পষোকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ ত্ৰয়োদশ সংখ্যা

————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা 
সম্পাদকীয়...

অসম কাব্য কাননে প্ৰতি বছৰে প্ৰদান কৰি অহা “কাব্যম বঁটা” ২০২৩ বৰ্ষৰ বাবে জোনমণি দাসলৈ তেওঁৰ “কোলাহলৰ মাজতো ” শীৰ্ষক পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে৷  এইবাৰ কাব্যম বঁটাৰ বাবে ত্ৰিশোৰ্ধৰ কবিৰ পৰা পাণ্ডুলিপি আহ্বান কৰা হৈছিল৷ আমাৰ হাতত পৰা মুঠ ৩৫টা পাণ্ডুলিপিৰ পৰা তিনিজনীয়া বঁটা নিৰ্বাচকৰ দলে “কোলাহলৰ মাজতো ”ক বঁটাৰ বাবে নিৰ্বাচিত কৰে৷   ডিচেম্বৰত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া অসম কাব্য কাননৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত বঁটাটি প্ৰদান কৰা হ’ব।  কাব্যম বঁটাৰ লগত থাকিব  স্মাৰক, প্ৰশস্তি পত্ৰ আৰু  নগদ পঁচিশ হাজাৰ টকা।কবি জোনমণি দাসলৈ অসম কাব্য কাননৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰা লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
  উক্ত অধিৱেশনত এখন কবিতাৰ মেলো অনুষ্ঠিত কৰা হ’ব। কাব্যনুৰাগীৰ আন্তৰিক সহায় সহযোগিতা কামনা কৰিলোঁ।

বিনীত–
নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা
উদয়  কুমাৰ  শৰ্মা

    কবিতা এটি পঢ়োঁতে -- ৰসগ্ৰাহী, মননশীল পঢ়ুৱৈয়ে মূলত: কি বিচাৰে? ভাষাৰ অভিনৱত্ব, (সদৰ্থক) চিন্তাৰ নতুনত্ব আৰু শব্দ-প্ৰয়োগৰ সাংকেতিক কৌশল ; শব্দৰ যি ব্যৱহাৰে কল্পচিত্ৰ, উপমা, প্ৰতীক আদিক মনোমুগ্ধকৰ কৰি তুলিব পাৰে। 
    কবিতাত, প্ৰকৃতিৰ সম্পদ -- নৈ, জোন, মাটি, পাহাৰ, সাগৰ আদিক উল্লেখ কৰি লিখোঁতে -- প্ৰতিবাৰে, সিবোৰক ভিন ভিন দৃষ্টিকোণেৰে চাব পৰাটো কবিৰ নিপুণতাৰ পৰিচায়ক। 'নৈ'ক লৈয়ে অলেখ কবিতাৰ সৃষ্টি হৈছে ; হৈ থকিব। পিছে, এগৰাকী কবিয়ে তেওঁৰ কবিতাত 'নৈ'ক বহুবাৰ উল্লেখ কৰোঁতে -- প্ৰতিবাৰে তাক নতুন দৃষ্টিৰে, ন ন ব্যাখ্যা (Interpretation)ৰে বাঙ্ময় কৰিব পাৰিলেহে সি ৰুচিকৰ আৰু ৰসাল হৈ উঠিব। 'শিল' শব্দটোৰ ব্যৱহাৰত -- শিলটোৰ আকাৰ, আয়তন, ওজন, চৰিত্ৰও পঢ়ুৱৈৰ চকুত ভাহি উঠিব পাৰিব লাগিব।  
    কবিতাত, কোনোএটা বস্তুক লক্ষ্য কৰোঁতে -- আন এটি বস্তুৰ মাজেৰে নিৰীক্ষণ কৰিব পৰাটো কবিৰ দক্ষতা ; আৰু, 'আন বস্তু'টো পঢ়ুৱৈৰ উপৰিপাওনা।  
     ধৰ্মমূলক, বুৰঞ্জীমূলক আদি পৌৰাণিক কাহিনী একোটাক কবিতাৰ শৰীৰেৰে আকৌ 'কাহিনী' কৰাৰ সলনি -- সেই কাহিনীক, তাৰ চৰিত্ৰসমূহক আজিৰ বাস্তৱতাৰ লগত খাপ খুৱাই, সোণালী ভৱিষ্যতৰ সন্ধান কৰিব পৰাটেহে অধিক ফলপ্রসূ হ'ব বুলি ভাব হয়।
—————————————
অনুবাদ কবিতা

Winter Sun
By James Study 

sunshine bright snowshine squinting hand shade welcome you warming through layers

শীতকালীন সূৰ্য্য
মূলঃ জেমছ ষ্টাডি
আমেৰিকাৰ কৱি
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

ধৱলীবৰণ ৰৌদ্ৰোজ্বল 
চকু টিপিয়াই থকা হাতৰ ছাঁ
উষ্ণতাৰ নিহালীৰ ভাঁজেৰে আদৰণি
—————————————


তেলেগু কবি কে. শিৱাৰেড্ডীৰ দুটা কবিতা-
সন্তোষ এলেক্সে কৰা হিন্দী অনুবাদৰ পৰা অসমীয়া ৰূপান্তৰ- অপূৰ্ব ভূঞা

১ 
ৰাতি

চকু আছে, নাচাবা
বাহন আছে, নুঠিবা
ভৰিৰ পৰিচৰ্য্যা কৰা

মানুহো আছে 
পিছে দ্ৰব্যতকৈও নিকৃষ্ট ৷

২ 
জনমে জনমে 

পিচচোতালত 
তিনিবছৰীয়া এটি ল’ৰা
ভয়াতুৰভাবে ৰৈ আছে

ভিতৰত তাৰ মাকে
বাচন-বৰ্তন চাফা কৰিছে
আৰু হয়তো দূৰৈৰ ক’ৰবাত 
তাৰ পিতাকে পাথৰ ভাঙি আছে

এনে বয়সত চাগে সিও
এনেদৰে ৰৈ থাকিব লগা হৈছিল
ইয়াত নহয়
হয়তো আন কোনো এটা ঘৰৰ পিচচোতালত ৷

[কবি পৰিচয়: অন্ধ্ৰপ্ৰদেশৰ তেলেগু কবি কে শিৱাৰেড্ডীৰ জন্ম ১৯৪৩ চনত ৷ সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত এই কবি গৰাকীৰ ১৬ খন কাব্যগ্ৰন্থ প্ৰকাশ পাইছে ৷ তেওঁৰ কবিতা হিন্দী,ইংৰাজী, মালায়ালম, কন্নড় আদি ভাষালৈ অনুদিত হৈছে ৷
—————————————
কবিতা

অনুগ্ৰহ কৰি দুৱাৰখন বন্ধ কৰি দিয়ক
দাদুল ভূঞা

বাহিৰত বতাহ বৰষুণ
অনুগ্ৰহ কৰি দুৱাৰখন বন্ধ কৰি দিয়ক

দেশৰ কথাবোৰ লাহেকৈ ক'ব
কোনোবাই শুনিব
ভাল বুলি ভাৱিলে ভাল, নহ’লে যে মহাকাল

বুদ্ধক বিচাৰি চলাথ কৰিছিলোঁ
মনৰ বুদ্ধক চিনি নাপালোঁ

মেকুৰীৰ কাজিয়া
বিষয়- ‘পিঠা ভাগ-বতৰা ’
বিচাৰক- ‘বান্দৰ সেনাপতি’
তৰ্জুত বিচাৰি সমমিতিৰ সূত্ৰ
এহাতে দিয়ে, আনহাতে খায়
এসময়ত সমমিতিৰ সূত্ৰত ফেইল কৰি
সদম্ভে ঘোষণা আন এখন ৰুটীৰ বিচাৰ পৰ্ব

ৰুটীৰ ভাগ বিচাৰি মেকুৰীৰ লানি নিছিগা ভিৰ
যিমান পাৰি সকলোকে দিছে
ৰাজভঁৰাল উদঙ কৰি ৰজাই বিলাইেছ
বান্দৰে হিচাপ কৰিছে
ভাগ ভাগ কৰিছে বি. পি. এল, এ. পি. এল

এনে এটা সন্ধিক্ষণত চিন্তা হয়
অনান্য সকলে খাব কি
উত্তৰ পুৰুষে, তাৰ পিছত, তাৰ পিছত...

