পষেকীয়া কাব্যকানন ৫ম বৰ্ষ ২২তম সংখ্যা

——————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়—

     মাজে মাজে এনে লাগে যেন আমি একোজন যুদ্ধক্ষেত্ৰৰ সৈনিক।  কোনে কাক কেতিয়া প্ৰথমে বগৰাব -তাৰেই যেন প্ৰতিযোগিতা।যুদ্ধক্ষেত্ৰতকৈ কোনো গুণে কম নহয় এই ৰনাংগণ;বৰঞ্চ বহুক্ষেত্ৰত ই ভয়ানকহে বিবেচিত হৈছে। 
     আপুনি চাগৈ  অনুমান কৰিব পৰিছে । হয়, ফেচবুকৰ কাব্যজগতখনৰ কথাকে ক'ব খুজিছোঁ।"কবিক পৰিচয় কৰি নিদিবা ।কবিতাই কবিৰ পৰিচয়।"-- নৱকান্ত বৰুৱা ছাৰৰ এই কথাষাৰো যেন আজি অৰ্থহীন হোৱাৰ উপক্ৰম হৈছে।  যেতিয়াৰ পৰাই ডিজিটেল মাধ্যমৰ জৰিয়তে অসমীয়া কাব্য জগতত এক নতুন আলোড়নৰ সৃষ্টি হ'ল,তেতিয়াৰ পৰাই যেন দুটা ফৈদৰ জন্ম হ'ল। আৰু ক্ৰমান্বয়ে দুয়োফৈদৰ মাজত এক শীতল যুদ্ধৰ সূচনা হ'ল। আজি সেই যুদ্ধ ভিতৰি ভিতৰি অতি ধ্বংসাত্মক হৈ উঠিছে।
    ইংৰাজী তথা বঙালী মাধ্যমৰ পৰা অসমীয়া ভাষালৈ তীব্ৰ ভাবুকি অহাৰ এই জটিল সময়ত ,ডিজিটেল মাধ্যমৰ জৰিয়তে বিশেষকৈ নৱ প্ৰজন্মৰ অসমীয়া ভাষাটোৰ প্ৰতি যি আকৰ্ষণ বৃদ্ধি পাইছে ,সেয়া অসমীয়া জাতিটোৰ বাবেই এক উল্লেখযোগ্য দিশ । এই কথাটোত হয়তো কাৰো দ্বিমত নাই। কিন্তু "আদাক দেখি উঠিল গা,কেতুৰীয়ে বোলে মোকো খা "ৰ দৰে বহু নবীন লেখকে কবিতা হ'লে হ'ব নহ'লে নাই বুলি লিখিবলৈ লৈছে ।তাৰে কিছুলোকে নিৰলস সাধনাৰে গভীৰভাবে কাব্যচর্চাত নিজকে নিমগ্ন কৰি সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ কাব্যিক চেতনাৰ উৎকৰ্ষ সাধন কৰিছে। আৰু কিছু সংখ্যকে বিষয়টোক বিশেষভাৱে নলৈ ডিজিটেল মাধ্যমৰ সুবিধা লৈ like,comment
ৰ বিনিময় প্ৰথাৰে নিজৰ trp বৃদ্ধি কৰাৰ প্ৰতিযোগিতাত লিপ্ত হৈছে। আৰু এনেধৰণৰ লোকসকলৰ বাবেই দিনে 3-4 টাকৈ কবিতা লিখাতো ভাতৰ লগত পানী খোৱাৰ দৰে হৈছেগৈ। এই দুইধৰণৰ কাব্যচর্চাকাৰীয়ে কাব্যিক বয়সেৰে নবীন। 
    ইয়াৰ বিপৰীতে আছে বিশিষ্ট কবিসকল অৰ্থাৎ  কাব্যিক বয়সেৰে জ্যেষ্ঠ কবিসকল ।  তেখেতসকলৰ কবিতাই নিশ্চিতকৈ অসমৰ কাব্যজগত চহকী কৰিছে। কিন্তু অপ্ৰিয় সত্য কথাটো এই যে প্ৰায়বোৰ মান্য আলোচনী আৰু বাতৰিকাকতৰ জৰিয়তে কাব্যচর্চাকাৰী
বিশিষ্টসকলৰ কেইগৰাকীমানৰ বাহিৰে বেছিভাগেই সৰ্বজন পৰিচিত নহয়। লাহে লাহে  তেখেতসকলেও সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ ধৰিলে।বৰ্তমান সামাজিক মাধ্যমৰ জৰিয়তে তেখেতসকল কাব্যচর্চাকাৰীসকলৰ মাজত পৰিচিত হৈ পৰিছে। কিন্তু প্ৰথমাৱস্থাত সৰহসংখ্যক  বিশিষ্ট কবিৰে উন্নত কবিতাতো পাঠকৰ বিশেষ সঁহাৰি নাছিল। এতিয়াও তেনে হৈ আছে। তেখেতসকলৰ বেছিভাগৰ ক্ষোভ তাতেই যে কিছুমান তৰল কবিতাত শ শ লাইক ,কমেণ্ট পোৱাৰ বিপৰীতে বহু উন্নত কবিতাত পাঠকৰ সঁহাৰি পুতৌজনক। 
    আচলতে ,সামাজিক মাধ্যমৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া। কবিতাৰ সঁহাৰিৰ কথাটো পাঠকসকলৰ  ওপৰত নিৰ্ভৰশীল। সহজ সৰল কথাৰে হৃদয়স্পৰ্শী কবিতাবোৰেই সামাজিক মাধ্যমত চৰ্চিত আৰু জনপ্ৰিয়।এনে
বোৰ কবিতা সাধাৰণ পাঠকৰ কাষ চাপিব নোৱৰাৰ এক অন্যতম কাৰণ হয়তো - দুৰ্বোধ্যতা!
    সহজ সৰল ভাবে সকলোৱে বুজিব পৰা কবিতাৰ সৃষ্টিৰে (বিশেষকৈ ৰোমান্টিক কবিতা) নৱ প্ৰজন্মৰ মাজত এক কাব্য আন্দোলনৰ সৃষ্টি কৰি অসমীয়া কবিতাক এক অনন্য মাত্ৰ প্ৰদান কৰিছিল প্ৰধানত প্ৰণৱ কুমাৰ বৰ্মন ,উজ্জল পাওগাম আৰু  হিমাংশু প্ৰসাদ দাসে। কিন্তু অপ্ৰিয় সত্য বহু বিশিষ্ট কবিয়ে এতিয়াও তেখেতসকলক কবি হিচাপে স্বীকৃতি দিব নোখোজে;যদিও বৰ্তমান কবি হিচাপে এখেতসকল সৰ্বজন পৰিচিত। 
   কেইবাজনো বিশিষ্ট কবিয়ে কেইবাবাৰো  নবীন কবিক "ফেচবুক কবি" বুলি নানা ককৰ্থনা কৰিছিল ।
     এই যুদ্ধখন এতিয়াও চলি আছে। নবীন সকলৰ বহুকেইজনে ফেচবুকৰ জৰিয়তেই গভীৰভাবে চৰ্চা কৰি উন্নত কবিতাৰ সৃষ্টি কৰিছে , যদিও মান্য আলোচনীত কবিতা প্ৰকাশ নোহোৱাৰ বাবেই তেওঁলোকো বিভিন্ন ধৰণৰ ককৰ্থনাৰ সন্মুখীন হৈ আহিছে । পৰিবৰ্তে ,বিশিষ্ট কবি হোৱাৰ স্বাৰ্থতে বিশিষ্টসকলৰ কিছুমান তৰল কবিতাও মান্য আলোচনীত প্ৰকাশ পায় আহিছে আৰু সমালোচকে প্ৰশংসাৰে উপচাই আহিছে। 
     মুঠতে দুইফৈদৰ মাজত ভিতৰি ভিতৰি এক তুমুল যুঁজ। ইফালে যদি নবীনসকলৰ কিছুমানে গুৰু গোঁসাই নামানি কবিতাক পণ্য সমগ্ৰীত পৰিণত কৰিছে  ,আনফালে বিশিষ্ট সকলৰ এচামে  সুযোগ পালেই ফেচবুকৰ কবিক ককৰ্থনা কৰি, মান্য আলোচনী নতুবা নিজা কাব্য সংকলনৰ প্ৰকাশিত কবিতা ফেচবুকৰ জৰিয়তেই প্ৰচাৰ কৰি নিজৰ নাম বৰ্তাই ৰাখিছে। অৱশ্যে সকলোৰে ক্ষেত্ৰত কথাটো প্ৰযোজ্য নহয়। বহু প্ৰবীণ কবিয়ে বিভিন্ন ধৰণে নবীনসকলক উৎসাহিত কৰি আহিছে।লগতে  এইকথাটোও উল্লেখযোগ্য যে ফেচবুকৰ কবিক তাৎচিল্য কৰা বিশিষ্ট কবিকেইগৰাকী,বৰ্তমান ফেচবুকত অধিক সক্ৰিয় । 
   মুঠতে নবীন-প্ৰবীণ কবিৰ উভয়ৰে ভূমিকা এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। সাম্প্রতিক ডিজিটেল মাধ্যমৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰি, যুদ্ধক্ষেত্ৰৰ মনোভাব পৰিহাৰ কৰি প্ৰবীণসকল নবীনসকলৰ প্ৰতি সদয় হ'ব লাগিব আৰু নবীন সকলেও চৰ্চা, সাধনা আৰু অধ্যয়নেৰে প্ৰবীণ সকলৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। তেতিয়াহে এই সময়খিনি "ফেচবুকৰ যুগ" হিচাপে সোণালী আখৰেৰে সময়ৰ ইতিহাসত জিলিকি থাকিব আৰু চিৰ চেনেহী মোৰ ভাষা জননীৰ বিশ্বমুখী যাত্ৰা অব্যাহত থাকিব।  

নৱ ৰাজন
সম্পাদক 
কাব্যকানন
—————————————
 কবিতাৰ আড্ডা 

কবিতা সম্পর্কে
উদয় কুমাৰ শৰ্মা

   আমাৰ দৈনন্দিন জীৱনৰ সকলোৰে পৰিচিত কথাবোৰকেই ৰহস্যময় কৰি তুলি -- এটি নতুন কথা, নতুন ধৰণে ক'ব পৰাটোতেই থাকে -- এগৰাকী লেখকৰ সাৰ্থকতা। 
   এই পৃথিৱীত, প্ৰতিটো পখীৰেই কূজন ভিন্ন ; প্ৰতিগৰাকী কবিৰ কণ্ঠস্বৰো সুকীয়া। গছৰ আঁৰত লুকাই, সুললিত কণ্ঠেৰে গীত গাই থকা চৰাই এটিক চাবলৈ আমি যিদৰে ব্যাকুল হওঁ -- তেনেদৰে, কোনো কবিৰ কবিতা পঢ়ি মুগ্ধ হৈ, তেওঁক ওচৰৰপৰাই চাবলৈ আমাৰ কৌতূহল নাজাগি নোৱাৰে! 
   কবিতাৰ কিতাপ এখন হ'ল -- কবিয়ে নিজেই পাচলি আদি কিনি আনি ধুই-বাছি, ৰান্ধি, সুন্দৰকৈ সজাই বাঢ়ি দিয়া একাঁহী ভাত ; যাক দেখিয়েই, পঢ়ুৱৈৰ জিভাৰ আগলৈ পানী নহাকৈ নাথাকে!
—————————————————————
অনুবাদ কবিতা 

青山橫北郭 , 白水遶東城 

此地一為別, 孤蓬萬里征 

浮雲遊子意, 落日故人情 

揮手自茲去, 蕭簫斑馬鳴 

(গুগল ট্ৰেন্সলেটৰৰ সহায় লৈ)
বিদায় বন্ধু বিদায়, 
মূল: লি বাই
ভাৱানুবাদ: ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

