——————————————————————
🙏শ্ৰদ্ধাঞ্জলি🙏
এই সংখ্যাটো উৎসৰ্গা কৰিলোঁ।
—সম্পাদনা সমিতি
অংকনঃ ফাৰহান জাৱেদ
————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বেটুপাত
সম্পাদকীয়...
কবিতা কেৱল শব্দৰ কচৰৎ নহয়, কবিতা এক তপস্যা।কবিতা এক সাধনা। মনৰ দোলায়িত ভাবনাক সৰ্বসাধাৰণৰ ওচৰলৈ নিয়াৰ ক্ষেত্ৰত সাহিত্যৰ আন মাধ্যমবোৰৰ তুলনাত কবিতাৰ প্ৰাধান্য বেছি। স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা যিকোনো সামাজিক ৰাজনৈতিক পটভূমিত জনমত গঠনৰ ক্ষেত্ৰতো কবিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজিৰ প্ৰেক্ষাপটতো ই ব্যতিক্ৰম নহয়।
কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে কবিতাই সৰ্বসাধাৰণৰ পৰা নিলগত অৱস্থান কৰিবলৈ ধৰিলে। কবিতাৰ মাজত দুটা শ্ৰেণীৰ সৃষ্টি হ’ল। এটাৰ পৰিসৰ সুনিৰ্দিষ্ট বৃত্তৰ মাজত পৰিসীমিত হৈ পৰাৰ পৰিবৰ্তে আনটোৰ পৰিসৰ অপ্ৰয়োজনীয়
ভাবে বাঢ়িবলৈ ধৰিলে। যদিও দুয়োটা শ্ৰেণীৰ মাজত আকাশ পাতাল প্ৰভেদ। প্ৰতিষ্ঠিত তিনি-চাৰিগৰাকীৰ বাদে কবিতাৰ সংকলনৰ বিক্ৰীও অভাবনীয়ভাবে কমিবলৈ ধৰিলে। কবিতা লিখা মানুহে ঠাহ খাই থকাৰ পাছতো কবিতাৰ কিতাপ বিক্ৰী নোহোৱা হ’ল। এনে পৰিস্থিতিত বহুকেইগৰাকী কবিয়ে কবিতাক পুনৰ জনমুখী কৰাৰ বাবে দুয়োটা শ্ৰেণীৰ মাজত এক নতুন বাটৰ সূচনা কৰিলে। সেই বাটে সমালোচকৰ স্বীকৃতি নাপালেও কবিতাক কিছু পৰিমানে সৰ্বসাধাৰণৰ হৃদয়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
পৰিবৰ্তিত সময়ৰ স’তে খোজত খোজ মিলাই, দুয়োটা শ্ৰেণীৰ মাজত যোগসূত্ৰ স্থাপন কৰি পূৰ্বৰ দৰে সৰ্বসাধাৰণৰ হৃদয়ে হৃদয়ে কবিতাক স্থাপন কৰিব নোৱাৰিলে,চুবুৰীয়া পশ্চিমবংগ নতুবা বাংলাদেশৰ দৰে কাব্য পৰিবেশৰ কল্পনা ,কাহানিও পূৰণ নোহোৱা সপোন হৈয়ে ৰ’ব।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
——————————————————————
কবিতাৰ আড্ডা
শব্দক লৈ কিছু চৰ্চা
উদয় কুমাৰ শৰ্মা
১.
খুব, বৰ, বহুত, বিৰাট :-
এটা > দুটা > বহুত (সংখ্যাবাচক। যেনে -- বহুত বগৰী)।
হিন্দীৰ অনুকৰণত ('বহুত আচ্ছা', 'বহুত খুচ') কোৱা অশুদ্ধ ৰূপ : বহুত / বিৰাট জ্বৰ, বহুত সুন্দৰ, বহুত পঢ়িছে, বিৰাট ভাল লাগিছে!
শুদ্ধ অসমীয়া ৰূপ : বৰ /খুব /তমোময় জ্বৰ, বৰ /বেছ সুন্দৰ, খুব / বৰকৈ পঢ়িছে, বৰ /খুব ভাল লাগিছে।
'বিৰাট'ৰ অৰ্থ -- প্ৰকাণ্ড (আয়তনত) । 'বিৰাট ভাল' নহয় -- বৰ /খুব /বেছ ভাল।
বেছ হৈছে = উত্তম হৈছে।
২.
হয় (yes):-
'নক'লে হয়', 'নাখালে হয়' -- এনেবোৰ কথাৰ সঠিক ৰূপটো হ'ল -- নক'লেহেঁতেন, নাখালেহেঁতেন। হিন্দীৰ 'হেঁ' (ও মেৰে ছাত্র হেঁ)ৰ অনুকৰণত, বহুলভাৱে প্ৰচলিত হ'ব লাগিছে -- 'তেওঁ, মোৰ ছাত্র হয়' ; 'মই, তেওঁৰ ছোৱালী হয়' আদি বাক্য। ইংৰাজীত Verb নোহোৱাকৈ বাক্য নাথাকে ; যেনে -- He is my student. অসমীয়াত, ক্ৰিয়াপদটো উহ্য থাকে কাৰণে -- 'তেওঁ, মোৰ ছাত্র', 'মই, তেওঁৰ ছোৱালী' বুলি ক'লেই হৈ যায় ; 'হয়'টোক লগাই দিয়াৰ প্ৰয়োজন নহয়। 'তুমি, আহিবানে, হয়? ' -- এনে শুৱলা বাক্যৰ অৰ্থ হ'ল -- 'তুমি আহিবানে বাৰু? '
——————————————————————
অনুবাদ কবিতা
It’s You
– Caroline Logan
Pure blood runs through these veins,
Yet it never feels the same.
Replayed memories in my head,
Happiness hurt joy and dread.
All those days we spent together,
You said we’d last forever.
I followed my heart,
I thought it was true.
I guess I wasnt ment for you.
I want to cry all the time,
But I suck it up and say Im fine
I’ve only learnt one thing from this,
..Its you I will always miss
তুমি এটি শান্তিস্ৰোত
মূলঃ কেৰ’লিন ল’গান
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
তোমাৰ দেহজ ফল্গুধাৰাৰ মাজেৰে বিশুদ্ধ তেজ বৈ যায়,
তথাপিও কেতিয়াও অনুভৱ নহয়।
মনত স্মৃতিৰ খেলা,
সুখে আনন্দ আৰু ভয়ক
আঘাত হানিছিল।
সেই মধুক্ষণবোৰ
আমি একেলগে কটালোঁ,
তুমি বিশ্বাস কৰিছিলা
আমি চিৰদিনৰ বাবে টিকি থাকিম৷
মই হিয়াৰ স্পন্দনক
অনুসৰণ কৰিছিলোঁ,
সঁচা বুলি ভাবিছিলোঁ।
মই অনুমান কৰিছোঁ যে
মই তোমাৰবাবে প্ৰয়োজনীয় নাছিলোঁ।
সকলো সময়তে মই বিধুৰা শাওণ,
কিন্তু সকলোবোৰ সহি কওঁ,
যে ভালে আছোঁ৷
ইয়াৰপৰা মই মাত্ৰ এটা কথা শিকিছো,
...তুমি এটি শান্তিস্ৰোত!