ৰজাই বোলে-
“নোখোৱাকৈ জীয়াব পৰাটো হেনো এটা নুতুন কৌশল ”
আৰু
আমি কওঁ- “যুগৰ সন্ধিক্ষণত
গান্ধাৰী হ’ব পৰাটো নিজলৈকে শ্ৰেয় ”

মনে-মনে, চুপে-চাপে জী থাকক
বাচি থাকক দেশ, চলি থাকক এনেদৰেই
আপোনাৰ যদি দেখি শুনি লাগিছে ভাগৰ
তেন্তে, ইমান বৰষুণত ঘৰৰ বাজ নহ’ব
চেঙালুটি খাই হাত-ভৰি ভাঙিব, ককাল ভাঙিব
ঢেৰেকণি পৰি মৃত্যু হ’ব পাৰে আপোনাৰ

তাতকৈ,
দুৱাৰখন বন্ধ কৰি টোপনি যাওঁ আহক

বৰষুণ এৰিলে পুনৰ লগ হ’ম দুয়ো
কথা পাতিম দেশৰ, দহৰ
—————————————
বিসৰ্জন
(লক্ষ্মী দেৱীৰ অপস্তুতি)
নিপন নাথ

আপুনিয়ো বৰষুণৰ লেখীয়া
চেৰাপুঞ্জীৰ আকাশত
গুজি দিব খোজে 
ৰাজস্থানৰ মেঘৰ চকুপানী,
ধেমাজিৰ বাঢ়নী পানীতো
চলাব খোজে
কুবেৰেৰে মধুচন্দ্ৰিকাৰ নাওঁ


যদি দিবই নাজানে
মণিপুৰৰ যুৱতীক মানৱতাৰ এধানি বস্ত্ৰ,
যদি বিলাবই নোৱাৰে 
ৰোহিঙ্গীয়া শিশু আৰু চুডানৰ মেথাক
ন্যায়ৰ এমুঠি ভাত

ধৰ্মৰ সীৰলুয়ে চিৰাচিৰ কৰা
পুঁজিপতি শুঁৰপোকৰ এই পথাৰেৰে
আপুনি আৰু আহিব নালাগে,
ই.এম.আই.ৰ ভাবুকি আৰু বজাৰৰ জুইৰে 
আমি নিজেই ভগাই লʼম 
আমাৰ অভাৱৰ খবৰ ।
—————————————
আখ্যান
চয়নিকা ভূঞা

সকলো কথাই কোৱাৰ প্ৰয়োজনীয়তা নাথাকে
নিৰৱ নিস্তৱতাটো প্ৰাণ থাকে 
ৰং থাকে 
কেতিয়াবা নিৰৱতাও বাংময় হৈ পৰে

কথাবোৰ তেনেকুৱাই
কেতিয়াবা নিৰৱতা 
কেতিয়াবা কোলাহল

পৰিভাষাত জীৱন
জী থকা মানেই জীৱন নহয় 
যিদৰে গাই থকা 
সকলো গানেই গীত নহয়     

খিৰিকীৰ সিপাৰেই 
আন এটা কাহিনী 
আন এখন মুখ
মুদ্ৰাটোৰ ইপিঠি-সিপিঠিতে 
বহু কথা
বহু ৰহণ 

ভালপাওঁ বুলি নোকোৱাকৈও 
কেতিয়াবা কোনোবা কাৰোবাৰ আপোন হৈ পৰে

বয়সে গৰকা কথাবোৰ 
এতিয়া শেলুৱৈ ধৰা কাহিনী হ'ল ৷
—————————————
আগজাননী
ৰূপজ্যোতি শইকীয়া

এলান্ধু কলীয়া চহৰত ৰঙা মেঘবোৰ দেখি
এজাক বৰষুণৰ আশংকা কৰা হৈছে
গান্ধীবাদত বিশ্বাসী মানুহবোৰে ধূতি পিন্ধিব
ৰাজগুৰুৰ নাতিয়ে বাৰুদৰ কামিজ।

কুকুৰবোৰে ইহঁতক সুধিব,
'ডাষ্টবিনৰ চৌকাত গলা ৰুটিৰ সোৱাদ কেনে?'
বান্দৰবোৰে হাততালি মাৰিব
এতিয়া কেনে? এতিয়া কেনে?
বিপ্লৱৰ অগনিত আকৌ জ্বলিব দেশ
এতিয়া কেনে? এতিয়া কেনে?

এজাক বৰষুণৰ আশংকা কৰা হৈছে
ৰাজপথত চোৰবোৰে আলচ কৰিছে
ষোল্ল দিনত নে ত্ৰিশ দিনত সিন্ধি দিব
সন্ত্ৰাসবাদৰ এইয়া শেষ ৰাতি,
আন্ধাৰত জ্বলি যোৱা ঘৰবোৰে চিঞৰিব
এইয়া বিদ্ৰোহৰ শেষ ৰাতি।

মন্দিৰ-মছজিদ-গিৰিজা ঘৰত
এতিয়া তলা লগোৱা হ'ব,
ধৰ্মৰ ঠিকাদাৰৰ মুখত ফেবিকল…
উদয় আৰু অস্তৰ সাক্ষী হ'ব নীলাচল
এলান্ধু কলীয়া চহৰত ৰঙা মেঘবোৰ দেখি
এজাক বৰষুণৰ আশংকা কৰা হৈছে

সৌজনী গণতন্ত্ৰ 
ষোড়শী গাভৰু
কামনাই জ্বলাই দেশৰ শতৰু
হয় হয় হয় কুসুমৰ কাশ্যপ বন্দন
শেষ হ'ব দুখুনী জননীৰ ক্ৰন্দন।
আগজাননী
এজাক বৰষুণৰ আশংকা কৰা হৈছে।
—————————————
দহন
ৰমেশ চন্দ্ৰ ৰায়

টকলা পাহাৰখন দিলোঁ হাতীবোৰক
টাৱাৰবোৰ বৰটোকোলা আৰু শগুনবোৰক
বৰমৌবোৰক ফ্লেটৰ খিৰিকি
গছবোৰ আমি ল'লোঁ

কাৰণ গছবোৰ আমাৰ হ'বলগীয়া কৰিড'ৰৰ ঠাইতে গজিছিল 
কাৰণ গছবোৰ আমি য'ত উদ্যোগ পাতিম বুলি ভাবিছিলোঁ 
তাতেই গজিছিল
যিফালে আমি দখলৰ বাবে চাইছিলোঁ 
সিফালেই গজিছিল গছবোৰ 

গছবোৰ আমি ল'মেই
হাতীবোৰে টকলা পাহাৰখন ল'ব পাৰে 
কেইদিনমানৰ বাবে 
কাৰণ কেইদিনমানৰ পাছত পাহাৰখনো আমাক লাগিব

শিলবোৰ লাগিব
বালিবোৰ লাগিব
নদীৰ পানী লাগিব আমাক 

মাছবোৰে ল'ব পাৰে শুকান নৈখন 
কেইদিনমানৰ বাবে 
কাৰণ কেইদিনমান পাছত শুকান নৈখনো
আমাক লাগিব

সকলোবোৰ আমাকেই লাগিব
অৱশেষ হাবিৰ শেষ সীমাত 
আমাৰ শৱদেহৰ ঠাই উলিয়াব লাগিব।
—————————————
ৰামধেনু
জাহ্নৱী হাজৰিকা

বহুদিনেই হ'ল আকাশত ৰামধেনুখন নেদেখা
কেতিয়ানো শেষ দেখিছিলো জানো!
অহ মনত পৰিছে!
সেই গোগামুখৰ ৰাতিপুৱা!
কিনকিনিয়া বৰষুণ জাকৰ পিছত 
হঠাতেই গাড়ীৰ খিৰিকীৰে দেখা গৈছিল 
সাতোৰঙী বৰ্ণিল ৰামধেনুখন।

ৰামধেনু দেখা মানুহ বোৰৰ 
কথোপকথন শুনা গৈছিল।
কোনোবাই কৈছিল,
আজিকালি ৰামধেনু নোলোৱাই হ'ল আকাশত।
কোনোবাই কৈছিল,ৰ'দ বৰষুণ একেলগে
 নহাই হ'ল।ওলাবই বা কিয়!

