পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ সপ্তম সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়


    'আৱাহন যুগ', 'ৰামধেনু যুগ' ,'জোনাকী যুগ'ৰ বিষয়ে সততে আলোচনা  হয়। কিন্তু 'জয়ন্তী যুগ'ৰ বিষয়ে তেনেকৈ আলোচনা নহয়। যদিও আধুনিক কবিতাৰ প্ৰগতিবাদী ধাৰাক বলিষ্ঠ ৰূপ দিয়াত জয়ন্তী যুগৰ ভূমিকা অপৰিসীম। দ্বিতীয় বিশ্বযুদ্ধৰ তীব্ৰতা হ্ৰাস পাই অহাৰ লগে লগে, ১৯৪৩ চনত তিনিগৰাকী চেতনাৰে দীক্ষিত যুবকৰ প্ৰচেষ্টাত আত্মপ্ৰকাশ কৰিছিল এখন ন আলোচনী-'জয়ন্তী'। 
  জয়ন্তীৰ আঁৰৰ যুৱকত্ৰয় আছিল-চক্ৰেশ্বৰ ভট্টাচাৰ্য, কমল নাৰয়ন দেৱ আৰু ভবানন্দ দত্ত।চক্ৰেশ্বৰ ভট্টাচাৰ্য আৰু কমল  নাৰায়ন দেৱে আলোচনীখন সম্পাদনা কৰিছিল। 
  'জয়ন্তী'ত  সাম্যবাদী চিন্তাধাৰাৰ প্ৰবন্ধ প্ৰকাশিত হোৱাৰ লগতে প্ৰগতিবাদী চেতনাৰ কবিতা প্ৰকাশিত হয়।যদিও ধীৰেন দত্তৰ 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটি প্ৰগতিবাদৰ বাটকটীয়া ,কিন্তু প্ৰকৃত প্ৰগতিশীল কবিতাৰ চৰ্চা 'জয়ন্তী'ৰ পাততে হৈছিল। আধুনিক কবিতাৰো উন্মেষ তাতেই হৈছিল।'জয়ন্তী'ত প্ৰগতিবাদী কবিতাৰ ধাৰাৰ  ধ্বজা বহন কৰিছিল ভবানন্দ দত্তই। ' নাচিকেতা' নামত প্ৰথম সংখ্যাতে প্ৰকাশ পাইছিল-'ৰাজপথ' নামৰ কবিতাটি।
   "ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ ছাইনপোষ্ট যেন
   অৰ্থহীন অধিকাৰহীন
   বঞ্চিতৰ বাচিবৰ বাঞ্ছা
   তোমাৰ কোলাত প্ৰায় সিযে নিঃশ্ৰেয়স মোক্ষ।"
   (ৰাজপথ)
'পাউদাৰ' তেখেতৰ আন এটি উল্লেখযোগ্য কবিতা।প্ৰগতিবাদৰ এই ধাৰাটো আগবঢ়াই নিয়ে চক্ৰেশ্বৰ ভট্টাচাৰ্যই।'এটকীয়া নোট'-তেখেতৰ এটি উল্লেখযোগ্য কবিতা। ক্ষণজন্মা কবি অমূল্য  বৰুৱা-জয়ন্তী যুগৰ শ্ৰেষ্ঠ কবি। তেখেতে 'কুকুৰ', 'বেশ্যা','কয়লা','বিপ্লৱী'
আদি কবিতাৰে 'জয়ন্তী'ৰ প্ৰগতিবাদী ধাৰাক এক অনন্য মাত্ৰা প্ৰদান কৰে। 
  এইদৰে 'জয়ন্তী'য়ে প্ৰগতিবাদী সাহিত্যৰ ধাৰা প্ৰতিষ্ঠা কৰি গ’ল।

নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা

কবিতাৰ ক্লাছ
উদয় কুমাৰ শৰ্মা

কবিতা, মেল খাই থকা কিতাপ নহয় যে, সকলো কথাকেই মুকলিকৈ কৈ দিয়া হ'ব  !  কবিতা কবিতা লগা  শব্দকিছুমানেৰে কৰা -- ই, অনুভৱৰ অনুবাদ মাথোঁ নহয়। কবিতাত, যিখিনি নোকোৱাকৈ থাকি যায় -- আচলতে, সেইখিনিহে কবিতা  ; সেই অনুক্ত বা উহ্যখিনিৰে পঢ়ুৱৈক ভবাই তুলিবলৈ এৰি দিব পাৰিব লাগে ; বাকীখিনি -- কবিতাৰ শৰীৰ বা পাঠ (text) । 

'ঠেলাৰে দহমাইল যাবলগীয়া / গৰ্ভৱতীগৰাকীৰ সপোন' 

 --- কবিতাৰ এই শাৰীদুটিয়ে,  এটা দৃশ্যলৈ পাঠকৰ মন টানি লৈ যায়। ইয়াত, নোকোৱাকৈ থাকি যোৱা কথাবোৰ : (ক) ঠেলাৰে কিয়, (খ) দহমাইল দূৰৈত কি আছে বা ক'লৈ গৈ আছে, (গ) কিয়  গৈছে, (ঘ) 'সপোন'টোনো কি? 

 [ 'সপোন'টো হ'ল -- গৰ্ভত থকা সন্তানটোৰ প্ৰতীকীৰূপ। 'গৰাকী' শব্দটোৰে (গৰ্ভৱতীগৰাকীৰ) মহিলাগৰাকীক সন্মান জনোৱা হৈছে ]
———————————————————
 আধুনিক অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য
 লোকেন্দ্ৰ হাজৰিকা

       অসমীয়া কবিতাৰ ইতিহাস অতি প্ৰাচীন।প্ৰাক্ শংকৰী যুগৰ কবি হেম সৰস্বতী, ৰুদ্ৰ কন্দলীৰ পৰা ' অপ্ৰমাদী কবি' মাধৱ কন্দলীলৈকে : নৱবৈষ্ণৱ যুগৰ মহাপুৰুষ শংকৰ-মাধৱ গুৰু দুজনাৰ পৰা আৰম্ভ কৰি নৱন্যাস যুগলৈকে ,"জয়ন্তী" কাকতে বাস্তৱতাক আদৰণি জনোৱাৰ পৰা বৰ্তমানলৈকে অসমীয়া কবিতাই এক গৌৰৱময় যাত্ৰাৰে ইতিহাস ৰচি আহিছে। ধ্ৰুপদী যুগৰ কবিতাৰ পৰিধি ভাঙি আধুনিক কবিতাৰ বাট মুকলি কৰি দিছিল প্ৰকৃতাৰ্থত " জোনাকী"(১৮৮৯ খ্ৰী;)ৰ বাটেৰে চন্দ্ৰকুমাৰ আগৰৱালাৰ "বনকুঁৱৰী"ৰ জৰিয়তে জোনাকীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাতেই। জোনাকী যুগৰ কবি সকলৰ কবিতাৰ ধাৰা আছিল ৰোমান্টিক ধাৰা। আগৰৱালাৰ 'নিয়ৰ', 'মাধুৰী' আদি কবিতাৰ মাজেৰে তেওঁৰ প্ৰখৰ কল্পনা শক্তিৰ অপূৰ্ব দৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়। এটোপাল সাধাৰণ নিয়ৰৰ কণিকাৰ মাজেৰে তেওঁ অংকন কৰিছে সৌন্দৰ্যৰ অভিনৱ কাল্পনিক চিত্ৰ --
          মুকুতা মণিটি          পাহিত জিলিকে 
                   ফটিক পানীত ধোৱা,
        নিশাৰ তৰা এটি         সৰিয়েহে আছে
                  সৰগত টোপনি যোৱা।
      একেদৰে কল্পনাৰ বৰ্ণিল সুষমাৰে অৰ্দ্ধ প্ৰস্ফুটিত কুসুম পাহিৰ সৌন্দৰ্যৰ মধুৰ চিত্ৰ অংকন কৰিছে "মাধুৰী"ত --
         ফুটোনে নুফুটো কুমলীয়া কলিটি
         ওঁঠত লাজেৰে ৰৈ মিচিকিয়া হাঁহিটি।
       Worthsworth ৰ "Lucy" কবিতাৰ মাজত ফুটি উঠা অৰ্দ্ধ সৌন্দৰ্যৰ কমনীয়তা আগৰৱালাৰ অৰ্দ্ধ সৌন্দৰ্যৰ বৰ্ণনা "মাধুৰী" আৰু "কিশোৰী"ত স্মৰণীয়। অসমীয়া কবিতাত এই নৱ্যানুভূতিৰ সংস্কাৰ হয় কুৰি শতিকাৰ প্ৰায় চতুৰ্থ দশকত। ৰোমান্টিক ধাৰাৰ আকাশলঙ্ঘী,কল্পনাদীপ্ত উদ্দীপনা, অতিলৌকিকতা লাহে লাহে স্তিমিত হৈ আহিল আৰু তাৰ ঠাই ল'লেহি কঠোৰ বাস্তৱতাই। " দোমোজাৰ কবি" ৰূপে খ্যাত দেৱকান্ত বৰুৱাই "আমি দুৱাৰ মুকলি কৰোঁ"ৰ জৰিয়তে যেন আধুনিক অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰি দিলে। কিন্তু কঠোৰ বাস্তৱতাক প্ৰকৃতাৰ্থত আদৰণি জনালে "জয়ন্তী"(১৯৩৮) কাকতে হে। যুদ্ধোত্তৰ যুগৰ কবিসকলে বৰ্ণভেদৰ অভেদ্য প্ৰাচীৰ ভাঙি বাস্তৱবাদী আদৰ্শ, যুক্তিবাদ আৰু মুক্ত চিন্তাৰ পথ ক্ৰমে প্ৰশস্ত কৰি তুলিলে। সেয়ে জোনাকী যুগৰ প্ৰচলিত ৰোমান্টিক সাহিত্যৰ লগত যুদ্ধোত্তৰ যুগৰ সাহিত্যৰ আদৰ্শ, দৃষ্টিভংগী আৰু প্ৰকাশ কৌশলৰ ক্ষেত্ৰত বিশেষভাবে পৰিস্ফুত হৈ পৰে। সাম্প্ৰতিক কবিতাত জীৱনৰ মূল্যবোধৰ পৰিবৰ্তন ঘটিছে, ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰভাৱ ক্ৰমে হ্ৰাস পাই পাশ্চাত্য সাহিত্যৰ ভৌতিকবাদে নতুন কবিসকলক আকৃষ্ট কৰিছে। বাস্তৱধৰ্মী কবিতাৰ বিষয়বস্তু আৰু ইয়াৰ বৈশিষ্ট্যৰ আমোল পৰিবৰ্তন সাধিত হ'ল আৰু অসমীয়া কবিতাৰ পৰিধি দিগন্ত প্ৰসাৰিত হৈ পৰিল। নতুন নতুন ভাৱ চিন্তা, নিত্য নতুন অভিজ্ঞতা আৰু মানৱ জগতৰ ওপৰত বাস্তৱ অনুৰাগ দৃষ্টিভংগীত সোমাই পৰি অসমীয়া কবিতাৰ প্ৰবাহিত সূঁতিত যি নতুন লহৰ তুলিলে সিয়েই নাম পালে নতুন কবিতা বা আধুনিক কবিতা অথবা সাম্প্ৰতিক কবিতা। এই সময়ৰ কবিসকল আছিল উচ্চ শিক্ষাৰে শিক্ষিত, আৰু পশ্চিমীয়া কবিতাৰ লগত বিশেষভাৱে সুপৰিচিত। ইংলেণ্ড, আমেৰিকা, ইটালী, ৰাছিয়া, ফ্ৰান্স আদিৰ কবিতাৰ প্ৰভাৱ এই সকল কবিৰ ওপৰত গভীৰ ভাৱে পৰিবলৈ ধৰিলে। অমূল্য বৰুৱা,হেম বৰুৱা, নৱকান্ত বৰুৱা,অজিত বৰুৱা,ৰাম গগৈকে আদি কৰি সাম্প্ৰতিক কবিসকলে জয়ন্তী (১৯৩৮), পছোৱা (১৯৪৮), ৰামধেনু (১৯৫১) আদি আলোচনীৰ মাধ্যমেৰে নতুন নতুন অসমীয়া কবিতাৰ এক আন্দোলন গঢ়ি তুলিলে।
           T.S.Eliot, W.B.Yeats,Oden, Bodaliar, Mayokivosky আদি বিশ্বৰ বিভিন্ন প্ৰান্তৰ আধুনিক কবিসকলৰ সামগ্ৰিক চেতনাৰ সহজ উন্মেষ এই শ্ৰেণীৰ কবিসকলৰ কবিতাত সুস্পষ্ট ৰূপত ধৰা দিছে।
        সত্তৰৰ দশকতে আধুনিক অসমীয়া কবিতাক প্ৰতিকবাদ আৰু চিত্ৰকল্পবাদৰ স্বাভাৱিকীকৰণক বহু দূৰলৈ আগুৱাই নি নীলমণি ফুকনে নান্দনিক মহিমা দান কৰাৰ ক্ষেত্ৰত অতুলনীয় আৰু সাৰ্থক বৰঙণি আগবঢ়াই থৈ গৈছে।শব্দৰ বিচিত্ৰ প্ৰয়োগেৰে তেওঁ সুন্দৰ চিত্ৰকল্পৰ প্ৰয়োগ কৰিছে।মানৱতাবাদী দৰ্শনেৰে কবিয়ে আঁকিছে -
  ‌              একেখন ঘৰতে আছিলোঁ দুঘৰ মানুহ
                     উৰুখা চালেৰে কাটে কাল
                      কাটে ৰাতি কাটে পানী
                   মাজে মাজে পৰিছিলহি আহি
                   সপোনতে এটা বালিমাহী।
      "শব্দ চতুৰ কবি" ভবেন বৰুৱাই কবিতা সৃষ্টিত শব্দৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।শব্দ সৃষ্টিৰ ক্ষেত্ৰত হীৰেণ ভট্টাচাৰ্যই কৈছে -
          কলম মোৰ কমাৰৰ হাতৰ হাতুৰী
          ভাঙি পিতি গঢ়ি লওঁ শব্দ।
      প্ৰেমৰ কবি ভট্টাচাৰ্য্যই প্ৰেম, জীৱন আৰু মৃত্যুৰ কথা কৈ দুখৰ অনুভূতত বুৰ মাৰিছে-
     এনেকৈয়ে আছোঁ: দুখ মোৰ কোলাৰ কেঁচুৱা,বাৰে বাৰে
      দুহাতেৰে দাঙি ল'ব লাগে।জিভাত দুখৰ -ঘৰৰ লোণ ওকালিত
ওলাই আহে ভাতৰ নিসনিৰ ।
  হিৰেণ ভট্টাচাৰ্যৰ দৰে নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাতো অভিনৱত্ব ৰূপ ধাৰণ কৰিছে।গীতিময়ী  স্বাচ্ছন্দ্য আৰু বৰ্ণাঢ্যতা তেওঁৰ কবিতাৰ প্ৰতি ছত্ৰে ছত্ৰে অনুৰণিত।কবিতাত তেওঁ শব্দৰ 'ইকেবানা' গঢ়ে -
         মই যদি ইকেবানাৰ শিল্পী
         মোকনো কি লাগে?
  তেওঁ নিজকে বিচাৰি পায় শব্দৰ মাজত -
       মই শব্দবোৰৰ মাজত
       শব্দবোৰ মোৰ মাজত
      শব্দবোৰৰ মাজত মই।
    মহাকাব্যিক ঐতিহ্য প্ৰীতিয়ে নিৰ্মলপ্ৰভা বৰদলৈৰ অন্তৰ স্পৰ্শ কৰি গৈছে গভীৰ ভাৱে। অসমৰ সমাজ গাঁথনিত মাতৃতান্ত্ৰিক পৰম্পৰাৰ প্ৰভাৱ মনকৰিবলগীয়া বিশেষত্ব।"ৰামায়ণ"ৰ সীতাই কবিক নতুন চিন্তাৰ খোৰাক যোগাইছে।নিষ্পেষিতা , লাঞ্ছিতা সীতাক নতুন দৃষ্টিভংগীৰে গৌৰৱৰ দুৱাৰদলিত স্থাপন কৰিছে -
        মই সীতা -
        নাঙলৰ জোঙা ফালে 
        পৃথিৱীৰ গৰ্ভ ফালি 
        জন্ম দিছে মোক -
        কৰ্ষণত জন্ম হোৱা মই কৃষ্টি
         ভাৰতৰ শান্তি মই দেশৰ যৌৱন । (ক্ৰমশঃ...)
————————————————————
অনুবাদ কবিতা

