———————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
কবিতা এক অনন্য শিল্প।যাক চৰ্চা,সাধনা,অনুশীলন আৰু অধ্যয়নৰ অবিহনে আয়ত্ত কৰা সম্ভৱ নহয়। এটি অনুভৱ (কবিতা হওক বা নহওক) সাৰ্থক হয় তেতিয়া, যেতিয়া সেই অনুভৱে উদ্বেলিত কৰি তোলে পাঠকৰ হৃদয় আৰু পাঠকৰ মনত উন্মোচিত কৰে নতুন চিন্তাৰ খোৰাক ।
মহীৰূহসকলে কবিতাক বিভিন্ন সংজ্ঞাৰে প্ৰকাশিত কৰিছে যদিও কবিতাক এটা সুনিৰ্দিষ্ট সংজ্ঞাৰে নিৰূপণ কৰিবলৈ সক্ষম হোৱা নাই।
কবিতাৰ বিষয়ে ক’বলৈ বহু কথা আছে। কিন্তু ক’বলৈ গ’লে তেনে কোনো বিশেষ কথা বিচাৰি পোৱা নাযায়।
বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
কবিতা হ'ল : এগৰাকী কবিৰ আত্ম-প্ৰতিবিম্ব অথবা আত্ম-জীৱনীস্বৰূপ । কিয় ? কবি এগৰাকীৰ সমগ্ৰ কবিতাত -- জীৱন, জগৎ, প্ৰেম, মৃত্যু, দুখ-বেদনা, সমাজৰ নানানটা দুৰ্যোগ-দুৰ্দশা-বৈষম্য, ইতিহাস, ৰাজনীতি, প্ৰবাদ-প্ৰৱচন-পৰম্পৰা-আখ্যান, প্ৰকৃতি, শিল্প সম্পর্কে কবিগৰাকীৰ ধাৰণা বা দৃষ্টিভঙ্গী কি -- প্ৰতিবিম্বিত নহৈ নোৱাৰে। কবিতাৰ আঁৰত লুকাই থকা -- এনে তলসুঁতীয়া বোধেই কবিৰ আত্ম-পৰিচয় ; যি বোধক, ৰঙাই তোলে -- কবিৰ কল্পনা, ভাষাৰ পুনৰ্নিৰ্মাণ, (সদৰ্থক) নতুন চিন্তা, কথনশৈলী, শব্দ-ব্যৱহাৰৰ যাদু ৰহস্যময়তা আদিয়ে।
—————————————
অনুবাদ কবিতা
Codependent -micropoetry
Ryan Tyler
We ache for those
we truly love.
You hurt when I hurt.
Whether we live here,
on earth, or continue on,
up above.
সহনিৰ্ভৰশীল -মাইক্ৰ'কবিতা
মূলঃ ৰিয়ান টাইলাৰ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
আমি সঁচাকৈয়ে
আমঠুসকলৰবাবে
কষ্ট অনুভৱ কৰোঁ।
মই কষ্ট পাওঁতে
তুমিও দুখ পাইছিলা।
আমি দিঠকত নে
প্ৰহেলিকাত বাস কৰোঁ৷
—————————————
কবিতা
এটি নেন’ কৱিতা
গীতাঞ্জলি বৰকটকী
তুমি পুখুৰী
মই ভেঁটফুল
অপৌৰুষেয়
আজন্ম
নাড়ী সম্পৰ্ক...
—————————————
পোৰাবাৰী
দিলাল আহমেদ
আমাৰ জমা কথা ভাহি যায় নদীৰ উ্ল্লাসত৷ বেছিতো বিচৰা নাই৷ বিচাৰিছো অকণ অধিকাৰ৷ যি তোমাক যোগান দিয়ে অন্ন আৰু আদৰ--- দেহৰ মঙ্গলঘটত ভৰাই দিয়ে ৰূপ, ৰস, অচিন্ত্য স্পন্দন-- তাক ঠেলিছা দূৰলৈ--নিৰলস ধ্বংসৰ উল্লাসত৷
সামুদ্ৰিক বা-মাৰলীৰ দৰে ভাহি আহে এটি কোলাহল৷ ক’ৰবাত কোনোবাই ঘাঁ খুঁচৰিছে৷ প্ৰবল বেগে ওলাইছে শোণিত-- মোৰ দেহাৰ ভিতৰৰ ঘাঁ--তথাপিও উৎসটি বৰ অচিনা৷
যুদ্ধ বিচৰা যুদ্ধজয়ী৷ ভালপোৱা দিয়া৷
ভালপোৱা কি! কোন মন্ত্ৰত অপ্সৰাবোৰে নাচে! দলিয়াই দিয়া এই সময়৷ নিলগাই থোৱা ঘৃণাৰ আৰ্জিত সম্বল৷ যাবলৈ শত ইচ্ছা, গীত গায় পথৰুৱা ফচল৷
পোৰাবাৰী, মৃত আত্মা জীয়াই আছে--
এক ডালা এটি ঠালৰ আশ্ৰেয়।
—————————————
আশাভৰা দিন
দেৱ দাস
অৰণ্য উজাৰি
আহিবলগীয়া দিনবোৰৰ বাবে
বাট চাই আছো
আমাৰ চৈধ্য পুৰুষ পাৰ হ'ল
পুৰুষ উদ্ধাৰ নহ'ল
আশা আকাংক্ষাৰ ধৰা
শুঁচি কৰা দিহা কাৰো নহ'ল
এনেকৈয়ে পাৰ হ'ল
ককাৰ আজোককাৰ দিনবোৰো
পৃথিৱী আমাৰ
পৃথিৱীকলৈয়ে কুট কৌশল
আমি বাটচাই আছো
অৰণ্য উজাৰি অহা দিনবোৰৰ বাবে
পূৱ আকাশৰ ফেঁহুজালিয়েহে
সেই দিনটোৰ আভাস দিব
বৰ আশাভৰা দিন ।
----------------------------
অসংলগ্ন জীৱনৰ ইপাৰে
জাহ্নৱী হাজৰিকা
এই যে জীৱনটো
চলন্ত,স্থবিৰ, আকৌ গতি...গতিময় গতি।
লগতে প্ৰাপ্তি অপ্ৰাপ্তিৰ দোমোজাৰ
মাজৰখিনি।
কথাবোৰ সহজ অথচ জটিল।
যিদৰে সহজ মানুহবোৰে
জটিল কথাবোৰ নুবুজে।
জটিল মানুহবোৰে সহজ কথাবোৰ নুবুজে।
এই যে প্ৰতিশ্ৰুতিবোৰ!
আমি আকৌ লগ হ'ম।
আকৌ দেখা দেখি হ'ম।
ক'তা!
