পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ ১৬তম সংখ্যা

———————————————————————
————————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া 

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  ...কাব্যকাননৰ লগত মোৰ সম্পৰ্ক পুৰণি কিন্তু সেই কাব্যকাননেই এই কাব্যকানন বুলি জনা নাছিলোঁ....সভাৰ উদ্দেশ্য ব্যাখ্যা খুউব স্পষ্ট হৈছে। সাধাৰণতে 
উদ্দেশ্য ব্যাখ্যাবোৰ মূল বিষয়ৰ পৰা ফালৰি কাটি যোৱা দেখা যায়...
   —কাহ পৰি জীন যোৱা পৰিবেশে উমান দিছিল
বাইদেউৰ ভাষণ কিমান তত্বগধুৰ আৰু সাৰুৱা আছিল। 
  হয়,মই ক’ব বিচাৰিছো অসমৰ বৰণ্য কবি,সাহিত্যিক তথা শিক্ষাবিদ ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° কৰবী ডেকা হাজৰিকা বাইদেৱে অসম কাব্য কাননৰ ষষ্ঠ বাৰ্ষিক ডিব্ৰুগড় অধিৱেশনত  মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুকলি সভাত আগবঢ়োৱা ভাষণৰ কথা। বাইদেউৰ বক্তব্যই সকলোকে মোহাচন্ন কৰিছিল। বিশিষ্ট সমালোচক,ঔপন্যাসিক  মৃদুল শৰ্মাদেৱক শব্দৰ যাদুয়ে উপস্থিত সকলোকে বিমুগ্ধ কৰে। উক্ত সভাতে দুয়োগৰাকীয়ে কবি জোনমণি দাসক এইবৰ্ষৰ কাব্যম বঁটা প্ৰদান কৰে। উল্লেখ্য যে বঁটাৰ লগত এইবাৰ নগদ পঁচিশ হাজাৰ টকা আগবঢ়োৱা হৈছে। উক্তসভাতে ড° কাব্যধ্বনি অসমৰ সভাপতি কবি ৰঞ্জিত দত্তৰ সুদক্ষ সঞ্চালনাত জুবিলী গগৈ আৰু কৌস্তুভমণি শইকীয়া দত্তৰ উপস্থিতিত চাৰি কুৰি কবিয়ে কবিতা পাঠেৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। 
   সঁচা অৰ্থত কবিতাৰ জয় হ’ল।
  এইদৰে কবিতা গুঞ্জৰিত হওক সাধাৰণ জনগণৰ  হৃদয়ে হৃদয়ে ।

তাৰেই কামনাৰে–
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————————————

কবিতাৰ আড্ডা   
উদয় কুমাৰ শৰ্মা   

    কবিতা এটি পঢ়োঁতে -- ৰসগ্ৰাহী, মননশীল পঢ়ুৱৈয়ে মূলত: কি বিচাৰে? ভাষাৰ অভিনৱত্ব, (সদৰ্থক) চিন্তাৰ নতুনত্ব আৰু শব্দ-প্ৰয়োগৰ সাংকেতিক কৌশল ; শব্দৰ যি ব্যৱহাৰে কল্পচিত্ৰ, উপমা, প্ৰতীক আদিক মনোমুগ্ধকৰ কৰি তুলিব পাৰে। 
    কবিতাত, প্ৰকৃতিৰ সম্পদ -- নৈ, জোন, মাটি, পাহাৰ, সাগৰ আদিক উল্লেখ কৰি লিখোঁতে -- প্ৰতিবাৰে, সিবোৰক ভিন ভিন দৃষ্টিকোণেৰে চাব পৰাটো কবিৰ নিপুণতাৰ পৰিচায়ক। 'নৈ'ক লৈয়ে অলেখ কবিতাৰ সৃষ্টি হৈছে ; হৈ থকিব। পিছে, এগৰাকী কবিয়ে তেওঁৰ কবিতাত 'নৈ'ক বহুবাৰ উল্লেখ কৰোঁতে -- প্ৰতিবাৰে তাক নতুন দৃষ্টিৰে, ন ন ব্যাখ্যা (Interpretation)ৰে বাঙ্ময় কৰিব পাৰিলেহে সি ৰুচিকৰ আৰু ৰসাল হৈ উঠিব। 'শিল' শব্দটোৰ ব্যৱহাৰত -- শিলটোৰ আকাৰ, আয়তন, ওজন, চৰিত্ৰও পঢ়ুৱৈৰ চকুত ভাহি উঠিব পাৰিব লাগিব।  
    কবিতাত, কোনোএটা বস্তুক লক্ষ্য কৰোঁতে -- আন এটি বস্তুৰ মাজেৰে নিৰীক্ষণ কৰিব পৰাটো কবিৰ দক্ষতা ; আৰু, 'আন বস্তু'টো পঢ়ুৱৈৰ উপৰিপাওনা।  
     ধৰ্মমূলক, বুৰঞ্জীমূলক আদি পৌৰাণিক কাহিনী একোটাক কবিতাৰ শৰীৰেৰে আকৌ 'কাহিনী' কৰাৰ সলনি -- সেই কাহিনীক, তাৰ চৰিত্ৰসমূহক আজিৰ বাস্তৱতাৰ লগত খাপ খুৱাই, সোণালী ভৱিষ্যতৰ সন্ধান কৰিব পৰাটেহে অধিক ফলপ্রসূ হ'ব বুলি ভাব হয়।
———————————————————————
অনুবাদ কবিতা

The Wish of a Falling Star
By-Shirley Hudson, USA

The eclipse of the moon, 
Shines brightly thru my window. Falling snow brings calm and, Serenity in my heart and soul. 
A vision of fresh laden snow on the ground, 
Reminds me of the days of yesteryear. 
The best feeling is seeing the first, Foot prints in the snow, mine. 
I look up to the skies above, 
As I see a star that shines, 
Like none other changing time and space. 
The star races across the sky. 
A wish of a lifetime never experienced. 
I am mesmerized as I make a wish. 
A wish of this galaxy hoping, Someone is listening. 
Then as if a dream I notice, 
A second star blue as the ocean, Racing beside the other. 
They dip towards me and, Continue across the sky. 
Making me believe, 
Wishes do come true. 

  
পপীয়াতৰাৰ কামনা
মূৃৃল-শ্বাৰলী হাডছন, আমেৰিকা
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

চন্দ্ৰগ্ৰহণ,
মোৰ খিৰিকীৰে জলমলাই উঠে।  
সৰি পৰা নিয়ৰে মোৰ হৃদয়, আত্মাত শান্তি আৰু নিশ্চিন্তি আনে।
মাটিত সতেজ বোজাই কৰা বৰফৰ দৰ্শন,
কালিৰ দিনবোৰ মনত পেলাই দিয়ে।
প্ৰথমটো দেখাটোৱেই আটাইতকৈ ভাল অনুভৱ, নিয়ৰত ভৰিৰ ছাপ, মোৰ।
মই ওপৰৰ আকাশলৈ চাওঁ,
যেনেকৈ মই জিলিকি থকা এটা তৰা দেখিছোঁ,
আন কোনো পৰিৱৰ্তিত সময় আৰু স্থানৰ দৰে।
তৰাটোৱে আকাশৰে দৌৰিছে।
কেতিয়াও অনুভৱ নকৰা জীৱনৰ এটি কামনা।
এই তাৰকাৰাজ্যৰ এটা কামনা আশা কৰি, 
কামনা এটা কৰি থাকোঁতে মই মন্ত্ৰমুগ্ধ হৈ পৰিছোঁ।
কোনোবাই শুনি আছে।
তেতিয়া যেন এটা সপোন লক্ষ্য কৰিছোঁ,
এটা দ্বিতীয় তৰা সাগৰৰ দৰে নীলা, আনটোৰ কাষত দৌৰাদৌৰি।
মোৰ ফালে ডুব যায় আৰু, আকাশৰ সিপাৰে আগবাঢ়ি যায়।
মোক বিশ্বাস কৰাই,
কামনাবোৰ পূৰণ হয়।
—————————————
হয়! মই নাস্তিক
মূলঃ কৃষ্ণ ওঝা( হিন্দী)
ভাৱানুবাদঃ  সঞ্জীৱ সাগৰ চৌধুৰী

হয়! মই নাস্তিক 
অন্য কোনো ধৰ্মত নাস্তিকৰ স্থান নাই বাবেই
মই উপায়হীন
আৰু ঋষি চাৰ্বাকৰ দৰেই 
নাস্তিক হিন্দু মই

শুনিছো! আপোনাৰ ঈশ্বৰৰ ইচ্ছা অবিহনে বোলে
পাত এটাও নলৰে
কিন্তু ল'ৰালিতে যে চুবুৰীয়াৰ মূৰ্গী চুৰ কৰি খাইছিল
সেয়াও কি ঈশ্বৰৰ ইচ্ছা আছিল

মই নেমানো

মোৰ কৰ্মৰ দ্বায়িত্ব মোৰ
নাস্তিক যে মই
পিছে কথা এটা কওঁ‌
আপোনাৰ ঈশ্বৰো নাস্তিকেই
কাৰণ তেওঁ‌ৰ ওচৰতো নাই দ্বিতীয়জন ঈশ্বৰ
তেওঁ‌ তেওঁ‌ৰ ওপৰৰজন নিজেই
মোৰ ওপৰৰজনো ময়েই

