পষেকীয়া কাব্যকানন ষষ্ঠ বৰ্ষ ২য় সংখ্যা

——————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা 
সম্পাদকীয়...

   বহুদিন কবিতা লিখা নাই। আচলতে লিখিব পৰা নাই। সঁচা কথা ক’বলৈ গ’লে কবিতা লিখিবলৈ আগৰদৰে সেই আন্তৰিক তাগিদা কিম্বা প্ৰেৰণা নোপোৱা হ’লোঁ। অৱশ্যে কবিতাৰ সাম্প্ৰতিক ধাৰাৰ সৈতে নিজকে যোগ্য কৰিও তুলিব পৰা নাই। 
    বৌদ্ধিক দীনতাৰ বাবে হ’লেও কবিতা এটা যেতিয়া এগৰাকী কাব্যানুৰাগীয়ে ন-দহবাৰলৈ পঢ়িও একো বুজি নাপায়,তেতিয়া বহু সাধাৰণ পাঠকে অভিযোগ কৰাৰ দৰে মই নিজেও ভাবো– সাধাৰণ পাঠকৰ কাষ চপাই নিবলৈ কবিতাক কিছু সৰল কৰিব নোৱাৰিনে ?
   
     এই বৰ্ষৰ মে মাহৰ 'প্ৰকাশ'ত প্ৰকাশিত জনপ্ৰিয় কবি নীলিম কুমাৰৰ 'ছোৱালীজনীয়ে এতিয়াৰ পৰা পিষ্টল লৈ বাথৰূমলৈ যাব' শীৰ্ষক কবিতাটিয়ে মোৰ মনত দোলায়িত ভাৱনাক যেন ইতিবাচক সঁহাৰি দিলে। সহজ সৰল অথচ বাস্তৱৰ বলিষ্ঠ উপস্থাপন-সেই কবিতাটি। এনে কবিতাইহে কবিতাক জনমুখী কৰি তুলিব। কবিতাৰ কিতাপো বিক্ৰী হ’ব।অন্যথা কবিতাৰ কিতাপ কিয় বিক্ৰী নহয় বুলি সাধাৰণ পাঠকক দোষাৰোপ কৰাৰ কোনো অধিকাৰ নাথাকিব । 

নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা

ভাষাৰ ছাতৰশালি
উদয় কুমাৰ শৰ্মা

[মাতৃভাষাটো শুদ্ধকৈ কওক, লিখক আৰু, নিজকে চহকী কৰি তোলক]

পাঠদান : - ভাষাৰ ছাত্ৰৰদ্বাৰা, বিনামূলীয়াকৈ। 

    [ নমুনা : (ক) বাংলাৰ 'ব়ববাব়'ৰ দৰে, অসমীয়াত 'ৰবিবাৰ' বোলা শব্দ নাই ; আছে -- দেওবাৰ > দেওবৰীয়া। 
 (খ) হিন্দীৰ অনুকৰণত ('বহুত আচ্ছা', 'বহুত খুচ') 'বহুত ভাল... 'ৰ সলনি -- বৰ / খুব / বেছ ভাল...। (গ) হিন্দীৰ 'তো', ইংৰাজীৰ So ৰ পৰিৱৰ্তে -- অসমীয়াত 'সেয়ে', 'গতিকে' ]

বয়সৰ সীমা : মাত ফুটি ওলোৱাৰেপৰা -- মাত এটি অস্পষ্ট হ'বলৈ লোৱাৰ আগলৈকে। 

অৰ্হতা : আগ্রহ। 

শ্ৰেণীকোঠা : নিজৰেই সুবিধাজনক ঠাই। 

নামভৰ্তি : জীৱনৰ অন্তিম দিনপৰ্যন্ত। শুল্কবিহীন। 

সংস্থাপন : শুৱলাকৈ কোৱা আৰু  নিৰ্ভুলকৈ লিখাত -- ১০০ শতাংশই আত্মনিয়োগৰ নিশ্চিতি। 

যোগাযোগ : 'গৰীয়সী', 'প্ৰান্তিক' আদি আলোচনী অথবা, আন কাকত আৰু ফে'চবুক। 

[ পঢ়াশালিখনৰ প্ৰাৰ্থনা : 
ভাষাৰ প্ৰাণ-স্পন্দন : এটা জাতিৰ হৃদ-স্পন্দন ]
—————————————
                              কবিতা 

নাৰীকথা আৰু বেথা
স্বপ্নালী কলিতা 

মেলুৱৈ সকলক অ'ৰ-ত'ৰপৰা ধৰি অনা হ'ল
মেলুৱৈৰ আগে আগে যোৱা জলন্ত জুইৰ
সমদলটোক প্ৰতিনিধিত্ব কৰা নাৰীগৰাকীৰকপালত 
দুটা পকা অঙঠা 
আৰু মুখখনতো...

শৰীৰৰ বসন এই খহোঁ এই খহোঁ

বতাহত বিয়পি পৰিল ফিৰিঙঠি
খাণ্ডৱ দাহ হোৱাৰ যেন এক
পৰিকল্পিত পৰিণতি

মেলুৱৈ তধা লাগিল
খেলুৱৈৰ দলটোৰ আস্ফালনত
শুইপৰা দুৱাৰ-খিৰিকীবোৰ 
থন্‌থনাই উঠিল

উফৰি অহা জুইৰ শিখাক ওফৰাই
দিবলৈ হাতবোৰ সচকিত হ'ল

এখন অবৈধ সংবিধানৰ আওতাত
ভৰাবলৈ উঠিপৰি লাগি থকা দলপতি
আৰু সমৰ্থকসকলৰ
লক্‌লকাই থকা জিভাই চেলেকি গ'ল
ভঙা বুকু,ভঙা মন জোৰা লগাবলৈ কাউবাউ কৰি থকা এহাল তৰাচকুক

উপসংহাৰ:
শুনক হে দলপতি আৰু
মেলুৱৈৰ সমাজ-
:
:
ভিতৰত দুটা শৱদেহ পৰি আছে
চানি ধৰিছে দুৰ্গন্ধই
শ হোৱাৰ আগৰখিনি 
পৰ্যবেক্ষণ কৰক।

দলপতি নাৰীগৰাকী বতাহৰ দৰে
ভিতৰলৈ সোমাই গ'ল

আৰু 
জীৱন্ত শৱদেহ দুটাৰ
ধৰফৰনি উপভোগ কৰি
এখন সন্তুষ্টিৰ মুখ লৈ

বাহিৰলৈ ওলাই আহিল। 
 —————————————
ৰাতিৰ খেল
জুনু বুঢ়াগোহাঞি

য'ত  আগতে বেলিৰ চকা ঘূৰে
গাৰ সমস্ত বলেৰেও 
চকাটো ধৰি ৰাখিব নোৱাৰি
থাপি থোৱা অতীতটো
খোদিত কৰা আছে শিলত
খোপনি পুতি আছে
পাতে পাতে ৷

ক'ৰবাত কিবা এটা হৈছে
য'তেই নাথাকো আমি
তাৰ পৰাই নিৰুদ্দেশ হওঁ
ছিন্ন-বিচ্ছিন্ন হয় সঞ্চাৰী সময় 
আৰু পৌৰাণিক খাজনা
কাগজৰ পাতৰ পৰা মচিব পাৰি বৰ্ণ
পানীৰে ধুই চিনচাব নোহোৱা কৰিব পাৰি শাৰীবোৰ ৷

কোনোবাই ফালিলে
আন কোনোবাই জোৰা লগাব
মচিলে আকৌ লিখিব
দেওধাই কথকে কেঁচা টোপনি ভাঙি ক'ব
খহোৱা ভেটিটোৰ কথা
বুৰঞ্জী নোহোৱা দেশৰ ৰাতিবোৰ বোলে চেঁচা ৷

জুই একুৰা জ্বলাই দিলে
ঘোপমৰা চেঁচা-আন্ধাৰ জানো উজলি নুঠিব ?

হৈ চৈ আৰু বতাহ
মুকলি বাট এটিৰ বাবে
দুৱাৰ-খিৰিকীবোৰ খুলি দিয়া
বতাহৰ অৰিয়াঅৰি 
আৰু এখন পাশাখেল ৷

চকুৰ অলক্ষিতে
বতাহে আমাৰ আঙুলিত ধৰি 
নীলা নদী এখনত সাঁতোৰাই থাকে
আমাৰ চেতনা নাথাকে ৷

সময়ৰ বতাহে ওখ দ'ল সাজি
চকী পাৰি বহিব
:
বহিবই
ৰাতিটোৰ খেলখনচোন 
আমিয়েই খেলিলোঁ
স্বাভিমানৰ ৰাজকাৰেং ভাঙি
কৰি হাট-বাট
পাহৰি সকলো ইতিহাস ৷

শেষলৈ কিবা থাকিল জানো
অৱশিষ্ট
গাৰ ছালচটাৰ বাহিৰে ৷
—————————————
জাগল
প্ৰদীপ চন্দ্ৰ শৰ্মা

ওন্দোলা আকাশে জাগল পাতিছে
আবতৰীয়া জাগল
বোকোচাত সেমেকা নিৰ্জনতা
দীঘলঠেঙীয়াৰ নুপুৰ ধ্বনিত
সেউজীয়া সপোনৰ আৱেশ

কেতিয়াবা নিৰ্জনতাও ভাল লাগে
আজিৰ দৰে

উভটি চাওঁ সোণালী দিনবোৰলৈ
আমাৰ একান্ত মধূৰ শৈশৱ
টঙিঘৰ আৰু ভগাটিঙৰ বাজনা
সময়কণ এতিয়াও ওলমি আছে
জামুগছৰ ডালত

এই যাত্ৰা ওভতনি নহয়
তথাপি মনটিয়ে 
উভতি চাই
জাগলৰ বৰষুণজাকৰ মাজেৰে
আশাৰ পথাৰখনৰ দৰে
জানোচা আহেই পিছে পিছে
তাহানিৰ দৰে লগ কৰিবলৈ
শিমলুতলৰ ৰঙা আবেলি
গৰখীয়া ধেমালিৰ সৈতে...
—————————————
উপঙা পুঙা
কৃষ্টিঞ্জয় বৰা

শিলৰ উপঙি যাবলৈ 
হাবিয়াস থাকে জানোঁ ?
উপঙাৰ হাবিয়াস নাথাকে বাবেই
ক্ষণে ক্ষণে বৰি লয় ঘৰ্ষণ
উপঙাৰ হাবিয়াস নাথাকে বাবেই
গলি গলি বৰি লয় বিৱৰ্তন। 

সেয়ে শিলৰ আছে জীয়া জীয়া কাহিনী
মুখে মুখে সি আছে
জনম জনমৰ জীপাল-শিপাল কীৰ্তি,
উপঙিবৰ জোখাৰে 
পাতল নোহোৱা বুৰঞ্জী। 

উপঙিব পাৰে বাবেই বৰশীৰ পুঙাৰ
নিজৰ বুলিবলৈনো কি আছে
নে নিজৰ ভৰি
নে মুখৰ মাত,
ডিঙিত চিৰকালে ওলমি থাকে
দুফালে দুখন চেপা হাত। 

উপঙি ফুৰা মানুহৰ মুখেৰে
উপঙি ফুৰা মানুহৰ চকুৰে
উপঙি ফুৰা মানুহৰ খোজেৰে
নিজক জোখাৰ চেষ্টাৰে
মই উপঙিব নোখোজোঁ কোনোকালে। 

মাটিত নপৰাকৈ খোজ কাঢ়ি
ওখ ওখ সপোন সাজি
হাতৰ তলুৱাৰ ৰেখাত
নিজৰ সমৃদ্ধিৰ কেৰুণ বিচাৰি 
উপঙিব পৰাকৈ পাতল হোৱা কত জনে
বতাহত ঠিকনা সঁপি
উপঙি ফুৰে অৰঙে-দৰঙে।
—————————————
ৰংপেঞ্চিল
ইপুল হুছেইন

