে সম্প্ৰতি সামাজিক মাধ্যমত যথেষ্ট চৰ্চা চলি আছে।অনুভৱৰ মননশীল নিৰ্মাণক শিল্পলৈ পৰিণত কৰিবলৈ নিতান্তই সাধনাৰ প্ৰয়োজন। অধ্যয়ন,চৰ্চা আৰু সাধনাৰ পাছত যেতিয়া এটা কবিতা নিৰ্মাণ কৰা হয়,তেতিয়া সেই কবিতাৰ মান নিৰূপণৰ বাবে নিৰপেক্ষ সমালোচনাৰ প্ৰয়োজন। কিন্তু সম্প্ৰতি তেনে সমালোচনা কিমান
সুলভ ?
অৱশ্যেই সমালোচনা সাহিত্যৰ এটি গুৰুত্বপূৰ্ণ অংশ। কিন্তু সমালোচনা হ’ব লাগে গঠনমূলক আৰু নিৰপেক্ষ।দেখা যায়– সমালোচনাই বহুক্ষেত্ৰত বহু প্ৰতিভাক অকালতে মোহাৰি পেলায়।
সেয়ে আমাৰ দৃষ্টিৰে সময়তকৈ শ্ৰেষ্ঠ সমালোচক আন কোনো নাই।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
'সূৰ্য্য', 'সৌন্দর্য্য', 'কাৰ্য্য'হে শুদ্ধ
-------------------------------------
ৰে'ফযুক্ত শব্দত 'দ্বিত্ব বৰ্জন'ৰ কাৰণে -- আজিকালি 'কৰ্দ্দৈ', 'কৰ্ম্ম', 'পৰ্ব্বত', 'সম্বৰ্দ্ধনা' আদি শব্দক : 'কৰ্দৈ' ( দ + দ > দিত্ব), 'কৰ্ম', 'পৰ্বত', 'সম্বৰ্ধনা' বুলিহে লিখাটো সঠিক বুলি মানি লোৱা হৈছে।
পিচে, 'সূৰ্য্য', 'সৌন্দর্য্য', 'কাৰ্য্য'ৰ নিচিনা শব্দত -- ৰে'ফযুক্ত বৰ্ণটোতো দুবাৰ ('কৰ্দ্দৈ'ৰ 'দ + দ'ৰ দৰে) ব্যৱহাৰ কৰা হোৱা নাই -- 'য'ৰ লগত '্য' ('য়'কাৰ)হে যোগ হৈছে ; 'য + য' হোৱা নাই।
'সূৰ্য্য' ( সূ + ৰ + য + ্য) , 'কাৰ্য্য' (কা + ৰ + য + ্য), 'সৌন্দর্য্য' (সৌ + ন + দ + ৰ + য + ্য)ৰ উচ্চাৰণো -- 'সূৰ্য' ( সূ + ৰ + য), 'কাৰ্য' (কা + ৰ + য) আৰু, 'সৌন্দর্য ( সৌ + ন + দ + ৰ + য)ৰ সৈতে একে নহয়।
———————————
অনুবাদ কবিতা
I am a Global Citizen
Abdi-Noor Haji Mohamed
Somalia
Is this world a global village?
If yes then I am not a refugee
I should not feel alien anymore
Not at least in my own village
I belong to "Kingdom of Humanity"
Peace and love are my identity
Freedom is my ancestral root
Democracy is the language I speak
I have no color or ethnic boundary
I am a global citizen
মই এজন গ্ল’বেল চিটিজেন
মূল কৱি- আব্দি-নুৰ হাজী মহম্মদ
ছোমালিয়া
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
এই পৃথিৱীখন বিশ্বব্যাপ্ত গাঁও নেকি?