নিৰন্তৰ কথাৰ লানি!
মাজে মাজে গাড়ীৰ হৰ্ণ,ব্ৰেকৰ শব্দ।
এৰা!এই যে নিৰন্তৰ কথাবোৰ মানুহৰ..
বুকুত এচপৰা শিল থৈও অনর্গল কথা কৈ থাকিব পৰা মানুহবোৰ।
দুখৰ জাঁজীত উটি ভাঁহি ও হাঁহি থাকিব পৰা মানুহবোৰ!
মুখত ৰং সানি চকুপানী ঢাকি ৰখা মানুহবোৰ।

এই মানুহবোৰৰ বাৰু ঠিকনা আছেনে!
ওলাই নে জোনবাই তাত!
আছেনে আঘোণৰ পথাৰ!
পৰেনে বতাহত হাউলি গাখীৰতী ধানৰ থোক!

সন্ধিয়াৰ আকাশৰ উৰি যোৱা বগলী জাকৰো থাকে জাকৰুৱা ঠিকনা।
অথচ কিছুমান মানুহৰ!
উফ!ভাবিলেই আচৰিত লাগে 
এই মানুহবোৰৰ কথা!

কিমান ধৰণৰ যে মানুহ থাকে এই পৃথিৱীত!
ভাল মানুহ
বেয়া মানুহ
বিশ্বাসী মানুহ
স্বাৰ্থপৰ মানুহ
মৰমিয়াল মানুহ
অহংকাৰী মানুহ!
আৰু বহুতো নমুনাৰ মানুহ..

এই নমুনাৰ পৰিধি ভাঙি 
ওলাই পৰে বহুতো ছৱি।
যিবোৰ ছৱিৰ আঁৰতো আৰু বহুতো ছৱি থাকে।
যিদৰে গল্প এটাৰ শেহান্ততো আকৌ 
আন এটা গল্পৰো উজান উঠে।

বতৰ গোমা আজি।
ৰাতিপুৱা বৰষুণ
এতিয়া আকৌ ৰ'দ।
অহ..তাৰমানে আজি ৰামধেনুৰ দিন।
খন্তেকলৈ মুখৰ হৈ পৰিব পৃথিৱী।

কণ কণ ল'ৰা ছোৱালীবোৰে কিৰিলি পাৰি আকাশলৈ চাব আৰু কব..
ৰামধেনু ওলাইছে সৌৱা চোৱা...
সৰু বোৰৰ লগতে তাইও একান্তমনে চাই ৰব বহুদিনেই নেদেখা ৰামধেনুৰ প্ৰতিচ্ছৱিলৈ।

এৰা!ওলাওক দিয়া ৰামধেনুখন...
গোটেই পৃথিৱীত নোলালেও 
সিহঁতৰ চুবুৰীৰ আকাশত ওলালেও হ'ব।
অন্ততঃ তাইৰ বাবে..
কণমানি কেইটাৰ আনন্দৰ বাবে।
—————————————
শিপা
ৰঞ্জন বৰা

কিমান গভীৰলৈ বগাব পাৰি
অচিন পথত মেৰিয়াই লৈ 
এটি এটি খোজ

এখন হৃদয়ৰ মাজেৰে যায়গৈ
জীয়াই থাকিবলৈ 
এটুপি পানী বিচাৰি !
—————————————
জাসেই বাবা জাং
ড° কমল চন্দ্ৰ নাথ

মাছ মাৰিবা জাং ঐ মাছ মাৰিবা জাং
জাসেই সন আন
ককাঁলত বান্ধি ল সালেই

আঠুলিগি মেসেলি 
ডাঙি ল সিজেনি 
দলনিত মাৰিম ঐ আজি  
হাতী জ'কে ধৰিব
কৈৰা প'ক উঠিব জাসেইসন জকাৰি দিম 
মাছে প'কে কাঁকৰে সালেইটো ভৰিব গৃহস্থই একাহি সাব 
একাঠু পানীতে সাতুৰি নাদুৰি 
সেদালং বেলাতো আজি 
বনঘোষা তানিলৈ সিতোকে জকালং শিহৰি উঠিলে দেহা 
মাছৰে নামতে ধুবাং বাং নাচিলং 
দিনতো এহেলে গ'ল
 
ঘোষাৰে নিচাতে উচপিচ মনতো 
চেনাইলৈ মনতো গ'ল
কেঁচা গীতৰ নিচাতে মনৰে চসতে  
দলনি কৰিলং বকা 
মাছৰ নামতে দুটামান মাৰিলং 
শাহুলিগি ভয় ভিত কৰি 
শহুৰৰ পুতেকক চতালত দেসা পাই 
চৌ চৌ সৰুপানী গ'ল 
ভড়ালৰ গাধেৰিত জাসেইসন থবা গৈ  
পৰিলং উজতি সাই 
যেনে তেনে গৈ পাতিকা পাৰতে 
গাতো ধুলং গৈ 
আজেৰি হং গৈ বুলি !
(আমাৰ নিজা ভাষাৰ সোৱাদ)
—————————————
জুই লাগিছে
মুহাম্মাদ আফজাল

বজাৰত জুই লাগিছিল
ডায়েল কৰিলোঁ –১০১
লগে লগে হাজিৰ 
গাড়ী ভৰ্তি পানী 
আৰু অগ্নি নিৰ্বাপক বাহিনী। 

কবিৰ মনৰ পথাৰতো জুই লাগিছে। 
ডায়েল কৰিলোঁ, মেছেজ পঠিয়ালোঁ কিমান... 
আৰ্তনাদ কৰিলোঁ, দোৱা মাগিলোঁ কিমান... 
সঁহাৰি নাই কাৰো। 
নিৰ্বাক-নীৰৱ সকলো। 
আৰু... 
ক্ৰমশঃ জাহ গৈছে সেই জুইত 
এটি সম্ভাৱনাময় জীৱন-প্ৰতিভা। 

(টোকাঃ সদাশয় পঢ়ুৱৈৰ পৰা উল্লেখিত কবিতাটিৰ ইতিবাচক সমাপ্তি বিচাৰি কবিতাটি অসমাপ্ত ৰূপতে সমাপ্ত কৰিলোঁ।)
—————————————
অসীম
চিমৰাজ হুছেইন 

তাত তেজ নাছিল 
আছিল মৰম 
সোণোৱালী নৈৰ ৰূপোৱালী ঘাটত 
পাইছিলো লগ
কৰিছিলো পাৰ 
জীৱনৰ কতনা ক্ষণ 

হালধীয়া হাঁহিৰ মাজত লুকাই থকা 
শুভ্ৰ মনটোত নাছিল অকনো দাগ 
আছিলো মাথোঁ তাত
শাৰদীয়া নিশাৰ এধানি জোনাক 

তাত যেতিয়া ৰ'দ পৰিছিল
অনুভূতিবোৰ আৰু জিলিকি উঠিছিল 
তাৰ কাপেৰে নিগৰি আহিছিল 
শিলত চেপা খোৱা কলিজাৰ
মুকলিৰ আনন্দৰ অন্তহীন প্ৰকাশ 

সমীমৰ সিমনাত নিজকে বিচাৰি
উতনুৱা আবেলিৰ সময়খিনিত
সি মাতিছিল ৰিঙিয়াই 
দূৰৰ পৰা শুনিছিলো ৰিণিকি
 সময়ৰ দুৱাৰদলিত পুনৰ পাইছিলো 
অসীম আকাশ বিচাৰি...
—————————————
ভোক
দিপ্তী মনি গোস্বামী

ভোকৰ লালসা কি সুদূৰ প্ৰসাৰী!
সকলোকে কৰে ধৰাসাৰী!!
ভোকৰ কৱলত সমগ্ৰ পৃথিৱী
ৰাজনীতিৰ পথাৰত
মন্দিৰৰ দুৱাৰত
সংস্কৃতিৰ পথাৰত
সকলোতে মাথোঁ ভোকৰ উপদ্ৰপ ...

