—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
ফেচবুক সাহিত্য চৰ্চাৰ সাম্প্ৰতিক ঘটনাৰাজিয়ে যথেষ্ট উদ্বিগ্ন কৰি তুলিছে। সাহিত্য চৰ্চাৰ সামাজিক মাধ্যমৰ এই ধাৰাটোলৈ হঠাতে বহু পৰিবৰ্তন আহিল। ২০১৫-২০১৬ চনত অসমতো ফেচবুকৰ সৎ ব্যৱহাৰ কৰি সাহিত্য চৰ্চাৰ গোট কেইটামানৰ জন্ম হৈছিল। মূলতঃ কবিতা কেন্দ্ৰীক। সেই গোটবোৰৰ জৰিয়তে নবীন -প্ৰবীণ সকলোৱে কাব্যচৰ্চা কৰিবলৈ ল’লে। সমগ্ৰ অসম জুৰি এক সুস্থ কাব্যিক পৰিৱেশ গঢ়ি উঠিল।গভীৰ কাব্য সাধনাত বৰ্তী সকলে কম দিনৰ ভিতৰতে এই ফেচবুক ব্যৱহাৰ কৰি নিজাকৈ পৰিচিতি পাবলৈ সক্ষম হ’ল। তেখেতসকলৰ কবিতা ,মান্য কাকত আলোচনীত প্ৰকাশ পাব ধৰিলে। লাহে লাহে গোটবোৰৰ সংখ্যায়ো শতকৰ ঘৰ চুলে।
কবি সন্মিলনবোৰৰ সংখ্যা বাঢ়িব ধৰিলে।কবিৰ সংখ্যা আশাতীত ভাবে বাঢ়িব ধৰিলে।কিন্তু পাঠকৰ সংখ্যা তীব্ৰগতিত কমি গ’ল।
বৰ্তমান অসমত কবিয়ে কবি।কিন্তু পাঠক সেই অনুপাতে তেনেই নগন্য।
নিতৌ নতুন নতুন গোটৰ জন্ম হৈ আছে । নতুন নতুন কাব্য সন্মানৰে বিভূষিত কৰা হৈছে। নতুনকৈ কাব্যচৰ্চাকাৰী সকলকো বিভিন্ন বঁটাৰে বিভূষিত কৰা হ’ল। নবীনসকলৰ বেছিসংখ্যকে বঁটা বাহনৰ পাছত দৌৰিবলৈ লাগিল। সাহিত্য জগতত প্ৰতিষ্ঠাৰ বাবে প্ৰশংসাৰ প্ৰয়োজন,কিন্তু অত্যধিক তোষামোদে যথেষ্ট ক্ষতি কৰাহে দেখা যায়। আমি সকলোৱে জনপ্ৰিয়তা বিচোৰো,স্বীকৃতি বিচাৰো।এয়া ধ্ৰুৱ সত্য। কিন্তু চৰ্চা,সাধনা ,
অধ্যয়নৰ অবিহনে সস্তীয়া জনপ্ৰিয়তাৰ পাছত দৌৰাতো অনুচিত। ভাল কামৰ স্বীকৃতি এদিন নহয় এদিন পোৱা যাবই।
সেয়ে ডিজিটেল মাধ্যমক অপপ্ৰয়োগ কৰি সস্তীয়া জনপ্ৰিয়তাৰ ধামখুমীয়াত উটি নগৈ ,
একাগ্ৰতা,নিষ্ঠা,অধ্যয়নৰ জৰিয়তে সাহিত্য সাধনাত ব্ৰতী হৈ থকাটোহে শ্ৰেয়।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
ভাষাৰ ছাতৰশালি
[ মাতৃভাষাটো শুদ্ধকৈ কওক, লিখক আৰু, নিজকে চহকী কৰি তোলক]
পাঠদান : - ভাষাৰ ছাত্ৰৰদ্বাৰা, বিনামূলীয়াকৈ।
[ নমুনা : (ক) বাংলাৰ 'ব়ববাব়'ৰ দৰে, অসমীয়াত 'ৰবিবাৰ' বোলা শব্দ নাই ; আছে -- দেওবাৰ > দেওবৰীয়া।
(খ) হিন্দীৰ অনুকৰণত ('বহুত আচ্ছা', 'বহুত খুচ') 'বহুত ভাল... 'ৰ সলনি -- বৰ / খুব / বেছ ভাল...। (গ) হিন্দীৰ 'তো', ইংৰাজীৰ So ৰ পৰিৱৰ্তে -- অসমীয়াত 'সেয়ে', 'গতিকে' ]
বয়সৰ সীমা : মাত ফুটি ওলোৱাৰেপৰা -- মাত এটি অস্পষ্ট হ'বলৈ লোৱাৰ আগলৈকে।
অৰ্হতা : আগ্রহ।
শ্ৰেণীকোঠা : নিজৰেই সুবিধাজনক ঠাই।
নামভৰ্তি : জীৱনৰ অন্তিম দিনপৰ্যন্ত। শুল্কবিহীন।
সংস্থাপন : শুৱলাকৈ কোৱা আৰু নিৰ্ভুলকৈ লিখাত -- ১০০ শতাংশই আত্মনিয়োগৰ নিশ্চিতি।
যোগাযোগ : 'গৰীয়সী', 'প্ৰান্তিক' আদি আলোচনী অথবা, আন কাকত আৰু ফে'চবুক।
[ পঢ়াশালিখনৰ প্ৰাৰ্থনা :
ভাষাৰ প্ৰাণ-স্পন্দন : এটা জাতিৰ হৃদ-স্পন্দন ]
———————————————————————
অনুবাদ কবিতা
Poet Tanjusa
Koria
river
carrying the sky
to the sea
কোৰিয়ান কৱি তঞ্জুচা
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
নদী
আকাশক বুকুত সাৱটি
সাগৰত বুৰ মাৰে...
