—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
প্ৰহ্লাদ বসুমতাৰী
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
"আপুনি লেখা এটা লেখাৰ পাছত পৰম সন্তুষ্টি কেতিয়া লাভ কৰে ?" –অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হৈ থকা 'অসম গ্ৰন্থমেলা'ত সমুদ্ৰ গুপ্ত কাশ্যপদেৱৰ সঞ্চালনাত নতুন বছৰটিৰ পহিলা দিনটোতে অনুষ্ঠিত হোৱা 'লেখক পাঠক সমাৰোহ'ত অতিথি হিচাপে আমাক এগৰাকী সন্মানীয় পঢ়ুৱৈয়ে প্ৰশ্ন কৰিছিল।
তেখেতৰ উত্তৰত কৈছিলোঁ – 'প্ৰথম সন্তুষ্টি আহে, মনত দোলা দি থকা ভাবনাক মনে বিচৰা ধৰণে প্ৰকাশ কৰা যায় । কিন্তু সেই সন্তুষ্টিয়ে মন প্ৰাণ ভৰাই তোলে তেতিয়া ,যেতিয়া এজন পঢ়ুৱৈ(যি লেখামেলা নকৰে)ৰ পৰা প্ৰেৰণাদায়ক মন্তব্য পোৱা যায় আৰু পৰবৰ্তী লেখালৈ বাট চালোঁ বুলি জনায়।'
আচলতে আমি মনৰ সন্তুষ্টিৰ কাৰণে লিখিলেও প্ৰকাশ কৰাৰ পাছত সেইটো ব্যক্তিগত হৈ নাথাকে। পাঠকৰ হাতলৈ যোৱাৰ পাছত ৰাজহুৱা হৈ যায়। আৰু যিমানেই পাঠকৰ কাষলৈ যায়,সিমানে লেখা এটাই পূৰ্ণতা পায়।কবিতা,গল্প,উপন্যাস বা প্ৰৱন্ধ যি লেখাই নহওক কিয় ,কথাখিনি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য।
নৱ ৰাজন
সম্পাদকীয়
কাব্যকানন
—————————————
কবিতাৰ আড্ডা
[কবিৰ অমনোযোগিতা : কবিতাৰ দুৰ্দশা ]
উদয় কুমাৰ শৰ্মা
কেঁচা অমিতা : (লাগতিয়াল) পাচলি ; পকিলে, সি ফল । কবিতা : সুস্বাদু ফলহে যেনিবা।
পোন্ধৰ বছৰমান আগেয়ে, এগৰাকী কবি (জন্ম : ১৯৪২)ক সুধিছিলোঁ : "আপুনিযে, আপোনাৰ কবিতা এটিত লিখিছে 'সেউজীয়া বৰষুণ' বুলি -- বৰষুণনো কেনেকৈ সেউজীয়া হয় বাৰু? " কবি : অবাক!...
ক'বলগা হৈছিল : "আপুনি, দূৰৈৰ সেউজীয়ালৈ চাই থাকোঁতে -- হঠাতে বৰষুণ দিয়াত, বৰষুণৰ পানীখিনিও সেউজীয়া হৈ পৰা যেন দেখিছিল। কিয়নো, আপোনাৰ দৃষ্টি আছিল -- সেউজীয়া দৃশ্যত। কিন্তু, কবিতাটিত, 'সেউজীয়া বৰষুণ'ক পতিয়নযোগ্য কৰি তুলিবলৈ -- আপুনিতো সেউজীয়া প্ৰকৃতিৰ কথা উল্লেখ কৰা নাই! তেনেহ'লে, 'সেউজীয়া বৰষুণ', 'বাদামী বৰষুণ', 'সেউজীয়া জোন' : এনেবোৰ চিত্ৰকল্পত থকা ৰহস্যময়তা বা অলৌকিকতা (Fantasy)ক, পঢ়ুৱৈয়ে কি বুলি মানি ল'ব? "
কল্পনা, সদায়েই বাস্তৱ-সত্যৰ ওপৰত প্ৰতিস্থিত নহ'লেও -- 'বিশ্বাসযোগ্য সমিধান'ৰ কাৰণে, কবিয়ে পটভূমি বা ভিত্তিৰ সৃষ্টি কৰিলেহে, সি পঢ়ুৱৈৰ বাবে বিশ্বাসযোগ্য হৈ উঠিব। অন্যথাই, পাঠকে অদ্ভুত বুলি ভাবি, তেনে কল্পচিত্ৰক এৰাই যাব পাৰে!
জোনাকি-পৰুৱাই পাখি জপালেই : সি পোক ; পাখি মেলি উৰিলেই : সি জোনাকি-পৰুৱা। এনে বাস্তৱ-সত্যক, কবিৰ কল্পনাই চেৰাই যাব পাৰে, অস্বীকাৰ কৰিবতো নোৱাৰে।
এগৰাকী কবিয়ে, নিজে লিখা কবিতাৰ ব্যাখ্যা দিবলৈ অপাৰগ হোৱাটো : কবিৰ দুৰ্বলতা! এনে 'দুৰ্বলতা' যাতে, কবিতাৰ দুৰ্দশালৈ ৰূপান্তৰিত নহয় -- তালৈ, আমি সদায় সতৰ্ক হোৱা ভাল।
—————————————
অনুবাদ কবিতা
She's Magic
David Fisher, USA
As I timidly stare at her
She pulls on my strings and knots them,
Making my smile permanent.
My words then come out tongue tied,
Though my desire is as sure
As her beauty.
ৰহস্যময়ী তাই
মূল: ডেভিড ফিচাৰ, আমেৰিকা
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মই ভয়ঙ্কৰভাৱে
তাইৰ ফালে চাই থকাৰ সময়ত
তাই মোৰ ডোঙাবোৰ টানি গাঁঠি দিয়ে,
মোৰ হাঁহিটোক স্থায়ী মাত্ৰা প্ৰদান কৰে।
মোৰ কথা তেতিয়া
জিভা দোৰোল খাই ওলাই আহে,
যদিও মোৰ ইচ্ছাও তেনেকুৱাই
নিশ্চিত তাইৰ সৌন্দৰ্য্য হিচাপে।
—————————————
সেই পৰম্পৰা
মূল-সুকান্ত লাহা
অনুবাদ-প্ৰদীপ চন্দ্ৰ শৰ্মা
জেৰুজালেমৰ ঘোৰাশালত
যীশুৰ জনম ল'বলৈ তেতিয়াও
তিনিশ চৌৰাশীবছৰ বাকী
ভূমিষ্ঠ হ'ল এৰিষ্টটল !
কেৱল গ্ৰীচেই নহয়
সমগ্ৰবিশ্ব জোকাৰি গ'ল
মানুহজনৰ বাগ্মিতাই ।
গ্ৰীকবীৰ আলেকজেণ্ডাৰক
পঢ়োৱাই উভতি আহোতে
বাটত অভিভাৱকৰ দলক ক'লে
"শিক্ষাৰ সোৱাদ তিতা হ'লেও
ইয়াৰ ফল মিঠা "
ইমানবোৰ বছৰৰ পাছত
মানুহজন নাই,
ৰৈ গ'ল কথাবোৰ
জুইৰ দৰে সত্য হৈ !
তাৰো আগত
এথেন্স অকাডেমিৰ বাৰাণ্ডাত থিয়হৈ
বলিষ্ঠ কণ্ঠেৰে প্লেটোৱে
কৈ গৈছিল
"ৰাজনীতিত অংশগ্ৰহণৰ অনীহাৰ
অন্যতম শাস্তি ।
——————————
কাফেৰ
মূল হিন্দীঃ অমৃতা প্ৰীতম
অনুবাদঃ গণেশ বৰ্মন
আজি আমি এখন জগৎ বেচিলোঁ
আৰু এটা দিন কিনি ল'লোঁ
আমি কাফিৰৰ কথা কৈছোঁ
সপোনৰ শেষ নোহোৱা দীঘল কাপোৰ বৈ
তাৰে এগজ লৈ ফালি
সী ল'লোঁ বয়সৰ চোলা
আজি আমি আকাশৰ কলহৰ পৰা
মেঘৰ ঢাকনি গুচালোঁ
আৰু চন্দ্ৰমাৰ এঢোক পান কৰিলোঁ
এয়াযে এটি লহমা আমি
মৃত্যুৰ পৰা ধাৰে লৈছোঁ
গীতেৰে খুজিম ইয়াৰ দাম ।
————————————————
কবিতা
যযাতি
জুবিলী গগৈ
আৰু কিমান কলংক সানিবা
চন্দ্ৰবংশৰ জ্যোতিত
হে ৰজা যযাতি
জানো তুমি যে পৰাক্ৰমী বীৰ
শৌৰ্য শাসক
অম্লান জ্যোতিৰে জ্যোতিষ্মান
সু-পুৰুষ
যি অজানিতে মুহিব পাৰে
মোহময়ী নাৰীৰ মন
কিন্তু পতিব্ৰতা পত্নীক
কৰিলা যে প্ৰতাৰণা
দৈত্যৰাজ-কন্যাক গোপনে
আপোন কৰি
যযাতি,
দেৱযানী-পিতৃ শুক্ৰাচাৰ্যৰ অভিশাপেও
নোৱাৰিলে টলাব তোমাক
অকাল জৰা-ব্যাধি অৰ্পণ কৰি
ধাৰ কৰিলা যৌৱন
পুত্ৰৰ পৰা
পুৰুৰ দানেৰে
জীৱন জীয়াই
উপভোগ কৰিলা যৌৱন-জীৱন
পূৰ্ণ কৰিলা অপূৰ্ণ কাম
তোমাৰ কৰ্মই
উপহাৰ দিলে নিশ্চয়
ভাৰতৰ পূৰ্বসূৰী
পুৰুৰ দৰে মহান ৰজা
কিন্তু তুমি যি
দেখুৱাই গ'লা
বাসনাৰ ৰূপ
ত্ৰেতা যুগৰ নাৰীলৈ খুলি গ'লা
পতিৰ বৰ্তমানতো শ্ৰেষ্ঠজনৰ দ্বাৰা
শ্ৰেষ্ঠ পুৰুষ জন্মাৰ পথ!