খুউব কান্দো মই
যেতিয়া বেজাৰ লাগে
আৰু হেপাঁ‌হ পলুৱাই হাঁ‌হো
যেতিয়া হওঁ‌ আনন্দিত

ক'ৰবাত পঢ়িছিলো মই
হয়তো বৃহদাৰণ্যকত
বহি থাকিছিল কোনো এটি চৰাই
কিবা এডাল গছৰ একেবাৰে ওপৰৰ ডালত
নাছিল সুখী কিম্বা দুখী
নিৰস কিম্বা সৰস
পিছে আছিল স্বগৰিমাৰে পৰিপূৰ্ণ
আৰু মই জপিয়াই ফুৰিলোঁ‌
তলৰ ডালবোৰতে

কেতিয়াবা মিঠা ফল খাই সুখী
কেতিয়াবা তিতা খাই দুখী
এনেকৈয়েই চলি থাকিল

পিছে এদিন হঠাৎ
সেই চৰাইটোৰ ওচৰলৈ গৈ
চাবলৈ মন গ'ল
কেনেকৈ কোনোবা এনেকৈ বহি থাকিব পাৰে
নিজানে নিতালে

ওপৰলৈ মই যি বগাব ধৰিলো বগায়েই থাকিলোঁ‌
উঃ ! ইমান ওখ গছজোপা
যেন আকাশ চুবগৈ

যেতিয়া কাষ পালো
দীঘল জাপ এটা মাৰি চৰাইটো পৰি থকা ডালটোত বহি পৰিলোঁ‌

কিন্তু এয়া কি
সেই ডালটোতছোন কোনো নাছিলেই
কেৱল ময়েই আছিলোঁ‌
ময়েই

তেন্তে কি সেই চৰাইটো 
ময়েই আছিলোঁ‌ ?
মায়াই মোক বেঢ়ি ধৰিছিল?
কেৱল ৰজ্জুয়েই সত্য আছিল
সাপ কেৱল মিথ্যা?

কেৱল ময়েই 
আৰু কোনো নাই
অহম্ ব্ৰহ্মাস্মি অহম্ ব্ৰহ্মাস্মি
হয় মই নাস্তিক!
—————————————
কবিতা

আইনাত জিলিকিব আকাশৰ  মন
ৰীতা বৰুৱা

আজি ৰাতি 
আকাশখন সবাতোকৈ ফৰকাল হ'ব

আজি ৰাতি 
মানুহবোৰৰ মনবোৰো ফৰকাল হ'ব

পানীবোৰ আইনা হ'ব
আইনাত জিলিকিব আকাশৰ মন

আজি ৰাতি
বতাহত বলিব কেৱল প্ৰেম
আৰু পৃথিৱীখন হ'ব এটা কবিতা

প্ৰেমৰ
আজি ৰাতি  ।
—————————————
এশাৰীৰ কবিতা
গুণ মৰাণ

কবিঃ কবি মই বেলিৰ দৰে–পোহৰ বিলাবলৈ বেলিয়ে মঞ্চ বিচাৰি নুফুৰে।
—————————————

কবিতা
পিংকুজিৎ

পঢ়ুৱৈ এজনে
পাঠক এজনক কৈছে---

তুমিতো কেৱল পাঠ কৰি যোৱা
আৰু মানুহে ভাবে, তেনেকৈয়ে তুমি পঢ়ুৱৈ হ'লা

মূৰ খজুৱাই খজুৱাই
উত্তৰত পাঠকজনে কৈছে---

মৌন হৈ তলমূৰকৈ পঢ়ি পঢ়ি
তুমিওতো নিজক মোৰ নামটোৰে মতা

তেনেতে
ব্যাকৰণৰ বেৰ এখন ভাঙি অহা
কবি টিলিকা এটাই মাত দিছে মাজতে---

বোধৰ অভাৱক
নুবুজা বোলাটো ভুল!
—————————————
জখলা
অৰ্চনা ঠাকুৰীয়া 

চুপ থাকক আপোনালোক
ভুলতেও প্ৰতিবাদ নকৰিব
নহ'লে ভেঁকুৰি যোৱা জলফাইৰ দৰে দাস্তবিনৰ উচিষ্ট
খাব লাগিব

আনক বুজাবলৈ নাযাব
যি বুজে নিজেই বুজক
নহ'লে মুখাৰ আৰ লৈ মুখাই ঠগিব আপোনাক

গহন অৰণ্যত প্ৰথমেই মৰিবলৈধৰা গছজোপা যিদৰে চিনিবলৈ টান 
একেদৰেই অবিশ্বাসৰ মাজত বিশ্বাসক বিচাৰিবলৈ 

পাৰিলে মিচিকিয়া হাঁহিৰে নিজকেই প্ৰবোধ দিয়ক
সময়ৰ হাত বৰ কোমল, বৰ বিশাল
তেওঁৰ হাততেই নিজকে সপি দিয়ক

থাকোঁতে জাল এখন মোৰো আছিল
একেবাৰে গোষ্ঠী মৰা
কিন্তু ব্যবহাৰ নকৰোঁ
ধৰ্মক চিনিবলৈ অধৰ্মও লাগে দিয়কচোন

আপুনি উৰ্ধমুখী যাত্ৰা বিচাৰিছে নেকি
জখলা লাগে আপোনাক
না, নিবিচাৰিব কেতিয়াও
জখলাবোৰ ঘূণে ধৰা
পৰি কঁকাল ভাঙিব
—————————————
বিলাই-বিপত্তি
সঞ্চিতা বৰা

গুটি এটা পচাইছিলোঁ
চটচটী চৰাইজনীয়ে খান্দি 
ওফৰাই পেলালে
উচটালে
মাটিত সোমাই কি কৰিছ
ব’ল উৰো এপাক
ঠোঁটত উঠি উৰিলে
বতাহে পালে 
ডেউকাত জোৰ কমিল
গুটি পৰি ৰ’ল 
শিলনিত
খৰাং
সঁচ মৰিল।
—————————————
পংক্তিবোৰে জানে প্ৰতিটো শব্দৰ ইঙ্গিত
ইপুল হুছেইন

পৈণত হোৱাৰ আগেয়ে
পূৰ্ণতাৰ দাবী সমীচিন নহয়
সেয়ে কেতিয়াবা প্ৰেমৰ পৰা পলায়ন কৰাটো জৰুৰী
ইমানৰ পাছতো ভিতৰি প্ৰেম বাঢ়ে গোপনে
ভালপোৱাত ভুগি স্নায়ুতন্ত্ৰ চোবায় সংগোপনে
ভালপোৱাটো কিবা যেন এক প্ৰিয় ভুল
যি ভুলৰ কোনো ধাৰণাই সংক্ৰমিত কৰে বাৰে বাৰে

চহৰৰ কিনাৰেদি বৈ যোৱা নৈখনে জানে প্ৰতিটো গীত
কবিতাৰ পংক্তিবোৰে জানে
প্ৰতিটো শব্দৰ ইঙ্গিত
দূৰৈত কিম্বা কাষত
বুজা-নুবুজাৰ দোমোজাত জীৱনৰ পৃষ্ঠা লুটিয়াই
অদৰকাৰী, বেপৰোৱা কিম্বা বেচিজিল চৰিত্ৰৰ দৰে
কোনো এক অসময়ৰ সীমনাত কঁপে সেই ভালপোৱাৰ স্পৰ্শ ।
—————————————
মানুহৰ স্বাধীনতাৰ অনুষ্ঠান
দেৱ দাস

সন্তুষ্টিত
কবিতাৰ আলাপ
আদৰৰ মাত
আকাংক্ষিত অনুষ্ঠান

প্ৰিয়জনৰ কবিতা 
কবিতা পাঠ 
সুন্দৰ স্বপ্নগাথা

এনেদৰেই 
কলম আৰু চিয়াহীৰ 
যুগ যুগ কথোপকথন
কত কবিতা
কবি লেখকৰ
সুন্দৰ অনুষ্ঠান

তুমি  কবিতা লিখা
কাহিনী কৰা 
সপোন যেন
ক্লান্তিহীন নিদ্ৰাহীন 
অবিশ্ৰান্ত বিনিদ্ৰ নিশা 
চিকমিক শানিত তৰোৱাল 

তোমাৰ ইতিহাস 
সাক্ষী তুমি 
প্ৰতিটো লেখা
তোমাৰে দীৰ্ঘশ্বাস 

দাসত্ব উফৰাই 
কলঙ্ক বিনাশি 
নাই দিন নাই ৰাতি 
পাৰ হয় সময়

দলবদ্ধ ভাৱে 
ওলাই আহিছো
আমাৰ আকাংক্ষিত অনুষ্ঠান

কলম আৰু চিয়াহী 
কবি লেখকৰ 
অনুস্থান

সেইযে মুক্তি যুঁজৰ 
প্ৰাণৰো প্ৰাণৰ 
মানুহৰ স্বাধীনতাৰ অনুষ্ঠান।
—————————————
শিৱ
চয়নিকা ভূঞা 

ইমান সহজনে
ইমান সহজনে  কথাবোৰ
কৈ দিয়াৰ দৰেই

হয়, কাৰোবাৰ সৰলতাক
আঘাট কৰাটো বৰ সহজ কথা এতিয়া
 
কিন্তু যি বিশ্বাসত গঢ় লৈ উঠে একোটা সম্বন্ধ
সেই বিশ্বাসৰ এনাজৰী ডালেৰে চহকী কোন !!
শিৱ নে মই  ??

