————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
চুচুক চামাককৈ শৰতে নিয়ৰৰ জুনুকা পিন্ধি তিতাইছে দূবৰি ।শেৱালিৰ সুবাসত আমোলমোল পদূলি । নৈ পাৰৰ কঁহুৱাই জুৰিছে সেই সাতামপুৰুষীয়া শৰতৰ গীত। গুৰুজনাই তাহানিতে বৰ্ণনা কৰি যোৱা সেই শৰতকাল পাবলৈ নাই,তথাপি আহিন-চেঁচা বতাহজাকে আমাৰ সকলোৰে কিছু পৰিমানে হ’লেও গা-মন শীতলাইছে। বিগত কেইবাবছৰৰ মূৰত এইবাৰ কিছু আগতীয়াকৈ শীত নামিছে।
এনে এক উৎসৱমুখৰ পৰিবেশতে আমিও আপোনালোকৰ স’তে কিছু ভাললগা কথা ভগাই ল’ব খুজিছোঁ। কবিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি অহা ,২০১৭ খ্ৰীষ্টাব্দত জন্ম লাভ কৰা অসম কাব্য কাননে বিগত বছৰবোৰৰ দৰে এইবাৰো স্বচ্ছতা আৰু নিৰপেক্ষতাৰে প্ৰদান কৰিবলগীয়া 'কাব্যম-বঁটা-২০২৩' ৰ বাবে ত্ৰিছ বছৰৰ ঊৰ্দ্ধৰ কবিৰ পৰা কবিতাৰ পাণ্ডুলিপি আহ্বান কৰিছিলোঁ। নিৰ্ধাৰিত সময়ৰ ভিতৰত মুঠ ৩৫ টা পাণ্ডুলিপি আমাৰ হাতত পৰিছিল। নিৰ্দিষ্ট সময় পাৰ হৈ যোৱাৰ পাছতো আৰু কেইবাটাও পাণ্ডুলিপি আমাৰ হাতলৈ আহিছিল যদিও সেয়া গ্ৰহণ কৰিব পৰা নগ’ল। সাম্প্ৰতিক সময়ৰ প্ৰতিষ্ঠিত কবিৰ পৰা নবীন কবিলৈ, সকলোৰে এই অভূতপূৰ্ব সঁহাৰিয়ে আমাক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছে। ইতিমধ্যে পাণ্ডুলিপিসমূহ তিনিজনীয়া বিচাৰক সমিতিৰ হাতত অৰ্পণ কৰা হৈছে। নবেম্বৰ মাহৰ ভিতৰতে 'কাব্যম বঁটা' ঘোষণা কৰা হ’ব। এই বঁটাটি অহা ডিচেম্বৰ মাহত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া অসম কাব্য কাননৰ বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হ’ব।
আপোনালোকৰ গঠনমূলক সমালোচনা আৰু সু-দিহা পৰামৰ্শ আমাৰ একান্তই কাম্য।
আহক, আমি হাতত হাত ধৰি আগুৱাই যাওঁ।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা
কবিতা লিখিবলৈ লোৱা কবিতানুৰাগীসকললৈ
উদয় কুমাৰ শৰ্মা
এনে কবিতা লিখিবলৈ যত্ন কৰোঁ আহক -- যাতে, আমাৰ কবিতা ছপাবলৈ পাই, আলোচনীৰ সম্পাদকমণ্ডলীয়ে নিজকে ধন্য হোৱা বুলি মানিবলৈ লয়।
অসমৰ মুখ্য আলোচনীকেইখনৰ কোনো এখনেই আপোনাৰ কবিতা আজিলৈকে প্ৰকাশ কৰা নাই কাৰণে -- হতাশ নহৈ, দুগুণ মনোবলেৰে ভাল কবিতা লিখিবলৈ চেষ্টা কৰি যাওক।
ঘাই ঘাই আলোচনী-কাকতবোৰত আপোনাৰ কবিতাই, পাবলগীয়া মৰ্যাদা পাইছে কাৰণেই -- আপুনি আনন্দিত হৈ উৎসাহিত হ'লেও, উৎফুল্লিত নহ'ব। এনে আলোচনী-সঙ্কলন আদিত প্ৰকাশিত কবিতাৰ সংখ্যাৰ সলনি -- গুণগত মানৰ কবিতাৰ প্ৰতিহে অধিক মনোযোগী হ'লে -- আগলৈ, উপকৃত বা সমৃদ্ধ হোৱাৰ থল থাকে।
নিজৰ সৃষ্টিৰ প্ৰতি নিৰ্মোহ হৈও -- কবিৰ আত্মবিশ্বাস অৱশ্যেই প্ৰয়োজনীয় আস্থা।
পানীৰ সৌন্দর্য্যক H2O ৰে ভাঙি বৰ্ণাব নোৱাৰি বুলি জানিও -- সমালোচক নতুবা আন কোনোবাই শুভকামনাৰে, যুক্তিৰে আপোনাৰ কবিতাক টানকৈ বা খুঁটিনাটি মাৰি পঢ়ি দুষাৰ ক'লে -- আপুনি সম্পূৰ্ণকৈ মানি ল'ব নোৱাৰিলেও, অৱজ্ঞা নকৰিব ; কামত আহিব। বিপৰীতে, বিশিষ্ট সমালোচকে আপোনাৰ কবিতাক লৈ ভূয়সী প্ৰশংসা কৰিলে, প্ৰেৰণা পাব যদিও -- তেনে কথাত ভোল গৈ যাতে নিজৰ ক্ষতি নহয়, তালৈও মন কৰিব। যথোচিত সমালোচনা কৰা কামটো : এক কষ্টকৰ কাম।
সেয়ে, সমালোচকজনাক সঁহাৰি জনাবলৈ -- কৃতজ্ঞতাৰ মনোভাবেৰে 'প্ৰণাম' নে সৌজন্যৰ খাতিৰত 'ধন্যবাদ' জনাম : এনে কথাকো আমি নাজানিমনে বাৰু !
অনাহক 'হাততালি'য়ে প্ৰতাৰণাযে নকৰিব, ক'বতো নোৱাৰি।
জুতি, ৰুচি আৰু নতুন চিন্তাৰ তাগিদাত -- ঔটেঙাৰেও মাংস ৰান্ধি চোৱাত ক্ষতি কি! জোলখন বৰবাদ হ'ব পাৰে ; কিন্তু, সিওতো আপোনাৰ অভিজ্ঞতা! তেনেদৰে, কবিতাতো -- ন ন নিৰীক্ষণেৰে কৰা চৰ্চাই কবিক সমৃদ্ধহে কৰিব। মনত ৰখাটো ভাল : কবিতাৰে কথা কোৱাৰ সাহস, নতুন শব্দ ব্যৱহাৰৰ সাহসো হ'ব পাৰে -- পৈণতাৰ পৰিচায়ক।
ভাষাটোক আয়ত্ব কৰিব পৰাটো : কবিৰ প্ৰয়োজনীয় দক্ষতা। তাকে কৰিবলৈ -- অন্তত: ৩ টাকৈ দশক অনুশীলন, সাধনা কৰি যাব পাৰিব লাগিব।
চাব, ৰাধাচূড়া, কৃষ্ণচূড়াৰ দৰে জকমকাই -- আপোনালোকৰ কবিতাই এদিন শেৱালি, বকুলৰ সুবাসো বিলাবলৈ ল'ব।
—————————————
অনুবাদ কবিতা
Winter Moonlight Night
Irfanulla Shariff
Dubai
Winter moonlight night Silver queen showing her face Love birds here and there
শীতকালীন জোনালী নিশা
মূলঃ ইৰফানুলা শ্বৰীফ
ডুবাই
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
শীতকালীন জোনালী নিশা
ৰূপালী ৰাণীয়ে নিজৰ মুখ দেখুৱায়
কামচৰাইৰ নৃত্য ইফালে সিফালে।
—————————————
মূল কবিতা: Dust of Snow
কবি : Robert Frost
ভাৱানুবাদ: ড০ জ্যোতিশিখা দত্ত
'তুষাৰ ধূলি'
হেমলক্ গছৰ পৰা
কাণুক এটাই
তুষাৰ ধূলিৰ এডৰা
মোলৈ পেলায়
ইয়ে মোৰ হৃদয়ৰ
পৰিৱৰ্তন আনিলে
অনুতপ্ত দিনটোৰ
কিছু অংশ ৰক্ষা কৰোৱালে l
ৰবাৰ্ট ফ্ৰষ্ট : (জন্ম: মাৰ্চ ২৬, ১৮৭৪- মৃত্যু: জানুৱাৰী ২৯, ১৯৬৩) তেখেতে এগৰাকী প্ৰসিদ্ধ আমেৰিকান কবি l কবিতাত গাঁৱলীয়া জীৱনৰ প্ৰকৃত প্ৰতিফলনৰ কৌশলৰ বাবে তেওঁ জনাজাত l কবিতা শিতানত তেখেতে চাৰিবাৰকৈ পুলিৎজাৰ বঁটা লাভ কৰিছিল l তেখেতক ভাৰমন্টৰ Poet Laureate উপাধি প্ৰদান কৰা হৈছিল l
—————————————
স্খলন
মূলঃ ৰাছেল এডচন
ভাবানুবাদঃ সঞ্জীৱ সাগৰ চৌধুৰী
মানুহ এজনে চোতালত পাত দুটা পালে
আৰু ভিতৰলৈ আহি মাক-দেউতাক দেখুৱাই ক'লে
তেওঁ এজোপা গছ
কথাটো শুনি মাক-দেউতাকে ক'লে
তেন্তে তুমি বাহিৰলৈ ওলাই যোৱা
ড্ৰয়িং ৰূমত গজি নুঠিবা
নহ'লে তোমাৰ শিপাই কাৰ্পেটখন নষ্ট কৰি পেলাব
তেওঁ ক'লে
-আপোনালোকক মই মুৰ্খ সজাইছিলোঁ
মই গছ নহয়
আৰু এই বুলি কৈ তেওঁ পাতদুটা মজিয়াত পেলাই দিলে
পিছে মাক-দেউতাকে ক’লে-
চোৱা ,ইয়াকেই স্খলন বুলি কয়!
The Fall
There was a man who found two leaves and came indoors holding them out saying to his parents that he was a tree.
To which they said then go into the yard and do not grow in the living-room as your roots may ruin the carpet.