যদি হয় তেন্তে মই শৰণাৰ্থী নহয়
মই আৰু বিদেশী অনুভৱ কৰা উচিত নহয়
অন্ততঃ মোৰ নিজৰ গাঁৱত নহয়
মই "মানৱতাৰ ৰাজ্য"ৰ অন্তৰ্গত।
শান্তি আৰু প্ৰেম মোৰ পৰিচয়
স্বাধীনতা মোৰ পূৰ্বপুৰুষৰ শিপা
গণতন্ত্ৰ হৈছে মই কোৱা ভাষা
মোৰ কোনো ৰং বা জাতিগত সীমা নাই
মই এজন বিশ্ব নাগৰিক।
—————————————
আহিবলগীয়া দিনটো
মূল হিন্দীঃ ৰঘুবীৰ সহায়
অনুবাদঃ গণেশ বৰ্মন
মোৰ মনত নথাকে সেই ক্ষণ
হঠাতে যেতিয়া এক নতুন শক্তি পাওঁ
সৰুকৈ কিবা এটা সত্য পোহৰলৈ অহাৰ পিছত
সেই ক্ষণ ডাঙৰ সত্যৰ মাজত হেৰাই যায়
ততোধিক এক ডাঙৰ অনুভৱৰ সন্ধানত মোক এৰি যায়
ডাঙৰ অনুভৱ অবিহনে যি সকলো জানে
নিশ্চয় আনন্দিত
মই প্ৰতিদিনে ভাগৰি পৰোঁ আৰু মোৰ কোনো ইচ্ছা নাই
নিজক সলনি কৰাৰ মূল্য এই শ্ৰমেৰে পৰিশোধ কৰাৰ ।
ইয়াক মোৰ লগতে থাকিবলৈ দিয়া
ই মোক সোঁৱৰাব যেতিয়া মই সলনি হওঁ
এক পৰিৱৰ্তিত পৰিস্থিতিৰ অংশ হওঁযে
নিজৰ মাজত অদ্বিতীয় কিন্তু সৰ্বসামান্য ।
প্ৰতিটো ক্লান্ত কায়া তুমি লক্ষ্য কৰিবা
তাৰেই ক'ৰবাত লুকাই থকা দেখিবা পাৰ হৈ যোৱা দিনটো
আৰু আহিবলগীয়া দিনটোও তাতেই ক'ৰবাত থাকিব । --------------------------
কবিতা
এশাৰীৰ কবিতা
গুণ মৰাণ
দৃষ্টি: বেলিটো হৈ চাই আছো তোমাক
——————————
বৰষুণ... ভালপোৱা ইত্যাদি
ৰেমী শৰ্মা
সহজ বাট এটিৰে গৈ থকা
বৰষুণজাকক ভাল পাওঁ
ভাল পাওঁ জুৰুলিজুপুৰি এজাৰজোপা
পুৱা জিলিকি উঠিলে
ভালপোৱাৰ ইথিক্সবোৰ গোটাই পকাবন্ধা কৰালৈ
আৱতৰ হয়গৈ কিজানি
লঠঙা হয় জানোচা এজাৰ
কিবা এটা লিখোঁ বুলি খেপিয়াই ফুৰিছোঁ
চকু হাল
মই ৰৈছোঁ এটা প্ৰহৰৰ শেষত
ইমান গহীন অথচ
জিলিৰ মাতো কাণ তাল মৰা
এনেকুৱা ৰাতিতেই
মই মোক বিচাৰি হাবাথুৰি খাওঁ
দুইখন হাত বুকুত সোমোৱাই
চকুহাল মুদি দিলেই
হেৰাই যাওঁ
ৰাতিৰ বুকুত মই
ক্ৰমাৎ
মোৰ বুকুত ৰাতি...
——————————
প্ৰসংগ অপ্ৰাসংগিক
উৎপল ভট্টাচাৰ্য
শাওণৰ পথাৰত এখন শুভ্ৰ চাদৰ
তাতে সিঁচি দিয়া কতযে হিয়া-ভিজা কবিতা!