———————————————————
কবিতা
আক্ষেপ
সঞ্চিতা বৰা
মই স্মাৰ্ট
মাছ বিলাহী ভাল ৰান্ধো
ফু মাৰি ভাত খাব পৰা কৰি থওঁ চোতাল ঘৰ
সেইবাবে মই স্মাৰ্ট
হাতে পোৱাতে সব যতনাই থওঁ
সেইবাবেও মই স্মাৰ্ট
বৰফৰ লাডুৰ মাজত
মই ফ্ৰোজেন মটৰৰ সেউজীয়া
আঞ্জাত জুতি তুলিবলৈ ভাল
দেখিবলৈও
চকুত আঙুলি দি দেখুওৱা
কিমান কি হ’ব পৰাৰ সাধ্য আছে
কোনোদিনেইতো নুসুধিলা
কি হ’বলৈ ভাল পাম।
—————————————————
খুন্দনা
ৰূপজ্যোতি গগৈ
খুন্দা তামোলৰ ভৰপক সুবাসত
খুন্দ খাই থাকে মৰম
আইতাৰ হেঁপাহ আৰু ককাইদেউতাৰ আশ্বাস ভৰসা
গঢ়ি পিটি থনধৰি উঠে খুন্দনা।
টিপচাকিৰ পোহৰ
পুহমহীয়া ঠেটুৱৈ ভঙা বাঁহৰমূঢ়াৰ জুহালত
টকটকাই ৰজন জনাই থাকে খুন্দনা
আঘোণীয়া চোতালৰ এবেগেতীয়া ৰ'দ
সাধুশুনা সন্ধিয়াৰ মোক্-তোল মোক্-তোল মৌচাক
চাপি কুঁচি আহে নাতি-পুতিৰ জাক
খুন্দনা
তোৰ কঁকালৰ চিপলগা ভাঁজত
বান্ধ খাই আছে
শেষ নোহোৱা গৰখীয়া কথা
সেলেঙি লগা ওঁঠত পাকলগা
মৰম আবিৰতা
আবেলিৰ বেলি শেষ হৈ অহা
জিকাফুলা নিজম বেলা
তই ৰৈ ৰৈ কিয় বাজ খুন্দিয়াই খুন্দিয়াই বুকুৰ বেহেলা
খুন্দনা!
ককা-আইতাৰ ফুলাম হাঁহিৰ সৈতে
তয়ো শুই আছ
ঢেকীঘৰৰ নিজম মজিয়া!
—————————————
দৌৰ
দাদুল ভূঞা
দৌৰিছোঁ কেৱল দৌৰিছোঁ
ভাগৰ নলগালৈকে দৌৰিছোঁ
উশাহ থকালৈকে
এন্ধাৰ ফালি খান্দিছোঁ
ওঁঠত কঢ়িয়াই
জ্যামিতিক চিত্ৰকথাৰ মেহফিল
সৰলৰেখা নে বক্ৰৰেখা গৈ থকা বাট
যাবা নেকি তুমিও
বুটলি আনিবা নেকি
ঢলি পৰা সূৰ্য
একুৰিয়ামত নাচিবলৈ দুটা ইলেক্ট'নিক মাছ।
—————————————
ভ্ৰমণ
তৃষ্ণা নেওগ বৰুৱা
প্ৰতিদিনেই নিজৰ পৰা নিজলৈ উভতো
পুৱা অথবা সান্ধ্যভ্ৰমণৰ দৰে
শূন্য হাতত তুলি আনো ৰ’দৰ ফুল
দুভৰিত সহস্ৰযোজনৰ ধূলি
জ্ঞাতে বা অজ্ঞাতে প্ৰতিদিনেই কৰোঁ
স্ব-নিৰ্বাসনৰ আয়োজন
আঁৰকাপোৰৰ আঁৰত বোধৰ বেলি
মোৰ মুখত কাৰ মুখা
হাতত কাৰ বাবে ফুলৰ তোড়া
সন্তোষৰ সন্তাপত দহিছোঁ বাৰে বাৰে
কাক বুজাওঁ ঠাৰে-চিঁয়াৰে
নিজৰ পৰা নিজলৈ ওভতাৰ কি যন্ত্ৰণা !
—————————————
তোমালোকৰ ভাল হওক...
