——————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
—————————————————————
বাটচ’ৰা
সম্পাদকীয়...
কবিতা মানেই কেৱল মনত দোলা দিয়া অনুভৱৰ স্বত্বঃস্ফুৰ্ত প্ৰকাশ নেকি ? হৃদয়ৰ পৰা তাগিদা অনুভৱ নকৰাকৈ কেৱল আৱেগৰ বশৱৰ্তী হৈয়ে কবিতাৰ সৃষ্টি সম্ভৱ নে ? নিশ্চয় নহয়।
হৃদয়ৰ তাগিদাক মনত দোলায়িত অনুভৱক পৰিশীলিত ৰূপত পাঠকৰ হৃদয়ত সাঁচ বহুৱাবলৈ নিশ্চিতকৈ সাধনাৰ প্ৰয়োজন।চৰ্চা,অধ্যয়নৰ অবিহনে কবিতাক শিল্পলৈ পৰ্যবসিত কৰা অসম্ভৱ।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
কবিতা এটাৰ যোগেদি, কবিয়েনো কি ক'বলৈ বিচাৰিছে -- আমি জানিম কেনেকৈ ? আমি জনা বা বুজিবলৈ চেষ্টা কৰাৰ একমাত্র উপায় হ'ল -- তেওঁ (কবিয়ে) ব্যৱহাৰ কৰা ভাষা, শব্দ আদি। শব্দ একোটাৰ সঠিক ব্যৱহাৰতহে, শব্দৰ নিৰ্বচন (Interpretation) আৰু ব্যঞ্জিত অৰ্থৰ মূৰ্ত্ত-প্ৰকাশ ঘটে।
ব্যক্তিগতভাৱে কবিৰ ক'বলগীয়া বা মনোভাবটোতকৈ -- এনে ব্যঞ্জিত অৰ্থটোহে, পঢ়ুৱৈৰ বাবে গুৰুত্বপূৰ্ণ।
কবিতাত, শব্দৰ ভাষাই হ'ল -- ইঙ্গিতধৰ্মী অথবা সাংকেতিক। শব্দৰ 'অনৰ্থক কেৰিকেচাৰে' ( হৰ্ষবৰ্দ্ধন : 'সাতসৰী', জুন, ২০২৩,পৃ :১৭) -- পাঠকক বিমোৰতহে পেলাব পাৰে!
'ছাগলীৰ গাখীৰ'ৰ অৰ্থ হ'ল -- ছাগলী এজনীয়ে দিয়া গাখীৰ। 'ছাগলীৰ আচাৰ' বুলি লিখিলে, আমি বুজিম কি : ছাগলী (Goat)ৰ আচাৰ (!) নে ছাগলীৰ মাংস (Mutton)ৰ আচাৰ?
শব্দৰে পাঠোদ্ধাৰ কৰিব পৰাটোহে -- শব্দৰ সাংকেতিক অৰ্থ, কবিতাৰ আচল জুতি ; যিয়ে, পঢ়ুৱৈক ভবাই তুলিব পাৰে ; আনকি, মুগ্ধও কৰিব পাৰে।
—————————————
অনুবাদ কবিতা
Theme in Yellow
Carl Sandburg
1878-1967
Galesburg, Illinois
I spot the hills With yellow balls in autumn. I light the prairie cornfields Orange and tawny gold clusters And I am called pumpkins. On the last of October When dusk is fallen Children join hands And circle round me Singing ghost songs And love to the harvest moon; I am a jack-o'-lantern With terrible teeth And the children know I am fooling.
হালধীয়া ৰঙৰ বিষয়বস্তু
কৱি-কাৰ্ল ছেণ্ডবাৰ্গ
১৮৭৮-১৯৬৭ চন
গেলচবাৰ্গ, ইলিনয়
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মই পাহাৰবোৰ দেখা পাওঁ
শৰৎ কালত
হালধীয়া বনানিৰ সৈতে
মই প্ৰেয়ৰী মাকৈৰ পথাৰত পোহৰ কৰোঁ
কমলা আৰু সোণালী হালধীয়াৰ থুপ আৰু সেয়ে মোক কোৱা হয় ৰঙালাও আহিনৰ দোমাহীত যেতিয়া গোধূলি নামে শিশুসকলে হাতে হাত ধৰি
মোৰ চৌপাশে ঘূৰি ফুৰে
শস্যমাতৃলৈ প্ৰেম নিবেদন কৰি
ভূতৰ গীত গাই
মই ভয়ঙ্কৰ দঁতুৱা জেক-অ’-লেণ্টেন ল’ৰা-ছোৱালীবোৰে জানে
মই ক্লেদাক্তময় কৰি আছোঁ...
—————————————
কবিতা
কাঞ্চীপুৰম
জুবিলী গগৈ
কাঞ্চীপুৰমত তেতিয়াও
উঠা নাছিল বেলি
বেলি ডুব মাৰিহে
ৰঙচুৱা হ'ব
শীতল পবিত্ৰ পানীত
শাৰী শাৰী ভক্ত
পাপত অনুতপ্ত কণ্ঠ বক্ষ
কোনে ক'ব পাৰে
এটা পাপো কৰা নাই
জীৱন কালত
পবিত্ৰ আমৰ ডালত
সুমিষ্ট ফল
ডালে-ডালে বাজি আছে
বেদ-মন্ত্ৰৰ ধ্বনি
শিৱৰ শাপত দগ্ধা হৈ
পাৰ্বতীও বহি আছেহি গছৰ তলত
লিঙ্গ সাজি
শিৱ-জপ কৰি
ৰিপুৰ পংখ কাটি
কোনো উৰিব পৰা নাই
মুক্ত আকাশত
বাৰে বাৰে অৱতীৰ্ণ হয়
পৰীক্ষাত
অমৰ দেৱলোকো
দেৱী কামাক্ষী
উগ্ৰ আৰু সৌম্য
ৰূপেৰে সৌন্দৰ্যশালিনী
ভক্তক প্ৰদান কৰে যি
অনন্ত শক্তি
লোভ,কৰ্ম,পাপ,মোক্ষ
আত্মাৰ মুক্তি ক'ত
কাঞ্চীপুৰমত তেতিয়াও
উঠা নাছিল বেলি
মহাদেৱৰ কৰুণাৰ বাবে
দেৱী পাৰ্বতীয়েও য'ত
কৰে কালাতীপাত
তাতে বহি আছোঁ আমিও
মোক্ষ প্ৰাপ্তিৰ বাবে
কিমান দেৰি
সৃষ্টিকৰ্তাৰ কৰতলত
প্ৰকট হ'বৰ বাবে
পালনকৰ্তা জগতৰ
বেলি মূৰৰ ওপৰত
শংখ-ঘণ্টা -মৃদংগৰ তালত
চলি থাকে আৰতি
আঁৰ কাপোৰৰ সিপাৰে
লুকাই পৰে
অনন্ত
অনাদি ।
—————————————
ক'বলগীয়া বিশেষ কথাটো
অৰ্চনা ঠাকুৰীয়া
মই মানুহৰ দুখৰ বিষয়ে এটা বিশেষ কথা জানো
আৰু কথাটো মই মুকলিকৈ ক'ব বিচাৰোঁ।
এদিন নীলৰঙী অপবাদ এটা সামৰি
দুখ মনে ঘূৰি আছিলোঁ।
মোৰ লগে লগে গৈ থকা পাহাৰীয়া ফুল আৰু লতিকাবোৰো মোৰ দুখত নীলা হৈ পৰিছিল। আচলতে দুখটোক সোঁচৰা বেমাৰে পাইছিল।
মই আজিও স্বাধীন হোৱা নাই
খং,অপবাদ, তিৰস্কাৰ অথবা ৰিপুৰ বহতীয়া হৈহে জীয়াই আছোঁ
মোৰ ৰিমোট ক'ণ্ট্ৰল আনৰ হাতত।
বোজা লৈ ফুৰিছো এখন বধ্যভূমিৰ
য'ত চিৰাচৰিত কথাবোৰ নিয়মমাফিক নহয়
কোনোৱে মোক সুধিব পাৰে যে যি কথাৰ ভৰ বতাহেও ব'ব নোৱাৰে তইনো টানি ফুৰিছ কেলেই
এনে ভাৱ মনলৈ আহোঁতেই
মই দেখিলো
এজাৰৰ বেজাৰত হালি পৰা বেলি
কাউৰ- ঘুমুতি ভাঙি বেলিটোৱে দেখুৱাই দিছিল
গান্ধী মণ্ডপত দুলি থকা নিসংগ পতাকাখন
চেগ বুজি চাই ৰ'লো তৰা আৰু জোনৰ বিচ্ছেদ-বিলাপ
হাইকু এটা লিখিবলৈ ঠাই যিমান লাগে
ঠিক সিমানখিনিয়েই মোকো প্ৰয়োজন নিজৰ বাবে
কিন্তু সেয়া হ'ব নালাগিব আনৰ এৰেহা
কাৰোবাৰ প্ৰিয় হ'বলৈ গৈ মইতো আৰু সত্যৰ স'তে শত্ৰুতা গঢ়িব নোৱাৰোঁ
এদিন মোক আনে শাসন কৰিব পাৰিছিল
অহেতুক সৃষ্টি কিম্বা ধ্বংসলীলা খেলি
গাজনিৰ তালত বিজুলীক নচুৱাইছিল
এতিয়া, নিজৰ যি আছে সেয়াই গান
নিজে মৰি আনক জীয়াই
দুখতো বজাও বৈভবী তাল
বুজিছো,
আবেগিক দাসত্ত্বৰ পৰা মুক্ত হ'লেহে দুখ হ'ব দূৰতেই বিদূৰ।
—————————————
অন্ত:স্ৰোত কথাবোৰ
সীমা গগৈ
উৰণীয়া কথাবোৰ ধৰি নৰখাই ভাল
ভৰ নাথাকিলে সুখৰ পাহাৰো এদিন খহি যায়
দীঘলকৈ টানি লোৱা বতাহকণ থওঁ বুলিও বুকুত থৈ দিব নোৱাৰি ,এই কথা জানিও আমি নিচুকাই ৰাখোঁ জীৱন নামৰ মাদকতা ;
এদিন এপিয়লা হেমলক পি আঁতৰি যোৱা মানুহজনক পালে সুধিম..
