——————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  বাপতি সাহোন ৰঙালী বিহুটিক "হেপ্পী" কৰি তোলাৰ  সময়তে ,  ব্যক্তিগত বিদ্যালয়বোৰত (বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত) উৰুকা দিনাখন  অতি উলহমালহেৰে চেনেহৰ বিহুটি  উদযাপন কৰা বিষয়টো নেতিবাচকতাৰ  মাজত  এক অত্যন্ত  ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।       
ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীবোৰ আমাৰ চহকী কৃষ্টি-সংস্কৃতিৰ মূল শিপাৰ পৰা আঁতৰি যোৱা বুলি সময়ে সময়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে। বহুক্ষেত্ৰত এই চিন্তাযে অমূলক নহয়,সেয়াও প্ৰমাণিত হৈছে। ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়ে  দেউতাকক "পাপা"নাইবা "দেদ্দী"  ,মাকক "মামী" বুলি কোৱাৰ কোনো কথা থাকিব নোৱাৰে।  'আমাৰ ই/এই আছামিজ ভালদৰে লিখিব/পঢ়িব নোৱাৰে'-বুলি গৌৰৱ কৰা একাংশ অভিভাৱক এইক্ষেত্ৰত প্ৰধান জগৰীয়া। 
  মোৰ বোধেৰে সময়ৰ লগত খোজত খোজ মিলাই আগবাঢ়িবলৈ,ইংৰাজী ভাষাটোৰ গুৰুত্বযে অপৰিসীম- সেয়া আমি নিশ্চয় সকলোৱে অনুধাৱন কৰো। অসমীয়া কলা  কৃষ্টি সংস্কৃতিৰে সংপৃক্ত হৈ ,অসমীয়া ভাষাটোক সম্পূৰ্ণকৈ দখলত ৰাখি, ইংৰাজী মাধ্যমত অধ্যয়ন কৰাটো মোৰ বোধেৰে কোনো অপৰাধ বা দোষণীয় কাম নহয়।কিন্তু, এইক্ষেত্ৰত অভিভাৱকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। 
   অসমীয়াৰ মূল শিপাৰ সৈতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা সংপৃক্ত কৰাৰ হেতু ব্যক্তিগত বিদ্যালয়বোৰে (বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰে) এইবেলি উৰুকাৰ দিনা, বিদ্যালয় বাকৰিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰাক ৰঙালী উৎসৱ আয়োজন কৰাৰ কথাটো সঁচাকৈয়ে অতি গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। আগতেও উদাপন কৰা হৈছিল যদিও এইবেলি প্ৰায়বোৰ বিদ্যালয়ে ,অতি উলহ মালহেৰে প্ৰাক ৰঙালী উৎসৱ আয়োজন কৰিলে। এইক্ষেত্ৰত অভিভাৱকসকলৰ সহযোগিতাও উল্লেখনীয় দিশ হিচাপে পৰিগণিত হৈছে। লগতে ধৰ্ম,ভাষা নিৰ্বিশেষে সকলোৰে সহযোগিতাও এইবেলি ৰঙালী বিহুটিৰ এক বিশেষ ইতিবাচক তথা আশাব্যঞ্জক দিশ হিচাপে চিহ্নিত হৈছে।


নৱ ৰাজন
সম্পাদক 
কাব্য কানন
—————————————
—————————————
কবিতাৰ আড্ডা 
শব্দক লৈ কিছু চৰ্চা
উদয় কুমাৰ শৰ্মা

প্ৰত্যক্ষ :- মূল সংস্কৃত শব্দ 'প্ৰত্যক্ষ' (বিণ.) মানে -- চকুৰে দেখাটো (Visible to the eye) ; যিটো, উপলব্ধ হৈছে। প্ৰত্যক্ষ (বি.) = ইন্দ্ৰিয়ৰদ্বাৰা পোৱা জ্ঞান। (অপ্ৰত্যক্ষ = পৰোক্ষ)। 'দেখ' ধাতুৰপৰা 'দেখা' ক্ৰিয়াটোৰ অৰ্থ হ'ল -- দৰ্শন কৰা (to see), চকুৰদ্বাৰা বোধ কৰা। সেয়ে, 'প্ৰত্যক্ষ কৰা'ৰ পৰিৱৰ্তে 'দেখা' বুলি কোৱাটোহে সঠিক।
—————————————
অনুবাদ কবিতা

বসন্ত
মূল: জিৰাল্ড মেনলি হ’পকিনচ (ইংৰাজী)
ভাৱানুবাদ : অপূৰ্ব ভূঞা

বসন্তৰ ৰূপ-লাৱণ্যতকৈ একো সুন্দৰ নহয়
যেতিয়া ঘাঁহ-বনবোৰে প্ৰাণ পাই উঠে, 
গঁজালিবোৰ বাঢ়ি আহে, লহপহাই 
ঘাঁহনিত পৰিৰোৱা বন-পক্ষীৰ কণীবোৰে 
সজাই তোলে মৰতত সৰগ 
পক্ষীবোৰৰ কল-কাকলি বন-বিৰিখত প্ৰতিধ্বনিতহৈ
বিজুলীৰ দৰে স্পৰ্শ কৰেহি কৰ্ণকূহৰ 
আৰু সজীব কৰি তোলে মন 
কাঁচৰদৰে উজলি উঠে নাচপতি গছবোৰৰ পাত আৰু ফুলবোৰ
নীলাবোৰ নামি আহে আৰু বিয়পি পৰে সকলোতে ততাতৈয়াকৈ 
আড়ম্বৰেৰে দৌৰি-ঢাপৰি ফুৰা ভেড়াবোৰেও কৰে
আনন্দৰ মূৰ্ত প্ৰকাশ 
ইমানবোৰ ৰস আৰু ইমানবোৰ উল্লাসৰ উৎস কি 
পৃথিবীৰ মধূৰতম আলিঙ্গনৰ ইযে আৰম্ভণি
পকি সৰি পৰাৰ আগতেই 
সুৰম্য এই বাগিচাৰ ফলবোৰ বুটলা
ডাৱৰহৈ উৰি যোৱাৰ আগতে, 
পাপেৰে ভাৰাক্ৰান্ত হোৱাৰ আগতে 
নিস্পাপ মনবোৰ আৰু ল’ৰা-ছোৱালীবোৰৰ উৎসাহবোৰৰ বিজয় সাব্যস্ত কৰা হে ঈশ্বৰ তোমাৰ অভিলিপ্সাৰে ৷

[ টোকা: জিৰাল্ড মেনলি হ’পকিনচ( ১৮৪৪-১৮৮৯) এগৰাকী ইংৰাজ কবি ৷ তেওঁ আছিল গীৰ্জাৰ পুৰোহিত ৷ প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু আধ্যাত্মিকতা তেওঁৰ প্ৰায়বোৰ কবিতাৰে উপজীব্য ৷ এই কবিতাটো এটা চনেট যদিও ভাৱানুবাদত সেই ধৰ্ম্ম ৰক্ষা কৰিব পৰা হোৱা নাই ]
—————————————
                            কবিতা

নিউটনৰ মুখৰ আপেলটো
গুনোজীৎ দাস

ধুলি চাইৰ লেতি লৈ চহৰখন নিগূঢ় হৈ পৰাত 
আভোকত ভোগা মানুহবোৰৰ অৰণ্য ৰোমন্থন

ঠিক তেতিয়াই এজন উপভক্তাই প্ৰশ্ন কৰিছিল নিউটনক 

এটা আপেলৰ উপযোগিতা শূন্য হ'লে কি হয় 
কি হ'ব যদিহে মাটিত সৰি পৰা আপেল এটাৰ উপযোগিতা শূন্য হৈ পৰে 

ভাবুক আছিল নিউটন
তেওঁ কেৱল ভাবিছিল 

এনেতে পৰীক্ষাগাৰৰ বাবে গোটাই ৰখা শেষৰটো আপেল 
দলিয়াই দিয়া হৈছিল চহৰখনৰ আভোকত ভোগা মানুহবোৰলৈ

পাৰ্শ্বৱৰ্তী প্ৰতিক্ৰিয়াত ভোকৰ উপযোগিতা কমি অজীর্ণ দিন-ৰাতি মানুহবোৰে কেৱল গোটাব বিচাৰিছিল নিজৰ ভাগৰ এটা আভোকৰ আপেল

ঘটনা-পৰিঘটনাৰ কটাকটিত
ভোকৰ আপেল সৰিলে আভোকত ভোগা নিউটন এতিয়া উভটিছে গছৰৰ কটা মূঢ়বোৰৰ মাজেৰে 

বিদায়ৰ এই মধুৰ বেলা
আমাক বিজ্ঞান দিয়া নিউটন
গছ-পাতৰ নান্দনিক পৰিঘটনাৰ সতেজ বিজ্ঞান

বৰ খৰখেদাকৈ উভটিছিল নিউটন 

আভোকত ভোগা এই পৃথিৱীখনৰ বাবে এটা আপেল আৱিষ্কাৰ কৰিব নোৱাৰা নিউটনক এজন কবিয়ে এতিয়া কি উপমা দিব, 
কি বুলি কোৱা হ'ব পৈশাচিক এই বিৱৰ্তনক 

প্ৰশ্নবোৰ এতিয়া আপোনাসবলৈ 
নিউটন কি সঁচাকৈয়ে এজন বিজ্ঞানী আছিল  ! 

