——————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
কবি,কবিতা আৰু সমালোচনা–এই বিষয়ে সম্প্ৰতি সামাজিক মাধ্যমত যথেষ্ট চৰ্চা চলি আছে।অনুভৱৰ মননশীল নিৰ্মাণক শিল্পলৈ পৰিণত কৰিবলৈ নিতান্তই সাধনাৰ প্ৰয়োজন। অধ্যয়ন,চৰ্চা আৰু সাধনাৰ পাছত যেতিয়া এটা কবিতা নিৰ্মাণ কৰা হয়,তেতিয়া সেই কবিতাৰ মান নিৰূপণৰ বাবে নিৰপেক্ষ সমালোচনাৰ প্ৰয়োজন। কিন্তু সম্প্ৰতি তেনে সমালোচনা কিমান
সুলভ ?
অৱশ্যেই সমালোচনা সাহিত্যৰ এটি গুৰুত্বপূৰ্ণ অংশ। কিন্তু সমালোচনা হ’ব লাগে গঠনমূলক আৰু নিৰপেক্ষ।দেখা যায়– সমালোচনাই বহুক্ষেত্ৰত বহু প্ৰতিভাক অকালতে মোহাৰি পেলায়।
সেয়ে ,আমাৰ দৃষ্টিৰে সময়তকৈ শ্ৰেষ্ঠ সমালোচক আন কোনো নাই।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
শব্দক লৈ কিছু চৰ্চা
বৃদ্ধাশ্রম,বৃদ্ধাৱাসঃ—
'আশ্ৰম' শব্দটোৱে মুনি অথবা, ধৰ্মপৰায়ণ লোকৰ আশ্ৰয়-থলীকহে বুজায় কাৰণে 'বৃদ্ধাশ্রম'ৰ পৰিৱৰ্তে -- 'বৃদ্ধাৱাস' ( বৃদ্ধসকলৰ আৱাস) শব্দটোহে সঠিক অৰ্থৱহ।
তথাপিঃ–
তথা + অপি = তথাপি।
সুৰৰ প্ৰয়োজনত, গীতত 'তথাপিও', 'তথাপিতো' ব্যৱহাৰ কৰিলেও 'তথাপি'টোহে শুদ্ধ।
—————————————
অনুবাদ কবিতা
Silent Screams
Seema Jayaraman
In the shattered silence
Your deafened ears
Won't hear my screams
I'm a walled up rejection
Battling demons you raised in me
নিৰৱতাৰ সোঁসোঁৱনি
মূল: সীমা জয়ৰমণ
ভাৱানুবাদ: ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ছিন্নভিন্ন নিস্তব্ধতাত
মই এটা পুতি থোৱা প্ৰত্যাখ্যান
মোৰ মাজত তুমি জীয়াই ৰখা দানৱৰ সৈতে যুঁজি
তোমাৰ অঘোৰ কলা কাণখনে
মোৰ চিঞৰ শুনিব নোৱাৰিলে...
—————————————
কবিতা
বুটজোতা
অৰ্চনা ঠাকুৰীয়া
বাগিচাখনত জেওৰা দিয়াৰ পৰিকল্পনা মোৰ নাই
চকু দুটাই চাবলৈ বেয়া পালেও
ভেঁকুৰ ধৰা নেমু জোপাৰ যত্ন ল'বলৈও মন নাই
চাবলৈ গ'লে ই আপদীয়া কথা
অথবা আপুনি ক'ব পাৰে যে মই ভীষণ স্বাৰ্থপৰ
অথবা এলেহুৱা
সামৰ্থৰ জোখাৰে কথাবোৰ ভাবি থাকোতে
এখন ছবিয়ে মোক চিন্তাত পেলালে
বোকাৰে লুতুৰি -পুতুৰি এযোৰ বুটজোতা
ভেনগঘৰ ছবি হেনো
কাৰ জোতা,কিয় আঁকিলে ক্ষণিক ভাবিলো
জোতা, ভৰি আৰু মূচি
তিনিওকে এডাল সূতাৰে চিলাব পৰাহেঁতেন...
পিছে নোৱাৰি, ই অসম্ভব
তাতকৈ শিল্পীগৰাকীয়ে মোৰ নেমুজোপাৰ দৰে
এজোপা অঁকা হ'লেই ভাল আছিল
ছবি চাই কল্পনা কৰিবলে ভাল
যি মাথোঁ কলাৰহে সত্য,জীৱনৰ নহয়
তেনে ছবি আততায়ী দিনৰ চুমাটোৰ নিচিনা
প্ৰতি টোপাল টোপনি মচি
কোনে কালৈ চাই
কোনে কাৰবাবে কান্দে
ঘৰৰ মূধা ফুটি বৈ আহে
অতৃপ্ত অভীপ্সাৰ বোৱতী নৈ...
—————————————
আকাংক্ষা
লাৱণ্য নাথ
প্ৰেমৰ নিৰিবিলি জোনাক
গছ হৈ গজি উঠে
জীয়াই ৰখাৰ মন্ত্ৰ নাথাকে তাত ।
সময়ে শিকায় কিমান গভীৰ নৈৰ আকুলতা
ক'ত কেনেকৈ খোজ দি
পাৰ হ'ব লাগে সময়ৰ জটিল আহ্বান।
নাজানি সকলোৱে ভুল পথেৰে যায়
য'ত নিদিয়ে ভাগ্যই সহাঁৰি
সমাজখন আমিয়ে গঢ়িছোঁ
প্ৰতিযোগিতাৰ যুঁজৰ প্ৰতিযোগী হৈ
প্ৰশ্ৰয় লৈছোঁ হিংসা আৰু দুৰ্নীতি ।
[সম্প্ৰীতি আৰু ঐক্য নহয় যেন আমাৰ শ্ল'গান।]
মৰমৰ দাম সম্প্ৰতি প্ৰতিযোগীতাত মূল্যহীন
তথাপি অদৃশ্যজনক কৰোঁ প্ৰাৰ্থনা
জয়ীকৰা প্ৰেমৰ সেউজীয়া মৰম
মৰমৰ গছবোৰ ওখ হওক
মানুহৰ আশা আৰু সপোনে খোজ কঢ়া জোনাকী বাটত।
—————————————
মই দেখা সূৰ্য্যটোও গলিছিল দিনে দিনে
সুশান্ত দাস
অশান্ত প্ৰহৰৰ অৰ্তনাদ শুনিছিলোঁ
লুকা-ভাকু খেলা জোনৰ আঁৰত
তপত অগ্নিসম
জ্বালামুখী বিস্ফোৰণত
লাভাৰ নৈ বৈ আহিছিল
ডাৱৰীয়া আকাশৰ মাজেৰে,
পাছত বন্ধু এজনে খবৰ দিছিল আকাশৰ
আকৰ্ষণ গলিছে ,
ততালিকে আইৰ কাষত গৈ
চিঞৰি আছিলোঁ
“ আই ! বিপদে বীণা বজাই
সময়ৰ উপাসা নাই...”
আইয়ে নিৰ্ভীকে উত্তৰ দিছিল
“ সোণ, আকাশৰ সেই বেলিটো গলে পলে পলে
তোৰ-মোৰ কথা চিন্তা নকৰে কোনো কালে ”
মই আচৰিত হৈছিলোঁ
বিপণ্ণ নেকি জাতিৰ
সুবৰ্ণ কীৰিটি ?
তৎক্ষণাৎ !
নীলমণিয়ে চিঞৰি উঠিছিল
“ সূৰ্য্য হেনো নামি আহে এই নদীয়েদি ”
—————————————
কান্দোন
ৰমেশ চন্দ্ৰ ৰায়
কেচুৱাটো কান্দিলে বৰ ভাল লাগে মোৰ
হেজাৰ আনন্দই মোৰ বুকুত হেন্দোলনি তোলে
এখন আধা তিতা বিচনা বিচাৰি পাওঁ মই
বিচনাৰ ইফালে সিফালে টাৱেল
ফটা কাপোৰৰ টুকুৰা
বহুৰঙী ছাতিৰ আঁঠুৱা।
শিশুৰ প্ৰসাৱৰ গোন্ধ এটা নাকেৰে হেঁপাহ পলুৱাই উজাই লওঁ
বিচনাৰ হেন্দেলত ওলোমাই ৰখা
চুই দিলেই বাজি উঠা পুতলা জুনুকা বাজি উঠে
কেচুৱাটো কান্দিলে
বৰ ভাল পাওঁ কেচুৱাটো কান্দিলে
এটা হেঁপাহৰ কোঠা চুই চাওঁ
সৰু সৰু জোতা, টুপী
চোলা-পেন্টবোৰ
ক'ত থওঁ ক'ত নথওঁ
গজাল দুটা মাৰি কোঠাটোৰ কোণত
আঁৰি দিওঁ ৰছী এটা
মানুহজনীয়ে ককালত হাত থৈ চাই ৰয় সিফালে
ৰণ জয়ৰ ভঙ্গিমাত
পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰণ জিকাৰ আনন্দ সেইটোৱেই
যেতিয়া পৰিতৃপ্ত শিশুটো তাৰ নিজৰ বিচনাখনত শুই পৰে
অথবা ওপৰমুৱা হৈ ছাইকেল চলায়
শিশুটো কান্দিলে বৰ ভাল লাগে মোৰ
নিজৰ সময়বোৰ মই ঘূৰাই পাওঁ
আধা টোপনি আধা সাৰেথকা নিশাবোৰ
কেনেকুৱা কোলানো বিচাৰে সি নাকান্দি থাকিবলৈ
কিমান উত্তাপ
কিমান কাপোৰ
কিমান পিয়াহ
তাৰ মাজতেই গুৰুত্বপূৰ্ণ আলোচনা
যাম নেকি বিচাৰি কবিৰাজৰ কবচ
কেতিয়া সিহঁতে কান্দিবলৈ এৰিলে
সিহঁতৰ চোলাবোৰ কেতিয়া মস্ত একোটা হ'ল
আৰু কেতিয়া...