বাসনাৰ অন্ত নাই বুলি
যেতিয়া বুজিলা
তেতিয়ালৈ থাপিত হ'ল
তোমাৰ নাম
বিশ্বাসঘাতকীৰূপে ইতিহাসৰ পাতত
ৰজা যযাতি,
কোনো পতিব্ৰতা
নাৰীৰ বুকুতে
তুমি নাথাকিবা
পূজিত হৈ ।
---------------------------
শাঁওপাত
পুলেন ৰাজ ডেকা
(চাকিৰ অভিযোগ)
খহি-পিহি চুচি-মাজি
কতবাৰ কাটিলে কুমাৰে
খাইতেলে পি খালে কতবাৰ বুকু
তই নাপালে উশাহ
সেপ ঢুকি মৰ’ বাবে
নিজকে খহালোঁ ৷ উদঙালোঁ এফাল ৷
বুকু বাজ কৰি লওঁতে ওঁঠত
পোহৰৰ নামেৰে তই মোকে পুৰিলি
দি থ’লি ডাগ
আছোঁ মানে বুকুত তয়ে থাকিবি
অকলে নোৱাৰ যে পোহৰাব জ্বলি
(শলিতাৰ বিক্ষোভ )
শান্তি বোলোতে শোকৰ ৰং এটা পালোঁ ওপজি
ভাৰস্ত ভ্ৰমি চুকে কোনো সোমালোঁ
নিয়তিৰ নেওতাত তেৱো নিস্তাৰ নহ’ল
নিতিতা গাৰে সেপ ঢুকি মৰোঁতে
তুলিলি বুকুত ৷ আঁতৰালি পিয়াহ ৷
লেটি ল’লোঁ ললাটত তয়ে মোৰ ভাগ্য
পোহৰে পুৰি অনা আন্ধাৰত
আমি জ্বলোনে আমাৰ বাবে
শুহি অহা বুকুত তোৰ কোনে ঢালে পিয়াহ
পুৰি ছাই হয় মোৰ তৃষ্ণা।
—————————————
দৰ্জীৰ নাম প্লেটো
ড° প্ৰহ্লাদ বসুমতাৰী
ধাৰণাবোৰ স্বাস্বত বাবেই সত্য
অনুভৱবোৰ যেতিয়া গোট মাৰি বৰফ হয়
তেতিয়া ই হৈ পৰে সুউচ্চ ভাস্কৰ্য্য।
পিছে, এই ধাৰণাৰ পোছাক চিলোৱা দৰ্জীৰ নাম নাজানিবও পাৰে।
কিমান যে প্ৰস্তুতি!
ন-চামৰ বাবে পোছাক চিলাবলৈ।
সকলোবোৰ যেন পৃথিৱীখনতেই থাকি যায়।
কোনোবা জনমলৈ
পুনৰ এযোৰ নতুন পোছাক চিলাবলৈ।
—————————————
ক'ৰবাত কিবা এটা হৈছে
দাদুল ভূঞা
ক'ৰবাত কিবা এটা হৈছে
সেয়ে জ্বলিছে জুই, ক'লা ধোঁৱাই ছানিছে আকাশ
গুলী ফুটিছে, তেজ চেকুৰা বান্ধিছে
মঙহ পোৰা গোন্ধত ওকালি আহিছে মোৰ
ৱাক্ থুই...
শ ঢাকনিৰে ঢাকি ৰাখিছে— মৃত সময়
ক'ৰবাত ধৰ্ষণ হৈছে
কোনোৱে কয়—গুপ্তাংগ কাটি পেলাওক
কোনোৱে কয়—ফাঁচি দিয়ক ৰাজপথত
ক'ৰবাত এনকাউন্টাৰ
গৰুচোৰ,ড্ৰাগছ, মাফিয়া ৰাজ
বিপ্লৱৰ দেৱালত কোনোবাই টুকুৰিয়াই
বিচাৰিছে স্বাধীনতা,সাৰ্বভৌমত্ব, আৰু কিবা-কিবি
মাটিৰ পুতলা সাজি বন্দুক খেলিবলৈও ভয়
কোনে কাক মাৰে, কোনে কালৈ চকু থিয় কৰে
কোনোবাই ক'ৰবাত প্ৰকাণ্ড শিল এটা চোবাই গুড়ি কৰিছে
ক'ৰবাত এজনী গায়ে দুটাকৈ পোৱালি জগাইছে
—তাজা খবৰ, ব্ৰেকিং নিউজ
ৰিম'টটো দিয়া, টিভিটো বন্ধ কৰি থওঁ |
ফুটপাথৰ নলাবোৰ নদী, চহৰখন সাগৰ,
দেশখন মহাসাগৰলৈ পৰিণত হোৱাৰ পিছতো
সকলো ঠিকেই চলি আছে
পানীত তেজ, মাটিত তেজ, বতাহত ঘূৰিছে অশ্লীল শব্দ
—ধৰ-ধৰ, মাৰ-মাৰ
এনেকৈয়ে ক'ৰবাত নহয় ক'ৰবাত
জুই একুৰা জ্বলিয়েই আছে
আৰু সেই জুই দেখি
নিশ্চুপ হৈ টোপনি মাৰিছোঁ
নিজানত নিৰৱে
—————————————
আহিব বসন্ত
তৃষ্ণা নেওগ বৰুৱা
কবিৰ কলমৰ পৰা সাউতকৈ চৰাই এটি উৰিল
কবিয়ে তৎ ধৰিবই নোৱাৰিলে মুহূৰ্ততে কি ঘটিল
কবিয়ে সেই সময়ত লিখা নাছিল কবিতা
লিখিছিল বজাৰৰ লিষ্ট
চাহিদা আৰু যোগানৰ অনুপাতে বাঢ়িছিল
কিছু ক্লেশ কিছু চিন্তাৰ ৰেখ
অদৃশ্য জোনাক এপিয়লা পী সন্তুষ্ট কবি
সন্তানে নুবুজে কবিতা কি
কবিয়ে জানে কবিতা মানেই মায়াময় জোনাক
ভোকৰ আখৰাঘৰত কবিতা জুহালৰ উত্তাপ
কলিজাত কবিতা
দেহত কঠোৰ বাস্তৱ
সেয়ে মাজেমাজে আউল লাগে শব্দত
উৰি যায় কবিতাৰ চৰাই
দেও দি যায় কল্পনাৰ হৰিণী
অজলা কবিৰ লক্ষ্মণৰেখা নেওচি
সোণালী ঈগলৰ চকুদুটা পিন্ধি
বিচাৰি ফুৰে কবিয়ে পাতসিয়া চৰাই এটি
শীততো বসন্ততো ৷
—————————————
কোৱা-নোকোৱা কথাবোৰ
ইলামণি শইকীয়া
মই নোকোৱা কথাবোৰ তুমি কাণপাতি শুনিলা৷
মই নুগোৱা গানবোৰত তুমি সুৰ তুলিলা
পাখি ভঙা চাতক চৰাইজনীৰ হুমুনিয়াহ এটা তুমি
বুকুত গুজি ল’লা
তুমি বুলিলেই আচলতে তুমি নহয়
মই বুলিলেই আচলতে মই নহয়
ক’ৰবাৰ এক পেণ্ডুলামত
এতিয়াও ডুলি আছে
অৱয়ববিহীন ক্ষণ এটাৰ
পূৰ্ণতাৰ ছাঁ
তোমাৰ সৰৱতাৰ এটা ক্ষণ মোক দিলা
মোৰ মৌনতাৰ এটা ক্ষণ তোমাক দিলোঁ
শব্দব্ৰহ্ম...