নিউটন এতিয়াও ইয়াতে আছে 
আভোকত ভোগা এই পৃথিৱীখনৰ বাবে 
ইয়াতো এটা আপেল আৱিষ্কাৰ হোৱা হ'লে  !
—————————————
ভাৰতবৰ্ষ
দাদুল ভূঞা

ভাৰতবৰ্ষ মোৰ জন্মভূমি
চিঞৰি চিঞৰি কম

ভুল নুবুজিব মহাশয়
শ্ৰোতা হিচাপে শুনকেই বা নুশুনক
পাঠক হিচাপে পঢ়কেই বা নপঢ়ক
কবলগীয়া কথাবোৰ হিয়া উজাৰি কবই লাগিব

কম্পিউটাৰৰ কিবোৰ্ডত আঙুলি থৈ
লিখিব ধৰা পুষ্টিহীন কবিতাটোৰ নাম ভাৰতবৰ্ষ
 
কুষ্ঠৰোগত আক্ৰান্ত গণতন্ত্ৰৰ আঙুলি

বিভাজিত ৰাজনীতি
সমাজনীতি
চানক্যৰ অৰ্থনীতি
পেটত গামোচা বান্ধি লেনিনৰ বলীয়া ঘোঁৰা

যুদ্ধ
ধৰ্মৰ
যুদ্ধ
ন্যায়ৰ

ভুল নুবুজিব
পৰিৱৰ্তনৰ নাম- নিৰ্বাচন
আকাংক্ষাৰ চাবি-কাঠী- চৰকাৰ

সাধুকথাৰ সুহুৰি এটা বজাই
সিদিনা এখন হাতেৰে ওপৰলৈ দলিয়াই দিলোঁ- 
দুটা মাটিচপৰা
নিউটনৰ আপেলটোৰ দৰেই মাটিতে পৰিল
এটা ভাগিল
আৰু
আনটো নাভাগিল

চোতালত হামখুৰি খাই পৰা মাটি-কলিজাটো সাৱটি
তেজৰ এসোঁতা এন্ধাৰত
খেপিয়াই ফুৰিলোঁ ভাৰতবৰ্ষক

লিখিবলৈ আন এটা পুষ্টিহীন কবিতা
—————————————
উজাগৰী দোকমোকালিৰ ওঁঠত
মুকেশ সিংহা

উজাগৰী দোকমোকালিৰ ওঁঠত 
এন্ধাৰৰ এজাক চৰাইৰ চিঁচিয়নি

ক'লৈ উৰুৱাই নিয়ে বতাহে
মোৰ আৰ্তস্বৰ অথবা অনুস্বৰ !

স্বপ্নৰ বিষাদ —
কল্পৰ আটাহ —

কাৰ নখে আঁকুহি চিঙে 
কালৰ ৰুক্ষ ছালৰ ছবি

ধূমায়িত আকাশে প্ৰসৱ কৰে নেকি 
উদ্ভাসিত এটি মৃত ৰাতি
কোঁহে কোঁহে ৰক্তপিপাসু অনুচ্চাৰিত ধ্বনি !
—————————————
জোনাক নামিছে চোৱা
ইপুল হুছেইন

প্ৰতিটো ভাগৰৰ পিছত
এধানি স্বস্তিৰ নিশ্বাস তুমি
প্ৰতিটো তিৰষ্কাৰৰ পিছত এটি নিয়ৰৰ গান তুমি
চেঁচা দুহাতে মুক্তিৰ অনল কাঢ়ি
আকাশৰ চিঞৰত মেঘৰ স্খলন
শুভ্ৰ চাদৰৰ ছাঁয়াত যানজঁট ঘাইপথ্
বেদুঈন অনুভৱৰ পল্টন যেন
প্ৰান্তে প্ৰান্তে ভ্ৰমি ফুৰা বিলাপৰ অৱশেষ
মুদি দিয়া চকু আৰু তোমাৰ উমাল বুকু
ঘড়ীৰ কাটাত সময়বৃত্তৰ সূৰুয
মোৰ খহনীয়া ঘাটত তোমাৰ খৰালি জেওৰ
পৃথিৱী উকা,বুঢ়াপথাৰৰ আলি একা-বেকা
যন্ত্ৰৰ দেৱালত নাচে আৱেগৰ ৰেখা
মধুপুৰ আজিও বহুদূৰ
নিশাৰ বৰষুণত আজিও অকলে তিতে স্মৃতিৰ বানিপুৰ
সলনি হোৱা এফাকি কবিতাৰ শব্দত তোমাৰ বাঢ়ি অহা নাম
অহংকাৰৰ ছদ্মনামত বাৰে বাৰে উজুটি খায় জীৰ্ণ ৰিক্সাৰ গতি
আখৰা মাথোঁ তোমাৰেই হোৱাৰ
প্ৰতিবাৰ প্ৰেমত পৰি তোমাকেই বিচৰাৰ

বুকু পাতি ৰৈ থকা তোমাৰ আদিম এন্ধাৰ চহৰত জোনাক নামিছে চোৱা
বতাহ বলিছে, শুনা
বুকুৰ ঢৌবোৰ কঁপিছে, জাগা
সাঁতুৰি যাওঁ অসীমলৈ ব'লা।
—————————————
এজোপা গছৰ কথাৰে
গিৰিজা শৰ্মা

