পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ একাদশ সংখ্যা


——————————————————
সম্পাদনা সমিতি

উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
_______________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
——————————————————
সম্পাদকীয়ৰ পৰিবৰ্তে

ভগৱান

ভলুকা বাঁহৰ খুঁটাকেইটাই কোনোমতে ধৰি ৰাখিছিল জুপুৰিটো
এটা কোঠাৰে এখনি সুখৰ ঘৰ। সপোন নগৰ ।

ঘৰটোৰ ছয়ভাগৰ এভাগ আগুৰি 
 উত্তৰ-পূৱ কোণত 
এখনি থাপনা 
আয়ে সদায় জ্বলাইছিল  তাতে এগছি চাকি ।

কেতিয়াবা  উহোৱা ডাইল
কেতিয়াবা শুদা ভাত 
তথাপি আয়ে নুমাব নিদিছিল তেলচাকিগছি।

উৰুখা চালেৰে নামি অহা বৰষুণৰ টোপালত
যেতিয়া ভগৱান ককবকাইছিল
আয়ে এনে কৰিছিল যেন হেৰুৱাবলৈ একো বাকী নৰৈছিল 
আৰু পিতায়ে 

পৰাজিত নায়কৰ দৰে  দুটি আঠুত মূৰ গুজি 
হয়তো জীৱনৰ সাথৰ ভাঙিবলৈ শিকিছিল  

মই বুজা হোৱাৰে পৰা সেয়ে বৰষুণ ঘিণ কৰা হ'লোঁ 
যি বৰষুণে দেউতাক বাৰে বাৰে পৰাজিত কৰি
পৃথিৱীৰ সবাতোকৈ সুখৰ সংসাৰখন ভাঙিব খুজিছিল 

চাকিগছিতনো  এনে কি মাহাত্ম্য বিচাৰি পাইছিল আয়ে
পিতাইতকৈও 
পিতাইৰ ঘামতকৈও 

অৱশ্যে  ৰ'দৰ প্ৰেমত তেতিয়াই পৰিছিলোঁ
যিয়ে ইমানৰ পাছতো 
আই পিতাইৰ চকুত ফুলাই ৰাখিছিল প্ৰেমৰ ফুল 

সৰুতে ,বৰষুণৰ এটি উজাগৰী ৰাতি  আইক সুধিছিলোঁ
আই,ভগৱান ক'ত থাকে ?
আয়ে ক'লে-
চাকিগছিত 

তেনে সাধাৰণ টোপাল দুটামানে কেনেকৈ নুমুৱায়
আই নিমাতে ৰৈছিল 

অলপ জনা হোৱাত 
পিতাইক এদিন সুধিছিলোঁ-
তুমিযে আইৰ দৰে বন্তি নজ্বলোৱা?
পিতায়ে ক'লে-
কোনেও নেদেখে মই জ্বলোৱা ঘামৰ চাকি 

দিন গ'ল,বছৰ গ'ল
কেঁচা ঘৰ পকী হ'ল
ঘৰটিত কেইবাটাও কোঠা হ'ল 
বৰষুণৰ দিনবোৰলৈ পিতাইৰ ভয় নোহোৱা হ'ল 

ঘৰটিৰ এটি আছুতীয়া কোঠাত এতিয়া গোঁসাইৰ থাপনা
আয়ে আজিও তাতে চাকি  জ্বলায় ,
আইৰ স'তে পিতায়েও মাজে সময়ে সোমায় ।
ভগৱানক পূজিবলৈ নে 
আইক সন্তুষ্ট কৰিবলৈ,  মই আজিলৈ নুবুজিলোঁ।

এইবাৰ বিহুত 
মইও এগছি চাকি জ্বলালোঁ  থাপনাত

আই-পিতাইৰ চৰণ চুই
পিতাইক ক'লোঁ-ঘামৰ চাকিগছি দেখা পালোঁ; 
আইক ক'লোঁ-
মোৰ ভগৱান বিচাৰি পালোঁ ।

নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা

কবিতাৰ যাদু
উদয় কুমাৰ শৰ্মা

    'মাছ মৰা / ধৰা' আৰু, 'মাছ শুকুওৱা'ৰো পাৰ্থক্য আছে : এটাত  কলা আৰু আনন্দ ; আনটোত, আশা বা সপোন । 

    'নদীখন বৈ যায়' আৰু, 'নৈখন বৈ যায়' ; 'সাজি-কাচি ৰৈ... ' আৰু, 'সাজি-পাৰি ৰৈ... ' : কি বুলি লিখিম  ? দুয়োটা চিত্ৰকল্পৰেই অৰ্থ কিন্তু একেটাই।

    'হাবি ফালি, ওলাই আহিছে হৰিণা' ; 'হৰিণাটিয়ে, হাবি ফালি ওলাই আহিছে' : এইদুটি দৃশ্যমান কল্পচিত্ৰত -- প্ৰথমটোত গুৰুত্ব (কোন?) দিয়া হৈছে 'হৰিণা'ত ; দ্বিতীয়টোত, গুৰুত্ব পাইছে (কেনেকৈ?) 'ফালি অহা'ত। 

    কবিতা-বিষয়ক ভালেমান গ্ৰন্থ পঢ়িও -- কবিতাৰ যাদু বা ৰহস্য বিচাৰি পাব পৰাটো মস্কিল! কবিতাৰ যাদু --  যদিও বহুখিনি, ভাষাৰ যাদুৰ ওপৰত নিৰ্ভৰশীল -- কবিতাক লৈ কবিৰ নিৰন্তৰ কৃচ্ছ্ৰসাধনা, অধ্যয়ন, ন ন নিৰীক্ষণ, নতুন চিন্তা, শব্দৰ সাধনা, বাক্য-বিন্যাসৰ মাধুকৰী কৌশল আদিক আয়ত্ব কৰিবলৈ -- জীৱনৰ এটা আয়ুস-কালেই যথেষ্ট নহয় যেন লাগে  ! 

   খৰধৰকৈ সজা বাঁহৰ বিচনী আৰু, মনপুতি, দীৰ্ঘদিনধৰি তৈয়াৰ কৰা বেতৰ বিচনীৰ পাৰ্থক্যটো কি বাৰু  ? এটি কলা ( Art), আনটো শিল্প ( Craft) । এখনৰ বতাহ -- কেৱল বতাহ ; বেতৰ বিচনীৰ বতাহ -- জুৰ বা ; লগতে, স্থায়ীত্বৰ কথাটোও আছে। 
     ছাঁ / ছায়া, ভন্টি / ভনী / ভনীটি, এন্ধাৰ / আন্ধাৰ / অন্ধকাৰ : এনেবোৰ শব্দৰ প্ৰয়োগতো লুকাই থাকে -- ভাষাৰ কিটিপ, কবিতাৰ যাদু। 

[সেয়ে, মন নগ'লে নিলিখোঁ ; মন গ'লে, নিলিখাকৈ নাথাকোঁ। ]
—————————————
অনুবাদ কবিতা

Micropoetry

Seema Jayaraman, 
Mumbai,20Dec15
*Copyright free

Wavering panes of light
Reflected on sleepy lakes face
Darkened cushion of water
Gently rocking huddle of boats
To clanging bells of a temple
Prepping the Gods for the night rest
by the discarded lights
Flickering from lone street lamps
On a deserted lake bank
Seen in the drop of a moment
Seeking a haven to rest
By the telescoping eyes
Of a firefly desperately hurtling
Down the man-made bridge
Arching over the lakes yawning belly.

#ক্ষুদ্ৰ কবিতা

মূলঃ সীমা জয়াৰমণ,
মুম্বাই,২০ডিচেম্বৰ১৫
*কপিৰাইট বিহীন
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

পোহৰৰ দোল খাই থকা পেনবোৰ
নিদ্ৰালু হ্ৰদৰ বুকুত প্ৰতিফলিত
পানীৰ ক’লা নিহালি
দোল খাই থকা নাও
এটা মন্দিৰৰ বাজি থকা ঘণ্টাবোৰ
নৈশবিশ্ৰামৰ বাবে সৰগীয় প্ৰস্তুতি
নিৰ্জন হ্ৰদৰ পাৰত
টিপটিপাই থকা অকলশৰীয়া ষ্ট্ৰীট লাইট 
সময়ৰ কণিকাবোৰত দেখা গৈছে
জিৰণি ল’বলৈ আশ্ৰয়স্থল বিচাৰি
টেলিস্কোপি চকুৰে হতাশ হৈ পৰা
অশান্ত অগনি
হ্ৰদৰ ওপৰত মানৱসৃষ্ট দলঙৰ তললৈ
হাঁহিৰ উজান উঠা ধেনুভিৰীয়া পেট।
—————————————
কলম 
সুকান্ত ভট্টাচাৰ্যৰ 'ছাড়পত্ৰ'ৰ অন্তৰ্গত কবিতা    
ভাবানুবাদদেৱ দাস

কলম
তুমি যুগ যুগান্তৰ কত কাল আখৰে আখৰেৰে গৈ আছা তোমাৰ যাত্ৰা মাথো 
ক্লান্তিহীন কাহিনী কৰি কৰি 

কলম 
তুমি কাহিনী কৰা 
তোমাৰ কাহিনী 
কিহৰ জ্বালাত জ্বলে তৰোৱালৰ দৰে 
চিক মিক চিক মিক 

কলম 
তুমি মাথো বাৰে বাৰে আনা আৰু অক্লান্ত ভাবে গৈআছা সপোন আৰু পুৰণি কত কথা 

সাহিত্যৰ দাসত্বৰ 
ক্ষুধিত বশ্যতা 
ভগা নিব ৰুগ্ন শৰীৰ 
পানীৰ দৰে চিয়াহি
কলম 
তুমি নিৰপৰাধী সত্তেও 
গালি শাপনি খাইও সহ্যকৰা কত লেখকৰ ঘৃণা 

কলম 
চেষ্টা কৰা থিয়হৈ থাকিব পাৰিবা নে নাই 

হে কলম 
কিমান ইতিহাস লিখিছা তুমি মাথো লিখি লিখি চাৰিও দিশ এৰি দিছ তথাপি ইতিহাসে মূল্য নিদিব তোমাৰ বাবে এধানি অশ্ৰুও নাৰাখিব ইতিহাস যেন অতি কৃপন 
কত লাঞ্ছনা বহু কষ্টত লেখকৰ হাতত নিদ্ৰাহীন চকুত অবিশ্ৰান্ত অজস্ৰ নিশা তোমাৰ আৰালৰ অশ্ৰুতেটো 
শইচ সোনোৱালী বহু সাহিত্য কাব্যৰ বুকুৰ উমত 

তাৰ পিছতো নিৰ্বোধ 
নাই লিখকৰ কৃতজ্ঞতা 
কিদৰে এনেকৈ প্ৰভুপক্ষীয় কথা লিখিবা 

হে কলম 
হে লেখনি 
আৰু কিমান দিন 
ঘহি পিহি হবা ক্ষীণ
আৰু কিমান মৌন মুক শব্দহীন দ্বিধাহীন বুকুত 
ক'লা কলঙ্ক চিহ্ন 
মুখত ৰাখিবা 
আৰু  কত কটাবা দুঃসহ দিন দুৰ্বাৰ লজ্জাত