지리산 운해/ 복효근

어머니는 또
햇솜을 저리 넓게 펴 놓으시고
이불을 지으려나보다

가으내 산마루 별밭에서
목화를 따시더니

묶어보낸 전답 하나 없이
닳아진 숟가락 하나 없이
제금 내보낸 첫째 둘째 셋째…

아직 새벽
서리 바람 차운데

넉넉한 아침 햇살 잘 펴져서
세상일 따뜻해질 때까지
내 딸 내 새끼 이 세상 모든 짐승 새끼들도
새 이불 펴 덮고 꽃잠 자라고

지리산 어머니
섬처럼 홀로 서서
햇솜을 펴 널고 계신다

The Sea of Clouds in Jiri Mountain 
by-Bok Hyo-geun

Again Mother
appears to make a blanket,
spreading the new cotton wide.

Throughout the autumn she collects the cotton
from the upper field of the mountain ridge.

Mother remembers
how she sent out the first, the second, the third,
without even a patch of farmland to pass along,
without even a worn-out spoon.

At dawn,
the frosty wind is still chilly.

With new blankets,
she wishes for sweet dreams
for her sons and daughters,
and for all the offspring in this world
till the world gets warm
with the generous morning sunlight.

Mother of Jiri Mountain
hangs up the new cotton,
standing alone like an island.

জিৰি পাহাৰত ডাৱৰৰ সাগৰ
মূলঃ বক হ্যো-গেউনা
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

আকৌ আয়ে
নতুন কপাহৰ জোলা ধুনি
নিহালি তৈয়াৰ কৰা যেন লাগে,

গোটেই শৰতৰ কালছোৱাত তাই কপাহ সংগ্ৰহ কৰে
পাহাৰৰ শিখৰৰ ওপৰৰ পথাৰখনৰপৰা।

মাৰ মনত পৰে
কেনেকৈ তাই প্ৰথম, দ্বিতীয়, তৃতীয়,
পাৰ হ’বলৈ এটুকুৰাও কৃষিভূমি নোহোৱাকৈ,
আনকি ক্ষয় যোৱা বুটি নাঙল এখনো নোহোৱাকৈ।

দোকমোকালি,
হিমশীতল বতাহ এতিয়াও সিৰসিৰিয়া৷

নতুন নিহালিৰ সৈতে,
তাই মধুৰ সপোন কামনা কৰে
তাইৰ পুত্ৰ-কন্যাৰ কাৰণে,
আৰু এই জগতৰ সকলো সন্তানৰ বাবে
যেতিয়ালৈকে পৃথিৱীখন গৰম নহয়
ৰাতিপুৱাৰ উদাৰ সূৰ্য্যৰ পোহৰৰ সৈতে।

জিৰি পাহাৰৰ মাতৃ 
নতুন কপাহৰ জোলা ওলোমাই থৈছে,
দ্বীপৰ দৰে অকলে থিয় হৈ থকা।
—————————————

আগ্ৰাসন
মূল: Aggression (ইংৰাজী) মিনা কন্দাচামী
অসমীয়া অনুবাদ : অপূৰ্ব ভূঞা

আমাৰ নিৰবতা
অপেক্ষাৰত, নিৰৱচ্ছিন্নভাবে 

আৰু যেতিয়া সহ্যৰ সীমা অতিক্ৰম কৰে
সহস্ৰ নিনাদেৰে ভাগি পৰে
কিন্তু আমাৰ সকলো অবৰুদ্ধ অভিব্যক্তি
অন্ত নপৰে বিলাপত

কেতিয়াবা
আমাৰ অন্তৰ্লীণ চেতনাৰ  
বহিৰ্মুখী প্ৰতিক্ৰিয়াই প্ৰচণ্ড ৰূপ লয়
আমাৰ বিস্ফোৰিত সপোনে 
সূচনা কৰে বিপ্লবৰ 

বহুক্ষেত্ৰত আগ্ৰাসনো হৈপৰে 
সমস্যা সমাধানৰ সোপান ৷

[ কবি পৰিচয়: মিনা কন্দাচামী (১৯৮৪) এগৰাকী তামিল কবি, গল্পকাৰ যদিও তেওঁৰ লিখাৰ মাধ্যম ইংৰাজী ৷ এগৰাকী দলিত আৰু নাৰীবাদী লেখিকাৰূপে সুপৰিচিত কন্দাচেমী ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়তো উজলি উঠিছে ৷ ]
—————————————
                                        কবিতা 

ৰাতি পুৰাণ
হিতেশ মেধি 

১.
সাজ লগা সময়খিনি বকুল সৰা সাধু
ৰাতিৰ ৰণুৱা ৰণত পৰিছে আন্ধাৰৰ চোতাল

ভাগৰুৱা মোক বুটলি গৈ থাকিলোঁ

দুপৰৰ স'তে ফেঁপেৰি পাতিবলৈ
যাতনাৰ চেৰেকীত আগভৰি মেলিবলৈ
শকতিক দুহাতে ধৰিলোঁ

আন্ধাৰে পোহৰত মুখ ধোৱা পৰলৈ
মই সন্তৰ্পনে চাই ৰলোঁ

২.
আজি ৰাতি-পুৰাণ পঢ়িম

আন্ধাৰ ভালপোৱা জনৰ হাতত
আছে নেকি পোহৰ কটা শিলৰ মৌন মাত
বিচাৰি যাম

তৰা হৈ সৰা কথাবোৰক
বাটৰ বাতৰি সুধি চাম

সুধি চাম
জীৱন এই বাটে আহে নেকি
এজাৰ পৰি নিজাৰ হোৱা বেলি ফেনেকি
সময়ে থাকে যে ৰিঙি মাৰি

জলমল আঁচলত বকু বগাই
নিজানৰ নীৰব হুমুনিয়াহবোৰ উঠিছে

আন্ধাৰ সঁপি পোহৰলৈ হাত মেলি
দেখোঁ চকুৰ তলৰ টোপনিৰ নিচুকনি

এই নিচুকনি কোনো এক কাহিনী
ৰাতি পুৰাণৰ অলিখিত নগ্ন কথাৰ চুপতি।
—————————————
ৰাধা                                                                          মনালিছা শইকীয়া

ইতিহাসৰ পাতবোৰ 
লুটিয়াই থাকোঁতে
হঠাৎ লগ পালোঁ ৰাধাক

মন যমুনাৰ তীৰত
কদম এজোপাৰ তলত
উদাসী ৰাধা বহি আছিল
উদং কলহ এটা বুকুত সাৱতি

ধীৰে ধীৰে 
বৈ আছিল যমুনাৰ পানী
কদমৰ পাতত হেঙুল ৰ'দছাটি

বেলি ডুবিল
ৰাধাৰ চকুলো সৰিল
উদং কলহ যমুনাৰ পানীৰে ভৰিল

তাৰপাছত

তাৰপাছত এন্ধাৰ ঘৰত
বহু ব্যথাৰ হুমুনিয়াহ সৰিল
জোন গলা সন্ধিয়া এটাৰ বুকুত
গৰখীয়া বাঁহীৰ ফুল এপাহ ফুলিল

অনিৰ্বচনীয় সুগন্ধি
অপ্ৰতিৰোধ্য আৱাহনী

বাঁহীৰ মাতত
ৰাধাৰ ওঁঠত
জিলিকিল হাঁহি

ৰাধা
ৰাধা
মৌসৰা জোনাকত
বুকুৰ গাগৰি ভৰিব আজি।
—————————————
হিচাপ
ইলামণি শইকীয়া

সময়ৰ হিচাপ কোনে ৰাখে...
বয়সৰ হিচাপ কোনে ৰাখে...
কায়াবোৰ ছায়া হৈ বুকুৰ মাজেদি অগা-ডেৱা কৰে৷

একেদৰেই থাকিম মই
সাগৰৰ পাৰৰ শামুকৰ খোলা হৈ ৷
হেজাৰ বছৰ পাৰ হৈ যাওক
যদি ভুল বাটেৰে নাহা 
নিশ্চয়কৈ মোৰ প্ৰেমৰ অস্থিৰ ওপৰেৰেই পাৰ হৈ যাবা এদিন৷
স্পৰ্শত কেৱল পাপেই 
নাথাকে৷
কেতিয়াবা লুকাই থাকে জীৱনৰ শেষান্তৰত গোৱা আধাফুটা শত সহস্ৰ  প্ৰেমময় প্ৰাৰ্থনা ধ্বনি...।
—————————————
শেষান্তৰত
নিপন নাথ

শেষান্তৰত সকলো হেৰায়
জীৱনৰ উচ্ছল ৰামধেনু,
এৰি অহা দিনৰ কথকতা,
ধন-দৌলতৰ মেটমৰা দস্তাবেজ

শেষত সকলোৱে পোনা মেলে
বিষাদ আৰু কাৰুণ্যৰ আলিবাটত

কোনো নাৰীৰ চকুপতাৰ কাজলেৰে 
অসিত ভৱিষ্যতত
অপ্ৰেমৰ অমল অন্ধকাৰ;
পিতাইৰ কামিহাড়ৰ ঘামেৰে
শাণিত আদৰ্শত
সময়ৰ অশ্লীল প্ৰহাৰ ---
যাতনাৰ কেঁকুৰিত
চেঙালুটি খাই পৰি থাকে যৌৱন

