পষেকীয়া কাব্যকানন ৫ম বৰ্ষ ২৩তম সংখ্যা

——————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

   কেতিয়াবা ভাবো কিয় লিখো?
   কেতিয়াবা ভাবো কিয় লিখিব নোৱৰা হ’লোঁ ?
   কেতিয়াবা ভাবো নানান বদনাম সহি,বহুমূলীয়া সময় ,জেপৰ ধন খৰচ  কৰি কবিতাৰ সংগঠন কৰি লাভ কি ? 
   জানো–কিছুমান 'কিয়'ৰ উত্তৰ নাথাকে। ওপৰত উল্লিখিত 'কিয়' কেইটাও মোৰ বাবে উত্তৰহীন।
   তথাপি, কবিতাৰ বাবে বাৰে বাৰে নিজক কৰো সমৰ্পণ।আচলতে কবিতাৰ প্ৰেমত এবাৰ যি পৰে, দুনাই পলাব নোৱাৰে। জীৱন-প্ৰীতিতকৈ পৃথক নহয় 
কবিতা-প্ৰেম। 


বিনীত—
নৱ ৰাজন
সম্পাদক
——————————————————————
কবিতাৰ আড্ডা 

উদয় কুমাৰ শৰ্মা

শব্দক লৈ কিছু চৰ্চা

জ্ঞাতার্থে: - অৱগত কৰিবলৈ, জাননীসূচক এই শব্দটোৰ প্ৰয়োগ ভুল। জ্ঞাত (বিশেষণ) + অৰ্থে (অব্যয়) -- এনে সন্ধি নহয়। কিয়নো, অব্যয় শব্দবোৰ ( যেনে, '- হেঁতেন', '- জনিত') সদায়, আন এটি বিশেষ্য বা ক্ৰিয়াৰ পিছত একেলগে বহে (যেনে -- যোৱাহেঁতেন, বাৰ্দ্ধক্যজনিত)। 'জ্ঞান' (বিশেষ্য)ৰ অৰ্থে 'জ্ঞানাৰ্থে' হ'ব পাৰে। অন্যথা, 'অৱগতিৰ অৰ্থে' বুলি লিখাহে সমীচীন।
———————————————————————

অনুবাদ কবিতা 

By Ada Limón

What would happen 
If we used our bodies 
To bargain 
For the safety of others, 
For earth, 
If we declared a clean night,
If we stopped being terrified—

মূল কৱিতাঃ আডা লিম’ন
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

কি হ’লহেঁতেন
যদি আমি 
আনৰ সুৰক্ষাৰ বাবে,
পৃথিৱীৰ বাবে,
আমাৰ শৰীৰৰ
দৰদাম কৰিবলৈ বিচাৰিলোঁহেতেন
যদি আমি সুখৰ ৰাতি ঘোষণা কৰিলোঁহেতেন
যদি আমি আতঙ্কিত হোৱা 
বন্ধ কৰি দিলোঁহেতেন—
—————————————

"Please don't appear during my bed time"

মূল কবি-ড°গীতা মাহান্তি
ভাৱানুবাদ--ৰেখা বৰকটকী

অনুগ্ৰহ কৰি মোৰ শোৱা সময়ত তুমি আবিৰ্ভাৱ নহ'বা 
          
তুমি মোক স্পৰ্শ নকৰাকৈ চুই চালা
মোক নেদেখাকৈ তুমি মোৰ কাষ পালাহি
মই তোমাত লীন নোযোৱাকৈ তুমি মোত সাঙোৰ খালা
 আনকি মোক নোসোধাকৈ তুমি মোৰ হৃদয়খন চুৰ কৰিলা
সেইটো ভাল নহ'ল যিটো মই কৈ থকা নাই
মোৰ ফুলনিখন স্পৰ্শ কৰিলা
মোৰ অনুমতি অবিহনে তুমি মোৰ কোঠাত পদাৰ্পণ কৰিলা
আশা কৰোঁ ,তুমি জানা সেইটো  সন্মতিহীন
মই মোৰ দৰেই আছো,এইটো নহয় যে মই অনুমতি দিছোঁ
মোৰ কিছুমান নিয়ম আছে যিবোৰ তুমি অমান্য কৰিছা
মই সকলো ঠিক আছে বুলি ক'ম বুলিও নাভাবিবা
তোমাক একো নক'লো বুলিয়েই তুমি নাভাবিবা যে  মই তোমাক ভাল পাই আছো
মোৰ মহানুভৱ এইয়া বেয়া নাপাবা
এতিয়া সময়লৈ চোৱা প্ৰায় নটা বাজে
মই দু:খিত! মোৰ শোৱাৰ সময় হৈছে
মই সৌ ডাৱৰখিনিক মাতিব লাগিব
তোমাৰ দৃষ্টিৰপৰা সাৰিব পৰাকৈ
অন্তত এই সময়ৰ বাবে
মৰমৰ জোন। তুমি অনুগ্ৰহ কৰি মোৰ শুই থকা সময়ত নোলাবা
তুমি জানা যে তুমি দৃষ্টি দি থাকিলে মই শুব নোৱাৰো।
—————————————————————
                          কবিতা 