উত্তৰ সীমান্তৰ পৰিধিত সেউজীয়া পাহাৰ,
শুভ্ৰতুষাৰ খণ্ডই পূৱৰ চহৰখনক জুৰুলা কৰি ৰাখিছে;
এইখিনিতেই আমি 
ইজনে সিজনৰ লগত বিদায় লওঁ,
আৰু তুমি অকলশৰীয়া ঘাঁহৰ 
শুকান টুকুৰাৰ দৰে আতৰি যোৱা,
ভাসমান মেঘৰ বিচৰণকাৰী মন, অস্তাচলত বুঢ়া সূৰ্য্যৰ প্ৰেম
তুমি চুটিফুৰা ডাৱৰৰ দৰে 
ভ্ৰমণ কৰিবলৈ হাহাঁকাৰ কৰিছা,
কিন্তু সূৰ্য্য অস্ত যোৱাৰ লগে লগে নিস্তেজ হ’বলৈ অনিচ্ছুক আমাৰ বন্ধুত্ব,
আমি ইজনে সিজনক 
হাত জোকাৰি বিদায় দিওঁতে,
আমাৰ ঘোঁৰাবোৰে হেঁহনি তুলিছে, 
যেন আমাৰ বাবে হুমুনিয়াহ কাঢ়িছে।
—————————————

The Eagle 
মূল কবি : 
Alfred, Lord Tennyson 

ভাৱানুবাদ : ড০ জ্যোতিশিখা দত্ত

ঈগল

তেওঁ কুটিল হাতেৰে ভৃগৰ পিঠি থপৰিয়ায়;
নিৰ্জন ভূমিত অংশমালীৰ ওচৰত, 
আকাশী নীলা পৃথিৱীৰ বৃত্তৰ মাজত তেওঁ ঠিয় হয়। 

তেওঁৰ তলত থকা বলিত সমূদ্ৰ বগুৱায়;
সুউচ্চ পৰ্বতমালাৰ পৰা তেওঁ নিৰীক্ষণ কৰে, 
আৰু বজ্ৰপাতৰ দৰে তেওঁ তললৈ সৰি পৰে।
—————————————

                           কবিতা 

আ-হে সভাসদ
তৃষ্ণা নেওগ বৰুৱা

বল্কল এৰি বস্ত্ৰ পিন্ধাৰ পাছতো
গুহাবাসীৰ পৰা মহানাগৰিক হোৱাৰ পাছতো 
আদিমতাই লগ নেৰে আমাৰ

সত্যক বিচৰাৰ অচিলাৰে আমি উভতিব খোজোঁ আদিলৈ
তৰাবোৰ নক্ষত্ৰ বুলি চিনাৰ পাছতো
আমাৰ উপাসনাৰ উপাস্য দেৱতা হয়

কি আছিল আমাৰ পূৰ্বপুৰুষ
বান্দৰ নে চিম্পাঞ্জী
আদিম চিঞৰবোৰ বুকুতে সামৰি আমি মানুহ হ’লোঁ
নৰ আৰু নাৰী হ’লোঁ
আখললৈ  আদৰিলোঁ হাবিৰ জুই
ভোকৰ পৰা ভোগলৈকে এক দীঘলীয়া পৰিক্ৰমাৰ পাছতো
আমি আধাপেটী হৈয়েই ৰ’লোঁ

কেৱল বস্ত্ৰই যদি ঢাকিলেহেতেন পুৰাতন লাজ
অন্নই যদি গুচালেহেতেন ভোক 
কাৰ সাধ্য আছিল বুকুৰ আগমঙহক দেৱদাসী সজোৱাৰ
কাৰ সাধ্য আছিল স্বৰ্গৰ স্বপ্নৰ নিচাত নৰকৰ বাট বোলাৰ

বেলিৰ পোহৰ নিচিনাকৈয়ে অহাবাটে গুচি যোৱা দেৱশিশুবোৰে শুনে ৰাংকুকুৰৰ কোৰাছ
ৰংগশালাত গান্ধীৰ পুতলা 
ক’লা বোবা অন্ধ

বল্কলেই হওক বা বস্ত্ৰ
আৱৰণৰ আঁৰত সকলো উলংগ
সময় সূত্ৰধাৰ ---
আ-হে সভাসদ 
—————————————
নাগাৰা নাম
বিভা দেৱী

অলিখিত খচৰাখন লৈ 
নাগৰাটো 
ঢাৰি পাৰি বহিল
 
নাগাৰাৰ গুণত নাচি উঠিল
কাহিনীবোৰ
চৰিত্ৰবোৰৰ  ভাত ঘুমটি ভাগিল

হাউলি পৰিল চালিখন
মগজুত এটা অস্থিৰ চখৰ বস্তু 

 কাহিনীবোৰ কেতিয়া নৈৰ পাৰলৈ যাব
জীয়া সাবিত্ৰীৰ কথা শুনিব

মুদ্ৰাত কঁপিল পাঠকৰ হাত ভৰি
গামোচাত 
হিয়া দিয়া নিয়াৰ খেলা

অপ্সৰাৰ মুকুতামণিত
শাৰদীয় জোনাকো হ'ব পাৰে অভিশাপ
  
দাঁতি কাষৰীয়াত বহিল
উপকাহিনী

উলাহত উগাৰি উঠিল
সুৰৰ ধাৰেৰে কাটিল

তাকে দেখি ৰাইজে হাঁহে
চালিখনেও হাঁহে

নাম শেষ কৰি নাগাৰা সবাহলৈ গ'ল 
ঈশ্বৰৰ লগত  চুক্তি কৰিবলৈ 

কঁকাল ভাঙি থাকে তালযোৰ 
সোঁৱৰাই  বোকা মাটিৰ গোন্ধ 

সকলো আছে
একো নাই

সংস্কৃতি আছে
জীৱন নাই

সকলো কথাই
হৰিষত বা -বলা

মহাকথকী
নিশাৰ ফেঁচা চৰাইজনী

অলিখিত অভিধান

জানা
নাগাৰাটোক 
জিম্মাত নোলোৱাই ভাল।
—————————————
আধুনিক উপপাদ্য
মেঘালী বৰুৱা শইকীয়া

বিৰক্তিকৰ কথাবোৰ 
কানৰ বিষ,
যন্ত্ৰণাবোৰ বুকুত বহি যোৱা হাঁতুৰি

কোঢ়ালবোৰে ভীষণ ব্যস্ততাৰে
মগজুবোৰ অধিগ্ৰহন কৰে
হাৰ্ট এটেকৰ  সম্ভাৱনাত
আড়স্ত সময়

এপলক জী থকাৰ বাসনা যেন
চলন্ত ৰেলৰ দীঘলীয়া উকি

দুৰণিবটীয়া পথ ক্লান্তিত
শুই পৰা মানুহৰ চকুত জোনে খেলেনে খেলা?

ভিটামিন হীন নিশকতীয়া দুভৰি
জ্বলা ফুটি ঘা হোৱা দুখৰ কাহিনী
মৰুভূমিৰ বতাহ বলি উৰি থাকে 
শুকান বালি

বিজ্ঞাপন হয় শৰীৰ
নৈবেদ্য হয় শৰীৰ
ভোকত জ্বলি থাকে শৰীৰ
জহি খহি শেষ হ'লেও
শেষ নহয় শাৰীৰিক উপপাদ্য, অখাদ্য ইত্যাদি…
—————————————
বান
গীতাঞ্জলি বৰকটকী 
১. 
পথাৰৰ বকিয়া
আঘোণীয়ে মূৰ তুলি কবিতা

ক্ৰন্দসী আকাশ

২.
পথাৰ ধোৱা পানী
খেতিয়কৰ হা-হুতাশ

চোতালত সাপে কিলবিলাই

৩.
মজিয়াত মাছ উজায়
চপৰাচপৰে খহে মাটি

আটি বান্ধে উশাহ ৷

৪.
ব্ৰহ্মপুত্ৰ ওফন্দি উঠে
চৌদিশে হাহাকাৰ

দুগজ কাপোৰ আৰু কিছু খাদ্য

৫.
দৈয়াঙৰ কোমল মাটিত
ঢল নামে

মিকিৰনী গাভৰুৱে গীত জুৰে৷
—————————————
ৰাতিৰ চৰাই 
ৰমেশ চন্দ্ৰ ৰায় 

ৰাতিৰ চৰাই এটাই গান গাইছে
এটা প্ৰহৰ পাৰ হৈ আন এটা প্ৰহৰ আহিছে
সি গান এৰা নাই 

ৰাতিৰ চৰাইটোৱে
গছ এজোপাক শুবলৈ দিয়া নাই 

তৰাবোৰক শুবলৈ দিয়া নাই 
আকাশখনক শুবলৈ দিয়া নাই 

মোৰ গাঁৱৰ নদীখনো চাগে জোনটোৰ সৈতে সাৰেই আছে ।
—————————————
গল্পদিনৰ পাহাৰ 
ইপুলহুছেইন

নৈসৰ্গিক পাহাৰী সীমনাৰ পৰা সৰ্পিল বাটেৰে নামি অহা আবেলিটো গতিশীল আছিল
তামৰঙী বেলিপৰা বাছৰ খিৰিকীখন তেতিয়া ঘৰমুৱা 
পাহাৰী চহৰৰ নান্দনিক শব্দবোৰত মিহলি হৈছিল ভালপোৱাৰ নীলা 
চাগৈ তলে তলে বাঢ়িছিল
নিৰ্যাসিত কোনো সুখৰ সংজ্ঞা

গল্পদিন এটাৰ দৰেই আৰম্ভ হয় কৰ্মদিনৰ কাম-কাজ
কবিতাবিহীন বুলি কিদৰে কওঁ
সন্ধ্যাৰ বেহেলাৰ তানে ঊৰ্মিকা তুলিলে
স্নায়ুৰ নৈয়ে জীপাল কৰিব পাৰে শব্দঋতু ।
—————————————
জৰায়ু 
গিৰিণ চন্দ্ৰ বৰা

দেউতাৰ কলিজাত ডুব মৰাৰ দিনাই
 মই ভাইৰেল হৈ গৈছিলোঁ,
তোৰ দেহৰ প্ৰতিটো শিৰা উপশিৰাৰ মাজত

মই অধিগ্ৰহণ কৰা জৰায়ুটোৰপৰা 
গিলি গৈছিলোঁ আন্ধাৰ
মোৰ ভাগ্য নিৰ্মাণৰ ক্ষণবোৰ 
আগবাঢ়ি গৈ আছিল 
কেলেণ্ডাৰৰ পাতে পাতে,

যন্ত্ৰণাকাতৰ ৰাতি উচপিচ কৰি 
আই শুই আছিলি তই 
এটা সপোনৰ বাটত
নিখুঁত চিত্ৰকৰ ভগৱানে আঁকি আছিল 
মোৰ আকৃতিৰ চিত্ৰপট

মই পোহৰ দেখাৰ দিনা
মোৰ মুখত কান্দোন 
তোৰ মুখত  হাঁহি 
চকুত ভাহিছিল ৰ'দ উশাহত ফাগুন

মোৰ মূৰত হাত ফুৰাই তয়েই শিকাইছিলি ,
জুইশলাবোৰৰ ক'লা দাগটোতে 
লুকাই থাকে পোহৰৰ বাট,
পৃথিৱীক ভালপোৱাৰ আদিপাঠ

আই তোৰ কোলাৰপৰা নামি 
ভগৱানক সাৰথি কৰাৰ দিনাই
হেৰুৱালো মোৰ স্বনিৰাপত্তা,
শিকি পেলাইছিলো স্বাৰ্থপৰতাৰ
আন এক নাম ভোগবাদ

আই শব্দটোৱেই এখন পৃথিৱী
যাৰ বাবেই মোৰ ওপৰত ওলমি আছে
 এখন আশাৰ আকাশ
আই তোৰ চকুত আজিও আঁকিব পৰা নাই
 তই বিচৰা পৃথিৱীখন,

বয়সৰ তাগিদাত এতিয়া মোৰ খৰাং পথাৰত 
আইৰ উচুপনি,
মানুহ গঢ়াৰ কৰ্মশালাত আজিও মই চালুকীয়া,

হেজাৰতা বহুৰঙী দুখৰ মাজত
তোৰ অভিমানী চকুত মোৰ শৈশৱ 
এতিয়া এটা নষ্টালজিয়া 
আৰু আজিও মোৰ পদূলিত সুখৰ অগাদেৱা

তেজে ধোৱা মাটিবোৰ চহাই
তোৰ চকুত আজিও আঁকিব পৰা নাই 
তই বিচৰা পৃথিৱীখন

ভুল নুবুজিবি
জোনবাইৰ দেশত তৰা চোৱা ৰাতিবোৰ 
আজি বিচাৰি পাবলৈ নাই 
যুগৰ বতাহত এতিয়া কৃত্ৰিমতাৰ ধূলিকণা
শৰবিদ্ধ আকাশ

