পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ নৱম সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা 
সম্পাদকীয়...

  কবিতাৰ যদিও কোনো সুনিৰ্দ্দিষ্ট সংজ্ঞা নাই ,তথাপি কিবা এটা আছে। সেয়ে কবিতা লিখিলেই কবি বুলিব পৰা নাযায়। গোটেই জীৱনটো কবিতাৰ নামত উচৰ্গা কৰাৰ পাছতো সুগন্ধি কবি হীৰেন ভট্টাচাৰ্য দেৱে নিজকে কবি হিচাপে ভবা নাছিল। মনত দোলা দিয়া ভাবনাক পাঠকৰ হৃদয় কেনভাচত উদ্ভাসিত কৰিব পৰাটোৱে কবিতাৰ সাৰ্থকতা। তাৰ বাবে লাগিব সাধনা,অধ্যয়ন আৰু চৰ্চা। 
   সীমিত পৰিসৰ ভেদি সৰ্বসাধাৰণ পাঠকৰ হৃদয়ে হৃদয়ে গুঞ্জৰিত হ’বলৈ কবিতাইও সময়ৰ স’তে নিজকে সম্প্ৰৰীক্ষা কৰাৰ প্ৰয়োজন। কবিতাত দুৰ্বোধ্যতা বুলি বিশেষ একো নাই; থাকে মাথোঁ পাঠকৰ বোধৰ সীমাবদ্ধতা। তথাপি সৰ্বসাধাৰণ পাঠকৰ বোধগম্য হোৱাকৈ কলাত্মক ভাবে মনৰ অনুভৱ উপস্থাপন কৰিব পৰাটো—কবিতাৰ এক বিশেষ বৈশিষ্ট্য। এনেয়েও সৰলতাই হৈছে জটিল কলা।

নৱ ৰাজন
সম্পাদক
কাব্যকানন  
—————————————
কবিতাৰ  আড্ডা
উদয় কুমাৰ শৰ্মা

[কবিতাৰ কাব্যিক জীৱন]

 'ভুলতে তোমাক বিছনাখনত
খেপিয়াই ফুৰিছিলোঁ ;
তুমি যে পৰ্বতটোৰ নামনিত
তিলফুল হৈ
হালি-জালি আছা'
(নীলমণি ফুকন, 'গোলাপী জামুৰ লগ্ন', ১৯৭৬) 

 পাঁচটা শাৰীৰ এইটি কবিতাত  কিমানযে কথা কৈ নিদিয়াকৈ সোমাই আছে  :

  'বিছনাখনত খেপিওৱা' আৰু 'তিলফুল' হোৱা -- এই দুটি দৃষ্টিগ্ৰাহ্য চিত্ৰকল্প (Visual image)ই  নিজে নিজে কেনেকৈ কথা কৈছে : মৃতদেহ সৎকাৰৰ লগত 'তিল'ৰ (তাৰ পাছত 'তিলফুল') সংযোগে -- আমাৰ সংস্কাৰ বা আচাৰৰ কথাকে উনুকিয়ায়। এফালে মৃত্যু (ভুলতে  খেপিওৱা), আনফালে  জীৱনৰ চিত্ৰৰূপ (হালি-জালি থকা তিলফুল) -- য'ত, দুখবোধৰ পৰিৱৰ্তে, জীৱনৰ উল্লাস ('হালি-জালি')হে উচ্চাৰিত হৈ ব্যঞ্জিত হৈছেগৈ।

 [ মন কৰিবলগীয়া কথাটো হ'ল : আৰম্ভণিতে, ফুকনদেৱে 'হালিজালি' বুলিহে লিখিছিল। ঢৌ খেলাৰ কথাটোলৈ নজৰ দি -- তেখেতে, পাছত 'হালি-জালি'  কৰিলে। 'হালি' আৰু 'জালি'ৰ মাজত দিয়া 'হাইফেন'ডাল যেনিবা -- চৰাইৰ ডেউকাহে এখন! ]

 'বিছনা'খনৰ ব্যক্তি-চিন্তাৰ আন্ধাৰ (খেপিওৱা) অতিক্ৰমি, কবি-মনে বিশাল প্ৰকৃতিৰ ('পৰ্বতটোৰ নামনিত') পোহৰৰ প্ৰতিহে পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছে। 'তুমি' ৰূপান্তৰিত হৈ 'তিলফুল' হোৱা -- কল্পচিত্ৰ দুটিৰ এনে ভিন্নমুখী আকৰ্ষণেই, কবিতাটিৰো কেন্দ্রীয় আকৰ্ষণ হ'ব পাৰে। আৰু, ইয়াতেই নিহিত আছে কবিতাটিৰ কাব্যিক জীৱন  ।

এই কবিতাটিত আৰম্ভণিতে ব্যৱহাৰ কৰা 'ভুলতে' শব্দটো গুচাই দি  এইদৰে পঢ়কচোন -- 'তোমাক/ বিছনাখনত / খেপিয়াই ফুৰিছিলোঁ'  -- 'খেপিয়ায়' কেতিয়া?  ৰাতিৰ ঘোপমৰা অন্ধকাৰত; নহ'লেবা, কবি নিজেই অন্ধ! তেতিয়া, কবিতাটো কবিতা হৈ উঠিবনে বাৰু  ! 

   কবিতাত, ইঙ্গিত নাথাকিলে বা তাৎপৰ্যপূৰ্ণ অৰ্থ ব্যঞ্জিত নহ'লে, খোলাকৈ সকলো কথাকেই কৈ দিলে -- কবিতাৰ শৰীৰ যিমানেই সুন্দৰ বা আকৰ্ষণীয় নহওক কিয় -- সি, পাঠকক আকৃষ্ট কৰি ভবাই তুলিব নোৱাৰে। কবিতাৰ আঁৰত থকা তেনে ৰহস্যময়তাইহে  কবিতা এটিক প্ৰকৃতাৰ্থত কবিতা কৰি তোলে। আৰু, ইয়াতেই নিৰ্ভৰ কৰে : কবিতা একোটাৰ কাব্যিক জীৱন (Poetic life)।
—————————————
আধুনিক অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য—২
লোকেন্দ্ৰ হাজৰিকা