কিয়
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

'' অ’ মালতী
কথা এটি কওঁ শুনা
কাণপাতি''

আনক নুশুনাবা দুখৰ গান
কথাটো বুজিবলৈ টান

'বেণ্ডএইড’ 
সকলোৰে ঘৰত নাথাকিবও পাৰে
নিমখ সকলোৰে ঘৰত থাকিবই

বুজিলাতো...
—————————————
উত্তৰায়ন
অৰ্চনা ঠাকুৰীয়া

মুহূৰ্তৰ যাতনাই পিষ্ট কৰে মোৰ বুকুৰ
মাটিৰ চপৰা
শুকাই,ভাঙে, গুৰি হয়
পুনশ্ব: সুদীৰ্ঘ প্ৰাচীন ফুলপাহক 
 চকু পানীৰে জীয়াই তোলো

ধাৰণ আৰু ৰোপনৰ ক্ষমতা আছে বাবেই হয়তো
নিৰূপিত হয় যৌৱনৰ ভৰ
হাঁহিৰ ৰহস্য অথবা আশাৰ স্বচ্ছতা

নিশব্দতাৰ শব্দবোৰ বৰ মধুৰ
কেতিয়াবা তেজ হৈ বৈ থাকে 
কেতিয়াবা ঘাম হৈ তিয়াই দিয়ে মোৰ 
সৃষ্টি আৰু ধ্যান-সন্ধানৰ ভাগৰুৱা পথ

ভীষ্ম- খোজেৰে অনিৰ্বাণ যাত্ৰা
সূৰ্যৰ উত্তৰায়্ণ
 খোজত দৃঢ়তা
 আশাৰ সৌধই আকাশ চুৱে

দূৰৈত শুনো  লুইতৰ বিননি
লহৰে কঢ়িয়াই আনে ভাটিয়ালী ৰাগৰ 
সুনীল সুৰ
দুৰ্গম বাট
উশাহ গধুৰ
নিয়তি পখীয়ে উৰিবলৈ বাট  চাই পোহৰৰ আকাশত

জীৱন,
আৰম্ভণিৰ আখৰটোৰ সমানেই ধুনীয়া।
—————————————
সিহঁত
ৰেমী শৰ্মা

মাইলৰ দূৰত থকা সাহকন চপাই কোঁচাই আনি
বান্ধি থয় বোৱাল গছত 
মানুহবোৰ ভৰ দুপৰীয়া কুঁজা হয় তাত
পাহাৰখনেৰে নামি আহে 
শিলকুটা বতাহ

পাভতি চাঙত সূৰ্য্যক শুকুৱাই থোৱা মানুহবোৰে
গজালি মেলে পথাৰত 

ইমান সাহ ৰাতিটোৰ 
যাদুকৰী নিচুকনি গাই নিহপালি নিয়াই 
সেইজাক মানুহক
লেটিপেটি হয় পুৱতি নিশাৰ সপোন আৰু লুণীয়া পানীৰ কলং 
—————————————
বাট
সীমা গগৈ

বাটবোৰে হাতবাউলি মাতিলেই 
মানুহ হেনো বেদুইন হয় 

ডলাৰ দৰে ঘূৰণীয়া হোৱাৰ হেঁপাহতে 
ঘূৰি থাকে বাট 
বাটে বাটে জীৱন 

কেনেকৈ কুঁৱলী আৰু কুকুহাৰ আউল ভাঙি  
গৈ থাকে মানুহ ?

সময় যেতিয়া হালধীয়া এখিলা পাতৰ দৰে কঁপি উঠে , তেতিয়াও বাটবোৰ স্থিৰ হৈ থাকে

বাট মানেই যে চালি ধৰা সপোনৰ বীজ
বাট মানেই যে এটি সম্ভাৱনা 

যি বাটত হয়তো আপুনি মই আঁকি আছোঁ 
থৰ লগা সময়ৰ কেনভাছ !
নতুবা ,বোধৰ দুৱাৰেৰে সৰকি পৰা ক্ষণবোৰ
বুটলিছোঁ 
আজুৰিছোঁ 
কেতিয়াবা এৰি দিছোঁ..
আকৌ লৈছোঁ এটি নতুন বাট 

সম্ভৱতঃ যাযাবৰ মানুহেই সৃষ্টি কৰিছিল জীৱনৰ শিলাময় বাট

জীৱন থাকে মানেই জী থাকিব বাট
বাট আছে বাবেই মৰি নাযায় মানুহ।
—————————————
সম্ভৱতঃ
ইলামণি শইকীয়া