গছজোপা ঠিকেই গজিল
অধিগ্ৰহণ কৰিলে দিন

জয়াল ৰাতিবোৰ কৃষ্ণগহ্বৰ

এটা গীত
এটা সুৰ
এখন ছবি 
সলাই লৈ এখন পৃথিৱী

গছজোপা এতিয়া মহীৰূহ।
—————————————
এখনি নদী
দেৱ দাস

বিশাল এখনি নদী 
কৃষি আৰু মৎসতে
মানুহৰ জীৱন 

এনেদৰেই দিনবোৰ 

পিচত 
মানুহবোৰে দেখিছে 
বুঢ়াৰ নাওখন 
আগুৱাই আহি আহি নদীখনৰ পাৰত লাগিবহি

অনেক দুৰ্যোগ নেওচি বুঢ়া 

নাওখনৰ ইটোৰ পৰা সিটো কঢ়িলৈ বান্ধখাই
শিহুৰ জঁকাটোহে

তাকে কামুৰি কামুৰি 
চয়টানৰ জিভা ৰসাল 

আজিওতো 
জিভাৰ সোৱাদত চয়তানবোৰ 
—————————————
সপোনৰ মানুহজন
ডালিম কুমাৰ সিংহ

আয়ে এই মাত্ৰ ঘৰটো মুচি দি গ'ল;
চিকূণ বগা মাটি আৰু কেঁচা গোবৰ,
পানীত মিহলাই- নিৰ্মল পৱিত্ৰ লিপোন...
ভাহি আহে এক গোন্ধ
বিশেষণ নথকা কেৱল ঘ্ৰাণত অনুভূত -
মোৰ চিৰ পৰিচিত 'কেঁচা মাটিৰ গোন্ধ '
... চোতালত মোৰ উপস্থিতি আইয়ে উমান পালে,
ৰান্ধনী ঘৰৰ পৰাই দিলে মাত-
' ৰ ৰ ঘৰটো এইমাত্ৰ মুচি থৈ আহিলো
ভিতৰলৈ নোসোমাবা, 
অকণমান শুকাবলৈ দে' 
ভৰিৰ খোজ পৰি মজিয়াখন নষ্ট হ'ব বুলি
আইয়ে নিচিন্তে;
কেনেবাকৈ পিচল খাই পৰি যাম বুলিহে
আইয়ে চিন্তে;
আইৰ কথা মানি দুৱাৰ দলিতে ঠিয় হৈ ৰলো,
চিকিমিকি কৈ জিলিকি থকা মজিয়াখনলৈ চালোঁ - 
অজানিতে আইয়ে আকি থয়
অৰ্ধ বৃত্তাকাৰ অসংখ্য ৰেখাৰ বিচিত্ৰ চিত্ৰণ...
শুৱনি গাঁৱখনৰ জীয়া জীয়া চিত্ৰণ...
'সুদূৰত গছ-গছনিৰে ভৰা পাহাৰখন,
কুলু কুলু শৱদৰে বৈ অহা নিজৰাটি,
পাহাৰ ভৈয়ামৰ মধুৰ আলিঙ্গন;
সেউজী মৰমৰ পৰশ বিলাই
নৈ হৈ বৈ যায় দূৰ দূৰণিলৈ...
বাহনি কাঠনি লেতেকু পনিয়ল আমলখি
আম কঁঠাল জলফাই তেতেলি বগৰী,
কাকিনী তামোলৰে বাৰীখন শুৱনি,
বহল চোতাল খনৰ চৌপাশে
বাহ-খেৰৰ জুপুৰি ঘৰ
শান্তি প্ৰীতি সহজ সৰলতাৰ গৃহাশ্ৰম...'
.... মই সাৰ পালোঁ
চাৰিওফালে চকু ফুৰাই চালোঁ
মই আৱদ্ধ হৈ আছোঁ -
এক আধুনিক শিলৰ গুহাত!
ঠিয় হৈ থকা মজিয়াখনলৈ চালোঁ
মাৰ্বল খটোৱা মজিয়াখন
দেখিলোঁ মোৰ প্ৰতিবিম্ব...
মইতো সেইজন নহয় ?
... বহুত কিছু সলনি হ'ল !
—————————————
জালিকটা বাটৰ কথাৰে 
চয়নিকা ভূঞা  

মেকুৰীয়ে বাট কাটে 
তিনি খোজ পিছোৱাই আহো

পুনৰ এটি নতুন যাত্ৰাৰ আৰম্ভণি
পুনৰ এটি নতুন খোজ

মেকুৰীৰ খোজতেই 
কথাই সংগ সলায়

কেতিয়াবা অপায়- অমংগলত
কেতিয়াবা উচ্চতাৰ শৃংগত

প্ৰথম প্ৰহৰৰ ৰাত্ৰি
ফুলি আছিল চম্পা 

অ'ত ত'ত পৰি থাকে 
এনেধৰণৰ বহু কথা  

গলি গলি সৰা 
চতুদৰ্শী জোনৰ গাত
এতিয়া লেঠা

বুটলি-কাটলি অনা অনেক কথা 
অনেক কাহিনী
মেকুৰীয়ে বাট কাটে 
তিনিখোজ পিছুৱাই
আকৌ এটি নতুন খোজ ৷
—————————————
নিয়মাধীন
শুৱলা দাস

প্ৰত্যকেই, ডাঙৰেই বা সৰু
পলেই বা অণু,
মাথোঁ নিয়মৰ অধীন।
সমস্ত ব্ৰহ্মাণ্ডই  মানি চলে
নিয়মৰে গতি।
কোনেও নোৱাৰে ভাঙিব
সীমাৰ পৰিধি।
যদিও  কেতিয়াবা   হয় বিসংগতি
নিজেই ক্লেশত ডুবে 
কক্ষচ্যুত পৃথিৱী !
—————————————
কুলিজনীৰ কথাৰে
ৰবীন কুমাৰ চেতিয়া
 
তোৰ যাদুসনা কণ্ঠত প্ৰতিবাৰেই বৰষে 
সুৰৰ ফাল্গুনী মৌ
তোৰ সুৱদী গীতত 
অহৰহ নামে ক্ৰন্দসী বসন্ত 

তই অহংকাৰী নে অভিমানী মই নাজানো 
তই লাজুকী নে বিৰহীনী মই নুবুজো 
তোৰ ৰূপে মোক কোনোদিনে আমনি নকৰে 
তোৰ বৰণে মোক এপলকো কন্দুৱাব নোৱাৰে 
তোৰ কণ্ঠৰ অমিয়া ধ্বনি শুনি 
শুনচোন অ' সুৰৰ মন্দাকিনী 
সকলোৱে যে তোৰ প্ৰেমত পৰে

তোৰ কন্ঠত নিগৰে হেনো সদায়ে
হিয়া ভঙা হাহাকাৰৰ গান 
শুনিছো ৰাতিয়ে দিনে আকাশে বতাহে 
বিচাৰি ফুৰিছ হেনো তই 
মাতৃৰ মৰম আকলুৱা তান

তই মোক ভুল নুবুজিবি অ' বসন্তৰ ৰাণী
স্বাৰ্থপৰ বুলি কৈ ইতিকিং নকৰিবি 
তোৰ যাত্ৰাত যে মই কোনোদিনে 
সংগী হ'ব নোৱাৰো 
তোৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰি 
জানি বুজি হাতৰ কুঠাৰ 
নিজৰ ভৰিত কেনেকৈনো মাৰো 
অ' মোৰ ললিতৰাণী ক'চোন তই
প্ৰথম প্ৰেমক জানো সঁচাকৈ কেতিয়াবা 
পাহৰো বুলিয়েই পাহৰিব পাৰিম মই

তই ছাগে' নুশুনা নহয়
পানী বাঢ়িলে নদীও বাঢ়ে 
তই কিজানি নুবুজাও নহয়
এন্ধাৰ আছে বাবেইতো পোহৰে হাঁহে
পিছে তই এবাৰ বাৰু ভাবিছনে 
কি হয় তেতিয়া মোৰ অকলে অকলে
যেতিয়া তোলৈ মোৰ মৰমবোৰ 
বৰকৈ বাঢ়ে 

তোৰ অমিয়া মাতৰ লহৰ শুনি 
বাৰে বাৰে প্ৰেমত পৰো মই
লাজুকী চকুৰ অহৈতুকী পৰশ বিচাৰি 
পাতৰ আঁৰত লুকাভাকু খেলো মই 
তথাপিও কওঁ শুন অ' নয়নমনি
তোৰ বুকুৰ বৰঘৰত বহি  
কাৰোবাৰ দৰে তোক চলনা কৰি মই 
বংশৰক্ষাৰ জয়গান নাগাওঁ কাহানিও
ভালকৈয়ে জানি থ'বি তই

তোৰ যাত্ৰাৰ সমাপ্তিয়েই জান নে 
কৰিব পাৰে মোৰ বাবে 
দুখৰ দুৱাৰ মুকলি
তোৰ সুখৰ প্ৰতিটো পল অনুপল 
হ'ব পাৰে মোৰ বাবে 
আঁউসীৰ দীঘল পদূলি
সঁচাকৈয়ে ক'চোন অ' প্ৰেমৰ ৰাণী 
জন্ম জন্মান্তৰে তয়ে বাৰু মোৰ 
থাকিবিনে হৈ জীৱন বাটৰ সঞ্জীবনী ... 
—————————————
ভালপোৱাৰ সপোন
ফাৰুল হুছেইন

যিদিনাই মোৰ হাতত ধৰি
ভালপোৱাৰ সপোন এটা
ৰুই দিছিলা মোৰ হৃদয়ত
সিদিনা জানা সৰাপাতৰ
বুকুতো গজি উঠিছিল সেউজীয়া
লঠঙা ডালতো কুঁহিপাতবোৰ
নাম নজনা আকুলতাত ব্যাকুল হৈ পৰিছিল
কিবা এটা পোৱাৰ আনন্দত৷
তোমাৰ লিহিৰ আঙুলিৰ পৰশে হৃদয়ৰ পথাৰখনত
যেন ৰুই গৈছিল ভালপোৱাৰ
কঠিয়া গুছি গুছিকৈ৷
তোমাৰ সজল চাৱনি এচমকা
পোহৰ হৈ সোমাই পৰিছিল
অতদিনে আন্ধাৰ হৈ থকা
হৃদয়ৰ মণিকোঠাত৷
দুখৰ হিমবাহ ভাঙি পাৰ ভাঙি
ওলাই আহিব খুজিছিল 
দুখৰ প্লাৱন৷
পৃথিৱীখন নতুনকৈ চোৱাৰ
হেঁপাহ জাগিছিল মই
মই হৈ থকা নাছিলোঁ
তুমি গুজি দিয়া সপোনটোৰ
গাত আঁউজি কল্পনা কৰিছিলোঁ এখন ঘৰৰ যিখন
ঘৰৰ মজিয়াত আঁকিম তোমাৰ আৰু মোৰ সুখ দুখৰ
হাঁহি কান্দোনৰ নাম
নজনা আলপনা৷
—————————————
যোৰা
ইৰা দেৱী

