—————————————————————
—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী, আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
বিগত বৰ্ষবোৰৰ দৰে এইবৰ্ষও 'কাব্যম–বঁটা'ৰ বাবে কবিতাৰ পাণ্ডুলিপি আহ্বান. কৰা হৈছে।অসমীয়া কবিতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ২০১৭ চনত মৰিগাঁও জিলাৰ মায়ঙত স্থাপিত অসম কাব্য কাননে প্ৰদান কৰিবলগীয়া 'কাব্যম-বঁটা-২০২৪'ৰ বাবে আগ্ৰহী কবিসকলৰ পৰা স্বৰচিত অসমীয়া কবিতাৰ পাণ্ডুলিপি(সৰ্বাধিক ত্ৰিশটা কবিতা) ১৫ ছেপ্তেম্বৰ,২০২৪ৰ ভিতৰত পোৱাকৈ বিচৰা হৈছে। কাব্যম বঁটাৰ লগত থাকিব পঁচিশ হাজাৰ টকা, স্মাৰক,প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলা। লেখকৰ বয়স ত্ৰিশ বা তাৰ উৰ্দ্ধৰ হ’ব লাগিব।আগতে ছপা হোৱা গ্ৰন্থৰ পাণ্ডুলিপি দিব নোৱাৰিব।এইবছৰৰ ডিচেম্বৰ মাহত বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া অসম কাব্য কাননৰ সপ্তম বাৰ্ষিক অধিৱেশনত উক্ত বঁটাটি প্ৰদান কৰা হ’ব। পাণ্ডুলিপিটো ডি টি পি কৰি ডাকযোগে পঠিয়াব লাগিব। নিজৰ ঠিকনা আৰু ফোন নম্বৰসহ পাণ্ডুলিপি পঠিওৱাৰ ঠিকনাঃ নৱ ৰাজন,
মায়ং আঞ্চলিক কলেজ পথ,
গাঁও+ডাক–ৰজামায়ং
জিলা-মৰিগাঁও
পিন-৭৮২৪১১
ফোন-৯৮৫৪৭৭৬১১৯
৭০০২৫২৩৮৩১
বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
কবিতাৰ আড্ডা
দুগৰাকী ভাষাবিদৰ কথাৰে
উদয় কুমাৰ শৰ্মা
ক) ডক্টৰ মহেশ্বৰ নেওগদেৱে ক'ৰবাত লিখিছিল : 'নেলাগে', 'নেযাবা', 'নেচাওঁ' আদি শব্দবোৰ গ্ৰাম্য-দোষদুষ্ট। তাৰ পৰিৱৰ্তে ('নে'ৰ ঠাইত 'না') -- নালাগে, নাযাবা, নাচাওঁ বুলি লিখাৰহে পক্ষপাতী আছিল তেখেত। [ গীতত, সুৰৰ প্ৰয়োজনৰ কথাটো সুকীয়া। আৰু, কবিতাত : 'নেলাগে নেলাগে আইটি নেলাগে / সোণৰ সঁজাটি তোৰ' ! ]
খ) বেণুধৰ শৰ্মাদেৱে 'মংগল' (ম +ং + গ + ল), 'শংকৰদেৱ', 'সংগীত' আদি শব্দক -- মঙ্গল (ম + ঙ + গ + ল), শঙ্কৰদেৱ, সঙ্গীত বুলিহে লিখি ভাল পাইছিল।
[ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য্যৰ ('ভট্টাচার্য' নহয়) উপন্যাস এখনৰ নাম হ'ল : 'ইয়াৰুইঙ্গম' ; 'ইয়াৰুইংগম' নহয়। ]
—————————
অনুবাদ কবিতা
GLOBAL CITIZENS
Julie Grenness
Australia
Are we good global citizens?
Didn't we sell the world Uranium?
The future is an open book--
Here's a concept worth a look,
Each of us in a calm place,
One peaceful, equitable human race,
One vast people, maybe café au lait,
One global language, perhaps,
One informal faith, for chicks and chaps,
Billions of human ants, billions,
Pigeons ready for Peace Religion,
A future for the young,
Or has capitalism really won?
Who comes second in any war?
Haven't we heard it all before?
Are we good global citizens?
Who did sell the world Uranium?
Well.............
গ্লোবেল চিটিজেনছ
জুলি গ্ৰেনেছ
অষ্ট্ৰেলিয়া
ভাবানুবাদঃ ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
আমি ভাল বিশ্ব নাগৰিক নেকি?
আমি বিশ্বক ইউৰেনিয়াম বিক্ৰী কৰা নাছিলো নেকি?
ভৱিষ্যত এখন মুকলি কিতাপ--
ইয়াত এটা চোৱাৰ যোগ্য ধাৰণা আছে,
আমাৰ প্ৰত্যেকেই শান্ত ঠাইত,
এটা শান্তিপূৰ্ণ, সমতাপূৰ্ণ মানৱ জাতি,
এটা বিশাল মানুহ, হয়তো café au lait,
এটা বিশ্বব্যাপী ভাষা, হয়তো,
এটা অনানুষ্ঠানিক বিশ্বাস, পোৱালি আৰু চাপৰ বাবে,
কোটি কোটি মানুহৰ পিঁপৰা, কোটি কোটি,
শান্তি ধৰ্মৰ বাবে সাজু পাৰ চৰাই,
যুৱক-যুৱতীসকলৰ বাবে এক ভৱিষ্যত,
নে সঁচাকৈয়ে পুঁজিবাদে জয়লাভ কৰিছে?
যিকোনো যুদ্ধত কোনে দ্বিতীয় স্থান লাভ কৰে?
আমি আগতে সকলো শুনা নাই নেকি?
আমি ভাল বিশ্ব নাগৰিক নেকি?
বিশ্বক কোনে বিক্ৰী কৰিছিল ইউৰেনিয়াম?
বাৰু.....
——————————
প্ৰতিবাৰেই নতুন চেহেৰা
মূল উৰিয়া :ৰাজেন্দ্ৰ কিশোৰ পাণ্ডা
হিন্দী অনুবাদ : সম্বিদ কুমাৰ দাস
অসমীয়া অনুবাদ:- গণেশ বৰ্মন
প্ৰতিবাৰেই মই ভুল দুৱাৰত টুকুৰিয়াওঁ
বিচাৰোঁ যাক
পাওঁ আন কাৰোবাক ।
বগলীৰ দৰে মই গাঁৱে-গাঁৱে , নগৰে-নগৰে
চুবুৰিয়ে-চুবুৰিয়ে , অলিয়ে-গলিয়ে ,
দুৱাৰৰ ফাঁকেৰে জুমি চাওঁ ,
প্ৰতিবাৰেই নতুন-নতুন চেহেৰা দেখা পাওঁ ,
মই টোকৰ মৰাৰ পিছত দুৱাৰ যেতিয়া খোল খায় ।
প্ৰতিবাৰেই নতুন-নতুন চেহেৰা ,
দ্বিতীয়বাৰ সেই চেহেৰা দেখা নাপাওঁ
কোনো ঠাইতে ।
জনসমুদ্ৰত মোক যেন অৰণ্যই আৱৰি লয় ,
গছ-লতাৰ আঁৰৰ পৰা দেখা পাওঁ আধাখোলা শিলৰ দুৱাৰ
খোলাৰ পিছত গুহা
পুনৰ এটা নতুন চেহেৰা ।
বগা ,ক'লা , ৰঙা , সেউজীয়া , নীলা , হালধীয়া
কেতিয়াবা সেন্দুৰীয়া দেৱতাৰ দৰে -----
কেতিয়াবা কেঁচা-কেঁচা ভাবনাৰে
কেতিয়াবা পৰিণত , কেতিয়াবা সুকুমাৰ
দূৰে-দূৰে সদায়েই আনৰ দৰে
দুৱাৰৰ ফাঁকেৰে দেখা চেহেৰা আৰু
সেই চেহেৰাত এক মৃদু কৌতুহল
এইদৰে ভ্ৰষ্ট হৈ থকাৰ বহুত সুখ !
এটি চাওনি, কিমান সুখ , কিমানযে সুখ !
এনেকুৱা ভ্ৰষ্টতাত
কোনে আকৌ উভতিব খ্যাতিৰ পৰিচয়ৰ যাতনাত
নিজৰ সংসাৰৰ শত্ৰু-শিৱিৰলৈ
অচিন জনৰ লগতো শত্ৰুতা হয়নে বাৰু ?
ক্ষণিক পূৰ্বৰাগত
আৰম্ভ আৰু শেষ !
তৰা আৰু ফুল আৰু শিল আৰু বীজ লৈ
যেন চটিয়াই আছোঁ
জনপথ , ৰাজপথ ,আলিবাট আৰু
ঠেক গো-বাটত
যেন মোৰ ছায়াও পৰা নাই
শূন্যতাত , মাটিত
এয়াও সম্ভৱ যে মই আৰু নাই ইয়াত , ইহলোকত ,
মই এবাৰ টুকুৰিয়াই দিয়াৰ পিছত
বছৰৰ পিছত বছৰ
টোকৰ পৰিয়েই আছে
প্ৰতিধ্বনিৰ দৰে
এই দুৱাৰত , সৌ দুৱাৰত
অগণিত ভাবে বন্ধ দুৱাৰত !
----------------------------
কবিতা
কিহৰ দুখত ভাগি পৰিছে আকাশ
ৰীতা বৰুৱা
১.
কিহৰ দুখত আজি
ভাগি পৰিছে আকাশ
বোৱাইছে চকুলোৰ ধল
জুৰিবোৰ নৈ হৈছে
নৈবোৰ সাগৰ
সাগৰত বুৰ গৈছে
সপোনৰ সমদল
২.
পাহাৰটোৰ গাৰে
সো-সোৱাই নামি আহিছে যেন
এডাল ৰূপালী সাপ
য'তে যি পাইছে গিলি গৈছে
খেতি-পথাৰ, ঘৰ-দুৱাৰ, জীৱ-জন্তু...
আৰু ঘৰ এৰি মানুহবোৰ
হাবি এৰি জন্তুবোৰ দৌৰিছে
জীউটো মুঠিত লৈ
চকুৰ আগত ফুলিছে সিহঁতৰ
সৰিয়হ ফুল !