যি বাটে পোখাব নোৱাৰে
নষ্টালজিয়াৰ এটাও সংকীৰ্ণ গলি
সেই বাটৰ কাষৰীয়া জৰীগছতেই
চিপজৰী লৈ ভেঙুচালি কৰা
বোডলেয়াৰ আৰু নীৎসেৰ কৌতুক সপোন

আশাবাদৰ ৰজঃস্বলা নদীত ডুবি
এহাতমান দায়িত্বৰ ছাবমেৰিন
আৰু শেষান্তৰত
অৱহেলাৰ বুৰবুৰণিত
অমাতে উজাই অহা 
দুখৰ ঘূণীয়া দৰিকণা।
—————————————
বেলি ফুলাৰ দিনত-
অন্বেষী বৰা

সুখৰ দিনৰ বেলি, দুখৰ দিনত ডুবে।
বেলিৰো যে ক'ত ৰং !
পাহাৰৰ শিখৰত উঠা বেলি,
পিতনিত আহি ডুবে।

বেলি হোৱাৰ অযুত যাতনা!
বেলিৰ চোতালত ফুলে 
ৰমক-জমক সূৰ্যমুখী।
বেলিফুল ফুলাবলৈ যোৱা বেলিকহে
দেখোন চোকা ৰ'দে দহে।
তাপে দহি নিয়া সাজ সলাব নোখোজে বেলিয়ে।
থাকক, 
এনেকৈয়ে ভাল।
দেই-পুৰি যোৱা দেহে ৰ'দক চিনে।
এই সাজত লুকুৱাব পৰা যাব,
আৰু এমুঠি পোহৰ বেলিফুলৰ বাবে।

চন্দ্ৰমাৰ স্নিগ্ধতাত বাউলি সূৰ্যমুখী,
ছাৰখাৰ হয় বেলি।
বাহিৰৰ দহনে গলাব নোৱাৰা  বেলি,
ভিতৰৰ অগনিত  মৰে। 
চন্দ্ৰমা ধৰুৱা, 
কোনে বুজাই সূৰ্যমুখীক?
পোহৰ ধাৰে দি ভাগৰুৱা হয় বেলি।
আনক জিলিকাবলৈ যোৱাজনো
হেৰাব খোজে কৃষ্ণ-গহ্বৰৰ আন্ধাৰ কুঁৱাত,
সেইকথা বেলিয়ে জানে।
—————————————
শাৰী
ৰমেশ চন্দ্ৰ ৰায় 

ক'লা পৰুৱাৰ লানি নিছিগা শাৰী এটা 
গৈ আছে 
দুৱাৰৰ কাষেৰে

চিকিৎসালয়ৰ ৰোগীৰ পঞ্জীয়নৰ দীঘল দীঘল শাৰী দুটা 
ক্ৰমাৎ বেঁকা হৈ আহিছে

মহিলাৰ শাৰীটো বাঢ়ি আছে বেংকৰ বাৰান্দাত 

শাৰী দীঘলীয়া মানেই বহুত কিবাকিবি 
হাঁহি কান্দোন জয় পৰাজয় 
আনন্দ  বিষাদ 
প্ৰাপ্তি অথবা অপ্ৰাপ্তি

কাউন্সেলিঙৰ শাৰীটো... 

অহ! 
এই কাউন্সেলিঙৰ শাৰীটো!
—————————–———
বৌটি, তই যে কৈছিলি সেউতীৰ কথা 
নাছিৰ আহমেদ

বৌটি, তই যে কৈছিলি সেউতীৰ কথা 
মোৰ কথা কৈছিলি নে? 
তাই বাৰু গ'ল কলৈ? 

এয়াতো নহয় আঘোণৰ পথাৰ 
কুঁৱলীয়ে বাট-পথ ধৰিছে আগুচি , 
একোৱেই নমনি ;
এয়া তো শাওনৰ পথাৰ 
ৰিমজিম বৰষুণত চিপ্ চিপীয়া পানীত একাঠু বোকা! 
লিহিৰি লিহিৰি ঢেৰ আঙুলিৰ মূৰত 
এগছি দুগছি কৈ ভুঁই ৰুই থকা ৰোৱনীৰ 
ওপৰলৈ মূৰ তুলি চোৱাৰ সময়কে নাই! 

বৌটি, এইজাক ৰোৱনীৰ মাজত আছে নে সেউতী মোৰ? 

কেতিয়া নো চাব পাৰিম 
তামোলৰ পিক সনা ৰঙা ওঁঠ দুটা, 
গাল দুখন কোমল গোলাপৰ পাহি! 

কেতিয়া নো শুনিবলৈ পাম 
ওঠৰ বছৰীয়া হলো যে কৈ 
যাঃ বুলি ঠেলা মৰা ধেক ধেক হাঁহি মাথো হাঁহি! 

কেতিয়া নো হিয়া পৰিব শাঁত 
উদঙাই ঢাকি থোৱা ৰোৱনীৰ বুকুৱেদি 
বাগৰি যোৱা ৰসো বৈ সঃ নদীৰ তৰঙ্গ মালা! 

বৌটি তই যে কৈছিলি সেউতীৰ কথা 
মোৰ কথা কৈছিলি নে? 
তাই বাৰু কলৈ হেৰাল? 
নে দেই পুৰি ছাই কৰা শাওনৰ ৰ'দৰ তাপত 
কেঁচা সোণ -হালধীয়া সেউতী জনী মোৰ 
লুকাল কাৰোবাৰ শীতল বুকুৰ ছাঁত ??

(এই কবিতাটি কবি কেশৱ মহন্তৰ "আঘোণৰ কুঁৱলী " কবিতাৰ ছাঁ লৈ কবিতাটি লিখা )
—————————————
চাৰিটি স্তৱক
ৰেখা বৰকটকী

সময়
——

পানীৰ লাৰু গঢ়াৰ 
চিন্তাৰ বাটত
এজাৰৰঙী সপোনবোৰে 
সুৱাগুৰি তোলে
জীৱন জিনাৰ হাবিয়াহ!

আশা
------
প্ৰভাতী সূৰুযে 
দাংডোলাকৈ কঢ়িওৱা
অৱস শৰীৰত বাজে
হেটুলুকা চৰাইৰ গান..
    
যৌৱন
——
জীৱনবোৰ যেন
আকাশলৈ মুৰ তুলি
পানীৰ গীত গোৱা
চাতক পক্ষীৰ
বিৰামহীন কলৰোল..

বৰষুণ
———
ডাৱৰে বগুৱা বোৱা আকাশত
বৰষুণৰ আলাপ
ধা-ধিন-ধা তালে 
আত্মাৰ বিলাপ...

প্ৰেম
——
তোমাৰ কলিজাটো মোৰ হাতত তুলি দিলা..
লগে লগেই উচুপি উঠিল মেঘমল্লা
ঘনঘোৰ বৃষ্টিৰে নামি আহিল তমসা..  
—————————————
আশাভৰা দিন
দেৱ দাস

অৰণ্য উজাৰি 
আহিব লগীয়া দিনবোৰৰ বাবে বাট চাই আছো 

আমাৰ চৈধ্য পুৰুষ পাৰ হ'ল পুৰুষ উদ্ধাৰ নহ'ল 

আশা আকাংক্ষাৰ 
এই মাটিৰ ধৰা 
সুচীকৰা দিহা 
কাৰো নহ'ল

এনেকৈয়ে পাৰ হ'ল 
আমাৰ ককাৰ আজোককাৰ দিনবোৰো 

পৃথিৱী আমাৰ 
অতদিনে পৃথিৱীকলৈয়ে 
কুট কৌশল 

আমি বাটচাই আছো
অৰণ্য উজাৰি অহা দিনবোৰৰ  বাবে

পূৱ আকাশৰ ফেঁহুজালিয়েহে
সেই দিনটোৰ আভাস দিব
বৰ আশাভৰা দিন।
—————————————
নিচা
ৰূপা গগৈ

এনে কি কথা ক'লা 
মনটো তোমাৰ কাষতে  আহিল থাকি !

যাওঁতে যাওঁ , ঠিকেই যাওঁ 
পিছে বুজিহে নাপাওঁ 
তোমাৰ সন্মুখত কিয় বা কেনেকৈ উজুটি খাওঁ !

এনে কি সুগন্ধি ঘঁহিছিলা
বাহিৰে-ভিতৰে কেৱল তুমি তুমি গোন্ধ পাওঁ !

ডুবিব বিচৰা নাছিলোঁ নিচাত 
হঠাৎ ডুবালা আহি
এতিয়া কেৱল তোমাৰ নামৰেই  নিচা 
বাকী সকলো যেন মিছা 
তোমাৰ প্ৰেমত পৰাটো সঁচাকৈ সঁচা 
ঠিক বেলি পূবত উদয় , পশ্চিমত মাৰ যোৱাৰ দৰেই !
—————————————
আলিবাটৰ আত্মকথা
(কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ  'সড়ক কী বাট' ললিত নিবন্ধৰ আধাৰত  )
গণেশ বৰ্মন 

খন্তেক জিৰোৱাচোন—
তোমাৰ বুকুৰ সম্বাদ শুনিব খোজোঁ
ৰৈ আছোঁ কাণ পাতি-
তাহানিৰে পৰা --
পথাৰ- অৰণ্য, পৰ্বত-কন্দৰ  দেশ-দেশান্তৰ জুৰি
ইকাতি-সিকাতি নকৰাকৈ
শাপ-গ্ৰস্ত অজগৰ হৈ   
জড়-নিদ্ৰাত আছোঁ পৰি--

অনুভৱ কৰোঁ পথিকৰ অহা-যোৱা
ঘৰমুৱা - বাটমুৱা ,
সুখৰ -দুখৰ ,
আনন্দময় গৃহস্থৰ- গৃহহীনৰ
অথবা শ্মশান-যাত্ৰীৰ  ।

ক্ষণিক জিৰাবলৈ ,
স্বস্তিৰে দুষাৰ কথা ক'বলৈ
কাৰোযে আহৰি নাই 
কেতিয়াবা কোনোবাৰ কথা শুনো কিন্তু
পদূলিমুখতে কথাৰ পৰে ওৰ
অহা দিনটিলৈ বাট চাওঁ
খোজৰ চিনবোৰো নাথাকে ৰৈ
কাহিনী ক'বলৈ তেওঁ নাহে দুনাই---
এনেদৰে অহা-যোৱা কত মানুহৰ  -
মোৰ বুকুত ধূলি হৈ উৰি যায়। 

কেতিয়াবা পিছে বৰ সুখ পাওঁ
কণ-কণ অকণিহঁতে লৈ আহে
সিহঁতৰ আনন্দৰ সম্ভাৰ
সিহঁতৰ কোমল হাতৰ স্পৰ্শত 
মই  জী উঠিব খোজোঁ
সিহঁতে বালিঘৰ সাজে , হাঁহে-মাতে
নিৰ্মল অন্তৰৰ সুখেৰে ভৰি পৰে
মোৰ নিৰস ধূলিময় সত্তা ।

এনেকৈয়ে পৰি আছোঁ , থাকিম
শাপমুক্তিৰ শেষ প্ৰহৰলৈ...।
—————————————
শাওণ
গীতাৰ্থী ঠাকুৰ

প্ৰতিশ্ৰুতি আছে হেনো তাত
ওন্দোলা মেঘত আউজি ৰোৱা
আকাশ ক'লে।

আকাশৰ আঁজলিত বৰষা।
বৰষুণ হৈ নামি আহা
চুই চোৱা, বুকুৰ‌ উহঁত
ওফন্দি অহা 
এজেৰুৱা অভিমান।

বেঙুনীয়া
নে নীলা ?  

ডুবিব পৰাকৈ
আছেনে চকুত 
এখন লুণীয়া সাগৰ ?

খামুচিব পৰাকৈ আছেনে বুকুত
এখন অৰণ্য ?

মই মৌপিয়া
চুহিম ওঠৰ হেঙুলীয়া।

তুমি ক'ত
তুমি ক'ত?
ক'ত বিচাৰোঁ তোমাক?
 