বৰষুণত ভাহে মোৰ কাঠফুলাৰ পৃথিৱী
আৰু তোৰ অভিমানী হাঁহিত 
জীৱনৰ আবেলিৰ গোন্ধ

হাজাৰটা টোপনি বন্ধকত থৈ 
তই মানুহ জন্ম দিলি ,
কিন্তু হাজাৰটা বসন্ত পাৰহৈ যোৱাৰ পাছতো
 মই মানুহ হ'ব নোৱাৰিলো 

হাৰি গ'লো আই তই খোজ 
দিবলৈ শিকোৱা জীৱনৰ বাটত
নোৱাৰিলো জয় কৰিব সেই বাটত লগ পোৱা মানুহৰ অলেখ হৃদয় -

ভুল নুবুজিবি
সহস্ৰ ভোগবাদীৰ দৰে
মোৰো মৃত্যু শিল্পৰ যন্ত্ৰণাতো 
চাৰিবেৰৰ মাজতে আবদ্ধ হৈ ৰ'ব 
কাহিনীও লিপিবদ্ধ নহয় 
মোৰ মৃত্যুৰ শোকৰ প্ৰস্তাৱ

কাৰণ মই ভয়াতুৰ স্বাৰ্থপৰ কাপুৰুষ
দেশৰ মাটি উচন হ'লেও
 চিপাহীৰ বন্দুকৰ আগত পাতিব নোৱাৰো
ত্যাগৰ মন্ত্ৰৰে বিভূষিত হৈ
মোৰ সুখৰ কলিজা-

তোৰ নিজৰেই সুখবোৰ বন্ধকত থৈ
মোৰ জীৱনত এতিয়া এটা
জটিল দুপৰীয়া 
আংগিক নে প্ৰাসংগিক নিজেই নাজানো।
—————————————
(শ্ৰীমন্ত শংকৰদেৱ 
শ্ৰীচৰণেষু)
ত্যাগ 
দেৱ দাস

গুৰুৰ সৈত ভকত 
ভকতৰ কল্যাণেই গুৰু

ভকতৰ
ভক্তি সৰোবৰত শ্ৰীচৈতন্য দেৱ 

ভক্তি শিৰোমণি 
শ্ৰীমন্ত শঙ্কৰ
প্ৰেমে অমৃতৰনৈ বোৱাই
কি কৰা নাছিল 

ধোঁৱাহাটা বেলগুৰিত 
দিনে নিশাই সাতদিন পালনাম 

মাধৱক পাই
হৰিক হেৰুৱাই 
বেতি বিধবা 
তথাপি 
'ধৰ্ম ৰক্ষতি সৰ্বদা '
একশৰণ হৰিনামধৰ্ম'ৰ
সাৰোগত কৰি 
ছকুৰি ভকত লগতলৈ নাওৰে পূৰ্ব স্থান ত্যাগ 

মহা ভাগৱত শীৰত তুলি
একং এব দ্বিতীয়ে নাস্তি আৰ্জি
যি যি স্থান পালে 
সেই সেই স্থানো ত্যাগ 

আহি আহি 
সেই চয়তানৰ আৰালতে 
ৰজা নৰনাৰায়ণৰ আশ্ৰয়ত চলনাতে 
আমাৰ পৰম গুৰু কৃপাল গুৰুৰ হনন 

চাল চলনাত 
নিস্তাৰ নাই
নিস্তাৰ নাই আজিওতো।
—————————————
প্ৰেম বুলি নক'বা
গিৰিজা শৰ্মা

১.
ৰংবোৰ ৰঙীণ ৰাগি
শীতৰ ঠেৰেঙাবোৰ ৰঙেৰে বুৰাই
ৰঙীণ ৰঙেও মাৰে বাগি ৷

২.
অকলশৰীয়া কোন তুমি
অনুকৃতি পুৰাতন প্ৰহেলিকা আত্মপ্ৰীতি
 সুদূৰ সাৱটি
 বালিচৰত বালিময় বালিমাহী এটি ৷

  ৩.
কেতিয়াবা চৰাই উৰি যায়
পিঞ্জৰাত পৰি ৰয় অসহায় সময়
দুৱাৰ খোলা-নোখোলাৰ কথা নাই
উৰি যাবলৈ যাৰ পাখি কটা পৰিচয় ৷
—————————————
ভালপোৱা
চয়নিকা ভূঞা

ইতিহাসে গৰকা এটা দিন
সূৰ্য্যোদয়ৰ ৰঙতেই বিশ্বাস 

ভাল পাওঁ বুলিয়েই ভাল পাব নোৱাৰি সকলোকে
চাৰি আঙুলীয়া কপালৰ অজানা অসুখ

বেলি লহিয়াবৰ হয় 
বাটৰ বুকুতেই আন এটি বাটৰ জন্ম

শেষ ফাগুনৰ কথোপকথন
"ভালপোৱা মানেইটো ত্যাগ"।
—————————————
ত্ৰি-কোণ
সঞ্জীৱ সাগৰ চৌধুৰী

নাজানো 
কিমান ভাল পাওঁ‌ তোমাক

কিমান ভাল পাওঁ‌ নিশ্বাস 
তোমাৰ শৰীৰৰ

অ-চেনিটেৰি পাইখানাত সোমাই
ভাল পাব নোৱাৰোছোন 
তুমি এৰি থৈ অহা নিৰ্য্যাস

বিয়পি নপৰালৈ নিজৰ 
সহজ হ'ব নোৱাৰে নাসিকাও
 
কিমাননো ভাল পাওঁ‌ তোমাক

সহিবই নোৱাৰো যদি দুৰ্গন্ধ 
তোমাৰ অপান বায়ুৰ 

ঘামৰ টেঙেচি ভাপ অথবা 
ওকালি আহিব খোজা বু
তোমাৰ মুখৰ

কিমাননো ভাল পাওঁ‌ তোমাক 
পাৰ হ'ব নোৱাৰো যদি
শৰীৰৰ দেওনা একেটি মাথো জাপত

দোষে গুণে সাৱটি লৈ ছাঁ‌
আগুৱাবই নোৱাৰো যদি এখোজো
যদি অতিক্ৰমেই কৰিব নোৱাৰো 
হাতে হাত ধৰি
উৎকট পুতিময় নৰ্দমা আমাৰে মাজৰ

কিমাননো ভাল পাওঁ‌ তোমাক

সোধোনো কিয়
কিমান ভালপোৱা তুমিয়েইবা মোক

মইয়েই যেতিয়া ঢালিব নোখোজো 
এচলু মাথো পানী
প্ৰতিবাৰ ৰাজহুৱা প্ৰসাৱগাৰত

আচলতে আমিয়েই নেকি
আমাৰ ভালপোৱাৰ একমাত্ৰ শতৰু  ।
—————————————
চৰাই চকু হৈ সাৰে থাকে দুচকু
অৰুণ গগৈ

মৰি অহা নদী এখন সাৱটি
উদং হয় বুকু
চৰাই চকু হৈ সাৰে থাকে দুচকু

নিজানত নিয়তিৰ নিনাদ
মৃত নদীৰ বুকুত সেয়া কিহৰ বিষাদ ?

 সময়ৰ সাধুকথা শুনি
পাকখাই পৰি থাকে দীঘল দুপৰীয়া

এঙেৰুৱা দুখৰ ভৰত
হালি পৰে আদিম সভ্যতা

ভ্ৰমত ঘূৰি থাকে চকু
ভ্ৰমত কঁপি থাকে বুকু

নৈপৰীয়া বৃদ্ধ আবেলি
আউলবাউল চুলি মেলি
মৃত নদীৰ পাৰত বহি
 কোনে বাৰে বাৰে বিষাদৰ সুৰ সানি গায়
“হেৰ’ নাৱৰীয়া মেলি দে ডিঙৰা
তৰি দে শুকুলা পাল ৷”
—————————————————————
পিতাইৰ সপোন
ৰূপা গগৈ

পানী পতাত  মুখ চাই 
আকাশত আঁকি আছে পিতাইয়ে 
এখনি  আপোন  মুখৰ ছবি 
তেওঁ বুজিবহে পৰা সেইখন মৰা নে জীয়া মুখৰ ছবি !

তাহানিৰ আইৰ সোণসেৰীয়া দুষাৰ মান কথাই
পিতাইৰ দেহৰ বনিয়নৰ বুকুত 
বাচিছিল ৰঙীণ তৰা ফুলৰ বুটা 
এতিয়া অচিন কীটে কূটি কূটি চিঙিছে বুটা বছাৰ 
ৰঙীণ সূতা ।

ভাত ঘূমতিতে পিতাইয়ে মেলিছে ঢাপলি 
নৈ পাৰৰ গৰু খোজৰ পানীত এৰি থৈ অহা 
সেউজীয়া সপোনক বিচাৰি 
ক'ত মোৰ সেউজীয়া সপোন বুলি চিঞৰি চিঞৰি । 

পৰ্বতৰ টিঙৰ পৰা সপোনে ৰিঙিয়াই ক'লে
সী ল সী ল তোৰ বুকুৰ বনিয়ন 
একুঁকি তৰাৰে ভৰাই
নৈ কাষৰ পথাৰৰ আলি ডেই তই নাযাবি 
তাতে তোৰ শুই আছে উশাহ ।

 পিতাই বিচাৰিলে আইৰ হাতৰ আঙুলি
দেচোন সী লওঁ বুকুখন 
সেউজীয়া সপোন এটি হৈ শুই থাক তই মোৰ বুকুৰ মাজত 
আঙুলি বুলাই বুলাই ।
—————————————
খেৰিঘৰ
ভূমিকা দাস 

খেৰিঘৰৰ নান্দনিক সৌন্দৰ্যই
 মূধচেদি ভাহি অহা  ৰাতিবোৰ তৰাৰে সজাই

এঘুমটি মৰাৰ পিছত তোমাক 
সুখীনে বুলি সোধা নহ'ল 
খেৰিঘৰৰ বাঁহৰ বেৰবোৰেৰে  আৱৰি থকা
কোমলতাবোৰ চুই চালে
ধুমুহাৰ স্পৰ্শ নোপোৱা

 মাটিৰ মজিয়াত 
কোমল ৰ'দত বৰপীৰাত বহি
কাঁহৰ থালত তৃপ্তিৰ এসাজ 
কি যে আকুলতা...
বাঁহৰ খুটাৰে সজোৱা শোৱাপাটিৰ ঘুমটিত
ইমান নিৰৱতা
সোণতে সুৱগা চৰা 
তুমি শুই চাবা 
নিভাজ মৰমৰ সঁচা ৰূপ 
তাতেই খেপিয়াই চালে পাবা

আগ চোতালত  তুলসী তলত বন্তি জ্বলাই 
তুলসী মন্ত্ৰ গোৱা
মলিনতা ,কলুষতাবোৰ আঁতৰাই
পবিত্ৰতাৰ সাজ পিন্ধানে তেতিয়া
 
খেৰিঘৰৰ সৌন্দৰ্যবোৰ যেন‌  পুৱতি পখীৰ কলৰৱ 
একে শাৰীতে ঘৰবোৰ!
কি যে মায়া সনা
---------------------------------
মুকবধিৰ
লিলি বৈশ্য 

বেলিয়ে নকয় কথা
পোহৰৰ গুণেৰেই সৰৱ বেলি
ফুলেও নকয় কথা
ৰং আৰু সুবাসেৰেই ফুলৰ চিনাকি।

শব্দ নাই তোমাৰ ওঁঠত
কণ্ঠত বাধাৰ প্ৰাচীৰ
কৰ্ণকূহত  নবলে গুঞ্জন
তাতো নাই কোনো ক্ষতি।

তোমাৰ হাঁহিৰেই 
তোমাৰ জ্ঞানেৰেই
তুমি সবাৰে সমান
তোমাৰ বিশেষেই
তোমাৰ গৌৰৱ
বেলি ফুলৰ দৰে
তুমি মহান।
—————————————
ফাগুনৰ মৰীচিকা 
ৰবিন কুমাৰ চেতিয়া