কথাবোৰ শেষ হয়
শব্দৰ পৰিধি শুকায়
নৈখনে আকৌ প্ৰশ্ন কৰে
অপ্ৰাসংগিক, অপ্ৰযোজ্য
এতিয়া অপ্ৰস্তুত আকাশ
বৰষুণৰ তাৰল্যত এতিয়া অস্তিত্ব নিতিতে
আবেলিৰ পূৱত সেমেকা ৰামধেনু
সূৰুযৰ অহংকাৰ ঢাকে শুভ্ৰ মেঘৰ তনু ৷
—————————————
শৰশয্যা
দিলাল আহমেদ

এটি সূৰ্যোদয়ৰ দীৰ্ঘসূত্ৰিতা
বৰ্ণহীন আলোকচ্ছটাৰ শেষ উপনিৱেশ
যেন উকা পাতৰ বৃথা উন্মাদনা
কিংবা এটা নৈৰাজ্যৰ অৱশেষ৷

সময়বোৰ যেতিয়া স্বাভাৱিক আছিল
পুৱাৰ চৰাইৰ কোৰ্হালে চুই গৈছিল মন৷
পখীবোৰ আজিও উৰি ফুৰে প্ৰতিটো পুৱাই
শুনা নাযায় মাথোঁ শুৱলা গীতৰ শৰাই৷

স্নেহ, ভালপোৱা এতিয়া প্ৰৱাসী জোন
অকাল অমাৱস্যাত দিগন্তৰ পখীবোৰ আজি শৰণাৰ্থী!
একে একে সীমানা পাৰ হৈ উৰিছে
এটা অলীক ঠিকনা বিচাৰি৷

ঠিকনাটিয়ে মৰীচিকাৰ দৰে দৌৰি ফুৰে
দূৰ দিগন্তত সজোৱা বাহ
ছুঁই ছঁুই হ’লে আঁতৰে
খিৰিকিৰে সোমাই আহে তপত বতাহ৷

কান্ধত স্নেহসনা হাত থৈ
কালি যিয়ে বান্ধিছিল ৰাখী
ভালপোৱাৰ কথা পাহৰি
সিয়েই বোঁৱাইছে আজি তেজৰ নদী৷

এজাক দমকা বতাহত বাজিছে আৰ্তনাদ
ক’ত হেৰাল সেই সময়?
ক’ত পাম হেৰুৱা ঠিকনা?
দুৰ্বাঘাহ যেন শৰশয্যা!
—————————————
হেপী বাৰ্থ-ডে টু...
ৰমেশ চন্দ্ৰ ৰায় 

আমি বাৰ্থ-ডে পতা নাছিলো
নাজানিছিলো আমাৰ বাৰ্থ-ডে কোন দিন
আই-বোপাইৰ মুখেৰেও শব্দটো শুনা নাছিলো
এনে লাগে যেন আই-বোপাইৰো আমাৰ বাৰ্থ-ডেৰ তাৰিখ সঠিককৈ মনত নাছিল 

সম্পৰ্কীয় ভাই-ভনীবোৰৰ বয়সত কোন ডাঙৰ তাকে উলিয়াবলৈ 
তাৰিখ চোৱাৰ নিয়ম নাছিল 
অমুকতকৈ অমুক ডাঙৰ গতিকে অমুকো অমুকতকৈ ডাঙৰ 
এয়াই আছিল সহজ হিচাপ

অৱশ্যে জন্মবাৰ আৰু জন্মমাহ ঠিকেই মনত আছিল 
জন্মবাৰে কিবাকিবি কৰিব নাপায় বুলি 
আয়ে কোৱা মনত পৰে যে 
সেয়ে ক'লোঁ কথাটো 

জন্মবাৰেদি থোৱা নামবোৰ মনত আছেনে 
শুকুৰু, শনিৰাম অথবা মঙলু
আৰু মাহৰ নামেৰে আঘোণী, আহিনী, ফাগুনী

নামবোৰ বাৰু আছে নে কৰবাত এতিয়াও 
সজল নয়নেৰে 
নতুনলৈ চাই 

ৰবিকাই, আঘোণীবাই, কাতি আইতাক কেনেকৈনো পাহৰোঁ 
খদমদম চুবুৰী হেন্দোলদপ গাঁও 
এই বাটে ফাগুনী পেহী যায়

টুপুককৈ সৰি পৰিল সময় 
আমি গমেই নাপালো 
গাই দিলো
হেপী বাৰ্থ ডে টু ইউ 
পুৰণিকলীয়া হাত-চাপৰিৰে
সাত-সাগৰৰ সিপাৰৰ গান
আমাৰো নিজৰেই হ'ল

হেপী বাৰ্থ ডে টু ইউ 
হেপী বাৰ্থ ডে টু ইউ 
হেপী বাৰ্থ ডে টু ইউ ফাগুনী পেহী

ফাগুনী পেহীৰনো দোষ ক'ত
ল'ৰাহঁতে আনিছে নিৰামিষ কেক
মমবাতি ফুৱাই মিচিকিয়া হাঁহি মাৰিবলৈ
ল'ৰাহঁতে দিছে শিকাই 

ফাগুনী পেহীৰ আৰু কোৱাৰ সাধ্য নাই 
আমিতো পতা নাছিলো বাৰ্থ-ডে 

মোবাইল-কেমেৰাত বন্দী 
ফাগুনী পেহী 
অথবা সময়। 
—————————————
অলপ বেলেগ আছিল
ভূমিকা দাস

তাহানিৰ এগৰাকী আদহীয়া মহিলা
সঘনাই মনত পৰে তেওঁলৈ
কিবা যেন অলপ বেলেগ আছিল 
গাত মলিয়ন কাপোৰ
আউলীবাউলী চুলি
শুকাই যোৱা মুখখনিৰে পেটত তাইৰ ভোগৰ অগনি
পুৱতিতেই তাই ক'ৰপৰা জানো ওলাইছিল আহি

পাগলী বুলিয়েই পৰিচিত আছিল 
পাগলী হ'লেও তাই ইঘৰ সিঘৰত  নিয়াৰিকৈ সকলো 
কাম কৰিছিল
দিনৰ দিনটো তাই জীৱনৰ যন্ত্ৰণাবোৰ 
মুখৰ ভিতৰত আওৰাই আছিল 
যাবৰ সময়ত তাই দহটকা খোঁজে
বেচেৰী আইতাজনী ...
একটকাৰ দিয়াচলাই
তিনিটকাৰ হেনো কেৰোচিন তেল কিনে
চাউল মুঠি তাই নিজে বন কৰি যোগাৰ কৰে
ভৰি দুখনেৰে দিনৰাতি একাকাৰ কৰি 
খোজকাঢ়ি ফুৰিছিল
কাৰণ গাড়ী-মটৰত যাবলৈ ভাড়া তেওঁৰ লগত 
নাছিল
...মনে কয় 
ক'ত জানো আছে দহটকীয়া আদহীয়া পাগলীজনী
মৰি গ'ল নে জীৱিত আছে...
হেঁপাহ পলুৱাই দহটকা কেইখনমান দিলোঁহেতন 
পাগলী আইতা তোমাক...
—————————————
চাৰিটা স্তৱক
ৰেখা বৰকটকী

১.
সূৰ্য্যফুল পাহ সকলোৰে বাবে ..
সুখী -দুখী ,, কণা -কূুজা
দ পিটনি ,জাৰণি, অট্টালিকা সকলোতে...
             
২.
ভাল ফুল পাহ ফুলিল
সুৱাসে আমোলমোল..
সুৱাস মলঙিল
দুষ্ট দানৱৰ হাতত বিপন্ন  সুৱাস...
             

৩.
জীৱন ঘড়ীবোৰ চলি থাকিল
একোটা সময়ৰ দূৰ্ভোগ
এজাউৰি  অপবাদ
নীৰৱে  -নিতালে  সাম  থাকিল...
             
৪.
এজন সু-ব্যক্তিৰ সৈতে কিছু বাৰ্তালাপ
এজাক মৃদু মলয়াৰ
সৈতে আত্মকথন,
এটি সুমধুৰ সন্ধ্যাত
বিলীন হ'বপৰা
এটি প্ৰাণ..
—————————————
জাতিটো নাৰিকলত বন্দী আছিল
সুশান্ত দাস

“মইনা !
ৰাতি শুৱাৰ আগে আগে 
ভগৱানক ভাবি শুবি,
দেশৰ দ্ৰাঘিমা নহয় সুস্থিৰ 
বিপণ্ণ সূত্ৰৰ মতে,
ধৰিত্ৰীৰ অৱসাদ নিঃসংশয়ে...। ” 

আইৰ কাহিনীৰ আঁৰৰ কথাবোৰ,
চিৰ যুগমীয়া কীৰ্তিৰ আঁৰৰ
ধূসৰতাৰ কাব্য ! 
ধনবৰৰ বিৰহেই আছিল
দৃশ্যান্তৰৰ পথিকৃৎ 
দিখৌ বোৱাৰ দৰে বৈ গ’ল
অসীমলৈ, 

তেজীমলাৰ দৰে হেজাৰ 
নিৰ্যাতিত হ’ল কালে কালে
মৌন হৈ ৰ’ল জনতা 
কিজানিবা অপমানিত হওঁ
ক্ষণে ক্ষণে ! 

বল্কলৰ সাজ এৰা সভ্যতাক যেতিয়া,
আঁচোৰ মাৰিছিল
আধুনিকতাৰ বিপ্লৱে, 
তেতিক্ষণে নিবাৰণৰ হেতু 
নাছিল কোনো তেজস্বী  
সেহি স্থানে...  

চনৰ অলঙ্ঘ্যতা বাঢ়িল 
আৰু 
নাৰিকলৰ ভিতৰত জাতিৰ অৱশেষ 
উটি ভাহি ফুৰিছিল, 
বন্দীত্ব গ্ৰহণ কৰি 
বিনাদ্বিধাই ; অকপটে!... 


মই আইয়ে কোৱাৰ দৰে শুই পৰিছিলোঁ 
মানে সেয়া আছিল বাধ্যতা
মোৰ বাবে নহয় ; আইৰ বাবে

“মইনা শুলি নে ? ”
বুলি কৈ কৈ আই এদিন
সৃষ্টিৰ জৈৱিকতাৰ পৰা মুক্তি ল’লে 

শেষত সপোনৰ দেশত গম পালোঁ 
আইয়ে সমাজৰ জটিলতা দেখিছিল 
আৰু দেখিছিল
জাতিৰ মানচিত্ৰ সাল-সলনি হোৱাৰ দৰে 
অনেক অনাকাঙ্ক্ষিত ঘটনা 

মইও শুইয়েই আছিলোঁ তেনেতে,  
সাগৰীয় ধুমুহাজাকে আহি সোঁৱৰাই দিছিল 

 জাতিটো নাৰিকলত বন্দী আছিল !  
—————————————
শৈশৱ
লাৱণ্য নাথ

হেৰুৱাইছোঁ নেকি সময় বালিত শৈশৱৰ
সেই সুকোমল মনটো  
যেতিয়াই হাঁহিব খোজোঁ ভয় এটাই
ৰুদ্ধ কৰে প্ৰান খোলা হাঁহিটো
পথে পথে বুটলিছোঁ মায়া
তেতিয়া সময়বোৰ জীৱিত আছিল
কেৱল আজি দিনটোলৈ...