মই সদায় আকলুৱা হৈ থাকিম৷
—————————————
আমেৰিকান অংক গণিত
মূল : ইংৰাজী: নতালী ডিয়াজ হিন্দী অনুবাদ:
সত্যাৰ্থ অনিৰূদ্ধ পংকজ
অসমীয়া ৰূপান্তৰ : অপূৰ্ব ভূঞা
আমেৰিকাৰ মুঠ জনসংখ্যাৰ এক শতাংশতকৈও কম
স্থানীয় বাসিন্দা
এশত দশমিক আঠ
অ' মোৰ নিপুণ দেশ
মোৰ মনত নাই আমেৰিকা সৃষ্টি হোৱাৰ আগৰ দিনবোৰ
মোৰ মনত নাই সেই দিনবোৰ যেতিয়া আমি সকলো আছিলো ইয়াত
পুলিচে স্থানীয় আমেৰিকান বোৰক হত্যা কৰে
অন্য কোনো প্ৰজাতিতকৈ বেছি
প্ৰজাতি অৰ্থাৎ ৰেচ, এটা হাঁহি উঠা শব্দ
প্ৰজাতিৰ অৰ্থই হ’ল কাৰোবাৰ ওপৰত বিজয় সাব্যস্ত কৰা
অৰ্থাৎ, জয়ৰ সুযোগ সিমানেই থাকে মোৰো যিমান থাকে প্ৰতিপক্ষ বিলাকৰ
যি কোনো বিশেষ গোষ্ঠীয় নহৈও এটা প্ৰজাতিক জয় কৰে
পুলিচৰ হাতত সংঘটিত হোৱা হত্যাবোৰৰ
এক দশমিক ন শতাংশ স্থানীয়
অন্য গোষ্ঠীবোৰৰ তুলনাত সৰ্বাধিক প্ৰতি ব্যক্তি হত্যা
কেতিয়াবা কেতিয়াবা প্ৰজাতি অৰ্থাৎ ৰেচৰ অৰ্থ দৌৰা
মোৰ গণিত ভাল নহয় বুলি
আপুনি অভিযোগ কৰিব পাৰিব জানো
মোৰো আছে আমেৰিকান শিক্ষা
আমি আমেৰিকাবাসী
আৰু আমি আমেৰিকানতকৈ এক শতংশ কম
জীয়াই থকাতকৈ বহু বেছি কুশলতাৰে
আমি পুলিচৰ হাতত মৰো
যেতিয়া আমি মৰো , আমি কাক মাতিব লাগে
পুলিচ নে চিনেটৰক
অনুগ্ৰহ কৰি কোনোবাই মোৰ মাক মাতক
আমেৰিকান ইণ্ডিয়ানচৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত
ওঠৰ শতাংশ সংগ্ৰহ যুক্তৰাজ্যৰ
মই সম্পূৰ্ণ চেষ্টা কৰি আছো
যাতে নিজেই সংগ্ৰাহালয় হৈ নপৰো
চেষ্টা কৰি আছো যাতে অবিৰত হৈ থাকে উশাহ
মই ভিক্ষা মাগিছো
মোক অকলে থাকিবলে দিয়া কিন্তু অন্তৰ্হিত নকৰিবা
এশ আমেৰিকানেৰে ভৰা কোঠালীত
মই এক স্থানীয়, একতকৈও কম
এক সম্পূৰ্ণ মানুহতকৈও কম, নিজতকৈও কম
মই কোনো এক শৰীৰৰ এক অংশ
বা এনেকৈও কব পাৰি
মই এক সক্ষম হাত
আৰু যেতিয়া সেই হাত প্ৰেমিকৰ অন্তৰলে মেলি দিওঁ
মই অদৃশ্য হৈ যাওঁ সম্পূৰ্ণকৈ ৷
(কবি পৰিচয়: নতালী ডিয়াজ: ৪৩ বৰ্ষীয় আমেৰিকান কবি আৰু ২০২১ বৰ্ষৰ পুলিৎজাৰ পুৰষ্কাৰ বিজেতা নতালী ডিয়াজ এসময়ত পেচাদাৰী বাস্কেট বল খেলুৱৈ হিচাপে জনাজাত আছিল ৷ বৰ্তমান তেওঁ আমেৰিকাৰ এৰিজনা ষ্টেট ইউনিভাৰ্চিটিৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত।)
অপূৰ্ব ভূঞা
চুৰাট- ৩৯৫০০৭, গুজৰাট
—————————————
মূল কবি: লেংষ্টন হিউজ (Langston Huges)
মূল কবিতাৰ শিৰোনাম: So Tired Blues
ভাৱানুবাদ: ড০ জ্যোতিশিখা দত্ত
ক্লান্তিৰ সংগীত
হাতত সূৰ্য্যটোক লৈ
সূৰ্য্যটোক দলিয়াই দিম
ঠাইখিনিৰ সিটো পাৰলৈ
কাৰণ, মই ক্লান্ত
যিমান ক্লান্ত মই হ'ব পাৰো।
————————————————
কবিতা
কেজেং
বিনীতা গোস্বামী
ক'ৰবাত কেজেং লাগিছে
ন'হলে
প্ৰেম বন্দী নহয় ফোনত
কেজেং লাগিছে বাবেই
প্ৰেম হত্যাৰ কচৰৎ
বদনামী
ফ্ৰীজ-ম'মো
বদনামী
বৃত্তি
অনুভুতিত কি আহে
কি যায় !