সাগৰত‌?
আকাশত ?
বৰষুণত?
অৰণ্যত ?
এন্ধাৰত ?
—————————————
আজি
ভাৰতী চক্ৰৱৰ্তী

আজি নিজকে
নদীৰ দৰে
সজাইছোঁ
বাসনাত মেঘৰ আৰম্ভণি
কলিজাত মাটিৰ মৃদং
কাষতে বহি শুনিবা
হৃদয় উপত্যকাত
সেউজীয়া গান
সকলো শুন্যতাৰ পৰা 
দূৰত
মাথোঁ ভ্ৰমণ কৰিব বিচাৰোঁ
তোমাৰ বুকুৰ অখণ্ড  ভালপোৱাত।
—————————————
সময়
চয়নিকা ভূঞা  

কৈ থকা কথাবোৰ হঠাৎ সলনি হয় 
সদায় শুনি থকা কথাবোৰেই 
কেতিয়াবা চকুলো হৈ সৰে
নিৰুপা সময়
আত্মাবিহীন শৰীৰত ৰঙৰ খেল  

বুকু কঁপা কথাত
কিছুমান অজুহাত 
জীৱনলৈ ৰৈ যায় 

এই ধৰক, প্ৰেম - ভালপোৱা
আৰু …
আৰু এখন হুইল চেয়াৰ

ভালপাওঁ বুলি ক'লেই জানো 
সকলোকে ভাল পাব পাৰি ?

ঔ-তলা বাটতেই আন এটি বাটৰ আৰম্ভণি
কাৰোবাক ভালপোৱা মানেই অপৰাধ নহয় 

এই ধৰক,
জীৱনৰ অ আ ক খ 
আৰু এখন হুইল চেয়াৰ  ৷
—————————————
কাঁচিজোন জনী গাভৰু হ'ল
জাহ্নৱী হাজৰিকা

বুকুৰ কাঁচিজোনে সুহুৰি মৰাৰ সময়তে 
অলেখ ভাৱনাই ভুমুকি মাৰে
মন গহনৰ বৃন্দাবনত।

আজিকালি কথা কবলৈ মন নাযায় তাইৰ।
কব লাগে বাবেই বা নকলে নহয় বাবেই 
কথা কয় একান্তই অনিচ্ছাত।

কোনেও কবলৈ জোৰ নকৰে
অথচ,নকলেও সন্দেহৰ দৃষ্টিৰে চায়।
কোৱা নোকোৱাৰ মাজত সামঞ্জস্য ৰাখোতে 
তাই পিছলিব খোজে।

যেন দুখৰ যমুনাত 
সুখৰ পানচৈ..
দহেঁচিয়া আমৰ হালধীয়া বোলেৰে আৱৰা
ধূলিয়ৰি বাটত হেৰাই যোৱা কানাইৰ ৰাধা।

মন ভাল লগা কামবোৰ কৰিব মন যায়।
অথচ ভাব হয় আগৰ পৰানো কৰি আছিল কি!
এতিয়াটো জীৱনৰ অপৰাহ্ন।

 বহু দিনৰ মূৰত কমলাবাৰী ঘাটলৈ গৈছিল।
যি ঘাটৰ আজন্ম প্ৰেমিকা তাই।
পূৰ্ণিমাৰ জোনটো সোনকালেই ওলাইছিল।
তলত ভৰ বাৰিষাৰ ব্ৰহ্মপুত্ৰ।

একেখন আকাশতেই এফালে কমলাৰঙী বেলি
আনফালে পোহৰমুখী জোন।
অস্তমিত বেলিক এবাৰ চোৱাৰ হেঁপাহতেই 
তাইৰ খৰখেদা খোজ।

আকাশখন গোমা হবলৈ ধৰিছে।
বৰষুণ দিলেতো আৰু বহুদিনলৈ নেদেখিব তাই 
সীমনাৰ সিপাৰৰ বেলিক।

বেলিৰ লগত বন্ধুত্ব বহুদিনীয়া।
জোনকো ভাল পায় বহুত।
হাতৰ মুঠিত তাইৰ ৰূপোৱালী বালিছন্দা 
ভৰিৰ পতাত ঢৌ।

দূৰনিত মিছিং গাঁওখন।
ভাঁহি আহে ঐনিতমৰ অমিয়া সুৰ।
কাষতেই সত্ৰখনো।
 ডবা কাঁহৰ অপূৰ্ব ঝংকাৰ।

দিনটোৰ ধেমালি সামৰি হাঁহিবোৰ একাষে লৈ
খৰখেদাকৈ পথাৰৰ পৰা ঘৰলৈ উভতিছে
 বুকুত মেঠনি মৰা মিচিং তিৰোতা কেইজনী।

আ: এই যে পৰিৱেশটো!
জহি পমি যাব খোজে প্ৰতিটো উদাসী জীৱ..
লুইতৰ ঢৌত জোনৰ আঁক বাক প্ৰতিচ্ছৱি
যেন কঁপি উঠিছে কাৰোবাৰ কপালৰ
 দগমগ সেন্দুৰৰ ফোঁট।

কথা চহকী হৈ পৰে মন।
জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ জন্মে।
আৰু সকলোতকৈ ডাঙৰ কথা..
কথা কবলৈ মন যায় তাইৰ।
এনেই...ইটো সিটো..

খুজিবলৈ মন যায় জোনক তৰা..
"জোনবাই এ এটি তৰা দিয়া..."
সুধিব মন যায় লুইত খনক
"লুইতৰ বলিয়া বান,তই কলৈনো ঢাপলি মেলিছ!"

বুকুৰ কিশোৰী কাঁচিজোন এদিন
 পূৰ্ণিমা নামেৰে গাভৰু হয়।
পোহৰৰ কেনভাচত নামে ৰূপোৱালী জোনাক।
আৰু কথা কবলৈ মন নকৰা তাই 
নতুনকৈ হাঁহিবলৈ শিকে।
—————————————
মোৰ শেষ যাত্ৰাত
খূৰ্ছীদ আনছাৰী

মই নিজকলৈ অভিমান কৰিব নোৱাৰোঁ
কাৰণ মই নিশ্চিত যে---
মোৰ হাতত একোৱেই নাথাকিব
লগত নিবলৈ শেষ যাত্ৰাত
সেইহে হৃদয়ৰ পৰা হৃদয়ত শিপাবলৈ
মোৰ অহৰহ যাত্ৰা---
ইজনৰ পাচত সিজনৰ কাষত

মৃত্যুৰ পিচত কাল গহ্বৰত হেৰোৱাৰ ভয়ত
এই মৃত্য মুখি নৰ অধমে
শত-শহস্ৰজনৰ মন-মণিকূটত জিৰাবলৈ
লিখে দুই-এটি কবিতা

মোৰ সফলতা থাকক সময়ৰ হাতত
মই নীৰৱধি নৈ হৈ বৈ যাম নীৰৱে
নিজৰ লক্ষ্যৰ দিশে অকলে অকলে।
———————————————————
মৰীচিকা
এ আমান 

আমি আধুনিক  সভ্য মানুহ
হেজাৰ সংগ্ৰাম কৰি  সভ্যতা পোৱা  মানুহ আমি
জীৱশ্ৰেষ্ট মহাজ্ঞানী মহাবলী মানুহ
আকাশ পাতাল ভূমি সকলোতে যাৰ প্ৰভূত্ব

জ্ঞান, প্ৰজ্ঞা, বিজ্ঞান,  প্ৰযুক্তিৰ আফিং খোৱা  
আমাৰ তেজত আছে নগ্ন যুগৰ আদিম ভাইৰাছ
যাৰ কিলবিলনিত  উন্মত্ত আমাৰ সভ্য বিবেক
সেয়ে আমি আজি মদমত্ত নৰখাদক

আমাৰ শিক্ষা, জ্ঞান , বুদ্ধি,  বল , সম্পদ অপাৰ 
যিয়ে আমাক দেখুৱাইছে পিশাচৰ বাট
আমি হৈ পৰিছোঁ অপায় অমংগলৰ দূত
যাৰ হেতু ধৰাৰ বুকুত  দানৱত্ব অযুত

সভ্যতাৰ  মুখা পিন্ধা অসভ্য
জ্ঞানীৰ ভাও দিয়া মুৰ্খ
ধাৰ্মীকৰ বসন  পিন্ধা পাপী
শান্তিৰ বঁটা পোৱা অশান্তিৰ খনিকৰ
জীৱশ্ৰেষ্ঠ মানুহ আমি

আমাৰ ভোক  অসীম 
সেয়ে আমি বঢ়াও মাটিৰ সীমা
মানৱতাৰ শ্লোগান দি ভূলণ্ঠিত কৰোঁ মানৱতা
নগ্ন নাৰীৰ সৈতে কৰোঁ সভ্যতা প্ৰতিষ্ঠাৰ মিচিল

আমি বস্ৰ পিন্ধিও নাঙঠ 
আমাৰ ভদ্যতাৰ ভাও  আৱৰণহে মাথোঁ 
সেয়ে আমি ছাঁৰ আঁৰত 
অবাধে ভোগ কৰোঁ অবৈধ উল্লাস

মানুহৰ জিভাত হাড় নাই বাবেই নেকি
মুখ মেলিলেই লাভা নিগৰি ছাঁই কৰে সপোনৰ পথাৰ
মনৰ পোহৰ ইমান বিষাক্ত যিয়ে কন্দুৱায় ধৰাৰ যত প্ৰাণ
 বিষাক্ত মগজুৱে হৰণ  কৰে ধৰিত্ৰীৰ সতীত্ব

মানুহ মানেই ভাৱৰীয়া
জ্ঞান-বিজ্ঞান , ধৰ্ম- দৰ্শন  কুলাঙ্গাৰ মানৱৰ হাতত ধৰ্ষিত
সভ্যতা-সংস্কৃতি, বিশ্বাস, শান্তি, প্ৰগতি
জাৰজ জ্ঞানীৰ হাতত লুণ্ঠিত

এতিয়া আৰু সূৰ্য নুঠে
এতিয়া সপোনবোৰ মৰাশ
মানুহ পিশাচ হোৱাৰ পিছত
মনুষ্যত্বৰ বাঞ্চা মৰীচিকা মাত্ৰ...
—————————————————
—————————————
আহ্বান
গীতাঞ্জলী হাজৰিকা 

নাৰীৰ গৰ্ভতে অংকুৰিত তুমি মই
তথাপিও নাৰীৰ মৰ্যাদা লাঘৱত
বিনাদ্বিধাই দম্ভালি মাৰি তেজৰ ফাকু খেলা

অহংকাৰত ময়মত্ত দুনীয়াখন দুদিনৰ
সূৰ্য্যৰো  অহংকাৰ সন্ধিয়ালৈ নাথাকে
মানবৰ অহংকাৰ জীৱনৰ বিয়লিত নাথাকে

তেনেহলে কিয় কৰা ! অহমিকাৰ খেলা
দুদিনীয়া যৌৱনৰ বলিয়া সোঁতত
জীৱনটো পখালি পাখি বিধস্ত নহবা

সময় গতিশীল সুকৰ্ম প্ৰগতিশীল
সময়ৰ খেলাত লুকাভাকু খেলাৰ বিৰতিত
এবাৰ শ্মশানলৈ যাবাচোন

এপলকতে উমান পাবা সময়ৰ খৰলুটি
হিমালয়ৰ সম অহংকাৰৰ পাহাৰটো 
কেনেকৈ জ্বলি ধোঁৱা আৰু   ছাঁই হয়

অহংকাৰবোৰ শ্মশানত নহয় 
গতিশীল সময়তে সংশোধন কৰা 
সমৃদ্ধিশালী কৰা সংস্কাৰৰ সৌধ

জ্বলিবলৈকে সৃষ্টি নেকি ? 
নালাগে তেনে সৃষ্টি মোক
পদানত হোৱা সন্মানত সংস্কাৰত  
সমৃদ্ধিশালী হোৱা জগত জুৰুৱা যাত্ৰাত ।
—————————————
তাজৰ স'তে
ৰমেন দাস

সপ্ত আশ্চৰ্যৰ স্মৃতিভৰা সৌধত
প্ৰেমৰ আৱেগ চানেকি স্বৰূপে
ভালপোৱাৰ অসীম সীমনাত
সুমধুৰ কিছুপল গধূলি নিবিড়ে

স্বপ্নীল বৰষুণৰ নিৰ্গত কিঞ্জল
জীপাল জীপাল সেউজ ধৰা
শুভ্ৰ আস্তৰণত হেঙুলীয়া অস্তৰাগ
সান্ধ্য প্ৰহৰ ; জোনাক জিলমিল !

সজীৱ সাম্ৰাজ্যযোৰা বীৰত্বৰ
ইতিহাসৰ পাত লুটিয়াই
বিশ্ব ঐতিহ্যৰ হৰিৎ থলীত
কটোৱা ক্ষণিক মুহূৰ্ত বিৰল ...

