পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ ষষ্ঠ সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  জুলাই মাহ।গৰমৰ মাহ। স্বাভাৱিকভাবে বিদ্যালয়বোৰত ঘোষণা কৰা হৈছে 'গৰম বন্ধ'।কিন্তু এই জুলাই মাহটোক   নৱকান্ত বৰুৱাদেৱে কথা প্ৰসংগত 'কবিতাৰ মাহ' হিচাপে অভীহিত কৰিছিল। 
  কবি নৱকান্ত বৰুৱা আৰু হীৰেন ভট্টাচাৰ্যৰ স’তে ড° অমৰজ্যোতি চৌধুৰী আৰু তেওঁৰ বন্ধু কমল শৰ্মা,জুলাই মাহৰ  কোনোবা এটা ৰাতি কবিতাৰ অনুষ্ঠান এটালৈ গৈ আছিল। হঠাতে নৱকান্ত বৰুৱাই কৈছিল–'জুলাই মাহটো মোৰ কবিতাৰ মাহ যেন লাগে। মাহটো আৰম্ভ হোৱাৰ আগদিনাই অমূল্য বৰুৱা ঢুকাইছিল। জুলাই মাহতে বিয়োগ হ’ল কবি শ্যেলী।আৰু পাবলো নেৰুডাৰতো এই মাহতেই জন্ম হৈছিল সেয়ে মাজে মাজে ময়ো ভাবোঁ–কোনোবা এটা জুলাই মাহতে সিপুৰি পাবগৈ লাগিব বুজিছা।'      
  তেনেতে স্বভাৱ-সুলভ ভাৱে হীৰুদাই ভাগিনিয়েক কমল শৰ্মাক কৈছিল –'হেৰা ভাগিন,পাৰিলে জুলাইতেই মোৰো টিকেটটো কৰি থ’বাহে।'

 আৰু কাকতলীয়ভাবে চাৰি জুলাইত হীৰুদা আমাৰ মাজৰ পৰা গুচি গৈছিল। নৱকান্ত বৰুৱাদেৱো চৈধ্য জুলাইত আমাৰ মাজৰ পৰা আঁতৰি গৈছিল।
  
নৱ ৰাজন 
সম্পাদক 
কাব্যকানন
—————————————
কবিতাৰ  আড্ডা
উদয় কুমাৰ শৰ্মা

[অতিনাটকীয়তা, অতি-কাব্যিকতা  আৰু অতিঅলঙ্কাৰ ]

    নাটক বা কথাছবি এখন চাই থাকিলে -- কাহিনীটোৰ ভিতৰলৈ আমি এনেকৈ সোমাই যাওঁ যে, কেতিয়াবা হাঁহি হাঁহি ক'ব নোৱৰা হৈ যাওঁ, চকুপানী টোকো ; নহ'লেবা, খঙত ফাটি পৰোঁ। পাহৰি যাওঁ -- সেয়াযে কোনোৱে লিখা কাহিনীহে! নাটক এখন, কিছু সময় চালেই -- তাৰ শেষখিনি কি হ'ব পাৰে, উমান পোৱাবিধৰ হ'লে -- দৰ্শকৰ কৌতূহল বুলিবলৈ একো নাথাকেগৈ। তদুপৰি, কাহিনীৰ স্বাৰ্থতেই, চৰিত্ৰবোৰক টানি আনি অতিনাটকীয় কৰিব খুজিলে -- চিন্তাশীল দৰ্শকে আমনি পাব পাৰে। নাটকৰ অতিনাটকীয়তাৰ দৰে -- কবিতাৰ ক্ষেত্ৰতো, অতিকাব্যিকতাই পঢ়ুৱৈক বিৰক্ত কৰিব পাৰে। 

    কবিতা এটিৰ আৰম্ভণিৰ কেইটামান শাৰী পঢ়িলেই, কবিতাটো কিদৰেনো শেষ হ'ব পাৰে -- মোটামুটিকৈ ধাৰণা এটি উপজিলে, কবিতাটি সম্পূৰ্ণৰূপে পঢ়িবলৈ, সকলো পাঠক আগ্রহী নহ'বও পাৰে। নাটকৰ দৰে, কবিতাতো, কবিৰ অনুভৱ আৰু কল্পনাৰ ঘোঁৰাটোক চেঁকুৰি যাবলৈ এৰি দিব পাৰিব লাগে। অন্যথাই, কবিতাৰ নামত কেতিয়াবা একোখন ৰচনাহে হ'বগৈ পাৰে। আন কথাত -- কবিতাৰ ভাবক, ভাষাৰে ধৰি নাৰাখি, মুকলিকৈ এৰি দিবলৈ চেষ্টা কৰিলেহে, সি ৰসগ্ৰাহী হ'ব। 

     অতিকাব্যিকতাৰ দুটিমান উদাহৰণ দিব পাৰি :
  (১) কাজল নিথৰ উচুপনিৰ জাহাজ
[ 'মহাকাব্যিক', ৰফিকুল হুছেইন, -- ]
   (২) তেজৰ ঘঁৰিয়ালে গিলা নাই / জোনাকৰ পদূলি
[ 'কবিতা', সুমিত্ৰা গোস্বামী, 'অসম বাণী', বিহু-সংখ্যা, এপ্রিল, ২০১২ ]
 (৩) ভাষা মোৰ হিল্লোলিত প্ৰাণৰ সেউজীয়া স্বাভিমান
[ 'ভাষা মোৰ... ', ৰুদ্ৰ সিংহ মটক, 'শিপা', অক্টোবৰ, ২০১১ ]
(৪) সৰিয়হ ফুলীয়া ( সৰিয়হফুলীয়া) বাসনাৰ ইন্দ্ৰনীল পোহৰ
[ 'পোহৰৰ বিলাপ', নন্দ সিং, 'গৰীয়সী', আগষ্ট, ২০১১ ]
(৫) প্ৰেম ব্যঞ্জনাৰ বৰ্ণমালা তই
 [ 'প্ৰেম ব্যঞ্জনাৰ... ', কমল কুমাৰ জৈন, 'গৰীয়সী', এপ্রিল, ২০১২ ] । 

   -- ইয়াত, 'উচুপনিৰ জাহাজ', 'তেজৰ ঘঁৰিয়াল', 'সেউজীয়া স্বাভিমান', 'বাসনাৰ... পোহৰ', 'প্ৰেম ব্যঞ্জনাৰ' আদি কল্পচিত্ৰবোৰে -- সেই ছবিবোৰৰ মাজৰ জীৱন্ত ছবিকেইখনলৈ, আমাৰ মনটোক সহজতে টানি নিব নোৱাৰে -- কাব্যিকতাৰ মাত্ৰাধিক্যৰ কাৰণে। বৰঞ্চ, এনে বাক্যাংশবোৰেৰে দৰাচলতে কি ক'বলৈ বিচাৰা হৈছে -- বুজিবলৈ অসুবিধা হয়।

   মাৰ্জিত অলংকাৰে শোভা বঢ়ায়। কিন্তু, প্ৰয়োজনাধিক অলঙ্কাৰ বা অতিঅলঙ্কাৰে যিদৰে সৌন্দৰ্যক ম্লান কৰি কুন্ধছ ৰূপহে দেখুৱায় -- কবিতাতো, অতি-অলংকাৰ বা অতি-কাব্যিকতাৰ প্ৰয়োগে, কবিতাৰ ফটফটীয়া পানীক ঘোলাহে কৰি তোলে। সেয়ে, নিৰলংকাৰ অলঙ্কাৰহে -- উৎকৃষ্ট অলঙ্কাৰ। 

    আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনসাপেক্ষ, ৰসহীন মাত-কথাৰ ভাষাকে, কবিতাৰ ভাষা কৰিব পৰাটো -- নিৰন্তৰ প্ৰচেষ্টাৰ ফল ; যি, সময়ত, ৰসাল ফলৰ দৰে হয়গৈ। অৰ্থাৎ, ভাষাৰে কাব্যিকতা কৰাৰ পৰিৱৰ্তে -- কবিতাক, বোধৰ গভীৰতাৰে দীপ্ত কথাৰ যাদুৰে, শব্দৰ ব্যঞ্জিত অৰ্থৰে কবিতা কৰি তোলাৰ প্ৰয়াসহে প্ৰশংসনীয় আৰু সৰ্বজনগ্ৰাহ্য। আলঙ্কৰিক ভাষা আৰু লোক-জীৱনৰ ভাষাৰ পাৰ্থক্য -- আকাশ-পাতালসদৃশ। 

    সেয়েহে, ক'ব পাৰি : যি কবিতাত 'কবিতা' নাথাকে -- সেয়াহে কবিতা ।  কবিতা একোটাত 'কবিতা' (কবিতাৰ সম্পদ) লুকাই থাকে -- কবিতাটোৰ ভিতৰত  ।
————————————————————
অনুবাদ কবিতা

바람의 말 /마종기

우리가 모두 떠난 뒤
내 영혼이 당신 옆을 스치면
설마라도 봄 나뭇가지 흔드는
바람이라고 생각지는 마.
나 오늘 그대 알았던
땅 그림자 한 모서리에
꽃나무 하나 심어 놓으려니
그 나무 자라서 꽃 피우면
우리가 알아서 얻은 모든 괴로움이
꽃잎 되어서 날아가 버릴 거야.

꽃잎 되어서 날아가 버린다.
참을 수 없게 아득하고
헛된 일이지만
어쩌면 세상 모든 일을
지척의 자로만 재고 살 건가.
가끔 바람 부는 쪽으로 귀 기울이면
착한 당신, 피곤해져도 잊지 마,
아득하게 멀리서 오는 바람의 말을.

The Word of the Wind 
by- Majong-gi(1939—)
Korea
Translated by-Chae-Pyong Song and Anne Rashid

After all of us leave,
if my spirit passes by you,
don’t think even for a moment it is
the wind that sways the spring boughs.
Today I will plant a flower
on a corner of the shadow
where I got to know you;
when the flower grows to bloom,
all the distress that stemmed from our acquaintance
will turn into petals and fly away.

It will turn into petals and fly away.
Though it is unbearably distant
and futile,
how can we measure all the things in the world
with only a small ruler?
When every now and then you turn your ears toward where the wind blows,
my beloved, don’t forget even if you become tired
the word of the wind that comes from faraway.