বাস্তৱতটো কাহানিও নহয় গৈ।
তথাপি আমাৰ বিশ্বাসবোৰ,আস্থাবোৰ বহুতেই থাকে।
যদিওবা সময়ৰ সোঁতত অতীতৰ প্ৰয়োজনীয়বোৰ অপ্ৰয়োজনীয় হৈ পৰে।
সহজ কথাবোৰ জটিলতাৰ আওতালৈ যায়।
অলিখিত হৈ ৰয় বহুতো কাহিনী।
অকথিত হৈ ৰয় হেজাৰটা শব্দ!
কেৱল সময়ৰ আলফুল বুকুত ধৰি ৰাখিব পাৰি যাক!
এই যে হঠাৎ কাৰোবাক ভাল লাগি যায় জীৱনটোত!
বুকুজুৰি বৈ থাকে সেই ভাল লগাৰ নিচা।
বাহিৰত এসোপা মান খং-অভিমান-গালিৰ আৱৰণ।
অথচ ভিতৰি নিভাঁজ স্বাৰ্থহীন মৰম।
এই যে ইমান বোৰ ভাল লগা..
ইও দেখোন এটা অজুহাতেই।
যি অজুহাতে মানুহক জীয়ন দিয়ে।
যি অজুহাতে মানুহক সপোন দেখিবলৈ শিকায়।
যি অজুহাতে মানুহক হাঁহিব কান্দিব কিম্বা লিখিবলৈ শিকায়।
যি অজুহাতত হয়তো আমি নিজকেও
ভাল পাবলৈ শিকো।
এই যে মৰীচিকাৰ পাছত মানুহবোৰ দৌৰে!
এসোপা উত্তৰবিহীন প্ৰশ্ন লৈ,
পাৰাপাৰহীন অস্থিৰতা,
জীয়া ফাঁকিৰে উপচি পৰা এখন হৃদয় লৈ!
হাবু ডুবু খাই থাকে!
আৰু ভাবিবলৈ বাধ্য কৰে যে প্ৰশ্নবোৰতেই
ভুল আছিল চাগে অতীতৰ...
ক'ত থাকেগৈ সেই অনুভৱ!
কেতিয়া হয় তেনে অনুভৱ!
নে গোটেই কথাবোৰেই অসংলগ্নতাৰ ওৰণিৰে আৱৰা!
এৰা!কোনেও ক'ব নোৱাৰা।
—————————————
কথা
চয়নিকা ভূঞা
বেলি লহিয়াবৰ হ'ল
ঔ-তলা বাটৰ সাধুবোৰ একেই থাকে
হাঁহিবোৰো একেই থাকে
ৰং বোৰহে উৱলিবলৈ ধৰে
সকলোৱে কয় একেদৰেই থাকা
হাঁহি থাকা
হাঁহি থকাটো জানো ইমান সহজ কথা !
হাঁহি থকা মানুহে হে জানে হাঁহিৰ ওজন কিমান
কৰোঁ বুলিয়েই সকলো কাম কৰিব নোৱাৰি
বি প্ৰকটিকেল বুলি ক'লেই সকলো জানো সম্ভৱ
মুখৰ কথা
মুখত এটা হাঁহি পিন্ধি লোৱাৰ দৰেই কঠিন এই কাম
কৈ থকা সকলো কাম কৰিবলৈ কঠিন
মুখৰ হাঁহিটোৰ দৰেই কঠিন
মুখৰ আঁৰৰ মুখখনৰ দৰেই জটিল
কেতিয়াবা জীৱনত
কেতিয়াবা
যিদৰে শেষ হ'ল বুলি ক'লেই
সকলো শেষ নহয় ।
—————————————
সিদিনা বজাৰৰ মাজত
ৰমেশ চন্দ্ৰ ৰায়
সিদিনা বজাৰৰ মাজতে লগ পাই গ'লোঁ
সনাতন মেধিক
বজাৰ ঘূৰাটো এসময়ত মেধিৰ অভ্যাস আছিল
মই গৈছিলো ঘূণে ধৰা খিড়িকিৰ কাঠত
ঔষধ ছটিয়াবলৈ স্প্ৰে-বটল এটা বিচাৰি
আৰে, তোমাৰ লগত এইজন গোপাল বিশ্বাস নহয় নে, মই সুধিছিলো
হয়, গোপাল বিশ্বাসেই হয়
গোপাল বিশ্বাস ক্ষীণাইছে
মুখৰ ছাল অধিক শোটোৰা পৰিছে
শুকাই যোৱা ৰবাব টেঙাটোৰ দৰে বৰণ লৈছে
গোপালৰ মুখ
গোপালে চকুদুটা মেলিব খুজিও ভালদৰে মেলিব পৰা নাই
হাঁহিটো আছে আগৰদৰে
মোৰ স্বৰ ঠিকেই বুজিব পাৰিলে
সি সনাতন মেধিৰ হাতখন ধৰি আছে
টানকৈ
এটা সময় আছিল গোপাল বিশ্বাসক বান্ধি ৰখাটোৱে টান আছিল
ডৰ্মেট'ৰীত ৰাতিপুৱা কামৰ তালিকাখন লৈ দিনটোৰ বাবে উধাও হৈছিল
এতিয়া সি নিজে বান্ধ খাই ৰৈছে
মেধিৰ হাতখনত
দিনবোৰ কাৰ হাতলৈ আহে বুজাতো নাযায়
ৰাতিপুৱাই হেনো ছোৱালীজনীয়ে দেউতাকক গতাই দি গ'ল মেধিৰ ওচৰত
পেন্সনৰ ডিজিটেল লাইফ ছাৰ্টিফিকেট দিয়াবলৈ বুলি
কামটো হৈ গ'ল
অলপ বজাৰ ঘূৰাইছে এতিয়া
কুশল-বাৰ্তাৰ পাছত দুয়ো গ'লগৈ
ভিৰৰ মাজতে মই চাই ৰ'লোঁ সনাতন মেধিলৈ
সনাতন মেধি
তুমি যে এগৰাকী মানুহৰ আশ্ৰয় হ'ব পাৰিছা
সকলোৰে ভাগ্যত এয়া জানো ঘটে ?