He said I was fooling I am not a tree and he dropped his leaves.
But his parents said look it is fall.
—————————————
আগ্নেয়গিৰি
[সুকান্ত ভট্টাচাৰ্যৰ 'ছাড়পত্ৰ'ৰ
অন্তৰ্গত কবিতা ]
ভাবানুবাদ : দেৱ দাস
আমাৰ মন
হঠাতে কেতিয়াবা আগ্নেয়গিৰি
শান্তিৰ নিবিড় ছায়া
গুহাৰ শুই থকা সিংহৰ দৰে
আমাৰ চকু বহু দিনৰ তন্দ্ৰাত
বিস্ফোৰণৰ পিছৰ
আনটো বিস্ফোৰণৰ
ঠিক মাজৰ সময় খিনিত তুমি আমাক বাৰে বাৰে বিদ্ৰুপেৰে বিধস্ত কৰিছা
কঠিন শিলৰ দৰে আমি আমিটো সহ্য কৰি আহিছো
আমাৰ মুখত মৃদু হাঁহি
বুকুৰ মাজত
পুঞ্জীভূত জ্বলন্ত লাভা
সিংহৰদৰে আধামুদা
চকুৰ নিচিনা
মিছা কল্পনাত গড়ি উঠা তোমালোকৰ চহৰ
আমাক কি কৰি বেৰি ধৰি উৎসৱমুখৰ অমৰাৱতী
বিদ্ৰুপৰ হাঁহি আৰু বিদ্বেষৰ আতচবাজী
তোমালোকৰ নগৰত মদমত্ত পূৰ্ণিমা ৰাতি
চোৱা চোৱা
বন্ধ ছায়াৰ নিবিড় অৰণ্য
চোৱা চোৱা
আমাৰ নিৰুৎসাহিত বন্যতা
তোমালোকৰ চহৰ
আমাক কৰক বিদ্ৰুপ
কুঠাৰে কুঠাৰে
আমাৰ ধৈৰ্যহাৰা
কতোৱেই বিশ্বাস নকৰিবা
আমি বিসুবিয়াস-ফুজিয়ামাৰ সহোদৰ
তোমালোকৰ তাত অজ্ঞাত থাকক
ভিতৰি ভিতৰি মুচৰি মাৰি দিয়া
আমাৰ অগ্নিদগ্ধ অৰণ্যই আবৰা
অন্তৰ্নিহিত উত্তাপৰ জ্বালা
তোমাৰ আকাশ
আকাশ গোলাৰ পোহৰ
শাৰী শাৰী পাহাৰত
মৃদু ধোৱাৰ অৱগুণ্ঠন
ও একোৱেই নহয়
হয়তো এক নতুন মেঘদূত
উৎসৱ কৰা
উৎসৱ কৰা
পাহৰি পেলোৱা
পিছপিনে আগ্নেয়গিৰি
বিসুবিয়াস-ফুজিয়ামাৰ
জাগ্ৰত বংশধৰ
আৰু
আমাৰ দিন পঞ্জিকাত
লিপিবদ্ধ হওক
বিস্ফোৰণৰ পৱিত্ৰ তিথি
—————————————
নেৰুদা
মূল হিন্দী
শমশ্বেৰ বাহাদুৰ সিংহ
অনুবাদঃ–গণেশ বৰ্মন
তোমাৰ সৈতে
বিশ্ব ব্যপ্তি হৈ যোৱাৰ
এটি স্পন্দন এই
মোৰ একান্ত মানৱ
এয়া
কেনেকুৱা!
প্ৰেম,মানুহ আৰু পৰ্বতমালা
আৰু সাগৰৰ
এই পাৰ্থিৱ যথাৰ্থতা
তুমূল সংঘাত
সংঘৰ্ষ— এক নিৰন্তৰ আন্তৰিক
সন্মিলনৰ উপলব্ধি ।
সহ-ব্যপ্তিৰ এই ক্ষণ
মোৰ ভিতৰত যি এই
আপোনত্ব উদ্বেগৰ
তুমি সেইজনেই
আমাৰ নেৰুদা !
——————————————
কবিতা
খিৰিকী
গাৰ্গী ভূঞা
সৌৱা দুৰণিত অতীতৰ পাহাৰ
আৰু সৌৱা ভৱিষ্যতৰ...
মাজতে মোৰ ঘৰ
খিৰিকীৰে চাই আছোঁ মই
দুখন ছবি
দুয়োখন ছবিৰে এতিয়া ছয়াময়া সাঁজ
খিৰিকীৰ আইনাখনক সাৱটি ধৰিথকা
বৰষুণৰ টোপালবোৰে
মোৰ বৰ্তমানৰ ছবিখনো ধূসৰ কৰিছে
মই চাই চাই গণি আছোঁ
চকুৰ সমুখতে চিপজৰী লোৱা
টোপাল টোপাল সময়...
—————————————
শংখধ্বনি
তৃষ্ণা নেওগ বৰুৱা
পদ্যৰ পদূলিত কবিতা এটাই ডেউকা মেলি সাজু হৈছিল উৰিবলৈ
সৰি পৰা পাখি এটিয়ে মাটিত লিখিলে
গল্পকথা
মন্ত্ৰমুগ্ধ এলানি গুৰিপৰুৱা
বগুৱাবাই খবৰ এটা আহিল
আহিনৰ বিলত পদুম এপাহ ফুলিল
তিৰ্বিৰ পাহিত মহাকাব্য এখনৰ প্ৰস্তাৱনাই
গা কৰি উঠিল
পদুম ফুলাৰ খবৰ
ৰঘুপতিৰ কাণত পৰিল
সাজু হৈ উঠিল বেদী
সাজু হ’ল পুৰোহিত
দশানণৰ আত্মাহুতি
কবিতাৰ ডেউকাত
আহিনৰ শংখধ্বনি ।
—————————————
ছাঁ
ইলামণি শইকীয়া
নিজৰ ছাঁটোৰ প্ৰেমত পৰা ছোৱালীজনী কাৰোবাৰ প্ৰচ্ছায়াত এদিন হেৰাই গ’ল৷
তাই নাচিলে ছাঁটোৱে নাচিছিল
তাই ছাঁটোৰ দৰে নাচিছিল৷
কদম তলৰ বাঁহীৰ সুৰ এটাৰ পিছে পিছে
বাউলী ৰাধাজনী হৈ
তাই গুছি যোৱাৰ দিন ধৰি
বাঁহীৰ সুৰ যমুনাৰ অটল তলিত হেৰাই গ’ল...
সময়ে ভাঙি পেলালে ৰচকী পখিলাৰ জীয়া পাখি
বুজা-নুবুজাৰ বঁকিয়াত বহি
নিৰৱে উচুপি ৰ’ল
নিভাঁজ সপোনৰ এচকল আৰম্ভণি...
ছাঁটোৱে তাইৰ বাবে হিয়া ধুনী কান্দিলে
ছাঁটো তাইৰ কাষে কাষে ফুৰিলে
ছাঁটোলৈ চাবলৈ তাই কোনোদিন আহৰি নাপালে ...
—————————————
আহিন
ৰমেশ চন্দ্ৰ ৰায়
আহিন মানেই হেজাৰটা সপোনৰ জাপ
ধাননিৰ সেমেকা আলিৰ
দীঘল যাত্ৰা
এটা দীঘল উকি
আবেলিৰ শীতত মূৰ তুলি চোৱা
এডৰা দুবৰি
যাওঁ নাযাওঁকৈ উভতি ধৰা
বৰষুণজাক
চনপৰা মাটিডৰাত
জুৰোঁ নুজুৰোঁকৈ থকা
হালখন
আহিন মানেই শেৱালি
আহিন মানেই কহুঁৱাৰ ধেমালি
আহিন মানেই মা
মা অহাৰ দিন
আহিন মানেই পানীয়ে মোকোলাই দিয়া
বালিৰ বাট ।
—————————————
কথাৰ কথকতা
চন্দনা ভাগৱতী
কথাৰ কথকতাত ডুলি থাকে সময়
সুখ-স্বাচ্ছন্দ্যৰে ভৰুণ জীৱনৰ দস্তাবেজ
আন্ধাৰৰ আঁৰৰ সুবিধা লৈ সময় নহওক অসময় ।
নোকোৱা শব্দবোৰৰ এদিন সমাৰোহ হ'ব
একো চুক্তিয়েই ৰজিতা নাখাব
নিষিদ্ধ বুলি কোনো শব্দ নাথাকিব
আৰম্ভ হ'ব শব্দবোৰৰ নতুন জীৱন।
কি লৈ জীয়াই থাকো আমি
নিজক লৈ ব্যস্ত থাকা কেৱল তুমি
বিধ্বস্ত হৈছে চহৰ,হে ৰাজন-!
ধ্বংস,যজ্ঞ,বিভিষিকা নিবিচাৰোঁ
তোমাৰ সংসদীয় লেকাম লাগি থাকিলেও থাকক মুখত
জানো,মুখ খুলিলেই হ'ব পাৰে মোৰো বিপদ।
—————————————
মানুহবোৰ ওঠৰ হৈছে
সুশান্ত দাস
ষোল্ল... সোতৰ...ওঠৰ...
বাগৰি বাগৰি
নিঃস্ব, নে আঢ্যৱন্ত
সেইয়া প্ৰশ্ন আৰু
প্ৰশ্নয়েই !
মোৰো হৈছিল ওঠৰ
শতিকাৰ নাট কৰি কৰি,
ডাৰউইন , নিউটনৰ সূত্ৰ
খেদি খেদি
মোৰো হৈছিল ওঠৰ
আকাশ চাই চাই
লৈ মুখত অকপট হাঁহি !
এতিয়া ওঠৰ হৈছে
মই হৈ পৰিছোঁ
এটি ৰঙীন হৃদয়ধাৰী একৰঙী আত্মা
জগত চিনিছোঁ; আৰু মানুহো
মোক ?
চিনিব নোৱাৰা হৈছো,
মই যে নিশব্দ !
আকৌ মই যে ৰৌজাল - বৌজাল কৰা
নিত্য পক্ষী
আচলতে এই ওঠৰ কি ?
এটা বয়স নে..
নে নিৰ্ভীক
অথচ
নিৰৰ্থক সাৰ্থকতা
নে মনৰ তৰুণ ৰ’দ ?