আঙুলিৰ মূৰত গণিব পৰা  হৃদয়
তাকো আজিকালি বন্ধকত যায়

পদূলি মুখতেই চতিয়না গছ 
তাতেই শিৱ
মোৰ কলিজাত শিৱ 
ঘৰত শিৱ
ৱালত শিৱ
শিৱ ক'ত নাই  ?

কেতিয়া কোনে কাৰ বুকুত থিতাপি লয়
কোনেও নাজানে
শিৱয়ো

শীত নামিছে ধৰালৈ
শীত নামিছে বুকুলৈ

যি বাটেৰে আঘোণ আহে 
সেই বাটতে 
সেই বাটতে ৰৈ থাকে 
মোৰ শিৱ ।।
     —————————————————————
আই
ৰিংকুমণি বড়া

সপোন সৰা দুচকু আজি ক্লান্ত , 
দোভাগ ৰাতি সেপিয়াই ফুৰোতে
আইৰ বুকুৰ উত্তাপ.... 

পানী হৈ বৈ আহে বুকুৰ শিলৰ টুকুৰা! 
চেঁচা পৰা শেতেলিত বিচাৰি ফুৰোঁ
আইৰ সুবাস, 

উদভ্রান্তৰ দৰে মেৰাই লওঁ
আয়ে এৰি যোৱা বুকুৰ আঁচল! 

আই বিচাৰি ফুৰিছো তোক আজি
নদী কিম্বা আকাশ, পথাৰ কিম্বা পাহাৰ, গাওঁ কিম্বা চহৰ সকলোতে.... 

সৌ জোনবাইজনীৰ বুকুত
প্ৰতিটো তৰাৰ জিলিকণিত
নিসংগতাৰ গভীৰ অৰণ্যত! 

নিৰৱে নিতালে  আজি তোক 
বিচাৰি ফুৰিছোঁ আই.... 
—————————————
আপেল
সঞ্জীৱ সাগৰ চৌধুৰী

আপুনি আপেল দেখিছেনে

পকা ৰঙচুৱা আপেল 
গছৰ পৰা সৰি পৰা
পাহাৰৰ এঢলীয়াইদি তললৈ বাগৰি অহা

সৰি পৰাতকৈ বাগৰি ফুৰাটো
বেছি পুতৌলগা

ওখ ওখ অট্টালিকাৰ পৰা কিমান মানুহক
এনেকৈ তললৈ সৰি পৰা দেখিছোঁ‌
আৰু বাগৰি ফুৰা দেখিছোঁ‌ চহৰৰ অলিয়ে-গলিয়ে

সৰি পৰা আপেল হৈ যোৱা দেখিছোঁ‌

নিউটনেও যদি দেখিলেহেঁ‌তেন
মানুহ সৰি পৰা
আপেলৰ সলনি।
—————————————
মৰহা সপোন
জাহ্নৱী হাজৰিকা

ৰহেদৈ ৰংবোৰ ক'ৰবাতে ৰ'ল
মৌন ওঁঠৰ হাঁহি মোৰ হেঙুলীয়া হ'ল
জীৱনৰ ৰংবোৰ কলৈনো গ'ল
যাযাবৰী অভিমান মুঠিতে ৰ'ল।

ডুবুৰা গাভৰু হ'ল
দিমিলা নিৰৱধি ব'ল
হাইতাল হেঙুল বুলীয়া সপোনবোৰ চোন
সেমেকি মৰহি ৰ'ল।

আজিকালি সেয়ে নেদেখো সপোন
নাচাপো কল্পনাৰ কাষ।
ৰহেদৈ ৰঙৰ সপোন বোৰো নুফুলক
উজ্বলাই মোৰ চৌপাশ
———————————————
ভক্তি প্ৰদীপ
ৰেখা বৰকটকী

চিৰজ্যোতিষ্মান
একোগছি চাকি
মন্দিৰে ,নামঘৰে মছজিদে,গৃহে গৃহে 
শলিতাগছিৰ জীৱনৰো আছে গভীৰ তাৎপৰ্য্য
নীৰৱ ভাষাৰে, বুদ বুদ শব্দে
বিস্তাৰে মন্ত্ৰ নিনাদ
প্ৰত্যাহ্বানেৰে, জীৱনৰ
ছাঁ-পোহৰৰ
ভূমণ্ডল বিয়াপি পোহৰ কণাৰ
সমস্বৰ আকূতি...
চাকিগছৰ আত্মলাপ শুনিছেনে কোনোবাই?
অনাদি কালতে  জ্বলিছিল একুৰা তপ- হোম -বহ্নি
আকাশ-পাতাল কঁপাই উচ্চাৰিত হৈছিল 
সেই অমোঘ মন্ত্ৰ
আত্মদীপো ভৱ
হয়তোবা দৈব বিলাপেৰে  আকুল প্ৰাৰ্থনা
বুকুত  এহাজাৰ আত্মশুদ্ধিৰে
স্বৰ্ণময় আলোক ৰঞ্জিত জীৱনৰ কলা-কীৰ্তি
সেই বহ্নি অটল প্ৰত্যয়ৰ 
সীমাহীন  সংজ্ঞা!
সেইষাৰ বজ্ৰ বাক্য
উচ্চাৰিত হৈছিল
কোনোবা আদিম প্ৰান্তত
কালক্ৰমত
জ্বলি ৰ’ল স্বেচ্ছাই
বিলাই জ্যোতি অহৰহ
তমসা বিনাশী ৰৌদ্ৰোজ্বল গৰিমাৰে
সাগ্নিক আলোক প্ৰৱাহ
হৃদপদ্মত আবাহনী মন্ত্ৰেৰে
এজাক পোহৰ কণাৰ তপস্যা
জ্বলি জ্বলি অৱশেষ নোহোৱা
শ-হাজাৰ অগ্নি স্ফুলিঙ্গৰ সৃষ্টিৰ ৰহস্য  তাতেই...
দহিদহি জ্বলন  আৰু নমন...
—————————————
পিতাই অ’ কিয় ইমান চিন্তা কৰিছ
বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ

পিতাই অ’ কিয়  ইমান চিন্তা কৰিছ
মই দেখোন বহুত ডাঙৰে হ'লো।
যিমানখিনি পাৰিছ সিমানখিনি কৰিলি
এতিয়া আৰু কষ্ট কৰিব নালাগে।

পিতাই অ’ মাথোঁ মোক দেখুৱাই দে
কেনেকৈ কি কৰিব লাগে কাম।
মানুহে হাঁহিব পাৰে কাম নাজানো বুলি
এই ভুলতো তহঁতেই যি কৰা কৰিলি।

তহঁত দুটাৰ চকুত মই এতিয়াও সৰু
ডাঙৰ মই কেতিয়াও নহ'লো।
কিবা কষ্ট পাম বুলিয়ে চিন্তা কৰি থাক
নিজৰ কষ্টখিনি মানে লুকুৱাই ৰাখ
—————————————
মুগ্ধ
ৰঞ্জনা পাঠক

সময়ৰ সোঁতে উৰুৱাই স্মৃতিবোৰ 
আকৌ সজীৱ কৰে দিনবোৰ 
মিঠা আমেজত শিহৰিত হওঁ  
যেতিয়া তোমাক মনত পেলাওঁ 
সেই সন্ধিয়াৰ কথাবোৰ  
আবেগেৰে কটোৱা সময়বোৰ 
আমনি কৰে জানা বৰকৈ 
নাভাবিলেও যে আহে মনলৈ 
এসন্ধিয়াৰহে স্মৃতি মাথোঁ 
নিবিচাৰোঁ এতিয়া একো আৰু 
মুগ্ধ হৈয়ে থাকিম স্মৃতিৰে মাজত 
থাকিবা সদায়ে সপোনৰ ভাঁজত 
নালাগে দিয়া নিবিচাৰোঁ কাষত 
নালাগে বাৰু ৰাখিব বুকুৰ মাজত 
এনেদৰেই থাকিম ভালপোৱাৰ উমত 
সজীৱ  হৈ ৰ'বা জীৱনৰ প্ৰতিটো খোজত ।
—————————————
গৰবিনী
মৰমী কাকতি

উদৰ উপচি পৰিছে 
সোণৰ বৰণৰ 
সৰস কথকতাই
উদঙাই দিয়ে 
সৃষ্টিৰ উন্মাদনা 

সহনশীল মাদকতাৰে 
ধাৰণ কৰে
প্ৰক্ষেপিত বীজ 
উৰ্বৰা গৰ্ভত 
ৰসায়নৰ ৰহস্য 

একলা দুকলাকৈ বিকশিত 
আশাৰ অংকুৰণ 

ভূমিষ্ঠ সপোনক
বৰষুণে শান্তি পানী ছটিয়াইছে 
বতাহে বা দিছে 
সূৰুযে ৰ'দাইছে 

লহপহকৈ বাঢ়ি অহা
সোণামুৱা সন্তানক
মহীয়সী মাতৃয়ে 
বুকু শুদা কৰি
আগবঢ়াই দিছে
বৃহত্তৰ স্বাৰ্থৰ হকে