আমি নথকাৰ পাছতো শব্দবোৰ শূন্যতাক পূৰ্ণ কৰি জীয়াই থাকিব।
——————————
অশৰীৰী
ইপুল হুছেইন
অভিমানী হৈছে ওঁঠৰ শীত
চেঁচা চুলিৰ স্পৰ্শত শিয়ঁৰি উঠিছে নোমাল নিশা
শব্দৰ অকলশৰীয়া কোঠাত
ইমান পোহৰৰ চাকি,
কল্পছাঁয়াত ইমান সাদৃশ্যৰ মায়া
আৰু শব্দেৰে সজ্জিত সকলো ৰেখা
সময়-অসময় ধাৰণা স্পষ্ট নহ'লে
হিচাপ কোনোদিনে পৰিপক্ক নহয়
যাৰ অপ্ৰাপ্তিও প্ৰেৰণা
যাৰ অশৰীৰীও আল্পনা
মানি ল’বই লাগিব সেয়া নিৰ্ভুল
বাদামী সূৰুযৰ গল্পত প্ৰায়ে সেই সুৰ নিগৰে
সঙ্গীতৰ আলাপত জীৱনৰ শ্ৰেষ্ঠ সময় বাগৰে
কালৰ সোঁতত বৈ যায় বৰ্তমান
অতীত হয় সকলো যাত্ৰা
ভালপোৱাৰ মৌনতাত কেৱল প্ৰত্যাশা চলমান ।
———————–———
শীতৰ ৰাতিপুৱা
ৰমেশ চন্দ্ৰ ৰায়
কুঁৱলীবোৰ আগুৱাই আহিছে
দ্ৰাইভাৰে সন্মুখৰ গ্লাছখন বাৰে বাৰে মচিছে
কুঁৱলীৰ মাজে মাজে দুই এজন পথচাৰী
হয়তো প্ৰাত:ভ্ৰমণৰত
হয়তো ৰে'ল ধৰিবগৈ
ময়ো এবাৰ খিড়িকিখনৰ আনবাৰ সন্মুখৰ গ্লাছখন মচিছোঁ
পৃথিৱী চাব খুজি দেখিছোঁ ক্ষুদ্ৰ এটা বৃত্ত
কম্বল একোখনৰ তলত ভাঁজ লৈ শুই আছে
ফুটপাথৰ মানুহবোৰ
হয়তো গৃহহীন
হয়তো হোটেল ল'বলৈ শূন্য পকেট
কুঁৱলীবোৰে ঢাকি ৰাখিছে কেৰমেৰাই উঠা হাঁড়বোৰ
দূৰণিৰ কোনোবা হয়তো উজাগৰে আছে
হয়তো চিলমিলীয়া টোপনিৰ কোলাত ৰাতিপুৱাৰ
সপোন দেখিছে ।
———————————
কবিতা আৰু পাঠক
পবিত্র কুমাৰ নাথ
হৃদয়ৰ অব্যক্ত শব্দৰ দাবানত
সৃষ্টি হোৱা তোমাৰ
কবিতাৰ গুঞ্জনে
মোহাচ্ছন্ন কৰি ৰাখে
পল অনুপল
আৰু মই কল্পনাৰ আবেশত
পাহৰি থাকোঁ–
লাইক কমেন্ট কৰা
দায়িত্ববোধৰ সৰল এলজেব্ৰা!
আচলতে আমি দুয়োৱে
দুখন ধূসৰিত জগতৰ প্ৰতিনিধি
শব্দৰ সাঁকোৱে সংযোগ কৰিব নোৱাৰাকৈ
সূতা চিঙা চিলাৰ দৰেই
আমি বিচ্ছিন্ন ...
কবিতা তুমি যোৱা তোমাৰ
বাটেৰে...
আৰু মই,
কৰ্ণৰ দৰে সংগ দি গৈ থাকিম
কবিক উৎসাহিত কৰিবলৈ !
——————————
আবতৰীয়া
ৰিংকুমণি বড়া
এদিন, বুকুত এটি সাধুকথা
ৰৈ ৰৈ বাজিছিল
উকি মাৰি যোৱা ৰে'লখনৰ
কোনোবা এটি ডবাত
উচুপি উঠিছিল
বিচ্ছেদৰ এটি গল্পই
এৰি যোৱা চিৰি দুডালে
ইডালে সিডালক চাই
হুমুনিয়াহ কাঢ়িছিল
কাহানিও চুব নোৱাৰা
কাহানিও পাব নোৱাৰা
অতৃপ্ত বাসনা এটিয়ে
ঘনে প্ৰতি বাগৰ সলাইছিল
চপৰা চপৰে খহিছিল
বুকুৰ গৰা
দুচকুত ভাহি উঠিছিল
দুচপৰা শাওণীয়া মেঘ
হুমুনিয়াহৰ বৰ্বুদেৰে
আকাশ ভৰিছিল
এদিন, বুকুত এটি সাধুকথা
ৰৈ ৰৈ বাজিছিল।
—————————————
চিনাকী বাঁহীৰ সুৰ
জাহ্নৱী হাজৰিকা
চিনাকি বাঁহীৰ সুৰটো হঠাতেই ভাহি আহিছিল
দুপৰ নিশা
সচকিত হৈ চালো ঘড়ীটোলৈ।
নিশা দুই বাজিছে।
মানে মধ্য ৰাতি।
কোনে বজালে বাঁহী...
তাকো ইমান ৰাতি!
সুৰটোও যেন আজন্ম চিনাকি।
যিটো সুৰ হয়তো আজিৰ পৰা বহু বছৰ আগেয়েই শুনি
খিৰিকী মেলি বাটলৈ চাই ৰৈছিলো।
মাজতে আৰু সেই সুৰ শুনিব পোৱা নাছিলো।
খিৰিকী খনো খোলা হোৱা নাছিল দুপৰ নিশা।
আজি আকৌ ইমান দিনৰ মূৰত!
খিৰিকীখন খুলি বাহিৰলৈ চালো।
চৌদিশে কুঁৱলীৰ বগা চাদৰৰ ওৰণি।
দ্বাদশীৰ জোনাক।
নাৰিকল পাতৰ ফাঁকেৰে বৰষিছে।
দূৰৈত এথুপি তৰা।
কান উনাইছো পুনৰ কেতিয়া বাজিব সেই গৰখীয়া বাঁহীৰ সুৰ!
সময়বোৰ পাৰ হবলৈ ধৰিছে...
হিমচেচাঁ হাতখন ঠৰঙা লাগিছে।
বাঁহীৰ সুৰ শুনাৰ হেঁপাহটোৱে ভেঙুচালি কৰিব ধৰিছে।
খিৰিকীখন জপাই দিয়াই ভাল।
এৰা!
কথাবোৰ যে ভাবিলে কেনেকুৱা লাগে!
কিদৰে যে সলনি হয় দিনবোৰ!
এসময়ত ৰঙা গোলাপ ৰোৱা হৃদয়বোৰত
এতিয়া বৰফৰ গছৰ নিস্তেজ হাঁহি।
একেদৰেই যমুনা আজিও বয়।
কদম জুপিও একেই আছে
মাত্ৰ নাই কানাইৰ বাঁহীৰ সুৰ।
আৰু সেই সুৰত উত্ৰাৱল হবলৈ ৰাধা।
বালিচৰত খোজ এতিয়াও পৰে।
য'ত বুকু পৰে জুৰ।
সময়বোৰ একে নাই।
যিদৰে একে নাই পৰিৱেশ।
অথচ মানুহবোৰ আছে একেই।
যিদৰে আছে বাঁহীৰ গৰাকী।
যদিও নবজায় এতিয়া দুপৰ নিশা বাঁহী।
পিছদিনাও দুপৰ নিশা একেই সময়তে
সাৰ পাই গৈছিলো।
নিজান নিতাল হৈ আছিল সময়বোৰ।
নাই কোনো জিলিৰ মাত
নাই কোনো বাঁহীৰ সুৰ।
উজাগৰ এপৰ।
কিজানিবা বাজেই এখন্তেক পঞ্চমত বাঁহীৰ সুৰ।
কিন্তু নাই!
দোকমোকালিয়ে ইতিমধ্যে প্ৰভাতী ৰং সানিছে।
বাঁহীৰ সুৰে কোন কাহানিবাই মেলানি মাগিছে।
মৰুভূমিত মৰিচিকা বিচাৰিহে আছো যেন!
অহ বৰ টোপনি ধৰিছে...
———————————
শৰবিদ্ধ কৰ্ণ
সুশান্ত বৰুৱা
তুমি যেতিয়ালৈকে
মোৰ কবচ কুণ্ডল হৈ আছিলা
অৰ্জুনৰ কোনো শৰে
মোক বিন্ধিব পৰা নাছিল
শক্তিহীন গাণ্ডীব
লক্ষহীন অৰ্জুন
অভেদ্য কৰ্ণৰ হৃদয়
জয় নিশ্চিত আছিল
প্ৰেমতো পাশা খেল হয় নেকি
চক্ৰান্তকাৰী কোন
শকুণিৰ অবৰ্তমানত ?
