পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ দশম সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়ৰ পৰিবৰ্তে—

ঘৰৰ ভিতৰৰ ঘৰ


পদূলিমুখৰ সোণাৰুজোপত 
কপৌহালে বাহ সজা 
তিনিমাহ হ'ল

চকুৰ পচাৰতে
দুটিৰ পৰা চাৰিটি হ'ল
সিঁহতৰ সংসাৰ

ক'ব নোৱাৰাকৈয়ে
নিজেও
সেই পৰিয়ালৰ এজন হৈ পৰিলোঁ

ভবা নাই আজিলৈ
মই সিঁহতৰ আলহী 
নে সিঁহত মোৰ আলহী

সিঁহতৰ স'তে
মোৰ প্ৰতিটো আবেলি ৰঙীন 

কালি আবেলি
পোৱালি দুটি হঠাতে মাটিত দেখা পালোঁ

সিঁহতক উৰুৱাই নিয়াৰ চেষ্টাত
বাৰে বাৰে বিফল হৈ
কপৌহাল গুচি গ'ল 

সন্ধ্যাও হৈ আহিল
ইফালে আকাশো গোমা

আলফুলে ধৰি আনিলোঁ ঘৰলৈ

পুৱা উঠি দেখোঁ–
ঘৰৰ ভিতৰত এখন ঘৰ

পোৱালি দুটিৰ কাষে কাষে 
বাৰান্দাত কপৌহালৰ পাইচাৰী 

কণমানিদুটিক কপৌহালৰ বুকুত এৰি দি
কৰ্মস্থলীলৈ ৰাওনা হ'লোঁ

আহাৰ গোটোৱাত দুয়ো ব্যস্ত হৈ পৰিল

আবেলি উভতি আহি
দেখো
সোণাৰুজোপাত কপৌহাল আমন-জিমনকৈ বহি আছে

পোৱালি দুটি ক'লৈ গ'ল ?
ঘৰলৈ উভতি গ'ল 
নে আহাৰ হ'ল কাৰোবাৰ !

বিচাৰি বিচাৰি
ধৰি আনিলোঁ ঘৰলৈ

উৰিব নিশিকালৈ যে সিঁহত
সিহঁতৰ ঘৰলৈ উভতিব নোৱাৰে !

মোৰ বুকুতে সিঁহতলে'
ঘৰ এখন সাজি দিব পৰাহ'লে!

(এটি বাস্তৱ অভিজ্ঞতাৰ আলমত)

নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ  আড্ডা
[প্ৰসঙ্গ : 'অকবিতা' ]
উদয়  কুমাৰ  শৰ্মা

   কিছুমান শব্দৰ আগত 'অ' অব্যয়টো সংযোগ কৰিলে -- সি  বিপৰীত, নীহ বা নেতিবাচক অৰ্থ প্ৰকাশ কৰে। যেনে -- অকাল (অসময় বা অশুভকাল), অকৃতজ্ঞ (অশলাগী), অকীৰ্তি (দুৰ্নাম), অখাদ্য, অচল, অপদার্থ, অসভ্য আদি। 
    সুখী জীৱন যাপন কৰিবৰ কাৰণে -- জীৱ-শ্ৰেষ্ঠক, শিল্পৰ মাদকতাৰ প্ৰয়োজন ; কিয়নো, জীয়ায় থাকিব জনাটোও এটি কলা। আৰু সেয়ে, আমি গান শুনো, নৃত্য-নাটক-কথাছবি চাওঁ, ছবি আঁকো, বেহেলা বজাওঁ... । এনে সকলো সৃষ্টিমূলক কাম-কাজ : আমাৰ প্ৰাণৰ আহাৰস্বৰূপ। সকলো সৃষ্টিতেই থকা ৰসেই -- আমাক ৰসাপ্লুত কৰি, জীৱন  সাৰ্থক কৰি তোলে। 
    যিকোনো সৃষ্টিধৰ্মী লেখাই, সৃষ্টি কৰোঁতাৰ আপোন সন্তানলেখীয়া। চেনেহৰ সন্তানৰ নাম একোটা ৰখাৰ দৰে -- কবিতা, গল্প, উপন্যাস আদিৰো বিষয়ভিত্তিক বা সাংকেতিক নাম একোটা দিয়া হয়। (ৰহস্যময়তাৰ অৰ্থেই চাগৈ -- কবিতাতহে, কেতিয়াবা বিশেষ নাম নিদি, 'কবিতা' নামেৰেও কবিতা লিখা হয়।) 
    পঙ্গু-সন্তানৰ জন্ম হওক বুলি ভাবি, কোনেও সন্তান জন্ম দিয়াৰ কামনা নকৰাৰ দৰে -- 'কবিতা নহওক' বুলিয়েই, কোনেও কবিতা লিখিবলৈ নলয় নিশ্চয়। হয় : সকলো কবিতাই উৎকৃষ্ট নহয়। কবিতা একোটা, কেতিয়াবা কবিতা হৈ নুঠেগৈ। অথবা, কবিতাৰ নামত -- আত্মবিবৃতি (self statement) বা ৰচনা (essay) একোখনৰহে সৃষ্টি নোহোৱাকৈ নাথাকে। তেনে 'কবিতা'ক 'দুৰ্বল কবিতা' নতুবা 'কবিতাই নহ'ল' আখ্যা দিব লগা হ'ব পাৰে যদিও -- পঢ়ৱৈভেদে কবিতাৰ মান নিৰূপণৰ দৃষ্টিকোণও ভিন্ন হোৱাই স্বাভাৱিক। কিন্তু, সিবোৰক 'অকবিতা' বুলিম কিয়  ? 
    অগল্প, অনাটক, অউপন্যাস, অগীত, অনিবন্ধ হওক বুলিয়েই, কোনোবাই লিখিব পাৰেনে  ? যদি লিখেও -- সেয়া, লেখকৰ সুচতুৰ প্ৰচাৰৰ অপকৌশলত বাদে আন কি হ'ব পাৰে  ? 
    মানুহেই দিয়া নাম 'মিছামাছ'ৰ বৈজ্ঞানিক কাৰণ আছে। সি, 'অমাছ' নহয় কাৰণেইতো, আমাৰ তৃপ্তিদায়ক খাদ্য। 
     ৰুচি বা ৰসৰ প্ৰয়োজনত, নতুন চিন্তাৰ সন্ধানত -- অসমীয়াত 'জিভা-কেঁকুৰি', লিমাৰিক, কথা-কবিতা, খুদ-কবিতা, ধেমেলীয়া পদ্য, আপদীয়া পদ্য, স্তৱক, মিতভাষ, তিনিশৰীয়া / চাৰিশৰীয়া কবিতা, অণু-কবিতা, কণ-কবিতা, কুঁহি-কবিতা, এৱাঁ-কবিতা আদি নামেৰে, ভিন্ন গঢ়ৰ কবিতাৰ ধাৰা একোটাৰ সৃষ্টি কৰোঁতে -- কবিতাৰ মানলৈও লক্ষ্য নকৰাকৈ থকা হোৱা নাই। এইবোৰ, আমাৰ মনৰ খাদ্যস্বৰূপ। পিছে, 'অকবিতা' সৃষ্টিৰ মান আৰু লক্ষ্যবা কি? 'খাদ্য'ৰ বিপৰীতটো যিদৰে 'অখাদ্য' -- 'কবিতা'ৰ বিপৰীতটো তেনেদৰে 'অকবিতা' বা 'অতিকবিতা'। অখাদ্য খাব খোজোঁতাইহে 'অকবিতা' পঢ়িব পাৰে। অকবিৰদ্বাৰাইহে 'অকবিতা'ৰ সৃষ্টি সম্ভৱপৰ! 
      সেয়ে, ক'ব পাৰি : কবিতা যদি মধু-মঙ্গল, অকবিতা : অমঙ্গল  !
—————————————
অনুবাদ কবিতা

바람의 말 /마종기

우리가 모두 떠난 뒤
내 영혼이 당신 옆을 스치면
설마라도 봄 나뭇가지 흔드는
바람이라고 생각지는 마.
나 오늘 그대 알았던
땅 그림자 한 모서리에
꽃나무 하나 심어 놓으려니
그 나무 자라서 꽃 피우면
우리가 알아서 얻은 모든 괴로움이
꽃잎 되어서 날아가 버릴 거야.

꽃잎 되어서 날아가 버린다.
참을 수 없게 아득하고
헛된 일이지만
어쩌면 세상 모든 일을
지척의 자로만 재고 살 건가.
가끔 바람 부는 쪽으로 귀 기울이면
착한 당신, 피곤해져도 잊지 마,
아득하게 멀리서 오는 바람의 말을.

The Word of the Wind 
by- Majong-gi(1939—)
Korea
Translated by-Chae-Pyong Song and Anne Rashid

After all of us leave,
if my spirit passes by you,
don’t think even for a moment it is
the wind that sways the spring boughs.
Today I will plant a flower
on a corner of the shadow
where I got to know you;
when the flower grows to bloom,
all the distress that stemmed from our acquaintance
will turn into petals and fly away.

It will turn into petals and fly away.
Though it is unbearably distant
and futile,
how can we measure all the things in the world
with only a small ruler?
When every now and then you turn your ears toward where the wind blows,
my beloved, don’t forget even if you become tired
the word of the wind that comes from faraway.