সম্ভৱতঃ ক’ৰবাত আকৌ এদিন আমি লগ হ’ম৷
জীৱনৰ চাকনৈয়াত উটি ভাহি  ইজনে সিজনৰ কাষ পাম
দুচকুত অপাৰ বিস্ময় লৈ
ইজনে সিজনক চাই থাকিম৷
শতিকা পুৰণি পেৰাৰ পৰা উলিয়াই অনা মুখৰ কিছু সময়ে আমাক দুখী কৰি তুলিব, সুখী কৰি তুলিব৷

অথবা
সম্ভৱতঃ এদিন
আৰ্ট গেলাৰীৰ ওচৰা ওচৰিকৈ থকা দুখন ছবি হ’ম
একেখন নাটকৰ দুটি চৰিত্ৰ হ’ম৷
সম্ভৱতঃ বিখ্যাত এজন ঔপন্যাসিকৰ শেহতীয়া উপন্যাসখনৰ আমি নায়ক নায়িকা হ’ম৷

ক’ৰবাত এদিন হয়তো আমি আকৌ লগ হ’ম
সিদিনা প্ৰেয়সীৰ সৈতে তোমাৰ অহেতুক ব্যস্ততা নাথাকিব
মোৰো নাথাকিব উশাহ সলাব নোৱাৰা দায়িত্বৰ মেটমৰা ভঁৰাল৷

সম্ভৱতঃ
জীৱনৰ শেষ প্ৰান্তত  
দুকুৰা চিতা জুই হৈ আমি একেলগে জ্বলি উঠিম
একেলগে ধোঁৱা হৈ উৰিম৷

আমি আমাত মিলি যাম
সম্ভৱতঃ এদিন...
—————————————
ঈগলৰ মাতৃভাষা
দেৱ দাস

ওখ বৃক্ষৰ 
ঈগলৰ পৰিয়ালটো  
ইতিহাস প্ৰসিদ্ধ 

আমন- জিমনকৈ থকা  
মাকজনীক দেউতাকে 
কাৰণ দৰ্শাব কোৱাত 

বেজাৰত মাকজনীয়ে কৈছিল 
আমাৰ প্ৰজন্মৰ 
মাতৃভাষাৰ 
প্ৰশ্ন কাকতখনো ফাদিল হয় 

বিলাই নোহোৱা মাতৃভাষা

যি
স্বাধীনতাৰ 
পয়সত্তোৰ বছৰেও 
স্বীকৃতি নহয়।
—————————————
চৰাই চকু হৈ সাৰে থাকে দুচকু
অৰুণ গগৈ

মৰি অহা নদী এখন সাৱটি
উদং হয় বুকু
চৰাই চকু হৈ সাৰে থাকে দুচকু

নিজানত নিয়তিৰ নিনাদ
মৃত নদীৰ বুকুত সেয়া কিহৰ বিষাদ ?

 সময়ৰ সাধুকথা শুনি
পাকখাই পৰি থাকে দীঘল দুপৰীয়া

এঙেৰুৱা দুখৰ ভৰত
হালি পৰে আদিম সভ্যতা

ভ্ৰমত ঘূৰি থাকে চকু
ভ্ৰমত কঁপি থাকে বুকু

নৈপৰীয়া বৃদ্ধ আবেলি
আউলবাউল চুলি মেলি
মৃত নদীৰ পাৰত বহি
 কোনে বাৰে বাৰে বিষাদৰ সুৰ সানি গায়
“হেৰ’ নাৱৰীয়া মেলি দে ডিঙৰা
তৰি দে শুকুলা পাল ৷”
—————————————
উৎস
লাৱণ্য নাথ

হেৰাই যাব খুজিয়ো উভতি আহিছোঁ বাৰে বাৰে,
পোছাকৰ দৰে সলনি হৈছে
সময়ৰ ৰঙ,
সেই যে এৰি অহা জীৱনৰ হাঁহিবোৰ, দুখবোৰ,
এতিয়া মনলৈ নহা হ'ল।
বোৱতী সুঁতিৰ দৰে
জীৱনে সলালে সুতি,
পাহৰিলো উৎস মোৰ ক'ত?
বতাহত বিয়পিলে সময় বতৰি,
যদিওবা মই নিলগত।
—————————————
অকস্মাতে এসন্ধ্যা
ইপুল হুছেইন

অকস্মাতে দেখা হোৱাৰ সন্ধিয়াটো 
ছন্দময় হ'বলৈ বিচাৰিছিল
চহৰখন বনহাঁহ উৰাদি ওপঙি উঠিছিল 
কিছু মৌনতা আৰু কিছু পশ্চাদভিমুখী স্ৰোত যেন অস্থিৰ হৈছিল
সময়ৰ শিকলিৰ নাম ব্যস্ততা
তথাপি সেই গানৰ নদী প্ৰতিবাৰে অন্তঃসত্ত্বা ।
—————————————
আনলাকি থাৰ্টিন 
চয়নিকা ভূঞা 