জনতাৰ পেট কাঢ়ি খায়
আজি জনতাৰ অধিকাৰী
সেৱা বেচি ভোক কিনে
আজি মন্দিৰৰ পূজাৰী
সেউজীয়া বেচি পেট বঢ়ায়
আজি সংস্কৃতিৰ পূজাৰী
ধৰ্ম বেচি ভোক কিনে 
আজিৰ কিছু ধৰ্মাধিকাৰী।

যেতিয়া সাগৰৰ লাগিব ভোক
পৰ্বতটো গিলি পেলাব
যদি লাগে পানীৰ ভোক
গিলি পেলাব সূৰ্যটোক
যদি লাগে পৃথিৱীৰ ভোক
গিলি পেলাব সৃষ্টিৰ পাতণিক
তেতিয়া ভোকবোৰে কি খাব ভোকত?
—————————————
প্ৰেমত পৰিছোঁ ...
নয়নমণি দাস 

প্ৰেমত পৰিছোঁ
অবুজ আত্মাৰ
জীৱন জীয়া অনুৰাগেৰে
নিতৌ হালধীয়া হৃদয়খনক 
সেউজীয়া কৰাৰ হেঁপাহত

প্ৰেমত পৰিছোঁ
ভাগৰি নপৰা সপোনটো
শুবলৈ নিদিয়া নিশাটো
ভৰষাৰ মুঠিটো
মোক খেদি ফুৰা
 ৰাতিৰ জোন আৰু দিনৰ বেলি

এতিয়া মোৰ বুকুত 
অজস্ৰ ঢৌৱে নাচিছে
শুকুলা সাজ পিন্ধি
শগুণ মৰা পথাৰৰ
শাৰী শাৰী কঁহুৱাই 
মোকেই হাত বাউলী মাতিছে
শেৱালিয়ে সুবাস ঢালি 
মোৰ মনক মাতাল কৰিছে
পাখিতে পাখি লগাই বগলী দুটাই
কুঁৱলীৰ সতে উলাহেৰে
মনৰ কথা পাতিছে।
সেয়ে দূৰু - দূৰু কঁপে বুকুৰ
থৌকি বাথৌ হিয়াখন মোৰ।

অক্ষিৰ মঞ্চত 
অলেখ সপোনে  ৰাসলীলা পাতিছে
আকাশত নীলাই ফাকু খেলিছে
চিপ-চিপ বৰষুণে পাহাৰ সাৱটিছে
দূবৰিক নিয়ৰে মুকুতাৰ পিন্ধাইছে
আই লক্ষ্মী গৰ্ভৱতী বতৰা 
চৌদিশত বিয়পিছে
দুৰ্গতি নাশিবলৈ দূৰ্গা মা আহিছে

ঋতুৰাণী আগমনত 
মোৰ মৃত সপোনে গজালি মেলিছে
অমৰ প্ৰেমৰ অনুভূতিত
মনটো আকৌ এবাৰ নিলাজ  হৈ পৰিছে ।
—————————————
অমোঘ  মন্ত্ৰ জীৱন জীয়াৰ
প্ৰবীন চন্দ্ৰ তালুকদাৰ

সেই যে জীৱন চক্ৰটো সৰুতে দেখা
ঘূৰাইছিল যিটো আমাৰ মা-পিতাহঁতে!
তাৰো আগতে ঘূৰাইছিল ,ককাদেউতাহঁতে
আমিও লৈছো ঘূৰাব সেইটোকে অহৰ্নিশে!
লগত লৈ আমাৰো ল’ৰা-ছোৱালীহঁতক
নাতি-নাতিনীহঁতেও লৈছে ঘূৰাব সেই 
একেটি চক্ৰকে,একেটি দিশতে, একেটি সুৰতেই
অবিৰাম গতিত জীৱন যাত্ৰাৰ!

অ আ ক খ পঢ়িছিল আমাৰ ককাহঁতে
তাৰ পিচত পিতাহঁতে,
আমিও শিকিছিলো সৰুতে সেইদৰে
মাৰি লৈ খুটিনাটিবোৰ,সেই সৰু সৰু কামৰ
উদ্দেশ্য আছিল মাথোঁ এটিয়ে
শিকিব লাগিব ঘূৰাবলৈ যেনেতেনে
চক্ৰটো সেই জীৱনৰ,সঠিক গতিৰে
নোহোৱাকৈ স্থানচ্যুতি অকণো যাত্ৰাপথৰ৷

ভাল লাগে  চাবলৈ সেয়ে ঘূৰি থকা দেখি
চক্ৰবোৰ সেই অবিৰতভাৱে,
ঘৰে-বাহিৰে,ৰাষ্টায়ে ঘাটে,স্কুলে-কলেজে
উৎসৱে-পাৰ্ৱণে,শুকুলা বৰণ এটি লৈ
যাৰ নাই কোনো ক্ষয়,য’ত নাই কোনো ভয়
দেখা পাওঁ মাথোঁ একেটি দৃশ্যকে
শুনিবলৈও পাওঁ একেটি সুৰকে
অমোঘ মন্ত্ৰ যিটো জীৱন জীয়াৰ৷
—————————————
দুঃখ মোৰ সুখৰ ৰাতিৰ আদিপাঠ  
উইল চিদ্দিকুৰ ৰহমান

আজিকালি মই 
বৰ সহজতে ব'ব পাৰো দুখৰ দোলাভাৰী ভৰ,   
অনায়াসে সহিব পাৰোঁ বুভুক্ষ ৰাতিৰ আন্ধাৰ।
সহিব পাৰো নৰিয়া আইৰ 
বুকুত থিতাপি লোৱা অনাহুত দাহন ; 
কান্ধপাতি ল'ব পাৰোঁ
দুৰ্যোগৰ দোপাল-পিটা বৰষুণৰ জাক 

খৰস্রোত নৈৰ স’তে নিৰন্তৰে গাব পাৰোঁ
খহনীয়াত জাহ যোৱা অথন্তৰীয়া গান,   
শিল হৈ সহিব পাৰো জুয়ে পোৰা পিঠি 
আৰু হৃদয়ৰ আকুল  আহবান ;
তৰ্জনী আঙুলিত আঁকি থ’ব পাৰোঁ
উন্মত্ত উদ্দাম ট্ৰিগাৰৰ নিচান

আয়ে কোৱা কথা-
দুখ মোৰ সুখৰ ৰাতিৰ
আদিপাঠ

সেয়েহে হ'বলা
প্ৰয়োজনত বগাব পাৰোঁ
প্ৰেমৰ পাটকাই
হৃদয়ৰ স'তে সলাব পাৰোঁ হৃদয়

অন্তঃসলিলা যেন 
প্রহেলিকাময়ী মোৰ অবিৰত যাত্রা,
সময়ৰে সলাব পাৰোঁ দুখ-সুখৰ সংজ্ঞা।
শিলৰ  পিঠিতো গজাব পাৰোঁ ইচ্ছাৰ সঁজাল ধৰা কঠীয়া ,
ভিকাচন ভাঙিব পাৰোঁ  
দোলাৰ ভিতৰৰ দেৱদাসী নাচৰ আখৰা। 

পিতায়ে কৈছিল-
ৰাইজে নখ জোকাৰিলে বোৱাব পাৰি নৈ,
বোৱাব পাৰি নিজ বাটে অভিপ্রেত পানচৈ   
—————————————
ঋত্বিক
মৰমী কাকতি

চঞ্চল পবনৰ 
              অধীৰ সুহুঁৰি !
বালি চাপৰিত 
               লিহিৰি কহুঁৱা 
লাহি লাহি নাচে
               মৰম সিচে :

ৰাগি লাগি লাগি
              তুমি প্ৰেমাকুল!
লেহুকা কহুঁৱাক 
               দুবাহুৰে সাৱতা ;
বালি চাপৰিত
               ৰংমেলা বহে
স্ৰোতস্বিনী নদী
               উচ্ছল হৈ হাঁহে :

