পষেকীয়া কাব্যকানন ৫ম বৰ্ষ ২০তম সংখ্যা

সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা 
(সম্পাদকীয়)

    মাজে মাজে ভাবো-মই কিয় লিখো? এই লেখাৰ পৰা আনৰ কি লাভ ? কেৱল  আত্মসন্তুষ্টিৰ বাবেই নেকি এই লেখা ? হৃদয়ত লালন কৰি ৰখা অনুভৱক ম’বাইলৰ স্ক্ৰীণত সিঁচৰতি কৰি দিব পাৰিলেই যেন ৰক্ষা! 
    কোন লেখকেনো নিবিচাৰে নিজৰ লেখা কাকত-আলোচনীত প্ৰকাশ হোৱাতো! নীৰব সাধক সকলৰ কথা সুকীয়া।কিন্তু সৰহসংখ্যক লেখকেই নিজৰ লেখাই মান্যতা পোৱাতো,
জনপ্ৰিয় হোৱাতো অন্তৰেৰে কামনা কৰে। 
তেখেতসবে চৰ্চা কৰে । সাধনা কৰে। অধ্যয়ন কৰে। লেখাৰ মান্যতা নাপাই প্ৰকাশৰ মুখ নেদেখাৰ বাবে  হতাশ নহৈ দুগুণ উদ্যমৰে সাধনাত ব্ৰতী হয়। লেখাৰ উত্তৰণ হয় ঠিকেই কিন্তু আলোচনী-কাকতত লেখা প্ৰকাশিত নোহোৱাত হতাশাত ভাগি পৰে। (সস্তীয়া জনপ্ৰিয়তা পাবলৈ হাতত কলম তুলি লোৱা সকলৰ কথা  আলোচনালৈ আনিব খোজা  নাই।)
  এতিয়া কথা হ’ল-প্ৰকাশেই নেকি এগৰাকী লেখকৰ মূল উদ্দেশ্য ? মান্য আলোচনীত লেখা প্ৰকাশ নাপালে বুলিয়ে তেখেতে কলম সামৰি থ’ব নেকি ? 
  কোনো প্ৰকাশক তেখেতৰ পাণ্ডুলিপি ছপাবৰ বাবে আগ্ৰহী নহয়; নিজেও প্ৰকাশকক টকা দি ছপা কৰাব নোৱাৰে-সেই বুলিয়ে তেখেতে সৃজনীসত্তাক কবৰ দিব নেকি ? 
  সামাজিক মাধ্যমত চৰ্চা কৰি তেখেতে,নিজৰ সামৰ্থ্যৰে এখন পাঠক-সমাজ গঢ়ি তুলিছে।তথাপি, তথাকথিত বৌদ্ধিক সমাজে তেখেতৰ লেখাক মান্যতা নিদিয়ে । তেখেত এলাগী।কাৰণ তেখেতৰ লেখাই মান্য আলোচনী কাকতত প্ৰকাশৰ মুখ দেখা নাই। তেখেতে এতিয়া কৰিব কি? 
   নিশ্চিতকৈ চৰ্চা,সাধনা আৰু অধ্যয়ন। লগতে আশাহত নহৈ নেৰানেপেৰা প্ৰচেষ্টা । কিন্তু,  কেতিয়ালৈ ?
    সৃষ্টিৰ উচিত মূল্যায়ন,যথোচিত  অনুপ্ৰৰেণাৰ অবিহনে,এজন লেখকে বাৰু  সৃজনীসত্তাক কিমান দিনলৈ জীয়ন দি থ’ব পাৰিব? 
      সময়তকৈ শ্ৰেষ্ঠ সমালোচক আন কোনো নাই যদিও বহু লেখক প্ৰচুৰ সম্ভাৱনাৰ পাছতো সময়ৰ বুকুত হেৰাই যায়।সময়বালিত
নিজৰ খোজ সুদৃঢ় কৰিবলৈ,চৰ্চা,অধ্যয়ন আৰু সাধনাৰ স’তে হয়তো (একোডাল জখলাৰো!) প্ৰয়োজন—সাম্প্ৰতিক ঘটনাপ্ৰবাহে শেহতীয়াকৈ এই কথাটিকে  ভাবিবলৈ বাধ্য কৰিছে।

নৱ ৰাজন 
সম্পাদক 
কাব্যকানন
—————————————
কবিতাৰ আড্ডা 
শব্দৰ শোভা, শব্দৰ সাধনা
উদয় কুমাৰ শৰ্মা

