———————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন–চৰ্যাপদ।
চৰ্যাপদবোৰ প্ৰধানত বৌদ্ধধৰ্মৰ সহজযান পন্থীৰ সাধকসকলৰ ধৰ্ম সাধনৰ গীত। হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজদৰবাৰৰ গ্ৰন্থাগাৰৰ পৰা আন তিনিখন গ্ৰন্থৰ সৈতে উদ্ধাৰ কৰি আনি 'হাজাৰ বছৰেৰ পুৰাণ বাঙ্গলা ভাষায় বৌধগান ও দোহা' নামেৰে চৰ্যাপদসমূহ প্ৰকাশ কৰিছিল। তাত মুঠ ৫০টা চৰ্যাপদ আছিল। ২৩জন সিদ্ধাচাৰ্য্যই এই পদসমূহ ৰচনা কৰিছিল।
চৰ্যাপদসমূহ খ্ৰীষ্টীয় অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত ।চৰ্যাপদৰ চৰ্যাকাৰসমূহৰ বহুকেইগৰাকী পুৰণি কামৰূপৰ লোক আছিল।তেখেতসকলৰ ভিতৰত অন্যতম আছিল লুইপাদ, দীননাথ,মচ্ছিন্দ্ৰ নাথ,
সৰহপাদ,নাগাৰ্জুন, গোৰক্ষপাদ,কাহ্নপাদ,শান্তিপাদ আদি। লুইপাদক প্ৰথম তিব্বতীয় সিদ্ধাচাৰ্য্য বুলি জনা যায় ।মীননাথ লুইপাদৰ আন এটি নাম।
চৰ্যাপদৰ লগত অসমীয়া ভাষাৰ ধ্বনি, ৰূপ আৰু শব্দ–এই তিনিওটা দিশতে সাদৃশ্য পৰিলক্ষিত হয়।উদাহৰণস্বৰূপে অসমীয়া ভাষাত দুটা 'আ' ওচৰা–ওচৰিকৈ থাকিলে প্ৰথম 'আ' টো 'অ' হয়।চৰ্যাপদটো এই নিয়ম দেখা যায়। যেনে–চাকা> চকা আদি।তেনেদৰে বহুকেইটা শব্দগত সাদৃশ্যও পৰিলক্ষিত হয়।চৰ্যাপদৰ শব্দৰ লগত নামনি অসমৰ কথিত ৰূপৰ সাদৃশ্য দেখা পোৱা যায়। উদাহৰণস্বৰূপে দুআৰ,তেন্তেলি,হৰিণী, ৰূপা,সোণ,আলো আদি।চৰ্যাপদৰ লগত বৰগীতৰো বহু সাদৃশ্য দেখা পোৱা যায়।
এই চৰ্যাপদসমূহেই প্ৰত্ন অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন ।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা
[লেখকৰ আশ্রয়]
উদয় কুমাৰ শৰ্মা
ৰিক্সা-ঠেলা চলাই, কবিতাৰ কিতাপ কিনি পঢ়া মানুহ, এই পৃথিৱীত নাই -- এনে কথা ভবাটো সঠিক নহয়।
সমাজৰ বিপৰ্যয়, জীৱনৰ দুৰ্যোগ-দুৰ্দশা-দুখ-যন্ত্ৰণা-হাহাকাৰৰ সামান্যতমো উল্লেখ থকাৰ পৰিৱৰ্তে -- জোন, বেলি, তৰা, নৈ, সাগৰ, গছ, ফুল আদিক লৈয়েই লিখা, কবিৰ বিভিন্ন অনুভৱক -- খাটিখোৱা মানুহে 'বলিয়ালি' বুলি ভাবিলে, আচৰিত হ'বলগা একো নাথাকে।
যিকোনো পাঠককেই প্ৰভাৱান্বিত কৰাটো -- সকলো লেখাৰেই আন এক মূল উদ্দেশ্য যদিও, কোনো লেখকেই পঢ়ুৱৈক সমুখত ৰাখি নিলিখে। ক'বলগীয়া থাকে কাৰণেই, লেখকে লিখে ; লেখকে লিখে -- মনৰ তাগিদাত। প্ৰকাশিত লেখা, সময়ত, লেখকৰ হৈ নাথাকি -- পঢ়ুৱৈ অথবা সমাজৰ সম্পদত পৰিণত হয়।
মননশীল আৰু সাধাৰণ পাঠক নিশ্চয়কৈ আছে যদিও -- শ্ৰেণীহীন পঢ়ুৱৈৰ বাবেহে লেখকে লিখে।
লেখকৰ শেষ আশ্রয় -- শ্ৰমজীৱী জনতা বা মননশীল পাঠক নহয় ; নহয় -- জোন-বেলি-বিপৰ্যয়-যন্ত্ৰণা-দুৰ্দশাও। লেখকৰ আচল 'আশ্রয়' হ'ল : তেওঁৰ লেখা -- লিখাৰ কৌশল বা অভিনৱত্ব, সাৰবস্তু বা তেজ আৰু মঙ্গলময় চিন্তাৰ নতুনত্ব।
—————————————
অনুবাদ কবিতা
Construction
By: Chicano Eddie
Cuban Poet
every now and then
the city inside me burns
and lights up the night.
as they tear down
this city with their cruelty
and inability to love,
they destroy every heart
they create
and hide it all inside secrets,
lies and proclamations of independent souls.
they wake up
planning every murder
in every minute of the day.
but…
no one will cry
for the cold hearted
when they leave this world.
when they pass me
over to another,
they make their life easier
and expose every hole
they use to control
the average man.
নিৰ্মাণ
মূল কৱি চিকানো এডি
কিউবান কবি
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মাজে মাজে
মোৰ অন্তৰৰ নগৰখন জ্বলি উঠে
আৰু ৰাতিটো পোহৰাই তোলে।
যেতিয়া তেওঁলোকে অশ্ৰু নিগৰায়
তেওঁলোকৰ নিষ্ঠুৰতাৰে
এই চহৰখন ভৰি পৰে
আৰু প্ৰেমত মঁজিবলৈ
অক্ষমতা প্ৰকাশ কৰে,
তেওঁলোকে প্ৰতিটো কলিজা নষ্ট কৰে
তেওঁলোকে সৃষ্টি কৰে
আৰু এই সকলোবোৰ গোপনে লুকুৱাই ৰাখে,
মিছা কথা আৰু স্বাধীন আত্মাৰ ঘোষণা।
প্ৰতিটো হত্যাকাণ্ডৰ পৰিকল্পনা কৰা সিহঁত
সাৰ পায় দিনটোৰ প্ৰতিটো মিনিটতে।
কিন্তু
যেতিয়া তেওঁলোকে এই পৃথিৱী এৰি যায়
কোনেও কান্দিব নোৱাৰে
শীতল হৃদয়ৰ বাবে৷
যেতিয়া তেওঁলোকে মোৰ কাষেৰে পাৰ হৈ যায় আন এজনলৈ,
তেওঁলোকে নিজৰ জীৱনটো সহজ কৰি তোলে
আৰু প্ৰতিটো পথ উন্মোচন কৰে
তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰে সাধাৰণ মানুহ।
—————————————
মাজে মাজে
মূল : জীবনানন্দ দাশ ( বাংলা)
অসমীয়া অনুবাদ : অপূৰ্ব ভূঞা
মাজে মাজে অন্য সকলো সত্যৰপৰা অব্যাহতি লওঁ
আৰু সকলোতে পানীৰদৰে মিলিযোৱাৰ প্ৰয়াস কৰো
পৃথিৱীৰ গতিশীল স্পন্দনৰ বিহ্বলতাত
আছে যুদ্ধ, ৰক্ত, আছে জীবিকা আৰু ৰুটি
নিৰ্ভেজাল ভালপোৱা বিলাওতেও ৰৈ যায় ক্ৰুটি
অন্ধকাৰত হৃদয়ৰ তাড়ণা বিমুক্ত কৰাৰ বাবে
কাকনো আৰু পাম পানীৰ বাহিৰে
সকলোতে মাথোঁ ভ্ৰুকুটি
বিকীৰ্ণ হৈপৰিছে পৃথিৱীৰ ৰক্তৰঞ্জিত ভস্মৰেখা
ইতিহাসৰ এই পৃষ্ঠাবোৰ মোহাৰি পেলাবলে গৈ
নদীৰ নিবিড় পানীত কেৱল পানীৰেই শব্দ শুনো
যেন আশেপাশে প্ৰত্যয়েৰে বৈ আছে
পৃথিবীৰ স্নিগ্ধ অন্ধকাৰ নিৰ্জনতাত কেবল পানী
লগৰীক লৈ কেতিয়াবাই উৰি গুচিগ’ল হাঁহজনী ৷
[কবি পৰিচয়: বাংলা কবি জীবনানন্দ দাশ (১৮৯৯-১৯৫৪) এগৰাকী সফল উপন্যাসিক আৰু ৰচনাকাৰ ৷ বাংলা সাহিত্যত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বাংলাদেশৰ কবি নজৰুল ইছলামৰ পিচতে জীবনানন্দৰ স্থান ৷ ১৯৫৫ চনত কবিগৰাকীক মৰণোত্তৰভাবে সাহিত্য একাদেমী পুৰষ্কাৰ প্ৰদান কৰা হয় ৷ নিৰাশাৰ মাজতো আশাৰ সঞ্চাৰ কবিৰ ভাবনাৰ আধাৰ ]
—————————————
অটল বিহাৰী বাজপেয়ীৰ কবিতা
অনুবাদঃ গণেশ বৰ্মন
মই নাগাওঁ , নিৰৱো নহওঁ
ৰাতি পুৱাল যদিও পূৱ দিশত
মেঘৰ মাদল
কপহুৱা ধুৱঁলি-কুৱঁলিত
আহত যোজনৰ পথশিলা
নাগুৱায় খোজ
চকুৰ আঁতৰ হয় গাঁও
নাই জড়তা- গতিময়তা
আনৰ দৃষ্টিৰে মই
নিজক দেখা পাওঁ
মই নাগাওঁ , নিৰৱো নহওঁ
সময়ৰ তীব্ৰ উশাহে
চিনাৰৰ গছবোৰ মোহাৰি নিলে
হিমপাতক ৰোধিবলৈ সাজু
বৃক্ষমালাৰ অন্য এক প্ৰত্যাহ্বান
বিধ্বস্ত বাহবোৰ দেখি
চিৰসেউজ গছবোৰে হাঁহে ,
নাই চকুপানী , নাই মিছিকি হাঁহি
হিমানী হ্ৰদৰ পাৰত
অকলে গুণগুণাওঁ ।
মই নাগাওঁ , নিৰৱো নহওঁ ।
—————————————
চিগাৰেট
(কবি সুকান্ত ভট্টাচাৰ্যৰ কবিতাৰ পুথি 'ছাড়পত্ৰ'ৰ অন্তৰ্গত কবিতা 'চিগাৰেট')
অনুবাদ:দেৱ দাস
আমি চিগাৰেট
তোমালোকে আমাক বাচি থাকিব নিদিয়া কিয়
কিয় আমাক পুৰি নি:শেষ কৰা
কিয় আমাৰ অল্পায়ুস
কি মানৱতাৰ দোহাই দিয়েই পাৰা
পৃথিৱীত আমাৰেই কম দাম
সেই কাৰণেই তোমালোকে আমাক শোষণ কৰা
বিলাসী সামগ্ৰীৰ মানদি পুৰি পেলাই
তোমালোকৰ শোষণৰ টানত ছাই হওঁ
তোমালোকৰ
আৰামি উত্তাপত তটনাইকীয়া
তোমালোকৰ আৰাম
আমাৰ মৃত্যু
এনেকৈ আৰু কিমান দিন
আৰু কিমান দিন এনেকৈ
আমি নি:শব্দে কটাম
আয়ুস হৰণকাৰী তিল তিল অপঘাটকক
দিন আৰু ৰাতি
ৰাতি আৰু দিন
সদা সৰ্বদাই তোমালোকে শোষণ কৰিছা
আমাৰ বিশ্ৰাম নাই
নাই মজুৰি
ন্যুনতম মাত্ৰাৰ অৱশৰো আমাৰ নাই
সেয়েহে আৰু নহ'ব
আমি আৰু বন্দিহৈ নাথাকিম বাকচ আৰু পেকেট
আঙুলি আৰু পকেটত
সোনৰ কেসত
নিশ্বাস নহ'ব আমাৰ ৰুদ্ধ
আমি বেৰি ধৰিম
তাৰপিছত সাউতকৈ অসতৰ্ক মুহূৰ্তত
তোমালোকৰ হাতৰ পৰা জ্বলি উঠি
বিছনাত নতুবা কাপোৰত নি:শব্দে হঠাৎ জ্বলি উঠি
ঘৰৰ লগতে তোমালোককো জ্বলাই পুৰি মাৰিম
যিদৰে তোমালোকে আমাক মাৰি আছা ইমান দিনে।
—————————————
কবিতা
সূৰ্যটো সুলকি পৰিল
স্বপ্নালী কলিতা
ঘটনাটো ৰাষ্ট্ৰ হ'ল
চহৰ চহৰ লগা গাঁওখনৰ সিমূৰৰ
শূইন আলিটো ৰাতিটোৰ ভিতৰতে
ভ্ৰুণ এটা ধাৰণ কৰি
গৰ্ভৱতী হ'ল
আৰু পুৱালৈ ভ্ৰুণটো ভূমিস্থও হ'ল
অৱশ্যে পুলিচ আৰু গাঁওবুঢ়াৰ বাহিৰে
গাঁওবাসীয়ে মিছামিছি বাটৰ কচু
গাত ঘঁহি লোৱাৰ পৰা
বিৰত থাকিল...
