———————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
আজি পহিলা জানুৱাৰী। নতুন বছৰৰ প্ৰাকক্ষণত সকলো কাব্যনুৰাগীলৈ জনালোঁ আন্তিৰক শুভকামনা।নতুন বুলি বিশেষ একো নাই। মাথোঁ সময়ৰ পাখি মেলি চকুৰ পলকতে আকৌ এটা নতুন বছৰে ভূমুকি মাৰিব । পিছে, সময়ৰ গতিশীলতাক ৰোধিবনো কোনে ?
২০২৩ বৰ্ষই ভূমুকি মৰাৰ লগে লগে বছৰৰ সংখ্যাৰ হিচাপত অসম কাব্য কাননেও সাত বছৰত ভৰি থ’লে। বিগত ১৮ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম কাব্য কাননৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি প্ৰতিগৰাকী কাব্যনুৰাগীৰ আন্তৰিক সহায় সহযোগিতাৰ বাবে সাফল্যমণ্ডিত হয় । এইআপাহতে অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী কাব্যনুৰাগীৰ লগতে বিশিষ্ট ব্যক্তিসকলকো সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
অনাগত দিনবোৰতো আপোনালোকৰ আন্তৰিক সহায় সহযোগিতা কামনা কৰিলোঁ।
বিনীত—
নৱ ৰাজন
সম্পাদক
—————————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
খেলপথাৰ এখনত, দুভৰিৰ যাদুত যিদৰে ফুটবলটোৱে ছন্দ লাগি নাচি উঠে -- তেনেদৰে, কবিৰ শব্দ ব্যৱহাৰৰ যাদুত, কবিতাইও পাঠকৰ মনত শিহৰণ জগাই তোলে। খেলুৱৈয়ে খেলে ; উপভোগ কৰে দৰ্শকে। কবিয়ে লিখে, মুগ্ধ হয় পঢ়ৱৈয়ে।
যাদুকৰী খেল নাচালে, প্ৰাণৱন্ত কবিতা পঢ়ি পুলকিত হ'ব নোৱাৰিলে -- জীৱনৰ সৌন্দর্যইবা ক'ত!
ফুললৈ চালেহে, ফুলৰ সৌন্দর্য ৰয়।
——————————————————————
অনুবাদ কবিতা
Silent Night
BY ABIGAIL GRONWAY
candles
send a soft glow
dancing all around the room
reveal crimson Christmas flowers
placed amid the holly
মৌনমুখৰ নিশা
মূল: এবিগেইল গ্ৰ’নৱে
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মমবাতি
উমাল জিলিকনি বিয়পিবলৈ দিয়া
কোঠাটোৰ চাৰিওফালে নাচি থকা
ৰঙা বৰদিনফুলৰ সৌৰভ
হিয়াৰ মাজত ৰাখে।
—————————————
বহু দূৰলৈ নাযাবা
মূল : পাবলো নেৰুদা
অনুবাদ: অপূৰ্ব ভূঞা
বহু দূৰলৈ নাযাবা, আনকি এদিনৰ বাবেও
কাৰণ, মই নাজানো কেনেকৈ ক’ব লাগে এই কথা
দীঘল এটা দিন মই বাট চাম তোমাৰ বাবে
উদং এটা ষ্টেচনৰ দৰে
যেতিয়া শুইথকা ৰেলবোৰ ৰখাই থোৱা হ’ব
ইফালে-সিফালে
এটা ঘন্টাৰ বাবেও মোক এৰি নাযাবা, কাৰণ
তেতিয়া বেদনাৰ সৰু সৰু টোপালবোৰ আহি থূপ খাবহি
থাউনি বিচাৰি উৰি থকা ধোঁৱাবোৰ বৈ আহি
ৰূদ্ধ কৰিবহি মোৰ ভগ্ন হৃদয় প্ৰকোষ্ঠ
সাগৰতীৰত যেন বিলীনহৈ নাযায় তোমাৰ ছায়াময় কায়া
শূন্য দূৰত্বত যেন জাপ নাখায় তোমাৰ চকুৰ পতা
এটা চেকেণ্ডৰ বাবেও এৰি নাযাবা মোক প্ৰিয়া
কাৰণ তুমি বহু দূৰলৈ গুচি যোৱাৰ পৰত
মই আড়ষ্টতাৰে চাই ৰ’ম চৌপাশে আৰু সুধিম
তুমি আহিবানে ঘূৰি ?
মোক নিঃশেষ হ’বলে ইয়াত যাবানে এৰি ?
—————————————
কবিতা
ৰে’ল পথ
প্ৰদীপ চন্দ্ৰ শৰ্মা
নিৰস শিলৰ ওপৰত
নিশব্দে পৰি থকা
লোহাৰ দুডাল চিৰি
ৰ'দৰ বিলাপ
শীতৰ সেমেকা আলাপ
জীৱনৰেখা সজোৱা বিন্দুবোৰত
শব্দৰ কোলাহল অবিৰাম
জীয়াই থকালৈকে যুঁজ
জিকিথকালৈকে জীৱনৰ প্ৰৱাহ
সুখৰ সপোন চিৰন্তন
কত ধুমুহাই গৰকি যাই
কত বিলাপে সকীয়াই যাই
কত আশাই ৰিঙিয়াই যাই
কত সপোনে বাট দেখুৱাই
নিৰস শিলত নিশব্দে
কাণ উনাই পৰি থাকে
এক দুই তিনি চাৰি
জগবন্ধু ফটাছাতি
লোহাৰ দুডাল চিৰি ...
—————————————
আলাপ
গিৰিজা শৰ্মা
'ইমান শূন্যতা'
পানীখিনি চুই চুই তাই ক‘লে ৷
মোৰ অবাক হোৱাৰ পাল ----
সাগৰো শূন্য হ'ব পাৰেনে !
তেন্তে
পাৰৰ বালিবোৰ একা !
শূন্য সাগৰ তেনে
বালিৰ বিকল্প !
এমুঠি বালিৰ স'তে মই মোক ৰিজাই চাওঁ
ইমান শুকান !
আঙুলি ফাঁকেৰে সৰি পৰা বালিবোৰ
হ'ব পাৰে জানো কাৰোবাৰ বুকুৰ আপোন৷
—————————————
এটা সময়ত সকলো নাৰীৰে...
ইলামণি শইকীয়া
এটা সময়ত সকলো নাৰীৰে এক পৰিচয় থাকে৷
ঢৌতে খৰ মাৰি খবৰবোৰ বাগৰি ফুৰে...