আহিব বা যাবও
যদিহে প্ৰেমত বহে ঘূৰণীয়া মেজমেল
"ভাল পাই পেলালোঁ"
সহজ স্বীকাৰোক্তি
অসহজ মনোবৃত্তি
প্ৰাপ্তি অথবা তৃপ্তি
কোনোতোৱে নহয় প্ৰেমৰ অনুভুতি
নাথাকে যদিহে সহানুভূতি
কেজেংটো তাতেই।
(কেজেং: কেনা/নামনি অসমত ব্যৱহৃত)
—————————————
শিলৰ সাধু
ৰাস্না বনিয়া বৰুৱা
পিতাইয়ে কৈছিল–
শিলবোৰ আতৰি গ’লেই
ৰ'দে বাট ল'ব
শিলবোৰ আতৰি গ'লেই
শস্য পথাৰ সেউজীয়া হ'ব
শিলবোৰ আতৰি গ'লেই
গছে গভীৰলৈ শিপাব
শিলবোৰ আতৰি গ'লেই
ঢৌবোৰে বাগৰ সলাব
আইয়ে কৈছিল—
শিলে বুকুত বাঁহ সাজিলেই
মৰা নদীখন উজান আহিব
(এচটা শিল বুকুত বান্ধি আয়ে ধুয়ে আন এচটা শিল)
কথাবোৰ এটা অমিল কাহিনী আছিল
চকু মেলি চালোঁ
চকু মুদিলেও দেখোঁ
ৰ'দে পোৰা বাটটোত
গছহৈ শিপাইছিল
এটা শিলৰ সাধু।
————————————————
বটবৃক্ষৰ ছাঁ
পংকজ কুমাৰ শৰ্মা
চকুত সোমাই থকা চিকুণ ছবিখন
বুকুৰ উমেৰে
জীপাল,
সপোন সন্ধান
আইৰ মূখৰ মাত
শাৰী শাৰী বৃক্ষৰ ছাঁত,
সুৰক্ষিত
আপোনজন
বাট হেৰুৱাৰ শংকা নাই
মানসত স্থিত শংখধ্বনিৰ তৰংগেৰে
গৈ থাকিবলৈ
নিজকে প্ৰস্তুত কৰি তোলাৰ
বৰ প্ৰয়োজন
শংখধ্বনি
বুকুৰ পোহৰ,
বোধিদ্ৰুমৰ বাগ্মিতা
উন্মেষ,
নৱজাগৰণ
বুদ্ধদেৱ
বটবৃক্ষ,
বিশ্বজনীন
বিয়াকুল বাতাবৰণ।
————————————————
কবিতাৰ বাবে
দেৱ দাস
পঢ়ি পঢ়িও নুবুজা
বুজি পাই ফুৰ্টিত
কওঁ নকওঁটো
কবিতা
পঢ়ি সাউতকৈ
বুজি পোৱাটো
পদ্য
কবিতা
অনুভূতিত
অৰ্থবহ শব্দ আৰু
সুদ্ধ ব্যাকৰণৰহে ৰূপ
তুলিকাৰ টানত
পাবলো পিকাছো
পল গগা
লিওনাৰ্ডোদা ভিন্সি
অনন্য
এলিয়ট
গাৰ্থিয়া লৰকা
পাবলো নেৰুডা
কবিতাৰ বাবেইটো
আটোমটোকাৰিকৈ
সঁজাই পৰাই
কবিতাৰ
দেওলগা মন
কাব্যকাননৰ
চন্দ্ৰতাপৰ তলত
কবিতাৰ সুষমা
কবিতা উদ্যোগত পৰিনত হওক ।
—————————————————
জীৱন
চয়নিকা ভূঞা
জী থকা মানেই জীৱন নহয়
যি দৰে হাঁহি থাকিলেই সুখী নহয়
ক'ৰবাত যেন
এটা কেৰোণ
আৰু ক'ৰবাত
এটা প্ৰেম কাহিনী
ৰজাই হুকুম দিছে
এদিম চেদিম বাই
ৰজা-ৰাণীৰ সাধুনে ন-কইনাৰ জীৱন
ৰৈ ৰৈ বাজি থকা সুৰত ঘুণেধৰা জীৱন
ফাগুনৰ পছোৱাত সৰাপাতৰ চকুলো
এৰাপাতৰ বুকুত
এতিয়া
মৰহা ফুলৰ সুৱাস ।
——————————————————
অদৰিশন
ডেইজী কাশ্যপ
তোৰ উশাহৰ পাঁচালীখন
আকৌ এবাৰ আওৰাব পৰা হেঁতেন...
বুকুত গুজি ল’লোঁ হয়,
এথুপি তেজ ৰঙা গোলাপ।
কাঁইটে উফৰাই পেলালে হেঁতেন
ক্ৰমে উজাই অহা বিষ ফোঁহাবোৰ...
বৈ আহিলহেঁতেন
বেদনাৰ নৈ,
লুণীয়া...
তোক বুকুত চপাই,
সামৰিলোঁহেঁতেন সেউজীয়া।
পুৰঠ অধৰত বাজিলেহেঁতেন গান,
যুগমীয়া...
তোৰ উশাহৰ পাঁচালীখন আওৰাই,
গুৰি নোহোৱা শিপাৰে মেৰিয়ালোঁ হয়
শূন্য অস্তিত্বৰ মিথ্যা ভাবনা।
————————————————
ফাগুনৰ স্তৱক
গীতাৰ্থী ঠাকুৰ
১.
যোৱা ৰাতি গাজনি এটাই মেঘবোৰ ফালি পেলাইছিল
মই চাই আছিলোঁ শিল হৈ
পুৱাই পানী বেজি এটাৰে সীঁ পেলালোঁ
মেঘেতিতা কথা ।
২.
তুমি ফু-উ কৰিলেই উৰি যায়
কুণ্ডলীপকোৱা ধোঁৱা
তোমাৰ ওঁঠৰ ভালপোৱাৰ সুহুৰি এটা হ'বলৈ মন যায়
ফাগুনৰো যে কি সু-আবাহন, চোৱা !
৩.
সৰাপাত গোটাইছোঁ
মন গ'লে জ্বলাই দিবা।
জীৱনক ক'বা,চা জীৱন
ফাগুনত আগুন
তেজৰ আগুন।
—————————————————
প্ৰত্যাশা
প্ৰদীপ চন্দ্ৰ শৰ্মা
মুখা পিন্ধাৰ অট্টহাস্যত
কৰুণ বিলাপ তল পৰে
কণীভঙা শালিকীৰ
সুতীব্ৰ আৰাও
তলপৰে মূল কথা
বিলাপৰ সুৰ একেই
পীতবৰ্ণ নিশকতীয়া ঠেং
দোপ দি জপিয়াই
হয়তো অনুমান কৰে
খোপনি দৃঢ় হ'বলৈ
এতিয়াও বহু বাকী
পেং লোৱাজনৰ একেটাই কথা
আখৰা চলি থাকে
হেঁপাহবোৰে পোখা মেলে
এদিন বৰ আখৰা হ'ব
বিলাপ মোচন ভাওনা ।
———————————————
এনেই
ৰূপা গগৈ
নকৰোঁ নকৰোঁ বুলি ভবা কামবোৰ
কৰিছেনে এনেইয়ে কেতিয়াবা !
নাভাবোঁ বুলি ভবা কথাবোৰ ভাবি ভাবি
কাঢ়িছে নেকি হুমুনিয়াহ !
মাছ নোহোৱা পুখুৰীত বৰশী বাই
কৰিছে নেকি অবাবত শেষ চেনেহৰ টোপ !
লাগে নে বাৰু কেতিয়াবা
মেঘবিহীন আকাশৰ বৰষুণজাকলৈ ভয়
ভিজে বুলি আলসুৱা কলিজা !
মৰিছে নেকি এনেইয়ে
পানী নোহোৱা পুখুৰীত ডিঙিলৈ ডুবি !
তাঁত বাতি কৰোঁতে
কোনে বাৰু এনেইয়ে উজুটি খায়
পৰি থকা শিলেও মনে মনে মূৰ দাঙি চাই ...!