তেওঁ দুখত মৰিছিল নে সুখত ?
মৃত্যুৰ আলিংগনত জীৱনলৈ বাঢ়ি যোৱা হেঁপাহ
আকাশৰ দৰেই ওখ হৈ ৰৈছিল নে ?
অথবা
জোন বেলিকেই সুধিম
গ্ৰহন বেলাৰ অসুখৰ কথা...
কিয় বাৰু আকাশখন নিজৰ কৰি লোৱাৰ পিছতো আচুতিয়াকৈ ৰৈ থাকে কিছু দুখ !
লেৰেলি যোৱা আপেল এটাৰ দৰেই অস্থিত্ব হেৰুৱাৰ যন্ত্ৰণাত সময়ো কেতিয়াবা কুৰূপ হয়
একেদৰে নিস্তৰংগ প্ৰহৰৰ কোনোবা সুঁতিয়েদি বৈ থাকে অন্ত:স্ৰোত কথাবোৰ
আমি মাথোঁ চাই থাকো..
কিদৰে মানুহে সুখী হোৱাৰ কৌশল বিচাৰি লয়
সৌজাক মানুহ ভাগ্যৰ পিছে পিছে দৌৰি আছে
সন্মোহিত মানুহবোৰলৈ চাই চাই দিনকণা পক্ষীজাক উৰি গুছি যায়
আৰু কʼৰবাত যেন সময় বাদুলী এটাৰ দৰে ওলমি থাকে
—————————————
বৰষুণ
ইপুল হুছেইন
জেঠমহীয়া বৰষুণজাকেৰে আকাশৰ অভিমান নিজৰি আহিছে
সেমেকা দুপৰীয়াটোৱে জীয়াই থকাৰ উপাদানবোৰ আকৌ লিৰিকি চাইছে
বহুতো ভুলৰ সমষ্টিগত অযুক্তিবোৰ মাথো যুক্তিৰ কেৰোণ
ঠিক ভিজা মামৰৰ দৰেই বিবৰ্ণ
বৰষুণ,
পানীৰঙী শিহৰণ তোলা বৰষুণ
ধুই নিয়া অভিমানী আকাশৰ ঋতুময় আলিঙ্গন
সাৱটি লোৱাৰ দুৰ্দান্ত নিচা ৷
—————————————
জী থকাৰ কবিতা
দেৱ দাস
মাণিক মুকুতাৰো নহয়
ইমান মূল্য
ইমানে বিক্ৰম
পোহৰ ঢাকি
তৰনি নাই
প্ৰাণৰ কি বিলাই
মানুহ অমৃত
সময় অমৃত
বিশাল আকাশ
জীয়াই আছো
আগ্নেয়গিৰি
উদ্গীৰণ হোৱালৈ
ৰৈ আছো
চলি আছে
অথৰ্ব পৰ্ব
মাথোঁ
উদ্গীৰণৰ কাল
সম্প্ৰসাৰিত কৰি
তৰনি নাই
আগ্নেয়গিৰি
উদ্গীৰণ হবই
পিচত
নিৰ্জনি পৰিব
নিৰ্গত হব
উশাহ লব পাৰিব
অম্লজানৰ
অভাব নহ’ব।
—————————————
সময়
প্ৰদীপ চন্দ্ৰ শৰ্মা
ভগা কলিজাৰ বিননি শুনিবলৈ
ছাপন্ন ইঞ্চি বুকু নালাগে
ভগা কলিজাৰ বুকুবোৰ
সৌ-তাহানিৰেপৰা
উফন্দি আছে
এবুকু বিষাদ - অব্যক্ত বেদনাৰে
তথাপি কলিজাৰ
শোণিত তগবগকৈ ৰঙা
ডেউকা ভগা আৰু আশাহত
একেটাই কথা
সময় কেতিয়াও অসময় নহয়
শুনোতাৰহে সময়ৰ অভাৱ
ভগা কলিজাৰ বিননি নুশুনা
বহল বুকুবোৰ এদিন
বহল পিঠিলৈ ৰূপান্তৰ হ'ব
কাৰোবাৰ বিননিবোৰ
কোনোবাৰ কেকনিলৈ ৰূপান্তৰ হ'ব ...
—————————————
পকা ৰ'দ
ধন দাস
ৰ'দ পকিলে
কথাবোৰে ইচাতি-বিচাতি কৰি উঠে
ভাদৈৰ বুকুৰ মেঠনি ঢিলা হয়
মনকাইৰ বুকুত ঘামে ডাগ কাটে
ৰ'দ পকিলে
বিয়নি মেলৰ কথাৰ মহলাত
আমবোৰ টেঙা হয়
টেঙেচিয়া কথাবোৰ ৰসাল হয়
ৰ'দ পকিলে
বৰষুণ প্ৰেমিক হৈ পৰে
পথাৰখন গৰ্ভৱতী হ'বলৈ তৎপৰ হৈ
বুকুৰ চাদৰ নমাই
ৰ'দ পকিলে
গছবোৰ বতাহ হয় আৰু
নিজৰ ছাঁ-টোৰ প্ৰেমত নিজেই পৰে
অথচ আমি ৰ'দ ভাল নাপাওঁ
ৰ'দে সামৰিব নোৱাৰে শ্ৰমিকৰ ভাগৰ
ৰ'দ পকিলে ঘামবোৰে শ্ৰেণী বিভাজনৰ কথা কয়
সেয়ে নাক কোচাই ইটিকিং কৰোঁ "টিকা ফটা ৰ'দ"।
—————————————
জুই
চন্দনা ভাগৱতী
ই কি-?