—————————————
দীপাৱলী
ৰঞ্জন বৰা
পোহৰৰ শলিতাডালি শান্তিৰ সুষমা হৈ
দুচকুত বৰ্ণিল হ’ল
এন্ধাৰ বিনাশী
কালিমা ভেদি
জগত পোহৰাবলৈ
সহস্ৰ বন্তি জিলিকি ৰ’ল
অনুকুল প্ৰেক্ষাপটখনিৰ কাম্যত
হৃদয়ৰ পৰা হৃদয়লৈ বৈ গ’ল
এটি অকৃত্ৰিম ধাৰা
এই যে
শুভ দীপাৱলী এটি
নিৰ্মল বাৰ্তা ।
—————————————
বৰষুণ
উৎপল ভট্টাচাৰ্য
বৰষুণ মোৰ মাৰ নাম
আলফুল হাতে যাৰ
ক্লান্তি আতৰায়
বৰষুণ মোৰ বন্ধুৰ নাম
যাৰ চোতালত মোৰ শৈশৱে ঠেহ পাতে
বোকাই পানীয়ে মোৰ শিপা বিয়পে।
বৰষুণ মোৰ প্ৰেয়সীৰ নাম
যিয়ে আৱেগৰ বীণ বায়
প্ৰেৰণাৰ চেতাৰ বজাই
চেতনাৰ চাদৰ উৰুৱায়।
বৰষুণ মোৰ পত্নীৰ নাম
সৃষ্টিৰ সম্ভাৱনাৰে
হৃদয়ত হিৰহিৰ মাদল বজায়।
ছন্দোময় কবিতাৰ জাগৃতি শুনায়।
বৰষুণ মোৰ দুহিতাৰ নাম,
দুচকুৰ ধেমালিত বৈ পৰা আকাশ।
এতিয়া
বৰষুণ
অমানুহৰ বাঘনখে আচোঁৰা
অঘৰী সপোন এটা...
—————————————
শব্দৰ মিছিল
ইপুল হুছেইন
বালিময় আন্ধাৰ নিশা
বহু সপোন আধবাটতে ৰৈ যায়
নিদ্ৰাহীনতাৰ সুযোগ লৈ প্ৰবাসীও হয়
লগ দিয়ে কিছু আধৰুৱা গল্প,
কিছু কবিতা ধৰণৰ শাৰী পতা শব্দৰ মিছিল
জগৰটো এইখিনিতেই
কোনখিনিক কবিতা বোলা যায়, কোনখিনিক নাযায়
এই দোমোজাতে ৰাতিটো বাঢ়ে
শেষ নোহোৱা জটিলতাত
সমস্ত নিমজ্জিত হৈ যায়
অচিনা সুৰে শেতেলী উপচায়
ওৰেটো নিশা গীত এটিয়ে সুৰ হেৰুওৱাৰ বাটলৈ চায় ।
—————————————
কবিতা মানুহৰ বাবেই
ড° ইকবাল হোচেইন খান
কবিতা মানুহৰ বাবেই
হৃদয়ে হৃদয়ে বৈ থাকে মানৱতাৰ জয়গান ।
কবি চিন্তাৰ অগ্ৰদূত
বিশালতাৰ চেতনাৰে উৰ্বৰা কৰে প্ৰেমৰ ধাৰা
শেষ কৰিব বিচাৰে সমস্ত জীৱন-যন্ত্ৰণাৰ বেদনা ।
আকাশ বিশাল
হৃদয় বিশাল
সেউজী সেউজী ধৰণী
সকলোৰে সপোন পুৰি
এনে শব্দবোৰ কবিতাৰ
শব্দৰে জিনে হৃদয় ।
হাঁহিবোৰ হাঁহি
আনন্দবোৰ আনন্দ
কবিতা জীৱনৰ ছন্দ
সুন্দৰৰ কথা
কবিতাৰ ভাষা ।
বিশালতাৰ বুকুতেই
জাগি থাকে আকাশ
কবিতা জীয়াই থাকে মানুহৰ বাবেই
হৃদয়ত কোমল কোমল শব্দৰে পাতে থাপনা
তাতেই স্থায়ী হয় প্ৰেম
তাতেই জয় হয় মানৱতাৰ
কবিতা মানুহৰ বাবেই
জীৱন জীৱনৰ বাবেই
কবিতাৰ কথাৰে আগুৱাই যায় মানুহ
বিশ্বাসৰ বুকুত জয় মানৱীয় চেতনাৰ
ধৰণী মানুহৰ ।
—————————————
ফাটি উৱলি যোৱা বনিয়নটোৰ দৰে
(ডাঃ সৌৰভ বুঢ়াগোহাঁইৰ হাতত)
মণ্টু মৰাণ
জীৱন ফাটি উৱলি যোৱা বনিয়নটোৰ দৰে
গা ঢাকিলেও ভেন্টিলেটৰ দৰে জুমি চাব পাৰি
অসহ্য গৰমৰ দিনতো শীতল বা লব পাৰি
ফাটি উৱলি যোৱা বনিয়নটোৰ দৰে
বনিয়ন এটা কিনো বুলিয়ে কিনি ল'ব নোৱাৰি
সকলোৰে হাতত খমখমীয়া নোট নাথাকে
সকলোৰে হাতত কলাক বগা কৰাৰ কৌশলো নাথাকে
বনিয়নটোৰ দৰে কান্ধত ধৰি থাকে কোনোমতে
তললৈ সৰি নপৰাকৈ
ফাটি উৱলি যোৱা বনিয়নটোৰ দৰে বাৰীখন
অ'ত ত'ত হাতৰ উখল ঘামেৰে জীপাল কৰা
ফাটি উৱলি যোৱা বনিয়নটোৰ দৰে দেশখন
ফাটি উৱলি যোৱা বনিয়নটোৰ দৰে ৰাস্তাটো
ফাটি উৱলি যোৱা বনিয়নটোৰ দৰে কলিজাটো
বনিয়নটো পেলাই দিওঁ বুলিয়ে পেলাই দিব নোৱাৰি
ধুই-পখালি ল'লে যেনেকৈ নতুন নতুন লাগে
বনিয়নটোৰ দৰেই বুকুখন
জোৰা-টাপলি নামাৰিলেও জী থাকে কঁপনি এটাৰে
বনিয়নটোৰ দৰেই ফাট মেলাৰ পিছতো পেলাই দিব নোৱাৰি দেশ