—————————————
উত্তৰাধিকাৰী
ৰবিন কুমাৰ চেতিয়া
গাভৰু কালৰ এসোপামান সপোন বুকুত বান্ধি
পিতাইৰ লগত হেনো ঘৰ বান্ধিছিল
মোৰ সাদৰী আয়ে
ৰংচঙীয়া আশাবোৰ নি:শেষ হ'বলৈ
আইৰ পিছে বৰ বেছি দিন নালাগিল
বহুত বুজাই বঢ়াইও মোৰ আয়ে
ঘূৰাই আনিব নোৱাৰিলে মোৰ পিতাইক
নিজৰ কপালখনকে চপৰিয়াই চপৰিয়াই
মোৰ আইজনীও লাহে লাহে এজনী
বেলেগ মানুহ হ'ল
মৰম চেনেহবোৰ তেতিয়াও কৰবাত
সংগোপনে ৰৈ আছিল বাবেই কিজানি
আই পিতাইৰ মাজলৈ এদিন আহিলো মই
আইৰ ওঁঠত ক্ষীণকৈ হ'লেও
সেমেকা হাঁহি এটাই ঘৰ সাজিলেহি
পিতাইৰহে বোলে আনন্দ স্ফূৰ্তিবোৰ
আগতকৈ বেছি হ'ল
আয়ে পাৰে মানে পিতাইক
ৰাতিয়ে দিনে বুজালে,নোৱাৰিলে
আৰু তেনেদৰেই এদিন হঠাতে
নিজৰ সকলো সুখ শান্তি বোকোচাত বান্ধি
আমাক এৰি পিতাই একেবাৰে গুছি গ'ল
কোনোবা দূৰৈৰ দেশলৈ
আই পিতাইয়ে হেনো বৰ হেঁপাহেৰে
মোৰ নাম এটাও ৰাখিছিল মৰমতে
পিছে বৰ বেছি দিন নিটিকিল মোৰ
আই পিতাই প্ৰদত্ত সোণামুৱা নামটো
বাটে ঘাটে সকলোৱে চিনি পোৱাকৈ মোক
ৰাইজেই নাম এটা দিলে বৰ সহজতে
মদাহীৰ পুতেক
আৰু এতিয়া পিতাই নোহোৱা হোৱাৰ পিচত
ময়ে হৈ পৰিলো পিতাইৰ সেই
চিনাকি নামটোৰ যোগ্য উত্তৰাধিকাৰী
আইৰ স'তে এতিয়া মোৰ বুলিবলৈ আছে
পিতাইয়ে এৰি থৈ যোৱা ধোবাংবাং ভেঁটিটো
ৰ'দ বৰষুণবোৰে মন গ'লেই ওমলিব পৰাকৈ
দূৰৰ পৰাই জিলিকি থকা আমাৰ
একোঠলীয়া ৰাজপ্ৰাসাদ
সকলোৱে দেখাকৈ গৰ্ব কৰিব পৰা
পোহনীয়া ভাটৌৰ দৰে বেলেগৰ কথা
একোৱেই ক'ব নজনা এটা
ৰবৰেৰে মেৰিয়াই বান্ধি লোৱা সৰু ম'বাইল
মুখ মেলিলেই যাৰ মুখত ওলাই
কেৱল মদৰ আলাপ, মদাহীৰ বাৰ্তালাপ
আজিকালি আয়ে মোক
পৰাপক্ষত একোৱেই নকয়
নকৰিলে নহয় বুলিহে আমাৰ মাজত
দুই এটা শব্দৰ কেতিয়াবা
আদান প্ৰদান হয়
পিছে ক'ৰ পৰা কেনেকৈ মই নেজানো
শুদাই-নিকাই হ'লেও ভাতকেইটা কিন্তু
সাদৰী আয়ে মোলৈ সযতনে
সদায়ে বাঢ়ি থয়
মানুহে মোক কোনেও আজিকালি
মদাহীৰ পুতেক বুলি নকয়
পিতাইৰ সন্মান ৰক্ষা কৰিয়েই হওক
অথবা যোগ্য উত্তৰসূৰী বুলিয়েই হওক
য'তেই দেখিলেও সকলোৱে মোক
উত্তৰাধিকাৰী বুলিয়েই কয় ...
—————————————
পদাতিক
কাশ্যপ চৌধুৰী
মহাৰণৰ শেষত
খেয়ালী হাতেৰে গঢ়া সভ্যতাৰ সোঁৱৰণিত
মই নাছিলোঁ
পোহৰতো
আন্ধাৰ কুঠৰীতো
প্রাৰ্থনাৰ কৰুণ স্বৰ এটা ভাঁহি আছিল
যি আছিল সেমেকা
তাতো শুনা নাছিল কোনেও
মোৰ মাত
ক'ত আছিলোঁ ইয়াৰ পাছত
এবোজা কাহিনী লৈ
সেই কথাও সমাধিস্থ কৰা হৈছিল
মহাৰণৰ পৰিণতিত
অনন্ত ইতিহাস খুচৰিলেও
মোৰ হাড়ত গজা দেখা নাছিল কোনেও
নতুন হাড়
মহাৰণৰ শেষত
খেয়ালী হাতেৰে গঢ়া সভ্যতাৰ সোঁৱৰণীত
মই নাছিলোঁ
কাহানিও
পুনৰ পুনৰ হত্যা কৰা হৈছিল আমাক ।
—————————————
ফাগুন
মৰমী মুদৈ
অনুৰাগ,
মোৰ চহৰত তোমাৰ কবিতাবোৰ
বতাহত উৰিছে
মোৰ চহৰত তোমাৰ কথাবোৰ
ক্ৰমান্বয়ে সেউজীয়া হৈ
আহিছে
মোৰ চহৰত তোমাৰ শব্দবোৰ
গান হৈ বাজিছে
মোৰ চহৰত আমাৰ সপোনবোৰ
পলাশ, শিমলু,
জুইফুল হৈ ফুলিছে
অনুৰাগ
তোমাৰ প্ৰেমেৰে মোৰ চহৰত
বলিয়া ফাগুন
নামিছে।
—————————————
সৰা পাতৰ সপোন
ৰেখা বৰকটকী
গছ থাকে মানে পাত সৰিব
পাতে সপোন সামৰিব শুকান বুকুত
একো নিলিখে পাতবোৰে
লিখিবৰ প্ৰয়োজনেই বা কি?
অনুভৱে জোখা হিয়া
পাত সৰি সৰি গছৰো বাৰ্দ্ধক্য...
জীৱাষ্মই পাহৰণিৰ জুণুকা পিন্ধে
আশাবোৰ ডলাৰ বগৰী ,
শিপাই য'তে ত'তে...
অযুত বাসনাই হামখুৰি খায়
শ্মশানৰ শীতল কোলাত।
অনবদ্য প্ৰেম
উন্মাদ কলকণ্ঠৰ দৰে
জীপ লৈ উঠে অৰঙে দৰঙে
অনেক ইতিহাস সময়ৰ ভূগোল,
জীৱন প্ৰহেলিকা ,পাতৰ বুকুত লীন হয়
অলিখিত সময়ৰ দস্তুাবেজ...
পাহৰণিৰ দূৰ্গম বুকুত।
বহুজনে কয়,
ইয়াত এজোপা গছ আছিল।
—————————————
ফাগুন
যুৱৰাজ কুমাৰ দাস
ধূলিয়ৰী সপোনক বাট দেখুৱাই
নাহিবি অ' ফাগুন,
মৰিচিকা জীৱনৰ প্ৰাচুৰ্যত
এনেই নিথৰ কবি ।
বুকুতে ফুটি ৰঙা শিমলু
বতাহত ঠিকনাবিহীন হোৱাৰ বেদনা,
কোন সতেনো সহিম ?