আৰু কেতিয়া সিহঁতে ৰে'ল আৰু বিমানৰ টিকট কাটিব পৰা হ'ল
একোকে নুবুজিলোঁ
এইকেইদিন চুবুৰীয়াৰ ঘৰত শিশু এটাই কান্দিছে
ময়ো সাৰে আছোঁ তাৰ কান্দোন শুনিবলৈ
আমাৰ ল'ৰা-ছোৱালীহালেহে কান্দিছে
তেওঁলোকৰ ঘৰত।
—————————————
আকুত
প্ৰদীপ চন্দ্ৰ শৰ্মা
হৃদয়ৰ ফল্গুধাৰা
গিৰি কন্দৰ ভেদি
দিহিঙে দিপাঙে
কি বিচাৰি সুন্দৰৰ আৰ্জীলৈ
বাট বুলে - অবিৰাম
কোনে জানে
কাৰ হিয়াৰ আকুতি!
নামানি নুগুনি
বজ্ৰকঠিন পস্তৰৰ বাধা
খিলখিল হাঁহিৰ ঝংকাৰ
অপূৰ্ব সুললিত ধ্বনি
তুমি আছা বাবেই
দিগন্ত বিয়পি বৰ্ণাভ
পাৰিজাত কুসুম ফুলে
হিয়াৰ মাজত
হেঁপাহৰ খৰিকাজাই
বক্ষ কানন মাজে
মৰম লগাকৈ হালেজালে।
——————————————
জন্মলগ্ন
ৰেখা বৰকটকী
পাখিলগা শব্দবোৰে ঠেহপাতি কোনোবা অজান ঠাইত আশ্ৰয় লৈছেগৈ...
বানেধোৱা পথাৰত নকৈ গঁজালি মেলা চিৰসেউজ শস্যৰদৰে
কবিতাবোৰ এতিয়া ঠন ধৰি নুঠে ,
কবিৰ বুকুত পলস পৰিবলৈ
দোভাগ ৰাতিলৈ অপেক্ষা কৰিব লাগিব
কৃষ্ণকায় নদীত সাঁতুৰি ফুৰা দুষ্ট ডৰিকণাজাক
জোনগলা নিশা সাৰ পাই উঠে
কবিৰ বুকুলৈও বাৰিষা আহে
অনুভৱৰ তীব্ৰ তাড়নাই
বুকুৰ জলাশয়ত প্লাবন আনে...
শব্দবোৰ কাৱৈ মাছ উজুৱাদি উজায়
আত্মজ প্ৰৱণতাই
কঠীয়াৰূপে সঁজাল ধৰিছে!
সীঁৰলুৰ ভাজে ভাজে
স্নেহসিক্ত এজাক উমাল বৰষুণৰ অগা- ডেৱা!
বিষাদেৰে চনপৰা মাটিডৰা
ক্ৰমশঃ সেউজ হ'ব ধৰিছে
বুদ বুদ হেঁপাহ উৰ্মিমালা
প্ৰাণৱন্ত আবেগৰ মূষলধাৰ,
ঠিক চাতক চৰাইৰ দৰে...!
—————————————
সমান্তৰাল
দিলাল আহমেদ
সিদিনা ক’লা আছিল আকাশ
সন্ধিয়াৰ ঢিমিকঢামাক চাকিয়ে
অস্তৰাগৰ জাননী দিছিল৷
ঘৰ ফেৰৎ মিলশ্ৰমিক বৰ ক্লান্ত
অভাৱৰ সংসাৰ, প্ৰতিনিয়ত মৰে স্বপ্ন৷
নাৰেংগীৰ ৰেল ব্ৰিজৰ পৰা মোৰ পিছ লয়
এক নেৰানেপেৰা ছাঁৰ বন্ধুত্বই৷
পূৰ্বৰাগৰ আৰম্ভণি তাৰো আগে
পুৱতি ৰিৱৰিৱ বতাহ, চিনাকী চিনাকি ঘ্ৰাণ
নিয়ৰত তিতি শেৱালিৰ স্নান৷!
সপোনবোৰে পাখি হেৰাইছে কাহানিবাই
ময়ো একান্ত অকলশৰীয়া খিৰিকীত উন্মুখ
বহুকাল আগে ডায়েৰীয়ে হেৰাইছে পাত হতভাগা!
ৰূপনগৰ ষ্টপেজত ৰৈ সোঁফালে চালেই দেখোঁ
মটৰীয়াৰ পাহাৰত নিজম বতাহত
স’ৰাপাতে পাতিব খোজে ব্যক্তিগত কথা৷
এনেকৈয়ে চলে প্ৰত্যহিক জীৱনৰ মহড়া
ক্লান্তিৰ শ্বাস এটি লৈ সূৰ্যাস্তত ঘৰ ফিৰা
দিনান্তৰ সূৰ্য ঢলি পৰে সন্ধিয়াৰ আন্ধাৰত
আৰু মই ক্লান্তিৰে খোজ লওঁ বস্তিৰ বাটত৷
ৰাতিৰ সপোন সেন্দূৰীয়া লাল
পুৱাৰ ৰেল পথ
সদায় সমান্তৰাল।
—————————————
ব'হাগৰ বাবে
গিৰিজা শৰ্মা
ব'হাগে বঙহৰ বতৰা আনে
উলাহে নধৰা হিয়া
কুঁহিপাত ,ফুল-ৰেণু, ভৰুণ আকাশ
বিহুৱান ,বৰষুণ আৰু বহু বহু
প্ৰিয়জন প্ৰেমৰ স্তুতি
বিহুৱে আঁটি বান্ধে কৃষ্টি সংস্কৃতি।
যদিওবা বিষাদৰ বৰদৈচিলাই
কেতিয়াবা উৰুৱাই লৈ যায়
ঘৰ-বাৰী ,গছ-পাত
জীৱনৰ সমস্ত সম্ভাৰ
তথাপি ব'হাগ আহে
গছে গছে, পাতে পাতে ,আকাশে-বতাহে
লৈ যায় ,থৈ যায়
বহু স্মৃতি ,বহু কথা বোকোছাত লৈ
তথাপি ব'হাগ আহে
তথাপি ব'হাগ আহে।
—————————————
শ্ৰম
দেৱ দাস
গ'ল ঐ গ'ল
দেশখনেই গ'ল
আজিও মনত পৰে
১৯৬২ চন
ৰোমানিয়ান ইঞ্জিনিয়াৰ
হাতত প্লাচ আৰু হাটুৰী
গঢ়ি উঠিল
ৰিফাইনাৰীৰ
পাইপ লাইন
আজিও নেদেখিলো
আমাৰ ইঞ্জিনিয়াৰৰ হাতত প্লাচ আৰু হাটুৰী
এ চি নহলে ইঞ্জিনিয়াৰে নহয়
গাড়ীও
দেশখনৰে বিলাই নহোৱা হ'ল
চৰিত্ৰ
শিক্ষকৰ সুন্দৰ নিযুক্তি
ছাত্ৰ ছাত্ৰীৰ আহুকাল নকমিল
টিউচনৰ শিক্ষক বিচাৰি হাবাথুৰি
মানুহেই ৰাখে
মানুহেই গঢ়ে
আমাৰ
দেশৰ মানুহ
—————————————
কামিনীকাঞ্চনৰ সাধু
জাহ্নৱী হাজৰিকা
বহু দিনেই হল পদূলিৰ কামিনী কাঞ্চন জোপাৰ লগত কথা নোহোৱা..
আচলতে মোৰ যে সময় নাই তাইৰ লগত কথা পাতিব এনে নহয়।
মই ইচ্ছা কৰিয়েই কথা পতা নাছিলোঁ।
আহোতে যাওঁতে সদায় লগ পাওঁ তাইক।
তাইৰ ছাঁৰ তলেদিয়েই মই অহা যোৱা কৰো।
ভৰিৰ খোজত তাইৰ ফুলবোৰ পৰে
নগছাকৈ কাষেদি গুচি যাওঁ।
তায়ো চাগে ভাবে গঙ্গাই কিয় তাইৰ লগত কথা নাপাতে!