—————————————
ভগা কেৰাহীটোৰ বাবে এক মিনিট মৌনব্ৰত
গিৰিজা শৰ্মা
ইমানকৈ পুৰিও নীৰৱ-নিমাত
জুইৰ স'তে কিনো তাইৰ গোপন আলাপ
ভগা কেৰাহীৰো থাকে হেনো বুকুৰ বিলাপ
দৌৰা-দৌৰিৰ কোবত বঢ়োৱা হয় উত্তাপ
নাই আপত্তি
নাই অজুহাত
যন্ত্ৰণাই বিবৰ্ণ কৰিলেও পাতি দিয়ে বুকু
য'ত নিতে আমি আমাৰ সুস্বাদু আহাৰ সেকো
কেৰাহী বিহীন কিট্ চেন জিভাই মানিয়ে নল'ব
ক্ষয় গৈ গৈ এটা সময়ত ভাগিয়ে যাব
আহক,
ভগা কেৰাহীটোৰ বাবে এক মিনিট মৌনব্ৰত কৰো।
—————————————
জীৱন
প্ৰদীপ চন্দ্ৰ শৰ্মা
জীৱনটো এটা বাক্যৰ দৰে
হ'বও পাৰে কেতিয়াবা
কেতিয়াবা ৰসাল
অন্যথা স্বাদহীন অস্বস্তি
এইযে যতি চিহ্ন
খন্তেক জিৰণি
পুনৰ আগুৱাই যোৱাৰ প্ৰস্তুতি
জীৱনটো কেতিয়াবা
দীঘলীয়া বাক্যৰ দৰে
কিমানযে পাকলগা, অস্থিৰ
কেতিয়াবা নুবুজা বাক্যৰ দৰে
এটি মাথোঁ বৰ্ণ...
—————————————
খিৰিকীৰ কাষত থিয় হৈ থকা ছোৱালীজনী
পবিত্র কুমাৰ নাথ
বহু কল্পনা আৰু উৎকণ্ঠাৰ মাজেৰে
ঘৰটোলৈ সোমাই যাওঁতে – মই ভবা নাছিলোঁ
হাঁহিভৰা মুখেৰে কোনোবাই মোক
সম্ভাষণ জনাব পাৰে।
যি ফালেই চাইছিলোঁ মই অনুভৱ কৰিছিলোঁ
সকলোৱে যেন মোৰ দৰ্শন পাবলৈ
প্ৰাণখুলি মনৰ কথা পাতিবলৈ
যুগ যুগান্তৰৰ পৰা অপেক্ষা কৰি আছিল –
আৰু মই মন্ত্ৰমুগ্ধ হৈ ইখনৰ পৰা সিখনৰ
কাষ চাপি গৈছিলোঁ।
আমাৰ কাৰো মুখত কোনো শব্দ নাছিল
অথচ মৌনতাৰ ভাষাৰে
আমি বহুকথাই পাতিছিলোঁ–
পাৰহোৱা সময়ৰ কথা ।
মই লক্ষ্য কৰিছিলোঁ – তিতা কাপোৰ পিন্ধি
মোৰ উপস্থিতিক কটাক্ষ কৰি নিৰুদ্বেগভাৱে
খিৰিকীৰ কাষত থিয় হৈ থকা ছোৱালীজনীক।
তাইৰ ঢৌ খেলা চুলিত চুমা খাই
ফিৰফিৰিয়া বতাহজাকে যেন
মোক জোকাইছিল।
তাইৰ নিটোল কলাফুলেৰে বৈ আছিল
ফটিক পানীৰ নিজৰা
দেহৰ ভাঁজে ভাঁজে লিপিট খাইথকা কাপোৰখনে
তাইৰ পিঠি আৰু তপিনাৰ নগ্নতাক
বাধা দিব পৰা নাছিল।
তাইৰ মুখখন, তাইৰ চকু দুটা নেদেখাকৈয়ে
মই উপলব্ধি কৰিছিলোঁ– সাগৰৰ বিশালতা আৰু বিস্ময়
মোলৈ পিঠি দি থিয় হৈ আছে
এজনী ৰূপৱতী অভিমানী ছোৱালী
মই বাৰু তাইৰ প্ৰেমত পৰিছিলোঁ নেকি?
আচলতে মই ভাবিব পৰা নাছিলোঁ
তাই যে তেজ মঙহৰ ছোৱালী নহয়
এয়া , যাদুঘৰৰ বেৰত ওলমি থকা
চালভাদ'ৰ দালিৰ এখন বিখ্যাত ছবি
The girl standing at the window.
——————————————
পেলেষ্টাইন
দিলাল আহমেদ
কি অন্ধকাৰ
কি ভয়ঙ্কৰ!
গহন আন্ধাৰত এটা গানৰ গুণগুণনি
টুকুৰাটুকুৰ স্মৃতিবোৰ হৈ উঠে শৰণাৰ্থী!
এই হ্ৰদ, দহ, এই হৃদয় দহন
ভয়াৰ্ত মুখ, দৌৰি ফুৰা আৰ্তজন!
খাদ্য নাই, বস্ত্ৰ নাই, আশ্ৰয় নাই
জুই, জুই আৰু লেলিহান জুইয়ে
উঁক দিয়ে সঘনে...
কোনে কাক মন্ত্ৰ দিয়ে গোপনে
কোনে কাৰ হাত টানে সন্তৰ্পণে
কোনে দিয়ে শ্ৰুতলিপি?
পেলেষ্টাইন,
কোনে কয় তুমি নগ্নদেশৰ পখী?
উঠা, প্ৰজ্বলিত হোৱা
কথা কোৱা সজোৰে৷
—————————————
চিত্ৰপট
চয়নিকা ভূঞা
বহু সময়ত বহু কথা হৈ নুঠে
হ'ব হ'ব বুলি ভাবি থকা কামবোৰো
সময়ৰ অজুহাতত
কেতিয়াবা অলাগতিয়াল হৈ পৰে
নিয়ন লাইটৰ পোহৰত
লেঠাবোৰ এগুণৰ ঠাইত দুগুণ বাঢ়ে
সকলোতে
সময়ৰ সংকেট
ঘড়ীৰ কাটাত সময়
বয়সত সময়
ইফালে
লেহেমীয়া খোজৰ গতি
দোৰোল খোৱা জিভা
আৰু কত উৱলি যোৱা অধ্যায়
সময়ৰ তালিকাত
কত হিচাপ-নিকাচ
কত লেনদেন
অথচ জীৱন মানে
এক বিৰাট শূন্যতা
সৰু অথচ হৃদয়স্পৰ্শী কথাবোৰতেই প্ৰাণ আছে
জীৱন্ত কথাও সময়ত জহি-খহি যায়
তথাপিও
ভাল নোপোৱাকৈ জানো থাকিব পাৰি আপোনজনক
সময়ে উশাহে একাকাৰ হোৱাৰ পৰত
ভাল পাওঁ বুলি নোকোৱাকৈনো কেনেকৈ থাকো !
—————————————
কাঞ্চনমতীৰ সাধু
জাহ্নৱী হাজৰিকা
সময় বাগৰি থাকে
কুঁৱলীৰ ফাঁকেৰে নামি আহে শৰৎ
কিছু সঁচা কিছু মিছা
কঁহুৱাৰ কানে কানে বগাই
মুখ বাগৰা কাহিনীৰ মালিতা
কাঞ্চনমতী থৰ হৈ শুনি থাকে
সেই যে ৰূপকথাৰ কাচনী
কোমল মনা গাভৰুজনী
যাৰ ৰূপতে বলিয়া হৈ
কোনো ৰজাই শালত দিছিল
তাইৰ গিৰিহঁতক
পলকতে কাচনীয়েও মূৰ সোমাইছিলগৈ
সেই শালত
ৰজাৰ কাচনীক পোৱাৰ আশাত
চেঁচা পানী পৰিছিল
কাচনী মৰি ভূত হৈছিল
কাঞ্চনমতী নামৰ সাধুকথা এটাৰ জন্ম হৈছিল
নিজকে চিকুটি চাই কাঞ্চনমতীয়ে
সঁচাই এই কাহিনী আছিল নে!
তায়োতো গুজিছিল কাৰোবাৰ হৃদয়ত
বৰফৰ এজোপা গছ
লাহে লাহে বৰফ গলিছিল
গছজোপা নাইকিয়া হৈছিল
বহু কথাই তাই বুজা হৈছিল
নৈৰ ঘাটত বহি থাকে কাঞ্চনমতী
কোবাল সোঁতত উটি আহে এটা শৱ দেহ
টুলুং ভুটুং কৈ শৱ দেহ গৈ থাকে উটি ভাহি...
এবাৰ ওপৰ এবাৰ তল
তাই ভাবে,জীয়াই থকা দিনত চাগে
ইয়াৰো কত আশা আছিল,
সপোন আছিল!
ইয়ো চাগে কিমান অভং-অঁকৰা-অহংকাৰী আছিল!
এৰা,সোঁতত মৰা শ হে উটে
নিজৰ নীতি আদৰ্শ আৰু
স্বকীয়তাৰে জীয়াই থাকিবলৈ
মানুহক দৃঢ় আত্মবিশ্বাস লাগে
নৈৰ বালিচৰত বহি
শৰালি জাকলৈ চাই কাঞ্চনমতীয়ে
কথাবোৰ ভাবি থাকে
আজিৰ দৰে সৌ তাহানিটো শৰৎ আহিছিল
একেই বাটেৰে,সংগোপনে...
নাহৰ পাতৰ ফাঁকেৰে সৰিছিল
স্নিগ্ধ জোনাকৰ বৰষুণ
পাৰ্থক্য মাথো এটাই আছিল
সেইদিনা পদূলিৰ শেৱালি জোপাৰ তলত মাথো
এযুৰি সাগৰ গভীৰ চকুৱে অপেক্ষা কৰিছিল কাৰোবালৈ..নি:শব্দে..