নাহিবি অ' ফাগুন
মদাৰৰ ৰঙা অবিশ্বাসৰ
জুইকুৰা জ্বলাবলৈ নাহিবি ।
মোৰ চিৰালফটা অনুভৱৰ পথাৰত
একোৱেই নাই দিবলৈ তোক
নাহিবি, নাহিবি অ' ফাগুন ।
—————————————
সৰীসৃপ
প্ৰাণ প্ৰতিমা বড়া
ঘনাবৃত অৰণ্যৰ মাজত
এডাল সৰীসৃপ
গতি তাৰ নিৰ্দিষ্ট দিশলৈ
থমকি নোৰোৱা এক গভীৰ যাত্ৰা
বুকুৰ ওমেৰে
বাট বোলোৱা
এই যাত্ৰা
এটি কোণত পৰি ৰোৱা এই লক্ষ্য
এক সজল চাৱনি
এখোজ আগুৱালে তাৰ সুদৃঢ় লক্ষ্যস্থান
জয় নে পৰাজয়
অনিশ্চয়তাৰ মাজত
নাভাগৰা যাত্ৰা
নিজৰ লক্ষ্যস্থানলৈ
তাৰ যাত্ৰা অবিৰাম
————————————————
ফাগুন আহিছেনে আপোনাৰ চহৰলৈ
জ্যোতি পবন
ফাগুন অহা নাই বাবেই মোৰ চহৰখনত বাজি উঠা নাই
এটাও প্ৰেমৰ গীত
বসন্তক আদৰিবলৈ কোনেও পাঠ কৰা নাই
প্ৰেমৰ কবিতা
উতনুৱা প্ৰেমৰ বা লগাই উন্মাদ কৰি তুলিবলৈ
মোৰ চহৰখনলৈ ফাগুন অহা নাই
চহৰখন এতিয়া মৃত
চহৰৰ সৰু সৰু আকাশবোৰত ফাগুন নুফুলে
চৌপাশে ৰঙা নিচান উৰুৱাই গাঁৱৰ সিমূৰে
ফাগুন ফুলিছে
চিটিবাছৰ পৰা নামি অহা ধুনীয়া তিৰোতাবোৰৰ পাছে পাছে
ফাগুন ঢপলিয়াই নাযায়
আঁচলত বান্ধি দিবলৈ বসন্তৰ চিঠি
কাণে কাণে গুণগুণাবলৈ বসন্তৰ গান
পদপথেৰে যোৱা গাভৰুবোৰৰ মেলা চুলিত আউল লগাবলৈ
ফাগুন অহা নাই মোৰ চহৰলৈ
মোৰ চহৰত ৰাতি বাজে ফাগুনৰ গান
ৰাতি জ্বলে ফাগুনৰ ৰং
ফাগুনৰ ঘৰ নাই নিজাকৈ
যাৰ কলিজাত বাজি উঠে সৰাপাতৰ সুৰ
তাৰেই বুকুৰ লাজবোৰ আঁতৰাই বিচাৰে নিজৰ ঠিকনা
যাৰ আঙুলিৰ পাবত গজি উঠে বসন্তৰ ৰং
তাতেই ক্ষণিক জিৰাব খোজে ফাগুন
ফাগুনে মায়া জানে
ফাগুনে জানে প্ৰেমৰ কবিতা
প্ৰেমৰ গান
ধূলিৰ উৰণি গুচাই
বহুতকে দি যায় প্ৰেমৰ চিঠি।
—————————————
অলস
দিপ্তী মনি গোস্বামী
প্ৰাপ্তিৰ দূৰত্ব যেতিয়া অপ্ৰাপ্তিতকৈ দীঘলীয়া হয়
যোগ্যতাৰ মাপকাঠি বোৰ সৰাপাতৰ দম হয়,
বিশ্বাস অবিশ্বাসৰ দোমোজাত আন্তৰিকতাবোৰ
আলাসতে পঞ্চভূতত লীন হয়।
কিনো ক'বা,সময়ৰ কূটিল গতি!
মৰম স্নেহ আন্তৰিকতাবোৰত কোনে দিয়ে মতি?
অৰ্থৰ তুলা-চলনীখনতে যে সৱাৰে ৰতি!
সেয়ে দূৰতে চন পৰি ৰয় অকৃত্ৰিম ভকতি।
সকলোতে ৰং-ৰূপৰ সমাহাৰ
নেদেখিলে নাজানে ৰঙৰ পোহাৰ
কেতিয়াবা চুটি হয় উশাহবোৰ
প্ৰদূষিত হয় জীৱন-দায়িনী অক্সিজেনবোৰ!
সেয়ে ভাৱনাৰ ঢৌবোৰো কেতিয়াবা হেঙাৰ হয়
খোজৰ গতিও অকাৰনে মন্থৰ হয়
পৰীৰ পাখিত বুতা বচা সপোনবোৰ স্থবিৰ হয়
ভাগৰক প্ৰশ্ৰয় নিদিয়া পণবোৰো অলস হয়!
—————————————
বুঢ়ালুইতৰ বুকুৰ অক্লান্ত সূৰ্য্য
সুশান্ত দাস
মৃত্যুঞ্জয়ী
অমোঘ বিদ্ৰুম
যুগ-যুগান্তৰৰ বহ্নিমান লুইতৰ সদ্যস্নাতা বক্ষযুগলত
অহা-যোৱা এটি বিভাময় সৌন্দৰ্য্যৰ
চিন-চাব এৰি তাৰ হিৰণ্ময় আভাৰ
নিতৌ তাৰ দিন আকাশৰ বুকুত স্বৰ্ণমেলা
বিহ্বল নহওঁ
ইয়েই নহয় জানো বুঢ়া লুইতৰ বুকুৰ অক্লান্ত সূৰ্য,
যাৰ সৌৰ্য্য-বীৰ্য্য মহাজীৱনৰ প্ৰত্যক্ষ দিনলিপি !
মই উদয় হোৱা সূৰুয দেখিছোঁ বুঢ়া লুইতৰ বুকুত
আত্মজাহ যোৱাও দেখিছোঁ অসহ্য তাড়নাত,
নীলাভ গগণৰ ব্যগ্র প্ৰত্যেক দিনৰ
ডায়েৰী
তুমি অক্লান্ত সূৰ্য্য
লুইতৰ বুকুৰ সোণ !
জটিল ভগ্নাংশৰ অৱহেলিত আন্ধাৰৰ ভয় ,
জৰ্জ্জৰিত এন্ধাৰৰ সত্ত্বা
বিনাশকাৰী উজ্জ্বলিত পিণ্ড
তুমি অক্লান্ত সূৰ্য্য ; লুইতৰ বুকুৰ সোণ !
বিপণ্ণ বিভাৱৰীৰ শৈল ভাস্কৰ্যৰ নিটোল ছায়া
কক্ষচ্যুত নক্ষত্ৰৰ চলনাময়ী দীপ্তি,
আৰু
নিমাখিত দিকভ্ৰস্ত ফেঁচাৰ ফেহুজাল
নাশ কৰা
তুমি অক্লান্ত সূৰ্য্য ; লুইতৰ বুকুৰ সোণ !
অক্ষৰ বিক্ষেপন
আন্দোলিত লুইতৰ ঔষ্ম বুকু
নিভৃত কোণৰ কৰ্ণ ৰৌদ্ৰৰ দৰে সিংহ
বিভ্ৰাট বাস্তৱৰ পূজাৰী নহয় বাবে
শৰীৰ তপ্ত আৰু দগ্ধ এন্ধাৰৰ ৰাজ্যত
সেইবাবেই,
ৰাতিবোৰ গলিব লাগে
অন্ততঃ আন্দোলন স্তব্ধ হ'ব
নিটোল কলেৱৰ ক্ৰমবিৱৰ্তনৰ বুকুত
জাহ যোৱাৰ আগে আগে সূৰ্য্য নামি আহিব
কৰি শঙ্খধ্বনি
আৰু
নিনাদিত হ'ব বাৰে বাৰে
তুমি অক্লান্ত সূৰ্য্য ; লুইতৰ বুকুৰ সোণ !
