পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ পঞ্চম বৰ্ষ

————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা 
সম্পাদকীয়...

   জানো কবিতা এক মহান শিল্প। হৃদয়ত দোলায়িত ভাৱনাক শিল্পলৈ ৰূপান্তৰিত কৰিবলৈ সাধনা,চৰ্চা আৰু গভীৰ অধ্যয়নৰ গত্যন্তৰ নাই। কিন্তু এই সাধনাৰ ফচলে মান পাবলৈ সমালোচকৰ দৃষ্টিগোচৰ হোৱাটো জৰুৰী। তাৰবাবে মান্য আলোচনী নাইবা আগশাৰীৰ কাকতত কবিতা প্ৰকাশ হ’ব লাগিব।নতুবা অথলে যায়  সাধনাৰ সমূদায় ফচল। 
   কোৱা হয়,সময়তকৈ আন কোনো শ্ৰেষ্ঠ সমালোচক নাই।কিন্তু,তাৰবাবে সৰহসংখ্যকৰে  ধৈৰ্য,উদ্যম, প্ৰেৰণা বেছিদিনলৈ নাথাকেগৈ।  গঠনমূলক সমালোচনাৰ অভাৱতেই বহু প্ৰতিভা অকালতে মৰহি যায়। সাম্প্ৰতিক পৰিস্থিতিয়ে তাকেই সূচায় ।
    ইমান পাছতো নিৰলে নীৰবে নিজৰ মাজত চৰ্চা কৰি যোৱা সকলেই কবিতাক কবিতা কৰি জীয়াই ৰাখিব।

নৱ ৰাজন 
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ  আড্ডা
(চকুত পৰা ছিদ্ৰ) 

উদয় কুমাৰ শৰ্মা

   ১) 'যন্ত্ৰণা চকুলোৰে ধুই পেলাইছো' [ নলিনীধৰ ভট্টাচার্য, 'গৰীয়সী', অক্টোবৰ, ২০১৬]
   -- 'যন্ত্রণা চকুলোৰে' বুলিলে, আখজা যেন লাগে। 'চকুলোৰে ধুই পেলাইছোঁ যন্ত্রণা' অথবা, 'যন্ত্ৰণা, চকুলোৰে... ' বুলি লিখিলেহে চাগৈ চিকুণ হ'ব। 

   ২) 'মই জীৱনটো বোকোচাত লৈ... ' [ নগেন শইকীয়া, 'গৰীয়সী', অক্টোবৰ, ২০১৬]
 -- ইয়াত, আৰম্ভণিতে থকা 'মই' শব্দটোৱে, পোনচাটে ব্যক্তিবিশেষলৈ আঙুলিয়ায় কাৰণে -- 'জীৱনটো বোকোচাত লৈ মই... ' বুলি লিখিলে মসৃণ হ'লহেঁতেন। 

  ৩) 'ভেকুলীৰ দৰে বৰষুণৰ টোপাল গাত লাগিলেই / অৰ্কেষ্ট্ৰা বজায় থৈয়ানথৈয়াকৈ'
[ 'ডিজিটেল নগৰীৰ ফুলনিত' : ৰবীন্দ্ৰ সৰকাৰ, 'সাদিন', ২২-০৯-২০১৭]
 -- শব্দসজ্জাৰ দুৰ্বলতা হেতু -- 'ভেকুলীৰ দৰে বৰষুণ', এই উপমাটোৱে কোনো পঢ়ুৱৈক বিমোৰত  পেলাব পাৰে! কিন্তু, আমি যদি এনেকৈ লিখোঁ : 'বৰষুণৰ টোপাল গাত লাগিলেই / ভেকুলীৰ দৰে / অৰ্কেষ্ট্ৰা বজায়... ' , তেতিয়া নিশ্চয়, কাৰো বুজাত অসুবিধা নহ'ব। 

  ৪) 'মোৰ ছোৱালীজনীৰ বিয়াৰ হোমৰ ধোঁৱাই অনা চকুপানী মচি... / আমাৰ তেজ-মঙহেৰে গঢ়া কবিতা এটা আনৰ হাতত দি' [ 'হৰেকৃষ্ণ ডেকাৰ শ্ৰেষ্ঠ কাব্য আৰু গদ্য', পৃ: ৪২৪]
  -- নিজৰ জীয়াৰীক ('কবিতা এটা') হোমৰ কাষত, যাৰ হাতত তুলি দিবলৈ ঠিৰ কৰিছে -- সেই জোঁৱাইজন 'আন' (a different person) হোৱাৰ পৰিৱৰ্তে -- 'এজন' (a particular person) বোলাহেঁতেন, 'আপোনজন'ৰ অৰ্থ প্ৰকাশ পালেহেঁতেন। 'দি' আৰু 'তুলি দি'ৰো পাৰ্থক্য নথকা নহয়। 

 ৫)  (ক) 'নৈপৰীয়া ঘৰটোত / ৰাতিৰ বাঁহীৰ দৰে / মই অকলশৰীয়া' [ আনিছ উজ জামান, ৰচনা : আনুমানিক : ১৯৭২ চন]
 -- 'ৰাতিৰ বাঁহী'টো কেনেকুৱা, কিয় 'অকলশৰীয়া' : এনে প্ৰশ্নৰ উত্তৰ বিচাৰিলে, খেলিমেলি লাগে। 
'ৰাতিৰ বাঁহীৰ মাতটোৰ দৰে' বুলি লিখাহেঁতেন -- সেই 'নৈপৰীয়া ঘৰটো'ত বাজি উঠা -- বাঁহীৰ একমাত্র মাতটোযে, ৰাতিৰ নিৰ্জনতা ভাঙি ভাহি আহি, কবিক 'অকলশৰীয়া' যেন অনিভৱ কৰাইছে, আমাৰ বুজাত অসুবিধা নহ'লহেঁতেন। 

  (খ) 'আই তোৰ আন্ধাৰৰ হাতখন ভাঙি দিলোঁ' [ আনিছ উজ জামান, 'এই বাটেদিয়েই, পৃ: ৪]
  -- মাকৰ মৰম-আকলুৱা হাত এখন 'আন্ধাৰৰ' হ'লেও -- পুত্ৰই 'ভাঙি' দিয়াটো বেদনাদায়কেই নহয়, নিৰ্মম  !
—————————————
অনুবাদ কবিতা

Dave Read 
Canada

spaghetti dinner
I watch her twirl
her hair...

মূলঃ ডাভে’ ৰীড
কানাডা
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

পইতা ভাতৰ পোতনিৰে ৰাতিৰ এসাজ
মই তাইক আত্মহাৰা হোৱা দেখিছোঁ
তাইৰ চুলিকোচা...
—————————————

কবিতা 

এজন মানুহ মৰিছে 
ৰিপুঞ্জয় বৰুৱা ঋমন

মূৰৰ ওপৰেদি এজাক শগুণ উৰিছে 
কেইজনমান নেতাই এজন মানুহক হত্যা কৰিছে

এজন মানুহ মৰিছে ।

মুখেৰে ফেন ওলাই থকা মৃতদেহটো 
আলুৰ বস্তাত ভৰাই গৃহস্থক গতাই দিয়া হৈছে !

মৰা নৈৰ পাৰত দুজনমান মৰণশীল মানুহ গোট খাইছে,
মৃতকক পুনৰ কাঠৰ বাকচত বন্দী কৰিবলৈ ।

ইয়াত ফাটকিয়াল্ মৰিলে কন্দা নাযায়

অশীতিপৰ তিৰোভাৱত
কঁপি নুঠে বস্তিৰ মানুহ
নাথাকে বন্ধ বিশ্ব-সাম্ৰাজ্য 
নকৰে শোক বিৰতি
নহয় আন্দোলন
নজ্বলে মমবাতি !

মৰণশীল মানুহ অথবা মানুহ মৰণশীল
কথাবোৰ মননশীল ।

ৰণুৱা বনুৱা হালোৱা 
এইবোৰ তৃতীয় বিশ্বৰ বিতৰ্কিত কথা ।

পিঠিলৈ দলিয়াই পকা দলিচপৰা 

সম্ভোগৰ পৰা সমাধিলৈ পানীভাগ অলপ বেছিয়েই বগা 

চিলাই চিগা কলিজা এই সময় লুঙলুঙীয়া ।
—————————————
কীট
মনালিছা শইকীয়া

পোহৰ হেৰোৱা দিন এটাৰ বুকুৱেদি
সন্তৰ্পনে বগুৱা বাই আহে ৰাতি এটা

ৰাতিনো কি
কেতিয়াবা দেখোন ফুল পাৰিজাত
আন কেতিয়াবা আকৌ গজা শিল এছটা

টোপনিবিহীন সময়ত 
দুখৰ দস্তাবেজ কাঙাল ৰাতিবোৰ

অতি নাটকীয়ভাৱে 
মৃত ৰাতিবোৰক ভক্ষণ কৰে 
কিটকিটাই থকা দুৰ্বোধ্য কীটটোৱে

অপেক্ষাৰ অন্তত 
দিনৰ পোহৰে পৃথিৱী ছানে
ৰাতি গজা শিলছটা নিমাতে নিতালে
বুকুৰ এচুকত পাহৰণিৰ ফুল হৈ ফুলি থাকে।
—————————————
ভোক
চন্দনা ভাগৱতী

এজোলোকা তেজ
আৰু ডুবি থকা এখন চহৰ...