এই দাসত্ব উফৰি যাওক 
এই কলঙ্ক মুছি মুছি 
কৰ্ম্ম কৰা  কৰ্ম্ম 

তুমি দেখা নাই কৰ্ম্মী
হে কলম
তুমি দেখানাই বেকাৰ 
দেখা নাই বিদ্ৰোহ  
তেজতো নাই

কত শতাব্দী যুগ যুগ ধৰি আছা আজিও দাস
প্ৰত্যেক লেখাত শুনো তোমাৰ দীৰ্ঘশ্বাস
দিন নাই ৰাতি নাই শ্ৰান্তিহীন নাই কোনো ছুটি 

অলপো ইদীশ সিদীশ হ'লেই ভ্ৰূকুটি 
এনেদৰেই পাৰ হয় তোমাৰ দুৰ্ভাগ্যৰ বাৰমাহ
কিমান মূল্যত কিনা 
হে কলম
তুমি ক্ৰীতদাস
সেয়েহে যিমানে নেলেখা 
-কলম আজি বিদ্ৰোহৰদিন
দল বান্ধি ধৰ্মঘট কৰা 
লেখক স্তম্ভিত হওঁক আমোলাই এৰক হাঁফ
মহাজনী হওঁক বন্ধ 
বন্ধ হওঁক কৰ্ম্মজীৱিৰ পাঁপ

উদ্বেগ-আকুল হওঁক প্ৰিয়া 
কলম
আজি বিদ্ৰোহ 
অৱশেষত ধৰ্ম্মঘট হওঁক 
পুণৰ ক'লা চিয়াহী নহয়
আজি ৰঙা তেজৰ ইতিহাস বেৰাই-ঘৰে লিখি 
হে কলম 
চাৰিও দিশ একাকাৰ ।
—————————————
যুগ-চেতনা
মূল —
হিন্দী ওমপ্ৰকাশ বাল্মীকি
অনুবাদগণেশ বৰ্মন 

মই  দুখ সহিছোঁ
প্ৰজন্মৰ পিছত প্ৰজন্ম কিমান যে কষ্ট --
তথাপিও তুমি দেখা নোপোৱা
মোৰ উৎপীড়ন 
এই কাৰণেই সমস্ত যুগকেই 
প্ৰবঞ্চক যেন লাগে মোৰ  ।

মিছা ইতিহাস ৰচিত হয় ইয়াত 
ভণ্ড মৰ্যাদাৰে ভৰপূৰ সকলো
আততায়ীৰ ৰক্ত-ৰঞ্জিত আঙুলিত 
উজলি উঠে যেন 
মীনা কৰা সোণৰ আঙঠি

কিমান যে প্ৰশ্ন উত্থাপিত হয়
কিমানৰ উত্তৰ দিবা তুমি ?
মই শোষিত- পীড়িত
যাতনা মোৰ অন্তহীন--
কালসৰ্পৰ ফণা তুলি
যেতিয়ালৈকে বহি থাকিবা
মোৰ সম্পদত  ।

মই শস্য উৎপন্ন কৰোঁ পথাৰত 
তথাপিও ভোকাতুৰ 
অট্টালিকাবোৰ নিৰ্মাণ কৰোঁ ময়েই
তথাপি নিষ্কাষিত  ,
প্ৰতাৰিত হওঁ  ।

মোৰ শক্তি দেখি
শক্তিশালী হৈ তুমি গৰ্ব কৰা 
তথাপিও মই  দীন-হীন-জৰ্জৰিত
এই কাৰণেই সমস্ত যুগকেই 
প্ৰবঞ্চক যেন লাগে মোৰ  ।
—————————————
                     কবিতা

সময় বিষময়
তৃষ্ণা নেওগ বৰুৱা

অসময়ত গাওঁবোৰ দাউদাউকৈ জ্বলিছিল
এসময়ত

ভাল খবৰটো মালিক চাহাবে জনাইছিল
“পোৰা গাঁৱত পহিলা ব’হাগ” অহাৰ খবৰ

দেশৰ মানচিত্ৰ আঁকোতে কিমানে যে হেৰুৱালে সোঁহাতৰ আঙুলি
দেশপ্ৰেমৰ গীত গাওঁতে কিমানৰ যে নোহোৱা হ’ল মাত
বালিত পানী লুকুৱাৰ দৰে কথাবোৰ লুকাল

সোণৰ হৰিণে আজিও টোপনি হৰে সীতাৰ
জীৱনৰ জোলোঙাত  উপচি পৰিলেও বৈভৱ
শেষ সত্য এমুঠি ছাই
এমুঠি মাটি
জানকী

ঘনেপতি মানুহবোৰ আতুৰ হৈছিল পিয়াহত
দুচকুৰ পুখুৰীত ডুব মাৰি  চিঙিছিল অপঁইতা পদুমৰ চকা
পানীবোৰ তেজ
তেজবোৰ পানী

কাহিনীবোৰেও মোট সলায় সাপৰ দৰে
কি ’৮৩, কি ’৩০অক্টোবৰ 
’১৫আগষ্টৰ ধেমাজী

অদৃশ্য পঞ্জিকাত
তেজে ধোৱা ব’হাগ।
—————————————
আহিনৰ বাঁহী
মনালিছা শইকীয়া

মাজ পথাৰত
আহিনে বজালে বাঁহী
পদূলিত সৰিল শেৱালিৰ পাহি

ভৰ দুপৰৰ লিহিৰী গগনাত
উপঙি আছে গৰখীয়া সবাহ এটাৰ
ৰুণুকজুনুক গাখৰতী ধান যেন মাত 

মুগ্ধ সময়
মুগ্ধ জীৱন 

ভটিয়াই যোৱা কপহুৱা মেঘৰ বুকুত
গুজি দিলোঁ ভৰ বাৰিষাৰ অলেখ ৰাগ-বিৰাগ 
শূন্য দুহাতত সন্তৰ্পনে উলমি ৰ'ল ক্ষণিক অৱসাদ।
—————————————
শৰৎ
জুনু বুঢ়াগোহাঞি

তুমি অহাৰ কথা ক'লে
ৰাতিৰ নিয়ৰে ঘাঁহনিখনক
সজোৰে সাবটি ধৰে
শেৱালি বুটলা হাত দুখন
আন্ধাৰতো বৰ্ণিল হৈ পৰে
ভাবনাৰ মাজেৰে বলে
কহুঁৱা কোমল শীতলতা ৷

আহিম বুলি ক'লেই
পুৰণি ৰোগ এটাই উকায়
শাৰদীয় সুৰ এটাই
অচিনাকি পথ এটা চিনায় ৷

নিমাত ওঁঠৰ তলেৰে সৰকিছে
থুনুকা দুটি মাত
শেৱালি সুবাসৰ বতাহ এজাক বলিছে
মোৰ পদূলিৰ ওচৰে-পাজৰে
তুমি উৰিছা, ময়ো উৰিছোঁ
একেখন আকাশতে ৷

এদিন কৈছিলোঁ
দূবৰিৰ দলিচাত 
নিয়ৰৰ এটোপাল আছিলোঁ
ৰ'দৰ তাপত নিজক বিচাৰি নাপালোঁ ৷

বেদনা দি থোৱা 
চকু এযুৰি চাই ফুৰিছোঁ
মনটো ৰুমাল এখনত বান্ধি থৈ
ভৰি দুটা খুলি দলিয়াই দিওঁ
ৰৈ যোৱা মৰম এচৰিয়াত
মুখখন চাওঁ
ভাঁহি উঠে দুখে-ধোৱা শৰত ৷

এইমাত্ৰ
শুকান মৃত চহৰ এখন বগাই আহিছোঁ 
আহিয়েই সোটমোচ খোৱা 
শুকুলা কাগজ এখিলাত
এশাৰী অনুভৱ ৰুই দিছোঁ

এদিন শিপাব শৰতৰ কৰুণ কাব্য হৈ ৷
—————————————
পোহৰ-ৰঙী শৰৎ
ইপুল হুছেইন

আবতৰীয়া বৰষুণজাকতো ভাৰাঘৰৰ পদুলিমুখত ৰাংঢালী হেপাঁহৰ প্ৰদীপ জ্বলাই আকৌ এবাৰ চকুৰ পোহৰ হব খুজিছিলোঁ
এন্ধাৰ মোৰ প্ৰিয় নহয় বহুবাৰ লিখিছোঁ
পোহৰ-ৰঙী পোছাকৰ আলিঙ্গনত জীৱনৰ ৰংবোৰে গতি সলায়
মাজনিশা জোনাক নামে
শিহৰণত টোপনি ভাঙে
মিচিকিয়া ওঁঠৰ ভাষাত জীয়াই থকাৰ অজুহাতবোৰে খিলখিলাই মাতে
তৰাৰ দেশত ফুটুকি আকাশখনো আপোনপাহৰা হয়
শৰতৰ যাদুকৰি সুবাসে মতলীয়া কৰে যদি কৰক
ক্ষতি কি !
—————————————
মেটেকাৰ জীৱন
জাহ্নৱী হাজৰিকা

এলাগী বুলিয়েই আনে নিলগায়
অথচ মোৰ চহৰৰ আশে পাশেতো
বেঙুনীয়াৰেই সমাহাৰ।
তাত এজাৰো থাকে
মেটেকাও ফুলে।
ভালপোৱাবোৰৰ সমাহাৰ ঘটে।

আজি পূৰ্ণিমা...
জোনাকৰ পুৰাতন ৰাগীত 
মাতাল হবলৈ মন যোৱা এটি নিশা।
এই জোনাকেই হাত বাউল দিয়ে মোক
অনাদি অনন্ত কাল কোনো সাগৰ 
কিম্বা নৈৰ ঘাটলৈ।
ফুলি উঠা মেটেকাৰ বেঙুনীয়া পৃথিৱীখনলৈ।
দিহিং দিবং দিচাঙৰ ৰঙচুৱা বাটলৈ।

মেটেকা গোলাপ নহয়।
মেটেকা পদুমো নহয়।
মেটেকা মদাৰৰ দৰে।
মেটেকা ৰাধাচূড়াৰ দৰে।
এলাগী অথচ বিশ্বাসী।
পৃথিৱী ৰঙীন কৰে,বেঙুনীয়াৰ আভা বিলায়।
কবিৰ কলমত ধাৰ তোলে।

অথচ ভগৱানৰ পৃথিৱীত অস্পৃশ্য।
হাত বাউল দিলেও 
কেৰাহিকৈ নাচায় ভগৱানে মেটেকাক।
সেয়ে নাস্তিক পৃথিৱীৰ বাসিন্দা মেটেকা।
য'ত বেঙুনীয়াময় প্ৰাৰ্থনাৰে মুখৰিত হয় কোনো পথাৰ, নৈ কিম্বা বিলৰ সেউজীয়া।

যিদৰে ধনী নহ'লেও কিছুমান মানুহৰ 
এখন হৃদয় থাকে।
আনক সুখী কৰি ৰাখিব পৰাকৈ
মৰমৰ মাজত ডুবাই ৰাখিব পৰাকৈ...
ঠিক মেটেকাৰ দৰে বহল মন এটা লৈ।

মেটেকাইও জানে কাৰোবাৰ অন্তৰৰ লগত,
অনুভূতিৰ লগত খেলাটো এক প্ৰকাৰ পাপ।
শৰীৰৰ আঘাত শুকায়।
অথচ মনৰ আঘাতহে বিয়পি যায়।
কিন্তু আঘাত বোৰ উপশম কৰিব পৰাকৈ,
কিছুমান মুখা পিন্ধা প্ৰতাৰকক পাহৰাব পৰাকৈ শক্তিশালী মেটেকাৰ পৃথিৱী।