আজি কেবাদিনো ধৰি হাইহালত পাগ জোৰা নাই
জুই জ্বলিছে মাথোঁ পেটত
ভোকৰ জুই ।
পথাৰত জুই
বজাৰত জুই
জুইৰ উত্তাপক জুইয়ে দহিছে।
ধন-ঐশ্বৰ্য্যৰ পিৰামিড ওখ কৰিব যাওতে
এচামৰ ভৰিৰ তলৰ বালি খহিছে
মনৰ কোণত জ্বলিছে সংগোপনে একুৰা জুই।
কাঁচৰ বাকবোৰতো প্ৰতিবাদৰ টায়াৰ জ্বলিছে
হত্যা, বৰ্বৰতাই
বৰঘৰতো জ্বলাইছে আন একুৰা জুই ।
—————————————
এখন নীলা ৰুমাল
জাহ্নৱী হাজৰিকা
স্মৃতিৰ জলঙাৰে ডুলি থাকে নৈৰ ঘাটৰ দুপৰীয়াটো।
আঁহতৰ পাতত সুৰ লগাৰ সময়তে বতাহে গান জুৰিছিল নিজানত।
সেয়া এক ৰঙীন অতীত কাঞ্চনৰ।
নাৱৰ পৰা নামি আহিছিল সাউদৰ পুতেক।
নিজান দুপৰীয়া,নিজান ঘাট।
উদাসী ফাগুনৰ ৰঙচুৱা বাট।
কাষত কলহ লৈ যায় ৰূপহী কাঞ্চন।
কেউদিশে শিমলু-পলাশ-কাঞ্চন-মদাৰৰ হাত বাউল
সাউদৰ পুতেকৰ হিয়া উলাহতে বিয়াকুল।
মণি মুকুতা মৰকতৰ আশাত
বনিজত যোৱা উচ্ছল যৌৱন জাকে
ওভটনিত যেন বিচাৰি পায় হীৰাটুকুৰ।
থমকি ৰয় সাউদৰ পাল তৰা নাও।
যেন উপভোগ কৰিব ফাগুনৰ কেইটামান পল।
দুপৰীয়াত ৰঙ সানে কোনোবাই।
ৰুণজুন নূপুৰৰ খোজ নামে নৈৰ ঘাটত..।
ভৰা বুকুত কাঞ্চনৰ থৌকি বাথৌ ঢৌ
চঞ্চল চকুজুৰি সমুখলৈ যায়
বিজুলীৰ দুচকুৰ চিটিকণিত
দুভৰি হঠাতেই পিছল খায়..
কাষৰ কলহ চিটিকি নৈৰ মাজ পায়।
বিচলিত কাঞ্চনৰ বিচলিত মন
লাজ ভয় শংকাৰ দুৰন্ত আভৰণ।
নৈৰ ঘাটৰ বোকাত সোমায় পৰে লছপচী কাঞ্চন।
কাঞ্চনৰ চকু মুদ খায়।
ভয়ত নে লাজত তাই গমকে নাপায়।
সাউদৰ পুতেক উধাতু খায়।
হেপাঁহৰ হীৰাটুকুৰ চোন বোকাত সোমায়।
বতাহত আগবঢ়াই দিয়ে সাহসৰ দুখনি হাত
আৰু এখন গাঢ় নীলা ৰুমাল।
সাউদৰ পুতেকৰ ৰামধেনু ৰুমাল।
কাঞ্চন জী উঠে।
কাঞ্চনে উশাহ লয়।
ৰুমালখনেৰে তাই মুখ মচে।
লগতে বোকাবোৰ।
ৰুমাল বোকাময় হয়।
কাঞ্চনে লাজ পায়।
সাউদৰ পুতেকে মিচিকিয়াই হাঁহে...
যেন একোৱে হোৱা নাই।
কলহটো তাইৰ হাতত তুলি দিয়ে।
হাতে হাত লাগি লাজকুৰীয়া হয় সুমথিৰা সময়।
দুচকুৰ চাৱনিত শৰ বিদ্ধ হয় আন এযোৰ চকু।
কাঞ্চন লাহে লাহে ওপৰলৈ উঠে।
গাত তাইৰ বোকাবোৰ লাগিয়ে থাকে।
ৰুমালখন হাতত।
ইচ্ছা কৰিয়েই তাই লগত লৈ যায় নীলৰঙী ৰুমালখন।
ওভতাবৰ মন নাই।
লগত ৰখাৰ মন।
কাঞ্চন গৈ থাকে।
নিজানে নিতালে।
মনে নামানে।
উভতি চাই ঘাটলৈ।
এজুৰি চকুৱে পলক নমৰাকৈ চাই থাকে তাইলৈ।
চকুৱে চকুৱে পৰে পুনৰ।
উভতি খোজ লয় কাঞ্চনে।
ৰুমালখন বুকুতে সাৱটি লয়।
বৰপেৰাত তাই থব ভৰাই।
যি এটা ৰঙীন ফাগুনৰ দুপৰীয়াৰ জীয়া সাক্ষী।
দূৰণিৰ কাঞ্চনৰ গাঁওখনলৈ সাউদৰ পুতেকে
চায়েই থাকে চায়েই থাকে
হাবিখনৰ সিপাৰে তাই নেদেখা হোৱালৈ।
বকুলৈ বোকা লগা নীলা ৰুমালখনৰ বাখৰুৱা
ভৰুণ হেঁপাহ এটা উজাই আহে।
আকাশত ৰামধেনুৱে লুকাভাকু খেলে।
—————————————
ছবি
চয়নিকা ভূঞা
একো একোটা চৰ্তৰ বিনিময়ত
চলি থাকে বহু জীৱন্ত কাহিনী
কাণেৰে শুনা বহু কথা
কেতিয়াবা মিছা হ'ব পাৰে
চকুৰে নেদেখা কল্পনাতীত বহু কথাও
কেতিয়াবা সত্য প্ৰমাণিত হ'ব পাৰে
জীৱন !
ওৰে ৰাতি চকুলো টুকিও সুখী হোৱাৰ কৌশল
দুৰ্বল দুভৰিত নুপুৰৰ শব্দ
প্ৰিয়জনৰ হাতৰ পৰশত
এটি মৃতপ্ৰায় শৰীৰ
তৰ্জা বেৰৰ জলঙাত
কাহিনীবোৰ লমালমে লাগে
কোনোবাটো নাঙঠ
কোনোবাটো পূৰঠ
ইফালে
এঘটি দুঘটিকৈ
ক্ৰমাত বাঢ়ে সময়ৰ হিচাপ
ভালপায়ো নিজৰ কৰিব নোৱাৰা প্ৰিয়জনৰ দৰেই
জীৱনৰ পেণ্ডুলামত
ওলমি থাকে
এখন তমসাচ্ছন্ন সময়ৰ ছবি।
—————————————
গজল
সঞ্জীৱ সাগৰ চৌধুৰী
জোখতকৈ বেছি ভাল হৈ গ'লোঁ মই
নিজেই নিজৰ কাল হৈ গ'লোঁ মই
আৰু কোনেনো পাতিব লাগে মোলৈ ফান্দ
নিজেই নিজৰ জাল হৈ গ'লোঁ মই
ৰাখিব খুজিছিল সামৰি ঘৰখনে নিজতে
পৃথিৱীতে গোটেই ডাল ডাল হৈ গ'লোঁ মই
গেৰুৱা কিম্বা সেউজীয়া নহৈ হ'লোঁ সাতোৰঙী
মানুহে অথচ ভাৱে লাল হৈ গ'লোঁ মই
ভাল হ'ব খোজাটোও এক প্ৰকাৰ সুৰাই
নিচাতেই তাৰ মাতাল হৈ গ'লোঁ মই
দুখ একো নাই নাই কোনো অভিযোগ 'সাগৰ'
আফচোচ নিজতে আকাল হৈ গ'লোঁ মই।
———————————————————
এটুকুৰা ৰুটি
নাছিৰ আহমেদ
এটুকুৰা ৰুটিয়ো হ'ব পাৰে
কাৰো কাৰো বাবে এটি প্ৰত্যাশিত স্বপ্ন।
ঘৰ্মাক্ত দেহেৰে আখলৰ সেকা ৰুটি যেন
নীলাভ আকাশৰ জখলা বগাই নামি অহা
এটি ঘূৰণীয়া আকৃতিৰ পূৰ্ণিমাৰ জোন !
ৰোমিও- জুলিয়েট,লায়লা-মজনু বা সত্যবান - সাবিত্ৰী হঁতে এতিয়া আৰু প্ৰেমৰ গীত নুজুৰে।
তেওঁলোকৰ কণ্ঠত নিগৰে সুকান্ত ভট্টাচাৰ্যৰ বাণী
"ক্ষুধাৰ ৰাজ্যে পৃথিৱী গদ্যময় ,
পূৰ্ণিমাৰ চাঁদ যেনো ঝলসানো ৰুটি "
ৰহিমা,নিলীমাই যেতিয়া চোতালত মেল মাৰে
সিহঁতে ধৰ্মীয় ৰীতি- নীতিসমূহৰ কথা নেপাতে ;
ইমমান বিলাসিতা কৰাৰ সিহঁতৰ সময় ক'ত ?