ঘটনাটো ৰাষ্ট্ৰ হ'ল
গলিটোত এগৰাকী ষোড়শীক
হত্যা কৰা হ'ল
হত্যাকাৰীৰ অস্ত্ৰচালনাৰ নমূনা
হাতে হাত ৰ'ল
(আধুনিকতাৰ ফচল)
অহা যোৱা চলি থাকিল
শতিকাৰ উত্তৰণ
মিছামিছি সময় অপচয়ৰপৰা
প্ৰতক্ষ্যদৰ্শী আঁতৰি থাকিল...
ঘটনাটো ৰাষ্ট্ৰ হ'ল
বয়সে মাতাল কৰা উৰণীয়া
জীৱনকেইটা থিতাতে হেৰাল
'হায় জীৱৰ বিলাই' বুলি
পিতা-মাতাৰ বেকগ্ৰাউণ্ড বিচৰা
মহানতাৰ অভাব নহ'ল
(সুবিধা বুজি দিয়া হ'ল ৰামথোকোছা।যেনেকৈ দিয়া হয় ৰামঠগন)
'ক'ৰ লাঙত জমা হ'লপানী
'খ' য়ে তেজ বমিয়ালে
'গ' ঘৰৰ পৰা বিতাৰিত হ'ল
'ঘ' য়ে সিপুৰীলৈ যোৱাৰ
যো-জা চলালে
এই সকলোফটিকাৰে কৃপা।
মহিলাসমিটিত আলোচনা হ'ল
তিনিআলি চাৰিআলিত
ভুন্ভুননি উঠিল--
'পতিভক্তি বোলে সেৰেকা হ'ল
ফটিকাৰ বিষয়টো নেপথ্যতে ৰ'ল
সেয়ে কথাবোৰ কিজানি সিমানলৈ গ'ল '
ফটিকাৰ ভেল্যু পূৰণ হৈ গৈ থাকিল
তিনিআলিত বাঢ়ি থাকিল বেপাৰ
প্ৰতিটো আখৰেই সোমাই গৈ
থাকিল বেহুত...
পিছে মহিলাসমিটিত, গাঁওকমিতিত
নোলাল কথাবোৰ
নহ'ল ৰাষ্ট্ৰ
এনে কথাত জেং(?) আছে
ক'লেই লাগিব পাৰে লেঠা
হৈ যাব পাৰে আপোনজনৰো পৰ
গতিকে মিছামিছি জেঙৰ পৰা
আঁতৰি থাকিল সমিটি, কমিতি
ই, সি ইত্যাদি ইত্যাদি
এনেদৰে কথাবোৰ ৰাষ্ট্ৰ হৈ থাকিল
মিছামিছি জেঙৰ পৰা মানুহ
আঁতৰি থাকিল
(অৱশ্যে ফুচ্ফুচনি, ভুন্ভুননিয়ে কাণ সলনিকৰি থাকিল)
আৰু এদিন এনেকৈয়ে...
নিৰ্ধাৰিত কক্ষৰ পৰা সূৰ্যটোও
সুলকি পৰিল
মিছামিছি বাটৰ কচু গাত ঘঁহি
খজুৱতি হোৱাৰ ভয়ত
প্ৰতক্ষ্যদৰ্শীবোৰে
সেইদিনাও
পৃষ্ঠভংগ দিলে।
—————————————
এতিয়া একো নাই
দাদুল ভূঞা
এতিয়া একো নাই
মাত নাই,ক'বলৈ ভাষা নাই
ক্ষোভৰ আগ্নেয়গিৰীয়ে ধ্বংস কৰা প্ৰাচীন চহৰখন থিয় দি ৰৈ আছে শূন্যতাত
চাৰিওফালে মুঠি-মুঠি জুইখেল
লাভা হৈ বৈ পৰা তেজ, চকুলো কেৱল চাই আছে সিহঁতে
মণিপুৰ জ্বলিছে
সমন্বয়ৰ সূতাডাল ৰাতি ৰাতি নিগনিয়ে কুটিছে
বাঁহফুল ফুলিছে মনত,
ঘুনে ধৰিছে মাটি,শিপাত
একোতে খামোচি ধৰিব নোৱাৰি
উভালি পৰিছে মানৱতাৰ দুখনি হাত
এতিয়া একো নাই তাত
বতাহ নাই ,পানী নাই,
খাবলৈ ভাত নাই
অবোধ শিশুৰ ছটফটনিও সিহঁতে দেখা নাই
সিহঁতে একোৱেই দেখা নাই
দেখিবলৈ সিহঁতৰ মতে একোৱেই হোৱা নাই
কিন্তু আমি দেখিছোঁ—
ৰাজপথত নাৰী হত্যা, ধৰ্ষণকাৰীৰ দীঘলীয়া মিছিল
ভাতৃঘাটী সংঘাতৰ পৰিনতিত জ্বলি ছাই হৈ যোৱা এখন মণিপুৰ
আমি দেখি আছোঁ
দেখি আছোঁ বাবেই যেনেকৈ নহওক
চিঞৰি আছোঁ
সিহঁতে শুনকেই বা নুশুনক
আমি শান্তি বিচাৰি কেৱল মৌন প্ৰাৰ্থনা কৰিছোঁ।
—————————————
বৰণ সলায় ন-জোনে
তৃষ্ণা নেওগ বৰুৱা
পাছ-চোতালত মাহ-হালধিৰ গোন্ধ এটা বিয়পে
উদং কলচীৰ খদমদম লাগে
দূৰৈকৈ পুখুৰী খন্দালা দেউতা
দুচকুৰ পুখুৰী দুটা কোনেও নেদেখে
চৰাই হৈ উৰাৰ সপোন এটাই ঢকুৱাৰ গাড়ীত উঠা শৈশৱক সিঁয়াৰে
দুণৰিৰ চাকিগছ জ্বলে
বৰণ সলায় ন-জোনে ।
—————————————
স্বৰূপ
ইপুল হুছেইন
সন্ধিয়াৰ আড্ডাত অদৰকাৰী আলচ
ঠিক যিদৰে কোঠাৰ এচুকত পৰিত্যাক্ত জোতাৰ খালী বাকচ্
নষ্ট সময়ৰ ক্ষতিপূৰণ দিয়াৰ কোনো সূত্ৰ নাই
নিউটনৰ আপেলত খহি পৰাৰ সূত্ৰ আছিল
তৰাৰ দেশত কপাৰনিকাচ জিলিকিছিল
মাছৰ চকু ঘুনীয়া কৰিবলৈ অৰ্জুনৰ কাড়ত অধ্যবসায়ৰ ছাপ আছিল
প্ৰেমত পৰিবলৈ চহৰৰ নৈখন এতিয়া ভৰযৌৱনা গাভৰু
দোভাগ নিশা প্ৰায়ে টোপনি ভাঙে
নিৰুত্তৰ প্ৰশ্নবোৰে প্ৰায়ে থকাসৰকা কৰে
আৰু কিমান বাট,
আৰু কিমান ঘাট
সপোনৰ টঙিঘৰত গৰখীয়া বুকু ফালি
অসহায় ভীষ্মৰ শেষ বচন স্থিতিস্থাপক ৰেখাৰ দৰে কঁপি উঠিছিল
স্বৰূপ বিচাৰি ফুৰা দিনবোৰ তেতিয়াও বাকী আছিল ।
—————————————
মৰমৰ দেউতা
প্ৰদীপ চন্দ্ৰ শৰ্মা
দেউতা মোৰ দিবাকৰ
আৰু হৃদয়ত মোৰ
সূৰুযমুখীৰ স্বপ্ন
আদৰ্শ থাকিলে
সংঘাত অনিবাৰ্য
নাশি শংকা ভয়
তিমিৰৰ ক্লেশ
দেউতাযে মোৰ তূৰ্য
তাহানিৰ পাঠ
আজি পাথেয়
'আপোন হাত জগন্নাথ '
—————————————
নাটঘৰ
(ড০ ভবেন্দ্ৰনাথ শইকীয়া ছাৰলৈ ক্ষমা প্ৰাৰ্থনাৰে)
ৰমেশ চন্দ্ৰ ৰায়
দিয়াচলাইৰ কাঠি কেইটামান হ'ব নে?
চাৰিটা?
হ'ব হ'ব এই চাৰিটাই হৈ যাব।
কাঠি চাৰিটা মই ঘূৰাই দিম আপোনাক।
মনত আছে নে এঞ্জেলাৰ কথা?
আপোনাৰ দুৱাৰৰ আকাঙ্খিত অথবা অনাকাংক্ষিত টোকৰকেইটালৈ
পৰিছেনে মনত?
দিয়াচলাইৰ কাঠিৰে আৰম্ভ কৰি
একাপ চাহ
অকন জলপান
এসাঁজ ভাত বিচাৰি আপোনাক আমনি কৰা ম'ডেলগৰাকীলৈ
পৰেনে মনত?
এবাৰ খবৰ ল'বলৈ কেতিয়াবা বাৰু মন যায়নে?
প্ৰয়োজন শেষ হ'লে একোৰেতো দাম নাই।
মইনো কোন?
আপোনাৰ কোঠাত যিদিনা চাহ ভাত খালোঁ
সিদিনা যে
মোৰ কোঠাত খাবলৈ একোৱেই নাছিল।
বন্ধু মোৰ,
আপোনালৈ মনত পেলাই চকুলো টুকিছোঁ বাৰে বাৰে।
বিদায়ৰ দিনা মই আপোনাক বহুত কথাই ক'লোঁ
আৰু বহুত যে ক'বলৈ থাকি গ'ল।
মোৰ ভাল দিন আহিলে আপোনাৰ
প্ৰতিটো সাঁজৰ দাম
ঘূৰাই দিলোঁহেতেন,
কিন্তু মোৰ জানো ভাল দিন আহিব?
এবাৰ জ্বলাৰ পাছত দিয়াচলাইৰ কাঠিটোৰ জানো
কিবা মূল্য থাকে?
—————————————
এটা দিনৰ বাবে মই মোক
গিৰিজা শৰ্মা
এটা দিনৰ বাবে ত্যাগ কৰিলোঁ মই মোৰ ভালপোৱা
মাত্ৰ এটা দিন
যি ভালপোৱাত মই বুৰি থাকোঁ দিন-প্ৰতিদিন
মাত্ৰ এটা দিন
খুলি দিলোঁ মই মোৰ অদৃশ্য এৰাল
চেঁকুৰি ফুৰক ইচোতাল সিচোতাল
মেলি দিলোঁ ৰ'দ-ঘাই চাদত,
চ'কত,
শেঁতাখিনি সজীৱ হওক
লিৰিকি বিদাৰি চাওঁ
আছে নে বাৰু জী
প্ৰেমত পিষ্ট সি
অৱশিষ্ট আছে নে অস্তিত্ব
পিটিকি চাওঁ আপাদমস্তক
এনে এটা কাতৰ মুহূৰ্ত্তত
এতিয়া সি "বু্ৰ্বক" বুলি তাচ্ছিল্য কৰিলেও
মই জানো কিবা কৰিব পাৰোঁ!