লতা পঢ়াত ভাল, জৱাই ধুনীয়া বিহু নাচে
মাইনুৰ নিচিনা কামিলা গাঁৱখনতে নাই ৷
আবেলি জাকি মাৰি সিহঁতজাকে আলিবাটত চালি ধৰিলে
চাৰিআলিৰ বতাহজাকৰ বুকুৰ কঁপনি বাঢ়ে
জেউতিহঁতৰ ঢেকীৰ কোবত ব’হাগ বিহুটি সময়তকৈ আগতেই আহে৷
ৰ’দে জানে, বতাহে জানে
ৰূপোৱালী মাছৰ নদী, আবেলিৰ লহিওৱা বেলিয়ে জানে
“মন হীৰা দৈ চাইকেল নহয় টিলিঙা“ গাই কোন ডেকা কাৰ পদুলিৰ আগেদি যায়
কোনে হেঁপাহৰ বিহুৱানখনত
চেনাইলৈ মৰমৰ বুটা বাচে৷
ছোৱালীহঁতে ঘৰবোৰ ভৰাই ৰাখে
ছোৱালীহঁতে জীৱনবোৰ জীয়ন দি ৰাখে৷
ঘৰৰে লখিমী গাঁৱতে বিচাৰি
বহু সপোনে সংগোপনে অগা-ডেৱা কৰে৷
এদিন কোনেও নজনাকৈ
লতা-জৱাহঁত নদীৰ ঘাটৰ পৰা হেৰাই যায়
বিহুতলীৰ পখিলাজাকৰ পাখি ভাঙে
পকা ধাননীয়ে লাৱনী হাতবোৰ বিচাৰি হাঁহাকাৰ কৰে৷
চোকা ছোৱালীজনীৰ চাৰ্টিফিকেটবোৰে ট্ৰাংকৰ তলত এৰি অহা সময় সোঁৱৰে৷
বগীজামুকীয়া চোতালখন দুবৰিৰ দলিচা হয়৷
এদিন সময়ে সিহঁতক পাহৰি যায়
সিহঁতৰ পৰিচয় হেৰাই যায়
চাৰিআলিৰ বতাহজাক কোনোদিন নবলে সিহঁতৰ আঁচল উৰাবলৈ৷
———————————————————————
সপোন
গীতাৰ্থী ঠাকুৰ
বৰষুণজাকে লৈ আনিছিল
ধোৱা-ধোৱা গোন্ধোৱা এটি আদিম বাসনা
শৈশৱ পোত যোৱা জুহাল
শিমলু ৰঙা অঙঠা।
শেতেলিত কঁপিছে থৰথৰ
আন্ধাৰত নুৰিয়াই থোৱা
এটি প্ৰাচীন উন্মাদনা।
নদীময় গান এটিয়ে খেদি ফুৰে সদায়,
গানে মাৰে,
গানে জীৱন দিয়ে।
মই নিচুকাই থওঁ
স্তব্ধতাৰ শীতল সন্ধ্যাক।
কলিজা গছকি গানটি
থেৰেজু পাততে
কুছি-মুছি শুলে।
বৰষুণজাক ৰ'ল
সাৰ পাই দেখোঁ
গানো নোহোৱা হ'ল।
———————————————————
শিলৰ সাধু
জাহ্নৱী হাজৰিকা
নৈৰ বুকুৰ গভীৰতাত প্ৰাণ পাই যি
অহৰহ পানীৰ স্পৰ্শত জথৰ যাৰ প্ৰাণ...
তাৰ মাজতো হাঁহি খিকিন্দালি সিহঁতৰ
কোনোৱে কয় ইহঁত জড়
কোনোৱে কয় জীয়া
আৰে ইহঁত দেখোন চিৰ চঞ্চলা।
ইহঁতৰো ভাগ থাকে ডাঙৰ সৰু
ইহঁতৰো থাকে মান-অভিমান-ৰং-সুখ কিম্বা দুখ
জীয়া শিলে হেনো কথা কয়
শেঁলুৱৈৰ আঁচলত ধৰি
স্ফটিকৰ পানীৰে প্ৰেম বিৰহৰ কত যে আখ্যান শুনায়!
শিলত কোনোবা বহে
সপোন গাথা ৰচে
শিলত কোনোবা বহে
সম্পৰ্ক ছেদ কৰে
শিল কিন্তু একেটাই
নানাৰঙী কাহিনী দেখে...
শিলত কোনোবাই নাম লিখে সপোনৰ
শিলেৰে আকৌ কোনোবাই ঘৰো সাজে বাস্তৱৰ
মুঠতে শিল নাই ক'ত!
শিল সৰ্বব্যাপী।
নৈ কিম্বা মহাসাগৰৰ গভীৰতাৰ পৰা
গগনচুম্বী অট্টালিকা কিম্বা পৰ্বতৰ শিখৰলৈ
শিলৰ অবাধ ৰাজত্ব।
শিল মানুহৰ শৰীৰটো থাকে।
এই যে হৃদয় বুলি অংগ এটা থাকে...
যিখন হৃদয়ৰ আৱৰণ সচৰাচৰ কোমলেই হৈ থাকে,
সেই হৃদয়টো কেতিয়াবা দুখৰ বৰফ গোট মাৰে।
বৰফবোৰ শিল হয়
তৰপে তৰপে ডাঠ হৈ ৰয়।
এনেদৰেই বুকুত শিল থৈ বহু জীৱ জীয়াই থাকে
যুগ যুগান্তৰলৈ...
কোনেও নাজানে কোনেও নেদেখে
এটা হাঁহিৰেই সামৰি থয় সকলো বিষ
সেই নীলকণ্ঠী জীৱবোৰে
অথচ
কত যে সাধু লুকাই থাকে সেই শিলবোৰৰ আঁৰত
কোনেও নজনাকে!