শ্বহীদৰ মাতৃৰ গৌৰৱেৰে
গৰবিনী পথাৰখন
অপেক্ষাৰতা
পুণৰ ৰসায়নৰ
ৰসাল ৰহস্যময়তা।
—————————————
হেৰাই পালোঁ তোমাক 
গকুল চৌধুৰী

হেৰাই পালোঁ তোমাক 
তুমি জানানে ক’ত 
মোৰ জীৱন-যৌৱনত ৷

হেৰাই পালোঁ তোমাক
ৰ’দৰ পিছৰ বৰষুণত
বৰষুণৰ পিছৰ ৰ’দত  
মেঘৰ আঁৰৰ জোনত 
জোনৰ স্নিগ্ধ জোনাকত ৷

হেৰাই পালোঁ তোমাক 
মোৰ দুটি নয়নত 
মোৰ বুকুৰ ঘৰত 
মোৰ মনৰ কোঠালীত 
মোৰ প্ৰাণৰ পৃথিৱীত ৷

হেৰাই পালোঁ তোমাক
তোমাৰ স্বৰ্গীয় প্ৰেমত
তোমাৰ নিস্পাপ মৰমত 
তোমাৰ পবিত্ৰ ভালপোৱাত 
মোৰ প্ৰতি থকা 
তোমাৰ সঁচা প্ৰণয়ত  ৷

হেৰাই পালোঁ তোমাক
মোৰ অনুভৱ-অনুভূতিত 
মোৰ আবেগ অণুৰাগত
মোৰ উশাহ-নিশাহত 
মোৰ হৃদয়ৰ হৃদস্পন্দনত ৷

হেৰাই পালোঁ তোমাক
মোৰ আশাৰ ফুলনিত 
মোৰ প্ৰত্যাশাৰ পৃথিৱীত 
মোৰ সপোনৰ বাগিছাত 
মোৰ প্ৰাৰ্থনাৰ থাপনাত ৷

হেৰাই পালোঁ তোমাক 
মোৰ কবিতাৰ ছন্দত
কবিতাৰ শিৰোনামাৰ 
ৰূপত
সৃষ্টিৰ উৎসৰ আঁৰত 
প্ৰেমৰ সৃষ্টিৰ মাজত  ৷

হেৰাই পালোঁ তোমাক
হেৰাই পালোঁ তোমাক
আজি এই শুভ দিনত
আজি এই শুঠ ক্ষণত 
সেই বাটৰ কেঁকুৰিত 
বহু দিন ,মাহ ,বছৰ 
বিৰতিৰ পাছত ৷

হেৰাই পালোঁ তোমাক
হেৰাই যোৱা ঠিকনাত
আকৌ হেৰাই যাবলৈ নিদিওঁ
আদৰি আনিলোঁ
সাদৰি ললোঁ আলফুলকৈ ৰাখিলোঁ হিয়াত ।

হেৰাই পালোঁ তোমাক
ওৰেটো জীৱন থাকিবা 
আৰু হেৰাই নাযাবা 
খোজে খোজে খোজ 
দিবা লগৰী হৈ মোৰ লগত  ৷

হেৰাই পালোঁ তোমাক
তুমি জানানে ক’ত 
মোৰ যৌৱনৰ মৌবনত ৷
—————————————
প্ৰিয় দৰ্শিনী আৰু মনৰ চালনী
ডাঃ বন্দনা তামুলী

আজি মনত পৰিছে
শুই নিঃপালি দিয়া অতীত
মৰমৰ প্ৰিয় দৰ্শিনী ছাত্ৰী নিৱাস
পকা মধুৰিয়াম জোপাৰ তলতে
আছিল দীপলিপা আৰু মনিকা
মই মনতে সৈনিক বুলি ভাবিছিলো
মনিকাৰ সম্মুখত মই আছিলো
প্ৰকৃততে এগৰাকী সৈনিক
সকলো বিদ্ৰোহৰ পিছতো
অহা আৰু গৈ থকা
সকলো ছাত্ৰীকে নজৰত ৰাখিছিলো
মই জানো সকলোৰে অপ্ৰিয়
কিন্তু জনা নাছিলো
মই যে সকলোৰে প্ৰিয় 
গোটেই চিকিৎসা মহাবিদ্যালয়তে
মেলি দিছিলো
সৰিয়হৰ হালধীয়া বোৰ
সেই মনৰ চালনীৰে পাৰ হৈ গৈছিল
ডাঙৰ ডাঙৰ শিলৰ টুকুৰা বোৰ
আৰু সৰু মৰমৰ স্মৃতিবোৰ
চালনীৰ ওপৰতে নাচি ফুৰিছিল
সেই স্মৃতি বোৰকে দেউতাই
পূজাৰ প্ৰসাদ বুলি
দুহাত পাতি লৈছিল ৷
—————————————
জীৱনটো জানো উদযাপন কৰিব পাৰি ?
মুহাম্মাদ আফজাল 
             
বিজ্ঞাপন ছাপিছে খবৰ কাগজত 
আহক, জীৱনটো যাপন নহয় 
উদযাপন কৰোঁ। 

হাৰে! সেইবোৰ বিজ্ঞাপনৰ ভাষা
ঢুকি নাপাই যি আমাৰ দুৰ্দশা। 
ক'লে বুলিয়ে কি যাপন নোহোৱা 
আমাৰ জীৱন 
কৰিব পাৰি জানো উদযাপন? 

হয়, পাৰিলোঁহেঁতেন, 
যদি থাকিলেহেঁতেন 
সকলোৰে একেটি মন!
—————————————
ধ্ৰুপদী ৰাগ তুমি মোৰ হৃদয়ৰ
নিপু কুমাৰ দাস 

আকাশ তুমি যেন মোৰ মন ফুলনি
ভাৱনাত ফুলেই ফুলি হালি-জালি নাচে 
জাতিস্কাৰ ফুলনিৰ নান্দনিক দৃশ্যৰাজি
নানান ৰঙৰ ফুলেৰে আছেহি উপচি
ভোমোৰা মৌমাখিৰ কিমান যে উৰণ 

কোনে কিমান জুৰিছে হিয়া উজাৰি 
ধ্ৰুপদী সঙ্গীতৰ ৰাগৰ মূৰ্চ্ছনা
সৰগী প্ৰেমৰ মাদকতাত যেন 
উন্মনা মনেই হয় কিযে মতলীয়া
ধ্ৰুপদী ৰাগ চাগে মোৰ হৃদয়ৰ তুমি 

নক্ষত্ৰ হৈ উজ্জ্বলি উঠা তুমি 
জীবন জ্যোতিষ্কত মোৰ 
চকুত চকুৰ ভিন্ন দৃষ্টি এক ভিন্নতা
চকুৰ প্ৰচাৰত অদৃশ্য যেন 
জীৱন নান্দনিক উপমাৰ ৰূপক 

সময়ৰ বলুকাত জীৱন যৌৱনৰ খেল
জ্যোতিষ্মান যাত্ৰা পথত যেন তুমিও 
অন্ধকাৰ হেৰুৱা জীৱন স্মৃতি  গাঁথা
অনন্য এক অন্য ৰূপ বুজাব নোৱাৰা
শব্দৰ ভাঁজত ৰূপক জীৱন ৰাগৰ সণ্ঢালনি !
—————————————
মই বাৰু প্ৰেমত পৰিছোঁ নেকি
জুমী চিৰিং

প্ৰেম এক স্বৰ্গীয় অনুভূতি 
আৱেগৰ বাস্তৱিক অভিজ্ঞতা
স্বাৰ্থ বিহীন হৃদয়ৰ ভালপোৱা
জীৱনক উপভোগ কৰা ক'লা।

প্ৰেমৰো আছে এক সুকীয়া বৈশিষ্ট্য
প্ৰেম মানেই নহয় শাৰীৰিক সম্পৰ্ক
শীতলতা ৰঙীন অনুভৱৰ দস্তাবেজত
বুকুৰ শুকান মৰুভূমিত শিহৰণ জগায়।

মোৰ আলসুৱা প্ৰাণত জাগিছে আজি
তোমাৰ আকলুৱা মৰমবোৰ অভিমান কৰি
কবিতাৰ উৰ্মি ছন্দমালাৰে গাঁথা প্ৰতিচ্ছবি
অজানিতে তুমি দিলাহি দায়িত্ববোধৰ চানেকি।

প্ৰেম মানে কি এতিয়াহে উপলব্ধি কৰিছোঁ
দিনক ৰাতি কৰা ৰাতিক দিন কৰা একাকাৰ
সিৰা-উপসিৰা ধমনিৰ প্ৰাবল্যক সুধিছোঁ
মৰহা পাপৰি বুটলি কিয় বাৰু উচুপি উঠিছোঁ।