জোৰ জবৰ্দস্তি
যোৰা দিয়া
তুমি মই
হৃদয়হীন যোৰা
সমন্বয় নহ'ল কোনো দিনে
হৃদয়ৰ ভালপোৱা। 
ৰঙা-নীলা বেগুনীয়া, 
ৰঙা-বগা গুলপীয়া
সমন্বয়ত বৰ্ণসংকৰ
স্বভিমানবোৰ এলান্ধুকলীয়া
নতুনত্বৰ সোৱাদ লাগি
আমিবোৰ কিবা বিজতৰীয়া
জাতএৰা ফচলৰ দৰে
অংকুৰণৰ নামত ভূঁই চম্পা।
—————————————
ব'হাগ কিয় নাহে  জীৱনলৈ
ভূমিকা দাস

বসন্তই  চুই যোৱা নাই  কেতিয়াও
অনুভূতিবোৰৰ গভীৰতাবোৰ 
আলিংগন নকৰি উপেক্ষা কৰা হ'ল
নুবুজিলা...
কোনো খেদ‌ নাই
আক্ষেপ নাই
এটা নৈশ সপোন
সপোন থাকি যায় এটি চুকত...
পাহৰিব নোৱাৰি...
এই যে
ব'হাগৰ আকাশত ধুমুহা গাজনি 
চোতাল গচকি আহিল বৰদৈচিলাজনী
বুকুৰ ভিতৰত খিটিৰ খিট্ খিটিৰ খিট্ যেন মাকোৰ‌
শব্দ বাজে
তথাপি কিয় নাহে বসন্ত 
জীৱনলৈ ...।
—————————————
আদৰৰ ৰঙালী
প্ৰাণ প্ৰতিমা বড়া

দুপৰ নিশা কুলি-কেতেকীৰ
মধুৰ গুঞ্জনে বাতৰি আনিলে 
ৰঙালীৰ আগমনৰ
প্ৰকৃতিৰ ভৰণ বুকুত
আৱেগৰ হাবিয়াস
ঢোল পেঁপাৰ গুমগুমনিয়ে
ঝংকাৰ তোলে বিকম্পিত মনত
কিবা যেন নতুনত্বৰ আগমনত
মন আজি ৰঙীয়াল 
ধূসৰ নিশাবোৰ উজ্জ্বলাই
এটি হেঁপাহৰ জোনাকীয়ে
নয়নানন্দ ভাৱৰ সমাবেশত
অৱসন্ন মনৰ অৱসাদ আঁতৰাই
আগমনি অসমীয়াৰ  বাপতিসাহোন
আদৰৰ  ৰঙালী ।
—————————————
আজি মই পাহি মেলি ফুলিলোঁ 
গকুল চৌধুৰী

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা
বহু প্ৰতিক্ষাৰে তোমাৰ অপেক্ষাত 
প্ৰেম নামৰ ফুলৰ সেউজ বৃক্ষ 
জোপাত অকলে অকলশৰে মই 
ফুলকলি হৈ সৌ সিদিনালৈ ফুলিম
ফুলিম বুলি ৰৈ আছিলোঁ  ৷

মোৰ প্ৰতিক্ষাৰ অন্ত হ’ল 
মোৰ অপেক্ষাৰ অন্ত হ’ল ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা
মোৰ প্ৰেমৰ আকুল প্ৰাৰ্থনা তুমি 
শুনিলা । 
মোৰ প্ৰেমৰ ব্যাকুল ভাবনা তুমি 
বুজিলা ৷ 
এখোজ দুখোজকৈ তুমি মোৰ 
কাষলৈ আহিলা 
তুমি আহি মোৰ মন-হৃদয়ত
জিৰণি লৈ তোমাৰ মন- হৃদয়ৰ
মৰম-ভালপোৱাৰে মোক চুই 
দিলা মোক জগাই দিলা  ৷

মোৰ প্ৰেমৰ পৃথিৱীত প্ৰণয়ৰ 
সূৰ্যোদয় হ’ল 
মোৰ শতযুগৰ আশা পূৰণ হ’ল 
মোৰ শতযুগৰ প্ৰত্যাশা বাস্তৱ হ’ল
মোৰ শতযুগৰ সপোন দিঠক হ’ল
মোৰ শতযুগৰ কামনা প্ৰাপ্তি হ’ল ৷

মোৰ প্ৰেমৰ পৃথিৱীত প্ৰণয়ৰ 
বৰষুণ হ’ল 
এই জনম মোৰ সাৰ্থক হ’ল 
এই জীৱন মোৰ সফল হ’ল
এই যৌৱন মোৰ জীপাল হ’ল 
এই সময় মোৰ উমাল হ’ল  ৷

অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা 
তোমাৰ মৰম - ভালপোৱাৰ
সুকোমল স্পৰ্শৰ অনুভব - অনুভূতি 
তোমাৰ মৰম - ভালপোৱাৰ
সুকোমল স্পৰ্শৰ সুখানুভূতি
প্ৰেমানুভূতিত 

আজি মই পাঁহি মেলি ফুলিলোঁ 
আজি মই পাঁহি মেলি ফুলিলোঁ ৷
—————————————
বৰদৈচিলা 
লোকেন্দ্ৰ হাজৰিকা

মই এক প্ৰেমিক
মই এক দূৰন্ত প্ৰেমিক
বহুদিন হ'ল মই প্ৰেমত পৰা
তোমাৰ প্ৰেমত
এয়া প্ৰেম মোৰ 
আজন্ম প্ৰেম তোমাৰ বাবে
নাজানো
তুমি পৰিছানে নাই 
মোৰ প্ৰেমত
মোৰ কোনো খেদ নাই
প্ৰত্যাখ্যানো যদি কৰা
তথাপিটো মই প্ৰেমত পৰোঁ
তোমাৰ প্ৰেমত
তুমি যেতিয়া দূৰলৈ যোৱা 
তেতিয়া মই বলিয়া হও
তোমাৰ প্ৰেমত
মই এক প্ৰেমিক
এক দূৰন্ত প্ৰেমিক
ৰৈ থাকোঁ মই
পদুলি মুখত
নঙলা খুলি
তোমাৰ বাবে
কেতিয়ানো আহিবা তুমি
বাউলীটি সাজি
প্ৰীতিৰ পতাকা উৰুৱাই
সাহসৰ ডেউকা মেলি
আশাৰ কঠিয়া বৈ
তোমাৰ পৰশ পালে
অংকুৰিত হয় শ ইচৰ বীজ
সেউজীয়া হয় ধৰা
তুমি আহিলে
কুলি কেতেকীয়ে বিহু নাম গায়
সখীয়তী চৰায়ে বিয়ানাম জুৰে
আঁচলত ধৰি ৰভাতলি পায়হি
দূৰন্ত বসন্ত
তুমি আহিলে ককিলা ম'হৰ শিঙে ৰিঙিয়াই
মৰা গৰুৰ ছালে 
মূৰ্চনা তোলে সংগীতৰ
সুৰৰ লহৰ উঠে
ব্যোম পাৰা পাৰ
সৃষ্টি হয় কৃষ্টিৰ জয়গান
উদয়াচলত জাগে নৱ যৌৱন
নিনাদিত হয় প্ৰণৱ ঔমকাৰ ধ্বনি
তুমি অহাৰ বাতৰি পালে 
আসুৰীয়া সভ্যতাৰ দূৰন্ত কামনাই
দেখে ত্ৰাহি ত্ৰাহি
তুমি আহিলে
চাৰিকুৰীয়া আইতায়ো
লাখুটিত ভৰ দি
ককালটি ভাঙে
তুমি আহিলে
নাঙলৰ সীঁৰলুত 
ৰংমন ৰঙিলীয়ে
উমনি দিয়ে ভৱিষ্যতক
মিচিং কনেঙে ঐনিতম নাচে
চিফুঙৰ সুৰে সুৰে
বড়ো চিখলাৰ দুভৰিত
স্পন্দিত হয় বাগৰুম্বাৰ ছন্দ
চঞ্চল গাভৰুৰ মন
কমোৱা তুলা হৈ উৰে
বুঢ়া লুইতৰ বুকুত
জাগি উঠে যৌৱনৰ মাদকতা
শুকান কাঠতো কুঁহিপাত মেলে
সৰা পাতে চকৰি ঘূৰায়
তুমি আহিলে
নাহৰ কেতেকী কপৌ তগৰে
লাহৰি খোপাটি সজায়
তুমি আহিলে
তুমি আহিলে
বিহুটি আহে
বিহুটি আহিলে
সাৰ পায় সেউজীয়া স্বপ্ন
দুস্কৃতি নাশি সৃষ্টি হয় সংস্কৃতি
পুৰণি ভাঙি নতুনৰ হয় আৱাহন
তুমি আহিলে
সেইবাবেই ৰৈ থাকোঁ মই
পদুলি মুখত 
নঙলা খুলি
তোমাৰ বাবে
মই এক প্ৰেমিক
এক দূৰন্ত প্ৰেমিক
নাম তোমাৰ
তোমাৰ নাম
মোৰ বুকুৰ সপোন
বৰদৈচিলা।
—————————————
শামুকভঙা ঠোঁটৰ ভয়
পবিত্র কুমাৰ নাথ