      নতুন কবিতা বা সাম্প্ৰতিক কবিতা অথবা আধুনিক কবিতাৰ কবিসকলৰ কবিতাৰ বিষয়বস্তুৰ ক্ষেত্ৰত স্বাভাৱিকতে কিছু বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। সেই বৈশিষ্ট্য সমূহক আমি এনেদৰে ভগাব পাৰোঁ - 
(১) এক নৱ্য মানৱীয় দৃষ্টিভংগীৰ আগমণ
(২) মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱ
(৩) মনোবৈজ্ঞানিক চৰ্চাৰ প্ৰভাৱ
(৪) বিজ্ঞানীসকলৰ প্ৰভাৱ,(৫) শিল্প কাৰখানাৰ প্ৰসাৰ আৰু কবিতা জগতত তাৰ প্ৰভাৱ
(৬) প্ৰাচীন ঐতিহ্য আৰু মূল্যবোধৰ অপসাৰণ
(৭)ৰোমান্টিক প্ৰেমৰ প্ৰতি অৱজ্ঞা
(৮) নৱবৌদ্ধিক চেতনা
(৯)পশ্চিমীয়া প্ৰভাৱ আদি।তলত এই বৈশিষ্ট্য সমূহৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা হৈছে -
   ‌‌ (১) এক মানৱীয় দৃষ্টিভংগীৰ আগমণ:- মানুহক মানুহ ৰূপত চিনি পাবলৈ চেষ্টা, সুখ-দুখ, হাঁহি -কান্দোন, সৰ্বসাধাৰণৰ অন্তৰৰ সংবেদনশীলতা - এনেবোৰ বৈশিষ্ট্য সাম্প্ৰতিক কবিতাত চিত্ৰিত হৈ পৰিছে।জাতি, ধৰ্ম,বৰ্ণ, সম্প্ৰদায়,ভাষা আদি বন্ধনৰ পৰা মুক্ত হৈ সমগ্ৰ মানৱ জাতিক একে দৃষ্টিৰে চোৱাৰ আদৰ্শ এই কবিতাবোৰত স্পষ্ট। নতুন কবি গোষ্ঠীয়ে দেখিবলৈ পাইছিল - অসমৰ পথাৰত হাড় ভঙা খাটনিৰে খাটি খাটি অৱস হৈ পৰা কৃষকৰ দল, ৰবৰ বাগিচাত কাম কৰি কৰি দিশহাৰা হৈ পৰা নিষ্পেষিত  শ্ৰমিক গোষ্ঠীৰ ঘৰ্মাক্ত দেহৰ অলসতা, বৰ্ণ বৈষম্য দূৰীকৰণৰ তুলনা,পূঁজিপতিৰ উৎপত্তি,ভ্ৰান্ত সমাজ নীতি,শোষক আৰু শোষিতৰ বৰ্ণনা আদি নতুন কবি গোষ্ঠীয়ে তেওঁলোকৰ কবিতাৰ মাজত অংকন কৰিছে। চতুৰ্থ দশকৰ তৰুণ কবিসকলে তেওঁলোকৰ অন্তৰৰ স্নেহ বিশিষ্ট কৰি কয়লাখনিৰ বনুৱা,অন্ধগলিৰ নিভৃত কক্ষত আৱদ্ধ বেশ্যা,অৱস দেহৰ ৰিক্সাৱালা, সমাজৰ কু-সংস্কাৰৰ বলি হোৱা ষোড়সী যৌৱনা বিধবা,ডাষ্টবিনত পৰি থকা এটুকুৰা ৰুটিৰ সৈতে যুঁজ কৰা সমাজৰ আৱৰ্জনা ৰূপে পৰিগণিত হোৱা মগনীয়া, পথৰ দাঁতিৰ শুকান লেকেটা চামৰা কৌণিক ভংগীমাৰে চোবাই থকা নিষ্পেষিত কুকুৰৰ দলকো আদৰি লৈছে। অমূল্য বৰুৱাই নিষ্পেষিত জনকো চেনেহৰ চকুৰে চাইছিল।পৰবৰ্তী কালত ৰাম গগৈয়ে বৰুৱাৰ দৃষ্টিভংগীকেই অনুকৰণ কৰিছিল।কেশৱ মহন্ত, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আদিয়ে মানুহক মানুহ ৰূপে আৱিষ্কাৰ কৰাৰ চেতনা অধিক বলিষ্ঠ।বিশ্বৰ আন আন ঠাইৰ নিষ্পেষিত,লাঞ্ছিত জনৰ ছৱি তেওঁলোকৰ কবিতাৰ মাজত উদ্ভাষিত হৈ উঠিছে।
      (২) মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱ :- আধুনিক অসমীয়া কবিসকলৰ ওপৰত কাৰ্লমাক্সৰ প্ৰভাৱ অতি সুস্পষ্ট।মাৰ্ক্সৰ surplus value ৰ দৃষ্টিভংগীৰে তেওঁলোকৰ কবিতা সিক্ত।নঙঠা পিঠিত সূৰ্যৰ চাবুকৰ কোব লৈ কঠোৰ পৰিশ্ৰম কৰা কৃষক জনে নিজৰ উৎপাদিত শস্য খিনিৰ উপযুক্ত মূল্য প্ৰাপ্তিৰ পৰা বঞ্ছিত হোৱা, পূজীপতিৰ আগ্ৰাসন, মধ্যভোগীৰ দপদপনি আদিয়ে আধুনিক কবিসকলৰ মন ভাৰাক্ৰান্ত কৰি তুলিছিল।মাৰ্ক্সে যেনেদৰে হেগেলৰ দ্বন্দ্ব তত্বক গ্ৰহণ কৰি "ৰাষ্ট্ৰ ব্যৱস্থা শ্ৰেণীৰ উৰ্দ্ধত"- এনে ধাৰণাক প্ৰত্যাখ্যান কৰিছিল আৰু ফ্ৰয়েডৰ বাস্তবাদৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল,ঠিক একেদৰে নতুন অসমীয়া কবি সকলেও মাৰ্ক্সৰ এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। পূজীপতিৰ হাতোৰাৰ পৰা নিষ্পেষিত জনতাক উদ্ধাৰ কৰাটোৱেই আছিল তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য । মাৰ্ক্সৰ বস্তুবাদী ধাৰণাৰ দৰ্শন আছিল মানুহে ৰাজনীতি, বিজ্ঞান,কলা ,ধৰ্ম আদিৰ বিষয়ে আলোচনা কৰাৰ আগতে অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ চিন্তা কৰিব লাগিব। সেইটোৱেই আছিল মাৰ্ক্সৰ বস্তুবাদী ধাৰণা। অসমীয়া কবি কেশৱ মহন্ত, নৱকান্ত বৰুৱা, হীৰেণ ভট্টাচাৰ্য,নিৰঞ্জন ফুকন ছদ্মনামত হীৰেণ গোহাঞিয়ে লিখা কবিতাত মাৰ্ক্সীয় দৰ্শন সুস্পষ্ট।মহন্তৰ কবিতাত গ্ৰাম্য জীৱনৰ দৰদী চিত্ৰ , নিষ্পেষিত আৰু দাৰিদ্ৰৰ বিৰুদ্ধে সজাগ সকিয়নী বিচাৰি পোৱা যায় নিমজ ভাষাৰ নিদৰ্শন এৰে।
      (৩) মনোবৈজ্ঞানিক চৰ্চাৰ প্ৰভাৱ :- ফ্ৰাংকৰ ওপৰত ফ্ৰয়েডৰ প্ৰভাৱ এৰাব নোৱৰা।ফ্ৰয়েডৰ মনোবৈজ্ঞানিক তত্ত্ব সমূহ মানৱৰ চিন্তাৰাজ্যলৈ এক বিশিষ্ট অৱদান।গ'ল,ইণ্ড আৰু চ'পাইগু আৰু ব্যক্তিত্ব বিকাশত যি সকলৰ অৱদান সম্পৰ্কে যিসমূহ তাৎপৰ্যপূৰ্ণ ব্যাখ্যা কৰি গ'ল সেই সকলে সৰ্বজনৰ প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হ'ল। নতুন অসমীয়া কবিতাতো ফ্ৰয়েডে আগবঢ়োৱা মনস্তাত্বিক ব্যাখ্যা সমূহৰ প্ৰতিফলন আৰম্ভ হয়। কোনো সন্দিহান অসমীয়া কবিৰ মনত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কেও মনস্তাত্বিক প্ৰভাৱ পৰিবলৈ লয় -"হে ঈশ্বৰ, তুমি হেনো এলজাব্ৰাৰ এক্স"(নৱকান্ত বৰুৱা)। বৰুৱাৰ সম্ৰাট,ৰাৱণ,হে অৰণ্য,হে মহানগৰ আদি কবিতাৰ মাজেৰে ফ্ৰয়েডীয় মনস্তাত্বিক দৰ্শন প্ৰতিফলিত হৈছে। আধুনিক অসমীয়া কবিতাৰ ভিতৰত myths আৰু symbls ৰ অনেক অংশই ফ্ৰয়েডৰ মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত।
      (৪) বৈজ্ঞানিক সকলৰ প্ৰভাৱ :- আধুনিক পদাৰ্থ বিজ্ঞানী সকলৰ পৰা নতুন অসমীয়া কবিসকলে বহু কথা নতুনকৈ অনুভৱ কৰিব লগীয়া হ'ল। বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে কুৰি দশকৰ তাৎপৰ্য বিস্ময়কৰ। এই শতিকাৰ বিজ্ঞানৰ উদ্ভাৱনে মানুহৰ চিন্তা ৰাজ্যত গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু প্ৰতিফলন ঘটে কলা আৰু সাহিত্যৰ জগততো। আধুনিক কবিতাই বিজ্ঞানৰ এই নৱ নৱ উন্মেষ ধ্বনিক স্বাগতম জনালে। মানুহৰ মনোজগতৰ পৰিধি বিশাল কৰা আৰু সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ এটা বুজাপৰাৰ দিন নিক্ষেপ কৰি বৈজ্ঞানিক সকলে মানৱ জাতিৰ কাৰণে এক উজ্বল ভৱিষ্যতৰ সম্ভাৱনা দাঙি ধৰিলে। ফ্ৰেজাৰৰ নিৰন্তৰ চিন্তাধাৰাই প্ৰাচীনতাৰ দ্ৰুত পৰিৱৰ্তন সাধিলে। নতুন কবিসকলে বিজ্ঞানৰ এই অভ্যুদয়ক নিজৰ কবিতাৰ মাজত সন্নিৱিষ্ট কৰিলে। ফলত আধুনিক কবিতাৰ দুৰ্বোধ্যতা বাঢ়ি গ'ল।
      (৫) শিল্প আৰু কল-কাৰখানাৰ প্ৰসাৰ আৰু কবিতা জগতত তাৰ প্ৰতিফলন:- অসমত বৰ্তমান শতিকাৰ তৃতীয় দশকতহে শিল্প উদ্যোগ আৰু কল-কাৰখানা সমূহৰ সূত্ৰপাত হয়। অৱশ্যে এই ক্ষেত্ৰত বহু সমস্যা আজিও বিদ্যমান।নানান কল-কাৰখানাৰ প্ৰসাৰে নগৰ বাসীৰ জীৱন সততে বিৰক্ত কৰি তুলিছিল। কলকাতা, গুৱাহাটী আদিৰ দৰে মহানগৰী সমূহত শিল্প উদ্যোগৰ দ্ৰুত সম্প্ৰসাৰণ আৰু শ্ৰমিকৰ ওপৰত মালিক গোষ্ঠীৰ বৰ্বৰতা,অশান্তময় বায়ু প্ৰদূষণ আদি এশ-এবুৰি সমস্যাই আধুনিক কবিসকলক ভৱাই তুলিছিল।ফলত তেওঁলোকৰ কবিতাত কল-কাৰখানাৰ অশান্তময় পৰিৱেশে আন্তৰ্জাতিক দৃষ্টিভংগী, নগৰীয়া জীৱনৰ হাজাৰ অশান্তি ঘণীভূত হৈ পৰে।
        (৬) প্ৰাচীন ঐতিহ্য আৰু মূল্যবোধৰ অপসাৰণ:- কুৰি শতিকাৰ বিজ্ঞান ভিত্তিক জ্ঞান চৰ্চাই আমাৰ প্ৰাচীন মূল্যবোধক তীক্ষ্ণ ভাৱে আঘাত কৰিছিল। বিশেষকৈ ধৰ্ম, সমাজ,প্ৰেম আৰু জীৱন আদিৰ ক্ষেত্ৰত মূল্যবোধ অপসাৰিত হ'বলৈ বাধ্য হৈ পৰিছিল। নতুন কবি সকলে নতুন ভাৱ -চিন্তাক আদৰণি জনালে। তাৰ সমান্তৰালকৈ প্ৰাচীন ঐতিহ্য আৰু মূল্যবোধক আঘাত হানিলে। ধৰ্ম, সমাজ, প্ৰেম আৰু অৰ্থনৈতিকতাৰ প্ৰাচীন বান্ধোন খুলি নতুন কবিসকলে সকলো কথাৰে যুক্তিসংগত প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ ধৰিলে। সনাতন প্ৰাচীন মূল্যবোধ ,ঈশ্বৰৰ অস্তিত্বৰ প্ৰতি সন্দিহান কবিয়ে উদ্দাত্ত কন্ঠে ঘোষণা কৰিলে "হে ঈশ্বৰ ,তুমি হোৱা এলজাব্ৰাৰ এক্স ।ঈশ্বৰ সৃষ্টি কৰে কোনে, মানুহ, ঈশ্বৰে"।(নৱকান্ত বৰুৱা)। প্ৰাচীন মূল্যবোধৰ প্ৰতি বিশ্বাস আৰু অনিহাই এই কবিসকলক "নিহিলিষ্টিক" সম্প্ৰদায়ৰ দৰে অতি জটিল মানসিকতা সম্পন্ন কৰি তুলিলে।
     (৭) ৰোমান্টিক প্ৰেমৰ প্ৰতি অৱজ্ঞা:- আধুনিক কবিসকলে প্ৰেমৰ মহানতা পেনপেনীয়ি প্ৰেম দুয়োটাকে উপেক্ষা কৰি বাস্তৱ দৃষ্টিৰে প্ৰেমক বিচাৰ কৰিলে আৰু সংবেদনশীলতাৰ সৃষ্টি কৰিলে। তেওঁলোকে দেখা পালে ৰোমান্টিক কবিসকলে কল্পনাৰ ডেউকাত উঠি যি প্ৰেমৰ জয়গান গাইছিল তাৰ অন্তৰালত আছিল নিবিৰ সংৰক্ষণ প্ৰেম: দৈহিক দৃষ্টিৰ প্ৰতি অধিক সচেতন হ'ল প্ৰেমৰ কৃতকাৰ্যতাৰ মূল বুনিয়াদ মে অৰ্থনৈতিক চেতনা তাকো তেওঁলোকে ঘোষণা কৰিলে। ৰোমান্টিক ৰূপৰ দীপ্ত স্ফুৰণৰ বিপক্ষে সচেতন ভাৱে থিয় দি বাস্তৱ দৃষ্টিভংগীৰে প্ৰেমক বিচাৰ কৰাৰ প্ৰথম চেষ্টা চলালে আব্দুল মালিকে -" ফুলশয্যা ৰাতি"শীৰ্ষক কবিতাৰ মাজেৰে।
      (৮) নৱ বৌদ্ধিক চেতনা :- কল-কাৰখানা, সাহিত্য,কলা, বিজ্ঞান, মনোবিজ্ঞান আদি দিশত হোৱা পৰিবৰ্তনে দেশৰ বৌদ্ধিক চেতনাক অধিক দৃঢ় কৰি তুলিছিল। সাম্প্ৰতিক কবিসকলৰ মন নৱবৌদ্ধিক চেতনাৰে সিক্ত হৈ একপ্ৰকাৰ জটিল আৰু সন্দিগ্ধ কবি মানস সৃষ্টি কৰিছিল।কবি মানসত এনেধৰণৰ সন্দিগ্ধতা এসময়ৰ ইংৰাজ আধুনিক কবিসকলৰো সমস্যা আছিল। আধুনিক কবিসকল অধিক ভাৱেই উচ্চ শিক্ষিত আৰু তৰুণ হোৱা বাবে আধুনিক জগতত সংঘাত আৰু অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ মনত এক গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
      (৯) পশ্চিমীয়া প্ৰভাৱ :-  যোৱা শতিকাৰ চল্লিশৰ দশকৰ কালছোৱাত ইংলেণ্ড, আমেৰিকা আদি পশ্চিমীয়া কবিসকলৰ কবিতাই সমগ্ৰ পৃথিৱীৰেই হৃদয় সংবাদী হৈ পৰিছিল।কবিতা প্ৰেমী লোকৰ মাজত এই সময়তে ফৰাচী প্ৰতীকবাদী কবিকুলৰ নেতা অগ্ৰণী কবি ব'ডালিয়াৰ,মালাৰ্মে আদিৰ কবিতাৰ প্ৰভাৱ আৰু সমাদৰ বৰকৈ বাঢ়িবলৈ ধৰে। নতুন অসমীয়া কবিসকলেও বিশ্বৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা নতুন নতুন কবিকুলৰ লগত নিজৰ পৰিচয় দিয়াৰ প্ৰয়াস কৰিলে। বিশ্বৰ কবিকুলৰ যুগশ্ৰেষ্ঠ কবিসকলৰ বিশ্ব শ্ৰেষ্ঠ কবিতা সমূহ অধ্যয়নৰ দ্বাৰা অসমৰ নতুন কবিকুল তুষ্ট হৈ পৰিছিল। তাৰ ফলত সেইসকল কবিৰ প্ৰভাৱে অসমীয়া নতুন কবিসকলকো ঢৌত কৰিছিল।মায়াক'ভস্কি,পাবলো নেৰোডা আদিৰ কাব্য কীৰ্তিৰ লগত অসমীয়া কবিসকলো অতি ঘণিষ্ঠভাৱে সম্পৰ্কিত হৈ পৰে।
       অতি সাম্প্ৰতিক সময়ত জাপানী "হাইকু"কবিতাৰ লগতো অসমীয়া কবিসকলৰ পৰিচয় ঘটে আৰু জাপানী কবিতাৰ অতি প্ৰসস্ত কাপ আৰু কেনভাচৰ প্ৰতিও নতুন অসমীয়া কবিসকল অনুপ্ৰাণিত হোৱাটো অন্যতম্ লক্ষ্যণীয় বিষয়।
—————————————————————
অনুবাদ কবিতা