মোৰ উশাহৰ অন্য নাম তুমি
স্বপ্নীল আকাশৰ বৰ্ণালী
জীৱন জীয়াৰ সঞ্জীৱনী
কেনেকৈ পণ ৰাখো তোমাক
কি পাপ কি পুণ্যৰ পাশত মই আৱদ্ধ
কাৰ শাপত শাপগ্ৰস্ত
চলনাৰে কাঢ়ি নিলে কবচ কুণ্ডল
উন্মুক্ত আজি কৰ্ণৰ বক্ষ
তোমাৰ নামেৰে বৈ থকা প্ৰেমৰ যমুনা
অক্ষত , প্ৰবাহিত
পৰাজয় নিশ্চিত , মৃত্যু অনিবাৰ্য
প্ৰেমৰ ৰণভূমিত কৰ্ণ শৰবিদ্ধ।
——————————————
আপুনি সংগ্ৰহ কৰিলেনে ?
নিহাৰীকাক দেখাৰ পিছত
ডাঃ বন্দনা তামূলী
তিনিশ পয়ষষ্টি দিন বৰ দীঘলীয়া সময়
নিহাৰীকা তোমাক দেখাৰ পিছত
এই চিৰসত্য মানিব লগীয়া
দুৰৈত থাকিও
কেতিয়াবা কিয় এনে ভয় হয়
তোমাৰ ক’লা চিকচিকিয়া চুলিবোৰ
ভয়ে ভয়ে চোৱা সেই মৃদু চাৱনি
সকলো বোৰে টোপনিতো
মোক খেদি ফুৰিছিল
মোৰ চকুত উভালি পৰিছিল
নিহাৰীকা নামৰ গছ জোপা
তাইৰ ৰঙা ওঁঠ যুৰিত
বৈ গৈছিল তেজাল দুখন নৈ
তাইক দেখাৰ পিছত এনে লাগিছিল
এজন মানুহৰ বাবে
অপেক্ষাৰ চিৰি বগাই যোৱাটো
ইমান কঠিন কাম নহয়
ক’লা ঘোৰাৰ খট্ খট্ শব্দবোৰে
হৃদয়ত বৰ বেদনা দিছিল
তিনিশ পয়ষষ্টি দিনৰ পৰা
বাদ দিলো তিনি দিন
আজি নহয় কালি নহয় পৰহি এইদৰে
আৰু এদিন লৈ গ’ল
ডিচেম্বৰৰ দুপৰীয়াৰ ৰ’দে
মনতে ভাবি আছো
এই যেন বাছ ষ্টপেজত
লগ পাম নিহাৰীকাক
তেজাল দুখনি নৈৰ সৈতে ।
———————————
জীৱন ঈশ্বৰৰ দান
ভগদত্ত ডেকা
জীৱন ঈশ্বৰৰ দান
জীৱনৰ নাম
জীৱনৰ দাম
মানুহে দি ভোগে পৰিনাম
ঈশ্বৰ প্ৰদত্ত আমি সকলো সমান
জীৱন ঈশ্বৰৰ দান।
সৃষ্টি-স্থিতি-প্ৰলয়
জীৱন যাৰ আলয়
সময়ে কৈ যায়
জীৱন কৰ্মময়
সময়ে দি যায়
জীৱনৰ সঁচা পৰিচয়
ঈশ্বৰৰ ব্যাপ্তি প্ৰতিটো সময়
যদিও অদৃশ্য তথাপি মহান
জীৱন ঈশ্বৰৰ দান ।
হৃদয়ৰ বাবে হৃদয়ত
যদি সৃষ্টি হয় হৃদয়তা
মানৱৰ বাবেই মানৱৰ
যদি স্থিতি লয় মানৱীয়তা
জীৱনৰ বাবে জীৱন হ'ব
জী থকাৰ সঁচা প্ৰৱনতা
অন্যথা জীৱন হ'ব লীন
সময়ৰ বুকুত হেৰাব চিন
ঈশ্বৰৰ প্ৰদত্ত এই দান।
সময় তাকৰ অতি
জীৱনৰো হ'ব ইতি
মৰুময় জীৱনো হয় মৰুদ্যান
প্ৰেমময় যদি হয় সকলোটি প্ৰাণ
ঈশ্বৰ প্ৰদত্ত সকলো সমান
জীৱন ঈশ্বৰৰ দান ।
———————————
আহ্বান
প্ৰসন্ন কুমাৰ বৰা
বুকুৰ কুটুম ভাষাৰে
একতাৰ এনাজৰীৰে
মেৰিয়াই বান্ধিলে
অপূৰ্ব শব্দৰে
শান্তি নদীখনৰ পাৰতে
একেই পাত ব'ঠাৰে
সহযাত্ৰী আটোমটোকাৰি নাওখনতে
তুমি আলফুলকৈ উঠিবা
প্ৰকৃতি সেউজীয়া
চিৰসুন্দৰৰ বিনন্দীয়া
অনুভৱে গুণগুণাই
ৰসৰাজ দেৱ জন্ম ঘাটলৈ আহিবা
জোঙাল বলহু গড় দেখি
বুৰঞ্জী প্ৰসিদ্ধ ইতিহাসৰ পাত মেলিবা
শ্বহীদ হেমৰাম পাতৰ,গুণাভীৰাম বৰদলৈ,তিলক ডেকা
মুক্তিযোদ্ধা লালচিং ডেকা,বানাই লালুং,নন্দী ডেকা আৰু বহুতো জীৱনীৰ
এনাজৰীয়ে গঢ়া
আহোম সাম্ৰাজ্য কৰতলীয়া
দধীচিং আৰু চেতুৱা পাঁচো ৰজা
ম'হ যুঁজ আৰু গোসাঁই উলিওৱা মেলা
বাৰখন পূজা স্থান নামকৰণ
বাৰপূজীয়া ইতিহাসৰ গাঁথা
অসম সাহিত্য সভাৰ
একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ
পাঁচো ৰজা সমন্বয় ক্ষেত্ৰ পাবা
মহা সতীৰ্থ মিলনৰ মত বিনিময় কৰিবা
চিৰ চেনেহী মোৰ ভাষা জননী
জয় গান গাবা।
———————————
ইউনিভাৰ্চেল ট্ৰুথ
চয়নিকা ভূঞা
কথাবোৰে বাট সলাবলৈ
আজিকালি বেছি পৰ নালাগে
এটা অজুহাতৰ গইনাত
সকলো সম্ভৱ
ৰাইজে নখ জোকাৰিলে নৈ বয়
মেন ইচ মৰটেল
সকলোৱে জানে
সময়ত সকলো অজ্ঞ
সলনি হ'বলৈ বৰ সহজ এতিয়া
আপুনি মই সকলো ক্ষন্তেকীয়া
সকলোৰে একেই দশা
শেষ পৰিণতিত
এখন শূন্য ছবি
কথাবোৰ ছলনাময়ী
কেতিয়াবা কলিজাত
কেতিয়াবা মগজুত
তথাপিও
সকলোৰে মুখে মুখে
এতিয়াও
এটা কৌটিকলীয়া সাধু
প্ৰচাৰ-অপপ্ৰচাৰ সকলোবোৰ ক্ষন্তেকীয়া
চিৰসত্য মাথো
মেন ইচ মৰটেল।
———————————
স্তৱক
খূৰ্ছীদ আনছাৰী
প্ৰগতিৰ শিখৰত উঠি
আমি সাজে-পোচাকে আধুনিক
মানসিকতাৰে ?
———————————
কথাটো এনেকুৱা নেকি
ৰূপা গগৈ
নাভাবোঁ বুলি দলিয়াই পেলোৱা কথাবোৰো
কেতিয়াবা অজানিতে বুটলি আনি ধুই-পখালি
পুনৰ সজাই পেলাওঁ
এটি এটিকৈ মনৰ কোঠালিত
বুটলা সহজ হ'লেও আগৰ দৰে সজাবলৈ যে সহজ নহয়
কথাবোৰৰো যে একোটা ম্যাদ থাকে
সেই কথা জানি বুজিও যে অবুজন হৈ পৰোঁ বাৰু কিয় ?
মনৰ নিজান চুবুৰীত
ময়েই ৰজা-ৰাণী
শূন্যতাৰ সৈতে বহু যুগৰে মিতিৰালি
তথাপি কিয় শূন্যতাই হেৰুৱাব খুজে মোক কোলাহলৰ মাজত
কথাটো এনেকুৱা নেকি যে ,
শূন্যত হেৰুৱাতকৈ
কোলাহলৰ মাজতেই হেৰাই যোৱাটো শ্ৰেয় !