তুমি আকাশ সজোৱা
               তৰহে তৰহে
মেঘেৰে  খেলা 
               ৰূপহ ৰূপহে ;

দুবৰি বনত
                মুকুতা মণি !
নিয়ৰৰ স্পৰ্শসুখত
                চমকে দুবৰি 
তোমাৰ সহাঁৰিত
                নিয়ৰস্নাতা দুবৰি :

সুগন্ধি শেৱালিৰ 
                কমলা বুলীয়া
মিচিকি হাঁহি
                সুৰভি সুৰভি ;
তুমি প্ৰেম পাশত
                আজীৱন বন্দী :

অনন্যা প্ৰকৃতিৰ
                নিবিড় প্ৰেমিক
তুমি অপৰূপ !
               শাৰদ ঋত্বিক ;
ঢালি বাকি প্ৰশান্তিৰ 
               নিৰল জুৰ ,
পিছ দিলে হেৰাব 
               বাঁহীৰ বিমল সুৰ :

আজন্ম প্ৰেমিকা
               তোমাৰ প্ৰেমত
বাউলী মই !
                ৰৈ থাকো 
বিস্মৃতা মই !
                এজনী ৰাধা হৈ...
—————————————
আঁঠুৱা তলৰ মহ
অতুল চন্দ্র বৰা
                      
বুজিও নুবুজ কিয় সোণামুৱা 
জীৱনটোত যে একো নাই 
ইমান পঢা-শুনা অথলে যাব 
অহংকাৰক দিলে ঠাই 

তোৰ পঢ়াৰ বাবে মাৰে বেচিলে 
বাকচৰ এৰীয়া চাদৰ  
এতিয়া তই ডাঙৰ মানুহ হ'লি
মাৰক নকৰ আদৰ 

দেউতাৰে বাইছিল লোকৰ হাল 
কৰিছিল হাজিৰা কাম
ভাবিছিলে আগলৈ তোৰ যহতে
এসাঁজ সুখেৰে খাম   

তই এতিয়া সঁচাই ডাঙৰ হ'লি 
চহৰত সাজিলি ঘৰ 
পো-ঘৈণীহে আপোন হ'ল তোৰ মা-দেউতা হ'লগৈ পৰ 

মাহেকৰ মূৰতো খা-খবৰ ল'বলৈ
তোৰ আজি আহৰি নাই 
তই বন্দী হ'লি নিজৰ সংসাৰত পাহৰিলি চেনেহৰ আই  

দেউতাৰ আজি ছমাহ দিন ধৰি
অসুখত আছে পৰি   
চকুলো টুকি ভাবে বাৰে বাৰে
কিয়নো নাযাও মই মৰি  

মাৰে সদায় বাটলৈ চাই থাকে 
কিজানিবা তই আহ 
মাহেক পাৰ হৈ বছৰ বাগৰে 
তই কিন্তু এবাৰো নাই

আচলতে কি জাননে বোপাই 
তয়ো হ'বি এদিন বুঢ়া 
তোৰ সন্তানেও তোক জ্বলাব
তয়ো হ'বি গছৰ মুঢ়া  

যিমান মাটি-বাৰী নাথাকক তোৰ 
লাভ নাই অহংকাৰ কৰি 
ইয়াৰ বস্তু ইয়াতে থাকিব 
তয়ো যাবি এদিন মৰি 

সেয়েহে বোপাই তোক সোঁৱৰাই দিছোঁ
কথাষাৰ কৰিবি মন
আই-বোপাইতকৈ একো ডাঙৰ নহয় 
পুত্ৰ, পত্নী কিম্বা ধন 
—————————————
হৃদয়বিহীন জীয়া উশাহ
প্ৰাণ প্ৰতিমা বড়া

কোন তহঁত?
আমি ,আমি হৃদয়বিহীন জীয়া কোলাহল ৷

কি লাগে?
কেঁচা তেজৰ সোৱাদ।

হৃদয় নাই ? নিষ্ঠুৰ ?
উমম হৃদয়বিহীন জীয়া উশাহ৷

আতঁৰি যা, আতঁৰ হ৷ 
আমি ভোকাতুৰ
আমি ৰক্তপিপাসু। 

কোলাহল আমাৰ প্ৰিয়
কাৰোবাৰ চিৎকাৰ আমাৰ হেপাঁহ,
আমি ৰক্তপিপাসু ৷

উন্মাদনা প্ৰিয় ,হৃদয় কংক্ৰিটৰ,
মাতৃ-ভগ্নিক নিচিনো,
আমাক লাগে ৰিক্ত হৃদয়ৰ কল্লোল ৷
আমি ভোকাতুৰ,
আমি ৰক্তপিপাসু ৷

হেৰৌ নৰপিশাস !
পাহৰি নাযাবি ,
কলিৰ শেষত কল্কিৰ অৱতাৰ। 
অসুৰৰ ধ্বংস ঈশ্বৰৰ হাতত । 
—————————————
অপেক্ষা
ইভা গন্ধীয়া ফুকন

এৰি যোৱা ঘাটৰ
বাট এৰি যোৱা বাটৰ
শিলত আপোনাআপুনি গজি উঠা বনবোৰ
কোন কোঁৱৰ কুঁৱৰীৰ
নিমাত নিজান খিনিয়ে
ভেটা ভাঙিব পাৰিব নদীখনৰ
নদীখন দুফাল কৰি
ৰ'দে ডকা মুখখনি তিৰবিৰাই উঠিব
ঢৌ খেলি যোৱা নদীৰ বুকুতে
আপুনি, মই নিজকে বুটলিম
আলফুলে চপাম হাবিয়াস খিনি
লঠঙা ডালবোৰত ওলমি থাকিয়েই ফুলবোৰ
চকুলো হ'ল চকুলো
সেউজীয়া সুগন্ধিৰ কামনাত
অকোৱা পকোৱাকৈ অপেক্ষাই সাবটা
বট বৃক্ষৰ নিচিনাকৈ তামৰঙী মানুহৰ ইতিবৃত্ত
অপেক্ষাই চালি দিয়া উৱলা ফুটাৰে
জৰজৰকৈ দুখৰে বৰষুণ
কেতিয়াবাহে উল্লাহৰ এচেৰেঙা জোনাক
অপেক্ষাৰ একো লাগ-বান্ধ নাথাকে
নদীয়ে বাৰিষালৈ , ডাৱৰে বৰষালৈ, জোনাকীৰ আন্ধৰলৈ
লঠঙা গছজোপাই ৰৈ ৰৈহে পায় বসন্তক
যেনেকৈ ৰৈ থাকে আহিন
সঁজাল সেউজীয়া মৃদু বতাহলৈ
অপেক্ষাত মাতৃৰ মুখৰ হাঁহি
ন মাহ দহ দিনৰ
আহক দোপাল পিটা প্ৰেম অপ্ৰেমৰ বৰষুণ এজাক
সেউজীয়াৰ বাবে ,পূৰ্ণ হওক অপেক্ষাৰ ভঁৰাল।
—————————————
সময়                                              
অণিমা বৰ্মণ 

সময় প্ৰবাহমান 
ক্ষণে ক্ষণে ন-ন প্ৰমূল্যবোধ
জীৱন নামৰ তৰিখন সময়েই বাই লৈ যায়
দুপাৰৰ ৰহনীয়া ছবিবোৰৰ মাজে মাজে আলফুলে

পথৰ লগৰী ৰিব্ ৰিব্ সমীৰতে উৰুৱাই দিয়ে 
ৰঙা গোলাপৰ পাপৰি আৰু
কেতিয়াবা গৰলৰ বিষবাষ্প !

শৈশৱত আই পিতাইৰ চেনেহৰ সূধাত সাতুৰি-নাদুৰি
কৈশোৰত বিধে-বিধে জ্ঞানবৃক্ষৰ মধুফল বুটলি
যৌৱনৰ উদাত্ত প্ৰেমৰ উন্মাদনা স্থবিৰ কৰি
প্ৰৌঢ়তাৰে সকলো গমি-পিতি চাবলৈ শিকায় সময়েই।

সময়েই মানৱ সৃষ্ট কলা-কৌশল সমৃদ্ধ
বিজ্ঞানৰ জয়ধ্বজা উৰুৱাই
চন্দ্ৰপৃষ্ঠত 'বিক্ৰম' ৰ পদচিহ্ন বহুৱালে।
আগলৈ বা আৰু কিমান কি অসম্ভৱক সম্ভৱ কৰাৰ
প্ৰতিশ্ৰুতিৰে আগুৱাই গৈ আছে সময়ে !