এপাহ ফুলাম টিকটিকীয়া ৰঙা গোলাপ
গুজি থ'লোঁ তোমাৰ ভৰুণ নেঘেৰী-খোপাত
উজলি থকা তুমি সৰ্পিল যমুনাৰ তীৰত,
হাতত সাৰে ভৰিত সাৰে থকা
মোৰ স্বপ্ন বিভোৰ দুনয়নত

ভালপোৱাৰ প্ৰতীক হৈ 
চিৰপ্ৰবাহমান দিঠক হৈ ৷ 
—————————————
জীৱনৰ খোজত নতুন গতি
নিৰুপমা হালৈ 
                                                 
 আকৌ এবাৰ চালোঁ তোমাক
 অনিমেষ চাৱনিৰে
মোৰ আকঁলুৱা হালধীয়া ডৰাত
সেউজীয়াৰ মূৰৰ টুপী হৈ
আকাশ চুব খোজে যাৰ সুবাস
তাতেই নান্দনিক আল্পনা 
লাৱণি দেহাৰ

পকাধানৰ সুঘ্ৰাণত পমে দেহ-মন 
যেন প্ৰিয়জনৰ উমাল বুকুৰ
সুবিমল আবৰণ
মাটিৰ হালধীয়া আবিৰে চুমে
হৰিণী দুচকুৰ পাহি
ইযে মোৰ বুকুৰ স্পন্দন

কুৱলী-সূতাৰে বগুৱা বাই 
সপোন-কাৰেং
হৃদয়ৰ পৰিধি বুকুতে থয় সামৰি
তোমাৰ ভিজা ভিজা অধৰত সৰি পৰে
মোৰেই কলিজাৰ হিমানী
জীৱনৰ খোজত নতুন গতি
—————————————
শোক
ৰিংকুমণি বড়া

পানীৰ যুৱঁলিত
ওৰে ৰাতি পৰি থাকিল
শেতাঁ জোনৰ ৰুগীয়া ছাঁ ! 
অতীতৰ হোকা হুপি
স্মৃতিৰ ধোঁৱা উৰুৱাই
ময়ো মোৰ কলিজাটো সেকি আছিলোঁ
আত্মদহনৰ জুইকুৰাত... 
সময় কিন্তু তেতিয়াও ৰৈ থকা নাছিল
আজিও নাই...! 
বালিঘড়ীৰ সুৰুঙাৰে উটি গৈ আছিল
এটা কৰুণ বিলাপ হৈ! 

সৌৱা.... সৌৱা চোৱা 
সেউজীয়া বেলি এটা হাতত লৈ 
আহি আছে বুদ্ধ
শান্তিৰ অন্তিমটো বাটেদি... 
প্ৰেমহীনতাত ৰুগ্ন শৰীৰ 
কঁপি কঁপি জাহ যাব খোজে 
ৰাতিৰ বুকুত
তুলি ধৰা... দাঙি ধৰা বুদ্ধ
তোমাৰ সেউজীয়া বেলি 
নিপাত যাওক 
লালসাত মত্ত পৃথিৱী।
—————————————
খোজবোৰে উভতি খোজ দিছে
বনলতা দাস

বহু যোজন বাটকুৰি বাই
একবিংশ শতিকাৰ সভ্যতাৰ দুৱাৰত
উপনীত মানৱসমাজ 
কিমান খোজ এৰি আহিল
শিলাময় পাহাৰৰ বুকুত
ৰ’দে পুৰি কলা কৰা ভৰিৰে
কিমান খোজ এৰি  আহিল
মৰুভূমিৰ উত্তপ্ত বালিৰ বুকুত
খৰস্ৰোতা নদীৰ  বুকুত
আদিম যুগৰ সেই ছবি এতিয়া সোঁৱৰণিৰ সিপাৰে
সভ্যতাৰ জখলাৰ উচ্চ শিখৰত 
আৰোহন কৰি
লাজ ঢাকিব শিকি
সভ্য হ’ল মানুহ ৷
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায়ত
মহাকাশত ঘৰ সাজিবলৈ
কৰিছে যো জা ৷ আৰু আজি
উন্নত সভ্যতাক প্ৰত্যাহ্বান জনাই
উভতি খোজ লৈছে
আদিমতাৰো আদিম যুগলৈ  ৷
মানুহৰ নামত কলংকসনা এচাম
নৰপিশাচৰ  বিভৎস নৃত্য
মাতৃ ভগ্নী জীয়ৰী ৰাজপথত নিৰ্যাতিতা 
মৰণ কাতৰ আৰ্তনাদত নকঁপে 
সিহঁতৰ শিলাময়  মানৱতাহীন নিৰ্দয় হৃদয়
যি নাৰীৰ গৰ্ভৰ পৰা জনম তোমাৰ
বুকুৰ অমৃত পান কৰি
দেখিছা শ্যামলীমা ধৰণীৰ 
অপৰূপ সৌন্দৰ্য
পৈশাচিক প্ৰবৃত্তিৰে ভৰিৰে মোহাৰি
কৰিছা নিৰ্লজ্জ আচৰণ ৷
যুগলৈ কাললৈ ৰাখিলা কলংকৰ খিয়াতি 
উৰুৱালা পৈশাচিকতাৰ চৰম নিচান ৷
খোজবোৰে এতিয়া উভতি খোজ লৈছে
আদিম যুগৰ নগ্নতাকো চেৰ পেলাই
শিলৰ গুহালৈ ৷
+++++++++++++++++
ছাঁ-পোহৰ 
ৰুমী সেনাপতি ভূঞা 

আহাৰৰ কাজল সনা 
অনুভৱ এটি বুকুত সামৰি ,
সন্তৰ্পণে শাওণ আঁতৰি যাব !

শাওণীয়া সজালধৰা অনুভৱ আঁকি ,
মনৰ সাচতীয়া হাবিয়াস 
ছাঁ পোহৰৰ সন্মোহিনীৰে আবৃত হৈ ৰব ,

কৰুণতাক সংগোপনে সামৰি 
শাৰদীয় স্নিগ্ধতাত বিলীন হ’ব ,
মায়াময় চৌপাশ আলোকিত হ’ব !

মাঁথো কল্পনাৰ ৰূপছায়াত 
নিমগ্ন হৈ সোনালী সুদিন দিশে
ধাবিত সেন্দূৰীয়া যাত্ৰা অসীমলৈ  ! —————————————
যুগৰ ব্যৱধান
ইৰা দেবী
 
 ব্যৱধান মাত্র এটা যুগৰ
 ব্যবধান মাত্র এটা যুগৰ
 তেতিয়া দ্বাপৰ যুগ আছিল, 
 আজি    কলি যুগ। 

 বস্ত্ৰ হৰণ তেতিয়াও আছিল, 
 বস্ত্ৰ হৰণ আজিও আছে, 
 তেতিয়া এগৰাকী দ্ৰৌপদী লাঞ্চিত হৈছিল
 আজি হাজাৰ
 হাজাৰ দ্ৰৌপদী
 লাঞ্চিত হৈছে। 

ব্যৱধান মাত্র এটা যুগৰ
ব্যৱধান মাত্র এটা যুগৰ
 তেতিয়া এজন কৃষ্ণ আছিল
এতিয়া কেইজন কৃষ্ণ আছে?
—————————————
কাঁচিয়লি ৰ'দৰ হাঁহি
নিজৰা বৰ্মন ডেকা

নীৰৱ নিশাৰ আৱৰণ ফালি
পূৱ আকাশত সেন্দুৰীয়া বেলি
নীলা আঁচল উৰুৱাই 
টিকটিকিয়া ৰঙা ফোঁট  লৈ 
পৃথিৱীৰ পৃষ্ঠত বিচ্চুৰিত 
কাঁচিয়লি ৰ'দৰ হাঁহি ।
দূৰৈৰ সীমনাত উৰি থকা 
এহালি প্ৰেমিক চৰাই ডেউকাত
কোনেনো বাৰু সানি দিলে
প্ৰভাতী ৰৌদ্ৰজ্বোলৰ জিলমিলনি 
যিয়ে মোক দিয়েহি অনুভৱৰ কৰণি
হৃদয়ৰ একোনত জিলিকে কাঁচিয়লি ৰ'দালি ।
অপৰূপ সৌন্দৰ্য্যৰ সমাহাৰ আজি 
প্ৰকৃতিও সাৰ পায় চৰাইৰ কাকলি শুনি
চিৰিল চিৰিল পাতৰ ফাঁকেৰে
কাঁচিয়লি ৰদালিৰ কোমল হাঁহি ।
—————————————
নিৰ্জনতা
নৱজিৎ জ্যোতি বৰপাত্ৰ

নিৰ্জনতা তুমি ক’ত...
সকলো ফালে কেৱল 
শব্দৰ বাৰুদৰ গুমগুমনি
ঈৰ্ষাৰ খলকনি৷
কোনোবাফালে আভিজাত্যৰ দপ্‌দপনি...

সন্ত্ৰাসৰ ক্ষয়িষ্ণু ৰূপ দেখি  ধৰা ত্ৰাহিমান ৷
চৌদিশে কুৰূপ মানসিকতা প্ৰতীয়মান ৷
নাৰীৰ লজ্জিত কণ্ঠস্বৰে গগন চুমিছে
পৌৰষত্বৰ  নিৰ্লজ্জ হাঁহিয়ে
সত্যম শিৱম সুন্দৰম্‌ ক 
ভেঙুচালি কৰিছে৷

এয়া  আত্মাৰ কি যে বিবৰ্ণ সংযোগ
শব্দৰ বেহু ফালি যাবলৈ লওতে
ৰক্তাৰ্ত কৰে মোৰ নিস্তেজ শৰীৰ
অগ্নিৰ দাৱানলে ৰুধিব খোজে
সমাজে পাৰিলে এঘৰীয়া কৰে 

ক’ত হেৰাল মানৱতাৰ পূজাৰীসকল...
শোষিত লাঞ্চিতক উদ্ধাৰ কৰিবলৈ কোনো নাই
সকলো কি শৱ!
ক্ষণস্থায়ী লোভৰ বিষপান কৰি
 পাহৰি গৈছে সকলোৱে  প্রেমৰ এনাজৰী কিমান দুৰ্লভ!

সময় বোৰ বৰ নিষ্ঠুৰে বাটেৰে বাট লৈছে
সপোনৰ বৃন্দাবনত তথাপিও আছে 
প্ৰত্যাশাৰ এমুঠি পোহৰ৷

হিংস্ৰতাৰ  কোলাহল ঢলি পৰক
ব্ৰহ্ম শব্দৰ ব্ৰজাঘাতত
বৈ আহক নিৰ্জনতাৰ সোণোৱালী ৰামধেনু
ফুলি উঠক এই শুকান মৰুভূত
অভয়ানন্দৰ মনোজ।
—————————————
শাওণৰ মালিতা
ৰাজীৱ দত্ত

শাওণৰ  আকাশত বেদনাৰ লহৰ
টোপাটোপে সৰে চকুপানী
বৰষুণ হৈ৷

সম্ভাৱনাৰ পথাৰত 
কৃষকৰ কপালৰ ঘাম
তেজ হৈ সৰে৷

তেজ বোৰ জুই হৈ জ্বলি উঠে
বঞ্চনা আৰু প্ৰতিবাদৰ ৰাজপথত৷

শাওণেই ধাৰণ কৰে 
প্ৰতিবাদৰ অমল অক্ষৰ৷

বোকাপানী আৰু উৎকট গৰমে
জগাই  তোলে জীৱনৰ প্ৰতি
গভীৰ উপলব্ধি আৰু মৰম৷
—————————————
মানুহ
ৰবিন কুমাৰ চেতিয়া

দিন ৰাতি বুলি এতিয়া কোনো কথা নাই
যিকোনো সময়তে যিকোনো ঠাইতে 
মানুহবোৰ হ'ব পাৰে অমানুহ 
তুমি কেনে আছা বুলি সুধিবলৈও 
আজিকালি মোৰ ভয়
মই যে নিজেই ভাল হৈ 
থাকিব পৰা নাই কেতিয়াও 

নিশাৰ অন্ধকাৰতকৈ আজিকালি মোৰ 
বেছিকৈহে ভয় লাগে পোহৰলৈ
জাগি থকা পৃথিৱীখনত অনবৰতে চোন
য'তে ত'তেই ফুলে বিষধৰ ফুল
বেসুৰা হয় মানৱতাৰ গান 

কিমান সপোনে পোখা মেলিলে 
মানুহে হাঁহিব পাৰে ৰ'দৰ দৰে 
কিমান বিষাদে আমনি কৰিলে
কান্দিব পাৰে বাৰিষাৰ মেঘৰ দৰে
মই নেজানো

মন্দিৰ মচজিদৰ পাৰজনীক খেদি 
মানুহে পূজা কৰে অনীতি অধৰ্মৰ
টোপনিৰ ভাও ধৰি মানুহে সপোন দেখে
স্বাৰ্থ,লোভ,হিংসা,দুষ্কাৰ্যৰ
সুলভ মূল্যতেই এতিয়া কিনিব পাৰি 
য'তে ত'তে অপযশ অপমান
মোৰ বাবে এতিয়া মানুহ চিনাটো
জীৱনৰ আটাইতকৈ কঠিন কাম

আচলতে বাৰু মানুহবোৰৰ হৈছে কি 
তুমি জানানে ?
—————————————
এটি শৰবিদ্ধ চৰাই 
সুৰেশ চন্দ্ৰ ৰায়