প্ৰসংগ যদিও অপ্ৰাসংগিক
ট্ৰেক্টৰে কটা মূৰহীন কাৱৈতিলিকা
আৰু জুইত চত্ফটোৱা গৰৈটো
দৃষ্টিকটূভাৱে প্ৰাসংগিক ।
—————————————
দূঃস্বপ্ন
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ৰাতিটো পানী বিচাৰি বিচাৰি
মানসসৰোবৰৰপৰা সুন্দৰবন পালোঁ
চৌদিশে পানী পানী পানী
ৰজায়ো কয় পানীৰ কথা
চাকনৈয়াত পৰি ককবকাইছোঁ মাথোঁ
ভাগৰত লালকাল
সাৰ পাই দেখোঁ সংসদৰ চোতালত
মই আছোঁ নিদ্ৰাৰ মায়াপাশত বন্দী হৈ...
——————————
ভ্ৰমবোৰ ভ্ৰম কিয় নহয়
মুক্তিস্নাতা শৰ্মা
তোমাক লগ পোৱাটো দৰকাৰী আছিল
সেয়া জানো ভ্ৰম আছিল!
তোমাৰপৰা বিচ্ছিন্ন হোৱাটো জৰুৰী আছিল
সেয়াও জানো ভ্ৰম আছিল!
তোমাক লগ পোৱা তথা তোমাৰ সৈতে বিচ্ছিন্ন হোৱা সকলো কথাই ভ্ৰম কিয় নাছিল ?
ভ্ৰমবোৰ ভ্ৰম কিয় নহয় ?
——————————
হাঁহিটো ওঁঠতে শুই থাকক
গিৰিজা শৰ্মা
সাৰ পালেই হেৰাই যোৱাতকৈ
হাঁহিটো ওঁঠতে শুই থাকক
তুমি চুই গ'লে মন দোলে
তুমি চুই দিলে হাচনাহানা ফুলে
ফুল সাঁচি ৰাখিব নোৱাৰি
হাঁহিৰ দৰে
দিন ধৰি ৰাখিব নোৱাৰি
নিজেই বাগৰে
দুকাণত বাজি থাকে সমাধিৰ সুৰ
ছাঁ হৈ লাগি থাকে বিষাদ-বিধুৰ
সাৰ পালেই হেৰাই যোৱাতকৈ
হাঁহিটো ওঁঠতে শুই থাকক
কালে-কালে
যুগে-যুগে ।
---------------------------
ৰং
চয়নিকা ভূঞা
আলধৰা কথাবোৰেই
যত কুটৰ ঘাই
অ'ত ত'ত ধৰি
গৈ থকা কথাও ৰৈ যাবলৈ বাধ্য হয়
হাওলি পৰাটো এতিয়া স্বাভাৱিক কথা
হাওলী পৰিবলৈও বৰ সহজ
তাতে আকৌ
হলা গছ দেখিলে বাগি কুঠাৰ মাৰে
ইফালে
বেলিমুখৰ সপোনটোৱেও
অহৰহ খেদি ফুৰে
দিন ৰাতি একাকাৰ
নৈবেদ্যত নীৰৱ প্ৰাৰ্থনা
কৈ নিদিয়াকৈও
প্ৰতিশ্ৰুতিত আৱদ্ধ কথাবোৰেই
এতিয়া
বুকুৰ বৰপেৰাত
সোণসেৰীয়া প্ৰেম কাহিনী ।
———————————
হাতখন ওপৰলৈ তুলিবলৈ
মণ্টু মৰাণ
হাতখন ওপৰলৈ তুলিবলৈ ভয় লাগে
কোনোবাই কেনেবাকৈ ভাবিব পাৰে আত্মসমৰ্পণ কৰিছে
কেনেবাকৈ ভাবিব পাৰে অহংকাৰ কৰিছে
হাতখন ওপৰলৈ তুলিয়ে বাউলি মাতে
কোনোবাই যদি ভুল বুজে