জন্মৰ লগে লগে জীৱৰ
জীয়াই থকাৰো অধিকাৰ
যুক্তহৈ থাকে, 
যি অধিকাৰ –প্ৰকৃতিপ্ৰদত্ত 

জীৱ মানেই –
ঠিকনাহীন 
অঘৰী! 

ভোক আৰু ভয়ে
সুৰ সলায় য'ত, 
ভোগীহৈ ভোগ কৰোঁ তাতেই
সুখ, দুখ
প্ৰাপ্তি, অপ্ৰাপ্তিৰ জালা ! 

সপোন সকলোৱে দেখে
‘বংশেৰ বাতি’ জ্বলাই
সোণালী ৰথৰ ৰথী হোৱাৰ

জীউটোৰ বাহিৰে নিজৰ বুলিবলৈ
থাকেইবা কি ? 

সিদিনাখনলৈ
খাল, বিল
ওখ ওখ গছবোৰ
এক্তিয়াৰভুক্ত নাছিল
নাছিল নীলাৰ সীমা

চহৰখন গজি উঠাৰেপৰা
গজি উঠিছিল– দখলদাৰী জেওৰা
প্ৰৱেশ নিষিদ্ধ তাত
আমিবোৰ এতিয়া অবৈধ 
ভোকে জানো জানে –
বৈধ অবৈধৰ সীমা  ? 

চোং সলাই শামুকবোৰেও
পিন্ধি লৈছে – শিলৰ চোলা
ভাঙিব নোৱাৰি 

শামুকভঙা, 
এতিয়া সলাবি কেনেকৈ 
ৰজিতা নোখোৱা নাম ? 

চৰাইৰ জাতত
'এফিডেভিট' কৰাৰ 
নিয়ম নাই । 
—————————————
ব’হাগ
ড° বন্দনা কলিতা

ব'হাগ মানেই এটি ৠতু নহয়
জীৱন প্ৰত্যাশী এটি সপোন 
প্ৰিয়জনৰ আবেগ সনা এটি প্রেম। 
কুলিৰ মিঠা মাতত
সাৰ পাই উঠে 
যৌৱনৰ নতুন শিহৰণ! 
ভালপাওঁ তোমাক হৃদয় ভৰি... 
মোৰ জীৱনৰ প্রথম পুৰুষ তুমি 
ব'হাগ মানেইতো 
এটি প্রেমৰ নিজৰা 
প্রকৃতিৰ বুকুত প্ৰাণোচ্ছল শক্তি আনি দিয়া 
এটি পোহৰ।
—————————————
অসম্ভৱ 
পৰাগ তামুলী

লাগ বুলিলে
কেচুৱাটোয়ে কান্দি কান্দি 
মাতৃ দেহৰ
অমৃত পান কৰিব পাৰে।
সৰু ল'ৰাটোৱে কান্দি 
খেলনা গাড়ী বা পুতলাটো
বাপেকৰ পৰা 
সৰকাৰ পাৰে।
চকুপানী নিগৰাই
প্ৰেমিকাই গোটাব পাৰে
অলেখ গুপুত সম্পদ।
অকৰা ঘৈণীয়ে 
চকুপানী উলিয়াই
টিভি, ফ্ৰিজ, 
সোণৰ গহনা
বা গাড়ীখনো
পৈৰ পৰা
আদায় কৰিব পাৰে।
চকুপানী টুকি
সকলো পাব পাৰি।
কিন্তু হিয়া ঢাকুৰী
সকলোৱে কান্দিলেও
শ-টোলৈ
জীউ আনিব নোৱাৰি।
——————————————————
পৃথিৱীখন ভালে আছেনে
তানিয়া মধুকল্য

পৃথিৱীখন ভালে আছেনে
আমাৰ সুধিবলৈ কাৰোৰেই 
সময় নাই
নদীবোৰ একেই আছেনে 
চাবলৈও আমাৰ সময় নাই 
গছবোৰ ডাঙৰ হৈছেনে 
আমি একোৱেই গম নাপাওঁ...
চৰাইবোৰে মাতিলে আমি
শুনিবও নোৱাৰো...

ব্যস্ত আমিবোৰ
নিজক লৈ
জীৱনক লৈ
আমাৰ জীৱনবোৰ 
কামৰ অন্ত নাইকীয়া
প্ৰকৃতিখন ইমান ধুনীয়া
অথচ আমাৰ উপভোগ 
কৰিবলৈ সময়ৰ নাটনি

আমি কৰা কামবোৰ 
সদায় প্ৰকৃতিয়ে লক্ষ্য কৰে
আমি প্ৰকৃতিক নাচালেও
প্ৰকৃতিয়ে আমাক সদায় 
জুমি চাই 
কোনে কি কৰিছে 
কোনে কি কৰা নাই...
তথাপিও আপত্তি নাই
মৌন প্ৰকৃতি 

গছবোৰে মনে মনে
আমাৰ কথাবোৰ শুনে
বতাহে আমাৰ বাতৰিবোৰ 
বিলাই আমাৰ অজ্ঞাতে 
পাহৰবোৰেও লক্ষ্য কৰে
আমাৰ কৰ্মবোৰ

মানুহক ফাঁকি দিলেও 
প্ৰকৃতিক জানো মিছা 
মাতিব পাৰি!
স্বচক্ষুৰে সকলো দেখি 
থাকে প্ৰকৃতিয়ে 
তথাপিও শান্ত হৈ থাকে সদায়

এইয়াই প্ৰকৃতিৰ স্বভাৱ 
শান্ত-শিষ্ট, মৌন,
ভালে থাকা পৃথিৱী
ভালে থাকা গছবোৰ 
ভালে থাকা নদীবোৰ
আৰু ভালে থাকক পৃথিৱীৰ
সমস্ত জীৱকূল

পৃথিৱীৰ সকলোবোৰ সম্পদ 
যেন সুখত থাকক 
তাকে বিচাৰোঁ সদায়
সকলোতেই প্ৰাণ আছে
সকলো জীয়াই আছে 
নিজস্ব গতিত 
কাকো হানি বিঘিনিৰ 
নকৰাকৈ।
—————————————
সময়ৰ বতৰা
ড০ ৰাণু ৰায়
                  