—————————————
ভাল দিনৰ কবিতা
পংকজ কুমাৰ শৰ্মা
ভাল দিনৰ অপেক্ষাৰত কলীয়া মেঘবোৰ
আপোনা আপুনি সৰি নপৰে,
সুযোগ সন্ধানীসকলে সুযোগৰ নখদৰ্পণত
ভাল দিন এটাই বাচি লয়
ক'লা দিনবোৰ শোধনৰ প্ৰচেষ্টাৰত
স্বপ্নাতুৰ মানুহবোৰে শুবলৈও পাহৰে,
মনবোৰ ফৰকাল হওক বুলি
কলপুলিবোৰ বাৰীত ৰুবলৈ
সকলোকে আহ্বান জনায়
কবিতা এটা লিখিবলৈ
কবি ভাল দিনৰ অপেক্ষাত থাকে,
ভাল মানুহবোৰৰ লগত আলাপ কৰে
গাতো পাতল পাতল লাগিলেই
কবি ভ্ৰমি ফুৰে সুমেৰু-কুমেৰু,
চৌপাশে ফুল আৰু ফলৰ বাহাৰত এন্ধাৰ হেৰায়
কবি আজীৱন জীৱনৰ সুগন্ধিত ডুব যায়
দেও দি দি ল'ৰি ফুৰে লৰিয়লি চৰাই।
পৃথিৱীখন ইমান ধুনীয়া।
ভাল মানুহবোৰেৰে ভৰি থাকে পৃথিৱী
সুখ-দুখবোৰ ভাগ-বতৰা কৰিবও পাৰি
ভাল দিনৰ কবিতা শুনি
গান গাই গাই ঘৰমুখী হয় ভাগৰুৱা চৰাই
আপোনজনৰ কথাই বুকু জুৰাই থাকে,
কবিতাতেই
জীৱন জীয়াৰ মাদকতা।
—————————————
নৈশ ভ্ৰমণৰ কাহিনী
সুশান্ত দাস
ইন্দ্ৰিয় জয়ৰ কাৰণে সজাই লৈছোঁ
বীৰ মন এটা
কিন্তু কি ক’ম
ৰাতিৰ বিধ্বস্ত কথা
জৰ্জৰিত দোকানৰ মালিক পক্ষই
মাত লগাইছিল
আমাৰ মৃত্যুৱেই শ্ৰেয়স
আৰু সকলো জীয়াই থাকক
মই মাত দিলোঁ
'মৃত্যু সহজ যদিও
জীৱনৰ দৰে নহয় '
নেপথ্যত ভিক্ষুক এহালৰ ৰাতিৰ আয়োজন
আৰু দিন সজোৱা বেলিৰ ভাস্বৰতাত প্ৰশ্ন
মানুহবোৰ মানুহৰ দৰে নোহোৱা হ’ল
এতিয়া কাকতৰ এটা খবৰ হৈ ৰ’ল
আন্তৰিক !
বিশ্বাস আৰু কৃতজ্ঞতা
সকলো তেওঁলোকৰ বাবে
জয়াল স্বপ্নৰ পথ !
মইও নীৰৱে দেখিলোঁ
এনেকুৱা আকাশবোৰ মুকলি নহয়
কথাৰ মাজেৰে সজোৱা
কুটিল ধৰণীত
জীয়াই থাকে ভিক্ষুক !
মই আগবাঢ়িলোঁ,
প্ৰচণ্ড তিমিৰে ঢাকি থকা
গলিৰ মাজলৈ তৎক্ষণাৎ
আকৰ্ষিত হ’লো
মই নজনাকৈয়ে সোমাই গৈছিলোঁ
মই মানুহ নহয় ; দানৱ
এইয়া আছিল পৰিৱেশৰ চিঞৰ !
মই শুনিলোঁ, গণিলোঁ,
প্ৰতিটো গলিৰে এটা কাহিনী থাকে,
কাহিনীবোৰ স্পষ্ট নহয়
ধূসৰ ছাইৰ দৰে
ধূসৰেই...
নৃত্যও দেখিলোঁ,
কিবা “ লেইলাৰ ডান্স ” হেনো
চাবলৈ জাকে জাকে মানুহ !
মই ভীৰৰ মাজত নিজকে হেৰুৱাই পেলালো
আৰু বাজি থাকিল কাণত
সেই দুখীয়াৰ আৰ্তনাদ
আৰু মৃত্যু হেনো শ্রেয়স, নিষ্পাপ
এনেদৰেই ৰাতিবোৰ ব্যস্ত হয় আৰু মইও
সন্তপৰ্ণে , নিভৃতে
ঘৰমুৱা হ’লোঁ
কাৰণ মৃত্যু হেনো সহজ আনন্দ ;
দৈৱৰ খেল
নিশাবোৰো মহিমাময়
বিধ্বস্ততাৰ মেল !
—————————————
নিথৰ সময়ৰ স্তৱক
জাহ্নৱী হাজৰিকা
বেলি পাতত বহে।
মনত কথাবোৰ যুগুতাই থয়।
কথাবোৰ কাৰোবাক কম কমকৈ ৰৈ থাকে।
অথচ কবলৈ মুখ মেলোতেই দেখে
অন্য এখন পৃথিৱী।
আনৰ পৃথিৱী।
যিখন এতিয়া তাইৰ দখলত নাই।
ভুল হৈছিল।
ভুল হৈও আছে,তাই মানে।
কিন্তু মানুহ মাত্ৰেইটো ভুল।
উৰুঙা মন।
উৰুঙা প্ৰাণ।
সঞ্জীৱনীৰ মহঙা ৰং।
চকুলো ওলায়।
চকুলো শুকায়।
চকুলোৱে বহু কথাই কৈ যায়।
ব্যর্থ অতীত।
বাস্তৱৰ বৰ্তমান আৰু অনিশ্চিত ভৱিষ্যতৰ কথা।
কি হব কোনেও নাজানে।
মাথো সময় গৈ আছে নিৰৱধি।
আগতে ৰামধেনু ভাল পোৱা মানুহ তাই।
আজিকালি ৰামধেনুৱে তাইক মুখ ভেঙুচায়।
সেয়ে আকাশলৈ নাচায়।
অৱশ্যে মনত দুখ পালেও তাইৰ আক্ষেপ কৰিব একোৱেই নাই।
যাব খোজাবোৰক জানো ধৰি ৰাখিব পাৰি!
কিন্তু এই যে মানুহবোৰ!
খন্তেকৰ ভাল লগাত পৃথিৱীখন পাহৰি অন্য এখন পৃথিৱী গঢ়িব খোজে!
কি ধৰণৰ মানুহ এইবোৰ!
মনত এসোপা সাঁথৰ, কৌতুহল লৈ তাই ভাবি গুনি থাকে ৰৈ।
জীৱনে শিকাই,
জীৱনে হঁহুৱাই
জীৱনে কন্দুৱাই।
আটাইখিনিৰ লগতেই চিনাকি তাই।
কিন্তু জীৱনৰ কান্দোনৰ চকুপানী বৰ বিষাক্ত।
ই কাৰো জীৱনত সুখ আনিব নোৱাৰে।
বৰং আনে দুখৰ এপাচি জাঁজী।
যি জাঁজীত উটি ভাঁহি যায় কাৰোবাৰ জীৱনৰ অহংকাৰ।খোল খায় কোনোবা প্ৰৱঞ্চকৰ মুখা...।
উভতি নহাৰ বাটে তাই ৰৈ যায়।
দূৰ দূৰণিলৈ চাই ৰয়।
এৰি অহা বাটটোৰ কেঁকুৰীবোৰ।
তাত আগতে গুণগুণ সুৰ এটি অহৰহ বাজি আছিল।আজিকালি সেই সুৰ নাই।
তাত থাকে কোনোবা এখন বেলেগ পৃথিৱীৰ
ৰামধেনুৰ ৰং তুলিকা...
তাইৰ মনো নাই সেইখন তাই ভাল নোপোৱা
বিষাক্ত ৰামধেনু চাবলৈ।
আজিকালি নির্জনতাই প্রিয় তাইৰ।
সুখী হবলৈ শিকিছে।
জীৱনটোক ভাল পাবলৈ শিকিছে।
এনেকৈয়ে চলি থাকে সময়-জীৱন..
চলি থাকে পৃথিৱী।
নিৰন্তৰ-নিৰৱধি...।
—————————————
প্ৰেমৰ তিনিটা স্তৱক
চয়নিকা ভূঞা
১.
নামাতো বুলিয়েই নামাতা
ইমান অভিমান
জীৱননো কি
কচুপাতৰ পানী
২.
ডাৱৰৰ বুকুত মেঘবৰ্ণ ফুল
আকাশত তুমি বতাহত তুমি
কলিজাত এটি ডাহচীয়া সপোন
বুকুত হাহাকাৰ
মনত হাহাকাৰ
তুমি তুমি ভাৱনাত সময়ো আনমনা
৩.
সমীৰৰ বুকুত কথাবোৰ বান্ধি দিলোঁ
যদিও প্ৰতিশ্ৰুতিৰে আবদ্ধ হোৱাৰ কথা নাছিল কাহানিও
তথাপিও...
ডাৱৰে ডাৱৰে তোমাৰ চিঠি
কথাবোৰ সহজ নহয়
তুমি কোৱাৰ দৰেই একোৱেই সহজ নহয়
সহজ নহয় তোমাক পাহৰি যোৱাও ।
—————————————
কাৰ হ'ব পাৰে
খূৰ্ছীদ আনছাৰী
বিকাৰ পাচত
অঁকা ছবি কাৰ হ'ব পাৰে
বিকাৰ পাচত
লিখা খবৰ কাৰ হ'ব পাৰে
কাৰ হ'ব পাৰে ?
কাৰ হ'ব পাৰে ?
কাৰ হ'ব পাৰে ?
—————————————
সাম্প্ৰতিক
দৃলীনা দাস
কেউদিশে অনিশ্চয়তা
জীৱন উৱাদিহ নথকা
এক প্ৰহেলিকা।
পথে ঘাটে প্ৰলয় নামিছে
হাজাৰটা ঘটনাই আনিছে আকাশ
বিলাসী বৈভবে কপাইছে ৰাজপথ।
স্তব্ধতাত অসহায় সময়ৰ গতি
সপোন আৰু আশাবোৰে বাট হেৰুৱাই
কৰিছে আৰ্তনাদ
দুচকুৰ লোতকত সেমেকা ধৰা
নিঠৰ দেহত উবুৰি খাই ধৰে
তৰা ভৰা আকাশ
আতংকময় পৰিবেশত
কোনফালে মেলিব পাৰো আশাৰ দুহাত
ভীতি- সন্ত্ৰাস যুদ্ধ হয় ।
সাম্য সম্প্ৰীতিৰে গোৱা বসন্তৰ গান
যন্ত্ৰণাৰ দাবানলত জ্বলি উঠে
সুখৰ দিনৰ দিনলিপি
এনেকৈয়ে বৈ আছে
একোখন ৰক্তাক্ত হৃদয় নিৰবধি।
—————————————
জীৱশ্ৰেষ্ঠৰ দেওলগা কাহিনী
ৰমণী মোহন কলিতা
ৰে'ললাইনৰ কিনাৰৰ
ঝোপৰপট্টীত সিহঁতৰ অভিশপ্ত দুৰ্বিষহ জীৱন
নিশা হ'লেই কৰ্ণ-কুহৰত বাজি থাকে
ৰে'লৰ ঝক্ ঝক্ দীঘলীয়া উকি
এক নিদ্ৰাহীন জীৱন জীয়া-যুঁজ
ওৰেটো নিশা ঝোপৰীবোৰত
জ্বলি থাকে ধিমিক-ধামাক হাৰিকেন
দিনৰ পোহৰত পূজ্য বাবুহঁত
নিশা হয় মুন্নী চুন্নীহঁতৰ পাৰফিউম ছটিওৱা দেহৰ ভোকাতুৰ বন্য-পশু
ভোকৰ তাড়নাত সপি দিয়ে
সাজি-কাচি উলঙ্গ দেহ
ভগা চাংখনত কুহুৰ কুহুৰকৈ
হুমুনিয়াহ কাঢ়ি থাকে ৰুগীয়া পতি
মজিয়াত বস্তাতে শুই থাকে
লঘোণীয়া তিনিটি কণমানি
এয়াই সিহঁতৰ জীয়াই থকাৰ
প্ৰতিদিনৰ জীৱন যুঁজৰ দস্তাবেজ
সিহঁতেহে জানে আন্ধাৰৰ আঁৰত
গ্ৰাহকৰ লিষ্টিভুক্ত কতজন যে আছে
জননেতা, পুৰোহিত,ফকিৰ, ধৰ্ম-যাজক
এয়াই ঝোপৰপট্টী-পোতাশালৰ
জীৱশ্ৰেষ্ঠৰ নিৰবছিন্ন চলি থকা
অকথিত দেওলগা কাহিনী !