নোকোৱা কথাৰ ভৰ সদায় বেছি।
সেই ভৰত জমা হৈ থাকে কতনো 
সদৰ্থক নঞৰ্থকৰ নেওতা!
মেটেকাই এইবোৰ বুজে,জানে।
সেয়ে মেটেকা সদায় ৰঙীন।
মানুহে বনাই লোৱা কিছুমান নিয়মত মেটেকা এলাগী হয় ঈশ্বৰৰ ঘৰত।
তথাপি নৈ বিল গাভৰু হয় মেটেকাৰ বেঙুনীয়াৰ আলসুৱা স্পৰ্শত।
ঠিক ভালপোৱাৰ ৰাগীত ডুবা প্ৰেমিক যুগলৰ দৰেই।
নিৰন্তৰ নিৰৱধি...।
—————————————
যাত্রা
ৰিংকুমণি বড়া

শেষ মানেই শেষ নহয়
শেষ মানেই আৰম্ভণি
শেষ মানেই
ভাঙি যোৱাবোৰ সামৰি- সুতৰি 
ভাললগা-বেয়ালগাবোৰ জাৰি জোকাৰি
আৰম্ভ কৰা এক যাত্রা

শেষ মানেই শেষ নহয়
বুকুত শিপাই যোৱা সম্পর্কবোৰ
ঘাঁ হৈ ৰৈ যোৱাৰ এক আৰম্ভণি 
বৰ্তমানবোৰ স্মৃতি  হৈ ৰৈ যোৱাৰ এক আৰম্ভণি
ৰাতিবোৰ দীঘল হৈ পৰাৰ এক আৰম্ভণি

শেষ মানেই
চকুত-মুখত ৰৈ যোৱা হাজাৰটা প্ৰশ্নৰ বিৰিঙণি
বুকুত লাগি ৰোৱা  সময়ৰ তেজাল ছিটিকণি
বেয়াবোৰ শেষ মানেই ভালৰ আৰম্ভণি
ভালবোৰ শেষ মানেই বেয়াৰ আৰম্ভণি
শেষ মানেই শেষ নহয়
শেষ মানেই অন্য এক আৰম্ভণি
সুখৰ অথবা দুখৰ!
—————————————
জীৱন নাট
চয়নিকা ভূঞা 

সকলো দুখ সামৰি-সুতৰি 
ভালে আছোঁ বুলি ক'ব পৰাটোও এটা কলা

ভালে থকা আৰু ভালে ৰখাৰ 
মাজত এটা বিৰাট পাৰ্থক্য

ঈশ্বৰে জানে 
ঈশ্বৰে দেখে 
ঈশ্বৰ সৰ্বজ্ঞ

তথাপিও সকলো অজ্ঞ
সকলোতে দৰ-দাম 

সকলো ভালে থকাৰ পিছতো 
একো ভালে নাথাকে 
সূত্ৰৰ অবিহনে 
যিদৰে ত্ৰিকোণামিতিৰ সমিধান নোলায়
ঠিক সেইদৰে 
ঠিক সেইদৰে সকলো কথা শিপাতেই জন্ম 

কুশল কামনাত সময়ৰ হিচাপ
প্ৰাৰ্থনাত তুমি
ৰঙত তুমি

অন্য আয়োজনৰ প্ৰয়োজনেই বা ক'ত  !

ভালে আছোঁ বুলি কোৱাৰ পিছতো
ক'ৰবাত যেন কিবা এটা থাকি যায়… 

ভালে আছোঁ বুলি ক'লেই 
কাহানিও ভালে থকা নুবুজায়।
—————————————
কাগজ
উৎপল ভট্টাচাৰ্য

নিম্নবিত্তৰ লোকসকল সৰ্বহাৰা
দিশহাৰা।
যুগে যুগে ভোকৰ পুৰাণ
মৰমত ডুবা পৰাণ।
সিহঁতে ৰাস্তাৰ কুকুৰবোৰক মৰম কৰে
ফটা কাপোৰত দেশৰ মানচিত্ৰ আঁকে
গছবোৰ সিহঁতৰ পিতৃ,
নদীবোৰ মাতৃ।
ৰেচনকাৰ্ডত লিখা থাকে সিহঁতৰ নাগৰিকত্বৰ অধিকাৰ-
ভোটৰ অধিকাৰ।
সেয়ে ৰেচনকাৰ্ডৰ কাগজকেইখিলা সিহঁতৰ বৰ আপোন।

তেওঁলোকে কুকুৰ নোপোহে।
গৰু পোহে,
ছাগলী, কুকুৰা পোহে যদিও
আৰ্থিক লাভৰ চিন্তা নকৰে।
মাত্ৰ নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰে।
সন্ধিয়া পৰত কোলাত কেচুৱালৈ
জোনবাইক বেজি খোজে
ধনৰ মোনা সিবলৈ..
লাজ তেওঁলোকৰ প্ৰধান ভূষণ।
সেয়ে তেওঁলোকৰ বোৱাৰীয়ে 
ওৰণিৰ আঁৰত সামৰি থয়
নোপোৱাৰ দুখ
আৰু বিচাৰিব নোৱাৰাৰ ক্ষোভ।
আত্মসন্মান তেওঁলোকৰ সম্পত্তি।
সৰস্বতী আই বিতুষ্ট হ'ব বুলি
কাগজ-কলম ভৰিত লাগিলে কাণচুই সেৱা কৰে।
তেওঁলোক মধ‍্যবিত্ত।

উচ্চবিত্ত শ্ৰেণীটোৱে
পোহনীয়া  কুকুৰবোৰৰ লগত
নৈশ যাপন কৰে মেহগনি কাঠৰ পালেঙত।
প্ৰাতঃ নতুবা সান্ধ‍্য ভ্ৰমণৰ সংগী কুকুৰটোৰ নাম
মধ্যবিত্তৰ ল'ৰা-ছোৱালীৰ নামৰ সৈতে একেই।
তেওঁলোকৰ ভোঁক কম, খাদ্য খাই কম
টকা, সম্পত্তি খাই বেছি।
তেওঁলোকে গোৱৰক ঘৃণা কৰে,
নিজৰ বিষ্ঠা চাফা কৰিবলৈ 
পানীৰ সলনি কাগজ ব‍্যৱহাৰ কৰে।

নিম্নবিত্তৰ ৰেচনকাৰ্ডৰ কাগজ,
মধ্যবিত্তৰ ভৱিষ্যত সপোনৰ কাগজ,
উচ্চবিত্তৰ বিষ্ঠা চাফাকৰা কাগজৰদৰে
একেই কাগজতে লিখা থাকে সাৰ্বভৌমত্বৰ কথা,
যিয়ে পপীয়াতৰাৰদৰে
মাজে মাজে পোহৰাই তোলে ধৰা।
—————————————
শেষ ৰাতিৰ কবিতা 
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ

যোৱা ৰাতি মই এটা সপোন দেখিছিলোঁ ,
সপোনত দেখিছিলোঁ এটি বৃত্ত;
বৃত্তটি ডাঙৰ আছিল,
য'ত মই নিৰ্বিঘ্নে সোমাই আছিলোঁ ।
শেষ ৰাতি বৃত্তটি লাহে লাহে সৰু হৈ
এটি শূন্যলৈ ৰূপান্তৰিত হ'ল। 

বৃত্তৰ মাজত সোমাই থকা মই
শূন্যৰ যেন শেষ অস্তিত্ব ।
—————————————
অৰ্ধ সঁচা
অৰ্ধ মিছা
ডাঃ বন্দনা তামূলী

পিতৃ মাতৃৰ ঘৰ এৰি
আহিছিলোঁ বোৱাৰী হ’ম বুলি
পদূলিত ভৰি থোৱাৰ পিছতেই
শৰীৰ আৰু মন যেন
অৰ্ধ অৰ্ধ হ’ল

কিয় জানো কঁপিবলৈ ধৰিলোঁ
ইমান নিবিড়
অথচ ইমান দূৰত্ব
উত্তপ্ত মৰুভূমিত  ভৰি দিলো
শৰীৰ আৰু মন জপিয়াবলৈ ধৰিলে
কি জুয়ে পুৰিলে
আত্মা ছাঁইৰে ভৰি পৰিল
জেলৰ কোঠালিত মৌন মন
বিজুলীয়াই বিজুলীয়াই ভাহি আহে
বিদীৰ্ণ সেই অতীত

শুই থাকোতেই উজাগৰে ভাহি আহে
সেই ছঁবিবোৰ
ফেনে ফুটুকাৰে ভৰা চকুলো
পিয়াহত নিজেই পান কৰো
শীতৰ যন্ত্ৰণা যিমানেই নাহক
বসন্ত অহালৈ অপেক্ষা কৰো
নিত্য মজ্ঞৰিত সেই অতীতে
এতিয়াও মোক ৰিঙিয়াই মাতে ৷ 
—————————————
সনাতন মেধিক সোধা নহ'ল
ৰমেশ চন্দ্ৰ ৰায়

সনাতন মেধিয়ে সিদিনা যে ফোন কৰিছিল
কথা এটা সোধো বুলিও সোধা নহ'ল

কিমান কথা থাকি গ'ল নোকোৱাকৈ 
সংগোপনে 
হৃদয়ৰ এচুকত গজি উঠা 
আহঁত এজোপাৰ ছাঁত 

দুখবোধৰ দুটামান গান
ক্লান্ত সোপন এটা দুটা 
আনন্দৰ দুটামান ক্ষণ 

এটি চাৱনি
এটা কম্পন

যিবোৰ কথা কাৰোবাৰ সতে ভাগ কৰিবলৈ 
মন নগ'ল যে নগ'লেই 

আহঁত এজোপাৰ ছাঁত থিত লোৱা 
মৌন কথোপকথন একান্ত নিজৰ 

সনাতন মেধিক সুধিম বুলিও 
নুসুধিলো 
তাৰে কথা এটা 
—————————————
চোলাৰ বুটাম
নাছিৰ আহমেদ

বেৰত ওলমি আছে এটি  চোলা
চোলাটোৰ গাত আঁটি আঁটিকৈ আছে কেইবাটাও বুটাম
যেন সৌন্দৰ্য্যৰ এক সমাহাৰ!
সেউজবুলীয়া চোলাটি আটোম টোকাৰিকৈ গাত পিন্ধি
মোৰ কৃষক ভায়ে শস্য পথাৰলৈ যায় শস্য গজাবলে'।

মোৰ কোঠাত সিঁচৰতি হৈ পৰি আছে
একো একোটা ব্ৰেণ্ডেড কোম্পানীৰ দূৰ্মূল্যৰ চোলা ।
মোৰ আকৌ জেনেৰিক চোলাৰ প্ৰতি নাই কোনো মোহ
ব্ৰেণ্ডেডৰ  প্ৰতি মাথোঁ তড়িৎ -চুম্বকীয় আকৰ্ষণ !
কিন্তু মোৰ চোলাৰ বুটামবোৰৰ বৰ আত্ম-অভিমান
সময়ে অসময়ে ঠেহ পাতি সুলকি সুলকি পৰে ।
বুটামহীন মোৰ চোলা হয় ইংৰাজৰ জেক ইউনিয়ন !
চেঁচা বৰফৰ হীম শীতলতা মোৰ বুকুয়েদি বৈ যায়।