——————————
ছিমলা
জুবিলী গগৈ
শিলনিৰ বাটবোৰত অঁকা থাকে
জীৱনৰেই ছবি
বাগৰি পৰোঁ পৰোঁকৈ ৰৈ যায়
কদমত ঘোঁৰা
আৰোহীক সুকলমে লৈ যাবলৈকে যে
জন্ম সিহঁতৰ
নিষ্ঠা আৰু দায়িত্ববোধৰ কথা
সিহঁতক সুধিবা
কৰ্মহীন সময়ৰ ব্যথাৰ কথা
ঘোঁৰাবোৰক সুধিবা
সিহঁতৰ ফটা গোৰোহাত
বালি আৰু শিলৰ চামনি
উদাস চাৱনি
ঘোঁৰাচোৱাৰ লগত ঘোঁৰাবোৰ
সলাব পাৰি
'ছিজন' শেষ হ'লে
শেষ নহয় সময়
ছামেলি,ছাহজাদাহঁতৰ লগতেই
আধাফাল জীৱন
ওখ-চাপৰ,গাঁত-বাম নেওচি
ক'লৈ যাৱ
পিঠিত বোজা বান্ধি
ক'বিনো কি
আমি হ'লোঁ পৰ্যটক
তহঁতৰ বোজা
মাটিৰ বোজা খহাবলৈকে
পাহাৰৰ বুকুত
দুদিনীয়া ঘৰ সজা
কোনেনো ক'ব
পাহাৰৰ বুকুতো যে
শিলাময় মাটি ।
—————————
মৃত্যু এটা পৰুৱা
দেৱজিত হাজৰিকা
হাতী হ'বলৈ গাধই উদয়াস্ত শ্ৰম কৰে।
বোজা কঢ়িয়ায় , লোকক ঠগে ,তেজ পিয়ে
দানহে খোৱাদি খায় ।
কেনিও চাবলৈ নাই গাধৰ সময়।
খাবলৈ নাই সময় এগৰাহ ভোকৰ ভাত।
পিবলৈ নাই সময় এটুপি পিয়াহৰ পানী।
মূৰৰ ওপৰতযে এখন আকাশ আছে পাহৰিয়েই যায় গাধই
ভৰিৰ তলতযে মাটি আছে তাকো পাহৰি যায় গাধই ।
কেৱল দিনে-ৰাতিয়ে বোজা কঢ়িয়ায় ।
ধান্দা মাৰে , অকৰ্ম কৰে , উন্মাদৰ দৰে দৌৰি ফুৰে ।
গাধক লাগে আকাশত উৰিবলৈ
কূজন পখী হৈ নহয় ।
এক যান্ত্ৰিক চৰাই হৈ উৰিব খোজে গাধই প্ৰতিযোগিতাৰ আকাশত ।
বোজা কঢ়িয়াই কঢ়িয়াই গাধ হৈ পৰে ভূত
হৈ পৰে ফাঁকিবাজ , প্ৰবঞ্চক , বিকাৰী , ভৃত্য
আৰু কত কি !
পিঠিত চাবুকৰ কোব পৰিলেও গাধ নিৰ্বিকাৰ ।
গাধৰ উদ্দেশ্যই হ'ল প্ৰতিযোগিতাৰ আকাশত উৰা ।
গাধই কাহানিও নুবুজে - নিজৰ অথবা জগতৰ অৰ্থ ।
সেই কণমানি পৰুৱাটোৰ কথা গাধই নুবুজে
সেই পৰুৱাটো - যি কিটিককৈ কামুৰিলেই নামি আহে আঁৰকাপোৰ ।
হাজাৰ হ'লেও গাধই নুবুজে - জীৱন নাটৰ সেই কথা ।
মৃত্যুযে এটি কণমানি পৰুৱা ।
কিটিককৈ কামুৰিলেই যি
চিৰদিনলৈ জাপ খাই যায় চকু ।
সি গাধ হৈ নৰ'লহেঁতেন । অন্ততঃ লেৰেলা-চেপেটা হ'লেও ঘোঁৰা এটা হ'লহেঁতেন -
জনাহেঁতেন সেই পৰুৱাটোৰ কথা ।
এতিয়া সি হাতীও নহ'ল ঘোঁৰাও নহ'ল -
হৈ ৰ'ল কেৱল এটা ঈৰ্ষাই পোৰা গাধ ।
——————————
এতিয়া তুমি যদি কোৱা মই শুব পাৰো
কৃষ্ণা বৰা
অজ্ঞাতে মই ভ্ৰমি থকা পথবোৰৰ অস্থিৰতাক
যদি তুমি সামৰি ৰাখিব পাৰা,
মই শুব পাৰো ।
তোমাৰ কথাৰে মোৰ মগজুৰ কোষত
গজি উঠা সেউজীয়াখিনিৰ যদি নাম দিব পাৰা,
তেন্তে মই শুব পাৰো ।
ইমানদিনে মই খুলি থোৱা মইহেন অবয়ৱটোৰ
ঢাকনি মেলি যদি মোক পুনৰায় পিন্ধিবলৈ শিকাইছা,
নাইবা মোৰ বিৱৰ্ণতাৰে ভিজি থকা নূপুৰযোৰত
যদি তুমি নতুন ছন্দ বিচাৰি পাইছা;
মই নিশ্চিন্তে এবাৰ শুব পাৰো।
তুমি পৰিক্ৰমাৰ কথা কোৱা,
জীৱন-মৃত্যু-প্ৰেম-ভৱিষ্যত !
তুমি যাত্ৰাৰ কথাও কোৱা,
গৌতম বুদ্ধৰ পৰা নিৰ্বাণ প্ৰাপ্তিলৈ।
যদি এই আত্মপ্ৰত্যয়ৰ ব্ৰহ্মাণ্ডৰ পৰা
তুমি মোৰ দৈন্যতাক আঁতৰাই ৰাখিছা,
তোমাৰ পৰা এজেবা সপোন ধাৰলৈ লৈ
মই সচাঁকৈয়ে শুব পাৰো!
আহা,
মোক ব্যাপক কৰি তোলা ।
টোপনিৰ বড়ি-টুকুৰা হৃদয়-চকুপানীৰ
পিৰামিড ভাঙি,
এতিয়া তুমি যদি এবাৰ কোৱা,
সচাঁকৈয়ে মই শুব পাৰো।
———————————
ইয়াত অকলে আছোঁ– ২
অভিজিৎ তালুকদাৰ
মোৰ হাতত তুলি দিয়া
তোমালোকৰ কাৰ্য্যবৃত্তান্ত চাই
হতাশ হৈ বহি আছোঁ
মোৰ ইখন হাতে সিখন হাতক চুব পৰা নাই
ইটো চকুৱে সিটো চকুক চাব পৰা নাই
মুকলিত উচ্চাৰণ কৰিব পৰা নাই
ঈশ্বৰৰ নাম
চেগুনৰ অৰণ্যবোৰে
টোপনিতেই মোক খেদি ফুৰে
মই আমলখিৰ অৰণ্য
এখন বিচাৰি
ইয়াত অকলে আছোঁ
সিপাৰৰ চহৰত এতিয়াও
অলংকাৰ নিপিন্ধা তিৰোতাবোৰ
কুঁৱলীৰ চাদৰ গুঠি আছে
নিয়ৰত তিতি মানুহবোৰে
চেগুনগছবোৰলৈ চাই ৰৈছে
মই সেই একেই
ঘোঁৰাৰ খুৰাৰ শব্দবোৰ শুনিছোঁ
তোমালোকৰ অংগীকাৰ
মই বোবা মানুহবোৰক শুনাই
ইয়াত অকলে বহি আছোঁ
চেগুন গছত পখীৰ বাহ নাই
চেগুনৰ অৰণ্যত পানী নাই
এই নদীখনলৈ চাই
নিশ্চুপ হৈ বহি আছোঁ
ক’ৰবাত যেন পুৰণি
ৰেডিঅ’ এটা বাজি উঠিব।
——————————
যাত্ৰা
মনালিছা শইকীয়া
কি দিন
কি ৰাতি
তোমাৰপৰা মোলৈ
মোৰপৰা তোমালৈ
অবিৰত জাহ্নৱী যাত্ৰা
হৈমন্তী পুৱা
চুলিত পিন্ধো সপোনৰ ফুল
আৰু ৰৌদ্ৰোজ্জ্বল পোহৰৰ মালা
চোতালত আঁকি থওঁ ৰঙীন আল্পনা
সীমাহীন ব্যস্ততাৰ গতানুগতিকতা আঁতৰাই
খিৰিকীমুখত আওৰাও বিষাদঘন দিনপঞ্জীৰ পৃষ্ঠা
বেলি লহিয়ালে
খুলি দিওঁ ভাবনাৰ অলেখ দুৱাৰ
মুকুতিৰ নিনাদেৰে কঁপাই তোলো বন্ধ কোঠা
প্ৰতি সন্ধিয়া
মৰাশ এটা কঢ়িয়াও
মোৰ চোতালৰপৰা
তোমাৰ চোতাললৈ
কি দিন
কি ৰাতি
ভাবনাৰ জলাশয়ত
ফুলি উঠে জলজ প্ৰতিচ্ছবি।
——————————
হীৰুদা আকৌ আহিবা...
ধ্ৰুৱজ্যোতি মহন্ত
দুৱাৰডলিত থিয় দি
পানীপোতাৰ পানীডোঙাত দেখিলোঁ
তৰাৰে ভৰা বিশাল আকাশৰ স্নিগ্ধতা
তাতেই এটি তৰা- হীৰুদা !
গাই শুনালে মোক তেজলগা সপোন এটিৰ অন্তৰা
শব্দবোৰ কমাৰশালত পিটি
জোঙাল কৰি থ’ম তোমাৰ বাবে- হীৰুদা,
আহিবা, ৰঙোৱাবা
সুগন্ধি পখিলাৰ পাখিৰে
কলিজা আকৌ শীতলোৱাবা
ককবক কঁকালত মেট-মৰা ভাৰৰ বিষ কঢ়িয়াই ফুৰিছোঁ মই
নীলিম হৃদয় ফলকত আদবাটতেই লিখিম বুলি
তুমি অহাৰ বতৰা...
হীৰুদা তুমি আকৌ আহিবা !
আকৌ আহিবা ....
——————————
আপোনতা
ববী দত্ত
ভৰ বাৰিষাৰ বুঢ়া শামুকৰ খোলাৰ দৰে
মুখ মেলি থকা
কথাবোৰ আজি কাৰোবাক বন্ধকত দি দিলোঁ
এমোন হিচাপৰ গাত আউজি
বিশ্বাসৰ সংবিভাজন ।
ববছা সুখৰ আমদানি ৰপ্তানি বজাৰখনত
চিটি বাছৰ হৰ্ণ টোৰ দৰে চাপি আহিল কান্দোন
অক্টোপাছৰ চেপাত থাউনি নোপোৱা কলিজাত
যোগ বিয়োগৰ অঙ্কবোৰ জহি পমি গ'ল।
উঃ কি যে পাতল হৈ পৰিল বুকুখন !
পাতল হৈ পৰিল মুগাবৰণীয়া গধূলিটো
শুকান পাপৰৰ দৰে কেৰাহীৰ ওপৰত ইলুটি সিলুটি ।
অৰ্ধনগ্ন হ'ল পানীপিয়া সপোনবোৰ
দুখৰ সমবিতৰণত জুইবোৰ পানী হ'ল
ব্যভিচাৰ নোহোৱাকৈ আবেলিটোৱে নাম পালে
ব্যভিচাৰী উপনাম।
কথাবোৰ অজগৰে গিলাৰ দৰে গিলি পেলোৱাৰ পাছত বুকুৰ উচুপনি বাঢ়িল
বৰ বেদনাদায়ক শিৰৰ শপত।
আগ্নেয়গিৰী গলিত লাভাৰ বিস্ফোৰণৰ দণ্ডচিত্ৰ
উঠা নমা, নমা উঠা
মধুৰ বিৰতিৰ পাছত শিৰৰ শপতৰ তালিকাত
নামভূমিকাৰ দুটা চৰিত্ৰৰ হাঁহি
দুচকুত অঞ্জন সানি আদম আৰু ইভ
সংবিভাজন!