ফালি পেলাব নোৱাৰি দেশৰ মানচিত্ৰ
বনিয়নটোৰ দৰেই ভাঙি পেলাব নোৱাৰি ৰাস্তা
ভৰাই দিব নোৱাৰি পৃথিৱী কেৱল সেউজীয়াৰে
ফাটি উৱলি যোৱা বনিয়নটোৰ দৰেই গাঁৱৰ মানুহবোৰ
ফাটি উৱলি যোৱা বনিয়নটোৰ দৰেই চহৰৰ মানুহবোৰ
অভিজাত মনবোৰ
কেনেকৈ উলাই কৰিব পাৰি মলিয়ন এটা বনিয়ন
পুৰণি এযোৰ জোতাৰ দৰে
পুৰণি এটা সম্পৰ্কৰ দৰে
পুৰণি এখন ঘৰৰ দৰে
পুৰণি এখন দেশৰ দৰে
ফাটি উৱলি যোৱা বনিয়নটোৰ দৰে মনটো
সলনি কৰিব নোৱাৰি
জীৱনটো উলাই কৰিব নোৱাৰি।
—————————————
কাচোনমতী
হিমাদ্ৰী দাস
ল'ৰালিৰ পথাৰখনলৈ শৰৎ নামিছে
উবুৰি খাই পৰিছে আহিন
সজাল ধৰা
সেউজীয়াৰ মাজে মাজে
বঁকিয়াইদি সুখৰ
হাঁহিবোৰে খিলখিল শব্দৰ ঝুমুৰাৰ ৰাগ
কঢ়িয়াই ভাগৰা নাই
আলিৰ চতুৰ্ভুজত উচাহৰ তৰংগ
উদ্দীপনাৰ নতুন লহৰ
শৰতৰ অদ্ভুত উদ্যাপন
আকাশত তৰাৱলীৰ বিনোদন
কঁহুৱাৰ এহতীয়া ওৰণিয়ে
এপিয়লা কবিতা বাকে
কবিতাবোৰত শৰৎ নিগৰে
শৰতে কঢ়িয়ায়
নৈৰ যৌৱনৰ লাজুক গাঁথা
সেউজীয়াৰ মাজে মাজে
বতা চৰাইৰ হুৰ হুৰ কিৰিলি
শৰত অহা বাটত শেৱালিৰ আঁচল
আঠুৱনি পানীত নিয়ৰৰ ৰঙীন সমদল
প্ৰতিশ্ৰুতি অলেখ
আহিনৰ মাতত আশাৰ পুৱা
ৰঙীন উচৱৰ উথপথপ সমাৱেশ
বালিমাহীৰ ৰুণজুণ সুৰত
নৃত্যৰতা সেউজীয়া
ৰামধেনুৰ ৰঙত
চঞ্চলা শৰতৰ কাচোনমতী জোন।
—————————————
কবিতা কি
ইভা গন্ধীয়া ফুকন
কবিতা হৈছে অন্তৰৰ নিভৃত কোণৰ পৰা নিগৰি অহা এক মূৰ্ত প্ৰকাশ। বিন্দুৰূপী এই কবিতাতেই লুকাই থাকে এখন বিশাল সিন্ধুৰ প্ৰতিচ্ছবি । কাৰণ এটা দীঘল গল্প বা এখন বৃহৎ কলেৱৰৰ উপন্যাসত পৃষ্ঠা পৃষ্ঠা ভৰাই লিখা যিখিনি কথা জানিব পাৰি , সেই একেখিনি কথাকে এটা সৰু কবিতাই প্ৰকাশ কৰিব পাৰে।
কবিতা হ'ল কবি প্ৰাণৰ নিৰ্মল নিয়ৰ কণা সদৃশ ভাৱ সমৃদ্ধ ভাষ্য, পুৱাৰ ৰ'দৰ ৰেঙনিত জিলমিলাই উঠা নিয়ৰৰ টোপালৰ দৰেই মনৰ দাপোনত যেতিয়া ভাবনাই উকমুকাই আৰু শব্দবোৰে টোপাল বান্ধে ,কবিতাৰ সৃষ্টি তেতিয়াই হয় বুলি ক'ব পাৰি । কবি গৰাকীৰ জীৱন দৰ্শন আৰু আনন্দময় সৌন্দৰ্য কাব্যৰ ধ্বনিৰ মাজেৰেই প্ৰতিফলিত হৈ উঠে ।
লিখোঁ বুলিলেই কবিতা লিখিব নোৱাৰি । কবিতা হৈছে হৃদয়ৰ সংবাদ, ভাবাবেগৰ বৰ্হি প্ৰকাশ। মনত দোলা দি থকা কথাবোৰ, আবেগৰ পাৰ ভঙা শব্দবোৰ আৰু হৃদয় স্পৰ্শ কৰা ব্যঞ্জনাময় ভাষাবোৰ যেতিয়া কলমৰ আগেদি নিগৰি আহে তাকে আমি কবিতা বুলি কওঁ। কবিতা সৃষ্টি কৰা মানুহগৰাকী নিশ্চয়কৈ কবিতাৰ প্ৰেমত পৰিব লাগিব কবিতাৰ প্ৰতি গভীৰ ভাল পোৱা নাথাকিলে ভাল কবিতা সৃষ্টি কৰিব পৰা নাযায় ।কবিতা উপলব্ধিৰ আৰু সাধনাৰ ফচল । কাব্যগুণ হৈছে কবিতাৰ প্ৰাণ স্বৰূপ। শব্দ চয়ন,প্ৰতীক,
ব্যঞ্জনা আৰু কল্পচিত্ৰই কবিতাৰ প্ৰাণ শক্তি বৃদ্ধি কৰাত সহায় কৰে । একোটা কাব্যগুণ সমৃদ্ধ কবিতাই কাব্য প্ৰেমীৰ মন ভৰাই তোলে ।তেনে কবিতাৰ সমাদৰ কেতিয়াও শেষ হৈ নাযায় । কবিতা জীৱনক প্ৰতিবিম্বিত কৰিব পৰা উত্তম কলা।কবিতাই পোনপটীয়াকৈ একো নকয় এটা বিশেষ ধৰণৰ ইংগিতৰ ভাষাহে কবিতাৰ ভাষাৰ মাজত নিহিত হৈ থাকে ।
—————————————
বাট
গকুল চৌধুৰী
জানিও নাজানো মই এই বাটৰ শেষ ক’ত ?
এই বাট শেষ হ’বলৈ আৰু কিমান
বাট বাকী ?