যি আজি তাইৰ বাবে নষ্টালজিয়া
তেওঁ হয়তো শৰতৰ বতৰা লৈয়েই আহিছিল
দুহাতত শেৱালিৰ সুবাসেৰে
কপা কপা ওঁঠ দুটিৰে কিবা কব খুজিছিল
কিন্তু তেতিয়ালৈ হয়তো বহুত দেৰি হৈ গৈছিল
হঠাতেই কাঞ্চনমতী পদূলিৰ আন্ধাৰত
বিলীন হৈ গৈছিল
আৰু সেই যে বিলীন হৈছিল,
চিৰদিনলৈ কাঞ্চনমতীৰ ছাঁটোও
তেওঁ দেখা নাছিল
এতিয়া তাই ভাবে
যি কথা তেওঁক নোকোৱাকৈয়ে ৰৈ গ'ল
সেই কথা দুচকুত আঁকি লৈ
এতিয়াও গুণগুণাব মন যায়
শৰৎ কিম্বা হেমন্তৰ গান
যি গানত থাকিব শুকুলা মেঘৰ টান
যেন কোনো বাট হেৰুওৱা পথিকৰ
মায়াবী দৰদী প্ৰাণ!
কাঞ্চনমতীয়ে কথাবোৰ ভাবি থাকে
সাধুকথা,ৰূপকথা আৰু কত কি ধৰণৰ যে কথা
ৰূপোৱালী নৈৰ সোণোৱালী ঘাটত
বালিচৰত জিলিকে শৰতৰ জোনাক
নাৱৰীয়াৰ গানৰ তালত স্পন্দিত হয়
কাঞ্চনমতীৰ কঁহুৱা কোমল উশাহ।
—————————————
নিৰ্বাসিত নদী
ইপুল হুছেইন
প্ৰতিশ্ৰুতি নাছিল,
নীৰৱে গজি উঠিছিল
অগণন খেয়ালী অনুৰণন
সহজ নহয় প্ৰতিটো সময়ৰ মূল্যায়ন
সহজ নহয় প্ৰেমময়তাৰ শিল্প
দেখা নহ'ব কোনোদিন
মচি পেলোৱা হ'ব
সমস্ত সম্ভাৱনাৰ সুদিন-দুৰ্দিন
সম্প্ৰতি, শব্দ সন্ধানহীন
উভতি নহা ধৰণে
নিৰ্বাসিত কোনো ঢৌৰ সহযাত্ৰী |
—————————————
এনেকৈয়ে মানুহবোৰ শেষ হ'ব
মণ্টু মৰাণ
দেশনো কি এখন মানচিত্ৰ
উকা কাগজ এখিলাৰ ওপৰত কিছু আঁক বাঁক
দেশ এখন বিচাৰি মানুহবোৰ হাবাথুৰি খাই আছিল
দেশখন অন্য প্ৰান্তৰৰ এখিনি মানুহৰ হাতত
আধিয়াৰৰ দৰে আন এখিনি মানুহে তুলি দিছিল
এতিয়া তাত তেওঁলোকৰ কোনো নাই
দেশখন এৰি মাতৃভূমিলৈ কেতিয়াবাই গুচি গৈছে
প্ৰতিখন দেশ এজন মানুহৰ বাবে মাতৃভূমি কেনেকৈ হ'ব পাৰে
তাৰ তত্ত্ব সাধাৰণ মানুহে নুবুজে
তাৰ তত্ত্ব সাধাৰণ মানুহে বুজিবও নোখোজে
দেশ এখন আছিল স্বাধীন হৈ
স্বাধীন আছিল মাটি-পানী-বতাহ-বেলি-আকাশ
স্বাধীন আছিল মানুহ
অৰিয়াঅৰি আৰু ক্ষমতাৰ খকে দেশখন কোঙা কৰি আনিছিল
বহুতেই ৰজা হ'ব বিচাৰিছিল আৰু বিচাৰিছিল একো একোখন গাদী
তেনেকৈয়ে দেশখনৰ আধা মানুহ মৰিল
তেনেকৈয়ে দেশখন প্ৰায় উছন হৈছিল
ঠেক পাই মানুহবোৰ এসময়ত সচেতন হৈ পৰিছিল
নিজৰ সকলো কেনেকৈ আনৰ হাতলৈ গৈছিল
কেনেকৈ নিজৰ মাটিতে আধিয়াৰ হ'ব লাগিছিল
মানুহবোৰে উপলব্ধি কৰিছিল
লাহে লাহে লাহে লাহে
সেইবাবে দেশখনৰ মানুহবোৰে বিচাৰিছিল এটা নতুন দিন
সেইবাবে দেশখনৰ মানুহবোৰে বিচাৰিছিল এটা সূৰ্য্য
সেইবাবে দেশখনৰ মানুহবোৰে বিচাৰিছিল এজন ৰজা
বিচাৰিছিল মাথোঁ এজন ৰজা
মানুহবোৰে লিখি লৈছিল নিজাকৈ এখন সংবিধান
মানি লৈছিল এখন পতাকা
প্ৰত্যেকেই তুলি লৈছিল হাতত অস্ত্ৰ
নিৰ্ধাৰণ কৰিছিল দেশৰ সীমা
মাটিৰ সীমা
কোনোবাই কাৰোবাক ভাল পাইছে মাৰি পেলোৱা
কোনোবাই কাৰোবাক প্ৰশ্ন কৰিছে দণ্ডিত কৰা
কোনোবা ন্যায় বিচাৰি আবেদন কৰিছে মৃত্যু দণ্ড দিয়া
এনেকৈয়ে দেশখনৰ মানুহবোৰ মৰি আছে
আৰু এনেকৈয়ে মানুহবোৰ শেষ হ'ব
ঘৰ বিভীষণ মহাভাৰতৰ এতিয়াও আছে দেশখনত
এতিয়াও আছে পদবীলোভী মানুহ ইতিহাসৰ
এতিয়াও পাৰ্থক্য আছে উচ্চ নিচৰ, নাৰী পুৰুষৰ
দেশ এখন আছে দেশৰ ভিতৰতে
দেশৰ মানুহো আছে দেশখনৰ ভিতৰতে
মৰি মৰি আছে এনেকৈয়ে মৰি আছে দেশৰ ভিতৰতে।
—————————————
চিঠি
ৰিংকুমণি বড়া
চিঠিবোৰ গুচি গ'ল
মলঙা চোলা এটা পিন্ধি
নীলা আখৰৰ আন্তৰিকতাবোৰ বুকুত সামৰি
গুচি গল উভতি নহাৰ বাটে...!
যন্ত্রৰ মাজত যান্ত্রিকতাবোৰ সাৱটি
আমিবোৰ আগুৱাই গ'লো
অপেক্ষাবোৰ নোহোৱা হ'ল হেপাঁহবোৰ ক্ষণস্থায়ী হ'ল
সম্পৰ্কবোৰ সহজলভ্য
কিন্তু
আন্তৰিকতাবোৰ কমি গ'ল
পৰিবৰ্তনৰ ঢৌত চিঠিবোৰ এলাগী হ'ল
হৃদয়বোৰ ডিজিটেল হ'ল!
—————————————
লটাৰী খেল
ডাঃ বন্দনা তামুলী
বাইদেউ লটাৰী টিকট এটা লওক
ভোগালী বিহুৰ উদ্দেশ্যে
হঠাৎ চক খাই উঠিলো
পাহৰি গৈছিলো
সেই যে বিয়াৰ দিনা খনেই
মই এটি লটাৰী টিকট কাটিছিলো
আজিলৈ ফলাফল ঘোষণাই নহ’ল
লটাৰী টিকটৰ উপহাৰবোৰ আছিল
সুখ দুখ ,শান্তি অশান্তি ,হাঁহি কান্দোন
আজি সাঁতাইশ বছৰ পিছত
আকৌ কৰ্মস্থানত লটাৰী টিকট
বৈবাহিক জীৱনৰ বহু ঘাত প্ৰতিঘাত
অকলেই চম্ভালি লৈছিলো
কিমান যে খলা বমা পাৰ কৰিলোঁ
কিমান যে গাজনি আহিল
মন আকাশত
কিমান যে চুনামি আহিল
মন সাগৰত
বাধাবোৰ অতিক্ৰম কৰি কৰি
চুলিবোৰ বগা হ’ল
ছালবোৰ শুকাই গ’ল
কেবল উশাহ লৈ আছো
আজিলৈকে জীৱনৰ খেল শেষ নহ’ল
গতিকেই লটাৰী খেলৰ
ঘোষকো হাৰি গ’ল
সকলো হেৰুৱায়ো তোমাক হেৰুৱা নাই
মোৰ দৃঢ় বিশ্বাস
তুমি হাৰি যাবা বুলি
খেলৰ ফলাফল ঘোষণা নকৰিলা
অৱশ্যে মই যে বে-আইনী কৰি
উপহাৰবোৰ বাছি লৈছিলো
দুখ, কান্দোন আৰু অশান্তি
তথাপিও হয়তো মোৰ মৃত্যুৰ দিনা
বগা শান্তিৰ কাপোৰখনৰ ওপৰত
জীৱনৰ ফলাফল ঘোষণা কৰিবা ৷
—————————————
পল্লৱ গ্ৰাহিত
ৰেখা বৰকটকী
অম্লজানৰ পৃথিৱীত আমি নলগা জেং
অপহূতা তৰু-তৃণ
সেউজ পৰ্ণা অংকুৰতে কবৰত পোত যোৱা ফচিল
সেউজী হৰিৎ সাগৰত আজি কাৰ বিষাদৰ কনক চম্পা?
অম্লজানৰ ধ্বংস যজ্ঞত কোনখন বনানিৰ চন্দন আমি?
ডাল-পাতৰ অবিহনে জীৱন জীওৱা অশালীন মাদকতাত ৰঙীন জানো ধৰণী?
কাৰ্বনময় মৰীচিকাৰে অলস পৃথিৱী
ডুব গৈছে বেলিমুখীয়া সপোনৰ ৰামধেনু!
নাকে-মুখে কাৰ্বন সিঁচি
বায়ুমণ্ডল ধূমায়িত।
উদং পথাৰ, হাবিৰ তলি উদং
লঠঙা গছ, শুকান পাহাৰত ধূলিৰ ধুমূহা..
পৰ্বত,পাহাৰ ,নৰ্দমা
দলি-চপৰা সকলোতে অম্লজানৰ কঁৰাল
পথাৰৰ বঁকীয়াইদি বৈ অহা মলিয়ন বতাহজাকত জীৱন বোৰে ককবকায়!
হৰিৎ কণাবোৰৰ বিধ্বংসী যজ্ঞত
ঘৃতাহুতি দিয়া সকল অংকুৰতে
নিপাত যাওক---
সূৰুযৰ সপ্তশিখা, হৰিৎকণা আৰু পানী তিনি শক্তিৰ মিলন হোৱাকৈ
সালোক সংশ্লেষণে অনা জাগল চিৰ প্ৰত্যাশী!