এটি শৰবিদ্ধ চৰাই
ধৰাৰ বুকুত পৰি
আছে চট্ ফটাই
নিপুন ব্যাধৰ চোকাশৰে
তাইৰ বুকু ভেদিছে ,
প্ৰাণ কাতৰে চিঞঁৰিছে
মৃত্যুৱে তাইক টানিছে ,
মৃত্যুৰ স'তে যুঁজিছে ।

খন্তেক পাছতে  তাইৰ
প্ৰাণবায়ু উৰি যাব
ব্যাধে তাইক তুলি নিব ,
এজনৰ জীৱন নাশ
এজনৰ সাফল্যৰ উল্লাহ ।
—————————————
প্ৰশ্নবোৰ হয়তো সেই বাবেই আহে
ধন মণি দাৰফাং

এৰা !
বিকলংগ দেহ এটা দেখিছে বাবেই
প্ৰশ্নবোৰ আজিকালি এই দৰেই আহে,
শলিতা ডাল জ্বলি আছেনে ?
যদি জ্বলি আছে কেনে জ্বলিছে ?
তোমাৰ জীৱনৰ
আজিৰ সমাজৰ। 

সময়বোৰ বৰকৈ উৰে!
শিকলিৰ বান্ধোনকো নচাৎ কৰি 
কেচা তেজৰ দাম সুধিবলৈ বৰ সাহসত উৰে।
এতিয়া এটা শুকান পথৰ মুকলি হৈছে,
এই পথ দুচকীয়া কিম্বা চাৰিচকীয়া বাহনৰ নহয়,
মৃত্যুৰ বাবে, ফুটপাথত উলংগ শৰীৰৰ দোকান খোলাৰ বাবে, জীৱনৰ আৰ্তনাদক চলাচলৰ বাবে।

এৰা শুনিছা!
নিশাবোৰত কেৱল এন্ধাৰেই নাথাকে জানা !
এটা আবদ্ধ কোঠাত ৰাখি পংগু কৰি তুলিবলৈ
নিচা থাকে, সচা কাহিনীবোৰক বেইচা সজাবলৈ পিয়াহ থাকে
কেৱল এন্ধাৰে নাথাকে জানা

কেতিয়াবা কেতিয়াবা শূন্য হৈ পৰোঁ 
কেৱল ভয় খিনিকো অভয় বুলি সজোৱা আশাৰে,
এই সমাজৰ বাবে, কেৱল পৰিৱৰ্তিত নীতিৰ বাবে।

শূন্য বুকুখন পাতি 
হেংদাং দাঙি ধৰা ছৱিৰ খনলৈ
বৰকৈ মনত পৰে, বৰকৈ মনত পৰে,
ইতিহাসৰ পাতত জিলিকি থকা সাহসী শ্বহীদলে।

এৰা....! শুদ্ধ উশাহ এটা বিছাৰি অজান বাটত
প্ৰশ্নবোৰৰ মাজত নিৰলে ডুবিলে 
কেতিয়াবা কেতিয়াবা নিজকে
এটা প্ৰশ্ন হৈ পৰোঁ!
ম্লান হৈ পৰা কেচা মানুহৰ মাজত
তেতিয়া কিন্তু উত্তৰ বোৰে শুই পৰে,
বগা পোছাক ধাৰী ৰূপত
কংক্ৰিট সাজত।

এৰা শুনিছা....
তোমাৰ প্ৰতিটোৰ ৰাতি টোপনিয়ে যেতিয়া
নন্দনৰ পাৰিজাতৰ সুৱাসত বিলিন হৈ পৰে,
তেতিয়া মোক নিৰ্যাতনৰ উচুপনিবোৰে
বৰকৈ আমনি কৰিবলৈ ধৰে!
উচুপনি তাগিদাৰ দেখি নিৰৰ্থ হৈ পৰে
টিছু পেপাৰ অথবা কোমল ভাজৰ ৰুমাল খন ।

প্ৰশ্নবোৰ হয়তো সেই বাবেই আহে!
প্ৰশ্নবোৰ হয়তো সেই বাবেই আহে।
————————————— 
নাৰী 
কবিতা গগৈ

টুপ...
এটুপি  নিয়ৰ কণা সৰিছিল , 
উলু খেৰৰ চালখনেৰে । 
বাঁহৰ খিৰিকীখনেৰে সৰকি আহিছিল 
কোঠালিৰ আন্ধাৰ খেদোৱা  পোহৰ ।
আগচোতালত বিয়পি পৰিছিল 
আয়তীৰ কৰ্ম ব্যস্ততাৰ সুৰ । 
গাৰ নিহালীখন আঁতৰাই 
এখোজি দুখোজি কৈ এৰি আহিছিল 
সপোনবোৰ !
চাদৰৰ আঁচলত চকুপানীৰ টোপোলা বান্ধিছিল । 
ফুল কুমলীয়া মনটোক তলা মাৰি 
নদীত উতুুৱাই দিছিল        তেতিয়া...
যেতিয়া,শিৰত আনৰ নামেৰে 
এটি সেন্দুৰী বাট বুলাইছিল! 
শিৰৰ ৰঙাখিনিক জীৱন মানি 
সহিছিল জীৱনৰ সত্য । 
এটি নতুন প্ৰাণত আঁকিছিল 
হেপাহৰ নতুন সপোন ।
দুই ওঁঠত মৰহা হাঁহিটি 
নতুনকৈ ফুলিছিল । 
কিন্তু সময়ৰ দোলাতচোন তেওঁ 
পুনৰ আনৰ বোজা হৈ পৰিছিল !
আয়ে চাদৰৰ আঁচলত চকুপানীৰ  টোপোলা বান্ধি চিতাখনত 
জাপি দিছিল !
—————————————
পাতসিৰা
ৰাহুল কোঁৱৰ 

এবাৰ লগ পাম তোমাক
সেই নষ্টালজিয়াত
পুৰণি কথাবোৰ জাউৰি জাউৰি পাতিম
হীৰুদাৰ সাগৰ দেখিছা কবিতা পঢ়ি পঢ়ি ,
আৰু জোন তৰালিয়ে কাণ পাতি শুনিব
বতাহে আহি ক'ব তুমি যেন
আন্ধাৰৰ জোনাক ৷

পাছ বুলিয়ে জানো এৰি যাব পাৰি স্মিতিক
সেই গীতৰ সুৰে ৰিণিকিয়াই আজিও
কাণে কাণে বাজি ৰয়
সৰা পাতে পাতে ফাগুন নামে ,
কিন্ত তুমি সেই ফাগুনৰ বতাহজাক হৈওঁ নাহিলা 
অজনুবীৰ হিয়াত কলিজাই ধান বানিয়ে থাকিল 
মৰি গ’ল মন , মৰি গ’ল দেহ,সকলো অৱগত কৰিলোঁ 
অগ্নি শিখাক ৷

এদিন সময়ৰ আবেষ্টনিত লগ পাইছিলোঁ তোমাক 
সেই বৰ লুইতৰ চাপৰিত পালেতৰা নাও এৰি গুচি গ’লা
গভীৰ আকাশেও বৃষ্টি বোৱাইছিল
বতাহ বেগেৰে বলিছিল, গাজৰি-গমৰি বিজুলি অগ্নিবান হৈছিল
তথাপিও তুমি থমকি নৰলা ,
আকাংক্ষা নে অহংকাৰ আছিল সেইয়া নাজানো
কিন্ত সেই সময় আছিল এটি ৰোমন্থনৰ নষ্টালজিক ৷
——————————————
আছে কোনোবা হিয়াত 
গকুল চৌধুৰী

আছে কোনোবা হিয়াত
এইখন ধুনীয়া পৃথিৱীৰ জনঅৰণ্যৰ অজ্ঞাতে হিয়াৰ মাজত স্থায়ী কৰি ৰাখিছোঁ 
আলফুলকৈ  ৷
আছে কোনোবা হিয়াত 
এপাহি সুখৰ ৰ’দ - কাঁচলি হৈ 
এপাহি দুখৰ শিল - বৰষুণ হৈ 
এটি গানৰ সুৰ - অন্তৰা হৈ 
এটি কবিতাৰ শব্দ-শিৰোনামা হৈ৷
আছে কোনোবা হিয়াত 
মোৰ বৰ মৰমৰ প্ৰেমিকা হৈ 
মোৰ বৰ মৰমৰ প্ৰেয়সী হৈ 
মোৰ বৰ মৰমৰ প্ৰাণাধিকা হৈ 
মোৰ বৰ মৰমৰ প্ৰেমাস্পদ 
হৈ ।

আছে কোনোবা হিয়াত 
মোৰ বাবে নিচৰ্ত - নিস্বাৰ্থ প্ৰেমৰ
সংজ্ঞা হৈ 
মোৰ বাবে প্ৰকৃত - শ্ৰেষ্ঠ প্ৰেমৰ 
উপমা হৈ 
মোৰ বাবে স্বৰ্গীয় সঁচা প্ৰেমৰ
সাক্ষী হৈ 
মোৰ বাবে চিৰযুগমীয়া প্ৰেমৰ
নিদৰ্শন হৈ ৷
আছে কোনোবা হিয়াত 
মোৰ বাবে জীৱনযুৰি প্ৰেমৰ পিয়াহ হৈ 
মোৰ বাবে আজীৱন যৌৱনা 
প্ৰকৃতি হৈ 
মোৰ বাবে যৌৱনযুৰি প্ৰণয়ৰ 
তৃষ্ণা হৈ 
মোৰ বাবে আজীৱন গাভৰু 
পৃথিৱী হৈ ৷
আছে কোনোবা হিয়াত 
এখন প্ৰেমৰ নদী হৈ মোৰ বুকুতে 
বৈ 
এটি প্ৰেমৰ পাৰিজাত হৈ ফুলি
নন্দনবনত ৰৈ 
এটি প্ৰেমৰ চৰাই হৈ মোৰ বুকুতে
জিৰণি লৈ 
এখন প্ৰেমৰ উপত্যকা হৈ মোৰ 
বুকুতে শুই  ৷
আছে কোনোবা হিয়াত 
স্বৰ্গীয় সঁচা প্ৰেমেৰে মিলন হৈ 
স্বৰ্গীয় সঁচা প্ৰেমৰ আশীৰ্বাদ লৈ 
স্বৰ্গীয় সঁচা প্ৰেমেৰে জীপাল হৈ 
স্বৰ্গীয় সঁচা প্ৰেমৰ থাপনা হৈ 
স্বৰ্গীয় সঁচা প্ৰেমেৰে উমাল হৈ 
স্বৰ্গীয় সঁচা প্ৰেমৰ উম লৈ 
স্বৰ্গীয় সঁচা প্ৰেমেৰে সিক্ত হৈ 
স্বৰ্গীয় সঁচা প্ৰেমৰ স্বীকৃতি লৈ  

আছে কোনোবা হিয়াত 
মোৰ সাতোজনমৰ বাবে 
প্ৰতিখোজৰ সহযাত্ৰী হৈ 
মোৰ সাতোজনমৰ বাবে 
প্ৰতিদিনৰ প্ৰাৰ্থনা হৈ 
মোৰ সাতোজনমৰ বাবে
জীৱন বাটৰ সাৰথি হৈ 
মোৰ সাতোজনমৰ বাবে
যৌৱন পথৰ সুৰভি হৈ ৷
আছে কোনোবা হিয়াত 
মোৰ বাবে ৰাধাৰ স্বৰূপ তাই 
মোৰ বাবে জংকীৰ স্বৰূপ তাই 
মোৰ বাবে ৰঙিলীৰ স্বৰূপ তাই 
মোৰ বাবে উষাৰ স্বৰূপ তাই । 
আছে কোনোবা হিয়াত 
মোৰ বাবে জন্ম - জন্মান্তৰৰ
চিনাকি তাই 
মোৰ বাবে অন্তৰ - আত্মাৰ 
সংগী তাই 
মোৰ বাবে প্ৰাণ - হৃদয়ৰ
লগৰী তাই 
মোৰ বাবে মোৰ মনৰ মানুহজনী 
তাই 
মোৰ বাবে মোৰ চৈধ্য জনমৰ 
অৰ্ধাংগিনী তাই  ৷
আছে কোনোবা হিয়াত 
মোৰ প্ৰিয় প্ৰিয়জনী হৈ 
মোৰ প্ৰিয় সোণজনী হৈ 
মোৰ প্ৰিয় জানজনী হৈ 
মোৰ প্ৰিয় মৰমজনী হৈ 
যুগে যুগে 
জনমে জনমে 
উশাহে নিশাহে 
জীৱনে মৰনে 
আছিল
আজীৱন থাকিব 
মৃত্যুৰ সিটো পাৰলৈ 
অনাদি অনন্তকাললৈ  ৷
আছে কোনোবা হিয়াত 
পৰ জনমৰ শুভ লগনত 
লগ পোৱাৰ আশাৰে মই 
হিয়াৰ মাজত লুকুৱাই 
থৈছোঁ কোনেও নজনাকৈ  ৷
—————————————
আসন্ন বিপদ,আসন্ন মৃত্যু
প্ৰবীন চন্দ্ৰ তালুকদাৰ