ব্যোমগৰ্ভৰ অটল সম্ৰাজ্ঞী
—————————————
যুৰীয়া চাতক-চাতকী
ৰমণী মোহন কলিতা
গোমা আকাশ
ধোঁৱা বৰণীয়া মন
বুকু ফটা সেৰেঙা পথাৰ
আশাবোৰ কেহেৰাজবুলীয়া
মন-মগজু ৰঙীন কৰিবলে'—
উৰিব এৰা নাই
পাখি ভগা চাতক
লালিত-পালিত সপোন
আৰু জ্বলি থকা তুঁহ জুই একুৰা
আগলি-বতৰা
এজাউৰি বলীয়া বতাহৰ...
নুশুনা গান, অমাতৰ মাত
আনন্দত আত্মহাৰা শৰালি জাকৰ ফিচিঙা-ফিচিঙি-----
তথাপি
চাই যাবলে'
আশাৰ ডিঙা বাই আছে
চাতক-চাতকী
পূৰ্ব-আকাশত নৱ-প্ৰজন্মৰ উদিত সূৰুয
----------------------------------
ফাগুনৰ স্তৱক
জাহ্নৱী হাজৰিকা
ফাগুনী পৃথিৱীত এতিয়া জোনাকৰ পয়োভৰ
লঠঙা ডালত শিমলুৰ জুই
আমলখি হাবিত বিৰিণা বনৰ সুঁহুৰি
ৰিঙা ৰিঙা মন...
পলাশে কঢ়িয়াই অনা মলয়াৰ মধু টান।
শুকান নৰাণি..
ধূলি ধূসৰিত শুকান বননি
তথাপি দুষ্ট ফাগুনৰ মোহনীয় চুপতি।
ফাগুন সদায়েই বিশেষ..
প্ৰকৃতিৰ কেনভাচত ফাগুনে অঁকা
ৰঙৰ মালিতাই শিকায়
কিদৰে লঠঙা ডালটো ৰং সানিব পাৰি!
শূন্যৰ পৰা কিদৰে আৰম্ভ কৰিব পাৰি!
সেয়ে ফাগুন বিশেষ,
ভাল ভুলৰ দোমোজাত ফাগুনৰ দিনবোৰ বিশেষ।
সকলোৱেই কয়,এইবাটে নাহিবি ফাগুন!
আহিব কোন বাটে ফাগুন?
ফাগুনৰ এটাই বাট..
সেই ধূলিয়ৰি বাটেৰেই ফাগুন উৰে
লঠঙা শিমলুত যৌৱন আনে।
আঁৰে আঁৰে অথচ কাষে কাষে
মনবোৰত চিলা উৰে
নিসংগতাৰ অসুখৰ মাজেৰে
বাখৰুৱা কলিজাটো মদৰুৱা হয়।
সৰাপাতৰ বেজাৰত ফাগুণত নুফুলে এজাৰ।
অথচ সৰাপাতৰ ঝুমুৰত উখল মাখল
আবেলিৰ নৈ পৰীয়া ঘাট!
এয়াইটো ফাগুন...
হাজাৰ আৱেগ, হাজাৰ দুখ,হাজাৰটা নষ্টালজিয়াৰ জীয়া সমাহাৰ।
যাৰ আচঁলৰ ছাঁত কাঞ্চনে তোলে সুৰ মেঘমল্লাৰ।
—————————————
ৰেফ্ৰিজাৰেটৰ
ৰমেন দাস
কলেজৰ ষষ্ঠ ছিমেষ্টাৰ শেষ
ৰেলগাড়ীৰ পৰা নামি
ষ্টেচনৰ দাঁতিৰ সুৰসুৰীয়া বাটত
নিস্প্ৰদীপ জোনাকী পৰুৱাৰ প্ৰৱেশ
দোভাগ নিশাৰ সময়
অৱৰুদ্ধ চহৰৰ কোলাহল ছবি
ওৱাইন শ্ব'পৰ সন্মুখত মদাহীৰ কোৰ্হাল
ৰেষ্টুৰেণ্ট কাম বাৰত বহি
চিগাৰেটৰ বগা ধোৱা উৰুৱাই
চাৰি যৌৱন প্ৰেমীৰ
সুৰাৰ ৰাগিত ডুব যোৱা শৰীৰ
আকাশ চুব খোজা স্বপ্নৰ
ব্যথিত কথোপকথন
ঘৰত সোমাই দেখিলোঁ
কাণত ইয়েৰফোন লগাই
অনামিকা পাকঘৰত ব্যস্ত
কি বনাইছা বুলি সোধাত
ৰেফ্ৰিজাৰেটৰটোলৈ আঙুলি টোৱালত
ময়ো মোবাইলত অয়ো ৰুম এটা
বুক কৰাৰ সিদ্ধান্ত ল'লো
অকলে থাকিলে—
কমচে কম বাচিতো থাকিম !