বতাহৰ চিঁহিৰণি
মূলঃ মাহজং-গী (১৯৩৯-)
কোৰিয়া
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


আমি সকলোৱে যোৱাৰ পিছত,
যদি মোৰ আত্মা 
তোমাৰ কাষেৰে পাৰ হৈ যায়,
এক মুহূৰ্তৰ বাবেও নাভাবিবা যে 
সেয়াই হৈছে-
বসন্তৰ ডালবোৰত দোলা দিয়া বতাহ।
ছাঁৰ এচুকত
আজি মই এজোপা ফুল ৰোপণ কৰিম৷
যেতিয়া ফুল ফুলিবলৈ ল’লে,
মই তোমাক চিনি পালোঁ;
আমাৰ চিনাকিৰপৰাই উদ্ভৱ হোৱা সকলো দুখ পাহিলৈ 
ৰূপান্তৰিত হৈ উৰি যায়।

ই পাহিলৈ ৰূপান্তৰিত হৈ উৰি যায়।
যদিও ই অসহনীয়ভাৱে দূৰৈৰ
আৰু অসাৰ,
আমি কেনেকৈ জগতৰ সকলো বস্তু জুখিব পাৰোঁ
মাত্ৰ এগৰাকী সৰু শাসকৰ সৈতে?
যেতিয়া মাজে মাজে কাণ দুখন বতাহ ব’লা ঠাইৰ ফালে ঘূৰাই দিয়ে,
মোৰ প্ৰিয়জন, 
ভাগৰি পৰিলেও পাহৰি নাযাবা৷
দূৰৰপৰা অহা বতাহৰ চিঁহিৰণি।
—————————————
ঐতিহাসিক 
[সুকান্ত ভট্টাচাৰ্যৰ 'ছাড়পত্ৰ'ৰ অন্তৰ্গত কবিতা 'ঐতিহাসিক']
অনুবাদ - দেৱ দাস

আজি তোমালোকৰ ঘৰে ঘৰে  পৃথিৱীৰ আদালতৰ পৰোৱানালৈ আহিছো

তোমালোকে আমাৰ প্ৰশ্নৰ কৈফিয়ত্ দিবা 

কিয় মৃত্যুসীক্ততাত 
পঞ্চাশ বছৰ পাৰ কৰি 
আজি বাৱন্ন বছৰৰ সূচনা
কি উত্তৰ দিবা

আমি জানো 
স্তব্ধ হৈছে তোমালোকৰ প্ৰগতিৰ স্ৰোত
সেয়েহে দীৰ্ঘশ্বাসৰ ধোঁৱাত ক'লা কৰিছ ভৱিষ্যত আৰু অনুশোচনাৰ উত্তাপত 
ছাই হৈছে উৎসাহৰ কয়লা 

তথাপি 
কি ভাবি কি দেখিছা
বহুত দেৰিহৈ গ'ল
বহুত দেৰি 

কোনোদিনে শাৰী পাতি থকা অভ্যাস নকৰাকৈ এটাই লক্ষ্য 
মুখামুখি হ'লেই কেৱল  
পৰস্পৰৰ মাৰামাৰি 

তোমালোকৰ 
ঐক্যতাৰ বিশৃংখলতাত 
বন্ধ হৈছে মুক্তিৰ 
দোকানৰ দুৱাৰ 
কেৱল বঞ্চনাত বিহ্বল বিমূঢ় জিজ্ঞাসাভৰা চাওননিত 
প্ৰত্যেকেই  প্ৰত্যেকৰফালে 
চকু থৰ

কিয় এনেকুৱা হ'ল
এদিন দুৰ্ভিক্ষৰ দিন
ভোকৰ ক্ষমাহীন তাৰনাত হেচা ঠেলাত সব একত্ৰে 
শাৰী পাতি 
নি:পীড়িত নিৰলস 
হিন্দু মুছলমান একেলগে একেখন আকাশৰ তলত একে বতাহত লৈছে 
শ্বাস প্ৰশ্বাস 

চাউল চেনি কয়লা কেৰাচিন 
এনেবোৰ দুষ্প্ৰাপ্য জিনিসৰ বাবেইটো শাৰী 

কিন্তু নুবুজিলে 
মুক্তি আৰু দুৰ্মূল্য
তাৰবাবেও 
চল্লিশ কোটিৰ দৈৰ্ঘৰ
লানিনিছিগা শাৰী 

মূৰ্খ তোমালোক
শাৰী পাতিও 
মুক্তিৰ সলনি মৃত্যু 
তেজৰ সলনি প্ৰৱঞ্চনা 

ইতিমধ্যে তোমালোকৰ বিশৃংখলতাৰ দোমোজাত 
মুক্তি উকিমাৰি মাৰি 
বহুবাৰ গুছি যায়

শাৰীপাতি পাতি যিয়ে 
আয়ত্ত কৰিছে 
ছোভিয়েট 
পোলেণ্ড 
ফ্ৰান্স 
তেজৰ দামত কিনিলৈ গ'ল তেওঁলোকৰ মুক্তি 
পোণপ্ৰথম এই পৃথিৱীৰ দোকানৰ পৰা 
এতিয়াও এই শাৰীত
বহু প্ৰতীক্ষাৰ প্ৰাৰ্থী বহুত
অথচ মুক্তি পৰিমিত 
হয়তো এই বিশ্বব্যাপী 
শাৰীৰ শেষত

তাৰপিছত 
নি:শব্দে এই শাৰীতে
প্ৰতিজ্ঞা আৰু প্ৰতীক্ষাত 
হাতৰ মুঠিত ৰাখি 
প্ৰত্যেকৰে প্ৰাণ

আমি ইতিহাসহৈ যাম
আমাৰ কথা 
এবাৰো ভাবি চোৱা  
মনত ৰাখা পলমহৈ গ'ল
বহু বহু পলমহৈ গ'ল

আৰু মন কৰা
আকাশত আছে 
এটি ধ্ৰুব তৰা 
নদীৰ স্ৰোতত আছে 
গ'তিৰ নিৰ্দেশনা 
অৰণ্যৰ মৰ্মৰধ্বনিত আছে 
আন্দোলনৰ ভাষা 
আৰু আছে পৃথিৱীৰ 
চিৰকালৰ আবৰ্তন।
—————————————
এটি নতুন দিনৰ সৈতে
মূলঃ( হিন্দী )
কেদাৰনাথ সিংহ
অনুবাদ–গণেশ বৰ্মন 

নতুন দিনৰ  সৈতে
এটি উকা পৃষ্ঠা খোল খালে
আমাৰ প্ৰেমৰ 

পুৱা,
ইয়াৰ ক'ৰবাত  নামটো লিখি দিয়াচোন !

বহুতো কদাকাৰ পৃষ্ঠাত
ইয়াকো ক'ৰবাত  সাঁচি থ'ম
আৰু যেতিয়া বতাহজাক আহি
উৰুৱাই  নিব বন্ধ পৃষ্ঠাবোৰ 
ভিতৰৰ ক'ৰবাত 
ময়ুৰ-পাখীৰ দৰে সাঁচি ৰখা সেই নামটো 
বাৰে-বাৰে পঢ়ি ল'ম ।
—————————————

                              কবিতা 

জীয়া স্বাধীনতা
গাৰ্গী ভূঞা

পাকঘৰত হেতা লৰাই থাকোঁতে
ভাৱৰ বুৰবুৰণি উঠিল
কাষত কলম নাছিল 
আৰু আনটো বাৰ্ণাৰত গাখীৰত উতল আহিছিল
মই তৎক্ষণিকভাবে ভাৱবোৰ গিলি থলোঁ 

পদূলি সৰি থাকোঁতে 
ঘৰচিৰিকাটোয়ে চিঁ চিঁয়াই মাতিছিল মোক
শুনিবলৈ আৰু কথাবোৰ টুকি থবলৈ
হাতত সময় আৰু টোকাবহী নাছিল
গতিকে সৰাপাতৰ দৰে উৰুৱাই পঠিয়ালো 
সকলো প্ৰত্যাশিত

কেতিয়াবা আকৌ কলম থাকে
বাৰ বাৰ ঘহিলেও নধৰে
ময়ো থাকো গুজৰি গুমৰি

পিছে ভাৱবোৰে ঠেহ পাতে
মোৰ পৰা লুকাবলৈ গৈ 
কোনো মলিন পুখুৰীত বুৰ মাৰে
ভাৱবোৰ হেনো স্বাধীন!

সেইদিনা আকৌ হেৰাই যোৱা ঘৰচিৰিকাজনী বিচাৰি ফুৰোতে লক্ষ্য কৰিলোঁ
বিলৰ পৰা কাৱৈজনী তুলি আনি মাচুৱাই চিঞৰি আছিল
জীয়া স্বাধীনতা!

আপাততঃ 
ময়ো মোৰ স্বাধীন ভাৱবোৰ বিচাৰি পালোঁ ।
—————————————
বৈদ্য- শব্দ
অৰ্চনা ঠাকুৰীয়া 
(হীৰুদাৰ চৰণ-কমলত)

এখন বিশেষ হাত
শোটোৰা-মোটোৰা শীৰ্ণ আঙুলি 
প্ৰতিটো আঙুলি
একোটি সূৰ্য
চকুদুটি অনল তুৰ্য 
আঙুলিয়ে লুটিয়াই
মানৱীয় ভূগোল-অভিধান
দৃষ্টিয়ে ভেদে
ছনপৰা মাটিৰ মনমৰা-গান

তেওঁক মোৰ ওঠজুৰি ধাৰলৈ দিছিলোঁ
বিনিময়ত ময়ো পাইছিলো
শব্দ- ঘাঁ শুকাবলৈ
বৈদ্য -শব্দ

পুৱাটোৱে ৰাজহাঁহৰ দৰে 
সন্ধিয়াৰ ডেউকা কোবাই  
বগী ঢকেঢকী চিত্ত -সিন্ধুলৈ উৰা মাৰিছে
গান সামৰি সেই বিশেষ হাতৰ মানুহজন
ৰৈ আছে আকাশৰ সিপাৰে
আকাশ হৈ...
—————————————
নাক
জুনু বুঢ়াগোহাঞি নাথ

কৰতৰ ধাৰৰ দৰে
সোঁ-সোঁৱাই বলা বতাহ এজাকে
ছিঙি আছে দীঘল নাসিকা
অতি যতনেৰে ৰখা ধুনীয়া নাকবোৰ
চুটি হৈ হৈ এদিন নোহোৱা হ'বগৈ
অন্তিম ঘ্ৰাণ ল'বলৈ ৷

আকৰ্ষণৰ কল্কা বছা সাঁকোত উঠি
চাই আছোঁ ৰচি থকা বুৰঞ্জী
নতুন অধ্যায়
ফঁহিয়াই চাই দেখিলোঁ
আভুৱাভৰা বাণীৰে ভৰা
ফিচিকা সূতাৰে বোৱা ৷

সময়ৰ দীঘল নাকবোৰ
দূৰৰ চৰাই
খহি থকা পাহাৰ
গলি থকা মম ৷

সমৰ্পণৰ কাল
কালিবোৰ আজিৰ হাতত সঁপি
তিৰবিৰাই থকা আজিটোৱে 
কাইলৈক বিচাৰিলে পাব কি ?

হেৰুওৱা সত্তা !

কালিৰ হাত দুখনেৰে
আজিৰ ভৰি চুই
কাইলৈৰ নাকটো বচাব পাৰিবনে ?
 
আপুনিও আপোনাৰ নাকটো চুই 
ভাবিব পাৰে 
কথাটো৷
—————————————
ৰৈ ৰৈ ৰতী
ইলামণি শইকীয়া

ৰৈ ৰৈ ৰতী মইনামতী ঈশ্বৰে ঐ স্বৰ্জিলে
মৰম প্ৰীতি মইনামতী  তোকে নো ঐ দিবলৈ...