“CURRENTLY” 
By: Chicano Eddie
Cuban Poet

The select word 
For the select people 
Makes way 
For the select life. 
Those who select 
Die before the selection 
Picks them. 
Grab the drink, 
Piss the revenge. 

“বৰ্তমান” 
মূল কৱি চিকানো এডি
কিউবান কবি
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


নিৰ্বাচিত লোকৰ বাবে 
নিৰ্বাচিত শব্দটোৱে 
নিৰ্বাচিত জীৱনৰ বাবে 
সমল দিয়ে
যিসকলে নিৰ্বাচন কৰে 
তেওঁলোক 
নিৰ্বাচনে 
বাছি লোৱাৰ আগতেই মৰে
ৰহঘৰাটো সামৰি থোৱা
প্ৰতিশোধৰ অগনিক মষিমূৰ কৰা
—————————————
সচ্চিদানন্দ হিৰানন্দ বাৎসায়ন ওৰফে অজ্ঞেয়ৰ দুটি হিন্দী কবিতাৰ অসমীয়া অনুবাদ— 
অপূৰ্ব ভূঞা

১.  কবিতাৰ জীবন

পদতলত পিষ্টহোৱা পৰুৱাৰ জীবন
মোক নালাগে
নেজ লৰাই থকা কুকুৰৰ জীবন 
মোক নালাগে
পঘাৰে বান্ধিথোৱা পশুৰ জীবন
মোক নালাগে
ধোবিঘাটলৈকে অহাযোৱা কৰা গাধৰ জীবন নালাগে
নিগণি বধকৰি খোৱা মেকুৰীৰ জীবন নালাগে
নালাগে সাঁপৰ ভোজন হোৱা নিগণিৰ জীবন 
মোক লাগে মানুহৰ জীবন
যি মানব জীবন বিচাৰে কবিসকলে
তেওঁলোকৰ কবিতাত ৷

২.    কবিৰ মৃত্যু

প্ৰায়ে কবিৰ মৃত্যু হয়
ভাল কবি আৰু সোনকালে মৰে
কবিতাৰ ভগ্নস্তূপ খনন কৰি 
কোনো উদভ্ৰান্তই বিচাৰে কবিৰ কংকাল
কবিৰ মাটিহোৱা কাব্যসম্ভাৰ
তেওঁ চিনিপায় আখৰবোৰ
আৰু বিৰবিৰায় বাৰে-বাৰে
নিজৰ হাততে মাটিহৈ যোৱা শব্দবোৰ
পাগলৰ দৰে বাৰে-বাৰে ৷

[ কবি পৰিচয় : হিন্দী সাহিত্যৰ অগ্ৰজ কবি, ঔপন্যাসিক সচ্চিদানন্দ হিৰানন্দ বাৎসায়ন (১৯১১-১৯৮৭) অজ্ঞেয় ছদ্মনামেৰেই সুপৰিচিত ৷ সাহিত্য একাডেমী, জ্ঞানপীঠ, ভাৰত-ভাৰতী আদি পুৰষ্কাৰপ্ৰাপ্ত সাহিত্যিকগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামতো জঁপিয়াই পৰিছিল ৷ তেওঁৰ সৃষ্টিৰাজিও জাতীয়তাবাদী আৰু দেশপ্ৰেমমূলক ৷]
—————————————
প্ৰাৰ্থী
(কবি সুকান্ত ভট্টাচাৰ্যৰ কবিতাৰ পুথি 'ছাড়পত্ৰ'ৰ অন্তৰ্গত কবিতা— 'প্ৰাৰ্থী '
অনুবাদ - দেৱ দাস  )

হে সূৰ্য্য 
শীতৰ সূৰ্য্য 
হিমশীতল সুদীৰ্ঘ নিশা 
তোমাৰ প্ৰতীক্ষাত থাকো 
যিদৰে প্ৰতীক্ষাৰত 
কৃষকৰ চঞ্চল চকু

ধানকটা ৰোমাঞ্চকৰ দিনবোৰৰ বাবে 

হে সূৰ্য্য 
তুমিতো জানা
আমাৰ গৰম কাপোৰৰ কিমান অভাব
ওৰে নিশা খৰি খেৰে জ্বলাই 
এটুকুৰা কাপোৰেৰে কাণ ঢাকি 
শীত খেদি খেদি কিমান আমাৰ কষ্ট 

সোণ এডোখৰতকৈও মূল্যৰ
পূৱাৰ এচেৰেঙা ৰোদ
ৰোদৰ বাবেই
ঘৰৰ বাহিৰত ইদীশ সিদীশ
ৰোদৰ তৃষ্ণাত 

হে সূৰ্য্য 
তুমি আমাৰ উৰুষা পঁজাত
উত্তাপ আৰু পোহৰ দিয়া 
আৰু উত্তাপ দিয়া 
আলিবাটৰ নাঙঠ শিশুটিক 

হে সূৰ্য্য 
তুমি আমাক উত্তাপ দিয়া 

শুনিছো তুমি এক জলন্ত অগ্নিপিণ্ড
তোমাৰ উত্তাপতে
আমি এদিন হয়তো  প্ৰত্যেকেই 
এটি এটি জলন্ত অগ্নিপিণ্ডলৈ ৰূপান্তৰিত হ'ম

তাৰপিছত 
সেই উত্তাপতে 
যেতিয়া জড়তা জ্বলি উঠিব
তেতিয়াহে হয়তো 
গৰম কাপোৰেৰে ঢাকিব পাৰিব 
ৰাস্তাৰ দাঁতিৰ 
সেই নাঙঠ শিশুটিক 

আজি কিন্তু 
তোমাৰ আমি উত্তাপৰ প্ৰাৰ্থী ।
—————————————
মহানগৰ ৰাতি
সচ্চিদানন্দ হীৰানন্দ বাৎসায়ন 'অজ্ঞেয়' 
অনুবাদ--- গণেশ বৰ্মন 

লাহে-লাহে মটৰগাড়ীবোৰ গুচি যাব ,
নুমাই যাব চাকিবোৰ  ,
বিয়পি পৰিব উদ্বিগ্নতা-ভৰা এক নিৰ্জনতা
গধূৰ বুটজোতাৰে গছকি-গছকি যাওঁতা
খাকি পোছাকধাৰীৰ 
মমতা নাই কিন্তু বাঞ্ছিত ।

তেতিয়া যি এই শিল খুন্দি-খুন্দি বহুওৱা পথত
নিজ ভৰিৰে হেচুকি , ঘঁহাই-ঘঁহাই 
টপ্ -থব্ , টপ্-থব্ , টপ্-থব্ 
নামহীন হৈ আহিব...

তেতিয়া স্তম্ভৰ আন্ধাৰৰ আঁৰত মৃত্যুভয় লুকোৱা শৰীৰে
ভাগৰুৱা আঙুলিৰে , উখহা চকুৰে , শীৰ্ণ কেশ আঁতৰাই 
অবিন্যস্ত মলিয়ন চুলিৰে মুখ ঢাকি ক'ব :
'দয়া কৰক ডাঙৰীয়া ... '
মিছা যেন লাগিব যাৰ যন্ত্ৰণাকাতৰ স্বৰ
কিয়নো , অভ্যাস নাই তেওঁৰ এতিয়াও 
সত্যৰ অভিনয় কৰাৰ
তেতিয়া তেওঁ নিৰ্বুদ্ধিৰ হাঁহি ওঠত ওলোমাই 
যেন বিবৰ্ণ দেৱালত লগাই থোৱা কোনো এক
হাস্য-নাটকৰ ফটা-ছিৰা দস্তাবেজ 
কুকুৰৰ কৌতুহলৰ প্ৰতি উদাসীন 
তেওঁৰ  প্ৰতিও যাক তুমি নিৰ্জনতা ৰক্ষাৰ 
পহৰাত লগাইছা
বাস্পাকূল চকুৰে নিজৰ ছাঁটোও নিচিনাকৈ
তন্ময় -- হয় , সস্তীয়া সুৰাৰ ৰাগীত তন্ময়
হয়তো গৈ আছে লাহে-লাহে---

কোৱাচোন  , তেওঁক দিবলৈ 
কিবা উত্তৰ 
আছেনে  ?

আছেনে  ?
কি ? এই খেল-ধেমালি , এই ছবিঘৰ আৰু
নাটঘৰ  ?
ৰং-বিৰঙৰ বিজুলী চাকিৰে প্ৰচাৰিত দ্ৰব্য 
যাক তেওঁ কেতিয়াও নাজানিব ?
এই সৰু আলিবাটবোৰৰ ভাঁজে-ভাঁজে
পকী পেছাবঘৰৰ সুবিধা ,
এই চকমকীয়া জাৱৰদানীবোৰ ( আহ , জাৱৰৰ বাবে ইয়াত  কিমান আকৰ্ষণ ! ) ?

সন্দেহৰ উৰ্ধত এই সকলো সভ্যতাৰেই লক্ষণ
সভ্যতা আৰু বহুত ডাঙৰ সুবিধা , সভ্য তোমাৰ বাবে !
নাজানো , কিন্তু উজুতি খাই ক'ৰবাত  ৰৈ গ'ল তেওঁ 
চকু মেলি চাই আৰু হঠাৎ তোমাক 
চিনি পালে
হঠাৎ সুধিলে লাহে-লাহে
'হয় ,কিন্তু মানুহ ,
তুমি কাৰ বাবে ? ' 
—————————————–———————
কবিতা

সৰি পৰা পাতখিলালৈ
জোনমণি দাস

সৰি পৰা পাতখিলালৈ
সৰু ল'ৰাটোৱে একেথৰে চাই আছে
চেঁচা শিলটোত বহি সি কিবা ভাবি আছে
মোৰ ভাবনাক বিমূৰ্ত কৰি
কি ভাবিছে সি?
সূত্ৰৰ অন্বেষণত সি
নতুন দিনৰ নিউটন নেকি!