একোটো ভুল কৰা নাই তাই!
এটা সময় আছিল,গঙ্গাই কামিনী কাঞ্চন ভাল পাইছিল।
চুলিত,পঢ়া টেবুলত আনকি কিতাপৰ মাজতো ঠাই পাইছিল কামিনী কাঞ্চনে..
তাতোকৈ ভাল লগা আছিল
আবেলি বেলি বাইদেউৰ ওচৰলৈ পঢ়িব যোৱা
গোটেই ছাত্ৰৰ জাকটোৱে এবাৰ হলেও
গছজোপাৰ ছাঁত জিৰাই হে গৈছিল।
আৰু তাতেই সকলোৰে অলক্ষিতে
দুযোৰ চকুৰ চাৱনিৰ আদান প্ৰদান হৈছিল।
এযোৰ চকু থাকে আগ চোতালত
আন যোৰ থাকে হালধীয়া চাইকেল এখনৰ ওপৰত।
সময়বোৰ পাখি লগা কাঁড়ৰ দৰে পাৰ হৈছিল।
চকু দুযোৰৰ অৱস্থানৰ থান থিত নোহোৱা হৈছিল।
অথচ কামিনী কাঞ্চন জোপা একেই আছিল।
তাই গাভৰু হৈয়েই আছিল।
এদিন তাইৰ তলেৰেই সুবাসিত হৈ গংগা কোনো এজন ৰাজকুমাৰৰ হাতত ধৰি বেলেগ এখন পৃথিৱী শুৱাইছিলগৈ।
তাৰ পাছতো তাই আহিলেই কথা হয় কামিনী কাঞ্চন জোপাৰ লগত।
কিছুদিন হল তাইৰ মনটো মৰা।
তাইৰ মনটো যেতিয়া মৰে,তাইৰ চাৰিওফালৰ পৃথিৱীখনো মৃত হয়।
এতিয়া তাই মৰি আছে,
সেয়ে তাই কামিনী কাঞ্চন জোপাকো এৰাই চলিছে।
আচলতে তাইক ফাঁকি দিব নোৱাৰি।
গোটেই পৃথিৱীক ফাঁকি দিলেও
তাই কামিনী কাঞ্চন জোপাক ফাঁকি নিদিয়ে কেতিয়াও।
আৰু সেয়ে তাই কথা পতা নাই বহুদিন
কামিনী কাঞ্চন জোপাৰ সৈতে।
এৰা,আচলতে সকলোবোৰ ইচ্ছাকৃত ভাৱেই হৈছে।
তাই সঁচাকৈয়ে কামিনী কাঞ্চন জোপাক এৰাই চলিছে।
আচলতে গংগা তাইৰ পৰা পলাই ফুৰিছে।
—————————————
অন্তৰতম প্ৰাৰ্থনা
চয়নিকা ভূঞা
দুচকুৰ শীতলতাত
এগছি চাকি
আৰাধনাতেই জীৱনৰ ৰং
সপোন দেখিবলৈ আতিথ্যৰ প্ৰয়োজন নাই
সপোনৰ কথাবোৰেই
এদিন
বাস্তৱৰ ছবি
কাৰোবাৰ কাৰণে সপোন
কাৰোবাৰ কাৰণে জীৱন
নৈপৰীয়া বাটেদি কথাবোৰে গতি কৰে
ইফালে
বৰ- আঁহতৰ তলতে সেই তাহানিৰেই নজহা-নপমা এখনি মেল
এতিয়াও
দূৰৈত এটি নীৰৱ প্ৰাৰ্থনা ৷
—————————————
ৰঙালীৰ দুমুখীয়া ৰং
অনুস্মিতা ফুকন
কুলিৰ কুউ-কুউ শব্দত
প্ৰাণ পাই উঠে
প্ৰেম-ভালপোৱাৰ এনাজৰী,
আৰু সেই
মাততেই ভাঁহি আহে
ক্ষুধাৰ তাড়নাত হাঁহিবলৈ
ভয় কৰা নিষ্পাপ মুখকেইখনি
ব'হাগ একেই
অথচ
ব'হাগৰ ৰং ভিন্ন...!
এচামে পাৰ কৰে
ৰঙালীৰ আনন্দত
বিনিদ্ৰ ৰজনী
আৰু এচামে
এমুঠি অন্নৰ সন্ধানত আকাশলৈ চাই
পাৰ কৰে
ঢোল-পেপাৰ শব্দত ৰজনজনাই থকা নিশাটি।
—————————————
কবিতাৰ ব্যঞ্জনা
মৰ্জিনা বেগম
মোৰ ক্ষুদ্ৰ অভিজ্ঞতাৰ পৰা যিখিনি এই বিষয়ত জানো তাৰ উপৰত লিখব ওলাইছো ভুল হ'লে যাতে বিজ্ঞজনে ক্ষমা কৰাৰ লগতে শুদ্ধকৈ জনাই দিয়ে তাৰে কামনা কৰিলো।
কবিতাৰ মাজৰ শব্দ আৰু বাক্যৰ গূঢ়াৰ্থ বা তিৰ্যকাৰ্থৰ প্ৰকাশৰ যি বিশিষ্ট গুণ তাকে কবিতাৰ ব্যঞ্জনা বোলে। যিটো সম্পূৰ্ণ নতুন আৰু অপৰিচিত আৰু অন্তৰ ইন্দ্ৰিয়ই অন্যতম এক আবহ সৃষ্টি কৰে। ব্যঞ্জনা কবিতাৰ এক উপাদান। কবিতাৰ প্ৰাণ বা ৰসৰ কথা কবলৈ গলে যি বিশিষ্ট ৰূপ বা সৌন্দৰ্য্যৰ কথা আমি কওঁ, সেই বিশিষ্ট ৰূপ বা সৌন্দৰ্য্যৰ ক্ষেত্ৰত ব্যঞ্জনাই বিশিষ্ট গুণ হিচাপে কাম কৰে। যাক কোৱা হয় কবিতাৰ আধাৰ বা সামগ্ৰীক অৰ্থত কবিতাৰ প্ৰাণ।
কবিতাৰ ব্যঞ্জনা কিদৰে সৃষ্টি হয়--যিকোনো শব্দৰ যিদৰে এক বা একাধিক অভিধানিক বা প্ৰতিষ্ঠিত অৰ্থ থাকে, তেতিয়াই যিকোনো বাক্যৰ নিজস্ব প্ৰতিষ্ঠিত একোটা অৰ্থ থাকে;কবিতাত প্ৰণীত শব্দ বা বাক্যৰ সেই অভিধানিক নিজস্ব অৰ্থৰ উৰ্ধত যেতিয়া অন্য এক বা বহুমাত্ৰিক তিৰ্যকভংগীৰ অৰ্থৰ প্ৰকাশ ঘটে, তেতিয়াই ব্যঞ্জনাৰ সৃষ্টি হয়। যেনে - 'শীতকাল' শব্দটিৰ পৰিচিত বা প্ৰতিষ্ঠিত যি অৰ্থ (শীতকাল এটি ঋতু) অৰ্থাৎ 'শীতকাল' শব্দক লৈ এটা কবিতাক যিদৰে প্ৰাণ দিয়া হয় অৰ্থাৎ বিধিৰ মাত্ৰা ব্যৱহাৰ কৰি এটা কবিতাক পুনৰ্জন্ম কৰোৱা হয় অৰ্থাৎ কব বিচাৰো কবিতাৰ ব্যঞ্জনাৰ সৃষ্টিৰ শব্দ, ছন্দ, ধ্বনি, উপমা আদিয়ে যিদৰে কাম কৰে সেইদৰে ৰূপক, প্ৰতীক আদিয়ে ব্যঞ্জনা আৰু ৰসাত্মক কৰি তুলে।
কবিতাৰ ৰূ বা সৌন্ সৃষ্টিৰ ক্ষেত্ৰত ব্যঞ্জনাৰ তাৎপৰ্যপূৰ্ণ অৱদান আছে। কবিতাত নানা আকাৰ বা ইংগিতৰ দ্বাৰা সৃষ্টি ব্যঞ্জনা পূৰ্ণ একক বা বহুমাত্ৰিক অৰ্থ থাকিব পাৰে বা জগতৰ অনিৰ্ণেয় ৰহস্যও থাকিব পাৰে।
আচলতে ক'ব বিচাৰিম ব্যঞ্জনা মোহমায়াৰ দৰে কবিতাত প্ৰবল আৰু গভীৰতাৰ বেপাৰ। আৰু কবি এই ক্ষেত্ৰত যাদুকৰৰ দৰে।
—————————————
ছন্দবিহীন জীৱন
ফাৰুল হুছেইন
জীৱনৰ বাটটোত ছন্দ দিবলৈ
যাওঁতে জীৱনটো কেতিয়াযে
ছন্দবিহীন হৈ পৰিল গ’মেই নাপালোঁ
সুৰেৰে সজাব খুজোঁতে জীৱনটো
কেতিয়াযে বেসুৰা হৈ পৰিল
তাৰ উমানে নাপালোঁ৷
হাঁহিবোৰ আনলৈ ছটিয়াওতে
চকুপানীবোৰ গোটেই জীৱনটোৰ
বাবে যে গোট খালে তাৰ
উৱাদিহে নাপালোঁ৷
আনক সুখী কৰাৰ তাগিদাত
নিজেই যে এতিয়া দুখত
ভাৰাক্ৰান্ত গমিছো লাহে লাহে
আনৰ জীৱনলৈ পোহৰ হ’বলৈ
গৈ আঁউসীৰ তমসাৰে মই যে
নিজেই তমসাছন্ন হৈ পৰিলোঁ
তাৰ উম নাপালোঁ কস্মিনকালেও
আনৰ ঘৰ সজাবলৈ গৈ
নিজেই যে অঘৰী হৈ পৰিলোঁ
এতিয়াহে গমিছো
পদপথৰ যাত্ৰী হৈ৷
————————————
লাজ
দুলাল বৰা
লাজ!