ঈশ্বৰে দিয়া মৰম চেনেহ
নেওচি 
সময় ঘোলা কৰে
ছাঁ-পোহৰৰ আঁহফলা কুচকাৱাজে  ৷

পৃথিৱীৰ সমস্ত কোলাহল নেওচি 
হঠাত মই নিৰ্বাক হৈ পৰোঁ
সকলো ধাতৱ চুক্তিৰ শীৰ্ষত গৈ
নিজক সোধো মাজে মাজে
বুকুত গঁজা শেলুৱৈক 
প্ৰেমেৰে চিকুণাব পাৰিনে!
—————————————
নৈঃশব্দ 
ইপুল হুছেইন

শব্দ শুকাই যোৱা দিনৰ আশ্ৰয়হীনতাত ভুগি
বুকুত লুকাইছে কুচিমুচি জোনাক
বুকুৰ নোম সিঁয়ৰাই শূন্যতাৰ কথা ক'ব খুজিছে
যি কথা কোনোদিনেই কোৱা নহ'ব

কিছু কিছু উশাহত হুমুনিয়াহৰ ধল বাঢ়িছিল
ছবি অঁকা আঙুলিত এডাল পেঞ্চিল নাচিছিল
কপালত ওলমি থকা চুলিৰ সৈতে হয়তোবা বতাহৰ বুজাবুজি আছিল
অপ্ৰস্তুত আঙুলিৰ ফাঁকেৰে গানৰ মৌ-মাখি উৰিছিল
প্ৰতিবাৰে হাৰি যোৱা চকুৰ আকুলতাত
শব্দ শুকাই যোৱা দিনৰ মৌনতা আছিল

কবিতাৰ সহচৰ বিচাৰি কালি নিশা শব্দৰ সমদল এটাই 
নৈঃশব্দৰ শ্ল’গান দি আঁতৰি গৈছিল
অসহায় সেই নদীৰ শব্দ
তথাপি উপায়বিহীন, শব্দহীন।
—————————————
১৮
সুশান্ত দাস

মোৰ জন্মদিন

সূৰ্য্য যেতিয়া গলিব ধৰে মই পুনঃ জন্ম হওঁ
নৱতম্
শৈলাদ্ৰি হৈ 
লুইতৰ ঢৌ ভেদি বিভাবেগে ঢপলিয়াই অহা সোণাৰু দিবাকৰৰ উত্তাপত উৰে আকাশত মন্থনৰ স্বৰ্ণ মৃগ ;
উদযাপিত হয় মোৰ জন্মদিন !

শুকান খৰিৰ শীতত প্ৰাচীন শিল হোৱা জৰায়ুৰ
হুমুনিয়াহত প্ৰসৱ হয়
মোৰ জন্মদিন 

ক্ৰমশঃ
নিশ্চিদ্ৰ এন্ধাৰৰ ধূলি আৰু
স্বপ্নৰ কৃষ্ণগহ‌্বৰীয় যৌনক্ৰীড়াত শিলীভূত হোৱাৰ অন্ততঃ
মোৰ আকৌ জন্মদিন 
মোৰ জন্মদিন

ঘোলা চকুৰ ভ্ৰম।
—————————————
মই
ৰমেশ চন্দ্ৰ ৰায় 

মানুহকেইজনক মই চিনি পাওঁ 
মৰমলগা বুলি 
খেলি থকা মোৰ ফুটবলটো 
এওঁলোকেও মাজে মাজে 
মোলৈ লাহেকৈ ঠেলি দিছিল 

কেতিয়াবা এওঁলোকে মোৰ নামটোও সুধিছিল 

চকলেট দিছিল
পূজাৰ সময়ত বেলুন 

বৰশীৰ টোপৰ চাৰিওফালে লুটি মাৰি থকা দৰিকণাবোৰৰ দৰে
দেউতাৰ পাছে পাছে 
ঘূৰিছিল এওঁলোক

এতিয়া মোক দেখিলে এওঁলোকে
তলমুৱা হয়
মুখ ঘূৰায়

দেউতাৰ ল'ৰাটোহে মৰমলগা আছিল 
মই নহয়।
—————————————
এটি পৃষ্ঠা আৰ্তনাদৰ
হিমাদ্ৰী দাস

আমেজসনা সুবাসিত আঁচলৰ
অফুৰন্ত সুখৰ বেষ্টনীত 
আলিংগনৰত
মধুচন্দ্ৰিকা নিশাৰ বাতি

নয়ন কজলা পটাত
জলমলাই জলমলাই 
কত্থক্কলিৰ উদ্যাম নৃত্যত নৃত্যৰতা
এডোঙা পানীমেটেকা সপোন

আন্ধাৰ গৰ্ভৰ কোলাহলত
সুৰ আছে
সময়ৰ দৰে
আছে ইতিহাস
লুটিয়াই যোৱা পাতত 
আছে সহবাসৰ অজস্ৰ কিংবদন্তি

সুৰ এটাই মূৰ্ছনা তোলা সময়ত
অচিনাকি মোহ এটাই 
শিপাৰে মেৰাই
বিঢৌত বনৰ বলুকাত 
অচিৰেই
অৰ্থ আৰু চুক্তিৰে 
সন্ধিত ওফন্দি 
বৰ্ণনাৰে সপোন এটা মেৰামতি কৰে

বিষধৰ কাঁইটীয়া বিষত জৰ্জৰিত 
শুকান ওঁঠৰ শোকটো 
কোমল বৰষুণৰ 
এছাতি শীতল আচাৰণিত 
জীপাল হৈ উজাই বগায় 
বুকুলৈ
ক্ৰমে আকাশলৈ...

ঢপলিয়াই গীত গোৱা ব্যাকুল মনৰ 
আমোলমোল উচাহৰ তৰংগত
কাঁচিয়লি জোনৰ তিৰবিৰ 
পোহৰত লুকায় কালৰাত্ৰিৰ আন্ধাৰ।
—————————————
পুৱা
ৰেখা বৰকটকী

কুঁহকিনী  ডাৱৰৰ
কাতৰ অনুৰোধ
প্রত্যাখান নকৰি বৰষুণজাক
নামি আহে   
ঘনঘোৰ বৃষ্টিয়ে
শিলাকৃত মাটিত
হেঁচুকি উলিয়ায় কেচেমা গোন্ধ !

কাঁকিনি তামোলৰ ফাঁকেৰে 
মধুচন্দ্ৰিকাৰ জোনৰ
প্ৰণয়- বিহ্বল চাৱনি
উঁইচিৰিঙাবোৰে
বিয়া নাম জুৰে 
প্রত্যুষৰ নীলপদ্ম ফুলাৰ সময়  সমাগত হ'লেই কিশলয়জাক
সাত সাগৰ তেৰ নদী
পাৰ হৈ উৰে

ৰান্ধনী বেলিয়ে চুচুক
চামাককৈ
ওৰণি টানি ওলাই আহে
নিশাৰ ছন্দোময়  পদধ্বনিত
পুৱতিৰ দিনলিপি থাকে...
সেয়ে চাগে
কল্লোলিত আবেগ ঢালি
সলাজ পুৱতি....
————————————— 
জীৰ্ণতাত আজি মামৰ কিয়
ডাঃ বন্দনা তামুলী

বিশ্ববিদ্যালয়ৰ সেই
ৰঙা দলিচাৰে গৈ থকা
জৰা জীৰ্ণ  ৰিক্সা খনলৈ মনত পৰে
উদিত সূৰ্য্যৰ ৰাঙলী আভাৰে গৈ থাকোতে
মামৰে ধৰা চকা কেইটাৰ
কেৰেক কেৰেক শব্দ
কুৎসিত ৰিক্সা খনৰ জীৰ্ণ শব্দই
মনত বাৰুকৈয়ে স্হান পাইছিল
তোমাৰ সপোনৰ কথা বোৰ
কৃঞ্চচূড়াৰ ৰঙা ৰঙেৰে ৰাঙলী হৈছিল
তোমাৰ চকুৰ মণিত দেখিছিলো
ৰক্তিম পূৰ্ণতা
কেৰেক কেৰেক শব্দবোৰে
মৰমৰ ঢৌত বিচাৰি পাইছিল উপকূল
কোনেও নজনাকৈয়ে চকা কেইটাই যেন
কঢ়িয়াই লৈ গৈছিল বেদনাৰ ধাৰ
জীৱনৰ সন্ধ্যা যে ভাঙিল কেতিয়াবাই
চকাৰ শব্দই এতিয়াও খুন্দিয়াই যায়
ৰিক্সা খনো জহি খহি পৰি ৰ’ল
জীৱনো ইয়াৰ ব্যাতিক্ৰম নহ’ল
প্ৰেমৰ অলংকাৰ যদি জীৰ্ণতা
মামৰে ধৰিছে কিয়  এই জীৰ্ণতাত ৷
—————————————
প্ৰজাৰ বিননি , সপোনবোৰ জাহ গ'ল
ৰূপা গগৈ

দেখিছোঁ শুনিছোঁ এইখন দেশত
জীয়া মানুহৰ দাম নাই
মৃতদেহৰ দাম বেছি , মৃতদেহক লৈ চলে দৰ-দাম
সেয়ে এবাৰ ভিক্ষা মাগিছোঁ 
মৃতদেহটোকে থ'বলৈ দিয়ক চাৰিহাত চাৰি আঙুল মানৰ এটুকুৰা মাটি-ভেটি ।

আপুনি ৰজা হ'ল 
একো দোষ নাই 
কিন্তু প্ৰজাৰ কি দোষ ? 

আপোনাক প্ৰজাই ৰজা পাতি কৰিলে নেকি ভুল
যি প্ৰজাই নিজৰ দেশতে হ'ব লাগে 
ভূমিহীন , গৃহহাৰা , বস্ত্ৰহাৰা ,অন্নহাৰা 
কওক মহোদয় 
প্ৰজাৰ গাত কি দোষ ? 