চঞ্চল নদীৰ মন্থৰ গতি ।প্ৰতিশ্ৰুতিৰ অনল শিহৰণ ।
ঈশ্বৰলৈ দুহাত প্ৰসাৰিত বৰ হেঁপাহেৰে
অলপ পোহৰ মোৰ বুকুৰ বাবে
অলপ বিশ্বাস মোৰ মনৰ বাবে
অলপ হাঁহি মোৰ ওঁঠৰ বাবে
আৰু অলপ আপোনতা আপোনাৰ বাবে।
——————————
ইডুনা–২৪
অনুভূতি গায়ন
পথাৰত
কলী গাই
চৰাৰ
ছবিখন
তেনেই পুৰাতন
নতুন শিল্পীয়ে
কেনভাছত
শইচ সিঁচে
ধান
অথবা বজৰা
৩৬০ডিগ্ৰীৰ এংগলত
জীয়ন দি ৰখা
ভেন গঘৰ
বেলি ফুলপাহৰ দৰে
কলী গাই
আকৌ চৰে
এবাৰ
ইডুনাৰ খেলপথাৰত ৷
———————————
মূলতঃ
ইলামণি শইকীয়া
হাতী এটাৰ সমান ৰাতি এটা সন্মুখত লৈ
মানুহবোৰে ৰাওচি জুৰি আছে৷
পলকতে পাৰ হোৱা ৰাতি এটাৰ সৈতে মানুহবোৰে উদ্যাপনৰ মেহফিলত বহিছে৷
মূলতঃ মানুহ সুখী
জীৱনবোধৰ প্ৰজ্ঞাৰে
মূলতঃ মানুহবোৰ দুখী
নিৰ্বোধ চিন্তনেৰে...
——————————
পিতাইলৈ
দিলাল আহমেদ
তোৰ খোজত সকলো দুঃখ
জুৰাইছিল ছাঁ হৈ
তই কাষত থাকিলে নদীৰ ঢউ
বাজিছিল কলতান হৈ৷
তোৰ আঙুলিত ধৰি শিকিছিলো
পথচলা----
তোৰ খামোচত আছিল
মৰম, বিশ্বাস, ভৰসা
জীৱনৰ প্ৰতিটো খোজত
তই আছিলি মোৰ সাহস৷
মোৰ হাঁহি, মোৰ কান্দোন
মোৰ আশা, মোৰ সপোন
সকলোতে তোৰ মৰমী পৰশে
তুলিছিল দূৰগামী হেন্দোলন৷
সুখ নিদ্ৰাৰ শেহত দেখিলো
তোৰ যোৱা বাটে
মোৰ পৃথিৱীময় শূন্যতা৷
আকাশ-মাটিৰ ওচৰাওচৰিত
পৰি ৰলোঁ দুই প্ৰান্তত--
তোৰ স্মৃতি আছে
মোৰ বাচি থকাৰ, বচাই ৰখাৰ
প্ৰেৰণা হৈ--
দুঃখৰ মাজত হাঁহি হৈ বহি আছে
অবাধ্য ঘাঁহনিয়ে ঢকা তোৰ কবৰৰ কাষত৷
———————————
ৰাতিপুৱা
ৰমেশ চন্দ্ৰ ৰায়
তাই ৰুটি বেলিছিল
ঘূৰণীয়া ৰুটিবোৰ তাৱাত গৰম কৰি
আঙঠাৰ জুইত ফুলাইছিল
গ্ৰাহক আহিবলৈ লৈছিল
তাই পোৰা ঘূৰণীয়া ৰুটি
গৰম চবজিৰে সৈতে পৰিৱেশন কৰিছিল
প্ৰাত:ভ্ৰমণৰ পাছত গাটো ধুই
অকলশৰীয়া মানুহ এজন তাইৰ ৰুটিৰ দোকানৰ
বেঞ্চখনত ঠাই অকণ উলিয়াই লৈছিল
দুজনী স্কুলীয়া ছোৱালীয়ে টিফিনত তাইৰপৰা দুটাকৈ ৰুটি ভৰাই লৈছিল
বৃদ্ধ এগৰাকী তাইৰ ৰুটিৰ নিয়মীয়া গ্ৰাহক আছিল
ল'জ এটাৰ ল'ৰা কেইটামানে তাইৰ দোকানতে ৰুটি খাইছিল
বেঞ্চত বহা মানুহজন উঠি অহাৰ সময়তে
তাইৰ ঘূৰণীয়া মুখখন আৰু ৰুটিবোৰ
এক হৈ পৰিছিল
মানুহজনৰ বাহিৰে
কথাটো কোনেও জনা
নাছিল।
———————————
উকি
উজ্জ্বল দত্ত
নিজান ঘাটত নিজান বাটত
চিপ মাৰি থাকে ৰাতিটো ৷
ৰিং মৰা প্ৰহৰৰ উকিত
দুলি থাকে ৰাতি
কঁপি থাকে ৰাতি ৷
পথৰুৱা উকি
দুপৰত হেৰাই
ডেকেৰুৱা উকি
উজানত উজাই
পদূলি হুৰাই
ৰজনজনাই যায় ৷
ক’ৰ বাটৰুৱা
বাটৰ কিৰীলি হৈ
উকিৰ মাতত হেৰাই ৷
——————————
বৃক্ষ
ভূমিকা দাস
বৃক্ষ মানেই আত্মত্যাগী দধীচি
বিলাই দিয়াৰ মন্ত্ৰৰে আমি সংকল্প বদ্ধ
অথচ
আমি নুবুজোঁ
তুমি সেউজীয়া,সৱাসিত আৰু
জীৱন দায়িনী শক্তিৰে উজ্জিৱীত কৰি আছা
সমস্ত পৃথিৱী।
সোঁৱৰণিৰ গীত গাই গুণ গুণ
জোনাক ৰাতি তোমাৰ আনুভৱেৰে
ভৰুণ হৈ থাকোঁ...
শত ধুমুহা , শিলাবৃষ্টিয়েও
কক্ষচ্যুত কৰিব নোৱাৰা
এটি আদৰ্শৰ নাম বৃক্ষ ।
তুমি আমাৰ সনাতন সভ্যতাৰ জীৱন
আৰু লিপি...
—————————
আঙুলিৰ ফাঁকেৰে সৰকি যোৱা সময়
জাহ্নৱী হাজৰিকা
মানুহে কথা কয়।
মানুহে সপোন দেখে।
কিছুমানে আকৌ আকাশত চাং পাতে।
বহুত মানুহ...
ভাল মানুহ-বেয়া মানুহ-মৰম দিয়া মানুহ।
তথাপি পৃথিৱী কিন্তু এখনেই।
আকাশ কিন্তু এখনেই।
ঢেলা পৰা চকুৰে আকাশলৈ চাই
মানুহজনীয়ে কথাবোৰ ভাবি থাকে।
নদীৰ বুকুৰ পৰা জোনটো লাহে লাহে উঠি আহে।
নদীখন ৰূপালী হৈ উঠে।
নদীখন মায়াময় হয়।
জোনটো ভাগি ভাগি
নদীখনত অলেখ টুকুৰা হৈ জিলমিলাই উঠে।
সদায় থকাৰ দৰে বতাহ এজাক
ৰিবৰিবকৈ বলিয়েই থাকে।
জোনাকে বতাহক বোকোচাত তোলে নে
বতাহে জোনাকক বোকোচাত তোলে!
ভাবি তেওঁৰ হাঁহি উঠে।
কাৰণ ভাৱনাবোৰ একেই আছে।
মনটোও একেই আছে।
বুলনিখন একেই আছে।
আছে আৰামী চকীখনো।
একেই থকা নাই কেৱল সময় আৰু বয়স।
বাঢ়ি অহা নাহৰ জোপাৰ ছাঁ পৰিছে
তেওঁ বহি থকা আৰামী চকীখনত।
নাহৰৰ ছাঁ আৰু হিলদল ভাঙি বৈ অহা
ৰূপালী জোনাকে নক্সা কাটি থৈছে
প্ৰাচীন বুলনিখনত ।
জোনাকত তেওঁৰ নাকফুলটো জিলিকে।
ৰূপৰ নাকফুল।
হাঁহিচম্পা মানুহজনীৰ শেঁতা মুখ।
এসময়ৰ ৰূপৰ একুৰা জুই।
যাৰ ৰূপৰ পায়েলৰ ৰুণুক জুনুক শব্দই
এসময়ত হিলদ'ল তুলিছিল বহু ৰাজকুমাৰৰ বুকুত।
আজি তেওঁ ক্লান্ত শ্ৰান্ত।
অদূৰৰ হাবিখনত চতুৱা চৰাইৰ চিঞৰ।
সময়ৰ সুৰুঙাৰে সৰি পৰা
মাটিৰঙী পাত এখিলাৰ ফাঁকেৰে
সেই জোনাকী আন্ধাৰটো চিকমিকাই উঠিছে
অতীতৰ চিকুণ চকু।
উথলি উঠিছে ভৰুণ বুকু।
ৰ'দঘাই দুপৰীয়াও তেওঁ সেই বুলনিখনতেই বহি কথাবোৰ ৰোমন্থন কৰি আছিল।
তেতিয়া মাত্ৰ তেওঁৰ চকুৰ আগত আছিল
কামিনী কাঞ্চন,তগৰ আৰু গুটিমালি।
আৰু এই নিশা আছে বিধৌত জোনাক।
আঙুলিৰ ফাঁকেৰে সৰকি যোৱা সময়!