    শব্দক ব্ৰহ্ম বুলি কোৱা হয় ; কিয়নো, শব্দৰ ক্ষয় নাই। সঁচা। কিন্তু, অতিব্যৱহাৰত একোটা শব্দ ক্ষয় যায় -- ইও সঁচা। শব্দ ব্যৱহাৰৰ যাদুকৰী কৌশলত, ক্ষয়প্ৰাপ্ত শব্দ একোটায়ো যদি অৰ্থলৈ চমৎকাৰিত্ব আনিব পাৰে -- তেনেহ'লে, সেই শব্দ প্ৰকৃতাৰ্থতে ব্ৰহ্ম (the absolute) । 
    "শব্দৰ অৰ্থতকৈ, শব্দৰ ধ্বনিমাধুৰ্যই মানুহক বেছি সহজে প্ৰভাৱিত কৰে। " -- জোচেফ কনৰাড ( বিখ্যাত ব্ৰিটিছ লেখক, ১৮৫৭ - ১৯২৪) । কথাটো সত্য। তথাপি, আধুনিক কবিতাত, শব্দৰ অৰ্থৰ গুৰুত্ব সৰ্বাধিক। সেয়ে, কনৰাডে আন এঠাইত (আৰ্কিমিডিছে কোৱা কথাৰ প্ৰসংগত) কৈছিল : "মোক সঠিক শব্দটো দিয়া ; মই সেই শব্দৰ সহায়েৰেই, পৃথিৱীখন ঘূৰাই থাকিম। "
    'শিল' শব্দটোকে লোৱা হওক। কবিয়ে লিখা বাক্যগাঁথনি বা কথনভংগীৰ কিটিপত, পঢ়ুৱৈৰ মনত ক্ৰিয়া কৰিব লাগিব -- সেই শিল কেনেকুৱা ; বাটত পৰি থকা সৰু সৰু শিলগুটি, নৈৰ পাৰৰ মিহি শিল, নে পাহাৰ-পৰ্বত ধৰি ৰখা একোটা প্ৰকাণ্ড শিল। 
    সংস্কৃতত কোৱা হৈছে : "এক: শব্দ: সম্যক জ্ঞাত: সপ্ৰযুক্ত:
স্বৰ্গলোকে কামধুগ ভৱতীতিশ্ৰুতি। "
    অৰ্থাৎ, সম্যকভাৱে জনা আৰু, যথাস্থানত প্ৰয়োগ কৰা শব্দই -- স্বৰ্গলোক আৰু ইহলোকৰ সকলো কামনা পূৰ্ণ কৰে। 'সম্যক জ্ঞাত' মানে যথাৰ্থভাৱে জনা আৰু, 'সপ্ৰযুক্ত' মানে সঠিক স্থানত শুদ্ধভাৱে প্ৰয়োগ কৰা। 
    'দিয়ক বৰষুণ' আৰু 'বৰষুণ দিয়ক' -- এই বাক্যাংশ দুটি প্ৰয়োগ কৰোঁতে, এগৰাকী কবিয়ে সিহঁতৰ অৰ্থৰ পাৰ্থক্য যথাৰ্থভাৱে ('সম্যক জ্ঞাত') জানিব লাগিব। দেখাত একে যেন লাগিলেও, সূক্ষ্ম দৃষ্টিৰে মন কৰোঁতাজনে ধৰিব পাৰিব যে 'দিয়ক বৰষুণ' ( বা, 'দে বৰষুণ, চাই ল'ম তোক')ত এটি প্ৰত্যাহ্বান আছে। আনহাতে, 'বৰষুণ দিয়ক' ( বৰষুণ দিবই)ত কোমলতাৰ সুৰ এটি শুনা যায়। 
    সঠিক স্থান ('সপ্ৰযুক্ত') বুলিলে, কি বুজো  ? দুটি চুটি বাক্য লোৱা যাওক -- 'বিপন্ন কলহীত শিহু', 'কলহীত বিপন্ন শিহু'। প্ৰথমটোৰ অৰ্থ হ'ল -- কলহী নৈখন বিপন্ন (বিপদগ্রস্ত) আৰু, দ্বিতীয়টোৱে কলহী নৈখনত শিহু প্ৰজাতিটোকহে বিপন্ন বুলি বুজাইছে। প্ৰথম বাক্যটিত, 'বিপন্ন' শব্দটো সঠিক স্থানত নবহিল কাৰণে, লেখকে বুজাব খোজা শিহুৰ দুৰ্দশাৰ অৰ্থটো নোলাল। তেনেদৰে, 'প্ৰিয় দুটা চকু মোৰ' আৰু 'প্ৰিয় চকু দুটা মোৰ' শাৰী দুটিতো 'প্ৰিয়' শব্দটোক ভিন্ন স্থানত বহুওৱাৰ কাৰণে দুটি ভিন্ন অৰ্থ প্ৰকাশ পাইছে। প্ৰথমটোত, দুটাহে প্ৰিয় ; দ্বিতীয়টোত, চকুহে প্ৰিয়। 
    একো একোটা শব্দৰ আভিধানিক অৰ্থ একে হ'লেও, কবিৰ নিপুণ কথনভংগীত, সিবোৰে অন্য অৰ্থও প্ৰকাশ কৰিব পাৰে। 'এন্ধাৰ', 'আন্ধাৰ' আৰু 'অন্ধকাৰ'ৰ আভিধানিক মূল অৰ্থ হ'ল -- কণামুনা অৱস্থা (darkness) । কিন্তু, কবিয়ে যেতিয়া লিখে : 
   গাঁৱৰ এন্ধাৰ ভনীৰ দৰে
   ...     ...    ... 
  পথাৰ এখনৰ আন্ধাৰে
   অন্ধকাৰ ননমায়
    তেতিয়া, এই তিনিওটা শব্দৰ নিৰ্বচন ( Interpretation) বা ব্যাখ্যা হয়গৈ ভিন্ন। 'এন্ধাৰ' শব্দটো কিছু কোমল আৰু গীতিধৰ্মী -- 'ভনীৰ দৰে' মৰমিয়াল। 'আন্ধাৰ'টো গদ্যময় -- ৰাতিৰ পথাৰ এখনৰ নিচিনা । 'অন্ধকাৰ ননমায়' বোলোঁতে -- 'অন্ধকাৰ' শব্দটোৱে জীৱনৰ দুৰ্দশা বা আঁউসীৰ অৰ্থহে প্ৰকাশ কৰিছে। তেনেদৰে, 'হাড়' আৰু 'অস্থি'ৰ অৰ্থ একেই (bone) হ'লেও, ব্যৱহাৰিক পাৰ্থক্য মন কৰিবলগীয়া। হাড়ে মঙহ ধৰি ৰাখে ; কিন্তু, মৃতকৰ 'অস্থি'হে উটুৱাওঁ আমি। একেদৰে, অগ্নি / জুই, ছাঁ / ছায়া, চৰণ / পদ / ভৰি আদি শব্দৰো সুকীয়া অৰ্থ হ'ব পাৰে। আৰু সেইবাবেইতো, প্ৰতিটো শব্দৰে নিজ ওজন, জুতি বা বৰণ থাকে বুলি কোৱা হয়। এনেদৰে, শব্দৰ সহায়েৰেই কবিতাৰ বাচ্যাৰ্থ (prose - meaning)ক ব্যঞ্জনাঘন (suggestive) কৰে কবিয়ে। 
    শব্দৰো শোভা বা সৌন্দর্য থাকে। যতীন্দ্ৰনাথ দুৱৰাই ( ১৮৯২ - ১৯৬৪) লিখিছিল -- 'সমীৰত পমি যায় কেতেকীৰ সুৰ।' তাপ পালে লোহাও গলি যায় ; মম এডাল গলে। 'পমি' যোৱা মানে -- এবিধ দ্ৰাৱক ( মিচিৰি, নিমখ আদি) পানীত লাহে লাহে দ্ৰৱীভূত হৈ পনীয়া হৈ যোৱা। কেতেকীৰ সুৰ 'পমি' যোৱা বোলোঁতে, কেতেকীৰ সেই মাতটো বতাহত বিলীন হৈ যোৱা চিত্ৰটি পাওঁ। অৰ্থাৎ, ইয়াত শব্দৰ শোভনীয় প্ৰয়োগত, এটি ৰমণীয় (pleasing) অৰ্থৰ উৎপত্তি হ'ল। 'সমীৰ', 'পমি' -- এই দুটি সাংগীতিক শব্দই মনোৰম চিত্র এটি তুলি ধৰিলে। 'সমীৰ'ৰ সলনি 'বতাহ' বা 'পৱন' ; আৰু 'পমি'ৰ সলনি 'গলি' শব্দটো বহুৱালে, সেই শোভা নাথাকিলহেঁতেন। ইয়াৰপৰাই এটা কথা ক'ব পাৰি যে শব্দ ব্যৱহাৰৰ নৈপুণ্যই অৰ্থৰ সৌন্দর্য বঢ়োৱাৰ লগতে শব্দৰো মহিমা (dignity) বৃদ্ধি কৰে। ইয়াকেই ভাষাৰ কালিকা (genius) বুলিব পাৰি। দেখা যায় -- উৎকৃষ্ট কাব্য-সৃষ্টিৰ ক্ষেত্ৰত শুৱলা শব্দ বা শব্দৰ ধ্বনি-মাধুৰ্য (phonic - melody)তকৈ  অৰ্থৰ চমৎকাৰিত্বহে গুৰুত্বপূৰ্ণ। 
    কবিতাত, কবিয়ে কি ভাবি, কি অৰ্থ কৰি একোটা চিত্র বা দৃশ্য আঁকে; অথবা, তাত কি সংকেত লুকাই থাকে -- সেই কথা, আমি জানিম কেনেকৈ? তেওঁ ভবা কথাটো -- তেওঁ লিখা শব্দবোৰত মূৰ্ত হৈ উঠিছেনে? কবিয়ে প্ৰয়োগ কৰা শব্দৰ আঁৰপটৰপৰাহে কবিতাটোৰ পাঠ উদ্ধাৰ কৰি তাৰ ইংগিত আৰু অৰ্থ বুজিব পাৰিব লাগিব। বিপৰীতে ক'ব পাৰি -- শব্দৰ সংগতিপূর্ণ সজ্জা বা অৰ্থৱহ গাঁথনি (arrangement)য়েহে কবিতাক অস্পষ্ট (vauge), ধূসৰ বা বিমূর্ত হ'ব পৰা দোষৰপৰা বচাব পাৰে। 
    কবিতাত, শব্দৰ অৰ্থৱহ সমন্বয় কি? লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৮ - ১৯৪৮)দেৱে 'বৰ আৰু সৰু' নামৰ কবিতাটিত ( 'বাঁহী', ৭ম বছৰ, ৮ম সংখ্যা ; আহাৰ, ১৮৩৮ শক) লিখিছিল :
   দূবৰি বনৰ পাতৰ আগত
   নিয়ৰে মুকুতা আঁৰে
   ওখৰ মলয়াই মৰমৰ হাতেৰে
   চোতালৰ ধূলিটি সাৰে
    সাধাৰণ দৃষ্টিত, মলয়া বতাহে চোতালৰ ধূলি নাসাৰে, উৰুৱায়হে। চোতালৰ ধূলি সাৰে মানুহেই। পিচে, কবিৰ প্ৰত্যয় জাগি উঠিছে ('প্ৰতীয়মানা উৎপ্ৰেক্ষা') 'সৰা'ত। কিন্তু, কেনেকৈ? 'মৰমৰ হাতেৰে' ( আৰু সেয়ে 'ধূলিটি') ; অৰ্থাৎ, কবিৰ কল্পনাত, মলয়াৰো হাত আছে ( এয়াই Fantasy) । 'মৰমৰ হাতেৰে' -- এই শব্দ দুটি নিদিলে, অৰ্থৰ সংহতি (Cohesion) বা সমন্বয়েই নাথাকিব। 
    শব্দৰ উপৰুৱা সংহতিৰ কাৰণে বা inter-link ৰ অভাৱত, কোনো বাকচিত্ৰ -- নিৰ্বাক বা নিৰ্জীৱ হৈ পৰাটো বেদনাদায়কেই নহয়, বিৰক্তিকৰো হ'ব পাৰে কেতিয়াবা। যেনে -- নীলাভ যন্ত্রণা, হৃদয়ৰ জপনা, বিভ্ৰমৰ ছায়া, তেজৰ বজ্রপাত, উচুপনিৰ জাহাজ আদি। কাব্যিক যেন লগা এনেবোৰ শব্দসজ্জা সাঁথৰসদৃশ হৈ পঢ়ুৱৈক  ভেলেকীহে লগাব পাৰে। 
    কেতিয়াবা আকৌ, মাত্ৰ এটা শব্দই এটি কবিতাক কাব্যিক-জীৱন (Poetic life) দিব পাৰে। নীলমণি ফুকনদেৱে 'তুমি যে তিলফুল হৈ' ( 'গোলাপী জামুৰ লগ্ন' ; আগষ্ট, ১৯৭৭,পৃ: ৩৪) নামৰ বহুচৰ্চিত কবিতাটি ( পাছলৈ পাঁচ শাৰীৰ) হ'ল :
   ভুলতে তোমাক বিছনাখনত
   খেপিয়াই ফুৰিছিলোঁ
   তুমি যে পৰ্বতটোৰ
   নামনিত
   তিলফুল হৈ
   হালিজালি ফুলি আছা ( পাছলৈ 'হালি-জালি') 
     এই কবিতাটিৰ প্ৰাথমিক কথাটোৱেই হ'ল -- কবিৰ অজ্ঞাতে -- 'ভুলতে'। 'ভুলতে', এই সঠিক শব্দটো গুচাই দিলে, কবিতাটো চাগৈ, কবিতাই হৈ নুঠিলহেঁতেন! মাত্র এই এটা শব্দই, কবিতাটিক জীৱন দিছে! এয়াই শব্দৰ শক্তি। 
    শব্দৰো নিশ্চয় উত্তাপ আছে। কোনো কবিতাৰ কোনো এটা শব্দই, পঢ়ুৱৈক ইমানেই প্ৰভাৱান্বিত কৰিব পাৰে যে তেওঁ অনুভৱ কৰা মনৰ উত্তাপে, শীতৰ প্ৰকোপকো নেওচা দিব পাৰে। কবিৰ কল্পনাত :
   কোনোটো শব্দত মোৰ
   তিনিটাকৈ শীতৰ উত্তাপ থকাহেঁতেন
    চিত্ৰকৰে যিদৰে ৰং, ৰেখা, তুলিকাৰে ছবি আঁকে -- কবিয়েও, শব্দৰ সহায়ত বাকপ্ৰতিমা বা চিত্ৰকল্প  গঢ়ে। তেওঁ, মনৰ তুলিকাৰে আপোন ভাব, অনুভূতি আৰু বোধক শব্দৰে অনুবাদ কৰি কবিতা সৃষ্টি কৰে। কবিৰ কল্পনাই ৰংহীনতাকো ৰং দিব পাৰে। তেওঁ, বৰষুণক সেউজীয়া বা  বাদামী দেখে ; বৰষুণৰ টোপালক 'কপাহগুটীয়া' যেন অনুভৱ কৰি, পঢ়ুৱৈৰ অনুভৱক জাগ্রত কৰিবলৈ বিচাৰে। আনকি, ফুলৰ ছাঁ পৰাও দেখে কবিয়ে! 
    শব্দৰ সহায়েৰে, কবিয়ে মানুহক মোহগ্রস্তই নহয় -- নিচাগ্ৰস্তও কৰিব পাৰে। শব্দৰ শোভা, শব্দৰ মহিমা, শব্দৰ শক্তি, ধ্বনিমাধুৰ্য, কালিকা বা শব্দৰ যাদু আৰু শব্দৰ সন্ধান -- শব্দৰ সাধনাতহে নিৰ্ভৰশীল। সেয়ে, জাৰ্মান কবি ফ্ৰেডেৰিক হোল্ডাৰ্লিনে (১৭৭০ - ১৮৪৩) কৈছিল -- "The function of the poet is the transmutation of the world into word. " পৃথৱীখনকে শব্দলৈ ৰূপান্তৰিত কৰিবৰ প্ৰয়াস কৰা মানেইতো -- শব্দৰেই জীৱনৰো সাধনা কৰা। কিয়নো, শব্দই ব্ৰহ্ম। 