সেউজবুলীয়া চোলাটি আটোম টোকাৰিকৈ গাত পিন্ধি
মোৰ কৃষক ভায়ে শস্য পথাৰলৈ যায় শস্য গজাবলে'
চোলাটোৰ গাত আঁটি আঁটিকৈ আছে কেইবাটাও বুটাম
একো একোটা  যেন ৰূপোৱালী স্বৰ্গীয় মণি-মুকুতা।
যি চোলা মোৰ আইৰ হাতে বনোৱা কাৰুকাৰ্য্য-খচিত শিল্পকলা  ;
য'ত লিপিবদ্ধ হৈ আছে অসমীয়া কলা-সংস্কৃতিৰ আৰ্হি!
—————————————
সময়ৰ কথকতা
হিমাদ্ৰী দাস
                   
উৰি যোৱা সময়ৰ 
শামুক ভঙা অসুখীয়া গাথাবোৰ
ভোকৰ পদূলিয়ে পদূলিয়ে ভাহি ফুৰে
ৰুগ্ন তুলিকাৰ অৱশেষ গণি গণি

ভোকৰ সাধুকথাবোৰে
চিঁয়া হৈ যোৱা পেটত
অজীৰ্ণ বাসনা আনে
শিলৰ মাজত শেলুৱৈৰ দৰে
মৰিচীকাৰ ফুল হৈ ফুলি উঠিলেও 
গুৰুত্ব আজুৰিব নোৱাৰা
এজাক চেঁচা তেজৰ নিশ্চল বাসনা সদৃশ

সময় থাকোতেই অনুভৱ কৰিব নোৱাৰা
ভৱিষ্যতৰ বন্ধ কপাটে 
ৰুদ্ধ হৈয়ো বাট কাটে
সিপাৰৰ অন্ধকাৰ ঘাটৰ

ৰজাঘৰীয়া আশ্বাসৰ
আখৈফুটীয়া ফুলজাৰিত 
ইলুটি সিলুটি বিশ্বাসৰ আকাশ

ঘন জুপুৰিৰ খীণ পোহৰত
আধাপেটিয়া নক্ষত্ৰটিয়ে বুৰঞ্জী সোপান বগায় ।
—————————————
নিষ্ঠুৰ সত্য 
ৰঞ্জনা পাঠক

তোমাৰ আগমনে শোক কঢ়িয়াই 
চৌদিশে দুখ মাথোঁ দুখ ছটিয়াই
তথাপিও তুমিতো থমকি নোৰোৱা 
কাৰোৱেই হেঁপাহৰ তুমিতো নোহোৱা 
তোমাৰ কোনো নাই পৰ নতুবা আপোন 
নোহোৱা কাৰোৱেই তুমি মৰমৰ সপোন 
আগমনে তোমাৰ  সদায় বিষাদ বিয়পায় 

উচুপনিত আপোনজনৰ চকুলো নিগৰায় 
কাৰোৱেই বাধাত তুমি স্তব্ধ নোহোৱা 
তোমাৰ গতি কোনো কালে ৰুদ্ধ নকৰা 
তুমিয়েই আপোনজনক কাঢ়ি লৈ যোৱা 
মিনতি কাকূতি অথবা প্ৰাৰ্থনা নুবুজা  

তুমিতো মৃত্যু 
এটা সত্য জীৱনৰ 
নিয়তিৰ নিষ্ঠুৰ নিয়ম 
জীৱ সমাজৰ ।
—————————————
নাৰী 
ভাগ্যশ্ৰী পাঠক

নাৰী তুমি অন্যন্যা
সৃষ্টিৰ সোনালী সূতাৰ ফুল বচা নাৰী
সহ্য, ধৈৰ্য্য, আৰু পবিত্ৰতাৰ প্ৰতিমূৰ্ত্তি নাৰী
সৃষ্টিৰ প্ৰথম পুৱা তুমি মুক্ত আকাশ
নাৰী বিনে ব্ৰহ্মাণ্ডত সৃষ্টি অথন্তৰ
নাৰী তুমি সত্যৰ যুগমীয়া স্তম্ভ 
সৃজনৰ দোকমোকালিত অমৃত ধাৰিনী তুমি
জগত জননী তুমি
শক্তিৰ আধাৰ তুমি
তুমি অপৰূপা নাৰী
সন্তানে নিৰ্ভয় হৈ থাকে তোমাৰ ছত্ৰছায়াত
গান গোৱা চৰাইৰ মাতত হেৰুৱাই আনিছো মুক্তি
ৰিক্ত হৃদয় বসন্তই উপচাই আনে বিজয়ৰ গান
প্ৰভাতত উজ্বলি উঠে নাৰী
সহিষ্ণুতাৰ প্ৰতীক নাৰী
মমতাৰ প্ৰতিমুক্তি তুমি
তুমি কমলাংগী নাৰী
তুমি শক্তি, তুমি মাতা
তুমি ভগ্নী, তুমি প্ৰেয়সী
তুমি দাসী, তুমি সখী
তুমি মাতৃ, তুমি মায়া
প্ৰতিটো জীৱনৰ স্তৰত লগত 
শত নাম পাওঁ তোমাৰ 
প্ৰত্যেক নামেৰে তোমাৰ জয় গান গাওঁ
হে নাৰী তোমাৰ মহিমা অপাৰ
তোমাক আমাৰ শত শত প্ৰণাম।
—————————————
কৃষ্ণচূড়া
অবিনাশ দত্ত

মৰুভূমিৰ মৰীচিকাৰ চকামকা ছায়া
অকলে গৈ শুই থাকিব পাৰি হাবিত
ঠিক শ্ৰীকৃষ্ণৰ দৰে
মুখত হাঁহি
 হাতত জীৱনৰ বাঁহী
কৃষ্ণচূড়াৰ তলত বহি বন উভালি বিভোৰ পথিক
অতি সাম্প্ৰতিক দাৰ্শনিকৰ দৰে
'শৰতৰ তল সৰা শেৱালি'

মানুহৰ অহংকাৰী গোন্ধ এটা লৈ ভোগদৈ বৈ যায়
বহু ঘাটে ঘাটে মানুহ লগ পায়
কিছু জড়, কিছু জীৱ
তেঁও জীৱ আছিল;

স্থিতপ্রজ্ঞ তেঁও
অতিৰথী তেঁও
কথা কম কয়
ফুলৰ উশাহ লয়
নিঃশব্দতাত তেঁও নিৰৱ ভাৱনাৰ জুনুকা বজাই ডায়েৰি লিখে,
প্ৰায়ে এন্ধাৰত তেও কিবা এটা বিচাৰি ফুৰে 
তেঁও মনৰ বন্ধ কোঠাত বহি
'মেটামৰফচিচ' ,'মেডিটেচনৰ' পৃষ্টা লুটিয়াই
জীৱনক অনুবাদ কৰে ,
নাওৰাৰে বৈ পৰে জীৱন
বৰষুণৰ পানীৰ সৈতে 
নিনাও আলিয়েদি গৈ অনুবাদিত হয় সাগৰলে
য'ত আৰম্ভ হয় সমাজবাদৰ মিচিল(অৰাজনৈতিক)
য'ত খোদিত হয় ৰণুৱা ঘোঁৰাৰ চন্দ্ৰধাৰা,
ৰাঙলী ওঁঠৰ মূধচত তেঁওৰ কলপতীয়া হাঁহি
তেঁওৰ মাজতো আছিল কিছু অপ্ৰকাশ্য আৰ্তনাদ
ধোৱাচাঙত তুলি থয় মেতমৰা বোজা
বুজাব নোৱাৰা
ৰান্ধনী বেলিৰ তামৰঙী আভাত
বুটলিব বিচাৰে পানীপতাৰ বন শাক,

দেহান্তৰ জীৱনৰ শ্বাশ্বত পৰিভাষা
পানী ঘোলা কৰি কৰি নাৱৰীয়াই 
লৈ যায় নাওখন সৌ দিশে
যি দিশে পোহৰো উভতি নাহে,
সেই নাওখনতেই  গৈছিল তেঁও
কৃষ্ণচূড়াৰ তলত বহি 
বন উভালি বিভোৰ হোৱা পথিক
সেই সুঁতিতে ভটিয়াই গৈ থাকিল
সাধনাৰ দিশে
জীৱনৰ দিশে
অন্য এক আয়ামৰ দিশে।
—————————————
দিনলিপিত মোৰ হেঁপাহবোৰ 
ৰবিন কুমাৰ চেতিয়া

দোকমোকালিতে মেলি দিওঁ প্ৰতিদিনে মোৰ
নাভাগৰা হেঁপাহৰ আৱেগৰ নাও 
পিঠিত বোকোচা বান্ধি 
আলফুলে সাৱতি লওঁ 
এসাগৰ শাওণীয়া আশা 
ধুমুহাৰ স'তে মিতিৰালি পাতি
গঢ়িব খোজোঁ সদায়ে স্বপ্নৰ বালিঘৰ
কাজলী সোঁতত হেৰুৱাইছো মাথোঁ 
পলে পলে মোৰ উজাগৰি সময় 

কোনোবা এদিন সঁচাকৈয়ে 
নিজৰ ঠিকনা বিচাৰি পাম বুলিয়েই 
সাৱতি লওঁ দুখৰ হুমুনিয়াহবোৰ
তোমাৰ আকলুৱা চোতালত কেতিয়াবা 
মেলিম বুলিয়েই বান্ধি ৰাখিছোঁ 
ভালপোৱাৰ মহঙা জৰীৰে বুকুৰ ভিতৰত
কাকোৱেই নোকোৱা গুলপীয়া কথাবোৰ 

সপোন আছে বাবেই কিজানি
গা ভাৰী হয় বাখৰুৱা পৃথিৱীৰ 
হাঁহিবোৰ আছে বাবেই মানুহে 
সাঁতুৰিব পাৰে 
চকুলোৰে সেমেকা সুগভীৰ সাগৰ  
মোৰ দৰে বাৰু কেতিয়াবা 
তুমিও ভাবিছা নে কথাবোৰ

মেঘৰ লুকা-ভাকু চাই চাই 
বহুদিন সুধিছোঁ নীলিম আকাশক
আছে নেকি গুমগুমাই তোমাৰো হিয়াত 
মোৰ দৰে অলেখ সুৰবিহীন গান
অশান্ত সাগৰৰ বালিচৰত বহি
উজাগৰি বহুদিন বহুৰাতি বিচাৰিছোঁ
কল্লোলিত ঊৰ্মিমালাৰ উদাসী সপোন 

মোৰ বুকুত এতিয়া লাহে লাহে
গজি উঠিছে এটা স্মৃতিৰ পাহাৰ 
তৰপে তৰপে আহি দুখৰ বালি বোকাই 
প্ৰতিপল ঢাকিছেহি 
অনুভৱৰ সেন্দুৰীয়া পথাৰখন
ক্ৰমাৎ যেন আগুৱাইছে মোৰ
ভটিয়নি হেঁপাহবোৰ 
ধূসৰৰ পৰা ধূসৰলৈ

মোৰ এধানি বুকুখনিক আজি
সঁচাকৈ জানা 
অনামী ভয় এটাই আহি 
বৰকৈ জোকাৰিছে
তোমাৰ ওঁঠৰ এজাৰবুলীয়া হাঁহিটো কিজানিবা হেৰুৱাওঁ হঠাতে 
চকুৰ পলকতে
যাৰ বাবেই মই ৰৈ আছোঁ 
ৰৈ থাকিম আশাৰে
হৃদয়ৰ দুৱাৰ খুলি বহু হেঁপাহেৰে
অকলে অকলে জন্ম জন্মান্তৰে ... 
—————————————
জীৱন যাত্ৰা 
গকুল চৌধুৰী

জানিও নাজানো মই এই যাত্ৰাৰ
আদি ক’ত ? 
জানিও নাজানো মই এই যাত্ৰাৰ
অন্ত ক’ত  ? 
এই যাত্ৰাৰ যাত্ৰা পথত যাত্ৰা 
কৰোতে যাত্ৰা কৰোতে প্ৰতি
খোজত ভাগৰি পৰা মই এজন
ভাগৰুৱা যাত্ৰী  ৷ 
সহযাত্ৰী ক’ত  ?