সময়বোৰ এৰি আহিলো কৰবাতে
কোন কাহানিবাই
সোঁৱৰণীৰ পৃষ্ঠাত পিছে আজিও 
জীপাল হৈয়ে আছে মোৰ সপোন 
একো নজনোৱাকৈ সময়বোৰ আহি 
পলকতে উৰি যায় ডেউকা কোবাই 
দেহে মনে মোক খুন্দিয়াই 

এটা সময় আছিল ফাগুন
তোমাৰ বাৰু মনত আছেনে আজিও
আমি যে একেলগে হাঁহিছিলো
কথা পাতিছিলো 
চন্দ্ৰাৱলী জোনাকৰ ঊমাল পৰশত
পাৰ কৰিছিলো 
কত নিৰিবিলি ৰাতি 
উফ্ ! কি যে মিঠা আছিল 
সেই সময়বোৰ

তুমি সাঁতুৰিব খুজিছিলা 
সূৰুযমুখী আকাশৰ গুণগুণ নীলাত
মই তিতিব বিচাৰিছিলো 
কাঁচিয়লি জোনে গা ধোৱা 
উন্মুক্ত শীতলতাত
তুমি ভাল পাব খুজিছিলা 
সুবিশাল সুগভীৰ সাগৰৰ ঊৰ্ম্মিমালাক
আৰু মই 
নাচি নাচি নাভাগৰা চঞ্চলা সুৰৰ
খামুচীয়া কঁকালৰ মেঘৰঞ্জনী
কল্লোলিত নদীক 

হঠাতে জানো কিনো হ'ল ফাগুন 
আমাৰ বিশ্বাসৰ সাঁকোডাল ভাগি গ'ল
আবেগ নে অভিমান 
প্ৰতাৰণা নে প্ৰবঞ্চনা একোৱেই নুবুজিলো   
নতুন বেলিৰ ঊমাল পোহৰ 
গালে মূখে চটিয়াই তুমি 
ৰৈ গ'লা সোঁৱৰণীৰ সিটো পাৰে 
আৰু মই 
এন্ধাৰ গহ্বৰৰ ওখোৰা-মোখোৰা বাটত
বিশ্বাস ভালপোৱাৰ ঠিকনা বিচাৰি 
আজিও হাহাকাৰ কৰি আছোঁ
এই পাৰে অকলে অকলে

সমুখত কেতিয়াবা মোৰ ধূসৰ কুঁৱলী
কেতিয়াবা উত্তাল ধুমুহা 
চকুলোৰে গঁঠা জীৱন বাটত কেতিয়াবা 
তুমিবিহীন এজাক আপদীয়া বৰষুণ

নিয়ৰৰ চুমাত কেতিয়াবা গা তিয়াওঁ 
শুকুলা আবেগত মেলি দিওঁ মোৰ 
অগণিত বিষাদ যন্ত্ৰণাৰ পানচৈ 
শিমলু পলাশৰ বৈ অহা উতলা সমীৰণত 
চটিয়াই দিওঁ অনুৰাগৰ হাঁহি 
কুঁহিপাতৰ গোন্ধেৰে মালা গাঁঠি 
ঘূৰাই আনিব খোজোঁ মোৰ যৌৱন 

সপোনৰ পৰা সাৰ পাই দেখোঁ 
চৌপাশে কেৱল ফাগুন 
তোমাৰেই মৰীচিকা ...।
—————————————
শূন্যতেই উলমি ৰ‌ওক
দিপ্তী মনি গোস্বামী
                    
দৰ্শকবিহীন বেৰৰ এচুকত
উলমি ৰয় মোৰ তুলিকাৰ সংলাপ
দিন-ৰাতি অনেক ৰাতি-দিন,
আজৰি নাই মোৰ আক্ষেপ কৰিবলৈ
মনোযোগিতা নাই মোৰ 
যুগৰ লগত খাপ খোৱাকৈ খোজ দিবলৈ।
প্ৰজ্ঞাৰ সাধনাৰে কায়মনোবাক্যেৰে 
আকাশৰ সাতোৰঙীখন সজাব বিচাৰো
মোৰ শুৱনি কোঠাৰ এচুকত,
য'ত ৰং-তুলিকাই খিলখিলাই হাঁহিব
মোৰ উকা কেনভাচত বিজুলীৰ সঞ্চাৰিত হৈ
প্ৰাণ স্পন্দনত  আলফুলে কঁপি  উঠিব,
মৌন ওঁঠত এচমকা হাঁহিৰে ফাগুনৰ আবিৰ সানিব
বসন্তত কামিনী_কাঞ্চনবোৰো জকমকাই উঠিব।
নিবিচাৰোঁ ম‌ই এপিয়লা দয়াৰ শীতল মদিয়া
নালাগে এসাগৰ  পুতৌৰ শুভাশীষ
উজ্বলি উঠিব নালাগে মোৰ মান-যশ
নীলা আকাশৰ বহল বক্ষত,
শূন্য পৰিচয় বুকুত বান্ধি সগৌৰৱেৰে
মাথোঁ উলমি ৰ'ম দৰ্শকবিহীন উকা মঞ্চত।
—————————————
তুমি নাৰী তুমি শক্তিশালী
প্ৰাণ প্ৰতিমা বড়া

নহয় তুমি অবলা
নহয় তুমি অমানিশা
জগত জননী পতিত পাৱনী
তুমি নাৰী তুমি শক্তিশালী ৷
তুমিয়েই দুৰ্গা
তুমিয়েই কালী
তুমিয়েই মা লক্ষ্মী
বিশাল হৃদয়ৰ অধিকাৰিনী ৷

তুমি প্ৰকৃতি
তুমি জন্মদাত্ৰী
নিকা সমাজ গঢ়াৰ
মূল চালিকাশক্তি। 
নহয় তুমি অবলা
নহয় তুমি দুৰ্বলা
চিৰনমস্য তোমাক
তুমি নাৰী শক্তিশালী৷
—————————————
কেতেকী
(প্ৰতিগৰাকী যুঁজাৰু নাৰীৰ হাতত)
সুশান্ত দাস

ৰ’দে পুৰা সোণৰ নিকুঞ্জ বনৰ মালিনী 
কক্ষাবদ্ধ স্ৰোতস্বিনীৰ দৰে বিবৃত এটি ৰ’দালিৰ সাধুকথা
আৰু 
নিৰ্মোহ নিৰন্তৰে প্ৰবাহিত লাস্যময়ী 
নাৰী তুমি ৰূপালীগন্ধা 

নাই 
দিন আৰু ৰাতিৰ দৰে শান্ত জড়তাৰ মুৰ্তি
ৰাতিৰ গভীৰতাৰ দৰে প্ৰশান্ততাৰ মূৰ্তি একমাত্ৰ 
নাৰী ! 
দোদূল্যমান জীৱনৰ যুঁজত অৱতীৰ্ণ
নাৰী তুমি কেতেকীৰ দৰে নিটোল, সত্যান্বেষী

দুৰন্ত গতিৰ আৱহমান কীৰিটি
প্ৰগাঢ় মমতাৰ আকাশৰ চন্দ্ৰ-তৰা
সৌন্দৰ্য্যময়ী কেতেকীৰ দৰে ভাৱোদীপ্ত তুমি 
যন্ত্ৰময় প্ৰাণকেন্দ্ৰ স্বৰূপা 

নৃত্যৰতা তুমি ক্ষণভঙ্গুৰ দৃষ্টিচ্যুত নান্দনিক
বনৰ বক্ষত ,
নিৰলে বোৱা ধাৰা তুমি 
জীৱন যুঁজৰ সুন্দৰী কেতেকী ! 

বিৰহ বেদনা অনুভৱ নকৰা 
মহান তুমি নাৰী 
নাৰী তুমি অৰ্ধ আকাশৰ জোন !
সেউজৰ আঁৰে আঁৰে থাকি 
জীৱনতোষিনী তুমি 
কৰ্মময় আড়ম্বৰৰ সুললিত স্বৰগঙ্গা কেতেকী 

নিকা এজাক অক্লান্ত ধুমুহা।
—————————————
এজোপা গোলাপ
ইৰা দেবী
     
কোনে ৰোলে
বুকুত এজোপা গোলাপ
সহজ কামনা
প্ৰেম অনুৰাগ
বৈ আহে জীৱনৰ
আজীৱন সংলাপ। 
—————————————
আশাতীত
ডেইজী কাশ্যপ

এখন ৰঙা শাৰী উৰিছিল
বতাহৰ দিৱৰ পৰা ভাহি আহিছিল
তাইৰ বাউলী বাউলী গোন্ধ।

মই অকস্মাতে মেলি লৈছিলো
ঢুকি নোপোৱাকৈ নিলগাই ৰখা,
পুৰণি স্মৃতিৰ বৰপেৰাটো।

গোন্ধবোৰে টানি নিছিল...
তৰপে তৰপে আকুহি পেলাইছিল
প্ৰতিখন পৃষ্ঠা
বিমৰিষ কিন্তু ৰঙা।

লঠঙা ডালৰ পৰা ভাহি অহা
পখীৰ সুহুৰিয়ে
মেলি দিছিল এক বাসনা,
অপ্ৰত্যাশিত কিন্তু সেউজীয়া।
—————————————
আবিৰৰ গোন্ধ
ড° ইকবাল হোচেইন খান

আবিৰৰ ৰঙে ৰঙে
মজবুত হওক ভ্ৰাতৃত্বৰ এনাজৰী
জয়জয় ময়ময়  হওক  নানা ৰং নানা বৰণ
ভ্ৰাতৃত্বৰ পৰশত  বিশ্বৰ প্ৰান্তে প্ৰান্তে  উচ্চাৰিত হওক মানৱতাৰ গান
হৈ থাকক কল্যাণ মানুহৰ 
আনন্দ আৰু আনন্দ
শান্তি আৰু শান্তি
নিৰাপদ ভৱিষ্যত।

জয়জয় ময়ময় নানা ৰং নানা বৰণ
কবিৰ উপলব্ধিত কেৱল সেউজ সেউজ সপোন 
বিচাৰি বিচাৰি যেন পাওঁ
বিশালতাৰ সাৰমৰ্ম 
চিৰসুন্দৰৰ ৰূপ কথা
আকাশ বিশাল 
মানুহৰ মন হৈ পৰক সুবিশাল  
তাৰবাবেই সুৰে সুৰে গানে গানে 
বাজি থাকক সাম্যৰ উলাহৰ উৎসৱ
পৃথিৱীৰ পৰা আঁতৰি যায় যেন ভিন -পৰ মানসিকতা 
আবিৰৰ গোন্ধে গোন্ধে 
পৃথিৱী হৈ পৰক মানুহৰ সপোন পুৰী
হৃদয়ে হৃদয়ে ভৰি পৰক কোমলতাৰ পৰশ
চিৰসেউজ চিৰভাবনা আবিৰৰ ৰং হৈ থাকক।
—————————————
প্ৰেম 
মৰমী মুদৈ

১.
প্ৰেমৰ ইস্তাহাৰখনত তোমাৰ
প্ৰতিশ্ৰুতিৰ এটি সঁচা স্বাক্ষৰেই কাফি...

২.
যাওঁ বুলি নক'বা
আহো বুলি ক'বা...

তুমি আহো বুলি ক'লেই
মোৰ বুকুত ফুলি উঠিব হেজাৰ জোপা  কৃষ্ণচূড়া...
           