বতাহৰ চিঁহিৰণি
মূলঃ মাহজং-গী (১৯৩৯-)
কোৰিয়া
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


আমি সকলোৱে যোৱাৰ পিছত,
যদি মোৰ আত্মা 
তোমাৰ কাষেৰে পাৰ হৈ যায়,
এক মুহূৰ্তৰ বাবেও নাভাবিবা যে 
সেয়াই হৈছে-
বসন্তৰ ডালবোৰত দোলা দিয়া বতাহ।
ছাঁৰ এচুকত
আজি মই এজোপা ফুল ৰোপণ কৰিম৷
যেতিয়া ফুল ফুলিবলৈ ল’লে,
মই তোমাক চিনি পালোঁ;
আমাৰ চিনাকিৰপৰাই উদ্ভৱ হোৱা সকলো দুখ পাহিলৈ 
ৰূপান্তৰিত হৈ উৰি যায়।

ই পাহিলৈ ৰূপান্তৰিত হৈ উৰি যায়।
যদিও ই অসহনীয়ভাৱে দূৰৈৰ
আৰু অসাৰ,
আমি কেনেকৈ জগতৰ সকলো বস্তু জুখিব পাৰোঁ
মাত্ৰ এগৰাকী সৰু শাসকৰ সৈতে?
যেতিয়া মাজে মাজে কাণ দুখন বতাহ ব’লা ঠাইৰ ফালে ঘূৰাই দিয়ে,
মোৰ প্ৰিয়জন, 
ভাগৰি পৰিলেও পাহৰি নাযাবা৷
দূৰৰপৰা অহা বতাহৰ চিঁহিৰণি।
—————————————
ডাঙৰীয়াৰ কুৱাঁ

মূল: ওমপ্ৰকাশ বাল্মিকী (হিন্দী)
ভাৱানুবাদ: অপূৰ্ব ভূঞা

চৌকা মাটিৰ
মাটি পুখুৰীৰ
পুখুৰী ডাঙৰীয়াৰ

ভোক ৰুটিৰ
ৰুটি বাজৰাৰ
বাজৰা খেতিপথাৰৰ
পথাৰ ডাঙৰীয়াৰ

গৰু ডাঙৰীয়াৰ
হাল ডাঙৰীয়াৰ
হালৰ মুঠিত আমাৰ হাত
শস্য ডাঙৰীয়াৰ

কুৱাঁ ডাঙৰীয়াৰ
পানী ডাঙৰীয়াৰ
খেতিপথাৰ ডাঙৰীয়াৰ
ৰাস্তা-ঘাট, বস্তি ডাঙৰীয়াৰ
তেন্তে নিজৰ বুলিবলে আছে কি ?
গাঁও ?
চহৰ ?
দেশ ?
         °°°°
[ কবি পৰিচয়: ওমপ্ৰকাশ বাল্মিকী (১৯৫০-২০১৩) : উত্তৰপ্ৰদেশৰ মুজাফ্ফৰ নগৰৰ বাসিন্দা ওমপ্ৰকাশ বাল্মকী নব্বৈৰ দশকতে উজলি উঠা এগৰাকী দলিত সংবেদী আৰু প্ৰভাবশালী কবি আছিল৷ এই কবিতাটো কবিৰ ’ ঠাকুৰ কা কুৱাঁ’ শীৰ্ষক কবিতাৰ মুকলি অনুবাদ]
—————————————
দিয়াচলাই কাঠি
(সুকান্ত  ভট্টাচাৰ্যৰ 'ছাড়পত্ৰ'ৰ পৰা
অনুবাদ: দেৱ দাস।)

মই এটি সৰু দিয়াচলাই কাঠি
ইমান নগণ্য 
হয়তো চকুত নপৰে

জানিথোৱা ভাল 
মোৰ মুখ বাৰুদেৰে তৈয়াৰী

মোৰ বুকুত জ্বলি উঠাৰ 
দুৰ্বাৰ উচ্ছ্বাস
মই এটি দিয়াচলাই কাঠি

সেইযে সিদিনাৰ হুলস্থূল
আছেনে মনত

ঘৰৰ চুকতে জুই 
জ্বলি উঠিছিল অজ্ঞাতে 
মোক নুনুমাই দলিয়াই 
কত ঘৰ পুৰি ছাইহৈ
কত প্ৰাসাদ ধূলিস্যাত 

অকল ময়ে এটি সৰু দিয়াচলাই কাঠি

এনেদৰেই চহৰ নগৰ ৰাজ্য
চাৰখাৰ কৰি দিব পাৰো
তথাপি মোকেই অবজ্ঞা

মনত নাই 
সৌসিদিনা একেলগহৈ
জ্বলি উঠি
চমকিত হৈছিলোঁ

শুনিছিলোঁ তোমালোকৰ শেঁতা বিষন্ন মুখৰ আৰ্তনাদ

কি অসীম শক্তি আমাৰ 
অনুভৱটো কৰিছা বাৰম্বাৰ 
অথচ কিয়যে নুবুজা 

তোমালোকৰ জেপত
আমি আৰু বন্দীহৈ নাথাকিম
আমি মুকলি হ'ম
আমি চহৰ নগৰ গ্ৰামাঞ্চলত
দিগন্তৰ পৰা দিগন্ত ব্যাপি
সিঁচৰতি হ'ম

প্ৰচন্দ অৱহেলাত
বাৰে বাৰে আমি জ্বলি উঠোযে 
সেইটো  
তোমালোকে জানা 

কিন্তু 
তোমালোকেতো নাজানা
আমি কেতিয়া জ্বলি উঠিম
শেষবাৰৰ বাবে 
অন্তত সকলোৱে ।
—————————————
মূল অটল বিহাৰী বাজপেয়ীৰ 
(उम्र की ऐसी की तैसी )

বয়স যিয়েই নহওক কিয়
ভাৱানুবাদঃ গণেশ বৰ্মন

ঘৰ তোমাৰ যেনেকুৱাই হওঁক
তাৰ একোণত
মুকলিকৈ হাঁহিবলৈ ঠাই অকণ ৰাখিবা

বেলিটো যিমানেই দূৰৈত থাকক
ঘৰ সোমাবলৈ সুৰুঙা ৰাখিবা

কেতিয়াবা ঘৰৰ মূধৰ পৰা 
নিশ্চয় গণিবা তৰা
পাৰা যদি জোনটিলৈ 
হাত মেলিবা

মানুহৰ স'তে যদি থাকিব খোজা
চুবুৰিয়াক কাষতে ৰাখিবা

বৰষুণত তিতিবলৈ দিবা
নাচিবলৈ , জপিয়াবলৈ ,
পাৰিলে শিশুহঁতক চলাবলৈ দিবা
কাগজৰ একোখন নাও

সময় পালে কেতিয়াবা
বতৰো যদি থাকে ফৰকাল 
আকাশ ধিয়াই উৰুৱাবা চিলা
পাৰিলে চিলাবোৰ জপটিয়াই ল'বা

ঘৰৰ সমুখতে ৰাখিবা এডাল গছ
তাত জিৰোৱা চৰাইবোৰৰ
কাকলি নিশ্চয় শুনিবা
তোমাৰ ঘৰটো যেনেকুৱাই নহওক 
তাৰ একোণত
মুকলিকৈ হাঁহিবলৈ ঠাই অকণ ৰাখিবা
যিফালেই যোৱা
মৃদু উল্লাসেৰে ওপচাই দিয়া 

বয়সৰ প্ৰতিটো স্তৰেই স্ফূৰ্তিৰ--
তোমাৰ বয়সৰ আমেজ লোৱা

উৎসাহেৰে থাকক মহাশয়
শৰীৰত কিহৰ বিষন্নতা এয়া ?
সময় গৈ আছে বৈ 
বয়স যিয়েই নহওক কিয় ।
————————————
                       কবিতা
পিতা-পুত্ৰ
গুণ মৰাণ

হাওলি পৰা বাঁহজোপা
লৰে কি চৰে
বুকুৰ গাজবোৰে শুনে নে নুশুনে

জনকে চায় মৰতলৈ
জাতকে চায় সৰগলৈ
দুয়োৰে চকুত চকু নপৰে

কঁকাল পোনাই ক'বলগীয়া কথা
পেটৰ পো গা়জক ক'ব নোৱাৰে
শুনিবলগীয়া কথা শুনিবলৈ শুনোঁতাৰ সময়ৰ নাটনি

জিলিকি থকা তৰাবোৰক
চুই চোৱাৰ কামনাক লাগি ভজি থাকোঁতে 
সৰগ-মুখী গাজবোৰ
দুছেও হৈ খহি পৰে

ভলুকাই বোলে আকাশ ফুটুৱাম
ঢোঁৰা কাউৰীয়ে বোলে মাজতে মোটোকাম

মূৰ ছিগা গাজবোৰ 
লাহে লাহে জোপোহা হৈ পৰে
আগ মৰা বাঁহ লেহুকা বুলি কোনেও কামত নলগায়

দেখি শিকে এশিকনি
ঠেকি শিকে এশিকনি
শেষত সম্বিৎ পাই সিহঁতৰ
শুনিবলগীয়া অতীত কথালৈ লৈ বৰকৈ মনত পৰে।
—————————————
কুলবধু
অৰ্চনা ঠাকুৰীয়া

ক'বলৈকে একো নাথাকে মোৰ
 সেই হাঁহি দেখিলে
 যি হাঁহিত সংগোপনে থাকে সৰ্পিনিৰ প্রতিহিংসা কিম্বা কুটিলতা

ৰাজনীতিৰ  সখা কুটনীতিয়ে জীৱনক জুখি চোৱা সূত্ৰকো যেতিয়া ভুলকৈ লিখে
কোনো দুৰাচাৰৰ উৰুভংগ অথবা ৰক্তপানতো যেতিয়া জাগি উঠে আনন্দময় বিষাদ
বিবেকৰ বিৰুদ্ধে গৈও কুটুমৰ তেজেৰে কুটুমক বৰণ কৰা হয়
অথবা ভীষ্মৰ দৰে বীৰকুলেও যেতিয়া কুলবধুক নিৰাপত্তা দিবলৈ সক্ষম নহয়

তেতিয়া, মোৰ ক'বলৈকে একোৱেই নাথাকে

সেই নাৰী অবলা নাছিল
আছিল যজ্ঞবেদীৰ প্ৰসাদ 
মহাশক্তিৰ মানৱীৰূপ
দুৰ্গম অৰণ্যৰ বীৰাংগনা
দ্ৰোনীৰ কষ্টতো যিয়ে চকুলো নিগৰাই গৌতমীক সোঁৱৰে, তেনে মমতাময়ী 
যাৰ তেজস্বিতাত মোহিত সকলোৱে হয় 
অথচ নাযায় দহি

সৰ্বগুণসম্পন্ন স্বামী কাৰনো কাম্য নহয়
পিছে এজনতেই খেপিয়াই পাৰিনে পাব বিচৰা সকলো গুণ...