—————————————
ভয়
ৰবিন কুমাৰ চেতিয়া
যেতিয়াই তেতিয়াই অহেতুক ভয় এটাই
আজিকালি মোৰ প্ৰতিটো চিন্তা চেতনাক
আৱৰি থাকে অনবৰতে
মোৰ যাত্ৰাৰ প্ৰতিটো লহমাত
ৰঘুমলাৰ দৰে হাঁহি থাকে
এটা অনামী ভয়ে
মই নজনাকৈয়ে
চৌপাশে এতিয়া দেখিছোঁ মাথোঁ স্বাৰ্থৰ দাবানল
হত্যা হিংসাই আৱৰিছে মোৰ আকাশ
শান্তি বিচাৰি জনতাৰ মৌন আস্ফালন
ভয়াবহ বিপদৰ আগজাননীত ত্ৰস্তমান মানৱতা
ৰুদ্ধ আজি কণ্ঠৰ নিগৰিত গান
মহঙা বজাৰত খাটিখোৱাৰ আৰ্তনাদ
নতুন চিন্তাৰ দুৱাৰডলিত
ঘুণ পোকৰ ধেমালি
প্ৰেম ভালপোৱা এতিয়া কাৰোবাৰ বাবে
আভিধানিক শব্দ মাথোঁ
যেন আভিজাত্যৰ ড্ৰয়িং ৰুমত সজাই থোৱা
এক স্পৰ্শ বিবৰ্জিত ফুলৰ শাৰী
দৰদাম কৰি জানো সঁচা ভালপোৱা
বজাৰত কিনিব পাৰি
সময়বোৰ কিজানি সকলোৱে দেখাকৈ
বিশেষ সলনি হোৱা নাই
কোমল ওঁঠৰ কথাবোৰো ছাগৈ
সকলোৱে বুজাকৈ
সহজকৈ কোৱা হোৱা নাই
এতিয়া তুমি মোক
ভালপোৱা ভাললগাৰ কথাবোৰ নুসুধিবা
মন গ'লেও তোমাক ক'ব নোৱাৰো
আকাশ বিশাল নে সাগৰ
হৃদয়খন মেলিও দেখুৱাব নোৱাৰো
গুজৰি গুমৰি থকা অনুভৱৰ উত্তাল জোৱাৰ
উৎকণ্ঠাৰ স্পৰ্শৰে ৰঞ্জিত মোৰ
প্ৰতিটো আৱেগৰ অভিযান
বিবেকক ঢাল কৰি
মুখ খুলি গাবও নোৱাৰো
সঁচা মানৱতাৰ গান
জিলিকি থাকিব পৰাকৈ
কোনোদিনেই মই হ'ব নোৱাৰিলো
অক্লান্ত পদলেহনকাৰী
তোমাৰ কাষতে থকাৰ জোনাকী প্ৰতিশ্ৰুতিবোৰ
হঠাৎ যদি কেতিয়াবা মিছা হয়
সেই ভয়তেই জানা আজিও মই
ভালপাওঁ বুলিও তোমাক ক'ব পৰা নাই
মোৰ বাবে এতিয়াও যে
অনুকূল হোৱা নাই সময়
য'তে ত'তে উৰি থাকে মনৰ মাজত
অপযশ,অপমান অথবা মৃত্যুৰ ভয়
হয়,আজি কালি মোৰ
চৌপাশে নাচি থাকে
নামবিহীন এটা অচিন ভয় ।
—————————————
তিনিটা কবিতা
উজ্জ্বল চক্ৰৱৰ্ত্তী
[ভাদ]
তই শাওণ আৰু আহিনৰ মধ্যমণি!
তোৰ আটিল পৰশতে আহিনৰ সপোন গাখীৰতী!
তই এমুঠি জোনাকৰ জিলমিল হাঁহি!
তোৰ উশাহতে কাতিত এগছি চাকি!
আঘোণ সোণোৱালী সোণ সুৱাগী।
[স্তৱক]
পুৱাই চাহকাপ লৈ বহিছোঁ।সন্মুখৰ জপনা খনলৈ চালোঁ এহালি শালিকা!নিজৰ মাজতে ওমলি ওপৰলৈ উৰি গ'ল।পাখি দুটি শূন্যতে সৰি ৰ'ল।মই চাহ কাপত শোহা মাৰি পাখি দুটিলৈ চালোঁ এডাল সৰল ৰেখা।মাটি আৰু পাখিৰ মাজত বৃত্তাকাৰ ঘূৰণীয়া!চাহৰ কাপটোলৈ চালোঁ প্ৰায় শূন্য তেতিয়া।
[সূৰ্য্যশিখা]
প্ৰতিনিতে হেঙুলী ৰহণ সানি আঁতৰি যোৱা...
প্ৰহৰত সন্ধ্যাৰ স্নিগ্ধ বতাহ!মৰতত লহৰ বাজি ৰাগ মেঘ মল্লাৰ ভাস দুৰ্নিবাৰ।
—————————————
জী উঠে কবৰৰ গান
দিপ্তী মনি গোস্বামী
আশাহত উশাহবোৰ মৰি মৰিও জী থাকে
অদম্য হেঁপাহৰ ঘোঁৰাৰ পিঠিত উঠিয়েই,
প্ৰাপ্তিৰ বাসনাই কোঙা নকৰিলেও
দুৰ্লভ মনূষ্য জনমৰ চানেকিখন
ইতিহাসৰ বুকুত লিপিবদ্ধ কৰাৰ
ক্ষুদ্ৰ হাবিয়াসতেই মৰি মৰি ও জী উঠে
নিজান কবৰৰ নিৰলস গান।
অন্তৰাৰ সপ্ত সুৰ গুঞ্জৰিত নহওঁতেই
অকাল সমাধি দিয়া চালুকীয়া গানটোয়েও
কবৰৰ ভিতৰতে বিদ্ৰোহ কৰি উঠে
পৰিবেশৰ বিৰুদ্ধে পৰিস্থিতিৰ বিৰুদ্ধে
মুখত এমোকোৰা হাঁহি লৈ অভিনয়ত ব্যস্ত হয়
সম্ভাৱনাৰ ক্ষীণ সপোন এটিৰ আশাত
ইতিহাসৰ পৃষ্ঠা গৰকি জীৱন জীয়াৰ আশাত!
সেয়ে সন্ধ্যা বেলিৰ পোহৰতো থমকি নৰয়
অৱস চক্ষু অথবা ভাগৰুৱা খোজৰ লহৰ
দিনলিপিৰ সূচি-পত্ৰৰ ঠিকনাত সংযোজন ঘটাই
আগুৱাই নিয়ে জীৱন বীনাৰ ভটিয়নী নাওঁ
হেঁপাহৰ আকাশত কিঞ্চিৎ তৰা ফুল ফুলাবলৈ
অতৃপ্ত আত্মাত কিছু শান্তিৰ মদিৰা ঢালিবলৈ।
—————————————
অকলশৰীয়া জনপদ
মৰমী কাকতি
এটা ঘৰ সাজিলোঁ
শিল বালি লোহা চিমেণ্ট
পূৰ্ণ কংক্ৰিটৰ এটা মজবুত দালান
আমি সন্তুষ্ট
তুমি মই আমাৰ ভৱিষ্যত
আমি সুখ স্বাস্বন্দ্যৰে বসবাস কৰো
শেহতীয়া আৰ্হিৰ আমাৰ প্ৰকাণ্ড অট্টালিকা
এটা নিৰ্জন পিতনি (জলাহ)ত ডাউক নেউল আৰু দালশলিয়াৰ মেচ
সমূহীয়া পাক
ককাল ঘূৰাই নাচ
পিতনিটো পোত গʼল
দালান এটা সজা হʼল
গছজোপা কʼত ?
কʼত কʼত কʼত....?
চৰাইজাক উৰি উৰি ঘূৰি ঘূৰি
কোৰ্হাল ইননি বিননি
বাহ ভাঙিল মন ভাঙিল
ডাউক নেউল দালশলিয়াই
পিতপিতাই চায়
কিছুপৰ অসহায়
নিমিষতে জাকপাতি যায়
কলম্বাছ দৃঢ়তাৰে কোৰাছ গায়
চৰাইজাকে উৰে
বনে বনে
ৰঙে ৰঙে
অৰণ্যত ঐক্যতানে
দালানত কংক্ৰিট হাঁহি
মৰহে ফুল পাহি
জনে জনে জনাকীৰ্ণ
মনে মনে নিঃসংগ বিদীৰ্ণ।
—————————————
শব্দৰ ফুলাম গামোচাৰে তোমাক আদৰিম
দিলীপ পৰাজুলী
আচলত ধৰি থিয় হোৱা দিনটোত
মই তেনেই অকমানি ল'ৰা আছিলো
বসন্তৰ জোৱাৰ মোৰ গাত নাছিল
মই নাজানিছিলো বসন্ত মানে কি?