তুমি আহা তীব্ৰ গতিত
যেন পাখি লগা কাড় এপাত
তাতোকৈ দূৰন্ত গতিত যোৱাগৈ গুচি
ৰাখি থৈ যোৱা
স্মৃতিৰ টোপোলাটি
তোমাক ধৰি ৰখাৰ কিমানযে হেঁপাহ 
কিমান প্ৰয়াস...
খাও মাথোঁ হাবাথুৰি
উপলব্ধি কৰো তোমাৰ সেই সতৰ্কবাণী
অবাবত নকৰি হানি
দ্ৰূত কৰা তোমাৰ গতি
প্ৰতি মুহূৰ্তৰ  যিদৰে আছে গুৰুত্ব
সিদৰে আছে সুকীয়া উদ্দেশ্য
ধৈৰ্য্য-সাহসক কৰা তোমাৰ লগৰী
নৱ উদ্যম হওক তোমাৰ সাৰথি...
কঠোৰ শ্ৰমে
আনি দিব পূৰ্ণতা
জীৱন হৈ পৰিব মহানুভৱতাৰে ভৰা
এয়াইতো সময়ৰ বতৰা...
—————————————
বিষাদৰ ফচল
বুলুমণি দাস কলিতা

বৰ্ষাৰ উষ্ণতাত ৰ’ব নোৱাৰি
কোনোবা এখন দুৱাৰেদি
সোমাইছিলহি এজাক মিঠা বৰষুণ
দেহ-মনত তুলিছিল ঢৌ
হিয়াৰ আসনখনত বহি পৰিছিলহি
সদম্ভে...
হিয়াখনো যে আৰু
কঁহুৱাৰ দৰে নাচি-বাগি
প্ৰেমৰ ৰাগিত মতলীয়া হৈ পৰিছিল
হিয়াখনেতো জনা নাছিল
বৰষুণজাকে লগতে আনিব
বৰদৈচিলাজনীক ।
আৰু জনা নাছিল
ভাঙি থৈ যাব যে
হিয়াৰ আচুতীয়া কোঠাটিৰ
আচবাবখিনি ।
ফাগুনৰ দুৰন্ত পছোৱাজাক হৈ
সুঁহুৰি বজালে 
আৰু--
শিমলুৰ দৰে ৰাঙলী কৰি
বিষাদৰ ফচল এৰিলে হিয়াত
নীড় ভঙা পখীৰ গান গাই গাই
আজিও চাও---
শিমলুৱে জুই জ্বলোৱা আকাশখনলৈ
আকাশখনলৈ চাই ফাগুণৰ পছোৱাক
ক'বৰ  মন যায়
হে ফাগুনৰ পছোৱা
তইতো লগত লৈ ফুৰা সৰাপাতৰ লগতে ধূলি-মাকতি
পাৰ যদি লৈ যাচোন তোৰ লগতে
মোৰ হিয়াৰ বিষাদৰ বৰষুণজাকক
যি সপোনৰ ফচল হৈ পৰি আছে হিয়াত ।
—————————————
ব'হাগীৰ আগমন
অঞ্জনা ৰূপা দাস

গছ-লতা বিৰিখত
কোমল কুঁহিপাত মেলিছে, 
প্ৰকৃতিয়ে পুৰণি সাজ খুলি
নিজকে শ্যামলী ন-সাজে সজাইছে।  
গছৰ ডাল শুৱনি কৰি
কুলিটিয়ে গীত জুৰিছে, 
মাজ-ৰাতি কেতেকীৰ
হিয়া ভগা বিননিত
ব'হাগীজনীৰ আগমন ঘটিছে। 
গছ-লতা জোকাৰি জোকাৰি
ঘৰ-দুৱাৰ মোহাৰি
বৰদৈচিলা জনী উন্মাদনী হৈ
 মাকৰ ঘৰলৈ ঢাপলি মেলিছে। 
আকাশতো কলীয়া ডাৱৰে
চেও ধৰি ধৰি
মাদল বজাইছে, 
বিজুলীজনীয়ে 
খিল্ খিলাই হাঁহিছে। 
নৈৰ ন-পানীত শিহু উজাইছে, 
গৰৈ -কাৱৈ, পুঠি খলিহনাই 
চুপটি মাৰিছে, 
মৰমতে যেন কোমলিছে
উৰ্বৰা ধৰণী। 
পাহোৱাল ডেকাৰ দুবাহুৰ 
বলত
ঢোলৰ বৰতি চিগিছে, 
নাচনীৰ লাহতি খোপাত
 কপৌফুল ফুলিছে। 
 নাহৰ তগৰে 
সুগন্ধি সৌৰভ বিলাইছে, 
পাখি-লাহি পখিলাই
ফুটুকী বুটা বাচি
ফুলনিখন সজাইছে, 
ভুমুৰাৰ গুঞ্জন, মৃদু চুম্বনত
মতলীয়া হৈ 
ফুলনি হালিছে-জালিছে। 
ঋতুৰাজৰ সৌন্দর্যৰ
মধু ব্যঞ্জনাত
ব'হাগীৰ আগমন ঘটিছে, 
ধৰাত নামিছে
এজাক প্ৰেমৰ বৰষুণ হৈ
বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ
সুশোভিত কৰি
অসমীয়াৰ গণজীৱনৰ সাহ হৈ
কৃষ্টি সৃষ্টিৰ অমিয়া ধাৰা হৈ
আহিছে সংগোপনে
বৰষাৰ বতৰা লগতে লৈ। 
—————————————
বসন্তৰ আগমন
জোনমণি মহন্ত

প্ৰকৃতিৰ বুকুত বসন্তৰ বতৰা পাই
ধৰালৈ বৰদৈচিলা ওন্দোলাই আহিল 
লগতে আনিল বতাহ ,বৰষুণ,মেঘৰ গাজনি,
প্ৰকৃতিৰ বুকুলৈ বসন্ত নামিল
আকাশ মেঘাচ্ছন্ন হৈ পৰিল
তৰু লতিকা জীপাল হৈ 
গছে বনে ন পাতৰ ৰূপ ললে
নাহৰ ,তগৰ, কপৌ ফুলৰ
আমোলমোল গোন্ধত
মনলৈ বসন্তৰ বা লাগিল 

কুলি কেতেকীৰ শুৱলা মাতত
শিপিনীৰ মাঁকো খৰকৈ মাৰিছে
চেনেহৰ বিহুৱান প্ৰিয়জনক
দিবলৈ হেপাঁহৰ ফুলেৰে 
মৰমৰ দীঘেৰে সপোন ৰচিছে
চেনেহৰ বসন্তক আদৰি লবলৈ
ডেকা -গাভৰুৰ মন উতলা কৰিছে
পাহোৱাল ডেকাই আঠু মূৰত চুৰিয়া
ককাঁলত গামোচা ,কান্ধত ঢোলটিলৈ
মৰমৰ নাচনীৰ সতে হুঁচৰি মাৰিবলৈ
গুণাগথা কৰিছে

নাচনীয়ে সাঁচি থোৱা মুগাৰ সাজ
হাতত জেতুকাৰ বোল
খোপাত কপৌ ফুল,গগনা গুজি লৈ
চেনেহৰ টকাতো বিচাৰি বিহু মাৰিবলৈ  
মনত থৌকি বাথৌ কৰিছে,

আইয়ে আখলত বিহুলৈ ভকতক
আপ্যায়ন কৰিবলৈ পিঠা পনা বনাই
দৈ -গাখীৰ ,জা -জলপানৰ আয়োজন 

পিতাই গৰুৰ পঘা নতুনকৈ বান্ধিবলৈ
তৰাপাত ,মৰাপাটৰে গুণিয়াই বটিবলৈ লৈছে
মাখিয়তি,দীঘলতি, লাওঁ,বেঙেনা ,ঠেকেৰা
গোটাই চাট গাঁথিবলৈ যোজা কৰিছে

চ'ত শেষত নতুন বছৰ আদৰিবলৈ
সকলোৱে মনত ৰঙীন হৈ পৰিছে...
—————————————
নাঙলত হাত থৈ ক’ব পাৰিবিনে অ’ ককাই ?
বিপুল চন্দ্ৰ কলিতা

নাঙলত হাত থৈ ক’ব পাৰিবিনে অ’ ককাই
তোৰ পুতেৰে 
খেতি-পথাৰ নগচাকৈ
বনিজৰ ‘ব’টো নজনাকৈ
চৰকাৰী চাকৰি নকৰাকৈ
তোৰ ওচৰত হাত নপতাকৈ
বিলাসী বাহনবোৰ ঘনে ঘনে কেনেকৈ সলায়?

ৰজা অহা-যোৱা বাটেৰে দুই-চাৰিপাক মাৰিলেই
কেনেকৈ সাজিব পাৰে
দুই-চাৰিঠাইত ৰজাইয়ো থাকিব পৰা ঘৰ,
কেনেকৈ কৰিব পাৰে পৰক আপোন, আপোনক পৰ?