অতীতত ভৰুণ, বৰ্তমানত বিশাল শূন্যতা।
তথাপিও দোলে সময় প্ৰতি পল অনুপল।
অতীত বৰ্তমানৰ হিচাপ মিলাই।
জীৱনটোতো এনেকুৱাই।
পোৱা নোপোৱাৰ হিচাপেৰে ওলমি থকা
এক অনন্ত বিস্ময়।
——————————
বিষয়ঃ তুমি
চয়নিকা ভূঞা
ইমান কাতৰ উশাহ
ইমান আকুলতাৰে ভৰা দুহাত
কাহানিও স্পৰ্শ নকৰা স্পৰ্শত অভিভূত সময়
জীপাল কাহিনী
জীপাল চৰিত্ৰ
আৰু জুৰুলি জুপুৰি হ'ব পৰাকৈ
এজাক বৰষুণ
মন প্ৰাণ ভৰাই তুলিবলৈ
এয়াই যথেষ্ট নে
ইফালে
এমুঠি অন্ন
আৰু কিছু পথৰোৱা সপোন
নীৰৱতাৰ বুকুত
মৰমবোৰ মাথো পি থৈছিলো
কথাবোৰে বুকুত কাহিনী ক'বলৈ লোৱাৰ
মোৰ প্ৰাণৰ চকুযুৰিক
মই প্ৰাণভৰি চাই ৰৈছিলোঁ কিছু পল ।
——————————
হাতখন দেখি নাহাঁহিবি
ড° কমল চন্দ্ৰ নাথ
মোৰ হাতখন দেখি নাহাঁহিবি তহঁতে
তলুৱাৰ ৰেখাই নিৰূপণ কৰিছিল মোৰ ভাগ্যক তলুৱাখন খহতা হৈ কাঠ হ'ল এতিয়া
আঁচবোৰ অস্তিত্বহীন আজি তহঁতে দেখা নাপাৱ
য’ত লিখা আছিল তহঁতক
মানুহ কৰাৰ সপোন
য’ত লিখা আছিল তহঁতক কাঠ শিল লোহা কোবাই মানুহ কৰাৰ ইতিহাস
এইখনেই সেইখন হাত
যি খন হাতেৰে ছয় কেজি ওজনৰ কুঠাৰখন মাৰি
লোকৰ ঘৰে ঘৰে খৰি ফালিছিলোঁ
ডেৰহাতি মাৰ্কিনখন পিন্ধি দেহক পানী কৰি
গধূলি তহঁতলৈ ৰোজগাৰ চপাইছিলো
সেয়েহে কৈছোঁ—
মোৰ হাতখন চাই নাহাঁহিবি
আৰু আজি জীৱনৰ ভাটি বয়সত
মই শিল কাঠ কাটিব ভাঙিবও নোৱাৰো
খৰি ফালিবও নোৱাৰো
সেয়েহে হাতত কলমতো লৈ
দুই এটা মাটিৰ গোন্ধ থকা শব্দকে লিখো নিজক সান্তনা দিবলৈ
সেয়েহে পুনৰ কৈছোঁ–
মোৰ হাতখন চাই নাহাঁহিবি
ইয়াতেই আছিল তহঁতৰ ভাগ্যৰ প্ৰতীক
এৰা —
হাতৰ তলুৱাখন বিশ্বাসৰ এক অন্য ৰূপ!
———————————————————
চহৰখন দেই গ’ল
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
তপত সুবাৰ্তা এটাই
মন্দিৰৰ আকাশৰ বাহিৰে
সকলোকে সমতল
কৰি পেলোৱাৰ পিছত
এডাল মমবাতিৰ চকুৰ তলত
চহৰখনৰ জুইত মৃত্যুৰ কাহিনীটো
মই এঙাৰেৰে লিখিলোঁ
অতীতে ক’ব বিচাৰিছিল
দেই যোৱা তাঁৰৰ দৰে
ছিন্নভিন্ন হোৱা বিশ্বাসবোৰৰ কথা
গোটেই দিনটো
ধ্বংসাৱশেষৰ মাজত খোজ কাঢ়িলোঁ
শিৰোমণিৰ পাদুকাযোৰ বিচাৰি
মিছলীয়াৰ দৰে পথত থিয় হৈ থকা প্ৰতিখন দেৱালত স্তম্ভিত সভ্যতাৰ শ্লোগান
যি শ্লোগানৰ অশ্ৰুৰে ধূম্ৰকুণ্ডলী পকাইছিল
সভ্যতাৰ আক্ৰোশত
গছপাতবোৰ কাগজ হৈছিল
কিন্তু পাহাৰবোৰ বিশ্বাসৰ দৌল
শ্ৰান্ত ল’ৰা-ছোৱালীবোৰা বাবে
প্ৰতিখিলা পাত সেউজীয়া উশাহ
মৃত্যু আৰু অগ্নিৰদ্বাৰা
আশীৰ্বাদ বৰিষণ হ’ব যিদিনা
নখৰ দৰে মৃত বুলি ভবা প্ৰেমক
পুনৰ নিৰ্মাণ কৰিব পৰা যাব...
——————————
গ্ৰন্থ আলোচনা
গ্ৰন্থ - এতিয়াও বহু দূৰ বাকী
কবি - অৰ্চনা ঠাকুৰীয়া
অৰ্চনা ঠাকুৰীয়াৰ কবিতা “এতিয়াও বহু দূৰ বাকী "
ভালেমান তৰুণ কবিয়ে পুৰাকথা নৱ নিৰ্মাণ বা আখ্যান,উপাখ্যানৰ (Mythology) চৰিত্ৰকলৈ বহু কবিতা লিখিছে বা লিখি আছে, কিন্তু কবিতা সমূহে আধুনিকোত্তৰ কাব্যধাৰাত ভাব প্ৰবাহী কৰি চমক সৃষ্টি কৰাত দুই-একেহে সক্ষম হৈছে। এই ধাৰাত কাব্য চৰ্চা কৰা তৰুণ প্ৰজন্মৰ অন্যতম প্ৰতিনিধি অৰ্চনা ঠাকুৰীয়াৰ “এতিয়াও বহু দূৰ বাকী " পঢ়ি দেখিছোঁ ভালেমান কবিতা ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদীয় চৰিত্ৰক বিষয় কৰি লিখা। ভাললগা দিশটো হ'ল কবিতাগুচ্ছ বৰ্ণনাতে সীমায়িত নহৈ আধুনিক বাগধাৰা নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। আধুনিক কাব্যৰ ঠেও ধৰা তেনে এফাঁকি কবিতা -
“নিউ বাৰণাৱতত পুনৰবাৰ সজা হ'ব জতুগৃহ
অন'মেনচি অধ্যয়ন কৰি দিকপালে নিৰ্ণয় কৰিব ভাগ্য
য'ত পাণ্ডৱ নহয়
এইবাৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীকহে আহুতি দিয়া হ'ব" -( জতুগৃহ)
পোনে পোনে সৰল যেন লাগিলেও কবিতাফাঁকি চিন্তা গধুৰ। বাৰণাৱত (উত্তৰ প্ৰদেশৰ বাগপাট জিলাত অৱস্থিত এখন গাঁও। মহাভাৰতত বাৰণাৱতক `বাৰাণাৱত` (Varanāvata) বুলি উল্লেখ আছে, ই জতুগৃহৰ স্থান। বহুতে বিশ্বাস কৰে এতিয়াও বাৰণাৱতত জতুগৃহৰ প্ৰমাণ আছে।) কিন্তু কবিৰ এই উক্তি নব্য, সেই তাহানিৰ বাৰণাৱত নহয়, এয়া আধুনিক “নিউ“ বাৰণাৱত আৰু ইয়াত নতুনকৈ সজা হ'ব জতুগৃহ (ৰাজকুমাৰ দুৰ্যোধনে পাণ্ডৱক জ্বলাই হত্যা কৰা ষড়যন্ত্ৰৰ অংশ হিচাপে নিৰ্মাণ কৰা এটা অট্টালিকা।) অন'মেনচি ( পাত্ৰৰ পৰা বাকী দিয়া সুৰাৰ গতি লক্ষ্য কৰি মানুহৰ ভবিষ্যত নিৰ্ণয় কৰা বিদ্যা) অথাৎ বিশেষ কৌশলেৰে দিকপালে (দিকপাল - কালচক্ৰ- হিন্দু, জৈন, আৰু বৌদ্ধ ধৰ্ম অনুসৰি মহাকাশত নিৰ্দিষ্ট দিশত শাসন কৰা দেৱতাসকল) ভাগ্য নিৰ্ণয় কৰিব, অৰ্থাৎ বৰ্তমানৰ সমাজ ব্যৱস্থাৰ দোষ-গুণ চালিজাৰি চাই সমাজত ন্যায় প্ৰতিষ্ঠা কৰিব বুলি কবি বিশ্বাস ৰাখিছে আৰু এইবাৰ পাণ্ডৱক নহয়, “ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী " অৰ্থাৎ শাসক সকল, যি সকলে অন্যায়, বিশৃঙ্খলতা সকলো জানিও মোহ বা নিজস্ব স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজকৰ্তৱ্য পালন কৰিবলৈ ব্যৰ্থ তেনে শাসক সকলোক আহুতি দিয়া হ'ব। `আহুতি' শব্দটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে - আহুতি বিশ্বাসৰ সৈতে সাঙোৰ খাই আছে, সেয়েহে কবি জ্বলাই দিয়াৰ পৰিৱৰ্তে আহুতি দিয়া হ'ব বুলি কৈছে। জ্বলোৱাৰ উদ্দেশ্য সৎ বা অসৎ দুয়োটা হ'ব পাৰে কিন্তু আহুতি সৎ উদ্দেশ্য সিদ্ধিৰ বাবে দিয়া হয়। এয়া আধ্যাত্মিকতাৰ লগতো জড়িত।
কবি ঠাকুৰীয়াৰ ভাৰতীয় দৰ্শন তথা পৌৰাণিক সাহিত্যৰ অধ্যয়ন মন কৰিবলগীয়া। কোনো এটা পৌৰাণিক চৰিত্ৰ মহাভাৰত, বেদ আদিৰ পৰা তুলি আজিৰ সমাজ খনক পৰ্যবেক্ষণ, নিৰীক্ষণৰ দ্বাৰা এটা যোগসূত্ৰ বিচাৰ কৰি তেওঁ কৈছে -
"বিবেকৰ বিৰুদ্ধে গৈও, কুটুমৰ তেজেৰে কুটুমক বৰণ কৰা হয়
অথবা, ভীষ্মৰ দৰে বীৰকুলেও যেতিয়া কুলবধুক নিৰাপত্তা দিবলৈ সক্ষম নহয়
তেতিয়া, মোৰ ক'বলৈ একোৱেই নাথাকে" - (কুলবধু)