———————————
প্ৰকাশ পালে
বিদায় ২০২৩
ৰুমী কলিতা দত্ত
বিদায় দিলোঁ এটা বৰ্ষ
পালোঁ কি নাপালোঁ বছৰৰ হিচাপ
দি গ'ল বহু আশা আৰু প্ৰেৰণা
লৈ গ'ল বহু দুখ-যন্ত্ৰণা ।
নতুন বছৰটোৰ আগমনত
ভয়–শংকাবোৰ আঁতৰি যাব
বিশ্বাসবোৰ যেন আৰু অলপ বাঢ়ি যাব
সময়বোৰে আমাক আদৰি ল’ব ।
নতুন আশাবোৰে পোখা মেলিব
জীৱনৰ কাঁইটীয়া পথত
সময়ৰ শুকুলা ঘোঁৰাত উঠি
যোৱাগৈ ২০২৩ বৰ্ষ
আদৰি লওঁ নতুনক
পাম আমি নতুনৰ স্পৰ্শ ।
নিয়ৰৰ টোপালবোৰৰ সতে
তোমাক দিলোঁ বিদায়
সৰাপাতৰ বোকোচাত উঠি
তুমি থাকা যেন সদায়
বিদায় ২০২৩ বিদায় ।
——————————
হেৰাইছে যদি ভালেই হৈছে
মৰমী মুদৈ
হৃদয় হেৰুৱাই মানুহ জনে
অবাটে বাট কাটিছে
এজাক ধুমুহাৰ সৈতে
মুখচুপতি মাৰিছে
হেৰুৱা হৃদয় বিচাৰি চহৰখনত
বিজ্ঞাপন আঁৰিছে
লাহে লাহে চহৰখন
বিজ্ঞাপনেৰে ভৰিছে
বিজ্ঞাপনবোৰ বতাহত উৰিছে
বৰষুণত তিতিছে
ৰ'দত শুকাইছে
বিজ্ঞাপনবোৰে মনে মনে
কথা পাতিছে
হৃদয়হীন দেশত হৃদয়ৰনো
কি মূল্য আছে?
'হেৰাইছে ভালেই হৈছে'
থকা বাবে যে জীৱনটোৱে জটিল হৈ পৰিছে...
——————————
হৃদয়ৰ উৰুলি
গীতাঞ্জলী হাজৰিকা
নৱবৰ্ষক আদৰাৰ হেঁপাহত
এটি বছৰৰ এখিলা পাত
সোঁৱৰণিৰ সোলেং স্মৃতিৰ গৰ্ভত বিলিন
উজুটি খোৱা সময়ৰ ভগ্ন ডেউকা
পুনঃ পুনঃ সোণালী সূতাৰে মেৰাই
এখোজ দুখোজকৈ আশাৰ বুকুলৈ গতি
সেউজীয়া সমীৰণৰ এটি ভ্ৰুণ
গৰ্ভাশয়ত সংগোপনে থাপি
হৃদয়খন প্ৰাপ্তিৰ মোহনাত জাতিষ্কাৰ কৰাৰ
শৰৎ পূৰ্ণিমাৰ দগমগীয়া জোনটো
ন-বোৱাৰীৰ ভৰুণ বুকুত সংপৃক্ত
আশাবোৰ প্ৰেম সুৰভিৰ হৃদয়ত
মাহ-হালধিৰে নোওৱা ধুওৱা
চিকুণ দেহাটি সৰগৰ সুখ সমৃদ্ধি
উতনুৱা মনৰ সুৰুঙাৰে মুকুতা বুটলি
কুঁৱলিয়ে আচ্ছন্ন কৰা দুওঁঠত
সেউজীয়াৰ প্লাৱনৰ লহমা
দুচকুত জোনাকৰ তিৰবিৰ তৰাৰ লুকাভাকু
ৰঙিয়াল জোনটোৱে সপোন হৈ
ভুমুকিয়াই সময় বিচ্ছেদৰ বেলিকাক
বাৰে বাৰে সকিয়াইছে
হাঁহি থাক উদযাপন কৰ উপভোগ কৰ
ৰ’দ জোনাক আৰু পূৰ্ণিমাৰ দৰে
দোঁখাই ফুলক সৰগৰ পাৰিজাতহৈ
——————————
প্ৰকাশৰ পথত....
মই বিদায়ী বৰ্ষ
দিপ্তী মনি গোস্বামী
মই বিদায়ী বৰ্ষ
মই দুহেজাৰ তেইশ চন
ধৰাৰ বুকুত আজি মোৰ অন্তিম দিন!
আজি একত্ৰিশ ডিচেম্বৰ
এতিয়া সান্ধ্য লগন
দুৰু দুৰু কঁপিছে মোৰ মন।
ধৰাধামত সমাজৰ লগত
কটালো মই তিনিশ পয়সষ্ঠি দিন
আজি নিশা বাৰ বজাত মোৰ বিদায়ৰ ক্ষণ।
অথিৰ অবিৰ হৈছে
মোৰ ঠুনুকা আলসুৱা মন
বিদায়ৰ সন্ধিক্ষণত কিহৰ অনুৰণন!
আনন্দৰ লগত বিষাদ দেখিছোঁ
মজিয়াত শব্দ পাৰ্টিৰ আনন্দ
আজি পিতৃ মাতৃহাৰা হৈছে অনেক অমাত পশু পক্ষী
কিম্বা সন্তানক হেৰুৱাই কান্দিছে অবোধ পিতৃ মাতৃ।
সঁচাকৈয়ে...
অনুভৱ কৰিছোঁ
সৃষ্টিয়ে যেনকৈ ধ্বংস আনে
তেনেকৈয়ে আনন্দইও বিষাদ সিঁচে কাৰোবাৰ হৃদয়ত।
——————————
যাবলৈ ওলাইছা যেতিয়া যোৱাগৈ তুমি
ৰঞ্জিতা হাজৰিকা চেতিয়া
মোৰ সেউজীয়া পৃথিৱী খন এৰি
তুমি যাবলৈ ওলাইছা
যোৱাগৈ যোৱা
তুমি দি যোৱা স্মৃতিৰ জোলোঙাটো
গধূৰ নে পাতল!
জুখি চাবলৈ নাহা দুনাই।
কোন সতেৰে বিদায় দিওঁ তোমাক ?
মোৰ সুখ দুখৰ সাক্ষী হৈ জিলিকি
থকা কেলেণ্ডাৰখনক,
অতীত নাম দিবলৈ
তোমাৰ অকনো বেয়া লগা নাই নে!
যাবলৈ ওলাইছা যেতিয়া বাধা নিদিওঁ।
দুখবোৰ পাহৰি সুখ বোৰ সাৱটি
বিদায় দিলোঁ,
খৰধৰকৈ খোজ দিয়া ---
তোমাৰ সলনি আকৌ নতুন প্ৰভাত হ'ব।
তেজাল সূৰুযে ৰাঙলী আভা সানিব,
ন-জোনটিয়ে ফৰকাল আকাশত
মিচিকিয়াই হঁহিব।
শীতৰ কুঁৱলী ফালি
দুপাখি কোবাই কোবাই
উৰি আহিব,
শান্তি সৌম্যৰ প্ৰতীক
শুভ্ৰ বসনা পিন্ধা পাৰ জুৰি।
নতুনে নতুনত্বৰ সৌৰভ আনিব বুলি
অপেক্ষা কৰিছোঁ মই পদূলি মুখত বহি ।
যাবলৈ ওলাইছা যেতিয়া যোৱাগৈ তুমি,
পাছলৈ এবাৰো নাচাবা ঘূৰি ।
———————————
স্বাগতম নৱবৰ্ষ
জুমী চিৰিং
নৱবৰ্ষ তোমাক জনাইছোঁ স্বাগতম
আগন্তুক নৱবৰ্ষ ২০২৪ বছৰটোৱে
কঢ়িয়াই আনক সুখ-সমৃদ্ধি বতৰা
অনাগত প্ৰতিটো দিনেই কৰ্ম ব্যস্ততাৰে
নিৰ্ণয় হওক ভাগ্য আৰু সফলতাৰ সঁফুৰা।
পুৰণি স্মৃতিবোৰক বিদায় জনাই
ভৱিষ্যতৰ সুন্দৰতাক আঁকোৱালি লৈ
হেঙুল হাইতালেৰে নতুনক আদৰি
লোৱাটো জীৱ শ্ৰেষ্ঠ মানৱৰ প্ৰবৃত্তি।
আলফুল সপোনৰ আকুলতা সানি
জোনাকৰ ৰং সকলোৱে ভাল পাই
নতুন উদ্যমেৰে জীৱনটো সজাই
ৰামধেনু সাতোৰঙীত মিনা কৰাই
গঢ়িব বিচাৰোঁ ৰঙীন জীৱনৰ সুগন্ধি।
মোৰ দেশ মহান বুলি গণ্য কৰি
আমাৰ দেশৰ হকে কিঞ্চিৎ বৰঙণি
যোগাবলৈ মনতে আশাবোৰ পুহি
মেলি দিলোঁ জীৱনৰ নৌকাখনি।
আশা- আকাংক্ষাবোৰ বাস্তবায়িত
ৰূপ দিবলৈ অসাধ্যকো সাধ্য কৰি
সুন্দৰকৈ সজাবলৈ চেষ্টা অব্যাহত ৰাখি
আদৰি ল'ম আমি ২০২৪ বৰ্ষটি।
—————————————
নৱ-বৰ্ষ
ড০ আদিল আলী
তোমাক ল'গ পাম বুলি
ভাৱি থাকোতেই
শীতৰ সেমেকা ৰাতিটো
উৰি গ'ল কেনি
স্মৃতিৰ কুঁৱলী ফালি
বালিৰ বুকুৰ বিহু মাৰি
ওলাই আহিল
নতুন দিনৰ আশাৰ ৰ'দালি।
——————————
আকৌ উলটি যাওঁ ব'লা
সেই পুৰাতন সময়লৈ
যাদৱ হাজৰিকা
শিক্ষা আৰু প্ৰগতিৰ বাটত
পাৰা যদি হেঙাৰ এখন দিয়া
গুচি যাওঁ ওভতনি সোঁতত
পুৰণিৰপৰা নতুনলৈ যিমান দূৰত্ব
পিছুৱাই যাওঁ আঁহা সিমান
চহা গীতবোৰ, পথৰুৱা বাঁহীৰ সুৰবোৰক
কিজানিবা বিচাৰি পাওঁ পুনৰ!