প্ৰতিদিনে এই বাটত বাট বুলোতে
বাট বুলোতে প্ৰতিখোজত বাট
হেৰুওৱা মই এজন ক্লান্ত বাটৰুৱা
জিৰণি চৰা নাই মোৰ এই বাটত
জিৰণি নাই আৰু এই জীৱনত
ৰুদ্ধ মই জীৱনৰ যুদ্ধত
স্তব্ধ মই সংগ্ৰামৰ ধুমুহাত
দগ্ধ মই সমস্যাৰ অগনিত ৷
আছে ইয়াত ক’ত দুখ, কষ্ট ,যন্ত্ৰণা
ক’ত ঘাত , প্ৰতিঘাত, আঘাত
আছে ইয়াত ক’ত বিৰহ , বিষাদ
বেদনা
ক’ত প্ৰত্যাহ্বান ,ধুমুহা ,জটিলতা ৷
তথাপি এই কাইটীয়া বাটত বাট
বুলিবই লাগিব অ বুলিবই লাগিব
সাহস , প্ৰেৰণা , আশা , প্ৰত্যাশা
সপোন , লক্ষ্য , উদেশ্যক সাৰথি
কৰি লগৰী কৰি
তথাপি এই ওখোৰা মোখোৰা
বাটেৰে গৈ গৈ এদিন নহয় এদিন
চুবই লাগিব অ চুবই লাগিব
সফলতাৰ বৰ্ণময় আকাশ ৷
কাৰণ এয়া যে
এয়া যে
শূন্যৰ পৰা শিখৰলৈ আগবাঢ়ি যোৱা
জন্মৰ পৰা মৃত্যুলৈ আগবাঢ়ি
যোৱা
জীৱন নদীৰ দীঘল বাট ৷
—————————————
আজি মই বুজি পালো আই
বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ
আইয়ে কোৱা কথাই আজি
মোক প্ৰমাণ দিলে।
এইষাৰ কথাই কৈছিল মোক আইয়ে
নুবুজাকৈ কাকো কেতিয়াও বিশ্বাস নকৰিবা তুমি।
কাকো বেছি গুৰুত্ব নিদিবা
এই কথাও কৈছিল।
কোনোবা জনক মই বহুত গুৰুত্ব দিছিলোঁ
আজি তাৰে প্ৰমাণ পালোঁ।
মানুহ নামৰ পৃষ্ঠাটো বৰ টান
বুজিবকেই নোৱাৰি।
বুজি পালো আই কোৱা কথাবোৰ মিছা নহয় বুলি
আই তোক প্ৰণাম জনালোঁ।
_________________________
আকাংক্ষা
জোনমণি মহন্ত
জুৰুলা চোতালত জীয়াই থাকিবলৈ
পুলিটোৰ বৰকৈ আশা
অভাৱ পূৰণৰ সন্ধানত
সুবিধা ললে আকাংক্ষিত মনটোৱে
প্ৰশ্ন নিজৰ ভাবত নিজেই মগ্ন
উত্তৰৰ সমাধান অদৃশ্যজনৰ
অজান অপেক্ষাত
আহিবনে নে আহিব পাৰে
ৰ'দৰ ৰেঙনী কোনোবা দিনত!
ৰাতিৰ আন্ধাৰত বিষয়ৰ যন্ত্ৰনা
আনফালে পেটৰ পোৰণিত নাহে টোপনি
ভঙা বেৰৰ জলঙাৰ পোহৰৰ সন্ধানত উজাগৰী ৰাতিৰ
সহস্ৰ চিন্তা মনৰ মাজত,
পুলিটো জীয়াই ৰাখিবলৈ
জুৰুলা জপনাত নাথাকে তলা
থাকে সাতমিহলি বহু গাঁথা
প্ৰকৃতিৰ বাতাবৰণ তাতেই আত্মাৰ শান্তি
ভেদাভেদ কৰিবলৈ নাই অভিলাস
মাথোঁ অপেক্ষা সন্মুখত
ৰামধেনুৰ দেখাৰ ৰঙীন আশা...।
—————————————
ভৰিব নে মোৰ পঁজা
দিপ্তী মণি গোস্বামী
সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সিঁচি
মোৰ হৃদয়াকাশে অনুভৱ কৰে
শৰতৰ পূৰ্ণিমাৰ বিলাসৰ আকুলতা
মেট মৰা সম্ভাৰে সজাব বিচাৰোঁ জৈৱিকতা।
মোৰ পথাৰৰ আহিন আঘোণ বোৰে
নাজানো বাটৰুৱাৰ দৃষ্টি সৰে নে
প্ৰাতঃ ভ্ৰমণ অথবা সান্ধ্য ভ্ৰমণত
বাটৰুৱাক সংগ সুখ দি সুবাসিত কৰে নে।
মোৰ সৃষ্টিত নাই উচ্চাকাংক্ষী অভিলাষ
কেতিয়াবাও কৰা নাই প্ৰসংশা বুটলাৰ হাবিয়াস
মই ভাল পাওঁ কেঁচা মাটিৰ জীপালতা
য'ত আছে ককা আইতাৰ সাধনাৰ সখাগৰা।
ঋতুৰ পৰশত কিছু বাটৰুৱাই কেতিয়াবা
পদাৰ্পন কৰে মোৰ সেউজীয়া পথাৰত
নান্দনিকতা উপভোগ কৰি পুলকিত হোৱা বুলি কয়
ৰঙা নীলা কাগজে বন্ধা বহু উপহাৰো আগবঢ়াব।
মোৰ আবেগ বিবেকে সুৰক্ষিত অন্তৰাত্মাই
খোপনি পুতিবলৈ দিয়া নাই তেনে মনোভাৱ
সেয়ে যাচি দিয়া সুলভ সোণবোৰ
গ্ৰহণ কৰিবলৈ সদায়ে হওঁ অপৰাগ।
মোৰ হৃদয়ৰ অদম্য হেঁপাহবোৰত আছে
সেউজ সতেজতাৰে ভৰা অনন্ত হাবিয়াস
মোৰ সৃষ্টিয়ে জনঅৰণ্যত কৰক বসবাস
মোৰ অনুপস্থিতিৰ বেলাতো মোৰ সৃষ্টি হওক সুৰক্ষিত।
কেতিয়াবা অনিশ্চয়তাৰ আন্ধাৰত ডুব যাওঁ মই
ভোগবাদী সাগৰত মোৰ ভাৱনাই আনিব নে জোৱাৰ
সংখ্যাগৰিষ্ঠতাই ভৰিব নে মোৰ পঁজা ঘৰ
য'ত আৰাধনা হ'ব কেৱল সত্য শুদ্ধ সুন্দৰৰ।
—————————————
তুমি গুচি গ'লে
ড◦ আদিল আলী
তোমাৰ মাতত
মোৰ বুকুত শেৱালিৰ কোমল হৃদয়ৰ পৰশ নপৰে