মহাকালৰ আমোঘ নিৰ্মালি 
তেওঁৰ পঞ্চপতি
য'ত লুকাই আছিল দ্ৰূপদ- নন্দিনীৰ
কোটি ব্ৰহ্মাণ্ডৰ সৰ্বসুখ

 বহুগামিনী বুলি নিন্দিত,
পৰপুৰুষৰ প্ৰতি আকৰ্ষিত বুলি অপবাদ,
পাশাখেলৰ পণ্যদ্ৰৱ্য হিচাপেও বিবেচিত 
সেই তেজস্বী মহিষীৰ 
পোহৰৰ চৈত ভাহি অহা হৃদয়- ধুমুহাজাক সকলোৰে 
অগোচৰ হৈয়ে ৰ'ল...
তথাপি কৃষ্ণৰ  কৃষ্ণাক বিচলিত কৰিব পৰা নগ'ল কোনোকালে কোনোক্ষণে

বজ্ৰৰ গাঁথনিৰে একত্ৰ ৰাখিবলৈ পঞ্চপতিক প্ৰয়োজন যি নাৰীৰ
সেই নাৰীয়েই অহৰহ যজ্ঞৰ জুইকুৰা বুকুত আজীৱন কঢ়িয়াই ফুৰা যাজ্ঞসেনী 

দানৱৰ ৰাজসভাত কদাপি নোহোৱা কুকাৰ্য যেতিয়া 
দিব্য- মানৱৰ ৰাজসভাত সংঘটিত হয়
ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ যেতিয়া কু-অভিসন্ধিৰ আশ্ৰয় ল'বলৈ বাধ্য হোৱা যায়
পণ সোঁৱৰাই দিবলৈ  যদি মেঘালী কেশো মুকলি হৈ ৰয়...

তেতিয়া যে মোৰ ক'বলৈ একোৱেই নেথাকে

তেজৰ আখৰেৰে ইতিহাসৰ পৃষ্ঠাত লিখা হ'ল 
 পুত্ৰ নিধন- যজ্ঞৰ মহাকাব্য
 মাতৃ হৃদয়ৰ মমতা মাথোঁ 
 সৰাপাতৰ মৰ্মৰণি হৈয়েই ৰ'ল

কোনে কাৰ চকুলো মচে
থমকি ৰয় সময়
টোপাটোপে সৰে ভাগৰুৱা ৰ'দ
মস্তিষ্কই মনলৈ ছটিয়ায় অৱসাদৰ বাৰ্তা 
চকুলোৰ আঁৰৰ কাহিনীবোৰো কাহিনী হৈয়ে ৰয়
বেদব্যসে তেতিয়া উচুপি উঠে
কোনেও নেদেখাকৈ
নুবুজাকৈ...

বিশেষ দ্ৰষ্টব্য:  
দ্ৰোনী- অশ্বত্থামাৰ আন এটা নাম
গৌতমী- অশ্বত্থামাৰ মাকৰ নাম, তেওঁ কৃপাচাৰ্যৰ ভনীয়েক হেতুকে কৃপী  
 বুলিও জনা যায়।
 মহাকাল - শিৱ ।
—————————————
মাটি-ফুলৰ সুবাস
প্ৰদীপ চন্দ্ৰ শৰ্মা

সেই সেলেঙিভৰা ওঁঠৰ
নিভাঁজ সৰল হাঁহি

হাত-খুন্দনাত খুন্দি লোৱা
তামোলখনৰ পাগ উঠা মুখৰ
সেই বিৰল সুবাস
আইতা অ' কিদৰে পাহৰোঁ

হৃদয়খনযে মাটি-ফুলৰ সুৰভিৰে
সদায় আমোলমোল
সেই মৰমী সুবাসতে
সাধুকথাৰ লেটিপেটি

চাঙৰ কঁঠাল-মাটিকঁঠালৰ
সুগন্ধক চেৰ পেলাই
সেলেঙী-লগা ওঁঠৰ
মাটি-ফুলৰ বিৰল সুবাসে
তমসাচ্ছন্ন কৰা কুমলীয়া মনটি
জনাৰণ্যৰ কোলাহলত
হেৰাব খুজিলেও
আইতা অ' তোৰে শপত
আজিও ৰাখিছোঁ বান্ধি...
—————————————
নদীখন ওচৰ চাপি আহোঁ‌তে
মৃণাল কুমাৰ বৰা

নদীখন ওচৰ চাপি আহোঁ‌তে
হাড়ত গজা কবিতাই ৰ লাগি চালে,
এখন নাও সাজি নিজে আগুৱাই গ'লো
মাজ নদীলৈ, মৌন ওঁ‌ঠত
উদ্বিগ্নতা বাঢ়ি অহাত নদীখনক সুধিলোঁ‌ -
'কিয় তুমি ইমান শীতল
কিয় বৈ থাকা অহৰহ ?'
বিনম্ৰতাৰে নদীখনে ক'লে - 
'প্ৰকৃতিৰ আহ্বান'।

ঢৌবোৰে বুকুত খুন্দিয়ালে,
বোৱাই আনিলে এক অনাকাংক্ষিত চেতনা
এপদ এপদকৈ অৰ্পণ কৰিলো সকলো অভিমান
আনকি কুন্ঠাবোধ নকৰিলে
জ্বলা জুই বুকুত লুকাই থকা 
কলিজাখন দেখুৱাবলৈও

থৰ লাগি চালে নদীখনে
স্ৰোত নেহেৰুৱাকৈয়ে
সকলো সামৰি ল'লে আলফুলে -

নদীখনক সংগী কৰি
এতিয়া সপোন ৰচিছোঁ‌ জীৱনৰ বাবে
পানীৰ দাপোণত মুখ চাই
নিজকে লৈছো সজাই-পৰাই।

স্ৰোতস্বিনী সময়,
টাইটানিক দৰে এখন জাহাজ তৈয়াৰ কৰাৰ 
পণ কৰোতেই
মনৰ মাজেদি আৰু অধিক তীব্ৰ হ'ল 
প্ৰৱাহমান ঢৌ।
—————————————
দেউতা 
ড° ৰমেশ কুমাৰ কাকতি

দেউতা মানে
ত্যাগৰ প্ৰতীক
পৰিয়ালৰ সুখকে সুখ বুলি লয়
পাহৰে নিজৰ কথা এবাৰ ভাবিবলৈ ৷

দেউতা মানে
যাৰ নাই দুখ ভাগৰ
নাঙলৰ সীঁৰলুত আঁকি যায় ছবিবোৰ
সকলোৰে সপোনবোৰ পূৰণ কৰিবলৈ ৷

দেউতা মানে
এচাটি কোমল জোনাক
অশান্ত মনবোৰ কৰি প্ৰতিহত
আশাক উজ্জীৱিত কৰে ঘৰখনৰ৷

দেউতা মানে
এচাটি শান্তিৰ মলয়া
দুৰ্বল মূহূৰ্তত দুহাতৰ পৰশে
সাহস যোগাই নিৰবে সন্তানৰ।

দেউতা মানে
প্ৰখৰ  ৰ'দত 
শীতলতা দিব পৰা এজোপা বটবৃক্ষ    
অন্তিম উৎস সাহস আৰু প্ৰেৰণাৰ ৷

দেউতা মানে
এখন বিস্তৃত আকাশ
নিজা বুলি যাৰ একো নাই
নিৰৱে বোৱাই জুৰি সকলোৰে সান্ত্বনাৰ ৷

দেউতা মানে
খলাবমা জীৱনতো
আঁকি দিব পাৰে হৃদয়ত
সঠিক পথৰ সন্ধান সন্তানৰ ৷

দেউতা মানে
নিৰৱে নিস্তব্ধে
ৰক্তক ঘামলৈ কৰি ৰূপান্তৰ
অভাৱ অনাটন পুৰাই সংসাৰৰ ৷

দেউতা মানে
যি কোনো দিনে
নিবিচাৰে প্ৰতিদান
বৰ্তাই ৰাখে ঘৰখনৰ সন্মান ৷

দেউতা মানে
ঘৰখনৰ সুখৰ বাবেই
নিজকে বিলাই দিয়ে 
নকৰে কোনো ক্ষণে খং অভিমান ৷

দেউতা মানে
যন্ত্ৰণাকো কৰি আওকাণ
দুখ ভাগৰবোৰ বুকুতে সাবতি
সন্তানৰ সুখকে কৰে সম্বল জীৱনৰ ৷

দেউতা মানে
ঘৰখনৰ আত্মা
সকলোৰে অভাৱবোৰ পূৰণ কৰিবলৈ
যি হ’ল আধাৰ, 
সকলো প্ৰচেষ্টাৰ ৷

দেউতা মানে
দুখৰ ৰাতিবোৰত
নিজে জ্বলি পুৰি
সন্তানৰ চকুপানী নিৰৱে মচি যায় ৷

দেউতা মানে
সমগ্ৰ জীৱনটো
ঘৰখনৰ চালিকা শক্তি হৈ
নিজৰ দুখ কষ্টবোৰ লুকুৱায়।
—————————————
সহযাত্ৰী
ইপুল হুছেইন

যি অনাবিষ্কৃত কাৰণত 
তুমি, তুমি হোৱাৰ দায়বদ্ধতা কঢ়িয়াইছা
একেই কাৰণতে মই, মই হোৱাৰ ধাৰণা বহন কৰিছোঁ
যিদৰে নদীখনে জন্মলগ্নৰে পৰা কোনো জাতিৰ সভ্যতাৰ চানেকি দৰ্শাই যায়
বুকুৰ নৈখনৰ দুয়োপাৰে প্লাৱিত হয় পোৱা-নোপোৱাৰ পৰিক্ৰমা
তুমিতো নাজানা বয়সৰ পৰিসীমাৰ কোন বিন্দুত আমি প্ৰত্যাশা সামৰিম
মাত্ৰ জানি থোৱা
সহযোদ্ধা আৰু সহযাত্ৰী একে নহয়
সহযোদ্ধাই অকলে উভতিব লগা হ’ব পাৰে
কিন্তু সহযাত্ৰীৰ সহাৱস্থানত আমি সমৃদ্ধ হ’ব পাৰো
হেৰাই যোৱাৰ বাটবোৰ সহজে অনুমেয়
মই দুৰ্লভ হ’ব পাৰোঁ কিন্তু দুৰূহ নহওঁ
থাকি যাম জীৱনে অনুবাদ কৰা প্ৰতিটো পৃষ্ঠাৰ প্ৰথম, দ্বিতীয় কিম্বা শেষৰ কোনো শব্দৰ লালিত্যত
—————————————
যমুনা পাৰৰ নীৰৱতা
দিলাল আহমেদ

স্থিৰ,চিৰযৌৱনা ঘোলানয়না যমুনা
ঢৌ আৰু ঢৌৰ ওঁঠৰ প্ৰাচীন ৰূপকথা
যমুনা তীৰৰ জীৱন
আজিও বাজি উঠে মোৰ হৃদয়তন্ত্ৰীত 
এমুঠি শুকুলা গীতৰ ব্যথা৷

শিলবন্ধা যমুনা পাৰত 
পৰিপাটি মাটিৰ ঘৰ
বাহৰ চাঙত মায়াবী বকুল
গধূলিৰ প্ৰেমত মগন৷
আত্মসুখত পুদুম পাহিত 
ওফোন্দ পাতে অভিমানী মন৷

মুকুতা ৰঙী আঁচল উদঙাই
নীলাভ জোনৰ জলজ আন্ধাৰত 
মুখ লুকুৱাই যমুনা বাই৷
তাইৰ প্ৰেমৰ অপূৰ্ণতাৰ খবৰ
ৰাখেনে তাইৰ হৃদয় গৰ্ভৰ মুকুতাই?