নকৰো বুলি ভাবিলেও 
অজানিতে কিছুমান ভুল হৈ যায় 
কিছুমান দাগ নিজৰ দেহত সাঙোৰ খাই পৰে 
অজানিতে
অজানিতে… 

ঠিক আনলাকি থাৰ্টিনৰ দৰেই কথাবোৰ
এটা উপনাম 
এটা অমংগলীয়া সংখ্যা 
আৰু 
আৰু সেই তালিকাত 
কেতিয়াবা
সংযোজিত হয় আপোনাৰ 
অথবা মোৰ নাম

শব্দ ভেদি পাৰ হৈ আহে ভালপোৱাৰ শব্দ
আনলাকি থাৰ্টিনতেই সম্বন্ধৰ আৰম্ভ 

সংখ্যা বাচনিত ভুল
নিউমাৰ্লজিত ভুল 
সকলোতে কেৱল ভুল
আৰু ভুল

ইফালে 
ভুলৰ চামিয়ানাত 
এতিয়া 
আনলাকি থাৰ্টিন ৷
—————————————
মৰাশ
অমলা গগৈ

মই মোক জগাই দিওঁ 
কেতিয়াবা শুই থকাৰ পৰা
কেতিয়াবা মৰি অহাৰ পৰা।
নিজৰ ভিতৰতে নিজৰ মৰাশ এটা কঢ়িয়াই মই গৈ থাকো
মানুহে মোক জীয়া ভাবি গালি পাৰে 
মৰম কৰে
খঙ কৰে।
মোৰ মৰাৰ উমান দিবলৈ 
মই নিজক জ্বলাই দিওঁ স্মৃতিৰ স'তে
পাহৰণিৰ চিতাত নিজক তুলি দিওঁ।
শ এটা কঢ়িয়াই কেতিয়াও আপোন পাহৰা হব নোৱাৰো 
আপোনাৰ স'তে
বৰ্তমানৰ স'তে
সভ্যতাৰ স'তে।
মোক জী উঠিবলৈ সহস্ৰ যোজন পাছলৈ লৈ যোৱা পাৰা যদি
মোক জী উঠিবলৈ শিপাবোৰ স্পৰ্শ কৰোৱা
মৰাশ কঢ়িয়াই কেনেকৈ গৈ থাকো আগলৈ
সভ্যতাৰ উচ্চতালৈ।
—————————————
অনুভৱী কলম
অনুস্মিতা ফুকন 

প্ৰাপ্তি:~

হেজাৰ উজুটি খালেও
হেজাৰবাৰ কাঁইটে বিন্ধিলেও
আপোনজনৰ ওঁঠত 
বিৰিঙি উঠা সুখৰ 
সেই হাঁহিটোৱেই 
'প্ৰাপ্তি'॥

অপ্ৰাপ্তিঃ

সেই সন্মানেই বা কি
য'ত আপোনোত্তোৰ অনুভৱ নাই!
প্ৰাপ্তিৰ পিয়াহত সম্পৰ্কই উচুপিলে.
সেই সুখৰে বা..
মূল্য কি!

মৃত্যুঃ

মিঠা পুৱাই কঢ়িয়ায়
বেদনাসিক্ত নিশা...
সুখৰ হুমুনিয়াহে
লুকুৱায়
অশ্ৰুসিক্ত জীৱনগাথা।
—————————————
বৈতৰণীৰ ইপাৰে সুখ
জাহ্নৱী হাজৰিকা

স্বতঃস্ফূৰ্তভাৱেই বৈ অহা অনুভৱবোৰ 
মানসিক প্ৰশান্তিবোৰ
নিৰৱচ্ছিন্ন সোঁতত ঠেকা থুকুলি খাই খাই 
হৈ পৰে সুখ।

অথচ স্থায়ী নহয় সুখবোৰ কিম্বা দুখবোৰ!
যেন ৰথৰ চকৰি,এই ওপৰ এই তল
ঘূৰি থাকে চক্ৰাকাৰে সুখৰ সংজ্ঞাৰ পৰিধি
ঠিক ঋতুৰ দৰে।

তুমি ক’ব পাৰা প্ৰাপ্তিত সুখ...
অথচ প্ৰাচুৰ্যই দিয়ে জানো সুখ!
এই যে মানুহে কয় বিচাৰিব জানিলেই সুখ
নাজানিলেই দুখ
কিমান দূৰ সঁচা জানো!