এনে উক্তি স্বাভাৱিকতে আমাক দৃশ্যায়িত কৰে মহাভাৰতৰ সেই ঘটনাৰাজিৰ, য'ত বিবেকৰ বিৰুদ্ধে গৈও বহু ৰথী-মহাৰথী যোদ্ধাই পাণ্ডৱৰ বিপক্ষে স্থিতি লৈছিল অথচ তেওঁলোকে বিশ্বাস কৰিছিল ধৰ্ম (সত্য) পাণ্ডৱৰ পক্ষতে আছে । আত্মীয়ৰ তেজেৰে আত্মীয়ক সম্ভাষণ কৰিছিল। মহাৰথী ভীষ্ময়ো কুৰু ৰাজসভাত দ্ৰৌপদীক নিৰাপত্তা দিব পৰা নাছিল, অথচ ভীষ্মৰ আছিল ইচ্ছামৃত্যু, ইচ্ছা কৰিলে তেওঁ অকলে সমস্ত কুৰু যোদ্ধাৰ বিপক্ষে যুদ্ধ কৰিবলৈ সক্ষম। এই কথাকাহিনী পৌৰাণিক কিন্তু ; ইয়াৰ পাছৰ শাৰীটোৱে নব্য কথকৰ পৰিচয় বহন কৰিছে - "তেতিয়া মোৰ ক'বলৈ একোৱে নাথাকে "। চৰিত্ৰ পৌৰাণিক কথাকাহিনীৰ কিন্তু; আমি দেখা সমাজ খনত সততে ঘটি থকা ঘটনাসমূহৰ লগত মিল আছে। চৰিত্ৰৰ নাম সলনি হৈছে প্ৰেক্ষাপট বেলেগ কিন্তু মূলকাহিনী অপৰিৱৰ্তিত। অত' বোৰ অন্যায়, অবিচাৰ, দুৰ্নীতি দেখিও বহু প্ৰভাৱশালী বিবেকবানেও দুৰ্যোধনৰ লেখিয়া অধৰ্মৰ আজ্ঞাবাহী ভৃত্য। ৰজাৰ হাতত সকলো ক্ষমতা, আইন, প্ৰশাসন অথচ প্ৰতিদিনে কত' দ্ৰৌপদীৰ (জী-বোৱাৰী) বস্ত্ৰ (সতীত্ব) হৰণ হৈ আছে তাৰ লেখ নাই! ভীষ্মৰূপী মহাৰথী সকলো নিৰৱ! ইচ্ছা কৰাহেঁতেন এইবোৰ সমূলঞ্চে বন্ধ কৰি সমাজৰ কুলবধু (জী-বোৱাৰী) সবক নিৰাপত্তা দিব পাৰে কিন্তু ;কাহিনী অপৰিৱৰ্তিত! সেয়েহে কবি বাকৰুদ্ধ।
চিত্ৰশিল্পৰ সম্বন্ধক কাব্যলৈ ৰূপান্তৰ ঘটাবলৈও কবি ঠাকুৰীয়া যত্নপৰ হৈছে। ভিনচেন্ট ভেন গঘ, পাবলো পিকাছো, লিওনাৰ্দো ভিন্সিৰ ছবিক লৈ কেবাটাও কবিতা লিখিছে। ঠাকুৰীয়াই পৌৰাণিক চৰিত্ৰ অৰ্জ্জুনৰ বৃহন্নলা ৰূপৰ ক্ষোভ, ভাৰতীয় বাদ্যযন্ত্ৰ পাখোৱাজ ছন্দৰ তৰংগ আৰু পিতাইৰ প্ৰাৰ্থনাৰ মাজেৰে পিকাছোৰ “old guitarist " ছবিৰ অনুষঙ্গ চমক লগাকৈ নিৰ্মাণ কৰিছে।
পাঠকে কবিতা কিয় পঢ়ে? উত্তৰ ক'ব পাৰোঁ - মানুহৰ মনত অনবৰতে এটা জিজ্ঞাসা থাকে, সেয়া মানুহে বিভিন্ন ধৰণে কৰ্ষণ কৰিবলৈ চেষ্টা কৰে। কিছুলোকে সাহিত্যৰ যোগেদি মনৰ পথাৰ খন কৰ্ষণ কৰি উলিয়াই লয়। কবিৰ শব্দৰে (অভিজ্ঞতা) সাৰ-পানীলৈ পাঠকে সুকীয়াকৈ বীজ ৰোপণ কৰে বা কবি মনৰ সৈতে ধুঁৱলী-কুঁৱলীকৈ এখন ছবি অঙ্কণ কৰি ৰসস্বাদন কৰে। পাঠকে কবিতা এটা পঢ়ি যদি অনুভৱ কৰে এয়াচোন মোৰে কথা! তেন্তে কবিগৰাকীৰ বহুলাংশে সফল হৈ উঠে। কবি ঠাকুৰীয়াৰ কেবাটাও কবিতা এই দিশত সফল। উদাহৰণ স্বৰূপে এফাঁকি কবিতা উল্লেখ কৰিলোঁ -
“আজিও মই স্বাধীন হোৱা নাই
মোৰ লগে লগে গৈ থকা পাহাৰীয়া ফুল আৰু লতিকাবোৰ মোৰ দুখত নীলা হৈ পৰইছিল। আচলতে দুখটোক সোঁচৰা বেমাৰে পাইছিল "- (ক'বলগীয়া বিশেষ কথাটো)
স্বাভাৱিকতে মানুহ সামাজিক ভাৱে দায়ৱদ্ধ, কবি সকলৰ ওপৰত এই দায়িত্ব অধিক, কবিয়ে সমাজৰ বিভিন্ন ঘটনা-পৰিঘটনা পৰ্যবেক্ষণ, বিশ্লেষণ কৰি থাকে, সেয়েহে অনুসন্ধিৎসু মনটোৱে কবিক সকিয়াই-খুন্দিয়াই থাকে কৰ'বাত কিবা এটা ভাল নাইবা বেয়া কাৰ্য্য সংঘটিত হৈছে। এনেধৰণৰ বাৰ্তা ঠাকুৰীয়াৰ কবিতাতো অনুভৱ কৰিব পাৰোঁ। কবিৰ কথাৰে-
“কুঁৱলীৰ তোৰণ ভেদি
ন' কইনাৰ কপালৰ প্ৰথম ফোটটিৰ দৰে
সূৰুযৰ তীব্ৰতাও বাঢ়ি আহিছে - (ৰ'দৰ উগাৰ)
ইউক্লিডীয় জ্যামিতিৰ মেৰপেছ বুজাটো সকলোৰে পক্ষে সহজ নহয়
মানুহৰ পৰা অমানুহ হোৱাটোও"-(জতুগৃহ)
ঠাকুৰীয়াৰ কবিতাত পথাৰৰ বোকাময় গোন্ধৰ বিপৰীতে `আৰ্বান`জীৱনৰ ক্লেদময় গোন্ধ পাওঁ।
তেনে দুফাঁকি কবিতা -
“নিচুকনি গীত মহানগৰীত নাথাকেহেনো
কথাটি ময়ো নজনা নহয়" - (বেদনিধিৰ হাতত পঠোৱা চিঠিখন)
“ৰ'দ বৰষুণ নেওচি থিয় হৈ থাকিব লাগিব ট্ৰেফিক পইন্টত
তাৰ আপত্তি নাই
অভিজ্ঞতা আছে জীৱনৰ" - (ট্ৰেফিক পুলিচ)
আনফালে ঠাকুৰীয়াৰ কবিতাৰ মাজত তত্ব অন্বেষণৰ চেতনাবোধ বিচাৰি পাওঁ, তেওঁৰ কবিতাত বাছোলী শৈলী, গোৱেৰ্ণিকা,প্লেটোৰ এলেগ'ৰি অৱ কেভ, ছাৰৰিয়েলিজম আদিৰ প্ৰাসংগিকতাই “বোধিদ্ৰুম“, “লীলাৱতী" , “নিচুকনি গীতত টোপনি নাহে ", “ভ্ৰম" আদি আদি কবিতাক তাত্বিকভাৱে সমৃদ্ধ কৰি তুলিছে। তাৰোপৰি সংঙ্গীতৰ নানানটা ৰাগৰ প্ৰাসংগিকতাই কবিতাৰ মাত্ৰা বঢ়াই অৰ্থঘন কৰি তুলিছে, এয়া কবিৰ কাৰিকৰী কৌশল।
চিত্ৰকল্প নিৰ্মাণৰ দিশতো ঠাকুৰীয়া নিখুঁত নহ'লেও বিফল বুলিব নোৱাৰি। কবিতা নিৰ্মাণৰ দিশটোত এটা কথা লক্ষ্য কৰিব লাগে যে - চিত্ৰকল্প, প্ৰতীক বা উপমা আদি কবিতাৰ প্ৰসাধনহে ই নিজে কবিতা নহয়। কোনো এটা কবিতা পঠনৰ বেলিকা পুখুৰীত জাল পেলাব নোৱাৰাকে ডাঠকৈ জেং দিয়াৰ পৰিৱৰ্তে এখন কুঁৱলীৰ ওৰণি আৰি দিব লাগে যাতে পাঠকে দেখো-নেদেখোকৈ বা চিনো-নিচিনোকৈ কিবা এটা দেখে। এনে কৰিলে পাঠকে অনুসন্ধিৎসু ভাৱে তালৈ চাই পঠিয়াবলৈ অগ্ৰসৰ হ'ব বা কুঁৱলীৰ আঁৰত কি আছেনো জানিবলৈ মনত ইচ্ছুকতা বাঢ়িব। এই ক্ষেত্ৰত কবি ঠাকুৰীয়াই কিছু আয়ত্ব কৰিবলগীয়া আছে যেন অনুমান কৰিছোঁ , আমি আশা ৰাখিছোঁ তেখেতৰ নিৰৱচ্ছিন্ন অধ্যয়ন আৰু কাব্য চৰ্চাই কবিক সমৃদ্ধ কৰিব। আনহাতে কবিৰ কাম হৈছে শব্দৰ খেল খনত নিজকে চতুৰ খেলুৱৈ ৰূপে গঢ় দিয়া আৰু শব্দকলৈ ন' ন' চিন্তা চৰ্চা কৰা। শ্ৰী ঠাকুৰীয়াই লোকজীৱনত প্ৰচলিত `মলা-তাংখু`, `ঔফুলীয়া হাঁহি`, `কেঁচুৱা জোন ` `কুঁৱলীৰ তোৰণ ' আদিৰ দৰে মনোমোহা চিত্ৰকল্প ব্যৱহাৰ কৰিছে যদিও নগৰীয়া জীৱনত উচ্চাৰিত কিছু ইংৰাজী শব্দ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে , এনে ক্ষেত্ৰত কবি সাৱধানতা অৱলম্বন কৰিব বুলি আশা কৰিলোঁ।
ঠাকুৰীয়াৰ কবিতা সংকলন খনৰ আত্মকথনতেই কবি উল্লেখ কৰিছে কবিৰ পৌৰাণিক সাহিত্যৰ প্ৰতি পৰিসীম স্নেহ তথা শ্ৰদ্ধা আছে, এই স্নেহ কাব্যৰ বাবে শুভ। কবিৰ নিজৰ কবিতাকলৈ কিছু সন্দেহ আছে, অসন্তুষ্টি আছে, নবীন কবি এগৰাকীৰ বাবে এয়াও শুভলক্ষণ।
কবিতা সংকলন খনৰ “এতিয়াও বহু দূৰ বাকী " শিৰোনামটোৱে আশাবাদী, আমিও আশা ৰাখিছোঁ ঠাকুৰীয়াৰ কাপৰ পৰা অধিক ভাল কবিতা পাম। অৱশ্যে ইয়াৰ বাবে কবি কাব্যচৰ্চাত অধিক মনোনিৱেশ কৰিব লাগিব। দেশী-বিদেশী, অগ্ৰজ-অনুজ কবিৰ কবিতা অধ্যয়ন কৰি নিৰ্মাণ আৰু কাৰিকৰী কৌশল আয়ত্ব কৰাৰ প্ৰয়োজনীয়তা আছে। কবিতাৰ প্ৰতীক, ৰূপক ব্যৱহাৰ কৰোঁতে আৰু শব্দ নিৰ্বাচনৰ বেলিকা যাতে উজুটি খাব লগা নহয় তাৰ বাবে কৌশলগত সম্পৰ্ক-সূত্ৰ আয়ত্ব কৰিব লাগিব। অনুশীলনে কবিকন্ঠৰ বাট মুকলি কৰি সুকীয়া কন্ঠস্বৰ গঢ় লোৱাত সহায়ক হ'ব। ইয়াৰ উপৰি কবি কোনো কাৰণতে সমাজ, প্ৰকৃতিৰ প্ৰতি নিৰ্বিকাৰ হ'ব নোৱাৰে, সেয়েহে কবি মাটিৰ লগতো সম্পৰ্ক দৃঢ় কৰাতো অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি আশা ৰাখি আমাৰ আলোচনা সামৰিলোঁ ।
✍পৱন বৰ্মন
পাখামাৰা, বাকসা
ফোন নং- ৯৬১৩১৭৪৭১০
——————————————
বৰ্ণময় সুবাস
দীপালী শইকীয়া
মৰমৰ আঁচলত ধৰি থকা
আইৰ উদ্ভাসিত তৰাফুলীয়া দুচকুতেইতো
লিখা আছে...