লাজ কেতিয়া
ক'ত কেনেকৈ লাগে জানেনে বাৰু?
এই লাজ শব্দ দুটাৰ
অৰ্থ কি হয় বাৰু
কেনে জানে!
মই সকলোকে শুধিছোঁ
আপোনালোকৰ লাজ লাগে নে?
আপোনালোকৰ লাজ আছে নে?
মোৰ কিন্তু লাজ লাগে
আপোনালোকৰ লাগে নে
নালাগে মই নাজানোঁ!
মোৰ লাজ কেতিয়া লাগে
জানে নে?
হয়তো নাজানে জানিবনো
কেনেকৈ মইতো মোৰ
লাজৰ কথা কাহানিও
কোৱা নাই আপোনাসৱক।
তেন্তে শুনক আজি
মোৰ লাজৰ কাহিনী
মোৰ লাজ লাগে
হয় আপুনি ঠিক শুনিছে
মোৰ লাজ লাগে যেতিয়া
এজন যুৱক বা পুৰুষে নিচাৰ
ৰাগীত মাতাল হৈ মাতৃ-পিতৃ, পত্নীৰ ওপৰত দোভাগ ৰাতি চলায় অকথ্য নিৰ্যাতন।
মোৰ লাজ লাগে তেতিয়া
যেতিয়াই বিদগ্ধ পণ্ডিত হৈও
মুৰ্খৰ দৰে কৰে ব্যৱস্থাৰ।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া খোৱা - খামোৰা
দবৰা-দবৰিৰে চলে একোখন
উচ্চ শিক্ষাৰে শিক্ষিত বুলি
বুকুফিন্দাই কৈ থকা সমাজ ।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া চলাহী কথাৰে নিজস্ব
স্বাৰ্থ পূৰণৰ বাবে মানৱীয়
মমতাকো নিজ ভৰিৰে মুহাৰি থয়।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া শাসকে শোষকৰ ৰূপে
সোহি সোহি খায় সৰ্বজনৰ তেজ
লাগিলে সি দুখীয়াই নহওঁক কিয়
মাথোঁ ৰাজগাডীৰখন থাকিব লাগে জিলিকি।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া বন্ধুত্বৰ ভাও যুৰী
বিপদত দিয়ে গা এৰা।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া নিজৰ দোষবোৰ
ঢাকি আনাৰ দোষ খুচৰি
বাঃ বাঃ লৈ ফুৰে সকলোৰে পৰা।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া চকু মুদা কুলি হৈ
চাই থাকে দেশ, সমাজ,ৰাজ্যত
কলংকৰ ৰঘুমলাই চানি ধৰা।
আৰু লাজ লাগে মোৰ
মাত মাতিলেই টেটু চেপা দি
জেলত ভৰোৰ ভয়ত
বোৱাৰ হৈ কৰা নাটকখনৰ আখৰা।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া ক্ষুধাৰ তাৰণাত
চটফটাই ফুৰা লোকসকলক
দেখিও আভিযাত্য সকলে কৰা
ভেঙুচালি।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া দুমুখীয়া চৰিত্ৰৰে
বিজ্ঞ জনে উচ্চ ভাষণ দি
নিজকে সজায় ধোঁৱা তুলসীৰ পাত।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া এটা প্ৰজন্ম শুদ্ধ পথৰে
নিয়াৰ সলনি তাক গছত উঠাই
পিছত আগুৱাই যাৱ ধৰোঁতেই
গুৰিতে ঘপিয়াই কাটি যাত্ৰা
ৰুদ্ধ কৰা দৃশ্য দেখি।
এইবোৰ লাজ সকলোৰে
লাগে নে বাৰু?
যদি লাগে সঁচাকৈয়ে
তেনে হ'লে কিয় বাৰু এই
বিকৃত মুখাবোৰ খুলি পিন্ধি
নোলোৱা একো একোখন মমতাময়ী
তেজৰে ধোৱা মুখা য'ত থাকিব মাথোঁ
এধানি মৰম ,ভাতৃত্ববোধ,দেশপ্ৰেমৰ নিৰ্মল
উদিত সুৰুজৰ দৰে জকমকীয়া আভা
যি সদায় উজ্বলি থাকিব প্ৰতিজন
মানৱৰ হৃদয়ৰ মণিকোঠাত।
—————————————
জেতুকা
ৰুমী কলিতা দত্ত
জেতুকা
তোমাৰ সেউজীয়া পাতে পাতে
কিহৰনো বুলনি...?
বিচাৰি পাওঁ তাতে
বহু ৰঙৰ সমাহাৰ ।
জেতুকা পাতৰ দৰে
সোণোৱালী শৈশৱৰ মুকুটা বুটলি
যৌৱনো হৈ পৰে জেতুকা বুলীয়া ।
জেতুকাৰ ৰংবোৰে বিষবোৰ নষ্ট কৰি
জীৱন মধুময় কৰি তোলাৰ কামনাৰে
ঘাত-প্ৰতিঘাতৰ কাঁইটীয়া বাটত
আগুৱাবলৈ আপ্ৰাণ চেষ্টা ...
জেতুকাৰ পাতত আছে
সুকোমল সেউজ সপোন ।
জেতুকা পাতৰ ৰঙেৰে
মোৰ লিহিৰি আঙুলিত বুলাই দিওঁ
ব'হাগৰ হেঁপাহবোৰ ,
সম্প্ৰীতিৰ এনাজৰী হওক জেতুকা বুলীয়া
ঢোল-পেঁপাৰ লহৰত নাচনীৰ মন হওক
জেতুকা বুলীয়া ।
গৰুৰ বিহুৰ দিনা জেতুকাৰ ৰং বুলাই
ৰোগ-ব্যাধি খেদিব পাৰোঁ ,
ব'হাগক উতলা কৰা জেতুকাৰ ৰং...
আবেগসনা যৌৱনমতী মন ।
সেউজীৰ আৱৰণতেই
এখন তেজৰঙা হৃদয় লৈ
নাহৰ-তগৰৰ স'তে মিতিৰালি পাতি
কুলিটিৰ হিয়াভগা বিননিত
ন-কুঁহিপাতে সজালে লিহিৰি আঙুলিবোৰ ।
জেতুকাৰ ৰং
কলিজাৰ এটি সৰল কবিতা
সেউজ অৰণ্যৰ সুখৰ মাদকতাৰে ভৰা ।
—————————————
ধুমুহাৰ তাণ্ডৱত
শতাব্দী শৰ্মা
কিমান জাক ধুমুহাৰ তাণ্ডৱত তোমাৰ ৰাতিৰ টোপনি হৰিছে?
দিনৰ ভাতসাঁজ অৰুচি লাগিছে ?
সন্মুখত হৈ থকাবোৰ আমনিদায়ক হৈছে ?
নিজক সৰু সৰু লাগিছে ?
হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছে ?
কেতিয়াবা হিচাপ কৰানে ?
প্ৰশ্ন কৰানে নিজক ?
ধুমুহাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি ?
নকৰা চাগে !
আদৰি লোৱা চাগে তোমাৰ হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কঁপনি তোলা
হাজাৰজাক ধুমুহাক !
ভৰিৰ পৰা মূৰলৈ জোকাৰি পেলোৱা
প্ৰতিটো আঘাতক !
তোমাক হেৰাই যাব নিদিয়াকৈ ৰখাৰ অহোপুৰুষাৰ্থ
কৰোঁতে তুমি চাগে ভাগৰি যোৱা ?