 ('সাতসৰী', জুন, ২০২১ সংখ্যাত প্ৰকাশিত)
———————————————————————
অনুবাদ কবিতা 
卜算子, 李之儀 


我住长江头,

君住长江尾。

日日思君不见君,

共饮长江水。

此水几时休,

此恨何时已。

只愿君心似我心,

定不负相思意。


ভৱিষ্যৎ বাণীৰ গীত
মূলঃ লি ঝি য়ি
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
(গুগল ট্ৰেন্সলেটৰৰ সহায়ত)

মই লুইতৰ উৎসত বাস কৰোঁ
তুমি বাস কৰা মোহনাত
ৰঙানদী শুকায়চোন প্ৰতিদিনে 
তোমাৰে বেজাৰত
লুইতৰ একে ঘাটত 
পানী খাওঁ আমি দুয়োৱে
নিজান সময় আমাৰ লগৰী
লহৰ কেতিয়া শান্ত হ’ব
এই ঘৃণা কেতিয়াৰ
তোমাৰ হিয়াখনো হওক মোৰ দৰে
তেতিয়াহে প্ৰেমৰোগে পাব।
—————————————
কবিতা 

এটা খোলা লেফাফা
স্বপ্নালী কলিতা

এটা খোলা লেফাফা
আৰু ভিতৰত এখন স্মাৰক।
স্বমুক্তিৰ

চোতালৰ  চেগুণ পাতবোৰ
এঠাইত দ'ম কৰা,
উজাই অহা দুখৰ বাটিটোত এবাটি 
কলহৰ পানী ভৰাই 
সজোৰে ঠেলি দিয়া

পকী,ভঙা বাটটোৰ উঠন শিলবোৰৰ গাত 
ওলমি থকা বক্ৰকথাবোৰৰ এখন দলিল
তৈয়াৰ কৰা

চুবুৰিৰ দেহিটী পেহীৰ
চাদৰৰ আগত বান্ধি লোৱা বেৰৰ ফুটাসৰকা মেলখন বাহুল্য কৰা

দেখি থকা আসন্ন ধুমুহাজাক,
গৈ থকা চকাভগা ঠেলাখন,
ৰৈ ৰৈ ভাগৰি পৰা বিচনাচাদৰ আৰু
কোঠাটো...

মজিয়াৰ লিপিট খাই থকা 
ধূলিকণাবোৰ

 মূল দুৱাৰৰ শলখাডাল
চ'ৰাঘৰৰ কুছন কেইখন
ৰান্ধনীশালত আয়োজনৰ 
ইতিকথাবোৰ...

গোঁসাইঘৰৰ মিঠাতেলৰ চাকিগছি
জীৱনে পিঠি দিয়াৰ পাছতো,
খোজৰ পৰা অতীতবোৰ 
সুলকি পৰাৰ পাছতো

অহংকাৰক অলংকাৰ বুলি ভবা
যুগল বন্দীৰ আলাপবোৰ...

স্মাৰকখনে সামৰি আছে।

কোনোবাই চিঞৰিছে--
'লেফাফাটো বন্ধ কৰা'

স্মাৰকখনে কৈ উঠিছে
'সিহঁতক বাধা  দিয়া'              
—————————————
কত নিশা উজাগৰে পাৰ হয় 
অৰ্চনা ঠাকুৰীয়া

কত নিশা উজাগৰে পাৰ হয়
টোপনিৰ আন্ধাৰ বিছনাত জ্বলি ৰয়
এহালি ভাগৰুৱা চকু

তেতিয়া চাগে' তোমাৰ বুকুত ফুলে ফাগুনী পলাশ
পদুমৰ পাতত উঠি হালি- জালি নাচে 
কলিজা পথাৰৰ নৱান ধানৰ ভাত

বাঁহনিখন পাৰ হ'লেই আকাশ চুম
লেখি লেখি তৰা গণিম
এবাৰ উজাই যাম
এবাৰ ভটিয়াই চাম

তুমি কিবা ক'বা 
নে ময়েই কৈ থাকিম

খেলি খেলি ভাগৰুৱা হয়
খালৰ  পানীৰ  খালৈভাঙী মাছ

যুঁজ চলিয়েই থাকে 
চন্দ্ৰমাৰ জীৱনৰ
অমাৱস্যাৰ ঠিক পিছৰ পৰায়

দুখত চেঁচা পৰা ন -জোনটোৱে
উম লয় সূৰুযৰ উমাল বুকুত

তুমি চাগে' এতিয়াও বগা ডাৱৰৰ নাওত উঠি
সামৰণি নোহোৱা কথাৰ শেষৰখিনিৰ অপেক্ষাতেই আছা...

তেনেকৈয়ে চাগে' আজিও থাপনাত আছে
এটি ফুল
 দুটি পাহ 
 এটি শংখ
 এখিলা তুলসী
—————————————
বিমূৰ্ত অৱধান 
প্ৰদীপ চন্দ্ৰ শৰ্মা

কলম কামুৰি দৃষ্টি নিবদ্ধ
তাহানিৰে সেই
দহ বাই দহ
অলিন্দ - নিলয় কোঠা
দহন মাথোঁ দুৰ্বোধ্য ব্যথা

ধৰি ল'বলৈ আপত্তি নাই
আপত্তি কৰিবলৈ উপায় নাই
পাৰ চৰাইৰ পৰিপাটি বাহ
সেই তাহানিৰে 
দহ বাই দহ

উমনি দিয়া উকমুকৰ পোৱালি
সহি-সামৰি
শব্দৰ কেটেৰা-জেঙেনা
চকী-মেজ বিহীন
বিচনা সৰ্বস্ব
পাৰ চৰাইৰ বাহ
আজিও সেই
দহ বাই দহ

ৰাজসিক ভঙ্গীৰে কলম কামুৰি
খোলা দুৱাৰেৰে দৃষ্টি নিবদ্ধ
নিলয়ী কপাট উপেক্ষি
এই যেন সোমাই আহে
শব্দ একাজলি
সাৰপাই নাচিব
উকমুকৰ পোৱালি

নজগালৈকেহে ভাল
জগিলেই আহুকাল
ই যে বিমূৰ্ত অৱধান
তোমাৰে-মোৰে একেই জঞ্জাল
শব্দময় পৃথিৱীত
শব্দৰ আকাল ।
—————————————
কবিৰ কামিজ
বিনীতা গোস্বামী

পছোৱা এজাকে
কবিক সাৱটি থকা কামিজটো
উৰুৱাই লৈ গ'ল

কামিজটোৰ পিছে পিছে দৌৰি থাকোতে
কবি 'ধ্বনি'ক লগ পালে
ধ্বনি আৰু কবিয়ে 'ছন্দ'তুলি যোৱা
কামিজটোৰ পুন: পাছ ল'লে

কামিজটো আকাশৰ জুইত জাহ যাওঁ যাওঁ
'উপমা'ই  শিমলুৰ কাঁইটতে আঁৰি থ’লে  তাক
'অভিধা'ই নমাই আনিব খোজে
'ব্যঞ্জণা'ই নিদিয়ে
দুৰৈৰ পৰাই তাক চাই 'ৰীতি' মিচিকিয়াই থাকিল

বতাহত কবিৰ ওঁঠ ফাটি তেজ
 তেজত 'ৰস'
চকুত ফাগুনীয়া বা-ৰ 'ছবি'
বুকুত হৰেক 'প্ৰতীক'
ফাগুন ফাগুন৷
—————————————
ফাগুনৰ স্কেচ
চন্দনা ভাগৱতী

*
বাট এটাই
যি বাটেৰে ফাগুন আহে আৰু শীত যায়
পলাশ ফুলে,শিমলু ফুলে
বিৰিখৰ শুকান ডালত ফৰিং ফুটে।

*
আমি পলাশ ভালপোৱা মানুহ
শিমলু ভালপোৱা মানুহ
সেইবাবেই উৎসৱৰ দোহাই দি সুগন্ধি বুটলোঁ।

*
বালিচন্দা ৰ'দত যেতিয়া মেলি দিয়ে ফাগুনে
তাইৰ কবৰীত বান্ধি থোৱা চুলি
মই ৰোৱা বীজবোৰে তেতিয়া নিৰৱে মেলে গজালি।

*
প্ৰজাপতি ফাগুনৰ কলিজা তুলবুল
আৰু মোৰ চোতালত বসন্তৰ ফুল ।
—————————————
কবি
অনসূয়া বৰঠাকুৰ

নিজৰেই কলিজাত দগমগ অঙঠা!
অথচ নুমুৱাই ফুৰে
শত সুহৃদৰ জুপুৰীৰ জুই!