তেতিয়া মই বুজা নাছিলোঁ সোণোৱালী শৈশৱ ।
দৌৰি দৌৰি তোমাৰ লগত লুকা ভাকু খেলা দিনবোৰ
এতিয় ৰোমন্থন কৰিলে ভাগৰি পৰো
বিকল হয় মোৰ শৰীৰ ।
কিমান যে চকুৰ ভাষাৰে কথা পাতিছিলো তোমাৰ লগত
তোমাৰ কোলাৰ উম লৈ।
ৰাতি আকাশৰ তলত বহি সাধুকথা শুনাইছিলা
তাৰ মাজতেই
জোনবাই , আকাশ আৰু তৰাবোৰৰ লগত
মোক চিনাকি কৰাই দিছিলা।
আচল টানি টানি ঘাম মচি দৌৰি যোৱা দিনটো
কিযে আমেজ আছিল মই এতিয়াহে বুজিছোঁ
ভোকাতুৰ হৈ ঘৰলৈ ঘুৰি আহোতে
ইচাতি বিচাতি কৰি
বাঁহৰ চুঙাৰ দৈৰ লগত খান্দগুড়ি খাবলৈ দিছিলা
এতিয়া তুমি মোৰ ওচৰত নাই
এইবোৰ মোৰ বাবে সাঁথৰ হৈ পৰিছে।
এতিয়া তোমাক ভাবিলে ভাগৰি পৰো
নিথৰুৱা যেন অনুভৱ হয়
শব্দৰ গৰ্ভৰ পৰা শব্দ প্ৰসৱ কৰাই
শব্দৰ ফুলাম গামোচাৰে তোমাক আদৰিম।
—————————————
সন্ধিয়াৰ মায়া
ইভা গন্ধীয়া ফুকন
কলম কামুৰি চাইছো শব্দৰ খেলা
ৰুমালেৰে বান্ধি আনিম সুন্দৰৰ শিখা
ৰুমালৰ আঁহে আঁহে জিলিকি উঠিব
ধৰ্য,সত্য- সুন্দৰৰ অহমিকা
সাগৰ হোৱাৰ অম্লান যুক্তি
উন্মাদ ৰাতিবোৰৰো চুক্তি
খহি যাব নিদিবা তোমাৰ পাহাৰৰ উচ্চতা
শুকাই যাবলৈ নিদিবা দুখৰ উত্তাপত
ভাল পোৱাৰ অভিমানী স্বীকাৰোক্তি
সন্ধিয়া হাস্নাহানা দুপাহিত বিৰিঙে
অণুবীক্ষণিক সুগন্ধি
সন্ধিয়াৰ কবিতাই সাঁথৰ ভাঙিব খোজে
কিয় লুণীয়া দুচকুৰ পানী
যদিও নহয় সাগৰৰ দৰে নীলা
কিয় উৰে পপীয়া তৰা
কাৰ বাবে গোলাপ কাৰ বাবে হাস্নাহানা
প্ৰত্যাশাৰ উজাগৰী প্ৰশ্ন - সম্ভাব্য উত্তৰ
এইখিনিতে তেওঁক দেখা হ'লে
উৰণীয়া চুমা আহি গালে মুখে পৰাহি হ'লে
বুকুৰ মাজতে মৃদু ধপধপনি এটি বাজি উঠে
কিয় বাজে মোৰো তোমাৰ বাবে
দুচকুৰ আগত সপোন পৰী নাচে ।
—————————————
ভগ্নস্তুপত বুৰ যোৱা নাও
বিমল কুমাৰ শৰ্মা
এখনি ভগ্নস্তুপত বুৰ যোৱা নাও।
বনজুইৰ লেলিহান শিখাই
কক্ষচ্যুত কৰা কোনো বৰ্ষাৰণ্যৰ
অদম্য বন্যৰাজৰ
ধূসৰ দুচকুৰ বিহ্বল চাৱনিত
যেতিয়া স্ফটিকৰ
দৰে ভাহে
আতংকৰ সোণালী দু:স্বপ্ন।
ঠিক তেনেকুৱাই
এখনি ভগ্নস্তুপত বুৰ যোৱা নাও
জৰাগ্ৰস্ত পিতৃ-মাতৃৰ আশ্ৰয়
কোনোবা ভাতৃহীনা
ৰিক্ত গাভৰুৰ
বাৰিষাৰ প্ৰলয় নিশাৰ
সোণালী স্বপ্ন;
যি স্ফটিকৰ দৰে গোট খায়
জাপ খাবলৈ পাহৰা
দুচকুৰ কোণত।
মানি ল'বানে তুমি
এখনি ভগ্নস্তুপত বুৰ যোৱা নাও!
যেতিয়া ছোমালিয়াৰ বধ্যভূমিত
নি:স্ব মাতৃৰ
দুহাতৰ দুই তৰ্জনীত
দুলি থাকে
অনাহাৰী শিশুৰ ভাগ্য;
সন্মুখত বহু বাট।
কথাটো তেনেকুৱাই
ছেইণ্ট হেলেনাত নিৰ্বাসিত
নেপোলিয়নৰ দুচকুৰ পশ্চিমত
যেতিয়া বুৰ যায়
বহু প্ৰত্যাশিত
এটি অকণমানি ৰঙা বেলি।
ছাহজাহানৰ হৃদয়তো
বুৰ যায়
মমতাজ মহল;
মোৰ দেশৰ হাজাৰ ডেকাই
প্ৰতিদিনে গঢ়ে
তেনেকুৱা লক্ষ সৌধ
উচ্ছল আৰু বিৰামহীন।
আশাবোৰো আমাৰ
এখনি ভগ্নস্তুপত বুৰ যোৱা নাও
ঠিক যেন,
সামুদ্ৰিক ঘূৰ্ণীৰ আগত
বলুকাৰ ৰাজকাৰেং;
পদব্ৰজে বাটবুলি হেৰাই যোৱা
ভগনীয়া শ্ৰমিকৰ দল
মৰুভূমি পাৰ হৈ
যিদৰে ধীৰে ধীৰে
অস্তমিত সূৰুযত জাহ যায়
অঘৰী বেদুইনৰ জাক।
—————————————
ফুটপাথত কৃষ্ণ
অবিনাশ দত্ত
নিনাও আবেলি এটাত
বাটত মানুহ এজন লগ পালোঁ
শ্ৰান্ত, ক্লান্ত আৰু ভাগৰুৱা,
সুঠাম দেহ, ঢৌ খেলা চুলি
মলিয়ন পোচাক,হাতত ফটা বাঁহী
পগলা নেকি! নে অঘৰী!
কথা হ'লো তেঁওৰ সতে
কথাৰ প্ৰসংগত ওলাল
আজিকালি ফুটপাথ বোৰই ৰম্যভূমি
ফুটপাথ বোৰেই যুদ্ধ ক্ষেত্ৰ
দেহৰ যুদ্ধ, মনৰ যুদ্ধ
জাতিৰ যুদ্ধ, মাটিৰ যুদ্ধ;
জাকৈয়া হাঁহিৰ জোৱাৰ তুলি
বেশ্যাবোৰ হেনো তেঁওৰ দিনৰ পৰাই আছিল
আৰু এতিয়াও আছে
মুখা কিছুলোকে তেতিয়াও পিন্ধিছিল
আৰু এতিয়াও পিন্ধে
বহু কথাই তেতিয়াৰ পৰা চলি আছে
কাগজী নাঁওত উটি উটি আহি আছে
কিছু শব্দ হৈ
কিছু ভাৱ হৈ;
মানুহ জন হেনো বহু দূৰৰ পৰা আহিছে
বহু বছৰৰ পৰা আহি আছে,
আহি আহি অসম পাইছেহি
কোচবিহাৰত গুৰু জনাক সেৱা জনাই
উজাই আহি থাকোঁতে থাকোঁতে
তেঁও দেখিলে
কোচ ৰজাৰ আহোম সাম্ৰাজ্য আক্ৰমন
গড়গাঁওৰ ৰাজধানী পতন
মাজুলী সন্ধি
ঘিলাধাৰী ঘাটৰ সন্ধি
শৰাইঘাটৰ ৰণ
ইটাখুলীৰ ৰণ
তেঁও দেখিলে
মোৱামৰীয়া বিদ্ৰোহ
মানৰ আক্ৰমন
ইয়াণ্ডাবু সন্ধি
স্বাধীনতা আন্দোলন
ভাষা আন্দোলন
অসম আন্দোলন
আৰু বহু কিবাকিবি,
এইবোৰ কথা আমি পাতিলোঁ ফুটপাথতে
চাহত চুমুক দি তেখেতে কৈ গ'ল কথাবোৰ
কোন বাৰু তেখেত!
ইতিহাসৰ ছাত্ৰ নে নিজেই ইতিহাস!
ইমান ভাৰাক্ৰান্ত কিয় তেঁও!
তেঁও শদিয়া চিনি পায়
তেঁও ধুবুৰী চিনি পায়
তেঁও তেজপুৰো চিনি পায়
ঊষা, অনিৰুদ্ধ আৰু ভিষ্মক ৰজাও তেঁওৰ চিনাকি
কোন তেও!
বুৰঞ্জীৰ গৱেষক নে নিজেই বুৰঞ্জী!
শ্ৰান্ত বাটৰুৱাই বৰ্তমানৰ ব্যাভিচাৰ দেখিছে
হিংসা আৰু ধৰ্ষণ দেখিছে
ভাগৰুৱা জনতাৰ হেঁচা খোৱা মাতো শুনিছে ৰিনিকি ৰিনিকি,
কিবা এটা ভাৱি ভাৱি বাটৰুৱা জনে
জঁট লগা ঢৌ খেলা চুলিবোৰত আঙুলী বুলাই
আগুৱাই গ'ল মোৰ পৰা ধিৰে ধিৰে
আৰু ফুটপাথত এৰি থৈ গ'ল
ময়ূৰ পাখি
আৰু দেৱালত লিখি থৈ গ'ল
"যদা যদা হি ধর্মস্য গ্লানির্ভবতি ভাৰত।
অভ্যুত্থানম অধর্মস্য তদাত্মানং সৃজাম্যহম্॥
পৰিত্রাণায় হি সাধুনাং বিনাশয় চ দুষ্কৃতাম।
ধর্মসংস্থাপনার্থায় সম্ভবামি যুগে যুগে।"
—————————————
চকীদাৰ
আব্দুৰ ৰহমান প্ৰামাণিক
চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী মই
দায়িত্ব গধুৰ
দৰমহা তাকৰ
নাই আজৰি ক্ষন্তেক সময়
আদেশ নিষেধ কাক বাৰু কয়?
পিন্ধনত যদিও সামান্য কামিজ
কৰ্মত নিদিও ফাঁকি
ওপৰৰ নিৰ্দেশত অহা যোৱা
চিৰিৰে উঠা নমা হয়
ইয়াকে চকীদাৰ কয়!
হাজাৰ সপোন কবৰ দিও
খাওঁ দাইল ভাত
আমাৰ অচল জীৱন ঘাট
সামান্য বস্তুত তৃপ্ত থাকো
এনেকৈয়ে জীৱনৰ স্বৰূপ আঁকো!
—————————————
তুমি মোক নুসুধিবা
অঞ্জনা ৰূপা দাস
নুসুধিবা তুমি মোক
সুখৰ ৰাজ্যখনত
মোৰ সুখৰ পৰিমাণ কিমান
আৰু নুসুধিবা অনুভৱেৰে সজোৱা
সুগভীৰ বেদনা সিক্ত
নীৰৱ নিশাবোৰৰ কথা!
মোৰ গোপন হিয়াৰ
দুখৰ বোজাৰৰ ভৰ কিমান
তাকো তুমি নুসুধিবা।
নুসুধিবা তুমি নীলিম চন্দ্রমাৰ
জোনাক প্ৰেয়সীৰ চিৰ শ্বাশত
জোন-তৰাৰ প্ৰণয়ৰ
অভিমান ভৰা কথা।
ইয়াকো তুমি মোক নুসুধিবা-
নিসংগতা মোৰ ইমান প্ৰিয় কিয়?
মোৰ জেতুকা বুলীয়া দুহাতৰ
আঙুলিৰ ফাঁকে
মধুময় সময় বোৰ কিয়
নিস্তব্ধতাৰে সৰে!
মোৰ হেঙুল হাইথালে বুলোৱা
ৰাঙলী দুটি ওঁঠৰ ব্যঞ্জনাত
ভাষাবোৰ আজি মৌন কিয়?