সপোনবোৰ নুফুলে
ড্ৰাগছে পুৰিছে চহৰখন
জ্বলা জুইত ঘি ঢালিবলৈ লালসাৰ ভোকটোৱে
সকলোৰে মূৰত ধৰিছে।

আইনৰ কাগজবোৰ লুটিয়াই বগৰাই
কুমজেলেকুৱা খোজ
শাসক কোন-?
শোষক কোন-?
মূৰত প্ৰচণ্ড যন্ত্ৰণা 
যন্ত্ৰণা উপষমৰ বাবে বিদ্ৰোহৰ বন্দনা

টলষ্টয়েও কৈছিল---
মিছা, মিছা;পৃথিৱীলৈ প্ৰেৰণ কৰা 
চিঠিবোৰ মিছা
মইনো কোন কুটা?
এ ভৱ সংসাৰ
এপালি,দুপালি,কেবাপালি...
গাৰ মঙহ ফুটি কলিজা চুৱেগৈ
তেজত পিৰপিৰাই,ধমনিত চটফটাই
বিচাৰি ফুৰো মই মোক
মই ক'ত?
পানীপোতাতে দেখোন পুতি থৈছো মোক!
—————————————
প্ৰেম
প্ৰদীপ চন্দ্ৰ শৰ্মা

ধোন্দাচামৰ যুৰীয়া আঁহতৰ তল
দলদোপ -হেন্দোলদোপ
হাতত টকাটিলৈ
পাটগাভৰুৱে জুমি চাই
কেঁকুৰিটোৰ সিপাৰলৈ
আহে নেকি এজাক
প্ৰেমৰ মলয়া বা

বাটে পোৱালি মেলা
বহুদিনেই হ'ল
নতুন বাট এটাৰে
বাট বুলিবলৈ
মৰম বিচাৰি
আহে বা নাহে
এইটি বাটেৰে
প্ৰেমৰ মলয়া বা

ধোন্দাচামৰ যুৰীয়া আঁহতৰ তল
ঢোলৰ গুমগুমনি
টিহিটি টি ল ল মাতত
বুকুত আশাৰ হেন্দোলনি
প্ৰেমৰ এযোৰেই সাজ
মৰমৰ বুটা বচা-ৰঙীন...
—————————————
বৃদ্ধ বুদ্ধ নহয়
উৎপল ভট্টাচাৰ্য 

বৃদ্ধ বিষয় সাপেক্ষ
সংযম ভূষণ
প্ৰতিজন বৃদ্ধৰ নহ'বপাৰে বোধোদয়
দান্তে তৃণ ধৰি
কতবাৰ শপতখালোঁ
ঘূৰি ঘূৰি একে ভাজে নেজ
নেজৰ মাজত মুখ
তাতেই মহা সুখ

সংযমী চাদৰ উৰি
ৰূপালী হ'ল টিকনিডাল
ফুতছাইত লেটি লয়
কালে নেচেলেকালৈকে গাল

বৃদ্ধ বুদ্ধ নহয়
বূদ্ধহে বৃদ্ধ হয়
শুষ্ক বৃক্ষ‌ই নেমেলে কুঁহি
আহুতিত জুইৰ হাঁহি।
—————————————
সৰিৎ
সুশান্ত বৰা

পাটমাদৈ, ৰাতিৰ চালনা দেখিছানে ?
শকুনিৰ চক্ৰান্তৰ দৰে গভীৰ দুৰভিসন্ধিৰ
একছত্ৰী সম্ৰাট এই অন্ধকাৰ ৰাতি 

কল্পান্তৰৰ ছায়া-মায়া বুজিব নোৱাৰা 
কুটিল বেহুবন্ধনৰ মাজত এই সংসাৰৰ মায়াবৃত্ত, 
মোহাচ্ছন্ন মানৱৰ চক্ষুৰ আগত মাথোঁ
উজ্জ্বলতাৰ পূজাৰ বহ‍্বাৰম্ভ আয়োজন...

গাভৰু নদীখনে শতেক হেমন্ত পাৰ কৰিলে,
অথচ, মৃত্যুৰ দুন্দুভিৰ স্বৰ শুনা নাই কাহানিও 

ময়ো নিবিচাৰোঁ, 
যে নদীয়ে মৃত্যুৰ দৰে শীতলতাক স্পৰ্শ কৰক,
আৰু শতযুগৰ ইতিহাস ধোঁৱা হওঁক !

নদীখনে কৈছিল,
“মই সৰ্বসংগম,একীভূত সত্তা
নীৰৱতাৰ ভুজঙ্গম, শ্ৰীময়ী কণ্যা ”

নদীবোৰ মানুহৰ দৰে নহয় 
নহয় কোনো মোহান্ধ সত্তা, 
নদীবোৰ ৰাতিৰ দৰেও নহয় 
কালিমাৰ নিশিগন্ধা...

ভূজঙ্গিনী ৰক্ষাৰ সমল, 
মৃত্যুক বধিব পৰা 
তলবল ধুমুহা 

লাস্যময়ী নাৰীৰ দৰে 
নিৰাময়ী অক্লান্ত চন্দ্রমা ।
—————————————
বহু কথা বাকী আছিল
ইপুল হুছেইন

বাকী আছিল বহু কথা
বাকী আছিল বহু গাথা
শব্দকৰণিত শব্দ ফুলাৰ বাবে বৰষুণলৈ অপেক্ষা কৰাজন কিমান টেঙৰ জুখি চোৱা হোৱা নাছিল
বিলাতী কুকুৰ এদলে পৌৰনিগমৰ নলা শুঙি পাৰ কৰিছিল বহু শীতৰ নিশা
নখৰ তলত তোমাৰো চাগৈ ছালৰ ৰং সলনি হৈছিল
বুকু কঁপি যোৱাকৈ শব্দস্ফূৰণ ঘটিছিল
হয়তো সময়ৰ তাগিদা আছিল
ছন্দহীন ভাষাবোৰ উজাগৰে আছিল
জোনাকৰ ভেলাঘৰত জুইৰঙৰ আৱৰণ নাচিছিল
তথাপি চকুৰ নিয়ৰত 
বহুকথা বাকী আছিল।
—————————————
কথাৰ  পাক
কণিকা বৰকাকতি চৰকাৰ

আই অ' হ’ব দে 
কথাবোৰ কথা 
হৈ থাকিব দে ,
আজি আৰু তোৰ 
সেই দিন নাই
কথাক কথা বুলি ভবাৰ ?

তই পৰিলেও 
ঘূৰি নাচায় 
মৰিলেও সময়ত 
আত্মীয়ৰ অভাৱ !
"পোনা মোৰ জোনৰ দেশত  যাব'
আন্ধাৰে এফাল ঢকা   
কাঁচিজোনটি দেখাই,
তয়েতো নিচুকাই  
সপোন দেখাইছিলি  আই!
 
অজুহাতবোৰ 
তই নুবুজিলি ! 
ঢুকিও নাপালি সময়,
জীৱিকাৰ তাগিদা ,
তই দুখ নকৰিবি 
আজিৰ কথাৰ বৰ পাক ।
সেয়ে কওঁ কথাবোৰ 
কথাহৈ থাকিব দে ,
ডাঙৰ মানুহ কৰোৱাৰ ইচ্ছা 
বহু ডাঙৰ হ'ল ।
—————————————
বান
ৰমেশ চন্দ্ৰ ৰায় 

মাজনিশা মথাউৰিটোৱে খোজকাঢ়ি ফুৰিছিল 
আৰ্তৰাৱৰ ক'লা আকাশখন
মূধচলৈ নামি আহিছিল 
নদী পগলা হৈছিল 
হয় হয় নদীখন পগলা হৈছিল 

গোটেই গাঁওখন মহটিয়াই মহটিয়াই 
দৌৰি ফুৰিছিল 
পগলা নদীখন।
—————————————
বসন্তৰ মালিতা
দেৱ দাস 

বসন্তৰ বা লাগি 
কি সুন্দৰ 
গছে গছে বৰণীয়া 

কোমল কুঁহিপাত আৰু 
ফুলৰ সুবাস  
তুমি আহিবা 

হিল দল ভাঙি 
কোৰ পৰা আহি উতুৱাই 
সৰু নাৱত তুমি 

ইমান ধুনীয়া 

বসন্তৰ মালিতা।
—————————————
ৰ'দৰ চিঠি
চয়নিকা ভূঞা 

"ৰ'দ পাই ৰঙা হ'ল সোৱাদ সুমথিৰা" 
ৰ'দালিৰ বুকুত আজি হেনো বহু কথা

বুকুত কথা, ওঁঠত কথা
কথাতেই বতাহ

সকলো কথাৰে বিপৰীত ধৰ্মী 
একোটা প্ৰতিক্ৰিয়া থাকে
যিদৰে সকলো কাহিনীৰ আঁৰত 
আন এটা কাহিনী থাকে

ৰ'দে মেল পাতে
ৰ'দে হাঁহে  
য'তে মন যায় তাতেই 
আজি বহলাই বহে ৰ'দ

ক্ৰমাত কথাই সুৰ সলায় 
স্থান কাল ভেদি কথা আৰু কথা 
"আকাশে দিয়া ৰ'দৰে চিঠি
মাটিয়ে জানা ল'লে সাৱটি"।
—————————————
কাঁইটৰ চোলা
ৰেখা বৰকটকী

সদায় পিন্ধিছে সকলোৱে
অভ্যস্ত হৈও স্বীকাৰ নকৰে..
কৰিবইবা কিয়?
উপঢৌকনৰ ভাষাওযে কাঁইট
প্ৰতিখোজে কাঁইট
সময়ৰ গতিত কাঁইটৰ ভূগোল চিৰাচৰিত,
উপহাসৰ পিঠিৰে বগোৱা কাঁইট...
নিৰ্মম সময় ঘড়ী,  
বুৰঞ্জীৰ পাতত কাঁইট..
ৰজা-মহাৰজাৰ ইতিহাসৰ পৃষ্ঠাবোৰৰ কাঁইট 
কাঁইটেৰে বসন কাঁইটেৰে ভোজন
কথোপকথনতো কাঁইট সৰ্বদা...
সেয়ে হয়তো সৰ্বজনবিদিত কথাষাৰ
"কাইটেহে কাঁইট উলিয়াব পাৰি"
তেন্তে কাঁইটডাল দলিয়ায় কেনেকৈ
উঠোতে, বহোতে মাথো কাঁইট
কেওফালে কাঁইটৰে জয়জয়কাৰ
বিন্ধিলেও সুখ নিবিন্ধিলেইযে দুখ!
জীৱন যাপনৰ অমিয়া সময়বোৰ
কাঁইটৰ খোঁচেৰে  জীপাল নহৈ কেনেকৈ পাৰে!
কৃতজ্ঞতাৰ ভাষাও যে কাঁইট
সমালোচনাৰ ভাষাও কাঁইট
তেন্তে আলোচনা একা?
কাঁইটেৰে মেটমৰা জোলোঙাবোৰ উবুৰিয়াই পেলাবৰ মন হ'লেও জানো পাৰি?
(যাৰ সহবাস যাৰ সৈতে)
যাৰ অবিহনে উদাস সময়, নাযায় নুপুৱায় দিবা-ৰাত্ৰি...
—————————————
বাৰিষাৰ পথাৰৰ কথকতা...
জাহ্নৱী হাজৰিকা