অস্তগামী বেঙুনীয়া বেলিটোৱে 
ডাৱৰ সৈতে লুকা-ভাকু খেলা দৰে
মোৰ গোপন প্ৰেমৰ হৃদয়ৰ কোঠালিত
মই বাৰু প্ৰেমত পৰিছোঁ নেকি নিজৰ সৈতে!
—————————————
ডিব্ৰুগড়ত অসম কাব্যকাননৰ ষষ্ঠ বাৰ্ষিক অধিবেশনৰ কথাৰে…
ভূমিকা দাস

অসম কাব্যকাননৰ  ষষ্ঠ বাৰ্ষিক অধিবেশন খন এক কথাত ক’বলৈ গলে এটি উন্নত  মানৰ কবিতা আছিল।
আজি প্ৰায় দুসপ্তাহ হৈ গ’ল অধিবেশন সামৰি অহা। কিন্তু  এজাক উৰনীয়া বগা বগলীৰ দৰে মন তালৈকেহে  পলে পলে উৰি গৈ থাকে।  ১ ডিচেম্বৰ সন্ধিয়া ৭-৪০ মিনিটত ৰাজধানী     এক্সপ্ৰেছৰে কাব্যকাননৰ‌ মুখ্য প্ৰশাসক মানব্যৰ‌ নৱৰাজন ,মোৰ ছোৱালী ভাস্বতী  (কুকি)আৰূ মই  গুৱাহাটীৰ পৰা যাত্ৰা 
কৰিছিলোঁ।
অনামিকা, বিনীতা, পবিত্ৰ‌দাদাহতৰ পৰিয়াল  সেইদিনাই দুপৰীয়া বঙাইগাও ষে্টচনৰ পৰা যাত্ৰা কৰিছিল।

২ তাৰিখ  শনিবাৰে  ৰাতিপুৱা ৬-৩০ আমি চাৰিজন নামিলো‌।
ডিব্ৰুগড়ত। কিয়নো মাজৰাতি লামডিং ত উঠিছিল পৃষ্ঠপোষক প্ৰদীপ শৰ্মা দাদা। পুৱতিতে‌ আমি 
অলপ অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ অনুভৱ কৰিছিলোঁ।
অটো এখন ভাড়ালৈ লৈ সকলো মানপত্ৰ ,কিতাপৰ টোপোলা আটাইবোৰ আট’খনৰ ওপৰত দি ড্ৰাইভাৰে বেগেৰে‌
চলাই লৈ গৈছিল। প্ৰভাততে চাহবাগিছা দুখনমানৰ কাষেৰে দ্ৰুত বেগেৰে লৈ যোৱা অট’খনৰ যাত্ৰাটোৰ কথাও উল্লেখ নকৰি নোৱাৰিলোঁ।

বিনীতা, অনামিকা নামি আহিছিল হোটেলৰ কোথাৰ পৰা।
কিয়নো সিহতে আগদিনা ৰাতি ২ বজাত হেনো ৰেলৰ পৰা‌ নামিছিল। ৯ মান বজাত গিৰিজা বাইদেউ,ভিনদেউ, পবিত্ৰ কুমাৰ নাথ দাদাৰ পৰিয়াল ৰ দেখা সাক্ষাত কৰোঁ।



শনিবাৰে ১০ বজাৰ পিছত আমাৰ এক নতুন অধ্যায় আৰম্ভ 
হৈছিল। যিটো অধ্যায়ৰ মাদকতা খিনি মই মোৰ‌ লিখনিত উপস্হাপন কৰিবলেও কম হ’ব যেন অনুভৱ।

জগন্নাথ মন্দিৰ দৰ্শন , টিলিঙা মন্দিৰ দৰ্শন‌, বাটে বাটে গাড়ী ৰৈৰৈ  চাহগছৰ মাজে মাজে আমাৰ ফটো চেচন।

জগন্নাথ মন্দিৰ প্ৰবেশ পথৰ পৰা আৰম্ভ কৰি ধূপ চাকি জ্বলোৱালৈকে, ফৰকাল আকাশৰ‌ তলত কুহুমীয়া ৰ’দত‌ বহি,  হাঁহি‍ৰ খলকনিৰে শাৰী শাৰীকৈ ফটো উঠা দৃশ্যবোৰে‌ মনত‌ আজিও 
ভুমুকিয়াই থাকে। 
 
সময় আমাৰ কম আছিল‌ কিন্তু সেইখিনি সময়ৰ নান্দনিক
—————————————————
অসম কাব্যকাননৰ ষষ্ঠ বৰ্ষপূৰ্তি ডিব্ৰুগড় অধিবেশন 
আৰু কিছু মিঠা স্মৃতি ------
গিৰিজা শৰ্মা

যুব কবি সংগঠক নৱ ৰাজনৰ অক্লান্ত শ্ৰম আৰু সবল নেতৃত্বত প্ৰাণ পাই উঠা ফেচবুকীয়া গোট অসম কাব্যকাননৰ লগত যোৱা কেইটামান বছৰৰ পৰা লাহে লাহে আমাৰো  আত্মিক সম্পৰ্ক এটা গঢ়ি উঠে।
দিন যোৱাৰ লগে লগে অনুভৱ কৰিছো ,অসম কাব্যকানন এখন নিৰপেক্ষ কবিতাৰ মঞ্চ, যিখন মঞ্চ আমাৰ দৰে বহুতৰে দিকদৰ্শক।

শাৰীৰিক অসুস্থতাৰ বাবে যোৱাবছৰ বাৰ্ষিক অধিবেশনত উপস্থিত থাকিব নোৱাৰিলোঁ আৰু তেতিয়াই সিদ্ধান্ত লৈছিলোঁ এইবাৰৰ ডিব্ৰুগড় অধিবেশনত অংশগ্ৰহণ কৰাৰ।
এক ডিচেম্বৰৰ বিয়লি আমি বঙাইগাঁওৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰিছিলোঁ। দুই তাৰিখে ডিব্ৰুগড়ৰ বিখ্যাত জগন্নাথ মন্দিৰ, তিনিচুকীয়াৰ টিলিঙা মন্দিৰ দৰ্শন কৰি আহি ডুলিয়াজানত কাননৰ সক্ৰিয় কৰ্মী সীমা গগৈৰ বাসভৱনত তৃপ্তিৰে এসাঁজ খাই আহি ডিব্ৰুগড়ৰ কাননৰ অধিবেশনৰ কৰ্ণধাৰ আছমা জাফ্ৰিৰ ঘৰত বহা কাৰ্যবাহী সভাখনত অংশগ্ৰহণ কৰোঁ। আছমাৰ সৰু ল'ৰা আৰবে আমাক সকলোকে মোহিত কৰি ৰাখে। তাতেই নিশাৰ আহাৰ গ্ৰহণ কৰি আমি থকা হোটেললৈ ৰাওনা হওঁ।
তিনি ডিচেম্বৰ ২০২৩
ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ কৰবী ডেকা হাজৰিকা বাইদেউ আৰু সু সাহিত্যিক মৃদুল শৰ্মাৰ বহুমূলীয়া ভাষণত কাঁহ পৰি জীন গৈছিল ।  সভাকক্ষ এজাক কবি আৰু কাব্যানুৰাগীৰে গিজ গিজাই আছিল।
কাননৰ মধ্যমণি "কাব্যম বঁটা" প্ৰাপক কবি জোনমণি দাস বৰ্তমানৰ অসমীয়া কাব্য জগতৰ এটি পৰিচিত নাম। সেইখন মঞ্চতে প্ৰিয় কবিজন সন্মানিত হোৱাত সকলোৱে হৰ্ষিত হয়।

অসম কাব্যকাননৰ ডিব্ৰুগড়ত অনুষ্ঠিত ষষ্ঠ বৰ্ষপূৰ্তি অধিবেশনৰ কিছু সমৃদ্ধ সময় আৰু সীমা , আচ্ মা হঁতৰ  অকৃত্ৰিম মৰমবোৰ বুকুত বান্ধি ৰাতিৰ ৰাজধানীত ঘৰমুৱা হ'লোঁ।
আমাৰ জীৱনত ডিব্ৰুগড় যাত্ৰাৰ এক সুন্দৰ সুখকৰ স্মৃতি চিৰস্মৰণীয় হৈ ৰ'ব।
———————————————————
আমাৰ কাব্যকানন
বিনীতা গোস্বামী