ঢপলিয়াই আহিও ঢৌবোৰে তাক ধৰিব পৰা নাই
নিচুকাই নিচুকায়ো সুৰবোৰে তাক শুৱাব পৰা নাই
কি ভাবিছে সি পাতখিলালৈ চাই…

পাতখিলাত মই একো দেখা নাই
সুধিবলৈও মোৰ কাষত আন কোনো নাই

গছজোপাক এন্ধাৰ কৰি সন্ধ্যা হৈ আহিছে
চেকচেকী চৰাইটোৱে মোক কিবা এটা কব খুজিছে
মোৰ ভয় লাগিছে
মোৰ ভোক লাগিছে
ঢৌবোৰে মোক ধৰি নিব খুজিছে…

সৰি পৰা পাতখিলালৈ এতিয়াও
সৰু ল'ৰাটোৱে একেথৰে চাই আছে।
—————————————
গোন্ধত
কিশোৰ মনজিৎ বৰা

শুকান মাছৰ গোন্ধত
সাৰ পোৱা এটা ষ্টেছন
জাগীৰোড ষ্টেছন

কলং কপিলীৰ গোন্ধত
উজাৰ খোৱা কলিজা

চাৰণ বিলৰ গেলা বৰালিৰ গোন্ধত
কান্দি উঠা কইনাকন্দা পাহাৰ

বাঘৰ পিঠিৰ ৰ'দঘাই মেপ
মায়ং

কাৰ গোন্ধ
ক'ত হেৰাই
জীৱনৰ মায়াবজাৰত।
—————————————
মানুহবোৰ ক'লৈ গ'ল
জুনু বুঢ়াগোহাঞি

তিনিটা দিনত
তিনি ঠাইৰ পৰা তিনিটা ফোন কল
লখিমপুৰত ভাই
যোৰহাটত ভাগিন
আৰু গোলাঘাটত ভনী

ৰিচিভাৰত বাজি আছে
"ভাল খবৰ এটা আছে, ক'বলৈ মানুহ নাই"। 

আচৰিত
চক খালোঁ তিনিবাৰেই
আঙুলি তিনিটা ফুটালোঁ
ক'ব নোৱৰাকৈ
কাৰণ...
মোকো লাগে মানুহ
দেহৰ ভিতৰত মোৰো এটা ভাল খবৰ
জাপি থৈছোঁ
কোৱা মানুহৰ অভাৱ ৷

মানুহবোৰ গ'ল ক'লৈ ?

এতিয়া তিনিকালৰ তিনিবেলাই
বেয়া খবৰে বেহেলা বজায় ৷

পাখি থকা বেয়া খবৰবোৰ
নোখোলা খিৰিকীৰে সোমাই
নলগোৱা  টি-ভিত বাজে
নোখোলা ম'বাইল ভৰে
নবলা বতাহত বলে
নুশুনো বুলিলেও শুনে ৷

আৰু ভাল খবৰবোৰ তিনিটা ভাঁজ লৈ
বকৰাণিৰ কাগজ তিনিটুকুৰা হৈ
হাতৰ মুঠিত লুকায় ৷

এনেতে
মোক কোনোবাই
তিনিবাৰ ঘূৰি চোৱাযেন পালোঁ
যানজঁটত ৰাস্তাটো পাৰ হওঁতেও
দুইফালে তিনিবাৰ চাওঁ
"তিনিবাৰ নিবাৰ"

"তিনি সইত" কি নাজানো
কিন্তু সত্যৰ এমূৰত হাতখন থাকিলে
সুৰুঙাৰে সকলো সৰকি পৰাৰ পাছতো
ভাল খবৰবোৰ উপেক্ষাৰ দুৱাৰ খুলি
মানুহ বিচাৰি বাহিৰলৈ
ওলাই আহিব ৷
—————————————
শব্দৰ সৈতে ৰাতি এটা
দাদুল ভূঞা

শব্দৰ সৈতে ৰাতি এটা
একেটা কোঠাতে সহবাস কৰিছোঁ
শব্দৰ স্পৰ্শই গোটেই ৰাতিটো মোক বন্দী কৰি থ’লে
ঠিক যুদ্ধক্ষেত্ৰৰ বন্দী সেনানীৰ দৰেই

কবিতা এটা নিৰ্মাণ কৰাৰ স্বাৰ্থত
মনৰ কৰণিৰে এটা এটা শব্দ বুটলি লৈ এষাৰি বাক্য লিখোঁ
ভাল নালাগিলে কটা-কটি কৰোঁ
আকৌ লিখোঁ
কথাবোৰ নিমিলে
বুকুৰ পৰা বুকুলৈ বৈ যাব নোৱাৰে

এনেদৰেই বহুপৰ যুজি যুজি
হাতত থকা কাগজখন এটা সময়ত ফালি পেলালোঁ

কুকুৰাৰ ডাকত ৰাতি পুৱালত
খিৰিকীখন খুলি বাহিৰলৈ চাই দেখিলোঁ
চৰাই-চিৰিকটিৰ মাতত উটি আহিছে
অলেখ কবিতাৰ লহৰ

মনে-মনে বুজিলোঁ
শিকিলোঁ
শব্দই কাৰোৰে বন্দীত্বৰ
সপোন হ’ব নোখোজে।
—————————————
কথাৰ কথা
ইলামণি শইকীয়া

১.
গছৰ আগত ধোঁৱা উৰিছে
কাৰোবাৰ বুকুত জুই জ্বলিছে
তেজবোৰ নদী হৈ
দুচকুৱেদি ঢল নমাইছে৷

২.
বহু কথা  অতীত হ’ব
বহু কথা ইতিহাস হ’ব, সাধু হ’ব
কমলা কুঁৱৰী, তেজীমলাৰ সাধুবোৰে ন- ন ৰূপ লৈ 
অহা -যোৱা কৰি থাকিব৷

৩.

এতিয়া মোৰ দেশত ভোক নাই
ভোগ আছে৷
এতিয়া মোৰ দেশত প্ৰেম নাই
 শৰীৰী আদিম খেলা সৰ্বত্ৰ৷

সূৰ্য হেৰাই যোৱা দেশৰ
ক'লা মানুহ আমি
আমাৰ স্পন্দনত কেৱল 
শীতলতা আৰু পদলেহনৰ কুচকাৱাজ৷
—————————————
‌সময়-দোদুল্যমান 
প্ৰদীপ চন্দ্ৰ শৰ্মা

সেউজ দূবৰি, ববচা‌' সময় - দোদুল্যমান '

সেউজ ডুবৰি, ববচা ঘাঁহনি
শেৱালি আৰু তৰাৰ মিতিৰালি
তিৰবিৰ, সেমেকা আমেজ
ৰিবৰিব মন পুলকিত সমিৰণ,

দোদুল্যমান অথচ সংশয়হীন
সূৰুযতে থাকে জীৱনৰ গতি ।

তথাপিতো পুনৰ আহে -
গুচি যায় বায়ু বা বাষ্প
অহা আৰু যোৱাৰ মাজত
বিৰাট সামঞ্জস্য ।

সকলো একেই থাকে -
একেই গতি,
আকাশ, পানী, ধৰিত্ৰী
আৰু জীয়াই থকাৰ হেঁপাহ . ঘাঁহনি
শেৱালি আৰু তৰাৰ মিতিৰালি
তিৰবিৰ, সেমেকা আমেজ
ৰিবৰিব মন পুলকিত সমিৰণ,

দোদুল্যমান অথচ সংশয়হীন
সূৰুযতে থাকে জীৱনৰ গতি ।

তথাপিতো পুনৰ আহে -
গুচি যায় বায়ু বা বাষ্প
অহা আৰু যোৱাৰ মাজত
বিৰাট সামঞ্জস্য ।

সকলো একেই থাকে -
একেই গতি,
আকাশ, পানী, ধৰিত্ৰী
আৰু জীয়াই থকাৰ হেঁপাহ ...
—————————————
অৰণ্যৰোদন
পংকজ কুমাৰ শৰ্মা

কি পোৱাৰ হেঁপাহত 
নিতৌ মৰোঁ
কি নোপোৱাৰ উন্মাদনাত 
আকৌ জনম লওঁ

প্ৰতিদিনেই কিয় আমি
মৰোঁ
আৰু নাঙঠ হওঁ 

পাপৰ 
নে 
পূণ্যৰ ফল খাই 
মৰা মানুহ জীয়ে 
জীয়া মানুহ মৰে

কোনেও চকুলো নোটোকে 
ছবি বুলি চায় 
গান বুলি শুনে
চিগাৰেট জ্বলাই 
ধোঁৱাৰ কুণ্ডলী পকায়

শব্দৰ সমদলত জুই 
অৰণ্যৰোদনত অনাবৃষ্টি
ৰাতিৰ নগৰত জগৰ 
নগ্নতাৰ কিৰিলি

শুনা কথা সঁচা
দেখা ছবি সঁচা
মুখত ফুল চন্দনৰ তৰপহে মিছা

কিমান আগুৱাই গ'লেই মানৱতাই 
সভ্যতা নাম পায়

ৰাতিয়েই দুৱাৰখন খুলি
ওলাই গ'ল সন্তান 
গ'ল যি গ'লেই 
ৰাতিপুৱালৈকে ওভটা নাই 

জীৱন-বৈভবৰ হিচাপ কৰি কৰি
কোনেও নিচিনা সমাজ 

দৌৰি আহিল বিষধৰ 
পূণ্যৰ পুখুৰীত জাপ দিও দিও...
—————————————
দ্যা চিক্ৰেট আইচ
চয়নিকা ভূঞা 

এযুৰি চকু
য'ত কথাবোৰ গল্পলৈ ৰূপান্তৰিত হয়  
কাহিনীবোৰো পূৰঠ হয় মাত্ৰ এটি চাৱনিত  
সেই যুৰি চকুৱে 
কাহানিও নাজানে চকুলো টুকিব
অথচ কঢ়িয়াই ফুৰে দুখৰ এটা টঙিঘৰ

ৰংমনৰ বুকুত বেথা 
সকলো কথা যে চকুতেই ধৰা পৰে   

পলাও বুলিও পলাব নোৱাৰে সকলোৰেপৰা
যত আপদ 
এই চকুযুৰিতেই

নোকোৱাকৈ থকা কথাবোৰৰ
পুংখানুপুংখ বৰ্ণনা 
আৰু…
আৰু প্ৰেমৰ জন্মও 
এই চকুযুৰিতে  

আহ  !
কত কথা
আৰু
কিমান যে লেঠা 
লুকুৱাও বুলিও লুকুৱাব নোৱাৰি একো কথা 

দিন-ৰাতি একাকাৰ কৰি 
বুকুত কঢ়িয়াই ফুৰা 
সেই চকুযুৰিতে 
আজি তৰাফুুল ফুলিছে 

সেই বিশেষ চকুযুৰি
আৰু অলপ ভালপোৱাৰ কথা

নপৰো বুলিও 
বাৰে বাৰে পৰোঁ
সেই নীলাভ দুচকুৰ প্ৰেমত ।
—————————————
ব্যস্ততা
ৰূপজ্যোতি গগৈ 

ব্যস্ততাৰ নাগপাশে কুৰুকি কুৰুকি বান্ধে সময়।
বেলি ফুলৰ বাগিচাত থমকি নৰয় বেলি
সময় যে নাই!
"কেনে আছা?"
" আছানে কুশলে?"
ইথাৰৰ ইপাৰ - সিপাৰ ভেদি
নামি নাহে চিনাকি সুহুৰি
ব্যস্ততা
দৌৰা - দৌৰিত
উফৰি পৰে চিনাকি - অচিনাকি
হাজাৰ মুখ
নেদেখাকৈ সৰি পৰে কদম ফুলৰ পাহি