দিনৰ ঠিক বাৰমান বাজিছিল তেতিয়া
হাল বাই আছিলো,পিঠিপোৰা ৰ’দত
উদ্দেশ্য আছিল মাথোঁ এটায়ে
আজিয়েই পেঁক দিব লাগিব,ডোবোলাটোত
কষ্টক কষ্ট নুবুলি,সেইখিনি সময়ত
ৰুই পেলাবলৈ ভুঁই,আজিয়েই আবেলি পৰত৷

ক’লা মেঘবোৰ জমি উঠিছিল আকাশখনত
এন্ধাৰ হৈ আহিছিল পশ্চিমৰ পৰা
মেঘে আঁবৰি ধৰিছিল চাওতে চাওতে সকলোতে
টপ টপ কৈ ডাঙৰকৈ টোপালবোৰ গাত পৰোতে
শিলে বিন্ধা  যেনেই অনুভৱ হৈছিল দেহত৷

হাল এৰি দি আহিছিলো ঘৰলৈ
গুৰুম গুৰুম কৈ পৰিছিল বজ্ৰ কেইটামান
ওচৰে পাজৰে আমাৰ গাঁওখনৰ!
শিক্ষক এজনৰ গাতো পৰিছিল বজ্ৰপাত
পঢ়ুৱাই থাকোতে স্কুলত,খিড়িকীৰ ওচৰত৷

গা উঠিছিল  সিঁয়ৰি, শুনিছিলো য়েতিয়া
প্ৰাণ গ’ল বুলি আৰু দুজনৰ,দৈনিক বজাৰখনত
ফালি পৰিছিল দীঘে দীঘে,নাৰিকল গছ এডাল
বজ্ৰ পৰাৰ ফলত  সেই বৰষুণ জাকত৷
ধন্যবাদ দিছিলো মই নেদেখাজনক
উচিত সময়তে  হালখন এৰাই মোক  ঘৰলৈ অনাত
সন্ধিক্ষণত সেই আসন্ন বিপদৰ পৰত৷
—————————————
প্ৰণয়ৰ কথা
ভাৰ্গৱ দত্ত

কলিজাৰ পাহে পাহে ভালপোৱাৰ ৰহণ সনা!
বোৱতী নৈত উটি-ভাহি যোৱা মোৰ অযুত ভাৱনা।
উকা কাগজত নীলা চিয়াঁহীৰ নাচোনৰ খেলা;
কল্পনাৰ সাগৰত বিলীন মই!
প্ৰতিটো আবেলি বেলা।
এই অস্থিৰ অশান্ত পৃথিৱীত....
শান্তিৰ প্ৰতিচ্ছবি অংকন কৰা!
তুমি মোৰ হৃদয়ৰ চিত্ৰলেখা।
মোৰ কবিতাৰ ছন্দে ছন্দে ___
শাওনৰ সেউজীয়া পথাৰত ঢৌ খেলা!
কি যে তোমাৰ এই মোহিনী মায়া।
দূৰণিৰ আকাশৰ তুমি জিলিকা তৰা!
প্ৰতিটো কবিতাৰ আৰম্ভনি হয়! 
তোমাৰ হৃদয়ৰ পৰা।
মেঘালীৰ আঁৰে আঁৰে অহা বৰষাৰ টোপালবোৰে!
মোৰ মৰহি যোৱা হৃদয়ক পুনৰ জীপাল কৰি তোলে।
—————————————
ঋতুৰ চলনা
পৰিস্মিতা দত্ত

ঋতু আহে ঋতু যায়
পৰিৱৰ্তিত ঋতুত প্ৰকৃতিয়েও নতুন ৰূপ পায়,
ন সাজেৰে প্ৰকৃতিয়ে
অনাবিল শোভা বঢ়াই দশোদিশে
নীলিমা বিয়পাই।
গ্ৰীষ্মৰ আগমণৰ লগে লগে
প্ৰকৃতিৰ সমগ্ৰ বুকুৱে সেউজীয়া সাজ পিন্ধে,
বৰষাৰ জাক জাক মৌচুমীয়ে
তৰু-লতাবোৰৰ তৃষ্ণাতুৰ প্ৰাণলৈ
নিবিড় প্ৰশান্তি আনি দিয়ে।
বৰনৈৰ বুকুত, জান-জুৰি, নিজৰাৰ বুকুত
বাৰিষাৰ ধল নামে।
কুলু কুলু ধ্বনিৰে বৈ যাই
 নৈবোৰ, জান-জুৰিবোৰ...
লুইতৰ বুকুতো বান উঠে
দুই কুল উপচাই অপাৰ সমুদ্ৰৰ সৃষ্টি কৰি 
বৈ যাই গুৰু গম্ভীৰ গতিৰে...।
পাৰৰ খাগৰি,কঁহুৱাই হালি - জালি 
ৰঙতে বিভোৰ হৈ যেন
মলয়াৰ চোঁৱৰেৰে আইৰ দেহৰ ক্লান্তি দূৰ কৰে।
বৰ্ষা আঁতৰি শৰৎ আহে
পৃথিৱীলৈ আহে ৰিব ৰিব মলয়াৰ মৃদুল হিল্লোল
তাৰ পৰশ লাগি পথাৰৰ সেউজীয়া লখিমী
হালি-জালি , নাচি-বাগি আনন্দ বিভোল।
চন্দ্ৰিমা মধুৰ স্নিগ্ধ ৰূপোৱালী যামিনীত
দুবৰিৰ দলিচাত শেৱালি বাতুল।
হেমন্তৰো কি যে অলৌকিক খেলা
শৰতৰ সৌন্দৰ্যৰ মোহময়, মায়াময় মাধুৰ্যৰ বুকুত সানি দিয়ে ধ্বংসৰ নিষ্ঠুৰতা ।
বিস্তীৰ্ণ পথাৰত লখিমীয়ে 
সোণোৱালী সাজোনেৰে নাচে 
হিমগুটিবোৰ হিমৰ আৱৰণেৰে, 
অৰুণৰ হেঙুলীয়া আভাৰে
মুকুতা হৈ জিলিকি পৰে।
হেমন্তৰ আকাশত ৰাজহাঁহ, শৰালিৰ
কলধ্বনিৰ কোলাহল 
সোণগুটি মাণিকী মধুৰী, জহাৰ 
মৌ মতলীয়া গোন্ধ...।
হেমন্ত হেঁচুকি শীত আহে গোপনে
শীতৰ কুঁৱলীয়ে গছৰ ডালত হোলী খেলে।
পথাৰ উৰুঙা হয় , শিমলু লঠঙা হয়, 
প্ৰবাহিনীও হয় নীৰৱ নিস্তদ্ধ
পলাশ, মদাৰৰ লঠঙা ৰূপত 
জিলিকে ৰক্ত পুষ্পদল।
শীতৰ নিষ্ঠুৰ পৰশত নীৰৱ নিস্তব্ধ হোৱা
 প্ৰকৃতিৰ সৌন্দৰ্য পুনৰ বদ্ধন কৰিবলৈয়ে যে ঋতুৰাজ বসন্তৰ আগমন,
ডালে ডালে কুলি, কেতেকীৰ মধুৰ গুঞ্জন
কপৌ, তগৰ, চম্পাৰ সৌৰভত
প্ৰকৃতি পৰিণত হয় মনোৰম কুঞ্জকাননত। 
—————————————
মানৱতা গংগা স্নান কৰা
ডাঃ বন্দনা তামূলী

আজি উপাই নেপাই 
কুৎসিত মানৱতা বোৰ
আকাশৰ ওপৰলৈ উৰি গ’ল
হঠাতে গোটেই মেঘ বোৰ
ক’লা হৈ পৰিল
গোটেই বিশ্ব ছানি ধৰিলে

পথত সেইবোৰ কি
মানৱ নে দানৱ
নে হিংস্ৰ পশু
দুটা তিনিটা দেহ আগুৱাই লৈ
ইমান বোৰ মানুহৰ হৰ্ষ উল্লাষ
পথত পথাৰত
উফ কব নোৱাৰি

মাজ ৰাতি যেন
দোলনি দি গ’ল ঘৰবোৰ
গোটেই পথত জোতাৰ শব্দ
দেৱালৰ ফ্ৰেমৰ পৰা যেন নমাই
সুন্দৰী নাৰীক লৈ যাত্ৰা
বীভৎস মানৱতাৰ পদ ধূলিত
নিজতেই আত্মহাৰা
হে কলুষিত মানৱতা
গংগা স্নান কৰি প্ৰায়চিত্ত হোৱা ৷
————————————— 
দুখৰ ৰাতিৰ চকুলো সৰা স্মৃতি
ড০ আদিল আলী

মই হেনো ছিগি যোৱা সূতাৰ পুৰণি জাল 
বিষাদকাতৰ মনৰ এটি সোঁৱৰণি সমলয় 
তুমি নিশাৰ জোনাকৰ সুৰ আৰু ছন্দৰ অমৃত মিলন 
থমকি ৰয় বিৰহ ক'লা ডাৱৰৰ বিফল সপোন য'ত তুমি বৈ যোৱা পোহৰৰ সোঁতে সোঁতে 

শুকুলা মেঘত মগ্ন সেমেকা তৰাৰ নগ্ন ৰাতি 
স্মৃতিৰ ছন্দে ছন্দে তোমাৰ লাহী আঙুলিৰ সাৱলীল গতি 
জয় পৰি জীণ্ যায় বিষাদৰ ৰাতি, আকাশ-কুসুম 

পীৰিতিৰ ডেউকা লগাই উৰি আহি মোৰ বুকুত পৰে 
চন্দ্ৰমল্লিকাৰ বাগিচাৰ ফুৰফুৰীয়া গোন্ধৰ এৰাতি 

বিহঙ্গমদৃষ্টিত ই দুখৰ ৰাতিৰ চকুলো সৰা স্মৃতি, প্ৰাণখোলা হাঁহি 

উস্,কেতিয়া সাৰ পাই উঠিব তোমাৰ বুকুত জোনাকৰ সৌ পাহ মেলা এটি মিঠা ৰাগী  ? 
————————————— 
অব্যক্ত বেদনা
অপৰূপা দত্ত

জীৱনটো বিষাদ অনুৰাগেৰে ভৰি পৰিল 
সোপোনৰ ৰঙা ৰংবোৰো আজি নোহোৱা হ'ল 
ভালপোৱা , বিশ্বাস  আৰু আস্থা
শব্দবোৰ যেন জীৱনৰ পৰা হেৰাই গ'ল 
হাঁহিমুখে আঁতৰি গ'লা এদিন তুমি
নতুন সুখ বিচাৰি
মই জানো তুমি যে উভতি নাহা 
তথাপি ৰৈ আছো মনৰ পদুলিত ৰুৱা
সেই মালতীৰ মালা গাঁথি
মই জানো তুমি যে উভতি অহা পথৰ পথিক নহয় 
ইমানৰ পাছতো ৰৈ আছো  মই

কাৰণ 
তুমি মোৰ বিৰিণাৰ পাতৰ সেই প্ৰাণ বিহীন কুঁৱলি
তুমি কেতিয়াবা বুজানে 
বিষাদবোৰ কিমান অসীম ?
যাক সহ্য কৰাতো যে বৰ কঠিন 
তুমি অবিহনে মোৰ এই ৰ'দবিহীন পৃথিৱীত 
কেতিয়াও নহৰে মাজৰাতি তলভৰি শেৱালি 

এতিয়াও ৰৈ আছো 
অশেষ শ্ৰদ্ধা লৈ
আজিও বাটচাই আছো 
কেৱল তোমালৈ বুলি।
—————————————
মাতৃত্ব
যামিনী দেৱী

হৃদয় গহ্বৰত থকা 'মাতৃত্ব' শব্দটোৱে
সপোন বিভোৰ কৰি ৰাখিছে
মোৰ চেতনাক।
শব্দটো শানত দি জলজলীয়া কৰিছোঁ।
শব্দটো বিচাৰি নাপাও যে!
হয়তো পৰিৱেশত তিকিব নোৱাৰি
বাস্পীভৱন হৈছে।
শব্দটো নিয়ৰৰ গান হৈ
আদিম এন্ধাৰৰ মাজেৰে
গৰ্ভত প্ৰবেশ কৰিছে।
একলা দুকলাকৈ 
গৰ্ভ ভৰুণ হৈছে।
সপোনৰ বীজ সিঁচি দিয়া
প্ৰিয়জনক ধন্যবাদ জনাইছোঁ।
হস্পিতেলৰ বিছনাত
নিজকে আবিষ্কাৰ কৰি
বিশেষণ নথকা এটা ঘ্ৰাণত
তোমাৰ জন্ম অনুভূত কৰিছোঁ।
খেপিয়াই তোমাৰ মুখখন
মোৰ মঙহাল  বুকুত
গুজি দিব খুজিও
বিফল হৈছোঁ।
হাতবোৰ দেখোন জঠৰ,
আনন্দৰ চকুলো নিগৰিছিল,
ভৱ-সাগৰ পাৰ হ'বলৈ
বঠা হাতৰ মুঠিত।
—————————————
এখনি জীয়া ছবি
ইভা গন্ধীয়া ফুকন