৩.
তেওঁ কৈছিল
"তুমি কুশলে থাকিবা"
অথচ
কেনেকৈ কুশলে থাকিম তেওঁৰ
অবিহনে...
এবাৰো তেওঁ চকুতুলি নাছিল কোৱা।
—————————————
দিকভ্ৰান্ত সময়
পূজা  গোহাঁই 

সম্প্ৰতি 
ভালবুলি ক’বলৈচোন বিচাৰিকে পোৱা নেযায়
কোনো  সুখৰ ব্যঞ্জনা
যি সুৰত কথা কলে বুজিব সকলোৱে
কুশল মঙ্গলৰ  বতৰা ৷

চৌদিশে  জ্বলি আছে যন্ত্ৰনাৰ  বহ্নি
বতাহত বাজি আছে বিষাদ ৰাগিনী
নীৰৱে বৈ আছে দুখৰ এখনি
নিৰবধি নদী

তেজ ৰঙা পানীত ডুব গৈছে
সোণালী দিন
সময়ৰ অট্টহাস্যত
মৃত্যু  এতিয়া সহজ 

সূৰ্যউঠা দেশত পৰিছে চন্দ্ৰতাপ
চকুৰে মনিব নোৱাৰি একো
চঞ্চল  বতাহৰ গতিত ভাঁহিছে
দৈত্যৰূপী  কৃটানু
হুৰাহুৰে কমিছে মানুহৰ পৃথিবীত 
জীৱনৰ দাম
বাঢ়িছে শংকা 

দিকভ্ৰান্ত সময়
স্থবীৰ গতি 
আন্ধাৰে পোহৰৰ শিপা কামোৰাৰ দৰে
দু’য্যোগৰ সব’নাশী গ্ৰাসত
পৃথিবী এতিয়া নিঃসাৰ ৷
—————————————
বাউলী ফাগুন
মৌচুমী দাস

এমুঠি স্মৃতিৰ
সৰু টোপোলাটি
চাদৰৰ আঁচলত বান্ধি
গুণগুণাও এটি গানৰ কলি

বাউলী ফাগুন
চাদৰৰ আঁচল খহাই
স্মৃতিৰ সপোন উৰুৱাই
উদাসী মনক দিয় 
কিয় কন্দুৱাই ?

বাউলী ফাগুন
শুকান পাতত
সেউজীয়া স্মৃতিৰ নাচোন  
পলাশ শিমলুক জগাই
বতাহৰ সাজোন কাচোন

বাউলী ফাগুন
মদাৰক নচুৱাই
ৰাঙলী আকাশত
তোৰ আগমন
ধূলিয়ৰি বাটৰ
মৰহা পাপৰিত
জিলিকক
হৃদয়ৰ সেউজী স্পন্দন...
—————————————
নালাগে আন একো মোক 
নয়নজ্যোতি পাটৰ         

মোৰ চিতাৰ কাষত তুমি
নাকান্দিবা...
হাঁহি হাঁহি বিদায় দিবা।
নালাগে মোৰ সোঁৱৰণি সভা,
নালাগে তোমাৰ এটুপি চকুলো 
লাগে মাথোঁ তোমাৰ
এটি মিঠা হাঁহি।

বিদায় দিবা তুমি মোক
হাঁহি হাঁহি...
নাকান্দিবা তুমি ।
মোক চিতাত তোলাৰ আগত
তুমি শুৱাই ল'বা মোৰ,
মূৰটো তোমাৰ কোলাত।
আলফুলে চুই চাবা মোৰ চুলি খিনি,
আলফুলে চুই চাবা মোৰ শৰীৰ,
দুখন হাত।
যি দুখন হাতেৰে সাৱতিছিলোঁ এদিন তোমাক।
তুমি নাকান্দিবা,
হাঁহি হাঁহি বিদায় দিবা।

মোৰ চিতাৰ কাষত তুমি
অতীতক মনত নেপেলাবা,
হৃদয়ত সাঁচি নাৰাখিবা
এই মই নামৰ মানুহ টোক।
নহ'লে যে তোমাৰ হৃদয় খনি গলি যাব
দুচকুৰে তপত অশ্ৰু নিগৰিব।
তুমি অতীতক মনত নেপেলাবা হা...

মোৰ চিতাৰ জুইকুৰা যেতিয়া
জ্বলিবলৈ আৰম্ভ কৰিব..!
তুমি তেতিয়া ওচৰত নাথাকিবা,
গুচি যাবা ঘৰলৈ, উভতি যাবা।
কিন্তু ফিৰি নাচাবা,
নহ'লে যে মোৰ চিতাৰ জুইকুৰা 
তোমাৰ চকুত ৰাতি ৰাতি জ্বলি থাকিব
তুমি ফিৰি নাচাবা হা...
মোৰ চিতাৰ জুইকুৰা ফালে।

শিৰৰ সেন্দুৰ খিনিও মুচি পেলাবা,
প্ৰথমে অলপ কষ্ট হ'ব।
তথাপি নোৱাৰিলে নহ'ব নহয়,
সেন্দুৰৰ টেমাটোও আতঁৰাই ৰাখিবা ,
পাৰিলে ঘৰত কৈ দিবা সকলোকে
যেন তেওঁলোকে তোমাৰ পৰা ,
সেন্দুৰৰ টেমাটো আতঁৰাই ৰাখে।
নহ'লে তুমি জানো চাই থাকিব পাৰিবা,
উকা কপালখনলৈ ?

নিয়তিয়ে মোক লৈ আহিলে কাঢ়ি
তোমাৰ পৰা, বহু দূৰলৈ
মই আৰু কেতিয়াও লগ নাপাওঁ তোমাক
তুমি ও  মোক নাপাবা লগ।
সেইবাবে কৈছোঁ ___
তুমি মোৰ চিতাৰ কাষত নাকান্দিবা,
বিদায় দিবা হাঁহি হাঁহি ..
আৰু নালাগে আন একো মোক 
লাগে মাথোঁ তোমাৰ এটি মিঠা হাঁহি।
—————————————
জীৱন জিনাৰ গান
দীপিকা দাস
                                          
 শব্দৰ প্ৰেমিক মই 
 দিনে নিশাই ঘুৰি ফুৰোঁ 
 শব্দৰ অন্বেষণত 
শব্দই মোৰ ভাষা
শব্দই মোৰ আশা
শব্দই মোৰ জীয়াই থকাৰ প্ৰেৰণা
শব্দই কঢ়িয়াই মোৰ সুখ-দুখ
হা-হুতাশ জীৱন যন্ত্ৰণা
তাহানি বাল্মীকিলৈয়ো শব্দই আনিছিল 
মনস্তাপ আঁতৰোৱাৰ মহামন্ত্ৰ 
'মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ--"
শব্দৰ মায়াত বন্দী বসুধা
শব্দ ব্ৰহ্ম 
মৰণ নাই কোনোকালে
অমৰ বাণী বহন কৰাই শব্দৰ   ধৰ্ম
কেতিয়াবা আবেগ ঘনীভূত হয়
শব্দই সৃষ্টি কৰে প্ৰেমৰ চিৰন্তন সৌধ
 প্ৰেমৰ ছবি আঁকে শব্দই 
'ডিভাইন কমেডি' তাৰেই স্বাক্ষৰ 
শব্দই গান গায় মানুহ নদী চৰাইৰ গান
মাটিৰ পৃথিৱীত শব্দ সমন্বয়ৰ সেঁতু প্ৰেমৰ হেতু
শব্দ কৃষকৰ নাঙলৰ গীত
বনুৱা- ৰণুৱাৰ প্ৰাণৰ সংগীত 
শব্দ হৃদয়ৰ ভাষা
শব্দ জীৱন জিনাৰ গভীৰ আশা।
———————————————
পাগল
শতাব্দী শৰ্মা

এই ৰাস্তাটোৰ দাঁতিত পাগল এটা বহে।
মুখেৰে বকে,
মন গ’লে শুই থাকে, 
কাষত পৰি ৰয় পাউৰুটিৰ টুকুৰা ! 
বৃহৎ বেগ এটা মূৰ শিতানত লৈ ,
ৰ’দ বৰষুণ কাতি কৰি শুই থাকে।
পুহৰ ঠাণ্ডাত কঁপে।
জেঠৰ গৰমত ঘামে।
মলিয়ন বস্ত্ৰত বহুদিনৰ কৰপ,
বেৰসিক জীৱনৰ 
অংশীদাৰিত্ব প্ৰদান কৰা 
সি কাৰোবাৰ কথা কিজানি মনত পেলায়! 
মুখত ভালবোৰ ফুটে ভাল ঘৰৰ ভাল মানুহৰ ,
কিন্তু পাগলে ভ্ৰমহে বকে! 
জাপি দিয়া মানসিক ৰোগগ্ৰস্ততাৰ 
সি যেন অনস্বীকাৰ্য  চিকাৰ।
জোৱাৰ উঠা হৃদয়ত প্ৰবল উত্তাল ঢৌ।
তাৰ অভিযোগ নাই যেন জীৱন
তুলুং ভুতুং নাও,
দ্বিধাগ্ৰস্ত মানুহেই 
মানসিক ৰোগত আক্ৰান্ত ,
সি বিশৃংখলিত, 
পাগল আখ্যাৰে সেই ৰাস্তাত
অবিৰত বসন্ত  কটায়!
—————————————
কবিতানো কি 

অনন্ত কুমাৰ ভূঞা


         কবিতা লিখাৰ স্বতন্ত্ৰ উৎস হৈছে প্ৰেৰণা ,কবিতা অনুভৱৰ মাজত  সৃষ্টি হোৱা মনৰ সুবাস,অনুভূতি প্ৰকাশ হোৱা এখনি সাৰুৱা পথাৰ। কবিতা মানুহৰ হৃদয় চুই যোৱা স্বপ্ন বিলাস। সাধনাৰ এক কলা, অনুভৱী সত্বাৰ অনন্য কঠীয়াতলি।
             কবিতা এক শিল্প,বিলাস বৈভাৱ,মনৰ পুষ্টিকৰ আহাৰ,অন্তঃদণ্ড  নিষ্কাশনৰ প্ৰাকৃতিক ঔষধ ,নিঃসংগ নিশাৰ সংগ,উজাগৰি নিশাৰ কল্পনা মধুৰ স্বপ্ন,প্ৰতিবাদী সত্বাৰ প্ৰজ্বলিত ধাৰা,আশাবাদী মনৰ নীলাভ আকাশ,হৃদয় জয় কৰা সুৰীয়া গীতি সাহিত্য ,কুঁ‌হিপাত যেন কুমলীয়া পাতৰ সুবাসিত মৰম।কবিতা হৈছে  জোনাকৰ পোহৰ ,সুগন্ধি পৰশসনা এচাতি মলয়া বতাহ ।

"মা নিষাদ প্ৰতিষ্ঠাং ত্বম গম : শাশ্বতী সমা :
যত ক্ৰৌঞ্চ মিঠুনা দেকম অৱধি : কামমোহিতম :

            ৰামায়ন ৰচনাৰ প্ৰাক মুহূৰ্তৰ এই ধাৰাই কাব্যিক জগত খনৰ আৰম্ভণি বুলি কব পাৰি । সাহিত্যৰ এই সুকুমল ধাৰাটো বৈ আহি আজিৰ আধুনিক যুগত খোপনি পুতিছেহি ।

             সাহিত্য জগতৰ বহু মহান ব্যক্তিয়ে কবিতাৰ সুন্দৰ সুন্দৰ ব্যাখ্যা আমাৰ সমাজলৈ আগ বঢ়াই গৈছে, কবিতাৰ সংজ্ঞা নিৰূপণ কৰি গৈছে স্বতন্ত্ৰৰীয়া ভাৱে । কবিৰ ভাৱাত্মক চিন্তাৰ পৰিবেশ সংযোজনত বিভিন্ন জনে কবিতাৰ সংজ্ঞা নিৰুপন কৰি আমাক কাব্যিক জগত খনত উমলিবলৈ সাহস দি গৈছে  ।

কবিতানো কি 
অনুভৱৰ এখনি বহল পথাৰ
পলসুৱা মাটিৰ সেউজীয়া শস্য
নীলাভ আকাশৰ এচপৰা ডাৱৰ।
*
ভাষা সাহিত্য সংস্কৃতিৰ সুমধুৰ বলিষ্ঠ ধাৰাই হ'ল কবিতা । কবিতা সৃষ্টি হয় অনুভৱত
 কবিতা  সৃষ্টি হয় হৃদৰ আটকধুনিয়া কোনাত ।