আপুনি সলাব পাৰে সকলো , সলাওক 
পাহাৰ-ভৈয়াম , নদ-নদী একাকাৰ কৰিব পাৰে কৰক
পাৰে যদি এখনি গংগাও বোৱাওক 
সকলোৰে মনবোৰ পৱিত্ৰ হোৱাকৈ 
নামঘৰ ,মন-মন্দিৰ , গীৰ্জা যিয়েই নাসাজক কিয় 
সকলোবোৰ ধৰ্মৰ সুৰক্ষাৰ বাবে হওক
নহওক ধৰ্মৰ নামত ভেদাভেদ 
দুৰ্নীতিৰ ব্যৱসায়
যি কৰে কৰক 
আপোনাৰ হাতত দি থৈছে প্ৰজাই ক্ষমতা 
কিন্তু প্ৰজাৰ হাততো আছে গণশক্তি
কৰোঁ বুলিও কৰিব পাৰে  সলনি 
সেই কথা  নাযাব পাহৰি ।

কেনে লাগে 
এবাৰ চকুমুদি ভাবক 
বস্ত্ৰহীনা নাৰীৰ আৰ্তনাদৰবোৰ
ধৰ্ষিতা নাৰীৰ চিৎকাৰবোৰ
পুত্ৰ-কণ্যা , স্বামী , পত্নী , পিতৃ-মাতৃক  অকালত হেৰুৱাই হিয়া ভুকুৱাই কন্দা মানুহবোৰৰ কান্দোনবোৰ ।

এবাৰ চকু মেলি চাওক 
আপোনাৰ দেশতেই 
তেজক পানী , হাড়ক মাটি কৰি দেহৰ প্ৰতিটোপাল ঘামৰ 
বিনিময়ত 
সজা ঘৰবোৰ কেনেদৰে তেওঁলোকৰ চকুৰ সন্মুখত
কেনেকৈ কৰিলে নিঃশেষ
উঠি অহা কণ কণ শিশুৰ পৰা যুৱক-যুৱতীসকলৰ ভৱিষ্যৎ
কিদৰে আপুনি ধবংস কৰিলে 
নাই নেকি প্ৰজাৰ তেজ ঘামৰ কোনো মূল্য
থাকিব নোৱাৰে নেকি প্ৰজাৰ আশা
দুচকুত সপোন 
আপোনাৰ জানো এবাৰো বেয়া লগা নাই 
স্কুলীয়া , কলেজীয়া ল'ৰা-ছোৱালীবোৰ কিদৰে  কিতাপ-বহীবোৰলৈ চাই বিনাইছে 
আপুনি জানেনে 
এমুঠি অন্নৰ বাবে কিমান সংগ্ৰাম কৰিব লগা হয় 
বুজে নে আপুনি গৃহহাৰা মানুহৰ বিলৈ 
পাৰিব আপুনি ৰ'দত থাকি , বৰষুণত ভিজি 
অনাহাৰে য'তে-ত'তে পৰি দিন -ৰাতি কটাব 
কোনে দিছিল তেওঁলোকক মাটি-ভেটি
ৰাস্তা-ঘাট , বিজুলী , পানী , ঘৰৰ নাম্বাৰ 
কোনে ঠগিলে এই প্ৰজাক 
আপুনি এবাৰ কৰিলে নে বিচাৰ ? 

কোলাৰ কেঁচুৱা , গৰ্ভৱতী মহিলাবোৰ ক'লৈ যায়
ক'ত নিচুকাই শুৱাব কেঁচুৱা 
ক'ত ল'ব আশ্ৰয় গৰ্ভৱতীয়ে 
কেনেকৈ হাঁহিব ভূমিষ্ঠ সন্তানৰ মুখলৈ চাই অসহায় পিতৃ-মাতৃৱে 
আছে জানো কিবা ভৱিষ্যৎ 
জানে জানো ভূমিষ্ঠ সন্তানে বেদখল , উচ্ছেদ এইবোৰ কি 
কেনেকৈ ক'ত আওৰাব জীৱনৰ পাঠ
কেনেকৈ গাব দেশপ্ৰেমমূলক গীত 
মহোদয় আপুনিওতো তেজ-মঙহৰেই মানুহ
কেনেকৈ হ'ল ইমান নিৰ্দয় 
সৰু সৰু মানুহবোৰৰ আপুনিয়েই নহয় জানো
আশা-ভৰষাৰ থল 
ঘূৰাই দিব নোৱাৰে নে অসহায়লোকৰ মুখৰ হাঁহিবোৰ
বৰ বৰ সপোন দেখিবলৈ নহয় 
মাথোঁ নিৰাপদে থাকিব পৰাকৈ অকণমান আশ্ৰয়স্থল 
নোৱাৰে নে কৰিব কৃপা 
এই সকল সহজ-সৰল আপোনাৰ দেশৰেই প্ৰজা বুলি 
নাই জানো প্ৰজাৰো জীয়াই থকাৰ অধিকাৰ ?

প্ৰজাৰ বাবে ৰজাই জানো নহয় সৰ্বেসৰ্বা 
কেনেকৈ সহি থাকে আপুনি 
আপোনাৰ প্ৰজাৰ হাহাকাৰ চাই 
কিদৰে আপুনি টোপনি যায় 
প্ৰজাক  হাঁহে পানীত নচৰা অৱস্থাত পেলাই ? 
—————————————
অসুখ
চয়নিকা ভূঞা

বাৰমহীয়া অসুখ 
এটাই বাৰে বাৰে
ৰাউচি জোৰে 

অজানা অসুখত
ঘাটমাউৰা কথাবোৰ ঘূৰ্মুতিয়াই ফুৰে 

নিশাৰ শেতেলিত
যৌৱনমতী কথা 

কথাবোৰ লেঠাৰি নিছিগা

পৰিত্ৰাণৰ উপায় বিচাৰি 
হাবাথুৰি
আজি অ'ত
কালিলৈ ত'ত 

মগজুৰপৰা শৰীৰৰ কোঁহে কোঁহে
পিয়াপি দি থকা কথাবোৰ 
এটা সময়ত অচলাৱস্থা 

ভাগৰুৱা সময়
ইফালে
মানুহে কয় 
সকলো ভাগ্যৰ লিখন ৷
—————————————
আহিনৰ স্নেপশ্বট
উইল চিদ্দিকুৰ ৰহমান

১)
ৰাতি বাঁহী বাজিছিল
চিফুঙত নামিছিল আহিন

বুকুত ৰুণজুন জোনাকৰ  নূপুৰ
সুহুৰিত শাৰদী সপোন

বাঁহীৰ মাতত উত্ৰাৱল প্ৰীতি

উত্ৰাৱল পৃথিৱী ওৰেটো ৰাতি।

২)
বাঁহীৰ মাতত 
ঢাকে-ঢোলে বাজিছিল ৰজা,
দেউলত ৰাজমাতা
আলধৰা লগুৱা
হাউলিত বাকপটু লিকচৌ দা-ধৰা

৩)
দুখৰ গা-ভাৰী লঘোনীয়া ৰাতি
ঢাক্ ঢাক্ 
ঢাকেই বাজিছিল,
বাজিছিল আহিনৰ 
আৰু এটা আৱতৰীয়া বাঁহী

৪)
বাঁহীৰ মাতত গা-উঠে আমাৰো

কোন হাতে থওঁ
মাতাল বাঁহীৰ সুৰ ,
কি স'তে কওঁ
হাতনি পেৰাত গুজি থোৱা আছে 
আমাৰ জীয়নীয়া জীউ

শাৰদী বাঁহীৰ মাতত 
গা-উঠে আমাৰো।
—————————————
কথাবোৰ এনে হোৱাৰ কথা নাছিল
জাহ্নৱী হাজৰিকা

কথাবোৰ এনে হোৱাৰ কথা নাছিল।
সময়বোৰ বিষন্ন হোৱাৰো কথা নাছিল।
নভবাকৈয়ে হৈ যায় কথাবোৰ।
নঘটিবলগীয়াকৈয়ে ঘটি যায় ঘটনাবোৰ।
যিবোৰ কথা হয়তো ভাবিবৰ 
অৱকাশেই নাছিল কেতিয়াও।

সময়ৰ জটিল চক্ৰবেহুত ভাৰাক্ৰান্ত মুহূৰ্ত।
সময়ে ৰং সলালে।
ঠাট্টা, ইতিকিঙেৰে ভৰা চৌপাশ।
নঞৰ্থক বিশেষণবোৰ সদৰ্থক কৰাৰ 
আখৰা চলে অহৰহ।
যুগৰ পিছত যুগ অপমান-অৱহেলাৰ কিৰিলি মাথো।

এৰা!
কাউৰীয়ে দেহত ময়ূৰৰ পাখি গুজিলেইতো 
সি ময়ূৰ পক্ষী হৈ নাযায়!
কথাবোৰো তেনেকুৱাই।
অৱহেলা, অপমানবোৰ আঁজলি ভৰাই 
কোঁচত বান্ধি লও।
স্মৃতিৰ বৰপেৰাত সাঁচি থব পৰাকৈ।

এদিন আমাৰো সময় আহিব।
আজঁলি ভৰাই ৰাখি থম মাধুকৰী সময়ৰ গান।
সমুখৰ কাঁইটীয়া পথবোৰ 
হেলাৰঙে যে পাৰ হবই লাগিব গঙ্গা
অতিক্ৰমি জীৱন গিৰি পথ।

উজলি উঠিবই হেঁপাহৰ আশাৰ চাকিটি
জ্বলা জুইত দগ্ধ হ'ব ঈর্ষাৰ চগাবোৰ।
জ্বলি জ্বলি ছাই হৈ যাব চৌপাশৰ শকুনি।
মাথো সময়লৈ অপেক্ষা কৰা।
সংঘাতে আনে মাথো জীৱনৰ নতুন তৰংগ।

যিমানে সংঘাত গুৰুতৰ হ'ব
সিমানে জীৱনৰ নতুন তৰঙ্গই 
পোহৰৰ দলিছা পাতিব।
পোহৰৰ দলিছাত হেঁপাহৰ সূৰ্যমুখী।
প্ৰেমৰ ৰুণজুন বৰষুণত তিতিব এজাক ডৰিয়ঁলি।
—————————————
সমন্বয়ৰ গান
ৰঞ্জন বৰা

প্ৰতিথযশা এই ধৰাখনিত
ক্ষুদ্ৰ মনুষ্যত্ব সত্তা 
মানৱ কিম্বা
অপ্ৰত্যাশিত দানৱ __

বিভেদ দূৰ কৰি 
ৰহনীয়া শেতেলিত
নানা জাতি
উপজাতি
শ্ৰেষ্ঠ মিলনভূমি 
যেন এটি স্বাভিমান ভৰা  
সুগন্ধি পদুলি 

আদৰ্শ হওক প্ৰগতিৰ 
লক্ষ্য হওক শান্তিৰ
মানৱতা হওক বিশাল

ভাহি ৰওক এটি সুৰেৰেই
এই গান হওক সমন্বয়ৰ গান !
—————————————
ভগ্ন হৃদয়ৰ আহ্বান 
গীতাঞ্জলী হাজৰিকা 

এজাক ধুমুহাৰ লগত আজন্ম সহবাস 
জনা-নজনা সময়ৰ পৰা 
তুমি আহিছিলা সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ 

ভাবিছিলোঁ ! কাহানিও ধুমুহাই
মোক বিধস্ত কৰি হৃদয়খন ক্ষত-বিক্ষত 
কৰিব নোৱাৰিব তোমাৰ অলংকাৰত

মোৰ অহংকাৰ অলংকাৰ চূৰ্ণ-বিচূৰ্ণ কৰি
আকৌ ধুমুহাজাকে ৰূদ্ৰৰূপ ধাৰণ কৰিলে
নালাগে আৰু সাহস প্ৰেৰণাৰ অলংকাৰ