জেঠৰ বাৰ খৰে বিদায় লব পৰতে আহে 
আহাৰৰ গাজনি, বিজুলীৰ চমকনি...
কোমল বোকাৰ কেঁচা গোন্ধ
জাপিটো মূৰতে মেৰিয়াই 
পথাৰলৈ আহে পাহোৱাল ৰংমন।

বৰষুণ আহে
লগতে ঢেৰেকণি ব্ৰজপাতৰ কাণ তাল মৰা শব্দ
আইতাকৰ কথাষাৰ তাৰ মনত পৰে
ঢেৰেকণি মাৰিলে মাজ পথাৰত নাথাকিবি বোপাই।
ৰংমন দৌৰ মাৰে পথাৰৰ মাজৰ জৰিবৰৰ তললৈ।

ইপিনে সিপিনে চাই
চিনাকি মুখনি দেখি ভয়তে সি উচপ খায়।
এয়া দেখোন মৌকলি,ক'ৰ পৰা আহিল তাই?
ৰংমন ওচৰ চাপে মৌকলিৰ।

ভীতি বিহ্বল মৌকলি,ওপৰত গাজনি।
দেউতাকক চাহ দিবলৈ পথাৰত আহিছিল তাই।
উভতি পাৰ নাপাওঁতেই গাজনিৰ সোঁত...
আৰু সেয়ে আজি দুয়ো জৰিবৰৰ তলত।

সকলো কথা ভবা নহয়।
ঈশ্বৰৰ ভাগ থাকে।
নভবাবোৰো কেতিয়াবা হোৱাবলৈ বাধ্য কৰে।
ৰংমনে মৌকলিক ভাল দেখে।
লগৰী হ'ব বিচাৰে।
মনৰ মিলে খোপনি পুতে।

অথচ আনে দেখাকৈ লগো হব নোৱাৰে।
সমাজৰ বাধা আছে সিহঁতৰ মিলনত।
ৰংমনে মৌকলিক ৰাধা কৃষ্ণৰ কাহিনী শুনায়।
কিদৰে কিবা বিপদ হলেই কৃষ্ণৰ মুখত 
আগতে ৰাধাৰ নাম ফুটে,সেইবোৰ তাইক বুজায়।

মৌকলিয়ে ৰ' লাগি শুনে।
জৰিবৰৰ তল উপচি পৰে 
ৰাধা কৃষ্ণৰ মায়াময় সুবাসেৰে।
"এইটো জীৱনত লগ হ'ব নাপাম চাগে,
ৰাধা হৈয়েই থাকিবি দে মৌকলি!"

দুগাল তিয়াই মূৰ দুপিয়াই মৌকলি।
অঁকৰা অবুজন ল'ৰাটোৱে
 কিমান যে উচ্চ খাপৰ কথা শুনায় আজিকালি!
ভেলেঙী মাছৰ দৰে ৰৈ যায় মৌকলি।

মহাদেৱ তাৰ পূজ্য,জীৱটো হেনো দিয়েই থৈছে।
লাগিলে ধাৰত আনিব পৰাকৈ।
বিষবোৰ হেনো পান কৰিব পৰাকৈ অভ্যস্ত সি।
মাত্ৰ ডিঙিতে ৰাখিছে জীৱনৰ হলাহল বোৰ।
বুকুলৈ যাব দিয়া নাই।

কথা শুনি আচৰিত হয় মৌকলি।
ধৈৰ্য বাঢ়িছে ৰংমনৰ।
উৎপতীয়া অধৈৰ্য ল'ৰাটো শান্ত হৈছে।
মৌকলিৰ বুকু ফুলি আহে তাৰ পৰিপক্কতাৰ ভাৰ দেখি।

তাই কেতিয়াবা ৰংমনক কয়..
তই তোৰ জীৱনৰ তেজাল ঘোঁৰা ৰংমন।
আগুৱাই যা বেগাই দুৰন্ত গতিৰে জীৱন বাটত..
মাউৰা ৰংমনৰ বুকুখন থৌকি বাথৌ হয়।

নিৰাশাৰে ভৰা জীৱন!
আনৰ বান্ধোনতেই বন্দী সি।
চা মৌকলি,বান্ধোন নোহোৱালৈকেহে ঘোঁৰা তেজাল আৰু দুৰন্ত...
ঘোঁৰাৰ ওপৰত যেতিয়া বোজা বান্ধি দিয়া হয়,
তেতিয়া ঘোঁৰা হৈ পৰে দুৰ্বল আৰু খোৰা।
মই তেজাল নহয় মৌকলি, মই খোৰা ঘোঁৰা।

দুখৰ হুমুনিয়াহ পেলাই ৰংমনে।
তাৰ কথাৰ গাম্ভীৰ্য দেখি থৰ হৈ মুখলৈ চাই মৌকলিয়ে।
ঢেৰেকনিৰ পয়োভৰ বেছি হয়,
মৌকলি ভয়তে ৰংমনৰ বুকুত সোমায়।
কিমান সময় লেতু সেতু হৈ পৰি থাকে তাৰ বুকুত 
তাই গমকে নাপায়।

ইতিমধ্যে গাজনি শেষ হয়,বৰষুণ নামে।
বাৰিষাৰ বৰষুণ।
অপূৰ্ন প্ৰেমৰ এহাল যৌৱনে ক্ষন্তেক জিৰণি লয় তাত।
বৰষুণজাক শেষ হয়।
ৰংমন আৰু মৌকলিৰ বাৰিষাৰ কথকতাই
 তাতেই প্ৰাণ পায়।

পুনৰ যেন এজাক বৰষুণ নামে...
প্ৰেমৰ ৰুণজুন বৰষুণ..
ৰংমন মৌকলিৰ গোপন পৃথিৱীৰ 
বুকুজুৰি বৈ ৰোৱা ভালপোৱাৰ অলংকাৰ।
—————————————
সৰগৰ বাট বিচাৰি 
কেশৱ বৰুৱা 

আকাশ এখন বিচাৰি
এদিন বাটে বাটে গ'লো
আকাশ খন তাত নাই
নিৰ্ভয়ে খোজ দিব পৰা
বাট এটাও নাই
বাটত এডাল কাঁইটীয়াৰ আঁচোৰ
বাটে বাটে গৈ দেখিলো
চুৰ, 
ডকাইত
হত্যা, ধষর্ণ আৰু লুন্ঠন
নেদেখিলো এখন সমাজ
দেখিলো, 
জাতি,ধৰ্ম, পন্থ আৰু
এটা ঘৃণাৰ পাত্র
বাটে বাটে গৈ
শদিয়াৰ পৰা ধুবুৰিলৈকে ঘুৰিলো
মই আৰু লগত
কঠালৰ আঠাৰ দৰে লাগি থকা
চাৰিটা ৰিপু
বাটে বাটে গৈ সেই দিনা নেদেখিলো
মায়া জাল ফালি গৈ থকা
এটা বাট ,আৰু
এটা কায়া
—————————————
অসুখ
চিন্ময়ী দাস

ঘৰৰ পৰা দূৰত থকা মানুহবোৰ 
লাগে বুলিও আহিব নোৱাৰা মানুহবোৰ 
আইৰ হাতৰ ভাতমুঠিৰ কথা মনত পৰিও কোমল ৰুটিৰে পেট ভৰোৱা আমিবোৰ
হেজাৰ ঐশ্বৰ্য্যৰ মাজতো সুখত নাথাকো
এচি ৰুমত কি সুখ...
সুখ কিনিব নাপায় 
সুখ ঘৰত পাই 
আইৰ কোলাত পাই
 
মৃদ মলয়াত সুখ 
বৰষুণত সুখ 
আকাশৰ এটি এটি তৰাৰ মাজত সুখ ...
নদী-নিজৰাত সুখ
ঐনিতমত সুখ
আলুপিটিকা পইতাভাতত সুখ

সুখবোৰ নাথাকিলেই অসুখ ...—————————————
সুখৰ ঠাই
(আফ্ৰিকীয় ৰেপ গীতৰ আৰ্হিত)
এ আমান

 মোৰ মতে ম‌ই চলিম
তোমাৰ কিহৰ আপত্তি 
দেশ মোৰ, ৰজা ম‌ই
প্ৰজা মোৰ ভৃত্য

দেশৰ আছে যত মাটি
 নাগৰিকৰ অধিকাৰ
হলেও ম‌ই নৃপতি
নাগৰিকৰেই অগ্ৰাধিকাৰ

এই সময় নিঠৰুৱা
জীয়াই থকাই টান
পন্য বিদ্যুৎ সকলোৰে
মূল্য আজি অশোভন

ভাগ ভাগ ভাগ ভাগ
ক্ষমতাৰ খেল
বুৰ্বক নাগৰিকৰ 
চাহ দোকানত মেল

ধৰ্ম নাই অধ্যয়ন নাই
মোবাইলেই সাৰ
গান চিনেমা চাই থাকোতেই
সমাজ গৰবৰ

সময় এথোন প্ৰতিকুল
অভিভাৱকো অবুজন
হ'বা তুমি বিলুপ্ত 
যদি নোহোৱা প্ৰজ্ঞাবান

ভাইয়ে ভাইয়ে লেই লেই
ৰাজনীতিৰ বিধান
 ধৰ্ম বস্ৰৰ মিল নাই
সেয়ে ইমান অপমান

কৰিলেও যাতনা
 লভিবা সান্তনা
আধুনিক শিক্ষাই দিব
জীয়াই থকাৰ প্ৰেৰণা

অতীজতেই মৰিলা
এতিয়া কিহৰ বেদনা
ভাষা নাই ভেটি নাই
যুগে যুগে গঞ্জনা

নৰয় যে উজলি
কাৰো ৰবি চিৰকাল
ৰজা প্ৰজা যাব বিলীন
একেই কবৰ চিতাশাল

সেয়ে শুনা ৰজাগণ
কিহৰ কৰা অহংকাৰ
জ্বলিলেই চিতাৰ জুই
জ্বলি হ'বা ছাৰখাৰ

মানুহ সব ভাই ভাই
এৰা সকলো কাইজা হাই
মালা হৈ সৌৰভ বিলাবা
পৃথিৱী হ'ব সুখৰ ঠাই...
—————————————
এটা ৰাতিৰ জীয়া কবিতা
তানিয়া মধুকল্য

যেতিয়া সমগ্ৰ পৃথিৱী 
শুই পৰিছিল
সেইদিনা ৰাতি এটা কবিতাই
ডেউকা মেলি জীৱন্ত ৰূপ লৈছিল
তেনেতে এটা সপোনে 
মোৰ দুৱাৰত টুকুৰিয়ালেহি 
মই সুধিলো-
"কাক বিচাৰিছা?"