লৌহদলিচাত খোজ দিয়াৰ
মনোবলেৰে সমৃদ্ধ বহু কথা
তেন্তে ভয় কিহৰ...
আহা, শব্দৰ মধুৰতাৰ স'তে একাত্ম হৈ
পৰাজয়ৰ যন্ত্ৰণা সহিব পৰাকৈ
পিন্ধি লওঁ শিলৰ বৰ্ম
পোচাক...
পিতাইৰ বুকুতেইতো আছে
নিঃস্ব লোতক মোহাৰি
অনন্য চিৰসুন্দৰৰ শিখা স্পৰ্শি
প্ৰশান্তিৰ সেন্দুৰীয়া পথত খোজ দি
পলসেৰে জীৱনটো জীপাল কৰি
নিৰ্ভেজাল হাঁহিৰে নতুনৰ গজালি মেলিব পৰাকৈ
বৰ্ণময় সুবাস...
তেন্তে ভয় কিহৰ...
আহা, অন্তৰআত্মাত অন্তৰ্নিহিত হৈ থকা
চৈতন্য সত্তাক জাগ্ৰত কৰি
পৰাজয়ৰ যন্ত্ৰণা সহিব পৰাকৈ পিন্ধি লওঁ
শিলৰ বৰ্ম
পোচাক ।
———————————
জ'নাইত এতিয়া শাওনৰ শুৱনি পথাৰ
দেবানন্দ পেগু
জ'নাইত এতিয়া আকাশৰ পৰা শাওন নামি আহিছে ছিপ্ ছিপিয়া বৰষুণ জাকত
নিশাৰ আন্ধাৰৰ আঁৰত লুকাই পাহাৰৰ পৰা নামি অহা নিজৰাৰ পানীয়ে তিয়াই পেলাললে জ'নাইৰ পথাৰবোৰ
পথাৰত এতিয়া নিজৰাৰ পানীবোৰ যৌৱনা গাভৰু হ'ল
যৌৱনৰ প্ৰেম নিৱেদনত পুঠি, কলিহনা, চেঙেলি মাছবোৰ চঞ্চলা হৈ পৰিছে
অচিন চিনাকী পখিবোৰ হেপাঁহবোৰ বুটলি ফুৰিছে।
শুকুলা ডাৱৰৰ ফাঁকে ফাঁকে হালোৱা-ৰোৱনিৰ সপোন বাস্তৱ কৰাৰ মেলা
ক'বাত পানৈৰ অইনিতমত পথাৰবোৰ সেউজীয়া হোৱাৰ প্ৰতিযোগীতা চলিছে
আনফালে জংকিৰ বাঁহীৰ সুৰত মতলীয়া ডাৱৰৰ ছিপ্ ছিপ্ বৰষুণ।
শুই থকা পথাৰবোৰ শাওনৰ পৰশ পাই আকৌ প্ৰাণ পাই উঠিছে।
এতিয়া জ'নাইৰ পথাৰত কেওফালে নান্দনিক দৃশ্য
অহাবেলি লৃগাঙত দেউতাই কঁকালৰ ঠঙলি খুলি হেঁপাহ পলুৱাই গুমৰাগ নাচিব
আকৌ এবাৰ মা'ৰ হাঁহিত ওঁঠত পোহৰ বিলাব।
—————————
এলান্ধু
দিপ্তী মনি গোস্বামী
মান্ধাতা যুগৰ এলান্ধুৰে আৱৰা
আখলৰ ওপৰৰ মকৰাজালবোৰ
অলৰ -অচৰ ভাৱে স্থিতপ্ৰজ্ঞ কিয়?
চাফা নহলেও নাই
কিন্তু ধুতি হোৱাটো প্ৰয়োজন!
চাবোন-চাৰ্ফৰ নিষ্প্ৰয়োজন
মাথোঁ মলিয়ন বদনে দূৰত অৱস্থান ।
তেনে ভাৱনাৰ কবলতেই
বগা সাজ পৰিহিতা অভাগীবোৰ অপবিত্ৰ হয়,
মাংগলিক অনুষ্ঠানত বঞ্চিত হয়,
শুভ্ৰতাবোৰ আন্ধাৰৰ গহ্বৰত বন্দী হয়।
কিন্তু!
তেনে হাতেৰে তৈয়াৰী মৃষ্টান্ন
বিহ নহৈ অমৃত হে হয় ।
দাঙিব নোঁৱাৰা ব্যস্ততাবোৰ
তুলাপাতৰ দৰে লঘু হয়!
সভ্যতাৰ বতাহে কোবাই
উৰুৱাব নোৱাৰে নে কৰাল মৰা
সেই এলান্ধুবোৰ
তৃপ্ত কৰিব নোৱাৰে নে
সেই তৃষ্ণাতুৰ হৃদয়বোৰ?
——————————
লুকাভাকু খেল
প্ৰবীন চন্দ্ৰ তালুকদাৰ
সপোনবোৰৰো ৰং আছে
কিছুমান সেউজীয়া, কিছুমান বগা
কিছুমান কিচকিচীয়া ক’লা
কিছুমানক আকৌ চাবই নোৱাৰি
চাত্ মাৰি যায় চকু কেইটাত
তীব্ৰতাৰ কোবত সেইবোৰৰ৷
সপোনবোৰে কেতিয়াবা ৰং সলায়
ৰঙবোৰো কেতিয়াবা সপোন হৈ ৰয়!
বৰষুণো কেতিয়াবা সপোন হয়,
ধূলিৰ ওৰণি ঠেলি ভাহি আহে হঠাতে
ৰিমঝিম ৰিমঝিম সুৰ এটি হৈ
অনুভূতিশীল কোনো এক ভাবুক হৃদয়ত৷
কঠিয়াৰ গজালিবোৰ এইবাৰ থাকিল পঁচি
ঘৰতো নাই যে ছটিয়াবলৈ আকৌ
ৰাহি হোৱা কোনো সাচতীয়া বিধান !
কি কৰিম বাৰু শাওণত এইবাৰ?
সপোনবোৰকে দেখোন পেলালে ধুই
আহিছিল যদিও বৰষুণজাক সপোন হৈ
সিদিনালৈ মোৰ চিলমিল টোপনিত৷
তাকেই ভাৱো কেতিয়াবা
বাস্তৱটো হয় যে, সদায় বৰ নিষ্ঠুৰ!
উটি-ভাহি ফুৰিলেও কল্পনাৰ ৰাজ্যখনত
সলনি কৰি ৰঙবোৰ সদায় তেজপিয়াটোৰ দৰে,
সপোনৰ বৰষুণ জাকেও কন্দুৱাব পাৰে
খেলি উঠি খেল এখন লুকাভাকুৰ
নজনাকে, নভবাকে, হঠাতে আহি দিঠকত৷
——————————
হৃদয়ৰ তান
অঞ্জনা ৰূপা দাস
আকাশৰ মেঘালী চুলিৰ ঢৌত
খিল্ খিল্ হাঁহি,
হাত-বাউলী মাতে চোন
হিয়াৰ আবেগ ঢালি।
বহল পথাৰখনৰ
সেউজীয়া ঘাঁহনি,
চৰণীয়া গৰুজাকৰ
উদৰ ভৰা পাগুলি।
বাটৰ দুয়ো পাৰে
উপচাই আবেদন,
মাতিছে মোকেই
পাৰি সেউজীয়া আসন।
সেউজীয়া প্ৰকৃতিৰ
আজাৰফুলীয়া হাঁহি,
আবেলিৰ হেঙুলী ৰহণ
গালে-মুখে সানি।
চিনাকি গাঁৱৰ সেই
সুবাসী গোন্ধ,
পুৰাতন প্ৰেম মোৰ
জন্মে জন্মান্তৰৰ সুখ।
—————————
দুপৰ নিশা মোৰ সংগী
প্ৰাণ প্ৰতিমা বড়া
দুপৰ নিশা মোৰ সংগী
এটি সুগন্ধি
পল অনুপলে অনুভৱ কৰোঁ মই তোমাৰ সান্নিধ্য
শৰত মানে যেন প্ৰেমৰ সময়
তোমাৰ সান্নিধ্যই ব্যাকুল কৰে মন
জোনাকীৰ মূল্য জানো পূৰ্ণিমা নিশাত ?
অমাৱস্যাৰ কোনোবা দুপৰ নিশাত
তোমাৰ চিকমিকনিয়ে বিলায়
এবুকু সতেজ উশাহ
উটি ভাহি ফুৰো
তোমাৰ আৱেগৰ কল্লোলত
তোমাক অনুভৱ কৰো
গভীৰৰ পৰা গভীৰতৰলৈ ...
মাজনিশাৰ এটি সুগন্ধি
আৰু মোৰ অনুভৱ
বিষাদৰ জয়গান সামৰিব খোজোঁ
তোমাৰ বুকুত
তুমিযে শাৰদী ৰাণী
তোমাৰ মূল্য মাথোঁ নিশাৰ দুপৰত !