এতিয়া মনৰ টোপোলাত সামৰি থ'ব খোজোঁ
আহিব ধৰা প্ৰতি ক্ষণ প্ৰতিটো পলৰ বাবে
সংৰক্ষিত এক ভাৱনাৰ জোৱাৰ...
ভাবিছোঁ হেৰুৱালোঁ নেকি
সময় বালিত শৈশৱৰ সেই 
সুকোমল মনটো...।
——————————————
নুফুলা ফুলৰ সুৱাস
চয়নিকা ভূঞা  

অনুভৱবোৰ এতিয়াও জীৱন্ত
বুকুত মিঠাকৈ ভালপোৱাৰ ভৰ

জীৱনৰ অভিনয়ত সকলো ব্যস্ত 
জী থাকিবলৈয়ে অত আয়োজন 
হাঁহি, চকুলো আৰু
আৰু কত কি…

দূৰৈত বহু কথা
সুৰ বিহীন গানত সংগীতৰ যাত্ৰা
জীৱনৰ ষ্টেচনত  
আজোআইতাৰো 
সেই একেই কাহিনী একেই কথা

আঙুলিৰ পাবত গাণিতিক সময়
ফেঁহুজালিত
আধৰুৱা সপোনৰ হেজাৰ মুখ

বতাহত 
এতিয়া 
নুফুলা ফুলৰ সুৱাস ৷
—————————————
সময়
দেৱ দাস 

মাণিক মুকুতাৰো নহয়
ইমান মূল্য  

ইমানেই বিক্ৰম
পোহৰ ঢাকি 
তৰনি নহোৱাকৈ
প্ৰাণ

প্ৰাণৰ কি বিলাই 

হায় 
সময় 

মানুহ অমৃত

সময় অমৃত

বিশাল আকাশ
আৰু 
সময়।
—————————————
বুজি পালে নীলিমাই
ড° মন্ জু  হালৈ

শেষৰফালে একো নাই একো নাই তাৰ ভাৱটো
তাৰ দুচকুৰ কোণত লুকাই নথকা হৈছিল
বাৰে বাৰে আওৰাইছিল মনে মনে," বুজি পালে নীলিমাই এই জীৱনত একো নাই"
সি হাত দিছিল  মৃত্যুৰ গিলাচত 
অভ্যাস এটা কৰি লৈছিল জোৰকৈ
এক সৰ্পিল শীতলতাই তাক খেদি ফুৰিছিল অনবৰত

প্ৰেমৰ পৰাকাষ্ঠাৰ বাবে
কৰ্তব্যনিষ্ঠাৰ বাবে
সি সহিবলগীয়া তিৰস্কাৰবোৰ,,,
তাৰ উশাহবোৰো তিহতিহীয়া হৈ ওলাইছিল
ঘূৰি গৈ বিন্ধিছিল তাৰ টিটকাৰিয়ে দহা বুকু খনতে

সহনৰ সীমাৰ আলি কেতিয়াবাই ভাঙিছিল তাৰ
জুই নোখোৱাকৈ কত যে এঙাৰৰ হাগনি
পাপ নকৰাকৈ পোৱা দাগৰ
কাননি-নাকনি
আত্মাৰ ইজ্জতৰো টনাটনি

গাত লাগি থকা তাৰ সততাৰ ছাপটো
এসোপামান কৰ্কশ চাৱনিয়ে বখলিয়াই পেলাইছিল
যন্ত্ৰণাই কোঙা কৰি অনা তাৰ আঙুলিবোৰে
হৃদয়খনে
আৰু শেষত নৈতিকতাৰ পাঠ শিকোৱা
বিবেকটোৱে গিলাচটোকে গিলি থ'লে।

পিছদিনা কাকতৰ এচুকৰ সৰু হৰফৰ খবৰ
' উৰণীয়া সেতুৰ তলত তেজ বমি কৰি মৰি আছে এটি ডেকা শৰীৰ,চকুৱে মুখে তাৰ মাখিৰ চহৰ'।
—————————————
অৰুন্ধতীৰ বাবে এটি পদ্য
জাহ্নৱী হাজৰিকা

বাৰিষাৰ ৰাতিবোৰ চঞ্চল হ’বলৈ লৈছে
ঘনে ঘনে বৰষুণ-ঢেৰেকনি-বিজুলী
খিৰিকী মেলি থয় এজন তৰুণ কবিয়ে
বিজুলীৰ পোহৰত দেখেই কিজানি মৰমৰ অৰুন্ধতীক!

বাৰিষাৰ বৰষুণৰ লগতে এজাৰো ফুলে।
ফুলে সোণাৰু,ৰাধাচূড়া
এজাৰৰ বেজেৰুৱা ঠেঁহৰ পম খেদি খেদি
বৰদৈচিলা যায়গৈ বছৰটোৰ বাবে।

আকৌ বৰষুণ আহে।
মাজে মাজে বিজুলী...
সেই যে কবি নৱকান্তই সুধিছিল অৰুন্ধতীক 
এনে এটি বর্ষণ মুখৰ আবেলি
বাৰিষাৰ ৰাতি তোমাৰ কবিক 
মনত পৰেনে অৰুন্ধতী?

তৰুণ কবিৰো মন যায় 
অৰুন্ধতীক বিচাৰিবলৈ
কিন্তু আছে জানো তেওঁ ঢুকি পোৱাত!
তেওঁতো নৱকান্তৰ অৰুন্ধতী আছিল!

পদূলিত হাছনাহানাৰ তীব্ৰ সুবাস
সুবাসত উতলা প্ৰাণ 
তৰুণ কবিৰ হাতত তীখাৰ  কলম।
লিখাৰ চোক বেছি।
পাছে শব্দৰহে অভাৱ তেওঁৰ।

শিল বৰষা বুকু...
চুলেই যেন মৌ বৰষিব!
ধুমুহা বিধস্ত মন
কি ৰাধা,কি অৰুন্ধতী!
সকলো একেই!
আহিছে,ৰৈছে,বহিছে,গৈছে...
খোপনি পুতিবলৈ সময় নাই 
কাৰোবাৰ হিয়া কিম্বা মন মগজুত!
হুমুনিয়াহ এটিৰে তৰুণ কবিয়ে নৱকান্তক মনত পেলায়।
—————————————
"ৰ'দৰ প্ৰেম" আৰু কবি মণিজ্যোতি বৰগোহাঁই 
চাণক্য চিৰাং 

জীৱনৰ খলাবমা পথেৰে অগ্ৰসৰ হওতে জীৱন পথত বহুবাৰ উজুটি খাবলগীয়া হয় তথাপিও জীৱনৰ যাত্ৰা পথত মানুহে থমকি ৰয় জানো , জীৱনে পৰিপূৰ্ণতা লাভ কৰিবলৈ যাত্ৰা হ'ব লাগিব বিৰামহীন যাত্ৰা  !  জীৱন যাত্ৰা এক অনন্ত যাত্ৰা , জীৱনৰ শেষ বিন্দুলৈ উপনীত হোৱাৰ পথত মানুহৰ বহুতো কাম কৰিবলগীয়া থাকে।এই যাত্ৰা পথত হঠাৎ পৰিচয় হৈছিল কবি , গল্পকাৰ, প্ৰৱন্ধকাৰ তথা উপন্যাসিক মণিজ্যোতি বৰগোহাঁইৰ সৈতে নগাঁৱত অনুষ্ঠিত হোৱা এখন কবি সন্মিলনত ইং ২০১৯ চনত ।তেখেতে ইতিমধ্যে সম্পাদনা কৰা কাব্যগ্ৰন্থ  "শত কবিৰ সঁজা"ৰ উপৰিও  পৰবৰ্তী সময়ত তেওঁৰ ৰচিত গল্প সঙ্কলন "নীলকন্ঠী" উপন্যাস দুখন "ধূসৰিত জীৱনৰ দস্তাবেজ" আৰু " বকুল তলৰ স্মৃতি" তথা কবিগৰাকীৰ দ্বিতীয় কাব্য গ্ৰন্থ "কৌমুদী"খনো পঢ়াৰ সৌভাগ্য হৈছে। , কেউখন গ্ৰন্থ অধ্যয়ণ কৰি তেওঁৰ কবি সত্বা তথা সাহিত্য জগতৰ লগত জড়িত ব্যক্তিত্বৰ উমান পাও আৰু এজন পাঠক হিচাপে কবিৰ এই বছৰত প্ৰকাশিত কাব্যগ্ৰন্থ "ৰ'দৰ প্ৰেম" পঢ়াৰ পিচত অপৈণত হাতেৰে কবি গৰাকীৰ কাব্যগ্ৰন্থ খনিৰ কিঞ্চিত আলোকপাত কৰিবলৈ মনস্থ কৰিছো।

বৈবাহিকসূত্ৰে মৰাণৰ বাসিন্দা দুটি সন্তানৰ মাতৃ কবি , গল্পকাৰ , উপন্যাসিক  নিবন্ধকাৰ তথা এগৰাকী সমাজসেৱী মণিজ্যোতি বৰগোহাঁই ছাত্ৰীৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে। তেওঁ লেখা কবিতা , গল্প , প্ৰৱন্ধ বিভিন্ন‌ আলোচনী , বাতৰি কাকতত পঢ়ি পাঠক সমাজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। লেখিকাৰ গল্প আৰু প্ৰৱন্ধ সংকলনৰ উপৰিও কিছু স্তৱক প্ৰকাশৰ পথত। এই গৰাকী সৰহবৰহী লেখিকাৰ কাব্য গ্ৰন্থ "ৰ'দৰ প্ৰেমৰ" ওপৰত আপেক্ষিকভাবে অলপমান এগৰাকী পাঠক হিচাপে কাব্য গ্ৰন্থখনিৰ সৈতে পাঠকক চিনাকি কৰি দিবৰ মনেৰেহে কলম হাতত তুলি লৈছোঁ, সেয়ে কৰবাত ভুল ৰৈ যোৱাটো অস্বাভাৱিক নহয়।

      কবিতাৰ সংজ্ঞা অপৰিসীম,কবিতা মানুহৰ হৃদয়ৰ শৃঙ্খলিত ভাষা। কবিৰ কল্পনা , চিন্তন আৰু মননৰ ফলতেই হয়তো নিৰ্ম্মিত হয় কবিতাৰ । কবি মণিজ্যোতিৰ "ৰ'দৰ প্ৰেমো" ইয়াৰ ব্যতিৰেক নহয়। কবিৰ আলসুৱা মন,মাতৃ স্নেহ তথা‌ প্ৰকৃতিৰ প্ৰেমৰ লগতে মানুহক ভালপোৱাৰ দৰ্শণেও তেওঁৰ কবিতাত প্ৰতিফলিত হৈছে।কাব্যগ্ৰন্থখনিত সৰ্বমুঠ সত্তৰটি কবিতা সন্নবিষ্ট কৰা হৈছে।

    অনুভবী তথা আলসুৱা মনৰ কবিৰ কল্পনা আৰু ভাবপ্ৰৱনতাই বৃদ্ধাশ্ৰমত থাকিব লগীয়া হোৱা এগৰাকী মাতৃৰ মনোবেদনা "বৃদ্ধাশ্ৰম" কবিতাটিত এনেকৈ প্ৰকাশ কৰিছে, —

"জোনাক নিশা চোতালত বহি সাধু এটা কবলৈ... 
তইচোন তেনেকৈয়ে ডাঙৰ হৈছিলি... 
ইমানেই ডাঙৰ হ'লি
ইমানেই ডাঙৰ হ'লি
আজি মা শব্দৰ মহিমাকে পাহৰি গ'লি... 
আৱৰ্জনা বুলি ভাবি মোক আশ্ৰমত থৈ গ'লি ...! "

সাম্প্ৰতিক খুবেই ব্যস্ত সমাজখনৰ সামাজিক পটভূমিৰ প্ৰতিও কবি খুবেই যেন সজাগ , যিখন সমাজত বৃদ্ধ পিতৃ মাতৃৰ শেষ আশ্ৰয়স্থল বৃদ্ধাশ্ৰম হয়, তাতো তেওঁলোকৰ মনৰ হা-হুতাশনৰ বাস্তৱ চিত্ৰ কবি গৰাকীৰ কবিতাত এনেদৰে ফুটি উঠিছে।
 
ঠিক তেনেকৈ "ছাঁ" কবিতাটিত কবিৰ জীৱন জিজ্ঞাসাৰ প্ৰতিফলন বুলি কলেও বোধহয় ভুল নহব , —