দুখৰ আৱৰণ ফালিয়েইটো ওলাই 
সুখৰ এচেৰেঙা ৰেঙনি!
ঠিকেইটো!সুখৰ উৎসও দুখেই।
মূৰৰ ওপৰত এখন ছাঁ দিয়া মুধচ
অথবা অন্ন বস্ত্ৰ বাসস্থান
এয়াইটো নূন্যতম সুখ জীৱনৰ।

নতুনকৈ গজালি মেলিবলৈও হেনো
 মানুহ এবাৰ মৰিব লাগে।
যিদৰে গুৰিতে কটা কহিমলা
আকৌ ডাল পাতেৰে জীপাল হয়।
হয়তো সময় লাগে,দেৰি হয়
কিন্তু কথাবোৰ ফৰকাল হয়।
লগতে থাকে জোনাকৰ সমাহাৰ।

এৰা!জীৱনৰ সন্তুষ্টিয়েইটো সুখ।
সুখ জীৱনৰ প্ৰতি খোজত থাকে।
ৰঙ পৰিলেই সুখ
নপৰিলেই দুখ।
আহকচোন ৰঙ সানো জীৱনৰ প্ৰতিখোজত।
সুখী থাকক পৃথিৱী।
সুখত থাকক মানুহ।
———————————————————
বৰষুণ মানে...
শুৱলা দাস

বৰষুণ মানেই ‘তুমি’
যেন
বুকুত নিতাল মাৰি শুই থকা
এক জীয়া বুৰঞ্জী !
বৰষুণৰ নূপুৰে
লুটিয়াই যায় প্ৰতিটো পৃষ্ঠা 

কিছুমান শব্দ মনিব পৰা কি নোৱৰা...
গভীৰ নিশা উজাগৰে 
বৰষুণৰ স'তে মোৰ  নিবিড়তা
বিষাদঘন কবিতাৰ অশ্ৰুমালা

 …নাজানো
শুষ্ক বতৰত থাকা ক’ত আঁতৰি
অথচ বৰষুণত  
ভিজি ভিজি নিগৰি বাগৰি আহি  
তিয়াই পেলোৱা মোৰ বুকুৰ শেতেলী।

ভিজা কলিজাত
ৰোৱা তুমি জিলিকি
বৰষুণৰ অশ্ৰুকণা হৈ
কৰুণ সুৰে ঝংকাৰ তুলে 
ৰিণি-ৰিণিকৈ। 
—————————————
জোনাকী পৰুৱা
অবিনাশ দত্ত

তুমি সপোন গজা উশাহত
হৃদয়ৰ গামোচাত ছবি আঁকা
কিহৰ ছবি নাজানোঁ
কিছু বগা,কিছু নীলা 
কিছু আকোৱা পকোৱা
ঠিক তোমাৰ চুলিকোচাৰ দৰে
আউল বাউল ।

আউল বাউল নষ্ট চুলিৰেই নামি আহে গধূলি
অস্তগামি সূৰুযৰ সিপাৰৰ দুষ্ট গধূলি,
গধূলিটোতনো কি হয় বুলি মোক পিচে নুসুধিবা 
বুজাব নোৱাৰিম মই 
নীলা গধূলিৰ নিৰ্লজ কাৰচাজি,
গধূলিটো শেষ নহওক বুলিয়েই 
এন্ধাৰক লগতলৈ মেঘে ধকা বেলিটোক পহৰা দিছোঁ
কাৰণ মই জানো
গধূলিটো শেষ হ'লেই শেষ হ'বা তুমি
বৰফৰ নাওঁত উটি যাবা তুমি
কোনোবা অচিনাকি ঘাটলৈ
হামিয়াই থকা নষ্ট নৈ এখনৰ অজান ঘাটলৈ।

অজান ঘাটৰ জুপুহাত সেউজীয়া জোনাকী পৰুৱা
জোনাকী পৰুৱা তোমাৰ প্ৰিয় শব্দ
আজিকালি জোনাকী পৰুৱা নাই
তোমাৰ বুকুৰ অসমতল ভূগোলত 
হেৰাই গ'ল মোৰ জোনাকীৰ জুপুহা
আৰু যৱনিকা পৰিল
গধূলিটোৰ কিছু শেতা চুমা

এতিয়া মাথোঁ তোমাৰ উশাহত সিঁচি দিম 
মেঘমল্লাৰৰ ৰাগ
ৰিমঝিম কৈ
তুমি নজনাকৈ ।
—————————————
যৌৱনমতী ব'হাগ
বাস্তৱ শইকীয়া