আকালৰ দিনত, 
প্ৰখৰ ৰ'দ অথবা
খৰাঙত,
তৃষ্ণাতুৰ কোনো
পথিকৰ  বাবে 
ওৰে ৰাতি কান্দি কান্দি 
বোৱাঁই দিব পাৰে নদী!

তেওঁ কবি,
অসুখী, অভাৱী!
আনে এৰেহা বুলি
থৈ যোৱা শবদকে
চাঁচি, চিকুণাই
ধমনীৰ শোণিতেৰে
আঁকি যায় 
ৰুগ্ন সমাজৰ নগ্ন ছবি।
—————————————
তোক কোন স'তেনো আসৈ মাতো
(মেঘালী বৰাৰ হাতত)
পবিত্র কুমাৰ নাথ

মনৰ বাকৰিত তই আঁকি লোৱা 
সেই চিনাকি ছবি
থ'ক দিয়া তেনেকৈয়ে 'আভঙে'
নালাগে শুনিব দুখে চাটি ধৰিব মন। 
পুখুৰীটো আজিও আছে 
স্মৃতিৰ ৰেখ টানি 
ডেকা-গাভৰুৰ খিল্ খিল হাঁহি তাত নাই
নাই পুৱা গধূলিৰ গঞাৰ ব্যস্ততা

গোহালীবোৰ হেৰাল
ছনপৰা পথাৰত নাহাঁহে মাণিকী-মাধুৰী
উঁয়ে খোৱা ঢেঁকীশালত গজিছে বন
ইয়াত চোন এতিয়া কোনেও
ভাত নিসিজায়, নাৰান্ধে
পিঠাও নুপুৰে, নাভাজে
সকলো বনায়। 

নাই খিটিৰ খিটিৰ তাঁতৰ শব্দ
নাই ডবা শঙ্খৰ মাত, জাত জাত বিয়া নাম
আছে মাথোঁ বিকট শব্দৰ তালে তালে বিভৎস
বিজতৰীয়া নাচ গান 
উৎসৱে পাৰ্ৱণে এতিয়া চহৰমুখী অভিযান
আৰু.... 
নালাগে থ'ক দিয়া 
মাতাল হোৱা গাঁৱৰ চিঞৰ শুনি কৰিব কলা
তোৰ আতোলতোল বাখৰুৱা কাণ

কি দিন আছিল
কি দিন পৰিল
আৰু বা কি দিনৰ চানেকি চাব লাগিব
কোনে জানে। 

[আভঙ্ – ভাঙি চিঙি নোযোৱা, নিখুঁত। (স্থানীয় শব্দ)]
—————————————
ছাঁ বিচাৰি
ভাৰতী চক্ৰৱৰ্তী

তই নজনাকৈয়ে
তোৰ ছাঁ বিচাৰি
কলিজাত আঁৰি লৈছোঁ
ৰ’দৰ এখনি চাদৰ

মোৰ পদূলি গচকি
পখালিবিনে
এৰি অহা খোজ

চাতকী পৰাণ
শোক গিলি
ভ্ৰমিছোঁ বাট

এৰিছোঁ
তোৰ উশাহত
মোৰ বুলনি মাত
জিৰাবলৈ তোৰ ছাঁত।
—————————————
ফাগুনে গুণগুণায় 
গিৰিজা শৰ্মা 

কোঁচত এবোজা সৰাপাত

কেতেকী অ'
তোৰ অমাতৰ মাত
ক'ৰ বাটৰুৱাৰ হেৰাই  বাটৰ আঁত

এটা ফাগুন সৰিল 

কত হেঁপাহ উফৰিল
কত সপোন টুটিল 

এইবাটে  কোনে
সানি দিলে ৰিঙা ৰিঙা ৰিং
আকাশে-বতাহে ৰাগী চিন-অচিন
চুই চাওঁ 
পচোৱাৰ পিচে পিচে ঘুৰ্মূতিয়াওঁ 
আলি-দোমোজাৰ দুখ দলিয়াই
ফাগুনে আপোনমনে গুণগুণায় ৷
—————————————
আমাৰ দেশ
দেৱ দাস

এইখন
আমাৰ দেশ
জী উঠি ক'নো নমৰে

আইৰ কোলাত 
কান্দি কান্দি 
থৰ 

আজিও
জলফাই জোপা

সাগৰৰ 
নীলা পানীৰ তলত
চকুপানী
সাগৰৰ 
সাগৰৰ পানী লুণীয়া।
—————————————
তথাপি জীৱন 
ৰূপজ্যোতি গগৈ

ওলোমা বাদুলীৰ  দৰে দোলি আছোঁ
আঙুলিৰ পাবত পাৰ কৰিছোঁ দিন। 
ভাবি ভাবি শেষ নহয় ভাবনা 
জঠৰ আঙুলিত ৰৈ যায় মাথোঁ শূন্যতা

ইপাৰত শিলৈ ফুটে 
এই পাৰত অংকুৰিত বীজে
সশব্দে অস্তিত্ব ঘোষণা কৰে। 

কৰুণ বাস্তৱতাত মলঙে 
সপোন 
মলঙা মলঙা গোন্ধাই জীৱন 
তথাপি জী আছোঁ। 
 গড্ডলিকা  প্ৰবাহত মিলিব  নোৱাৰি ৰৈ আছোঁ 
তথাপি কুশলে আছোঁ। 
অকলেই আছোঁ। 
নিজৰ ভাৱনাত নিজেই মজিছোঁ
হাঁহিছোঁ। কান্দিছোঁ। 
গুণগুণাই বিষাদ সংগীত আওৰাই আছোঁ। 
তথাপি আছোঁ ।
সময়ৰ সংকেত নহালৈকে 
ৰৈ থাকিম। এনেকৈয়ে। 
আঙুলিৰ পাবত দিন গণি গণি!

তথাপি  থাকিম
কুশলেই থাকিম!
—————————————
অনুভৱ এফাঁকি
ভূমিকা দাস 
 
       ১.
ভাবিছিলোঁ
মোৰ দৰে  তোমাৰ বুকুৰ 
সপোনবোৰো সাৰে আছে
ভবা নাছিলোঁ 
তোমাৰ প্ৰীতি, বুকুৰ ঢৌবোৰ ওমলা ঘৰৰ খেলৰ দৰে
  
            ২.
নিজকে  ভাল পাওঁ প্ৰভূতভাৱে
নৈ:শব্দৰ গুণগুণনিত
পোহৰৰ ঠিকনা বিচাৰোঁ
মনৰ বিচিত্ৰ ৰাগিক
মনতে পাগুলিয়াই থাকোঁ 
 
মেঘে যেতিয়া আবেলিৰ আকাশত 
ৰং তুলিকাৰে কবিতা লিখে 
নিজকে প্ৰশ্ন কৰোঁ
বুজিও নুবুজোঁনেকি নিজকে?
মনৰ সৈতে হোৱা দ্বন্দ্বত
হৈ পৰোঁ নিশব্দ পক্ষী!
—————————————
ফাগুন
চয়নিকা ভূঞা

বেলাটো যাবৰে হ'ল 
এতিয়াও 
বহু কথা অন্তঃসত্তা 

আকাশত জুইফুল 
মৰুৰ বুকুত মদৰুৱা মেল
এটা নিশা
আৰু এটা কাহিনী 

কোনে বুজে সৰাপাতৰ  বুকুত কিমান বেদনা 

বিষাদৰ চাদৰখন মেৰিয়াই মেৰিয়াই 
সৰাপাতৰ কাহিনীবোৰ ফাগুনেই কয়

নোকোৱাকৈ থকা কথাবোৰ গাভৰু হয়
অব্যক্ত বেদনাত কলিজাৰ ৰং

বেলাটো যাবৰে হ'ল
পশ্চিমত ঘৰমুৱা বেলি
ধূলিয়ৰি পদূলিত 
এতিয়া বাউলী মন ।
—————————————
চিনাকী বাটৰুৱাজন
তানিয়া মধুকল্য 
 
বেলি লহিয়াৰ পৰত 
সেই চিনাকী বাটেদি
তেওঁক এদিন মই 
যোৱাগৈ দেখিছিলো
হয়টো সন্ধ্যাৰ পৰত
তেওঁ ঘৰমুৱা হৈছিল।

তেওঁ যোৱাৰ পিছে-পিছে
গ'লগৈ সোণবৰণীয়া ৰ'দ 
গ'লগৈ বাৰিষাৰ মূষলধাৰ
বৰষুণজাক
গ'লগৈ ফাগুনৰ পছোৱা 
বতাহজাক 
এই চিনাকী বাটেদি তেওঁ 
প্ৰায়েই অহা-যোৱা
কৰিছিল
নিজান পথটো এতিয়া 
অকলশৰীয়া 
বাটৰুৱাজনে আজি-কালি
খোজ নকঢ়া হ'ল
হয়টো তেওঁ ভাগৰিছে।

হয়তো তেওঁ পাহৰিছে 
নিজান পথটোৱে তেওঁলৈ 
সদায় বাট চাই ৰয়
সময়ো ৰৈ যায় তেওঁলৈ
কিজানি বা তেওঁ আকৌ আহিব??
এজাৰ-সোণাৰুকেইজোপাই
দীঘল ডিঙি মেলি 
সদায় তেওঁলৈ বাট চাই।

কিন্তু তেওঁ উভতি নাহিল 
তেওঁ ঘৰমুৱা হ'ল
তেওঁ আজি সংগীহীন
তেওঁৰ যোৱাৰ পৰত 
ৰান্ধনী বেলিটো শেঁতা পৰিল
তেওঁ যোৱাগৈ পৰত
আজি নিসংগ বাটোৱে, 
ওখ গছবোৰে, শুকান সৰাপাতে 
তেওঁলৈ চকুপানী টুকিছে!
—————————————
ভ্ৰমৰ খেল
পৰাগ তামুলী 

কোনোবাই কয়
দিনটো সূৰ্য সাৰে থাকে
নিশা নিহপালি দিয়ে
পুৱাতে পুনৰ পোহৰায়।

কোনোয়ে কয়
সূৰুযে সাৰ পোৱা দূৰৈৰ কথা
তাৰ টোপনিয়েই নাই।
আমিহে আৰাম কৰোঁ
নয়ন নিগৰায়।
সূৰুযে সজোৰে কয়
মোৰ মৰনো নাই, জীৱনো নাই।
কেৱল
জ্বলি জ্বলি পাতো ভ্ৰমৰ খেল।
—————————————
মোৰ যে হৃদয়ত তোমাৰ নামৰেই অসুখ
ৰূপা গগৈ

মন ফুলনিৰ হ'ব নোৱাৰিলোঁ
এজোপা হাচনাহানা , ৰজনীগন্ধা ...!