ইলামণি শইকীয়া
তেওঁলোকক
গোন্ধাই থকা ৰাতি এটাৰ কথা কৈছিলোঁ ৷
তেওঁলোকক হেৰাই যাব পৰা কাহিলী পুৱা এটাৰ কথা কৈছিলোঁ ৷
নকওঁ নকওঁ বুলিও কৈ পেলাইছিলোঁ
কত যন্ত্ৰণাৰ পাছত, কত এন্ধাৰৰ বেহু ফালি
উদিত হয় ন সূৰ্য৷
তেওঁলোকৰ চকুবোৰে তিৰ্বিৰ কৰিছিল৷
কোনোদিন নেদেখা পোহৰৰ বাট এটা বিচাৰি ভৰিবোৰ অস্থিৰ হৈ উঠিছিল৷
তেওঁলোকে কোনোদিন কথা পাতি পোৱা নাছিল নিজৰ সৈতে৷
কোনোদিন বুজি উঠা নাছিল
জীৱনৰ পৰা তেওঁলোকে কিবা বিচৰা উচিত৷
আইৰ সমতল বুকু
বোপাইৰ কোটৰত সোমোৱা চকু ভেদি
তেওঁলোকে চাবলৈ শিকা নাছিল ভিতৰত লুকুৱাই থোৱা ভৰুণ সূৰ্য এটাৰ উঁহ৷
সকলো উশাহতে এটা জীৱন থাকে
অথচ সকলো জীৱনত উশাহৰ উদ্যাপন হয়তো নাথাকে!
উশাহবোৰ জীয়াই থকালৈকে,
উশাহবোৰ মানুহ থকালৈকে৷
উশাহে টানি ফুৰা তেওঁলোকৰ জীৱনবোৰলৈ হাত দুখন মেলি দিলোঁ৷
ৰাতিবোৰ গোন্ধাই থাকক তেওঁলোকৰ
থমকি নোৰোৱা সপোনৰ গোন্ধেৰে৷
দিনবোৰ গোন্ধাই থাকক তেওঁলোকৰ
তেজাল সূৰ্যৰ শত সহস্ৰ আশীৰ্বাদৰ ৰঙেৰে...
(বি.দ্ৰ. অষ্টম শ্ৰেণীৰ বিদায়ী ছাত্ৰ-ছাত্ৰীসকলৰ লগত সৌ সিদিনা শ্ৰেণী কক্ষত পতা কথাবোৰকে লিখিত ৰূপ দিবলৈ চেষ্টা কৰিলোঁ৷)
—————————————
য'ত মই নাই
গিৰিজা শৰ্মা
প্ৰাত্যহিকতাত জুলিছে জীৱন
চাবিতে চলন
লৌহবৰ্ম সম বাস্তৱ চিত্ৰায়ন
ঘড়ীটো খেদি ঘৰ সোমাওঁতে বেলি মৰে
অভাৱৰ দুনীয়াত "আমোদ" আওমৰণ।
ৰৈ গ'লা "তুমি"
তোমাৰ প্ৰেম
এনে কি চালিকা শক্তি
বাসনাৰ অভিধাও হ'ব পাৰেনে জীৱন!
মৌপিয়া মন
অহৰ্নিশ আত্মহনন
তাঁৰ চিগা তাড়নাৰ যতিহীন গতি
আশ্বৰ্য প্ৰকৃতি
আৰণ্যক অৱসাদ জাৰি-জোকাৰি
সময়ৰ বুকুৰ থূপ খোৱা অভিমানো মম হৈ গলে
অসম্ভৱ ব্যাখ্যায়ন
এই যে ঘড়ীটো খেদোঁ
শুই পৰা সময়ৰ কবৰত নিৰৱে উচুপোঁ
ইমানৰ পিছতো
প্ৰতিযোগিতাৰ সীমাৰেখাৰ সিপাৰে
স্থবিৰ কোনো এটা বিন্দু
য'ত মই নাই
নাই মোৰ কুকুৰ দৌৰ
অকাৰণ আস্ফালন
অথবা
শূন্যসাৰ সমীকৰণ।
—————————————
শিখা
ইপুল হুছেইন
আকাশৰ নীলাৰ দৰেই
শিখাৰ তলৰ নীলা
আকাশৰ নীলাই প্ৰসাৰিত কৰে সাগৰৰ বাসনা অসীম
অনলৰ নীলাই সংকোচিত কৰে পোহৰৰ আলিঙ্গন প্ৰেম
অৱধাৰিত আছিল জ্বলি যোৱাৰ পিছৰ এন্ধাৰ
দহনৰ নিচাত ক্ৰমশঃ মাতাল হৈছে নিশা
ছিটিকি পৰিছে উশাহ
জীৱনৰ নীলা বিয়পাই আকাশ পমিব তেজৰ গানত
ছাই হোৱা পোহৰৰ নাম ঈশ্বৰ নহয়
বহুবাৰ কৈছোঁ এন্ধাৰৰ প্ৰতিশ্ৰুতি প্ৰিয় নহয়।
—————————————
পেণ্ডুলাম
চন্দনা ভাগৱতী
নিজান ৰাতিৰ শংকা
বাৰে-বাৰে মুখামুখি হওঁ আন্ধাৰৰ
উভতি আহিব খোজোঁ
হামখুৰি খাই পৰোঁ....