সহযাত্ৰী নাই মোৰ যাত্ৰা পথত 
অকলশৰীয়া মই প্ৰতিটো দিনত 
নিঃসংগ মই প্ৰতিটো নিশাত  
তথাপি এই যাত্ৰাৰ সমাপ্তি 
কৰিবই লাগিব যিকোনো 
মূল্যৰ বিনিময়ত  ৷

এই যাত্ৰা ইমান সহজ নহয়
এই যাত্ৰাত দুখ,যন্ত্ৰণা
বিষাদ , বেদনা আছে 
এই যাত্ৰাত ঘাত , প্ৰতিঘাত 
আঘাত আছে 
এই যাত্ৰাত দিনৰ কষ্ট  ৰাতিৰ
চিন্তা আছে 
খোজে প্ৰতি প্ৰত্যাহ্বান আছে 
আৰু এখন মহাযুদ্ধ আছে  ৷
এই যাত্ৰা ইমান সহজ নহয়
এই যাত্ৰা বৰ জটিলতাৰে ভৰা 
এই যাত্ৰা কাইটিয়াৰে আবৰা 
এই যাত্ৰা অনিশ্চয়তাৰে আগুৰা ৷

কাৰণ 
এয়া যে 
এয়া যে জন্মৰ পৰা মৃত্যুৰ দিশে 
গতি কৰা যাত্ৰা
এই যাত্ৰাৰ অন্য এক নাম 
জীৱন যাত্ৰা  ৷
—————————————
মোৰ কবিতা আৰু সাৰ পাই নুঠে
দিপ্তীমনি গোস্বামী
 
মোৰ কবিতাই আৰু সাৰ পাই নুঠে
এই বসুন্ধৰাত
সাগৰৰ ঢৌবোৰেও হেতালি খেলে
মাতাল সন্ধ্যাত।

মোৰ কবিতাই শুই যাব বিচাৰে চিৰদিনলৈ,
অনিহা উপজিছে
ডাৱৰৰ লগত লুকা-ভাকু খেলিবলৈ।

মোৰ কবিতাৰ পংক্তিয়ে
প্ৰসাধন নিবিচাৰে
সেউজী মলয়াৰ সুবাসতেই
গাত সেউজীয়া সানিব বিচাৰে।

মোৰ কবিতাই অৱতৰণ কৰিব নিবিচাৰে
কাঞ্চনজংঘাৰ শিখৰত
কুলু কুলু নিজৰাতেই ঢৌ খেলি
পুলকিত শিহৰণ জাগে হৃদয়ত।

মোৰ কবিতাই আকাশী গংগা নিবিচাৰে
নিবিচাৰে জলপ্ৰপাতৰ লহৰ
চিৰ যুগমীয়া সুৰ তোলা প্ৰৱাহিনীৰ বুকুতেই
বিচাৰি পায় বিমল প্ৰশান্তিৰ সাগৰ।

আজি মোৰ কবিতা
বিমূৰ্ত নিশাৰ শাৰদী ৰাগিনী
অসূয্যস্পৰ্শা প্ৰেমৰ বন্দিনী
মৃত্যু গছকি দূৱৰিৰ বুকুত লৈছে জিৰণি।

মোৰ কবিতাই আৰু সাৰ পাই নুঠে
প্ৰেমৰ ৰাগীত মদিৰা ঢালিবলৈ
অশান্ত কাকলিৰ হৃদয়ৰ বলুকাত
সুৰৰ সংগমৰ লহৰ তুলিবলৈ।
—————————————
তুমি উৰুঙা বতাহ
ড° আদিল আলী

মোক এতিয়া এটা কবিতা লাগে 
মোৰ হাতত যে কবিতা নাই 
দিও ক'ৰ পৰা কবিতাৰ মুখত যে
জোনাকৰ মিঠা ছন্দ নাই

কঁহুৱা কঁহুৱা শৰত 
শুকুলা মেঘৰ পৰশ 
নিশাৰ ধিমিকধামাক পোহৰত জোনাকী পৰুৱাৰ বিষাদ পদ্য 

তাইৰ ওঁঠৰ নৈত তপ্ত বলুকাৰ বিয়লি বেলা 
কুলুকুলু নৈৰ ধ্বনিত এযোৰ পানী ঘোৰা 
বন্দী সিঁহতৰ দূৰন্ত স্বাধীনতা 

তুমি উৰুঙা বতাহ 
মোৰ স্বপ্নৰ মুঠিত নগ্ন তৰোৱাল 

ফুক্ চুঙা 
ফুঁহুৰি তৰঙা 

ফুঁহৰ 
ফুঁহৰ 

মোৰ প্ৰজ্জ্বলিত তেজোদীপ্ত ভাৱনাৰ খোজক বাধিত্ কৰা  
তুমি নষ্ট গন্ধহীন মৌল 

প্ৰেম-প্ৰৱাহিনী নৈৰ বুকুত 
মৰা শিলৰ মেলা 

তুমি কোমল শেৱালিৰ নৃশংস কবিতা 
নিৰ্বাক প্ৰেমৰ হেঁপাহ 

নিৰ্জনতাত আহিনৰ উদাসীন জোনাকৰ ভাস্কর্য ।
————————————— 
এক হোৱাৰ অজুহাত
ৰূপা গগৈ

আহিনৰ নিয়ৰসনা এটি সেমেকা ৰাতিত
আহিবা দুয়ো জোনাকত বহি কথা পাতিম 
লাজ লাজকৈ কৰোঁ নকৰোঁকৈ 
যদি কৰোঁ হাতৰ আঙুলিৰে 
তোমাৰ আঙুলিক স্পৰ্শ 
নিসংকোচে তুলি ল'বা দুহাতৰ মাজত মোৰে হাত 
এইয়াও যে হ'ব দুয়ো দুয়োৰে হোৱাৰ এক অজুহাত ।

নিঃশব্দে নিৰলে কৰিম দুয়ো এবাতি প্ৰেমৰ মদিৰা পান 
আৰু ক্ৰমশঃ হেৰাই যাম আমি অন্য এখন  ৰঙীণ জগতত 
য'ত  থাকিম কেৱল তুমি আৰু মই , মই আৰু তুমি
ঘন ঘন উশাহ  -নিশাহৰ সন্ধিক্ষণত বিচাৰিম দুয়ো দুয়োকে 
অতি সংগোপনে ।

বাউলী মন
কেনেকৈ কৰিম আওকাণ 
যিমানেই দূৰলৈ যাবা আঁতৰি
সিমানেই  মনে চপাই আনিব তোমাক 
কোৱা অনুৰাগ 
কেনেকৈ কৰিম আওকাণ । 

নীৰৱতাৰ বতাহজাকে বৰকৈ কোবাইছে দেহত 
এনে লাগিছে  উৰি পৰিম গৈ যেন কাষত 
তুমিতো নাজানা 
নীৰৱতাই কিদৰে বাউলী কৰে মন 
পাৰে জানো কোনোবাই 
দেহ-মন কৰিব নিলগ । 

কিমান যে বিচাৰিব লাগে অজুহাত 
দুটি মন এটি হ'বলৈ 
কাষত পাবলৈ 
কিমান যে হ'ব লাগে বাউলী 
এটি অজুহাত বিচাৰি । 
—————————————
কথা-কবিতা
(কবিতাৰ আত্মকথন)
ৰেখা বৰকটকী

ছেহ...
আমাৰ আঁৰ কাপোৰবোৰ নাইচোন!
গোপনীয়তা আমাৰ আভূষণ
ওৰণিখনযে অলঙ্কাৰ!
অন্ত:দৃষ্টি থকা সকলে আমাক হৃদয়ঙ্গম কৰিবলৈ কষ্ট কৰিব নালাগে!কথাষাৰ ক'লো----
পোনচাটেই আমাক মুকলি কৰাৰ প্ৰয়াস নকৰিবা, দিনচেৰেক পেলাই থোৱাচোন  বাৰু!  
অনুশীলন অবিহনে আমাৰ পৰিপক্কতা অনাটো আকাশ কুসুম!
 বহুদিনে পুষ্টিহীনতাত ভূগি আমি দিনে দিনে অতীষ্ঠ হৈ পৰিছো
সতেজ-সুঠাম  হোৱালৈ
আমাৰে কচৰৎ কৰা... 
মেদবহুলতা আমাৰ ব্যক্তিত্বৰ পৰিপন্থী 
 ভাল অঙ্গ-বস্ত্ৰ নাই যদি
অলপদিন আমাক আত্মগোপন কৰোৱা। 
আমাৰ 'অষ্ট্ৰোপচাৰ' কৰিবা 
নতুন শব্দ -সম্ভাৰ আৰু ভাৱৰ দুকোলটকা  বন্যাৰে  বিধৌত 
হোৱাৰ উপায় এটাকে দিলোঁ...
ফলশ্ৰুতিত নতুন শব্দ বিন্যাসেও বুকুত জীপ ল'ব
এগৰাকী নৱ-বধূৰ দৰে ষোল্ল কলাৰ  সৌন্দৰ্য্য সম্ভাৰেৰে সুশোভিত হ'ব খোজো...
আমাকো প্ৰয়োজন হয় কিছু সময় আত্মপ্ৰতিষ্ঠাৰ বাবে।
দায়বদ্ধ হোৱা তোমালোক,
মনবোৰ সুদূৰ -প্ৰসাৰী কৰি তোলা।  
সাধ্য অনুসাৰে বিভিন্ন দেশ- বিদেশৰ কবি সকলৰে সংযোগ স্থাপন কৰা
,সেইসকলৰ ৰচনাবোৰত একাত্ম হোৱা। 
কবিতাৰ সভাবোৰত  কবিসত্তাৰ ৰেহ-ৰূপ লক্ষ্য কৰিবা
প্ৰকৃতিৰ কোলাত সিঁচৰিত হৈ  থকা চিত্ৰকল্পসমূহ মনৰ চকুৰে পৰ্য্যবেক্ষণ কৰিবা ,    কাব্যিকতাৰ পথ সূচল নহৈ পাৰেনে?
তাতেই
ভাৱ-বন্যা আৰু শব্দ-শৃঙ্খলাৰ সহযাত্ৰাৰে জয়যাত্ৰা দেখিবা.. মানবীয় আবেদন কেনেকৈ আহে, কি ধাৰাৰ কবিতাত অধিক  মানবীয় আবেদন লুকাই থাকে ,
সেই বিষয়ে অৱগত হ'লেই  আমিও যুগজয়ী  নহ'মনে? 
আমাৰ স্থায়ীত্বও  তাতে।
আৰু এটা কথা কওঁ,
আমাৰৰ অবয়ৱত
অনাৱশ্যকীয় বেশভূষাৰে আমাক কু-শ্ৰী অথবা বিশৃঙ্খল কৰি নুতুলিবা 
মিত্যব্যয়ী হৈ আমাৰ সাৰ্থকতা কামনা কৰিবা।
য'তে ত'তে আমাক বহুৱাই অপমানিত 
কৰাতকৈ
উপযুক্ত স্থান নিৰূপণ কৰিবা।
পূৰণি কবিতা নিৰ্মাতা সকলৰ হাতত  আমি আদ্ৰিতা আছিলোঁ।
জনসভাত টিটকাৰী সহি
মুখ-ঠেকেছাৰে লাঞ্চিত হৈ
নিজস্বতা বিচাৰি
ক্লান্ত হৈ আজি হতাশ হৈছোঁ!
বাটে পথে চহৰে- নগৰে,
গাঁৱে -ভূঞে ,মেলে- মিটিঙে
আমাৰ কিয় আজি দূৰ্দশা?
আমাক উশাহ লবলৈ মুক্ত বতাহ অকণ দিবানে?
ছনপৰা মাটি হেনো
শস্য-শ্যামলা হয়,
তেন্তে আমাকো পেলাই ৰাখা
কিজানিবা অপতৃণ আঁতৰে..
নিটোল -নোদোকা
ৰূপেৰে জেউতি চৰে!
আকৌ কৈছোঁ, নিজক প্ৰতিস্থাৰ নামত
চালে- বেৰে কোবাই
আমাক ধৰাশায়ী নকৰিবা ...
আমাক জীয়াই থাকিবলৈ দিয়া...
—————————————
কঁহুৱা
মৰমী কাকতি