তেওঁ ক'লে-
"শব্দ আৰু ছন্দবোৰ বিচাৰি আহিছোঁ"
মই ভিতৰলৈ মাতি আনিলো
সপোনবোৰক 
কাৰণ মই আদৰি আনো
মোৰ দুঃস্বপ্নকো

জাক পাতি উলাহঁতে
শব্দ, ছন্দ আৰু স্তৱকবোৰ 
উৰিবলৈ ধৰিলে
খণ্ড বিখণ্ড হৈ চিটিকি পৰিল 
সকলো 
তেনেকৈয়ে এটা কবিতাই 
জীৱন্ত ৰূপ লয়

জয়াল নিশাবোৰ কেনেকৈনো 
পাৰ হ'ল গমকে নাপালোঁ 
ঋণাত্মক চিন্তবোৰ লাহে লাহে
হ্ৰাস পাইছিল 
সপোনবোৰে শব্দৰ লগত খেলিছিল
সিহঁতক চাই ময়ো সিদিনা 
নিশাটো উজাগৰে কটালো 
তেনেতে শব্দবোৰ পুনৰ 
শৃংখলাবদ্ধ হৈ 
এটা নতুন গত লৈছিল। 

এনেকৈ উৰণীয়া পক্ষী দৰে
ডেউকা মেলি এটা কবিতাই 
সিদিনা নিশা জীৱন্ত 
ৰূপ লৈ উঠিছিল 
অলপ অভিমানী হৈ।
—————————————
অব্যক্ত
গীতাঞ্জলী হাজৰিকা 

অব্যক্ত বেদনাই বাকৰুদ্ধ কৰা হৃদয়ৰ কথাবোৰ
শুনিবানে দুভাগ নিশাৰ নিস্তব্ধতা ভাঙি 

নিশাটো পূৰ্ণিমাৰ জোনাক অথবা অমাৱস্যাৰ ঘোৰ অন্ধকাৰে নহওক কিয় ?

সাক্ষী হ’ব বিশাল আকাশ 
সুখ-দুখৰ ভৰ লোৱা ধৰিত্ৰী 

তুমি কাষত থকাৰ সুবাদত
ঝিলিপোকৰ চিঁ চিঁঞনীবোৰ
কদমতলৰ বাঁহী সুৰৰ দৰেই লাগিব

অব্যক্ত হৃদয়খন খৰস্ৰোতা নদী হৈ
হলাহলে বাগৰিব দুওঁঠৰ পাপৰিত
সংপৃক্ত হ’ব তোমাৰ নয়নৰ নিৰ্বাক চাৱনিত

হয়তো মোৰ শব্দবোৰে তোমাৰ হৃদয়ত প্ৰতিধ্বনি হ’লে
তোমাৰ দুহাতে লতা হৈ আৱৰি ধৰিব 
সান্ত্বনাৰ সহযোদ্ধা অথবা প্ৰতিশ্ৰুতিৰ মোহিনীৰে

বাস্তৱৰ নিষিদ্ধ নদীৰ কথকতা নেওচি 
অব্যৰ্থ হ’লেও !
কল্পনাৰ ডেউকাৰে ডেও দি আহিবা
মোৰ অব্যক্ত হৃদয়ৰ প্ৰাচীৰ ভাঙিবলৈ

ফুচফুচনিৰ বিয়নী মেলত
হওঁ যদি কলংকৰ অলংকাৰে বিভূষিতা
সগৌৰৱে স্বীকাৰ কৰিম সময়ৰ উপহাৰ উপচাৰ বুলি

পৃথিৱীয়ে যদি চক্ৰকাৰে ঘূৰিব পাৰে 
মই কিয় নোৱাৰিম ! এখন নদীৰ কথকতা হৈ
তোমাৰ হৃদয়ৰ দেৱালত বগুৱাবাবলৈ 

সময় সমীৰণে ধৰা দিব মোৰ এই আহ্বানক  অব্যক্ত হৃদয়ৰ কৰুণ
 গাঁথাই 
অৰুণৰ আবিৰত বিচ্যুৰিত বৰ্ণালীৰে
হৃদয়ত পৰাণ নয়নত নিৰ্মাল্য দুওঁঠত ৰৌদ্ৰজ্বল চানেকিৰে।
———————————
সকলোতে দৌৰ
দীপক কুমাৰ তালুকদাৰ

পিতৃত্বত
মাতৃত্বত
সমাজত
দেশত
বিদেশত
পালক হৈ ধাৰণ কৰাৰ দৌৰ
গৰ্ভত স্থিত হোৱাৰ পৰা শিশু কৈশোৰ পৌঢ় বাৰ্ধক্য  হৈ 
অন্তিম শয়নলৈ এটা দৌৰ লাগি থাকে অহৰহ
সমাজত চকীখনৰ হেতুও এক বিৰাট দৌৰ
বাৰেৰঙী প্ৰতিদ্বন্দী ভাগে ভাগে  জাতে জাতে
মানুহ হৈ জনম ললে দৌৰত আনক পিছ পেলোৱাটো
আপোনাৰ মোৰ জীৱনৰ
এক অন্যতম চৰ্ত
আৰম্ভ থকা অথচ আমৃত্য পৰ্যন্ত শেষ নথকা দৌৰত 
আপুনি  মই
মাথোঁ দৌৰিব লাগে
নাজানো  দৌৰৰ লক্ষ্য স্থল
অথবা অন্ত
মানুহ হোৱাৰ বাবদ
সৰ্বত্ৰ এটি দৌৰ
মাথোঁ দৌৰ ৷
—————————————
আহ অ' নতুন সময় আহ
শুৱলা দাস

আহ অ' নতুন সময় আহ !
সুদিনৰ  নতুন ৰং আনি 
বিলাহি মৰতত।

নেলাগে আৰু
দু:সময়ৰ প্ৰহেলিকা ;
নিপাত যাওক
প্ৰৱঞ্চনা
নোহোৱা কৰ
মনৰ  যতেক কালিমা ।

মনবোৰ পখাল্
বিশ্বাসবোৰ অটল কৰ
ঘৰবোৰ কৰ দৃঢ়!

যুদ্ধবোৰক কৰ শান্ত।

সমাজখনক কৰ সুস্থিৰ।
 
অহেতুক ,অলিক,ঢৌবোৰ 
মাৰ যোৱা;
জীৱন বোৰক দে সজ আৰু সৰল গতি।
ধ্বংস কৰি পেলা অভিলাষী বাসনা !
মনবোৰক শিকা,
পোৱা খিনিয়ে যে
কিমান  সন্তুস্তি আৰু মিঠা ।

ভঙাবোৰ জোৰা লগা
গঢ়ি দেহি নতুন প্ৰতিমা।

আহ অ' সময়  আহ
নতুনত্বৰ নসাজেৰে পৃথিৱীক কৰি তোল পুনৰ সজীৱ আৰু
সেউজীয়া।
—————————————
তাই , কবিতা  লিখে  
কবিতা গগৈ

তাই হেনো কবিতা লিখে। 
মনৰ ভাববোৰ হেনো, 
কবিতাৰ মাজেৰে আনক বুজাব খুজে  !
দুচকুত হাজাৰ স্বপ্ন আঁকে। 
কবিতাৰে তাই জগত  জিনিব  খোজ।
আগুৱাব  খোজে  ভালপোৱা বিলায়।
মনত এটি হাঁহি  আঁকে । 
মনৰ ভালপোৱাখিনিৰে 
সকলোকে  আকোঁৱালি লয় । 
সকলো দুখ  মচি  তাই  
হাঁহি এটি আঁকি  লয়  দুচকুত
নিজে  হাঁহে , আনক  হঁহুৱাই ! 
তাই  হেনো কবিতা লিখে ।
স্মৃতিৰ  মানস  পটত  থকা  
অস্পষ্ট  ছবিখনেও দেখুৱাই 
জীয়াই থকাৰ  সপোন !
ৰং-তুলিকাৰে নিজক সজাই, উকা পৃষ্ঠাত ।
তাই  কান্দে !
সকলোৰে  অগোচৰত । 
প্ৰিয়জনৰ  কাষত ;
তেওঁ  আকোঁৱালি  ৰাখে  তাইক । 
তাইক জীয়াই  ৰাখে,
মৰম আকলোৱা  তাইজনী  কৰি । 
তাই , কবিতা লিখে ।
—————————————
ভগৱানৰ হাঁহি 
মনচুমী কলিতা নাথ 