বিচ্ছেদৰ অগ্নিদাহত মোৰ প্ৰেম এঙাৰ হৈ পৰি আছে
অফুট্ কৈ এৰি যায় শুই পৰে অচিন বুকুত এটি আলফুলীয়া হাঁহি
ওৰে নিশা মোৰ কাণত বাজি থাকিল
বিষাদৰ হিয়া ভঙা সুৰ ছন্দ এটি
চিৰিং কৰি উঠিল
মোৰ বুকুৰ মিঠা সোঁৱৰণী
অপূৰণ প্ৰেমৰ পদুম পাহি
বুকুত হুমুনিয়াহ লৈ শুকাই যায়
ধুম-নাঙঠ হৈ পৰিল মিলন আশাৰ স্বপ্ন
তুমি গুচি গ'লে
পাৰুল পাৰুল গোন্ধ বিয়পিব নে
মোৰ উৰুঙা হৃদয় বাগিচাৰ চৌপাশত
বিভোল্
বিভ্ৰাট্
—————————————
উকা কাগজত কলমৰ চাবি
ৰশ্মি ৰেখা দুৱৰা
উকা উকা শুভ্ৰ পৃষ্ঠাবোৰত
কলমৰ শক্তিশালী অস্ত্ৰপাতে
এযোৰ নীলা ৰঙৰ পোচাক পিন্ধাই,
যুগ-যুগান্তৰৰ শত শত অনুভৱক
সামৰি থব খোজোঁ
তালযুৰীয়া কৰি উকা পৃষ্ঠাৰ কোঠালিত।
হেজাৰ হেজাৰ জনতাৰ কল্পকাননত
বলি থকা বতাহজাকক একাকাৰ কৰি
কাগজ-কলমক সাক্ষী কৰোঁ,
কাগজ-কলমৰ সম্বন্ধবোৰ নিৰ্ভেজাল
কাগজে অবুজ হৈ ঠেহ নাপাতে
হেঁপাহেৰে বাট চাই ৰয়
নীলা চিয়াঁহীৰ আবুৰ পিন্ধিবলৈ।
মন যায় হৃদয়ৰ নিভৃত কোণত
উকমুকাই থকা অনুভৱৰ দোলাখন
প্ৰাণখুলি উকা পৃষ্ঠাৰ কোঠালীত ৰহণ সানিবলৈ,
ভালপোৱা-ভাললগা ক্ষণবোৰক
কলমৰ চাবিকাঠিৰে বান্ধি ৰাখিবলৈ।
—————————————
প্রেমৰ বৰষুণ
নজৰুল ইছলাম
উৰণীয়া মন
উৰি যাওঁ উৰি যাওঁ
চৰাই হ'বলৈকে মন
আকাশলৈ জুমি জুমি
ৰৈ ৰৈ চাওঁ
যেনিবা কাষৰতে পাওঁ
দুহাতে সাবটি ল’ম
সুখৰ বিনন্দীয়া
কঢ়িয়াই ফুৰিম
সপোন পমিলা হৃদয়ৰ এমুঠি স্নিগ্ধতা
উদাসীন মগ্ন হৃদয়ৰ বাসনা
শান্তিৰ নিজৰা নৈ
শব্দৰে মহীয়ান মই হ'লোঁ মজগোল
প্রেমৰ বৰষুনত টিটিলোঁ
শুৱনি সৌন্দর্য্যৰ পমিলী
চিক্ মিক্ বিজুলী
মৰমলগা সৌজনী
ক'ত আছিলি ইমান দিন
মোৰে হ'ব পাৰিলি হয়
জীৱন সহপাঠী
উৰণীয়া আজি
উৰি ফুৰিবলৈ মন
উৰণীয়া মন
উৰি ফুৰো মই
সুবাস বিচাৰি...
জানোছা কাষৰতে পাওঁ
বহু কথাই ক’ম
লগ হোৱাৰ কথা আছিল
দুয়ো আমি
সময়ৰ পাকচক্রত পৰি কবলৈ বাধ্য আমি কোনোদিন নাপাওঁ আৰু
সংযোগ স্মৃতিৰ মাধুর্য্যৰ সোঁৱৰণি।।
—————————————
বসন্ত
কুলেন ভট্টাচাৰ্য্য
১.
আকাশৰে উৰি গ'ল
কামাতুৰ পক্ষী এজাক
বতাহত ৰৈ গ'ল
প্ৰেমালিংগনৰ সুৱাস
২.
বিৰিখে সলাব
নতুন পোছাক
কামনাৰ ফুলবোৰ
পুনঃফুলিব তাত
ভোমোৰাই চুমিব গাত
৩.
ন-কুঁহিপাতৰ বন
উতলি উঠৈ যৌবন
যশোদা নন্দন
আনন্দত নাচে মন
আকৌ খেলিব ৰং
—————————————
বন্ধুৰ সান্নিধ্যত
যামিনী দেৱী
জীৱনৰ বাটত বাট বুলোতে
পালোঁ এজাক বন্ধু,
সকলোৱেই দেখোন
এদিন আছিল
প্ৰিয় বন্ধু ।
মনৰ মাজত আছে
এখনি হৃদয়,
তাত আছে স্থাপিত
দুখন ফলি,
এখন বালিৰ
আনখন শিলৰ ।
প্ৰিয় বন্ধুৰ
অপ্ৰিয় কথাবোৰ
লিখোঁ মই
বালিৰ ফলিত,
ক্ষমাৰ বতাহত উৰি যায়
অপ্ৰিয় কথাৰ মালাধাৰ,
ঢাকি ৰাখো বালিচন্দাৰে
প্ৰিয় বন্ধুৰ অপ্ৰিয় কথাৰ আঁত।
প্ৰিয় বন্ধুৰ প্ৰিয় কথাবোৰ
খোদিত কৰোঁ মই
শিলৰ ফলিত,
হৃদয়ৰ বন্ধ কুঠৰিত
সাঁচি ৰাখো সযতনে তাৰেই স্মৃতি
চিৰদিন থাকিব পৰাকৈ সুঁৱৰি।
প্ৰিয়-অপ্ৰিয় সকলোৱেই বন্ধু
মিঠা-তিতা সকলো কথাৰে
মূল্য আছে ।
এনেকৈয়ে চলিম
সকলোৰে স'তে
হাঁহি-স্ফুৰ্টিৰে, মিলা-প্ৰীতিৰে,
জীয়াই থকা দিনকেইটা
নমৰাকৈ থাকিলেই হ'ল,
সকলো বন্ধুৰ সান্নিধ্যতে।
—————————————
টোপনি
হাফছা ছিদ্দিকা
(শিশু কবিতা )
টোপনি, টোপনি, টোপনি,
তুমি কেনেকুৱা, টোপনি?
ৰাতি পঢ়াত বহিলেই
ক'ৰ পৰা ওলাই আহা?
ক'ত থাকা তুমি?
তুমি আহিলেই
দেউতাই দিয়ে গালি-শপনি,
মায়ে দিয়ে এচাৰি।
তোমাৰ বাবেই পঢ়াত বহি
ভণ্টীয়ে বায় বৰশী,
ভাইটিয়েও কৰে দুষ্টামি,
মা-দেউতাৰ হাক শুনি
কান্দি দিয়ে ফেঁকুৰি।
তুমি কেনেকুৱা, টোপনি?