আজি ৰাতি
ফুলিব নেকি চন্দ্ৰমালতী
জোনাকী পৰুৱা এমুঠি বিচাৰি
আমি পাত পাত কৰিম বগৰী তলৰ পোতাপুখুৰী।

পাৰা যদি ব্যস্ততাক নিভাৰ কৰি
বহি চাবা এপলক স্মৃতিৰ বালিচাপৰি 
কি প্ৰশান্তি!
হিয়াভৰা সুগন্ধি!
—————————————
পংগু মানুহ
ৰূপা গগৈ

বেলিটো হেলনীয়া হোৱাৰ পৰতে 
শিলৰ সাঁকোৰ ওপৰত 
অট্টহাস্য কৰি আছিল এটা ক'লা ঘোঁৰাই 
তাৰ লগত যোগ দিছিলহি 
এজাক পংগু মানৱে 
ঠিক তেতিয়াই কাষেৰে বাউলী হৈ পাৰ হৈ গৈছিল
এজনী তিৰোতা 
অলপ গৈয়ে তাই হৈ পৰিছিল অচেতন ।

 কোন তাই
কোনেও নাজানে 
নাই তাইৰ শিৰত চিনাকি ৰাজমুকুট 
সকলোৱে জানে মাথোঁ
ৰাজপথত ৰাঙলী হৈ ডোঙা পাতি থকা 
তেজবোৰ  তাইৰ কোনোবা আপোনজনৰ ।

তাইৰ চেতন আহিল গাত 
তেতিয়ালৈ পংগু মানুহৰ হৈ হাল্লা চলিয়ে আছিল
তাই তেজবোৰ ৰঙা দেখিছে 
ধোঁৱা আৰু ধূলি উৰুৱাই নিগনি দৌৰ দি ফুৰা মানুহবোৰে
দেখিছে তেজবোৰ ক'লা 
 ক'লা তেজ নাচাওঁ বুলি 
নিজৰ চকু দুটা নিজেই কাঢ়ি চোলাৰ জেপত ভৰাই থ'লে

তাই তেজ ডোঙালৈ চাই চিঞৰিলে 
এইয়া অসম্ভৱ , ই কেনেকৈ সম্ভৱ 
চাচোন চা তেজবোৰ ৰঙা , তেজবোৰ গৰম ,
তেজবোৰ কঁপিছে 
তেজবোৰ জী আছে  
তেজবোৰক জীয়ালে জী থাকিব 
তেজবোৰক উশাহ এটা ল'বলৈ দিয়ক বুলি কৈ কৈ
তিৰোতাগৰাকী হৈ পৰিল পুনৰ অচেতন । 

দৃশ্যৰ পাছত দৃশ্য হয় সলনি 
কাহিনীয়ে লয় নতুন গতি
ৰক্তৰ মাজতে ৰাজপথত থিয় হ'ল এটি ৰক্তাক্ত ছাঁয়া 
আৰু পংগু মানুহবোৰে 
সেই ছাঁয়াটোৰ নাম থ'লে 
এটি বেনামী কবিতা ।

তেজবোৰ ৰঙা আছিল 
কিন্তু পংগু নাছিল 
পংগু আছিল কেৱল সেইখিনি মানুহ
যি ৰঙা তেজক ক'লা দেখিছিল আৰু 
ক'লা তেজ নাচাওঁ বুলি 
নিজৰ চকু নিজেই কাঢ়ি অন্ধৰ ভাও জুৰিছিল । 
—————————————
মৃত্যু
কবিতা গগৈ

কাঁচি জোনৰ পোহৰত  
বিষটো শুকাই । 
এটুকুৰা পুৰণি ঘাঁৰ বিষ , 
মাজে মাজে ওকায়।
তাই দুহাত মেলি আকোঁৱালি লয় 
ৰ'দ...
বাৰিষাৰ শেষৰ ৰ'দচাটি ! 
তাই গান গায় ;
পাহাৰী সুৰ এটি । 
উৰুখা পঁজাতিৰ ভিতৰত 
উচুপনি...
বতাহে বতাহে কথা কয় , 
কথাবোৰ নৈ সুতেৰে  বৈ যায়।
কোনো সময়ত তাই হাঁহে , 
পাহাৰী ঝৰ্ণাৰ দৰে হাঁহি ।  
চঞ্চলমতী  ! 
বোকোছাত সপোনৰ বোজা বান্ধি 
তাই উৰিব খোজে, 
আকাশ ভেদি । 

এদিন 
পাহাৰখন খহি পৰে 
সকলো ফালে অন্ধকাৰ 
এচটা  ক'লা শিলে 
তাইক ঢাকি ধৰে । 
কথাবোৰ বোৱতী নৈ, 
মানুহবোৰে কোৱা-কুই কৰে ! 
তাই চিঞৰে মোৰ মৃত্যু 
হোৱা নাই ।
কিন্তু নাম পায় 
অপমৃত্যু...
 
তাইৰ মৃত্যু হয় । 
জীৱিত দেহত 
এখন মৃত হৃদয় লৈ 
তাই জীয়ায়  !
—————————————
শেষ নোহোৱা শব্দৰ চক্রবেহু
পবিত্র কুমাৰ নাথ

শব্দময় প্ৰজ্ঞাৰ সাঁকো বগাই অহা 
শীৰ্ণ টুনীয়াৰ স্ৰোত
ভাললাগে মোৰ
যিয়ে প্ৰেম আৰু বিষাদৰ অন্তৰঙ্গ সময়ক
উদযাপন কৰাৰ অৱকাশ দিয়ে
আৰু সম্পর্কৰ ঘনিষ্ঠতাক
নিতে নতুন ৰূপত সুদৃঢ় কৰে । 

ৰাতি যিমানেই গভীৰ হয়
জীৱন টুনীয়াৰ প্ৰতিটো ঘাটৰ
মাতাল ৰাগিয়ে 
শব্দৰ প্ৰেমিক কৰি তোলে মোক

শব্দনো নাই ক'ত  ? 
মাৰ পৰাই আৰম্ভ হৈছিল যি–
কান্দোনৰ পৰা হাঁহিলৈ, 
খং-অভিমান, গালি-মৰমৰ পৰা
তোমাক ভালপাওঁ বুলি কোৱালৈ 
সকলোবোৰেইতো শব্দৰ অৰ্থময় প্ৰকাশ! 

গছৰ পৰা কিবা এটা পৰিছে –শব্দ
শিলগুটি এটা মাৰি দিছোঁ –শব্দ
চৰাইবোৰে কান্দিছে – শব্দ
নিজৰা বৈছে – শব্দ
বতাহত পাতবোৰ কঁপিছে –শব্দ
ভোকত পেটেও কৰে শব্দ 

মোৰ ভগা চাইকেলখনৰো কিমানযে
কেৰ্ কুৰ্, পেৰ্ পুৰ্ মাত-কথা

মান-অভিমান, আনন্দ-বিষাদেৰে ভৰা
অনুভৱ আৰু কথাৰ মহলা 
সকলোবোৰেই শব্দৰে নিৰ্মাণ কৰা 
কাঁচৰ ঠুনুকা ঘৰ

বুকুৰ ধপ ধপ শব্দ থাকে মানে 
শুনি থাকিম, গাই থাকিম সেই শব্দৰ মালিতা

আচলতে জন্মিয়ে কান্দোনৰ পৰা
আৰম্ভ কৰা শব্দৰ যতি
মৃত্যুৰ দুৱাৰদলিত শেষ নহয় , 
শেষ হয় –কফিন ভঙাৰ শব্দৰ পাছত
মুঠি মুঠিকৈ মাটি দিয়াৰ মিঠা শব্দত
কিম্বা, 
খৰিৰ ধোঁৱাই কুণ্ডলী পোকাই 
শেষ কৰিব নোৱাৰা শব্দৰ চক্রবেহুত।
—————————————
শাওণৰ স্তৱক
জাহ্নৱী হাজৰিকা

বাৰিষাৰ কলহৰ কানে ঢলা বৰষুণৰ পম খেদি
আহাৰৰ বলিয়া বানৰ বোকোচাত
জাঁজী হৈ সন্তৰ্পণে উটি আহে ভৰুণ শাওণৰ জুই ৰঙী বেলিটি।

ৰহঢলা পথাৰ খন গাভৰু হয়
জুই ৰঙী বেলি হয়গৈ ভিনচেণ্টৰ ছৱিৰ সোণালী বেলি।
শ্রাৱনী মেঘৰ আৱৰণত ন ভূঁইৰ কজলাৰঙী পথাৰ।

কৃষকৰ নাঙলৰ সীঁৰলুত সপোনৰ ভৰুণ শাওণ।
ৰোৱনীৰ আঙুলিৰ মায়াৱী ছন্দত
আদৰিব ৰৈ থাকে যি হেঁপাহৰ আঘোণ।

এয়াইটো শাওণ চম্পা!
কবলৈ জানো পাৰো তোক শাওণৰ পথাৰৰ ব্যথা!
জীৱন সংগ্ৰামৰ যুদ্ধৰ লগতে
অহৰহ ভাঁহে যত বকুল জহাৰ সাধুকথা।
—————————————
কাৰাগাৰ
সমুদ্ৰ ভৈৰৱ

দেহত লোৰ সাজ,
তথাপিও অৰ্ধ নগ্ন কাৰাগাৰ ।
কিয় লাগিব লাজ?
ইও এক আশ্ৰয়দাতা।
তেওঁৰ বাবেহে , যি অপৰাধৰ ৰঙেৰে ৰঙীন।
যা হওক, 
কাৰাগাৰে আশ্ৰয় দিয়ে।
অপৰাধীক এটি পৰিচয় দিয়ে,
"কয়দী"।
পাহাৰৰ বুকুৱে বুকুৱে নৈ বৈ পৰাৰ দৰে
কয়দীয়ে সম্বন্ধ গাঁঠে,
কাৰাগাৰৰ সৈতে।

দুভাগ নিশাত কয়দীৰ উচুপনি!
নকৰিবি কোনেও আমনি।
বুকুত জ্বলি আছে অতীতৰ অগনি,
চকুপানীৰ মুখখনি দেখোন একোকে নমনি।

স্তব্ধ হৈ পৰে
 কাৰাগাৰৰ 
ৰুদ্ধ বতাহ।

পুৱাৰ ৰেঙনিয়ে নিতৌ সিঁচি যায়, 
হাজাৰ হাজাৰ আশা।
আশাৰ ভঁৰালতেই কয়দী বন্দী হৈ পৰে ।
বন্দী হৈ পৰে কাৰাগাৰৰ ইতিহাসত।
ইতিহাসৰ বেটুপাতত।

আহাৰৰ সংকেত দিবলৈ কাৰাগাৰৰ "হেৰা শুনিছানে" বুলি শব্দ নাই।
 মাথোঁ আছে,
নিজৰ বুকুতেই প্ৰহাৰ কৰা এটি প্ৰকাণ্ড ঘণ্টা। 
কত জয়াল ৰাতি,
ৰাতিত নিশাচৰ চৰাইৰ কৰ্কশ মাত,
মৰুভূমিৰ ভাপ হেন শাসন,
তেজৰ ঘামেৰে হিচাপ নিমিলে
চেনেহৰ মুখকেইখনৰ জীৱন।

কাৰাগাৰৰ এটি এটি ছেকেণ্ড হৈ পৰে 
এটুকুৰা জ্বলন্ত অঙঠা।
কয়দীৰ বাবে 
কাৰাগাৰ হৈ পৰে এটি মৰণৰ কুঁৱা।
সেই বাবেইতো লোৰ আবেষ্টনীৰে 
ইয়াৰ নাম কাৰাগাৰ।