কবিতানো কি ?
শেৱালি ফুলৰ সুগন্ধি সুবাস
ৰঙা গোলাপৰ 
প্ৰণয় ভৰা আলসুৱা মৰম
সুৰৰ নিশাৰ এঢোক সুৰা
শব্দ বিহীন মাতাল নিশা
মধুৰ ক্ষণ জীৱন বাটৰ ।
পুষ্টিকৰ খাদ্য হৃদয়ৰ,
ৰুগ্ন মনৰ মৃত সঞ্জিৱনী সুধা।
*
             কবিতা হৃদয়ৰ ছন্দময়ী অনুভৱ, শব্দ চয়নৰ উল্লাস  । কবিতা আশা আকাংখ্যাৰ এক দূৰন্ত প্ৰতীক ।কবিতা চহকী অনুভৱৰ স্ফুলিংগ, নিৰাসক্ত বেদনাৰ আবেগিক স্পন্দন । 
             কবিতাৰ উৎস হৈছে প্ৰেৰণা , প্ৰেৰণাই অনুভৱক সজায় তোলে, প্ৰেমৰ অনুভুতি, আকাশ বায়ু পানী মাটি পৰিবেশ পৰিস্থিতি নদ নদী সাগৰ যুদ্ধ ধ্বংস সেউজ পৃথিৱী  আদিয়েই কবিতাৰ  সাৱলীল উপাদান । সভ্যতাৰ পোখা মেলা সময়ৰ পৰা কবিতাই ভাষা সাহিত্যৰ এক সৱল অঙ্গ হিচাবে উজ্জ্বিৱিত হৈ আহিছে । ই প্ৰাণৰ সম্পদ ।  য'ত কল্পনা আছে তাতে প্ৰেৰণাৰ উৎস আছে , অনুভৱৰ কোবাল সোঁ‌তত কাব্যিক ভাৱৰ জন্ম হোৱাতো স্বাভাৱিক আৰু এই কাব্যিক ভাৱৰ বাস্তৱ ৰূপান্তৰেই কবিতা । 

কবিতনো কি ---?
উটি অহা বেজাৰৰ ঢৌ
আবেগৰ প্ৰচণ্ড অভিমান
সপোনৰ মন্দাকিনী
অনিশ্চিত জীৱন যাত্ৰা
অনিৰূদ্ধ গতি আকাশ চোৱাৰ 
সাগৰৰ বালিত 
মুকুতা বুটলি পাৰ কৰা সময় ।
*
কবিতা সাহিত্যৰ জীয়া আত্মা 
লালসাত বৈ ফুৰা মৰম 
স্বভাৱত সাচি থোৱা আবেগ

             অনুভৱে প্ৰেৰণা জগায় -- প্ৰেৰণাই উৎসাহ কঢ়িয়াই -- উৎসাহে ইচ্ছাক আগুৱাই  -- ইচ্ছাই সৃষ্টশীল উদ্ৰেগ জন্মাই -- সৃষ্টিশীলতাই বাস্তৱলৈ ৰূপান্তৰ ঘটায় অৰ্থবহ কাব্যিকতাৰ ৰূপ দিয়ে -- কল্পনাই ৰহন সানে , শব্দই জীপাল কৰে , ৰূপহী গাভৰু জনীৰ দৰে সজায় তোলে , এইয়াই কবিতা ,সুললিত শব্দৰ লয়লাস ,এইয়াই কাব্যিক উপভোগ ।  তুমি যদি বোকাত পৰা তেন্তে পদুম ফুল হৈ ফুলিবা, তুমি যদি পানীত পৰা সাতুৰি আহিবা , নিশা আকাশ খন চাওতে তিৰবিৰ তৰাৰ দৰে সপোন ৰচিবা -- এইয়াই কবিতাৰ তন্দ্ৰা অলস জগাই তোলা অৰ্থবহ ধাৰা ।
             ৰঙা গোলাপ চিঙিবলৈ যাওঁ‌তে কাইটে বিন্ধিব পাৰে , কেতেকী ফুলৰ সুগন্ধি লবলৈ যাওঁতে সৰ্পই ফেট তুলি চাব পাৰে -- তথাপিও সৌন্দৰ্য আমাৰ আকাংক্ষিত উপভোগ ।
              ঠেহ লগা মনটো নিচুকাবলৈ অন্য ঢাল তৰোৱাল বিচাৰিব নালাগে , গংগাটোপৰ দৰে ওফন্দি থকা ভেম টো ভাঙিবলৈ লঘোনে থাকিব নালাগে -- কবিতাৰ জুৰ মলয়াই গা মন  শাত পেলায় নিয়ে -- কি যে অপূৰ্ব সন্মোহনী শক্তি -- কবিতাই কি যে মাদকতা উপহাৰ দিয়ে। কবি সকল সম্পদত চহকী নহলেও কবি সকল শব্দত চহকী - এটা আবেগ সৰ্বস্ব বিশাল মনৰ অধিকাৰি ।

কবিতানো কি
সাঁ‌তুৰি থকা দৰিকণা পোৱালী
বানপানীৰ চেলকণা মাছ
ভাহি ফুৰা মেটেকা ফুল
জ্বালামুখীৰ তপত লাভা
বৈ থকা স্ফটিকৰ ধাৰা
বৰ্হমথুৰি সনা দুখনি ওঁ‌ঠ 
বসন্তৰ কুমলীয়া কুঁ‌হিপাত
বিশাল আকাশ চোৱাৰ হেঁ‌পাহ
মৌন ওঠৰ অবুজ ভাষা ।
*
             প্ৰযুক্তিৰ গতিশীল আজিৰ দিন বিলাকত কবিতা লিখাৰ প্ৰৱণতা বিস্তাৰ হৈছে , আগ্ৰহ বাঢ়িছে, প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে ,কবি সত্বা উপলব্ধি কৰিছে ,ভিন্ন জনে প্ৰতিষ্ঠা লাভৰ সুযুগ লভিছে ,  জাতিৰ ভাষা সংস্কৃতিৰ অগ্ৰগতি লাভৰ বহল ক্ষেত্ৰ এখন পাইছে , সমন্বয়ৰ ভেটি টনকিয়াল হৈছে , মানৱতাবোধৰ সংজ্ঞাৰ উত্তৰণ ঘটিছে , শান্তিৰ এখনি সুস্থ সমাজ গঢ়াৰ বাট দেখুৱাইছে -- এয়াই কবিতাৰ অৱদান । নবীন সকলৰ দায়বদ্ধতাৰ পৰিচয় দিব পৰা সুযুগ আহিছে ।
*
কবিতানো কি 
ঠিকনা সলনি হ'ল 
সলনি হোৱা নাই মন 
সময় বাগৰি গ'ল
ভাগৰি যোৱা নাই আবেগ ।
শিলত শেলাই ধৰে 
ভয় লাগে ভৰি দিবলৈ 
মৃত আত্মা 
শ্মশানৰ পৰা ঘুৰি নাহে 
প্ৰেতাত্মাৰ অৱস্থিতি নাই ।
*
কবিতানো কি 
শিপা থকা এজোপা বৰগছ
অনুভৱে খামুচি ধৰে 
ফুল ফুলে মিঠা মিঠা ফল লাগে
শব্দৰ উৎসৱত মন নাচে 
জোনকে বিচাৰে প্ৰণয় ।
*
ঘূৰ্ণিবতাহে শব্দ কৰিলে
বিস্ময় জাগে
মেঘে গৰ্জ্জন কৰিলে
আশংকা আহে 
কাল অমানিশাৰ বিপদত
বুদ্ধি বিলুপ্ত ঘটে 
প্ৰেমাস্পদৰ অৱহেলাই
মানসিক অশান্তি আনে ।
*
কবিতানো কি 
শেৱালি ফুলৰ সুগন্ধি সুবাস
ৰঙা গোলাপৰ 
প্ৰণয় ভৰা আলসুৱা মৰম ।
সুৰৰ নিশা এঢোক সুৰা
শব্দ বিহীন মাতাল নিশা
মধুৰ ক্ষণ জীৱন বাটৰ ।
*
কবিতানো কি 
কবিতা স্বপ্নভৰা জোনাক 
বতাহত ভাহি অহা শব্দৰ অনুভব
কাণখনে শব্দ শুনে
সুগন্ধিৰ গোন্ধ জিৰাই নাকত
স্বপ্নিল মৰম বিচাৰে হিয়াই ।
ভাষাৰ ভৰসা আশা
আশা ওপজে নিঃশব্দ নিশা
হৃদয়ে সাবতি লয় মৌ বৰসা কথা
শাৰী শাৰী কৈ অনুভৱ সজায়
ঋতুৰাণী শৰৎ আহি সেই কথাকে বুজায়
বসন্তৰ পৰশত কুঁ‌হিপাতে জুমি চায়
দুষ্ট নয়নে মৰম যাঁ‌চে
আবেগ উটি যায় খৰখেদাকৈ
বিচাৰি প্ৰেমৰ মদিৰা বিচাৰি মনৰ বতৰা
এইয়াই কবিতা মনৰ -- কবিতা প্ৰেমৰ ।
*
কবিতানো কি 
কল্পনাৰ এখনি নীলাভ আকাশ
মৰুদ্যানত ওঁ‌পজা আবেগ
অনুভৱৰ মৃগকস্তুৰি 
নিঃশব্দতাত ভাহি ফুৰা অনুভূতি
উতপ্ত বাসনাৰ বাগ্মিতা
দুখৰ মজিয়াত গলা বৰফৰ টুকুৰা
খাজকটা জখলাত বগোৱাৰ আনন্দ
পলাসুৱা মাটিৰ সেউজীয়া বন
বিহ্বল মনৰ নিচুঁ‌কনি গীত
স্বপ্নতীৰ্থভূমিৰ একাজলি মৰম  ।
*
কবিতানো কি
অনুভৱে সিঁ‌চি দিয়া শব্দৰ উপহাৰ
শব্দনো কি
চেনেহী ভাষাৰ ৰূপৰ সমাবেশ
অৰ্থ সজায় অৰ্থ বুজায়
হঠাৎ ভাৱাৰ্থই খেলিমেলি লগায়
ৰূপহী গাভৰু হৈ জোনাক খেঁ‌পিয়াই
জোনাকী পৰুৱা হৈ পোহৰ বিলায়
লাজুকি লাজুকি নিলাজী বনৰ দৰে
জয় পৰি যায় ।
*
কবিতানো কি 
অনুভৱৰ কোমল সৃষ্টিৰ উপবন
জন্ম ক্ষণৰ মধুৰ কল্পনা
দীঘলীয়া পথৰ অনাবিল যাত্ৰা
সজাল ধৰা শষ্যৰ এখনি পথাৰ । 
*
কবিতানো কি 
ভাল লগা মনৰ সাৰুৱা অনুভৱ
স্মৃতিভৰা মনৰ সাঁ‌চতীয়া ধন
আবেগিক মৰম বিদায় ক্ষণৰ
আৱদ্ধ মনৰ জীয়া অনুভূতি
প্ৰণয়ৰ মধুৰ উপবন
দোভাগ নিশাৰ প্ৰেয়সীৰ ক্ৰান্দন ।
*
কবিতানো কি 
হেঁ‌পাহৰ এখনি ঘৰ
স্মৃতিভৰা মনৰ এজাক সপোন
অবুজ কৈশোৰৰ দুপতীয়া পাত
যৌৱনৰ কল্পনা মধুৰ দিন
টনা আঁ‌জোৰা কৰা বাদ্ধৰ্ক্যৰ সময়
অন্তিম শৰ্য্যাত নিঃস্তদ্ধ শৰীৰ ।
———————————————————
আজাদৰ আজাদ
শ্বেইখ মনিৰুজ জামান

আজাদ নগৰৰ ডেকা তেওঁ
আজাদ তেওঁৰ নাম 

বিমল , কেপিৰ নিশাত দগ্ধ
ঘূৰি ফুৰাই কাম ... 