বাৰীৰ চকুত ফুলি ৰ'ম 
হৈ এজোপা মদাৰ 
কেতিয়াবা বেজাৰতে যদি ভাগৰে মন
মদাৰ ফুলকে চাই জুৰাবা মন ...!

নিজৰ বুলিবলৈ নাছিল একো
আছিল এটি কেৱল আলসুৱা মন 
অজানিতে দিলোঁ তাকো তোমাকে সপি
হেৰুৱাবলৈ নাই এতিয়া একো বাকী
তুমি সুখী হ'লেই মই সুখী 
তাকে ভাবি আছোঁ হাঁহি-মাতি...!

ভুল মোৰ ক'ত
আজিও নুবুজিলোঁ 
হিয়া-মন উজাৰি মৰম ঢালিলোঁ 
তাৰেই পৰিণামত 
জ্বলালা মোৰ বুকুত অগণি 
দুচকুৰ লোতকেৰেও পৰা নাই নুমুৱাব আজিও সেই অগণি...!

যিদিনা গুছি যাম এই মায়া-মোহ এৰি
হাঁহি হাঁহি দিবা বিদায় 
ভুলতো নুটুকিবা চকুপানী
মোৰ কথা আৰু মৰমক সুঁৱৰি ...!

আহিম বুলি কৈও নাহিলা 
কিদৰে আছোঁ জীয়াই 
তুমিহীনতাত তোমাৰ নামকে সুঁৱৰি প্ৰতিনিয়ত ...!

তুমি চাগৈ নাজানা 
মোৰ যে হৃদয়ত তোমাৰ নামৰেই অসুখ 
তুমি আঁতৰি যোৱাৰে পৰা ।
—————————————
উৰুঙা কলিজা
ৰূপেন দাস

চৰাইৰ দুখ আছেনে
আছেনে ফাগুনৰ‌ ৰং
সেন্দুৰীয়া সেউতা ফালি 
সপোনক জলাঞ্জলি দি       
কৰেনে সুখী হোৱাৰ ভাওনা ?

চৰাইজনীৰ গাত বসন্ত লাগেনে সেউজীয়া পোছাক পিন্ধি 
জীপাল হোৱাৰ বাসনা নে!
সিহঁত তেনেই সুখী ,
মোৰ দৰেই--ইপাৰ সিপাৰ।
 শীতৰ প্ৰকোপ নেউচি 
ধল পুৱাতে স্নান কৰি
পুৱতী নিশাৰ কেঁচা ৰ'দ বুটলিব জানেনে?
নে---
তোমাৰ দৰে ৰং থাকিও ৰং হীন,
বৰণ  থাকিও বৰণহীন।
চৰাইবোৰে নিৰৱতা, নিস্তব্ধতাৰ মাজত উমলি ভাল‌ পাই ?
নে!
নদীৰ গভীৰতাৰ দৰে-- 
জীৱনৰ মাপকাঠিত নিৰ্ভৰ সিহঁতৰ জীৱন।
—————————————
ঘূণাসূঁতিৰ কথাবোৰ শুনিবলৈ আহিবা...
ৰবিন কুমাৰ চেতিয়া

ঘূণাসূঁতিৰ বুকুলৈ আকৌ এবাৰ
তুমি আহিবানে ফাগুন 
তোমাৰ বাবেই বহুদিন আগৰে পৰা
পাৰি থৈছোঁ সৰিয়হৰ আলোৱানখন
তোমাক নোৱাব ধোৱাবৰ বাবেই 
তিয়াই ৰাখিছোঁ হেঁপাহৰ সোৱণশিৰিক

জানানে ফাগুন তুমি আহিলেই 
ৰঙীণ হব মোৰ বুকুৰ ঘূণাসূঁতি
চঞ্চলা সমীৰণত আকাশে বতাহে উৰিব 
পলাশ,শিমলুৰ প্ৰেমৰ নিচান
বিৰহী মদাৰে তোমাক পাই হাঁহিব 
ধূলিয়ৰী বাটত সিঁচৰতি হোৱা
খিলখিলিয়া খোজবোৰ কোনোবাই 
জুমি জুমি চাব

ফাগুন অ' তুমি আহিলেই ঘূণাসূঁতিৰ
নঙলা মুখতে গম পাবাই 
প্ৰেমৰ সেই কৰুণ ইতিহাস 
আঁতৰৰ পৰাই তুমি শুনিবলৈ পাবা 
মিবুগালুক,গনৰৗ ওগন পিন্ধা কোনোবা প্ৰেমিকৰ 
ৰিণিকি ৰিণিকি ভাঁহি অহা
দৰদীয় বুকুৰ প্ৰাণৰ ঐনিতম 
মন গ'লে তুমি উলাহতে 
মুৰংঘৰৰ পা:কচ: চনামত নাচিবও পাৰিবা 
কঁকাল ঘূৰাই এপাক
তোমাৰ চৌপাশে যে ৰজনজনাই থাকিবই
গুমৰাগ গুমৰাগ

হেঁপাহৰ ফাগুন মোৰ
লৃগাঙত আহিলেই তুমি দেখিবা 
কেনেকৈ অলিয়া বলিয়া হয় মোৰ 
আজন্ম সহোদৰ
ৰি:বি:গাচেঙৰ উমাল হেন্দোলনিত 
ঘৰৰ ভিতৰে বাহিৰে কেনেকৈ নাচে 
ৰূপহী কনেঙহঁতৰ গাচেঙ,গেৰ:
বাৰে বৰণীয়া কাঁচিয়লী চাদৰ 

কুকুৰা মাংসৰ লগত 
জালুক জলকীয়াৰ পেৰেদ অয়িঙ
গাহৰি মাংসৰ স'তে
লাই,মেচাকী,অম্বে,ডিমৰু পাতৰ নানাবিধ আঞ্জা
ঔটেঙা দিয়া গাহৰি মাংসৰ পনীয়া জোল
তৰাপাতেৰে বন্ধা অমিয়া গোন্ধৰ 
চকলা চকল অঙ:পামনাম
চাংঘৰত বহি একেলগে তুমি অ' ফাগুন
ইগ' মাগব'হঁতৰ স'তে এবাৰ মাথোঁ জুতি লৈ চাবাহিচোন 
বৰা চাউলৰ সুগন্ধি পুৰাঙ আপিন
লানি লানি পোৰা গাহৰি মাংসৰ খৰিকা
অথবা ওঁঠত সদায়ে লাগি থকাকৈ
ছাইৰঙী এবাতি মিঠা প:ৰ: আপং 

ৰাঙলী ফাগুন অ' চঞ্চলা ফাগুন
তুমি সোনকালে আহিবা দেই
মোৰ ঘূণাসূঁতিৰ কথাবোৰ শুনিবলৈ
তুমি যে মোৰ হিয়াৰ আমঠু আচিন আয়াঙ
লাজৰ ওৰণি গুচাই তোমাক সাৱতিম
হৃদয়ৰ ভাষাৰে সঁচাকৈয়ে এইবাৰ 
খোলাকৈ তোমাক সকলোৱে শুনাকৈ ক'ম 
আইপৗ মৗ:নাম
আইপৗ মৗ:নাম ...  ...  ...