আমাৰ কাব্যৰ কাননখনৰ বটগছডালৰ আত্মা প্ৰদীপ দা(প্ৰদীপ চন্দ্ৰ শৰ্মা),গা গছ নৱ(নৱ ৰাজন)। সেই বটবৃক্ষৰে এটি তৃপ্তিদায়ক কবিতাৰ নাম সীমা (সীমা গগৈ),উমাল কবিতা আছমা। আছমাৰ উমৰ কথা সুকীয়া। কিয়নো, মিষ্টাৰ জাফ্ৰী আৰু আৰবে অনবৰতে এই কবিতাটোৰ ইন্ধন হৈ থাকে।  পবিত্ৰ দাদা যেনেকৈ এটা এবছাৰ্ড কবিতা তাৰ বিপৰীতে ভূমিকা বা এটি  জীপাল কবিতা। কুকি আৰু শ্ৰেয়সী একোটা সুকীয়া ৰসাল কবিতা।এই  দুয়োটা কবিতাই  ভবিষ্যত কাননৰ বাটকটীয়া হ'ব পাৰে। 
             এই আনন্দৰ দিনটোত কোনো কোনো কবিতাক মনতে আওৰাইছোঁ। দ্বীপজিৎ- ৰুক্মিনী,কংকনা,উদয় শৰ্মা ছাৰ আদিবোৰ একো একোটা সুখপাঠ্য কবিতা। তেওঁলোকে এই অভাজনক কাননত নি ৰুইছিলহি। বিশ্ব-অনা -গিৰিজা বা কাননৰ বটজোপাৰ সুন্দৰ ফুল -ফল। সকলোৰে মংগল হওঁক,কানন বাঢ়ি গৈ বনাঞ্চলত পৰিণত হওক । জয়তু অসম কাব্য কানন।
—————————————————
 
গীতাঞ্জলী হাজৰিকা

অসম কাব্য কাননৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনখন ২ আৰু ৩ ডিচেম্বৰত ডিব্ৰুগড় হনুমানবক্স কানৈ সূৰুযমল বাণিজ্য মহাবিদ্যালয়ত অতি সুন্দৰ আৰু নিয়াৰিকৈ কাব্যিক পৰিৱেশ এটা সংযুক্ত কৰি সকলোৰে মন মোহাচ্ছন্ন কৰিব পৰাকৈ সন্মানীয় উদ্যোগতা সকলে আয়োজন কৰিছিল ৷ বিশেষকৈ শ্ৰদ্ধাৰ সম্পাদক নৱ ৰাজন মহোদয়ৰ কিছুমান ব্যতিক্ৰম আৰু বাৰ্তাবাহক উপস্থাপনে অনুষ্ঠানটো সোণত সোৱগা কৰিবলৈ সক্ষম হৈছিল ৷ মই কোনো কবি নহয় ৷ মাঁথো অনুভৱৰ মাজত বিচৰণ কৰি ভালপোৱা এজনী কাব্যনুৰাগীহে ৷ তথাপি  অকণমান উচ্ছাস উদ্দীপনাৰে আগবাঢ়ি যাবলৈ তথা অনুপ্ৰেৰণাৰ সমল যোগাবলৈকে আমন্ত্ৰিত কবি হিচাপে আমন্ত্ৰণ কৰি মঞ্চ এখনত মৰমাৰ্শীষ দিবলৈ প্ৰয়াস  কৰা অসম কাব্য কাননৰ  সন্মানীয় সম্পাদক মহোদয় তথা সকলো উদ্যােতা সঁচাকৈ শলাগৰ একো একোজন  প্ৰতিবিম্ব ৷ 

  এখন  সমাজৰ দাপোণ স্বৰূপ সাহিত্য-সংস্কৃতিৰ বুনিয়াদ গাঁথায়েই প্ৰকৃত অলংকাৰ সমাজ নিৰ্মাণৰ ৷ এনেকুৱা এখন সমাজ গঢ়াৰ সংকল্পত কবিতাৰ কাকলিত ডেউকা কোবাই আকাশ চুম্বন কৰিবলৈ কবি আৰু কবিতা সৃষ্টি কৰিবলৈ কৰা সংকল্পত কাব্য কানন অন্যতম ৷ কবিতা কল্পনাৰ অপূৰ্ব সমষ্টিৰ সমাহাৰৰ প্লাৱন বোঁৱতী নদীৰ গতিৰ দৰে  মৃদু-মৃদু তৰংগই খলকনি বোঁৱাবলৈ সক্ষম হোৱা কাব্য কাননৰ অধিৱেশনত প্ৰতীক , চিত্ৰকল্প আৰু ঋতুবন্দনাই প্ৰতিজন কাব্যনুৰাগীৰ ভূষণ সদৃশ হৈ ৰ’ল ৷ মধুলগনৰ মধুমালিতাত প্ৰতিজন দৰ্শক শব্দৰ প্ৰদাহ কৰি মুকবধিৰ হৈ কৰ্ণকুহৰ সমৃদ্ধি কৰাৰ পণত মগন হোৱাতো সঁচাকৈ কবিতাৰ জ্বলন্ত কলাজ ৷ পৃথিৱীয়ে দুখৰ বন্যাত আস্ফালন কৰা সময় প্ৰবাহত আপুনি , মই , আমি দগ্ধ ৷ আপোনাৰ মোৰ আমাৰ চৌপাশৰ নিনাদ বিষাদৰ সৌধটো খহাই জীৱন জুৰুৱা মন্ত্ৰৰ এইদিনটো কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপনত নিচেই তাকৰ ৷ তথাপিও হৃদয়ৰ পৰা ইয়াকেই অৰ্পণ কৰিছোঁ ! কাব্য কাননৰ পৰিয়ালক । 
 মনত সজীৱ হৈ গুঞ্জৰিত হৈ থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক ড° কৰবী ডেকা হাজৰিকা বাইদেউৰ যাদুকৰী শব্দৰ মূৰ্চনাই মোহাচ্ছন্ন কৰা কবিতাৰ আলংকাৰিক গোপন সূত্ৰৰ কথা ৷ বাইদেউৰ প্ৰতিটো শব্দতে আচলতে একো একোটা কবিতা প্ৰসৱ হোৱা যেন অনুভৱ হৈছিল ৷ কবিতা অনুষ্ঠানৰ সঞ্চালক ড° ৰঞ্জিত দত্ত মহোদয়ৰ গুৰু গম্ভীৰ কণ্ঠ তথা ধেমেলীয়া ৰঙৰ বাৰ্তাত মন ৰঙীয়াল কৰাৰ প্ৰয়াসো অতি আকৰ্ষণীয় ৷ অন্য শ্ৰৰ্দ্ধাঘ্য ব্যক্তি সকলৰ বক্তব্যও আছিল অতি আদৰণীয় ৷ শ্ৰৰ্দ্ধাঘ্য সকলৰ বক্তব্য সামৰণি পৰোতে আৰু অলপ সময় আৰু অলপ সময় দীঘলীয়া বক্তব্য হোৱা হ’লে - এনেকুৱা অনুভৱ মনত উদয় হৈছিল ৷ 

 পয়ত্ৰিশজন কবিৰ কবিতা পাণ্ডুলিপি মাজৰ পৰা কাব্যম বঁটাৰ বাবে   শিৱসাগৰৰ সন্মানীয় কবি জোনমণি দাস নিৰ্বাচিত হোবাতো শিৱসাগৰীয়া হিচাপে অতিকৈ আনন্দৰ কথা আছিল ৷ অলেখ অভিনন্দন আৰু শুভকামনা তেখেতৰ বলিষ্ঠ কাব্যিক সত্বাৰ ব্যক্তিত্বক ৷ পৰিশেষত  পাৰিতোষিক হিচাপে “অসম কাব্য কানন”ক একলম শব্দালঙ্কাৰে  যুগজয়ী কালজয়ী অনুষ্ঠান হিচাপে জনমানসৰ জগতসভাত জিলিকি ৰোৱাৰ মানসেৰে  অনুভৱৰ ৰাগিণী পষেকীয়া সংখ্যাটোলৈ অৰ্পণ কৰিলোঁ।

জয়তু অসম কাব্য কানন
————————————————————

মোৰ এটি আশা
প্ৰাণ প্ৰতিমা বড়া

জলঙনিৰ বুকুৰে সোমাই অহা
মোৰ এটি আশা
উৎসাহৰ জন্ম হেনো
হেপাঁহৰ বুকুত
হেপাঁহৰ জন্ম হেনো
আশাৰ বুকুত
উৎসাহ আৰু হেপাঁহৰ মধুৰ আলিংগনৰ
ফল এটি আশা
জীৱনত জীয়াই থকাৰ হেপাঁহ
জীৱনত প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ
মাজতো দেখোঁ এটি আশা
আশা আছে বাবেই
জীৱন সুন্দৰ

যদি শেষ হয় আশাবোৰ
যদি নাইকিয়া হয় হেপাঁহবোৰ
তেতিয়াই শেষ হব উৎসাহৰ
জীৱনৰ বাটত উৎসাহক জীয়াই ৰাখিবলৈ
আছে মোৰ এটি আশা।
————————————— 
ৰ'দৰ খোজত সপোনৰ সহযাত্ৰা
ড০আদিল আলী

এন্ধাৰৰ যোনি দ্বাৰেদি 
ওলাই আহে এটা নতুন দিনৰ পুৱা 
মোহিনীৰূপত মাতাল আকাশ 

মৌনতা ফালি 
চৰাইৰ দিগন্ত 
জয়ৰ গান 

মন্দিৰত গ্ৰহ-পাঠ 

লোৰ গেটত 
হকাৰৰ হাতৰ পেপাৰ 

খোপাত কামিনীকুসুমৰ সুবাস 
ওঁঠত গ্ৰীন্ টিৰ চুমক 

নিঃসংগতাত পদপথ 

ডিঙিত কুন্দন 
ভাৱনাত পথৰুৱা গান 

ঘৰৰ ভিতৰৰ 
নীৰৱতা ভেদি 
ছা-ছলিৰ মুখত 
কবিতাৰ কুসুম-মালা 
থেকেৰামাহীৰ বুকুত পৰি 
বুলবুলি-ঘৰ মইনাৰ প্ৰাণ জুৰুৱা গান 
তুমি মোৰ প্ৰাণ 