কেৰেপ নকৰে ডাঙৰক, নেদেখে সুৰুক 
ছোৱালী ফুৰে তেঁওৰ পৰা দুগজ দূৰত

মুখত ভৰাই জৰ্দ্দা শিখৰ 
মগ্ন থাকে অনলাইন গেমত ।

নুশুনে দেউতাৰাৰ , নামানে মাৰাক
মতলীয়া হৈ থাকে নিকটিনৰ ধোঁৱাত 

হাতত সূতা , কাণত পিন্ধি বালী 
নিজকে ভাৱি ফুৰে শক্তিশালী আলী 

নিজৰ বুলিবলৈ নাই যদিও একো এটা
নোৱাৰে ক'ব একো মুখত মাৰে গুছা দুটা 

জীৱনটোক আওঁ কৰি নাচি বাগি ফুৰিছে
মানুহে কয় তেওঁ বোলে জীৱন্ত মৰিছে ।

নহ'বা তুমি আন এক আজাদৰ আজাদ ভাই
তোমাক লৈ গৰ্ব কৰে যে তোমাৰেই মৰমৰ আই ।

ঈশ্বৰে দিয়া সুন্দৰ দেহাটোৰ মিথ্যা সপোনত
জীৱন নষ্ট নকৰিবা ডেকাহঁত এই কোমল কালত ...
—————————————
মিছা প্ৰতিশ্ৰুতি 
জাকিৰ হুছেইন 

ঐ,তোমাক বৰকৈ মনত পৰে 
আমি কটোৱা সেই দিনবোৰ,
সাগৰৰ পাৰত তুমি দিয়া উপহাৰবোৰ, 
আৰু সেই মুহূর্তবোৰ তুমি যে কৈছিলা! সাগৰেই আমাৰ সাক্ষী
তুমি যে মোক সাৱটি ধৰি সাগৰৰ কাষত থকা
আঁহত জোপাৰ তলত মোক কথা দিছিলা, 
জীৱনে মৰণে তুমিয়েই মোৰ। 
সেই দিনাৰ  কথা মনত পৰে নে ? 
দৌৰি দৌৰি আতৰত গৈ 
মোক যে কি নামেৰে ঠাট্টা কৰিছিলা
সাগৰৰ পাৰত বহি 
ধেমেলীয়া কথা পাতিছিলা, 
তেতিয়া কিনকিনিয়া বৰষুণৰ লগতে ঢেৰকনি দিয়াত
তুমি মোক সাৱটি ধৰি কাণে কাণে ফুচ্-ফুচাই 
কোৱা কথাবোৰে তোমাক আমনি কৰে নে? 
তুমি যে কৈছিলা —
আমি সাগৰৰ পাৰতে জীৱনৰ মধুৰ সময়
এনেদৰেই অতিবাহিত কৰিম। 
আজি দেখোন তুমি সেই 
সকলো প্ৰতিশ্ৰুতি পাহৰি গ'লা! 
—————————————
ক্ষণস্থায়ী সময়ৰ যাতনা
জোনমনি বৰা 

সৰা পাতে কথা ক’লে 
বিচ্ছেদৰ কলিয়া ডাৱৰে
মন বিষণ্ণ কৰে ৷
দূবৰিৰ দলিচাত 
আলিংগনৰ আকুলতা ৷
ফাগুনৰ মৃদু মলয়া
সময়ৰ সুতলাহি
নকুহীৰ ব’হাগী বতৰা  ৷
প্ৰতিশ্ৰুতি  নতুনৰ
আশাৰ কিৰণ উদিত
সুৰুযৰ  নতুন দিনৰ ৷
হে সময় তুমি বেগময় 
যতি নপৰা তোমাৰ যাত্ৰা 
সকলোকে তুমি মাথোঁ
স্পৰ্শ কৰি  ক্ষণস্থায়ী
জীৱন যৌবনত
দিয়া যাতনা ৷
———————————————
মনৰ আকুলতা
নিজুমণি শইকীয়া বৰা

আশাবোৰ সৰিল 
সপোনবোৰ মৰহিল
কল্পনাবোৰ মলঙিল
তেজৰঙা পলাশ মদাৰেও
গাঁথিছে বিষাদৰ মালা
পছোৱা বতাহজাকেও
জুৰিছে অভিমানী সুৰৰ লহৰ
চাৰিওফালে প্ৰকৃতিৰ বিনন্দীয়া অপৰূপ সমাহাৰ ত
সপ্ত সুৰৰ অনুপম ৰাগিণী 
তথাপিও কিয় জানো 
মনটো যেন উদাস উদাস
শিমলু পলাশৰ ৰঙা ৰঙে 
উত্তেজিত কৰিব পৰা নাই মন
ঐ বাউলী ফাগুন তোৰ ঢালতেই 
উৰুৱাম উন্মনা মনৰ চিলা
কিন্তু হায় হাতৰ মুঠিত 
ৰছী ডাল থকালৈকে জীৱন
আৰু! 
আৰু চিঙি গুচি যোৱাৰ, পাছত...
সেয়ে মনৰ আকুল আহ্বান
মন্দিৰৰ উপেক্ষিত 
ৰবাব টেঙাৰ সুগন্ধই 
আমোলমোলাই থাকক 
ৰিক্ত হৃদয়ৰ ৰঙাজবা ।
—————————————
নাৰী
(আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষ্যে)
ৰুমী দেৱী 

দুখৰ যন্ত্ৰণাবোৰ
তাই কাৰো আগত নকয়
মুখ খুলি ।
ৰাতিৰ আন্ধাৰত
নৈৰ পাৰত
চুলি মেলি বহি থাকে
একাঁঠু বোকা গচকি
নৈৰ পাৰত তাই কঠিয়া সিঁচে
ৰ'দৰ প্ৰখৰতাত ওৰণি টানি
আলিবাটত খোজ কাঢ়ে 
আৰু বৰষুণত তিতি বুৰি পাৰ হয়
ধুমুহাৰ ৰাতি ।
কবিতাৰ কথা সুধিলে
তাই ৰ' লাগি চাই থাকে
আকাশৰ ফালে ।
যন্ত্ৰণাৰ কথা
মুখ খুলি পাতিব নোৱাৰে
কাৰো স'তে
তাই যে নাৰী
তাই যে অন্ত:সলিলা ফল্গুৰ দৰে !
—————————————
ৰ'দে পোৰা মুখবোৰ 
গৌতম মালাকাৰ

ৰ'দে পোৰা প্ৰতিখন মুখত খোদিত হৈ থাকে 
ভূতকালৰ সংঘাতময় ভাস্কৰ্য
কপালৰ ৰেখাবোৰত লিখা থাকে
সাগৰ মন্থনৰ বিচিত্ৰ তথ্য 
ৰ'দে সৌন্দৰ্য বিনষ্ট কৰে বুলি সিহঁতে নাভাবে
ৰ'দ সিঁহতৰ প্ৰাণ
সিহঁতৰ হাঁহিৰ ভগৱান।
ৰ'দ লুকাই থকা দিনবোৰত
পোৰা মুখবোৰ আৰু বেছি ক'লা হয়
ডাৱৰবোৰে সিহঁতৰ দুচকুত ঘৰ সাজে 
অনিশ্চয়তাৰ দানৱবোৰে এঙাৰ হোৱা মানুহবোৰৰ
মন-মস্তিস্কক অপহৰণ কৰে 
আৰু ভয়ৰ চাবুকেৰে কোবাই নিদ্ৰা হৰণ কৰে।
হতাশাত হালি পৰা সূৰুযমুখীৰ দুখ সাবটি 
সিহঁতে গভীৰ আস্থাৰে ঈশ্বৰক স্মৰণ কৰে
সূৰুযৰ স্বৰ্ণিল নিৰ্মালিৰে 
ক'লা মুখবোৰ উজলাই তুলিবলে।
—————————————
ফাগুন জানো এনেকুৱা 
নৱযানী বৰুৱা শইকীয়া

ধূলিয়াৰী ফাগুন আজি নিশ্চুপ , নিমাত আৰু স্পন্দনহীন।
ধূলিৰ ধূলি কাটি
বতাহত উৰে আজি
তেজ ঘামৰ পানী ধূলি ধূলি ধূলি 
আকাশত ধূলি
বতাহত ধূলি বাতৰিৰ শিৰোনামাত ধূলি ।
কোব পৰে স্পছন্দনহীন কলিজাত।
চকুৰ আগতে ভাঙি থান বান হয় সপোন, বৰ্তমান আৰু ভৱিষ্যত।
কোনে কয় ?
'ফাগুনৰ মতলীয়া আকাশত জুই ফুল ফুলে !'
এয়া, ৰঙহীন ফাগুনৰ আকাশত ক্ষোভৰ জুই।
"...এতিয়া আহিব নকবিচোন !"
কাতৰ অনুৰোধ।
ৰঙা নীলা হালধীয়া ধূলিৰ
মাজে মাজে অট্টাহাস্যৰ শৱদত
ঠন ঠন কৰি খহি পৰা
একবিংশ শতিকাৰ উন্নয়নৰ ফাগুন ।
—————————————
ৰূপৱতী তাই
ইভা গন্ধীয়া ফুকন

কালৰাত্ৰী কোনোবা নৰপিশাচে পিন্ধোৱা
লেতেৰা সাজযোৰ তাই খুলি পেলালে
কম্পমান বুকুত সাহসৰ খুটি পুতি
চকুত জ্বলাই তোলে এক নৱ জ্যোতি
নতুন দিনৰ নতুন পোছাক পিন্ধি
তাই আজি ৰূপৱতী
সহ্য নকৰে অত্যাচাৰ আৰু দুনাই
অন্যায়ৰ বিৰুদ্ধে যুঁজিব সদায়
নিজৰ লগতে আনকো নিব আগুৱাই
এই পণ ল'লে তাই বুকু ফিন্দাই !

কল্পনাৰ ফুলনিত
ফুল ফুলাৰ সপোন দেখি
খোজ দিছে দিঠকলে
খোজে খোজে নৱ লয়লাস
অভিনৱ ছন্দ বিকাশ 
ভোহাৰি- বিদাৰি- ফালি পুৰণি কালিমা
সাহসৰ আভৰণ গাত ল'লে পিন্ধি
ঝংকাৰ তুলি সুপ্ত বীণাৰ সুৰ
দিশে দিশে উৰাই বিপ্লৱৰ জয় গান
জীয়াতে মৰা
দলিতা শোষিতা নাথাকিবা বহি
সাহসৰ বাঘজৰী লোৱা মেৰিয়াই
নৰ পিশাচ বোৰক নিঃশেষ  কৰি
জ্বলাওঁ আহা নৱ প্রভাতৰ জ্যোতি
নহ'বা অবলা
সবলা হৈ সাহসেৰে নিজে নিজক বচোৱা !
—————————————
সাৱধান, সাৱধান, সাৱধান ঐ
মুন শৰ্মা

ৰুষ্ট প্ৰকৃতিয়ে অমানিশা নমাই,
কালৰাতি নিশা বোৰ উজাগৰে পুৱাই,
ভাঙি ছিঙি লৈ যায়, বুকু ভাঙি কন্দুৱাই,
চাৰিদিশে সিঁচি যায়,ভগ্ন সপোনৰ টুকুৰা, মাথোন।
হিল দৌল ভাঙি যায় টেঁটুফালি কৈ যায়,
সাধ্য নাই,সাধ্য নাই  নিস্তাৰ বুলিব একোকে নাই।
কিমানৰ তহঁত, নগণ্য তহঁত সামান্য তহঁত,
পলকতে ভাঙিম সুখৰে পাহাৰ,
মুহূৰ্তত খেদিম কাকলি হাঁহিৰ,
বিষধৰ বিষাদৰ এচতা শিলকে পিন্ধাম ,
কেকাই নিৰ্গমে নীৰৱে মৰিবি তহঁত;
উশাহৰ লগণ যে নাথাকে কাষত,
উদং ধৰাৰ বাসিন্দা গঢ়া এটি পলৰে কাম,
মৃত্যুৱে উলাহতে কঁপাব ধৰাৰে বুকুত বুজিবি।

বুজিবি দেই .... 
সাৱধান, সাৱধান, সাৱধান ঐ
নকৰিবি যাত্ৰা অন্তিম প্ৰহৰলৈ
এতিয়াও বহু দূৰ অন্তিম প্ৰহৰ,
নাপাতি ফেপেৰি আঁতৰি থাক ,
অন্তিম প্ৰহৰ জানিবি বিনাশৰে  মূল ,
যাত্ৰাৰে নকৰিবি মহা আয়োজন ,
নপাতিবি জীৱকুল ধ্বংসৰ মহাযজ্ঞ।
—————————————————
ৰঙা জিঞাৰ কবি তুমি
(খুব কম সময়তে ভাল পাই পেলাইছিলো যাক  সেইজনাই শ্ৰদ্ধাৰ মহিম বৰা ছাৰ )
দ্বীপশিখা শৰ্মা