আমিও নিজৰ বাটেৰে আগুৱাই গৈ আছো
সময়ৰ জখলাত বগুৱা আই
পিঠিৰ টুপলীত সযতনে বান্ধি লৈছো
প্ৰজ্ঞা, সততা আৰু গভীৰ আত্মবিশ্বাস।
—————————————
বিৰিণা পাতৰ আঙঠি
ডাঃ বন্দনা তামূলী

সৰু ঘৰখন মনত পৰেনে
সেই যে আমাৰ অতীত
মনত পৰেনে
খিৰিকীৰে নীলা আকাশৰ নীলাভ সৰিছিল
গোটেই দিনটোৱেই বতাহত কঁপিছিল
বতাহত কঁপিছিল উতলা মন
সেই বতাহতে কঁপিছিল
সাগৰৰ সৰু বৰ ঢৌ বোৰ
সাগৰৰ সেই ঢৌ বোৰতে 
শুনিবলৈ পাইছিলো যেন
অসমীয়া লোক সংস্কৃতিৰ
নাগাৰা নামৰ ধ্বনি

অন্ধ অবোধ বতাহৰ কঁপনিত
সৰু ঘৰ খনতেই আছিল
লুকা ভাকু সহিতে হাঁহিৰ খলকনি
তৰাৰে সৈতে খেলা মূধচখনো মনত পৰিছে
কিমান অন্ধকাৰ ৰাতি
জোনাক আহিছিল অতি গোপনে গোপনে
সাগৰৰ বুকু শান্ত কৰিবৰ বাবে
সাগৰৰ অন্ধ অটল ঢৌৱে টানি নিছিল

মনত পৰিছেনে সেই দিনটো
কিমান যে দুখত  
শিশু বোৰৰ মুখত হাঁহি বিৰিঙিছিল
সেই সৰু ঘৰ খন মনত পৰেনে
আজি সেই সাগৰৰ ঢৌ
বতাহে বতাহে
দিগন্তৰ পৰা দিগন্তলৈ শূন্য হৈ গৈছে
আৰু মনত পৰেনে
কি যে তোলপাৰ লাগিছিল
সেই সৰু ঘৰ খনত
যেতিয়া হেৰাইছিল মোৰ হাতৰ
সেই বিশেষ বিৰিণা পাতৰ আঙঠিটো
মনত পৰিছে চাগৈ
২২ ডিচেম্বৰৰ শীতৰ সেই সন্ধিয়াটো  ৷
—————————————
৩০-অক্টোবৰ এটি কালিকা লগা দিন
নিপু কুমাৰ দাস 
                  
৩০-অক্টোবৰ তাৰিখ যেন 
অসমৰ ইতিহাসত 
এটি ক'লা দিন হৈ ৰ'ল
আজিৰ এই দিনটো
 কেনেকৈ পাঁহৰো আমি 
 পাহৰিব পাৰি নে?
 পাৰি নে পাহৰিব 
 ক'ত আশাৰ সপোন ভঙা
 এই দিনটোৰ গাঁথা !  

 কত জন হ'ল পিতৃ হেৰা
 কত জন মাতৃ হেৰা
 কত জন আকৌ স্বামীহাৰা
 জীৱনৰ সপোন কঢ়িয়াই 
 এই মায়াৰ সংসাৰত
 জীৱনে পোনা মেলোতেই
 জুইৰ বাখৰেই কাঢ়িলে প্ৰাণ
 কত জনৰ পিতৃ-মাতৃৰ  
 কতনা শিশু হ'ল ঘাট মাউৰা।  

 জীয়া বাস্তৱৰ জীৱন ছবি 
 নিমিষতে হ'ল বিধস্ত
পীড়া আৰু যন্ত্ৰণা ক'লা ধোঁৱা 
হেজাৰ জনৰ আৰ্তনাদ 
প্ৰাণ কাতৰ চিঞৰ আপোন জনৰ  
নিঃসহায় যেন আই অসমী
আকৌ আহিল উভতি 
ত্ৰিশ অক্টোবৰ এটি ক'লা দিন হৈ
অসমী আইৰ বুকুত 

আহা আমি সকলোৱে 
পণ লওঁ এটি বাৰ 
আৰু দুনাই নাহক এনে দিন
অসমৰ আকাশত উৰুৱাই
শান্তিৰ কপৌজনী
হৃদয়ে হৃদয়ে বিলাওঁ 
শান্তিৰ বা  
দুষ্কৃতিক দমন কৰিবলৈ
ধৰোঁ আঁহা আমি হাতেই হাত 
সন্ত্ৰাস নীতিৰ বিৰুদ্ধেই জাগ্ৰত হৈ  

আজি ত্ৰিশ অক্টোবৰ এটি 
 কালিকা লগা দিন
 ইতিহাসে আজিও সোঁৱৰাই
নালাগে আহিব এনে এটি দিন
কত জনৰ আশাৰ সপোন 
নিমিষতে ভাঙি চুৰমাৰ হ'বলৈ
আহা আমি ভেদাভেদ পাহৰি 
জ্বলাওঁ সকলোৱে মিলি পদূলিত এগচি শান্তিৰ চাকি। 
————————————
এটি হৈমন্তিক সন্ধিয়া
নমিতা চৌধুৰী

আজি বৰকৈ কুঁৱলী পৰিছে...
এটা হৈমন্তিক সন্ধিয়া
লগ হোৱা কথা আছিল
তুমি আৰু মই...
গাই যোৱা কথা আছিল
পাক লগা জীৱনৰ বেলাড...
কিছুমান সময়ত থমকি ৰৈ যায়
বুকু ভৰা অলেখ উছাহ আৰু
আবেগ ভৰা দৰদী কথা...

সুখৰ আঁত বিচাৰি
হৃদয়খনো শিল হ'ল...
ঘিটমিটিয়া আন্ধাৰত
হেৰাই যায় সুখৰ সংজ্ঞা...

দুচকুৰ পতাত এতিয়া ভিৰ কৰে
ৰাতিৰ আন্ধাৰে...
আঁত বিচাৰোতে পাক লাগিল
সুখৰ মহুৰাত...। 
————————————— 
ৰিক্ত স্বতন্ত্ৰ
অশোক ভৰালী
                      
পোহৰত দেখো কেঁচা তেজ
আন্ধাৰত ভায়ি আাহে একোটা চিঞৰ
লেলিহান শিখা
চাৰিওফালে মাথো জাল ষড়যন্ত্ৰৰ

কোন কেনি যাব কোনোৱে নেজানে 
অন্ধকাৰত বাটবিচাৰি ফুৰে
সম্মুখত যেতিয়া প্ৰতিবিম্ব উঠে 
প্ৰত্যেকেই তেতিয়া পোহৰক ভয় কৰে

ক্লান্তি, অবাসাদ, দুখ-বিষাদ
ভয় আৰু শূন্যতা
জয়-পৰাজয়, সংঘাত-সংবেদনা
দুৰ্নীতিৰ স্পৰ্শত সকলো মগ্নতা

অপৰাধ, অপৰাধ ঘোৰ অপৰাধ 
নিজৰ চকুপানী পি-খোৱাৰ
সংকীৰ্ণৰ পোতশালত 
চকুৰ পানীৰে নৈবদ্য আগবঢ়াব লাগিব সেৱাৰ

স্বাধীনতা , স্বাধীনতা 
স্বাধীনতা এতিয়া এটা শব্দ , শুনিবলৈ ভাল লগা

কাৰাৰুদ্ধ কণ্ঠৰ বাকৰুদ্ধ প্ৰতিবাদ
বন্ধ চকু, মৌন ভাষা, 
গল্প, উপন্যাস কিম্বা কবিতা
গণিকালয়ত পুৰুষত্বৰ দাম্ভীকতা