নদী এক প্ৰবাহিত সুঁতি
সময়ৰ বোৱতী ধাৰ
নৈপৰীয়া উতনুৱা বতাহজাকৰ পৰশত
ক্ষণভংগুৰ জীৱনত মায়াৰ জলছবি
ক্ষণে ক্ষণে সলনি হয় ৰূপ ভংগিমা
আনন্দ বিষাদ স্বতঃস্ফুৰ্ত ভাষা
সুউচ্চ পাহাৰৰ চুড়াই চুড়াই
ঠেকা খাই বতাহত প্ৰতিধ্বনিত হয়
নিৰ্জন প্ৰান্তৰতো প্ৰস্ফুটিত
নিৰ্ভাজ সৰল এখনি জীয়া ছবি
ভৈয়ামৰ বৰলুইতখনি
তাতে প্ৰতিফলিত হয় প্ৰাপ্তি - অপ্ৰাপ্তি
ভঙা গঢ়াৰ ক'তনা কিংবদন্তি ইতিহাস
বাৰিষা খৰালিৰ ৰূপ ভিন্নতাৰ
মৃদু মলয়াৰ ঢৌ খেলা অতল জলৰাশিত
ৰঙা বেলিৰ অবগাহন
ধলফাঁট দিওঁতেই আকাশৰ লহৰ তুলি
উৰা মাৰে এটা ধেনভিৰীয়া পক্ষীৰ জাক
মনৰ শালত ফুল তুলি থকা ওলট পালট ব্যস্ত মাকোঁ
ৰাতিৰ আকাশ মধুৰ স্বপ্নৰ জিলিকা মহিমা ছিটিকি পৰে
অতৃপ্তিয়ে বিচৰা তৃপ্তি বা তৃপ্তিয়ে বঢ়োৱা অতৃপ্তি !
—————————————
ফুল 
মৰ্জিনা বেগম

চহৰৰ গলিত 
ফুলবোৰ বিক্ৰী হয়
ক্ৰেতাসকল চাহাব 
বিক্ৰী হোৱা ফুলবোৰ 
হেনো 
শুকান গছত ফুলা 
পেটবোৰ খালী থাকে 
ৰাতিৰ সাজত 
সেইবাবেই চাগে 
ফুলকেইপাহ গধূলি 
জোনাকী পৰুৱা হয়
চহৰৰ গলিত 
মৌন হয় দুখবোৰ 
সুখবোৰ কিনাৰ বাবে 
ৰঙীন সাজত ।
—————————————
উপায়ন্ত
দীপ্তিমনি গোস্বামী

বতাহত উৰিছে উঁই পোকে কুটিব ধৰিছে
পিতামহে সীঁৰলু দি থৈ যোৱা
বকুল বনৰ সুগন্ধি পখিলাই মৌ চুহা
বনফুলৰ সেউজীয়া পথাৰখন।

উঁই পোকৰ  লগতে উজান দিছে
অপৈণত অহংকাৰী মালিবোৰে
ঘাই শিপাবোৰ কটাৰ লগতে
প্ৰতিপালন কৰিছে ৰঘুমলাবোৰ।

ৰাসায়নিক ৰং মিলাই ফুল ফুলাই
জকমকীয়া কৰিছে ৰঙা নীলা ৰংবোৰ
অভিজ্ঞ মালিবোৰে কাণ থিলা মাৰে
শুনিব নোৱাৰি বে-সুৰীয়া সুৰবোৰ!

সহ্য কৰিবলৈ টান পাইছে
উদযাপনৰ অনৈতিক ৰং ৰহ‌ইচ বোৰ
বৃদ্ধ বয়সৰ নিশকতীয়া অভিভাৱকৰ দৰে
উপায়ন্তৰ হৈ অবাবতে অথলে ঠেলিছে সময়বোৰ ।
—————————————
আকাংক্ষা
জোনমণি মহন্ত

জুৰুলা চোতালত জীয়াই থাকিবলৈ 
পুলিটোৰ  বৰকৈ আশা 
অভাৱ পূৰণৰ সন্ধানত
সুবিধা ললে আকাংক্ষিত মনটোৱে
প্ৰশ্ন নিজৰ ভাবত নিজেই মগ্ন
উত্তৰৰ সমাধান অদৃশ্যজনৰ
অজান অপেক্ষাত
আহিবনে নে আহিব পাৰে
ৰ'দৰ ৰেঙনী কোনোবা দিনত!

ৰাতিৰ আন্ধাৰত বিষয়ৰ যন্ত্ৰণা
আনফালে পেটৰ পোৰণিত নাহে টোপনি
ভঙা বেৰৰ জলঙাৰ পোহৰৰ সন্ধানত উজাগৰী ৰাতিৰ
সহস্ৰ চিন্তা মনৰ মাজত,

পুলিটো জীয়াই ৰাখিবলৈ
জুৰুলা জপনাত নাথাকে তলা 
থাকে সাতমিহলি বহু গাঁথা
প্ৰকৃতিৰ বাতাবৰণ তাতেই আত্মাৰ শান্তি
ভেদাভেদ কৰিবলৈ নাই অভিলাস

মাথোঁ অপেক্ষা সন্মুখত
ৰামধেনুৰ দেখাৰ ৰঙীন আশা...
—————————————
আপোনালোক কুশলে  আছে নে
চন্দন বৰ্মন

মই আজিকালি কোঠাৰ পৰাই নোলাও 
ওলাবলৈ মনো নেযায়। 

দিনবোৰ চকুৰ সমুখতে বেদনাপূৰ্ণ অস্থিৰ ক্রমশ  বীভৎস হৈ উঠিছে ।
খবৰৰ কাগজে মেৰিয়াই লৈ অহা নগ্ন শব্দবোৰে 
 অথবা 
ফেচবুকৰ পৰ্দাখনে কঢ়িয়াই লৈ অহা বিষাক্ত দৃশ্যবোৰে
মোক আজিকালি প্রায়ে বিধ্বস্ত কৰি থৈ যায় ।
মোৰ এই কোঠাবন্দী অৱস্থাত  দিনবোৰে হাঁহে  আৰু মোক সোধে ---
তোমাৰ স্বাধীনতাখিনি বেচি দিলা নেকি 

সচাঁকৈয়ে বহু দিনেই হ'ল স্বাধীনতাই মোক এৰি যোৱা ।
মই কালি  ঘৰ লৈ উভতি নহা স্বাধীনতাক বিচাৰিবলে' গৈ দেখোঁ 
স্বাধীনতা দ্বি-খণ্ডিত হৈ 
মূমূৰ্ষু অৱস্থাত ৰাজপথত পৰি কেঁকাই আছে ।
নিশ্চয় কোনোবাই গচকি গৈছে।

বোবা হৈ বহি আছে বাক্-স্বাধীনতা 
মই অস্তিত্ব হেৰুওৱা স্বাধীনতাক থৈয়ে ঘৰলৈ ওভতনি যাত্ৰা দিলোঁ ।

দিনবোৰে মোক দেখি হাঁহিয়েই আছে 
অৱশ্যে ময়ো জানো এই হাঁহি সুখৰ নহয় 
 এই হাঁহি বেদনাৰ দিনবোৰো আজিকালি পৰাধীন স্বাধীনতা হেৰুওৱা দিনবোৰ নিজেই বিধ্বস্ত আৰু শোকাতুৰ 
সেয়ে মোকো বিধ্বস্ত কৰি শোকাতুৰ কৰি তোলে ।

এতিয়া নতুন কৈ দিনবোৰক সুস্থ কৰি 
নিজকে  সুস্থ কৰিবলে'
মোক আকৌ সহিব লাগিব প্রসৱ বেদনা ।
মোক আৰু এবাৰ প্রস্রৱ কৰিব লাগিব স্বাধীনতাক

আপোনালোকৰ দিনবোৰ কেনে  আছে বাৰু 
আজিকালি ।
—————————————
'তুমি' চিমেণ্ট
মুহাম্মাদ আফজাল

জীৱন ঘৰটো মোৰ বহুত ৰঙীন,
নিৰ্মাণৰ কাম চলি আছে দ্ৰুত গতিত।
তাৰ বাবে 'তুমি' চিমেণ্টৰ অতি প্ৰয়োজন।
গম ল'লোঁ, 
বজাৰত 'তুমি' চিমেণ্টৰ দাম বাঢ়িছে।
যেতিয়া কমিব,
মোৰ জীৱন ঘৰটো সম্পূৰ্ণ হৈ উঠিব।
—————————————
ৰহস্যময় জীৱন নদী
অঞ্জনা ৰূপা দাস

জীৱন কি?

জনাই নাছিলোঁ 
বুজিবলৈ জীৱনৰ আঁত বিচাৰি 
একা-বেকাঁ ৰাস্তাৰ
ওখোৰা-মোখোৰা
 সৰ্পিল পথিক হৈ
যাত্রাৰ অন্বেষণ কৰাতো নাছিলো! 

জীৱন কি
জানিলোহেঁতেন যদি! 
বিনন্দীয়া ধৰণীৰ
সন্মোহিত সৌন্দর্যৰ
ৰক্ত পান কৰি
নল’লোঁহেঁতেন জনম
জীৱ শ্ৰেষ্ঠ মনুষ্য বুলি! হত্যা-ধৰ্ষণ, গৰ্ব-অহংকাৰ
উচ্চ-নীচ, ভেদ-ভাৱৰ
থাকিলেহেঁতেন যদি
একোখনি ফুলৰ চানেকি! সুবিশাল নীলিম
সমুদ্র  মথি, 
দুৰ্লঙ্ঘ্য পৰ্বত পেক্ষি, 
অটল গহ্বৰ বক্ষি
বিচাৰি বিচাৰি পিন্ধিলোহেঁতেন
ন্যায়ৰ শুক্ল পোছাক যুৰি। 
আশাবোৰ ক্ষণস্থায়ী, 
থাকে নিৰাশাৰ আচ্ছাদনে ভৰি, 
আশাহত আত্মা থাকে
হতাশাত মজি। 
চিন্তাক্লিস্ত, দুৰ্বোধ্য ভাগৰুৱা হৈ
নপৰিলোঁহেঁতেন এদিন
 শুভ্ৰ বস্ত্রেৰে আবৃত হৈ
 মৃত্যুৰ শীতল শেতেলীত। 

মৃত্যু যদি এটা শিল্প হয়, 
হয় যদিও চিৰ শ্বাশত, 
জীৱন সজালোহেঁতেন
কৰ্ম শিল্পৰে কৰি ভাস্কর্য। 
চিন্তাৰ সাগৰ মথি
খালোঁ মাথোঁ হাবাথুৰি, 
 নাপালোঁ বিচাৰি
গৰুড়ৰ অমৃতৰ ধাৰা। 
ৰহস্যৰে আবৃত খোলা, 
স্বৰূপতে ফোঁপোলা। 
সঁচাই! 
জীৱন এখন 
ৰহস্যময় বোৱতি নদী, 
সত্য,তত্ত্ব,শুদ্ধজানি
ৰহস্যৰ বক্ষভেদি, 
সেয়ে নিজস্ব,স্বতন্ত্র
নহয় অমৰত্ব, 
বোধগামিতাৰো যে
 নহ'ল অবক্ষয় মুকলি। 
 জীৱন এখন ৰহস্যময়
 বোৱতি নদী।  
—————————————
নয়নাশ্ৰুৰ পৰশ
প্ৰাণ প্ৰতিমা বড়া

নয়নানন্দ দুচকুত এতিয়া তমোময় নিশা
সজল দুচকুত নয়নাশ্ৰুৰ পৰশ
কলাঘুমটিত প্ৰস্ফুটিত মাথোঁ ধূসৰ চিন্তা
হিমালয়ৰ বুকুত ৰছা সপোনবোৰ 
সপোন হৈয়ে ৰ’ল
উৱাদিহ নোপোৱা চিন্তাবোৰ
হেঁপাহৰ আলিংগনবোৰ
পলকতে যেন স্তব্ধ 
আশাৰ ৰেঙণিত প্ৰস্ফুটিত
এপাহি কুসুমৰ ওঁঠত জিলিকে
মাথোঁ এটি সেমেকা হাঁহি 
—————————————————

Post a Comment

0 Comments