"একুৰা তুঁহজুই উমি উমি জ্বলে
বেদনাদগ্ধ হৃদয়ত তেজৰ চকুলো সৰে।
অনুপম জীৱনৰ ছায়াচিত্ৰই
সপোনতে মন আপ্লুত কৰে ।"

ঠিক তেনেকৈ "বসন্ত" "শৰত" "মোৰ বাবে বহাগ" "বৰদৈচিলা" "বৰ্ষা" "এজাৰ ফুলা বতৰ" "সাগৰ" "শেৱালি" "আবিৰৰ আবেদন" আদি কবিতাবোৰত কবি মনৰ প্ৰকৃতি প্ৰেমৰ গুঞ্জন বুলি কোৱাটো সমীচীন হব যদিও কিছু পৰিমানে অনুভবি কবি মনৰ ব্যঞ্জনাও কবিতাবোৰৰ পংক্তিবোৰৰ মাজেৰে প্ৰকাশিত হৈছে ।
ঠিক তেনেকৈ কবিৰ "আই" কবিতাটিও জন্মদাত্ৰী আইলৈ এক আকুন্ঠ শ্ৰদ্ধাৰ প্ৰাঞ্জল কাব্যিক প্ৰকাশ , —

"তোৰ শীৰ্ণ দুহাতৰ , তোৰ শোটোৰা দুগালৰ 
চাদৰৰ আঁচলৰ, বুকুত অমৃতৰ
এতিয়াও লাগি মোত আছে তোৰ সুগন্ধি দেহৰ... "

তেনেকৈয়ে পিতৃ কবিৰ মনত প্ৰকৃত Hero , সেই দেউতাক লৈও কবিৰ কবিতা "দেউতা" নি:সন্দেহে কবিৰ জীৱনৰ ৰিয়েল হি'ৰো, গাইড এণ্ড ফিলোছফাৰ ।কাৰণ কবিয়ে কবিতাটিত , —

"তোমাক হেৰুৱাৰ পিচত 
তোমাৰ ছত্ৰছায়াৰ অবিহনে
মই  এতিয়াও
তোমাৰ সেই সাহসী আইজনী হৈয়ে
জীয়াই আছোঁ দেউতা... "

কবি গৰাকীৰ "জুই" , "ৰ'দৰ প্ৰেম" , "জীৱনৰ জটিল অংক," "ৰাস্তা" আদি কবিতা সমূহত চিত্ৰকল্পৰ যথাৰ্থ  প্ৰয়োগ আৰু ব্যঞ্জনাধৰ্মীতা বুলি থোৰতে  কব পাৰি ।
 তেনেদৰে ৰোমান্তিক ভাবৰ কবিতা সমূহো কবিয়ে সমস্ত আবেগ ঢালি নিৰ্মাণ কৰিছে , অতি প্ৰাঞ্জল দুটিমান পংক্তি পাঠকে পঢ়িলেই অনুভব কৰিব পাৰিব, —

"লগন উকলি গ'লেও
আহা নামি আকৌ এবাৰ 
খেলোঁ ছাঁ পোহৰৰ খেলা 
প্ৰকাশ্যে হিয়াৰ মাজত সাঁচি ৰখা গোপন ব্যথা " (লগন)

"বৰষুণজাকে হেমন্তৰ নিশাটো
জয়াল কৰি তুলিছিল
অনাহুত বৰষুণজাকে মনৰ খিৰিকী জুমি 
তুমি অহাৰ বাতৰি দিছিল ।"
                                 (অপেক্ষা)

ঠিকতেনেদৰে "তুমি" কবিতাটিও ৰোমান্তিক ভাবাপন্ন‌ এটি কবিতা য'ত কবিৰ কাপেৰে প্ৰাঞ্জলভাবেৰে নিগৰি আহিছে লোকজীৱনৰ জনপ্ৰিয় নিচুকণী গীতৰ এটি শাৰী, —
"শিয়ালী এ নাহিবি ৰাতি
হিয়াই পৰশিলে জ্বলামেই বাঁতি! 
তোমাৰ আক্ৰোশ, 
কলীয়া গোঁসাই নিৰ্দোষ! "

কবিৰ ৰ'দৰ প্ৰেম কাব্যগ্ৰন্থ‌ খনিত সন্নিবিষ্ট প্ৰত্যেকটি কবিতাই পঢ়ি পাঠকে নিশ্চয় ভাল পাব , গ্ৰন্থখনিত একে নামৰে কবিতাটিত নান্দনিক ৰূপত প্ৰয়োগ হোৱা‌ আৰু চিত্ৰকল্প তথা ব্যঞ্জনাৰে কবিৰ একাকীত্ব জীৱন দৰ্শণৰ কিছু আভাস ফুটি উঠা যেন অনুভব হয়।

এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কবি, সাহিত্যিক  গৰাকীৰ  কাব্যগ্ৰন্থ "ৰ'দৰ প্ৰেম" কাব্যগ্ৰন্থখনি পাঠক সমাজে সহৃদয়েৰে আদৰি লৈ তেওঁক আগলৈ সাহিত্য চৰ্চ্চা  অব্যাহত ৰাখিবলৈ প্ৰেৰণা তথা উৎসাহ  দিব বুলি‌ আশা‌ কৰিছোঁ।

ৰ'দৰ প্ৰেম
কবি: মণিজ্যোতি বৰগোঁহাই
প্ৰকাশক: মণিকাঞ্চন প্ৰকাশন
প্ৰথম প্ৰকাশ: জানুৱাৰী/২৩
মূল্য: ১৪৫/-
কাব্যগ্ৰন্থখনি কবি গৰাকীৰ  প্ৰয়াত স্বামী নেত্ৰ বৰগোহাঁইৰ কৰ কমলত উচৰ্গিত ।
—————————————————
কবিতা/ অকবিতা
নাছিৰ আহমেদ

এই প্ৰবন্ধটিৰ জৰিয়তে  কবিতাৰ বিষয়ে এটি থুলমূল আভাষ দিব বিচাৰিছোঁ।

কবিতা কি ,এই বিষয়ে প্ৰাচ্য আৰু পাশ্চাত্যৰ সাহিত্য সমালোচক সকলে কিছুমান সংজ্ঞা আগবঢ়াইছে। সেইবোৰ হ'ল ক্ৰমে
সংস্কৃত আলঙ্কাৰিক পণ্ডিত ভামহৰ মতে " শব্দাৰ্থৌ সহিতৌ কাব্যম " অৰ্থাৎ শব্দ আৰু অৰ্থৰ মিলনেই হ'ল কাব্য ।  বিশ্বনাথৰ মতে " ৰসাত্মকং বাক্যং কাব্যম " পাশ্চাত্য সমালোচক  ডঃ জনছনৰ মতেও  " poetry is metrical composition " ছন্দোবদ্ধ ৰচনাই কবিতা  । কিন্তু, কেৱল শব্দ আৰু অৰ্থৰ মিলন , ৰসযুক্ত বাক্য বা ছন্দোবদ্ধ ৰচনাই কবিতা হ'ব নোৱাৰে। প্ৰকৃতি কবি উইলিয়াম ৱডৰ্ছৱৰ্থৰ মতে " Poetry is the spontaneous express of powerful feelings , it takes its rise from emotion recollected in tranquility." অৰ্থাৎ কবিতা হ'ল হৃদয়ৰ শক্তিশালী ভাবৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। টমাছ মিলৰ মতে " poetry is the thought and words in which emotion spontaneously embodies itself. চিন্তা আৰু শব্দৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। কাৰ্লাইলৰ মতে " poetry is the musical thought" সাংগীতিক ভাৱ- চিন্তাধাৰাৰ বাহক। ছেলীৰ মতে " Expression of imagination " কল্পনাৰ সুপ্ৰকাশ। কলেৰিজৰ মতে " Poetry is the best words with the best order " সুবিন্যস্ত ভাবে প্ৰকাশ কৰা উৎকৃষ্ট শব্দমালাই হ'ল কবিতা।
গতিকে, ওপৰোক্ত কবিতাৰ সংজ্ঞাসমূহ আলোচনা কৰিলেই বুজিব পাৰি কবিতাৰ বিশালতা, গভীৰতা আৰু বিচিত্ৰতা।

কবিতাৰ মূল উপাদান কল্পনা আৰু অনুভূতিক সাৰোগত কৰি সৃজনীমূলক চিন্তাধাৰাৰ দ্বাৰা কলাত্মক ভাবে প্ৰকাশ কৰাই প্ৰকৃত কবিতা।

আমি এষাৰ কথা পাহৰিলে নচলিব , কবিতাৰ মাজেৰে  চিৰন্তন সত্য প্ৰকাশ হয়। কিন্তু ধৰ্মীয়, দাৰ্শনিক আৰু বৈজ্ঞানিক সত্যৰ লগত কবিতাৰ সত্যৰ পাৰ্থক্য দেখা যায়। ধৰ্ম বিশ্বাসৰ ওপৰত ভিত্তি কৰি, দৰ্শন আদৰ্শৰ ভিত্তিত আৰু বিজ্ঞান পৰীক্ষাগাৰত পৰীক্ষাৰ দ্বাৰা বিশ্লেষণ, সংশ্লেষণ কৰি সত্যত উপনীত হয়। কিন্তু কবিয়ে Creative imaginationৰ দ্বাৰা সাধনাৰ বলত সকলো বস্তুৰ অন্তৰ্নিহিত চিৰন্তন সৌন্দৰ্য্য (Asthetic pleasure" উদ্ঘাটন কৰে। সেয়ে কবিৰ জগতখন( Poet's dreamland" য'ত বাৰমাহেই চিৰসেউজ চিৰ বসন্ত বিৰাজমান ; প্ৰেমিকাৰ গালত জোনাক নামে, ৰিমঝিম বৰষুণো  সাঙ্গীতিক সুৰৰ মূৰ্চ্ছনা তোলে, চুলিকোচাত গধূলি গধূলি গোন্ধ ইত্যাদি।

এতিয়া প্ৰশ্ন উদয় হয় ,  কেৱল উৎকৃষ্ট শব্দমালাৰ জৰিয়তে কলাত্মক ভাবে সৌন্দৰ্য্য সৃষ্টি কৰাই কবিতাৰ মূল উদ্দেশ্য নেকি ? কবিতাৰ উদ্দেশ্যৰ ভিত্তিত কবি- সমালোচক সকল দুটা ভাগত বিভক্ত হৈছে। কিছুমান বুৰ্জোৱা কবি- সমালোচক সকলৰ মতে " Art for art's  sake"  তেওঁলোকৰ মতে কবিতা যিহেতু সুকুমাৰ কলা (  fine arts)  গতিকে কেৱল সৌন্দৰ্য্য দান কৰাই কবিতাৰ মূল উদ্দেশ্য। আনহাতে সমাজবাদী কবি - সমালোচক সকলৰ মতে" Art for life's sake" কবিতাই সৌন্দৰ্য্য দান কৰাৰ ওপৰিও জীৱনৰ ঘাত-প্ৰতিঘাত ইয়াৰ প্ৰতিকাৰ দাঙি ধৰা উচিত। এই ধাৰাৰ মূল প্ৰতিষ্ঠাতা মেথিউ আৰ্নল্ডে কৈছে " Poetry is the criticism of life.
বিষয় বস্তু অনুযায়ী কবিতাক দুটা ভাগত বিভক্ত কৰিব পাৰি। বৰ্ণনাত্মক ‌কবিতা আৰু আৰু ব্যক্তিনিষ্ট কবিতা।