তোক বিড়ি এটা কিনি দিবলৈ অপৰাগ পুতেৰক
চকুত থৈ চকু
প্ৰশ্ন কৰিছনে কেতিয়াবা
ক’ৰ পৰা আহিল ধনৰ ঢল
কিয়বা খুলিলে বিলাতী মদৰ মহল,
তোৰ হালৰ মুথিত হাত নিদিয়া পুতেৰক
সুধিচনে কেতিয়াবা 
চকুত থৈ চকু
বুকুত থৈ বুকু
সেউজীয়া পৃথিৱী শুকান কৰি
শুকান পৃথিৱীক তেজেৰে ৰাঙলী কৰি 
কিয়বা খন্দালে অলেখ কোমল সূৰ্যৰ বহল বুকু?

পঁইতা ভাতৰে ভীমকল খোৱাৰ দিনবোৰলৈ মনত পেলাই
সুধিবিচোন অ’ ককাই
তোৰ পুতেৰক এক্ষন্তেক লগ ধৰি
পঞ্চ তাৰকা হোটেলত বাৰ্থদে পাৰ্টি কেনেকৈ দিব পৰা হ’ল,
তাক কোলাত লৈ ডাঙৰ কৰাসকলক নিলগাই
তাক পাঠ পঢ়াই ডাঙৰ কৰাসকলক আতৰাই
কিয়বা চেলা-চামুণ্ডাবোৰক তোতকৈয়ো বেচিকৈ গুৰুত্ব দিয়া হ’ল?

নাঙলত হাত থৈ তই ক’ব পাৰ, কেনেকৈ পূজিছিলি আই-পিতাইক
হৈ তই 
নিৰ্ভীক, নিৰ্ভেজাল, নিষ্ঠাৱান, আৰু নিৰহংকাৰী,
হৈ তই আজিও আছ তোৰেই একমাত্ৰ মালিক;
কিয় পিছে ক’ব নোৱাৰ বুকু ডাঠি
তই পুতেৰৰ মালিক বুলি,
তই নোৱাৰ ক’ব
তই নোৱাৰ ক’ব
কাৰণ লোভ নহ’লেও মোহৰ ৰাজপ্ৰসাদত তয়ো এজন ধৃতৰাষ্ট্ৰ।
—————————————
সপ্তসুৰৰ মধুৰ তান
সীতা দেৱী
                             
জীৱন মৰণৰ সন্ধিক্ষণত অহৰহ যুঁজ ,
বিধ্বংসী ধুমুহাৰ তাণ্ডবত ,
 জীয়াই থকাৰ দুৰ্বাৰ চেষ্টা।
অবচেতন মনোজগতত
হেজাৰ প্ৰশ্ন লৈ
ধূলিয়ৰি বাটেৰে উজাই গৈছোঁ ,
ঢিমিক ঢামাক আশাৰ বন্তি গছি।
বাৰে বাৰে নুমাই যাব খোজে জীৱন জ্যোতি,
দায়িত্ব আৰু কৰ্তব্যৰ তাগিদাত,
হয়তু,সহস্ৰ জনৰ প্ৰাৰ্থনাত
জ্যোতিস্মান জীৱন ৰেখা।
নৱ প্ৰভাতৰ  আত্মিক ৰাগিনীত ,
আকৌ নতুন জীৱন নাটৰ আখৰা,
আগবাঢ়ি যোৱাৰ নৱ প্ৰচেষ্টা,
বিচাৰিছোঁ সপ্তসুৰৰ মধুৰ তান।
—————————————               
অʼ মোৰ আপোন মানুহ
অজন্তা তামুলী ফুকন

নষ্টালজিক সময়ৰ বোকোচাত উঠি
আই পিতাইৰ হৃদয়ৰ বকয়াইদি
মোৰ কলিজাত থিতাপি লোৱা
আপোন গাঁৱৰ নিভাজ ছবি
যʼৰ পৰা জীৱনৰ পাতনি মেলি
আজীৱন চিৰন্তন সত্য বুকুত বান্ধি
জী  আছোঁ  প্ৰতিপল স্মৃতিকাতৰ হৈ
ক'ত পাম এনে সুখ আপোন গাঁৱৰ
ক'ত পাম এনে এনাজৰী নিভাজ প্ৰেমৰ
সংস্কৃতিৰ মেটমৰা ৰসৰ সমাহাৰে
ওপজা মাটিৰ নৰাৰ  সুবাসেৰে 
উদ্ভাসিত হৈ আজীৱন ৰৈ আছোঁ
একোটা জীৱনবৃত্তৰ পৰিধিত।
—————————————
কবিতা
দ্বীপশিখা শৰ্মা

কবিতা এক চিনাকি নাম
এক চিনাকি অনুভৱ
প্ৰতিটো আঘোণতেই মোৰ
মনৰ দূবৰি বনবোৰত
মুকুতাৰ দৰে জলমলাই থকা
নিভাঁজ আৱেগ সনা 
নিয়ৰৰ টোপাল কবিতা।
কবিতা মোৰ মনৰ কাণনত ফুলা এপাহি ৰজনীগন্ধা।
যাৰ সুবাসতেই বিলীন মোৰ দেহৰ প্ৰতিটো অংগ,
কবিতা মোৰ জীৱন পথাৰৰ এচপৰা সাৰুৱা মাটি।
প্ৰতিটো চপৰাই যেন মনটোক জীপাল কৰি তোলে
শাওনৰ বৃষ্টিসম্ভৱা ডাৱৰেৰে ঢকা এক বিশাল আকাশ কবিতা।
যাৰ আগমনিৰ গীত জুৰি মনে 
ময়ূৰৰ দৰে ছন্দে ছন্দে নাচি উঠে।
কবিতা কাজল সনা চকু যুৰিৰে গুলপীয়া ওঁঠ দুটিৰে  সৰগৰপৰা নামি  অহা কোনো অপ্সৰা ।
কবিতা কোনো অনাদি কুণ্ডৰ পৰা চিৰপ্ৰবাহিত এক ধাৰা। 
যাৰ সংগম হয় মন সাগৰত কবিতা প্ৰতিটো বসন্ততে প্ৰতিজুপি বিৰিখে সলোৱা কুঁহিপাত।
কবিতা মাজনিশা মনৰ কোনো ঠিকনা বিহীন কোণৰপৰা ওলাই কেতেকীৰ কৰুণ সুৰৰ মাত ।
যি সুৰৰ মূচ্ছনাত আবেগবিহ্বল হয় প্ৰতিজন কবি ।
কবিতা কোনো ৰাজকোঁৱৰৰ পৰশত সাৰ পাই উঠা কোনো সুপ্ত ৰাজকুমাৰী।
কবিতা মোৰ আজন্ম প্ৰেমিকা।
মোৰ উশাহত পোৱা এক শেৱালিসনা সুবাস।
কবিতাতেই মোৰ সুখ,দুখ আৰু বেদনা কবিতা মোৰ জীয়াই থকাৰ প্ৰেৰণা।
—————————————
ব'হাগৰ ব্যাকুলতা
ড০ ইকবাল হোচেইন খান

তোমাৰ কথাকে ভাবি ভাবি 
হওঁ ব্যাকুল ।
হোৱানে তুমিও ব্যাকুল ?
যদি তুমিও হোৱা
তেন্তে ব'হাগতে হওঁ একাকাৰ দুটি হৃদয় এক কৰি
প্ৰেম-প্ৰতিশ্ৰুতিত জীৱন হওক ধন্য
কেৱল সুৰ হৈ বাজি থাকক ,কেৱল গান হৈ থাকক নৱ নৱ বসন্তৰ 
আলফুলকৈ গঢ়ি উঠক 
প্ৰেমৰ মচনদ
প্ৰেমতেই আছে যে জীৱনৰ আনন্দ 
মিঠা মিঠা শিহৰণ ।

ব'হাগে যে লৈ আহে প্ৰেম-প্ৰীতিৰ বাৰ্তা 
সেইবাবেই গছে গছে কোমল কুঁহিপাত
কুলিৰ কুউ কুউ মাত
ঢুলীয়াৰ হাতত ঢোল
পৃথিৱী প্ৰেমত মচগুল ।

সেইবাবেই ব'হাগে লৈ আহেনে 
প্ৰেমৰ গান
জীৱনৰ গান
বিশ্বাসৰ গান !