কাৰাগাৰে আচলতে যুঁজিবলৈ শিকায়।
ব্ৰহ্মপুৱাতে,
কাৰাগাৰতো ভাঁহি আহে ভক্তি গীতৰ ৰাগ।
তাৰ পৰাই আৰম্ভ হয় ধৈৰ্য্যৰ পাঠ।
আত্মশোচনাৰে সিঁচিবলৈ শিকায় 
আত্মবিশ্বাসৰ বীজ। 
আৰু
আত্মবিশ্বাসেৰে সজাবলৈ শিকায়
এটি নতুন জীৱন।
সেয়েই,
কাৰাগাৰৰ অন্য এটি নাম
"পাঠশালা"।
—————————————
সময়
পৃথক কলিতা

সেইদিনা সি কিয় জানো
তাইক সাবটি ধৰিছিল
উষ্ম আবেগত
তাইৰ গালখন
লাজত ৰঙা হৈছিল

ফৰিংফুটা জোনাকৰ দৰে
মুখখন হাঁহিৰে ভৰিছিল 
ঢৌ খেলা চুলিটাৰিত
মেঘ বৰণীয়া সৌন্দৰ্যৰে
ভৰিছিল 
চকু ৰঙা হৈছিল

সেয়াই আছিল জানো
প্ৰেমৰ নদীৰ বুকুত
সাঁচি ৰখা যৌৱনৰ নীৰৱতা
কেতিয়াবা বিচাৰি 
পামনে তোমাক 
আকৌ এবাৰ 
চুই চাবলৈ মন যায়

যিটো কথা আনক কৈ
ভুল কৰিব নোৱাৰি
কথাবোৰ ভাবি
ছট্ ফটাই আছিল সি

অনুভূতিবোৰে খুন্দিয়াইছিল
বিচাৰি ফুৰিছিল তাইক
কাৰ বাবে তুমি
সময়...!
—————————————
গৌৰৱৰ ক্ষণ
নিজৰা বৰ্মন ডেকা

চন্দ্ৰযান -৩ ৰ সফল অৱতৰণ 
ভাৰতীয়ৰ বাবে এয়া  গৌৰৱময় ক্ষণ
ইতিহাসৰ পাতত লিপিবদ্ধ হ'ল।
এবুক আশাৰে উৰি চন্দ্ৰযান-৩
জোনবাইৰ বুকুত থ'লেহি ভৰি
ৰচিলে মানৱ ইতিহাসৰ গৌৰৱময় অধ্যায় এটি।
অক্লান্ত পৰিশ্ৰম নীৰৱ সাধনাৰ সাক্ষী
ভাৰতীয় বিজ্ঞানীৰ বিক্ৰম লেণ্ডাৰ আজি 
অলীক সপোন ৰচিলে ভাৰতৰ বিজ্ঞানী।
ISROৰ সফল অৱতৰণ ফলত
চন্দ্ৰযান-৩ জোনবাইৰ দেশত।
দেখিছিলোঁ জোনবাইক পতাকাৰ মাজত
আমাৰ পতাকা উৰিছে  জোনবাইৰ বুকুত।
কোনো গুণে নহয় কম আমাৰ বিজ্ঞানী
আকাশৰ সীমনাত পোহৰ হৈ থাকিল উজ্জ্বলি ।
২০২৩ চনৰ আগষ্টৰ ২৩ তাৰিখ চন্দ্ৰযান -৩ 
জিলিকিল চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত
অৰ্জিলে চতুৰ্থ স্থান বিশ্বৰ দৰবাৰত
সাক্ষী হৈ ৰ‌'ল বুৰঞ্জীৰ পাতত ।
সেয়েহে 
ISRO ৰ প্ৰতিগৰাকী বৈজ্ঞানিক, কৰ্মকৰ্তালৈ
কৰযোৰে জনালোঁ প্ৰণাম শতকৌটি ।
—————————————
আকাশ আৰু মই
মনীষা শৰ্মা কন্দলী

এদিন আকাশ আৰু মই 
কথা পাতিছিলোঁ 
সুধিছিলোঁ মই---
নীলাবোৰ ক'ত পোৱা তুমি?আকাশে ক'লে,
ঠিকনা নালাগে ল'ব, 
নীলা অলপ লোৱা,
হৃদয়ক তুমি 
কৰি লোৱা নীলিম!
আছে জানো কাৰোবাৰ 
সেই হৃদয়!
সমভাৱে নীলাবোৰ 
বিলাই দিয়াৰ?

তুমি আছা বাবেই আকাশ,
মোৰ নীলিম চৌপাশ!
থাকক তোমাতে সেয়া,
নীল ৰঙী হৈ ।
 হাতৰ মুঠিত লৈ,
 ধৰালে নমাই ,
 নকৰো কলুষিত তাক।

ডাৱৰৰ চেঁকুৰা ধুই
নীলা কৰি ৰখা
তোমাৰ বুকুৰ যাদু
পাম ক'তনো বাৰু মই?
পাব পাৰো জানো মই?
—————————————
বন্ধুত্ব
প্ৰবীন চন্দ্ৰ তালুকদাৰ

বন্ধুত্ব আৰু প্ৰেম,প্ৰেম আৰু বন্ধুত্ব
অতি অৰ্থপূৰ্ণ এই  দুটি শব্দই
পোহৰাই ৰাখিছে প্ৰতিটো ক্ষণ
প্ৰটিটো পথ, আমাৰ জীৱন যাত্ৰাৰ
আশাৰ ৰেঙণি ঢালি সদায়
গোটাই লৈ সাহসকণ ,জীয়াই থকাৰ
সৃষ্টি কৰি সৰস মৰূদ্যান,মৰুভূমিৰো মাজত৷

বন্ধুত্ব হ’ল এটি সম্বন্ধ
অতি লাজুক আৰু ঠুণুকা
গছপুলি এটিৰ দৰে,মৰমলগা
ৰাখিব লাগিব সযতনে তাক, আঁৰবেৰ দি
দিব লাগিব সুবিধাখিনিও,লহপহাবলৈ মুক্তমনে
প্ৰয়োগ কৰি থাকি সাৰপানীও,উপযুক্ত সময়ত
সততে ৰাখি হ’লেও তত্বাৱধানাত নিজৰ৷

পিচে,অনাদৰ কৰে বহুতে বন্ধুত্বক
ৰাখিব নোৱাৰে বান্ধি মৰমেৰে
গুচি যাব পাৰে বন্ধুত্বও, উৰা মাৰি তেতিয়া
চিঙি থৈ এনাজৰীডাল মৰমৰ
যেনেকৈ যায়গৈ উৰি ভাটৌজনীও,পাহৰি মৰম
মুক্ত হৈ কেনেবাকৈ বান্ধোন সঁজাৰ৷

কিন্তু,বন্ধুত্ব নাথাকিলে যে সংসাৰ অসাৰ!
নোৱাৰিবা তুমি দিবলৈ ,এখোজো অকলে
যন্ত্ৰণাগধূৰ জীৱনৰ এই যাত্ৰাপথত!
সেয়ে,নজৰ দিবা সদায়,ৰখিবলৈ সযতনে
গছপুলি দুটা, “প্ৰেম’’ আৰু “বন্ধুত্ব’’ নামৰ৷
—————————————
কবিতাৰ আঁৰত তুমি 
নিৰৱপ্ৰিয়া (দৃলীনা দাস)

কাব্যদিনৰ এটি বৰ্ষাসিক্ত সন্ধিয়াত
তোমাক পুনৰাই দেখিলোঁ ,
কিন্তু নাপালোঁ তোমাৰ 
হৃদয়ৰ ঠিকনা।
জোনাকী নিশাৰ আঁৰত লব 
খোজোতেই দেখুন হেৰাই 
গলা কবিতাৰ আঁৰত তুমি ।
কবিতাৰ শাৰীবোৰৰ মাজত 
বিচাৰিবলৈ তোমাক 
সোমাবলগীয়া হয় 
কবিতাৰ মাজত ,
চাব লগা হয় জুমি 
কবিতাৰ আঁৰত জীৱন মদিৰা
পান কৰি নিচামক্ত
কবিতাৰ আঁৰত । 
—————————————
চন্দ্ৰযান
গীতাঞ্জলী হাজৰিকা

এই বৰ্ষৰ চৈধ্য জুলাইত উৎক্ষেপন ' চন্দ্ৰযান ৩ '
 উৎক্ষেপন কৰিলে চৌত্ৰিশ ধাৱান স্প্ৰেচ চেণ্টাৰ
শ্ৰীহৰিকোটা অন্ধপ্ৰদেশৰ পৰা 

লেণ্ডাৰ যান বিক্ৰমৰেৰে চন্দ্ৰালয়লৈ 
সখা হ’ল ৰোভাৰ যান প্ৰজ্ঞান 
মহাকাশৰ বৰ্তমানৰ অধক্ষ্য শ্ৰীধৰ সোমনাথ

আই অসমীৰ সপ্তসন্তানক  সমৃদ্ধিশালী কৰিলা
মহাকাশৰ মুখ্যকাৰ্য্যালয় বাংগালোৰৰ মান ৰাখিলা
তাহানিৰ ১৫ আগষ্ট ১৯৬৯ বৰ্ষতে স্থাপিত
প্ৰথম চেয়াৰমেন বিক্ৰম চাৰাভাইক চেলুট মাৰিলা

কোনে কয় আই ভাৰতী দুৰ্বল বুলি ! 
আই অসমীৰ সন্তান এলেহুৱা বুলি ! 
ছমহীয়া সন্তানৰ জননীৰ ত্যাগ জৰায়ুত পাঁচমহীয়া সন্তানৰ মাংসপিণ্ডৰ ইন্ধন

সকলো ত্যাগী সমৃদ্ধিশালী ভাৰতী মা 
চিৰচেনেহী অসমী আইৰ মানস সন্তান বৰলুইত
একাকাৰ কৰি ঐক্যবদ্ধ হ’ল 
চন্দ্ৰযানত সোণালী বাখৰৰ ৰূপোৱালী

জোনাকৰ হাঁহিৰ সোৱাগমণি সিঁচিবলৈ
চন্দ্ৰযানত অৱৰোহণ কৰা মোৰ শতকৌটি জনমৰ 
আত্মজ আত্মজ্ঞ আত্মজিজ্ঞাসাৰ প্ৰতিবিম্ব
মানৱৰ হৃদয়ত খোদিত হ’ল

উন্নতিৰ জয়গানৰ গুণ বসনা দেশক পৰাভূত কৰিলা 
ভাৰতমাতাক বিশ্ব ইতিহাসত মহীয়ান কৰিলা
যুগান্তৰৰ তেজী ঘোঁৰা চেকুৰত 
গৰ্বিত সফলতা দেখুৱালা

তোমালোকৰ কৰ্মক শত নমস্কাৰ
গতিক প্ৰগতি দেশক সমৃদ্ধি 
ইতিহাসে ৰিঙিয়াব
ভৱিষ্যতৰ মানব সম্পদে চন্দ্ৰযান ৩ 
আলচৰ নিশ্চয় পণ কৰিব
—————————————
এই জীৱন 
অপৰূপা দত্ত

পাখি লগা সময়ৰ ভাঁজে ভাঁজে
ভাঁজ খাই যায় জীৱনৰ পৃষ্ঠাবোৰ
তাৰ আঁৰে আঁৰে লুকাই 
বহুতৰে জীৱনযোৰা সাধনা বহুতৰে ৰহস্যময় খেলা ।

জীৱন
ৰহস্যৰে পূৰ্ণ এখন নাট 
যিয়ে কঢ়িয়াই 
দুখীয়াৰ দুখ 
ধনীৰ সুখ আৰু
বহুতৰে অনেক বেদনা 