মাটিৰ মানুহ মাটিতে থাকিম
আকাশৰ ৰামধেনুৰ আবিৰ নালাগে
অথবা পূৰ্ণিমাৰ জোনাকো নালাগে আহিব
এন্ধাৰে ভাল জানা ! 
যাৰ ৰঙে বহু কৈ যায়

কিবা পাবলৈ কিবা দিবওতো পাৰিব লাগিব 
মোৰ দেখোন দিবলৈ একোৱেই নাই 
গতিকে বিনিময় কেনেকৈ কৰোঁ কোৱা !
তৰাং বুকুত কাজল কলা দুখবোধৰ পাহাৰ
দুচকুত দিবাস্বপ্নৰ অশ্ৰুলতাৰ শিপা

দুওঁঠত মুকুতা হাঁহিৰ থুনুপাক নাই
পুহৰ জাৰত নিহালি নোহোৱা কঁপনিৰ কম্পন
বুকুত হাজাৰ তেজী ঘোঁৰাৰ তয়াময়া ৰণ
উত্তৰ বিহীন প্ৰশ্নই পৰাক্ৰম কৰিছে বিবেকক

যিদিনা কংকালসাৰ দেহাই ৰাউচি জুৰিব
কৰকৰাই কৰকৰাই অস্থিৰ ঘৰ্ষণত
চকুৰ পতা নেমলিম তেতিয়াও নাহিবা
মুখৰ বিৰবিৰ শব্দৰে কলা কৰ্ণক 
তোমাৰ আগমনৰ বতৰা বিলাবলৈ।
—————————————
গছ থাকিলেহে মানুহ থাকিব
পবিত্ৰ বৰগোহাঁই

এতিয়াও সময় আছে ভাবিবৰ
আপুনি ছটফটাই আছে উৎকট গৰমত
দিনে দিনে বৃদ্ধি পাইছে উষ্ণতা
প্ৰকৃতিৰ ধ্বংস লীলাও আপুনি দেখিছে
বানপানী ,ভূমিস্খলন ,খৰাং ,অনাবৃষ্টি কিহৰ বাবে
এদিন অৰণ্যখনৰ প্ৰয়োজনীয়তা নভৱাৰ বাবে 
নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে
দিনে দিনে বৃদ্ধি পাইছে গ্ৰীণ হাউচৰ গেছ
মানুহৰ বিলাসী জীৱনে বৃদ্ধি কৰিছে প্ৰদূষণৰ মাত্ৰা
ভৱিষ্যতৰ কথা নাভাবি মানুহ ব্যস্ত হৈছে বৰ্তমানক লৈ
গাড়ী-মটৰ ,চিমেণ্ট,ইটাভাটা আদি উদ্যোগে
দৈনিক বায়ুমণ্ডল দূষীত কৰিছে
কোনে দিয়ে বাধা তেওঁলোকক
যদিহে বুজিও নুবুজাৰ ভাও ধৰে
টোপনিৰ ভাও ধৰা মানুহক আপুনি
জগাব পাৰিবনে ,পাৰিবনে কেতিয়াবা
বৰ্তমানৰ চন্দ্ৰলৈ হাত মেলা মানুহে
অকল  নিজৰ জখলাডালহে চিনি পায়
প্ৰকৃতিৰ কথা নাভাবে
ভাবিছে তেওঁলোক এচি ৰুমতে থাকিব
দৰকাৰ হ'লে মঙ্গল গ্ৰহত মাটি একঠা কিনিব
উৰা মাৰিব মঙ্গল গ্ৰহলৈ প্ৰকৃতি ধ্বংস হ'লে ;
সময় থাকোতে কথাবোৰ নাভাবিলে এদিন
সকলো মৰুভূমিত পৰিণত হ'ব
অমৃত বৃক্ষ আন্দোলন ৰাইজৰ বাবেহে
প্ৰত্যেকে ৰোৱা এজোপা গছ আৰু প্ৰতিপালনে  নানিবনে
ধৰণীলৈ সেউজীয়া বাৰ্তা
যি অৰণ্যত থাকিয়েই ঋষিসকলে তপস্যা কৰিছিল
যি শঙ্কৰদেৱে শিলিখা বিক্ষৰ ছাঁত বহিয়ে লিখিছিল কীৰ্তন-গুণমালা।
—————————————
নিষ্পেষিতা নাৰী
অতুল চন্দ্র বৰা

নাৰী নিৰুপমা
নাৰী নিস্তাৰিণী
নাৰীয়েই নীলাচল
নিশাৰ নগৰীত 
নাৰী নিপীড়িতা 
নাৰীয়েই নীলোৎপল 

নাৰী নমস্যা 
নাৰী নিষ্কলুষ 
নাৰী নহয় নিদাৰুণী 
নাৰী নিতৌ নহয় নিৰ্ব্বলী
নাৰীয়েই নাৰায়ণী  !
 
নিৰ্জনতাত নাৰী, নিৰাপদ নহয় 
নিতে নৰাধমৰ নাটক 
নাৰীয়েই নাৰীৰ নিহন্তা
নাৰী নহয় নিষ্কণ্টক !

(নিৰুপমা: যাৰ উপমা নাই, নিস্তাৰিণী: দুৰ্গা নীলোৎপলঃ নীলা পদুম, নগৰনটী: বেশ্যা , নাৰায়ণী :লক্ষ্মী ,নিহন্তা: হত্যাকাৰী )
—————————————
সময়ৰ মিঠা হাঁহি
ভূমিকা দাস

সময়ৰ মিঠা হাঁহি
সময়ে লৈ আহে সুযোগ দেও দি উৰি আহি 
সময়ৰ পিঠিত উঠি আহে সময় 
লৈ‌ সুখ দুখৰ নীলা চিঠি
সময়ৰ‌ লেচেৰি নিচিনা কথা 
সময়ৰ অলীক জল্পনা কল্পনা 
হেঁপাহৰ কথা ৰৈ গ'ল কত আধৰুৱা 
সময়ত উত্থান পতন 
সময়ত ভগ্নাৱশেষ 
সময়ত হয় মহামিলন
সময়বোৰ ন সাজেৰে আহে সাজি কাঁচি 
হাঁহি হাঁহি উৰি যায় সময় 
আমালৈ কেৰাহিকৈ চাই 
প্ৰতাৰণাৰ মিঠা হাঁহিটি মাৰি ...
—————————————
এন্ধাৰ
নৱজিৎ বৰপাত্ৰ

পৰিভ্ৰমী চৰাইজাকে
আবেলিৰ সূৰুযৰ হেঙুলীয়াখিনি বুকুত সাৱটি
ঘৰমুৱা হৈছে৷
পোহৰৰ পাছত অহা এন্ধাৰ
অন্য এক মহাজীৱনৰ আধাৰ

এন্ধাৰ মোৰ প্ৰিয় বিষয়...

জয়াল ৰাতিৰ জোখ মাপ লৈ
সেইখন জগতত এভূমুকি মৰাৰ হেঁপাহ মোৰ দূৰন্ত৷
সুৰুযক ঢাকি মৃগাংকক আদৰিবলৈ
নিশাৰ প্ৰাণোচণ্চ্ছল মাদকতাত মাতাল হ’বলৈ 
ইচ্ছাৰ তটিনীত বুৰ মাৰিছোঁ মই৷

ৰঙীণ পোহৰৰ জাক জমকতাত  উটি 
ছাঁ-পোহৰৰ খেলাত মগ্ন হোৱাৰ সময় এতিয়া অস্তিত্বহীন    

ৰাতিৰ ৰেলৰ উকিয়ে সঁকিয়াই যায়
বিমূৰ্ত মুহুৰ্ত বোৰৰ লেখ লৈ যায়
শংখ ধ্বনিৰে যুধ্বং দেহি মনোভাৱ জাগ্ৰত কৰি যায়

খুলি দিম হিয়াৰ সমস্ত বন্ধ কপাট তোমাৰ বাবে 
দশোদিশেআমাৰ অন্তঃদৃষ্টি বিয়পি থাকিব
এন্ধাৰৰ সুযোগ লৈ তোমাক ধৰাশায়ী কৰিব খোজা ৰক্তবীজবোৰক লেহন কৰিম
জুইৰ জিভাৰে

তুমি নিৰ্ভয় হৈ ৰোৱা অসমী আই
লুইত প্ৰবাহমান হৈ থাকক
 বতাহত বৈ থাকক নাৱৰীয়াৰ ঐনিতমৰ সুৰ৷
মোৰ  বুকুৰ সাতখন ৰামধেনুৰ ৰঙেৰে  
তোমাৰ বুকুলৈ বৈ যাওক অসমী আই
প্ৰেমৰ অপ্ৰতিৰোধ্য  মিচিল...
—————————————
অভিমানী শাওণীলৈ
ৰবিন কুমাৰ চেতিয়া

কথাবোৰ গান হ'ব পৰাকৈ
হেঁপাহবোৰ সুৰ হ'ব পৰাকৈ
মনত পৰেনে অভিমানী শাওণী অ'
বাৰুকৈয়ে যে মাতাল হৈছিল সিদিনা 
হাঁহি থকা দুষ্ট বতাহজাক
দুওঁঠৰ সীমনাত
সেন্দুৰীয়া বৰষুণ এজাক হৈ 
নামি যে আহিছিল তোমাৰ উশাহৰ 
এটা খিলখিলিয়া আবেলি 
এআকাশ সপোনৰ উষ্ণ পৰশত
সাৰ পাই উঠিছিল 
আমাৰ দুয়োৰে বুকুৰ হেঙুল হাইতাল
মোৰ অনুভৱৰ সেউজীয়া পথাৰত 
কাঁচিয়লি জোনাক হৈ সদায়ে 
জী আছিলা তুমি 

সপোনৰ সীঁৰলুত গজি উঠিছিল
ভালপোৱাৰ অলেখ নীহাৰিকা 
দৃষ্টিৰ সিপাৰতো তিৰবিৰ দুচকুত 
এবুকু অনুৰাগৰ নীলা 

খেলিমেলিবোৰ ক'ত হ'ল 
কেনেকৈ হ'ল জনাৰ আগতেই
জোনাকৰ সাগৰত সাঁতুৰিম বুলিয়েই
তুমি বাছি ল'লা অন্য এক কক্ষপথ
জীৱনৰ সুৰবোৰ সলাব নোৱাৰি 
অভিমানী শাওণী অ'
অকলশৰে আজিও জীয়াই আছোঁ মই
তোমাৰ পৰা বহু দূৰৈত 

বিচ্ছেদৰ ধুমুহাত তচনচ মোৰ হৃদয়
ধৈৰ্য্যৰ কোমল এঠাৰে 
কোনোমতেহে জোৰা লগাইছো 
টিপচী বুকুখন
তুমি নাই যদিও সাৱটি আছোঁ 
টুকুৰা টুকুৰ প্ৰেমৰ অনুভূতিবোৰ
তোমাৰ অলকানন্দা ওঁঠৰ সেউজীয়াত
এজাক ৰামধেনু গুজি দিব পৰাকৈ
আজিও কঢ়িয়াই লৈ ফুৰিছোঁ
হাঁহিফুলৰ এখন জীয়া আকাশ