টোকা:
মিবুগালুক:-পুৰুষে পিন্ধা চোলা
গনৰৗ ওগন:-পুৰুষৰ চুৰিয়া
মুৰংঘৰ:-ৰাজহুৱা মঞ্চ
পা:কচ: চনাম:-সকলোৱে মিলি কৰা গীত নৃত্য
গুমৰাগ:-ঢোলৰ চেও
ৰি:বি: গাচেং:-নাৰীয়ে লোৱা এবিধ কাপোৰ
গাচেং:-নাৰীয়ে বুকুত বন্ধা কাপোৰ,পথালি
গেৰ:-নাৰীয়ে কঁকালত বন্ধা কাপোৰ
পেৰেদ অয়িং:-মাটিদাইল
অঙ: পামনাম:-পাতত দিয়া মাছ
পুৰাংআপীন:-তৰাপাতেৰে বন্ধা ভাত
প:ৰ: আপং:-ছাইমদ
আচিন আয়াঙ:-বুকুৰ আপোন
আইপৗ মৗ:নাম:-মই তোমাক ভাল পাওঁ।
—————————————
চাহনগৰীৰ পৰা বিশ্বলৈ...
(সাহিত্যসূৰ্য ডুমডুমাৰ সন্তান নিৰোদ চৌধুৰীলৈ  শ্ৰদ্ধাঞ্জলি )
জোনালী শইকীয়া ডেকা

উৰন্ত মনৰ দুৰন্ত তৰুণ তুমি 
এটি কলি দুটি পাতে
যৌৱন পোৱা ফুটন্ত গাভৰুৰ দৰে
তোমাক আকলুৱা কৰিছিল।
কেটলব্ৰীজৰপৰা সেউজ দলিচালৈ
জীৱন পৰিক্ৰমা অতিক্ৰম কৰিছিলা সাহিত্য সূৰ্য ।

তৰাণিৰে আবৰা নিজৰাৰ তলৰ
স্ফটিক, বালিচন্দাৰ হেঁপাহে 
জোকাৰিছিল তোমাক;

মৰুৰ মাজত সৰগ নামিছিল 
ট্ৰলী লাইনত পোনা,খুকুন মণিৰ লগত
 ফাগুনৰ হাইতাল সানি বন্ধুত্ব। 

দোলা দিয়ে কদমৰ তলৰ
পানীকলটোলৈ অহা নিমজ 
স্নিগ্ধ মায়াময় সৌন্দৰ্যই..
বিৰাতাকাৰৰ পাল্লাত দুলি দুলি
কেঁচা বাদাম চোবাই
 শামুকৰ খোলাত মাণিক বিচাৰিছিল
তোমাৰ আশাবাদী মনে

সেয়েহে
সেউজীয়াৰ প্ৰেমত পৰি
চামেলি মেমচাব'ক ৰূপালী পৰ্দালৈ আনিলা
ঝঙ্কাৰিত কৰিলা চাহনগৰীৰ  বুকুৰ পৰা সমগ্ৰ বিশ্বলৈ
এটি কলি দুটি পাতে
শিৰীষৰৰ তলত
লৱণু কুঁৱলীৰ আঁৰত
আজিও তোমালৈ বাট চাই ফেঁকুৰে...
—————————————
ফাগুন মোৰ আজন্ম প্ৰেম
গীতাঞ্জলী হাজৰিকা 

ফাগুন অহাৰ বাট হেনো তেজৰঙা পলাশে দগ্ধ কৰে 
ধুলিয়ৰী ধুমুহাই ৰূদ্ৰৰূপী ৰহণ সানি 
মায়ময় তেজৰঙা পলাশক প্ৰাচুৰ্যময় কৰে
হৃদয়ৰ আবেষ্টনীত সংপৃক্ত হয়
বাউলি প্ৰেমৰ নেফানেফ আঁচোৰ 
প্ৰত্যাক্ষী ফাগুনৰ প্ৰেমৰ দৌলত চহকী হয়

তেজৰঙা পলাশৰ বিচ্যুৰণত 
ধুলিয়ে চুমে ফাগুনৰ পাদুকাত 
প্ৰেমৰ বন্যাই শতদলৰ খৰলুটিত
মূৰ্তমান হৃদয়ৰ পদূলিত ফেনফেনীয়া বতাহৰ আঁচল উৰুৱাই
প্ৰেম অহাৰ বাট জোনাক কৰে 

প্ৰেমৰ জোনাকী বাটত জোনাকী পৰুৱাৰ
চিকমিক পোহৰৰ বিচ্যুৰণ 
প্ৰেমৰ সমীৰণে সুবালয় সংগম
ভুমিষ্ঠ হয় জনম-জনমৰ শব্দাস্ত্ৰ
শৰবিদ্ধ হয় হৃদয়ৰ ডেউকা 
তেজৰঙা পলাশ ৰূপান্তৰ হয় 
কমুৱা তুলা অথবা শিমলুলৈ
উৰি যায় প্ৰেমৰ দূৰ-দিগন্তৰ মোহনালৈ

আহিব আলহী ফাগুন নামিব সপোন
পমিব হিয়া দুলিব ধৰা 
বৰষিব প্ৰেমৰ পচোৱাই 
পলাশী ফাগুন সেয়েহে তই মোৰ আজন্মৰ প্ৰেম 
ৰিক্ত হৃদয়ৰ সিক্ত জোনাক
বলিয়া প্ৰেমৰ পাৰভঙা উচাস।
—————————————
সুখ
জাহ্নৱী হাজৰিকা

মানুহবোৰ সুখী থাকে।
কিন্তু সচাঁই সুখী নে সুখী হোৱাৰ অজুহাতত থাকে মানুহ!
মুখত হাঁহি...
সুন্দৰ জীৱন যাপন
অথচ বুকুত চিৰকলীয়া দুখৰ বাঁহী...
সুখী জানো মানুহবোৰ!
মানুহবোৰ যথেষ্ট দুৰ্ভগীয়া
ভাগ্যহীনা।
কেনাবোৰ,লেথাবোৰ লগতেই লাগি থাকে।
উশাহ লবলৈ নাপায় থাউনি।
জীৱনৰ থানবান মুহূৰ্তবোৰ পাহৰি পাহৰি 
জীৱনটোৱে গতি লাগিব খোজে।
পুৰনি বিষটোৱে আকৌ উক দিয়ে।
জীৱন দুখোজ পিছুৱাই।
এই যে মানুহক বেয়াকৈ কব নোৱাৰা অভ্যাস 
সকলোকে ভাল বুলি ভবাৰ অভ্যাস
এই অভ্যাসে ক্ষতি কৰে মানুহৰ।
স্বাৰ্থপৰ মানুহে বুজিয়েই নাপায় কথাবোৰ।
ভবাৰ দৰে কথাবোৰ নহয়।
জীৱনটো বহুতেই চিনিয়েই নাপায়।
উপভোগ কৰিবও নাজানে।
দুই নাৱত দুই ভৰি
নাও ডুবি পৰে।
হায়ৰে জীৱন!
চলাৰ যি কাৰুকাৰ্য,যি কৌশলতা
তাৰ অজ্ঞানতাৰ বাবেইটো মানুহে জীয়াতু ভোগে।
জীৱনৰ পৰিহাস!নিয়তিৰ পৰিহাস!
জুপুকা মাৰি বহি থাকে জীৱন।
দুৰ্বল মন প্ৰাণ।
সকলোৰে আগত কিন্তু সুখেই থাকে।
সুখৰ অজুহাতত দুখৰ দিন কটায় জীৱনে।
হাতৰ আঙুলিৰ ফাঁকেৰে সৰকি পৰক দুখ।
চেকি চেকি ৰৈ যাওঁক সুখবোৰ।
দুখৰ তুলাচনীত সুখৰ ভৰ উঠক।
সুখবোৰ জীপাল হওঁক।
অকৃত্ৰিম হাঁহিৰ আকৰ হওঁক।
জীৱনবোৰ সদৰ্থক হওঁক,
সূৰ্যমুখীৰ হালধীয়াৰে সুখবোৰ উপচি পৰক।
—————————————
ভালপোৱাৰ সপোন
ফাৰুল হুছেইন

যিদিনাই মোৰ হাতত ধৰি
ভালপোৱাৰ সপোন এটা
ৰুই দিছিলা মোৰ হৃদয়ত
সিদিনা জানা সৰাপাতৰ
বুকুতো গজি উঠিছিল সেউজীয়া৷
লঠঙা ডালতো কুঁহিপাতবোৰে
মিচিকিয়াই হাঁহিছিল আৰু
মোৰ দেহৰ শিৰা উপশিৰাবোৰ
নাম নজনা আকুলতাত ব্যাকুল
হৈ পৰিছিল কিবা এটা পোৱাৰ আনন্দত৷
তোমাৰ লিহিৰ আঙুলিৰ
পৰশে হৃদয়ৰ পথাৰখনত
যেন ৰুই গৈছিল ভালপোৱাৰ
কঠিয়া গুচি গুচিকৈ৷
তোমাৰ সজল চাৱনি এচমকা
পোহৰ হৈ সোমাই পৰিছিল
অ’তদিনে আন্ধাৰ হৈ থকা
হৃদয়ৰ মণিকোঠাত দুখৰ
হিমবাহ ভাঙি পাৰ ভাঙি
ওলাই আনিব খুজিছিল
সুখৰ প্লাৱন৷
পৃথিৱীখন নতুনকৈ চোৱাৰ
হেঁপাহ জাগিছিল৷
মই মই হৈ থকা নাছিলোঁ
তুমি গুজি দিয়া সপোনটোৰ
গাত আউজি কল্পনা কৰিছিলোঁ এখন ঘৰৰ যিখন
ঘৰৰ মজিয়াত আঁকিম তোমাৰ আৰু মোৰ সুখ দুখৰ
হাঁহি কান্দোনৰ নাম
নজনা আলপনা৷
—————————————
শব্দৰ বৰষুণ
ৰশ্মি দ’লে 

আহিবা এদিন আবেলি
শব্দৰ বৰষুণত তিতিবলৈ।

শব্দৰ মেলা পাতোঁ‌
জোনাকে ধোৱা অৰণ্যত

শব্দৰে মুকুতা মুকুতা
মালা গাটিবলৈ।

শব্দ মোৰ জীৱনৰ
শব্দ মোৰ প্ৰহৰৰ
শব্দ মোৰ উশাহৰ
শব্দ মোৰ বৰষুণৰ টোপাল।

শব্দৰ বৰষুণত তিতিবলৈ
আবেলি আহিবা
নামি আহিব
শব্দৰ বৰষুণত
নুপূৰৰ ৰুণজুন।

আমি একেলগে সকলোৱেই এদিন
উৎযাপন কৰো
শব্দৰ বৰষুণ।
—————————————
থম থম মদন গোপাল
জোনমনি বৰা 