সন্মুখত,
এখন নদী,এখন পাহাৰ,এখন সাগৰ
এজনী চৰাই হোৱাহেতেন
হেলাৰঙে পাৰ হ'লোহেতেন
ইপাৰৰ পৰা সিপাৰ
সময়ৰ নাও
চুম নে নুচুমকৈ
পানীত প্ৰতিবিম্বিত হওঁ মই
দূৰৈত এটি চৰাইৰ মাত
যেন,নতুনৰ আৱাহন ।
—————————————
দুঃসময়ৰ কবিতা
নাৰায়ণপুৰৰ নাৰায়ণ
দেৱ দাস
নদন বদন নাৰায়ণপুৰ
সুন্দৰ মানুহবোৰ
বেৰাশীৰ আন্দোলনে খালে
সুতখোৰ নাৰায়ণ
থাউনি নপোৱা হ'ল মানুহবোৰ
নাৰায়ণৰ
চয়তানী গ্ৰাসত
ভেটি মাটি উচন
বেয়াকৈ পৰিল নাৰায়ণপুৰ
আটাইয়ে নাৰায়ণনক এঘৰীয়া কৰিলে
দিন সমানে নেযায়
নৰীয়া পাটিত
নাৰায়ণৰ প্ৰাণ
নাৰায়ণপুৰৰ
মানুহৰ ওচৰত
আঠুলৈ ক্ষমা ভিক্ষা
মৃত্যুৰ পিছত মৰাশটোনি
নৈৰ পাৰত
নচচা শূলতথৈ
পাপৰ প্ৰায়চিত্ত বিছাৰি নাৰায়ণ
নিচলা
নাৰায়ণপুৰৰ মানুহ
নাৰায়ণপুৰৰ মানুহৰ কথা ইচ্ছাই কাম
মৰাৰ পিছত
নাৰায়ণৰ মৰাশ
গঞাই নচচা শূলতথৈ উভটিছেহে
আইনৰ ৰোষত নাৰায়ণপুৰ
পুলিচ মিলিটেৰীৰে নাৰায়ণপুৰ
নাৰায়ণপুৰ বাসি
জেল হাজোতত এথোন
—————————————
চেঁকুৰা বন্ধা তেজৰ হাঁহি
সুশান্ত দাস
বিবুদ্ধিত পৰা খেতিয়কৰ গাঢ় পিপাসু চকুৰ মণিটো
ৰৌদ্ৰস্নাতা গোলাপৰ দৰে জিলিকি উঠিছিল
যিদিনা সময়ে চেঁকুৰ মাৰিছিল
বিবসনা হৈ...
মোৰ অন্তঃকংকাল জুৰুলি-জুপুৰি হৈছিল
বিধ্বস্তৰ অক্ষিদ্বয় দেখি...
আচলতে,
খেতিয়কৰ দুঃখ কি ?
মৃত্যুঞ্জয় মন্ত্ৰটো কোনেও নাজানে...
তথাপিও অস্তিত্বৰ প্ৰসংগত
তেওঁলোকে পানী কৰা তেজৰ বন্ধ্যাকৰণ ঘটি,
গঢ়ি উঠে তেজী ঘোঁৰা
বছৰে বছৰে
নিৰ্বাকে !
“শ্বহীদ কোন” – প্ৰশ্নটিৰ উচ্চাৰণত ফুটি উঠে
ঘূণে ধৰা মানৱতাৰ ফোপোলা ছবি,
আৰু কবি ?
লিখোঁতে লিখোঁতে হয় কুন্ধচ কুৰূপী
কাৰণ লিখে বিদ্যমান সত্যৰ বাবে
নিঃস্বাৰ্থে
সুদখোৰ জমিদাৰে এখন ইস্পাতৰ হৃদয় লৈ
ধোৱে খেতিয়কৰ তেজৰ চোলা
কিজানিবা পাই সোণৰ টুকুৰা...
হেৰৌ, সময়ে ধুব সকলো
জমিদাৰ মহাজনৰ দোষ স্বীকাৰ কৰাব সময়ে,
ইস্পাতৰ হৃদয় গলাব দুখীয়াৰ মমতাৰে,
কিন্তু ন্যায় পাব জানো
মানৱতাই !
পাব জানো ন্যায় তেজী চোলাৰ সেউজীয়াই ?
সকলো এদিন মৰিব
কিন্তু কোনোবাই জানো দিবহি সান্ত্বনা
অকপটে জ্বলা খেতিয়ক
ন্যায়াগ্নিত,
নিশ্চুপে নিশ্চয় থাকিব সকলো
সকলো প্ৰসঙ্গ কৰি লৈ কাতি
আৰু
নিভৃতে জ্বলিব সোণগুটিৰ আধুনিক পথাৰত
অথবা শ্বহীদ বেদীত,
চেঁকুৰা বন্ধা তেজৰ হাঁহি ।
—————————————
সেমেকা ৰাতিৰ গান
লোকেন্দ্ৰ হাজৰিকা
তেতিয়াও ৰাতি শেষ হোৱা নাছিল
মাথোঁ নিশান্তৰ কঁপনি উঠিছিল
বুকুৰ কামিহাড় লেখি লেখি
অৱসন্ন দেহৰ ভাৰসাম্য
ফুটপাথ অথবা অ'ভাৰব্ৰিজৰ এচুকত
এটুকুৰা ফটা মলিয়ন কাপোৰে ঢাকিব নোৱাৰা
অৰ্দ্ধনগ্ন গাভৰু পৃথিৱীৰ বুকুত তেতিয়া
এজাক ভোকাতুৰ কুকুৰৰ নখাঘ্ৰাত
হাড় কঁপোৱা জাৰ
লানি নিছিগা পৰুৱাৰ সমদল
আৰু এজাক উদঙীয়া কুকুৰ
জোনাকী পৰুৱাটোৱে তেতিয়াও
শেষ চেষ্টা কৰিছিল পোহৰ দিবলৈ
এচাটি সেমেকা বতাহে আহি
হঠাতেই কঁপাই তুলিছিল
আগলতি কলাপাত
আৰু উৰুৱাই নিব খুজিছিল
ডাষ্টবিনত পৰি থকা