আধুনিকতাৰ পোতাশালত বন্দী
মাটিৰ কৃষ্টিক মুকলি কৰোঁ আহা
ৰান্ধনিবেলিৰ হেঙুলীয়া ৰংবোৰ
গালে-মুখে সানি
গো বাটেৰ আহি থকা
গৰখীয়াৰ নাইবা মৈশালৰ
কম্বু কন্ঠদি নিগৰি অহা বনগীত এফাকি
দূৰণিৰ দলনি পথাৰৰ পৰা ভাঁহি অহা
পেঁপাৰ সুৰটি
নুশুনা কিমান দিন যে হ'ল!
ঢেকীৰ শবদত এতিয়া ঘুমটি নাভাগে
তাঁতৰ শালত নানাচে মাকো-দ্ৰোপতী
শাওণৰ পথাৰত এতিয়া শুনো মাথোন
যন্ত্ৰৰ কৰ্কষ শব্দ
আঘোণীয়া চোতালবোৰ পৰিথাকে
নীৰব-নিটালে
যেনিয়েই চাওঁ তেনিয়েই শূণ্য
শিক্ষা আৰু প্ৰগতিয়ে
কাঢ়ি নিয়া মাটিৰ কৃষ্টিক সুঁৱৰি
স্মৃতি কাতৰ পুৰণি পুৰুষ
পেঁপা-বাঁহীৰ সুৰ, বনগীত, বিহুনামক
মুকলি কৰি দিওঁ আঁহা স্কেল,তাল,লয়ৰ
আবেষ্টনিৰ পৰা
মুনিচুনি পৰত ম'হৰ পিঠিত উঠি অহা
ঘৰমূৱা সুৰবোৰ
নৈৰ ঘাটৰ ঠিয় গৰাত প্ৰতিধ্বনিত
জাক জাক গাভৰু বোৱাৰীৰ
খিল খিল হাঁহিবোৰ
আহক উলটি
দলনি পথাৰ, বৰনৈৰ ঘাট
উন্মুখ আজিও
শুনিবলৈ সেই পুৰাতন সুৰবোৰ
সেয়েহে কওঁ -
শিক্ষা আৰু প্ৰগতিৰ বাটত
পাৰা যদি হেঙাৰ এখন দিয়া
গুচি যাওঁ ওভতনি সোঁতত
আকৌ উলটি যাওঁ ব'লা
সেই পুৰাতন সময়লৈ।
-------------------------------------
দুপৰ নিশা মোৰ সংগী
প্ৰাণ প্ৰতিমা বড়া
দুপৰ নিশা মোৰ সংগী
এটি সুগন্ধি
পল অনুপলে অনুভৱ কৰোঁ মই তোমাৰ সান্নিধ্য
শৰৎ মানে যেন প্ৰেমৰ সময়
তোমাৰ সান্নিধ্যই ব্যাকুল কৰে মন
জোনাকীৰ মূল্য জানো পূৰ্ণিমা নিশাত ?
অমাৱস্যাৰ কোনোবা দুপৰ নিশাত
তোমাৰ চিকমিকনিয়ে বিলায়
এবুকু সতেজ উশাহ
উটি ভাহি ফুৰো
তোমাৰ আৱেগৰ কল্লোলত
তোমাক অনুভৱ কৰোঁ
গভীৰৰ পৰা গভীৰতালৈ ...
মাজনিশাৰ এটি সুগন্ধি
আৰু মোৰ অনুভৱ
বিষাদৰ জয়গান সামৰিব খোজোঁ
তোমাৰ বুকুত
তুমিযে শাৰদী ৰাণী
তোমাৰ মূল্য মাথোঁ নিশাৰ দুপৰত !
————————————
শেষ হ'ল
বৰষা মহন্ত
সময়ৰ বুকুৰ বালিচৰৰ
কোনোবা এটি খোজত
হেৰালে সপোন।
বছৰটোৰ কৰ্ষণ কৰি সিঁচি থোৱা
এমুঠি ফচল আছিল।
সেউজীয়া কবিতাটোও ফাগুনৰ
পছোৱাত দিশহাৰা হ'ল ।
হাঁহিয়ে আবিৰ সনা কপালৰ
সেই উজ্জ্বল ৰ'দত
কতজনে পান কৰিলে জোনাক।
পি খালে শান্তিৰ জ্যোতি!
কোনোজনে গোটা কৰাই জুৰালে পৰাণ।
চকুলোৰ লোতকেৰে আঁতৰালে পিয়াহ।
ঘড়ীৰ কাটাৰ প্ৰতিটো হিচাপ
উদযাপন হ'ল।
আকৌ এটা বৰ্ষৰ
ক্ৰমশঃ
শেষ হ'ল...!
-----------------------------
এটা নতুন পুৱা
লক্ষী প্ৰসাদ ৰেগন
এটা নতুন পুৱা আপোনাৰ বাবে
মোৰ বাবে নহয়
ঠাৰি ছিঙা কেলেণ্ডাৰ এখন ওলমি ৰৈছে
মোৰ বাঁহৰ বেৰত
জেঠী দুটাই খেলিছে খুঁটি খুঁটি খাইছে
কেলেণ্ডাৰৰ দিন বাৰ মাহ। আৰু এটা বছৰ
এটা নতুন পুৱা আপোনাৰ বাবে
মোৰ বাবে নহয়
পুৰণা কামিজটো। পুৰণা জোতাযোৰ
টিলিঙা আৰু এপাট পেডেল নাইকিয়া মোৰ এভনৰ চাইকেলখন
ৰংপুৰ তিনিআলিৰ আমৰ তলত বহা
মোৰ দৈনিক বজাৰ আৰু এপদ দুপদ ঘৰুৱা সমস্যা
এটা নতুন পুৱা আহে
তাৰ পোহৰ পৰে মোৰ পিঠিত
সেয়ে মই কেতিয়াবা চুটি আৰু কেতিয়াবা দীঘল হৈ পৰো
মাটি আৰু পানীত।
——————————
জোনাকী সুবাস
অঞ্জনা ৰূপা দাস
সিদিনা এজাক অশান্ত বতাহ বলিছিল
আকাশখন কজলা মেঘে
চুক কোণ মাৰি আৱৰি ধৰিছিল
সজল ধৰালৈ চিমচিমীয়া এজাকবৰষুণ নামিছিল
উতনুৱা দেহ-মন শাঁত পৰিছিল
মোৰ সপোনৰ কাৰেঙলৈ
লয়লাসে, অবাধে সোমাই আহিছিল সপোন কুঁৱৰী।
হঠাতে আকাশ খন ফৰকাল হৈ গ'ল,
পূৱ আকাশ জিনি সাতোৰঙী ৰামধেনুয়ে আকাশ ৰাঙলী কৰিলে।
অস্তগামী সূৰুযে সাগৰৰ বিশাল বুকুত
আঁকি দিলে মৃদু চুম্বন।
ৰাঙলী আবিৰ সনা আকাশখনে
মোৰ মন ফাগুন ৰাঙলী কৰিলে।
দিগন্ত বিচ্ছুৰিত স্নিগ্ধ জোনাকত
লয়লাসে আগুৱাই আহিলা তুমি
মোৰ হিয়া-মন পুলকিত কৰি
নামি আহিল এজাক উচ্ছাসৰ জোৱাৰ।
আমি হোৱাৰ সাক্ষাতত
জোনাকী জাকে জাকি মাৰি
ধৰাত পাতিলে জোনাকী মেলা।
তৰালিৰে বুটা বচা আকাশে
মিচিকিয়াই হাঁহিছিল,
জোনটিয়ে ফুলাম হাঁহি পিন্ধি
পোহৰ বিলাই,
দুয়ো দেহ উপচাই
সিঁচি দিলে জোনাক চন্দনৰ মিঠা সুবাস।
———————————
অথঃ বুকুচোলা সম্বাদ :
হিমাক্ষী বৰা
প্ৰাচীন বুকুচোলা উৱাচ:
চোৱা --
কোনোবাটোৰ ঘণ্টা, কোনোটোৰ এদিন
বা কোনোবাটোৰ আয়ুস ঋতু এটা ...