—————————————
জীৱনৰ অ আ ক খ
চয়নিকা ভূঞা
ঠেঁটুৱৈ লগা জাৰত গাণিতিক সংজ্ঞা
শিৰামুৰিয়ে ধৰা আঙুলিত
জীৱনৰ অ আ ক খ
গলি গলি সৰে হৃদয়ৰ ব্যথা
শেতেলিত নিশাৰ প্ৰস্তুতি
নক'ব লগীয়া বহু কথাই
বহলাই বহে
কথাত লেঠা বাঢ়ে
জীৱনৰ লেঠা
কওঁ বুলিয়েই ক'ব নোৱাৰি সকলো কথা
যি দৰে লওঁ বুলিয়েই ল'ব নোৱাৰি কলিজাৰ ভৰ
আউপুৰণি কথাতেই সাধু থাকে
সাধুবোৰ ক্ষন্তেকীয়া
কথাবোৰ যাউতিযুগীয়া
এঙামুৰীয়াই এঙামুৰীয়াই
দিন যায়, মাহ যায়
পষেক আহে
ফুলিবলৈ যো-জা কৰা ফুলপাহ
তেনেকৈয়ে মৰহে ৷
—————————————
পাহাৰৰে সংপৃক্ত সম্পৰ্ক
পবিত্র কুমাৰ নাথ
সেউজীয়া গুচি হালধীয়া হৈয়ো
জীয়া মাত এষাৰৰ আকুলতাত
আকৌ সেউজীয়া হোৱাৰ বাসনাৰে
ক্ষয়িষ্ণু পাহাৰ হৈয়ো অটল – যেন
দায়িত্ববোধেৰে দীক্ষিত দিপাধাৰ।
শিলাময় পাহাৰৰো জীৱন আছে
আছে একোখন জীপাল হৃদয়
য'ত নিৰলে জীয়ন দিয়ে সপোন
আশাহত হোৱাৰ পৰত
ভাগি নপৰা পাহাৰখনেও কেতিয়াবা
উচুপি কান্দে –নিজানত
গৰ্ভভেদি বৈ আহে সুপ্ত সুতলৰ সুঁতি
সুঁতিৰ ধাৰত পলসুৱা পথাৰ গৰ্ভৱতী হয়
ভোকৰ ভঁৰালৰ ভোগত
সোণালী ফিচাৰ মাছে তাত
দেওধনী নাচে
আপোনভোলা শিলৰ পাহাৰ
মাছবোৰে নাজানে
সুঁতিৰ সৈতে কি সম্পৰ্ক পাহাৰৰ
আৰু নিজৰ সম্বন্ধবোৰ
কাৰ সৈতে সহজভাৱে সংপৃক্ত !
—————————————
পৰুৱা
ৰেখা বৰকটকী
দিব্যদৃষ্টি, ঠিক জুমি চোৱা
অপৰাহ্নৰ বেলিটোৰ দৰে,
সূক্ষ্ম শৰীৰত বৃহৎ পৰিকল্পনা জৰীপ
আমদানি অথবা ৰপ্তানিৰ খতিয়ানেৰে আগুৱান
যুদ্ধকালীন তৎপৰতাত
নেভাগৰা দেহা অযুত সপোন মনত অঁঁকা ধূলিকণা হিয়া
কোন ক'ত আছা আটায়ে ওলাই আঁহা
"উমৈহতীয়া শ বাহি শ নোহোৱা"
এককথাত
তমসা নিবিড় আন্ধাৰতো নিপিছলা হাবিয়াস
ক্ষুদ্ৰতিক্ষুদ্ৰ অৱয়বত
কোনে দিলে ইমান হিচাপী একোটা প্ৰাণ সম্পৰীক্ষাত তৎপৰ,
খবৰদাৰ , ভগাই- বিলাই খোৱা কণমান খাদ্যসম্ভাৰ..
শুং ডালৰ আগত সংবাদ সামৰি বন্ধু ,ভাই, আই ,বাই সকলোকে
বাটে পথে দি যোৱা খবৰ যাকেই পায়!
একাগ্ৰতা, মৰসাহ ভাৰ কঢ়িওৱা
মাউখে উটাৰ জ্ঞান, জানো ক'ত পায়?
ধীৰ গতিৰে একাগ্ৰ চিত্তে বহু সময়ৰ যুঁজৰ অন্তত গাঁতত নপৰি
চিকাৰ মুখৰপৰাও যায় আঁতৰি
তথাপি জানো লক্ষ্য ভ্ৰষ্টৰ কথা থাকিল?
পুণৰ ঐকবদ্ধ হ'ল
নতুন উদ্যমেৰে আগুৱান
সাহসৰ ভেটিও টনকীয়াল
নীৰৱে, নিমাতে
যুদ্ধবোৰ চলে
হাজাৰ হাতীৰ বল সিহঁতৰো আছে..
সম্পাদনা ,পুণৰীক্ষণ একতাৰ জয়গান অহৰহ গোৱা
বাহুবলীৰ দৰে প্ৰাণ অতিকে ঠুনুকা জীৱন হায়!
মানুহৰ ভৰিবোৰৰ তলুৱাতে যে মৃত্যুৰ শলখা!
তথাপি দৈনিক ব্যস্ততা
নাই বিৰাম মাথো তৎপৰতা।
চৰৈৱেতি জীৱনৰ গতি
কণকণ হাত ভৰিত থাকিবই শকতি...
—————————————
মা
ৰাজু মেধি
মোৰ যেতিয়া ভোক লাগে,
মই কান্দিছিলোঁ,
জানো, তই আহি কিবা এটা খাব দিবি মা।
মই যেতিয়া দুখ পাওঁ,
মই কান্দিছিলোঁ,
জানো, তই আহি মৰম কৰি দিবি মা।
কিন্তু আজি তই ভোকত আছ,
আজি তই দুখত আছ,
কিন্তু তোক খোৱাবলৈ,
তোক এষাৰ মাত দিবলৈ,
আজিযে মই তোৰ কাষত নাই।
তই মোক কাষত নাপাই জানো এটা কথাই ক'বি
"মই ভালে আছোঁ,
যা বোপাই যা"
আৰু এয়াই সবাৰে মা।
—————————————
ঈশ্বৰ
মুকুল জয়ন্ত
থাপনাত
শলিতাত
প্ৰাৰ্থনাত
গধূলিৰ চোতালত
শৈশৱৰ মাৰ নোযোৱা
এটা চিঞৰ।
মাটি
চোতালখন পকা কৰি
জপনা খুলি
বিচাৰি ফুৰোঁ
মুকলি আকাশ।
—————————————
শুভেচ্ছাৰ এদিন
দেৱ দাস
তিনিশ পয়ষষ্টিটা কবিতা
পাঠ নিপুনতাত
উঠলি উঠা কবিতা
ঘৰবোৰ ভাঙে ভাঙিব
আৰু নকৈ গঢ়ি তুলিব
কবিতাৰ
ৰংঘৰ
কাৰেংঘৰ
প্ৰাণৰ ঘৰ
মঞ্চ নাটক মেলা
কথোপকথন
ক'ফিৰ সোৱাদ ভৰা
ঠিক তিনিশ পয়ষষ্টিটা
চমকিত কবিতা
শুভেচ্ছাৰ
ন-কবিতাৰ দিন
ভোকে পিয়াহে কলমলায় ।
—————————————
উভতি নহা দেউতা
ডলিস্মিতা ডেকা
ঘৰমুৱা গৰু জাকে
উৰুৱাই অহা ধূলিত
মোৰ দেউতা আহে
জাঁপবোৰ
খুলি চাওঁ কেতিয়াবা
মাটিৰ গোন্ধ
সাঁচিপাতৰ পুথিৰ সুবাসত
ম্লান পৰি ৰয়
মোৰ এতিয়াৰ পৃথিৱী
স্মৃতিৰ নিহালীত
তিতি থকা জীৱনটো
উভতি চাওঁগৈ
শেৱালিৰ দৰেই চকুলো সৰে ।
গৰুজাক এতিয়াও
দৌৰি দৌৰি আহে,
দেউতা নাহে...