তথাপি তুমি অংক কৰা
কিমান ধুনীয়াকৈ হাঁহিলে
তুমি বিজয়ী !
—————————————
প্ৰকৃতিৰ বাৰ্তা
ৰমেন দাস
পাখিসৰা পখীবোৰে ডেউকা মেলি উৰিব নোৱাৰে
কিয়নো —
সিহঁতৰ বাবে বৃদ্ধাবাস নাই ৷
সেয়েহে কণমানি চৰাই পোৱালিবোৰে
সিহঁতক আধাৰ খুওৱাই তোলে ৷
এক বিশেষ বাৰ্তা —
প্ৰকৃতিৰ গৰিমা অপাৰ ৷
চৰাইবোৰে স্কুলত গৈ জ্ঞানৰ পৰিধি নুচুৱে
পিচে নিজে নিজৰ দায়িত্ববোধ পালন কৰে দুৰ্বাৰ
কিযে মহান বাৰ্তা —
নিৰ্ভেজাল আন্তৰিকতাৰ !
গ্ৰন্থ পঢ়িও মহামানৱে আধৰুৱাৰ তত্ত্ব হে বুজি নেপায় !
—————————————
মৌন সংলাপ
গৌতম মালাকাৰ
তুমিতো জানাই
মৌনতা মোৰ অতিকৈ প্ৰিয় সংলাপ
চকুৰ তুলিকাই ছবি আঁকি যায়
সুকোমল হৃদয়ৰ ৰঙা দলিচাত!
অদৃশ্য ডাকোৱালে বহু বাৰ্তা লৈ যায়
এখনৰ পৰা আনখন হিয়ালৈ...
তুমিও শুনা ময়ো শুনো
মৌনতাৰ আঁচলত পঞ্চশব্দৰ মহাকল্লোল!
গভীৰ আস্থাৰ নিঃশব্দ আলাপবোৰে
নিয়ম মোহাৰি পোহৰায়
প্ৰেম আকলুৱা কলিজাৰ কাৰেংঘৰ...
দুয়ো ভালদৰে বুজি পাওঁ
নিবিড় বন্ধনৰ বিমল সুখত
আমাৰ মন কিমান উচাতন
প্ৰাণতৰংগই দ্ৰুততৰ কৰা বুকুৰ স্পন্দন
তুমিও হৃদয়ঙ্গম কৰা ময়ো কৰোঁ
গালে-মুখে আবিৰৰ লাজুকী পৰশ
মুক হৈ দুয়ো গোপনে উপভোগ কৰোঁ...
তুমিচোন জানাই
মৌনতা মোৰ অতিকৈ প্ৰিয় সংলাপ
মৌন মৃদুল উষ্মাত পলে পলে মসৃণ হয়
দুটি সপোনৰ মিলনমুখী স্বৰ্ণিল বাট!
শংখ, মৃদংগ, পাখোৱাজ, দুন্দুভি আৰু ঢোল এই পাঁচোটাক একেলগে পঞ্চশব্দ বোলে।
—————————————
আশা
ৰবিন কুমাৰ চেতিয়া
তই মোৰ দুচকুৰ সেউজী পথাৰত
সদায়ে ওমলি থাকিবি
মই তোৰ ওঁঠত আঁকি দিম প্ৰতিপল
হাঁহিফুলৰ এসাগৰ ৰামধেনু
তোৰ আলফুলীয়া দেহত পিন্ধাই দিম
জেতুকাবুলীয়া অনুভৱৰ আলোৱান
এজাৰবুলীয়া হাঁহিৰ কোমল বুকুত
মেলি দিম মোৰ সোণাৰু সপোন
তই আহিলেই আবেগৰ দলিচাত
সেউজীয়া হয় মোৰ বুলবুলি হেঁপাহ
বুকুৰ ওখল মাখল কঠিয়াতলিত
ঘনে ঘনে ফাগুনে উকিয়াই
উজানৰ সুৰ হৈ
উশাহে নিশাহে নামি আহে নিতৌ
হেজাৰ বসন্তৰ ৰাঙলী অনুৰণন
ৰাতিয়ে দিনে মাথোঁ অনবৰতে মই
দেখি থাকো তোৰেই সপোন
আবেগৰ পৃষ্ঠাত টুকুৰিয়াই চাওঁ
ফুটুকীয়া তোৰ লাৱনী মন
তোৰ কাষলৈ যাব খুজিলেই
বাট ভেঁটি ঠিয় হয় যন্ত্ৰণাৰ
অলেখ উজাগৰি ধুমকেতু
চুব খুজিলেই হেৰাই অজানিতে
জিলিকি থকা অনুৰাগৰ মেঘালী সুৰ
অভিমানৰ ৰঙবোৰ বৰকৈ নাসানিবি
হেঁপাহৰ সফুৰাত বুকুৰ পাহিবোৰ
ঘনাই মৰহিবলৈ নিদিবি
হৃদয়ত যেতিয়া কাৰোবাৰ ৰং থাকে
এন্ধাৰে জানো তাত পোখা মেলিব পাৰে
আঁউসীৰ এন্ধাৰে আৱৰি থাকিলেও
ৰঙৰ জোনাকী সপোনত হৃদয়ে
সদায়েই সাঁতুৰিব পাৰে
তই মোৰ উশাহৰ মাধৈমালতী
তই মোৰ নীলিম উচাহৰ আকাশবন্তি
তই নাথাকিলে মোৰ সপোনবোৰো মৰীচিকা
তোৰ অবিহনে জোনাকবোৰো হয়
আঁউসীৰ দেওলগা হুমুনিয়াহ ...
—————————————
কালকঞ্জৰ মধুৰ হাঁহিটি
প্ৰাণ প্ৰতিমা বড়া
কালকঞ্জৰ মধুৰ হাঁহিটি,
কৰবাত দেখোন হেৰাই গ’ল৷
প্ৰাণচঞ্চলা মিঠা আৱেগবোৰ,
হঠাতে যেন নাইকিয়া হ’ল ৷
বিশ্ৰান্ত মনৰ উকমুকনিবোৰে
অহৰহে আমনি কৰে
কোলাহল কৰে হৃদয়ত
কিয়নো এয়া যে দুঃসময়!
আলফুলীয়া অবিশ্বাস্য ভাৱনাবোৰে
তমোময় হৃদয়ত জিৰণি লয়,
সংগোপনে
অকস্মাতে,
সেই যে মধুৰ দিনবোৰত
হৃদয় জুৰোৱা গানবোৰে,
ব্যাকুল কৰিছিল
বিশালাক্ষীৰ বীণাৰ ঝংকাৰত,
মন কপি উঠা ৰাগীত
মন ভৰিছিল!
আজি যে অভাৱ সেই ৰাগীৰ ৷
অনুকম্পা হৃদয়ৰ
আকুল আহ্বান,
হেৰাই যাব খোজা
কালকঞ্জৰ মধুৰ হাঁহিটি,
আলফুলে
অনুকম্পা হৃদয়ত
আঁকি দিয়াৰ !
—————————————
অʼ মোৰ আপোন মানুহ
অজন্তা তামুলী ফুকন
নষ্টালজিক সময়ৰ বোকোচাত উঠি
আই পিতাইৰ হৃদয়ৰ বকিয়াইদি
মোৰ কলিজাত থিতাপি লোৱা
আপোন গাঁৱৰ নিভাঁজ ছবি
যʼৰ পৰা জীৱনৰ পাতনি মেলি
আজীৱন চিৰন্তন সত্য বুকুত বান্ধি
জী আছোঁ প্ৰতিপল স্মৃতিকাতৰ হৈ
ক'ত পাম এনে সুখ আপোন গাঁৱৰ
ক'ত পাম এনে এনাজৰী নিভাঁজ প্ৰেমৰ
সংস্কৃতিৰ মেটমৰা ৰসৰ সমাহাৰে
ওপজা মাটিৰ নৰাৰ সুবাসেৰে
উদ্ভাসিত হৈ আজীৱন ৰৈ আছোঁ
একোটা জীৱনবৃত্তৰ পৰিধিত।
—————————————
ব’হাগৰ পদ্য
গকুল চৌধুৰী
ব’হাগ মাহ আহিলে আহে এই ঋতু
এই ঋতু আহিলে প্ৰকৃতি-পৃথিৱী
হয় সেউজীয়া মাথোঁ সেউজীয়া ৷
এই ঋতু মহামিলনৰ ঋতু
এই ঋতু
এজাক বৰষুণ , কোমল কুঁহিপাত
নিৰ্মল বতাহ , সিক্ত বন - ভূমি
জীপাল মাটি
বাৰিষাৰ ন - পানীৰে ভৰুণ নৈ
বিল , জান , জুৰি ৷
পাহাৰ - ভৈয়ামৰ আলহী হৈ
উপত্যকাত জিৰণি লোৱা
এই ঋতু
হেঁপাহৰ ৰঙীন ঋতু
শস্য - শ্যামলা হ’ম বুলি ভাবি থকা
পথাৰখনৰ বাবে আশাৰ বতৰা ৷
ফলে ফুলে জাতিস্কাৰ গছ
প্ৰতিজোপা বিৰিখত সেউজ ওৰণি
যৌৱনা ধৰনী , গাভৰু ধৰিত্ৰী
সেউজ অৰণ্য , সেউজ বননি
এই ঋতুৰ বুকুতে আছে
আৰু যে ক’ত কি ?