কোনোবাই ভুলতে ভাবিব পাৰে মোক কাষলৈ মাতিছে
কোনোবাই ভাবিব পাৰে মোক খেদি পঠাইছে দূৰলৈ
ওপৰত থাকি হাতখন মেলি দিলে ক'ৰবালৈ লৈ যোৱা যেন লাগে
(ওপৰত থকাটোও ইমান সহজ নহয়)
তলত থাকি হাতখন ওপৰলৈ তুলি দিলে তললৈ নমাই দিয়া যেন লাগিব পাৰে
হাতখন ওপৰলৈ তুলিবলৈ ভয় লাগে
কোনোবাই যদি ভুলতে ভাবে মোক মাতিছে এঘৰী যুঁজিবলৈ
কোনোবাই যদি ভুলতে ভাবে মোক আশীৰ্বাদ কৰিছে কিবা এটা পাবলৈ
শুভেচ্ছাৰ বুলি ভাবিলে কোনো কথা নাথাকে
কেনেবাকৈ কোনোবাই হয়তো এইবুলি ভাবিবও পাৰে
হাতখন ওপৰলৈ তুলিবলৈ ভয় লাগে
হাতখনক লৈয়ে যে কিমান শব্দ
হাত টান, হাত লৰ, হাত দীঘল, হাত ঢিলা, হাত চুটি
হাতখন ভাল-- কিবা এটা কৰি খাব
হাতখন আছে যেতিয়া কিবা এটা কৰিব
হাতখন ওপৰলৈ তুলিবলৈ ভয় লাগে
কোনোবাই হয়তো ভাবিব পাৰে হাতখন আছে বাবেই ওপৰলৈ তুলিছে
হাতখন আছে বাবেই ওপৰলৈ তুলিছে।
——————————
তুমি মোৰ কোন
গকুল চৌধুৰী
তুমি মোৰ কোন
তুমি জানানে প্ৰিয়া
তুমি বুজানে প্ৰিয়া
তুমি মোৰ সন্ধিয়াৰ আকাশৰ
কাঁচিজোন
জোনৰ পোহৰত জিলিকি উঠা
কেঁচাসোণ ৷
তুমি মোৰ কোন
তুমি জানানে প্ৰিয়া
তুমি বুজানে প্ৰিয়া
তুমি মোৰ সেই নুপুৰৰ শব্দ
ৰুনজুন
সুৰ - শব্দত মই শুনা সেই
গীতৰ কলি গুনগুন ৷
তুমি মোৰ কোন
তুমি জানানে প্ৰিয়া
তুমি বুজানে প্ৰিয়া
তুমি মোৰ শৰতৰ আকাশ
সৌন্দৰ্যৰে সজোৱা অযুত
তৰাৰ সাজোন - কাচোন
ৰামধেনুৰ সাতোৰঙী বৰ্ণালী
জনমে জনমে মন হৃদয়ৰ
আপোন
কেতিয়াবা হাঁহি কেতিয়াবা
কান্দোন ৷
তুমি মোৰ কোন
তুমি জানানে প্ৰিয়া
তুমি বুজানে প্ৰিয়া
তুমি মোৰ অন্তৰ - আত্মাৰ
মাজত সৃষ্টি হোৱা প্ৰেমৰ
গুঞ্জন
অনুভব-অনুভূতিৰ কাঁচিয়লীত
ভালপোৱাৰ প্লাৱন ৷
তুমি মোৰ কোন
তুমি জানানে প্ৰিয়া
তুমি বুজানে প্ৰিয়া
তুমি মোৰ জীৱন-যৌৱনৰ
দাপোণ
দাপোণত মই দেখা ধুনীয়া
জোনাক ধুনীয়া জোন
পুৱতি নিশাৰ সপোন ৷
তুমি মোৰ কোন
তুমি জানানে প্ৰিয়া
তুমি বুজানে প্ৰিয়া
তুমি মোৰ মন আৰু প্ৰাণৰ
যুৰীয়া অনুৰণন