—————————————
এবাৰ মোক নিচুকাই দে
নয়নমণি দাস
আইতা অ'
জোনবাই দেশৰ পৰা তই আহি
এবাৰ মোক নিচুকাই দিবিনে ?
তোমোলৰ পাগতোলা সেলেঙনীৰে
মোৰ গালত জধলা চুমা এটা আঁকি
তোৰ কোলাত ঠাই দিবিনে ?
মই আজি যান্ত্ৰিক পৃথিৱীত অভ্যস্ত
সেয়ে তোৰ সতে গুচি যাব বিচাৰোঁ
একঘেয়ামিতাৰ পৰা বহু নিলগলৈ ...।
আইতা অʼ, তই আহিবিনে
জোন বাই দেশৰ পৰা?
মই নিমিখতে পাহৰাম তোক
সেই বৃদ্ধাশ্ৰমৰ কৰুণ বেথা।
কথা দিছোঁ , জোনাক ৰাতি
চোতালত সাধুশুনি
তোৰ কোলাত টোপনি যাম।
পাহৰিম , কিতাপৰ মেটমৰা বোজা।
নম্বৰ পিছত দৌৰা খেল...
হোমৱক, ক্লাছটেষ্ট, টিউচন, ৰেংক
ইত্যাদিৰ ভাৰ্চুৱেল কথা।
সোঁৱৰিম লুকাচুৰি, মাৰ্বল, অলংদলং,
চেংগুটি, হৰিগুদু, গৰমপিঠা, কাবাডী,অলৌগুটি,ৰজাৰাণী,
পাৰপানী ইত্যাদিৰ কথা।
আইতা অ', আহিবিনে
জোনবাই দেশৰ পৰা?
আনিবিনে ততালিকে লৈ
তোৰ আৰু ককাদেউতাৰ
সেই মৰমৰ সৰু সৰু সুখ বোৰ ?
মনত পৰে আজিও মোৰ
ককাদেউতাই হাতেৰে ধৰি
নদীত সাঁতুৰিব শিকোৱা কথা।
চুইমিং পুলত বিচাৰি নাপাওঁ
আজি সেই দিনৰ মজ্জা।
বজাৰৰ হৰলিক্স, বনভিটা ইত্যাদিৰ
পানীয়ত নাই বাৰীৰ ফল-মূলৰ সোৱাদ ভৰা ।
আইতা অ'জোনবাই দেশৰ পৰা
তই আহি মোক নিচুকাই দিবিনে?
তোৰ সান্নিধ্যত যান্ত্ৰিক পৃথিৱীৰ
অভ্যস্ত কোলহল পাহৰি যাম।
পাহৰিম, অনাকাংক্ষিত যান্ত্ৰিক পৰিভাষা...
কলেষ্টৰল, থাইৰইড,চুগাৰ,
প্ৰেচাৰ, ডাইবেটিছ,ফেটিলিভাৰ,
টিউমাৰ, ষ্ট্ৰোক, চিজাৰিয়েন,
এক্সিডেণ্ট, চাৰ্জাৰী,স্পথডেৰ্থ,
কিডনী ফেইল,কিডনী ষ্টোন,
হাৰ্ট এটেক,কেঞ্চাৰ ,অক্সিজেন মাক্স,
আই.চি.ইউ, ভেনটিলেচন
আৰু যে ক'ত কি ... ?
আইতা অ' মোক নিচুকাই দিবিনে ?
কাকুতি কৰিছোঁ অʼ আইতা
ঠেহ্পেচ্ নধৰি, তই মাথোঁ আহ ,
মোক এবাৰ নিচুকাই যা
কপালত হাত বুলাই যা।
—————————————
পুহৰ মালিতা
ৰাজীৱ দত্ত
পুহ মাহ বৰ বেদনাবিধুৰ
তথাপিও পুহৰ মালিতা
যেন আশাৰ শলিতা ।
গাভিনী পথাৰে এৰি আহে
প্ৰসূতি সাজ ।
নৰাৰ খচমচনিৰ মাজে মাজে
বাটে পোৱালি মেলে ।
শীতৰ নিহালীলৈ পাতত বহে বেলি
ধানৰ ডাঙৰিৰ ভৰত
কেৰমেৰাই উঠা
গৰুৰ গাড়ীৰ চকাৰ শব্দত ,
কুঁৱলীৰ আঁচল আতৰাই
চাই ৰয় জোনবায়ে ।
ঐ ৰঙা ঘূৰ ঘূৰ
কলা ঔ ঘূৰি আহ
মৰণাৰ গৰু খেদা
শব্দৰ লগে লগে বাজি উঠে
আকাশবাণীৰ সন্ধিয়াৰ বাতৰি
আতাৰ গুৰ গুৰি হোঁকাৰ
চিলিমত নকৈ আঙঠা
জ্বলি উঠে ।
খুক খুক কৈ কাহটো মৰাৰ
শব্দও ভাহি আহে ।
দেশত জৰুৰী অৱস্থাৰ ঘোষণা
আতাৰ কাঁহ বন্ধ হয়
দেশখন গ’ল ঐ "
আতাৰ মাত হুমুনিয়াহ হৈ ওলাই
কে কে হুৱা
দূৰৈত শিয়ালৰ মাতত
জিকাৰ খাই উঠে
ঘৰৰ ভিতৰত মইনা ৷
টোপাটোপে সৰে নিয়ৰকনা
যেন গলি গলি পানীহৈ যোৱা
আকাশখনৰ চকুপানী সেয়া ৷
আলুগুটি ভজা আৰু বেঙেনা পোৰাৰে
জহা চাউলৰ ভাত
তৃপ্তিৰ এসাঁজ ৷
শুই পৰে গ্ৰাম্য সমাজ
আশাৰ সুৰজহৈ ওলায়
ৰাতিপুৱাৰ বেলিটি ৷
পুহৰ মালিতা যেন জীৱন শলিতা।
—————————————
নাৰী
মনোজ এম্
তাই নাৰী!