মাধৈমালতী , জেতুকা , বৰ্হমথুৰি
দীঘলতী মাখিয়তীৰ সুবাস সুগন্ধি
কুলি-কেতেকীৰ মৌ-মিঠা মাত
কিম্বা
কপৌ ফুলা , নাহৰ ফুলা , তগৰ
ফুলা দিনৰ কতকথা ৷
এই ঋতু জীৱনৰ ঋতু
এই ঋতু
প্ৰাচুৰ্য্য প্ৰাপ্তিৰ অসীম প্ৰত্যাশা।
এই ঋতু যৌৱনৰ ঋতু
এই ঋতু
যৌৱনে গৰকা ঢুলীয়া ডেকা
আৰু গাভৰু নাচনীৰ মিলনৰ
মাদকতা ৷
এই ঋতু প্ৰেমৰ ঋতু
এই ঋতু
বসন্ত আৰু ব’হাগীৰ প্ৰেমগাথা ৷
—————————————
আই
অঞ্জনা ৰূপা দাস
আই,তোৰ কোমল কোলা
আশ্ৰিত নিৰাপত্তা স্থল
তোৰ কোমল বুকু
সমস্ত সুখৰ অট্টালিকা
আইৰ মুখৰ বাচ্য
মোৰ কৰ্ণৰ স্বৰ্ণ অলংকাৰ
জীয়াই থকা উশাহবোৰ
শান্তি, প্ৰগতিৰ অপৰিসীম অনুৰাগবোৰ!
আইৰ মৰমত জিলিকে
সৰগী সুখৰ আভা
হৃদয়ত জিলিকে
ভাৱনাৰ অপূর্ব ৰূপ
দগ্ মগীয়া ৰঙা বেলিৰ
ৰূপালী চুলিত তন্ময় নৃত্য,
অনুভূতিৰ অনন্য জ্যোতি
কোমল হৃদয়ৰ পবিত্রতাত
জীয়া সপোনৰ সীমাহীন পৰিধি
চেনেহৰ আঁচলত
এচেৰেঙা ৰ'দৰ জিলিকনি
সুকোমল অন্তৰত
সেউজীয়া আভা
মিঠা প্ৰতিশ্ৰুতিৰ অনুভবত
নিৰ্মিয় শান্তিৰ সৌধ
প্ৰেমাঞ্জলত স্নেহ সিক্ত মাদকতা
তন্দ্ৰালী নিশাৰ
নিচুকনি গীত
নিৰাশা, অনাকাঙ্ক্ষিত বেদনাত
তোৰ সোণাৰুফুলীয়া আশ্বাসত
বুকুত সাহসে গজালি মেলে
তোৰ অস্তিত্বত ৰেখাঙ্কিত
দৃঢ়তাৰ মজবুত ধৰণী
সজল দুচকুত সতেজ
মমতাৰ জিলিকনি
তোৰ জীৱনী তেজস্বিতাৰ আদৰ্শ
প্ৰাপ্তিৰ মেটমৰা ভঁৰাল
স্পন্দিত হৃদয়ৰ অনুভৱৰ দলিচাত
আলসুৱা অনুভূতিত
মোৰ জীৱনাকাশৰ
সাতোৰঙী ৰামধেনু তই
পূৰ্ণিমাৰ শশধৰৰ
ৰূপালী মূখত
ওলমি হাঁহি থকা
নীলিম আকাশৰ তৰাৰ মাজত,
স্মৃতি হৈ ৰ'ল মাথোঁ
সোঁৱৰণীৰ সান্নিধ্যত।
আই, তোৰ চিৰ শান্তি
মোৰ ব্ৰত, তপ, যপ
প্ৰাৰ্থব্য, মোৰ একান্ত কাম্য,
কুশলে-মংগলে, শান্তিতে
নিবাস হওঁক চিৰকাল।
—————————————
ধুমুহা
দিপ্তী মনি গোস্বামী
ধুমুহা আহিছে মনত হৃদয়ত প্ৰকৃতিৰ কোলাত
ঘৰবোৰ ভাগিছে গছবোৰ উভলি পৰিছে
দেখিছে শুনিছে সকলোৱে।
সাধ্যনুসৰি পাইছে ৰাইজৰ সহায় সহাঁৰি
পৰিতৃপ্ত হৈছে ঠুনুকা হৃদয়ৰ বাকৰি
দুখবোৰো উৰি গৈছে ভাগৰি।
মনৰ মাজৰ ধুমুহাত ভাগিছে ফুলনি
ফুলবোৰৰ উঠিছে জ্বৰ কঁপনি
কোনে আনি দিব মৃতসঞ্জীৱনী?
বসন্তৰ পৰশতেই ফল ফুলে জাতিষ্কাৰ হয় ধৰণী
লগতে তেজ মঙহে ভৰা হৃদয়ৰ বাকৰিখনি
বসন্ততেই আহে ধূমুহা হৃদয়ত প্ৰকৃতিত।
দেখা বোৰ শুনা বোৰ সহায় সহযোগ সহযোগিতাৰে
আলফুলে দুখবোৰৰ ঘটে উপশম
নেদেখা বোৰত কোনে কেনেকৈ লগাব মলম!
—————————————
তোমাৰ বুকুত ফুল হৈ ফুলক
যমুনা দুলু বৈশ্য
ঋতুৱে ঋতুৱে
প্ৰকৃতিক দি যোৱা
সেউজ শ্যামলী সাঁজেৰে
তোমাৰ বুকুত ফুল হৈ ফুলক
হেজাৰ ভালপোৱা আবেগেৰে
অফুৰন্ত প্ৰণয়ৰ আহ্বান ।
মনৰ গুপুতে থাকে
সময়ে কৈ যায় বহুকথা
আশাৰ বাতৰি দিয়েহি চুই
হৃদয়ত ৰচে স্বপ্ন বিভোৰ হৈ
শিকাৰুৰে শিকো চেনেহৰ বাণীৰে
অনূভৱৰ জীৱন প্ৰাপ্তি ।
শ্ৰোতাস্বিনী স্বাভীমানৰ
আদৰ্শৰে দিবা দেখুৱাই
অবুজ মনে মন গহণত
সম্প্ৰীতিৰ মিলন সাক্ষীৰে
দুয়োৰে চানেকি হৈ ৰ'ব
হৃদয়ে , হৃদয়ে ।
—————————————
আজাদৰ আজাদ
শ্বেইখ মনিৰুজ জামান
আজাদ নগৰৰ ডেকা তেওঁ
আজাদ তেওঁৰ নাম
বিমল,কেপিৰ নিশাত দগ্ধ
ঘূৰি ফুৰাই কাম...
কেৰেপ নকৰে ডাঙৰক নেদেখে সৰুক
ছোৱালী ফুৰে তেওৰ পৰা দুগজ দূৰত
মুখত ভৰাই জৰ্দ্দা শিখৰ
মগ্ন থাকে অনলাইন গেমত
নুশুনে দেউতাকৰ
নামানে মাকক
মতলীয়া হৈ থাকে নিক'টিনৰ ধোঁৱাত ,
হাতত সূতা , কাণত পিন্ধি বালি
নিজকে ভাবি ফুৰে শক্তিশালী আলী
নিজৰ বুলিবলৈ নাই যদিও একো এটা
নোৱাৰে ক'ব একো মুখত মাৰে ঘুচা দুটা
জীৱনটোক আও কৰি নাচি বাগি ফুৰিছে
মানুহে কয় তেওঁ বোলে জীৱন্তে মৰিছে ।
নহ'বা তুমি আন এক আজাদৰ আজাদ ভাই
তোমাক লৈ গৰ্ব কৰে যে তোমাৰেই মৰমৰ আই ।
ঈশ্বৰে দিয়া সুন্দৰ দেহাটোৰ মিথ্যা সপোনত
জীৱন নষ্ট নকৰিবা ডেকাহঁত এই কোমল কালত ...