পথানত সেয়া অনেক বুকুচোলা ;
থাওকতে ক'লোঁ, মনত থ'বা --
তাতেই তোমাৰো নিগাজী ঠিকনা ...
নিয়ৰৰ মুকুতা বছা দূবৰিৰ বুকুচোলা
পুৱতিৰ ৰ'দছিৰাত চাবা --
দেখিবা হাজাৰ চকুৰ কোণত সেয়া
মৌনতাৰ মুখৰ হিমকণা ..
পুৰণি চোলাৰ উম কমে,
টোপনি ভাগে, টোপনি নাহে
পুৰণি চোলা একাষৰীয়া হয়
নতুন চোলাৰে নিশা উমাল হয়...
কালজয়ী সৃষ্টিৰ কালাধীন স্ৰষ্টাৰ সমল
হ'ব পাৰে মুকুতা খচিত একোটি চোলা,
কাহানিও বুকু চুব নোৱাৰা
তুমিও মাথোন তেনে এটি বুকুচোলা...
------------------------------
সোণ
চিমৰাজ হুছেইন
দহ বছৰৰ মূৰত পুনৰ তালৈ গৈছিলো ,
সেউজীয়াৰ সলনি হালধীয়া দেখিলো !
কুঁহিপাতৰ বহুকেইটা দিন
বান্ধি ৰাখিছিল ঠাইখনে
পাহৰণিৰ হাবিফালি সোঁৱৰণিয়ে ঢাপলি মেলে |
পথাৰত গৰম গাখীৰৰ সোৱাদ
পাহৰা নাই দুই ওঁঠে ,
চাইকেলৰ আগত ওলমি অহা
সেইযে ডাঙৰ মাছটো
মাজে সময়ে দুচকুত ভাহে |
এতিয়া ধূলি বালি নাই তাত
নঙলাৰো বাটত হেৰাল,
গধূলিৰ চোতালখন
এতিয়া নীৰৱ-নিমাত |
ঠাইখন মোৰ তেওঁৰ বাবেই বিশেষ
এতিয়া তেওঁ জীৱনৰ আবেলিত ,
তেওঁ দেখিছে বহুত কলিয়া ডাৱৰ
পিছে, ৰামধেনুৰ ৰঙে জীয়াই ৰাখিছে
এতিয়া মাথোঁ হ'ল-নহ'লৰ হিচাপ কৰিছে |
পাহৰিছে বহু কথা
বহুতো চিনাকি গান ,
মাথোঁ হিয়াৰ গোপন কোনত
লিখি থৈছে এটি বাখৰুৱা
নাম।
—————————————
মই কৃষকৰ সন্তান
গকুল চৌধুৰী
মই কৃষকৰ সন্তান
জন্মভূমিৰ মাটি চহাই দেখোঁ
শ্যামলী শস্যৰ সপোন
মাটিয়েই মোৰ আশা ভৰষা
মাটিয়েই মোৰ ঐশ্বৰ্য বৈভৱ
খেতি পথাৰত মই নিজেই যুজো
ৰ’দ,বৰষুণ আৰু বানপানীৰ সৈতে
মোৰ দুহাতেৰে লখিমী আদৰাৰ
হেঁপাহত
সোণগুটিৰে ভৰাল ভৰাৰ পাছত
পিতাইৰ সৈতে হাঁহি মাতি খেতিৰ
আদিপাঠ শিকাৰ পৰত
ন - খোৱাৰ দিনা হাহে-মাহে
আইয়ে ৰন্ধা তৃপ্তিৰ এসাজ ৷
মোক লগ পাব শাওনৰ পথাৰত
মোক লগ পাব আঘোণৰ পথাৰত
এই পথাৰখনেই মোৰ আশাভূমি
এই পথাৰখনেই মোৰ কৰ্মভূমি ৷
বি.এ পাছ কৰি এম.এ পাছ কৰা
বহুদিন হ’ল
চাকৰিৰ বজাৰত গৈ চাকৰি
কৰিবলৈ মোৰ হাতত টকাও নাই
পইচাও নাই
পিতাইয়ে থৈ যোৱা দুকুৰা মাটিৰ
গৰাকী মই ৷
হয়তো প্ৰতিবছৰে প্ৰেমিকাজনীক
দিব নোৱাৰিম পাটৰ ৰিহা
মেখেলা চাদৰ,সোণৰ গহণাগাঁঠৰি
প্ৰতিদিনে পুৰাব নোৱাৰিম তাইৰ
সকলো আশা সকলো সপোন ৷
তথাপি তাই হ’ব ৰোৱনী - দাৱনী
দুয়োজনে একেলগে মনৰ উলাহত প্ৰেমৰ গান গাম
ব’হাগৰ বিহুৰ বতৰত বিহু নাচিম
দুয়ো দুয়োকে মৰম-ভালপোৱা
যাচিম ৷
তথাপি এই মাটিতে বোকা-পানী
গছকি
ৰ’দে পুৰি দিয়া বানে ধুই নিয়া
পৰিস্থিতিৰ লগত যুঁজি যুঁজি
পথাৰৰ বুকুত নাঙল যুঁৱলি
গৰুহালৰ সৈতে মই হ’ম এজন
সংগ্ৰাম লীপ্ত কৃষক ৷
মাটিৰ লগত মোৰ জন্ম
জন্মান্তৰৰ সম্পৰ্ক
মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কেচা
মাটিৰ গোন্ধ
গাম ঘাম মাটিত পেলাই
তেজক পানী কৰি পথাৰৰ বুকুত
মইয়ে লিখিছোঁ মোৰ
কৃষি বিল্পৱৰ বুৰঞ্জী ৷
মই আছোঁ কৃষকবন্ধুৰ লগত
মই আছোঁ ৰোৱনী-দাৱনীৰ কাষত
মই সদায় আছোঁ
আৰু সদায় থাকিম
সকলোৱে জানে আৰু বুজে
যুগে যুগে
জনমে জনমে
মই কৃষকৰ সন্তান ৷
———————————
এহাল চৰাইৰ কথা
ৰেখা বৰকটকী
কাঁকিনি তামোলৰ শীৰ্ষ বিন্দুত
আটোমটোকাৰি একোটি পঁজাঘৰ
এডাল দুডাল কূটাৰে সন্তান সুৰক্ষাৰ হৈ
নিৰলস প্ৰচেষ্টা
শব্দশীল নীলিম আকাশমাৰ্গত সিহঁতৰ ঘৰবোৰ
স্মৃতিকক্ষৰ ৰ'দ কাঁচিয়লিত
ৰিব ৰিব বা সেৱন কৰি
আত্মবিভোৰ সিঁহত
ঘৰ বান্ধে সিহঁতে অনিৰুদ্ধ গতিৰে
কস্তুৰী সুৱাস সিঁচি কিচিৰ- মিছিৰ শব্দেৰে
পক্ষীৰ ভাষাৰে ভাৱৰ বিনিময় হয়
নৈৰ সিপাৰে লগ পাই অহা
প্ৰেয়সীজনীৰ কথা হয় আকাৰে ইঙ্গিতে!
এনেদৰেই বাণীবদ্ধ হয়
জীৱনৰ স্বৰলিপিত স্বপ্ন সত্য আৰু বাস্তৱৰ...
আকুল প্ৰাণে গোৱা প্ৰেমগাঁথাবোৰ যেন
চিৰন্তন প্ৰেমৰ স্বগতোক্তি
পাখিত পাখি গুজি একাত্ম হোৱা সময়বোৰ
হ'ব পাৰে অৱচেতন মনৰ সাক্ষী
কোনোবা ৰংমন আৰু ৰংমিলীৰ
দুই হাতে খামুচি ধৰা
উদ্বাউল বুকুৰ চাকনৈয়া...!
—————————————
নিনাও আবেলিটোত লাল পৰি আহিছে আকাশ
অবিনাশ দত্ত
পথাৰৰ বুকুত সোনোৱালী উৎসৱ
ইমান চিনাকী, ইমান আপোন
মোৰ একঠা সাৰুৱা হৃদয়ত
এখন কলপতীয়া দাপোন।
আচলতে দাপোনখনত কিহৰ ছবি আছে!
নৈখনত উটি গৈছে ফাগুনক আনিবলৈ ৰৈ থকা
সৰাপাতৰ হুমুনিয়াহ
বেলিটোৱে নিজৰ পোহৰবোৰ
জোনজনীলৈ চতিয়াই আঁতৰি গৈছে বহু দূৰলৈ
সিহঁতৰ জাকৈয়া হাঁহিত
ক'লা আন্ধাৰ আহিছে ঘৰমুৱা হৈ
গাভৰুবোৰৰ চেঁচা ভাঁজত জিৰাইছে নিৰ্লজ আন্ধাৰে
নীলা ভাঁজত ৰঙচুৱা আঁচুৰ
কাৰ
নিনাও আবেলিটোত লাল পৰি আহিছে আকাশ
নিৰ্জনতা কেওপিনে
আমি ক'ব নোৱাৰোঁ মন্দিৰৰ চৰাইবোৰক
কিয়ে সিহঁতে ৰঙা ফোঁট লৈ থাকে কপালত!