অফিচৰ পৰিত্যক্ত কাগজৰ টুকুৰা
আৰু পাটগাভৰু পৃথিৱীৰ
বুকুৰ আঁচল।
—————————————
তুুমি
চয়নিকা ভূঞা
সময় তোমাৰ আছিল
ৰ'দবোৰো তোমাৰেই নামত
ৰং বুটলি বুটলি
নীৰৱতাৰে সেইদিনা
বহু কথাই পতা হৈছিল
পকী বেৰত ঠেকা খাই
লাজত ৰঙা-চিঙা পৰা
কথাত বীণাৰ সুৰ
এক অনাৱিল সুখত
তৃষ্ণাতুৰ দুটি আত্মা
সমস্ত সত্তাৰে
মই মাথো পি থ'লো
পলে পলে বাঢ়িছিল সময়ৰ দৈৰ্ঘ্য
ক্ৰমাত চুটি হৈছিল
পৰিসীমাৰ ব্যাসাৰ্দ্ধ
উশাহত প্ৰশান্তি
নিশাহতো একেই শান্তি
কথোপকথনৰ
বিষয় বস্তু
"ভালপোৱাৰ গান" ।
—————————————
বিহ-গছ
ৰমেশ চন্দ্ৰ ৰায়
বিহ-গছ এজোপা
তাৰ পাছত আৰু এজোপা
গঢ়ি উঠিছে বিহ-গছৰ এখন অটব্য হাবি
উশাহ নাপাই মৰা মানুহবোৰে কেনেবাকৈ উশাহ পালেই বিহ-গছেই ৰুৱে
আৰু উশাহ নাপাই মৰে পুনশ্চ
মৰা মানুহে বিচাৰি আছে
বিহ-গছ নুৰুৱা মানুহ
মৰা মানুহৰ মাজত
—————————————
শিল্প
ৰমেন দাস
শব্দে শব্দে উদ্যত শিল্প
ৰঙে ৰঙে ৰূপে ৰূপে শিল্প
কথাত , সুৰত , কৰ্মত শিল্প
নৈসৰ্গিক অনুভূতিও ভাৱনাত শিল্প
শিল্পৰ কাৰিকৰ শিল্পী
শিল্পীৰ শিল্পবোধ অভিপ্ৰায়ৰ সুফল
প্ৰাপ্তিয়ে কঢ়িয়াই আনে আনন্দ বিমল
তেনে খনিকৰেই হ'ল আজন্ম শিল্পী
দেশ-কাল-সমাজ বিয়পি বিবিধ স্বৰূপ
নহ’লে—
তেনে সংবেদন সৃষ্টিৰে আনা নৱৰূপ ৷
—————————————
নৈত বুৰ যোৱা বেলি
ৰেখা বৰকটকী
তেজৰঙা বেলিটো
হামখুৰি খাই নৈৰ বুকুত পৰোতে
ডাৱৰবোৰ চৌদিশে চিটিকিল..
আঘাত পোৱা বেলিটোৰ নীৰৱে উচুপনি!
আচম্বিতে সৰি পৰা হালধীয়া বাসনাবোৰে নৈৰ পানীবোৰ পী খালে
তাকে দেখি
পানী -মেটেকাই সৈ কাঢ়িলে
অনুশোচনাই কোঙা কৰি পেলোৱা
নৈখন শব্দহীনতাৰে বৈ থাকিল
সমগ্ৰ আকাশে ৰ'দৰ চোলা খুলি
নৈকে আপোন বুলিলে
বৰষুণ পিন্ধা ঢৌবোৰৰৰ
লুটি বাগৰত আকাশী অমিয়া সপোন
লাজত ৰঙা -চিঙা পৰা নৈৰ মুখত যেন আদিম উলাহ..
উদ্দাত্ত কণ্ঠে গোৱা নৈৰ আৱাহনী গীতবোৰ ..বৰ মদিৰ বৰ মিঠা..
দুবৰি দলিচাত পৰি বন -বিহঙ্গই
আনন্দতে ৰাউচি জুৰিলে...
বেলিটো নৈতে সপ্ৰতিভ হ'ল
প্ৰণামিলে কৰযোৰে...
নিমাতে বৈ থকা প্ৰৱাহিনী
তুমি যে জীৱন দায়িনী...
—————————————
অসম্ভৱ
পৰাগ তামুলী
লাগ বুলিলে
কেচুৱাটোয়ে কান্দি কান্দি
মাতৃ দেহৰ
অমৃত পান কৰিব পাৰে।
সৰু ল'ৰাটোৱে কান্দি
খেলনা গাড়ী বা পুতলাটো
বাপেকৰ পৰা
সৰকাব পাৰে।
চকুপানী নিগৰাই
প্ৰেমিকাই গোটাব পাৰে
অলেখ গুপুত সম্পদ।
অকৰা ঘৈণীয়ে
চকুপানী উলিয়াই
টিভি, ফ্ৰিজ,
সোণৰ গহনা
বা গাড়ীখনো
পৈৰ পৰা
আদায় কৰিব পাৰে।
চকুপানী টুকি
সকলো পাব পাৰি।
কিন্তু হিয়া ঢাকুৰী
সকলোৱে কান্দিলেও
শ-টোলৈ
জীউ আনিব নোৱাৰি।
——————————————
বুঢ়ীদিহিং
প্ৰাঞ্জল কুমাৰ নাথ
বুঢ়ীদিহিং বুঢ়ী হ’লি
ব্ৰহ্মপুত্ৰত পৰিলি,
হাজাৰ প্ৰজাৰ নাট-ভাওনাৰ
তয়েই অন্ত পেলালি ৷
মাটি-বাৰী গ’ল
খেতি-বাতি উচন হ’ল,
জীৱনযুঁজত জয়-পৰাজয়
তোৰ আগতেই দেখা গ’ল ৷
কৃষককাইটিৰ হা-হুমুনিয়াহ
কিমান গুজিবি বুকুতে,
জীয়া কলিজাৰ সঁচা কাহিনী
কিমান সাঁচিবি গুপুতে ?