গৈ থাকোঁতে উজুটি খালোঁ 
শিলটোত লাগি ৰ'ল মোৰ তেজ 
হাতলৈ তুলি ল'লোঁ
এক সুন্দৰ শিল্প-ৰঙা ক'লা 
পেলাই নিদিলো তাতে 
কিজানি আকৌ কাৰোবাৰ ভৰিৰ নখ ভাগে!
বাটৰ দাঁতিৰ আঁহতৰ তলতে গুজি থ'লোঁ ।
পিছদিনা তাত মানুহৰ সমাগম 
ভক্তৰ দাবি তাত ঈশ্বৰৰ আবিৰ্ভাৱ 
এশ এগছ বন্তি 
ধূপ ধূনা ত্ৰিশূল
ৰঙা ফিটা টিলিঙা 
শিলটোলৈ অহৰহ টকাৰ বৃষ্টি। 
সকলোৱে বিচাৰি ফুৰে ঈশ্বৰক 
পাপ মোচনৰ বাবে 
ঈশ্বৰ ক'ত কোনেও নাজানে ।
বিশ্বাস মাথোঁ ঈশ্বৰ থাকে 
আকাশত সৰগত 
গছত অথবা শিলত 
এইয়া ঈশ্বৰৰ আবিৰ্ভাৱ 
উজুটিত নখ ভঙা শিলত ।
অদৃশ্য শক্তি পৰমপিতা পৰমেশ্বৰৰ মুখত হাঁহি 
হায়ৰে পৃথিৱী
হায়ৰে মানৱ ।
—————————————
স্মৃতিয়ে ধোৱাই নিয়ে 
ৰাহুল কোঁৱৰ

তেওঁ মোৰ অতীত 
আৰু সেই অতীতক
ৰোমাঞ্চকৰ এটা স্মৃতি সজালোঁ ,
এই হৃদয়ত সেই স্মৃতিয়ে আমনি কৰে কেতিয়াবা 
হৃদয়ত যে বিষ এটাই খুন্দা মাৰি থাকে
তেওঁক অতীতৰ মধুৰ সপোন দৰে ৰাখিছোঁ ,
ইমান আলফুলে গুজি দিয়া মৰমক 
প্ৰতাৰণা কৰিব জানো পাৰি

সেয়েহে প্ৰতিশ্ৰুতিয়ে আমনি কৰে 
বেথাই আজানিতে খুন্দিয়াই
হৃদয়খন যাতনাময় হৈ তেজ বটিয়াই 
এনে হেন লাগে যেন তেওঁ মৰমকে বান্ধলোঁ। 

গভীৰ নিশা তেওঁক বিস্ময়ৰ কথা মনত পেলাও
বহুতো আন্তৰিকতাৰে সুখ দুখ অনুভৱ কৰিছিলোঁ ,
আৰু যে আমাৰ মহাৰণ হৈছিল দুয়ো মাজত 
কথাবোৰে ৰিঙিয়াই নিজানত দুচকু সেমেকাই
এটি যেন নিভাজঁ নিজৰা বোৱাইছোঁ ,
একপক্ষীয় মৰমে জানো সহাঁৰি জনোৱাৰ পাই 
দুইপক্ষ হৈ স্বাৰ্থ বাবে অভিনয় হে মাথোঁ। 

তেওঁ যে মোৰ অতীত 
আৰু বৰ্তমান সময়ৰ ভবিষ্যতত 
পোহৰো নতুন মোৰ এতিয়া আন্ধাৰো ,
সমন্ধটো প্ৰায় নিঃশেষ হৈছে 
অতীত আৰু স্মৃতি থাকি গৈছে 
ভবিষ্যতত সদায় যন্ত্ৰণাদায়ক হৈ অৱদ্ধ কৰিলোঁ, 
তেওঁ কথাই যে মাজৰাতিলৈকে আমনি দিয়ে 
হৃদয়ত তেওঁৰ ছবি আৰু তেওঁৰ আত্মাক খুঁটিয়াবলৈ দিলোঁ 
কিজানিবা বিষাদে দহি দহি অমৰ যাত্ৰালৈ নিয়ে 
তেওঁৰ স্মৃতি প্ৰতিদিনে সোঁৱৰি মৰিছোঁ ।
—————————————
অবিৰত যাত্ৰা 
ৰুমী সেনাপতি ভূঞা

অনাদিৰ চিৰ প্ৰৱাহমান নদী
নাজানো উৎসৰ নিৰ্দিষ্ট স্থান
ঋতুকালীন ভিন্ন ৰেহৰূপ বোৱতী ধাৰ !

বিৰামহীন বোৱতী সোঁতৰ ৰহস্যময়তা ,
গতিময়তাত আছে নেকি প্ৰাপ্তিৰ হাবিয়াহ ,
কিম্বা নোপোৱা বা হেৰুৱাৰ অভিমানী বিষাদ,

দুপৰত চিকমিক সূৰুযৰ আভাৰ সন্মোহিনী !
নৈপৰীয়া বতাহত লহৰৰ হেন্দোলিত গতি,
সন্ধিয়াৰ হেঙুলী আকাশত বিষন্নতাৰ ছবি ,

সময়ে আঁকে বাস্তৱৰ জীয়া ছবি ,
পলকতে ভাঙে-গঢ়ে 
আশা-কল্পনাৰ ৰূপ ,
আৱেগ সংকল্পৰ নিত্য অদম্য কছৰৎ !

লক্ষ্য প্ৰাপ্তিৰ সাধনাই জীৱনৰ ব্ৰত ,
জিনি ৰব অবিৰাম অদম্য প্ৰচেষ্টা ,
ঘড়ীৰ কাটাই দিব সকিয়নী সংকেত ,

ৰং আনন্দেৰে চৌদিশ মুখৰিত হব ,
য'ত নাথাকিব বিষন্নতাৰ নৈৰাশ্য ছাপ !
কৰ্মময় জীৱনৰ সংকল্পময় অবিৰত  যাত্ৰা !
—————————————
কথা আছিল
ৰিংকুমণি বড়া

সেই নিশা, 
আমি জোনটো চুই চোৱাৰ কথা আছিল
দুহাতত বতাহৰ পাখি লগাই
ডাৱৰৰ বুকুত শুই পৰাৰ কথা আছিল। 
কথা আছিল, 
প্ৰেমৰ পুখুৰীৰ পদুম চিঙি
দুভৰিৰ ৰুণজুণ মাতত নিজক হেৰুৱাৰ। 
কথা আছিল, 
হাতে হাত ধৰি 
জীৱনৰ অন্তিমটো কেকুঁৰীলৈকে আগবঢ়াই দিয়াৰ। 
কথা নাছিল, 
মই মই হৈ থকাৰ...
আৰু তুমি.. তুমি... 
হেৰুৱাব খুজিছিলোঁ ইজনে সিজনক
হেপাঁহৰ কোনোবা নিজান বনত, 
কেতেকীৰ ফুৰফুৰীয়া সুবাস এটা হৈ
ৰাতিৰ বাটেদি গুচি যোৱাৰ কথা আছিল
সূৰুযৰ ঠিকনা বিচাৰি। 

কথা নাছিল
সপোন হৈ দুচকুত নচাৰ
কথা আছিল, দিঠক হৈ জোনাক নমোৱাৰ, 
ভালপোৱাৰ বৰষুণত একেলগে তিতাৰ, 
অথবা দুখৰ জুইত একেলগে জ্বলি নি:শেষ হোৱাৰ! 

তথাপি, এতিয়া এটা নিমিলা অংকৰ দৰে 
আঁত হেৰুৱা সূতাৰ দৰে... 
এটা ডুলি থকা সম্পর্কক লৈ
তুমি তুমি হৈ ৰৈ থাকিলা আৰু 
মই...মই হৈ ৰৈ গ'লো...!
—————————————
ল’ৰাটো উভতি নাহিল
ডাঃ বন্দনা তামূলী

ল’ৰাটোৱে দুই কেজিৰ আশাৰ বেগ লৈ
খানাপাৰা বাছ আস্হান পাইছিল
আই লৈ ফোন গ’ল
মই এতিয়া নগাওঁৰ বাছত উঠিম

তাৰ পিছৰ পৰাই তাৰ
ঠিকনা হেৰাল
যেন কৈ গ’ল
খেপিয়াই ফুৰিব নেলাগে আই
কেয়াৰ অব নাই
মোবাইলৰ চুইটচ অফ

লঘোনীয়া মাক জনীয়ে
পিৰালিত বহি ভেলেঙী চকুৰে
বাট চাই থাকিল

সি নিশ্চয় নগাওঁ পালে ফোন কৰিব
ধাৰাষাৰ এজাক বৰষুন আহিল
ফাগুনেও উচুপি উঠিল
মদাৰ জোপাৰ কাঁইটে কাঁইটে
সেইবোৰ ৰঙা ৰঙা কি

বসন্ত আহিবলৈয়ে নাপালে
গুৱাহাটী মেডিকেল  হস্পিতলৰ মৰ্গত
এটি ঠিকনা বিহীন মৃতক
মাক ওলাই আহিল
শুনি দূৰণিত কান্দোনৰ ধ্বনি।
—————————————
তুমি আছা ক’ত 
তুমি নাই ক’ত 
গকুল চৌধুৰী

অ প্ৰিয়ত্তমা অ প্ৰাণাধিকা
তুমি মোৰ লগত আছা বাবেইতো
মই তোমাৰ প্ৰেম - ভালপোৱা 
তুমি মোৰ কাষত নাই বাবেইতো
মই সদায় দুৰ্ভগীয়া  ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা
তুমি মোৰ লগত আছা বাবেইতো
মই তোমাৰ মনৰ লগৰীয়া 
তুমি মোৰ কাষত নাই বাবেইতো
মই সদায় অকলশৰীয়া  ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা
তোমাক জনাই কওঁ এই কথা 
তোমাক বুজাই কওঁ এই কথা 
তুমি য’ত আছা তাত মই আছোঁ
তুমি য’ত নাই তাত মই নাই  ৷

তুমি আছা ক’ত ? 
মোৰ মন - হৃদয়ত , মোৰ অন্তৰ 
আত্মাত , মোৰ উশাহ নিশাহত
মোৰ অনুভব - অনুভূতিত  ৷

তুমি নাই ক’ত ? 
মোৰ কাষত , মোৰ ভাগ্যত 
মোৰ কপালত , মোৰ হাতৰ ৰেখাত ৷

তুমি আছা ক’ত ? 
মোৰ কামনা - বাসনাত , মোৰ
প্ৰতিটোপাল তেজত,মোৰ প্ৰেমৰ
পিয়াহত , মোৰ প্ৰণয়ৰ তৃষ্ণাত।