নকৰিবা বৃথা চেষ্টা,
সুদুত্তৰ লভাৰ যান্ত্ৰবিক প্ৰচেষ্টা।
সুধিব বিচাৰিছা যদি সুধিবা-
মোৰ গোপন হৃদয়ৰ
প্ৰেম ভালপোৱাৰ
আছুতীয়া সিংহাসনৰ
নিভৃত কোণত বহি ৰোৱা
আসন অধীশ্বৰৰ কথা,
তাকো ,তাকো সুধিবা
আবেলি বেলিৰ
সাতোৰঙী ৰামধেনুৰ
হেঙুলী ৰহণত,
যেতিয়া সন্ধ্যা নামিব ধৰাত।
তেতিয়া সুধিবা ,
সুধিবা তাকো
একেবাৰে শেষত।
—————————————
আইলৈ অনুৰোধ
নীলাঞ্জনা শৰ্মা বৰুৱা
আই অ' মোক
তোৰ গৰ্ভতে নিৰাপদে
লুকাই থাকিবলৈ দে।
মোক নৰক খনলৈ
ঠেলি নপঠিয়াবি আই।
আমি যে নাৰী
হৰিণাৰ দৰে আমাৰ
মঙহেই বৈৰী।
সেয়ে যুগে যুগে
আমি কিছুমান নৰপিশাচৰ
কামনাৰ বলি।
ভোকাতুৰ
ৰাং কুকুৰবোৰৰ
ভোকৰ আহাৰ হ'বলৈ
মোক ডাঙৰ হ'বলৈ
নিদিবি আই।
প্ৰিয়ংকা ,বৰ্ণালী,
অনামিকা
বা ডামিনী
হ'বলৈ মোৰ
অকণো মন নাই।
নৰপিশাচ কেইটাৰ
কামনাৰ জুইকুৰাৰ পৰা
বাচিবলৈ মোৰ দুবাহুত
ইমান শক্তি নাই আই।
সেয়ে তই পুৰুষৰ মাতৃ হ
কাপুৰুষ নহয়।
পাপীস্থ নৰপিশাচ বোৰক
তই গৰ্ভতে নিপাত কৰ।
নহ'লে ফুলৰ দৰে কোমল
তোৰ ছোৱালীবোৰ
যুগে যুগে কামনাৰ বলি হ'ব
হাজাৰজনী প্ৰিয়ংকাৰ
আত্মাই উচুপি উচুপি কান্দিব।
আৰু তই গোটেই জীৱনটো
এনে পাপীস্থক ভূমিস্থ
কৰাৰ অপৰাধত নিজৰ
গৰ্ভক গালি দিব লাগিব।
(প্ৰিয়ংকা ৰেড্ডীৰ স্মৃতিত)
—————————————
বোকাত জন্মা গাঁওখনলৈ নামি আহিছে
এচাটি পোহৰ
ৰশ্মি ৰেখা দুৱৰা
চকুৰ পচাৰতে ঘৰখন জীৰ্ণ-শীৰ্ণ-দীৰ্ণ
প্ৰতিবেশী হৈছে হতভম্ব
ল'ৰাৰ পঢ়িবলৈ প্ৰবল ইচ্ছা
টকাৰ সোঁত বোৱাবলৈ
নাওখন টুলুং-ভুটুং
ল'ৰাই পাইছে ডিষ্টিংশ্যন
বোকাত জন্মা গাঁওখনলৈ আনিছে সুখৰ বতৰা
জিলিকিছে উজ্জ্বল নক্ষত্ৰৰ দৰে।
মাতৃয়ে ধাৰ-ঋণ কৰি
উচ্চতৰ মাধ্যমিকত পঢ়োৱাৰ প্ৰস্তুতি
পিতৃৰ কোনো কাণসাৰে নাই,
নিচাসক্ত হৈ বৰ বৰ কথাৰে
আনক জ্ঞান দিবলৈ যায়
পুত্ৰক পঢ়োৱাবলৈ যে কিমান খৰচ লাগে
মূল্যৱান কথাবোৰৰ কোনো খবৰেই নাই।
প্ৰতি ক্ষণে ক্ষণে পত্নী-পুত্ৰক কৰে হাৰাশাস্তি
মাৰপিট কৰি ঘৰখনক কৰে অশান্তি
পুত্ৰক লৈ দেখিছে মাতৃয়ে অলেখ সপোন
শিলৰ দৰে মন বান্ধি
পুত্ৰক গঢ়ি তোলাৰ মানসত
নিজকে কৰ্মত উছৰ্গা।
ভীৰু মাতৃয়ে ক'লে হয় ইমানতে অন্ত অধ্যায়
এই মাতৃ শক্তিশালী,নিৰ্ভীক
সেয়ে নিচাসক্ত স্বামীক আওকাণ কৰি
গঢ়িব খুজিছে পুত্ৰক।
উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠি
বোকাত জন্মা গাঁওখনলৈ
আনিব এচাতি পোহৰ
তেতিয়াই বিচাৰি পাব হেঁপাহৰ এমুঠি সুখ।
—————————————
যাৰ নাম ভালপোৱা
ৰুমী কলিতা দত্ত
হাজাৰ দুখ-বেদনাৰ মাজতো
এটা শব্দই কুৰুকি থাকে
বিচাৰে হৃদয়ৰ চুকে কোনে ভালপোৱা !
চিঞৰি চিঞৰি ক'ব খোজে
নদীৰ গৰাত প্ৰতিধ্বনিত হয়
সেই একেটাই শব্দ-
মই ভাল পাওঁ তোমাক !
ভাল পোৱা, ভাল পোৱা—
হৃদয়খনে হৃদয় এখন বিচাৰি
চলাথ কৰে ইজন সিজনকৈ
হাহাকাৰ কৰি উঠে বিফল হৈ
যন্ত্ৰণাবোৰক
হেঁচুকি হেঁচুকি নিমাত কৰি থয় !
সংসাৰ এখন অপূৰ্ব মেলা,
সকলো থাকিলেও নাথাকে দেখোন সঁচা ভালপোৱা।
চাগৈ প্ৰেম এনেকুৱাই -
হৃদয় কুৰুকি কুৰুকি খায় ।
সময়ে কৰে অৱহেলা
সুখ-দুখৰ এই অচিনাকি বেহা
কাৰ হিয়াত ফুলিছে শতদল
ভালপোৱাৰে সাজিব পাৰে কোনেনো বাৰু তাজমহল ?
কোনোবাই কয় প্ৰেম মানেই প্ৰতাৰণা,প্ৰৱঞ্চনা।
জানো ই নহয় সহজ সাধনা,
যাৰ হৃদয়ত অনাবিল প্ৰেমে
ধুমুহা বোৱায়,
উত্তাল ঢৌ তোলে,
সেই হৃদয়তহে আছে
সঁচা ভালপোৱা ।
সাজিবলৈ চেষ্টা কৰিলে
হৃদয়তে প্ৰেমৰ তাজমহল
কোনে কি কৰিব পাৰে
বিচাৰিলে পাব যে বহু সমল ।
—————————————
নোকোৱাই ভাল
প্ৰবীন চন্দ্ৰ তালুকদাৰ
তৰোৱালতকৈ বোলে কলম শক্তিশালী
জনাত তো জানে প্ৰতিজনেই!
কিন্তু মনত যে আজি মোৰ জাগে প্ৰশ্ন
যদি মই সোধো,জ্ঞান থাকে ক’ত,আহে ক’ৰ পৰা?
উত্তৰ আহিব,কিতাপত থাকে,মাত্ৰ কিতাপত!
নাথাকে মগজুত,থকা বস্তুওঁ নহয় তাত!
মন যায় ক’বলৈ বহুতো কথাকে!
হাঁহিব যে লোকে কথাবোৰ কলে!
এইবোৰ নো লিখা কথানে,কোৱা কথানে?
গাখীৰত পানী,চাউলত শিল,ঘিউত ডালদা,
মৌত চেনী মিলায়ে দেখোন, নতুনত্বনো কি?
চিৰসত্য কথা যে ইবোৰ, এইবোৰকো কয় নে?
আনৰ শিশুক ধৰি আানি ভিক্ষা কৰায়
কিডনী,চকু,লিভাৰ কাঢ়ি বেপাৰ কৰে
যুৱতী-ছোৱালী ধৰি নি চালান দিয়ে
ড্ৰাগছৰ বেপাৰী,চিলনীচোৰ আৰু হিজৰাগিৰী,
এইবোৰ দেখো নিত্য-নৈমিত্যিক ঘটনা!
ইয়াকোনো লিখেনে?
ঘৰ এৰিব নোৱাৰি এঘন্টাৰো বাবে
লুটি-পুতি লৈ যায় পোহনীয়া চোৰে!
এইবোৰচোন ঘটিয়েই থাকে,গুৰুত্ব কোনে দিয়ে?
এইবোৰ কথা মামুলী,লাগি থাকে কোনে
লোকৰ কথা ভাবি এনেকৈ মুৰ ঘামোৱাৰ
কাৰণ দেখো একোয়েই নেথাকে!
কবলৈ মন যায় বহুতো কথা,লগতে লিখিবলৈও
আদৰিবলৈ সদায় সজ গুণবোৰ,কবলৈ আনকো
ভয়ো লাগে অনাহকত জোকাবলৈও কাৰোবাক,
ধমক খাওঁ যদি কাৰোবাৰ এইদৰে,
"ভালদৰে থাকিবি, নকৰিবি বেছি বেছি’’,
বুজি পাইছানে?
—————————————
অব্যক্ত বেদনা
নিপু কুমাৰ দাস
কিযে সেই ভয়াৱহতাৰ এক অভিশপ্ত দিন
তুমি অহা বাটে উভতি যোৱাৰ
শব্দৰে ভাষাৰে যেন বুজাব নোৱাৰা
বিষণ্ণময় হৃদয়ত গুজি গ'লা
এক ক'ব নোৱাৰা অব্যক্ত বেদনা
তোমাক ভাল পাওঁ বাবেই হয়তো
দিন-ৰাতি একাকাৰ কৰি
তোমাৰ সুখৰ নিমিত্তে বিচাৰি জীৱন সংগী
মই ক'ব নোৱাৰাকৈ হ'লোঁ
এদিন সমাজৰ চকুত বদনামী
নুসুধিবা মই কেনে আছোঁ
তোমাৰ ভবিষ্যতৰ সুৰক্ষা বিচাৰি
মোৰ ভবিষ্যতক অন্ধকাৰ গঁৰালত থেলি
এদিন মূৰ তুলি কথা ক'বাৰ
অধিকাৰ হেৰৰাই ঠিকনা বিহীন হৈ পৰিছিলোঁ
আজি হয়তো সমাজে বুজিব
এইয়া প্ৰেম বুলি ভবা অভিশপ্ত দিনৰ কথা
আবেগ আৰু অভিমানেই
নলগা জেঙত লগাই জেং কৰিছিল বদনামী
আহ!এতিয়া মুক্ত সকলো ষড়যন্ত্ৰ
আৰু কিমান দিন কটাম দুখৰ দিন
সুখ বুলিতো আছে সুখৰ দিন
আঁতৰিল দশোদিশ যেন উজ্জ্বলাই
অভিশপ্ত কালিকা লগা ৰাতিৰ অন্ধকাৰ
নাই আজি আৰু মোৰ জীৱনত
শান্তিৰ সুবাসিত জুৰ মলয়া বা বলিছে
আৰু কিমান নলগা জেং লগাব আত্মীয় কুটুমে
সমাজেই ভুল বুজিলেও বুজক
মই গৰ্বৰেই মুৰ তুলি ক'ব পাৰিম বুকু ফিন্দাই কথা
মোৰ ভুল কত,কত কত মোৰ ভুল
আবেগ আৰু খঙে লগাইছিল আউল
আত্মীয়তাৰ মাজত বহুৱাইছিল এখন বাধাৰ প্ৰাচীৰ
যি প্ৰেম ভালপোৱা নাছিলেই কোনো দিনেই মোৰ
কালিকা লগা ৰাতিৰ এন্ধাৰেই সজাইছিল
মোক প্ৰেমিক প্ৰেম কুমাৰ ৰূপত
কোন কিমান ষড়যন্ত্ৰৰ বলি বুজাই বুজিব
নুবুজাই চাগে কি ক'ব কোৱা
এতিয়া মোৰ জীৱন আকাশত ফৰকাল
আঁউসী অমানিশা আঁতৰি পূৰ্ণিমাৰ জোনাক ।
—————————————
উত্তৰ বিচাৰি
সবিতা বেগম
ক্ৰমাৎ ক্লান্ত আৰু ক্লান্ত
দুৰ্ভাগ্যৰ আলিংগনত
হতাশাৰ মৌন তাগিদাত
শুকাই গ'ল জেতুকাৰ ৰং।
ক্ষণ বোৰ অদ্ভূত, ভয়ানক
শুনো কৰুন পদধ্বনি
হাহাকাৰ শ্মশানৰ দৰে।
ক্ৰমশঃ জটিল...
সুত্ৰবোৰ বুজিবলৈ ব্যৰ্থ
অংক কৰিম কেনেকৈ !
ব'হাগ নহায় হ'ল
নঙঠা ফাগুনেই ফাগুন।
দোষ দিয়া নাই কাকো
কৰ্ময় ভ্ৰান্তি...।
ভাগৰুৱা সুৰুজটোৰ দৰে
মোৰ অনুভৱ !
অনাথ প্ৰতিটো ছন্দ।
কিমান আৰু লিখিম কবিতা ?
নতুন নতুন শব্দৰ সান্নিধ্য বিচাৰি ?
চিয়াঁহী যে আৰু নাই
উকা পৃষ্ঠা কুলষিত কৰিবলৈ।
এতিয়া আৰু...
শেঁতা ওঁঠে ঢাকিব নোৱাৰে
অশ্ৰুস্নিগ্ধ নিৰৱ বুকুৰ প্ৰলয়
অহৰহ বজ্ৰপাত
হেজাৰ মূখ কীৰ্তন ধ্বনি...