কুসুম কোমল আবেগত মন
জুৰুৱা অবুজ অনামি শিহৰণ ৷
তুমি মোৰ কোন
তুমি জানানে প্ৰিয়া
তুমি বুজানে প্ৰিয়া
তুমি মোৰ জীৱনৰ মধুৰতম
ক্ষণ
সপোন ৰঙৰ জীৱন
জীৱনৰ মধুময় লগন ৷
তুমি মোৰ কোন
তুমি জানানে প্ৰিয়া
তুমি বুজানে প্ৰিয়া
তুমি মোৰ প্ৰেমৰ নদীত উঠা
মৰম-ভালপোৱাৰ হেজাৰ
ঢৌৰ ধুনীয়া নাচোন
আকাশ আৰু পৃথিৱীৰ
মিলন ঘটোৱা
এজাক সপোন যেন বৰষুণ ৷
——————————
কি ৰং দিলা
ডাঃ বন্দনা তামূলী
কিনো ৰং সানিলা
সাঁতো ৰঙৰ সপোন বোৰ দিলা
এটা যেন মিঠা মিঠা বেদনা লৈ
আজিও দুৰে দুৰে থাকিলা
মাজে মাজে ভাবো কি যে নিৰৱতা
মনৰ দেখো বহুতো কথাই
কৈছিলা তুমি অযুত হাঁহিৰে
তোমাৰ সেই প্ৰাণোচ্ছল হাঁহিত
ফুলবোৰেও আনন্দিত হৈ
পিন্ধিছিল ৰশ্মিৰ মালা
নিজৰাটোও বৈ গৈছিল নিৰ্জনতা ভাঙি
সেই নিজৰাটোৰ নাচোনতে
বৈ যোৱা নাইতো ৰামধেনু সদৃশ হাঁহিবোৰ
আজিও জীৱিত হৈ আছে
সেই সোনালী অতীত
মাথো পৰি ৰ’ল কৃঞ্চচূড়াৰ
শুকাই যোৱা পাপৰি বোৰ
সেই গধূলিৰ শূন্যতাত জপিয়াই পৰিছিল
তোমাৰ চকুৰ পৰা মোৰ চকুলৈ
আকাশৰ তৰাৰ তিৰবিৰনি বোৰ
নিবিচাৰো মুকুতা, উৰি ফুৰা তৰা
সৰি পৰা সময়ৰ বুকুৰ পৰা
টোপাটোপে পৰি থকা নিয়ৰত
মিহলি হৈ গ’ল আমাৰ স্তব্দ্ধতা
নুবুজা এক মিঠা মিঠা আন্তৰিকতা ।
———————————
আকাশখন নামি আহিব
দিপ্তী মনি গোস্বামী
বসন্তই উভতনি যাত্ৰা কৰাৰ সময়তেই
গ্ৰীষ্মই খোপনি পুতিব বিচাৰিছে মাটিত
ভেকুলীৰ টুৰ টুৰ মাতেৰে আকাশ নমাব
উভৈনদী হ'ব গাভিনী স্ৰোতস্বিনী সোঁত।
ভাৱত ভাৰাক্ৰান্ত হৈছোঁ
মন ৰোগাক্ৰান্তত ডুব গৈছো
ভাবি কেঁচা মাটিৰ বেথা
সেউজীয়াবোৰ এলাগী হোৱাৰ এঠা।
মোৰ দৰে হয়তো নদী মাতৃয়ে ও কান্দিব
অকামিলা জীৱৰ বিপৰ্যয়ৰ বেলা
দেখি সোণগুটিহঁতৰ সৈতে বিচ্ছেদৰ খেলা
সাতামপুৰুষীয়া বৃত্তি বোৰৰ আলৈ আথানিৰ মেলা।
অজুহাত হাবিয়াসবোৰ লৈ আকাশ চুবলৈ যাওঁতে
আকাশ খনেই কেতিয়াবা নামি আহিব মাটিৰ কাষলৈ
অদূৰদৰ্শী ভাৱনাৰ বাওনাবোৰক ইতিকিং কৰিবলৈ
অনিশ্চয়তাৰ যাত্ৰা বোৰৰ সম্ভেদ দিবলৈ।
——————————