তুমি নাই ক’ত ?
মোৰ বিয়াৰ নিশাৰ ৰভাতলীত
মোৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখনত 
মোৰ বিয়াৰ নিশা ওৰণিৰ তলৰ 
ন-কইনাজনীত ,মোৰ ফুলশয্যা
নিশাৰ শয়নপাটীত ৷ 

তুমি আছা ক’ত ?
মোৰ প্ৰতিটো কমত ,মোৰ প্ৰতিটো
গানত, মোৰ প্ৰতিটো প্ৰেমৰ কবিতাৰ মাজত , মোৰ প্ৰতিটো
সৃষ্টিৰ আঁৰত ৷ 

তুমি নাই ক’ত ?
মোৰ দুবাহুৰ মাজত , মোৰ স্পৰ্শত ,মোৰ চুমাৰ আবেশত 
মোৰ দেহৰ পৰশত ৷ 

তুমি আছা ক’ত ?
মোৰ হৃদস্পন্দনত , মোৰ দুনয়নত
মোৰ কলিজাত ,মোৰ নিসংগতাত 
মোৰ পৰ জনমৰ শুভ লগনত। 

তুমি নাই ক’ত ?
মোৰ উপাধিত , মোৰ চৌদিশ 
চৌপাশত , মোৰ পুৱা - গধূলিত 
মোৰ এইটো জনমত  ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা 
তুমি দুখ নকৰিবা 
মন বেয়া নকৰিবা 
তুমি ভয় নকৰিবা 
তুমি ভয় নকৰিবা 
তথাপি আমাৰ দুয়োৰে প্ৰেম 
চিৰযুগমীয়া
তথাপি আমাৰ দুয়োৰে প্ৰেম 
স্বৰ্গীয় সঁচা 
তথাপি আমাৰ দুয়োৰে প্ৰেম
অজৰ - অমৰ 
তথাপি আমাৰ দুয়োৰে প্ৰেম 
প্ৰকৃত - শ্ৰেষ্ঠ  ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা
তুমি জীৱনজুৰি আজীৱন থাকিবা 
মোৰ অতিত স্মৃতিৰ পানচৈখনত 
মোৰ জীৱন যুঁজাৰ যুদ্ধখনত 
মোৰ জীৱন জীয়াৰ সংগ্ৰামখনত 
মোৰ প্ৰতিটো দিনৰ দিনলিপিত  ৷

তুমি জীৱনজুৰি আজীৱন নাথাকিবা 
মোৰ উৰুখা পঁজাৰ বাকৰিত 
মোৰ উৰুখা পঁজাৰ পদূলিত
মোৰ জুপুৰিৰ প্ৰতিটো কোঠালীত
মোৰ জুপুৰিৰ প্ৰতিটো পিৰালিত ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা 
তুমি মোৰ কাষত নাই 
আজীৱন নাথাকিবা 
দুৰ দুৰনিত থাকিলেও তুমি 
মোৰ বাবে কৰিবা ঈশ্বৰৰ 
ওচৰত প্ৰাৰ্থনা
মনৰ মাজত ৰাখিবা মৰম 
ৰাখিবা ভালপোৱা ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা
তুমি মোৰ লগত আছা 
আজীৱন থাকিবা 
দুৰ দুৰনিত থাকিলেও তুমি 
তোমাৰ বাবে কৰিম ঈশ্বৰৰ
ওচৰত প্ৰাৰ্থনা ৷
মনৰ মাজত থাকিব মৰম 
থাকিব ভালপোৱা ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা
তুমি মোৰ লগত আছা বাবেইতো
মই তোমাৰ প্ৰেম - ভালপোৱা।
তুমি মোৰ কাষত নাই বাবেইতো
মই সদায় দুৰ্ভগীয়া ৷ 

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা
তুমি মোৰ লগত আছা বাবেইতো
মই তোমাৰ মনৰ লগৰীয়া ৷
তুমি মোৰ কাষত নাই বাবেইতো
মই সদায় অকলশৰীয়া  ৷
—————————————
তেজৰঙা নিচান
নিজৰা বৰ্মন ডেকা

কেনে আছোঁ বুলি নুসুধিবা মোক
ময়ো নুসুধো তোমাক কেনে আছা বুলি ?
পিছে নুসুধিলেও বুজো তোমাৰ মৌন ওঁঠৰ ভাষা 
মোৰ মনৰ বেদনা তুমি জানো বুজিবা ? 
সাগৰ নীলা তোমাৰ নয়নৰ তীব্ৰ ৰৌদ্ৰতাত 
মোৰ কবি মনৰ শব্দ হয় বিগলিত ।
তুমিটো নুবুজিবা সাতাম পুৰুষীয়া তোমাৰ ঠেঁহত
মোৰ ভৱিষ্যতৰ সপোনবোৰ হয় স্তব্ধ ।
মোৰ কবিতাৰ  ছন্দৰ পেশত নসৰে অশ্ৰু তোমাৰ
তুমি যেন অচিনাকী তৰুণ কোনোবা অচিনা দেশৰ ।
নুসুধিবা মোক ভালে আছোনে বুলি
কাৰণ আন্ধাৰে চৌদিশ ধৰিছে চানি ।
উত্তৰবোৰ  দুই ওঠৰ বেৰত ঘহনি  খাই
জ্বলি জ্বলি যায় নি:শেষ হৈ।
মোৰ হৃদয়ৰ বেদীত উৰিছে এতিয়া
তেজৰঙা দুখৰ এখনি পতাকা। —————————————
ইতিকিং
প্ৰবীন চন্দ্ৰ তালুকদাৰ

গুণ নে দোষ  কিন্তু নাজানিলোঁ
বহুতো দেখিলোঁ,বিৰাজমান বহুতৰে মাজত
ম্যাদী পট্টা নহলেও, ৰাঁয়তী সূত্ৰে পোৱা যেন লগা
বিশিষ্ট ব্যাঙ্গাত্মক এটা  অনুভূতি
প্ৰয়োগ কৰিব পাৰি যাক,উলিয়াই আনি
একাংশ কোনো অনুগামী নাইবা সতীৰ্থৰ ওপৰত
সান্ত্বনাও লভিব পাৰি স্বতঃস্ফূৰ্তভাৱে
ঢালি দি সেইবোৰ ইতিকিঙৰ ৰূপত!

ইতিকিং কৰাৰ প্ৰয়োজনেই বা ক’ত?
নহ’বওতো পাৰে সকলো সমকক্ষ তোমাৰ
কোনো এক বিশেষ দিশত,বিশেষ কৰ্মত!
তুমিওতো নহ’ব পৰা সুদক্ষ,আন  এটা দিশত!
নাথাকিব পাৰে য’ত সামান্যতম জ্ঞানো তোমাৰ
সমকক্ষ হ’বলৈ কিছু পৰ্যায়লৈ,
যাক তুমি আজি কৰিছা ইতিকিং ইমান!

হীন বুলি ভাবি কৰাতকৈ ইতিকিং
নোৱাৰি নে দিবলৈ উপদেশকে এটি?
উন্নত কৰিবলৈ ভাৱনাবোৰ তেওঁলোকৰ
যাক তুমি আজি হাঁহিছা, ইতিকিং কৰিছা
হেয় প্ৰতিপন্ন কৰিবলৈ সমাজৰ চকুত
বৰ্তাই ৰাখি নিজৰ ভাৱমূৰ্ত্তিবোৰ সততে
প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সমাজত!

 শিয়াল কুকুৰৰ দৰে সম্বোধনবোৰ আনি
গালি পাৰিবলৈ সহজ অইনক!
জুকিয়াই চাবলৈ খুৱেই হ’ব আৱশ্যক
উদঙাই  পেলোৱা নাইতো ভাৱমূৰ্ত্তিখিনি  নিজৰ!
তুলুঙা কৰি পদমৰ্য্যাদা আৰু দায়িত্ববোধ থিতাতে
অইনৰ চকুত এইদৰে অজানিতে৷
—————————————
বৰষুণ
মেঘালী বৰা 

বৰষুণজাকে আহি ক'লে
শুনাচোন শুনা
মই আহিছোঁ তুমি 
শোৱা গৈ যোৱা‍ ।
আৰু নালাগে বিচিব
বিচনীখন দলিয়াই থোৱা ।
সিহঁত শুইছে তুমিও শোৱা ।
—————————————
শকুন্তলা
প্ৰাণ প্ৰতিমা বড়া 

শৰতৰ স্নিগ্ধ জোনাকত
শকুন্তলাৰ চকুৰ কোণত
জিলিকি থকা অগ্নিৰ টোপালকেইটাৰ
চিকমিকনিয়ে
তন্দ্ৰা ভাঙে মোৰ
দুষ্মন্তৰ আৱেগবোৰ
কেনেকৈ হেৰাল আজি!
মৰুভূমিৰ বুকুত জীয়া কংকালৰ উচুপনি

তাকে দেখি নীল আকাশৰ বুকুত
চিলনীৰ উচপিচনি
আৱেগ,আদৰৰ তেনেই নাটনি
অতীত , বৰ্তমান, আৰু ভৱিষ্যতৰ বুকুত
মানুহৰ জীৱন এতিয়া কংক্ৰিটৰ দৰে

মানুহৰ উশাহবোৰ যেন এতিয়া বন্ধকত
মৰমৰ বিনিময়ৰ মাজতো 
অলেখ হিচাপ-নিকাচ
শকুন্তলাৰ আৱেগৰ অগ্নিবাণে
দুষ্মন্তৰ তন্দ্ৰা ভাঙক
হৃদয়ত জ্বলি উঠক
আৱেগৰ জুই
এসাগৰ মৰমেৰে জী উঠক
শকুন্তলাৰ হৃদয়ৰ অপ্ৰাপ্তিৰ বাসনা!
—————————————
এখন নীলা ৰঙৰ বহী
অপৰূপা দত্ত 

উদ্দীপ্ত আকাশৰ নীলা ৰঙবোৰে যেন 
শব্দহীন এখন বহীক 
পূৰ্ণতাৰে সজাই তুলিলে 
হয়তু নীলা চিয়াঁহীৰ প্ৰতিটো দাগে যেন
বহীখনক নতুন ৰূপ দিলে 
উকাহৈ থকা পৃষ্ঠাবোৰত যেন
কাৰোবাৰ জীৱনৰ শান্তিৰ গান ৰচিছে
সপোন লেখিছে 
লক্ষ্যত উপনীত হ'বলৈ 
ঢাপলি মেলিছে 
কোন বাৰু তেও ?