—————————————
শব্দৰ আঁকবাক
মেঘদ্বীপ প্ৰিয়ম
এখন নতুন দিগন্তত শব্দবোৰে ঝুমুৰ নাচিছে
তোমাৰ উপস্হিতিত , তোমাৰ অনুপস্থিতিত
মই নিসংগ কেতিয়াও নহওঁ , তুমি ভালপোৱা
এই আকাশ বতাহ সকলোৱে দেখোন পৰিচিত
তুমি নাই , অথচ আমি প্ৰতিদিনেই কথা পাতো
প্ৰতিদিনেই সপোন সিচোঁ শইচ সোণালীৰ
খোজে খোজে ৰঙৰ উল্লাস , জী থকাৰ মাদকতা
চকুৱে মুখে তুমি তুমি নিৰ্যাস , অনন্য অমিতাভ
তুমি চুই দিয়া প্ৰতিটো বস্তুৱেই প্ৰেমৰ তাজমহল
যি সদম্ভে জিলিকি আছে বুকুৰ যমুনা তীৰত ।
—————————————
আক্ষেপ
দীপিকা ফুকন
বাৰে বাৰে ঘূৰ্ণী বতাহে
উৰুৱাই যদিও মোৰ
স্থিতপ্ৰজ্ঞ মন
আকৌ থিতাপি লওঁ
ভাৱনাৰ বৰঘৰত
হৈ পৰো
হালি নপৰা
এজুপি বটবৃক্ষ
আক্ষেপ থাকি যাব তোমাৰ
মই যে নৈৰ সোঁতৰ জাঁজী নহলো!
—————————————
আইৰ বিননি
পৰিস্মৃতা দত্ত
চৌদিশে অনিয়মৰ ত্ৰাস
হিংসাই দহিছে সমাজ,
হাজাৰজনৰ ৰক্ত প্লাৱন কৰি
কেনেকৈ জীয়াই থাকো ?
এয়াই আজি সমাজৰ মূলসূত্ৰ
চাৰিওফালে কেৱল দেখো
লোভ ,মোহ ,হিংসা আৰু অহংকাৰেৰে ভৰা
এক জঞ্জাল পৃথিৱী
ৰাজনীতি ৰুঢ় বাস্তৱ-কদৰ্য আৰু ভয়ানক
চৌদিশে স্বাধীনতা,
স্ব-অধিকাৰ ৰক্ষাৰ দাবীত
উত্তাল ৰাজপথ, ৰক্তপাত , লুণ্ঠন
ধৰ্ষণ আৰু বিস্ফোৰণত আতঙ্কিত নি:কিনজন।
চৌদিশে দেখিছোঁ মৰিশালী ...
মানুহৰ দেখোন অস্তিত্বই নাই
চোৱা সকলোৱে...
সন্তানৰ কু-কৰ্মৰ চিৰসাক্ষী প্ৰকৃতি আয়ে
আজি নীৰৱে চকুলো টুকিছে
আৰু...
আমিয়েই দিছো আমাৰ আইৰ চকুত চকুপানী।
এই সেউজীয়া গছ - গছনিসমূহ
আমাৰ ভাই-ভগ্নী
আৰু...
আমিয়েই আমাৰ ভাই - ভগ্নীৰ হত্যাকাৰী।
ধিক ,প্ৰকৃতিৰ এনে সন্তান!
কিমান ৰাতি আৰু উজাগৰে প্ৰকৃতি আয়ে
উচুপি থাকিব?
যদি সঁচা অৰ্থত আমি অসমীয়া হয়,
সঁচাই যদি গঢ় দিব বিচাৰো
সুন্দৰ সেউজীয়া পৃথিৱী
ওলাই আহা সকলো
বৰলুইতৰ পাৰত বাহুৰ উদ্যমেৰে গঢ়ো
নতুন অসম !
শেষ হওক দুৰ্নীতি, কপটতাৰে ভৰা
বিশৃঙ্খল সমাজৰ অনিয়ম ,
হৈ পৰক সেউজীয়া প্ৰকৃতিৰ সেউজীয়া মন
প্ৰকৃতি আয়ে অশ্ৰু মোহাৰি
প্ৰশান্তিৰ হাঁহি মাৰক!
পৰিস্মৃতা দত্ত
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,শিৱসাগৰ
—————————————
ভালে থকাৰ হেঁপাহ
জয়িতা শাণ্ডিল্য
ভালে থকাৰ হেঁপাহ প্ৰতিজন মানুহৰ;
ভালে থাকিবৰ বাবে
সীমাহীন আয়োজন
জীৱনৰ!
ব্যস্ত সকলো,
ভালে থকাৰ আখৰাত;
ভালে ৰখাৰ তাড়নাত।
ভালে থাকিবৰ বাবে
হৃদয়খন সজাই তোলে
প্ৰেম আৰু বিশ্বাসৰে।
প্ৰাৰ্থনাত জীৱনক স্পৰ্শ কৰে।
দাপোণত ভাল-বেয়া বিচাৰ কৰে।
ভাগৰি পৰিলে,
জী উঠে প্ৰিয়জনৰ মৰমত।
ৰংবোৰ হেৰাই গ'লে,
কুঁহিপাত হয় বসন্তত।
ভালে থকাৰ অযুত হেঁপাহ...
কেতিয়াবা, আউলি-বাউলি হয়
সেন্দুৰীয়া বাট!
কলিতে মৰহে সেউজীয়া পাত।
ন-কৈ খোজ দিয়ে তেওঁ
হেঁপাহৰ বাটত,
ন-কৈ লিখিবলৈ লয়
সৰাপাতত,
ভালে থকাৰ ৰঙীণ কবিতা।
বেয়া সপোন দেখিলে উচপিচাই উঠো;
চকু দুটা মেলি পোহৰ বিচাৰোঁ।
সময়ৰ চাকনৈয়াত
বসন্ত আহে ন-সাজত;
কলীয়া ডাৱৰ আঁতৰে,
মনটি ভৰে বৰষুণজাকত।
সজল হৈ উঠে,
ভালে থকাৰ আখৰা,
ভালে ৰখাৰ তাড়না।
—————————————
যান্ত্ৰিকতা
অপৰূপা দত্ত
সকলোবোৰ যেন একেই আছে, আগৰৰদৰে নাই কেৱল সময়বোৰ,মনবোৰ আৰু চিন্তাধাৰা I
চৌদিশে ব্যস্ততা আৰু সফলতাৰ পিছত দৌৰা
মানুহবোৰৰ দৃশ্য এইয়া l
ছয় ইঞ্চিৰ মোবাইল ফোনত সুখবোৰ
ডাউনলোড্ কৰিব বিছৰা সময় এইয়া
দুখ লাগিলে আকৌ ষ্টেটাচ ... হয়
এইয়াই যান্ত্ৰিকতা ...I
আগৰ সময়বোৰ আছিল পাহৰিব নোৱাৰা ,
লগৰীয়াৰ লগত খেলা-ধুলা আৰু
প্ৰিয়জনলৈ লিখা চিঠিৰ মাদকতাৰ নাই তুলনা
নাই আজি ডাকোৱালৰ সেই হাঁহি ,
সময়বোৰ সলনি হ'ল...
কাৰণ
আজিৰ যুগটো যে প্ৰতিযোগিতাৰ যুগ , যান্ত্ৰিকতাৰ যুগ I
কেতিয়াবা ভাবো,
কাঁইট আছে বাবেই হয়তো গোলাপো ধুনীয়া
আৰু
যান্ত্ৰিকতাৰ বাবেই হয়তো মানুহবোৰ হৈছে আগবঢ়া,
ৰংবোৰ আগৰদৰেই আছে কিন্তু ...
আমিহে আতঁৰি যাব ধৰিছো এজন আনজনৰ পৰা...
—————————————
সমন্ধৰ ফুলজাৰি
জোনমনি বৰা
সমন্ধৰ ফুলজাৰিত
অভিমানবোৰ
কল পকা দিওঁতেই
চ'তৰ চৌফলীয়া ৰ’দত
ভৰষাবোৰ মৰহি শুকালে ৷
অহেতু মনৰ মাজত
লৈ ফুৰা সম্পৰ্কৰ
আবৰণ খহিল
তাচপাতৰ ঘৰৰ দৰে
মিছা আভিজাত্যৰ
ধুনপেচ্ত গদ গদ হৈ থাকোতেই
বাৰিষা গড়া খহাদি খহিল ৷
অবিশ্বাসৰ পকনিয়াৰ
জাজৰিত জাহ গ’ল সকলো
এতিয়া এহাত এমুঠন বিতৃষ্ণাৰ পলস ৷
—————————————
মাটিৰ ঘৰ
আব্দুৰ ৰহমান প্ৰামাণিক
সিদিনা কবৰস্থান লৈ গৈ কিছু কবৰ দেখি আহিলো!
কিছুমান অতি দুখীয়া কবৰ মাটিৰ লগত মিলি যোৱা!
কিছুমান অলপ পৰিপাটি বাঁহৰ বেৰ দি ঘেৰি ৰখা!
কিছুমান আছে মধ্যবিত্ত সিহঁতৰ পকী কবৰ!
আৰু দেখিলোঁ আঢ্যৱন্তৰ কবৰ টাইলচ লগোৱা!
লগত নাম, বংশ পৰিচয়, ৰঙীন ফলক লগোৱা!
মৃত্যু বাৰ্ষিকীত ৰখা শুকান পুষ্পৰ দম !