তথাপিও নাই তোমাৰ প্ৰতি মোৰ
কোনো অভিযোগ
নাই কোনো অভিমান
দুখেই যদি নাপালো জীৱনত কাহানিও
সুখৰ সান্নিধ্যৰ জানো আছে
কিবা দাম

অভিমানী শাওণী অ'
তুমিয়েতো এদিন কৈছিলা 
'তুমি সুখী হ'লে ময়ো সুখী হ'ম
লিখিবাচোন কেতিয়াবা মোৰো কথা
দহিকতৰা সুখবোৰ লিৰিকি বিদাৰি
কলিজাতে সামৰি থ'ম'

তুমি এৰি থৈ যোৱা অনামী হাঁহিৰ 
ৰঙহীন প্ৰতিশ্ৰুতি
হিয়াৰ চোতালত নিৰবধি বৈ থকা 
উজাগৰী এসাগৰ আশাহত সুহুৰি 
আৰু আমাৰ ভালপোৱা দিকচৌ সপোনৰ  
হেৰুৱা অনুভৱৰ ঠিকনাবোৰ লৈ
জীৱনৰ উকা পাতত লিখিব খুজিছোঁ 
আজি এটা বিশ্বাসী কবিতা
শিৰোনামাটো দিব খুজিছোঁ 
প্ৰেমৰ গান অভিমানৰ সুৰ
মোৰ শাওণী অ'
সঁচাকৈ জানো আমাৰেই নাছিল 
বুকুত অহৰহ গুমগুমাই থকা 
সোঁৱৰণিৰ সেই মেঘালী কথাবোৰ

অ' মোৰ অভিমানী শাওণী 
আজিও যে তোমাক কোৱাই নহ'ল
ওঁঠত কঁপি কঁপি ওপঙি থকা মোৰ 
বুকুৰ সাঁচতীয়া অনুৰাগৰ কাহিনী
মন্দাকিনী আৱেগৰ অৰুণাভ হাঁহিবোৰ লৈ
বহ্নিমান মাথোঁ মোৰ
জীৱনৰ একাঁ বেকা সেমেকা তটিনী
অ' শাওণী 
সঁচাই তুমি বৰ অভিমানী ...
—————————————
সমাহাৰ 
ৰুমী সেনাপতি ভূঞা

উদয়াচলত সূৰুযৰ ৰক্তিম আভা ,
পুৱালী  সমীৰৰ পৰশত 
শিহৰিত অচিনা অনুভৱ !
সুবাসিত মধুময় আৱেশ !

মুক্ত বতাহে বিলাই 
আশ্বাসৰ আশীষ !
পূৱাকাশত সূৰুযৰ হাঁহি !
সম্ভাৱনাময় এটি ন-দিনৰ পাতনি !

পখীৰ সুললিত কলৰৱত ,
সাৰ পাই নিতাল প্ৰকৃতি !
ধীৰে-ধীৰে পুৱা-দুপৰকৈ 
দিনান্তৰৰ অভিমুখী যাত্ৰা !

থৌকি বাথৌ মন গহন 
আঁকে-মচে সময়ৰ চিত্ৰপট ,
অনেক বৰ্ণিল ছবিৰ সমাহাৰ 
অভিজ্ঞতা-অনুভৱৰ কথকতা!

অভিনৱ ছন্দেৰে ছন্দিত 
বাস্তৱ সম্পৃক্ত ৰূপছায়া !
অস্তগামী সূৰুযৰ হেঙুলী আভাত -
প্ৰত্যাগমনৰ প্ৰতিশ্ৰুতিৰ মৌন ভাষা । 

শীতলতাৰে দূৰণিৰ পৰা 
ৰিণি ৰিণি ভাঁহি আহে ,
প্ৰাণ জুৰুৱা বাঁহীৰ অমিয়া সুৰ !
সুন্দৰতাৰে মুখৰিত জীপাল প্ৰকৃতি!
—————————————
তৃষ্ণা
ইৰা দেবী
                   

(১) 
পিয়াহত আকণ্ঠ ডুবি থকা 
পোহৰৰ দুহিতা তুমি

ক'ৰ পৰানো আহি
তুলি ল'লা হাত পাতি
কণ-কণ শিশুৰ হিয়াভৰা ল'ৰালি। 

(২)
দুৰণিত লক্ষ্য
গৈ থাকে লগে লগে
গছ, লতা, 
কল-কল হাঁহিৰ সফুৰা, 
দুখ-সুখ মান-অভিমান, 
ডুবি থকা যৌৱনৰ, 
পোহৰ-পদুম-আৰম্ভনী। 

(৩)
বিদাই বেলা সদায়েই কৰুণ, 
নতুনত্ব বাট বোলা, 
জীৱনত তৃষ্ণাৰ তৃষ্ণা ই
সদায়েই তোলে, 
তৃষ্ণাতুৰ হৃদয়ত সুৰসুৰণি। 

(৪)
তোমাৰ এটি উপস্থিত, 
তাতে লগ পাওঁ, 
সূবর্ণ সূৰ্যৰ এটি, 
হেঙুলীয়া বেলি।
—————————————
(ব্যংগাত্মক কবিতা) 
এশ গৰু মাৰিলে বাঘৰো মৰণ
দিপ্তী মনি গোস্বামী
                  
হেৰৌ কণটিলৌ শুনিছনে নাই
তোৰ হবলা বিছনা এৰিবৰে হোৱা নাই?
গাঁৱৰ মানুহৰ ভয়ত বিতত নাই,
ত‌ই শুই আছ নাক বজাই বজাই।

কিনো হ'ল দাইটি পুৱাতে মগজ কৰাইছা ৰাই-জাই?
হেৰৌ ত‌ই হলি গাঁও বুঢ়া গাঁৱৰ মুখিয়াল ভাই
গাঁৱত যে বাঘ এটা সোমাইছে গম পাৱ নে নাই?
শুনচোন সৌ হাবি ডৰাত আছে হাউ-হোড়াই।

পিছে ম‌ই নো কি কৰিম দদাই
বাঘ মৰাৰ শক্তি মোৰ গাত নাই!
হেৰৌ ম‌ই তোক মাৰিবলৈ কোৱা নাই
ফৰেষ্টৰৰ অফিচত থৈ আহগৈ জনাই।

আজি পৰ্যন্ত  সাতান্নবৈ টা গৰু  পেলালে খাই
এতিয়া আৰু ধৈৰ্য ধৰাৰ সময় নাই্
ঠিক আছে তেন্তে দদাই ম‌ই ল‌ওঁ এমুঠি খাই
পোনচাতেই অফিচত দিম গৈ খৱৰটো জনাই।

তেন্তে ম‌ইও ঘৰলৈ খোজ ল‌ওঁ বোপাই
এমুঠি খাই লৈ বিছনাতে পৰোগৈ পেটটো পেলাই
কথা-বাৰ্তা কি হয় মোক দিবিগৈ জনাই
হাবিলৈ যাবলৈ ধনু-কাড় থম যতনাই।

কণটিলৌয়ে লিখিলে দৰ্খাস্ত সকলো জনাই
অফিচাৰ বাবুয়ে উত্তৰ দিলে তপৰাই
আৰু তিনিটা গৰু খাবলৈ দিয়া ভাই
তেতিয়া তাৰ জীৱ যাব নিজেই ওলাই।
—————————————
হেঁপাহৰ আহিন
অঞ্জনাৰূপা দাস

চহা কৃষকে দুবাহুৰ শকতিৰে
উদং পথাৰখন শ্যামলী সাজেৰে সাজিল, 
ৰোৱনীৰ লাৱনী হাতৰ দহো আঙুলিৰ পৰশত
সঁজাল ধৰা এমোকোৰা হাঁহিৰে সোণকুঁৱৰীৰ সপোনে পাহি মেলে।
সেউজীয়া চুলিটাৰিত আকাশৰ শুকুলা মেঘে
 অপৰূপ সৌন্দর্যৰে প্ৰেম সিঁচি, 
মৃদু মলয়াৰ বা লাগি ঢৌ খেলি
জিৰ্ জিৰ্ জিঞা পাখি হৈ উৰে। 
 কাতিৰ কঙালীক বিদায়ৰ ক্ষণ গণি, 
সোণগুটি আঘোণক বাটকাটি আদৰিবলৈ
আশাবোৰে ঠন ধৰি উঠে। 
নীলা আকাশৰ শুকুলা চপৰা মেঘৰ মাজে
বন্য বিহঙ্গৰ জাকে ৰৈখিকতাৰে গতি লৈছে, 
 ভিন্ন প্ৰকৃতি পৰিভ্ৰমী হৈ বৈচিত্রতাৰ সোৱাদ বিচাৰি! 
সৰগৰ শুভ্র পাৰিজাত নিশাৰ সৌন্দর্য ৰাণী হৈ ধৰাত ফুলিছে। 
শেৱালিৰ শুভ্র দলিচাত আহিনে আসন পাতি বহিছে
শৰতক একোলা লৈ। 
শুকুলা কঁহুৱাৰ উদ্দাম নৃত্যত
অশান্ত মনবোৰ চঞ্চল হৈ পৰিল। 
দূৰৈৰ বাঁহীৰ সুৰত
শৰতৰ পূৰ্ণিমাই হিয়াত বোৱাইছে বৃন্দাৱলী প্ৰেম-মন্দাকিণীৰ ধাৰা।
 নিৰ্মল জলাধাৰত শৈল্যযাত পখালি
মন দাপোনত স্বচ্ছ হৈ জিলিকিছে  হেঁপাহৰ আহিন।
—————————————
সন্ধিকালৰ এটি 'কলাজ'
অপৰূপা দত্ত

 কুঁৱলীওপঙা নিশাৰ
ধোৱাবৰণীয়া নক্সাত
নঙলাত ওমলা ল'ৰালি ।
পদুলিমুখৰ আপৰাজিতাৰ পাহিত দশমীৰ জোন । পানীটেঙা, পঁইতাভাত, খৰিচা. . . . ।
চাহিছোন ঐ ভাইটি, ৰামধেণু ওলাইছে !
মুখত পানী ভৰাই সৌ বেলিটোৰ ফালে ফুৱাই দেছোন । 
এজাক শৰালি হাঁহ নে
উৰাজাহাজৰ নেজত ধৰি উৰি যাম মই । 
আই, তোৰ চাদৰৰ আঁচলতে গুঠিছিঁলো
এটি সৰু সপোন ।
আজি যেন শুকান- নিলাজ পাহাৰৰ বেঁকা এটি ঢালত ৰৈ চাঁও নতুন দিনৰ প্ৰথমজাক বৰষুণত কুঁজা হোৱা এখন দলং তোমাৰ পৰা মোলৈ,
মোৰ পৰা সিঁহতলৈ । 