সদায় আহিবা তুমি।
তুমি নাহিলে আমি পাম কেনেকৈ
পৰীক্ষাৰ বহীত ৰঙা দুটা কণী?
—————————————
ক’ত বাস কৰিছো আমি
প্ৰবীন চন্দ্ৰ তালুকদাৰ
ক’ত বাস কৰিছোঁ আমি
হয়নে এইখন এখন সভ্য পৃথিবী?
সভ্য সমাজ,শিক্ষিত সমাজ, আৰু এই
মানুহ নামৰ জাতিটোৱে
হ’ব পাৰিছে নে আজি জ্ঞানী
পাৰিছেনে কৰিবলৈ আৰোহণ
সভ্যতাৰ উচ্চ শিখৰত বৰ্তমান সময়ত?
ফুটে কেৱল গুলি-বাৰুদ-মিছাইল
প্ৰতিটো চেকেণ্ডত হৰদম!
ধ্বংস হৈ যায় চহৰৰ পিচত চহৰ
কান্দোনৰ উঠে ৰোল,আবাল বৃদ্ধ বনিতাৰ
কাৰোলৈ নাই দয়া মায়া,নোলায় চকুপানী
ক্ষুদ্ৰ স্বাৰথৰ কাৰণেই দিয়ে জলাঞ্জলি
নিজৰ সভ্যতা আৰু মানৱতাখিনি৷
ৰাচিয়া আৰু উইক্ৰেণ,নাটো-আমেৰিকা
ইজৰাইল আৰু পেলেষ্টাইন
নহয় নেকি ইবোৰ বাৰু সভ্য দেশ?
হৈছে নো কি সিবোৰৰ আজি
থাকে যে ব্ৰতী এনেকৈ কেৱল যুদ্ধত?
মিছা আজি সকলো জ্ঞান গৰিমা
এটায়ে মাত্ৰ সঁচা এই পৃথিবীত
“বল যাৰ মূলুক তাৰ,
নাথাকিব ইয়াত স্থান,দয়া মমতাৰ’’!
—————————————
অনাদৃত প্ৰেম
অঞ্জনা ৰূপা দাস
কোন দিনা আছিল জানো!
ক’ব নোৱাৰাকৈয়ে
তুমি নিবিচৰাকৈয়ে
মোৰ প্ৰেম আকলুৱা
হৃদয়খন সঁপি দিছিলোঁ তোমাত।
অৰ্পি দিছিলো তোমাতে
মোৰ সমস্ত জীৱন
যৌৱনৰ ৰঙীন সপোনবোৰ
তোমাক লৈয়ে দেখিছিলোঁ।
মোৰ প্ৰেম অভিলাষা থুনুকা হৃদয়খনি
ওভোতাই লোৱাৰ কথা
ভবাই নাছিলোঁ কোনোদিন!
ভাবিছিলোঁ,মোৰ কঁহুৱা কোমল হৃদয়খনি
ৰাখিবা আলফুলে
তোমাৰ ৰক্তজবা হেন বুকুখনিত তপত উম দি।
কল্পনা কৰা নাছিলো কোনোদিন--
ক্ষত- বিক্ষত ভগ্ন হৃদয়খন
এনেদৰে ঘূৰাই পাম বুলি!
অনাদৃত, অৱহেলিত
বিষাদৰ তেজেৰে তুমৰলিত
মোৰ ভগ্ন কাচৰ দৰে
খণ্ডিত হৃদয়খনিত
আজিও বিচাৰি ফুৰিছোঁ মই
দেখা পাও নেকি ক'ৰবাত
অতীতৰ সেই মধুৰ স্মৃতি!
খেপিয়াই ফুৰিছোঁ
হেৰুৱা সেই সপোন মাধুৰীবোৰ,
আছে নেকি লাগি
বেদনাসিক্ত হৃদয়খনিত
তোমাৰ মৰমৰ চেঁকুৰা!
কাণপাতি শুনিব বিচাৰো
আছে নেকি অৱশেষ তোমাৰ
তপত নিশ্বাসত বিধৌত
আকুল হিয়াৰ ঢপ্ ঢপনি।
—————————————
ৰাণী মই ফুলৰ
চৈয়দা নেহা চুলতানা
নাম মোৰ গোলাপ
পাহি মোৰ কোমল,
অভিমান মোৰ কাঁইটত
মৰম মোৰ গোন্ধত।
সকলো মোৰ নামত বলিয়া,
ফুল মই ধুনীয়া।
ভাল পাওঁ মলয়া বতাহ,
নচুৱাই যায় মোৰ হিয়া।
মুকুতা সদৃশ নিয়ৰটুপি
জিলিকে মোৰ পাহিত,
বাৰেবৰণীয়া পখিলা আহি
মোহ যায় মোৰ হাঁহিত।
ৰাণী মই ফুলৰ,
থাকোঁ মই মায়াৰ সাগৰত।
—————————————
আপুনি সুখী মানুহ
ৰাজীৱ দত্ত
আপুনি সুখী মানুহ
কাৰণ আপুনি উপভোগ কৰে
বিৰল সুখ কিম্বা দুখৰ মুহূৰ্ত
আপুনি হয়তো ভাল পায়
কোলাহলৰ জগতৰ পৰা নিলগৰ
নিৰৱ নিস্তব্ধতা
আপুনি সঙ্গীত ভাল পায়
হৈ চৈ নহয়
আপুনি মান্না দে
মুকেশৰ কন্ঠ ভাল পায়
ভাল পায় নৱকান্ত বৰুৱাৰ কবিতা আৰু
বীৰেন্দ্ৰ নাথ দত্তৰ গীত
কবিতা আপোনাৰ নিচা
ভাল পায় ৰবীন্দ্ৰ সঙ্গীত কিম্বা জীৱনানন্দ দাশৰ 'বনলতা সেন'ৰ আবৃত্তি
আপোনাৰ ’হবি’ হয়তো অইনে পচন্দ নকৰে
কাৰণ আপুনি এজন সুখী মানুহ
আপুনি কাৰো বাবে ঈৰ্ষান্বিত নহয়
উদাৰতা সহনশীলতা আপোনাৰ ধৰ্ম
অইনৰ বাবে আপুনি উজাৰি দিয়ে
জীৱনৰ সৰ্বস্ব
আৰু নিজৰ বাৱে মাত্ৰ
নিৰৱ শান্তি
কাৰণ আপুনি সুখী মানুহ ৷
—————————————
সহজ নহয় মানুহৰ জীৱন
নজৰুল ইছলাম
মানুহৰ জীৱন সহজ নহয়
ভিন্ন সমস্যাৰে ভাৰাক্রান্ত
সহজ কৰিব লাগিব
অসুখী মনবোৰ আমাৰ।
ভালপোৱা প্রতিটো কর্ম
সঠিক হৈছে নে?