মুখমণ্ডলত বিৰিঙে মাথোঁ কঠোৰ পৰিশ্ৰমৰ বিচিত্ৰ মানচিত্ৰৰ ঋজু আৰু বক্ৰৰেখাৰ গধুৰ দাগ
বুকুৰ স্তন দুটি একো একোটা অনুৰ্ব্বৰ সমতল ভূমি
য'ত সেউজ সোণোৱালী সপোনৰ শইচ নগজে ;
গজে জুৱে পোৰা চেপা খোৱা শুকান ৰুটি যেন
নীলাভ আকাশৰ জখলা বগাই নামি অহা
এটি ঘূৰণীয়া আকৃতিৰ পূৰ্ণিমাৰ জোন !
এটুকুৰা ৰুটিয়ো হ'ব পাৰে
কাৰো কাৰো বাবে এটি প্ৰত্যাশিত স্বপ্ন !
আৰু কবিতাৰ বুকুত ডুব যায় এটি নিষ্প্ৰদীপ বাণী
"ক্ষুধাৰ ৰাজ্যত পৃথিৱী গদ্যময়
পূৰ্ণিমাৰ জোন যেন আধা পোৰা ৰুটি !
———————————————————
অস্তিত্ব
দেবানন্দ পেগু
মই যেনেকৈ আছো এনেকৈয়ে থাকিব দিয়া, ইয়াতে মই সৰগৰ সপোন ৰচোঁ।
সৰগত থকাৰ এনোয়ো মোৰ হাবিয়াস নাই।
ওঁম ওঁম কৰি বিলাসী জীৱন মোৰ বাবে প্ৰিয় নহয়।দেহৰ ঘাম মাটিত পেলাই ধৰিত্ৰীক পূজা কৰিম।
জেঠ মহীয়া প্ৰসৰ ৰ'দত ৰং যোৱা সেউজীয়া নহওঁ ।পিছল বাটত খামুচি ধৰি নিজ মতত অটল হ'ম।
ডেউকাত ম'ৰা চৰাইৰ পাখি গুজি নিজক সজাব নোৱাৰোঁ
আনে সজা কংক্ৰিটৰ অট্টালিকাক লৈ গৌৰৱ নকৰোঁ
পলকতে ভাগি যোৱা বালিৰ ঘৰ আকৌ সাজিম। সাতাম পুৰুষীয়া ককা-দেউতাৰ এৰি যোৱা ভৰিৰ খোজ ধৰি ৰাখিম। এইয়াই মোৰ জীয়াই থকাৰ অস্তিত্ব।
—————————————
শৈশৱে ৰিঙিয়াই মাতে
বাবুমণি হীৰা
মোৰ সোনোৱালী শৈশৱে আজিও
ৰিঙিয়াই মাতে
জালিকটা সপোনৰ বুকুত উঠি আহে
স্মৃতিৰ সেউজীয়া নাও
ৰূপোৱালী কৈশোৰৰ গান এটি
দূৰণিৰ অজানিতে বাজি উঠে
শৈশৱ কৈশোৰৰ সৰলতাবোৰ
মনৰ হেঁপাহবোৰ
আৰু ভাবনাবোৰ
কলৈ বাৰু উৰি গুছি গ'ল?
শৈশৱৰ নৈপৰীয়া শিমলুজোপা
আজি দেখোন বুঢ়া হৈ পৰিল
আৰু হিজলজোপা দেখোন নাই
হয়তো বুঢ়া লুইতৰ হানে তাক
উটুৱাই নিয়ে
যিদৰে উটুৱাই নিয়ে
নৈপৰীয়া মোহনাহঁতৰ বাৰী মাটিবোৰ
হৃদয় যমুনাৰ
শৈশৱতে এতিয়াও ৰিঙিয়াই মাতে।
—————————————
হে মানৱতা...
এনী ভূঞা ডেকা
তুমি আছা বাবেই
মই আছোঁ
কঠিন বাস্তৱ আৱৰণত
বাৰে বাৰে
ঠমকি ৰ'ব খোজা
মনটো...
সময়ে সময়ে বৰ
অশান্ত হয়।
যুগ পৰিবৰ্তনৰ লগে লগে
আমি সলনি হওঁ
কিন্তু অন্তৰ আত্মাবোৰ
সলনি হয় জানো ...?
জিজ্ঞাসাৰ স্বৰলিপিবোৰ
স্বতন্ত্ৰ ভাবে থিতাপি লয়
হৃদয়ত,আন এখন হৃদয়ৰ
বুজ ল'বলৈ...!
চৈতন্যৰ বাটচ'ৰা
আৰু মানৱতাৰ গৰ্ভত
হেৰাই যাব খোজা
পৃথিৱীখনৰ বুজ ল'বলৈ।
প্ৰৱাহমান সৰলৰেখাবোৰ
সঞ্জীৱনীৰ ৰূপত গতি কৰে
সমান্তৰাল ভাৱে।
হে মানৱতা
তুমি আছা বাবেই
মই আছোঁ
সভ্য সমাজৰ নাঙঠ
ছবিবোৰে সময়ে সময়ে
আঘাত কৰে হৃদয়ত ।
প্ৰজ্বলিত বায়ুমণ্ডলত
এতিয়াও যে তুমি আছা
মোৰ লগত একাত্মক হৈ ।
যুঁজিছো ,
যুঁজিম ,
যুঁজি যাম আগলৈ
কেৱল মানৱতাৰ বাবে
মানৱতা পূজালৈ ।
—————————————
বৰ্ষাৰ স্কেচ্ছ
ৰুমী সেনাপতি ভূঞা
বৰ্ষাৰ মেঘাচ্ছন্ন আকাশত ,
চিকমিক বিজুলীৰ নাচোন ,
বৃষ্টিৰ ঝংকাৰিত সুৰৰ মূৰ্চ্ছনাত
প্ৰাণোচ্ছল প্ৰকৃতিৰ নৱতম স্কেচ্ছ ,
আকাশত পৰিভ্ৰমী ডাৱৰৰ চলন ,
চেঁচা বতাহে দিয়ে সজীৱতাৰ পৰশ ,
মেঘৰ গাজনি - বতাহৰ সুৰসুৰণি ,
ধৰাৰ বুকুলৈ নামে মুষলধাৰ বৰষুণ ,
কৃষিভিত্তিক জীৱনলৈ আশাৰ বতৰা আনে ,
মতলীয়া আৱেগ ঢালে ,
জাতিস্কৃত - সুবাসিত প্ৰকৃতিৰ নৱৰূপ ,
শিহৰিত পুলকিত উচ্চলিত আৱেগ !