যুগ হিচাপে কবিতা , ক্লাছিকেল যুগৰ কবিতা। এই যুগৰ কবিতাসমূহ কাব্যধৰ্মী , চৰিত্ৰ ৰজা- ৰাণী ,দেৱ- দেৱতা । ৰোমান্টিক যুগৰ কবিতাসমূহত ৰোমান্টিক ভাৱধাৰাৰ ওপৰত ভিত্তি কৰি ছন্দোবদ্ধ ভাবে ৰচনা কৰা হয়। সকলো স্তৰৰ পৰা বিভিন্ন উপাদান সংগ্ৰহ কৰি কবিতা ৰচনা কৰা হয়।  সাধাৰণ জনগণক লৈ চৰিত্ৰ চিত্ৰণ অংকন কৰা দেখা যায়। আধুনিক বা সাম্প্ৰতিক যুগৰ কবিতাসমূহত ব্যক্তি তথা সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশ ধুনীয়াকৈ ফুটি উঠে। আধুনিক যুগৰ কবিতাসমূহৰ গঠন প্ৰণালীও সম্পূৰ্ণ বেলেগ। মুক্তক ছন্দ, স্পন্দিত গদ্য , পুৰণি আখ্যানসমূহৰ মিথ প্ৰয়োগ কৰি আধুনিক বা বৰ্তমান সমাজৰ চিত্ৰ অংকন, ন ন উপমা , প্ৰতীক, চিত্ৰকল্প, জাপানী হাইকু আদি বিভিন্ন ধৰণৰ দেশ বিদেশৰ উৎসৰ পৰা বিষয়বস্তু সংগ্ৰহ কৰা হয়। সেয়ে বৰ্তমান যুগৰ কবিতাসমূহ জাতীয়তাবাদী ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত আন্তৰ্জাতিক ভাৱধাৰাৰ কবিতা।

এতিয়া প্ৰশ্ন ‌হ'ল , সামাজিক মাধ্যমৰ ফেচবুকৰ অসংখ্য সাহিত্য গোট সমূহত দিনে হাজাৰ হাজাৰ কবিতা সৃষ্টি হৈ আছে। সেইবোৰ প্ৰকৃতাৰ্থত কবিতা নে ? আগৰ প্ৰতিষ্ঠিত কিছুমান কবিয়ে ওপৰত উল্লেখ কৰা আলোচনাৰ ভিত্তিত এইবোৰ বেছি ভাগেই অকবিতা বুলি কব খোজে। কিন্তু মন হৈছে গভীৰ মহাসাগৰৰ দৰে। ইয়াত অনবৰত দোলা দি থকা ভাৱনাক প্ৰকাশ কৰাৰ ধাৰণাক সীমাবদ্ধ নিয়মৰ দ্বাৰা বান্ধিব পাৰি নে ?
মোৰ মতে কাৰোবাৰ কবিতাই যদি এজন মানুহৰ অন্তৰতো খলকনি সৃষ্টি কৰিব পাৰে, সেয়াও কবিতা। গতিকে অকবিতা বুলি কোনো নাই। 

অৱশ্যে কিছুমান কবিতা উৎকৃষ্ট , কিছুমান মধ্যমীয়া কিছুমান তলখাপৰ হয়। সেয়াও নিৰ্ভৰ কৰে পাঠকৰ ওপৰত ; কোনো বঁটাবাহন বা কেইখন কবিতা পুথি প্ৰকাশ কৰিছে , তাৰ ওপৰত কবিতাৰ উৎকৃষ্টতা প্ৰমাণ নকৰে। আচলতে অন্যান্য সুকুমাৰ কলা যেনে সংগীত, নাটক আদিৰ দৰে উৎকৃষ্ট কবিতাসমূহ পাঠকৰ হৃদয়ত চিৰস্থায়ী আসন গ্ৰহণ কৰি কালজয়ী হোৱা দেখা যায়।

       থুলমূল ভাবে কবিতাৰ বিষয়ে আলোকপাত কৰিলোঁ ; কিবা ভুল চকুত পৰিলে সদাশয় সতীৰ্থ কবি বন্ধুসকলে  আঙুলিয়াই দি মোক কৃতাৰ্থ কৰে যেন।
—————————————
ভোক
ডলিস্মিতা ডেকা

ভয় লগা ৰাতিবোৰত
মোৰ যাত্ৰা অবিৰত থাকে...
তোমাৰ শোৱাপাটিত 
নিশাৰ জোন সৰা সময়ত 
মোৰ দুভৰি দুহাত 
বেগাই দৌৰে...

হাতৰ মুঠিত থকা উশাহবোৰ কেতিয়াবা 
পিছলাৰ ভয় 
মোৰো থাকে...! 
মাৰ আঁচলে মোক 
বাৰে বাৰে জীয়াই তোলে ।
—————————————
ভগ্ন পাহাৰ বগাই বগাই 
গৌতম মালাকাৰ

দেউতাই নগ্নতা ঢাকিবলৈ 
শুদ্ধ খদ্দৰৰ শুভ্ৰ পোছাক পৰিধান কৰিছিল 
সভ্যতাৰ মুকুট আৰু কবচ-কুণ্ডল পিন্ধি 
দেউতাই আত্মপ্ৰত্যয়েৰে খোজ দিছিল 
চকুত অনবৰতে বিৰিঙি আছিল
ছন্দময় পোহৰৰ তিৰবিৰণি
ময়ো সভ্যতাৰ পিছে পিছে দৌৰিছোঁ
কিন্তু দেউতাৰ দৰে
মোৰ আত্মবিশ্বাস জন্মা নাই
ৰেচমী পোছাকৰ চিকমিকনিৰে
মই নগ্নতা ঢাকিব পৰা নাই 
মোৰ সভ্যতাৰ মোনাত সৰু-বৰ অসংখ্য ফুটা
ধূলিয়ৰি বতাহৰ বাবে 
পুত্ৰ আৰু নাতিহঁতৰ মুখতো অস্পষ্টতাৰ গল্প 
আস্থাহীনতাৰ সংকটে আমাক খেদি ফুৰিছে 
আমি গৈ আছোঁ ভগ্ন পাহাৰ বগাই বগাই 
মনে-প্ৰাণে সূৰ্যোদয়ৰ মহাৰ্ঘ স্পৰ্শ বিচাৰি।
—————————————
ডাষ্টবীন্
ডালিম কুমাৰ সিংহ

পুৱতি নিশা জন শূন্য চহৰখন,
প্ৰাত:ভ্ৰমণৰ আমেজ লৈ
চহৰখনৰ মাজ পথেৰে খোজ কাঢ়ি আছোঁ....
দূৰৈৰ পৰাই প্ৰত্যক্ষ কৰিলোঁ
পদপথৰ দাঁতিত থকা 'ডাষ্টবীন'টো,
অভিজ্ঞতা পুষ্ট মই - সাৱধান হলো,
নাকে-মুখে ৰুমাল খন হেচি ধৰি
দূৰে দূৰে মই আগবাঢ়িলো...
হঠাৎ কানত পৰিল খিল খিল হাহিৰ
এক ৰহস্যময়ী গুণ-গুণনি;
'মই থমকি ৰ’লো- ইফাল সিফাল চালোঁ
কোনো নাই, মাথোঁ 'ডাষ্টবীন'ৰ কাষত দুই-তিনিটা কুকুৰে
আৱৰ্জনাৰে ভৰা টোপোলাবোৰ
টনা আজোৰা কৰি আছে,
কেইজনীমান কাউৰী চৰাইয়ে
তাৰেই মাজতে কিবা বিচাৰি আছে....
ধেৎ তেৰী! মই ভ্ৰম দেখিছোঁ,
ছে: বিকট গোন্ধাইছে;
আগলৈ বুলি খোজটি দিলোঁহে মাথোন
হঠাৎ 'ডাষ্টবীন'টোৰ পৰা
ভাহি আহিল এক বেদনা ক্লিষ্ট গধূৰ কণ্ঠ-
'হেৰৌ চহৰীয়া বন্ধু!
এলাগী বুলি তোমালোকে
মোক কিয় উপহাস কৰিছা ?
নাকে-মুখে ৰুমাল লৈ
দূৰে দূৰে আঁতৰি গৈছা,
কি দোষে জগৰীয়া কৰিলা মোক?
তোমালোকেইতো দেখিছিলা স্বচ্ছ ভাৰতৰ সপোন;
সভ্য দেশৰ সভ্য নাগৰিক
কিয় এই বৰ্বৰ আচৰণ!
ব্যৱহাৰ নাজানিলা পৰিৱেশ নুবুজিলা
দূষিত কৰিছাঁ চৌপাশৰ বাতাবৰণ,
ধন্য ধন্য ভাৰতীয় জনগণ!
নিস্তব্ধ নিমাত-  মই সম্বিত ঘূৰি পালোঁ,
সন্তৰ্পণে 'ডাষ্টবীন'টোৰ ফালে আগুৱাই গ’লোঁ
ভিতৰলৈ চালোঁ- একো নাই
কেৱল 'ডাষ্টবীন'টোৰ চাৰিওফালে
সিচঁৰিত হৈ আছে আৱৰ্জনাবোৰ
দুৰ্গোন্ধময় যেন শ্বাসৰুদ্ধ হৈ যাব
লৰা-ঢপৰাকৈ মই আঁতৰি আহিলোঁ
ইমানতে প্ৰাত: ভ্ৰমণ সামৰি
নাকত এক বিভৎস্য গোন্ধ লৈ
ঘৰলৈ উভতি আহিলোঁ...।
—————————————
ঢোল
যামিনী দেৱী

সৰুসজাই ক্ৰীড়া প্ৰকল্পলৈ আহিবা
লগত ঢোলটো আনিবা
একেলগে ঢোল বজাম,
এঘাৰ হাজাৰ নাচনীৰ লগত
তুমি আৰু ময়ো 
থাকিম ঢুলীয়া হৈ।
শিশুকালতে দেউতাই আনি দিয়া
পুচ্‌কু ঢোলটো ডিঙিত আঁৰি লৈ
ছেও তুলিছিলোঁ-
"তাপলি ফাটাং
তাপলি ফাটাং,
গুণা ঠাকুৰ, লোহা ঠাকুৰ,
গুণা ঠাকুৰ, লোহা ঠাকুৰ।"
তাহানিৰ ঢোলৰ ছেওই হ'লগৈ
"ধিনিকি ধিন দাও,
ধিনিকি ধিন দাও দাও"-
নাচনীৰ প্ৰাণৰ ভাষা
যি ভাষাত নিহিত থাকে মনৰ আশা,
নাচনীৰ হৃদয়ৰ সুখৰ নিজৰা।
দেউতাই এতিয়াও
মাজে মাজে কয়
নিজে নিজৰ ঢোল নবজাবা
তোমাৰ ঢোলৰ মাত
আনক নুশুনাবা।
যদিহে মই মোৰ ঢোলটো নবজাও
প্ৰগতিশীল শ্যামল যাত্ৰাৰ অংশীদাৰ হৈ
কোনেনো জানিব
মোৰো ঢোল থকা বুলি।
ঢোলটো দেখোন তুমিয়ে
কিনি আনি দিছিলা!
তুমিও তোমাৰ  ঢোলটো লৈ আহিবা
'বিহু-বিনন্দীয়া'ত
নাচনীৰ লয়লাস ভংগীত
ঢোলে সঁহাৰি জনাব।
ঢোল বজাওতে দু-কুমেদি
লুণীয়া পানীৰ সোঁত বৱ
ভৰিৰ তলুৱা ভিজা ভিজা হ'ব
ভিজা দূবৰি বনৰ ওপৰত
নাচনীয়ে কঁকাল ভাঙি নাচিব
মুখত জিলিকিব 
মনৰ মধুৰ আবেশ।
গীনিজ বুকত 'বিহুনৃত্য আৰু ঢোলবাদনে'
ঠাই বিচাৰি উলিয়াব।
সময়ত নিজে নিজৰ ঢোলটো বাবা
ঢোলৰ ছেওই কঢ়িওৱা শুভবাৰ্তা
আনৰ কৰ্ণগোচৰ হ'বলৈ দিবা
নহ'লে তুমিও যে ঢোল বাব জানা
কোনেও গমেই  নাপাব।
————————————— 
অপেক্ষা 
গকুল চৌধুৰী