সৃষ্টিৰ আদিমূল
উদৰত ধাৰণ কৰিব পাৰে
কতজনাৰ শ্বাস-প্ৰশ্বাস...!
ধাৰণ কৰিব পাৰে
একো একোজন ৰাম-ৰাৱণ।
নাৰীৰ লৱণু দেহত
যৌৱনৰ উৎপীড়ন নাজাগিলে
কেনেকৈ বাঢ়িব পৃথিৱীৰ আয়ুস!
—————————————
তেওঁ আন কোনো নহয়
ইৰা দেবী
পেটত কলমলাই থকা ভোকৰ বিৰূদ্ধে
যুদ্ধ কৰা প্ৰথম মানুহজনক
মই দেখিছিলোঁ।
বজ্ৰসম মুষ্ঠিৰ মাজত তেওঁ লুকাই থৈছিল
সংগ্ৰামী জীৱন অস্ত্র।
ভোকাতুৰ ওঁঠ দুটিৰ
তৃপ্তিৰ সোৱাদ কণ পাবলৈয়ে
তেওঁ ঘুৰি অহা লৈ
আগ্ৰহেৰে ৰৈ থাকিছিলোঁ
আমি।
তেওঁ জীৱনৰ প্ৰথম পুৰুষ।
প্ৰথম প্ৰেম।
তেওঁ আন কোনো নহয়
তেৱেঁই আছিল–দেউতা।
—————————————
বৰ্ণবোৰ বৰ্ণ হয়েই থাকিব দিয়া
ফাৰুল হুছেইন
বৰ্ণবোৰ বৰ্ণ হৈয়েই থাকিব দিয়া কাৰণ বৰ্ণবোৰ গোট খালেই সৃষ্টি হ’ব শব্দৰ
যি শব্দবোৰে গঠন কৰিব
এটি কবিতাৰ৷
যি কবিতাৰ প্ৰেমত পৰিছিলোঁ
তোমাক দেখাৰ পৰাই৷
কবিতা কবিতা লগা তোমাৰ
হাঁহিটিয়ে মোক কলম তুলি
ল’বলৈ বাধ্য কৰিছিল
কবিতা লিখিবলৈ৷
যি কবিতাৰ উৎস আছিলা তুমি সেই কবিতা প্ৰেমৰে হওঁক অথবা বিষাদৰ৷
মোৰ কবিতাৰ প্ৰথম শ্ৰোতা
আছিলা তুমি হয়তোবা পাঠকো৷
তোমাৰ সাগৰ নীলা চকুত ডুব
গৈ মই মন্থন কৰিছিলোঁ
কবিতাৰ ন ন ছন্দ৷
তোমাৰ মেঘালি চুলিৰ সুবাসত মোৰ কবিতাবোৰো
সুবাসময় হৈছিল আৰু মই
হৈছিলোঁ কবিতাৰ মাতাল৷
কিন্তু আজি কবিতা লিখা
মোৰ বাবে বৰ কঠিন
কিয় জানা
যিদিনাই তুমি মোক
বিষাদৰ কবিতা এটি উপহাৰ
দি গুচি গ’লা আনৰ বুকুত
হাঁহিৰ কবিতা ৰচনা কৰিবলৈ।
—————————————
ক্ষোভ
ৰাহুল কোৱঁৰ
য'ত মোৰ সৈতে গান গাব এজাক চৰাই
নিৰীহ নিৰ্জন দেওঁলগা দ্বীপত
বুকুৰ মহঙবোৰ খুটিয়াই খুটিয়াই
ঠান-বান কৰি শেহঁনীয় হ'ব
হাবু-ডুবু খোৱাকৈ ফেঁচাই কুৰুলিয়াই
বহি মুধৰ মৰুলিত।
দূৰৰ পৰাই শুনিছোঁ চিলনীজাকৰ চিৰচিৰনি
মেলি অহা পাখীবোৰে ছেপা এটা দিছে যেন ডিঙিত
দূপৰ ৰাতি হাওঁ হাওঁকৈ অহা আত্মা জাকটো
বেৰে-চালে বগাইছে কেঁচাই খাব যেন,
ক্ষোভ এটাই,অবৰ্ণনীয় দুৰ্দশাৰ পাছতো
মোৰ এই জীৱনটো আভৰণ সজাইছে
তথাপিওঁ হৈছোঁ কুন্দত-কটা,বগলী ভকত।
কি যে মায়াৰ দুধনৈ
শৰটো ওলোটাকৈ শুৱাব
চিৰসত্য,আছেই উত্তৰ দিশ
বশতো হ'বই সময় গতিত।
—————————————
প্ৰেমৰ চাকি
ৰশ্মি দলে'
প্ৰেমৰ পোষাবোৰ
এপ'ল-দুপ'লকৈ বাঢ়িছিল
ক্ৰমশঃ
কোনোবা মোৰ গোপন
কোনৰ
চিফুঙৰ সুৰত।
——————————————
অনুভৱত বিদায়
ৰবিন কুমাৰ চেতিয়া
বিদায়
দিঠকৰ পৰা সপোনলৈ
সপোনৰ পৰা দিঠকলৈ এখোজ বাট
শেষ হৈয়ো শেষ নোহোৱা
মৰম ভালপোৱাৰ এমুঠি
আবেগিক অনুৰাগ
বিদায় মানেই কাৰোবাৰ দুখৰ হুমুনিয়াহ
বিদায় মানেই অনুভৱৰ নতুন উশাহ
বিদায় বুলি ক'লেই চিৰকালৰ বাবে
শেষ হৈ নাযায় সকলো
হাঁহিৰ ভাঁজে ভাঁজে
প্ৰতিপল দোলা দিয়ে হৃদয়ত আমাৰ
সুখ দুখৰ স্মৃতিৰ তেজাল চকুলো
চিন্তাৰ ইটো পাৰেই
আচম্বিতে গঢ়ি উঠে সদায়েই
হেজাৰ নোপোৱাৰ ঘৰ
বাস্তৱৰ পৃথিৱীত
আশাবোৰে পাকঘূৰণি খালেও
মন গ'লেই আমি অভিনয় কৰোঁ
বেদনাক্লিষ্ট সুখী মানুহৰ
সুখৰ আঁচল পাৰি আমি
চটিয়াব খোজো
জীৱনৰ ৰঙীন ফুল
নোপোৱাৰ পৃথিৱীত
তৃপ্তিৰ শৃঙ্গ বগাব খুজি
বাৰে বাৰে সাৱতি লওঁ
অগনিত ভুল
আশাৰ পঁজাত হেঁচি থেলি
হাঁহিবোৰ ফুলাব খোজো তুমি,মই
কুঁৱলীয়ে আৱৰা ওখোৰা-মোখোৰা বাটত
উজুতিত ভাগে আমাৰ
ঠুনুকা সপোনৰ নিৰ্দয় হৃদয়
অনুভবৰ বোকোচাত ওখল মাখল
বৰণীয়া চিন্তাৰ কোলাহল
উদং হাঁহিৰ ফোপোলা হাঁচতিত