চাব পৰাটোয়েই জীৱনৰ অন্য ধাম
জটিল সময়।
ধৈর্য্য আৰু সাহস ইয়াৰ নিৰাময়
ডাঙৰ পৰীক্ষা।
বহুত পৰীক্ষা পাৰ কৰিছো
কিছুমান সফল হৈছো আন কিছুমান থমকি ৰৈছোঁ।
কর্কৰা হেঙেৰা খাইছোঁ
তথাপি থমকি ৰোৱা নাই,
উৎসাহ উদ্দীপনাই দিলেহি প্রেৰণা
সমাজখনৰ প্রতি আছে দায়বদ্ধতা ।
এয়াই আচল মানুহৰ জীৱন
সহজ নহয় মানুহৰ জীৱন,
আন্তৰিকতা থাকিলে মৰম বিলাব জানিলে
এজন প্রকৃত মানুহ গঢ় লয়।
—————————————
মোক এখন নতুন পৃথিৱী লাগে
ফিৰদাউছ ফৰিদা চুলতানা
মোক এখন নতুন পৃথিৱী লাগে,
য'ত নাই কোনো হিংসা,
অত্যাচাৰ, শোষণ আৰু পীড়়ন।
মোক এখন নতুন পৃথিৱী লাগে,
য'ত আছে দয়া, ক্ষমা,
সহানুভূতি আৰু মৰমৰ বান্ধোন।
মোক এখন নতুন পৃথিৱী লাগে,
য'ত নাই উচ্চ-নীচৰ ভেদাভেদ,
জাত-পাতৰ ভেদাভেদ আৰু অন্যায়।
মোক এখন নতুন পৃথিৱী লাগে,
য'ত আছে একতা, নিঃস্বাৰ্থ ভালপোৱা,
সহায়ৰ নিৰ্জন হাত
আৰু এক সু-সভ্য সুন্দৰ সমাজ।
—————————————
আহ অ' নতুন সময় আহ
শুৱলা দাস
আহ অ' নতুন সময় আহ
সুদিনৰ নতুন ৰং আনি
বিলালাহি মৰতত।
নেলাগে আৰু
দূ:সময়ৰ প্ৰহেলিকা
নিপাত যাওক প্ৰৱঞ্চনা
নোহোৱা কৰ
মনৰ যতেক কালিমা
মনবোৰ পখাল্
বিশ্বাসবোৰ অটল কৰ
ঘৰবোৰ কৰ দৃঢ়
যুদ্ধবোৰক কৰ শান্ত
সমাজখনক কৰ সুস্থিৰ
অহেতুক ,অলিকঢৌবোৰ
মাৰ যোৱা
জীৱনবোৰক দে সজ আৰু সৰল গতি
ধ্বংস কৰি পেলা অভিলাষী বাসনা
মনবোৰক শিকা
পোৱাখিনিয়ে যে
কিমান সন্তুস্তি আৰু মিঠা
ভঙাবোৰ জোৰা লগা
গঢ়ি দেহি নতুন প্ৰতিমা
আহ অ' সময় আহ
নতুনত্বৰ নসাজেৰে পৃথিৱীক কৰি তোল পুনৰ সজীৱ আৰু
সেউজীয়া।
—————————————
ঈশ্বৰ বিশ্বাসী মানুহ
অবিনাশ দত্ত
ঈশ্বৰ বিশ্বাসী মানুহবোৰে
ঈশ্বৰক দেখে সকলোত
গছ গছনি ,আকাশ, বতাহ
পানী, জুই সকলোতে;
ঈশ্বৰক সাক্ষী কৰি তেওঁলোকে চান্দা তুলে
ভোজ পাতে
বলি দিয়ে
তেজ পিয়ে
(জন্তু কিম্বা মানুহৰ)
ধৰ্ষণ কৰে, ব্যভিচাৰ কৰে
হত্যা হিংসা সকলো কৰে...
ঈশ্বৰক বিশ্বাসো!
ঈশ্বৰ বিশ্বাসী মানুহবোৰে
ঈশ্বৰক স্কুলৰ গুদামত ৰাখে
ডিভাইডাৰত ৰাখে
লাইট প'ষ্টৰ তলত ৰাখে
গছৰ তল নাইবা ৰাষ্টাৰ কাষত ৰাখে
য'ত গাড়ীৰ বতাহত ঈশ্বৰৰ চুলি বিশৃংখল হয়
য'ত ঈশ্বৰৰ মুকুট হেৰাই যায়
য'ত ঈশ্বৰৰ বীণাখনৰ এফাল ৰাস্তাৰ ধূলিত মিলি যায়,
য'ত ঈশ্বৰে অকলে কান্দে, অকলে হাঁহে
ঈশ্বৰ বৰষুণত তিতে ৰ'দত শুকায়,
লাহে লাহে ঈশ্বৰৰ মুখৰ জ্যোতি হেৰাই
চাওতে চাওতে অৰ্ধউলংগ হয় ঈশ্বৰ
নিস্তেজ আৰু নিমাত ঈশ্বৰ;
ঈশ্বৰে কেতিয়াবা গছৰ তলত
বা ফুটপাথত পুৰণা ঈশ্বৰকো লগ পায়
তেওঁতকে আগৰ ঈশ্বৰ
উৱলি যোৱাৰ দেহৰ অভিজ্ঞ আৰু বৃদ্ধ ঈশ্বৰ
প্ৰকৃততে ঈশ্বৰ বিশ্বাসী মানুহবোৰেই
ঈশ্বৰক হত্যা কৰে
ভক্তৰ বিষাক্ত ভক্তিত ভাগৰুৱা ঈশ্বৰ
ঈশ্বৰে ক'বই বা কাক, শুনিবই বা কোনে!
আপুনি নে মই!
নৈ খনলৈ যদি আজিও চাও
আজিও দেখিম বহু দূৰৈৰ পৰা উটি অহা
ঈশ্বৰৰ গলিত দেহ আৰু নাঙঠ কঙ্কাল।
———————————————————
ৰাংঢালী ছোৱালী
মুহাম্মাদ আফজাল
খোপাত ৰক্তজবা গুজি
ওঁঠত ৰঙা লিপষ্টিক সানি
জিলিকায় প্ৰ'ফাইল পিকচাৰ
সপোনতো লগায় তোলপাৰ
ক'ৰে ঐ ৰাংঢালী ছোৱালী!
————————————————————
0 Comments