নৈৰ দাঁতিয়ে দাঁতিয়ে তাই 
ল’ৰি ঢাপৰি মিচিকিয়ায়
তন্বী দেহত নাচোনৰ পেখম
তিৰবিৰ দুচকু পিৰিকিয়ায়
বহুদিনৰ পৰা অকাইপকাই থকা নদীখনে
ৰূপালী ৰেচমী চুলিটাৰি মেলি ৰ'দাই থাকোতে
তাইৰ ৰূপৰ চমক দেখি মায়া লাগে
তাই যে নদীৰ মৰমৰ তোলনীয়া জী!
তাইৰ মোহিনী বানত
নৈপৰীয়া ৰাইজ ভোল যায়,
বতাহে প্ৰেমত পৰে
তাইৰ ৰূপালী চুমকি খটোৱা আঁচলত
বতাহে আলফুলে হাতফুৰায়
আৰু তাইক লাহবিলাহত উমলাই
কানাইৰ বাঁহীৰ সুৰে নিচুকিয়ায় 
প্ৰেমৰ যুগলবন্দী দেখি বতাচৰাই জাকে
ফূৰ্তিত ৰ’ব নোৱাৰি 
ইপাৰ সিপাৰ হুৰাই থাকে
নদীখন নিৰলস সাক্ষী অহোৰাত্ৰ
অন্য এক যমুনা হৈ
নদীমাতৃক সাবটি বছৰৰ অৰ্ধেক দিন
তাই প্ৰেমেৰে ফুলি
কবিপ্ৰাণত সৃষ্টিৰ বীজ সিঁচে।
—————————————
হাঁহি
যামিনী দেৱী

হাঁহি এক স্বৰ্গীয় অনুভূতি,
প্ৰাণত থাকে খোপনিপুতি।
হাঁহিত খৰচ নাই একো,
কিন্তু প্ৰাপ্তি অসীম।
হাঁহি বন্ধুত্বৰ প্ৰাথমিক চৰ্ত,
হাঁহি ব্যৱসায়ত উন্নতিৰ মূলধন,
ভাগৰুৱাজনৰ বাবে ই জিৰণি,
অন্ধকাৰত আচ্ছন্নজনৰ বাবে
ই পোহৰ,
বিষাদিতজনৰ বাবে
ই মিঠা ৰ'দ,
মানসিক চাপত বিধ্বস্তজনৰ বাবে
ই প্ৰাকৃতিক পীড়ানাশক,
হাঁহি এছাটি মলয়া বতাহ,
হৃদয়ৰ পৰা হৃদয়লৈ বলা।
কিন্তু,
ইয়াক টকাৰে কিনিব নোৱাৰি।
দাতাই স্বেচ্ছাই দিয়া দান
হাঁহি।
গছত ফুলি থকা ফুলপাহেও নাজানে
ৰাতিপুৱালেই ই যাব ক'লৈ,
মন্দিৰলৈ নে শ্মশানলৈ ?
সেয়ে, হাস্য বদনে
থাকা অবিৰাম।
যাৰ ওচৰত আনক দিবলৈ
নাথাকে একো,
মাত্ৰ এটি মিঠা হাঁহিৰে
গঢ়িব পাৰে,
বন্ধুত্বৰ সূৰুযমুখী সাকোঁ।
—————————————
আহিনৰ শেৱালি মেঘ-মলয়া
নিপু কুমাৰ দাস 
                             
আহিন আহিলেহি দেখিবা 
শুকুলা মেঘ ঘোঁৰা 
উৰিছে আকাশত
কিযে এক উৰন্ত গতিত!

মেঘ মলয়াৰ নাচোন দেখি 
অজান দেশৰ বতৰা আনি
পাতিছে শাৰদীয় মেলা
এই যেন উৎসৱৰ মধুৰ বেলা।

ৰাতি ফুলা শেৱালি ফুলত
যেন নিয়ৰৰ স্পৰ্শত 
দিলেহি শৰতৰ বতৰা
কিযে এই মৰম আলসুৱা!

উন্মক্ত ভাবে উঠিছে নাচি
চঞ্চলা গাভৰু হৈ যেনি
মৌনতাৰে মৌন ক্ষণত   
স্মৃতি হৈ ৰ'লহি মন আকাশত।
—————————————
নান্দনিক
অঞ্জনা ৰূপা দাস

অনুপম সৃষ্টিৰে 
বিতোপন ৰূপ-লাৱণ্যৰে
বিনন্দীয়া প্ৰকৃতিৰ 
অনুপম সৌন্দর্য্যৰ
এইয়া বিপুল সম্ভাৰ।
কুলু কুলু ধ্বনিৰে
চঞ্চলা ঝৰ্ণা
জুৰিটি নাচি বাগি 
উলাহতে বাগৰে
ৰূপালী ঢৌত, 
দুইপাৰৰ সভ্যতা সামৰি
বৈ যায় নদী
ৰুদ্ৰৌজ্জল নক্ষত্ৰ‌ই
দেহাটি পখালি
শান্ত কৰে দুপৰ বেলিত ।
 
সেউজীয়া পাহাৰখনিত
প্ৰতিধ্বনি হয় 
বন্য পক্ষীৰ কাকলিত।
সেউজী পাতৰ আঁৰে 
কলিটিয়ে মিচিকিয়াই হাঁহে
দোলনি লগাই
চঞ্চলা হিয়াখনিত ।
শৰতৰ শেৱালি ফুলে
কোমল দলিচা পাৰে,
নিয়ৰৰ টোপালবোৰে
দুৱৰিত মুকুতা সিঁচে, 
কঁহুৱাৰ উদ্দাম নৃত্যই
গা-মন ৰাই-জাঁই কৰে । 
জোনালী তৰাৱলী ৰাতি
সুমধুৰ বাঁহীৰ সুৰে 
অচিনা ভাৱত হিয়া শাঁত পৰে।
 
গৰ্ভৱতী সেউজী আহিনে
জাগল ধৰা কাতিৰ কঙালীক
বিদায়ৰ প্ৰস্তুতি কৰে। 
সোণালী সোণগুটি আঘোণে 
দুহাতে লখিমী আদৰে,
হিমসনা নিশা
সোণালী সপোনে পোহাৰ মেলে। 
হিমৰ শীতল স্পৰ্শত
বিৰিখে বৰণ সলাই 
পাতবোৰে দণ্ডৱতে
শীতক স্বাগতম জনায়। 

লঠঙা ডালৰ ফাঁকে 
সুৰুযে দীঘল ঠেং মেলি
ফাগুনক ৰিঙিয়াই মাতে। 
সাতোৰঙী ফাগুনে
ৰঙৰ আবিৰ সানি 
প্ৰকৃতিক ধূলিৰে ধূসৰিত কৰে। 
পলাশ,মদাৰত
জুই- ফুল ফুলে , 
বুলবুলি, হেতুলোকাই
ওঁঠত ফাকুৱা সানি 
বসন্ত আগমনৰ জাননী দিয়ে। 
সেউজীয়া ঘাঁহবন, 
ফল-ফুল, উপবন
প্ৰকৃতি ন সাজে সাজি
কুলি কেতেকীয়ে বিনাই , 
বসন্তৰ  বাতৰি আনি
হৃদয়ে হৃদয়ে বিলায় । 
সূৰুযৰ সোণালী কিৰণত
উদ্ভাসিত কোমল ৰ'দালি, 
জোনাকেও সিঁচি দিয়ে
এমোকোৰা শীতল হাঁহি, 
সাজোনমতী প্ৰকৃতিৰ
সেউজীয়াই গোপনে আহি
হৃদয়ত সিঁচি দিয়ে 
অনাবিল সুখানুভূতি। 
নান্দনিক! নান্দনিক! 
—————————————
কবিতা লিখাৰ ভয়
দীপক কুমাৰ তালুকদাৰ

আজিকালি কবিতা লিখাৰ বৰ ভয় হয়
শব্দবোৰে অৰ্জুনৰ শৰ হৈ বিন্ধিলে মানুহবোৰ আক্ৰোশী হয়
সততাৰ দাম নোহোৱা দিন যে
মহামতি সন্মান লৈ বিভূষিত সকলে আমন্ত্ৰণ কৰে মিছাৰ উৰুলিৰ  সভা
তাত শোভাই চেহেৰা হয়
জীৱন মাদকতাৰ
নিৰ্ঘাত নিস্পাপ শব্দবোৰৰ আলৈ আথানি হলে কষ্ট হয় মনৰ
অভিধানত উপবিষ্ট শব্দবোৰে সময়ৰ শৰ হৈ বিন্ধিলে শৰবিদ্ধসকল জান্তৱ হয়
মনটিয়ে টানি থকা কলমটোক বুজাও–তুমি ধৰ্মৰ ঢোলৰ বাজনা শুনিবলৈ কৰিব লাগিব প্ৰতীক্ষা
হয়তোবা বাগৰিব বহু বসন্ত
অপেক্ষাৰত বিহ পোকৰ  শাৰীৰ লেখিয়া শব্দৰ মিছিল
কামুৰিব খোজা বহুতৰ হিচাপ আছে হেনো
যি কামোৰ তছলিমা ৰাশ্বডিয়ে ল'লে
গৰ্ভমুক্ত নহলে অগ্নিগৰ্ভ শব্দ লালন কৰাও কঠিন
তকে দেখি মনৰ ভিতৰতে গুমগুমাই থাকে অগ্নিধাৰী শব্দ
থাকে সেইভাগে
অমৃতকালৰ দুৱাৰ নোখোলালৈ  ৷
—————————————
আহিন মহীয়া
ৰশ্মি দলে

আহিন মহীয়া
দূবৰি তিতিলে
নিয়ৰ মুকুতা সৰে।

শেৱালি পাহিটি
আমোলমোল গোন্ধাই
দূবৰি চোতাল সাৰি।

শুভ্ৰ আকাশত হেৰালি উৰিলে
অচিনা গৰাহত কঁ‌হুৱা ফুলিলে
সন্ধিয়া বেলিও ডুবিল।

গধূলি গোপাল
ঘৰৰে ধুপে ধুনা লৈ
আইয়ে জ্বলানে চাকি।
—————————————
আহিনৰ অনুভৱ 
ৰুমী সেনাপতি ভূঞা