বান্ধি লওঁ আমি স্বপ্নৰ জুমুঠি
বিদায় বুলিলেই কেতিয়াও
একেবাৰে শেষ নহয় সকলো
সোঁৱৰণীৰ পৃষ্ঠাত ৰচনা কৰোঁ আমি
সুখ দুখ পোৱা নোপোৱাৰ
আবেগিক দস্তাবেজ
পাহৰিব খুজিও পাহৰিব নোৱাৰা
অতীত,বৰ্তমান,ভবিষ্যতৰ
মায়াবী আমেজ
যি বাটত চটিয়াওঁ আমি
সুখৰ ডৰিকণা
সেই বাটতে ওমলে দুখৰ গজালি
ভাৱনাৰ খোজে খোজে অংকুৰিত হয়
চিনাকি অচিনাকি খেয়ালি মনৰ
সপোনৰ বেলি
তথাপিও বিদায় বুলি ক'লেই
শেষ নহয় সকলো
স্মৃতিৰ কোঁহে কোঁহে
অজানিতে সাঁচি ৰাখোঁ আমি
সুখৰ দুখৰ অলেখ চকুলো...।
—————————————
অনুভৱ
লাৱণ্য নাথ
সকলো একে পথৰ গতিয়েদি
খোজত খোজ মিলাইছে।
নীৰৱ পৃথিৱীখন খুচৰিছোঁ
বিচাৰিছোঁ বন্ধুত্ব;
সদৰি কৰিছোঁ
ভালপোৱাৰ উমাল।
নেদেখা পৃথিৱীখনৰ স'তে
মনেৰে চিনাকি হৈ পৰিছোঁ যদিও
লাহে লাহে যেন পাহৰিব ধৰিছোঁ বাক্ শক্তি।
আপোনজন অচিনাকি হৈ পৰিছে
পঢ়িব পৰা নাই হৃদয়ৰ বহু ভাষা।
অথচ নজনাকৈয়ে
সংগোপনে
নীৰৱে-নিৰলে বাঢ়িছে
আমাৰ দূৰত্বৰ পৰা দূৰত্ব...
—————————————
কাব্য কাননৰ অনুৰণন
গীতাঞ্জলী হাজৰিকা
কাব্য কাননৰ কোলাতে জাতিষ্কাৰ হ’ল
অনুভৱ অনুৰাগৰ অনন্য শব্দৰ অঙ্কুৰণ
অঙ্কুৰবোৰ ফলে-ফুলে জাতিষ্কাৰ হৈ
পঞ্চম বছৰ গৰকা শুভ ক্ষণৰ সুঘ্ৰাণ পালোঁ
মোৰ মন-মগজু হৃদয় বাৰুকৈয়ে আচন্ন হ’ল
সুবাসিত সময়ৰ স্বাদ ল’বলৈ
সেয়েহে মনৰ পানচৈ মেলিলো
বুৰঞ্জীয়ে গৰকা শিৱসাগৰৰ পৰা
মোৰ দেশৰ ৰাজধানীৰ সমীপৱৰ্তীত
গুৰুজনাৰ নামেৰে নামাংকৃত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰলৈ
মনৰ দিঙৰাত শ্ৰদ্ধাৰ অনুভৱী কবিৰ
শব্দাঞ্জনাৰ শতসহস্ৰ সুবাস সামৰি ল’ম
এবুকু প্ৰশান্তিৰ মলয়াৰে
গৃহস্থালিৰ গৃহকৰ্মৰ লগত সংযোজন
কৰি লোৱা কলমটোৰে শব্দ বিন্যাসৰ নীলা বুটা
বুলাই যাম শুভ্ৰ কাগজত
শুভ্ৰ কাগজৰ নীলা বুটাবোৰ
সুদূৰ আকাশৰ জোন বেলি তৰাৰ দৰে
জিলিকি ৰ’ব মনৰ দাপোনত
বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহৰ
পঞ্চম বৰ্ষৰ অনুভৱ অনুৰাগৰ সমাহাৰ
সমাবেশৰ
ৰোমন্থনৰ ৰহঘৰা ৰঙীন হ’ব
হৃদয়ৰ ববচা বন বাগৰিব
বকুল ফুলৰ সুবাসৰ বন্যাত ৷
জয়তু কাব্য কানন
চিৰ চেনেহী মোৰ ভাষা জননী
জয় আই অসম
( অসম কাব্য কাননৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত “ কবিতাৰ মেলত ” পাঠ কৰা কবিতা ৷ )
—————————————
শব্দৰ পয়োভৰ
অঞ্জনা ৰূপা দাস
নীৰৱতা যেতিয়া বেছি হয়, মন পথাৰত শব্দৰ পয়োভৰে
হেচাঁ-থেলা কৰে।
বুকুৰ মাজত গোজ খাই
পোখা মেলি ঠন ধৰে।
শব্দৰ স্তুপ খহালে
সুগন্ধিৰ সৌৰভ বিলাই।
শব্দৰ কবৰ খান্দিলে
সুমিষ্ঠ গোন্ধ ওলায়।
শব্দৰ সুঘ্ৰাণত মতলীয়া মনে
সমাজৰ বাস্তবতাক
শব্দ লৈ ৰূপান্তৰ কৰিব বিচাৰে।
শব্দৰ শক্তি শেলে বুকু ভেদি
উজাই আহি
কঠিন বাস্তবৰ জটিল মূৰ্হুত্বত
লৈ যায়
শোক-ক্ষোভ, যান্ত্রণাৰ অগ্নি শাললৈ
বয়সৰ উগ্র বতাহ জাকে
কোবাই থৈ যোৱা
শব্দত উগ্রতা শাম কাটে।
জীৱন সংগ্রাম ৰ সন্ধিক্ষণত
শব্দৰ স্থিৰতা আহি
মৌনতা, শূন্যতা বিসৰ্জন দিয়ে।
শব্দত জী উঠে প্ৰাণ,
শব্দই দিয়ে
গভীৰ আশ্বাস
অকলে জীয়াব পৰা
গভীৰ বিশ্বাস।
—————————————
মনৰ বিষাদিত কৰণি
জোনমনি বৰা
মনৰ বিষাদিত কৰণিত
আহ্লাদিত হোৱাকৈ
ফুল এপাহ গুজি লবলৈ
তুমি অনুৰোধ নকৰিবা ৷
পাৰি জানো মিছা হাহিঁৰে
লুকুৱাব বুকুৰ বেথাবোৰ
হুমুনিয়াহবোৰ ঢাকি জানো
ৰাখিব পাৰি ৷
কিমান আৰু ফাকি দিম
নিজকে কিমান আৰু ?