ৰ'দৰ খোজত 
সপোনৰ সহযাত্ৰা 

গ্ৰীণ-হাউছত 
ইটো-সিটো 

ঘৰে-পৰে 
ঘৰে-বাজে 
শ্ৰমৰ থিয় জাঁপ    
————————————— 
ইচ্ছা মৃত্যু 
(কথা কবিতা)
অজিত প্ৰতীম দাস

কাঁন্ধৰ ভাৰখনৰ ভৰ আগতকৈ যেন বেছি, পোনাকইটাৰ মুখত এমুঠি দিবলৈ আজি তেওঁ থকা হলে বুকুৰ বিষটো এনে অসহনীয় ন'হল হয়।বন্ধকীত যোৱা পিতাইৰ মাটিদৰাও এতিয়া পৰৰ হ'ল।
সেয়েহে  পোনাকেইটিক লগতে লৈ আহিছো সন্তানৰ অপেক্ষাৰে 'প্ৰতিক্ষা'ত কৃত্ৰিমতাৰে জননী হব খোজা জনৰ হাতত তুলি দিবলৈ। মোৰ অসফল জীবন আৰু প্ৰেমৰ দস্তাবেজৰ শেষ পৃষ্ঠাত আজি পোনাকেইতাৰ জীয়াই থকাৰ অধিকাৰকণ সিহঁতৰ ভাগ্যৰ হাততে তুলি দিলোঁ।
—————————————

—————————————
মানুহবোৰ আহিলেই তোলৈ মনত পৰে
চিমৰাজ হুছেইন

মানুহবোৰ আহিলেই তোলৈ মনত পৰে
শীতৰ সন্ধিয়াৰ চোতালৰ জুইকুৰা 
বুকুৰ মাজতহে দপদপাই জ্বলে
তাৰ তাপে দেহা দহি নিয়ে |

তাহানিৰ আঁহতৰ পুলিটো 
এতিয়া ডাঙৰ হ'ল
উদং ডাল, শুকান পাত
মাথোঁ তাতে পৰি ৰ'ল
তলৰ ছাঁ নোহোৱা হ'ল |

ঘৰভৰে ,চোতালত হাঁহিৰ বৰমেল
পিছে ৰস নাই ভিতৰত
শুকান জকাটোহে বাকী
জাহ যোৱা স্মৃতিৰ অৱশেষে মাথোঁ
চাই থাকে ওলমি |

শূন্য...
আকাশখন ওপৰত নাই 
কিন্তু ডাৱৰবোৰ ৰৈ গ'ল
ৰ'দৰ চিন চাব নোহোৱা হ'ল 
বতাহে আহি মোক 
তোৰ কথা নোকোৱা হ'ল |

বগাকাপোৰৰ আঁতৰ লুকাল 
মোৰ ৰঙালী সপোন ,
এতিয়া শুনিছো বাঁহেই তোৰ সংগী
সেমাকা মাটিৰ গোন্ধ |

মাঘত আহিবি জানো ?
মানুবোৰ আহিব 
তোলৈ বৰকৈ মনত পৰিব!
পাৰিলে আহিবিচোন
কোলাহলৰ মাজতো বিচাৰিম 
তোৰেই মাততে নিৰ্জ্জনতা ।
পাৰিলে আহিবি এবাৰ ।
—————————————
সকলো সহজ হৈ পৰিছে
গণেশ বৰ্মন 

এক টিলিকতে উৰুৱাই দিব পাৰি
চকুৰ পচাৰতে হোৱাক নোহোৱা
নোহোৱাক হোৱা কৰিব পাৰি
হাতত বিকল্প সীমাহীন
অজুহাত অসংখ্য
বিশ্বায়ন
উত্তৰ আধুনিকতা
মুক্ত অৰ্থনীতি
আৰু নিতৌ-নতুন
কতযে তত্ত্ব 

সেয়েহে এতিয়া মুহুৰ্ততে লংঘিব পাৰি সীমাৰেখা
'লক্ষণ ৰেখা' বুলি একো নাই 
নিৰ্দয়তাৰে চাব পাৰি মৃত্যু
ক্ষণিকতে সোলোকাব পাৰি পোছাক 
বিসৰ্জিব পাৰি আপোন সত্তাৰ কিবা-কিছু
আজুৰি আনিব পাৰি আকাংক্ষাৰ পাহাৰ 
কাৰোবাক নিক্ষেপ কৰিব পাৰি
অন্ধকাৰ কুঠৰীলৈ
কিয়নো
এতিয়া 
সকলোবোৰেই সহজ !
—————————————
হৃদয়ৰ অনুবাদ 
ৰূপা গগৈ

গৈ থকা কবি এজনে 
ৰৈ থকা কবি এজনক ক'লে, 
তোমাৰ হৃদয়খন দিয়া 
মই অনুবাদ কৰোঁ ।

ৰৈ থকা কবিয়ে হাঁহি মাৰি ক'লে ,
ওপজা দোষৰ উপৰিও নমৰা দুখ এটাৰ সৈতে মিতিৰালি মোৰ
তেতিয়াৰে পৰাই দুয়োৱে লিকটা মাৰি হৃদয়খন ৰাখিছে আৱৰি 
কেনেকৈ বাৰু দিওঁ 
আপোনাক কৰিবলৈ অনুবাদ !
—————————————
মৰমৰ লেছেৰি বুটলি
ইভা গন্ধীয়া ফুকন

চুটি চুটি উশাহেৰে বুকু ভৰে কি নভৰে
তোলৈ ঘনাই মনত পৰে
তোৰ সহানুভূতিৰ বিহনে
নিজৰ বাবে দহৰ বাবে জীৱনটো সজাওঁ কেনেকৰি
সিঁচি দিব খোজোঁ তোৰ কপালৰ উৰুঙা আকাশখনত
এচেৰেঙা কোমল ৰ'দালি
তাতে সেকি সেকি শুকুৱাম
আমাৰ হৃদয়ৰ কেঁচা আলি
যি আলিয়েদি আহিব আৰু যাব
আমাৰ দিন - ৰাতি
বতাহত আঁচোৰ লাগি খহি পৰা বুকুৰ দেৱাল
তইয়ে ধৰিবি খামুচি
মুখ গোমা কৰি মাতিব নালাগে আপদীয়া বৰষুণ
তই ইমান অভিমানী
একোকে ক'ব নোৱাৰি
মোৰ বুকুতো মেঘৰ গাজনি
প্ৰৱল বৃষ্টি হোৱাৰ আগতে
ব'ল গুচি যাওঁ পাহাৰৰ সিপাৰে
য'ত সুখাতুৰ পখীয়ে নাচে
নিৰ্মল নীলা পানীত মাছে ঘৰ সাজে
হাতখন তোৰ চুটি হৈছে
কেনেকৈ পিন্ধিম তোৰ আলিংগনৰ চোলা
মই সাৱটিম কেনেকৈ তোক
তোৰ চকুত উদ্গিনতাৰ অগাদেৱা
তোৰ উশাহ ৰৈ যাব ধৰিছে
থোকাথুকি মাতেৰে মোকেই বিচাৰি আহিছ
তই ভাগৰি পৰিছ
জিৰাই ল মোৰ বুকুৰ পঁজাঘৰত
পছোৱা মৰমৰ লেছেৰি বুটলি
উৰাই নিনিবি মোৰ বুকুৰ পঁজাঘৰ
হুৰাই নেখেদিবি হৃদয়ৰ কামুক পখী !
—————————————
আঘোণ
পৱিত্ৰ কুমাৰ নাথ

পথাৰৰ বুকুৰ পৰা ভাহি আহে
জিৰিক জিৰিক 
আঘোণৰ চিনাকি সুহুৰি  

চোতালৰ ৰ'দত জিলিকি
সন্ধিয়া সপোনৰ জোনাকক নিচুকায়
           
শেৱালিৰ খিল্ খিল্  হাঁহি আৰু
বকুলৰ ধেমালিৰে জীপাল হয়
শৈশৱৰ তাৰি খোৱাৰ উছাহ

চোতালত সোণগুটিৰ সুগন্ধিয়ে
আমোলমোলাই ৰাখে 
আখলৰ আপুৰুগীয়া হেঁপাহ

আঘোণ নহয় মাহৰ নাম
আঘোণ কৃষকৰ সপোন সাকাৰ কৰা 
ভোকৰ মুখৰ সোপা । 
(তাৰি–খেজুৰ গছৰ ৰস।)
—————————————
কাব্যকানন
দিপ্তী মনি গোস্বামী 

কাব্য কানন নৱৰাজন
এক অতি সুন্দৰ যুগলবন্দী
সেই কাব্যকুঞ্জৰ নান্দনিকতাত
বিমুগ্ধ গৈ উৰি ফুৰো আমি বিচাৰি সুগন্ধি।