বেদনাহত সাগৰৰ ৰিক্ত উপকূলে
নগ্ন পৃথিৱীখনক নকৈ
অন্তঃসত্বা কৰক
যৌৱন বাসনাৰে...
—————————————
আহিনৰ মিঠা অনুভূতি
অনুপমা চৰকাৰ মেধি
পথাৰৰ বঁকিয়াৰ পৰা
উৰি আহিল হঠাৎ
আহিনৰ এটি মিঠা সুঁহুৰি
মোৰ চোতালত এতিয়া
কাঁচিয়লি ৰ'দৰ জিকিমিকি
আহিনৰ আবেলি
সন্ধিয়া জোনাকৰ জিলিমিলি
শৰতৰ শেৱালি
খিল্ খিল্ হাঁহিত মুকুতা সৰে
টুপ্ টুপ্ নিয়ৰে জীপাল কৰে
তলসৰা শেৱালি
বকুল বুটলি
সমনীয়াৰে উমলি
কৰিছিলোঁ ধেমালি
দুপিয়াই নাচি আহে আজি
মোৰ স্মৃতিৰ ল'ৰালি
শব্দৰ জুনুকা পিন্ধি
এখুজি-দুখুজিকৈ
আহিছে এয়া শাৰদী ৰাণী
সুগন্ধি-সুষমাৰে ভৰিছে
মোৰ কবিতাৰ কোঠালি
আপুৰুগীয়া মোৰ
মৰমৰ চোতালত
আমোলমোলাই আছে
সুবাসিত সুৰভি ।
—————————————
অব্যক্ত
বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ
কাৰ খোজত শুকান সৰাপাতৰ
উচুপি থকা শুনিছোঁ।
খোজত ভাঙিছে কামিহাড়
বিষত সেয়েহে উচুপি উঠিছে সৰা পাতবোৰ।
সময়ৰ সোঁতত সৰা পাতৰ দৰেই
সৰি পৰে এই জীৱন।
মৰহি সৰে ফুলবোৰৰ দৰে
হঠাতেই কাৰ কি হ'ব পাৰে কোনেও নাজানে।
কাৰ আঘাতত উকা কাগজখনে
দিছে যে অশ্ৰু বোৱাই।
কবিয়ে লিখা কবিতাটি পঢ়ি সিও বুজি পায়
বিষাদৰ বিৰহৰ গীত গাই।
_______________________________
প্ৰাৰ্থনা
বৰ্ষা তামুলী
এপিয়লা জোনাক পি খোৱাৰ কথা আছিল
মেঘৰ মুকুতা তোমাক যাচি দিয়াৰ কথা আছিল
জোনাক ওমলা টঙীঘৰত প্ৰাৰ্থনাৰ সুৰেৰে
মোক আৱৰি লোৱাৰ কথা আছিল।
প্ৰাৰ্থনা আৰু নিৰ্জনতা
দুয়োৰে সুৰ একেই
প্ৰাৰ্থনাই পৱিত্ৰতা বিচাৰে
নিৰ্জনতাই প্ৰশান্তি বিচাৰে
ভালপোৱাওটো এক নিষ্পাপ প্ৰাৰ্থনা ।
—————————————
তথাপিও নিঃসংগ বেদনা"
ড০ আদিল আলী
মগজুত উঠিল
ভাৱনাৰ উদ্ৰেক
লিখি গ'ল
কবিয়ে স্থবিৰ দিনৰ
নিৰাশ কবিতা
কলম নৰয়;কেৱল চলন্ত গতিত গৈ থাকিল
অকলশৰীয়া জীৱনত কল্পনাৰ গভীৰতা, মূৰ্ত হ'ল বগা কাগজৰ বুকুত শব্দৰ মিছা প্ৰেমৰ নগ্নতা
ৰূপকথাৰ চিত্ৰণ নে ব্যঞ্জনাৰ অংকন
লাগিল কবিৰ মনত দ্বন্দ্ব
সাময়িক বিৰামৰ পৰিসমাপ্তি কৰি
কবিয়ে লিখি গ'ল
শৰতৰ প্ৰেমৰ কবিতা
আৰু
লিখি গ'ল
শেৱালিৰ কোমল বুকুত নিয়ৰৰ নিশাৰ গোপন চুম্বনৰ কথা;তথাপিও নিঃসংগ বেদনা
আকৌ
মাজতে মহানগৰৰ যানবাহনৰ যান-জঁটৰ দৰে
মনত পুনৰ উঠিল সংঘাতৰ জোৱাৰ
কৰুণ কবিতা আঁকিম নে
কৰিম মই নীৰৱতাত ৰৌদ্ৰ কামনা
অৱশেষত
কবিয়ে লিখি গ'ল
শৰতৰ নীলাভ আকাশৰ আনন্দ;
শুকুলা মেঘৰ বেদনা
আৰু
মৌনতাৰ শুভ লগনত আঁকি গ'ল
আকাশ আৰু শীতৰ অন্তৰংগ আনন্দ-বেদনাৰে উদ্বেল ;শিহৰণ ভৰা মুহূর্ত
লগতে লিখি গ'ল কবি শিল্পীৰ প্ৰকৃতিৰ লগত সম্পর্কৰ চেতনা
নাই
তথাপিও বুকুৰ মাজত গুজৰি-গুমৰি উঠে নিঃসংগ বেদনা!
—————————————
অন্ন বস্ত্ৰ আৰু বাসস্থান
নাছিৰ আহমেদ
নলবেইৰা ছলিটো নেঁওতা মুখস্থ মাতে :
অন্ন , বস্ত্ৰ আৰু বাসস্থান,
বাসস্থান , বস্ত্ৰ আৰু অন্ন,
বস্ত্ৰ,অন্ন আৰু বাসস্থান।
সি এতিয়া কান্ধত ওলমি থকা কিতাপৰ বোজা দলিয়াই
নলবাৰীৰ চুকত পাল্লা হাতত লৈ বস্তু বেচা-কিনা কৰে,
মইৰাকুচিৰ গেদা-গেদি ডাষ্টবিনত খাদ্যৰ সন্ধান কৰে ,
গোৱালপাৰীয়া চেঙৰা-চেঙৰী খাদ্য বিচাৰি কয় :
কাণামাছি , কাণামাছি ভো ভো !
গুৱাহাটীৰ ৰেলৱে কলনীত মাজৰাতি কিহৰ চিৎকাৰ?
পেটুৱা বিহাৰীটো তাৰ পৰাই ঢলংপলংকৈ ওলাই আহে
পেটুৱা বিহাৰীটোৰ পেটৰ ক্ষুধা নাই, ক্ষুধা মনৰ ।
নলবেইৰা ছলিটো অনবৰত নেঁওতা মাতে ---
অন্ন , বস্ত্ৰ আৰু বাসস্থান,
বস্ত্ৰ?
সিহঁতৰ পিন্ধনত জোৰা -টাপলি মৰা পোছাক ;
য'ত নিগনি আৰু পইতাচোৰাই বাঁহ বান্ধে,
সবিতাই লাজ ঢাকিব নোৱাৰি ঘৰৰ বাহিৰত ওলাই নেযায় ;
মহানগৰৰ চিম্পী-মাম্পীহঁতে সৌন্দৰ্য প্ৰতিযোগিতাৰ ঢৌত
অৰ্ধ নগ্ন পোছাক পিন্ধে।
নলবেইৰা ছলিটো ঘনঘনকৈ নেঁওতা পঢ়ে --
অন্ন ,বস্ত্ৰ আৰু বাসস্থান,
বাসস্থান?
নলবেইৰা ছলিটো শীত-তাপ নিয়ন্ত্ৰিত কেঁচা ঘৰৰ মজিয়াত শোৱে ,
গোবৰেৰে লেপা-মুচা ঘৰৰ বেৰত সিহঁতৰ আইতাকৰ পাঁচ আঙুলিৰ দাগ অঁকা !
মইৰাকুচিৰ গেদা-গেদি মথাউৰিৰ ভঙা ডেৰাত শোৱে
গোৱালপাৰীয়া চেঙৰা-চেঙৰীয়ে মাকক সুধে ,
'আমাৰ শোতাৰ ঘৰ নাই নাকি, মা ?'
পেটুৱা বিহাৰীটোয়ে তিনি-তলীয়া ৰাজ-ভৱনত থাকে ;
তেওঁৰ বাহুবন্ধনত আৱদ্ধ হৰিজন বস্তিৰ লাড়কীজনী
দিনত আকৌ লাড়কীৰ মুখ দেখি তেওঁ সাতবাৰ গা ধোৱে !
নলবেইৰা ছলিটো আকৌ নেঁওতা পাঠ কৰে ---
অন্ন,বস্ত্ৰ আৰু বাসস্থান,
বাসস্থান, বস্ত্ৰ আৰু অন্ন,
বস্ত্ৰ, অন্ন আৰু বাসস্থান!