দুদিনীয়া এই জীৱনত 
চিনাকি প্ৰতিটো চৰিত্ৰই দুদিনীয়া 
যাৰ মিলন মাথো ক্ষন্তেকৰ
এইয়ে নেকি জীৱন ? 
—————————————
অনুভৱৰ এপলক
ৰবিন কুমাৰ চেতিয়া

হঠাতে অহা এজাক অনুভৱৰ বৰষুণে
জুৰুলী-জুপুৰীকৈ তিয়াই থৈ গ'ল 
মোৰ শাওণীয়া পথাৰখন 
খন্তেকৰ বাবে মই 
মোক হেৰুৱাই পেলালো
গুণ্ গুণ এজাক চেঁচা বতাহে
চটিয়াই দিলেহি চৌপাশে 
মাথোঁ তোমাৰেই গোন্ধ 

পাহাৰৰ শিখৰত মেঘৰ মাদল শুনি
ভৈয়ামত নদীয়ে বাগৰ সলায়
তোমাৰ হাঁহিত মুকুতা সৰে
বিষাদেও আঁতৰি পলাই

মই যেন এতিয়া অকলশৰে 
বহি আছোঁ 
অন্ধকাৰৰ এটা মায়াবী কোঠালিত 
পোহৰ বিচাৰি 
ইফালে সিফালে দৃষ্টি নিগৰাইছোঁ 
চৌপাশে মাথোঁ দেখিছোঁ 
মৰীচিকাৰ দপদপনি 
এনেহে লাগিছে যেন 
শেষেই নহ'ব দুখৰ পৃষ্ঠা গণি গণি

চলমান গতিত ভাসমান মোৰ
হেঁপাহৰ টুলুং-ভুটুং নাও
খুটি মাৰিব পৰাকৈ বিচাৰি ফুৰিছোঁ 
এটি কাজলী ঘাট
ভালপোৱাৰ এটি বিশ্বাসী ঠিকনা

বুকুত শিপাই থকা কেহেটা বিষটোৱে 
আজি মোক বাৰুকৈয়ে জোকাৰিছে 
বেবেৰিবাং চিন্তাবোৰে 
ঘনে ঘনে খেলিছে লুকা-ভাকু
এজাক জোনাকী পৰুৱাৰ সন্ধানত 
তথাপিও মোৰ ভটিয়নি সময়বোৰ 
থৰক বৰক খোজেৰে আগুৱাইছে
লাহে লাহে সমুখৰ ফালে ।
—————————————
মই এতিয়া এটা ফাগুনৰ কবিতা 
ড০ আদিল আলী 

লাজে-ভয়ে
থৰক-বৰককৈ 
খোজ থৈছিলোঁ 
তোমাৰ পদূলিত 
হেঁপাহৰ এটি সন্ধ্যা তৰা হৈ 

সৌ সিদিনা ঘৰৰ আন্ধাৰ কোণত 
জোনাকে তোমাৰ বুকুৰ বুটাম খুলি পান কৰিছিল ঐশ্বৰিক সুধা 

চিন্তা বাগৰা সময়ৰ বলুকাই দি 
বাগৰিছিল মোৰ মিলন তৃষ্ণা 
বুকুত ফুলিছিল এমুঠি কৃষ্ণচূড়া 
গুপুতে লিখিছিলোঁ মোৰ উদং বুকুত 
তোমাৰ মৰমৰ এটি মিঠা কবিতা 

তুমি মোৰ বুকুৰ চুবুৰিত 
কেৱল এৰি দিছিলা ফুলফুলাৰ সন্ধ্যাৰ প্ৰলাপ 

এবুকু মিঠা অনুৰাগ অবিহনে 
তুমি জ্বলিছিলা মোৰ কাষত প্ৰজ্বলন হৈ 

জটিল সময়ৰ কূটাঘাট 
নিৰ্জন পথত প্ৰেম হেৰুৱা পথিক হৈ 
মই এতিয়া এটা ফাগুনৰ কবিতা 

নাকে-কাণে মাত যা 

মোৰ বুকুৰ বাকৰিত 
তুমি এনিশাৰ কবিতা 

তুমি ক'ত যোৱা;যোৱা 
কায়িক বাসনা;যৌৱন সুষমা ;বাঃ, বাঃ  ! 
—————————————
প্ৰেমৰ পদ্য 
গকুল চৌধুৰী

তুমি নদী হ’বা 
মই সাগৰ হ’ম 
নদী হৈ বৈ আহিবা লহৰে লহৰে 
ঢৌ তুমি সাগৰ হৈ আদৰি ল’ম  

পাহাৰৰ পৰা  নামি
কুলু কুলু শব্দ কৰি 
গাভৰু-যৌৱনা প্ৰেয়সী হৈ 
ভৈয়ামৰ মাজেৰে বৈ 
মোৰ বুকুলৈ আহিবা 
আহোতে মোলৈ এবুকু
মৰম-ভালপোৱা লৈ আনিবা  

মোৰ শতযুগৰ প্ৰেমৰ পিয়াহ
পলুৱাবলৈ মই ৰৈ থাকিম 
তোমাৰ অপেক্ষাত 
নদী সাগৰৰ সীমনাত  
তোমাক লগ পাবলৈ 
তোমাক কাষত পাবলৈ
একেলগে মিলনৰ গান গাবলৈ 
প্ৰেমৰ পিয়াহ পলুৱাবলৈ
প্ৰেমৰ পিয়াহ পলুৱাই
প্ৰেমৰ অমল উৎসৱ উদ্‌যাপন কৰিবলৈ ৷

শুনিছানে তুমি শুনিছানে 
যাত্ৰাপথত অসুবিধা হ’লে 
মোক ক’বা 
যাত্ৰাপথত ভাগৰ লাগিলে
মোক ক’বা 
যাত্ৰাপথত দুখ ,কষ্ট পালে 
মোক ক’বা 
তোমাৰ মনৰ কথা মই 
মোৰ মনেৰে শুনিম   ৷

আকাশক কম  
বতাহক কম 
ডাৱৰক কম    
বৰষুণক কম 
তোমাৰ যত্ন ল’বলৈ
তোমাক সহায় কৰিবলৈ 
তুমি ভালে -কুশলে বৈ আহিবলৈ
মই সদায় প্ৰাৰ্থনা কৰিম  ৷

আৰু কোনোদিনে নাথাকিব 
আমাৰ মাজত বাধাৰ প্ৰাচীৰ 
আৰু কোনোদিনে নাথাকিব 
আমাৰ মাজত দীঘল দুৰত্ব  
আহিব মিলনৰ লগন 
দুয়ো দুয়োতে মিলি যাম 
দুয়ো মিলি এক হ’ম
মিলি গৈ একেলগে উমলিম 
মিলনৰ মধুবেলা দুয়ো মিলি
মিলনৰ কবিতা ৰচিম  ৷ 

তুমি নদী হ’বা 
মই সাগৰ হ’ম 
নদী হৈ বৈ আহিবা লহৰে লহৰে 
ঢৌ তুলি সাগৰ হৈ আদৰি ল’ম 
যুগে যুগে , জনমে জনমে 
জীৱনে মৰনে,অনন্তকাললে 
তুমি মই মিলি আমি হৈ  ৰ’ম  ৷
—————————————
ওপজা দিন
অজন্তা তামুলী ফুকন

এটি আবেগিক দিন
জন্মদাত্ৰীৰ কষ্ট
ত্যাগৰ মমতাক
উপলব্ধি কৰা
ই নহয় মাথোঁ
এটা গতানুগতিক দিন
পুৱাই নেদেখাজনলৈ
সেৱা এটি কৰি 
বছৰটোলৈ আশীৰ্বাদ
কুশল কামনা কৰা
ওপজা দিন জীৱনৰ
যৌবনৰ বাৰ্ধক্যৰ মাপকাঠি 
এটি দিন আগুৱাই যোৱা
মুক্তিত নিস্পৃহ যিটো
এটি ঘোষা আওৰোৱা।
—————————————
এজন শিক্ষকৰ অপমৃত্যু
(প্ৰয়াত প্ৰণৱ মিলিৰ স্মৃতিত)
দেবানন্দ পেগু

এজন শিক্ষকৰ অপমৃত্যু !
এইয়া কেতিয়াও হ'ব নোৱাৰে
বাঘে কামুৰিছে নহয় শিয়ালে
শূন্যৰ বুকুত সাগৰ সৃষ্টি কৰি
সাতুৰি-নাদুৰি পাৰ কৰা এজন শিক্ষক
কেতিয়াও অকাল মৃত্যু হ'ব নোৱাৰে
আন্ধাৰ ফালি পোহৰৰ অনুসন্ধানৰ বাবে নিজেই আদৰ্শৰ আৰ্হি
শিল,লোহা কোবাই কোবাই দেশৰ অট্টালিকা সজোৱা কমাৰ
কেতিয়াবা চেঁচা, কেতিয়াবা তপত বালিৰে 
মৰীচিকা খেদি খেদি সোণ বুটলা 
এজন শিক্ষকৰ কেতিয়াও অপমৃত্যু হ'ব নোৱাৰে।
পুৱাৰে পৰা ধুমুহাৰ জাকৰ স'তে যুঁজি যুঁজি
জীৱনক জয় কৰি
বৰষুণৰ টোপালেৰে জয়ৰ মালা পিন্ধা যুঁজাৰু
দেহৰ ৰক্তকণিকা জ্বলাই পোহৰ বিলোৱা
শিক্ষক এজনৰ কেতিয়াও অপমৃত্যু হ'ব নোৱাৰে
দেশৰ বাবে বীৰ সেনানী, দেহত আছে উষ্ম ৰক্ত
শিৰত আছে জ্ঞানৰ মুকুতা-মণি
সঞ্জীৱনী শক্তিৰে জীয়াই তুলিব পাৰে মৃত মনুষ্য
সি কেনেকৈ নিজেই মৃত্যু হ'ব পাৰে ?
এইয়া নুবুজা সাঁথৰ,বিস্ময়কৰ ইপাৰ-সিপাৰ।
—————————————
বসন্ত এটি বৰ্ণময় কবিতা
নিৰুপমা হালৈ

উলটি যোৱাৰ পৰত 
শিমলুৰ পাখিতেই গাঁঠি দিলে প্ৰজাপতি পত্ৰ
সেউজ পাল তৰা নৌকাত আহিল 
প্ৰণয়ৰ ডেউকা কোবাই উৰি ফুৰা বসন্ত
ৰঙ-বিৰঙী ঋতুৰাজ বসন্ত
গধূলি গোপাল তগৰ ফুলা বসন্ত

পান কৰি আহুদি মদালসা সখীগণ
মহমহীয়া বনৰীয়া সুগন্ধ বোকোচাত তুলি
বতাহৰ বাঢ়িল গতিবেগ 
যেন ৰণুৱা ঘোঁৰা 
এইহেন মধুক্ষণত আঘোণৰ সুমথিৰা জোন
থিতাপি ললে সেউজ গৰ্ভত
তাতেই উত্তৰসুৰীৰ গোপন আলয়

বহাগ আহিল জাকৰুৱা পখীৰ মাতত
পিৰীতিৰ ছৈ দিয়া বাটে বাটকুৰি বাই  
লৱৰি আহিল চেনাইধন 
কঁকালৰ খোঁচনিত লৈ মৰমৰ বতৰা
নাচনীৰ খোপাত ফুলিল লাজৰ কৃষ্ণচূড়া 
উঠন বুকুত আলি-আয়ে-লৃগাঙৰ 
সুমধুৰ মূৰ্ছনা 