কবিতাৰ জয় হ‌ওক
প্ৰতিষ্ঠা হ‌ওক বিশ্ব দৰবাৰত
লক্ষ্য আৰু উদ্দেশ্য কাব্য কাননৰ খতিয়ান
কাব্য কাননত সকলোলৈকে আছে আসন এধানিমান।

চালুকীয়া বয়সৰ ৰোগ ব্যাধি
হেলাৰঙে তেজি কাব্যকানন যৌৱনপ্ৰাপ্ত হ'ল
ফাগুনৰ মদাৰ পলাশ শিমলু আদি কৰি পুষ্পকে ধৰি
বহাগৰ নাহৰ তগৰ খৰিকাজাইয়ে সুগন্ধি মলয়া বলি
কাব্য কাননৰ সু-কোমল মসৃণ ভেটি আজি শুৱনি হ'ল।

অকপতেৰে কৰোঁ হৃদয়ংগম
আমাৰ অনুভৱৰ বুলনিৰ শ্ৰেষ্ঠ সংগম
নবীন প্ৰবীণ  সৱাৰে মণিকোঠাৰ মধুৰ গুঞ্জন
শব্দ মুকুতাৰে  সুশোভিত হৈ ফুলে  এই নন্দন কানন।

অন্তৰেৰে কামনা কৰোঁ
সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু হ‌ওক এই তপোবন
বৰেণ্য জনৰ পদাংকৰে উজ্বলি ৰ‌ওক শিৰৰ মুকুট
সেই ছাঁতে জিৰণি ল'ব অনুভৱী মনৰ যাযাবৰী পথিক।
——————————————
আঘোণ চেৰা পথাৰৰ  বিননি
অঞ্জনা ৰূপা দাস

কালিলৈকে মোৰ বুকুখন ভৰপূৰ হৈ আছিল
দাৱনীহঁতৰ খিল্ খিল হাঁহি
 কাঁচিৰ চিক্ মিকনি
লাৱনী হাতৰ মুঠিবোৰ
নৰাৰ ওপৰত এৰিথৈ গৈছিল
সোণগুটিৰ হাঁহিৰ টোপোলাবোৰ। 
 পাহোৱাল ডেকাৰ কান্ধত
ভৰ বিৰিয়াৰ ডাঙৰিৰ  
 লচপ্ লচপ্ শব্দ, 
খোঁজৰ ভৰত মোৰ বুকুখনত
 কঁপনি  উঠিছিল। 
 সিহঁতৰ সপোনবোৰে গজালি মেলিছিল। 
 কোনোবা শিশুৱে বজোৱা
 নৰা পেপাৰ মাতত
বৃন্দাবনী সপ্তসুৰত আপোনা পাহৰা হৈছিলোঁ। 
কিন্তু
আজি চোন উৰুঙা উৰুঙা লাগিছে! 
চেচাঁ বতাহজাকে মোৰ বুকুখনত খুন্দিয়াইছে। 
 উদং বুকুখনত বিষাদৰ উচুপনি উঠিছে, 
বিৰহৰ যান্ত্ৰণাত নিয়ৰৰ চকুপানীবোৰ
নৰাবোৰত উলমি ৰৈছে। 
শুনিছানে গঞাগণ, 
বতাহত ভাঁহি অহা সেই বিষাদৰ সুৰটি? 
বছৰটোলৈ মেটমৰা ভঁৰালত
সোণগুটি সাঁচিলা, 
ভোগালীৰ ভোগত মত্ত হৈ
মোলৈ পাহৰিলা। 
কোনোৱে এবাৰো উভতি নাচালা, 
বছৰটোত এবাৰো নাহা! 
আহিবা! আহিবাচোন ভোগালীতে
নৰাৰ মেজি জ্বলাই 
উত্তাপ কৰিবা মোৰ বুকুখন, 
কিজানিবা বিষটোৰ
উপশম পাওঁ! 
চোৱা! 
এবাৰ ঘূৰি চোৱা কৃষক গণ, 
তথাপি নাই মোৰ কোনো আক্ষেপ , 
প্ৰকৃতি মই, মাতৃ মই
মোৰ উদং বুকুত পচাঁ নৰা, 
বতাহ, বৰষুণ লৈ ৰৈ আছোঁ তোমালৈবাট চাই--
সাৰুৱা কৰি পুনৰ
সোণগুটিৰ উপহাৰ দিবলৈ।
আহিবা পুনৰ আঘোণতে।
—————————————
সেই নদী নিৰবধি
দীপালী শইকীয়া

অনন্ত সাধনাৰ 
কল্লোলিত ধ্বনিৰে
নিৰবচ্ছিন্ন ভাবে 
বৈ থকা এক নদী...
প্ৰেম আৰু অশ্ৰুৰ প্লাৱনেৰে
তুমি অমৃতবাহিনী

বিশাল বক্ষত 
অযুত স্বাক্ষৰ বহন কৰি
ভাগৰি নপৰা সত্তা
শৃংখলিত সাত শিকলিৰে
সৃষ্টিৰ অপৰূপ
স্যমন্তমণি তুমি সপ্ত গুণান্বিতা 

জিকমিক সাতসৰীৰে
অনন্তকাললৈ বৈ থকা
সেই নদী নিৰবধি 
মাতৃ নামেৰে বিভূষিতা।
—————————————
সন্ধিয়াটো  মোৰ  বৰ  প্ৰিয়
বুলু  হাজৰিকা

জোনাকী পৰুৱাই বাট ভেটি  ভেটি
বাটৰ কাষে কাষে
জোনাকৰ মেল পাতিছিল 
সন্ধিয়া নমা সেই  সময়খিনিত
তিনি আলি  মূৰৰ  দোকানখনৰ
আদ্দাত  তেতিয়া বেছ জমিছিল
সিদিনাই  ছাঁ পোহৰৰ মাজত
তোমাক  দেখা পাইছিলো
এন্ধাৰৰ  আবেশ সনা  পোহৰত
তোমাৰ  মুখৰ মায়াৱী ৰঙে
মোক উন্মনা কৰি তুলিছিল 
তেতিয়াৰে পৰা মই
জোনাকী পৰুৱাৰ  পোহৰত
ঘনাই অহা যোৱা কৰিছিলো
তোমাক  চোঁৱাৰ  হেঁপাহত
তেতিয়াৰ আলি বাটবোৰ কেচাঁ যদিও
বৰ নিৰাপদ আছিল
মাটিৰ গোন্ধই হয়তু
জীপাল কৰি ৰাখিছিল
মানুহৰ মন- মগজু বোৰ । 
—————————————
ফাগুনৰ কেনভাছ
মামনি শৰ্মা 

উন্মাদ চঞ্চলা এজাউৰি পলাশৰ ওমত ভাহে
কপাহ কোমল এখন আকাশ
আৰু এখন কেনভাছ
ফাগুনৰ অচিলাত।
ভৰুণ হিয়াত কপে 
অভাসাৰী জোনাক,
পছোৱাৰ সুঁহুৰিত দীঘল 
এজাক উশাহ।
পলাশ মদাৰ শিমলুৱে ছটিয়াই আবিৰ
ৰঙ্গে ফাকু খেলি নাচে মদন গোপাল।
ফাগুনৰ দোলনিত ধূলিৰ ধুলনি
নিৰ্লিপ্ত নিৰৱতাত হেঁপাহে 
সাৰ পায় হাহেঁ মিচিকি মিচিকি
স্পৰ্শত হাত পাতে নিটোল প্ৰেমাবেশ
হৃদয়ৰ যত সুখানুভূতি।
দুপাখিত বান্ধি সেন্দুৰ বৰণ
মৰততে পাতি নন্দন কানন
আকৌ আহিছে খেয়ালি ফাগুন
চৌদিশে আলোড়িত মিঠা অনুৰণ।
এৰা!
ফাগুনো অভিমানী
আপাত
প্ৰাপ্তি কিম্বা শূন্যতাযিয়েই নহওক কিয়
সকলো আশাই যে ফাগুন অভিমুখী।
—————————————
নিৰ্জনতাত পক্ষীৰ গান
ৰশ্মি ৰেখা দুৱৰা

'গান' যন্ত্ৰণাকাতৰ দুখতো আহে মনলৈ
ঊনৈছত বা বলা সুখতো আহে
গানেই মন জয় কৰে,
গানে দুখৰ ভাগৰ আঁতৰাই
গতিশীল জীৱনৰ তিক্ততা আঁতৰাই
গানেই হৃদয় জুৰাই।

নিষ্কলুষ পক্ষীৰ কোমল মনটিয়ে
নিজম পৰত যেতিয়া 
জুৰে অলেখ গীতৰ কলি
মন পচন্দৰে গছৰ ডালত বহি
মস্তিষ্কৰ গধূৰ বোজাও আঁতৰি যায়,

অন্তিম নিশাৰ আন্ধাৰ আঁতৰাই 
জাকি মাৰি উৰি আহে পক্ষীজাক
মনত গীতৰ কলি ভাঁহি নাহিলেও 
নিঃসংগতাৰ সংগীহৈ 
নিৰ্জনতাত পক্ষীয়ে শুনাই অসংখ্য গীত
সেয়ে পক্ষী মোৰ প্ৰিয়।

Post a Comment

0 Comments