[শব্দাৰ্থ:- নলবেইৰা ছলিটো মানে :- নলবাৰীৰ ল'ৰা বা ছোৱালী।
মইৰাকুচিৰ গেদা-গেদি মানে : মৈৰাকুচিৰ ল'ৰা ছোৱালী
গোৱালপাৰীয়া চেঙৰা-চেঙৰী মানে গোৱালপাৰা জিলাৰ ল'ৰা ছোৱালী।
লাড়কী মানে ছোৱালী
শোতাৰ ঘৰ মানে শোৱাৰ ঘৰ
কাণামাছি কাণামাছি ভো ভো মানে খাদ্যৰ সন্ধানত কণা মাখিৰ ভো ভো শব্দ শুনি পেট ভৰায়।
ডেৰা মানে জৰাজীৰ্ণ ঘৰ।]
—————————————
তাই হেনো দুৰ্গা হ'ব
মনচুমী কলিতা নাথ
ফুটুকাফুটুকী ফ্ৰকটোত তাইৰ একোচ শেৱালি
শুকুলা সুবাসভৰা তেনেই আলফুলীয়া
বুটলি আনিছিল উছাহেৰে গৈ গোঁসানীলৈ বুলি
তাইটো এপাহ শেৱালি
ৰঙা বগা গালেৰে তেনেই কুমলীয়া
এঘৰি দুঘৰি গৈ ডুবিছিল আবেলিৰ আহিনীয়া বেলি
এজাক এন্ধাৰে খেদি আহিছিল তাইক
ৰঙা বগা ফুলবোৰ মোচৰ খোৱাদি মোচৰ খাইছিল তাইৰ কুমলীয়া দেহা
দেৱী আৰাধনাৰ পৰত মন্ত্ৰধ্বনি আৰু ঢাক-ঢোলৰ মাতত তল পৰিছিল তাইৰ মুখৰ বিৰবিৰণি
ম্লান পৰিল তাইৰ পূজাৰ আনন্দৰ নিস্পাপ হাঁহি
মোচৰ খাই পৰি ৰ'ল শেৱালিৰ পাহি ।
দেৱী আৰাধনা মন্ত্ৰ
চৌদিশে বিয়পিছে
দুখৰীয়া মন্ত্ৰ তাইও উচ্চাৰিলে
অহা জনমত তাই হেনো দুৰ্গা হ'ব
চকুলো মচি প্ৰতিজ্ঞা কৰিলে ।
—————————————
নিলাম
ৰূপা গগৈ
বানে গৰকি যোৱা পথাৰত পলস পৰে
পিছে প্ৰেমে গৰকি যোৱা হৃদয়খন
চিৰালফাট মেলে...
মোৰ কি দোষ
তোমাৰ দৰে হ'ব নোৱাৰাৰ বাবে নে
তুমি মোৰ দৰে হ'ব নোৱাৰাটো দোষ...
কেতিয়াবা জানা
ভাব হয় হৃদয়খন নিলামতেই দিওঁ
পিছে হৃদয়খন ইমান অনুৰ্বৰা নহয় যে
নিলামত দিবলৈ
হৃদয়খনৰ গৰাকী তুমিয়েই নাছিলা জানো ...
——————————————————
আটাইতকৈ ধুনীয়া ল'ৰাটোৰ প্ৰেমত পৰিছোঁ
নয়নমণি দাস
আপুনিও মোৰ দৰেই
আটাইতকৈ ধুনীয়া ল'ৰাটোৰ
প্ৰেমত পৰিব নেকি ?
তাৰ ধুনীয়া মনটোৰ বাবেই
সি বৰ ধুনীয়া।
সেয়ে মই ধুনীয়া ল'ৰাটোৰ
প্ৰেমত পৰোঁ, হাজাৰ বাৰ...
সি আটাইতকৈ ধুনীয়া বাবেই
পিতৃ-মাতৃৰ প্ৰিয় পুত্ৰ।
শিক্ষাগুৰুৰ প্ৰিয় শিষ্য।
ভাতৃ-ভগ্নীৰ প্ৰেৰণাৰ উৎস।
ভৱিষ্যতৰ সম্পদ অমূল্য ।
সি আটাইতকৈ ধুনীয়া বাবেই
নাৰীক সন্মান কৰে।
নাৰীক অৱহেলিত সজোৱা
সম্ভ্ৰান্ত সমাজখন ঘৃণা কৰে।
বৃদ্ধা অৱস্থাত পিতৃ-মাতৃক সংগ দিয়ে।
ককা-দেউতাৰ ঘামত ফিচিকা
কামিজটোৰ গোন্ধ
জীৱনৰ অন্তিম সময়লৈকে কঢ়িয়াই ফুৰে।
সি পত্নীৰ বুকুত স্পন্দন হৈ থাকে।
প্ৰিয় বন্ধুৰ তালিকাতো
প্ৰথম স্থানত তাৰেই নাম থাকে।
সি বিশ্বাসৰ পোচাক পিন্ধি
মানৱতাৰ শ্বাস গ্ৰহণ কৰে।
নিশ্বাসত অকৃত্ৰিম আন্তৰিকতাৰে
মানৱীয় মূল্যবোধ এৰে ।
সেয়েই মই ধুনীয়া ল'ৰাটোৰ
প্ৰেমত পৰিছোঁ।
আৰু এবাৰেই নহয়...
হাজাৰ বাৰ প্ৰেমত পৰিম।
জনমে জনমে প্ৰেমত পৰিম।
প্ৰেমত পৰিব লৈকে
মই মৰি মৰিও জী উঠিম।
—————————————
শাৰদ কাব্য
মৰমী কাকতি
তপ্ত বালিত লেউসেউ দূবৰি
শুষ্ক কাঠিন্যত নিয়ৰৰ পোৰণি
অধোবদনে দেই গ'ল শেৱালি
চৰ চাপৰিত কঁহুৱাৰ চটফটনি
শাৰদ কাব্যৰ জীৱন্ত চৰিত্ৰসমূহৰ
ধূসৰিত মৰ্মৰ বেদনাত কাতৰ
প্ৰকৃতিৰ সগোত্ৰীয় সদস্যসকল
আমি অনুযোগ কৰা নাই
অভিযোগও কৰিব নোৱাৰো
দোষ আমাৰেই
দণ্ডও বিহিব লাগে আমাতেই
প্ৰকৃতিৰ আমোল নিৰ্যাস
শুহি খোৱা আমি যে তেজপিয়াৰ দল!
মন মোহনীয় শাৰদীয় ছৱিখন
পুনৰ আলোকিত হ'ব
দূবৰিবনত নিয়ৰ মুকুতা সৰিব
দূবৰি দলিচা নিয়ৰ সিক্ত
শেৱালিৰে উপচি পৰিব
নৈৰ চাপৰিত কঁহুৱাফুলবোৰে
লয়লাসে নাচিব
শতদল তলবল
দলদল ফুলিব
বকুলবনত বকুলসুৰভিয়ে
আমোলমোলাব
সেউজীয়া মন এটা লৈ
হৃদয়ৰ উপত্যকাত
অৰণ্য তপোবন
সাজো আহা!
—————————————
মহানাগৰিক জীৱনৰ কবিতা
শব্দৰ মাজত কবি
মুহাম্মাদ আফজাল
শব্দৰ সাধনা কৰে তেওঁ,
অথচ শব্দৰ ভাৰ সহিব নোৱাৰে তেওঁ।
পুৱা দোকমোকালিতে একেখন কোঠাৰ বাসিন্দা
প্ৰিয় বন্ধুৰ ম'বাইল ফোনত বাজি উঠা
হিন্দী গানৰ বিকট শব্দ শুনি
(কাণে-মগজুৱে হজম কৰিব নোৱাৰি)
তেওঁৰ টোপনি ভাগে থিতাতে।
এনেদৰেই এটি অমংগলীয়া লক্ষণেৰে
আৰম্ভ হয় তেওঁৰ (আজিৰ) দিনটোৰ প্ৰাত্যহিক জীৱন।
—————————————
মৃত্যু
নিৰৱপ্ৰিয়া (দৃলীনা দাস)
মৃত্যু সহজ
সহজ প্রেমো
হয়তো জীৱনৰ ক্ষণবোৰো
এটুকুৰা কেঁচা ঘা দি থৈ
আতৰি গ'লা বহু দূৰলৈ
সহজ পথক আঁকোৱালি
মোৰ সহজ জীৱনৰ ক্ষণবোৰক
আউল লগাই গুচি গ'লা
বহু দূৰলৈ
বগা দলিচাৰ শেতালিখন
তোমাৰ জানো প্রিয় নাছিল?
তেন্তে কিয়
নিদ্রাময় পৃথিৱীৰ কোলাত
তুমি ল'লা জিৰণি ?
নিবিচাৰো তোমাক অতীতত
নিবিচাৰো তোমাক স্মৃতিৰ পাতত
তুমি আহিবানে দুনাই
মোৰ অশ্রুসিক্ত নয়নক
আশাৰ বাট দেখুৱাবলৈ
আহিবানে তুমি ?
—————————————
এধানি হিয়াৰ মুকুতা
অঞ্জনা ৰূপা দাস
মোৰ কুমলীয়া এধানি হিয়াখনি
পুৱাৰ দূবৰিত জিলিকা
যেন নিয়ৰৰ মুকুতা মণি,
ৰ'দ পাই জিলিকে ক্ষণিকতে,
মৃদু মলয়া লাগি শুকাই নিমিষতে
যেন এই আছে এই নাই!
মুকুতা হাততে হেৰাই।
মোৰ আলফুল হিয়াখনিয়ে
সুখৰ বতৰা পাই হাঁহে খিল্ খিলায়,
দুখৰ বতৰাতো কন্দুৱাই
পাৰ কৰো উজাগৰী ৰাতি
কিছু বুজোঁ,কিছু নুবুজোঁ
পোৱা-নোপোৱাৰ হিচাপ নাৰাখোঁ
হৰ্ষ-বিষাদৰ ভাগ-বতৰাৰে
জীৱন নিওঁ আগবঢ়ায়।
ভেঙুচালি, উপহাসত ব্যথিত হওঁ কেতিয়াবা!