বাইদেউ জ্বলি থকা মমৰ চাকি
ড° আদিল আলী
"বহী এখন যোগাৰ কৰি দিবা
ভাবৰ বুৰবুৰণিত উঠি আহিছে
দুই-এটা মনৰ কবিতা
পাৰো নেকি
শব্দৰ জালেৰে গুঠিব ? "---ক'লে তেওঁ
কণ্ঠৰুদ্ধ গৰমৰ উশাহত তাই ক'লে, " এতিয়া দিব পৰা নেযাব "
গাড়ীৰ পৰা নামি সামাজিক দায়বদ্ধতাৰ পথেৰে খোজ ল'লে তাই পঢ়াশালি লৈ
নতুন দিনৰ
নতুন উদ্যম
বুকুত বান্ধি
অগ্ৰসৰ হ'ল তাই শ্ৰেণী কোঠালৈ
মাতৃভাষাৰ আধাৰ পুঠি হাতত লৈ
কণ কণ মইনাহতক অ, আ---, ক, খ ---ৰ স'তে চিনাকি কৰি দিবলৈ
অভিজ্ঞ মৰমৰ মাত
সংকল্পবদ্ধ;মাতৃভাষাৰ শিকলি সুদৃঢ় কৰি ৰাখিবলৈ
লেৰেলি যোৱা গছক সেউজীয়া বসন পিন্ধোৱাৰ শকতি যেনেদৰে সূৰুযৰ আছে
ঠিক তেনেদৰে তাই শিশুৰ অপৈনত মগজুত সিঁচিব পাৰে জ্ঞানৰ শুদ্ধ স্ফটিক পোহৰ
শিষ্টাচাৰৰ পাঠত
শিশুহঁতৰ মুকুতাৰ হাঁহি
পেলনীয়া কাগজেৰে বন্ধোৱা
শিশুহঁতৰ বৰষুণৰ পানীত খেলা
নাও নাও সৃষ্টিশীল শিশু খেল
লুকাভাকু শৈশৱ ধেমালি
আশাৰ বতাহত
হালে-জালে
সপোন কুঁহি
অদৃশ্য হীৰাৰ উজ্জ্বল চমক
ম্লান পৰা এন্ধাৰ ছাঁ
চিকমিক চিকমিক বিজুলী
বাঃ পোহৰ সোণালী !
জ্ঞানেই সুখ
সুখেই স্বৰ্গ
বাইদেউ জ্বলি থকা মমৰ চাকি !
———————————
ৰাতিৰ আন্ধাৰো প্ৰয়োজন
পবিত্ৰ বৰগোহাঁই
দিনৰ দুখ-কষ্ট ,ৰ'দ-বৰষুণৰ সহি সহি
অতিবাহিত কৰা পথাৰৰ লঠঙা শিমলুজোপা
চকলা-চকল জহি খহিবলৈ ধৰা বুকুৰ আমঠু
গাত বান্ধি লবলৈ শক্তি নোপোৱা নিশকতীয়া
আবতৰীয়া সময়ৰ প্ৰভাৱত জৰাজীৰ্ণ গছজোপাই
দিনৰ পোহৰে যেন আমনি কৰে
দুখবোৰে বুকুত খুন্দা মাৰি ধৰে
কাৰ আগত মুখ ঢাকি কান্দিব
অলপ শান্তনা লবলৈকে যেন ৰাতিৰ আন্ধাৰ প্ৰয়োজন
দুচকুৰ দুগালেদি বৈ অহা চকুপানী মচিবৰ
বাবে ৰাতিৰ আন্ধাৰ খুবেই প্ৰয়োজন
বতাহ-বৰষুণে খহাব নোৱাৰা ঠিক
বুকুৰ দুখৰ পাহাৰটোৰ দৰে শিলৰ পাহাৰটো ,
বুঢ়ালোকে কয় হলা গছ দেখিলে বাগি কুঠাৰ মাৰে
বাৰিষাৰ নৈখন কিমান গভীৰ বঠা মৰাজনে জানে
বেৰৰো কাণ থাকে বোলে বহুতেই কয়
সেইবাবে দিনৰ পোহৰতকৈ ৰাতিৰ আন্ধাৰেই ভাল।