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা 
মই নাজানো তুমি এতিয়া ক’ত আছা 
তুমি নাজানা মই এতিয়া ক’ত
আছোঁ 
মই নাজানো তোমাৰ মনৰ 
খবৰ - বাতৰি 
তুমি নাজানা মোৰ মনৰ 
খবৰ - বাতৰি  ৷

আহ দুয়োৰে মনত কিমান যে বেদনা
তুমি আৰু মই এজনে আনজনৰ
পৰা যৌৱনত আতৰি থকাৰ 
যন্ত্ৰণা 
তুমি আৰু মই দুয়োজনে 
দুয়োজনৰ কৰ্ম জীৱনত সফল
হোৱাৰ তাড়না  
এয়া যে আমাৰ প্ৰেমৰ 
অগ্নিপৰীক্ষা  ৷

ঈশ্বৰৰ ওচৰত মোৰ বাবে তুমি 
কৰা তোমাৰ প্ৰাৰ্থনাৰ এটি 
কামনাত মই সদায় ভালে - কুশলে
থাকিম ৷
ঈশ্বৰৰ ওচৰত তোমাৰ বাবে মই 
কৰা মোৰ প্ৰাৰ্থনাৰ এটি কামনাত
তুমিও সদায় ভালে - কুশলে থাকিবা ৷ 

এদিন মইও সফল হ’ম 
এদিন তুমিও সফল হ’বা 
আমাৰ দুয়োৰে দুয়োজনৰ প্ৰতি 
থকা 
প্ৰেমে দিব সাহস - প্ৰেৰণা
মৰমে দিব আশীৰ্বাদ , উৎসাহ
উদ্দীপনা 
ভালপোৱাই দিব শুভেচ্ছা 
শুভকামনা  ৷

প্ৰতীক্ষা মাথোঁ ফেঁহুজালি দিয়াৰ
প্ৰতীক্ষা মাথোঁ নতুন দোকমোকালিৰ 
প্ৰতীক্ষা মাথোঁ একাঁজলি পোহৰৰ
প্ৰতীক্ষা মাথোঁ নতুন সূৰ্যোদয়ৰ  ৷

এদিন তুমি উভতি আহিবা 
বাটচাম মই তোমাৰ বাবে
মৰম নদীৰ সেউজীয়া পাৰত 
প্ৰেম নদীৰ সোণোৱালী ঘাটত 

বহু দিন, মাহ, বছৰ বিৰতিৰ
পাছত আমি দুয়ো আকৌ 
তাতেই লগ হ’ম 
মনৰ কথা পাতিম 
প্ৰেমৰ কথা পাতিম 
ভৱিষ্যত জীৱনৰ ন সপোন 
ৰচিম 
স্বৰ্গীয় সঁচা প্ৰেমৰ অমল 
উৎসৱ পাতিম 
তুমি শব্দ - বৰ্ণ হ’বা 
মই প্ৰেমৰ কবিতা লিখিম  
আৰু যে দুয়ো মিলি ক’ত কি 
কৰিম  ৷

অপেক্ষা মাথোঁ কাঁচিয়লি ৰ’দৰ
অপেক্ষা মাথোঁ নতুন পুৱতিৰ
অপেক্ষা মাথোঁ তোমাৰ আগমনৰ
অপেক্ষা মাথোঁ আমাৰ মিলনৰ  ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা 
ময়ো চিন্তা নকৰোঁ
তুমিও চিন্তা নকৰিবা 
মইও দুখ নকৰোঁ
তুমিও দুখ নকৰিবা  
অতি সোনকালে ওচৰ চাপি
আহিব আমাৰ দুয়োৰে 
মিলনৰ বেলা ৷
—————————————
সময়বোৰ দেখো ঠিকেই আছে
প্ৰবীন চন্দ্ৰ তালুকদাৰ

সময়বোৰ দেখো ঠিকেই আছে
আগৰ বছৰবোৰৰ দৰেই!
শীত গ’লেই বসন্ত আহে
বসন্ত আহিলেই কুলিয়ে মাতে
ফুলবোৰ  ফুলে,শিমলু-মদাৰ-কৃষ্ণচুড়াই
ৰাঙলী কৰে মনবোৰো  আমাৰ
ক’ব নোৱৰাকৈয়ে হৃদয় বাকৰিত৷

এইবাৰো আহিছিল ৰঙালী বিহুটি, চ’তৰ শেষত
গ’লগৈ পুনু আতৰি, আমাৰ মাজত থাকি সাতদিন 
বিহুৱাই গালে, নাচনীয়ে নাচিলে
নাচি নাচি এইবাৰ বিশ্বৰেকৰ্ডো গঢ়িলে!
আহিছিল বৰদৈচিলাজনীও মাকৰ ঘৰলৈ
খালে বিহু,গ’লগৈ উভতি,নিজ ঘৰলৈ
ভাঙি থৈ গছ-বিৰিখ,ঘৰ-বাৰী খঙতে
যোৱাৰ পথত যি পাইছে সন্মুখত৷

চোৱা, আম লাগিছে গছত অইনবাৰৰ দৰে
ডাঙৰ হৈ আহিছে কঠালো, চাওতে চাওতে
দুদিন পিচতে পকিব,নিয়ম মানি প্ৰকৃতিৰ
বুলবুলি চৰাই কেইজনীও আহিছে আগবাঢ়ি
চাইছে টুকুৰিয়াই,মধুৰিআমডালত বহি
পকিছে নে নাই ,প্ৰিয় খাদ্যবোৰ সিহঁতৰ!
আহাৰ মাহেই দেখো এতিয়া,আহি পাবহি!

প্ৰকৃতিৰ নিয়মবোৰ দেখো ঠিকেই আছে সকলো
আমাৰবোৰহে দেখিছো,কেৱল ওলটপালট!
নকৰিবলগীয়াটো কৰিছোঁ,নাখাবলগীয়াটো  খাইছোঁ
প্ৰকৃতিৰ নিয়মবোৰৰ বিপৰীতে গৈ
নিজৰ অমঙ্গলবোৰ, নিজে মাতি আনিছোঁ৷
সামান্য জ্ঞানেৰে জ্ঞানী হৈ ,ওভতগোৰে নাচিছোঁ
“ডেম্ কেয়াৰ’’, “বিন্দাছ’’আৰু “সাংঘাটিক’’নহ’লে
আমি দেখোন আজি,চলিবকে নোৱৰা হৈছোঁ৷
—————————————
সমালোচনা
অঞ্জনা ৰূপা দাস

ব্যক্তিগত বিদ্বেষৰ মনোভাৱ,
সি স্থানে সমালোচনাৰ আৱিৰ্ভাৱ ,
নোৱাৰি সহিব পৰৰ উন্নতি, 
শব্দবাণে আন্তৰিক প্ৰহাৰ নিক্ষেপি। 
উপভোক্তাই কৰে উপলব্ধি, 
শাৰীৰিক প্ৰহাৰতকৈ ভয়াবহ ই।
বাকযুদ্ধ কিম্বা শাৰীৰিক যুদ্ধ, 
হিংসাত্মক মনোভাৱেৰে উদ্বুদ্ধ।
ব্যক্তিৰ উন্নতি মাৰ্গ কৰি ছন্ন, 
বাধ্য বাধকতাৰ উৎপন্ন। 
হয় যদি আপুনি গুণী -জ্ঞানী, 
সমস্যা চাব ভাবি-গুণী। 
সমালোচনাত নহৈ ভীত, 
নহ'লে যে লক্ষ্য হয় বিচূৰ্ত। 
কূটিলতাত সম্পর্ক নষ্ট, 
সৰলতাত সৌন্দর্য স্পষ্ট। 
আত্ম সমালোচনা হে শ্ৰেষ্ঠ, 
 আত্ম উপলব্ধি অনিবার্য। 
ধাতু উজ্জ্বলে অগনিত পুৰি
সমালোচনাত আপুনিও শুদ্ধি। 
সফলতা আকাঙ্ক্ষিত জন, 
নাথাকে লাগি বিদ্বেষী মত। 
সমালোচনা কৰি আওকাণ, 
কৰ্মৰে দিয়ে পৰিচয় দান।
—————————————
পংগু হৃদয়
ফাৰুল হুছেইন

শাৰীৰিক ভাবে পংগু 
হোৱাতো ডাঙৰ কথা নহয়
কিন্তু মনটো যদি পংগু হয়!
শাৰীৰিক পংগুত্বই কাৰোবাৰ
মৰম,চেনেহ আদায় কৰিব পাৰে
কিন্তু এখন পংগু হৃদয়ে
বহুতৰে হৃদয় পংগু কৰিব পাৰে৷

শাৰীৰিক পংগুত্বই সমাজ
কলুষিত নকৰে কিন্তু পংগু
মনৰ মানসিকতাই সমাজ
এখন কলুষিত কৰে বাৰুকৈয়ে৷
এখন আবেগিক হৃদয়েহে
বুজি পায় আন এখন 
আবেগপ্ৰবণ হৃদয়ৰ ভাষা৷
কিন্তু পংগু হৃদয়ে কেতিয়াওঁ
নুবুজে আনৰ হৃদয়ৰ ভাষা৷
চকুপানীৰ যন্ত্ৰণা বুজাজনেহে
বুজে আনৰ চকুপানীৰ ব্যথা৷

ভোকত থকাজনেহে জানে
ভোকৰ যন্ত্ৰণা
ঠিক তেনেদৰে
এখন সুস্থ হৃদয়েহে উপলদ্ধি
কৰিব পাৰে কাৰোবাৰ দুখ,
বেদনা,চকুলোৰ যন্ত্ৰণাৰ ভাষা৷
—————————————
তুমি মোৰ ভেলেণ্টাইন হোৱা
প্ৰাণ প্ৰতিমা বড়া

আজি হেনো প্ৰেমৰ দিন
 নালাগে তুমি মোৰ 
চেইন্ট ভেলেণ্টাইন হ’বলৈ,
প্ৰেমৰ নামত আত্মবলিদান দিবলৈ ।
তুমি মোৰ জীৱনৰ
এটি তেজে ধোঁৱা গান হোৱা,
প্ৰতিটো পলকত  হৃদয় জুৰাবলৈ। 
তুমি মোৰ এটি উশাহ হোৱা ,
তুমি মোৰ মনৰ জোনাক হোৱা,
বিকম্পিত মনৰ  অমাৱশ্যা অতঁৰাবলৈ ৷
মোৰ জীৱনৰ প্ৰতিটো পলকৰ 
তুমি মোৰ ভেলেণ্টাইন হোৱা,
মৰমৰ সাগৰত 
বিশ্বাসৰ নাওখনি মেলি দিয়া 
তোমাৰ হৃদয়ৰপৰা 
মোৰ হৃদয়ৰ ঘাটলৈ । 
মোৰ জীৱনৰ প্ৰতিটো পলকৰ
তুমি মোৰ ভেলেণ্টাইন হোৱা ।
—————————————
লক্ষ্য মোৰ সোঁফালৰ দল
মুহাম্মাদ আফজাল 

চিনাকি পৃথিৱীত অচিনাকি হৈ,
পাৰ কৰিছোঁ জীৱন নৈ।
কোন কাৰ আপোন, 
কোন কাৰ পৰ,
আহৰি নাই ভাবিবলৈ।

কামেই পৰিচয় মনুষ্য কুলৰ,
কামতে ব্যস্ত দিন, মাহ, বছৰ।
সুফলৰ আশাৰে, 
জীৱন সংগ্ৰামৰ মাজেৰে,
সোঁফালৰ দলত লিখিমেই নাম নিজৰ।

(টোকাঃ কবিতাটোত সোঁফালৰ দল বুলি সাফল্যৰ দল বুজোৱা হৈছে।)
—————————————
মা
মিন্টু(অভিজ্ঞান) বৈশ্য