সাক্ষী মাথোঁ স্পন্দন।
লক্ষ প্ৰশ্নৰ ভৰিৰ গচকিত
কালিমা লিপ্ত ফটা বস্ত্ৰ
লজ্জা ঢাকিবলৈ
দুৰ্গম পথ শিল পাথৰ নেউচি
চুব পৰা নাই নীলিমা !
ক্ৰমাৎ ক্লান্ত আৰু ক্ৰান্ত
উত্তৰ বিচাৰি ...।
—————————————
এখন ট্ৰেজেডি নাটকৰ যবনিকা পৰিল
নাছিৰ আহমেদ
এখন ট্ৰেজেডি নাটকৰ যবনিকা পৰিল
অলপ পিছতে মৃত নাৰীজনীৰ পোষ্টমৰ্টেম ৰিপোৰ্ট ওলাব
মেজৰ এচুকত পৰি থকা
তাইৰ ডায়েৰীৰ পৃষ্ঠা লুটিয়াই চালোঁ
"মোৰ নাম স্বপ্নালী বৰুৱা
দুখ,যন্ত্ৰণা আৰু দাৰিদ্ৰক্লীষ্ট বিধৱাৰ একমাত্ৰ জীয়ৰী।
এদিন সপোন কুমাৰৰ দুচকুত
সপোন ফুলাৰ মন্ত্ৰত মুগ্ধ হৈ কংক্ৰীটৰ নগৰত আহিছিলোঁ ;
এৰি থৈ চিৰ দুখিনী মাকৰ স্নেহভৰা মুখ,
চিৰ শান্তি,চিৰ সেউজ সেউজ মৰমৰ গাঁওখন !"
আকৌ ডায়েৰীৰ পৃষ্ঠা লুটিয়াই চালোঁ।
প্ৰতি মুহূৰ্ত্তে অনুভৱ হ'ল---
কঁপা কঁপা হাতে লিখা স্বপ্নালীৰ ডায়েৰীৰ পৃষ্ঠাত
দুচকুৱেদি বৈ আছে শাওনৰ বাৰিষাৰ ধল!
" মই আৱদ্ধ হৈ পৰিলোঁ এক নৰক- সদৃশ অন্ধকাৰ কাৰাগাৰত ; য'ত কেঁচা মঙহৰ বেহা-বেপাৰ চলে।
সপোন কুমাৰৰ ভেল্কিবাজীত ভোল গৈ
চকুৰ পচাৰতে নিঃশেষ হ'ল মোৰ জীৱনৰ ৰূপ ৰং
এতিয়া মই বজাৰত নীলাম যোৱা
এক মূল্যহীন, পঁচা, দূৰ্গন্ধময় বস্তু সামগ্ৰী ! "
চিৰ নিদ্ৰাত শায়িতা স্বপ্নালীৰ মুখত ফুটি উঠিছে
সমাজৰ প্ৰতি এক তীব্ৰ ঘৃণা আৰু থুঃকাৰ !
আকৌ ডায়েৰীৰ পৃষ্ঠা লুটিয়াই চালোঁ--
'মই কান্দি কাটি বাউল হৈ ভণ্ড স্বামীক অনুৰোধ কৰিলোঁ -- মোৰ কেঁচা মঙহ বিক্ৰী নকৰিবা '
শহুৰ দেৱতা, দেৱৰেক সকলোকে কলোঁ ;
কিন্তু পাষাণ হতঁৰ হৃদয় নগলিল ।
এতিয়া মোৰ ওপৰত চলিছে চৰম নিৰ্যাতন ;
মোৰ শৰীৰৰ কেঁচা তেজেৰে তিঁতি গ'ল ঘৰৰ মজিয়া ।
এতিয়া মোৰ মৃত্যু কাম্য ! এই জঘন্য পৃথিৱীত মই জীয়াই থাকিব নিবিচাৰোঁ! "
এখন ট্ৰেজেডি নাটকৰ যবনিকা পৰিল ।
অলপ পিছতে মৃত নাৰীজনীৰ পোষ্টমৰ্টেম ৰিপোৰ্ট ওলাব
কিন্তু এটা কথা ৰহস্য হৈয়ে থাকিল
সচাঁকৈয়ে তাই জানো আত্মহত্যা কৰিছিল
নে তাইক চৰম শাস্তি দি দি হত্যা কৰা হ'ল ?
—————————————
আৰ্তনাদ
মৃণালী শইকীয়া বৰুৱা
টোপনিতো মই উচুপি উঠো
যেতিয়া দেখোঁ,
শুনোঁ
বাটেপথে উভালি পৰা
ব্যৰ্থ কলিজাৰ আকস্মিক ব্যথা
আকাশখন ভাঙি মূৰত পৰিল
নিথৰ চকুযোৰ চাই চাই
কোনোবাই বিনাইছে
এই বিননি
হিয়া ভঙা দুখৰ ৷
—————————————
তোমাক ভালপোৱাৰ অপৰাধত মই অপৰাধী
সুশান্ত বৰুৱা
তোমাক হোৱাটছএপত অনলাইন দেখা পালে
মেচেজ কৰাতো যদি মোৰ অপৰাধ
তুমি শাস্তি ঘোষণা কৰিব পাৰা
মেচেঞ্জাৰত অনলাইন দেখিলে মেচেজ কৰাতো যদি অপৰাধ
দণ্ড বিহিব পাৰা
তোমাক ভালপোৱাটো যদি মোৰ অপৰাধ
বিচাৰ কক্ষৰ কাঠগড়াত থিয় কৰাই
শাস্তিৰ ৰায় শুণাব পাৰা
মাথো কোৱা ৰাজকুমাৰী
মই কি অপৰাধত অপৰাধী ?
মই উকীল নধৰোঁ
আত্মপক্ষ সমৰ্থনত যুক্তি নিদিওঁ
কাৰাগাৰৰ দেৱাল বগাই পলাইও নাযাওঁ
মই কয়দীৰ সাজ পিন্ধি
তোমাৰ হৃদয় কুঠৰীত সশ্ৰম কাৰাদণ্ডৰে
বন্দীত্বৰ জীৱন জীয়াব খোজো
সেইটোও মোৰ অপৰাধ নেকি ??
হ'ব পাৰো কয়দী , চৰ্ত মোৰো থাকিব
পুৱা দিব লাগিব এপিয়লা প্ৰেম
কাঁচিয়লি ৰ'দত বহি শুণাব লাগিব প্ৰেমৰ কবিতা
ৰাতি নমাই আনিব লাগিব একুকি তৰা
তোমাৰে মোৰে অলেখ সাধুকথা
কেতিয়াবা জেইলখানাও মন্দিৰ যেন লাগে ৰাজকুমাৰী
যদি জেইলাৰ জনে পূজাৰী হয়
তুমি শাস্তি ঘোষণা কৰা
মই আত্মপক্ষ সমৰ্থন কৰি যুক্তি নিদিওঁ
তলা খোলা আছেতো ?
—————————————
মোৰ এটি আশা
প্ৰাণ প্ৰতিমা বড়া
জলঙনিৰ বুকুৰে সোমাই অহা
মোৰ এটি আশা
উৎসাহৰ জন্ম হেনো
হেপাঁহৰ বুকুত
হেপাঁহৰ জন্ম হেনো
আশাৰ বুকুত
উৎসাহ আৰু হেপাঁহৰ মধুৰ আলিংগনৰ
ফল এটি আশা
জীৱনত জীয়াই থকাৰ হেপাঁহ
জীৱনত প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ
মাজতো দেখোঁ এটি আশা
আশা আছে বাবেই
জীৱন সুন্দৰ
যদি শেষ হয় আশাবোৰ
যদি নাইকিয়া হয় হেপাঁহবোৰ
তেতিয়াই শেষ হব উৎসাহৰ
জীৱনৰ বাটত উৎসাহক জীয়াই ৰাখিবলৈ
আছে মোৰ এটি আশা।
—————————————
কৰ্ণ
পবিত্ৰ বৰগোহাঁই
কৰ্ণ পাৰিবনে কোনোবাই নিজৰ পৰিচয় জনাৰ পিছতো
বন্ধুত্বৰ পৰিচয় অক্ষুণ্ণ ৰাখিব
তুমি নাজানিছিলা বিশ্বাসঘাতকতাৰ সংজ্ঞা
সেইবাবে যুদ্ধত পৰাজয় বুলি জানিও
সংগ দিছিলা দুৰ্যোধনৰ
থিয় দিছিলা ভগৱানৰ বিপক্ষে
তুমিয়ে আছিলা সমাজত জাৰজ সন্তান
তথাপিও মাতৃ স্নেহৰ মূল্য কি দৰে
উপলব্ধি কৰিছিলা কুন্তীৰ আহ্বানত
যুদ্ধত অৰ্জুনৰ বাদে আন পাণ্ডৱক বধ নকৰো বুলি ,
তোমাক সুতপুত্ৰ বুলি সমাজে জানিছিল
অথচ তুমি আছিলা পাণ্ডৱৰ জ্যেষ্ঠ পুত্ৰ
এই কথা জনাৰ পিছত তুমি
যুধিষ্ঠিৰৰ পৰিৱৰ্তে তুমিয়ে ৰজা হ'ব পাৰিলাহেতেঁন
কিন্তু বন্ধুৰ কথা চিন্তা কৰি মৃত্যুক সাৱটি ল’লা
তোমাৰ ত্যাগৰ তুলনা নাই ।
সচাকৈয়ে
কৰ্ণৰ দৰে হোৱা হ'লে সকলো...।
—————————————
সপোন
শিখামণি গগৈ চাংমাই
আজি তুমি আছা বাবে
ডাৱৰৰ ওৰণি গুচাই ৰ'দালিয়ে হাঁহে ।
তুমি আছা বাবেই
ডাৱৰৰ স'তে নিবিড়ভাৱে কথা পাতে ।
তুমি নথকা হ'লে কথাটো বেলেগ আছিল!
তুমি আছা বাবেই
হালধীয়া জোনটোৱে
মেঘৰ মোহনাত
ৰ' লাগি লাগি চাই
ৰিঙিয়াই মাতে তৰাৰ দেশলৈ !
তুমি নথকা হ'লে হয়তু কথাটো
বেলেগ আছিল !
তুমি আছা বাবেই
মনটোৱে ডেউকা মেলি উৰে ।
তুমি আজি লগত আছা বাবেই
মনত এহেজাৰ আশাই পোখা মেলে ।
তুমি নথকা হ'লে মনৰ মাজত
তেতিয়া কথাটো বেলেগ আছিল !
কিন্তু !
তোমাক এবাৰ চুই চাব পৰা হ'লে !
চালোঁহেতেন মনৰ হেপাঁহেৰে !
কলোঁহেতেন তোমাক বহু কথা এবাৰলে !
তুমি আহা জোন গলা পুৱতি নিশাৰ
এটি ছায়া হৈ...
চুবও নোৱাৰি
চাবও নোৱাৰি
মনৰ হেপাঁহেৰে ।
—————————————
সীমান্তৰ ৰঙা চিঠি
ডাঃ বন্দনা তামূলী
এই বেলিও আহিব নোৱাৰো আই
মই যে সৈনিক
পাহৰি নাযাবি আই
মই যে উৰি ফুৰা
ভাৰত মাতৃৰ সুউচ্চ পাহাৰ বোৰত
পৃথিৱী স্পন্দিত হয় য’ত
কেঁচা তেজৰ ফাকুৱে
পলাশৰ ডাল ৰঙা কৰে য’ত
জুই হৈ উৰি ফুৰো
সেই বোৰ সীমান্তত
পঠিয়াব খোজ যদি মোলৈ বিহুৱান
ঠিকনা বিচাৰি লবি
সেউজীয়াৰ আঁৰে আঁৰে
গেৰিলাৰ সতে
নতুবা লাডাখৰ পাহাৰ শিখৰত
নাপাওঁ যেন বোমাৰুৰ হিংস্ৰতা
অহৰহ সংগ্ৰাম মোৰ
পিশাচৰ স’তে
তই কল্পনা কৰিব নোৱাৰ আই
পিছে তই নাথাকিবি চকুলো নিগৰাই ৷
—————————————
মহাপ্ৰলয়ৰ ভয়
মুহাম্মাদ আফজাল
সৰুৰে পৰা মোৰ মনত
এটা ডাঙৰ ভয়,
নাজানো কেতিয়া
মহাপ্ৰলয় হয়!