——————————
অসীমত হেৰাল তোমাৰ ঠিকনা
গকুল চৌধুৰী
মোৰ মন আজি দুখেৰে আবৰা
অসীমত হেৰাল তোমাৰ ঠিকনা
তোমাতে হেৰাল মোৰ ঠিকনা
ক’ত বিচাৰি পাওঁ মই
ক’ত বিচাৰি যাওঁ মই
মোৰ মন আজি যন্ত্ৰণাৰে ভৰা
অসীমত হেৰাল তোমাৰ ঠিকনা ৷
তুমি আকাশত নাই বতাহত নাই
তুমি ৰ’দত নাই বৰষুণত নাই
তুমি নিয়ৰত নাই কুঁৱলীত নাই
মোক এৰি তুমি কলৈ গুচি গ’লা ।
তোমাক বিচাৰিছোঁ বন- বননিত
তোমাক বিচাৰিছোঁ গভীৰ অৰণ্যত
তোমাক বিচাৰিছোঁ পাহাৰ ভৈয়ামত
তুমি আহি এষাৰ মাত
মাতানা ৷
তুমি জোনাকত নাই পোহৰত নাই
তুমি ফুলত নাই পাতত নাই
তুমি প্ৰকৃতিত নাই সেউজীয়াত নাই
মোক এৰি তুমি কিয় গুচি গ’লা ৷
তোমাক বিচাৰিছোঁ নদ–নদীত
তোমাক বিচাৰিছোঁ জান জুৰিত
তোমাৰ বিচাৰিছোঁ সাগৰ
মহাসাগৰত
তুমি আহি এবাৰ দেখা
দিয়ানা।
তুমিয়েতো মোক এদিন কৈছিলা
তুমিয়েতো মোৰ হয় বুলি
তুমিয়েতো মোৰ হয় বুলি
যদি মই সঁচাকৈ আনৰ নহয়
যদি মই সঁচাকৈ তোমাৰ হয়
তেন্তে মোৰ ভৰ যৌৱনত কিয় নিসংগতা লিখিলা
মাজ বাটত মোক কিয়
অকলশৰীয়া কৰিলা
মোৰ মনৰ এই কথা তোমাৰ
মনক সুধি চোৱানা ৷
তুমি নহ’লে নাহে ফাগুন নুফুলে
পলাশ
তুমি নহ’লে নাহে ব’হাগ নুফুলে
কপৌ
তুমি আহিলে সকলো আহিব
মোৰ জীৱনলে
তুমি আহিলে ফুল ফুলিব প্ৰতিদিনে
মোৰ জীৱনলৈ তুমি উভতি আহানা
মোক আকৌ আগৰ দৰে
আদৰি লোৱানা ৷
মোৰ মন আজি বিষাদেৰে ভৰা
অসীমত হেৰাল তোমাৰ ঠিকনা
তোমাতেই হেৰাল মোৰ ঠিকনা
কেনি বিচাৰি পাওঁ মই
কেনি বিচাৰি যাওঁ মই
মোৰ মন আজি বেদনাৰে
আবৰা
অসীমত হেৰাল তোমাৰ ঠিকনা ৷
—————————
নষ্ট জীৱনৰ গান
নীলাঞ্জনা শৰ্মা বৰুৱা
নষ্ট জীৱনৰ গান এটা
জোৰকৈ মোৰ ওঁঠত গুজি দি জীৱনৰ
ৰং বিচাৰি এদিন তেওঁ
অপ্ৰত্যাশিতভাৱেই উঠি পৰিছিল
এখন জীৱনমুখী ৰেল গাড়ীত
আৰু মই ৰৈ গৈছিলো
জীৱনহীনতাৰ এটি আন্ধাৰ ষ্টেচনত
বেৰঙী হৈ অকলে।
নিসংগতা আৰু নিৰৱতাই পুনৰ
বাহৰ পাতিছিল বুকুৰ চুবুৰীত।
নিশাৰ আন্ধাৰত ধৰ্ষিত হৈছিল
বুকুৰ উশাহ।
চকুলোৰ মদিৰা পান কৰি
মাতাল হৈছিল নষ্ট সময়।
ঝণঝণকৈ ভাগি পৰিছিল
তেওঁ নিজ হাতে গঢ়া প্ৰতিশ্ৰুতিৰ ওখ পাহাৰ।
ভগ্নাৱশেষৰ হেঁচাত গুড়ি হৈ গৈছিল
মোৰ সমস্ত সত্তা আনকি গুড়ি হৈ গৈছিল
মোৰ বন্ধকী হৃদয় ।
যিখন এদিন মই
তেওঁকেই বন্ধকত দিছিলো।
হৃদয়খন মোকলাবৰ জোখাৰে
চহকী নহ'লো বাবেই তেওঁৰ
প্ৰত্যাহগমনত মই আজিও মৰিব পৰা নাই।
এতিয়াও জীৱনহীনতাৰ শ্মশানত
মই তেওঁৰেই অপেক্ষা কৰোঁ।
যদি তেওঁ আহি মোক মোৰ হৃদয়খন
ঘূৰাই দি যাব পাৰে মই পংগু হৈয়ো
গাই যাম তেওঁ শিকাই যোৱা নষ্ট জীৱনৰ
এটি সকৰুণ গান।
———————————
নিখুঁট
যামিনী দেৱী
পঢ়া-শুনাত ভাল হ'ম,
নাচ-গানত ভাল হ'ম,
খেলা-ধুলাত ভাল হ'ম,
ভাল বোৱাৰী হ'ম,
ভাল শাহু হ'ম,
ভাল আইতা হ'ম,
মুঠতে সকলো দিশতে
সৰ্বাঙ্গসুন্দৰ হ'মেই হ'ম।
মানে নিখুঁট হ'ম।
কিন্তু কেনেকৈ !
নিজে নিখুঁট হ'ব লাগিলে
আনৰ খুঁট দেখিব লাগিব নিশ্চয়।
আনৰ খুঁট দেখা মানে
তেওঁৰ ফালে আঙুলি টোৱাব লাগিব।
তেওঁৰ ফালে এটা আঙুলি টোৱালে
নিজৰ ফালে তিনিটা আঙুলি থাকিব।
নিখুঁট হ'ব বিচাৰিলে
খুঁটৰ পৰিসীমা বাঢ়িব।
ভাবিচিন্তি অন্তঃকৰণেৰে
সিদ্ধান্ত ল'লোঁ,
'মৌনব্ৰত' পালন কৰিলোঁ,
কবলগীয়াখিনি মুখেৰে নহয়,
আবেগৰ উত্তাপত সেকি লোৱা
কলমটোৰে কব বিচাৰিলোঁ,
সৰল অন্তৰখনৰ চকুলো মচিলোঁ।
——————————
হাড় ভগা প্ৰেম তেনেই চাগে এনেকুৱাই
নিপু কুমাৰ দাস
বহু সুখী যেন মই আজি
তোমাৰ পৰা বহু নিলগত থাকি
তোমাৰ স্মৃতিবোৰে জানোচা
যদিও কৰে মোক আমনি
পুৰণি কামিজ সলাই তুমি
নতুন সাঁজে সজালা তোমাক
কুশলে থাকা তুমি দূৰে দূৰে
নালাগে তোমাৰ সান্নিধ্য আৰু
মোৰ ফাগুন অহাৰ বাটত
অজান ধুমুহা হৈ চাগে
উৰুৱাই লৈ গ'লা যেন তুমি
বুকুৰ মৰম ভালপোৱা
চিনাকি সুৰবোৰ মোৰ যেন
তেনে অচিনাকি হ'ল
দুঃস্বপ্ন হৈ তুমি আঁতৰি গ'লা
দুচকুত ভাঁহে তোমাৰ ছবি
তথাপিও এই মৰমবোৰে
স্মৃতিৰ সোণালী পাঠ লুটিয়াই
ৰাতি নামি আহে গভীৰ হৈ
বুকুৰ নিজান বনত নীৰৱে
বন্ধ কোঠাত অন্ধ প্ৰেমৰ যেন
হৃদয়ত নীৰৱ যন্ত্ৰণাই
ধৰিছে খামুচি সাঁচ বহুৱাই
প্ৰেম তেনেই চাগে এনেকুৱাই।
———————————
ভোকৰ কাঁইটীয়া হাত
ড° আদিল আলী
এই পৃথিৱীৰ যুঁজৰ আখৰা গৃহত
কোনোবাই যদি মূৰত হাত বুলাই দিলেহেতেন নিঃস্বার্থ উত্তৰণৰ আৰ্শীবাদ
হয়তো বাধাহীনভাৱে আগুৱাই গ'লহেতেন
মোৰ জীৱন উৎসৱৰ আদৱ-কায়দা
আৰু
যদি পাৰিলোহেতেন যুঁজ বাগৰৰ মজিয়াত অন্যায়ৰ হাতত হাত থৈ ঘটিবলৈ বৈষয়িক অনুপানৰ আহিলা
তেন্তে হয়তো মৰা নদীৰ সূঁতিত উজান উঠিলে হৈ কাৱৈ, চেঙেলীৰ জাক
মোৰ জীৱনৰ সক্ৰিয়তাৰ আদি পাঠত আৰম্ভণিৰ পৰা শেষলৈকে আজন্ম সহপাঠী হৈ ধৰা দিয়ে অচিন শতৰুৰ নিৰ্ভেজাল প্ৰত্যাহ্বান
অনাটন আৰু ভোক
মোৰ শৰীৰৰ দুহাত
বীজ এমুঠি আশা
সেউজীয়া পথাৰ ক'ত ?
চোতালেই কোৰোৰ খেল পথাৰ
য'ত প্ৰাণ পাই সোণালী শইচৰ শৰীৰ
আমি
আৰু
মৰি মৰি
সিঁহতৰ প্ৰবঞ্চনাৰ জালত বন্দী হৈ নেথাকিম
হাতৰ মুঠিত
আজুৰি আনিম
আকাশ আৰু মাটিৰ পৰা মেঘৰসৰ সোণালী পক্ষী
তোমালোকে
মানৱতা পৰিহাৰ কৰি পৰকালৰ পৰমাত্মা উদ্ধাৰৰ হাতিয়াৰক গইনা হিচাপে লৈ
নতুন মসৃণ বাট গঢ়িবলৈ
অবাটে বাট বুলিছা কিয় ?
আমিও মানুহ
মানৱৰ পৃথিৱীত মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ আমাৰো আছে
ঈশ্বৰ প্ৰদত্ত এই সংঘাত পূৰ্ণ বিশাল পৃথিৱীত
হেৰ'দেখিছানে
সংকীর্ণতাৰ বোকা পানীত গজি উঠিছে
ভোকৰ কাঁইটীয়া হাত।
—————————
কুহেলিকা
প্ৰিয়ংকা প্ৰিয়া
জীৱন নাটৰ বোলছবিখনত
অভিনয় কৰি কৰি
ভাগৰি পৰিছোঁ মই--
বাস্তৱ বহুত কঠোৰ
পলে পলে ৰূপ সলাই,আপোনজনে কৰে
প্ৰতাৰণা!
অস্তিত্বৰ নামত হাহাকাৰ কৰি উঠে
নাৰীসত্তাই
সৃষ্টিকৰ্তাৰ অদ্ভুত মায়াজালত
আবদ্ধ মোৰ জীৱনৰ প্ৰজ্বলিত চাকি!
হৃদয়ে নাৰীসত্তাই
বন্দত্বীৰ শিকলি
ছিঙি নীলিম আকাশৰ বুকুত এটি
পখী হৈ উৰিবলৈ!
কিন্তু
ডেউকা ভঙা পখীয়ে জানো-
উৰিব পাৰে?
কুহেলিকাৰ সিপাৰত
মই হৈ পৰিলোঁ এটি যন্ত্ৰ
আবেগবিহীন মই মাথোঁ এটি ভাৱৰীয়া!
আজি মোৰ ক্ষুধিত আত্মাৰ বিননি
কোনোও নুশুনে ...
কোনেও নেদেখে...
মোৰ মৃত্যু হোৱা চকুলো
মাত্ৰ অভিনয় কৰি যাম
মৃত্যুৰ ইতি প্ৰান্তলৈ।
—————————
মমডাল
অংকুৰ দাস
মমডাল গলি গলি শেষ হৈ গ'ল
আকৌ এন্ধাৰত বুৰ গ'ল কোঠালীটো
বেজাৰত সৰিল শুকান পাতবোৰ
এতিয়া কবিতা হ'ল
তোমাৰ ভাৱনাবোৰ পখিলা হ'ল
হালধীয়া পাতবোৰৰ ওপৰেৰে খোজ কাঢ়ি গ'ল তেওঁলোক
বুকুৱে বুকুৱে জ্বলিল একুৰা কোমল জুই
শুকান পাতবোৰ জ্বলাই দিলে অৰ্ধভুক্ত এজন পথচাৰীয়ে
শীতৰ দিন
পোছাকৰ অভাৱ তাৰ
সেয়ে বোধকৰোঁ ধোঁৱাবোৰ কবিতা হ'ল
আকাশলৈ উৰি গ'ল
আকৌ উভতি আহি চকুলো হ'ল
এজন নিনাও কবিয়ে চকুলোৰে কবিতা লিখিলে
সমস্বৰে চিঞৰিলে
পোহৰ হ'ল পোহৰ হ'ল।
——————————
অপেক্ষা
মুক্তিস্নাতা শৰ্মা
বৃদ্ধ তেওঁলোক ,
নিসংগ তেখেতহাল ,
অঃ নহয় ,দুয়ো দুয়োৰে সংগী হৈ আছে ,
পুত্ৰ-বোৱাৰী, কন্যা-জোৱাই ,
নাতি-নাতিনী সকলো আছে ,
তথাপিও...