—————————————
মৰুভূমি
দিপ্লু শৰ্মা
শুকান বালিচৰত
বেলিৰ উত্তাপ
এক সংঘৰ্ষময়ী জীবনৰ বৃত্যান্ত ।
মৰুভূমিৰ বালিচৰত
লঠঙা গছৰ ডালত,
সাজিছে এটি চৰায়ে বাহ ।
তৃষ্ণাত ব্যকুল হৈ পৰা চৰাই এজাক,
অপেক্ষা এটুপি পানীৰ।
তপ্ত বালিৰ মাজত
সৰু নদ সদৃশ,
যেন সপোনত দেখা সাগৰ অমৃত ।
পথচাৰিৰ পিঠিৰ বোজা
এটি উটে কঢ়িয়াই ,
তপত বালিৰ চিকমিকনিত ,
দেহ পুৰি যায় ।
বনিয়াই বেপাৰলৈ বুলি
জীৱন সংগ্ৰাম কৰি,
এটুপি পানীৰ বাবে
হাহাকাৰ কৰে।
তথাপিও জীৱন যুদ্ধত জয়ী হয় হাঁহি-হাঁহি ।
শুকান মৰুভূমিত
বালিৰ চিকমিকনি।
এচাটি গৰম বতাহে চুই যোৱা দেহাটি, মৰুভূমিত
তপত বালিৰ চিকমিকনিত ,
জীৱন সংগ্ৰাম কৰি যায় হাঁহি-হাঁহি ।
—————————————
এবাৰ আহিবা বামুণীচাপৰিলৈ
ৰশ্মি দলে'
প্ৰকৃতিৰে ভৰা বামুণীচাপৰিলৈ আহিবা
বিষাদৰ মনবোৰ নিশাহ কৰিবলৈ
কিযে মনোমোহা
কিযে অপৰূপা
যাবা সকলো বেদনা পাহৰি।
আমাৰ প্ৰিয় ঠাই বামুণীচাপৰি
য'ত মহাবাহু ব্ৰহ্মপুত্ৰৰ অলকানন্দা
বৈ আছে সৰ হৰাই
ঢৌৱে ঢৌৱে সুৰীয়া স্মৃতিবোৰ
পাঠ লুটিয়াই।
অচিন-চিনাকি চৰাই-চিৰিকতিৰ মিঠা মাতেই
প্ৰকৃতিৰ ৰম্য ভূমি বামুণীচাপৰি।
তাৰে মাজে মাজে সৰু সৰু
নৈ-নিজৰা,
বৰনৈ বুকুৰ বলুকাত
হৃদয় কেনভাচত ঝাঁওবন গজিল,
ডেকা-গাভৰুৰ হাঁহিৰ শব্দত
ঝাওবনৰ লিহিৰী লিহিৰী পাতত
প্ৰেমৰ মদিৰা।
নীল আকাশত অচিন পক্ষীৰ
চি-চিয়ঁনি
প্ৰেমিক-প্ৰেমিকাৰ
দুয়ো দুয়োৰে হাতত ধৰি বালিঘৰ সাঁজি
সপোনত বিভোৰ,
আন কোনোবাই আকৌ
এটি এটি জীয়া হুমুনিয়াহ পাহৰি
ধূলিয়ৰি বাটে বাটে দুয়ো দুয়োৰে
জীৱন-বাটৰ সপোন ৰচনাত ব্যস্ত।
চাবলৈ নহয়, নিজকে সুখী কৰিবলৈ
আহিবা এদিন বামুণী চাপৰিলৈ
তেহে বুজিবা জীৱন জীনাৰ সমল সুখ।
—————————————
ফাগুন
পুষ্পাঞ্জলি গোস্বামী
চঞ্চলা ফাগুনে
কাণে কাণে
গুণগুণাই দিয়েহি
ব'হাগৰ বতৰা
শীতে লঠঙা কৰা
গছে-বনে
ৰং ছটিয়াই
কোনোবা 'অঁকৰা কবিৰ স'তে
চুপতি মাৰি' মাৰি
ফাগুনৰ সৰাপাতে বিলাই
ব'হাগৰ চিঠি
হেঁপাহৰ ব'হাগ যে
দুৱাৰদলিত।
—————————————
তুমি যে নাই কাষত
গকুল চৌধুৰী
তুমি যে নাই কাষত
সেইবাবে ফুলা নাই প্ৰেমৰ ফুলকলি মোৰ মনত ৷
তৃপ্ত হ’বলৈ তিতিছো প্ৰেমৰ বৰষুণত
তথাপি মই অতৃপ্ত প্ৰেমৰ
পিয়াহত ৷
তুমি গুচি যোৱা বাটত
সিঁচি থৈ যোৱা বিৰহ - বেদনাৰ
স্মৃতি বুটলিছোঁ এখিলা শুকান
সৰাপাতত ৷
আহিবা এদিন আজৰি পৰত
আহিলে অনুভৱ কৰিবা
ৰুগ্ন মন , ভগ্ন হৃদয়ক
আহিলে উপলব্ধি কৰিবা
তুমিহীনতাত অকলশৰীয়া
সংগীবিহীন জীৱন-যৌৱনক ৷
আহিবা এদিন আজৰি পৰত
আহিলে লগ পাবা
দুখ ,যন্ত্ৰণাত দগ্ধ হোৱা এজন
নিঃসংগ প্ৰেমিকক
আহিলে গম পাবা
তোমাৰ প্ৰেমিকজন
জী জী মৰি আছে
মৰি মৰি জী আছে
তুমি নিদয়া মৰম-ভালপোৱাৰ
অভাবত ৷
তুমি ক’ত ?
তুমি ক’ত ?
সৌ
আকাশত নে বতাহত
ৰ’দত নে মেঘৰ আঁৰত
নিয়ৰত নে বৰষুণত
জোনাকত নে পোহৰত
তোমাক বিচাৰিছোঁ
জীপাল সিক্ত অৰন্যত ৷
তুমি নাই
ক’ত নাই
মৰুভূমিৰ মৰীচিকা খেদি ফুৰিছোঁ
তুমিবিহীন মোৰ ৰিক্ত শুকান
হৃদয়ত ৷
তুমি যে নাই কাষত
সেইবাবে ফুলা নাই
প্ৰেমৰ ফুলপাহি যৌৱনৰ
মৌবনত ৷
—————————————
হেঁপাহৰ হাতোৰা
গীতাঞ্জলী হাজৰিকা
তেজৰঙা গোলাপৰ বাগিচাত তোমাক
শয়ন কৰাব পৰা নাই সেইটো সঁচা
কিন্তু--- হৃদয়ৰ সেউজীয়া পঁজাৰ
ৰঙা কলিজাত সংৰোপণ কৰিছোঁ
জন্মজন্মান্তৰলৈ হেঁপাহ নামেৰে
লহ্পহ্কৰে সজীৱ হৈ সুবাস ল’বলৈ
আহিবা মোৰ হৃদয়ৰ দলিচাত খোজ দিবলৈ
ৰক্তকণিকা অথবা উশাহৰ ৰ’দ হৈ
পাৰি থম ৰঙা গোলাপৰ দৰে
তেজ ৰঙা সেন্দূৰৰ আলি
তোমাৰ নামত মোৰ শিৰত
উত্তপ্ত হ’ব তোমাৰ পদচালনাত
মোৰ হৃদয়ৰ ধমনী
ঘৰ্মাক্ত শৰীৰে জিৰাব তোমাৰ
মৌসনা দুওঁঠত দুবাহুৰ আবেষ্টনীত
সংপৃক্ত হ’ব আলিংগনত মৰমৰ অবাধ্য হাতোৰা
মৰমে মৰমৰ দাবীত
হেঁপাহৰ তানপুৰা চুহিব কলিজাত
বাখৰুৱা হ’ব পৰিতৃপ্তিৰ প্ৰাপ্তিত
মোৰ হেঁপাহৰ সাগৰৰ ঢৌ হৈ
চুমিবা সৰ্বশৰীৰৰ খলাবমাত
প্ৰশান্তিত পমিব হৃদয়ৰ চৌপাশ
দুচকুত গোলাপৰ পাপৰিয়ে
বৃষ্টি বৰষিব দৃষ্টিয়ে মৌনতাৰে প্ৰাপ্তিক সঁহাৰিব।
——————————————————