——————————
কিয়
নীলাঞ্জনা শৰ্মা বৰুৱা
তুমি ক্ৰুছবিদ্ধ হোৱাৰ পিছতো
প্ৰাৰ্থনাত লৈছিলা তেওঁৰেই নাম,
চাইছিলা তেওঁলৈ তেওঁ নজনাকৈ
তেওঁৰ শুকাই অহা দেহটোলৈ
তোমাৰ পুতৌ জাগিছিল।
তুমি কান্দিছিলা তেওঁ নেদেখাকৈ
যদিওবা তেওঁৱেই তোমাক
ক্ৰুছবিদ্ধ কৰিছিল ।
তুমি তেওঁক
দিছিলা অন্ন, বস্ত্ৰ আৰু গৃহ।
তোমাৰ ঘাঁবোৰক তেওঁ শুকাবলৈ দিয়া নাছিল
তথাপি তোমাৰ বুকুত
তেওঁলৈ জন্ম নহ'ল ঘৃণা
আৰু সেয়ে তুমি যুগে যুগে
তেওঁৰ হাতত ধৰাশায়ী।
নাজানো এয়া তোমাৰ প্ৰেম নে মহানুৱতা
কিন্তু বাৰে বাৰে মৰি থকাতকৈ
তুমি ধাৰণ নকৰা কিয়
শিলাদিত্যৰ শিলৰ চোলা ?
———————————
কুকুহা
সোণালী ডেকা দাস
কবিতা লিখিবলৈ
কিয়নো লাগে বন্ধু
প্ৰেমত পৰিবলৈ
চোৱা না এবাৰ তাজমহললৈ
প্ৰেমৰ অক্ষয় কীৰ্তিস্তম্ভৰ শুভ্ৰতাত
বিচাৰি পাবা তুমি
সৃষ্টিৰ অযুত প্ৰেৰণা...
ঠিক তেনেকৈয়ে
দেৱদাসে দি যাব ব্যৰ্থ প্ৰেমৰ
অসহনীয় যাতনাৰ
ৰঙা কলিজাৰ কথা...
তুমি চাগৈ নাজানা
উৰি ফুৰা কুকুহাই
মাথোঁ দিব পাৰে দহনৰ বতৰা
অৱশিষ্ট বিশেষ
জ্বলি চাই হৈ ৰৈ যোৱা...
ৰাধাকৃষ্ণৰ ঐশ্বৰিক প্ৰেমৰ কথা
নক'লোৱে যেনিবা!
——————————
অবুজ মনে যে নেমানে
জোনমনি মহন্ত
বুজিও নুবুজা হৈ কিয় ভাবোঁ
সাগৰৰ গভীৰতা কিমান
তথাপি মনে নামানে
খেলি থকা ঢৌৱে কিয় বাৰে বাৰে হৃদয় কঁপায়
অনুভৱ হ'লেই জানোঁ মালিতা হ'ব পাৰে
ৰ'দৰ তাপত চকুলো শুকুৱাব পৰা হ'লে
গুপুতে ৰখা বেদনাবোৰে আমনি নকৰিলেহেঁতেন
ভাবনাৰ নিজানত
সেউজীয়া বুকুত উৰিবৰ মন যায়
কিন্তু আলিদোমোজাত মেঘে গৰজিলে
ক'ত জুৰ ল'ম
তাকে ভাবি কল্পনাৰ মাজত ভাগৰ পুৰাও
সপোনত
আঙুলিত অলেখ তৰা গনিপিতি চাওঁ
থুপ খাই থকা হৃদয়ৰ অংকনবোৰ
থিতাপি লগাবলৈ বেৰখন বিচাৰি চাওঁ
দেখা পালোঁ উঁৱলি গ'ল
কিনো কৰোঁ ক'ম বুলি ভাবোতে
মৌন ভাষাবোৰ বৰষুণত তিতি ৰ'ল
তথাপি বুকু পাতি দুখৰ ধুমুহাৰ স'তে
কামিজৰ সীঁয়নিত সপোন সাঁচি থলো
সময়ে ক'ব ৰ'দ দিলে সকলো ফৰকাল হ'ব।
———————————
0 Comments