আইটা-ককাই নিৰবে কান্দে,
নাতি-নাতিনীক লগ নোপোৱাৰ দুখত
ককাই আইটাক কয় ..
উচ্চ শিক্ষা দি তই সিহঁতক
ডাঙৰ মানুহ ঠিকেই কৰিলি
কিন্তু...
আমি হে ইমান সৰু হ’লো
সিহঁতৰ দৃষ্টিয়ে আমাক দেখো
মনিবয়ে নোৱাৰা হ’ল...
এলবামৰ কলা-বগা পুৰণি ফটো আৰু ৰঙীন নাতি -নাতিনীৰ সৈতে থকা ফটো চাই
আইতাই কয় ককাক –
''হে ৰি বুজিছে, আগতে ফটোবোৰ কলা-বগা আছিল,
কিন্তু জীৱন ৰঙীন আছিল,
আজি-কালি ফটোবোৰ ৰঙীন,
কিন্তু জীৱনৰ ৰং হে নাই ! ''
আইতাই হুমুনিয়াহ কাৰি ককালৈ চাহ টুপি
বনাবলৈ যায়...
ককা নাচোৰবন্দা ,আত্মবিশ্বাসী,
মূল নহয় সুঁতলৈ মোহ ককাৰ...
নাতি-নাতিনীৰ ওপৰত
ককাৰ দৃঢ়বিশ্বাস
সকলো হিচাব সিহঁতে কৰিব ককাক জীৱন বাণিজ্যত
সিহঁতে লাভবান কৰিব ,
আচলতে ককাই লাভবান হ’ব বিচৰা নাছিল,
ককাই পূৰ্ণ পৰিয়ালৰ সৈতে সুখ বিচাৰিছিল,
ককা আজি বিশ্বাসত বিশ্বাসী...
আইতাই ঠিকেই কৈছে -আগৰ ফটোবোৰ হে কলা-বগা আছিল,
জীৱনৰ কিন্তু ৰং আছিল,
এতিয়া ফটোবোৰহে ৰঙীন ,
জীৱনৰ ৰং কিন্তু বিচাৰি নোপোৱা হ’ল...
———————————
স্বচ্ছতা
ৰশ্মি ৰেখা দুৱৰা
বিপদগ্ৰস্ত সময়ৰ তুলাচনীত
আবেগ,অনুভূতিৰ ভৰ বৰ কঠিন
আবেগে অস্থিৰভাৱে পৰিচালিত কৰে
অনুভূতিয়ে প্ৰকাশ কৰে ভাৱনাবোৰ।
বানৰ ধ্বংসাত্মক ছবিবোৰ চকুত দেখা দিয়ে
কাণত বাজি উঠে বিষাদৰ সুৰ
উপেক্ষা নকৰে; ৰ'দ- বৰষুণকো
টোপ-টোপ ঘামেৰে বৈ যায় মুখমণ্ডল
ভাগৰাৰ কোনো নামেই নাই।
স্বচ্ছ মনৰ স্থিতিশীল গৰাকী
থানবান কৰাৰ সাহস নাই
যুঁজিব অকলেই ,
বিষণ্ণ সময়বোৰে বাগি কুঠাৰ মাৰিলেও
খোজ দিয়ে স্বচ্ছতাৰ দিশত।
দূৰণিত মুঠি টান কৰি ধৰিছে
স্বচ্ছতাৰ লাখুটিডাল,
হেৰুৱাব নুখোজে তেওঁ
মনত এবোজা লৈ কাঢ়ি আনিছে
স্বচ্ছতা বিয়পি আছে বিষণ্ণ সময়ৰ সিৰে সিৰে!
——————————
জীৱনৰ স্নেপশ্বট
বৃষ্টিশিখা দত্ত
মৃত্যু হেনো শিল্প
অথচ--
জীৱনলৈ কঢ়িয়াই
দুখৰ প্লাৱন।
প্ৰেম হেনো স্বৰ্গীয়
তথাপিও--
অভিমান নাথাকিলে
নহয় অনুভব।
বন্ধু প্ৰয়োজন আজীৱন
কিন্তু--
অপ্ৰয়োজনত নপৰে
কাৰোৱে মনত!
জীৱশ্ৰেষ্ঠ মানৱ
নামত---
কাৰ্যতঃ নিৰ্লজ
তোক মাৰি মই খাওঁ!
সপোন বৰ প্ৰয়োজন
বাস্তৱত---
কেহা-তিতাৰ মিলন
নহয় মিঠাৰ আগমন!
সংগ্ৰাম কষ্টকৰ
পৰিণাম--
সততাৰ জয়
মিথ্যাচাৰৰ নিশ্চিত পৰাজয় ।
———————————————
আহাৰৰ দুপৰীয়া
নিজৰা বৰ্মন ডেকা
আজি আহাৰৰ ভৰ দুপৰীয়া
মেঘে গাজনি মাৰিলে ।
নীল আকাশত কলীয়া মেঘে চানি ধৰিলে
বিজুলীৰ সৰ্পিল গতিৰে চমকনি মাৰিলে।
এজাক মুষলধাৰে বৰষুণ
পৃথিৱীৰ বুকু জীপাল কৰিলে।
নাঙলৰ মুঠিত ধৰি ব্যস্ত হ'ল কৃষক
ৰিমঝিম বৰষুণত তিতি বুৰি সোণগজা ধৰিত্ৰীৰ বুকু
কৰিছে সীঁৰলু সীঁৰলু ।
সৰু সৰু আলিৰে পানী ভেটি
লপথপীয়া বোকাত ভূঁই ৰুই
হালোৱা ৰোৱনীৰ ওঁঠত জিলিকিছে আজি হাঁহি।
শাওণৰ ৰ'দে পোৱা কৃষকৰ দেহ
টোপাটোপে সৰি পৰে ঘাম
আজি শাওণৰ দুপৰীয়া বৰষুণত তিতি কৃষকৰ দুচকুত আশাৰ ৰেঙনি
এইবেলি হ'ব পাৰে এপথাৰ ধাননি ।
———————————————
ভয়
চিমৰাজ হুছেইন
কেইদিনৰ মানৰ পৰা
ভয় এটাই বুকুৰ নিজানত বাহ সাজিছে
পুৰণি গৰাখহাৰ ভয়।
নিজে অঁকা ছৱিখন শেষ হোৱাৰ ভয়ে
মোৰ টোপনি হৰিছে ।
আৰু দেখিম বা নেদেখিম
ৰ'দৰ সুখ
কৃষ্ণচূড়াৰ হাঁহি
সময় যে শুনাইছে
অতীতৰ কাহিনী।
কি ক'ৰো
বৰনৈৰ বুকুৰ সেউজীয়া সুখবোৰ
কেনেকৈ এৰো!
পাৰৰ ৰংবোৰৰ সৈতে যে
মোৰ বহুদিনৰ চিনাকি ...
মনৰ মোহনাত ৰৈ যোৱা মৰমবোৰে
গোপনে আলাপ কৰিছে ,
ছৱিখন শেষ হ'ব ধৰিছে
বুকুখন বৰকৈ কঁপিছে...
——————————————
জেতুকা
ৰাতুল চেতিয়া ফুকন
দুখত থাকিও সুখত থকাৰ অভিনয়
মই কৰিব জানো
সেই বাবেই হয়তো মানুহে
মোক সুখী বুলি ভুল কৰে ।
এবাৰ মাথোঁ
মোৰ ঠাইত থিয় হৈ ছোৱা
অনুভৱ কৰিবা
কেনেকৈ
দুখৰো থাকে এক নিজস্ব সুখ।
জেতুকা মই
সেউজীয়া হিয়া মুচৰি
সানি দিব পাৰোঁ
তোমাৰ দুহাতত তেজবুলিয়া ৰং ৷
———————————————
প্ৰেম
প্ৰভাত বণিয়া
মেঘৰ বৰণ চুলি
মেঘ কন্যা
হৃদয়ৰ স্বপ্নিল কুঠৰীত
নাচিচা গাইছা
বকুল ফুলৰ দৰে
গোন্ধে আমোল মোল
জীৱন জিলিকা গান
এখন জলছবি
কোনে আঁকি থৈ গ'ল
শয্যা শুৱাই
উভতি আহিবনে
হিলদল ভাঙি মোৰ
ল'ৰালি ।
——————————————
গৰা
অমৰদীপ কলিতা
গৰা নখহালৈ
পোৱানে উমান
নদীখনৰ দুয়োটি পাৰে সহি থকা
ত্বৰান্বিত ঢৌৰ চাপ কিমান ?
আৱেগৰ পাৰা জোখা যন্ত্ৰ থকা হ’লে !
মোনা ভৰাই সুখ,
মুঠি মুঠিকৈ হাঁহি
আৰু যি পাওঁ লৈ আনিলোঁহেঁতেন;
প্ৰেম-ভালপোৱা, দয়া-মৰম বজাৰত চলা হ’লে !
———————————————————
বিষ্ণুৰাভা
ৰুবি বুঢ়াগোঁহাই
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি,
তুমি সাৰে আছা সাৰে আছো আমি
হে কলাগুৰু, তোমাৰ সৃষ্টিৰ
অপাৰ মহিমাৰে সৃষ্টি কৰিলা
অসমীয়াৰ কৃষ্টি-সংস্কৃতি।
কবি,সাহিত্যিক,নাট্যকাৰ, সংগীতজ্ঞ,নৃত্যবিদ ,চিত্ৰকৰ, অভিনেতা,
নাছিলা কি তুমি!
সৃষ্টি তোমাৰ ন ন ৰূপৰ
সৃষ্টি তোমাৰ ন ন তুলিকাৰ
জাতিৰ ভেদ ভাঙি
সকলোৰে মাজত বান্ধিলা
একতাৰ এনাজৰী,
বোৱালা শান্তিৰ নিজৰা।
সৃষ্টিৰ আলোকেৰে
অসমীৰ পথাৰ
সেউজ কৰিলা
সেয়েহে কোৱা হয়, শিল্পী তুমি
তিনিও কালৰ
অতীতৰ, বৰ্তমানৰ আৰু
অনাগত ভৱিষ্যতৰ।
আজি মৃত্যুৰ তিথিত
মোৰ প্ৰিয় শিল্পীগৰাকীলৈ
একাঁজলি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ
মোৰ এটি অনুভৱেৰে ।
————————————————
0 Comments