কেতিয়াবা জীৱনে উজুতিও খায়,
তথাপি নকৰোঁ ভ্ৰূক্ষেপ,
নিদিলেও, নাপালেও
তাতো নাই মোৰ কোনো আক্ষেপ,
জীৱন আগুৱাই যোৱাৰ
লওঁ মাথোঁ পদক্ষেপ।
পাওঁ যদি সুখ কাহানি বা
আনন্দত নহওঁ মতলীয়া।
এনেদৰে আগবাঢ়ে জীৱন পৰিক্ৰমা
দিন আহে ৰাতি যায়,
মাহ আহে বছৰ যায়।
সময়ৰ স'তে খোজ মিলাই
ময়ো দিলোঁ দুভৰি আগবঢ়ায়।
দুখৰ মাজতে সুখ লওঁ বুটলি,
আগুৱাই জীৱনে মাথোঁ সুখী হওঁ বুলি।
—————————————
মমতা
বৃষ্টিশিখা দত্ত
তোমাৰ আৰু মোৰ ভালপোৱাবোৰ
দিগন্তৰ সিপাৰলৈকে আছে বৈ
পাৰ্থক্য মাথো তুমি খনিকৰ
কেৱল নিজক গঢ়াৰ
আৰু মই তোমাক।
কংক্ৰিটৰ পৃথিৱীত কৃত্ৰিম অক্সিজেন লৈ
আমি দুয়ো আজীৱন প্ৰতিযোগী
স্বপ্ন বিলাসী গোলকীকৰণত
দায়বদ্ধতাৰ শিকলি ছিঙি
আত্মকেন্দ্ৰিক আমি।
ব্যস্ত পথৰ ব্যস্ত নাগৰিক তুমি মই
বিয়লিৰ বলুকাত এতিয়া
শূন্য ঘৰৰ বন্ধ কুঠৰিৰ
জীয়া আৰ্তনাদৰ
এলাগী ছৱি।
যান্ত্ৰণাকাতৰ বুকুখনত মমতাবোৰ
পক্ষাঘাতগ্ৰস্ত হৈ উফৰি পৰে
ধূলিয়ৰী বাটত উৰি যায়
গৌৰৱ-অহংকাৰ
পাহৰিলা মা মই তোমাৰ--কুশলে থাকা তুমি।
—————————————
শব্দ নিঃশব্দ আৰু নিঃশব্দতা
নিপু কুমাৰ দাস
পানী মাটি আৰু সূৰ্য্য
কিৰণ-বিকিৰণ
গজালি মেলি ওলাইছে নল
ৰ'দৰ ফুল ফুলা দেখি
লাজতে যেন নলৰ গজালি
পেখম ধৰি উঠিছে
আকাশ ধিয়ায়
শব্দ নিঃশব্দ আৰু নিঃশব্দতা
প্ৰণয়ৰ ধূসৰিত ছবিত
প্ৰেমৰ এটি বিষণ্ণ কবিতা
দিন-ৰাতি একাকাৰ
সুখ-দুখ নিৰ্বিকাৰ
সময় গতি ধাৰা বোৱতী নৈ
পানী মাটি আৰু সূৰ্য্য
সেউজ বাসনাৰ এক চক্ৰ
শব্দ সময় আৰু বৰষুণ
ধৰাত জীৱৰ প্ৰাণ...
নৈসৰ্গিক প্ৰকৃতিৰ বন্যা
শব্দ সমুদ্ৰত কবিৰ কাব্যিক ঢৌ
প্ৰকৃতিৰ অমিয়া ধাৰা
বিজ্ঞান-প্ৰযুক্তিৰ কি মহান সৃষ্টি
মৰতত সূৰ্য্যৰ কপট দৃষ্টি
হায়!বিজ্ঞান সৃষ্টিৰ মহানতাত
প্ৰকৃতিৰ ধ্বংস যজ্ঞ
বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ যাত্ৰা
পৃথিৱীৰ গতি ধ্বংসৰ পিনে এখোজ।
—————————————
জোৱাৰ আনিব লাগিব
দিপ্তী মনি গোস্বামী
স্বাধীন দেশৰ নাগৰিক আমি
গাও স্বাধীনতাৰ জয় গান
গীতৰ তালত নৃত্যৰ ভঙ্গীমাত
নাৰী শক্তিৰ মিছা অভিমান।
পুৰাতন কালৰ কাব্য প্ৰনেতা
গাৰ্গী মৈত্ৰেয়ী শাশ্বতীকে ধৰি
গোপাল আতাৰ দুহিতা পদ্মপ্ৰিয়া আই
আছিল কিমান মহীয়ান!
হেতা বাঢ়নী পৰিচালনাৰ সমান্তৰালকৈ
নাৰী শক্তিয়ে চলাইছে দেশ
দেশৰ কাৰণে দিছে আত্ম বলিদান
অনেক নাৰীৰ কৃতিত্ব বীৰত্বৰ গাথাই
দেশত উজ্বল নক্ষত্ৰ হৈ আছে জ্যোতিষ্মান।
সেই পুৰণি শিপা বিচাৰি
দেশত নাৰী শক্তিক নকৰে বিচাৰ
মাথোঁ অবলা অসহায় ভাবি
কৰে নানা অন্যায় অত্যাচাৰ
যি সংখ্যা বাঢ়ি গৈ আছে দিন প্ৰতি দিন।
স্বাধীন দেশত অসাৰ স্বাধীনতাৰ জয় গান
নাৰী স্বাধীনতাৰ দস্তখত্ বিচাৰি
জোৱাৰ আনিব লাগিব সৰ্বত্ৰমান
সেই অনুচ্ছেদত অনাগত কাললৈ
নাৰী সুৰক্ষিত হৈ ৰ'ব বিদ্যমান।
—————————————
এচমকা কোমল ৰ’দালি
প্ৰাণ প্ৰতিমা বড়া
চৌদিশে কেৱল কোলাহল
কংক্ৰিটৰ হৃদয়
তোমাৰ গতিপথ মসৃণ নহয় বন্ধু
মাথোঁ কন্টকময়
থমকি নৰবা বন্ধু
তোমাৰ যাত্ৰাত আছে সততা
তোমাৰ হৃদয় নিকা
সমাজ গঢ়াৰ সপোন তোমাৰ দুচকুত
কিন্তু...কিন্তু
থমকি নৰবা বন্ধু
অগ্ৰসৰ হোৱা দূৰ দিগন্তলৈ
শুভ্ৰতাৰে ঢাকি পেলাব
স্নিগ্ধ আকাশৰ বুকুৰ অমানিশা
চাবা বন্ধু তোমাৰ মুখত বিৰিঙিব
এচমকা কোমল ৰ’দালি।
—————————————
নুসুধিবা তুমি মোক
অশোক ভৰালী
নুসুধিবা তুমি মোক
চকুপানী ওলাই কিয়,
নুসুধিবা তুমি মোক
বুকুখন বিষায় কিয় !
চকুপানীৰ জানো সময় থাকে
বুকুখন লিৰিকি চোৱাৰ
মই ভাবো কি, তুমি মোৰ আছা ক'ত
নুসুধিবা,
দিনত মনত পৰেনে ৰাতি
সৌ সিদিনা হে তোমাৰ সৈতে চিনাকি মোৰ
ঠিকনহীন পৰিচয়ৰ ।
নুসুধিবা,
চকুপানীবোৰ শুকাই ক'ত,
উশাহবোৰ আছে ক'ত !
নিশাৰ এন্ধাৰত নে দিনৰ পোহৰত
সপোনৰ ৰাতিবোৰ কেতিয়া আহে
নুসুধিবা,
মইতো কোৱা নাই ভুল তোমাৰ বুলি
মইতো সুধা নাই ভুল কিয় কৰিলা বুলি
ভুল মোৰে হৈ গ'ল
তোমাক বুকুত সাৱটি ধৰি ৰখা মোৰ স্বভাৱ হৈ গ'ল ।
আৰু নুসুধিবা তুমি মোক
চকুপানী ওলাই কিয় ,
আৰু নুসুধিবা তুমি মোক
বুকুখন বিষায় কিয় !
তুমি অবিহনে জীয়াই থকাৰ
অভিমান নাই কিয়
তুমি অবিহনে জীয়াই থকাৰ
অভিমান নাই কিয়?
—————————————
শৰৎ
ৰুমী কলিতা দত্ত
শৰৎ নামিলেই মোৰ হিয়াত বয়
এচাটি হিম শীতল চেঁচা বতাহ
নিয়ৰ সৰে দূবৰিৰ দলিচাত
মুকুতা হৈ জিলিকি ৰয় ।
কঁহুৱা কোমল হেঁপাহবোৰে মনটো
ব্যাকুল কৰি তুলে
উৰি যায় নীল আকাশৰ বুকুৱেদি।
প্ৰেমৰ আলিংগন বিচাৰি
বৈ যাব খোজে যৌৱন নদী।
নিৰিবিলি নিজান ক্ষণত প্ৰেমত পৰি হওঁ মতলীয়া
নিগৰি আহে ছন্দময় কবিতা।
—————————————
এজন চিৰ নমস্য ব্যক্তি লৈ একলম
জোনমনি বৰা
হে চিৰনমস্য সুধীৰজন
আপোনালৈ আজি নমন,
অশ্ৰুসিক্ত আজি দুনয়ন
আনন্দৰ বন্য গৌৰৱৰ ক্ষণ ৷
আপুনি জীৱন্ত কিংবদন্তি
হোৱাৰ মধুৰ লগন
মানবী জনম আপোনাৰ
সফল হ’ল
জন্মদাত্ৰী আই
আজি গৌৰৱত গৌৰাম্বিত
পুনৰবাৰ নমন আপোনালৈ
শতকোটি প্ৰণাম
আপোনাৰ আদৰ্শৰে হওক মহীয়ান
নতুন প্ৰজন্মৰ বাবে
হওক আপুনি খতিয়ান ৷
—————————————
পথাৰ
এম.দেৱান ৰাজবংশী
খেতিয়কে খেতি কৰে
সাৰুৱা পথাৰত
পথাৰখনে ধৰিত্ৰী আইক শাওণত
সেউজীয়া বৰণৰ সাজ পিন্ধায় ।
গ্ৰীষ্ম ঋতুৰ সময়ছোৱাত
পথাৰখনে বৰষুণত তিতে , ৰ'দত শুকায় ।
জলচৰ প্ৰাণীয়ে বাৰিষাৰ কালৰ খেতিপথাৰৰ পানীত
খেলা খেলে পথাৰৰ বুকুত ।
বাৰিষাৰ কালৰ সময়ত
পথাৰত ৰুৱনীয়ে ভূই ৰুইলে তিতিব লাগে বৰষুণত।
বোকা লাগে হাতত , ভৰিত, গালত ইত্যাদিত
খেতিয়ক , ৰুৱনীয়ে অনাহাৰে থাকিব
তথাপি দুখ নকৰে পেটৰ ভোকত
খেতিয়কৰ পিঠিখনে খোজে ৰ'দত পুৰি যাব
তথাপি মনে মনে একানপতীয়া হৈ হাল বায় আলি বান্ধে
খেতিয়কে গম পায় পথাৰৰ বোকা মাটি
এনেকুৱাই ।
—————————————
প্ৰেম
প্ৰবীন চন্দ্ৰ তালুকদাৰ
প্ৰেম এটি শব্দ,মিঠা শব্দ
হৃদয়ৰ নিভৃত কোণৰ পৰা নিৰ্গত এটি শব্দ
অৰ্থ যাৰ অনন্ত-অটল,
সাগৰৰ গভীৰতাৰ দৰে