কবৰৰ ওপৰৰ কাৰুকাৰ্য দেখিলো,
ভিতৰৰ অৱস্থা দেখিবলৈ পালে ভাল আছিল
ভিতৰত আছে নেকি ধনী, মধ্যবিত্ত, দুখীয়াৰ বাবে
ভিন ভিন প্ৰকাৰৰ সুযোগ সুবিধা হাঁহি কান্দোন!
—————————————
মোৰ এজন দাদা আছিল
জ্যোতিস্মিতা গায়ন
(জন্ম হৈয়ে মৃত্যু হোৱা মোৰ দাদাৰ স্মৃতিত)
যৌৱনমতী কালতে লাজুক লাজুক খোজেৰে
আইয়ে পিতাইৰ পদূলি গৰকী
সপোনৰ কাৰেং সাজিছিল পিতাইৰ ঘৰতে।
এদিন দুদিন কৰি আইৰ গৰ্ভত
সপোনে পোখা মেলিছিল,
আইয়ে আলফুলে হাত বুলাইছিল।
প্ৰসৱ বেদনা আওকাণ কৰি আয়ে
ভূমিষ্ঠ কৰিছিল এচমকা জোনাক,
আলফুলে আয়ে বুকুত সাবটি ধৰি
আলিংগন কৰিছিল, কপালত আঁকি দিছিল
আইৰ প্ৰথম মৰমৰ চুমা।
হঠাৎ আইৰ জোনাক শীতল হৈছিল,
ঘনে ঘনে উশাহ লৈছিল,
আইৰ জোনাকক এচমকা কলীয়া ডাৱৰে
ছানি ধৰিছিল।
আয়ে উচুপি উচুপি কান্দিছিল
মাথোঁ কান্দিছিল...
আয়ে এতিয়াও কান্দে নিৰলে
পিতায়ে নজনাকৈ...নেদেখাকৈ।
কেতিয়াবা আইৰ দুখবোৰে পাৰভাঙে
তেতিয়া মাথোঁ মোক কয় -
"তোৰ এজন দাদা আছিল"
মৰমৰ আলিংগনৰত আইক ময়ো মাথোঁ কওঁ
"মোৰ এজন দাদা আছিল...আজিও থকা হ'লে দুখবোৰ মোৰ জীৱনৰ জন্ম–জন্মান্তৰৰ সংগী নহ'লহেঁতেন।
—————————————
ঈদ মোবাৰক
এহিয়া আহমেদ
সৌ চোৱা আকাশত
জোন উঠিছে;
উছৱৰ বতৰ ঈদৰ খবৰ
জোৱাৰ উঠিছে।
মিঠাই, স্বেমাই, পোলাও, নাস্তা
মায়ে বনাব;
নতুন কাপোৰ পিন্ধি অকণি হ'তে
উদৰ পূৰাই খাব।
ঈদ মানে আনন্দৰ উৎসৱ
মুক্ত হস্তে দান কৰা;
ঈদ মানে শত্ৰুতা পাহৰি
মিলা- প্ৰীতিৰে হাতে হাত ধৰা।
ঈদ মানে আত্মাৰ পৰিশুদ্ধি
সৌহার্দ্য ও সংহতি প্রকাশ কৰা;
ধনী-দুখীয়া, উচ্চ- নিম্ন
ভেদাভেদ পাহৰা।
বছৰ ঘুৰিল ঈদ আহিল
সকলোলৈ শুভেচ্ছা জনালোঁ;
সম্প্ৰীতিৰ এনাজৰীডাল অধিক
মজবুত হোৱাৰ কামনা কৰিলোঁ।
—————————————
প্ৰকাশ
ৰমেন চন্দ্ৰ বৰ্মন
ধ্বংসৰ মাজেদি সৃষ্টিৰ বাটেদি
আলোকময় জগত,
উত্থান-পতন গ্ৰহণ-বৰ্জন
যাৰ চকুৰ আগত৷
আজি দেখা ৰূপ নাথাকে তদ্ৰুপ
কাইলৈ হ’ব সলনি,
নিতৌ সলনি হৈ নতুন ৰূপ লৈ
সজাব এই ধৰণী৷
আমাৰ যি প্ৰিয় হ’বগৈ অপ্ৰিয়
যাৰ নিশ্চয়তা নাই,
আপোনে পৰ হৈ সুখেই দুখ হৈ
কৰিব পাৰে বিলাই৷
আহিব এদিন যাক কৰা ঘিণ
সিয়ে হ’বগৈ আপোন,
আপোনকে এৰি পৰকেই বেৰি
চাব লাগিব দাপোণ৷
কালৰ সোঁতত প্ৰতিটো ক্ষেত্ৰত
আছে অগণিত ক্ষয়,
জীৱন যাত্ৰাত জোৱাৰ-ভাটাত
নাই অকণো নিশ্চয়৷
এইটি বিশ্বৰ গতি নিৰন্তৰ
নাথাকে একোৱে থিৰ,
কি হ’ব কাইলৈ নাজানো আগলৈ
সেয়েহে চিন্তা গভীৰ!
তথাপি ধৰণী আমাৰ জননী
য’ত প্ৰাণৰ বিকাশ,
সুখ-বিষাদৰ এই জীৱনৰ
ভাহি উঠক প্ৰকাশ৷
———————————————————
মই নহ'লো স্ৰোতস্বিনী
বৃষ্টিশিখা দত্ত
জীৱনৰ ছন্দ বিচাৰি
সৃষ্টিৰ অমল তৃষাতবন্দী
মই নহ'লো স্ৰোতস্বিনী
সময়বোৰ গৈ থাকে উৰি
নিশাৰ প্ৰতিচ্ছবিত জিলিকে
জীৱনৰ ডুখৰীয়া ছবি
পাৰাপাৰহীন ভাবাৱেগ
বৰঘৰ আজি বে-দখল
সতেজতা বোৰ হেৰায় গ'ল
গৰ্বিত হৃদয়ভঙা মানুহৰ
মাজৰাতিৰ আতংকত
পাগলীজনী অন্তঃসত্বা হ'ল
বগাকাগজৰ বুকুত মুখ থৈ
ক'লা-চিয়াঁহীয়ে কৈ গ'ল
ধৰ্ষিতাৰ আত্মকথা
ঈষৎ হাঁহিৰে আস্ফালন
বেৰত ওলোমায় থোৱা বাকচটোৰ
তাই অভিসাৰিকা!তাই ধৰ্ষিতা
গোৱা নহ'ল মান্না দে'ৰ কথাৰে
দিনৰ পোহৰ ৰঙচঙীয়া
ভাল মানুহৰ সংগ
কোৱা নহ'ল কেতিয়াও
'ৰাতিৰ আন্ধাৰ গমগমীয়া
চোৰ-মাতালৰ ৰং!'
——————————————————
কালচক্ৰ জীৱনৰ
প্ৰবীন চন্দ্ৰ তালুকদাৰ
কেঁচুৱা বাঢ়ি আহি যুবক হয়
যুবক গৈ সময়ত বুঢ়া হয়
বুঢ়াও এদিন লভেগৈ মানসিকতা কেঁচুৱাৰ
কোনোবা খিনিত গৈ হঠাতে
কেকুঁৰিটোত আহি জীৱনযাত্ৰাৰ !
বহিব নোৱাৰে, উঠিব নোৱাৰে
আনে খুৱাই নিদিলে খাবও নোৱাৰে!
আত্মৰক্ষাও কৰিব নোৱাৰে কেতিয়াও
দৌৰি গৈ হ’লেও এঠাইলৈ নিজে
উপস্থিত হ’বহি যেতিয়া আহি বৃদ্ধ কালত৷
নৱ ৰস আৰু ছয় ৰিপুৰে পূৰ্ণ
মানৱ জীৱন আমাৰ
শূন্যৰ পৰা বাঢ়ি গৈ জ্ঞানে পূৰ্ণতা লভি
হয় গৈ উপনীত শীৰ্ষবিন্দুত !
তাৰ পিচতেই আৰম্ভ হয় অধোগমন
মিলিত হবলৈ পুনৰ আহি এক্স অক্ষত৷
নহ’লেনো বাল্যবন্ধুবোৰ,যৌৱনৰ লগৰীয়াবোৰ
“ক্লাছমেট’’বোৰ,সহকৰ্মী আৰু আত্মীয়বোৰ
হেৰাই গৈ থাকে নে লাহে লাহে,দিনে দিনে!
আচলতে কি হয় জানে?
অৰ্জিত জ্ঞানবোৰেও আগ বাঢ়ে শূণ্যৰ দিশে!
অহংকাৰে আগুৰি ধৰে কেউদিশে
হিতাহিত জ্ঞানবোৰো আঁতৰিব ধৰে
অৰ্থ সৰ্বস্ব জীৱন এটিলৈহে সবে, আগ বাঢ়ে৷
—————————————————————
0 Comments