—————————————
এজন হালধীয়া কবিৰ ডায়েৰী
কবিন কাকতি
এক
আন এদিন
বেলি বহোতে পাটত
বাটৰুৱা গাভৰুহঁতৰ
দূপাট্টা খহাই
হেমন্ত নামিছিল
গাভৰুহঁতৰ মুখবোৰ
হালধীয়া
আৰু
উতনুৱা কবিৰ
দুচকুত মায়াৰ বসন্ত
দুই
সেউজীয়াৰ পোহাৰী হৈ
ঘূৰি ফুৰে এজন
অস্থিৰ কবি
কবিজন ওখ আছিল
কবিজন শীৰ্ণ আছিল
কবিজন বেপেৰুৱা আছিল
হয়তো সেইবাবেই
গাভৰুহঁতৰ
গোলাপী ওঁঠবোৰ
কঁপিছিল
চুই চাওঁতেই
সিহঁতৰ মনালিছা হাঁহিবোৰ
কবিজন
ৰুগীয়া হৈছিল
তিনি
হওঁতে কথাটো
ঠিকেই আছিল
পুৰণি পথটোৰে
অহা-যোৱা কৰোতে
গাভৰুহঁতৰ
দুষ্ট চাৱনিত লাগি
কবিৰ বদনাম বাঢ়িল।
—————————————
স্ৰোতশ্বিনী
লক্ষণ চাৰিঙ্গীয়া ফুকন
ওখ, চাপৰ, পাহাৰ, ভৈয়াম বগাই বগাই মই।
ঢাপলি মেলিছো দূৰ দিগন্ত লৈ।
সীমাহীন যাত্ৰা মোৰ বাধাহীন গতি।
দূৰন্ত গতি মোৰ পাহাৰ পৰ্বত ভেদি।
কেতিয়াবা পাহাৰ পৰ্বতৰ শিলত ঠেকাখাই।
কল কল ধ্বনিয়ে মাগিছো সহায়।
স্থাপন, কিম্বা, ধ্বংস যদিও মোৰ ধৰ্ম
এইয়া মোৰ জন্মগত নৈমিত্তিক কম
নাই মোৰ গভীৰতা,বিশালতা,বিস্তৃতিৰ সীমা।
খৰস্ৰোতা ততিনী মই বিশ্ব বিস্ৰোতা।
নাই মোৰ বিভেদ,দম্ভ, অস্কাৰ।
সাম্য,মৈত্ৰীভাব বিলাইছো ধৰাৰ।
ক্ষীণকাই দেহাৰে মই পাতো চাপৰি।
বলৱন্ত হৈ মই আনো সকলো আজুৰি ।
তৃষ্ণাতুৰৰ মই পৰম বান্ধবী।
ধৰিত্ৰীত মোৰ নাম স্ৰোতস্বিনী।
—————————————
আজিৰ অসমীয়া
চুমিয়া আকতাৰা
ভূৱা স্বদেশ প্ৰেমৰ
কোবাল সোঁতত,
দেশ টলমল হৈ পৰিছে।
অন্ধ ৰীতি-নীতিয়ে
আজিৰ অসমীয়াক,
কোঙা কৰি পেলাইছে।
বক্তৃতাৰে আকাশ কপোঁৱা
আজিৰ অসমীয়াই,
দেখুৱাইহে বিপ্লৱ কৰিছে।
আমি সকলোৱে ভাই-ভনী
শ্লোগান দিয়া অসমীয়াই,
জাত-পাতহে বিচাৰ কৰিছে।
বছৰি-বছৰি বীৰ পূজা পতা
আজিৰ অসমীয়াৰ,
কেৱল জঁকাটোহে বাকী আছে।
দেশৰ হকে প্ৰাণ দিব পৰা
অসমীয়া জাতি,
এতিয়া ৰসাতলে গৈছে।
দেশৰ উন্নয়নৰ নামত
চলনা কৰি,
নিজ স্বাৰ্থ পূৰ্ণ কৰি আছে।
—————————————
ব্ৰহ্মপুত্ৰত সূৰ্যোদয
কুলেন ভট্টাচার্য্য
লুপ্ত হৈ গ'ল
ধৰিত্ৰীৰ মহাকালৰাত্ৰী
অম্বৰৰ সুৰুঙাৰে
ওলাই আহিল মাৰ্তণ্ড।
ওলাই আহিল,
আৰু,
দশোদিশ বিয়পালে দ্যুতি।
যৌবনমতী হ'ল নিসৰ্গ।
গগণগামী নভৌকাৰ,
মিষ্ট কূজনত,
সাৰ পালে শ্বাপদ।
উমান পালে
ব্ৰহ্মপুত্ৰত অৰুণোদয়ৰ।
জলত যমজ জন্মে দিবাকৰৰ।
—————————————
নিষিদ্ধ কাৰেঙৰ কোঠা
চুমন ডেকা
সুবিধা পালেই চাবা,
লৈ যাম তোমালৈ
পদুলিৰ গধূলি গোপাল।
সোণাৰু, কৃষ্ণচূড়াৰ ৰাগীত মতলীয়া হ'ব
ব্যস্ত ৰাজপথৰ পৰা
ন বাৰিষা লগা তোমাৰ পথাৰৰ
অকলশৰীয়া এজাৰ জোপা।
সুবিধা পালেই চাবা,
লৈ যাম তোমালৈ
আবেলিৰ গৰ্ভত বেলিৰ মেৰুন বৰণ।
এটি সৰু চৰাইৰ দৰে
লৈ যাম তোমালৈ
মোৰ ঘৰৰ দুৱাৰদলিৰ পৰা
তোমাৰ নিষিদ্ধ কাৰেঙৰ কোঠালৈ।
—————————————
জীৱন মানে
গকুল চৌধুৰী
জীৱন মানে
নুবুজা সাঁথৰ
হাঁহি-কান্দোনৰ সমাহাৰ
যোগ ,বিয়োগ ,পূৰণ
হৰণৰ সমীকৰণ ৷
জীৱন মানে
প্ৰশ্ন বিহীন উত্তৰ
উত্তৰ বিহীন প্ৰশ্ন
কিছু সহজ , কিছু জটিল
এটি নিমিলা অংক ৷
জীৱন মানে
দিন , মাহ , বছৰ
বহু দশক , বহু যুগৰ
পৰিক্ৰমা ৷
জীৱন মানে
শৈশৱ,কৈশোৰ,যৌৱন
বৃদ্ধ চাৰি ঋতুৰ মিলন
উশাহ,নিশাহ মন-প্ৰাণ
আত্মাৰ মহামিলন ৷
জীৱন মানে
প্ৰাপ্তিৰ আনন্দ
অপ্ৰাপ্তিৰ বেদনা
আৰ্জিত সুখ
সুখৰ অসুখ
দিনৰ কষ্ট,ৰাতিৰ চিন্তা
মনৰ মাজৰ দুখ ৷
তাৰ পাছত শূন্য
শূন্যৰ পাছত শূন্য
শূন্যৰ পাছত শূন্য
মাথোঁ শূন্যতা ৷
জীৱন মানে
তেল আৰু চাকি
এগছি শলিতা
ধোৱাৰ মালিতা ৷
আৰুনো বাকি থাকিল কি ?
হয়তো
জন্ম আৰু মৃত্যুৰ বুৰঞ্জী
যুদ্ধ অথবা মহাযুদ্ধ
আশা , সপোন , সংগ্ৰামৰ
মৌন ভাষাৰে লিখা
কাব্য অথবা মহাকাব্য ৷
—————————————
নিলিখাকৈ থকা নাই কি
বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ
নিলিখাকৈ থকা নাই কি?
সৰা পাতেও উচুপে,
যেতিয়া ফাগুন নামি আহে।
উকা বহীখনে জানে;
শব্দহীন হৃদয়ে কিমান কান্দে
অকলশৰীয়া নিশাত।
পাহাৰীয়া গাভৰু জনীৰ
বুকুৰ বহল এছটাত,
নিজৰা বৈ।
একা বেঁকা বাটে কথা কৈ,
গাভৰু ছোৱালী জনীৰ দুভিৰৰ খোজত
বাটৰুৱাই থ'ৰ লাগি চাই ৰৈ।
বৰষুণ এজাকে গান গাই
বৰষুণ এটোপাল মানে;
গাভৰু জনীৰ নগ্ন বুকুয়েদি
যেতিয়া বৈ যায় বুকুলৈ।
বতাহ এছাটিয়ে চুই যায়,
ৰঙাকৈ ফুলি থকা দুটি ওঁঠৰ চুমা
কিমান ভাল লাগে?
কেৱল বতাহ জাকেহে জানে।
—————————————
বৰষুণ
গীতাঞ্জলী হাজৰিকা
চিপচিপ বৰষুণে নূপুৰ বজাইছে
কোন ৰূপহীৰ বুকুৰ ক্ৰন্দন শুনি
আকাশে গোজৰণিৰ মাদল বজাইছে !
ৰূপহীৰ হিয়ামন শাত পেলাই
প্ৰশান্তিৰ বা বলাবলৈ বৃথা চেষ্টা নে !
আন চলনাময়ী ৰহণ সানি
পৃথিৱীক পৰশিছে
বৰষুণৰ সবল বাহুৰ মেৰপাকত
পৃথিৱীয়ে আৰ্তনাদ কৰি কয়
মোৰ শৰীৰটো লতাহৈ বগুৱাবাই
আলিংগনৰ উত্তাপত দহন হয় মৰমৰ প্লাৱন
পমি পৰা মনৰ দহি যোৱা যৌৱন
থোপাথোপে সৰি পৰে চেনহৰ ৰক্তবীজ
জিভাই আস্ৰাদন কৰে গুপুত বাসনাৰ
নিভৃত চুককোণৰ ঘ্ৰাণেন্দ্ৰিয়ত
মৌচুমীৰ দৰে চুমি খাবলৈ
স্নেহৰ সংগমত সাতুৰি নাদুৰি
পৰিতৃপ্তিৰ পৰিধিত বলিয়ান সোঁতত আগবাঢ়িবলৈ
নাভিত সংযোগ হ’ব ঢৌৰ সীমনা
উফন্দি উঠিব মন মোহনা
পদুমৰ চুপহিত মুখ গুজি অমৃত মথিব
ধাৰাসাৰ মৰমে বৃষ্টি বৰষি সৃষ্টিৰ আলয় গঢ়িব
—————————————
শকুন্তলা
প্ৰাণ প্ৰতিমা বড়া
শৰতৰ স্নিগ্ধ জোনাকত
শকুন্তলাৰ চকুৰ কোণত
জিলিকি থকা অগ্নিৰ টোপালকেইটাৰ
চিকমিকনিয়ে
তন্দ্ৰা ভাঙে মোৰ
দুষ্মন্তৰ আৱেগবোৰ
কেনেকৈ হেৰাল আজি!