বকুলৰ ছাঁ হেৰাল
পাছফালৰ ঢেকীশালটো,
আগ চোতালৰ ভঁৰাল ঘৰটো ঢুকাল৷
পুখুৰীত ফুলি থকা ভেঁট পুদুমটো লুকাল৷
মাজনিশাৰ বিস্মৃতি
সি যে এতিয়া সপোনতো নাই৷

আকাশ চুব খোজা চহৰীয়া অট্টালিকাৰ ৰং
যমুনাই বিনায়---
জে চি বিয়ে খান্দে 
জলকুৱঁৰীৰ পানীৰ তলৰ কাৰেং৷

বতাহত আউজি থিয় দি আছে ব্যাকুল মন
ক্ৰমশঃ শীৰ্ণ হৈ উঠা যমুনাৰ বুকুত
ফুচফুচায় হেৰুৱা সেউজৰ কথকতা
নিতাল সুৰ এটিত এতিয়া উচুপে
যমুনা পাৰৰ নীৰৱতা৷ 
——————————––—–
দৈন্য প্ৰহৰৰ মালিতা
সুশান্ত দাস 

দিবা-নৈশ বাছ সেৱা
আৰু 
দিনৰ সম্পৰ্ক ৰাতিৰ লগত
স্থাপনৰ দুৰাকাংক্ষা; 

নিৰক্ষৰে খুলি খুলি খোৱা 
দৰিদ্ৰতাৰ মাজেৰেই
মই ষ্টেণ্ডটোত উপস্থিত হৈছিলোঁ 
আৰু দিশহাৰা দৈন্যৰ 
মুখে মুখে জ্বলি উঠিছিল
কৃতঘ্ন চাকিৰ শলিতা

“ অতি শীঘ্ৰেই আপুনি হ’ব ভাগ্যৱান ” 
এইয়া আছিল মোক্ষ 
আৰু 
শ্ৰান্তিৰ বেলিকাৰ উদ্ভ্ৰান্ত
দুখীয়াৰ বিননি শুনিলোঁ

সকলো থানবান

হঠাতে আত্মীয়তাবোধ অনুভৱ কৰি 
আগবাঢ়ি গৈছিলোঁ
এইয়াই আছিল মোৰ দুষ্কৰ্ম আৰু নিন্দনীয়(!)

ভাল ফেচক্ৰীম এটা বিচাৰি হাবাথুৰি খোৱা
দৈন্যতাই কোঙা কৰা 
দুহিতাৰ আশা 
শৰীৰ সুস্থ হৈও অসুস্থ হৈ পৰা 
কৰুণৰসাত্মক মাতৰ কথকতা 

আৰু লাহে লাহে বেলি 
হেঙুলীয়া হৈ পৰিব ধৰিল 
দৈন্যতাৰ মেলা চাই উভতিলোঁ 
আকৌ শুই শুই উপলব্ধি কৰিলোঁ
'শান্তিবোৰ মানুহৰ বাবে ইমান দুষ্প্ৰাপ্য !'
নিৰলে বোৱাৰ দৰে 
দৈন্যবোৰ নিৰ্মল নহয়
মলিয়ন হয় প্ৰত্যেক
দিনৰ, 
প্ৰহৰৰ,
মালিতা ।
—————————————
তুমি নথকাৰ বাবে
(প্ৰিয় কবি হীৰেন ভট্টাচাৰ্যৰ সোঁৱৰণত)
ৰুম্পী দেৱী

তুমি নথকাৰ বাবে
সুগন্ধি পখিলাবোৰ
নোহোৱা হ'ল।
বুকুত নুফুলা হ'ল কাঁইটীয়া গোলাপ!
বাট হেৰুৱাই অবাটে গ'ল
জোনাকী পৰুৱা...
বকুল ফুলবোৰো দেখুন
মৰহি গ'ল।
বিষন্ন ৰাতি বোৰত কি ফুল ফুলিছে
চাবলৈ তুমি যে নাই!

বসন্তৰ গান গোৱা চৰাই জনীয়ে
প্ৰতীক্ষা কৰি আছে
এটি বাঁহীৰ মাত।
মৌ-মাখিবোৰে গুণগুণাই
বিচাৰি ফুৰিছে এথোপা ফুল
তোমাৰ বুকুৰ।
নিজান দিনবোৰত গানৰ দীঘল সুৰ এটা
বুকুজুৰি থাকে,
বিষন্নতাত মেঘ হৈ ফুলে ৰ'দৰ পেঁপাৰ মাত!
নীলা কামিজটো বিচাৰি
দেশে-বিদেশে মোৰ জোনাকী মন,
তুমি যদি আহিলাহেঁতেন !
আবেলিৰ বেলিটোৱে সিঁচি দিলেহেঁতেন
এটি পথৰুৱা গীত,
তোমাৰ খোজত ফুলি উঠিব
প্ৰেমৰ কবিতা।
—————————————
ভেকুলী বিয়া
অতুল চন্দ্র বৰা

এজনী ভেকুলীয়ে উচুপি কান্দিছে
ভাগি গ'ল তাইৰ হিয়া , 
মানুহে ধৰি নিলে তাইৰ গিৰিয়েকক
পাতিবলৈ  'ভেকুলী বিয়া'  । 

বেচেৰীয়ে বোলে মানুহবোৰেই
প্ৰকৃতি ধ্বংস কৰে  , 
সিফালে আকৌ বৰষুণ নিদিলে
চিঞৰ-বাখৰ কৰি মৰে । 

আমাৰ বিয়াখন পাতি দিলেই 
ভাবে বৰষুণ দিব  , 
বৰষুণ দিলে হাললৈ নগৈ
বেলি দুপৰলৈ শুব । 

ঠাইতে মুখখন, ঠাইতে নাকটো
মানুহৰ কি যে ৰূপ  , 
দুখত পৰিলে মন্দিৰলৈ গৈ 
জ্বলাই কোছা-কোছে ধূপ । 

ইহঁতে বাৰু বিয়া পাতি দিবলৈ 
মোৰ  গিৰিহঁতকহে পালে  , 
তিনিখন মেখেলাও আঁতৰ নোহোৱা 
ৰূপহী কইনাহে চালে । 

বংশতে বিয়াখন পাতি দি 
সিহঁতে কৰিছে দোষ , 
বাৰিষা আহিলে টোৰটোৰাওঁ বাবেই 
আমাক বোলে বৰ্ষাঘোষ । 

মানুহবোৰে ভাবিব লাগিছিল 
মোৰ মনৰ ব্যথা  , 
সিফালে মোৰ গাত আছে 
এপষেকীয়া লেঠা । 

পোৱালিবোৰ যেতিয়া জন্ম হ'ব 
বিচাৰিব সিহঁতে বাপ  , 
বাপেকী নোহোৱা লালুকী খাবলৈ 
আহিব ঢোঁৰা-সাপ ।  

এমখাই আমাকে কাটি-কুটি
অলেখ পৰীক্ষা কৰে  , 
আমাৰ বোলে পেটৰ ভিতৰখন
সাইলাখ মানুহৰ দৰে  । 

পানীতো থাকোঁ বামতো থাকোঁ
হ'লেও অহংকাৰ নাই , 
কিছুমানে আমাক পঁচাৰে খুঁচি
তপিনা ভাজি খায় । 

আমাক এনেদৰে অন্যায় কৰা 
একেবাৰে বেয়া কথা , 
শেষত মোৰ মতাটো কাঢ়ি নি
গৰম কৰি দিলে মাথা। 

লোকবিশ্বাসী মানুহবোৰৰ বাবেই 
মোৰ সংসাৰখন শেষ , 
কিবা খং উঠিলে সঁচাই বাপ্পেকে
শেষ কৰি দিম দেশ । 
—————————————
আৱৰ্ত
গিৰিজা শৰ্মা

সাগৰখনত জোৱাৰ আহিছিল
পূৰ্ণিমাৰ জোৱাৰ
অৱধাৰিতভাৱে জোৱাৰ আহে
প্ৰকাণ্ড প্ৰকাণ্ড ঢৌবোৰে
বুকুত লৈ আহে অলেখ-অযুত
মণি-মুকুতা

কাৰ বাবে থৈ যায় 
নিৰ্জন তীৰত !
কোন বাৰু তাৰ ইমান
বুকুৰ আপোন !

সাগৰখনে হাঁহে-
অঁকৰা হাঁহি
তোমাৰ বাবে ৰখা আকুলতাখিনি
উটি গ'ল নেকি মণি-মুকুতা হৈ

ঢৌবোৰ ওখ হয়
মোতকৈও ওখ
মোৰ  সামৰ্থতকৈও

মন্ত্ৰমুগ্ধৰ দৰে
অবাক বিস্ময়েৰে চাই ৰওঁ
যদি ময়ো হেৰাই যাওঁ!
————————————
সময়বোৰ হওক মানৱতাৰ
ৰঞ্জন কুমাৰ বৰা

মানুহবোৰ দৌৰিছে 
আৰ্তজনৰ ভাগৰুৱা খোজবোৰ
কঁপি উঠিছে 
পৃথিৱীখনৰ সেউজবিহীন পোহৰত !

এই যে 
সঃশব্দে আহে
কঠিন বাস্তৱ
নিঃশব্দে জাগে
প্ৰাপ্তি অপ্ৰাপ্তিৰ ক্ষুধা !