খামুচি অভিমান
সাৱটি নিজৰ স্থান
মই যে থম থম
মদন গোপাল ৷

স্থান হেৰালে বোলে
মানও হেৰাই
ভাবি গুণি আছো বহি
স্থানো বৰ দৰকাৰী 
মানো জানো কিনিব পাৰি  ,
অমূল্য ৰতন দুটা সাবটি
বিবেক দংশনত 
মইযে আজি স্থিতপ্ৰজ্ঞ ৷
—————————————
মুখা
দীপামণি দত্ত

মুখা এখন পিন্ধি লওঁ
আঁৰৰ মুখখন লুকুৱাই থওঁ
নুবুজিবা তোমালোকে মনৰ দাপোনত থকা চিত্ৰখন

নেদেখুৱাও জীৱনৰ ৰং
দেখিলে হয়টো উঠিব খং
ঘিনা কৰিবও পাৰা
কাষৰ আসনখনত বহিবলৈ নিদিবও পাৰা

বিচিত্ৰতাৰ পৃথিৱীৰ ৰংবোৰ নিজৰ গাত ছটিয়াই লও
মাথোঁ তোমালোকৰ বাবে
কিয়নো তোমালোকৰ সতে অভিনয় কৰাৰ এটি কৌশল
নহ'লে জীৱনটো হ'ব বিকল

হেৰুৱাব নিবিচাৰোঁ মৰুৰ প্ৰতিটো ক্ষণ
শিকিবলৈ বিচাৰোঁ কঠিন জগতৰ মহাৰণ
জীৱন যুদ্ধত লিপ্ত হৈছোঁ যেতিয়া
পৰাস্ত হ'ব নিবিচাৰে মনে তেতিয়া

জীৱনৰ অন্তিম ক্ষণত খুলিম মুখাৰ আঁৰৰ মুখখন
চিনাকি দিম নিজৰ জীৱনৰ তেতিক্ষণ
ইপাৰ সিপাৰৰ দোমোজাত
নিদ্ৰাৰ কোলাত ৰৈ অপেক্ষাত।
—————————————       
জটাধাৰী সূৰ্য
ৰমণী মোহন কলিতা

হিমালয়ৰ সুউচ্চ শিখৰত 
সূৰ্যটোৰ জঁটাধাৰীৰ নৃত্য  
বৰফবোৰৰ ঝৰ ঝৰ শবদ
বুকুৰ ডঁৰিয়লিত 
ৰাজহংস গমনত উৰি ফুৰাৰ বাসনা 

নাঙঠ শিপাডালত 
বৃহদাকাৰ বৃক্ষজোপা 
দুলি আছে 
জ্ঞাতি-কুটুমবোৰৰ 
অন্ধকাৰাচ্ছন্ন চকুত বন্যাৰ অশ্ৰু 
সৰ্বস্ব হেৰুৱাৰ বেদনাত

লুইতৰ নৌকা-পেটুৱা বুকুখন... 
ক্ৰমান্বয়ে ওফণ্ডি উঠে 
মাছমৰীয়াহঁতৰ যন্ত্ৰণাদায়ক চকুবোৰত 
চন্দ্ৰমাৰ মিছিকীয়া হাঁহি 
ল'ৰা-ছোৱালীবোৰৰ ক্ৰন্দচী চকুত 
বহু দিনৰ মূৰত 
এসাঁজ মাছে-ভাতে খোৱাৰ 
আনন্দৰ জোৱাৰ ! 

জাক জাক জনতাৰ হিয়া ভঙা কান্দোন 
কাৰোবাৰ জোনাকী-অশ্ৰু 
কাৰোবাৰ আকৌ অন্ধকাৰাচ্ছন্ন 
অমাৱস্যাৰ ঘোৰ আন্ধাৰ।
—————————————
শিলৰ টোপনি গ'ল
জোনমণি মহন্ত

সদায় দেখি থকা শিলটোত
শেলাই ধৰিছে 
চুই চাওঁ বুলি কাষ চাপি গ'লো
শিলৰ টোপনি গ'ল
সাৰ পাবলৈকে  বহুত দেৰি হব
সময়ো যে নিষ্ঠুৰ
হৃদয়ঙ্গম কৰিলোঁ

ক'ব নোৱাৰা শব্দৰ কঁৰালে
বুকুখনত ঠাহ খাই ধৰিছে
সহিবলৈ ধৈৰ্য্য লাগে
অসহনীয় যন্ত্ৰণা এটিয়ে মোক 
গ্ৰাস কৰি আনিছে

দূৰত মাদলৰ মাত 
মোৰ অচিনাকি যেন লাগিছে
দেখি থকা শিলটো এতিয়া
লালকাল টোপনিত
সোনকালে সাৰ পোৱা হ'লে...
বহুত কথাই মোৰ ক'বলৈ আছে

দেৰি হ'লে মোক সময়ে ৰ'বলৈ নিদিয়ে
মোৰ মনৰ কথা শিলে নেজানে
কম কম বুলি ভাবি থাকোঁতে
শিলৰ ৰূপ সলনি হ'ল
শিলটোৰ এতিয়া টোপনি গ'ল।
—————————————
সময়ৰ সোঁতত নিক্ষিপ্ত চৰিত্ৰৰ কথা
সুশান্ত দাস

সময় 
তোৰেই বাহুত সজ্জিত নেকি 
অসীম বলৰ ধনু-কাঁড়ৰ নিলয়... 

মই মানুহ দেখিছিলোঁ
আৰু প্ৰত্যক্ষ কৰিছিলোঁ
নিৰ্লিপ্ত ধূসৰিত অতীতৰ 
মুখ বিৱৰত বিম্বিত অকথ্য সাধুকথা... 

মই মানুহ দেখিছিলোঁ
যি দিনৰ পুৰুষ আৰু ৰাতিৰ নিন্দিত বৃহন্নলা
যিয়ে কুটুৰি আছিল হাত তালিৰ মাজৰ বিষাদৰ বাঙ্ময়তা  

মই মানুহ দেখিছিলোঁ
যাৰ জিহ্বা নুঘুৰে অথচ গীতৰ বেহেলা বজায় 
যিয়ে হাঁহিব নাজানে অথচ হাঁহিৰ খোৰাক যোগায়... 

আৰু এচাম দেখিলোঁ 
খাব মন নকৰিলেও আতিথ্যৰ মিষ্টান্ন গ্ৰহণ কৰে
( বাধ্যতা অথবা পইছা হয়তো এনেকুৱাই )  
যিয়ে হাঁহিবলে মন নগ’লেও হাঁহিবলৈ বিৱশ হয়
লগতে , এটা মাত মাতিব নলগাকৈ 
সকলো বস্তু হাততে পায়... 

হায়! কি এই সময়
কিঃ এই বিব্রত সমলয় ? 
নিটোলতাৰ মালা পিন্ধা 
চকা-মকা টাউনত নিৰ্বিঘ্নে চলে 
টকাৰ বিদ্ৰুপ বেহা 
শেষ হাঁহিও হয়তো টকাই মাৰে টকাৰ বিনিময়ত !

হেৰৌ, সময়বোৰৰ বিলুপ্তিৰ মাজত লুকাই থাকে অনেক চৰিত্ৰৰ কথা 
সেয়েটো কৈছোঁ 
হায়! কি এই সময়
কি এই বিব্রত সমলয় ? 

তোৰ প্ৰভাৱত হাঁহিৰ খোৰাকো কিনিব পাৰি 
তাকো আনৰ কাঢ়ি, 
দিনৰ পুৰুষক ৰজনীৰ বৃহন্নলা সজাব পাৰি 
হাতৰ তলি ঘঁহি উলিয়াই 
টকাৰ মলি

দেখিলোঁ আজি 
অন্তঃদ্বন্দ্বিত নিষ্পেশিত মনৰ অৱয়ব 
যুঁজৰ স্থিতপ্ৰজ্ঞ ছবি 
অস্থবিৰ মনৰ ক্ষণিকতা ,
যুগে যুগে জন্ম লোৱা আশাৰ বিদ্ৰুমৰ 
সময়ৰ সোঁতত নিক্ষিপ্ত চৰিত্ৰৰ কথা।
—————————————
কি নাম তোমাৰ
ইৰা দেবী

কি নাম তোমাৰ, 
জোন, বেলি, তৰা
নে  পূৰ্ণিমা। 

কোন তুমি? 
মাটি, গছ, আকাশ
 নে পৃথিবী? 
 মাটি কবিৰ প্ৰেম, 
 গছ কবিৰ সন্তান
 পৃথিবী কবিৰ মাতৃ
 আকাশ খন পিতৃ
 কবিৰ শিৰাই শিৰাই উপচি পৰিছে
আকাশ, পৃথিবী, গছ
আৰু মাটিৰ গোন্ধ
মোৰ আইয়ো পৃথিবীৰ দৰেই ধীৰ
পিতাই য়ো আকাশৰ দৰেই গম্ভীৰ, 
 আইৰ মেহনতি হাতৰ পৰশ
পিতাইৰ গম্ভীৰ জীৱন জিজ্ঞাসা
সহজ, সুনিশ্চিত সমলেই
কবিৰ  দু:সাহসিক যাত্রাৰ গংগাদ্বাৰ। 
 
জীৱন বাটত মানুহে তোমাক যি নামেৰেই নামাতক কিয়? 
আচলতেপ্ৰতিজন মানুহৰে  বুকুত
লুকাই থাকে
অন্য এক  অৰ্জুন।
—————————————
দিশহাৰা
অশোক ৰাম ভট্টাচাৰ্য্য