বুৰঞ্জীৰ সিপাৰৰ মহা অতীতৰ
মৃতপ্ৰায় পাণ্ডুলিপিৰ পাতৰ পৰা চিঞৰে সধুকথাৰ তেজা আৰু তুলাই ।
পাষাণ আন্ধাৰৰ অৱশিষ্ট অহংকাৰে ভাঙে আমাৰ সাধনাৰ মোমাইকটা গড় ।

আমাৰ বুৰঞ্জী আছে, হয়তু পোকে খোৱা মদৰুৱা পৃষ্ঠাৰ মাজতেই ইতিহাস আছে ভৱিষ্যতৰ । 
তামোলৰ সেলেঙি বোৱাই আমি সিহঁতক শুনাম মহাকাব্যৰ স্বপ্নৰথৰ কাহিনী
আশংকাই শুহি নিয়া শব্দৰে
পুনৰ সজাম পৃথিৱীৰ আদিতম কবিতা।
এজাক নুপজা শিশুৰ বাবে যেন মইয়ে যেন  লিখি যাম ,
'আমাৰে মইনা শুৱ এ 
বাৰীতে বগৰী ৰুৱ এ ...'।
—————————————
শিশু কবিতা

এখন পৃথিৱী
ৰুমী কলিতা দত্ত

আমি এখন নতুন পৃথিৱী বিচাৰোঁ
মৰম-চেনেহ, ভালপোৱা বুটলোঁ
প্ৰকৃতিৰ ৰূপৰ নাই কোনো তুলনা
সকলোৱে একেলগে থাকোঁ আহাঁনা ।

জোনৰ বুকুত ৰং সিঁচি দিলোঁ
উত্তাপ কমাবলৈ সুৰুযকে ক'লোঁ
ধ্বংস নকৰিবা এই সেউজ প্ৰকৃতি
জীৱ-জন্তু,পশু-পক্ষী আছে ওমলি ।

আমি এখন সৰগ ৰচিব খোজোঁ
অন্যায় -হিংসা নাশিব পাৰোঁ
আমি জগতৰ কল্যাণ সাধিব জানো
যুগে যুগে নতুন পৃথিৱী গঢ়োঁ ।

সৌ আকাশৰ শাৰী শাৰী  তৰাৱলী
জোনাকে ভৰালে মনৰ পদূলি
অ' অকণি চোৱা জুমি জুমি
তুমি-মই- আমি থাকোঁ মিলিজুলি ।

অ অকণি আহাঁ নেওতা গণি 
মা-দেউতাৰ মৰম এধানি
দিন-ৰাতি পঢ়িম হাঁহি হাঁহি
আমি নতুন সুৰে বজাম বাঁহী ।
—————————————
হৃদয়তা
দিলীপ পৰাজুলী

ভাল পাওঁ বাবেতো
সময়ে অসময়ে
মই নদীৰ ঘাটলৈ যাওঁ

তাত মোৰ কি দুঃখ

নদীৰ ঘাটত ওলমি থকা জোনাকৰ পোহৰত
বালিচন্দা বিচাৰো নদীৰ বালিত

আৰু বালিত
খনন কৰি বিচাৰো নদীৰ হৃদয়তা।
—————————————
চন্দ্ৰ বাৰ্তা
দীপক কুমাৰ তালুকদাৰ

চন্দ্ৰপৃষ্ঠত হেনো প্ৰজ্ঞানে শুই দিলে
অজস্ৰ শুভাশীষ শুভবাৰ্তাৰে প্ৰত্যাশা কঢ়িয়াই কঢ়িয়াই নিদ্ৰাৰত চান্দ্ৰৰাতিৰ কোলাত
সুদূৰ ধৰাৰ পৰা স্বপ্নক দিঠক কৰি ভাগৰত নিঃপালি দিলে
বুকুত সাঁচি ৰাখিছে প্ৰত্যাশা

আগত চান্দ্ৰদিনত টঙালি বান্ধি ঘূৰিব প্ৰজ্ঞাৰ সন্ধানত
ধৰণীৰ আশীষৰ শকতিৰে
 সাক্ষী সময়
শকতি আলোক ৷
—————————————
কবিতাবোৰ ৰাতি ওলাই
তানিয়া মধুকল্য

কবিতাবোৰ নিশা লিখি 
ভাল লাগে
শব্দবোৰ খাপ খাই এখন 
শব্দজাল তৰে
ছন্দবোৰ মিলি যায়
স্তৱকবোৰ উলাহতে
জাক পাতি উৰি ফুৰে 
সেয়ে ৰাতিৰ নিৰ্জনতাত
লিখি ভাল লাগে কথাবোৰ 

কত কথাই যে মনটোক
হেঁচা মাৰি ধৰে 
সেয়া বুজাব নোৱাৰি
মাথোঁ লিখি যাওঁ নিৰন্তৰে 
কেতিয়াবা কবিতা 
কেতিয়াবা গল্প 
কেতিয়াবা মনৰ কথা
যি কাকো ক'ব নোৱাৰি
সেয়া ডায়েৰীখনক কৈ পেলাওঁ
মনটো শান্ত হৈ পৰে। 

নিয়ৰসৰা শব্দৰ শেৱালীফুলো 
ৰাতিহে ফুলে
হাস্নাহানাৰ দৰে সুগন্ধি বিলাই
খিলখিলাই হাঁহি মাৰে 
ৰজনীগন্ধাৰ দৰে,
নিশা ফুলা ফুল মোৰ প্ৰিয় 
সেয়ে অনুভৱী মনটো কাব্যিক 
হৈ পৰে মোৰ অজ্ঞাতে 
সপোনে নাচে শিহৰণ তুলি
সেয়ে ৰাতিৰ কবিতা মোৰ প্ৰিয়

অনুভৱী মনটোক অভিমানী কৰি
জগাই তোলে এজুলুকা 
প্ৰেমময়ী সপোনে
দেহত শিহৰণ তোলে 
শব্দবোৰ এডাল মালাৰ দৰে 
গাঁঠ খাই যায়!

এনেকৈ কবিতাবোৰ ৰাতি ওলাই 
অনুভৱী মনটো ৰাতি উজাগৰে থাকে
বিশৃঙ্খল শব্দবোৰ মালাৰ দৰে 
শৃংখলাবদ্ধ হয়
ৰাতিৰ কবিতাই কোমল দেহত
মিঠা শিহৰণ তোলে। 
—————————————
হেঁপাহৰ এজাক বৰষুণ
প্ৰাণ প্ৰতিমা বড়া

ধৰাৰ বুকুত উষ্মতাৰ গভীৰ পৰশ
কৃষকৰ হেঁপাহৰৰ পথাৰখনি তেনেই খৰাং
আৱেগৰ সেউজীয়াৰ আশাত আজি উদং বুকু
চৌপাশে বলিছে  চিন্তাৰ সমীৰণ
জিয়ানৰ আশাত বন্দী সকলো
আকুল হৃদয়ৰ গভীৰ আহ্বান
প্ৰতিকূলতা নেওচি 
নীলা আকাশৰ দলিছাত শুভ্ৰতাৰে ভৰি পৰক
ধৰাৰ বুকুলৈ নামি আহঁক
হেঁপাহৰ এজাক বৰষুণ ।
—————————————
যদি মই  হেৰাই যাওঁ
মৌচুমী হুজুৰী

যদি মই হেৰাই যাওঁ
এটা অদৃশ্য সপোনৰ
স্নিগ্ধ এপলক ঢৌত

তোমাৰ অনুভৱৰ সান্নিধ্যত
ব্যকুল হৈ পৰা হৃদয়খন
খণ্ড বিখণ্ড হৈ
খহি পৰিব
ক্লান্ত অৱসাদত

বিচ্ছিন্ন হৈ পৰা সময়ৰ বালিচৰত
থৌকিবাথৌ শব্দৰ অনবদ্য ৰূপত
মসৃন কৰি দিয়া
ঘিতমিত আন্ধাৰত আৱদ্ধ
এচমকা জোনাক।

যদি মই হেৰাই যাওঁ
সাঁচিপাতৰ স্মৃতিবোৰ
সোঁৱৰণীৰ পৃষ্ঠা হৈ 
তোমাৰ বুকুত ঠেহ পাতিব
হৃদয়ত শিহৰিত আলোড়নত।
—————————————
তুমি আহিবা 
জোনাকৰ ফুল যেতিয়া হিয়াত ফুলিব
ড০আদিল আলী

আজি যেন 
অবতৰতে 
মাটি আৰু মেঘৰ নিবিড় মমতাত 
জকমকাই ফুলিছিল কৃষ্ণচূড়া ফুলবোৰ 
দূৰণিৰ এন্ধাৰ খেদা প্ৰেমিক চৰাইবোৰ 
লুইতৰ পাৰৰ জ্ঞানৰ মন্দিৰৰ চোতালত শৈক্ষিক আকাশৰ উজ্জ্বল তৰাবোৰ আবেগৰ বুকু ফালি থুপ খাইছিল, মিঠা মিঠা অনুৰাগত ডুবি 
কৃষ্ণচূড়াফুলৰ উজ্জ্বলতাত অনুৰাগ কিৰণ
বাঃ জালুকবাৰীৰ সন্ধ্যাৰ কান্তিময়ীৰ মিলন প্ৰীতি 
ওৰ পৰি জিন গ'ল দলনিৰ ডাউকৰ বুকুৰ বন্য বাসনাৰ ধ্বনি  ! 

সিহঁতে যেন নিশা দুটি পাৰ কৰিছিল কোনো অপ্সৰীৰ মিঠা অভিসাৰত!
নিশাৰ ওঁঠত বিৰিঙিছিল জালুকবাৰীৰ সন্ধ্যাৰ জোনাকৰ ৰাগী 
জুবিনৰ গীতত প্ৰতিধ্বনিত হৈছিল ব'হাগ ব'হাগ বাসনাৰ বুকু কুটা পীৰিতি;
বাঃ আজিৰ আকাশত তৰাৰ হাঁহি ! 

আঁতে-আঁতে 
কোমল কোমল 
ফুলৰ পাৰ ভঙা আকুতি 
মোৰ স্মৃতিৰ জলঙাইদি বৈ আহিছিল; সোঁৱৰণীত বুকু শাঁত পৰা লুইতৰ ৰিব্ ৰিব্ বা 

হঠাৎ মোৰ কাণত চেলফোনৰ এটি পুৰণি মৰম আকলুৱা ধ্বনি;মোৰ দেহত যেন মল্লিকাজ্যোতিৰ মৰম মৰম লাহী আঙুলিৰ স্পৰ্শ 

অনুভৱৰ মিঠা অনুৰাগত মোৰ হিয়াৰ বেহেলাই গুণগুণালে সুধাকন্ঠৰ"জিলিকাব লুইতৰ পাৰৰ ধ্বনি  ! 