সময়ৰ  সতৃষ্ণ বেলা  এইয়া
মানুহবোৰ দৌৰিছে 
সময়ৰ সোঁতত শীৰ্ণ এই আবেষ্টন
মানৱতা নহওক পৰিপন্থী
দূৰ হওক কলুষ কালিমা 
আৰু
প্ৰতিকুলতাৰ  বিভ্ৰান্তি !
—————————————
ভালপোৱাৰ শব্দ
ৰমেশ চন্দ্ৰ ৰায় 

শব্দবোৰ সলনি হৈ গৈ থাকিল
দুখৰ শব্দবোৰ 
সুখৰ শব্দবোৰ 
ভালপোৱাৰ শব্দবোৰ

উকি এটালৈ কাণ পাতি পাতি 
উচুপে  
উত্তৰবিহীন নিষ্ফল সময় 

তড়িৎ গতিৰে ৰং সলোৱা পৃথিৱীখনত
উটি গ'লোঁ 
ডুব গ'লোঁ মই 
আপুনি ক'ত থাকিল মই নাজানো

ভাইৰেল দুনিয়া এখনে সমাজখনক চেপি-খুন্দি 
অট্টহাস্য কৰিছে 

আকাশচুম্বী ৰঙীন জখলাৰ পাকত উঠিবলৈ 
প্ৰয়োজনত সহজ হাংগামা 

মই 
উটি  ডুবি খেপিয়াই ফুৰিছোঁ 
ভালপোৱাৰ শব্দ ।
—————————————
মানুহ দুঠেঙীয়া জন্তু
নাছিৰ আহমদ

শাস্ত্ৰৰ বচন ৰচি
নিজেই সদৰ্পে ঘোষণা কৰে
মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ।
গোটেই পৃথিৱী পাত পাত কৰি চালোঁ
মানুহ নামৰ সৰ্বশ্ৰেষ্ঠ জীৱটি
কিন্তু কতো বিচাৰি নেপালোঁ।

চাৰিওফালে বিচৰণ কৰি আছে মাথোঁ
মানুহ দুঠেঙীয়া জন্তু  ;
একো একোজন মুখাপিন্ধা অভিনেতা!

সমাজত অনবৰত চলি থাকে
বিষাক্ত সাপ আৰু বাজীকৰৰ খেলা ।
নিৰীহ ,অবলা দেখিলেই
বিষাক্ত সাপে ফণা তুলি দংশন কৰে,
বাজীকৰৰ মন্ত্ৰ-মুগ্ধ বাঁহীৰ সুৰত
লেও সেও হৈ গাঁতত সোমায়।
কাউৰীয়ো কুলিৰ ভাও জোৰে,
মৰমৰ চুমা যাঁচিম বুলি
জোক আৰু কুমজেলেকুৱাই গাত লিপিত খাই ধৰে

চাৰিওফালে বিচৰণ কৰি আছে
মানুহ দুঠেঙীয়া জন্তু ;
একো একোজন মুখাপিন্ধা অভিনেতা!

নীলা শিয়ালৰ দলে মথাউৰি বান্ধে,
মথাউৰি ভাঙে ; ধনৰ পাহাৰ গঢ়ি তোলে।
সন্ধিয়া পৰত জিজি পোকে জি জি কৰে,
গছৰ খোৰঙত ফেঁচাৰ কুৰুলি ,নিঁউতিৰ নিউ নিউ।
গভীৰ ৰাতিৰ নিস্তব্ধতা ভাঙি
নামি আহে অসহায় নাৰীৰ কৰুণ আৰ্তনাদ!
মুখপোৰা দুষ্ট বান্দৰৰ নখৰ আঁচোৰত
শিশুহঁতৰ যৌনাঙ্গ হয় ক্ষত-বিক্ষত !
কুকৰে ভেউভেউ কৰে,ফেউৰায় গৰ্জি মাটি কঁপায়।

এতিয়া আৰু ৰাতি নুপুৱায়
মছজিদৰ পবিত্ৰ আযান বা মন্দিৰৰ শঙ্খ-ঘন্টাত
ৰাতি পুৱায়  বোমা বিস্ফোৰণ আৰু 
বন্দুকৰ গুৰুম গুৰুম বিকট শব্দত
চোতালে চোতালে তেজৰ নৈ বয় !

শাস্ত্ৰৰ বচন ৰচি
নিজেই সদৰ্পে ঘোষণা কৰে
মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ।
অথচ!
চাৰিওফালে বিচৰণ কৰি আছে
মানুহ দুঠেঙীয়া জন্তু ;
একো একোজন মুখাপিন্ধা অভিনেতা!
—————————————
মৌনতাত বিচাৰি আছোঁ 
ৰূপা গগৈ

তোমাৰ মৌনতাত
দোপতদোপে  আহিছে বাঢ়ি মনৰ অস্থিৰতা ।

সৌ সিদিনালৈকে সাঁতুৰি-নাদুৰি গা ধুই থকা 
নিৰ্মল পানীখিনি 
আজি কোনে বাৰু কৰিলেহি ঘোলা 
জুমি জুমি চালেও 
নেদেখোঁ এবাৰলৈ নিজৰ ছাঁয়া !

সাগৰত ডিঙিলৈকে ডুব গৈছে
এটা সোণালী সপোন ।

লাহে লাহে দেখিছোঁ বালি চাপৰিত
পোত যাব ধৰিছে 
এটা খোলা শামুক ।

জনাতো নাছিলোঁ তুমি যে আছিলা 
ৰাতি ফুলা এপাহি ছিজন ফ্লাৱাৰ 
অজানিতে আহি ফুলিছিলা 
মোৰ হৃদয়ৰ ফুলনিত ।

এতিয়া তোমাৰ মৌনতাত
বিচাৰি আছোঁ তোমাৰেই অস্তিত্ব ।
—————————————
মানচিত্ৰ
চয়নিকা ভূঞা 

নিজৰ জীৱনত নঘটালৈকে 
সকলোবোৰ কথাই সাধাৰণ
সকলোবোৰ ভাগ্যৰ লিখন 
যন্ত্ৰণাৰ পৰা মৃত্যুলৈকে

চকু থাকিও অন্ধ
কাণ থাকিও কলা   
ৱাহ ! 
জীৱন ৱাহ  !

কোৱাৰ দৰেই কথাবোৰ সহজ হোৱা হ'লে
দুখবোৰ বুটলি-কাটলি 
বন্ধকত থ'ব লগা নহ'লহেঁতেন

জুমুঠিৰ জুইত পুৰিব নালাগিলহেঁতেন
তাপে দহা দেহৰ গোন্ধ

গোপনীয়তা ৰক্ষা কৰাৰ অজুহাতত  
কেতিয়াবা ভুলতেই পাতনি মেলে
আন এটা ভুলে 

শেষ কৰো বুলিলেই সকলো শেষ নহয় 
যিদৰে ভ্ৰম বকিলে বুলিয়েই
সকলো পাগল নহয়।
—————————————
সময়ৰ দস্তাবেজ
জাহ্নৱী হাজৰিকা

নিৰন্তৰ সময়ৰ কোবাল সোঁত
কলৈনো যাৱ চম্পা
সেলেঙী বোৱাই দুই ওঁঠ!

তইটো জান চম্পা,
 সময়ৰ সেন্দুৰীয়া আলিত সকলোৱেই খোজ দিব বিচাৰে
কিন্তু মূৰকত পায় কি!
উশাহৰ সুৰুঙাৰে দেখোন দুখৰ বাৰিষা নামে।
জীৱন আৰু সময়ৰ যুগল বন্দীত
সময়ে নিজেই নিজৰ বাট বোলে।

জীৱনৰ পৰা পৃথক হৈ ৰাধাচূড়া ফুলে
সময়ত আকৌ নিজেই মৰহি যায়।
এতিয়াটো তোৰ জীৱন বাটত 
ধূসৰতাৰ আৱৰণ।
ৰাধাচূড়াৰ য'ত অস্তিত্বই নাই।

বিষন্নতাৰ মাদলত ডুব যায় সময়
সকলো থাকে অথচ একোৱেই নাই যেন।
স্বাৰ্থপৰ পৃথিৱীৰ স্বাৰ্থপৰ কাহিনী
ফাঁকি ফাঁকি আৰু ফাঁকি কেৱল।
চলে বলে কৌশলে আনক বশ কৰাৰ অংক
অথচ আজলী চম্পাই নুবুজে কথাবোৰ।

সৰল মনটো সেয়ে বাৰে বাৰে বিপদতো পৰে।
পৃথিৱীখন তাই ভবাৰ দৰে সহজ নহয়।
এই যে কাৰোবাৰ ভালৰ বাবে নিজক উৎসৰ্গা কৰে
তাইৰ লগতে বহুমূলীয়া সময়।
সকলো নীৰস নীৰৱ।
মাজতে ঢিমিক ঢামাক পোহৰ এচেৰেঙা
যেন এন্ধাৰৰ জোনাকী পৰুৱা।

হেৰাব নুখুজিও বাধ্য হয় মানুহ হেৰাবলৈ।
প্ৰতাৰণা, ফাঁকি,প্ৰলোভন জাতীয় শব্দেৰে 
যেতিয়া জীৱনৰ অভিধান ভৰি থাকে,
তেতিয়া অৱশ্যেই হেৰাই যায় মানুহ।
এসময়ৰ ভাল লগাবোৰ পৰিণত হয় ঘৃণালৈ।

মদৰুৱা ডায়েৰীৰ পৃষ্ঠাত শুকান পলাশ ফুলে!
অৱহেলা, ব্যস্ততাত দুখৰ হুমুনিয়াহ সৰে।
স্বাৰ্থপৰ পৃথিৱীত ঘৃণা আৰু অনুশোচনাৰ বাৰিষা আহে।
জীৱনটো এনেকুৱাই।

কাৰোবাক দুখ দি সুখী হব পৰাটোও এটা কলা।
সেই কলাৰেই জী থাকে হাজাৰ মানুহ।
তায়ো চেষ্টা কৰিব লাগিব।
অন্ততঃ জী থাকিব তেনেকৈয়ে।

জীৱনৰ পলস পৰিবলৈ যেন এতিয়াও বহুদূৰ বাকী।
কেতিয়া জানো সময়ে কাটি লব 
জীৱনৰ সেউজীয়া বাট!
তাই জানে,সময়বোৰ বৰ্তমান তাইৰ পক্ষে নাই।
অথচ দুৰ্বিসহ ও নহয়।

পোৱা নোপোৱাৰ আলি দোমোজাত 
সেমেকা পৃথিৱী তাইৰ।
চম্পা এতিয়া সেই পৃথিৱীৰেই বাসিন্দা।
য'ত জোনাক নাই।
নাই তৰাৰ জিলিঙনি।
এতিয়া,বৰ্তমান সময়ত তাইৰ সেই 
উদং আকাশখনেই প্রিয়।
—————————————
সময় গতিশীল
ৰমেন দাস

সময় আহে সময় যায়
ডেউকা মেলি মুক্ত আকাশলৈ চোৱা
আশাৰ প্ৰবাহবোৰ নিগৰি বয়
নিগৰি নিগৰি বয়

ফাগুনৰ বতাহে সানে পলাশ শিমলুৰ ৰং
বসন্তই বিলাব সম্প্ৰীতিৰ সমাহাৰ
প্ৰেমৰ বতৰাৰে কুলি- কেতেকীৰ
মনপৰশা মাতৰ বাহাৰ

ঋতুয়ে জানো উষ্ণতা সলায়
সময়ক সুধি ?
সাগৰৰ লহৰে জানো লয় গতি 
কোবাল সোঁতক সুধি ? 