অভিনয় কৰিম !
ভাগৰি পৰিছো
মিছাবোৰ দলিয়াই সচাবোৰ
আকোৱা্লি লবলৈ
প্ৰস্তত কৰিছো। নিজকে
যি আছিলো যেনেহদৰে আছিলোঁ
তাতেই সন্তুষ্টি লভিবলৈ
কোচকাৱাজ চলাইছোঁ ৷
—————————————
তুমি যেতিয়া আহিলা
জোনমণি মহন্ত
অনেক অপেক্ষা অন্তত তুমি আহিলা
মোৰ সম্মুখলৈ বুলি...!
জোনাক ৰাতি তোমাৰ সতে
তৰা লিখি ভালপোৱা সময়বোৰ
প্ৰকৃতিৰ সেউজীয়াৰ মাজত
নদীৰ কলকল শব্দ
বসন্তৰ আগমনত নতুন পাহিহৈ
সেই সময়ত তুমিয়েই সকলো আছিলা
সেইবোৰ মোৰ এতিয়া
সপোন যেন হ'ল ।
তুমি যেতিয়া আহিলা
বেলিয়ে বিদায় লবৰ হ'ল!
কেনেকৈ বুজাম তোমাক?
দিবলৈ দেখোন একোৱেই নাই!
দুহাত মেলি দিছোঁ
যদি তুমি ধৰিব খোজা
পুনৰ স্থাপন কৰিম
মনৰ ভেটিত
জোনাক ৰাতিৰ কল্পনাবোৰ...।
—————————————
ৰঙচঙীয়া চোলা
জোনা বৰঠাকুৰ
ৰঙচঙীয়া চোলাটোৰ মোহত পৰি
কিনি আনিলোঁ আৰু নিতৌ পিন্ধো বুকুৰ আপোন ভাবি।
পুৰণিটোক কৰিলোঁ এলাগী।
ধূলি-বালিৰে আৱৰা পৃথিৱীত
সিও হল এদিন লেতেৰা,
গেলা গৰমত ওলাল
ভেকেটা-ভেকেট, নিমখীয়া গোন্ধ।
ফটিকৰ পানীত দিলোঁ তাক
ডুবাই সুচী কৰোঁ বুলি।
কিন্তু,
মোৰ চকুত চমক লগাই
হৃদয়ৰ আপোন চোলাটোৱে
সলালে নিজ চমকীয়া বৰণ।
তাৰ তিৰবিৰাই থকা
নীলা ৰংখিনি থাকিল পাত্ৰতে পৰি।
বৰণহীন মদৰুৱা ৰূপৰ
মোৰ ৰঙচঙীয়া চোলাটি পৰি ৰ'ল
অধৰৰ চুম্বনবিহীন গালৰ
তৃষ্ণাতুৰ নিস্তেজ ছালৰ দৰে।
আৰু
মোৰ মৰমবোৰ বাগৰি পৰিল
নিৰুপায় চকুৰ লোতক হৈ।
—————————————
বনভোজ
বিশ্বজিৎ গগৈ
লাজৰ ওৰণি খুলি
দেখা কি নেদেখা পৰত
এজাক হাঁহি মুখৰ প্ৰবাসীয়ে
বালিচৰত বনভোজ ৰান্ধে।
'জীয়াঢল'ৰ মুখত বর্ষণ মুখৰ
এজাউৰী উলাহৰ হাঁহি
আধা ভিজা বেলিটোৰ সতে।
গাভৰু নদীখন কি দুখত শুকালে নেজানো,
পাহাৰখনেও বগা সাজ পিন্ধিছে!
নীৰৱে স্মৃতিকথা নৈখনে কয়...
"বাৰিষাত ময়েতো উন্মাদিত হওঁ
খৰালিত মোৰ বুকুত হেজাৰজনক
হেঁপাহেৰে খেলাও।"
পশ্চিমৰ আকাশত বেলি আকৌ লুকালে
দৈনন্দিন মাপকাঠিৰ হিচাপত
পুনু দেখাৰ প্ৰতিশ্ৰুতিৰে।
মাটিৰ মানুহৰ কেঁচা ঘাম
"অসমীয়া" যাৰ নাম!
ৰ'দে কি পুৰিব, বৰষুণেও নোৱাৰে ৰোধিব
শিৰা , উপ-শিৰাৰে প্ৰবাহিত বিহু,
নাচোনত এন্ধাৰ নামিলে;
আপোন মানুহৰ সন্মিলনত
প্ৰত্যাশাৰ হিয়াভৰা হেঁপাহ, এমোকোৰা প্ৰশান্তিৰ ৰং
স্মৃতিৰ জুলুঙা ভৰি খোদিত নৱ ইতিহাস।
—————————————
আকাশ তুমি দিবানে
অণিমা বৰ্মণ
হে আকাশ! তোমাৰ বিশালতাখিনি খুজি লৈ
মোৰ সংকীৰ্ণ হৃদয় সজাব খোজোঁ
তোমাৰ নীৰৱতাখিনি বুজি লৈ
দেহ মন মগজুক একাকাৰ কৰি
মহীয়ান হ'ব খোজোঁ
তোমাৰ হেঙুল হাইতাল বোলোৱা
সৰগী আভাৰ পৰশত
আমাৰ দুখবোৰ ঠেলি দিব খোজোঁ বহুদূৰলৈ
সময়ৰ বুলনিত তোমাৰ বুকুত ভাহি থকা ক'লা ক'লা মেঘবোৰ
আমাৰ পূঞ্জীভূত হুমুনিয়াহৰ ৰূপান্তৰ বুলি ভাবোঁ
যি টোপা টোপে সৰি পৰে ধৰণী বুকুত
ধৰণী হৈ পৰে বাচকবনীয়া বাৰে-ৰহনীয়া।
কাণতাল মৰা গাজনিৰ ঢৌ তুলি বিজুলী নাচোনৰ
দূৰ্মদ অসুৰ নাশৰ
আখৰা কৰা নেকি বাৰু তুমি
তেন্তে নিৰীহৰ তেজপিয়া নৰপিশাচক মষিমূৰ কৰি
ভূ-লোকত শান্তিৰ ঢল বোৱাই দিবাচোন।
তোমাৰ নীলাখিনিও আমাক লাগিব
যাক পাই ধন্য হ'ম আমি
সাগৰ মহাসাগৰৰ শীতলতাত
আমি সেই ৰং সানি ল'ম
জীৱন মৰুত উঠা লেলিহান জুইকুৰা
হৃদয়ৰ পৰা সন্তৰ্পনে মচি ল'ম
সেউজী ৰহণবোৰ ভাজে ভাজে সাঁচি থ'ম।
তোমাৰ ৰূপোৱালী বুটা বচা
নৈশ সাজযোৰো বিচাৰোঁ আমি
জীৱন বাটৰ খলা-বমাবোৰ ঢাকি থ'বলৈ
সাধনাৰ জখলা বগাই সৰগী অমিয়া ৰস
তৃষা নাশি তৃপিতিৰে আকণ্ঠ পিবলৈ
হে আকাশ! তুমি বাৰু দিবানে ?