বিনিদ্র ৰাতিৰ 
মিলন-বিচ্ছেদৰ গুলিয়াগুলি 
মই নিৰুপায় 
মৰ-টোপনিৰ হাতত বন্দী 

তথাপিও 
তোমাৰ মাতত জী উঠিল বিনীত প্ৰভা 
বিনোদ-বিনোদক 

জালুকবাৰীৰ মোহময় চন্দ্ৰৰ 
মোহাচ্ছন্ন মোহিনী
বাঃ জালুকবাৰীৰ পাহাৰে পাহাৰে জোনাকৰ নিচাৰ ৰঙীন উতনুৱা মগ্নতা 

তুমি সোঁৱৰণিৰ প্ৰাণ মতলীয়া সুৰভি 

তুমি সময় পালে এপাক আহিবি, সখী
জোনাকৰ ফুল যেতিয়া হিয়াত ফুলিব
বাটত পাৰি থম ৰঙা হিয়াৰ দলিচা 
পুনঃ কৈছো সখী তুমি আহিবি 
দৈ মলঙাৰ দৰে মোৰ প্ৰেমকণ মলঙি যাব নিদিবি 

সম্প্ৰীতিৰ বুকুত আজীৱন বাজি থাকিব শিশু কৃষ্ণৰ প্ৰেম বাঁহী  ! 
————————————— 
আক বাক
চহিদুল আলম

বিষন্নতাৰ সিপাৰে
ডুব যোৱা বেলিৰ
নিস্তেজ আভা।
জীৱনৰ পদপথত এতিয়া
শব্দহীন কোলাহলৰ
অহেতুক ব্যস্ততা।
নিজৰ মাজতে বিচাৰি ফুৰো
সময় এলবামৰ
ধূসৰ ছবি।
ধূলিয়ৰী বাটত
নাই ঘৰমুৱা গৰখীয়াৰ
ভাগৰুৱা সুহুৰি।
তিনি গধূলিতে
কিতাপৰ পাতত চকু টানি
নাযাওঁ এতিয়া টোপনি।
তথাপিও যেন 
বিষন্নতাত ডুব যায়
আজিকালি প্ৰতিটো আবেলি।
—————————————
কুহেলিকা 
কবিতা গগৈ

ব্যৰ্থ সময়ৰ চাকনৈয়াত ঘূৰে  জীৱন চক্ৰ 
পাৰ ভাঙি বয় 
জীৱন নামৰ নৈ  

কুহেলিকা..... 
বৈ যায় সময় , যি নিৰৱধি 
আঁচলৰ আগেৰে জানো বান্ধি 
ৰাখিব পাৰি  সমস্ত বেদনা । 

জকাইৰ ফুটাৰে পানীবোৰ সৰকি যায় 
প্ৰতিটো ছাবত পুথি-খলিহনা নুঠে  
কল্পনাৰ শক্তিৰে সামৰিব জানো পাৰি
আকাশ নীলাখিনি !
দুচকুত গাঢ় হয় সাগৰৰ গভীৰতা । 

উমান ল'ব পৰা জানো যায় কেতিয়াবা ? 
হাঁহি থকা চকুযোৰিয়েও গাৰুটিৰ লগত 
গভীৰ নিশাৰ একাকীত্ব পালন কৰে !
ব্যৰ্থ...
শব্দৰে জানো মনৰ ভাব বুজে ? 
আৰু কেতিয়াবা চোন বুজিবলৈ শব্দৰে অভাব হয় । 
জীৱন নৈৰ মই এজন বিফল যুঁজাৰু নাৱৰীয়া । 
দিকবিদিক হেৰুওৱা এজন ভ্ৰষ্ট পথিক 
স্বপ্নৰ বাট হেৰুওৱা এটি লক্ষ্যহীন 
বনৰীয়া পখি ! 
ব্যৰ্থ সপোনেৰে জীৱন খেদা এজন অশ্বাৰোহী !
—————————————
এজনৰে সৃষ্টি
চুমিয়া আকতাৰা 

এইখন জগত 
এজনৰে সৃষ্টি 
যাৰ নাম
পৃথিৱী-ধৰা-ধৰিত্ৰী।

হিন্দু-মুছলমান 
এজনৰে সৃষ্টি 
যদি বুজি পোৱা 
লোক-সংস্কৃতি।

জাত-পাত উচ্চ-নীচ
নহয় তোমাৰ পৰিচয়,
মানুহ হৈ জন্ম লৈছা
সেইটোৱে তোমাৰ জয়।

বিচৰা যদি সকলোৰে প্ৰশংসা 
ৰাখিবা মনত সদায় অহিংসা।
দুদিনৰ এই পৃথিৱীত 
কিহৰ বাৰু ইমান হিংসা?
—————————————
বৰ্ষণমুখৰ এসন্ধ্যা 
গকুল চৌধুৰী 

বৰ্ষণমুখৰ এসন্ধ্যা তুমি আৰু 
মই আহা দুয়ো মিলি তৃপ্ত হ’বলৈ তিতো প্ৰেম প্ৰেম লগা এজাক 
প্ৰেমৰ বৰষুণত ৷ 

বৰ্ষণমুখৰ এসন্ধ্যা তুমি আৰু মই 
আহা আমি দুয়ো মিলি প্ৰেমৰ 
বৰষুণত তিতি একেলগে 
পলুৱাও আমাৰ দুয়োৰে শতযুগৰ 
প্ৰেমৰ পিয়াহ।  

বৰ্ষণমুখৰ এসন্ধ্যা 
লাজ নকৰিবা না 
তুমি আৰু মই দুয়োৰে চকুত চকু 
থৈ দুয়ো দুয়োৰে কপালত আঁকি
দিওঁ দিয়া ভালপোৱাৰে ভৰা 
এটি মৰমৰ চুমা ৷

বৰ্ষণমুখৰ এসন্ধ্যা 
কিয়নো খং কৰিছা 
বুকুৰ মাজত তোমাক সাৱটি 
লওঁ বুলি 
দুহাত মেলি দিলোঁ 
কোনেও নেদেখে দিয়া 
বুকুৰ মাজলৈ আহা 
দুয়ো দুয়োকে সাৱটি ধৰি দুয়ো
দুয়োকে বুকুৰ আবেগভৰা 
কেঁচা মৰম যাঁচো ব’লা  ৷ 

বৰ্ষণমুখৰ এসন্ধ্যা 
কিয়নো অভিমান কৰিছা 
আকাশখনলৈ চোৱা
দুহাত মেলি দিয়া 
কোনেও নুশুনে বুজিছা 
আকাশখনলৈ চাই চিঞৰি 
মোক ভালপাওঁ বুলি কোৱা  ৷

বৰ্ষণমুখৰ এসন্ধ্যা 
কিয়নো দুৰে দুৰে আছা 
তোমাৰ ভিজা দেহৰ স্পৰ্শত মোৰ 
মন-হৃদয়ত 
মোৰ ভিজা দেহৰ স্পৰ্শত তোমাৰ
মন-হৃদয়ত 
সৃষ্টি হওক বৰ্ষাসিক্ত অনুভব 
অনুভূতিৰে জীপাল হোৱা 
বৰ্ষণমুখৰ এসন্ধ্যা শীৰ্ষক 
দ্বিতীয়টো প্ৰেমৰ কবিতা  ৷
—————————————
কবিতা  লিখি মই মুঠেই সুখী নহওঁ
প্ৰবীন চন্দ্ৰ তালুকদাৰ

কবিতা লিখি মই মুঠেই সুখী নহওঁ
সেয়ে নিজকে কেতিয়াও কবি বুলি নকওঁ!
কবিতাত দেখো কেৱল,
কল্পনাৰহে আশ্ৰয় লওঁ!
বাস্তৱত দেখোন তাৰ,কাষেৰেও নাযাওঁ৷

আচলতে মই ফাঁকিহে দিছো সকলোকে
নচলো মই কোনোপধ্যেই কবিতাৰ মতে
ফাঁকি মাৰিবলৈ যে সহজ,
সেয়ে ,নোহোৱাক হোৱা সঁজাই
তিতাক মিঠা বোলাই,
গিলাবলৈ খোজো টোপটো বৰশীৰ
ৰহণবোৰ সানি লৈ একোটাকৈ কবিতাৰ!

পাছ কৰিব লাগিব যে প্ৰতিযোগিতাত
নামটো ওলাব লাগিব,তাৰ ফলাফলত!
সেইবাবে লিখি গৈ আছো আজি
দেখুৱাই সকলোকে ভেল্কিবাজী
অবাস্তৱধৰ্মী কবিতা কিছুমানেৰে
চিনিব নোৱাৰাকৈ মোক,কবিতাৰ মাজেৰে৷

সেয়ে,কবিতা লিখি মই মুঠেই সুখী নহওঁ
কবিতাৰ অন্তৰখনো বৰ্তমান, মোৰ লগত নাই!
ধাৰ কৰা অন্তৰেৰে পাৰি জানো লিখিব
ৰসাল কবিতা,সমাজখনৰ বাবে
য’ত আশা কৰে সকলোৱে এতিয়াও
পাবলৈ এটি আশাব্যঞ্জক কবিতা
নথকাকৈ কোনো  কৃত্ৰিমতা 
মোৰ দৰে কবিৰ কাপত
—————————————
মোৰ মদাৰে এতিয়া ঠিকনা বিচাৰে
চিমৰাজ হুছেইন

বুজিছা–
মোৰ হৃদয়ৰ গভীৰ বননিত
গজি উঠা মদাৰজোপাই
এতিয়া বিলাবলৈ ধৰিছে
ৰঙা ৰঙা ফুলবোৰ |
বিলাইছে ;
হৃদয়ৰ পৰা হৃদয়লৈ
মনৰ পৰা মনলৈ

আকোৱালি ল'ব ধৰিছে
নিসংগতাৰে আৱৰি থকা 
কোনোবা বিবস্ত্ৰ নাঙঠ গছক |

যেতিয়া বননিৰ অন্য গছে
গৌৰৱে শুভাযাত্ৰা কৰে
মোৰ হৃদয় বননিৰ মদাৰজোপাই
অকলে ৰৈ উচুপে |
দুচকুত এটি বনৰীয়া সপোন লৈ
সৰি পৰা ৰঙা ফুলে
আশাৰে নিজৰ ঠিকনা বিচাৰে ।
—————————————

Post a Comment

0 Comments