জুনুক জুনুক কোনে তুলিলে মন্দ্ৰিত শিহৰণ
শীতনিদ্ৰিতৰ ভৰুণ গাগৰিত
বাসন্তী পৰশত দেহে-মনে যৌন-বাসনা
সৃষ্টিৰ পূৰ্ব্বৰাগ স্ৰোতস্বিনী ধাৰা

বসন্ত প্ৰতিশ্ৰুতিৰেভৰা বুকুৰ হেঁপাহ
প্ৰণয় সঞ্জীৱনী অমৃত বসন্ত 
অজানা শক্তিৰ স্পন্দন
চেনেহপমা কলিজাত ৰ'দৰ সোণাৰুবুলীয়া হাঁহি 
বসন্ত সুখৰ দিনৰ এটি বৰ্ণময় কবিতা 
—————————————
ৰূপান্তৰ
ৰিংকুমণি বড়া

শব্দৰ বুকুৱেদি বৈ আহে 
এখন অচিনা নদী..., 
তাৰ হেঙুলীয়া ঢৌত 
মোৰ বুকুৰ গৰাখহনীয়াবোৰ ক্ৰমান্বয়ে বাঢ়ি আহে ! 
তৰাপাতৰ নাওঁ এখন সাজি
বহুদিন ধৰি নৰিয়াত পৰি থকা মোৰ কলিজাটো 
উটুৱাই দিওঁ.... 
যা... যা.. হালধীয়া অৰন্যত 
জুই হৈ জ্বলিবি 
আৰু তোৰ ধোঁৱাৰে আকাশৰ মেঘ গলাবি, 
বৰষুণ হৈ নামি অহা সেই মেঘবোৰ এদিন 
মাটিত সজাল ধৰিব... 
এখন সেউজীয়া চাদৰ মেলি 
তৰা ফুল বাচিব...
—————————————
প্ৰিয় আকাশখন
অঞ্জনা ৰূপা দাস
 
মোৰ সৰু সৰু দুখনি হাতে
নাৰিকলৰ কুটুৰাৰে
কচুৰ ঠাৰিৰে, দলিচপৰাতে
বালিঘৰ সাজি ওমলোতেই, 
মোৰ মূৰৰ ওপৰৰ আকাশখন
ভাল পাই পেলাইছিলোঁ ।
সাধু কথাৰ থুনুপাক তুলি
 নীলিম আকাশখনৰ
 বুটা বচা তৰালিৰে 
 সচাঁ ভালপোৱাৰ পণ। 
সেই ল'ৰালি নামৰ কেঁকুৰিটো
পাৰ হৈ আহিলোঁ, 
হয়তু বহু দূৰ পালোহি, 
বাটকুৰি বাই আহি 
আজি বিষাদ সনা
আবেলিটো পালোহি । 
তুমি ছাগে মোক 
পাহৰিয়েই পেলালা? 
মই কিন্তু পাহৰা নাই --! 
এতিয়াও সাৱটি ৰাখিছোঁ
তোমাৰ সেই মিঠা মাদকতা ভৰা 
ভালপোৱাখিনিক , 
স্মৃতিৰ বতাহজাকে 
হৃদয়খন বাৰুকৈয়ে কোবাইছে, 
মাতাল প্ৰেমিক মনে 
ডেউকা কোবাই উৰি যাব বিচাৰে তোমাৰ কাষলৈ ।
মেঘৰ মাদলৰ ছেওত
দুভৰিত তালে তালে 
বৰষুণৰ  মাজে মাজে
নাচিব বিচাৰে মনে
চিক্ মিক্ বিজুলী হৈ, 
লভিব বিচাৰি তোমাৰ
সুবিশাল দুবাহুৰ
কোমল  স্পৰ্শ । 
আন্ধাৰে  আৱৰিব বিচৰা
সন্ধ্যাটোত
নিসংগতাৰ ফেঁহুজালি ফালি
ৰিণি ৰিণি বাজে
অচিনা বাঁহীৰ সুৰ এটি , 
মোৰ ভাগৰুৱা হৃদয়ৰ
নীৰৱ ভাষাত
কবিতাই  প্ৰাণ পাই উঠে। 
নিশাৰ আন্ধাৰ ভেদি
জোনাকী আকাশখনৰ
তিৰ্ বিৰ্ চকু যুৰিয়ে
নীৰৱ ভাষাৰে হাত বাউলি
মাতে মোক --
মোৰ প্ৰিয় আকাশখনে! 
ভালপোৱা আকাশখনে! 
মোৰ মন আকাশৰ
সুবিশাল হৃদয়খনে
মিলি যাব বিচাৰে
একাকাৰ হৈ...

এয়াই মধুৰক্ষণ
এয়াই ভালপোৱাৰ 
সুবাস ভৰা মাদকতা!
—————————————
এটি অপূৰ্ণ কবিতা
নিৰেন দাস 
              
ভালে থাকা ফুল তুমি
শেৱালি সুগন্ধি সুবাসী
তিতিবা সময়ৰ সোঁতত 
আবতৰীয়া বৰষুণত 
নিয়ৰ সনা শৰতৰ পুৱাত 
হাঁহিবা তুমি ৰ'দ সানি
গুচি যাও ম‌ই
এক বিষণ্ণ অসময় ,
ভাগৰুৱা দেহত টোপনিৰ উচুপনি 
অপূৰ্ণ কবিৰ কবিতাবোৰ 
আজি থলোঁ সামৰি 
ভালে থাকা ফুল তুমি 
সোণাৰু হালধীয়া পাহি 
ম‌য়ো সপোন মালা গাঁঠি যাম 
তোমাক সোঁৱৰি ।
—————————————
তোমাক যে লগ পাইছিলোঁ
জোনমণি মহন্ত

তোমাক যে লগ পাইছিলোঁ 
অহা যোৱা বাটত মধ্যাহ্ন পৰত
সেই দিন ধৰি তোমাৰ  হাঁহিৰে 
মোৰ পদূলিত মুখৰিত হৈ আছিল
বাৰিষাৰ প্ৰথমজাক বৰষুণতেই
ৰুই থৈছোঁলো তোমাৰ মিচিকিয়া হাঁহি
গম নোপোৱাকৈ বৰষুণজাকত দেখা পালোঁ
তোমাৰ হাঁহিবোৰ পোখা মেলিছিল, 
বতাহৰ লহৰত নাচিছিল
তাকে চাই মই আত্মহাৰা হৈছিলোঁ

সময়ৰ দলিচাত কেতিয়ানো এজাক
পখৰ ৰ'দে দুচকু ছানি ধৰিলে
গমকে নাপালোঁ,
পুনৰ মেলিবলে' 
চেষ্টা কৰি দেখিলোঁ তোমাৰ মনটো
দুপৰ ৰ'দত লেৰেলি গৈছে
বাৰিষাৰ বতৰৰ ঠিকনা নোহোৱাকৈ
কোনো অজুহাত নথকাকৈ
ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলা
তাকে ভাবি মই ভাবুক হৈ পৰিছোঁ

তুমি মিথ্যাচাৰী বা বঞ্চনাও নোহোৱা 
সেয়া মই জানোঁ
পুৱাৰ পৰা দুপৰীয়া আৰু ৰাতিলৈ
সেই হাঁহিৰ ৰংবোৰ কেনেকৈ
পৃথক কৰি কৰি ওলমাই ৰাখিম
সেই আত্মীয়তা জীয়াই তুলিবলৈ তুমিতো 
এতিয়া ওচৰৰ পৰা আঁতৰি গলা

কিন্তু কিয় যাব লগা হ'ল সেই প্ৰশ্নৰ উত্তৰ
পাবলৈ মোৰ অনুভৱ এতিয়া আধৰুৱা হৈ ৰ'ল...
—————————————
মাতৃত্ব 
মৰমী কাকতি

পথাৰখনে বোকাৰে খেলিছে
বোকাৰে লেটিপেটি পথাৰৰ মটীয়া গা
কৃষ্টিকলাত নিমগ্ন পথাৰত মুঠি মুঠি কঠীয়াৰ
সেউজ শৈলী বা
কুমলীয়া কঠীয়াডৰাই ফেনেকি ফেনেকি চুপিছে
পথাৰৰ অমৃত বুকু
পথাৰ যে সহ্যশীলা মা
উদাৰ গৰ্ভৰ সোণালী শইচৰ জুৰণীয়া ছাঁ।
—————————————
দুঃখ
ৰেজবিনা বেগম

দুঃখ মানুহৰ আচল মিত্ৰ। 
দুঃখে কেতিয়াও মানুহক
নিৰাশ নকৰে।

আমি সুখ বিচাৰি 
ঘূৰি-ফুৰি থাকোঁ,
কিন্তু সুখ বিচাৰি নাপাওঁ।

দুঃখক কেতিয়াও 
বিচাৰিব নালাগে, 
দুঃখ আমাৰ মাজতে থাকে। 

দুঃখ মানুহৰ আচল মিত্ৰ। 
কিয়নো দুঃখে আমাক কষ্ট দিয়ে, 
কিন্তু যোৱা সময়ত 
সুখ দি থৈ যায়।
—————————————
বিহুটিক বিহু হৈ থাকিবলৈ দে
নীলঞ্জনা শৰ্মা বৰুৱা

আই মোক তোৰ বুকুত
সপোনৰ সেউজীয়া বীজ হৈ গজিবলৈ দে
মই কলুষিত ধোঁৱাই মলিয়ন কৰা
তোৰ নীলাভ চাদৰখনত
ৰামধেনুৰ ৰং বোলাই দিব খোজোঁ।

অসমীয়া জাতিৰ আয়ুস ৰেখা
চেনেহৰ বহাগৰ বিহুটি
উদযাপনৰ কি অভিনৱ পন্থা
দেখিলে দুখ লগা অৱস্থা।

নৈৰ পাৰৰ,নামঘৰৰ পিছফালৰ
আঁহতৰ তলৰ মুকলি বিহু আজি কেনিবা হেৰাল।
মঞ্চত কেৱল প্ৰতিযোগিতাৰ কোৱাত বানত
সাঁতুৰি আছে এজাক ডেকা গাভৰুৰ দল
নাই সিহঁতৰ বুকুত কোনো হেপাঁহৰ ধল।

অত্যাধুনিক মঞ্চত আজি
বলীউডৰ মিউজিকৰ বিভৎস কিৰিলি
তালে তালে চুটি স্কাৰ্ট আৰু টপ পিন্ধা নাচনী
মাজ নিশালৈ পৰিচালক মণ্ডলীৰ মাজত
ধন বিতৰণক লৈ অৰিয়াঅৰি
মাতাল দৰ্শকৰ মুখত অশ্লীল গালি।

হেঁপাহৰ ব’হাগৰ বিহুটিতো
আধুনিকতাৰ নিৰ্মম প্ৰহাৰ
বিহুৰ দুইমাহ আগৰে পৰা
এচামৰ বিহু পতাৰ নামত
ৰাইজৰ ওপৰত মাধমাৰ।

নৱ প্ৰজন্মই হাত উজান দিলেই
ব’হাগৰ ঘাই শিপাডাল
দলৈকে শিপাব
অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি
বিশ্ব দৰবাৰত জিলিকিব।
—————————————
বিচ্ছেদ
মুহাম্মাদ আফজাল

জীৱন সংগীৰ সন্ধানত প্ৰিয়া
ছিৰাছিৰ মোৰ হিয়া।
প্ৰিয়াৰ বিয়া মানেই যে
বন্ধ মোৰ হৃদযন্ত্ৰৰ ক্ৰিয়া!
——————————————

Post a Comment

0 Comments