বসন্তৰ চোতাল গছকি
আহিছে চেনেহৰ ব'হাগী
চঞ্চলা ৰূপৱতী
গাভৰু যেন হৈ

সেউজৰ সাজপিন্ধি
কুঁহিপাতে মূৰ দাঙি
প্ৰকৃতিত ৰংসানি 
ব'হাগৰ বতৰা লৈ।

পুৱতি আকাশৰ
কিৰণৰ মাজেৰে
কুলি, কেতেকীৰ
সুৰীয়া ধ্বনিতে
সুগন্ধিৰ মালিনী হৈ

নঙলা মুখৰে
কপৌফুল জোপাতে
মিছিকি হাঁহিৰে
মৰমৰ ভাজতে
আশাৰে আছেযেন ৰৈ।

জেতুকাৰ ৰঙেৰে
সোণাৰুৰ হাঁহিৰে
বাউলী বতাহত
বালিৰে চৰতে
আনন্দত উথলি নাচে

মা-হালধীৰ 
সুগন্ধৰ পৰশ পাই
ঢোল,পেঁপা,গগনাত
তিয়নীৰ সাজেৰে
ব'হাগীৰ যৌৱন যে ভাহে।

আবেগৰ নাচনী
আমাৰে ব'হাগী
সাতখন তাঁতৰে 
শালৰে শিপিনী
দাপোনমতীৰ কাজলী বাই

একেডাল গৰকাত
আশাবোৰ জুটি লৈ
ন কৈ ৰূপেৰে 
প্ৰকৃতিক সজাই লৈ
মৰমবোৰ 
বিলাই থৈ যায়।
—————————————
শব্দবোৰ ভগৱানৰ দৰে
সুশান্ত দাস

মই কবিতাবোৰ লিখিবলৈ আৰম্ভ কৰিছিলোঁ 
ব্যস্ত-ব্যগ্ৰ ৰুক্ষ কাকতৰ পৃষ্ঠাত
মণিকাঞ্চন সংযোগ ঘটিছিল
ঈশ্বৰ সদৃশ শব্দবোৰৰ লগত ;

সেইদিনা সূৰ্য্যটো গলিছিল আৰু 
মই নজনাকৈয়ে
শব্দবোৰ নামি আহিছিল,
গগণবক্ষ তপ্ত সুৱৰ্ণসম হৈ পৰিছিল 
শব্দবোৰে বিদ্ৰুম হৈ
পখালি আনিছিল 
ডাৱৰীয়া বসন্ত...

কালজয়ী শিল্পীৰ সত্তাৰ সন্ধান শব্দই দিছিল,
হিৰণ্ময় আভাৰে আৱৰি
মোৰ বোধৰ কুটিল বসুন্ধৰা...
সেয়েতো,
শব্দবোৰ চমৎকাৰী
অচ্যুত, প্ৰাণস্পন্দন 
যাদুকৰী, অক্ষয় সম্পদ

কিৰণ্ময়ী স্বপ্নজৰ দৰে
আৰু নিঃসন্দেহে
শব্দবোৰ ভগৱানৰ দৰে 
—————————————
কল্পচিত্রত বিষাদৰ তামাচা
তানিয়া মধুকল্য

আজিকালিৰ কবিতাবোৰ 
অভিমানী হ'ল
শব্দ, বাক্য, ছন্দবোৰ, 
গহীন হ'ল 
আগৰ দৰে আজিকালি 
সিহঁতবোৰ সহজে ওলাই নাহে...
সিহঁতৰ দাম বাঢ়িছে

কবিতা
অনুভৱবোৰ কলমৰে 
নিগৰি অহা
এক সুকীয়া পথ

দুখৰ তাণ্ডবৰ তামাচা
চাই ভাল পায় কবিতাবোৰে
কল্পনাৰ বালিচৰত বালিচন্দা
হৈ জিলিকে কবিতাবোৰ
সুখৰ অমৃত জল হৈ 
কবিতাবোৰ বৈ আহে ধৰালৈ...

শব্দই শব্দত খুন্দা লাগি 
সৃষ্টি কৰে বাক্যৰ
ছন্দই ছন্দই পোৱা যায়
কবিতাৰ গোন্ধ 
এইয়াই কবিতাৰ অহংকাৰ

সেয়ে কবিতাবোৰ আজিকালি 
অভিমানী হ'ল
নিজৰ লগত ব্যস্ততাৰ
আখৰা কৰিছে 
সিহঁতক আজিকালি 
নেদেখাই হ'লো
বিচাৰিও নোপোৱা হ'লো ক'তো
না হেমকোষত
না চন্দ্ৰকান্তাত
ক'তো নাই...

কবিতাবোৰে এতিয়া কবিক 
আমনি কৰি
বৰ ভাল পায়...
সিহঁতে খেলে তেনেকৈয়ে 
কল্পনাৰ চিত্ৰ আঁকি 
কবিয়ে নিৰন্তৰে লিখি যায়
কবিতা...
কেতিয়াবা সুখৰ ছন্দ মিলাই 
কেতিয়াবা দুখৰ অলংকাৰ পিন্ধে...