যাৰ বীৰতা আৰু বলিদানে 
আজি ধুমুহাকো নেওচিছে 
সাগৰৰ পুৱাল সোঁতকো তেও 
অসীম শক্তিৰে বান্ধিছে 
হয়নেকি তেও কোনোবা দেৱদূত ?
নে কোনোবা বীৰ যুঁজাৰু ?
কোন বাৰু তেও ?

মই ভাগৰি পৰিলো 
না  তেওৰ ঠিকনা বিচাৰি পালো 
কিন্তু তেওৰ নীলা ৰঙৰ বহীখনৰ 
শেষ পৃষ্ঠাই মোক চমকিত কৰিলে 
য'ত লিখা আছে 
"জীৱনৰ অন্য এক নাম সংগ্ৰাম "
—————————————
সপোনত হেৰুৱা ঠিকনা
প্ৰগতি গগৈ চাংমাই

অনুৰাগ আজিও আছে তোমাৰ প্ৰতি
সুবাসিত হিয়া ব্যাকুল কৰি
সাঁচতীয়া মৰমৰ টোপোলা বান্ধি।

তোমাৰ দুনয়নত হেৰাই যোৱাৰ দিন ধৰি
একোটি সপোনে ভিৰ কৰে আহি
দুকুল ওপচাই বয় প্ৰেমৰ নদী।

হেঁপাহবোৰ সোণাৰুবুলীয়া হোৱাৰ বাটত
হেৰাই গৈছিলা তুমি জীৱন ঘাটত
মই ৰৈ থাকিলোঁ তোমাৰ অপেক্ষাত।

আজি তুমি নাই মোৰ কাষত
সপোন খেদি ভাগৰুৱা মই দোমোজাত
ব্যৰ্থ হ'লো মই মোৰ হাজাৰ প্ৰয়াসত । 

সপোনত হেৰুৱা ঠিকনা বিচাৰি ফুৰো
তোমাৰ স্মৃতি আলফুলে সাৱটিব খোজোঁ
বাৰে বাৰে নষ্টালজিয়াক আদৰো ।
—————————————
তুমি মোৰ কোমল কবিতা 
ড০ আদিল আলী

তুমি গোপনে 
অচিন বাটৰুৱাৰ প্ৰাণ জুৰুৱা লীলাকাননত তৰাফুল সিঁচিলে 
নিশাৰ এন্ধাৰত জোনাকৰ মিঠা মিঠা লুংলুঙীয়া বাটেৰে আগুৱাই গৈ সাজিম পঁজা তোমাৰ হৃদয়ত 

নিয়ৰ মুকুতা নাকফুল হ'লে পিন্ধাম তোমাক ঐশ্বৰিক পোছাক 
যেতিয়া শেৱালি ফুলে দুৱৰিৰ স'তে গোপন প্ৰেমত মত্ত হ'ব 
তেতিয়া 
মই 
তোমাৰ হৃদয়ৰ গান লিখি যাম জোনাকৰ চাকিৰ তলত একাগ্রচিত্তে 

মই মিঠা জোনাকৰ পাৰত বহি বাঁহীত সুৰ তুলিম ;ৰাস পূৰ্ণিমাৰ হিয়া জুৰুৱা গান 

বিষাদ ডুবিব জোনাকে ধোৱা নৈৰ বুকুত 
মই 
ডুবিম তোমাৰ বুকুত 

মোৰ প্ৰাণৰ নৈ খন মৌনতাত নগ্ন হোৱাৰ বেলি 
ঐশ্বৰিক আকাশী বিজুলী যানত উঠি আহি কামদেৱে তোমাৰ ডিঙিত আঁৰিব প্ৰেমৰ হাৰ্ 

ৰঙা-নীলা মাছবোৰে নৈৰ গভীৰৰ পৰা উঠি আহি ক'ব, "ছিঃ লাজ নাইকীয়া প্ৰেমিক যুগলৰ " 

প্ৰেমৰ ডাৱৰৰ ৰথত উঠি 
জোনবায়ে পঠাব 
ঐন্দ্রজালিক স্মৃতি সৌধ্ 

তুমি মোৰ কোমল কবিতা 
—————————————
তুমি মোক প্ৰেমৰ কথা নক'বা
সুতীৰ্থ মাধৱ দত্ত 

তুমি মোৰ হাতখন ধৰা যদি 
ধৰি থাকা বাৰু
আগৰদৰে এতিয়াও 
জোনটো চোৱা যদি চাই থাকা
তথাপি তুমি মোক প্ৰেমৰ কথা নক'বা

কোৱা যদি মানুহৰ কথা কোৱা...
সাৰে থাকি শুই থকা মানুহৰ কথা কোৱা,
শুই থাকি নিশাৰ কোনো এটা কোণত 
সাৰে থকা মানুহৰ কথা কোৱা।
ডিঙিত সাউদৰ শিকলি পিন্ধি 
বজ্ৰ কণ্ঠটো ঘৰচীয়া হোৱাৰ কথা কোৱা।
বণিজৰ কোনো এটা সোঁতে বাট দেখুৱাই
আগুৱাই লৈ যোৱা ভৰিদুটিৰ কথা কোৱা,
বিশ্বাসক বিশ্লেষণ কৰি নৈত উটি যোৱা
সৌ ভেলটোৰ কথা কোৱা,
চকুলোক আওকাণ কৰি 
প্ৰমাণ বিচৰা এই সভ্যতাৰ কথা কোৱা।

মোক তুমি এটা কথা বুজাই কোৱা,
আলেঙে-আলেঙে ৰৈ
মুখে মুখে বাগৰি নিগৰি গৈ
ন ৰূপ লোৱা খবৰত
কেনেদৰে ভুক্তভোগীৰ 
বুকুভঙা কান্দোনৰ সোৱাদ ল'ব পাৰি।

আমি চিন্তিত হওঁ
বন্য জন্তুৰ মুকলি বিচৰণ দেখি
পাহৰি যাওঁ স্বজাতিৰ স্বাধীন বিদ্বেষ
আহৰি পালে অনুষ্ঠিত কৰোঁ শীতল শোকসভা।

তুমি মোৰ এটা কথা শুনা,
জীৱশ্ৰেষ্ঠ বুলি ঢাক-ঢোল নবজায়
মানুহক পহিলাতে পৰশি চোৱা,
পাৰা যদি সহায়ৰ সূতা এডাল দিয়া,
সেই সূতাৰেই গুঁঠি লোৱা হওক 
পৃথিৱীৰ প্ৰতিখন হৃদয়
নিভাঁজ নিভাঁজ লগা প্ৰাণৰ মমতাৰে।
এইয়া মানুহৰ স্বৰূপ উদঙাই দিয়া স্বাধীন কথা।
—————————————
কিয়ৰ উত্তৰ এনেধৰণৰ
এন এ ৰুবুল মিৰ্জা
                       
মূৰটো
বুকুৰ ওপৰত
তপত আৱেগ 
গালৰ ওপৰেদি বৈ আহে

হয়তো ই বুকুখনৰ
একাকীত্বহীন আৰু বিশ্বাস-প্ৰতিশ্ৰুতি‍

তপস্যাৰ দেহ 
আৰু মনৰ অভ্যন্তৰত লেখা এটি কবিতা

ইও স্বপ্ন আছিল
পিছে ই হ'ল একপক্ষীয় ভালপোৱা

আৰু উন্মাদনা হৈ
চূৰ্ণিত কৰিছে অলেখ সম্ভৱনাময় সপোন

শুনানা,আমি কেৱল 
চিন্তাৰ মাত্রা সলনি কৰিবৰ হ'ল

জীৱন
সময়ৰ গতিশীলতাৰ দাস

এই যে প্ৰশংসা-সমালোচনা 
ই কিন্তু সময়ৰ স'তে মানসিকতাৰ সংঘাত 

আত্মবিশ্বাস,কৰ্ম
এটা এটা আদৰ্শৰ ফুলপাহ...

জান,সেয়ে কওঁ--
''তোমাক পাহৰিব নোৱাৰিম''

আৰু কওঁ—
''তুমি অবিহনে জীৱন মৰুময়"

কিয়ৰ উত্তৰ এনেধৰণৰ---
মোক প্ৰশংসা,সমালোচনাই টলাব নোৱাৰে।
—————————————
জন্মান্ধ
ইভা গন্ধীয়া ফুকন

''তলসৰা শেৱালি বুটলি বুটলি
কিমান গাঁঠিম মালা
ইমান আশাৰে 
কিয় নো গাঁঠিছো মালা
যাত্ৰা পথ মোৰ কেনি''

আহিনৰ নিয়ৰ সিক্ত পুৱা
সেমেকা সেমেকা ফ্ৰকটিৰে
অজান সুৰেৰে অনামী ছোৱালী তাই  !
গীত গাই গাই পুলকিত কৰিছিল পুৱাটি
শেৱালিৰ সুবাসতে হৈছিল মতলীয়া
বুজিছিল নে তাই শেৱালিৰ সৌন্দৰ্য,
আন্ধাৰ পোহৰৰ পাৰ্থক্য
ৰঙা ,নীলা, হালধীয়াৰ আলোকচিত্ৰ দেখিছিল নে ?
তাই যে আছিল জন্মান্ধ!

আউলী বাউলী তাইৰ ঘন চুলিতাৰি
জিলিকি উঠিছিল পুৱাৰ কিৰণ পৰি
মাজে মাজে সূৰুযৰ কিৰণৰ আভা আহি
তাইৰ দুখনি গালত চুমা যাচিছিল !