মহাত্মা গান্ধী অহিংসা , সুভাষ চন্দ্ৰ বোসৰ  আজাদী, ভগত সিংহৰ ইনক্লাৱ 
বেৰত ওলোমাই ৰখা চিত্ৰকল্প 
শাসকৰ হাতত বাঘজৰী 
অন্ধৰ তুলাচালনীত সত্যৰ অগ্নি পৰীক্ষা
জালিয়াবাগৰ আৰ্তনাদ , পথৰুৱাঘাটৰ হত্যা যজ্ঞ 
সাধুকথা হৈ থাকিল খৰ্গেস্বৰ , মুলাগাভৰু ৰক্ত বৰ্ণ প্ৰতিজ্ঞা

স্বাধীনতা , স্বাধীনতা 
স্বাধীনতা এতিয়া এটা শব্দ , শুনিবলৈ ভাল লগা

মই হিন্দু , তই মুছলমান, সি খ্ৰীষ্টান , সি সিখ , সি ইছাই 
মই ব্ৰাহ্মণ , তই শূদ্ৰ , সি ক্ষত্ৰীয় , সি বৈশ্য ,  সি ছিয়া , সি ছুন্নী 
মই জৈন ,সি প্ৰাৰ্চী 

চিকিৎসালয়ৰ বিচনাত হেৰাই
বৰ্ণ বৈষম্য, জাত_পাত, উচ_নীচ 
মোৰ ভগৱান , তোৰ আল্লাক সুধিলোঁহেতেন
তোমাৰ তেজৰ ৰং কি  ?

ধেৎ...

স্বাধীনতা

চকুৰ পানীক কৰিব লাগিব
অৰণ্য ৰোদন
প্ৰতিবাদ নচলিব
চকুৰ পানীৰে ধুই থাকিব লাগিব
শাসকৰ ভৰিৰ তলত থকা
ৰিক্ত স্বতন্ত্ৰৰ 
—————————————
এদিন তুমি উভতি আহিবা 
গকুল চৌধুৰী

এদিন তুমি উভতি আহিবা 
চিনাকি নদীৰ ঠিকনা বিচাৰি
মই ৰৈ থাকিম মৰম নদীৰ পাৰত 
তোমাক লগ পাবলৈ
তোমাক কাষত পাবলৈ 
প্ৰেম নদীৰ প্ৰতিটো ঘাটত৷

এদিন তুমি উভতি আহিবা 
মোৰ দুখৰ অৰণ্যত 
এজাক সুখৰ বৰষুণ হৈ 
মই অপেক্ষা কৰি ৰ’ম 
মই প্ৰতীক্ষা কৰি ৰ’ম 
তোমাতেই শতযুগৰ প্ৰেমৰ 
পিয়াহ পলুৱাবলৈ ৷  

এদিন তুমি উভতি আহিবা 
মোৰ বিষাদৰ উপত্যকাত 
সাহস-প্ৰেৰণাৰ ৰ’দ কাঁচলি হৈ 
উৎসাহ-উদ্দীপনাৰ নিয়ৰ 
কুঁৱলী হৈ 
মই বাট চাই ৰ’ম জনম জনমলৈ 
তোমাৰ গালত চুমা আঁকি দিবলৈ
মোৰ বুকুৰ মাজত সাৱটি ল’বলৈ
সাৱটি লৈ তোমাক চুই চাবলৈ  

এদিন তুমি উভতি আহিবা 
মোৰ এন্ধাৰ পৃথিৱীত
পূৰ্ণিমা নিশাৰ জোনাকী হৈ 
মই ৰৈ আছোঁ 
মই ৰৈ থাকিম 
তোমাৰ পোহৰ -বৰ্ণালীৰে 
সোঁৱনশিৰিৰ সোণ হৈ 
জিলিকি উঠিবলৈ ৷

এদিন তুমি উভতি আহিবা 
ভালপোৱাৰ দিকচৌ বাটেৰে
মোৰ প্ৰেমৰ বৰ্ষাৰণ্যত 
এটি পৰিভ্ৰমী চৰাই হৈ 
এটি উৰনীয়া পখিলা হৈ 
মই তাতেই আছোঁ
মই তাতেই থাকিম 
সেউজীয়াৰ সাজত তোমাক
ন -কইনাৰ ৰূপত চাবলৈ
ন -কইনাৰ ৰূপত পাবলৈ ৷

এদিন তুমি উভতি আহিবা 
মৰমৰ ঘূণাসুঁতিৰ পাৰে পাৰে 
তুমি মই আমি হৈ থকা দিনৰ
স্মৃতি সুঁৱৰি 
তুমি নহালৈ মই কিনো কৰিম 
তুমি নহালৈ মই আছোঁ থাকিম  
সূৰ্য্য নুডুবা এখন নদীৰ সিপাৰে ৷

এদিন তুমি উভতি আহিবা 
মোৰ মন বননিৰ ফুলনিত 
মৰমৰ সুবাস হৈ 
ভালপোৱাৰ সুগন্ধি হৈ 
মই ৰৈ ৰৈ তোমাকে মাতিম 
মই ৰৈ ৰৈ তোমাকে বিনাম 
তুমি আহিলেই তুমি আহিলেই 
মই এপাহি প্ৰেমৰ পাৰিজাত 
হৈ ফুলিম ৷

এদিন তুমি উভতি আহিবা 
প্ৰেমৰ প্ৰাৰ্থনা শুনি
প্ৰেমৰ আহ্বান শুনি
সকলো বান্ধোন চিঙি 
মই আশাৰে বাট চাই থাকিম 
মই প্ৰত্যাশাৰে বাট চাই থাকিম 
জনম পাৰ হৈ জনম জনমলৈ।

এদিন তুমি উভতি আহিবা
প্ৰেমৰ নীতি নিয়ম মানি 
সকলো বাধাৰ প্ৰাচীৰ ভাঙি 
মই প্ৰতিদিনে ৰৈ থাকিম 
জনম পাৰ হৈ মৃত্যুৰ সিটো 
পাৰত গৈ ৷

এদিন তুমি উভতি আহিবা 
মোৰ এই জীৱন-যৌৱনত 
হাঁহিৰ উৎস হৈ 
আনন্দৰ বন্যা হৈ 
তোমাৰ আগমনৰ খবৰ
নজনালৈ 
তোমাৰ আগমনৰ বাতৰি নোপোৱালৈ 
মই চাই থাকিম মোৰ 
পদূলি মুখলৈ 
তুমি অহালৈ...৷
—————————————
মিলন
অপৰূপা দত্ত 

বহু দিন হ'ল আমাৰ 
আত্মাৰ মিলন হোৱা 
সেয়ে মোৰ হৃদয়ে বিচাৰে 
তোমাৰ সুখত সুখী আৰু 
তোমাৰ দুখবোৰত দুখী হ'বলৈ
কিন্তু.  তুমি যে সেই সুযোগ নিদিয়া
কিয় বাৰু মই পূৰ্ণিমা হ'ব খুজিলে
 তুমি অমাবস্যা হৈ গিলি পেলোৱা 
মই শাওণৰ সেউজীয়া 
পথাৰখন হ'ব খুজো 
কিন্তু ... 
তুমি প্ৰৱল বৰষুণ হৈ
বানপানীত উটাই নিয়া সকলোবোৰ
সেয়েহে চন পৰি ৰয় আজি 
বুকুৰ পথাৰখন 
এগালমান বালি ছটিয়াই তুমি
গজিব দিলা হাজাৰ জোপা কেক্টাছ

কিয় নাজানো !
তোমাক দেখিলেই মোৰ চকুযোৰিয়ে
দেখুন আজি উপবাস খাতে 
তোমাৰ ভুলৰ বাবেই হয়তো
আজি এনে ভাৱ আহে 
বুকুখনত যেন শূলে বিন্ধে 
 কেনেকৈ বাৰু দিও নিজৰ 
 চকুযোৰিক ফাঁকি 
তোমাৰ প্ৰতি থকা মোৰ সততাক 
মন যায় কেতিয়াবা হাজাৰ নষ্ট বাক্যৰে , 
তুমি দূৰ্বল বুলি কবলৈ
কু-সন্মান দিবলৈ 
মোৰ দেহা শাঁত পৰি যোৱকৈ  
কিন্তু.... 