নসময়ে আদৰক সাজ
নতুনৰ আগমনত
কোমল কুঁহিপাত 
আকুলতাৰে ভৰা হৃদয় 

তেবেসে কৈছো
সময় গতিশীল
সময় গতিশীল
সময় গতিশীল ৷
—————————————
ৰহিমলা বাই-২
ইৰা দেবী

ৰহিমলা বাই 
 ঘৰ-ঘৰে ঢেঙঢেঙাই যায়, 
ইঘৰ কথা সিঘৰ কথা, 
মিলি হয় বহু কথা। 
হেৰৌ ৰহিমলা, 
আহিলা ভালেই কৰিলা, 
যোৱা কলডিল পাৰি আনা, 
ৰাতিৰ সাজ কুটি যাবা। 
ৰহিমলাৰ চিকন হাত, 
কুটি বাচি কলফুল, 
সিঘৰলৈ যায়। 
ইঘৰৰ কথা সিঘৰত লগাই। 

এহ 'জহনিৰ  জাত, 
গৈ পালেই কামৰ লাইন লাগি যায়, 

সিঘৰত কথা দুগুন চৰা, 
ভাল পালোঁ বাই, 
আমাৰ ফালে নাহি
সেই ফালেহে গ'লা, 
বেচি মিতিৰালিৰ ফল, 
হাতে হাতে পালা। 
ইঘৰে কয় দেখিচনে নৌ
ৰহিমলা বাই, 
লালচাহ এবাটি খাই
এই ঘৰৰ কথা সিঘৰত লগায়। 
ৰহ'ঐ যখিনি কালিলৈ
এই ফালে আহ, 
ক'ত যাবি সাৰি। 
ইঘৰে সিঘৰে কৰে বহু হতাগতি, 
মাজতে ৰহিমলা বাই, 
মূৰৰ চুলি এডালো নাই। 
—————————————
বৰষুণ
কৰবী গগৈ

ভিজা প্ৰাণত বাজি উঠে
নূপুৰৰ ৰুনজুন...
প্ৰেমৰ তালে তালে 
মেঘে মেঘে নাচিছে
বৰষুণত মিলনৰ গীত!

কিনকিনিয়া টোপালত
ভাহি আহে শান্তিৰ বাৰ্তা৷
পাতে পাতে মুকুতা জিলিকে
হাঁহে, হঁহুৱাই৷
উটুৱাই সমাজৰ কলুষতা৷

প্ৰেমৰ বৰষুণ
কৃষকৰ সপোনৰ বৰষুণ
মৰমৰ বৰষুণ 
তোমাৰ,
মোৰ,
আমাৰ আশাৰ, সমাজৰ নিৰ্মল বৰষুণ৷
—————————————
মিলনৰ শেষ সন্ধিক্ষণত
তানিয়া মধুকল্য

যাওগৈ বুলি কৈ
সেমেকা চকুহালৰে
তলমুৱা মুখখনৰে তুমি
সিদিনা বিদায় লৈছিলা...

তাৰ পিছত অকলশৰীয়া 
যাত্ৰীৰ দৰে তুমি 
আগবাঢ়ি গৈয়েই থাকিলা 
এবাৰো উভটি নোচোৱাকৈ

তুমি যোৱাৰ পৰত
বেলিটো ডুবু ডুবু হ'ল
আকাশখন হেঙুলীয়া হ'ল
তুমি এবাৰো নাভাবিলা
তুমি এৰি থৈ যোৱা 
অতীতৰ কথাবোৰ
মনত পেলাবলৈ চেষ্টাও নকৰিলা

হ'ব পাৰে সময় 
তোমাৰ বাবে তেনেই নগণ্য
কিন্তু মোৰ বাবে 
সময়েই দেৱতা আৰু
সময়েই দৈত্য
শান্তিৰ নিজৰাৰ দৰে 
সময় বৈ থাকে অহৰহ...

মিলনৰ এই সন্ধিক্ষণ যেন 
চিৰযুগমীয়া হৈ ৰওক আজীৱন।
—————————————
মোৰ নাম নহয় গিতালী
ডাঃ বন্দনা তামূলী

ঐ মোৰ নাম নহয় ছোৱালী
নহ‌ওঁ যে ম‌ই পাগলী
মই তোৰ মৰমৰ ৰঙিলী
মনত পৰিছেনে সেই অতীত সোণোৱালী
আৰু যদি কৱ ত‌ই পাগলী
বেয়াকৈ কৈ দিম দেই গালি

ঐ কচোন তই মোক সঁচাই পাহৰিলি
মই কিন্তু সঁচাই আছিলো তোৰ পাগলী
তইতো জানই মোৰ ধেমালি
নামাতিবিচোন মোক ছোৱালী বুলি
সঁচা ভালপোৱাত কিন্তু নকৰিবি ধেমালি 
মই যে নহয় এতিয়া সৰু ছোৱালী

কেতিয়াবা হওঁ মই তৰালি
পোহৰাওঁ তোৰ আকাশ ৰূপালী
কেতিয়াবা হওঁ মই মেঘালী
গোমোঠা মাৰি বৰষুণ দিওঁ ঢালি 
খং উঠিলে হওঁ মই মা কালী
হোৱাই নোহোৱা‌ই দিওঁ তোক গালি

ঐ আহচোন আকৌ কৰোঁ ক্ষন্তেক ধেমালি
মই কিন্তু তোৰ মৰমৰ ৰঙিলী
নহয় নহয় মই তোৰ ক্ষণিকৰ মিতালী ৷ 
—————————————
কবিতা
দ্বীপশিখা শৰ্মা 

'জীৱন  তুমি  অন্যান্য'
জীৱন মানেই এখন সাগৰ
সেই সাগৰৰ গভীৰতা কোনেও কাহানিও প্ৰকাশ কৰিব নোৱাৰে।
তথাপিও মায়াৰে আবৃত হৈ জীৱন যুদ্ধত জয়ী হোৱাৰ মন সকলোৱে বিচাৰি ফুৰে।
হয়তো কোনোবা জয়ী 
আৰু কোনোবা পৰাস্ত হৈ পৰে
 
কিন্তু এই জীৱনত যদি 
আশা-নিৰাশা,ঘাত প্ৰতিঘাত
কৰা নাই অথচ যদি তুমি সংঘাতৰ মুখামুখি হোৱা নাই তেন্তে তুমি জীৱনৰ সঁচা অৰ্থ বুজাই নাই 

জীৱন মাথোঁ সাতোৰঙী ৰামধেনু ।
——————————————
মন নামৰ চঞ্চলা পক্ষীজনী
প্ৰাণ প্ৰতিমা বড়া 

মন নামৰ চঞ্চলা পক্ষীজনী
সপোনৰ পম খেদি খেদি 
অগ্ৰগতি নীলিম সীমনাত
নিজক হেৰুৱাব নোখোজাৰ ভয়ত
বিবেকৰ সৈতে দ্বন্দ্ব্বৰ বুকুত
ওমলি জামলি
ভাগৰুৱা তন্দ্ৰাত নিমগ্ন

সোণত সুৱগা চৰুৱা সুখবোৰ
আজি কমুৱা তুলাহৈ
ভগ্ন হৃদয়ৰ জখনাৰে
আপোন ভোলোৱা নীলিম আকাশৰ বুকুলৈ
উৰা মাৰে 
এচমকা বিজুলীৰে 
জগত পোহৰাব খোজে 

আশাৰ পৰিধিয়ে 
সপোনবোৰক
বাস্তৱত সামৰিব খোজে 
মন নামৰ চঞ্চলা পক্ষীজনীয়ে 
—————————————
দুৰাৰোগ্য ব্যাধি সমাজৰ
প্ৰবীন  চন্দ্ৰ তালুকদাৰ

টেলিভিছনটো খুলিবকে নোৱৰা হ’লোঁ
কিজানিবা সেই খৱৰকেই পাও আকৌ
হত্যা,ধৰ্ষণ,মানৱ-সৰবৰাহকাৰী,
দিন-ডকাইতি নাইবা চিলনী-চোৰৰ?

কিয় বাৰু মানুহবোৰ অমানুহ হয়?
কিয় বাৰু নৰহত্যা কৰে,ৰক্তপিপাসু হৈ?
নিজৰ আত্মীয়ৰ হাততে যায় আত্মীয়ৰ প্ৰাণ
দ্ৰাগছৰ নিচা,পৰকীয়া প্ৰেম,ধন-দৌলত
মাটি-বাৰী সম্পত্তিৰ,  নে কিহৰ তাগিদাত?

ৰূপ দিয়া হয় নেকি দুৰ্ঘটনাৰ
হত্যা কৰি থ্ৰীলাৰ-চিনেমাৰ কায়দাৰে?
মৃত্যুবোৰো কিন্তু স্বাভাৱিক নহয়
ৰূপ দিয়া নহয়নে বাৰু আত্মহত্যাৰ?
গ্ৰেপ্তাৰো হয় দুই এজন সন্দেহজনক
কিন্তু,বিক্ৰী হৈ যায় সকলোবোৰ মগজু
জেল-হাজোততো বাস নহয় কাৰো
এইবোৰ আচৰিত নহয়নে বাৰু?

তথ্যও নথকা নহয় আৰক্ষীৰ হাতত
অভিযোগো আহে চাঞ্চল্যকৰ
ঘটনাও ঘটি যায় লোমহৰ্ষক
সাক্ষীবাদীও গোটেই নথকা নহয়
ইমানতো যে সাৰি যায় অপৰাধী
ব্যৰ্থতা আমাৰেই বুলি ক’লে 
কিবা ভুল হ’ব নেকি বাৰু?