শব্দেৰে জানো বুজাব পাৰি মাৰ মমতা
যি হয় প্ৰতিটো নিশাৰ সাৰিকা ভাষাৰেই জানো বৰ্ণাব পাৰি মাতৃত্বৰ সংজ্ঞা!
 যি জনমেই হয় প্ৰহেলিকা।
মাতৃপ্ৰেমত উতনুৱা মই চিৰপল 
এই বিশ্বৰ সকলো মাতৃয়েই প্ৰাণৰো প্ৰাণৰ মোৰ 
কোনো মাতৃয়েই নহয় কাৰোবাবে পৰ।
মাতৃয়েই জানো নহয় জোনাকৰ নিবেদিতা !
তথাপি মাতৃ হ'ব লাগে কেতিয়াবা উপেক্ষিতা
কিয়...
নিৰপত্য মাতৃৰ দোভাগ নিশাৰ বিননি শুনিছা জানো কেতিয়াবা !
শুনিছানে সেই বৃদ্ধাশ্ৰমৰ মাতৃগৰাকীৰ নীৰৱ উচুপনি 
তথাপি মাতৃয়েই নকৰে আক্ষেপ কাকো 
মাতৃযে জনমে জনমে মাথোঁ মৌন তিতিক্ষা ।
মাতৃ যে জীৱন নাটৰ আজন্ম ভাৱৰীয়া 
আৰু মাতৃৰ নাটখনিৰ শিৰোনাম কি জানা
“ অপৰাজিতা "
হয় সেয়াই মাতৃ যি পলে পলে মঞ্জিমাও মাধুৰীমা
সেয়াই মাতৃ যি বিশ্ববৈভৱৰ আজন্ম প্ৰেমিকা ,
যাৰ কোলাতেই দোলে শত শুকুলা ঘোঁৰা
যাৰ স্পন্দনে জুৰাই অদিতিৰ হিয়া
সেই মাতৃৰ পাৱে পৰি কৰা নিতে বন্দনা
মাতৃৰ বচনেই যে জীৱন জীয়াৰ মন্ত্ৰনা ।
 
নিৰপত্য_সন্তানহীনা মাতৃ
মঞ্জিমা_সুন্দৰতা
—————————————
প্ৰেম হেনো এনেকুৱাই
বৃষ্টিশিখা দত্ত

প্ৰেম হেনো এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়!
অনুভূত নহয় পাপ কিম্বা পূণ্য
নিবিচাৰে অনুভৱৰ দূৰত্ব!

বিচৰাতো নাছিলোঁ  উৰিবলৈ
নীলিমৰ বিশাল বুকুত
যদিও ভাল পাঁও
শুকুলা মেঘৰ ফাঁকে ফাঁকে
আকাশ নীলা!

নজনাকৈয়ে নিবিচৰাকৈয়ে
পাৰ হ'লো সীমাবদ্ধতাৰ
লক্ষ্মণ ৰেখা।
উভতিবৰ মন নাছিল
সেয়ে থমকিলো!

বিষাদবোৰ তোৰে মোৰে একে
কাৰণহে বেলেগ
উন্মুক্ত স্বাধীনতা বিচাৰি
চুমুক দিলো নেকি
হাবিয়াহৰ এপিয়লা ৰাগীত।
—————————————
অমূল্য নে মূল্যহীন
ৰাজু মেধি

অমূল্য
মূল্যহীন
অমূল্য নে মূল্যহীন
বোজাত বৰ কঠিন।

কাৰোবাৰ বাবে সকলো কৰিছা,
কাৰোবাক সাধ্যানুসৰি সকলো দিছা,
কিন্তু,
অমূল্য নে মূল্যহীন
বোজাত বৰ কঠিন।

ধনেৰে কাৰোবাক সহায় কৰিব নোৱাৰিলা,
কিন্তু তোমাৰ সময় দি তেওঁক সহায় কৰিলা,
কিন্তু,
 অমূল্য নে মূল্যহীন
বোজাত বৰ কঠিন।

কাৰোবাৰ বাবে তুমি সকলো সময়তে উপলব্ধ হৈছা,
কিজানি তাৰ বাবেই তুমি সস্তীয়া হৈ পৰিছা,
সেয়েহে,
অমূল্য নে মূল্যহীন
বোজাত বৰ কঠিন।

সেয়েহে তুমি এনে কাম কৰা যাৰ দ্বাৰা তুমি অমূল্য সম্পদ হৈ পৰা,
যাৰ দ্বাৰা তুমি মূল্যহীনৰ পৰা বহুমূলীয়া হৈ পৰা,
আৰু সিহঁতে ক'ব,
অমূল্য নে মূল্যহীন
বোজাত বৰ কঠিন।
—————————————
মাটি এডৰাত সিঁচি সিঁচি দিম সেউজীয়াৰ বীজ
বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ

যদি কৰবাত 
অকণমান মাটি পোৱাহ'লে 
সিঁচি দিলোঁহেতেন
তাতেই সেউজীয়াৰ বীজ  বীজবোৰ গজি গজি হ'ব
তাতেই সেউজীয়া
সেউজীয়াবোৰেই মোৰ স্বপ্ন 
ভালপোৱাৰ  ই এটি  ছবি।
  
হৃদয়ৰ এই খালী পৃষ্ঠাতেই
সেউজীয়াবোৰেই শ শ
কবিতাৰ সৃষ্টি সেউজীয়াবোৰেই মোক
মোৰ মন পুলকিত  কৰে নাচি  
উঠে মোৰ সেউজীয়া বননিত
পুৱাৰ নিয়ৰ উৰণি ফালি 
ওলাই অহা সোণালী বেলি
কৰি তোলে  সেউজী ৰঙীন।
   
সেউজীয়াবোৰ যে সদায়
সেউজীয়া হৈ ৰওঁক  
মোৰ হৃদয়ৰ মাটিৰ এদৰাত
সিঁচি সিঁচি দিম এমুঠি সেউজীয়া
মোৰ আপোন মানুহৰ বুকুৰ 
সেউজ পথাৰত
চাৰিওফালে সেউজীয়াই
সেউজীয়া জীৱনৰ ই দীঘলীয়া উশাহ।

হৃদয়ৰ এছটাত সিঁচি দিম
মই ভালপোৱা মোৰ  চিৰসেউজীয়াক
আঁকিম ছবি তাতে এটি ধুনীয়াকৈ
সেউজীয়াৰ পাতত বতাহে জুৰিব এটি গীত
ফুলিব ফুল নানা ৰঙীন মন ফুলনিত
সেউজীয়া এই ধুনীয়া ধৰণীত।
-------------------------------------
জীৱন জীয়াৰ সপোন
স্বপ্না কলিতা

হাত মেলিলেই  ঢুকি পোৱা হ'লে
হাকুটিয়াই নেথাকিলোঁ হেঁতেন !
ফুঁ মাৰিলেই উৰুৱাব পৰা হ'লে
বিষাদবোৰ বতাহত বিয়পালো হেঁতেন!
চেনেহৰ মালা গাঁথি সুখবোৰ বুটলিবলৈ
তোমাৰ চোতালতে দলিচাখন পাৰিলোঁ।
শুকান বতাহৰ ছেৱত নাচিবলৈ 
মনৰ নিজানত তোমাকে সাবটিলো।

তুমি হেঁপাহ, তুমি আশা , তুমি আপোন ।
''তুমি''তে লুকাই আছে সমস্ত গোপন ।
ঢৌ খেলি নাচি থাকে সেউজীয়া সপোন ।
তুমি ,
মোৰ জীৱনৰ নিছিগা বান্ধোন ।
 জীৱন জীয়াৰ নিপোটল সপোন ।
—————————————
মাথোঁ এটি শব্দ
নাছিৰ আহমেদ

মাথোঁ এটি শব্দ বিচাৰি
গোটেই বিশ্ব চলাথ কৰিলো ।
মাথোঁ এটি শব্দ বিচাৰি
হিমালয়ৰ পাদদেশত জনজাতি নাৰীৰ                              উন্মুক্ত  স্তনত মুখ গুজি দি পান কৰিলো  দুগ্ধ-ধাৰা 
আফ্ৰিকাৰ  নাৰীৰ এঙাৰ-নিমজ উজ্জ্বল দেহত
স্নেহৰ ফল্গুধাৰাত স্নান কৰি পাপ মোচন কৰিলোঁ ।
মাথোঁ এটি শব্দ বিচাৰি ।
চাহ গছৰ আঁৰে আঁৰে 
কেঁচা পাতৰ কঁপনি উঠে নাৰীৰ হাতৰ পৰশ লভি
নয়ন দুটিত পদুম ফুলে !
বোৰ্খা পৰিহিতা আৰবীয় নাৰীৰ বুকুত গোলাপৰ সুগন্ধি মোৰ প্ৰাণ কাঢ়ে !
এক-বস্ত্ৰা আৰ্য নাৰী দ্ৰৌপদীৰ সৰ্ব্ব শৰীৰত
দুৰ্যোধন-দুঃশাসনৰ বিষাক্ত দংশন
পঞ্চ-পাণ্ডৱৰ চকুত অ-সহায় কম্পন জাগে।

মাথোঁ এটি শব্দ বিচাৰি 
গোটেই বিশ্ব চলাথ কৰিলো  ;
যি মমতাময়ী,স্নেহময়ী, ধৈৰ্য্যশীলা, গৰ্ভধাৰিণী , বিষাদ ৰাগিনী, আত্মত্যাগী , দুঃখ হাৰিণী ;
গোটেই বিশ্বত যাৰ একে ৰূপ, একে ভাৱনা
তাৰ নামেই হ'ল  মা মা মা !
(মাতৃ দিৱস উপলক্ষে)
—————————————
মোৰ অন্বেষণ
দিপ্তী মনি গোস্বামী
                
ম‌ই এখনি সাধাৰণ নদী
মুক্ত মনে ফুৰো নাচি বাগি
মোৰ বুকুত একোৱেই নাই উভৈনদী,
আশাৰ কামনাই নিশিপাই মোৰ স্ব-নলীৰ  ভাষা
শূন্য লক্ষ্য উদেশ্য মোৰ নাই আশা প্ৰত্যাশা।

মোৰ বুকুৰ প্ৰাপ্যত যদি ধৰা দিয়ে
বৈধতাৰ  ভেঁটা ভঙা নল কুণ্ডা খাগৰি
প্ৰকৃতিৰ নিয়ম অমান্য নকৰি
আলফুলে বুকুত ল‌ওঁ সামৰি
মোৰ গতিপথত ৰাষ্টা বেঁকা নকৰি।

মোৰ উপকূল উপত্যকাত ফুল ফুলে জাত জাত
আদৰ সন্মানেৰে ম‌ইও মূৰ দোৱাও তাত
মোৰ বুকুৰ পলসেৰে উৰ্বৰা সিঁচে তাত
বিনিময়ত ম‌ই নিবিচাৰোঁ আদৰ সন্মান
নকৰোঁ কেতিয়াও কিবা বৃথা অভিমান।

মোৰ অন্বেষণ বৈ বৈ নিৰবধি
বিশাল সাগৰৰ বুকুত হ‌ওঁক সমাধি
সাগৰৰ মুকুতাই নিন্দা নকৰাকৈ
মূল ভেঁটিয়ে অপযশ নোলোৱাকৈ।
—————————————  
পৃথিৱীৰ আর্তনাদ
দেবর্ষি গৌতম