কেতিয়াবা আকৌ কি মন যাই জানা !
পাহাৰৰ সেই জুৰিটোৰ দৰে 
হাজাৰ শিলত ঠেকা খাই 
বাগৰি যাম তোমাৰ বুকুলৈ
আমি আকৌ আমি হোৱাৰ আশাত
পুনৰ মিলনৰ আশাত 
———————————
কবিতা
অঞ্জনা ৰূপা দাস

সুন্দৰ মন, সুন্দৰ শব্দৰ পূজাৰীৰ
বিৰামহীন যাত্রাত
গতি কৰা এক জীৱন্ত শিল্প
কবিতা! 
প্ৰকৃতিও হৈ পৰে কাব্যৰ আধাৰ। 
কেতিয়াবা সাহিত্যৰ সাগৰ মথি
কবিয়ে কৰে শব্দৰ সন্ধান ওৰে ৰাতি  । 
আত্মসন্তুষ্টিত হৈ মগ্ন
সোণোৱালী শব্দৰ পথাৰত 
ৰোপণ হয় কাব্যৰ বীজ। 
সমস্ত আবেগ, অনুভূতি আহি
কলমৰ দুৱাৰ দলিত থুপ পাতে। 
হুৰমূৰাই সোমাই আহে অনুভৱী মানস মঞ্চলৈ। 
শব্দৰ ফুলাম দলিচাত
অনুভৱে আসন পাতি বহে, 
গায় যায় জীৱনৰ অন্তহীন কাহিনী। 
কবিতাৰো আছে নিজস্বতা, 
আপোনাৰ, মোৰ তপত নিশ্বাসত বৈ থকা
জীয়া জীৱনৰ তেজাল কাহিনী বোৰ! 
শেঁতা পৰা ওঁঠৰ তপত হুমুনিয়া বোৰ, 
নিয়ৰ টোপালৰ দৰে
 কেঁচা তেজৰ চকুলোবোৰৰ
 ছন্দ্বোৱদ্ধ সাংগীতিক লয়। 
স্তূপিত হৃদয়ৰ বিষাদৰ 
ধূলি -মাকতিবোৰ
ধুই নিব পৰা উচাহৰ বৰষুণৰ ঢল। 
কেতিয়াবা আনন্দৰ বন্যা লহৰিত হয়। 
কবিতাই শব্দৰ খেলা পাতে
য'ত আবেগে  পাৰ ভাঙি 
বৈ যায় সৰস্ৰোতা হৈ, 
অনুভূতিৰ  শব্দৰ সুষমাই
নিৰলে বাকি দিয়ে
নীৰৱ হিয়াৰ  অযুত সম্ভাৰ। 
সৰি পৰা  এপাহি -দুপাহি
শব্দৰ ফুলে
কবিয়ে গাঁথে শব্দৰ মালা, 
সুবাসিত হয় কবিতা কৰণি।
—————————————
শাৰদীয় স্নিগ্ধতা 
ৰুমী সেনাপতি ভূঞা 

পদূলিমুখৰ শেৱালিজোপাই 
চৌপাশে সিঁচি দিয়ে ,
মতলীয়া সুৱাস !
নিয়ৰসিক্ত দুবৰিৰ দলিচাত 
সিঁচৰিত বাখৰুৱা মুকুতামণি !

শাৰদীয় আৱেগবিহ্বল নিশা ,
অলেখ ভাৱনাই অগাদেৱা কৰে !
নিশাৰ নিৰ্জনতা হৰি ,
নিশাচৰী পখীৰ কাকলি !
তন্ময়তাত ঐন্দ্ৰজালিক প্ৰহেলিকা !

উজাগৰী নিশাত সপোন - দিঠকৰ ,
ছয়াময়া অস্পষ্টতাত অস্থিৰ প্ৰহৰ ,
খিৰিকীৰে সৰকি অহা উদ্দাত্ত বতাহত ,
নিয়ৰসিক্ত জোনাকৰ আৱেষ্টনী !

গভীৰ নিশাৰ জড়তা আঁতৰাই ,
পাতৰ আগেৰে টোপাটোপে 
নিয়ৰ সৰাৰ মৃদু ধ্বনি !
ভৰুণ পথাৰত বা বলাই ,
সম্ভাৱনাই প্ৰাচুৰ্য্যতাৰ বতৰা আনে !

শ্ৰম–ঘামসিক্ত পথৰুৱা সপোন ,
পূৰ্ণতাৰে প্ৰস্ফুটিত ভৰুণ আশা !
বিস্তৃত , উদাৰ ,অসীম অৱদান ,
আশীষ ধন্য  " মা লক্ষ্মীৰ " 
শস্য শ্যামলা মোহনীয় ধৰা !

শাৰদীয় ক্ৰান্তিময় প্ৰচুৰ্য্যৰ আভা  ! —————————————
এটা কুঁৱলীৰ পদ্য  
ড০ আদিল আলী 

অ' বৰষুণৰ দেশ 
প্ৰাচ্যৰ স্কটলেণ্ড 
তুলা যেন কোমল 
তোমাৰ কুঁৱলী 
অ'চেৰাপুঞ্জী 

লুকাল সূৰ্য 
পোহৰ আঁতৰিল, চিকেহি 

কুঁৱলীৰ বুকুত পুষ্পিতা হ'ল শেৱালি 

মাওচিনৰামৰ ঘাঁহৰ দলিচাত 
এদিন প্ৰেমৰ গধূলি, নিজৰাৰ কুলু-কুলু বাঁহী 

গুহাৰ পুৱা 
জলপ্ৰপাতৰ বেলি 
তুমি আৰু মই 
বৰষুণৰ গীত জুৰি 

বাঃ চেৰাপুঞ্জীৰ আকাশৰ ধেমালি  ! 

পাহাৰী কাক বাঁহৰ গুণগুণ গীতৰ ৰ'দালি 

ৰেস্তোৰাৰ চিমনি 
জুইৰ উত্তাপত 
প্ৰাণ পাই উঠিল 
দুপৰ নিশাৰ প্ৰেমৰ কলি   

নিমাত-নিতাল চৰাইৰ কাকলি 

বাঃ পাহাৰ মগ্ন শীতৰ বুকুত 
মই মগ্ন তোমাৰ উমাল বুকুৰ 
ৰঙা গোলাপে আৱৰা চাদৰত 

কুঁৱলীৰ মৰম বিষাদে 
মোৰ বুকুত বৰফৰ চেঁচা পৰশ আঁকে 

শীতৰ জোনাক উৰি আহি 
মোৰ বুকুত ডেউকা মেলে 

কাঁহ পৰি জিন যাই 
দিনৰ পাহাৰৰ শব্দ;কাক স্নান 

পাহাৰৰ পাদভূমিত 
তোমাৰ বুকুৰ পাহ মেলা পদ্য  

বাঃ চেৰাপুঞ্জীৰ কুঁৱলীৰ বুকুৱে বুকুৱে 
তোমাৰ আবেলি ।
—————————————
সুৰুঙাৰে সৰি পৰা উপলব্ধি
জোনমনি বৰা 

মিনা কৰা সুখবোৰ
উৰুখা পঁজাত ৰুগীয়া দেহাত
ভাবিবলৈকে আচহুৱা লাগে ৷
এই ধৰক তেল পানীৰ মিহলোৱা সমাধান
নোহোৱা সুত্ৰ টোৰ দৰে ৷

আজি বোবা হৈ পৰিছো
প্ৰতিযোগিতা আৰু যান্ত্ৰিকতাৰ দৌৰত
নিজকে সমৰপণ কৰিছোঁ
হেৰুৱাই পেলাইছো  মোৰ 
দুভৰিৰ গতিশীলতা মই নিজৰ বাবেই জানো জীয়াই আছোনে ?
কতৰ্ব্য আৰু দায়িত্বৰ ভৰত  দলদোপ হেন্দোলদোপ 
মোৰ অস্তিত্ব 
মই যে এটা দুঠেঙীয়া গাধ ৷
—————————————————

Post a Comment

0 Comments