কলংপাৰলৈ গৈ য'তেই থমকি ৰওঁ 
অতীত স্মৃতিয়ে দোলা দিয়ে 
শৈশৱৰ কাহিনী কিছু বেদনা গধুৰ, 
সেইযে তেজ দিম তেল নিদিওঁ 
যুৱকৰ বুকুৰ ৰক্তৰে লিখা ইতিহাস 
খাদ্য , ভাষাৰ বাবেও কৰা সংগ্ৰাম; 
 তিৰাশীতো জাতিৰ মৃত্যুৰ পদধ্বনি শুনি 
ন্যায্য আন্দোলনত হেৰুৱালোঁ বহু বন্ধু 
স্বহীদ বেদীত স্মৃতিকাতৰ হৈ 
কান্দিছিলা নেকি অভিমানী নৰ, 
হেৰুৱাৰ বেদনাত উচুপিছা সংগোপনে 
এতিয়া চৌপাশে বিশ্বাসঘাতকৰ মাতাল প্ৰলাপ; 
 সেইযে আলসুৱা সুহৃদৰ পিছলে চেন্দেল 
যাদুকৰো দেখিছিলো আজৱ কায়দাৰ 
কামৰূপ কামাখ্যাৰ যাদুকৰী কথা 
বাটে ঘাটে কৰিছিলা যাদু প্ৰদৰ্শন, 
অখ্যাত যাদুকৰ জনৈক শিল্পী 
অগতিৰ গতি প্ৰাণৰ চন্দ্ৰজ্যোতিৰ 
সংগ্ৰামী, তাৰ্কিক বীৰ শঙ্কৰ পৰোজ 
দুজন স্বহীদ দিলা আইৰ চৰণত; 
 নিশাহটি চুটি হোৱা বিয়লি বেলাত 
তোমালোকক পুনৰ দেখা পালোঁ 
আকাশৰ সেন্দুৰীয়া কোণত, 
আশাৰ সঞ্চাৰ কৰি 
নীল পৰ্বতৰ জোন হৈ দেখা দিলা; 
এয়েই নেকি জীৱনৰ সঞ্জীৱনী সুধা 
কবিতা, কবিতা, মাথোন কবিতা 
কবিতাও হ 'ব পাৰে প্ৰতিবাদী সত্তা 
সান্তনা দিশহাৰা, অসহায় মনৰ ।
—————————————
নৱ প্ৰভাতৰ উদয়
প্ৰাণ প্ৰতিমা বড়া

বিচলিত মন বৰকৈ বিকম্পিত
অনুকম্পা হৃদয় আজি অৱসন্ন
চৌদিশে সজ চিন্তাৰে আলোকিত। 

ৰাৱন বধৰ আনন্দত
অৱসাদ আতঁৰোৱা পলকত
প্ৰস্ফুটিত একোটি শান্তিৰ পুষ্ট৷

ধূসৰ চিন্তাৰ অৱসান ঘটায়
নয়নানন্দৰ আলিংগনত
নয়নাশ্ৰুৰ চকুত
শান্তিৰ লোতক
এয়াইতো নৱ প্ৰভাতৰ উদয় ৷
—————————————
অহেতুক
ৰিংকুমণি বড়া

হেৰুৱা বসন্তবোৰ ঘূৰাই পোৱা হ'লে
দি দিলোহেতেঁন তোমাক মোৰ জীৱনৰ একৈশটা বসন্ত ! 
কিন্তু এই ভৰপক ঋতু গুচি গ'লে
তুমিও মোৰ দৰেই কান্দিবা ! 
 সন্ধিয়াৰ আকাশত বিচাৰি ফুৰিবা
পুৱাৰ সূৰুয...। 
ভালপোৱাৰ ধংসস্তুপৰ পৰা
আজুৰি আনো তোমাক মোৰ শূন্য বুকুলৈ
বৰষুণৰ বিষাদ চহৰত তুমি জী উঠা
চোৱাচোন, 
ইমান কৰুণভাৱে স্মৃতিৰ বৰষুণত 
দুয়ো উৱলি গৈ আছো..... 
এনে হ'লে নিঃশেষ হ'বলৈ আৰু কেতপৰ  ! 
হেৰুৱা বসন্তবোৰ ঘূৰাই পোৱা হ'লে...।
—————————————
সাম্প্ৰতিক 
ৰমেশ চন্দ্ৰ ৰায় 
 
পোখা-মেলা বাটত দিকভ্ৰান্ত মানুহ 

বাছ টেক্সি অ'টো ৰিক্সা 
ধূলিৰ ধুমুহাত  জীৱন উদযাপন
যান-জঁটত নিষ্ফল হৰ্ণ
অভ্যস্ত হাতৰ

কোন দিশে ফাগুনৰ বাট
ৰঙৰ হাট

গুৰি-পৰুৱাৰ মাৰাথন সৰ্বত্ৰ 
শেষ ক'ত

শেষ ক'ত ?
—————————————
সময়ৰ সঙ্গীত
ৰেখা বৰকটকী

নিশা যিমানেই গভীৰ হয়
সুৰ সিমানেই  মদিৰ হয়
সঙ্গীতেৰে জীৱন জিনা
সুৰময় সময় সোণালী হয়

সুৰ আহে শৱদেৰে
গীততে জীৱন জীয়াই
সুৰৰ মায়াই এইধৰাত
জোনাকী  ৰহন  সলায়

সেয়ে মধুময় সময়ৰ কোলাত
অনেক স্মৃতিয়ে  জীপ লয়
মানুহ হেৰায় গলেও
সময় খোজত  মানুহ সাক্ষী হৈ ৰয় 

সময়ে দিয়ে সোঁৱৰায়
যুগে যুগে জীৱনে সাৰ পায়
মানুহ সদায় মানুহৰ বাবেই
জীয়াই থাকিব সদায়।
———————————
ফাগুন আহে লাহে লাহে 
গকুল দাস

ফাগুন আহে লাহে লাহে 
সৌ দুৰনিৰ শুকান পাহাৰখনলে 
গছে গছে 
পলাশ ফুলে 
মদাৰ ফুলে 
শিমলু ফুলে 
বনে বনে ৷

ফাগুন আহে লাহে লাহে 
অতি সংগোপনে এই ভৈয়ামলে 
ঠায়ে ঠায়ে 
পচোৱা বলে 
ধুলি উৰে 
টুপ টুপ বৰষুণ সৰে 
এই পৃথিৱীৰ প্ৰান্তে প্ৰান্তে  ৷

ফাগুন আহে লাহে লাহে 
আহু নাহুকৈ ধৰনীৰ বুকুলে 
বননিৰ চুকে কোনে 
গছ - বিৰিখৰ পাত সৰে 
ডালে ডালে এখন নাঙঠ 
ছবি আঁকে  
দুখৰ কাহিনী লিখে  
শুকান সৰাপাতে দলিচা পাৰে 
অৰন্যখনৰ চৌদিশে -চৌপাশে ৷

ফাগুন আহে লাহে লাহে 
বাৰে বাৰে অহাৰ দৰে 
প্ৰকৃতিৰ বুকুলে 
মানুহৰ মনে মনে 
ব্যাকুলতা বাঢ়ে 
অবুজ অনামি শিহৰণ জাগে 
অনুভব - অনুভূতি 
কমোৱা তুলা হৈ উৰে 
প্ৰাণে প্ৰাণে  ৷ 

ফাগুন আহে লাহে লাহে 
কোনো অনুভবি কবি মনৰ 
আঁহে আঁহে 
কোঁহে কোঁহে 
কবিৰ কাপেৰে নিগৰা 
মননশীল শব্দশৈলীত 
সৃষ্টি হয় 
ফাগুন ফাগুন লগা কবিতা 
কাব্যগ্ৰন্থৰ পাতে পাতে   ৷

ফাগুন আহে লাহে লাহে 
দুজন প্ৰেমাস্পদৰ অন্তৰ-আত্মাৰ 
প্ৰেম উপত্যকালে 
ফাগুনৰ চৰন চুই 
ফাগুনক সাক্ষী কৰি 
ফাগুনৰ আশীৰ্বাদ লৈ
এই ফাগুনতে দুয়ো দুয়োকে 
কথা দিয়ে 
প্ৰতিশ্ৰুতি দিয়ে 
প্ৰেম প্ৰতিজ্ঞা কৰে 
জনমে জনমে হাতত হাত ধৰি 
এক হৈ থাকিব জীৱনে- মৰনে।

ফাগুন আহে লাহে লাহে 
মাঘ আৰু চ’ত মাহৰ মাজে মাজে
দিনে প্ৰতিদিনে  ৰং ধেমালি  কৰে 
আকৌ আহি দুষ্টামি কৰাৰ 
প্ৰতিশ্ৰুতিৰে 
বছৰে বছৰে প্ৰতিবছৰে ৷ 

ফাগুন আহে লাহে লাহে 
শীত আৰু বসন্ত ঋতুৰ 
আঁৰে আঁৰে 
যুগে যুগে 
ফাগুন আহিছিল 
আহিব 
আহি থাকিব 
অনাদি - অনন্তকাললে  ৷
—————————————
বাউলী ফাগুন
মৌচুমী দাস

এমুঠি স্মৃতিৰ
সৰু টোপোলাটি
চাদৰৰ আঁচলত বান্ধি
গুণগুণাও এটি গানৰ কলি...

বাউলী ফাগুন
চাদৰৰ আঁচল খহাই
স্মৃতিৰ সোপান
উৰুৱাই
উদাসী মনক দিয় কন্দুৱায়...

বাউলী ফাগুন—
শুকান পাতত
সেউজীয়া  স্মৃতিৰ নাচোন
পলাশ,শিমলুক ফুলাই
বতাহৰ সাজোন কাচোন.....

বাউলী ফাগুন—
মদাৰক নচুৱাই
ৰাঙলী আকাশত 
তোৰ আগমন
ধুলিয়ৰি বাটৰ
মৰহা পাপৰিত
জিলিকে
সেউজ জীৱনৰ স্পন্দন...
—————————————

Post a Comment

0 Comments