হিমালয়ৰ উচ্চতাৰ দৰে,প্ৰবাহমান নদীৰ দৰে
হৃদয়ে-হৃদয়ে,গাঁৱে-ভূঞে,
চহৰে-নগৰে
বৈ থকা জুৰ মলয়াৰ দৰে৷
প্ৰেম এটি শব্দ,মিঠা শব্দ
যাৰ পৰশতে মূৰ্তমান এই বিনন্দীয়া ধৰা,
প্ৰেমেই লিখে গীত,
প্ৰেমেই লিখে কবিতা,
কাব্য-মহাকাব্য,নাট-উপন্যাস,আৰু
প্ৰেমেই হ’ল সুৰ-ছন্দ-তাল-লয়-নৃত্য,
সৌন্দৰ্য অভিনয়,মেহফিল আৰু বিলাসিতা৷
প্ৰেম এটি শব্দ,মিঠা শব্দ
যিয়ে হঁহুৱাবও জানে
কন্দুৱাবও জানে
সোণৰ সংসাৰ গঢ়িবও পাৰে
ভাঙিবও পাৰে
বিৰহ-বেদনা সিঁচি দি ৰঙীন সপোনবোৰ
আধৰুৱা আৰু বিভীষিকাময় কৰি
তুলিবও পাৰে ৰুদ্ৰৰূপেৰে৷
প্ৰেম এটি শব্দ,মিঠা শব্দ
যি শব্দৰ পৰা নিবিচাৰো আমি
বিৰহ-বেদনা,নাচাও আমি দুঃখ,
সদায় ফুলক গোলাপ
ফুলক শেৱালি,
আহক শৰত
আহক বসন্ত
প্ৰেমৰ পৰশতে
বিচাৰো সদায় আমি৷
—————————————
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
গকুল চৌধুৰী
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
প্ৰেমৰ বাটত অপ্ৰাপ্তিৰ বেদনা সহি সহি
জীৱন যাত্ৰাত যাব লাগিব আগুৱাই ৷
আহিব ধুমুহা
থাকিব প্ৰত্যাহ্বান
প্ৰেমৰ নদীত উঠিব অনাকাংক্ষিত
দুখৰ প্লাৱন ৷
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
আমি দুয়ো ভাবিব নোৱাৰোঁ জীৱনৰ বাকীছোৱা সময়
প্ৰতিটো ক্ষণত আমি অসহায়
প্ৰতিটো লগনত আমি নিৰুপায়
তথাপি দুয়োৰে প্ৰতি দুয়োৰে
মৰম-ভালপোৱা মন-হৃদয়ত
থাকিব সদায় ৷
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
তুমি ক’ত থাকিবা
ক’ত থাকিম মই
নাজানিবা তুমি মোৰ খবৰ বাতৰি
নাজানিম মই তোমাৰ খবৰ বাতৰি
মন-হৃদয়ত এটি প্ৰেমৰ পঁজাঘৰ
সাজিম
তাতে মোক ৰাখিবা তুমি
তাতে তোমাক ৰাখিম মই ৷
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
জীয়াই জীয়াই মৰি আকৌ
মৰি মৰি জীয়াম
ঘৰৰ কথা পেলাব নোৱাৰিম
দুয়ো দুয়োকে এৰিব নোৱাৰিম
কি কৰিম কি নকৰিম
আমাৰ নিজৰ আপোনতকৈও
আপোনজনৰ সুখ, শান্তি আৰু
ভালৰ বাবে ত্যাগ কৰি আমি
দুয়ো সুখৰ মাজতো দুখী হ’ম
দুখৰ মাজতো সুখী হ’ম ৷
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
প্ৰতিদিনে প্ৰতিপলে প্ৰেমৰ অমল
উৎসৱ উদ্যাপন কৰিব নোৱাৰিম
তেন্তে কি কৰিম
প্ৰতিদিনে প্ৰতিপলে প্ৰেমৰ অমল
উৎসৱ উদ্যাপন কৰিব নোৱাৰিলেও আমি কাম কৰিম
মানুহৰ বাবে,মানৱ কল্যাণৰ বাবে
আমি দুয়োজনে নিজৰ নিজৰ
কামৰ মাজে দুয়োজনকে জীয়াই
ৰখাৰ লগতে আমাৰ প্ৰেম
ভালপোৱাকো জীয়াই ৰাখিম
যুগ যুগ ধৰি , দিন, মাহ , বছৰ
অতিক্ৰম কৰি অনন্তকাললৈ ।
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
এই যৌৱনৰ ভৰ দুপৰীয়াৰ
মধুময় সময়
তুমি মোৰ কাষত নাই
মই তোমাৰ কাষত নাই
বিচ্ছেদৰ অগনিত জ্বলি পুৰি
মৰিলেও তুমি মোৰ বাবে মই
তোমাৰ বাবে জীয়াই থাকিম এই জীৱনৰ শেষ উশাহ নিশাহলৈ ৷
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
প্ৰতিদিনে পাৰ কৰিম দুয়োজনে
উজাগৰী নিশা কটাই
মোৰ তোমালৈ মনত পৰি
তোমাৰ মোলৈ মনত পৰি
অন্তৰে কান্দিব চকুলো সৰিব
দুয়োৰে শিতানৰ গাৰু তিতিব
তথাপি দুয়োজনে দুয়োজনৰ
বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা
কৰিম ভালে কুশলে থাকিবলৈ।
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
আমৃত্যু-আমৰণ দুয়ো দুয়োকে
দুয়োৰে মনৰ মাজত কঢ়িয়াই
এই বিষাদ বেদনাৰ বৈতৰণী
পাৰ হৈ যাম মৃত্যুৰ সিটো পাৰলৈ ৷
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
দুখ,কষ্ট ,যন্ত্ৰণা বুকুৰ মাজত লৈ
আঁউসীৰ এন্ধাৰৰ মাজতো
জিলিকিম পূৰ্ণিমা নিশাৰ জোনাক
হৈ
পূৰ্ণিমা নিশাৰ জোনাকৰ বুকুতে
উজলিম একাঁজলি পোহৰ হৈ
প্ৰতিশ্ৰুতি দিয়া মোক
বিশ্বাস,আস্থা আৰু ভৰষাৰ
হাতখন এৰি নিদিবা বুলি
প্ৰতিশ্ৰুতি দিলোঁ তোমাক
বিশ্বাস,আস্থা আৰু ভৰষাৰ
হাতখন এৰি নিদিওঁ বুলি
মোৰ অবিহনে তুমি
তোমাৰ অবিহনে মই
দূৰ দূৰনিত থাকিলেও আমি
দুয়ো এক হৈ থাকিম জনম
জনমলৈ ৷
—————————————
মানৱতাহীন মানৱ তুমি
অপৰূপা দত্ত
ধন-সম্পত্তি যাৰ আছে অজস্ৰ
আপোন কি ,পৰ কি
চতুৰালিৰেই যিজনে মোহে
সমগ্ৰ বিশ্ব
আৰু
স্বাৰ্থ পোৰণৰ বাবে
যিজনে কৰে আনক উচ্ছন্ন
সৎ উপদেশ আওঁকাণ কৰি
চতুৰালিৰে গঢ়ি জীৱন ভেটি
শূন্য যাৰ অস্তিত্ব আজি
তেওঁকেই নোবোলে জানো
মানৱতাহীন মানৱ আজি ?
—————————————
প্ৰেম-অনুৰাগ
ৰশ্মি দলে
মায়াবিনী ৰাতি
পাৰ হ'ল উজাগৰী নিশা
প্ৰেম-মদিৰাত নিচাসিক্ত
সপোন-ৰাগিণী
প্ৰেমিক মোৰ অনুৰাগ
নকৰিবা মোক চলনা
নহয় যে মই মৰুভূমিৰ মৰীচিকা
আছে মোৰ বুকুত জীৱন-তৃষ্ণা
মাজ নিশাৰ আহত পখীৰ
কৰুণ বিননি
নহয় যে মই
শৰত নিশাৰ এদিনৰ বাবে
ফুলা শেৱালি।
আধা ফুলা কলিটি
নিচিঙিবা দেহাটি
ধিমিক-ধামাক চাকিটি
নজ্বলাবা মোৰ বুকুতে
চমকি উঠিব জীৱনৰ ঢৌটি।
—————————————
মই নোহোৱা হ'লে কাৰ কি ক্ষতি হ'ব
পৃথক কলিতা
মই নোহোৱা হ'লে কাৰ কি ক্ষতি হ'ব
মনে কয় দুই-একৰ
দুখৰ কাৰণ হ'ব পাৰো
হয়তো কাৰোবাৰ বাহ্যিক
সুখৰ কাৰণ হ'ব পাৰো
হয়তো কাৰোবাৰ সুখ-দুখৰ
ধৰণ কৰণ সলনি কৰিব পৰো
মই নাজানো ইয়াৰ অন্তইবা ক'ত
পুৱাৰ পৰা গধূলিকৈ
সুখ বিচাৰি গৈ আছো
কেতিয়াবা অকলশৰীয়া হৈ
মৰি গৈছো
জীৱন্তহৈ কেতিয়াবা
উশাহবোৰ সলনি কৰিছো
বহু দূৰ বাটকুৰি বাই
অহাৰ পিছত ভাগৰি পৰিছো
গৈ গৈ একো একোটা
কেকুৰিত ৰৈ দিছোঁ
ৰৈ থকা আৰু গৈ থকা
আচলতে কথাবোৰ একে
সকলোতে খেলিমেলি
একে ঠাইতে কিমান দিন ৰৈ থাকিম
ৰৈ ৰৈ কিমান খোপনি হেৰুৱাম
কোন বাটেৰে গ'লে
সোনকালে তোমাৰ ঘৰ পাম
অকোৱা পকোৱা বাট
লুঙ লুঙিয়া বাট নে আওবাট
কিছুদিন পিছত বেলি লহিওৱাব
গোন্ধত বতাহ গধুৰ হ'ব
শব্দই স্পৰ্শ কৰিব বুকুৰ ফুল
জনা-নজনা সকলোৰে
সজীৱ হ'ব স্মৃতি
যাওঁতে মাত-কথাবোৰ
হাঁহি হাঁহিয়ে দি যাম
হাঁহিলে দুখী মানুহবোৰ জী উঠিব
দুচকুৱে সপোন ৰচিব
মই নোহোৱা হ'লে কাৰ কি ক্ষতি হ'ব
কাইলৈ মই গুছি যাম
কাৰ কি আহে যায় ।
—————————————
0 Comments