সজাগ হ’বৰ হ’ল  আমি সকলোৱে আজি
 ঠিয় হ’বলৈ বিপৰীতে এই অশুভ শক্তিৰ
আতৰাবলৈ সমুলঞ্চে সমাজৰ পৰা,
শিপাবলৈ লোৱা এইবোৰ দুৰাৰোগ্য ব্যাধি!
—————————————
ইয়াত এখন গাঁও আছিল 
গকুল চৌধুৰী

মা-দেউতাই কৈছিল 
তাহানিতে হেনো
ইয়াত এখন গাঁও আছিল 
এদিন দুদিন কৰি বহুদিন
নৈপৰীয়া গাঁওখনৰ বুকুত
সূৰ্য্য নোলাল
ৰ’দে নাহাহিল 
বৰষুণ সৰিল 
নৈ পানী বাঢ়িল 
বানপানী আহিল 
পুৱাবেলা জাননী জনাই 
দুপৰীয়া পথাৰ তিয়াই
গধূলি পদূলি চুই 
সন্ধিয়া ঘৰ সোমাল 
নমতা আলহী হৈ ৷

শাওণ মাহৰ দুদিন দুৰাতি
ভোকে , পিয়াহে , লঘোনে
অনাহাৰে উজাগৰে
নিৰবে - নিশব্দে
এজনে আনজনৰ মুখলৈ চাই অতিবাহিত হ’ল ভয়াবহ ক্ষণ।  
উটি গ’ল গোহালিৰ গৰুহাল
ভৰালৰ গুটিধান
ভাহি গ’ল সুখৰ ঘৰখন 
মৰমৰ আপোন গাঁওখন  
হৃদয়ে হৃদয়ে সৃষ্টি হ’ল দুখৰ 
কোলাহল ৷

সেউজীয়াৰে ভৰা শস্য
শ্যামলা গাঁওখনৰ বুকুত 
সিদিনাখন 
নৈ গঢ়া খহিল 
সেউজীয়াবোৰ হেৰাল
পথাৰৰ শস্য নষ্ট হ’ল 
আশা মৰহিল  
গৃহহীন হ’ল বহুজন 
চৌদিশ-চৌপাশৰ পৰা
ৰিণি ৰিণি ভাহি আহিল
সপোন ভগা মানুহৰ ক্ৰন্দন  ৷

মানুহে সদায় হাঁহি মাতি থকা 
গাঁওখনৰ বুকুত সিদিনাখন 
নামি আহিল মৃত্যু বিভিষীকা 
মৰিশালিৰ নিস্তব্ধতাত 
মুখৰ মাত হেৰাল 
মুখৰ হাঁহি হেৰাল
হৃদয়বিদাৰক দৃশ্যত চকুৰে
অশ্ৰু নিগৰিল 
মনে মনে সৃষ্টি হ’ল 
বিষাদৰ দাৱানল  ৷

মা-দেউতাই কৈছিল
তাহানিতে হেনো
ইয়াত এখন গাঁও আছিল
এদিনাখন সকলোৰে চকুৰ
সন্মুখতে 
মেঘে ঢকা আকাশত জোনটো
লুকাল
হঠাৎ গাঁওখন কেনি হেৰাল ?
—————————————
অভিনন্দন
ৰেখা বৰকটকী

এজাক উমাল বতাহ
এটি দীঘল উকিৰ দৰে
স্থিতিস্থাপকতাৰ আওতাৰ বাহিৰত
বিৰামহীন বাঁহীৰ সুৰ 

***      ****       * **
এষাৰ মোহনীয়া মাত
কাম্য সকলোৰে
সুকোমল এজাউৰি  শুভাশা
যাৰ নাই
জাত , বৰণ  কিম্বা "ভেলিডিটি"

***       ***         ***
অভিনন্দন হ'ব পাৰে
ক্ৰমে বাঢ়ি অহা সূৰ্য্যশিখা...
উদ্দীপ্ত যাৰ আভা 
যাৰ ব্যাপ্তি সকলোতে..
পাহাৰ ,ভৈয়াম, বালিচৰ, 
নৈ,বিল
কিম্বা শেলুৱৈ.. পোতনি...

***       ***      **
অকুন্থচিত্তে. আদৰা.  আত্মিক ৰূপত---  
মনৰ জড়তা ভাঙি
সৃষ্টিশীলতাৰ অযুত বাসনা জগোৱা
অভিনন্দন এজাক  সুখময় আলোক
সৃষ্টিৰ বাটে বাটে।  
—————————————
দোমোজাৰ নিশাটি 
গীতাঞ্জলী হাজৰিকা 

তুমি নহাৰ বাটেৰে আহক এজাক ধুমুহা 
উৰুৱাই নিয়ক মোৰ বেদনাৰ বিশাল পঁজাটি

কিজানিবা এবুকু জোনাক আহেই
স্নিগ্ধতাৰে বুকুৰ উপকূল উপচাবলৈ

প্লাৱন যদি হয় শত স্ৰাৱন স্নেহৰ
জাতিষ্কাৰ হয় সেউজীয়া সমীৰণৰ

উশাহৰ শ্বাস-প্ৰশ্বাসত উফন্দি উঠে 
দুওঁঠৰ পাপৰিৰ সৰস্ৰোতা নদী

যদি বৈ যায় নদীখন হৃদয়ৰ উত্তাপত 
সংপৃক্ত হ’ব বাসনাৰ সমলয়ত

আবেষ্টনীৰ পৰিধি ভাঙি অঘৰী আত্মাৰ
অনেক বিননি হৃদয়হীন মমতাৰ ক্ৰুৰত

অশ্লীলতা হয় যদি মৌন ওঁঠৰ
মুকুতাৰ মাজত আহ্বায়িত হৈ

গুঞ্জৰিত হ’ব হৃদয়ৰ গোপন বৈঠকত
মধুমালিতাৰ মধুকুঞ্জনত মিতিৰালিৰ

মৌবৰষা থুনুপাক লগা অভিমান 
আহে যদি বাৰিষাৰ ভৰুণ নদী হৈ

চিঙি নিয়ক সমস্ত বেথাৰ পাহাৰটো
সমতল হওক বাংকময় নিশাটি।
—————————————
বাৰিষাৰ বৰষুণ
অঞ্জনা ৰূপা দাস 

মোৰ জেতুকাবুলীয়া
দুখনি হাতে
আলফুলে আঁৰি দিলোঁ
তোমাৰ ডিঙিত
সুগন্ধি কুসুমৰ মালা। 
লাজুকী আৱৰণে 
সযতনে আৱৰি ৰখা
মাহ-হালধীৰে ধৌত
সুকোমল শৰীৰ, 
হৃদয়ৰ সংগোপন স্থান
অৰ্পিলোঁ তোমাত। 
অধিকাৰ, উপযুক্ততাৰ
কৃপণালিৰে, 
গুৰুত্বই নিদিলা তুমি। 
মলঙি, মৰহিল আশাৰ
গোলাপৰ পাপৰি। 
কেতিয়াবা কেতিয়াবা
নিসংগতাৰ আভৰণত
মনটো বাৰিষাৰ বৰষুণত
জলমগ্ন হৈ পৰে, 
তেতিয়াও এচিকটা  
ওখ মাটি বিচাৰি
মনটোৱে চোন 
হাহাকাৰ কৰে।
—————————————
যাত্ৰা 
অপৰূপা দত্ত

নিৰ্ভয়ে য'ত এৰিব পাৰি 
এমুঠি নিশ্বাস 
ক্লান্তিৰ টোপালে ধুই নিয়া জীৱনে
য'ত  জিৰাবৰ অৱকাশ পায়
তেনে এটুকুৰি ঠাই বিচাৰি এয়া মই

জন্মৰে পৰা বৰ্তমানলৈ সহ্য কৰিছো মই
মানুহ হোৱাৰ দুখবোৰ
মোৰ জীৱন যাত্ৰাৰ শতধা আয়ুস ?

কিমান  মৰ্মাহত হ'লে বেদনামুক্ত হয় ? 
কিমান অশ্ৰুৰে দুখনি গাল তিয়াই নিলে
প্ৰশমিত হ'ব পাৰে 
ভাললগাবোৰ হেৰুৱাৰ বেদনা ?

মন বেলি অস্তমিত হ'লে 
কিমান পোহৰ দিব পাৰে 
ঢিমিক - ঢামাককৈ বাঢ়ি অহা তিমিৰ সন্ধ্যাই ? 

আশাৰে সজাই থোৱা স্বপ্নবোৰত 
দুখবোৰে জাল পাতিছে
তথাপি শুকাই যোৱা ওঁঠৰ ফাঁকেদি
হাঁহি এটি অনবৰতে তিৰবিৰাই জিলিকি উঠিছে

সমতল পাৰ হৈ জীৱনত এতিয়া 
ওখোৰা মোখোৰা পৰিক্ৰমা 
কিমান আস্বাসৰ দামত দিব পাৰিম 
 বাৰু নিৰ্ভয়তাৰে তাৰ সঠিক প্ৰমাণ ?
—————————————
হেৰোৱা শব্দ
কবিতা গগৈ