জ্ঞানৰ সাগৰ তুমি
সহস্ৰজনৰ আৰ্দশ -পুৰুষ
নামেই যাৰ পৰিচয়
ৰঙা-জিঞাৰ কবি তুমি।
চাৰি কুৰি  সাত বছৰ পূৰ্বে
স্নিগ্ধ মধুৰ পৰিৱেশত
ভূমিষ্ঠ হৈছিলাহি তুমি
এইখন সুন্দৰ পৃথিৱীত।
সাহিত্য জগতৰ বাবেই 
কৰিছিলা জীৱন উচৰ্গা,
নৱ-প্ৰজন্মই আজিও বিচাৰে
"কাঠনীবাৰীৰ ঘাট"ৰ স্ৰষ্টাক।
তোমাৰ সৃষ্টিৰাজিত আছে
অতুলনীয় জীৱন্ত চৰিত্ৰৰ সমাহাৰ মাত্ৰ পাঁচ দশকেই নহয় ,
তোমাৰ কৰ্মৰাজি থাকিব জীয়াই  আমাৰ সমাজত,
যিদিনালৈকে মানৱৰ থাকিব অস্তিত্ব জগতৰ বুকুত।
—————————————
ফাগুনী প্ৰেম
অঞ্জনা ৰূপা দাস

বলিছে ফাগুনৰ বা
গাত জুই জ্বলিছে
সৰিয়হ ফুটিছে
লাগিছে অচিনা বা
ফাগুনৰ লিহিৰি বন
উতলা দেহৰ  যৌৱন
ৰিঙা ৰিঙা লাগিছে মন
ঘৰতো নবহে মন
ৰিব্ ৰিব্ মলয়া বলিছে
লঠঙা বিৰিখৰ পাত সৰিছে
মদাৰ, শিমলুৰ বুকুত
যৌৱনৰ জীয়া জুই জ্বলিছে
আকাশত জ্বলিছে জুই
দেহ মন নাথাকে শুই
প্ৰেমৰ উন্মেষে পগলা কৰিছে
উচ্ পিচ্ উচ্ পিচ্ কৈ
ফাগুনৰ  প্ৰথম জাক বৰষুণ হৈ
বসন্তৰ  বতৰা লৈ
যৌৱন কোঁৱৰক স্পৰ্শী
বৰদৈ চিলা জনী আহিছে
আউলী বাউলী হৈ। 
—————————————
নিয়ন্তা
মাৰ্জিনা বেগম
 
এবাৰ বাট  এৰি দিয়া 
তেও গুছি যাওঁক ,
গুছি যাওঁক কোনো
মন্ত্ৰ পুথিৰ ভঁৰালত ।

অস্তামিত আবেলিৰ বুকু ফালি 
উটি অহা নৈখন 
গাভৰু হওঁক শাওণৰ
ভৰ বাৰিষাৰ প্লাৱনত  ।

প্ৰাচীনকালৰ  ঋতুমতী  পৃথিৱী
পাৰত আঁচুৰা   ঢৌত 
যদি গুচি আহে  
শেষ প্ৰান্তৰ তীৰত ,
মাতিবা নে তুমি তাক 
নিয়ন্তা বুলি!
—————————————
বহাগ
চুমিয়া আকতাৰা 

চ'ত মাহক খেদিলোঁ বেগাই 
বহাগ আহিব বুলি,
পিঠা-পনা লাড়ু-বিস্কুট 
খাবলৈ পাম বুলি।

তাঁতৰ খালত বহিলোঁ মই 
মূগা মেখেলা ব'ম বুলি,
বিহুৰ দিনা তাকে পিন্ধি 
বিহু নাচিম বুলি।

চিঠি দিলোঁ চেনাইকে মোৰ 
ঘৰলৈ আহিবা বুলি,
মই বোৱা গামোচাখন 
চেনাইকে পিন্ধাম বুলি।
—————————————
পলাশী ফাগুন 
গীতাঞ্জলী হাজৰিকা 

এজাক পাৰৰ ৰুণ ঘৰৰ মুধচত পৰি 
দেহমন অজানিতে সিৰসিৰাই গ’ল
জুই যেন পলাশ জোপাক জুমাজুমি কৰা 
পাৰ জাকে দেখিহে বাৰু
ৰুণ দিলে নেকি !

তন-মন উতনুৱা কৰা ফাগুনী পচোৱাই
মিঠা আলিংগনৰ আবেষ্টনী ভাঙি 
সংপৃক্ত ৰিহাৰ আচল উৰুৱালে

ফাগুনমতীয়ে দুগালত ধুলিয়ৰী আবিৰ সানি
দুওঁঠত বোলাই দিলে দুষ্ট হাঁহি
সৰাপাতৰ ঠিকনা সলাই 
সেউজীয়া সেউতীৰ মৃদু হাঁহিৰে

এতিয়া ফাগুন আত্মগৌৰৱি 
বসন্তৰ বতৰাত ভৰুণ হোৱা আপাহত
পলাশ শিমলু মদাৰৰ ত্ৰিবেণী সংগমত
ফাকুগুৰি চটিয়াই জলকেৰি 
নতুনক আদৰি সাদৰি বহাগমতীৰ
বুকুত যুৰীয়া ঘৰ সাজিবলৈ

মাহ-হালধিৰে নোৱাই ধুৱাই  
প্ৰিয় ফাগুনমতীয়ে আনন্দৰ পাশা খেলে
তাঁতশালৰ গৰকা চালিমাৰি নাচনীৰ
গিৰিপনিৰ গপচত

আঁহতজোপাইয়ো মিচিকিয়াইছে 
ফাগুনে বসন্তৰ বা দিয়া বতাহৰ স্পৰ্শত
আহিব বহাগী আঁহতৰ তললৈ
বিহুৱান বৰ্হমথুৰি বকুলবৰা চিৰা 
থুৰীয়া তামোল কপৌফুলৰ 
হিয়া-দিয়া নিয়াৰ বতৰা ল’বলৈ দিবলৈ 
—————————————
সুৰ বিচাৰি
পবিত্ৰ বৰগোহাঁই

ফাগুনৰ কলিজাত সুমধুৰ
বাঁহীৰ সুৰ বিচাৰি
নীলা আকাশৰ ঠিকনাত
বাট কুৰি বাই আহি
বাট হেৰুৱালোঁ
অসীম দুৰ্ভাৱনাৰ সাগৰ ,
এজাক উদঙীয়া পছোৱাক
মনৰ হেঁপাহত সাবটি
বসন্তৰ গুণ্ গুণ্ গানত
মতলীয়া হৈ
জুই ফুলা শিমলুক
কি দৰে বুকুত গুজিছিলো
এই কথা ফাগুনক সোধা
আবেলিটো যোৱা
নদীৰ বঁকিয়াইলৈ চাই চাই
টঙীঘৰত থিয় হৈ 
পছোৱা বতাহ জাকক সুধিছো
ফাগুনে অনা সুমধুৰ বাঁহীৰ
বাতৰি ক'ত ।
—————————————
তুমি মোৰ চেনাই 
ৰমেন দাস

ৰিমঝিম বৰষুণে ...
সানিলে হিয়াত সপোন
আশাৰ বতৰাৰ দাপোন...
নীলিম নীলিম মাথোঁ...

তোমাৰ দুগালত দেখোঁ
হাঁহিৰ মুকুতা মণি
ডালিমগুটীয়া ওঁঠযুৰিৰ 
কাষে কাষে মিলনৰ কাৰেঙ সোণালী

কিনো যাদু কৰিলা প্ৰিয়া
গমকে নাপালোঁ 
মনত উঠিলে যেন পিৰিতিৰ উজান
দেহা মোৰ ৰাইজাই কৰিছে চেনাই ...

হৃদয়ৰ ৰঙা তেজ ঢালি..
শুনা নাই তুমি ? 
বুজা নাই তুমি ?
দেখা নাই তুমি ?

এটি সেউজবুলীয়া বাট !
—————————————
হেৰুৱা দিনৰ স্মৃতি
গকুল চৌধুৰী

আজি মোৰ আশে পাশে চৌদিশে
চৌপাশে বহুত বিচাৰিলোঁ বহুত 
সকলোৰে শৈশৱ থকাৰ দৰে 
মোৰো শৈশৱ আছিল এদিন
এসময়ত
মই জন্মগ্ৰহণ কৰা চিনাকি
গাওঁখনৰ ধূলিৰে ধুসৰিত ধূলিয়ৰি
বাটত ৷

শাওণৰ বোকা মাটিত কিম্বা
আঘোণৰ ধাননি পথাৰত 
মোৰ শৈশৱে উমলি জামলি
নাচিছিল আনন্দত ৷

স্নিগ্ধ জোনাকত ককা-আইতাই
সাধু কোৱা সময়ত
আই পিতাইৰ মৰম চেনেহৰ
মাজত মোৰ শৈশৱে কান্দি কান্দি
আকৌ হাঁহিছিল কোনো সন্ধিয়া 
পৰত ৷ 

গছৰ তলে তলে আম - জাম 
পকা মধুৰিআম বিচাৰি ফুৰা
সময়ত 
নৈ - চাপৰিত বালিঘৰ সজা 
ৰজা - ৰাণী , অলং - দলং 
লুকা - ভাকু , দৰা - কইনা 
খেলা লগনত মোৰ শৈশৱে
নিজৰ লগতে নিজক 
উদ্‌যাপন কৰিছিল কোনো
গধূলি ক্ষণত  ৷

বিচাৰিলোঁ বহুত বিচাৰি নাপালোঁ
বিচাৰি বিচাৰি ভাগৰি জুগৰি 
মোৰ মন - হৃদয়ক সুধিলোঁ 
ক’ত , ক’ত , ক’ত 
মোৰ শৈশৱ ক’ত ? 

একেই আছে সকলোবোৰ
ঠিকেই আছে 
সেই জোনাক, সময় ,মৰম 
আৰু চেনেহ 
মাথোঁ শৈশৱ নাই আৰু
কোনোদিনে উভতি নাহে ৷

কেতিয়াবা পথাৰত কেতিয়াবা
গছৰ তলত কেতিয়াবা জোনাকৰ 
পোহৰত বহি বহি এতিয়া মই 
অলেখ -অসংখ্য কবিতা লিখিছোঁ 

কবিতাৰ বিষয়বস্তু
কবিতাৰ সমল 
কবিতাৰ কল্পনা
কবিতাৰ পৰিকল্পনা
সকলো মোৰ শৈশৱৰ হেৰুৱা
দিনৰ স্মৃতি  ৷
—————————————
ৰংপুৰৰ জয়াল স্মৃতি 
পংকজ দিহিঙীয়া

বহুদিনৰ চিনাকি যেন লগা
এইখন মৰমৰ ৰংপুৰ,
হাজাৰ হাজাৰ স্মৃতিৰে ভৰা
ৰংপুৰ এতিয়া শিৱসাগৰ।

উপজাৰে দিনৰ পৰা
ৰংপুৰৰ গৌৰৱ
সকলোৰে কাণে কাণে...

বহু কীৰ্তিচিহ্নৰ মাজতে আমি
আলোকপাত কৰোঁ
বহু ৰোমন্থন স্মৃতি

হেজাৰ মৰম আৰু 
হেজাৰ গৌৰৱ...

অতীতৰ সোণালী ভাষাই
ৰংপুৰৰ সৈতেএক
সম্বন্ধতা গঢ়ে।

পূবৰ বেলি পশ্চিমত অস্ত গ’ল,
এতিয়া আৰু সেইদিন
ঘূৰি নাহে।

যি দিন ৰংপুৰ সোণালী স্মৃতিৰে
 ভৰপূৰ হৈ আছিল।
জেৰেঙাৰ জয়াই সাহসেৰে যুঁজিছিল,
ৰংঘৰত ৰঙৰ খেলা খেলিছিল
কাৰেঙৰ লিগিৰিত কোঁৱৰৰ
শাসনাধীন চলিছিল।
সেই বোৰ আৰু আজি নাই!
সেইয়া কেৱল অতীতৰ
সোণালী প্ৰভাতহে।

জহি- খহি যোৱা গঢ়াৰ দৰে; 
নতুন ৰংপুৰ বহু আশাৰে
সোণালী আখৰেৰে সজাই তুলিছো।

এইখন আমাৰেই ৰংপুৰ 
বহু স্মৃতিৰে ভৰা
এইখন শিৱসাগৰ।

পংকজ দিহিঙীয়া
একাদশ(বাণিজ্য)
শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়
——————————————————————

Post a Comment

0 Comments