অ' মোৰ প্ৰিয়া
ব'হাগৰ নামতে বিলীন হওঁ হিয়াত
প্ৰেমৰ উন্মাদনাত জীৱন হওক ধন্য
মিঠা মিঠা পৰশ  
তোমাৰ হিয়াতেই যেন বিচাৰি পাওঁ
মোৰ প্ৰেমৰ ঠিকনা
তুমি মাথোঁ মোৰ হৈ থাকিবা
প্ৰেমৰ মমতাজ হৈ ।
—————————————
ম‌ই গামোচা
দিপ্তী মনি গোস্বামী

ম‌ই গামোচা ৰঙা বগা সংমিশ্ৰণত
ঐতিহ্যৰ স্বাক্ষৰ বহন কৰোঁতা,
মোক লৈ কিমান শুনিন হৈ হাল্লা
জ্ঞান গৰ্ভ ভাৱনাৰে মোক দৰ্শন কৰা!

সাত্বিক বৌদ্ধিক জনে জানে বুজে মোৰ মান
তেওঁ লোকে অটুত ৰাখে ডিঙিত আঁৰি মোৰ স্বভিমান 
শক্তি ৰূপী মায়াৰ ফুলাম দিশ ৰাখে বাওঁ দিশে
জ্ঞান ৰূপী ৰঙা পাৰীৰ দিশ ৰাখে সোঁ দিশে।

অসমীয়া সংস্কৃতিত  ৰঙাৰ মাজত বগাৰ অৱস্থান
খোনোখেনো গোষ্ঠীৰ নীলা সেউজীয়াৰও ব্যৱহাৰপন
ম‌ই সংস্কৃতিৰ প্ৰতীক বহন কৰি আছোঁ আজীৱন 
মোক লৈ জোৰা তাপলিৰ বৃথা চেষ্টা অকাৰণ।

পুৰুষৰ কান্ধৰ পৰা নামঘৰৰ গোঁসাই থাপনাকে ধৰি
বছৰৰ বিহুৱান সভা সমিতিৰ সম্বৰ্দ্ধনাকে আদি কৰি
তিয়নি সাঁচতিৰ পৰা দৰাৰ বৰণলৈকে ধৰি
সমূদায় ক্ষেত্ৰতে ম‌ই আছো সগৌৰৱে আগুৰি।

আপোচ বিহীন মোৰ ভাৱনাৰ আচুটিয়া ৰং
স্বদেশ স্বজাতিয়ে স্বক্ৰীয়তাৰে ৰাখিব মোৰ সন্মান
শংকৰ আজানৰ দেশত মূল ভেঁটি মোৰ স্বভিমান
সমন্বয়ৰ প্ৰতীকে ৰোধিব নোৱাৰে মোৰ অভিমান।
—————————————
পিতাই , ৰূপহী অসমখন আজি ৰসাতলে যাওঁ যাওঁ হ'ল
নয়নমণি দাস

পিতাই, ৰূপহী অসমখন আজি
ৰসাতলে যাওঁ যাওঁ হ'ল।
শংকৰ, মাধৱ,আজান ফকীৰৰ
চেনেহ জৰীডাল চিঙো চিঙো হ'ল।

নাই আজি আজোককাৰ দিনৰ 
পৰম্পৰা , মূল্যবোধ আৰু আন্তৰিকতাৰ ।
আজি অসমীয়াই মানৱতাক
সমাধিস্থ কৰি 
পৰিৱৰ্তনৰ জখলা বগাই ব্যক্তিকেন্দ্ৰিকতাৰে 
ঢাপলি মেলিছে শীৰ্ষৰ পৰা শীৰ্ষলৈ ।

পিতাই, চ'তৰ ওৰণি টানি এইবাৰো ঋতুৰাজ আহিছে।
পিছে, বাপতি সাহোনত নাই সম্প্ৰীতিৰ  বতৰা।
যান্ত্ৰিকতাৰ কৰালগ্ৰাসত প্ৰকৃতিও বিহ্বলা।
পিতাই, ৰঙালী আজি তেনেই উৰুঙা ।

পিতাই ,ৰূপহী অসমখন আজি
ৰসাতলে যাওঁ যাওঁ হ'ল।

কপৌ ফুলা হাবিখনত চকুত চাট মৰা অট্টালিকা হ'ল
দীঘলতি, মাখিয়তী, বৰহমথুৰি, জেতুকা আচুকৰী হেৰাই গ'ল।
কলপাতৰ ৰভাখন নোহোৱা হ'ল।
নাই আজি ঢেকীৰ গুম গুমনি,
তাঁতৰ খিট খিটনি।
নাই সেই গোন্ধ ফুৰফুৰীয়া গোবৰ মাটি।

পিতাই, আজি অসমীয়াই নিচিনে
তৰালী পঘা আৰু এশ এবিধ শাক।
পৰম্পৰাক হেৰুৱায়ো নাপাই অসমীয়াই লাজ।

চিৰা, পিঠা, সান্দহ লাড়ু আৰু
বিহুৱান বিচাৰি 
আজি অসমীয়াই  বজাৰলৈ ঢাপলি মেলিছে 
এইখন অসমতে কুলাংগাৰ পুত্ৰই 
পিতৃ মাতৃক বিদ্ধাশ্ৰমত থৈ স্বস্তি নিশ্বাস পেলাইছে।

পিতাই, ৰূপহী অসমখন আজি 
ৰসাতলে যাওঁ যাওঁ হ'ল।

হেৰাই গৈছে,জাল, জাকৈ, জুলুকি
ডলা, কুলা,চালনী,কোৰ , দা,কটাৰী।
গৰুপাল দদাই আৰু সাৰিয়াৰ বাইহঁতৰ হাঁহি 
চোতালৰ হুঁচৰি আৰু নদীপাৰৰ মেজি।
ধানসিচাঁ, নাঙল ধোৱা,লখিমী অনা,নখোৱা।
আইনাম, বিয়ানাম,বিহুনাম
পানীটেঙা , খাৰলি।

আজি অসমীয়াৰ ঘৰে ঘৰে
ডাঙৰ ডাঙৰ ডিগ্ৰী হ'ল
ঘৰ দুৱাৰ ৰাস্তা দলংবোৰ পকী হ'ল।
গৰু সলনি ঘৰে ঘৰে বিলাতী কুকুৰ হ'ল
ধান নোহোৱা ঘৰত  মান নোহোৱা হ'ল।

সচাঁকৈ পিতাই, ৰূপহী অসমখন আজি 
ৰসাতলে যাওঁ যাওঁ হ'ল।
—————————————
বসন্তৰ নিশিগ্ৰস্ত এচমকা অণুভা
সুশান্ত দাস

মেঘাচ্ছন্ন নিশাৰ কুৎসা-ৰটনাৰ দ্বাৰা বিধ্বস্ত 
নোহোৱা শতেক যুগৰ সাক্ষী এই 
শব্দায়মান বসন্ত !

মোৰ সপোনৰ সোপানত গতিপ্ৰাপ্ত
মনৰ নিভাঁজতাবোৰ পখালি অনা এই
সুবর্ণময় বসন্ত 

এই দেশৰ, এই বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ , 
কেমব্ৰিজৰ চৌহদৰ পৰা কটনৰ শ্যামলিমালৈ
স্বদেশ আৰু বিদেশৰ প্ৰতিজন স্বপ্নদ্ৰষ্টালৈ ,
হিলদল ভাঙি বৈ আহে
বসন্তৰ নিবিড় ধুমুহা

ব’হাগৰ নিশিগ্ৰস্ত ডাৱৰীয়া আকাশৰ মাজত 
ফুলি উঠে,
বসন্তৰ এচমকা ত্বৰিৎ বিজুলী

শ্ৰান্তিৰ কিশলয়ৰ পিয়াহ আঁতৰাই 
বৈ যায় যুগৰ মোহনালৈ হেপেহুৱা বসন্ত ,
আৰু অণুভাৰ পোহৰে বোৱাই আনে 
ফুলাৰ অমোঘ মন্ত্ৰ

এইবাবেই হয়তো বসন্ত বিশেষ 

নতুনত্বৰ ৰত্ন।
—————————————————

Post a Comment

0 Comments