ফাকিয়াল গাঁৱৰ খেনলং ডেকাৰ
জীৱন-যৌৱন কাঢ়িলি,
তথাপিও তই আজীৱন বৈ
(নিজকে) ব্ৰহ্মপুত্ৰত সঁপিলি ৷
—————————————
তুমি মোৰ বাবে এটা কবিতা হ’ব নোৱাৰানে
ফাৰুল হুছেইন
তুমি মোৰ বাবে এটা
কবিতা হ’ব নোৱাৰানে?
যাৰ তলিৰ পৰা উলিয়াই
আনিব পাৰি ন-ন শব্দৰ
বুটাবছা ৰূপ৷
তুমি মোৰ বাবে গান
হ’ব নোৱাৰানে
যাৰ বুকুত অৱগাহন কৰি
জীৱনটো সজাব পাৰি
সুৰৰ ন-ন ছন্দেৰে৷
তুমি মোৰ বাবে কৃষ্ণচূড়া
হ’ব নোৱাৰানে যাৰ ৰঙীনতাত
ডুব গৈ বিষাদী হৃদয়
কৰিব পাৰি ৰঙীন৷
তুমি মোৰ বাবে হ’ব
নোৱাৰানে উতনুৱা ফাগুন
যি উৰুৱাই নিব পাৰে
হৃদয়ৰ সমস্ত বিষাদতা
বাকি দিব পাৰে এসাগৰ
পলাশী আবিৰ হৃদয়ৰ
আঁহে আঁহে,পাহে পাহে৷
—————————————
সতেজ শুভ্ৰতা
প্ৰাণপ্ৰতিমা বড়া
গৰবী মনৰ এসাজ পোছাক পিন্ধিলো
অনিত্য চিন্তাৰে বুটাবছা
সাজযোৰৰ ৰঙ তেনেই মদৰুৱা
জীৱনৰ বিয়লিবেলাত
বুজি উঠিলোঁ
সাজযোৰৰ ভৰেই সহিব নোৱাৰা হ’লোঁ
এপদ দুপদকৈ মই মোৰ পৰা আতঁৰি আহিলোঁ
মনৰ ভিতৰত মদৰুৱাই ৰং সলালে
মদৰুৱাৰ ঠাই ল’লে সতেজ শুভ্ৰতাই।
—————————————
অপমৃত্যু
ৰিংকুমণি বড়া
এটা শ হৈ
ওফন্দি উঠিছোঁ মই
তেজবোৰ ক্ৰমাৎ পানী হৈ বৈ গৈছে
উৎকট গোন্ধ এটাই
আঘাত কৰিছে চৌপাশ
মোৰ খোলা চকুজুৰিয়ে
এটি শীতল দৃষ্টিৰে
বিচাৰি চলাথ কৰিছে মানৱতা!
কিন্তু নাই,
মানুহৰ পৃথিৱীৰ মানৱতাবোৰ
এতিয়া, এটা জীয়াই মাছৰ দৰে চটফটাব ধৰিছে
ডিজিটেল পৃথিৱীত...!
লাইক, কমেন্ট, শ্বেয়াৰ আৰু টি আৰ পিৰ ভোকে
গ্ৰোগাসে গিলিছে মানৱতাক...!
এটি নিঠৰ শৰীৰ লৈ
মই মাথোঁ পৰি ৰৈছো
এটা খৱৰ হৈ...
ঘুৰি ফুৰিছো ইটোৰ পাচত সিটো প্ৰফাইল...!
কৃত্রিম দুখত মৰ্মাহত সকলো...
কোনে কিমান দুখ লগাকৈ কেপচন লিখিলে
ভিওৱাৰ্চৰ পাল্লাখন গধুৰ হব
তাৰ অঘোষিত প্ৰতিযোগিতাত
হয়টো সকলোৱে পাহৰিয়ে পেলাইছে যে
মানুহৰ পৃথিৱীত মানুহেই তিল তিলকৈ
হত্যা কৰি আছে মানৱতাক...!
ন্যায়ৰ আশাত কতজনে
মৃত্যুৰ সিপাৰেও হাহাকাৰ কৰিছে...
ক্ষমতা আৰু লালসাত মত্ত হৈ
আমি পাহৰি পেলাইছো.... জীৱনৰ সীমাৰেখাডালৰ কথা
আজিৰ পৃথিৱীত মানৱতাৰ মৃত্যু ঘটিছে!
—————————————
ৰংমন,ৰাধাচূড়া,নয়নতৰাৰ নামত
তিনিটা প্ৰেমৰ স্তৱক
জাহ্নৱী হাজৰিকা
১.