সেই কবিয়ে কৈছিল
কবিতা হ'ল
কল্পচিত্রত বিষাদৰ তামাচা।
—————————————
ইপাৰে তুমি সিপাৰে মই 
গকুল চৌধুৰী

প্ৰেম- ভালপোৱাৰ বাটপথত 
ইপাৰে তুমি সিপাৰে মই 
আমাৰ দুয়োৰে মাজত আছে
সমাজ নামৰ নৈ ৷ 

আমাৰ সন্মুখত আহিলেও 
আহক বাধা
হ’লেও হওক আমাৰ দুয়োৰে 
মিলন আধা  
তথাপি তুমি মোৰ মই তোমাৰ হ’ম 
আমি দুয়ো দুয়োৰে জীৱনৰ সাৰথি হৈ ৰ’ম 
আমি দুয়ো দুয়োৰে জীৱনৰ
সংগী হৈ ৰ’ম 
আমি দুয়ো দুয়োৰে জীৱনৰ
ছাঁয়া হৈ ৰ’ম 
আমি দুয়ো দুয়োৰে জীৱনৰ
লগৰী হৈ ৰ’ম ৷ 

মৰমবোৰ বৈ থাকিব এনেকৈ
মনৰ পৰা মনলৈ
হৃদয়ৰ পৰা হৃদয়লৈ 
তোমাৰ পৰা মোলৈ
মোৰ পৰা তোমালৈ 
ভালপোৱাবোৰ বৈ থাকিব তেনেকৈ ৷ 

প্ৰেমৰ অতিত স্মৃতি পৃথিৱীতে 
থৈ 
প্ৰেমৰ সমাধি সৌধ পৃথিৱীতে 
থৈ 
প্ৰেমৰ কাব্যগ্ৰন্থ পৃথিৱীতে থৈ
প্ৰেমৰ দুখ , কষ্ট পৃথিৱীতে থৈ 
প্ৰেমৰ ত্যাগ,অশ্ৰু পৃথিৱীতে থৈ

প্ৰেমৰ যাত্ৰাপথত সহযাত্ৰীৰ ৰূপত 
হাতত হাত ধৰি আমি দুয়ো 
আগবাঢ়ি যাম 
মৃত্যুৰ সিটো পাৰলৈ 
সাতোজনমৰ প্ৰেমিক-প্ৰেমিকা হৈ
চৈধ্যজনমৰ প্ৰিয়তম-প্ৰিয়ত্তমা হৈ 
জনম পাৰ হৈ জনম জনমলৈ
জনম পাৰ হৈ জনম 
জনমলৈ।
—————————————
স্নিগ্ধ জোনাকৰ হাবিয়াস
প্ৰাণ প্ৰতিমা বড়া

 মাজনিশাৰ কলাঘুমটিৰ বেলিকাত
এখনি আশ্বাসৰ হাতৰ স্পৰ্শ
দিঠক দিঠক যেন লগা
এটি মিঠা সপোন
চুই চাওঁ আকুলতাৰে ৷

শব্দৰ বিষবাণে ধাৰাশায়ী কৰা
আকুল কলিজাটিত
দুখৰ  চেঁকুৰাবোৰে
আশাৰ বুকুত জাপি দিয়ে 
এচমকা অমানিশা ৷

আৱেগৰ আলয় নাছিল
আছিল মাথোঁঁ কপটতা
হৃদয় জুৰোৱা গান নাছিল
আছিল মাথোঁঁ অনিশ্চয়তা ৷

সেয়ে হয়তু হৃদয়ে চিৎকাৰ কৰে
মাজনিশা আকুলতাৰে
স্নিগ্ধ জোনাকৰ হাবিয়াসত
হৃদয়ে বিচাৰে এখনি আশ্বাসৰ হাত
মনৰ জলঙাৰে সোমাব খোজে 
জীয়ন জুৰোৱা এটি আৱেগৰ গান ৷
—————————————
ফাগুন তই আকৌ আহিলি
মেনকা চৌধুৰী

ফাগুন তই আকৌ আহিলি
বিৰিখৰ লঠঙা ডালত
সেউজীয়াৰ পৰশ দিবলে
মদাৰ ,পলাশ,শিমলুত
ৰঙৰ আবিৰ সানি দিয়া
তুমিয়ে দুষ্ট ফাগুন
ফাগুনৰ চঞ্চল পছোৱাই
প্ৰকৃতিৰ ৰূপ সোলাবলে
চতৰ আগমনত আনিছা বৰষুণ,
লঠঙা ডাল বোৰ সজীৱ কৰি
কুঁহিপাতৰ জাননী দিবলে
 কুলি,কেতেকীয়ে আনন্দত বিনাইছে--
অমাতৰ মাত,গছৰ ডালবোৰত
সেউজীয়া ৰঙৰ হৈছে আভৰণ
প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য ই
মহিত কৰিছে অন্তৰ
ফুলে পাতে লহিয়াই নাছিছে
অনাবিল ধাৰাৰে
ব'হাগক আদৰিবলে
সেউজীয়া যৌৱনৰ অৰণি টানি 
ব'হাগ এনেকৈয়ে আহে ।
—————————————
ব'হাগ আকৌ আহিল অ' পিতাই
অঞ্জনা ৰূপা দাস
      