এটি শব্দ হেৰাল 
কাণিমুনি সন্ধিয়া বেলা 
বিচাৰিবলৈ সুযোগেই নপালো ! 
বেলিটিয়ে বিদায় মাগিছিল, 
লাহে লাহে আন্ধাৰবোৰে আৱৰি আহিছিল।  
আইৰ আচলৰ  আঁৰত 
জোনটিয়ে লুকা-ভাকু খেলিছিল। 
হাতীপতিত খোজ দিবলৈ গৈ হেৰুৱালো এটি শব্দ! 
পোহৰৰ আঁহেৰে নিজক বান্ধিবলৈ  গৈ , 
জপটিয়াই পেলালো  নিজক । 
এটি শব্দ হেৰাল, 
আঙুলিৰ ফাকেৰে  সৰকি গ'ল । 
পথাৰৰ বকিয়াই দি গৈ 
মুকলি আকাশৰ তলত বিলীন হৈ গ'ল , 
বৈ গ'ল নদীখনৰ লগত । 
দূৰলৈ... 
বহু দূৰলৈ !
বহাতচাটিয়ে উৰুৱাই লৈ গ'ল বহুদূৰ , 
লগত আজোৰি লৈ গ'ল, ভালপোৱাৰ সংজ্ঞা । 
দুকাষে বৈ যোৱা নদী দুখন আজি প্ৰিয়, 
নতুন জীবনৰ সংজ্ঞাটি আজি প্ৰিয়। 
কিন্তু 
মোৰ বুলিবলৈ প্ৰিয় এটি শব্দৰ অকাল মৃত্যু হ'ল ! 
আবেগিক তুমি ... 
তুমি তাতেই জয়ী ।
অপমৃত্যু নহয় এয়া 
এয়া সময়ৰ শিক্ষা । 
হেৰাই যোৱা শব্দটি নতুনকৈ আঁকি লোৱা ।
আইৰ সেন্দুৰী সাজটো,
তুমি বোলাই লোৱা । 
উকা আলিটোৰ তুমি,পথিক হোৱা । 
এটি শব্দ হেৰাল, 
যন্ত্ৰণাৰ মৰ্মাথ বুজিবলৈ হয়তো এয়া জৰুৰী আছিল। 
আকাশ নীলাখিনিত বিলীন হৈ গ'ল , 
এটি শব্দ ।
হয়তো জুইৰ লেলিহান শিখাই দহি পেলালে, 
বৰষুণজাক ভেদি জ্বলি উঠা 
সেই একুৰা  জুই !
ঢলি  পৰা দেহাটি  সাবতি 
সেইদিনা কোনে কান্দিছিল ?
কুমলীয়া  হাঁহিটি ওঠৰ পৰা মচি, 
কোনে  লিখি দিছিল তাত 
অন্য এটি শব্দ ?
এটি শব্দ হেৰাল, 

ৰঙালীৰ  ৰঙত  উমলিফুৰা  এটি দুপৰ বেলা !
বিচাৰি হাবাথুৰি খালো, 
কিন্তু হেৰাই গ'ল  
সকলোৰে পৰা ! 
—————————————
বৰ্ষা 
ৰুমী সেনাপতি ভূঞা

বৰ্ষাৰ ৰুণ জুণ নুপুৰৰ ধ্বনি
প্ৰকৃতিয়ে শুষ্ক মলিনতা পখালি
ফাগুনৰ সৰাপাতৰ বিবৰ্ণতা আঁতৰাই 
সুশোভিত ৰূপেৰে নিজকে সজায়

বৰ্ষাৰ আকাশত পৰিভ্ৰমী ডাৱৰৰ চলন
চঞ্চলা বিজুলীৰ চিকমিক নাচোন
আকাশ কঁপাই মেঘৰ গাজনি
চেঁচা বতাহে দিয়ে সজীৱতাৰ পৰশ

ধাৰাসাৰে ধৰালৈ নামি আহে বৃষ্টি
খাল ,বিল ,নদী পানীৰে উপচি পৰে
ন পানীৰ পৰশত উজানৰ মাছে 
আপোনপাহৰা হৈ ৰঙতে জপিয়াই নাচে !

বিনন্দীয়া প্ৰকৃতিৰ নৱৰূপ ভংগীমা
জাতিষ্কৃত সুবাসিত মনোমোহা ধৰা 
গছে বনে সজীৱতাই সৌন্দৰ্যৰ পোহাৰ মেলে !
প্ৰাণপ্ৰাচুৰ্য্যৰে উপচি পৰে মোহনীয় প্ৰকৃতি !
————————————— 
বেদনাৰ সোঁতে সোঁতে 
ড০ আদিল আলী 

প্ৰাচীন যেন লগা দিনৰ নগৰখন 
যিখন মোৰ আপোন হৈও আজিও প্ৰাচীন সিন্ধু নদী উপত্যকাৰ সভ্যতাৰ অভিমানক স্পৰ্শ কৰিব পৰা নাই, ঊস্  ! 

দিনৰ কোলাহলত মোৰ সপোন উৰে বেদনাৰ সোঁতে সোঁতে 

ৰঙীন নিশাৰ মাতাল শব্দত কম্পিত হয় মোৰ জীয়া বাস্তৱ 
ফ্লেটে ফ্লেটে আধুনিক সপোনবোৰ ভোগবাদত সাৰ পাই উঠে
স্বভিমানত গল্পবোৰ ৰাতিৰ খট্ খটীত উঠি গৈ থাকে;
মগ্ন হয় আকাশৰ কবিতাত;নিচাসক্ত হৈ উৰে দিনৰ বিষাদ 
কেঁচা টোপনিত পোৱা-নোপোৱাৰ বেদনাই আকাশ কঁপাই তৰা খেদে 

নিশাৰ বিষাদ অশ্রু ফটিকাৰ ৰাগীত বৈ যায়
নিঃসংগতাত দিনৰ প্ৰৰিবৰণ, বেলকনিৰ টাবত  গজে জোনাকৰ বিষাদ ফুলৰ মালিতা 

উৰণীয়া সেঁতুৰ তলৰ নাঙঠ শিশু জাকৰ নিশাৰ পদপথৰ ৰক্ত ৰঙা জীৱনৰ গানবোৰ শুনো
নৰ্দমাত হত্যা পৰিস্কাৰ নগৰৰ আশা 
দুৰ্গন্ধত নগৰৰ গভীৰতা
ঊস্ হিয়া ভগা হুমুনিয়াহ ! 

অচেতন শিলাখণ্ড হৈ মোৰ বুকুত খুন্দা মাৰে নিঃসংগ অচিন নক্ষত্রই,ভোকৰ নৈঃশব্দত সিঁহতৰ শৈশৱ! 

মই যেন এক দায়িত্বহীন শেলুৱৈ ধৰা অবাক প্ৰতিমা  ! 
—————————————
অভিমানী ন'হবা 
মৌচুমী হুজুৰী

ভালপোৱাবোৰ কত সাঁচি ৰাখিছা
অভিমানৰ ঠুনুকা টোপোলাবোৰত
নে সংগোপনে হৃদয়ত অংকিত চকুলোৰ
কোনোবাখিনি  লোতকত...

উদং বুকুত বিষাদৰ ছবিখন
আৰুনো কিমান সহিবা 
ব্যস্ততাৰ কোলাহল বাগৰি
যন্ত্ৰণাৰ গভীৰ অৰণ্যত

তুমি অভিমান কৰিলে
পোহৰবোৰ এন্ধাৰ হয়
নীলা আকাশখনত 
কলা ডাৱৰবোৰে আহি ছাউনি পাতে

নৈখনে উচুপি উঠে 
নীৰৱতাক বুকুত সাৱটি
নিসংগতাৰ সংগত
সাগৰখন সেমেকি যায়
স্মৃতিবোৰ ৰৈ যায় মাথোঁ 
ধূসৰতাৰ মাজত ...
—————————————
তেওঁতো বেশ্যা নহয়
তেওঁ ধৰ্ষিতা
অবিনাশ দত্ত

গছবোৰৰ কাষত
কোনেও নেদেখা ,
কোনেও নুবুজা কিছুমান কথা
চৰাইৰবোৰে চকুপানীৰ টোপালবোৰত দেখিছিল
সাৰে থকা ভয়াৰ্ত ৰাতিৰ মুখখন

ফুলবোৰেও চতিয়াব পৰা নাছিল পোহৰ 
পোহৰবোৰত ডাৱৰ
কলীয়া ডাৱৰ, বিষাক্ত ডাৱৰ

তেওঁৰ কাষত
আজি ছাঁটোও ৰৈ থকা নাছিল
চিতাত নিজে শুইছিল আত্মাই
ঝুলনাত ঝুলি ঝুলি নিৰৱে শুই পৰা দেহ
বিষ কিম্বা মানসিক আৰ্তনাদ 
তেওতো বেশ্যা নহয়
তেওঁ ধৰ্ষিতা
কুলষিতাওটো নহয়
তেওঁ ধৰ্ষিতা
               
সেই গছ বোৰক সুধিছোঁ
এই পুৰি যোৱা ছাঁইবোৰ কাৰ
সেই ভয়াৰ্ত এন্ধাৰক সুধিছোঁ
ঝুলি থকা ঝুলনা খনত গলিত দেহটোৰ কাৰ

সকলো নিমাত
নিস্তেজ বতাহ ।

ধীৰে ধীৰে নামি আহিছে ধুমুহাৰ গান
আউল বাউল চুলিৰে নিনাও ৰাতিটোত
ক্ষত বিক্ষত তেও বা তেওঁলোকৰ দেহ বা আত্মা

ধীৰে ধীৰে নামি অহিছে ধুমুহাৰ গান
জঁট বান্ধিছে তেঁওলোকৰ বাটত
আজিৰ বাটত, কালিৰ বাটত
আৰু 
অলেখ বাটত । 

কাগজৰ নাৱত তেওঁলোক উটি যাব পৰা হ'লে
উটি গ'ল হেঁতেন কোনো অজান ঘাটলৈ
অচিনাকি বোৰৰ মাজলে
হত্যাকাৰী চিনাকীবোৰৰ কাষৰ পৰা,
লাহে লাহে নোহোৱা হ'ল হেতেন জঁট লগা বাট
নতুনকৈ ফুলিলহেঁতেন কৃষ্ণচূড়া
নতুনকৈ আহিলহেঁতেন বাৰিষা
ঘূৰণীয়া এটকীয়াটোৰ সমান পৃথিৱীৰ প্ৰাচীৰ ফালি
বহু দূৰলৈ যদি তেঁওলোক যাব পাৰিলে হয়
কাগজৰ নাৱত উটি !

এতিয়া কিজানি ভয় হয় তেওঁলোকৰ
চিনাকীবোৰৰ মাজত 
মৌচুমীৰ শোভাযাত্ৰাত মতলীয়া কৃষ্ণচূড়া
ডাৱৰৰ আন্দোলনে ৰঙবোৰ নোহোৱা কৰিব নেকি!
—————————————
শাওণৰ নিশাত
দিপ্তী মনি গোস্বামী

শাওণৰ গভীৰ নিশাত
এজাক মূষলধাৰ বৰষুণ
জোনটোৱে ভূমুকিয়াই চায়
বেৰৰ জোলোঙায়েদি ।

উৎকট গৰমতো
কলাঘুমতি ভাঙে দেউতাৰ,
সপোনে ৰিঙিয়াই মাতে
আঘোণৰ দুপৰলৈ।

মেটমৰা ধানৰ ভাৰ
আৰু ৰবাৱ টেঙা,
জিভাৰ পানী পৰে
গাটোও বিষায় উঠে।

উজ্বলি উঠা চকুজুৰিয়ে
টোপনিক জয় কৰি
পৰিকল্পনা ৰচে
বাৰীতে লাগি থকা বাম 
মাটিডৰালৈ।
—————————————

Post a Comment

0 Comments