বহু দিনৰ মূৰত ৰংমনক লগ পালো।
বৰপুখুৰীৰ পাৰৰ কেতেকী জোপাৰ কাষত
"ভালে আছনে তই",সুধিছিল সি।
"চলি আছো", মোৰ উত্তৰ।
"পঢ়া শুনা কৰি আছ'"?সুধিছিল সি।
পোন্দোৱাকৈ চাইছিলো তাৰ ফালে।
অথচ সি তাৰ অৰ্থ বুজাই নাছিল
নে জানিও নজনাৰ ভাও ধৰিছিল
মই ধৰিব পৰাই নাছিলো।
মইনো তাক কেনেকৈ কওঁ যে
তই ডাকত মোলৈ মোৰ প্ৰিয় উপহাৰ
ভাল লগা কিতাপখন দিবি দিবি বুলিয়েই
বহুদিন ডাকোৱালৰ কাষ পালোগৈ।
ডাকঘৰৰ বাৰাণ্ডাত পৰ দিলোগৈ।
নাই,তোৰ কোনো খবৰেই নাই!
মোৰ নামত পাৰ্চেল নাই।
হাঁহি উঠিল মোৰ!এৰা,ভাবিহে থাকিলোঁ...
কম বোলা কথাষাৰ হলে কব নোৱাৰিলোঁ।
২.
জীৱনৰ দেওনা এখন পাৰ হোৱাৰ
বিশেষ দিন আছিল সিদিনা।
হাতত এথোপা ৰাধাচূড়া।
তেতিয়ালৈ তাই মোলেই নুবুজে সোণাৰু অথবা ৰাধাচূড়াৰ।
ৰাধা তাই..হাতত চাগে সেয়ে সেইদিনাও ৰাধাচূড়াই আছিল।
বুজোৱাৰ ভাষা নাই।
কবলৈ একো নাই।
কিয়নো ৰাধাৰ প্ৰেমত বাৰে বাৰে পৰে গকুলৰ কানাই!
৩.
হাতৰ মুঠিৰে সৰকে নয়নতৰা সুবাস।
সকলো থাকিও এক বিৰাট শূন্যতা নয়নতৰাৰ।
আনৰ দৃষ্টিত তাই সুবাসহীন,গোন্ধহীন।
তথাপি নয়নতৰা ফুলে গুলপীয়া হৈ পাত নেদেখাকৈ।
আদৰহীন হলেও
ৰঙা গোলাপৰ সতে ফেৰ মাৰিব নোৱাৰিলেও
প্ৰেমিকালৈ দিয়া মৰমৰ প্ৰস্তাৱটোৰ অংশীদাৰ হব নোৱাৰিলেও
প্ৰতি সময়ত ঈশ্বৰৰ পূজাত
হাত উজান দিব পৰাকৈয়ে যেন জন্ম লৈছে নয়নতৰাই।
নয়নতৰাই আজিকালি হাঁহে।
আৰু তাইৰ হাঁহিত পমি যায়
আকাশ-বতাহ লগতে ঘূৰণীয়া পৃথিৱী।
—————————————
মূৰ্খ পণ্ডিত
ৰূপা গগৈ
মগজুত কাউৰীৰ বুদ্ধি
মুখত কুলিৰ মৌ-মিঠা মাত
দুই হাত,দুই ভৰি আৰু
আছে পঞ্চ ইন্দ্ৰিয়
দামী ঘড়ী , দামী জোতা
চুট-টাই পৰিহিত
একো একোজন ভদ্ৰ মানুহ ৰূপে
সমাজত পৰিচিত ।
বিলাসী বাহন , ৰাজ অট্টাল্লিকা
গেইটৰ সমুখত থাকে উলমি
আভিজাত্যৰ নামবৰ ফলক
একো একোজন মহান মানৱ।
পিছে কোনেও একোকে নাপায় ভূ
অট্টাল্লিকাৰ ভিতৰত চলে শিশু নিৰ্য্যাতন
বন কৰা কিশোৰীও হয় গৰ্ভৱতী
মানৱৰূপী দানৱক
কোনে পায় চিনি ?
নৰপিশাচবোৰৰ পৰা
ৰাজপথৰ পাগলীও নাযায় সাৰি
ছিঃ ছিঃ বুলি
সকলোৱে ঘৃণাত নাক কোঁচাই।
ভুল বুলি জানি-বুজি কৰাজন
জানো বুজাব পাৰে কোনোবাই
কোনে বাৰু কাক পঢ়াব
নৈতিকতাৰ পাঠ
সকলোৱেই চোন মূৰ্খ পণ্ডিত।
—————————————
আই
ৰুমী সেনাপতি ভূঞা
জোনাক সৰা পথেৰে
তুমি অহাৰ কথা আছিল ,
আলফুলে দুবৰিৰ দলিচাত
নিয়ৰৰ মুকুতা সিঁচি !
টোপ টোপ নিয়ৰ সৰাৰ শব্দত
দুপৰ নিশা সাৰে ৰৈছিলোঁ ,
আইৰ হেৰুৱা মমতা বিচাৰি ,
স্মৃতি - বেদনাই ব্যাকুল কৰিছিল !
নিৰৱতাৰ সতে খুপি খুপি
এখুজি দুখুজিকৈ আগুৱাই গৈছিলোঁ ,
কিজানিবা তোমাক লগ পাও
তৰালিৰ আকাশৰ ৰূপালী জোনাকৰ বুকুত !