—————————————
ভঙা হৃদয়
ড০ ইকবাল হোচেইন খান
নীড়মুখী চৰাই কান্দে ইনাই-বিনাই, নিৰাপত্তাহীনতাৰ প্ৰশ্নত ।
ক্ষণেকতে থানবান হয় বা কবিতাৰ কুঠৰী
অদ্ভুত আজিৰ মানুহ চিন্তা-চেতনা
অহৰহ খেলে হৃদয় ভঙাৰ খেল
হৃদয় ভাঙি উন্মাদত কৰে বন্য আচৰণ
অস্তিত্ব যাওঁ যাওঁ, অজুহাত অন্য।
এনেকৈ, এনেকৈ কৰে খণ্ড -বিখণ্ড আইৰ বুকু
বিষাদৰ কবিতা হৈ পৰে আৰু বিষাদময়
বয় থাকে চকুলো আইৰ ।
ভাইসকল, জাগি উঠা
মিলি দিয়া তোমালোকৰ বিশালতাৰ হাত
আনন্দ মনে গোৱা সমন্বয়ৰ গান ,আইৰ গান
হওক সুৰক্ষিত আই
আনন্দ আইৰ হাঁহি হওক ।
—————————————
ছবিখন আধা অঁকা হ'ল
তানিয়া মধুকল্য
(বিশিষ্ট চিত্ৰশল্পী নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি)
ছবিখন আধা অঁকা হ'ল
এচেৰেঙা ৰ'দ পৰা
সৰু কোঠালীটোত থকা
নীলা চৰাইজনী হেৰাল
তাই ভালপোৱা ৰঙা
গোলাপ পাহিও সেমেকিল
সময়বোৰ পঙ্কিল হ'ল
চিত্ৰকৰজনেও তেওঁৰ
নীলা চৰাইক বিচাৰি
গুচি গ'ল অজান দেশলৈ
কিজানি বা তেওঁৰ চেনাই
তাতেই আছে?
তেওঁৰ নীলা চৰাইৰ ছবিখন
আধা অঁকা হ'ল
তুলিকাবোৰ শুকাই গ'ল
গোলাপ পাহিও মৰহিল
পঙ্কিল সময়ৰ খোজত
উজ্জ্বল বেলিটি
বুঢ়া লুইতৰ মহাপশ্চিমত
মাৰ গ'ল!
প্ৰেমৰ পৰিধি আঁকি
নীলা চৰাইক বিচাৰি
আজি দুয়ো নাইকিয়া হ'ল
দুটি হৃদয়ৰ
আজীৱন প্ৰেম কাহিনীৰ
সফল পৰিসমাপ্তি ঘটিল।
—————————————
বিহ্বলতাই আমনি কৰে
সুশান্ত দাস
বিশাল হৃদয়ৰ নিৰস মৰুভূমিত
বিক্ষিপ্ত বিবশ মনে,
গভীৰ ধাৰণাত বিভোৰ হওঁতেই
বিহ্বলতাই আমনি কৰে।
বিবক্ষা থকাৰ স্বত্বেও আজি
বিবেকহীন বিব্রত মনে,
বিভ্ৰান্তিৰ জালত বন্দী হৈ আজি
বীতস্পৃহ আচৰণ কৰে।
বিবিধ বিবৃতি বিপন্ন হল
বিমূৰ্ত বিমল প্ৰাণত,
শতেক বৈভৱ বিভঞ্জ হল
বিভাৱৰীৰ নিশিৰ আঁৰত।
বিহ্বল ভাৱে বিৰূপ দৰ্শালে
বিষণ্ণ বিভ্ৰান্ত মনত,
বিভাৱন হল বিপ্ৰিয় ধাৰণাবোৰ
বিষ্মিত কৰিলে প্ৰাণক।
—————————————
ইতিহাসলৈ কিমান দিন
মাধুৰ্য প্ৰিয়ম দাস
সোৱঁৰণীবোৰ কঢ়িয়াই কঢ়িয়াই
ভাগৰি পৰিছে সময়
ইতিহাস এখনৰ প্ৰয়োজন আছিল
স্মৃতিবোৰ সামৰি সুতুৰি থ'বলৈ ।
কোনোবাই বুজিলে , কোনোবাই নুবুজিলে
ক্ৰমশঃ নোহোৱা হৈ আহিছে মোৰ মাত ।
এয়া কি ?
মই দেখোন নিজেই লিখিছো এখন ইতিহাস
কাৰ বাবে ?
এইখিনিতে
সৰল সমীকৰণ এটালৈ জটিলতা আহে
কাৰ বাবে ?
মানুহবোৰে যে ভাৱে
যুদ্ধৰ পিছতো আমি ইমান সুখী !
হাঁহি উঠে সিহঁতৰ ফাকিবোৰ দেখি
কতবাৰ দাগ লগাইছে
কামুৰি কামুৰি নিজৰ আঙুলিত ।
তেওঁতো যুদ্ধ এখনৰ প্ৰয়োজন আছিল
মানুহবোৰে যে ভাৱিছে
যুদ্ধৰ পিছত ইমান সুখ আহে
আৰু যুদ্ধৰ পিছতহে সোঁৱৰণী আহে
কাৰ বাবে ?
যুদ্ধত প্ৰাণ হেৰুৱা সকলৰ বাবে ?
এনেদৰেই ...
স্মৃতিবোৰ এদিন সাধু হ'ব
মানুহ বোৰে আকৌ এখন ইতিহাস লিখিব
অচিন আকাশ , অচিন পৃথিৱীৰ ।
————————————————————
0 Comments