পঢ়িছোঁ, শুনিছোঁ ---
মানৱ-দানৱে যেতিয়া
পাপ-পংকিলতাৰ চৰম সীমা
চেৰাই যাব,
মহামহিম আল্লাহৰ নাম
মনত পেলাবলৈ
ধৰাধামত যেতিয়া
কোনো বাকী নৰ'ব,
ঠিক তেতিয়াই তেওঁৰ
নিজৰে সৃষ্টি ধ্বংসৰ
হুকুম কাৰ্যকৰী হ'ব।
আস্! সিদিনা জানো
কাৰ কি দশা হ'ব,
ফিৰিস্তাই যেতিয়া
ভীষণ অসহ্যকৰ শব্দে
শিঙাত ফু দিব?
সৰ্বনাশ! সৰ্বনাশ!
এক আল্লাহ বিনে তেতিয়া
নাথাকে আৰু কাৰো ৰাজত্ব,
ভাঙি-ছিটিকি সকলো
হৈ পৰিব নিতাল-নিস্তব্ধ।
শেষত আটাইৰে পুনৰুত্থান,
মহাবিচাৰ দিৱসৰ আয়োজন,
যেনে কৰ্ম, তেনে ফল ---
কোনোবা যাব সৰগলৈ,
আন কোনোবা নৰকলৈ।
—————————————
সময়
কুসুম শইকীয়া
তোমাৰ কাৰনেই
দুচকুত কঢ়িয়াই লৈ ফুৰো
নীলিম সপোন
এদিন সেউজীয়া হ'ব সকলোবোৰ
কথাবোৰ,
মনবোৰ
কামবোৰ।
কাণৰ কাষেৰে বৈ যোৱা
বতাহে
বুকুৰ ভিতৰত তুলিব সুৰ
অনিন্দসুন্দৰ হৈ পৰিব
কদৰ্য এই পথবোৰ
নিখুত হ'ব বোকাত পোত যোৱা
আমাৰ কোঙা ভৰিবোৰ
পোন হ'ব থৰক বৰক আমাৰ খোজবোৰ
তোমাৰ বাবেই
'হাতত সাৰে ভৰিত সাৰে'
গৈ আছো
একে দিশেই
বুকুত হাত থৈ
সন্তৰ্পনে ।
—————————————
এগছি মুক্তিৰ বন্তি
চিমৰাজ হুছেইন
পৰাধীনতাৰ শিকলি চিঙি
আইৰ চৰণ চুই
শত পুৰুষ-নাৰীয়ে
জ্বলাই এগছি মুক্তিৰ বন্তি ।
ইতিহাতে ৰিঙিয়াই
ফাঁচীকাঠে দিয়ে সাক্ষী
কাৰাগাৰে কয় বুকু ফিন্দাই
তুমিয়েই মোৰ স্বদেশ বীৰ ।
তেজফুলে প্ৰাণ ধালে
স্বদেশৰ পূজাৰ বেদীত
কোনো স্বাধীন চিতীয়া ডেকাৰ
বিপ্লৱী কণ্ঠেৰে নিগৰি আহে
এটি মুক্তিৰ গীত ।
মুক্তিৰ ধ্বজা উৰে
দুখীয়াৰ ঘৰে ঘৰে
শত কৃষকৰ উৰুখা পজাঁত জ্বলে
এগছি আশাৰ চাকি,
দশোদিশে বাজে মুক্তিৰ গীত বিৰামহীন
আবাল বৃদ্ধ-বনিতাই চিঞৰি কয়
"আমি আজি স্বাধীন"।
—————————————
আহ অ' নতুন সময় আহ
শুৱলা দাস
আহ অ' নতুন সময় আহ !
সুদিনৰ নতুন ৰং আনি
বিলাহি মৰতত।
নেলাগে আৰু
দূ:সময়ৰ প্ৰহেলিকা ;
নিপাত যাওক
প্ৰৱঞ্চনা।
নোহোৱা কৰ
মনৰ যতেক কালিমা ।
মনবোৰ পখাল্
বিশ্বাসবোৰ অটল কৰ
ঘৰবোৰ কৰ দৃঢ়!
যুদ্ধবোৰক কৰ শান্ত।
সমাজখনক কৰ সুস্থিৰ।
অহেতুক ,অলিক,ঢৌবোৰ
মাৰ যোৱা;
জীৱন বোৰক দে সজ আৰু সৰল গতি।
ধ্বংস কৰি পেলা অভিলাষী বাসনা !
মনবোৰক শিকা,
পোৱা খিনিয়ে যে
কিমান সন্তুস্তি আৰু মিঠা ।
ভঙাবোৰ জোৰা লগা
গঢ়ি দেহি নতুন প্ৰতিমা।
আহ অ' সময় আহ
নতুনত্বৰ নসাজেৰে পৃথিৱীক কৰি তোল পুনৰ সজীৱ আৰু
সেউজীয়া।
—————————————
আকাশ চুই চোৱাৰ হেঁপাহ
সমুণ্ডৰ কাশ্যপ
অভাৱী আয়ে দিয়া আধেলীটোৰে
আধা সেৰ চাউল
আধা পেটে
আধা ডৰ্জন বাই-ভনী
ক'ব নোৱাৰাকৈ মেল খাই হাত কেইখন
আকাশ চুই চোৱাৰ হেঁপাহত।
—————————————
প্ৰকৃতি
গকুল চৌধুৰী
প্ৰকৃতিয়ে দিছে অন্ন,বস্ত্ৰ ,বাসস্থান
প্ৰকৃতিয়ে জীৱন দিছে
আৰু দিছে উশাহ ল’ব পৰাকৈ
মহামূল্যবান অক্সিজেন ৷
প্ৰকৃতি মানুহ , জীৱ - জন্তুৰ
জীৱনী শক্তি ৷
প্ৰকৃতিৰ গৰ্ভতে সকোলোৰে
সৃষ্টি ৷
প্ৰকৃতি পৃথিৱীৰ চালিকা
শক্তি ।
প্ৰকৃতি আছে বাবেই পৃথিৱীখন
অনিন্দ্য সুন্দৰ ৷
প্ৰকৃতি আছে বাবেই পৃথিৱীখন
ইমান ধুনীয়া ৷
গ্ৰীষ্ম য’ত তপত হয় প্ৰকৃতি
বৰ্ষা য’ত জীপাল হয় প্ৰকৃতি
শৰৎ য’ত শুকান হয় প্ৰকৃতি
হেমন্ত য’ত মোহনীয় হয় প্ৰকৃতি
শীত য’ত উবসন্ত য’ত ৰূপহী হয় প্ৰকৃতি।
এই ৰ’দ এই বৰষুণ এই বতাহ
নৈ , বিল , জান , জুৰি , পাহাৰ
পৰ্বত,গছ গছনি,সাগৰ মহাসাগৰ
সকলোবোৰ ভাল লাগে সকলোকে
জোনাকৰ পোহৰেৰে গা ধুবৰ মন
যায় প্ৰতি জোনাক নিশা
কেতিয়াবা কেতিয়াবা পৰ্বতৰ
চুড়াত বহি পৃথিৱী চোৱাৰ হেঁপাহ
জাগে
পুৱাৰ সূৰ্য্যদোয় আৰু গধূলিৰ
সূৰ্যাস্তৰ সময় কাৰনো ভাল নালাগে
আৰু সেই গছৰ সেউজীয়াবোৰ
বৰ ভাল লাগে নহয়নে বাৰু ৷
প্ৰকৃতিৰো খং উঠে
তীব্ৰ প্ৰতিবাদ কৰে
তেতিয়া ধুমুহা আহে বানপানী
আহে ভূমিকম্প আহে
আগ্নেয়গিৰি উদগীৰণ ঘটে
ভূমিস্খলন হয় ডাৱৰ বিস্ফোৰণ
হয় ৷
প্ৰকৃতিয়ো আনন্দিত হয়
মন - প্ৰাণ খুলি হাঁহে
যেতিয়া তেওঁৰ সন্তানে
এজোপা গছ ৰোপণ কৰে
যেতিয়া তেওঁৰ সন্তানে সেই
গছজোপাক প্ৰতিপালন কৰে।
প্ৰকৃতিয়ো কান্দে
দুখ প্ৰকাশ কৰে
যেতিয়া তেওঁৰ সন্তানে
নকৰিবলগীয়া কাম কৰে
যেতিয়া তেওঁৰ সন্তানে
তেওঁৰ প্ৰতি অন্যায় কৰে ৷
সন্তানৰ কুকৰ্মত মাতৃয়ে
খং কৰিবই দুখ কৰিবই
খং আৰু দুখৰ মাজতে
সেইগৰাকী মাতৃয়ে আকৌ
সন্তানৰ সুকৰ্মত সুখী হ’বই
আনন্দিত হ’বই
কাৰণ
কাৰণ প্ৰকৃতি আমাৰ মা
আমি প্ৰকৃতিৰ সন্তান ৷
—————————————
বতৰীয়া আশা
পুষ্পাঞ্জলি গোস্বামী
শাওণৰ পথাৰত এতিয়া
ৰোৱনীৰ ব্যস্ততা
কৃষকৰ কপালৰ ঘাম
প্ৰতিটো গোছত সপোনৰ খোঁচ
এদিন আঘোণ আহিব
পথাৰখন সোণোৱালী হ'ব
লঘোণীয়া পেটত লাগি থকা
পানী গামোচাৰ গাঠিটো সুলকিব
ভোগালীয়ে পোণাকণক নিচুকাব
স্বপ্নবিভোৰ কৃষকৰ চকুত
আগত দিনৰ সপোন
তাৰ বাবেই হাড়ভঙা শ্ৰম
ভদীয়া বান নাহক পথাৰলৈ
সপোনবোৰ দিঠক হওক...
—————————————
অকথ্য
ৰিংকুমণি বড়া
স্বাধীন দেশৰ পৰাধীন কথা
মুখ মেলিলেই লাগে লেঠা
চালত তিৰংগা, পথত তিৰংগা
নলাত তিৰংগা নৰ্দমাত তিৰংগা
জাবৰৰ দমত তিৰংগা
হৰ্ ঘৰ তিৰংগা... !
পঞ্চাশ টকা, এশ টকা, দুশ টকা, হাজাৰ টকা
কিমান দামত ল'বা লোৱা...
এদিন আবেগত জোকাৰি
পথৰ কাষত দলিয়াই দিয়া
জাতীয় স্বাভিমান ভৰিৰে মোহাৰি
জাতীয় সম্পদ বণিয়াক বেচি
বহিৰাগতক কোলাত বহুৱাই
আজি বিকাশ আৰু প্ৰগতিৰ দিশে
অসম আৰু অসমীয়া...
ৰজাৰ সপোনৰ ভৰত
ৰাইজৰ পিঠি কোঙা
তথাপি নাই দুখ
আমি অসমীয়া...!
—————————————
শাওণ গ'লগৈ
ৰুমী কলিতা দত্ত
আহাৰৰ পাছে পাছে গ'লগৈ শাওণৰ সেন্দুৰী মেঘ
বোকা মাটিৰ গোন্ধটিও লগতে লৈ গ'ল ।
প্ৰখৰ ৰ'দৰ প্ৰতাপত
কৃষকজনকো নিদিলে সংসাৰৰ সপোনবোৰৰ স’তে খেলিবলৈ
এই পেচাৰটোয়ে বহুতকে ঠগি দিছে ।
জীৱন এনেকুৱাই কচুপাতৰ পানী
কণ কণ শিশু দুটিৰ সতে আজি মঞ্জুলাই এযোৰ বগা সাজ পৰিধান কৰিব
য'ত থাকিব পবিত্ৰতা।
দগমগীয়া সেন্দুৰকণে আজি বাগৰ সলাই
তাই স্বামীৰ পৰা অকাৰণে পাই অহা তিৰস্কাৰখিনিকো লৈ গ'ল।
—————————————
0 Comments