মৰুভূমিৰ বুকুত জীয়া কংকালৰ উচুপনি
তাকে দেখি নীল আকাশৰ বুকুত
চিলনীৰ উচপিচনি
আৱেগ,আদৰৰ তেনেই নাটনি
অতীত , বৰ্তমান,আৰু ভৱিষ্যতৰ বুকুত
মানুহৰ জীৱন এতিয়া কংক্ৰিটৰ দৰে
মানুহৰ উশাহবোৰ যেন এতিয়া বন্ধকত
মৰমৰ বিনিময়ৰ মাজতো
অলেখ হিচাপ- নিকাচ
শকুন্তলাৰ আৱেগৰ অগ্নিবাণে
দুষ্মন্তৰ তন্দ্ৰা ভাঙক
হৃদয়ত জ্বলি উঠক
আৱেগৰ জুই
এসাগৰ মৰমেৰে জী উঠক
শকুন্তলাৰ হৃদয়ৰ অপ্ৰাপ্তিৰ বাসনা!
—————————————
বৰ্ষা মেঘ
জোনমনি বৰা
বৰ্ষা মেঘৰ উন্দুলা আকাশ
তোমাৰ অভিমানী মুখখনৰ
দৰে স্বউদ্ভাসিত ডাৱৰৰ ভাস্কৰ্য ৷
অভিভূত হওঁ হেৰাই যাব বিচাৰোঁ
যাযাবৰী সত্তা এটা হৈ
দুচকুৰ সীমনাত বিচাৰি
সৌন্দৰ্য্যৰ কায়া,বাৰেবাৰে
ভাগৰো মৰুভূমিৰ মৰিছীকাৰ পাচত দৌৰি ৷
তথাপিও তৃষ্ণাতুৰ মোৰ অভিমানী মন ঠুনুকা হৃদয় ,
আহত হওঁ যেতিয়া পথভ্ৰষ্ট হৈ থমকি ৰওঁ ৷
—————————————
মৰম
নজৰুল ইছলাম
স্নেহৰ আৱেগভৰা মৰম
প্ৰেৰণাৰ দলিচা এধানি সঁফুৰা মৰম
হৃদয়ত সংগোপনে ৰাখিছো সযতনে
তুমি যে মোৰ পৃথিৱীৰ সৰ্ব শ্রেষ্ঠ
শক্তিমান সংগী
জোন পোহৰাই তুলা প্রতিপল
তোমাৰে নাম মৰম ভাল পোৱা
অংকুৰ সৃষ্টিৰ উৎস স্নেহৰ আৱেগ
বিহংগম
মৰম যুগান্তৰ এই প্রেম
আৱেগখনা এধানি সঁফুৰা মৰম
চেনেহৰ ৰাংঢালী পমিলী
সুৰৰ গুঞ্জন বাজি উঠে নূপুৰ
ঢোল পেঁপা গগনাই ৰিঙিয়াই
কুলি কেতেকীৰ মৌ মাতত
যৌৱনে সাৰ পায়।
বহা'গতে
মনৰ বতৰা লয়
যৌৱনখনা মৰম
জীৱনৰ ৰং
মৰম বিনে অৰ্থহীন জীৱনৰ সাৰথি
মৰম!
—————————————
সপোনৰ কাৰেং
বৰ্ষা তামুলী
মোৰ সপোনৰ দিকচৌ বাটেৰে
তুমি আহিবা
আৰু দিঠকত ,
মোৰ মেঘালী চুলিত পিন্ধাই দিবা
এপাহ খৰিকাঁজাই
মোৰ সজল দুনয়নত ওলমি ৰ'ব
তোমাৰ আলফুল দুবাহুৰ শূন্যতা...
মৰমী ব'হাগীৰ মেজাংকৰি সপোনে
তোমাৰ দুচকুতো যদি আমণি কৰিছে
তেন্তে ক'বা ,
তোমাৰ বাবেই ক্ৰমশঃ দহন হ'ব
মোৰ আধাসেকা কলিজা ।
—————————————
প্ৰেমৰ পৰিভাষা
যুৱৰাজ বাচকোটা
মাত্ৰ কেইটামান শব্দ বুটলি
ধৰিলোঁ হাতত কলম
লিখিবলৈ প্ৰেমৰ কবিতা ।
প্ৰেম স্বৰ্গীয় অনুভুতি
প্ৰেমত সৰু বৰ নাই
প্ৰেমত জাতি ভেদ নাই
প্ৰেমত উচ্চ নীচ নাই
প্ৰেম সকলোৰে বাবে সমান।
প্ৰেমত শান্তি একতা বিৰাজমান
প্ৰেম ৰসাল জীপাল আনন্দ স্বৰূপ
প্ৰেমতে জীয়াই আছে ভুমণ্ডল
প্ৰেমৰ বাবেহে সকলো সুন্দৰ
নহয় নহয় প্ৰেম কোনোকালে পণ্য
প্ৰেম মানৱ হৃদয়ৰ পৰা নিগৰিত
খৰস্ৰোতা অমৃতৰ নদী
যি নদীয়ে কলুষিত , আবৰ্জনা, মলিনতা
উটুৱাই
নিজে সদায় স্বচ্ছতা অটুট ৰাখে
সেয়েহে প্ৰেম সদায় নিৰ্মল ,পবিত্ৰ গংগাৰ দৰে।
—————————————
চকীদাৰ
আব্দুৰ ৰহমান প্ৰামাণিক
চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী মই
দায়িত্ব গধূৰ
দৰমহা তাকৰ
নাই আজৰি ক্ষন্তেক সময়
আদেশ নিষেধ কাক বাৰু কয়?
পিন্ধনত যদিও সামান্য কামিজ
কৰ্মত নিদিও ফাঁকি
ওপৰৰ নিৰ্দেশত অহা যোৱা
চিৰিৰে উঠা নমা হয়
ইয়াকে চকীদাৰ কয়!
হাজাৰ সপোন কবৰ দিও
খাওঁ দাইল ভাত
আমাৰ অচল জীৱন ঘাট
সামান্য বস্তুত তৃপ্ত থাকো
এনেকৈয়ে জীৱনৰ স্বৰূপ আঁকো!
—————————————
বিহঙ্গম
ৰিংকুমণি বড়া
পুখুৰীটোতে বেলিটো বান্ধি লৈ
মাছৰোকা চৰাইজনীৰ ৰ'দ বিলাস,
তীক্ষ্ণ দুচকুত খেলি ফুৰে
হেপাঁহৰ ডৰিকণা
ঘূৰ্ণীয়মান পৃথিৱীৰ ভূগোল
তাৰ বাবে অবোধ্য!
সি মাথোঁ জানে;
পদুম পাহৰ বুকু চুমি
উৰি যোৱা ভোমোৰাটোৰ কথা।
বৰশীৰ চিপত নাচি ফুৰা জিঞাজনীৰ
মনৰ বেথা...!
জিলমিল ৰ'দে ৰূপ চৰোৱা পানীৰ
কজলা বিষাদে চানি ধৰা
ভিতৰখন সি ভালদৰেই চিনে...!
এখুদমান আহাৰৰ লালসাত
নিঃশেষ কৰি দিয়া জীৱনবোৰৰ যন্ত্রণা
সি নিতৌ দেখে!
কিন্তু তাৰ দুপাখিত লাগি থকা
বিষাদৰ চেকাঁবোৰ কোনেও নেদেখে!