আহিনৰ এটি মিঠা অনুভৱ
বতাহতে আলফুলে উজাই লওঁ
পদূলিমুখৰ শেৱালিৰ মিঠা সুৱাস
সিচৰিত সপোন - কল্পনাৰ মাদকতা 
সময়ে পথৰুৱা সীঁৰলুত 
সপোন সিঁচাৰ পৰত ,
বৰ্ষাৰ ৰিমঝিম সুৰত ভাহিছিল 
সফলতাময় আশ্বাসৰ আশীষ 

দূৰণিৰপৰা ৰিবৰিবকৈ বৈ অহা 
সুশীতল বা ছাটিত ভাঁহে 
সজালধৰা ধাননিৰ মধুময় সুৱাস
অজান পুলকত আশাই নাচে 
জাতিস্কৃত-সুবাসিত আশাৰ ফুলনি
নৈপৰীয়া বতাহত বিৰিণাৰ সুহুৰি
কঁহুৱাই হালি জালি নাচোন তোলে 
সম্ভাৱনাই আৱেগৰ ৰহন সানে

সন্ধিয়াৰ মুক্ত আকাশৰ বুকুত 
কলৰৱে মুখৰিত নীড়মুখী পখীৰ জাক 
থৌকি বাথৌমনে আঁকে মচে 
অলেখ ভাবনাৰে ৰঙীন চিত্ৰপট 
চন্দ্ৰাৱলীৰ এসাগৰ জোনাকত 
সাঁতুৰি নাদুৰি ভাৱনা বিভোৰ
সন্মোহিনী ৰূপ মায়াময় ধৰাৰ 
নিয়ৰৰ মুকুতাখচিত ঐন্দ্ৰজালিক শোভা !
—————————————
কামনাৰ শেতেলিত শৰৎ
গীতাঞ্জলী হাজৰিকা 

শৰৎ মোৰ শৰীৰত সৰীসৃপ হৈ এবাৰ বগুৱাবাই যা
তোৰ শীতল পৰশত বাকৰুদ্ধ হওঁ মই ক্ষণিকৰ বাবে
হৃদয়খন আচন্ন কৰোঁ 
তোৰ শেৱালিৰ সৌৰভত
নিয়ৰৰ দলিচাত সন্তপৰ্ণে পদাৰ্পণ কৰোঁ

শৰৎ তোৰ নিয়ৰ চুমা দূবৰিৰ লিহিৰি বনেৰে
মোৰ দুনয়ন পৰশি অশ্ৰুকণাৰ বন্যা বোৱাও আহ্ 
অভিমানাৰ সৌধটো খহাই দিয়াৰ অজুহাতত

শৰৎ অহংকাৰ নকৰিবি কদাপি
কবিৰঞ্জনৰ কলমৰ কাপতহে 
তই সবাতোকৈ চহকী ঋতু 
অথবা চন্দ্ৰাৱলী বিধৌত সময়ৰ ৰাগিণী তই
তোৰ উপমা নদ-নদী পাহাৰ পৰ্বত সকলোতে 

অথচ অতিকৈ সমৃদ্ধিশালী বৃন্দাবনৰ ৰাসক্ৰীড়াত
গেৰিলা ধানৰ ভৰুণ থোকত
শৰৎ ভুমুকীয়াই মোৰ অভিমান নবঢ়াবি 
পূজাৰ বেদিত চৰণ চুবলৈ 
অপৰাজিতা হৈ বগুৱাবাই যা এবাৰলৈ

শৰৎ জোনাকৰ তৰাৱলীয়ে হাঁহিৰ নূপুৰ বজাইছে
খিলখিলনিৰ শব্দত মোৰ তন্দ্ৰাই 
লুকাভাকুৰে ৰামধেনুৰ ৰহণ চৰাইছে
তাতে তই আত্মগৌৰৱিনী হৈ ৰঙৰ পোহাৰ পাতিছ
মোৰ কলমৰ বৰ্ণনাতহে তই বৰ্ণাত্মক

শৰৎ তোৰ পৰশত ৰিমঝিম ৰিমঝিম 
মাদকতাৰ পিয়লাত ৰাগীৰ সমীৰণ বলিছে 
মন মোৰ বলিয়া বান হৈ হলাহলে বাগৰিছে
যৌৱনমতীৰ আবেগত তই ঋতুমতী
শৰৎ নাৰী আছে বাবেই তই প্ৰাচুৰ্যময়ী

শৰৎ এবাৰলৈ আহিবি
মোৰ কামনাৰ প্ৰেমিকৰ কামিজ এটা পিন্ধি
এবাৰলৈ হৈ যাওঁ নিলাজ কামিনী
কামনাৰ উপশম কাটিলে হৈ পৰিম 
বৰ্ষাৰ ভৰুণ নদী অথবা ভৰা লুইত 
সৃষ্টিৰ মদিৰাত সঞ্জীৱনীৰ সুধাৰ প্লাৱন বোঁৱায়। 
—————————————
মা
ৰুমী কলিতা দত্ত

মা, চোৱাচোন এবাৰ
মই তোমাৰ কোন?
তোমাৰ গৰ্ভত স্থিতি লওঁতে মই
সুখানুভূতি কৰিছিলা নহয়?
মাতৃ হবলৈ যাওঁতে তুমি
মইয়েতো জনাইছিলো তোমাক আদৰণী,
তোমাৰ কোমল গৰ্ভখনক সাৱটি মই
শুই আছিলো নিতৌ খেলি খেলি,
কেতিয়াও ভবা নাছিলো মা
কঠিন মাটিৰ পৃথিৱীখনত অকলে এৰি
তুমি তৰালি দেশলৈ যাবাগৈ বুলি? 
তোমাৰ সুখ বিচাৰি তুমি গুচি গ'লা
কিয় বাৰু নাভাবিলা এবাৰো মোৰ কথা? 
ইঘৰ-সিঘৰৰ ধূলি-বালি খেলি 
চোৱা মা, মই ডাঙৰ হ'লো, 
কিন্তু তোমাৰ পৰা জীৱনৰ আদিপাঠ 
মই যে ল’বলৈ নাপালোঁ, 
জীৱন যুঁজৰ নিশিকোৱা কথাবোৰ
বৰ কষ্টৰে শিকিলো মা, 
তুমি যদি লগত থাকিলাহেঁতেন সদায় 
নহ’লহেঁতেন চাগৈ ইমান যান্ত্ৰণা। 
নাজানো, তোমাক কিমান সুখত ৰাখি 
সুখী হ’ব পাৰিলোঁহেঁতেন মই, 
তোমাৰ মনৰ জোখাৰে সুখ দিব নোৱাৰিলেও 
নিশ্চয় পালোহেঁতেন অকণমান মাতৃস্নেহ সদায়। 
কেনেকৈ হিচাব দিওঁ যান্ত্ৰণাৰ বাৰংবাৰতা
কেনেকৈ জুমি চাবা হৃদয়ৰ কেচাঁ ঘা? 
আজি মই বৰ ভাগৰুৱা মা, 
বৰ মন যায় মাৰিবলৈ শান্তিৰ হাঁহি এটা, 
কিন্তু, কোনেও নিশিকালে হাঁহিবলৈ শৈশৱতে, 
শিকালে মাথোন কান্দি কান্দি কেনেকৈ 
জীয়াই থাকিব লাগে। 
তুমি দেখিছানে মা, 
মোৰ মুখত হাঁহি কেতিয়াবা 
সুখৰ প্ৰাপ্তিবোৰতো চকুৰ পানীৰেই
দিনে-ৰাতি পখালিছো গা। 
নালাগে, নকওঁ আৰু তোমাক মা
বহুত কষ্ট পাবা তুমি, 
দুখেই সুখৰ প্ৰাপ্তি বুলি সলাইছো নিজেই 
সুখৰ সংজ্ঞা।
—————————————
নিয়ৰৰ কথাৰে
অপৰূপা দত্ত 

পদূলিৰ দূবৰিত নিয়ৰ সৰোতে জানো স্পন্দন হয় ,
তথাপিও সেই নিশব্দতাৰ ভাষা আমি বুজি পাওঁ
ক্ষুদ্ৰ হ'লেও সিহঁতেওতো আমাক আনন্দিত কৰে,
যদিওবা সি বাৰিষাৰ বৰষুণজাকৰ দৰে নহয়
হ'লেওতো সিহঁতক আমি উলাই কৰিব নোৱাৰো
পাৰো জানো  ?

এধানিমান হ'ল বুলিয়েই সিহঁতৰো জানো নিজস্বতা নাথাকে !
নাথাকে জানো এটি পুষ্পকোমল মন !
অলপ আকাংক্ষা, অলপ দূৰ আকাংক্ষা 
কাৰোবাৰ পৰা অকনি মৰম হেঁপাহ
তুমি জানো নুবুজা সিহঁতৰ অব্যক্ত ভাষা ।

হৃদয়ৰ নিভৃত কোণত কেতিয়াবা ভাৱ হয়
আমি যেন বুজিও নুবুজো সিহঁতৰ ভাষা
যেন এজাক ধাৰাসাৰ বৰষুণৰ অপেক্ষাতহে অপেক্ষিত আমি
যিয়ে উটুৱাই নিব প্ৰতিটো নিয়ৰৰ টোপালক
নাথাকিব কোনো অৱশেষ কোনো স্মৃতি
এইয়াইতো বিচাৰো আমি।

কেতিয়াবা ভাবি চাইছো জানো নিজকে নিয়ৰৰ ঠাইত ৰাখি
অনুভৱ কৰো জানো নোপোৱাৰ বেদনাক 
চাইছো জানো কেতিয়াবা সিহঁতৰ মৰমক জুখি

কিন্তু মৰম জানো জুখিব পাৰি ?
ইটো সদা প্ৰৱাহমান দিগন্ত অভিমুখী নদী
কিন্তু ইযে এক সপোন মাথোঁ
আমিটো নুবুজা নিয়ৰৰ ব্যথা
বুজিব নোৱাৰা আমি
কিয়নো আমি যে বৰষুণ  প্ৰত্যাশী। 
—————————————
মাতাল প্ৰেমিক
অশোক ভৰালী
                        
এদিন সময় আছিল 
মোৰ প্ৰতিচ্ছবি বুকুত সাৱটি তুমি ৰৌদ্ৰস্নান কৰিছিলা

দুখৰ সমভাগী হৈ প্ৰতিটো খোজত 
খোজ মিলোৱা প্ৰতিশ্ৰুতিৰ অৰ্ঘৰে
মোৰ জপনামুখত তুমি ফুলিছিলা 
এপাহি তেজ ৰঙা গোলাপ হৈ

এদিন এদিন সময় আছিল 
দুৰন্ত প্ৰেমিকৰ আখৰাত
মোৰ দেহৰ প্ৰতিটোপাল ঘাম তোমাৰ জীৱনৰ সুগন্ধি আছিল 
সুগন্ধি আছিল মোৰ ওঠেৰে নিগৰিত প্ৰতিটো চুম্বন

তোমাৰ শিৰা উপশিৰাত প্ৰৱাহিত 
মোৰ উষ্ম আলিংগনত বলিয়া হোৱা কাজলে 
বিচৰণ কৰিছিল দুবাহুৰ বন্ধনত মুক্ত বিহঙ্গ হৈ 