স্মৃতি বিধৌত উচ্চলিত লহৰ ,
ক’ত হেৰাল আনন্দময় ক্ষণ ,
সকলো একেই আছে ' আই '
মাঁথো শূন্যতাক সামৰি তুমি নাই !
সপোন-- দিঠকে বৰ অসহায় কৰে,
ছায়াছবিয়ে বৰ্ণিল পট আঁকে !
ঘনে ঘনে মন উৰা মাৰে ,
শান্তিময় আকলুৱা স্মৃতিৰ কাষলৈ !
অসহায় মৌন প্ৰহৰৰ বিষাদ!
—————————————
প্ৰেমৰ পদ্য
গকুল চৌধুৰী
এই প্ৰেম মানেনো কি ?
প্ৰেমিক-প্ৰেমিকাৰ মন-হৃদয়ত
জন্ম হোৱা অনুভব - অনুভূতি ।
জীৱনৰ ভৰ দুপৰীয়া
ডেকা - গাভৰুৰ দেহে - মনে
অবুজ - অনামি শিহৰণ
যোগোৱা যৌৱনৰ আমনি ৷
চাৰি চকুৰ মিলনত সাৰ পোৱা
মৰম - ভালপোৱাত সৃষ্টি হোৱা
সুন্দৰ কবিতা এটি ৷
দুটি মনৰ মহামিলনত সৃষ্টি
হোৱা আবেগত
ল’ৰাজনে ছোৱালীজনীক
ছোৱালীজনীয়ে ল’ৰাজনক
মই তোমাক ভালপাওঁ বুলি
কোৱা ধুনীয়া সংলাপ এটি ৷
নালাগে ঘৰ , মানুহ আৰু সমাজৰ
অনুমতি কিম্বা সহানুভূতি ৷
ৰৈ গ’লে সুঁতি
বৈ গ’লে নদী
কেতিয়াবা সুখানুভূতি
কেতিয়াবা দুখানুভূতি ৷
আৰুনো বাকী থাকিল কি ?
কিছু হাঁহি , কিছু অশ্ৰু
প্ৰাপ্তি অথবা অপ্ৰাপ্তিৰ
আধা লিখা
আধা নিলিখা
দস্তাবেজৰ গল্প-কাহিনী ৷
—————————————
কবিতা
অবিনাশ দত্ত
এতিয়া লিখিছোঁ কবিতা
সন্ধ্যা বহু দেৰিৰ পৰা হৈ আছে,
আজি বৰষুণটোও দেৰি কৈ ৰৈছে
পিচে আৰম্ভও হৈছিল দেৰি কৈ
বৰষুণত দিনটো দেৰিকৈ পাৰ কৰিছোঁ
দিনটো কিন্তু বহু আগতেই আৰম্ভ হৈছিল
ইয়াৰ আগতেও এটা দিন আছিল
য'ত আমি আছিলোঁ,
ঠিক, ঠিক ক'ব নোৱাৰোঁ
কি, কেতিয়া আৰম্ভ হৈছিল
মাথোঁ কবিতাৰ আৰম্ভনি বহু আগৰ
আৰু আজিও লিখি আছোঁ।
—————————————
বানে ধোৱা পথাৰ
জোনমনি বৰা
বানে ধোৱা পথাৰত
পলস এহাত এমুঠন
আশাবোৰ হুমনিয়াহ
হৈ সৰি পৰিল ৷
নিৰাশাই মনৰ বাকৰিত
ঘৰ বান্ধি বহিল
চিন্তাক্লিক্ত মনৰ চাপৰা
এবিশাল শুন্যতাই
বুকু ভৰি ৰ’ল ৷
জীৱনৰ গতিশীলতাত
অহেতু আউল লাগি ৰ’ল
কি খাম কি ল’ম
সাধাৰণ খাতি খোৱা মানুহৰ অসাধাৰণ চিন্তা
ভবিষ্যতৰ এখন অস্পষ্ট ছবি বুকুত সাবটি ৷দৃষ্টি নিবন্ধ দূৰলৈ বহু দূৰলৈ
শুন্যক ধিয়াই
বানে ধোৱা পথাৰত পলসক চকুৰ পতাত সজাই ৷
———————————————————
আকৌ অভিমুন্য
দিপ্তী মনি গোস্বামী
বেহুৰ ভিতৰত কান্দে অভিমুন্য
আত্মীয়ৰ মুখলৈ চাই
কি অপৰাধ কৰিছোঁ মই
কৰিছা মোৰ এই বিলাই!
পঁজাত আছে মোৰ দুখুনী আই
মোক লৈয়ে তেওঁ আছে জীয়াই
আইৰ খাতিৰতে সকলো ত্যাগীম মই
মাথোঁ মোক থাকিবলৈ দিয়া জীয়াই!
তোমালোকৰ অভিপ্ৰায় নিচিনিলো মই
তোমালোকৰ অভিসন্ধি নুবুজিলো মই
তোমালোকৰ জানো একো দয়া মমতা নাই?
নিজৰ মঙহ এটুকুৰাৰ লগত চোৱাচোন মিলাই!
অভিমন্যু ভাগৰি পৰিল ইনাই-বিনাই
বাহিৰ ওলোৱা মুকলি পথ নাপালে দুনাই
বেহুৰ ভিতৰতে জীও গ'ল দেহৰ পৰা ওলাই
মমতাময়ী জনমদায়িনীৰ প্ৰতিচ্ছবি মানসপটত চাই !
———————————————————————
0 Comments