গাওঁতে গাওঁতে গীতৰ ক'লি গৈ অন্তৰা পালেগৈ !
আজিও নুবুজিলোঁ তাই কিয় গাইছিল
ইমান বেদনা কিয় সেই অনামী হিয়াত ?
এখুজি দুখুজি কৈ সাৰথি ভায়েকৰ হাতত ধৰি
তাই আগুৱাই গ'ল!
সূৰুযে  তাইলৈ তীক্ষ্ণ বাণ মাৰিছে
সূৰুযৰ তাপে দহিছে দেহা
তাইক সোধো কোন স'তে
তাইৰ হৃদয়ৰ বেথা ?
—————————————
অত্যাচাৰ
গৌতম মালাকাৰ

সিহঁতে কপাল চপৰিয়াই কান্দিছে
মাতাল ৰজাৰ 
নিৰ্দয় হাতুৰীৰ আঘাতত 
সিহঁতৰ সপোনৰ বুকু বিদীৰ্ণ হৈছে।

সিহঁতে ভোকে-পিয়াহে 
য’তে ত’তে পৰি ৰৈছে
সিহঁতৰ সুখনিদ্ৰা 
ক্ষমতাৰ লৌহ-কঠোৰ শিকলিত বন্দী হৈছে!

সিহঁতৰ শৱদেহত
দানৱ দূতে প্ৰতিষ্ঠাৰ ভেটি গঢ়িছে
অন্ধ-বোবাৰ দেশত
অত্যাচাৰীৰ বিজয় ধ্বজা উৰুৱাইছে...

সিহঁতৰ চকুৰে 
জুইৰ টোপাল নিগৰিছে
যি বনজুয়ে ভষ্ম কৰিব
অশ্বমেধৰ দৌৰাত্ম্য!
—————————————
আশাৰ সপোন
দিপ্তী মনি গোস্বামী

অনিন্দিতা,
আবেলিৰ বেলিটো 
বুকুত সাৱটি ম‌ই টোপনিয়াই আছোঁ
তোমাৰ শৰীৰৰ গাঢ় সেউজীয়া পোছাকজোৰ চাবলৈ

বেলিটো ডুবিলে
মোৰ চকুৰ পতা জাপ যাব
অপূৰ্ণ বাসনা  হৃদয়ত থাপি লৈ
ক্ষীণ আশাৰে বাট চাব লাগিব পৰজনমলৈ।

সিপাৰৰ দেশত
যদি লগ পাওঁ আজু ককাহঁতক
কিদৰে ব্যক্ত কৰিম মোৰ বুকুৰ বেদনা
তেওঁলোকৰ ভেঁটিত তিতা লাউ গজাৰ বতৰা।

জুইৰ পোহৰত
তেওঁলোকে ৰাখি গৈছে সংস্কৃতি
হাতেৰে নিৰ্মিত খহটা বাকলি বসন পিন্ধি 
আজিৰ লোকে ৰেচমী চোলা পিন্ধি কৰিছে কি?
—————————————
বাৰিষা
অঞ্জনা ৰূপা দাস

মেঘাচ্ছন্ন বিশাল আকাশৰ
বুকুৰ পৰা খহি খহি
বৰফৰ  শুভ্ৰ পুষ্প
টুকুৰাবোৰ
বৈ আহিল পৃথিবীৰ বক্ষলৈ
স্ৰোতস্বিনী হৈ। 

বৰ্ষাস্নাতা ক্লেদময় পথাৰখন
জলমগ্ন হ'ল, 
বাগৰি বাগৰি পথাৰৰ
বহল বক্ষত
জলাধাৰে মেলিছে
শুকুলা চাদৰৰ শুভ্ৰ আঁচল। 

ৰিম্ জিম্ বৰষুণে
নৃত্যাংগনা হৈ
পাতিছে জোনাকী মেলা
চকামকা কৈ। 
সেউজীয়া বৃক্ষত
নিজৰা নামিছে
ঝৰ্ ঝৰ  ঝৰ্ ঝৰকৈ। 

সৰ্পিল ফ'না তুলি
বানপানী আহিছে
গাঁও-ভূঁই গিলিছে
নিষ্ঠুৰ ভোকাতুৰ হৈ 
পশুধন,গৃহধন ,মনুষ্যৰ জীৱন 
পৰিছে আতুৰ হৈ। 
আশ্রয়ৰ বিড়ম্বনা,
নিৰাপত্তাহীতা
লঘোণীয়া পেটেৰে
উদ্ যাপিত কত বিনিদ্র ৰজনী। 

তম্বু,কিম্বা টিনৰ চালি
দুৰ্গন্ধময় ,বোকা পানী
জীৱৰ আশ্রয় স্থল
বাৰিষাৰ বাকৰিত। 
বানৰ তাণ্ডব,গৰাখনীয়া, 
ঠিকাদাৰ, মহাজনৰ 
লাভ আৰু ক্ষতিৰ গণনা। 
মথাউৰিত মাজনিশা
 বিষাদৰ উচুপনি
 লালসাৰ বলি
 দৰিদ্ৰৰ সতী। 

 নষ্ট সম্পত্তিৰ বিষাদৰ
 কলীয়া ডাৱৰজাক
 টুকুৰা-টুকুৰ হৈ
 মোৰ ভগ্ন হৃদয়ৰ মাজে
 দুগালে ,দুচকুৱে, 
বাৰিষাৰ জীয়া ধল নামে।
—————————————
শ্ৰমিক দিৱস
মৰ্জিনা বেগম

পুঁজিবাদৰ অত্যাচাৰত
শ্ৰমিকৰ প্ৰসৱ হৈছিল
দুগালেদি গৰম চকুলো
শ্ৰমিকেও ল'লে সিদ্ধান্ত
ষোল্লৰ সলনি আঠ ঘন্টাহে
কৰিব পৰিশ্ৰম প্ৰতিদিন।

শৰীৰক দিব আৰাম
ধৰ্ণা দিলে
আন্দোলনো কৰিলে
কেইবাজনেও  প্ৰাণ ত্যাগিলে

অৱশেষত পালে জয়
পুঁজিবাদী হাৰিল
শ্ৰমিক জিকিল, শ্ৰম কমিল
মে মাহৰ এক তাৰিখেও
পালে নতুন নাম 
"শ্ৰমিক দিৱস"।
—————————————
আস্থা
কৰবী গগৈ

 ভৰসাৰ এপাহি সুগন্ধি পাৰিজাত 
পিন্ধনত ইতিবাচকতাৰ সাজ৷
অনৰ্গল কৈ যায় সফলতাৰ কথা
সপোনৰ কথা...
হাঁহিত ভাহি আহে 
জীৱনৰ বাৰ্তা; 
সেউজীয়াৰ গান আৰু যে ক’ত কি! অংশীদাৰ হৈ যান্ত্ৰিকতাৰ
মমতাৰ আঁচলত সকলোকে সামৰে৷

সময়ৰ আহ্বান
চিনা-অচিনা সকলো পথচাৰী!
ডাল অবিহনে পাতৰ কি অস্তিত্ব?
মনুষ্য নিমিত্তে গন্তব্যস্থল ভিন্ন
প্ৰাপ্তি-অপ্ৰাপ্তিৰ খেলা 
সকলো মৰীচিকা মাত্ৰ৷

আলোক সন্ধানী
হৃদয়ৰ তান,
সৌন্দৰ্যৰ গান৷
যাত্ৰা পথৰ ক্ষণিক সাৰথি
অনুভৱৰ দলিচাত যুগজয়ী৷
—————————————
কাৰাৰুদ্ধ
আয়নাল হক চৌধুৰী 

তোমাৰ অজানিতেই
তোমাক আপোন কৰিলোঁ,
ৰাশি ৰাশি তৰাৰ ফুলনিত
তোমাক পৰী সজালোঁ।
হয়তো ভুল হৈছিল মোৰ
এই একপক্ষীয় প্ৰেমৰ বাবে
উপায়ো নাছিল
তোমাক সুধি ভাল পাবলৈ।
কাষত পাবৰ বাবে
তোমাক মনত ঠাই দিয়া নাই,
বাসনাৰ মাতাল ঘোঁৰাত উঠি
তোমাক ব্যতিব্যস্ত কৰাৰো
নাই অভিপ্ৰায়।
কাৰাৰুদ্ধ অনুভৱবোৰক
নিজৰ সপোনৰ দলিচাতে
ওমলিবলৈ দিওঁ আপোনমনে।
শৃংখল মুক্ত কৰি
তোমাৰ হৃদিকক্ষৰ দুৱাৰত
টোকৰ মাৰিবলৈ এৰি দিয়া নাই।
সেইবাবে প্ৰয়োজনবোধ কৰা নাই
তোমাৰ অনুমতিৰ।
মোৰ হৃদয় ফুলনিত
গোপনে ফুলাই ৰাখিম তোমাক
সুগন্ধি খৰিকাজাঁই কৰি
সুবাস ল'ম প্ৰাণ ভৰি
জী থাকিব পৰাকৈ।
—————————————
জীৱনৰ ৰং
জ্যোতিৰ্ময়ী শৰ্ম্মা 

আশা -ভৰসাই দুহাত মেলি আগুৱাই
দুয়ো দুয়োৰ বিনে শূন্য সদায়
জীৱনৰ গতি আগুৱাই যায়
আশাই জীৱনত ৰং চতিয়াই
জীৱন ৰঙিয়াল কৰি  আগুৱাই লৈ যায়
ক'ত যে খহতা, খলা বমা জীৱনৰ গতি
ক'তো হাবাথুৰি নাখাই কেৱল আগুৱাই
আশাই সঞ্জীৱনী স্বৰূপ
বাট দেখুৱাই আগুৱাই লৈ যায়

শতৰুৰ বাট ভেটা কিৰিলিপৰা হাঁহি 
তথাপি জীৱনে হাৰ নেমানে
ৰহস্যৰ পম খেদি 
সকলো নেওচি 
সত্যক সাৱটি  জীৱনৰ অন্নেষণত থাকে বৰ্তী।
————————————————————

Post a Comment

0 Comments