পিতাই ,ৰূপহী অসমখন আজি ৰসাতলে যাওঁ যাওঁ হ'ল
নয়নমণি দাস
পিতাই, ৰূপহী অসমখন আজি
ৰসাতলে যাওঁ যাওঁ হ'ল।
শংকৰ, মাধৱ,আজান ফকীৰৰ
চেনেহ জৰীডাল চিঙো চিঙো হ'ল।
নাই আজি আজোককাৰ দিনৰ
পৰম্পৰা , মূল্যবোধ আৰু আন্তৰিকতাৰ ।
আজি অসমীয়াই মানৱতাক
সমাধিস্থ কৰি
পৰিৱৰ্তনৰ জখলা বগাই ব্যক্তিকেন্দ্ৰিকতাৰে
ঢাপলি মেলিছে শীৰ্ষৰ পৰা শীৰ্ষলৈ ।
পিতাই, চ'তৰ ওৰণি টানি এইবাৰো ঋতুৰাজ আহিছে।
পিছে, বাপতি সাহোনত নাই সম্প্ৰীতিৰ বতৰা।
যান্ত্ৰিকতাৰ কৰালগ্ৰাসত প্ৰকৃতিও বিহ্বলা।
পিতাই, ৰঙালী আজি তেনেই উৰুঙা ।
পিতাই ,ৰূপহী অসমখন আজি
ৰসাতলে যাওঁ যাওঁ হ'ল।
কপৌ ফুলা হাবিখনত চকুত চাট মৰা অট্টালিকা হ'ল
দীঘলতি, মাখিয়তী, বৰহমথুৰি, জেতুকা আচুকৰী হেৰাই গ'ল।
কলপাতৰ ৰভাখন নোহোৱা হ'ল।
নাই আজি ঢেকীৰ গুম গুমনি,
তাঁতৰ খিট খিটনি।
নাই সেই গোন্ধ ফুৰফুৰীয়া গোবৰ মাটি।
পিতাই, আজি অসমীয়াই নিচিনে
তৰালী পঘা আৰু এশ এবিধ শাক।
পৰম্পৰাক হেৰুৱায়ো নাপাই অসমীয়াই লাজ।
চিৰা, পিঠা, সান্দহ লাড়ু আৰু
বিহুৱান বিচাৰি
আজি অসমীয়াই বজাৰলৈ ঢাপলি মেলিছে
এইখন অসমতে কুলাংগাৰ পুত্ৰই
পিতৃ মাতৃক বিদ্ধাশ্ৰমত থৈ স্বস্তি নিশ্বাস পেলাইছে।
পিতাই, ৰূপহী অসমখন আজি
ৰসাতলে যাওঁ যাওঁ হ'ল।
হেৰাই গৈছে,জাল, জাকৈ, জুলুকি
ডলা, কুলা,চালনী,কোৰ , দা,কটাৰী।
গৰুপাল দদাই আৰু সাৰিয়াৰ বাইহঁতৰ হাঁহি
চোতালৰ হুঁচৰি আৰু নদীপাৰৰ মেজি।
ধানসিচাঁ, নাঙল ধোৱা,লখিমী অনা,নখোৱা।
আইনাম, বিয়ানাম,বিহুনাম
পানীটেঙা , খাৰলি।
আজি অসমীয়াৰ ঘৰে ঘৰে
ডাঙৰ ডাঙৰ ডিগ্ৰী হ'ল
ঘৰ দুৱাৰ ৰাস্তা দলংবোৰ পকী হ'ল।
গৰু সলনি ঘৰে ঘৰে বিলাতী কুকুৰ হ'ল
ধান নোহোৱা ঘৰত মান নোহোৱা হ'ল।
সচাঁকৈ পিতাই, ৰূপহী অসমখন আজি
ৰসাতলে যাওঁ যাওঁ হ'ল।
—————————————————
সহজ ভালপোৱা
কংকনা বৰ্মন
ক.
চহৰখনৰ সিপাৰে
এজাক মানুহ ভ্ৰম খেদি গৈ থাকে
আধুনিকতাৰ পৰা বিচ্ছিন
চহৰৰ ইটো পাৰক
ভোকে খেদি থকাৰ দৰে।
আমি যিবোৰ কথা
খোজৰ ধূলিত এৰি আহিলোঁ
তাতো কোনোবাই উদযাপন কৰিছিল শীত
আমি য'ত ৰৈ আছিলোঁ
তাতো বাগৰি থাকিল ঋতু।
তুমি কৈছিলা দুয়োপাৰৰ জীৱন সামৰি
আমি ৰৈ যাম ইয়াতেই
জাৰে জহে ইটো পাৰে
কলিজা খান্দি খোপনি পোতা ভোকটোৰ দৰে।
আনটো পাৰে চকু থৈ মই
তেতিয়াও ভাবি আছিলোঁ
ৰৈ যোৱা কি ইমান সহজ?
খ.
এহাল চকুৱে
দূৰৈৰ বিষাদক কঢ়িয়াই ফুৰে অজানিতে
দীঘল ৰাতিবোৰে
এৰি অহা কথাবোৰ কঢ়িয়াই ফুৰাৰ দৰেই।
কথাত এঠা লাগি কত কথা বৈ থাকে অবাটে
কথাৰ উকমুকনিত কত বেথা
জী থাকে বুকুৱে বুকুৱে।
ৰ'দত পোৰা তেনে এটি কথা লৈ মই
তোমাক বিষন্ন দুপৰীয়া এটি গুজি দিলোঁ,
তুমি আলফুলে হাতত লৈ
ছাঁ দিলা সেই সকলো কথাক
য'ৰ পৰাই কথাবোৰ জীয়ন দি ৰখা
সকলো বিকল্পই বন্ধ হৈ গৈছিল ক্ৰমাৎ।
লানি নিছিগা সকলো কথাৰ বৈপৰীত্যত
নীৰৱে বিশ্বাসৰ বাট মুকলি কৰাটো কঠিন,
সকলো কথা ৰ'দে পুৰি নিয়াৰ পিছতো
উত্তাপত গলি গলি
ছাঁ হোৱা কি ইমান সহজ?
গ.
স্মৃতিক লালন কৰি শিতানত চপাই লোৱা ফাগুন
ধূলি ধূসৰ বাটত কাৰ বাবে জানো বাজি থাকে
অপেক্ষাৰ কৰুণ সুৰ।
সেই বাটেৰেই আহি তুমি
গোপনে বুকুত ব'হাগ গুজি দিলা,
ফাগুনী কোলাহলক
মৌনতাৰ চাঁদৰেৰে সেউজে আৱৰি ধৰাৰ দৰেই।
আদৰৰ ইমান আয়োজনৰ পিছতো
বেজাৰৰ নিয়মত ফুলি থাকে এজাৰ,
মূৰ তুলি চালেই ঢুকি পোৱা বসন্ততো
থাকে কাৰোবাৰ উশাহৰ সুৱাস।
আৱতৰীয়া বসন্ত
হাতত বোলাই দিয়াটো সহজ নহয়,
বেৰঙী হাতত সুখৰ ইমানবোৰ ৰং
আঁকি দিয়াটো কি ইমান সহজ?
ঘ.
আচলতে পোনচাতেই সহজ বুলি কৈ দিব পৰা
কথাবোৰৰ গভীৰতেই সোমাই থাকে
বাট বিচাৰি পুনঃ ঘূৰি অহা কিছু কথা।
তোমাৰ চকুত জ্বলি নিঃশেষ হোৱা
এনে অজস্ৰ কথাৰ আঁত বিচাৰি
সেয়েহে এদিন গুচি আহিলোঁ গোপনে,
ভোকক সংগ্ৰামৰ পৰা কাঢ়ি নিব নোৱাৰা
ৰ'দে ছায়াৰ যন্ত্ৰণা নুবুজা
ফাগুনে হাত খামুচি ব'হাগক লৈ অহা
সকলো কথা যদি
এদিন এহাল গভীৰ চকুত ৰৈ যাবলৈ অসহজ লাগে,
তেন্তে সহজ কি হ'ব পাৰে
মাথোঁ ভালপোৱাৰ বাহিৰে?
—————————————————
0 Comments