ব'হাগ আকৌ আহিল অ' পিতাই
গছৰ ডালত কপৌ, নাহৰ, তগৰ ফুলিল
কুলিজনীয়েও  সুললিত কণ্ঠে গীত জুৰিলে
কিন্তু পিতাই! 
আগৰ দৰে ব'হাগ
ব'হাগ যেন নলগা হ'ল। 
গাওবোৰ নিজম পৰিল, 
ঢোলৰ গোম্ গোমনিও  নাইকিয়া হ'ল
ডেকাবোৰে গাওঁ এৰি 
(কামৰ বাবে) বিদেশলৈ গ'ল। 
ঢেঁকীৰ মাত নাইকিয়া হ'ল, 
বজাৰৰ চিৰা-পিঠাৰে বিহু পতা হ'ল। 
জানা পিতাই, তুমি যে বিলৰ পাৰলৈ
গাঁৱৰ গৰু জাক নি পঘা পাৰি,হৰি ধ্বনি দি
 গৰু গা-ধোৱাই
লাও-খা, বেঙেনা-খা কোৱা! 
এতিয়া নাই অ' পিতাই, 
চোতালতে বাল্টিৰ পানীৰে
গা-ধোৱাই ফটো প'জ দি
গৰু বিহু পতা হ'ল। 
গছৰ তলৰ হুঁচৰি জাকো
মঞ্চলৈ গ'ল, 
বিহু বাপতি সাহোন নহয়
বিহুৰ সমিতিহে হ'ল। 
আয়ে বৈ দিয়া চেলেং গামোচা খনো
বজৰুৱা হ'ল। 
দু আগ ফুল বচা
গামোচা খনহে বিহুৱান হৈ ৰ'ল। 
গাঁৱৰ শিপিনীবোৰো
চহৰৰ পাৰ্লাৰলৈ গ'ল। 
তুমি যে কৈছিলা, বিহুত দিয়া
গামোচাখন বোলে
বছৰটোলৈ ৰক্ষাৰ কৱচ বুলি
এতিয়া ব-ৰ- কৈ  মনত পৰে অ'পিতাই  ! 
জানা পিতাই, 
এতিয়া সকলোতে পৰিবৰ্তন হ'ল, 
পশ্চিমীয়া ঢংবোৰ হে
আধুনিক সংস্কৃতি হৈ ৰ'ল। 
—————————————
ঘৰ
অজন্তা তামুলী ফুকন

চাৰিটা খুটাৰ ভাৰসাম্য 
অথবা 
চাৰিটি আবেগৰ স্তম্ভ 
বগোৱা বাই আকাশলৈ 
আবেগ বৰ্জিত সমন্ধ 
মৰমবিহীন কোঠালি
নিদ্ৰাবিহীন শেতেলী
ডাৱৰবিহীন আকাশ 
হাঁহিবিহীন গাভৰু ছোৱালী 
একোৱেই ভাল নালাগে কবিৰ 
একোখন ঘৰ একোডাল এনাজৰী 
শান্তি সম্প্ৰীতি সহোদৰৰ
মিলা প্ৰীতি মান সন্মানৰ ।
—————————————  
নদী মানেই...
ৰবিন কুমাৰ চেতিয়া

নদী মানেই নাৰীৰ একাঁবেকা মন 
নদী মানেই নাৰীৰ গোপন অভিলাষ

নদী স্ৰোতস্বিনী
নদী অনুৰাগিনী
নদীৰ বক্ষত থাকে মাতৃৰ মমতা
নদীৰ চকুত জিলিকে হেঁপাহৰ তৰা

উন্মাদ বৰষুণৰ তপত চুমা লাগি
নদী হয় সগৰ্ভা
ঢপলিয়াই ফুৰা বৰষাৰ চাৱনিত
নদী হয় প্ৰগলভা 

প্ৰেমিক প্ৰেমিকাৰ দুচকুত 
ফুলি থকা অনুভৱৰ নাম নদী
শুকুলা আবেগৰ নাচি থকা 
কুলু কুলু গানৰ নাম নদী
সাগৰ পিয়াসী আকুলতাৰ 
নাভাগৰা উশাহৰ নাম নদী

নদীয়ে ভাঙে হৃদয়
নদীয়ে গঢ়ে জীৱন
ভাঙি ভাঙি নদীয়ে উপচাই
সখীয়তী দুয়োপাৰ।
—————————————
তুমিয়েতো মোৰ দিকদৰ্শক
ৰশ্মি দলে 

মই যদি ৰাতি হও
তুমি মোৰ আন্ধাৰ-বাটৰ
খোজত
তুমি মোৰ পোহৰৰ জখলা হোৱা।

মই যদি অমানিশা হও
তুমি মোৰ পূৰ্ণিমাৰ জোনাক হোৱা।

মই যদি এন্ধাৰ হও
তুমি মোৰ পোহৰ হোৱা।

মই যদি জীৱনৰ বাট হেৰুৱালে
তুমি মোক জীৱনৰ বাট দেখুৱাবা।

কেৱল তুমিয়ে তুমি!

তুমিয়েতো মোৰ শেষ কৰিব
নোৱাৰা জীৱনৰ অধ্যায়!
মোৰ দিকদৰ্শক।
——————————————————

Post a Comment

0 Comments