সেয়ে সি দুখবোৰ সামৰি
পুখুৰিতে বেলিটো বান্ধি
সুখী হোৱাৰ আখৰা কৰে।
—————————————
গোপন প্ৰেমত সোঁৱৰণী থাকে
পুলক কুমাৰ গগৈ
গোপন প্ৰেমত সোঁৱৰণী থাকে
পাহৰণি হৈ সোঁৱৰাই থাকে
মনৰ নিজান
গোপন প্ৰেম একক
বহিঃপ্ৰকাশ ন'হয় মনৰ
গোপন প্ৰেম একাকী
ভগ্নাংশ ন'হয় দেহৰ
গোপন প্ৰেমত নাথাকে প্ৰস্তাৱ
পাঠত ন'হয় পাঠ
প্ৰেমৰ মুকলি সভাত
আপাততঃ
গোপন প্ৰেমৰ অন্য নাম বিফলতা।
—————————————
মই গছ
দিপ্তী মনি গোস্বামী
ব্ৰহ্মাণ্ডৰ গজন প্ৰকৃতিৰ মই পটভূমি
আংশিক আংশিক মৰুভূমি
লগতে পাহাৰ ভৈয়াম মোৰ বাসভূমি
নাম মোৰ গছ মই সৃষ্টিৰ পাতনি।
মোৰ সেউজীয়াতে চহকী সম্পদ মাতৃভূমি
বিশ্বৰ একোনৰ নাম লৈছোঁ অসমভূমি,
মোৰ আবেষতেই অসমৰ মানচিত্ৰ মনোৰম
বিশ্বৰ পৰ্যটকক কৰে আকৰ্ষণ।
আজি মোৰ বক্ষ কংকালৰ গৰ্ভত
মাথোঁ হাড় এদাল জিলিকে নাতি দূৰত,
মোৰ পত্ৰহৰিৎতে দিয়ে জীৱ বৈচিত্ৰ্যৰ জীৱন
বিপৰীতে জীৱ বৈচিত্ৰ্যৰ শ্ৰেষ্ঠই কাঢ়ে মোৰ জীৱন।
গোলকীয় উষ্ণতা উৎকট গৰমে দহিছে মানৱৰ প্ৰাণ,
তেওঁ লোকে সংৰক্ষণ কৰিব নে আমাৰ জীৱন?
আমি সুৰক্ষিত জীৱন পালেহে পাব সুৰক্ষিত প্ৰাণ
তেওঁলোকৰ মৃতসঞ্জীৱনী অমৃতসুধা অম্লজান।
—————————————
সুখী কোন
ইভা গন্ধীয়া ফুকন
ৰাজ অট্ৰালিকাত বহি ক'লা টকাৰ
হিচাব কৰি থকাজন নহয় সুখী
মুখ ওফন্দা ওফন্দি কৰি খোৱা
মাছ মাংসৰে ৰন্ধা ভাত সাঁজ নহয় সুখৰ
কষ্টৰে উপাৰ্জন কৰি হাঁহি ফুৰ্তিৰে খোৱা
নিমখ ভাত মুঠিও সুখৰ হয়
ফটা চিতা কাপোৰ পিন্ধা ফকিৰজনক
দিয়া দানে সুখত ফুলাই বুকু
যান জতে ভৰা ৰাস্তাত
লাখুটিৰে বাট খেপিয়াই থকা অন্ধজনক
হাতত ধৰি বাট দেখুৱাই দিয়া জন সুখী
দুৰ্ঘটনাত পতিত জনক উদ্ধাৰ কৰি
জীৱন দান দিব যোৱা জনৰ কষ্ট হলেও সুখী
নাতি নাতিনীৰ লগত খেলি থকা ককা- আইতা সুখী
সন্তানৰ সাফল্যত পিতৃ- মাতৃ সুখী
কেঁচুৱাই কন্দিলে মাকে পিয়াহ খুৱাই সুখী
চন পৰি থকা পথাৰখনি
সেউজ শস্যৰে ভৰিলে খেতিয়ক জন সুখী
শাওণৰ বোকা পথাৰত হালোৱা ককাই সুখী
আশাৰে ৰোপণ কৰা ফুল - ফলৰ পুলিটো
যেতিয়া ভৰি পৰে ফুল - ফলে ৰোপণ কৰোতা জন সুখী
শেৱালি ফুলা বতৰত
পাতৰ আঁৰে আঁৰে সুগন্ধি বিলোৱা সময়ত
ফৰিংফুতা জোনাকত
প্ৰিয়জনৰ মুখখনিয়ে কৰে সুখী।
—————————————
ৰজনীগন্ধা ,মই তোমাৰেই প্ৰেমিক
মধুস্মিতা শৰ্মা
ৰজনীগন্ধা ,
মই তোমাৰেই পাগল প্ৰেমিক
মোৰ খৰাং অধৰত
তুমিয়েই সিঁচি দিলা
ফল্গুৰ বোৱতী ধাৰা
উকা কবৰীত সৌন্দৰ্য্যৰ আকৰ গঢ়ি
নৱ বসন্তৰ হিল্লোল তুলিলা
মই পূৰ্ণাতা পালোঁ
প্ৰকৃতি-পুৰুষৰ আলিঙ্গনত
তোমাৰ উদাৰ সুমিষ্ট গোন্ধে
শাওণৰ প্লাৱন নমায়
ঢালি দিয়া সেউজীয়া পথাৰ,
মই তোমাৰ আজন্ম প্ৰেমিক-
তুমি ফুল ,মই এখিলা সৰাপাত
একেটি তৰুৰ দুটা বৃন্ত
হ'লেও,
তোমাৰ মোৰে আছে সমকামী প্ৰেম
তোমাৰ খিলখিল হাঁহিত
মোৰ ৰিক্ত হৃদয়ত এজাক মৌমাখিয়ে
গুণ্ গুণায়
এছটা শিলত প্ৰেমৰ সঞ্চাৰ কৰি
তুমি সুৰ দিলা আঘোণৰ
মই মটীয়া- সেউজীয়া ,মই সোণালী হৈ উপচি পৰিলোঁ নিজতেই
আঁউসীয়ে আবৰা মোৰ
শোৱনি কোঠাত
তুমিয়েই আনিলা প্ৰতিপদৰ জোনৰ পোহৰ
সকলো বৈৰাগ্যক আওকাণ কৰি
ৰজোগুণেৰে অলঙ্কিত কৰি
প্ৰস্তুত কৰিলা এটি নতুন প্ৰভাত আদৰিবলৈ
মই উদ্যমী হৈ পৰিলো,
মই তোমাৰ যুগ-যুগান্তৰৰ প্ৰেমিক
সন্ধিয়াৰ ৰঙাবেলি লহিয়াৰ পৰত
মধুচন্দ্ৰিকা নিশা
তোমাৰ সৈতে উপভোগ কৰা সেই সজীৱ স্মৃতি
এতিয়াও বুকুত বান্ধি ৰাখিছো যতনেৰে
মোৰ যন্ত্ৰণাৰ হলাহল বিহ পাণ কৰাৰ পিছতো-
তুমি মোৰ আজন্ম প্ৰেম
বৈ আছা , বৈ থাকিবা হৃদয়ে হৃদয়ে।
—————————————
সপোন
দেবর্ষি গৌতম
সপোনবোৰ যেতিয়া চকুৰ পৰা সৰি পৰে
ৰাতিবোৰে উজাগৰী হৈ আমনি কৰে।
মানি লব নোৱাৰা বাস্তৱ বোৰক
বিচাৰি ফুৰো ৰাতিৰ অন্ধকাৰত
জানোচা বিচাৰি পাওঁ মৰমৰ ঠিকনা।
মিঠা সপোনবোৰে যেতিয়া আৱৰি ধৰে
ৰাতিবোৰো তেতিয়াই চুটি হৈ যায়।
আপোন পাহৰা হৈ বিলীন হৈ যাওঁ
সপোন বোৰৰ লগত
দিঠকে কাঢ়ি লৈ যোৱা অতীতবোৰৰ সন্ধানত।
অতীতবোৰত তিক্ততা থাকিলেও
সপোনবোৰে কিন্তু মিঠা হৈয়ে ধৰা দিয়ে
সজল দুচকুৰ সপোনৰ মাজত।
মনে মানি নোলোৱা বাস্তৱক বিচাৰি
মই আজি পথভ্ৰষ্ট হৈ ঘূৰি ফুৰিছোঁ
সপোনবোৰৰ মাজত মৰমৰ ঠিকনা বিচাৰি।
—————————————
অনাগত
অঞ্জনা ৰূপা দাস
সন্ধ্যাৰ চিকিমিকি পোহৰত
মোৰ পদূলি মুখত পদব্রজে আহি
উজুতি খাই পৰিল এজন মানুহ।
তেওঁৰ ফটা কামিজৰ ফাঁকেৰে
মোলৈ হতাশাৰ হাঁহিৰে
এমুঠি বালি চটিয়াই
মোৰ ৰ'দালিৰ চোতাল খন
ধূলিৰে ধূসৰিত কৰিলে।
মোৰ কম্পিত হাত দুখন
আগবাঢ়ি গ'ল অকপটে।
হঠাৎ উঠি বহি ল'লে
এভুমুকা দাড়িৰ ফাঁকেৰে
ঈষৎ হাঁহি বিৰিঙাই,
গহীন সেমেকা মুখখন
গোমা আকাশৰ মেঘ ফাটি
ৰঙীন হ'ল।
—————————————
কবিতাৰ জয়
প্ৰবীন চন্দ্ৰ তালুকদাৰ
কবিতাবোৰ ত্ৰস্তমান আজি
চকুৰে দেখা যেন পাইছে সৰিয়হ-ফুল,
লুকাব খুজিও ডেকা-গাভৰুৰ প্ৰেমৰ আচলত,
শান্ত কৰিব পৰা নাই হৃদয়,নিৰস সকলো,
প্ৰেমৰ নদীবোৰ শুকাই পৰাৰ উপক্ৰম আজি
সেউজীয়া মৰমবোৰ,মানৱতাভৰা উৰ্বৰ হৃদয়বোৰ
সকলো আজি বন্ধকত, স্থানকণো নাই জিৰণিৰ
জিৰাবলৈ এই সংকট কালত!