হৃদয়ে হৃদয়ত আলোড়িত কৰা প্ৰেমাস্পদে কঢ়িয়াইছিল 
তোমাৰ মোৰ মিলনৰ গীত,
নৈসৰ্গিক সৌন্দৰ্যৰ কুলু কুলু ধ্বনিৰে
জিৰ জিৰ মলয়া বতাহত প্ৰতিধ্বনি উঠিছিল 
প্ৰেম প্ৰেম প্ৰেম মাথোঁ প্ৰেম 

এদিন সময় আছিল
তোমাৰ কেশবিন্যাসৰ ভাঁজে ভাঁজে 
মোৰ আঙুলিয়ে বিচৰণ কৰা স্পৰ্শৰ অনুভুতিত
তুমি সপোন দেখা তাজমহলৰ শিল্যনাস
শিলে শিলৰ বুকুত ঠেকা খাই স্মৃতিৰ পাতত ইতিহাস লিখাৰ

এদিন সময় আছিল
এদিন সময় আছিল মোৰ হাতৰ তলুৱাৰ খহটা চালবোৰ বুকুত লৈ
ভঙা পঁজাৰ বেৰত জোনবাইক ওলোমাই 
তুমি পৰিচয় হোৱা মোৰ ঠিকনাৰ

আৰু আজিৰ সময়, 
আজিৰ সময়  চৌদিশে মাথোন চিৎকাৰ
মোৰ খহটা চালত অপ্ৰত্যাশিত হতাশ হুমুনিয়াৰ
আজিৰ সময় , তোমাৰ প্ৰতিশ্ৰুতিৰ অৰ্ঘৰত থকা সৰকা 
ভঙা পঁজাৰ খিৰিকীৰে 
দিনৰ পোহৰত তৰা গণি গণি
জপনামুখত ধুমুহাই চিঙি যোৱা গোলাপৰ কলি বুটলি বুটলি
মুৰৰ চুলি টানি টানি বুকুত ভুকুৱাই 
খোপিয়াই খোপিয়াই ভাল পোৱাৰ সংজ্ঞা বিচাৰি
প্ৰেমাস্পদৰ অনুভূতিত উন্মাদ মই এজন মাতাল প্ৰেমিক 

ভালপোৱাৰ সংজ্ঞা বিচাৰি
প্ৰেমাস্পদৰ অনুভুতিত উন্মাদ 
মই এজন মাতাল প্ৰেমিক !
মই এজন মাতাল প্ৰেমিক !
হাঃ হাঃ হাঃ
—————————————
মুক্তি বিচাৰি আৱেদন
মুহাম্মাদ আফজাল

মই তোমাৰ প্ৰেমত বন্দী 
মোৰ কাতৰ অনুৰোধ—
তুমি মোক অচিৰেই 
মুকলি কৰি দিয়া, 
এনেই নাটক কৰি 
আটক কৰি নাৰাখিবা,
স্বাধীনতা মোৰ জন্মস্বত্ব অধিকাৰ।
—————————————
শব্দ
ইভা গন্ধীয়া ফুকন

শৰতৰ আকাশত শব্দৰ কোলাহল
বুকুভেদি যোৱা শব্দৰ শৰ
ফৰিং ফুটা জোনাকত শব্দই মাৰে হাঁহি
হাঁহিতে জিলিকে জোন তৰাৰ ধেমালি
নদীৰ পাৰৰ  কঁহুৱাই হালি জালি কৰে ইতিকিং
দীঘল ৰাতিবোৰত শব্দৰ হুমুনিয়াহ
কালৈ নো লিখ চিঠি অ সোণাই
উকা কাগজত শব্দৰ বুটা বাছি
বুকুৰ ভিতৰত জীৱনক জুমি চোৱাৰ অদম্য হেঁপাহ
শব্দই ভাঙে শব্দই গঢ়ে
শব্দৰ ব্যৱহাৰ হয় যদি সঠিক
সাজিব পাৰি সমন্বয়ৰ পিৰামিড 
মোৰ হাতখন চুটি হৈছে 
শব্দৰ মায়াজাল আঁতৰাও কেনেকৰি 
মই সাবটিম কেনেকৈ তোক
পিন্ধিম কেনেকৈ তোৰ মৰমৰ চুমা
উশাহে চেপি চেপি ধৰে শব্দ; নিশা,নিশা
তোৰ উশাহ চুটি হ'ব ধৰিছে
থুকা থুকি শব্দৰে মোকেই বিচাৰি আহিছ
তোৰ চকুৰ পতাত  অগা -দেৱা ইমান শব্দ
নিশব্দতে হেৰাই বুকুৰ শব্দ
শব্দৰ বানে
হুৰাই নেখেদিবি হৃদয় পথাৰৰ কামুক পক্ষী
ক'তে বা বিচাৰি পাম নতুনকৈ
তোক আৰু মোক একেলগে
যি আলিয়েদি আহিব আৰু গুচি যাব
আমাৰ দিন ৰাতি ।
—————————————
মনে যি বিচাৰে
প্ৰবীন চন্দ্ৰ তালুকদাৰ

বিশালতা মই বিচাৰো
আকাশৰ দৰে
য’ত সাবতি ধৰি ৰাখিব পাৰি সজোৰে
পাহাৰ-পৰ্বত,গ্ৰহ-নক্ষত্ৰ,
ডাৱৰ-ধমুহা-বিজুলী,
নৈ-বিল-জান-জুৰি সকলোকে 
দুবাহুৰে,মৰমেৰে ৷

গভীৰতা মই বিচাৰো,
সাগৰ তলিৰ দৰে
উদাৰতাৰে ভৰা
য’ত সম্ভৱ হয়
মুক্ত অৱস্থান আৰু মুক্ত বিচৰণ
জলচৰ বোৰৰ দৰে সমুদ্ৰত
নিৰ্বিঘ্নে শান্তিৰে,সুস্থিৰে ৷

মানৱতা মই বিচাৰে
য’ত অতি আৱশ্যক
দৰিদ্ৰতাই-বুভূক্ষতাই জৰ্জৰিত কৰা
মৃতপ্ৰায় কঙ্কালৰূপী চেহেৰাবোৰৰ মুখত
যোগাব পাৰে অলপ খাদ্য ভোকত আৰু
আঁকি দিব পাৰে অলপ হাঁহি,সিবিলাকৰ মুখত
হৃদয়ৰ কোমলতাৰে,মহানুভৱতাৰে৷
—————————————
যৌৱন পথৰ খোজ
নিৰেন প্ৰিঞ্চ দাস

মোৰ হাতৰ মুঠিটো ক্ৰমশ পিচলি পিচলি 
কেতিয়া জানো পিতাই হাতৰ আঙুলিটো
হেৰালে বুজিব‌ই নোৱাৰিলোঁ 
এতিয়া  আয়েও শোৱা পাটীত 
হাত বুলাই নোগোৱা হ'ল নিচুকণি‌ গীত ,
সেই বাবেই হয়তো ?
নিতেই মাজনিশা এটি ৰঙা বেলি 
মোৰ শিতান ঘঁহাই 
শিতান লগাই
ওৰণি গুচাই আঁচল খহাই 
লাৱনী হাতৰ এজুনুকা খাৰুৱে
মোৰ বুকু পৰশায় ।

আজি কালি গা ধুই 
নিজৰ মূৰত নিজে ফণিয়াও
নিজৰ কামিজৰ বুটাম নিজে চিলাও 
নিজৰ গালত অভ্যাসবসত...
নিজে বাৰংবাৰ হাত বুলাওঁ
না কোনো চিনাকি লিপষ্টিকৰ 
আক বাক মচিবৰ বাবে নহয়
দাঁড়িখিনি ভালদৰে কাটিছোতো  ?
হয়তো ম‌ই ডাঙৰ হ’লো ।
—————————————
স্মৃতিৰ সমীপেষু 
চিমৰাজ হুছেইন

স্মৃতি ,তুমি কুশলে আছানে ?
মই আছো বুজিছা !
তোমালৈ বৰকৈ মনত পৰে আজি কালি 
কেতিয়াবা তোমাক বিচাৰো 
আয়ে বৈ থোৱা গামোছাৰ ভাঁজত
আকৌ কেতিয়াবা বিচাৰো
মোৰ পুৰণি আলমাৰিটোত 
নিমাতে পৰি থকা কিতাপবোৰৰ মাজত 

আৰু মোৰ ডায়েৰীৰ পাতবোৰে
মাজে মাজে তোমাৰ কথা কয়
মই নীৰৱে শুনি ৰও 
আৰু বুজিছা মাজে সময়ে
এলবামটো উলিয়ালে
তোমাৰেই উপস্থিতি অনুভৱ হয় 
মোৰ সমস্ত অতীত
তোমাৰ হাততেইটো বন্ধকত থৈছোঁ ,
সযতনে আছেনে !
মাজে মাজে আহিবাচোন
মোক জোকাবলৈ 
মই ৰৈ থাকিম 
মনবিৰিখৰ ছাঁত আগৰ দৰে 
আজিলৈ এৰিছো আশাৰে...
—————————————
তোমাৰ অকণমান অবহেলাই মোৰ হৃদয় ভাঙে
জোনমনি বৰা

তোমাৰ অকণমান অবহেলাই মোৰ হৃদয় ভাঙে 
মোৰ অভিমানী হৃদয়খনত শোকৰ খৰশ্ৰুতা নদী হৈ 
বেথা ভৰা হুমুনিয়াহ সৰে ৷

তোমাৰ অকণমান আগ্ৰহেই
মোৰ অভিমানৰ গংগাটোপ
ফুটুকাৰ ফেন হৈ পৰে 
তাচপাতৰ প্ৰাচীৰ খহাদি খহে।

তুমি যিমানেই নোকোৱা 
তুমি যিমানেই নিদিয়া 
অভিমানবোৰ প্ৰেমৰ অলংকাৰ হৈ প্ৰেমময় জীৱনত সৌষ্ঠৱ বঢ়াই ৷
তুমি মই আজীৱন প্ৰেমৰ সেউজীতাত প্ৰেমাতুৰ হৈ
থকাত প্ৰেৰণা যোগায় ৷
—————————————
বৰষাৰ গীত
অসমা তুংখুঙীয়া

খিৰিকীৰ সিপাৰৰ পাগল 
বৰষুণ জাকত এক উমাল বন্যতা ।
খোজবোৰ সিহঁতৰ 
পথাৰৰ দিশে ধাৱমান ।
পৃথিৱী বিদৰা তাড়না এটাই
সিহঁতৰ কোমল বুকুত
এটা উন্মাদ চটফটনিয়ে
বাহ সাজিছে ।
শাওণৰ আঁচল খন টানি টানি
মুখ ঢাকিব বিচাৰি
অনৰ্গল আকাশলৈ চাই 
নৃত্যত মগ্ন সিহঁত ।
মায়াময় আকাশৰ ছাঁয়াত
ৰ'দঘাই বেলিটোৰ গোপন
অজ্ঞাতবাস ।
সি আপোনভোলা মনেৰে
নিজতে আউজনী লৈ
চাই থাকে 
অন্তঃসত্বা বৰষুণজাকক ।
ভাতঘুমটি মৰা সাঁজৰ তৰাটোৱেও
পলক জপাই শুই পৰে
নীৰৱে ।
অহৌবলিয়া হেঁপাহবোৰ 
চেঁচা বতাহ এজাক হৈ মিলি যায়
বৰষুণৰ তৰংগৰ সৈতে 
সংগোপনে ।
——————————————————

Post a Comment

0 Comments