গোটেই পৃথিৱী আজি কাৰাৰুদ্ধ।
আজি ভাঁহি আহিছে বতাহৰ লগত
বন্দীত্বৰ কৰুণ আর্তনাদ।
অত্যাচাৰী মানৱৰ দৌৰাত্মত,
আজি কম্পিত পৃথিৱীৰ মানৱ জাতি।
মানৱৰূপী দানৱৰ ছাল চলনত,
আজি যেন কবৰৰ তলত 
শুই থকা মনুহবোৰো ত্ৰস্তমান।
দানববোৰে আজি শিশুবোৰকো যেন,
কবৰৰ তলত আশ্ৰয় লবলৈ বাধ্য কৰিছে।
আজি যেন মানৱীয়তাৰ কান্দোন স্তব্ধ হৈ পৰিছে,
জীয়াই থকাৰ ব্যৰ্থ প্ৰয়াসৰ সন্মুখত। 
সুন্দৰ পৃথিৱীত আজি দানৱৰ ৰাজত্ব,
দানৱৰ আগত যেন আজি হেৰাই গৈছে,
মানৱীয়তাৰ সকলো শ্লোগান।
দানববোৰে যেন আজি একাকাৰ কৰি পেলাইছে,
নৃশংস আৰু নিষ্ঠুৰতাৰ সকলো সীমা।
চৰাইবোৰেও যেন আজি গাইছে মুক্তিৰ গান,
দানৱৰ উৎপীড়ণ 
আৰু ৰাক্ষসৰ বন্দীত্বৰ পৰা মুকলি হৈ,
পুনৰ সেই ধুনীয়া পৃথিৱী খন ঘূৰাই পাবলৈ। 
—————————————
এজাক ধুমুহাৰ শেষত
মৃদুলা বৰুৱা 

মৰমৰ টুনী চৰাই হালি 
নীলাম্বৰৰ প্ৰান্তে প্ৰান্তে
উৰিছিল এদিন
হেঁপাহৰ দুপাখী মেলি,
দেও দি নাচিছিল
মোৰ চোতালত,
খেৰ-কুটা গোটাই
জবা জোপাৰ খোৰোঙত
ৰচিছিল সপোন।
হঠাৎ আহিল কʼৰবাৰ পৰা
বলিয়া ধুমুহাজাক
চৌদিশে তাণ্ডব কৰি 
উৰুৱাই নিলে সিহঁতৰ 
সপোন পজা ।
ধুমুহা শেষ হ'ল
পৃথিৱীও শান্ত হ'ল
মাথোঁ সিহঁতৰ কণমানি দুটি
ধুমুহাৰ মাজতে হেৰাই গ'ল।
ওৰে ৰাতি সিহঁতৰ হৃদয়ত
বলিলে বেদনাৰ ধুমুহা,
দুচকুত জিলিকি উঠিল
দুখৰ হুমুনিয়াহ।
পুৱা সূৰুযৰ কিৰণে 
দুচকুৰ বিষাদ মচি দিলে
সপোনৰ ঠিকনা বিচাৰি দুয়োয়ে
আকৌ খেৰ-কুটা গোটালে,
হয়তো সিহঁতেও বুজি উঠিলে
এইয়া যে সংগ্ৰামৰ জীৱন।
—————————————
এটা সৰল বদমাছ অংক
পপী চহৰীয়া
                    
প্ৰকৃতিৰ আবেষ্টনীৰ মাজত
এটা কোমল ৰাতিপুৱাৰ
সাৰ পাই উঠিলোঁ মই
নীলাভ চকুযুৰিৰ সন্মুখত
পাতি দিলে এটা অংক
য'ত আছিল
এটা সৰল বদমাছ
বদমাছটো অতি সংগঠনে
সৰল কৰিছোঁ
একান্ত বাধ্য ছাত্ৰৰ দৰে
বিনা প্ৰতিবাদে 
অংকৰ উত্তৰ নোলোৱা পৰ্যন্ত  
ৰ'দত বহি বদমাছটো
সৰল কৰাত ব্যস্ত আছিলোঁ
ৰ'দৰ পোহৰত 
চিক-মিকাই উঠিল
সৰল বদমাছ অংশটোৰ
আশা-আকাংক্ষাবোৰ।
————————————— 
সমাধি 
ৰিংকুমণি বড়া

মোৰ মৌনতাক আৱৰি
শত-সহস্র মৃত শব্দৰ সমদল
ঘড়ীৰ কাঁটাৰ চন্দোময় শব্দত
আঙুলিৰ ফাঁকেৰে জৰ্ জৰ্ কৈ সৰি পৰে
অতীতৰ পোচাক পিন্ধি বৰ্তমান...!
পোৱা নোপোৱা, সুখ দুখৰ হিচাপ ...! 
প্ৰেমৰ অপলাপ
তুমি তুমি লগা গোন্ধটো এতিয়া
ঘৃণাৰ ভেঁকুৰে চানি ধৰিছে
মাথোঁ মৃত্যুক শিল্প কৰাৰ স্বাৰ্থতে
জীৱন নিৰস শিল ঘঁহি ঘঁহি ঘোলা কৰিছো
চাৰিকড়ীয়া কিম্বা সোৱণশিৰি...।
 
তোমাৰ প্ৰিয় ৰং নীলা
কৈছিলা এদিন
প্ৰতিশ্ৰুতিৰ পাহাৰ বগাই সপোন খান্দি ফুৰোতে
নীলা ৰং বিষাদৰো 
বিষৰো
সেয়ে মোৰ আকাশ জুৰি এতিয়া কেৱল নীলা...নীলা আৰু নীলা...!
—————————————
জীৱন সুৰভি
তানিয়া মধুকল্য 

জীৱন সুন্দৰ
এদিন নিজকে ভালপাই চাবা
দেখিবা তেতিয়া পৃথিৱীখনো
তোমাৰ ভাল লাগিবলৈ ল'ব
গছ-লতা- ফুলবোৰৰ প্ৰতিও 
এদিন তোমাৰ মৰম জন্মিব
 
সদায় ধনাত্মক কথা ভাবিবা 
দেখিবা দুখবোৰ পাতলিব
আনক সহায় কৰিবা 
দেখিবা মনত প্ৰশান্তি জন্মিব 
সদায় সত্যক লগ দিবা
দেখিবা তুমি সফল হ'বা 
এইয়াই জীৱন জিনাৰ কৌশল

তুমি কবলৈ বিচৰা কথাবোৰ 
বা তুমি কৰিবলৈ বিচৰা কামবোৰ 
কেতিয়াবা তোমাৰ মতে 
নহ'বও পাৰে 
একো ডাঙৰ কথা নহয়।
ইও আমাৰ গতানুগতিক জীৱনৰ
এটা অভিন্ন অংশ 
দুখবোৰকো কেতিয়াবা স্বীকাৰ 
কৰিব লাগে 
কাৰণ সেই দুখেই কেতিয়াবা আমাক 
সুখী হ'বলৈ শিকাই
তাক কৌশলেৰে জিকিবলৈ শিকা
কাৰণ চেষ্টাৰ অসাধ্য একোৱেই নাই।

সঁচাই জীৱন বৰ সুন্দৰ
জিনিব জানিলে 
ৰঙীন হৈ পৰে জীৱনটো
ভগৱানৰ সৰ্বোশ্ৰেষ্ঠ উপহাৰৰ নাম–জীৱন।
—————————————
নৈৰ পাৰলৈ...
অজন্তা তামুলী ফুকন

নুনীফলৰ ৰঙেৰে বুলাই ওঁঠ
কুলি কেতেকীৰ গীতৰ ছন্দত 
শৈশৱৰ নৈৰ পাৰৰ আড্ডাবোৰত
মাছ ধৰাৰ উচ্ছাসবোৰত
একেলগে গাধোৱাৰ আনন্দবোৰত
নাছিল কৃত্ৰিমতা 
বৰশী টোপোৱা আবেলিবোৰত
কেঁচা আম পকা জলকীয়াৰ ৰসকণ খোৱা দুপৰীয়াবোৰত
আইৰ দুচকুৰ ভাষাত মনৰ ভাব বুজি সচেতন হোৱা পৰত 
মুঠিতেই সৰগ ঢুকি পাইছিলোঁ
একেলগে ভগাই খোৱা আনন্দ বোৰতে ওলমি ৰ'ল ল'ৰালি
স্মৃতিকাতৰ ভাববোৰেৰে সমৃদ্ধ জীৱনৰ বাটত
কৃত্ৰিম যান্ত্ৰিকতাত থৰ লাগিল সময়
থাউকতে উৰি গʼল নৈৰ পাৰলৈ
শৈশৱৰ সোণোৱালী পলবোৰলৈ।
—————————————
সপোন
জুলী মেধী  
   
সপোন–
তই বৰ আপোন
জীৱন লগৰী মোৰ ।
বলিঘৰ সজাৰ দিনতে
কৰি মিতিৰালি
কৈশোৰৰ ধেমালিত
কিম্বা যৌৱনৰ বেলিত
লগৰী সৰ্বদা মোৰ
তয়েই আছিলি  ।

যাম দেই লগে ভাগে
হাতে হাত ধৰি 
জীৱনৰ পৰিধি বিচাৰি ।
যদিহে পৰিব খোজোঁ
খাই হামখুৰি
দিবি দেই উঠাই
নিজৰে লগৰী বুলি ।

ভাগৰি যদিহে পৰ
অলপ জিৰাম,
পুনু উঠি
সপোন সজাম
জীৱনৰ বাট বুলি যাম ।
—————————————                             
মমতা
অপৰূপা দত্ত 

স্ৰষ্টাৰ অনন্ত সৃষ্টিৰ সৌন্দৰ্য্য 
বসুন্ধৰাৰ তাৎপৰ্য্যপূৰ্ণ ৰহস্য 
তোমাৰ কোলাতেই প্ৰথম দেখিলোঁ 
মা'. . . 
আলফুলেৰে দাঙি ধৰিছিলা মোক 
আৰু মাত দিছিলা 
মাজনী , দেহা ইত্যাদিৰে
তোমাৰ প্ৰতিটো শব্দৰ আঁৰত আছিল
তোমাৰ মাজনীৰ প্ৰতি মৰম
তুমিয়েই শিকাইছিলা 
ভাল-বেয়াৰ সঠিক দিশ 
জীৱনৰ সংগ্ৰামৰ সবিশেষ 
সেয়ে হয়তো
স্মৃতিৰ মজিয়াত আজীৱন 
আৱদ্ধ হৈ থাকিব 
কোমলতাৰে ভৰি থকা 
তোমাৰ উজ্বল মুখখনি
তুমি এগৰাকী নাৰীয়েই নোহোৱা
তুমি 
মমতাময়ী
উৎসাহিনী
তুমি 
মা"...
—————————————                           
তুমি
জানমণি ডেকা

তুমি–
মোৰ নীলিম আকাশৰ সপ্ন ,
মোৰ বিষাদৰ  এমুঠি হাঁহি,
মোৰ ৰিক্ত জীৱনৰ প্ৰেৰণা,
মোৰ তৃষ্ণাৰ এসাগৰ অমৃত।

তুমি–
মোৰ শুকান পদুলিৰ হেঁপাহৰ বৰষুণ,
মোৰ হৃদয় কাননৰ এছাতি শান্তিৰ মলয়া, 
মোৰ মেঘাচ্ছন্ন মন আকাশৰ ৰʼদালি,
মোৰ পূৰ্ণিমাৰ আকাশৰ জোনাকি।

তুমি–
কবলৈ গʼলে বহুতেই তুমি ,
মোৰ হৃদয়ৰ অবিকশিত কুসুম তুমি,
মোৰ জীৱনৰ এটি অবাস্তৱ সপোন তুমি, 
মোৰ কল্পনাৰ অবাস্তৱ মৰীছিকা তুমি।
——————————————————
অনুভৱ
ৰুমী সেনাপতি ভূঞা

ছবিয়ে কথা কয় ,
শব্দই প্ৰতিফলিত কৰে ,
আশাই ৰেঙণি সিঁচে 
অনুভূতিয়ে সুপ্ত চেতনাক জাগ্ৰত কৰে 

স্মৃতিয়ে বৰ্ণিল কেনভাচ আঁকে
" জীৱন " প্ৰহেলিকাময় সময়ৰ 
অভিজ্ঞতাৰ নীৰৱচ্ছিন্ন আখৰা !
জীৱন মানেই নৈমিত্তিক সংগ্ৰাম ,

নাই কোনো অনুকম্পা ৷
আদৰ কিম্বা সংবেদনশীলতা 
যান্ত্ৰিক জীৱনত ব্যস্ততাৰ কোচকৱাচ !

এনেদৰেই সময় ক্ৰমশঃ আগুৱাইছে  !
———————————————————

Post a Comment

1 Comments