বিফল হৈছে নেকি বাৰু আজি কবিতা,
কাব্যৰসেৰে মোহিত কৰি বান্ধি পেলাবলৈ এচামক,
ধৰ-ধৰ,মাৰ-মাৰ কৈ যে খেদি আহে কেৱল,
হৃদয়বোৰ শিলেৰে গঠিত নেকি সিবোৰৰ ?
গলাব পৰা নাই কিয় পাষাণ হৃদয়বোৰ,
সুললিত ছন্দেৰে,ৰসেৰে আৰু সেউজীয়া প্ৰেমেৰে,
জয় কৰি অন্তৰবোৰ মানৱীয় গুণেৰে?
বিপদ কালতো কিয় আজি অসহিষ্ণু সকলো,
ত্ৰাণকৰ্তাকো কৰিব খুজিছে আচৰণ শতৰু
মানৱতা ৰক্ষায়ে যদি হয় শিক্ষাৰ মূলমন্ত্ৰ,
কিয় বাৰু হ’ব খোজে আজি ভুলুণ্ঠিত মানৱতা?
লুকাই নাথাকিবা আজি হেৰা কবিতা!
ওলাই আহা নিৰ্ভয়ে,চিঞৰা উচ্চস্বৰে,
জয় হ’বই কবিতাৰ,জয় হ’বই মানৱতাৰ,
আতৰাব লাগিব আপদবোৰ, ধৰাৰ বুকুৰ৷
—————————————
বিদ্ৰোহী প্ৰেমিক
ডাঃ বন্দনা তামূলী
মাতৃ পিতৃ হীনা মই
আপোন বুলিবলৈ যে
কোনোৱেই নাই
সকলো আজি স্মৃতিৰ গৰ্ভত
বহু বছৰ আগতে দিয়া
মাৰ লেফাফা খন খুলিম বুলি
পাগলাদিয়া নৈৰ মথাউৰিত বহি পৰিলো
কৈছিল
কেৱল মনত আছে বুজা হলে পঢ়িবি
হদয় মন প্ৰাণ ভাগ হৈ গ’ল
দেহ বচাবলৈ গৈ পলাই আহিছিলো
মৰিচিকাৰ পিছত
হৃদয় মন প্ৰাণ ভাগ হৈ গ’লে
বাচি থাকিব পাৰি জানো
হৃদয়ৰ সেই ভাল পোৱা ক’ত
মনৰ আনন্দ ক’ত
আৰু যে প্ৰাণৰ স্পৰ্শ
ঘৰ বান্ধিছানে
এবাৰ ঘৰ ভাঙিলে
আৰু ঘৰ হৈ নাথাকে
ইমান দুখ কষ্ট
হৃদয়ৰ ভাগ মন ও মৰমৰ ভাগ
লগতে যে প্ৰাণৰ ভাগ
এই ভাল পোৱাৰ তুমি প্ৰতীক
আৰু মই
এই ভাল পোৱাৰ বিদ্ৰোহী প্ৰেমিক ৷
—————————————
বিশ্বাস
বৃষ্টিশিখা দত্ত
কেনেকৈ ভাবিব পাৰিলা
অনুভববোৰ মাজতে
লিখাজনৰ বাস্তৱ জীৱন!
বোধহয় তুমি বৰ ব্যস্ত
কথাবোৰ গৰকিবলৈ সময়ে নহ'ল
সেয়ে তপৰাই কলা
নষ্ট চৰিত্ৰৰ নষ্ট কবি।
ৰৈ যোৱা ক্ষণিকৰ বাবে
চোৱাচোন নীলিমৰ বিশালতা
শুকুলা মেঘৰ ফাঁকে ফাঁকেও ধূসৰতা
তথাপিও নাই বিষাদৰ ছাঁয়া।
কানপাতি শুনাচোন
অৱহেলিত,প্ৰতাৰিত জনৰ
কিম্বা একাকীত্বৰ অব্যক্ত বেদনা
শুনিবা তুমিও।
মেলি দিয়া বন্ধ কুঠৰিৰ ৰুদ্ধ দুৱাৰ
জলঙাৰে সোমাব এচেৰেঙা ৰ'দ
হৃদয়ৰ পৰা হৃদয়লৈ!
ভাবিছিলো বন্ধু তুমি কবিতাৰ
পষ্টমৰ্টেম ৰিপৰ্টত মিছা আহিল
হেৰাই যোৱা সূৰ্য পাব পাৰি
কিন্তু বিশ্বাস?
—————————————
নীলা আকাশৰ নীলাঞ্জনা
খুকুমণি মুদৈ দাস
নীলা আকাশৰ
নীলাঞ্জনা
শুনাচোন
শিলবোৰ নিজৰা
হোৱা হ'লে
মৃত শিল পমি
বাৰ্তালাপত
নিমগ্ন হ'লহেঁতেন
উজাগৰী ৰাতি
অন্তৰৰ শিলাখণ্ড
ভেদি
আকাশ চুব
পাৰিলেহেঁতেন
মৃত শিলত
ফুলি থকা
জুই ফুল পাহে
হৃদয় উজাৰী
নিমগ্ন হ'লহেঁতেন
নীলা আকাশৰ
নীলাঞ্জনাৰ
সৈতে ।
——————————————————
নোৱাৰো
(দুলড়ী ছন্দৰ সহায় লৈ)
ৰমেন চন্দ্ৰ বৰ্মন
'নোৱাৰো' বুলি কৈ ভৰিত ভৰি থৈ
নাথাকিবা ভাই বহি,
কৰ্ম অবিহনে অসাৰ জীৱনে
মৰিবা পিছলৈ দহি!
এইটি জীৱন কৰ্মৰে দৰ্পণ
তাৰ বিনে নাই চিন,
প্ৰাপ্তিৰ শৰাই কৰ্মেৰে বগাই
আনে মৌমিঠা সুদিন!
যদিহে 'নোৱাৰো' এৰিব নোৱাৰোঁ
উদ্দেশ্য নহ’ব পূৰ,
জীৱন অথলে যোৱা বুলি ক’লে
মূলসুঁতি হ’ব দূৰ!
লাগিব কৰিব লাগিব যুঁজিব
"নোৱাৰো’ৰ মান নাই,
আনৰ আশাত বিভ্ৰম দুহাত
থাকিবা উচপিচাই!
হেনজানি ভাই সাহস গোটাই
'নোৱাৰো' নক’বা আৰু,
চেষ্টাৰ ফলত মান শিখৰত
সাৰ্থক জীৱন বাৰু!
———————————————————
0 Comments