ছাগলীবোৰে ডিঙিত কিয় পিন্ধে ৰঙা ফিটা!
ধৰ্ম নে পূণ্য ?
একোকে ক'ব নোৱাৰোঁ।
ধৰ্ম আৰু পূণ্যৰ অৱগুন্ঠন আঁতৰাই
নখেৰে আঁচুৰি আনিছে গাৰ মাখি ছাল
মেটেকাই ডিঙি চেপিছে পদুমৰ
সিঁহতৰ ওঁঠত বেঙুনীয়া শেঁতা হাঁহি
নষ্ট চুলিৰে দৌৰিছে মাথোঁ দৌৰিছে
অভিশপ্ত শেৱালিবোৰে দূৱৰিত পৰি পৰি
সিহঁত হাবিলৈ যোৱা দেখি আছে।
হাবিত থকা মানুহবোৰ নুবুজে
মুকলি আকাশৰ তৰাৰ ভাষা
উঁইচিৰিঙাৰ ঝনঝনানি
স্বাধীনতাৰ নিচান বিচাৰি ৰঙা হয় আকাশ
ভয়াৰ্ত কৃষকে সাজি লয়
তিৰাশীৰ জুয়ে পোৰা স্মৃতিৰ বাট
নব্বৈ দশকৰ শগুনে কৈছিল
'মৃত্যু হেনো সহজ' ।
———————————
অমৃত ধাৰা
অজিত প্ৰতীম দাস
মানৱ সভ্যতা ?
আজি আমি ভীষণভাবে লজ্জিত, অনুতপ্ত,
অপৰাধ বোধেৰে মন মস্তিক আসন্ন।
উন্নত অত্যাধুনিক জীৱন-শৈলীৰলালসাই,
প্ৰকৃতি বুকুত কৰিছো ধ্বংস-যজ্ঞ,
যেন সভ্যতাৰ পতন যুঁজত নিজেই হৈছে অৱৰ্তীন।
স্বজাতিৰ সোনোৱালী পথ কৰিছে অৱৰোদ্ধ।
সেয়েহে
শান্ত, মনোৰম প্ৰকৃতি,
আজি ক্ৰোধিত,জৰ্জৰিত
মানুহ নামৰ অমানুহৰ দুস্কাৰ্য্যত হব ধৰিছে ধংশযজ্ঞ।
সমস্ত জৈৱ্য বৈচিত্ৰৰ অনুপম সৃষ্টি,সেউজ বনৰ উৰণ ভ্ৰমণ বুৰণৰ অস্তিত্বৰ পথ কৰিছে অৱৰুদ্ধ।
প্ৰকৃতি আই আজি ক্ৰোধিত ৰ্জজৰিত।
নিজ সন্তানৰ দ্বাৰাই
লাঞ্চিত লুণ্ঠিত।
কিমান সহিবা আৰু আই ৰত্তাক্ত বুকুৰ বেদনা?
চকুলোৰ লোতকেই যেন বন্যা হৈ বব মহাপ্ৰলয়ৰ ব্ৰহ্মপুত্ৰ আইৰ অভিশাপত মানৱকূল যেন হব ভস্ম।
আজি সেয়েহে,
ক'ৰ'ণা-বিষাণুৰে মানুহ আক্ৰান্ত,শয্যাগত ।
অত্যাধুনিক পৰমাণু অস্ত্ৰৰে সুসজ্জিত মানুহ,
অতি ক্ষুদ্ৰ অণুজীৱৰ দ্বাৰাই অসহায় পৰাভুত,
বিজ্ঞানৰ মহাসুত্ৰ, গবেষণা আজি হৈ পৰিল নিষ্ক্ৰিয় ।
আনফালে...
প্ৰকৃতিৰ জীৱকূল,
আজি যেন উদ্ভাসিত,
নিৰ্ম্মল বায়ু-পানীৰে স্বচ্ছ,
পক্ষীকূলৰ মাতত মানৱ
আজি অভ্যস্ত।
ধৰিত্ৰী আই আজি,
যেন নিজ মহিমাৰে মণ্ডিত,
কেৱল মানৱ-জাতি আজি দণ্ডিত,
দুষ্কাৰ্য্যৰ বাবে অতি লজ্জিত,
বিষণ্ণ :আজি অনুতপ্ত ।
মানৱ আজি অৱৰুদ্ধ,
অনুতাপ,অনুসূচনাৰে সন্তাপেৰে তপ্ত।
সময়ৰ স্পৰ্শতে পাৰ হয় সংগোপনে সময়।
এই সময়,
নহয় দু:সময়,
এই সময় আত্মবিশ্লেষণৰ মাথো ৰ্নিমোঘ প্ৰণয়
এই সময়,
ধৈৰ্য্য, সহিষ্ণুতা আৰু সুচিন্তাৰে গঢ়া কৰ্মৰ
বহু নিলিখা নতুন শব্দ সৃষ্টিৰ অনুপ্ৰেৰনাৰ
নপঢ়া সত্যৰ নিবন্ধ পঢ়াৰ।
এতিয়া সময়,
নিজকে নতুন ৰূপেৰে ন-কৈ গঢ়াৰ,
প্ৰকৃতিৰ সতে একাত্মহৈ সহযোগিতাৰ হাত আগবঢ়োৱাৰ।
এয়া সময়,
নতুন এখন পৃথিবীৰ কল্পনা কৰাৰ
এয়া সময় :
মানুহ প্ৰকৃত মানুহ হোৱাৰ,
নতুন বছৰৰ নতুন পূৱাই আনক মানুহৰ বাবে মানুহৰ আস্থা আৰু সহযোগিতাৰ হাত,
ভোগ্য আমাৰ এই বসুন্ধৰা যোগ্যজনৰ বাবে হওঁক অমৃতধাৰা।
--------------------------------------
কাঁচিয়লি ৰ'দৰ কোঁহে কোঁহে
গীতালি মহন্ত
মোৰ শ্বাশ্বত প্ৰগলভ চেতনাই
পাহি মেলে
কাঁচিয়লি ৰ'দৰ কোহে কোঁহে
হৃদয়ৰ অনুভূতিত গজি ঊঠে
এটি দুটি সেউজ সপোন,
অনুভূতিৰ সাগৰতলিৰ
শব্দ মুকুতা বুটলি
আলফুলে হেঁপাহৰ কবিতাসজাওঁ
তাৰে মই হৃদয় জুৰাওঁ
বুকুৰ আবেগ ঢালি
সপোন সজাওঁ
দুচকুত তাকে কঢিয়াওঁ ।
—————————————
নতুন পুৱা
অপৰূপা দত্ত
চাই থাকোতেই হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰাকৈ
আঙুলিৰ ফাঁকেৰে সৰকি গ'ল
আকৌ এটি বছৰ
সোঁৱৰণীৰ সেই বতাহ জাকতেই
ভাঁহি থাকিব পাৰ হৈ যোৱা বছৰৰ প্ৰাপ্তি- অপ্ৰাপ্তিবোৰ I
সৰি পৰিব জীৱন বৃক্ষৰ আকৌ এখিলা
শুকান সৰাপাত
আৰু
কুঁৱলী সনা সূৰুযমুখী এটি পুৱাই
বহু প্ৰত্যক্ষা আৰু পতিশ্ৰুতিৰ বতৰা লৈ
আদৰি ল'ব পুনৰ
এটি নতুন বছৰ
দুৰ্ভাবনাৰ এডাল দীঘলীয়া সাঁকোৰ সিপাৰে থকা ,
সপোনৰ বাগিচাত ফুলি উঠিব
নানা ৰঙৰ বহু ফুল
ঐশ্বৰ্য্যময় নৱবৰ্ষৰ পুৱাটিক আদৰিবলৈ
আজিচোন সকলো সাজু
আহাচোন সকলোৱে মিলি আদৰো
আশা আৰু সপোনে ঠন ধৰি উঠা
নৱবৰ্ষৰ এই পুৱা
—————————————
ভালপোৱাযে এনেকুৱাই–২
নৱ ৰাজন
নিৰ্জনতাৰ সুঁহুৰি
জিলিৰ ওঁঠত কোনে থ’লে গুজি
শুব পৰা নাই ওৰে ৰাতি
আউসীৰ চিয়াঁহীৰে
কোনে লিখিলে চকুত
পোহৰৰ চিঠি
একোকে মনিব নোৱাৰি
যদিও
এন্ধাৰ মোৰ বহু ৰাতিৰ জুৰণি
নিৰ্জনতাৰ খিৰিকী খুলি
এয়া...
কাৰ ওঁঠৰ কঁপনি
আহ্
ইমান উমাল...
হঠাৎ
জ্বলি উঠিল দুটি জোনাকী
নিজক জ্বলাই
ভালপোৱাযে এনেকুৱাই।
———————————————
0 Comments